Class 11 Logic And Philosophy Chapter 8 | বাস্তৱবাদ আৰু ভাৱবাদ

Class 11 Logic And Philosophy Chapter 8 | বাস্তৱবাদ আৰু ভাৱবাদ । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 11 Logic And Philosophy Chapter 8 | বাস্তৱবাদ আৰু ভাৱবাদ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

Hs First Year Question Answer (Assamese Medium)

ইংৰাজী (English)Click Here
অসমীয়া Click Here
हिन्दीClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
তৰ্কবিদ্যা আৰু দর্শন (Logic & Philosophy)Click Here
পৰিৱেশ শিক্ষা ( Environmental Studies)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
সমাজতত্ত্ব (sociology)Click Here
অৰ্থনীতি (Economy)Click Here
ৰাজনীতি (Political Science)Click Here
ভূগোল (Geography)Click Here

HS First Year Logic And Philosophy Chapter 8 | বাস্তৱবাদ আৰু ভাৱবাদ

বাস্তৱবাদ

অতি চমু প্রশ্নোত্তৰ (মূল্যাংক-১)

প্রশ্ন ১। বাস্তৱবাদ অনুসৰি জ্ঞানৰ বিষয় বস্তুৰ স্বতন্ত্র অস্তিত্ব আছে / নাই।

উত্তৰ আছে।

প্রশ্ন ২। বাস্তৱবাদ অনুসৰি জ্ঞানৰ দ্বাৰা জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নিৰূপিত হয়/ নহয়।

উত্তৰ নহয়৷ 

প্রশ্ন ৩। বাস্তৱ বাদ কি?

উত্তৰ : জ্ঞানৰ বিষয়বস্তুৰ প্রকৃতি সম্বন্ধীয় যি মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র মন নিৰপেক্ষ অস্তিত্ব আছে বুলি সাব কৰা হয় তাকে বাস্তৱবাদ বোলে। 

প্রশ্ন ৪। বাস্তৱবাদৰ প্ৰকাৰ কেইটা আৰু কি কি?

উত্তৰ বাস্তৱবাদ চাৰি প্ৰকাৰৰ সৰল বা লৌকিক বাস্তৱবাদ, বিজ্ঞানসন্মত বাস্তৱৱাদ, নব্য বাস্তৱবাদ আৰু নব্য-সবিচাৰ বাস্তৱবাদ।

প্রশ্ন ৫। তিনিজন বাস্তববাদী দার্শনিকৰ নাম লিখা?

উত্তৰঃ তিনিজন বাস্তৱবাদী দার্শনিকৰ নাম হ’ল – জন লক, ৰাছেল, জি. ই. মূৰ। 

প্রশ্ন ৬। বাস্তৱবাদৰ প্ৰকাৰকেইটা কি কি?

উত্তৰঃ বাস্তৱবাদৰ প্ৰকাৰ চাৰিপ্ৰকাৰৰ সৰল বাস্তৱবাদ, বিজ্ঞানসন্মত বাস্তৱবাদ, নব্য বাস্তৱবাদ, নব্য-সবিচাৰ-বাস্তৱবাদ।

প্রশ্ন ১। বস্তুবাদ বা বাস্তৱবাদ কাক বোলে ? 

উত্তৰঃ যি মতবাদে মন নিৰপেক্ষ বা মনৰ বাহিৰত বস্তু বা সত্তাৰ অস্তিত্ব আছে বুলি স্বীকাৰ কৰে তাক বস্তুবাদ বোলে। জগতখন বস্তুৰে ভৰা। এই বস্তুবোৰ মনৰ পৰা স্বতন্ত্র অস্তিত্ব আছে। আমাৰ ধাৰণাসমূহ বস্তুসমূহৰ অবিকল প্রতীক মাথোন। এই বস্তুবাদৰ দুটা ভাগ হ’ল – সৰল বস্তুবাদ আৰু বৈজ্ঞানিক বস্তুবাদ। 

প্রশ্ন ২। জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্বন্ধীয় মতবাদ হিচাপে বাস্তৱবাদ সম্পর্কে আলোচনা কৰা।

উত্তৰ জ্ঞাতা আৰু জ্ঞেয়ৰ মাজৰ সম্পৰ্কই জ্ঞান। জ্ঞাতা হ’ল জ্ঞানৰ বিষয়ী আৰু জ্ঞেয় হ’ল জ্ঞানৰ বিষয়। জ্ঞানৰ বিষয়বস্তুৰ প্রকৃতি সম্পর্কীয় আলোচনা সংক্রান্তত দৰ্শনত দুটা প্রধান মতবাদৰ সৃষ্টি হৈছে। যেনে— বাস্তৱবাদ আৰু ভাৱবাদ। যিসকল দার্শনিকে জ্ঞেয় সম্পূৰ্ণৰূপে মনৰ বাহিৰত স্বতন্ত্রভাৱে থাকে বুলি কয় তেওঁলোকক বাস্তৱবাদী দার্শনিক বোলে আৰু তেওঁলোকে প্রতিষ্ঠা কৰা মতবাদকে বাস্তৱবাদ বোলে।

বাস্তৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র অস্তিত্ব আছে। অর্থাৎ জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কোনো মনৰ ওপৰত নিৰ্ভৰ নকৰে। গতিকে দেখা যায় যে জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব মনৰ দ্বাৰা নিৰূপিত নহয়। আমাৰ জ্ঞানৰ ওপৰত ই নিৰ্ভৰ নকৰে। উদাহৰণস্বৰূপে, আমেৰিকা কলম্বাছে আৱিষ্কাৰ কৰাৰ আগতেও কোনেও নাজানিলেও আমেৰিকা আছিল। অর্থাৎ কোনোবাই নাজানিলেও বা নেদেখিলেও বস্তু হিচাপে বস্তুসমূহৰ অস্তিত্ব আছে। বাস্তৱবাদী সকলৰ মতে জ্ঞান বস্তুৰ দ্বাৰাই নিয়ন্ত্রিত হয়। কিন্তু বস্তুৰ অস্তিত্ব জ্ঞানে নিয়ন্ত্রণ নকৰে। আনহাতে বাস্তববাদী সকলৰ মতে, জ্ঞানৰ লগত বস্তুৰ কোনো অন্তর্নিহিত সম্পর্ক নাই। জ্ঞানৰ অসংখ্য বিষয়বস্তু আছে। বিভিন্ন সময়ত বিভিন্ন বস্তুৰ জ্ঞান হয়। এয়ে হ’ল বাস্তৱবাদ।

বাস্তৱবাদী বস্তুৰ স্বতন্ত্র সত্তা স্বীকাৰ কৰিলেও জ্ঞানৰ প্ৰসংগত ভাৱবাদী সকলৰ মাজত মতভেদ আছে। তাৰ পৰিণাম স্বৰূপে বাস্তৱবাদৰ বিভিন্ন ভাগ প্রতিষ্ঠা হৈছে। সেয়া হ’ল – 

(ক) সবল বাস্তৱবাদ 

(খ) বৈজ্ঞানিক বাস্তৱৱাদ বা বিজ্ঞানসন্মত বাস্তৱবাদ (গ) নব্য-বাস্তববাদ 

(ঘ) নব্য-বিচাৰ-বাস্তৱবাদ।

HS First Year Logic And Philosophy Questions Answer তৰ্কবিজ্ঞান আৰু দর্শন

প্রথম খণ্ড – তৰ্কবিজ্ঞান

Unit- IContentsLinks
Unit- IIতর্কবিজ্ঞান ( Logic)
সংজ্ঞা, প্রকৃতি, পৰিসৰ আৰু উপযোগিতা পৰম্পৰাগত আৰু আধুনিক তর্কবিজ্ঞান
Click here
উপসর্গ ( Proposition) :- বচন (Proposition) পদ (Term)Click here
বচন (Proposition)Click here
সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন (Transformation of ordinary sentences to logical proposition)Click here
তৰ্কীয় বচনত পদৰ ব্যাপ্ততা (Distribution of Term In a Logical Proposition)Click here
বচনৰ আধুনিক শ্রেণীবিভাজন (Modern Classification of Proposition)Click here
Unit-IIIঅনুমান, নিৰপেক্ষ ন্যায় ( Inference, Categorical Syllogism)Click here
Unit- IVপ্রতিকাত্মক তর্কবিজ্ঞান ( Symbolic Logic)Click here

দ্বিতীয় খণ্ড – দর্শন

Unit- Vদর্শন (Philosophy)Click here
Unit- VIভাৰতীয় দর্শন ( Indian Philosophy )Click here
Unit- VIIজ্ঞান উৎপত্তি সম্পৰ্কীয় ( Theories of the origin of knowledge )Click here
প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমানClick here
Unit- VIIIবাস্তৱবাদ আৰু ভাৱবাদ (Realism and Idealism)Click here

প্রশ্ন ৩। বাস্তৱবাদৰ বৈশিষ্ট্য আলোচনা কৰা। 

উত্তৰ বাস্তৱব্বাদ হ’ল জ্ঞানৰ বিষয়বস্তু সম্বন্ধীয় দার্শনিক মতবাদ, যি মতবাদ অনুসৰি জ্ঞাতাক পৰা স্বতন্ত্ৰ হিচাপে, ইন্দ্রিয়গ্রাহ্য বস্তুবোৰৰে সৈতে বাহ্য জগতৰ অস্তিত্ব মানি লোৱা হয়। বাস্তৱবাদৰ এই সূত্ৰ বিচাৰ কৰিলে বাস্তৱবাদৰ সাধাৰণ বৈশিষ্ট্য কেইটামান উল্লেখ কৰিব পাৰি। যেনে— 

(ক) বাস্তৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র অস্তিত্ব আছে। নিজস্ব গুণেৰে সৈতে বস্তু বাহ্যিক জগতত অস্তিত্বশীল হৈ থাকে। জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কোনো বস্তুৰ ওপৰত নিৰ্ভৰ নকৰে।

(খ) বাস্তৱবাদী ধাৰণামতে জ্ঞান আহৰণ ক্ষেত্ৰত মনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিন্তু মনে জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র অস্তিত্ব নিৰূপণ নকৰে। জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কোনো প্ৰকাৰে মনৰ ওপৰত নিৰ্ভৰ নকৰে। বিভিন্ন বস্তুৰে জগতখন গঠিত হৈছে আৰু ‘মন’ এই বিভিন্ন বস্তুবোৰৰ মাজৰে এটা বস্তু যি জ্ঞান আহৰণৰ মাত্ৰ এটা উপাদানহে।

(গ) বাস্তৱবাদ মতে জ্ঞান আৰু জ্ঞানৰ বিষয়বস্তুৰ মাজত কোনো অন্তর্নিহিত সম্পর্ক নাই। যিহেতু জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র মন নিৰপেক্ষ অস্তিত্ব আছে, সেয়েহে জ্ঞান আৰু জ্ঞানৰ বিষয়বস্তুৰ মাজত কোনো অন্তর্নিহিত সম্পর্ক নাই। 

(ঘ) বাস্তৱবাদ অনুসৰি জ্ঞানৰ দ্বাৰা জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নিরূপিত নহয়। অর্থাৎ কোনোবাই জনা নজনা বা দেখা নেদেখাৰ ওপৰত জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নিৰ্ভৰ নকৰে।

(ঙ) বাস্তৱবাদী সকলৰ মতে মনৰ বাহিৰত এখন স্বতন্ত্র জগত আছে। বস্তুময় এই জগতখনৰ প্ৰতিটো বস্তু মনৰ বাহিৰত স্বতন্ত্রভাৱে থাকে। মনৰ লগত বস্তুৰ সম্পর্ক ঘটক বা নঘটক, ই বস্তুৰ অস্তিত্বক কোনো ধৰণে প্ৰভাৱিত নকৰে।

প্রশ্ন ৪। বাস্তৱবাদ আৰু ভাৱবাদৰ মাজত থকা যিকোনো চাৰিটা পাৰ্থক্য চমুকৈ প্ৰকাশ কৰা। 

উত্তৰ : বাস্তৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র অস্তিত্ব আছে। জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰ নহয়। আমাৰ জনা বা নজনাৰ বাবে বস্তুৰ অস্তিত্বৰ বাহিৰত স্বতন্ত্রভাবে থাকে। জ্ঞানৰ লগত বস্তুৰ কোনো অন্তর্নিহিত সম্পর্ক নাই ৷ সকলো জ্ঞানৰ বস্তুসমূহৰ স্বতন্ত্র অস্তিত্ব আছে। মনৰ বাহিৰত এখন বস্তুময় জগত আছে। ভাৱবাদ অনুসৰি বস্তু মনৰ ওপৰত নিৰ্ভৰশীল। যিবোৰ বস্তুক আমাৰ মনে জানিব নোৱাৰে সেইবোৰৰ অস্তিত্ব যথার্থ নহয়। বস্তুৰ অস্তিত্ব মনৰ দ্বাৰা নিয়ন্ত্ৰিত হ’ব নোৱাৰে। ভাৱবাদীসকলৰ মতে মন বা আত্মাই হ’ল পৰমসত্তা। সকলো বস্তু মনৰ ভিতৰত থাকে। তেওঁলোকে বস্তু জগততকৈ মন জগতক অধিক যথার্থ বুলি ভাবে। 

ৰচনাধর্মী প্রশ্নোত্তৰ (মূল্যাংক-৫)

প্রশ্ন ১। বস্তুবাদ বা বাস্তৱবাদ কাক বোলে ? সৰল বস্তুবাদ আলোচনা কৰা। 

উত্তৰঃ যি মতবাদে মন নিৰপেক্ষ বা মনৰ বাহিৰত বস্তু বা সত্তাৰ অস্তিত্ব আছে বুলি স্বীকাৰ কৰে তাক বস্তুবাদ বোলে। জগতখন বস্তুৰে ভৰা। এই বস্তুবোৰ মনৰ পৰা স্বতন্ত্র অস্তিত্ব আছে। আমাৰ ধাৰণাসমূহ বস্তুসমূহৰ অবিকল প্রতীক মাথোন। এই বস্তুবাদৰ দুটা ভাগ হ’ল –সৰল বস্তুবাদ আৰু বৈজ্ঞানিক বস্তুবাদ।

সৰল বস্তুবাদ (Naive or popular realism) |  : জগতখন বস্তুৰে ভৰা। এই বস্তুবোৰৰ অস্তিত্ব মনৰ অনুগ্ৰহৰ ওপৰত নিৰ্ভৰ নকৰে। ইহঁতৰ অস্তিত্ব মনৰ পৰা স্বতন্ত্র। প্রত্যক্ষৰ জৰিয়তে ইহঁত আমাৰ মনত প্ৰতিবিম্বিত হয়। গুণেৰে সৈতে এই বস্তুবোৰ মননিৰপেক্ষভাৱে বস্তু জগতত অস্তিত্বশীল হৈ থাকে। এই বস্তুবোৰৰ গুণবোৰ আমাৰ মনৰ ধাৰণাতো আহে৷ সেয়ে এই ধাৰণা আৰু বস্তুবোৰৰ মাজত মিল আছে। গতিকে সৰল বস্তুবাদৰ মতে বস্তুৰ জ্ঞান পোনপটীয়া জ্ঞান। বস্তু আৰু বস্তুৰ গাত থকা গুণেৰে সৈতে আমাৰ মনত প্রতিভাত হয়৷ ইয়াকে সৰল বস্তুবাদ বোলে। এই মতবাদক লৌকিক মতবাদো বোলা হয়। সাধাৰণ মানুহৰ ধাৰণা হ’ল, জ্ঞাত মনে বস্তুসমূহক তাৰ গুণেৰে সৈতে সাক্ষাৎভাৱে জানিব পাৰে। সেয়ে ইয়াক সৰল বস্তুবাদ বোলে। এই জগতৰ বস্তুসমূহ মৌলিক আৰু গৌণ বিশিষ্ট। প্ৰকৃততে এই দুই প্রকাৰৰ গুণৰ কোনো পার্থক্য নাই। আমি প্রত্যক্ষ কৰো বা নকৰো – গুণসমূহ বস্তুৰ লগত থাকে। আমি যেতিয়া বস্তু প্রত্যক্ষ কৰো তেতিয়া এই গুণসমূহকে প্রত্যক্ষ কৰো। তাৰ সংবেদনসমূহ মানসিক অৱস্থা মাত্র। কিন্তু এই মতবাদ গ্রহণযোগ্য নহয়। কাৰণ মানসিক অৱস্থাৰ প্ৰতিৰূপ কোনো বাহ্য বস্তু নাই৷ আনহাতে এই মতবাদ স্বীকাৰ কৰি লোৱা জ্ঞানৰ সার্বিকতা নোহোৱা হ’ব। একে বস্তুকে বিভিন্ন মানুহে বেলেগে বেলেগে প্রত্যক্ষ কৰিব পাৰে। গতিকে সকলো গুণেই বস্তুগত বুলিও ক’ব নোৱাৰি। অন্ততঃ কিছুমান গুণ ব্যক্তিৰ মনৰ ওপৰত নিৰ্ভৰশীল। সেয়ে সৰলবাস্তববাদbআসোঁৱাহমুক্ত নহয়।

প্রশ্ন ২। বস্তুবাদ কাক বোলে? বস্তুবাদৰ সাধাৰণ বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ যি মতবাদে মন নিৰপেক্ষ বা মনৰ বাহিৰত বস্তুজগতৰ অস্তিত্ব স্বীকাৰ কৰে তাক বস্তুবাদ বা বাস্তৱবাদ বোলে। জগতৰ বস্তুবোৰৰ মনৰ পৰা স্বতন্ত্র অস্তিত্ব আছে। মনৰ বাহিৰত বস্তুবোৰত নিজস্ব সত্তা আছে। জ্ঞাতাই বস্তুজগতৰ বিষয় জনা নজনাৰ ওপৰত বস্তুৰ অস্তিত্ব নিৰ্ভৰ নকৰে। আমাৰ মনৰ ধাৰণাসমূহ বস্তুসমূহৰ প্রতীক বা আভাস মাথোন। বস্তুজগতৰ বিষয় জনাৰ কাৰণে কোনো মন নাথাকিলেও বস্তুৰ অস্তিত্ব মনৰ পৰা স্বতন্ত্রভাৱে থাকিব। যেনেকৈ কলম্বাচে আমেৰিকা আৱিষ্কাৰ কৰাৰ আগতেও আমেৰিকাৰ অস্তিত্ব আছিল, ঠিক তেনেকৈ কোনো মনে নাজানিলেও বস্তুজগতৰ অস্তিত্ব মনৰ বাহিৰত থাকে। গতিকে বস্তুজগত আৰু মনৰ মাজত তেনে কোনো অন্তৰ সম্বন্ধ নাই; সম্বন্ধ বাহ্যিকহে। গতিকে বাস্তৱবাদমতে বস্তুজগতৰ অস্তিত্ব মনস্বতন্ত্র বা মন নিৰপেক্ষ। বস্তুবাদৰ সাধাৰণ বৈশিষ্ট্যবোৰ হ’ল—

১। বস্তুবাদে মনৰ পৰা স্বতন্ত্রভাৱে বস্তুজগতৰ অস্তিত্ব স্বীকাৰ কৰে। বস্তু জগতৰ বিবয় জনাৰ কাৰণে কোনো মন আছে নে নাই সেইটোৰ ওপৰত এই মতবাদে গুৰুত্ব প্রদান নকৰে।

২। এই মতবাদে মনৰ অস্তিত্বৰ ওপৰত গুৰুত্ব প্রদান নকৰে। বস্তুজগতৰ বিষয় জ্ঞান লাভ কৰাৰ কাৰণে কোনো মন আছে নে নাই সেইটো এই বস্তুবাদে বিচাৰ নকৰে। বস্তুৰ অস্তিত্বৰ ওপৰতহে এই মতবাদে জোৰ দিয়ে। 

৩। বস্তুবাদ মতে মন আৰু বস্তুজগতৰ মাজত কোনো অন্তৰ সম্পৰ্ক নাই, সম্পর্ক বাহ্যিকহে। 

৪। এই মতবাদৰ আন এটা বৈশিষ্ট্য হৈছে, মনৰ ধাৰণাবোৰ বস্তুৰ প্রতীক বা অৱভাসহে মাথোন। বস্তুৰ অস্তিত্ব মন বহির্ভূত হোৱা বাবে মনৰ সম্পৰ্কত অহাৰ পিছতহে বস্তুৰ ধাৰণা মনত উদয় হয়। হগতিকে ধাৰণাবোৰ বস্তুত অবভাস বা প্রতীকহে।

৫। বাস্তৱবাদে প্রকৃতিজগতৰ ওপৰতহে অধিক গুরুত্ব দিয়ে। বাস্তৱবাদ এক বস্তুধর্মী মতবাদ। বস্তুৰ অস্তিত্বহে ইয়াৰ মূল আলোচ্য বিষয়। বস্তুবাদৰ প্ৰকাৰবোৰ হ’ল— ১। সৰল বস্তুবাদ বা লৌকিক বস্তুবাদ, ২। বৈজ্ঞানিক

বস্তুবাদ বা সবিচাৰবাদ, ৩। নব্য বস্তুবাদ, ৪। নব্য বিচাৰমূলক বস্তুবাদ। 

প্রশ্ন ৩। বৈজ্ঞানিক বস্তুবাদ বা সংস্কৃত বস্তুবাদ বা প্রতীকতাবাদ আলোচনা কৰা।

উত্তৰঃ এই মত অনুসৰি বস্তুৰ স্বতন্ত্র অস্তিত্ব আছে। কিন্তু কিছুমান গুণ বস্তুত থাকে আৰু কিছুমান গুণ বাক্তিমনত থাকে। বস্তুত থকা গুণবোৰ মৌলিক, যেনে – বস্তুৰ আকাৰ, আয়তন, বিস্তৃতি গতি ইত্যাদি। আৰু ব্যক্তিমনত থকা গুণবোৰ হ’ল – ৰং, সোৱাদ, গোন্ধ, তাপ-চাপ ইত্যাদি গুণবোৰ হ’ল গৌণ শুণ। বস্তুৰ অস্তিত্ব আছে বাবেই মৌলিক গুণবোৰ স্বীকার্য। আমাৰ মনত থকা ধাৰণাসমূহ এই মৌলিক গুণবোৰৰ প্ৰতিৰূপ। কিন্তু গৌণ গুণবোৰ ব্যক্তিভেদে বেলেগ বেলেগ। এইবোৰ মানসিক ৰূপ মাত্র। জন লক, ডেকার্ট, স্পিনোজা আদি এই মতবাদৰ সমর্থক।

গৌণ গুণসমূহ বস্তুৰ মৌলিক গুণসমূহৰ বিশেষ অৱস্থান আৰু সংমিশ্রণৰ ফলত আমাৰ মনত উদ্ভৱ হয়। লক আৰু ডেকাৰ্টৰ মতে আমাৰ মনে পোনপটীয়াকৈ কোনো বস্তু জানিব নোৱাৰে। লকৰ মতে বস্তুৰ প্ৰত্যক্ষণত মনে ধাৰণাকহে মাথোন জানিব পাৰে। বস্তুৰ স্বতন্ত্র অস্তিত্ব আছে আৰু আমাৰ মন বা চেতনা এখন পৰ্দাৰ নিচিনা যাৰ মাধ্যমেৰে আমি বস্তুৰ প্রতীক বা ধাৰণা পাওঁ। আমাৰ মনৰ ধাৰণাৰ লগত যদি বাহা বস্তুৰ মিল পাওঁ তেন্তে তেনে জ্ঞান যথার্থ হয়। লকৰ মতবাদে সেই সময়ৰ বিজ্ঞানীসকলৰ স্বীকৃতি লাভ কৰিছিল। সেইবাবে এই মতবাদক

বৈজ্ঞানিক বস্তুবাদো বোলা হয়। ইয়াক সবিচাৰবাদ বা সংস্কৃত বস্তুবাদো বোলা হয়, কাৰণ এই মতবাদে বস্তুৰ স্বতন্ত্র অস্তিত্ব স্বীকাৰ কৰাৰ উপৰি মনৰ ধাৰণাৰ অস্তিত্বও স্বীকাৰ কৰে। এই মতবাদক প্রতীকতাবাদো বোলা হয়। কাৰণ বস্তুৰ প্রতীক বা ধাৰণাকহে আমাৰ মনত পাওঁ। 

সমালোচনাঃ কিন্তু লক আৰু তেওঁৰ অনুগামীসকলৰ এই মত গ্রহণযোগ্য নহয়৷ কাৰণ যদি আমি মনৰ ধাৰণাকহে জানো তেন্তে বাহ্যবস্তু জগত অজ্ঞাত আৰু অজ্ঞেয় হৈয়ে থাকিব৷ তাৰোপৰি এই মতবাদ মতে আমি বস্তুক প্রত্যক্ষ নকৰো, তাৰ প্ৰতীকহে প্রত্যক্ষ কৰো৷ গতিকে ধাৰণাৰ লগৰ । বস্তুৰ মিল আছে নে নাই তাক জানিম কেনেকৈ?

আনহাতে মৌলিক আৰু গৌণ গুণৰ শ্ৰেণীকৰণো ভুল। আমি গুণবোৰ স্বতন্ত্রভাৱে কেতিয়াও নাপাওঁ। বস্তুবাদ মতে সত্তা নিত্য আৰু স্বতন্ত্র। অস্তিত্বৰ বাবে ই কাৰো ওপৰত নিৰ্ভৰশীল নহয়। বস্তুবাদৰ সাধাৰণ মত হ’ল – মনত নিৰপেক্ষভাৱে বস্তুৰ অস্তিত্ব থাকিব পাৰে।

লকৰ এই বৈজ্ঞানিক বস্তুবাদে বাৰ্কলিৰ ভাববাদৰ সূচনা কৰিলে। 

প্রশ্ন ৪। মুখ্য গুণ আৰু গৌণ গুণ কাক বোলে?

উত্তৰ ঃ অভিজ্ঞতাবাদী জন ল কে বৈজ্ঞানিক বস্তুবাদত উল্লেখ কৰা মতে বস্তুৰ জ্ঞান গুণৰ জৰিয়তে হয়। এই গুণবোৰৰ কিছুমান বস্তুগত আৰু কিছুমান মনৰ অন্তৰ্গত। যিবোৰ গুণ বস্তুগত অৰ্থাৎ মন নিৰপেক্ষ সেইবোৰ গুণক মুখ্যগুণ বোলে। যেনেঃ বস্তুৰ বিস্তৃতি, আকাৰ, আয়তন আৰু ওজন ইত্যাদি। আকৌ যিবোৰ গুণ মনৰ অন্তৰ্গত বা মনসাপেক্ষ সেইবোৰ গুণক গৌণ গুণ বোলে। গৌণ গুণবোৰ মনৰ ওপৰত নিৰ্ভৰশীল।

ভাববাদ

অতি চমু প্রশ্নোত্তৰ (মূল্যাংক-১)

প্রশ্ন ১। ভাৱবাদে মনৰ প্ৰাধান্যতা স্বীকাৰ কৰে/নকৰে। 

উত্তৰঃ কৰে।

প্রশ্ন ২। ভাৱবাদ অনুসৰি জ্ঞানৰ দ্বাৰা জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ নিৰূপিত হয় | নহয়। 

উত্তৰ হয়।

প্রশ্ন ৩। ভাৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র অস্তিত্ব আছে / নাই। 

উত্তৰ ঃ নাই।

প্রশ্ন ৪। ভাৱবাদ কি?

উত্তৰ ঃ জ্ঞানৰ বিষয়বস্তুৰ প্রকৃতি সম্বন্ধীয় যি মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র, মন নিৰপেক্ষ অস্তিত্ব নাই, সকলো বস্তুৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰশীল বুলি কোৱা হয়, তাকে ভাৱবাদ বোলে।

প্রশ্ন ৫। ভাববাদৰ বিভিন্ন প্ৰকাৰ উল্লেখ কৰা।

উত্তৰ ভাৱবাদৰ বিভিন্ন প্ৰকাৰবোৰ হ’ল – 

(ক) আত্মগত ভাববাদ 

(খ) বস্তুগত ভাৱবাদ

(গ) অৱভাষিক ভাৱবাদ।

প্রশ্ন ৬। বস্তুগত ভাৱবাদ কোনে সমর্থন কৰিছিল?

উত্তৰঃ উইলিয়াম হেগেল।

প্রশ্ন ৭। ভাৱবাদৰ প্রতিষ্ঠাতা কোন?

উত্তৰ: উইলিয়াম হেগেল।

প্রশ্ন ৮। কোন মতবাদৰ মতে বাহ্যজগতৰ অস্তিত্ব জ্ঞাতাৰ মন নিৰ্ভৰ ?

উত্তৰ ভাৱবাদ ।

প্রশ্ন ৯। বার্কলিয়ে প্ৰবৰ্তন কৰা ভাববাদ কোন প্ৰকাৰৰ ভাববাদ?

উত্তৰ : আত্মগত ভারবাদ। 

প্রশ্ন ১০। আত্মনিষ্ঠ ভাববাদৰ প্রবর্তক কোন?

উত্তৰঃ জৰ্জ বাৰ্কলি।

প্রশ্ন ১১। বার্কলিৰ ভাববাদ আত্মনিষ্ঠ নে বস্তুনিষ্ঠ ?

উত্তৰ : আত্মনিষ্ঠ ভাৱবাদ।

প্রশ্ন ১২। হেগেলে আগবঢ়োৱা ভাববাদ কোন প্রকাৰৰ ভাববাদ ?

উত্তৰ : বস্তুনিষ্ঠ ভাৱবাদ।

চমু প্রশ্নোত্তৰ (মূল্যাংক-২/৩/৪)

প্রশ্ন ১। বার্কলিৰ ‘প্ৰত্যক্ষতে বস্তু বিদ্যমান’ কথাষাৰিৰ অৰ্থ কি? 

উত্তৰ ঃ বাৰ্কলিয়ে কৈছে— “Esse-Est-Percipi’, ‘প্রত্যক্ষতে ইতি বিদ্যাতে’। অর্থাৎ অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰশীল৷ বাৰ্কলিৰ আত্মগত ভাববাদৰ প্ৰথমছোৱা আলোচনাত তেওঁৰ নিজৰ প্রত্যক্ষৰ ওপৰতেই গুৰুত্ব দিছিল। তেওঁৰ মতে কিহবাৰ যদি অস্তিত্ব আছে তেওঁৰ মনৰ প্ৰত্যক্ষণত থাকিব লাগিব। যি তেওঁৰ মনৰ প্ৰত্যক্ষণত থাকে সি অস্তিত্বশীল; যি নাথাকে সি অস্তিত্বশীল নহয়৷ বাৰ্কলিৰ এই মতবাদে তেওঁৰ দৰ্শনৰ অহংবাদী মতবাদহে দাঙি ধৰিছে।

প্রশ্ন ২। ভাৱবাদৰ বিষয়ে এটা টোকা লিখা। 

উত্তৰ ঃ ভাৱবাদ হ’ল জ্ঞানৰ বিষয়বস্তু আৰু প্রকৃতি নিৰ্ণায়ক মতবাদ। ভাববাদৰ মতে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজৰ সম্পৰ্কই হ’ল জ্ঞান। ভারবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র, মননিৰপেক্ষ অস্তিত্ব নাই। যি বস্তু মনৰ পৰা স্বতন্ত্র তাক মনে কেতিয়াও জানিব নোৱাৰে। সকলো বস্তুবেই মনৰ ওপৰত নিৰ্ভৰশীল। গতিকে জ্ঞানৰ বিষয়বস্তুৰ স্বৰূপ সম্বন্ধীয় যি মতবাদ অনুসৰি জ্ঞেয় বস্তুৰ স্বতন্ত্র, মন নিৰপেক্ষ অস্তিত্ব অস্বীকাৰ কৰা হয়, তাক ভাৱবাদ বুলি কোৱা হয়। ভাৱবাদ অনুসৰি সকলো বস্তু মনৰ ওপৰত নিৰ্ভৰশীল। ভাৱবাদীসকলৰ মতে মনৰ বাহিৰত বাহ্যিক জগতখনৰ স্বতন্ত্রতা নাই৷ তেওঁলোকৰ মতে মন বা আত্মাই হ’ল পৰম সত্তা৷ সকলো বস্তু মনৰ ভিতৰত থাকে। ভাববাদৰ সমৰ্থকসকল হ’ল— জর্জ বার্কলি, উইলিয়াম হেগেল, প্লেটো, লিক্‌নিজ ইত্যাদি। ভাৱবাদৰ মূল ভাগ তিনিটা হ’ল – আত্মনিষ্ঠ ভাৱবাদ, বস্তুনিষ্ঠ ভাববাদ আৰু অৱভাষিক ভাৱবাদ ।

প্রশ্ন ৩। আত্মগত ভাববাদৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা।

উত্তৰ ঃ জৰ্জ বার্কলি আত্মগত ভাববাদৰ প্ৰতিষ্ঠাপক। তেওঁৰ আত্মগত ভাববাদৰ বৈশিষ্ট্যবোৰ হ’লঃ 

১। মন বা আত্মাই জগতৰ মূল বস্তু। বাহ্যজগতত মন নিৰপেক্ষ সত্তা নাই। 

২। বার্কলিব মতে বস্তুবোৰ গুণেৰে তৈয়াৰী। এই গুণবোৰ (মুখা আৰু গৌণ) সকলো গুণেই মন নিৰ্ভৰশীল। গতিকে বস্তুৰ অস্তিত্ব মন নিৰ্ভৰশীল। এই গুণবোৰৰ আধাৰ হ’ল মন, বস্তু নহয়। 

৩। বাকলিৰ দৰ্শনৰ মূল মত হ’ল ‘প্ৰত্যক্ষতে ইতি বিদ্যতে’ অর্থাৎ অস্তিত্ব প্রত্যক্ষনিৰ্ভৰশীল। যেহেতু প্রত্যক্ষ কৰিলেহে বস্তুৰ অস্তিত্ব আছে বুলি ক’ব পাৰি গতিকে বস্তুবোৰ আমাৰ মনৰ ধাৰণা মাথোন। মনৰ ধাৰণাৰ বাহিৰত আন একোৰে অস্তিত্ব নাই। 

৪। তেওঁ জ্ঞান, বস্তু বা সংবেদন আৰু সংবেদনৰ বিষয়বস্তুৰ পাৰ্থক্য অস্বীকাৰ কৰিছে। 

৫। বাৰ্কলিয়ে পৰৱৰ্তী ৰচনাত আত্মগত ভাববাদৰ মূল আধাৰত ব্যক্তিমনৰ পৰা আঁতৰাই আনি ঈশ্বৰৰ মনৰ ওপৰত স্থাপন কৰিছে৷ তেওঁ কৈছে, যেতিয়া কোনো বস্তু আমাৰ প্ৰত্যক্ষণত নাথাকে তেতিয়া ঈশ্বৰৰ প্ৰত্যক্ষণত থাকে। তেওঁৰ মতে সমগ্ৰ জগতেই ঈশ্বৰৰ ধাৰণাত থাকে।

প্রশ্ন ৪। ভাববাদৰ সাধাৰণ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰ  ভাৱবাদৰ সাধাৰণ বৈশিষ্টসমূহ হ’ল –

(ক) ভাৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰশীল ৷ ভাৱবাদীসকলৰ মতে জ্ঞানৰ বিষয়বস্তু মন নিৰপেক্ষ, স্বতন্ত্র অস্তিত্ব নাই। যিবোৰ বস্তুক মনে জানিব নোৱাৰে তাৰ অস্তিত্বক যথার্থ বুলি ক’ব নোৱাৰে। 

(খ) ভাৱবাদী সকলৰ মতে বস্তুতকৈ মনৰ প্রাধান্য অধিক। জাগতিক বস্তুবোৰ অস্তিত্বৰ মনৰ দ্বাৰা নিয়ন্ত্রিত হয়, বস্তুৰ দ্বাৰা নহয়।

(গ) ভাৱবাদৰ সমৰ্থকসকলৰ চিন্তাধাৰা সম্পূর্ণরূপে উদ্দেশ্যধর্মী। তেওঁলোকৰ মতে এখন উদ্দেশ্যধর্মী জগত আছে যি প্রকৃতিগতভাৱে আধ্যাত্মিক। উদ্দেশ্যধর্মী জগতখন নিত্য, শাশ্বত, নিৰন্তৰ আৰু অবিনশ্বৰ।

(ঘ) ভাৱবাদে ঈশ্বৰ, আত্মা, মন আদিৰ অস্তিত্বক বিশ্বাস কৰে। ভাৱবাদ মতে ঈশ্বৰ জগতৰ পৰা বিছিন্ন নহয়। ঈশ্বৰেই হ’ল এই বিশ্বজগতৰ মূল লক্ষ্য আৰু চালিকা শক্তি। 

(ঙ) ভাৱবাদীসকলে প্ৰমূল্যৰ ওপৰত গুৰুত্ব আৰোপ কবে। ভাৱবাদ মতে প্রমূল্যবোৰ ব্যক্তি বা সামাজিকতাৰ ঊৰ্ধ্বত। আত্মজ্ঞানেই হ’ল পৰম প্ৰমূল্য, বাকী সকলোবোৰ প্ৰমূল্য ইয়াৰ অধীন৷ তেওঁলোকৰ মতে ব্যক্তিয়ে হ’ল নৈতিক কর্তা যি প্রমূল্য আৱিষ্কাৰ কৰিব পাৰে।

(চ) ভাৱবাদীসকলে মানব অস্তিত্বৰ গুৰুত্ব স্বীকাৰ কৰে। মানুহেই জগতৰ কেন্দ্ৰ বিন্দু, মানুহক বাদ দি কোনো কথা ভৱা সম্ভৱপৰ নহয়। মানুহ এই জগত প্ৰক্ৰিয়াৰে অংশ কিন্তু মানুহ আধ্যাত্মিক।

ৰচনাধর্মী প্রশ্নোত্তৰ (মূল্যাংক-৫)

প্রশ্ন ১। ভাববাদৰ সংজ্ঞা দিয়া আৰু আত্মাগত ভাববাদ আলোচনা কৰা। 

উত্তৰ : যি মতবাদে বস্তুজগতৰ মন নিৰপেক্ষ স্বতন্ত্র অস্তিত্ব অস্বীকাৰ কৰে আৰু কেৱল

মনৰ ধাৰণাৰ অস্তিত্বহে থকা বুলি মত আগবঢ়ায় তাক ভাববাদ বোলে। এই মতবাদ অনুসৰি মন নিৰপেক্ষ বস্তুজগত আমি জানিব নোৱাৰোঁ। জগতৰ অস্তিত্ব মনৰ ধাৰণাৰ ওপৰত নিৰ্ভৰশীল। মনৰ বাহিৰত একোৰে অস্তিত্ব থাকিব নোৱাৰে। যেতিয়াই কিবা এটা মনৰ বাহিৰত থকা বুলি ভাবো তেতিয়াই তাক মনৰ লগত সম্পর্কিত কৰো। মনৰ লগত সম্পর্কিত কৰা মানে সি মনৰ অন্তৰ্গত হ’ল। গতিকে মন বা মনৰ ধাৰণাৰ বাহিৰে আন একোৰে অস্তিত্ব নাই। ভাববাদ এক দৃষ্টিকোণৰ পৰা দুই ভাগত ভাগ কৰিব পাৰি। ১। আত্মগত ভাববাদ (Subjec tive Idealism) আৰু ২। বিষয়গত ভাববাদ (Objective Idealism)।

আত্মগত ভাববাদ : আত্মা এই জগতৰ পূৰ্বৱৰ্তী আৰু জগত হ’ল মনৰ ধাৰণা মাত্ৰ। গতিকে জগতৰ অস্তিত্ব মন বা আত্মাত। এই আত্মা জগত অবিহনেও সম্পূর্ণ। জগত আমাৰ মনৰ ধাৰণা মাত্ৰ৷ আত্মচৈতন্য লাভৰ বাবে আমাক জগত নালাগে। জগত অনিবার্য অস্তিত্বৰ প্রয়োজন নাই। জগতৰ অস্তিত্ব নাথাকিলেও আত্মাৰ কোনো ক্ষতি নহয়।

বার্কলি আত্মগত ভাববাদৰ প্ৰবক্তা আছিল। তেওঁৰ মতে আমি যদি মনৰ ধাৰণাকহে জানিব পাৰো তেন্তে আমাৰ মন আৰু মনৰ ধাৰণাৰ বাহিৰে একো জানিব নোৱাৰো। গুণ বা ধাৰণাই হৈছে শ্রেয় বস্তু। 

মুখ্যগুণ আৰু গৌণগুণৰ মাজত পার্থক্য ৪১। মুখ্য গুণবোৰ বস্তুৰ গাত থাকে। গতিকে এই গুণবোৰ বস্তুৰ মৌলিক গুণ। আনহাতে, গৌণ গুণবোৰ মানুহৰ মনত থাকে৷ এইবোৰৰ অস্তিত্ব মন নিৰ্ভৰশীল। এইবোৰ গুণ বস্তুৰ বাহিৰত থকা বাবে গৌণ গুণ বুলি কোৱা হয়। এইবোৰ কেৱল মনৰ সংবেদন বা ধাৰণাহে। 

২। বস্তুত থকা মুখ্যগুণবোৰ স্থায়ী বা অপৰিবর্তনীয় গুণ। যেনেঃ আকাৰ, আয়তন, ওজন ইত্যাদি।

আনহাতে মুখ্যগুণবোৰ পৰিবৰ্তনীয়। যেনেঃ ৰং, শব্দ, স্বাদ, গন্ধ ইত্যাদি। কোনো বস্তুৰ ৰং ভিন ভিন ব্যক্তিৰ বাবে ভিন ভিন। একেটা আম এজনৰ কাৰণে মিঠা আৰু আন এজনৰ কাৰণে টেঙাও হ’ব পাৰে। ব্যক্তিভেদে এই গুণবোৰ বেলেগ বেলেগ হোৱা দেখা যায়। গতিকে এই গুণবোৰ স্থায়ী নহয়।,

৩। বস্তুৰ গাত থকা মুখ্যগুণবোৰ জ্ঞাতাৰ মনৰ ধাৰণাত প্রতিবিম্বিত হয়। কিন্তু গৌণগুণবোৰ মুখ্যগুণৰ দ্বাৰা সৃষ্টি হোৱা সংবেদন মাত্রহে, 

৪। কোনো আধাৰ বিনা মুখ্য গুণবোৰ অস্তিত্বহীন। সেয়ে ল’কে বস্তু সত্তাৰ অস্তিত্ব স্বীকাৰ কৰিছে। এই মুখ্যগুণবোৰ বস্তুক আশ্ৰয় কৰি থাকে। কিন্তু আমি প্রত্যক্ষৰ দ্বাৰা এই গুণৰহে জ্ঞান পাওঁ, বস্তু সত্তাৰ জ্ঞান অজ্ঞাত আৰু অজ্ঞেয়। আনহাতে, গৌণগুণবোৰ মনসাপেক্ষ, গতিকে এইবোৰ মনক আশ্ৰয় কৰি থাকে। কিন্তু আচলতে মুখ্য গুণ আৰু গৌণগুণবোৰ এইদবে পৃথক কৰিব নোৱাৰি।

গতিকে তেওঁ সিদ্ধান্ত কৰিলে যে কিহবাৰ যদি অস্তিত্ব আছে তেন্তে সি মন নিৰ্ভৰশীল হ’ব। অর্থাৎ সি আমাৰ প্ৰত্যক্ষণত থাকিব লাগিব। (Esse Est Percipi) যি প্রত্যক্ষৰ বিষয় নহয় সি অস্তিত্বশীল হ’ব নোৱাৰে। আমি গুণ বা ধাৰণাৰ প্রত্যক্ষ কৰো; কিন্তু ইয়াৰ অন্তৰালত কিবা দ্রব্য আছেনে নাই তাক প্রত্যক্ষ নকৰো। গতিকে দ্ৰব্যৰ অস্তিত্ব নাই। বার্কলিৰ মতে বস্তু আৰু তাৰ সংবেদন আমি বেলেগে বেলেগে নাপাওঁ। বস্তু আৰু তাৰ ধাৰণা অভিন্ন জগতৰ সকলো বস্তুৱেই মোৰ মনৰ ধাৰণা।

আমি যেতিয়া গুণ প্রত্যক্ষ কৰো, তেতিয়া দৰাচলতে আমি মনৰ ধাৰণাকহে পাওঁ। মৌলিক গুণৰ ধাৰণা যেনেকৈ মনত হয় তেনেকৈ গৌণ গুণৰ ধাৰণাও হয়। গতিকে মৌলিক আৰু গৌণ গুণৰ মাজত কোনো প্রভেদ নাই। মনৰ প্ৰত্যক্ষণত আমি যি গুণ বা ধাৰণা পাওঁ সেয়ে বস্তু। যি মোৰ প্ৰত্যক্ষণত থাকে তাৰ অস্তিত্ব আছে; যি মোৰ প্ৰত্যক্ষণত নাথাকে তাৰ অস্তিত্ব নাই। সেয়ে বার্কলিক আত্ম কেন্দ্রিকতাবাদী বুলি সমালোচনা কৰা হৈছিল।

বার্কলিৰ ভাববাদৰ আত্মগত ভাববাদ বুলি কোৱা হয়। এই মতবাদ মতে প্রত্যক্ষৰ অগোচৰত থকা কোনো বস্তুৰ অস্তিত্ব স্বীকাৰ কৰিব নোৱাৰি।

বার্কলি এই আত্মগত ভাববাদ আগবঢ়োৱাত এটা প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয়। মই মোৰ ৰুমটোৰ পৰা ওলাই যোৱাৰ পিচত ৰুমৰ বস্তুবোৰ মোৰ প্ৰত্যক্ষানত নাথাকে। সেই বুলি ৰুমৰ বস্তুবোৰৰ অস্তিত্ব নাথাকিব নেকি? অর্থাৎ কোনোৱে প্রত্যক্ষ নকৰিলে জগতৰ বস্তুবোৰৰ অস্তিত্ব নাথাকিব নেকি?

ইয়াৰ উত্তৰত বাৰ্কলিয়ে ক’লে যে মোৰ প্ৰত্যক্ষৰ অগোচৰত থাকিলে ঈশ্বৰৰ প্ৰত্যক্ষণত থাকিব। ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰি বাৰ্কলিয়ে নিজকে আত্মকেন্দ্ৰিকতাবাদৰ পৰা ৰক্ষা কৰিলে৷ কিন্তু তথাপিও বার্কলিৰ ভাববাদৰ ক্ৰটী আঁতৰ নহ’ল। বাকলিৰ মূল সূত্ৰ হ’ল যে বস্তুৰ অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰশীল (Esse Est Percipi) কিন্তু বস্তুৰ অস্তিত্ব নহ’লে তাক প্রত্যক্ষ কৰা যায় কেনেকৈ? আনহাতে প্রত্যক্ষণৰ সময়ত বস্তু আৰু তাৰ গুণ পৃথক কৰিব নোৱাৰি।

প্রশ্ন ২। বাকলিৰ আত্মগত ভাববাদ অহংবাদ নে? 

উত্তৰ বাৰ্কলিৰ আত্মগত ভাববাদ বহুতো সমালোচকে অহংবাদ বুলি সমালোচনা কৰে৷ অহংবাদ বা আত্মকেন্দ্রিকতাবাদৰ অৰ্থ হৈছে কোনো এটা ধাৰণা কোনো এক ব্যক্তিমনৰ বাবেহে সত্য। এই মতবাদে অন্যৰ বাবে সি সত্য হয়নে নহয় সেইটো বিচাৰ নকৰে। এই অহংবাদীসকলে জ্ঞানৰ সার্বিকতা মানি নলয়। বাকলিৰ আত্মগত ভাববাদ অহংবাদলৈ নামি গ’ল। কাৰণ বাৰ্কলিয়ে তেওঁৰ আত্মগতা ভাবাদত কৈছে যে, ‘জগতৰ সকলো বস্তু মোৰ মনৰ ধাৰণা মাত্ৰ মোৰ মনৰ 

ধাৰণা হিচাপে উপস্থাপিত হ’ব পাৰিলে সেইবোৰৰ অস্তিত্ব আছে; আৰু মোৰ মনৰ ধাৰণা হিচাপে নাথাকিলে সেইবোৰৰ অস্তিত্ব নাই। ‘মোৰ ধাৰণাৰ জগতখনেহে সত্তা নির্ণয় কৰে, ইয়াৰ বাহিৰত আন কাৰো সত্তা নাই।’

বাৰ্কলিয়ে কৈছে—”Esse-Est-Percipi’, ‘প্রত্যক্ষতে ইতি বিদ্যাতে’। অর্থাৎ অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰশীল। বাকলিৰ আত্মগত ভাববাদৰ প্ৰথমছোৱা আলোচনাত তেওঁৰ নিজৰ প্ৰত্যক্ষৰ ওপৰতেই গুৰুত্ব দিছিল৷ তেওঁৰ মতে কিহবাৰ যদি অস্তিত্ব আছে তেওঁৰ মনৰ প্ৰত্যক্ষণত থাকিব লাগিব। যি তেওঁৰ মনৰ প্ৰত্যক্ষণত থাকে সি অস্তিত্বশীল; যি নাথাকে সি অস্তিত্বশীল নহয়৷ বাৰ্কলিৰ এই মতবাদে তেওঁৰ দৰ্শনৰ অহংবাদী মতবাদহে দাঙি ধৰিছে।

এতিয়া প্রশ্ন হ’ল বাৰ্কলিৰ আত্মগত ভাববাদ অহং বা আত্মকেন্দ্রিকতা মতবাদ নেকি? বাৰ্কলিয়ে তেওঁৰ আত্মগত ভাববাদৰ পিছৰছোৱা আলোচনাত ঈশ্বৰক টানি অনা দেখা যায়। পিছৰ আলোচনাত তেওঁ কৈছে যে, যদি কোনো বস্তু মোৰ ধাৰণা বা প্রত্যক্ষণত নাথাকে সি ঈশ্বৰৰ মনত বা প্রত্যক্ষণত থাকিব লাগিব। উদাহৰণস্বৰূপে মোৰ আগত থকা মেজখন মোৰ প্ৰত্যক্ষণত আছে, গতিকে ইয়াৰ অস্তিত্ব আছে। কিন্তু মোৰ প্ৰত্যক্ষণত নাথাকিলে অন্য ব্যক্তিৰ প্ৰত্যক্ষণত থাকিব। কিন্তু যদি অন্য কোনো সীমিত ব্যক্তিৰ প্ৰত্যক্ষণত নাথাকে তেন্তে ঈশ্বৰৰ প্ৰত্যক্ষণত থাকিব; সেয়ে বস্তুটো অস্তিত্বশীল। এইদৰে বাৰ্কলিয়ে শেষত ঈশ্বৰৰ মনৰ ধাৰণাৰ দ্বাৰা বস্তুৰ অস্তিত্বৰ কথা উল্লেখ কৰিছে। ইয়াত দেখা গৈছে যে, বার্কলিয়ে আত্মকেন্দ্রিকতা বা অহংবাদৰ পৰা ৰক্ষা পাবলৈ ঈশ্বৰৰ ধাৰণাটো টানি আনিছে। ঈশ্বৰৰ ধাৰণাৰ সহায় লোৱা বাবে বার্কলিয়ে অহংবাদ বা আত্মকেন্দ্রিকতা মতবাদৰ পৰা ৰক্ষা পৰিল। গতিকে বাকলিৰ মতবাদ তেওঁৰ দৰ্শনৰ পাতনিত অহংবাদ হ’লেও শেষত ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰাত অহংবাদৰ পৰা কিছুপৰিমাণে হাত সাৰিছে ৷ গতিকে বাকলিৰ আত্মগত ভাববাদে প্রকৃততে অহংবাদ নহয় প্রশ্ন ৩। ভাৱবাদ বুলিলে কি বুজা? ইয়াৰ মূল প্ৰকাৰবোৰ কি কি ? আলোচনা কৰা।

উত্তৰ : ভাববাদ মতে মন বা আত্মা আৰু মনৰ ধাৰণাই জগতৰ একমাত্র সত্তা। এই মতবাদ-অনুসৰি বাহ্যজগতখনৰ মন নিৰপেক্ষ নিজস্ব অস্তিত্ব নাই। বাহাজগতখনৰ অস্তিত্ব মন আৰু মনৰ ধাৰণাৰ ওপৰত নিৰ্ভৰশীল।

আমাৰ মনে নিজৰ তুল্য কিহবাকহে জানিব পাৰে। যি সম্পূর্ণ মননিৰপেক্ষ তাক জানিব নোৱাৰে। যাক মনৰ লগত সম্পর্কিত কৰিব নোৱাৰি তাক জানিব নোৱাৰি। মনৰ লগত সম্পর্কিত কৰিলেই সি মনৰ অন্তৰ্গত হয়। গতিকে মন নিৰপেক্ষ বাহ্যবস্তুৰ অস্তিত্ব নাই। কেৱল মন বা আত্মাৰহে অস্তিত্ব আছে। গতিকে যি মতবাদে বস্তুজগতৰ অস্তিত্ব অস্বীকাৰ কৰে আৰু কেৱল মন বা আত্মা আৰু ধাৰণাৰহেঁ

একমাত্র অস্তিত্ব স্বীকাৰ কৰে তেনে মতবাদক ভাববাদ বোলে। মন বা আত্মাই জগতৰ পৰম সত্তা। ভাববাদৰ মূল প্ৰকাৰ : ভাববাদ মূলত তিনি প্ৰকাৰৰ :

১। আত্মগত ভাববাদ (Subjective Idealism) ২। পৰিদৃশ্যমান বা অবভাসিক ভাববাদ (Phenomenalistic Idealism) ৩। বস্তুগত বা বস্তুনিষ্ঠ ভাববাদ (Objective Idealism)

আত্মাগত ভাববাদএই মতবাদ অনুসৰি আত্মা জগতৰ পূৰ্বৱৰ্তী আৰু জগত হ’ল মন বা আত্মাৰ ধাৰণা মাত্র। জগতৰ নিজস্ব অস্তিত্ব নাই। জগতৰ অস্তিত্ব মন বা আত্মাত। জগত অবিহনে এই আত্মা সম্পূৰ্ণ হ’ব পাৰে। আত্মচৈতন্য লাভার্থে আমাক জগতৰ প্ৰয়োজন নাই।

বার্কলি আত্মগত ভাববাদৰ পৃষ্ঠপোষক। তেওঁৰ মতে আমি যেহেতু মনৰ ধাৰণাকহে জানিব পাৰো গতিকে মনৰ বাহিৰে আন একোৱে অস্তিত্ব নাই। কিহবাৰ যদি অস্তিত্ব আছে সি মন নির্ভৰশীল। অর্থাৎ সি আমাৰ প্ৰত্যক্ষণত থাকিব লাগিব। (Esse Est Pencipi) যি প্রত্যক্ষণৰ বিষয়বস্তু নহয় সি অস্তিত্বশীল নহয়। গতিকে বাকলিৰ মতে বস্তু আৰু তাৰ ধাৰণা অভিন্ন। “সকলো বস্তুৱেই মোৰ মনৰ বা আত্মাৰ ধাৰণাৰ মাত্র।”

পৰিদৃশ্যমান বা আৱভাসিক ভাববাদ: বার্কলিয়ে বস্তুদ্ৰব্যৰ অস্তিত্ব অস্বীকাৰ কৰিলে। কিন্তু আত্মাৰ অস্তিত্ব স্বীকাৰ কৰিলে। হিউমে বস্তুদ্ৰব্য আৰু আত্মা দুয়োৰে অস্তিত্ব অস্বীকাৰ কৰিলে। হিউমৰ সংশয়বাদে কাণ্টক কলাঘুমটিৰ পৰা জগাই তুলিলে। তেওঁ ক’লে, যে মন নিৰপেক্ষ

জগত সত্তা স্বীকাৰ কৰিব লাগিব। এই বস্তুসত্তা অতীন্দ্রিয় সত্তা। তাক আমি জানিব নোৱাৰো। আমি কেৱল তাৰ প্ৰতিভাসিক বা অৱভাসিক ৰূপটোহে জানিব পাৰো। অতীন্দ্রিয় বস্তু সত্তাই আমাৰ অতীন্দ্ৰিয় আত্মাত সংবেদন জগায় আৰু আমি জগতৰ প্ৰতিভাসিক ৰূপটোহে জানি পাৰো। প্রকৃত জগত সত্তা অজ্ঞেয় আৰু অজ্ঞাত। এয়ে কাণ্টৰ অৱভাসিক বা প্রতিভাসিক ভাববাদ।

বস্তুগত ভাববাদবস্তুগত ভাববাদৰ মতে পৰমাত্মা বা পৰম ব্ৰহ্মই— পৰম ব্ৰহ্মতেই প্ৰকাশ। পৰম ব্ৰহ্ম৷ জগতৰ মাজেৰেই বিৰাজমান। এই জগত পৰমব্ৰহ্মাৰ মনত ধাৰণাৰ মূৰ্ত · প্ৰকাশ৷ পৰমব্রহ্মাই নিজকে জগতৰ মাজেৰে প্ৰকাশ কৰিছে। বস্তুগত ভাববাদে বহিঃজগত সসীম মনৰ পৰা স্বতন্ত্র সত্তা বুলি বিশ্বাস কৰে। কিন্তু ই পৰম মন বা পৰম ব্ৰহ্মৰ শক্তি প্রকাশ বুলি ভাবে। বস্তুগত ভাববাদৰ প্রবক্তা আছিল হিগেল (Hegel)। তেওঁৰ মতে পৰমব্ৰহ্ম ক্রিয়াশীল। আধ্যাত্মিক সত্তা। ই ক্রিয়া কৰে। প্রগতিশীল মনোজগত আৰু প্ৰকৃতিজগত এই পৰমব্ৰহ্মৰেই প্ৰকাশ৷ পৰমব্ৰহ্মাই সসীম গুণ আৰু প্ৰকৃতি জগতৰ মাজেৰেদ্বান্দ্বিক পদ্ধতিৰে নিজকে প্ৰকাশ কৰে। পৰমব্ৰহ্ম৷ এক পৰম ‘(চেতনা) সসীম মন আৰু বস্তুজগত পৰক্ষমণ পৰমব্ৰহ্মৰ বস্তুগত প্রকাশ। পৰমব্রহ্মাই সদর্থক, নঞর্থক আৰু সমন্বয় ধাৰণাৰ মাধ্যমেৰে দ্বান্দ্বিক পদ্ধতিৰে নিজকে প্রকাশ কৰে। গতিকে জগত পৰমব্ৰহ্মাৰ মূৰ্ত প্ৰকাশ। পৰমব্রহ্ম অকল সসীম জ্ঞান বা বস্তু নহয়। ই হৈছে পৰম আধ্যাত্মিক সত্তা। জগত পৰমব্ৰহ্মাৰ বাহ্য প্রকাশ। বস্তুগত ভাববাদে সসীম মন আৰু জগতৰ অস্তিত্ব স্বীকাৰ কৰিছে, কাৰণ এই জগত পৰমব্ৰহ্মৰ বস্তুগত প্রকাশ ।

HS First Year Logic And Philosophy Questions Answer তৰ্কবিজ্ঞান আৰু দর্শন

প্রথম খণ্ড – তৰ্কবিজ্ঞান

Unit- IContentsLinks
Unit- IIতর্কবিজ্ঞান ( Logic)
সংজ্ঞা, প্রকৃতি, পৰিসৰ আৰু উপযোগিতা পৰম্পৰাগত আৰু আধুনিক তর্কবিজ্ঞান
Click here
উপসর্গ ( Proposition) :- বচন (Proposition) পদ (Term)Click here
বচন (Proposition)Click here
সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন (Transformation of ordinary sentences to logical proposition)Click here
তৰ্কীয় বচনত পদৰ ব্যাপ্ততা (Distribution of Term In a Logical Proposition)Click here
বচনৰ আধুনিক শ্রেণীবিভাজন (Modern Classification of Proposition)Click here
Unit-IIIঅনুমান, নিৰপেক্ষ ন্যায় ( Inference, Categorical Syllogism)Click here
Unit- IVপ্রতিকাত্মক তর্কবিজ্ঞান ( Symbolic Logic)Click here

দ্বিতীয় খণ্ড – দর্শন

Unit- Vদর্শন (Philosophy)Click here
Unit- VIভাৰতীয় দর্শন ( Indian Philosophy )Click here
Unit- VIIজ্ঞান উৎপত্তি সম্পৰ্কীয় ( Theories of the origin of knowledge )Click here
প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমানClick here
Unit- VIIIবাস্তৱবাদ আৰু ভাৱবাদ (Realism and Idealism)Click here

This Post Has One Comment

Leave a Reply