Class 11 Logic and Philosophy Chapter 1 Solutions |তর্কবিজ্ঞান

Class 11 Logic and Philosophy Chapter 1 Solutions |তর্কবিজ্ঞান। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 11 Logic and Philosophy Chapter 1 Solutions |তর্কবিজ্ঞান AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

Hs First Year Question Answer (Assamese Medium)

ইংৰাজী (English)Click Here
অসমীয়া Click Here
हिन्दीClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
তৰ্কবিদ্যা আৰু দর্শন (Logic & Philosophy)Click Here
পৰিৱেশ শিক্ষা ( Environmental Studies)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
সমাজতত্ত্ব (sociology)Click Here
অৰ্থনীতি (Economy)Click Here
ৰাজনীতি (Political Science)Click Here
ভূগোল (Geography)Click Here

HS first year Logic and Philosophy Chapter 1 Solutions- তর্কবিজ্ঞান

অতি চমু প্রশ্নোত্তৰ (মূল্যাংক ১)

(ক) শুদ্ধ উত্তৰ বাছি উলিওৱাঃ

প্রশ্ন ১। তর্কবিদ্যা বিজ্ঞান/কলা/কলা আৰু বিজ্ঞান উভয়ে।

 উত্তৰ : কলা আৰু বিজ্ঞান উভয়ে।

প্রশ্ন ২। তর্কবিজ্ঞান আদর্শনিষ্ঠ/বস্তুনিষ্ঠ বিজ্ঞান।

 উত্তৰ : আদর্শনিষ্ঠ বিজ্ঞান। 

প্রশ্ন ৩। তর্কবিজ্ঞান প্রত্যক্ষ/অনুমান/উপমানৰ সৈতে জড়িত।

 উত্তৰ : তর্কবিজ্ঞান অনুমানৰ সৈত জড়িত। 

প্রশ্ন ৪। তর্কবিজ্ঞান প্রত্যক্ষ/পৰোক্ষ্য জ্ঞানৰ সৈতে জড়িত।

 উত্তৰ : তর্কবিজ্ঞান পৰোক্ষ জ্ঞানৰ সৈত জড়িত।

প্রশ্ন ৫। তর্কশাস্ত্রই চিন্তা / সৌন্দর্য/ সম্পদ সম্পর্কে অধ্যয়ন কৰে।

 উত্তৰ : তর্কশাস্ত্ৰই চিন্তা সম্পর্কে অধ্যয়ন কৰে।

প্রশ্ন ৬। পদ/বচন/যুক্তি/সত্য। এই সকলোবোৰ তর্কবিজ্ঞানৰ বিষয়বস্তুৰ অন্তৰ্ভুক্ত।

 উত্তৰ : এই সকলোবোৰ তৰ্কবিজ্ঞানৰ বিষয়বস্তুৰ অন্তৰ্ভুক্ত। 

প্রশ্ন ৭। তর্কবিজ্ঞান শুদ্ধ চিন্তাৰ উপযোগী/অনুপযোগী।

 উত্তৰ : তর্কবিজ্ঞান শুদ্ধ চিন্তাৰ উপযোগী।

প্রশ্ন ৮। তর্কবিদ্যা সৌন্দর্য/সম্পদ/সত্যৰ বিজ্ঞান। 

 উত্তৰ : তর্কবিদ্যা সত্যৰ বিজ্ঞান।

প্রশ্ন ৯। ‘বস্তুগতভাৱে সত্য হলে আকাগতভাৱে সত্য নহ’বও পাৰে।’ –এইটো

 উত্তৰ : অশুদ্ধ।

(খ) চমু উত্তৰ দিয়া

প্রশ্ন ১। তর্কবিজ্ঞান বিজ্ঞান আৰু কলা ——। (খালী ঠাই পূৰ কৰা)

 উত্তৰ : উভয়ে।

প্রশ্ন ২। “তর্কবিজ্ঞান কলা আৰু বিজ্ঞান উভয়েই”……..উত্তিটো শুদ্ধনে ?

 উত্তৰ : শুদ্ধ।

প্রশ্ন ৩। “তর্কবিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান”…….. উক্তিটো সত্যনে?

 উত্তৰ : উক্তিটো সত্য। —….. কথাষাৰ সঁচানে?

প্রশ্ন ৪। ‘লগচ’ৰ অৰ্থ “……..ভাষাৰ মাধ্যমত প্রকাশিত চিন্তা”,

 উত্তৰ : কথাষাৰ সত্য।

প্রশ্ন ৫। তর্কবিজ্ঞান বস্তুনিষ্ঠ বিজ্ঞাননে ? 

 উত্তৰ : তর্কবিজ্ঞান বস্তুনিষ্ঠ বিজ্ঞান নহয়।

প্রশ্ন ৬। তর্কবিজ্ঞানৰ আদৰ্শ কি ?

 উত্তৰ : তর্কবিজ্ঞানৰ আদৰ্শ হ’ল সত্যতা। 

প্রশ্ন ৭। চিন্তাৰ মূল সূত্ৰ তিনিটাৰ পৰা যিকোনো এটাৰ নাম উল্লেখ কৰা। 

 উত্তৰ : চিন্তাৰ মূল সূত্ৰ এটা হ’ল— তাদাত্ম নিয়ম।

প্রশ্ন ৮। চৰম মূল্য বা আদর্শ তিনিটাৰ মাজত কোনটোৰ লগত নন্দনতত্ত্ব  জড়িত ?

 উত্তৰ : সুন্দতাৰ আদর্শ নন্দনতত্ত্বৰ লগত জড়িত।

প্রশ্ন ৯। তর্কবিজ্ঞানৰ প্ৰতিষ্ঠাতা কোন?

 উত্তৰ : এৰিষ্টটল। 

প্রশ্ন ১০। তর্কবিজ্ঞান শব্দটো প্ৰথমতে কোনে ব্যৱহাৰ কৰিছিল?

 উত্তৰ : মিলে। 

প্রশ্ন ১১।‘পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীকাত্মক তর্কবিজ্ঞানৰ মাজৰ পাৰ্থক্য কেৱল ক্রমোন্নতিৰ বিভিন্ন পৰ্যায়ৰ পাৰ্থক্য’—এইটো সত্য বুলি বিবেচনা কৰানে?

 উত্তৰ : হয়, সত্য।

প্রশ্ন ১২। পৰম্পৰাগত তর্কবিজ্ঞান আৰু প্ৰতীকাত্মক তর্কবিজ্ঞানৰ মাজত থকা এটা গুৰুত্বপূৰ্ণ পার্থক্য উল্লেখ কৰা।

 উত্তৰ : পৰম্পৰাগত তর্কবিজ্ঞানত যুক্তি আৰু বচন প্ৰতীকৰ সহায়ত প্ৰকাশ কৰিলেও ইয়াত সীমিত ক্ষেত্ৰতহে প্রতীক ব্যৱহাৰ কৰা হয়। প্রতীকাত্মক তর্কবিজ্ঞানত প্ৰতীকৰ প্ৰয়োগ  অতি বিস্তৃত ৰূপত কৰা হয়।

HS First Year Logic And Philosophy Questions Answer তৰ্কবিজ্ঞান আৰু দর্শন

প্রথম খণ্ড – তৰ্কবিজ্ঞান

Unit- IContentsLinks
Unit- IIতর্কবিজ্ঞান ( Logic)
সংজ্ঞা, প্রকৃতি, পৰিসৰ আৰু উপযোগিতা পৰম্পৰাগত আৰু আধুনিক তর্কবিজ্ঞান
Click here
উপসর্গ ( Proposition) :- বচন (Proposition) পদ (Term)Click here
বচন (Proposition)Click here
সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন (Transformation of ordinary sentences to logical proposition)Click here
তৰ্কীয় বচনত পদৰ ব্যাপ্ততা (Distribution of Term In a Logical Proposition)Click here
বচনৰ আধুনিক শ্রেণীবিভাজন (Modern Classification of Proposition)Click here
Unit-IIIঅনুমান, নিৰপেক্ষ ন্যায় ( Inference, Categorical Syllogism)Click here
Unit- IVপ্রতিকাত্মক তর্কবিজ্ঞান ( Symbolic Logic)Click here

দ্বিতীয় খণ্ড – দর্শন

Unit- Vদর্শন (Philosophy)Click here
Unit- VIভাৰতীয় দর্শন ( Indian Philosophy )Click here
Unit- VIIজ্ঞান উৎপত্তি সম্পৰ্কীয় ( Theories of the origin of knowledge )Click here
প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমানClick here
Unit- VIIIবাস্তৱবাদ আৰু ভাৱবাদ (Realism and Idealism)Click here

প্রশ্ন ১৩। ‘প্রতীকাত্মক তর্কবিজ্ঞানৰ এক সংক্ষিপ্ত ইতিহাস আৰু পৰম্পৰাগত তৰ্কবিজ্ঞানৰ এক দীর্ঘ ইতিহাস আছে’— উক্তিটো সত্য বুলি বিবেচনা কৰানে?

 উত্তৰ : সত্য।

প্রশ্ন ১৪। প্রতীকাত্মক তর্কবিজ্ঞান পৰম্পৰাগত তৰ্কবিজ্ঞানৰ পৰিৱৰ্ধিত ৰূপনে? 

 উত্তৰ : হয়।

প্রশ্ন ১৫। ‘গণিতৰ বিকাশৰ সৈতে প্রতীকাত্মক তর্কবিজ্ঞানৰ বিকাশ অংগাংগীভাবে জড়িত- এইটো সত্য বুলি বিবেচনা কৰানে?

 উত্তৰ : হয়, কৰো।

চমু প্রশ্নোত্তৰ

প্রশ্ন ১। সংজ্ঞা লিখা : 

(ক) আদর্শনিষ্ঠ বিজ্ঞান 

(খ) নিগমন অনুমান 

(গ) বিজ্ঞান 

(ঘ) কলা 

(ঙ) আকাগত সত্যতা 

(চ) তর্কবিজ্ঞান।

 উত্তৰ : আদৰ্শনিষ্ঠ বিজ্ঞান : যি বিজ্ঞানে কোনো এটা আদৰ্শক মাপকাঠী হিচাপে লৈ বিষয়বস্তুৰ মূল্য বিচাৰ কৰে তাক আদর্শনিষ্ঠ বিজ্ঞান বোলে। যেনে– তর্কবিজ্ঞান, নীতিবিজ্ঞান। 

(খ) নিগমন অনুমানযি : অনুমানত এটা বা ততোধিক আধাৰ বচনৰ পৰা সিদ্ধান্তটো অনিবার্যভাবে নিঃসৃত হয় তাকে নিগমন অনুমান বোলে।

(গ) বিজ্ঞানপ্ৰকৃতিৰ : কোনো এক নির্দিষ্ট বিভাগ সম্পর্কে সুসংবদ্ধ, যুক্তিনিষ্ঠ, প্রামাণিক, যথাৰ্থ, সুনিশ্চিত আৰু সাধাৰণ জ্ঞানক বিজ্ঞান বোলে।

(ঘ) কলা : যি বিদ্যাই কোনো নির্দিষ্ট উদ্দেশ্য সাধনৰ বাবে কোনো জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বিধি বা নীতি নিয়মৰ শিক্ষা দিয়ে তাক কলা বোলে। যেনে অস্ত্র চালনা, ভাস্কর্য বিদ্যা ইত্যাদি। 

(ঙ) আকাগত সত্যতা : সংগতিপূর্ণ চিন্তাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায় তাক আকাৰগত সত্যতা বোলে। সংগতিপূর্ণ চিন্তাৰ অৰ্থ হ’ল অন্তৰ্বিৰোধমুক্ত চিন্তা। অর্থাৎ আমি কোনো এটা বৃত্ত গোলাকাৰ বুলি কওঁ কিন্তু কেতিয়াও তিনিকোণীয়া বুলি নকওঁ। কাৰণ বৃত্ত হ’লে ইয়াৰ আকাৰ গোল হ’বই লাগিব। অর্থাৎ আকাৰৰ ফালৰ পৰা সি শুদ্ধ হ’ব লাগিব।

(চ) তর্কবিজ্ঞান : তর্কবিদ মিলৰ মতে, সাক্ষ্যৰ বিচাৰ বা মূল্যায়নৰ অনুগত হৈ জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যত উপনীত হোৱাৰ প্ৰক্ৰিয়া আৰু আন সহায়কাৰী বুদ্ধিগত প্রক্রিয়া উভয়কে অন্তর্ভুক্ত কৰি লোৱা বোধশক্তিৰ ক্ৰিয়াসমূহৰ বিজ্ঞান। 

প্রশ্ন ২। আকাগত সত্যতা কি?

 উত্তৰ : তর্কবিজ্ঞানত সংগতিপূর্ণ চিন্তাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায় তাক আকাৰগত সত্যতা বোলে৷ সংগতিপূর্ণ চিন্তাৰ অৰ্থ হ’ল অন্তৰ্বিৰোধমুক্ত চিন্তা। উদাহৰণস্বৰূপে গোলাকাৰ বৃত্ত।

প্রশ্ন ৩। প্রত্যক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞানৰ মাজত পার্থক্য নির্ণয় কৰা। 

 উত্তৰ : জ্ঞান দুই প্ৰকাৰৰ প্ৰত্যক্ষ আৰু পৰোক্ষ জ্ঞান। অন্য কোনো জ্ঞানৰ সহায় নোলোৱাকৈ পোনপটীয়াভাৱে বা প্রত্যক্ষভাৱে অৰ্জন কৰা জ্ঞানক প্রত্যক্ষ জ্ঞান বোলে। অর্থাৎ বাহ্য প্রত্যক্ষ আৰু অন্তপ্রত্যক্ষৰ জৰিয়তে লাভ কৰা জ্ঞানক প্রত্যক্ষ জ্ঞান বোলে।

আনহাতে কোনো অন্য জ্ঞানৰ মাধ্যমেৰে লাভ কৰা জ্ঞানক পৰোক্ষ জ্ঞান বোলে। অর্থাৎ এনে জ্ঞান পোনপটীয়াভাৱে লাভ কৰা নাযায়।

দ্বিতীয়তে, প্রত্যক্ষ জ্ঞানৰ উৎসবোৰ হৈছে প্রত্যক্ষ, উপমান ইত্যাদি। আনহাতে অনুমান, শব্দ আদি হৈছে পৰোক্ষ জ্ঞানৰ উৎস।

HS first year Logic and Philosophy Chapter 1 Solutions- তর্কবিজ্ঞান

প্রশ্ন ৪। চমুটোকা লিখা : 

(ক) তর্কবিজ্ঞানৰ পৰিসৰ 

(খ) তর্কবিজ্ঞান অধ্যয়নৰ উপযোগিতা 

(গ) তর্কবিজ্ঞানৰ বিষয়বস্তু 

(ঘ) আদর্শনিষ্ঠ বিজ্ঞান 

(ঙ) বস্তুগত সত্যতা 

(চ) তর্কবিজ্ঞান 

(ছ) আকাৰনিষ্ঠ তর্কবিজ্ঞান।

(ক) তর্কবিজ্ঞানৰ পৰিসৰ

 উত্তৰ : তৰ্কবিজ্ঞানৰ পৰিসৰৰ অৰ্থ হ’ল তর্কবিজ্ঞানৰ অধীনত অধ্যয়ন কৰা বিষয়বস্তু। তর্কবিজ্ঞান হ’ল অনুমানৰ বিজ্ঞান। গতিকে অনুমানৰ জৰিয়তে লাভ কৰা ই এক পৰোক্ষ জ্ঞান আৰু ই হৈছে তর্কবিজ্ঞানৰ প্রধান বিষয়। দ্বিতীয়তে, তর্কবিজ্ঞানৰ চিন্তাৰ শুদ্ধতা বা অনুমানৰ যথাৰ্থতাহে তর্ক বিজ্ঞানৰ আলোচনাৰ বিষয়। তদুপৰি যথাৰ্থ অনুমানত উপনীত হোৱাৰ উদ্দেশ্যে যিবোৰ বিধি নিয়ম পালন কৰা হয় সেইবোৰ বিষয়েও আলোচনা কৰে। আকৌ তর্কবিজ্ঞানক যেতিয়া চিন্তাৰ বিজ্ঞান বোলা হয় তেতিয়া চিন্তাৰ প্ৰক্ৰিয়া আৰু পৰিণাম উভয়কে বুজোৱা হয়। আকৌ অৱধাৰণ, পদ আৰু যুক্তিৰ বিষয়ে তর্কবিজ্ঞানত আলোচনা কৰা হয়। কাৰণ অৱধাৰণাক ভাষাত প্ৰকাশ কৰিলে হয় বচন আৰু অনুমান বা যুক্তি বচনৰ দ্বাৰা গঠিত৷ একেদৰে বচন পদৰ দ্বাৰা গঠিত। অর্থাৎ পদ, বচন, যুক্তি তর্কবিজ্ঞানৰ আলোচ্য বিষয়।

তর্কবিজ্ঞানৰ প্রধান বিষয়বস্তু হৈছে অনুমান। অনুমান দুই প্ৰকাৰৰ — নিগমন অনুমান আৰু আগমন অনুমান। তর্কবিজ্ঞানে দুয়ো প্ৰকাৰৰ অনুমানৰ বিষয়ে আলোচনা কৰে। তদুপৰি তর্কবিজ্ঞানত অনুমান সহায়ক প্ৰক্ৰিয়াসমূহৰো আলোচনা কৰা হয়। যেনে— সংজ্ঞা, বিভাজন, শ্ৰেণীকৰণ ইত্যাদি। তর্কবিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান। সত্যতাই তর্কবিজ্ঞানৰ আদৰ্শ। আকৌ সত্যতা দুই প্ৰকাৰৰ আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা। তর্কবিজ্ঞানে উভয় প্রকাৰৰ সত্যতাৰ বিষয়ে আলোচনা কৰে। তর্কবিজ্ঞান হৈছে চিন্তাৰ বিজ্ঞান। গতিকে তর্কবিজ্ঞানে চিত্তাৰ মূল সূত্ৰাৱলীসমূহৰ বিষয়েও আলোচনা কৰে। তদুপৰি তৰ্কবিজ্ঞানে সত্যতা নিৰূপক নীতি-নিয়ম যথাযথভাৱে পালন নকৰিলে তাৰ পৰা উৎপন্ন হোৱা নানা প্ৰকাৰৰ দোষ বা অনুপপত্তিৰ বিষয়েও আলোচনা কৰে।

(খ) তর্কবিজ্ঞান অধ্যয়নৰ উপযোগিতা 

 উত্তৰ : তর্কবিজ্ঞান অধ্যয়নৰ যথেষ্ট উপযোগিতা আছে। তর্কবিজ্ঞানে শুদ্ধ চিন্তা বা যথার্থ অনুমানৰ নীতি-নিয়মৰ নিৰ্দেশ দিয়ে। এই নীতি-নিয়মৰ জৰিয়তে দোষ-ত্রুটি দূৰ কৰি শুদ্ধ চিন্তা বা যথার্থ অনুমানত উপনীত হ’ব পাৰি আৰু ইয়াৰ দ্বাৰা যথার্থজ্ঞান আৰু সত্যতা লাভ কৰিব পাৰি। দ্বিতীয়তে, তর্কবিজ্ঞানৰো বিজ্ঞান আৰু কলাৰো কলা বুলি অভিহিত কৰা হয়৷ কাৰণ সকলো বিজ্ঞান তর্কবিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল৷ সেইদৰে বিভিন্ন প্ৰকাৰৰ কলাবিদ্যাও নিজ নিজ উদ্দেশ্য সাধনৰ বাবে তর্কবিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল৷ তৃতীয়তে তর্কবিজ্ঞান হ’ল এক মানসিক ব্যায়াম বা মানসিক অনুশীলন। শাৰীৰিক ব্যায়ামৰ যোগেদি মানুহে যিদৰে নিজৰ স্বাভাৱিক শাৰীৰিক শক্তি সামাৰ্থ্যৰ বিকাশ সাধন কৰিব পাৰে, সেইদৰে মানসিক ব্যায়াম স্বৰূপ তর্কবিজ্ঞান অধ্যয়নৰ যোগেদি স্বাভাৱিক চিন্তাশক্তি উন্নত আৰু সক্ৰিয় কৰিব পাৰে। তদুপৰি তর্কবিজ্ঞানে যিহেতু শুদ্ধভাৱে চিন্তা কৰিবলৈ শিকায়, গতিকে তর্কবিজ্ঞানৰ সহায়ত মনত থকা সন্দেহ বা সংশয় দূৰ কৰিব পাৰি। তৰ্কবিজ্ঞানৰ জৰিয়তে মানুহৰ মনক অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ পৰা মুক্ত কৰিব পাৰি। তর্কবিজ্ঞানৰ অধ্যয়নে সংস্কামুক্ত মানসিক প্ৰৱণতাৰ সৃষ্টি কৰি বৈজ্ঞানিক দৃষ্টিভংগী গঢ়ি তুলিব পাৰে। তর্কবিজ্ঞানে মানুহৰ মনৰ আবেগ প্রবণতাক নাশ কৰি যুক্তি বিচাৰৰ দিশত উদ্‌গনি যোগায়।

আকৌ তর্কবিজ্ঞানক অলংকাৰ শাস্ত্ৰৰ মেৰুদণ্ডস্বৰূপ বুলি কোৱা হয়। কোনো বিষয় ভাষাৰ অলংকাৰৰেৰে সজাই পৰাই তুলি তাৰ লগত তর্কবিজ্ঞানৰ জ্ঞান সংযোগ কৰিলে সেই বিষয় অধিক যুক্তিপূৰ্ণ হৈ পৰে। শুদ্ধ চিন্তাৰ বিজ্ঞান হিচাপে তর্কবিজ্ঞান প্ৰকৃততে সকলো প্ৰকাৰৰ জ্ঞান অন্বেষণৰ ভিত্তি। প্রাকৃতিক বিজ্ঞানীসকলৰ বাবে আগমনাত্মক তর্কবিজ্ঞান আৰু গণিতজ্ঞসকলৰ বাবে নিগমণাত্মক তর্কবিজ্ঞানৰ অতি প্রয়োজন। আধুনিক তর্কবিজ্ঞান বিশুদ্ধ আকাৰগত বিজ্ঞান ৰূপে বিকশিত হৈ বিশুদ্ধ গণিতৰ ঘনিষ্ঠ হৈ পৰিছে। তর্ক বিজ্ঞানসন্মত প্ৰণালী আৰু কৌশল কম্পিউটাৰ বিজ্ঞানকে ধৰি আন বহু ক্ষেত্ৰত প্ৰযোজ্য হৈছে।

(গ) তর্কবিজ্ঞানৰ বিষয়বস্তু ওপৰোক্ত

 উত্তৰ : তৰ্কবিজ্ঞানৰ পৰিসৰৰ অৰ্থ হ’ল তর্কবিজ্ঞানৰ অধীনত অধ্যয়ন কৰা বিষয়বস্তু। তর্কবিজ্ঞান হ’ল অনুমানৰ বিজ্ঞান। গতিকে অনুমানৰ জৰিয়তে লাভ কৰা ই এক পৰোক্ষ জ্ঞান আৰু ই হৈছে তর্কবিজ্ঞানৰ প্রধান বিষয়। দ্বিতীয়তে, তর্কবিজ্ঞানৰ চিন্তাৰ শুদ্ধতা বা অনুমানৰ যথাৰ্থতাহে তর্ক বিজ্ঞানৰ আলোচনাৰ বিষয়। তদুপৰি যথাৰ্থ অনুমানত উপনীত হোৱাৰ উদ্দেশ্যে যিবোৰ বিধি নিয়ম পালন কৰা হয় সেইবোৰ বিষয়েও আলোচনা কৰে। আকৌ তর্কবিজ্ঞানক যেতিয়া চিন্তাৰ বিজ্ঞান বোলা হয় তেতিয়া চিন্তাৰ প্ৰক্ৰিয়া আৰু পৰিণাম উভয়কে বুজোৱা হয়। আকৌ অৱধাৰণ, পদ আৰু যুক্তিৰ বিষয়ে তর্কবিজ্ঞানত আলোচনা কৰা হয়। কাৰণ অৱধাৰণাক ভাষাত প্ৰকাশ কৰিলে হয় বচন আৰু অনুমান বা যুক্তি বচনৰ দ্বাৰা গঠিত৷ একেদৰে বচন পদৰ দ্বাৰা গঠিত। অর্থাৎ পদ, বচন, যুক্তি তর্কবিজ্ঞানৰ আলোচ্য বিষয়।

তর্কবিজ্ঞানৰ প্রধান বিষয়বস্তু হৈছে অনুমান। অনুমান দুই প্ৰকাৰৰ — নিগমন অনুমান আৰু আগমন অনুমান। তর্কবিজ্ঞানে দুয়ো প্ৰকাৰৰ অনুমানৰ বিষয়ে আলোচনা কৰে। তদুপৰি তর্কবিজ্ঞানত অনুমান সহায়ক প্ৰক্ৰিয়াসমূহৰো আলোচনা কৰা হয়। যেনে— সংজ্ঞা, বিভাজন, শ্ৰেণীকৰণ ইত্যাদি। তর্কবিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান। সত্যতাই তর্কবিজ্ঞানৰ আদৰ্শ। আকৌ সত্যতা দুই প্ৰকাৰৰ আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা। তর্কবিজ্ঞানে উভয় প্রকাৰৰ সত্যতাৰ বিষয়ে আলোচনা কৰে। তর্কবিজ্ঞান হৈছে চিন্তাৰ বিজ্ঞান। গতিকে তর্কবিজ্ঞানে চিত্তাৰ মূল সূত্ৰাৱলীসমূহৰ বিষয়েও আলোচনা কৰে। তদুপৰি তৰ্কবিজ্ঞানে সত্যতা নিৰূপক নীতি-নিয়ম যথাযথভাৱে পালন নকৰিলে তাৰ পৰা উৎপন্ন হোৱা নানা প্ৰকাৰৰ দোষ বা অনুপপত্তিৰ বিষয়েও আলোচনা কৰে।

(ঘ) আদর্শনিষ্ঠ বিজ্ঞান

 উত্তৰ : যি বিজ্ঞানে কোনো এটা আদৰ্শক মাপকাঠী হিচাপে লৈ বিষয়বস্তুৰ মূল্য বিচাৰ কৰে, তাক আদর্শনিষ্ঠ বিজ্ঞান বোলে। উদাহৰণ স্বৰূপে—নীতিবিজ্ঞান এক আদর্শনিষ্ঠ বিজ্ঞান। নীতি বিজ্ঞানৰ আদৰ্শ পৰম কল্যাণ’ বা শ্রেয়। এই আদৰ্শক মানদণ্ড হিচাপে সন্মুখত ৰাখি নীতিবিজ্ঞানে মানুহৰ কাৰ্যকলাপ বিচাৰ কৰে। একেদৰে তৰ্কবিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান। সত্যই তর্কবিজ্ঞানৰ আদর্শ। তর্কবিজ্ঞানে শুদ্ধভাৱে চিন্তা কৰিবলৈ শিকায়। শুদ্ধ চিন্তা বা যথার্থ অনুমানৰ জৰিয়তে যথার্থ জ্ঞানত উপনীত হ’ব পাৰি আৰু ইয়াৰ ফলস্বৰূপে সত্যৰ উপলব্ধি হয়। সত্যতাৰ আদর্শ আগত ৰাখি সত্যতাত উপনীত হোৱাৰ উদ্দেশ্য পালন কৰিবলগীয়া চিন্তা বা অনুমানৰ নীতি-নিয়মৰ নির্দেশ দিয়ে তর্কবিজ্ঞানে ৷ গতিকে তর্কবিজ্ঞান হৈছে আদর্শনিষ্ঠ বিজ্ঞান।

(ঙ) বস্তুগত সত্যতা

 উত্তৰ : বাস্তৱ জগতৰ লগত চিন্তাৰ বা ধাৰণাৰ সামঞ্জস্য বা অনুৰূপতাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায় তাক বস্তুগত সত্যতা বোলে। উদাহৰণস্বৰূপে ‘গছৰ পাত সেউজীয়া’ বুলি চিন্তা বা ধাৰণা কৰি দেখা যায়যে এই ধাৰণাৰ বাস্তৱ জগতৰ সেউজীয়া গছৰ পাতৰ লগত সামঞ্জস্য আছে। কিন্তু ‘আকাশ কুসুম’ৰ ধাৰণা মনত কৰিব পাৰিলেও বাস্তৱ জগতৰ বস্তুৰ লগত এনে ধাৰণাৰ সামঞ্জস্য নাই। গতিকে এনে চিন্তা বস্তুগতভাৱে অসত্য।

কিন্তু কোনো চিন্তা আকাগত সত্য নহ’লে বস্তুগতভাৱে সত্য হ’ব নোৱাৰে। চিন্তাৰ বস্তুগত সত্যতা থাকিলে আকাৰগত সত্যতা থাকিবই। কিন্তু আকাগত সত্যতা থাকিলে বস্তুগত সত্যতা থাকিবও পাৰে অথবা নাথাকিবও পাৰে। পাশ্চাত্য তর্কবিজ্ঞানত আকাগত সত্যতা আৰু বস্তুগত সত্যতাৰ পাৰ্থক্যৰ ভিত্তিত তর্কবিজ্ঞানক আকাৰনিষ্ঠ তর্কবিজ্ঞান আৰু বস্তুনিষ্ঠ তর্কবিজ্ঞজ্ঞান— এই দুটা ভাগত ভাগ কৰা হয়। বস্তুনিষ্ঠ তর্কবিজ্ঞানত চিন্তাৰ বস্তুগত সত্যতাৰ আলোচনা কৰা হয়। বস্তুনিষ্ঠ তর্কবিজ্ঞানৰ লক্ষ্য চিন্তাৰ কেৱল আকাৰগত সত্যতাই নহয়, বস্তুগত সত্যতা নির্ণয় কৰা হয়। যিকোনো এটা আধাৰ বচন বস্তুগতভাৱে অসত্য হ’লেই সিদ্ধান্ত বস্তুগতভাৱে অসত্য হয় আৰু আধাৰ বচন সত্য হ’লে সিদ্ধান্তও সত্য হয়। তর্কবিজ্ঞান বস্তুগত সত্যতা আৰু আকাৰগত সত্যতা উভয়ৰে লগত জড়িত। আকৌ বস্তুনিষ্ঠ তর্কবিজ্ঞানক আগমণাত্মক তর্কবিজ্ঞান বোলা হয়।

(চ) তর্কবিজ্ঞানতর্কবিজ্ঞান

 উত্তৰ : গ্ৰীক শব্দ ‘Logike’ ৰ পৰা উৎপত্তি হৈছে। এই গ্ৰীক শব্দটোৰ পৰা ইংৰাজী ‘Logic’ শব্দটোৰ উৎপত্তি হৈছে। ‘Logike’ এই শব্দটো ‘Logos এই বিশেষ্যৰ বিশেষণ। ‘Logos’ এই গ্ৰীক শব্দটোৰ অৰ্থ হ’ল চিন্তা। গতিকে তর্কবিজ্ঞান হ’ল ভাষাত প্ৰকাশ কৰিব পৰা চিন্তাৰ বিজ্ঞান।

চিন্তাৰ দুটা দিশ আছে। চিন্তা কি আৰু কেনেভাৱে চিন্তা কৰিলে সত্যত উপনীত হ’ব পৰা যায়। চিন্তা কি তর্কবিজ্ঞানত বিষয়বস্তু নহয়। কেনেভাৱে চিন্তা কৰিলে সত্যত উপনীত হ’ব পৰা যায় সেইটোহে তর্কবিজ্ঞানৰ বিষয়বস্তু। গতিকে তর্কবিজ্ঞান চিন্তা বা অনুমানৰ বিজ্ঞান। অনুমান চিস্তাবেই প্রক্রিয়া। যি মানসিক প্ৰক্ৰিয়াৰ দ্বাৰা অধিগত বিষয়ৰ পৰা অনধিগত বিষয়ত উপনীত হ’ব পৰা যায় তাক অনুমান বোলে।

এই অনুমান দুই প্ৰকাৰৰ — নিগমন অনুমান আৰু আগমন অনুমান। দুয়োবিধ অনুমান তর্কবিজ্ঞানৰ বিষয়বস্তু। তর্কবিজ্ঞান বিজ্ঞান হ’লেও ই বিষয়নিষ্ঠ বিজ্ঞান হয়। ই আদর্শনিষ্ঠ বিজ্ঞানহে। গতিকে নির্ভুল চিন্তা বা অনুমানৰ প্ৰামাণ্যনিৰূপক বিধি-নিয়ম আৰু তাৰ অনুসংগিক প্ৰক্ৰিয়াৰ আদৰ্শনিষ্ঠ বিজ্ঞানকেই তর্কবিজ্ঞান বোলে।

(ছ) আকাৰনিষ্ঠ তর্কবিজ্ঞান

 উত্তৰ : আকাৰগত সত্যতা আৰু বস্তুগত সত্যতাৰ পাৰ্থক্যৰ ভিত্তিত তর্কবিজ্ঞানক আকাৰনিষ্ঠ তর্কবিজ্ঞান আৰু বস্তুনিষ্ঠ তর্কবিজ্ঞান হিচাপে দুই ভাগত ভগোৱা হয়। আকাৰনিষ্ঠ তর্কবিজ্ঞানত কেৱল চিন্তাৰ আগাৰ্গত সত্যতাৰ আলোচনা কৰা হয়। ই চিন্তা কিভাৱে কৰা হৈছে, চিন্তাৰ নীতি-নিয়ম যথাযথভাৱে পালন কৰা হৈছে নে নাই তাৰহে বিচাৰ কৰে। আকাৰনিষ্ঠ তর্কবিজ্ঞানত অনুমান বা যুক্তিৰ আধাৰসমূহৰ বস্তুগত সত্যতা সম্পর্কে কোনো প্রশ্ন কৰা নহয়, কেৱল আধাৰ বচনসমূহ সত্য বুলি স্বীকাৰ কৰা হয়। আকৌ সেই সত্যবুলি বিবেচিত আধাৰ বচনৰ পৰা যথাযথভাৱে সিদ্ধান্ত নিঃসৃত হৈছে নে নাই তাৰহে বিচাৰ কৰা হয়। আকাৰনিষ্ঠ তৰ্কবিজ্ঞানক বিশুদ্ধ তর্কবিজ্ঞান বা সংগতিপূর্ণ তর্কবিজ্ঞান বুলি কোৱা হয়। তর্কবিজ্ঞানে আকাগত সত্যতা আৰু বস্তুগত সত্যতা উভয় প্রকাৰৰ সত্যতাৰ আলোচনা কৰে। আকাৰনিষ্ঠ তর্কবিজ্ঞানে সিদ্ধান্ত যথাযথভাৱে নিঃসৃত হৈছে নে নাই তাৰ বিচাৰ কৰে বাবে আকাৰনিষ্ঠ তর্ক বিজ্ঞানক নিগমণাত্মক তর্কবিজ্ঞান বোলে।

HS first year Logic and Philosophy Chapter 1 Solutions- তর্কবিজ্ঞান

প্রশ্ন ৫। বিষয়নিষ্ঠ বিজ্ঞানৰ তিনিটা উদাহৰণ লিখ।।

উত্তৰ : বিষয়নিষ্ঠ বিজ্ঞানৰ তিনিটা উদাহৰণ হ’ল– (১) পদার্থ বিজ্ঞান, (২) বাসন বিজ্ঞান (৩) উদ্ভিদ বিজ্ঞান।

প্রশ্ন ৬। আদর্শনিষ্ঠ বিজ্ঞানৰ দুটা উদাহৰণ লিখ। ।

উত্তৰ : আদর্শনিষ্ঠ বিজ্ঞানৰ দুটা উদাহৰণ হ’ল– 

(১) তর্কবিজ্ঞান আৰু 

(২) নীতিবিজ্ঞান।

প্রশ্ন ৭। আকাগত সত্যতা আৰু বস্তুগত সত্যতাৰ মাজৰ পাৰ্থক্য দেখুওৱা 

উত্তৰ : সত্যতা হ’ল তর্কবিজ্ঞানৰ আদর্শ। সত্যতা দুই প্রকাৰৰ আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা। দুয়ো প্ৰকাৰৰ সত্যতাৰ মাজৰ পাৰ্থক্য হল সংগতিপূর্ণ চিন্তাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায় তাক আকাৰগত সত্যতা বোলে। সংগতিপূর্ণ চিন্তাৰ অৰ্থ হ’ল অন্তৰ্বিৰোধমুক্ত চিন্তা। অর্থাৎ আমি কোনো এটা বৃত্ত গোলাকাৰ বুলি কওঁ কিন্তু কেতিয়াও তিনিকোণীয়া বুলি নকওঁ। কাৰণ বৃত্ত হ’লৈ ইয়াৰ আকাৰ গোল হ’বই লাগিব। অর্থাৎ আকাৰৰ ফালৰ পৰা সি শুদ্ধ হ’ব লাগিব।

আনহাতে, বাস্তৱ জগতৰ বস্তুৰ লগত চিন্তাৰ বা ধাৰণাৰ সামঞ্জস্য বা অনুৰূপতাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায় তাক বস্তুগত সত্যতা বোলে। উদাহৰণস্বৰূপে সাগৰৰ পানী নীলা বুলি ধাৰণা কৰি দেখা যায় যে এই ধাৰণাৰ বাস্তৱ জগতৰ সাগৰৰ নীলা পানীৰ লগত সামঞ্জস্য আছে।

দ্বিতীয়তে, আকাগতভাৱে সত্য নহলে কোনো চিন্তা বস্তুগতভাৱে সত্য হ’ব নোৱাৰে। কিন্তু বস্তুগত সত্যতা থাকিলে আকাৰগত সত্যতা থাকিবই।

প্রশ্ন ৮। বিজ্ঞান আৰু কলাৰ মাজত থকা তিনিটা পার্থক্য উল্লেখ কৰা। 

উত্তৰ : বিজ্ঞান আৰু কলাৰ পাৰ্থক্যসমূহ হৈছে——

(ক) বিজ্ঞানে জানিবলৈ শিকায় কিন্তু কলাবিদ্যাই কৰিবলৈ শিকায় ৷

(খ) বিজ্ঞানে জ্ঞান লাভৰ প্ৰৱৰ্তনা দিয়ে কিন্তু কলাবিদ্যাই ব্যৱহাৰিক উদ্দেশ্য সাধনৰ প্রবৃত্তি যোগায়। 

(গ) বিজ্ঞানৰ কাৰ্য হ’ল কিছুমান ঘটনা বা বস্তুৰ স্বভাৱ পৰ্যবেক্ষণ কৰি কাৰ্যকাৰণৰ সম্বন্ধ 

বা বস্তুৰ স্বভাৱ সম্পর্কে সাধাৰণ নিয়ম প্রতিষ্ঠা কৰা।

আনহাতে কোনো নির্দিষ্ট উদ্দেশ্য পূৰণৰ বাবে প্ৰয়োগ কৰিবলগীয়া নিয়ম কিছুমানৰ নির্দেশ দিয়া কলাৰ কার্য।

প্রশ্ন ৯। ‘কলা’ৰ উদাহৰণৰ সৈতে সংজ্ঞা দিয়া।

উত্তৰ : যি বিদ্যাই কোনো নির্দিষ্ট উদ্দেশ্য সাধনৰ বাবে কোনো জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বিধি বা নীতি নিয়মৰ শিক্ষা দিয়ে তাক কলা বোলে। যেনে— অস্ত্র চালনা, ভাস্কর্য বিদ্যা ইত্যাদি।

প্রশ্ন ১০। বিষয়নিষ্ঠ বিজ্ঞান আৰু আদর্শনিষ্ঠ বিজ্ঞানৰ তিনিটা পার্থক্য উল্লেখ কৰা।

উত্তৰ : বিষয়নিষ্ঠ বিজ্ঞান আৰু আদৰ্শনিষ্ঠ বিজ্ঞানৰ তিনিটা পার্থক্য হ’ল(ক) যি বিজ্ঞানে বিষয়বস্তুৰ যথার্থ স্বৰূপ বা প্রকৃতি সম্পর্কে আলোচনা কৰে তাক বিষয়নিষ্ঠ বিজ্ঞান বোলে৷ উদাহৰণ স্বৰূপে মনোবিজ্ঞান। ইয়াৰ বিষয়বস্তু হ’ল ‘মন’। ইয়াত মনৰ বিভিন্ন অৱস্থা, ক্রিয়া, প্রক্রিয়া আদি যিদৰে ঘটে, ঠিক তেনেদৰেই তাৰ বৰ্ণনা দিয়া হয়। আনহাতে, যি বিজ্ঞানে কোনো এটা আদর্শক মাপকাঠী হিচাপে লৈ বিষয়বস্তুৰ মূল্য বিচাৰ কৰে তাক আদর্শনিষ্ঠ বিজ্ঞান বোলে। উদাহৰণ স্বৰূপে— নীতিবিজ্ঞান এক আদর্শনিষ্ঠ বিজ্ঞান।

নীতিবিজ্ঞানৰ আদর্শ হ’ল পৰম কল্যাণ বা শ্রেয়। নীতিবিজ্ঞানে এই আদর্শক মানদণ্ড হিচাপে সন্মুখত ৰাখি মানুহৰ কাৰ্য-কলাপ বিচাৰ কৰে৷

দ্বিতীয়তে, বিষয়বস্তু ঠিক যেনেকুৱা, ঠিক তেনেকুৱাভাৱে বিষয়নিষ্ঠ বিজ্ঞানে আলোচনা কৰে। কিন্তু আদর্শনিষ্ঠ বিজ্ঞানত কোনো বিষয় কেনেকুৱা হোৱাঁ উচিত সেই বিষয়ে আলোচনা কৰা হয়।

প্রশ্ন ১১। বিজ্ঞানৰ বৈশিষ্ট্যবোৰ কি কি? 

উত্তৰ : প্ৰকৃতিৰ কোনো এক নির্দিষ্ট বিভাগ সম্পর্কে সুসংবদ্ধ, যুক্তিনিষ্ঠ, প্রামাণিক, যথার্থ, সুনিশ্চিত আৰু সাধাৰণ জ্ঞানক বিজ্ঞান বোলে। বিজ্ঞানৰ বৈশিষ্ট্য হল—

(ক) বিজ্ঞানে মানুহক জানিবলৈ শিকায়। 

(খ) বিজ্ঞানে জ্ঞানলাভৰ প্ৰৱৰ্তনা দিয়ে।

(গ) বিজ্ঞানে বস্তুৰ স্বভাৱ, উপাদান আৰু নিয়মাৱলীৰ জ্ঞান দিয়ে।

(ঘ) বিজ্ঞানে বিভিন্ন ঘটনা বা বস্তুৰ স্বভাৱ পর্যবেক্ষণ কৰি কাৰ্যকাৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰাত সহায় কৰে। 

(ঙ) বিজ্ঞানে প্রকৃতিৰ যিকোনো বিভাগ সম্পর্কে আমাক প্রামাণিক আৰু যথার্থ জ্ঞান দিয়ে। 

প্রশ্ন ১২। পৰম্পৰাগত তর্কবিজ্ঞান আৰু প্ৰতীকাত্মক তর্কবিজ্ঞানৰ মাজৰ তিনিটা পার্থক্য উল্লেখ কৰা।

উত্তৰ : প্রতীকাত্মক তর্কবিজ্ঞান আৰু পৰম্পৰাগত তৰ্কবিজ্ঞানৰ পাৰ্থক্য হ’ল—

(ক) পৰম্পৰাগ দু তর্কবিজ্ঞানৰ ইতিহাস প্রায় আঢ়ৈ হাজাৰ বছৰ পুৰণি। কিন্তু প্রতীকাত্মক তর্কবিজ্ঞান কেৱল ঊনৈশ শতিকাৰ শেষভাগৰ পৰা প্ৰসাৰণ লাভ কৰিছিল৷ গতিকে ইয়াৰ ইতিহাস অতি সংক্ষিপ্ত।

(খ) পৰম্পৰাগত তৰ্কবিজ্ঞানৰ পৰিসৰ অতি ঠেক। এই তর্কবিজ্ঞান কম-বেছি পৰিমাণে ন্যায় অনুমান ভিত্তিক আলোচনাত সীমাবদ্ধ। আনহাতে আধুনিক তর্কবিজ্ঞানে পৰম্পৰাগত তৰ্ক বিজ্ঞানৰ ন্যায় অনুমানৰ বিভিন্ন আলোচনাৰ উপৰি এনে তর্কবিজ্ঞানত স্বীকৃত নোহোৱা আন যুক্তিৰ অ কাব সম্পর্কেও আলোচনা কৰে।

(গ) পৰম্পৰাগত তৰ্কবিজ্ঞানত বচন আৰু যুক্তিসমূহ প্ৰতীকাত্মক আকাৰত প্ৰকাশ কৰা হৈছিল। গতিকে এই তর্কবিজ্ঞানত প্রতীকৰ প্ৰয়োগ অতি সীমিত আছিল। কিন্তু আধুনিক তর্কবিজ্ঞানত প্ৰতীকৰ প্ৰয়োগ অতি বিস্তৃত ৰূপত কৰা হয়।

প্রশ্ন ১৩। তর্কবিজ্ঞানৰ তলত দিয়া সংজ্ঞাবোৰ আলোচনা কৰা। 

(ক) “তর্কবিজ্ঞান যুক্তি-পদ্ধতি সম্বন্ধীয় কলাবিদ্যা”— Aldrich.

উত্তৰ : এই সংজ্ঞাটোত তর্কবিজ্ঞানক কেবলমাত্র কলাবিদ্যা বুলি অভিহিত কৰিছে। বিজ্ঞানৰ দিশটো ইয়াত লক্ষ্য কৰা নাই৷ প্ৰকৃততে তর্কবিজ্ঞান কলা আৰু বিজ্ঞানসন্মত। চিন্তা, যুক্তিতর্কৰ বাবে যিবোৰ নীতি-নিয়ম সেইবোৰ বচনা কৰা হিচাপে ই বিজ্ঞান; কিন্তু এই নীতি নিয়মবোৰ ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰি জ্ঞানৰ সত্যতাত উপনীত হোৱাৰ সহায়ক হিচাপে ই কলা। গতিকে ওপৰোক্ত সংজ্ঞাটো তর্কবিজ্ঞানত গ্রহণযোগ্য সংজ্ঞা হ’ব নোৱাৰে।

(খ) “তর্কবিজ্ঞান যুক্তি বিষয়ক বিজ্ঞান।” — Albertus Magnus. 

উত্তৰ : এই সংজ্ঞাটোত তর্কবিজ্ঞানক কেৱল বিজ্ঞান বুলি কোৱা হৈছে। ইয়াৰ প্রায়োগিক দিশটোৰ বিষয়ে লক্ষ্য কৰা নাই। কিন্তু তর্কবিজ্ঞানে শুদ্ধ চিত্তা আৰু অনুমানৰ বাবে নীতি নিয়মৰ নির্দেশনা দিয়া হিচাপে বিজ্ঞান আনহাতে এই নীতি-নিয়মবোৰ ব্যৱহাৰিক দিশত প্ৰয়োগ কৰি জ্ঞানৰ সত্যাসত্য নিৰূপণ কৰাৰ দিশৰ পৰা ই কলা। গতিকে ওপৰোক্ত সংজ্ঞাটো অব্য [] দোষেৰে দূষিত।

(গ) “তর্কবিজ্ঞান-যুক্তি-পদ্ধতি সম্বন্ধীয় বিজ্ঞান আৰু কলাবিদ্যা”— Whatley. 

উত্তৰ : উক্ত সংজ্ঞাত তর্কবিজ্ঞানক বিজ্ঞান আৰু কলা উভয়ে বুলি অভিহিত কৰিছে। ওপৰত আলোচনা কৰা সংজ্ঞা দুটাতকৈ এই সংজ্ঞাটো কিছু সন্তোষজনক। কিন্তু ই সর্বাংগ সস্তোষজনক সংজ্ঞা হ’ব নোৱাৰে। কাৰণ এই সংজ্ঞাবোৰে তৰ্কবিজ্ঞানত আনুষংগিক আলোচ্য বিষয় বিভাজন, শ্রেণীকৰণ, সংজ্ঞার্থ নিৰূপণ আদি অনুমানৰ সহায়ৰ সহায়ৰ প্ৰক্ৰিয়াবোৰ আলোচনা কৰা নাই ।

(ঘ) “তৰ্কবিজ্ঞান চিন্তাৰ নিয়মাৱলী বা বিধিৰ বিজ্ঞান”– Thompson. 

উত্তৰ : এই সংজ্ঞাত নীতি-নিয়মৰ তৰ্কবিজ্ঞানত কেৱল বিজ্ঞান বুলিহে অভিহিত কৰিছে। চিস্তাৰ সকলো প্ৰকাৰ নীতি-নিয়মৰ আলোচনা মনোবিজ্ঞানৰহে আলোচ্য বিষয়। চিন্তাৰ প্রাধান্য নিৰূপক বিধি-নিয়মবোৰহে তর্কবিজ্ঞানে আলোচনা কৰে। প্ৰত্যক্ষ, স্মৃতি, কল্পনা, অনুমান আদি চিন্তাৰ বিভিন্ন বিকাশ, তর্কবিজ্ঞানে চিস্তাৰ পৰিণাম আৰু অনুমানৰহে আলোচনা কৰে। সকলো প্ৰকাৰ চিত্তাৰ আলোচনা নকৰে। চিন্তা কি আৰু তাৰ প্ৰকাৰবোৰ মনোবিজ্ঞানেহে আলোচনা কৰে। তর্কবিজ্ঞানে শুদ্ধ চিত্তা আৰু অনুমানৰহে নীতি-নিয়মৰ নিৰ্দেশনা দিয়ে। 

(ঙ) “তর্কবিজ্ঞান চিন্তাৰ আকাৰগত বিধি সম্পৰ্কীয় বিজ্ঞান।”— Hamilton

উত্তৰ : এই সংজ্ঞাটোৱে চিম্বাৰ আকাৰগত দিশটোহে আলোচনা কৰিছে। চিন্তাৰ আকাৰগত আৰু বস্তুগত উভয় দিশ থাকিলেহে জ্ঞান সত্য হ’ব পাৰে। ইয়াত চিন্তাৰ বস্তুগত দিশটো উপেক্ষা কৰিছে৷ গতিকে এই সংজ্ঞাটোও একপক্ষীয়।

(চ) “মানুহৰ জ্ঞান যথার্থ নিৰূপক বিধিসমূহৰ বিজ্ঞানে তর্কবিজ্ঞান”–Uberweg.

উত্তৰ : এই সংজ্ঞাটোৱে তর্কবিজ্ঞানৰ বিজ্ঞান আৰু কলাবিদ্যা উভয় দিশকে স্বীকৃতি দিছে৷ ইয়াততর্কবিজ্ঞানে চিন্তাৰ বিধি-নিয়মৰ নিৰূপণ আৰু প্ৰয়োগ দুইটাৰে স্বীকৃতি দিছে। এই সংজ্ঞাবো পাশ্চাত্য তর্কবিদসকলৰ কাৰণে অতিব্যাপ্তি হ’ব। কাৰণ তেওঁলোকে তর্কবিজ্ঞানৰ আলোচ্য বিষয় হিচাপে মাত্র অনুক্ষিত বা পৰোক্ষ জ্ঞান বুলিহে ধৰে। অপৰোক্ষ জ্ঞানক তর্কবিজ্ঞানৰ আলোচ্য বিষয় হিচাপে গ্ৰহণ নকৰে।

(ছ) “যি বিজ্ঞানে লক্ষ্য বা প্ৰমাণৰ বিচাৰৰ দ্বাৰা অধিগত বিষয়ৰ জ্ঞানৰ পৰা যি প্ৰক্ৰিয়াৰ সহায়ত অনাধিগত বিষয়ৰ জ্ঞানত উপনীত হ’বলৈ প্ৰয়োজন হোৱা ক্ৰিয়াৰ সহায়ক আলোচনা কৰে আৰু বোধশক্তিৰ ক্ৰিয়াৰ সহায়ক আনুষংগিক প্রক্রিয়াবোৰৰ আলোচনা কৰে তাকেই তৰ্কবিজ্ঞান বোলে।” – J.S. Mill.

উত্তৰ : পাশ্চাত্য দর্শনৰ তৰ্কবিজ্ঞানৰ অন্যতম প্রধান প্ৰৱৰ্তক মিলৰ এই সংজ্ঞাটো এটা সন্তোষজনক সংজ্ঞা হিচাপে গ্ৰহণ কৰিব পাৰি। ইয়াত তর্কবিজ্ঞানৰ আলোচ্য বিষয় অনুক্ষিত, জ্ঞান আৰু তাৰ আনুষংগিক সহায়কাৰী প্ৰক্ৰিয়াবোৰৰ কথা স্পষ্টকৈ উল্লেখ কৰিছে। ইয়াত তৰ্কবিজ্ঞানৰ বিজ্ঞান-স্বভাৱ, প্রামাণ্য ৰীতি, আদর্শনিষ্ঠ স্বভাৱ আদিকো এই সংজ্ঞাটোৱে স্বীকৃতি দিছে। মিলৰ এই সংজ্ঞাটোকে সন্তোষজনক সংজ্ঞা বুলি গ্ৰহণ কৰিব পাৰি।

ৰচনাধর্মী প্রশ্নোত্তৰ 

প্রশ্ন ১। তর্কবিজ্ঞান কাক বোলে? ইয়াৰ প্ৰকৃতি আৰু পৰিসৰ আলোচনা কৰা।

উত্তৰ : যি বিজ্ঞানে সত্যক আদর্শ স্বৰূপে গ্রহণ কৰি, ভুল-ভ্রান্তি পৰিহাৰ কৰি আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা উভয়কে লাভ কৰাৰ উদ্দেশ্যে চিন্তা বা অনুমান আৰু ইয়াৰ সহায়কাৰী প্ৰক্ৰিয়াসমূহৰ নিৰূপক বিধি-নিয়মৰ নির্দেশ দিয়ে তাক তর্কবিজ্ঞান বোলে। তর্কবিজ্ঞানৰ সংজ্ঞা বিশ্লেষণ কৰিলে দেখা যায় তর্কবিজ্ঞানৰ প্ৰকৃতি নির্ণয় কৰিবলৈ তলত দিয়া বিষয়বস্তুসমূহ তর্কবিজ্ঞানৰ অন্তৰ্ভুক্ত হ’ব লাগিব।

(১) তর্কবিজ্ঞান পৰোক্ষ জ্ঞানৰ লগত জড়িত, প্রত্যক্ষ জ্ঞানৰ লগত নহয়৷ কাৰণ তর্কবিজ্ঞান জ্ঞানৰ বিষয়ৰ সত্যতা প্রমাণৰ লগত জড়িত। প্রত্যক্ষ জ্ঞানৰ ক্ষেত্ৰত প্ৰামাণ্য নিৰূপণ কৰাৰ কোনো প্রয়োজন নাথাকে। কিন্তু পৰোক্ষ জ্ঞান অৰ্থাৎ অনুমান আৰু শব্দৰ জৰিয়তে পোৱা জ্ঞানৰ ক্ষেত্ৰত ভুল-ভ্রান্তি ঘটাৰ সম্ভাৱনা থাকে। সেইবাবে তর্কবিজ্ঞান পৰোক্ষ জ্ঞানৰ লগত জড়িত।

(২) তর্কবিজ্ঞান আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা উভয় প্রকাৰৰ সত্যতাৰ লগত জড়িত। কোনো অনুমান বা যুক্তিৰ ক্ষেত্ৰত যদি নির্ধাৰিত নীতি নিয়মসমূহ যথাযথভাৱে পালন কৰা হয় আৰু আধাৰবচন বিলাকৰ লগত সিদ্ধান্তটোৰো বাস্তৱজগতৰ লগত সামঞ্জস্য থাকে, তেনেহ’লে সেই অনুমান বা যুক্তি আকাগতভাৱে আৰু বস্তুগতভাৱে সত্য হ’ব।

 (৩) তর্কবিজ্ঞান বিজ্ঞান আৰু কলাবিদ্যা উভয়েই। তর্কবিজ্ঞানৰ আলোচ্য বিষয় হ’ল চিন্তা বা অনুমান আৰু ইয়াৰ সহায়কাৰী প্ৰক্ৰিয়াসমূহ। তর্কবিজ্ঞানে চিন্তা বা অনুমান সম্পৰ্কীয়সাধাৰণ নীতি-নিয়মৰ জ্ঞান দিয়ে আৰু ভুল-ভ্রান্তি পৰিহাৰ কৰি যথার্থ অনুমানত উপনীত হৈ সত্যতা লাভৰ উদ্দেশ্যে সাধাৰণ নীতি-নিয়মসমূহ ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰে। সেইবাবে তর্কবিজ্ঞান বিজ্ঞান আৰু কলা উভয়েই।

(৪) তর্কবিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান, বিষয়নিষ্ঠ নহয়। কারণ আদর্শনিষ্ঠ বিজ্ঞানৰ দৰে তর্কবিজ্ঞানৰ আদৰ্শ আছে। সত্যই তর্কবিজ্ঞানৰ আদর্শ। তর্কবিজ্ঞানে শুদ্ধ চিন্তা বা যথার্থ অনুমানৰ জৰিয়তে কেনেদৰে যথার্থ জ্ঞানত উপনীত হ’ব পাৰি তাক শিকায়। ফলস্বৰূপে সত্যৰ উপলব্ধি হয়।

প্রশ্ন ২। বিজ্ঞান কি? কলা কাক বোলে? তর্কবিজ্ঞান কলা নে বিজ্ঞান? আলোচনা কৰা। 

উত্তৰ : জ্ঞানগম্য জগতৰ যিকোনো এটা বিভাগ সম্পর্কে শৃংখলাবদ্ধ, সুনিশ্চিত, যুক্তিনিষ্ঠ, সুসংবদ্ধ, প্রামাণিক, যথার্থ জ্ঞানকে বিজ্ঞান বুলি কোৱা হয়। প্রকৃতি জগতত বহুতো বিভাগ আছে। প্ৰতিটো বিভাগৰে একোটা নির্দিষ্ট বিষয়বস্তু আছে। বিভাগীয় বিজ্ঞানে নিজৰ নিজৰ বিষয়বস্তু সম্বন্ধে শৃংখলাপূৰ্ণ আৰু সুনিশ্চিতভাৱে আলোচনা কৰে। যেনে, পদার্থ বিজ্ঞানৰ বিষয়বস্তু। পদার্থৰ উৎপত্তি, স্বৰূপ সম্বন্ধে পদার্থ বিজ্ঞানে কিছুমান বিধি-নিয়ম নিৰ্ধাৰণ কৰে। বিজ্ঞান কোনো নির্দিষ্ট বস্তু বিশেষৰ জ্ঞান নহয়; ই বস্তু সাধাৰণৰ জ্ঞান। একে জাতীয় বস্তুৰ যি সাধাৰণ স্বভাৱ বা নিয়ম সেই সাধাৰণ নিয়মৰ জ্ঞানেই বিজ্ঞান। বৈজ্ঞানিক জ্ঞান প্রামাণিক জ্ঞান হ’ব লাগিব। গতিকে প্রকৃতিজগতৰ কোনো নির্দিষ্ট বিভাগ সম্বন্ধে সুসংবদ্ধ, সুনিশ্চিত, যুক্তিপূর্ণ প্রামাণিক জ্ঞানেই বিজ্ঞান।

আনহাতে, যি বিদ্যাই কোনো জ্ঞানক কোনো নির্দিষ্ট উদ্দেশ্য সাধনৰ বাবে ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বিধি-নিয়মৰ শিক্ষা দিয়ে তাকেই কলা বোলে। কোনো এটা বিষয়ৰ জ্ঞানক কামত লগোৱা পদ্ধতিয়েই হ’ল কলা। জ্ঞানৰ প্ৰযুক্তিকেই কলা বুলি কোৱা হয়। যেনে, নৃত্য এক প্ৰকাৰ কলা ৷ অংগসমূহৰ মুদ্ৰা জ্ঞানৰ ব্যাৱহাৰিক দিশটোৱেই নৃত্য।

ইয়াৰ পৰা এইটো বুজা যায় যে, বিজ্ঞানে জানিবলৈ শিকায় আৰু কলাই কৰিবলৈ শিকায় বিজ্ঞানে জ্ঞান লাভৰ প্ৰৱৰ্তনী দিয়ে আৰু কলাই সেই জ্ঞানক ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰাৰ বিধি-নিয়মৰ শিক্ষা দিয়ে। বিজ্ঞানৰ অন্বেষণৰ দিশ আছে আৰু কলাৰ প্রায়োগিক দিশ আছে। তর্ক বিজ্ঞান বিজ্ঞান নে কলা- এই প্রশ্নৰ উত্তৰ তৰ্কবিদসকলৰ মাজত মতভেদ দেখা যায়। 

প্রশ্ন ৩। তর্কবিজ্ঞানৰ এটা সন্তোষজনক সংজ্ঞা দিয়া। কি কাৰণত ই সন্তোষজনক বুজাই লিখা।

উত্তৰ : তর্কবিজ্ঞানৰ সন্তোষজনক সংজ্ঞা বুলি ক’লে আমি মিলৰ সংজ্ঞাটোৱেই উল্লেখ কৰিব লাগিব। তর্কবিদ মিলৰ মতে তর্কবিজ্ঞান হ’ল সাক্ষ্যৰ বিচাৰ বা মূল্যায়নৰ অনুগত জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যত উপনীত হোৱাৰ প্ৰক্ৰিয়া আৰু আন সহায়কাৰী বুদ্ধিগত প্রক্রিয়া— উভয়কে অন্তর্ভুক্ত কৰি লোৱা বোধশক্তিৰ ক্ৰিয়াসমূহৰ বিজ্ঞান ৷মিলৰ সংজ্ঞাটো বিশ্লেষণ কৰিলে পোৱা যায় যে—

প্ৰথমতে, এই সংজ্ঞাটোত তর্কবিজ্ঞানক বিজ্ঞান বুলি স্পষ্টকৈ উল্লেখ কৰাৰ উপৰি ইয়াৰ ব্যৱহাৰিক দিশকো সাক্ষ্যৰ বিচাৰ বা মূল্যায়নৰ উল্লেখৰ জৰিয়তে প্ৰকাশ কৰি তৰ্কবিজ্ঞানক কলা বুলি আভাস দিয়ে।

দ্বিতীয়তে, তর্কবিজ্ঞানৰ আলোচনাৰ বিষয়বস্তু অনুমান আৰু ইয়াৰ সহায়কাৰী প্ৰক্ৰিয়াসমূহৰ বিষয়ে এই সংজ্ঞাত স্পষ্টকৈ উল্লেখ কৰা হৈছে।

তৃতীয়তে, ‘সত্য’ শব্দৰ জৰিয়তে সত্যতা তর্কবিজ্ঞানৰ আদর্শ। তর্কবিজ্ঞানক আদর্শনিষ্ঠ বিজ্ঞান বুলিও ইংগিত দিয়া হৈছে।

 চতুৰ্থতে, ‘সাক্ষ্যৰ বিচাৰ বা মূল্যায়নৰ’ উল্লেখৰ জৰিয়তে সত্যতা নিৰূপণৰ ক্ষেত্ৰত যি আধাৰ বচনসমূহৰ ভিত্তিত সিদ্ধান্ত গ্রহণ কৰা হয়, সেই আধাৰ বচনসমূহো বিচাৰ কৰাৰ নির্দেশ পোৱা যায়। অর্থাৎ তর্কবিজ্ঞানে আকাগত সত্যতা আৰু বস্তুগত সত্যতা উভয় প্ৰকাৰৰ সত্যতা সম্পর্কে আলোচনা কৰে। কিন্তু মিলৰ সংজ্ঞাটো সম্পূর্ণৰূপে ত্রুটিমুক্ত নহয়। তথাপি তর্কবিজ্ঞানৰ আন সংজ্ঞাতকৈ মিলৰ এই সংজ্ঞাটোক অধিক সস্তোযজনক বুলি ক’ব পাৰি।

প্রশ্ন ৪। তর্কবিজ্ঞানৰ স্বৰূপ বর্ণনা কৰা।

উত্তৰ : তর্কবিজ্ঞানৰ স্বৰূপ বা প্রকৃতি সম্পর্কে বিচাৰ কৰিবলৈ যাওঁতে কিছুমান বিষয় বিস্তৃতভাৱে আলোচনা কৰা দৰ্কাৰ।

জ্ঞানৰ উৎস তিনিটা প্রত্যক্ষ, পৰোক্ষ বা অনুমান আৰু শব্দ। প্রত্যক্ষ জ্ঞান বা শব্দৰ জৰিয়তে লাভ কৰা জ্ঞান তর্কবিজ্ঞানৰ আলোচ্য বিষয় নহয়। পৰোক্ষ জ্ঞান বা অনুমানহে তর্কবিজ্ঞানৰ আলোচ্য বিষয়। কোনো বস্তু বা বিষয় সম্বন্ধে ইন্দ্রিয়সমূহৰ জৰিয়তে পোনপটীয়াভাৱে লাভ কৰা জ্ঞান প্রত্যক্ষ জ্ঞান। প্রত্যক্ষ জ্ঞান তর্কবিজ্ঞানৰ আলোচ্য বিষয় নহয়। প্রত্যক্ষজ্ঞান যিহেতু ইন্দ্ৰিয়ৰ ওপৰত নিৰ্ভৰশীল গতিকে এই জ্ঞান সীমিত। কোনো বিশ্বাসযোগ্য ব্যক্তি বা অনুষ্ঠানৰ জৰিয়তে আহৰণ কৰা জ্ঞান শাব্দিক জ্ঞান বুলি কোৱা হয়। আপ্তবাক্যই হ’ল শব্দ। এই শাব্দিক জ্ঞানতো বহু ভুল ভ্রাস্তি থাকিব পাৰে। এই শাব্দিক জ্ঞানো তৰ্কবিজ্ঞানৰ বিষয় বস্তু নহয়।

পৰোক্ষজ্ঞানহে তর্কবিজ্ঞানৰ আলোচ্য বিষয়। অধিগত বিষয় আলম লৈ অনধিগত বিষয় সম্বন্ধে লাভ কৰা জ্ঞানক পৰোক্ষ জ্ঞান বোলে। তর্কবিজ্ঞানৰ আলোচ্য বিষয় হ’ল অনুমান বা পৰোক্ষজ্ঞান। গতিকে তর্কবিজ্ঞানৰ মূল আলোচ্য বিষয় হ’ল পৰোক্ষ জ্ঞান বা অনুমান। জ্ঞাত বিষয়ৰ আলম লৈ অজ্ঞাত বিষয়ৰ জ্ঞান লাভেই হ’ল তৰ্কবিজ্ঞানৰ আলোচনা বিষয়।

জ্ঞানৰ সত্যাসত্য নিৰূপণেই হ’ল তর্কবিজ্ঞানৰ উদ্দেশ্য। এই সত্যতা বস্তুনিষ্ঠ বা আদর্শনিষ্ঠ হ’ব পাৰে। প্ৰত্যেক বস্তুৰে দুটা দিশ আছে। বস্তুনিষ্ঠ আৰু অকাৰনিষ্ঠ। বস্তুৰ উপাদান হ’ল জড়বস্তু। আৰু এই জড়বস্তুত যি আকাৰ দিয়া হয় তাক আকাৰ বোলে। সোণৰ আঙঠি এটাৰহ’ল উপাদান আৰু আঙঠিৰ আকাৰ সোণখিনিত যি খোদিত কৰা হ’ল তাক আকাৰ বোলে। উপাদান আৰু আকাৰ দুয়োটা এটা আনটোৰ পৰিপূৰক। এটা অবিহনে আনটো থাকিব নোৱাৰে। জড়বস্তু নিচিনাকৈ চিন্তাৰো দুটা দিশ আছে। চিন্তাৰ উপাদান আৰু আকাৰ। যি বস্তু সম্বন্ধে

চিন্তা কৰা যায় সি চিন্তাৰ উপাদান আৰু যিভাৱে চিন্তা কৰা যায় তাক চিন্তাৰ আকাৰ বোলে। চিন্তা তর্কবিজ্ঞানৰ বিষয়বস্তু। চিন্তাৰ আকৌ দুটা দিশ আছে– চিন্তা কি আৰু কেনেভাৱে চিন্তা কৰা হয়। চিন্তা কি তর্কবিজ্ঞানৰ বিষয়বস্তু নহয়, কেনেভাবে চিন্তা কৰিলে জ্ঞানৰ সত্যত উপনীত হ’ব পৰা যায় সিহে তর্ক বিজ্ঞানৰ বিষয়বস্তু। আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা। অন্তৰ্বিৰোধ মুক্ত বা সঙ্গতিপূর্ণ। চিন্তাৰ জৰিয়তে যি সত্যজ্ঞানত উপনীত হোৱা যায় তাক আকাৰনিষ্ঠ সত্যতা বোলে। চিন্তাৰ বিৰোধমুক্ত অৱস্থাকেই আকাৰনিষ্ঠ সভ্যতা বোলে। আনহাতে বাস্তৱজগতৰ বস্তুৰ লগত চিন্তাৰ সামঞ্জস্য বা মিল থাকিলে তাক বস্তুগত সত্যতা বোলে। তর্কবিজ্ঞানে আকাব নিষ্ঠ আৰু বস্তুনিষ্ঠ উভয়ৰ প্ৰকাৰৰ সত্যতাই আলোচনা কৰে।

বিজ্ঞান আৰু কলা: তর্কবিজ্ঞান বিজ্ঞান আৰু কলা উভয়েই। জ্ঞানগম্য জগতৰ যিকোনো এটা বিভাগ সম্বন্ধে শৃংখলাবদ্ধ, সুচিন্তিত, যুক্তিনিষ্ঠ, সু সংবদ্ধ জ্ঞানেই বিজ্ঞান। চিন্তা আৰু অনুমানৰ নীতি নিয়ম নিৰ্ধাৰণ কৰা বাবে তর্কবিজ্ঞান বিজ্ঞান; আনহাতে নির্ভুল সত্যতাত উপনীত হোৱাৰ বাবে চিন্তা আৰু অনুমানৰ ৰীতিনীতিসমূহ ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগৰ শিক্ষা দিয়া বাবে ই কলাও। দুয়োবো ক্ষেত্ৰত কোনো পানী নসৰকা পার্থক্য নাই। একেই বিদ্যা অন্বেষণৰ দিশৰ পৰা বিজ্ঞান আৰু প্ৰায়োগিক দিশৰ পৰা কলা। হোৱেটলি আৰু মিলুৰ মতে তর্কবিজ্ঞান বিজ্ঞান আৰু কলা উভয়েই। তর্কবিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান, বস্তুনিষ্ঠ বিজ্ঞান নহয়। জ্ঞানগম্য জগতৰ যিকোনো এটা বিভাগ সম্বন্ধে সুসংবদ্ধ, প্রামাণিক

জ্ঞানেই বিজ্ঞান | আলোচনাৰ দিশৰ পৰা বিজ্ঞান দুই প্ৰকাৰৰ বিষয়নিষ্ঠ আৰু আদর্শনিষ্ঠ। যি বিজ্ঞানে বস্তুৰ প্ৰকৃতি বা স্বৰূপ সম্বন্ধে আলোচনা কৰে, তাক বিষয়নিষ্ঠ বিজ্ঞান যেনে, পদার্থবিজ্ঞান, উদ্ভিদ বিজ্ঞান, মনোবিজ্ঞান ইত্যাদি। বোলে।

আনহাতে যি বিজ্ঞানে কোনো এক আদর্শক মাপকাঠী হিচাবে লৈ কোনো বিষয়বস্তুৰ সত্যাসত্য নিৰূপণ কৰে তাক আদর্শনিষ্ঠ বিজ্ঞান বোলে। যেনে নীতি বিজ্ঞান। নীতি বিজ্ঞানৰ আদর্শ হৈছে শ্রেয় বা পৰম কল্যাণ।

তর্কবিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান বিষয়নিষ্ঠ বিজ্ঞান নহয়। তর্কবিজ্ঞানৰ আদৰ্শ হৈছে সত্য। তর্কবিজ্ঞানে শুদ্ধভাৱে চিন্তা কৰিবলৈ শিকায়। শুদ্ধ চিন্তা বা অনুমানৰ জৰিয়তে সত্য উপলব্ধি হয়। গতিকে উক্ত আলোচনাৰ অন্তত দেখা যায়, তর্কবিজ্ঞানে অনুমান বা পৰোক্ষ জ্ঞান সম্বন্ধে আলোচনা কৰে। তর্কবিজ্ঞানে আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা উভয় প্রকাৰ সত্যতা আলোচনা কৰে। তর্কবিজ্ঞান কলা আৰু বিজ্ঞান উভয়েই। তর্কবিজ্ঞান বিষয়নিষ্ঠ বিজ্ঞান নহয়— ই আদর্শনিষ্ঠ বিজ্ঞান।

এয়ে তর্কবিজ্ঞানৰ প্ৰকৃতি বা স্বৰূপ।

প্রশ্ন ৫। তর্কবিজ্ঞান কিয় বিজ্ঞানৰ বিজ্ঞান আৰু কলাৰ কলা বুলি কোৱা হয়, বুজাই লিখা। 

উত্তৰ : তৰ্ক বিজ্ঞানক বিজ্ঞানসমূহৰ বিজ্ঞান আৰু কলা সমূহৰো কলা বুলি অভিহিত কৰা হয়৷ কাৰণ প্ৰত্যেক বিজ্ঞানে প্রকৃতিৰ একোটা নির্দিষ্ট বিভাগ সম্পর্কে প্রামাণিক, যথার্থ আৰু সুনিশ্চিত জ্ঞান দিব বিচাৰে। এই উদ্দেশ্যে প্রণালীবদ্ধ অধ্যয়ন চলাবৰ বাবে শুদ্ধ চিন্তাৰ নীতি নিয়মসমূহৰ জ্ঞান অপৰিহাৰ্য হৈ পৰে। শুদ্ধ চিন্তাৰ সাধাৰণ নীতি নিয়মসমূহ তর্কবিজ্ঞানে নিৰ্ধাৰণ কৰে। সেইবাবে বিজ্ঞানে সেই নীতি নিয়মসমূহ পালন কৰিবলগীয়া হয়। অর্থাৎ প্রত্যেক বিজ্ঞান তর্কবিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল নহয়৷ গতিকে তর্কবিজ্ঞান বিজ্ঞানবো বিজ্ঞান ৷ আকৌ, কলা বিদ্যাৰ ভিত্তি হ’ল বিজ্ঞান। প্রত্যেক কলাবিদ্যা যথার্থ হ’বলৈ ই যি বিজ্ঞানৰ ওপৰত প্রতিষ্ঠিত, সেই বিজ্ঞানো যথার্থ হ’ব লাগিব। বিজ্ঞানৰ যথার্থতা তর্কবিজ্ঞানে প্রতিপাদন কৰে। সেই কলাও পৰোক্ষভাৱে তর্কবিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল। তর্কবিজ্ঞানে শুদ্ধ চিন্তাৰ কলা হিচাপে সকলো কলা বিদ্যাকে সাধাৰণ সত্যতাত উপনীত হোৱাৰ বাবে পথ নির্দেশ কৰে। গতিকে সকলো কলা বিদ্যাই তর্কবিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। গতিকে তর্কবিজ্ঞানক কলাবো কলা বুলি কোৱা হয়৷

প্রশ্ন ৬। প্রত্যক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞানৰ ভিতৰত কাৰ লগত তৰ্কবিজ্ঞান জড়িত? 

উত্তৰ : যদি বহির্জগতৰ কোনো বস্তু বা ঘটনাৰ লগত মনৰ মাজত উদয় হোৱা ধাৰণাসমূহৰ সামঞ্জস্য বা সাদৃশ্য থাকে আৰু সেই সামঞ্জস্য বা সাদৃশ্যত বিশ্বাস থাকে, তেনেহলে তাক জ্ঞান বোলে। জ্ঞানৰ মাজত তিনিটা উপাদান নিহিত হৈ থাকে 

(১) কোনো বস্তু বা ঘটনাৰ সম্পৰ্কে মনত উদয় হোৱা ধাৰণাসমূহ।

(২) বহির্জগতৰ অস্তিত্বশীল কোনো বস্তু বা ঘটনাৰ লগত এই ধাৰণাসমূহৰ সাদৃশ্য বা সামঞ্জস্য। 

(৩) এনে সাদৃশ্য বা সামঞ্জস্য বিশ্বাস।

জ্ঞানৰ এই তিনিটা উপাদানৰ যিকোনো এটাৰ অভাৱ ঘটিলে, ই জ্ঞান হ’ব নোৱাৰে। জ্ঞান প্ৰধানকৈ দুই প্ৰকাৰৰ– 

(১) প্রত্যক্ষ জ্ঞান, 

(২) পৰোক্ষ জ্ঞান। 

(১) প্রত্যক্ষ জ্ঞান : আন কোনো জ্ঞানৰ সহায় নোলোৱাকৈ পোনপটীয়াকৈ অর্জিত জ্ঞানক পৰোক্ষ জ্ঞান বোলে। প্রত্যক্ষ জ্ঞানৰ বাহিৰে অনুমান, শব্দ আদি সকলো প্ৰকাৰৰ জ্ঞানেই পৰোক্ষ জ্ঞান।

তর্কবিজ্ঞান জ্ঞানৰ বিষয়ৰ সত্যতা প্রমাণৰ লগত জড়িত। প্রত্যক্ষ জ্ঞানৰ ক্ষেত্ৰত প্ৰামাণ্য নিৰূপণ কৰাৰ কোনো প্রয়েজান নাথাকে। ইন্দ্রিয়সমূহ বিকল্প বা অসুস্থ নহৈ সুস্থ থাকিলে, বাহ্যপ্ৰত্যক্ষৰ জৰিয়তে পোৱা জ্ঞান আৰু মন প্রকৃতিস্থ থাকিলে অন্তপ্ৰত্যক্ষৰ জৰিয়তে পোৱা জ্ঞান নির্ভুল বা যথার্থ বুলি গ্ৰহণ কৰিবই লাগিব, কিন্তু পৰোক্ষ জ্ঞান অর্থাৎ অনুমান আৰু শব্দৰ জৰিয়তে পোৱা জ্ঞানৰ ক্ষেত্ৰত ভুল-ভ্রান্তি ঘটাৰ সম্ভাৱনা থাকে, গতিকে পৰোক্ষ জ্ঞানৰ ক্ষেত্ৰত সত্যতা নিরূপণ কৰাৰ প্ৰয়োজন আহি পৰে।

তর্কবিজ্ঞান হল অনুমান সম্পর্কীয় বিজ্ঞান। ইয়াৰ প্রধান কার্য হ’ল— সত্যক জনা বা

উপলব্ধি কৰ৷ আৰু জ্ঞাত বিষয়ৰ সত্যতাক নিৰূপণ কৰা। সেয়েহে ক’ব পাৰি তর্কবিজ্ঞান প্রত্যক্ষ জ্ঞানৰ লগত নহয় পৰোক্ষজ্ঞানৰ লগতহে জড়িত। প্রশ্ন ৭। মিলৰ তৰ্কবিজ্ঞানৰ সংজ্ঞাটো তর্কবিজ্ঞানৰ সন্তোসজনক সংজ্ঞা হয় নে নহ বিচাৰ কৰা উত্তৰ ওপৰোক্ত ৩ নং প্রশ্নোত্তৰ চোৱা 

প্রশ্ন  ৮। পৰম্পৰাগত তর্কবিজ্ঞান বুলিলে কি বুজা? পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীকাত্মক তর্কবিজ্ঞানৰ মাজত কোনো মৌলিক পার্থক্য আছেনে? আলোচনা কৰা। 

উত্তৰ : পৰম্পৰাগত তৰ্কবিজ্ঞান বুলিলে গ্রীক দার্শনিক এৰিষ্টট লে খ্ৰীষ্টপূর্ব চতুর্থ শতিকাত প্রতিষ্ঠা কৰা তর্কবিজ্ঞানকে বুজা যায়। এই তর্কবিজ্ঞানক এৰিষ্ট’ট’ লীয়া তর্কবিজ্ঞান বুলিও অভিহিত কৰা হয়৷ পৰম্পৰাগত তর্কবিজ্ঞান কম বেছি পৰিমাণে ন্যায় অনুমানৰ আলোচনাতহে সীমাবদ্ধ আছিল। ঊনৈশ শতিকাৰ মধ্যভাগলৈকে এই এৰিষ্টট’লীয় তর্কবিজ্ঞানে পাশ্চাত্য জগতৰ চিন্তাত আধিপত্য বিস্তাৰ কৰিছিল, আৰু এৰিষ্ট টলৰ অনুগামীসকলে এই তর্কবিজ্ঞানক এক সম্পূর্ণ তর্কবিজ্ঞান বুলি বিবেচনা কৰিছিল। কিন্তু সময়ৰ লগে লগে অনুভৱ কৰা হ’ল যে পৰম্পৰাগত বা এৰিষ্ট টলীয় তর্কবিজ্ঞান গুৰুত্বপূর্ণ হলেও প্রকৃততে ই সামগ্রিক তর্কবিজ্ঞানৰ কেৱল ক্ষুদ্র অংশহে মাথোন।

আনহাতে তৰ্কবিজ্ঞানৰ যি বিভাগে ‘প্রতীক’ৰ (Symbol) ব্যৱহাৰৰ দ্বাৰা যুক্তিব প্রকাশ আৰু মূল্য নিৰ্ধাৰণক সৰলতৰ কৰাৰ উদ্দেশ্যে বিশেষ প্ৰকাৰৰ প্রতীকীৰ ব্যাপক ব্যৱহাৰৰ প্রচলন কৰে তাকে সাধাৰণতে ‘প্রতীকাত্মক তর্কবিজ্ঞান’ বা ‘প্রতীকীয় তর্কবিজ্ঞান’ বুলি কোৱা হয়। আধুনিক গণিতশাস্ত্ৰৰ পদ্ধতি আৰু ৰীতি অনুসৰি পৰিৱৰ্তিত বা পৰিবর্ধিত তর্কবিজ্ঞানৰ শাখাটোৰ নামেই প্ৰতীকাত্মক বা আধুনিক তর্কবিজ্ঞান। আধুনিক কালত অর্থাৎ মাত্র ১৫০ বছৰমান আগতেহে এই তর্কবিজ্ঞানৰ জন্ম।

পৰম্পৰাগত আৰু প্ৰতীকাত্মক বা আধুনিক তর্কবিজ্ঞানৰ মাজত পার্থক্য :

(১) পৰম্পৰাগত তৰ্কবিজ্ঞানৰ ইতিহাস দীর্ঘ। এৰিষ্ট টলে দুহেজাৰ বছৰবো আগতে এই তর্কবিজ্ঞান প্রণয়ন কৰিছিল। আনহাতে প্রতীকাত্মক বা আধুনিক তর্কবিজ্ঞানৰ ইতিহাস সংক্ষিপ্ত। 

(২) পৰম্পৰাগত তৰ্কবিজ্ঞানৰ পৰিসৰ ঠেক। এই তর্কবিজ্ঞান কম বেছি পৰিমাণে ন্যায় অনুমান ভিত্তিক আলোচনাতে সীমাবদ্ধ।

কিন্তু আধুনিক বা প্রতীকাত্মক তর্কবিজ্ঞানে ন্যায়-অনুমান ভিত্তিক আলোচনাৰ উপৰি এনে তর্কবিজ্ঞানত স্বীকৃত নোহোৱা আন যুক্তিৰ আকাৰ সম্পর্কেও আলোচনা কৰে। গতিকে প্ৰতীকাত্মক তর্কবিজ্ঞানৰ পৰিসৰ পৰম্পৰাগত তর্কবিজ্ঞানতকৈ ব্যাপক।

(৩) পৰম্পৰাগত তৰ্কবিজ্ঞানত যদিও বচন আৰু যুক্তিসমূহ প্ৰতীকাৰাক আকাৰত প্ৰকাশ কৰা হৈছিল, কিন্তু এই তর্কবিজ্ঞানত প্ৰতীকৰ ব্যৱহাৰ অতি সীমিত আছিল। আনহাতে প্রতীকায়ক তৰ্কবিজ্ঞানত প্ৰতীকৰ ব্যৱহাৰ অতি ব্যাপক ৰূপত গ্ৰহণ কৰা হয়৷

গতিকে দেখা যায় যে, পৰম্পৰাগত আৰু প্ৰতীকাত্মক তর্কবিজ্ঞানৰ মাজৰ পাৰ্থক্য কেৱল মাত্রাগত বা পৰিমাণগতহে গুণগত নহয়। প্রকৃততে প্রতীকাত্মক আৰু পৰাম্পৰাগত তৰ্কবিজ্ঞানৰ মাজত কোনো মৌলিক পার্থক্য নাই। আধুনিক বা প্রতীকাত্মক তৰ্কবিজ্ঞানে পৰম্পৰাগত তর্কবিজ্ঞানৰ পৰাই বিকাশ লাভ কৰিছে। দৰাচলতে পৰম্পৰাগত আৰু প্ৰতীকাত্মক তর্কবিজ্ঞানৰ মাজত কোনো বিৰোধ নাই । পৰম্পৰাগত তৰ্কবিজ্ঞানত অন্তর্নিহিত আৰু সনিবিষ্ট চিন্তা, ধাৰণা, ন্যায়, নীতি পদ্ধতিক গণিতীয় ক্রমবিকাশৰ আধাৰত ক্ৰমবিকাশৰ আৰু প্ৰগতিৰ পথেৰে আগবঢ়াই অনাৰ ফলতে উদ্ভৱ হৈছে আধুনিক বা প্রতীকাত্মক তর্কবিজ্ঞানৰ। এই তর্কবিজ্ঞান পৰম্পৰাগত তর্কবিজ্ঞানৰে পৰিণত ৰূপ।

প্রশ্ন ৮। প্রতীকাত্মক আৰু পৰম্পৰাগত তর্কবিজ্ঞানৰ মাজৰ সম্পৰ্ক আৰু পাৰ্থক্য আলোচনা কৰা।

উত্তৰ : এৰিষ্টটলে আৰু তেওঁৰ অনুগামীসকলে প্রতিষ্ঠা কৰা তকবিজ্ঞানকে পৰম্পৰাগত বা প্রাচীন তর্কবিজ্ঞান বোলে। তেওঁলোকে চিন্তা, ইয়াৰ নীতি আৰু পদ্ধতিসমূহৰ ওপৰত প্রতিষ্ঠা কৰা তর্কবিজ্ঞানক পৰম্পৰাগত তর্কবিজ্ঞান বোলে। এই তর্কবিজ্ঞানক এৰিষ্ট টলীয় তর্কবিজ্ঞানো বুলি কোৱা হয়। এই পৰম্পৰাগত তর্ক বিজ্ঞান প্রায় দুহেজাৰতকৈও অধিক বছৰ পুৰণি।

আনহাতে আধুনিক বা প্রতীকাত্মক তর্কবিজ্ঞানে ১৯শ শতিকাৰ শেষ ভাগতহে প্ৰতিষ্ঠা লাভ কৰে। ইংৰাজ গণিতজ্ঞ George Boole (1815-64)ত তেওঁৰ The Mathematical Analysis of Logic নামৰ গণিতখনত ইয়াৰ বিকাশ হোৱা দেখা যায়। গতিকে আধুনিক তর্কবিজ্ঞান গণিতৰ বিকাশৰ লগত জড়িত।

পৰম্পৰাগত তৰ্কবিজ্ঞানৰ পৰিসৰ আধুনিক তর্কবিজ্ঞানৰ পৰিসৰতকৈ ঠেক৷ পৰম্পৰাগত তর্কবিজ্ঞান ন্যায়ানুমানৰ (Syllogism) ৰ ভিতৰতে সীমাবদ্ধ। কিন্তু আধুনিক তর্কবিজ্ঞান পৰম্পৰাগত তর্কবিজ্ঞানৰ পৰিসৰতকৈ অধিক সাধাৰণ আৰু বহল। আধুনিক তর্কবিজ্ঞানৰ প্ৰসাৰতা আধুনিক জগতত গণিত বিজ্ঞানৰ প্ৰসাৰৰ নিচিনা। আনহাতে পৰম্পৰাগত তৰ্ক বিজ্ঞান কেৱল যুক্তিৰ বৈধতাৰ প্ৰমাণৰ ব্যৱহাৰিক দিশৰ ভিতৰতে সীমাবদ্ধ। পৰম্পৰাগত তর্কবিজ্ঞানত প্ৰতীকৰ প্রয়োগ সীমিত। কিন্তু আধুনিক তর্কবিজ্ঞানত প্ৰতীকৰ প্ৰয়োগ ব্যাপক।

গতিকে তর্কবিজ্ঞানত দুটা ভিন ভিন ধাৰা পৰিলক্ষিত হ’লেও পৰম্পৰাগত আৰু আধুনিক তৰ্কবিজ্ঞান দুয়োটা বিৰোধী নহয়। উভয়ৰে মাজত মৌলিক কোনো পার্থক্য নাই। আধুনিক তর্কবিজ্ঞান পৰম্পৰাগত তর্কবিজ্ঞানৰ ক্ৰমবিকাশ মাথোন।

প্রশ্ন ৯। তর্কবিজ্ঞান আকাগত সত্যতা নে বস্তুগত সত্যতাৰ লগত জড়িত ?

উত্তৰ : তৰ্কবিজ্ঞানক সাধাৰণতে অনুমানৰ বিজ্ঞান বুলি কোৱা হয়। তর্কবিজ্ঞানৰ আলোচ্য বিষয় অনুমান। কিন্তু আদর্শনিষ্ঠ বিজ্ঞান হিচাপে তর্কবিজ্ঞানৰ মুখ্য উদ্দেশ্য অনুমানৰ জৰিয়তে সত্যতা নিৰূপণ কৰা। জ্ঞানৰ যথাৰ্থতাই হৈছে সত্যতা। সংগতিপূর্ণ চিন্তা আৰু বাস্তৱ জগতৰ লগত চিন্তাৰ সামঞ্জস্য বা অনুরূপতাৰ জৰিয়তে সত্যতাত উপনীত হ’ব পাৰি। চিন্তাৰ সত্যতা দুইপ্ৰকাৰৰ– 

(১) আকাগত সত্যতা (Formal Truth) আৰু

(২) বস্তুগত সত্যতা (Material Truth) 

(১) আকাৰগত সত্যতা ধাৰণাৰ বা চিন্তাৰ অন্তর্বিবোধ মুক্ততাই চিন্তাৰ আকাৰগত সত্যতা। কোনো বিষয় সম্পর্কে চিন্তা কৰোঁতে যদি চিন্তা বাধাপ্রাপ্ত হয় তেনেহ’লে সেই চিন্তা আকাৰগতভাবে সত্য। কিন্তু যদি চিন্তা বাধাপ্রাপ্ত হয় চিন্তাৰ মাজত যদি আভ্যন্তৰীণ কোনো বিৰোধ থাকে, তেনেহ’লে ই আকাৰগতভাবে অসত্য হ’ব। বৃত্তাকাৰ আয়তক্ষেত্র, বরু সৰলৰেখা— এনে চিন্তা বা ধাৰণা আভ্যন্তৰীণ বিৰোধৰ পৰা মুক্ত নহয়, ই অন্তর্বিবোধযুক্ত, গতিকে ইয়াৰ আকাৰগত সত্যতা নাই। কিন্তু ‘গোলাকাৰ বৃত্ত’– ই আকাৰগতভাৱে সত্য।

(২) বস্তুগত সত্যতাধাৰণা বা চিন্তাৰ লগত বিষয়বস্তুৰ সাদৃশ্য বা সামঞ্জস্যই চিন্তাৰ বস্তুগত সত্যতা৷ ধাৰণাৰ লগত যদি বিষয়বস্তুৰ সংগতি নাথাকে তেনেহ’লে ই বস্তুগতভাৱে সত্য হ’ব নোৱাৰে। যি বস্তু যেনেকুৱা তাক তেনেভাৱে জানিলেই জ্ঞান বস্তুগতভাবে সা হয়। যেনেঃ জৰীক জৰী বুলি জনা, সাপক সাপ বুলি জনাই বস্তুগতভাবে সত্যজ্ঞান। কিন্তু যদি জৰীক সাপ বুলি জনা যায় তেনেহ’লে এই জ্ঞান বস্তুগতভাৱে অসত্য হ’ব। ঠিক তেনেদৰে সোণৰ পাহাৰ’ৰ ধাৰণা মনত কৰিব পাৰিলেও বাস্তৱ জগতৰ বস্তুৰ লগত এনে ধাৰণাৰ সামঞ্জস্য নাই৷ গতিকে, এই চিন্তা বা ধাৰণা বস্তুগতভাৱে সত্য নহয়।

আকাগতভাৱে সত্য নহ’লে বক্তগতভাৱে কোনো চিন্তাই সত্য হ’ব নোৱাৰে। চিন্তাৰ বস্তুগত সত্যতা থাকিলে আকাৰগত সত্যতা থাকিবই। কিন্তু আকাগত সত্যতা থাকিলে, বস্তুগত সত্যতা থাকিবও পাৰে অথবা নাথাকিবও পাৰে। কোনো চিন্তা আকাবগতভাৱে সত্য হ’লেও বস্তুগতভাৱে সত্য নহবও পাৰে।

যেনে ক্ষীৰ সমুদ্র সম্পর্কে আমি চিন্তা কৰিব পাৰো। এই চিন্তাৰ মাজত কোনো অন্তর্বিবোধ নাই অর্থাৎ ই আকাবগতভাৱে সত্য কিন্তু ইয়াৰ কোনো বস্তুগত সত্যতা নাই। তর্কবিজ্ঞান অনুমান সম্বন্ধীয় বিজ্ঞান, গতিকে আকাৰগত আৰু বস্তুগত সত্যতা তর্কবিজ্ঞানৰ আলোচ্য বিষয়। অর্থাৎ ‘তর্কবিজ্ঞান আকাবগত আৰু বস্তুগত উভয় সত্যতাৰ লগতে জড়িত’।

প্রশ্ন ১০। তর্কবিজ্ঞানৰ উপযোগিতাৰ বিষয়ে উল্লেখ কৰা। 

উত্তৰ : আমাৰ চিন্তা আৰু অনুমান সু-সংবদ্ধ আৰু শৃংখলাবদ্ধ কৰাৰ কাৰণে তর্কবিজ্ঞানে কিছুমান বিধি নিয়মৰ নিদের্শনা দিয়ে। এই বিধি-নিয়মবোৰ মানি চলিলে আমাৰ জ্ঞানার্জনত সহায় হয়। তর্কবিজ্ঞানে জ্ঞানৰ প্রামাণ্য নিৰূপণ কৰি যথাৰ্থ জ্ঞানৰ সন্ধান দিয়ে। গতিকে তৰ্কবিজ্ঞানৰ প্ৰয়োজনীয়তা বা উপযোগিতা আছে। কোনো কোনোৱে মন্তব্য কৰে যে, তর্কবিজ্ঞান অধ্যয়নৰ কোনো অপৰিহাৰ্য, প্রয়োজনীয়তা নাই৷ তেওঁলোকে যুক্তি আগবঢ়াই যে, তর্কবিজ্ঞান অধ্যয়ন নকৰিও মানুহে শুদ্ধভাবে যুক্তিতর্ক কৰিব পাৰে আৰু তৰ্কবিজ্ঞান অধ্যয়ন কৰা ব্যক্তিও ভ্ৰমত পতিত হয়। গতিকে তর্কবিজ্ঞানে শুদ্ধভাবে যুক্তিতর্ক কৰিবলৈ নিশিকায় আৰু সেয়ে ইয়াৰ কোনো ব্যৱহাৰিক উপযোগিতা নাই। ওপৰোক্ত যুক্তি খণ্ডন কৰি এইমত আগবঢ়াব পাৰি যে, সহজাত বুদ্ধি বৃত্তিৰ সহায়ক

অনেকে শুদ্ধভাৱে যুক্তিতর্ক কৰিব পাৰে আৰু তৰ্কবিজ্ঞানৰ নীতি-নিয়মত পাৰদৰ্শী লোকেও যুক্তিতর্ক কৰাৰ সহায়ত সেই নীতি-নিয়মবোৰ অনুসৰণ নকৰি ভুল বা মিথ্যা যুক্তিৰ আশ্ৰয় লয়। তাৰ বাবে ক’ব নোৱাৰি যে, তর্কবিজ্ঞান অধ্যয়নৰ কোনো প্রয়োজন নাই। চিন্তা বা যুক্তিতর্ক কৰাৰ ক্ষমতা মানুহৰ সহজাত বৃত্তি। তর্কবিজ্ঞানে মানুহক চিন্তা কৰিবলৈ নিশিকায় কিন্তু ই শুদ্ধভাৱে চিন্তা বা যুক্তিতর্ক কৰিবলৈ শিকায়। তর্কবিজ্ঞানে শুদ্ধভাৱে যুক্তিতর্ক বা চিন্তা কৰাৰ নীতি-নিয়মবোৰৰ নির্দেশনা দি শুদ্ধভাবে চিন্তা আৰু যুক্তিতর্ক কৰিবলৈহে শিকায়।

অনেক ৰোগী বিজ্ঞ-চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে মৃত্যু মুখত পৰিব পাৰে। সেই বুলি চিকিৎসা শাস্ত্র পঢ়াৰ প্ৰয়োজনীয়তা নাই বুলি ক’ব নোৱাৰি। সেইদৰে তর্কবিজ্ঞান অধ্যয়নৰো প্রয়োজনীয়তা আছে। যুক্তি-তর্ক কৰাৰ যি স্বাভাৱিক ক্ষমতা আমাৰ আছে তর্কবিজ্ঞান অধ্যয়নৰ পৰা সি উন্নত হ’ব পাৰে আৰু চিন্তাৰ দোষ-ত্রুটিবোৰ আঁতৰ কৰাৰ শিক্ষা দিব পাৰে। গতিকে তর্কবিজ্ঞান পঢ়াৰ প্ৰয়োজনীয়তা আছে।

তৰ্কবিজ্ঞানৰ নিয়ম-নীতিবোৰৰ জ্ঞান নথকাকৈয়ে আমি অনেক সময়ত নির্ভুলভাৱে যুক্তিতর্ক কৰিব পাৰিলেও যেতিয়াই আমাৰ চিত্তা বা বিচাৰত কোনো সন্দেহ বা সংশয় উপস্থিত হয় তাৰ দূৰীকৰণৰ বাবে তর্কবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা অনুভৱ কৰা যায়। সংশয় আমাৰ ব্যৱহাৰিক জীৱনত সকলো জ্ঞান সাধনৰ অন্তৰায়। এই সংশয় দূৰ কৰি সত্য জ্ঞান লাভ কৰাটোৱে আমাৰ জীৱনৰ উদ্দেশ্য। তর্কবিজ্ঞান অধ্যয়নৰ লগত আমাৰ ব্যৱহাৰিক জীৱনৰ প্ৰয়োজনীয়তা আছে। দৈনন্দিন জীৱনৰ প্ৰয়োজনীয়তা বাদ দিলেও জ্ঞানৰ প্ৰাধান্য নিৰূপক নীতি-নিয়মৰ নিৰ্দেশক হিচাপে তর্কবিজ্ঞান সকলো বৈজ্ঞানিক সিদ্ধান্তৰ প্ৰাধান্য নিৰূপক আৰু সকলো বিজ্ঞানৰ বিজ্ঞান হিচাপে ইয়াৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য। গতিকে তর্কবিজ্ঞান অধ্যয়ন নিৰ্থক নহয়, বৰং শুদ্ধ চিন্তাৰ বিজ্ঞান হিচাপে জ্ঞান অন্বেষণৰ পথ-প্ৰদৰ্শক।

তর্কবিজ্ঞানে আগবঢ়োৱা চিন্তা আৰু অনুমানৰ নীতি-নিয়মবোৰ অনুসৰণ কৰি আমি শুদ্ধ চিত্তাত উপনীত হ’ব পাৰো আৰু চিত্তাৰ দোষ-ত্রুটিবোৰ আঁতৰ কৰি বিচাৰ-বুদ্ধিৰ উৎকৰ্ষ সাধন কৰিব পাৰোঁ। তর্কবিজ্ঞান অধ্যয়নে আমাৰ বোধ শক্তি সক্রিয় আৰু উন্নত কৰে। ই এক-প্ৰকাৰ মানসিক ব্যায়াম। তর্কবিজ্ঞান অধ্যয়নে আমাৰ কু-সংস্কাৰ আৰু অন্ধবিশ্বাস আদি দূৰ কৰে আৰু নিৰপেক্ষ দৃষ্টি-ভংগী, শুদ্ধ বিচাৰ কৰাৰ মানসিকতা সৃষ্টি কৰাত সহায় কৰে ৷ আমাৰ চিন্তা আৰু যুক্তিতর্কত যাতে আউল নালাগে আৰু নির্ভুল যুক্তিতর্কতে জ্ঞান যাতে আহৰণ কৰিব পৰা যায় তাৰ মানসিক প্রস্তুতি তৰ্কবিজ্ঞানে দিব পাৰে। গতিকে আমি দৃঢ়ভাবে মত পোষণ কৰিব পাৰো যে, তর্কবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু উপযোগিতা আছে।

প্রশ্ন ১১। তর্কবিজ্ঞানক কিয় অনুমানৰ বিজ্ঞান বুলি কোৱা হয় আলোচনা কৰা।

উত্তৰ : অনুমান এক মানসিক প্রক্রিয়া। যি মানসিক প্ৰক্ৰিয়াৰ দ্বাৰা জ্ঞাত বিষয়ত আলম লৈ অজ্ঞাত বিষয়ৰ জ্ঞানত উপনীত হ’ব পৰা যায় তেনে মানসিক প্রক্রিয়াক অনুমান বোলে। অনুমান চিন্তাৰ এক প্ৰক্ৰিয়া ভাষা চিন্তাৰ বাহক। ভাষাৰ জৰিয়তে চিস্তাবোৰ প্ৰকাশ কৰা হয়। ভাষাত প্ৰকাশ কৰিব নোৱাৰা চিন্তাৰ তৰ্কবিজ্ঞানত কোনো অর্থ নাই। ভাষাত প্ৰকাশ কৰিলেহে চিন্তা আলোচনাৰ বিষয়বস্তু হ’ব পাৰে। এই অনুমানো চিন্তাৰ প্ৰক্ৰিয়াহিচাপে ভাষাত প্ৰকাশ কৰা হয়। ভাষাৰ দ্বাৰা প্ৰকাশ কৰিলে অনুমান যুক্তিত পৰিণত হয়। তাবিজ্ঞানৰ বিষয়বস্তু অনুমান বা যুক্তি। এটা যুক্তিত আশ্রয় বচনৰ জৰিয়তে সিদ্ধাস্তত উপনীত হয়। সেয়ে তর্কবিজ্ঞানক অনুমান বা যুক্তিত বিজ্ঞান বুলি কোৱা হয়।

এই অনুমান দুই প্ৰকাৰৰ।

নিগমন অনুমান আৰু আগমন অনুমান। নিগমন অনুমানৰ এটা বা ততোধিক আশ্রয় বচনৰ পৰা সিদ্ধাত্ত অনিবার্যভাৱে নিঃসৃত হয়। এই অনুমানৰ সিদ্ধান্ত আশ্ৰয় বচনতকৈ অধিক ব্যাপক হ’ব নোৱাৰে। যেনে—

সকলো মানুহ হয় মৰণশীল। ৰাম হয় এজন মানুহ : ৰাম হয় মৰণশীল। ইয়াত সিদ্ধান্ত ‘ৰাম হয় মৰণশীল’ দুটা আশ্ৰয় বচনৰ পৰা নিঃসৃত হৈছে। ইয়াত সিদ্ধান্ত আশ্ৰয় বচনতকৈ কম ব্যাপক। অর্থাৎ ইয়াত সিদ্ধাস্ত বচন ‘ৰাম হয় মৰণশীল’, আশ্ৰয় বচন “সকলো মানুহ মৰণশীলতকৈ কম ব্যাপক।

আনহাতে যি অনুমানত এটা জাতি বা শ্ৰেণীৰ অন্তৰ্গত কেইটামান বিশেষ বিশেষ ঘটনা পর্যবেক্ষণ কৰি সেই ঘটনাৰ নিয়ত স্বভাৱৰ ওপৰত নিৰ্ভৰ কৰি সেই জাতীয় সকলো ঘটনা সম্বন্ধে সার্বিক বচন প্ৰতিষ্ঠা কৰিব পৰা যায় তেনে অনুমানক আগমন অনুমান বোলে। আগমন অনুমানত বিশেষ বিশেষ বচনৰ পৰা সার্বিক বচনত উপনীত হোৱা যায়। যেনে— ৰাম হয় মৰণশীল হৰি হয় মৰণশীল ৰহিম হয় মৰণশীল

১. সকলো মানুহ হয় মৰণশীল।

ইয়াত বিশেষ বিশেষ মানুহৰ মৰণশীলতা দেখি মৰণশীলতা আৰু মুষ্যত্বৰ মাজত নিয়ত সম্বন্ধ নিষ্পন্ন কৰি সার্বিক বচন “সকলো মানুহ হয় মৰণশীল” বচনতো প্রতিষ্ঠা কৰা হৈছে। গতিকে তর্কবিজ্ঞানৰ বিষয় হৈছে অনুমান। এই অনুমান সম্বন্ধে তর্কবিজ্ঞানে বিজ্ঞান সম্মতভাবে আলোচনা কৰি যথার্থ জ্ঞান আহৰণ কৰে কাৰণে তর্কবিজ্ঞানক অনুমানৰ বিজ্ঞান

HS First Year Logic And Philosophy Questions Answer তৰ্কবিজ্ঞান আৰু দর্শন

প্রথম খণ্ড – তৰ্কবিজ্ঞান

Unit- IContentsLinks
Unit- IIতর্কবিজ্ঞান ( Logic)
সংজ্ঞা, প্রকৃতি, পৰিসৰ আৰু উপযোগিতা পৰম্পৰাগত আৰু আধুনিক তর্কবিজ্ঞান
Click here
উপসর্গ ( Proposition) :- বচন (Proposition) পদ (Term)Click here
বচন (Proposition)Click here
সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন (Transformation of ordinary sentences to logical proposition)Click here
তৰ্কীয় বচনত পদৰ ব্যাপ্ততা (Distribution of Term In a Logical Proposition)Click here
বচনৰ আধুনিক শ্রেণীবিভাজন (Modern Classification of Proposition)Click here
Unit-IIIঅনুমান, নিৰপেক্ষ ন্যায় ( Inference, Categorical Syllogism)Click here
Unit- IVপ্রতিকাত্মক তর্কবিজ্ঞান ( Symbolic Logic)Click here

দ্বিতীয় খণ্ড – দর্শন

Unit- Vদর্শন (Philosophy)Click here
Unit- VIভাৰতীয় দর্শন ( Indian Philosophy )Click here
Unit- VIIজ্ঞান উৎপত্তি সম্পৰ্কীয় ( Theories of the origin of knowledge )Click here
প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমানClick here
Unit- VIIIবাস্তৱবাদ আৰু ভাৱবাদ (Realism and Idealism)Click here

This Post Has 12 Comments

Leave a Reply