Class 12 Sociology Chapter 1-ভাৰতীয় সমাজ গঠন

Class 12 Sociology Chapter 1-ভাৰতীয় সমাজ গঠন । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্ন সমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 12 Sociology Chapter 1-ভাৰতীয় সমাজ গঠন AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS Second Year Sociology Chapter 1-ভাৰতীয় সমাজ গঠন

প্ৰথম খণ্ড

(ক) অতি চমু প্রশ্নোত্তৰ : মূল্যাংক: ১

১ । উপনিবেশবাদ কি ?

উত্তৰঃ ঔপনিবেশবাদ হৈছে এখন দেশৰ বা অঞ্চলৰ মানুহে অন্য এখন দেশত বা অঞ্চলত তেওঁলোকৰ উপনিবেশ স্থাপন কৰা এক প্রক্রিয়া। ই এনে এক প্রক্রিয়া য’ত উপনিবেশখনৰ ক্ষমতা সেই নির্দিষ্ট দেশখনে অধিগ্ৰহণ কৰে আৰু সেই উপনিবেশখনৰ সামাজিক সংৰচনা, চৰকাৰ, অৰ্থনীতি আদিত ঔপনিবেশবাদী সকলে পৰিৱৰ্তনৰ সূচনা কৰে।

২ । ভাৰতত জাতীয়তাবাদৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ইংৰাজ ঔপনিৱেশিকতাবাদেই ভাৰতত জাতীয়তাবাদৰ জন্ম দিছিল।

৩ । সাম্প্রদায়িকতাবাদ কি? 

উত্তৰঃ কোনো ধর্মীয় পৰিচয়ৰ আধাৰত সৃষ্টি হোৱা উগ্র জাতীয়তাবাদী মনোভাৱকে সাম্প্রদায়িকতাবাদ বুলি কোৱা হয়।

8 ।  নৃ-গোষ্ঠীসমূহ কি ?

উত্তৰঃ নৃ-গোষ্ঠীসমূহ বা গোট বুলি ক’লে সেইবোৰ গোটক বুজায় যি গোটৰ সদস্যসকলে একে সাংস্কৃতিক পৰিচয়েৰে নিজৰ গোটৰ প্ৰতি সচেতনতা ৰক্ষা কৰাৰ উপৰিও চাৰিওকাষে থকা আন আন গোটৰ পৰা নিজকে বিচ্ছিন্ন কৰি ৰখাৰ প্ৰয়াস কৰে।

৫ । সম্প্ৰদায়ৰ সংজ্ঞা দিয়া ।

উত্তৰঃ সম্প্ৰদায় হ’ল এডোখৰ নিৰ্দিষ্ট স্থানত উমৈহতীয়া স্বাৰ্থৰে বসবাস কৰা ‘আমি ভাৱ সম্পন্ন’ এক জনসমষ্টি। সমাজতাত্বিক কিংছলি ডেভিছৰ মতে সামাজিক জীৱনৰ সকলো দিশ সামৰিব পৰা সৰু আঞ্চলিক সমূহেই সম্প্ৰদায়।’

৬ । সামাজিক শ্রেণী মানে কি?

উত্তৰঃ সাধাৰণতে সামাজিক শ্ৰেণী বুলিলে সমাজৰ বিভিন্ন দিশত মিল থকা জনসমষ্টিৰ ভাগ বিলাককে বুজোৱা হয়। সমাজতাত্বিক অৰ্থত সামাজিক প্রস্থিতি, ব্যৱসায়, বৃত্তি, আর্থিক অৱস্থা, শিক্ষা আৰু জীৱন ধাৰণৰ মানদণ্ড আদিৰ ক্ষেত্ৰত মিল বা সাদৃশ্য থকা ব্যক্তিসকলৰ সমূহকে ‘‘সামাজিক শ্রেণী’ বোলা হয়। আধুনিক সমাজত অর্থনৈতিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি সামাজিক শ্ৰেণীৰ ভাগ কৰা হয়। যেনে- উচ্চ শ্রেণী, উচ্চ মধ্যবিত্ত শ্রেণী, মধ্যবিত্ত শ্রেণী, নিম্ন মধ্যবিত্ত শ্রেণী আৰু নিম্ন শ্রেণী।

৭ । শ্ৰেণীৰ সংজ্ঞা দিয়া।

উত্তৰঃ সমাজতাত্বিক মৰিছ জিন্সবার্গ (Morris Ginsberg)ৰ মতে সামাজিক শ্ৰেণীয়ে সমাজৰ এনে একোটা অংশক বুজায় যি অংশই উচ্চ বা নিম্ন শ্রেণী হিচাপে সমাজৰ আন আন অংশৰ পৰা পৃথক হৈ পৰে।

কার্লমার্ক্সৰ মতে অর্থনৈতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি সমাজত শ্ৰেণীৰ সৃষ্টি হয়।

৮ । সামাজিক মানচিত্র মানে কি?

উত্তৰ: সমাজতাত্বিক দৃষ্টিভংগীৰে সমাজখন অধ্যয়ন কৰিলে সামগ্ৰিকভাৱে সমাজখনৰ বিষয়ে আমাৰ মনত এখন মানচিত্ৰৰ সৃষ্টি হয় – যাক সামাজিক মানচিত্ৰ বুলি কোৱা হয়। সাধাৰণতে সামাজিকরণ প্রক্রিয়াই আমাৰ মনত সামাজিক মানচিত্ৰৰ গঢ় দিয়ে।

৯ । প্রজন্ম ব্যৱধান মানে কি বুজা?

উত্তৰঃ পুৰণি প্রজন্ম আৰু নৱ প্ৰজন্মৰ মাজত সৃষ্টি হোৱা বিৰোধেই হৈছে প্ৰজন্ম ব্যৱধান।প্রজন্ম ব্যৱধান হৈছে সকলো সমাজতে দেখা পোৱা এক সাধাৰণ সামাজিক ঘটনা।

১০ । জনসংখ্যা গাঁথনি মানে কি?

উত্তৰঃ জনসংখ্যা গাঁথনি বুলিলে কোনো এক জন সমষ্টিত থকা পুৰুষ-মহিলাৰ অনুপাত,বয়স অনুসাৰে জনসংখ্যাৰ গাঁথনি আদিক বুজোৱা হয়।

১১। জনসংখ্যা ঘনত্ব মানে কি?

উত্তৰঃ প্রতি বর্গ কিলোমিটাৰ এলেকাত বসবাস কৰা জনসংখ্যার অনুপাতকে জনসংখ্যাৰ ঘনত্ব বুলি কোৱা হয়।

১২। সম্ভাব্য জীবনকাল কি?

উত্তৰঃ চমু অৰ্থত আশা কৰা মতে জীৱনৰ আয়ুস (life expectancy) মানে হৈছে মানুহে গড়ে কিমান বছৰ জীয়াই থাকিব পাৰে।

কোনো নির্দিষ্ট সময়ৰ ভিতৰত মানুহৰ বয়স বিশেষে মৃত্যুৰ হাৰৰ যি সংখ্যা, সেই তথ্যৰ ওপৰত ভিত্তি কৰি এইটো হিচাপ কৰা হয়।

১৩। জন-বিস্ফোৰণ মানে কি?

উত্তৰঃ যেতিয়া কোনো এখন দেশৰ জনসংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পাই তেতিয়া তাক জন বিস্ফোৰণ হোৱা বুলি কোৱা হয়।

Class 12 Sociology Solutions – সমাজতত্ত্ব

Sl. No.সূচী-পত্ৰLink
Unit 1প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ গঠনClick Here
Chapter 2সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্তনClick Here
Chapter 3সামাজিক বৈষম্য আৰু বৰ্জনClick Here
Chapter 4অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহClick Here
Chapter 5প্রকল্প কার্যClick Here
Unit 2দ্বিতীয় খণ্ড : ভাৰতত সামাজিক পৰিবৰ্তন আৰু বিকাশ
Chapter 6ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়াClick Here
Chapter 7সামাজিক পৰিবৰ্তন আৰু ৰাজনীতিClick Here
Chapter 8সামাজিক পৰিবৰ্তন আৰু অর্থনীতিClick Here
Chapter 9সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্রClick Here
Chapter 10সামাজিক আন্দোলনসমূহClick Here

১৪। পৰিয়াল পৰিকল্পনা মানে কি?

উত্তৰঃ পৰিয়াল পৰিকল্পনা বুলিলে সাধাৰণতে জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে সৰু পৰিয়াল গঠন কৰা, জন্ম নিয়ন্ত্ৰণৰ বিভিন্ন কৌশল প্রয়োগ কৰা, ৰাজহুৱা স্বাস্থ্যসেৱা উন্নত করা আদিক বুজায়।

১৫‌ ৷ জনসংখ্যা বিজ্ঞানৰ অৰ্থ কি?

উত্তৰঃ মানৱ জনসাধাৰণ, তেওঁলোকৰ আকাৰ, তেওঁলোকৰ গঠন, তেওঁলোকৰ প্ৰগতি ইত্যাদিৰ ওপৰত কৰা বৈজ্ঞানিক অধ্যয়নেই হৈছে জনসংখ্যা বিজ্ঞান।

১৬। ভাৰতত প্ৰথমটো আৰু একেবাৰে শেহতীয়া লোকপিয়ল কেতিয়া হৈছিল?

উত্তৰঃ ইংৰাজ শাসনৰ সময়ত ১৮৬৭-৭২ চনৰ ভিতৰত ভাৰতত প্রথম লোকপিয়ল আৰম্ভ কৰা হয়। ইয়াৰ পিছত ১৮৮১ চনৰ পৰা প্ৰতি দহ বছৰৰ অন্তৰে অন্তৰে লোকপিয়লৰ কাম হাতত লোৱা হয়। স্বাধীন ভাৰতৰ প্ৰথমটো লোকপিয়ল আৰম্ভ হয় ১৯৫১ চনত আৰু তেতিয়াৰপৰা এতিয়ালৈকে মুঠ ছটা লোকপিয়ল সম্পন্ন কৰা হয় আৰু সপ্তমটো লোকপিয়লৰ কাম ইতিমধ্যে চলাই থকা হৈছে। ভাৰতবৰ্ষৰ লোকপিয়ল বিশ্বৰ ভিতৰতে বৃহৎ লোকগণনাৰূপে পৰিগণিত হৈছে।

১৭। পৰনিৰ্ভৰশীল অনুপাত কি?

উত্তৰঃ পৰনিৰ্ভৰশীল অনুপাত হৈছে, কাম কৰি খাব নোৱাৰা বৃদ্ধ বয়সৰ লোক আৰু কৰ্মৰ উপযোগী নোহোৱা কম বয়সৰ ল’ৰা ছোৱালীৰ সংখ্যা।

১৮। যজমানী ব্যৱস্থা কি?

উত্তৰঃ যজমানী প্রথা বা ব্যৱস্থা হৈছে এক বজাৰহীন বিনিময় ব্যৱস্থা। এই প্রথা জাতি ব্যৱস্থাৰ লগত জড়িত আছিল।

১৯। শিশুর মৃত্যুৰ হাৰ মানে কি?

উত্তৰঃ শিশুৰ মৃত্যুৰ হাৰ হৈছে প্ৰত্যেক ১০০০ গৰাকী জীৱিত শিশুৰ ভিতৰত এবছৰ পূৰ্ণ হোৱাৰ আগতে মৃত্যু হোৱা শিশুৰ সংখ্যা।

২০। গ্রাম্য অঞ্চলত দুর্ভিক্ষ আৰু অনাহাৰ আঁতৰাবলৈ ৰাজ্য চৰকাৰসমূহে শেহতীয়াকৈ লোৱা ব্যৱস্থাৱলীটো উল্লেখ কৰা।

উত্তৰঃ দেশৰ গ্ৰাম্য অঞ্চলৰ বাবে শেহতীয়াকৈ কাৰ্যকৰী কৰা ‘ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত

আইন’ (National Rural Employment Guarantee Act) ৰ জৰিয়তে গাঁও অঞ্চলত অনাহাৰ বা দুর্ভিক্ষ আঁতৰাবলৈ ৰাজ্য চৰকাৰসমূহে প্ৰচেষ্টা হাতত লৈছে।

২১। আটাইতকৈ বেছি সর্বনিম্ন শিশু লিংগ অনুপাত দেখা পোৱা ৰাজ্যখনৰ নাম লিখা। 

উত্তৰঃ চিকিমত হৈছে দেশৰ সৰ্বনিম্ন লিংগ অনুপাত দেখা পোৱা যায়।

২২ । ২০০১চনৰ লোকপিয়লৰ হিচাপ মতে ভাৰতৰ জনসংখ্যা কিমান ? 

উত্তৰঃ ২০০১ চনৰ লোকপিয়লৰ হিচাপমতে ভাৰতৰ জনসংখ্যা ১০৩ কোটি (১.০৩ বিলিয়ন)।

২৩। শিশু লিংগ অনুপাত হ্রাস পোৱা যিকোনো দুটা কাৰক উল্লেখ কৰা 

উত্তৰঃ শিশু লিংগ অনুপাত হ্রাস পোৱা দুটা কাৰক হ’ল– (ক) কেঁচুৱা অৱস্থাত কন্যা সন্তানৰ প্ৰতি অৱহেলা, আৰু (খ) শিশুৰ উচ্চ হাৰৰ মৃত্যু।

(খ) চমু প্রশ্নোত্তৰ : মূল্যাংক: ২/৩

১ । শ্রেণী ব্যৱস্থা মানে কি?

উত্তৰঃ শিল্প উদ্যোগত সৃষ্টি হোৱা জটিল উৎপাদনী ব্যৱস্থা আৰু মূলতঃ আর্থিক অৱস্থাক ভিত্তি কৰি সমাজত শ্ৰেণীৰ সৃষ্টি হয়। ই এক মুক্ত ব্যৱস্থা। সামাজিক গতিশীলতা শ্রেণী ব্যৱস্থাৰ এটা উল্লেখযোগ্য দিশ। আধুনিক উদ্যোগীক সমাজবোৰত শ্রেণী ব্যৱস্থাই দৃঢ় ৰূপ ধাৰণ কৰা দেখা গৈছে। অৱশ্যে মার্ক্সৰ দৰে সমাজতাত্বিকৰ মতে শ্রেণী ব্যৱস্থা সকলো সমাজতে দেখা পোৱা গৈছিল।

২ । অনুধাৱন (reflexivity) কি?

উত্তৰঃ অনুধাৱন হৈছে নিজে নিজৰ প্ৰতিবিম্ব চাব পৰা সামর্থ্য। সমাজতত্বই এজন ব্যক্তিক এই সামৰ্থ্য প্ৰদান কৰে। এজন ব্যক্তি আনবোৰৰ দৃষ্টিত কি সেয়া সমাজতত্ত্বই ব্যক্তিজনক দেখুৱাব পাৰে। অৰ্থাৎ সমাজতত্বই বাহ্যিক দিশৰ পৰা এজন ব্যক্তিক নিজকে চাবলৈ শিকায়। ইয়াকে অনুধাৱন বা আত্ম-অনুধাৱন বোলে।

৩ । উপনিৱেশিক অঞ্চলবোৰত জাতীয়তাবাদী ভাবধাৰা কিয় উপনিবেশবাদ বিৰোধী আন্দোলনৰ লগত সংগতি ৰাখি গঢ় লৈ উঠিছিল?

উত্তৰ: সাধাৰণ অৰ্থত উপনিবেশিকতাবাদ হৈছে এখন দেশে আন এখন দেশৰ ওপৰত চলোৱা শাসন। উপনিবেশিক শাসন ব্যৱস্থাই অধিক লাভালাভৰ মনোবৃত্তিৰে দেশৰ অৰ্থনীতিত আঘাত কৰে। উপনিবেশিক শাসকসকলে সদায়েই দমন-উৎপীড়ন, শোষণ-দুর্নীতি, বঞ্চনামূলক নীতি গ্ৰহণ কৰাৰ ফলত জনগণৰ মনত উপনিবেশবাদ বিৰোধী মনোভাবৰ সৃষ্টি হয় আৰু ইয়াৰ আধাৰতে জাতীয়তাবাদী ভাৱধাৰা গঢ় লৈ উঠে।

8‌ । ব্যক্তিকেন্দ্রিক দৃষ্টিভংগী কি?

উত্তৰ এজন ব্যক্তিৰ ব্যক্তিগত সমস্যাসমূহে বা ব্যক্তিজনৰ স্বকীয় পৰিচয়ৰ বিভিন্ন দিশবোৰে ব্যক্তিকেন্দ্ৰিক দৃষ্টিভংগীৰ গঢ় দিয়ে। ব্যক্তিকেন্দ্রিক দৃষ্টিভংগীয়ে ব্যক্তিজনৰ কেৱল স্বকীয় পৰিচয়ৰ দিশবোৰৰ ইংগিত দিয়ে।

৫ । গ্ৰাম্য অঞ্চলৰ পৰা নগৰীয়া অঞ্চললৈ প্ৰবজন কিয় ঘটি আছে?

উত্তৰ: গাঁও অঞ্চলত জীৱিকাৰ অভাৱ আৰু অন্যান্য বহুতো সা-সুবিধাৰ অভাৱৰ বাবে গাঁও অঞ্চলৰ পৰা নগৰীয়া অঞ্চললৈ প্ৰৱজন ঘটি আছে। কৃষি উৎপাদন হ্রাস পোৱাৰ বাবেও পূৰ্বতে গাঁৱত কৃষিখণ্ডত নিয়োজিত লোকে উদ্যোগ আৰু সেৱা খণ্ডত কাম কৰাৰ বাবে চহৰমুখী হোৱা দেখা গৈছে। ইয়াৰোপৰি গাঁও অঞ্চলবোৰৰ পথ-যোগাযোগ, শিক্ষা, স্বাস্থ্য আদিৰ দৰে আন্তঃগাঁথনি উন্নত নহয় বাবেও গাঁৱৰ পৰা চহৰলৈ জন প্ৰৱজন ঘটা দেখা যায়।

৬ । জন বিস্ফোৰণে আমাৰ জীৱন-ধাৰণৰ মানদণ্ড কেনেকৈ হ্রাস কৰে?

উত্তৰঃ মালথাছৰ মতে মানুহৰ জীৱিকা নিৰ্বাহৰ বাবে প্ৰয়োজনীয় সম্পদবোৰ যি হাৰত বৃদ্ধি পায়, জনসংখ্যা বৃদ্ধিৰ গতি তাতকৈ বেছি খৰতকীয়া হয়। তেওঁৰ মতে কৃষি উৎপাদন গাণিতিক হাৰত বাঢ়ে, কিন্তু জনসংখ্যা জ্যামিতিক হাৰত বাঢ়ে। অর্থাৎ জনসংখ্যা বৃদ্ধিৰ তীব্ৰ গতিয়ে জীৱন-যাপনৰ বাবে প্ৰয়োজনীয় সম্পদ মাত্রা কমাই আনে। গতিকে অৱধাৰিতভাৱেই জনবিস্ফোৰণ আমাৰ জীৱন ধাৰণৰ মানদণ্ড হ্ৰাস কৰে।

৭ । জনসমষ্টি কিয় প্রয়োজনীয়?

উত্তৰঃ এখন ৰাষ্ট্ৰৰ জনসমষ্টিয়েই ৰাষ্ট্ৰখনৰ মেৰুদণ্ডসদৃশ। জনসমষ্টি নহ’লে ৰাষ্ট্ৰ হ’ব নোৱাৰে। জনসমষ্টিয়ে ৰাষ্ট্ৰখনৰ সকলো উৎপাদনমূলক তথা প্ৰশাসনীয়, বাজনৈতিক আৰু প্ৰতিৰক্ষা সম্পৰ্কীয় সকলো কাম কৰে। গতিকেই জনসমষ্টি এটা প্রয়োজনীয় হৈ পৰে।

৮ । বর্ধিত জনসংখ্যাৰ অসুবিধাবিলাক কি কি?

উত্তৰঃ বর্ধিত জনসংখ্যাই সম্পদ বৃদ্ধি হোৱাটো দাবী কৰে। শিক্ষা, স্বাস্থ্য, সেৱা, পথ-যোগাযোগ আদি খণ্ডত তীব্ৰ হেঁচাৰ সৃষ্টি কৰে। অন্ন-বস্ত্ৰ আৰু বাসস্থান বৃদ্ধিৰ দাবী কৰে আৰু ইয়াৰ বাবে অত্যধিক সম্পদৰ প্ৰয়োজন হয়। এইবোৰেই হ’ল বৰ্ধিত জনসংখ্যাৰ অসুবিধা।

৯। ক্রম হ্রাসমান জনসংখ্যাৰ অসুবিধাবিলাক কি কি?

উত্তৰঃ জনসংখ্যা ক্রমান্বয়ে হ্রাস পাই আহিলে ৰাষ্ট্ৰ এখনৰ বাবে প্ৰয়োজনীয় দ্ৰব্য আৰু সেৱাৰ উৎপাদনত যতি আহি পৰে। ইয়াৰোপৰি ৰাষ্ট্ৰ এখনৰ ৰাজনৈতিক, প্রশাসনিক আৰু বিশেষকৈ প্ৰতিৰক্ষা সমন্ধীয় দিশবোৰত ক্রমহ্রাসমান জনসংখ্যাই কুপ্ৰভাৱ পেলায়। সাম্প্রতিক সময়ত জাপান, ৰাছিয়া, ইটালী আদিৰ দৰে বহু ৰাষ্ট্ৰই ক্রমহ্রাসমান জনসংখ্যাই কঢ়িয়াই অনা অসুবিধাৰ সন্মুখীন হ’বলগা হৈছে।

১০। জনসংখ্যাই কেনেদৰে আর্থিক বিকাশক প্রভাবিত কৰে? 

উত্তৰঃ জনসংখ্যাৰ সংৰচনাই (গাঁথনি) আর্থিক বিকাশক প্ৰভাৱিত কৰে। যদি জনসংখ্যা পৰনিৰ্ভৰশীল অনুপাত বৃদ্ধি পায় অর্থাৎ বয়সস্থ লোকৰ সংখ্যা আৰু কৰ্মৰ উপযোগী নোহোৱা কম বয়সীয়া ল’ৰা-ছোৱালীৰ সংখ্যা কৰ্মঠ লোকৰ সংখ্যাৰ তুলনাত বৃদ্ধি পালে দেশৰ চিন্তাৰ কাৰণ হৈ উঠে। কাৰণ বৃহৎ সংখ্যক নিৰ্ভৰশীল লোকৰ ভৰণ-পোষণৰ দায়িত্ব কমসংখ্যক কর্মঠ লোকৰ ওপৰত পৰে। আনহাতে নির্ভৰশীল লোকৰ সংখ্যা কমি গ’লে অর্থনৈতিক উন্নতি আৰু সম্পদ আহৰণ বৃদ্ধি পায়। এনেদৰে জনসংখ্যাই আর্থিক বিকাশক প্ৰভাৱিত কৰা দেখা যায়।

১১। জনসাংখ্যিক বিজ্ঞানৰ তথ্যৰ প্ৰয়োজনীয়তা কি?

উত্তৰঃ জনসাংখ্যিক বিজ্ঞানৰ তথ্যবোৰ বিশেষভাৱে গুৰুত্বপূর্ণ। অর্থনৈতিক উন্নয়ন, জনকল্যাণমূলক আঁচনি গ্ৰহণ, উন্নয়নৰ ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণ, পৰিকল্পনা গ্রহণ আদিৰ ক্ষেত্ৰত জনসাংখ্যিক বিজ্ঞানৰ তথ্য বা জনসাংখ্যিক তথ্যৰ (Demographic Data) বিশেষ প্রয়োজনীয়তা আছে।

১২। ঔপচাৰিক জনসাংখ্যিক বিজ্ঞান (Formal Demography) আৰু সামাজিক জনসাংখ্যিক বিজ্ঞানৰ পাৰ্থক্য কি? 

উত্তৰঃ জনসাংখ্যিক বিজ্ঞান সাধাৰণতে দুই প্রকাৰৰ হয়। যেনে – (ক) ঔপচারিক বা আনুষ্ঠানিক জনসাংখ্যিক বিজ্ঞান(Formal Demography) আৰু (খ) সামাজিক জনসাংখ্যিক বিজ্ঞান (Social Demography)। আনুষ্ঠানিক জনসাংখ্যিক বিজ্ঞানে সাধাৰণতে বিভিন্ন ধৰণেৰে আহৰণ কৰা পৰিসাংখ্যিক তথ্যৰ ওপৰত অধ্যয়ন কৰে। আনহাতে সামাজিক জনসাংখ্যিক বিজ্ঞানে বিশেষকৈ জনসংখ্যাৰ ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক দিশবোৰ অধ্যয়ন কৰে।

১৩। জনসংখ্যা বিস্ফোৰণ (Population Explosion ৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা।

উত্তৰ: জনসংখ্যা বিষ্ফোৰণৰ দুটা প্রধান কাৰণ হ’লঃ (ক) আধুনিক উন্নত মানৰ প্ৰতিষেধকৰ দ্বাৰা ৰোগ নিয়ন্ত্রণ, আৰু জনস্বাস্থ্য আৰু পুষ্টিকর খাদ্য যোগান। 

১৪। ‘প্রতিস্থাপন স্তব’ (Replacement level) কি?

উত্তৰঃ প্রতিস্থাপন ক্তৰ হৈছে নতুন প্ৰজন্মই পুৰণি প্ৰজন্মৰ (যিসকলৰ মৃত্যু হৈছে) ঠাই পুৰাৰ বাবে বৃদ্ধিৰ হাৰ আগবঢ়াই নিয়া। যেতিয়া জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ মাজৰ ব্যৱধান শূণ্য হয়। অথবা অতি সামান্য হয়, তেতিয়া আমি জনসংখ্যা সুস্থিৰ বুলি কওঁ আৰু এই অৱস্থাটোৱেই হৈছে প্ৰতিস্থাপন স্তব।

১৫। পেন্‌ডেমিক (Pandemic) কি? 

উত্তৰঃ পেন্‌ডেমিক হৈছে কোনো এক বৃহৎ অঞ্চলত, নাইবা কেইবাখনো দেশ জুৰি নাইবা গোটেই পৃথিৱীতে বিয়পি পৰা এক প্ৰকাৰৰ সংক্রামক বেমাৰৰ বিনাশকাৰী মহামাৰী, এক বৃহৎ অঞ্চল জুৰি হোৱা মহামাৰী য’ত ৰোগীৰ সংখ্যা হিচাপ কৰিব পাৰি তেনে মহামাৰীক পেন্‌ডেমিক বুলি ক’ব নোৱাৰি। গোটেই বিশ্বৰ ইতিহাসত এনে পেন্‌ডেমিক’ৰ উদাহৰণ বহুত পোৱা যায়। যেনেঃ বিভিন্ন প্ৰকাৰৰ জ্বৰ, মহামাৰী বেমাৰ, সৰু আই, কলেৰা আদি।

(গ) ৰচনাধর্মী প্রশ্নোত্তৰঃ মূল্যাংক : ৪/৫

১ । নগৰীয়া সমাজৰ মূল চৰিত্ৰসমূহ ব্যাখ্যা কৰা। 

উত্তৰঃ নগৰীয়া সমাজ অর্থাৎ নগৰ ভাৰতীয় সমাজৰ এক অভিন্ন অংগ। সাধাৰণতে নগৰীয়া সমাজ বুলি কলেই ‘নগৰ’-ৰ ধাৰণা এটাই মনলৈ আহে।

নগৰীয়া সমাজৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল –

(ক) অধিক জনসংখ্যা : অধিক জনসংখ্যা থকাটো নগৰীয়া সমাজৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। নগৰীয়া অঞ্চলত ব্যৱসায়-প্রতিষ্ঠান, উদ্যোগ, কল-কাৰখানা, শিক্ষানুষ্ঠান আদিৰ সুবিধা থকাৰ বাবে গাঁৱৰ পৰা ব্যক্তিসকল নগৰলৈ যায় আৰু তাতে বসছি কৰেগৈ। সেয়েহে নগৰ অঞ্চলত জনসংখ্যা অধিক হোৱা দেখা যায়।

(খ) ভিন্ন পৰিৱেশঃ একেখন নগৰতে ভিন্ন পরিবেশ পৰিলক্ষিত হয়, অর্থাৎ একোখন নগৰত বিভিন্ন স্থানৰ পৰা বিভিন্ন লোক আহি বসতি কৰেহি। এই লোকসকলৰ জাতি, ধর্ম, বর্ণ, উদ্দেশ্য আদিৰ মাজত বিভিন্নতা থাকে। সেয়ে, একেখন নগৰতে অথবা একেটা এলেকাতে বিভিন্ন ধৰণৰ পৰিবেশ লক্ষ্য কৰিব পাৰি। 

(গ) আনুষ্ঠানিক সম্পৰ্ক ঃ নগৰৰ জনসংখ্যা অধিক আৰু প্রত্যেকেই নিজক লৈ ব্যস্ত হৈ থকাৰ কাৰণে ব্যক্তিৰ মাজত স্বাভাৱিক আৰু পোনপটীয়া সম্পৰ্কৰ অভাৱ দেখা যায়। নগৰীয়া সমাজৰ ব্যক্তিসকলৰ মাজত মুখা-মুখি বন্ধুত্বপূর্ণ সম্পর্ক প্রায় নাথাকেই। 

(ঘ) সৰু পৰিয়াল : নগৰীয়া সমাজত সৰু সৰু পৰিয়াল গঢ় লৈ উঠে। বিভিন্ন ক্ষেত্ৰত থকা অসুবিধাৰ বাবে নগৰত ডাঙৰ পৰিয়াল লৈ বসবাস কৰা সম্ভৱ নহয়। সেয়ে, নগৰীয়া সমাজত একক পৰিয়ালৰ গুৰুত্ব অধিক।

(ঙ) ভিন্ন বৃত্তিঃ নগৰীয়া সমাজত উদ্যোগ, কল-কারখানা, ব্যৱসায় প্রতিষ্ঠান, কার্যালয় আদিৰ সুবিধা থকাৰ বাবে অৰ্হতাসম্পন্ন লোকসকলে যিকোনো বৃত্তি গ্রহণৰ সুবিধা পায়। নগৰীয়া সমাজৰ লোকসকলৰ মাজত সেয়েহে বৃত্তিৰ ভিন্নতা দেখা যায়।

২ । গ্ৰাম্য সমাজৰ মূল চৰিত্ৰসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ গ্ৰাম্য সমাজৰ কিছুমান স্বকীয় বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যবোৰৰ ভিত্তিতে আমি কোনো এখন সমাজক গ্রাম্য সমাজ হিচাপে চিনাক্ত কৰিব পাৰো।

এই বৈশিষ্ট্যসমূহ হ’ল –

(ক) কৃষি নিৰ্ভৰশীলতা ঃ কৃষিয়েই হৈছে ভাৰতীয় গ্ৰাম্য সমাজৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ প্ৰধান মাধ্যম। সেয়েহে গ্ৰাম্য অৰ্থনীতিৰ মূল ভিত্তি হৈছে কৃষি।

(খ) যুটীয়া পৰিয়াল ব্যৱস্থা ঃ গ্ৰাম্য সমাজৰ পৰিয়াল ব্যৱস্থা মূলত : যুটীয়া প্ৰকৃতিৰ। সাধাৰণতে গ্ৰাম্য সমাজৰ লোকসকলে যুটীয়া পৰিয়ালৰ মাজত মিলিজুলি বসবাস কৰে।

(গ) পাৰস্পৰিক নিৰ্ভৰশীলতা : গ্রাম্য লোকসকল সাধাৰণতে সামাজিক, অর্থনৈতিক, ধর্মীয় আদি প্ৰায়বিলাক দিশতে পাৰস্পৰিক নিৰ্ভৰশীল। একেটা পৰিয়ালৰ দৰে গ্ৰাম্য সমাজৰ লোকসকলে আপোন ভাবেৰে জীৱন-যাপন কৰে।

(ঘ) গভীৰ ধৰ্মবিশ্বাসঃ গ্ৰাম্য জীৱনত ধর্মব প্রভাৱ মন কৰিবলগীয়া। তেওঁলোকৰ দৈনন্দিন জীৱনৰ ায় প্ৰতিটো ক্ষেত্ৰতে ধর্মই নিবিড়ভাৱে প্ৰভাৱ বিস্তাৰ কৰি থকা দেখা যায়।

(ঙ) ভৌগোলিক বিচ্ছিন্নতা : সাধাৰণতে ভাৰতবৰ্ষৰ গ্রাম্য সমাজবিলাক ভৌগোলিকভাবে বিভিন্ন স্থানত বিচ্ছিন্ন হৈ থকা দেখা যায়। যাতায়ত আৰু যোগাযোগ ব্যৱস্থা সন্তোষজনক নোহোৱাৰ বাবেই গ্রাম্য অঞ্চলৰ লোকসকলে নগৰ অঞ্চলৰ পৰা নিজকে বিচ্ছিন্ন কৰি ৰাখে।

৩ । শ্রেণী ব্যৱস্থাৰ বিভিন্ন বৈশিষ্ট্যবিলাক কি কি ? 

উত্তৰঃ প্রত্যেক শ্ৰেণীৰেই নিজস্ব স্বকীয় বৈশিষ্ট্য থকাৰ বাবে এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীৰ পৃথকতা পৰিলক্ষিত হয়।

তলত সামাজিক শ্ৰেণীৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা হ’ল–

(ক) প্ৰস্থিতিসমূহৰ সংস্তৰণঃ শ্রেণীভিত্তিক সমাজত সাধাৰণতে, শ্ৰেণীবোৰ তিনিটা স্তৰত দেখা পোৱা যায়। উচ্চ, মধ্যম আৰু নিম্ন শ্রেণী। উৰ্ধতম স্তৰত থকা সামাজিক শ্ৰেণীৰ লোক আপেক্ষিভাৱে কম, কিন্তু ক্রমান্বয়ে তলব ফালে এই সংখ্যা বৃদ্ধি হৈ নিম্নতম স্তৰত থকা শ্ৰেণীৰ লোকৰ সংখ্যা সর্বাধিক হয়।

(খ) শ্রেণী সচেতনতা ঃ সামাজিক শ্ৰেণীটোৰ সদস্যসকলে নিজে সেই শ্ৰেণীৰ অন্তর্ভূক্ত বুলি সদায় সজাগ হৈ থাকে। তেওঁলোকে নিজৰ আৰ্থিক অৱস্থাৰ কথা জানে আৰু সমাজত তেওঁলোকে কেনে সা-সুবিধা লাভ কৰিব পাৰে তাৰ প্ৰতিও সজাগ। এই শ্ৰেণী সজাগতাৰ পৰা তেওঁলোকৰ মনত উচ্চাত্মিকা বা হীনমন্যতাৰ ভাব উদয় হয়। শ্ৰেণী সজাগতাই নিজ শ্ৰেণীটোৰ সদস্যসকলৰ মনত একতাৰ ভাব জগাই তোলে। এনে সজাগতাৰ পৰা সদস্যসকলৰ শ্ৰেণী পৰিচয় হয়।

(গ) উচ্চ-নীচ ভাব ঃ এটা শ্ৰেণীৰ লোকে অন্য এটা শ্ৰেণীৰ লোকসকলতকৈ নিজকে শ্রেষ্ঠ বা নিকৃষ্ট ভাব পোষণ কৰি স্ব-প্ৰস্থিতি উচ্চ বা নিম্ন হিচাপে বিবেচনা কৰে।

(ঘ) গতিশীলতা ঃ শ্রেণী ব্যৱস্থাত গতিশীলতাৰ যথেষ্ট সুবিধা আছে। কোনো এটা শ্ৰেণীৰ লোকে নিজৰ গুণ, শিক্ষা, দক্ষতা আদিৰ বলত অন্য এটা শ্ৰেণীলৈ উন্নীত হ’ব পাৰে বা বেয়া কামৰ ফলস্বৰূপে নিম্ন শ্রেণীলৈও অৱনমিত হ’ব পাৰে।

(ঙ) জন্মৰ ওপৰত কম গুরুত্ব : শ্রেণী ব্যৱস্থাত জন্মৰ ওপৰত গুৰুত্ব দিয়া নহয়। বৰঞ্চ ব্যক্তিৰ গুণ, দক্ষতা আদিয়েহে এজন ব্যক্তিৰ সামাজিক শ্রেণী নির্ণয় কৰে।

8 ।  চিৰাইট মিলচৰ ব্যক্তিগত সমস্যা আৰু সামাজিক ইচ্ছ্যুৰ ধাৰণা ব্যাখ্যা কৰা। 

উত্তৰঃ আমেৰিকাৰ প্ৰসিদ্ধ সমাজতাত্বিক চিৰাইট মিলৰ মতে সমাজতত্বই ব্যক্তিগত সমস্যা আৰু সামাজিক বিষয়বোৰৰ মাজত যোগসূত্ৰৰ সৃষ্টি কৰে। ব্যক্তিগত সমস্যা বুলি মিলচেয় প্রত্যেক ব্যক্তিৰ ক্ষেত্ৰত থকা উদ্বেগ, অসুবিধা, গৌৰৱ, মানসিক চাপ আদিৰ দৰে বিষয়বোৰক বুজাইছে— যিবোৰ মূলতঃ ব্যক্তিজনৰ স্বকীয় পৰিচয়ৰ বিভিন্ন দিশৰ লগত জড়িত। আনহাতে সামাজিক সমস্যা বুলি মিলচে বৃহৎ সমূহ(group) বোৰৰ সমস্যাক বুজাইছে। তেওঁৰ মতে সামাজিক সমস্যাবোৰ ব্যক্তিগত সমস্যাতকৈ পৃথক হ’লেও এই দুয়োটাৰ মাজত যোগসূত্র থাকে। ব্যক্তিগত সমস্যাই সামাজিক সমস্যাক প্রভাৱিত কৰে আৰু সামাজিক সমস্যায়ো ব্যক্তিগত সমস্যাক প্রভাবিত করে।

৫ । জনসাংখ্যিক সংক্ৰমণৰ তত্বৰ বিষয়ে কি জানা লিখা। 

উত্তৰঃ জনসাংখ্যিক বিজ্ঞানৰ এটা অন্যতম সিদ্ধান্ত হৈছে সংক্রমণ সিদ্ধান্ত। এই সিদ্ধান্তৰ যুক্তিবোৰৰ মতে জনসংখ্যা বৃদ্ধি আৰু অর্থনৈতিক উন্নয়নৰ স্তৰবোৰ প্ৰায় লগলাগি থাকে আৰু প্ৰত্যেক সমাজেই ইয়াৰ উন্নয়ণৰ লগত খাপখোৱা জনসংখ্যা বৃদ্ধিৰ বিশেষ প্ৰক্ৰিয়া অনুসৰণ কৰে। এখন সমাজত জনসংখ্যা বৃদ্ধিৰ তিনিটা পৰ্যায় বা স্তৰ থাকে। ইয়াৰে প্ৰথম স্তৰটো হৈছে জনসংখ্যা কম হাৰত বৃদ্ধি হোৱা স্তৰ। কাৰণ এই অৱস্থাত এখন সমাজ সাধাৰণতে অনুন্নত আৰু কাৰিকৰী দিশত পিছপৰা হয়। এই স্তৰত জন্ম আৰু মৃত্যু উভয়তে অধিক হাৰ বঢ়াৰ বাবে উৎপাদনৰ হাৰো কম হোৱা দেখা যায়।

তৃতীয় বা অন্তিম স্তৰটো হৈছে উন্নত দেশবোৰত উৎপাদনৰ হাৰ কমি যোৱাৰ সময়ছোৱা, য’ত জন্ম আৰু মৃত্যুর হার বহু পৰিমাণে কমি যায় আৰু ইয়াৰ মাজৰ ব্যৱধানো ক্ষীণ হৈ পৰে। এই দুয়োটা স্তৰৰ মাজৰ স্তৰটোৱেই হৈছে সংক্ৰমণ স্তৰ (transitional stage) য’ত অনুন্নত স্তৰৰ পৰা উন্নত স্তৰলৈ ধাৱমান হৈ উচ্চ হাৰত জনসংখ্যা বৃদ্ধি হ’বলৈ ধৰে।

সংক্রমণ স্তৰটো হৈছে এনে এটা পর্যায় য’ত সমাজ অনুন্নত স্তৰৰ পৰা উন্নত স্তৰলৈ ধাৱমান হৈ উচ্চ হাৰত জনসংখ্যা বৃদ্ধি হ’বলৈ ধৰে। এয়াই হৈছে জনসংখ্যা বিস্ফোৰণ (population explosion)। এই জনসংখ্যা বিস্ফোৰণৰ এটা মূখ্য কাৰক হৈছে আধুনিক উন্নত মানৰ প্রতিষেধকৰ দ্বাৰা ৰোগ নিয়ন্ত্রণ, জনস্বাস্থ্য আৰু পুষ্টিকৰ খাদ্য যোগান। কিন্তু ইয়াৰ বাবে মানুহক দীঘলীয়া সময়ৰ প্ৰয়োজন হয়।

৬ । ভাৰতীয় জনসমষ্টিৰ মূল বৈশিষ্ট্যবোৰ কি কি? 

উত্তৰঃ ভাৰতবৰ্ষৰ জনসংখ্যাৰ গাঁঠনিৰ ক্ষেত্ৰত বিচিত্রতা পরিলক্ষিত হয়। জনসংখ্যাৰ ফালৰপৰা ভাৰতবৰ্ষই চীনৰ পিছতে দ্বিতীয় স্থানত আছে। ২০১১ চনৰ লোকগণনা অনুসৰি বৰ্তমান ভাৰতৰ জনসংখ্যা ১.২১০ কোটি। অনুমান কৰা হৈছে যে ২০২৫ চনত ভাৰতবৰ্ষই চীনক অতিক্ৰম কৰি পৃথিৱীৰ ভিতৰতে জনবহুল দেশ হিচাপে পৰিগণিত হ’ব। ২০০১ চনৰ পৰা ভাৰতত ১৮১ নিযুত জনসংখ্যা বৃদ্ধি পাইছে। উত্তৰপ্ৰদেশ হৈছে ভাৰতৰ ভিতৰতে জনবহুল ৰাজ্য। ইয়াৰ জনসংখ্যা প্রায় ২০০ নিযুত। প্রতি ১০ জন ভাৰতীয়ৰ ৬ জনেই উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, পশ্চিমবঙ্গ আৰু তামিলনাডুত বসবাস কৰে।

২০০১ চনৰ গণনামতে ভাৰতৰ জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিঃমিঃত ৩২৪ জন আছিল। কিন্তু ২০১১ চনৰ জনগণনাত এই সংখ্যা হয়গৈ প্রতি বর্গ কিঃমিত ৩৮২ জন। এই দেশৰ প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হৈছে ৯৪০ গৰাকী।

ভাৰতবৰ্ষই পৃথিৱীৰ ২.৪ শতাংশ ভূ-ভাগ আগুৰি আছে আৰু পৃথিৱীৰ মুঠ জনসংখ্যার— ১৭.৫ শতাংশ এই দেশে বহন কৰিছে। ভাৰতীয়সকলৰ অধিকাংশই কৃষি আৰু ইয়াৰ লগত সম্পর্কিত অন্যান্য কাৰ্য কৰি জীৱন নিৰ্বাহ কৰে। ভাৰতবৰ্ষৰ ৭০ শতাংশতকৈ অধিক লোক গাঁৱত বসবাস কৰে। ২০০১ চনৰ লোকগণনা অনুসৰি ভাৰতৰ ৭২.২ শতাংশ লোক প্রায় ৬৩৮,০০০ খন গাঁৱত বাস কৰে।

জনসংখ্যা বৃদ্ধিৰ অনুপাতে ভাৰতত শিক্ষিত লোকৰ হাৰ সন্তোষজনক হৈ উঠা নাই। ১৯৯১ চনৰ লোকগণনা মতে ভাৰতৰ শিক্ষিত লোকৰ সংখ্যা ৫২.১৯% আছিল। ২০০১ চনত এই সংখ্যা হয়গৈ ৬৫.৩৮%। ২০১১ চনৰ লোকগননামতে ভাৰতত শিক্ষিতলোকৰ সংখ্যা হৈছে ৭৪.০৪%। ইয়াৰে পুৰুষৰ শিক্ষিতৰ হাৰ হৈছে ৮২.১৪% আৰু মহিলাৰ শিক্ষিতৰ হাৰ হৈছে ৬৫.৪৬%। ভাৰতবৰ্ষত ২ হাজাৰতকৈও অধিক প্রজাতীয় সমূহ আৰু বিভিন্ন ধর্মীয় লোক বসবাস কৰে।

ভাৰতবৰ্ষত অনেক ধৰ্মীয় লোকে বাস কৰে। সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষত প্রধান আঠটা ধৰ্মই অধিক মাত্ৰাত প্ৰসাৰ লাভ কৰিছে। যেনে—হিন্দু, ইচলাম, খ্রীষ্টান, শিখ, বৌদ্ধ, জৈন, জোৰষ্টান, জিউচ ইত্যাদি।

ভাৰতৰ প্ৰতিখন ৰাজ্যতে ধর্মীয় লোকৰ সংখ্যাৰ ক্ষেত্ৰত বিচিত্রতা দেখা যায়। জন্ম আৰু কাশ্মীৰ আৰু লাক্ষাদ্বীপ হৈছে ইচলাম প্রধান ৰাজ্য, নগালেণ্ড, মিজোৰাম আৰু মেঘালয় হৈছে খ্রীষ্টান ধর্মীয় প্রধান ৰাজ্য আৰু পঞ্জাৱ হৈছে শিখ ধর্মীয় প্রধান ৰাজ্য। ভাৰতত হিন্দু লোকৰ সংখ্যা ৮২.৭ শতাংশ, ইচলাম ধৰ্মীয় লোকৰ সংখ্যা ১১.৮ শতাংশ, খ্রীষ্টান ২.৬ শতাংশ, শিখ ২ শতাংশ, বৌদ্ধ ০.৭ শতাংশ, জৈন ০.৪ শতাংশ, জোবষ্টান ০.৩ শতাংশ আৰু জিউচ্ ধর্মীয় লোকৰ সংখ্যা ০.১ শতাংশ।

ভাৰতবৰ্ষত বিভিন্ন ভাষিক গোষ্ঠীৰ লোক বসবাস কৰে। ভাৰতৰ ৪৩ শতাংশ হিন্দু লোকে হিন্দী ভাষা কয়। প্রায় ৪৫ শতাংশ ইচলামে উর্দুভাষা কয়, প্রায় এক তৃতীয়াংশ খ্রীষ্টান লোকে মালয়ালম ভাষা কয় আৰু এক ষষ্ঠাংশ লোকে তামিল ভাষা কয়। চৰকাৰীভাৱে ভাৰতত প্ৰায় ১৬৫২ টা ভাষা আছে। ইয়াৰে ৩৫০ টা প্রধান ভাষা, ভাৰতীয় সংবিধানে ২২ টা ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে। এই ভাষাসমূহ হৈছে—অসমীয়া, বাংলা, বড়ো, দগ্ৰী, গুজৰাটী, হিন্দী, কানাড়া, কাশ্মীৰী, কংকনী, মৈথেলী, মালয়ালম, মণিপুৰী, মাৰাঠী, উৰিয়া, পাঞ্জাৱী, সন্মোলী, সংস্কৃত, সিন্ধী, তেলেগু, তামিল, নেপালী আৰু উর্দু। বহুল প্রচাৰিত কথিত ভাষাটো হৈছে হিন্দী। ইয়াৰ পিছতে ইংৰাজী ভাষা হৈছে কাৰ্যালয়ত ব্যৱহৃত দ্বিতীয়টো প্রধান ভাষা।

কাৱা হয় ভাৰতবৰ্ষই গাঁৱত বাস কৰে। প্রায় ৭০ শতাংশ ভাৰতীয়ই গাঁৱত বাস কৰে আৰু প্রাথমিক খণ্ডত নিয়োজিত হৈ আছে। কিন্তু সাম্প্ৰতিক কালত ভাৰতৰ গ্ৰাম্য আৰু নগৰীয়া জনসংখ্যাৰ হাৰৰ ক্ষেত্ৰত দ্রুত পৰিৱৰ্তন আহিছে। ইয়াৰ প্ৰধান কাৰণ হৈছে প্ৰব্ৰজন। গাওঁ অঞ্চলত জীৱিকাৰ অভাৱ আৰু অন্যান্য বহুতো দসুবিধাৰ অভাৱৰ বাবে গাঁৱৰপৰা মানুহবোৰে কাম আৰু ভলাকৈ থাকিবৰ সুবিধা বিচাৰি নগৰলৈ প্ৰব্ৰজন কৰে। এইদৰে হোৱা প্ৰব্ৰজনৰ ফলত নগৰত সা-সুবিধাৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়ে। বাসস্থানৰ অভাৱৰ ফলত ঘন জনবসতিপূর্ণ অঞ্চলৰ সৃষ্টি হয় য’ত মানুহে সৰু সৰু জুপুৰিত বাস কৰে। ২০০১ চনৰ লোকগণনা অনুসৰি কেৱল দিল্লীতে এনে জনসংখ্যা হৈছে ১,৮৫১,২৩১ জন। ই হৈছে দিল্লীৰ মুঠ জনসংখ্যাৰ ১৮.৭ শতাংশ।

৭ । মালথাছৰ মতে জনসংখ্যা নিয়ন্ত্ৰণৰ উপায় দুটা কি? 

উত্তৰঃ জনসাংখ্যিক বিজ্ঞানৰ বিখ্যাত সূত্ৰসমূহৰ ভিতৰত এটা প্ৰধান সূত্ৰ হৈছে, মালথাছৰ সূত্ৰ। এই সূত্ৰৰ প্ৰতিষ্ঠাপক হৈছে ইংৰাজ ৰাজনৈতিক অর্থনীতিবিদ থমাচ্ ৰবাৰ্ট মালগাছ (Thomus Robert Multhus)। তেওঁৰ এই সূত্ৰটো ১৭৯৮ চনত প্ৰকাশ পোৱা (Essay on population) নামৰ ৰচনাত পোৱা যায়। তেওঁৰ জনসংখ্যা বৃদ্ধিৰ সূত্ৰটোৰ মতে মানুহৰ জীবিকা নির্বাহৰ উপায়বোৰতকৈ (অন্ন, বস্ত্ৰ আৰু কৃষিভিত্তিক উৎপাদনবোৰ) জনসংখ্যার বৃদ্ধি অধিক খৰতকীয়া গতিৰে আগবাঢ়ে। সেইবাবে মানুহে আজীবন দুর্ভিক্ষত ভুগিব লাগিব, কিয়নো জনসংখ্যা বৃদ্ধিয়ে কৃষিৰ উৎপাদনৰ বৃদ্ধিক চেৰ পেলাই যাব। তেওঁর মতে, জনসংখ্যা জ্যামিতিক হাৰত বৃদ্ধি পায় আৰু আনহাতে কৃষি উৎপাদনে গাণিতিক হাৰত বৃদ্ধি পায়। জনসংখ্যা বৃদ্ধিয়ে যেতিয়া মানুহৰ প্ৰয়োজনীয় সম্পদক চেৰ পেলাই যায়, তেতিয়া সম্পদ আহৰণৰ পথ সুগম কৰিবৰ বাবে একমাত্র উপায় হৈছে জনসংখ্যা বৃদ্ধি নিয়ন্ত্রণ। মানুহে যিহেতু স্বইচ্ছাৰে প্রতিষেধক বাধাৰ যোগেদি (যেনে–পলমকৈ বিয়া হোৱা অথবা যৌন মিতাচাৰ অৱলম্বন কৰি অথবা বিয়া নপতা।) জনসংখ্যা হ্রাস কৰাৰ পক্ষপাতী নহয়, সেইবাবে জনসংখ্যা বৃদ্ধি ৰোধ কৰিব পৰা যাব কেৱল প্ৰাকৃতিজাতৰ জৰিয়তেহে। এই ক্ষেত্ৰত দুর্ভিক্ষ আৰু প্ৰলয়াংকৰী বেমাৰ আজাৰ অৱশ্যম্ভাবী হৈ পৰিব। কাৰণ যেতিয়া জনসংখ্যা বৃদ্ধি আৰু খাদ্য সামগ্ৰীৰ যোগানৰ মাজত কোনো সামঞ্জস্য নাথাকিব, সেই সময়ত ভাৰসাম্য ৰক্ষা কৰিবলৈ প্ৰকৃতিয়ে আপোনা-আপুনি এনে পন্থা ল’ব।

৮ । সামাজিক জনসংখ্যা বিজ্ঞানৰ অন্তৰ্গত বিষয়বোৰ কি কি? 

উত্তৰঃ সামাজিক জনসংখ্যা বিজ্ঞানৰ জৰিয়তে জনসংখ্যাৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক দিশবোৰ অধ্যয়ন কৰা হয়। জনসংখ্যা বিজ্ঞানৰ সকলো অধ্যয়নেই জৰীপ বা গণনা কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে।

৯ । সামাজিক জনসংখ্যা বিজ্ঞানৰ পৰিসৰ আলোচনা কৰা।

উত্তৰ: সামাজিক জনসংখ্যা বিজ্ঞানে জনসংখ্যাৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক দিশবোৰ অধ্যয়ন কৰে। আধুনিক কল্যাণকামী ৰাষ্ট্ৰই সমূহ জনগণৰ কল্যাণৰ উদ্দেশ্যে বিভিন্ন নীতি আঁচনি আদি গ্ৰহণ কৰিবলগীয়া হয়। এনে নীতি আঁচনি আদি গ্ৰহণ কৰাত জনসমষ্টিৰ বিভিন্ন দিশৰ বিষয়ে জানিবলগীয়া হয়। জনসংখ্যা বৃদ্ধিৰ হাৰ, প্ৰজনন ক্ষমতাৰ হাৰ, শিশুৰ মৃত্যুৰ হাৰ, মাতৃৰ মৃত্যুৰ হাৰ, আশা কৰা মতে জীৱনৰ আয়ুস, লিংগ অনুপাত, পৰনিৰ্ভৰশীল অনুপাত, গাঁও অঞ্চলৰ পৰা চহৰ অঞ্চললৈ হোৱা প্ৰৱজন আদিৰ দৰে বিষয়সমূহ সামাজিক জনসংখ্যা বিজ্ঞানৰ পৰিসৰৰ অন্তৰ্গত।

১০। পৰিয়াল পৰিকল্পনা কাৰ্যসূচীৰ সফলতা-বিফলতাসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতত পৰিয়াল পৰিকল্পনা কাৰ্যসূচীয়ে যথেষ্ট সফলতা লাভ কৰিছে।

সফলতাসমূহ হ’ল —-

(ক) জীৱনৰ আয়ুস কাল ৩৭ বছৰৰ পৰা ৬২ বছৰলৈ বৃদ্ধি কৰা। 

(খ) ১৯৫১ চনত অসংশোধিত জন্ম হাৰ আছিল ৪০.৮ শতাংশ। কিন্তু ২০০৪ চনত এই হাৰ ২৪.১ শতাংশ লৈ হ্রাস পায়।

(গ) ১৯৫১ চনত অসংশোধিত মৃত্যুৰ হাৰ আছিল ২৫ শতাংশ। ২০০৪ চনত এই হাৰ ৭.৫ শতাংশলৈ হ্রাস পায়। 

(ঘ) শিশুৰ মৃত্যুৰ হাৰ ১৯৫১ চনত আছিল ১৪৬। ২০০৪ চনত ই হ্ৰাস পাইছিল ৫৮ লৈ।

বিফলতাসমূহ হ’ল–

(ক) জন্মৰ হাৰ এতিয়াও বিশ্বৰ অন্য ৰাষ্ট্ৰৰ তুলনাত যথেষ্ট বেছি হৈয়েই আছে। 

(খ) শিশুৰ লিংগ অনুপাতৰ নিম্নগামী ছবিখনে ভাৰতত পৰিয়াল পৰিকল্পনা কাৰ্যসূচীৰ বিফলতাক ইংগিত কৰে।

১১। ভারতীয় জনসমষ্টিৰ বয়স সংবচনাৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা। 

উত্তৰঃ প্ৰথমতে, ভাৰতৰ জনসংখ্যাৰ অধিকাংশই কম বয়সৰ আৰু আন বহু দেশৰ তুলনাত জনসংখ্যার গড় বয়সো কম। ভাৰতত ১৫ বছৰৰ তলৰ জনসংখ্যা ক্রমান্বয়ে কমি তাহা দেখা গৈছে। ২০০১ চনত ১৫ বছৰৰ তলৰ জনসংখ্যাৰ পৰিমাণ আছিল ৩৪ শতাংশ। যিটো ২০১১ চনত ২৯ শতাংশলৈ কমিছিল আৰু ২০২৬ চনলৈ ২৩ শতাংশ লৈ কমি যোৱাৰ সম্ভাৱনা আছে। ই ভাৰতত জন্মৰ হাৰ হ্ৰাস পোৱাৰ ইংগিত দিয়ে।

দ্বিতীয়তে, ভাৰতত ১৫-৬০ বছৰীয়া জনসংখ্যাৰ পৰিমাণ ক্রমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ১৯৯১ চনত ১৫-৬০ বছৰীয়া জনসংখ্যাৰ পৰিমাণ আছিল ৫৬ শতাংশ। ২০০১ চনত ই বৃদ্ধি পাইছিল ৫৯ শতাংশলৈ আৰু ২০১১ চনত ই হৈছে গৈ ৬৩ শতাংশ। ই কর্মঠ লোকৰ পৰিমাণ বৃদ্ধি হোৱাটো সূচায়। কর্মঠ লোকৰ সংখ্যা বৃদ্ধি হোৱাটো এখন দেশৰ বাবে অর্থনৈতিক দিশত মংগলজনক।

তৃতীয়তে, ভাৰতৰ জনসংখ্যাত ৬০ বছৰৰ ওপৰৰ লোকৰ সংখ্যা বৃদ্ধি পোৱাও দেখা গৈছে। ১৯৬১ চনত ৬০ বছৰৰ ওপৰৰ লোকৰ পৰিমাণ আছিল শতাংশ। ২০১১ চনত ই হৈছে গৈ ৮ শতাংশ আৰু ২০১১ চনত ই ১২ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য সেৱাৰ সুবিধা বৃদ্ধি আৰু আৰ্থিক কল্যাণমূলক আঁচনিবোৰৰ সুপ্ৰভাৱৰ ফলতেই ই সম্ভৱ হৈছে।

১২। লিংগ অনুপাত হ্রাস পোৱাৰ কাৰণবোৰ কি?

উত্তৰঃ জনসাংখ্যিক বিজ্ঞানী আৰু সমাজতত্ববিদসকলে লিংগ অনুপাতৰ বৈষম্যতাৰ বাবে ভালেমান কাৰণ আলোচনা কৰিছে। ইয়াৰ ভিতৰত প্ৰধানকৈ স্বাস্থ্য সম্বন্ধীয় কাৰণেই প্রধান।

সেই কাৰণসমূহ হ’ল —

(ক) শিশুৰ জন্মৰ সময়ত মাতৃয়ে ল’ব লগা প্রতিষেধকমূলক ব্যবস্থা, সুখাদ্য, সাধাৰন শিক্ষা, স্বাস্থ্যজনিত সজাগতা, চিকিৎসা সেৱাৰ উপযুক্ত সা-সুবিধাৰ অভাৱ;

(খ) কেঁচুৱা অৱস্থাত কন্যা সন্তানৰ প্ৰতি অৱহেলা, শিশুৰ উচ্চ হাবৰ মৃত্যু, লিংগ বিশেষে গর্ভপাত কৰা আদি কাৰণৰ পৰা কন্যা সন্তান জন্মত বাধা আহে। 

(গ) কিছুমান পৰিয়ালে তেওঁলোকৰ পৰিয়ালত এটা বা দুটা সন্তান বিচাৰে আৰু একে  সময়তে লিংগ বিবেচনাৰ ওপৰতো প্রাধান্য দিয়ে। 

ধর্মীয় আৰু অন্যান্য বিভিন্ন সাংস্কৃতিক অন্ধবিশ্বাসৰ কাৰণে ভাৰতৰ অনেক ঠাইত কন্যা সন্তানক হত্যা কৰাবো উদাহৰণ আছে।

১৩। ভাৰতৰ জনসংখ্যা নীতিৰ কৃতকাৰ্যতাসমূহ চমুকৈ ব্যাখ্যা কৰা। 

উত্তৰঃ ১৯৫২ চনৰে পৰা ভাৰতত জনসংখ্যা নীতি মানি অহা হৈছে। আৰম্ভণিতে জন্ম নিয়ন্ত্ৰণৰ বিভিন্ন কৌশল সম্পর্কে প্ৰচাৰ কৰা, ৰাজহুৱা স্বাস্থ্যসেৱা উন্নত কৰা, স্বাস্থ্য সংক্রান্তীয় বিষয়বোৰত জন সচেতনতা বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হৈছিল।

ভাৰতৰ জনসংখ্যা নীতিৰ কিছুমান উল্লেখযোগ্য কৃতকার্যতা হ’ল – 

(ক) শিশুৰ জন্মৰ হাৰ হ্ৰাস পোৱা। ১৯৫১ চনত অসংশোধিত জন্মৰ হাৰ আছিল ৪০.৮ শতাংশ। ২০০৪ চনত এই হ্রাস পাইছিল 24.১ শতাংশলৈ।

(খ) শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস পোৱা। ১৯৫১ চনত প্ৰতি এহেজাৰ শিশুৰ ১৪৬ টা মৃত্যুমুখত পৰিছিল। ২০০৪ চনত এই সংখ্যা কমি হৈছিলগৈ ৫৮টা।

(গ) জীৱনৰ গড় আয়ুস কাল ৩৭ বছৰৰ পৰা বৃদ্ধি পাইছিল ৬২ বছৰলৈ। 

(ঘ) ১৯৫১ চনত প্ৰজননৰ হাৰ আছিল ৬ শতাংশ। ২০০৪ চনত ই হ্রাস পাইছিল তিনি শতাংশলৈ।

১৪। জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে ভাৰত চৰকাৰে কেনে ব্যৱস্থা লৈছে? 

উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ বিভিন্ন কাৰণসমূহৰ ভিতৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি অন্যতম। পূৰ্বতে মহামাৰী বা অন্যান্য সংক্রামক বেমাৰৰ কবলত পৰি বহুতো মানুহ মৃত্যুৰ মুখত পৰিছিল। কিন্তু, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে বিভিন্ন প্রতিষেধক আৱিষ্কাৰ কৰি এনে বেমাৰসমূহ নিয়ন্ত্রণলৈ আনিবলৈ সক্ষম হৈছে। চিকিৎসা বিজ্ঞানৰ উন্নতিৰ বাবেই টিউবাৰকল চিচ বেমাৰ পূৰ্বৰ দৰে দুৰাৰোগ্য হৈ থকা নাই। এই উন্নতিৰ ফলতেই প’লিঅ’ৰ দৰে সমস্যাও ভাৰতবৰ্ষৰ পৰা ১০০ শতাংশই নিৰ্মূল হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলস্বৰূপে, চিকিৎসাবিজ্ঞানত বিভিন্ন বিভাগ তথা বেমাৰসমূহৰ ওপৰত গৱেষণা হ’বলৈ ধৰিছে যাৰ ফলত বিভিন্ন প্রতিষেধক আৰু ঔষধ আবিষ্কাৰে ৰোগীক আৰোগ্য কৰাত সহায় কৰিছে। সেইদবে, শল্য চিকিৎসায়ো অস্ত্রোপচাৰৰ জৰিয়তে ৰোগীক মৃত্যুমুখী ৰোগীক সূচল জীৱন যাপন কৰাত সহায় কৰে। তাৰোপবি, চিকিৎসা বিজ্ঞানৰ উন্নতিয়ে নাৰী আৰু পুৰুষৰ সন্তান জন্ম দিব নোৱাৰা অক্ষমতা দূৰ কৰি সন্তান জন্ম দিয়াত সহায় কৰিছে।

এনেদৰেই, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে মানুহৰ মৃত্যু হার হ্ৰাস কৰি আৰু মানুহৰ অক্ষমতা দূৰ কৰি জনসংখ্যাৰ বৃদ্ধিত সহায় কৰে।

১৫। গণতন্ত্ৰৰ দোষ গুণ সমূহ আলোচনা কৰা। উত্তর : গণতন্ত্রৰ গুণঃ

(১) গণতন্ত্ৰ উৎকৃষ্ট চৰকাৰ। এই শাসন ব্যৱস্থা স্বাধীনতা আৰু সমতাৰ ভিত্তিত প্রতিষ্ঠিত। ইয়াৰ উচ্চ-নীচৰ প্ৰভেদ নাই। ইয়াত সকলো মানুহে সমান সুবিধা পায়।

(২) গণতন্ত্ৰৰ ৰাইজেই ৰজা। ইয়াত জনমতক শ্ৰদ্ধা কৰা হয়। মিলৰ মতে বাইজৰ স্বাৰ্থ আৰু অধিকাৰ কেৱল গণতান্ত্ৰিক ৰাষ্ট্ৰতহে সুৰক্ষিত হয়। গণতন্ত্ৰ চৰকাৰ ভঙা পতাৰ দায়িত্ব জনসাধাৰণৰ হাতত থাকে। গতিকে সমূহীয়া স্বাৰ্থৰ বিৰুদ্ধে কোনো কাম কৰিবলৈ চৰকাৰে সাহস নকৰে।

(৩) গণতন্ত্র হ’ল স্থায়ী শাসন ব্যৱস্থা। ইয়াত বিদ্রোহ বা বিপ্লৱৰ সম্ভাৱনা কম। কারণ গণতান্ত্রিক চৰকাৰৰ ভিত্তি হ’ল জনসাধাৰণৰ সন্মতি। সেইবাবে এই চৰকাৰ সকলোৱে আদৰণীয়।

(৪) গণতন্ত্রত জনসাধাৰণে ৰাজনৈতিক শিক্ষা লাভ কৰে। ইয়াৰ দ্বাৰা মানুহৰ আত্মনিৰ্ভৰশীলতা আৰু দায়িত্ববোধ বৃদ্ধি পায়। 

গণতন্ত্ৰৰ দোষ :

(১) গণতন্ত্রক অজ্ঞ আৰু অযোগ্য লোকৰ চৰকাৰ বুলি কোৱা হয়। ইয়াত শিক্ষিত, অশিক্ষিত ধনী দুখীয়া সকলোৰে ভোটৰ মূল্য সমান।

(২) গণতন্ত্রই সংখ্যাৰ ওপৰতহে গুরুত্ব দিয়ে। গুণৰ ওপৰত নহয়।

(৩) গণতন্ত্র ব্যয় বহুল শাসন ব্যৱস্থা। ইয়াত চৰকাৰী ধনৰ অপচয় বেছি হয়।

(৪) ৰাজনৈতিক দলসমূহে নিৰ্বাচনত জয়লাভ কৰাৰ উদ্দেশ্য অসাধু উপায় অবলম্বন কৰাৰ ফলত জাতীয় সংহতি আৰু জাতিৰ নৈতিক মানদণ্ডৰ অৱনতি ঘটে।

Class 12 Sociology Solutions – সমাজতত্ত্ব

Sl. No.সূচী-পত্ৰLink
Unit 1প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ গঠনClick Here
Chapter 2সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্তনClick Here
Chapter 3সামাজিক বৈষম্য আৰু বৰ্জনClick Here
Chapter 4অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহClick Here
Chapter 5প্রকল্প কার্যClick Here
Unit 2দ্বিতীয় খণ্ড : ভাৰতত সামাজিক পৰিবৰ্তন আৰু বিকাশ
Chapter 6ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়াClick Here
Chapter 7সামাজিক পৰিবৰ্তন আৰু ৰাজনীতিClick Here
Chapter 8সামাজিক পৰিবৰ্তন আৰু অর্থনীতিClick Here
Chapter 9সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্রClick Here
Chapter 10সামাজিক আন্দোলনসমূহClick Here

This Post Has 8 Comments

Leave a Reply