HS First Year History Solutions Chapter 2- লিখন পদ্ধতি আৰু নগৰীয়া জীৱন

HS First Year History Solutions Chapter 2- লিখন পদ্ধতি আৰু নগৰীয়া জীৱন। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year History Solutions Chapter 2- লিখন পদ্ধতি আৰু নগৰীয়া জীৱন AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS First Year History Solutions Chapter 2- লিখন পদ্ধতি আৰু নগৰীয়া জীৱন

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। মেছোপটেমিয়া শব্দটো কি মূলৰ পৰা উদ্ভৱ হোৱা? ইয়াৰ অৰ্থ কি? 

অথবা ‘মেছোপটেমিয়া” শব্দটোৰ অৰ্থ কি?

অথবা, মেচ’পটেমীয়া সভ্যতা কিহৰ বাবে বিখ্যাত

উত্তৰ ঃ মেছোপটেমিয়া নামটো গ্ৰীক মূলৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ মেছোছ (mesos) মানে ‘মধ্যম’ (middle), পোটামছ (Potomos) মানে নদী (river) অর্থাৎ নদীৰ মাজৰ। মেছোপটেমিয়া নামৰ ঠাই ডোখৰে টাইগ্ৰীচ আৰু ইউফ্ৰেটিছ নামৰ নদী দুখনৰ মাজৰ ঠাই ডখোৰক বুজায়।

প্রশ্ন ২। মেছোপটেমিয়া সকলৰ প্ৰধান উপাস্য দেৱতা কোন আছিল?

উত্তৰ ঃ চন্দ্ৰ দেৱতা ‘উৰ’ আৰু প্ৰেমৰ দেৱী ‘ইনান্না’ আছিল মেছোপটেমিয়া সকলৰ প্ৰধান উপাস্য দেৱতা।

প্রশ্ন ৩। চুমেৰীয়া মহাকাব্যখন কোনে লিখিছিল ?

উত্তৰ : এনমার্কো নামৰ এজন উৰুকৰ প্রাচীন ৰজাই এই মহাকাব্যখন লিখিছিল। 

প্রশ্ন ৪। ব্ৰঞ্জৰ যুগ বুলি কাক কোৱা হয়?

উত্তৰ: মেছোপাটমিয়াক।

প্রশ্ন ৫। কেতিয়া মাটিৰ ফলিৰ ব্যৱহাৰ হৈছিল?

উত্তৰ: আনুমানিক 320 খ্রী. পূ. ৰ পৰা। 

প্রশ্ন ৬। চুমেৰীয়া ভাষাই কেতিয়াৰ পৰা সম্পূর্ণ বিকাশ লাভ কৰিছিল?

উত্তৰ : প্ৰায় 2600 খ্ৰীঃ পূঃৰ মানৰ পৰা।। 

প্রশ্ন ৭। প্ৰথম নগৰীয়া জীৱন ক’ত আৰম্ভ হৈছিল ?

উত্তৰ ঃ মেছে৷পটেমিয়া নামৰ ভূমিভাগত প্রথম নগৰীয়া জীৱন আৰম্ভ হৈছিল।

প্রশ্ন ৮। এছিৰীয়সকলৰ ভাষা কি আছিল?

উত্তৰ : এছিৰীয়সকলৰ ভাষা আছিল ছুমেৰীয়া ভাষা।

প্রশ্ন ৯। চুমেৰুৰ অৰ্থ কি? 

উত্তৰ : ইটাৰে নিৰ্মিত নগৰ 

প্রশ্ন ১০। ইউৰোপৰ পৰিব্ৰাজক আৰু পণ্ডিতসকলেমেছোপটেমিয়াক কি বুলি জ্ঞান কৰিছিল?

উত্তৰঃ পূৰ্বপুৰুষৰ ভূমি বুলি জ্ঞান কৰিছিল ৷

প্রশ্ন ১১। কিমান বছৰ আগতে মেছোপটেমিয়াৰ কৃষি কাৰ্য আৰম্ভ হৈছিল ?

উত্তৰ: 7000-6000 খ্ৰীঃ পূঃ মানৰ পৰা।

প্রশ্ন ১২। আক্কাডিয় আৰু কিউনিফর্ম লিপিৰ ব্যৱহাৰ কেতিয়াৰ পৰা আৰম্ভ হয়?

উত্তৰ: 1850 দশকৰ পৰা।

প্রশ্ন ১৩। কেতিয়া এছিৰীয়া সাম্রাজ্য প্রতিষ্ঠা হৈছিল?

উত্তৰঃ 720-610 খ্ৰীঃ পূৰ্বত এছিৰীয় সাম্রাজ্য প্রতিষ্ঠা হৈছিল।

প্রশ্ন ১৪। ধাতুৰ ব্যৱহাৰ কেতিয়াৰ পৰা হৈছিল?

উত্তৰ : 1000 খ্ৰীঃ পূঃৰ পৰা ধাতুৰ ব্যৱহাৰ হৈছিল বুলি জনা যায়।

 প্রশ্ন ১৫। কেতিয়া আলেকজেণ্ডাৰে বেবিলন জয় কৰিছিল?

উত্তৰ: 331 খ্ৰীঃ পুণত আলেকজেণ্ডাৰে বেবিলন জয় কৰিছিল। 

প্রশ্ন ১৬। কেতিয়াৰ পৰা উৰুকত ব্ৰঞ্জৰ আহিলা পাতিৰ ব্যৱহাৰ হোৱাৰ প্ৰমাণ পোৱা যায়?

উত্তৰ: প্রায় 3000 খ্রীঃপূৰ্ব মানৰ পৰা উৰকত ব্ৰঞ্জৰ আহিলাপাতিৰ ব্যৱহাৰৰ কথা জনা যায়।

প্রশ্ন ১৭। পিতনিখাল বুলিলে কি বুজা।

উত্তৰঃ পিতনিখাল হ’ল মাটিত খন্দা ঢাকোন থকা খাল, যত পানী আৰু আৱৰ্জনা জমা হৈছিল। 

প্রশ্ন ১৮। দক্ষিণ মেছোপটেমিয়াৰ প্ৰাচীনতম মন্দিৰবোৰকেতিয়া নিৰ্মাণ কৰা হৈছিল?

 উত্তৰ : 5000 খ্ৰীঃ পূঃত এনে প্রাচীনতম মন্দিৰবোৰ নিৰ্মাণ কৰা হৈছিল বুলি জনা যায়।

প্রশ্ন ১৯। কিউনিফর্ম লিপিৰ ব্যৱহাৰ কেতিয়া হৈছিল বুলি জনা যায়।

 উত্তৰ : প্রায় 2600 খ্ৰীঃ পূঃ মানত বিকাশ হৈছিল বুলি অনুমান কৰা হয়।

 প্রশ্ন ২০। মেছোপটেমিয়াৰ আটাইতকৈ প্রাচীন নাম কি ?

উত্তৰ : চুমেৰীয় বা আক্কাডিয়।

প্রশ্ন ২১। মেছোপটেমিয়া শব্দৰ অৰ্থ কি?

উত্তৰ : ইয়াৰ অৰ্থ হ’ল নদীৰ মাজৰ ঠাই ৷

বুৰঞ্জী

সূচীপত্ৰলিংক
অধ্যায় ১প্ৰাৰম্ভিক সমাজ Solutions
অধ্যায় ২ লিখন পদ্ধতি আৰু নগৰীয়া জীৱন Solutions
অধ্যায় ৩ সাম্ৰাজ্য Solutions
অধ্যায় ৪ মধ্য ইছলামীক দেশ
ইছলামৰ উদয় আৰু বিস্তাৰ: (৫৭০-১২০০ খ্ৰী:)
Solutions
অধ্যায় ৫ অঘৰী সাম্ৰাজ্য Solutions
অধ্যায় ৬ পৰিৱৰ্তিত ঐতিহ্য Solutions
অধ্যায় ৭ পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য Solutions
অধ্যায় ৮ সংস্কৃতিৰ সংঘাত Solutions
চতুৰ্থ গোটআধুনিকীকৰণৰ দিশে —-
অধ্যায় ৯ উদ্যোগিক বিপ্লব Solutions
অধ্যায় ১০মূল বাসিন্দাৰ স্থানান্তৰকৰণ Solutions
অধ্যায় ১১আধুনিকীকৰণৰ পথত Solutions

প্রশ্ন ২২। নেবনিদাস কোন আছিল?

উত্তৰঃ নতুন বেবিলনীয় সাম্রাজ্যৰ শেষৰজন ৰজা আছিল? 

প্রশ্ন ২৩। তলত দিয়া চন তাৰিখবোৰ কি ঘটনাৰ সৈতে জড়িত লিখা

(i) 7000-6000 খ্ৰীঃ পূঃ

(ii) 5000

(iii) 3200 খ্রীঃ পূঃ

(iv) 3000 খ্রীঃ পূঃ

(v) 2700-2500 খ্ৰীঃ পূঃ

(vi) 2600 খ্রীঃ পূঃ

(vii) 2400 খ্রীঃ পূঃ 

(viii) 2770 খ্রীঃ পূঃ

(ix) 2000 খ্রীঃ পূঃ

(x) 1800 খ্রীঃ পূঃ

(xi) 1100 খ্রীঃ পূঃ 

(xii) 1000 খ্ৰীঃ পূঃ

(xiii) 720-610 খ্ৰীঃ পূঃ

xiv) 668-627 খ্রীঃ পূঃ

(xvi) 850 খ্ৰীঃত।

(xv) 331 খ্ৰীঃ পূঃ

উত্তৰ : (i) উত্তৰ মেছোপটেমিয়া অঞ্চলত কৃষিকৰ্মৰ আৰম্ভণি।

(ii) দক্ষিণ মেছোপটেমিয়াত প্রাচীনতম মন্দিৰবোৰ নিৰ্মাণ। 

(iii) মেছোপটেমিয়াৰ প্রাচীনতম লিখনি।

(iv) উৰুক এখন বৃহৎ নগৰত পৰিণত।

(v) কিংবদন্তি ৰজা গিলগামেছকে ধৰি প্রাচীন ৰজাসকল।

(vi) কিউনিফর্ম লিপিৰ বিকাশ।

(vii) আক্কাডিয়সকলৰ দ্বাৰা চুমেৰীয়াসকলৰ স্থান লাভ । 

(viii) আক্কডিয় ৰজা চাৰ্গন ।

(ix) কিউনিফর্ম লিপিৰ সম্প্ৰসাৰণ ৷

(x) অংকশাস্ত্ৰৰ পুথি সংকলন।

(xi) এছিৰীয় ৰাজ্যৰ প্ৰতিষ্ঠা। 

(xii) লো ধাতুৰ ব্যৱহাৰ।

(xiii) এছিৰীয় সাম্রাজ্য।

(xiv) আছুৰ্বাণিপালৰ শাসন কাল । 

(xv) আলেকজেণ্ডাৰৰ বেবিলন বিজয়।

(xvi) কিউনিফৰ্মলিপিৰ উদ্ধাৰ৷

চমু প্ৰশ্নোত্তৰ

প্রশ্ন ১। মেছোপটেমিয়া বুলিলে তুমি কি বুজা ? 

উত্তৰ: টাইগ্ৰীচ আৰু ইউফ্ৰেটিছ নদীৰ মাজৰ মেছোপটেমিয়া নামৰ ভূমি ভাগত বিশ্বৰ প্রথম নগৰীয়া জীৱন আৰম্ভ হৈছিল। এই অঞ্চলটো বৰ্তমান ইৰাক প্রজাতন্ত্রত অৱস্থিত আছিল। সমৃদ্ধি, নগৰীয়া জীৱন, অপর্যাপ্ত আৰু চহকী সাহিত্য, গণিত শাস্ত্ৰ আৰু জ্যোতির্বিজ্ঞানৰ বাবে মেছোপটেমিয়া সভ্যতা বিখাত।

প্রশ্ন ২। এছিৰীয় ৰাজ্যৰ বিষয়ে লিখা।

উত্ত: 2000 পূঃৰ পিছত বেবিলন এখন অতি গুৰুত্বপূৰ্ণ চহৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰে। পিছত প্ৰায় এঘাৰশ খ্ৰীঃ পৃঃত বেবিলনৰ উত্তৰত এছিৰীয়সকলে এখন ৰাজ্য প্রতিষ্ঠা। কৰে। তেতিয়াৰ পৰা এই অঞ্চল এছিৰীয়সকলৰ হৈ পৰে। প্ৰথমে এছিৰীয়সকলে চুমেৰীয়া ভাষা ব্যৱহাৰ কৰিছিল৷ অৱশ্যে পিছলৈ ইয়ালৈ আক্কাডীয়সকলৰ আগমনৰ লগে লগে তার আক্কাডীয় ভাষাই প্রধানা লাভ কৰে।

প্রশ্ন ৩। ব্ৰঞ্জৰ যুগ বুলিলে কি বুজা।

উত্তৰ ঃ মেছোপটেমিয়াৰ খ্ৰীঃ পূঃ তিনিহাজাৰ বছৰ পুৰণি নগৰবোৰক ব্ৰঞ্জৰ যুগৰ বুলি কোৱা হয়। ব্ৰঞ্জ হ’ল বগী তাম আৰু তামৰ মিশ্ৰিত এক ধাতু। এই ধাতুবোৰ বহু দুৰৰ ঠাইৰ পৰা সংগ্ৰহ কৰা হৈছিল৷ ব্ৰঞ্জৰ জৰিয়তে নানা ধৰণৰ প্ৰয়োজনীয় সা-সামগ্ৰী তৈয়াৰ কৰা হৈছিল। এইবোৰৰ ভিতৰত নিখুঁত কাঠৰ কাম, পাথৰৰ ছীল-মোহৰত নক্সা কটা, খোলা বা ধাতু খটোৱা আচবাব তৈয়াৰ কৰা আদি বিভিন্ন কাৰিকৰী বিদ্যাবোৰ হ’ল উল্লেখযোগ্য। উল্লেখযোগ্য যে মেছোপটেমিয়াৰ অস্ত্ৰ শস্ত্ৰবোৰো সাধাৰণতে ব্ৰঞ্জৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল।

প্রশ্ন ৪। ‘নোৱা’ কি আছিল।

উত্তৰ ঃ খ্ৰীষ্টানসকলৰ প্ৰধানধর্ম পুথি বাইবেলত উল্লেখ থকা মতে এসময়ত এই পৃথিৱীৰ প্রাণীবোৰৰ বিনাশ ঘটোৱাৰ কৰিণে ঈশ্বৰে এক প্রলংয়কাৰী বানপানীৰ সৃষ্টি কৰিছিল। ইয়াৰ ফলত জনসাধাৰণৰ মাজত হাহাকাৰ লাগে। পিছত পৃথিৱীৰ মানৱৰূপী প্রাণীসকলক এনে বানপানীৰ পৰা ৰক্ষা কৰাৰ কাৰণে নোৱা নামৰ ব্যক্তিগৰাকীক দায়িত্ব অর্পণ কৰে।

মানুহ বিলাকক বচাবৰকাৰণে নোৱাই এখন প্ৰকাণ্ড নাও তৈয়াৰ কৰিছিল। পৃথিৱীৰ প্ৰাণীকুলৰ অস্তিত্ব ৰক্ষাৰ কাৰণে তেওঁ জনা-শুনা জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ প্ৰত্যেক প্ৰজাতিৰ এযোৰকৈ নাৱত সংগ্ৰহ কৰে।

প্রবল বানপানীৰ ফলত নোৱাৰ নাৱত থকা প্ৰাণীকুলবোৰৰ বাহিৰে পৃথিৱীৰ আনসকলো প্ৰাণীৰ বিনাশ ঘটে। ফলত পিছত নোৱাই বচাই ৰখা প্রাণীকুলৰ পৰা পুনৰ পৃথিৱীত বংশবৃদ্ধি ঘটে। 

প্রশ্ন ৪(ক)। মেছোপটেমিয়া সভ্যতাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ ঃ দুটা বৈশিষ্ট্য

(১) মেছোপটেমিয়া সভ্যতা নদী উপত্যকা সভ্যতা (টাইগ্ৰীচ আৰু ইউফ্ৰেটিছ নদীৰ উপত্যকা)। 

(২) মেছোপটেমিয় নগৰীয়া সভ্যতাহে, ইয়াত নগৰীয়া বৈশিষ্ট্য পোৱা গৈছিল।

প্রশ্ন ৫। উৰুক নগৰত তৈয়াৰ কৰা নাৰীৰ মূৰ্তিৰ বিষয়ে আলোচনা কৰা।

উত্তৰ ঃ খ্ৰীঃ পূঃ তিনিহাজাৰত উৰু নামে নগৰখনত কিছুমান বিশেষ আৱৰণৰ দ্বাৰা নাৰীৰ মূৰৰ মূৰ্তি তৈয়াৰ কৰা হৈছিল। ইয়াৰ চকু আৰু চেলাউৰিত একাদিকক্ৰমে নীলা পাথৰ, বগা খোল আৰু কলা আলকাতৰা খটোৱা হৈছিল। মূৰৰ ওপৰত ঠেক দীঘলীয়াকৈ কটা খাঁজটোত নানা ধৰণৰ অলংকাৰ ব্যৱহাৰ কৰা হৈছিল। এনেদৰে নানা অলংকাৰ আৰু ধাতুৰে নানা ধৰণৰ মূর্তি তৈয়াৰ কৰা হৈছিল

প্রশ্ন ৬। মেছোপটেমিয়াৰ উচ্চভূমি আৰু পাৰ্বত্য অঞ্চলত উৎপাদিত সামগ্ৰীবোৰৰ নাম লিখা।

উত্তৰঃ মেছোপটেমিয়াৰ উচ্চভূমি আৰু পাৰ্বত্য অঞ্চলত সাধাৰণতে মাংস, গাখীৰ, ঊণ, চামৰা আদি প্ৰচুৰ পৰিমাণ উৎপাদন হৈছিল। আনহাতে ইয়াৰ নদীবোৰত নানা তৰুৰে সোৱাদজাতীয় খাদ্যবোৰ পোৱা গৈছিল। ইয়াৰোপৰি খ্ৰীষ্মকালত এই অঞ্চলবোৰত প্ৰচুৰ পৰিমাণে খেজুৰৰ পৰা উৎপাদিত খাদ্যবোৰ পোৱা গৈছিল।

প্রশ্ন ৭। কিউনিফর্ম বুলিলে কি বুজা?

অথবা, কিউনিয়ম কি? ইয়াক ভাষাৰ শব্দৰ পৰা লোৱা হৈছে?

উত্তৰ: কিউনিফৰ্ম বুলিলে সাধাৰণতে মেছোপটেমিয়ান সকলে ভাষা লিখাৰ বাবে ব্যৱহাৰ কৰা কিছুমান চিত্ৰ, চিহ্ন, প্রতীক বা বস্তুৰ আকৃতি স্বৰূপ বা লিপিক বুজোৱা হৈছিল। কিউনিফর্ম শব্দটো ‘কিউনিয়াচ’ শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ’ল চেপেটামূৰীয়া ফৰ্ম বা ফৰ্মাৰ অৰ্থ হ’ল আকৃতি। এই দুয়োটা শব্দ লেটিন ভাষাৰ পৰা আহিছে।

প্রশ্ন ৮। ভাষা কাক বোলে?

অথবা, ভাষা বুলিলে কি বুজা?

উত্তৰ: প্ৰত্যেক মানৱ সমাজত অর্থ প্ৰকাশৰ বাবে যিবোৰ কথিত শব্দ ব্যৱহাৰ কৰা হয়। সেইবোৰৰ সমষ্টিকে ভাষা বুলি কোৱা হয়। ইয়াকে মৌখিক ভাব বিনিময় বুলি কোৱা হৈছিল।

প্রশ্ন ৯। মেছোপটেমিয়া সভ্যতাৰ সময়ৰ মোহৰৰ অগ্ৰগতিৰ বিষয়ে চমু আভাস দিয়া। 

উত্তৰ খ্ৰীঃ পূঃ প্ৰথম সহস্রাব্দৰ শেষলৈ মেছোপটেমিয়াত মাজত খাঁজ কটা চুঙা আকৃতিৰ টুকুৰা মোহৰবোৰ বোকা মাটিৰ কোমল মাটিত বেলনা মাৰিৰ দৰে হেঁচামাৰি পিহি আৰু দীঘলীয়া সাঁচ কৰি মোহৰবোৰ তৈয়াৰ কৰা হৈছিল। সাধাৰণতে অতি দক্ষ শিল্পীবোৰেহে মোহৰবোৰত নক্সা তৈয়াৰ কৰিব বা কাটিব পাৰিছিল। এই মোহৰবোৰৰ ওপৰিভাগত সাধাৰণতে গৰাকীৰ নাম, তেওঁৰ কুলদেৱতা আৰু পদমর্যাদাৰ বিষয়ে অংকন কৰা হৈছিল। কাপোৰ আদিৰ টোপোলা বন্ধা ৰছীৰ গাঁঠিৰ মূৰ নাইবা কোনো পাত্ৰৰ ঢাকনিৰ ওপৰত এনেদৰে মোহৰ মাৰি টোপোলা বা পাত্ৰৰ ভিতৰত বস্তু নিৰাপদে ৰখা হৈছিল। মোহৰৰ জৰিয়তে কৰা এনেকুৱা কার্য প্রামাণিক কৰ্তৃত্বৰ প্রতীক স্বৰূপ আছিল। এনে মোহৰবোৰ ৰজা বা অন্য কোনো নগৰীয়া উচ্চ ব্যক্তিৰ সামাজিক পদমর্যাদা আৰু সামাজিক মূলাক বুজাইছিল। 

প্রশ্ন ১০। মেছোপটেমিয়া যুগৰ মানুহৰ স্বাক্ষৰতাৰ বিষয়ে চমুকৈ আলোচনা কৰা। 

উত্তৰ : মেছোপটেমিয়া যুগৰ শিক্ষা ব্যৱস্থাৰ পৰিসৰ সীমিত আছিল বুলি জনা যায়।

অর্থাৎ সমাজৰ কমসংখ্যক লোকহে শিক্ষিত আছিল। কাৰণ শিক্ষা গ্রহণ ব্যৱস্থা সহজ নাছিল। উদাহৰণহিচাপে শিক্ষা আয়ত্ত কৰিবলৈ হ’লে শতাধিক চিহ্নলিপি বা আখৰ আয়ত্ত কৰিব লাগিছিল। আনহাতে এই চিহ্ন বা আখৰবোৰ আয়ও কৰাটোও অতি জটিল আছিল। সেয়েহে শিক্ষিত লোকসকল সমাজৰ অতি উচ্চ শক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। আনকি যিসকল ৰজা শিক্ষিত আছিল তেওঁলোকে তেওঁলোকৰ শিক্ষা বিষয়ক দিশবোৰ অতি গৌৰৱেৰে শিলত বা লিপিত খোদিত কৰাইছিল। ইয়াৰোপৰি লিখিত ভাষাৰ দৰে কঠিন ভাষাৰ প্ৰয়োগৰ পদ্ধতিও সহজ নাছিল বুলি জনা যায়।

প্রশ্ন ১১। মেছোপটেমিয়া যুগৰ কেইটামান জনজাতি শাসকগোষ্ঠীৰ নাম উল্লেখ কৰা। 

উত্তৰ মেছোপটেমিয়া যুগত কিছুমান জনজাতীয় শাসক গোষ্ঠীয়ে শাসন কাৰ্য পৰিচালনা কৰিছিল। এই গোষ্ঠী বা ফৈদবোৰ হ’ল আক্কাডিয়, আম ৰাইট, এছিৰীয়া আৰু আৰামীয়স্কল আছিল উল্লেখযোগ্য।

প্রশ্ন ১২। মাৰি ৰাজ্যৰ বিষয়ে চমুকৈ উল্লেখ কৰা। 

উত্তৰ:খনন কাৰ্যৰ জৰিয়তে মাৰি ৰাজ্যৰ বিখ্যাত শাসক জিমৰিলিমৰ বিখ্যাত ৰাজমহলটে উদ্ধাৰ কৰা হৈছে। এই ৰাজমহলটোৰ পৰা বহু ধৰণৰ আ-অলংকাৰ উদ্ধাৰ কৰা হৈছে।

খনন কাৰ্যৰ পৰা জনা যায় যে এই ৰাজভৱনটো শাসন কাৰ্যৰ মুখ্য স্থান আছিল বুলি অনুমান কৰা হয়। তথ্যৰ পৰা জনা গৈছে যে সমগ্ৰ এচিয়াৰ ভিতৰতে এই ৰাজমহলটোৰ গুৰুত্ব অতি বেছি আছিল। কাৰণ ইয়াক পৰিদৰ্শন কৰাৰ কাৰণে সমগ্ৰ এছিয়াৰ পৰা পৰ্যটকৰ আগমন ঘটিছিল। উদ্ধাৰ হোৱা তালিকাৰ পৰা জনাযায় যে ৰজাই নিজৰ খাদ্য হিচাপে আটা, কটি, মাংস, মাছ, ফল মূল আৰু সুৰা ব্যৱহাৰ কৰিছিল। তথ্যৰ পৰা আৰু জনা যায় খোৱাৰ সময়ত ৰজাই 106 নং বহল মজিয়াৰ চোতালত বহু ব্যক্তিৰ লগত একেলগে খাদ্য গ্রহণ কৰিছিল। এই খাদ্য গ্ৰহণ কৰা কোঠালিটে৷ও পৰ্যটকৰ আকৰ্ষণৰ থলি আছিল। ৰজাৰ সু-বৃহৎ অট্টালিকাটোত প্রায় ২৮০ টা কোঠা আছিল। আৰু এক হেক্টৰ মাটি কালিৰে ৰজাৰ এই বৃহৎ অট্টালিকাটো নিৰ্মাণ কৰা হৈছিল।

প্রশ্ন ১৩। মেছোপটেমিয়া যুগৰ ব্যৱসায় বাণিজ্যৰ বিষয়ে আলোচনা কৰা।

উত্তৰ: তথাৰ পৰা জনা যায় যে মেছোপটেমিয়া যুগৰ ব্যৱসায় বাণিজ্য ধৰণৰ আছিল। এই দিশত মাৰি নামৰ ৰাজ্যখনে ব্যৱসায় বাণিজ্যৰ দিশত গুৰুত্বপূর্ণ ভূমি পালন কৰিছিল। মাৰি নামৰ ৰাজ্যখন ইউফ্ৰেটিছ নদীৰ পাৰত অৱস্থিত আছিল। ফলত নদীয়েদি অন্য ঠাইলৈ ব্যৱসায় বাণিজ্যৰ প্ৰসাৰ ঘটিছিল। ইউফ্রেটিছ নদীৰ জৰিয়তে কণ্ঠ তাম, বগীতাম, ফটিকা আৰু অন্যান্য পণ্য সামগ্রী দক্ষিণ অঞ্চল আৰু তুর্কী, চিৰিয়া আৰু লেবাননৰ উচ্চ ভূমিৰ ওপৰলৈ সৰবৰাহ কৰা হৈছিল। আনহাতে দক্ষিণৰ চহৰবোৰলৈ ইউফ্ৰেনি নদীৰ জৰিয়তে গুড়িশিল, কাঠ, ফটিকা আৰু তেলৰ টেকেলি কঢ়িওৱা নাওবোৰ বাটতে মারি ৰাজ্যত ৰখোৱা হৈছিল।

মাৰি নগৰত বিষয়াসকলে নাওত উঠি সামগ্ৰীবোৰ পৰীক্ষা কৰিছিল। এনে বোজাই নাওবোৰ। ভটিয়াই যোৱাৰ আগতে সামগ্ৰীৰ এক দশমাংশ মূল্যৰ শুল্ক আদায় দিব লাগিছিল। বিশেষভারে। নির্মিত নাৱত য-ধান কঢ়িওৱা হৈছিল। চাইপ্রাচ দ্বীপৰ আলাচিয়া নামৰ ঠাইৰ পৰা ধাতু আমদানি কৰা হৈছিল। সোণ ব্ৰঞ্জৰ ব্যৱসায়ে বিশেষ গুৰুত্ব লাভ কৰিছিল। মাৰি ৰাজ্য সামৰিক । দিশত শক্তিশালী নাছিল যদিও ব্যৱসায় বাণিজ্যৰ জৰিয়তে ৰাজ্যখন অর্থনৈতিকভাবে শক্তিশালী হৈ পৰিছিল।

প্রশ্ন ১৪। মাৰি ৰজা জিমৰিলিমৰ ৰাজমহলৰ বিষয়ে চমু আভাস দিয়া। 

উত্তৰ ঃ খনন কাৰ্যৰ জৰিয়তে মাৰি ৰাজ্যৰ বিখ্যাত শাসক জিমৰিলিমৰ বিখ্যাত ৰাজমহলটে উদ্ধাৰ কৰা হৈছে। এই ৰাজমহলটোৰ পৰা বহু ধৰণৰ আ-অলংকাৰ উদ্ধাৰ কৰা হৈছে।

খনন কাৰ্যৰ পৰা জনা যায় যে এই ৰাজভৱনটো শাসন কাৰ্যৰ মুখ্য স্থান আছিল বুলি অনুমান কৰা হয়। তথ্যৰ পৰা জনা গৈছে যে সমগ্ৰ এচিয়াৰ ভিতৰতে এই ৰাজমহলটোৰ গুৰুত্ব অতি বেছি আছিল। কাৰণ ইয়াক পৰিদৰ্শন কৰাৰ কাৰণে সমগ্ৰ এছিয়াৰ পৰা পৰ্যটকৰ আগমন ঘটিছিল। উদ্ধাৰ হোৱা তালিকাৰ পৰা জনাযায় যে ৰজাই নিজৰ খাদ্য হিচাপে আটা, কটি, মাংস, মাছ, ফল মূল আৰু সুৰা ব্যৱহাৰ কৰিছিল। তথ্যৰ পৰা আৰু জনা যায় খোৱাৰ সময়ত ৰজাই 106 নং বহল মজিয়াৰ চোতালত বহু ব্যক্তিৰ লগত একেলগে খাদ্য গ্রহণ কৰিছিল। এই খাদ্য গ্ৰহণ কৰা কোঠালিটে৷ও পৰ্যটকৰ আকৰ্ষণৰ থলি আছিল। ৰজাৰ সু-বৃহৎ অট্টালিকাটোত প্রায় ২৮০ টা কোঠা আছিল। আৰু এক হেক্টৰ মাটি কালিৰে ৰজাৰ এই বৃহৎ অট্টালিকাটো নিৰ্মাণ কৰা হৈছিল।

প্রশ্ন ১৫। মেছোপটেমিয়াৰ নগৰবোৰৰ খনন কাৰ্যৰ বিষয়ে চমুকৈ উল্লেখ কৰা। 

উত্তৰঃ খনন কাৰ্যৰ জৰিয়তে পূৰাতত্ত্ববিদসকলে মেছোপটেমিয়াৰ বহুতো নগৰৰ ধ্বংসাৱশেষ খান্দি উলিয়াইছে। এনে খনন কার্যত বহুতো বনুৱা নিয়োগ কৰা হৈছিল।

খনন কাৰ্যৰ পিছত উদ্ধাৰ হোৱা মেছোপটেমিয়া সভ্যতা 2500 খ্ৰীঃ পূঃৰ বুলি অনুমান কৰা হৈছে। ইয়াৰ এখন উল্লেখযোগ্য নগৰ হৈছে আবুচালবিখ। এই চহৰখনৰ পৰিসীমা প্রায় দহ হেক্টৰ এলেকা। আনুমানিক 10,000 হাজাৰ ইয়াৰ জনসংখ্যা আছিল। এই চহৰখনত বহুতোপৰিব্ৰাজক আৰু পণ্ডিতসকলে মেছোপটেমিয়াক ‘পূর্ব পুৰুষৰ ভূমি’ বুলি জ্ঞান কৰিছিল। সে মেছোপটেমিয়াৰ খনন কাৰ্য চলাৰ সময়ত বাইবেলত উল্লেখিত ঘটনাবিলাকৰ সত্যতা নির কাৰণে চেষ্টা চলোৱা হৈছিল। অৱশ্যে পিছলৈ এইটো প্রমাণিত হৈছিল যে বাইবেলত মেছোপটেমির সম্বন্ধে উল্লেখিত ঘটনাবিলাকৰ সত্যতা তেনেকৈ পাবলৈ নাই। ইয়াৰ পৰিৱৰ্তে এই কাহিনীবিলা ইতিহাসৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনবোৰৰ স্মৰণৰ উপায়হে আছিল । 

প্রশ্ন ২০। মেছোপটেমিয়া সভ্যতাৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰসমূহ কি কি? কেইখনমান চহৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ মেছোপটেমিয়া সভ্যতাৰ মুখ্য কেন্দ্ৰবোৰ হ’ল— চুমেৰ, আক্কাড, বেবিলন আৰু এহিয় মেছোপটেমিয়া সভ্যতাৰ কেইখনমান মুখ্য চহৰ হ’ল লোগচ, উৰু, বেবিলন আৰু নিনাৱ।। 

প্রশ্ন ২১। মেছোপটেমিয়াসকলে কি কি ভাষা ব্যৱহাৰ কৰিছিল?

উত্তৰ: মেছোপটেমিয়াসকলে প্রথমে চুমেৰীয় ভাষা ব্যৱহাৰ কৰিছিল। কিন্তু 2400 পূত আক্কাডীয়সকল ইয়ালৈ অহাৰ পিছত আক্কাডীয়া ভাষাই ইয়াৰ স্থান ল’লে। 

প্রশ্ন ২২। প্রাচীন মেছোপটেমিয়া মন্দিৰবিলাক কিয় বহু পৰিমাণে মানুহৰ বাসস্থানৰ দৰে আছিল?

উত্তৰ ঃ প্রাচীন অধিৱাসীসকলে তেওঁলোকৰ গাঁৱৰ নিৰ্বাচিতস্থানত মন্দিৰবোৰ নিৰ্মাণ বা পুনৰ নিৰ্মাণ কৰিছিল। মন্দিৰবিলাক বিভিন্ন দেৱ-দেৱীৰ বাসস্থান আছিল। যাৰ ভিতৰত চন্দ্ৰ দেৱতা উৰ আৰু প্ৰেমৰ দেৱী ইনান্না প্রধান আছিল। লাহে লাহে মুকলি প্রাঙ্গণৰ চাৰিওফালে বহুতো কোঠাৰ সৈতে মন্দিৰবোৰ ইটাৰে ডাঙৰকৈ নিৰ্মিত হৈছিল। এইবোৰ পিছলৈ সাধাৰণ মানুহৰ বাসস্থানৰ দৰে হৈ পৰিছিল।

প্রশ্ন ২৩। মেছোপটেমিয়া সভ্যতাক সমৃদ্ধিশালী কৰা নদী দুখনৰ নাম লিখা। 

উত্তৰঃ টাইগ্ৰীচ আৰু ইউফ্ৰেটিছ।

প্রশ্ন ২৪। মেছোপটেমিয়ান সকলে পোন প্রথমে আবিষ্কাৰ কৰা প্ৰধান শিল্প-কলা কি আছিল? 

উত্তৰ ঃ সম্ভৱত মেছোপটেমিয়ানসকলেই পৃথিৱীত প্রথমে শিল্প কলাৰ সৃষ্টি কৰা জাতি আছিল। তেওঁলোকেই খুবসম্ভব প্রথমে মাটিৰ পাত্ৰ তৈয়াৰ কৰাৰ বাবে কুমাৰৰ চাক (Potter’s Wheel) ব্যৱহাৰ কৰিছিল।

মেছোপটেমিয়ানসকলেই প্রথমে কাচৰ পাত্ৰ (glass-ware) তৈয়াৰ কৰা মানব জাতি আছিল। 

প্রশ্ন ২৫। প্রাচীন মেছোপটেমিয়ানসকলৰ লিপি বা আখৰৰ এটি বিৱৰণ দিয়া।

উত্তৰ: মোছোপটেমিয়ান সকলকে তেওঁলোকৰ ভাষা লিখিবৰ কাৰণে প্ৰথমে লিপি বা আখৰ আবিষ্কাৰ কৰা মানব জাতি বুলি গণ্য কৰা হয়। সম্ভবত প্রায় ৪০০০ খ্রীঃপূঃতে তেওঁলোকে। চিহ্ন, প্রতীক বা বস্তুৰ আকৃতি স্বৰূপ (Pictograms)। তেওঁলোকে এইবোৰ পোৰা বোকা আবিষ্কাৰ কৰা লিপিক “কিউনিফর্ম” লিপি বুলি জনা যায়। এই লিপিবোৰ আছিল কিছুমান চিত্র, মাটিৰ টুকুৰাৰ, বা ফলিৰ ওপৰত বা শিলৰ ওপৰত লিখিছিল। এই কিউনিফৰ্ম লিপিৰ পাঠোদ্ধাৰৰ • কৃতিত্ব দিব লাগিব হেনৰী ৰলিন্‌চন নামৰ এজন ইংৰাজ ভদ্ৰলোকক যিয়ে বাৰ বছৰৰ প্ৰচেষ্টাত বেহেস্তানৰ শিলালিপি এখনৰ পৰা পাঠোদ্ধাৰ কৰিছিল। মেছোপটেমিয়ান সকলৰ সভ্যতাৰ আচল স্বৰূপ জনা উপায়টো। 

প্রশ্ন ২৬। মেছোপটেমিয়ানসকলে বেপাৰ-বাণিজ্যৰ উন্নয়নৰ বাবে কি ব্যৱস্থা লৈছিল।

উত্তৰ ঃ বিদেশৰ লগত বাণিজ্যিক উন্নয়ন কৰিবৰ বাবে মেছোপটেমিয়ানসকলে উৎকৃষ্ট মানৰ সামগ্ৰী উৎপাদন কৰিছিল। যাতে সকলো ঠাইতে সেইবোৰ সামগ্ৰীৰ চাহিদা বাঢ়ে । ৰজা আৰু ৰাজ্যপালসকলে নিজেই উৎকৃষ্ট সামগ্রী উৎপাদনৰ অনুষ্ঠানবোৰ পৰিদৰ্শন কৰিছিল। লেনদেন যাতে সঠিক হয় তাক নজৰ ৰখা হৈছিল। বস্তু অনা-নিয়াৰ বাবে চকা থকা গাড়ী ব্যৱহাৰ কৰিছিল। বাণিজ্যিক চুক্তি লেখা লেখি কৰাৰ নিয়ম আছিল ৷

প্রশ্ন ২৭। লিখন পদ্ধতিৰ উপকাৰিতা কি ?

উত্তৰঃ মেছোপটেমিয়া যুগত লিখন পদ্ধতিৰ বিকাশ ঘটে। তাৰ মানুহে আলতীয়া মাটিৰ ফলিত লিখিছিল। ঐতিহাসিক স্নানবোৰত শ শ লিখিত ফলি উদ্ধাৰ হৈছে। এই ফলি বা লিখন পদ্ধতিৰ শাখাত আমি মেছোপটেমিয়াৰ বিষয়ে বহুতো তথ্য পাবলৈ সক্ষম হৈছো। ইয়ে আমাক বুৰঞ্জী ৰচনা কৰাত সহায় কৰি আহিছে।

প্রশ্ন ২৮। পেপিৰাচ কি?

উত্তৰ পেপিৰাচ হ’ল ইজিপ্তৰ নীল নদীৰ উপত্যকাত উৎপন্ন হোৱা এবিধ ইকৰাজাতীয় উদ্ভিদ। 

প্রশ্ন ২৯। মেছোপটেমিয়া নগৰ পৰিকল্পনাৰ দুটা একক বৈশিষ্ট উল্লেখ কৰা।

উত্তৰ ঃ এই একক বৈশিষ্ট্য দুটা হ’ল

(ক) নগৰৰ মঠ মন্দিৰবোৰ কেঁচা ইটাৰে তৈয়াৰ কৰা হৈছিল।

(খ) ইটাৰে নিৰ্মিত কোঠা আৰু চৌহদেৰে সংলগ্ন মন্দিৰবোৰ বেচ আহল-বহল আছিল। 

প্রশ্ন ৩০। প্রাচীন মন্দিৰবোৰ কিয় দেখিবলৈ প্ৰায় ঘৰৰ দৰে? 

উত্তৰঃ প্রাচীন মন্দিৰবোৰ দেখিবলৈ প্ৰায় ঘৰৰ দৰে আছিল। কাৰণ গাঁও অঞ্চলত বাস কৰা লোকসকলৰ বাসস্থানৰ কাষত আৰু নিৰ্বাচিত স্থানত মন্দিৰবোৰ নিৰ্মাণ কৰা হৈছিল।

লাহে লাহে মুকলি প্রাঙ্গনৰ চাৰিওকাষে বহুতো কোঠাৰ সৈতে মন্দিৰবোৰ ইটাৰে নিৰ্মাণ কৰিবলৈ লোৱা হৈছিল। উপাস্য দেৱতা বা দেৱী গৰাকীয়ে গাঁওখনৰ খেতি-বাতি, মৎস্য-পাম আৰু ছাগলী আৰু ভেড়াজাকবোৰৰ মূল গৰাকী আছিল। মুঠতে মন্দিৰ আৰু মানুহৰ বাসস্থানৰ মাজত বিশেষ প্রভেদ লক্ষ্য কৰা নগৈছিল। 

প্রশ্ন ৩১। দক্ষিণ মেচ’পটেমিয়াৰ কৃষিকৰ্মৰ দুটা ক্ষমতা উল্লেখ কৰা। 

উত্তৰ ঃ দক্ষিণ মেচ’পটেমিয়াৰ কৃষি কৰ্মৰ দুটা সমস্যা হ’ল— (ক) বিস্তীর্ণ মৰুভূমি অঞ্চল আৰু 

(খ) বছৰৰ সকলো সময়তে পর্যাপ্ত পৰিমাণৰ বৰষুণৰ অভাৱ।

ৰচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। মেছোপটেমিয়াৰ সভ্যতাৰ যুগৰ ভৌগোলিক অৱস্থানৰ বিষয়ে চমু আভাস দিয়া।

উত্তৰ ঃ বৰ্তমানৰ ইংৰাজ দেশ অনেক বিচিত্র জলবায়ুৰে পৰিপূৰ্ণ। এই ইৰাক দেশৰ নামনিঅঞ্চলত অৱস্থিত টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ মাজৰ ঠাইখিনিতে অতীতত মেছোপটেমিয়া সভ্যতাই গা কৰি উঠিছিল। এই মেছোপটেমিয়া সভ্যতাক সু-মেৰু সভ্যতা নামেও জনা গৈছিল। এই অঞ্চলত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। ফলত এই অঞ্চলটো খেতিৰ বাবে বিশেষ ঠাই হিচাপে পৰিচিত। খেতিৰ উপৰি গছ-গছনি, নির্মল-নিজৰা আৰু বনৰীয়া ফুলেৰে জাতিষ্কাৰ পর্বতমালালৈ এই অঞ্চল বিস্তৃত হৈ আছে। ইতিহাসবিদ সকলে অনুমান কৰা মতে 7000 8000 খ্ৰীঃ পূঃ মানৰ পৰা এই অঞ্চলত কৃষি কাৰ্য আৰম্ভ হয় বুলি অনুমান কৰা হৈছে। ইয়াৰ উত্তৰে বিস্তৃত অঞ্চল চন পৰা ভূমিৰে পৰিবেষ্টিত। শীতকালত পাতলীয়া বৰষুণৰ পিছত ইয়াত অসংখ্য চাপৰ, জোপোহা গছ-গছনি আৰু তৃণজাতীয় উদ্ভিদ গজে। সেয়েহে কৃষি কৰ্মতকৈ মানুহে এই বিস্তীর্ণ তৃণভূমি অঞ্চলত সহজতে ভেড়া, ছাগলী আদি পালনৰ জৰিয়তে জীৱিকা নির্বাহ কৰে। পূবদিশে টাইগ্রীছ উপনদীবোৰৰ জৰিয়তে চুবুৰীয়া ইৰান দেশৰ পাৰ্বত্য অঞ্চললৈকে যাতায়াত আৰু পৰিবহনৰ সুবিধা আছিল। মেছোপটেমিয়াৰ দক্ষিণে এক বিস্তীর্ণ মৰু অঞ্চল আছিল। অতীতত ইয়াৰ বুকুতে লিপি আৰু বিশ্বৰ প্রাচীনতম নগৰবিলাকৰ সৃষ্টি হৈছিল। এই মৰু অঞ্চলত বাস কৰা জনসাধাৰণে নগৰ অঞ্চললৈ অধিক খাদ্য যোগান ধৰিছিল। কাৰণ টাইগ্ৰীছ আৰু ইউফ্ৰেটিছ উত্তৰৰ পাৰ্বত্য অঞ্চলৰ পৰা ইয়ালৈ পলস কঢ়িয়াই আনিছিল৷ নদীৰ বানপানীয়ে এই অঞ্চলবোৰত পলস পেলাই ইয়াৰ কৃষিভূমি অত্যন্ত সাৰুৱা কৰি তুলিছিল। মৰুভূমি অঞ্চলত নদী প্ৰৱেশ কৰাৰ পিছত ইউফ্ৰেটিছ নদীৰ বহুতো শাখা উপশাখাৰ সৃষ্টি হৈছিল। প্রাচীন কালত এই কৃষি বা জান জুৰি বিলাকে জলসিঞ্চনৰ দৰে কাম কৰিছিল। এই সুঁতিবোৰৰ জৰিয়তে খেতিয়কসকলক কৃষিকাৰ্যত পানীৰ যোগান ধৰিছিল। এনে ব্যৱস্থাৰ ফলত এই অঞ্চলত বৰষুণৰ পৰিমাণ অতি কম আছিল যদিও দক্ষিণ মেছোপটেমিয়া অঞ্চলত অধিক পৰিমাণৰ খাদ্য-শস্য উৎপাদন হৈছিল।

প্রশ্ন ২। মেছোপটেমিয়া যুগত নতুনকৈ গঢ়ি উঠা নগৰবোৰে সমাজত কেনে ধৰণে প্ৰভাৱ বিস্তাৰ কৰিছিল চমুকৈ আলোচনা কৰা৷ 

 অথবা, নগৰীকৰণৰ ফলত দেখা দিয়া ফলাফলসমূহৰ চমু আভাস দিয়া।

অথবা, 

নগৰীয়া জীৱনৰ বিশেষত্ব সমূহ কি কি? 

উত্তৰ ঃ মেছোপটেমিয়া বা চুমেৰীয়া যুগৰ সভ্যতা আছিল নগৰকেন্দ্ৰিক। বহু ধৰণৰ গঢ়ি উঠা নগৰৰ সমষ্টিয়ে আছিল মেছোপটেমিয়া সভ্যতা। এই যুগত বহুতো নগৰৰ উত্থান ঘটিছিল। এই নগৰসমূহৰ ভিতৰত উল্লেখযোগ্য দুখন নগৰ হ’ল উৰুক (Uruk) আৰু মাৰি। এনে নগৰ সমুহে জনসাধাৰণৰ জীৱন যাত্রা বিশেষ প্রভাৱ পেলাবলৈ সক্ষম হৈছিল।

নগৰবিলাক অকল মানুহৰ বাসভূমিয়ে নাছিল। এই নগৰবিলাকে দেশৰ অর্থনীতি উন্নত কৰাত সহায় কৰিছিল। কাৰণ খাদ্য দ্রব্য উৎপাদনৰ লগতে এই নগৰ অঞ্চলত নানা ধৰণৰ উদ্যোগ বা শিল্প কর্ম গঢ়ি উঠিছিল। এই শিল্পসমূহত কাৰিকৰী ব্যক্তি নিযুক্ত হৈছিল। এই শিল্প উদ্যোগসমূহত ব্ৰঞ্জৰ জৰিয়তে নানা ধৰণৰ আ-অলংকাৰ তৈয়াৰ কৰা হৈছিল। সমাজত ব্ৰঞ্জৰ বহুল প্রচলন ঘটিছিল। ছীল মোহৰ তৈয়াৰ কৰা কাৰ্যতো বহুলোক নিযুক্ত হৈছিল। মোহৰবোধৰ ওপৰত সুন্দৰকৈ নক্সা কটা হৈছিল। নানা ধৰণৰ পাথৰৰ ব্যৱহাৰ সেইসময়ত অতি জনপ্রিয় আছিল।আনহতে এই উদ্যোগসমূহলৈ প্ৰয়োজন হোৱা ইন যোগানৰ কাৰণেও বহুতো লোকে নিয়োজিত হৈছিল। এনেদৰে নগৰ সমূহে জনসাধাৰণৰ আর্থ সামাজিক দিশত বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল। শিল্প উদ্যোগৰ বিকাশৰ লগে লগে বহুতো নগৰ চহৰ গঢ়ি উঠিছিল। 

প্রশ্ন ৩। মেছোপটেমিয়া যুগৰ পণ্য সামগ্ৰী সৰবৰাহৰ বিষয়ে এটি চমুটোকা লিখা।

উত্তৰ ঃ মেছোপটেমিয়া যুগৰ কৃষি ব্যৱস্থাৰ ফলত জন সাধাৰণ উৎপাদনৰ ক্ষেত্ৰত অতি চহকী আছিল। কিন্তু ইয়াৰ বিপৰীতে এই যুগটো খনিজাত সম্পদত আগবঢ়া নাছিল। কাৰণ মেছোপটেমিয়াৰ দক্ষিণ ভাগত আহিলা আৰু চীল মোহৰৰ কাৰণে প্ৰয়োজনীয় শিল পোৱা নগৈছিল। ঠিক তেনেদৰে আ-অলংকাৰৰ কাৰণে প্ৰয়োজনীয় পৰিমাণৰ মণি-মুক্তা আদিপোৱা নগৈছিল। নাইবা ধাতুৰ কোনো ভাণ্ডাৰ নাছিল। সেয়ে এইটো সহজে অনুমান কৰিব পাৰি যে মেছোপটেমিয়াই তেওঁলোকৰ অপর্যাপ্ত খাদ্য সামগ্ৰী আৰু বস্তু সামগ্ৰীসমূহৰ আন আন দেশৰ লগত বিনিময় ঘটিছিল। এনে বিনিময়ৰ জৰিয়তে ইৰাণ নাইবা পাৰস্য উপ-সাগৰৰ সিপাৰৰ পৰা উন্নত কাঠ, তাম, বগীতাম, ৰূপ, সোণ, খোলাজাতীয় দ্রব্য আৰু অন্যান্য মণি মুক্তা, কঠিন পাথৰ আদি মেছোপটেমিয়ালৈ সৰবৰাহ কৰা হৈছিল। আনহাতে সেই দেশ সম্পদত উন্নত আছিল যদিও খাদ্য সামগ্ৰী আৰু বস্ত্ৰ সামগ্ৰীত পিছপৰা আছিল। গতিকে এনে দেশবোৰৰ লগত নিয়মীয়া বাণিজ্যিক আদান প্ৰদানৰ বাবে সামাজিক, অর্থনৈতিক সংগঠনৰ দিশত মেছোপটেমিয়াৰ দক্ষিণ অঞ্চলত বাস কৰা জনসাধাৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

প্রশ্ন ৪। মেছোপটেমিয়া যুগৰ ভাষা-সাহিত্যৰ বিকাশ সম্বন্ধে আলোচনা কৰা। 

উত্তৰঃ জনসংযোগৰ মাধ্যম হ’ল ভাষা। শব্দৰ সমষ্টিৰ জৰিয়তে যি অৰ্থ প্ৰকাশ কৰা হয় তাকে সাধাৰণতে ভাষা বুলি কোৱা হয়। এয়া হৈছে মৌখিক ভাব বিনিময়। আনহাতে লিপি বা লিখন পদ্ধতিও এবিধ মৌলিক ভাব বিনিময়েই। অৱশ্যে ইয়াৰ ধাৰাতো কিছু বেলেগ। সাধাৰণতে লিপি বা লিখন পদ্ধতিৰ কথা কওঁতে কথিত শব্দবোৰক কিছুমান দৃশ্যমান চিহ্নই প্রতিনিধিত্ব কৰা দেখা যায়।

তেনেদৰে মেছোপটেমিয়াৰ প্ৰথম লিপিবোৰত কিছুমান ছবিৰ দৰে চিহ্ন দেখা যায়। এই চিহ্নবোৰ সাধাৰণতে ফলিত অংকন কৰা হৈছিল। এই বিলাক আছিল ষাঁড়গৰু, মাছ, ৰুটি, পাওৰুটি আদি বিভিন্ন ধৰণৰ সামগ্ৰীৰ প্ৰায় পাঁচহাজাৰখন তালিকা। এই সামগ্ৰীবোৰ দক্ষিণৰ উৰুক চহৰৰ মন্দিৰবোৰলৈ অনাৰ সময়ত আৰু মানুহৰ মাজত এইবোৰ বিলোৱাৰ সময়ত তালিকাৰ আকাৰত হিচাপ ৰখা হৈছিল। এই কথাৰ পৰা প্ৰমাণ পোৱা যায় পণ্য-সামগ্ৰীৰ লেন দেনৰ লগে লগে নথি-পত্ৰৰ তথ্য সংৰক্ষণৰ প্ৰয়োজনতেই প্রথমতে লিপিব সৃষ্টি হৈছিল। কাৰণ সেই সময়ৰ মেছোপটেমিয়াৰ নগৰবোৰৰ জনসাধাৰণৰ মাজত বিভিন্ন সামগ্ৰীক লৈ অনবৰত আদান-প্রদান চলিছিল।

সাধাৰণতে ফলিবোৰ আলতীয়া মাটিৰে তৈয়াৰ কৰিছিল। ফলিসমূহ সাধাৰণতে এখন হাতেৰে সহজে দাঙি ধৰিব পৰাকৈ চেপেটা আকাৰত বনোৱা হৈছিল। তাৰ পিছত হেলনীয়াকৈ কাটি লোৱা নল-খাগৰী বা বাহৰ কাঠি এডালেৰে কিউনিফর্ম চিহ্নলিপিবোৰৰ খাজ বহুৱাই গৈছিল। লিখাৰ সময়ত ফলিখন সেমেকা আৰু কোমল কৰি লোৱা হৈছিল। লিখাৰ পিছতফলিখন শুকাই লোৱা হৈছিল৷ কাৰণ ইয়াৰ ফলত আখৰ বা চিহ্নবোৰ নষ্ট নোহোৱাকৈ ৰাখিব পৰা গৈছিল। লেন-দেন অনুসৰি ফলিৰ ব্যৱহাৰো সিমানেই হৈছিল। সেয়েহে মেছোপটেমিয়াৰ ঐতিহাসিক স্থানবোৰত শ শ ফলি উদ্ধাৰ হৈছে। আৰু এই ফলিবোৰৰ জৰিয়তে মেছোপটেমিয়া সভ্যতাৰ বিষয়ে বহুতো তথ্য লাভ কৰিব পৰা গৈছে৷

এনেদৰে ফলিৰ ব্যৱহাৰৰ যোগেদি চুমেৰীয় বা মেছোপটেমিয়াই ভাষাই প্রায় ২৮০০ খ্রীঃ পূঃ মানৰ ভিতৰত সম্পূর্ণ বিকাশ লাভ কৰিছিল। তথ্য সংৰক্ষণৰ উপৰি অভিধান ৰচনা, ভূমি হস্তাস্তৰক আইনী বৈধতা দিয়া, ৰজাৰ কীর্তি কলাপৰ কাহিনী বর্ণনা আৰু প্ৰচলিত আইন-কানুন প্ৰচাৰৰ কাৰণে লিখিত ভাষাৰ বহুল প্রচাৰ হ’বলৈ আৰম্ভ কৰিছিল। অৱশ্যে বিভিন্ন সময়ত বিভিন্ন ভাষাৰ উত্থান-পতন ঘটিছিল। কাৰণ 2400 খ্রীঃ পূঃ মানত মেছোপটেমিয়াৰ প্ৰাচীনতম ভাষা চুমেৰীয় ভাষাৰ বিলুপ্তি ঘটিছিল। পিছলৈ চুমেৰীয় ভাষাৰ ঠাইত আক্কাডিয় ভাষাই স্থান লৈছিল। খ্ৰীঃ পূঃ দুহেজাৰ বছৰ মানলৈ আক্কাডীয় ভাষাতো কিউনিফৰ্ম লিপিবোৰৰ ব্যৱহাৰ হৈছিল ।

প্রশ্ন ৫। মেছোপটেমিয়া যুগৰ লিখন পদ্ধতিৰ বিকাশ সম্বন্ধে চমুকৈ আলোচনা কৰা।

উত্তৰ: আধুনিক কালৰ দৰে মেছোপটেমিয়া যুগৰ লিখন পদ্ধতি সহজ ধৰণৰ নাছিল। উদাহৰণ হিচাপে কিউনিফর্ম লিপিবোৰে বুজোৱা ধ্বনিৰ স্বৰবৰ্ণ যেনে অ, আ নাইবা ব্যঞ্জনবর্ণ বুজোৱা যেনে ক, খ, গ আদিৰ দ্বাৰা কোনো স্বতন্ত্র বা স্পষ্ট উচ্চাৰণ নাছিল। ইয়াৰ সলনি ইয়াৰ উচ্চাৰণ ভগ্ন শব্দ বা ভাঙি ভাঙি ব্যৱহাৰ কৰি অৰ্থ প্ৰকাশ কৰা হৈছিল। উদাহৰণহিচাপে পুট বা-লা, বা- ইন আদি। উল্লেখযোগ্য যে কোনো এজন লোকে লিখন কাৰ্য কৰিবলৈ হ’লে শশ ধ্বনিচিহ্ন যেনে পুট্ – বা-লা, বা- ইন আদি। ইয়াৰোপৰি এজন লোকে লিখন কাৰ্যৰ বাবে শ শ ধ্বনিচিহ্ন শিকিবলগীয়া হৈছিল। ইয়াৰোপৰি ফলিখন কোমল কৰি লিখিব লাগিছিল। কাৰণ ফলিখন শুকাই টান মাৰিলে লিখিব পৰা নগৈছিল।

গতিকে দেখা যায় যে লিখন পদ্ধতি অতি সহজ নাছিল। লিখন কার্যত জড়িত ব্যক্তিজন শিল্পবিদ্যাত অতি দক্ষতা থকা হ’ব লাগিছিল। ইয়াৰোপৰি ধ্বনিবিলাকে ফুটাই তুলিব পৰাৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ বুদ্ধি সজাৰো প্ৰয়োজন আছিল।

প্রশ্ন ৬। মেছোপটেমিয়া যুগৰ ধৰ্মীয় দিশৰ ওপৰত চমু আলোচনা কৰা। অথবা, মেছোপটেমিয়া যুগৰ মানুহৰ ধৰ্ম আৰু বিভিন্ন মঠ-মন্দিৰৰ বিকাশ সম্বন্ধে চমুকৈ আলোচনা কৰা।

উত্তৰ : ইতিহাসবিদসকলে অনুমান কৰা অনুসৰি খ্ৰীঃ পূঃ পাঁচ হাজাৰমান বছৰৰ পৰা মেছোপটেমিয়াত মানব বসতি বিস্তাৰ আৰম্ভ হৈছিল (এই কথাৰ প্ৰমাণ খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা নগৰসমূহৰ অৱস্থিতিৰ পৰাই পোৱা যায়। মেছোপটেমিয়াত উদ্ধাৰ হোৱা নগৰবোৰ সাধাৰণকে মঠ-মন্দিৰক কেন্দ্ৰ কৰি গঢ়ি উঠা বুলি জনা যায়। আনহাতে ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰস্থল হিচাপে আন কিছুমান নগৰ বা চহৰ বৰ্তমানৰ দৰে গঢ়ি উঠা বুলি ধাৰণা কৰা হয় ৷ গঠন প্ৰণালীৰ পৰা ধাৰণা কৰিলে এই নগৰসমূহৰ কিছুমান ৰাজকীয় নগৰ হিচাপে মেছোপটেমিয়াৰ জনসাধাৰণে গাঁওসমূহৰ কিছুমান নির্বাচিত ঠাইত মঠ-মন্দিৰ নিৰ্মাণ কৰিছিল। এতিয়ালৈ আবিষ্কৃত হোৱা প্রাচীনতম মন্দিৰটো কেচা বা নেপোৰা ইটাৰে নিৰ্মাণ কৰিছিল বুলি জনা যায়। মন্দিৰ বিলাকত বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি আছিল। কিন্তু ইয়াৰ ভিতৰত চন্দ্ৰদেৱতা ঊৰ (UR) আৰু প্ৰেমৰ দেৱী ইনান্না (Inanna) আছিল প্রধান উপাস্য দেৱ-দেৱী। সময়ৰ লগে লগে মুকলি ঠাইত মন্দিৰবোৰ ডাঙৰ আৰু আহল-বহলকৈ নিৰ্মাণ কৰা হৈছিল। পুৰণি মন্দিৰবোৰ সাধাৰণতে বৰ্তমানৰ মন্দিৰ আকাৰে নিৰ্মাণ কৰা হৈছিল। মন্দিৰবোৰৰ চাৰিওফালে দেৱাল নিৰ্মাণ কৰা হৈছিল দেৱালবোৰ সদায়ে নির্দিষ্ট দূৰত্বৰ মূৰে মূৰে বাহিৰলৈ ওলোৱা আৰু ভিতৰলৈ সোমোৱা ধৰণৰ আছিল।

দেৱতা বা দেৱীগৰাকী আছিল প্ৰজাৰ মূল উপাস্য দেৱতা। দেৱী বা দেৱতা সকললৈ পূজাৰ উপাচাৰ হিচাপে ভক্তসকলে শস্য, দৈ আৰু মাছ আনিছিল। কাৰণ প্ৰাচীন মন্দিৰৰ ভগ্নাৱশেষৰ তলত কিছুমান মাছৰ কাঁইটৰ ডাঠ তৰপ পোৱা গৈছে। ভক্তসকলে নির্দিষ্ট উপাস্য দেৱতাজনকেই গাঁওখনৰ সকলোদিশৰ প্ৰধান ৰক্ষক বুলি জ্ঞান কৰিছিল। পিছলৈ শস্য মৰণা মৰা, খুন্দা, সূতা কটা, উলৰ কাপোৰ বোৱা আদি কামবোৰ মন্দিৰ প্ৰাঙ্গণতে কৰা হৈছিল। লাহে লাহে মন্দিৰৰ কাম-কাজ বাঢ়িবলৈ ধৰে। আৰু মন্দিৰবোৰ সমাজ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কালক্ৰমত এই মন্দিৰবোৰক কেন্দ্ৰ কৰিয়ে ডাঙৰ ডাঙৰ নগৰবোৰ গঢ়ি উঠিছিল। মন্দিৰবোৰ সমাজৰ মুখ্য অনুষ্ঠানলৈ পৰিণত হৈছিল। 

প্রশ্ন ৭। মেছোপটেমিয়া যুগত কৃষিৰ উন্নয়নৰ দিশত নদীসমূহৰ ভূমিকাৰ বিষয়ে চমু আভাস দিয়া।

উত্তৰ ঃ মেছোপটেমিয়া যুগৰ জনসাধাৰণৰ মূল জীৱিকাৰ প্রধান উৎস আছিল কৃষি বা খেতি। সেয়ে কৃষিৰ উন্নতিৰ ক্ষেত্ৰত নদীসমুহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি তথ্যৰ পৰা জনা যায়। অতিপাত বৰষুণৰ ফলত নদীবোৰত পানী ওপচি পৰিছিল। ফলত বানপানীৰ সৃষ্টি হৈছিল। ফলত এনে বানপানীয়ে খেতি-পথাৰবোৰ নষ্ট কৰি মানুহৰ আৰ্থিক দিশত কু প্ৰভাৱ পেলাইছিল।

আনহাতে কম বৰষুণ হ’লে নদীৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰি খেতি-বাতি কৰা হৈছিল। মূল নদীৰ পৰা সুঁতিৰ সৃষ্টি কৰি খেতি পথাৰলৈ পানী বোৱাই নিয়া হৈছিল। এনে ব্যৱস্থাৰ দ্বাৰা উজনিত বাস কৰা লোকসকল উপকৃত হৈছিল যদিও নামনিৰ জনসাধাৰণ পানীৰ সমস্যাত তুগিব লগা হৈছিল৷ পানীৰ সমস্যাক কেন্দ্র করি আনকি খেতিয়কৰ মাজত বুলি প্ৰমাণ পোৱা যায় ৷ লাগিছিল

প্রশ্ন ৮। মেছোপটেমিয়া যুগৰ শাসন ব্যৱস্থাৰ বিষয়ে চমু আভাস দিয়া। অথবা, মেছোপটেমিয়া যুগৰ সামাজিক অৱস্থাৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰ মেছোপটেমিয়া বা চুমেৰীয়া সভ্যতা প্ৰধানকৈ নগৰকেন্দ্ৰিক আছিল। এই যুগত বহুতো ডাঙৰ ডাঙৰ নগৰ গঢ়ি উঠাৰ প্ৰমাণ পোৱা যায়। এই নগৰীসমূহৰ ভিতৰত উৰুক নগৰীখন এখন শ্রেষ্ঠ নগৰৰ মৰ্যাদা লাভ কৰা প্ৰমাণ পোৱা যায়। মূলত এখন নগৰক কেন্দ্ৰ কৰিয়ে মেছোপটেমিয়া যুগৰ শাসন ব্যৱস্থা গঢ়ি উঠিছিল। কোনো এজন ব্যক্তিয়ে নিজৰ প্ৰভুত্ব খটুৱাই পিছলৈ তেৱেই শাসক বা ৰজা হিচাপে প্রতিষ্ঠা লাভ কৰিছিল।ৰজা আৰু প্ৰজাৰ মাজত সম্পর্ক মধুৰ আছিল বুলি কোৱা হয়। প্রজাসকলে সমূহীয়াকৈ কাম কৰিছিল। ফলত তেওঁলোকৰ মাজত আত্মীয়তা গঢ়ি উঠিছিল। শাসনকার্যত জনসাধাৰণে ৰজাক সহায় কৰিছিল । দেশ বা ৰাজ্য ৰক্ষাৰ কাৰণে ৰজাই সৈন্য বাহিনী গঠন কৰিছিল। উদাহৰণহিচাপে উৰুক নগৰীৰ বিভিন্ন মন্দিৰবোৰৰ গাত বা ইয়াৰ দেৱালত সশস্ত্র যুদ্ধনায়ক আৰু তেওঁলোকৰ হাতত আক্রান্ত শত্ৰুবিলাকৰ প্রতিকৃতি অংকিত কৰা দেখা গৈছে।

যুদ্ধবন্দী আৰু স্থানীয় প্ৰজাসকলক মন্দিৰৰ কামত আৰু সামাজিক কামত নিয়োগ কৰা হৈছিল। ৰজাক কৰ পৰিশোধ কৰাৰ সলনি শাৰীৰিক শ্ৰম কৰাটো সকলো কৃষকৰ কাৰণে বাধ্যতামূলক আছিল। এনে কর্মত নিয়োজিত লোকসকলৰ ভ্ৰৰণ-পোষণৰ দায়িত্ব মন্দিৰ বা ৰজাৰ ফালৰ পৰ৷ দায়িত্ব লোৱা হৈছিল। আৱিষ্কৃত তথ্যৰ পৰা জনা যায় মন্দিৰবোৰৰ নিৰ্মাণ কার্য অতি খৰচী আছিল। আৰু যথেষ্ট শ্রমৰ প্ৰয়োজন হৈছিল। কাৰণ কোনো এটা বিশেষ মন্দিৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত প্ৰতিদিনে পোন্ধৰশ মানুহে গড়ে দহ টাকৈ কাম কৰিব লাগিছিল ইয়াৰোপৰি তেনে মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত অতি কমেও পাঁচ বছৰ সময়ৰ প্ৰয়োজন হৈছিল।

প্রশ্ন ৯। মেছোপটেমিয়া যুগৰ মঠ মন্দিৰবোৰৰ নিৰ্মাণ শৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা। 

অথবা, মেছোপটেমিয়া সভ্যতা কিহৰ বাবে বিখ্যাত?

উত্তৰ: মেছোপটেমিয়া যুগৰ এক প্ৰধান বৈশিষ্ট্য হ’ল নানা ধৰণৰ মঠ মন্দিৰৰ অৱস্থিতি। ধর্মীয় উপসনাৰ থলী হিচাপে বহুতো মঠ-মন্দিৰ নিৰ্মাণ কৰা হৈছিল। এই মঠ-মন্দিৰবোৰক কেন্দ্ৰ কৰি বহুতো ডাঙৰ ডাঙৰ নগৰ গঢ়ি উঠাৰ প্ৰমাণ পোৱা যায়।

মঠ মন্দিৰ নিৰ্মাণৰ দিশত ৰজাই প্রধান ভূমিকা পালন কৰিছিল। এনে নির্মাণ কার্যত খেতিয়কসকলে বনুৱা হিচাপে কাম কৰিছিল। নিৰ্মাণ কাৰ্যত ইটাৰ উপৰি নানা ধৰণৰ মণি মুকুতা ব্যৱহাৰ কৰা হৈছিল। প্ৰজাসকলে বহু দূৰ দূৰণিৰ পৰা মন্দিৰ নিৰ্মাণৰ সামগ্ৰীবোৰ সংগ্ৰহ কৰিছিল। মঠ-মন্দিৰ নিৰ্মাণত জড়িত লোকসকলে সময়ত প্ৰখ্যাত কাৰিকৰ ৰূপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল।

খ্ৰীঃ পূঃ 3000 মানত উকত প্ৰথমবাৰৰ বাবে ব্ৰঞ্জৰ আহিলা-পাতিৰ ব্যৱহাৰ হৈছিল। বৃহৎ কোঠাবোৰৰ চালিৰ ওজন ধৰি ৰখাৰ কাৰণে ইটাৰে স্তম্ভ নিৰ্মাণ কৰিছিল। পোৰা বোকামাটিৰ শঙ্কু তৈয়াৰ কৰাৰ কাৰণে শ শ মানুহ নিয়োগ কৰা হৈছিল। শঙ্কু আকৃতিৰ পোৰামাটিৰ এই খণ্ডবোৰ দেৱালত খাপ খুৱাই লগায় থৈছিল। দেৱালবোৰ আটক ধুনীয়া কৰাৰ কাৰণে নানা ধৰণৰ ৰং বিৰঙৰ চিত্ৰ অংকন কৰা হৈছিল। দুষ্প্রাপ্য শিলত কটা ভাস্কর্যত মেছোপটেমিয়াৰ ভাস্কর্যবিদসকলে বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল। ‘কমাৰৰ চাক’ আছিল নগণীয়৷ অর্থনীতিৰ এক অন্যতম বিশেষত্ব। কুমাৰৰ চাক আছিল কুমাৰ সকলে মাটিৰ পাত্ৰ তৈয়াৰ কৰাৰ এক সাঁচ। পিছলৈ এই সাঁচ বা কুমাৰৰ চাকৰ সহায়ত কুমাৰ সকলে একেলগে বহুতো মাটিৰ পাত্ৰ তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল।

প্রশ্ন ১০। মেছোপটেমিয়া যুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে চমু আভাস দিয়া। 

অথবা, মেছোপটেমিয়া সমাজ কোন কেইটা সামাজিক শ্রেণীত বিভক্ত আছিল? 

অথবা, মেছোপটেমিয়া নগৰৰ মানুহৰ জীৱন সম্পর্কে এটি টোকা লিখা। 

উত্তৰ : তথ্যৰ পৰা জনা যায় যে মেছোপটেমিয়াৰ সমাজ ব্যৱস্থা দুটাভাগত বিভক্ত আছিল। সেই ভাগ দুটা হ’ল গ্ৰাম্য সমাজ আৰু চহৰীয়া সমাজ। চহৰ অঞ্চলত বাস কৰা লোক সকলক সাধাৰণতে চহৰীয়া বা নগৰীয়া বোলা হৈছিল। নগৰীয়া সমাজত অভিজাত শ্ৰেণীৰ সৃষ্টি হৈছিল । পিছলৈ এই শ্ৰেণীটো শক্তিশালী হোৱাৰ কাৰণে শাসন ব্যৱস্থাত তেওঁলোকেই মুখ্য ভূমিকা পালন কৰিছিল। ঊৰ নগৰত পোৱা কিছুমান ৰজা আৰু ৰাণীৰ সমাধিৰ পৰাই এই কথাৰ সত্যতা পোৱা যায়। ৰজা আৰু ৰাণীক সমাধিস্থ কৰাৰ সময়ত মৃতকৰ লগত নানা ধৰণৰ অলংকাৰ দিয়া হৈছিল। এই অলংকাৰ সমূহ হ’ল সোণৰ পাত্ৰ, খোলা, নীলম পাথৰ খচিত কাঠৰ বাদ্যযন্ত্ৰ আদি। ইয়াৰ বিপৰীতে গাঁৱলীয়া সমাজত কাম কৰা লোকসকলে সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰিছিল বুলি জনা যায়।

নানা উৎসৰ পৰা জনা যায় যে সাধাৰণতে মানুহবোৰ সৰু সৰু পৰিয়ালত ভাগ হৈ বাস কৰিছিল। অৱশ্যে যৌথ পৰিয়াল ব্যৱস্থা আছিল। সমাজ ব্যৱস্থা পিতৃ প্রধান আছিল। কাৰণ পিতৃ আছিল পৰিয়ালৰ মুৰৱী প্রধান। উৰ নগৰত আৱিষ্কাৰ হোৱা তথ্যৰ পৰা জনা যায় যে ৰাস্তাবোৰ অকোৱা পকোৱা আছিল।

সেয়ে ঘৰবোৰত চকা থকা বাহন সোমাব নোৱাৰিছিল। বস্তু বা আন সামগ্ৰীসমূহ গাধৰ পিঠিত তুলি ঘৰলৈ নিয়া হৈছিল। ঠেক আৰু অকোৱা পকোৱা ৰাস্তা আৰু বিভিন্ন আকাৰ প্ৰকাৰৰ আবাসিক চৌহদবোৰে অপৰিকল্পিত আৰু নগৰ ব্যৱস্থাকে বুজায়।” মহেঞ্জোদাৰোৰ দৰে মেছোপটেমিয়াৰ যুগৰ নগৰবোৰত কোনো ধৰণৰ নলা নর্দমা দেখা নায়ায় নলা-নর্দমাৰ সলনি নগৰৰ ঘৰ বিলাকৰ ভিতৰৰ চোতালত আলতীয়া মাটিৰ নলী নির্মাণ কৰা দেখা যায়। মুধৰ চালিবোৰ ভিতৰৰ ফাললৈ হেলনীয়া আছিল আৰু চালিৰ পানী এনে নলীবোৰৰ মাজেদি ওলাই গৈ ঢাকোন থকা পিতনি বা খালত পৰিছিল। বৰষুণৰ ফলত যাতে ৰাষ্ট্ৰবোৰ বোকাময় নহয় তাৰ কাৰণে সম্ভৱ তেনে নলীৰ ব্যৱস্থা কৰা হৈছিল।

নাগৰিকবোৰ সম্ভৱ সমাজ সচেতক নাছিল। কাৰণ বেছিভাগ জাবৰ-জোঁথৰ বাক্তৰ ওপৰতে পেলাইছিল। ফলত তেনে আৱৰ্জনাৰ পৰা ৰক্ষা পৰাৰ কাৰণে নাগৰিকসকলে নিজৰ ঘৰৰ ভেটিবোৰ ওখ কৰি লৈছিল।

গৃহ নিৰ্মাণৰ ক্ষেত্ৰত উৰ নগৰীৰ জন সাধাৰণে অন্ধবিশ্বাসত বিশ্বাসী আছিল। উদ্ধাৰ হোৱা ফলিসমূহত অমঙ্গলৰ লক্ষণবোৰ লিখিত ৰূপত পোৱা গৈছে। ফলিত উল্লেখ থকা মতে ওখ দুৱাৰ ডলিয়ে ঘৰলৈ সম্পদ আনে বুলি বিশ্বাস কৰিছিল৷ আনৰ ঘৰৰ ফালে মেল নোখোৱা সন্মুখৰ দুৱাৰক সৌভাগ্যৰ প্ৰতীক বুলি বিবেচনা কৰা হৈছিল। তেনেদৰে দুৱাৰখন বাহিবলৈ মেলখোৱা বৰণৰ হ’লে পত্নীগৰাকী স্বামীজনৰ যন্ত্ৰণাৰ কাৰণ হয় বুলি বিশ্বাস কৰিছিল। ঊৰু নগৰত এখন বাহবা সমাধি আৱিষ্কৃত হোৱাৰ তথ্য পোৱা গৈছে। এই সমাধি ক্ষেত্ৰত ৰাজকীয় লোকৰ লগতে সাধাৰণ নাগৰিক কিছুমানবো সমাধি আবিষ্কৃত হৈছে।

প্রশ্ন ১১। মেছোপটেমিয়া যুগৰ বিবাহ পদ্ধতি সম্পর্কে চমু আভাস দিয়া। 

উত্তৰ ঃ মেছোপটেমিয়া যুগত সমাজৰ বিবাহ কেনেদৰে অনুষ্ঠিত হৈছিল সেই সম্বন্ধে সবিশেষ জানিব পৰা নাযায়। তথাপি তথ্যৰ পৰা জনা যায় যে বিবাহ ব্যৱস্থা প্ৰধানকৈ দৰা কইনাৰ সন্মতিৰ ওপৰত নিৰ্ভৰ কৰিয়ে হৈছিল। ইয়াৰোপৰি বিবাহৰ কাৰণে দৰাই কইনাৰপিতৃ-মাতৃৰ পৰা অনুমতি আদায় কৰিব লাগিছিল। দুয়ো পক্ষই সন্মতি লৈ অহাৰ পিছত দৰাৰ পক্ষৰ পৰা কইনাৰ পৰিয়াললৈ এটি প্ৰীতি উপহাৰ দিয়া হৈছিল। বিবাহ সুকলমে সম্পন্ন হোৱাৰ পিছত দৰা-কইনা দুয়োপক্ষৰে মাজত পুনৰ প্ৰীতি-উপহাৰ বিনিময় কৰা হৈছিল। পিছত প্ৰীতি ভোজন কৰি একেলগে মন্দিৰত পূজা অৰ্চনাৰ কাৰণে যোৱা হৈছিল। শাহরেকে কইনাক আনিবলৈ যাওঁতে কইনাৰ পিতৃয়ে ছোৱালীগৰাকীৰ উত্তৰাধিকাৰ বা সম্পত্তিৰ অংশ আনুষ্ঠানিকভাৱে প্ৰদান কৰিব লাগিছিল। পিতৃৰ ঘৰ, ছাগলী, ভেড়াৰ জাক, কৃষি পক্ষৰ আদিত পুত্ৰসকলে উত্তৰাধিকাৰ লাভ কৰিছিল।

প্রশ্ন ১২। মেছোপটেমিয়া সভ্যতাৰ উৰুক নগৰীৰ ওপৰত চমুটোকা লিখা। 

উত্তৰ : মেছোপটেমিয়াৰ সভ্যতা নগৰকেন্দ্ৰিক বুলি কোৱা হয়। কাৰণ সেই যুগত বহুতো নগৰী গঢ়ি উঠাৰ প্ৰমাণ পোৱা যায়। এই নগৰীসমূহৰ ভিতৰত উল্লেখযোগ্য আছিল উৰুক নগৰী। প্রায় চাৰিশ হেক্টৰ এলেকা সামৰি এই নগৰখন গঢ়ি উঠিছিল। আচলতে নানা মঠ মন্দিৰক কেন্দ্ৰ কৰি এই নগৰীখন গঢ়ি উঠিছিল কাৰণে উৰুক নগৰীক মন্দিৰ নগৰী বুলিও কোৱা হয়।

নগৰখনৰ নিৰাপত্তাৰ কাৰণে ইয়াৰ চাৰিওফালে এখন বৃহৎ প্রাচীৰ তৈয়াৰ কৰা হৈছিল। এই নগৰীত অৱস্থিত মন্দিৰবোৰৰ কাম-কাজৰ কাৰণে যুদ্ধবন্দী আৰু প্ৰজাসকলক কামত লগোৱা হৈছিল। কৃষিৰ বিনিময়ত কৰ পৰিশোধ কৰাৰ সলনি শাৰীৰিক শ্ৰম সকলো ধৰণৰ সাধাৰণ প্ৰজাৰ ক্ষেত্ৰত বাধ্যতামূলক আছিল। যিসকলে নগৰী আৰু মন্দিৰৰ কাৰণে কাম কৰিছিল তেওঁলোকে ৰজাৰ পৰা প্ৰয়োজনীয় ৰচদ-পাতি লাভ কৰিছিল। এক তথ্য মতে উৰু নগৰীৰ এটি বিশেষ মন্দিৰ নিৰ্মাণ কৰিবলৈ নিতৌ প্রায় পোন্ধৰশ বনুৱাই দহ ঘণ্টাকৈ কাম কৰিছিল। এটি মন্দিৰ নিৰ্মাণৰ কাৰণে কমেও পাঁচ বছৰ সময়ৰ প্ৰয়োজন হৈছিল। 

প্রশ্ন ১৩। মাৰি ৰাজ্য বা নগৰীৰ বিষয়ে চমুকৈ উল্লেখ কৰা। 

উত্তৰঃ মেছোপটেমিয়া যুগৰ উল্লেখযোগ্য নগৰী— উৰুক নগৰীৰ পিছত স্থান লাভ কৰা নগৰীখন হ’ল মাৰি নগৰী। এই নগৰীখন 2000 খ্ৰীঃ পূঃৰ পিছত সমৃদ্ধিশালী হৈ পৰিছিল। এই নগৰখন ইউফ্ৰেটিছ নদৰী বহু উজনিত অৱস্থিত আছিল। ইয়াৰ লোকসকল কৃষিকৰ্ম আৰু পশুপালনৰ লগত জড়িত আছিল।

এই ৰাজ্যৰ লোকসকলে ভেড়া আৰু ছাগলীৰ পোৱালি, পনীৰ, চৰ্ম আৰু মাংসৰ বিনিময়ত পালকসকলে শস্য আৰু ধাতুৰ আহিলা লাভ কৰিছিল।

প্রশ্ন ১৪। এছিৰীয়াসকলৰ সময়ত গঢ়ি উঠা বিখ্যাত পুথিভঁড়ালটোৰ বিষয়ে বর্ণনা কৰা।

উত্তৰঃ এছিৰীয়া সকলক লৌহ যুগৰ বুলি কোৱা হয়। আনুমানিক 720-610 খ্রীঃপূঃ উতৰৰ বুলি এছিৰিয়াসকলক অনুমান কৰা হয়। এই এছিৰীয়া সাম্রাজ্যৰ পমুৱা ৰজা সকলে ক্ষিণৰ বেবিলয়নীয় অঞ্চলটোক এক উচ্চতম সংস্কৃতিৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল। সয়ে সংস্কৃতিৰ সকলোবিলাক বস্তু সংগ্ৰহ আৰু সংৰক্ষণ কৰি ৰখাৰ কাৰণে অন্তিমজন ছিৰীয়া ৰজা আছুৰ্বাণিপালে ৰাজধানী নগৰ নিনেৱেহ (Nineveh)-ত এটি বিখ্যাত পুথিভঁৰাল প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ বহু প্ৰচেষ্টাৰ জৰিয়তে এই পুথিভঁড়ালত ইতিহাস, মহাকাব্য, । সাহিত্য বিষয়ক পুথি, জ্যোতির্বিজ্ঞান পুথি, শ্লোক আৰু কবিতাৰ বিভিন্ন ফলি সংগ্রহআৰু সংৰক্ষণ কৰিছিল। এনে বৃহৎ পুথিভঁড়ালটোৱে সমগ্ৰ মেছোপটেমিয়া আৰু ইয়াৰ বহির্বিশ্বতো জনাজাত হৈ পৰিছিল।

ইতিমধ্যে 1800 খ্রীঃ পূর্ব মানৰ পৰা বেবিলনিয়াত কথিত ভাষা হিচাপে চুমেৰীয় ভাষাৰ বিলুপ্তি ঘটিছিল। তথাপি ইয়াৰ পিছতো বিদ্যালয়বোৰত শব্দকোষ, চিহ্ন তালিকা আদিৰ বিষয়ে চৰ্চা অব্যাহত আছিল। পিছলৈ এই পুথিভঁড়ালত জমা হৈ থকা নানা ধৰণৰ পুঁথিসমূহৰ জৰিয়তে পণ্ডিতসকলে নানা দিশৰ সন্ধান পাবলৈ সক্ষম হৈছিল।

এই পুথিভঁড়ালটোৰ উল্লেখযোগ্য দিশ হ’ল ইয়াৰ পৰিকল্পিত শৃংখলা। ইয়াত পুস্তক বা ফলিসমূহ সু-পৰিকল্পিতভাৱে সংৰক্ষণ কৰি ৰখা হৈছিল। প্ৰতিটো ফলিৰ বাকচতে বোকামাটিৰ একোটা টিকট লগোৱা হৈছিল। এই টিকটবোৰ এনেধৰণে লিখা আছিল ‘ক’-ৰ দ্বাৰা লিখিত ‘খ’-সংখ্যক তন্ত্রমন্ত্ৰৰ ফলিপুথি । আছুৰ্বাণিপালৰ দ্বাৰা প্রতিষ্ঠিত পুথিভঁড়ালত প্রায় একহাজাৰ পাঠ্যৰ আনুমানিক ত্রিশ হাজাৰ সংখ্যক ফলি পুথি আছিল। এইবোৰক আকৌ বিভাগ অনুসৰি ভাগ ভাগ কৰি ৰখা হৈছিল। এই পুথিভঁড়ালটোৱে বৌদ্ধিক দিশত বিশেষ প্রভাৱ পেলাইছিল। 

প্রশ্ন ১৫। আছুৰ্বানিপালৰ শাসনকালৰ চমু ইতিহাস বর্ণনা কৰা।

উত্তৰ: এছিৰীয়া সকলক লৌহ যুগৰ বুলি কোৱা হয়। আনুমানিক 720-610 খ্রীঃপূঃ উতৰৰ বুলি এছিৰিয়াসকলক অনুমান কৰা হয়। এই এছিৰীয়া সাম্রাজ্যৰ পমুৱা ৰজা সকলে ক্ষিণৰ বেবিলয়নীয় অঞ্চলটোক এক উচ্চতম সংস্কৃতিৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল। সয়ে সংস্কৃতিৰ সকলোবিলাক বস্তু সংগ্ৰহ আৰু সংৰক্ষণ কৰি ৰখাৰ কাৰণে অন্তিমজন ছিৰীয়া ৰজা আছুৰ্বাণিপালে ৰাজধানী নগৰ নিনেৱেহ (Nineveh)-ত এটি বিখ্যাত পুথিভঁৰাল প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ বহু প্ৰচেষ্টাৰ জৰিয়তে এই পুথিভঁড়ালত ইতিহাস, মহাকাব্য, । সাহিত্য বিষয়ক পুথি, জ্যোতির্বিজ্ঞান পুথি, শ্লোক আৰু কবিতাৰ বিভিন্ন ফলি সংগ্রহআৰু সংৰক্ষণ কৰিছিল। এনে বৃহৎ পুথিভঁড়ালটোৱে সমগ্ৰ মেছোপটেমিয়া আৰু ইয়াৰ বহির্বিশ্বতো জনাজাত হৈ পৰিছিল।

ইতিমধ্যে 1800 খ্রীঃ পূর্ব মানৰ পৰা বেবিলনিয়াত কথিত ভাষা হিচাপে চুমেৰীয় ভাষাৰ বিলুপ্তি ঘটিছিল। তথাপি ইয়াৰ পিছতো বিদ্যালয়বোৰত শব্দকোষ, চিহ্ন তালিকা আদিৰ বিষয়ে চৰ্চা অব্যাহত আছিল। পিছলৈ এই পুথিভঁড়ালত জমা হৈ থকা নানা ধৰণৰ পুঁথিসমূহৰ জৰিয়তে পণ্ডিতসকলে নানা দিশৰ সন্ধান পাবলৈ সক্ষম হৈছিল।

এই পুথিভঁড়ালটোৰ উল্লেখযোগ্য দিশ হ’ল ইয়াৰ পৰিকল্পিত শৃংখলা। ইয়াত পুস্তক বা ফলিসমূহ সু-পৰিকল্পিতভাৱে সংৰক্ষণ কৰি ৰখা হৈছিল। প্ৰতিটো ফলিৰ বাকচতে বোকামাটিৰ একোটা টিকট লগোৱা হৈছিল। এই টিকটবোৰ এনেধৰণে লিখা আছিল ‘ক’-ৰ দ্বাৰা লিখিত ‘খ’-সংখ্যক তন্ত্রমন্ত্ৰৰ ফলিপুথি । আছুৰ্বাণিপালৰ দ্বাৰা প্রতিষ্ঠিত পুথিভঁড়ালত প্রায় একহাজাৰ পাঠ্যৰ আনুমানিক ত্রিশ হাজাৰ সংখ্যক ফলি পুথি আছিল। এইবোৰক আকৌ বিভাগ অনুসৰি ভাগ ভাগ কৰি ৰখা হৈছিল। এই পুথিভঁড়ালটোৱে বৌদ্ধিক দিশত বিশেষ প্রভাৱ পেলাইছিল।

প্রশ্ন ১৬। মেছোপটেমিয়া মন্দিৰ বিলাক কিয় বহু পৰিমাণে মানুহৰ বাসস্থানৰ দৰে আছিল? 

উত্তৰঃ প্রাচীন মেছোপটেমিয় মন্দিৰ বিলাক বহুপৰিমাণে মানুহৰ বাসস্থানৰ দৰে আছিল।

কাৰণ তেওঁলোকৰ প্ৰধান উপাস্য দেৱতাজনক গাঁওখনৰ খেতি পথাৰ, মৎস্য-পাম আৰু ছাগলী, ভেড়াৰ জাকবোৰৰ আনুষ্ঠানিক গৰাকী বুলি ভাবিছিল। সেয়ে পিছলৈ শস্যৰ মৰণা মৰা, খুন্দা, সূতা কটা, উলৰ কাপোৰ বোৱা আদি কাম মন্দিৰ প্ৰাঙ্গনত কৰা হৈছিল। সময়ৰ লগে লগে এই মন্দিৰবোৰ মুখ্য নগৰীয়া অনুষ্ঠানলৈ পৰিণত হৈছিল। মুঠতে এই লোকসকলে তেওঁলোকৰ – উপাস্যদেৱতাজনক নিজ নিজ সংগ হিচাপে হয়তো বিবেচনা কৰি তেনেদৰে মন্দিৰবোৰক নিজৰ বাসস্থানৰ দৰে ব্যৱহাৰ কৰিছিল।

বুৰঞ্জী

সূচীপত্ৰলিংক
অধ্যায় ১প্ৰাৰম্ভিক সমাজ Solutions
অধ্যায় ২ লিখন পদ্ধতি আৰু নগৰীয়া জীৱন Solutions
অধ্যায় ৩ সাম্ৰাজ্য Solutions
অধ্যায় ৪ মধ্য ইছলামীক দেশ
ইছলামৰ উদয় আৰু বিস্তাৰ: (৫৭০-১২০০ খ্ৰী:)
Solutions
অধ্যায় ৫ অঘৰী সাম্ৰাজ্য Solutions
অধ্যায় ৬ পৰিৱৰ্তিত ঐতিহ্য Solutions
অধ্যায় ৭ পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য Solutions
অধ্যায় ৮ সংস্কৃতিৰ সংঘাত Solutions
চতুৰ্থ গোটআধুনিকীকৰণৰ দিশে —-
অধ্যায় ৯ উদ্যোগিক বিপ্লব Solutions
অধ্যায় ১০মূল বাসিন্দাৰ স্থানান্তৰকৰণ Solutions
অধ্যায় ১১আধুনিকীকৰণৰ পথত Solutions

This Post Has 4 Comments

Leave a Reply