Class 11 Logic and Philosophy Chapter 2 – বচনৰ আধুনিক শ্রেণীবিভাজন

Class 11 Logic and Philosophy Chapter 2 – বচনৰ আধুনিক শ্রেণীবিভাজন। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 11 Logic and Philosophy Chapter 2 – বচনৰ আধুনিক শ্রেণীবিভাজন AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

Hs First Year Question Answer (Assamese Medium)

ইংৰাজী (English)Click Here
অসমীয়া Click Here
हिन्दीClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
তৰ্কবিদ্যা আৰু দর্শন (Logic & Philosophy)Click Here
পৰিৱেশ শিক্ষা ( Environmental Studies)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
সমাজতত্ত্ব (sociology)Click Here
অৰ্থনীতি (Economy)Click Here
ৰাজনীতি (Political Science)Click Here
ভূগোল (Geography)Click Here

HS first year Logic and Philosophy Chapter 2 – বচনৰ আধুনিক শ্রেণীবিভাজন

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। শুদ্ধ উত্তৰ বাছি উলিওৱা :

(ক) গুণ আৰু পৰিমাণৰ মিশ্ৰনীতি অনুসৰি আধুনিক তর্কবিদসকলে ৰচনৰ শ্ৰেণীবিভাজন কৰে/নকৰে।

উত্তৰ: নকৰে৷

(খ) সৰল বচন তিনি/ চাৰি প্ৰকাৰৰ ।

উত্তৰঃ চাৰি প্ৰকাৰৰ।

(গ) বৈকল্পিক বচনত ‘অথবা’ শব্দটো অভি 1/ ঐকান্তিক অর্থত লোৱা হয়।

উত্তৰ: ঐকান্তিক অৰ্থত। 

(ঘ) যৌগিক বচনক আণৱিক/ পাৰমাণৱিক ৰচন বোলা হয়।

উত্তৰ: আণৱিক বচন।

(ঙ) অস্তিত্ব বুজোৱা বচনসমূহ যৌগিক/ সাধাৰণ/সৰল বচন। 

উত্তৰ : সাধাৰণ বচন।

(চ) যৌগিক বচনক আণৱিক/পাৰমাণৱিক বচন বোলা হয়। যৌগিক/সাধাৰণ/সৰল বচন।

উত্তৰ: আণৱিক। 

(জ) অস্তিত্ব বুজোৱা বচনসমূহ

উত্তৰ সাধাৰণ৷ 

(ঝ) গুণ আৰু পৰিমাণৰ মিশ্র অর্থনীতি অনুসৰি আধুনিক তর্কবিদসকলে বচনৰ শ্রেণীবিভাজন কৰে/নকৰে।

উত্তৰ নকৰে৷

(ঞ) বৈকল্পিক বচনত ‘অথবা’ শব্দটো অভিব্যাপী/ঐকান্তিক অর্থত লোৱা হয়।

উত্তৰঃ ঐকান্তিক।

প্রশ্ন ২। “প্রত্যেকটো তৰ্কীয় সংযোজকেই দুটা আৰু কেৱল দুটা বচনহে সংযোগ কৰে”— উক্তিটো সঁচানে?

উত্তৰ:- সঁচা।

প্রশ্ন ৩। আধুনিক তর্কবিজ্ঞান মতে বচন কেই প্ৰকাৰৰ ? 

উত্তৰ: আধুনিক তর্কবিজ্ঞান মতে বচন তিনি প্ৰকাৰৰ

প্রশ্ন ৪। যি বচনত এটা মাথোন উক্তি থাকে, সেই বচনটোৰ নাম উল্লেখ কৰা। 

উত্তৰ:- সৰল বচন।

প্রশ্ন ৫। যৌগিক বচন কেই প্ৰকাৰৰ ?

উত্তৰঃ যৌগিক বচন চাৰিপ্ৰকাৰৰ– সংযোজক বচন, নিহিতার্থক বচন, বিয়োজক বচন,আৰু বৈকল্পিক বচন।

প্রশ্ন ৬। যি বচনত দুটা বা ততোধিক সৰল উক্তি থাকে, সেই বচনটোৰ নাম কি?

উত্তৰ : যৌগিক বচন। 

প্রশ্ন ৭। এৰিষ্ট টল আধুনিক তর্কবিদ হয়নে?

উত্তৰ:- নহয়।

প্রশ্ন ৮। আধুনিক তর্কবিদসকলে কি কি কথাৰ ওপৰত ভিত্তি কৰি বচনৰ শ্ৰেণীবিভাজন কৰিছে?

উত্তৰ:- আধুনিক তর্কবিদসকলে বচনৰ গঠনত আৰু বচনত ব্যৱহাৰ হোৱা উপাদানসমূহৰ সাংগঠনিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি বচনৰ শ্ৰেণীবিভাজন কৰিছে।

প্রশ্ন ৯। বচন প্রতীকাত্মক তর্কবিজ্ঞানৰ এটা মূল গোট হয়নে? 

উত্তৰঃ হয়।

প্রশ্ন ১০। আধুনিক তর্কবিজ্ঞানত প্রতীকে বচনহে নিৰ্দেশ কৰে, পদ নহয়। কথাষাৰ সত্যনে?

উত্তৰ:- সত্য।

প্রশ্ন ১১। পুৰণি তর্কবিজ্ঞান মতে বচন কেই প্ৰকাৰৰ?

উত্তৰ:- পুৰণি তর্কবিজ্ঞান মতে বঁচন চাৰি প্ৰকাৰৰ৷

HS First Year Logic And Philosophy Questions Answer তৰ্কবিজ্ঞান আৰু দর্শন

প্রথম খণ্ড – তৰ্কবিজ্ঞান

Unit- IContentsLinks
Unit- IIতর্কবিজ্ঞান ( Logic)
সংজ্ঞা, প্রকৃতি, পৰিসৰ আৰু উপযোগিতা পৰম্পৰাগত আৰু আধুনিক তর্কবিজ্ঞান
Click here
উপসর্গ ( Proposition) :- বচন (Proposition) পদ (Term)Click here
বচন (Proposition)Click here
সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন (Transformation of ordinary sentences to logical proposition)Click here
তৰ্কীয় বচনত পদৰ ব্যাপ্ততা (Distribution of Term In a Logical Proposition)Click here
বচনৰ আধুনিক শ্রেণীবিভাজন (Modern Classification of Proposition)Click here
Unit-IIIঅনুমান, নিৰপেক্ষ ন্যায় ( Inference, Categorical Syllogism)Click here
Unit- IVপ্রতিকাত্মক তর্কবিজ্ঞান ( Symbolic Logic)Click here

দ্বিতীয় খণ্ড – দর্শন

Unit- Vদর্শন (Philosophy)Click here
Unit- VIভাৰতীয় দর্শন ( Indian Philosophy )Click here
Unit- VIIজ্ঞান উৎপত্তি সম্পৰ্কীয় ( Theories of the origin of knowledge )Click here
প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমানClick here
Unit- VIIIবাস্তৱবাদ আৰু ভাৱবাদ (Realism and Idealism)Click here

প্রশ্ন ১২। বৈকল্পিক বচন আৰু বিয়োজক বচনৰ মাজত কিবা প্রভেদ আছেনে?

উত্তৰ : বৈকল্পিক বচন আৰু বিয়োজক বচনৰ মাজত বিকল্প বচন প্ৰকৃতিৰ পাৰ্থক্য অনুসৰি প্রভেদ আছে। 

প্রশ্ন ১৩। আধুনিক তর্কবিজ্ঞানত এটা মাত্ৰ শব্দই এটা বচন গঠন কৰিব পাৰেনে?

উত্তৰ: পাৰে।

প্রশ্ন ১৪। শ্রেণী-সদস্যতা বচনত কি প্রতীক ব্যৱহাৰ কৰা হয়?

উত্তৰ : ‘⇒ ”Epsilon’

প্রশ্ন ১৫। সম্বন্ধী মানে তুমি কি বুজা? 

উত্তৰঃ যিটো পদলৈ সম্বন্ধ আগবাঢ়ে তাকে সম্বন্ধী বোলে।

প্রশ্ন ১৬। এৰিষ্ট টল আধুনিক তর্কবিদ হয়নে?

উত্তৰ: এৰিষ্ট টল আধুনিক তর্কবিদ নহয় ৷

প্রশ্ন ১৭। আধুনিক তর্কবিদসকলে কি কি কথাৰ ওপৰত ভিত্তি কৰি বচনৰ শ্ৰেণীবিভাজন কৰিছে?

উত্তৰ : আধুনিক তর্কবিদসকলে বচনৰ গঠন আৰু বচনত ব্যৱহাৰ হোৱা উপাদানসমূহৰ সাংগঠিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি বচনৰ শ্ৰেণীবিভাজন কৰিছে। 

প্রশ্ন ১৮। ‘সকলো মানুহ হয় বুদ্ধিবৃত্তিসম্পন্ন’–ই কি বচনৰ উদাহৰণ?

উত্তৰ : ই সৰল বচনৰ অন্তৰ্গত ‘উদ্দেশ্য-বিধেয় আকাৰ বচন’ৰ উদাহৰণ।

প্রশ্ন ১৯। চোৰ!–– ই বচননে ?

উত্তৰ : ই বচন নহয়।

প্রশ্ন ২০। নিম্নলিখিত বচনসমূহৰ ভিতৰত কোনটো এক বিধেয়কযুক্ত সাধাৰণ ৰচনৰ এটা উদাহৰণ ?

(ক) সিংহ আছে।

(খ) কিছুমান দার্শনিক নহয় ৰাজনীতিবিদ। 

(গ) কোনো বস্তু স্থায়ী নহয়।

(ঘ) কোনো মানুহ দেৱদূত নহয়।

উত্তৰ : (গ) কোনো বস্তু স্থায়ী নহয়। 

প্রশ্ন ২১। নিম্নলিখিত যৌগিক বচনটোত কেইটা সৰল বচন নিহিত হৈ আছে? “এইটো সঁচা নহয় যে হৰিয়ে ফুটবল খেলে কিন্তু যদুৱে ক্রিকেট খেলে।’ 

উত্তৰ ঃ দুটা সৰল বচন নিহিত হৈ আছে।

চমু প্রশ্নোত্তৰ 

প্রশ্ন ১। উপযুক্ত উদাহৰণসহ উদ্দেশ্য পদবিহীন বচনৰ সংজ্ঞা দিয়া। 

উত্তৰ: যি সৰল বচনত উদ্দেশ্য পদটো স্পষ্টকৈ নাথাকে বা উহ্য হৈ থাকে তাকে উদ্দেশ্য পদবিহীন বচন বোলে। যেনে – বৰষুণ! বাঃ, চোৰ! 

প্রশ্ন ২। যৌগিক বচন আৰু সাধাৰণ বচনৰ মূল পার্থক্যটো কি?

উত্তৰ : যৌগিক বচন আৰু সাধাৰণ বচনৰ মূল পার্থক্যটো হ’ল— যৌগিক বচনত উপাদানৰূপে সবল বচন নিহিত হৈ থাকে। কিন্তু সাধাৰণ বচনত সৰল বচন উপাদানৰূপে নিহিত হৈ নাথাকে।

প্রশ্ন ২। বিকল্পাত্মক বচনত ‘অথবা’ শব্দটো কি অৰ্থত লোৱা হয়?

উত্তৰ : বিকল্পাত্মক বচনত ‘অথবা’ শব্দটো ‘ঐকান্তিক অর্থত লোৱা হয়। এনে বচনত ঐকান্তিকৰ অৰ্থ হ’ব— ‘হয়’…. ‘নহয়’ আৰু কিন্তু উভয়েই নহয়। অর্থাৎ যিকোনো এটা একাস্তব সত্য হ’ব, উভয়েই নহয়। প্রশ্ন 

৩। সংজ্ঞা লিখা :

(ক) শ্রেণী সদস্যতা বচন 

(খ) সম্বন্ধবাচক বা সম্বন্ধাত্মক বচন 

(গ) উদ্দেশ্যহীন বচন 

(ঘ) সৰল বচন 

(ঙ) যৌগিক বচন 

(চ) সাধাৰণ বচন 

(ছ) বৈকল্পিক বচন। 

উত্তৰ : (ক) শ্ৰেণী সদস্যতা বচন : যি সৰল বচনত কোনো ব্যক্তি, ব্যক্তি বা বিষয়, এটা শ্ৰেণীৰ অন্তৰ্ভুক্ত সদস্যৰূপে প্ৰকাশ কৰা হয়, তাকে শ্রেণী সদস্যতা বচন বোলে। 

(খ) সম্বন্ধবাচক বা সম্বন্ধাত্মক বচন : যি সৰল বচনত বচনটোৰ অন্তৰ্গত উপাদানসমূহৰ মাজত থকা সম্বন্ধ প্রকাশ পায় তাকে সম্বন্ধবাচক বচন বোলে।

(গ) উদ্দেশ্যহীন বচন : যি সবল বচনত উদ্দেশ্য পদটো স্পষ্টকৈ নাথাকে বা উহ্য হৈ থাকে, তাকে উদ্দেশ্যহীন বচন বোলে। 

(ঘ) সৰল ৰচনঃ যি বচনত এটা মাত্ৰ উক্তি প্রকাশিত হয় তাকে সৰল বচন বোলে ৷ 

(ঙ) যৌগিক বচনদুই বা ততোধিক সৰল বচন সংযোজন কৰি একক ৰূপত যি বচন গঠিত কৰা হয়, তাকে যৌগিক বচন বোলে।

(চ) সাধাৰণ ৰচনঃ যি বচনত কোনো বস্তুৰ অস্তিত্ব বা সকলো বস্তু সম্পৰ্কত কোনো গুণ বা ধৰ্মক স্বীকাৰ বা অস্বীকাৰ কৰা হয় বা দুটা শ্ৰেণীৰ মাজত সম্বন্ধ স্থাপন কৰা হয় তাকে সাধাৰণ বচন বোলে। 

(ছ) বৈকল্পিক বচনযি যৌগিক বচনত দুটা সৰ্ল বচনক ‘বা’, ‘নাইবা’, ‘অথবা’, ‘হয় – নহয়’ আদি শব্দৰ দ্বাৰা সংযোজন কৰা হয় আৰু বচনটো ঐকান্তিক অৰ্থত প্ৰকাশ কৰা হয় তাকে বৈকল্পিক বচন বোলে। 

প্রশ্ন ৪। চমুটোকা লিখা : 

(ক) সামান্য বচন 

(খ) সৰল বচন 

(গ) যৌগিক বচন 

(ঘ) বৈকল্পিক বচন।

উত্তৰঃ সামান্য বচন আধুনিক তর্কবিজ্ঞানত বচনক তিনি প্ৰকাৰত ভাগ কৰা হৈছে। শ্ৰেণী সম্পৰ্কীয় বচনেই হ’ল সাধাৰণ বচন। যেনে— সকলোবোৰ সংগীতজ্ঞ শিল্পী। এই বচনটো সকলোবোৰ সংগীতজ্ঞ’ক ‘শিল্পী’ নামৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হৈছে। অর্থাৎ যি বচনত কোনো বস্তুৰ অস্তিত্ব নাইবা সকলো বস্তু সম্পৰ্কত কোনো গুণ বা ধৰ্মক স্বীকাৰ বা অস্বীকাৰ কৰা হয় নাইবা দুটা শ্ৰেণীৰ মাজত সম্বন্ধ স্থাপন কৰা হয় তাকে সাধাৰণ বচন বোলে।

(খ) সৰল বচন : সৰল বচন হ’ল আধুনিক তর্কবিজ্ঞানসন্মত বচনৰ এটা ভাগ। সৰল বচনে এটা তথ্য বা ঘটনা প্ৰসংগত উক্তি কৰে। অৰ্থাৎ যি বচনত এটা মাত্র উক্তি প্রকাশিত হয় তাকে সৰল বচন বোলে। উদাহৰণ স্বৰূপে– শংকৰদেৱ হয় এজন মহাপুৰুষ। ইয়াত শংকৰদেৱ সম্পর্কে এটা উক্তি বা কথা প্রকাশ পাইছে। বচনসমূহৰ ভিতৰত সৰল বচন হ’ল ক্ষুদ্রতম বচন৷ সেয়ে― এনে বচনক আন কোনো বচনলৈ বিশ্লেষণ কৰিব নোৱাৰি। গতিকেই সৰল বচনক পাৰমাণৱিক বচনো বোলা হয়।।

(গ) যৌগিক বচন : দুটা বা অধিক সৰল বচন সংযোগ কৰি এটা একক বচন গঠন কৰাকে যৌগিক বচন বোলে। যেনে— ৰাধাকৃষ্ণণ হয় দার্শনিক আৰু ৰাজনীতিবিদ।

ওপৰৰ উদাহৰণটোত ‘আৰু’ সংযোজকৰ দ্বাৰা দুটা সৰল বচন – (১) ৰাধাকৃষ্ণণ হয় এজন দার্শনিক আৰু (২) বাধাকৃষ্ণণ হয় এজন ৰাজনীতিবিদ’ক সংযোগ কৰি এটা বচনৰ ৰূপত প্ৰকাশ কৰা হৈছে। যৌগিক বচনত যিহেতু উপাদানৰূপে এটাতকৈ বেছি সৰল বচন নিহিত হৈ থাকে, গতিকে এনে বচনক আণৱিক বচনো বোলা হয়। যৌগিক বচন চাৰি প্ৰকাৰৰ –

(১) সংযোজক বচন (২) নিহিতার্থক বচন (৩) বিয়োজক বচন (৪) বৈকল্পিক বচন। 

(ঘ) বৈকল্পিক বচনঃ যি যৌগিক বচনত দুটা সৰল বচনক ‘বা’ অথবা ‘নাইবা’, ‘হয়……. নহয়’ আদি শব্দৰ দ্বাৰা সংযোগ কৰা হয় আৰু বচনটো ঐকান্তিক অৰ্থত প্ৰকাশ কৰা হয় তাকে বৈকল্পিক বচন বোলে। যেনে – হয় শ্বেক্সপিয়েৰ পুৰুষ নহয় মহিলা৷ এনে বচনত ঐকান্তিকৰ অৰ্থ হ’ব— হয়… নহয় আৰু কিন্তু উভয়েইে নহয়। অর্থাৎ যিকোনো এটা একান্তৰ সত্য‘হ’ব, উভয়েই নহয় । 

প্রশ্ন ৮। উদাহৰণ দিয়া

(ক) বিয়োজক বচন 

(খ) উদ্দেশ্য-বিধেয় বচন 

(গ) সংযোজক বচন 

(ঘ) সাধাৰণ বচন 

(ঙ) উদ্দেশ্যহীন বচন 

(চ) নিহিতার্থক বচন 

(ছ) সম্বন্ধাত্মক বচন

উত্তৰ ঃ (ক) বিয়োজক বচন তেওঁ জ্ঞানী অথবা মূর্খ বা তেওঁ বিবাহিত বা অবিবাহিত— উভয়ে নহয়।

(খ) উদ্দেশ্য-বিধেয় আকাৰ বচন ছক্ৰেটিছ হয় জ্ঞানী।

(গ) সংযোজক বচন : বাছেল এজন দার্শনিক আৰু গণিতজ্ঞ। 

(ঘ) সাধাৰণ বচন ঃ সকলো দার্শনিক হয় তর্কশাস্ত্রবিদ ।

(ঙ) উদ্দেশ্যহীন বচন বৰষুণ বাঃ, চোৰ!

(চ) নিহিতার্থক বচন : যদি অসমৰ জনগণ কর্মপটু হয়, তেন্তে অসমৰ উন্নতি হ’ব।

• (ছ) সম্বন্ধতাত্মক বচনদশৰথ ৰামৰ পিতৃ ।

প্রশ্ন ৪। পার্থক্য লিখা

(ক) উদ্দেশ্য-বিধেয় বচন আৰু শ্ৰেণী-সদস্যতা বচন। 

উত্তৰঃ যি বচনত কোনো ব্যক্তি বা বস্তুৰ গুণ বা বৈশিষ্ট্য (সদর্থক বা নঞর্থক যিকোনো ৰূপত) সাব্যস্ত কৰা হয়, তাকে উদ্দেশ্য বিধেয় আকাৰৰ বচন বুলি কোৱা হয়। যেনে ‘লাচিত বৰফুকন হয় সাহসী’, ‘এই ফুলপাহ হয় বগা’আদি। এই বচনসমূহে ব্যক্তি বা বস্তুৰ গুণ বা বৈশিষ্ট্য সম্পর্কে কোনো গুণ বা বৈশিষ্ট্যৰ কথা উল্লেখ কৰে৷

আনহাতে, যি বচনত কোনো ব্যক্তি, বা বিষয়বস্তু এটা জাতি বা শ্ৰেণীৰ অন্তৰ্ভুক্ত সদস্যৰূপে প্ৰকাশ কৰা হয়, তাকে শ্রেণী সদস্যতামূলক বচন বোলে। যেনে – ৰুদ্ৰসিংহ এজন ৰজা আছিল’, ‘ৰাধাকৃষ্ণণ এজন দার্শনিক আছিল।’ ইয়াত ‘ৰুদ্ৰসিংহ’ক ‘ৰজা’ শ্ৰেণীৰ আৰু ‘ৰাধাকৃষ্ণণ’ক ‘দার্শনিক’ শ্ৰেণীৰ সদস্যৰূপে ব্যক্ত কৰা হৈছে।

উদ্দেশ্য-বিধেয় আকাৰৰ বচন আৰু শ্ৰেণী সদস্যতা-বচন—উভয়ৰে একোটা বিশিষ্ট পদ থাকে। কিন্তু উদ্দেশ্য বিধেয় বচনত বিধেয়কটো এটা গুণ বা বৈশিষ্ট্যৰূপে উদ্দেশ্য পদ সম্পর্কে স্বীকাৰ কৰা হয়। ‘ছক্ৰেটিছ হয় জ্ঞানী’ ইয়াত ‘জ্ঞানী’ গুণটো ‘ছক্ৰেটিছ’ৰ ক্ষেত্ৰত উল্লেখ কৰা হৈছে। আনহাতে শ্রেণী সদস্যতা বচনত এটা শ্ৰেণীৰ সদস্য হিচাপে বিশিষ্ট পদটো দেখুওৱা হয়। ‘ৰুদ্ৰ িংহ এজন ৰজা আছিল’— বচনটোত ‘ৰজা’ এটা শ্রেণী।

(খ) সৰল বা ন আৰু যৌগিক বচন। 

উত্তৰঃ সৰ৷ বচন হ’ল এক উক্তিবিশিষ্ট বচন য’ত এটা তথ্য বা ঘটনা সম্পর্কত উক্তি কৰা হয়।

আনহাতে যৌগিক বচন হ’ল একাধিক উক্তিবিশিষ্ট বচন, যত এটাতকৈ অধিক তথ্য বা ঘটনা প্রসংগত উক্তি কৰা হয়।

ৰাধাকৃষ্ণ দার্শনিক— এটা সৰল বচন। ‘বাধাকৃষ্ণণ’ বিশিষ্ট পদটো সম্পর্কে এটা সৰল উক্তি কৰা হৈছে। আনহাতে, ‘ৰাধাকৃষ্ণণ দার্শনিক আৰু গণিতজ্ঞ’— বচনটো যৌগিক বচন। ইয়াত ‘ৰাধাকৃষ্ণণ’ সম্পর্কে একাধিক উক্তি কৰা হৈছে। অর্থাৎ এইটো বচনত ‘বাধাকৃষ্ণণ দার্শনিক’ আৰু ‘ৰাধাকৃষ্ণণ ৰাজনীতিবিদ’ সৰল বচন দুটা যুক্ত হৈ আছে।

সৰল বচন মৌলিক আৰু স্বতন্ত্র। সৰল বচনৰ পুনৰ চাৰিটা বিভাজন আছে। সেইবোৰ হ’ল— উদ্দেশ্য পদবিহীন বচন, উদ্দেশ্য বিধেয় বচন, শ্রেণী সদস্যতা বচন আৰু সম্বন্ধাত্মক বচন। আনহাতে, যৌগিক বচন একাধিক সৰল বচনৰ দ্বাৰা গঠিত বাবে যৌগিক বচন সৰল বচনৰ ওপৰত নিৰ্ভৰশীল ৷ সৰল বচনবোৰক সংযুক্ত কৰা যোজকবোৰৰ প্ৰকৃতি অনুসৰি যৌগিক বচনক চাৰিটা ভাগত ভাগ কৰা হৈছে। সেইবোৰ হ’ল— সংযোজক বচন, নিহিতার্থক বচন, বৈকল্পিক বচন আৰু বিয়োজক বচন।

(গ) শ্রেণী সদস্যতা বচন আৰু সামান্য বচন।

উত্তৰ : শ্ৰেণীসদস্যতা বচন হ’ল সৰল বচন যত এটা বস্তু বা এজন ব্যক্তিক এটা জাতি বা শ্ৰেণীৰ অন্তৰ্ভুক্ত সদস্য ৰূপে ব্যক্ত কৰা হয়। আনহাতে, সামান্য বচনে বিশ্বৰ কোনো বস্তুৰ সামগ্রিক অস্তিত্ব স্বীকাৰ বা অস্বীকাৰ কৰে,

এটা শ্ৰেণী বা জাতি আন এটা শ্রেণী বা জাতিৰ অন্তর্ভুক্ত বা বহির্ভূত ৰূপে ব্যক্ত কৰে। শ্রেণী সদস্যতা বচনৰ উদ্দেশ্য স্থানৰ পদটো এটা বস্তু বা ব্যক্তি বুজোৱা শব্দ । আনহাতে, সামা, বচনত উদ্দেশ্য স্থানৰ পদটো এটা শ্রেণীবাচক শব্দ।

(ঘ) বিয়োজক বচন আৰু বৈকল্পিক বচন। 

উত্তৰ ঃ যি যৌগিক বচনত দুটা সৰল বচনক ‘বা’, ‘অথবা’, ‘নাইবা’ আদি শব্দৰ দ্বাৰা সংযোগ কৰা হয় আৰু অভিব্যাপী অর্থত প্ৰকাশ কৰা হয় তাকে বিয়োজক বচন বোলে। যেনে — তেওঁ জ্ঞানী অথবা মূর্খ উভয়ে হ’ব নোৱাৰে।

আনহাতে যি যৌগিক বচনত দুটা সৰল বচনক ‘বা’, ‘অথবা’ আদি শব্দৰ দ্বাৰা ঐকান্তিক অৰ্থত প্ৰকাশ কৰা হয় তাকে বৈকল্পিক বচন বোলে।

যেনে – খেলখনত ভাৰত অথবা অষ্ট্রেলিয়া জিকিব। ইয়াত যিকোনো এটা এ কাস্তৰ হ’ব, উভয়েই নহয়৷

বৈকল্পিক বচনৰ উপাদানবোৰক বিকল্প বোলা হয়। আনহাতে বিয়োজক বচনৰ উপাদানবোৰক বিয়োজ্য বোলা হয়। বৈকল্পিক বচনৰ বিকল্পবোৰ একেলগে সত্য হ’ব পাৰে আৰু অন্ততঃ এটা বিকল্প সত্য হ’ব লাগে। আনহাতে, বিয়োজক বচনৰ বিয়োজ্যবোৰ একেলগে সত্য হ’ব নোৱাৰে, এটা বিয়োজ্য সত্য হ’লৈ আনটো অসত্য হ’বই লাগিব।

(খ) সম্বন্ধাত্মক বচন আৰু যৌগিক বচন।

উত্তৰ : যি সৰল বচনত বচনটোৰ অন্তৰ্গত উপাদানসমূহৰ মাজত থকা সম্বন্ধ প্রকাশ পায় তাকে সম্বন্ধাত্মক বচন বোলে। যেনে – মেকুৰীয়ে ভাল পায় মাছ। শিক্ষকে শিকায় ছাত্রক তর্কবিজ্ঞান ৷ ওপৰৰ বচনকেইটাত ‘মেকুৰী’ আৰু ‘মাছ’ৰ সম্পৰ্ক ভাল পোৱাৰ দ্বাৰা, ‘শিক্ষক’ আৰু ‘ছাত্ৰ’ৰ সম্পৰ্ক শিক্ষাদানৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। এই ক্ষেত্ৰত যিবোৰ উপাদান পদৰ মাজত সম্বন্ধসূচক হিচাপে ব্যৱহৃত হয় সেইবোৰ উপাদানক সম্বন্ধসূচক পদ আখ্যা দিয়া হয় সম্বন্ধসূচক বচন সৰল বচনৰ এটা প্ৰকাৰ।

আনহাতে যি বচনত দুটা বা ততোধিক সৰল বচন সংযোজন কৰি একক ৰূপত বচন গঠন কৰা হয় তাকে যৌগিক বচন বোলে। যেনে – এৰিষ্টটল হয় ৰাজনীতিবিদ আৰু দার্শনিক। এই উদাহৰণটোত (১) এৰিষ্ট’টল হয় এজন ৰাজনীতিবিদ আৰু (২) এৰিষ্ট’টল হয় এজন দার্শনিক সংযোগ কৰি এটা বচনৰ ৰূপত প্ৰকাশ কৰা হৈছে। যৌগিক বচনত এটাতকৈ বেছি সৰল বচন উপাদানৰূপে নিহিত হৈ থাকে, গতিকে এনে বচনক আণৱিক বচন বোলা হয়। যৌগিক বচন চাৰি প্ৰকাৰৰ – (ক) সংযোজক বচন (খ) নিহিতার্থক বচন (গ) বিয়োজক বচন (ঘ) বৈকল্পিক বচন।

প্রশ্ন ৯। সাধাৰণ বচন মূলতঃ কেনেধৰণৰ বচন? সাধাৰণ বচন কেই ভাগত ভাগ কৰিব পাৰি? 

উত্তৰ : সাধাৰণ বচন মূলতঃ শ্রেণী সম্পৰ্কীয় বচন। এই বচনত কোনো বস্তুৰ অস্তিত্ব নাইবা সকলো বস্তু সম্পর্কত কোনো গুণ বা ধর্মক স্বীকাৰ বা অস্বীকাৰ কৰা হয় নাইবা দুটা

শ্ৰেণীৰ মাজত সম্বন্ধ স্থাপন কৰা হয়। সাধাৰণ বচন তিনিপ্ৰকাৰৰ –

(i) অস্তিত্বমূলক সাধাৰণ বচন।

(ii) এক বিধেয়যুক্ত সাধাৰণ বচন।

(iii) শ্রেণী সম্পৰ্কীয় সাধাৰণ বচন।

ৰচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। বচন কাক বোলে ? পৰম্পৰাগত বিজ্ঞানৰ বচন আৰু আধুনিক তর্কবিজ্ঞানৰ বচন বিশ্লেষণ কৰা আৰু পাৰ্থক্য দেখুওৱা।

উত্তৰঃ অৱধাৰণ বচনৰ অব্যক্ত ৰূপ। দুটা ধাৰণা বা প্রত্যয়ত মানসিক সংযোগ প্রক্রিয়াকে অৱধাৰণ বোলে। আকৌ এই অৱধাৰণা ভাষাত প্ৰকাশ কৰিলে তাক বচন বোলে। এটা বচনত দুটা পদ থাকে। এই পদ দুটাৰ মাজত থকা সম্বন্ধসূচক উক্তিকে বচন বোলে ৷

পৰম্পৰাগত বা এৰিষ্ট টলৰ বচনৰ বিশ্লেষণমতে প্রত্যেক বচনতে তিনিটা অংশ থাকে। উদ্দেশ্য, বিধেয় আৰু সংযোজক৷ যি পদ সম্পর্কে কিবা কোৱা হয় তােক উদ্দেশ্য পদ বোলে। উদ্দেশ্য সম্পর্কে কি কোৱা হয় তাক বিধেয় আৰু উদ্দেশ্য আৰু বিধেয়ৰ মাজত সম্বন্ধসূচক যি শব্দ ব্যৱহাৰ কৰা হয় তাক সংযোজক বোলে। যেনে, ‘ৰাম হয় অযোধ্যাৰ ৰজা’। পৰম্পৰাগত তর্কবিদসকলৰ মতে সংযোজকটো ‘ভূ’ ধাতুৰ নিত্য বর্তমান কালত ব্যৱহাৰ হয়। অর্থাৎ পৰম্পৰাগত বচনত উদ্দেশ্য সংযোজক-বিধেয় এই আকাৰত প্ৰকাশ কৰা হয়। পৰম্পৰাগত তর্কবিদসকলে সকলো বচনৰ এটাই আকাৰ বুলি ধাৰণা কৰিছিল।

কিন্তু আধুনিক তর্কবিদসকলে স্পৰাগত তর্কবিদসকলৰ বচনৰ এনে বিশ্লেষণ গ্রহণ নকৰে। তেওঁলোকৰ মতে প্রত্যেক বচনত বিধেয়ই উদ্দেশ্যৰ ক্ষেত্ৰত কোনো গুণ সাব্যস্ত নকৰে৷ গতিকে আধুনিক তর্কবিদসকলৰ মতে প্রত্যেক বচনৰে একোটা আকাৰ নহয়। আধুনিক তৰ্কবিদসকলৰ মতে সকলো বচনৰ উদ্দেশ্য সংযোজন-বিধেয় আকাৰ নহয়; এনে আকাৰত প্ৰকাশ কৰিলে প্রত্যেক বচনৰ অৰ্থপূৰ্ণভাৱে বিশ্লেষণ কৰিব নোৱাৰি।

গতিকে আধুনিক তর্কবিদসকলৰ মতে এটা বচনৰ বিভিন্ন উপাদান থাকিব পাৰে। বচনৰ উপাদানসমূহ বিভিন্ন ধৰণে সংযোগ কৰিব পাৰি। অৰ্থাৎ পৰম্পৰাগত তর্কবিদসকলে কোৱাৰ দৰে সকলো ৰচনৰ আকাৰ এটাই নহয়। বচনৰ উপাদানসমূহ যি নিয়মে সংযোগ কৰা হয় সেই নিয়মেই বচনে তর্কবিজ্ঞানৰ সন্মত আকাৰ ধাৰণ কৰে৷ গতিকে আধুনিক তর্কবিদসকলে পৰম্পৰাগত তৰ্কবিদসকলৰ বচনৰ বিশ্লেষণ ত্রুটিপূর্ণ বুলি মত পোষণ কৰিছে আৰু বচনৰ আকাৰৰ সীমাবদ্ধতা নুই কৰিছে। তেওঁলোকৰ মতে সকলো বচনতে উদ্দেশ্য আৰু বিধেয় নাথাকিবও পাৰে। উদ্দেশ্য সংযোজন-বিধেয় এনে আকাৰত বচনক প্ৰকাশ কৰিলে ইয়াৰ মূল ভাব আৰু অৰ্থ প্ৰকাশত বহুতো ক্ষেত্ৰত আসোঁৱাহ থাকি যাব পাৰে। আধুনিক তর্কবিদসকলৰ মতে প্রত্যেক বচনৰ আকাৰ এটাই নহয়। গতিকে পৰম্পৰাগত আৰু আধুনিক তর্কবিদসকলৰ বচনৰ বিশ্লেষণৰ ক্ষেত্ৰত পার্থক্য দেখা যায়। 

প্রশ্ন ২। সৰল বচন কাক বোলে আৰু ইয়াৰ বিভিন্ন প্ৰকাৰবোৰ কি কি?

উত্তৰ : আধুনিক তর্কবিজ্ঞানীসকলে পৰম্পৰাগত তর্কবিজ্ঞানক দোষ-ত্রুটিৰ প্রতি প্রত্যাহ্বান জনাই এক নতুন প্ৰকাৰৰ বচনৰ শ্ৰেণীবিভাজন দাঙি ধৰিছে। আধুনিক তর্কবিজ্ঞানীসকলে বচনৰ আধুনিক শ্রেণীবিজ্ঞান অনুসৰি বচনক তিনিটা ভাগত ভগাইছে— সৰল বচন, যৌগিক বচন আৰু সাধাৰণ বচন।

“যি বচনত এটা তথ্য বা ঘটনা প্রসংগত উক্তি প্ৰকাশ কৰা হয়, তাকে সৰল বচন বোলে।

অর্থাৎ, যি বচনক বিশ্লেষণ কৰিলে উপাদানৰূপে কেৱল এটা উক্তি বা বচনেই পোৱা যায়; সিয়েই সৰল বচন। বচনসমূহৰ ভিতৰত সৰল বচন হ’ল ক্ষুদ্রতম বচন । সেয়ে এনে বচনক আন কোনো বচনলৈ বিশ্লেষণ কৰিব নোৱাৰি। গতিকে, এনে বচনক পাৰমাণৱিক বচন বুলিও কোৱা হয়। উদাহৰণস্বৰূপে – গুৰু নানক হয় শিখ ধৰ্মৰ প্ৰৱৰ্তক। ইয়াত গুৰু নানক সম্পর্কে এটা উক্তি প্রকাশ পাইছে। সৰল বচনক চাৰিটা ভাগত ভাগ কৰিব পাৰি – (ক) উদ্দেশ্যহীন বচন, (খ) উদ্দেশ্য বিধেয় বচন (গ) সম্বন্ধাত্মক বচন (ঘ) শ্রেণীসদস্যতা বচন।

(ক) উদ্দেশ্যহীন বচন : যি বচনত উদ্দেশ্য পদটো স্পষ্টকৈ উল্লেখ নাথাকে অথবা উহা হৈ থাকে, তাক উদ্দেশ্যহীন বচন বোলে। যেনে – জুই!, বৰষুণ!, চোৰ ইত্যাদি 

(খ) উদ্দেশ্য-বিধেয় আকাৰ বচন : যি বচনত স্পষ্টকৈ এটা বস্তু বা বস্তুৰ কিবা গুণ বা বৈশিষ্ট্যৰ অস্তিত্ব স্বীকাৰ বা অস্বীকাৰ কৰে তাকে উদ্দেশ্য-বিধেয় আকাৰ বচন বোলে৷ যেনে— ছক্ৰেটিছ হয় জ্ঞানী।

(গ) সম্বন্ধাত্মক বচন : যি বচন দুই বা ততোধিক উপাদানৰ মাজত সম্বন্ধ স্থাপন কৰা হয় তাকে সম্বন্ধাত্মক বচন বোলে। যেনে– শিক্ষকে শিকায় ছাত্রক তর্কবিজ্ঞান।

(ঘ) শ্রেণী সদস্যতামূলক বচন : যি বচনত কোনো ব্যক্তি, বস্তু বা বিষয়, এটা শ্রেণীৰ অন্তর্ভুক্ত সদস্যৰূপে প্ৰকাশ কৰা হয় তাকে শ্রেণী সদস্যতামূলক বচন বোলে৷ যেনে – ড° ভূপেন হাজবিকা এজন সংগীতজ্ঞ।

প্রশ্ন ৩। আধুনিক তর্কবিজ্ঞানত সামান্য বচন বুলিলে কি বুজা? 

উত্তৰ : আধুনিক তর্কবিজ্ঞানত সামান্য বচন বুলিলে শ্রেণী সম্পৰ্কীয় বচনক বুজোৱা হয়।

যি বচনত কোনো বস্তুৰ অস্তিত্ব নাই সকলো বস্তু সম্পৰ্কত কোনো গুণ বা ধৰ্মক স্বীকাৰ বা অস্বীকাৰ কৰা হয় বা দুটা শ্ৰেণীৰ মাজত সম্বন্ধ স্থাপন কৰা হয় তাকে সাধাৰণ বচন বোলে। সামান্য বচনৰ উদাহৰণ হ’ল— ‘গড আছে’, ‘সকলো বস্তু হয় পৰিৱৰ্তনশীল’ ইত্যাদি।

সামান্য বচন প্ৰধানকৈ তিনি প্ৰকাৰৰ 

(ক) অস্তিত্বমূলক সামান্য বচন।

(খ) এক বিধেয়যুক্ত সামান্য বচন। 

(গ) শ্রেণী সম্পৰ্কীয় সাধাৰণ বচন।

অস্তিত্বমূলক বচনত কোনো বস্তুৰ অস্তিত্ব স্বীকাৰ বা অস্বীকাৰ কৰা হয়। এক বিধেয়যুক্ত সামান্য বচনত এই জগতত থকা সকলো বস্তুৰ গুণ বা ধৰ্মক স্বীকাৰ বা অস্বীকাৰ হয়। শ্ৰেণী সম্পৰ্কীয় বচনত দুটা শ্রেণী বা জাতিৰ মাজত সার্বিক বা আংশিকভাবে অন্তর্ভুক্তি বা বহিষ্কাৰণ

সম্পৰ্কে প্ৰকাশ কৰা হয়। প্রশ্ন ৪। যৌগিক বচন কাক বোলে আৰু ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ কি কি? উত্তৰ : আধুনিক তর্কবিজ্ঞানত বচনক তিনি ভাগত বিভক্ত কৰা হৈছে— সৰল বচন, যৌগিক বচন, সামান্য বা সাধাৰণ বচন।

যৌগিক শব্দৰ পৰা বুজিব পাৰি দুটা শব্দ বা বচন বা উক্তিৰ সংযোজন। যি বচনত দুটা বা ততোধিক সৰল বচন সংযোগ কৰি একক ৰূপত বচন গঠন কৰা হয় তাক যৌগিক বচন বোলে। যেনে— লক্ষ্মীনাথ বেজবৰুৱা হয় চুটিগল্পৰ স্ৰষ্টা আৰু নাট্যকাৰ।

এই উদাহৰণটোত ‘আৰু’ সংযোজকৰ দ্বাৰা দুটা সৰল বচন – (ক) লক্ষ্মীনাথ বেজবৰুৱা হয় চুটি গল্পৰ স্রষ্টা আৰু (খ) ‘লক্ষ্মীনাথ বেজবৰুৱা হয় নাট্যকাৰ’ক সংযোগ কৰি এটা বচনৰ ৰূপত প্ৰকাশ কৰা হৈছে। যৌগিক বচনত এটাতকৈ বেছি সৰল বচন হৈ থকা বাবে এনে বচনক আণৱিক বচনো বুলি ক’ব পাৰি। যৌগিক বচন মূলতঃ চাৰি প্ৰকাৰৰ। যেনে – (ক) সংযোজক বচন (খ) নিহিতার্থক বচন (গ) বিয়োজক বচন (ঘ) বৈকল্পিক বচন।

সংযোজক বচনত দুটা বচনৰ মাজত ‘আৰু’, ‘কিন্তু’ আদি শব্দৰ সংযোগ স্থাপন কৰা হয়। নিহিতার্থক যৌগিক বচনত দুটা সৰল বচন ‘যদি.…… তেন্তে’ শব্দ দুটাৰ দ্বাৰা সংযোগ কৰা হয়। আকৌ বিয়োজক বচনত দুটা সৰল বচনক ‘বা’, ‘অথবা’, ‘নাইবা’ আদি শব্দৰ দ্বাৰা সংযোগ কৰি অভিব্যপী অৰ্থত প্ৰকাশ কৰা হয়। বৈকল্পিক বচনত সৰল বচন ‘বা’, ‘নাইবা’ শব্দৰ দ্বাৰা যোগ কৰি ঐকান্তিক অৰ্থত প্ৰকাশ কৰা হয়৷

প্রশ্ন ৫। যৌগিক বচন বুলিলে কি বুজা ? যৌগিক বচনসমূহৰ বিভিন্ন প্ৰকাৰৰ উদাহৰণেৰে সৈতে সংজ্ঞা দিয়া।

উত্তৰ:- (Compound proposition) : দুটা বা ততোধিক সৰল বচন লগ হৈ যৌগিক বচন গঠন কৰা হয়। যৌগিক বচনত কেইটামান সৰল বচন উপাদান (component) হিচাপে থাকে। যেনে – ‘ৰবি স্কুললৈ গৈছিল আৰু ৰাজেশ বজাৰলৈ গৈছিল।’ যৌগিক বচনত যিবোৰ সৰল বচন লগ লগাই যৌগিক বচনটো গঠন কৰা হয় সেই সৰল বচনবোৰ একেলগে বিচাৰ কৰিব লাগে। এই যৌগিক বচনত সৰল বচন সংযোগ কৰা সংযোজকবিলাক ‘যদি তেস্তে’, ‘হয়-নহয়’, ‘অথবা’, ‘উভয়ে নহয় …… আক’ …… ইত্যাদি হ’ব পাৰে। এই যৌগিক বচন চাৰি প্ৰকাৰৰ – ১। সংযোজক বচন (Conjunctive proposition), ২। সম্বন্ধাত্মক বচন (Implicative proposition), ৩। বৈকল্পিক বচন (Alternative proposition) আৰু ৪। বিকল্পাত্মক বচন (Disjunctive proposition)। উল্লেখ কৰিব পাৰি যে এই যৌগিক বচনৰ ঠাই P.g আৰু প্ৰতীক ব্যৱহাৰ কৰিব পাৰি। সাধাৰণতে P আৰুq প্রতীক ব্যৱহাৰ কৰি বচন জোৰা লগোৱা হয়। P আৰু q প্রতীকে এই বচনবোৰ প্ৰতিনিধিত্ব কৰে।

১। সংযোজক বচন : দুটা বা তাতোকৈ বেছি বচন লগলগাই যি মৌলিক বচন গঠন কৰা হয় তাক সংযোজক বচন বোলে। যেনে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য আমাৰ কলেজলৈ আহিল আৰু ছাত্ৰ-ছাত্ৰীসকলে তেখেতক সম্বর্ধনা জনালে। ইয়াত ‘আৰু’ শব্দটো ব্যৱহাৰ কৰি দুটা সৰল বচনক সংযোগ কৰা হৈছে। এইদবে ‘আৰু’ শব্দটোৰ দ্বাৰাই দুটা বা ততোধিক সৰল বচন সংযোগ কৰি এটা যৌগিক একক বচন গঠন কৰা হয়। এই সংযোজক বচনৰ প্ৰতীকাত্মক ৰূপ হ’ল – P আৰু q। ইয়াক এনেকৈ প্ৰকাশ কৰা হয় ‘P.q’ ‘(.)’ চিনটো (Logical constant) তৰ্কীয় অধিকাৰী।

২। সম্বন্ধাত্মক বচন ঃ যি যৌগিক বচনত এটা উপাদান বচনে আন এটা উপাদান বচনক নিৰ্দেশ কৰে তাক সম্বন্ধাত্মক বচন বোলে। যেনে – ‘যদি বৰষুণ দিয়ে তেন্তে মই কলেজলৈ নাযাওঁ।’ যি বচনে আন এটা বচনক নির্দেশ কৰে তাক ‘সম্বন্ধক’ আৰু যি বচনে ‘সম্বন্ধক’ (Implicants) অনুসৰণ কৰে তাক ‘সংশ্লিষ্ট’ (Implicate) বোলা হয়। ইয়াত সম্বন্ধকৰ ঠাইত ‘P’ আৰু সংশ্লিষ্টৰ ঠাইত ‘q’ প্রতীক ব্যৱহাৰ কৰি ‘P g’ সম্বন্ধক বচনৰ প্ৰতীকাত্মক ৰূপ প্ৰকাশ কৰা হয়। এই বচনত – চিনটোৱে তার্কিক অবিকাৰী ‘তাৎপর্য নিৰ্দেশ কৰে।

৩। বৈকল্পিক বচনযি যৌগিক বচনত দুটা বা ততোধিক বিকল্প আছে তাক বৈকল্পিক বচন বোলে। যেনে – হিয় আমটো মিঠা নহয় টেঙা।’ বৈকল্পিক বচনৰ উপাদান বচনকেইটাক ‘একাত্তৰ’ (Alternents) বোলা হয়।

ইয়াত প্ৰতীকৃাত্মক ৰূপ হ’ল – ‘P Vq’। ‘হয়’ ‘নহয়’ শব্দৰ ঠাইত ‘V’ চিন ব্যৱহাৰ কৰা হয়৷ এই বৈকল্পিক বচনত ‘V’ প্রতীকটো তার্কিক অবিকাৰী ‘Logical Constant’।

৪। বিকল্পাত্মক বা বিযোজক বচনঃ যি যৌগিক বচনত দুয়োটা উপাদান বচন একেলগে সঁচা হ’ব নোৱাৰে তাকে বিকল্পাত্মক বা বিযোজক বচন বোলে। এই বচনৰ উপাদানকেইটাক ‘বিকল্প’ (Disjuncts) বোলা হয়। উদাহৰণ – ‘চক্ৰেটিছ জ্ঞানী আৰু মূর্খ উভয়ে নহয়।’

ইয়াত বিকল্পৰ কাৰণে P আৰু q ব্যৱহাৰ কৰা হয়। এই বচনৰ প্ৰতীকাত্মক ৰূপ হ’ল – (P.g) 1

প্রশ্ন ৬। সামান্য বা সাধাৰণ বচন বুলিলে কি বুজা? উদাহৰণেৰে সৈতে সামান্য বচনৰ স্বৰূপ বা প্রকৃতি ব্যাখ্যা কৰা। 

উত্তৰ:- যি বচনে দুটা শ্ৰেণীৰ মাজত থকা সম্বন্ধক উল্লেখ কৰে বা ব্যক্ত কৰে সেই বচনক সাধাৰণ বা সামান্য বচন (General proposition) বোলে। অর্থাৎ যি বচনে এটা জাতি বা শ্ৰেণীক আন এটা জাতি বা শ্ৰেণীৰ আংশিকভাৱে বা সম্পূর্ণভাবে অন্তর্ভুক্ত বা বহির্ভূত বুলি ব্যক্ত বা উল্লেখ কৰে সেই বচনকে সাধাৰণ বা সামান্য বচন বোলে। এই জাতি বা শ্ৰেণী দুটাৰ সম্বন্ধ চাৰি প্ৰকাৰৰ হ’ব পাৰে। যেনে 

১। সকলো মানুহ হয় প্রাণী (সম্পূর্ণভাৱে অন্তর্ভুক্ত) 

২। কোনো দার্শনিক কবি নহয় (সম্পূর্ণভাৱে বহির্ভূত) 

৩। কিছুমান দার্শনিক হয় কবি (আংশিকভাবে অন্তর্ভুক্ত) 

৪। কিছুমান দার্শনিক নহয় ৰাজনীতিজ্ঞ (আংশিকভাৱে বহির্ভূত)।

ওপৰত উল্লেখ কৰা উদাহৰণৰ প্ৰথম দুটা সার্বিক বচন আৰু পিছৰ দুটা বিশেষ বচন। প্ৰথমটো বচনত ‘মানুহ’ সম্পূৰ্ণভাৱে প্ৰাণীৰ অস্তৰ্ভুক্ত। দ্বিতীয়টোৰ ‘দার্শনিক সম্পূর্ণভাৱে ‘কবি’ব বহির্ভূত। তৃতীয়টোত ‘দার্শনিক’ আংশিকভাৱে ‘কবি’ৰ অন্তৰ্ভুক্ত। চতুৰ্থটোত ‘‘দার্শনিক’ আংশিকভাৱে ‘ৰাজনীতিজ্ঞ’ৰ বহির্ভূত। এনে সার্বিক বচনত দুটা ধৰ্ম বা বৈশিষ্ট্যৰ মাজত সম্পর্ক দেখুওৱা হয়। এই বচনে কোনো বিশেষ ব্যক্তি বা বস্তুক নির্দেশ নকৰে। এই সামান্য বচন উদ্দেশ্য-বিধেয় আকাৰৰ বচনতকৈ পৃথক। সামান্য বচনত দুটা জাতি বা শ্ৰেণীৰ ধৰ্ম বা লক্ষণক ব্যক্তিৰ পৰা পৃথককৈ দুয়োৰে মাজত সম্বন্ধ দেখুওৱা হয়। এই সামান্য বচন তিনিপ্ৰকাৰৰ হ’ব পাৰে। যেনে,

১। সত্তা বা অস্তিত্বমূলক বচন। 

২। বিশুদ্ধ সাধাৰণ বা সামান্য বচন।, 

৩। শ্ৰেণী সম্বন্ধসূচক সামান্য বচন। 

১। সত্তা বা অস্তিত্বমূলক সামান্য বচন যি সামান্য বচনত প্ৰত্যক্ষভাৱে কোনো বস্তুৰ অস্তিত্ব স্বীকাৰ বা অস্বীকাৰ কৰে তেনে সামান্য বচনক অস্তিত্বমূলক সামান্য বচন বোলে৷ যেনেঃ (ক) কুলি চৰাই আছে, (খ) পৰী নাই। 

২। বিশুদ্ধ সাধাৰণ বা সামান্য বচন যি সামান্য বচনত সমগ্ৰ বিশ্বৰ বিষয়ে কোনো গুণ বা ধৰ্ম স্বীকাৰ বা অস্বীকাৰ কৰে তেনে সামান্য বচনক বিশুদ্ধ সামান্য বচন বোলে। যেনেঃ ১। সকলো বস্তু পৰিবৰ্তনশীল, ২। কোনো বস্তু স্থায়ী নহয়।

৩। শ্রেণী সম্বন্ধসূচক সামান্য বচন যি সামান্য বচনত কোনো এটা জাতি বা শ্রেণীক সামগ্রিক বা আংশিকভাৱে আন এটা জাতি বা শ্ৰেণীৰ অন্তর্ভুক্ত বা বর্হিগত বুলি উল্লেখ কৰে তেনে সামান্য বচনক শ্রেণী সম্বন্ধসূচক সামান্য বচন বোলে। এনে শ্রেণী সম্বন্ধসূচক সামান্য বচনেই বেছি। যেনে : সকলো ভাৰতীয় হয় এছীয়।

প্রশ্ন ৭। সৰল বচন কাক বোলে? বিভিন্ন প্ৰকাৰৰ সৰল বচনসমূহৰ প্ৰত্যেকৰে সংজ্ঞা দিয়া। 

উত্তৰ:- বচন হ’ল এক বা একাধিক উক্তি। এই উক্তিৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি আধুনিক তর্কবিদসকলে বচনক দুটা ভাগত ভাগ কৰিছে। 

১। সৰল বচন (Simple proposition)। 

২। যৌগিক বচন (Compound proposition)  

সৰল বচনঃ সাধাৰণতে সৰল বচনত এটাই মাত্ৰ উক্তি থাকে। গতিকে এক উক্তি বিশিষ্ট বচনকে সৰল বচন বোলে। যেনে বাধাকৃষ্ণণ এজন দার্শনিক’। উপৰি উক্ত উদাৰণটোত এটাই মাত্ৰ উক্তি আছে। এনে বচনকে সৰল বচন বোলে। সৰল বচনক পাৰমাণৱিক (Atomic) বচন বুলিও কোৱা হয়। সবল বচনক আন কোনো বচনলৈ বিশ্লেষণ কৰিব নোৱাৰি। সৰল বচনৰ বিভিন্ন প্ৰকাৰবোৰ তলত দিয়া হ’ল— সৰল বচন চাৰিপ্ৰকাৰ : 

(১) উদ্দেশ্যবিহীন বচন (Subjectless proposition),

(২) উদ্দেশ্য-বিধেয় বচন (Subject-predicate proposition),

(৩) সম্বন্ধবাচক বচন (Relational proposition), 

(৪) শ্রেণীসদস্যতা বচন (Class membership proposition)।

১। উদ্দেশ্যবিহীন বচন (Subjectless proposition)  : যি বচনত উদ্দেশ্য নথকাকৈ বচন হিচাপে পৰিগণিত হয় তাক উদ্দেশ্যবিহীন বচন বোলে। বচনৰ সৰলতম প্ৰকাৰ হ’ল এই উদ্দেশ্যবিহীন বচন । সাধাৰণতে এই বচনবোৰৰ বেছিভাগেই আৱেগবোধক। উদাহৰণস্বৰূপে : সাপ! সাপ! চোৰ চোৰ। ইমান যে গৰম!

এনে বচনৰ উক্তিটো অস্পষ্ট। কিন্তু এনে ধৰণে কোনো ঘটনাৰ সংবাদ প্রকাশ তাক উদ্দেশ্যবিহীন বচন বোলে৷ কৰিলে

২। উদ্দেশ্য-বিধেয় বচন (Subject-predicate proposition) : যি বচনত বিধেয় পদটোৱে উদ্দেশ্য পদৰ কোনো গুণ বা বৈশিষ্ট্যৰ বিষয়ে কিবা কয়, তেনে বচনক উদ্দেশ্য বিধেয় বচন বোলে। উদাহৰণস্বৰূপে: (ক) ৰাম অযোধ্যাৰ ৰজা আছিল। উক্ত বচনটোত বিধেয় পদে উদ্দেশ্যৰ কোনো গুণ বা বৈশিষ্ট্য ব্যাখ্যা কৰিছে। 

৩। সম্বন্ধবাচক বচন (Relational Proposition) : যি বচনে ইয়াৰ অন্তৰ্গত দুই বা ততোধিক উপাদান বা অবয়বৰ মাজত থকা সম্বন্ধ প্ৰকাশ কৰে, তেনে বচনকে সম্বন্ধবাচক বচন বোলে৷ এনে বচনত অবয়ব বা উপাদানবোৰৰ সম্বন্ধ দুটা বা ততোধিক উদ্দেশ্য পদৰ মাজতহে হ’ব পাৰে। উদ্দেশ্য আৰু বিধেয়ৰ মাজত নহয়।

উদাহৰণস্বৰূপে১। গুৰুৱে শিষ্যক মৰম কৰে। ২। ভগ্নীয়ে ভাতৃক ৰাখী পিন্ধাইছে। ওপৰোক্ত বচনবোৰত সম্বন্ধটো যিটো উদ্দেশ্য পদৰপৰা সম্বন্ধই গতি কৰে তাক নিদ্দেশ্য (referent) আৰু যিটো উদ্দেশ্যলৈ গতি কৰে তাক সম্বন্ধী (relatum) বোলা হয়। 

৪। শ্রেণীসদস্যতা বচন (Class membership proposition) : যি বচনত কোনো ব্যক্তি বা বস্তুক কোনো এটা জাতি বা শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰি প্ৰকাশ কৰা হয়, তেনে বচনক শ্রেণী সদস্যতা বচন (class membership proposition) বোলা হয়। উদাহৰণ——

১। হেম বৰুৱা এজন বিখ্যাত ৰাজনীতিবিদ আছিল।

২। শঙ্কৰদেৱ এজন অসমীয়া লোক।

ইয়াত প্ৰত্যেকটো বচনে একোজন ব্যক্তিক এটা জাতিৰ বা শ্ৰেণীৰ সদস্য হিচাপে প্ৰকাশ কৰিছে। 

প্রশ্ন ৮। আধুনিক তর্কবিজ্ঞানত সামান্য বচন বুলিলে কি বুজা? সামান্য বচনৰ বিভিন্ন

প্ৰকাৰসমূহ উল্লেখ কৰি প্ৰত্যেকৰে একোটাকৈ উদাহৰণ দিয়া। উত্তৰ আধুনিক তর্কবিজ্ঞানত সামান্য বচন বুলিলে শ্রেণী সম্পৰ্কীয় বচনক বুজোৱা হয়। যি বচনত কোনো বস্তুৰ অস্তিত্ব নাইবা সকলো বস্তু সম্পর্কে কোনো গুণ বা ধৰ্মক স্বীকাৰ বা অস্বীকাৰ কৰা হয় বা দুটা শ্ৰেণীৰ মাজত সম্বন্ধ স্থাপন কৰা হয় তাকে সামান্য বচন বোলে।

যেনে – ‘সকলো বস্তু হয় পৰিৱৰ্তনশীল।’ সামান্য বচন প্রধানতঃ তিনি প্ৰকাৰৰ

(ক) অস্তিত্বমূলক সামান্য বচন 

(খ) একবিধেয়যুক্ত সামান্য বচন আৰু 

(গ) শ্রেণী সম্পৰ্কীয় সামান্য বচন।

(ক) অস্তিত্বমূলক সামান্য বচন : যি সামান্য বচনত কোনো বস্তুৰ অস্তিত্ব স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাকে অস্তিত্বমূলক সামান্য বচন বোলে। যেনে— কোনো দেৱতা নাই। বচনটোৰ অৰ্থ হৈছে যে এই পৃথিৱীত দেৱতাৰ অস্তিত্ব নাই।

(খ) এক বিধেয়যুক্ত সামান্য বচন : যি সামান্য বচনত সমগ্ৰ বিশ্বৰ বিষয়ে কোনো গুণ বা ধৰ্ম স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাকে এক বিধেয়যুক্ত সামান্য বচন বোলে৷ যেনেঃ সকলো বস্তু হয় পৰিৱৰ্তনশীল। এনে বচনত উদ্দেশ্য পদ স্থানত যিকোনো বস্তুকে গ্রহণ কৰিব পাৰি, কিন্তু বিধেয় পদ ‘পৰিৱৰ্তনশীল’ সকলোৰে লগত সংযুক্ত হ’ব; কিয়নো জগতৰ যিকোনো বস্তুৱেই গতিশীল। গতিকে এটা বিধেয় পদেই যিকোনো উদ্দেশ্য পদ সামৰিব অর্থাৎ উদ্দেশ্য সলনি হ’লেও বিধেয় এটাই হ’ব।’

(গ) শ্রেণী সম্পৰ্কীয় সামান্য বচন : যি সামান্য বচনত দুটা জাতি বা শ্ৰেণীৰ মাজত সার্বিক বা আংশিক অন্তর্ভুক্তি অথবা বহিষ্কৰণৰ সম্পৰ্কে প্রকাশিত হয় তাকে শ্রেণী সম্পৰ্কীয় সামান্য বচন বোলে। এই বচনৰ উদাহৰণ হ’ল— সকলো দার্শনিক হয় মানুহ৷ 

প্রশ্ন ৯। শ্রেণী সদস্যতামূলক বচন আৰু সাধাৰণ বচন একেইনে? যদি নহয় দুটা পার্থক্য, উল্লেখ কৰা। 

উত্তৰঃ যি সৰল বচনত কোনো ব্যক্তি, বস্তু বা বিষয়, এটা শ্ৰেণীৰ অন্তৰ্ভুক্ত সদস্যৰূপে প্ৰকাশ কৰা হয় তাকে শ্রেণী সদস্যতামূলক বচন বোলে। যেনে – “ড° ভূপেন হাজৰিকা এজন সংগীতজ্ঞ।’ এই বচনটোত ড° ভূপেন হাজৰিকাক সংগীতজ্ঞ শ্ৰেণীটোৰ এজন সদস্যৰূপে দেখুওৱা হৈছে। আনহাতে, শ্রেণী সম্পর্কীয় বচনেই সামান্য বা সাধাৰণ বচনৰ এটা ভাগ। যি বচনত কোনো বস্তুৰ অস্তিত্ব বা সকলো বস্তু সম্পৰ্কত কোনো গুণ বা ধর্মক স্বীকাৰ বা অস্বীকাৰ কৰা হয় বা দুটা শ্ৰেণীৰ মাজত সম্বন্ধ স্থাপন কৰা হয় তাকে সাধাৰণ বা সামান্য বচন বোলে। যেনে—সকলো বস্তু পৰিৱর্তনশীল, সকলো দার্শনিক মানুহ। প্রথম উদাহৰণটোত গুণ সম্পর্কে স্বীকাৰ কৰা হয়। দ্বিতীয় উদাহৰণটোৱে দুটা শ্ৰেণীৰ মাজত সম্বন্ধ স্থাপন সম্পর্কে ব্যক্ত কৰিছে।

শ্ৰেণী সদস্যতামূলক বচনত আৰু সাধাৰণ বচন এক নহয়। দুয়োৰে মাজৰ পাৰ্থক্য তলত উল্লেখ কৰা হ’ল

(ক) শ্রেণী সদস্যতামূলক বচনত কেৱল ‘বিধেয়’ পদটোৱেই এটা শ্রেণী যেনে – ‘ৰুদ্ৰসিংহ হয় এজন ৰজা।’ – এই বচনত ‘ৰজা’ শ্ৰেণীৰ অন্তৰ্ভুক্ত হৈছে ৰুদ্ৰসিংহ। গতিকে ইয়াৰ বিধেয় পদটোৱেই কেৱল এটা শ্রেণী।

আনহাতে, সামান্য বচনত উদ্দেশ্য আৰু বিধেয় পদ দুয়োটা পদেই এটা এটা শ্রেণীক বুজায়। যেনে— সকলো দার্শনিক হয় মানুহ— এই বচনত ‘দার্শনিক’ উদ্দেশ্য আৰু ‘মানুহ’ বিধেয়। আৰু এই পদেই দুটা ভিন ভিন শ্রেণীক সূচাইছে। 

(খ) শ্রেণী সদস্যতামূলক বচনত ‘বিধেয় পদটোৱে’ উদ্দেশ্য পদৰ কেৱল গুণ প্রকাশ কৰে। যেনে— ৰাহুল দ্রাবিড় হয় এজন খেলুৱৈ। ইয়াত বিধেয় পদ ‘খেলুৱৈ’য়ে উদ্দেশ্য পদ ৰাহুল দ্রাবিড়’ৰ গুণ প্ৰকাশ কৰিছে।

কিন্তু সামান্য বা সাধাৰণ বচনত ‘উদ্দেশ্য’ আৰু ‘বিধেয়’ পদৰ মাজত সম্পর্কহে প্ৰকাশ কৰা হয়। উদাহৰণস্বৰূপে কোনো মানুহ নহয় দেৱতা— এই বচনত উদ্দেশ্য পদ ‘মানুহ’ আৰু বিধেয় পদ ‘দেৱতা’ৰ মাজত নঞর্থক সম্পৰ্ক প্ৰকাশ কৰা হৈছে।

প্রশ্ন ১০। পৰম্পৰাগত বচনৰ শ্ৰেণীবিভাজনৰ দোষবোৰ কি কি? 

উত্তৰ:- বচনৰ পৰম্পৰাগত শ্ৰেণীবিভাজনৰ প্ৰধান দোষবোৰ হ’ল

(১) আধুনিক তর্কবিজ্ঞানীসকলৰ মতে পৰম্পৰাগত শ্রেণীবিভাজনত সৰল আৰু যৌগিক বচনৰ মাজত কোনো স্পষ্ট পার্থক্য নির্ণয় কৰা হোৱা নাই। কাৰণ পৰম্পৰাগত তর্কবিজ্ঞানীসকলে দুয়ো প্ৰকাৰৰ বচনৰ পাৰ্থক্যসমূহ ব্যাকৰণ সন্মত বা পৰাবিজ্ঞানমূলক বিবেচনাৰ ওপৰত নিৰ্ভৰশীল বুলি প্ৰকাশ কৰে।

(২) দ্বিতীয়তে, সাপেক্ষ বচনৰ দুটা ভাগ— সকল্পক আৰু বিকল্পক বচনক পৰম্পৰাগত তর্কবিজ্ঞানীসকলে বচনৰ উপৰুৱা আলোচনা বা বাহ্যিক বুলি ভাবে। তেওঁলোকৰ এই দুই প্ৰকাৰৰ বচনক চৰ্তমূলক বুলি কৈ এনে বচনৰ প্ৰকৃত স্বৰূপ প্ৰকাশ কৰিব নোৱাৰি বুলি বিশ্বাস কৰে। সেইবাবে আধুনিক তর্কবিজ্ঞানীসকলে বচনৰ পৰম্পৰাগত বিভাজন যথাযথ আৰু পুংখানুপুংখভাৱে কৰা হোৱা নাই বুলি বিবেচনা কৰে।

(৩) আকৌ চতুর্বর্গীয় শ্রেণীবিভাজন পর্যালোচনা কৰিলে দেখা যায় যে এই শ্রেণীবিভাগত সকলো পদেই শ্রেণীক বুজায়। দ্বিতীয়তে উদ্দেশ্য আৰু বিধেয়ৰ মাজৰ সম্ভৱপৰ সম্পৰ্ক হ’ল অন্তর্ভুক্তিকৰণ বা বহিষ্কৰণৰ সম্পর্ক। তদুপৰি বিধেয় পদে উদ্দেশ্য পদৰ গুণ বা বৈশিষ্ট্য স্বীকাৰ বা অস্বীকাৰ কৰিব লাগিব। আধুনিক তর্কবিজ্ঞানীসকলে আঙুলিয়াই দিয়ে যে শ্রেণীবাচক পদৰ অন্তৰ্ভুক্তিকৰণ বা বহিষ্কৰণ প্ৰশ্নটো কেৱল অপ্রাসংগিকেই নহয়, নির্থকো।

গতিকে, আধুনিক তর্কবিজ্ঞানীসকলে বচনৰ পৰম্পৰাগত শ্রেণীবিভাজন বিজ্ঞানসম্মত নহয় বুলি মন্তব্য প্রকাশ কৰে।

প্রশ্ন ১০। বচনৰ আধুনিক শ্রেণীবিভাজন আলোচনা কৰা।

উত্তৰ ঃ আধুনিক তর্কবিজ্ঞানীসকলে বচনৰ আধুনিক শ্রেণীবিভাজন তিনিটা ভাগত ভাগ কৰিছে–সৰল বচন, যৌগিক বচন, সাধাৰণ বচন।

(১) সৰল বচনযি বচনত এটা মাত্ৰ উক্তি প্রকাশিত হয় তাকে সবল বচন বোলে। বচনসমূহৰ ভিতৰত সৰল বচন হ’ল ক্ষুদ্রতম বচন। সেয়ে এনে বচনক আন কোনো বচনলৈ বিশ্লেষণ কৰিব নোৱাৰি। গতিকে সৰল বচনক পাৰমাণৱিক বচন বুলি ক’ব পাৰি। যেনে – শংকৰদেৱ হয় এজন মহাপুৰুষ। সৰল বচন চাৰি প্ৰকাৰৰ 

(ক) উদ্দেশ্যবিহীন বচন : যি সৰল বচনত উদ্দেশ্য পদটো স্পষ্টকৈ উল্লেখ নাথাকে তাকে উদ্দেশ্যবিহীন বচন বোলে। যেনে—— জুই!, যোৱা!

(খ) উদ্দেশ্য-বিধেয় আকাৰৰ বচন : যি বচনত স্পষ্টকৈ এটা উদ্দেশ্য আৰু এটা বিধেয় পদ থাকে আৰু উদ্দেশ্য পদৰ কোনো গুণ বা বৈশিষ্ট্যৰ বিষয়ে বিধেয় পদে স্পষ্টকৈ উল্লেখ কৰে তাক উদ্দেশ্য-বিধেয় আকাৰ বচন বোলে। যেনে – ৰাম হয় বিষ্ণুৰ অৱতাৰ। সকলো

মানুহ হয় বুদ্ধি বৃত্তিসম্পন্ন।

(গ) সম্বন্ধাত্মক বচনযি বচনত বচনটোৰ অন্তৰ্গত উপাদানসমূহৰ মাজত থকা সম্বন্ধ প্রকাশ পায়, তাকে সম্বন্ধাত্মক বচন বোলে। যেনে— গুৰুৱে কৰে শিষ্যক মৰম। 

(ঘ) শ্রেণী সদস্যতা বচন : যি সৰল বচনত কোনো ব্যক্তি, বস্তু বা বিষয়, এটা শ্ৰেণীৰ অন্তর্ভুক্ত সদস্যৰূপে প্ৰকাশ কৰা হয়, তাকে শ্রেণী সদস্যতামূলক বচন বোলে৷ যেনে— ড° ভূপেন হাজৰিকা হয় সংগীতজ্ঞ।

(২) যৌগিক বচন ঃ দুই বা ততোধিক সৰল বচন সংযোজন কৰি একক ৰূপত যি বচন -গঠন কৰা হয়, তাকে যৌগিক বচন বোলে। যেনে— ড° ভূপেন হাজৰিকা হয় সংগীতজ্ঞ আৰু চিত্ৰ পৰিচালক। যৌগিক বচনত এটাতকৈ বেছি সৰল বচন নিহিত থকা বাবে এনে বচনক আণৱিক বচন বুলিও কোৱা হয়। যৌগিক বচন চাৰি প্ৰকাৰৰ – 

(ক) সংযোজক বচন : যি বচনত দুটা সৰল বচনক ‘আৰু’, ‘কিন্তু’ আদি শব্দৰ দ্বাৰা সংযোগ কৰি গঠন কৰা হয় তাকে সংযোজক বচন বোলে। যেনে— কবীৰ এজন সমাজ সংস্কাৰক কিন্তু তেওঁ নিৰক্ষৰ আছিল ৷

(খ) নিহিতার্থক বচন : যি বচনত দুটা সৰল বচনক ‘যদি… তেন্তে’ শব্দ দুটাৰ দ্বাৰা সংযোগ কৰি গঠন কৰা হয়, তাকে নিহিতার্থ বচন বোলে। যেনে – যদি বৰষুণ দিয়ে মই কলেজলৈ নাযাওঁ।

(গ) বিয়োজক বচন ঃ যি যৌগিক বচনত দুটা সৰল বচনক ‘বা’, ‘অথবা’, ‘নাইব৷’ আদি শব্দৰ দ্বাৰা সংযোগ কৰি অভিব্যাপি অৰ্থত প্ৰকাশ কৰা হয় তাকে বিয়োজক বচন বোলে। যেনে— ছক্ৰেটিছ জ্ঞানী অথবা মূর্খ। 

(ঘ) বৈকল্পিক বচনযি যৌগিক দু’টা সৰল বচনক ‘অথবা’, ‘বা’, ‘নাইবা’, ‘হয়… নহয়’ আদি শব্দৰ দ্বাৰা সংযোগ কৰি ঐকান্তিক অৰ্থত প্ৰকাশ কৰা হয় তাকে বৈকল্পিক বচন বোলে। যেনে— হয় আমটো মিঠা নহয় টেঙা।

(ঙ) সামান্য বা সাধাৰণ ৰচনঃ যি বচনত কোনো বস্তুৰ অস্তিত্ব বা বস্তুৰ গুণ বা ধৰ্মক স্বীকাৰ বা অস্বীকাৰ কৰা হয় বা দুটা শ্ৰেণীৰ মাজত সম্বন্ধ স্থাপন কৰা হয় তাক সাধাৰণ বা সামান্য বচন বোলে। যেনে – সকলো বস্তু পৰিৱৰ্তনশীল।

সাধাৰণ বচন তিনি প্ৰকাৰৰ

(ক) অস্তিত্বমূলক সাধাৰণ বচন : যি সাধাৰণ বচনত কোনো বস্তুৰ অস্তিত্ব স্বীকাৰ বা অস্বীকাৰ কৰা হয়, অস্তিত্বমূলক সাধাৰণ বচন বোলে। যেনে— কোনো দেৱতা নাই। 

(খ) এক বিধেয়যুক্ত সাধাৰণ বচন যি সাধাৰণ বচনত এই জগতৰ সকলোবস্তু সম্পর্কে কোনো গুণ বা ধর্মক স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাকে এক বিধেয়যুক্ত সাধাৰণ বচন বোলে৷ যেনে – সকলো বস্তু পৰিৱৰ্তনশীল। 

(গ) শ্রেণী সম্পৰ্কীয় সাধাৰণ বচন : যি বচনত দুটা শ্রেণী বা জাতিৰ মাজত সার্বিক বা আংশিক অন্তর্ভুক্তি বা বহিষ্কৰণৰ সম্পৰ্ক প্ৰকাশ কৰা হয় তাক শ্রেণী সম্পৰ্কীয় সাধাৰণ বচন বোলে। যেনে—সকলো ভাৰতীয় হয় এছীয়। 

প্রশ্ন ১১। সম্বন্ধাত্মক বচন কি? উদাহৰণসহ আলোচনা কৰা।

উত্তৰঃ যি সৰল বচনত বচনটোৰ অন্তৰ্গত উপাদানসমূহৰ মাজত থকা সম্বন্ধ প্রকাশ পায় তাকে সম্বন্ধাত্মক বচন বোলে ৷ যিকেইটা উপাদানৰ মাজত সম্বন্ধৰ দাবী কৰা হয়, সেইকেইটাক ‘সম্বন্ধসূচক পদ’ বুলি কোৱা হয়। সম্বন্ধ কৰা পদকেইটাক ‘উদ্দেশ্য’ বা ‘বিধেয়’ বুলি কোৱা নাযায় ৷ সকলোবোৰ পদেই সম্বন্ধবাচক উদ্দেশ্য। ‘ৰামে সীতাক ভাল পাইছিল’ এই সম্বন্ধাত্মক বচন। এটা সম্বন্ধাত্মক বচনত সম্বন্ধ এটাৰ পৰা আনটোলৈ আগবাঢ়ে। ইয়াক সম্বন্ধৰ নিদৰ্শন বা বোধ বোলা হয়। যিটো পদৰ পৰা সম্বন্ধ আগবাঢ়ে, তাক নির্দেশ বোলে। যিটো পদলৈ সম্বন্ধ আগবাঢ়ে তাকে সম্বন্ধী বোলে।

সম্বন্ধাত্মক বচনত উদ্দেশ্য-বিধেয়ৰ মাজৰ সম্বন্ধ প্ৰকাশ কৰা নহয়, ইয়াত উদ্দেশ্য আৰু আৰু উদ্দেশ্য পদৰ মাজতহে কোনো প্ৰকাৰৰ সম্বন্ধ প্ৰকাশ কৰা হয়। ‘ৰামে সীতাক ভাল পাইছিল’— বচনটোত ‘ৰাম’ আৰু ‘সীতা’ উভয়ে উদ্দেশ্য আৰু সেই দুটা উদ্দেশ্য পদৰ মাজত ভালপোৱা সম্পৰ্ক প্ৰকাশ কৰা হৈছে।

সম্বন্ধাত্মক বচনত উদ্দেশ্য-বিধেয়ৰ মাজৰ সম্বন্ধ প্ৰকাশ কৰা নহয়, ইয়াত উদ্দেশ্য আৰু আৰু উদ্দেশ্য পদৰ মাজতহে কোনো প্ৰকাৰৰ সম্বন্ধ প্ৰকাশ কৰা হয়। ‘ৰামে সীতাক ভাল পাইছিল’— বচনটোত ‘ৰাম’ আৰু ‘সীতা’ উভয়ে উদ্দেশ্য আৰু সেই দুটা উদ্দেশ্য পদৰ মাজত ভালপোৱা সম্পৰ্ক

HS First Year Logic And Philosophy Questions Answer তৰ্কবিজ্ঞান আৰু দর্শন

প্রথম খণ্ড – তৰ্কবিজ্ঞান

Unit- IContentsLinks
Unit- IIতর্কবিজ্ঞান ( Logic)
সংজ্ঞা, প্রকৃতি, পৰিসৰ আৰু উপযোগিতা পৰম্পৰাগত আৰু আধুনিক তর্কবিজ্ঞান
Click here
উপসর্গ ( Proposition) :- বচন (Proposition) পদ (Term)Click here
বচন (Proposition)Click here
সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন (Transformation of ordinary sentences to logical proposition)Click here
তৰ্কীয় বচনত পদৰ ব্যাপ্ততা (Distribution of Term In a Logical Proposition)Click here
বচনৰ আধুনিক শ্রেণীবিভাজন (Modern Classification of Proposition)Click here
Unit-IIIঅনুমান, নিৰপেক্ষ ন্যায় ( Inference, Categorical Syllogism)Click here
Unit- IVপ্রতিকাত্মক তর্কবিজ্ঞান ( Symbolic Logic)Click here

দ্বিতীয় খণ্ড – দর্শন

Unit- Vদর্শন (Philosophy)Click here
Unit- VIভাৰতীয় দর্শন ( Indian Philosophy )Click here
Unit- VIIজ্ঞান উৎপত্তি সম্পৰ্কীয় ( Theories of the origin of knowledge )Click here
প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমানClick here
Unit- VIIIবাস্তৱবাদ আৰু ভাৱবাদ (Realism and Idealism)Click here

This Post Has 2 Comments

Leave a Reply