Class 11 Logic and Philosophy Chapter 2 – তৰ্কীয় বচনত পদৰ ব্যাপ্ততা

class 11 Logic and Philosophy Chapter 2 – তৰ্কীয় বচনত পদৰ ব্যাপ্ততা । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব class 11 Logic and Philosophy Chapter 2 – তৰ্কীয় বচনত পদৰ ব্যাপ্ততা AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

Hs First Year Question Answer (Assamese Medium)

ইংৰাজী (English)Click Here
অসমীয়া Click Here
हिन्दीClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
তৰ্কবিদ্যা আৰু দর্শন (Logic & Philosophy)Click Here
পৰিৱেশ শিক্ষা ( Environmental Studies)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
সমাজতত্ত্ব (sociology)Click Here
অৰ্থনীতি (Economy)Click Here
ৰাজনীতি (Political Science)Click Here
ভূগোল (Geography)Click Here

HS first year Logic and Philosophy Chapter 2 – তৰ্কীয় বচনত পদৰ ব্যাপ্ততা

অতি চমু প্রশ্নোত্তৰ (মূল্যাংক)

প্রশ্ন ১। নঞর্থক বচনত কোনটো পদ ব্যাপ্ত নহয় ?

উত্তৰঃ নঞর্থক বচনত বিধেয় পদ ব্যাপ্ত হয়।

প্রশ্ন ২। সামান্য বচনত কি পদ ব্যাপ্ত?

উত্তৰ:- সামান্য বচনত উদ্দেশ্য পদ ব্যাপ্ত নহয়।

প্রশ্ন ৩৷ তলত দিয়া বাক্যবোৰক তর্কবিজ্ঞানসম্মত বচনলৈ ৰূপান্তৰ কৰা আৰু প্ৰতিটো বচনেৰে ব্যাপ্ত পদ বা পদবোৰ উল্লেখ কৰা। 

(ক) দলটোৰ বেছিভাগ খেলুৱৈয়ে পৰিশ্ৰমী নহয়।

(খ) সিংহই কেতিয়াও কফি নাখায়।

উত্তৰ : (ক) কিছুমান খেলুৱৈ নহয় পৰিশ্ৰমী।

(খ) কোনো সিংহ নহয় এনে যি কফি খায়।

প্রশ্ন ৪। ‘O’ বচনত কোনটো পদ ব্যাপ্ত? 

উত্তৰ : ‘O’ বচনত বিধেয় পদ ব্যাপ্ত।

প্রশ্ন ৫। কোনবোৰ বচনত উদ্দেশ্য আৰু আৰু বিধেয় দুয়োটা পদেই ব্যাপ্ত? 

উত্তৰ : সার্বিক নঞর্থক বচনত উদ্দেশ্য আৰু বিধেয় দুয়োটা পদ ব্যাপ্ত। 

প্রশ্ন ৬। পদৰ ব্যাপ্ততাই গুণ নে পৰিমাণ বুজায় ?

উত্তৰ : পদৰ ব্যাপ্ততাই পৰিমাণ বুজায়।

প্রশ্ন ৭৷ আমি কিয় পদৰ ব্যাপ্ততা জনা উচিত?

উত্তৰ : পদৰ ব্যাপ্ততা জনা উচিত কাৰণ পদৰ ব্যাপ্ততা জানিলেহে A. E, I আৰু O বচনত ব্যৱহাৰ হোৱা উদ্দেশ্য আৰু বিধেয় সমূহৰ পৰিমাণগত আলোচনা সম্ভৱ।

প্রশ্ন ৮। এটা বিশেষ সদর্থক বা বচনত কি পদ ব্যাপ্ত?

উত্তৰ : এটা বিশেষ সদর্থক বা I বচনত উদ্দেশ্য পদ আৰু বিধেয় পদ উভয়েইে অব্যাপ্ত।

প্রশ্ন ৯। সামান্য বচনত উদ্দেশ্য পদৰ সম্পূৰ্ণ বাচ্যার্থ/লক্ষণার্থ বিবেচনা কৰা হয়। 

উত্তৰঃ সামান্য বচনত উদ্দেশ্য পদৰ সম্পূৰ্ণ বাচ্যার্থ বিবেচনা কৰা হয়।

প্রশ্ন ১০। ‘পদৰ ব্যাপ্ততা’ৰ আলোচ্য বিষয় কি? 

উত্তৰ : পদৰ বাচ্যার্থ বা বিস্তৃতি।

প্রশ্ন ১১। এটা উদ্দেশ্য পদ ব্যাপ্ত বচনৰ উদাহৰণ দিয়া।

উত্তৰ ঃ উদ্দেশ্য পদ ব্যাপ্ত বচনৰ উদাহৰণ হ’ল—সকলো মানুহ হয় মৰণশীল 

প্রশ্ন ১২। বচন এটা নঞর্থক হ’লে কি পদ ব্যাপ্ত হয় ?

উত্তৰ ঃ বচন এটা নঞর্থক হ’লে বিধেয় পদ ব্যাপ্ত হয়।

HS First Year Logic And Philosophy Questions Answer তৰ্কবিজ্ঞান আৰু দর্শন

প্রথম খণ্ড – তৰ্কবিজ্ঞান

Unit- IContentsLinks
Unit- IIতর্কবিজ্ঞান ( Logic)
সংজ্ঞা, প্রকৃতি, পৰিসৰ আৰু উপযোগিতা পৰম্পৰাগত আৰু আধুনিক তর্কবিজ্ঞান
Click here
উপসর্গ ( Proposition) :- বচন (Proposition) পদ (Term)Click here
বচন (Proposition)Click here
সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন (Transformation of ordinary sentences to logical proposition)Click here
তৰ্কীয় বচনত পদৰ ব্যাপ্ততা (Distribution of Term In a Logical Proposition)Click here
বচনৰ আধুনিক শ্রেণীবিভাজন (Modern Classification of Proposition)Click here
Unit-IIIঅনুমান, নিৰপেক্ষ ন্যায় ( Inference, Categorical Syllogism)Click here
Unit- IVপ্রতিকাত্মক তর্কবিজ্ঞান ( Symbolic Logic)Click here

দ্বিতীয় খণ্ড – দর্শন

Unit- Vদর্শন (Philosophy)Click here
Unit- VIভাৰতীয় দর্শন ( Indian Philosophy )Click here
Unit- VIIজ্ঞান উৎপত্তি সম্পৰ্কীয় ( Theories of the origin of knowledge )Click here
প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমানClick here
Unit- VIIIবাস্তৱবাদ আৰু ভাৱবাদ (Realism and Idealism)Click here

প্রশ্ন ১৩। এটা বচনৰ উদ্দেশ্যৰ পৰিমাণ কিহৰ দ্বাৰা নিৰ্ণয় কৰা হয় ?

উত্তৰ : পদটোৰ বাচ্যাৰ্থৰ দ্বাৰা। 

প্রশ্ন ১৪। এটা নির্দিষ্ট বিশিষ্ট পদযুক্ত A বচনত কেৱল উদ্দেশ্য ব্যাপ্ত হয়নে? নহয় যদি কিয়?

উত্তৰ: উদ্দেশ্য পদ ব্যাপ্ত নহয়।

চমু প্রশ্নোত্তৰ 

প্রশ্ন ১। তলত দিয়া বাক্যসমূহ বচনলৈ ৰূপান্তৰ কৰা আৰু ব্যাপ্ত পদ বাছি উলিওৱা।

(ক) কোনো সিংহ নহয় দ্বি-পদী।

উত্তৰঃ কোনো সিংহ নহয় দ্বিপদী – E। বচনৰ দুয়োটা পদেই ব্যাপ্ত। 

(খ) কেইজনমানৰ বাহিৰে সভাত সকলো সদস্যই উপস্থিত আছে।

উত্তৰ ঃ কিছুমান সদস্য হয় এনে যি সভাত উপস্থিত আছে— I। বচনৰ কোনোটো পদেই ব্যাপ্ত নহয়।

(গ) সকলো নাগৰিক দেশপ্রেমিক নহয়।

উত্তৰঃ কিছুমান নাগৰিক নহয় দেশপ্রেমিক – O। বচনটোৰ বিধেয় পদ ‘দেশপ্রেমিক’ ব্যাপ্ত।

(ঘ) ধনী মানুহবোৰ সাধাৰণতে নম্ৰ হয়।

উত্তৰ:- কিছুমান ধনী মানুহ হয় নম্ৰ — I। বচনটোৰ কোনোটো পদেই ব্যাপ্ত নহয়। 

(ঙ) কেৱল দৃঢ়মনৰ লোকসকলেই বিপদৰ সন্মুখীন হ’ব পাৰে।

উত্তৰঃ বিপদ সন্মুখীন হ’ব পৰা সকলো লোক হয় দৃঢ়মনৰ – A৷ বচনটোৰ উদ্দেশ্য পদ ব্যাপ্ত।

(চ) সৎ ব্যক্তিসকল বিশ্বাসযোগ্য হয়।

উত্তৰ: সকলো সৎ ব্যক্তি হয় এনে যি বিশ্বাসযোগ্য— A । বচনটোৰ উদ্দেশ্য পদ ব্যাপ্ত। 

(ছ) অধিকাংশ বিদ্যার্থীয়ে গণিত টান পায়।

উত্তৰ ঃ কিছুমান বিদ্যার্থী হয় এনে যি গণিত টান পায়–I। বচনটোৰ কোনোটো পদেই ব্যাপ্ত নহয়।

(জ) শান্তি সকলোৰে কাম্য।

উত্তৰঃ শাস্তি হয় এনে যি সকলোৰে কামা— A । বচনটোৰ উদ্দেশ্য পদ ব্যাপ্ত। 

(ঝ) সত্ৰৰ সকলো কেউলীয়া ভকতেই অবিবাহিত।

উত্তৰঃ সত্ৰৰ সকলো কেউলীয়া ভকত হয় অবিবাহিত— A । বচনটোৰ উদ্দেশ্য পদ ব্যাপ্ত।

(ঞ) কাচিৎহে মানুহৰ অনুশোচনা হয়। 

উত্তৰ ঃ কিছুমান মানুহ নহয় এনে যাৰ অনুশোচনা হয়। বচনটোৰ বিধেয় পদ ব্যাপ্ত।

(ট) পৰাধীনতা কোনেনো ভাল পায়?

 উত্তৰ:- পৰাধীনতা নহয় এনে যাক কোনোৱে ভাল পায়— E। বচনটোৰ উদ্দেশ্য আৰু বিধেয় দুয়োটা পদেই ব্যাপ্ত। 

(ঠ) অতি কম মানুহেই নিঃস্বার্থ।

উত্তৰ:- কিছুমান মানুহ নহয় নিঃস্বার্থ – O। বচনটোৰ বিধেয় পদ ব্যাপ্ত। 

(ড) অধিকাংশ বিদ্যাৰ্থীয়ে ইংৰাজী টান পায়।

উত্তৰ : = ‘I’ কিছুমান বিদ্যার্থী হয় এনে যে ইংৰাজী টান পায়। (‘I’ বচনত কোনো পদ ব্যাপ্ত নহয়)

প্রশ্ন ২। ‘কোনো উদ্ভিদ সৰ্বভোজী নহয়’, এই বচনটোত দুয়োটা পদ ব্যাপ্তনে?

উত্তৰ: ‘কোনো উদ্ভিদ সৰ্বভোজী নহয়’–এই বাক্যটিক বচনত ৰূপান্তৰিত কৰিলে হয়— কোনো উদ্ভিদ নহয় সর্বভোজী:- E। ইয়াত উদ্দেশ্য আৰু বিধেয় পদ ব্যাপ্ত।

প্রশ্ন ৩। পদৰ ব্যাপ্ততা বা অব্যাপ্ততা বুলিলে কি বুজা? 

উত্তৰ: পদৰ ব্যাপ্ততাই পদৰ প্ৰসাৰ্তা বা স্থিতিক বুজায়। যেতিয়া এটা পদক ইয়াৰ সম্পূৰ্ণ বাচ্যার্থত লোৱা হয়, তেতিয়া পদটোক ব্যাপ্ত পদ বোলে। যেনে – ‘সকলো মানুহ হয় মৰণশীল’।— ইয়াত ‘সকলো মানুহৰ দ্বাৰা ‘মানুহ’ পদৰ সম্পূৰ্ণ বাচ্যার্থক বুজাইছে।

আকৌ যেতিয়া এটা পদক ইয়াৰ আংশিক বাচ্যাৰ্থত গ্ৰহণ কৰা হয়, তেতিয়া পদটোক অব্যাপ্ত পদ বোলা হয়। যেনে— কিছুমান হয় জ্ঞানী— ইয়াত ‘কিছুমান মানুহ’ৰ দ্বাৰা ‘“মানুহ’ পদৰ আংশিক বাচ্যার্থক বুজাইছে।

প্রশ্ন ৪। এটা উদ্দেশ্য পদ ব্যাপ্ত বচনৰ উদাহৰণ দিয়া?

উত্তৰঃ সামান্য সদৰ্থক বা ‘A’ বচন আৰু সামান্য নঞর্থক বা ‘E’ বচনত উদ্দেশ্য পদ ব্যাপ্ত

উদাহৰণস্বৰূপে——

(i) প্রত্যেক সিংহই মাংসহাৰী।

= ‘A’– সকলো সিংহ হয় এনে যি মাংসহাৰী 

(ii) মানুহ কেতিয়াও সম্পূৰ্ণৰূপে সুখী নহয়। 

= ‘E’— কোনো মানুহ নহয় সুখী।

প্রশ্ন ৫। ‘পদৰ ব্যাপ্ততা’ৰ আলোচ্য বিষয় কি?

উত্তৰ : A, E, I আৰু O বচনৰ ব্যৱহাৰ হোৱা উদ্দেশ্য আৰু বিধেয় পদসমূহৰ পৰিমাণগত দিশেই ‘পদৰ ব্যাপ্যতা’ৰ আলোচনা বিষয়।

প্রশ্ন ৬। এটা বিশেষ সদর্থক বা বচনত কি পদ ব্যাপ্ত? 

উত্তৰ ঃ এটা বিশেষ সদর্থক বা ” বচনৰ উদাহৰণ হ’ল— ‘কিছুমান মানুহ হয় জ্ঞানী’। এই বচনটোৰ উদ্দেশ্য পদ ‘মানুহ’ অব্যাপ্ত কাৰণ ই ‘কিছুমান’ পৰিমাণকেৰে নিৰ্দেশিত হৈ আংশিক বাচ্যার্থ সূচাইছে। আনহাতে, বিধেয় পদ ‘জ্ঞানী’ কিছুমানৰ ক্ষেত্ৰত স্বীকাৰ কৰা হৈছে। অর্থাৎ বচনটো বিশ্লেষণ কৰিলে এনে হ’ব— ‘কিছুমান মানুহ হয় কিছুমান জ্ঞানী জীৱ’। গতিকে ইয়াত ‘বিধেয় পদো’ অব্যাপ্ত। অর্থাৎ ‘I’ বচনত উদ্দেশ্য আৰু বিধেয় উভয়েই অব্যাপ্ত। 

প্রশ্ন ৭। বচন এটা নঞর্থক হলে কি পদ ব্যাপ্ত হয় ? 

উত্তৰঃ সামান্য নঞর্থক বা ‘E’ বচনৰ ক্ষেত্ৰত উদ্দেশ্য পদটো সমগ্র বাচ্যার্থৰ অৰ্থত গ্রহণ কৰা হয়৷ সেইবাবে ই ব্যাপ্ত। আনহাতে বিধেয় পদটো নঞর্থক বচনৰ বিধেয় বাবে ই উদ্দেশ্যৰ অন্তৰ্গত নহয়।

উদাহৰণস্বৰূপে— ‘কোনো মানুহ নহয় অমৰ’ । ইয়াত উদ্দেশ্য পদ ‘মানুহ’ সমগ্র বাচ্যাৰ্থৰ ক্ষেত্ৰত গ্ৰহণ কৰা বাবে ব্যাপ্ত হৈছে। আনহাতে, বিধেয় ‘অমৰ’ উদ্দেশ্য পদৰ পৰা সম্পূর্ণ বহির্ভূত হৈ থাকি সমগ্ৰ জগতৰ মানুহক বুজাইছে। গতিকে বিধেয় ব্যাপ্ত হৈ পৰিছে। অর্থাৎ ‘E’ (সামান্য নঞর্থক) বচনত দুয়োটা পদেই ব্যাপ্ত।

আনহাতে বিশেষ নঞর্থক বা ‘O’ বচনৰ উদাহৰণ হ’ল– “কিছুমান মানুহ নহয় সাধু”। এই বচনৰ উদ্দেশ্য পদ ‘মানুহ’ ‘কিছুমান’ পৰিমাণকেৰে নিৰ্দেশিত হৈ অব্যাপ্ত হৈছে। আনহাতে নঞর্থক বচনটো বিধেয় পদ ‘সাধু’ উদ্দেশ্য পদৰ বহির্ভূত হৈ থাকি সমগ্র বাচ্যার্থক সূচাইছে। গতিকে ই ব্যাপ্ত হৈ পৰিছে। অর্থাৎ ক’ব পাৰি বিশেষ নঞর্থক বা ‘O’ বচনত ‘উদ্দেশ্য’ অব্যাপ্ত কিন্তু ‘বিধেয়’ ব্যাপ্ত।

প্রশ্ন ৮। O বচনত কেৱল বিধেয়হে ব্যাপ্ত। 

উত্তৰ : ‘O’ বচনত বা বিশেষ নঞর্থক বচনত কেৱল বিধেয় পদটোহে ব্যাপ্ত হৈ থাকে।

উদাহৰণস্বৰূপে— “কিছুমান মানুহ নহয় পৰিশ্রমী। এই বচনটোৰ উদ্দেশ্য পদ ‘মানুহ’, ‘কিছুমান’ পৰিমাণকেৰে নিৰ্দেশিত হৈ অব্যাপ্ত হৈ পৰিছে ৷ আনহাতে, নঞর্থক বচনটোৰ বিধেয় পদ ‘পৰিশ্ৰমী’ উদ্দেশ্য পদৰ বৰ্হিৰ্ভূত হৈ থাকি সমগ্র বাচ্যার্থক সূচাইছে।’ তকে ই ব্যাপ্ত হৈ পৰিছে। ‘অর্থাৎ ‘O’ চনত কেৱল বিধেয়হে ব্যাপ্ত, উদ্দেশ্য অব্যাপ্ত।

প্রশ্ন ৯।। বচনত এটাও পদ ব্যাপ্ত নহয়।

উত্তৰ ঃ ‘I’ বা বিশেষ সদৰ্থক বচনত ‘উদ্দেশ্য’ আৰু ‘বিধেয়’ কোনো এটা পদেই ব্যাপ্ত নহয় ৷

উদাহৰণস্বৰূপে— ‘কিছুমান ছাত্র হয় সাহসী।’এই বচনটোত উদ্দেশ্য পদ ‘ছাত্র’ অব্যাপ্ত কাৰণ ই ‘কিছুমান’ পৰিমাণকেৰে নিৰ্দেশিত হৈ আংশিক বাচ্যার্থ সূচাইছে। আনহাতে বিধেয় পদ ‘সাহসী’ কিছুমানৰ ক্ষেত্ৰত স্বীকাৰ কৰা হৈছে। অর্থাৎ বচনটো বিশ্লেষণ কৰিলে এনে হ’ব— ‘কিছুমান ছাত্র হয় কিছুমান সাহসী জীৱ’। গতিকে ইয়াত বিধেয় পদো অব্যাপ্ত। অর্থাৎ ‘I’ বচনত এটাও পদ ব্যাপ্ত নহয়৷

ৰচনাধর্মী প্রশ্নোত্তৰ (মূল্যাক ৫) 

প্রশ্ন ১। ‘নঞর্থক বচনত দুয়োটা পদেই ব্যাপ্ত’। উদাহৰণসহ বুজাই লিখা।

উত্তৰঃ সামান্য নঞর্থক বা ‘E’ বচনৰ ক্ষেত্ৰত উদ্দেশ্য পদটো সমগ্র বাচ্যাৰ্থৰ অৰ্থত গ্রহণ কৰা হয়। সেইবাবে এই বচন ব্যাপ্ত। আনহাতে, বিধেয় পদটো নঞর্থক বচনৰ বিধেয় বাবে ই উদ্দেশ্যৰ অন্তৰ্ভুক্ত নহয়। E বচনৰ এটা উদাহৰণ হ’ল— কোনো মানুহ নহয় অমৰ। ইয়াত উদ্দেশ্য পদ ‘মানুহ’ আৰু বিধেয় পদ ‘অমৰ’ উভয়কে সম্পূর্ণ বাচ্যার্থত গ্ৰহণ কৰা হৈছে। দুয়োটা পদে বুজোৱা শ্রেণী দুটা অৰ্থাৎ ‘মানুহ’ আৰু ‘অমৰ প্ৰাণী’, পৰস্পৰ বহির্ভূত হৈ পৰিছে। বিধেয় পদ ‘অমৰ’ক – ‘সকলো মানুহ’ৰ ক্ষেত্ৰত অস্বীকাৰ কৰা হৈছে। সেইবাবে উদ্দেশ্য পদ ‘মানুহ’ ব্যাপ্ত হৈছে। আকৌ বিধেয় পদ ‘অমৰ’ক আংশিকভাৱে নহয়, সামগ্রিকভাবেই সকলো মানুহৰ ক্ষেত্ৰত অস্বীকাৰ কৰা হৈছে। গতিকে, বিধেয় পদটোও ব্যাপ্ত হৈছে। যিদৰে কোনো ‘মানুহ’, ‘অমৰ প্ৰাণী’ৰ অন্তৰ্ভুক্ত হ’ব নোৱাৰে, সেইদৰে ‘অমৰ প্ৰাণী’ও ‘মানুহ’ৰ অন্তৰ্ভূক্ত হ’ব নোৱাৰে৷ ইয়াৰ পৰা এইটোৱে বুজিব পাৰি যে নঞর্থক বচনত দুয়োটা পদেই ব্যাপ্ত। 

প্রশ্ন ২। সামান্য বচনত কেৱল ‘উদ্দেশ্য’ পদেই ব্যাপ্ত। এই উক্তিটো সত্যনে? কিয় উদাহৰণসহ বুজাই লিখা।

উত্তৰঃ সামান্য বচন বা সামান্য সদর্থক বচন অর্থাৎ A বচনৰ উদ্দেশ্য পদে সমগ্র বাচ্যার্থক সামৰি লয়। সেইবাবে সামান্য বচনৰ উদ্দেশ্য পদ ব্যাপ্ত। উদাহৰণ স্বৰূপে— “সকলো মানুহ হয় মৰণশীল’— ইয়াত উদ্দেশ্য পদ ‘মানুহ’ ব্যাপ্ত। কাৰণ ‘মানুহ’ পদটো ইয়াৰ সম্পূৰ্ণ বাচ্যার্থত গ্ৰহণ কৰা হৈছে। ‘মৰণশীল’ বিধেয় পদটোক সকলো মানুহৰ ক্ষেত্ৰতে স্বীকাৰ কৰা হৈছে। ‘সকলো’ শব্দৰ জৰিয়তে পদটোৰ ব্যাপ্যতা স্পষ্টকৈ প্ৰকাশ কৰা হৈছে। কিন্তু, বিধেয় পদ ‘মৰণশীল’ ব্যাপ্তি নে অব্যাপ্ত তাৰ কোনো স্পষ্ট উল্লেখ নাই। ‘মৰণশীল’ পদটোৰ বাচ্যার্থ হ’ল : ‘সকলো মৰণশীল প্রাণী’। “সকলো মৰণশীল প্রাণী’বুলিলে মানুহৰ উপৰিও আন প্রাণীসমূহকো বুজায়। গতিকে ‘সকলো মানুহ’— সকলো মৰণশীল প্ৰাণীৰ এটা অংশ অর্থাৎ কিছুমান মৰণশীল প্রাণী’ মাথোন। অর্থাৎ ‘মানুহ’ৰ বাচ্যার্থ — ‘মৰণশীল’ৰ বাচ্যাৰ্থৰ এটা অংশ। যিহেতু “সকলো মানুহ হয় কিছুমান মৰণশীল প্রাণী’ গতিকে বিধেয় পদ ‘মৰণশীল’ অব্যাপ্ত পদ। গতিকে ইয়াৰ পৰা বুজিব পাৰি বা প্রমাণিত হয় যে সামান্য বচনত কেৱল উদ্দেশ্য পদেই ব্যাপ্ত হয়।

HS First Year Logic And Philosophy Questions Answer তৰ্কবিজ্ঞান আৰু দর্শন

প্রথম খণ্ড – তৰ্কবিজ্ঞান

Unit- IContentsLinks
Unit- IIতর্কবিজ্ঞান ( Logic)
সংজ্ঞা, প্রকৃতি, পৰিসৰ আৰু উপযোগিতা পৰম্পৰাগত আৰু আধুনিক তর্কবিজ্ঞান
Click here
উপসর্গ ( Proposition) :- বচন (Proposition) পদ (Term)Click here
বচন (Proposition)Click here
সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন (Transformation of ordinary sentences to logical proposition)Click here
তৰ্কীয় বচনত পদৰ ব্যাপ্ততা (Distribution of Term In a Logical Proposition)Click here
বচনৰ আধুনিক শ্রেণীবিভাজন (Modern Classification of Proposition)Click here
Unit-IIIঅনুমান, নিৰপেক্ষ ন্যায় ( Inference, Categorical Syllogism)Click here
Unit- IVপ্রতিকাত্মক তর্কবিজ্ঞান ( Symbolic Logic)Click here

দ্বিতীয় খণ্ড – দর্শন

Unit- Vদর্শন (Philosophy)Click here
Unit- VIভাৰতীয় দর্শন ( Indian Philosophy )Click here
Unit- VIIজ্ঞান উৎপত্তি সম্পৰ্কীয় ( Theories of the origin of knowledge )Click here
প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমানClick here
Unit- VIIIবাস্তৱবাদ আৰু ভাৱবাদ (Realism and Idealism)Click here

This Post Has 2 Comments

Leave a Reply