HS First Year History Solutions Chapter 3- সাম্রাজ্য

HS First Year History Solutions Chapter 3- সাম্রাজ্য। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year History Solutions Chapter 3- সাম্রাজ্য AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS First Year History Solutions Chapter 3- সাম্রাজ্য

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ৰোমান সাম্রাজ্যৰ মুখ্য নাগৰিক কোন আছিল।

উত্তৰঃ ৰোমান সম্রাট আছিল ৰোমান সাম্রাজ্যৰ মুখ্য প্ৰশাসনীয় বিষয়।

প্রশ্ন ২। ৰোমান সাম্রাজ্যৰ প্ৰথম সম্রাটজন কোন আছিল ?

অথবা, আগাষ্টাছ কোন আছিল? 

উত্তৰঃ আগাষ্টাছ আছিল।।

প্রশ্ন ৩। ৰোমান সাম্রাজ্যৰ সম্ভ্রান্তবংশৰ লোকসকলে কি ভাষা ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ গ্রীক ভাষাকে ৰোমান সম্ভ্রান্ত বংশৰ লোকসকলে ব্যৱহাৰ কৰিছিল। 

প্রশ্ন ৪। ৰোমান সাম্রাজ্যৰ প্ৰশাসনীয়ভাষা দুটা কি আছিল।

অথবা, ৰোমান সাম্রাজ্যৰ প্ৰশাসনৰ ক্ষেত্ৰত কোন কোন ভাষা ব্যৱহাৰ কৰা হৈছিল?

উত্তৰ ঃ লেটিন আৰু গ্ৰীক আছিল ৰোমান সকলৰ প্ৰশাসনীয় ভাষা। 

প্রশ্ন ৫। কোন মৰুভূমিৰ মাজত ৰোমান সাম্রাজ্য গঢ়ি উঠিছিল ?

উত্তৰ ঃ চাহাৰা মৰুভূমিক লৈ ৰোমান সম্রাজ্য গঢ়ি উঠিছিল। 

প্রশ্ন ৬। কোন দুটা নদীয়ে ৰোমান সাম্রাজ্যৰ সীমা নিৰ্ধাৰণ কৰিছিল?

উত্তৰঃ ৰাইন আৰু ডানিয়ুৱ নদীয়ে। 

প্রশ্ন ৭। ইউৰোপ আৰু আফ্রিকা মহাদেশক ভাগ কৰা সাগৰটোৰ নাম লিখা।

উত্তৰঃ ভূ-মধ্য সাগৰে ইউৰোপ আৰু আফ্ৰিকা মাহদেশক ভাগ কৰিছে। 

প্রশ্ন ৮। পাপিৰাছ বুলিলে কি বুজায়।

উত্তৰ ঃ পাপিৰাছ হ’ল ইজিপ্তৰ নীল নদীৰ উপত্যকাত উৎপন্ন হোৱা এবিধ ইকৰা জাতীয় উদ্ভিদ। 

প্রশ্ন ৯। 630 খ্ৰীঃ লৈ উত্তৰ আফ্ৰিকা আৰু মধ্য প্রাচ্যৰ ভূ-খণ্ডত শাসন ব্যৱস্থা চলোৱা দুখন সাম্ৰাজ্যৰ নাম লিখা।

উত্তৰঃ ৰোমান সাম্রাজ্য আৰু ইৰানীয় সাম্রাজ্য হ’ল শাসন ব্যৱস্থা চলোৱা দুখন সাম্রাজ্য।

প্রশ্ন ১০। ৰোমান সাম্রাজ্যৰ অৰ্ধ যাযাবৰী জাতিসমূহে অস্থায়ীভাৱে নিৰ্মাণ কৰা বাসস্থানবোৰক কি বুলি কোৱা হৈছিল? 

উত্তৰঃ তেনে অস্থায়ীঘৰ বিলাকক ‘মাপালিয়া’ বুলি কোৱা হৈছিল৷

প্রশ্ন ১১। স্পেইনত অলিভ তেল ব্যৱহাৰ কৰা পাত্ৰটোৰ নাম লিখা। 

উত্তৰ : ড্ৰেজেল ২০ নামৰ পাত্ৰত এই অলিভ তেল ব্যৱহাৰ কৰিছিল।

প্রশ্ন ১২। ৰোমানসকলে জুলীয়া পদার্থ যেনে মদ আৰু অলিভ তেল ব্যৱহাৰৰ কাৰণে কি পাত্ৰ ব্যৱহাৰ কৰিছিল?

উত্তৰঃ এস্ফোৰাই নামৰ পাত্ৰ ব্যৱহাৰ কৰিছিল। 

প্রশ্ন ১৩। ইজিপ্তৰ মানুহে ব্যৱহাৰ কৰা ভাষাটো কি আছিল?

উত্তৰ : ইজিপ্টৰ মানুহে কোপতিক নামে এটি ভাষা ব্যৱহাৰ কৰিছিল । 

প্রশ্ন ১৪। ৰোমানসকলে কাক ‘বৰ্বৰ’ বুলি আখ্যা দিছিল?

উত্তৰঃ বিদেশী বা আভ্যন্তৰীণ আক্ৰমণকাৰীসকলক সাধাৰণতে বৰ্বৰ বুলি আখ্যা দিছিল।

প্রশ্ন ১৫। কেতিয়াৰ পৰা ৰোমান সাম্রাজ্যৰ পতন আহি পৰিছিল? 

উত্তৰ ঃ তৃতীয় শতিকাৰ পৰা ৰোমান সাম্ৰাজ্যৰ পতন আহি পৰিছিল।

প্রশ্ন ১৬। ৰোমান সাম্ৰাজ্যত বছৰটোৰ কিমান দিন ৰাজহুৱা উৎসৱ-পাৰ্বৰ্ণৰ দিন হিচাপে নিৰ্ধাৰণ কৰিছিল ?

উত্তৰ : বছৰটোৰ 176 দিনে ৰাজহুৱা উৎসৱ-পাৰ্বৰ্ণৰ দিন হিচাপে নিৰ্ধাৰণ কৰিছিল। 

প্রশ্ন ১৭। ৰোমান সাম্রাজ্যৰ বেছিভাগ কাল শাসন কৰা ৰজাজন কোন আছিল?

উত্তৰ ঃ টাইবেৰিয়াচ (14-37 খ্ৰীঃত) আছিল ৰোমান সাম্রাজ্যৰ বেছিভাগ কাল শাসন কৰা

প্রশ্ন ১৮। ৰোমান সাম্রাজ্যৰ সমাজ ব্যৱস্থা কেইটা শ্ৰেণীত বিভক্ত আছিল? 

উত্তৰ: ৰোমান যুগৰ সমাজ ব্যৱস্থা তিনিটা শ্ৰেণীত বিভক্ত আছিল।

প্রশ্ন ১৯। ৰোমান সাম্রাজ্যৰ সেনাসকলে দেশৰ কাৰণে কিমান বছৰ সেৱা আগবঢ়াব লাগিছিল।

উত্তৰঃ প্রায় পঁচিশ বছৰকাল সেনাসকলে দেশৰ কাৰণে সেৱা দিব লাগিছিল।

প্রশ্ন ২০। ৰোমান সাম্রাজ্যৰ সংসদৰ নাম কি আছিল? 

উত্তৰ: ৰোমান সাম্রাজ্যৰ সংসদক চিনেট নামে জনা গৈছিল।

প্রশ্ন ২১। লেটিন ভাষাত মুখ্য প্রশাসনীয় বিষয়াজনক কি বুলি কোৱা হৈছিল?

উত্তৰ ঃ মুখ্য প্রশাসনীয় বিষয়াজনক ‘প্রিঞ্চেপছ’ বুলি কোৱা হৈছিল। 

প্রশ্ন ২২। ডায়োক্লেটিয়ান ৰাজত্ব কালৰ সময়সীমা কি আছিল?

উত্তৰ:284-305 খ্ৰীঃৰ সময়ছোৱা আছিল ডায়োক্লেটিয়ান ৰাজত্ব কাল।

প্রশ্ন ২৩। ৰোমান যুগত অভিজাত শ্রেণীটোৱে নিজৰ খাট বা নামৰ পৰা বাৰ্ষিক কিমান পাউণ্ড পৰিমাণৰ সোণ লাভ কৰিছিল?

উত্তৰঃ তেওঁলোকে বার্ষিক হিচাপত 4,000 পাউণ্ড সোণ খাট বা পামৰ পৰা লাভ কৰিছিল।

বুৰঞ্জী

সূচীপত্ৰলিংক
অধ্যায় ১প্ৰাৰম্ভিক সমাজ Solutions
অধ্যায় ২ লিখন পদ্ধতি আৰু নগৰীয়া জীৱন Solutions
অধ্যায় ৩ সাম্ৰাজ্য Solutions
অধ্যায় ৪ মধ্য ইছলামীক দেশ
ইছলামৰ উদয় আৰু বিস্তাৰ: (৫৭০-১২০০ খ্ৰী:)
Solutions
অধ্যায় ৫ অঘৰী সাম্ৰাজ্য Solutions
অধ্যায় ৬ পৰিৱৰ্তিত ঐতিহ্য Solutions
অধ্যায় ৭ পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য Solutions
অধ্যায় ৮ সংস্কৃতিৰ সংঘাত Solutions
চতুৰ্থ গোটআধুনিকীকৰণৰ দিশে —-
অধ্যায় ৯ উদ্যোগিক বিপ্লব Solutions
অধ্যায় ১০মূল বাসিন্দাৰ স্থানান্তৰকৰণ Solutions
অধ্যায় ১১আধুনিকীকৰণৰ পথত Solutions

প্রশ্ন ২৪। ৰোমান যুগৰ শেষৰ কালছোৱা কোনখিনি সময়ক কোৱা হয় ? 

উত্তৰ ঃ চতুর্থ শতাব্দীৰ পৰা সপ্তম শতাব্দীৰ এই সময়ছোৱাক ৰোমান যুগৰ শেষৰ সময়ছোৱা বুলি কোৱা হয়৷

প্রশ্ন ২৫। ৰোমান যুগৰ সমাজৰ সন্মানীয় শ্রেণী বুলি কাক কোৱা হৈছিল?

উত্তৰ : মধ্যবিত্ত শ্রেণীটোক সমাজৰ সন্মানীয় শ্রেণী বুলি কোৱা হৈছিল। 

প্রশ্ন ২৬। ৰোমান যুগৰ সমাজ ব্যৱস্থা কেইটাভাগত বিভক্ত আছিল।

উত্তৰ: ৰোমান যুগৰ সমাজ ব্যৱস্থা ছয়টা ভাগত বিভক্ত আছিল ৷

প্রশ্ন ২৭। Natural History ৰ লেখকজনক কোন আছিল? 

উত্তৰ: জ্যেষ্ঠ প্লিনিয়ে ‘Natural History’ খন লিখিছিল।

প্রশ্ন ২৮। ৰোমান যুগৰ এজন প্রখ্যাত লেখকৰ নাম উল্লেখ কৰা। 

উত্তৰ: কালুমেল্লা হ’ল ৰোমান যুগ তথা প্ৰথম শতাব্দীৰ এজন প্রখ্যাত লেখক।

প্রশ্ন ২৯। ৰোমান সম্রাট আগাষ্টাচৰ শাসন কালত কিমান লোকে দাস হিচাপে থাকিব লগা হৈছিল ?

উত্তৰ : মুঠ জনসংখ্যাৰ প্ৰায় তিনি মিলিয়ন লোকসমাজত দাস হিচাপে থাকিব লগা হৈছিল। 

প্রশ্ন ৩০। ‘প্রাচীন বিশ্ব’ বুলি কাক কোৱা হৈছিল ?

উত্তৰ : ‘প্রাচীন বিশ্ব’ বুলি ৰোমান সাম্রাজ্যকে কোৱা হৈছিল।

প্রশ্ন ৩১। ৰোমান সাম্রাজ্যৰ কোনজন সম্রাটে কনষ্টান্টিনোপলত দ্বিতীয় ৰাজধানী প্রতিষ্ঠা কৰিছিল?

উত্তৰ: ডায়োক্লেটিয়ানে কষ্টান্টিনোপলত দ্বিতীয়খন ৰাজধানী প্রতিষ্ঠা কৰিছিল।

প্রশ্ন ৩২। আগাষ্টাচৰ পূৰ্বৰ নাম কি আছিল?

উত্তৰ: আগাষ্টাচৰ পূৰ্বৰ নাম আছিল অক্টোভিয়ান। 

প্রশ্ন ৩৩। প্রাচীন বিশ্ব ইতিহাসত সংঘটিত হোৱা ‘সর্বোত্তম ৰাজনৈতিক বিপ্লৱ’ বুলি কাক কোৱা হয়?

উত্তৰঃ ইছলাম ধৰ্মৰ সম্প্ৰসাৰণৰ ঘটনাক প্রাচীন বিশ্ব ইতিহাসৰ সৰ্বোত্তম বাজনৈতিক বিপ্লৱ বুলি কোৱা হয়।

প্রশ্ন ৩৪। বাইজানটিয়াম কোনখন সাম্রাজ্যৰ নাম আছিল?

উত্তৰঃ ৰোমান সাম্রাজ্যক বাইজানটিয়াম সাম্রাজ্য বুলি কোৱা হয়।

প্রশ্ন ৩৫। কোন চনত জাষ্টিনিয়ানে ভান্দালসকলৰ পৰা আফ্ৰিকা পুনৰ দখল কৰিছিল? 

উত্তৰ : 533 খ্ৰীঃত জাষ্টিনিয়ানে ভান্দালসকলৰ পৰা আফ্রিকা পুনৰ দখল কৰিছিল।

প্রশ্ন ৩৬। জুডাইজিম কাক কোৱা হৈছিল?

উত্তৰ: ইহুদীসকলৰ উপসানা বিধিক জুডাইজিম বুলি কোৱা হৈছিল। 

প্রশ্ন ৩৭। কনষ্টান্টিনপোলৰ বৰ্তমানৰ নাম কি ?

উত্তৰ ঃ কনষ্টাণ্টিনপোলক বর্তমান ইষ্টানবুল নামে জনা যায়। 

প্রশ্ন ৩৮। চুলিদুচ নামে মুদ্ৰাৰ প্ৰচলন কোনজন ৰজাই কৰিছিল?

উত্তৰ : ডায়োক্লেটিয়ানে চুলিদুজ নামে মুদ্ৰাৰ প্ৰচলন ঘটাইছিল। 

প্রশ্ন ৩৯। কোনটো লেটিন শব্দৰ পৰা ইংৰাজী ‘city’ শব্দটো আহিছে?

উত্তৰ ঃ লেটিন শব্দ ‘civitas’ শব্দৰ পৰা ইংৰাজী শব্দ ‘city’ টো আহিছে।

প্রশ্ন ৪০। প্রাচীন কালত যৌথ পৰিয়াল কাক বুজাইছিল ? 

উত্তৰ ঃ পুৰুষ, পত্নী আৰু ল’ৰা-ছোৱালীৰ সমষ্টিকে যৌথ পৰিয়াল বুলি কোৱা হৈছিল। 

প্রশ্ন ৪১। কোনখন দেশত প্ৰথম নগৰৰ উৎপত্তি হৈছিল ?

উত্তৰ ঃ বৰ্তমান ইৰাকৰ এটা অংশ মেছোপটেমিয়াত বিশ্বৰ প্ৰথমখন নগৰৰ উৎপত্তি হৈছিল। 

প্রশ্ন ৪২। কেতিয়া প্ৰথম নগৰৰ উৎপত্তি হৈছিল? 

উত্তৰঃ খ্ৰীঃ পূঃ 3,500 ত মেছোপটেমিয়াত নগৰৰ উৎপত্তি হৈছিল।

প্রশ্ন ৪৩। কেতিয়া পুৰাতত্ত্ববিদসকলে মেছোপটেমিয়াৰ ‘ঊৰ’ নামে নগৰীখন আৱিষ্কাৰ কৰিছিল। 

উত্তৰ:1930 চনত ইয়াক আৱিষ্কাৰ কৰা হৈছিল। 

প্রশ্ন ৪৪। কেতিয়া মাৰি নামৰ ৰাজকীয় নগৰীখনৰ উৎপত্তি হৈছিল?

উত্তঃ 2000 বছৰৰ পিছত এই নগৰীখনৰ উৎপত্তি হোৱা বুলি কোৱা হয়।

প্রশ্ন ৪৫। লিখন পদ্ধতিৰ কেতিয়াৰ পৰা অগ্রগতি হৈছিল ?

উত্তৰ: খৃঃ পূঃ 4000-3000 ৰ মাজত লিখন প্ৰণালীৰ অগ্ৰগতি হৈছিল। 

প্রশ্ন ৪৬। জুলিয়াচ চিজাৰে প্ৰথমে কিহৰ ওপৰত পুথি লিখিছিল? 

উত্তৰ :গল (ফ্রান্স) যুদ্ধৰ বিষয়ে তেওঁ প্ৰথমে পুথি লিখিছিল।

প্রশ্ন ৪৭। মেছোপটেমিয়া যুগত পৰিয়াল সম্পর্কে কেনে ধাৰণা আছিল। 

উত্তৰ: সেই সময়ত যৌথ পৰিয়ালৰ ধাৰণা আছিল।

প্রশ্ন ৪৮। ৮০০ খ্ৰীঃতপোপ তৃতীয় লিঅই কাক পবিত্র ৰোমান সাম্রাজ্যৰ সম্রাট উপাধি: প্ৰদান কৰে?

উত্তৰ: চাৰ্লমেঞ্জ ৰোমান সাম্ৰাজ্যৰ সম্রাট হয়।

প্রশ্ন ৪৯। প্রাচীন ইৰাণৰ পবিত্র গ্রন্থসমূহৰ ভাষাটো কি আছিল? 

উত্তৰ: পঢ়ুবী (Pahlavi) ভাষা আছিল।

প্রশ্ন ৫০। কোনখন সাগৰক ৰোমান সাম্রাজ্যৰ হৃৎপিণ্ড বুলি গণ্য কৰা হয়? 

উত্তৰ : ভূমধ্য সাগৰক ৰোমান সাম্রাজ্যৰ হৃৎপিণ্ড বুলি গণ্য কৰা হয়।

প্রশ্ন ৫০। তলত উল্লেখ কৰা চন তাৰিখবোৰৰ লগত জড়িত ঘটনাবোৰৰ বিষয়ে

(ক) 27 খ্ৰীঃত

(খ) 212 খ্ৰীঃত

(গ) 250 খ্ৰীঃত

(ঘ) 258 খ্ৰীঃত

(ঙ) 297 খ্ৰীঃত

(চ) 310 খ্ৰীঃত

(ছ) 312 খ্ৰীঃত

(জ) 378 খ্ৰীঃত

(ঝ) 410 খ্ৰীঃত

(ঞ) 428 খ্ৰীঃত 

(ট) 568 খ্ৰীঃত

(ঠ) 622 খ্ৰীঃত

(ড) 66-70 খ্রীঃপূ .

(ঢ) 224 খ্ৰীঃপূঃ

(ণ) 273

(ত) 391 খ্ৰীঃ পূঃ 

(থ) 434-53 খ্ৰীঃ পূঃ

(দ) 493 খ্ৰীঃ পূঃ

(ধ) 541-70 খ্রীঃ পূঃ

(ন) 614-19 খ্ৰীঃ পূঃ

(প) 711 খ্ৰীঃত

(ফ) 698

(ব) 661-750

(ভ) 633-42 খ্ৰীঃত

উত্তৰ: (ক) অক্টোভিয়ানে আগষ্টাচ নাম গ্রহণ কৰে।

(খ) ৰোমান সাম্ৰাজ্যৰ সকলো স্বতন্ত্র বাসিন্দাক নাগৰিকত্ব প্রদান।

(গ) পাস্যৰ শাসনকৰ্তাৰ দ্বাৰা ৰোমান সাম্রাজ্য আক্রমণ। 

(ঘ) কাৰ্থেজৰ খ্ৰীষ্টান পুৰোহিতজনৰ শিৰচ্ছেদ।

(ঙ) ৰোমান সাম্ৰাজ্যখন এশখন প্রদেশত বিভক্ত হয়।

(চ) ৰোমান সাম্ৰাজ্যত স্বর্ণমুদ্ৰাৰ প্ৰচলন ঘটে। 

(ছ) কনষ্টাইনটাইনে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হয়।

(জ) গৌথসকলৰ হাতত ৰোমানসকলৰ চৰম পৰাজয় ঘটে।

(ঝ) ভিজি গোথসকলৰ দ্বাৰা ৰোম নগৰী লুণ্ঠন। 

(ঞ) ভান্দালসকলৰ দ্বাৰা আফ্রিকা আক্ৰমণ আৰু দখল।

(ট) লোম্বাৰ্ডসকলৰ দ্বাৰা ইটালী আক্রমণ।

(ঠ) হজৰত মহম্মদ আৰু তেওঁৰ শিষ্যসকলৰ মক্কাৰ পৰা মদিনালৈ পলায়ন বা গম

(ড) বিখ্যাত ইহুদী বিদ্রোহ।

(ঢ) ছাচানিয়ান সকলৰ নতুন ৰাজবংশ প্রতিষ্ঠাণ। 

(ণ) ৰোমানসকলে পালমাইৰা নামে চহৰখন বিধ্বস্ত কৰা।

(ত) আলেকজেন্দ্ৰিয়াৰ ছোপিয়াম মন্দিৰৰ ধ্বংস সাধন।(থ) ন সাম্রাজ্য প্রতিষ্ঠা। 

(দ) অষ্টোগথসকলে ইটালীত ৰাজ্য স্থাপন কৰে।

(ধ) বেবুনিক প্লেগ মহামাৰীৰ সুচনা। 

(ন) পাৰস্যৰ শাসনকর্তাৰ দ্বাৰা ৰোমান সাম্রাজ্য আক্রমণ।

(প) আৰৱসকলে স্পেইন আক্রমণকবে। 

(ফ) আৰৱসকলৰ কাৰ্থেজ দখল।

(ব) ইৰাকত উমেইড ৰজাবংশ।

(ভ) আববসকলৰ প্ৰথম গুৰুত্বপূর্ণ সামৰিক বিজয়। 

প্রশ্ন ৫১। ইতিহাসৰ কোনটো যুগক হেলনিক যুগ বুলি কোৱা হয়? 

উত্তৰ খ্ৰীঃপূঃ ৩২৩ ৰ পিছত বা আলেকজেণ্ডাৰ মৃত্যুৰ পিছৰ কালক হেলনিক যুগ বুলি কোৱা হয়।

প্রশ্ন ৫২। পেপিৰ লজিষ্ট বুলি কাক কোৱা হয় ? 

উত্তৰ : প্রাচীন সাহিত্য অকীয়নাক পেপিৰ লজিষ্ট বুলি কোৱা হৈছিল।

চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ৰোমান সাম্রাজ্যই কোন তিনিখন মহাদেশ সামৰি আছিল?

উত্তৰ: ৰোমান সাম্রাজ্যই সামৰি থকা মহাদেশ তিনিখন—(১) ইউৰোপৰ প্ৰায় দক্ষিণঅঞ্চলটো, 

(২) পশ্চিম এছিয়াৰ পশ্চিমাংশ, 

(৩) উত্তৰ আফ্ৰিকাৰ (চাদাৰ) একাংশ।

প্রশ্ন ১(ক)। পাপিৰাচ কি?

উত্তৰঃ পাপিৰাচ হ’ল ইজিপ্তৰ নীলনদী উপত্যকাত উৎপন্ন হোৱা ইকৰা জাতীয় এবিধ উদ্ভিদ। এই উদ্ভিদৰ পৰা এবিধ লিখন দ্রব্য তৈয়াৰ কৰা হৈছিল। এই লিখন দ্রব্য দৈনন্দিন জীৱনত, ব্যৱহাৰ কৰা হৈছিল। হাজাৰ হাজাৰ চুক্তি পত্ৰত হিচাপ-নিকাচ, চিঠি-পত্ৰ, চৰকাৰী নথি আদি পেপিৰাচৰ মাধ্যমত লিখা হৈছিল। এই বিলাক পেপিৰোলোজিষ্ট নামে পণ্ডিতসকলে প্ৰকাশ কৰি উলিয়াইছিল৷

প্রশ্ন ১ (খ)। সপ্তম শতিকাৰ ইউৰোপৰ দুখন শক্তিশালী সাম্রাজ্যৰ নাম লিখা। 

উত্তৰ: ৰোম আৰু ইৰাণ

প্রশ্ন ২। ৰোমান ইতিহাস অধ্যয়নৰ সমলবোৰ কি কি ?

উত্তৰ ঃ ৰোমান ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত প্ৰধানকৈ তিনিটা সমল পোৱা যায়। সেই সমল কেইটা হ’ল —

(ক) লিখিত তথা পাঠ কেন্দ্রীক সমল 

(খ) নথিপত্ৰ আৰু 

(গ) ভগ্নাৱশেষ। 

প্রশ্ন ২। ৰোমান সাম্ৰাজ্যৰ ইতিহাস ৰচনাত ব্যৱহাৰ কৰা দুটা মুখ্য সমলৰ নাম লিখা। 

উত্তৰঃ ৰোমান সাম্ৰাজ্যৰ ইতিহাস ৰচনাত ব্যৱহাৰ কৰা দুটা মুখ্য সমল হ’ল লিখিত বা পাঠ কেন্দ্ৰিক সমল আৰু ভংগ্নাৱশেষ।

প্রশ্ন ৩। ৰোমান সাম্রাজ্যৰ সীমাৰ বিষয়ে লিখা।

উত্তৰঃ ৰোমান সাম্ৰজ্যৰ উত্তৰে ৰাইন আৰু ডানিয়ুব নদী আছিল। দক্ষিণে আছিল বিশাল চাহাৰা মৰুভূমি। এই বিশাল ভূমি খণ্ডই আছিল ৰোমান সাম্রাজ্য।

প্রশ্ন ৪। ৰোমান যুগৰ পূৰাতত্ত্ববিদসকল খনন কাৰ্যৰ জৰিয়তে উদ্ধাৰ কৰা ভগ্নাৱশেষবোৰৰ নাম লিখা।

উত্তৰঃ খনন কাৰ্যৰ ফলত উদ্ধাৰ হোৱা ৰোমান যুগৰ ভগ্নাৱশেষবোৰ হ’ল গৃহ স্মৃতি চিহ্ন, অন্যান্য নির্মাণ কৃতি, মৃন্ময় পাত্র, ধাতু-মুদ্রা, মোজাইক আদি। 

প্রশ্ন ৫। ৰোমান সাম্রাজ্যৰ ভাগ কেইটা আৰু কি কি ?

উত্তৰ ঃ খৃষ্টীয় তৃতীয় শতিকাৰ ৰোমান সাম্ৰাজ্যখনক দুটা ভাগত ভাগ কৰা হৈছিল। এই ভাগ দুটা হ’ল আদি ভাগ আৰু শেষৰ ভাগ। প্ৰথমৰ পৰা তৃতীয় খৃষ্টাব্দলৈ— এই সময়ছোৱাক আদি যুগ বুলি কোৱা হয়। আনহাতে তৃতীয় খ্ৰীষ্টাব্দৰ পৰা শেষৰ সময়লৈ— এই সময়খিনিক শেষৰ সাম্রাজ্য বুলি কোৱা হয়৷

প্রশ্ন ৬। টা-চীন বা বৃহৎ চীন বুলি কাক কোৱা হয় ?

উত্তৰঃ ৰোমান যুগত ৰোমানসকল আৰু ইৰাণ আছিল দুই প্রধান শক্তি। ৰোমানসকলৰ লগত ইৰাণে কাস্পিয়ান সাগৰৰ দক্ষিণৰ পৰা পূৰ্ব আৰবলৈ বিস্তৃত ভূ-খণ্ড নিয়ন্ত্ৰণ কৰিছিল। ইয়াৰোপৰি আফগানিস্তানৰ ওপৰতো ইৰাণে আধিপত্য বিস্তাৰ কৰিছিল। মুঠতে ৰোমানসকলে আৰু ইৰানে আধিপত্য বিস্তাৰ কৰিছিল। মুঠতে ৰোমানসকলে আৰু ইৰানে বিশ্বৰ অধিকাংশ ঠাই দখল কৰিছিল৷ সেয়ে এই দুই বৃহৎ শক্তিয়ে পশ্চিমৰ পিনে দখল কৰা এই বিশ্বখনক সৈনিকসকলে টাচ চীন বা ‘বৃহৎ চীন’ বুলি অভিহিত কৰিছিল৷

প্রশ্ন ৭। ৰোমান যুগৰ চিনেট বা সংসদৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ চিনেট হ’ল ৰোমান যুগৰ সংসদীয় ব্যৱস্থা। ৰজাৰ ক্ষমতা চিনেটে নিয়ন্ত্ৰণ কৰিছিল। শ শ বছৰ ধৰি চিনেটে ৰোমানযুগৰ শাসন ব্যৱস্থা পৰিচালনা কৰিছিল।

চিনেটসভা অভিজাতশ্রেণীৰ লোকৰ দ্বাৰা গঠিত হৈছিল। গতিকে চিনেটে অভিজাত শ্রেণীকহে প্রতিনিধিত্ব কৰিছিল। ৰোমান ইতিহাসৰ গৃহসমূহ চিনেটৰ প্ৰাক্তন সদস্যসকলে লিখিছিল। চিনেটৰ আস্থাৰ ওপৰত শাসকসকলৰ ভাগ্য নিৰূপণ কৰিছিল। অর্থাৎ চিনেটৰ বিৰুদ্ধে ৰজা সকল যোৱাত অসুবিধা আছিল।

প্রশ্ন ৭(ক)। মোন প্রজাতন্ত্রৰ শাসনকাল কি আছিল?

উত্তৰঃ ৰোমান গণৰাজ্য বা প্রজাতন্ত্রৰ শাসন কাল আছিল ৫০৯ খ্ৰীঃপূঃৰ পৰা ২৭ খ্ৰীঃপূলৈ।

প্রশ্ন ৮। ৰোমান সাম্রাজ্যৰ সেনাবাহিনীৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ ক্ষ তাৰ পিনৰ পৰা সম্ৰাটৰ পিছতে দেশৰ সেনাবাহিনীয়ে স্থান লাভ কৰিছিল। ৰোমান সাম্রাজ ৰ সেনাবাহিনী আছিল বেতনভোগী বৃত্তিজীৱিৰ লোক। গতিকে তেওঁলোকে অতি কমেও শেৰ বাবে পঁচিছ বছৰ কাল সেৱা আগবঢ়াব লাগিছিল। অৱশ্যে সেনা বাহিনীৰ উন্নত সা-সুবিধা আৰু উচ্চ বেতনৰ কাৰণে আন্দোলনৰ লগত জড়িত হৈ পৰিছিল। মাজে সময়ে সেনাধ্যক্ষ বা সম্রাটৰ দ্বাৰা অপসাৰিত হোৱাৰ বিষয়ক লৈ সেনাবাহিনীত সামৰিক বিদ্ৰোহো সংঘটিত হৈছিল।

চিনেট সভাৰ লগতো সেনা বাহিনীৰ লোকৰ সম্ভাৱ নাছিল। কাৰণ অভিজাত লোকৰ দ্বাৰা গঠিত চিনেটে সামৰিক বাহিনীক ভয় আৰু ঘৃণাৰ দৃষ্টিৰে চাই আহিছিল। কাৰণ সেনাবাহিনী আছিল সাম্রাজ্যত সততে সংঘটিত আৰু অনাকাংক্ষিত হিংস্রতাৰ আধাৰ

সেনা বাহিনীক সন্তুষ্ট কৰি ৰখাৰ স্বাৰ্থত জনসাধাৰণৰ পৰা অতিৰিক্ত কৰ আৰোপ কৰিছিল।। ফলত জনসাধাৰণ অসন্তুষ্ট হোৱাৰ লগতে দেশত আর্থিক সংকটে দেখা দিছিল। ৰজা আৰু সামৰিক বাহিনীৰ মাজত হোৱা মতভেদৰ কাৰণেই ৰোমান সাম্রাজ্যত মাজে সময়ে গৃহ যুদ্ধৰ সূচনা হোৱাৰো প্ৰমাণ পোৱা যায় ৷

প্রশ্ন ৯। ৰোমান সাম্ৰাজ্যৰ ৰাজনৈতিক ইতিহাসত কোন তিনিটা প্রধান চালিকা শক্তি আছিল? 

উত্তৰঃ ৰোমান সাম্ৰাজ্যৰ ৰাজনৈতিক ইতিহাসৰ প্ৰধান নিৰ্ণায়ক বা খেলুৱৈ বুলি সাধাৰণতে সম্রাট, অভিজাত শ্রেণী আৰু সামৰিক বাহিনী– এই তিনিটাকে কোৱা হৈছিল।

প্রশ্ন ১০। ৰোমান যুগৰ বৈদেশীক নীতি কেনে ধৰণৰ আছিল? 

অথবা, ৰোমান যুগৰ বৈদেশিক যুদ্ধ বিগ্ৰহ সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰ ঃ বৈদেশিক দিশৰ ফালৰ পৰা ৰোমান যুগক সাধাৰণতে শান্তিৰ যুগ বুলি কোৱা হয়। আগষ্টাচৰ শাসন কালত ৰোমান সাম্রাজ্য এখন বিশাল সাম্রাজ্যত পৰিণত হৈছিল। সেরে পিছৰ শাসকসকলে সাম্রাজ্যৰ পৰিসৰ বৃদ্ধিৰ কথা চিন্তা কৰা নাছিল। সেয়ে তেওঁলোকে ওচৰ চুবু য়া দেশৰ লগত শান্তিৰে সহাৱস্থান কৰিব বিচাৰিছিল। ফলত বৈদেশীক ক্ষেত্ৰত ৰোমান যু শাস্তিৰ যুগ বুলি কোৱা হয়।

অৱশ্যে সাম্ৰাজ্যৰ আৰম্ভণিতে ট্ৰজানে সাম্ৰাজ্যৰ প্ৰসাৰৰ কাৰণ অভিযান চলাইছিল। এই অভিযানৰ ফলত ৰোমান সাম্ৰাজ্যৰ পৰিসৰ ইউফ্ৰেটিছ নদীৰ অৱবাহিকা অঞ্চললৈ সম্প্ৰসাৰণ ঘটিছিল। পিছৰ শাসকসকলে সেই অঞ্চল ত্যাগ কৰিছিল।

প্রশ্ন ১১। ৰোমান যুগত ভূ-মধ্য সাগৰৰ উপকূলৱৰ্তী অঞ্চলত অৱস্থিত তিনিখন প্রধান নগৰৰ নাম লিখা।

উত্তৰঃ ভূ-মধ্য সাগৰৰ উপকূলৱৰ্তী তিনিখন নগৰ হ’ল কাজে, আলেকজেন্দ্ৰিয়া তা ৰুএন্টিওক। 

প্রশ্ন ১২। ৰোমানসকলে ধাৰণা কৰা মতে নগৰৰ সংজ্ঞা কেনে আছিল ?

উত্তৰঃ ৰোমানসকলে ধাৰণা কৰা মতে নগৰ হ’ল নিজস্ব ৰাজ্যক্ষেত্র সম্বলিত এটি নগণ এলেকা য’ত থাকে তেওঁলোকৰ প্রশাসনিক বিষয়া, নগৰ পৰিষদ বা নগৰপালিকা আৰু তাৰ আশে পাশে থকা কিছুমান গাঁও। গতিকে এখন নগৰৰ অৱস্থান কেতিয় ও আন এখন নগৰৰ চাৰিসীমাৰ ভিতৰত হ’ব নোৱাৰে। অৱশ্যে গাঁৱৰ কথা বেলেগ। কাৰণ গাঁও থাকিব পাৰে আনহাতে কেতিয়াবা কেতিয়াবা গাঁওক নগৰলৈ আৰু নগৰক গাঁৱলৈ পৰিৱৰ্তন কৰা হৈছিল। অৱশ্যে এনে কার্য সম্ৰাটৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰিহে কৰা হৈছিল।

গাঁৱৰ লোকতকৈ সাধাৰণতে নগৰৰ মানুহে বেছি সুবিধা লাভ কৰিছিল। কাৰণ নগৰ জনসাধাৰণে কেতিয়াও খাদ্য সংকটৰ সন্মুখীন হ’ব নালাগিছিল। লগে ভাগে আৰু মুকলি মুৰীয়াকৈ স্নান কৰাটো ৰোমানসকলৰ নগৰীয়া জীৱনৰ এক উল্লেখযোগ্য বৈশিষ্ট্য আছিল। 

প্রশ্ন ১৩। ৰোমান যুগৰ গ্ৰাম্য বা গাঁৱলীয়া সমাজৰ বিষয়ে চমু আভাস দিয়া।

উত্তৰ : ৰোমানসকলে ধাৰণা কৰা মতে নগৰ হ’ল নিজস্ব ৰাজ্যক্ষেত্র সম্বলিত এটি নগণ এলেকা য’ত থাকে তেওঁলোকৰ প্রশাসনিক বিষয়া, নগৰ পৰিষদ বা নগৰপালিকা আৰু তাৰ আশে পাশে থকা কিছুমান গাঁও। গতিকে এখন নগৰৰ অৱস্থান কেতিয় ও আন এখন নগৰৰ চাৰিসীমাৰ ভিতৰত হ’ব নোৱাৰে। অৱশ্যে গাঁৱৰ কথা বেলেগ। কাৰণ গাঁও থাকিব পাৰে আনহাতে কেতিয়াবা কেতিয়াবা গাঁওক নগৰলৈ আৰু নগৰক গাঁৱলৈ পৰিৱৰ্তন কৰা হৈছিল। অৱশ্যে এনে কার্য সম্ৰাটৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰিহে কৰা হৈছিল।

গাঁৱৰ লোকতকৈ সাধাৰণতে নগৰৰ মানুহে বেছি সুবিধা লাভ কৰিছিল। কাৰণ নগৰ জনসাধাৰণে কেতিয়াও খাদ্য সংকটৰ সন্মুখীন হ’ব নালাগিছিল। লগে ভাগে আৰু মুকলি মুৰীয়াকৈ স্নান কৰাটো ৰোমানসকলৰ নগৰীয়া জীৱনৰ এক উল্লেখযোগ্য বৈশিষ্ট্য আছিল।

প্রশ্ন ১৪। ৰোমান যুগৰ মানুহৰ এখন খাদ্য তালিকা প্রস্তুত কৰা। 

উত্তৰ : ৰোমান যুগৰ জনসাধাৰণে গম, মাছ আৰু অলিভ তেল ব্যৱহাৰ কৰিছিল। এই খাদ্য বিলাক সাধাৰণতে স্পেইন, ফ্রান্স, উত্তৰ আফ্রিকা, ইজিপ্ত আৰু কিছু পৰিমাণে ইটালীৰ পৰা আমদানি কৰা হৈছিল।

প্রশ্ন ১৫। কেইখনমান অলিভ তেল উৎপাদনকাৰী দেশৰ নাম লিখা।

উত্তৰ: কেইখনমান অলিভ তেল উৎপাদনকাৰী দেশ হ’ল– এজিয়ান, দক্ষিণ এছিয়া মাইনৰ (তুৰস্ক), ছিৰিয়া, পেলেষ্টাইন আদি উল্লেখ কৰিব পাৰি যে পেলেষ্টাইন মদ আৰু অলিভ তেল ৰপ্তানীকাৰী প্রধান দেশ হিচাপে পৰিগণিত হৈছিল। 

প্রশ্ন ১৬। ৰোমান যুগৰ খনিজ সম্পদৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰ ঃ খনিজ সম্পদত ৰোমান যুগ চহকী আছিল। খনিজ সম্পদৰ ভিতৰত ব্ৰ’ঞ্জ, সোণ আৰু ৰূপ হ’ল উল্লেখযোগ্য। ভূ-মধ্য সাগৰৰ আশে পাশে নানা ধৰণৰ কাৰখানা গঢ়ি উঠিছিল। জনশক্তিৰ সহায়ত এই উদ্যোগবোৰ চলিছিল। এই কাৰখানাসমূহ ব্ৰঞ্জ, সোণ আৰু ৰূপ নিষ্কাষণ অলংকাৰসমূহৰ বিক্ৰীৰ বাবে সাংগঠিত বাণিজ্যিক আৰু বিত্তীয় বেংক ব্যৱস্থাৰ সূচনা হৈছিল। কৰা হৈছিল। ইয়াৰোপৰি কাৰখানাসমূহত নানা ধৰণৰ অলংকাৰ তৈয়াৰ কৰা হৈছিল। এই

প্রশ্ন ১৭। ৰোমান যুগৰ শ্রেণী বিভাজন সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ আন আন সমাজ ব্যৱস্থাৰ দৰে ৰোমান যুগৰ সমাজ ব্যৱস্থাও কেইটামান ভাগত ভাগ কৰিব পাৰি। শ্রেণী বা ভাগ কেইটা হ’ল চিনেটৰ সকল, ঘোঁৰাছোৱাৰী শ্ৰেণীৰ নেতৃত্ব দিয়া লোকসকল বা যিসকলে ছাৰ্কাচ আৰু নাট্যভিনয়ত জড়িত হৈ আছিল। আৰু শেষত আছিল দাস শ্ৰেণীটো।

প্রশ্ন ১৮। ৰোমান যুগৰ আইনীব্যৱস্থা কেনে আছিল? 

অথবা, ৰোমান যুগত শান্তি-শৃংখলা কেনেদৰে ৰক্ষা কৰা হৈছিল?

উত্তৰ : ৰোমান যুগৰ আইনীব্যৱস্থা অতি কঠোৰ আছিল। কাৰণ ৰাষ্ট্ৰ আছিল এক কর্তৃত্বশীল শাসনৰ প্ৰতিভূ। বিপৰীত মত কেতিয়াবাহে সহ্য কৰা হৈছিল। চৰকাৰৰ বিৰুদ্ধে বিৰুদ্ধাচৰণ কৰাসকলে কঠোৰভাৱে দমন কৰা হৈছিল। উল্লেখযোগ্য যে চতুর্থ শতাব্দীত ৰোমান আইনৰ এক শক্তিশালী পৰম্পৰা গঢ়ি উঠিছিল। আনকি এনে আইনে ভয়াৱহ বা স্বেচ্ছাচাৰী সম্রাট সকলকো নিয়ন্ত্রণ কৰিছিল। সেয়ে সেই সময়ৰ পৰাই ৰজা বা সম্রাটসকলে ইচ্ছা অনুযায়ী শাসন চলোৱাত বাধা আহি পৰিছিল। এই কাৰণেই চতুর্থ শতাব্দীৰ শেষৰ পিনে স্বেচ্ছাচাৰী সম্ৰাটসকলৰ অনৈতিক আৰু নিষ্ঠুৰ কাৰ্যৰ বিৰুদ্ধে জনসাধাৰণে জনমত গঢ়ি তুলিছিল। 

প্রশ্ন ১৮। ইছলাম ধৰ্মৰ সম্প্ৰসাৰণৰ ফলত কেনেকৈ ৰোমান সাম্ৰাজ্যৰ পতন ঘটিছিল? 

উত্তৰ : ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ মৃত্যুৰ পিছত তেওঁৰ শিষ্য বা খলি ফাসকলে সমগ্র বিশ্বতে ইচলামধৰ্মৰ প্ৰচাৰ আৰু সম্প্ৰসাৰণৰ কাৰণে উঠি পৰি লাগিছিল। ইয়াৰ ফলত মুছলমান আৰু ৰোমান সাম্ৰাজ্যৰ মাজত সংঘৰ্ষৰ পথ মুকলি হয়। ফলত হজৰত মহম্মদৰ মৃত্যুৰ দহ বছৰ পিছত পূৰ্বৰ ৰোমান সত্মাম্ৰাজ্য আৰু ছাচানিয়া সাম্রাজ্যৰ মাজত সাম্রাজ্য বিস্তাৰৰ প্ৰশ্নত সংঘর্ষ হয়। শেষত আৰসকলে ৰোমান সাম্রাজ্য আৰু ছাচানিয়া সাম্রাজ্য আৰসকলৰ নিয়ন্ত্রণাধীন হয়। এনেদৰে প্রায় এক শতাব্দীৰ পিছত আৰুৱসকলৰ আধিপত্য ক্রমে স্পেইন, সিন্ধু আৰু মধ্য এছিয়ালৈ সম্প্ৰসাৰিত হয়। এনেদৰে ঐশ্লামিক ৰাষ্ট্ৰ ব্যৱস্থা গঢ়ি উঠে।

প্রশ্ন ২০। নিকট প্রাচ্য (Near East) কোনখিনিক বুজোৱা হয়?

অথবা, নিকট প্রাচ্য বুলিলে কি বুজা ?

উত্তৰ: ভূ-মধ্য সাগৰীয় অঞ্চলৰ ৰোমান লোকসকলে সাধাৰণতে ভূ-মধ্য সাগৰৰ পূব দিশৰ ৰোমান অধিকৃত নিকট ৰাষ্ট্ৰসমূহক নিকট প্ৰাচ্যৰূপে গণ্য কৰিছিল। উদাহৰণ হিচাপে ছিৰিয়া, পেলেষ্টাইন আৰু মেছোপটেমিয়া আৰু শিথিলভাৱে তাৰ পার্শ্ববর্তী অঞ্চল বিশেষকৈ আৰব দেশ। এই প্ৰাচ্যৰ দেশবোৰ বা ৰাজ্যবোৰ ৰোমৰ অনুগত আছিল। সেয়ে ৰাজ্যবোৰৰ শাসকসকলে প্ৰয়োজনত ৰোমৰ সমৰ্থনত সেনা বাহিনী ব্যৱহাৰ কৰিছিল। 

প্রশ্ন ২১। ৰোমানযুগৰ সমাজৰ ঘোঁৰাচৱাৰী শ্ৰেণীটোৰ সামাজিক স্থান কেনে আছিল?

উত্তৰ ঃ ৰোমান সমাজ ব্যৱস্থাত ঘোঁৰাচোৱাৰী শ্ৰেণীটো আছিল আটাইতকৈ দ্বিতীয় শক্তিশালী আৰু চহকী শ্ৰেণী। বিত্তবান বা ধনী হোৱাৰ সুবাদতেই এইলোকসকলে অশ্বাৰোহী নিযুক্তি লাভ কৰাৰ সুবিধা পাইছিল। চিনেটাৰসকলৰ দৰে অশ্বাৰোহী সকলো সময়ত ভূ স্বামীত পৰিণত হৈছিল। আনকি তেওঁলোক জাহাজৰ মালিক হোৱাৰ উপৰি পুঁজিৰ যোগান ধৰোতা বেংকাৰ বা পূৰ্ণ পৰ্যায়ৰ ব্যৱসায়ীৰূপে নিজক প্ৰতিষ্ঠা কৰিছিল।

প্রশ্ন ২২। তুমি যদি ৰোমান সাম্ৰাজ্যত কাম কৰিলাহেঁতেন তেনেহলে তুমি ক’ত কাম কৰিলাহেতেন? গাঁৱত নে চহৰত? তোমাৰ যুক্তি সাপেক্ষে মত ব্যক্ত কৰা।

উত্তৰ: আচলতে আন্তঃগাঁথনি আৰু সুবিধাৰ ফালৰ পৰা চহৰ অঞ্চল বসবাসৰ কাৰণে জ ক্ষেত্ৰত উপযোগী। কাৰণ নগৰ অঞ্চলত জনসাধাৰণে খাদ্যৰ নাটনিত নপৰিছিল। ইয়াৰ বিপৰীতে গাঁও অঞ্চলৰ জনসাধাৰণে নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল।

প্রশ্ন ২৩। কোন তিনিটা অংশ বা মহাদেশক লৈ প্ৰাচীন ৰোমান সাম্রাজ্য গঢ়ি উঠিছিল। 

উত্তৰ : বৰ্তমান ইউৰোপ মহাদেশৰ অধিকাংশ, পশ্চিম এছিয়াৰ অৰ্ধ-চন্দ্ৰাকৃতিৰ সাৰুৱা | সমতল ভূ-খণ্ড আৰু উত্তৰ আফ্ৰিককলৈ প্রাচীন ৰোমান সাম্রাজ্য গঢ়ি উঠিছিল।

প্রশ্ন ২৪। ৰোমান যুগৰ বিবাহ পদ্ধতি সম্পর্কে চমুকৈ আলোচনা কৰা। 

উত্তৰ ঃ ৰোমান যুগত ল’ৰা আৰু ছোৱালীৰ মত বা আগ্রহ অনুযায়ী বিবাহ-কার্য সম্পন্ন হৈছিল। দুয়োপক্ষৰে সন্মতিৰ পিছত ল’ৰাপক্ষই ছোৱালীৰ ঘৰলৈ কিছুমান উপহাৰ দিব লাগিছিল। বিয়াৰ পিছত উপহাৰসমূহ দুয়োটা পৰিয়ালৰ মাজত বিতৰণ কৰা হৈছিল।

প্রশ্ন ২৫। ৰোমান যুগৰ প্ৰাচীন দুখন নগৰীৰ নাম উল্লেখ কৰা। 

উত্তৰ ঃ ৰোমান যুগৰ দুখন প্রাচীন নগৰী হ’ল হৰপ্পা আৰু মহেঞ্জোদাৰো।

প্রশ্ন ২৬। ৰোমান সাম্রাজ্যৰ দুবিধ মুখ্য বাণিজ্যিক সামগ্রী কি আছিল? তেওঁলোকে উপসনা কৰা যিকোনো দুই দেৱ-দেৱীৰ নাম লিখা।

উত্তৰ: (ক) ৰোমান সাম্ৰাজ্যৰ দুবিধ সামগ্ৰী হ’ল গম আৰু অলিভ (খ) দুই উপাস্য দেৱ-দেৱী হ’ল— জুপিটাৰ আৰু জুনো।

প্রশ্ন ২৭।“ৰোমান সাম্রাজ্যৰ শেষৰ কালছোৱা” বোলা এই শব্দাংশক কি বুলি বুজা।

উত্তৰ ঃ “ৰোমান সাম্রাজ্যৰ শেষৰ কালছোৱা” বোলা এই শব্দাংশই সততে ৰোমা সাম্ৰাজ্যৰ ক্ৰম বিকাশৰ সৰ্বশেষ আৰু চিত্তাকর্ষক যুগটোৰ লগত ৰোমান সাম্ৰাজ্যৰ ভাঙেকালছোৱাক বুজাইছে। বহল ভিত্তিত এই কালছোৱা আছিল চতুর্থ শতাব্দীৰ পৰা সপ্তম শতিকালৈ বিস্তৃত। সাংস্কৃতিক আৰু অর্থনৈতিক উভয় দিশতে চতুর্থ শতাব্দীটো ব্যাপক উৎকৰ্ষৰ সময় আছিল বুলি কোৱা হয়। ধর্মীয় দিশতো এই সময়ছোৱাত বিশেষ উৎকর্ষ সাধন হৈছিল। ইয়াৰ লগতে সমান্তৰালভাৱে ৰাষ্ট্ৰৰ গঠন প্রক্রিয়াতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধিত হৈছিল।

প্রশ্ন ২৮। ৰোমানসকলে প্ৰধানকৈ কি কি দ্রব্য আমদানি কৰিছিল নাম লিখা।

উত্তৰ ঃ ৰোমানসকলে প্ৰধানকৈ ঘেঁহু, মদ আৰু অলিভ তেল আমদানি কৰিছিল। এই সামগ্ৰীসমূহ স্পেইন, গেলিক অঞ্চল, উত্তর আফ্রিকা, ইজিপ্ত আৰু কম পৰিমাণে ইটালীৰ পৰা আমদানি কৰা হৈছিল।

প্রশ্ন ২৯। ক’ত আৰু কোন বছৰত খ্ৰীষ্টীয়ান ধর্ম সৃষ্টি হৈছিল? 

উত্তৰঃ লেভেণ্ট (Levant) নামৰ ঠাইত খ্ৰীষ্টীয় প্রথম শতিকাত খ্ৰীষ্টীয়ান ধৰ্ম সৃষ্টি হৈছিল ।

প্রশ্ন ৩০। চাহনামা কি?

উত্তৰ: চাহনামা হ’ল এখন ধর্মীয় কবিতা পুথি। পাৰ্চিয়ান কবি ফ্ৰিদৌচিয়ে খ্রীষ্টীয় ৯৯৭ৰ পৰা ১০১০ চনৰ ভিতৰত এই পুঁথিখন ৰচনা কৰিছিল বুলি জনা যায়। 

প্রশ্ন ৩১। ইউৰোপ আৰু আফ্রিকা মহাদেশ দুখন কোনখন সাগৰে পৃথক কৰিছে?

উত্তৰঃ প্রশান্ত মহাসাগৰে পৃথক কৰিছে।

প্রশ্ন ৩২। ‘ড্রেচেল ২০’ কি? কি কাৰণত ইয়াক ব্যৱহাৰ কৰা হৈছিল? 

 উত্তৰ : প্রথম আৰু তৃতীয় শতিকাত স্পেইনত দুয়োফালে ঠেঙুলী থকা এটি বিশেষ ধৰণৰ পাত্ৰ নিৰ্মাণ কৰা হৈছিল। ইয়াক ড্ৰেচেল ২০ বুলি কোৱা হৈছিল। অলিভ তেল আৰু মাদক দ্রব্য ব্যৱহাৰৰ কাৰণে ইয়াক নিৰ্মাণ কৰা হৈছিল।

ৰচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। ৰোমান সাম্রাজ্যৰ প্ৰধান চালিকা শক্তি তিনিটাৰ নাম উল্লেখ কৰি প্ৰত্যেকৰে কার্য সম্বন্ধে চমুকৈ লিখা।

অথবা, ৰোমান প্ৰশাসনৰ তিনিজন কৰ্তা কোন আছিল? তেওঁলোকে কি ভূমিকা গ্রহণ কৰিছিল?

উত্তৰ ঃ ৰোমান সাম্রাজ্যৰ প্ৰধান চালিকা শক্তি আছিল তিনি প্ৰকাৰৰ। এই কেইটা হ’ল সম্রাট, অভিজাত শ্রেণী আৰু সামৰিক বাহিনী।

(ক) সম্রাট : সম্রাট আছিল ৰোমান শাসন ব্যৱস্থাৰ প্ৰধান গৰাকী। তেওঁৰ নীতি আৰু নিৰ্দেষণা মতে দেশৰ শাসনভাৰ পৰিচালিত হৈছিল। অৱশ্যে চিনেট সভাই ৰজাৰ কাম-কাজ আৰু ক্ষমতা নিয়ন্ত্ৰণ কৰিছিল।

(খ) সামৰিক বাহিনীসামৰিক বাহিনী আছিল দেশৰ প্ৰশাসনীয় ব্যৱস্থাৰ অন্যতম কাণ্ডাৰীস্বৰূপ। সামৰিক বাহিনীৰ লোকসকল চৰকাৰৰ বেতনভোগী কৰ্মচাৰী আছিল৷ সেয়ে দেশৰ প্ৰয়োজনীয় স্বাৰ্থত তেওঁলোকে প্রয়োজন অনুসৰি সেৱা আগবঢ়োৱাৰ কাৰণে বাধ্য

থাকিব লাগিছিল। উচ্চ বেতন আৰু সা-সুবিধাৰ দাবীত সেয়ে মাজে-সময়ে তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে বিদ্রোহী কার্যতো লিপ্ত হৈছিল। 

(গ) অভিজাত শ্রেণীৰজাৰ পিছত সমাজত অভিজাত শ্ৰেণীৰ লোকসকলে স্থান লাভ কৰিছিল৷ উল্লেখযোগ্য যে চিনেটসভা অভিজাত শ্ৰেণীৰ লোকক লৈ গঠিত হৈছিল। সেয়ে প্ৰশাসনীয় কার্যত তেওঁলোকে বিশেষ ভূমিকা পালনৰ সুবিধা পাইছিল।

প্রশ্ন ২। তৃতীয় শতাব্দীত ৰোমান সাম্রাজ্যই কিয় সংকটৰ সন্মুখীন হ’ব লগা হৈছিল। 

উত্তৰ ঃ তৃতীয় শতাব্দীত ৰোমান সাম্ৰাজ্যই নানা কাৰণৰ পৰিপ্ৰেক্ষিতত সংকটৰ সন্মুখীন হ’ব লগা হৈছিল। শাসকসকলৰ দুৰ্বলতাৰ কাৰণে তেনে অৱস্থাৰ সৃষ্টি হৈছিল। ফলত ৰোমান সাম্রাজ্য বহিঃ আক্ৰমনৰ সন্মুখীন হ’ব লগা হৈছিল। এনেদৰে ৰোমান সাম্রাজ্যৰ বিপৰ্যয় আহি পৰিছিল।

225 খ্ৰীঃত ইৰাণত এটি নতুন আৰু অতি যুঁজাৰু ৰাজবংশৰ উত্থান ঘটিছিল। তেওঁলোকে নিজকে ছাচানিয়ান বুলি চিনাকী দিছিল। পোন্ধৰ বছৰৰ ভিতৰত তেওঁলোকে ইউফ্রেটিছ নদীলৈ নিজৰ সাম্ৰাজ্যৰ প্ৰসাৰ ঘটাবলৈ সক্ষম হৈছিল। ইৰাণৰ শাসনকর্তা প্রথম ছাপুৰে ইয়াৰ নেতৃত্ব বহন কৰিছিল। ইৰানৰ হাতত ৰোমানসকল বেয়াকৈ পৰাভূত হ’ব লগা হৈছিল।

ঠিক তেনেদৰে কিছুমান জার্মান জাতিয়েও বাইন আৰু ডানিয়ুৱৰ সীমান্ত অঞ্চললৈ আগবাঢ়ি আহিছিল। অৱশ্যে ৰোমানসকলে জার্মান আক্ৰমণকাৰীসকলক প্রতিহত কৰিবলৈ সক্ষম হৈছিল। ফলত ডানিয়ূব অঞ্চলত পুনৰ ৰোমানসকলৰ আধিপত্য প্রতিষ্ঠা হৈছিল। গতিকে দেশ যায় আভ্যন্তৰীণ সমস্যাৰ লগতে বহিঃ শত্ৰুৰ আক্ৰমণৰ বাবে ৰোমান শাসকসকলে প্রায়ে ব্যতিব্যস্ত হৈ থাকিব লাগিছিল। তেনে অৱস্থাত সেইসময়ৰ ৰোমান শাসকসকল বহিঃশত্রু বা বৰ্বৰসকলৰ বিৰুদ্ধাচৰণ ক্ষেত্ৰত ব্যস্ত থাকিব লগা হৈছিল৷ উল্লেখযোগ্য যে এই সময়ছোৱাৰ 47 বছৰৰ ভিতৰত প্রায় পঁচিশজন সম্ৰাটৰ ৰোমান সাম্ৰাজ্যত উত্থান পতন ঘটিছিল। এনে কাৰ্যই ৰোমান সাম্রাজ্যৰ আভ্যন্তৰীণ দুৰ্বলতাৰ কথাকে প্রমাণ কৰে৷ 

প্রশ্ন ৩। প্রাচীন ৰোমান সাম্রাজ্যৰ প্রধান উৎস বা আহিলাসমূহৰ বিষয়ে বর্ণনা কৰা।

উত্তৰ : প্রাচীন সভ্যতাসমূহৰ ভিতৰত ৰোমান সভ্যতা আছিল অতি উচ্চস্তৰৰ৷ সভ্যতা সংস্কৃতিৰ বিকাশত এই সভ্যতাৰ বৰঙণি আছিল অতি অসীম। বৰ্তমানৰ ইউৰোপ মহাদেশৰ অধিকাংশ পশ্চিম এছিয়াৰ চন্দ্ৰাকৃতিৰ সাৰৱা সমতল ভূ-খণ্ড আৰু উত্তৰ আফ্ৰিকাক লৈ প্রাচীন। ৰোমান সাম্রাজ্য গঢ়ি উঠিছিল। অর্থাৎ এছিয়া, ইউৰোপ আৰু আফ্রিকা মহাদেশক সামৰি ৰোমান সভ্যতা গঢ়ি উঠিছিল। প্রাচীন ৰোমান সাম্রাজ্যৰ বিষয়ে জানিবলৈ হ’লে আমি সাধাৰণতে তিনিটা সমল পাওঁ। এই সমল তিনিটা হ’ল (ক) লিখিত পাঠ কেন্দ্রিক সমল, (খ) নথি পত্ৰ আৰু (গ) ভগ্নাৱশেষ।

প্রথমে, লিখিত— তথা পাঠ কেন্দ্ৰিক তথ্য সমলৰ ভিতৰত আছে সমসাময়িক ঐতিহাসিকসকলে প্ৰণয়ন কৰিবলৈ যোৱা ইতিহাস গ্রন্থ। সেইবিলাকক সাধাৰণতে কাহিনী বোলা হৈছিল। কাৰণ সেই বিলাকৰ বৰ্ণনা ধাৰাবাহিক। বছৰৰ পিছত বছৰ ধৰি একাদিক্ৰমে প্রণয়ন কৰা। দ্বিতীয়তে, নথি-পত্ৰৰ জৰিয়তেও প্রাচীন ৰোমান যুগৰ বিষয়ে জানিব পাৰি। নথি-পত্ৰ ভিতৰত আছে প্রধানতঃ পুৰালিপি আৰু পাপিৰাছত লিখা সমল। পাপিৰাছ হ’ল ইজিপ্তৰ নদীৰ উপত্যকাত উৎপন্ন হোৱা ইকৰা জাতীয় এবিধ উদ্ভিদ। তাৰ পৰা তৈয়াৰ কৰা এবিধ লিখন সমল তেতিয়া দৈনন্দিন জীৱনত ব্যাপক হাৰত ব্যৱহাৰ কৰা হৈছিল। হাজাৰ হাজাৰ চুক্তিপত্ৰ, হিচাপ-নিকাচ, চিঠি-পত্ৰ, দৰকাৰী নথি পত্ৰ আদি এই পাপিৰাছৰ মাধ্যমত লিখা হৈছিল৷ গতিকে এই বিলাকৰ পৰাও আমি প্রাচীন ৰোমান সাম্ৰাজ্যৰ সকলো দিশ সম্পর্কে জানিব পাৰো।

তৃতীয়তে, ভগ্নাৱশেষ বোৰৰ পৰাও প্রাচীন ৰোমান যুগৰ বহুতো তথ্যৰ সম্ভেদ পোৱা যায়। পুৰাতত্ত্ববিদসকলে খনন কাৰ্যৰ মাধ্যমত আবিষ্কাৰ কৰা ভগ্নাৱশেষৰ ভিতৰত আছে গৃহ, স্মৃতি চিহ্ন আৰু অন্যান্য নির্মাণ সামগ্রী, ‘মৃন্ময়, প্রাকৃতিক ভৌগোলিক পৰিৱেশৰ বিশেষকৈ আকাশৰ পৰা পোৱা চিত্ৰৰ মাধ্যমত পোৱা তথ্য পাতি। মুঠতে ওপৰত উল্লেখ কৰা প্ৰতিটো তথ্য সমলেই আমাক অতীত ৰোমান সাম্রাজ্য সম্পর্কে বহু কথাৰ সম্ভেদ দিয়ে।

প্রশ্ন ৪। প্রাচীন ৰোমান সাম্রাজ্যৰ ভৌগোলিক অৱস্থান সম্পর্কে চমু আভাস দিয়া।

উত্তৰঃ যিশুৰ জন্মৰ পৰা সপ্তম শতিকাৰ প্ৰথম ভাগলৈ ইউৰোপৰ প্ৰায় সকলো অংশ সামৰি আৰু উত্তৰ-আফ্ৰিকা আৰু মধ্যপ্রাচ্যৰ ভূ-খণ্ডত দুখন শক্তিশালী সাম্ৰাজ্যই ঠন ধৰি উঠিছিল। সেই সাম্রাজ্য দুখনেই আছিল ইৰাণী আৰু ৰোমান সাম্রাজ্য। দুয়োখন সাম্রাজ্য শক্তিশালী হোৱা হেতুকে দুয়োখনৰ মাজত সততে যুদ্ধ বিগ্রহ চলি আহিছিল দুয়োখন সাম্ৰাজ্যৰ সীমা পৰস্পৰৰ সীমাৰ সৈতে সংলগ্ন আছিল। মাত্র ইউফ্ৰেটিছ নদীৰ পাৰৰ এটি অতি ক্ষুদ্র ভূ খণ্ডই দুয়োখনকে পৃথক কৰিছিল। পিছলৈ ৰোমান সাম্ৰাজ্যই ইৰাণীয়সকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল।

ইউৰোপ আৰু আফ্রিকা মহাদেশক পশ্চিমে সুদূৰ স্পেইনৰ পৰা পূবে ছিৰিয়ালৈ এটি সাগৰে পৃথক কৰি ৰাখিছে। এই সাগৰটোকে ভূ-মধ্য সাগৰ বোলে। ভূ-মধ্য সাগৰ ৰোমান সাম্ৰাজ্যৰ কেন্দ্ৰবিন্দু বা হৃৎপিণ্ড আছিল। ৰোমান সকলে ভূমধ্য সাগৰৰ লগতে উত্তৰৰ পৰা দক্ষিণে আৰু চাৰিওফালে তথা সকলো অঞ্চলতে নিজৰ আধিপত্য স্থাপন কৰিছিল। উত্তৰ ফালে— ৰাইন আৰু ডানিউৱ নদীয়ে ৰোমান সাম্রাজ্যৰ সীমা নিৰ্ধাৰণ কৰিছিল। দক্ষিণৰ দিশত আছিল বিশাল ছাহাৰ মৰুভূমি। এই বিশাল ভূখণ্ডই আছিল ৰোমান সাম্রাজ্য।

ইৰাণে—কাস্পিয়ান সাগৰৰ দক্ষিণৰ পৰা পূৰ্ব আৰবলৈ বিস্তৃত ভূ-খণ্ড নিয়ন্ত্ৰণ কৰিছিল। ইয়াৰোপৰি আফগানিস্থানৰ কোনো কোনো অংশতো ইৰাণে আধিপত্য স্থাপন কৰিছিল। 

প্রশ্ন ৫। ৰোমান সাম্রাজ্যৰ বিভিন্ন শাসক সকলৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ প্রাচীন সভ্যতাৰ ভিতৰত ৰোমান সভ্যতা আছিল অতি উল্লেখযোগ্য। এই সাম্রাজ্যৰ প্ৰথমজন ৰজা আছিল আগাষ্টাছ। ২৭ খ্ৰীষ্টাব্দৰ সময়খিনিক তেওঁৰ শাসনকাল হোৱা বুলি ধৰি লোৱা হয়। আগাষ্টাছৰ শাসন ব্যৱস্থাক প্রিঞ্চিপেট বুলি কোৱা হয়। তেওঁক সাম্ৰাজ্যৰ মুখ্য নাগৰিক বোলা হৈছিল। ইয়াৰোপৰি তেওঁ ক্ষমতাৰ প্ৰধান গৰাকী আছিল। সেয়া হ’লেও তেওঁ শাসনৰ অবাধ ক্ষমতাৰ গৰাকী নাছিল। ছিনেটৰ দ্বাৰা সংসদ গঠন কৰা হৈছিল৷ ৰজা ছিনেটৰ দ্বাৰা নিয়ন্ত্রণাধীন আছিল। ছিনেট গঠিত হৈছিল ৰোমান সকলৰ চহকী লোকসকলক বা অভিজাত শ্ৰেণীৰ লোক সকলক লৈ। সম্রাট, অভিজাত বা ছিনেটৰসকলৰ পিছতে সেনাবাহিনীয়ে সমাজত স্থান লাভ কৰিছিল।

আগাষ্টাছৰ পিছত টাইবেৰিয়াচ (14-37 খ্ৰীষ্টাব্দ) ৰোমান সাম্রাজ্যৰ দ্বিতীয়জন ৰজা

চাপে অধিস্থিত হৈছিল। তেওঁ আগাষ্টাছৰ তোলনীয় পুত্ৰ আছিল বুলি কোৱা হয়। ইতিমধ্যে গাষ্টাছৰ শাসনকালতে ৰোমান সাম্ৰাজ্যই প্ৰসাৰ লাভ কৰিছিল। সেই ফালৰ পৰা টাইবেৰিয়াচ -খন বিশাল ৰোমান সাম্ৰাজ্যৰ গৰাকী হৈছিল। তেওঁৰ শাসন কালছোৱা শান্তিৰ আছিল লি কোৱা হয়।

ৰোমান সাম্ৰাজ্যৰ সকলোবোৰ শাসকৰ শাসনকালৰ বিষয়ে সবিশেষ জনা নাযায়। ইয়াৰ —শষৰ কালছোৱাৰ এজন উল্লেখযোগ্য শাসক হ’ল ডায়োক্লেটিয়ান (284-305 খ্রীষ্টাব্দ)। তেওঁ অর্থনীতিৰ দিশত বহুতো সংস্কাৰ সাধন কৰিছিল। তেওঁ ‘চুলিদুচ’ নামে এবিধ স্বর্ণ মুদ্রা প্ৰৱৰ্তন কৰিছিল। খাটি সোণৰ এই মুদ্ৰাটোৰ ওজন আছিল 4.5 ৰতি। উল্লেখ্য যে এইটো ৰোমান সাম্ৰাজ্যৰ পতনৰ পিছতো বৰ্তি আছিল। তেওঁৰ দিনতেই কনষ্টাণ্টিনোপলত। দ্বিতীয়খন ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। এই ৰাজধানী চহৰখন তিনিও দিশৰ পৰা সাগৰেৰে পৰিবেষ্টিত আছিল। বর্তমান তুৰ্দ্ধত ইয়াক ‘ইষ্টানবুল’ৰূপে জনা যায়।

প্রশ্ন ৬। ৰোমান যুগৰ সামাজিক অৱস্থাৰ বিষয়ে চমুকৈ আলোচনা কৰা। 

অথবা, ৰোমান সমাজৰ আদি অৱস্থাত মহিলাসকলৰ স্থান কেনে আছিল ?

উত্তৰঃ তথ্যৰ পৰা জনা যায় যে ৰোমান যুগৰ পৰিয়াল বিলাক ক্ষুদ্র ক্ষুদ্র গোটত ভাগ হৈ বাস কৰিছিল। ল’ৰাসকল যৌৱন প্রাপ্ত হোৱাৰ পিছত মাক-দেউতাকৰ পৰা আঁতৰি গৈছিল। ঠিক তেনেদৰে এটা সময়ত পৰিয়ালৰ লোকসকল ইজনে সিজনৰ পৰা আঁতৰি গৈ বাস কৰিবলৈ লৈছিল।

বিয়াৰ পিছত ছোৱালীগৰাকীৰ সম্পত্তি তেওঁ নিজে চোৱা-চিতা কৰিছিল। বিবাহসূত্রে লাভ কৰা সম্পত্তিত তেওঁৰ স্বামীৰ অধিকাৰ নাছিল। কাৰণ বিবাহসূত্ৰে লাভ কৰা সম্পত্তি স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্ক মধুৰ হৈ থকাৰ সময়লৈ গিৰিয়েকৰ অধীনত আছিল যদিও মহিলা গৰাকী পৈতৃক সম্পত্তিৰ প্রাথমিক উত্তৰাধিকাৰী আছিল। পিতৃৰ মৃত্যুৰ পিছত ছোৱালীগৰাকী তেনে সম্পত্তিৰ ওপৰতত স্বতন্ত্ৰ গৰাকী হৈছিল। এনে দৰে দেখা যায় যে সম্পত্তি লাভ কৰা আৰু তাক পৰিচালনা কৰাৰ ক্ষেত্ৰ মহিলাগৰাকীয়ে বহুখিনি আইন সংগত অধিকাৰ লাভ কৰিছিল। অন্য কথাত ক’বলৈ গ’লে ৰোমান দম্পত্তি সম্পত্তিৰ মালিকীস্বত্বৰ ক্ষেত্ৰত আইনতঃ কেতিয়াও যুগ্ম অধিকাৰী নাছিল। এই ক্ষেত্ৰত তেওঁলোকৰ পৃথক সত্ত্বা স্বীকৃত হৈছিল আৰু সম্পত্তিৰ ক্ষেত্ৰত স্ত্ৰীগৰাকীয়ে সম্পূর্ণভাৱে আইনসংগত অধিকাৰ লাভ কৰিছিল। বিবাহ বিচ্ছেদ সাধাৰণতে সহজ আছিল। কাৰণ ইচ্ছা সাপেক্ষে স্বামী বা স্ত্রীয়ে এখন আবেদনৰ জৰিয়তে বিবাহ-বিচ্ছেদৰ ব্যৱস্থা লব পাৰিছিল।

স্বামী আৰু স্ত্ৰীৰ মাজত বয়সৰ বেছি ব্যৱধান আছিল। বৈবাহিক সম্পর্ক সাধাৰণতে খোজা বুঢ়াৰ জৰিয়তে সম্পন্ন কৰা হৈছিল। অৱশ্যে স্বামীয়ে স্ত্ৰীৰ ওপৰত সততে কৰ্তৃত্ব চলাইছিল। কাৰণ আগাষ্টাইন নামৰ এজন কেথলিক পুৰোহিতৰ তথ্যৰ পৰা এই কথা জনা যায়। তেওঁৰ মতে স্বামীয়ে পত্নীক সততে মাৰ-ধৰ কৰিছিল। মহিলাসকলে স্বামীৰ মাৰ কিলৰ চিন বহন কৰি ফুৰিবলগীয়া হৈছিল বুলি উক্ত পুৰোহিতজনে উল্লেখ কৰি গৈছে। সন্তানৰ ওপৰত পিতৃৰ আইনসংগত অধিকাৰ আছিল। কাৰণ বহুতো পিতৃয়ে নিজৰ সন্তানক বহু ধৰণৰ কঠোৰ শাস্তি বিহিছিল।

প্রশ্ন ৭। ৰোমান যুগৰ শিক্ষা ব্যৱস্থা সম্পর্কে চমু আভাস দিয়া।

উত্তৰ : উৎসৰ পৰা ৰোমান যুগৰ শিক্ষা ব্যৱস্থা সম্পর্কে কিছু আভাস পোৱা যায়। ৰাজ্যস সকলো অঞ্চলতে শিক্ষাৰ মানদণ্ড একে নহয়। অঞ্চলভেদে সাক্ষৰতাৰ সংখ্যাও বেলেগ বেলেগ। এই ক্ষেত্রত পম্পিয়া নামৰ ঠাইখনৰ কথা উল্লেখ কৰিব পাৰি। কাৰণ ইয়াৰ স্বাক্ষৰতাৰ পৰিমাণ বেছি আছিল। 79 খ্ৰীত হোৱা এটি আগ্নেয়গিৰীৰ উদ্‌গীৰণৰ ফলত এই চহৰখন ধ্বংস হৈছিল। পিছত খনন কাৰ্যৰ ফলত চহৰৰ প্ৰধান পথসমূহৰ দেৱালত শিক্ষাৰ বাবে দিয়া বিজ্ঞাপনৰ আৰ্হি পোৱাৰ উপৰি নগৰৰ সকলো ঠাইতে ছবিৰ নমুনা পোৱা গৈছিল। পাপিৰাচ নামৰ কাগজেৰে লিখা-পঢ়া কৰা হৈছিল। এই পাপিৰাচ কাগজত বুদ্ধিজীৱীসকলে নানাধৰণৰ চুক্তি-পত্ৰ আৰু আন আন বহুতো লিপি প্ৰকাশ কৰিছিল। অৱশ্যে সকলো মানুহে লিখা পঢ়া জনা নাছিল ৷ বিশেষকৈ সামৰিক বাহিনীৰ বিষয়ালোক, সৈনিক আৰুভূ-সম্পত্তির মালিক বা ইয়াক পৰিচালনা কৰা লোকসকল ঘাইকৈ সমাজৰ শিক্ষিত লোক আছিল। সামাজিক ক্ষেত্ৰত মানুহৰ বিভিন্নতা দেখা গৈছিল। তেনেদৰে সমাজভেদে বেলেগ বেলেগ ভাষা ব্যৱহাৰ কৰিছিল। উদাহৰণহিচাপে নিকট প্রাচ্যৰ লোকসকলে ‘আমেৰিক’ নামৰ এটি ভাষা ব্যৱহাৰ কৰিছিল। আনহাতে উত্তৰ আফ্ৰিকাৰ মানুহে পিউনিক ভাষা ব্যৱহাৰ কৰিছিল। আকৌ বাৰ্ধাৰ, স্পেইন আৰু উত্তৰ-পশ্চিম অঞ্চলৰ লোকে কেলটিক নামৰ এটি ভাষা ব্যৱহাৰ কৰিছিল। প্ৰকৃত লিখিত লিপি নোহোৱালৈকে এই ভাষাবিলাকৰ বহুতেই আছিল প্রধানতঃ মৌখিক। উদাহৰণহিচাপে আর্মেনিয়ান ভাষাটোৱে পঞ্চম শতিকাৰ পৰাহে লিখিতৰূপ পৰিগ্ৰহণ কৰিছিল। ঠিক তেনেদৰে তৃতীয় শতিকাৰ মধ্য ভাগতে কোপতিক ভাষাত বাইবেলৰ তর্জমা কার্য সম্পূৰ্ণ হৈছিল। ইফালে অন্যান্য অঞ্চলত লেটিন ভাষাৰ প্রসাবে ইতিমধ্যে লিখিত ৰূপ পৰিগ্ৰহণ কৰি বহুলভাৱে প্রচলিত ভাষাসমূহক বিতাৰিত কৰি নিজৰ কৰি লৈছিল। এইটো ঘটিছিল মুখ্যতঃ কেলটিক ভাষাৰ ক্ষেত্ৰত যিটো ভাষাত প্ৰথম শতিকাৰ পৰা লেখা কার্য কৰিবলৈ এৰি দিয়া হৈছিল।

প্রশ্ন ৮। ৰোমান যুগৰ অৰ্থনৈতিক অৱস্থাৰ বৰ্ণনা দিয়া। অথবা, অলিভতেলৰ উৎপাদন আৰু ইয়াৰ প্ৰসাৰৰ বিষয়ে আলোচনা কৰা।

উত্তৰ: এতিয়ালৈ আৱিষ্কৃত হোৱা নানা তথ্যৰ পৰা জানিব পাৰি যে ৰোমান যুগৰ অৰ্থনীতি অতি সবল আছিল। দেশত নানা ধৰণৰ উদ্যোগ গঢ়ি উঠিছিল। এই উদ্যোগসমূহৰ ভিতৰত ইটাৰ ভাটা, অলিভ তেল তৈয়াৰ কৰা কাৰখানা, খনি, কুৱঁৰী আদিবোৰ আছিল উল্লেখযোগ্য। এই উদ্যোগসমূহ উৎপাদিত সামগ্ৰীসমূহ ওচৰ চুবুৰীয়া ৰাজ্যলৈ ৰপ্তানি কৰা হৈছিল। নিৰ্মাণ কার্যত ইটাৰ ব্যৱহাৰৰ বহুল প্রচলন হৈছিল।

ব্যৱসায়ৰ ক্ষেত্ৰত গম, মদ আৰু অলিভতেল আছিল অতি উল্লেখযোগ্য। কাৰণ এই তিনিধি সামগ্ৰী সমাজৰ সকলো লোকেই ব্যৱহাৰ কৰিছিল। এই খাদ্যবিলাক প্ৰধানকৈ স্পেইন, ফ্রান্স, উত্তৰ আফ্রিকা, ইজিপ্ত আৰু কিছু পৰিমাণে ইটালীৰ পৰা আমদানি কৰা হৈছিল। মদ আৰু অলিভ তেল সৰবৰাহ কৰাৰ কাৰণে এম্ফোৰাই নামৰ এটি মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল। ভগ্নাৱশেষৰ পৰা লাভ কৰা তথ্য অনুসৰি এই পাত্ৰটোৰ প্ৰচলন বহুল ধৰণৰ আছিল। ভূমধ্য সাগৰীয় অঞ্চলত পোৱা বিশেষ মাটিৰে এই পাত্ৰটো সজা হৈছিল। স্পেইনৰ পৰা অলিভ তেল সৰবৰাহৰ ক্ষেত্ৰত এই পাত্ৰটোৰ বহুল ব্যৱহাৰ হৈছিল।

সেই সময়ত স্পেইনৰ পৰা অলিভ তেল অনা নিয়া কৰা পাত্ৰটোৰ নাম আছিল ‘ড্ৰেজেল্ ২০’। যিজন পুৰাতত্ববিদ এই পাত্ৰটো আৱিষ্কাৰ কৰিছিল তেওঁৰ নামেৰেই এই পাত্ৰটোৰ নামকৰণ কৰা হৈছিল। প্রথমে অলিভ তেলৰ উৎপাদন ইটালীত হৈছিল যদিও পিছলৈ স্পেইনে এই দিশত বিশেষ অগ্রগতি লাভ কৰে। পিছলৈ স্পেইন অলিভাতেল উৎপাদনকাৰী প্ৰধান দেশ হিচাপে পৰিগণিত হয়। পিছলৈ উত্তৰ আফ্ৰিকাতো স্পেইনক আৰ্হি হিচাপে লৈ অলিভ তেল উৎপাদন কৰিছিল। অৱশ্যে পণ্ঠম শতিকাৰ শেষৰ পিনে এজিয়ান, দক্ষিণ এছিয়া, মাইনৰ (তুৰস্ক) ছিৰিয়া আদি দেশসমূহ অলিভ তেল উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত

প্রশ্ন ৯। ৰোমান যুগৰ কৃষি প্ৰণালীৰ বিষয়ে চমু বর্ণনা দিয়া। 

উত্তৰ : ৰোমান যুগৰ জনসাধাৰণৰ জীৱিকাৰ প্ৰধান উৎস আছিল কৃষি। কৃষিৰ কাৰণে মাটিবোৰ অতি উপযুক্ত আছিল। কাৰণ মাটিবোৰ অতি সাৰুৱা আছিল। ট্রেবো আৰু ক্লিনিৰ লেখনিৰ পৰা জনা যায় যে ইটালীৰ কাম্পানিয়া, ইজিপ্তৰ ফাইউম, গেলিলি, ছিচিলী, বাইজাছিয়াম, দক্ষিণগল, বোয়েটিকা আদি অঞ্চলসমূহ আটাইতকৈ চহকী আছিল। কাম্পিনিয়াৰ পৰা মদ ৰোমলৈ ৰপ্তানি কৰা হৈছিল। ইয়াৰোপৰি ছিচিলী আৰু বাইজাছিয়ামে ৰোমলৈ প্ৰচুৰ পৰিমাণৰ গম ৰপ্তানি কৰিছিল। গেলিলি অঞ্চলত প্ৰচুৰ পৰিমাণৰ কৃষি উৎপাদন হৈছিল।

আনহাতে ৰোমান সাম্রাজ্যৰ বিশাল ভূ-খণ্ড উন্নয়নৰ ফালৰ পৰা অত্যন্ত নিম্ন খাপৰ আছিল। উদাহৰণহিচাপে নুমিডিয়াৰ গ্ৰাম্য অঞ্চলত তেতিয়াও পশুচাৰণলোকৰ ব্যাপক অস্তিত্ব আৰু প্ৰব্ৰজন চলি আছিল। এইলোকসকল যলৈ গৈছিল তালৈ তেওঁলোকৰ অস্থায়ী ঘৰবিলাক লগত লৈ ফুৰিছিল। উত্তৰ আফ্ৰিকাৰ ৰোমানসকলৰ খাট-পামৰ বিস্তৃতি ঘটাৰ লগে লগে সেই জনজাতিসমূহৰ পশুচাৰণ ভূমিৰ ব্যাপক সংকোচন ঘটিছিল। 

প্রশ্ন ১০। ৰোমান যুগৰ দাসত্ব প্ৰথাৰ বিষয়ে চমু বর্ণনা দিয়া।

উত্তৰ: প্ৰাচীন কালৰে পৰা দাসত্ব প্ৰচলনৰ কথা জনা যায়। বৃহুতো লোক দাসত্ব প্রথাক সমৰ্থন কৰিছিল। উদাহৰণহিচাপে দার্শনিক প্লেটো, মুনি আগাষ্টাইন আৰু এৰিষ্টটলে মুকলিভাৱে দাস প্রথাক সমর্থন জনাইছিল। দাস প্ৰথাৰ সমৰ্থনত দার্শনিক এৰিষ্টটলে নিজৰ মতৰ সপক্ষে মুক্তি দাঙি ধৰি কৈছিল যে যিহেতু সমাজত সকলোৱে সমানভাৱে কাম কৰিব নোৱাৰে তেনে অৱস্থাত স্থান ভেদে মানুহৰ মাজত দাসত্ব প্ৰথাটো হ’ল এটি প্রকৃতিগত নিয়ম। আগাষ্টাইনে দাস প্ৰথা সম্পর্কে যুক্তি দাঙি ধৰি কৈছিল যে সমাজৰ যিসকল জন্মগতভাৱে দুর্বল হিচাপে জন্ম লাভ কৰিছে, তেনে ব্যক্তিয়ে দাস হিচাপে জীৱন নির্বাহ কৰাটো সমাজৰ এটি সাধাৰণ নিয়ম। গতিকে দেখা যায় অতীত কালৰ পৰা ঊনৈশ শতিকাৰ শেষভাগলৈ দাস প্রথা চলি আহিছিল। ইয়াৰ ব্যতিক্রম ৰোমান সাম্রাজ্যতো হোৱা নাছিল।

ৰোমান সাম্ৰাজ্যৰ প্ৰথম সম্রাট আগাষ্টাছৰ শাসন কালত ইটালীৰ বহু অঞ্চলত দাস প্রথা বহুলভাৱে প্ৰচলিত হৈ আছিল। উল্লেখ্য যে ইটালীৰ মুঠ জনসংখ্যাৰ 7.5 মিলিয়নৰ বিপৰীতে দাসৰ সংখ্যা আছিল তিনি মিলিয়ন।

দাসসকলৰ জীৱন ধাৰণৰ মানদণ্ডও অতি শোচনীয় আছিল এজন লোক দাস হিচাপে চিনাক্ত হোৱাৰ পিছৰে পৰা তেওঁৰ প্ৰকৃত নামটো হেৰাই যায়। ইয়াৰ পৰিৱৰ্তে তেওঁক এটি অসম্মানজনক নামেৰে নামাকৰণ কৰা হয়। দাসসকলক কঠোৰ কণ্ঠ কৰিবলৈ দিয়া হৈছিল। দৈনিক তেওঁলোকে কমেও ওঠৰ ঘণ্টাকৈ মালিকৰ তাত কাম কৰিব লাগিছিল। ইয়াৰ বিপৰীত তেওঁলোক খোৱা আৰু পিন্ধা ঊৰাত যথেষ্ট কষ্ট দিছিল। বহুদিন কাম কৰাৰ পিছত হোৱাৰ পি দাসসকল দুৰ্বল হৈ পৰিছিল। কিন্তু তেওঁলোকৰ ভৰণ-পোষণৰ দায়িত্বৰ পৰা মালিকসকল আঁতৰি আহিছিল। ইয়াৰ বিপৰীতে তেওঁলোকক কোনো নির্জন দ্বীপলৈ আনি তাত অনষ্ঠাৰে মৃত্যুক আকোৱালি ল’বলৈ বাধ্য কৰোৱা হৈছিল। স্পৰ্টাকাচৰ নেতৃত্বত দাস মুক্তি আন্দোলন এনেদৰে দেখা যায় যে ৰোমান যুগত দাসসকলক অতি কষ্টৰ মাজেৰে জীৱন নিৰ্বাহ কৰাৰ কাৰণে বাধ্য কৰোৱা হৈছিল। বিশেষকৈ ইটালীত দাসসকলৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল। এনে অৱস্থাৰ পৰা মুক্তি পোৱাৰ কাৰণে খ্ৰীষ্টীয় 74ত স্পৰ্টাকাচৰ নেতৃত্বত এটি দাস মুক্তি আন্দোলন আৰম্ভ হ’ল। এই আন্দোলনত অংশ লৈছিল সমাজৰ কলা কৌশলত পাৰ্গত দাস সকলে৷ স্পার্টাকাচ এজন অতি সাহসী আৰু সুদক্ষ নেতা আছিল। উল্লেখযোগ্য যে স্পার্টাজালো এজন বন্দী দাস আছিল। পিছত তেওঁ বন্ধান অঞ্চলৰ পৰা পলাই আহি এনে দাস মুক্তি আন্দোলনৰ নেতৃত্ব লৈছিল।

স্পার্টাকাচৰ নেতৃত্বত দাস আন্দোলনে চূড়ান্তৰূপ লাভ কৰে। দাসসকলে বেছিভাগ গৰাকীৰ কবলৰ পৰা শক্তি প্রদর্শনেৰে মুকলি হ’বলৈ সক্ষম হয়। চৰকাৰী আক্ৰমণক দাস সকলে প্রত্যাহ্বান জনাবলৈ সক্ষম হয়। অলপ সময়ৰ ভিতৰতে সমগ্ৰ ইটালীৰ দাসসকলক একত্ৰিত কৰিবলৈ স্পার্টাকাচ সক্ষম হয়। দাসসকলৰ মাজত ভাষাৰ মিল নাছিল। কিন্তু স্পার্টাকাচে দাসসকলৰ তেনে সমস্যা সমাধান কৰি তেওঁলোকৰ মাজত কঠোৰ নিয়মানুবর্তিতা পালন কৰিছিল। আনকি তেওঁ ৰোমান আর্হিত এটি শক্তিশালী সৈন্য বাহিনীও গঠন কৰিছিল। কিন্তু স্পার্টাকাচৰ নেতৃত্বত হোৱা দাস মুক্তি আন্দোলনে সফলতা লাভ কৰিছিল বুলি ক’ব নোৱাৰি। কাৰণ 71 খ্ৰীঃত ৰাজকীয় বাহিনীৰ আক্ৰমণৰ ফলত দাস মুক্তি আন্দোলনক দমন কৰা হৈছিল। তথাপি এই দাস মুক্তি আন্দোলনে সমাজত নতুন। দিশৰ আৰু নতুন চিন্তাধাৰাৰ উন্মেষ ঘটাইছিল।

প্রশ্ন ১১। ৰোমান সাম্রাজ্যৰ পতনৰ কেইটিমান কাৰণ সংক্ষেপে আলোচনা কৰা। 

উত্তৰঃ ৰোমান সাম্রাজ্য পতনৰ বিভিন্ন কাৰণ আছে যদিও কেইটিমান গুৰুত্ব পূর্ণ কাৰণ তলত উল্লেখ কৰা হ’ল—

(১) ৰোমান সামাজিক ব্যৱস্থাটো এক অত্যধিক শোষণমূলক ব্যৱস্থা। 

(২) উৎপাদন ব্যৱস্থাত দাস সকলৰ নিয়োগ নীতি অত্যন্ত সংকটজনক আৰু ত্রুটিপূর্ণ কৰিছিল৷

(৩) ৰাহি বা উদ্ধৃত্ত সম্পদ ৰাজি শোষণমূলক ব্যৱস্থাৰে ধনী শ্ৰেণীয়ে আত্মস্বাদ

(৪) সামৰিক আৰু আমোলাতান্ত্রিক ব্যয় অত্যধিক বা পাহাৰ সদৃশ আছিল। 

(৫) ৰোমান নগৰীত – ৰাজকীয় বিচাৰ ব্যৱস্থা, অভিজাত শ্ৰেণী, চৰকাৰী বিষয়াসকল ঘুমলা সদৃশ পৰজীৱী বিভাগ আছিল ৷ 

(৬) ৰোমান সাম্রাজ্যৰ অভ্যন্তৰীণ সংকট, আৰু বাৰবাৰিয়ান সকলৰ বহিঃ চাপৰ ফলত এই সাম্ৰাজ্যই লাহে লাহে পতন মুখী হৈ আহিছিল।

(৭) আৰবীয়ান সকলৰ একত্ৰীকৰণ আৰু ইছলামিক ৰাষ্ট্ৰৰ উদ্ভাৱনেও ৰোমান সকলৱ ক্রমান্বয়ে দুর্বল কৰি আনে। 

প্রশ্ন ১২। আগষ্টাচৰ শাসন কালক কি কাৰণে ৰোমান সাম্ৰাজ্যৰ সোণালী যুগ বুলি কোৱা হয়?

উত্তৰ : (১) ৰোমান সাম্ৰাজ্য আগাষ্টাচে প্রথম জন্য নাগৰিক হিচাবে অর্থাৎ ৰজা হিচাপে খ্ৰীঃপূঃ ২৭ ৰ পৰা ১৪ খ্ৰীষ্টাব্দলৈ শাসন কৰিছিল। তেওঁ সাম্ৰাজ্যখন প্রায় চাৰিটা দশক শাসন কৰিছিল। তেওঁ আগৰ অস্থায়ী শাসনৰ ঠাইত সুদীর্ঘ চাৰিটা দশক স্থায়ীভাবে শাসন চলাই তিনিওটা কেন্দ্ৰীয় শক্তিৰ মাজত সমতা ৰক্ষা কৰি শান্তিপূর্ণভাবে সফলতাৰে শাসন চলাইছিল। ইয়াৰ উপৰিও তেওঁ নতুন ৰাজ্য জয় কৰিও অধিকাৰ কৰিছিল।

(২) আগাষ্টাচে তেওঁৰ বিশাল সাম্ৰাজ্যত সকলো আভ্যন্তৰীণ বিবাদ মীমাংসা কৰি শাস্তিপূর্ণভাবে সমৃদ্ধিশালী শাসন চলাব পাৰিছিল।

(৩) তেওঁ ৰাজকীয় ভাবে অভিজাত সকলক লৈ আমোলাতান্ত্রিক শাসন, সম্পূর্ণ তেওঁ নিজৰ নিয়ন্ত্ৰণত ৰাখি সম্পূৰ্ণ কৰ্তৃত্বৰে এখন স্থায়ী একনায়কত্ববাদী শাসন গঢ়ি তুলিবলৈ সক্ষম হৈছিল।

(৪) তেওঁৰ শাসন কালটোত সাম্ৰাজ্যখনে ক্রমান্বয়ে সম্প্ৰসাৰিত লাভ কৰা দেখা গৈছিল। তেওঁ নিৰ্ভৰশীল ৰাজ্যবোৰ নিজৰ সাম্ৰাজ্যৰ ভিতৰুৱা কৰি লব পাৰিছিল।

(৫) সাম্ৰাজ্যত শান্তি আৰু ঐক্যবদ্ধতা সমাধান কৰি সমগ্ৰ ভূমধ্যসাগৰীয় অঞ্চলত অধিপত্য স্থাপন কৰি দূৰদূৰণীৰ দেশ বিদেশৰ লগত বাণিজ্যিক সম্পর্ক স্থাপন কৰিছিল আৰু স্পেইন আৰু গাউলত নগৰ কেন্দ্র স্থাপন কৰিছিল। এনেবোৰ কাৰণতে ৰোমান সাম্রাজত্ আগাষ্টাচৰ শাসন কালছোৱাক সোণালী যুগ বুলি কোৱা হয়।

প্রশ্ন ১৩। ৰোমান যুগৰ ধৰ্মীয় দিশৰ ওপৰত চমু টোকা লিখা। 

উত্তৰঃ আবিষ্কৃত হোৱা তথ্যৰ পৰা জনা যায় যে গ্ৰীক আৰু ৰোমান যুগত মানুহে নানা দেৱ দেৱীক পূজা-অৰ্চনা কৰিছিল। এই দেৱদেৱীসকলৰ ভিতৰত জুপিটাৰ, জুনো, মিনাভা আৰু ৰণ দেৱতা মঙ্গল আছিল প্রধান উপাস্য দেৱতা। এই দেৱ-দেৱীসকলৰ পূজা-অৰ্চনা প্ৰধানকৈ গুহা আৰু মঠ-মন্দিৰত কৰা হৈছিল। ইয়াৰোপৰি গ্ৰীক আৰু ৰোমান যুগত আৰু আন আন দেৱ-দেৱীৰ পূজা অৰ্চনা কৰাৰ প্ৰমাণ পোৱা যায়। ভক্তসকলৰ কোনো সামুহিক পৰিচয় নাছিল। সাম্ৰাজ্যত প্রচলিত অন্যতম প্রধান ধর্মীয় ধাৰা আছিল জুডাইজিম। অর্থাৎ ইহুদীসকলৰ উপাসনা বিধি। আকৌ ডুজাইজিমো এক ঈশ্বৰ পূজক নাছিল। অৱশ্যে শাসনৰ শেষৰ কালছোৱাত ইহুদীসকলৰ মাজতো অনেক বিভিন্নতা বিৰাজ কৰা দেখা গৈছিল।

চতুৰ্থ আৰু পঞ্চম শতিকাত খ্ৰীষ্টান ধৰ্ম গ্ৰহণৰ পিছত ধৰ্মত নানা বেমেজালিয়ে দেখা দিছিল। ৰাতিটোৰ ভিতৰতে ধৰ্মৰ বহুতো পৰিৱৰ্তন ঘটিছিল। কাৰণ খ্ৰীষ্টান পুৰহিত আৰু পূৰ্বৰ ধৰ্মৰ গুৰুসকলৰ মাজত ধৰ্ম বিষয়ক লৈ অনবৰতে যুঁজ বাগৰ চলি আহিছিল। কিন্তু সময়ৰ লগে লগে সৰল নীতি আদৰ্শৰ দ্বাৰা প্রতিষ্ঠিত খ্ৰীষ্টান ধৰ্মৰ প্ৰতি মানুহৰ অনুৰাগ বাঢ়ি গৈছিল। খ্ৰীষ্টান ধৰ্মত দীক্ষা ল’বলৈ মানুহ আগবাঢ়ি আহিছিল। এই দিশত খ্ৰীষ্টান ধর্মগুক সকলে সফলতা লাভ কৰা দেখা যায়। খ্ৰীষ্টান ধৰ্ম গ্ৰহণৰ লগে লগে মানুহে কিছুমান কঠোৰ নিয়ম নীতি পালন কৰিবলগীয়া হৈছিল। অৱশ্যে এনে নিয়ম-নীতিবোৰ পালন কৰাত জনসাধাৰণৰ কোনো অসুবিধা হোৱা নাছিল। 

প্রশ্ন ১৪। এস্ফোৰাইৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ এম্ফোৰাই হ’ল এবিধ মাটিৰ পাত্ৰ ৰোমান যুগত এই পাত্ৰটোৰ ব্যৱহাৰ হৈছিল। সেই সময়ত অলিভ তেল এবিধ উল্লেখযোগ্য উৎপাদিত সামগ্রী আছিল। বিশেষ বোকা মাটিৰে তৈয়াৰী এই এস্ফোৰাই নামৰ পাত্ৰটোৰ সহায়ত স্পেইনৰ পৰা অলিভ তেল অনা নিয়া কৰা হৈছিল৷ স্পেনিচ অলিভ খেতিয়কৰ কৃতকার্যতাই উত্তৰ আফ্রিকাতো খেতিয়কক এই উদ্ভিদৰ খেতি কৰিবলৈ উৎসাহিত কৰিছিল।

প্রশ্ন ১৫। ৰোমান সাম্রাজ্যত কৰ নিৰূপণ নীতি কি আছিল?

উত্তৰঃ ৰোমান সাম্ৰাজ্যত নগৰীকৰণ ব্যৱস্থা আছিল। ভূ-মধ্য সাগৰৰ পাৰৰ প্ৰধান নগৰীয়া অঞ্চলবোৰেই আছিল সাম্রাজ্যবাদী ব্যৱস্থাৰ মূল ভেটি। এই নগৰবোৰৰ জৰিয়তে ভিতৰৱা প্রাদেশিক অঞ্চলবোৰৰ পৰা কৰ সংগ্ৰহ কৰিছিল। সাম্ৰাজ্যৰ বেছিভাগ সম্পদেই এই গ্রামাঞ্চলৰ পৰা আহিছিল। ইয়াৰ স্থানীয় উচ্চ শ্রেণী বিলাকে ৰোমান চৰকাৰৰ সহযোগত নিজ নিজ অঞ্চলবোৰ শাসন কৰিছিল আৰু কৰ সংগ্ৰহ কৰিছিল।

প্রশ্ন ১৬। ৰোমান সাম্ৰাজ্যত সৈন্যবাহিনীৰ এটি চমুটোকা লিখা।

উত্তৰ ঃ ৰোমান যুগত দেশৰ মূল শক্তি আছিল সৈন্যবাহিনী। অৱশ্যে ৰোমান সৈন্য বাহিনীৰ শক্তি তেওঁলোকৰ প্ৰধান প্রতিদ্বন্দ্বী পাৰ্চী সৈন্যবাহিনীৰ দৰে নাছিল। ৰোমান সৈন্য বৃত্তিধাৰী কৰ্মচাৰী আছিল। অর্থাৎ তেওঁলোকে চাকৰিবৰ বিনিময়ত বেতন লাভ কৰিছিল। এজন সৈনিকে দেশৰ কাৰণে কমেও পঁচিশ বছৰ কাল সেৱা আগবঢ়াব লাগিছিল। সৈন্যবাহিনীটো সু-সংহত আৰু শক্তিশালী আছিল। সৈন্য বাহিনীয়ে একো একোজন ৰজাৰ ভাগ্য নিৰূপণ কৰিছিল। সৈন্য বাহিনীত মাজে সময়ে বিদ্রোহো হৈছিল। অৱশ্যে এইবোৰ চিপাহী বিদ্ৰোহৰ লেখীয়া আছিল। বৃহৎ সৈন্যবাহিনীৰ খৰচৰ বাবে চৰকাৰে যথেষ্ট পৰিমাণে কৰ সংগ্ৰহ কৰিব লগা হৈছিল।

প্রশ্ন ১৭৷ ফ্ৰান্সৰ ভৃত্য আৰু ৰোমান দাস সকলৰ জীৱন ধাৰণৰ তুলনা কৰা।

উত্তৰঃ মানৱ সমাজৰ আদিম অৱস্থাৰ পৰাই সমাজত দাস প্ৰথাৰ প্ৰচলনৰ কথা জনা যায়। দার্শনিক প্লেটো, এৰিষ্টটল, মুনি আগাষ্টাইন আদিয়ে দাস প্রথাৰ সপক্ষে মত পোষণ কৰিছিল৷ এৰিষ্টটলে মত পোষণ কৰি কৈছিল যে যিহেতু সমাজত সকলোৱে সমানভাৱে বাস কৰিব নোৱাৰে, তেনে অৱস্থাত স্থানভেদে মানুহৰ মাজত দাসত্ব প্ৰথাটো হ’ল এটি প্রকৃতিগত নিয়ম। আগাষ্টাইনে দাস প্রথা সম্পর্কে যুক্তি দাঙি কৈছিল যে সমাজৰ যিসকল লোক পাপত নিমজ্জিত তেনে লোকে দাস হিচাপে জীৱন নির্বাহ কৰাটো সমাজৰ এটি সাধাৰণ নিয়ম। গতিকে দেখা যায় যে অতীত কালৰ পৰা ঊনৈশ শতিকাৰ শেষ ভাগলৈ দাস প্রথা চলি আহিছিল। ইয়াৰ ব্যতিক্রম ৰোমান সাম্ৰাজ্যতো হোৱা নাছিল।

ৰোমান সাম্ৰাজ্যৰ প্ৰথম সম্রাট আগাষ্টাছৰ শাসন কালত ইটালীৰ বহু অঞ্চলত দাস প্রথা বহুলভাৱে প্ৰচলিত হৈ আছিল। উল্লেখ্য যে ইটালীৰ মুঠ জনসংখ্যাৰ ৭.৫ মিলিয়নৰ বিপৰীতে দাসৰ সংখ্যা আছিল তিনি মিলিয়ন।

দাস সকলৰ জীৱন ধাৰণৰ মানদণ্ড অতি শোচনীয় আছিল। এজন লোক দাস হিচাপে চিনাক্ত হোৱাৰ পিছৰে পৰা তেওঁৰ প্ৰকৃত নামটো হেৰাই যায়। ইয়াৰ পৰিৱৰ্তে তেওঁক এটি অসন্মানজনক নামেৰে নামকৰণ কৰা হয়। দাসসকলক কঠোৰ কষ্ট কৰিবলৈ দিয়া হৈছিল। দৈনিক তেওঁলোকে কমেও ওঠৰ ঘণ্টাকৈ মালিকৰ তলত কাম কৰিব লাগিছিল৷ ইয়াৰ বিপৰীতে তেওঁলোকক খোৱা আৰু পিন্ধা-উৰাত যথেষ্ট কষ্ট দিছিল। বহু দিন কাম কৰাৰ পিছত বা বয়স। হোৱাৰ পিছত দাসসকল দুৰ্বল হৈ পৰিছিল। কিন্তু তেওঁলোকৰ ভৰণ-পোষণৰ দায়িত্বৰ পৰা মালিকসকল আঁতৰি আহিছিল। ইয়াৰ বিপৰীতে তেওঁলোকক কোনো নির্জন দ্বীপলৈ আনি তাতে অনাহাৰে মৃত্যুক আঁকোৱালি ল’বলৈ বাধ্য কৰোৱা হৈছিল ৷

প্রশ্ন ১৮। পশ্চিম ৰোমান সাম্রাজ্যৰ পতনৰ পিছত ধ্বংস হোৱা ইটালীৰ নগৰসমূহ কি কাৰণে পুনৰুজ্জীৱিত হৈ পৰিছিল? 

উত্তৰ ঃ পশ্চিম ৰোম সাম্রাজ্য পতনৰ পিছত ইটালীৰ ৰাজনৈতিক আৰু সাংস্কৃতিকভাৱে আগবঢ়া বহুতো নগৰৰ পতন ঘটিছিল। তেতিয়া তাত কোনো উমৈহতীয়া শক্তিশালী চৰকাৰ নাছিল।

বাইজানটাইন সাম্ৰাজ্য আৰু ইছলামীয় দেশবিলাকৰ মাজত বাণিজ্যিক সম্প্ৰসাৰণৰ ফলত ইটালীৰ উপকূলীয় বন্দৰবোৰ পুনৰ প্ৰাণ পাই উঠিছিল। দ্বাদশ শতিকাৰ পৰা বিকল্প পথেদি মঙ্গোলবিলাকে চীনৰ লগত বাণিজ্যিক সম্পর্ক স্থাপন কৰাত আৰু পশ্চিম ইউৰোপীয় দেশ বিলাকৰ লগত বাণিজ্য বৃদ্ধি হোৱাত ইটালীৰ নগৰবিলাক শক্তিশালীভাৱে পুনৰুজ্জীৱিত হ’বলৈ সক্ষম হৈছিল। আনকি এই নগৰবোৰ একো একোখন স্বাধীন ৰাষ্ট্ৰহিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল।

বুৰঞ্জী

সূচীপত্ৰলিংক
অধ্যায় ১প্ৰাৰম্ভিক সমাজ Solutions
অধ্যায় ২ লিখন পদ্ধতি আৰু নগৰীয়া জীৱন Solutions
অধ্যায় ৩ সাম্ৰাজ্য Solutions
অধ্যায় ৪ মধ্য ইছলামীক দেশ
ইছলামৰ উদয় আৰু বিস্তাৰ: (৫৭০-১২০০ খ্ৰী:)
Solutions
অধ্যায় ৫ অঘৰী সাম্ৰাজ্য Solutions
অধ্যায় ৬ পৰিৱৰ্তিত ঐতিহ্য Solutions
অধ্যায় ৭ পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য Solutions
অধ্যায় ৮ সংস্কৃতিৰ সংঘাত Solutions
চতুৰ্থ গোটআধুনিকীকৰণৰ দিশে —-
অধ্যায় ৯ উদ্যোগিক বিপ্লব Solutions
অধ্যায় ১০মূল বাসিন্দাৰ স্থানান্তৰকৰণ Solutions
অধ্যায় ১১আধুনিকীকৰণৰ পথত Solutions

This Post Has 4 Comments

Leave a Reply