Class 12 Sociology Chapter-10 সামাজিক আন্দোলনসমূহ

Class 12 Sociology Chapter-10 সামাজিক আন্দোলনসমূহ । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্ন সমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 12 Sociology Chapter-10 সামাজিক আন্দোলনসমূহ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS First Year Sociology Chapter-10 সামাজিক আন্দোলনসমূহ

দ্বিতীয় খণ্ড

(ক) অতি চমু প্রশ্নোত্তৰ: মূল্যাংক: ১

১ । সমাজ সংস্কাৰ আন্দোলন কি?

উত্তৰঃ সমাজত থকা অন্ধবিশ্বাস, কুসংস্কাৰ আদিবোৰ দূৰ কৰাৰ উদ্দেশ্যে সমাজত সৃষ্টি হোৱা পৰিৱৰ্তনকামী শান্তিপূর্ণ আন্দোলন, বিশেষকৈ সাহিত্য, সংস্কৃতি, মূল্যবোধ শিক্ষা আদিৰ ক্ষেত্ৰত পৰিৱৰ্তন বিচৰা আন্দোলনবোৰকে সমাজ সংস্কাৰ আন্দোলন বোলা হয়।

২ ।‌জনজাতীয় আন্দোলনসমূহ ভাৰতত কিয় আৰম্ভ হৈছিল?

উত্তৰঃ জনজাতীয় আন্দোলন ভাৰতত আৰম্ভ হোৱা মূল কাৰণ সমূহ হ’ল – অর্থনৈতিক বৈষম্য, চৰকাৰৰ উদাসীন মনোভাব, বহু জনজাতিৰ বিচ্ছিন্নতাবাদী মনোভাৱ আৰু পৃথক ৰাজ্য গঠন কৰাৰ দাবী, বিভিন্ন সময়ত তেওঁলোকে সন্মুখীন হৈ অহা আর্থিক শোষণ আদি।

৩ । সমাজ সংস্কাৰ আৰু সমাজ কল্যাণৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ  সমাজ সংস্কাৰ আৰু সমাজ কল্যাণৰ মাজত পাৰ্থক্য যিমান তাতোকৈ বেছি সাদৃশ্য থকা দেখা যায়। সমাজ সংস্কাৰ আন্দোলনবোৰৰো মূল উদ্দেশ্য হৈছে সমাজৰ কল্যাণ সাধন কৰা। অৱশ্যে সমাজ সংস্কাৰে মূলতঃ সমাজত থকা অন্ধবিশ্বাস, কু-সংস্কাৰ আদিবোৰ দূৰ কৰিব বিচাৰে য’ত সমাজ কল্যাণ উদ্দেশ্য হৈছে সমাজৰ গৰিষ্ঠ সংখ্যক লোকৰ কল্যাণ সাধন কৰা।

৪ ।  ৰাজনৈতিক আন্দোলন কি?

উত্তৰঃ ৰাজনৈতিক উদ্দেশ্যত যিবিলাক আন্দোলন সংঘটিত হয় সেইবোৰ আন্দোলনক ৰাজনৈতিক আন্দোলন বুলি কোৱা হয়। সাধাৰণতে চৰকাৰৰ পৰিৱৰ্তন দাবী কৰি, ৰাষ্ট্ৰ ব্যৱস্থাত পৰিৱৰ্তন দাবী কৰি ৰাজনৈতিক আন্দোলনৰ সৃষ্টি হয় আৰু ৰাজনৈতিক দল আৰু নেতা ভূমিকা এনে আন্দোলনবোৰত গুৰুত্বপূৰ্ণ হৈ পৰে।

৫ । সাংস্কৃতিক আন্দোলন কি?

উত্তৰঃ আমাৰ জীৱন ধাৰণ পদ্ধতি, আচাৰ-ব্যৱহাৰ, সাজ-পোছাক, গীত-মাত, সাহিত্য-ভাৱধাৰা আদিত পৰিৱৰ্তন অনাৰ লক্ষ্যৰে সৃষ্টি হোৱা আন্দোলনবোৰক সাংস্কৃতিক আন্দোলন বুলি কোৱা হয়।

৬ । ‘দলিত’ সকল কোন?

উত্তৰঃ বর্ণ হিন্দু মূল জাতি চাৰিটা যেনে ব্ৰহ্মাণ, ক্ষত্রিয়, বৈশ্য, আৰু শূদ্ৰ। অনসূচীত জাতিৰ লোকসকল এই চাৰিটা জাতিৰ বাহিৰৰ। এই লোকসকলক অশুচি বুলি গণ্য কৰা। হৈছিল। তেওঁলোকক পূজা-পাতল আৰু উৎসৱ-পাৰ্বণত ভাগ লোৱা উচ্চ জাতিসমূহৰ লগত একেলগে বহা, খোৱা, ওচৰত বসবাস কৰা ইত্যাদি পৰা বিৰত ৰখা হৈছিল। আনকি তেওঁলোকে হাতেৰে স্পৰ্শ কৰা বস্তুও গ্ৰহণ কৰা নহৈছিল। এই লোকসকলক অস্পৃশ্য,অচ্যুত হবিজন আদি বিভিন্ন নামেৰে জনা যায়। বৃটিছ চৰকাৰে তেওঁলোকক দলিত শ্রেণী (de pressed class) নাম দিলে।

৭ । সম্পদ আহৰণ কি ?

উত্তৰঃ আমাৰ চৌপাশৰ পৰিবেশত নানা ধৰণৰ জৈৱিক আৰু অজৈৱিক সম্পদেৰে ভৰি আছে। এনে প্রাকৃতিক সম্পদবোৰ মানুহৰ মৌলিক প্ৰয়োজনৰ বাবে প্ৰকৃতিৰ পৰা সংগ্ৰহ কৰি লয়। জধে-মধে এনে সম্পদবোৰ নষ্ট নকৰি কেৱল প্রয়োজনভিত্তিক বিজ্ঞানসন্মতভাৱে আহৰণ কৰাকে সম্পদ আহৰণ বুলি কোৱা হয়।

৮ । সংস্কাৰধর্মী সামাজিক আন্দোলন কি?

উত্তৰঃ যিবোৰ সামাজিক আন্দোলনে সমাজত প্ৰচলিত হৈ থকা সামাজিক আৰু বাজনৈতিক ব্যৱস্থাবোৰক ধীৰে ধীৰে উন্নত কৰিব বিচাৰে। ভাৰতত ১৯৬০ ৰ দশকত সৃষ্টি হোৱা ভাষাভিত্তিক ৰাজ্য গঠনৰ আন্দোলন এনে সামাজিক আন্দোলন।

৯ । পৰিৱৰ্তনমূলক সামাজিক আন্দোলন বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ সামাজিক আন্দোলনে সামাজিক নীতি-নিয়মৰ পৰিৱৰ্তন কৰিব বিচাৰে তেনেবোৰ আন্দোলনক পৰিৱৰ্তনমূলক সামাজিক আন্দোলন বুলি কোৱা হয়।

১০। বৈপ্লবিক সামাজিক আন্দোলন কি ?

উত্তৰঃ বৈপ্লৱিক বা বিপ্লৱধর্মী আন্দোলনবোৰে সামাজিক সম্পৰ্কক পৰিৱৰ্তন কৰিব বিচাৰে। এনে কৰিবলৈ যাওঁতে কেতিয়াবা হত্যা-সন্ত্ৰাসৰ আশ্ৰয় ল’বলগা হয় আৰু আন্দোলনকাৰীয়ে চৰকাৰী ক্ষমতাও নিজৰ হাতলৈ আনিবলগীয়া হয়।

১১। পারিপার্শ্বিক আন্দোলনবোৰ কেতিয়া আৰম্ভ হৈছিল? 

উত্তৰঃ আধুনিক পৰিৱেশ আন্দোলনৰ আৰম্ভণিৰ কথা ক’লে আমি ক’ব লাগিব ১৯ শতিকাত ইউৰোপ আৰু উত্তৰ আমেৰিকাত পৰিৱেশ সম্পৰ্কীয় অৱহেলাত উল্লেখযোগ্য বেমাৰ আজাৰ আৰু লগতে বিয়পি পৰা বায়ু আৰু পানী প্ৰদূষণ আদিৰ বিষয়ে মুকলিকৈ দাঙি ধৰিবলৈ কৰা প্ৰচেষ্টাৰ কথা। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ পিছতহে বহুল ভিত্তিত পৰিবেশ সম্পৰ্কীয় সজাগতা আৰম্ভ হয়।

Class 12 Sociology Solutions – সমাজতত্ত্ব

Sl. No.সূচী-পত্ৰLink
Unit 1প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ গঠনClick Here
Chapter 2সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্তনClick Here
Chapter 3সামাজিক বৈষম্য আৰু বৰ্জনClick Here
Chapter 4অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহClick Here
Chapter 5প্রকল্প কার্যClick Here
Unit 2দ্বিতীয় খণ্ড : ভাৰতত সামাজিক পৰিবৰ্তন আৰু বিকাশ
Chapter 6ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়াClick Here
Chapter 7সামাজিক পৰিবৰ্তন আৰু ৰাজনীতিClick Here
Chapter 8সামাজিক পৰিবৰ্তন আৰু অর্থনীতিClick Here
Chapter 9সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্রClick Here
Chapter 10সামাজিক আন্দোলনসমূহClick Here

১২। স্বাধীনতাৰ পূৰ্বে কৃষক আন্দোলনৰ কিয় আৰম্ভ হৈছিল? 

উত্তৰঃ ভাৰতবৰ্ষত কৃষক বিদ্ৰোহৰ আৰম্ভণি হয় বৃটিছৰ ঔপনিবেশিক শাসনৰ সময়ত। সেই সময়ত প্ৰচলিত অর্থনৈতিক নীতিৰ ফলত পৰম্পৰাগত কুটীৰ শিল্পৰ পতনে ভূমিৰ মালিকীস্বত্বৰ পৰিৱৰ্তন আৰু ভূমিৰ নাটনিৰ সৃষ্টি কৰিলে আৰু খেতিয়ক সমাজ অধিক দূৰ্বল আৰু ধৰুৱা হৈ পৰিল। জমিদাৰ সকলে কৃষকসকলক নানা প্রকাৰে শোষণ কৰিবলৈ ধৰিলে। ইয়াৰ উপৰি ৰায়তবাৰী পদ্ধতিৰ ফলস্বৰূপে কৃষকসকলে অধিক পৰিমাণৰ ভূমি ৰাজহ আদায় দিবলগীয়া হ’ল।ইয়াৰ বাবে তেওঁলোকে ধাৰলৈ টকা ল’বলগীয়া হ’ল। এই দাৰ পৰিশোধ কৰিব নোৱাৰি বহু কৃষকে নিজৰ মাটিতে বন্ধুরা শ্রমিক হিচাপে কাম কৰিবলৈ বাধ্য হ’ল। এইবোৰে তেওঁলোকের মনত বিদ্ৰোহৰ সৃষ্টি কৰিলে আৰু ঔপনিৱেশিক শাসনৰ সময়চোৱাত কৃষকসকলৰ মাজত

এক জাগৰণৰ সৃষ্টি হ’ল 

বিশেষ অর্থনৈতিক আৰু ৰাজনৈতিক বিকাশৰ ফলস্বৰূপে প্ৰধানকৈ ১৯৩০ চনত গোটেই 

দেশজুৰি কৃষকসকলৰ মাজত জাগৰণৰ সৃষ্টি হ’ল।

কৃষক বিদ্রোহ বা আন্দোলনৰ প্ৰধান কাৰণ হৈছে:

(ক) ১৯২০ চনৰ পৰা ১৯৩০ চনলৈকে ভাৰতৰ কৃষকসকলৰ মাজত দেখা দিয়া হতাশা, আৰু 

(খ) ১৯৩০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভ কৰা নতুন স্তৰৰ জন আন্দোলন।

১৩ । ঔপনিবেশিক শাসনৰ সময়ত শ্রমিক আন্দোলন কিয় আৰম্ভ হৈছিল? 

উত্তৰঃ ঔপনিবেশিক শাসনৰ প্ৰথম সময়চোৱাত ব্ৰিটিছসকলে ভাৰতৰ পৰা কেঁচা সামগ্ৰী  ইংলণ্ডলৈ নি তাত তৈয়াৰ কৰা বিভিন্ন সামগ্ৰীসমূহ ভাৰতত বিক্ৰী কৰিছিল। কিন্তু উপনিবেশিক শাসনৰ শেষৰ পিনে বৃটিছসকলে ভাৰততেই কাৰখানা প্রতিষ্ঠা কৰিছিল। কলিকতা, বম্বে আৰু মাদ্ৰাজৰ দৰে বন্দৰ নগৰীত প্ৰতিষ্ঠা কৰা কাৰখানা আৰু অসমত প্ৰতিষ্ঠা কৰা চাহ খেতি সমূহত চৰকাৰে একেবাৰে ন্যূনতম মজুৰি দি কামত খটুৱাইছিল। মূলত :  এই কাৰণেই শ্রমিক

আন্দোলনৰ সৃষ্টি হৈছিল।

১৪। দলিত আন্দোলনসমূহ কিয় আৰম্ভ হৈছিল?

উত্তৰঃ দলিত আন্দোলনসমূহ হৈছে স্বীকৃতি লাভৰ সংগ্ৰাম। অর্থনৈতিক শোষণ বা বাজনৈতিক, দমন যদিও গুৰুত্বপূৰ্ণ, কিন্তু দলিত আন্দোলন হ’ল তেওঁলোকৰ ওপৰত থকা অস্পৃশ্যতার কলংক মোচনৰ বাবে কৰা সংগ্রাম।

১৫। শ্রেণীভিত্তিক আন্দোলনৰ দুটা উদাহৰণ দিয়া। 

উত্তৰঃ শ্রমিক আন্দোলন, কৃষক আন্দোলন।

১৬। সামাজিক আন্দোলনৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰঃ সামাজিক আন্দোলনৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল —

(ক) নির্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য : প্রত্যেকটো সামাজিক আন্দোলনৰে একোটা বিশেষ লক্ষ্য আৰু উদ্দেশ্য থাকে। এই লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতি ব্যক্তিৰ সংঘবন্ধতা, সহমত আৰু একতাৰ প্রয়োজন।

(খ) বিশেষ আদর্শ : সামাজিক আন্দোলনৰ একোটা বিশেষ আদর্শ থাকে আক সেই আদর্শ ৰূপায়ণৰ বাবে আন্দোলন আৰম্ভ কৰে।

১৭। ভাৰতত সৃষ্টি হোৱা দুটা কৃষক আন্দোলনৰ উদাহৰণ দিয়া।। 

উত্তৰঃ ভাৰতত সৃষ্টি হোৱা দুটা কৃষক আন্দোলনৰ উদাহৰণ হ’ল—

(i) বিহাৰত আৰম্ভ হোৱা কিশান সভা আন্দোলন আৰু 

(ii) বৰদলি সত্যাগ্রহ।

১৮। শ্রমিক সংঘ কি?

উত্তৰঃ শ্ৰমিকসকলে তেওঁলোকৰ ওপৰত চলা মালিকৰ আৰ্থিক শোষণ আৰু দমনমূলক নীতিৰ বিৰোধিতা কৰিবলৈ সংঘবদ্ধ হৈ শ্রমিক সংঘৰ সৃষ্টি কৰে। শ্রমিক সংঘ শ্ৰমিকসকলৰ কল্যাণৰ অৰ্থে সৃষ্টি হোৱা সংগঠন।

১৯। প্রথম ট্রেড ইউনিয়ন কোন চনত স্থাপিত হৈছিল?

উত্তৰঃ প্রথম ট্রেড ইউনিয়ন স্থাপিত হৈছিল ১৯১৮ চনৰ এপ্ৰিলত মাদ্ৰাজত। এই ইউনিয়ন স্থাপন কৰিছিল বি পি ৱাডিয়াই।

২০। ‘ঝাৰখণ্ড’ৰ বাবে কৰা সামাজিক আন্দোলনৰ গুৰি ধৰোতা বা নেতা কোন আছিল?

উত্তৰঃ ‘ঝাৰখণ্ড’ৰ বাবে কৰা সামাজিক আন্দোলনৰ নেতা আছিল বিৰছা মুণ্ডা ।

২১। ডিকুজ’ কি?

উত্তৰঃ জনজাতীয় ভাষাত ‘ডিকুজ’ শব্দৰ অৰ্থ হৈছে বাহিৰাগত। এই বহিৰাগত লোকসকলে জনজাতীয় লোকসকলক তেওঁলোকৰ তলতীয়া হৈ থাকিবলৈ বাধ্য কৰাইছিল যিয়ে জনজাতীয় লোকসকলৰ জীৱন কষ্টকৰ কৰি তুলিছিল। এই বহিৰাগত সকলৰ ভিতৰত আছিল ব্যৱসায়ী আৰু সুদলে টকা ধাৰ দিয়া লোকসকল।

(খ) চমু প্রশ্নোত্তৰ : মূল্যাংক : ২/৩ :

১ । ” সমাজ সংস্কাৰ আন্দোলনৰ দ্বাৰা কি কি পৰিৱৰ্তন সাধন কৰিব পাৰি?

উত্তৰঃ  সমাজ সংস্কাৰ আন্দোলনৰ দ্বাৰা এখন সমাজৰ সকলো দিশৰে পৰিৱৰ্তন সম্ভৱ হয় । ৰাজা ৰামমোহন ৰায়ে সতীদাহ প্ৰথাৰ বিৰোধীতা কৰি আৰম্ভ কৰা আন্দোলনৰ প্ৰভাৱত সেই সময়ৰ ভাৰতীয় গোড়া হিন্দু সমাজত পৰিৱৰ্তন সম্ভৱ হৈছিল।

২ । সামাজিক আন্দোলনৰ যিকোনো চাৰিটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ সামাজিক আন্দোলনৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল —

(ক) নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য : প্ৰত্যেকটো সামাজিক আন্দোলনৰে একোটা বিশেষ লক্ষ্য আৰু উদ্দেশ্য থাকে। এই লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতি ব্যক্তিৰ সংঘবদ্ধতা, সহমত আৰু একতাৰ প্ৰয়োজন।

(খ) বিশেষ আদর্শ : সামাজিক আন্দোলনৰ একোটা বিশেষ আদর্শ থাকে আৰু সেই আদৰ্শ ৰূপায়ণৰ বাবে আন্দোলন আৰম্ভ কৰে।

(গ) সংগঠিত ব্যক্তিৰ সমষ্টি : সামাজিক আন্দোলনৰ বাবে সু-সংঘবদ্ধ ব্যক্তিৰ সমষ্টিৰ প্রয়োজন, ব্যক্তিৰ জনমত, সহযোগিতা, একতা আদিৰ ওপৰত সামাজিক আন্দোলনৰ সফলতা নিৰ্ভৰ কৰে।

(ঘ) পৰিৱৰ্তনশীলতা : যিকোনো এটা সামাজিক আন্দোলনৰ গতি সময়ৰ লগে লগে বা নেতৃত্বৰ পৰিৱৰ্তনৰ লগে লগে পৰিৱৰ্তিত হয়।

৩ । ভাৰতত সমাজ সংস্কাৰ আন্দোলনসমূহ কিয় আৰম্ভ হৈছিল?

উত্তৰঃ ঔপনিবেশিক শাসন কালত থকা ভাৰতীয় সমাজ ব্যৱস্থাই যিবোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল তাৰেই ফলশ্ৰুতিত উনৈশ শতিকাত এক সমাজ সংস্কাৰ আন্দোলন গঢ় লৈ উঠিছিল। সমাজতত্ত্ববিদ সতীশ চারেৱালে তিনিটা দিশৰ কথা উল্লেখ কৰিছিল – যি কেইটাই ভাৰত, সমাজ সংস্কাৰ আন্দোলন সৃষ্টি করতে আগভাগ লৈছিল —

(ক) যোগাযোগৰ ধৰণ: ব্ৰিটিছসকল ভাৰতলৈ অহাৰ পিছত ভাৰতত যোগাযোগ ব্যৱস্থাৰ উন্নতি ঘটিছিল। ছপাশাল, টেলিগ্রাফ, বাস্পচালিত জাহাজ, ৰেলগাড়ী আদিৰ ব্যৱহাৰৰ ফলত ভাৰতৰ বিভিন্ন প্ৰান্তৰ সমাজকৰ্মীসকলৰ মাজত ভাৱৰ আদান-প্রদান স হৈছিল। ইয়াৰোপৰি সমাজ সংস্কাৰকসকলৰ বাবে দেশৰ আত্তহতীয়া ঠাইবোৰলৈ যাব পৰা হৈছিল।

(খ) সংগঠনৰ প্ৰকাৰ : উনৈশ শতিকাত ভাৰতৰ বিভিন্ন প্রান্তত আধুনিক সমাজ সংস্কার মূলক সংগঠনৰ জন্ম হৈছিল। ৰাজা ৰামমোহন বায়ে বংগত ব্রাহ্মসমাজ, পাঞ্জাবত আর্য সমাজ, সৰ্বভাৰতীয় মুছলিম সভা, ৰামকৃষ্ণ মিছন আদিৰ দৰে অনুষ্ঠানৰ বৃষ্টি হোৱাত সমাজ সংস্কাৰক মূলক কাম-কাজ তবান্বিত হৈছিল।

(গ) ভাৱাদৰ্শৰ স্বৰূপ : পশ্চিমীয়া আধুনিক শিক্ষাৰ প্ৰসাৰৰ ফলত সেই সময়ৰ ভাৰতত এটা নৱ্য্য ভাৱধাৰাৰ সৃষ্টি হৈছিল। মুক্ত চিন্তা আৰু স্বাধীনচিতীয়া মনোভাৱৰ উন্মেষ,নিজা সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে নৱচেতনা তথ্য গৌৰৱ, মাতৃ আৰু কন্যাৰ নতুন সামাজিক ভূমিকা, বিয়া-বাৰুৰ ক্ষেত্ৰত নতুন মনোভাৱ আদিয়ে সমাজ সংস্কাৰ আন্দোলন আৰম্ভ হোৱাত সহায় কৰিছিল।

৪ । বৈপ্লৱিক আন্দোলনৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ বৈপ্লৱিক আন্দোলনৰ বৈশিষ্ট্যসমূহ হ’ল —

(ক) বৈপ্লৱিক আন্দোলনত আন্দোলনকাৰীয়ে চৰকাৰী ক্ষমতা নিজৰ হাতলৈ আনিবলৈ চেষ্টা কৰে।

(খ) বৈপ্লৱিক আন্দোলনত হিংসা-সন্ত্রাসৰ ব্যৱহাৰ কৰা হয়।

(গ) বিপ্লৱধর্মী আন্দোলনবোৰে সামাজিক সম্পর্কক পৰিৱৰ্তন কৰিব বিচাৰে।

৫ । সংস্কাৰকামী আন্দোলনৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ সংস্কাৰকামী আন্দোলনৰ বৈশিষ্ট্যসমূহ হ’ল

(ক) সংস্কারধর্মী আন্দোলনবোৰে সমাজক ধীৰে ধীৰে উন্নত কৰিব বিচাৰে। সমাজত চলি থকা 

(খ) অন্যায়-অবিচাৰবোৰ দূৰ কৰি ন্যায়পূর্ণ সমাজ প্রতিষ্ঠা কৰিব বিচাৰে।

(গ) সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাবোৰক ধীৰে ধীৰে পৰিৱৰ্তন কৰাটো সংস্কাৰধৰ্মী আন্দোলনৰ বৈশিষ্ট্য।

৬ । নতুন সামাজিক আন্দোলন আৰু পুৰণি সামাজিক আন্দোলনৰ মাজৰ প্ৰভেদ লিখা ৷

উত্তৰঃ নতুন সামাজিক আন্দোলন আৰু পুৰণি সামাজিক আন্দোলনৰ মাজৰ প্ৰভেদ হ’ল—

(ক) নতুন আৰু পুৰণি সামাজিক আন্দোলন সৃষ্টি হোৱা ঐতিহাসিক ভিত্তিৰ মাজত পাৰ্থক্য থকা দেখা যায় । যোৱা শতিকাৰ সুদূৰ প্ৰসাৰী সামাজিক আন্দোলন বিলাক শ্রেণী ভিত্তিত গঢ় লৈ উঠিছিল— যেনে শ্রমিক শ্ৰেণীৰ আন্দোলন, কৃষক আন্দোলন আদি । শ্রেণী ভিত্তিত গঢ় লৈ উঠা এনে প্ৰতিটো শ্ৰেণীৰ লোকক নিজৰ অধিকাৰ পাবৰ বাবে একগোট কৰিছিল আৰু দেশক উপনিবেশিক আমোলৰ পৰা মুক্ত কৰাৰ বাবেও চেষ্টা কৰিছিল। ইউৰোপত আকৌ পুঁজিবাদৰ বিৰোধিতাৰে শ্রমিক আন্দোলন গঢ় লৈ উঠিছিল। ইয়াৰ বিপৰীতে নতুন সামাজিক আন্দোলনবোৰৰ শ্ৰেণী পৰিচয় নাছিল। উমৈহতীয়া শ্রেণী পৰিচয়তকৈ নতুন সামাজিক আন্দোলনবোৰৰ কৰ্মীসকলৰ পৰিচয় আছিল ছাত্ৰ, নাৰী, কৃষ্ণাংগ, পৰিবেশ কর্মী আদি । – সেয়েহে, পুৰণি সামাজিক আন্দোলনৰ উদাহৰণ হৈছে – শ্রমিক আন্দোলন, কৃষক আন্দোলন আদি। ইয়াৰ বিপৰীতে নতুন সামাজিক আন্দোলন হৈছে নাৰী আন্দোলন, পৰিবেশ —— আন্দোলন, জনজাতীয় আন্দোলন আদি ।

(খ) পুৰণি সামাজিক আন্দোলনবোৰে কিছুমান ৰাজনৈতিক দলৰ ভিতৰত থাকি কাৰ্য্য কৰিছিল। উদাহৰণস্বৰূপে, ভাৰতৰ জাতীয় আন্দোলন ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা পৰিচালিত হৈছিল। ঠিক সেইদৰে চীনা বিপ্লৱৰ নেতৃত্ব বহন কৰিছিল ‘Communist Party of China’ ই । কিন্তু নতুন সামাজিক আন্দোলনবোৰ ৰাজনৈতিক দলৰ গণ্ডীৰ বাহিৰত সৃষ্টি হোৱা দেখা যায়। নতুন সামাজিক আন্দোলনবোৰে সমাজৰ ক্ষমতা বিতৰণৰ পৰিৱৰ্তনৰ লগত সম্পর্কযুক্ত হৈ নাথাকি মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ ওপৰত গুৰুত্ব দিছিল।

(গ) নতুন সামাজিক আন্দোলনবোৰ পুৰণি সামাজিক আন্দোলনৰ তুলনাত বেছি বিশ্বমুখী হোৱা দেখা যায়। পৰিবেশ সুৰক্ষা, স্বাস্থ্যৰ সুৰক্ষা, নাৰী আৰু শিশুৰ অধিকাৰ, জনজাতীয় লোকৰ সুৰক্ষা, পাৰমাণৱিক যুদ্ধৰ বিভীষিকা আদিৰ দৰে বিষয়ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা নতুন সামাজিক আন্দোলনবোৰে আন্তৰাষ্ট্ৰীয় পৰিসৰ লাভ কৰিছে।

৭। চিপ্‌কো আন্দোলনৰ বিষয়ে এটা টোকা লিখা। 

উত্তৰঃ ভাৰতবৰ্ষত বৰ্তমান পৰিৱেশ প্ৰদূষণে এক ভয়াংকৰ সমস্যাৰ সৃষ্টি কৰিছে। ভাৰতবৰ্ষত পৰিৱেশ আন্দোলন ইতিহাস অতি পুৰণি প্রাচীন সময়ৰে পৰাই প্ৰদূষণ মুক্ত এখন সমাজৰ কথা সকলোৱেই কল্পনা কৰি আহিছে আৰু তাৰ ফলতেই সৃষ্টি হৈছে বিভিন্ন পৰিবেশ আন্দোলনন।। 

ভাৰতৰ কেইটামান প্রধান পৰিৱেশ সম্পৰ্কীয় আন্দোলন হৈছে —

(ক) বিষই আন্দোলন ( Bishnoi Movement): এই আন্দোলন আৰম্ভ কৰা হৈছিল আজিৰ পৰা প্ৰায় ৪০০ বছৰৰ আগতে। এই আন্দোলনৰ নেতা আছিল ঋষি জাঙ্গাজী। ৰাজস্থানান্ত আৰম্ভ হোৱা এই আন্দোলনৰ কাৰণ আছিল ১৪৭১ খ্ৰীষ্টাব্দত পিপাচাৰ নামৰ জিলাখনত হোৱা ভয়ংকৰ খৰাং। এই খৰাং ৩ বছৰ ধৰি আছিল। মানুহে পানী বিচাৰি ঘৰ বাৰী এৰি দিছিল। সেই সময়ত জাম্বাজী নামৰ এজন ব্যক্তিয়ে এটা শিক্ষা পালে। তেওঁ লক্ষ্য কৰিলে যে যিহেতু গছ-গছনি কমি আহিছে, সেয়েহে পৃথিবীয়ে আমাক খৰাং বতৰৰ পৰা ৰক্ষা কৰিব পৰা নাই। তেওঁ বুজি পালে যে মানুহে প্ৰকৃতিৰ লগত মিলিজুলিহে জীৱন নিৰ্বাহ কৰাটো সম্ভব। তেওঁ গুরু মহাৰাজ জাম্বাজী নামেৰে পৰিচিত হ’ল। জাম্বাজীয়ে তেওঁৰ চিন্তাধাৰাসমূহ ২৯ টা নীতি হিচাপে প্ৰকাশ কৰিলে যিবোৰ তেওঁৰ শিষ্যৰসকলে অনুকৰণ কৰিবলৈ ধৰিলে। এই নীতিসমূহক বিষ্ণুইজ (২০+৯) নামেৰে জনা যায়। জাম্বাজীয়ে প্ৰচাৰ কৰা ধৰ্মত যিকোনো জীৱ-জন্তু আৰু চৰাই চিৰিকতি বধ কৰা, আৰু যিকোনো সেউজীয়া গছ কটাৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হয়।

বৰ্তমান পৰিৱেশত, য’ত বহু অঞ্চলত খোৱা পানীৰ নাটনি, বায়ু প্ৰদূষণ, মাটি আৰু পানী প্ৰদূষণে দেখা দিছে আমি বিষ্ণই সকলৰ পৰা শিক্ষা লোৱা উচিত।

(খ) চিপ্‌কো  আন্দোলন (Chipko Movement): উত্তৰাঞ্চলত চামলি জিলাত ১৯৭৩ চনত চিনকো আন্দোলন আৰম্ভ হয়। এই আন্দোলনৰ নামটো আহিছে ‘আলিঙ্গন’ শব্দৰ পৰা, কিয়নো গাওঁবাসীসকলে গছসমূহ সাৱটি ধৰি লৈ গছ কাটোতে ঠিকাদাৰ সকলক বাধা প্রদান কৰিছিল। গছ ধ্বংসৰ বিৰুদ্ধে এই আন্দোলন আৰম্ভ কৰা হৈছিল। এই আন্দোলনৰ কেইজনমান উল্লেখযোগ্য নেতা আছিল সুন্দৰলাল বহুগুণা, গৌৰী দেৱী, চণ্ডী প্ৰসাদ ইত্যাদি।

(গ) নর্মদা বচাও আন্দোলন (Narmada Bachao Audolan): ১৯৮৫ চনত আৰম্ভ হোৱা নর্মদা বচাও আন্দোলন হৈছে এক অতি শক্তিশালী গণ আন্দোলন। নর্মদা নদীৰ ওপৰত নিৰ্মাণ কৰি থকা বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰুদ্ধে এই আন্দোলন আৰম্ভ কৰা হয়। এই আন্দোলনৰ নেতৃত্ব দিছে মেধা পাটেকাৰ, বাবা আমটে আৰু অৰুন্ধতী ৰয়ে। পশ্চিমৰ এই বৃহৎ নদীখনে বিভিন্ন সংস্কৃতিৰ, বিভিন্ন অঞ্চলৰ লোকক ৰক্ষনাবেক্ষণ দি আছে। কিন্তু এই চৰ্দাৰ সৰোবৰ বান্ধে আৰু নৰ্মদা সাগৰে জনসাধাৰণক স্থানান্তৰিত কৰিব বুলি আশংকা কৰা হৈছে। এই লোকসকলক পুনৰ সংস্থাপন আৰু পুনৰ বাসস্থানৰ বাবেই এই যুঁজ চলোৱা হৈছে।

(ঘ) চাইলেন্ট ভেলী আন্দোলন (Silent Valley Movement) : চাইলেন্ট ভেলীক ৰক্ষা কৰা আন্দোলন হৈছে এনে এটা আন্দোলন য’ত ভাৰতৰ কেৰেলা ৰাজ্যৰ পালাকাড় জিলাৰ এখন চিৰসেউজ কৰ্কতক্ৰান্তীয় ৰণ্যক বচোৱাৰ চেষ্টা কৰা হৈছে। এই আন্দোলন ১৯৭৩ চনত আৰম্ভ কৰা হয়। বিজুলীশক্তিৰ এটা বৃহৎ প্রজেক্টৰ বিৰূদ্ধে চাইলেন্ট ভেলী। সংৰক্ষিত অৰণ্যক বচোৱাৰ বাবে এই আন্দোলন চলোৱা হৈছে। এই উপত্যকাক ১৯৮৫ চনত চাইলেন্ট ভেলী ৰাষ্ট্ৰীয় উদ্যা্যান হিচাপে ঘোষণা কৰা হয় ৷

(ঙ) বালিয়াপাল আন্দোলন (Baliyapal Movement) : ভাৰত চৰকাৰে উৰিষ্যা ৰাজ্যৰ বালিয়াপানত ক্ষেপনাস্ত্ৰ পৰীক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ সিদ্ধান্ত লয় । বালিয়াপালৰ এই অঞ্চলটো অতি সাৰুৱা আৰু ইয়াত জনবসতিও ঘন। জনসাধাৰণৰ পৰা পোৱা প্ৰৱল বাধাৰ ফলস্বৰূপে চৰকাৰে এই সিদ্ধান্ত স্থগিত ৰাখিব লগা হয় ৷

৮ ।  সংস্কাৰধৰ্মী সামাজিক আন্দোলনসমূহ কেনেদৰে বৈপ্লৱিক সামাজিক আন্দোলনৰ পৰা পৃথক?

উত্তৰঃ (ক) সংস্কাৰধৰ্মী সামাজিক আন্দোলনে সমাজত প্ৰচলিত হৈ থকা সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাবোৰক ধীৰে ধীৰে উন্নত কৰিব বিচাৰে। ইয়াৰ বিপৰীতে বৈপ্লৱিক সামাজিক আন্দোলনবোৰে সমগ্ৰ সমাজ ব্যৱস্থালৈ বৈপ্লৱিক পৰিৱৰ্তন আনিব বিচাৰে আৰু কম সময়ৰ ভিতৰতে এইটো কৰিব খোজে ৷

(খ) বৈপ্লৱিক সামাজিক আন্দোলনত আন্দোলনকাৰীয়ে চৰকাৰী ক্ষমতা কেতিয়াবা নিজৰ

হাতলৈ অনাৰ প্ৰয়াস কৰে। কিন্তু সংস্কাৰধৰ্মী সামাজিক আন্দোলনত এনে কৰা নহয় । 

(গ) সংস্কাৰধৰ্মী সামাজিক আন্দোলনবিলাক শান্তিপূৰ্ণ। ইয়াৰ বিপৰীতে বৈপ্লৱিক সামাজিক আন্দোলনবোৰত হিংসা-সন্ত্ৰাসৰ প্ৰয়োগ কৰা হয় ।

৯। সামাজিক পৰিৱৰ্তন আৰু সামাজিক আন্দোলনৰ মাজত পাৰ্থক্য কি? উদাহৰণ দিয়া । 

উত্তৰঃ সামাজিক পৰিৱৰ্তন হৈছে ধাৰাবাহিক আৰু চলি থকা প্ৰক্ৰিয়া। সামাজিক পৰিৱৰ্তনৰ অৰ্থ বহন আৰু ব্যাপক। সামাজিক পৰিৱৰ্তনৰ লগত বহু ব্যক্তিৰ অবিৰত প্ৰচেষ্টা জড়িত হৈ থাকে। কিন্তু সামাজিক আন্দোলনৰ বিশেষ লক্ষ্য বা উদ্দেশ্য থাকে। সামাজিক আন্দোলনত ব্যক্তিৰ সামূহিক ক্ৰিয়াৰ ওপৰত গুৰুত্ব দিয়া হয়। উদাহৰণস্বৰূপে আমি সংস্কৃতিকৰণ আৰু পাশ্চাত্যকৰণৰ কথা ক’ব পাৰো। ১৯শতিকাত পাশ্চাত্যকৰণ আৰু সংস্কৃতিকৰণৰ ফলত ভাৰতীয় সমাজত যি পৰিৱৰ্তন ঘটিছিল তাৰ লগত বহু সমাজ সংস্কাৰকৰ অবিৰত প্ৰচেষ্টা জড়িত হৈ আছে।

১০। সমাজতত্বৰ বাবে সামাজিক আন্দোলন অধ্যয়ন কিয় গুরুত্বপূর্ণ?

উত্তৰঃ সমাজতত্বৰ বাবে সামাজিক আন্দোলন অধ্যয়ন কৰাটো গুৰুত্বপূর্ণ। কাৰণ সামাজিক পৰিৱৰ্তনৰ অন্যতম কাৰণ সামাজিক আন্দোলন। ১৭৮৯ খ্ৰীষ্টাব্দত ফৰাচী বিপ্লৱ, ইংলেণ্ডৰ শিল্প বিপ্লৱ আদি সামাজিক আন্দোলনে সামাজিক পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল। এই বিপ্লৱসমূহে সমাজৰ উন্নতি সাধন কৰিছিল যদিও উদ্যোগত নিয়োজিত শ্রমিকসকলৰ সমস্যা বৃদ্ধিহে হৈছিল। এই সমস্যাসমূহ অনুধাৱন কৰাটো আৰু সমস্যা সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰাটো সমাজতত্ত্ববিদসকলৰ অন্যতম দায়িত্ব। এনেদবে সামাজিক আন্দোলন, সমাজৰ পৰিৱৰ্তন আৰু সমাজতত্ববিদৰ ভূমিকাৰ ওতঃ প্রোত সম্বন্ধ আছে। বর্তমানো সমাজত শ্রেণীসংঘর্ষ দেখিবলৈ পোৱা যায়। সমাজৰ কোনো এটা শ্রেণীয়ে নিজকে অৱহেলিত বা বঞ্চিত বুলি অনুভৱ কৰিলে সেই শ্ৰেণীটোৱে সামাজিক আন্দোলন কৰা দেখা যায়।

১১। বিভিন্ন প্ৰকাৰৰ সামাজিক আন্দোলনসমূহ উদাহৰণসহ ব্যাখ্যা কৰা। 

উত্তৰঃ সামাজিক আন্দোলনক তিনিটা ভাগত ভাগ কৰিব পাৰি, যেনে— (ক) ৰূপান্তৰিত, (খ) সংস্কারমূলক, (গ) বিদ্রোহমূলক

(ক) ৰূপান্তৰিত সামাজিক আন্দোলনঃ ৰূপান্তৰিত সামাজিক আন্দোলনৰ উদ্দেশ্য হৈছে ইয়াৰ ব্যক্তিগত সদস্যসকলৰ ব্যক্তিগত সচেতনতা আৰু ক্ৰিয়াসমূহৰ পৰিৱৰ্তন সাধন কৰা। উদাহৰণস্বৰূপে, কেৰেলাৰ ‘এজহাভা’ সম্প্ৰদায়সকলে কৰা আন্দোলনৰ কথা ক’ব পাৰি । এই আন্দোলন আৰম্ভ কৰিছিল নাৰায়ণ গুৰুৱে। এই আন্দোলনৰ উদ্দেশ্য আছিল তেওঁলোকৰ মাজত প্ৰচলিত সামাজিক প্ৰথাসমূহৰ পৰিৱৰ্তন।

(খ) সংস্কাৰমূলক সামাজিক আন্দোলনঃ যিবোৰ সামাজিক আন্দোলনে প্রচলিত সমাজ ব্যৱস্থাৰ, বিশেষকৈ সাংস্কৃতিক দিশত পৰিৱৰ্তন সাধন কৰে বা নতুন সাংস্কৃতিক অৱস্থাৰ সৃষ্টি কৰে বা পূৰ্বৰ কোনো সংস্কৃতিৰ পুনৰ উদ্ধাৰ কৰে, সেইবোৰেই সমাজ সংস্কাৰ বিষয়ৰ বা সংস্কাৰমূলক সামাজিক আন্দোলনৰ অন্তৰ্গত, বাল্যবিবাহ নিষিদ্ধকৰণ, সতীদাহ প্ৰথাৰ বিলুপ্তিকৰণ আদি ইয়াৰ অন্তৰ্গত।

(গ) বিদ্রোহমূলক সামাজিক আন্দোলন : বিদ্রোহমূলক সামাজিক আন্দোলনে অতি ক্ষীপ্রভাবে সামাজিক সম্বন্ধসমূহৰ পৰিৱৰ্তন কৰিব বিচাৰে ৰাছিয়াৰ বলচেভিক বিদ্রোহ যিয়ে জাৰসকলক ক্ষমতাচ্যুত কৰি কমিউনিষ্ট ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাটো হৈছে বিদ্ৰোহমূলক সামাজিক আন্দোলনৰ উদাহৰণ।

(গ) ৰচনাধৰ্মী প্রশ্নোত্তৰ : মূল্যাংক: ৪/৫

১ । ভাৰতত সমাজ সংস্কাৰ আন্দোলন সৃষ্টি হোৱাৰ অনুকূল পৰিস্থিতিবিলাক কি আছিল? 

উত্তৰঃ সমাজৰ প্ৰচলিত ব্যৱস্থাৰ বিৰুদ্ধে এক বিশেষ জনমত গঠন কৰি বহুজনৰ সহায় সহযোগিতার মাধ্যমেৰে লক্ষ্যত উপনীত হ’বলৈ কৰা প্ৰচেষ্টাকে সামাজিক আন্দোলন বোলা হয়। আন্দোলনে সমাজত আলোড়নৰ সৃষ্টি কৰি বিশেষ এটা অৱস্থাৰ প্ৰতিষ্ঠা কৰে। আন্দোলনৰ জৰিয়তে ব্যক্তিয়ে পৰিকল্পিত আৰু সংঘবদ্ধভাৱে প্ৰচলিত ব্যৱস্থাৰ বিৰুদ্ধে জনমত গঠন কৰে। অপরিকল্পিতভাৱে হঠাতে হোৱা সামাজিক আন্দোলনে সামাজিক সংঘৰ্ষৰো সৃষ্টি কৰিব পাৰে।

বাল্যবিবাহ নিষিদ্ধকৰণ, সতীদাহ প্রথাৰ বিলুপ্তিকৰণ, অসম আন্দোলন, কিছুমান জনজাতীয় আন্দোলন আদি সমাজ সংস্কাৰ বিষয়ক আন্দোলন। সামাজিক আন্দোলন সামাজিক পৰিৱৰ্তনৰ একমাত্ৰ কাৰণ নহয়, অন্যতম কাৰণহে। সমাজৰ সামগ্ৰিক পৰিৱৰ্তনেই হৈছে সামাজিক পৰিৱৰ্তন। সংক্ষেপে ক’বলৈ হ’লে সামাজিক পৰিৱৰ্তন এনে এটা প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াৰ যোগেদি সামাজিক সংৰচনাৰ পৰিৱৰ্তন হয়, সামাজিক সংৰচনাৰ কাৰ্যাৱলীৰ পৰিৱৰ্তন হয়, ব্যক্তিৰ কামৰ পৰিৱৰ্তন হয়, জীৱন নিৰ্বাহ প্ৰণালীৰ পৰিৱৰ্তন হয়, ব্যক্তিৰ আচৰণৰ মানদণ্ডৰ পৰিৱৰ্তন হয় আৰু সমাজ পদ্ধতিৰ গঠনত পৰিৱৰ্তন হয়।

সামাজিক পৰিৱৰ্তনৰ এই ব্যাপক পৰিসৰৰ পৰা আমি বুজি পালো যে সামাজিক পৰিৱর্তন আৰু সামাজিক আন্দোলন একে নহয়। সামাজিক পৰিৱৰ্তন নিৰৱচ্ছিন্নভাৱে আপোনা-আপুনি ঘটি থাকে। কিন্তু সামাজিক আন্দোলনৰ বিশেষ লক্ষ্য বা উদ্দেশ্য থাকে। সামাজিক আন্দোলনত ব্যক্তিৰ সামূহিক ক্ৰিয়াৰ ওপৰত গুৰুত্ব দিয়া হয়। সামাজিক আন্দোলনত সমাজৰ অধিকাংশ মানুহ জড়িত হৈ পৰে যদিও অন্য কিছুমানে ইয়াৰ বিৰোধিতাও কৰিব পাৰে।

সামাজিক আন্দোলনে অনা সমাজৰ পৰিৱৰ্তন সহজলভ্য নহয়। বহুতো সামাজিক আন্দোলন কৃতকার্য নোহোৱাৰ উদাহৰণো আছে। বহু আন্দোলন বিফল হৈছে।

2 | সামাজিক আন্দোলনবোৰে ভাৰতীয় সমাজলৈ কি কি পৰিৱৰ্তন আনিছিল? 

উত্তৰঃ ডনৈশ শতিকাত ভাৰতত সৃষ্টি হোৱা সামাজিক আন্দোলনবিলাকে ভাৰতীয় সমাজত্ব গভীৰভাৱে প্ৰভাৱিত কৰিছিল। ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী, ৰামকৃষ্ণ পরমহাস আদি সমাজ সংস্কাৰকৰ প্ৰচেষ্টাত সৃষ্টি হোৱা সংস্কার আন্দোলনে ভাৰতীয় সমাজত প সতীদাহ, বাল্যবিবাহ, বহুবিবাহ, অস্পৃশ্যতা, নৰবলি, ব্যয়বহুল যাগ-যজ্ঞ আদি দুৰ কৰি ভাৰতৰ হিন্দু সমাজ খনক ৰক্ষণশীলতা তথা গোড়ামিৰ পৰা মুক্ত কৰিছিল। ইয়াৰোপৰি আধুনিক শিক্ষাৰ প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই সংস্কাৰ আন্দোলনবিলাকে বৈজ্ঞানিক ভাৱধাৰাৰ উন্মেষত সহায় কৰিছিল।

ইয়াৰোপৰি ভাৰতত উপনিবেশিকতাবাদৰ বিৰোধিতাৰে সৃষ্টি হোৱা জাতীয় আন্দোলনে ইংৰাজ শাসনক উফৰাই ভাৰতক স্বাধীন কৰিছিল। বিভিন্ন শ্রেণী ভিত্তিক সৃষ্টি হোৱা এই আন্দোলনে যেনে – শ্রমিক শ্রেণী, কৃষক আন্দোলন, এহাতে প্ৰতিটো শ্ৰেণীৰ লোককে নিজৰ অধিকাৰ পাবৰ বাবে একগোট কৰি তুলিছিল আৰু আনহাতে ব্ৰিটিছৰ শাসন শোষণৰ বিপক্ষে একগোট হোৱাৰো সুবিধা দিছিল।

স্বাধীনতাৰ পিছত ভাৰতত বহুতো নতুন সামাজিক আন্দোলনৰ জন্ম হৈছিল। ছাত্র আন্দোলন, নাৰী আন্দোলন, জনজাতি আন্দোলন, পৰিবেশ আন্দোলন বিলাকে ভাৰতীয় সমাজ ব্যৱস্থালৈ ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনিছিল। বিশেষকৈ ভাৰতৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা পৰিবেশ আন্দোলন আৰু জনজাতীয় আন্দোলনবোৰৰ প্ৰভাৱ অপৰিসীম।

৩ । ভাৰতৰ কৃষক আন্দোলনবিলাকৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ ভাৰতত ঠায়ে ঠায়ে কেইবাটাও কৃষক আন্দোলন আৰম্ভ হৈছিল। 

এই আন্দোলনসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল—

(ক) কিশান সভা আন্দোলন : কিশান সভা আন্দোলন আৰম্ভ হৈছিল বিহাৰত। এই আন্দোলনৰ নেতা আছিল স্বামী সহজানন্দ সরস্বতী। তেওঁ ১৯২৯ চনত, বিহাৰ ‘প্ৰাদেশিক কিশান সভা’ গঠন কৰে। এই সভাব উদ্দেশ্য আছিল জমিদাৰসকলে ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত কৃষকসকলক কৰা উৎপীড়নৰ বিৰুদ্ধে কৃষকসকলক সংগঠিত কৰা। লাহে লাহে কৃষক আন্দোলন গোটেই ভাৰততে বিয়পি পৰিল। কৃষকসকলৰ ক্ষেত্ৰত ঘটা এই ক্ষীপ্ৰ বিকাশৰ ফলস্বৰূপে ১৯৩৬ চনৰ এপ্রিল মাহত বহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ লক্ষ্ণৌ অধিবেশনত ‘সদৌ ভাৰত কিশান সভা’ৰ গঠন হয়। ইয়াৰ প্ৰথম সভাপতি আছিল স্বামী সহজানন্দ সৰস্বতী।

(খ) নক্সলবাৰী কৃষক আন্দোলন : উত্তৰ বংগ দার্জিলি জিলাৰ তিনিটা অঞ্চল যেনে নক্সালবাৰী, খৰিবাৰী আৰু ফালচিদোৱাত এই নক্সালবাৰী কৃষক আন্দোলন আৰম্ভ হয়। এই অঞ্চলকিইটাত ধান খেতিৰ লগতে চাহ খেতিয়ো করা হয়। ভাৰতত কমিউনিষ্ট আন্দোলনৰ বিৰূদ্ধে কৃষকসকলৰ জাগৰণ হয়।

নক্তাচবাৰী কৃষক আন্দোলনৰ লগত সম্বন্ধ থকা আন এটা আন্দোলন হৈছে টেভাঙ্গা আন্দোলন। বেংগলৰ এই অঞ্চলত বেংগলী তাঁতীসকলক শোষণ কৰা হৈছিল।

(গ) টেলেঙ্গানা আন্দোলন : কুৰি শতিকাৰ আৰম্ভণিতে টেলেও সাহিত্যিক আন্দোলনে নিজাম প্ৰতিষ্ঠাৰ বিৰুদ্ধে পুনর্জাগৰণৰ সূত্ৰপাত কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু আৰ্য সমাজৰ প্ৰভাৱত টেলেঙ্গানাৰ ভদ্র লোকসকলে ১৯৩০ চনত অন্ধ মহাসভাৰ কাৰ্যসমূহক নতুন মুৰ দিলে। তেওঁলোকে সমাজত প্রচলিত বলপূর্বকভাৱে কাম কৰোৱা শ্রমিক, অস্পৃশ্যতা আদি কু প্ৰথাবোৰ সমাজৰ পৰা আঁতৰ কৰাৰ উদ্দেশ্য জনসাধাৰণক সংগঠিত কৰিছিল। তেওঁলোকে হিন্দুসকলৰ বাবে সমান শৈক্ষিক আৰু ৰাজনৈতিক প্রতিনিধিত্ব বিচাৰিছিল।

৪ ।‌দলিত আন্দোলনৰ বিষয়ে এটা টোকা লিখা ।

উত্তৰঃ ভাৰতৰ অনুসূচীত জাতিৰ লোকসকলৰ বাবে ড০ আম্বেদকাৰ হৈছে নিশ্চিতভাৱে এজন বিখ্যাত নেতা। তেওঁ এই লোকসকলক হিন্দু ধৰ্মৰ গোড়মীৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্য ইছলাম, খ্ৰীষ্টান আৰু শিখ ধৰ্মলৈ পৰিৱৰ্তনৰ ওপৰত জোৰ দিছিল। তেওঁ নাগপুৰত এক গণ আন্দোলন আৰম্ভ কৰে। যাঁত বহুতো মানুহে বৌদ্ধ ধৰ্মত দীক্ষিত হয়। এই নৱ-বৌদ্ধ আন্দোলন মহাৰাষ্ট্ৰৰ মাহাৰসকলৰ বাবে এক পৰিৱৰ্তন আন্দোলন আছিল, তেওঁলোক মহাৰাষ্ট্ৰৰ অনুসূচীত জাতিসমূহৰ ভিতৰত অন্যতম প্রধান জাতি, বৌদ্ধ ধৰ্মত দীক্ষিত হোৱাৰ আগতে ১৯৫৬ চনলৈকে তেওঁলোক আছিল সংখ্যাগতভাৱে বৃহৎ অনুসূচীত জাতি। তেওঁলোকৰ আৰ্থ-সামাজিক অবস্থা অতি নিম্ন। তেওঁলোকে বিভিন্ন নীচ কাম কৰিব লাগে যেনে-গাওঁবাসীৰ বাবে খৰি ফলা, শ্মশানলৈ খৰিৰ যোগান ধৰা, মানুহৰ ঘৰৰ পৰা মৰা জীৱ-জন্তু আঁতৰ কৰা, কুঁৱা চাফা কৰা ইত্যাদি। নৱ-বৌদ্ধ আন্দোলন কেৱল এক পৰিৱৰ্তন আন্দেলনই নহয়, ই ৰাজনৈতিক দিশো লাভ কৰে। মাহাৰসকলে তেওঁলোকৰ অৱস্থা উন্নত কৰাৰ প্ৰচেষ্টাত ৰাজনৈতিক উপায়সমূহ যথেষ্ট ঐক্যবদ্ধভাৱে আৰু উপযুক্তভাৱে ব্যৱহাৰ কৰিছিল।

১৯৭৪ চনত দলিত শিক্ষিত কৰ্মচাৰী আৰু বিদ্যার্থীসকলে ‘কর্ণাটক দলিত সংঘর্ষ সমিতি’ নামেৰে এক সংগঠনৰ সৃষ্টি কৰে। প্ৰথম অৱস্থাত তেওঁলোকে প্রতিবাদ আৰু শোভা যাত্ৰাৰ আয়োজন কৰিছিল আৰু দলিত লিখক আৰু বিদ্যাৰ্থীসকলৰ চুক্তি লৈছিল । তেওঁলোকে এখন সাপ্তাহিক আলোচনী প্রকাশ কৰিছিল যিয়ে দলিতসকলৰ সমস্যাৰাজিৰ ওপৰ আলোকপাত কৰাৰ লগতে ‘দলিত সংঘর্ষ সমিতি’ৰ কাৰ্যসূচীসমূহৰ প্ৰচাৰ কৰিছিল। তো সামাজিক সমস্যা আৰু মাটি সম্পর্কীয় বিবাদক অধিক গুরুত্ব প্ৰদান কৰা হৈছিল। দলিতসকলৰ ওপৰত হোৱা শোষণৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে তেওঁলোকে দলিত ম আৰু সংসদ সকলৰ সন্মুখতো ধর্ণা দিছিল। দলিত সংঘর্ষ সমিতিৰ এটা শাখা হৈছে ‘দলিত একচন কমিটি’।

৫ । ১৯৭০ দশকৰ পৰা সৃষ্টি হোৱা নাৰী আন্দোলনসমূহৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ ১৯৭০ দশকৰ মাজভাগৰ পৰা ভাৰতৰ নাৰী আন্দোলনৰ কেতবোৰ নতুন পৰিবৰ্তন অহা দেখা গৈছিল। কিছুমান নতুন আদর্শ, নতুন বিষয় নারী আন্দোলনত জড়িত হৈ পৰিছিল। সাংগঠনিক দিশতো ভালেখিনি পৰিবৰ্তন আহিছিল।

তলত এই নাৰী আন্দোলনবোৰৰ বৈশিষ্ট্যসমূহ উল্লেল্লখ কৰা হ’ল– 

(ক) এই সময়চোৱাত বহু সংগঠনে স্ব-পৰিচালিত নাৰী আন্দোলনৰ গঢ় দিছিল। পূৰ্বতে নাৰী আন্দোলনবোৰ ৰাজনৈতিক দলবোবে পৰিচালনা কৰিছিল কিন্তু ১৯৭০ দশক বহু সংগঠনে ৰাজনৈতিক দলৰ নিয়ন্ত্রণৰ পৰা মুক্ত হৈ আন্দোলন আৰম্ভ কৰিছিল।

(খ) স্বনিয়ন্ত্রিত নাৰী আন্দোলন আৰম্ভ হোৱাৰ পিছত ৰাজনৈতিক দলৰ পৰা মুক্ত হৈ আন্দোলন কৰা সংগঠন আৰু ৰাজনৈতিক দলবোৰৰ নিয়ন্ত্রণত থকা সংগঠনবোৰৰ মাজত এক পাৰ্থক্য ধৰা পৰিছিল। এইটো স্পষ্ট হৈ পৰিছিল যে ৰাজনৈতিক দলে বহুতো নাৰী সংগঠনৰ নিয়ন্ত্ৰণ কৰিছিল যদিও তেওঁলোকে মহিলা বিষয়সমূহক যথোচিত গুৰুত্ব আৰোপ কৰা নাছিল।

(গ) এই সময়ছোৱাত নাৰী আন্দোলনবিলাকে বহুতো নতুন নতুন বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। সন্তানৰ মাতৃ পৰিচয় বাধ্যতামূলক কৰা, ভূমিৰ অধিকাৰ, যৌন নির্যাতন, যৌতুক কেন্দ্রিক বিষয়বোৰৰ, নিযুক্তি আৰু জনপ্রতিনিধিত্বৰ ক্ষেত্ৰত সংৰক্ষণৰ দাবী আদিৰ দৰে বিষয়বোৰ নাৰী আন্দোলনে সাঙুৰি লৈছে।

৬ । স্বাধীনোত্তৰ ভাৰতৰ নাৰী আন্দোলনসমূহৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ  আন্দোলনো সামাজিক আন্দোলনৰ অংশবিশেষ। ১৯ শতিকাত ভাৰতত হোৱা সংস্কাৰ আন্দোলন সমুহেও মহিলাৰ প্ৰস্থিতি উন্নয়ণত অৰিহণা যোগাইছে। ১৯১৭ চনত গঠিত হোৱা সদৌ ভাৰত মহিলা সন্মিলন, ১৯২৫ চনৰ সদৌ ভাৰত মহিলা পরিষদ আদিয়েও নাৰীৰ সামাজিক উন্নতিৰ বাবে আন্দোলন গঢ়ি তোলে। নাৰীৰ প্ৰস্থিতিৰ উন্নয়ণৰ বাবে প্রাক স্বাধীন কালতে সতীদাহ প্রথা বন্ধ, বাল্যবিবাহ নিষিদ্ধকৰণ, বিধৱা বিবাহৰ প্ৰচলন স্ত্রী-শিক্ষাৰ সম্প্ৰসাৰণ আদি আইন গ্ৰহণ কৰা হৈছিল। স্বাধীনোত্তৰ কালতো মহিলাৰ সামগ্রিক উন্নয়ণৰ বাবে বিভিন্ন আইন গৃহীত হৈছে।

এনে কেইখনমান আইন হৈছে—

(ক) বিশেষ বিবাহ অধিনিয়ম, ১৯৫৪‌: আন্তবিবাহ, প্রেম-বিবাহ আৰু ৰেজিষ্টাৰ্ড বিবাহৰ আইন গ্রহণ।

(খ) হিন্দু বিবাহ অধিনিয়ম, ১৯৫৫ : বহুবিবাহ নিষিদ্ধ আৰু বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত স্ত্রী পুৰুষৰ সম-অধিকাৰ লাভ।

(গ) হিন্দু সম্পত্তি উত্তৰাধিকাৰী আইন, ১৯৫৬: এই আইনে হিন্দু নাৰীক পৈতৃক সম্পত্তিৰ অধিকাৰ প্ৰদান কৰে। 

(ঘ) হিন্দুৰ তুলি লোৱা আৰু প্ৰতিপালন আইন, ১৯৫৬: এই আইনে সন্তানহীন হিন্দু মহিলাক সন্তান তুলি লোৱা আৰু প্ৰতিপালন কৰাৰ অধিকাৰ দিছে।

(ঙ) যৌতুক নিবাৰণী আইন, ১৯৬১: যৌতুক গ্ৰহণক এক অপৰাধ হিচাপে গ্ৰহণ কৰা

(চ) গভৱিস্থাৰ চিকিৎসালয়ৰ সুবিধা সম্পৰ্কীয় আইন, ১৯৭১ : এই আইনে বিশেষ প্রয়োজনীতাত গর্ভপাতক অনুমোদন জনায়।

(ছ) অপৰাধী আইন সংশোধন, ১৯৮৩ঃ এই আইনে মহিলাৰ ওপৰত হোৱা বিভিন্ন নির্যাতনক অপৰাধ হিচাপে গণ্য কৰা।

(জ) পৰিয়াল ন্যায় আইন, ১৯৮৪ : পৰিবাৰিক বিবাদ নিষ্পত্তিৰ বাবে বিশেষ আদালত ব্যৱস্থা গ্রহণ আদি। 

(ঝ) ভাৰতীয় মুছলমান মহিলাৰ যৌতুক নিষিদ্ধ প্ৰতিৰোধ আইন, ১৯৮৫: এই আইনে ভাৰতত থকা মুছলমান মহিলাসকলক যৌতুক প্ৰতিৰোধৰ ব্যৱস্থা ল’বলৈ সুবিধা দিছে।

ভাৰতীয় সংবিধানেও মহিলাৰ সৰ্বাংগীন বিকাশৰ বাবে কিছু সুবিধা আগবঢ়াইছে। লক্ষ্যণীয় কথা যে মহিলাসকলৰ বিকাশৰ বাবে গ্ৰহণ কৰা আইনৰ ক্ষেত্ৰত তিনিটা বিশেষ শব্দৰো প্ৰয়োগ কৰা হৈছে। ১৯৭০ চনলৈকে মহিলাসকলৰ স্বাৰ্থৰক্ষা সম্পৰ্কীয় আইনবোৰক welfare কল্যাণকামী আইন বোলা হৈছিল। ১৯৮০ চনৰ পৰা ১৯৯০ চনৰ মাজৰ মহিলাৰ স্বাৰ্থৰক্ষা সম্পৰ্কীয় আইনক Development বা উন্নতিকামী আইনৰ আখ্যা দিয়া হৈছে আৰু ১৯৯০ চনৰ পিছৰ মহিলাৰ স্বাৰ্থৰক্ষা সম্পৰ্কীয় আইনসমূহক Empowerment বা ক্ষমতাপ্রাপ্ত আইন হিচাপে অভিহিত কৰিব পাৰি।

৭ । প্ৰাক্ স্বাধীনতাকালৰ সমাজ সংস্কাৰ আন্দোলন বিলাকৰ মূল বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ হিন্দু ধৰ্মৰ গোড়ামী আৰু সমাজৰ বিভিন্ন কু-প্রথা সমূহ আঁতৰ কৰাৰ উদ্দেশ্য ভাৰতবৰ্ষত যি সংস্কাৰ আন্দোলনৰ সূচনা হ’ল, সি সুদুৰপ্ৰসাৰী। ই ভাৰতীয় সমাজখনত যথেষ্ট পরিবর্তন আনিলে। এই আন্দোলন সমূহৰ ভিতৰত ব্ৰাহ্ম সমাজ, প্রার্থনা সমাজ, আর্য সমাজ, ৰামকৃষ্ণ মিচন আদিয়েই প্রধান। ৰাজা ৰামমোহন বায়, দয়ানন্দ সৰস্বতী, কেশৱ চন্দ্র সেন আদি সমাজ সংস্কাৰকসকলৰ প্ৰচেষ্টাত কিছুমান জলন্ত সমস্যা যেনে-সতীদাহ প্রথা বন্ধ হ’ল, বিধৱা বিবাহৰ পুনৰ প্ৰচলন আৰু অস্পৃশ্যতা দূৰীকৰণৰ বাবে চেষ্টা চলিল। বাতৰিকাকত সমূহে জনসাধাৰণৰ মনত জাতীয়তাবাদী ভাৱধাৰাই গা কৰি উঠাত সহায় কৰিলে। কংগ্ৰেছ আৰু অন্যান্য ৰাজনৈতিক সংগঠন গঠন করা হ’ল আৰু গদ্য সাহিত্যৰ বিকাশ হ’বলৈ ধৰিলে। পাশ্চাত্য শিক্ষা আৰু ধ্যান ধাৰণাৰ সহায়ত জনসাধাৰণৰ মনত সংস্কারবাদী মনোভাৱে গা কৰি উঠিল।

সম্প্রতি আমার দেশ শতিকাজোৰা বিশ্ৰামৰ অন্তত পুনৰ জাগি উঠিল। এই পৰিৱৰ্তনৰ ক্ষেত্ৰত বিভিন্ন কাৰকে সহায় কৰিছিল বুলি ক’ব পাৰি। আধুনিক শিক্ষা, মিছনেৰীসকলৰ অৱদান, আৰু শিক্ষিত হিন্দুসকলে নিজ ধৰ্মক কৰা সমালোচনা আদিৰ পৰিপ্ৰেক্ষিততে ভাৰতীয় সমাজ ঘোৰ নিদ্ৰাৰ পৰা সাৰ পাবলৈ সক্ষম হ’ল। হিন্দুধর্মৰ গোড়মীৰ বিৰুদ্ধে ৰাজা ৰামমোহন বয়ে ব্রাহ্ম সমাজ প্রতিষ্ঠা কৰি ভাৰতীয় সমাজ আৰু হিন্দু ধৰ্মত নৱজাগৰণৰ সূচনা কৰে।

ভাৰতীয় সমাজ সংস্কাৰ আন্দোলনৰ প্ৰধান বৈশিষ্ট্যসমূহ এনেধৰণৰ— 

(ক) ই আছিল ধৰ্মৰ ওপৰত আধাৰিত। হিন্দু ধর্মৰ গোড়ামীর বিরুদ্ধে এই আন্দোলন গঢ়ি তোলা হৈছিল।

(খ) এই আন্দোলনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনসাধাৰণৰ মনত সংস্কারবাদী মনোভাব গা কৰি উঠিল।

(গ) গদ্য সাহিত্যৰ বিকাশ হ’বলৈ ধৰিলে।

(ঘ) জনসাধাৰণৰ মনত জাতীয়তাবাদী ভাৱধাৰা জাগৃত হ’ল।

(ঙ) এই আন্দোলনৰ ফলত ভাৰতীয় সমাজৰ কিছুমান কু-প্রথা যেনে-বাল্য বিবাহ সতীদাহ প্ৰথা, আদি সমাজখনৰ পৰা আঁতৰ কৰাত সহায়ক হ’ল। 

৮ । সমাজিক পৃথকীকৰণ ধাৰণাটো উদাহৰণসহ ব্যাখ্যা কৰা।

উত্তৰঃ ব্যক্তিক বৃহত্তৰ সমাজৰ লগত সম্পূৰ্ণৰূপে সম্পর্কিত হৈ থকাৰ পৰা আঁতৰাই ৰখাৰ ধৰণবোৰকে সামাজিক বর্জন বোলে।

এই ব্যৱস্থাৰ দ্বাৰা ব্যক্তি বা সমূহক তেওঁলোকে বাস কৰা সমাজখনৰ অৰ্থনৈতিক, সামাজিক,

ৰাজনৈতিক, ধর্মীয় আদি কাৰ্যত অংশগ্ৰহণ কৰাৰ পৰা বিৰত ৰখা হয়। ব্যক্তিক বৃহত্তৰ সমাজৰ লগত সম্পূৰ্ণৰূপে সম্পর্কিত হৈ থকাৰ পৰা আঁতৰাই ৰখাৰ ধৰণবোৰকে সামাজিক বর্জন বোলে। এই ব্যৱস্থাৰ দ্বাৰা ব্যক্তি বা সমূহক তেওঁলোকে বাস কৰা সমাজখনৰ অর্থনৈতিক, সামাজিক, ৰাজনৈতিক, ধর্মীয় আদি কাৰ্যত অংশগ্ৰহণ কৰাৰ পৰা বিৰত ৰখা হয়।

উদাহৰণস্বৰূপে, প্রাচীন ভাৰতত জাতি ব্যৱস্থাই নিম্ন জাতিৰ লোক সকলক বিভিন্ন প্ৰকাৰে সমাজৰ বহু কাৰ্য্যত অংশ গ্ৰহণৰ পৰা বিৰত ৰাখিছিল।

তলত নিম্ন জাতিৰ লোকসকলে সম্মুখীন হোৱা কিছুমান সামাজিক বৰ্জনৰ বিষয়ে উল্লেখ

কৰা হ’ল :

(১) জাতি নিৰ্যোগ্যতা নিবাৰণ অধিনিয়ম, ১৮৫০ : এই আইনখনৰ দ্বাৰা ধৰ্ম বা জাতি সলনি কৰিলে নাগৰিকৰ প্ৰাপ্য অধিকাৰ হ্ৰাস কৰা নিয়মক অগ্রাহ্য কৰা হৈছিল। এই আইনখন শিক্ষাৰ সৈতে জড়িত।

(২) শিক্ষাৰ ক্ষেত্ৰত থকা অন্ধবিশ্বাস : পুৰণি কালৰ পৰাই হৰিজনসকলক শিক্ষা গ্ৰহণৰ পৰা বিৰত ৰখা হৈছিল। হিন্দু ধর্ম শাস্ত্র অনুসৰিও শূদ্ৰসকলৰ বেদ অধ্যয়নৰ কোনো অধিকাৰ নাছিল। সংস্কৃত শিক্ষাগ্ৰহণৰ ক্ষেত্ৰটো তেওঁলোক বাধাৰ সম্মুখীন হৈছিল।

Class 12 Sociology Solutions – সমাজতত্ত্ব

Sl. No.সূচী-পত্ৰLink
Unit 1প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ গঠনClick Here
Chapter 2সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্তনClick Here
Chapter 3সামাজিক বৈষম্য আৰু বৰ্জনClick Here
Chapter 4অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহClick Here
Chapter 5প্রকল্প কার্যClick Here
Unit 2দ্বিতীয় খণ্ড : ভাৰতত সামাজিক পৰিবৰ্তন আৰু বিকাশ
Chapter 6ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়াClick Here
Chapter 7সামাজিক পৰিবৰ্তন আৰু ৰাজনীতিClick Here
Chapter 8সামাজিক পৰিবৰ্তন আৰু অর্থনীতিClick Here
Chapter 9সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্রClick Here
Chapter 10সামাজিক আন্দোলনসমূহClick Here

This Post Has 5 Comments

Leave a Reply