Class 11 Logic and Philosophy Chapter 7- জ্ঞানৰ উৎপত্তি সম্পর্কীয় তত্ত্ব বা মতবাদ

Class 11 Logic and Philosophy Chapter 7- জ্ঞানৰ উৎপত্তি সম্পর্কীয় তত্ত্ব বা মতবাদ। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 11 Logic and Philosophy Chapter 7- জ্ঞানৰ উৎপত্তি সম্পর্কীয় তত্ত্ব বা মতবাদ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

Hs First Year Question Answer (Assamese Medium)

ইংৰাজী (English)Click Here
অসমীয়া Click Here
हिन्दीClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
তৰ্কবিদ্যা আৰু দর্শন (Logic & Philosophy)Click Here
পৰিৱেশ শিক্ষা ( Environmental Studies)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
সমাজতত্ত্ব (sociology)Click Here
অৰ্থনীতি (Economy)Click Here
ৰাজনীতি (Political Science)Click Here
ভূগোল (Geography)Click Here

HS first Year Logic and Philosophy Chapter 7- জ্ঞানৰ উৎপত্তি সম্পর্কীয় তত্ত্ব বা মতবাদ

অতি চমু প্রশ্নোত্তৰ (মূল্যাংক ১)

প্রশ্ন ১। খালী ঠাই পূৰ কৰা ঃ 

(ক) অভিজ্ঞতাবাদীসকলৰ মতে ……জ্ঞানৰ উৎস।

(খ) বুদ্ধিবাদীসকলৰ মতে জ্ঞানৰ…….. উৎস।

(গ) ডেকার্ট এজন …..দার্শনিক।

(ঘ) বার্কলে এজন…….. -দার্শনিক। 

(ঙ) লকৰ মতে জন্মৰ সময়ত আমাৰ মনটো…….. ৰ নিচিনা হৈ থাকে।

(চ) অভিজ্ঞতাবাদৰ অনিবাৰ্য পৰিণতি হৈছে ……আৰু ……. । 

(ছ) বুদ্ধিবাদৰ মতে জ্ঞান উৎপাদনত মনৰ ভূমিকা…… 

(জ) ‘অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ’ উক্তিটো ……. ৰ দৰ্শনত পোৱা যায়।

উত্তৰঃ (ক) অভিজ্ঞতা (খ) বুদ্ধি (গ) বুদ্ধিবাদী (ঘ) ভাববাদী (ঙ) উকা কাগজ (চ)সংশয়বাদ আৰু সংবেদনবাদ (ছ) সক্রিয় (জ) ভাববাদী।

প্রশ্ন ২। বুদ্ধিবাদৰ প্রতিষ্ঠাতা কোন?

উত্তৰ : ছক্ৰেটিছ।

প্রশ্ন ৩। যুক্তিবাদ কি?

উত্তৰঃ জ্ঞান উৎপত্তি সম্পৰ্কীয় যি দার্শনিক মতবাদ অনুসৰি বুদ্ধি বা যুক্তিয়েই জ্ঞানৰ একমাত্র উৎস, বুদ্ধিয়ে দিয়া জ্ঞান যথার্থ, সার্বিক আৰু অনিবার্য জ্ঞান তাকে বুদ্ধিবাদ বোলে। বুদ্ধিবাদক যুক্তিবাদ বুলিও কোৱা হয়। 

প্রশ্ন ৪। জ্ঞানবিদ্যা দর্শনৰ ভেটি হয়নে?

উত্তৰ: হয়।

প্রশ্ন ৫। গণিতীয় বুদ্ধিবাদৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰঃ ডেকাৰ্ট।

প্রশ্ন ৬। অভিজ্ঞতাবাদৰ প্রতিষ্ঠাতা কোন?

উত্তৰ: বেকন।

প্রশ্ন ৭। জ্ঞান অভিজ্ঞতাৰপৰা উৎপত্তি হয়নে?

উত্তৰঃ হয়।

প্রশ্ন ৮। আত্মকেন্দ্রিকতাবাদ কি?

উত্তৰ : নিজৰ মন আৰু মনৰ ধাৰণাবোৰৰ জগতখনৰ বাহিৰে কোনো বস্তুৰ অস্তিত্ব নাই বুলি ভবা মতবাদক আত্মকেন্দ্রিকতাবাদ বোলে।

প্রশ্ন ৯। সত্তা কি?

উত্তৰ : বাস্তব বা সঁচাসচিকে অস্তিত্বশীল বস্তুৰ এটা অৱস্থা বা গুণেই হৈছে সত্তা।

প্রশ্ন ১০। কাণ্টৰ মতে বস্তুৰ ৰূপ দুটা কি কি?

উত্তৰঃ কাণ্টৰ মতে বস্তুৰ ৰূপ দুটা হ’ল– বাহা ৰূপ আৰু আক্তৰূপ৷

HS First Year Logic And Philosophy Questions Answer তৰ্কবিজ্ঞান আৰু দর্শন

প্রথম খণ্ড – তৰ্কবিজ্ঞান

Unit- IContentsLinks
Unit- IIতর্কবিজ্ঞান ( Logic)
সংজ্ঞা, প্রকৃতি, পৰিসৰ আৰু উপযোগিতা পৰম্পৰাগত আৰু আধুনিক তর্কবিজ্ঞান
Click here
উপসর্গ ( Proposition) :- বচন (Proposition) পদ (Term)Click here
বচন (Proposition)Click here
সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন (Transformation of ordinary sentences to logical proposition)Click here
তৰ্কীয় বচনত পদৰ ব্যাপ্ততা (Distribution of Term In a Logical Proposition)Click here
বচনৰ আধুনিক শ্রেণীবিভাজন (Modern Classification of Proposition)Click here
Unit-IIIঅনুমান, নিৰপেক্ষ ন্যায় ( Inference, Categorical Syllogism)Click here
Unit- IVপ্রতিকাত্মক তর্কবিজ্ঞান ( Symbolic Logic)Click here

দ্বিতীয় খণ্ড – দর্শন

Unit- Vদর্শন (Philosophy)Click here
Unit- VIভাৰতীয় দর্শন ( Indian Philosophy )Click here
Unit- VIIজ্ঞান উৎপত্তি সম্পৰ্কীয় ( Theories of the origin of knowledge )Click here
প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমানClick here
Unit- VIIIবাস্তৱবাদ আৰু ভাৱবাদ (Realism and Idealism)Click here

প্রশ্ন ১১। “সংবেদন অবিহনে মন শূন্য আৰু মন অবিহনে সংবেদন অন্ধ”— এই কথাষাৰ কোনে কৈছিল?

উত্তৰ: কাণ্টে।

প্রশ্ন ১২। “যি বৌদ্ধিক সেয়ে বাস্তৱ আৰু যি বাস্তৱ সিয়ে বৌদ্ধিক”– এই কথাষাৰ কোনে কৈছিল ?

উত্তৰ: হেগেলে।

প্রশ্ন ১৩। ডেকার্ট এজন বুদ্ধিবাদী দার্শনিক হয়নে?

উত্তৰ: হয়।

প্রশ্ন ১৪। “বুদ্ধিত এনে বস্তু নাই, যাক ইন্দ্ৰিয়ৰ জৰিয়তে আগতে লাভ কৰা নাযায়”— এই উক্তিটোৰ লগত জড়িত দার্শনিকজনৰ নাম উল্লেখ কৰা।

উত্তৰঃ জন ল’ক।

প্রশ্ন ১৫। বুদ্ধিবাদ অনুসৰি “মানুহৰ জ্ঞান কেতিয়াও প্রত্যক্ষপূর্ব নহয়, কিন্তু সদায় প্রত্যক্ষোত্তৰ” — এই উক্তিটো সঁচানে?

উত্তৰ্ঃ মিছা।

প্রশ্ন ১৬। “জন্মৰ সময়ত মানুহৰ মন এখন উকা ফলি বা ‘টেবুলাৰাশাৰ’ দৰে”— এই উক্তিটোৰ দ্বাৰা প্ৰকাশিত মতবাদটোৰ নাম কি ?

উত্তৰ ঃ অভিজ্ঞতাবাদ।

প্রশ্ন ১৭। লক, ডেকাৰ্ট আৰু লাইবনিজ – এই দার্শনিক কেইগৰাকীৰ ভিতৰত কোনে অন্তৰ্জাত ধাৰণাক খণ্ডন কৰিছিল?

উত্তৰ: লকে।

প্রশ্ন ৭। দুজন বুদ্ধিবাদী গ্রীক দার্শনিকৰ নাম লিখা।

উত্তৰঃ দুজন বুদ্ধিবাদী গ্রীক দার্শনিকৰ নাম― ছক্ৰেটিছ আৰু প্লেটো 

প্রশ্ন ৮। আধুনিক পাশ্চাত্য দৰ্শনৰ জনক বুলি কাক কোৱা হয়?

উত্তৰ ঃ ৰেনে ডেকাৰ্ট (Rene Descartes) ক আধুনিক পাশ্চাত্য দৰ্শনৰ জনক বুলি কোৱা হয়।

চমু প্রশ্নোত্তৰ 

প্রশ্ন ১। যুক্তিবাদ বুলিলে কি বুজা?

উত্তৰ ঃ জ্ঞানৰ উৎপত্তি সম্পর্কীয় যি দার্শনিক মতবাদ অনুসৰি বুদ্ধি বা যুক্তিয়েই জ্ঞানৰ একমাত্র উৎস, বুদ্ধিয়ে দিয়া জ্ঞান যথার্থ, সার্বিক আৰু অনিবার্য জ্ঞান তাকে যুক্তিবাদ বোলে।”

প্রশ্ন ২। অভিজ্ঞতাবাদ বুলিলে কি বুজা? 

উত্তৰ ঃ জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় যি দার্শনিক মতবাদ অনুসৰি কেৱল ইন্দ্ৰিয় জ্ঞানৰ একমাত্ৰ উৎস, সেই মতবাদক অভিজ্ঞতাবাদ বোলে৷ 

প্রশ্ন ৩। বুদ্ধিবাদবাদৰ এটা উদাহৰণ দিয়া ৷

উত্তৰ ঃ বুদ্ধিবাদৰ উদাহৰণ – ২ আৰু ২ যোগ কৰিলে ৪ হয়।

প্রশ্ন ৪। বুদ্ধিবাদৰ বৈশিষ্ট্যসমূহ কি কি? 

উত্তৰঃ বুদ্ধিবাদৰ বৈশিষ্ট্যসমূহ হ’ল—

 (ক) বুদ্ধিয়েই যথার্থ জ্ঞানৰ একমাত্ৰ উৎস। বুদ্ধিৰ পৰাই স্বতঃসিদ্ধ আৰু অৱশ্যস্বীকার্য অন্তর্জাত ধাৰণাবোৰ পোৱা যায়।

(খ) অন্তৰ্জাত ধাৰণাৰ পৰাই জ্ঞানৰ উৎপত্তি হয়। অন্তৰ্জাত ধাৰণাৰ পৰা লাভ কৰা জ্ঞান অনিবাৰ্য, সার্বজনীন আৰু নিশ্চিত।

(গ) অন্তৰ্জাত ধাৰণাসমূহৰ পৰা জ্ঞান গঠন কৰাৰ সময়ত মানুহৰ মনে সক্রিয় ভূমিকা গ্ৰহণ কৰে। 

(ঘ) বুদ্ধিবাদী দার্শনিকসকলে ইন্দ্রিয় অভিজ্ঞতাক সম্পূর্ণভাৱে অস্বীকাৰ কৰা নাই। 

প্রশ্ন ৫। হিউমক কিয় চমপন্থী অভিজ্ঞতাবাদী দার্শনিক বুলি কোৱা হয়? 

উত্তৰঃ হিউমৰ মতে জ্ঞান সম্পূর্ণভাৱে অভিজ্ঞতালব্ধ।

হিউমৰ অভিজ্ঞতাবাদত ইন্দ্রিয় সংবেদনৰ বাহিৰে আন কোনো জ্ঞানৰ স্থান নাই। যাক ইন্দ্ৰিয় প্রত্যক্ষৰ দ্বাৰা ব্যাখ্যা কৰিব নোৱাৰি তেনে ধাৰণা বা বস্তুৰ অস্তিত্ব স্বীকাৰ কৰিব নোৱাৰি। জ্ঞানৰ উৎস হিচাবে অভিজ্ঞতাৰ প্ৰতি থকা এনে আনুগত্যৰ কাৰণে হিউমক পাশ্চাত্য দর্শনত এজন চৰমপন্থী অভিজ্ঞতাবাদী বুলি অভিহিত কৰা হয়।

প্রশ্ন ৬। হিউমক কিয় সংশয়বাদী দার্শনিক বুলি অভিহিত কৰা হয়?

উত্তৰ ঃ হিউমৰ মতে বৈজ্ঞানিক জ্ঞান সার্বিক আৰু সুনিশ্চিত নহয়। কাৰণ বৈজ্ঞানিক জ্ঞান কার্য-কাৰণ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত আৰু কাৰ্য-কাৰণ সম্বন্ধ সঠিক আৰু অনিবার্য সম্বন্ধ নহয়। অনিবার্য সম্বন্ধ এই জ্ঞান অভিজ্ঞতাৰ পৰা লাভ কৰিব নোৱাৰি। হিউমৰ মতে সার্বিক আৰু অনিবার্য সত্যত কোনো অস্তিত্ব নাই। কাৰণ এই জ্ঞান অভিজ্ঞতালব্ধ নহয়। হিউমৰ মতে কোনো জ্ঞানেই সুনিশ্চিত নহয়। সকলো জ্ঞানেই সম্ভাব্য। সেই কাৰণে হিউমক সংশয়বাদী দার্শনিক বুলি অভিহিত কৰা হয়।

প্রশ্ন ৭। ‘জন্মৰ সময়ত মানুহৰ মন এখিলা অলিখিত কাগজৰ দৰে বুলি কোনে কৈছিল? কথাষাৰ ব্যক্ত কৰা সিদ্ধান্তটো কি? 

উত্তৰঃ জন ল’কে (John Locke) উক্ত কথাষাৰ কৈছিল। এই কথাষাৰ ব্যক্ত কৰা সিদ্ধান্তটো হৈছে– লকৰ মতে সকলো জ্ঞান অভিজ্ঞতালব্ধ বা অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল। উক্ত কথাষাৰ ব্যক্ত কৰা সিদ্ধান্তটো হৈছে— “বুদ্ধিত এনে কোনো ধাৰণা নাই, যাক ইন্দ্ৰিয়ৰ পৰা আগতে লাভ কৰা নাযায়। (There is nothing in the intellect which was not previously in the sense.) 

প্রশ্ন ৮। ‘পূর্বতে ইন্দ্ৰিয়ত নথকা কোনো কথাই বুদ্ধিত থাকিব নোৱাৰে’ –এই উক্তিটো কাৰ? তেওঁ জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় কোনটো মতবাদৰ লগত জড়িত ?

উত্তৰঃ উক্ত উক্তিটো জন ল’কৰ (John Locke)। তেওঁ অভিজ্ঞতাবাদৰ লগত জড়িত। 

প্রশ্ন ৯। অন্তৰ্জাত ধাৰণা কি? জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় কোনটো তত্ত্বৰ লগত অন্তর্জাত ধাৰণা তত্ত্বটো জড়িত?

উত্তৰ : ডেকাৰ্টৰ মতে আমাৰ মনত হুমান ধাৰণা জন্মতে ঈশ্বৰে ৰোপণ কৰি দিয়ে। সেই ধাৰণাবোৰ হৈছে অসীমতা, নিত্যতা, ঈশ্বৰৰ ধাৰণা, নৈতিকতাৰ ধাৰণা, কাৰ্য-কাৰণৰ ধাৰণা ইত্যাদি। এই ধাৰণাবোৰ ডেকার্টে অন্তৰ্জাত ধাৰণা বুলি কৈছে। যথার্থ জ্ঞান অন্তর্জাত ধাৰণাৰ পৰা বুদ্ধিৰ জৰিয়তে লাভ কৰা হয়।

অন্তৰ্জাত ধাৰণা তত্ত্বটো জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় মতবাদ— বুদ্ধিবাদৰ লগত জড়িত। 

প্রশ্ন ২। পার্থক্য লিখা : (ক) প্রত্যক্ষপূৰ্ব আৰু প্ৰত্যক্ষোত্তৰ

উত্তৰ : প্রত্যক্ষপূৰ্ব বুলি ক’লে অভিজ্ঞতাৰ পৰা স্বতন্ত্ৰ আৰু ইন্দ্ৰিয় অভিজ্ঞতাৰ পৰা আগতে পোৱা জ্ঞানৰ উপাদানক বুজায়। সাধাৰণতে ধাৰণা, বচন, অৱধাৰণ আদিৰ ক্ষেত্ৰত প্রত্যক্ষ পূৰ্বৰ শব্দটো ব্যৱহাৰ কৰা হয়। দার্শনিক সিদ্ধান্তৰ বুদ্ধিবাদ, ভাববাদ আদি প্রত্যক্ষপূর্ব দার্শনিক মত। এই মতবাদবোৰে সত্যৰ জ্ঞান লাভৰ ক্ষেত্ৰত প্ৰত্যক্ষপূৰ্ব ধাৰণা স্বীকাৰ কৰে। যিবোৰ বচন প্ৰাসংগিক ধাৰণাবোৰ আয়ত্ত কৰাৰ পিছতেই জানো বা জানিব পাৰো। যেনে— ‘দুই’ আৰু ‘দুই’ মিলি চাৰিৰ সমান হয় ইত্যাদি। এনেবোৰ ক্ষেত্ৰত প্ৰত্যক্ষপূৰ্ব শব্দটোৰ ধাৰণা প্রযোজ্য।

আনহাতে, ‘প্রত্যক্ষোত্তৰ’ শব্দটোৱে অভিজ্ঞতাৰ জৰিয়তে লাভ কৰা অৰ্থাৎ অভিজ্ঞতাৰ পিছৰ জ্ঞানক বুজায়। পঞ্চইন্দ্ৰিয়, সংবেদন আদিৰ জৰিয়তে ধাৰণা, বচন, অৱধাৰণ আদিৰ জ্ঞান পোৱা অৱস্থাটোৱেই হ’ল প্রত্যক্ষোত্তৰ। অভিজ্ঞতাবাদ, বাস্তৱবাদ আদি দার্শনিক মতবাদবোৰে প্রত্যক্ষোত্তৰ জ্ঞান-মীমাংসামূলক সিদ্ধান্ত গ্রহণ কৰে। প্রত্যক্ষপূৰ্ব জ্ঞান লাভৰ উপায় হ’ল ধাৰণা বা প্রত্যক্ষ। আনহাতে, প্রত্যক্ষোত্তৰ জ্ঞান লাভৰ উপায় হ’ল ইন্দ্ৰিয় সংবেদন।

(খ) যুক্তিবাদ আৰু অভিজ্ঞতাবাদ।

উত্তৰ ঃ (১) অভিজ্ঞতাবাদ অনুসৰি জ্ঞানৰ একমাত্ৰ উৎস হ’ল ইন্দ্ৰিয় সংবেদন। বাহ্যিক জগতৰ স্বতন্ত্র অস্তিত্বশীল বস্তুৰ স্থান ইন্দ্ৰিয় সংবেদনে প্রত্যক্ষভাৱে দিব পাৰে। ইন্দ্রিয় সংবেদনেই বৈধ জ্ঞানৰ উপায়।

আনহাতে, বুদ্ধিবাদ অনুসৰি বুদ্ধি বা যুক্তি হল জ্ঞানৰ একমাত্ৰ উৎস। ইন্দ্ৰিয়ই দিব পৰা জ্ঞান ত্রুটিপূর্ণ আৰু নিশ্চিত নহয় বুলি বুদ্ধিবাদীসকলে প্রকাশ কৰে। 

(২) অভিজ্ঞতাবাদ অনুসৰি অভিজ্ঞতাৰ পূৰ্বে ব্যক্তিৰ মনত কোনো পূর্বজাত জ্ঞান বা ধাৰণা নাথাকে। জন্মৰ সময়ত মানুহৰ মন উকা হৈ থাকে। অভিজ্ঞতাবাদী দার্শনিক জন লকৰ মতে, আমাৰ মন জন্মৰ সময়ত এখন ‘উকা ফলি’ৰ দৰে। পিছত অভিজ্ঞতাৰ পৰা উকা মন পৰিপূৰ্ণ হয়।

আনহাতে, বুদ্ধিবাদী দার্শনিকে পূর্বজাত ধাৰণা স্বকীৰ কৰে। তেওঁলোকৰ মতে জ্ঞান অভিজ্ঞতাপূর্ব। তেওঁলোকে নিশ্চিত জ্ঞান আৰু ভ্ৰান্তিহীন জ্ঞানৰ কেন্দ্ৰ হিচাপে অন্তর্জাত ধাৰণা স্বীকাৰ কৰিছে।

(৩) অভিজ্ঞতাবাদ মতে, ইন্দ্রিয় অভিজ্ঞতাই যথাৰ্থ আৰু নিশ্চিত। এই মতবাদ মতে জ্ঞাতাৰ পৰা স্বতন্ত্র এখন বাস্তৱ জগত আছে আৰু ইন্দ্ৰিয়ই সেই জগতৰ যথাৰ্থ জ্ঞান দিয়ে। আনহাতে, বুদ্ধিবাদে অন্তর্জাত ধাৰণাৰ দ্বাৰা লাভ কৰা জ্ঞানকহে নিশ্চিত আৰু অভ্ৰাস্ত বুলি স্বীকাৰ কৰে।

(৪) অভিজ্ঞতাবাদ মতে, জ্ঞাতা আৰু জ্ঞেয় বস্তুৰ সম্পৰ্ক বাহ্যিক। কাৰ্য-কাৰণ সম্পর্ক, তদাত্ম্য সম্পর্ক আদি বাহ্যিক নিয়মেৰে নিয়ন্ত্রিত। আনহাতে, বুদ্ধিবাদৰ মতে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজৰ সম্পৰ্ক আন্তৰিক।

ৰচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। অন্তৰ্জাত ধাৰণা বুলিলে কি বুজা ? লকে কিদৰে অন্তৰ্জাত ধাৰণাক খণ্ডন কৰিছে?

উত্তৰ ঃ আধুনিক পাশ্চাত্য দৰ্শনৰ জনক ডেকার্টে অন্তৰ্জাত ধাৰণা সম্বন্ধে এটা গুৰুত্বপূৰ্ণ মত আগবঢ়াইছে। তেওঁৰ মতে জ্ঞান যুক্তিজনিত। স্বতঃসিদ্ধ তথ্য আমি আমাৰ যুক্তিৰ দ্বাৰা প্ৰত্যক্ষ কৰো। ঈশ্বৰে আমাৰ মনত কিছুমান ধাৰণা জন্মতে ৰোপণ কৰি দিছে। এই ধাৰণাসমূহ স্পষ্ট আৰু প্ৰাঞ্জল। গতিকে এইবোৰ ধাৰণা সত্য আৰু স্বতঃসিদ্ধ। এই ধাৰণাসমূহ হ’ল, অসীমতাৰ ধাৰণা, নিত্যতাৰ ধাৰণা, কাৰ্য-কাৰণৰ ধাৰণা, পূৰ্ণতাৰ ধাৰণা, ঈশ্বৰৰ ধাৰণা ইত্যাদি।

অন্তৰ্জাত ধাৰণাসমূহ জন্মগত, অভিজ্ঞতাপূৰ্ব। এই ধাৰণাবোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা উদ্ভৱ হোৱা বুলি ক’ব নোৱাৰি।

বুদ্ধিবাদীসকলৰ মতে মনৰ ভিতৰৰ পৰাই কিছুমান ধাৰণাৰ উদ্ভৱ হয় এই ধাৰণাবোৰ অভিজ্ঞতাপূৰ্ব আৰু অন্তর্জাত। প্রাচীন বুদ্ধিবাদী দার্শনিক চক্ৰেটিছ, প্লেটো আদিৰ মতে বুদ্ধি বা মনৰ পৰাই জ্ঞানৰ উৎপত্তি হয়। প্রকৃত জ্ঞান অনিবাৰ্য আৰু নিশ্চিত।

আধুনিক বুদ্ধিবাদীসকলৰ ভিতৰত ডেকার্টে, স্পিনোজা, লাইবনিজ আৰু উলফৰ নাম বিশেষভাৱে উল্লেখ কৰিব পাৰি।

ডেকার্টে, অন্তৰ্জাত ধাৰণাৰ ওপৰত এটা গুৰুত্বপূৰ্ণ তত্ত্ব আগবঢ়াইছে। এই ধাৰণাবোৰ স্পষ্ট আৰু স্বচ্ছ। এই ধাৰণাবোৰ অভিজ্ঞতাত পোৱা নাযায়। জন্মৰ সময়ত এই ধাৰণাবোৰ সুপ্ত অৱস্থাত থাকে। বুদ্ধিৰ দ্বাৰ এই ধাৰণাবোৰৰ পৰাই জ্ঞানৰ উৎপত্তি হয়।

ডেকার্টে ধাৰণাবোৰক তিনিটা শ্ৰেণীত বিভক্ত কৰিছে। 

১। আগন্তুক ধাৰণা, (Adventitious Ideas )

২। কৃত্রিম ধাৰণা (Fictitious Ideas ) 

৩। অন্তর্জাত ধাৰণা (Innate Ideas )

ইন্দ্রিয়জাত বা অভিজ্ঞতাৰ পৰা উৎপত্তি হোৱা ধাৰণাবোৰ আগন্তুক ধাৰণা। এইবোৰ স্বচ্ছ আৰু প্ৰাঞ্জল নহয়। 

কল্পনাপ্রসূত ধাৰণাবোৰ কৃত্রিম ধাৰণা৷ এইবোৰ স্পষ্ট নহয় ৷

কিন্তু অন্তৰ্জাত ধাৰণাবোৰ জন্মজাত। এইবোৰ স্পষ্ট আৰু প্ৰাঞ্জল। এই অন্তৰ্জাত ধাৰণাৰ পৰাই বুদ্ধিৰ দ্বাৰা যথার্থ জ্ঞানৰ উৎপত্তি হয়। এই জ্ঞান নিশ্চিত। এই অন্তৰ্জাত ধাৰণাসমূহৰ ভিতৰত ঈশ্বৰৰ অস্তিত্বৰ ধাৰণা বিশেষ উল্লেখযোগ্য। এই অন্তৰ্জাত ধাৰণাবোৰৰ দুটা বৈশিষ্ট্যতা আছে। এই বৈশিষ্ট্য দুটা হ’ল – সার্বিকতা আৰু অনিবার্যতা। এই ধাৰণাবোৰ ডেকাৰ্টৰ মতে সকলো মনত জন্মতে সমানে থাকে। জন ল’কৰ দ্বাৰা অন্তৰ্জাত ধাৰণা খণ্ডনঃ জন ল’কে তেওঁৰ অভিজ্ঞতাবাদ প্রতিষ্ঠা কৰোতে প্ৰথমতে ডেকাৰ্টৰ অন্তৰ্জাত ধাৰণাৰ বিৰুদ্ধে কিছুমান যুক্তি ডাঙি ধৰি তাক খণ্ডন কৰিছিল। সেই যুক্তিবোৰ হৈছে– 

১। মানুহৰ মনত যদি অন্তর্জতি ধাৰণা থাকিলেহেতেন তেন্তে সেই ধাৰণাবোৰ সকলো মনতে সমভাৱে উপস্থিত থাকিব লাগিছিল। কিন্তু বাস্তবত দেখা যায় যে, এই ধাৰণাবোৰ সমভাৱে সকলো মনত জন্মতে উপস্থিত নাথাকে। শিশু, মূর্খ, বৰ্বৰ, অশিক্ষিত লোকৰ মনত অসীমতাৰ ধাৰণা, নিত্যতা, কাৰ্য কাৰণৰ ধাৰণা, ঈশ্বৰৰ ধাৰণা আদি তথাকথিত অন্তৰ্জাত ধাৰণাবোৰ উপস্থিত নাই। এই ধাৰণাবোৰৰ বিষয়ে সকলো সমানে সচেতনো নহয়। গতিকে মানুহৰ মনত তেনে কোনো অন্তর্জাত ধাৰণা জন্মতে নাথাকে।

২। অন্তৰ্জাত ধাৰণা হ’লে সকলো মনতে একে হোৱা বাঞ্ছনীয়। কিন্তু ঈশ্বৰৰ ধাৰণা, নৈতিকতাৰ ধাৰণা, কাৰ্যকাৰণৰ ধাৰণা আদি ব্যক্তি আৰু সমাজভেদে বেলেগ বেলেগ হোৱা দেখা যায়। গতিকে জন্মতে কোনো অন্তৰ্জাত ধাৰণা লৈ মানুহ জন্মগ্ৰহণ নকৰে। এনে কোনো সহজাত ধাৰণা নাই যিটো সকলোৱে সার্বিকভাৱে গ্রহ৭ণ কৰিব পাৰে। যিটো এজন ব্যক্তি বা সমাজৰ কাৰণে নৈতিক কর্তব্য বুলি বিবেচিত সি আন এজন ব্যক্তি বা সমাজৰ বাবে পাপ বুলি বিবেচিত হয়। ঈশ্বৰৰ ধাৰণাও ব্যক্তি আৰু সমাজভেদে বেলেগ বেলেগ হয়।

৩। মানুহৰ মনত প্ৰথমতে সার্বিক নিয়ম বা নীতিৰ ধাৰণা উদ্ভৱ নহয়। প্রথমে মানুহে মূর্ত বিশিষ্ট বস্তুৰ ধাৰণাহে কৰিব পাৰে। বিশিষ্ট বস্তুৰ ধাৰণা অভিজ্ঞতাৰ পৰাহে উৎপত্তি হয়। আকৌ কোনো ধাৰণা সকলোৰে মনত একে হ’লেও সি অন্তর্জাত নহ’বও পাৰে। যেনে জুই, তাপ সম্পর্কে ধাৰণাবোৰ সকলোৰে মনত একে। কিন্তু সেইবুলি এই ধাৰণাবোৰ অন্তৰ্জাত নহয়৷ এইবোৰ ধাৰণা অভিজ্ঞতাৰ পৰাহে অৰ্জন কৰা হয়।

এনেকৈ ল’কে যুক্তি প্ৰদৰ্শন কৰি ডেকাৰ্টৰ অন্তৰ্জাত ধাৰণাৰ অস্তিত্ব খণ্ডন কৰিছিল। 

প্রশ্ন ২। উৎপত্তি সম্পৰ্কীয় মতবাদ স্বৰূপে অভিজ্ঞতাবাদ ব্যাখ্যা কৰা। এই মতবাদ সন্তোষজনকনে?

উত্তৰ : জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় চাৰিটা মতবাদ আছে। ১। অভিজ্ঞতাবাদ, 

২। বুদ্ধিবাদ, 

৩। বিচাৰবাদ আৰু 

৪। স্বজ্ঞাবাদ।

অভিজ্ঞতাবাদ : জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় মতবাদবিলাকৰ ভিতৰত অভিজ্ঞতাবাদ এক গুৰুত্বপূৰ্ণ মতবাদ। এই মতবাদ অনুসৰি জ্ঞানৰ একমাত্ৰ মতবাদ হ’ল – অভিজ্ঞতা। এই অভিজ্ঞতা দুই প্ৰকাৰৰ – সংবেদন বা ইন্দ্রিয় অভিজ্ঞতা অনু অনুচিস্তন। চকু, কাণ, নাক আদি ইন্দ্ৰিয়ৰ দ্বাৰা বহির্জগত সম্পর্কে যি জ্ঞান পাওঁ সেয়ে সংবেদন। আকৌ আমাৰ অন্তৰেন্দ্ৰিয়ৰ • সহায়ত আমি মনৰ সুখ-দুখৰ অৱস্থাৰ জ্ঞান পাওঁ। গতিকে অভিজ্ঞতাই জ্ঞান আহৰণৰ একমাত্ৰ উপায়, বুদ্ধিয়ে যথার্থ জ্ঞান দিব নোৱাৰে।

আধুনিক দৰ্শনৰ বুৰঞ্জীত তিনিজন অভিজ্ঞতাবাদীৰ নাম পাওঁ। জন লক, জর্জ বার্কলি আৰু ডেভিদ হিউম। জ্ঞানৰ উৎস হিচাপে জন লকে অভিজ্ঞতাক পোনপ্ৰথমতে এটা মতবাদলৈ উন্নীত কৰে।

জন লকে বুদ্ধিবাদৰ ঠাইত অভিজ্ঞতাবাদ প্রতিষ্ঠা কৰি ডেকাৰ্টৰ সহজাত ধাৰণাৰ বিৰুদ্ধে যুক্তি প্রদর্শন কৰি তাক খণ্ডন কৰিছিল। এই যুক্তিবোৰ হৈছে — ১। মানুহৰ মনত যদি সহজাত ধাৰণা থাকিলহেঁতেন তেন্তে সেই ধাৰণাবোৰ মনত সমভাৱে উপস্থিত থাকিব লাগিছিল। কিন্তু বাস্তৱত দেখা যায় যে এই ধাৰণাবোৰ সমভাৱে সকলো সময়তে, জন্মতে উপস্থিত নাথাকে। শিশু, মূর্খ, অশিক্ষিত লোকৰ মনত অসীমতা, নিত্যতা, কাৰ্যকাৰণৰ ধাৰণা, ঈশ্বৰৰ ধাৰণা আদি তথাকথিত সহজাত ধাৰণাবোৰ উপস্থিত নাই। এই ধাৰণাবোৰৰ বিষয়ে সকলো সমানে সচেতনো নহয়।, ২। সহজাত ধাৰণা হ’লে একে হোৱা বাঞ্ছনীয়। কিন্তু ঈশ্বৰৰ ধাৰণা, নৈতিকতাৰ ধাৰণা আদি ব্যক্তি আৰু সমাজভেদে পৃথক পৃথক, ৩। মানুহৰ মনত প্ৰথমতে সামান্য নিয়ম বা নীতিৰ ধাৰণা উদ্ভৱ নহয়। প্রথমে মানুহে মূর্ত বিশিষ্ট বস্তুৰ ধাৰণাহে কৰিব পাৰে৷ এই বিশিষ্ট বস্তুৰ ধাৰণা অভিজ্ঞতাৰ পৰা হয়।

গতিকে লকে সিদ্ধান্ত কৰে যে মানুহৰ মনত জন্মমতে কোনো সহজাত ধাৰণা নাথাকে। লকৰ মতে জন্মৰ সময়ত মানুহৰ মনটো এখন উকা কাগজ বা আন্ধাৰ কোঠাৰ দৰে জ্ঞানশূন্যভাৱে থাকে। এই অৱস্থাক লকে ‘Tabula-rasa’ বা ‘ৰিক্ত-পত্ৰ’ কৈছে। মনৰ এই আন্ধাৰ কোঠালিত পোহৰ পেলাই বহিঃইন্দ্ৰিয় আৰু অন্তৰেঞ্জিয়ৰ দ্বাৰা। এই বাহ্যিক আৰু অন্তৰ অভিজ্ঞতাৰ দ্বাৰাই মনত সকলোৰে জ্ঞানৰ উৎপত্তি হয়। সেয়ে লকে উক্তি কৰিছিল – ‘অভিজ্ঞতাৰ পূৰ্ব নথকা কোনো কথাই বুদ্ধিত থাকিব নোৱাৰে।’ (There is nothing in the intellect which was not previously in the senses) কিন্তু লকে অভিজ্ঞতাবাদী হৈয়ো – নকৰা দ্ৰব্য, আত্মা, ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰিছিল।

লকৰ এই অভিজ্ঞতাবাদ অসংগতিপূর্ণ আছিল কাৰণে পৰৱৰ্তী দার্শনিক বার্কলি আৰু হিউমে অভিজ্ঞতাবাদক এটা সুকীয়া ৰূপ প্ৰদান কৰে। বাকলিৰ হাতত ই আত্মগত ভাববাদৰ ৰূপ পায়। তেওঁৰ মতে অভিজ্ঞতাত আমি দ্ৰব্যৰ ধাৰণা নাপাওঁ। মনত আমি কিছুমান সংবেদন বা মানসিক ধাৰণাহে পাওঁ। মনৰ বাহিৰত ইয়াৰ কোনো অস্তিত্ব নাই।

হিউমৰ সংশয়বাদ লকৰ অভিজ্ঞতাবাদৰ চৰম পৰিণতি। লকে দ্রব্য, আত্মা আৰু ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰিছিল। বার্কলিয়ে দ্ৰব্যৰ অস্তিত্ব স্বীকাৰ কৰা নাই। হিউমে আৰু এখোজ গৈ ক’লে – আত্মা আৰু ঈশ্বৰৰ কোনো অস্তিত্ব নাই। আমাৰ সকলো জ্ঞান কেৱল সংবেদনৰ যোগেদিহে সম্ভৱ হয়। দ্রব্য, আত্মা, ঈশ্বৰ সম্পর্কে আমি সংবেদনত কোনো ধাৰণা নাপাওঁ।

সমালোচনালক আৰু হিউমে পোনপ্ৰথমতে মনটো নিষ্ক্রিয় বুলি কয়। কিন্তু মনোবিজ্ঞানে প্রমাণ কৰে যে মন সদায় সক্রিয়। সংবেদনক মনে সক্রিয়ভাবে ব্যাখ্যা নকৰিলে জ্ঞানৰ উদ্ভৱ নহয়। লকৰ মতে জন্মৰ সময়ত মনটো এখন উকা কাগজৰ নিচিনা। কিন্তু মনৰ ভিতৰত কোনো সহজাত ধাৰণা নাথাকিলেও প্রত্যেক শিশুৰ মনত জন্মতে কিছুমান সহজাত প্রবণতা থাকে। হিউমৰ মতে সংবেদনবোৰ বিচ্ছিন্ন। কিন্তু এই বিচ্ছিন্ন সংবেদনবোৰৰ ঐক্য বুদ্ধিয়ে কৰে।

অভিজ্ঞতাবাদে অকল ইন্দ্ৰিয় অভিজ্ঞতাৰ ওপৰতেই গুৰুত্ব দিছে। ইন্দ্ৰিয় অভিজ্ঞতাৰ উপৰিও আমাৰ আধ্যাত্মিক স্বজ্ঞামূলক আদিৰ অভিজ্ঞতাও আছে। গতিকে এই মতবাদে অভিজ্ঞতাক সীমিত অৰ্থত লৈছে। অভিজ্ঞতা আকৌ মনৰ আভ্যন্তৰিকো হ’ব পাৰে।

এই মতবাদে কোনো যুক্তি বিচাৰ নকৰাকৈ নির্বিচাৰে অভিজ্ঞতাক জ্ঞানৰ একমাত্র উপায় l হিচাপে গ্ৰহণ কৰিছে। গতিকে এই মতবাদটো নিৰ্বিচাৰী মদবাদত পৰিণত হৈছে। জ্ঞান লাভৰ ক্ষেত্ৰত বুদ্ধিতো প্রয়োজনীয়তা অস্বীকাৰ কৰিব নোৱাৰি। এই মতবাদ গ্ৰহণ কৰিলে জ্ঞানৰ সার্বিকতা আৰু অনিবার্যতাক অস্বীকাৰ কৰা হ’ব। আনহাতে জ্ঞানৰ সার্বিকতা আৰু অনিবার্যতাক অস্বীকাৰ কৰিব নোৱাৰি। গতিকে অভিজ্ঞতাবাদ একপক্ষীয় মতবাদ।

জ্ঞানৰ ক্ষেত্ৰত বুদ্ধি আৰু অভিজ্ঞতা দুয়োটারে প্রয়োজন আছে। অভিজ্ঞতাই জ্ঞানৰ উপকৰণ যোগান ধৰে আৰু ঢুদ্ধিয়ে এই বিচ্ছিন্ন অভিজ্ঞতাবোৰ সমন্বয় আৰু সুসংবদ্ধ কৰি জ্ঞানৰ আকাৰ দিয়ে। গতিকে জ্ঞানৰ ক্ষেত্ৰত অভিজ্ঞতা আৰু বুদ্ধি দুয়োৰে অৱদান অপৰিহাৰ্য। “অভিজ্ঞতাই জ্ঞানৰ সমল বা উপকৰণ যোগান নধৰিলে বুদ্ধি বা মনৰ আকাৰবোৰ খালী হৈ থাকে আৰু মন বুদ্ধিয়ে বিচ্ছিন্ন অভিজ্ঞতাবোৰক আকাৰ প্ৰদান নকৰিলে জ্ঞানৰ উপকৰণবোৰ অন্ধ।” এই ম্য বিচাৰবাদী দার্শনিক কাণ্টে পোষণ কৰিছে। কাণ্টৰ মতে জ্ঞানৰ ক্ষেত্ৰত অভিজ্ঞতা আৰু বুদ্ধি দুয়োৰে প্ৰায়োজনীয়তা কৰিব নোৱাৰি। প্রকৃত জ্ঞানৰ বুদ্ধি আৰু অভিজ্ঞতাৰ দ্বৈত সমন্বয়ত সাধন হয়।

গতিকে স্থান আহৰণৰ উপায় হিচাপে অকল অভিজ্ঞতাবাদ অসম্পূর্ণ। অভিজ্ঞতা বুদ্ধি দুয়োৰো প্ৰয়োজন আছে।

প্রশ্ন ৩। জ্ঞানৰ উৎপত্তি সম্বন্ধে বুদ্ধিবাদ মতবাদটো আলোচনা কৰা। 

নাইবা, 

জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় মতবাদ স্বৰূপে বুদ্ধিবাদৰ ব্যাখ্যা কৰা আৰু বিচাৰ কৰা 

নাইবা, 

সমালোচনাসহ বুদ্ধিবাদৰ ব্যাখ্যা দিয়া।

উত্তৰ : আমি ক’ৰ পৰা জ্ঞান আহৰণ কৰোঁ – এই প্রশ্নৰ উত্তৰত পাশ্চাত্য দর্শনত বুদ্ধিবাদ আৰু অভিজ্ঞতাবাদ এই দুটা পৰস্পৰ বিৰোধী মতবাদ পোৱা যায়। বুদ্ধিবাদৰ মতে জ্ঞান আহৰণৰ একমাত্র পথ হ’ল বুদ্ধি; আনহাতে অভিজ্ঞতাবাদৰ মতে জ্ঞানৰ উৎপত্তিৰ একমাত্র পথ হ’ল অভিজ্ঞতা।

আমাৰ মনত জন্মতে কিছুমান ধাৰণা ভগবানে ৰোপন কৰি দিছে। সেই ধাৰণাবোৰ স্বতঃসিদ্ধ, নিশ্চিত আৰু প্ৰাঞ্জল। এই বুদ্ধি মানুহৰ এক সহজাত প্রবৃত্তি। বুদ্ধিবাদৰ মতে এই বুদ্ধিৰ দ্বাৰাই পোনপটিয়াকৈ সহজাত ধাৰণাবোৰৰ বিকাশ হয়। গতিকে জ্ঞানৰ উৎস হ’ল বুদ্ধি। সেই কাৰণে ইহঁতক প্রত্যক্ষপূর্ব বা অভিজ্ঞতাপূৰ্ব (apriori) ধাৰণা বুলি কোৱা হয়। এই অভিজ্ঞতাপূৰ্ব ধাৰণাসমূহেই সকলো যথার্থ জ্ঞানৰ ভিত্তি। দৰ্শনত যথার্থ জ্ঞান আহৰণ কৰিবলৈ হ’লে এনে প্রত্যক্ষ পূর্ব ধাৰণাৰ ওপৰত দৰ্শনক প্রতিষ্ঠা কৰিব লাগিব। বুদ্ধিবাদৰ মতে যথার্থ জ্ঞানৰ লক্ষণ হ’ল সার্বিক বা সাৰ্বজনীনতা আৰু নিশ্চিত। ইন্দ্রিয় প্রত্যক্ষই এনে জ্ঞান দিব নোৱাৰে। প্ৰত্যক্ষ বা অভিজ্ঞতালব্ধ জ্ঞান বেলেগ বেলেগ মানুহৰ ক্ষেত্ৰত বেলেগ হ’ব পাৰে। গতিকে অভিজ্ঞতাই আমাক সঠিক আৰু সুনিশ্চিত জ্ঞান দিব নোৱাৰে। কিন্তু বুদ্ধি বা বিচাৰ শক্তিয়ে আমাক যথার্থ জ্ঞানৰ যোগান ধৰে। গণিত । জ্ঞান সম্পূৰ্ণৰূপে বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল। ই সার্বিক আৰু নিশ্চিত স্বভাৱৰ। এনে পুনি শ্চত জ্ঞান অভিজ্ঞতাই দিব নোৱাৰে। গতিকে বুদ্ধিয়েই যথার্থ জ্ঞান আহৰণৰ একমাত্র উপায়। এই মতবাদকচৰম বুদ্ধিবাদ বোলা হয়।

প্রাচীন দার্শনিকসকলৰ ভিতৰত চৰম বুদ্ধিবাদৰ প্ৰৱৰ্তক হিচাবে চক্ৰেটিছ আৰু প্লেটোৰ নাম উল্লেখযোগ্য। চক্রেটিছৰ মতে বুদ্ধিৰ সহায়ত গঠন কৰা সামান্য ধাৰণা (concepts) ৰ পৰাই যথার্থ জ্ঞান আহৰণ সম্ভৱ হ’ব পাৰে। প্লেটোৰ মতেও যথার্থ জ্ঞান সামান্য ধাৰণাৰ জ্ঞান। এনে জ্ঞানৰ যোগেদিহে প্রকৃত জগতক জানিব পাৰি। প্লেটোৰ মতে প্রকৃত জগতখন সামান্য ধাৰনাৰে গঠিত। অভিজ্ঞতাই মাথোঁ সুপ্ত অৱস্থাত থকা সামান্য ধাৰণাঢ়েবিক মনত পেলোৱাত বুদ্ধিক সহায়হে কৰে।

আধুনিক দৰ্শনৰ বুৰঞ্জীত যিসকল বুদ্ধিবাদীৰ নাম পোৱা যায়, সেইসকলৰ ভিতৰত ডেকাৰ্ট স্পিনোজা, ওলক আৰু লাইবণিজ প্রধান। এওঁলোকৰ মতেও অভিজ্ঞতাৰ পৰা আমি যি জ্ঞান আহৰণ কৰোঁ, সি ভ্ৰাস্ত আৰু সন্দেহজনক। দৰ্শনত জ্ঞান সত্তা সম্বন্ধীয় জ্ঞান। বুদ্ধিয়ে সহজাত স্বতঃসিদ্ধ ধাৰণাৰ যোগেদি সার্বিক আৰু সুনিশ্চিত জ্ঞানৰ যোগান ধৰে।

আধুনিক পাশ্চাত্য দর্শনত ডেকাৰ্টক বুদ্ধিবাদৰ জন্মদাতা বুলি কোৱা হয়। ডেকার্ট নিজে এজন গণিতজ্ঞ আছিল৷ তেওঁৰ মতে, গাণিতিক জ্ঞান যথার্থ জ্ঞানৰ নিদৰ্শন মাথোন। গাণিতিক জ্ঞান কিছুমান বুদ্ধিলব্ধ স্বতঃসিদ্ধ আৰু সুনিশ্চিত সুত্ৰৰ পৰা গাণিতিক পদ্ধতিৰে নিঃসৃত কৰা জ্ঞান। এই সিদ্ধান্তবোৰ সার্বিক আৰু সুনিশ্চিত। গতিকে ডেকাৰ্টৰ মতে দর্শনতো গণিতজ্ঞ পদ্ধতি অৱলম্বন কৰা হয়। তেতিয়া দৰ্শনৰ সিদ্ধান্তবোৰ সার্বিক আৰু সুনিশ্চিত হ’ব। ডেকার্টে সেইবাবে মানুহৰ মনত সহজাত কিছুমান প্রত্যয় বা ধাৰণাৰ পৰা নিগমনাত্মক পদ্ধতিৰে জগত সম্বন্ধে সকলো সিদ্ধান্ত নিঃসৃত কৰা সম্ভৱ বুলি মত পোষণ কৰে। এই সহজাত ধাৰণাৰ পৰা আৰম্ভ কৰি ডেকার্টে আত্মাৰ অস্তিত্ব স্বীকাৰ কৰিছিল। এই সহজাত ধাৰণাবোৰ যেনে, – অসীমতা, কাৰ্যকাৰণৰ ধাৰণা, নিত্যতা, ঈশ্বৰৰ ধাৰণা ইত্যাদি। এই ধাৰণাবোৰ জন্মৰ সময়তে ঈশ্বৰে আমাৰ মনত ৰোপন কৰি দিছে। এই ধাৰণাবোৰ স্পষ্ট আৰু প্ৰাঞ্জল। এই সহজাত ধাৰণাৰ পৰাই ডেকার্টে সমগ্ৰ জগত সম্বন্ধে সিদ্ধান্ত নিঃসৃত কৰি ব্যাখ্যা দাঙি ধৰিছিল।

স্পিনোজায়ো সহজাত মূল ধাৰণাৰ অস্তিত্ব স্বীকাৰ কৰিছিল। এই সহজাত ধাৰণাবোৰৰ ভিতৰত দ্ৰব্যৰ ধাৰণা এটি মূল ধাৰণা। স্পিনোজাৰ মতে একমাত্র দ্ৰব্য হ’ল ঈশ্বৰ। এই ঈশ্বৰৰ ধাৰণাৰ পৰাই তেওঁ জ্যামিতিক পদ্ধতিৰে সমগ্ৰ জগত ব্যাখ্যা কৰিছিল। মন বা আত্মা আৰু জড়বস্তু উভয়েই এক পৰম দ্ৰব্যৰ পৰা উদ্ভূত হয়। ঈশ্বৰ এক। ঈশ্বৰেই জগত দ্রব্য। এই ঈশ্বৰৰ পৰাই জগতৰ উৎপত্তি হৈছে। জগতৰ সুকীয়া অস্তিত্ব নাই।

লাইবণিজৰ মতেও সমগ্র জগত ‘মোনাড’ (Monad) বা চিৎপৰমাণুৰে গঠিত। এই মোনাডবিলাক স্বয়ং সম্পূর্ণ। ইটোৱে আনটোৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে। মানুহৰ মনো এক চিৎপৰমাণু। মনৰ ভিতৰত সমস্তজগতৰ জ্ঞান সুপ্ত অৱস্থাত আৰম্ভণিৰ পৰাই থাকে। বাহিৰৰ পৰা কোনো ধাৰণা মনৰ ভিতৰত সোমাব নোৱাৰে। অভিজ্ঞতাৰ সংস্পৰ্শত কেৱল মনৰ ভিতৰত সহজাত ধাৰণাবোৰৰ বিকাশ হয়।

সমালোচনাবুদ্ধিবাদী মতবাদটো এটা সন্তোষজনক মতবাদ বুলিব নোৱাৰি। এই মতবাদ নির্বিচাৰবাদী৷ যিবোৰ প্রত্যক্ষপূর্ব ধাৰণা নীতিৰ পৰা বুদ্ধিবাদীসকলে জ্ঞান নিঃসৃত কৰিব বিচাৰে, সেইবোৰ কেৱল চিন্তাৰ আকাৰ বা নিয়ম। এই চিন্তাৰ আকাৰসমূহ জ্ঞানৰ ভিত্তি হিচাপে অপৰিহাৰ্য, কিন্তু এই নিয়ম বা আকাৰসমূহ অভিজ্ঞতালব্ধ জ্ঞানৰ ওপৰতহে প্ৰয়োগ কৰিব পৰা যায় আৰু তেতিয়াহে যথার্থ জ্ঞানৰ উদ্ভৱ হয়। দৰ্শন গণিতৰ দৰে নহয়৷ গণিতে কিছুমান বিমূর্ত ধাৰণাৰ বিষয়ে আলোচনা কৰে। অভিজ্ঞতা অবিহনে এই জগত সম্বন্ধে যথার্থ জ্ঞান লাভ কৰা সম্ভৱ নহয়।

অভিজ্ঞতাবাদী বৃটিছ দার্শনিক জন লকে ডেকাৰ্টৰ বুদ্ধিবাদক তীব্ৰভাৱে সমালোচনা কৰিছে। তেওঁৰ মতে জন্মতে মানুহৰ মনত কোনো ধাৰণা নাথাকে। মনটো জন্মতে একেবাৰে খালি হৈ থাকে। অভিজ্ঞতাৰ পিছতে এই খালি মনত ধাৰণাৰ উৎপত্তি হয়। গতিকে অভিজ্ঞতাই জ্ঞানৰ একমাত্র উৎস।

জ্ঞান আহৰণৰ ক্ষেত্ৰত বুদ্ধিৰ অৱদান অস্বীকাৰ কৰিব নোৱাৰি। জ্ঞানৰ ক্ষেত্ৰত বুদ্ধি আৰু অভিজ্ঞতা এই দুয়োটাৰে অৱদান আছে। জার্মান দার্শনিক কাণ্টে— বিচাৰ বাদৰ দ্বাৰা দেখুৱালে যে, বুদ্ধিবদ আৰু অভিজ্ঞতাবাদ দুইটাই অকলে একপক্ষীয়। জ্ঞানৰ উৎপত্তিৰ ক্ষেত্ৰত দুইটাৰ সমন্বয় হ’ব লাগিব। দুয়োৰে সমন্বয়তহে জ্ঞানৰ উৎপত্তি হয়। 

প্রশ্ন ৪। জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় মতবাদস্বৰূপে বুদ্ধিবাদ অথবা সবিচাৰবাদৰ ব্যাখ্যা কৰা।

উত্তৰ : জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় মতবাদ হিচাপে সবিচাৰবাদ এক গুৰুত্বপূৰ্ণ মতবাদ। জার্মান দার্শনিক কাণ্টে এই মতবাদ আগবঢ়াইছিল। তেওঁ বুদ্ধিবাদ আৰু অভিজ্ঞতাবাদৰ সংমিশ্রণ কৰি এই মতবাদৰ প্ৰতিষ্ঠা কৰিছে। তেওঁৰ মতে জ্ঞান বৌদ্ধিক আৰু অভিজ্ঞতালব্ধ উপাদানৰ সংমিশ্ৰণতহে লাভ কৰা হয়। জ্ঞানত প্রত্যক্ষপূৰ্ব আৰু প্ৰত্যক্ষোত্তৰ দুয়োবিধ উপাদানেই প্রয়োজন। এই দুয়োটা তত্ত্বৰ সমন্বয় সাধন কৰি জ্ঞানৰ উৎপত্তিৰ এটা সন্তোষজনক ব্যাখ্যা তেওঁ আগবঢ়াইছে। এই তত্ত্বক সবিচাৰবাদ বা জ্ঞানৰ বিচাৰমূলক সিদ্ধান্ত বোলে। কাণ্টৰ তত্ত্বত বুদ্ধিবাদ আৰু অভিজ্ঞতাবাদ এই দুইটা তত্ত্বৰে প্ৰয়োজনীয় উপাদানখিনিৰ এক সমন্বয় পোৱা যায়। কাণ্টৰ মতে বুদ্ধিবাদ আৰু অভিজ্ঞতাবাদ দুয়োটাই নির্বিচাৰবাদী। অভিজ্ঞতাবাদ নির্বিচাৰবাদী কাৰণ ই ইন্দ্ৰিয় সংবেদনৰ বৈধতা বিনা বিচাৰে মানি লৈছে আৰু বুদ্ধিবাদ নির্বিচাৰবাদী কাৰণ, ই অন্তর্জাত 

ধাৰণাৰ অস্তিত্ব বিনা বিচাৰে মানি লৈছে। কাণ্টৰ বিচাৰবাদৰ দ্বাৰা তেওঁ দেখুৱালে যে বুদ্ধিবাদ আৰু অভিজ্ঞতাবাদ দুয়োটাই এক পক্ষীয় আৰু সীমিত অৰ্থতহে সত্য। জ্ঞানৰ উৎপত্তিৰ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰিবলৈ হ’লে দুয়োটাৰে এক সংশ্লেষণাত্মক সমন্বয় সাধন কৰিব লাগিব৷

HS First Year Logic And Philosophy Questions Answer তৰ্কবিজ্ঞান আৰু দর্শন

প্রথম খণ্ড – তৰ্কবিজ্ঞান

Unit- IContentsLinks
Unit- IIতর্কবিজ্ঞান ( Logic)
সংজ্ঞা, প্রকৃতি, পৰিসৰ আৰু উপযোগিতা পৰম্পৰাগত আৰু আধুনিক তর্কবিজ্ঞান
Click here
উপসর্গ ( Proposition) :- বচন (Proposition) পদ (Term)Click here
বচন (Proposition)Click here
সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন (Transformation of ordinary sentences to logical proposition)Click here
তৰ্কীয় বচনত পদৰ ব্যাপ্ততা (Distribution of Term In a Logical Proposition)Click here
বচনৰ আধুনিক শ্রেণীবিভাজন (Modern Classification of Proposition)Click here
Unit-IIIঅনুমান, নিৰপেক্ষ ন্যায় ( Inference, Categorical Syllogism)Click here
Unit- IVপ্রতিকাত্মক তর্কবিজ্ঞান ( Symbolic Logic)Click here

দ্বিতীয় খণ্ড – দর্শন

Unit- Vদর্শন (Philosophy)Click here
Unit- VIভাৰতীয় দর্শন ( Indian Philosophy )Click here
Unit- VIIজ্ঞান উৎপত্তি সম্পৰ্কীয় ( Theories of the origin of knowledge )Click here
প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমানClick here
Unit- VIIIবাস্তৱবাদ আৰু ভাৱবাদ (Realism and Idealism)Click here

This Post Has 5 Comments

Leave a Reply