Class 11 Logic and Philosophy Chapter 2 | উপসর্গ

Class 11 Logic and Philosophy Chapter 2 | উপসর্গ । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 11 Logic and Philosophy Chapter 2 | উপসর্গ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

Hs First Year Question Answer (Assamese Medium)

ইংৰাজী (English)Click Here
অসমীয়া Click Here
हिन्दीClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
তৰ্কবিদ্যা আৰু দর্শন (Logic & Philosophy)Click Here
পৰিৱেশ শিক্ষা ( Environmental Studies)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
সমাজতত্ত্ব (sociology)Click Here
অৰ্থনীতি (Economy)Click Here
ৰাজনীতি (Political Science)Click Here
ভূগোল (Geography)Click Here

HS first year Logic and Philosophy Chapter 2 – উপসর্গ

অতি চমু প্রশ্নোত্তৰ 

(ক) শুদ্ধ উত্তৰ বাছি উলিওৱা :

প্রশ্ন ১। এটা লক্ষণার্থক পদৰ বাচ্যার্থ/লক্ষণার্থ/দুয়োটাই থাকে।

উত্তৰ : দুয়োটা ।।

প্রশ্ন ২। মিলৰ মতে নামবাছক বিশেষ্য পদবোৰ লক্ষণার্থক/অলক্ষণার্থক।

উত্তৰ: অলক্ষণার্থক।

প্রশ্ন ৩। পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ পৰিৱৰ্তন একমুখী/বিপৰীতমুখী। 

উত্তৰ : বিপৰীতমুখী।

প্রশ্ন ৪। অলক্ষণার্থক পদৰ কেৱল বাচ্যার্থ আছে/লক্ষণার্থ নাই/বাচ্যার্থ নাই/বাচ্যার্থ বা লক্ষণার্থ আছে।

উত্তৰ : বাচ্যার্থ বা লক্ষণার্থ আছে।

প্রশ্ন ৫৷ ‘বগা আৰু ক’লা’ এটা বিপৰীত/বিৰুদ্ধ পদৰ উদাহৰণ। 

উত্তৰ : ‘বগা আৰু ক’লা এটা বিপৰীত পদৰ উদাহৰণ।

প্রশ্ন ৬। বিপৰীত পদৰ মাজত মধ্যৱৰ্তী সম্ভাৱনা থাকে/নাথাকে।

উত্তৰঃ বিপৰীত পদৰ মাজত মধ্যৱৰ্তী সম্ভাৱনা থাকে।

প্রশ্ন ৭। পদৰ লক্ষণার্থই বস্তু/গুণক বুজায়।

উত্তৰ:- পদৰ লক্ষণার্থই গুণক বুজায়।

(খ) এটা শব্দ বা এটা বাক্যত উত্তৰ দিয়া ৷

প্রশ্ন ১। অর্থযুক্ত বিশিষ্ট পদৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ অৰ্থযুক্ত বিশিষ্ট পদৰ উদাহৰণটো হ’ল— পৃথিৱীৰ সর্বোচ্চ শৃংগ ।

প্রশ্ন ২। “সকলো শব্দই পদ”― উক্তিটো সঁচানে?

 উত্তৰ : ‘সকলো শব্দই পদ— উক্তিটো সঁচা।

প্রশ্ন ৩৷ ‘সকলো পদেই শব্দ, কিন্তু সকলো শব্দই পদ নহয়’—উক্তিটো সঁচানে?

উত্তৰ: ‘সকলো পদেই শব্দ, কিন্তু সকলো শব্দই পদ নহয়’- উক্তিটো সঁচা।

প্রশ্ন ৪। ‘সেউজীয়া’ আৰু ‘ৰঙা’ পদ দুটা বিপৰীত পদনে ? 

উত্তৰ : ‘সেউজীয়া’ আৰু ‘ৰঙা’— পদ দুটা বিপৰীত পদ।

প্রশ্ন ৫। ‘সকলো শব্দই পদ, কিন্তু সকলো পদেই শব্দ নহয়’- উক্তিটো সত্যনে? 

উত্তৰঃ ‘সকলো শব্দই পদ, কিন্তু সকলো পদেই শব্দ নহয়’— উক্তিটো সত্য নহয় ৷

প্রশ্ন ৬৷ পৰতন্ত্ৰসিদ্ধ শব্দৰ এটা উদাহৰণ দিয়া। 

উত্তৰ : পৰতন্ত্ৰসিদ্ধ শব্দৰ উদাহৰণ হ’ল– ‘সেই’ আৰু ‘এটা’।

প্রশ্ন ৭। এটা অর্থযুক্তবিশিষ্ট পদৰ উদাহৰণ দিয়া। 

উত্তৰ:- অৰ্থযুক্তবিশিষ্ট পদৰ এটা উদাহৰণ হ’ল– অসমৰ বৰ্তমান ৰাজ্যপাল।

প্রশ্ন ৮। পদ বুলিলে কি বুজা? 

উত্তৰঃ যি শব্দ বা শব্দসমষ্টিক তর্ক বাক্যৰ উদ্দেশ্য বা বিধেয় ৰূপে ব্যৱহাৰ কৰিব পাৰি, তাক পদ বোলে৷

প্রশ্ন ৯। সামান্য পদ কি? সামান্যপদৰ পদৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ যি পদে একে অৰ্থত কোনো এটা শ্ৰেণীৰ অন্তৰ্গত অনির্দিষ্ট সংখ্যক বস্তু বা গুণৰ যিকোনো এটাক নির্দেশ কৰে, তাক সামান্য পদ বোলে। উদাহৰণ স্বৰূপে মানুহ।

প্রশ্ন ১০। অৱধাৰণ কাক বোলে ? 

উত্তৰ : দুটা সামান্য ধাৰণা বা প্রত্যয়ক মনতে পৰস্পৰ তুলনা কৰি সংযোগ কৰা প্ৰক্ৰিয়াক অৱধাৰণা বোলা হয়।”

প্রশ্ন ১১। ব্যাহতার্থক পদ মানে কি বুজা?

উত্তৰঃ যি পদে কোনো বস্তুৰ ক্ষেত্ৰত কোনো এটা গুণৰ বৰ্তমান অভাৱ বুজায়, কিন্তু তাৰ সম্ভাৱনাক অস্বীকাৰ নকৰে, তাক ব্যাহতার্থক পদ বোলে। যেন – অন্ধ।

প্রশ্ন ১২। একমুখী পৰিৱৰ্তন কি?

উত্তৰ:- যদি কোনো দুটা বস্তু একে দিশত পৰিৱর্তিত হয়, তেতিয়া সেই পৰিৱৰ্তনক একমুখী পৰিৱৰ্তন বোলে৷

প্রশ্ন ১৩। বিপৰীতমুখী পৰিৱৰ্তন কি?

উত্তৰঃ যদি কোনো দুটা বস্তু পৰস্পৰ বিপৰীত দিশত পৰিৱৰ্তিত হয়, তেতিয়া সেই পৰিৱৰ্তনক বিপৰীতমুখী পৰিৱৰ্তন বোলে৷ 

HS First Year Logic And Philosophy Questions Answer তৰ্কবিজ্ঞান আৰু দর্শন

প্রথম খণ্ড – তৰ্কবিজ্ঞান

Unit- IContentsLinks
Unit- IIতর্কবিজ্ঞান ( Logic)
সংজ্ঞা, প্রকৃতি, পৰিসৰ আৰু উপযোগিতা পৰম্পৰাগত আৰু আধুনিক তর্কবিজ্ঞান
Click here
উপসর্গ ( Proposition) :- বচন (Proposition) পদ (Term)Click here
বচন (Proposition)Click here
সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন (Transformation of ordinary sentences to logical proposition)Click here
তৰ্কীয় বচনত পদৰ ব্যাপ্ততা (Distribution of Term In a Logical Proposition)Click here
বচনৰ আধুনিক শ্রেণীবিভাজন (Modern Classification of Proposition)Click here
Unit-IIIঅনুমান, নিৰপেক্ষ ন্যায় ( Inference, Categorical Syllogism)Click here
Unit- IVপ্রতিকাত্মক তর্কবিজ্ঞান ( Symbolic Logic)Click here

দ্বিতীয় খণ্ড – দর্শন

Unit- Vদর্শন (Philosophy)Click here
Unit- VIভাৰতীয় দর্শন ( Indian Philosophy )Click here
Unit- VIIজ্ঞান উৎপত্তি সম্পৰ্কীয় ( Theories of the origin of knowledge )Click here
প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমানClick here
Unit- VIIIবাস্তৱবাদ আৰু ভাৱবাদ (Realism and Idealism)Click here

প্রশ্ন ১৪। নিম্নলিখিত কোনটো উক্তি শুদ্ধ?

(ক) সকলো পদেই শব্দ নহয়৷

(খ) সকলো শব্দই পদ৷

(গ) কিছুমান শব্দ পদ নহয়।

(ঘ) কোনো শব্দই পদ নহয়৷

উত্তৰ: (গ) কিছুমান শব্দ পদ নহয়৷ 

প্রশ্ন ১। সংজ্ঞা দিয়া

(ক) লক্ষণার্থক পদ 

(খ) অর্থযুক্ত বিশিষ্ট পদ 

(গ) সামান্য পদ

(ঘ) পদ 

(ঙ) লক্ষণার্থ 

(চ) বিশিষ্ট পদ 

(ছ) সাপেক্ষ পদ 

(জ) নঞর্থক পদ।

উত্তৰ: (ক) লক্ষণার্থক পদযি পদে কোনো বস্তু বা বস্তুসমূহক নির্দেশ কৰাৰ উপৰিও সেই বস্তু বা বস্তুসমূহৰ মাজত অন্তর্নিহিত সাধাৰণ আৰু মৌলিক গুণসমূহকো নির্দেশ কবে, সেই পদক লক্ষণার্থক পদ বোলে।

(খ) অর্থযুক্ত বিশিষ্ট পদযি পদে কোনো বস্তু বা ব্যক্তিক বিশেষভাৱে বুজোৱাৰ উপৰি সেই বস্তু বা ব্যক্তিৰ অন্তর্নিহিত গুণ বা লক্ষণক নির্দেশ দিয়ে তাক অর্থযুক্ত বিশিষ্ট পদ বোলে।

(গ) সামান্য পদ : যি পদক একে ধৰণৰ বা একে গুণবিশিষ্ট বহুত বস্তুৰ প্ৰতি প্রয়োগ কৰিব পাৰি তাকে সামান্য পদ বোলে। 

(ঘ) পদঃ যি শব্দ বা শব্দসমষ্টিক তর্ক বাক্যৰ উদ্দেশ্য বা বিধেয় ৰূপে ব্যৱহাৰ কৰিব পাৰি তাক পদ বোলে। 

(ঙ) লক্ষণার্থ : কোনো এটা পদে সেই পদে উল্লেখ কৰা বস্তু বা বস্তুসমূহৰ মাজত যিবোৰ অনিবার্য গুণ অর্থাৎ সাধাৰণ আৰু মৌলিক গুণাৱলীক নির্দেশ কৰে, সেই গুণ বা গুণাৱলীকেই পদটোৰ লক্ষণার্থ বোলে।

(চ) বিশিষ্ট পদঃ যি পদে কেৱল এটা নির্দিষ্ট বস্তু বা গুণক নির্দেশ কৰে, তাক বিশিষ্ট পদ বোলে। 

(ছ) সাপেক্ষ পদ ঃ যি পদৰ অৰ্থ আন কোনো পদৰ সহায়তহে বুজিব পাৰি, অন্যথা পদটোৱেই অর্থহীন হৈ পৰে, তাক সাপেক্ষ পদ বোলে।

(জ) নঞর্থক পদ ঃ যি পদে কোনো বস্তু বা গুণৰ অনস্তিত্ব বা অভাৱক বুজায়, তাক নঞর্থক পদ বোলে।

প্রশ্ন ২। চমুটোকা লিখা

(ক) লক্ষণার্থক পদ 

(খ)পদৰ বাচ্যার্থ 

(গ) বিদ্ধ পদ 

(ঘ) বিপৰীত আৰু বিৰুদ্ধ পদ 

(ঙ) পদৰ বাচ্যাৰ্থ আৰু লক্ষণার্থ 

(চ) অলক্ষণার্থক পদ 

(ছ) অর্থযুক্ত বিশিষ্ট পদ 

উত্তৰ: (ক) লক্ষণার্থক পদ : পদবোৰক সাধাৰণতে দুটা অৰ্থত প্ৰকাশ কৰা হয়— বাচ্যাৰ্থ আৰু লক্ষণার্থ। যি পদে কোনো বস্তু বা বস্তুশ্ৰেণীৰ মাজত নিহিত সাধাৰণ আৰু মৌলিক গুণ বা গুণাৱলী প্ৰকাশ কৰি দেখুৱায় তাক সেই পদৰ লক্ষণার্থক বোলা হয়। যেনে— ‘মানুহ’ পদৰ দ্বাৰা মানুহৰ তাত থকা দুটা অনিবার্য গুণ বা সাধাৰণ আৰু মৌলিক গুণ— ‘প্রাণীবৃত্তি’ আৰু ‘বুদ্ধিবৃত্তি’ক বুজোৱা হয়। এই দুটা গুণক ‘মানুহ’ পদৰ লক্ষণার্থ বোলা হয়। কোনো পদৰ লক্ষণাৰ্থক সাধাৰণতে বাচ্যার্থ সম্পর্কত বুজা যায়। পদ-বাচ্যার্থই বিষয়ৰ প্ৰসাৰ আৰু স্থিতিক বুজায় আৰু লক্ষণার্থই সেই পদৰ গভীৰ্তাক বুজায়। লক্ষণাৰ্থৰ হ্রাস-বৃদ্ধি বাচ্যাৰ্থৰ বিপৰীতে ঘটি থাকে। অর্থাৎ, পদৰ লক্ষণার্থে বাঢ়িলে বাচ্যার্থ কমে, লক্ষণার্থ কমিলে বাচ্যার্থ বাঢ়ে।

(খ) পদৰ বাচ্যাৰ্থ ঃ পদক সাধাণতে দুটা অৰ্থত প্ৰকাশ কৰা হয় – বাচ্যাৰ্থ আৰু লক্ষণার্থ। কোনো পদে একে বস্তু বা বস্তুসমষ্টিক নির্দেশ কৰে, সেই বস্তু সমষ্টিক পদটোৰ বাচ্যার্থ বোলে।

উদাহৰণস্বৰূপে ‘মানুহ’ পদৰ বাচ্যার্থ ‘সকলো মানুহ কাৰণ ‘মানুহ’ পদৰ দ্বাৰা সকলো মানুহকেই বুজোৱা হৈছে। পদব বাচ্যার্থ হ’ল বস্তু নির্দেশক। ই পৰিমাণগত অর্থ প্রকাশ কৰে। একে অৰ্থত যি পদক বস্তু বা বস্তুসমূহৰ ক্ষেত্ৰত আৰোপ কৰা হয়, তাকে পদব ব্যাচাৰ্থ বোলে। বাচ্যার্থই কোনো বস্তুৰ প্ৰসাৰ বা অৱস্থিতিত নির্দেশ কৰে।

(গ) পদৰ বাচ্যাৰ্থ আৰু লক্ষণার্থ: যদি দুটা পৰস্পৰ বিৰোধী পদক যুক্ত কৰিলে সেই পদ দুটাই নির্দেশ কৰা বিষয়বস্তুৰ সম্পূর্ণ নাইকিয়া হৈ যায়, অর্থাৎ বাচ্যার্থ পোৱা যায়, একো অৱশিষ্ট নাথাকে, তেনেহ লৈ পদ দুটাক বিৰুদ্ধ পদ বোলে। যেনে— ৰঙা আৰু অৰঙা– এই পদ দুটা পৰম্পৰ বিৰোধী। দুয়োটা পদ কেতিয়াও একে সময়তে একেটা বস্তুৰ ক্ষেত্ৰত সঁচা হ’ব নোৱাৰে। এই পদ দুটাক যুক্ত কৰিলে ৰঙৰ সম্পূর্ণ বাচ্যার্থক পোৱা যায়। অৰঙা বুলিলে ৰঙা’ক এৰি আন সকলো ৰঙকে বুজায়। গতিকে ‘বঙা’ আৰু ‘অ-ৰঙা’ক লগ কৰিলে ৰঙৰ সম্পূর্ণ বাচ্যার্থক পোৱা যায়।

বিৰুদ্ধ পদ দুটাৰ এটা সদৰ্থক আৰু আনটো নঞর্থক। সদর্থক পদে কোনো বস্তু বা গুণৰ উপস্থিতিক বুজায়। নঞর্থক পদে কোনো বস্তু বা গুণৰ অনুপস্থিতিক বুজায়।

(ঘ) বিপৰীত আৰু বিৰুদ্ধ পদ : বিপৰীত আৰু বিৰুদ্ধ পদ যেতিয়া দুটা পৰস্পৰ বিৰোধী পদক সংযুক্ত কৰি সেই পদে নিৰ্দেশ কৰা বস্তুটোৰ সম্পূর্ণ বাচ্যার্থ পাব নোৱাৰি, তেতিয়া সেই পদ দুটাক পৰম্পৰ বিপৰীত পদ বোলে। যেনে— ক’লা আৰু বগা। ইয়াত বস্তু এটা ক’লা আৰু বগা একেলগ হ’ব নোৱাৰে বা বগা হলে ক’লা হ’ব নোৱাৰে৷ গতিকে এই দুটা পদ বিপৰীত পদ

(ঙ) পদৰ বাচ্যাৰ্থ আৰু লক্ষণার্থ: পদৰ অৰ্থ দুই প্ৰকাৰত ভাগ কৰিব পাৰি পৰিমাণগত আৰু গুণগত পদৰ বাচ্যার্থই পদৰ পৰিমাণগত দিশৰ প্রতি নির্দেশ কৰে। কোনো এটা পদক একে অৰ্থত যি বস্তু বা বজ্ৰসমূহৰ ক্ষেত্ৰত আৰোপ কৰিব পাৰি, সেই বস্তু বা বস্তুসমূহক পদটোৰ বাচ্যার্থ বোলে। উদাহৰণস্বৰূপে, ‘মানুহ’ পদটোৰ বাচ্যাৰ্থ হ’ল পৃথিৱীত যিমান মানুহ আছে, সেই সকলোবোৰেই৷

পদৰ গুণগত অর্থই পদৰ লক্ষণার্থ সূচায়। যি পদে কোনো বস্তু বা বস্তুসমূহৰ মাজত থকা সাধাৰণ আৰু মৌলিক গুণ বা গুণাৱলীক নির্দেশ কৰে, সেই গুণাৱলীকেই পদটোৰ লক্ষণার্থ বোলে ৷ উদাহৰণস্বৰূপে— মানুহ পদৰ লক্ষণাৰ্থ হ’ল ‘প্ৰাণীবৃত্তি’ আৰু বুদ্ধিবৃত্তি’। কাৰণ এই দুয়োটা গুণ মানুহৰ সাধাৰণ আৰু মৌলিক গুণ। ‘মানুহ’ পদে এই শব্দটোৱে বুজোৱা সকলো মানুহৰ গাত থকা সাধাৰণ আৰু মৌলিক গুণ ‘প্রাণীবৃত্তি’ আৰু ‘বুদ্ধিবৃত্তিক’ নির্দেশ কৰে।

(চ) অলক্ষণার্থক পদ ও যি পদে অকল বস্তুকহে নির্দেশ কবে, নাইবা অকল গুণ বা লক্ষণকহে বুজায়, কিন্তু বস্তু আৰু গুণ উভয়কে নুবুজায় তাক অলক্ষণার্থক পদ বোলে। অর্থাৎ যি পদৰ অকল বাচ্যার্থ আছে লক্ষণার্থ নাই, নাইবা যি পদৰ অকল লক্ষণার্থ আছে বাচ্যার্থ নাই

তেনে পদক অলক্ষণার্থক পদ বোলে। যেনে– ৰাম, হৰি, যদু আদি পদবিলাকে একো একোটা বস্তুক নির্দেশ কৰে আনহাতে নম্রতা, শুদ্ধত্য আদিয়ে গুণ বা লক্ষণক সূচিত কৰে। মিল (Mill) ৰ ভাষাত ক’বলৈ গ’লে অলক্ষণার্থক পদে কেৱল গুণীক ব্যক্ত কৰে নাইবা কেৱল গুণ ( Attribute) সূচিত কৰে।

(ছ) অর্থযুক্ত বিশিষ্ট পদ বিশিষ্ট পদ দুইপ্ৰকাৰৰ (1) অর্থযুক্ত বিশিষ্ট পদ আৰু (2) অর্থহীন বিশিষ্ট পদ।

যি বিশিষ্ট পদে কোনো এটা নির্দিষ্ট বস্তু বা ব্যক্তিক বুজোৱাৰ উপৰি সেই বস্তু বা ব্যক্তি বিশেষৰ কোনো গুণৰ নির্দেশ দিয়ে, তাক অর্থযুক্ত বিশিষ্ট পদ বোলে।

যেনে—’ভাৰতৰ বৰ্তমান প্রধানমন্ত্রী’। এই পদটোৱে মাত্ৰ এজন ব্যক্তিক বুজাইছে বুলি ই বিশিষ্ট পদ। লগতে সেই ব্যক্তিগৰাকী যে ভাৰতৰ প্ৰধানমন্ত্ৰী সেই বিশেষ গুণ বা যোগ্যতাৰো ই পৰিচায়ক । গতিকে এই পদ কেৱল বিশিষ্ট পদেই নহয়, ই অর্থযুক্ত বিশিষ্ট পদ। ঠিক তেনেদৰে ‘গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমান উপাচার্য’, ‘পৃথিৱীৰ সর্বোচ্চ শৃংগ’, ‘স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি’ আদিও অর্থযুক্ত বিশিষ্ট পদ।

প্রশ্ন ৩। উদাহৰণ দিয়া : 

(ক) সামান্য পদ, 

(খ) বিশিষ্ট পদ, 

(গ)অর্থযুক্ত বিশিষ্ট পদ, ‘ 

(ঘ) বিপৰীত পদ 

(ঙ) বিৰুদ্ধ পদ 

(চ) সাপেক্ষ পদ 

(ছ) লক্ষণার্থক পদ। 

উত্তৰ: (ক) সামান্য পদ ‘মানুহ’। ‘মানুহৰ দ্বাৰা কোনো এজন বিশিষ্ট মানুহক নুবুজায়।

মানুহ শ্ৰেণীৰ অন্তৰ্গত যিকোনো মানুহকেই একেটা অৰ্থত বুজাব পাৰে ৷ 

(খ) বিশিষ্ট পদ‘পৃথিৱীৰ সৰ্বোচ্চ পর্বত, ব্ৰহ্মপুত্র নদী আদি।

(গ) অর্থযুক্ত বিশিষ্ট পদ’ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি’। 

(ঘ) বিপৰীত পদ : ক’লা আৰু বগা।

(ঙ) বিৰুদ্ধ পদ : ৰঙা আৰু অৰঙা।

(চ) সাপেক্ষ পদ পিতা-পুত্র।

(ছ) লক্ষণার্থক পদ ঃ মানুহ।

প্রশ্ন ৫। পার্থক্য লিখা :

(ক) বিপৰীত আৰু বিৰুদ্ধ পদ। 

(খ) লক্ষণাৰ্থক আৰু অলক্ষণাৰ্থক পদ।

(গ) বিশিষ্ট পদ আৰু সামান্য পদ।

(ঘ)পদ আৰু শব্দ।

(ঙ) পদৰ বাচ্যাৰ্থ আৰু লক্ষণার্থ।

উত্তৰ : (ক) বিপৰীত আৰু বিৰুদ্ধ পদযেতিয়া দুটা পৰস্পৰ বিৰোধী পদক সংযুক্ত কৰি সেই পদে নিৰ্দেশ কৰা বস্তুটোৰ সম্পূৰ্ণ বাচ্যার্থ পাব নোৱাৰি, তেতিয়া সেই পদ দুটাক পৰস্পৰ বিপৰীত পদ বোলে। যেনে— ক’লা আৰু বগা। ইয়াত বস্তু এটা ক’লা আৰু বগা একেলগ হ’ব নোৱাৰে বা বগা হলে ক’লা হ’ব নোৱাৰে। গতিকে এই দুটা পদ বিপৰীত পদ । আনহাতে যেতিয়া দুটা পদে পৰস্পৰে পৰস্পৰ্ক বহিষ্কৃত কৰে আৰু একে সময়তে যেতিয় সিহঁতে সমগ্র বাচ্যার্থক নিঃশেষ কৰে, সেই পদ দুটাকে বিৰোদ্ধী পদ বোলে। যেনে— “শ্বেত অশ্বেত’। এই পদ দুটাই বং সম্বন্ধে সমগ্র বাচ্যার্থকে সামৰি লৈছে। ইহঁত দুয়োটা একেলগে সত্য হ’ব নোৱাৰে; দুয়োটা একেলগে মিছাও হ’ব নোৱাৰে। এটা সঁচা হ’বই লাগিব আৰু আনটো মিছা হ’বই লাগিব। ইহঁত পৰস্পৰ বিৰোধী। 

(খ) লক্ষণার্থক আৰু অলক্ষণার্থক পদ লক্ষণার্থক পদ আৰু অলক্ষণার্থক পদৰ পাৰ্থক্যসমূহ হ’ল— 

(১) লক্ষণার্থক পদে বস্তুৰ পৰিমাণ আৰু গুণ – দুয়োটাকে বুজায়। আনহাতে, লক্ষণার্থক পদে কেৱল পৰিমাণ বা কেৱল গুণকহে বুজায়। 

(২) সকলো সামান্য পদ, অর্থযুক্ত বিশিষ্ট পদসমূহ লক্ষণার্থক। আনহাতে, গুণবাচক বিশিষ্ট পদ আৰু নামবাচক বিশেষ্য পদ অলক্ষণার্থক।

(৩) ‘মানুহ’ পদটো লক্ষণার্থক। কাৰণ ইয়াৰ বাচ্যার্থ ‘সকলো মানুহ’ আৰু লক্ষণার্থ প্রাণীবৃত্তি’ আৰু ‘বুদ্ধিবৃত্তি’— দুয়োটা আছে। আনহাতে, ‘শুভ্রতা’ পদটোৱে কেৱল গুণ বুজায়। সেইবাবে ই অলক্ষণার্থক পদ

(৪) লক্ষণার্থক পদে গুণ থকা ব্যক্তি অর্থাৎ গুণীক নির্দেশ কৰাৰ লগতে গুণকো ব্যক্ত কৰে। কিন্তু অলক্ষণার্থক পদে কেৱল গুণীক অথবা কেৱল গুণক ব্যক্ত কৰে৷

(গ) বিশিষ্ট পদ আৰু সামান্য পদ বিশিষ্ট পদে এটা অৰ্থত এটা নির্দিষ্ট বস্তু বা গুণক নির্দেশ কৰে। আনহাতে, সামান্য পদে কোনো এটা শ্ৰেণীৰ অন্তৰ্গত অনির্দিষ্টসংখ্যক বস্তু বা গুণৰ যিকোনো এটাক নির্দেশ কৰে৷

বিশিষ্ট পদে কেৱল লক্ষণার্থ বা বাচ্যার্থক সামৰি লয়। কিন্তু সামান্য পদে লক্ষণার্থ আৰু বাচ্যার্থ-উভয়কে সামৰে। সামান্য পদবোৰক জাতি বা শ্ৰেণীবাচক পদ বুলিও কোৱা হয়। আনহাতে, বিশিষ্ট পদে কেৱল এটা বস্তুক এটা গুণক বুজায়। বিশিষ্ট পদৰ উদাহৰণ হ’ল – এই কিতাপখন’, ‘ভাৰতৰ বৰ্তমান প্রধানমন্ত্রী’। সামান্য পদৰ উদাহৰণ হ’ল— ‘মানুহ’, ‘গৰু’। 

(ঘ)পদ আৰু শব্দপদ এটা বা এটাতকৈ অধিক শব্দৰে গঠিত হয়। আনহাতে শব্দ এটা বা এটাতকৈ অধিক বৰ্ণৰ দ্বাৰা গঠিত হয়। আনহাতে সকলো পদেই শব্দ, কিন্তু সকলো শব্দই পদ নহয়।

সকলো পদেই শব্দ, কিন্তু সকলো শব্দই পদ নহয়। আনহাতে, অসিদ্ধ শব্দ বা অপদ কেতিয়াও বচনৰ পদ হ’ব নোৱাৰে। কিন্তু নিৰপেক্ষ বা সাপেক্ষভাৱে পদ বচনত উদ্দেশ্য বিধেয়কৰূপে ব্যৱহৃত হ’ব পাৰে।

(ঙ) পদৰ বাচ্যাৰ্থ আৰু লক্ষণার্থ : বাচ্যার্থই পদ এটাই বুজোৱা বস্তুৰ পৰিমাণ বা সংখ্যাক বুজায়। আনহাতে, লক্ষণার্থই পদ এটাই বুজোৱা বস্তুৰ গুণ বা লক্ষণ বুজায়। বাচ্যার্থ আৰু লক্ষণাৰ্থৰ হ্রাস-বৃদ্ধি পৰস্পৰ বিপৰীতমুখী। বাচ্যার্থ বাঢ়িলে লক্ষণার্থ কমে আৰু বাচ্যার্থ কমিলে লক্ষণার্থ বাঢ়ে। আনহাতে, ‘মানুহ’ পদৰ বাচ্যার্থ হ’ল সকলো মানুহ। আনহাতে ‘মানুহ’ পদৰ লক্ষণাৰ্থ হ’ল ‘প্ৰাণীবৃত্তি’ আৰু ‘বুদ্ধিবৃত্তি’।

বাচ্যার্থই পদ এটাৰ দ্বাৰা বুজোৱা বস্তুৰ পৰিমাণক বুজায়। কিন্তু লক্ষণার্থই পদ এটা বুজোৱা বস্তুৰ সাধাৰণ আৰু মৌলিক গুণক বুজায়। 

প্রশ্ন ৫। পদ কাক বোলে?

উত্তৰ : যি শব্দ বা শব্দসমষ্টি আন কোনো শব্দৰ সময় নোলোৱাকৈ নিজে নিজে কোনো বচনৰ উদ্দেশ্য বা বিধেয়কৰূপে ব্যৱহৃত হয় তাক পদ বোলে।

উদাহৰণ স্বৰূপে, ‘মানুহ হয় মৰণশীল’—এই বচনটোত ‘মানুহ’ হ’ল ‘উদ্দেশ্য’ ‘মৰণশীল’ হ’ল বিধেয়। আন শব্দৰ সহায় নোলোৱাকৈ দুয়োটা শব্দই অর্থাৎ ‘মানুহ’ আৰু ‘মৰণশীল’ যথাক্রমে বচনটোৰ উদ্দেশ্য আৰু বিধেয়ৰূপে ব্যৱহৃত হৈছে। উভয়েই পদ। এটা পদ কেতিয়াবা এটা শব্দৰ দ্বাৰা বা অধিক শব্দৰ দ্বাৰা গঠিত হয়।

উদাহৰণ— ‘এৰিষ্ট টল হয় এজন ডাঙৰ তর্কবিজ্ঞানী’– এই বচনটোত ‘এৰিষ্ট টল’ শব্দটো হ’ল উদ্দেশ্য আৰু ‘এজন ডাঙৰ তৰ্কবিজ্ঞানী’— এই শব্দসমষ্টিটো হ’ল বিধেয়৷ আন শব্দৰ সহায় নোলোৱাকৈ এই দুটা পদ উদ্দেশ্য আৰু বিধেয় হিচাপে ব্যৱহৃত হৈছে৷ গতিকে ‘এৰিষ্ট টল’ আৰু ‘এজন ডাঙৰ তৰ্কবিজ্ঞানী’— এই দুয়োটাই পদ ৷

প্রশ্ন ৬। সকলো শব্দই কিয় পদ নহয়?

উত্তৰ ঃ সকলো শব্দই পদ নহয়। অর্থযুক্ত কোনো এটা বা একাধিক বৰ্ণৰ সমষ্টিক শব্দ বোলে৷ উদাহৰণস্বৰূপে – সি। অর্থযুক্ত কোনো এটা বর্ণও শব্দ হ’ব পাৰে আৰু অৰ্থযুক্ত এটাতকৈ অধিক বৰ্ণৰ সমষ্টিও শব্দ হয়। যেনে— এটা মানুহ।

‘মুঠতে, কোনো এটা বর্ণ বা এটাতকৈ অধিক বর্ণ লগ হৈ কোনো অর্থ প্ৰকাশ কৰিলে, তাক শব্দ বুলি কোৱা হয়।

আনহাতে, কোনো শব্দ বা শব্দসমষ্টি আন কোনো শব্দৰ সহায় নোলোৱাকৈ নিজে নিজে বচনৰ উদ্দেশ্য বা বিধেয় ৰূপে ব্যৱহৃত হ’লে, তাক পদ বোলে। এটা পদ এটা শব্দ বা এটাতকৈ অধিক শব্দৰ দ্বাৰা গঠিত হ’ব পাৰে। যেনে— প্লেটো হয় এজন প্রখ্যাত দার্শনিক’। এই বচনটোত ‘প্লেটো’ শব্দটো হ’ল উদ্দেশ্য আৰু এজন বিখ্যাত দার্শনিক’ এই শব্দ সমষ্টিটো হ’ল বিধেয়৷ গতিকে দেখা যায় যে প্রতিটো পদ প্রথমতে এটা শব্দ-বা একাধিক শব্দ বা শব্দসমষ্টি হ’ব লাগে। দ্বিতীয়তে, সেই শব্দ বা শব্দ সমষ্টি বচনৰ উদ্দেশ্য বা বিধেয়ৰূপে ব্যৱহৃত হ’ব লাগে ।

সকলো পদ এটা বা এটাতকৈ অধিক শব্দৰে গঠিত হয়। অর্থাৎ সকলো পদেই শব্দ বা শ সমষ্টি৷ কিন্তু যিকোনো শব্দ বা শব্দ সমষ্টিক পদ বুলি ক’ব নোৱাৰি। কিয়নো পদ হ’বলৈ হ’লে। তেনে শব্দ বা শব্দ সমষ্টিয়েই বচনৰ উদ্দেশ্য বা বিধেয়ৰূপে ব্যৱহৃত হ’ব নোৱাৰে। আকৌ বচনত উদ্দেশ্য আৰু বিধেয়ৰূপে ব্যবহৃত নোহোৱালৈকে কোনো শব্দ বা শব্দ সমষ্টি প নহয়৷ গতিকে, প্রত্যেক শব্দই পদ হ’ব নোৱাৰে।

প্রশ্ন ৭ পদৰ লক্ষণার্থ কি? 

উত্তৰ পদৰ অৰ্থ দুই প্ৰকাৰৰ পৰিমাণগত আৰু গুণগত পদৰ গুণগত অর্থই হ’ল পদটোৰ লক্ষণার্থ।

কোনো এটা পদে সেই পদটোৱে বুজোয়া বস্তু বা বস্তুসমূহৰ মাজত থকা যি সাধাৰণ আৰু মৌলিক গুণ বা গুণাৱলীক নির্দেশ কবে, সেই সাধাৰণ আৰু মৌলিক গুণ বা গুণাৱলীত পদটোৰ লক্ষণার্থ বোলে ৷ উদাহৰণ — ‘মানুহৰ পদৰ লক্ষণাৰ্থ হ’ল ‘প্রাণীবৃত্তি’ আৰু ‘বুদ্ধিবৃত্তি’। এই দুটা মানুহৰ সাধাৰণ আৰু মৌলিক গুণ। ‘মানুহ’ পদে ‘সকলো মানুহৰ গাত থকা সাধাৰণ আৰু মৌলিক গুণ ‘প্রাণীবৃত্তি’ আৰু ‘বুদ্ধিবৃত্তিক নির্দেশ কৰে। সকলো প্ৰাণীৰ দৰে মানুহো এক প্ৰকাৰৰ প্ৰাণী ৷ গতিকে,“প্রাণীবৃত্তি’ মানুহৰ এটা সাধাৰণ আৰু মৌলিক গুণ। কিন্তু ‘মানুহ’ আন প্ৰাণীসমূহতকৈ পৃথক ৷ মানুহৰ নিজস্ব আন এটা সাধাৰণ আৰু মৌলিক গুণ আছে— বুদ্ধিবৃত্তি’। এই ‘প্ৰাণীবৃত্তি’ আৰু ‘বুদ্ধিবৃত্তি’ গুণ দুটাৰ মানুহক ‘মানুহ’ বুলি কোৱা হয়। এই দুই গুণ হ’ল ‘মানুহৰ সাৰ্ধৰ্ম৷ গতিকে এয়ে হ’ল পদৰ লক্ষণার্থ। প্রশ্ন 

৮। শব্দ কেই প্ৰকাৰৰ?

উত্তৰ ঃ শব্দক তর্কবিজ্ঞানত তিনিটা ভাগত ভাগ কৰা হৈছে।

(১) স্বতন্ত্রসিদ্ধ শব্দ 

(২) পৰ্বতন্ত্রসিদ্ধ শব্দ 

(৩) অসিদ্ধ শব্দ বা অপদ

(১) স্বতন্ত্রসিদ্ধ শব্দ ঃ যি শব্দই আন কোনো শব্দৰ সহায় নোলোৱাকৈ স্বতন্ত্রভাৱে কোনো বচনৰ উদ্দেশ্য বা বিধেয়কৰূপে ব্যৱহৃত হ’ব পাবে, তাকে স্বতন্ত্রসিদ্ধ শব্দ বোলে। যেনে— ‘মানুহ’, ‘মৰণশীল’, ‘চক্রেটিচ’। এনে শব্দবিলাক আন কোনো শব্দৰ সহায় নোলোৱাকৈ স্বতন্ত্রভাৱে বচনৰ উদ্দেশ্য বা বিধেয়ৰূপে অর্থাৎ পদৰূপে ব্যৱহৃত হ’ব পাৰে৷

(২) পৰতন্ত্ৰসিদ্ধ শব্দযি শব্দই স্বতন্ত্রভাবে কোনো বচনৰ উদ্দেশ্য বা বিধেয়ৰূপে ব্যৱহৃত হ’ব নোৱাৰে, কিন্তু আন শব্দৰ লগত সংযুক্ত হৈ কোনো বচনৰ উদ্দেশ্য বা বিধেয় হিচাপে ব্যৱহৃত হ’ব পাৰে, তাকে পৰতন্ত্রসিদ্ধ শব্দ বোলে। যেন— ‘আৰু’, ‘এটা’, ‘ব’ইত্যাদি। এনে শব্দবোৰ স্বতন্ত্রভাৱে বচনৰ উদ্দেশ্য বা বিধেয়ৰূপে ব্যৱহৃত হ’ব নোৱাৰে। আকৌ উদাহৰণস্বৰূপে লোৱা যাওক ‘এই ফুলপাহ হয় শুভ্ৰ’–এই বচনটোত ‘এই’ শব্দটো ‘ফুলপাহ’ৰ লগত সংযুক্ত হৈ বচনটোৰ উদ্দেশ্য অর্থাৎ পদরূপে ব্যৱহৃত হৈছে। কিন্তু ই স্বতন্ত্রভাবে নোৱাৰে। গতিকে ‘এই’ শব্দটো পৰতন্ত্ৰসিদ্ধ শব্দ।

(৩) অসিদ্ধ শব্দ বা অপদ ঃ যিবিলাক শব্দ স্বতন্ত্রভাৱে বা পতন্ত্রভাৱেও কেতিয়াও কোনো বচনৰ উদ্দেশ্য বা বিধেয়ৰূপে ব্যবহৃত হ’ব নোৱাৰে, তাক অসিদ্ধ শব্দ বা অপদ বোলে। এই শব্দবিলাক কেতিয়াও পদ হ’ব নোৱাৰে। যেনে— উঃ আঃ, হায় আদি অসিদ্ধ শব্দ বা অপদ।

প্রশ্ন ৪। তর্কবিজ্ঞানত অসিদ্ধ শব্দ বা অপদ বুলিলে কি বুজা? এই প্ৰকাৰ শব্দৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ যিবিলাক শব্দ স্বতন্ত্রভাৱে অথবা পৰতন্ত্রভাৱেও কেতিয়াও কোনো বচনৰ উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যবহৃত হ’ব নোৱাৰে, তাক অসিদ্ধ শব্দ বা অপদ বোলে। অসিদ্ধ শব্দবিলাক কেতিয়াও পদ হ’ব নোৱাৰে। যেনে— ‘উঃ’, ‘‘আঃ’, ‘হায়’ আদি অসিদ্ধ শব্দ বা অপদৰ উদাহৰণ। অপদ কেতিয়াও কোনো পৰিস্থিতিতে পদৰূপে ব্যৱহৃত হ’ব নোৱাৰে।

প্রশ্ন ৫৷ কোনো পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থ বুলিলে কি বুজা? 

উত্তৰ ঃ এটা পদৰ অৰ্থ দুই প্ৰকাৰৰ হ’ব পাৰে – পৰিমাণগত আৰু গুণগত। পদৰ পৰিমাণগত অর্থ অর্থাৎ যি বস্তু বা বস্তুসমূহক কোনো পদে নির্দেশ কৰে সেয়ে হ’ল পদটোৰ বাচ্যার্থ । পদৰ বাচ্যার্থ বুলিলে সেই পদৰ অন্তৰ্গত সকলো বস্তু বা বস্তুসমূহকে বুজোৱা হয়। যেনে— ‘মানুহ’ পদৰ বাচ্যার্থ হ’ল ‘সকলো মানুহ’। কাৰণ ‘মানুহ’ পদটোৰে সকলো প্ৰকাৰ মানুহক বুজোৱা হৈছে।

আকৌ পদৰ গুণগত অর্থ অর্থাৎ বস্তু বা বস্তুসমূহৰ মাজত নিহিত থকা গুণাৱলীসমূহকেই পদটোৰ লক্ষণার্থক বুলি কোৱা হয়। যি পদে সেই পদ বুজোৱা বস্তু বা বস্তুসমূহৰ মাজত থকা সাধাৰণ আৰু মৌলিক গুণ বা গুণাৱলীক নির্দেশ কৰে; সেই গুণ বা গুণাৱলীক পদটোৰ লক্ষণার্থ বোলে। উদাহৰণস্বৰূপে— ‘মানুহ’ পদৰ লক্ষণাৰ্থ হ’ল ‘বুদ্ধিবৃত্তি’ আৰু ‘প্রাণীবৃত্তি’। এই দুটা মানুহৰ মৌলিক আৰু সাধাৰণ গুণ। ‘মানুহ’ পদে ‘মানুহ’ শব্দটোৱে বুজোৱা সকলো মানুহৰ গাত থকা সাধাৰণ আৰু মৌলিক গুণ ‘প্রাণীবৃত্তি’ আৰু ‘বুদ্ধিবৃত্তি’ক বুজায়।

প্রশ্ন ৬। পৰস্পৰ সম্বন্ধযুক্ত আৰু ক্ৰমবিনস্ত্য শ্রেণীবাচক পদবোৰৰ ক্ষেত্ৰতহে কেৱল পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ মাজৰ বিপৰীতমুখী পৰিবৰ্তনৰ সম্বন্ধ প্রযোজ্য হয়।”— কথাষাৰৰ তাৎপর্য উপযুক্ত উদাহৰণসহ ব্যাখ্যা কৰা৷ 

উত্তৰ ঃ পৰস্পৰ সম্বন্ধযুক্ত আৰু ক্ৰমবিন্যস্ত শ্ৰেণীবাচক পদবোৰৰ ক্ষেত্ৰতহে কেৱল পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ মাজত বিপৰীতমুখী পৰিৱৰ্তনৰ সম্বন্ধ প্রযোজ্য হয়। উক্ত কথাষাবিব সমৰ্থনত তলত এটা উদাহৰণৰ জৰিয়তে যুক্তি দেখুওৱা হৈছে। 

‘প্রাণী’, ‘মানুহ’, ‘সাধুমানুহ’— এই তিনিটা পদ শ্রেণীবাচক পদ। তিনিওটাই পৰস্পৰ সম্বন্ধযুক্ত আৰু বিস্তৃতি অনুযায়ী ক্রমবিন্যস্ত। 

ইয়াত ‘প্ৰাণী’ পদটোৰ বাচ্যার্থ ‘সকলো প্ৰাণী’ আৰু লক্ষণার্থ কেৱল ‘প্রাণীবৃত্তি’। ‘মানুহ’

পদটোৰ বাচ্যার্থ’ ‘সকলো মানুহ’ আৰু লক্ষণার্থ ‘প্রাণীবৃত্তি’ আৰু ‘বুদ্ধিবৃত্তি’। আকৌ “পাধু মানুহৰ বাচ্যার্থ ‘সকলো সাধু মানুহ’ আৰু লক্ষণার্থ ‘প্রাণীবৃত্তি’, আৰু ‘সাধুতা’।

বাচ্যাৰ্থৰ দিশৰ পৰা চালে দেখা যায় যে— ‘প্রাণী’ৰ পৰা ক্রমান্বয়ে ‘মানুহ’ ‘সাধু মানুহৰ দিশলৈ অগ্ৰসৰ হৈ বাচ্যাৰ্থ কমি গৈ আছে আৰু লক্ষণার্থ বাঢ়ি আছে। আনহাতে, ‘সাধু মানুহ’স পৰা ক্ৰমান্বয়ে ‘মানুহ’ আৰু ‘প্ৰাণী’ৰ দিশলৈ অগ্ৰসৰ হ’লে দেখা যায় যে বাচ্যার্থ বঢ়াৰ লগে লগে লক্ষণার্থ কমিছে। ঠিক সেইদৰে, লক্ষণাৰ্থৰ দিশ বিবেচনা কৰি, ‘প্রাণী’ৰ পৰা ক্রমান্বয়ে ‘মানুহ’ আৰু ‘সাধু মানুহ’ৰ দিশলৈ অগ্ৰসৰ হ’লে দেখা যায় যে লক্ষণার্থ বাঢ়ি যোৱাৰ লগে লগে বাচ্যার্থ কমিছে। আনহাতে ‘সাধু মানুহ’ৰ পৰা ক্রমান্বয়ে মানুহ আৰু প্ৰাণীৰ দিশলৈ অগ্ৰসৰ হ’লে দেখা যায় যে লক্ষণাৰ্থ কমি যোৱাৰ লগে লগে বাচ্যার্থ বাঢ়িছে।

কিন্তু ‘মানুহ’, ‘ফুল’, ‘ফল’, ‘কিতাপ’— এনে পদসমূহ পৰস্পৰ সম্বন্ধযুক্ত আৰু ক্ৰমবিনাস্ত শ্ৰেণীবাচক পদ নহয়। সেইবাবে, বাচ্যার্থ আৰু লক্ষণাৰ্থৰ পৰস্পৰ বিপৰীতমুখী পৰিবৰ্তনৰ সম্বদ্ধ কোনো প্রকাবেই এনে পদসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।

ৰচনাধর্মী প্রশ্নোত্তৰ 

প্রশ্ন ১। সকলো পদেই শব্দ কিন্তু যিকোনো শব্দ পদ নহয় আলোচনা কৰা। 

উত্তৰ অৰ্থযুক্ত বর্ণ বা বর্ণসমষ্টিক শব্দ বোলে। যেতিয়া কোনো এটা বর্ণ বা কেবাটাও বর্ণ একেলগে লগলাগি কোনো অর্থ প্রকাশ কৰে তেতিয়া তাক শব্দ বোলা হয়। যেনে— ‘সি’, ‘ৰামু’, ‘মানুহ’ ইত্যাদি। ইয়াৰ প্ৰত্যেকটো ক্ষেত্ৰতেই এটা বা এটাতকৈ বেছি বর্ণ লগ লাগি একোটা অৰ্থ প্ৰকাশ কৰিছে। মুঠতে, কোনো এটা বর্ণ বা এটাতকৈ অধিক বর্ণ লগ লাগি কোনো সম্পূর্ণ অর্থ প্রকাশ কৰে তেতিয়া তাক শব্দ বোলা হয়।

আনহাতে যেতিয়া কোনো শব্দ বা শব্দসমষ্টি বচনৰ উদ্দেশ্য নাইবা বিধেয়কৰূপে ব্যৱহৃত হয় তেতিয়া তাক পদ বোলে। পদ হ’বলৈ হ’লে প্ৰথমতে শব্দ বা শব্দসমষ্টি হ’ব লাগিব আৰু দ্বিতীয়তে সেই শব্দ বা শব্দসমষ্টি বচনৰ উদ্দেশ্য নাইবা বিধেয়কৰূপে ব্যবহৃত হ’ব লাগিব। যেনে : ‘সীতা হয় এজনী ভাল ছোৱালী।’ ইয়াত ‘সীতা’ প্ৰথমতে এটা শব্দ, কাৰণ ইয়াত দুট৷ বৰ্ণ লগ লাগি এটা সম্পূর্ণ অর্থ প্ৰকাশ কৰিছে। দ্বিতীয়তে, এই শব্দটো বচনৰ উদ্দেশ্যৰূপে ব্যৱহৃত হৈছে। গতিকে ই এটা পদ।

পদ আৰু শব্দৰ গঠন আৰু প্ৰকৃতিৰ আলোচনাৰ পৰা দেখা যায় যে, সকলো পদেই এটা বা ততোধিক শব্দৰদ্বাৰা গঠিত হয়। শব্দ আৰু পদ দুয়োটায়ে অর্থযুক্ত বর্ণ বা বর্ণসমষ্টি। কিন্তু যিকোনো শব্দ বা শব্দসমষ্টিই বচনৰ উদ্দেশ্য নাইবা বিধেয়কৰূপে ব্যৱহৃত নহয়। যিবোৰ শব্দ বচনৰ উদ্দেশ্য নাইবা বিধেয়কৰূপে ব্যৱহৃত হ’ব পাৰে, কিন্তু হোৱা নাই আৰু যিবোৰ শব্দ কেতিয়াও বচনৰ উদ্দেশ্য নাইবা বিধেয়কৰূপে ব্যৱহৃত নহয় বা হ’ব নোৱাৰে তেনেবোৰ শব্দ কেতিয়াও পদ বুলি পৰিগণিত নহয়। গতিকে দেখা যায় যে, সকলো পদেই শব্দ বা শব্দ সমষ্টি কিন্তু সকলো শব্দ বা শব্দসমষ্টি পদ নহয়।

প্রশ্ন ২। ‘পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ সম্বন্ধ বিপৰীতমুখী’- উক্তিটো আলোচনা কৰা।

উত্তৰ ঃ পদব বাচ্যাৰ্থ আৰু লক্ষণাৰ্থ একেটা পদৰেই দুটা দিশ। দুয়োৰে মাজত অতি ঘনিষ্ঠ সম্বন্ধ আছে। তর্কবিদসকলৰ মতে বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ মাজৰ সম্বন্ধ বিপৰীতমুখী অৰ্থাৎ পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ হ্রাস-বৃদ্ধি পৰস্পৰ বিপৰীতমুখী হয়। পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ মাজৰ বিপৰীতমুখী পৰিৱৰ্তনৰ এই সম্বন্ধক তর্কবিদসকলে চাৰিটা নিয়মৰ মাজেৰে বুজাইছে

(ক) পদৰ বাচ্যার্থ বাঢ়িলে লক্ষণার্থ কমে।

(খ) পদৰ ব্যাচাৰ্থ কমিলে লক্ষণার্থ বাঢ়ে। 

(গ) পদৰ লক্ষণাৰ্থ বাঢ়িলে বাচ্যার্থ কমে।

(ঘ) পদৰ লক্ষণাৰ্থ কমিলে বাচ্যার্থ বাঢ়ে।

(ক) পদৰ বাচ্যার্থ বাঢ়িলে লক্ষণার্থ কমে ‘মানুহ’ পদৰ বাচ্যার্থ ‘সকলো মানুহ’ আৰু লক্ষণাৰ্থ হ’ল ‘প্রাণীবৃত্তি’ আৰু ‘বুদ্ধিবৃত্তি’। এতিয়া মানুহ পদৰ বাচ্যার্থ বঢ়াবলৈ সকলো মানুহৰ লগত অন্য প্রাণীসমূহৰো যোগ দিব লাগিব। তেতিয়া লক্ষণার্থ কমি গৈ কেৱল ‘প্রাণীবৃত্তি’হে

থাকিব।

পদবাচ্যার্থলক্ষণার্থ
মানুহ
প্রাণী
সকলো মানুহ 
সকলো প্রাণী
প্রাণীবৃত্তি আৰু বুদ্ধিবৃত্তি। 
প্রাণীবৃত্তি।

গতিকে ইয়াৰ পৰা বুজা গ’ল যে পদৰ বাচ্যাৰ্থ বাঢ়িলে লক্ষণার্থ হ্রাস পায়।

(খ) পদৰ বাচ্যাৰ্থ কমিলে লক্ষণার্থ বাঢ়ে ঃ ‘মানুহ’ পদৰ বাচ্যার্থ ‘সকলো মানুহ’ আৰু লক্ষণাৰ্থ ‘প্রাণীবৃত্তি’ আৰু ‘বুদ্ধিবৃত্তি’। এতিয়া ‘মানুহ’ পদৰ পৰা সকলো অসাধু মানুহখিনি কমাই দিয়া হয় তেতিয়া পদৰ বাচ্যার্থ কমি গৈ ‘সকলো সাধু মানুহ’ ৰ’বগৈ। আনহাতে লক্ষণার্থ বৃদ্ধি হৈ ‘প্ৰাণীবৃত্তি’, ‘বুদ্ধিবৃত্তি’ আৰু ‘সাধুতা’ হ’ব।

পদবাচ্যার্থলক্ষণার্থ
মানুহ
সাধু মানুহ
সকলো মানুহ
সকলো সাধু মানুহ
প্রাণীবৃত্তি, বুদ্ধিবৃত্তি আৰু সাধুতা।
প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি।

গতিকে বাচ্যার্থ কমিলে লক্ষণার্থ বাঢ়ে।

(গ) পদৰ লক্ষণার্থ বাঢ়িলে বাচ্যার্থ কমেঃ ‘মানুহ’ পদৰ লক্ষণাৰ্থ প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি বাঢ়িলে বাচ্যার্থ আৰু ইয়াত বাচ্যার্থ সকলো মানুহ৷ এতিয়া মানুহৰ লক্ষণাৰ্থৰ লগত ‘সাধুতা’ গুণটো যোগ দিলে লক্ষণার্থ বাঢ়ি গৈ প্ৰাণীবৃত্তি, বুদ্ধিবৃত্তি আৰু সাধুতা হ’ব। আনহাতে ‘সকলো মানুহৰ পৰা বাচ্যার্থ কমি গৈ অকল ‘সাধু মানুহ হৈ হ’ব।

পদলক্ষণার্থবাচ্যার্থ
মানুহসাধু মানুহপ্রাণীবৃত্তি আৰু বুদ্ধিবৃত্তিপ্রাণীবৃত্তি, বুদ্ধিবৃত্তি আৰু সাধুতাসকলো মানুহ৷সকলো সাধু মানুহ

গতিকে দেখা যায় যে পদৰ লক্ষণাৰ্থ বৃদ্ধি হ’লে বাচ্যার্থ হ্রাস পায়।

(ঘ) পদৰ লক্ষণাৰ্থ কমিলে বাচ্যাৰ্থ বাঢ়ে ঃ ‘মানুহ’ পদৰ লক্ষণাৰ্থ প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি। এই পদৰ বাচ্যার্থ হ’ল ‘সকলো মানুহ’। এতিয় ‘মানুহ’ পদৰ লক্ষণাৰ্থৰ পৰা বুদ্ধিবৃত্তি হ্রাস কৰিলে কেৱল প্ৰাণীবৃত্তি থাকিব। অন্যহাতে বাচ্যার্থ বাঢ়ি গৈ ‘সকলো মানুহ’ৰ পৰা সকলো প্ৰাণী হ’ব।

পদলক্ষণার্থবাচ্যার্থ
মানুহ
প্রাণী
প্রাণীবৃত্তি আৰু বুদ্ধিবৃত্তি
প্রাণীবৃত্তি
সকলো মানুহ
সকলো প্রাণী।

গতিকে ক’ব পাৰি যে পদৰ লক্ষণার্থ হ্রাস পালে বাচ্যার্থ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ সম্বন্ধ বিপৰীতমুখী। বৃদ্ধি পায়। সেয়ে কোৱা হয় পদৰ

প্রশ্ন ৩। পদ কাক বোলে? পদ আৰু শব্দৰ মাজত পার্থক্য দেখুওৱা 

উত্তৰ ঃ তর্কবিজ্ঞান অনুমান বা যুক্তিৰ বিজ্ঞান। যুক্তি বা অনুমান বচনৰ দ্বাৰা প্ৰকাশ কৰা হয়। কিন্তু তর্কবিজ্ঞানত বচন যিকোনো বচনৰ সমষ্টি নহয়। ইয়াৰ এটা নির্দিষ্ট গাঁথনি আছে। তৰ্কবচন এটা হ’বলৈ হ’লে ইয়াত তিনিটা ভাগ থাকিব লাগিব। এই তিনিটা ভাগ হ’ল— উদ্দেশ্য, বিধেয় আৰু সংযোজক৷

তর্কবিজ্ঞানত পদ বুলি ক’লে এনে এক শব্দ বা শব্দসমষ্টিক বুজোৱা হয়, যাৰ কোনো তৰ্কবচনত উদ্দেশ্য নাইবা বিধেয় হিচাপে ব্যৱহাৰ হোৱাৰ যোগ্যতা আছে। ‘সকলো মানুহ হয় মৰণশীল’ এইটো এটা তর্কবচন। ইয়াত ‘সকলো মানুহ’ উদ্দেশ্য, ‘মণশীল’ বিধেয় ‘আৰু’ শব্দটো সংযোজক। ইয়াত ‘সকলো মানুহ’ আৰু ‘মৰণশীল’ এই দুয়োটা শব্দই পদ ৷ কাৰণ এই দুয়োটা শব্দই অন্য শব্দৰ সহায় নোলোৱাকৈ নিজেই উক্ত বচনটোত উদ্দেশ্য আৰু বিধেয় হিচাপে ব্যৱহাৰ হৈছে। গতিকে ইহঁত দুয়োটা শব্দই পদ। আনহাতে ‘হয়’ এই শব্দটোৱে দুয়োটা পদক সংযোগ কৰা বাবে ইয়াক সংযোজক বোলে। সংযোজক পদ নহয়। কাৰণ ই নিজে -তৰ্কবচনৰ উদ্দেশ্য নাইবা বিধেয় হিচাপে ব্যৱহাৰ হ’ব নোৱাৰে, পদ শব্দটো কেতিয়াবা সংকীর্ণ অৰ্থতো ব্যৱহাৰ কৰা হয়। এই অর্থত প্ৰকৃততে কোনো এটা বচনৰ উদ্দেশ্য নাইবা বিধেয় হিচাপে ব্যৱহাৰ কৰা হয়। এই অর্থত প্ৰকৃততে কোনো এটা বচনৰ উদ্দেশ্য নাইবা বিধেয় হিচাপে ব্যৱহাৰ হোৱা শব্দ বা শব্দসমষ্টিকহে পদ বোলে। 

গতিকে কোনো শব্দ বা শব্দসমষ্টি আন কোনো শব্দৰ সহায় নোলোৱাকৈ নিজে কোনো বচনৰ উদ্দেশ্য নাইবা বিধেয় হিচাপে ব্যৱহাৰ হ’ব পাৰে। তেনে শব্দ বা শব্দসমষ্টিক পদ বোলে ৷ পদ হ’ব লাগিলে শব্দ হ’ব লাগিব আৰু সেই শব্দ বা শব্দসমষ্টিৰ বচনৰ উদ্দেশ্য নাইবা বিধেয় হিচাপে ব্যৱহাৰ হোৱাৰ যোগ্যতা থাকিব লাগিব।

শব্দ আৰু পদৰ মাজত পার্থক্য : অর্থযুক্ত বর্ণসমষ্টিকে শব্দ বোলে। ব্যাকৰণত আমি পাওঁ যে শব্দ হ’ল ধ্বনি আৰু ইয়াক এটা বা অধিক চিন বা আখৰৰ দ্বাৰা প্ৰকাশ কৰা হয়৷ এই ধ্বনিৰ অন্তৰালত এটা ভাব থাকে। ভাব অনুসৰি মনৰ বাহিৰত কোনো বস্তু বা বস্তুসম্বন্ধ থাকে৷ গতিকে বাহ্যিক বস্তু, সেই বিষয়ে মনত ভাৱ আৰু তাৰ প্ৰকাশক ধ্বনিয়েই শব্দ ৷ শব্দত এই তিনিওটা গুণ থাকিব লাগিব। যেতিয়া কোনো এটা বর্ণ বা কেইবাটাও বর্ণ লগ লাগি এটা অৰ্থ প্ৰকাশ কৰে তেতিয়া তাক শব্দ বোলা হয়। যেনে— সি, আঃ উহঃ, গৰু, মানুহ ইত্যাদি । শব্দ অর্থযুক্ত হ’ব লাগে। ‘গদধং’ বুলিলে এটা ধ্বনি হ’ব পাৰে, কিন্তু ই অর্থপূর্ণ শব্দ হ’ব নোৱাৰে।

আনহাতে শব্দ বা শব্দসমষ্টিয়ে কোনো ভাব প্রকাশ কৰিলে আৰু সি তৰ্কবচনত উদ্দেশ্য নাইবা বিধেয় হিচাপে ব্যৱহাৰ হ’লে তাক পদ বোলে। পদ হ’বলৈ হ’লে প্ৰথমতে শব্দ বা শব্দসমষ্টি হ’ব লাগিব আৰু দ্বিতীয়তে বচনত উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যৱহাৰ হ’ব লাগিব। ‘মানুহ হয় মণশীল’। এই বচনটোত ‘মানুহ’ এটা শব্দ আৰু ই বচনটোত উদ্দেশ্যৰূপে ব্যৱহাৰ হৈছে৷ গতিকে মানুহ এটা পদ। পদবোৰো শব্দই। কিন্তু সকলোবোৰ শব্দই পদ হ’ব নোৱাৰে৷ যিবোৰ শব্দ বচনত উদ্দেশ্য নাইবা বিধেয় হিচাপে ব্যৱহাৰ হোৱাৰ যোগ্যতা আছে সেইবোৰহে পদ ৷ যিবোৰ শব্দ বচনত কেতিয়াও উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যৱহাৰ হ’ব নোৱাৰে, সেইবোৰ শব্দ কেতিয়াও পদ হ’ব নোৱাৰে। যেনে, সি, উ, আঃ, আৰু ইত্যাদি। গতিকে সকলো পদেই শব্দ, কিন্তু সকলো শব্দই পদ হ’ব নোৱাৰে।

প্রশ্ন ৪। লক্ষণার্থক পদ কাক বোলে ? আলোচনা কৰা।

উত্তৰঃ যি পদে কোনো বস্তু বা বস্তুসমূহক নির্দেশ কৰাৰ উপৰি উক্ত বস্তু বা বস্তুসমূহত নিহিত থকা সাধাৰণ আৰু মৌলিক গুণকো নিৰ্দেশ কৰে, তাক লক্ষণার্থক পদ বোলে। অর্থাৎ যি পদৰ বাচ্যাৰ্থ আৰু লক্ষণার্থ দুয়োটা বিদ্যমান, সেই পদক লক্ষণার্থক পদ বোলা হয়। যেনে— ‘মানুহ’। কাৰণ ‘মানুহ’ বাচ্যার্থ হ’ল ‘সকলো মানুহ’ আৰু লক্ষণাৰ্থ হ’ল ‘প্রাণীবৃত্তি’ আৰু ‘বুদ্ধিবৃত্তি’। তর্কবিদ মিলৰ মতে লক্ষণার্থক পদ চাৰি প্ৰকাৰৰ

(ক) বিশেষণীয় পদ।

(খ) বস্তুবাচক সামান্য পদ।

(গ) গুণবাচক সামান্য পদ ৷

(ঘ) অর্থযুক্ত বিশিষ্ট পদ।

(ক) বিশেষণীয় পদযি পদে কোনো বস্তু বা ব্যক্তিৰ বিশেষ বৈশিষ্ট্যৰ প্রতি নির্দেশ করে। তাক বিশষণীয় পদ বোলে। যেনে— ধার্মিক, বগা। 

(খ) বস্তুবাচক সামান্য পদ ঃ যি সামান্য পদে কোনো বস্তু বা ব্যক্তিক সামগ্রিকভাবে বুজায় তাক বস্তুবাচক সামান্যপদ বোলে। যেনে— মানুহ, ইয়াত ‘মানুহ’ পদে সকলো প্রকাশন মানুহক বুজাইছে। ‘ফুল’ পদে সকলো ধৰণৰ ‘ফুল’ক বুজাইছে। 

(গ) গুণবাচক সামান্য পদযি সামান্য পদে বিভিন্ন গুণক নির্দেশ কৰে তাক গুণবাচক সামান্য পদ বোলে। যেনে— ‘বর্ণ’ পদটোৱে সকলো বর্ণ’ বুজোৱাৰ উপৰি সকলো বর্ণব মাজত থকা সামান্য ধর্মকো বুজাইছে।

(ঘ) অর্থযুক্ত বিশিষ্ট পদযি বিশিষ্ট পদে কোনো এটা নির্দিষ্ট বস্তু বা ব্যক্তিক বুজোৱা উপৰিও সেই বস্তু বা ব্যক্তি বিশেষৰ কোনো গুণৰ নিৰ্দেশ দিয়ে, তাক অর্থযুক্ত বিশিষ্ট পন বোলে। যেনে – ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি। 

প্রশ্ন ৫। লক্ষণার্থক পদ বুলিলে কি বুজা? নামবাচক বিশেষ্য পদবোৰ লক্ষণার্থক হয়নে?– বহলাই আলোচনা কৰা৷

উত্তৰ: যি পদে বাচ্যাৰ্থ আৰু গুণাৰ্থ বা লক্ষণার্থ উভয়কে বুজায় তাকেই লক্ষণার্থক পদ বোলে৷ যেনে ‘মানুহ’৷ ইয়াত ‘মানুহ’ পদটোৱে সকলো মানুহক বুজোৱাৰ উপৰিও ইয়াত গুণার্থ বা লক্ষণাৰ্থ প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তিক বুজাইছে। গতিকে ‘মানুহ’ পদটো লক্ষণার্থক পদ।

নামবাচক বিশেষ্য পদবোৰ লক্ষণার্থক হয় নে নহয় এই সম্পর্কে তর্কবিদসকলৰ মাজত মতভেদ দেখা যায়। জন ষ্টুৱার্ট মিলে নামবাচক বিশেষ্য পদবোৰ অলক্ষণার্থক বুলি কৈছে। কাৰণ এই পদবোৰৰ অকল বাচ্যার্থহে আছে লক্ষণাৰ্থ নাই। ‘ৰাম’ বুলি এজন মানুহৰ বাচ্যার্থহে আছে; তেওঁৰ কিছুমান নির্দিষ্ট গুণ থাকিলেও এইবোৰ আকস্মিকহে। তাৰোপৰি কিছুমান নামবাচক পদত ই বুজোৱা বস্তুটোৰ লগত কোনো সম্পর্ক নাথাকে। কোনো লোকৰ নাম ‘পদ্মলোচন’ হ’ব পাৰে; কিন্তু তেওঁ হয়তো কণা হ’ব পাৰে। গতিকে নামবাচক পদবোৰ লক্ষণার্থক নহয়।

আনহাতে জেডন্স নামৰ তর্কবিদ এজনে নামবাচক বিশেষ্য পদবোৰক লক্ষণাৰ্থক পদ বুলি কৈছে। তেওঁৰ মতে এনে পদবোৰৰ বাচ্যার্থ আৰু লক্ষণার্থ উভয়ে আছে। কারণ এই পদে এজন ব্যক্তিক বুজোৱাৰ উপৰিও তাৰ বিশিষ্ট গুণকো বুজায়। উদাহৰণস্বৰূপে ‘কলিকতা’ বুলিলে আমি কেৱল ঠাইখনকে নুবুজো, এই ঠাইখনৰ বিশেষ বৈশিষ্ট্যখিনিকো বুজো। ‘মহাত্মা গান্ধী’ বুলিলে মানুহজনক বুজাৰ উপৰিও তেওঁৰ গাত থকা বিশিষ্ট গুণাৱলীৰ কথাও আমাৰ মনলৈ আহে। সেয়ে জেভন্সৰ মতে এই পদবোৰ লক্ষণার্থক ।

আকৌ ড° পি কে ৰয়ৰ (Dr. PK Roy) মতে নামবাচক বিশেষ্য পদবোৰ প্ৰথমতে অলক্ষণার্থক। কিন্তু পদবোৰৰ লগত পৰিচিত হোৱাৰ পিছত লাহে লাহে সেই পদবোৰৰ গাত থকা গুণবোৰ সম্পর্কে জ্ঞান জন্মে আৰু পদটো সম্বন্ধে জ্ঞানৰ পৰিসৰ বাঢ়ি যায়।

মহাত্মা গান্ধীৰ নাম নুশুনা এজন অভাৰতীয় লোকৰ বাবে ‘মহাত্মা গান্ধী পদটো অলক্ষণার্থক। কিন্তু লাহে লাহে মহাত্মা গান্ধীৰ বিষয়ে মানুহৰ মুখৰ পৰা শুনি, কিতাপ পঢ়ি জ্ঞানৰ পৰিসৰ বৃদ্ধি হোৱাৰ পিছত ‘মহাত্মা গান্ধী’ পদটো লক্ষণার্থক পদ হৈ পৰে। সেয়ে ড° নি কে বয়ে মিল আৰু জেভন্সৰ দুয়োটা মত সমন্বয় কৰি কয় যে, নামবাচক বিশেষ্য পদবোৰ প্ৰথমতে অলক্ষণার্থক হ’লেও পিছত লক্ষণার্থক পদ হিচাপে পৰিগণিত হয়।

আনহাতে কাৰ্ভেৰ্থ ৰীড (Carveth Read)-ৰ মতে নামবাচক বিশেষ্য পদবোৰৰ লক্ষণার্থ আকস্মিক আৰু স্থানীয়৷ গতিকে এই পদবোৰক লক্ষণার্থক বুলি ক’ব নোৱাৰি। উদাহৰণস্বৰূপে ‘মহাত্মা গান্ধী’ নামটোৱে ভাৰতীয় এজন মহামানৱক বুজালেও অন্য বহুত মানুহৰ নাম ‘মহাত্মা গান্ধী’ থাকিব পাৰে। গতিকে এই নামবোৰৰ কোনো সার্বিক তাৎপর্য নাথাকে৷ সেয়ে কাৰ্ভেৰ্থ ৰীডৰ মতে নামবাচক বিশেষ্য পদবোৰ অলক্ষণার্থক। A

মন্তব্য: নামবাচক বিশেষ পদৰ গুণবোৰে স্বকীয়ভাৱে ব্যক্তি বা বস্তুটোৰ জ্ঞান দিব নোৱাৰে। এই পদবোৰে কেৱল কিছুমান আকস্মিক গুণৰহে জ্ঞান দিয়ে ৷ এইবোৰক বস্তুটোৰ লক্ষণাৰ্থ বুলি ক’ব নোৱাৰি। কাৰণ লক্ষণাৰ্থত সদায় কিছুমান মৌলিক, স্থায়ী আৰু সাধাৰণ গুণ আৰু বৈশিষ্ট্য নিহিত হৈ থাকে। কিন্তু নামবাচক বিশেষ্য পদবোৰৰ এনে কোনো ন্যায়িক বা বৈজ্ঞানিক লক্ষণাৰ্থ নাই। এনেবোৰ লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি মিলে সিদ্ধান্ত কৰিছে যে, নামবাচক বিশেষ্য পদবোৰ অলক্ষণার্থক। গতিকে মিলৰ এই মতটোৱেই আটাইতকৈ সস্তোষজনক আৰু গ্রহণযোগ্য মত; নামবাচক বিশেষ্য পদবোৰৰ কেৱল বাচ্যার্থহে আছে, তেনে কোনো স্থায়ী আৰু মৌলিক গুণ নাই। গতিকে এই পদবোৰ অলক্ষণার্থক।

প্রশ্ন ৬। পদ কাক বোলে? পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থ বুলিলে কি বুজা?

উত্তৰ ঃ তর্কশাস্ত্ৰৰ মূল আলোচ্য বিষয় অনুমান। এই অনুমানক ভাষাত প্ৰকাশৰ তর্কবাক্য বা বচনৰ সহায় লোৱা হয়। একোটা বচনত তিনিটা অংগ থাকে—

(১) উদ্দেশ্য, অর্থাৎ যার বিষয়ে বচনটোত কিবা এটা কোৱা হয়, (২) বিধেয়, অর্থাৎ উদ্দেশ্যৰ বিষয়ে বচনত যি কোৱা হয়, (৩) যোজক অর্থাৎ উদ্দেশ্য আৰু বিধেয়ৰ মাজত কোনো প্ৰকাৰ সম্পৰ্কক যি স্বীকাৰ বা অস্বীকাৰ কৰে। উদাহৰণস্বৰূপে ‘ছক্ৰেটিছ হয় এজন দার্শনিক— এই বচনটোত ‘ছক্ৰেটিছ’ ‘উদ্দেশ্য’ ‘এজন দার্শনিক বিধেয় আৰু ‘হয়’ যোজক।

এটা বচনৰ উদ্দেশ্য আৰু বিধেয় এই দুটা অংশক পদ বুলি কোৱা হয়। ব্যাকৰণৰ ‘শব্দৰ’ লগত ‘পদ’ৰ সাদৃশ্য আছে; কিন্তু পদ আৰু শব্দ একে নহয়। এটা পদ বহুতো শব্দৰ সমষ্টি হ’ব পাৰে৷ আকৌ সকলো শব্দ পদ নহয়। যিবিলাক শব্দৰ কোনো বচনত উদ্দেশ্য বা বিধেয় হিচাপে ব্যৱহৃত হোৱাৰ যোগ্যতা আছে, সেইবোৰ শব্দকহে পদ বুলিব পাৰি। আকৌ সংকীর্ণ

অর্থত যিবিলাক শব্দ প্ৰকৃততে কোনো বচনত উদ্দেশ্য নাইবা বিধেয় হিচাপে ব্যৱহাৰ কৰা হৈছে, তাকহে পদ বোলা হয়। এই অর্থত কোনো বচনত ব্যৱহাৰ নোহোৱা পর্যন্ত কোনো শঙ্খ বা শব্দসমষ্টিক পদ বুলি ক’ব নোৱাৰি। কিন্তু তর্কবিদসকলে ব্যাপক অর্থতহে ‘পদ’ শব্দটো গ্ৰহণ কৰে। অৰ্থাৎ যি শব্দ শব্দসমষ্টিৰ কোনো বচনৰ উদ্দেশ্য বা বিধেয় হিচাপে ব্যৱহাৰ হোৱাৰ যোগ্যতা আছে সেয়ে পদ।।

পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থ – এটা পদৰ দুই ধৰণৰ ব্যঞ্জনা থাকিব পাৰে। এটা দিশত পদটোৱে কোনো বস্তু বা ব্যক্তিক বুজাব পাৰে, আনটো দিশত ই সেই বস্তু বা ব্যক্তিৰ মাজৰ সাধাৰণ (Common) আৰু অপৰিহাৰ্য (essential) গুণৰাশি সূচনা কৰিব পাৰে। পদব এই বস্তু বা ব্যক্তি নির্দেশক দিশটোক ইয়াৰ ‘বাচ্যার্থ আৰু গুণ নির্দেশক দিশটোক ‘লক্ষণার্থ’ বোলা হয়। উদাহৰণস্বৰূপে ‘মানুহ’ পদটোৰ বাচ্যার্থ হ’ল ‘সকলো মানুহ আৰু লক্ষণাৰ্থ হ’ল ‘প্রাণীবৃত্তি’ আৰু ‘বুদ্ধিবৃত্তি’।

সকলো পদৰে বাচ্যাৰ্থ আৰু লক্ষণাৰ্থ এই দুয়োটা দিশ নাথাকে। কিছুমান পদৰ কেৱল বাচ্যার্থহে থাকে, লক্ষণার্থ নাথাকে। তেনেবোৰ পদক অলক্ষণার্থক পদ বোলা হয়। ব্যক্তিবাচক পদবোৰ অলক্ষণার্থক। আনহাতে সকলোবোৰ সামান্য বা জাতিবাচক পদৰে এই দুয়োটা দিশ আছে গৰু, ছাগলী, টেবুল, কিতাপ, ত্রিভুজ আদিবোৰ সামান্য পদ। ইহঁতৰ প্ৰত্যেকৰে বাচ্যার্থ আৰু লক্ষণাৰ্থ এই দুয়োটা দিশ আছে।

‘লক্ষণার্থ’ শব্দটো তর্কবিদসকলে বিভিন্ন অর্থত গ্রহণ কৰা দেখা যায়। এটা পদে বিভিন্ন ব্যক্তিৰ মনত বিভিন্ন গুণৰ ধাৰণা আনি দিব পাৰে। উদাহৰণস্বৰূপে ‘মানুহ’ পদটোৱে কিছুমানৰ বাবে স্বাৰ্থপৰ, হিংসুক আদি গুণৰ ধাৰণা আনিব পাৰে, আৰু আন কিছুমানৰ বাবে দয়ালু, উদাৰ আদি গুণৰ ধাৰণা আনিব পাৰে। এই গুণবিলাক প্ৰকৃততে ‘মানুহ’ পদৰ লক্ষণার্থ নহয়৷ এইবিলাক বিষয়নিষ্ঠ বা আত্মগত গুণ। এইবিলাক তর্কশাস্ত্ৰৰ আলোচনাৰ বিষয় হ’ব নোৱাৰে। তর্কবিদসকলে সেইকাৰণে এইবিলাকক বিষয়নিষ্ঠ লক্ষণাৰ্থ বুলি কৈছে। আকৌ এটা পদে উল্লেখ কৰা বস্তুসমূহৰ প্ৰত্যেকতে যিবিলাক গুণ (জ্ঞান আৰু অজ্ঞাত) যথাৰ্থতে আছে সেই গুণসমূহক বিষয়নিষ্ঠ লক্ষণার্থ বোলা হয়। কিছুমান তর্কবিদে লক্ষণার্থ শব্দটো বিষয়নিষ্ঠ লক্ষণাৰ্থৰ অৰ্থতে গ্ৰহণ কৰা দেখা যায়। কিন্তু পদ এটাই বুজোৱা বস্তুবোৰৰ প্ৰত্যেকৰে বিষয়নিষ্ঠ লক্ষণার্থ নিৰূপণ কৰা সম্ভৱ নহয়। গতিকে বিষয়নিষ্ঠ লক্ষণার্থও তর্কশাস্ত্ৰৰ আলোচনাৰ বিষয় হ’ব নোৱাৰে।

তর্কবিদ্যাত লক্ষণার্থ শব্দটো এক বিশেষ অৰ্থত গ্ৰহণ কৰা হয়। এই অর্থত এটা পদে বুজোৱা বস্তুশ্ৰেণীৰ প্ৰত্যেকৰে বাবে যি গুণ বা গুণবাশি অপৰিহাৰ্য আৰু সাধাৰণ বুলি বিবেচিত হয়, তাকহে লক্ষণার্থ বোলে। এই সামৰ্ম বা তর্কশাস্ত্রসম্মত লক্ষণাৰ্থৰ দ্বাৰাহে কোনো এটা পদৰ বিজ্ঞানসন্মত অর্থ দাঙি ধৰিব পৰা যায়।

প্রশ্ন ৭। পদৰ শ্ৰেণীবিভাজন আলোচনা কৰা।

উত্তৰ : পদসমূহ সাধাৰণতে বিভিন্ন নীতি অনুসৰি বিভিন্ন শ্ৰেণীত ভাগ কৰা হৈছে।

 ১। এক-শাব্দিক পদ আৰু বহু শাব্দিক পদযিবোৰ পদ এটা মাত্ৰ শব্দেৰে গঠিত তাক এক শাব্দিক পদ বোলে । যেনে— মানুহ, গৰু, ৰাম ইত্যাদি। আনহাতে যিবোৰ পদ একাধিক শব্দ লগ লাগি গঠিত হৈছে তাক বহু শাব্দিক পদ বোলে। যেনে— ভাৰতৰ ৰাষ্ট্ৰপতি।

২। বিশিষ্ট পদ আৰু সামান্য পদ যিবোৰ পদে এটা অৰ্থত মাত্র এটা বস্তু বা গুণক বুজায় তাক বিশিষ্ট পদ বোলে। এই কলেজখন, ৰাম। আনহাতে যিবোৰ পদে এটা অৰ্থত কোনো কোনো শ্ৰেণীৰ অন্তৰ্গত সকলো বস্তু বা গুণক নির্দেশ কৰে তাক সামান্য পদ বোলে। যেনে— ‘‘মানুহ’ ‘গৰু’।

৩। ব্যক্তিবাচক আৰু সমষ্টিবাচকপদঃ যি পদে কোনো এটা অৰ্থত এটা শ্ৰেণীৰ অন্তৰ্গত যিকোনো বস্তুৰ ক্ষেত্ৰত আৰোপ কৰিব পাৰি তাক ব্যক্তিবাচক পদ বৈালে। যেনে– কিতাপ, মানুহ। আনহাতে যিবোৰ পদ বা শ্ৰেণীৰ কিছুমান বস্তুৰ সমষ্টিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি অথচ সমষ্টিৰ অন্তৰ্গত প্রত্যেক বস্তুকে পৃথকে পৃথকে আৰোপ কৰিব নোৱাৰি তাক সমষ্টিবাচকপদ বোলে । যেনে— পুথিভঁৰাল, সৈন্য বাহিনী।

৪।বস্তুবাচক আৰু গুণবাচক পদঃ যিবোৰ পদে কোনো বস্তুক বুজায় তাক বস্তুবাচক পদ বোলে। যেনে, কিতাপ, আপেল। আনহাতে যিবোৰ পদে গুণক বুজায় তাক গুণবাচক পদ বোলে৷ যেনে, নম্রতা, শুভ্রতা।

৫। সদৰ্থক, নঞর্থক আৰু বহুতাৰ্থক পদঃ যিবোৰ পদে কোনো বস্তু বা গুণৰ অস্তিত্বক বুজায় তাক সদর্থক পদ বোলে। যেনে— কিতাপ, সুন্দৰ। আনহাতে যিবোৰ পদে কোনো বস্তুৰ বা গুণৰ অভাৱক বুজায় তাক নঞর্থক পদ বোলে। যেনে- অমানুহ, অ-সুন্দৰ৷ আকৌ যিবোৰ পদে কোনো বস্তুৰ ক্ষেত্ৰত এটা গুণৰ বৰ্তমান অভাৱ বুজায় কিন্তু ভৱিষ্যতে তাৰ সম্ভাৱনাক অস্বীকাৰ নকৰে তাক বহুতাৰ্থক পদ বোলে। যেনে, ‘অন্ধ’ ।

৬। নিৰপেক্ষ আৰু সাপেক্ষ পদযিবোৰ পদে আন পদৰ সহায় নোহোৱাকৈ নিজেই অৰ্থযুক্তভাৱে ব্যৱহাৰ হ’ব পাৰে তাক নিৰপেক্ষ পদ বোলে৷ যেনে— ‘মানুহ’ ঘৰ, কিতাপ । আনহাতে যিবোৰ পদে আন পদৰ সহায়তহে অৰ্থযুক্তভাৱে ব্যৱহাৰ হ’ব পাৰে তাক সাপেক্ষ পদ বোলে। যেনে— পিতা-পুত্র, গুৰু-শিষ্য।

৭। নিৰ্দিষ্ট আৰু অনির্দিষ্ট পদযিবোৰ পদে এটা বস্তুক নির্দিষ্টভাৱে বুজায় তাক নির্দিষ্ট পদ বোলে ৷ যেনে— কপিলদেৱ, ৰাম; আনহাতে যিবোৰ পদে কোনো বস্তু বা জাতিক নির্দিষ্টভাৱে নুবুজায় তাক অনির্দিষ্ট পদ বোলে। যেনে— এজন ৰজা।

৮। গুণাৰ্থক আৰু অগুণাৰ্থক পদঃ যিবোৰ পদৰ গুণাৰ্থ-বাচ্যার্থ দুয়োটা থাকে, তেনে

পদক গুণার্থক (Connotative) পদ বোলে। যেনে— ‘মানুহ’ এই পদটোৰ বাচ্যার্থ সকলো মানুহ আৰু ইয়াৰ গুণাৰ্থ বুদ্ধি-বৃত্তি আৰু পশু-বৃত্তি। যি পদৰ মাত্ৰা গুণাৰ্থ বা বাচ্যার্থ দুটাৰ এটাহে থাকে, দুয়োটা নাথাকে তেনে পদক অগুণার্থক (non connotative) পদ বোলে। যেনে, ‘অশোক’ বুলিলে ইয়াৰ বাচ্যার্থ আছে গুণাথ নাই। ‘বৃত্তাকাৰত্ব’— ইয়াৰ গুণাৰ্থ আছে বাচ্যার্থ নাই।

৯৷ বিপৰীত আৰু বিৰোধী পদঃ দুটা পদ পৰস্পৰ এনেকুৱা যে, কোনো বস্তু সম্পর্কে দুয়োটা একেলগে সঁচা হ’ব নোৱাৰে, অথচ দুয়োটা মিছা হ’বও পাৰে, সেই পদ দুটাক বিপৰীত পদ বোলে। যেনে— ‘ক’লা আৰু বগা’। ইয়াত বস্তু এটা ক’লা আৰু বগা একেলগে হ’ব নোৱাৰে বা বগা হ’লে ক’লা হ’ব নোৱাৰে; অথচ দুয়োটা নহ’বও পাৰে। গতিকে এই দুটা পদ বিপৰীত পদ।

আনহাতে দুটা অসংগত পদৰ মাজত যেতিয়া সর্বাধিক বিৰোধ থাকে, অর্থাৎ এটাত থকা কোনো এটা গুণ আনটোত সম্পূর্ণ অভাব তেতিয়া এনে পদক বিৰোধী পদ বোলে। যেনে ‘শ্বেত-অশ্বেত’। এই পদ দুটাই বং সম্বন্ধে সমগ্র বাচ্যার্থকে সামৰি লৈছে। ইহঁত দুয়োটা একেলগে সত্য হ’ব নোৱাৰে; দুয়োটা একেলগে মিছাও হ’ব নোৱাৰে। এটা সঁচা হ’বই লাগিব আৰু আনটো মিছা হ’বই লাগিব। ইহঁত পৰস্পৰ বিৰোধী।

প্রশ্ন ৮। কি পৰিস্থিতিত বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ নিয়মবোৰ প্ৰযোজ্য নহয় ? 

উত্তৰ: বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ নিয়মবোৰ সকলোবোৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। উদাহৰণস্বৰূপে, “মানুহ’ পদৰ লক্ষণাৰ্থ হ’ল ‘প্ৰাণীবৃত্তি’ আৰু বুদ্ধিবৃত্তি’। যদি বৈজ্ঞানিক গৱেষণাৰ ফলত মানুহৰ কোনো নতুন গুণৰ আৱিষ্কাৰ হয় যেনে— ‘ক’গুণ, তেন্তে লক্ষণার্থ বৃদ্ধি হৈ ‘প্রাণীবৃত্তি’, ‘বুদ্ধিবৃত্তি’ আৰু ‘ক’ হ’ব, কিন্তু বাচ্যার্থ কমি নাযায়। ই ‘সকলো মানুহ হৈয়ে থাকিব। দেশত যুদ্ধ বিগ্ৰহ আৰু অন্যান্য কাৰণত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হয় আৰু হাজাৰ হাজাৰ শিশুৰ জন্ম হৈ ‘মানুহ’ পদৰ বাচ্যার্থ কমি নাযায়। ই ‘সকলো মানুহ’ হৈয়ে থাকিব।

আকৌ মানুহৰ ব্যক্তিগত জ্ঞানৰ হ্ৰাস-বৃদ্ধিৰ ক্ষেত্ৰত বাচ্যার্থ আৰু লক্ষণাৰ্থৰ বিপৰীতগামী সম্বন্ধ সূত্র প্রযোজ্য নহয়। যেনে— কলম্বাচে আমেৰিকা আৱিষ্কাৰ কৰাৰ পাছত ‘মহাদেশ’ শব্দটোৰ বাচ্যাৰ্থৰ জ্ঞান মানুহৰ বাবে বৃদ্ধি পালে যদিও প্রকৃতাৰ্থত বাচ্যার্থ বৃদ্ধি পোৱা নাই আৰু লক্ষণাৰ্থ হ্রাস পোৱা নাই।

…বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ বিপৰীতমুখী পৰিৱৰ্তনৰ ক্ষেত্ৰত কোনো গাণিতিক অনুপাত নাই।

অর্থাৎ বাচ্যার্থ কি হাৰত বাঢ়িলে লক্ষণার্থ কি সংখ্যাত কমিব বা লক্ষণাৰ্থ কি হাৰত বাঢ়িলে বাচ্যার্থ কি হাৰত কমিব, তাৰ কোনো গাণিতিক মাপ নাই । গতিকে বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ নিয়মবোৰ উল্লেখিত ক্ষেত্ৰত প্ৰযোজ্য নহয়।

HS First Year Logic And Philosophy Questions Answer তৰ্কবিজ্ঞান আৰু দর্শন

প্রথম খণ্ড – তৰ্কবিজ্ঞান

Unit- IContentsLinks
Unit- IIতর্কবিজ্ঞান ( Logic)
সংজ্ঞা, প্রকৃতি, পৰিসৰ আৰু উপযোগিতা পৰম্পৰাগত আৰু আধুনিক তর্কবিজ্ঞান
Click here
উপসর্গ ( Proposition) :- বচন (Proposition) পদ (Term)Click here
বচন (Proposition)Click here
সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন (Transformation of ordinary sentences to logical proposition)Click here
তৰ্কীয় বচনত পদৰ ব্যাপ্ততা (Distribution of Term In a Logical Proposition)Click here
বচনৰ আধুনিক শ্রেণীবিভাজন (Modern Classification of Proposition)Click here
Unit-IIIঅনুমান, নিৰপেক্ষ ন্যায় ( Inference, Categorical Syllogism)Click here
Unit- IVপ্রতিকাত্মক তর্কবিজ্ঞান ( Symbolic Logic)Click here

দ্বিতীয় খণ্ড – দর্শন

Unit- Vদর্শন (Philosophy)Click here
Unit- VIভাৰতীয় দর্শন ( Indian Philosophy )Click here
Unit- VIIজ্ঞান উৎপত্তি সম্পৰ্কীয় ( Theories of the origin of knowledge )Click here
প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমানClick here
Unit- VIIIবাস্তৱবাদ আৰু ভাৱবাদ (Realism and Idealism)Click here

This Post Has 5 Comments

Leave a Reply