Class 12 Sociology Chapter-2 সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্তন

Class 12 Sociology Chapter-2 সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্তন । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্ন সমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 12 Sociology Chapter-2 সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্তন AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS Second Year Sociology Chapter-2 সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্ত

প্ৰথম খণ্ড

অতি চমু প্রশ্নোত্তৰ : মূল্যাংক : ১

1। জাতিৰ অৰ্থ কি ?

উত্তৰঃ জাতি হৈছে ভাৰতীয় হিন্দু সমাজৰ এক স্তৰীকৰণ ব্যৱস্থা। ইয়াৰ দ্বাৰা সমাজৰ ব্যক্তিসকলক উচ্চ আৰু নিম্ন হিচাপে কিছুমান স্তৰত বিভক্ত কৰা হৈছে। জাতি ব্যৱস্থা জন্মৰ ওপৰত আধাৰিত

২। জাতিৰ সংজ্ঞা দিয়া।

উত্তৰ : ছাৰ হাৰ্বাৰ্ট বিজ্‌লি (Sir Herbert Risley)ৰ মতে জাতি হৈছে একে নামধাৰী কিছুমান পৰিয়ালৰ সমষ্টি – যি কোনোবা মানুহ বা দেৱতাৰূপী কাল্পনিক উপৰি পুৰুষৰ বংশধৰ বুলি পৰিচয় দিয়ে আৰু একেটা বংশগত বৃত্তিধাৰী বুলি দাবী কৰি নিজকে স্বজাতীয় সমুদায় সংগঠন বুলি ধৰি লয়।

৩।জাতিয়ে সামাজিক সুৰক্ষা কেনেদৰে প্ৰদান কৰে?

উত্তৰঃ জাতিৰ লগতে সাধাৰণতেই পৰম্পৰাগত বৃত্তিৰ কথা জড়িত হৈ থাকে। সেই হিচাপে জাতিয়ে ব্যক্তিক বৃত্তিগত সুৰক্ষা প্ৰদান কৰে। ইয়াৰোপৰি জাতিৰ লগত ‘আমি ভাৱ’ জড়িত হৈ থাকে বাবে ব্যক্তিয়ে জাতিৰ জৰিয়তেই সামূহিক সুৰক্ষা লাভ কৰিব পাৰে ৷

৪ । জনজাতি কি?

উত্তৰঃ দুর্গম অঞ্চলত বাস কৰা সভ্যতাৰ পোহৰ নোপোৱা, নিজকে আদিবাসী বুলি পৰিচয় দিয়া ব্যক্তিসকলকে এটি অৰ্থত জনজাতি বুলি কোৱা হয়। এই লোকসকলক সাধাৰণতে “বন্যজাতি,”“আদিবাসী” আদি বিভিন্ন নামেৰে জনা যায়। ভাৰতবৰ্ষৰ সংবিধানে এওঁলোকক অনুসূচীত জনজাতি হিচাপে স্বীকৃতি প্রদান কৰিছে।

৫ ।জনজাতিৰ সংজ্ঞা দিয়া।

উত্তৰঃ জনজাতি বুলি ক’লে ভাৰতীয় উপ-মহাদেশখনৰ আদিম আদিবাসীসকলৰ মাজৰ অতি পুৰণি সম্প্রদায়বোৰক বুজায়। সাধাৰণতে পৰিয়াল, স্বজনতা আদিৰ দ্বাৰা বান্ধ খাই থকা জনজাতিসকলৰ কোনো লিপিবদ্ধ ধর্ম নাছিল বা কোনো গতানুগতিক ধৰণৰ ৰাজ্য বা রাজনৈতিক ৰূপ নাছিল।

৬ । আন্তঃজাতি বিবাহ বুলিলে কি বুজা?

উত্তৰঃ আন্তজাতি বিবাহ বুলিলে নিজৰ জাতিৰ ভিতৰতে সম্পন্ন কৰা বিবাহক বুজায়। সাধাৰণভাৱে নিজৰ জাতিবা শ্ৰেণীৰ ভিতৰত বিবাহ কৰা পদ্ধতিকে আন্তঃজাতি বিবাহ বোলা হয়।

৭ । পৰিয়ালৰ অৰ্থ কি?

উত্তৰঃ পৰিয়াল হৈছে এক বিশ্বজনীন সামাজিক সংস্থা। পৰিয়াল এটা সমূহ য’ত স্বামী আৰু স্ত্ৰীয়ে পুত্ৰ, কন্যা আৰু ঘনিষ্ঠ লোকক একেলগে সামৰি বসবাস কৰে। কেতিয়াবা কেৱল পতি আৰু পত্নী লগ লাগি একোখন ঘৰ পাতি থকাকে পৰিয়াল বুলি ক’ব পাৰি। চমু অৰ্থত এইটো ক’ব পাৰি যে, পৰিয়াল এনে এটা জনসমষ্টি, যি সমষ্টিত অন্তৰ্ভূক্ত হোৱা লোকসকলৰ মাজত লালন-পালনৰ কাৰণে সু-ব্যৱস্থা থাকে আৰু ইয়াৰ সদস্য সকল পাৰস্পৰিক সম্পৰ্কৰ দ্বাৰা বাহু খাই থাকে।

৮ । পৰিয়ালৰ সংজ্ঞা দিয়া।

উত্তৰঃ বিখ্যাত সমাজতাত্বিক মেক্‌ আইভাৰ আৰু পেজৰ মতে পৰিয়াল এক নিৰ্দিষ্ট আৰু স্থায়ী যৌন সম্বন্ধৰ দ্বাৰা নিৰ্ধাৰিত সামাজিক গোট যি গোটে সন্তান জন্ম দিয়া আৰু প্রতিপালন কৰা কাৰ্য সম্পাদন কৰে। –

৯ । একক পৰিয়াল কি?

উত্তৰঃ সাধাৰণ অৰ্থত প্রাথমিক পৰিয়াল এনে এটা সমূহ, যি পতি-পত্নী আৰু তেওঁলোকৰ সন্তানক সামৰি লয়। সেয়ে, প্রাথমিক পৰিয়ালৰ আকাৰ সৰু হোৱা দেখা যায়। সন্তানসকলে বিয়া-বাৰু বৰাৰ পিছত মূল পৰিয়ালৰ পৰা আঁতৰি গৈ পৃথকে পৰিয়াল গঢ়ি তোলে। আধুনিক যুগৰ পৰিয়ালবোৰ প্ৰধানকৈ এই প্ৰকৃতিৰে গঢ় লৈ উঠা দেখা যায়। নগৰীয়া সমাজত প্ৰাথমিক পৰিয়ালৰ প্ৰভাৱ বেছি।

১০। যৌথ পৰিয়ালৰ সংজ্ঞা দিয়া ।

উত্তৰঃ পৰিয়াল ভাৰতীয় সমাজৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। যুটীয়া পৰিয়ালবোৰ সাধাৰণতে আকাৰত ডাঙৰ হয়। পিতৃ-মাতৃ আৰু তেওঁলোকৰ বিবাহিত আৰু অবিবাহিত সন্তান-সন্ততিৰ উপৰিও অন্যান্য সম্পৰ্কীয় লোক এনে পৰিয়ালত বান্ধ খাই থাকে। যুটীয়া পৰিয়াল অতি কমেও তিনিটা পুৰুষৰ (Generation) সদস্যৰ জৰিয়তে গঢ়ি উঠে। এই লোকসকলে একেটা ঘৰতে বাস কৰে আৰু একেটা ৰান্ধনিশালতে ৰান্ধি বাঢ়ি খায়।

১১। বহুপত্নী বিবাহ কি ?

উত্তৰঃ এজন পুৰুষে যেতিয়া একাধিক পত্নী বিবাহ কৰায় তাকে বহু পত্নী বিবাহ বোলা হয়।

Class 12 Sociology Solutions – সমাজতত্ত্ব

Sl. No.সূচী-পত্ৰLink
Unit 1প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ গঠনClick Here
Chapter 2সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্তনClick Here
Chapter 3সামাজিক বৈষম্য আৰু বৰ্জনClick Here
Chapter 4অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহClick Here
Chapter 5প্রকল্প কার্যClick Here
Unit 2দ্বিতীয় খণ্ড : ভাৰতত সামাজিক পৰিবৰ্তন আৰু বিকাশ
Chapter 6ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়াClick Here
Chapter 7সামাজিক পৰিবৰ্তন আৰু ৰাজনীতিClick Here
Chapter 8সামাজিক পৰিবৰ্তন আৰু অর্থনীতিClick Here
Chapter 9সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্রClick Here
Chapter 10সামাজিক আন্দোলনসমূহClick Here

১২। পিতৃ প্রধান পৰিয়াল কি?

উত্তৰঃ যি পৰিয়ালৰ সংৰচনাত পুৰুষৰ বিশেষকৈ পৰিয়ালৰ মুৰব্বী পুৰুষজনৰ কৰ্তৃত্ব আ আধিপত্য থাকে, তেনে পৰিয়ালকে পিতৃ প্ৰধান পৰিয়াল বোলা হয় ৷

১৩। মাতৃ প্ৰধান পৰিয়াল কি?

উত্তৰঃ যি পৰিয়াল ব্যৱস্থাত পৰিয়ালটোৰ মাতৃগৰাকীৰ হাতত কৰ্তৃত্ব আৰু আধিপত্য থাকে, তেনে পৰিয়ালকে মাতৃ প্রধান পৰিয়াল বোলা হয় ৷ অৱশ্যে মাতৃ প্রধান পৰিয়াল এটা ব্যৱহাৰিক ধাৰণা নহৈ এটা তাত্বিক ধাৰণাহে। কিয়নো ইতিহাসত নাৰীৰ কৰ্তৃত্ব থকা সমাজৰ কোনো প্ৰমাণ পোৱা নাযায়।

১৪। মাতৃ-বংশীয় পৰিয়াল কি?

উত্তৰঃ যি পৰিয়াল ব্যৱস্থাত উত্তৰাধিকাৰ নিয়ম অনুসৰি পৰিয়ালৰ সম্পত্তি মাকৰ পৰা জীয়েকে পায় তেনে পৰিয়ালকে মাতৃ-বংশীয় পৰিয়াল বোলা হয় ।

১৫ । পিতৃ-বংশীয় পৰিয়াল কি?

উত্তৰঃ যি পৰিয়াল ব্যৱস্থাত উত্তৰাধিকাৰ নিয়ম অনুসৰি সম্পত্তি দেউতাকৰ পৰা পুতেকলৈ হস্তান্তৰ হয় তেনে পৰিয়ালক পিতৃ-বংশীয় পৰিয়াল বোলা হয় ৷

১৬। মাতৃ-স্থানীয় পৰিয়াল কি?

উত্তৰঃ মাতৃ স্থানীয় পৰিয়ালত নৱ বিবাহিত দম্পত্তি মাক-দেউতাকৰ সৈতে থাকিবলৈ লয়৷ অৰ্থাৎ বিবাহৰ পিছত দৰা কইনাৰ ঘৰত থাকিবলৈ লয় ৷

১৭ ৷ পিতৃ-স্থানীয় পৰিয়াল কি?

উত্তৰঃ পিতৃ-স্থানীয় পৰিয়ালত নৱ-বিবাহিত দম্পত্তি পতিৰ মাক-দেউতাকৰ সৈতে থাকিবলৈ অৰ্থাৎ বিবাহৰ পিছত দৰাই কইনাক দৰাৰ ঘৰলৈ লৈ যায়। লয়

১৮। স্বজনতা মানে কি?

উত্তৰঃ সমাজৰ লোকসকল বিভিন্ন সম্বন্ধৰে পৰস্পৰ বান্ধ খাই থাকে। সমাজৰ লোকসকলৰ মাজত গঢ় লৈ উঠা এই সম্বন্ধ দুটা দিশৰপৰা লক্ষ্য কৰিব পাৰি। সেয়া হ’ল বিবাহ আৰু জন্ম। বিবাহৰ জৰিয়তে পতি-পত্নী, শাহু-শহুৰ’ইত্যাদি সম্বন্ধ আৰু জন্মৰ জৰিয়তে পিতৃ-মাতৃ, ককাইভাই, বাই-ভনী আদি সম্বন্ধৰ সৃষ্টি হয়। এইদৰে বিবাহ আৰু জন্মৰ জৰিয়তে সমাজত ব্যক্তিৰ মাজত যি আত্মীয়-সম্বন্ধযুক্ত সমুহৰ সৃষ্টি হয়। তাকে স্বজন পদ্ধতি বোলে।

১৯। জাতি আৰু বৰ্ণৰ মাজৰ পাৰ্থক্য নিৰূপণ কৰা।

উত্তৰঃ ‘বণ’ আৰু ‘জাতি’ এই দুয়োটা অৱধাৰণাকে বহুতে প্রায় একে অৰ্থতে ব্যৱহাৰ কৰিব বিচাৰে। কিন্তু দুয়োটা সমার্থক নহয়।

জাতি আৰু বৰ্ণৰ মাজৰ পাৰ্থক্যসমূহ এনেধৰণৰ

(ক) বৰ্ণ-ব্যৱস্থা অনুসৰি প্ৰাচীন ভাৰতীয় সমাজক ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্র—এই চাৰিটা প্ৰধান ভাগত বিভক্ত কৰা হৈছে। কিন্তু, জাতি ব্যৱস্থা অনুসৰি ভাৰতবৰ্ষত হাজাৰ হাজাৰ জাতিৰ সৃষ্টি হৈছে।

(খ) জাতি ব্যৱস্থা জন্মৰ ওপৰত আধাৰিত। এজন ব্যক্তি যিটো জাতিত জন্মগ্রহণ কৰে, তেওঁ সেইটো জাতিৰে সদস্য হয়। কিন্তু বর্ণ ব্যক্তিৰ কৰ্মৰ ওপৰত আধাবিত। বর্ণ ব্যৱস্থা মতে, ব্যক্তিয়ে নিজৰ ভিত্তিত যিকোনো বর্ণ গ্ৰহণ কৰিব পাৰে।

২০। বিবাহৰ অৰ্থ লিখা।

উত্তৰঃ বিবাহ এনে এটা সামাজিক প্রথা যাৰ দ্বাৰা এহাল নাৰী-পুরুষে সামাজিক ৰীতি-নীতি অনুযায়ী যৌন স্বীকৃতি লাভ কৰি সন্তান লাভ কৰিব পাৰে আৰু লগতে পতি-পত্নী বা পিতৃমাতৃ হিচাপে সামাজিক দায়িত্ব পালন কৰিবলৈ অধিকাৰ লাভ কৰে।

২১। ‘সত্যসাধক সমাজ’ কোনে আৰু কিয় প্রতিষ্ঠা কৰিছিল ?

উত্তৰঃ জ্যোতিৰাও গোবিন্দবাও ফুলে ‘সত্য সাধক সমাজ’ প্ৰতিষ্ঠা কৰিছিল। নিম্ন জাতিৰ লোকসকলক মানৱ অধিকাৰ আৰু সামাজিক ন্যায় প্রদান কৰাৰ উদ্দেশ্যে তেওঁ এই অনুষ্ঠান প্রতিষ্ঠা কৰিছিল।

২২। অস্পৃশ্য জাতিসমূহক কেতিয়া অনুসূচিত জনজাতি নামে নামাকৰণ কৰা হৈছিল ? 

উত্তৰঃ ১৯৩৫ চনত বৃটিছ চৰকাৰে জাতি-জনজাতি বিলাকক তালিকাভুক্ত কৰি ‘সূচীসমূহ’ প্ৰস্তুত কৰি উলিয়াইছিল যাতে তেওঁলোকলৈ বিশেষ সা-সুবিধা আগবঢ়াব পৰা যায়। তেতিয়াৰে পৰা অস্পশ্য পিছপৰা জাতিসমূহক অনুসূচিত জনজাতি নামে নামকৰণ কৰা হয়।

২৩। বজাৰ মানে কি?

উত্তৰঃ সাধাৰণ অৰ্থত বজাৰ বুলি ক’লে আমি এনে এখন ঠাইকেই বুজি পাওঁ, য’ত বস্তু বেচা কিনা হয় । কেতিয়াবা বজাৰ বুলি ক’লে ক্রেতা-বিক্রেতা গোট খাই থকা অৱস্থা এটাকে বুজি পাওঁ। কিন্তু, সামগ্রিকভাৱে বজাৰ বুলি ক’লে আমি ইয়াকেই বুজি পাম যে, ই এটা সংস্থা আৰু ইয়াৰ বেছিভাগ ক্ৰিয়াই অর্থনৈতিক ক্রিয়া।

২৪। আদাম স্মিথৰ মতে বজাৰ অৰ্থনীতিৰ অৰ্থ কি?

উত্তৰঃ আদাম স্মিথে তেওঁৰ (Wealth of Nations) নামৰ গ্ৰন্থখনত বজাৰ অৰ্থনীতিৰ বিষয়ে আলোকপাত কৰিবলৈ চেষ্টা কৰিছিল, যিটো সেই সময়ত নতুন আছিল । স্মিথৰ মছে সমাজৰ ব্যক্তিসকলৰ টকা-পইচাৰ বিনিময় বা আদান-প্ৰদানৰ দীঘলীয়া প্ৰক্ৰিয়াৰ যোগেদিয়েই বজাৰ অৰ্থনীতি গঢ়ি উঠে। অর্থাৎ এনে আদান-প্ৰদানৰ যোগেদি এটা পদ্ধতিৰ সৃষ্টি হয় আৰু এই পদ্ধতিয়েই বজাৰ অৰ্থনীতিৰ সৃষ্টি কৰে।

২৫। মুক্ত বজাৰ নীতিৰ অৰ্থ কি ?

উত্তৰঃ মুক্ত বজাৰ নীতি হ’ল এক অর্থনৈতিক দর্শন যি বজাৰ ব্যৱস্থাত ৰাষ্ট্ৰৰ হস্তক্ষেপৰ বিৰোধিতা কৰে তথা বজাৰক সকলো ধৰণৰ হস্তক্ষেপৰ পৰা মুক্ত কৰাটো বিচাৰে।

২৬। সাপ্তাহিক বজাৰ মানে কি?

উত্তৰঃ সাপ্তাহিক বজাৰবোৰ সপ্তাহৰ এটা নিৰ্দিষ্ট দিনত অনুষ্ঠিত হয়। ভাৰতৰ গ্ৰামাঞ্চলত বেছিকৈ দেখা পালেও নগৰীয়া অঞ্চলতো এনে সাপ্তাহিক বজাৰ দেখা পোৱা যায় ৷ 

২৭। বিনিময় মানে কি?

উত্তৰঃ সাধাৰণতে এটা বস্তুৰ সলনি আন এটা বস্তুৰ আদান-প্রদানক বিনিময় বুলি কোৱা হয় বিনিময় এটা অতি প্রাচীন প্ৰথা আৰু টকা-পইচাৰ ব্যৱহাৰ হোৱাৰ পূৰ্বে মানুহে বিনিময়ৰ দ্বাৰা নিজৰ অভাৱ পূৰণ কৰিছিল।

২৮। হাণ্ডি বা বিনিময় বিল কি?

উত্তৰঃ ভাৰতৰ পৰম্পৰাগত বনিক গোষ্ঠী বা সম্প্ৰদায় সমূহৰ নিজস্ব বেংকিং আৰু ঋণদানৰ ব্যৱস্থা আছিল। এই ঋনদান আৰু বিনময়ৰ এক মাধ্যম আছিল, “হুণ্ডি” বা “বিনিময় বিল”। এই মাধ্যমৰ দ্বাৰা ব্যৱসায়ীসকলে দূৰণিবটীয়া বাণিজ্য কৰিব পাৰিছিল। সাধাৰণতে নিজস্ব বর্ণ বা সম্প্ৰদায়ৰ ব্যৱসায়ীসকলৰ মাজতে ব্যৱসায় বাণিজ্য সম্পাদন হৈছিল। এই “হুণ্ডি”ৰ যোগেদি এজন ব্যৱসায়ীয়ে অন্য ঠাইতো সন্মান পাবলৈ সক্ষম হৈছিল।

২৯। উদাৰীকৰণ উত্তৰঃ উদাৰীকৰণ (Liberalization) হৈছে এনে এটা প্ৰক্ৰিয়া য’ত ৰাষ্ট্ৰই অর্থনৈতিক ক্ৰিয়াসমূহৰ ওপৰত থকা নিজৰ নিয়ন্ত্ৰণ নোহোৱা কৰি সকলোবোৰ বজাৰ শক্তিসমূহৰ ওপৰত এৰি দিয়ে । ইয়াৰ বাবে বাণিজ্যিক উদাৰীকৰণ, বিদেশী বিনিয়োগ, ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণ ইত্যাদি বিভিন্ন নীতি গ্রহণ কৰা হয় ।

৩০। গোলকীকৰণ বা বিশ্বায়ন মানে কি ?

উত্তৰঃ গোলকীকৰণ বা বিশ্বায়ন হ’ল এনে এটা প্ৰক্ৰিয়া য’ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ মাজত অর্থনৈতিক, সামাজিক-সাংস্কৃতিক-ৰাজনৈতিক আদি বিভিন্ন ক্ষেত্ৰত আন্তঃসম্বন্ধ এনেদৰে বৃদ্ধি পায় যে বিশ্বৰ এটা প্ৰান্তত ঘটা ঘটনাই তৎক্ষণাতে বিশ্বৰ সিটো প্ৰান্তক প্ৰভাৱিত কৰে। তথ্যপ্রযুক্তি আৰু যোগাযোগৰ ক্ষেত্ৰত সংঘটিত হোৱা বৈপ্লৱিক পৰিৱৰ্তনে গোলকীকৰণ প্ৰক্ৰিয়াক খটকীয়া কৰি তুলিছে।

৩১। উদাৰীকৰণৰ কাৰকসমূহ কি কি?

উত্তৰঃ উদাৰীকৰণৰ মূল কাৰকসমূহ হ’ল ব্যক্তিগতকৰণ, অর্থনৈতিক ক্ষেত্ৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ হ্রাস কৰা, আমদানীকৃত বস্তুৰ ওপৰত থকা শুল্ক হ্রাস কৰা আদি। প্ৰকৃততে মুক্ত অৰ্থনীতিৰ দ্বাৰা অৰ্থনৈতিক ভেটি সুদৃঢ় কৰিবৰ বাবে ৰাষ্ট্ৰবোৰ উদাৰীকৰণ নীতি গ্ৰহণ কৰা দেখা গৈছে।

৩২। ব্যক্তিগতকৰণ কি?

উত্তৰঃ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাকে ব্যক্তিগতকৰণ বুলি কোৱা হয়।

৩৩। মুক্ত বজাৰৰ অৰ্থ লিখা।

উত্তৰঃ মুক্ত বজাৰ মানে হ’ল চৰকাৰ বা আন সকলো দিশৰ সকলো ধৰণৰ নীতি-নিয়মৰ পৰা মুক্ত হৈ থকা এক ধৰণৰ বজাৰ ব্যৱস্থা।

৩৪। সাবিত্রী বাই ফুলে কোন আছিল?

উত্তৰঃ ১৮৩১; চনত জন্মগ্রহণ কৰা সাৱিত্ৰী বাই ফুলে আছিল আমাৰ দেশৰ ভিতৰতে প্ৰথম গৰাকী প্ৰধান শিক্ষয়িত্ৰী যি পুণে ছোৱালী হাইস্কুলৰ দায়িত্ব বহন কৰিছিল। তেখেতে কৃষক আৰু শ্ৰমিকসকলৰ বাবে নৈশ বিদ্যালয় আৰম্ভ কৰিছিল ।

৩৫। অনুসুচীত জাতি আৰু জনজাতিসকলক বৈধ স্বীকৃতি প্ৰদানৰ বাবে গৃহীত হোঙ্গ অধিনিয়ম খনৰ নাম উল্লেখ কৰা ।

উত্তৰঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰৰ অধিনিয়ম (Government of India Act of 1935) 

৩৬। জাতি ব্যৱস্থাটো প্ৰাচীন ভাৰততকৈ ঔপনিবেশিক কালতহে বেছি প্ৰচলিত আছি (হয় / নহয়)।

উত্তৰঃ নহয়।

৩৭। জনজাতি শব্দটোৰ প্ৰচলন কেতিয়াৰ পৰা হয় ? 

উত্তৰঃ জনজাতি শব্দটোৰ প্ৰচলন ঔপনিবেশিক যুগত হৈছিল।

৩৮। বজাৰ অৰ্থনীতি কি ? 

উত্তৰঃ সমাজৰ ব্যক্তিসকলে টকা পইচাৰ বিনিময় বা আদান-প্রদানৰ দীঘলীয়া প্ৰক্ৰিয়াৰ যোগেদি যি অর্থনীতি গঢ়ি উঠে সেয়াই হৈছে বজাৰ অর্থনীতি ।

৩৯। নাচদাক (NASDAQ) कि

উত্তৰঃ  নাচদাক হৈছে নিউয়র্ক আধাৰিত এটা electronic stock exchange । কম্পিউটাৰ সহায়ত সম্পূৰ্ণ বৈদ্যুতিক যোগাযোগেৰে ইয়াক চলোৱা হয়। 4

চমু প্রশ্নোত্তৰ : মূল্যাংক : ২/৩

১। পৰিয়ালৰ সামাজিক কাৰ্য্যসমূহ লিখা।

উত্তৰঃ সামাজিক জীৱনৰ উল্লেখযোগ্য সংগঠন হিচাপে পৰিয়ালে বহুতো কার্য সম্পাদন কৰে।

সেইবোৰৰ ভিতৰত প্ৰধান হৈছে –

(ক) যৌন সম্বন্ধ নিয়ন্ত্ৰণ : পৰিয়ালৰ প্ৰধান কাম হ’ল মানুহৰ সহজাত যৌন প্রবৃত্তিক নিয়ন্ত্রণ কৰি সামাজিক শান্তি-শৃংখলা অটুত ৰখা।

(খ) সন্তান প্রজনন : পৰিয়ালে ইয়াৰ পৰিবেশৰ মাজত পুৰুষ-নাৰীৰ মিলন ঘটাই সন্তান জন্ম দিয়াই বংশানুক্ৰম ৰক্ষা কৰাত সহায় কৰে। সন্তান জন্ম দিয়াৰ পাছত পৰিয়ালে ইয়াৰ লোকসকলৰ বাবে প্ৰতিপালনৰো ব্যৱস্থা কৰে। এইদৰে, সন্তান জন্ম দিয়া আৰু সিহঁতক লালন পালন কৰা কামবোৰ পৰিয়ালে সমাধা কৰে।

(গ) প্ৰস্থিতি প্রদান : সমাজৰ প্ৰতিজন ব্যক্তিৰে নিজস্ব প্ৰস্থিতি আছে। এখন সমাজে পৰিয়ালৰ যোগেদিয়েই ব্যক্তিক সেই প্ৰস্থিতিসমূহ প্ৰদান কৰে। গুণ আৰু কৰ্ম অনুযায়ী ব্যক্তিসকলে সামাজিক প্রস্থিতি লাভ কৰিবলৈ সক্ষম হয়।

(ঘ) সামাজিককৰণ : সামাজিকৰণ অবিহনে ব্যক্তিৰ শাৰীৰিক বিকাশ সম্ভৱ হ’লেও মানসিক বিকাশ সম্ভৱপৰ নহয়। পৰিয়ালে সামাজিকৰণৰ জৰিয়তে ব্যক্তিক সমাজমুখী কৰি সমাজৰ সকলো দিশৰে জ্ঞান আহৰণৰ ক্ষেত্ৰত সহায় কৰে ।

(ঙ) সামাজিক নিয়ন্ত্ৰণ : সামাজিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পৰিয়ালে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পৰিয়ালে ইয়াৰ সদস্যসকলৰ মাজত ৰক্ষা কৰা বুজাবুজি, সহায়-সহযোগিতা, আন্তৰিকতা, সহৃদয়তা আদি গুণ সমূহৰ প্ৰভাৱ সমাজতো পৰে। সেই গুনখিনিয়ে সামাজিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে।

২ ।অধিক্রম কি?

উত্তৰঃ উচ্চৰ পৰা নিম্নলৈ একে ক্ৰমত থকা শৃঙ্খলাৰ এক জখলাৰ লেখীয়া ব্যৱস্থাক অধিক্ৰম বোলা হয়।

৩। পৰিয়ালৰ বৈশিষ্ট্যসমূহ কি কি ? 

উত্তৰঃ পৰিয়ালৰ বৈশিষ্ট্যসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল— 

(ক) বিশ্বজনীনতা : পৰিয়াল হৈছে এক বিশ্বজনীন সামাজিক সংস্থা। বিশ্বৰ সকলো ঠাইৰ সকলো মানৱ-সমাজতে পৰিয়াল পদ্ধতিৰ প্ৰচলন আছে। তদুপৰি, সামাজিক সংস্থা হিচাপে পৰিয়ালে মানৱ সভ্যতাৰ আদিম অৱস্থাৰ পৰা বৰ্তমান সময়লৈকে বৰ্তি আছে।

(খ) আনুভৌতিক আধাৰ : পৰিয়ালৰ সদস্যসকলৰ মাজত সাধাৰণতে পাৰস্পৰিক মৰমচেনেহ, বুজাবুজি, সদ্ভাৱ-সম্প্ৰীতি, আদি থাকে। পৰিয়াল হৈছে মানুহৰ সুখ-দুখ, হাঁহিকান্দোন, আৱেগ-অনুভূতিৰ প্ৰকাশ আৰু উপলব্ধিৰ আধাৰস্বৰূপ। পৰিয়ালৰ লোকসকল আৱেগিকভাৱে পৰস্পৰৰ সম্পর্কযুক্ত হৈ থাকে।

(গ) সামাজিক সম্বন্ধৰ আধাৰ : পৰিয়াল সামাজিক সম্বন্ধৰ আধাৰস্বৰূপ। পৰিয়ালক কেন্দ্ৰ কৰিয়েই সামাজিক সম্বন্ধবিলাকৰ অস্তিত্ব বর্তি থাকে। বিবাহ আৰু জন্মৰ জৰিয়তে সামাজিক সম্বন্ধৰ সৃষ্টি হয়।

(ঘ) সীমিত আকাৰঃ পৰিয়ালবিলাক সাধাৰণতে কমসংখ্যক সদস্যৰে গঠিত হয়। সাধাৰণতে, পিতৃ-মাতৃ আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীক লৈ পৰিয়াল গঠন কৰা হয়। জন্মৰ জৰিয়তে পৰিয়ালৰ আকৰ বৃদ্ধি হ’লেও মৃত্যুৰ জৰিয়তে সেই বৃদ্ধিত বাধাপ্রাপ্ত হয় ।

এনেবোৰ কাৰণতে পৰিয়ালৰ আকাৰ সদায় সীমিত সংখ্যক লোকৰ দ্বাৰা ই নিৰ্ধাৰিত হৈ থকা দেখা যায়।

(ঙ) প্রাথমিক সমূহ : প্রাথমিক সমূহৰ ভূমিকা গ্ৰহণ কৰাটো পৰিয়ালৰ আন এটা বৈশিষ্ট্য। প্রাথমিক সমূহত থকা সকলোবোৰ বৈশিষ্ট্য যেনে—পাৰস্পৰিক বুজাবু ওচৰাওচৰি সম্বন্ধ, সহায়-সহযোগিতা, সহৃদয়তা-আন্তৰিকতা আদি পৰিয়ালতেই দেখিবলৈ পোৱা যায় ৷ সেয়েহে পৰিয়ালক প্রাথমিক সমূহ বুলি কোৱা হয়। 

8 । পৰিয়াল ব্যৱস্থালৈ অহা পৰিবৰ্তনসমূহ কেনে ধৰণৰ? আলোচনা কৰা। 

উত্তৰঃ পূৰ্বতে ভাৰতত যুটীয়া পৰিয়াল বা যৌথ পৰিয়াল দেখা পোৱা গৈছিল। কিন্তু বর্তম ভাৰতত একক পৰিয়ালহে দেখা পোৱা যায়।

আধুনিক যুগত পৌৰাণিক পৰিয়ালৰ কাম-কাজ দ্ৰুতগতিত সলনি হৈছে। পূৰ্বতে পৰিয়ালে এ আছিল সামাজিকৰণৰ একমাত্ৰ আহিলা। কিন্তু বর্তমান বিদ্যালয়, পুঁথিভড়াল, বাতৰি কাকত ৰেডিঅ’, টেলিভিচন আদিয়ে পৰিয়ালৰ দায়িত্ব গ্ৰহণ কৰা দেখা গৈছে।

ইয়াৰোপৰি বংশানুক্রমে পিতৃ প্রধান পৰিয়ালো বর্তমান মাতৃ প্রধান পৰিয়াললৈ পৰিৱৰ্তিত হোৱা দেখা গৈছে। কামৰ সন্ধানত গাওঁবোৰৰ পৰা হোৱা পুৰুষৰ প্ৰৱজনে গাঁৱত নাৰী পৰিচালিত পৰিয়ালৰ সংখ্যা বৃদ্ধি কৰিছে। আনহাতে ভাৰতত চফ্টৱেৰ উদ্যোগত কৰ্মৰত তৰুণ দম্পতিৰ ব্যস্ত সূচীয়ে তেওঁলোকৰ সন্তানক চোৱা-চিতা কৰিবৰ বাবে মাক-দেউতাকৰ সহায় ল’বলৈ বাধ্য কৰি পৰিয়ালৰ ব্যৱস্থালৈ পৰিৱৰ্তন অনা দেখা গৈছে।

৫ । জাতিৰ লগত জড়িত বাধা নিষেধসমূহ কেনে ধৰণৰ?

উত্তৰঃ জাতিৰ লগত ‘বিশুদ্ধতা’ আৰু ‘অপবিত্ৰতা’ৰ কথা জড়িত হৈ থাকে। যিবোৰ ব্যক্তিক ধৰ্মীয় ক্ৰিয়াকাণ্ডৰ দিশেৰে বিশুদ্ধ বুলি বিবেচনা কৰা হয় তেনেবোৰ জাতিক উচ্চ প্ৰস্থিতি আৰু যিবোৰক কম মাত্ৰাত বিশুদ্ধ বুলি ভবা হয় সেইবোৰ জাতিক নিম্ন প্ৰস্থিতি প্ৰদান কৰা হয় । জাতি অন্তবিবাহী। অর্থাৎ জাতিৰ সদস্যসকলে বিবাহৰ ক্ষেত্ৰত কঠোৰ নীতি-নিয়ম মানিব লাগে।

ইয়াৰোপৰি খাদ্যৰ ক্ষেত্ৰতো জাতিয়ে কিছুমান বাধা নিষেধ মানি চলিব লাগে। কোনটো জাতিয়ে কি ধৰণৰ খাদ্য গ্ৰহণ কৰিব পাৰে তাৰ নিৰ্দিষ্ট বিধান থাকে। তদুপৰি একেলগে আহাৰ গ্ৰহণৰ ক্ষেত্রতো জাতিয়ে কিছুমান বাধা নিষেধ মানি চলিব লাগে।

৬ ।পৰিয়ালৰ কাৰ্য্যাৱলীলৈ অহা পৰিবৰ্তনসমূহ কেনে ধৰণৰ ? আলোচনা কৰা। 

উত্তৰঃ পুৰণি সমাজবিলাকত পৰিয়ালে সকলোবিলাক মৌলিক কর্তব্য যেনে—সন্তান জন্ম দিয়া, সন্তানৰ প্ৰতিপালন, স্বাস্থ্য ৰক্ষা, শিশুৰ সামাজিকীকৰণ, শিশুৰ শিক্ষা, সামাজিক নিয়ন্ত্ৰণৰ শিক্ষা দান, সম্পত্তিৰ ৰক্ষণাবেক্ষণ আৰু সদস্যসকলৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা আদি কার্য সম্পাদন কৰিছিল। কিন্তু আজিকালি ক্রমে আধুনিক প্রযুক্তি, চিকিৎসা ব্যৱস্থা, ৰাজহুৱা শিক্ষানুষ্ঠান, নগৰীকৰণ, উদ্যোগীকৰণ আৰু নতুন আইন আৰু সামাজিক নিৰাপত্তা ব্যৱস্থাৰ প্ৰসাৰৰ লগে লগে উপৰোক্ত পুৰণি পৰিয়ালৰ কামবিলাকত পৰিৱৰ্তনে দেখা দিছে। বৰ্তমান পৰিয়ালত সন্তান প্ৰজননৰ কাম আৰু অন্যান্য চিকিৎসা আধুনিক চিকিৎসালয়ত সমাধা কৰা হয় । আগেয়ে পৰিয়ালেই শিশুৰ সামাজিকৰণ কৰিছিল কিন্তু বর্তমান বিদ্যালয় খেলাৰ সমূহ, পুথিভঁৰাল, ক্ৰেছ, ক্লাৱ আদিয়েহে সামাজিকৰণত অধিক সহায় কৰে। সেইদৰে মানসিক অৱসৰ বিনোদনৰ বাবে ৰেডিঅ’, টেলিভিশ্যন চিনেমা, ক্লাৱ, পুথিভঁৰাল আদিৰ গুৰুত্ব বাঢ়িছে। গতিকে দেখা যায় যে, আধুনিক যুগত পৌৰাণিক পৰিয়ালৰ কামবিলাকৰ বৰ্তমান দ্ৰুত গতিত সলনি হৈছে আৰু এই কাৰ্যসমূহৰ দায়িত্ব পৰিয়ালৰ পৰা অন্যান্য অনুষ্ঠানে ল’বলৈ লৈছে।

৭ ।সমাজত অস্পৃশ্যতা বৃদ্ধি কৰাত জাতি ব্যৱস্থাৰ অৱদান কেনে ধৰণৰ?

উত্তৰঃ ভাৰতীয় সমাজত অস্পৃশ্যতা বৃদ্ধি কৰাত জাতি ব্যৱস্থাই মূলতঃ দায়ী। জাতি হ’ল এটা বন্ধ সমূহ; অর্থাৎ জাতি জন্মগত। কোনো ব্যক্তিয়ে নিজৰ গুণগত উৎকৰ্ষ সাধন কৰি জাতি ব্যৱস্থাৰ অধিক্রম বিন্যাসৰ স্থিতি সলনি কৰিব নোৱাৰে। ইয়াৰোপৰি জাতিৰ লগত সদায়ে ‘বিশুদ্ধতা’ আৰু ‘অপবিত্ৰতা’ৰ কথা জড়িত হৈ থাকে ৷ তদুপৰি জাতিয়ে পৃথকীকৰণ বিচাৰে। অৰ্থাৎ জাতি ব্যৱস্থাই প্ৰত্যেকটো জাতি আনটোৰ পৰা সম্পূৰ্ণ পৃথক হোৱাটো বিচাৰে৷ সেয়েহে জাতি ব্যৱস্থাত খাদ্য অভ্যাস, একেলগে খাদ্য গ্রহণ, বিবাহ, মৃতকৰ কৃৰ্তকৰ্ম আদি বিভিন্ন দিশত কিছুমান বাধা নিষেধ আৰোপ কৰে৷ এনেদৰে জাতি ব্যৱস্থাই অস্পৃশ্যতা বৃদ্ধিত অৱদান যোগায়।

৮ । সামাজিক স্তৰীকৰণৰ আধাৰ হিচাপে জাতি আৰু শ্ৰেণীৰ মাজৰ পাৰ্থক্য কেনে? 

উত্তৰঃ জাতি আৰু সামাজিক শ্ৰেণী হৈছে সামাজিক স্তৰীকৰণৰ পদ্ধতি। কিন্তু সেয়ে হ’লেও দুয়োটাৰে মাজত যথেষ্ট পার্থক্য আছে।

জাতি আৰু শ্ৰেণীৰ পাৰ্থক্যবিলাক এনে ধৰণৰ—

(ক) জাতি জন্মগতভাৱে নিৰ্ধাৰিত সামাজিক গোট, জন্মগতভাৱে এজন মানুহ এটা জাতিৰ সদস্য হৈ পৰে। কিন্তু শ্ৰেণীৰ ক্ষেত্ৰত জন্মই সদস্যতা নিৰ্ধাৰণ নকৰে। নিজৰ কৰ্মইহে এজন মানুহৰ শ্ৰেণীৰ স্থান নির্ণয় কৰে।

খ) জাতি অন্তর্বিবাহী সমূহ, অৰ্থাৎ নিজৰ জাতিৰ ভিতৰতহে বিবাহ হ’ব পাৰে। অন জাতিৰ লগত হ’ব নোৱাৰে। কিন্তু সামাজিক শ্ৰেণীৰ মাজত এনে ধৰণৰ কোনো বাধ নাই। ইয়াত যিকোনো শ্ৰেণীৰ মাজত বিবাহ হ’ব পাৰে।

(গ) জাতি প্ৰথা মতে, জাতিৰ উপৰিও বিভিন্ন উপজাতিও আছে। ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন উপজাতি দেখা যায়। কিন্তু সামাজিক শ্ৰেণীৰ ক্ষেত্ৰত অসংখ্য শ্ৰেণী নাই৷ ইয়াত মাথো কেইটামান শ্রেণীহে থাকিব পাৰে বা থাকে।

(ঘ) জাতি প্ৰথা মতে প্রতি জাতিৰে পৰম্পৰাগত একোটা বৃত্তি থাকে। যেনে- ব্রাহ্মণর পুৰোহিত কাৰ্য, বৈশ্যৰ বেহা-বেপাৰ ইত্যাদি। কিন্তু শ্ৰেণীৰ ক্ষেত্ৰত এনে কোনে নিৰ্দিষ্ট বৃত্তি নাই। ইয়াত যিকোনো ব্যক্তিয়ে নিজ ইচ্ছামতে গুণ আৰু দক্ষতাৰ ভিত্তিত যিকোনো বৃত্তি গ্ৰহন কৰিব পাৰে৷

জাতি প্রথাত বিভিন্ন জাতিৰ মাজত খোৱা বোৱা কৰা নিষেধ আছে। ব্রাহ্মণে অন্য জাতিৰ ৰন্ধা বস্তু খাব নোৱাৰে ৷ সেইদৰে শূদ্ৰৰ হাতৰ পৰা বৈশ্য বা ক্ষত্ৰিয়ৰ মানুহে আহাৰ গ্ৰহণ কৰিব নোৱাৰে। কিন্তু সামাজিক শ্ৰেণীৰ ক্ষেত্ৰত এনে কোনো নিষেধ নাই। যিকোনো শ্ৰেণীৰ ব্যক্তিয়ে অন্য যিকোনো শ্ৰেণীৰ পৰা আহাৰ গ্ৰহণ কৰিব পাৰে।

৯ । স্বজন পদ্ধতিৰ গুৰুত্ব কেনে?

উত্তৰঃ  ব্যক্তিৰ অতি ঘনিষ্ঠ সম্পর্কিত গোটটোকে স্বজন গোট হিচাপে অভিহিত কৰিব পাৰি। বিবাহ, ধৰ্ম, পৰিয়াল পদ্ধতি আদিৰ দৰেই স্বজন পদ্ধতিয়ো সমাজৰ এক উল্লেখযোগ্য সংস্থা, আমাৰ সমাজত স্বজন পদ্ধতিৰ যথেষ্ট গুৰুত্ব আছে।

স্বজন পদ্ধতিৰ কামসমূহ তলত আলোচনা কৰা হ’ল

(ক) সামাজিক ঐক্য বজাই ৰখাৰ ক্ষেত্ৰত স্বজন পদ্ধতিয়ে বিশেষ ভূমিকা পালন কৰে। আদিম সমাজত এই পদ্ধতিৰেই মানুহৰ কৰ্তব্য আৰু দায়িত্ব নিৰ্ধাৰণ কৰিছিল ৷ বিবাহ, উৎসৱ, শ্মশান যাত্ৰা আদিত স্বজন সম্বন্ধীয় লোকে পৰস্পৰে পৰস্পৰক সহায় কৰাৰ বাবে সুখ-দুখৰ সময়ত ব্যক্তিয়ে যথেষ্ট সকাহ পায় ৷ 

(খ)‌অর্থনৈতিক ক্ষেত্ৰতো স্বজন পদ্ধতিৰ প্ৰভাৱ আছে। ব্যৱসায়-বাণিজ্য বা বিপদে আপদে স্বজন পদ্ধতিৰে সম্পর্কিত ব্যক্তিয়ে ইজনে সিজনক সহায়-সহযোগ আগবঢ়ায়। 

(গ)‌ সামাজিকৰণৰ ক্ষেত্ৰত স্বজন পদ্ধতিৰ বিশেষ গুৰুত্ব আছে। স্বজন সম্বন্ধীয় ব্যক্তিৰ মাজতেই শিশুক ভৱিষ্যতৰ আৰু সামাজিকৰণৰ শিক্ষা দিয়া হয়।

(ঙ) ৰাজনৈতিক ক্ষেত্ৰতো স্বজন পদ্ধতিৰ প্ৰভাৱ আছে। সাধাৰণতে নিৰ্বাচনত স্বজন গোষ্ঠীৰ লোকে নিজা সম্পৰ্কীয় প্রার্থীক সমর্থন জনায়। সেইদৰে নিৰ্বাচিত নেতাকো স্বজন সম্বন্ধীয় ব্যক্তিৰ প্রতি সহানুভূতি দেখুওৱা পৰিলক্ষিত হয়।

১০। উদাৰীকৰণৰ মূল উদ্দেশ্যসমূহ কি কি ?

উত্তৰঃ উদাৰীকৰণৰ মূল উদ্দেশ্য হৈছে এটা সম্পূর্ণ মুক্ত বিশ্ব অৰ্থব্যৱস্থা গঢ় দি বিশ্বায়নৰ গতি খৰটকীয়া কৰা। ইয়াৰ বাবে উদাৰীকৰণ প্ৰক্ৰিয়াই ৰাজহুৱাখণ্ডৰ ব্যক্তিগতকৰণ কৰা, বিদেশী বিনিয়োগ বৃদ্ধি কৰা, আমদানি-ৰপ্তানীক শুল্কমুক্ত কৰাৰ দৰে বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

১১। উদাৰীকৰণ নীতিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ উদাৰীকৰণ (Liberalization) হৈছে এনে এটা প্ৰক্ৰিয়া য’ত ৰাষ্ট্ৰই অর্থনৈতিক ক্রিয়াসমূহৰ ওপৰত থকা নিজৰ নিয়ন্ত্ৰণ নোহোৱা কৰি সকলোবোৰ বজাৰ শক্তিসমূহৰ ওপৰত এৰি দিয়ে। ইয়াৰ বাবে বাণিজ্যিক উদাৰীকৰণ, বিদেশী বিনিয়োগ, ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণ ইত্যাদি বিভিন্ন নীতি গ্ৰহণ কৰা হয় ।

বজাৰ বা বজাৰ ভিত্তিক প্ৰক্ৰিয়াৰ দ্বাৰা সামাজিক, ৰাজনৈতিক বা অর্থনৈতিক সমস্যাবোৰ সমাধান কৰাৰ প্ৰয়াসেই হৈছে বজাৰকৰণ (Marketisation), বজাৰকৰণ প্ৰক্ৰিয়াৰ যোগে অৰ্থনৈতিক ক্ষেত্ৰত থকা নিষেধবোৰ পাৰ্যমানে শিথিল কৰা বা নাইকীয়া কৰিবলৈ চেষ্টা কৰা হয়।

সামগ্ৰীকৰণ হৈছে, এনে এটা প্রক্রিয়া যি প্ৰক্ৰিয়াৰ যোগেদি যিবোৰ বস্তু আগতে কেতিয়াও ক্রয়-বিক্ৰয়ৰ বাবে বজাৰলৈ উলিয়াই দিয়া হোৱা নাছিল। তেনে বস্তুক সামগ্ৰীৰূপে বজাৰত বিক্ৰী কৰা হয় । উদাহৰণস্বৰূপে – বটৰল পানী। আগেয়ে খোৱাপানী বজাৰত বিক্ৰী হোৱা কথা কোনেও ভাবিব পৰা নাছিল। কিন্তু তেনে বস্তুকেই বা পানীকেইবটলৰ পানী হিচাপে অতি সহজভাৱেই বেচা-কিনা কৰিব পাৰো।

১২। বিশ্বায়ন বা গোলকীকৰণৰ চাৰিটা নীতি আলোচনা কৰা ৷ 

উত্তৰঃ বিশ্বায়ন বা গোলকীকৰণৰ চাৰিটা নীতি হ’ল—

(ক) গোলকীকৰণ প্ৰক্ৰিয়াই আৰ্থিক উদাৰীকৰণ নীতি গ্ৰহণ কৰে।

(খ) গোলকীকৰণ প্ৰক্ৰিয়াই বজাৰ ব্যৱস্থাক সমগ্ৰ বিশ্বতে সম্প্ৰসাৰিত আৰু একত্ৰিত কৰি ৰাখে। একত্ৰিত কৰি ৰখাৰ অৰ্থ এয়ে যে বিশ্বৰ কোনো এটা অংশত বজাৰত হোৱা সামান্য পৰিৱৰ্তনেও সমান্তৰালভাৱে সমগ্ৰ বিশ্বতে প্ৰভাৱ পেলায়।

(গ) গোলকীকৰণ প্ৰক্ৰিয়াই ব্যক্তিগতকৰণ বিচাৰে। ৰাজহুৱা খণ্ডক ব্যক্তিগত খণ্ডলৈ হস্তাঞ্জ কৰাটো গোলকীকৰণৰ এটা মূল নীতি।

গোলকীকৰণে বজাৰকৰণ দাবী কৰে। বজাৰ ভিত্তিক প্ৰক্ৰিয়াৰ দ্বাৰা সামাজিক ৰাজনৈতিক বা অর্থনৈতিক সমস্যাবোৰ সমাধান কৰাৰ প্ৰয়াসেই হৈছে বজাৰকৰণ।

১৩৷ জনজাতিসমূহৰ সাপ্তাহিক বজাৰ ব্যৱস্থালৈ কেনে পৰিৱৰ্তন আহিছে আলোচনা কৰা। 

উত্তৰঃ যদিও জনজাতীয় সমাজবোৰত অনুষ্ঠিত হোৱা সাপ্তাহিক বজাৰবোৰ এক পুৰণি সংস্থ কিন্তু মাজে মাজে এই বজাৰ ব্যৱস্থালৈ পৰিৱৰ্তন অহা দেখা গৈছে। ঔপনিবেশিক শাসন সময়চোৱাত চৰকাৰে এনে দুর্গম অঞ্চলবোৰলৈ বাট পথ নিৰ্মাণ কৰি এই অঞ্চলবোৰত থক বনজ আৰু খনিজ সম্পদ আহৰণৰ চেষ্টা কৰিছিল। ইয়াৰ ফলত বাহিৰৰ ব্যৱসায়ী আৰু টকা সুদলৈ দিয়া লোকৰ জনজাতীয় অঞ্চললৈ প্ৰৱজন ঘটিছিল। লাহে লাগে জনজাতীয় সাপ্তাহিক বজাৰলৈ পৰিৱৰ্তন আহিছিল। ক্রয়-বিক্রয়ত টকা পইচাৰ ব্যৱহাৰ আৰম্ভ হৈছিল। এই পৰিৱৰ্তনৰ যোগেদি স্থানীয় জনজাতীয় অর্থনীতিৰ দেশৰ বহল অর্থনৈতিক ক্ষেত্ৰৰ লগত সংযোগ স্থাপন হৈছিল। অৱশ্যে বাহিৰৰ ব্যৱসায়ী আৰু টকা সুদলৈ দিয়া লোকৰ হাতত স্থানীয় আদিবাসীসকলক দৰিদ্ৰ কৰি তুলিছিল আৰু বহুতে নিজৰ মাটি-বাৰী পৰ্য্যন্ত হেৰুৱাব লগা হৈছিল।

১৪। উৎপাদন মানে কি?

উত্তৰঃ উৎপাদন বুলি ক’লে সাধাৰণভাৱে ব্যক্তিয়ে নিজৰ শ্ৰম প্ৰয়োগ কৰি সৃষ্টি কৰা সামগ্রী বা সেৱাক বুজোৱা হয়। পূৰ্বতে উৎপাদন বুলি ক’লৈ কেৱল সামগ্রী উৎপাদনকহে বুজোৱা হৈছিল। কিন্তু উন্নেশ শতিকাত এই ধাৰণাৰ সলনি হয় আৰু সেৱাৰ সৃষ্টিটো উৎপাদন বুলি ধৰা হয় ।

১৫। ভোগবাদ বুলিলে কি বুজা?

উত্তৰঃ  সমাজ ব্যৱস্থাৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে উপভোগ (consumption)। ই অর্থনৈতিক ব্যৱস্থাৰ উন্নতিকৰণৰ লক্ষণ নহয় ; বৰঞ্চ বিলাসী জীৱনৰ প্ৰতীকৰূপেহে ইয়াক গণ্য কৰিব পাৰি। উপভোক্তাসকলে এই মাধ্যমৰ যোগেদি নিজৰ আৰ্থ-সামাজিক পৰিচয় দিয়াৰ উপৰিও কোনো সামগ্ৰী গ্ৰহণৰ জৰিয়তে নিজৰ সাংস্কৃতিক পৰিচয় বিস্তাৰ কৰাত ব্যস্তনী হৈ পৰে। কোম্পানীবোৰেও ইয়াৰ পূৰ্ণ সুযোগ ল’বলৈ চেষ্টা কৰে।

১৬। বন্টন কি?

উত্তৰঃ  অৰ্থত যিকোনো বস্তু সমাজৰ বিভিন্ন অংশৰ মাজত ভাগ কৰি দিয়াকে বণ্টন বুলি কোৱা হয়। কিন্তু সমাজশাস্ত্ৰত বণ্টনৰ ধাৰণাটো অলপ জটিল। সমাজতান্ত্রিক ধাৰণা অনুসৰি বণ্টন বুলিলে সমাজৰ বিভিন্ন অংশৰ মাজত সম্পদ আৰু সেৱাসমূহ ভাগ কৰি

দিয়াকে বুজায় ৷ এনেদৰে সমাজত সম্পদ আৰু সেৱা ভাগ কৰি দিবৰ বাবে ৰাষ্ট্ৰৰ দৰে এটা কতৃত্বৰ প্ৰয়োজন হয় ।

১৭। পুঁজিবাদী ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ পুঁজিবাদ হ’ল এক অর্থনৈতিক পদ্ধতি; যিটোৰ মূল উদ্দেশ্য হ’ল পুঁজি (মূলধন) খটুৱাই ব্যক্তিগতভাৱে উদ্যোগপতিয়ে লাভ (Profit) কৰিব পাৰে। ১৮শ শতিকাত ইউৰোপত হোৱা শিল্প বিপ্লৱ (Industrial Revolution) ৰ পাছৰ পৰাই পুঁজিবাদ অর্থনীতিয়ে গা কৰি উঠে।

মার্ক্সৰ মতে, সামগ্ৰী বা দ্রব্য উৎপাদন ব্যৱস্থাটোৱেই হৈছে পুঁজিবাদ। এই পুঁজিবাদৰ লগত মজুৰিপ্ৰাপ্ত বনুৱাৰ দ্বাৰা বজাৰৰ লক্ষ্য কৰা উৎপাদন প্ৰক্ৰিয়াটো জড়িত আছিল। তেওঁ কৈছে যে পুঁজিবাদী উৎপাদন ব্যৱস্থাত বনুৱা শ্ৰেণীয়েই দ্ৰব্যলৈ পৰিণত হয়। কিয়নো মজুৰিৰ বাবে তেওঁলোকে নিজৰ শ্ৰম বিক্ৰী কৰিব লগা হয়। ইয়েই সমাজত দুটা প্রধান শ্ৰেণীৰ জন্ম দিয়ে— এটা হৈছে পুঁজিপতি বা উৎপাদনৰ আহিলাৰ মালিক আৰু শ্ৰমিক বা যিসকলে পুঁজিপতিসকলক তেওঁলোকৰ শ্ৰম বিক্ৰী কৰে।

পুঁজিবাদ সমাজ ব্যৱস্থাৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে উপভোগ (consumption)। ই অর্থনৈতিক ব্যৱস্থাৰ উন্নতিকৰণৰ লক্ষণ নহয় ; বৰঞ্চ বিলাসী জীৱনৰ প্ৰতীকৰূপেহে ইয়াক গণ্য কৰিব পাৰি। উপভোক্তাসকলে এই মাধ্যমৰ যোগেদি নিজৰ আৰ্থ-সামাজিক পৰিচয় দিয়াৰ উপৰিও কোনো সামগ্ৰী গ্ৰহণৰ জৰিয়তে নিজৰ সাংস্কৃতিক পৰিচয় বিস্তাৰ কৰাত ব্যস্তনী হৈ পৰে। কোম্পানীবোৰেও ইয়াৰ পূৰ্ণ সুযোগ ল’বলৈ চেষ্টা কৰে ৷

১৮। আৰ্জিত চাৰিত্ৰিক বৈশিষ্ট্যৰ ভিত্তিত জনজাতিসকলক শ্ৰেণীকৰণ কৰা প্রধান নির্ণায়ক দুটা কি কি ?

উত্তৰঃ আৰ্জিত চাৰিত্ৰিক বৈশিষ্ট্যৰ ভিত্তিত জনজাতিসকলক কৰা শ্ৰেণীকৰণে দুটা প্ৰধান নিৰ্ণায়ক ব্যৱহাৰ কৰে। যেনে— জীৱিকাৰ ধৰণ আৰু হিন্দু সমাজত সন্নিবিষ্ট হোৱাৰ পৰিসৰ অথবা দুয়োটাৰে সংযোজন।

১৯৷ প্ৰভাৱশালী জাতি কি? ভাৰতৰ যিকোনো দুটা প্ৰভাৱশালী জাতিৰ নাম লিখা? 

উত্তৰঃ প্ৰভাৱশালী জাতি (dominant caste)অৱধাৰণাটো আগবঢ়াইছিল এম. এন. শ্রীনিবাসে, এই শব্দটোৱে বৃহৎ জনসংখ্যাৰ জাতিবোৰক বুজাইছিল। ভাৰতৰ দুটা প্ৰভাৱশালী জাতি হ’ল-বিহাৰ আৰু উত্তৰ প্ৰদেশৰ যাদৱসকল আৰু অন্ধ্ৰপ্ৰদেশৰ ৰেড্ডী আৰু খাম্মাসকল।

২০। বৰ্তমানৰ বা সাম্প্ৰতিক কালৰ জাতিৰ ওপৰত আলোচনা কৰা ।

উত্তৰঃ ১৯৪৭ চনত ভাৰতে স্বাধীনতা পোৱাৰ ক্ষেত্ৰত জাতি বিষয়ক বিচাৰ -বিবেচনাই জাতীয়তাবাদী আন্দোলনত সৰ্বসাধাৰণ লোকক একত্ৰিত কৰাত এক ভূমিকা পালন কৰিছিল। এই আন্দোলনত উচ্চ জাতিৰ প্ৰগতিশীল সংস্কাৰকসকলৰ সৈতে নিম্ন জাতিৰ সদস্যসকলেও আগভাগ লৈছিল। বর্তমান নিম্ন জাতিৰ লোকসকলৰ উন্নয়ণৰ কাৰণে চৰকাৰে বিভিন্ন ব্যৱস্থা হাতত লৈছে। জাতিৰ ক্ষেত্ৰত থকা কঠোৰতা সাম্প্রতিক কালত প্রায় নাইকীয়া হ’ল বুলি ক’ব পাৰি ৷

২১। ঔপনিবেশিক কালত জাতি ব্যৱস্থাত কি কি প্রধান পৰিৱৰ্তন সংঘটিত হৈছিল?

 উত্তৰঃ ঔপনিৱেশিকতাবাদে জাতি ব্যৱস্থালৈ ব্যাপক পৰিৱৰ্তন আনিছিল। সেইসমূহ পৰিৱৰ্তনৰ ভিতৰত উল্লেখযোগ্য হৈছে—

(ক) জাতিৰ বিষয়ে লোকপিয়লৰ যোগেদি কৰা তথ্য সংগ্ৰহ আৰু চৰকাৰীভাৱে জাতি প্ৰস্থিতিৰ টোকা তৈয়াৰ কৰা কাৰ্যই জাতি সংস্থাত যথেষ্ট পৰিৱৰ্তন আনিলে।

(খ) মাটিৰ খাজনা বন্দৱস্তিৰ সৈতে সম্পৰ্ক থকা ব্যৱস্থা সমূহে আৰু আইনসমূহে উচ্চ জাতিৰ প্ৰথাগত (জাতিভিত্তিক) অধিকাৰক নায্য স্বীকৃতি প্রদান কৰিছিল ।

(গ) ১৯৩৫চনৰ ভাৰত চৰকাৰ অধিনিয়ম গৃহীত হৈছিল যাৰ দ্বাৰা জাতি আৰু জনজাতিৰ তালিকাবোৰ বা অনুসূচীবোৰক বৈধ স্বীকৃতি প্রদান কৰা হৈছিল।

২২। জনজাতীয় মানসিকতা কি?

উত্তৰঃ জনজাতীয় মানসিকা হৈছে জনজাতীয় লোকসকলৰ মাজত গঢ়ি উঠা এক প্ৰকাৰৰ মনোভাৱ বা আচৰণ যাৰ দ্বাৰা তেওঁলোকে নিজকে অন্যান্য লোকসকলৰ বা সমূহবোৰৰ পৰা নিজকে পৃথক কৰি ৰাখে। চমুকৈ ক’বলৈ গ’লে তেওঁলোকক বিভিন্ন ক্ষেত্ৰত বাধা জন্মোৱা অন্যান্যসকলৰ পৰা পৃথক হ’বলৈকে জনজাতীয় সমূহবোৰে নিজকে সংঘবদ্ধ কৰিবলৈ আৰ কৰে।

২৩৷ বজাৰক সামাজিক সংস্থা হিচাপে ব্যাখ্যা কৰা।

উত্তৰঃ বজাৰ হৈছে এক সামাজিক সংস্থা কিয়নো বজাৰসমূহ প্ৰায়েই পৰিচালনা, স্থাপন আৰু নিয়ন্ত্ৰণ কৰে কিছুমান বিশেষ সামাজিক সমূহ বা শ্ৰেণীয়ে

২৪৷ ‘অদৃশ্য হাত’ ৰ দ্বাৰা আদাম স্মিথে কি বুজাব বিচাৰিছে?

উত্তৰঃ আদাাম স্মিথৰ মতে, বজাৰ অৰ্থীতি হৈছে এনে এটা প্ৰক্ৰিয়া য’ত ব্যক্তিয়ে কেৱল নিজৰ লাভৰ কথাহে চিন্তা কৰে, তেওঁ বিশ্বাস কৰে যে, এইদৰে প্ৰত্যেকে জিনৰ লাভৰ বাবে চিন্তা কৰোতে সামাগ্ৰিকভাৱে সমাজৰেই লাভ হয়। সেয়েহে এই পদ্ধতিটোত এক অদৃশ্যমান শক্তিয়ে কাম কৰে যাৰ দ্বাৰা ব্যক্তিসকল লাভাম্বিত হোৱাৰ লগে লগে সমাজখনো লাভাম্বিত হ’বলৈ ধৰে। এই ‘অদৃশ্য শক্তিক’ আদাম স্মিথে ‘অদৃশ্য হাত’ হিচাপে আখ্যা দিছে। 

২৫। প্রস্থিতি চিহ্ন কি?

উত্তৰঃ সমাজতত্বৰ অন্যতম প্রতিষ্ঠাপক মেক্স ৱেবাৰে কৈছে যে মানুহে যি বস্তু ক্রয় কৰে বা ব্যৱহাৰ কৰে সেয়া মানুহৰ সামাজিক প্ৰস্থিতিৰ ওপৰত বহু পৰিমানে নিৰ্ভৰ কৰে। এনেদৰে প্ৰস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ক্রয় বা আহৰণ কৰাটোকে ৱেবাৰে প্ৰস্থিতি চিহ্ন বুলি অভিহিত কৰিছে।

২৬। পূৰ্বতে ক্রয়-বিক্ৰয়ৰ বাবে বজাৰৰ অংশ নোহোৱা দুটা সামগ্ৰীকৰণ বা সামগ্ৰীকিকৰণ দ্রব্য বা সেৱাৰ উদাহৰণ দিয়া।

উত্তৰঃ পূৰ্বতে ক্রয়-বিক্ৰয়ৰ বাবে বজাৰৰ অংশ নোহোৱা সামগ্ৰীকৰণ দ্রব্য বা সেৱাৰ দুটা উদাহৰণ তলত উল্লেখ কৰা হ’ল—

(ক) বটলৰ পানী

(খ) মূল্যৰ বিনিময়ত দৰা –কন্যা নিৰ্বাচন কৰা সংগঠনসমূহ।

২৭। সামগ্ৰীকৰণ ৰ ঋণাত্মক সামাজিক প্ৰভাৱসমূহ কি কি? 

উত্তৰঃ সামগ্ৰীকৰণ প্ৰক্ৰিয়াই মানৱ সমাজত ঋণাত্মক প্রভাবো পেলায়, সকলো ধৰণৰ সামগ্ৰীকৰণ প্ৰক্ৰিয়াই সমাজৰ বাবে উপযোগী নহয়৷ উদাহৰণ স্বৰূপে শ্ৰম সামগ্ৰী হোৱাৰ লগেলগে দাসৰ দৰে শ্ৰমিকক বেচা-কিনা কৰাটো সামগ্ৰীকৰণৰ এক ঋণাত্মক বা কু-প্ৰভাৱ৷ আনহাতে মানৱ অংগৰ সামগ্ৰীকৰণো হৈছে মানৱ-সমাজত সামগ্ৰীকৰণ এক কু-প্ৰভাৱ বুলিব পাৰি।

(গ) ৰচনাধৰ্মী প্ৰশ্নোত্তৰ : মূল্যাংক :  ৪/৫

১। ভাৰতীয় সমাজৰ পৰিপ্ৰেক্ষিতত জনজাতিৰ সংজ্ঞা আগবঢ়োৱাত সন্মুখীন হোৱা সমস্যাবোৰ কি কি ?

উত্তৰঃ জনজাতি শব্দটো ভাৰতত ঔপনিবেশিক যুগতহে ব্যৱহাৰ কৰা হৈছিল আৰু মূলতঃ প্ৰশাসনীয় সুবিধাৰ অৰ্থে এচাম সম্পূর্ণ সুকীয়া সম্প্রদায়ক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হৈছিল। ১৯৬০ ৰ দশকত জনজাতিসকলক হিন্দু সমাজৰ সৈতে সম্পর্কিত অথচ এটা পৃথক মূৰত অৱস্থান কৰা বুলি ধৰা হ’ব নে তেওঁলোকক এই সম্পূৰ্ণ সুকীয়া ধৰণৰ সম্প্ৰদায় বুলি ধৰা হ’ব তাক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। সংক্ষেপে ক’বলৈ গ’লে জাতি-জনজাতিৰ মাজৰ পাৰ্থক্য বিতৰ্কই জনজাতিৰ সংজ্ঞা আগবঢ়োৱাৰ ক্ষেত্ৰত থকা এটা ডাঙৰ। অসুবিধা।

ইয়াৰোপৰি কিছু সংখ্যক পণ্ডিতৰ মতে জনজাতিসকল সভ্যতাৰ পোহৰ নোপোৱা পুৰাতনীয়া লোক। ইয়াৰ বিপৰীতে কিছু সংখ্যকৰ মতে কিছুমান শোষণমূলক পৰিঘটনাৰ ফলস্বৰূপেছে। জনজাতিৰ উদ্ভৱ হৈছে। আন কিছু সংখ্যক পণ্ডিতৰ মতে আকৌ জনজাতিসকল পূৰ্বতে বৰ্তমানৰ দৰে নিষ্পেষিত নাছিল। কিছু সংখ্যক জনজাতিয়ে হাতী আৰু নিমখৰ ব্যৱসায়ত বিশেষ স্থান দখল কৰিছিল। এনেবোৰ পৰস্পৰ বিৰোধী ভাৱধাৰাৰ উপস্থিতিয়ে ভাৰতত জনজাতিসকলৰ সংজ্ঞা আগবঢ়োৱাত সমস্যাৰ সৃষ্টি কৰে ৷

2 । যৌথ বা যুটীয়া পৰিয়ালৰ মূল্য বৈশিষ্ট্যসমূহ চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ যৌথ বা যুটীয়া পৰিয়ালৰ মূল্য বৈশিষ্ট্যসমূহ হ’ল—

(ক) ডাঙৰ আকাৰ : যুটীয়া পৰিয়ালৰ আকাৰ সাধাৰণতে ডাঙৰ হয় কিয়নো এনে পৰিয়ালত মাক-দেউতাক, তেওঁলোকৰ সন্তান-সন্ততি, নাতি-নাতিনীসকলৰ লগতে অন্যান্য আত্মীয় লোকসকল অন্তর্ভূক্ত হৈ থাকে।

(খ) উমৈহতীয়া বাসস্থান : যুটীয়া পৰিয়ালত যদিও সদস্যৰ সংখ্যা বেছি, এনে পৰিয়ালৰ সদস্যসকলে কিন্তু একেটা ঘৰতে একেলগে বসবাস কৰে।

(গ) উমৈহতীয়া ৰান্ধনিশাল : যুটীয়া পৰিয়ালত একেলগে বাস কৰাৰ লগতে সদস্যসকলে একেলগে ৰন্ধা-বঢ়া কৰিবৰ বাবে একে ৰান্ধনীশাল ব্যৱহাৰ কৰে। উমৈহতীয়াভাৱে একে বাসগৃহত থাকিলেও যদিহে তেওঁলোকে একেলগে খোৱা-বোৱা নকৰে তেন্তে তেনে পৰিয়ালক যুটীয়া পৰিয়াল আখ্যা দিব নোৱাৰি৷

(ঘ) উমৈহতীয়া সম্পত্তি : যুটীয়া পৰিয়ালত সকলো সদস্যৰে সম্পত্তিৰ ওপৰত সম অধিকাৰ থাকে। সকলো সদস্যৰে সমূহীয়া প্ৰচেষ্টাৰে আহৰণ কৰা সা-সম্পত্তিসমূহ পৰিয়ালৰ উমৈহতীয়া পুঁজিত জমা হয়।

(ঙ) উমৈহতীয়া সামাজিক আৰু ধৰ্মীয় কৰ্তব্য : যুটীয়া পৰিয়ালৰ সদস্যসকলে বিভিন্ন সামাজিক আৰু ধৰ্মীয় কাম-কাজবোৰ উমৈহতীয়াভাৱে সম্পাদন কৰে।

৩ ।আধুনিক যুগত জাতি ব্যৱস্থাৰ ভূমিকা কেনে? আলোচনা কৰা ।

উত্তৰঃ জাতিভেদ এক সামাজিক ব্যাধি হিচাপে স্বাধীনতাৰ পূৰ্বৰে পৰা স্বীকৃত হৈছিল আৰু জাতীয়তাবাদী আন্দোলনৰ নেতাসকলে জাতিভেদ বিলুপ্তকৰণৰ পোষকতা কৰিছিল । সংবিধান জাতিভেদৰ বিলুপ্তি ঘটাইছিল আৰু অনুসূচীত জাতি আৰু জনজাতিসকলৰ কল্যাণৰ মতে  সংৰক্ষণৰ দিহা কৰিছিল। ইয়াৰ ফলত অনুসূচিত জাতি-জনতাতি আৰু অনগ্ৰসৰ জাতিবোৰে নিজৰ জাতি পৰিচয় দৃঢ় কৰি তুলিছিল৷ তেওঁলোকৰ কাৰণে সংবিধানে প্ৰদান কৰা সংৰক্ষণ আঁচনি আৰু সুৰক্ষাদায়ক বৈষম্যমূলক নীতি গ্রহণ কৰা ব্যৱস্থাই ৰক্ষা কবচৰ দৰে কাম কৰে । আৰু সেয়েহে তেওঁলোকে জাতি পৰিচয়ক বেছি গুৰুত্ব প্ৰদান কৰা দেখা যায়।

আনহাতে সাম্প্রতিক সময়ত ঔদ্যোগিক ক্ষেত্ৰত যথেষ্ট চাকৰিৰ সৃষ্টি হৈছে – য’ত জাতি বিষয়ক কোনো নিয়মাৱলী প্ৰয়োগ নহয়। ইয়াৰোপৰি মহানগৰত একেলগে বসবাস কৰিব লগা হোৱাৰ বাবেও জাতি ব্যৱস্থাত শিথিলতা দেখা পোৱা গৈছে। অৱশ্যে ভাৰতত সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত সৃষ্টি হোৱা নির্বাচনী গণতন্ত্রত জনসংখ্যা বেছি থকা জাতিয়ে ৰাজনীতিত বেছি প্ৰভাৱশালী ভূমিকা গ্ৰহণ কৰা দেখা গৈছে।

8‌ । জনজাতিৰ বিভিন্ন বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা৷ 

উত্তৰঃ জনজাতীয় সমাজৰ প্ৰধান বৈশিষ্ট্যবিলাক তলত উল্লেখ কৰা হ’ল—

(ক) জনজাতীয় লোকসকলে নির্দিষ্ট একোটা বিশেষ ভৌগোলিক অঞ্চলত বসবাস কৰে। সেই অঞ্চলটোৰ লগত খাপ খোৱা জীৱন নিৰ্বাহ প্ৰণালীৰে এওঁলোক পৰিচিত হৈ উঠে।

(খ) প্রত্যেক জনজাতিৰে একোটা নিৰ্দিষ্ট নাম থাকে। এই নামৰ দ্বাৰা এটা জনজাতিক আন এটাৰ পৰা পৃথকে বুজাত সহায়ক হয়। যেনে- মিচিং, বড়ো ইত্যাদি৷

(গ) প্রত্যেক জনজাতিৰে একোটা নিজস্ব ভাষা বা উপভাষা (দোৱান) থাকে। 

(ঘ) যুৱগৃহ বা ডেকাচাং জনজাতীয় সমাজ আৰু সাংস্কৃতিৰ অন্যতম পৰিচয় ৷ এই সংগঠনৰ মাধ্যমেৰে উঠি অহা ল’ৰা-ছোৱালীক সকলো দিশৰে প্ৰয়োজনীয় শিক্ষা প্ৰদান কৰা হয় ।

(ঙ) প্রত্যেক জনজাতিৰে নিজস্ব একোটা ৰাজনৈতিক সংগঠন থাকে।

৫ । স্বাধীনতাৰ পিছত ভাৰতত জনজাতিসকলৰ জীৱন ধাৰণৰ পৰিস্থিতিৰ কেনে পৰিৱৰ্তন ঘটিছে?

উত্তৰঃ মানৱ সমাজ পৰিৱৰ্তনশীল৷ সেয়েহে জনজাতীয় সমাজ জীৱনলৈও পৰিৱৰ্তন আহিছে। জনজাতীয় সমাজ জীৱনলৈ ক্ৰমাগতবাৱে অহা পৰিৱৰ্তন প্ৰক্ৰিয়াই তেওঁলোকৰ ধ্যান-ধাৰণা, ৰীতি-নীতি, শিক্ষা, অর্থনৈতিক ক্ষেত্ৰ, ৰাজনৈতিক দৃষ্টিভংগী আদিৰ লগতে জীৱন-যাপনৰ শৈলীত অনেক প্ৰভাৱ পেলাইছে।

জনজাতীয় সমাজত কি কি দিশত পৰিৱৰ্তনে দেখা দিছে তলত চমুকৈ আলোচনা কৰা‌ হল —

(ক) স্বাধীনতাৰ পাছৰ পৰা চৰকাৰী পৃষ্ঠপোষকতাত জনজাতীয় লোকসকলৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে। ইয়াৰ ফলস্বৰূপে, জনজাতীয় লোকসকল শিক্ষা-দীক্ষাত বহুখিনি আগবাঢ়ি গৈছে।

(খ) জনজাতীয় সমাজৰ জীৱিকা-নিৰ্বাহৰ প্ৰধান মাধ্যম হৈছে ঝুমখেতি। সাম্প্রতিক কালত ঝুম পদ্ধতিৰ পৰিৱৰ্তন ঘটিছে। বিশেষকৈ ভৈয়াম অঞ্চলত বসবাস কৰিবলৈ লোৱা জনজাতীয় লোকসকলে অন্যান্য থলুৱা জনসাধাৰণৰ দৰেই স্থায়ী পদ্ধতিৰ কৃষি কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে।

(গ) ৰাজনৈতিক ক্ষেত্ৰটো জনজাতীসকলৰ মাজত পৰিবৰ্তনে দেখা দিছে। পৰম্পৰাগত জনজাতীয় সমাজত প্ৰত্যেক জনজাতিৰে নিজাকৈ এটা ৰাজনৈতিক সংগঠন আছিল। বৰ্তমান পৰম্পৰাগত ৰাজনৈতিক ব্যৱস্থাৰ ঠাইত গণতান্ত্রিক শাসন ব্যৱস্থাৰ তেওঁলোক অন্তর্ভুক্ত।

(ঘ) বর্তমান জনজাতীয় সমাজৰ পৰা ডেকাচাংবোৰ উঠি গৈছে। জনজাতীয় সমাজত এতিয়া ডেকাচাঙত উঠি অহা যুৱক-যুৱতীসকলক শিক্ষা প্ৰদান কৰা নহয়। ইয়াৰ ঠাইত বিভিন্ন শিক্ষানুষ্ঠানসমূহ গঢ় লৈ উঠিছে।

(ঙ) আগেয়ে জনজাতীয় লোকসকল একোটা নির্দিষ্ট ভৌগোলিক অঞ্চলত বসবাস কৰিছিল। কিন্তু বর্তমান শিক্ষা-দীক্ষাৰ উন্নতি সাধনৰ লগে লগে শিক্ষিতসকলে চাকৰি-বাকৰি, ব্যৱসায়-বাণিজ্য, উদ্যোগ আদিত কাম কৰিবৰ বাবে নিজৰ ঠাই এৰি আন ঠাইতো বসতি কৰিবলৈ লৈছে।

৬ । স্থায়ী চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি জনজাতীয় সমাজবোৰক শ্রেণী বিভক্ত কৰা হৈছে আলোচনা কৰা ।

উত্তৰঃ স্থায়ী চাৰিত্রিক বৈশিষ্ট্যবোৰৰ ভিতৰত অঞ্চল, ভাষা, শাৰীৰিক বৈশিষ্ট্য আৰু পাৰিপাৰ্শ্বিক বাসস্থানক সামৰি লোৱা হৈছে।

ভাৰতীয় জনজাতীয় লোকসকল বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকাৰ লগতে কোনো কোনো অঞ্চলত কেন্দ্ৰীভূতহৈও আছে। উদাহৰণস্বৰূপে, জনজাতীয় লোকৰ ৮৫ শতাংশই মধ্যভাৰতত বাস কৰে। অৱশিষ্ট ১৫ শতাংশৰ ভিতৰত ১১ শতাংশই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত আৰু ৩ শতাংশতকৈ কিছু বেছি ভাৰতৰ অন্যান্য ঠাইত পোৱা যায়। বাসোপযোগী পাৰিপাৰ্শ্বিক

অৱস্থাৰ স্থানসমূহে পাহাৰ, জংঘল, সমতল, গ্রামাঞ্চল আৰু ঔদ্যোগিক চহৰাঞ্চলক সামৰি লৈছে।

ভাষাৰ পিনৰপৰা জনজাতিবোৰক চাৰিটা ভাগত ভগোৱা হৈছে। তাৰ ভিতৰত ইন্দো-আর্য ভাষাগোষ্ঠীত প্রায় ১ শতাংশ জনজাতীয় লোক আৰু দ্ৰাবিড়ী ভাষাগোষ্ঠীত প্রায় ৩ শতাংশ জনজাতীয় লোক আছে। অষ্ট্রিক ভাষাগোষ্ঠীৰ ভাষা ব্যৱহাৰ কৰা আটাইখনি লোকেই মৌলিকভাৱে জনজাতীয় লোক আৰু ৮০ শতাংশতকৈ অধিক জনজাতীয় লোক তিবৃত‌বৰ্মন ভাষাগোষ্ঠীৰ ৷

শাৰিৰীক গঠনৰ ভিত্তিত জনজাতিবোৰক নেগ্ৰিট, অষ্ট্রেলীয়, মঙ্গোলীয়, দ্রাবিড়ী আৰু আর্য বৰ্গত ভাগ কৰা হৈছে। শেষৰ বৰ্গ দুটাত ভাৰতীয় অজনজাতীয় লোকসকলো পৰে। আকাৰৰ ক্ষেত্ৰত জনজাতিবোৰৰ মাজত যথেষ্ট পার্থক্য পৰিলক্ষিত হয়। এহাতে আন্দামানৰ জনসংখ্যা হয়তো এশজনৰো কম, আনহাতে ৭০ লাখ জনসংখ্যাৰ জনজাতিও আছে।

৭ । সাম্প্রতিক সময়ত জনজাতীয় পৰিচয় গঢ়ি উঠাত প্ৰভাৱ পেলোৱা মূল কাৰকসমূহ কি কি? 

উত্তৰঃ বৰ্তমান সময়ত জনজাতীয় পৰিচয়ৰ গঠনৰ মূল কাৰণ হৈছে মূলসুঁতি প্ৰক্ৰিয়াৰ সৈতে জনজাতীয় সম্প্ৰদায়বোৰৰ বলপূর্বক সন্নিবিষ্টকৰণ। কাৰণ বৰ্তমানৰ জনজাতীয় পৰিচয় কোনো জনজাতিৰ মূল বৈশিষ্ট্যৰ পৰিৱৰ্তে এই প্ৰক্ৰিয়াৰ দ্বাৰাহে গঢ় লৈছে। বৰ্তমানৰ বেছিভাগ জনজাতিৰেই পৰিচয়ৰ কেন্দ্ৰ হৈছে অজনজাতীয় লোকসকলৰ প্ৰৱল শক্তিক প্ৰতিৰোধ আৰু বিৰোধিতা কৰা ধাৰণাৰ ওপৰত৷

জনজাতীয় সম্প্ৰদায়ৰ মাজৰ পৰা শিক্ষিত মধ্যম শ্ৰেণীটোৰ উদ্ভৱ হোৱাৰ লগে লগেই জনজাতীয় পৰিচয়ৰ প্ৰথটোও উদয় হয়। সংৰক্ষণ নীতিৰ সংযোজনে আৰু শিক্ষাই জনজাতীয় লোকসকলৰ মাজত এক চহৰীয়া বৃত্তিধাৰী শ্ৰেণীৰ সৃষ্টি কৰিলে । জনজাতীয় লোকসকলৰ মাজৰ পৰাই উদ্ভৱ হোৱা শ্ৰেণী আৰু অন্যান্য বিভাজনে জনজাতীয় সমাজবোৰত অধিক বিভাজনৰ সৃষ্টি কৰিলে আৰু ইয়ে বেলেগ বেলেগ ভিত্তিৰ সূচনাৰে জনজাতীয় পৰিচয়ৰ দাবী তুলিছে।

৮। বিশ্বায়নৰ বিভিন্ন বৈশিষ্ট্যসমূহ চমুকৈ ব্যাখ্যা কৰা। 

উত্তৰঃ বিশ্বায়নৰ বিভিন্ন বৈশিষ্ট্যসমূহ হ’ল—

(ক) গোলকীকৰণ প্ৰক্ৰিয়াই আৰ্থিক উদাৰীকৰণ নীতি গ্ৰহণ কৰে।

(ক) গোলকীকৰণ প্ৰক্ৰিয়াই বজাৰ ব্যৱস্থাক সমগ্ৰ বিশ্বতে সম্প্ৰসাৰিত আৰু একত্ৰিত কৰি ৰাখে। একত্ৰিত কৰি ৰখাৰ অৰ্থ এয়ে যে বিশ্বৰ কোনো এটা অংশত বজাৰত হোৱা সামান্য পৰিবৰ্তনেও সমান্তৰালভাৱে সমগ্ৰ বিশ্বতে প্ৰভাৱ পেলায়।

(গ) গোলকীকৰণ প্ৰক্ৰিয়াই ব্যক্তিগতকৰণ বিচাৰে। ৰাজহুৱা খণ্ডক ব্যক্তিগত খণ্ডলৈ হস্তান্ত কৰাটো গোলকীকৰণৰ এটা মূল নীতি।

(ঘ) গোলকীকৰণে বজাৰকৰণ দাবী কৰে। বজাৰ ভিত্তিক প্ৰক্ৰিয়াৰ দ্বাৰা সামাজিৰ ৰাজনৈতিক বা অর্থনৈতিক সমস্যাবোৰ সমাধান কৰাৰ প্ৰয়াসেই হৈছে বজাৰকৰণ ।

৯ । পুঁজিবাদৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ পুঁজিবাদ হ’ল এক অর্থনৈতিক পদ্ধতি; যিটোৰ মূল উদ্দেশ্য হ’ল পুঁজি (মূলধন) ব্যক্তিগতভাৱে উদ্যোগপতিয়ে লাভ (Profit) কৰিব পাৰে। ১৮শ শতিকাত ইউৰোপত হো শিল্প বিপ্লৱ (Industrial Revolution) ৰ পাছৰ পৰাই পুঁজিবাদ অর্থনীতিয়ে গা কৰি উঠে ,।

মার্ক্সৰ মতে, সামগ্ৰী বা দ্রব্য উৎপাদন ব্যৱস্থাটোৱেই হৈছে পুঁজিবাদ। এই পুঁজিবাদৰ লগত মজুৰিপ্ৰাপ্ত বনুৱাৰ দ্বাৰা বজাৰৰ লক্ষ্য কৰা উৎপাদন প্রক্রিয়াটো জড়িত আছিল । তেওঁ কৈছে যে পুঁজিবাদী উৎপাদন ব্যৱস্থাত বনুৱা শ্ৰেণীয়েই দ্ৰব্যলৈ পৰিণত হয়। কিয়নো মজুৰিৰ বাে তেওঁলোকে নিজৰ শ্ৰম বিক্ৰী কৰিব লগা হয়। ইয়েই সমাজত দুটা প্রধান শ্ৰেণীৰ জন্ম দিয়ে— এটা হৈছে পুঁজিপতি বা উৎপাদনৰ আহিলাৰ মালিক আৰু শ্ৰমিক বা যিসকলে পুঁজিপতিসকল তেওঁলোকৰ শ্ৰম বিক্ৰী কৰে।

পুঁজিবাদ সমাজ ব্যৱস্থাৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে উপভোগ (consumption)। অর্থনৈতিক ব্যৱস্থাৰ উন্নতিকৰণৰ লক্ষণ নহয় ; বৰঞ্চ বিলাসী জীৱনৰ প্ৰতীকৰূপেহে ইয়াব গণ্য কৰিব পাৰি। উপভোক্তাসকলে এই মাধ্যমৰ যোগেদি নিজৰ আৰ্থ-সামাজিক পৰিচয় দিয়াৰ উপৰিও কোনো সামগ্ৰী গ্ৰহণৰ জৰিয়তে নিজৰ সাংস্কৃতিক পৰিচয় বিস্তাৰ কৰাত ব্যস্তন হৈ পৰে। কোম্পানীবোৰেও ইয়াৰ পূৰ্ণ সুযোগ ল’বলৈ চেষ্টা কৰে৷

১০৷ সামগ্ৰীকৰণৰ অৰ্থ উদাহৰণসহ ব্যাখ্যা কৰা।

উত্তৰঃ সামগ্ৰীকৰণ হৈছে, এনে এটা প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ যোগেদি যিবোৰ বস্তু আগতে কেতিয়াও ক্রয়-বিক্ৰয়ৰ বাবে বজাৰলৈ উলিয়াই দিয়া হোৱা নাছিল ৷ তেনে বস্তুক সামগ্ৰীৰূপে বজাৰত বিক্ৰী কৰা হয়। উদাহৰণস্বৰূপে · বটৰল পানী। আগেয়ে খোৱাপানী বজাৰত বিক্ৰী হোৱা কথা কোনেও ভাবিব পৰা নাছিল। কিন্তু তেনে বস্তুকেই বা পানীকেইবটলৰ পানী হিচাপে অতি সহজভাৱেই বেচা-কিনা কৰিব পাৰো ৷ 

১১৷ ভাৰতীয় অৰ্থনীতিত গোলকীকৰণৰ প্ৰভাৱসমূহ কেনে ধৰণৰ? ব্যাখ্যা কৰা। 

উত্তৰঃ ভাৰতত অর্থনৈতিক উদাৰীকৰণ আৰম্ভ হৈছিল ১৯৮০ দশকৰ শেষৰ পিনে উদাৰীকৰণ আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ বজাৰ বিদেশী কোম্পানীৰ বাবে মুক্ত হৈ পৰিছিল যাৰ ফলত সকলো ধৰণৰ বিদেশী সামগ্ৰী ভাৰতৰ বজাৰত সুলভ হৈ পৰিছিল। গোলকীয় আর্থিক ব্যৱস্থাৰ লগত সংগতি ৰাখি ভাৰততো ব্যক্তিগতকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। ৰাজহুৱা কোম্পানীবোৰৰ অংশস্বত্ব বিদেশী কোম্পানীক বিক্ৰী কৰা হৈছিল। পূৰ্বতে ভাৰতত কৃষি ক্ষেত্ৰত ৰাজ সাহায্য প্ৰদান কৰি ভাৰতীয় কৃষকক সকাহ দিয়া হৈছিল। কিন্তু উদাৰীকৰণৰ ফলত কৃষি ক্ষেত্ৰত থকা ৰাজ সাহাৰ্য্য উঠাই দিয়া হৈছিল। গোলকীকৰণৰ ফলস্বৰূপে ভাৰতত বহুতো পশ্চিমীয়া কোম্পানীয়ে নিজৰ কাৰ্য্যালয় খোলাৰ বাবে ভাৰতত নিয়োগৰ সুবিধা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এনেদৰে গোলকীকৰণে ভাৰতত নিয়োগৰ সুবিধা বৃদ্ধিকৰাৰ লগতে ভাৰতীয় অর্থনীতিৰ বিকাশৰ গতি খৰতকীয়া কৰিছে।

১২। উদাৰীকৰণ আৰু বজাৰকৰণৰ সপক্ষে আৰু বিপক্ষে থকা যুক্তিসমূহ উল্লেখ কৰা। এই বিতর্কত তুমি কোনটো পক্ষ ল’বা? আৰু কিয়?

উত্তৰঃ উদাৰীকৰণে বহুনীতি সাঙুৰি ৰাখে। যেনে – ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰ ব্যক্তিগত – খণ্ডলৈ হস্তান্তৰ কৰা, আর্থিক ক্ষেত্ৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিল কৰা, বিদেশী কোম্পানীসমূহক ভাৰতত উদ্যোগ প্ৰতিষ্ঠানৰ বাট মুকলি কৰি দিয়া আদি । এনে ধৰণৰ পৰিবৰ্তনবোৰক বজাৰকৰণ বুলি কোৱা হয়। বজাৰকৰণ হ’ল বজাৰ ভিত্তিক প্ৰক্ৰিয়াৰ দ্বাৰা সামাজিক, ৰাজনৈতিক বা অর্থনৈতিক সমস্যাবোৰ সমাধান কৰাৰ প্ৰয়াস ৷ বজাৰকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণ কৰা, শ্ৰমিকৰ মজুৰি বা বস্তুৰ দামৰ ওপৰত থকা চৰকাৰী নিয়ন্ত্ৰণ আঁতৰোৱাৰ ব্যৱস্থা কৰা হয় ৷ বজাৰকৰণ প্ৰক্ৰিয়াৰ সপক্ষে মত পোষণ কৰা সকলৰ মতে এনে প্ৰক্ৰিয়াই দেশৰ অৰ্থনৈতিক প্ৰগতি বৃদ্ধি কৰে। তেওঁলোকৰ মতে ৰাজহুৱা খণ্ডতকৈ ব্যক্তিগত খণ্ডবোৰ অধিক কাৰ্য্যদক্ষ বাবে এই পদক্ষেপ সামগ্রিকভাৱে দেশৰ আৰ্থিক প্ৰগতিত সহায় কৰে। ইয়াৰোপৰি উদাৰীকৰণৰ বাবে বিদেশী কোম্পানীবোৰে ভাৰতত উদ্যোগ আৰু কাৰ্য্যালয় স্থাপন কৰাৰ সুবিধা পাইছে । ইয়াৰ ফলত দেশত নিয়োগৰ সুবিধা বৃদ্ধি পাইছে। তদুপৰি উদাৰীকৰণৰ ফলত দেশত বিদেশী বিনিয়োগ বৃদ্ধি পাইছে – যাৰ ফলত দেশৰ আন্তঃগাঁথনি উন্নত হোৱাত সহায়ক হৈছে। উদাৰীকৰণৰ সমৰ্থকসকলৰ মতে ভাৰতীয় উৎপাদকে এতিয়া বিদেশী বজাৰত উৎপাদিত সামগ্রী বিক্ৰী কৰাৰো সুবিধা পাইছে। এনেবোৰ যুক্তিতে বহুতো পণ্ডিতে উদাৰীকৰণক সমৰ্থন কৰে।

আনহাতে, একাংশ পণ্ডিতৰ মতে আকৌ উদাৰীকৰণে ভাৰতীয় অৰ্থ ব্যৱস্থালৈ সাময়িক প্রগতি আনিলেও ই ভাৰতীয় অৰ্থব্যৱস্থালৈ বহুতো কুফল আনিছে। এই মতৰ সমৰ্থকসকলৰ মতে উদাৰীকৰণৰ দ্বাৰা ভাৰতীয় কৃষকসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। কৃষিক্ষেত্ৰত থকা ৰাজ-সাহাৰ্য্য কৰ্তন কৰি আৰু উৎপাদিত সামগ্ৰীৰ নূন্যতম সমৰ্থিত মূল্য প্রত্যাহাৰ কৰাৰ ফলত ভাৰতীয় কৃষকসকল ক্ষতিগ্ৰস্ত হৈছে। উদাৰীকৰণৰ পিছত কৃষকৰ আত্মহত্যাৰ মাত্ৰা বৃদ্ধি পোৱা দেখা গৈছে।

১৩। নতুন বজাৰ সৃষ্টি কৰাত উপনিবেশবাদে কেনে ভূমিকা গ্ৰহণ কৰিছিল? আলোচনা কৰা।

উত্তৰঃ ঔপনিবেশিকতাবাদৰ আৰম্ভণিৰ লগে লগে ভাৰতবৰ্ষত অৰ্থনীতিৰ ক্ষেত্ৰত বহু পৰিৱৰ্তন সাধন হয়। ইয়াৰ এটা স্পষ্ট উদাহৰণ হৈছে, ভাৰতৰ বজাৰলৈ ইংলেণ্ডৰ পৰা বস্ত্ৰৰ আগমনৰ লগে লগে হস্ততাঁত শিল্পৰ পতন হ’বলৈ ধৰাটো। ঔপনিৱেশিক যুগত ভাৰত বিশ্বৰ পুঁজিবাদী অৰ্থনীতিৰ লগত বেছি ভালকৈ সংযুক্ত হ’বলৈ আৰম্ভ কৰিলে। বৃটিছসকলে ভাৰতত ঔপনিৱেশ স্থাপন কৰাৰ আগতে বিশ্বৰ বজাৰত উৎপাদিত সামগ্ৰীৰ সৰবৰাহ কৰা ভাৰত আছিল এখন প্রধান দেশ। কিন্তু ঔপনিৱেকতাবাদৰ পিছত ঔদ্যোগীক দেশ ইংলেণ্ডৰ লাভালাভৰ বাবে কেঁচা সামগ্ৰী, কৃষিজাত সামগ্ৰী আৰু অ্যান্য উৎপাদিত সামগ্ৰী সৰবৰাহ হ’বলৈ ধৰিলে। ইয়াৰ লগে লগে ভাৰতৰ ব্যৱসায়িক ক্ষেত্ৰখনত নতুন নতুন সম্প্ৰদায়ৰ আৱিৰ্ভাৱ হ’ল ৷ কেতিয়াবা আগৰ বাণিজ্যিক বা ব্যৱসায়িক সম্প্ৰদায়সমূহৰ সৈতে একেলগে আৰু কেতিয়াবা তেওঁলোকক আঁতৰাই এওঁলোকে ব্যৱসায় কৰিবলৈ ধৰিলে৷ ভাৰতবৰ্ষত বজাৰ অৰ্থনীতিৰ বিস্তাৰে বহু ব্যৱসায়ী সম্প্রদায়ক পৰিৱৰ্তিত অর্থনৈতিক পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই নিজৰ নিজৰ প্ৰস্থিতিৰ উন্নতি ঘটাবলৈ সুবিধা প্ৰদান কৰিলে৷

যিসকল লোকে ঔপনিৱেশিকতাবাদে আগবঢ়োৱা অৰ্থনৈতিক সুবিধা গ্ৰহণ কৰিলে, তেওঁলোকে স্বাধীনতাৰ পিছৰ যুগলৈকে তেওঁলোকৰ অৰ্থনৈতিক ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ল। ঔপনিৱেশিক সময়ত মাৰোৱাৰীসকলেই আছিল একমাত্র সফল ব্যৱসায়িক সম্প্রদায় যিয়ে সুতলৈ টকা ধাৰে দিয়া আৰু অন্যান্য ব্যৱসায়ৰ বাবে কলিকতাৰ দৰে ঔপনিৱেশবাদী চহৰ আৰু ভাৰতৰ অন্যান্য ঠাইত বসতি কৰিবলৈ ল’লে। ঔপনিৱেশ যুগৰ শেষৰ ফালে আৰু স্বাধীনতাৰ পিছত কিছুমান মাৰোৱাৰী পৰিয়ালে নিজকে আধুনিক উদ্যোগপতি হিচাপে গঢ়ি তোলে আৰু তেতিয়াৰপৰা বৰ্তমানলৈকে অন্যান্য সম্প্ৰদায়তকৈ মাৰোৱাৰীসকলেই ভাৰতৰ বেছিভাগ উদ্যোগ নিয়ন্ত্ৰণ কৰি আছে।

১৪। যুটীয়া পৰিয়ালৰ দুটা কাৰ্য উল্লেখ কৰা।

উত্তৰঃ যুটীয়া পৰিয়াল ভাৰতীয় সমাজৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। যুটীয়া পৰিয়ালবোৰ সাধাৰণতে আকাৰত ডাঙৰ হয়। পিতৃ-মাতৃ আৰু তেওঁলোকৰ বিবাহিত আৰু অবিবাহিত সন্তান-সন্ততিৰ উপৰিও অন্যান্য সম্পৰ্কীয় লোক এনে পৰিয়ালত বান্ধ খাই থাকে। যুটীয়া পৰিয়াল অতি কমেও তিনিটা পুৰুষৰ (Generation) সদস্যৰ জৰিয়তে গঢ়ি উঠে। এই লোকসকলে একেটা ঘৰতে বাস কৰে আৰু একেটা ৰান্ধনিশালতে ৰান্ধি বাঢ়ি খায়। যুটীয়া পৰিয়ালৰ কার্যাবলীসমূহ হৈছেঃ

(ক) অর্থনৈতিক সুবিধা : সকলো সদস্যকে অর্থনৈতিক নিৰাপত্তা প্ৰদান কৰাটো যুটীয়া পৰিয়ালৰ প্ৰধান কাৰ্য। আর্থিক দিশত পৰিয়ালৰ প্ৰতিগৰাকী সদস্য পৰস্পৰ নিৰ্ভৰশীল। ইয়াত শিশু, বৃদ্ধ, বিধৱা, ৰুগীয়া আদি সকলো সদস্যই অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ কাৰণে চিন্তা কৰিব নালাগে।

(খ) শাৰিৰীক আৰু মানসিক নিৰাপত্তা প্ৰদান : যুটীয়া পৰিয়ালে ইয়াৰ সদস্যসকলক শাৰিৰীক আৰু মানসিক নিৰাপত্তা প্ৰদান কৰে। দুৰ্বল, ৰুগীয়া, বৃদ্ধ, শিশু, বিকলাঙ্গ আদি সকলো ব্যক্তিৰেই সামাজিক নিৰাপত্তা থাকে। যিহেতু এওঁলোক পৰিয়ালৰেই সদস্য, সেয়ে মৰম-স্নেহ আৰু আন্তৰিকতাৰে এইসকল ব্যক্তিক সকলো ফালৰ পৰা সহযোগিতা আগবঢ়ায়।

(গ) সামাজিক নিয়ন্ত্রণ : যুটীয়া পৰিয়ালে সামাজিক নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এনে পৰিয়ালত বয়োজ্যেষ্ঠসকলে কমবয়সীয়াসকলক নিয়ন্ত্ৰণ কৰে। সামাজিক আচৰণৰ প্ৰথম পাঠ প্ৰদান কৰি যুটীয়া পৰিয়ালে ইয়াৰ সদস্যসকলক পথভ্ৰষ্টমূলক কাৰ্যৰপৰা আঁতৰাই ৰাখে৷ ইয়াৰ ফলত সমাজখনো নিয়ন্ত্রিত হৈ থাকে।

১৫। আধুনিক পৰিয়ালে সম্মুখীন হোৱা যিকোনো চাৰিটা সমস্যা ব্যাখ্যা কৰা। 

উত্তৰঃ আধুনিক পৰিয়ালে সন্মুখীন হোৱা চাৰিটা সমস্যা হৈছে ––

(ক) বৰ্তমান আধুনিক পৰিয়াল বিলাকৰ স্থায়ীত্বতা নাইকীয়া হৈছে।

(খ) আধুনিক পৰিয়ালবোৰ অনুশাসনৰ ক্ষেত্ৰত দুৰ্বল হৈ পৰাত সামজিক সমস্যাই দেখা দিছে।

(গ) বৃদ্ধ লোকসকলে বৃদ্ধ বয়সতো অসহায়ভাৱে জীৱন কটাবলগীয়া হৈছে। 

(ঘ) নগৰীয়া সমাজত বৰ্ধিত সমস্যাৰ ফলস্বৰূপে আধুনিক পৰিয়ালৰ সদস্যসকলৰ মাজত মানসিক উত্তেজনা আৰু চাপ বৃদ্ধি কৰিছে।

১৬। আধুনিক পৰিয়ালৰ কাৰ্য্যৱলী বৰ্ণনা কৰা।

উত্তৰঃ সামাজিক জীৱনৰ উল্লেখযোগ্য সংগঠন হিচাপে পৰিয়ালে বহুতো কার্য সম্পাদন কৰে। সেইবোৰৰ ভিতৰত প্ৰধান হৈছে —

(ক) যৌন সম্বন্ধ নিয়ন্ত্ৰণ : পৰিয়ালৰ প্ৰধান কাম হ’ল মানুহৰ সহজাত যৌন প্রবৃত্তিক নিয়ন্ত্ৰণ কৰি সামাজিক শান্তি-শৃংখলা অটুত ৰখা৷

(খ ) সন্তান প্ৰজনন : পৰিয়ালে ইয়াৰ পৰিবেশৰ মাজত পুৰুষ-নাৰীৰ মিলন ঘটাই সন্তান জন্ম দিয়াই বংশানুক্ৰম ৰক্ষা কৰাত সহায় কৰে। সন্তান জন্ম দিয়াৰ পাছত পৰিয়ালে ইয়াৰ লোকসকলৰ বাবে প্ৰতিপালনৰো ব্যৱস্থা কৰে। এইদৰে, সন্তান জন্ম দিয়া আৰু সিহঁতক লালন পালন কৰা কামবোৰ পৰিয়ালে সমাধা কৰে ৷

(গ) প্ৰস্থিতি প্রদান : সমাজৰ প্ৰতিজন ব্যক্তিৰে নিজস্ব প্ৰস্থিতি আছে। এখন সমাজে পৰিয়ালৰ যোগেদিয়েই ব্যক্তিক সেই প্ৰস্থিতিসমূহ প্ৰদান কৰে। গুণ আৰু কৰ্ম অনুযায়ী ব্যক্তিসকলে সামাজিক প্রস্থিতি লাভ কৰিবলৈ সক্ষম হয়।

(ঘ) সামাজিক নিয়ন্ত্রণ : সামাজিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পৰিয়ালে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পৰিয়ালে ইয়াৰ সদস্যসকলৰ মাজত ৰক্ষা কৰা বুজাবুজি, সহায়-সহযোগিতা, আন্তৰিকতা, সহৃদয়তা আদি গুণ সমূহৰ প্ৰভাৱ সমাজতো পৰে। সেই গুনখিনিয়ে সামাজিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে।

আধুনিক যুগত পৰিয়ালৰ কামসমূহৰ পৰিৱৰ্তন হৈছে বুলি মই ভাবো। কিয়নো পুৰণি সমাজবিলাকত পৰিয়ালে সকলোবিলাক মৌলিক কর্তব্য যেনে–সন্তান জন্ম দিয়া, সন্তানৰ প্ৰতিপালন, স্বাস্থ্য ৰক্ষা, শিশুৰ সামাজিকীকৰণ, শিশুৰ শিক্ষা, সামাজিক নিয়ন্ত্ৰণৰ শিক্ষা দান, সম্পত্তিৰ ৰক্ষণাবেক্ষণ আৰু সদস্যসকলৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা আদি কাৰ্য সম্পাদন কৰিছিল। কিন্তু আজিকালি ক্রমে আধুনিক প্রযুক্তি, চিকিৎসা ব্যৱস্থা, ৰাজহুৱা শিক্ষানুষ্ঠান, নগৰীকৰণ, উদ্যোগীকৰণ আৰু নতুন আইন আৰু সামাজিক নিৰাপত্তা ব্যৱস্থাৰ প্ৰসাৰৰ লগে লগে উপৰোক্ত পুৰণি পৰিয়ালৰ কামবিলাকত পৰিৱৰ্তনে দেখা দিছে। বৰ্তমান পৰিয়ালত সন্তান প্ৰজননৰ কাম আৰু অন্যান্য চিকিৎসা আধুনিক চিকিৎসালয়ত সমাধা কৰা হয়। আগেয়ে পৰিয়ালেই শিশুৰ সামাজিকৰণ কৰিছিল কিন্তু বর্তমান বিদ্যালয় খেলাৰ সমূহ, পুথিভঁৰাল, ক্ৰেছ, ক্লাৱ আদিয়েহে সামাজিকৰণত অধিক সহায় কৰে। সেইদৰে মানসিক অৱসৰ বিনোদনৰ বাবে ৰেডিঅ’, টেলিভিশ্যন চিনেমা, ক্লাৱ, পুথিভঁৰাল আদিব গুৰুত্ব বাঢ়িছে৷ গতিকে দেখা যায় যে, আধুনিক যুগত পৌৰাণিক পৰিয়ালৰ কামবিলাকৰ বৰ্তমান দ্রুত গতিত সলনি হৈছে আৰু এই কাৰ্যসমূহৰ দায়িত্ব পৰিয়ালৰ পৰা অন্যান্য অনুষ্ঠানে ল’বলৈ লৈছে।

Class 12 Sociology Solutions – সমাজতত্ত্ব

Sl. No.সূচী-পত্ৰLink
Unit 1প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ গঠনClick Here
Chapter 2সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্তনClick Here
Chapter 3সামাজিক বৈষম্য আৰু বৰ্জনClick Here
Chapter 4অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহClick Here
Chapter 5প্রকল্প কার্যClick Here
Unit 2দ্বিতীয় খণ্ড : ভাৰতত সামাজিক পৰিবৰ্তন আৰু বিকাশ
Chapter 6ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়াClick Here
Chapter 7সামাজিক পৰিবৰ্তন আৰু ৰাজনীতিClick Here
Chapter 8সামাজিক পৰিবৰ্তন আৰু অর্থনীতিClick Here
Chapter 9সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্রClick Here
Chapter 10সামাজিক আন্দোলনসমূহClick Here

This Post Has 4 Comments

Leave a Reply