Class 12 Sociology Chapter-3 সামাজিক বৈষম্য আৰু বৰ্জন

Class 12 Sociology Chapter-3 সামাজিক বৈষম্য আৰু বৰ্জন । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্ন সমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 12 Sociology Chapter-3 সামাজিক বৈষম্য আৰু বৰ্জন AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS Second Year Sociology Chapter-3 সামাজিক বৈষম্য আৰু বৰ্জন

প্ৰথম খণ্ড

(ক) অতি চমু প্রশ্নোত্তৰ : মূল্যাংক : ১

১। পিছপৰা শ্ৰেণী কি?

উত্তৰঃ আৰ্থ-সামাজিক দিশত পিছপৰা তথা সমাজ ব্যৱস্থাত বিভিন্ন সময়ত বৈষম্যৰ চিকাৰ হোৱা বা অসুবিধাজনক সামাজিক পৰিস্থিতিত সন্মুখীন হোৱা শ্ৰেণীসমূহক পিছপৰা শ্ৰেণী বুলি কোৱা হয়৷

২ । ‘টোটেম’ কি?

উত্তৰঃ ‘টোটেম’ বুলিলে সাধাৰণতে কোনো সমাজত বিশেষকৈ জনজাতীয় সমাজত কোনো জন্তু বা প্রকৃতি প্রদত্ত বস্তু যেনে গছ, শিল, আদিক জৈৱিক শক্তিসম্পন্ন বুলি মানি লোৱা আৰু প্রতীক চিহ্ন হিচাপে গ্ৰহণ কৰাটোক বুজায়।

৩। ‘অস্পৃশ্যতা অপৰাধ আইন’ কোন চনত প্ৰণয়ন কৰা হৈছিল ?

উত্তৰঃ ১৯৫৫ চনত।

8 । ‘বঞ্চিত সমূহ’ কোনবোৰ?

উত্তৰঃ আর্থ-সামাজিক আৰু শৈক্ষিক দিশত পিছপৰা শ্ৰেণীসমূহক বঞ্চিত শ্ৰেণী বুলিব পাৰি। বঞ্চিত শ্রেণীসমূহে বিভিন্ন সময়ত সমাজত বৈষম্যৰ চিকাৰ হোৱা দেখা যায়। দলিত, অনুসূচীত জাতি আৰু জনজাতিৰ লোকসকল বঞ্চিতসমূহৰ অন্তৰ্গত।

৫ । মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা কেতবোৰ অপৰাধৰ বিষয়ে লিখা। 

উত্তৰঃ সতীদাহ, যৌতুক দাবী, লিংগ বৈষম্য, শিক্ষাৰ পৰা বঞ্চিত কৰা, ডাইনী হত্যা আদি।

৬ । মহিলাৰ কল্যাণৰ অৰ্থে স্বাধীনতাৰ পূৰ্বে পাছকৰা কেইখনমান আইনৰ নাম লিখা। 

উত্তৰঃ সতীদাহ প্রথা বিলুপ্তিকৰণ আইন, বাল্য বিবাহ ৰোধ আইন, বিধবাৰ পুনৰ বিবাহ আইন আদি।

৭। অক্ষমতা বুলিলে কি বুজা ?

ডত্তৰঃ ভাৰতত ‘অক্ষমতা’, বিকলাংগ, পংগু আদি শব্দবোৰ সমাৰ্থকৰূপে ব্যৱহাৰ কৰা হয় আৰু প্ৰায়েই নিন্দা বা অপমানসূচক অৰ্থৰ প্ৰয়োগ কৰা হয়৷ অক্ষমতা জৈৱিক প্ৰদত্ত আৰু ই এইটোৱেই বুজায় যে তেওঁলোকক সহায়ৰ আৱশ্যক। সাধাৰণ অৰ্থত অক্ষমতা বুলিলে শাৰীৰিক বা মানসিকভাৱে অক্ষম লোকক বুজোৱা হয়। 

৮। বাল্যবিবাহ আৰু পৰ্দা প্রথা কিয় আৰম্ভ হৈছিল ?

উত্তৰঃ ধর্মান্ধতা, পুৰণিকলীয়া ৰীতি-নীতি আৰু পৰম্পৰা তথা আধুনিক শিক্ষাৰ অভাৱেই আছিল বাল্যবিবাহ, বহুবিবাহ, পৰ্দা প্ৰথাৰ দৰে কুসংস্কাৰ আৰম্ভ হোৱাৰ মূল কাৰণ। মহিলাক পুৰুষৰ সমকক্ষ বুলি নধৰি কেৱল পৰিয়ালৰ চাৰিবেৰৰ মাজত আৱদ্ধ কৰি ৰখাৰ মানসিকতাৰ ফলতেই বাল্যবিবাহ আৰু পৰ্দা প্ৰথাৰ জন্ম হৈছিল।

৯ ।সংস্কাৰ আন্দোলন কি?

উত্তৰঃ সমাজত দেখা দিয়া অন্ধবিশ্বাস, কু-সংস্কাৰ আদিৰ দৰে সমস্যাবিলাক দূৰ কৰাৰ উদ্দেশ্যে সংস্কাৰকামী মনোভাৱলৈ সৃষ্টি হোৱা আন্দোলনবোৰকে সংস্কাৰ আন্দোলন বোলা হয়।

১০। সামাজিক অক্ষমতা বুলিলে কি বুজা ?

উত্তৰঃ সামাজিক অক্ষমতা বুলি ক’লে সাধাৰণতে অক্ষমতাৰ সামাজিক দিশটোক বুজা যায়। ব্যক্তিগত অক্ষমতাৰ ক্ষেত্ৰত সামাজিক গাঁথনিয়ে প্ৰভাৱ পেলায় আৰু অক্ষমতাই আকৌ কেৱল ব্যক্তিজনকে নহয় পৰিয়ালকো একাষৰীয়া কৰি তোলে আৰু আর্থিক অনাটন বঢ়াই দৰিদ্ৰতাৰ সৃষ্টি কৰে আৰু অধিক দুদৰ্শাগ্রস্ত কৰে।

১১৷ স্বাধীনতাৰ পিছত মহিলাৰ সামাজিক মৰ্য্যদা বৃদ্ধিৰ বাবে প্ৰণয়ন কৰা কিছুমান আইনৰ নাম লিখা।

উত্তৰঃ ১৯৫০ চনত গ্ৰহণ কৰা ভাৰতৰ সংবিধানখনে নাৰী-পুৰুষৰ মাজৰ সকলো ধৰণৰ বৈষম্যৰ অন্ত পেলাইছিল। ইয়াৰোপৰি বহু বিবাহ ৰোধৰ বাবে আইন প্রণয়ন কৰা, স্থানীয় শাসন ব্যৱস্তাও নির্বাচিত প্রতিনিধিৰ ৩৩% আসন নাৰীৰ বাবে সংৰক্ষণ কৰি ৰাখি, গার্হস্থ্য হিংসা বিৰোধী আইন প্রণয়ন কৰি মহিলাৰ সামাজিক মৰ্য্যাদা বৃদ্ধিৰ প্ৰয়াস কৰা হৈছিল৷

১২। সামাজিক বৈষম্যৰ সামাজিক ভিত্তি কি?

উত্তৰঃ সামাজিক বৈষম্য গভীৰভাৱে সমাজৰ গাঁথনিৰ লগত জড়িত। সামাজিক বৈষম্য ব্যক্তিগত নহয়, সামূহিক। সামাজিক সম্পদ আহৰণৰ ক্ষেত্ৰত থকা অসমান আৰ্হিবোৰকে সামাজিক বৈষম্য বোলা হয় — যিটো কেৱল ব্যক্তিসকলৰ মাজত থকা প্ৰকৃতগত পাৰ্থক্যৰ ফলত সৃষ্টি নহয় বৰং সামাজিক স্তৰীকৰণৰ ফলত সৃষ্টি হয় ।

১৩। সংস্কাৰ বা ‘পূৰ্ব সিদ্ধান্তসমূহ কেনে ধৰণৰ ? – 

উত্তৰঃ কোনো তথ্য প্রমাণ নোপোৱাকৈ বা এটা বিষয়ক ভালকৈ নজনাকৈয়ে সেই বিষয়টোৰ ওপৰত পূৰ্বৰে পৰা পোষণ কৰা মতকে পূৰ্ব-সিদ্ধান্ত বোলা হয়। এনে পূর্ব-সিদ্ধান্তসমূহ ঘাইকৈ মহিলা নৃ-গোষ্ঠীয় আদি সমূহৰ ওপৰত প্ৰয়োগ হৈ আহিছে। যেনে – মহিলাসকল পুৰুষৰ তুলনাত দুর্বল বা অন্য জাতি নিজৰ জাতিতকৈ নিম্নমানৰ বুলি থকা ধাৰণাবোৰ পূৰ্ব-সিদ্ধান্ত।

Class 12 Sociology Solutions – সমাজতত্ত্ব

Sl. No.সূচী-পত্ৰLink
Unit 1প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ গঠনClick Here
Chapter 2সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্তনClick Here
Chapter 3সামাজিক বৈষম্য আৰু বৰ্জনClick Here
Chapter 4অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহClick Here
Chapter 5প্রকল্প কার্যClick Here
Unit 2দ্বিতীয় খণ্ড : ভাৰতত সামাজিক পৰিবৰ্তন আৰু বিকাশ
Chapter 6ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়াClick Here
Chapter 7সামাজিক পৰিবৰ্তন আৰু ৰাজনীতিClick Here
Chapter 8সামাজিক পৰিবৰ্তন আৰু অর্থনীতিClick Here
Chapter 9সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্রClick Here
Chapter 10সামাজিক আন্দোলনসমূহClick Here

১৪। অস্পৃশ্যতা কি?

উত্তৰঃ শব্দগত অৰ্থত ‘অস্পৃশ্য’ শব্দৰ অৰ্থ হৈছে যাক স্পৰ্শ কৰিব নোৱাৰি। হিন্দু সমাজৰ সংস্তৰণ ব্যৱস্থাৰ একেবাৰে নিম্নস্তৰত থকা লোকসকলকেই অস্পৃশ্য জাতি বুলি কোৱা হয় । এই লোকসকলক চাৰি জাতিৰ বাহিৰৰ জাতি বুলি কোৱা হয়। আন অৰ্থত অস্পৃশ্যতা হৈছে এনে এটা সামাজিক ব্যৱস্থা য’ত অনুসূচীত জাতিৰ লোকসকলক উচ্চ জাতিৰ লোকসকলে অপবিত্ৰ বুলি গণ্য কৰি বিভিন্ন সামাজিক কাৰ্যৰ পৰা বিৰত ৰাখে৷

১৫। ভাৰতীয় ভাষাত ‘দলিত’ শব্দৰ শব্দগত অর্থ কি ? 

উত্তৰঃ শব্দগতভাৱে দলিত’ শব্দই ‘নিপীড়িত’ক বুজায় আৰু বশীভূত মানুহক নিৰ্দেশিত কৰে ৷ অস্পৃশ্য সম্প্রদায়ক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হয় ।

১৬৷ দলিত’শব্দটো ডঃ আম্বেদকাৰে প্ৰথম ব্যৱহাৰ কৰিছিল। ভুল/শুদ্ধ?

উত্তৰঃ ভুল

১৭। অনিতা ঘাই কোন?

উত্তৰঃ অনিতা ঘাই হৈছে ভাৰতীয় অক্ষম লোকসকলৰ এগৰাকী নেতৃস্থানীয় সক্রিয় কর্মী আৰু পণ্ডিত। তেখেতে যুক্তি দৰ্শাইছে যে প্রতিবন্ধীৰ এই অদৃশ্যতাক ৰাল্‌ফ্‌ এলিচনৰ আদৃশ্য সৈতে তুলনা কৰিব পাৰি।

(খ) চমু প্রশ্নোত্তৰ : মূল্যাংক : ২/৩

১ । জনজাতীয় লোকৰ চাৰিটা সমস্যা উল্লেখ কৰা।

উত্তৰঃ (১) আর্থিক সমস্যাসমূহ :

(ক) ঝুম খেতিৰ সমস্যা : কৃষিয়েই জনজাতিসকলৰ জীৱিকাৰ প্ৰধান সম্বল৷ তেওঁলোকে যি পদ্ধতিৰে ঝুম খেতি কৰে সেই পদ্ধতি উন্নত নোহোৱাৰ বাবে উৎপাদন কম হয়। সেয়ে তেওঁলোক আর্থিক সমস্যাৰ সন্মুখীন হৈছে।

(খ) বনজ সম্পদ সম্পৰ্কীয় সমস্যা : জনজাতিসকলে বনজ সম্পদবোৰ নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিছিল। বর্তমান বনজ সম্পদৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ প্ৰৱৰ্তন হোৱাত তেওঁলোকে ব্যক্তিগত অর্থনৈতিক কামত এইবোৰ ইচ্ছাকৃতভাৱে ব্যৱহাৰ কৰিব নোৱাৰ হ’ল। ফলত এওঁলোক আর্থিক সংকটত ভূগিছে।

(গ) ভূমি সংস্কাৰৰ পৰা উদ্ভৱ হোৱা সমস্যা : ভূমি সংস্কাৰৰ ফলত জনজাতিসকল নিজৰ ইচ্ছানুযায়ী যিকোনো মাটি কৃষিকাৰ্যৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰা হ’ল। ভূমিহীন জনজাতীয় লোকসকলে সেয়ে অর্থনৈতিক নাটনিত পৰিব লগা হ’ল।

(ঘ) ঋণগ্ৰস্ততাৰ সমস্যা : আর্থিক সংকটত পৰা এই জনজাতিসকলে ঋণৰ আশ্ৰয় লয়। এই ঋণ পৰিশোধৰ বাবে শেষত জনজাতিসকলে ভূ-সম্পত্তি পর্যন্ত হেৰুৱাব লগা হয়।

(ঙ) উদ্যোগিক শ্রমিকৰ সমস্যা : বৰ্তমানৰ অৰ্থনীতিত উদ্যোগ খণ্ডই বিশেষ প্ৰভাৱ পেলায় এওঁলোক শিক্ষাৰ ক্ষেত্ৰত পিছপৰি থকাৰ বাবে উদ্যোগসমূহত অতি নিম্ন বেতনত শ্রমিক হিচাপে কাম কৰিবলগা হয়। ফলত এওঁলোকৰ আৰ্থিক অৱস্থা অতি শোচনীয়। 

(২) সামাজিক সমস্যাসমূহঃ

(ক) বাল্যবিবাহ : জনজাতি লোকসকলৰ অন্যতম সমস্যা হ’ল বাল্যবিবাহ সম্পৰ্কীয় সমস্যা। বাল্যবিবাহৰ পৰিপ্ৰেক্ষিতত কম বয়সীয়া ল’ৰা-ছোৱালীবোৰ শাৰিৰীক আৰু মানসিক উভয় ক্ষেত্ৰততেই অপকাৰ সাধন হয়।

(খ) কন্যামূল্য : কন্যামূল্য জনজাতীয় সমাজৰ আন এক জ্বলন্ত সমস্যা। বহুতো জনজাতিৰ মাজত কন্যা-মূল্য দি বিয়া কৰোৱাৰ নীতি-নিয়ম প্রচলিত হৈ আহিছে। ইয়াৰ ফলত দুখীয়া পৰিয়ালবোৰৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে।

(গ) যুৱগৃহৰ পতন : জনজাতি সমাজত প্ৰচলন থকা যুৱগৃহ উঠি অহা ডেকা-গাভৰুসকলৰ বাবে শিক্ষাকেন্দ্ৰ স্বৰূপ আছিল। সম্প্রতি যুৱগৃহৰ পতন ঘটিছে। ফলস্বৰূপে, জনজাতীয় সমাজত বহুতো সমস্যাই দেখা দিছে।

(ঘ) বেশ্যাবৃত্তি সম্পৰ্কীয় সমস্যা : বেশ্যাবৃত্তিয়ে জনজাতীয় সমাজত সুস্থ পৰম্পৰা ৰক্ষা কৰাত বাধাৰ সৃষ্টি কৰিছে। ইয়াৰ উপৰি প্ৰাক্ বৈবাহিক তথা বিবাহ বহির্ভূত যৌন সম্বন্ধয়ো জনজাতীয় সমাজত নানা সমস্যাৰ সৃষ্টি কৰিছে।

২। হৰ্জিনসকলক শিক্ষা লাভৰ বাবে কেনেকৈ উদগণি যোগাব পাৰি? 

উত্তৰঃ শিক্ষাৰ অধিকাৰ আইনে জাতি-বর্ণ-ধৰ্ম-ভাষা নির্বিশেষে ৬ ৰ পৰা ১৪ বছৰ বয়সৰ  সকলো শিশুৰে বাবে বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰিছে। ইয়াৰোপৰি হৰিজনসকলৰ বাবে জলপানিৰ ব্যৱস্থা কৰি, উচ্চ শিক্ষাৰ অনুষ্ঠানবোৰত আসন সংৰক্ষণ কৰি, চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা কৰি তেওঁলোকক শিক্ষালাভৰ বাবে অনুপ্রাণিত কৰিব পাৰি।

৩ । ভাৰতীয় নাৰীৰ ওপৰত পশ্চিমীয়া শিক্ষাৰ প্ৰভাৱ কেনে আছিল ?

উত্তৰঃ ইতিহাসৰ পাঠ লুটিয়াল দেখা যায় যে, মনুৰ সময়ৰ পৰাই ভাৰতীয় নাৰীৰ প্ৰস্থিতি

নিম্নগামী হয়। কিন্তু পশ্চিমীয়া শিক্ষাৰ প্ৰভাৱে ভাৰতীয় নাৰীৰ প্ৰস্থিতিৰ পৰিৱৰ্তন আনিছিল । বৃটিছসকল ভাৰতলৈ অহাৰ সমসাময়িক কালত ভাৰতবৰ্ষৰ মুষ্টিমেয় কেইজনমান ব্যক্তিৰ দূৰদৰ্শী চিন্তা-চৰ্চাৰ ফলত কিছুমান স্বেচ্ছাসেৱী সংগঠনৰ জন্ম হৈছিল। ৰাজাৰামমোহন ৰয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, দয়ানন্দ সৰস্বতী আদিৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই সংগঠনসমূহৰ দ্বাৰা ভাৰতীয় সমাজত প্ৰচলিত হৈ অহা কু-সংস্কাৰ সমূহ দূৰীকৰণৰ বাবে সাংগঠনিকভাৱে প্রচেষ্টা চলোৱা হৈছিল। নাৰীসকলক সমাজে কৰি অহা অন্যায় আৰু অৱহেলাৰ বিপক্ষেও এক সংস্কাৰমুখী জাগৰণ গঢ়ি তোলা হৈছিল। তদুপৰি, নাৰীসকলৰ সপক্ষে আইন-কানুন প্ৰয়োগ কৰিবলৈকো চৰকাৰক হেঁচা প্ৰয়োগ কৰা হৈছিল। সেইদৰেই নাৰী শিক্ষাৰ প্ৰসাৰ, ভাৰতৰ স্বাধীনতা সংগ্ৰামত নাৰীৰ সক্রিয় ভূমিকা গ্ৰহণ আদিৰ ফলত নাৰীৰ সামাজিক প্ৰস্থিতিৰ উন্নতি ঘটে।

স্বাধীনতাৰ পাছত ভাৰতীয় নাৰীৰ সামাজিক প্ৰস্থিতি আৰু উৰ্দ্ধগামী হয়৷ ভাৰতীয় নাৰীৰ প্ৰস্থিতিৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত কিছুমান আইনে বিশেষ অৰিহনা আগবঢ়াইছে। বৰ্তমান ভাৰতীয় নাৰী শিক্ষা, ৰাজনীতি, অর্থনীতি আদি দিশত দ্রুতভাৱে আগবাঢ়ি গৈছে। ভাৰতীয় নাৰীয়ে ৰাষ্ট্রপতি, প্রধানমন্ত্রী, কেন্দ্ৰীয় মন্ত্ৰী, ৰাষ্ট্ৰসংঘলৈ ভাৰতীয় প্রতিনিধি, কূটনৈতিক বিষয়া আদিৰ আসনো অলংকৃত কৰিবলৈ সক্ষম হৈছে।

তথাপি এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে ভাৰতৰ অধিক সংখ্যক জনসাধাৰণৰ মাজত পুৰুষ আৰু নাৰীৰ প্ৰস্থিতিৰ পাৰ্থক্য এতিয়াও দেখিবলৈ পোৱা যায়৷

8 ।  অক্ষমতা আৰু দৰিদ্ৰতাৰ মাজৰ সম্পৰ্ক কেনে?

উত্তৰঃ  অক্ষমতা আৰু দৰিদ্ৰতাৰ মাজত এক নিবিড় সম্বন্ধ থকা দেখা যায়। দুখীয়া মানুহৰ মাজত দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা অধিক থাকে গতিকে অক্ষমতা বৃদ্ধিৰ দুৰ্ভাৱনাও থাকে। যেনে সঘনে সন্তান জন্ম দিয়া কাৰ্য্যই মাতৃসকলক দুর্বল কৰি তোলে আৰু পৰিপুষ্টিৰ অভাৱ তথা প্ৰতিষোধক কাৰ্য্যসূচীৰ অভাৱে শিশুসকলক অক্ষম কৰি তোলা সম্ভাৱনা বঢ়ায়৷ আনহাতে অক্ষমতাই কেৱল ব্যক্তিজনকে নহয় পৰিয়ালটোকো একাষৰীয়া কৰে আৰু আৰ্থিক অনাটন বঢ়াই দৰিদ্ৰতা সৃষ্টি কৰে।

৫ । আধুনিক যুগত কোন কেইজন সমাজ সংস্কাৰকে মহিলাৰ কল্যাণৰ অৰ্থে কাম কৰিছিল?

উত্তৰঃ ৰাজা ৰামমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, দয়ানন্দ সৰস্বতী, এম.জি. ৰাণাড়ে, জ্যোতি ফুলে, চাৰ চৈয়দ আহমেদ খান আদিয়ে।

৬ ।‌জনজাতীয় লোকসকলক শিক্ষালাভৰ বাবে কেনেকৈ অনুপ্রাণিত কৰিব পাৰি? 

উত্তৰঃ জনজাতীয় লোক বসবাস কৰা অঞ্চলবোৰত বিদ্যালয় স্থাপন কৰি, স্কুলীয়া ছাত্রছাত্ৰীক বিনামূলীয়া কিতাপ-বহী, স্কুল বেগ, ইউনিফর্ম, আদিব যোগান ধৰি, স্কুলীয়া ছাত্রছাত্ৰীক মধ্যাহ্ন ভোজনৰ যোগান ধৰি শিক্ষালাভৰ বাবে অনুপ্রাণিত কৰিব পাৰি। ইতিমধ্যেই ভাৰত চৰকাৰে উপৰুক্ত ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে। ইয়াৰোপৰি শিক্ষানুষ্ঠানত বিশেষকৈ উচ্চ শিক্ষা প্রতিষ্ঠানবোৰত জনজাতিসকলৰ বাবে আসন সংৰক্ষণ কৰি তথা উপযুক্ত জলপানি প্ৰদান কৰি আৰু চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা কৰিও জনজাতিসকলক শিক্ষালাভব বারে অনুপ্রাণিত কৰিব পাৰি৷

৭। জনজাতীয় লোকসকলে সন্মুখীন হোৱা সমস্যাবোৰ কি কি ? 

উত্তৰঃ (১) আর্থিক সমস্যাসমূহ :

(ক) ঝুম খেতিৰ সমস্যা : কৃষিয়েই জনজাতিসকলৰ জীৱিকাৰ প্ৰধান সম্বল। তেওঁলোকে যি পদ্ধতিৰে ঝুম খেতি কৰে সেই পদ্ধতি উন্নত নোহোৱাৰ বাবে উৎপাদন কম হয়। সেয়ে তেওঁলোক আর্থিক সমস্যাৰ সন্মুখীন হৈছে।

(খ) বনজ-সম্পদ সম্পৰ্কীয় সমস্যা : জনজাতিসকলে বনজ সম্পদবোৰ নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিছিল ৷ বৰ্তমান বনজ সম্পদৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ প্ৰৱৰ্তন হোৱাত তেওঁলোকে ব্যক্তিগত অৰ্থনৈতিক কামত এইবোৰ ইচ্ছাকৃতভাৱে ব্যৱহাৰ কৰিব নোৱাৰা হ’ল ৷ ফলত এওঁলোক আর্থিক সংকটত ভূগিছে।

(গ) ভূমি সংস্কাৰৰ পৰা উদ্ভৱ হোৱা সমস্যা :  ভূমি সংস্কাৰৰ ফলত জনজাতিসকল নিজৰ ইচ্ছানুযায়ী যিকোনো মাটি কৃষিকাৰ্যৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰা হ’ল। ভূমিহীন জনজাতীয় লোকসকলে সেয়ে অর্থনৈতিক নাটনিত পৰিব লগা হ’ল।

(ঘ) ঋণগ্ৰস্ততাৰ সমস্যা : আর্থিক সংকটত পৰা এই জনজাতিসকলে ঋণৰ আশ্ৰয় লয়। এই ঋণ পৰিশোধৰ বাবে শেষত জনজাতিসকলে ভূ-সম্পত্তি পর্যন্ত হেৰুৱাব লগা হয়।

(ঙ) উদ্যোগিক শ্ৰমিকৰ সমস্যা : বৰ্তমানৰ অৰ্থনীতিত উদ্যোগ খণ্ডই বিশেষ প্ৰভাৱ পেলায়। এওঁলোক শিক্ষাৰ ক্ষেত্ৰত পিছপৰি থকাৰ বাবে উদ্যোগসমূহত অতি নিম্ন বেতনত শ্রমিক হিচাপে কাম কৰিবলগা হয়। ফলত এওঁলোকৰ আৰ্থিক অৱস্থা অতি শোচনীয়।

(২) সামাজিক সমস্যাসমূহঃ

(ক) বাল্যবিবাহ : জনজাতি লোকসকলৰ অন্যতম সমস্যা হ’ল বাল্যবিবাহ সম্পৰ্কীয় সমস্যা। বাল্যবিবাহৰ পৰিপ্ৰেক্ষিতত কম বয়সীয়া ল’ৰা-ছোৱালীবোৰ শাৰিৰীক আৰু মানসিক উভয় ক্ষেত্ৰততেই অপকাৰ সাধন হয়।

(খ) কন্যামূল্য : কন্যামূল্য জনজাতীয় সমাজৰ আন এক জ্বলন্ত সমস্যা। বহুতো জনজাতিৰ মাজত কন্যা-মূল্য দি বিয়া কৰোৱাৰ নীতি-নিয়ম প্রচলিত হৈ আহিছে। ইয়াৰ ফলত দুখীয়া পৰিয়ালবোৰৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে।

(গ) যুৱগৃহৰ পতন : জনজাতি সমাজত প্ৰচলন থকা যুৱগৃহ উঠি অহা ডেকা-গাভৰুসকলৰ বাবে শিক্ষাকেন্দ্ৰ স্বৰূপ আছিল। সম্প্ৰতি যুৱগৃহৰ পতন ঘটিছে। ফলস্বৰূপে, জনজাতীয় সমাজত বহুতো সমস্যাই দেখা দিছে।

(ঘ) বেশ্যাবৃত্তি সম্পৰ্কীয় সমস্যা : বেশ্যাবৃত্তিয়ে জনজাতীয় সমাজত সুস্থ পৰম্পৰা ৰক্ষা কৰাত বাধাৰ সৃষ্টি কৰিছে। ইয়াৰ উপৰি প্ৰাক্ বৈবাহিক তথা বিবাহ বহির্ভূত যৌন সম্বন্ধয়ো জনজাতীয় সমাজত নানা সমস্যাৰ সৃষ্টি কৰিছে। 

(৩) সাংস্কৃতিক সমস্যাৱলীঃ

(ক) সাংস্কৃতিক ভিন্নতা : ভাৰতৰ বিভিন্ন ঠাইত বসবাস কৰা বিভিন্ন জনজাতিৰ মাজত সাংস্কৃতিক ভিন্নতা আছে। ৰীতি-নীতি, খাদ্যভ্যাস, ধৰ্ম, সমাজ ব্যৱস্থা, সাজ-পাৰ এই সকলোবোৰ একে নহয়। সাংস্কৃতিক ভিন্নতাৰ বাবে বিভিন্ন জনজাতিৰ মাজত সামাজিক আদান-প্ৰদানত অসুবিধাৰ সৃষ্টি হৈছে। ফলত জনজাতিসকল কিছুমান সমস্যাৰ সন্মুখীন হৈছে।

(খ) ভাষা সম্বন্ধীয় সমস্যা : জনজাতিসকলৰ মাজত দোৱানৰ প্ৰচলন আছে। এই দোৱান অজনজাতীয় লোকে নাজানে বাবে ভাৱৰ বিনিময় কৰোতে আন ভাষা গ্রহণ কৰিবলগীয়া হয়। ইয়াৰ ফলত ভাষাৰ ক্ষেত্ৰত জনজাতিসকলৰ মাজত নানা সমস্যাই দেখা দিছে।

(গ) ধর্মীয় সমস্যা : একোখন জনজাতীয় সমাজত বিভিন্ন ধৰ্মৰ প্ৰতি দায়বদ্ধ লোক বসবাস কৰে আৰু ধৰ্মভেদে জনজাতিসকলৰ মাজত থকা প্ৰভেদে পৰম্পৰাগত ঐক্য সম্প্ৰীতি বিনষ্ট কৰি সমস্যাৰ সৃষ্টি কৰিছে।

৮। ৰাজ্য চৰকাৰে জনজাতিসকলৰ কল্যাণৰ বাবে কেনে ধৰণৰ কাৰ্য্যসচী গ্ৰহণ কৰিছে? 

উত্তৰঃ স্বাধীনোত্তৰ কালত জনজাতিসকলৰ উন্নয়ন আৰু সমস্যাসমূহ সমাধানৰ বাবে ভাৰতীয় সংবিধানে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছে।

এই ব্যবস্থাসমূহ হ’ল:

(ক) সংবিধানৰ ১৫ নং অনুচ্ছেদ অনুসৰি সকলো নাগৰিকৰে সমান অধিকাৰ আৰু সং সুবিধা লাভ কৰাৰ ওপৰত গুৰুত্ব দিছে। জনজাতি লোকসকলকো ইয়াত সামৰি লোৱা লৈছে।

(খ) সংবিধানৰ ১৯ আৰু ১৬ নং দফা মতে অনুসূচীত জনজাতিৰ লোকে চাকৰি আৰু শিক্ষানুষ্ঠানত নামভৰ্ত্তিৰ অধিকাৰ পাইছে।

(গ) সংবিধানৰ ৪৬ নং দফাত অনুসূচীত জনজাতি লোকৰ বাবে শৈক্ষিক আৰু আৰ্থিক সুৰক্ষা প্ৰদান আৰু তেওঁলোকৰ সামাজিক শোষণ আৰু অন্যায়ৰ পৰা মুক্ত ৰাখিবলৈ ৰাজ্য চৰকাৰসমূহক নির্দেশ দিছে।

(ঘ) সংবিধানৰ ১৯(৫) নং অনুচ্ছেদ অনুসৰি জনজাতিসকলৰ সম্পত্তিৰ ওপৰত অধিকাৰ থকাৰ লগতে ভাৰতবৰ্ষৰ যিকোনো স্থানতে এই অধিকাৰ উপভোগ কৰাৰ কৰ্তৃত্ব থাকিব।

(ঙ) সংবিধানৰ ১৬(৪), 220(4) আৰু ৩৩৫ নং অনুচ্ছেদ অনুসৰি সকলো ক্ষেত্ৰতে প্রধানতঃ চৰকাৰী চাকৰি আদিত মকৰলৰ ক্ষেত্ৰত জনজাতিসকলক বিশেষ সুবিধা প্ৰদান কৰা হৈছে।

(চ) সংবিধানৰ দফা ৩৩০, ৩৩২ আৰু ৩৩৪ ৰ মতে, লোকসভা আৰু ৰাজ্যিক বিধান সভালৈ জনজাতীয় লোকৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা আছে।

(ছ) জনজাতিৰ সমস্যা সমাধান আৰু উন্নয়নৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানে গ্ৰহণ কৰা আন আন দিশসমূহ হ’ল—

(a) সৰ্বভাৰতীয় চাকৰিৰ ক্ষেত্ৰত অনুসূচীত জনজাতিৰ বাবে পাঁচ শতাংশ আসন সংৰক্ষণ।

(b) পদোন্নতিৰ ক্ষেত্ৰত জনজাতিৰ বাবে সংৰক্ষণ ব্যৱস্থা।

(c) বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানত বয়সৰ সীমা, উপযুক্ততা শিক্ষা আৰু অৰ্হতা আদিৰ দিশত বিশেষ ৰেহাই।

(d) জনজাতি অধ্যুষিত এলেকাত বন্ধুৱা নিবনুৱাৰ (Bonded Labour) নিষেধ আদি।

৯ । অস্পৃশ্য জাতিসমূহক কি কি নামেৰে জনা যায় ?

উত্তৰঃ শব্দগত অৰ্থত ‘অস্পৃশ্য’ শব্দৰ অৰ্থ হৈছে যাক স্পৰ্শ কৰিব নোৱাৰি। হিন্দু সমাজৰ সংস্তৰণ ব্যৱস্থাৰ একেবাৰে নিম্নস্তৰত থকা লোকসকলকেই অস্পৃশ্য জাতি বুলি কোৱা হয়। এই লোকসকলক চাৰি জাতিৰ বাহিৰৰ জাতি বুলি কোৱা হয়। আন অৰ্থত অস্পৃশ্যতা হৈছে এনে এটা সামাজিক ব্যৱস্থা য’ত অনুসূচীত জাতিৰ লোকসকলক উচ্চ জাতিৰ লোকসকলে অপবিত্ৰ বুলি গণ্য কৰি বিভিন্ন সামাজিক কাৰ্যৰ পৰা বিৰত ৰাখে। অস্পৃশ্য জাতিসমূহক দলিত, হৰিজন আদি নামেৰে জনা যায় ।

১০। মহিলাৰ সামাজিক মৰ্য্যদাত সংস্কাৰ আন্দোলনসমূহে কেনে প্ৰভাৱ পেলাইছিল? 

উত্তৰঃ ঊনৈশ শতিকাত কেইজনমান পশ্চিমীয়া উচ্চ শিক্ষাৰে শিক্ষিত সমাজ সংস্কাৰকৰ প্ৰচেষ্টাত ভাৰতীয় সমাজত প্ৰচলিত হৈ থকা কু-সংস্কাৰসমূহ দূৰীকৰণৰ বাবে সাংগঠনিকভাৱে প্ৰচেষ্টা চলোৱা হৈছিল৷ ৰাজা ৰামমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, দয়ানন্দ সৰস্বতী, চাৰ চৈয়দ আহমেদ খানৰ তৎপৰতাত সৃষ্টি হোৱা এনে সংস্কাৰ আন্দোলনবোৰে মহিলাৰ মৰ্য্যাদা বৃদ্ধিত সহায় কৰিছিল । সতীদাহ প্রথাৰ বিৰোধিতা কৰা, বাল্য বিবাহৰ প্ৰচলন বন্ধ কৰাৰ দাবী, মহিলাৰ শিক্ষাৰ দাবী তথা লিংগ বৈষম্যৰ বিৰোধিতা কৰি সৃষ্টি হোৱা সংস্কাৰ আন্দোলনে মহিলাৰ সামাজিক মৰ্য্যাদা বৃদ্ধিত অৰিহণা যোগাইছিল।

১১৷ নাৰীৰ সামাজিক মৰ্য্যদা বৃদ্ধি হোৱাৰ কাৰণবোৰ কি কি?

উত্তৰঃ বৈদিক যুগত ভাৰতীয় নাৰীৰ সামাজিক স্থান পুৰুষৰ সমানেই আছিল। কিন্তু প্রায় খৃঃপূঃ ৩০০ বছৰৰ পৰা তেওঁলোকৰ প্ৰস্থিতি পুৰুষতকৈ নিম্নতৰ হয়। সাম্প্রতিক কালত ভাৰতীয় নাৰীৰ প্ৰস্থিতি পুনৰ পুৰুষৰ সমপৰ্যায়ৰ হৈ পৰিছে। ভাৰতীয় নাৰীৰ এই পৰিৱৰ্তনৰ আঁৰত কিছুমান কাৰক জড়িত হৈ আছে।

এই কাৰকসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল –

(ক) সমাজ সংস্কাৰ আন্দোলন: কেইজনমান সমাজ সংস্কাৰকৰ প্ৰচেষ্টাত ভাৰতীয় সমাজত প্ৰচলিত হৈ অহা কু-সংস্কাৰ সমূহ দূৰীকৰণৰ বাবে সাংগঠনিকভাৱে প্ৰচেষ্টা চলোৱা হৈছিল ৷ ৰাজা ৰামমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, দয়ানন্দ সৰস্বতী আদিৰ প্ৰচেষ্টাত ভাৰতীয় নাৰীৰ প্ৰস্থিতি পুনৰ পুৰুষৰ সমানে হোৱাৰ উপক্ৰম ঘটে।

(খ) বিভিন্ন আইন : ভাৰতীয় সমাজ সংস্কাৰক ব্যক্তিসকল আৰু ইংৰাজৰ প্ৰচেষ্টাত কেবাখনো আইন প্রণয়ন কৰা হয়। মহিলাৰ ক্ষেত্ৰত প্ৰণয়ন কৰা এই আইনসমূহে ভাৰতীয় নাৰীৰ প্ৰস্থিতিৰ পৰিৱৰ্তনত অৰিহনা যোগায়।

(গ) নাৰী বিপ্লৱ : নাৰীসকলেও সাংগঠনিক প্ৰচেষ্টাৰে তেওঁলোকৰ মাজত জাগৰণ আনিবলৈ বৈপ্লৱিক পদক্ষেপ আগবঢ়াইছিল। এই বিপ্লৱৰ ফলতো নাৰীৰ সামাজিক প্ৰস্থিতিৰ যথেষ্ট পৰিৱৰ্তন ঘটে।

(ঘ) নাৰী শিক্ষা : সমাজ সংস্কাৰ আন্দোলনৰ লগে লগে নাৰী শিক্ষাৰ বাবেও ১৯ শতিকাৰ আৰম্ভণিৰ পৰা আন্দোলন আৰম্ভ হয়। বৰ্তমান নাৰীয়ে শিক্ষা গ্ৰহণ কৰি | পুৰুষৰ সমানে আগবাঢ়ি যাবলৈ সক্ষম হয়।

(ঙ) স্বাধীনতা আন্দোলন : ভাৰতৰ স্বাধীনতা আন্দোলনত নাৰীসকলেও অংশগ্রহণ কৰি যোগ্যতা আৰু দক্ষতাৰ যি পৰিচয় দাঙি ধৰিলে; তাৰ দ্বাৰা ভাৰতীয় নাৰীৰ প্ৰস্থিতিত উল্লেখযোগ্য পৰিৱৰ্তন আহিল ।

১২। ভাৰতীয় সমাজত মহিলাৰ প্ৰস্থিতি (মৰ্য্যাদা) নিম্ন হোৱাৰ কাৰণবোৰ কি ? 

উত্তৰঃ বৈচিত্রময় ভাৰতীয় সমাজত নাৰীৰ প্ৰস্থিতিও বৈচিত্রপূৰ্ণ। যুগে যুগে নাৰীসকলৰ সামাজিক স্থান উত্থান-পতনৰ মাজেদি আহি আছে। প্রাচীন সময়ত পুৰুষৰ দৰে নাৰীৰ প্ৰস্থিতিও যথেষ্ট উন্নত আছিল। সেই কালত গার্গী, অত্রেয়ী, মৈত্রেয়ী আদি বেদজ্ঞ নাৰী পণ্ডিত আছিল। এনেবোৰ তথ্যই প্রমাণ কৰে যে, পৌৰানিক যুগত ভাৰতীয় নাৰীৰ সামাজিক প্ৰস্থিতি উচ্চ আছিল

ইতিহাসৰ পাত লুটিয়ালে দেখা যায় মনুৰ সময়ৰ পৰা ভাৰতীয় নাৰীৰ সামাজিক প্ৰস্থিতি অৱনমিত হয়। এই কালত নাৰীক বেদ-পাঠ, শাস্ত্ৰ অধ্যয়ন আদিৰ অনুমতি দিয়া নাছিল । সেই সময়ত প্ৰসাৰতা লাভ কৰা বৌদ্ধ আৰু জৈন ধৰ্ময়ো নাৰীৰ সামাজিক প্রস্থিতি নিম্নগামী কৰাত অৰিহনা যোগায়।

মধ্যযুগত ভাৰতীয় নাৰীৰ সামাজিক প্ৰস্থিতি অধিক নিম্নগামী হয়। সেই সময়ৰ সমাজ-ব্যৱস্থাত সমসাময়িক ভাৱে উদ্ভৱ হোৱা কিছুমান বিশেষ ধৰণৰ কু-সংস্কাৰেই ইয়াৰ প্ৰধান কাৰণ৷ এনে ধৰণৰ কু-সংস্কাৰৰ ভিতৰত বাল্য বিবাহ, বিধবাৰ পুনৰ বিবাহত নিষিদ্ধতা, পর্দাপ্রথা, সতীদাহ প্ৰথা আদিয়েই আছিল প্রধান। এই কু-সংস্কাৰ সমূহৰ পৰিণতিস্বৰূপে ভাৰতীয় সমাজত নাৰীৰ জীৱনৰ গুৰুত্ব আৰু ভূমিকা কমে আৰু এনে পৰিপ্ৰেক্ষিততে এওঁলোকৰ প্ৰস্থিতি ক্ৰমাৎ নিম্নগামী হ’বলৈ ধৰে । বৈদিক যুগত ভাৰতীয় নাৰীৰ সামাজিক স্থান পুৰুষৰ সমানেই আছিল। কিন্তু প্রায় খৃঃপূঃ ৩০০ বছৰৰ পৰা তেওঁলোকৰ প্ৰস্থিতি পুৰুষতকৈ নিম্নতৰ হয়। সাম্প্ৰতিক কালত ভাৰতীয় নাৰীৰ প্ৰস্থিতি পুনৰ পুৰুষৰ সমপৰ্যায়ৰ হৈ পৰিছে। ভাৰতীয় নাৰীৰ এই পৰিৱৰ্তনৰ আঁৰত কিছুমান কাৰক জড়িত হৈ আছে।

১৩। মহিলাসকলক কেনেধৰণৰ শিক্ষা প্ৰদান কৰা উচিত ?

উত্তৰঃ ভাৰতত মহিলাৰ শিক্ষা দাবী কৰাৰ সময়ত চাৰ চৈয়দ আহমেদ খানৰ দৰে সমাজ সংস্কাৰকে মহিলাই ঘৰৰ চৌহদৰ ভিতৰতে শিক্ষা গ্ৰহণ কৰাটো বিচাৰিছিল ৷ আনহাতে দয়ানন্দ সৰস্বতীৰ দৰে সমাজ সংস্কাৰকেও নাৰী শিক্ষা দাবী কৰিছিল যদিও সেই পাঠ্যক্ৰমত ধর্মীয় নীতি-নিৰ্দেশনা, ঘৰুৱা কাম—বন, শিশু প্ৰতিপালনৰ দৰে বিষয় অন্তৰ্ভুক্ত হোৱাটো বিচাৰিছিল। কিন্তু সাম্প্রতিক সময়ত এই কথাবোৰ অতি পুৰণি যেন লাগে। বর্তমান পুরুষ মহিলা নির্বিশেষে সকলো ব্যক্তিয়ে নিজৰ পছন্দ অনুসৰি শিক্ষা লাভ কৰিব পাৰে।

১৪। সতী প্রথা বা সতীদাহ প্ৰথাৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ সতীদাহ প্রথা বা সতী প্রথা হ’ল হিন্দু সমাজ ব্যবস্থাত প্রচলিত থকা এটা প্রাচীন কুসংস্কাৰ। এই প্রথা অনুসৰি কোনো মহিলাৰ স্বামীৰ মৃত্যু হ’লে স্বামীৰ চিতাতে মহিলাগৰাকীক জীৱন্ত অৱস্থাতে জাপি দিয়া হৈছিল। ৰাজা ৰামমোহন ৰায়ে পোন প্রথমে এই কুসংস্কাৰৰ প্ৰতিবাদ কৰিছিল আৰু ইয়েই আছিল সাধাৰণ জনগণৰ দৃষ্টি আকৰ্ষণ কৰা সৰ্বপ্ৰথম নাৰীজনিত বিৰাজমান বিষয়।

১৫। অনুসূচিত জাতিসমূহৰ কিছুমান সামাজিক অক্ষমতাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ অনুসুচীত জাতিৰ লোকসকল আর্থিক ভাৱে অতি পিছপৰা।

তেওঁলোকৰ আৰ্থিক অনগ্ৰসৰতাৰ কাৰণসমূহ হ’ল —

(ক) পৰম্পৰাগত ভাৰতীয় সমাজ ব্যৱস্থাত নিম্ন জাতিৰ লোকসকলৰ কোনো ব্যক্তিগত সম্পত্তি নাছিল । উচ্চ জাতিৰ অধীনতহে তেওঁলোকে কাম কৰিছিল। বর্তমান সম্পত্তিৰ মালিকীস্বত্বৰ অধিকাৰ পাইছে যদিও তেওঁলোক এতিয়াও আর্থিকভাবে দুর্বল হৈয়েই আছে।

(খ) অনুসূচীত জাতিৰ লোকসকলে ইচ্ছামতে যিকোনো বৃত্তি গ্ৰহণ কৰিব নোৱাৰে। সেয়েহে পৰম্পৰাগতভাৱে পূৰ্বপুৰুষৰ বৃত্তিকেই গ্ৰহণ কৰাৰ ফলস্বৰূপে তেওঁলোকৰ আৰ্থিক অৱস্থা অতি দুর্বল।

(গ) অনুসূচীত জাতিৰ লোকসকল ভূমিহীন, নিজা ভুমি নথকাৰ বাবে উৎপাদনৰ সম্পূৰ্ণ অংশ তেওঁলোকে ভোগ কৰিবলৈ নাপায়। ফলস্বৰূপে তেওঁলোকৰ আৰ্থিক দিশ উন্নত হোৱা নাই ।

(ঘ) শিক্ষাৰ অভাবৰ বাবেই এই জাতিৰ লোকসকলে কম বেতনৰ চাকৰি কৰিব লগা হয়। সেয়েহে আর্থিক ক্ষেত্ৰত এওঁলোক পিছপৰা।

১৬। সামাজিক বৈষম্য কি?

উত্তৰঃ প্রত্যেক সমাজতে কিছুমান লোক আনৰ তুলনাত অধিক মাত্ৰাত মূল্যবান সম্পদ যেনে-টকা-পইচা, সম্পত্তি, শিক্ষা, স্বাস্থ্য আৰু ক্ষমতা আদিৰ অধিকাৰী হয়। সামাজিক সম্পদ আহৰণৰ ক্ষেত্ৰত থকা এই অসমান আৰ্হিবোৰকে সামাজিক বৈষম্য বোলা হয়। কিছুমান সামাজিক বৈষম্যই ব্যক্তিসকলৰ মাজৰ প্ৰকৃতিগত পার্থক্য যেনে-সমর্থতা, প্রচেষ্টা আদিৰ ভিন্নতাক বুজায়।

১৭। সামাজিক স্তৰীকৰণ কি ? ইয়াৰ বৈশিষ্ট্যসমূহ কি কি? 

উত্তৰঃ সামাজিক স্তৰীকৰণ হৈছে সমাজৰ লোকসকলক উচ্চ বা নিম্নভাৱে বিভিন্ন স্তৰত ভাগ কৰা এটা প্রক্রিয়া ।

সামাজিক স্তৰীকৰণৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) সামাজিক স্তৰীকৰণ সাধাৰণভাৱে ব্যক্তিগত পার্থক্যৰ পৰিণাম নহয়, ই হৈছে সমাজৰ এক বৈশিষ্ট্যসূচক গুণ।

(খ) সামাজিক স্তৰীকৰণ পুৰুষানুক্রমে বৰ্তী থাকে।

(গ) বিশ্বাস আৰু আদৰ্শৰ প্ৰণালীয়ে সামাজিক স্তৰীকৰণক সহায় কৰে। 

১৮৷ আদিবাসী সংগ্ৰামৰ কাৰণসমূহ কি আছিল ?

উত্তৰঃ আদিবাসীসকলৰ সংগ্ৰাম’ৰ কাৰণ বহুতো আছিল ৷ অতি প্রাচীন কালৰে পৰাই এই লোকসকল দৰিদ্ৰ, ক্ষমতাহীন আৰু সামাজিক স্থিতিৰ ক্ষেত্ৰত অৱহেলিত আছিল ৷ যিবোৰ অঞ্চলত জনজাতীয় লোকৰ বসতি ঘন তাত তেওঁলোকৰ অৰ্থনৈতিক আৰু সামাজিক অৱস্থা সচৰাচৰ অজনজাতীয় লোকতকৈ শোচনীয়। ঔপনিৱেশিক বৃটিছ চৰকাৰৰ দিনতে আৰম্ভ হোৱা খনিজ সম্পদ নিস্কাষণৰ কাৰ্য স্বাধীন ভাৰতৰ চৰকাৰৰ দিনতো অব্যাহত আছে। ইয়াৰ ফলত আদিবাসীসকলক দৰিদ্ৰতাই জুৰুলা কৰিছে। উনৈশ শতিকাৰ পাছৰে পৰা চৰকাৰে প্ৰৱৰ্তন কৰা বন সংৰক্ষণ আইনে আদিবাসীসকলৰ বহুদিনীয়া অধিকাৰ নোহোৱা কৰিলে। ইয়াৰ উপৰি, নমর্দা নদীৰ ওপৰত চৰ্দাৰ সৰোবৰ বান্ধ আৰু অন্ধ্ৰপ্ৰদেশৰ গোদাবৰী নদীৰ ওপৰত পোলাভৰম বান্ধৰ দৰে প্ৰকল্পসমূহে যথেষ্ট সংখ্যক আদিবাসীক স্থানান্তবিত কবি তেওঁলোকক অধিক অভাৱগ্ৰস্ত কৰি তুলিছে।ঢ়এনেবোৰ কাৰণতে আদিবাসীসকলৰ সংগ্ৰাম চলি আহিছে।

১৯৷ স্বাধীন ভাৰতত আদিবাসী সংগ্ৰামৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সাফল্যটো কি? 

উত্তৰঃ স্বাধীন ভাৰতত আদিবাসী সংগ্ৰামৰ আটাইতকৈ তাৎপর্যপূর্ণ বা গুৰুত্বপূৰ্ণ সাফল্য হৈছে বিহাৰত ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশত ছত্তিশগড় ৰাজ্যৰ প্ৰাপ্তি। এইটো ক্ষেত্ৰত আদিবাসীসকল আৰু তেওঁলোকৰ সংগ্ৰাম দলিত সংগ্ৰামৰ পৰা পৃথক কাৰণ আদিবাসীসকল। অবিচ্ছিন্ন অঞ্চলত কেন্দ্ৰীভূত হোৱাৰ বাবে তেওঁলোকে সুকীয়া ৰাজ্যৰ দাবী তুলিব পাৰিছে।

২০। প্রতিবন্ধীৰ সৈতে দৰিদ্ৰতাৰ সম্পৰ্ক কি?

উত্তৰঃ সমাজত এনে বহু ব্যক্তি পোৱা যায় যাক আমি শাৰীৰিকভাৱে অক্ষম বা প্রতিবন্ধী লোক বুলি কওঁ। ভালদৰে চালে দেখা যায় যে সমাজৰ লগত অক্ষমতাৰ সম্বন্ধ আছে।অক্ষমতা বা প্রতিবন্ধীৰ সৈতে দৰিদ্ৰতাৰ এক নিবিড় সম্বন্ধ দেখা যায়। পিছপৰা আৰু দৰিদ্ৰ সমাজত প্রতিবন্ধী লোকৰ সংখ্যা বেছি। পুষ্টিকৰ আহাৰৰ অভাৱ, স্বাস্থ্যসেৱাৰ সুবিধা নথকা, প্রতিষেধকৰ ব্যৱস্থা নথকা, সঘনাই কেঁচুৱা জন্ম দিয়াৰ বাবে মাতৃসকলৰ দুৰ্বলতা, বেছি সদস্য থকা পৰিয়ালত দুৰ্ঘটনা আদি কাৰণত অধিক অক্ষম ব্যক্তিৰ জন্ম হয়। অর্থাৎ অক্ষমতাৰ প্ৰভাৱ ধনী ব্যক্তিতকৈ দুখীয়াসকলৰ ওপৰত অধিক।

ৰচনাধর্মী প্রশ্নোত্তৰ : মূল্যাংক : ৪/৫

১৷ মুছলমানসকলৰ মাজত কোনে, কেনেকৈ সংস্কাৰ আন্দোলন আৰম্ভ কৰিছিল ? 

উত্তৰঃ মুছলমানসকলৰ মাজত চাৰ চৈয়দ আহমেদ খানৰ দৰে সমাজ সংস্কাৰকে সংস্কাৰ আন্দোলন আৰম্ভ কৰিছিল। তেওঁ ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰাটো বিচাৰিছিল । কিন্তু সেয়া হ’ব লাগিব ঘৰৰ চৌহদৰ ভিতৰত৷ বেগম ৰূ’কেয়া শ্বেখায়তৰ দৰে মহিলাই তেখেতৰ লেখনী যোগেদি মুছলমান সমাজত থকা কু-সংস্কাৰবোৰ আঙুলিয়াই দেখুৱাইছিল তেওঁ উর্দু, বঙালী আৰু ইংৰাজী ভাষাত সাহিত্য চৰ্চা কৰিছিল।

২ । অনুসূচিত জাতিসমূহে সন্মুখীন হোৱা সমস্যাবোৰ কি কি ?

উত্তৰঃ অনুসূচিত জাতিসমূহে সন্মুখীন হোৱা সমস্যাবোৰ হ’ল—

(ক) নিম্ন সামাজিক স্থান : পৰম্পৰাগত হিন্দু সামাজিক সংস্তৰণ পদ্ধতিত অনুসূচীত জাতিৰ লোকসকলে নিম্ন সামাজিক প্ৰস্থিতি লাভ কৰিছে। ৰক্ষণশীল সমাজ ব্যৱস্থাত অনুসূচীত জাতিৰ লোকসকলে উচ্চ জাতিৰ সৈতে খোৱা-বোৱা, সামাজিক আদান-প্রদান, বৈবাহিক সম্বন্ধ আদি কৰাৰ পৰা বিৰত থাকিব লগা হৈছিল। ফলস্বৰূপে, তেওঁলোকে বিভিন্ন দিশত পিছপৰি থাকিব লগা হ’ল ৷

(খ) শিক্ষা সমস্যা : হিন্দু সমাজ ব্যৱস্থাত অনুসূচীত জাতিৰ লোকসকলে প্ৰাচীন কালৰে পৰা শিক্ষা গ্ৰহণৰ সুবিধা পোৱা নাছিল। শিক্ষাৰ অনগ্ৰসৰতাৰ ফলত অনুসূচীত জাতিৰ লোকসকলে উচ্চ প্ৰস্থিতিৰ সামাজিক জাতিসমূহৰ লগত সমানে আগবাঢ়িব পৰা নাই ৷

(গ) আর্থিক সমস্যা : অনুসূচীত জাতিৰ লোকসকল আর্থিক ভাৱে অতি পিছপৰা। তেওঁলোকৰ আৰ্থিক অনগ্ৰসৰতাৰ কাৰণসমূহ হ’ল—

(a) পৰম্পৰাগত ভাৰতীয় সমাজ ব্যৱস্থাত নিম্ন জাতিৰ লোকসকলৰ কোনো ব্যক্তিগত সম্পত্তি নাছিল। উচ্চ জাতিৰ অধীনতহে তেওঁলোকে কাম কৰিছিল। বৰ্তমান সম্পত্তিৰ মালিকীস্বত্বৰ অধিকাৰ পাইছে যদিও তেওঁলোক এতিয়াও আর্থিকভাৱে দুৰ্বল হৈয়েই আছে।

(b) অনুসূচীত জাতিৰ লোকসকলে ইচ্ছামতে যিকোনো বৃত্তি গ্ৰহণ কৰিব নোৱাৰে। সেয়েহে পৰম্পৰাগতভাৱে পূৰ্বপুৰুষৰ বৃত্তিকেই গ্ৰহণ কৰাৰ ফলস্বৰূপে তেওঁলোকৰ আৰ্থিক অৱস্থা অতি দুৰ্বল ৷

(c) অনুসূচীত জাতিৰ লোকসকল ভূমিহীন, নিজা ভূমি নথকাৰ বাবে উৎপাদনৰ সম্পূৰ্ণ অংশ তেওঁলোকে ভোগ কৰিবলৈ নাপায়। ফলস্বৰূপে তেওঁলোকৰ আৰ্থিক দিশ উন্নত হোৱা নাই ।

(d) শিক্ষাৰ অভাবৰ বাবেই এই জাতিৰ লোকসকলে কম বেতনৰ চাকৰি কৰিব লগা হয়। সেয়েহে আর্থিক ক্ষেত্ৰত এওঁলোক পিছপৰা

(ঘ) ধর্মীয় সমস্যা : ধৰ্মীয় ক্ষেত্ৰতো এই জাতিৰ লোকসকলে নিম্ন প্ৰস্থিতি লাভ কৰিছে। উচ্চ সংৰক্ষণশীল হিন্দু বৰ্ণৰ লোকসকলে অনুসূচীত জাতিৰ লোকসকলৰ সৈতে একেলগে পূজা-অৰ্চনা কৰা, বেদ পাঠ, মন্ত্র পাঠ আদিৰ দৰে ধৰ্মীয় কার্যত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে। আনকি উচ্চ বৰ্ণৰ হিন্দু মন্দিৰত হৰিজনসকলৰ প্ৰৱেশৰ ক্ষেত্ৰতো বাধা দেখা যায়।

(ঙ) ৰাজনৈতিক সমস্যা : ৰাজনৈতিক ক্ষেত্ৰতো অনুসূচীত জাতিৰ লোকসকলৰ জ্ঞান সীমিত। বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থাত তেওঁলোকে নিজকে প্রতিষ্ঠিত কৰিব পৰা নাই বাবে বহু সমস্যাৰ সম্মুখীন হৈছে। এই জাতিৰ পৰা নিৰ্বাচিত ৰাজনৈতিক নেতাৰ সংখ্যা কম বাবে তেওঁলোকৰ সমস্যাসমূহ সমাধানত চৰকাৰে বিশেষ গুৰুত্ব দিয়া দেখা পোৱা নাযায় ৷

৩ । মহিলাৰ প্ৰস্থিতি বা মৰ্য্যাদাত কেনে ধৰণৰ পৰিৱৰ্তন দেখা পোৱা গৈছে? 

উত্তৰঃ বৈচিত্রময় ভাৰতীয় সমাজত নাৰীৰ প্ৰস্থিতিও বৈচিত্রপূর্ণ। যুগে যুগে নাৰীসকলৰ সামাজিক স্থান উত্থান-পতনৰ মাজেদি আহি আছে। প্রাচীন সময়ত পুৰুষৰ দৰে নাৰীৰ প্ৰস্থিতিও যথেষ্ট উন্নত আছিল ৷ সেই কালত গাৰ্গী, অত্রেয়ী, মৈত্রেয়ী আদি বেদজ্ঞ নাৰী পণ্ডিত আছিল। এনেবোৰ তথ্যই প্রমাণ কৰে যে, পৌৰানিক যুগত ভাৰতীয় নাৰীৰ সামাজিক প্ৰস্থিতি উচ্চ আছিল।

ইতিহাসৰ পাত লুটিয়ালে দেখা যায় মনুৰ সময়ৰ পৰা ভাৰতীয় নাৰীৰ সামাজিক প্ৰস্থিতি অৱনমিত হয়। এই কালত নাৰীক বেদ-পাঠ, শাস্ত্ৰ অধ্যয়ন আদিৰ অনুমতি দিয়া নাছিল। সেই সময়ত প্ৰসাৰতা লাভ কৰা বৌদ্ধ আৰু জৈন ধৰ্ময়ো নাৰীৰ সামাজিক প্রস্থিতি নিম্নগামী কৰাত অৰিহনা যোগায়।

মধ্যযুগত ভাৰতীয় নাৰীৰ সামাজিক প্ৰস্থিতি অধিক নিম্নগামী হয়। সেই সময়ৰ সমাজ ব্যৱস্থাত সমসাময়িক ভাৱে উদ্ভৱ হোৱা কিছুমান বিশেষ ধৰণৰ কু-সংস্কাৰেই ইয়াৰ প্ৰধান কাৰণ। এনে ধৰণৰ কু-সংস্কাৰৰ ভিতৰত বাল্য বিবাহ, বিধবাৰ পুনৰ বিবাহত নিষিদ্ধতা, পর্দাপ্রথা, সতীদাহ প্ৰথা আদিয়েই আছিল প্রধান। এই কু-সংস্কাৰ সমূহৰ পৰিণতিস্বৰূপে ভাৰতীয় সমাজত নাৰীৰ জীৱনৰ গুৰুত্ব আৰু ভূমিকা কমে আৰু এনে পৰিপ্ৰেক্ষিততে এওঁলোকৰ প্ৰস্থিতি ক্ৰমাৎ নিম্নগামী হ’বলৈ ধৰে।

বৃটিছসকল ভাৰতলৈ অহাৰ সমসাময়িক কালত ভাৰতবৰ্ষৰ মুষ্টিমেয় কেইজনমান ব্যক্তিৰ দূৰদৰ্শী চিন্তা-চৰ্চাৰ ফলত কিছুমান স্বেচ্ছাসেৱী সংগঠনৰ জন্ম হৈছিল। ৰাজাৰামমোহন ৰয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, দয়ানন্দ সৰস্বতী আদিৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই সংগঠনসমূহৰ দ্বাৰা ভাৰতীয় সমাজত প্ৰচলিত হৈ অহা কু-সংস্কাৰ সমূহ দূৰীকৰণৰ বাবে সাংগঠনিকভাৱে প্ৰচেষ্টা চলোৱা হৈছিল। নাৰীসকলক সমাজে কৰি অহা অন্যায় আৰু অৱহেলাৰ বিপক্ষেও এক সংস্কাৰমুখী জাগৰণ গঢ়ি তোলা হৈছিল। তদুপৰি, নাৰীসকলৰ পক্ষে আইন কানুন প্ৰয়োগ কৰিবলৈকো চৰকাৰক হেঁচা প্ৰয়োগ কৰা হৈছিল৷ সেইদৰেই নাৰী শিক্ষাৰ প্ৰসাৰ, ভাৰতৰ স্বাধীনতা সংগ্ৰামত নাৰীৰ সক্রিয় ভূমিকা গ্ৰহণ আদিৰ ফলত নাৰীৰ সামাজিক প্ৰস্থিতিৰ উন্নতি ঘটে।

স্বাধীনতাৰ পাছত ভাৰতীয় নাৰীৰ সামাজিক প্ৰস্থিতি আৰু উৰ্দ্ধগামী হয়৷ ভাৰতীয় নাৰীৰ প্ৰস্থিতিৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত কিছুমান আইনে বিশেষ অৰিহনা আগবঢ়াইছে। বৰ্তমান ভাৰতীয় নাৰী শিক্ষা, ৰাজনীতি, অর্থনীতি আদি দিশত দ্ৰুতভাৱে আগবাঢ়ি গৈছে। ভাৰতীয় নাৰীয়ে ৰাষ্ট্রপতি, প্রধানমন্ত্রী, কেন্দ্ৰীয় মন্ত্ৰী, ৰাষ্ট্ৰসংঘলৈ ভাৰতীয় প্রতিনিধি, কূটনৈতিক বিষয়া আদিৰ আসনো অলংকৃত কৰিবলৈ সক্ষম হৈছে।

তথাপি এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে ভাৰতৰ অধিক সংখ্যক জনসাধাৰণৰ মাজত পুৰুষ আৰু নাৰীৰ প্ৰস্থিতিৰ পাৰ্থক্য এতিয়াও দেখিবলৈ পোৱা যায়।

8 ।  অনুসূচিত জাতিসমূহৰ মৰ্য্যদাত কেনে ধৰণৰ পৰিৱৰ্তন দেখা পোৱা গৈছে? ব্যাখ্যা কৰা। 

উত্তৰঃ হিন্দু সমাজৰ সংস্তৰণ পদ্ধতিত নিম্ন স্তৰত বাস কৰা লোকসকলকে অনুসূচীত জাতি বা পৰম্পৰাগত অস্পৃশ্য জাতি হিচাপে জনা যায়। যিসকল লোক সামাজিক, ৰাজনৈতিক, আর্থিক, শিক্ষা, ধর্মীয় আদি দিশত সমাজৰ অনান্য শ্ৰেণীৰ লোকতকৈ পিছপৰা আৰু যিসকল লোকক পৰম্পৰাগতভাৱে হিন্দু সামাজিক সংস্তৰণৰ উচ্চ শ্ৰেণীৰ লোকসকলে হীন আৰু অস্পৃশ্য বুলি গণ্য কৰি সামাজিকভাৱে শোষণ কৰি আহিছে, সেইসকল ব্যক্তিকে অনুসূচীত জাতি বুলি ক’ব পাৰি। উদাহৰণস্বৰূপে, মদিগা, বিলাবাস, ধোবা, মোহৰ, মংগ, চমাৰ আদি । বৈদিক যুগত বৰ্ণ ব্যৱস্থা প্ৰচলিত থকা সময়ৰে পৰা অনুসূচীত জাতিৰ লোকসকলে সামাজিক, ৰাজনৈতিক, আর্থিক শিক্ষা আদি সকলো বিষয়তে সমস্যাৰ সন্মুখীন হৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে অনুসূচীত জাতিৰ লোকৰ বিকাশৰ বাবে বিভিন্ন আচঁনি গ্ৰহণ কৰিছে।

এইবোৰৰ ভিতৰত কেতবোৰ উল্লেখযোগ্য আচঁনি 

হ’ল —

(ক) বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে অনুসূচীত জাতিৰ লোকক প্ৰশিক্ষণৰ জৰিয়তে উপযুক্ত কৰি তোলা।

(খ) উচ্চশিক্ষা আহৰণৰ বাবে উদগনিমূলক বিত্তীয় সাহার্য আগবঢ়োৱা।

(গ) বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত পঢ়ি থকা ছাত্র-ছাত্ৰীৰ বাবে আৱাসগৃহৰ সুবিধা দিয়া ।

(ঘ) অনুসূচীত জাতিৰ সমস্যাৰ বিষয়ে গৱেষণা কৰা সংস্থাসমূহলৈ বিত্তীয় অনুদান আগবঢ়োৱা।

(ঙ) চিকিৎসা, অভিযন্তা আদিৰ দৰে কাৰিকৰী শিক্ষা লোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যপুথিৰ যোগান ধৰা।

(চ) ভাৰতৰ বাহিৰত উচ্চ শিক্ষা লাভৰ বাবেও বিত্তৰ যোগান ধৰা আদি ।

উপৰোক্ত আঁচনিসমূহৰ সুফল স্বৰূপে বৰ্তমান অনুসূচীত জাতিৰ লোকৰ মাজত শিক্ষিতৰ হাৰ বৃদ্ধি হৈছে, দৰিদ্ৰতা হ্রাস পাইছে আৰু চৰকাৰী আৰু বেচৰকাৰী খণ্ডতো তেওঁলোকৰ অংশ গ্রহণ যথেষ্ট বৃদ্ধি পাইছে। এক কথাত ক’বলৈ গ’লে তেওঁলোকৰ সামাজিক মৰ্য্যাদা বৃদ্ধি পাইছে।

৫। জনজাতিসমূহৰ সমস্যাসমূহ দূৰীকৰণৰ বাবে কেনে ধৰণৰ প্ৰয়াস কৰা হৈছে? 

উত্তৰঃ স্বাধীনোত্তৰ কালত জনজাতিসকলৰ উন্নয়ন আৰু সমস্যাসমূহ সমাধানৰ বাবে ভাৰতীয় সংবিধানে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছে।

এই ব্যৱস্থাসমূহ হ’ল —

(ক) সংবিধানৰ ১৫ নং অনুচ্ছেদ অনুসৰি সকলো নাগৰিকৰে সমান অধিকাৰ আৰু সাসুবিধা লাভ কৰাৰ ওপৰত গুৰুত্ব দিছে। জনজাতি লোকসকলকো ইয়াত সামৰি লোৱা লৈছে।

(খ) সংবিধানৰ ১৯ আৰু ১৬ নং দফা মতে অনুসূচীত জনজাতিৰ লোকে চাকৰি আৰু শিক্ষানুষ্ঠানত নামভৰ্ত্তিৰ অধিকাৰ পাইছে।

(গ) সংবিধানৰ ৪৬ নং দফাত অনুসূচীত জনজাতি লোকৰ বাবে শৈক্ষিক আৰু আৰ্থিক সুৰক্ষা প্ৰদান আৰু তেওঁলোকৰ সামাজিক শোষণ আৰু অন্যায়ৰ পৰা মুক্ত ৰাখিবলৈ ৰাজ্য চৰকাৰসমূহক নির্দেশ দিছে।

(ঘ) সংবিধানৰ ১৯(৫) নং অনুচ্ছেদ অনুসৰি জনজাতিসকলৰ সম্পত্তিৰ ওপৰত অধিকাৰ থকাৰ লগতে ভাৰতবৰ্ষৰ যিকোনো স্থানতে এই অধিকাৰ উপভোগ কৰাৰ কৰ্তৃত্ব থাকিব।

(ঙ) সংবিধানৰ ১৬(৪), ২২০(৪) আৰু ৩৩৫ নং অনুচ্ছেদ অনুসৰি সকলো ক্ষেত্ৰতে প্ৰধানতঃ চৰকাৰী চাকৰি আদিত মকৰলৰ ক্ষেত্ৰত জনজাতিসকলক বিশেষ সুবিধা প্ৰদান কৰা হৈছে।

(চ) সংবিধানৰ দফা ৩৩০, ৩৩২ আৰু ৩৩৪ ৰ মতে, লোকসভা আৰু ৰাজ্যিক বিধান সভালৈ জনজাতীয় লোকৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা আছে।

(ছ) জনজাতিৰ সমস্যা সমাধান আৰু উন্নয়নৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানে গ্ৰহণ কৰা আন আন দিশসমূহ হ’ল—

(a) সৰ্বভাৰতীয় চাকৰিৰ ক্ষেত্ৰত অনুসূচীত জনজাতিৰ বাবে পাঁচ শতাংশ আসন সংৰক্ষণ।

(b) পদোন্নতিৰ ক্ষেত্ৰত জনজাতিৰ বাবে সংৰক্ষণ ব্যৱস্থা।

(c) বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানত বয়সৰ সীমা, উপযুক্ততা শিক্ষা আৰু অৰ্হতা আদিৰ দিশত বিশেষ ৰেহাই।

(d) জনজাতি অধ্যুষিত এলেকাত বন্ধুৱা নিবনুৱাৰ (Bonded Labour) নিষেধ আদি।

৬ । অন্যান্য পিছপৰা শ্ৰেণী মানে কি? অন্যান্য পিছপৰা শ্ৰেণীৰ সমস্যাসমূহ কি কি? 

উত্তৰঃ অনুসূচীত জাতি আৰু জনজাতিৰ উপৰিও এনে কিছুমান সমুদায় আছে, যিবিলাক শিক্ষা আৰু আৰ্থিক দিশত অতিকে পিছপৰা। এই লোকসকলক অন্যান্য পিছপৰা শ্ৰেণী বুলি কোৱা হৈছে। এই সমুদায়ৰ ভিতৰত হিন্দুৰ নিম্ন জাতি, মুছলমান, খ্ৰীষ্টান, বৌদ্ধ আদি ধৰ্মৰ মানুহ অন্তৰ্ভূক্ত হৈ আছে।

ভাৰতৰ অন্যান্য পিছপৰা শ্রেণীক চিনাক্ত কৰিবৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ১৯৫৩ চনত কাকাচাহেব কালেলকাৰৰ নেতৃত্বত এখন আয়োগ গঠন কৰি দিয়ে। এই আয়োগে চাৰিটা ভিত্তিত এটা জাতি বা সম্প্ৰদায়ক পিছপৰা শ্ৰেণী হিচাপে চিনাক্ত কৰে। এই ভিত্তিকেইটা হ’ল—

(ক) পৰম্পৰাগত জাতি ব্যৱস্থাত যিসকলৰ সামাজিক স্থান নিম্নতম;

(খ) যি জাতি বা সম্প্ৰদায়ৰ সৰহ সংখ্যক লোকৰ মাজত শিক্ষাৰ অভাৱ ;

(গ) যি জাতি বা সম্প্ৰদায়ৰ মাজত উদ্যোগ আৰু বানিজ্যত আত্মনিয়োগ কৰা মানুহৰ অভাৱ;

(ঘ) যি জাতি বা সম্প্ৰদায়ৰ মাজত চৰকাৰী চাকৰি কৰা মানুহ অতি কম বা একেবাৰেই নাই।

গতিকে আমি ক’ব পাৰো যে, সামাজিক, অর্থনৈতিক, শিক্ষা আদি বিভিন্ন দিশত পিছপৰা, চৰকাৰী বা ব্যক্তিগত নিয়োগত কম প্রতিনিধি থকা সমাজৰ কিছু অস্পৃশ্য বুলি গণ কৰা জনগোষ্ঠীসমূহেই হ’ল অন্যান্য পিছপৰা শ্ৰেণী।

অন্যান্য পিছপৰা শ্ৰেণীৰ সমস্যাসমূহ ‌‌: 

(ক) যিসকল অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত লোক তেওঁলোকৰ অধিকাংশই হ’ল নিম্ন হিন্দু জাতি ৷ এতিয়াও তেওঁলোকৰ সামাজিক স্থান নিম্ন।

(খ) হিন্দু জাতি ব্যৱস্থামতে, নিম্ন জাতিবিলাকৰ বৃত্তি আছিল খেতি-বাতি কৰা, খেতিৰ সঁজুলি তৈয়াৰ কৰা, কাপোৰ বোৱা, ৰন্ধা-বঢ়াৰ পাত্ৰ সজা, সোণ-ৰূপৰ অলংকাৰ গঢ়া ইত্যাদি ৷ জাতিগতভাৱে তেওঁলোকে যিবোৰ কাম কৰিবলগীয়া হৈছিল সেইবোৰৰ বাবে কোনো ধৰণৰ শিক্ষাৰ প্ৰয়োজন নাছিল। সেইবাবে তেওঁলোকে শিক্ষাৰ প্ৰতি আগ্রহশীল নাছিল ৷ তদুপৰি শিক্ষা লাভৰ পৰা তেওঁলোকক উচ্চ জাতিৰ দ্বাৰা বঞ্চিত কৰা হৈছিল। গতিকে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোক পিছপৰি থাকিল৷

(গ) শিক্ষাই হৈছে সামাজিক উন্নতিৰ মূল ভেটি। শিক্ষাৰ অবিহনে কোনো সমাজেই অর্থনৈতিক দিশত আগবাঢ়িব নোৱাৰে। শিক্ষাৰ অভাৱৰ বাবে অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকল আৰ্থিকভাৱে পিছপৰি থাকিল। শিক্ষাৰ অভাৱৰ বাবেই তেওঁলোক চাকৰিবাকৰি, ব্যৱসায় আদি কৰাৰপৰা বিৰত থাকিবলগা হৈছিল৷

৭। মণ্ডল আয়োগৰ কাৰ্য্যক্ৰমৰ বিষয়ে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ জৱাহৰলাল নেহেৰুৰ নেতৃত্বত গঠিত হোৱা স্বাধীন ভাৰতৰ প্ৰথম চৰকাৰখনে অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ উন্নতিৰ বাবে হাতত ল’বলগীয়া ব্যৱস্থা সমূহ নিৰ্ধাৰণ কৰিবলৈ কাকা কালেলকাৰৰ নেতৃত্বত প্ৰথম পিছপৰা শ্ৰেণী আয়োগ গঠন কৰিছিল। কিন্তু এই আয়োগৰ প্রতিবেদনত সেই সময়ত কোনো গুৰুত্ব আৰোপ কৰা নহ’ল। ১৯৭০ চনত যেতিয়া জনতা দল শাসনাধিষ্ঠ হৈ আছিল তেতিয়া অন্যান্য পিছপৰা শ্ৰেণীৰ বিষয়টোৱে পুনৰ কেন্দ্ৰীয় পৰ্য্যায়ত গুৰুত্ব লাভ কৰিছিল আৰু ১৯৭৮ চনৰ নৱেম্বৰ মাহত বি. পি. মণ্ডলৰ নেতৃত্বত দ্বিতীয় পিছপৰা শ্ৰেণী আয়োগ গঠন কৰা হৈছিল। মণ্ডল আয়োগৰ মতে ভাৰতৰ মুঠ জনসংখ্যাৰ ৫২% অন্যান্য পিছপৰা শ্রেণীভুক্ত লোক৷ গতিকে মণ্ডল আয়োগে অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে অতি কমেও চৰকাৰী চাকৰিৰ ২৭% সংৰক্ষণৰ পৰামৰ্শ আগবঢ়াইছিল। আয়োগে ইতিমধ্যেই কৰ্মৰত অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকসকলক এই ২৭% ৰ ভিতৰত গণনা কৰাটো বিচৰা নাছিল ৷ ইয়াৰোপৰি মণ্ডল আয়োগে নিযুক্তি আৰু পদোন্নতি এই দুয়োটা ক্ষেত্ৰতে সংৰক্ষণ নীতি মানি চলাৰ পৰামৰ্শ আগবঢ়াইছিল। ১৯৯০ চনত প্ৰধানমন্ত্রী ভি. পি. সিঙে মণ্ডল আয়োগৰ প্রতিবেদনখন গ্ৰহণ কৰিছিল আৰু ৰূপায়ন কৰিবলৈ আৰম্ভ কৰিছিল। চৰকাৰে যণ্ডল আয়োগৰ প্রতিবেদন ৰূপায়ন কৰাৰ বিৰোধিতা কৰি ২০৭ জন ছাত্ৰই আত্মহত্যা কৰিছিল। মণ্ডল বিৰোধী

প্ৰতিবাদৰ প্ৰতিবাদস্বৰূপে মণ্ডল আয়োগৰ সমর্থনতো বিভিন্ন আন্দোলন সৃষ্টি হৈছিল। শেষত গৈ বিষয়টোৱে ন্যায়ালয়ৰ মজিয়া পাইছিলগৈ ৷

৮। উদাহৰণসহ সামাজিক বৰ্জনৰ ধাৰণাটো ব্যাখ্যা কৰা। 

উত্তৰঃ ব্যক্তিক বৃহত্তৰ সমাজৰ লগত সম্পূৰ্ণৰূপে সম্পর্কিত হৈ থকাৰ পৰা আঁতৰাই ৰখাৰ ধৰণবোৰকে সামাজিক বর্জন বোলে। এই ব্যৱস্থাৰ দ্বাৰা ব্যক্তি বা সমূহক তেওঁলোকে বাস কৰা সমাজখনৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, ধর্মীয় আদি কাৰ্যত অংশগ্ৰহণ কৰাৰ পৰা বিৰত ৰখা হয় ।

উদাহৰণস্বৰূপে, প্রাচীন ভাৰতত জাতি ব্যৱস্থাই নিম্ন জাতিৰ লোক সকলক বিভিন্ন প্ৰকাৰে সমাজৰ বহু কাৰ্য্যত অংশ গ্ৰহণৰ পৰা বিৰত ৰাখিছিল।

তলত নিম্ন জাতিৰ লোকসকলে সন্মুখীন হোৱা কিছুমান সামাজিক বৰ্জনৰ বিষয়ে উল্লেখ কৰা হ’ল—

(ক) জাতি নিৰ্যোগ্যতা নিবাৰণ অধিনিয়ম, ১৮৫০ : এই আইনখনৰ দ্বাৰা ধৰ্ম বা জাতি সলনি কৰিলে নাগৰিকৰ প্ৰাপ্য অধিকাৰ হ্ৰাস কৰা নিয়মক অগ্রাহ্য কৰা হৈছিল। এই আইনখন শিক্ষাৰ সৈতে জড়িত।

(খ) শিক্ষাৰ ক্ষেত্ৰত থকা অন্ধবিশ্বাস : পুৰণি কালৰ পৰাই হৰিজনসকলক শিক্ষা গ্ৰহণৰ পৰা বিৰত ৰখা হৈছিল। হিন্দু ধর্ম শাস্ত্ৰ অনুসৰিও শূদ্ৰসকলৰ বেদ অধ্যয়নৰ কোনো অধিকাৰ নাছিল। সংস্কৃত শিক্ষাগ্ৰহণৰ ক্ষেত্ৰটো তেওঁলোক বাধাৰ সম্মুখীন হৈছিল। 

(গ) সামাজিক ক্ষেত্ৰত থকা অন্ধবিশ্বাস : পুৰণি কালত নিম্ন জাতিৰ লোকসকলক ৰাজহুৱা স্থান যেনে—কুৱা, পুখুৰী, মন্দিৰ আৰু হস্পিতেল আদি ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাছিল ৷ আনকি তেওঁলোকক ৰাজহুৱা ৰাস্তা-পদুলিও ব্যৱহাৰ কৰিবলৈ দিয়া নহৈছিল ৷ উচ্চ জাতিৰ লোকসকলে বসবাস কৰা স্থানত তেওঁলোকক বাস কৰিবলৈ দিয়াও নহৈছিল।

(ঘ) ধর্মীয় অন্ধবিশ্বাস : ধর্মীয় ক্ষেত্ৰতো জাতি ব্যৱস্থাত কিছুমান অন্ধবিশ্বাস জড়িত হৈ আছে। উচ্চ সংৰক্ষণশীল হিন্দু বৰ্ণৰ লোকসকলে হৰিজনসকলৰ সৈতে একেলগে পূজা-অৰ্চনা কৰা, বেদ পাঠ, মন্ত্রপাঠ আদিৰ দৰে ধৰ্মীয় কার্যত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে, আনকি উচ্চ বৰ্ণৰ হিন্দু মন্দিৰত হৰিজনসকলৰ প্ৰৱেশৰ ক্ষেত্ৰটো বাধা দেখা যায়।

(ঙ) অর্থনৈতিক ক্ষেত্ৰত থকা অন্ধবিশ্বাস : নিম্ন জাতিৰ লোকসকলক নিজৰ মাটি ল’বলৈ আৰু নিজস্বভাৱে ব্যৱসায় কৰিবলৈ দিয়া নহৈছিল। যদি কেনেবাকৈ এজন নিম্ন জাতিৰ লোকে অলপমান সম্পত্তি গোটায়, তেওঁক মাটি সম্পত্তি কিনিবলৈ অনুমতি দিয়া নহয়। ইয়াৰ উপৰি তেওঁলোকে ব্ৰাহ্মণৰ দোকানৰ দোকানো খুলিব নোৱাৰে।

৯ ।‌জাতি ব্যৱস্থাক এক বৈষম্যমূলক পদ্ধতি হিচাপে চমুকৈ আলোচনা কৰা? 

উত্তৰঃ জাতি ব্যৱস্থা হ’ল ভাৰতীয় সমাজৰ এক বৈশিষ্ট্যবহনকাৰী সামাজিক সংস্থা। জাতি ব্যৱস্থাই বিশেষ কিছুমান জাতিত জন্মগ্ৰহণ কৰা ব্যক্তিৰ বিপক্ষে বৈষম্যমূলক ৰীতি-নীতিৰ প্ৰচলনক বৈধতা প্ৰদান কৰি বলবৎ কৰে। এই বৈষম্যমূলক ৰীতি-নীতিবোৰ অপমানজনক, আছুতীয়া আৰু শোষণামূলক।

জাতি ব্যৱস্থাই বৃত্তি আৰু প্ৰস্থিতি অনুযায়ী মানুহৰ উচ্চ আৰু নিম্ন হিচাপে কিছুমান গোটত ভাগ কৰে।

১০। অস্পৃশ্যতাৰ ওপৰত চমুকৈ লিখা ?

উত্তৰঃ শব্দগত অৰ্থত ‘অস্পৃশ্য’শব্দৰ অৰ্থ হৈছে— ‘যাকস্পৰ্শ কৰিব নোৱাৰি। হিন্দু সমাজৰ সংস্তৰণ ব্যৱস্থাৰ একেবাৰে নিম্নস্তৰত থকা লোকসকলকেই অস্পৃশ্য জাতি বুলি কোৱা হয় এই লোকসকলক চাৰি জাতিৰ বাহিৰৰ জাতি বুলি কোৱা হয়। আন অৰ্থত অস্পৃশ্যতা হৈছে এনে এটা সামাজিক ব্যৱস্থা য’ত অনুসূচীত জাতিৰ লোকসকলক উচ্চ জাতিৰ লোকসকলে অপৱিত্ৰ বুলি গণ্য কৰি বিভিন্ন সামাজিক কাৰ্যৰ পৰা বিৰত ৰাখে৷

অস্পৃশ্যতাই সামাজিক বৰ্জনত যথেষ্ট প্ৰভাৱ পোলইছে। ইয়াক জাতি প্ৰথাৰেই কুৰূপ বুলিব পাৰি। অস্পৃশ্যসকলে স্পৰ্শ কৰা পানীও অন্য লোকে গ্রহণ নকৰিছিল৷ শিক্ষা-দীক্ষাৰ পৰা আৰম্ভ কৰি আৰ্থিক, সামাজিক, ৰাজনৈতিক আৰু আনকি ধর্মীয় কাৰ্যৰ পৰাও অস্পৃশ্য লোকসকলক আঁতৰত ৰখা হৈছিল। ভাৰতবৰ্ষৰ বহুতো ঠাইত এজন অস্পৃশ্যৰ ছাঁটোও অপবিত্ৰ বুলি বিশ্বাস কৰা হৈছিল।

মুঠতে অস্পৃশ্যতা জাতি ব্যৱস্থাৰ এক চৰম আৰু বিশেষৰূপত বিদ্বেষপূৰ্ণ দিশ। ১৯৫৫ চনত অস্পৃশ্যতা নিমূলৰ বাবে ‘অস্পৃশ্যতা অপৰাধ অধিনিয়ম গ্ৰহণ কৰা হয় ।

১১। সামাজিক অসমতা বুলিলে কি বুজা ?

উত্তৰঃ  এখন সমাজ গঠিত হয় ব্যক্তি সমষ্টিৰ সংঘৱদ্ধতাত। এখন সমাজৰ ব্যক্তিসকলৰ মাজত সাদৃশ্যৰ উপৰি বৈসাদৃশ্যও পৰিলক্ষিত হয়। এই বৈসাদৃশ্যসমূহক শাৰীৰিক বৈসাদৃশ্য, মানসিক বৈসাদৃশ্য, শ্রম বিভাজনৰ ফলত হোৱা কৰ্মৰ বৈসাদৃশ্য আদি ভাগত ভাগ কৰিব পাৰি৷ সেইদৰে সমাজৰ ব্যক্তিসকলক ধনী, দুখীয়া, মধ্যবিত্ত, কৃষক আদি ভাগত ভাগ কৰিব পাৰি। এই বৈসাদৃশ্য বা বৈষম্যকে সামাজিক অসমতা বুলি কোৱা হয় ।

Class 12 Sociology Solutions – সমাজতত্ত্ব

Sl. No.সূচী-পত্ৰLink
Unit 1প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ গঠনClick Here
Chapter 2সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্তনClick Here
Chapter 3সামাজিক বৈষম্য আৰু বৰ্জনClick Here
Chapter 4অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহClick Here
Chapter 5প্রকল্প কার্যClick Here
Unit 2দ্বিতীয় খণ্ড : ভাৰতত সামাজিক পৰিবৰ্তন আৰু বিকাশ
Chapter 6ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়াClick Here
Chapter 7সামাজিক পৰিবৰ্তন আৰু ৰাজনীতিClick Here
Chapter 8সামাজিক পৰিবৰ্তন আৰু অর্থনীতিClick Here
Chapter 9সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্রClick Here
Chapter 10সামাজিক আন্দোলনসমূহClick Here

This Post Has 2 Comments

Leave a Reply