Class 11 Logic and Philosophy Chapter 5 – দর্শন

Class 11 Logic and Philosophy Chapter 5 – দর্শন । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 11 Logic and Philosophy Chapter 5 – দর্শন AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

Hs First Year Question Answer (Assamese Medium)

ইংৰাজী (English)Click Here
অসমীয়া Click Here
हिन्दीClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
তৰ্কবিদ্যা আৰু দর্শন (Logic & Philosophy)Click Here
পৰিৱেশ শিক্ষা ( Environmental Studies)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
সমাজতত্ত্ব (sociology)Click Here
অৰ্থনীতি (Economy)Click Here
ৰাজনীতি (Political Science)Click Here
ভূগোল (Geography)Click Here

HS first Year Logic and Philosophy Chapter 5 – দর্শন

প্রশ্ন ১। শুদ্ধ উত্তৰ বাছি উলিওৱা :

(ক) জ্ঞানতত্ত্বই প্ৰধানকৈ জ্ঞান/সত্য/মূল্যৰ বিষয়ে অধ্যয়ন কৰে।

উত্তৰ: জ্ঞানতত্ত্বই প্ৰধানকৈ জ্ঞানৰ বিষয়ে অধ্যয়ন কৰে।

(খ) দর্শনে অকল অধিবিদ্যাৰ সমস্যাসমূহহে আলোচনা কৰে’—কথাষাৰ সঁচা/মিছা ?

উত্তৰঃ মিছা।

(গ) ‘দৰ্শন হৈছে জ্ঞানৰ বিজ্ঞান আৰু সমালোচনা’— কথাষাৰ কোনে কৈছিল?

উত্তৰ : কাণ্টে কৈছিল।

(ঘ) অধিবিদ্যা কেৱল সত্তা সম্বন্ধীয় সমস্যাবোৰৰ অধ্যয়ন’— উক্তিটো শুদ্ধনে?

উত্তৰ : শুদ্ধ।

(ঙ) জ্ঞানবিদ্যাই কেৱল জ্ঞানসম্পর্কীয় সমস্যাবোৰহে আলোচনা কৰে’—উক্তিটো সঁচানে?

উত্তৰ: সঁচা।

(চ) ‘দর্শনে কেৱল তত্ত্বমীমাংসা সম্পর্কীয় সমস্যাহে আলোচনা কৰে’— কথাষাৰ সঁচানে?

উত্তৰ মিছা।

প্রশ্ন ২। তলৰ উক্তিবোৰৰ সত্যাসত্য নির্ণয় কৰা 

(ক) গ্রীক দার্শনিক প্লেটোৰ মতে দৰ্শন আৰু তত্ত্ববিদ্যাৰ মাজত কোনো পার্থক্য নাই।

(খ) বিজ্ঞানে কোনো প্রত্যয় বা ধাৰণাকে স্বতঃসিদ্ধি বুলি স্বীকাৰ নকৰে। 

(গ) বিজ্ঞানে সমগ্র বিশ্বজগতৰ সামগ্রিক জ্ঞান দিয়ে।

(ঘ) ইমানুৱেল কাণ্ট এজন জার্মান দার্শনিক আছিল।

(ঙ) জন ল’ক এজন ব্ৰিটিছ দার্শনিক আছিল।

(চ) তৰ্কীয় প্রত্যক্ষবাদী দার্শনিকসকলে তত্ত্ববিদ্যাক নিৰ্থক আৰু অবান্তৰ চিন্তা বুলি অভিহিত কৰিছে।

উত্তৰ ঃ (ক) সত্য (খ) সত্য (গ) অসত্য (ঘ) সত্য (ঙ) সত্য (চ) সত্য।

প্রশ্ন ৩। খালীঠাই পূৰণ কৰা ঃ

(ক) দর্শন হ’ল….. প্ৰতি থকা অনুৰাগ।

(খ) দর্শনবিহীন বিজ্ঞান আত্মাহীন –……ৰ নিচিনা ।

(গ) Philosophy’ শব্দটো ……ভাষাৰ পৰা আহিছে।

উত্তৰঃ (ক) জ্ঞানৰ (খ) শৰীৰৰ (গ) গ্রীক।

HS First Year Logic And Philosophy Questions Answer তৰ্কবিজ্ঞান আৰু দর্শন

প্রথম খণ্ড – তৰ্কবিজ্ঞান

Unit- IContentsLinks
Unit- IIতর্কবিজ্ঞান ( Logic)
সংজ্ঞা, প্রকৃতি, পৰিসৰ আৰু উপযোগিতা পৰম্পৰাগত আৰু আধুনিক তর্কবিজ্ঞান
Click here
উপসর্গ ( Proposition) :- বচন (Proposition) পদ (Term)Click here
বচন (Proposition)Click here
সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন (Transformation of ordinary sentences to logical proposition)Click here
তৰ্কীয় বচনত পদৰ ব্যাপ্ততা (Distribution of Term In a Logical Proposition)Click here
বচনৰ আধুনিক শ্রেণীবিভাজন (Modern Classification of Proposition)Click here
Unit-IIIঅনুমান, নিৰপেক্ষ ন্যায় ( Inference, Categorical Syllogism)Click here
Unit- IVপ্রতিকাত্মক তর্কবিজ্ঞান ( Symbolic Logic)Click here

দ্বিতীয় খণ্ড – দর্শন

Unit- Vদর্শন (Philosophy)Click here
Unit- VIভাৰতীয় দর্শন ( Indian Philosophy )Click here
Unit- VIIজ্ঞান উৎপত্তি সম্পৰ্কীয় ( Theories of the origin of knowledge )Click here
প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমানClick here
Unit- VIIIবাস্তৱবাদ আৰু ভাৱবাদ (Realism and Idealism)Click here

প্রশ্ন ৪। জন ল’কৰ (John Locke) ৰ জ্ঞান সম্পৰ্কীয় গ্ৰন্থখনৰ নাম কি?

উত্তৰ : জন ল’কৰ (John Locke) ৰ জ্ঞান সম্পৰ্কীয় গ্ৰন্থখনৰ নাম হ’ল— Essay Concerning Human Understanding

প্রশ্ন ৫। অধিবিদ্যাৰ ইংৰাজী প্রতিশব্দ কি?

 উত্তৰ ঃ অধিবিদ্যাৰ ইংৰাজী প্রতিশব্দ হ’ল – Metaphysis.

প্রশ্ন ৬। ইংৰাজী ‘Philosophy’ শব্দটো দুটা গ্ৰীক শব্দৰ পৰা উদ্ভৱ হৈছে। শব্দ দুটা কি কি?

উত্তৰ : Philosophy শব্দটো Philos আৰু Sophia. 

প্রশ্ন ৭। দৰ্শন আৰু বিজ্ঞানৰ সম্বন্ধক কোনে দেহ আৰু আত্মাৰ লগত তুলনা কৰিছে?

উত্তৰ:- ওৱেবাৰ বেগ।

প্রশ্ন ৮। জ্ঞানবিদ্যাৰ ইংৰাজী প্রতিশব্দ ‘epistemology’ দুটা গ্ৰীক শব্দৰ পৰা উদ্ভৱ হৈছে। শব্দ দুটা কি কি? 

উত্তৰ : Epistenology শব্দটো Epistene আৰু Logos শব্দ দুটাৰ পৰা উদ্ভৱ হৈছে। 

প্রশ্ন ৯। নিম্নলিখিত দার্শনিক দলসমূহৰ ভিতৰত কোনটো বুদ্ধিবাদী দার্শনিকৰ দল?

(ক) ডেকার্ট, হিউম, স্পিনোজা

(খ) প্লেটো, স্পিনোজা, লাইবনিজ 

(গ) হিউম, লক, বার্কলি

(ঘ) ডেকার্ট, স্পিনোজা, লক।

উত্তৰ : (ঘ) ডেকাৰ্ট, স্পিনোজা, লক। 

প্রশ্ন ১০। বৈশেষিক দৰ্শনৰ প্ৰৱৰ্তক কোন?

উত্তৰঃ মহৰ্ষি কনাড।

(চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ‘দর্শন’ শব্দটোৰ ব্যুৎপত্তিগত অর্থ বিশ্লেষণ কৰা।

উত্তৰ : দৰ্শন শব্দটোৰ ইংৰাজী প্রতিশব্দ ‘philosophy’। ‘Philosophy’ শব্দটোৱে দুটা গ্রীক শব্দ ‘philos’ আৰু ‘sophia’ ৰ পৰা উৎপত্তি হৈছে। ‘Philos’ শব্দৰ অৰ্থ হ’ল প্ৰীতি বা অনুৰাগ আৰু ‘sophia’ শব্দৰ অৰ্থ হ’ল জ্ঞান। গতিকে ‘philosophy’ শব্দৰ ব্যুৎপত্তিগত অর্থ হ’ল জ্ঞানৰ প্ৰতি অনুৰাগ। গতিকে জগত আৰু জীৱনৰ প্ৰকৃত স্বৰূপ অন্বেষণ কৰাই হৈছে দৰ্শন।

প্রশ্ন ২। তিনিজন বিখ্যাত গ্রীক দার্শনিকৰ নাম উল্লেখ কৰা। 

উত্তৰ: তিনিজন বিখ্যাত গ্রীক দার্শনিকৰ নাম হ’ল– ছক্ৰেটিছ, প্লেটো আৰু এৰিষ্টটল।

প্রশ্ন ৩। দৰ্শনৰ প্ৰধান শাখাসমূহ কি কি? 

উত্তৰঃ দৰ্শনৰ প্ৰধান শাখাসমূহ হ’ল – 

(ক) জ্ঞানবিদ্যা 

(খ) অধিবিদ্যা 

(গ) প্রমূল্যবিজ্ঞান।

প্রশ্ন ৪। জ্ঞানতত্ত্ব বুলিলে কি বুজা?

উত্তৰ : দৰ্শনৰ যিটো বিভাগে জ্ঞানৰ প্রকৃতি, উৎস বা উৎপত্তি, সীমা, সম্ভাৱনা ইত্যাদি জ্ঞানৰ অন্তৰ্গত বিভিন্ন বিষয়ৰ বিজ্ঞানসন্মতভাৱে আলোচনা কৰে তাক জ্ঞানবিদ্যা বা জ্ঞানমীমাংসা বোলে।

প্রশ্ন ৫। দৰ্শন আৰু বিজ্ঞানৰ দুটা উল্লেখযোগ্য পার্থক্য লিখা।

উত্তৰঃ দৰ্শন আৰু বিজ্ঞানৰ দুটা উল্লেখযোগ্য পার্থক্য হ’ল—

(ক) দর্শনে সমগ্র বিশ্বজগতৰ সামগ্রিক ব্যাখ্যা দিয়ে। আনহাতে বিজ্ঞানে বিশ্বজগতৰ বিভিন্ন অংশ বা বিভাগৰ অন্তৰ্গত বস্তুসমূহৰ সুকীয়া সুকীয়াকৈ ব্যাখ্যা দিয়ে। 

(খ) বিজ্ঞানে কেৱল অভিজ্ঞতালব্ধ প্রতিভাসিক জগতখনৰহে ব্যাখ্যা কৰে। কিন্তু দর্শনে বিজ্ঞানে দিয়া প্রতিভাসিক জগতৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি ইয়াৰ মূল সত্তাৰ বিষয়েও জ্ঞান দিয়ে।

প্রশ্ন ৬। জ্ঞানতত্ত্ব আৰু অধিবিদ্যাৰ পাৰ্থক্য লিখা। 

উত্তৰ: জ্ঞানতত্ত্ব আৰু অধিবিদ্যাৰ পাৰ্থক্য হ’ল—

(ক) জ্ঞানবিদ্যা দর্শনৰ সেই বিভাগ যিটোৱে জ্ঞানৰ প্রকৃতি, উৎস বা উৎপত্তি, সীমা, সম্ভাৱনা ইত্যাদি জ্ঞানৰ অন্তর্গত বিভিন্ন বিষয়ৰ বিজ্ঞানসন্মত আলোচনা কৰে। আনহাতে অধিবিদ্যাই পৰমসত্তা সম্বন্ধীয় বিভিন্ন বিষয়ৰ বিস্তৃত আলোচনা কৰে। অৰ্থাৎ ইন্দ্ৰিয়গ্রাহ্য বা অৱভাসৰ অন্তৰালত থকা সত্তাৰ স্বৰূপ উদ্‌ঘাটন কৰাই অধিবিদ্যাৰ মূল বিষয়বস্তু। দ্বিতীয়তে জ্ঞানবিদ্যা সম্বন্ধীয় কোনো আলোচনা নকৰাকৈ জগতৰ মূলতত্ত্ব সম্বন্ধীয় সত্তাৰ অনুসন্ধান অসম্ভৱ। কিন্তু পৰমত্তা সম্বন্ধীয় জ্ঞান অধিবিদ্যাই আন বিষয়ৰ সহায় নোলোৱাকৈ আলোচনা কৰিব পাৰে

প্রশ্ন ৭। দর্শনৰ প্রধান শাখাসমূহ কি কি? 

উত্তৰ:- দৰ্শনৰ প্ৰধান শাখাসমূহ হ’ল– জ্ঞানবিদ্যা, অধিবিদ্যা আৰু প্ৰমূল্য বিজ্ঞান।

প্রশ্ন ৮। তিনিগৰাকী প্ৰখ্যাত দার্শনিকৰ নাম লিখা। 

উত্তৰ :- কাৰ্ট, জন ল’ক, বার্কলি, ডেকার্টে।

প্রশ্ন ৯। সংজ্ঞা লিখা : 

(ক) বিজ্ঞান (খ) প্রমূল্য বিজ্ঞান (গ) দর্শন (ঘ) কলা

উত্তৰ ঃ (ক) বিজ্ঞান : প্ৰকৃতিৰ কোনো এক নির্দিষ্ট বিভাগ সম্পর্কে সুসংবদ্ধ, যুক্তিনিষ্ঠ, প্রামাণিক, যথার্থ, সুনিশ্চিত আৰু সাধাৰণ জ্ঞানক বিজ্ঞান বোলে। 

(খ) প্রমূল্য বিজ্ঞানদৰ্শনৰ যিটো শাখাই ভাল বেয়া, সত্য-অসত্য, সুন্দৰ-অসুন্দৰ আদি আদৰ্শবোৰৰ বিচাৰ কৰে সেই শাখাকেই প্রমূল্য বিজ্ঞান বোলে। এই শাখাটো দৰ্শনৰ এটা গুৰুত্বপূৰ্ণ বিভাগ৷ এই শাখাটোৰ জৰিয়তে দৰ্শনে জীৱন আৰু জগতৰ মূল্য নিৰূপণ কৰে। জীৱনৰ তিনিটা চৰম মূল্য আছে; যেনে– সত্য (Truth), সুন্দৰ (Beauty) আৰু শিৱ (Goodness)। সত্য তর্কবিজ্ঞানৰ মূল লক্ষ্য। আমাৰ চিত্তাবোৰ সত্য বা অসত্য হ’ব পাৰে। চিন্তাবোৰ ভাষা বা বচনৰ মাধ্যমত প্ৰকাশ কৰা হয়। এই বচন সত্য বা অসত্য হ’ব পাৰে। বচনৰ এই সত্যাসত্য নির্ণয় কৰা হয় তর্কবিজ্ঞানত। তর্কবিজ্ঞান দর্শনৰ অন্তৰ্গত। গতিকে দর্শনত প্ৰমূল্য বিজ্ঞানৰ সত্যাসত্যৰ বিচাৰ কৰা হয় ৷ 

(গ) দর্শন : ইন্দ্রিয় প্রত্যক্ষৰ জৰিয়তে লাভ কৰা জগতখনৰ অন্তৰালত থকা পৰসত্তাৰ স্বৰূপৰ অনুসন্ধান কৰি জগত আৰু জীৱনৰ যুক্তিনিষ্ঠ বিচাৰ বিশ্লেষণ আৰু ইয়াৰ মূল্য নিৰ্ধাৰণ কৰা ব্যাখ্যাকে দর্শন বোলা হয়। 

(ঘ) কলা ঃ যি বিদ্যাই কোনো নির্দিষ্ট উদ্দেশ্য সাধনৰ বাবে কোনো জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বিধি বা নীতি নিয়মৰ শিক্ষা দিয়ে তাক কলা বোলে। যেনে— অস্ত্র চালনা, ভাস্কর্য বিদ্যা ইত্যাদি।

প্রশ্ন ১০। ‘Metaphysics’ শব্দটোৰ ব্যুৎপত্তিগত অর্থ বিশ্লেষণ কৰা।

উত্তৰ’Metaphysics’ শব্দটো গ্ৰীক শব্দ ‘Meta’ আৰু ‘Physika’ এই দুটাৰ পৰা উদ্ভৱ হৈছে। ‘Meta’ শব্দৰ অৰ্থ হ’ল পিছত আৰু ‘Physika’ৰ অৰ্থ হ’ল পদার্থবিজ্ঞান। গতিকে ই পদার্থবিজ্ঞানৰ পিছতে অহা এক বিজ্ঞান, যাক অধিবিদ্যা বুলি কোৱা হয়।

প্রশ্ন ১১। চমুটোকা লিখা :

(ক) অধিবিদ্যা (খ) নীতিশাস্ত্ৰৰ স্বৰূপ (গ) জ্ঞানমীমাংসা (ঘ) দৰ্শনৰ পৰিসৰ (ঙ) দৰ্শন 

উত্তৰ ঃ (ক) অধিবিদ্যা ঃ দৰ্শনৰ যিটো শাখাৰ জৰিয়তে অভিজ্ঞতালব্ধ জগতৰ অন্তৰালত থকা মূলতত্ত্ব বা পৰমসত্তাৰ যথাৰ্থ স্বৰূপ সম্পর্কে জ্ঞান লাভ কৰা যায় তাকে অধিবিদ্যা বোলে। অধিবিদ্যা অনুসৰি জগতৰ প্ৰত্যেক বস্তুৰ দুটা দিশ আছে— বস্তুৰ ইন্দ্ৰিয়গ্ৰাহা বা বাহ্যসত্তা আৰু আনটো হৈছে ইন্দ্ৰিয়াতীত বা অন্তসত্তা। অভিজ্ঞতাৰ দ্বাৰা জগতৰ বস্তু সম্বন্ধে যি জ্ঞান হয় সি হ’ল জগতৰ বাহ্যিক ৰূপৰ জ্ঞান। জগতৰ এই বাহ্যিক ৰূপকেই অৱভাস বোলা হয়। ইন্দ্রিয়গ্রাহ্য সকলো বস্তুৰে বাহ্যিক ৰূপৰ অন্তৰালত এক নিজস্ব ৰূপ বা স্বৰূপ আছে। বস্তুৰ এই ৰূপটোকে তত্ত্ব বা সত্তা বোলে। বস্তুৰ ইন্দ্ৰিয়গ্রাহ্য ৰূপ পৰিৱৰ্তনশীল। কিন্তু ইন্দ্ৰিয়গ্রাহ্য ৰূপৰ অন্তৰালত থকা বস্তুৰ অন্তর্নিহিত তত্ত্ব বা সত্তা পরিবর্তনশীল। অধিবিদ্যাই পৰমসত্তা সম্বন্ধীয় বিভিন্ন বিষয়ৰ বিস্তৃত আলোচনা কৰে। এই দৃশ্যমান জগতৰ অন্তৰালত পৰম সত্তা আছে নে নাই? যদি আছে তেনেহ’লে ইয়াৰ স্বৰূপ কি? দৃশ্যমান জগতৰ লগত ইয়াৰ সম্বন্ধ কি? এইবোৰৰ উপৰিও অধিবিদ্যাত জগত, জীৱন, মান, ঈশ্বৰ, আত্মা আদিৰ স্বৰূপ জানিবলৈ চেষ্টা কৰে। 

(খ) নীতিশাস্ত্ৰৰ স্বৰূপ : নীতিশাস্ত্ৰ হ’ল একপ্ৰকাৰ প্ৰমূল্যবিজ্ঞান। জগত আৰু জীৱনৰ সামগ্রিক আলোচনা, ব্যাখ্যা আৰু মূলা অৱধাৰণা কৰাই দৰ্শনৰ কাম। গতিকে প্রমূল্য বিজ্ঞানৰ জৰিয়তে দর্শনে জীৱন আৰু জগতৰ মূল্য নিৰূপণ কৰে। জীৱনৰ পৰম মূল্য তিনিটা হ’ল সত্য, সুন্দৰ আৰু শিৱ। নীতি বিজ্ঞানে পৰম কল্যাণ বা পৰমশ্রেয় নামৰ প্ৰমূল্যক অধ্যয়ন কৰে।

(গ) জ্ঞানমীমাংসা দৰ্শনৰ যিটো শাখাত জ্ঞান সম্পর্কে আলোচনা কৰা হয় তাক জ্ঞানবিজ্ঞান বোলে। জ্ঞানবিজ্ঞানৰ ইংৰাজী প্রতিশব্দ হৈছে— ‘Epistemology’ এই ইংৰাজী Episte mology’ শব্দটো দুটা গ্রীক শব্দৰ পৰা আহিছে। ‘Episteme’ মানে জ্ঞান আৰু ‘Logos’ মানে বিজ্ঞান। গতিকে Epistemology মানে হৈছে জ্ঞান-বিজ্ঞান। দর্শনক জ্ঞানৰ প্ৰতি অনুৰাগ বুলি কোৱা হয়। এতিয়া প্রশ্ন হ’ল এই জ্ঞাননো কি? জ্ঞানৰ সমল কি? জ্ঞানৰ সীমাৰেখা কি? জ্ঞানৰ উৎস কি? জ্ঞান সম্ভৱ হ’ব পাৰেনে? যদি সম্ভৱ হয়

কেনেকৈ? ইত্যাদি প্রশ্নবোৰৰ আলোচনা জ্ঞান-বিজ্ঞানত কৰা হয়। জ্ঞান-বিজ্ঞানে জ্ঞানৰ প্ৰকৃতি, প্ৰকাৰ, সীমা, ধাপ আদি আলোচনা কৰে। এইবোৰৰ লগতে জ্ঞানৰ পৰিসবো আলোচনা কৰে। গতিকে যি বিজ্ঞানত জ্ঞানৰস্বৰূপ, উৎপত্তি যৌক্তিকতা আদি বিষয়ৰ আলোচনা কৰে তাকেই জ্ঞান-বিজ্ঞান বোলে।

জ্ঞানৰ উৎপত্তি সম্পর্কে বিভিন্ন দার্শনিকে বিভিন্ন মতবাদ আগবঢ়াইছে। যেনে, বুদ্ধিবাদ, অভিজ্ঞতাবাদ, সংশয়বাদ, বিচাৰবাদ ইত্যাদি। এই সকলোবোৰ জ্ঞান-বিজ্ঞানৰ বিষয়বস্তু। দার্শনিক কাণ্টৰ (Kant) মতে ‘‘সকলো দার্শনিক অনুসন্ধানৰ গুৰিতে হ’ল জ্ঞান-বিজ্ঞান’। দার্শনিক অন্বেষণৰ প্ৰথম স্তৰ হ’ল জ্ঞান-বিজ্ঞান।

(ঘ) দৰ্শনৰ পৰিসৰ ঃ দৰ্শনৰ পৰিসৰ মানে দর্শনৰ বিভিন্ন বিভাগ সম্পর্কে আলোচনা কৰা হয়। দৰ্শনৰ বিভিন্ন বিভাগসমূহ হৈছে জ্ঞানবিদ্যা, অধিবিদ্যা আৰু প্ৰমূল্য বিজ্ঞান। এই তিনিওটা বিভাগ সম্পর্কে ওপৰোক্ত প্রশ্নোত্তৰত আলোচনা কৰা হৈছে। 

(ঙ) দৰ্শন ঃ দৰ্শনৰ অৰ্থ হৈছে জ্ঞানৰ প্ৰতি অনুৰাগ। অর্থাৎ জ্ঞান অন্বেষণ কৰাই হৈছে দর্শন। দর্শন শব্দৰ উৎপত্তি হৈছে Philos আৰু Sophia নামৰ দুটা গ্ৰীক শব্দৰ পৰা। অর্থাৎ দৰ্শন হৈছে জীৱন আৰু জগতৰ প্ৰকৃত স্বৰূপৰ অন্বেষণ। সমগ্র বিশ্বব্রহ্মাণ্ডই হৈছে দৰ্শনৰ আলোচ্য বিষয়। দার্শনিকসকলৰ মতে জগতৰ সকলো বস্তুবে দুটা দিশ আছে— বস্তুৰ বাহ্য ৰূপ আৰু বস্তুৰ অন্তর্নিহিত ৰূপ। পঞ্চ ইন্দ্ৰিয়ৰ জৰিয়তে জগতৰ বস্তুসমূহৰ বিষয়ে যি অভিজ্ঞতা হয় সেয়ে বস্তু বা জগতৰ বাহ্যিক ৰূপ তাকে অৱভাস বা প্রতিভাস বোলা হয়। আকৌ জগতৰ বাহ্যিক ৰূপৰ অন্তৰালত থকা নিজস্বৰূপকে সত্তা বোলে। অৱভাস সম্পর্কে জ্ঞান দিয়ে বিজ্ঞানে। বিজ্ঞানে জগতৰ জ্ঞান দিবলৈ জগতখনক কেইবাটাও বিভাগত ভাগ কৰিছে। যেনে— জড় বিজ্ঞান, জীৱবিজ্ঞান, সামাজিক বিজ্ঞান, চিন্তাৰ আকাৰগত বিজ্ঞান। আকৌ দৰ্শন আৰু বিজ্ঞান এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। কিয়নো দর্শনে বিজ্ঞানৰ স্বীকার্য সত্যবোৰৰ ব্যাখ্যা দিয়ে। দেশ, কাল, দ্রব্য, কার্য-কাৰণ সম্বন্ধ আদি তথ্য বা ধাৰণাবোৰ বিজ্ঞানে কোনো বিচাৰ নকৰাকৈ স্বতঃসিদ্ধ বুলি স্বীকাৰ কৰি লয়। দর্শনে বিজ্ঞানে স্বীকাৰ কৰি লোৱা স্বতঃসিদ্ধ সত্যসমূহৰ যথার্থতাও বিচাৰ কৰে।

ৰচনাধর্মী প্রশ্নোত্তৰ 

প্রশ্ন ১। দর্শন কাক বোলে? দৰ্শনৰ যিকোনো দুটা শাখা ব্যাখ্যা কৰা। 

উত্তৰ: ‘দর্শন’ শব্দটোৰ ইংৰাজী প্রতিশব্দ Philosophy। এই “Philosophy” শব্দটো আকৌ গ্রীক শব্দ “Philos” আৰু “Sophia” ৰ পৰা উৎপত্তি হৈছে। গ্রীক ভাষাত Philos মানে অনুৰাগ আৰু Sophia মানে জ্ঞান। গতিকে Philosophy শব্দটোৰ ব্যুৎপত্তিগত অর্থ 

হৈছে জ্ঞানৰ প্ৰতি অনুৰাগ। গ্রীক দার্শনিক ছক্ৰেটিছ, প্লেটো, এৰিষ্ট টল আদিয়েও এই অর্থত Philosophy শব্দটো ব্যৱহাৰ কৰিছিল। এই অৰ্থত Philosophy শব্দই সত্যানুৰাগ বা সত্যৰ অন্বেষণ বুজাইছিল।

ভাৰতীয় ‘দৰ্শন’ শব্দটো Philosophy-ৰ প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰা হয়, যদিও ‘দর্শন’ আৰু Philosophy একে নহয়। দর্শন শব্দটো উৎপত্তি হৈছে দৃশ ধাতুৰ পৰা। ইয়াৰ অর্থ দেখা। কিন্তু দর্শন শব্দটো ‘তত্ত্বদর্শন’ অর্থাৎ জগৎ সম্পর্কে সত্য উপলব্ধি এই অর্থত ব্যৱহাৰ কৰা হয়। দৰ্শন আৰু ফিল’ছফিৰ মাজত কিছু মৌলিক পার্থক্য থাকিলেও দুয়োটা শব্দ প্রায় একে অৰ্থতে ব্যৱহাৰ হয়। কিয়নো, দৰ্শন আৰু ফিল’ছফিৰ বিষয়-বস্তু আৰু আলোচনাৰ পদ্ধতিসমূহ একেই।

দৰ্শনৰ দুটা শাখা হ’ল—

(ক) জ্ঞানবিদ্যা ঃ দৰ্শনৰ যিটো বিভাগে জ্ঞানৰ প্ৰকৃতি, উৎস বা উৎপত্তি, সীমা, সম্ভাবনা ইত্যাদি জ্ঞানৰ অন্তৰ্গত বিভিন্ন বিষয়ৰ বিজ্ঞানসম্মতভাৱে আলোচনা কৰে তাকে জ্ঞানবিদ্যা বা জ্ঞানমীমাংসা বোলে। জ্ঞানবিদ্যাত আলোচনা কৰা গুৰুত্বপূর্ণ প্রশ্নবোৰ হ’ল জ্ঞান কি? জ্ঞানৰ উৎপত্তি কিভাৱে হয়? যথার্থ জ্ঞান প্রকৃততে সম্ভৱনে? যদি সম্ভৱ, তেনেহ’লে ইয়াৰ সীমা কি? আধুনিক দর্শন জ্ঞানবিদ্যাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। ব্ৰিটিছ দার্শনিক জন লকে ‘An Essay Concerning Human Understanding’ নামৰ গ্ৰন্থখনৰ জৰিয়তে জ্ঞানবিদ্যা সম্পর্কে আলোচনা কৰে আৰু জ্ঞানবিদ্যাৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰে। কান্টেও তেওঁৰ ‘Critique of Pure Reason’ ৰ জৰিয়তে জ্ঞানবিদ্যা সম্পৰ্কীয় সকলো বিষয়ৰ বিশদ বিশ্লেষণ কৰি দার্শনিক জ্ঞান লাভৰ ক্ষেত্ৰত জ্ঞানবিদ্যা অপৰিহাৰ্য বুলি গণ্য কৰে। কাণ্টৰ মতে দৰ্শন হৈছে জ্ঞান সম্পৰ্কীয় বিজ্ঞান আৰু সমালোচনা। জ্ঞানবিদ্যাৰ সহায় নোলোৱাকৈ দার্শনিক মতবাদক গ্রহণযোগ্য বুলি বিবেচনা কৰা নহয় ।

(খ) প্রমূল্য বিজ্ঞান : প্ৰমূল্য বিজ্ঞান দৰ্শনৰ এটা প্রধান শাখা। জগত আৰু জীৱনৰ সামগ্রিক আলোচনা ব্যাখ্যা আৰু মূল্য অৱধাৰণ কৰাই দৰ্শনৰ কাম। গতিকে প্ৰমূল্য বিজ্ঞানৰ জৰিয়তে দর্শনে জীৱন আৰু জগতৰ মূল্য নিৰূপণ কৰে। প্ৰমূল্য বিজ্ঞানে তিনিটা পৰম মূল্যক আদর্শ হিচাপে লৈ জীৱন আৰু জগতৰ মূল্যায়ণ কৰে। জীৱনৰ পৰম মূল্য তিনিটা হ’ল সত্য, সুন্দৰ আৰু শিৱ। প্ৰমূল্য বিজ্ঞানে এনে মূল্য বিচাৰ ব্যক্তিগত বস্তুগত, মানৱ জীৱনৰ পৰম আদর্শ বা মূল্য অর্থাৎ সত্য, শিৱ আৰু সুন্দৰৰ তাৎপৰ্য, ইয়াৰ যথাৰ্থতা আৰু পৰম সত্তাৰ লগত এই তিনিটা আদৰ্শৰ সম্বন্ধ কেনেধৰণৰ ইত্যাদি সম্পর্কেও আলোচনা করে। বিভিন্ন প্রমূল্য বিজ্ঞান বা আদর্শ বিজ্ঞানসমূহ হ’ল তর্কবিজ্ঞান, নীতিবিজ্ঞান, সৌন্দর্যবিজ্ঞান, ধর্মদর্শন ইত্যাদি। জীৱনৰ মূল আদর্শ বা প্রমূল্য বিভাগটোৱে সত্তাৰ লগত মূলাৰ কেনে সম্বন্ধ – ই আত্মনিষ্ঠ নে বস্তুনিষ্ঠ আদি বিষয়ে আলোচনা কৰে।

প্রশ্ন ২। দর্শন কাক বোলে? দৰ্শনৰ যিকোনো এটা বিভাগ ব্যাখ্যা কৰা। 

উত্তৰ : ‘দর্শন’ শব্দটোৰ ইংৰাজী প্রতিশব্দ Philosophy। এই “Philosophy” শব্দটো আকৌ গ্রীক শব্দ “Philos” আৰু “Sophia” ৰ পৰা উৎপত্তি হৈছে। গ্রীক ভাষাত Philos মানে অনুৰাগ আৰু Sophia মানে জ্ঞান। গতিকে Philosophy শব্দটোৰ ব্যুৎপত্তিগত অৰ্থ হৈছে জ্ঞানৰ প্রতি অনুৰাগ। গ্রীক দার্শনিক ছক্ৰেটিছ, প্লেটো, এৰিষ্ট’টল আদিয়েও এই অৰ্থত Philosophy শব্দটো ব্যৱহাৰ কৰিছিল। এই অর্থত Philosophy শব্দই সত্যানুৰাগ বা সত্যৰ অন্বেষণ বুজাইছিল।

ভাৰতীয় ‘দর্শন’ শব্দটো Philosophy-1 প্রতিশব্দ হিচাপে ব্যৱহাৰ কৰা হয়, যদিও ‘দৰ্শন’ আৰু Philosophy একে নহয়। দর্শন শব্দটো উৎপত্তি হৈছে দৃশ ধাতুৰ পৰা ইয়াৰ অর্থ দেখা। কিন্তু দর্শন শব্দটো ‘তত্ত্বদর্শন’ অর্থাৎ জগৎ সম্পর্কে সত্য উপলব্ধি এই অর্থত ব্যৱহাৰ কৰা হয়। দৰ্শন আৰু ফিল ‘ছফিৰ মাজত কিছু মৌলিক পার্থক্য থাকিলেও দুয়োটা শব্দ প্রায় একে অর্থতে ব্যৱহাৰ হয়। কিয়নো, দৰ্শন আৰু ফিল’ছফিৰ বিষয় বস্তু আৰু আলোচনাৰ পদ্ধতিসমূহ একেই।

দৰ্শনৰ এটা বিভাগৰ বিষয়ে তলত ব্যাখ্যা কৰা হ’ল। 

(ক) জ্ঞানবিদ্যা ঃ দৰ্শনৰ যিটো বিভাগে জ্ঞানৰ প্ৰকৃতি, উৎস বা উৎপত্তি, সীমা, সম্ভাৱনা ইত্যাদি জ্ঞানৰ অন্তৰ্গত বিভিন্ন বিষয়ৰ বিজ্ঞানসন্মতভাবে আলোচনা কৰে তাকে জ্ঞানবিদ্যা বা জ্ঞানমীমাংসা বোলে। জ্ঞানবিদ্যাত আলোচনা কৰা গুৰুত্বপূৰ্ণ প্রশ্নবোৰ হ’ল— জ্ঞান কি? জ্ঞানৰ উৎপত্তি কিভাৱে হয়? যথার্থ জ্ঞান প্রকৃততে সম্ভৱনে? যদি সম্ভৱ, তেনেহ’লে ইয়াৰ সীমা কি? আধুনিক দর্শন জ্ঞানবিদ্যাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। ব্ৰিটিছ দার্শনিক জন লকে ‘An Essay Concerning Human Understanding’ নামৰ গ্ৰন্থখনৰ জৰিয়তে জ্ঞানবিদ্যা সম্পর্কে আলোচনা কৰে আৰু জ্ঞানবিদ্যাৰ প্রয়োজনীয়তা স্বীকাৰ কৰে। কান্টেও তেওঁৰ ‘Critique of Pure Reason’ ৰ জৰিয়তে জ্ঞানবিদ্যা সম্পর্কীয় সকলো বিষয়ৰ বিশদ বিশ্লেষণ কৰি দার্শনিক জ্ঞান লাভৰ ক্ষেত্ৰত জ্ঞানবিদ্যা অপৰিহাৰ্য বুলি গণ্য কৰে। কাণ্টৰ মতে দৰ্শন হৈছে জ্ঞান সম্পৰ্কীয় বিজ্ঞান আৰু সমালোচনা। জ্ঞানবিদ্যাৰ সহায় নোলোৱাকৈ দার্শনিক মতবাদক গ্রহণযোগ্য বুলি বিবেচনা কৰা নহয়।

প্রশ্ন ৩। দর্শন কাক বোলে? বিজ্ঞান আৰু দৰ্শনৰ পাৰ্থক্য নির্ণয় কৰা।

উত্তৰ : দৰ্শনৰ যিটো ভাগত বা শাখাত জ্ঞান সম্পর্কে আলোচনা কৰা হয় তাক জ্ঞান বিজ্ঞান বোলে। জ্ঞান-বিজ্ঞানৰ ইংৰাজী প্রতিশব্দ হৈছে Epistemology। এই ইংৰাজী Epistemology শব্দটো দুটা গ্ৰীক শব্দৰ পৰা আহিছে৷ ‘Episteme’ মানে ‘জ্ঞান’ আৰু ‘Logos’ মানে ‘বিজ্ঞান’। গতিকে Epistemology মানে হৈছে জ্ঞান-বিজ্ঞান | বিজ্ঞান আৰু দৰ্শনৰ পাৰ্থক্যসমূহ হ’ল— 

(ক) বিজ্ঞানৰ পৰিসৰ দৰ্শনৰ পৰিসৰতকৈ ঠেক।

(খ) বিজ্ঞানে জগতৰ বস্তুসমূহৰ কেৱল ৰূপৰহে জ্ঞান দিয়ে। কিন্তু দর্শনে জগতৰ বাহ্যিক ৰূপ আৰু ইয়াৰ অন্তর্নিহিত স্বৰূপৰ অৰ্থাৎ সত্তাৰ বিষয়েও জ্ঞান দিয়ে। 

(গ) দর্শনৰ অধ্যয়ন সংশ্লেষণাত্মক কিন্তু বিজ্ঞানৰ অধ্যয়ন বিশ্লেষণাত্মক অধ্যয়ন।

(ঘ) বিজ্ঞানে গতর কোনো বস্তু বা ঘটনার সার্বিক ব্যাখ্যা দিওঁতে বস্তু বা ঘটনাৰ মূল্য নিৰূপণ কৰে। আনহাতে, দর্শনে জগতৰ সামগ্ৰিক ব্যাখ্যা দিয়াৰ উপৰিও তাৰ মূল্য নিৰূপণো কৰে।

দৰ্শন আৰু বিজ্ঞানৰ মাজত এক পাৰস্পৰিক সম্পর্ক আছে। দর্শনে জগত আৰু জীৱনৰ সামগ্রিক পূর্ণ জ্ঞান দিবলৈ প্ৰয়াস কৰে। এনে সম্পূর্ণ জ্ঞান দিবলৈ দৰ্শনে প্ৰাৰম্ভিক অৱস্থাত বিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। 

প্রশ্ন ৫। জ্ঞানবিদ্যা বুলিলে কি বুজা? ইয়াৰ লগত দৰ্শনৰ সম্বন্ধ কি? আলোচনা কৰা।

উত্তৰ: দৰ্শনৰ যিটো ভাগত বা শাখাত জ্ঞান সম্পর্কে আলোচনা কৰা হয় তাক জ্ঞান বিজ্ঞান বোলে। জ্ঞান-বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হৈছে Epistemology | এই ইংৰাজী Episte mology শব্দটো দুটা গ্রীক শব্দৰ পৰা আহিছে। “Episteme’ মানে ‘জ্ঞান’ আৰু ‘Logos’ মানে ‘“বিজ্ঞান’। গতিকে Epistemology মানে হৈছে জ্ঞান-বিজ্ঞান।

দৰ্শনক জ্ঞানৰ প্ৰতি অনুৰূপ বুলি কোৱা হৈছে । এতিয়া প্ৰশ্ন হ’ল এই জ্ঞাননো কি? জ্ঞানৰ সমল কি? জ্ঞানৰ সীমাৰেখা কি? জ্ঞান সম্ভৱ হ’ব পাৰেনে? যদি সম্ভৱ হয় কেনেকৈ? জ্ঞানৰ উৎপত্তিৰ উৎস কি কি? ইত্যাদি প্রশ্নবোৰৰ আলোচনা কৰা হয় জ্ঞান-বিজ্ঞানত।

জ্ঞান বিদ্যাই জ্ঞানৰ প্ৰকৃতি, স্বৰূপ, প্ৰকাৰ, ধাপ, সীমা, বিকাশ সম্বন্ধে আলোচনা কৰে। এইবোৰ বিষয় আলোচনা কৰোতে জ্ঞানৰ পৰিসৰো আলোচনা কৰা হয়৷ গতিকে যি বিজ্ঞানত জ্ঞানৰ স্বৰূপ বা প্রকৃতি, উৎপত্তি, বিকাশ আৰু যৌক্তিকতা সম্বন্ধে আলোচনা কৰা হয় তাকেই জ্ঞান-বিজ্ঞান বোলে। জ্ঞানৰ উৎপত্তিৰ উৎস সম্পর্কে বিভিন্ন দার্শনিকে বিভিন্ন মতবাদ আগবঢ়াইছে। যেনে বুদ্ধিবাদ, অভিজ্ঞতাবাদ সংশয়বাদ, বিচাৰবাদ ইত্যাদি। এই সকলোবোৰ জ্ঞান-বিজ্ঞানৰ আলোচনাৰ বিষয়-বস্তু।

জার্মান দার্শনিক কাণ্টৰ মতে “সকলো দার্শনিক অনুসন্ধানৰ গুৰিতে হ’ল জ্ঞানবিদ্যা। কাৰণ জ্ঞাননো কি, এই জ্ঞানৰ দ্বাৰা সত্তাক জানিব পাৰি নে নোৱাৰি সেই বিষয়ে জানি নোলোৱাকৈ তত্ত্বক জানিবলৈ চেষ্টা কৰাটো ধৃষ্টতা মাথোন। সেই কাৰণে দার্শনিক তত্ত্বক জানিবলৈ চেষ্টা কৰাৰ আগতে জ্ঞানৰ স্বৰূপ কি, জ্ঞানৰ ভিত্তি, সীমা আদিৰ বিষয়ে জনাটো অপৰিহাৰ্য। সত্তাৰ বিষয় জানিবলৈ চেষ্টা কৰোতে জ্ঞান কি, জ্ঞানৰ পৰিধি, সীমা আদিকো জানিব পাৰি। কাণ্টৰ মতে জ্ঞানৰ বিষয়ে অন্বেষণ নকৰাকৈ জ্ঞান সম্ভৱ হ’ব পাৰে বুলি ধৰি লোৱা কথাটো বিচাৰ বিযুক্ত কথা। দৰ্শনৰ ক্ষেত্ৰত কোনো কথাকে আমি নির্বিচাৰে গ্ৰহণ কৰাটো উচিত নহয় সেয়ে দৰ্শন আৰু জ্ঞানবিদ্যাৰ মাজত এটা অবিচ্ছিন্ন সম্বন্ধ আছে। দুয়ো পৰস্পৰ নিৰ্ভৰশীল, সেয়ে কাণ্টে কৈছিল যে, সকলো দার্শনিক অন্বেষণৰ প্ৰথম স্তৰ হ’ল, জ্ঞান-বিদ্যা। কান্টে জ্ঞান বিদ্যাৰ ওপৰত অতিৰিক্ত গুৰুত্ব দিয়া বাবে তেওঁ “দার্শনিক জ্ঞান সম্পৰ্কীয় বিজ্ঞান আৰু সমালোচনা” বুলি অভিহিত কৰিছে। ফিকটেয়ো “দর্শনক জ্ঞান-বিজ্ঞান বুলি কৈছে।” কেয়াৰ্ডৰ মতে, আগৰপৰা জ্ঞান অৰ্জনৰ প্ৰণালী বিচাৰ কৰি নলৈ আমি যে কেতিয়াবা কোনো ক্ষেত্ৰত নিষিদ্ধ স্থানত সোমাইছোগৈ তাক জানিম কেনেকৈ?”

জ্ঞান হৈছে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজৰ সম্পর্ক। এই জ্ঞাতা আৰু জ্ঞেয়ৰ সম্পৰ্ক জ্ঞান বিজ্ঞানৰ আলোচ্য বিষয় বস্তু।

পৰাবিজ্ঞানৰ বা তত্ত্ববিদ্যাৰ লগতো এই জ্ঞান-বিদ্যাৰ সম্পৰ্কে অতি ঘনিষ্ঠ। পৰাবিদ্যা হৈছে দৰ্শনৰ এক অপৰিহার্য অংশ; সত্তা অনুসন্ধানৰ দুৱাৰডলি হ’ল জ্ঞান-বিদ্যা। জ্ঞানবিদ্যাই যথার্থ জ্ঞানৰ বিচাৰ কৰে। পৰাবিদ্যাই সভাৰ জ্ঞানৰ অনুসন্ধান কৰে। পৰাবিদ্যাই সমগ্ৰ জগতত চৰম তত্ত্ব বা সত্ত্বাৰ জ্ঞান অনুসন্ধান কৰে। জ্ঞান-বিজ্ঞানত যথার্থ জ্ঞান লাভ কৰিব পাৰি নে নোৱাৰি তাক আলোচনা কৰা হয় আৰু পৰা বিজ্ঞানত জগতৰ চৰম তত্ত্বৰ জ্ঞানলাভৰ অনুসন্ধান কৰা হয়। গতিকে পৰাবিদ্যা আৰু জ্ঞানবিদ্যাৰ সম্পৰ্ক অতি নিবিড় সম্পর্ক। হেগেলৰ মতে “পৰাবিজ্ঞান আৰু জ্ঞান-বিজ্ঞান একে।” জ্ঞান-বিজ্ঞান তর্কবিজ্ঞানৰ লগতো জড়িত। তর্কবিজ্ঞানে চিন্তা বা অনুমানৰ চৰ্তসমূহ নিৰ্ণয় কৰি তাৰ জৰিয়তে পোৱা শুদ্ধ জ্ঞানৰ আলোচনা কৰে। জ্ঞানবিদ্যায়ো যথার্থ জ্ঞানৰ স্বৰূপ, উৎপত্তি, বিকাশ সম্বন্ধে আলোচনা কৰে। গতিকে তর্কবিজ্ঞান জ্ঞানবিদ্যাৰ লগত জড়িত।

জ্ঞানবিদ্যাৰ লগত দৰ্শনৰ সম্বন্ধ দর্শনৰ আলোচনাৰ মূল বিষয়বস্তু হ’ল দৃশ্যমান জগতৰ অন্তৰালত থকা প্রকৃত সত্তাৰ অনুসন্ধান বা জ্ঞান। জ্ঞানবিদ্যাৰ বিষয়বস্তু হ’ল জ্ঞানৰ স্বৰূপ, জ্ঞান কি, জ্ঞানৰ উপায়, জ্ঞানৰ উৎপত্তি, জ্ঞানৰ সীমা, যথার্থ জ্ঞান সম্ভৱ হ’ব পাৰেনে, জ্ঞানৰ বৈধতা, জ্ঞানৰ চর্ত ইত্যাদি। এই জ্ঞানবিদ্যাৰ ওপৰত নিৰ্ভৰ কৰিয়েই দার্শনিক জ্ঞানৰ সৌধ গঠন কৰা হয়। সেয়ে জ্ঞানবিদ্যা আৰু দৰ্শনৰ সম্বন্ধ অতি নিবিড়। গতিকে জ্ঞানবিদ্যা দৰ্শনৰ এটা প্রধান বিভাগ। কাণ্টে দর্শন আৰু জ্ঞান-বিজ্ঞান দুয়ো অভিন্ন বুলি কৈছে। তেওঁৰ মতে Philosophy is the science and criticism of cognition. ‘দর্শন হৈছে জ্ঞান সম্বন্ধীয় বিজ্ঞান আৰু সমালোচনা। জ্ঞানবিদ্যা দার্শনিক জ্ঞানৰ প্ৰথম পদক্ষেপ। গতিকে উভয়ে নিবিড়ভাৱে জড়িত।

প্রশ্ন ৬। দর্শন কাক বোলে ? বিজ্ঞান আৰু দৰ্শনৰ সাদৃশ্য বা সম্বন্ধ আলোচনা কৰা।

উত্তৰ: দৰ্শনৰ যিটো ভাগত বা শাখাত জ্ঞান সম্পর্কে আলোচনা কৰা হয় তাক জ্ঞান বিজ্ঞান বোলে। জ্ঞান-বিজ্ঞানৰ ইংৰাজী প্রতিশব্দ হৈছে Epistemology । এই ইংৰাজী Epistemology শব্দটো দুটা গ্রীক শব্দৰ পৰা আহিছে। ‘Episteme’ মানে ‘জ্ঞান’ আৰু ‘Logos’ মানে ‘বিজ্ঞান’। গতিকে Epistemology মানে হৈছে জ্ঞান-বিজ্ঞান।

বিজ্ঞান আৰু দৰ্শনৰ সাদৃশ্যসমূহ হ’ল—

(ক) দর্শন আৰু বিজ্ঞানে উভয়ে বিচাৰ বিশ্লেষণৰ দ্বাৰা অভিজ্ঞতালব্ধ জগতৰ বিভিন্ন ঘটনাৱলীৰ মাজত সমন্বয় সাধন কৰি জগতৰ এক সামগ্রিক ব্যাখ্যা দিবলৈ বিচাৰে।

(খ) কোনো এটা বিষয়ৰ জ্ঞান অন্বেষণ কৰোতে দৰ্শন আৰু বিজ্ঞানে উভয়ে সুশৃংখল, সুসংবদ্ধভাৱে বিষয়টো অধ্যয়ন কৰে। 

(গ) কোনো এটা বিষয়ৰ সিদ্ধান্তৰ সত্যতা বিচাৰ কৰিবলৈ দৰ্শন আৰু বিজ্ঞান উভয়েই যুক্তিৰ ওপৰত নিৰ্ভৰশীল।

বিজ্ঞান আৰু দৰ্শনৰ পাৰ্থক্যসমূহ হ’ল— 

(ক) বিজ্ঞানৰ পৰিসৰ দৰ্শনৰ পৰিসৰতকৈ ঠেক।

(খ) বিজ্ঞানে জগতৰ বস্তুসমূহৰ কেৱল ৰূপৰহে জ্ঞান দিয়ে। কিন্তু দর্শনে জগতৰ বাহ্যিক ৰূপ আৰু ইয়াৰ অন্তর্নিহিত স্বৰূপৰ অর্থাৎ সত্তাৰ বিষয়েও জ্ঞান দিয়ে। 

(গ) দর্শনৰ অধ্যয়ন সংশ্লেষণাত্মক কিন্তু বিজ্ঞানৰ অধ্যয়ন বিশ্লেষণাত্মক অধ্যয়ন।

(ঘ) বিজ্ঞানে জগতৰ কোনো বস্তু বা ঘটনাৰ সার্বিক ব্যাখ্যা দিওঁতে বস্তু বা ঘটনাৰ মূলা কৰে। আনহাতে, দর্শনে জগতৰ সামগ্রিক ব্যাখ্যা দিয়াৰ উপৰিও তাৰ মূল্য নিৰূপণো কৰে।

দৰ্শন আৰু বিজ্ঞানৰ মাজত এক পাৰস্পৰিক সম্পর্ক আছে। দর্শনে জগত আৰু জীৱনৰ সামগ্রিক পূর্ণ জ্ঞান দিবলৈ প্ৰয়াস কৰে। এনে সম্পূর্ণ জ্ঞান দিবলৈ দৰ্শনে প্ৰাৰম্ভিক অৱস্থাত বিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।

প্রশ্ন ৭। অধিবিদ্যা কি? দৰ্শনৰ লগত অধিবিদ্যাৰ সম্পর্ক ব্যাখ্যা কৰা।

উত্তৰ : দৰ্শনৰ যিটো বিভাগে পৰমসত্তা সম্বন্ধীয় বিভিন্ন বিষয়ৰ বিস্তৃত আলোচনা কৰে তাক অধিবিদ্যা বোলে৷

অধিবিদ্যা আৰু দৰ্শনৰ সম্বন্ধৰ ক্ষেত্ৰত বিভিন্ন দার্শনিকে ভিন্ন মত পোষণ কৰে।

ভাববাদী দার্শনিকসকলৰ মতে দৰ্শন আৰু অধিবিদ্যাৰ মাজত কোনো পার্থক্য নাই। তর্কীয় প্রত্যক্ষদর্শীসকলৰ মতে দৰ্শন আৰু অধিবিদ্যাৰ মাজত কোনো সম্বন্ধ নাই। তেওঁলোকৰ মতে তত্ত্ববিদ্যাৰ আলোচনা নিৰ্থক আৰু অবান্তৰ। কাৰণ, তেওঁলোকে অভিজ্ঞতাৰে জ্ঞান লাভ কৰিব নোৱৰা কোনো সত্তাতে বিশ্বাস নকবে। কিন্তু তত্ত্ববিদ্যা আৰু দৰ্শনৰ মাজত গভীৰ সম্পর্ক আছে। তত্ত্ববিদ্যাতকৈ দৰ্শনৰ পৰিসৰ ব্যাপক। দৰ্শনৰ আৰু তত্ত্ববিদ্যাৰ মাজত এৰাব নোৱৰা সম্পর্ক আছে।

প্রশ্ন ৮। জ্ঞানমীমাংসা বা জ্ঞানবিদ্যা কাক বোলে? জ্ঞানমীমাংসা বা জ্ঞানবিদ্যাৰ লগত দৰ্শনৰ সম্বন্ধ বিষয়ে আলোচনা কৰা।

উত্তৰ:-  দৰ্শনৰ যিটো ভাগত বা শাখাত জ্ঞান সম্পর্কে আলোচনা কৰা হয় তাক জ্ঞান বিজ্ঞান বোলে। জ্ঞান-বিজ্ঞানৰ ইংৰাজী প্রতিশব্দ হৈছে Epistemology। এই ইংৰাজী Epistemology শব্দটো দুটা গ্রীক শব্দৰ পৰা আহিছে। ‘Episteme’ মানে ‘জ্ঞান’ আৰু ‘Logos’ মানে “বিজ্ঞান”। গতিকে Epistemology মানে হৈছে জ্ঞান-বিজ্ঞান। দৰ্শনক জ্ঞানৰ প্ৰতি অনুৰূপ বুলি কোৱা হৈছে। এতিয়া প্ৰশ্ন হ’ল এই জ্ঞাননো কি? জ্ঞানৰ সমল কি? জ্ঞানৰ সীমাৰেখা কি? জ্ঞান সম্ভৱ হ’ব পাৰেনে? যদি সম্ভৱ হয় কেনেকৈ? জ্ঞানৰ উৎপত্তিৰ উৎস কি কি? ইত্যাদি প্রশ্নবোৰৰ আলোচনা কৰা হয় জ্ঞান-বিজ্ঞানত।

জ্ঞান বিদ্যাই জ্ঞানৰ প্ৰকৃতি, স্বৰূপ প্ৰকাৰ, ধাপ, সীমা, বিকাশ সম্বন্ধে আলোচনা কৰে। এইবোৰ বিষয় আলোচনা কৰোতে জ্ঞানৰ পৰিসৰো আলোচনা কৰা হয়। গতিকে যি বিজ্ঞানত জ্ঞানৰ স্বৰূপ বা প্রকৃতি, উৎপত্তি, বিকাশ আৰু যৌক্তিকতা সম্বন্ধে আলোচনা কৰা হয় তাকেই জ্ঞান-বিজ্ঞান বোলে। জ্ঞানৰ উৎপত্তিৰ উৎস সম্পর্কে বিভিন্ন দার্শনিকে বিভিন্ন মতবাদ আগবঢ়াইছে। যেনে বুদ্ধিবাদ, অভিজ্ঞতাবাদ সংশয়বাদ, বিচাৰবাদ ইত্যাদি। এই সকলোবোৰ জ্ঞান-বিজ্ঞানৰ আলোচনাৰ বিষয়-বস্তু।

জার্মান দার্শনিক কাণ্টৰ মতে “সকলো দার্শনিক অনুসন্ধানৰ গুৰিতে হ’ল জ্ঞানবিদ্যা। কাৰণ জ্ঞাননো কি, এই জ্ঞানৰ দ্বাৰা সাক জানিব পাৰি নে নোৱাৰি সেই বিষয়ে জানি নোলোৱাকৈ জানিবলৈ চেষ্টা কৰাটো ধৃষ্টতা মাথোন। সেই কাৰণে দার্শনিক তত্ত্বক জানিবলৈ চেষ্টা কৰাৰ আগতে জ্ঞানৰ স্বৰূপ কি, জ্ঞানৰ ভিত্তি, সীমা আদিৰ বিষয়ে জনাটো অপৰিহাৰ্য। সাৰ বিষয় জানিবলৈ চেষ্টা কৰোতে জ্ঞান কি, জ্ঞানৰ পৰিধি, সীমা আদিকো জানিব পাৰি। কাণ্টৰ মতে জ্ঞানৰ বিষয়ে অন্বেষণ নকৰাকৈ জ্ঞান সম্ভৱ হ’ব পাৰে বুলি ধৰি লোৱা কথাটো বিচাৰ বিযুক্ত কথা। দৰ্শনৰ ক্ষেত্ৰত কোনো কথাকে আমি নির্বিচাৰে গ্ৰহণ কৰাটো উচিত নহয় সেয়ে দর্শন আৰু জ্ঞানবিদ্যাৰ মাজত এটা অবিচ্ছিন্ন সম্বন্ধ আছে। দুয়ো পৰম্পৰ নিৰ্ভৰশীল, সেয়ে কাণ্টে কৈছিল যে, সকলো দার্শনিক অন্বেষণৰ প্রথম স্তৰ হ’ল, জ্ঞান-বিদ্যা কান্টে জ্ঞান বিদ্যাৰ ওপৰত অতিৰিক্ত গুৰুত্ব দিয়া বাবে তেওঁ “দার্শনিক জ্ঞান সম্পৰ্কীয় বিজ্ঞান আৰু সমালোচনা” বুলি অভিহিত কৰিছে। ফিকটেয়ো “দর্শনক জ্ঞান-বিজ্ঞান বুলি কৈছে।” কেয়াৰ্ডৰ মতে, আগৰপৰা জ্ঞান অৰ্জনৰ প্ৰণালী বিচাৰ কৰি নলৈ আমি যে কেতিয়াবা কোনো ক্ষেত্ৰত নিষিদ্ধ স্থানত সোমাইছোগৈ তাক জানিম কেনেকৈ?”

জ্ঞান হৈছে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজৰ সম্পর্ক। এই জ্ঞাতা আৰু জ্ঞেয়ৰ সম্পৰ্ক জ্ঞান বিজ্ঞানৰ আলোচ্য বিষয়-বস্তু পৰাবিজ্ঞানৰ বা তত্ত্ববিদ্যাৰ লগতো এই জ্ঞান-বিদ্যাৰ সম্পৰ্কে অতি ঘনিষ্ঠ। পৰাবিদ্যা হৈছে দৰ্শনৰ এক অপৰিহাৰ্য অংশ; সত্তা অনুসন্ধানৰ দুৱাৰ্ডলি হ’ল জ্ঞান-বিদ্যা। জ্ঞানবিদ্যাই যথার্থ জ্ঞানৰ বিচাৰ কৰে। পৰাবিদ্যাই সভাৰ জ্ঞানৰ অনুসন্ধান কৰে। পৰাবিদ্যাই সমগ্ৰ গতত চৰম তত্ত্ব বা সত্ত্বাৰ জ্ঞান অনুসন্ধান কৰে। জ্ঞান-বিজ্ঞানত যথার্থ জ্ঞান লাভ কৰিব পাৰি নে নোৱাৰি তাক আলোচনা কৰা হয় আৰু পৰা বিজ্ঞানত জগতৰ চৰম তত্ত্বৰ জ্ঞানলাভৰ অনুসন্ধান কৰা হয়৷ গতিকে পৰাবিদ্যা আৰু জ্ঞানবিদ্যাৰ সম্পৰ্ক অতি নিবিড় সম্পর্ক। হেগেলৰ মতে “পৰাবিজ্ঞান আৰু জ্ঞান-বিজ্ঞান একে।” জ্ঞান-বিজ্ঞান তর্কবিজ্ঞানৰ লগতো জড়িত। তর্কবিজ্ঞানে চিন্তা বা অনুমানৰ চৰ্তসমূহ নিৰ্ণয় কৰি তাৰ জৰিয়তে পোৱা শুদ্ধ জ্ঞানৰ আলোচনা কৰে। জ্ঞানবিদ্যায়ো যথার্থ জ্ঞানৰ স্বৰূপ, উৎপত্তি, বিকাশ সম্বন্ধে আলোচনা কৰে। গতিকে তর্কবিজ্ঞান জ্ঞানবিদ্যাৰ লগত জড়িত।

জ্ঞানবিদ্যাৰ লগত দৰ্শনৰ সম্বন্ধ দর্শনৰ আলোচনাৰ মূল বিষয়বস্তু হ’ল দৃশ্যমান জগতৰ অন্তৰালত থকা প্রকৃত সত্তাব অনুসন্ধান বা জ্ঞান। জ্ঞানবিদ্যাৰ বিষয়বস্তু হ’ল জ্ঞানৰ স্বৰূপ, জ্ঞান কি, জ্ঞানৰ উপায়, জ্ঞানৰ উৎপত্তি, জ্ঞানৰ সীমা, যথার্থ জ্ঞান সম্ভৱ হ’ব পাৰেনে, জ্ঞানৰ বৈধতা, জ্ঞানৰ চর্ত ইত্যাদি। এই জ্ঞানবিদ্যাৰ ওপৰত নিৰ্ভৰ কৰিয়েই দার্শনিক জ্ঞানৰ সৌধ গঠন কৰা হয়। সেয়ে জ্ঞানবিদ্যা আৰু দৰ্শনৰ সম্বন্ধ অতি নিবিড়। গতিকে জ্ঞানবিদ্যা দৰ্শনৰ এটা প্রধান বিভাগ। কাণ্টে দর্শন আৰু জ্ঞান-বিজ্ঞান দুয়ো অভিন্ন বুলি কৈছে। তেওঁৰ মতে Philosophy is the science and creaticism of cognition. ‘দর্শন হৈছে জ্ঞান সম্বন্ধীয় বিজ্ঞান আৰু সমালোচনা। জ্ঞানবিদ্যা দার্শনিক জ্ঞানৰ প্ৰথম পদক্ষেপ। গতিকে উভয়ে নিবিড়ভাৱে জড়িত।

প্রশ্ন ৯। প্রমূল্য বিজ্ঞান কাক বোলে? দৰ্শনৰ লগত প্ৰমূল্য বিজ্ঞানৰ সম্বন্ধ ব্যাখ্যা কৰা। 

উত্তৰ ঃ দৰ্শনৰ যিটো শাখাই ভাল বেয়া, সত্য-অসত্য, সুন্দৰ অসুন্দৰ আদি আদৰ্শবোৰৰ বিচাৰ কৰে সেই শাখাকেই প্রমূল্য বিজ্ঞান বোলে। এই শাখাটো দৰ্শনৰ এটা গুৰুত্বপূৰ্ণ বিভাগ। এই শাখাটোৰ জৰিয়তে দর্শনে জীৱন আৰু জগতৰ মূল্য নিৰূপণ কৰে। জীৱনৰ তিনিটা চৰম মূল্য আছে; যেনে— সত্য (Truth), সুন্দৰ (Beauty) আৰু শিৱ (Goodness)।

সত্য তর্কবিজ্ঞানৰ মূল লক্ষ্য। আমাৰ চিন্তাবোৰ সত্য বা অসত্য হ’ব পাৰে। চিন্তাৱোৰ ভাষা বা বচনৰ মাধ্যমত প্ৰকাশ কৰা হয়। এই বচন সত্য বা অসত্য হ’ব পাৰে। বচনৰ এই সত্যাসত্য নির্ণয় কৰা হয় তর্কবিজ্ঞানত। তর্কবিজ্ঞান দৰ্শনৰ অন্তৰ্গত। গতিকে দর্শনত প্ৰমূল্য বিজ্ঞানৰ সত্যাসত্যৰ বিচাৰ কৰা হয়। আমাৰ সুন্দৰ-অসুন্দৰৰ আদৰ্শ আছে। কোনো বস্তু সুন্দৰ বা অসুন্দৰ আদিৰ আমি বিচাৰ কৰো। দৰ্শনৰ যিটো শাখাত এই সুন্দৰ-অসুন্দৰৰ বিচাৰ কৰে তাক সৌন্দর্য বিজ্ঞান বোলে। আকৌ শিৱ হ’ল আন এক আদৰ্শ যাৰ ভিত্তিত মানুহৰ আচৰণৰ ভাল-বেয়া আদিৰ বিচাৰ কৰা হয়।

এই আদৰ্শৰ চৰম আদর্শ হ’ল পৰম শ্ৰেয় বা Highest Good। আচৰণৰ এই ভাল-বেয়া আদিৰ আলোচনা কৰা হয় নীতি-বিজ্ঞানৰ জৰিয়তে। নীতিশাস্ত্র এক আদর্শনিষ্ঠ বিজ্ঞান। গতিকে মূল বিজ্ঞানত, মূল্য কি? জীৱন আৰু জগতৰ মূল্য আছেনে? মূল্য আৰু তথ্যৰ মাজত সম্পর্ক কি? এই মূল্য ব্যক্তিনিষ্ঠ নে বস্তুনিষ্ঠ? আদি প্রশ্নবোৰৰ দৰ্শনৰ যিটো শাখাই বিচাৰ কৰে তাকেই মূল্য বিজ্ঞান বোলে।

HS First Year Logic And Philosophy Questions Answer তৰ্কবিজ্ঞান আৰু দর্শন

প্রথম খণ্ড – তৰ্কবিজ্ঞান

Unit- IContentsLinks
Unit- IIতর্কবিজ্ঞান ( Logic)
সংজ্ঞা, প্রকৃতি, পৰিসৰ আৰু উপযোগিতা পৰম্পৰাগত আৰু আধুনিক তর্কবিজ্ঞান
Click here
উপসর্গ ( Proposition) :- বচন (Proposition) পদ (Term)Click here
বচন (Proposition)Click here
সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন (Transformation of ordinary sentences to logical proposition)Click here
তৰ্কীয় বচনত পদৰ ব্যাপ্ততা (Distribution of Term In a Logical Proposition)Click here
বচনৰ আধুনিক শ্রেণীবিভাজন (Modern Classification of Proposition)Click here
Unit-IIIঅনুমান, নিৰপেক্ষ ন্যায় ( Inference, Categorical Syllogism)Click here
Unit- IVপ্রতিকাত্মক তর্কবিজ্ঞান ( Symbolic Logic)Click here

দ্বিতীয় খণ্ড – দর্শন

Unit- Vদর্শন (Philosophy)Click here
Unit- VIভাৰতীয় দর্শন ( Indian Philosophy )Click here
Unit- VIIজ্ঞান উৎপত্তি সম্পৰ্কীয় ( Theories of the origin of knowledge )Click here
প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমানClick here
Unit- VIIIবাস্তৱবাদ আৰু ভাৱবাদ (Realism and Idealism)Click here

This Post Has 3 Comments

Leave a Reply