Class 11 Logic and Philosophy Chapter 7- প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমান

Class 11 Logic and Philosophy Chapter 7- প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমান । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 11 Logic and Philosophy Chapter 7- প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমান AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

Hs First Year Question Answer (Assamese Medium)

ইংৰাজী (English)Click Here
অসমীয়া Click Here
हिन्दीClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
তৰ্কবিদ্যা আৰু দর্শন (Logic & Philosophy)Click Here
পৰিৱেশ শিক্ষা ( Environmental Studies)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
সমাজতত্ত্ব (sociology)Click Here
অৰ্থনীতি (Economy)Click Here
ৰাজনীতি (Political Science)Click Here
ভূগোল (Geography)Click Here

HS first Year Logic and Philosophy Chapter 7- প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমান

অতি চমু প্রশ্নোত্তৰ (মূল্যাংক-১)

প্রশ্ন ১। শুদ্ধাশুদ্ধ নিৰ্ণয় কৰাঃ

(ক) নির্বিকল্প প্রত্যক্ষত বস্তুৰ নাম, গুণ আদিৰ লগত যুক্ত নোহোৱাকৈ কেৱল বস্তুৰ অস্তিত্বহে প্রত্যক্ষ কৰা হয়।

(খ) প্রত্যক্ষ স্বতন্ত্র স্বভাৱৰ জ্ঞান।

(গ) যোগজ প্রত্যক্ষ যিকোনো ব্যক্তিয়েই লাভ কৰা সম্ভৱ। 

(ঘ) চার্বাক দর্শনে বৈধ প্রমাণ হিচাপে প্রত্যক্ষ আৰু অনুমান উভয়কে স্বীকাৰ কৰে।

(ঙ) সকলোবোৰ ভাৰতীয় দার্শনিক সম্প্রদায়ে বৈধ প্ৰমাণৰূপে অনুমানক স্বীকাৰ কৰিছে।

(চ) পৰাৰ্থানুমানত পাঁচটা অৱয়ব প্ৰকাশ কৰা হয়। 

(ছ) হেতুপদে সাধাপদৰ লগত পক্ষপদৰ সম্বন্ধ স্থাপন কৰে।

(জ) ন্যায় অনুমানত চাৰিটা পদ থাকে।

উত্তৰ : (ক) শুদ্ধ (খ) শুদ্ধ (গ) অশুদ্ধ (ঘ) অশুদ্ধ (ঙ) অশুদ্ধ (চ) শুদ্ধ (ছ) শুদ্ধ. (জ) অশুদ্ধ

প্রশ্ন ২। খালীঠাই পূৰণ কৰা ঃ

(ক) ন্যায় দর্শনে ………বিধ প্ৰমাণত বিশ্বাস কৰে।

(খ)………….হ’ল অনুমান তৰ্কীয় ভিত্তি ।

(গ) চার্বাক দর্শনে……কহে যথার্থ জ্ঞানৰ একমাত্ৰ উৎস ৰূপে স্বীকাৰ কৰে।

(ঘ) ভাৰতীয় দৰ্শনত যথার্থ জ্ঞানক……..বোলা হয়।

(ঙ) ভাৰতীয় দৰ্শনত………বিধ প্ৰমাণৰ বিষয়ে উল্লেখ আছে।

উত্তৰ : (ক) চাৰিবিধ (খ) ব্যাপ্তি (গ) প্রত্যক্ষ (ঘ) প্রমা (ঙ) ছয়। 

প্রশ্ন ৩। প্রত্যক্ষ জ্ঞান কি ?

উত্তৰ : ইন্দ্ৰিয় আৰু বিষয়বস্তুৰ সংযোগৰ ফলত যি জ্ঞান লাভ কৰা হয় তাকে প্রত্যক্ষ জ্ঞান বোলে।

প্রশ্ন ৪। ভাৰতীয় দৰ্শনৰ চৰম উদ্দেশ্য কি?

উত্তৰ: যথাৰ্থ সত্য জ্ঞান লাভ কৰা। 

প্রশ্ন ৫। যথার্থ জ্ঞানৰ উৎস কি?

উত্তৰ: প্ৰমাণ

HS First Year Logic And Philosophy Questions Answer তৰ্কবিজ্ঞান আৰু দর্শন

প্রথম খণ্ড – তৰ্কবিজ্ঞান

Unit- IContentsLinks
Unit- IIতর্কবিজ্ঞান ( Logic)
সংজ্ঞা, প্রকৃতি, পৰিসৰ আৰু উপযোগিতা পৰম্পৰাগত আৰু আধুনিক তর্কবিজ্ঞান
Click here
উপসর্গ ( Proposition) :- বচন (Proposition) পদ (Term)Click here
বচন (Proposition)Click here
সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন (Transformation of ordinary sentences to logical proposition)Click here
তৰ্কীয় বচনত পদৰ ব্যাপ্ততা (Distribution of Term In a Logical Proposition)Click here
বচনৰ আধুনিক শ্রেণীবিভাজন (Modern Classification of Proposition)Click here
Unit-IIIঅনুমান, নিৰপেক্ষ ন্যায় ( Inference, Categorical Syllogism)Click here
Unit- IVপ্রতিকাত্মক তর্কবিজ্ঞান ( Symbolic Logic)Click here

দ্বিতীয় খণ্ড – দর্শন

Unit- Vদর্শন (Philosophy)Click here
Unit- VIভাৰতীয় দর্শন ( Indian Philosophy )Click here
Unit- VIIজ্ঞান উৎপত্তি সম্পৰ্কীয় ( Theories of the origin of knowledge )Click here
প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমানClick here
Unit- VIIIবাস্তৱবাদ আৰু ভাৱবাদ (Realism and Idealism)Click here

প্রশ্ন ৬। ভাৰতীয় দৰ্শনত মুঠতে কেইপ্ৰকাৰৰ প্ৰমাণ স্বীকাৰ কৰা হৈছে?

উত্তৰ : ছয় প্ৰকাৰৰ।

প্রশ্ন ৬। চার্বাক জড়বাদী দর্শন হয়নে? 

উত্তৰ: হয়। 

প্রশ্ন ৭। প্ৰমা নির্দিষ্ট আৰু সুনিশ্চিত হয়নে? 

উত্তৰ: হয়।

 প্রশ্ন ৮। প্রভাকৰে কেইটা প্রমাণ স্বীকাৰ কৰিছে? 

উত্তৰ: পাচটা।

প্রশ্ন ৯। চার্বাকক লোকায়ত বুলি কোৱা হয়নে? 

উত্তৰ: হয়। 

প্রশ্ন ১০। ভাৰতীয় দর্শনত স্বীকৃত ষষ্ঠ ইন্দ্ৰিয় কি? 

উত্তৰ: মন।

প্রশ্ন ১১। নাকৰ মূল লক্ষণ কি? 

উত্তৰ: ঘ্রাণ। 

প্রশ্ন ১২। চার্বাকক লোকায়ত বুলি কোৱা হয়নে? 

উত্তৰ:- হয়

প্রশ্ন ১৩। নির্বিকল্প প্রত্যক্ষ কি?

উত্তৰঃ যি প্রত্যক্ষত বস্তুৰ নাম, গুণ আদিৰ লগত যুক্ত নোহোৱাকৈ কেৱল বস্তুৰ অস্তিত্বহে তাকে নির্বিকল্প প্রত্যক্ষ বোলে।

প্রশ্ন ১৪। সবিকল্প প্রত্যক্ষ কি?

উত্তৰঃ যি প্রত্যক্ষত বস্তুৰ নাম, গুণাগুণ, অস্তিত্ব আদি সম্পর্কে স্পষ্ট সবিকল্প প্রত্যক্ষ বোলে।

প্রশ্ন ১৫। প্রমাণ শাস্ত্রমতে প্রথম প্রমাণ কি? 

উত্তৰঃ প্রত্যক্ষ ৷

প্রশ্ন ১৬। উপনয় কোন প্ৰকাৰৰ অনুমানৰ লগত জড়িত ?

উত্তৰঃ উপনয় পৰাৰ্থানুমানৰ লগত জড়িত।

প্রশ্ন ১৭। অলৌকিক প্রত্যক্ষৰ প্ৰকাৰসমূহ উল্লেখ কৰা।

উত্তৰঃ অলৌকিক প্রত্যক্ষৰ প্ৰকাৰসমূহ হ’ল– 

(ক) সামান্য লক্ষণ প্রত্যক্ষ 

(খ) জ্ঞান-লক্ষণ প্রত্যক্ষ আৰু 

(গ) যৌগজ প্রত্যক্ষ।

প্রশ্ন ১৮। প্রমাণ কাক বোলে। 

উত্তৰ ঃ ভাৰতীয় দৰ্শনমতে অভ্রান্ত, সুনিশ্চিত আৰু যথার্থ জ্ঞান লাভ কৰাৰ উপনয়কে প্রমাণ বোলা হয়।

প্রশ্ন ১৯। প্রমা মানে কি?

উত্তৰ ঃ ভাৰতীয় দর্শনমতে প্ৰমা হ’ল যথার্থ জ্ঞান, যি অভ্রান্ত, নিশ্চিত। 

প্রশ্ন ২০। ভাৰতীয় দর্শনে স্বীকৃতি দিয়া প্রমাণসমূহ কি কি?

উত্তৰ ঃ প্রত্যক্ষ, অনুমান, উপমান, শব্দ, অৰ্থাপতি আৰু অনুপলব্ধি। 

প্রশ্ন ২১। নিম্নলিখিত কোনটো উক্তি শুদ্ধ নহয় ?

(ক) অন্তপ্রত্যক্ষৰ দ্বাৰা লাভ কৰা জ্ঞান হৈছে প্ৰত্যক্ষ জ্ঞান।

(খ) শব্দৰ দ্বাৰা লাভ কৰা জ্ঞান হৈছে পৰোক্ষ জ্ঞান।

(গ) অনুমানৰ দ্বাৰা লাভ কৰা জ্ঞান পৰোক্ষ জ্ঞান নহয়।

(ঘ) বাহ্যপ্ৰত্যক্ষৰ দ্বাৰা লাভ কৰা জ্ঞান পৰোক্ষ জ্ঞান নহয়। 

উত্তৰ: (গ) অনুমানৰ দ্বাৰা লাভ কৰা জ্ঞান পৰোক্ষ জ্ঞান নহয়।

চমু প্রশ্নোত্তৰ (মূল্যাংক-২/৩/৪)

প্রশ্ন ১। প্রমা মানে কি?

উত্তৰ : ভাৰতীয় দৰ্শনত যাৰ দ্বাৰা আমাৰ শুদ্ধজ্ঞান হয় তাঁকে প্রমাণ বোলে৷ গতিকে প্রমাণ মনে প্ৰমাৰ কাৰণ প্ৰমানে যথার্থ, সত্য বা শুদ্ধজ্ঞান। এতেকে প্রমাণ মানে শুদ্ধজ্ঞান পোৱাৰ উপায়।

প্রশ্ন ২। প্রমাণ কাক বোলে?

উত্তৰঃ ভাৰতীয় দৰ্শন মতে অভ্রান্ত, সুনিশ্চিত আৰু যথার্থ জ্ঞান লাভ কৰাৰ উপায়কে প্রমাণ বোলা হয়। জ্ঞান মীমাংসাত প্ৰমাণৰ ভূমিকা নিঃসন্দেহে অতি গুৰুত্বপূৰ্ণ প্ৰমাণ হ’ল যথার্থ জ্ঞানৰ উৎস। ভাৰতীয় তর্কশাস্ত্ৰত প্ৰমাণক জ্ঞান অর্জনৰ সবাতোকৈ সুৰক্ষিত উপায় হিচাপে অভিহিত কৰা হয়। ভাৰতীয় দৰ্শনত যথার্থ জ্ঞানক ‘প্ৰম৷’ আখ্যা দিয়া প্রমা হ’ল সকলো সংশয়ৰ পৰা মুক্ত, নিশ্চিত স্বভাৱৰ জ্ঞান। প্রমাণক ব্যাখ্যা কৰা হৈছে প্ৰমাৰ কাৰণ বুলি। ই এনে এক অসাধাৰণ বা অপৰিহাৰ্য্য কাৰণ যাৰ অনুপস্থিতিত কাৰ্য সাধিত হ’ব নোৱাৰে, আনহাতে উপস্থিতিয়ে অনিবার্যভাৱে কার্য উৎপাদন কৰে।

প্রশ্ন ৩। লৌকিক প্রত্যক্ষ কি?

উত্তৰ ঃ যেতিয়া ইন্দ্ৰিয়ৰ সান্নিধ্যত বাহ্যবস্তুৰ পোনপটীয়া যোগাযোগ হয় তাক লৌকিক প্রত্যক্ষ বোলে। লৌকিক প্রত্যক্ষ আকৌ দুই প্ৰকাৰৰ। বাহা প্রত্যক্ষ আৰু মনন প্রত্যক্ষ। আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা গ্ৰহণ কৰা প্রত্যক্ষক ব্যাখ্যা প্রত্যক্ষ আৰু ষষ্ঠ ইন্দ্ৰিয় মন বা অন্তৰেন্দ্ৰিয়ৰ দ্বাৰা গ্ৰহণ কৰা অৰ্থাৎ আমাৰ চিন্তা, ইচ্ছা, অনুভূতি আদিৰ দ্বাৰা গ্ৰহণ কৰা প্রত্যক্ষক মানন প্রত্যক্ষ বোলে।

প্রশ্ন ৪। পৰ্থানুমানৰ কেইটা অৱয়ব থাকে আৰু সেইকেইটা কি ? 

উত্তৰ ঃ পৰ্থানুমানৰ ৫ টা অবয়ব থাকে। সেয়া হ’ল – (১) প্রতিজ্ঞা, (২) হেতু, (৩) উদাহৰণ, (৪) উপনয়, (৫) সিদ্ধান্ত। 

প্রশ্ন ৫। পার্থক্য লিখা :

(ক) লৌকিক প্রত্যক্ষ আৰু অলৌকিক প্রত্যক্ষ।

উত্তৰ ঃ (১) লৌকিক প্রত্যক্ষ সাধাৰণ ইন্দ্ৰিয় প্রত্যক্ষ। আনহাতে অলৌকিক প্রত্যক্ষত ইন্দ্ৰিয় মাধ্যমৰ পৰিবর্তে উপলব্ধিৰ বিষয়বস্তুক জনা যায়। 

(২) লৌকিক প্রত্যক্ষত ইন্দ্ৰিয়ৰ বিষয়ৰ পোনপটীয়া সংযোগ হয়। আনহাতে, অলৌকিক প্রত্যক্ষত ইন্দ্ৰিয়ৰ লগত বিষয়ৰ নিকটবর্তী সম্বন্ধ নাথাকে। 

(৩) লৌকিক প্রত্যক্ষত এটা ইন্দ্ৰিয়ৰ মাধ্যমত এটা নির্দিষ্ট জ্ঞান পোৱা যায়। আনহাতে, অলৌকিক প্রত্যক্ষত এটা ইন্দ্ৰিয়ৰ সহায়ত আন এটা বিষয়ৰ অলৌকিক জ্ঞান পোৱা যায়।

(৪) লৌকিক প্রত্যক্ষৰ ভিতৰত বাহ্য প্রত্যক্ষ, মানস প্রত্যক্ষ অন্তর্ভুক্ত। আনহাতে অলৌকিক প্রত্যক্ষৰ ভিতৰত সামান্য লক্ষণ প্রত্যক্ষ, জ্ঞান লক্ষণ প্রত্যক্ষ আৰু যোগজ প্রত্যক্ষ।

(খ) স্বাৰ্থানুমান আৰু পৰাৰ্থানুমান। 

উত্তৰ : (১) স্বার্থানুমানত ব্যক্তিগত জ্ঞান লাভৰ উদ্দেশ্যে অনুমান কার্য ব্যৱহৃত হয়। আনহাতে, পৰাৰ্থানুমানত আনক বুজাবলৈ অনুমান কাৰ্য ব্যৱহৃত হয়।

(২) স্বার্থানুমানত তিনিটা অৱয়ব থাকে। যেনে ব্যপ্তি-বচন, প্রতিষ্ঠা আৰু সিদ্ধান্ত। আনহাতে, পৰাৰ্থানুমানত পাঁচটা অৱয়ব বা বচন থাকে। যেনে- প্রতিজ্ঞা, হেতু, উদাহৰণ, উপনয় আৰু সিদ্ধান্ত বা নিগমন।

(৩) স্বার্থানুমানত পৰম্পৰাগতভাৱে স্বীকৃত অনুমানৰ আটাইবোৰ অৱয়ৰ প্ৰকাশৰ প্ৰয়োজন নাথাকে।

আনহাতে, পৰৰ্থানুিমান পৰম্পৰাগত স্বীকৃত অনুমানৰ নিয়মমতে পাঁচটা অবয়ব প্রকাশ কৰিব লাগে। 

(৪) স্বার্থানুমানৰ অৱয়বসমূহ যুক্তিসহকাৰে প্ৰকাশ কৰাৰ আৱশ্যক নাথাকে বাবে এই প্ৰকাৰ অনুমানৰ কেৱল বস্তুগত সত্যতাহে থাকে। আনহাতে পৰাৰ্থানুমান পাঁচটা অৱয়বৰ জৰিয়তে যুক্তি সহকাৰে প্ৰকাশ কৰা হয় আৰু সেইবাবে ইয়াৰ আকাৰগত আৰু বস্তুগত উভয়ে সত্যতা থাকে।

প্রশ্ন ৬। শেষবৎ অনুমান আৰু পূর্ববৎ অনুমান কাক বোলে?

উত্তৰ ঃ যি অনুমানত দৃষ্ট কাৰণৰ পৰা অদৃষ্ট কাৰ্য অনুমান কৰা হয় তাক পূর্ববৎ অনুমান বোলে। যেনে— আকাশত ক’লা মেঘ দেখি বৰষুণ সম্বন্ধে কৰা অনুমান।

যি অনুমানত কার্য অৱলোকন কৰি কাৰণ অনুমান কৰা হয় তাক শেষবৎ অনুমান বোলে৷ যেনে— বাতিপুৱা শুই উঠি চোতালত পানী বন্ধ হৈ থকা দেখি ৰাতি বৰষুণ হৈছিল বুলি কৰা অনুমান ৷

ৰচনাধর্মী (মূল্যাংক-৫)

প্রশ্ন ১। প্রমাণ কাক বোলে? বহলাই আলোচনা কৰা। 

উত্তৰ: ভাৰতীয় দৰ্শন মতে অভ্যস্ত, সুনিশ্চিত আৰু যথার্থ জ্ঞান লাভ কৰাৰ উপায়কে প্রমাণ বোলা হয়। জ্ঞান মীমাংসাত প্রমাণৰ ভূমিকা নিঃসন্দেহে অতি গুৰুত্বপূৰ্ণ। প্রমাণ হ’ল যথার্থ জ্ঞানৰ উৎস। ভাৰতীয় তর্কশাস্ত্ৰত প্ৰমাণক জ্ঞান অর্জনৰ সবাতোকৈ সুৰক্ষিত উপায় হিচাপে অভিহিত কৰা হয়। ভাৰতীয় দর্শনত যথার্থ জ্ঞানক ‘প্রমা’ আখ্যা দিয়া। প্ৰমা হ’ল সকলো সংশয়ৰ পৰা মুক্ত, নিশ্চিত স্বভাৱৰ জ্ঞান। প্ৰমাণক ব্যাখ্যা কৰা হৈছে প্ৰমাৰ কাৰণ বুলি। ই এনে এক অসাধাৰণ বা অপৰিহাৰ্য্য কাৰণ যাৰ অনুপস্থিতিত কাৰ্য সাধিত হ’ব নোৱাৰে, আনহাতে উপস্থিতিয়ে অনিবার্যভাৱে কার্য উৎপাদন কৰে।

ভাৰতীয় দর্শনত মুঠ ছয়বিধ প্ৰমাণক স্বীকাৰ কৰা হয়। সেইবোৰ হ’ল – প্রত্যক্ষ, অনুমান, উপমান, শব্দ, অর্থাপত্তি আৰু অনুপলব্ধি। দার্শনিক-সম্প্রদায়সমূহে এই প্রমাণ কেইবিধৰ স্বৰূপ আৰু বৈধতাক লৈ একমত নহয়। অতি প্রাচীন আৰু জড়বাদী সম্প্রদায় ৰূপে খ্যাত চার্বাক দর্শনে ওপৰোক্ত ছয়বিধ প্ৰমাণৰ ভিতৰত কেৱল প্রত্যক্ষকহে বৈধ প্ৰমাণৰূপে গ্ৰহণ কৰে। আকৌ বৌদ্ধ আৰু জৈন দর্শনে প্রত্যক্ষ আৰু অনুমান—এই দুটা প্রমাণক বৈধ প্ৰমাণৰূপে গ্রহণ কবে। ন্যায় দর্শনে চাৰিবিধ প্রমাণ – প্রত্যক্ষ, অনুমান, শব্দ আৰু উপমানক যথার্থ প্রমাণ বুলি অভিহিত কৰিছে। অন্যহাতে মীমাংসা দর্শনৰ এটা সম্প্রদায় প্রভৃতিৰ মিশ্র সম্প্রদায়ে পাঁচ প্ৰকাৰৰ প্রমাণ, অর্থাৎ প্রত্যক্ষ, অনুমান, উপমান, শব্দ আৰু অৰ্থাপত্তিৰ বৈধতা স্বীকাৰ কৰে। আকৌ মীমাংসাৰ আন এটা সম্প্রদায়—ভট্ট মীমাংসা আৰু বেদান্তই ওপৰত উল্লেখিত ছয়বিধ প্রমাণক স্বৰূপ আৰু বৈধতা স্বীকাৰ কৰি প্ৰতিটো প্ৰমাণৰ গুৰুত্বপূর্ণ ব্যাখ্যা আগবঢ়োৱা দেখা যায়।

প্রশ্ন ২। প্রত্যক্ষ কি? ইয়াৰ প্ৰকাৰবোৰ আলোচনা কৰা।

উত্তৰ: ন্যায় দর্শনৰ মতে বিষয়বস্তুৰ লগত ইন্দ্ৰিয়ৰ সংযোগৰ ফলত হোৱা যথার্থ আৰু অনিবাৰ্য্য জ্ঞানৰ উৎপত্তিকে প্রত্যক্ষ বোলে। এটা বস্তু ইন্দ্ৰিয়ৰ ওচৰত থাকিলে ইন্দ্ৰিয়ই তাৰ ওপৰত ক্রিয়া কৰে আৰু তেতিয়াই সেই বস্তুটোৰ জ্ঞান হয়। প্ৰমাণৰ মূল লক্ষণ অনুসৰি প্রত্যক্ষ জ্ঞান অভ্রান্ত আৰু নিশ্চিত স্বভাৱৰ হ’ব লাগিব। সকলোবোৰ ভাৰতীয় দার্শনিক সম্প্রদায়ে জ্ঞানৰ উৎস হিচাপে প্রত্যক্ষক মনোনীত কৰে।

ন্যায় দর্শনে প্রত্যক্ষক দুটা প্ৰধান ভাগত ভাগ কৰিছে। সেয়া হ’ল লৌকিক প্রত্যক্ষ আৰু অলৌকিক প্রত্যক্ষ।

(১) লৌকিক প্রত্যক্ষ যেতিয়া ইন্দ্ৰিয়ৰ লগত বিষয়ৰ লৌকিক সংযোগ সংঘটিত হয় তাক লৌকিক প্রত্যক্ষ বোলা হয়। এই প্ৰকাৰৰ প্রত্যক্ষত সাধাৰণতে বিষয় আৰু ইন্দ্ৰিয়ৰ সাক্ষাৎ যোগাযোগৰ ফলত জ্ঞান উৎপন্ন হয়। — লৌকিক প্রত্যক্ষ দুই প্ৰকাৰৰ বাহ্য প্রত্যক্ষ আৰু মানস প্রত্যক্ষ। চকু, কাণ, নাক, জিভা, ছাল- এই পঞ্চেন্দ্রিয়ক বাহা ইন্দ্ৰিয়ৰূপে গ্ৰহণ কৰা হয় আৰু অস্তৰ ইন্দ্ৰিয়ৰূপে স্বীকৃতি দিয়া হয় মনক। বাহ্য ইন্দ্ৰিয় পাঁচবিধৰ সহায়ত জাগতিক বস্তুৰ ৰূপ, বস, শব্দ, গোন্ধ আৰু স্পৰ্শ প্রত্যক্ষ কৰিবলৈ সমৰ্থ হোৱা যায়। এনেকুৱা ধৰণৰ প্ৰত্যক্ষক বাহ্য প্রত্যক্ষ বোলা হয়। আনহাতে মনৰ জৰিয়তে চিন্তা, ইচ্ছা, অনুভূতি, আবেগিক আদি মানসিক প্রক্রিয়াসমূহ প্রত্যক্ষ কৰাকেই মানস প্রত্যক্ষ আখ্যা দিয়া হয়। 

(২) অলৌকিক প্রত্যক্ষ যি জ্ঞান বিষয়বস্তু আৰু ইন্দ্ৰিয়ৰ অলৌকিক সংযোগৰ ফলত উৎপন্ন হয় তাক অলৌকিক প্রত্যক্ষ বোলে। ন্যায়ৰ মতে অলৌকিক প্রত্যক্ষ তিনি প্ৰকাৰৰ – সামান্য লক্ষণ প্রত্যক্ষ, জ্ঞান লক্ষণ প্রত্যক্ষ, যোগজ প্রত্যক্ষ।

(ক) সামান্য লক্ষণ প্রত্যক্ষ কোনো এটা শ্ৰেণী বা জাতিৰ সাধাৰণ ধর্ম বা লক্ষণক সেই শ্রেণী বা জাতিৰ অন্তৰ্গত কোনো বস্তু বা ব্যক্তিৰ ক্ষেত্ৰত কৰা প্রত্যক্ষকে সামান্য লক্ষণ প্রত্যক্ষ বোলে। উদাহৰণস্বৰূপে, এজন মানুহক প্রত্যক্ষ কৰাৰ লগে লগে অনিবার্যভাৱে প্রত্যক্ষ কৰা হয়। মানুহৰ সাধাৰণ লক্ষণ বা ধর্ম ‘মনুষ্যত্ব’। এই প্রত্যক্ষৰ ভিত্তিত ‘মনুষ্যত্ব’ নামৰ এই সাধাৰণ লক্ষণ অন্যান্য সকলো মানুহৰ ক্ষেত্ৰতো প্রত্যক্ষ কৰা হয়।

(খ) জ্ঞান লক্ষণ প্রত্যক্ষ : পূর্বজ্ঞান বা পূৰ্বস্মৃতিৰ ওপৰত ভিত্তি কৰি যেতিয়া এটা ইন্দিয়ই আন এটা ইন্দ্ৰিয়ৰ কাম কৰে তেতিয়া সেই প্ৰকাৰ প্রত্যক্ষক জ্ঞানলক্ষণ প্রত্যক্ষ বোলে। যেনে বৰফ এটুকুৰা চেঁচা, ইয়াক চালৰ দ্বাৰা জানিব পাৰি। কিন্তু পূর্ব জ্ঞানৰ ওপৰত ভিত্তি কৰি স্বচক্ষুৰ দ্বাৰা চাই বৰফ টুকুৰা চেঁচা বুলি প্ৰত্যক্ষ কৰিব পাৰি। 

(গ) যোগজ প্রত্যক্ষ : নিয়মিত যোগ অভ্যাসৰ ফলস্বৰূপে যোগীসকলে স্থান আৰু কালৰ সীমা অতিক্ৰম কৰি সকলো বিষয়কে প্রত্যক্ষ কৰিব পাৰি। এনে অলৌকিক প্রত্যক্ষক যোগজ প্রত্যক্ষ বোলে। যেনে- আকাশ, পৰমাণু আদি প্রত্যক্ষ যোগজ প্রত্যক্ষ।

প্রশ্ন ৩। অনুমান কি? ইয়াৰ বিভিন্ন প্ৰকাৰবোৰ আলোচনা কৰা।

 উত্তৰ: ন্যায় সূত্ৰৰ মতে, জ্ঞান সত্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত সত্যক জনাৰ পৰোক্ষ প্ৰক্ৰিয়াই হ’ল অনুমান অনুমান হ’ল পৰোক্ষ জ্ঞান। ‘অনু’ শব্দৰ অৰ্থ ‘পিছত’ আৰু ‘মান’ শব্দৰ অৰ্থ ‘জ্ঞান’। প্রত্যক্ষৰ পিছত প্ৰত্যক্ষৰ ওপৰত ভিত্তি কৰি যি জ্ঞান লাভ কৰা হয় তাকে অনুমান বোলা হয়। গতিকে অনুমান হ’ল পৰোক্ষ জ্ঞান। উদাহৰণ স্বৰূপে দুৰৈৰ পাহাৰত ধোঁৱা দেখি অনুমান কৰা হয় যে ধোঁৱা আছে গতিকে জুয়ো আছে। পূৰ্বৰ অভিজ্ঞতাৰ ধোঁৱাৰ লগত জুইৰ অস্তিত্ব দেখা গৈছে। ধোঁৱা আৰু জুই সার্বিক সম্পৰ্কৰ ওপৰত নিৰ্ভৰশীল। অনুমানক প্ৰধানকৈ তিনিটা শ্ৰেণীত বিভক্ত কৰা হয়। প্ৰথমতে উদ্দেশ্য অনুসৰি অনুমানক দুটা ভাগত ভাগ কৰা হৈছে। স্বার্থানুমান আৰু পৰার্থানুমান।

স্বার্থানুমান ব্যক্তিগত জ্ঞান লাভৰ উদ্দেশ্যে যি অনুমান কৰা হয় তাক স্বার্থানুমান বোলে। যেনে 1 পর্বতটোত জুই আছে কাৰণ ই ধোঁৱাযুক্ত। পৰাৰ্থানুমান : অন্য লোকক বুজাবলৈ যি অনুমান কৰা হয়, তাক পৰার্থানুমান বোলে।

আনক বুজাবলৈ এই অনুমান কৰা হয় বাবে পৰম্পৰাগত পাঁচটা বচনৰ প্ৰকাশ ইয়াত জৰুৰী হৈ পৰে৷ উদাহৰণস্বৰূপে

(১) পর্বতটোত জুই আছে।

(২) কাৰণ পৰ্বতত ধোঁৱা আছে। (উপনয়)

(৩) যতে ধোঁৱা থাকে তাতে জুই থাকে, যেনে- ৰান্ধনিশাল (উদাহৰণ)

(৪) পৰ্বটোত ধোঁৱা আছে।

(৫) এতেকে, পর্বতটোত জুই আছে। (নিগমন) ব্যাপ্তি সম্পৰ্কৰ ওপৰত ভিত্তি কৰি ন্যায় অনুমানৰ দ্বিতীয় প্ৰকাৰৰ শ্রেণীবিভাজন কৰা হৈছে – পূৰ্ব্বৎ অনুমান, শেষবৎ অনুমান, সামান্যতোদৃষ্ট অনুমান।

পূৰ্ব্বং অনুমান [ঃ জ্ঞাত কাৰণৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত কাৰ্য্য সম্বন্ধে যি অনুমান কৰা হয়, সেই অনুমানক পূৰ্ব্বৎ অনুমান বোলে। উদাহৰণস্বৰূপে, আকাশত ক’লা মেঘ দেখি বৰষুণ আহিব বুলি কৰা অনুমান।

 শেষবৎ অনুমানজ্ঞাত কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত কাৰণ সম্পর্কে যি অনুমান কৰা হয় তাকেই শেষবৎ অনুমান বোলা হয়। উদাহৰণস্বৰূপে, পুৱা শুই উঠি তিতা চোতালখন দেখি অনুমান কৰা হয় যে আগনিশা বৰষুণ দিছিল ।

সামান্যতোদৃষ্ট অনুমান যি অনুমানত কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত নিৰ্ভৰ নকৰাকৈ পূৰ্বৰ অবিৰোধী অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি সামান্য বচন প্রতিষ্ঠা কৰা হয় তাক সামান্যতোদৃষ্ট অনুমান বোলা হয়। উদাহৰণস্বৰূপে, অতীতত সকলো শিং থকা জন্তুৰ ফটা খুৰাৰ অবিৰোধী অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি বৰ্তমান দেখা শিং থকা জন্তুৰ খুৰাও কটা বুলি অনুমান কৰা হয়।

ব্যাপ্তি সম্বন্ধ স্থাপনৰ ওপৰত ভিত্তি কৰি অনুমানক আৰু তিনিটা ভাগত বিভক্ত কৰা হৈছে — কেৱলান্বয়ী অনুমান, কেৱল ব্যতিৰেকী অনুমান আৰু অন্বয়ী ব্যতিৰেকী অনুমান। 

কেৱলাম্বয়ী অনুমানযি অনুমান কেৱল অন্বয়ী অর্থাৎ হেতুপদ আৰু সাধ্যপদৰ মাজত থকা সদর্থক সম্বন্ধৰ ভিত্তিত প্রতিষ্ঠিত হয় তাক কেৱলান্বয়ী অনুমান বোলা হয়।

উদাহৰণস্বৰূপে 

সকলো উৎপন্ন দ্রব্য বিনাশশীল

বস্ত্ৰ হ’ল উৎপন্ন দ্রব্য

:.বস্ত্ৰ হ’ল বিনাশশীল দ্রব্য।

ব্যতিবেকী অনুমান ঃ যি অনুমান প্রক্রিয়াত ব্যাপ্তি-সম্পর্ক কেৱল ব্যতিৰেকী দৃষ্টান্তৰ ওপৰত প্রতিষ্ঠিত হয় তাক কেৱল ব্যতিৰেকী অনুমান বোলা হয়। উদাহৰণস্বৰূপে – কোনো জীৱহীন বস্তু জৈৱিক নহয়।

সকলো প্রাণী জৈৱিক 

:. সকলো প্ৰাণীৰ জীৱ আছে।

(গ) অন্বয়ী ব্যতিৰেকী অনুমানযি অনুমানত ব্যাপ্তি সম্পর্ক অন্বয়ী আৰু ব্যতিৰেকী উভয় প্ৰকাৰ দৃষ্টান্তৰ সহায়ত নিৰ্ধাৰণ কৰা হয় তাক অন্বয়ী ব্যতিৰেকী অনুমান বোলা হয়। যেনে

সকলো ধোঁৱাযুক্ত বস্তুতে জুই আছে। 

পৰ্বতখনত ধোঁৱা আছে

:. পৰ্বতখনত জুই আছে। (অন্বয়ী দৃষ্টান্ত) 

য’ত জুই নাই তাত ধোঁৱা নাই

পর্বতটোত ধোঁৱা আছে পর্বটোত জুই আছে। (ব্যতিৰেকী দৃষ্টান্ত)

 প্রশ্ন ৪ ন্যায়মতে অনুমান এটা জ্ঞান লাভৰ বৈধ উৎস হয়নে? আলোচনা কৰা। 

উত্তৰ:- ন্যায়মতে অনুমান জ্ঞান লাভৰ এটা বৈধ উৎস। ন্যায় দর্শনে যথার্থ জ্ঞানৰ উৎস হিচাপে অনুমানক যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। চার্বাক হ’ল একমাত্ৰ ভাৰতীয় দার্শনিক সম্প্রদায় যিয়ে অনুমানক যথার্থ জ্ঞান লাভৰ উপায় বা বৈধ প্রমাণ হিচাপে অস্বীকাৰ কৰিছে। প্ৰমাণ শাস্ত্র অনুসৰি প্ৰত্যক্ষ হ’ল প্ৰথম প্ৰমাণ আৰু দ্বিতীয় হ’ল অনুমান। ‘অনুমান’ শব্দটো ‘অনু’ অর্থাৎ ‘পিছত’ আৰু ‘মান’ অর্থাৎ ‘জ্ঞান’— এই শব্দ দুটা লগ লাগি গঠিত হৈছে। ইয়াৰ অৰ্থ হ’ল অন্য জ্ঞানৰ পিছত বা অন্য জ্ঞানক ভিত্তি কৰি উদ্ভৱ হোৱা জ্ঞান।

অনুমান প্রাথমিকভাৱে প্রত্যক্ষ জ্ঞানৰ ওপৰত নিৰ্ভৰশীল। উদাৰহণস্বৰূপে ধোঁৱা আৰু জুই একলেগে দেখি আমাৰ জ্ঞান হৈছে যে য’ত ধোঁৱা দেখি তাতেই জুই থাকে। ইয়াৰ পৰা এইটো সিদ্ধান্ত ল’ব পাৰি পৰ্বতটোত জুই আছে। মন কৰিবলগীয়া, শেষৰ সিদ্ধান্ত ‘পৰ্বতত জুই আছে’ বুলি স্বীকাৰ কৰোতে কোনো ইন্দ্ৰিয়ৰ সহায় লোৱা হোৱা নাই। পূর্বে লাভ কৰা প্ৰত্যক্ষ জ্ঞানৰ ভিত্তিতহে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়েই অনুমান। ন্যায় দর্শন অনুসৰি জ্ঞান সত্যৰ ওপৰত ভিত্তি কৰি অজ্ঞাত সত্যক জনাৰ পৰোক্ষ প্রক্রিয়াই অনুমান। ন্যায় দর্শন অনুসৰি অনুমানেই হৈছে যথার্থ জ্ঞানৰ উৎস।

প্রশ্ন ৫। ন্যায় দর্শন মতে অনুমান কাক বোলে ? 

উত্তৰ: ভাৰতীয় দৰ্শনত প্রত্যক্ষ হ’ল প্ৰথম প্ৰমাণ আৰু অনুমান হ’ল দ্বিতীয় প্রমাণ। চার্বাক দৰ্শনৰ বাদে আন সকলো ভাৰতীয় দার্শনিক সম্প্রদায়ে অনুমানক যথার্থ প্রমাণ হিচাবে স্বীকাৰ কৰিছে। ন্যায় দর্শনে এই অনুমানক যথার্থ জ্ঞানৰ উৎস হিচাবে যথেষ্ট গুরুত্ব দিছে। ন্যায় দর্শনিমতে অনুমান শব্দৰ অৰ্থ হৈছে অনুসৰণ কৰি লাভ কৰা জ্ঞান। ‘অনু’ শব্দৰ অৰ্থ পিছত আৰু ‘মান’ শব্দৰ অৰ্থ হৈছে জ্ঞান। অর্থাৎ অনুমানৰ অৰ্থ হৈছে যি অন্য জ্ঞানৰ জৰিয়তে লাভ কৰা জ্ঞান। অর্থাৎ জ্ঞাত বিষয়ৰ আলম লৈ অজ্ঞাত বিষয়ে লাভ কৰা জ্ঞান। প্রত্যেক অনুমানত তিনিটা পদ থাকে— (১) হেতুপদ, (২) সাধ্য পদ, আৰু (৩) পক্ষ পদ। হেতুৰ সহায়ত সাধ্য আৰু পক্ষৰ যি সম্বন্ধ জ্ঞান লাভ কৰা যায় তাক অনুমান বোলে।

উদাহৰণস্বৰূপে, পৰ্বতত জুই আছে কাৰণ পৰ্বতটো ধোঁৱা যুক্ত। যাঁতেই ধোঁৱা থাকে, তাতেই জুই থাকে। ইয়াত পৰ্বতত ধোঁৱা আমি দেখিছো। ই জ্ঞাত অভিজ্ঞতা। কিন্তু জুইৰ প্রত্যক্ষ জ্ঞান নথকা সত্ত্বেও ধোঁৱাৰ সৈতে জুইৰ সম্পৰ্ক ব্যাপ্তি সম্বন্ধৰ পৰা উদ্ভৱ হৈছে। যেহেতু ধোঁৱা আৰু জুইৰ মাজত এক সার্বিক সম্বন্ধ আছে, গতিকে য’ত ধোঁৱা আছে তাত জুই আছে এই অনুমানটো কৰা হ’ল।

প্রশ্ন ৬। ভাৰতীয় দৰ্শনত লৌকিক প্রত্যক্ষ কাক বোলে। অলৌকিক প্রত্যক্ষৰ প্ৰকাৰসমূহ আলোচনা কৰা।

উত্তৰ : ন্যায় দর্শনে প্রত্যক্ষক দুটা প্রধান ভাগত ভাগ কৰিছে। সেই দুটা ভাগ হ’ল— লৌকিক প্রত্যক্ষ আৰু অলৌকিক প্রত্যক্ষ। যেতিয়া ইন্দ্ৰিয়ৰ সান্নিধ্যত বাহ্যবস্তুৰ পোনপটীয়া যোগাযোগ হয় তাক লৌকিক প্রত্যক্ষ বোলে। লৌকিক প্রত্যক্ষ আকৌ দুই প্ৰকাৰৰ। বাহ্য প্রত্যক্ষ আৰু মনন প্রত্যক্ষ। আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা গ্ৰহণ কৰা প্ৰত্যক্ষক ব্যাখ্যা প্রত্যক্ষ আৰু ষষ্ঠ ইন্দ্ৰিয় মন বা অন্তৰেন্দ্ৰিয়ৰ দ্বাৰা গ্ৰহণ কৰা অৰ্থাৎ আমাৰ চিন্তা, ইচ্ছা, অনুভূতি আদিৰ দ্বাৰা গ্ৰহণ কৰা প্ৰত্যক্ষক মানন প্রত্যক্ষ বোলে।

গতিকে ইন্দ্ৰিয়ৰ সংস্পৰ্শৰ ফলত উদ্ভৱ হোৱা জ্ঞানক লৌকিক ৰূপ বোলে৷ ন্যায় দৰ্শনৰ মতে কিছুমান ক্ষেত্ৰত ইন্দ্ৰিয়ৰ দ্বাৰা সাক্ষাতভাৱে বিষয়বস্তু প্রত্যক্ষ কৰা নায়ায়। গতিকে তেনে ক্ষেত্ৰত অলৌকিক প্রত্যক্ষৰ ফলত জ্ঞান উৎপন্ন হয়। গতিকে ইন্দ্ৰিয়ৰ অলৌকিক সংযোগৰ ফলত উৎপত্তি হোৱা জ্ঞানক অলৌকিক প্রত্যক্ষ বোলে।

এই অলৌকিক প্রত্যক্ষ তিনি প্ৰকাৰৰ – সামান্য লক্ষ্মণ প্রত্যক্ষ, জ্ঞান লক্ষণ প্ৰত্যক্ষ আৰু যোগজ প্রত্যক্ষ

১। সামান্য লক্ষণ প্রত্যক্ষ যেতিয়া কোনো এটা জাতি বা শ্ৰেণীৰ সাৰ ধৰ্ম্ম বা লক্ষণক সেই শ্রেণীৰ অন্তৰ্গত কোনো বস্তু বা ব্যক্তিৰ ক্ষেত্ৰত প্ৰত্যক্ষ কৰা যায় তেনে প্রত্যক্ষক সামান্য লক্ষ্মণ প্রত্যক্ষ বোলে। যেতিয়া আমি এটা ঘট প্রত্যক্ষ কৰো আমি সেইটো সেই জাতি বা শ্ৰেণীৰ সাধাৰণ লক্ষণ বা সাৰধৰ্ম্ম বা ‘ঘটত্বক’ প্রত্যক্ষ কৰো। এই প্রত্যক্ষৰ ভিত্তিতে ‘ঘটত্ব’ নামৰ সাধাৰণ লক্ষণ বা সাধর্ম অন্যান্য সকলো ঘটৰ ক্ষেত্ৰতেই প্রত্যক্ষ কৰো। এনে প্রত্যক্ষক সামান্য লক্ষণ প্রত্যক্ষ বোলে। যেতিয়া আমি কোনো ব্যক্তি কোনো এটা বিশেষ শ্ৰেণীৰ বুলি জানো তেতিয়া সেই জাতিৰ অন্তৰ্গত সাৰধৰ্ম্মর্ক জানো আৰু সেই জাতিৰ সাৰধৰ্ম্ম জনা মানে সেই শ্ৰেণীৰ সকলো ব্যক্তিৰ চৰিত্ৰৰ বিষয়ে জন্য।

২। জ্ঞান লক্ষণ প্রত্যক্ষঃ অলৌকিক প্রত্যক্ষৰ দ্বিতীয় প্ৰকাৰ হৈছে জ্ঞানলক্ষণ প্রত্যক্ষ। আমি যেতিয়া পূর্বজ্ঞানৰ ওপৰত ভিত্তি কৰি কোনো এটা বস্তু প্রত্যক্ষ কৰো তেনে প্রত্যক্ষক জ্ঞান লক্ষণ প্রত্যক্ষ বোলে। যেতিয়া মই এটুকুৰা চন্দন কাঠ দেখো তেতিয়া মই চন্দৰ কাঠৰ গোন্ধৰ জ্ঞান বা প্রত্যক্ষ কৰো। এইটো জ্ঞান লক্ষণ প্রত্যক্ষৰ বাহিৰে আম একোৰে ব্যাখ্যা কৰিব নোৱাৰি । পূৰ্বজ্ঞানৰ ওপৰত ভিত্তি কৰি আজি চন্দন কাঠটুকুৰা দেখিয়েই ইয়াৰ গোন্ধ প্রত্যক্ষ কৰিব পাৰো। ইয়াৰ নাকৰ কাম চকুৰে চাই সম্পন্ন কৰা হৈছে৷ গতিকে আমি কব পাৰো যে, গোন্ধ আৰু ইন্দ্ৰিয়ৰ মাজত এটা অলৌকিক সম্বন্ধ আছে। ইয়াত গোন্ধক পূর্ব জ্ঞানৰ ভিত্তিত দুৰত চন্দন কাঠ টুকুৰা দেখিয়েই ইয়াৰ গোন্ধ দেখিবলৈ পাওঁ। এনে প্ৰত্যক্ষক জ্ঞান লক্ষণ প্রত্যক্ষ বোলে।

যোগজ প্রত্যক্ষঅলৌকিক প্রত্যক্ষৰ তৃতীয় প্ৰকাৰ হ’ল যোগজ প্রত্যক্ষ। এই প্ৰকাৰ প্রত্যক্ষ যোগ অভ্যাসৰ দ্বাৰা যোগী সকলে লাভ কৰিব পাৰে। ই এক প্ৰকাৰ স্বজ্ঞা জ্ঞান। যিবিলাকে আধ্যাত্মিক সম্পূর্ণতা লাভ কৰে তেওঁলোকে এই স্বজ্ঞাৰ জৰিয়তে কোনো বস্তুৰ জ্ঞান লাভ কৰে। এনে প্ৰকাৰ প্ৰত্যক্ষত ইন্দ্ৰিয় আৰু বিষয়বস্তুৰ সাধাৰণ সংযোগ নঘটে। ইন্দ্রিয় আৰু মন সুনিয়ন্ত্ৰিত কৰি যোগীসকলে এই প্ৰকাৰ যোগজ প্রত্যক্ষ লাভ কৰিব পাৰে। ইয়াক একপ্ৰকাৰ আধ্যাত্মিক প্রত্যক্ষ বুলিও ক’ব পাৰি।

HS First Year Logic And Philosophy Questions Answer তৰ্কবিজ্ঞান আৰু দর্শন

প্রথম খণ্ড – তৰ্কবিজ্ঞান

Unit- IContentsLinks
Unit- IIতর্কবিজ্ঞান ( Logic)
সংজ্ঞা, প্রকৃতি, পৰিসৰ আৰু উপযোগিতা পৰম্পৰাগত আৰু আধুনিক তর্কবিজ্ঞান
Click here
উপসর্গ ( Proposition) :- বচন (Proposition) পদ (Term)Click here
বচন (Proposition)Click here
সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন (Transformation of ordinary sentences to logical proposition)Click here
তৰ্কীয় বচনত পদৰ ব্যাপ্ততা (Distribution of Term In a Logical Proposition)Click here
বচনৰ আধুনিক শ্রেণীবিভাজন (Modern Classification of Proposition)Click here
Unit-IIIঅনুমান, নিৰপেক্ষ ন্যায় ( Inference, Categorical Syllogism)Click here
Unit- IVপ্রতিকাত্মক তর্কবিজ্ঞান ( Symbolic Logic)Click here

দ্বিতীয় খণ্ড – দর্শন

Unit- Vদর্শন (Philosophy)Click here
Unit- VIভাৰতীয় দর্শন ( Indian Philosophy )Click here
Unit- VIIজ্ঞান উৎপত্তি সম্পৰ্কীয় ( Theories of the origin of knowledge )Click here
প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমানClick here
Unit- VIIIবাস্তৱবাদ আৰু ভাৱবাদ (Realism and Idealism)Click here

This Post Has 4 Comments

Leave a Reply