Class 11 Logic and Philosophy Chapter 3 | অনুমান আৰু নিৰপেক্ষ ন্যায়

Class 11 Logic and Philosophy Chapter 3 | অনুমান আৰু নিৰপেক্ষ ন্যায়। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 11 Logic and Philosophy Chapter 3 | অনুমান আৰু নিৰপেক্ষ ন্যায় AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

Hs First Year Question Answer (Assamese Medium)

ইংৰাজী (English)Click Here
অসমীয়া Click Here
हिन्दीClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
তৰ্কবিদ্যা আৰু দর্শন (Logic & Philosophy)Click Here
পৰিৱেশ শিক্ষা ( Environmental Studies)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
সমাজতত্ত্ব (sociology)Click Here
অৰ্থনীতি (Economy)Click Here
ৰাজনীতি (Political Science)Click Here
ভূগোল (Geography)Click Here

HS first year Logic and Philosophy Chapter 3 – অনুমান আৰু নিৰপেক্ষ ন্যায়

অতি চমু প্রশ্নোত্তৰ 

প্রশ্ন ১। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(ক) তৃতীয় সংস্থানত তিনিটা/চাৰিটা/পাঁচটা/ছয়টা বৈধ মূর্তি থাকে।

 উত্তৰ : ছয়টা বৈধ মূর্তি আছে। 

(খ) সাধ্যপদ/পক্ষপদ/হেতুপদৰ অৱস্থিতৰ দ্বাৰা ন্যায়ৰ সংস্থান নির্ণয় কৰা হয়।

উত্তৰ:- হেতুপদৰ।

(গ) অমাধ্যম অনুমানত সিদ্ধান্তটো এটা/দুটা/তিনিটা আশ্রয়বাক্যৰ পৰা নিঃসৃত হয়।

উত্তৰ : এটা ৷

(ঘ) নিৰপেক্ষ ন্যায়ৰ সিদ্ধান্তৰ বিধেয় পদক পক্ষপদ / সাধ্যপদ বোলে।

উত্তৰঃ সাধ্যপদ৷ 

(ঙ) দ্বিতীয় সংস্থানত হেতুপদটো দুয়োটা আশ্রয় বাক্যত উদ্দেশ্য / বিধেয় ৰূপে ব্যৱহাৰ

উত্তৰঃ বিধেয় ৰূপে ।

(চ) সমবর্তন এবিধ অমাধ্যম/মাধ্যম অনুমান। 

উত্তৰ: অমাধ্যম অনুমান। 

(ছ) ন্যায়ৰ চতুৰ্থ সংস্থানত চাৰিটা/পাঁচটা/ছয়টা বৈধমূর্তি থাকে।

উত্তৰ: পাঁচটা।

(জ) BAROCO দ্বিতীয়/তৃতীয়/চতুর্থ সংস্থানৰ বৈধ মূর্তি।

উত্তৰ : দ্বিতীয়। 

(ঝ) ন্যায়ৰ তৃতীয় সংস্থানৰ সিদ্ধান্তটো সার্বিক/বিশেষ বচন হ’বই লাগিব।

উত্তৰ: বিশেষ বচন।

প্রশ্ন ২। সঁচা/মিছা নির্ণয় কৰা।

(ক) এইটো সঁচানে যে অমাধ্যম অনুমানত দুটা আশ্রয় বাক্য থাকে?

উত্তৰ : মিছা

(খ) প্রতিবৰ্তনত এক অমাধ্যম অনুমান। কথাষাৰ সঁচানে?

উত্তৰ সঁচা

(গ) অমাধ্যম অনুমানত সিদ্ধান্তটো কেইটা আশ্ৰয় বচনৰ পৰা নিঃসৃত? 

উত্তৰ: এটা আশ্ৰয় বাক্যৰ পৰা। 

(ঘ) এইটো সঁচানে যে এটা অমিশ্ৰ নিৰপেক্ষ ন্যায়ত এটা হেতুপদ থাকিব লাগে।

উত্তৰ : সঁচা 

(ঙ) নিৰপেক্ষ ন্যায়ত হেতুপদ অন্ততঃ এবাৰ ব্যাপ্ত হ’ব লাগে। কথাষাৰ সঁচানে?

উত্তৰ সঁচা 

(ক) এইটো সঁচানে যে এটা অমিশ্ৰ নিৰপেক্ষ ন্যায়ত এটা হেতুপদ থাকিব লাগে৷ 

উত্তৰ: সঁচা।

(খ) প্রতিবর্তন এক অমাধ্যম অনুমান কথাষাৰ সঁচানে

উত্তৰ সঁচা।

(ঘ) নিৰপেক্ষ ন্যায়ত হেতুপদ অন্ততঃ এবাৰ ব্যাপ্ত হ’ব লাগে। কথাষাৰ সঁচানে?

উত্তৰ সঁচা।

(ঙ) এইটো সঁচানে যে অমাধ্যম অনুমানত দুই আশ্রয়বাক্য থাকে।

উত্তৰ সঁচা নহয়। 

(চ) ‘প্রথম সংস্থানত সাধ্য আশ্রয় বাক্যটো বিশেষ বচন হ’ব লাগিব’— কথাষাৰ সঁচানে

উত্তৰ সঁচা নহয়। 

(ছ) ‘প্রথম সংস্থানত পক্ষ আশ্রয় বাক্যটো সদর্থক হ’ব লাগিব’- কথায্যৰ সঁচানে

উত্তৰ সঁচা।

প্রশ্ন ৩। ন্যায়ৰ কোনটো পদে সংস্থান নির্ণয় কৰে?

উত্তৰ:- হেতুপদে

প্রশ্ন ৪। প্রথম সংস্থানৰ বৈধ মূর্তিসমূহৰ কোনটো সাধ্য বচন হিচাবে ব্যবহৃত হয়।

উত্তৰ:- সাধ্য আশ্রয় বাক্য সামান্য বচন হ’ব লাগিব।

প্রশ্ন ৫। বস্তুগত প্রতিবর্তন প্রকৃত প্রতিবর্তন হয়নে?

উত্তৰ:- নহয়।

HS First Year Logic And Philosophy Questions Answer তৰ্কবিজ্ঞান আৰু দর্শন

প্রথম খণ্ড – তৰ্কবিজ্ঞান

Unit- IContentsLinks
Unit- IIতর্কবিজ্ঞান ( Logic)
সংজ্ঞা, প্রকৃতি, পৰিসৰ আৰু উপযোগিতা পৰম্পৰাগত আৰু আধুনিক তর্কবিজ্ঞান
Click here
উপসর্গ ( Proposition) :- বচন (Proposition) পদ (Term)Click here
বচন (Proposition)Click here
সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন (Transformation of ordinary sentences to logical proposition)Click here
তৰ্কীয় বচনত পদৰ ব্যাপ্ততা (Distribution of Term In a Logical Proposition)Click here
বচনৰ আধুনিক শ্রেণীবিভাজন (Modern Classification of Proposition)Click here
Unit-IIIঅনুমান, নিৰপেক্ষ ন্যায় ( Inference, Categorical Syllogism)Click here
Unit- IVপ্রতিকাত্মক তর্কবিজ্ঞান ( Symbolic Logic)Click here

দ্বিতীয় খণ্ড – দর্শন

Unit- Vদর্শন (Philosophy)Click here
Unit- VIভাৰতীয় দর্শন ( Indian Philosophy )Click here
Unit- VIIজ্ঞান উৎপত্তি সম্পৰ্কীয় ( Theories of the origin of knowledge )Click here
প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমানClick here
Unit- VIIIবাস্তৱবাদ আৰু ভাৱবাদ (Realism and Idealism)Click here

প্রশ্ন ৬। এটা ন্যায়ত কেইটা বচন থাকে

উত্তৰ:- দুটা।

প্রশ্ন ৭। প্রথম সংস্থানৰ দুটা বৈধ মূৰ্তিৰ নাম লিখা।

উত্তৰ: BARBARA, CELARENT 

প্রশ্ন ৮। ন্যায়ৰ সিদ্ধান্তৰ উদ্দেশ্য পদটোৰ নাম কি?

উত্তৰ:- পক্ষপদ।

প্রশ্ন ৯। ন্যায়ৰ সিদ্ধান্তৰ বিধেয় পদটোৰ নাম কি? 

উত্তৰ:- ন্যায়ৰ সিদ্ধান্তৰ বিধেয় পদটোৰ নাম হ’ল সাধ্যপদ।

প্রশ্ন ১০। ন্যায়ৰ কোনটো পদে দুয়োটা আশ্রয় বাক্যত উপস্থিত থাকে, কিন্তু সিদ্ধান্তত নাথাকে?

উত্তৰ:- হেতুপদ ৷

প্রশ্ন ১১। তৃতীয় সংস্থানত কেইটা বৈধ মূর্তি আছে?

উত্তৰ:- তৃতীয় সংস্থানত ছটা বৈধ মূর্তি আছে।

প্রশ্ন ১২। ন্যায়ৰ প্ৰথম সংস্থানৰ বৈধ মৃতি কেইটা?

উত্তৰ:- চাৰিটা।. 

প্রশ্ন ১৩। অমাধ্যম অনুমানৰ এটা উদাহৰণ দিয়া।

উত্তৰ:- অমাধ্যম অনুমানৰ উদাহৰণ — সকলো মানুহ হয় মণশীল- A

কিছুমান মৰণশীল প্রাণী হয় মানুহ —I

প্রশ্ন ১৪। প্রথম সংস্থানৰ বৈধ মূর্তি সমূহত কোনটো বচন সাধ্য বচন হিচাপে ব্যৱহৃত হয় ? 

উত্তৰ:- প্ৰথম সংস্থানত সাধ্য আশ্রয়বাক্যটো সামান্য বচন হ’ব লাগিব।

১৫।’O’বচনৰ সমবৰ্তন কৰিব পাৰিনে?

উত্তৰ: ‘O’ বচনৰ সমৰ্তন কৰিব নোৱাৰি।

প্রশ্ন ১৬। প্রথম সংস্থানত হেতুপদৰ অৱস্থিতি কি?

উত্তৰ: প্রথম সংস্থানত হেতুপদ সাধ্যআশ্রয় বাক্যত উদ্দেশ্য আৰু পক্ষ আশ্রয় বাক্যত বিধেয় হিচাপে অৱস্থান কৰে।

প্রশ্ন ১৭।CESARE দ্বিতীয় সংস্থানৰ বৈধ মূর্তি হয়নে? 

উত্তৰ: CESARE দ্বিতীয় সংস্থানৰ বৈধ মূর্তি হয়।

প্রশ্ন ১৮। চতুর্থ সংস্থানত কেইটা বৈধ মূর্তি আছে?

 উত্তৰ:- চতুৰ্থ সংস্থান পাঁচটা বৈধ মূর্তি আছে।

প্রশ্ন ১৯। চতুর্থ সংস্থানত হেতুপদটো সাধ্য বচনত – আৰু পক্ষ বচনত হয়।

উত্তৰ:- চতুৰ্থ সংস্থানত হেতুপদটো সাধ্য বচনত বিধেয় আৰু পক্ষ বচনত উদ্দেশ্য

প্রশ্ন ২০। দ্বিতীয় সংস্থানত কেইটা বৈধ মূর্তি আছে?

উত্তৰ : দ্বিতীয় সংস্থানত চাৰিটা বৈধ মূর্তি আছে। 

প্রশ্ন ২১। ন্যায়ৰ প্ৰকাৰ দুটা কি কি?

উত্তৰ : ন্যায়ৰ প্ৰকাৰ দুটা হ’ল– (১) অমিশ্ৰ ন্যায় আৰু (২) মিশ্র ন্যায়।

প্রশ্ন ২২। অমাধ্যম অনুমান প্ৰকৃততে অনুমান হয়নে?.

উত্তৰ:- নহয়।

প্রশ্ন ২৩। ‘সকলো হয় আৰু কোনো নহয়’ মানে তুমি কি বুজা?

উত্তৰ:- সকলো মানুহ হয় মৰণশীল। … কোনো মানুহ নহয় অমৰ।—এই কথাখিনিকে বুজা যায়— সকলো হয় আৰু কোনো নহয়।

প্রশ্ন ২৪। ‘আগমনত আশ্ৰয় বাক্যৰ পৰা অনিবার্যভাৱে সিদ্ধান্ত নিঃসৃত হয়।’–এইটো হয়।এইটো সত্য নে?

উত্তৰ:- এইটো সত্য।

প্রশ্ন ২৫। ন্যায়ৰ দ্বিতীয় সংস্থানত হেতুপদৰ অৱস্থিতি কি?

 উত্তৰ:- ন্যায়ৰ দ্বিতীয় সংস্থানত দুয়োটা আশ্রয়বাক্যতে হেতুপদৰ অৱস্থিতি বিধেয়পদত

চমু প্রশ্নোত্তৰ

প্রশ্ন ১।প্ৰতিবৰ্তনৰ দুটা নিয়ম উল্লেখ কৰা।

উত্তৰ : প্রতিবৰ্তনৰ নিয়ম দুটা হ’ল—

(ক) প্রতিবৰ্তিত বচনৰ উদ্দেশ্য পদ প্ৰতিবৰ্তনীয় বচনৰ উদ্দেশ্য পদৰ সৈতে একে।

(খ) প্ৰতিবৰ্তিত বচনৰ বিধেয় পদ প্রতিবর্তনীয় বচনৰ বিধেয় পদৰ বিৰুদ্ধ পদ হয়।

প্রশ্ন ২। ন্যায়ৰ সংজ্ঞা দিয়া ন্যায়ৰ প্ৰথম চাৰিটা নিয়মৰ উল্লেখ কৰা। 

উত্তৰঃ যি মাধ্যম নিগমন অনুমানত পৰস্পৰ সংযুক্ত দুটা আধাৰ বচনৰ সংযুক্ত ফলস্বৰূপে সিদ্ধান্তটো অনিবার্যভাবে নিঃসৃত হয় তাকে ন্যায় বোলে।

ন্যায়ৰ প্ৰথম চাৰিটা নিয়ম হ’ল— 

(ক) প্রত্যেক ন্যায় অনুমানতেই কেবল তিনিটা বচন থাকিব লাগে, তিনিটাতকৈ বেছি বা কম হ’ব নোৱাৰে।

(খ) প্রত্যেক ন্যায়তেই মাত্র তিনিটা পদ থাকিব লাগিব।

(গ) প্রত্যেক ন্যায়ৰ দুটা আধাৰ বচনত প্ৰত্যেকতে এবাৰকৈ হেতুপদটো ব্যাপ্ত হ’ব লাগিব।

(ঘ) আধাৰ বচনত ব্যাণ্ড নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্যাপ্ত হ’ব নোৱাৰে।

প্রশ্ন ৩। নিগমন অনুমান কাক বোলে? ইয়াৰ বৈশিষ্ট্যবোৰ কি কি? 

উত্তৰ ঃ যি অনুমানত আধাৰ বচনতকৈ সিদ্ধান্তৰ বিস্তৃতি অধিক নহয় তাকেই নিগমন অনুমান বোলে।

উদাহৰণস্বৰূপে— সকলো মানুহ হয় মৰণশীল, গতিকে কোনো মানুহ নহয় অমৰ। এই যুক্তিটোত সিদ্ধান্তৰ ব্যাপকতা আধাৰ বচনতকৈ বেছি নহয়।

নিগমন অনুমান বৈশিষ্ট্যসমূহ হ’ল—

(ক) এটা নিগমন অনুমানৰ লক্ষ্য হৈছে, আকাৰগত সত্যতা। 

(খ) নিগমন অনুমানৰ সিদ্ধান্ত আধাৰ বচন বা আধাৰ বচনসমূহৰ ব্যাপকতাতকৈ কেতিয়াও অধিক ব্যাপক হ’ব নোৱাৰে। 

(গ) নিগমন অনুমানত সিদ্ধান্তটো আধাৰ বচনত নিহিত থাকে আৰু আধাৰ বচনৰ পৰা অনিবার্যভাৱে নিঃসৃত হয়।

প্রশ্ন ৪ আগমন অনুমান কাক বোলে? ইয়াৰ বৈশিষ্ট্যসমূহ কি কি? 

উত্তৰঃ যি অনুমানত বিশেষ জ্ঞানৰ প্ৰত্যক্ষৰ ভিত্তিত সার্বিক জ্ঞানত উপনীত হোৱা যায় তাকে আগমন অনুমান বোলে। যেনে— ৰাম মৰিল, শ্যাম মৰিল। তেওঁলোক মানুহ আছিল। গতিকে সকলো মানুহ হয় মৰণশীল।

আগমন অনুমানৰ বৈশিষ্ট্যসমূহ হ’ল— 

(ক) সিদ্ধান্ত সদায় একাধিক আশ্রয় বাক্যৰ পৰা নিঃসৃত।

(খ) সিদ্ধান্তটো আশ্ৰয় বাক্যত নিহিত হৈ নাথাকে বাবে আশ্রয় বাক্যৰ পৰা অনিবার্যভাৱে নিঃসৃত নহয়৷

(গ) সিদ্ধান্ত আশ্রয় বাক্যতকৈ অধিক ব্যাপক।

(ঘ) সিদ্ধান্তই আশ্রয় বাক্যক অতিক্রম কবে বাবে আশ্রয় বাক্যৰ সত্যতাৰ পৰা সিদ্ধান্তৰ সত্যতা প্রতিষ্ঠিত হয়। 

প্রশ্ন ৫। নিগমন অনুমান আৰু আগমন অনুমানৰ পাৰ্থক্য কি কি?

উত্তৰ : নিগমন অনুমান আৰু আগমন অনুমানৰ পাৰ্থক্যসমূহ হল – 

(ক) নিগমন অনুমানত সামান্য সত্যৰ পৰা বিশেষ বিশেষ সত্যলৈ অহা হয়।

আনহাতে, আগমন অনুমানত বিশেষ বিশেষ দৃষ্টাত্তৰ পৰা সামান্য সত্যৰ সিদ্ধান্তলৈ অহা হয়। 

(খ) নিগমন অনুমানত সিদ্ধান্ত কেতিয়াও আধাৰ বাক্যতকৈ বেছি ব্যাপক হ’ব নোৱাৰে। কিন্তু আগমন অনুমানত সিদ্ধান্ত সদায় আশ্রয় বাক্যতকৈ বেছি ব্যাপক।

(গ) নিগমন অনুমানৰ কেৱল আকাৰগত সত্যতাহে থাকে। কিন্তু আগমন অনুমানত আকাৰগত সত্যতাৰ লগত বস্তুগত সত্যতাও থাকে।

প্রশ্ন ৬। ন্যায়ৰ বৈশিষ্ট্যসমূহ কি কি? 

উত্তৰ:- যি মাধ্যম নিগমন অনুমানত পৰস্পৰ সংযুক্ত দুটা আধাৰ বচনৰ সংযুক্ত ফলস্বৰূপে সিদ্ধান্তটো অনিবার্যভাবে নিঃসৃত হয় তাকে ন্যায় বোলে। ন্যায় বৈশিষ্ট্যসমূহ হ’ল

(১) ন্যায় এক প্ৰকাৰ অনুমান। যি অনুমানটো আধাৰ বচনৰ জৰিয়তে সিদ্ধান্তত এক নতুন সত্যৰ জ্ঞানত উপনীত হ’ব পৰা যায়।

(২) ন্যায় এক প্রকাৰ নিগমনাত্মক অনুমান। ন্যায় যিহেতু এক নিগমণাত্মক অনুমান, সেয়েহে ইয়াৰ সিদ্ধান্ত আধাৰ বচন দুটাৰ কোনোটোতকৈও অধিক ব্যাপক হ’ব নোৱাৰে। 

(৩) ন্যায় অনুমানত কেৱল দুটা বচনৰ জৰিয়তে সিদ্ধান্তটো নিঃসৃত হয়। ন্যায়ৰ আধাৰ বচন দুটাতকৈ বেছি বা দুটাতকৈ কম হ’ব নোৱাৰে। 

(৪) ন্যায়ৰ সিদ্ধান্ত দুটা পৰস্পৰ সম্পর্কযুক্ত আধাৰ বচনৰ পৰা অনিবার্যভাৱে নিঃসৃত হয়।

(৫) ন্যায় অনুমানৰ আন এক কৰিবলৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে যে ন্যায়ৰ লক্ষ্য আকাৰৰ্গত, সত্যতা, বস্তুগত সত্যতা নহয়। 

প্রশ্ন ৭। অমিশ্ৰ নিৰপেক্ষ ন্যায়ৰ পাঁচটা সাধাৰণ নিয়ম উল্লেখ কৰা|

উত্তৰ: অমিশ্ৰ নিৰপেক্ষ ন্যায়ৰ পাঁচটা সাধাৰণ নিয়ম হ’ল— 

(ক) প্রত্যেক ন্যায় অনুমানতেই কেৱল তিনিটা বচন থাকিব লাগিব।

(খ) প্রত্যেক ন্যায়তেই মাত্র তিনিটা পদ থাকিব লাগিব। (গ) হেতুপদ আধাৰ বচন দুটাত অন্ততঃ এবাৰ ব্যাপ্ত হ’ব লাগিব।

(ঘ) আধাৰ বচনত ব্যাপ্ত নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্যাপ্ত হ’ব নোৱাৰে।

(ঙ) আধাৰ ৰচন দুটাৰ অন্ততঃ এটা সদৰ্থক বচন হ’ব লাগিব।

প্রশ্ন ৮। “বৈষ্ণৱসকল হিন্দুৱেঁই”— এই বাক্যটোক তর্কবিজ্ঞানসন্মত ৰূপত প্ৰকাশ কৰি সমবৰ্তন কৰা।

উত্তৰ : ৰূপান্তৰিত বচন : সকলো বৈষ্ণৱ হয় হিন্দু ‘A’ বচন। সমবর্তিত বচন : কিছুমান হিন্দু হয় বৈষ্ণর ‘I’ বচন।

প্রশ্ন ৯। “মানুহ মানেই মৰণশীল”— এই বাক্যটোক তর্কবিজ্ঞানসম্মত ৰূপত কৰি প্ৰতিবৰ্তন কৰা।

উত্তৰঃ ৰূপান্তৰিত বচন : সকলো মানুহ হয় মৰণশীল (A)

 সমবর্তিত বচন কোনো মানুহ নহয় অমৰণশীল (E) 

প্রশ্ন ১০। প্রমাণ কৰা যে দ্বিতীয় সংস্থানত এটা আশ্রয়বাক্য নঞর্থক হ’বই লাগিব। 

উত্তৰ দ্বিতীয় সংস্থানত হেতুপদটো দুয়োটা বচনত অর্থাৎ সাধ্য বচন আৰু পক্ষ আধাৰ বচনত বিধেয় ৰূপে অৱস্থান কৰে। নঞর্থক বচনতহে বিধেয় পদ ব্যাপ্ত হয় সদর্থক বচনত নহয়। ন্যায়ৰ নিয়ম মতে, হেতুপদটো আধাৰ বচনত দুটা অন্ততঃ এবাৰ ব্যাপ্ত হ’ব লাগে। আধাৰ বচন দুটা সদৰ্থক হ’লে হেতুপদটো দুয়োটা আধাৰ বচনত অব্যাপ্ত থাকিব আৰু অব্যাপ্ত হেতুপদ দোষ ঘটিৰ। গতিকে, অব্যাপ্ত হেতুপদ দোষৰ পৰা হাত সাৰিবলৈ  যিকোনো এ আশ্রয়বাক্য বা আধাৰ বচন নঞর্থক হ’বই লাগিব। 

প্রশ্ন ১১। সংজ্ঞা’ লিখা

(ক) হেতু পদ, 

(খ) ন্যায় 

(1) অমাধ্যম অনুমান 

(ঘ) বিশুদ্ধ নিৰপেক্ষ ন্যায় 

(3) সমবর্তন 

(চ) নিগমন অনুমান 

(ছ) প্রতিবর্তন 

(জ) অনুমান 

(ঝ) অসৰল অমবর্তন 

(এ) পদ 

(ট) ব্যাপ্ত পদ 

উত্তৰ : (ক) হেতু পদ ঃ যিটো পদ দুয়োটা আধাৰ বচন অর্থাৎ সাধ্য আধাৰ বচন আৰ পক্ষ আধাৰ বচনতে উপস্থিত থাকে কিন্তু সিদ্ধান্তত উপস্থিত নাথাকে তাকে হেতুপদ বোলে।

যেনে – সকলো মানুহ হয় মৰণশীল।

ৰাম হয় মানুহ। .:. ৰাম হয় মৰণশীল।

এই উদাহৰণটোত ‘মৰণশীল’ (সিদ্ধান্তৰ বিধেয়) সাধ্যপদ, ‘ৰাম’ (সিদ্ধান্তৰ উদ্দেশ্য)

পক্ষ পদ আৰু ‘‘মানুহ’(দুয়োটা আধাৰ বচনত আছে কিন্তু সিদ্ধান্তত নাই সেয়াই হৈছে হেতূপদ।) 

(খ) ন্যায় যি মাধ্যম নিগমৰ অনুমানত পৰস্পৰ সংযুক্ত দুটা আধাৰ বচনৰ সংযুক্ত ফলস্বৰূপে সিদ্ধান্তটো অনিবার্যভাবে নিঃসৃত হয় তাকেই ন্যায় অনুমান বোলে। উদাহৰণস্বৰূপে 

সকলো মানুহ হয় মৰণশীল A

ৰাম হয় এজন মানুহ A

ৰাম হয় মৰণশীল A

(গ) অমাধ্যম অনুমান যি নিগমন অনুমানত সিদ্ধান্তটো এটা মাত্র আধাৰ বচনৰ পৰ নিঃসৃত হয় সেই অনুমানক অমাধ্যম অনুমান বোলে। উদাহৰণ স্বৰূপে—

সকলো মানুহ হয় মৰণশীল A

 .:. কিছুমান মৰণশীল প্রাণী হয় মানুহ।

(ঘ) বিশুদ্ধ নিৰপেক্ষ ন্যায় যি ন্যায় অনুমানত সন্নিবিষ্ট তিনিটা বচনেই একে প্ৰকাৰৰ সম্বন্ধবিশিষ্ট হয় আৰু তাক বিশুদ্ধ নিৰপেক্ষ ন্যায় বোলে। বিশুদ্ধ নিৰপেক্ষ ন্যায়ক অমিত নিৰপেক্ষ ন্যায় বুলি জনা যায়।

(ঙ) সমবর্তনঃ যি অমাধ্যম অনুমানত এটা মাত্র প্রদত্ত আধাৰ বচনৰ পৰা, আধাৰ বচনটোৰ উদ্দেশ্য আৰু বিধেয় পদৰ বিধিসম্মতভাবে স্থান পৰিৱৰ্তন কৰি সিদ্ধান্ত প্রতিষ্ঠা কৰা হয়, তাকে সমবর্তন বোলে৷ ইয়াৰ তৰ্কবিজ্ঞানসন্মত ৰূপ হ’ব – SP

Therefore PS

বাস্তৱ উদাহৰণ- – সকলো মানুহ হয় মৰণশীল A

 :. কিছুমান মৰণশীল প্রাণী হয় মানুহ |

(চ) নিগমন অনুমানযি অনুমানত আধাৰ বচনতকৈ সিদ্ধান্তৰ বিস্তৃতি অধিক নহয়— তাকেই নিগমন অনুমান বোলে। যেনে— সকলো মানুহ হয় মৰণশীল, গতিকে কোনো মানুহ নহয় অমৰ।

(ছ) প্রতিবর্তন : যি অমাধ্যম অনুমানত প্রদত্ত বচনৰ অৰ্থৰ কোনো পৰিবৰ্তন নকৰাকৈ কেৱল মাত্ৰ গুণৰ পৰিবৰ্তন কৰি সিদ্ধান্তত উপনীত হোৱা যায়, তাকেই প্রতিবর্তন বোলে। তর্কবিজ্ঞানসম্মত ৰূপ SP

:.S non P

বাস্তৱ উদাহৰণ : 

E কোনো মানুহ নহয় পূর্ণ প্রতিবর্তনীয় বচন 

:. A সকলো মানুহ হয় অপূর্ণ প্রতিবর্তিত বচন।

(জ) অনুমান; অনুমান হৈছে এক মানসিক প্রক্রিয়া যাৰ দ্বাৰা কোনো জ্ঞাত বা প্রত্যক্ষ সত্যৰ সহায়ত অজ্ঞাত বা অপ্রত্যক্ষ সত্যত উপনীত হ’ব পৰা যায়। জ্ঞাত সত্যৰ ভিত্তিত নতুন, অজ্ঞাত সত্যত উপনীত হোৱাৰ মানসিক প্ৰক্ৰিয়া আৰু সেই প্ৰক্ৰিয়াৰ পৰিণামেই হৈছে অনুমান। উদাহৰণস্বৰূপে পর্বতটোত ধোঁৱা দেখা গৈছে। যেতিয়াই ধোঁৱা থাকে তেতিয়া জুইও থাকে। গতিকে জ্ঞাত সত্যৰ ভিত্তিত পৰ্বৰ্তটোত ধোঁৱা দেখাৰ লগে লগে তাত যে জুই আছে সেই জ্ঞান লাভ কৰা হয়।

(ঝ) অসৰল সমবর্তনঃ যি সমবর্তনত আধাৰ বচন আৰু সিদ্ধান্তৰ পৰিমাণ সলনি হয় অর্থাৎ, আধাৰ বচন সামান্য বচন হলে সিদ্ধান্তটো বিশেষ বচন হ’ব তাকে সবল সমবর্তন বোলে। সাংকেতিক উদাহৰণ: 

সকলো S হয় PA

কিছুমান Pহয় S. I

বাস্তৱ উদাহৰণ — সকলো মানুহ হয় মৰণশীল A

.:. কিছুমান মৰণশীল জীৱ হয় মানুহ।

(ঞ) পক্ষ পদ : এটা ন্যায়ানুমানৰ সিদ্ধান্ত বচনৰ উদ্দেশ্য পদক পক্ষ পদ বোলে।

(ট) ব্যাপ্ত পদ : কোনো এটা পদক যেতিয়া ইয়াৰ সম্পূৰ্ণ বাচ্যাৰ্থত গ্ৰহণ কৰা হয় তেতিয়া সেই পদটোক ব্যাপ্ত পদ বোলে।

প্রশ্ন ১২। চমুটোকা লিখা :

(ক) সংস্থান

(খ) ন্যায়ৰ গঠন 

(গ) অবৈধ সাধ্যপদদোষ 

(ঘ) বস্তুগত প্রতিবর্তন৷

উত্তৰ: (ক) সংস্থানঃ ন্যায়ৰ আধাৰ বচন দুটাত হেতুপদৰ অৱস্থান অনুসৰি ন্যায়ৰ যি বিভিন্ন আকাৰ নিৰ্ণয় কৰা হয়, তাকে ন্যায়ৰ সংস্থান বোলে। ন্যায়ত হেতু পদটো সাধ্য আধাৰ বচন আৰু পক্ষ আধাৰ বচন উভয়তে থাকে। অর্থাৎ হেতুপদটো আধাৰ বচন দুটাত উদ্দেশ্য বা বিধেয় ৰূপে অৱস্থান কৰে। ন্যায়ত হেতুপদটোৰ অৱস্থান বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে৷ এনে বিভিন্ন প্ৰকাৰৰ আকাৰকে ন্যায়ৰ সংস্থান বুলি কোৱা হয়। ন্যায়ৰ আধাৰ বচন দুটাত হেতুপদৰ এনে অৱস্থান মুঠতে চাৰি প্ৰকাৰৰ হ’ব পাৰে। গতিকে, সংস্থানো মুঠ চাৰি প্ৰকাৰৰ পোৱা যায় ৷ প্রথম সংস্থান, দ্বিতীয় সংস্থান, তৃতীয় সংস্থান আৰু চতুৰ্থ সংস্থান

প্রথম সংস্থানত হেতুপদটো সাধ্য আধাৰ বচনত উদ্দেশ্য আৰু পক্ষ আধাৰ বচনত বিধেয়। ৰূপে অৱস্থানৰ কৰে। যেনে –

 (গ) ন্যায়ৰ গঠন ঃ তর্কবিজ্ঞান সন্মত ৰূপত এটা নিৰপেক্ষ ন্যায়ক যেতিয়া প্ৰকাশ কৰা হয় তেতিয়া তাত তিনিটা নিৰপেক্ষ বচন থাকে। প্রথম দুটা বচনক আধাৰ বচন বুলি কোৱা হয় আৰু তৃতীয়টোক, যিটো প্রথম দুটা আধাৰ বচনৰ জৰিয়তে সাব্যস্ত বা অনুমান কৰা হয় তাক সিদ্ধান্ত বোলা হয়।

এটা নিৰপেক্ষ ন্যায়ত কেৱল তিনিটাহে পদ থাকে আৰু প্ৰত্যেকটোৱেই একে অর্থত দুবাৰকৈ ব্যৱহৃত হয়। 

উদাহৰণ স্বৰূপে— 

সকলো মানুহ হয় মৰণশীল।

ৰাম হয় এজন মানুহ

 :. ৰাম হয় মৰণশীল।

ইয়াত প্ৰথম বচন দুটা আধাৰ বচন আৰু তৃতীয়টো সিদ্ধান্ত। দেখা যায় যে ‘মানুহ’ ‘মৰণশীল’ আৰু ‘ৰাম’ এই তিনিটা পদ তিনিটা বচনত দুবাৰকৈ ব্যৱহৃত হৈছে৷ ন্যায় অনুমানত এই তিনিটা পদৰ নাম হৈছে সাধ্যপদ, পক্ষপদ আৰু হেতুপদ।

পক্ষপদ: সিদ্ধান্তৰ উদ্দেশ্যপদক পক্ষপদ বোলে। সাধ্যপদ: সিদ্ধান্তৰ বিধেয়পদক সাধ্যপদ বোলে।

হেতুপদ ঃ যিটো পদ দুইটা আধাৰ বচনত উপস্থিত থাকে কিন্তু সিদ্ধান্তত নাথাকে তাকে হেতুপদ বোলে। ওপৰৰ উদাহৰণটোত মৰণশীল— সাধ্যপদ, ৰাম— পক্ষপদ আৰু মানুহ হেতুপদ।

 আকৌ যি আধাৰ বচনত পক্ষপদ (সিদ্ধান্তৰ উদ্দেশ্য) উপস্থিত থাকে তাকেই পক্ষ আধাৰ বচন বোলে। যি আধাৰ বচনত সাধ্য পদ (সিদ্ধান্তৰ বিধে পদ) উপস্থিত থাকে তাকে সাধ্য পদ (সিদ্ধান্তৰ বিধেয় পদ) উপস্থিত থাকে তাকে সাধ্য আধাৰ বঁচন বোলা হয়। ওপৰৰ উদাহৰণটোত

‘সকলো মানুহ হয় মৰণশীল’— সাধ্য আধাৰ বচন, ইয়াত সাধ্যপদ ‘মৰণশীল’ উপস্থিত। ৰাম হয় এজন মানুহ — পক্ষ আধাৰ বচন, ইয়াত পক্ষপদ ৰাম উপস্থিত। ন্যায়ৰ গঠন তলত দিয়া ধৰণে প্ৰকাশ কৰিব পাৰি

সাধ্য আধাৰ বচন – M (হেতুপদ) হয় P (সাধ্যপদ)

পক্ষ আধাৰ বচন.   S (পক্ষপদ) হয় M (হেতুপদ)

সিদ্ধান্ত- :.S ( পক্ষপদ) হয় P (সাধ্যপদ)

S. P আৰু M হৈছে ক্ৰমে পক্ষপদ, সাধ্যপদ আৰু হেতুপদৰ প্ৰতীক চিহ্ন।

(ঘ) অবৈধ সাধ্যপদদোষ সকলো মানুহ হয় প্রাণী A কোনো কুকুৰ নহয় মানুহ E

কোনো কুকুৰ নহয় প্রাণী E 

এই ন্যায় অবৈধ সাধ্য পদ দোষযুক্ত ন্যায়। ইয়াক সাধ্যপদ ‘প্রাণী’ সাধ্য আধাৰ বচনত A বচনৰ বিধেয় হোৱা বাবে ব্যাপ্ত হোৱা নাই কিন্তু সিদ্ধান্তত E বচনৰ বিধেয় হোৱা বাবে ব্যাপ্ত হৈছে। 

(ঙ) বস্তুগত প্রতিবর্তনঃ যি প্রতিবর্তনত কেৱল বচনৰ বস্তুগত অৰ্থৰ ওপৰত নিৰ্ভৰ কৰি বচন প্রতিবৰ্তন কৰা হয় তাকে বস্তুগত প্রতিবর্তন বোলে। যেনে

উষ্ণতা হয় আৰামদায়ক .

:. শীত হয় কষ্টদায়ক।

বস্তুগত প্রতিবর্তন অভিজ্ঞতাৰ ওপৰত প্রতিষ্ঠিত। ইয়াত এই পৰিৱৰ্তন গুণৰ পৰিবৰ্তন নহয়৷ ই এক বস্তুগত অনুমান য’ত অভিজ্ঞতাত পোৱা জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰা হয়৷

প্রশ্ন ১৩। পার্থক্য নিৰূপণ কৰা : 

(ক) অমাধ্যম আৰু মাধ্যম অনুমান।

উত্তৰঃ (ক) অমাধ্যম অনুমানত দুটা বচন থাকে। আনহাতে, মাধ্যম অনুমানত দুটাতকৈ বেছি বচন থাকে।

(খ) অমাধ্যম অনুমানত কেৱল এটা বচনৰ পৰা সিদ্ধান্ত বচন নিঃসৃত কৰা হয়। আনহাতে, মাধ্যম অনুমানত এটাতকৈ অধিক বচনৰ পৰা সিদ্ধান্ত বচন নিঃসৃত কৰা হয়। 

(গ) এটা মাত্ৰ আধাৰ বাক্যৰ পৰা সিদ্ধান্ত গ্রহণ কৰা যায় বাবে অ-মাধ্যম অনুমানৰ প্ৰয়োগ ক্ষেত্র অতি সংকীর্ণ। কিন্তু মাধ্যম অনুমানৰ প্রয়োগ ক্ষেত্র ব্যাপক ৷

(খ) সমবৰ্তন আৰু অসৰল বা পৰিমিত সমবর্তন।

উত্তৰ। সৰল সমবৰ্তন আৰু অসৰল বা পৰিমিত সমৰ্তনৰ মাজত পাৰ্থক্যসমূহ হ’ল— যি সমবৰ্তনত আধাৰ বচন আৰু সিদ্ধান্তৰ পৰিমাণ একেই থাকে তাকে সৰল সমবর্তন বোলে৷ অর্থাৎ সমবর্তনীয় বচনটো যদি সার্বিক বচন হয়, তেতিয়া হ’লে সমৰ্তিত বচনটোও সার্বিক বচন হ’ব আৰু সমবর্তনীয় বচনটো যদি বিশেষ বচন হয়, তেতিয়া হ’লে সমবর্তিত বচনটোও বিশেষ বচন হ’ব। গতিকে ‘B’ আৰু ‘I’ বচনৰ সৰল সমবর্তন হয়। যেনে

(ক) E বচন সৰল সমবর্তন

 সাংকেতিক উদাহৰণ :

কোনো S নহয় P-E 

.:. কোনো P নহয় SE

বাস্তৱ উদাহৰণ:

কোনো মানুহ নহয় অমৰ – E

কোনো অমৰ জীৱ নহয় মানুহ – E

(খ) | বচন সৰল সমবর্তন 

সাংকেতিক উদাহৰণ:

কিছুমান S হয় P-1 

• কিছুমান Pহয় S-I

বাস্তৱ উদাহৰণ:

কিছুমান মানুহ হয় জ্ঞানী – I 

কিছুমান জ্ঞানী লোক হয় মানুহ – E

প্রথম উদাহৰণটোত দুয়োটা বচনেই সার্বিক বচন আৰু দ্বিতীয় উদাহৰণটোত দুয়োটা বচনেই বিশেষ বচন হোৱা বাবে দুয়োটা উদাহৰণতেই আধাৰ বচন আৰু সিদ্ধান্তৰ পৰিমাণ

আনহাতে অসবল বা পৰিমিত সমবর্তনত আধাৰ বচন আৰু সিদ্ধান্তৰ পৰিমাণ সলনি হয়। অর্থাৎ এই সমৰ্তনত আধাৰ বচন সামান্য বচন হ’লে সিদ্ধান্ত বিশেষ বচন হ’ব । A বচনৰ সমবর্তন অসৰল সমবৰ্তনৰ উদাহৰণ।

যেনে – সাংকেতিক উদাহৰণ

সকলো S হয় PA           সমবর্তনীয় বচন।

কিছুমান Pহয় S 1.      সমবর্তিত বচন।

বাস্তৱ উদাহৰণ: সকলো মানুহ হয় মৰণশীল A (সমবর্তনীয় বচন) 

কিছুমান মৰণশীল জীৱ হয় মানুহ (সমবর্তিত বচন)

প্রশ্ন ১৪। উদাহৰণ দিয়া 

 (ক)সৰল সমবর্তন:

(খ) অসৰল সমবর্তন

(গ) অমাধ্যম অনুমান

(ঘ) প্রতিবর্তন :

(ঙ) সমবর্তন:

(চ) মাধ্যম অনুমান

(ছ) প্রথম সংস্থান 

(জ) পক্ষপদ : 

(ঝ) হেতুপদ

(ঞ) চতুষ্পদী দোষ 

(ট) সাধ্যপদ :

(ঠ) ন্যায় অনুমান

(ক) সৰল সমৰ্তন A কিছুমান মানুহ হয় সৎ। :.। কিছুমান সৎ হয় মানুহ।
(খ) অসৰ্ল সমবর্তনসকলো মানুহ হয় মৰণশীল — A:.কিছুমান মৰণশীল প্রাণী হয় মানুহ- I
(গ) অমাধ্যম অনুমানসকলো মানুহ হয় মৰণশীল A:.কিছুমান মৰণশীল প্রাণী হয় মানুহ-I
ঘ) প্রতিবর্তনE কোনো মানুহ নহয় পূর্ণ:.A সকলো মানুহ হয় অপূর্ণ।
(ঙ) সমবর্তনসকলো মানুহ হয় মৰণশীল Aকিছুমান মৰণশীল প্রাণী হয় মানুহ I
(চ) মাধ্যম অনুমানসকলো মানুহ হয় মৰণশীল।ৰাম হয় মানুহ।:.ৰাম হয় মৰণশীল।
(ছ) প্রথম সংস্থানসকলো মানুহ হয় মৰণশীল।সকলো ৰাজনীতিবিদ হয় মানুহ। সকলো ৰাজনীতিবিদ হয় মৰণশীল।
(জ) পক্ষপদৰাম হয় মৰণশীল— ‘ৰাম’ পক্ষপদ ।
(ঝ) হেতুপদসকলো মানুহ হয় মৰণশীল।ৰাম হয় এজন মানুহ।বাম হয় মৰণশীল।ইয়াত ‘মানুহ’ হেতুপদ।
(ঞ) চতুষ্পদী পদপ্লেটো হয় এৰিষ্ট টলৰ শিক্ষক Aচক্ৰেটিছ হয় প্লেটোৰ শিক্ষক Aচক্ৰেটিছ হয় এৰিষ্ট টলৰ শিক্ষক A
(ট) সাধ্যপদসকলো মানুহ হয় মৰণশীল— ‘মৰণশীল’ সাধ্যপদ।কোনো মানুহ নহয় অমৰ Eৰাম হয় এজন মানুহ A
(ঠ) ন্যায় অনুমানৰাম নহয় অমৰ E

প্রশ্ন ১৫। তলত দিয়া যুক্তিবোৰৰ বৈধতা নির্ণয় কৰা।

(ক) ঈশ্বৰে মানুহ সৃষ্টি কৰিছে, মানুহে পাপ সৃষ্টি কৰিছে, মানুহে পাপ সৃষ্টি কৰিছে, গতিকে ঈশ্বৰে পাপ সৃষ্টি কৰিছে।

উত্তৰ : A ঈশ্বৰ হয় এনে যি মানুহ সৃষ্টি কৰিলে। 

A মানুহ হয় এনে যি পাপ সৃষ্টি কৰিলে।

:: A ঈশ্বৰ হয় এনে যি পাপ সৃষ্টি কৰিলে।

ন্যায়ৰ নিয়ম মতে প্রত্যেক ন্যায়ত তিনিটা পদ থাকিব লাগে। কিন্তু উক্ত ন্যায়ত চাৰিটা পদ আছে। যেনে— (১) ঈশ্বৰ, (২) এনে যি মানুহ সৃষ্টি কৰিলে (৩) মানুহ আৰু (৪) এনে যি পাপ সৃষ্টি কৰিলে৷ চাৰিটা পদযুক্ত হোৱা বাবে ই চতুষ্পদী দোষযুক্ত আৰু অবৈধ। 

(খ) সকলো শিক্ষিত মানুহ বুধিয়ক, যিহেতু তেওঁ শিক্ষত নহয়, গতিকে তেওঁ বুধিয়ক হ’ব নোৱাৰে।

উত্তৰ : A সকলো শিক্ষিত লোক হয় বুধিয়ক ।

E তেওঁ নহয় শিক্ষিত। 

E তেওঁ নহয় বুধিয়ক।

ন্যায়ৰ নিয়ম মতে আধাৰ বচনৰ অব্যাপ্ত পদ সিদ্ধান্ত বচনতো ব্যাপ্ত হ’ব নোৱাৰে। কিন্তু ন্যায়ত সাধ্য পদ ‘বুধিয়ক’ সাধ্য আধাৰ বচনত অব্যাপ্ত আছে, কিন্তু সিদ্ধান্তত ব্যাপ্ত হৈছে। গতিকে ন্যায়টো অবৈধ সাধ্য পদ দোষযুক্ত আৰু অবৈধ।

(গ) তেওঁ চাকৰিটো পাবই, কাৰণ তেওঁ এজন খেলুৱৈ আৰু অকল পদটোৰ বাবে যোগ্য 

উত্তৰ: I কিছুমান খেলুৱৈ হয় এনে যি পদটোৰ বাবে যোগ্য।

A তেওঁ হয় এজন খেলুৱৈ। 

:. A তেওঁ হয় এনে যি পদটোৰ বাবে যোগ্য।

ন্যায়ৰ নিয়ম মতে হেতু পদটো দুয়োটা আধাৰ বাক্যত এবাৰ ব্যাপ্ত হ’ব লাগে। উক্ত ন্যায়ত হেতু পদ ‘খেলুৱৈ’ এবাৰো ব্যাপ্ত হোৱা নাই। সাধ্য আধাৰ বচন যিহেতু বিশেষ বচন। আৰু তাৰ উদ্দেশ্য পদত হেতু পদ থকা বাবে অব্যাপ্ত হৈ আছে হেতু পদ। পক্ষ আধাৰ বচন সদৰ্থক বচন আৰু ইয়াৰ বিধেয় স্থানত হেতু পদ আছে। গতিকে, ন্যায়টোত হেতু পদ এবাৰে৷ ব্যাপ্ত হোৱা নাই, সেইবাবে অব্যাপ্ত হেতুপদ দোষযুক্ত আৰু অবৈধ।

(ঘ) পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে, গতিকে চন্দ্ৰৰ সূৰ্যৰ চাৰিওফালে ঘূৰে।

উত্তৰ: 

A পৃথিৱী হয় এনে যি সূৰ্যৰ চাৰিওফালে ঘূৰে। 

A. চন্দ্র হয় এনে যি পৃথিৱীৰ চাৰিওফালে ঘূৰে?

A. চন্দ্ৰ হয় এনে যি সূৰ্যৰ চাৰিওফালে ঘূৰে। 

ন্যায় নিয়ম মতে প্রত্যেক ন্যায়ত তিনিটা পদ থাকিব লাগে। উক্ত ন্যায়ত চাৰিটা পদ আছে। যেনে— (১) পৃথিৱী (২) এনে যি সূৰ্যৰ চাৰিওফালে ঘূৰে (৩) চন্দ্ৰ আৰু (৪) এনে যি পৃথিৱীৰ চাৰিওফালে ঘূৰে। গতিকে ন্যায়টো চতুষ্পদী দোষযুক্ত আৰু অবৈধ। 

(ঙ) সকলো মানুহ পৰিশ্ৰমী নহয়, কিন্তু তেওঁ পৰিশ্ৰমী গতিকে তেওঁ মানুহ হ’ব নোৱাৰে।

উত্তৰ:- কিছুমান মানুহ নহয় পৰিশ্ৰমী।

A তেওঁ হয় পৰিশ্ৰমী।

E তেওঁ নহয় মানুহ।

ন্যায়ৰ নিয়ম মতে আধাৰ বচনত অব্যাপ্ত পদ সিদ্ধান্ত বচনতো ব্যাপ্ত হ’ব নোৱাৰে। উক্ত ন্যায়ত সাধাপদ ‘মানুহ’ বিশেষ সাধ্য আধাৰ বচনৰ উদ্দেশ্যত থাকি অব্যাপ্ত আছে, কিন্তু সিদ্ধান্তত ব্যাপ্ত আছে। গতিকে, ন্যায়টো অবৈধ সাধ্য দোষযুক্ত আৰু অবৈধ। 

(চ) তেওঁ নিশ্চয় সুখী, কাৰণ তেওঁ এজন ধাৰ্মিক লোক আৰু কেৱল ধার্মিক সকলহে সুখী।

উত্তৰ : 

A সকলো সুখী লোক হয় ধার্মিক লোক।

A. তেওঁ হয় ধার্মিক।

:. A তেওঁ হয় সুখী লোক।

এইটো ন্যায় দোষযুক্ত। ন্যায়ৰ নিয়মমতে প্রত্যেক ন্যায়তে হেতু পদ অন্ততঃ এবাৰ ব্যাপ্ত হ’ব লাগে। উক্ত ন্যায়ত হেতু পদ ‘ধার্মিক লোক’ দুয়োটা আধাৰ বচনৰে বিধেয় স্থানত থাকি অব্যাপ্ত হৈছে। গতিকে ন্যায়টো অব্যাপ্ত হেতুপদ দোষযুক্ত আৰু অবৈধ।

(ছ) কেৱল গ্রীষ্ম প্রধান দেশেহে মদ তৈয়াৰ কৰে। যিহেতু স্পেইন এখন গ্রীষ্মপ্রধান দেশ, গতিকে স্পেইনেও মদ তৈয়াৰ কৰে।

উত্তৰ 

A সকলো দেশ যত মদ তৈয়াৰ হয়, হয় গ্রীষ্ম প্রধান দেশ।

A. স্পেইন হয় গ্রীষ্মপ্রধান দেশ।

:.A স্পেইন হয় এনে দেশ য’ত মদ তৈয়াৰ হয়।

এই ন্যায় দোষযুক্ত। ইয়াত অব্যাপ্ত হেতুপদ দোষ ঘটিছে। কাৰণ ন্যায়ৰ এটা নিয়মানুসৰি হেতুপদ আধাৰ বচন অস্ততঃ এবাৰ ব্যাপ্ত হ’ব লাগে। কিন্তু, ইয়াত এই নিয়মটো লঙ্ঘন কৰা হৈছে। কাৰণ, হেতু পদ ‘গ্ৰীষ্ম প্রধান দেশ’ সাধ্য আধাৰ বচন আৰু পক্ষ আধাৰ বচন উভয়তে ‘A’ বচনৰ বিধেয়ৰূপে ব্যৱহৃত হোৱাৰ বাবে এবাৰো ব্যাপ্ত হোৱা নাই । A বচনত অকল উদ্দেশ্য পদহে ব্যাপ্ত, বিধেয় পদ নহয়। সেইবাবে, ইয়াত অব্যাপ্ত হেতুপদ দোষ ঘটিছে আৰু যুক্তিটো অবৈধ।

(জ) তেওঁ পৰীক্ষাত উত্তীৰ্ণ হ’ব, কাৰণ তেওঁ পৰিশ্ৰমী ছাত্ৰ আৰু কেৱল পৰিশ্ৰমী ছাত্ৰসকলেহে পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰে।

উত্তৰ :

 A সকলো যি পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰে হয় পৰিশ্ৰমী ছাত্র।

A তেওঁ হয় পৰিশ্ৰমী ছাত্র।

A তেওঁ হয় এনে যি পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰে। 

এই ন্যায় দোষযুক্ত। ইয়াত অব্যাপ্ত হেতুপদ দোষ ঘটিছে। ন্যায়ৰ এটা নিয়ম অনুসৰি হেতুপদ আধাৰ বচনত অন্ততঃ এবাৰ ব্যাপ্ত হ’ব লাগে। এই নিয়মটো ইয়াত লঙ্ঘন কৰা হৈছে। কাৰণ, হেতুপদ ‘পৰিশ্ৰমী ছাত্র’— সাধ্য আৰু আধাৰ বচন আৰু পক্ষ আধাৰ বচন উভয়তে A বচনৰ বিধেয়ৰূপে ব্যৱহৃত হোৱা বাবে এবাৰো ব্যাপ্ত হোৱা নাই। A বচনত উদ্দেশ্য পদ ব্যাপ্ত, বিধেয় পদ নহয়৷ সেইবাবে ইয়াত অব্যাপ্ত হেতুপদ দোষ ঘটিছে আৰু যুক্তিটো অবৈধ।

(ঝ) সেনাপতিয়ে সেনাবাহিনীক শাসন কৰে। সেনাপতিৰ পত্নীয়ে সেনাপতিক শাসন কৰে, গতিকে সেনাপতিৰ পত্নীয়ে সেনাবাহিনীক শাসন কৰে।

উত্তৰ: 

A সেনাপতি হয় এনে যি সেনাবাহিনীক শাসন কৰে।

A সেনাপতিৰ পত্নী হয় এনে যি সেনাপতিক শাসন কৰে।

:. A সেনাপতিৰ পত্নী হয় এনে যি সেনাবাহিনীক শাসন কৰে। 

এই ন্যায় দোষযুক্ত। ইয়াত চতুষ্পদী দোষ ঘটিছে। কাৰণ, ন্যায়ৰ এটা নিয়ম মতে, প্রত্যেক ন্যায়ত তিনিটা মাথোন পদ থাকিব লাগে। কিন্তু, ইয়াত চাৰিটা পদ আছে। এই পদ চাৰিটা হ’ল– (১) সেনাপতি (২) এনে যি সেনা বাহিনীক শাসন কৰে। (৩) সেনাপতিৰ পত্নী (৪) এনে যি সেনাপতিক শাসন কৰে। সেইবাবে যুক্তিটো অবৈধ। 

(ঞ) কিছুসংখ্যক মানুহ হয় পাপী। ঋষিসকল মানুহ, গতিকে ঋষিসকল পাপী।

উত্তৰ: অনুমানটোৰ তৰ্কবিজ্ঞানসন্মত ৰূপ হ’ল—

I    কিছুমান মানুহ হয় পাপী।

A ঋষিসকল হয় মানুহ। . 

A   ঋষিসকল হয় পাপী।

এই অনুমানটো অবৈধ। ইয়াত অব্যাপ্ত হেতুপদ দোষৰ সৃষ্টি হৈছে। কাৰণ ন্যায়ৰ নিয়মমতে হেতুপদ যিকোনো এটা আশ্রয়বাক্যত ব্যাপ্ত হ’ব লাগিব। কিন্তু ইয়াত হেতুপদ ‘মানুহ’ সাধ্য আশ্রয়বাক্যত | বচনৰ উদ্দেশ্য ৰূপে আৰু পক্ষ আশ্রয়বাক্যত A বচনৰ বিধেয়ৰূপে ব্যৱহৃত হোৱা বাবে অব্যাপ্ত হৈ ৰ’ল। গতিকে এই ন্যায় অবৈধ।

(ট) এৰিষ্ট’টল এজন খ্যাতনামা তর্কবিদ। কাৰণ তেওঁ এজন দার্শনিক আৰু সকলো খ্যাতনামা তর্কবিদেই দার্শনিক।

উত্তৰ:-

সকলো খ্যাতনামা তর্কবিদ দার্শনিক A 

এৰিষ্ট’টল হয় এজন দার্শনিক A

এৰিষ্ট’টল হয় এজন খ্যাতনামা তর্কবিদ A

এইটো এটা অবৈধ ন্যায় অনুমানৰ উদাহৰণ। ইয়াত অব্যাপ্ত হেতু পদ দোষৰ উদ্ভৱ হৈছে। কাৰণ ন্যায়ৰ নিয়ম অনুসৰি প্ৰত্যেক ন্যায়তেই হেতুপদটো দুইটা আধাৰ বচনৰ ভিতৰত যিকোনো এটাত ব্যাপ্ত হ’ব লাগে। কিন্তু ইয়াত হেতুপদ ‘দার্শনিক’ দুয়োটা আধাৰ বচনতে A বচনৰ বিধেয় হোৱা বাবে অব্যাপ্ত হৈছে। 

(ঠ) তেওঁ ভাৰতীয়, গতিকে তেওঁ হিন্দু হ’বই। কাৰণ কেৱল ভাৰতীয় সকলে হিন্দু।

উত্তৰঃ অনুমানটোৰ তৰ্কবিজ্ঞানসন্মত ৰূপ হ’ল–

A    সকলো ভাৰতীয় হয় হিন্দু।

A    তেওঁ হয় এজন ভাৰতীয় ৷

:. A: তেওঁ হয় এজন হিন্দু।

এই ন্যায়টো এটা বৈধ ন্যায়। ইয়াত হেতুপদ ‘ভাৰতীয়’ সাধ্য আশ্রয়বাক্যত A বচনৰ বিধেয় হিচাপে ব্যাপ্ত হৈছে। পক্ষপদ ‘তেওঁ’ পক্ষ আশ্রয় বাক্য আৰু সিদ্ধান্ত উভয়তে ব্যাপ্ত হৈছে। আকৌ সাধ্য পদ ‘হিন্দু’ আশ্রয়বাক্য আৰু সিদ্ধান্ত উভয়তে অব্যাপ্ত হৈছে। গতিকে ইয়াত কোনো তর্কীয় দোষ ঘটা নাই। এইটো এটা বৈধ ন্যায়। ইয়াৰ নাম হ’ল BARBARAI 

(ড) সকলো মানুহ পৰিশ্ৰমী নহয়। কিন্তু ৰমানন্দ পৰিশ্ৰমী, গতিকে তেওঁ মানুহ হ’ব নোৱাৰে। 

উত্তৰ: অনুমানটোৰ তৰ্কবিজ্ঞানসম্মত ৰূপ হল—

কিছুমান মানুহ নহয় পৰিশ্রমী।

 A ৰামানন্দ হয় পৰিশ্ৰমী।

E:.  ৰামানন্দ নহয় মানুহ।

এইটো এটা অবৈধ ন্যায়। ইয়াত অব্যাপ্ত হেতুপদ দোষৰ সৃষ্টি হৈছে। কাৰণ হেতুপদ ‘পশ্রিমী’ সাধ্য আশ্রয়বাক্যত ‘O’ বচনৰ বিধেয় হিচাপে আৰু পক্ষ আশ্ৰয় বাক্যত ‘A’ বচনৰ বিধেয় হিচাপে আৰু অব্যাপ্ত হৈছে, গতিকে এই অনুমান অবৈধ।

(চ) প্লেটো এৰিষ্ট টলৰ শিক্ষক আছিল। চক্ৰেটিছ প্লেটোৰ শিক্ষক আছিল৷ গতিকে, চক্ৰেটিছ এৰিষ্ট টলৰ শিক্ষক আছিল।

উত্তৰ: 

প্লেটো হয় এৰিষ্ট টলৰ শিক্ষক – A

চক্ৰেটিছ হয় প্লেটোৰ শিক্ষক— A

চক্ৰেটিছ হয় এৰিষ্ট টলৰ শিক্ষক– A 

এই ন্যায় দোষযুক্ত। ইয়াত চতুষ্পদী দোষ ঘটিছে। কাৰণ, ন্যায়ৰ এটা নিয়ম অনুসৰি প্রত্যেক ন্যায়ত তিনিটা মাথোন পদ থাকিব লাগে। কিন্তু, ইয়াত চাৰিটা পদ আছে। এই পদ চাৰিটা হ’ল– (১) প্লেটো, (২) এৰিষ্ট টলৰ শিক্ষক (৩) ছক্ৰেটিছ (৪) প্লেটোৰ শিক্ষক।

সেইবাবে যুক্তিটো অবৈধ। 

(ণ) তেওঁ অন্ধবিশ্বাসী নহয়। সকলো অশিক্ষিত লোক অন্ধবিশ্বাসী। গতিকে তেওঁ অশিক্ষিত নহয়।

উত্তৰঃ সকলো অশিক্ষিত লোক হয় অন্ধবিশ্বাসী – A

তেওঁ নহয় অশিক্ষিত লোক— E 

তেওঁ নহয় অন্ধবিশ্বাসী – E

এই ন্যায় দোষযুক্ত। ইয়াত সাধ্যপদ দোষ ঘটিছে। ন্যায়ৰ এটা নিয়ম অনুসৰি আধাৰ বচনত ব্যাপ্ত নোহোৱাকৈ কোনো পদ সিদ্ধান্তত ব্যাপ্ত হ’ব নোৱাৰে। এই নিয়মটো ইয়াত লঙ্ঘন কৰা হৈছে। কাৰণ, ‘অন্ধবিশ্বাসী’ – এই সাধ্য পদটো সাধ্য আধাৰ বচনত A বচনৰ বিধেয়ৰূপে ব্যৱহৃত হোৱা বাবে বচনটোত ব্যাপ্ত হোৱা নাই। A বচনত বিধেয়ৰূপে ব্যৱহৃত হোৱা বাবে বচনটোত ব্যাপ্ত নাই। A বচনত উদ্দেশ্য পদ ব্যাপ্ত, বিধেয় পদ নহয়। কিন্তু, সেই অব্যাপ্ত সাধ্য পদটো সিদ্ধান্তত E বচনৰ বিধেয়ৰূপে ব্যৱহৃত হোৱা বাবে ব্যাপ্ত হৈ পৰিছে। E বচনত উদ্দেশ্য আৰু বিধেয় উভয়েই ব্যাপ্ত থাকে। গতিকে, ইয়াত অবৈধ সাধ্যপদ দোষ ঘটিছে আৰু যুক্তিটো অবৈধ।

(ত) মোৰ হাতখনে মেজখন স্পৰ্শ কৰিছে,কৰিছে৷ গতিকে মেজখনে মজিয়াখন স্পর্শ মোৰ হাতখনে মজিয়াখন স্পৰ্শ কৰিছে। 

উত্তৰ:- মেজখন হয় এনে যি মজিয়া স্পর্শ কৰিছে – A

মোৰ হাতখন হয় এনে যি মেজখন স্পর্শ কৰিছে – A মোৰ হাতখন হয় এনে যি মজিয়াখন স্পর্শ কৰিছে – A

এই অনুমানটো এটা অবৈধ ন্যায় অনুমানৰ উদাহৰণ। ইয়াত চতুষ্পদী দোষৰ উদ্ভৱ হৈছে। কাৰণ ন্যায় অনুমানৰ নিয়ম অনুসৰি প্রত্যেক ন্যায়তেই তিনিটা পদ থাকিব লাগে। কিন্তু এই উদাহৰণটোত চাৰিটা পদ আছে। যেনে – (১) মোৰ হাতখন, (২) এনে যি মেজখন স্পর্শ কৰিছে, (৩) মেজখন (৪) এনে যি মজিয়াখন স্পর্শ কৰিছে।

প্রশ্ন ১৬। প্রমাণ কৰা 

(১) ন্যায়ানুমানৰ হেতুবাক্য হেতুপদ অন্ততঃ এবাৰ ব্যাপ্য হ’ব লাগে।

উত্তৰঃ ন্যায়ত দুটা হেতুবাক্য বা আশ্রয় বাক্য আৰু এটা সিদ্ধান্ত থাকে। এই তিনিটা বচনত সৰ্বমুঠ তিনিটা পদ থাকে – সাধ্য পদ; পক্ষ পদ অক হেতুপদ। হেতুপদটো কেৱল হেতুবাক্য দুটাতহে থাকে, সিদ্ধাত্তত নাথাকে। হেতুপদে সাধ্যবচনত সাধাপদৰ লগত আৰু পক্ষবচনত পক্ষপদৰ লগত সম্পৰ্ক প্ৰতিষ্ঠা কৰে। কিন্তু দুয়োটা হেতুবাক্যৰ এটাতো যদি হেতুপদটো সমগ্র বাচ্যার্থত লোৱা নহয়, অর্থাৎ ব্যাপা নহয়, তেন্তে এনে হ’ব পাৰে যে, সাধ্য আশ্রয় বচনত সাধ্য পদটো হেতু পদৰ যিটো অংশৰ লগত সম্পর্কিত হয়, পক্ষ আশ্রয় বচনত পক্ষ পদটো হেতুপদৰ সেই অংশৰ লগত সম্পর্কিত নহৈ বেলেগ অংশৰ লগত সম্পর্কিত হ’ব পাৰে। তেন্তে ক্ষেত্ৰত এই সম্পর্কৰ ওপৰত ভিত্তি কৰি আমি সিদ্ধাস্তত পক্ষ পদৰ অৰু সাধ্যপদৰ মাজত সম্পর্ক প্রতিষ্ঠা কৰিব নোৱাৰো। উদাহৰণস্বৰূপে, “কিছুমান মানুহ হয় জ্ঞানী, ৰাম হয় এজন মানুহ। .. ‘বাম হয় জ্ঞানী’। এই অনুমানত হেতু পদ ‘মানুহ’ ব্যাপ্য হোৱা নাই৷ মানুহ পদটোৰ একাংশৰ লগত জ্ঞানী পদটোৰ আৰু আন একাংশৰ লগত ‘’ৰাম’ পদটোৰ সম্পৰ্ক ঘটিব পাৰে। তেনে ক্ষেত্ৰত ৰাম’ আৰু ‘জ্ঞানী’ৰ মাজত আমি বৈধভাৱে কোনো সম্পর্ক প্রতিষ্ঠা কৰিব নোৱাৰো। সেয়ে উক্ত ন্যায়ৰ সিদ্ধান্ত বৈধ হ’ব নোৱাৰে। ইয়াত অব্যাপ্য হেতুদোষ ঘটিছে। গতিকে ন্যায়ৰ হেতুবচনত হেতু পদটো অস্ততঃ এবাৰ ব্যাপ্য হ’ব লাগে। 

(২) যি পদ হেতুবাক্যত ব্যাপ্য নহয়, সেই পদ সিদ্ধান্তত ব্যাপ্য হ’ব নোৱাৰে।

 উত্তৰ:- নিগমন অনুমানত সিদ্ধান্ত সদায় আধাৰ বাক্যতকৈ কম ব্যাপক হ’ব লাগিব। কিন্তু যদি এটা পদ হেতুবাক্যত ব্যাপ্য নোহোৱাকৈ সিদ্ধান্তত ব্যাপক হয়, তাৰ অৰ্থ হ’ব সিদ্ধান্ত হেতুবাক্যতকৈ ব্যাপকতৰ হ’ব। নিগমন অনুমানত প্রদত্ত হেতুবাক্যত কোৱা কথাতকৈ অধিক ব্যাপক সিদ্ধাস্ত কৰিব নোৱাৰি। হেতুবাক্যত ব্যাপ্য নোহোৱাকৈ যদি সাধ্যপদ সিদ্ধান্তত ব্যাপ্য হয়, তেস্তে তাক অবৈধ সাধ্যদোষ বোলে৷ আৰু পক্ষপদ যদি হেতুবাক্যত অব্যাপ্য থাকি সিদ্ধাস্তত ব্যাপ্য হয় তাকে অবৈধ পক্ষদোষ বোলে।

(৩) দুয়োটা হেতুবাক্য বিশেষ বচন হলে কোনো সিদ্ধান্ত পাব নোৱাৰি।

উত্তৰ : দুয়োটা বিশেষ হেতুবাক্য যদি সদর্থক হয়, তেস্তে তাত এটাও পদ ব্যাপ্য নহয়৷ কিন্তু হেতুপদ ব্যাপ্য নোহোৱাকৈ কোনো সিদ্ধান্ত পাব নোৱাৰি। এটা হেতুবাক্য বিশেষ নঞর্থক হলে

সেই বচনটোৰ বিধেয় পদ ব্যাপ্য হ’ব। এই ঠাইত হেতুপদ ব্যাপ্য কৰিলে সিদ্ধাস্তও নঞর্থক হোৱাত হেতুবাক্যত অব্যাপ্য হৈ থকা সাধ্যপদ সিদ্ধান্তৰ বিধেয় বহি অবৈধ সাধ্যদোষ ঘটাব। আনহাতে দুয়োটা হেতুবাক্য নঞর্থক হ’লে কোনো সিদ্ধাস্ত পাব নোৱাৰি।

(৪) দুয়োটা হেতুবাক্য নঞর্থক হলে কোনো সিদ্ধান্ত পাব নোৱাৰি। 

উত্তৰ : হেতুবাক্য দুটাত ক্ৰমে সাধ্য আৰু পক্ষপদৰ লগত হেতুপদৰ সম্পর্ক স্থাপন কৰি সিদ্ধান্তত পক্ষ আৰু সাধ্যপদৰ মাজত সম্পর্ক প্রতিষ্ঠা কৰা হয়। কিন্তু হেতুবাক্য দুয়োটাই যদি নঞর্থক হয়, তাৰ অৰ্থ হ’ব– হেতুপদটোৰ সাধ্য আৰু পক্ষপদৰ মাজত কোনো সম্পর্ক নাই। এনে ক্ষেত্ৰত পক্ষপদ আৰু সাধ্যপদৰ মাজত কিবা সম্পর্ক আছে নে নাই অমি ক’ব নোৱাৰিম।

গতিকে ইয়াত কোনো সিদ্ধাস্ত পাব নোৱাৰি।

(৫) এটা হেতুবাক্য বিশেষ হলে সিদ্ধান্তও বিশেষ হ’ব।

উত্তৰ ঃ এটা হেতুবাক্য বিশেষ হলে আনটো সার্বিক হ’ব। সার্বিক বচনটো যদি সদর্থক হয়, তেতিয়া তাত মাত্র উদ্দেশ্য পদহে ব্যাপ্য হ’ব। এই উদ্দেশ্য পদটো হেতুপদ হ’ব লাগিব। গতিকে সিদ্ধান্ত সার্বিক হ’লে পক্ষবাক্যত অব্যাপ্য থকা পক্ষপদ সিদ্ধান্ত উদ্দেশ্য হিচাপে বহি ব্যাপ্য হ’ব আৰু অবৈধ পক্ষদোষ ঘটিব। অকৌ কোনোবা এটা হেতুবাক্য যদি নঞর্থক হয়, তেতিয়া দুয়োটা হেতুবাক্যতে মুঠ দুটা পদ ব্যাপ্য হ’ব। ইয়াতে এটা হেতুপদ ব্যাপ্য কৰিব লাগিব আৰু আনটোত সাধ্যপদ ব্যাপ্য কৰিব লাগিব। কিয়নো, এটা হেতুবাক্য নঞর্থক হোৱাৰ বাবে সিদ্ধাস্তও নঞর্থক হ’ব, আৰু নঞর্থক সিদ্ধান্তৰ বিধেয় সাধ্যপদ ব্যাপ্য হ’ব। গতিকে অবৈধ সাধ্যদোষৰ হাত সাৰিবলৈ হ’লে হেতুবাক্যত সাধ্যপদ ব্যাপ্য কৰিবই লাগিব। এনে অৱস্থাত সিদ্ধান্ত কেতিয়াও সার্বিক হ’ব নোৱাৰে। যিহেতু পক্ষপদ হেতুবাক্যত ব্যাপ্য হ’ব নোৱাৰে।

(৬) সাধ্য বচন বিশেষ আৰু পক্ষবচন নঞর্থক হ’লে কোনো সিদ্ধান্ত পাব নোৱাৰি। 

উত্তৰ : সাধ্য বচন বিশেষ সদর্থক। গতিকে ইয়াত কোনো পদ ব্যাপ্য নহয়। পক্ষবচন সার্বিক নঞর্থক৷ ইয়াত দুয়োটা পদেই ব্যাপ্য। সিদ্ধান্ত নঞর্থক হোৱাত ইয়াত বিধেয় সাধ্যপদ ব্যাপ্য হ’ব। কিন্তু সাধ্যবাক্যত সাধাপদ ব্যাপ্য নোহোৱাৰ কাৰণে ইয়াত অবৈধ সাধ্যদোষ ঘটিব। এতেকে এই সমন্বয়ৰ পৰা সিদ্ধান্ত পাব নোৱাৰি। 

(৭) একমাত্র প্রথম সংস্থানতহে সিদ্ধান্ত ‘এ’ বচন হ’ব পাৰে।

উত্তৰ : সিদ্ধান্তত ‘এ’ অর্থাৎ সার্বিক সদর্থক বচন পাবলৈ হ’লে (১) দুয়োটা হেতুবাক্য সার্বিক হ’ব লাগিব আৰু (২) দুয়োটা হেতুবাক্য সদৰ্থক হ’ব লাগিব। কোনো সদৰ্থক বচনেৰে বিধেয় পদ ব্যাপা নহয়। হেতুবাক্যকেইটা সার্বিক হোৱা বাবে কেৱল উদ্দেশ্য পদকেইটাহে হ’ব ৷ প্রথম সংস্থানত সাধ্যবাক্যত ‘উদ্দেশ্য’ হিচাপে ব্যৱহৃত হোৱা হেতুপদ হ’ব আৰু পক্ষবাক্যত পক্ষপদ ব্যাপ্য হ’ব। গতিকে ন্যায়ৰ কোনো নিয়ম ভংগ নকৰাকৈ প্রথম সংস্থানত ‘এ’ বচন সিদ্ধাস্তৰূপে আনিব পাৰি। কিন্তু দ্বিতীয় সংস্থানত হেতুপদে দুয়োটা হেতুবাক্যত বিধেয় স্থান অধিকাৰ কৰে। সেইবাবে হেতুবাক্য দুটা ‘এ’ বচন হ’লে হেতুপদব্যাপ্য নহ’ব। ৩য় সংস্থানত দুয়োটা হেতুবাক্যতে হেতু পদ উদ্দেশ্য। গতিকে সার্বিক সদর্থক হেতুবাক্য দুয়োটাতে কেৱল হেতুপদটোহে ব্যাপ্য হ’ব। ইহঁতৰ পৰা ‘এ’ বচন সিদ্ধান্ত কৰিলে অবৈধ পক্ষদোষ ঘটিব । আকৌ ৪ৰ্থ সংস্থানত হেতুপদ সাধ্যবাক্যত বিধেয় আৰু পক্ষবাক্যত উদ্দেশ্য। ইয়াত পক্ষবাক্যত কেৱল হেতুপদহে ব্যাপ্য হ’ব। কিন্তু সিদ্ধান্ত ‘এ’ বচন হ’বলৈ হ’লে পক্ষপদো ব্যাপ্য হ’ব লাগিব, নহ’লে অবৈধ পক্ষদোষ ঘটিব। গতিকে দেখা গ’ল কেবল সংস্থানতহে ‘এ’ সিদ্ধান্তৰূপে পাব পাৰি। 

(৮) সিদ্ধান্ত সার্বিক হ’লে হেতুপদ কেৱল এবাৰ ব্যাপ্য হ’ব পাৰে।

উত্তৰ : সিদ্ধান্ত সার্বিক হ’বলৈ হ’লে দুয়োটা হেতুবাক্য সার্বিক হ’ব লাগিব। ইয়াৰে অস্তুতঃ এটা বাক্য সদর্থক হ’ব লাগিব। সার্বিক সদর্থক বচনটোত উদ্দেশ্য পদ ব্যাপ্য হ’ব। এটা বচন যদি নঞর্থক হয়, তেতিয়া তাত দুয়োটা পদেই ব্যাপ্য হ’ব। আকৌ তেতিয়া সিদ্ধান্ত ৫ নঞর্থক হ’ব। সার্বিক নঞর্থক সিদ্ধান্তত দুয়োটা পদেই ব্যাপ্য হ’ব। অবৈধ ব্যাপাদোষৰ পৰা হাত সাৰিবলৈ হ’লে সাধ্যবাক্যত সাধ্যপদ আৰু পক্ষবাক্যত পক্ষপদ ব্যাপ্য হ’ব লাগিব। হেতুবাক্য দুটাত সৰ্বমুঠ তিনিটা পদ ব্যাপ্য হ’ব পাৰে। গতিকে সিদ্ধান্ত সার্বিক হ’লে হেতু প এবাৰতকৈ বেছি ব্যাপ্য হ’ব নোৱাৰে। আকৌ দুয়োটা হেতুবাক্য সদৰ্থক হ’লে তাত মাত্র দুটা পদ ব্যাপা হ’ব। সিদ্ধাত্ত সার্বিক হ’বলৈ তাৰে এটাত পক্ষপদ আৰু আনটোত হেতুবাকার কেৱল এবাৰহে ব্যাপা কৰিব পৰা যাব।

(৯) একমাত্র ৩য় সংস্থানতেই ‘ও’ বচন সাধ্যবাক্য হ’ব পাৰে। 

উত্তৰ : ৩য় সংস্থানত হেতুপদে দুয়োটা হেতুবাক্যতে উদ্দেশ্যৰ স্থান অধিকাৰ কৰে। ‘ও’ বচন সাধ্যবাক্য হ’লে ইয়াৰ বিধেয় পদ ব্যাপ্য হ’ব। তেতিয়া পক্ষবচন সার্বিক সদর্থক হ’বই লাগিব। পক্ষবাক্যত কেৱল হেতুপদ ব্যাপ্য হ’ব। সিদ্ধাস্ত নঞর্থক হ’লে তাৰ বিধেয় পদ আৰু সাধ্যপদ ব্যাপ্য হ’ব আৰু সিদ্ধান্তটো বৈধ হ’ব। কিন্তু বাকীকেইটা সংস্থানত ‘ও’ বচনক সাধ্যবচন শুি ল’ব নোৱাৰি! ১ম সংস্থানত হেতুপদ সাধ্যবাক্যত উদ্দেশ্য আৰু পক্ষবাক্যত বিধেয় হৈ বহে। গতিকে ২য় সংস্থানত দুয়োটা হেতুবাকাতে হেতুপদ বিধেয়। ‘ও’ সাধ্যবাক্যত হেতুপদ ব্যাপা হ’ব আৰু ‘এ’ পক্ষবাক্যত পক্ষপদ ব্যাপ্য হ’ব। কিন্তু নঞর্থক সিদ্ধান্তত বিধেয় হিচাপে বহা সাধ্যপদ সাধ্যবচনত অব্যাপ্য হৈ থাকি সিদ্ধান্ত ব্যাপ্য হৈ দোষ ঘটাব। ৪র্থ সংস্থানত হেতুপদ সাধ্যবাক্যত বিধেয় আৰু পক্ষবাক্যত উদ্দেশ্য । দুয়োটা হেতুবাক্যত কেৱল হেতুপদটোহে ব্যাপ্য হ’ব। নঞর্থক সিদ্ধান্তত সাধ্যপদ ব্যাপ্য হৈ অবৈধ সাধ্যদোষ ঘটাব। গতিকে কেৱল ৩য় সংস্থানতহে ‘’ও’ বচনক সাধ্যবাক্য হিচাপে পাব পাৰি।

(১০) দ্বিতীয় সংস্থানত এটা আশ্ৰয় বচন নঞর্থক হ’বই লাগিব।

উত্তৰ দ্বিতীয় সংস্থানত হেতুপদে দুয়োটা আশ্রয় বাক্যতে বিধেয়ৰ স্থান অধিকাৰ কৰে। ন্যায়ৰ নিয়ম অনুসৰি হেতুপদটো দুটা আশ্ৰয় বাক্যৰ যিকোনো এটাত অন্ততঃ এবাৰ ব্যাপ্য হ’বই লাগিব। আশ্রয় বাক্য দুটা সদৰ্থক হলে হেতুপদটো দুয়োটা আশ্ৰয় বচনত অব্যাপ্ত থাকিব আৰু তেতিয়া ন্যায়টোত অব্যাপ্ত হেতুদোষ ঘটিব। গতিকে অব্যাপ্য হেতুদোষৰ পৰা হাত সাৰিবলৈ হ’লে ২য় সংস্থানৰ যিকোনো এটা আশ্রয় বাক্য নঞর্থক হ’বই লাগিব। 

প্রশ্ন ১৭। প্রমাণ কৰা যে তৃতীয় সংস্থানত সিদ্ধান্তটো বিশেষ বচন হ’ব লাগে।

উত্তৰ : তৃতীয় সংস্থানৰ বিশেষ নিয়ম অনুসৰি, পক্ষ আধাৰ বচনটো তৃতীয় সংস্থানত সদর্থক হ’ব লাগে। তৃতীয় সংস্থানত পক্ষপদটো পক্ষ আধাৰবচনত বিধেয়ৰূপে ব্যৱহৃহৃত হয়। কেৱল নঞর্থক বচনত বিধেয় পদ ব্যাপ্ত হয়, সদর্থক বচনত নহয়৷ সেইবাবে পক্ষপদটো পক্ষ আধাৰ বচনত অব্যাপ্ত থাকিব। ন্যায়ৰ নিয়মমতে আধাৰ বচনত ব্যাপ্ত নথকা পদ সিদ্ধান্তত ব্যাপ্ত হ’ব নোৱাৰে। আনহাতে পক্ষপদটো সিদ্ধান্তৰ উদ্দেশ্য পদ। সামান্য বা সার্বিক বচনত উদ্দেশ্য পদ ব্যাপ্ত যদিও বিশেষ বচনত উদ্দেশ্যপদ ব্যাপ্ত নহয়। সিদ্ধান্তটো সার্বিক বচন হ’লে ” অবৈধ পক্ষপদ দোষ ঘটে। গতিকে সিদ্ধান্তটো বিশেষ বচন হ’ব লাগিব।

প্রশ্ন ১৮। চমুটোকা লিখা। 

(ক) সমবর্তন 

(খ) প্রতিবর্তন 

(গ) অমাধ্যম অনুমান 

(ঘ) ন্যায়ৰ সংস্থান 

(ঙ) ন্যায়ৰ মূর্তি 

(চ)চতুষ্পদী দোষ 

(ছ) ন্যায়ৰ সাধাৰণ নিয়ম 

(জ) নিৰপেক্ষ ন্যায় 

(ঝ) অব্যাপ্ত হেতুপদ দোষ। 

উত্তৰঃ (ক) সমবর্তন যি অমাধ্যম অনুমানত এটা মাত্ৰ প্ৰদত্ত আধাৰ বচনৰ পৰা, আধাৰ বচনটোৰ উদ্দেশ্য আৰু বিধেয় পদৰ বিধিসন্মতভাৱে স্থান পৰিৱৰ্তন কৰি সিদ্ধান্ত প্রতিষ্ঠা কৰা হয়, তাকে সমবর্তন বোলে। ইয়াৰ তৰ্কবিজ্ঞানসন্মত ৰূপ হ’ব— SP

:. PS

বাস্তৱ উদাহৰণ— সকলো মানুহ হয় মৰণশীল A .:. 

:. কিছুমান মৰণশীল প্রাণী হয় মানুহ l

(খ) প্রতিবর্তন  যি অপৰোক্ষ অনুমানত হেতুবচনটোৰ উদ্দেশ্যক উদ্দেশ্য হিচাপে আৰু বিধেয়ৰ বিৰুদ্ধ পদক বিধেয় হিচাপে লৈ এটা নতুন সিদ্ধান্তত উপনীত হোৱা যায়, তাকে প্রতিৱর্তন বোলে। প্রতিৱৰ্তনৰ আশ্ৰয় বচনক প্রতিৱৰ্তনীয় আৰু সিদ্ধান্তক প্রতিৱর্তিত বচন বোলে। প্রতিৱর্তন যিহেতু অমাধ্যম অনুমান গতিকে ইয়াত সিদ্ধাস্ত এটা আশ্ৰয় বচনৰ পৰা নিঃসৃত হয়। দ্বিতীয়তে, প্রতিৱৰ্তনত অৰ্থৰ কোনো পৰিৱৰ্তন নকৰাকৈ গুণৰ পৰিৱৰ্তন কৰি সিদ্ধান্ত নিঃসৃত কৰা হয়।

প্রতিৱৰ্তনৰ নিয়মসমূহঃ (১) প্রতিৱৰ্তনীয় আৰু প্ৰতিৱৰ্তিত বচনৰ উদ্দেশ্য একেই হ’ব। 

(২) প্রতিৱর্তনীয় রচনৰ বিধেয়ৰ বিৰুদ্ধ পদটো প্ৰতিৱৰ্তিতৰ বিধেয় হিচাপে ব্যৱহৃত হ’ব। 

(৩) প্রতিৱৰ্তনীয় আৰু প্ৰতিৱৰ্তিত গুণগত পার্থক্য হ’ব। অর্থাৎ এটা সদৰ্থক হ’লে আনটো নঞর্থক হ’ব।

(৪) অর্থাৎ আশ্ৰয় বচন সামান্য হলে সিদ্ধান্তও সামান্য বচন হ’ব আৰু আশ্ৰয় বচন বিশেষ হ’লে সিদ্ধাস্তও বিশেষ হ’ব। পৰিমাণৰ দিশত প্রতিৱর্তনীয় প্রতিৱৰ্তিত একেই হ’ব।

 প্রতিবৰ্তন কৰা সকলো সমানুহ সুখী হয়। প্রতিবর্তিত‘কোনো সমানুহ নহয় অসুখী।’

(গ) অমাধ্যম অনুমান নির্গমনাত্মক অনুমানসমূহক পৰোক্ষ অনুমান আৰু অপৰোঙ্ক অনুমান- এই দুই শ্ৰেণীত ভাগ কৰা হৈছে। যি অনুমানত এটা মাত্ৰ বচনৰ পৰা আন কোনো। বচনৰ সহায় নোহোৱাকৈ সিদ্ধান্তত উপনীত হোৱা যায়, তাকে অপৰোক্ষ অনুমান বোলে। এইবিধ অনুমানত কেৱল এটা মাত্র হেতুবাক্য থাকে। এই হেতুবাক্যটোৰ উদ্দেশ্য আৰু বিধেয়। পদ দুটাৰ মাজত যি সম্বন্ধ ব্যক্ত কৰা হয় তাৰ ওপৰত ভিত্তি কৰি সেই একে দুটা পদৰ মাজত বা সেই পদ আৰু তাৰ বিৰুদ্ধ পদৰ মাজত অন্য এক প্ৰকাৰ সম্বন্ধ অনুমান কৰি সিদ্ধান্ত। প্রতিষ্ঠা কৰা হয়। নিগমন অনুমানৰ বৈশিষ্ট্য অনুসৰি অপৰোক্ষ অনুমানতো সিদ্ধান্তই আধাৰবাক্যত নথকা কোনো নতুন সত্যৰ সম্ভেদ দিব নোৱাৰে। আধাৰবাক্যত থকা সত্যটোকে সিদ্ধাস্তত বেলেগ ৰূপত প্ৰকাশ কৰা হয়। উদাহৰণস্বৰূপে সকলো অধ্যাপক স্নাতক ও আধাৰবাক্যৰ পৰা ‘কোনো অধ্যাপক নহয় অম্লাতক – এই সিদ্ধান্ত অনুমান কৰিব পাৰি। এইবিধ অনুমানত দুটা মাত্র অবয়ব থকাৰ বাবে ইয়াক দ্বি-অবয়বী অনুমানো বোলা হয়।

অপৰোক্ষ আৰু পৰোক্ষ অনুমানৰ মাজত গঠনৰ ক্ষেত্ৰত পার্থক্য আছে। অপৰোক্ষ অনুমানত এটা মাত্ৰ আধাৰবাক্যৰ পৰা সিদ্ধান্ত অনুমান কৰা হয়। কিন্তু পৰোক্ষ বা মাধ্যম অনুমানত দুই বা ততোধিক আধাৰবাক্যৰ পৰা সিদ্ধান্ত অনুমান কৰা হয়। সকলো চৰাই উৰণীয়া প্ৰাণী/ভাটো এবিধ চৰাই/এতেকে ভাটো এবিধ উৰণীয়া প্ৰাণী’ – ই এক পৰোক্ষ অনুমান। 

যেনে, সকলো মানুহ হয় মৰণশীল

ৰাম হয় মানুহ.           আশ্রয় বচন

:. ৰাম হয় মৰণশীল      _সিদ্ধান্ত।

ইয়াত দুটা আধাৰবাক্যৰ যুটীয়া সম্বন্ধৰ ভিত্তিত সিদ্ধান্ত প্রতিষ্ঠা কৰা হৈছে। এই আধাৰবাকা দুটা এনে কিছুমান নিয়ম অনুযায়ী সজোৱা হৈছে যাতে সিহঁতৰ মাজত এটা স্পষ্টতা থাকে। সেই সম্বন্ধৰ ভিত্তিতহে পৰোক্ষ অনুমান সম্ভৱ। আধাৰবাক্য দুটাৰ মাজত সেই সম্বন্ধ নাথাকিলে পৰোক্ষ অনুমান সম্ভৱ নহয়। যেনে, 

কিছুমান মানুহ হয় জ্ঞানী।

ৰাম হয় এজন মানুহ।

এই দুটা আধাৰ বচনৰ পৰা আমি কোনো সিদ্ধান্ত অনুমান কৰিব নোৱাৰো। মিল, বেইন আদি তর্কবিদ সকলে অমাধ্যমত অনুমানক প্রকৃত অনুমান বুলি স্বীকৃতি দিব নোখোজে। তেওঁলোকৰ মতে কোনো অনুমানৰ সিদ্ধান্তই এই নতুন সিদ্ধান্ত দাঙি ধৰিব লাগিব। কিন্তু অমাধ্যম নতুমানৰ সিদ্ধান্তই কোনো নতুন সত্যৰ জ্ঞান দিব নোৱাৰে।

ই কেৱল আধাৰ বচনত থকা সত্যটোকে বেলেগ ৰূপত প্ৰকাশ কৰে। সেইবাবে ই সমার্থ অনুমান নহয়। কিন্তু মিল আৰু বেইনৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে আমি কোনো নিগমন প্রক্রিয়াকে অনুমান বুলিব নোৱাৰিম৷ কাৰণ পৰোক্ষ অনুমানতো সিদ্ধান্তটো হেতু বচনৰ লগত সম্পর্কহীন নহয়। ইয়াতো সিদ্ধান্তটো হেতুবচনৰ মাজত সোমাই থাকে। কিন্তু যি দৃষ্টিকোণেবে পৰোক্ষ অনুমানক প্রকৃত অনুমান বুলি কোৱা হয়, সেই একেটা দৃষ্টিকোণৰে অমাধ্যম অনুমানকো প্রকৃত অনুমান বুলিব পাৰি। ইয়াতো সিদ্ধান্তই আমাক সম্পূর্ণ নতুন সত্য এটা দিব নোৱাৰিলেও আধাৰ বচনত থকা সত্যটো অধিক স্পষ্টৰূপত প্ৰকাশ কৰে৷ গতিকে অমাধ্যম অনুমানো এক প্ৰকাৰৰ অনুমান | 

(ঘ) ন্যায়ৰ সংস্থান  ন্যায়ৰ হেতুবচন দুটাৰ প্ৰত্যেকতে এবাৰকৈ হেতু পদটো ব্যৱহাৰ কৰা হয়।

এই হেতুপদৰ দুয়োটা বাক্যত উদ্দেশ্য বা বিধেয় যিকোনো স্থানত বহিব পাৰে৷ হেতুপদৰ এই বিভিন্ন অৱস্থান অনুসৰি ন্যায়ৰ যি বিভিন্ন আকাৰ হ’ব পাৰে, তাকে ন্যায়ৰ সংস্থান ন্যায়ৰ সংস্থানো চাৰিটা। ১। প্রথম সংস্থান, ২। দ্বিতীয় সংস্থান, ৩। তৃতীয় সংস্থান, ৪। চতুর্থ

সংস্থান। সেইবিলাক তলত দেখুওৱা হ’ল

৪র্থ সংস্থানঃ ইয়াত সাধ্যবাক্যত হেতুপদ বিধেয় আৰু পক্ষবাক্যত উদ্দেশ্য হিচাপে বহে।

হেতুপদৰ বিভিন্ন অৱস্থান অনুসৰি এই চাৰিটা সংস্থান ন্যায়ত মানি চলা হয়। ন্যায়ত হেতুপদে এক বিশেষ গুৰুত্ব লাভ কৰে। ইয়াৰ বিভিন্ন অৱস্থানৰ ওপৰত ন্যায়ৰ যৌক্তিকতাও বহু পৰিমাণে নিৰ্ভৰ কৰে৷

(ঙ) ন্যায়ৰ মূৰ্তি :-  ন্যায় অনুমানত এ ই আই ও – এই চাৰিপ্ৰকাৰ বচন ব্যৱহাৰ কৰা হয়। ন্যায়ৰ তিনিটা বচনত কি কি বচন ব্যৱহৃত হৈছে, তাক লক্ষ্য কৰি সেই ন্যায় মূর্তি নির্ণয় কৰা হয়। ‘মূর্তি’ শব্দটো তর্কবিদসকলে বেলেগ বেলেগ অৰ্থত ব্যৱহাৰ কৰা গখা যায়। বহল অৰ্থত ন্যায়ৰ তিনিওটা বচনৰ গুণগত আৰু পৰিমাণগত পার্থক্যই ফি মাঝাৰ নিৰূপণ কৰে সেয়ে মূর্তি। দ্বিতীয় অর্থত ন্যায়ৰ হেতুবাক্য দুটাৰ ভিন্নতাই যি আকাৰ নিৰূপণ কৰে, সেয়ে মূর্তি। সংকীর্ণ অৰ্থত মূর্তি বুলিলে হেতু বাক্য দুটাৰ যিকেইটা বিভিন্ন সমন্বয়ক বৈধ বুলি ধৰা হয়, তাক বুজা যায়।

মূর্তিক কেৱল হেতু বাক্য দুটাৰ গুণ আৰু পৰিমাণ নিৰূপণ কৰা আকাৰ বুলি ধৰিলে প্ৰতিটো সংস্থানতে ষোল্লটাকৈ মূর্তি পোরা যায়। যেনে— এ-এ, এ-ই, এ-আই, এ-ও, ই-এ, ই-ই, ই-আই, ই-ও, আই-এ, আই ই আই আই আই ও, ও-এ, ও-ই, ও আই, ও-ও। প্রত্যেক সংস্থানতে ষোপ্লটাকৈ হ’লে চাৰিটা সংস্থানত মুঠ চৌষষ্ঠিটা মূর্তি পোৱা যায়। মূর্তিক ব্যাপক অৰ্থত ল’লৈ, অৰ্থাৎ সিদ্ধান্তৰো গুণ পৰিমাণৰ কথা বিবেচনালৈ আনিলে এই প্রত্যেকটো মূৰ্তিৰে আচাৰিটাকৈ ৰূপ, সৰ্বমুঠ (৬৪×৪)=২৫৬ টা মূর্তি পোৱা যাব। কিন্তু এই সকলোবোৰ মূৰ্তিৰ পৰা বৈধ সিদ্ধাস্ত পাব নোৱাৰি। ন্যায়ৰ বিভিন্ন নিয়মসমূহ লক্ষ্য কৰিলে দেখা যায় যে ষোল্লটা সম্ভাৱ্য মূৰ্তিৰ ভিতৰত ই-ই, ই-ও, ও-ই, ও-ও, আই-ও, ও-আই, আই-আই, আৰু আই-ই— এইকেইটা মূৰ্তিৰ পৰা কোনো সংস্থানতে মূর্তি পাব নোৱাৰি। এতিয়া অৱশিষ্ট মূৰ্তিকেইটাৰ পৰা বিভিন্ন সংস্থানত কোনবিলাক বৈধমূর্তি পোৱা যায় বিচাৰ কৰা হওক।

দেখা গ’ল, প্রথম সংস্থানত এ-এ মূৰ্তিৰ পৰা কোনো নিয়ম উলংঘা নকৰাকৈ সিদ্ধান্ত নিঃসৃত কৰিব পাৰি। ইয়াৰ নাম বাৰবাৰা (Barbara)। ই এটা বৈধ মূর্তি।

(২) এ-ই

এ– সকলো হ হয়স।

ই— কোনো প নহয় হ।

ইয়াৰ পৰা সিদ্ধান্ত আনিবলৈ হ’লে সি নঞর্থক হ’ব লাগিব। নঞর্থক সিদ্ধান্তত বিধেয় সাধ্যপদ ব্যাপ্য হ’ব। কিন্তু সাধ্যবাক্যত সাধ্যপদ ব্যাপ্য হোৱা নাই। গতিকে এই সমন্বয়ৰ পৰা বৈধভাবে কোনো সিদ্ধান্ত পাব নোৱাৰি।

এ– আই

এ— সকলো হ হয় স (সকলো মানুহ হয় মৰণশীল)

আই— কিছুমান প হয় হ (কিছুমান জীৱ মানুহ)

:.  আই – কিছুমান প হয় স (কিছুমান জীৱ হয় মৰণশীল) 

ই এটা বৈধমূর্তি। ইয়াৰ নাম ডেৰিআই (Darii)

এ―ও

এ― সকলো হ হয় সা

ও― কিছুমান প নহয় হ। 

ইয়াৰ পৰা কিবা সিদ্ধান্ত আনিলে সি নঞর্থক হ’ব। নঞর্থক সিদ্ধান্তৰ বিধেয় সাধ্যপদ ব্যাপ্য হ’ব। কিন্তু সাধ্যপদ হেতুবাক্য ব্যাপ্য হোৱা নাই বাবে অবৈধ সাধ্যদোষ ঘটিব। গতিকে ই বৈধ মূর্তি নহয়৷

ই –এ

ই – কোনো হ নহয় স – (কোনো মানুহ নহয় অমৰ)

এ— সকলো প হয় হ – (সকলো দার্শনিক হয় মানুহ)

:. ই – কোনো প নহয় স― (কোনো দার্শনিক নহয় অমৰ)

এইটো বৈধ মূর্তি। ইয়াৰ নাম চিলাৰেণ্ট (Celarent) | 

ই— আই

ই – কোনো হ নহয় স ( কোনো মানুহ নহয় নির্দোষ )

আই— কিছুমান প হয় হ (কিছুমান জীৱ হয় মানুহ)

:. ও কিছুমান প নহয় স (কিছুমান জীৱ নহয় নির্দোষ) ই – এটা বৈধ মূর্তি। নাম ফেৰিও (Ferio)

:.  এ – সকলো প হয় হ।

ইয়াতো হেতুপদ এবাৰো ব্যাপ্য হোৱা নাই বাবে ইয়াৰ পৰা বৈধভাৱে কোনো সিদ্ধান্ত পাব নোৱাৰি। 

ও ―এ

ও― কিছুমান হ হয় স .

:. এ–সকলো প হয় হ।

ইয়াত হেতুপদ এবাৰো ব্যাপ্য হোৱা নাই। গতিকে ইও বৈধ মূর্তি নহয়। দেখা গ’ল প্রথম সংস্থানত মাত্র চাৰিটা বৈধ মূর্তি আছে- Barbara (বাৰবাৰা), Celarent (চলবে) Darii (ডেৰিআই) আৰু Ferio (ফেৰিও)। কেইটামুৰ্তিৰ পৰা

প্রথম স্থানৰ বিশেষ নিয়ম ১। সাধ্য আশ্রয় বচনটো সামান্য হ’ব লাগিব। 

২। পক্ষ আশ্রয় বচনটো সদৰ্থক হ’ব লাগিব।

বাকীকেইটা সংস্থান সকলো মূৰ্তিৰ পৰা সিদ্ধান্ত পোৱা নাযায়। বৈধভাৱে সিদ্ধান্ত আনিব পাৰি, কেৱল সেইবিলাক তলত আলোচনা কৰা হ’ল।

(চ) চতুষ্পদী দোষ 

মানুহ হয় এনে যি পাপ সৃষ্টি কৰিলে A 

ভগৱান হয় এনে যি মানুহ সৃষ্টি কৰিলে A 

ভগবান হয় এনে যি পাপ সৃষ্টি কৰিলে A

এই ন্যায় চতুষ্পদী দোষযুক্ত ন্যায়। কাৰণ, ইয়াত তিনিটা পদৰ পৰিৱৰ্তে চাৰিটা প আছে। ন্যায় নিয়মমতে প্রত্যেক ন্যায়ত মাথোন পদ থাকিব লাগে। কিন্তু ইয়াত চাৰিটা পদ আছে– (১) মানুহ, (২) এনে যি পাপ সৃষ্টি কৰিলে (৩) ভগৱান, (৪) এনে যি মানুহ সৃষ্টি।

কৰিলে। চাৰিটা পদ হোৱাৰ বাবে এই ন্যায়ক চতুষ্পদী দোষযুক্ত ন্যায় কোৱা হয়। 

(চ) ন্যায়ৰ সাধাৰণ নিয়ম ন্যায়ৰ পাঁচটা সাধাৰণ নিয়ম হ’ল—

(ক) প্রত্যেক ন্যায় অনুমানতেই কেৱল তিনিটা বচন থাকিব লাগিব। 

(খ) প্রত্যেক ন্যায়তেই মাত্র তিনিটা পদ থাকিব লাগিব ।

(গ) হেতুপদ আধাৰ বচন দুটাত অন্ততঃ এবাৰ ব্যাপ্ত হ’ব লাগিব। 

(ঘ) আধাৰ বচনত ব্যাপ্ত নোহোৱাকৈও কোনো পদেই সিদ্ধান্তত ব্যাপ্ত হ’ব নোৱাৰে।

(ঙ) আধাৰ বচন দুটাৰ অন্ততঃ এটা সদৰ্থক বচন হ’ব লাগিব। 

(চ) যদি এটা আধাৰ বচন নঞর্থক হয় তেনেহলে সিদ্ধান্তও নঞর্থক হ’ব আৰু সিদ্ধান্ত নঞর্থক হয় তেনেহ’লে দুটা আধাৰ বচনৰ যিকোনো এটা নঞর্থক হ’বই।

(ছ) যদি দুয়োটা আধাৰ সদৰ্থক হয় তেনেহ’লে সিদ্ধান্তও সদৰ্থক হ’ব। 

(জ) দুয়োটা আধাৰ বচন বিশেষ বচন হলে কোনো সিদ্ধান্ত প্রতিষ্ঠা কৰিব নোৱাৰি।

(ঝ) যদি এটা আধাৰ বচন বিশেষ বচন হয় তেনেহ’লে সিদ্ধান্তও বিশেষ বচন হ’ব। 

(ঞ) সাধ্য আধাৰ বচন বিশেষ বচন আৰু পক্ষ আধাৰ বচন নঞর্থক বচন হলে কোনো সিদ্ধান্ত পাব নোৱাৰি।

 (জ) নিৰপেক্ষ ন্যায়  : সকলো ন্যায়তে তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহ লক্ষ্য কৰা যায়:

(১) ন্যায়ৰ সিদ্ধাস্ত দুটা হেতুবাক্যৰ যুটীয়া সম্পৰ্কৰ ভিত্তিতহে নিঃসৃত কৰিব পাৰি। এই হেতুবাক্য দুটা পৰম্পৰ সম্পর্কিত। এই হেতুবাক্যৰ সাধ্যপদৰ সৈতে হেতুপদক সম্পর্কিত কৰা হয় আৰু আনটোত পক্ষপদৰ সৈতে হেতুপদক সম্পর্কিত কৰা হয়। তাৰ পিছত সিদ্ধাস্তত পক্ষপদ আৰু সাধাপদৰ মাজত কোনো সম্পর্ক প্ৰতিষ্ঠা কৰা হয় ।

(২) ন্যায় একপ্রকাৰ মাধ্যম অনুমান। সেয়ে ইয়াত সিদ্ধান্ত একাধিক আশ্ৰয় বচনৰ পৰা নিঃসৃত হ’ব লাগিব। একাধিক মানে দুটা তিনিটা বা চাৰিটা আশ্রয় বচনো হ’ব পাৰে। কিন্তু ন্যায়ত সাধাৰণতে দুটা আশ্ৰয় বচনৰ পৰা সিদ্ধান্ত নিঃসৃত কৰা হয়। ন্যায়ত এই বৈশিষ্টাই ইশক অমাধ্যম অনুমানৰ পৰা পৃথক কৰিছে।

(৩) ন্যায়ৰ সিদ্ধান্ত হেতুবাক্যতকৈ ব্যাপক হ’ব নোৱাৰে। এইটো নিগমন অনুমানৰ সাধাৰণ লক্ষণ। হেতুবাক্য যি বস্তু সম্পর্কে প্রত্যক্ষ বা পৰোক্ষভাৱে একো কোৱা নাই সেই বস্তু সম্পর্কে সিদ্ধান্তত একো ক’ব নোৱাৰি। এই বৈশিষ্ট্যই ন্যায়ক আগমন অনুমানৰ পৰা পৃথক কৰিছে।

(৪) ন্যায়ৰ হেঁতুবাক্য সত্য হ’লে সিদ্ধান্তও সত্য হ’ব। সিদ্ধান্ত হেতুবাক্য দুটাৰ পৰা অনিবার্যভাৱে নিঃসৃত হোৱা বাবে হেতুবাক্য দুটা বস্তুগতভাৱে সত্য হ’লে সিদ্ধাস্তও অনিবার্যভাৱেই সত্য হ’ব। কিন্তু হেতুবাক্য বা সিদ্ধান্তৰ বস্তুগত সত্যতা নিৰূপণ কৰা ন্যায়ৰ লক্ষ্য নহয়, আকাগত সত্যতা নিৰূপণ কৰাটোহে ন্যায়ানুমানৰ লক্ষ্য। হেতুবাক্যকেইটা সত্য বুলি ধৰি লৈ সিহঁতৰ পৰা বিধিসম্মতভাৱে সিদ্ধান্ত নিঃসৃত হৈছে নে নাই সেইটো কৰাটোহে ন্যায়ৰ উদ্দেশ্য। যেনে

সকলো দুঠেঙীয়া জীৱ হয় পাখি থকা জীৱ।

মানুহ হয় দুঠেঙীয়া জীৱ।

:. মানুহ হয় পাখি থকা জীৱ। 

ইয়াত সিদ্ধান্ত বস্তুগতভাৱে সত্য নহয় কিন্তু আকাৰগতভাৱে সত্য।

(ঝ) অব্যাপ্ত হেতুপদৰ দোষ ন্যায়ৰ নিয়মমতে হেতুপদ আধাৰ বচন দুটাত অন্ততঃ এবাৰ ব্যাপ্ত হ’ব লাগিব ন্যায়ৰ এই নিয়মটো উলংঘা কৰিলে অব্যাপ্ত ‘হেতুপদ দোষ’ৰ উদ্ভৱ হয়। 

উদাহৰণ স্বৰূপে 

A সকলো দেশ য’ত মদ তৈয়াৰ হয়, হয় শীতপ্রধান দেশ।

: A ইংলেণ্ড হয় শীত প্রধান দেশ।

:. A ইংলেণ্ড হয় এনে দেশ য’ত মদ তৈয়াৰ হয়। 

এই ন্যায় অব্যাপ্ত হেতুপদ দোষযুক্ত। কাৰণ ইয়াত হেতুপদ ‘শীতপ্রধান দেশ’ দুইটা আধাৰ বচন অর্থাৎ সাধ্য আধাৰ বচন আৰু পক্ষ আধাৰ বচনতে 

A বচনৰ বিধেয় হোৱা বাবে অব্যাপ্ত হৈছে।

A বচনে কেৱল উদ্দেশ্য পদহে ব্যাপ্ত কৰে। অব্যাপ্ত হেতুপদ এটা নির্দিষ্ট সিদ্ধান্তত উপনীত হোৱাত সহায় নকৰে। 

প্রশ্ন ৯। ন্যায়ত হেতু পদৰ ভূমিকা আলোচনা কৰা।

উত্তৰ : যি পদ ন্যায়ৰ দুয়োটা আধাৰ বচনত উপস্থিত থাকি সিদ্ধান্তত উপস্থিত নাথাকে তাক হেতুপদ বোলে।

সিদ্ধান্তৰ সাধ্যপদ আৰু পক্ষপদৰ লগত সম্বন্ধ স্থাপন কৰাই ন্যায়ৰ আচল উদ্দেশ্য। ন্যায়ানুমানত হেতুপদৰ জৰিয়তে সাধ্যপদ আৰু পক্ষপদৰ মাজত সম্বন্ধ প্ৰমাণ কৰা হয়। সাধ্য আধাৰ বচনত হেতু পদ সাধ্যপদৰ লগত আৰু পক্ষ আধাৰ বচনত ই পক্ষ পদৰ লগত সম্বন্ধযুক্ত থাকে। গতিকে দেখা যায়, যে হেতুপদৰ জৰিয়তেই সিদ্ধান্তত ক্ষেত্ৰত সাধাপণক স্বীকাৰ বা অস্বীকাৰ কৰা হয়। হেতু পদৰ মধ্যস্থতাত সাধ্যপন আৰু সম্বন্ধ জ্ঞানকেই সেইকাৰণে ন্যায় বুলি অভিহিত কৰা হয়? গতিকে ন্যায়ত হেতুপদৰ ভূমিকা অতি গুৰুত্বপূর্ণ। 

প্রশ্ন ১০। ‘কোনো মানুহ নহয় দেৱতা’ এই বচনটোৰ সমবর্তিত ৰচন আৰু প্ৰতিবর্তিত ৰচন প্ৰদান কৰা।

উত্তৰ : সমবর্তিত বচন কিছুমান দেৱতা নহয় মানুহ। প্রতিবর্তিত বচন : সকলো মানুহ হয় অদেৱতা।

(ৰচনাধর্মী প্রশ্নোত্তৰ (মূল্যাক ৫)

প্রশ্ন ১। অনুমান কাক বোলে? অনুমানৰ বিভিন্ন প্রকাৰবোৰ কি কি? 

উত্তৰ ঃ ব্যৱহাৰিক অৰ্থত অনুমান মানে আন্দাজ বা ধাৰণা। তর্কবিদ্যাত ‘অনুমান। শব্দটো এক বিশেষ অর্থত ব্যৱহাৰ কৰা হয়, যি মানসিক প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এ বিষয়ৰ জ্ঞাত সত্যৰ ওপৰত নিৰ্ভৰ কৰি অন্য এটা অজ্ঞাত নতুন সত্যত উপনীত হোৱা যায় তাকে অনুমান বোলে। অর্থাৎ অধিগত বিষয়ৰ জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি অনবিগত বিষয়ৰ জ্ঞানত উপনীত হোৱা মানসিক প্রক্রিয়াটোকেই অনুমান বুলি কোৱা হয়। দূৰৈত ধোঁৱা দেখি তাত জুই জ্বলিছে বুলি ভবাটো বা পুৱা শুই উঠি চোতালত পানী দেখি নিশা বৰষুণ হোৱা বুলি ভবাটো অনুমান প্রক্রিয়া।

মানব মন স্বাভাৱিকতে জ্ঞান-প্রয়াসী। নজনা কথা জানিবৰ বাৰে মানুহৰ আগ্রহ জন্মে। প্রত্যক্ষ অভিজ্ঞতাত লাভ কৰা সীমিত জ্ঞানক লৈ মানৱ মন সন্তুষ্ট হ’ব নোৱাৰে। সেইবাবে এই প্রত্যক্ষ অভিজ্ঞতাসমূহৰ ওপৰত নিৰ্ভৰ কৰি সেই সম্পৰ্কীয় নজনা কথাবিলাক জানিবলৈ মানুহে আগ্ৰহ কৰে। ইয়েই অনুমান। অনুমানৰ প্ৰকাৰ

সাধাৰণতে অনুমান দুই প্ৰকাৰৰ— ১। নিগমন অনুমান আৰু ২। আগমন অনুমান।

নিগমন অনুমান : যি অনুমানত সার্বিক সম্বন্ধৰ জ্ঞানৰ পৰা বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়।

তাক— নিগমন অনুমান বোলে। যেনে, 

সকলো মানুহ হয় মৰণশীল,

ৰাধাকৃষ্ণা হয় মানুহ। 

:: ৰাধাকৃষ্ণা হয় মরণশীল।

আগমন অনুমান

যি অনুমানত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ জৰিয়তে সার্বিক সম্বন্ধৰ হোৱা যায় তাক আগমন অনুমান বোলে। যেনে

ৰাম হয় মৰণশীল

যদু হয় মৰণশীল 

হৰি হয় মৰণশীল

:. সকলো মানুহ হয় মৰণশীল।

নিগমন অনুমানৰ প্ৰকাৰ

নিগমন অনুমান দুই প্ৰকাৰৰ—

১। অমাধ্যম আৰু ২। মাধ্যম অনুমান।

অমাধ্যম অনুমানঃ যি নিগমন অনুমানত এটামাত্র আশ্রয় বচনৰ পৰা সিদ্ধান্ত নিঃসৃত হয় তেনে অনুমানক অমাধ্যম অনুমান বোলে৷ যেনে—

সকলো মানুহ হয় মৰণশীল।

:.কিছুমান মৰণশীল হয় মানুহ৷

এই অনুমানত সিদ্ধান্ত আশ্ৰয় বচনতকৈ কম ব্যাপক।

মাধ্যম অনুমান : যি নিগমন অনুমানত সিদ্ধান্ত এটাতকৈ অধিক আশ্ৰয় বচনৰ পৰা

নিঃসৃত হয় তাক মাধ্যম অনুমান বোলে। যেনে, সকলো মানুহ হয় মৰ্মশীল।

ৰাম হয় মানুহ 

ৰাম হয় মৰণশীল।

ইয়াত এটাতকৈ বেছি অৰ্থাৎ দুটা আশ্ৰয় বচনৰ পৰা সিদ্ধান্ত নিঃসৃত হৈছে আৰু সিদ্ধান্ত আশ্ৰয় বচনতকৈ বেছি ব্যাপক নহয়।

অমাধ্যম অনুমানৰ প্ৰকাৰ – অমাধ্যম অনুমান কেইবা প্ৰকাৰৰো আছে। তাৰ ভিতৰত সমবৰ্তন আৰু প্ৰতিবৰ্তন এই দুই প্রকাৰেই প্রধান। 

প্রশ্ন ২। অপৰোক্ষ অনুমান (বা অমাধ্যম অনুমান) কাক বোলে? ইয়াক প্ৰকৃততে অনুমান বুলি পাৰিনে?

উত্তৰঃ নিগমনাত্মক অনুমানসমূহক পৰোক্ষ অনুমান আৰু অপৰোক্ষ অনুমান— এই দুই শ্ৰেণীত ভাগ কৰা হৈছে। যি অনুমানত এটা মাত্ৰ বচনৰ পৰা আন কোনো বচনৰ সহায় নোহোৱাকৈ সিদ্ধাস্তত উপনীত হোঁৱা যায়, তাকে অপৰোক্ষ অনুমান বোলে। এইবিধ অনুমানত কেৱল এটা মাত্ৰ হেতুবাক্য থাকে। এই হেতুবাক্যটোৰ উদ্দেশ্য আৰু বিধেয় পদ দুটাৰ মাজত যি সম্বন্ধ ব্যক্ত কৰা হয় তাৰ ওপৰত ভিত্তি কৰি সেই একে দুটা পদৰ মাজত বা সেই পদ আৰু তাৰ বিৰুদ্ধ পদৰ মাজত অন্য এক প্ৰকাৰ সম্বন্ধ অনুমান কৰি সিদ্ধান্ত প্রতিষ্ঠা কৰা হয়। নিগমন অনুমানৰ বৈশিষ্ট্য অনুসৰি অপৰোক্ষ অনুমানতো সিদ্ধান্তই আধাৰবাক্যত নথকা কোনো নতুন সত্যৰ সম্ভেদ দিব নোৱাৰে। আধাৰবাক্যত থকা সত্যটোকে সিদ্ধাস্তত বেলেগ

ৰূপত প্ৰকাশ কৰা হয়। উদাহৰণস্বৰূপে সকলো অধ্যাপক স্নাতক এই আধাৰবাক্যৰ পৰা ‘কোনো অধ্যাপক নহয় অস্নাতক – এই সিদ্ধান্ত অনুমান কৰিব পাৰি। এইবিধ অনুমানত দুটা মা অবয়ব থকাৰ বাবে ইয়াক দ্বি-অবয়বী অনুমানো বোলা হয়।

অপৰোক্ষ আৰু পৰোক্ষ অনুমানৰ মাজত গঠনৰ ক্ষেত্ৰত পার্থক্য আছে। অপৰোক্ষ অনুমানত এটা মাত্ৰ আধাৰবাক্যৰ পৰা সিদ্ধান্ত অনুমান কৰা হয়। কিন্তু পৰোক্ষ বা মাধ্যম অনুমানত দুই বা ততোধিক আধাৰবাক্যৰ পৰা সিদ্ধান্ত অনুমান কৰা হয়। সকলো চৰাই উৰণীয়া প্ৰাণী/ভাটো এবিধ চৰাই/এতেকে ভাটো এবিধ উৰণীয়া প্ৰাণী’ ই এক পৰোক্ষ অনুমান।

যেনে, সকলো মানুহ.হয় মণশীল

ৰাম হয় মানুহ.      আশ্রয় বচন

ৰাম হয় মানুহ     – সিদ্ধান্ত।

 ইয়াত দুটা আধাৰবাক্যৰ যুটীয়া সম্বন্ধৰ ভিত্তিত সিদ্ধান্ত প্রতিষ্ঠা কৰা হৈছে৷ এই আধাৰবাক্য দুটা এনে কিছুমান নিয়ম অনুযায়ী সজোৱা হৈছে যাতে সিহঁতৰ মাজত এটা স্পষ্টতা থাকে। সেই সম্বন্ধৰ ভিত্তিতহে পৰোক্ষ অনুমান সম্ভৱ। আধাৰবাক্য দুটাৰ মাজত সেই সম্বন্ধ নাথাকিলে পৰোক্ষ অনুমান সম্ভৱ নহয়৷ যেনে,

কিছুমান মানুহ হয় জ্ঞানী। 

ৰাম হয় এজন মানুহ।

এই দুটা আধাৰ বচনৰ পৰা আমি কোনো সিদ্ধান্ত অনুমান কৰিব নোৱাৰো। মিল, বেইন আদি তর্কবিদ সকলে অমাধ্যমত অনুমানক প্রকৃত অনুমান বুলি স্বীকৃতি দিব। নোখোজে৷ তেওঁলোকৰ মতে কোনো অনুমানৰ সিদ্ধান্তই এই নতুন সিদ্ধান্ত দাঙি ধৰিব লাগিব। কিন্তু অমাধ্যম নতুমানৰ সিদ্ধান্তই কোনো নতুন সত্যৰ জ্ঞান দিব নোৱাৰে।

ই কেৱল আধাৰ বচনত থকা সত্যটোকে বেলেগ ৰূপত প্ৰকাশ কৰে। সেইবাবে ই সমার্থ অনুমান নহয়। কিন্তু মিল আৰু বেইনৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে আমি কোনো নিগমন প্রক্রিয়াকে অনুমান বুলিব নোৱাৰিম। কাৰণ পৰোক্ষ অনুমানতো সিদ্ধান্তটো হেতু বচনৰ লগত সম্পর্কহীন নহয়। ইয়াতো সিদ্ধান্তটো হেতুবচনৰ মাজত সোমাই থাকে। কিন্তু যি দৃষ্টিকোণেৰে পৰোক্ষ অনুমানক প্ৰকৃত অনুমান বুলি কোৱা হয়, সেই একেটা দৃষ্টিকোণৰে অমাধ্যম অনুমানকো প্রকৃত অনুমান বুলিব পাৰি। ইয়াতো সিদ্ধান্তই আমাক সম্পূর্ণ নতুন সত্য এটা দিব নোৱাৰিলেও আধাৰ বচনত থকা সত্যটো অধিক স্পষ্টৰূপত প্ৰকাশ কৰে। গতিকে অমাধ্যম অনুমানো এক প্ৰকাৰৰ অনুমান। 

প্রশ্ন ৩। অনুমানৰ প্ৰকাৰবোৰ কি কি?

উত্তৰ: অনুমানৰ প্ৰকাৰ সাধাৰণতে অনুমান দুই প্ৰকাৰৰ

১। নিগমন অনুমান আৰু 

২। আগমন অনুমান।

নিগমন অনুমান যি অনুমানত সার্বিক সম্বন্ধৰ জ্ঞানৰ পৰা বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত

হোৱা যায়।

তাক— নিগমন অনুমান বোলে। যেনে,

সকলো মানুহ হয় মৰণশীল,

ৰাধাকৃষ্ণন হয় মানুহ।

বাধাকৃষ্ণন হয় মণশীল।

আগমন অনুমান

যি অনুমানত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ জৰিয়তে সার্বিক সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক আগমন অনুমান বোলে। যেনে

ৰাম হয় মৰণশীল

যদু হয় মৰণশীল

হৰি হয় মৰণশীল

:.  সকলো মানুহ হয় মৰণশীল।

নিগমন অনুমানৰ প্ৰকাৰ নিগমন অনুমান দুই প্ৰকাৰৰ—

১। অমাধ্যম আৰু ২। মাধ্যম অনুমান।

অমাধ্যম অনুমান: যি নিগমন অনুমানত এটামাত্ৰ আশ্ৰয় বচনৰ পৰা সিদ্ধান্ত নিঃসৃত হয় তেনে অনুমানক অমাধ্যম অনুমান বোলে। যেনে

সকলো মানুহ হয় মৰণশীল।

:. কিছুমান মৰণশীল হয় মানুহ।

এই অনুমানত সিদ্ধান্ত আশ্রয় বচনতকৈ কম ব্যাপক। মাধ্যম অনুমানযি নিগমন অনুমানত সিদ্ধান্ত এটাতকৈ অধিক আশ্ৰয় বচনৰ পৰা নিঃসৃত হয় তাক মাধ্যম অনুমান বোলে। যেনে, সকলো মানুহ হয় মৰমশীল।

ৰাম হয় মানুহ

ৰাম হয় মৰণুশীল।

ইয়াত এটাতকৈ বেছি অৰ্থাৎ দুটা আশ্ৰয় বচনৰ পৰা সিদ্ধান্ত নিঃসৃত হৈছে আৰু সিদ্ধান্ত অমাধ্যম অনুমানৰ প্ৰকাৰ– অমাধ্যম অনুমান কেইবা প্ৰকাৰৰো আছে। তাৰ ভিতৰত আশ্ৰয় বচনতকৈ বেছি ব্যাপক নহয়।

সমবৰ্তন আৰু প্ৰতিবৰ্তন এই দুই প্রকাৰেই প্রধান।

প্রশ্ন ৪। প্রতিবর্তন কাক বোলে? প্রতিবর্তন নিয়ম সমূহ কি? 

উত্তৰঃ যি অমাধ্যম অনুমানত প্ৰদত্ত বচনৰ অৰ্থৰ কোনো পৰিবৰ্তম নকৰাকৈ কেৱল মা গুণৰ পৰিবৰ্তন কৰি সিদ্ধান্তত উপনীত হোৱা যায় তাকেই প্রতিবর্তন বোলে। প্ৰতিবৰ্তনৰ তৰ্কবিজ্ঞানসম্মত ৰূপ হৈছে

SP 

:. S non-P

বাস্তৱ উদাহৰণ : E কোনো মানুহ নহয় পূর্ণ প্রতিবর্তনীয়) 

:. A. সকলো মানুহ হয় অ-পূর্ণ (প্রতিবর্তিত বচন)

প্রতিবৰ্তনৰ নিয়মসমূহ হ’ল

(১) প্ৰতিবৰ্তিত বচনৰ উদ্দেশ্য পদ প্রতিবর্তনীয় বচনৰ উদ্দেশ্য পদৰ সৈতে একে।

(২) প্রতিবৰ্তিত বচনৰ বিধেয় পদ প্ৰতিবৰ্তনীয় বচনৰ বিধেয় পদৰ বিৰুদ্ধ পদ হয়।

(৩) প্ৰতিবৰ্তিত বচনৰ গুণ প্ৰতিবৰ্তনীয় বচনৰ গুণতকৈ বেলেগ হয়। অর্থাৎ প্রতিবর্তনীয় বচন যদি সদর্থক হয় তেন্তে প্রতিবর্তিত বচন নঞর্থক হ’ব আৰু প্ৰতিবর্তনীয় বচন যদি নঞর্থক হয় তেন্তে প্রতিবর্তিত বচন সদর্থক হ’ব। 

(৪) প্রতিবর্তনীয় আৰু প্ৰতিবৰ্তিত বচনৰ পৰিমাণ একে থাকে। যদি প্রতিবর্তনীয় বচন সার্বিক হয়, তেন্তে প্রতিবর্তিত বচনো সার্বিক হ’ব আৰু যদি প্রতিবর্তনীয় বচন বিশেষ তেন্তে প্রতিবর্তিত বচনো বিশেষ হ’ব। 

প্রশ্ন ৫। ন্যায় কাক বোলে? ন্যায়ৰ বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ যি মাধ্যম নিগমন অনুমানত পৰস্পৰ সংযুক্ত দুটা আধাৰ বচনৰ সংযুক্ত ফলস্বৰূপে সিদ্ধান্তটো অনিবার্যভাবে নিঃসৃত হয় তাকে ন্যায় বোলে।

ন্যায় বৈশিষ্ট্যসমূহ হ’ল—

(১) ন্যায় এক প্ৰকাৰ অনুমান। যি অনুমানটে। আধাৰ বচনৰ জৰিয়তে সিদ্ধান্তত নতুন সত্যৰ জ্ঞানত উপনীত হ’ব পৰা যায়।

(২) ন্যায় এক প্ৰকাৰ নিগমনাত্মক, অনুমান। ন্যায় যিহেতু এক নিগমণাত্মক অনুমান, সেয়েহে ইয়াৰ সিদ্ধান্ত আধাৰ বচন দুটাৰ কোনোটোতকৈও অধিক ব্যাপক হ’ব নোৱাৰে৷

(৩) ন্যায় অনুমানত কেৱল দুটা বচনৰ জৰিয়তে সিদ্ধান্তটো নিঃসৃত হয়। ন্যায়ৰ আধাৰ বচন দুটাতকৈ বেছি বা দুটাতকৈ কম হ’ব নোৱাৰে।

(৪) ন্যায়ৰ সিদ্ধান্ত দুটা পৰস্পৰ সম্পর্কযুক্ত আধাৰ বচনৰ পৰা অনিবার্যভাৱে নিঃসৃত হয়। 

(৫) ন্যায় অনুমানৰ আন এক কৰিবলৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে যে ন্যায়ৰ লক্ষ্য আকাৰৰ্গত, সত্যতা, বস্তুগত সত্যতা নহয়।

প্রশ্ন ৬। সমবর্তন কাক বোলে? সমবৰ্তনৰ নিয়মাৱলী কি কি?সমবর্তন কৰা— ‘কিছুমান মানুহ সাধু’।

উত্তৰ : যি অমাধ্যম অনুমানত এটা মাত্র প্রদত্ত আধাৰ বচনৰ পৰা আধাৰ বচনটোৰ উদ্দেশ্য আৰু বিধেয় পদৰ বিধিসম্মতভাবে স্থান পৰিৱৰ্তন কৰি সিদ্ধান্ত প্রতিষ্ঠা কৰা হয় তাক সমবর্তন বোলা হয়। ইয়াৰ তর্কবিজ্ঞানসম্মত ৰূপ—

S P

:. P S

উদাহৰণস্বৰূপে – সকলো মানুহ হয় মৰণশীল A

 :. কিছুমান মৰণশীল প্রাণী হয় মানুহ।

• সমবৰ্তনৰ নিয়মাৱলীসমূহ হ’ল—

(১) আধাৰ বচনৰ উদ্দেশ্যপদ সিদ্ধান্তৰ বিধেয় পদ হ’ব।

(২) আধাৰ বচনৰ বিধেয়পদ সিদ্ধান্তৰ উদ্দেশ্য পদ হ’ব। 

(৩) সিদ্ধান্ত আৰু আধাৰ বচনত গুণ একেই থাকিব। আধাৰ বচন সদর্থক হলে সিদ্ধান্তও সদৰ্থক আৰু নঞর্থক হ’লে সিদ্ধান্তও নঞর্থক বচন হ’ব। 

(৪) যদি কোনো পদ বচনত ব্যাপ্ত হোৱা নাই,

 :. তেতিয়াহ’লে সিদ্ধান্তত ব্যাপ্ত হ’ব নোৱাৰিবা ৷

সমবর্তনীয় কিছুমান মানুহ হয় সাধু। (সমবর্তনীয় বচন) … কিছুমান সাধু হয় মানুহ | (সমবর্তিত বচন)

প্রশ্ন ৭। ন্যায়ৰ সংস্থান বুলিলে কি বুজা? সংস্থানবোৰৰ প্ৰকাৰ কি কি ? প্রথম সংস্থানক কিয় পূর্ণ সংস্থান বোলে ?

উত্তৰ : ন্যায়ৰ আধাৰ বচন দুটাত হেতুপদৰ অৱস্থান অনুসৰি ন্যায়ৰ যি বিভিন্ন আকাৰ নিৰ্ণয় কৰা হয়, তাক ন্যায়ৰ সংস্থান বোলে। সংস্থান মুঠ চাৰি প্ৰকাৰৰ — প্রথম সংস্থান, দ্বিতীয় সংস্থান, তৃতীয় সংস্থান আৰু চতুৰ্থ সংস্থান।

যি সংস্থানত হেতুপদটো সাধ্য আধাৰ বচনত উদ্দেশ্য আৰু পক্ষ আধাৰ বচনত বিধেয়ৰূপে ব্যৱহাৰ হয়, তাক প্রথম সংস্থান বোলে।

M         P.    হেতুপদ সাধাপদ

S           M      পক্ষপদ হেতুপদ

           :. পক্ষপদ সাধ্যপদ।

সকলো মানুহ হয় মৰণশীল ৷ 

ৰাম হয় এজন মানুহ।

ৰাম হয় মৰণশীল।

এই প্রথম সংস্থানতেই সকলো প্ৰকাৰ সামান্যকৰণ বচন প্রতিপাদিত। A.E.IO এই চাৰিটা বচনেই প্ৰথম সংস্থানত সিদ্ধান্তৰূপে পোৱা যায়। একমাত্র প্রথম সংস্থানতেই সিদ্ধান্ত বচনটো A বচন হিচাপে পোৱা যায়। AAA অর্থাৎ চাৰিওটা বচনেই সিদ্ধাস্তৰূপে বহে।

প্রথম সংস্থানৰ বৈধ মূর্তি হ’ল — 

A BARBARA, CELARENT, DARII, FERIO-এই চাৰিটা

এৰিষ্ট টলৰ মতে এই সংস্থান নির্দোষ। তেওঁৰ সূত্ৰমতে এই ন্যায়ত সাধ্য আশ্রয় পচনটো সামান্য আৰু পক্ষ আশ্ৰয় বচনটো সদৰ্থক হ’ব লাগে। এই বিশেষ নিয়ম দুটা প্রথম সংস্থানস। ক্ষেত্ৰতহে প্রযোজ্য। প্রথম সংস্থানৰ অৱস্থা আৰু গঠন লক্ষ্য কৰিলে দেখা যায় যে, এ সকলোবোৰ প্ৰথম সংস্থানৰ বৈধ অৱস্থাৰ লগত এৰিষ্ট টলৰ সূত্ৰ — ‘তদ্‌ব্যক্তি বিধেয়ক সম্পূৰ্ণ মিল আছে। সেই কাৰণে প্ৰথম সংস্থানটোক বিশুদ্ধ বা পূর্ণ সংস্থান বুলি অভিহিত কৰা হয়।

প্রশ্ন ৮। সমৱৰ্তন কাক বোলে? উদাহৰণসহ বুজাই দিয়া। ‘A’ বচনৰ সৰল সমৰ্তম কৰিব পাৰিনে?

উত্তৰ ংঃ A বচনৰ সৰল সমবর্তন বুলিলে আন এটা A বচনলৈ সমবৰ্তন কৰা বুজায়। সাধাৰণতে এটা ‘A’ বচনৰ সৰল সমবৰ্তন কৰিব নোৱাৰি। কিয়নো ‘A’ সমবৰ্তন কৰিলে, এট বচন সিদ্ধান্ত হিচাপে পোৱা যায়। A বচনৰ সৰল সমবৰ্তন কৰিবলৈ হ’লে সিদ্ধান্তও A বচন হ’ব লাগিব। কিন্তু সমবৰ্তনৰ নিয়ম অনুসৰি A বচনৰ পৰা A বচন পাব নোৱাৰি। কাৰণ সিদ্ধান্ত

A বচন হ’লে আধাৰ বচনৰ অব্যাপ্ত পদ সিদ্ধাস্তত ব্যাপ্ত হৈ পৰে।

যেনে – A সকলো S হয় P

A :. সকলো Pহয় S

ইয়াত ‘P’ পদটো আধাৰ বচনত A বচনৰ বিধেয় হোৱা বাবে অব্যাপ্ত। এই অব্যাপ্ত বিধেয় পদ সিদ্ধান্তত আহি A বচনৰ উদ্দেশ্য হোৱা বাবে ব্যাপ্ত হৈ পৰিছে। কিন্তু সমবৰ্তনৰ নিয়ম অনুসৰি আধাৰ বচনৰ অব্যাপ্ত পদ সিদ্ধাশুত ব্যাপ্ত হ’ব নোৱাৰে। গতিকে ‘A’ বচনৰ সৰল সমবৰ্তন কৰিব নোৱাৰি। কিন্তু কিছুমান বিশেষ ক্ষেত্ৰত A বচনক আন এটা A বচনলৈ সমবর্তন কৰিব পাৰি। যেতিয়া উদ্দেশ্য পদৰ বাচ্যার্থ বিধেয় পদৰ বাচ্যাৰ্থৰ সমান হয়। যেনে—(১) সংজ্ঞা, (২) পুনৰুক্তিমূলক বচন (৩) যিবোৰ A বচনৰ উদ্দেশ্য আৰু বিধেয় দুয়োটাই নির্দিষ্ট পদ। যেনে-

A সকলো মানুহ হয় বুদ্ধিবৃত্তিসম্পন্ন প্রাণী।

 A. সকলো মনুষ্যজাতীয় প্রাণী হয় মানুহ (সংজ্ঞা)

A সকলো মানুহ হয় মনুষ্য জাতীয় প্রাণী। 

A সকলো মনুষ্যজাতীয় প্রাণী হয় মানুহ (পুনকক্তিমূলক বচন)

A হিমালয় হয় পৃথিৱীৰ সৰ্বোচ্চ পর্বত।

A পৃথিৱীৰ সৰ্বোচ্চ পর্বত হয় হিমালয় (উদ্দেশ্য আৰু বিধেয় দুয়োটাই নির্দিষ্ট পদ) 

প্রশ্ন ৯। ন্যয়ানুমান কাক বোলে? ন্যায়ৰ গঠন আৰু বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ যি নিগমন মাধ্যম অনুমানত দুটা পৰস্পৰ সম্বন্ধযুক্ত আধাৰ বচনৰ পৰা সিহঁততকৈ অধিক ব্যাপক এটা সিদ্ধান্ত অনিবার্যভাৱে নিঃসৃত হয় তাকে ন্যায় বোলে। প্রত্যেক ন্যায়তে তিনিটা বচন থাকে। ইয়াৰে দুটা হেতুবচন বা আধাৰ বচন। এই আধাৰ বচন দুটা এনেভাৱে • সংযুক্ত যে ইহঁতৰ পৰা সিদ্ধান্তটো অনিবার্যভাৱে নিঃসৃত হয়।

ন্যায়ত তিনিটা পদ থাকে। তিনিটা বচনত প্ৰত্যেকতে দুটাকৈ সৰ্বমুঠ ছটা পদ থাকিব লাগে যদিও প্রকৃততে তিনিটা পদৰ প্ৰত্যেকেই দুবাৰকৈ ব্যৱহৃত হয়।

 সকলো মানুহ হয় মৰণশীল।

ৰাম হয় এজন মানুহ। 

:. ৰাম হয় মৰণশীল।

এইটো ন্যায়ত ‘মানুহ’, ‘মৰণশীল’, আৰু ‘ৰাম’ – এই তিনিটা পদৰ প্ৰত্যেকেই দুবাৰকৈ ব্যৱহৃত হৈছে৷ এই পদবিলাকৰো নিজা নাম আছে। সিদ্ধান্তৰ বিধেয় পদটোক ‘সাধ্যপদ’, সিদ্ধান্তব উদ্দেশ্যক ‘পক্ষপদ’ আৰু যিটো পদ সিদ্ধাস্তত অনুপস্থিত অথচ দুয়োটা হেতুবাক্যত উপস্থিত থাকে তাক ‘হেতুপদ’ বোলে। সেইদৰে হেতুবাক্য দুটাৰ যিটোত সাধ্যপদ উপস্থিত থাকে, তাক ‘সাধ্য বচন’, আৰু যিটোত পক্ষপদ উপস্থিত থাকে তাকে ‘পক্ষবচন’ বোলে।

সাধাৰণতে ন্যায়ত প্রথমে সাধ্যবচন, তাৰ পিছত লক্ষ্য বচন আৰু তাৰ পিছত সিদ্ধাস্ত থাকে। কিন্তু এইটো কোনো ধৰা বন্ধা নিয়ম নহয়। বচনসমূহ ক্ৰমে সলনি হ’বও পাৰে। সকলো ন্যায়তে তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহ লক্ষ্য কৰা যায় :

(১) ন্যায়ৰ সিদ্ধাস্ত দুটা হেতুবাক্যৰ যুটীয়া সম্পৰ্কৰ ভিত্তিতহে নিঃসৃত কৰিব পাৰি। এই হেতুবাক্য দুটা পৰস্পৰ সম্পর্কিত। এই হেতুবাক্যৰ সাধ্যপদৰ সৈতে হেতুপদক সম্পর্কিত কৰা হয় আৰু আনটোত পক্ষপদৰ সৈতে হেতুপদক সম্পর্কিত কৰা হয়। তাৰ পিছত সিদ্ধান্তত পক্ষপদ আৰু সাধ্যপদৰ মাজত কোনো সম্পর্ক প্রতিষ্ঠা কৰা হয়।

(২) ন্যায় একপ্ৰকাৰ মাধ্যম অনুমান। সেয়ে ইয়াত সিদ্ধান্ত একাধিক আশ্রয় বচনৰ পৰা নিঃসৃত হ’ব লাগিব। একাধিক মানে দুটা তিনিটা বা চাৰিটা আশ্ৰয় বচনো হ’ব পাৰে ৷ কিন্তু ন্যায়ত সাধাৰণতে দুটা আশ্ৰয় বচনৰ পৰা সিদ্ধান্ত নিঃসৃত কৰা হয়। ন্যায়ত এই বৈশিষ্ট্যই ইয়াক অমাধ্যম অনুমানৰ পৰা পৃথক কৰিছে।

(৩) ন্যায়ৰ সিদ্ধান্ত হেতুবাকাতকৈ ব্যাপক হ’ব নোৱাৰে। এইটো নিগমন অনুমানৰ সাধাৰণ লক্ষণ। হেতুবাক্য যি বস্তু সম্পর্কে প্রত্যক্ষ বা পৰোক্ষভাৱে একো কোৱা নাই সেই বস্তু সম্পর্কে সিদ্ধান্তত একো ক’ব নোৱাৰি। এই বৈশিষ্টাই ন্যায়ক আগমন অনুমানৰ পৰা পৃথক কৰিছে।

(৪) ন্যায়ৰ হেতুবাক্য সত্য হলে সিদ্ধান্তও সত্য হ’ব। সিদ্ধান্ত হেতুবাক্য দুটাৰ পৰা অনিবার্যভাবে নিঃসৃত হোৱা বাবে হেতুবাক্য দুটা বস্তুগতভাৱে সত্য হ’লে সিদ্ধাও অনিবার্যভাৱেই সত্য হ’ব। কিন্তু হেতুবাক্য বা সিদ্ধান্তৰ বস্তুগত সত্যতা নিৰূপণ কৰা ন্যায়ৰ লক্ষ্য নহয়, আকাৰণত সত্যতা নিৰূপণ কৰাটোহে ন্যায়ানুমানৰ লক্ষ্য। হেতুবাক্যকেইটা সত্য বুলি ধৰি লৈ সিহঁতৰ পৰা বিধিসম্মতভাবে সিদ্ধান্ত নিঃসৃত হৈছে নে নাই সেইটো কৰাটোহে ন্যায়ৰ উদ্দেশ্য। যেনে

সকলোঁ দুঠেঙীয়া জীৱ হয় পাখি থকা জীৱ

মানুহ হয় দুঠেঙীয়া জীৱ 

:. মানুহ হয় পাখি থকা জীৱ।

ইয়াত সিদ্ধান্ত বস্তুগতভাৱে সত্য নহয় কিন্তু আকাৰগতভাৱে সত্য।

প্রশ্ন ৪। সমৱৰ্তন কাক বোলে? বেলেগে বেলেগ চাৰিবিধ বচনৰ সমৱৰ্তন কৰি দেখুওৱা, ‘ও’ বচনৰ সমৱৰ্তন সম্ভৱ নে ? 

নাইবা, 

সমৱৰ্তন কাক বোলে? সমৱৰ্তনৰ নিয়মবোৰ কি কি? আলোচনা কৰা।

সমৱৰ্তন কৰা – কিছুমান মানুহ সাধু 

‘প্রত্যেক মাতৃয়েই মৰমিয়াল।’

তর্কবিজ্ঞান সন্মত বচন— সকলো মাতৃ হয় মৰমিয়াল ৷

:. কিছুমান মৰমিয়াল মহিলা হয় মাতৃ। (I) বচন

সমবৰ্তন কৰা – ‘কিছুমান মানুহ সাধু।’

উত্তৰ: অপৰোক্ষ অনুমানত বিভিন্ন প্ৰকাৰবিলাকৰ ভিতৰত সমৱৰ্তনো একপ্ৰকাৰ অনুমান প্রক্রিয়া। এই প্ৰকাৰ অপৰোক্ষ অনুমান কৰিবলৈ যাওঁতে প্রদত্ত বচনৰ উদ্দেশ্য আৰু বিধেয়ক নির্দিষ্ট কিছু নিয়ম অনুসৰি ক্ৰমে বিধেয় আৰু উদ্দেশ্যলৈ পৰিৱৰ্তন কৰি এটা নতুন বচন প্ৰতিষ্ঠা কৰা হয়। এই অনুমানত হেতুবাক্যটোক ‘সমৱৰ্তনীয়’ আৰু সিদ্ধাস্তটোক ‘সমৱৰ্তিত’ বুলি কোৱা হ’ব। এটা বাক্য সমৱৰ্তন কৰিবলৈ যাওঁতে তলৰ নিয়মসমূহ পালন কৰিব লগা হয়— (১) ‘সমৱৰ্তনীয়’ৰ উদ্দেশ্য ‘সমৱৰ্তিত’ৰ বিধেয় আৰু ‘সমৱৰ্তনীয়’ৰ বিধেয়’ সমৱৰ্তিত ৰ উদ্দেশ্য হ’ব।, (২) ‘সমৱৰ্তনীয়’ আৰু ‘সমৱৰ্তিত ৰ গুণ একে থাকিব। অর্থাৎ এটা সদর্থকহ’লে আনটোও সদৰ্থক হ’ব আৰু এটা নঞর্থক হ’লে আনটোও নঞর্থক হ’ব।, (৩) ‘সমৱৰ্তনীয়ৰ’ অব্যাপ্য পদ সমৱৰ্তিত ব্যাপ্য হ’ব নোৱাৰে। বিভিন্ন চাৰিশ্ৰেণীৰ বচনৰ সমৱৰ্তন কৰোতে উক্ত নিয়মসমূহ পালন কৰি চলা হয়। এই নিয়মবোৰ অনুসৰি A.E.. I, O-এই চাৰি প্ৰকাৰ বচনৰ সমৱৰ্তন তলত উদাহৰণসহ দাঙি ধৰা হ’ল।

(ক) ‘এ’ বচনৰ সমৱৰ্তন সকলো ক হয় (সকলো মানুহ হয় মৰণশীল)-এ .. কিছুমান খ হয় ক কিছুমান মৰণশীল (প্রাণী) হয় মানুহ – ‘আই’ সমৱৰ্তনীয় উদ্দেশ্য আৰু বিধেয় সিদ্ধান্তত ক্রমে বিধেয় আৰু উদ্দেশ্য হিচাপে ব্যৱহৃত হৈছে। ৩নং নিয়ম অনুসৰি সমৱৰ্তনীয় অব্যাপা বিধেয় (মৰণশীল) সমৱর্তিত অব্যাপ্য পাখিব লগা হোৱাত বচনটো ‘আই’ বচনলৈ ৰূপান্তৰিত হ’ল।

(খ) ‘ই’ বচনৰ সমৱৰ্তন কোনো নহয় । (কোনো মানুহ নহয় দেৱতা) – ১১. কোনো খ নহয় ক। (কোনো দেৱতা নহয় মানুহ) – ই ই’ বচনত উদ্দেশ্য-বিধেয় দুয়োটা পদেই ব্যাপ্য হোৱা বাবে সমৱর্তিত বচনটোতে দুয়োটা পদ ব্যাপ্য হ’ব পাৰে। গতিকে ই বচনৰ সমৱৰ্তিত বচনটোত ই বচনেই হয়।

(গ) ‘আই’ বচনৰ সমৱৰ্তন কিছুমান ক হয় খ। (কিছুমান ছাত্র হয় বুদ্ধিমান) – আই : কিছুমান খ হয় ক। (কিছুমান বুদ্ধিমান (লোক) হয় ছাত্র) – আই বচনত কোনো পদ ব্যাপা নহয় বাবে সিহঁতক স্থানান্তৰ কৰাত । 

(ঘ) ‘ও’ বচনত সমৱৰ্তন কৰিব নোৱাৰি। সমৱৰ্তনৰ নিয়ম অনুযায়ী সমৱৰ্তনীয়ৰ উদ্দেশ্য আৰু বিধেয় সমৱর্তিত ক্রমে বিধেয় আৰু উদ্দেশ্য হ’ব। ‘ও’ বচনত সদায় উদ্দেশ্য অব্যাপ্য আৰু বিধেয় ব্যাগ্য। ‘ও’ বচনটো নঞর্থক হোৱা বাবে ইয়াৰ সমৱৰ্তিত ৰূপটো নঞর্থক হ’ব লাগিব।

নৰ্থক বচনৰ বিধেয় পদ ব্যাপ্য হয়। কিন্তু সমৱৰ্তিত বচনটোৰ যদি বিধেয় পদ ব্যাপ্য হয়, তেন্তে হেতুবাক্যৰ অব্যাপ্য উদ্দেশ্য পদ সিদ্ধাস্তুত বিধেয় হিচাপে বহি ব্যাপ্য হ’ব, তেতিয়া ব্যাপ্যতাৰ নিয়ম লংঘন কৰা হ’ব আৰু তেনে সমৱৰ্তন দোষযুক্ত হ’ব; ইয়াৰ ফলত অনুমানৰ সত্যতাও নাথাকিব। এতেকে ‘ও’ বচনৰ সমৱৰ্তন সম্ভৱ নহয়।

কিছুমান তর্কবিদে ‘ও’ বচনৰ নেতিবাচক চিনটো বিধেয়ৰ লগত যুক্ত কৰি তাক ‘আই’ বচনলৈ ৰূপান্তৰিত কৰি সেই ‘আই’ বচনটোৰ সমৱৰ্তন কৰি দেখুৱায়। ইয়াক নিষেধমূলক সমৱর্তন বোলে৷ যেনে—

ও— কিছুমান মানুহ নহয় সুখী জীৱ।

ৰূপাস্তবিত আই— কিছুমান মানুহ হয় অসুখী জীৱ

.:. আই – কিছুমান অসুখী জীৱ হয় মানুহ।

কিন্তু এই প্ৰকাৰ অনুমানক প্রকৃত সমৱৰ্তন বুলিব নোৱাৰি। কিয়নো, সমৱৰ্তনৰ নিয়মানুসৰি হেতুবাক্যৰ উদ্দেশ্য আৰু বিধেয় সিদ্ধান্তৰ বিধেয় আৰু উদ্দেশ্য হ’ব। কিন্তু ইয়াত হেতুবাক্যৰ বিধেয় পদটোহে সিদ্ধান্তৰ উদ্দেশ্য হৈছে। তদুপৰি ইয়াত হেতুবাক্য আৰু সিদ্ধান্তৰ গুণৰো পৰিৱৰ্তন হৈছে, গতিকে ইয়াক সমৱৰ্তন বুলিব নোৱাৰি। অৰ্থাৎ ‘O’ বচনৰ সমৱৰ্তন অসম্ভৱ।

সমৱৰ্তন: কিছুমান মানুহ সাধু 

এইটো বচনৰ ৰূপত ‘I’ বচন হ’ব।

যেনে— কিছুমান মানুহ হয় সাধু ‘I’ 

সিদ্ধান্ত কিছুমান সাধু হয় মানুহ (সমবর্তিত) ‘I’

‘I’ বচন বিশেষ সদর্থক বচন, গতিকে সিদ্ধান্তও বিশেষ সদৰ্থক হ’ব। সমৱৰ্তনৰ আশ্ৰয় বচনক সমৱৰ্তনীয় আৰু সিদ্ধাস্তক সমবর্তিত বচন বুলি কোৱা হয়।

HS First Year Logic And Philosophy Questions Answer তৰ্কবিজ্ঞান আৰু দর্শন

প্রথম খণ্ড – তৰ্কবিজ্ঞান

Unit- IContentsLinks
Unit- IIতর্কবিজ্ঞান ( Logic)
সংজ্ঞা, প্রকৃতি, পৰিসৰ আৰু উপযোগিতা পৰম্পৰাগত আৰু আধুনিক তর্কবিজ্ঞান
Click here
উপসর্গ ( Proposition) :- বচন (Proposition) পদ (Term)Click here
বচন (Proposition)Click here
সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন (Transformation of ordinary sentences to logical proposition)Click here
তৰ্কীয় বচনত পদৰ ব্যাপ্ততা (Distribution of Term In a Logical Proposition)Click here
বচনৰ আধুনিক শ্রেণীবিভাজন (Modern Classification of Proposition)Click here
Unit-IIIঅনুমান, নিৰপেক্ষ ন্যায় ( Inference, Categorical Syllogism)Click here
Unit- IVপ্রতিকাত্মক তর্কবিজ্ঞান ( Symbolic Logic)Click here

দ্বিতীয় খণ্ড – দর্শন

Unit- Vদর্শন (Philosophy)Click here
Unit- VIভাৰতীয় দর্শন ( Indian Philosophy )Click here
Unit- VIIজ্ঞান উৎপত্তি সম্পৰ্কীয় ( Theories of the origin of knowledge )Click here
প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমানClick here
Unit- VIIIবাস্তৱবাদ আৰু ভাৱবাদ (Realism and Idealism)Click here

This Post Has 2 Comments

Leave a Reply