HS First Year History Solutions Chapter 1- প্ৰাৰম্ভিক সমাজ

HS First Year History Solutions Chapter 1- প্ৰাৰম্ভিক সমাজ। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year History Solutions Chapter 1- প্ৰাৰম্ভিক সমাজAHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS First Year History Solutions Chapter 1- প্ৰাৰম্ভিক সমাজ

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। পৃথিৱীৰ বুকুত মানৱজাতীয় প্ৰাণীৰ আৱিৰ্ভাৰ কেতিয়া হৈছিল? 

উত্তৰ ঃ আজিৰ পৰা 5.6 নিযুত বর্ষ পূর্বে পৃথিৱীৰ বুকুত মানৱ জাতীয় প্রাণীৰ আৱিৰ্ভাব হৈছিল বুলি কোৱা হয়।

প্রশ্ন ২। প্রাচীন মানৱৰ অস্তিত্বৰ অৱশিষ্ট উদ্ধাৰ হোৱা স্থানসমূহৰ ভিতৰত অন্যতম কোনখন ঠাই আছিল?

উত্তৰঃ প্রাচীন মানৱৰ অস্তিত্বৰ অৱশিষ্ট উদ্ধাৰ হোৱা অন্যতম ঠাইখন হ’ল ফাট উপত্যকা।

প্রশ্ন ৩। প্রাইমেট্‌বোৰ কি?

উত্তৰ : প্রাইমেট্‌বোৰ হ’ল বৃহত্তৰ স্তন্যপায়ী শ্ৰেণীৰ জন্তুৰ এটি উপশাখা । 

প্রশ্ন ৪। ‘প্ৰজাতিৰ মূল’ নামৰ পুথিখন কোনে আৰু কেতিয়া লিখিছিল?

অথবা ‘প্ৰজাতিৰ মূল’ পুথিখনৰ লিখক কোন ?

উত্তৰ : 1859 চনৰ 24 নৱেম্বৰ তাৰিখে চাৰ্লছ ডাউইনে এই পুথিখন লিখি প্ৰকাশ কৰিছিল। প্ৰকাশৰ প্ৰথম দিনাই মুঠ 1250 খন পুথি বিক্ৰী হৈছিল ।

প্রশ্ন ৫ ৷ নিয়েণ্ডাৰ্থেলত আৱিষ্কাৰ হোৱা মানৱৰ লাওখোলাটো কোনে কি বুলি আখ্যা দিছিল? 

উত্তৰ এই লাওখোলাটোক নির্বোধ নাইবা নিদান শাস্ত্ৰৰ মূর্খ বুলি আখ্যা দিছিল।

প্রশ্ন ৬। কালফালৰ’ট কোন আছিল? 

উত্তৰ: 1856 চনৰ জাৰ্মানীৰ এখন স্থানীয় বিদ্যালয়ৰ শিক্ষক আছিল কাৰ্লফালৰ ‘ট।

প্রশ্ন ৭। হার্মান ছাফাউচেন কোন আছিল?

উত্তৰ ঃ জার্মানীৰ বন বিশ্ববিদ্যালয়ৰ দেহতত্ত্ব বিভাগৰ এজন বিশিষ্ট অধ্যাপক আছিল হার্মান ছাফাউচেন।

প্রশ্ন ৮। আদি বাইবেল মতে মানুহৰ অস্তিত্ব কাৰ বুলি বিশ্বাস কৰা হৈছিল? 

উত্তৰ : আদি বাইবেল মতে মানুহৰ অস্তিত্ব ভগৱানৰ সৃষ্টি বুলি বিশ্বাস কৰা হৈছিল।

প্রশ্ন ৯। ইউৰোপ মহাদেশত উদ্ধাৰ হোৱা দুবিধ প্রাচীনতম জীৱাশ্মৰ নাম লিখা। 

উত্তৰঃ ইউৰোপ মহাদেশত উদ্ধাৰ হোৱা দুবিধ প্রাচীনতম জীৱাশ্ম হ’ল— হিডেল বাৰ্গেনচিচ আৰু হ’ম নিয়েণ্ডাৰ্থেলেন্‌চিচ্।

প্রশ্ন ১০। হ’ম (Home) শব্দটো ক’ৰ পৰা আহিছে? ইয়াৰ অৰ্থ কি? 

উত্তৰ : হ’ম শব্দটো লেটিন ভাষাৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ’ল পুৰুষ।

প্রশ্ন ১১। তুষাৰ যুগ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ : গ্ৰায় 2.5 নিযুত বছৰ পূৰ্বে পৃথিৱীত তুষাৰ বা বৰফৰ যুগ আৰম্ভ হোৱা বুলি অনুমান কৰা হয়। 

প্রশ্ন ১২। অষ্ট্ৰাল পিথকাচ্ আৰু হ ম নামৰ জীৱাশ্ম দুবিধৰ মাজত পার্থক্য কি?

উত্তৰ ঃ এই দুয়োবিধ জীৱাশ্মৰ মাজত পাৰ্থক্য হ’ল এয়ে যে অষ্ট্ৰালপিথেকাতকৈ হ মৰ মগজু ডাঙৰ। কিন্তু থুতৰি আৰু দাঁত সৰু ।

প্রশ্ন ১৩। অষ্ট্ৰালপিথেকাচ জাতৰ প্ৰাচীতম হমিনিডৰ জীৱাশ্ম কেতিয়া আৰু ক’ত পোৱা হৈছিল?

উত্তৰ : এইবিধ প্রাচীনতম জীৱাশ্ম 56 নিযুত বর্ষ পূর্বে পূব আফ্রিকােত পোৱা গৈছিল? 

প্রশ্ন ১৪। এল বি এছ লিকিৰ উল্লেখযোগ্য গ্রন্থখনৰ নাম উল্লেখ কৰা৷

উত্তৰ : এল. বি. এছ লিকিৰ উল্লেখযোগ্য গ্রন্থখন হ’ল— পৃথিৱীত প্রাচীনতম মানৱৰ আৱিষ্কাৰ। এই পুথিখনৰ প্ৰথম প্ৰকাশ হৈছিল 1960 চনৰ চেপ্টেম্বৰ মাহত।

প্রশ্ন ১৫। মেৰী আৰু লুই লিকি কোন আছিল? 

উত্তৰ এই দুয়োজন প্ৰসিদ্ধ পুৰাতত্ত্ববিদ আছিল।

প্রশ্ন ১৬। হমিন ইড্ কোন প্রজাতিক বুজাইছিল? 

উত্তৰ : সমগ্ৰ খৰানেজীয়া বান্দৰ প্ৰজাতি ইয়াৰ অন্তৰ্ভুক্ত আছিল।

প্রশ্ন ১৭। প্রাচীনকালৰ দুবিধ মাংসাহাৰী হিংস্র জন্তুৰ নাম উল্লেখ কৰা।

উত্তৰ ঃ প্রাচীন কালত দুবিধ মাংসাহাৰী হিংস্র জন্তু হ’ল ইমিনিড আৰু প্ৰাইমেট।

প্রশ্ন ১৮। কেনিয়াৰ কিলম্বে আৰু অলর্জেচাইলিৰ খননস্থলীত কি কি আহিলা পোৱা হৈছিল। এই আহিলাবোৰ কোন কোন সময়ৰ বুলি অনুমান কৰা হৈছে?

উত্তৰঃ উক্ত দুই ঠাইৰ খনন স্থলীত হাজাৰ হাজাৰ কুঠাৰ আৰু আন আন চিকাৰৰ আহিলা আৰু সঁজুলি পোৱা গৈছিল।

এই আহিলা আৰু সঁজুলিবোৰ আনুমানিক 700,000-500,000 বছৰ নিযুত বৰ্ষ পূৰ্বৰ বুলি অনুমান কৰা হৈছে।

প্রশ্ন ১৯। ইউৰোপত কেতিয়াৰ পৰা চিকাৰ কাৰ্যৰ প্ৰচলনৰ কথা জনা যায় ? 

উত্তৰ: ইউৰোপৰ কিছুমান স্থানত প্রায় 35,000 বছৰ পূৰ্বে আদিম মানৱৰ পৰিকল্পিত চিকাৰৰ প্ৰমাণ পোৱা যায়।

প্রশ্ন ২০। প্রকৃত চিকাৰ কাৰ্য কেতিয়াৰ পৰা আৰম্ভ হৈছিল বুলি ধাৰণা কৰা হয় ? 

উত্তৰ: প্ৰকৃত চিকাৰ কাৰ্য বহু যুগৰ পাছত অর্থাৎ প্রায় 500,000 মান বছৰ পূৰ্বে আৰম্ভ GRE বুলি অনুমান কৰা হয়।

প্রশ্ন ২১। কোনটো গোষ্ঠীয়ে প্রথমে চিকাৰ কাৰ্যত ব্ৰতী হৈছিল ? 

উত্তৰ। আমি হ’মিনিডবিলাকে প্রথমে চিকাৰ কার্যত লিপ্ত হোৱা বুলি কোৱা হয়।

প্রশ্ন ২২। আধুনিক মানৱৰ প্ৰাচীনতম আদিৰূপৰ জীৱাশ্ম ক’ত পোৱা গৈছিল? 

উত্তৰ : ইটালীৰ ইথিওপিয়াৰ অম (Omo) অঞ্চলত লাভ কৰা তথ্যত পোৱা  যায়।

প্রশ্ন ২৩। আল্টামাৰি গুহা চিত্ৰত পোৱা চিত্ৰটো কি আছিল?

উত্তৰ ঃ এই চিত্ৰত এটি মেথোন বা যাড়গৰুৰ চিত্ৰ পোৱা গৈছিল।

প্রশ্ন ২৪। কেতিয়াৰ পৰা ভাষাৰ বিকাশ হৈছিল?

উত্তৰ : ২ নিযুত, বৰ্ষ পূৰ্ব মানৰ পৰা ভাষাৰ বিকাশ হৈছিল।

প্রশ্ন ২৫। কথা কোৱাত কিহে সহায় কৰিছিল? 

বুৰঞ্জী

সূচীপত্ৰলিংক
অধ্যায় ১প্ৰাৰম্ভিক সমাজ Solutions
অধ্যায় ২ লিখন পদ্ধতি আৰু নগৰীয়া জীৱন Solutions
অধ্যায় ৩ সাম্ৰাজ্য Solutions
অধ্যায় ৪ মধ্য ইছলামীক দেশ
ইছলামৰ উদয় আৰু বিস্তাৰ: (৫৭০-১২০০ খ্ৰী:)
Solutions
অধ্যায় ৫ অঘৰী সাম্ৰাজ্য Solutions
অধ্যায় ৬ পৰিৱৰ্তিত ঐতিহ্য Solutions
অধ্যায় ৭ পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য Solutions
অধ্যায় ৮ সংস্কৃতিৰ সংঘাত Solutions
চতুৰ্থ গোটআধুনিকীকৰণৰ দিশে —-
অধ্যায় ৯ উদ্যোগিক বিপ্লব Solutions
অধ্যায় ১০মূল বাসিন্দাৰ স্থানান্তৰকৰণ Solutions
অধ্যায় ১১আধুনিকীকৰণৰ পথত Solutions

উত্তৰ ঃ হ ম হেবিলিছৰ মগজুৰ কিছুমান বিশেষ গঢ়ে কথা কোৱা সহায় কৰিছিল।

প্রশ্ন-২৬। শেল ক্ষেপণ আহিলা কিয় ব্যৱহাৰ কৰা হৈছিল? 

উত্তৰ : এই বিধ আহিলা দূৰলৈ দলিয়াই দূৰৰ চিকাৰ কাৰ্য সম্পন্ন কৰাৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল।

প্রশ্ন ২৭। চিলাই বেজী আৰু কাপোৰ চিলোৱাৰ প্ৰামাণিক তথ্য কেতিয়াৰ পৰা লাভ কৰা যায় ?

উত্তৰঃ আনুমানিক 21000 বছৰ পূৰ্বে ইয়াৰ প্ৰমাণ পোৱা যায়। 

প্রশ্ন ২৮। শেল আৰু ধনু কাঁড়ৰ ব্যৱহাৰ কেতিয়া হৈছিল?

উত্তৰ : প্রায় 35000 বছৰ আগতে প্রথমে শেল আৰু ধনু কাঁড়ৰ ব্যৱহাৰ হৈছিল বুলি জনা যায়।

প্রশ্ন ২৯। আহিলা তৈয়াৰ আৰু ব্যৱহাৰ কৰাৰ প্রাচীনতম তথ্য পোৱা দুখন ঠাইৰ নাম উল্লেখ কৰা।

উত্তৰঃ আহিলা তৈয়াৰ আৰু ব্যৱহাৰ কৰাৰ প্রাচীনতম তথ্য পোৱা ঠাই দুখন হ’ল ইটালীৰ ইথিওপিয়া আৰু কেনিয়াৰ কিছুমান ঠাই 

প্রশ্ন ৩০। কিমান বছৰ মানৰ আগৰে পৰা আদিম মানৱে গুহা আৰু মুকলি স্থানত বাসস্থান পাতিবলৈ আৰম্ভ কৰিছিল?

উত্তৰ : 400,000-125,000 বছৰ মানৰ আগৰে পৰা স্থানত বাসস্থান পাতিবলৈ আৰম্ভ কৰিছিল। আদিম মানৱে গুহা আৰু মুকলি

প্রশ্ন ৩১৷ কিমান বছৰ পূৰ্বে মানুহে নগৰত বাস কৰিবলৈ লোৱাৰ প্ৰমাণ পোৱা যায় ?

উত্তৰ : প্রায় 5000 বছৰ আগৰ পৰা মানুহে নগৰ অঞ্চলত বাস কৰাৰ প্ৰমাণ পোৱা যায়।

প্রশ্ন ৩২। শেষ তুষাৰ যুগৰ অন্ত কেতিয়া পৰিছিল?

উত্তৰ ঃ আজিৰ পৰা প্ৰায় 13000 বছৰ আগেয়ে তুষাৰ যুগৰ অৱসান হোৱা বুলি কোৱা হয়৷ 

প্রশ্ন ৩৩। কিমান বছৰ পূৰ্বৰ পৰা মানুহে বন্যজন্তু পুহিবলৈ আৰু গছৰোপন কৰিবলৈ শিকিছিল বা আৰম্ভ কৰিছিল ?

উত্তৰ : 10000-4500 বছৰ পূৰ্বে বিশ্বৰ বিভিন্ন অংশৰ মানুহে বন্যজন্তু পুহিবলৈ আৰু গছৰোপন কৰিবলৈ আৰম্ভ কৰিছিল বুলি অনুমান কৰিছে। 

প্রশ্ন ৩৪। নৃতত্ত্ব বুলিলে কি বুজা?

উত্তৰ: নৃতত্ত্ব হৈছে এটা বিভাগ যি মানৱ জীৱনৰ সংস্কৃতি আৰু ক্ৰমবিকাশৰ বিভিন্ন দিশ অধ্যয়ন কৰে।

প্রশ্ন ৩৫। হাড়জাসকল কোন আছিল? 

উত্তৰঃ হাড্‌জাসকল এটি খাদ্য সংগ্ৰহকাৰী চিকাৰী গোট বা দল আছিল।

প্রশ্ন ৩৬। তলত উল্লেখ কৰা আদিম মানৱৰ গোষ্ঠী বা ভাগসমূহ ক’ত আৰু কেতিয়া বিস্তৃতি লাভ কৰিছিল? 

(ক) অক্টাল ‘পিথেকাচ্‌ আদি হ’ম হ’ম ইৰেক্টা:

উত্তৰ : এই গোষ্ঠী বা প্ৰজাতিৰ আদি মানৱৰ উৎপত্তি 5-1 নিযুত বছৰ পূর্বে আফ্ৰিকাৰ উপ চহৰীয়া অঞ্চলত বুলি ঠাৱৰ কৰা হৈছে৷

(খ) হ ম ই ৰেক্টাছ, আৰ্কাইক হ’ম চেপিয়েঞ্চ নিয়েণ্ডার্থাল হ’ম চেপিয়েঞ্চ। আধুনিক মানৱ

উত্তৰঃ এই প্ৰজাতিৰ লোকসকল। নিযুত বর্ষ পূর্বে বা 40,000 বর্ষ পূর্বে এছিয়া, আফ্রিকা আৰু ইউৰোপৰ বিষুবীয় অঞ্চলত বসবাস কৰা বুলি অনুমান কৰা হয়।

(গ) আধুনিক মানব ঃ

উত্তৰ: আধুনিক মানৱৰ আৱিৰ্ভাব 45,000 বর্ষ পূর্বে অষ্ট্রেলিয়াত বাস কৰিছিল বুলি অনুমান কৰা হয়।

(ঘ) শেহতীয়া নিয়েণ্ডার্থাল আধুনিক মানৱ 

উত্তৰ ঃ এই শ্ৰেণীৰ লোকসকল 45,000 বৰ্ষৰ পৰা বৰ্তমানলৈ বিষুবীয় ইউৰোপ আৰু এছিয়া প্রশান্তীয় দ্বীপসমূহ, উত্তৰ আৰু দক্ষিণ আমেৰিকা, মৰু অঞ্চল আৰু বৰ্ষান্য অঞ্চলত বাস কৰিছিল বুলি ঠাৱৰ কৰা হৈছে। 

(ঙ) On the origin of species গ্ৰন্থৰ লেখক কোন?

উত্তৰ: চাৰ্লচ ডাৰউইন। 

প্রশ্ন ৩৭। তলত উল্লেখ কৰা প্ৰজাতি সমূহৰ সময় ৰেখা (বৰ্ষ পূর্বে) নিৰূপণ কৰা।

(ক) শৱ সৎকাৰৰ প্ৰথা কিমান বর্ষ পূর্বে আৰম্ভ হোৱাবুলি অনুমান কৰিব পাৰি?

উত্তৰ : 300.00 বর্ষ পূৰ্বে বুলি অনুমান কৰা হয়।

(খ) হ ম ইৰেক্টাচ নামৰ প্ৰজাতিৰ বিলুপ্তি।

উত্তৰ: 200,000 বর্ষ পূৰ্বে বুলি ঠাৱৰ কৰা হৈছে। 

(গ) নর্মদা উপত্যকাৰ আৰ্কইক চেপিয়েঞ্চ নামৰ প্ৰজাতিৰ লাওখোলা আৱিষ্কাৰৰ সময় কিমান?

উত্তৰ: 200,000-130,000 বর্ষ পূৰ্ব বুলি অনুমান কৰা হয়।

(ঘ) আধুনিক মানৱৰ আৱিৰ্ভাব কেতিয়া হৈছিল বুলি ঠাৱৰ কৰা হৈছে? 

উত্তৰ : 195,000-160,000 বর্ষ পূর্বে আৱিৰ্ভাব হৈছিল বুলি ঠাৱৰ কৰা হৈছে।

(ঙ) নিয়েণ্ডার্থাল মানৱৰ আৱিৰ্ভাবৰ সময় নিৰূপণ কৰা। 

উত্তৰ: 130,000 বৰ্ষ পূৰ্বৰ বুলি ঠাৱৰ কৰা হৈছে।

(চ) জুহালৰ আৱিষ্কাৰৰ সময় কেতিয়া বুলি ঠাৱৰ কৰা হৈছে? 

উত্তৰ : 125,000 বছৰ পূৰ্বে আৱিষ্কাৰ হোৱা বুলি অনুমান কৰা হৈছে। 

(ছ) নিয়েণ্ডার্থাল নামৰ প্ৰজাতিৰ বিলুপ্তিৰ সময় নিৰূপণ কৰা।

উত্তৰ:35,000 বর্ষ পূৰ্বৰ।

(জ) পোৰা বোকামাটিৰ প্ৰাচীনতম নাৰীমূৰ্তি আৱিষ্কাৰৰ সময় নিৰূপণ কৰা।

উত্তৰ ঃ কেনিয়াৰ চেছ’ৱঞ্জা আৰু দক্ষিণ আফ্ৰিকাৰ স্কৰ্টক্রাঞ্চ নামৰ ঠাইত 1.4 নিযুত বৰ্ষ পূৰ্বে গেৰো বোকা মাটিৰ প্ৰাচীনতম নাৰীমূৰ্তি আৱিস্কাৰ হৈছিল বুলি ঠাৱৰ কৰা হৈছে। 

(ঝ) চিলাই বেজীৰ উদ্ভাৱন কিমান বর্ষ পূর্বে হৈছিল ?

উত্তৰ: 21,000 বছৰ পূৰ্বে উদ্ভাৱন কৰা হৈছিল।

প্রশ্ন ৩৮৷ তলত উল্লেখ কৰা বিষয়সমূহৰ আৱিৰ্ভাব বা জন্মৰ সময়ৰেখা নিৰূপণ কৰা। 

(ক) শিলৰ প্ৰাচীনতম আহিলা কেতিয়া আৱিষ্কাৰ হৈছিল?

উত্তৰ:36-24 নিযুত বর্ষ পূর্বে। 

(খ) হ’মিন ‘ইড আৰু হ’মিনিডৰ শাখা প্রশাখাৰ সৃষ্টি কৈতিয়া হৈছিল ? 

উত্তৰ : 6.4 নি. ব. পৃ হোৱা বুলি অনুমান কৰা হয়।

(গ) হ’ম প্ৰজাতিৰ আৱিষ্কাৰৰ সময় কেতিয়া বুলি অনুমান কৰিব পাৰি?

উত্তৰ : 2.5 – 2.0 নি. ব. পূ বুলি অনুমান কৰিব পাৰি । (ঘ) হ ম হেবিলিছ প্ৰজাতিৰ আৱিষ্কাৰৰ সময় নিৰূপণ কৰা।

উত্তৰ : 22 নি. ব. পূৰ্বে বুলি অনুমান কৰা হয়।

(ঙ) অষ্ট্ৰাল পিথেকাচ নামৰ প্ৰজাতি কেতিয়া বিলুপ্ত হোৱা বুলি অনুমান কৰা হয়? 

উত্তৰ : 1.3 নি. ব. পূ. বিলুপ্ত হোৱা বুলি অনুমান বা ধাৰণা কৰা হয়।

(চ) হ’ম’চেপিয়েঞ্চ বা আধুনিক মানৱৰ আৱিৰ্ভাব কেতিয়াৰ বুলি ঠাৱৰ কৰা হৈছে?

উত্তৰ ঃ 0.9-0.16 নি. ব. পূ. এইবিধ প্ৰজাতিৰ আৱিষ্কাৰ হোৱা বুলি অনুমান কৰা হৈছে। 

প্রশ্ন ৩৯। তলত উল্লেখ কৰা আধুনিক মানৱৰ প্রাচীনতম জীৱাশ্ম (fossils) বিলাক ক’ত পোৱা হৈছিল ?

জীৱাশ্মৰ নামপ্রাপ্ত স্থান
(ক) অম’কিবিচ (Omokibish)
(খ) কাফ্‌জেহ লাওখোলা (Qafzeh Skhul)
(গ) নিয়াহ গুহা (Niah Cave)
(ঘ) মুংগ সৰোবৰ (Lake Mungo)
(ঙ) দাচে চোলটন (Dares solton)
(চ) ক্রোমেগনন্ (Cro-Magnon)
ইথিপিয়াত
ইজৰাইলত
বর্ণিওত
অস্ট্রেলিয়াত
মৰোক্কত
ফ্ৰান্সত

চমু প্রশ্নোত্তৰ

প্রশ্ন ১। জীৱাশ্ম (Fosil) বুলিলে কি বুজা ? 

উত্তৰঃ কঠিন পাথৰলৈ ৰূপান্তৰিত হোৱা উদ্ভিদ, জীৱজন্তুৰ অস্তিত্ব বা সাঁচবোৰকে জীৱাশ্ম বোলা হয়। এনেবোৰ সাধাৰণতে শিলাস্তৰৰ মাজত নিযুত বছৰ ধৰি সংৰক্ষিত হৈ থাকে।

প্রশ্ন ২। প্রাইমেট বুলিলে কি বুজা?

অথবা, প্রাইমেট সম্বন্ধে চমুকৈ লিখা। 

উত্তৰঃ প্রাইমেট্‌বোৰ হ’ল বৃহত্তৰ স্তন্যপায়ী শ্ৰেণীৰ জন্তুৰএটা উপশাখা। খৰানেজীয়া বান্দৰ (গৰিলা, চিম্পাঞ্জী আদি) দীঘল নেজীয়া বান্দৰ আৰু মানুহ ইয়াৰ অন্তর্ভুক্ত। ইয়াৰ শৰীৰৰ নোমবোৰ হ’ল দীঘল। গৰ্ভধাৰণ কাল দীঘলীয়া। এই জন্তু বিধৰ বিভিন্ন ধৰণৰ দাঁত লক্ষ্য কৰা যায়। বর্তমান মানৱৰ দৰে ইয়াৰো দেহত সুস্থিৰ উত্তাপ লক্ষ্য কৰা যায়।

প্রশ্ন ৩। জীবাশ্ম কেনেকৈ উদ্ধাৰ কৰিব পাৰি? 

উত্তৰঃ জীৱাশ্ম উদ্ধাৰ প্ৰক্ৰিয়াটো অতি কঠিন। সঠিক কাল বা সময় নিৰূপণ কৰাটো হৈছে জীৱাশ্ম উদ্ধাৰৰ প্ৰকৃত প্রক্রিয়া। সঠিক সময় নিৰূপণ নহ’লে জীৱাশ্ম উদ্ধাৰ কৰাটো কঠিন হৈ পৰে। পূৰাতত্ত্ববিদসকলে জীৱাশ্মৰ অৱস্থান সঠিকভাৱে নিৰ্ণয় কৰিবলৈ প্ৰয়োজনীয় আহিলা ব্যৱহাৰ কৰে। ইয়াৰোপৰি কোনো নির্দিষ্ট জীৱাশ্ম উদ্ধাৰৰ কাৰণে সেই ঠাইখিনি দহ ছে. মি. সৰু সৰু বৰ্গক্ষেত্ৰত বিভক্ত কৰে। এনে ব্যৱস্থাৰ জৰিয়তে জীৱাশ্মৰ সমান্তৰাল অৱস্থান নিৰ্ণয় কৰাত সুবিধা হয়।

প্রশ্ন ৪। নিয়েণ্ডার্থেল মানৱৰ লাওখোলাৰ বিষয়ে চমুকৈ উত্তৰ দিয়া।

উত্তৰঃ এই লাওখোলাটোক বহুতে প্রাচীন বুলি স্বীকৃতি দিয়া নাই। সেইসকল লোকে ইয়াক নির্বোধ বা নিদান শাস্ত্ৰৰ মূর্খ বুলি আখ্যা দিছিল। 

প্রশ্ন ৫। প্রজাতি বুলিলে কি বুজা? অথবা, প্রজাতি কাক বোলে? 

উত্তৰঃ উৎপাদনশীল সঁচ সৃষ্টি কৰিব পৰা একেজাতীয় জৈৱিক চৰিত্ৰ বিশিষ্ট উদ্ভিদ আৰু জীৱ জন্তুৰ গোটকে সাধাৰণতে প্ৰজাতি বুলি কোৱা হয়। এই প্রজাতিৰ সদস্যই অন্য এটা প্ৰজাতিৰ সদস্যৰ সৈতে মিলন ঘটাই উৎপাদনশীল সঁচ সৃষ্টি কৰিব নোৱাৰে। 

প্রশ্ন ৬। মেৰী আৰু লুই লিকিৰ বিষয়ে চমুকৈ উল্লেখ কৰা।

উত্তৰঃ মেৰী আৰু লুই লিকি দুয়োজন প্রসিদ্ধ পুৰাতত্ত্ববিদ আছিল। জার্মানীৰ অণ্ডোৱাটগিৰি খাটটো তেওঁলোকে আৱিষ্কাৰ কৰিছিল। ইয়াত তেওঁলোকে প্রায় চল্লিশ বছৰতকৈও বেছি সময় অধ্যয়ন কৰিছিল। ইয়াতে তেওঁলোকে প্রাচীন মানৱৰ লাওখোলা আৰু জীৱাশ্ম আৱিষ্কাৰ কৰিছিল। পিছলৈ অণ্ডোৱাই গিৰিখাটটো মেৰী আৰু লিকিৰ নামেৰে বেছিকৈ জনাজাত হৈ পৰিছিল। পিছত লিকিয়ে পৃথিৱীৰ প্ৰাচীনতম মানৱৰ আৱিষ্কাৰ (Finding world’s Earliest Man) নামে এখন বিখ্যাত কিতাপ লিখি উলিয়ায়। এই কিতাপখনৰ পৰাই আদিম মানৱৰ ধাৰাবাহিক বিৱৰণ পোৱা যায়।

প্রশ্ন ৭। হমিন ইড আৰু হ’মিনিডৰ প্ৰজাতিৰ মাজত থকা পার্থক্যবোৰ উল্লেখ কৰা।

উত্তৰঃ হ’মিন’ইডৰ পৰাই হ’মিনিড নামৰ প্ৰজাতিৰ বিৱৰ্তন ঘটিছিল। তথাপি দুয়োৰে মাজত কিছু পার্থক্য লক্ষ্য কৰা যায়। উদাহৰণ হিচাপে হ’মিন’ইডৰ মগজু হমিনিডৰতকৈ তুলনামূলকভাৱে যথেষ্ট দীঘলীয়া। হমিনিড নামৰ প্ৰজাতিয়ে দুই ভৰিৰ ওপৰত দণ্ডায়মান হৈ খোজ কাঢ়িছিল৷ ইয়াৰোপৰি হ’মিনইড এই প্ৰজাতিৰ হাতবোৰ বহুত পৃথক। কাৰণ এনে হাতেৰে তেওঁলোকে সকলো ধৰণৰ আহিলা তৈয়াৰ কৰিছিল আৰু সেইবোৰৰ ব্যৱহাৰ কৰিছিল।

প্রশ্ন ৮। আধুনিক মানৱৰ পূৰ্বসূৰীসকলৰ চাৰিবিধ লাওখোলাৰ নাম লিখা। 

উত্তৰঃ এই চাৰিবিধ লাওখোলা হ’ল 

(ক) খৰা নেজীয়া বান্দৰৰ লাওখোলা, 

(খ) অস্ট্রালপিথেকাচ লাওখোলা, 

(গ) হ’মইৰেক্টাচ লাওখোলা আৰু 

(ঘ) চেপিয়েঞ্চ লাওখোলা উল্লেখযোগ্য। চেপিয়েঞ্চ নামৰ লাওখোলাটোৰ পৰা জনা যায় এই লাওখোলাটোৱে বৰ্তমানৰ সকলো জনগোষ্ঠীৰ আধুনিক মানৱক ই প্রতিনিধিত্ব কৰে।

প্রশ্ন ৯। মানৱসৃষ্ট বুলিলে কি বুজা?

উত্তৰঃ মানুহে সৃষ্টি কৰা আহিলা বা সামগ্ৰীসমূহক মানৱসৃষ্ট বুলি কোৱা হয়। বহল পৰিসৰত এই শব্দই আহিলা-পাতি, ভাস্কর্য, চিত্রকলা, খোদাই কার্য আদি যি কোনো মানুহৰ হাতৰ কামৰ সৃষ্টিকে বুজায়।

প্রশ্ন ১১। প্রকৃত চিকাৰ কাৰ্য কেনেকৈ আৰু কেতিয়াৰ পৰা আৰম্ভ হৈছিল ? 

উত্তৰঃ প্রকৃত চিকাৰ কার্য প্রায় 500,000 মান বছৰ পূৰ্বে আৰম্ভ হোৱা বুলি অনুমান কৰা হয়। দুই স্থানৰ পৰা হ’মিনিডৰ আদিমতম ইচ্ছাকৃত আৰু পৰিকল্পিত জন্তু নিধন চিকাৰ কাৰ্যৰ প্রমাণ পোৱা যায়। এই দুই স্থান হ’ল দক্ষিণ ইংলেণ্ডৰ বক্সগ্রুভ আৰু জাৰ্মানীৰ শ্ব নিংজেন নামে ঠাই৷ বিভিন্ন ঠাইত আবিষ্কৃত জীৱাশ্মৰ স্থানত সিঁচৰতি হৈ থকা মাছৰ কাঁইটৰ পৰা মৎস্য চিকাৰ সম্বন্ধে তথ্য লাভ কৰা হৈছে

প্রশ্ন ১২। তুষাৰ যুগ আৰম্ভ হোৱাৰ ফলত পৃথিৱীৰ কেনে পৰিৱৰ্তন ঘটিছিল? 

উত্তৰঃ প্রায় 2.5 নিযুত বৰ্ষৰ পূৰ্বে পৃথিৱীত তুষাৰ যুগ আৰম্ভ হৈছিল বুলি ঠাৱৰ কৰা হয়। তুষাৰ যুগ আৰম্ভ হোৱাৰ ফলত পৃথিৱীৰ বিস্তীর্ণ অঞ্চল বৰফৰ ডাঠ ত্ৰপে ঢাকি ৰাখিছিল। ইয়াৰ ফলত উদ্ভিদ জগত আৰু জলবায়ুৰ সাংঘাতিক পৰিৱৰ্তন ঘটিছিল। কাৰণ পৃথিৱীৰ উত্তাপ অভাৱনীয়ভাৱে কমি গৈছিল। ফলত অৰণ্যবিলাক ধ্বংস হৈ বিস্তীর্ণ তৃণভূমিলৈ ৰূপান্তৰিত হৈছিল। এনে অৱস্থাত অৰণ্য জীৱনৰ লগত অভ্যস্ত আদিম ৰূপত অস্ট্রাল পিথেকাচ বিলাকৰ লগে লগে বিলুপ্তি ঘটিল। সুস্থ বাতাবৰণত নিজকে বেছি ভালদৰে খাপ খুৱাই ল’ব পৰা নতুন প্ৰজাতিৰ উন্নত অস্ট্রাল ‘পিথেকাচে আগৰবোৰৰ স্থান ল’লে। আদিম হ’ম (Homo) বা পুৰুষশ্রেণী ইহঁতৰ অন্তর্ভুক্ত আছিল। 

প্রশ্ন ১৩। গুহাৰ আৱিষ্কাৰ সম্বন্ধে চমুকৈ লিখা।

উত্তৰঃ প্রায় 30,000 ৰ পৰা 12,000 বছৰ পূৰ্বে অংকন কৰা শ শ জীৱ-জন্তুৰ চিত্ৰ ফ্ৰান্সৰ লাচাক্স আৰু চৌডেট্ তথা স্মে আল্টামিবা ইত্যাদি গুহাবিলাকত আৱিষ্কৃত হৈছে। এই গুহাবিলাকত মেথোন, সৌৱা, ৰামছাগলী, হৰিণা, বৃহদাকাৰ হাতী, গড়, সিংহ, ভালুক, নাহৰ ফুটুকী বাঘ, হায়েনা, ফেঁচা ইত্যাদি বিভিন্ন জীৱ-জন্তুৰ চিত্ৰ অংকিত আছে। অৱশ্যে ইয়াত তাঁকা চিত্ৰসমূহৰ অর্থ বা এইবোৰ কি উদ্দেশ্যে অঁকা হৈছিল সেই সম্বন্ধে সঠিক উত্তৰ পাবলৈ টান।

প্রশ্ন ১৪। গোষ্ঠী (Ethnography) বিজ্ঞান বুলিলে কি বুজা ?

উত্তৰঃ সমকালীন নৃ-গোষ্ঠীবিলাকৰ পদ্ধতিগত অধ্যয়নকে গোষ্ঠী বিজ্ঞান বুলি কোৱা হয়। জীৱন ধাৰণৰ উপায়, কাৰিকৰী জ্ঞান, লিংগ ভূমিকা, বিধি বিধান, ধর্ম কৰ্ম, ৰাজনৈতিক সংগঠন আৰু সামাজিক ৰীতি নীতি এই সকলো বিষয় গোষ্ঠী বিজ্ঞানৰ অধ্যয়নৰ অন্তৰ্গত।

প্রশ্ন ১৫। কৃষি কর্ম আৰু পশুপালনৰ ফলত সমাজত কেনে ধৰণৰ পৰিৱৰ্তন ঘটিছিল?

অথবা, কৃষিৰ আৰম্ভণীয়ে আদিম মানৱৰ জীৱন কিদৰে প্ৰভাৱিত কৰিছিল?

উত্তৰঃ কৃষি কৰ্ম আৰু পশুপালনে সমাজত বিভিন্ন ধৰণে পৰিৱৰ্তন আনিছিল।

(ক) প্রথমে উৎপাদিত শস্য ৰথা আৰু ৰন্ধা বঢ়া কৰিবৰ বাবে বিভিন্ন ধৰণৰ মাটিৰ পাত্ৰ তৈয়াৰ কৰাৰ বিদ্যা মানুহে আয়ত্ত কৰিছিল। 

(খ) দ্বিতীয়তে নতুন নতুন ধৰণৰ আহিলা নিৰ্মাণ আৰু ইয়াৰ ব্যৱহাৰ হৈছিল।

(গ) তৃতীয়তে কৃষিকৰ্মত নাঙলৰ দৰে নতুন নতুন আহিলাৰ ব্যৱহাৰ আৰম্ভ হৈছিল। 

(ঘ) চতুৰ্থতে, নাঙলৰ উপৰি তাম, টিন আদি জাতীয় ধাতুৰো সমাজত ব্যৱহাৰ হ’বলৈ ধৰিছিল।

(ঙ) পঞ্চমতে, মাটিৰ বাচন তৈয়াৰ আৰু যাতায়াত, পৰিবহণত প্রয়োজন হোৱা চকাৰো বহুল ব্যৱহাৰ হ’বলৈ ধৰিছিল। এনেদৰে দেখা যায় কৃষি কৰ্ম আৰু পশুপালনৰ প্ৰচলনৰ ফলত সমাজত নানা ধৰণৰ পৰিৱৰ্তন আহি পৰিছিল। এনে পৰিৱর্তনে মানৱ সমাজৰ বিৱৰ্তনত বিশেষভাৱে অৰিহণা যোগাইছিল।

প্রশ্ন ১৬। তুষাৰ যুগৰ অন্ত পৰাৰ পিছত ইয়াৰ ফলাফলৰ বিষয়ে চমুকৈ লিখা। 

অথবা, তুষাৰ যুগৰ অন্ত পৰাৰ ফলত পৃথিৱীৰ বাতাবৰণৰ কেনেধৰণৰ পৰিৱৰ্তন ঘটিছিল?

উত্তৰঃ নৃ-তাত্ত্বিকসকলে অনুমান কৰা হিচাপে বৰ্তমানৰ পৰা 130,000 বছৰ আগত বিশ্বত তুষাৰ যুগৰ অন্ত পৰিছিল। তৃষাৰ যুগৰ অন্ত পৰাৰ ফলত পৃথিৱীত আৰম্ভ হোৱা পৰিৱৰ্তন বা ইয়াৰ ফলাফল সমূহ হ’ল

(ক) ইয়াৰ ফলত পৃথিৱীত এক গৰম আৰু সেমেকা অৱস্থাৰ উন্মেষ ঘটিছিল। 

(খ) ফলত যৱধান, ঘেঁহু আদি তৃণজাতীয় শস্যৰ বাবে পৃথিৱীৰ ভূ-পৃষ্ঠভাগ উপযোগী হৈ পৰে। 

(গ) ইয়াৰ ফলত তৃণভূমি আৰু মুক্ত অৰণ্য অঞ্চলৰ সৃষ্টি হয়।

(ঘ) তৃণভূমিৰ উৎপত্তিৰ ফলত জীৱ-জন্তু, যেনে— ভেড়া, ছাগলী, গৰু, ম’হ, ঘোঁৰা, গাহৰি, গাধ আদিৰ বাসভূমি গঢ়ি উঠে। ফলত এইবোৰৰ সংখ্যা ক্রমে বৃদ্ধি পাবলৈ ধৰে।

(ঙ) জীৱ-জন্তু আৱির্ভাবৰ ফলত মানুহৰ খাদ্যৰ নাটনি দূৰ হ’ল। কাৰণ আদিম মানৱে ঘৰচীয়া পশুবোৰ খাদ্য হিচাপে গ্ৰহণ কৰিবলৈ লৈছিল।

(চ) খাদ্যৰ অৱস্থিতিয়ে মানুহক কোনো এটা অঞ্চলত স্থায়ীভাবে বসবাস কৰাৰ পৰিৱেশ আনি দিয়ে। 

(ছ) জীৱ-জন্তুৰ পোহ-পালনৰ কাৰণে মানুহে গছ ৰোপণৰ কামত ব্ৰতী হ’ল। ফলত সেউজ পৃথিৱী বা বনাঞ্চলৰ সৃষ্টি হ’ল। 

(জ) কৃস্কিৰ্মৰ আৰম্ভণিৰ লগে লগে একেটা স্থানতে দীর্ঘসময় ধৰি বসবাস কৰা মানুহৰ সংখ্যা ক্ৰমাত বাঢ়িবলৈ ধৰিলে।

(ঝ) জনসংখ্যা বৃদ্ধিৰ লগে লগে ঘৰ-দুৱাৰৰ সৃষ্টি হ’ল। 

প্রশ্ন ১৭। হমিনিদসকলৰ দুটা শাৰীৰিক বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ হমিনিদসকলৰ দুটা শাৰীৰিক বৈশিষ্ট্য হল— 

(ক) মস্তিষ্কৰ আকাৰ ডাঙৰ 

(খ) তেওঁলোক মূৰ দাঙি ভৰিত ভৰ দি থিয় হ’ব পাৰে।

প্রশ্ন ১৮। জুইৰ আৱিষ্কাৰে আদিম মানৱক কেনেদৰে সহায় কৰিছিল? 

উত্তৰঃ আজিৰ পৰা লাখ লাখ বছৰৰ আগতে পৃথিৱীত মানুহৰ জন্ম হৈছিল। মানুহে ক্ৰমে জুইৰ ব্যৱহাৰ শিকে। জুইৰ ব্যৱহাৰৰ ফলত মানুহে নানা ধৰণৰ সামগ্ৰী তৈয়াৰ কৰিব পৰা হৈছিল। ইয়াৰোপৰি ৰন্ধন প্রণালীৰো আৰম্ভ হৈছিল জুইৰ ব্যৱহাৰৰ ফলত।

প্রশ্ন ১৯। হমিনিদসকল কোনটো পৰিয়ালৰ অন্তৰ্গত ? 

উত্তৰঃ অষ্টালপিথেকাচ প্ৰজাতিৰ অন্তৰ্গত।

প্রশ্ন ২০। আল্টামিৰা ক’ত আৰু কিয় বিখ্যাত ?

উত্তৰঃ আল্টামিৰা হৈছে উত্তৰ স্পেইনৰ এক গুহা স্থান। ই চিত্র শিল্পৰ কাৰণে বিখ্যাত।

প্রশ্ন ২১। অষ্টাল পিথেকাচ কি? ইয়াৰ এটা চৰিত্ৰ উল্লেখ কৰা। 

উত্তৰঃ অষ্টাল পিথেকাচ হ’ল এবিধ জীৱাশ্ম। ইয়াৰ এক চৰিত্ৰ হ’ল ইয়াৰ মগজু সৰু।

ৰচনাধর্মী প্রশ্নোত্তৰ

১। আদিম মানুহৰ আৱিৰ্ভাব বা উৎপত্তিৰ বিষয়ে চমু আভাস দিয়া।

অথবা, জীৱাশ্মৰ কেনেকৈ উৎপত্তি হৈছিল সেই বিষয়ে চমুকৈ আলোচনা কৰা। 

উত্তৰঃ এই বিশ্বখন হ’ল অতি বিচিত্র। সেইফালৰ পৰা আদিম মানৱৰ উৎপত্তি বা জীৱাশ্মবোৰৰ উদ্ধাৰৰ বিষয়ে সঠিক বিৱৰণ পোৱা নাযায়। তথাপি নৃতত্ত্বদিসকলৰ তথ্য অনুসৰি আজিৰ পৰা পাঁচ নিযুত বৰ্ষ পূর্বে পৃথিৱীৰ চকুত মানৱজাতীয় প্ৰাণীৰ আৱির্ভাব ঘটিছিল বুলি ভাৱৰ কৰা হয়। আনহাতে বৰ্তমানৰ অৱস্থাপ্রাপ্ত আধুনিক মানৱৰ উৎপত্তি কাল আজিৰ পৰা 100,000 বছৰ আগৰ বুলি ধাৰণা কৰা হৈছে। মানৱ ইতিহাসৰ এই সুদীর্ঘ কালছোৱাত মানুহে কল-মূল আৰু জীৱ-জন্তু চিকাৰৰ জৰিয়তে জীৱন ধাৰণ কৰিছিল। ইয়াৰোপৰি চি কাৰৰ বাবে জানা ধৰণৰ শিলৰ অস্ত্ৰ তৈয়াৰ কৰি লৈছিল।

মানুহৰ ক্ৰমবিকাশৰ আহিলা হিচাপে জীৱাশ্মসমূহৰ বহুতো কথাৰ সম্ভেদ পাবলৈ সক্ষম হছো। এইবোৰৰ উপৰি বিভিন্ন সময়ত আৱিষ্কাৰ হোৱা চিত্ৰ গুহা সমূহৰ পৰাও আমি প্রাচীন নৱৰ ইতিহাস সম্বন্ধে জনাত সহায় হৈছে। অৱশ্যে এনে ধৰণৰ আৱিষ্কাৰবোৰক পণ্ডিতসকলে থমে প্রাচীন মানৱৰ অস্তিত্ব বুলি মানি ল’বলৈ টান পাইছিল।

অৱশ্যে পিছলৈ এনে পণ্ডিতসকলে জীৱাশ্মবোৰৰ পৰা মানৱৰ ক্ৰমবিকাশ সম্বন্ধে নানা ধৰণৰ প্ৰামাণিক তথ্য লাভ কৰিবলৈ সক্ষম হৈছিল। ৰাসায়নিক বিশ্লেষণৰ দ্বাৰা জীৱাশ্মবোৰৰ ত্যক্ষভাৱে কাল নিৰূপণ কৰি এই বিষয়ত সিদ্ধান্তত আহিবলৈ সহজ হৈছিল। ইয়াৰোপৰি লত লুকাই থকা জীৱাশ্মসমূহৰ সময় বা বয়স সম্বন্ধে শিলাবোৰৰ বয়স নিৰ্ধাৰণৰ দ্বাৰাও ৰূপণ কৰা হৈছিল। এনেদৰে জীৱাশ্মসমূহৰ সময়ৰ দ্বাৰা মানৱ সমাজৰ উৎপত্তিৰ বয়স ৰূপণ কৰা হৈছিল।

অৱশ্যে ধৰ্মীয় বিশ্বাসৰ কাৰণে বহুতো পণ্ডিতে এতিয়ালৈ আবিষ্কৃত হোৱা জীৱাশ্মসমূহৰ ■ত আধুনিক মানৱৰ সম্পৰ্ক থকা বুলি মানি ল’ব খোজা নাই। কাৰণ বাইবেলত বিশ্বাসী কসকল মানৱৰ অস্তিত্ব ভগৱানৰ সৃষ্টি আছিল বুলি বিশ্বাস কৰে। উদাহৰণ হিচাপে 1856চনত জার্মানীৰ ডাছেলডফ্ফু নামৰ নগৰৰ ওচৰত আৱিষ্কৃত নিয়েণ্ডাৰ উপত্যকাৰ এটি গিৰিখাটত এটি চূণশিলৰ খনিত বনুৱাসকলে এটি মানৱৰ লাওখোলা আৰু কংকালৰ কিছু অংশ আৱিষ্কাৰ কৰিছিল। পিছত কাৰ্লফালৰচি নামৰ এজন শিক্ষকে এইখনি বস্তুৰ ওপৰত অধ্যয়ন কৰিছিল। এনে অধ্যয়ন বা গৱেষণাৰ অন্তত তেওঁ শেষ আৱিষ্কৃত জীৱাশ্মখিনি আধুনিক মানৱৰ অৱশিষ্ট নাছিল বুলি মত পোষণ কৰিছে। কিন্তু ইয়াৰ পিছত এই অৱশিষ্টখিনি জার্মানীৰ বন বিশ্ববিদ্যালয়ৰ দেহত বিভাগৰ অধ্যাপক হার্মান ছাফাউচেনে সাধাৰণভাৱে অধ্যয়ন কৰে। অধ্যয়নৰ শেষত তেরোঁ এই জীৱাশ্মখিনি আধুনিক মানৱৰ পৰিৱৰ্তে ইতিমধ্যে বিলুপ্ত হোৱা মানৱ প্ৰজাতিৰ বুলি দাবী কৰি এই বিষয়ে এটি বিবৃতি প্রকাশ কৰে। অৱশ্যে জার্মানীৰ আন আন পণ্ডিতসকলে ছাফাউৰচেনৰ এনে সিদ্ধান্ত মানি ল’বলৈ টান পাইছিল। তেওঁলোকে এই জীৱাশ্ম আৰু লাওখোলাটো অতীতৰ কোনোৱে আধুনিক মানৱৰ অৱশিষ্ট বুলি ঘোষণা কৰিছিল ৷ ওপৰৰ আলোচনাৰ পৰা এটা সিদ্ধান্তত আহিব পাৰি যে জীৱাশ্ম উদ্ধাৰ কৰা আৰু এইবোৰৰ সঠিক বিশ্লেষণ প্রক্রিয়া অতি সহজ নহয়। বা এই বিষয়ত সঠিক সিদ্ধান্তত অহাটোও কঠিন। সেয়ে সঠিক কাল নিৰূপণৰ বাবে জীৱাশ্মৰ অৱস্থান সঠিকভাৱে নিৰ্ণয় কৰাটো অত্যন্ত জৰুৰী ৷ 

প্রশ্ন ২। হাজাসকলে কিয় ভূমি আৰু সম্পদৰ ওপৰত অধিকাৰ সাব্যস্ত কৰা নাছিল? 

উত্তৰঃ হাড়জাসকলে ভূমি আৰু সম্পদৰ ওপৰত কোনো দিনে অধিকাৰ সাব্যস্ত কৰা নাছিল। কাৰণ তেওঁলোকে স্থায়ীভাবে বসতি স্থাপনৰ কথা চিন্তা কৰা নাছিল। খাদ্য বা ফলমূল শেষ হোৱাৰ লগে লগে অন্য কোনো এটা অঞ্চললৈ খাদ্যৰ সন্ধানত ধাপলি মেলিছিল। ইয়াত কোনেও কাকো বাধা দিয়া নাছিল। ইয়াৰোপৰি কোনেও কাৰো স্বজাতি নিজৰ বুলি ভবা নাছিল। সম্ভৱতঃ জীৱন ধাৰণৰ কাৰণে তেওঁলোকে সহজ নীতি গ্রহণ কৰিছিল।

প্রশ্ন ৩। আদিম হ’ম (Homs) বা আদিম পুৰুষৰ ক্ৰমবিকাশৰ বিষয়ে চমুকৈ উল্লেখ কৰা। 

উত্তৰঃ নতুন তুষাৰ যুগ আৰম্ভ হোৱাৰ পিছত পৃথিৱীত নানা ধৰণৰ পৰিৱৰ্তন ঘটিছিল। অষ্টালপি নামৰ এবিধ নতুন প্ৰজাতিৰ আৱিৰ্ভাৱ ঘটিছিল। এই অষ্টাল পিথেকাচ্ নামৰ প্ৰজাতিৰে অন্তর্ভুক্ত আছিল এই হ’ম নামৰ প্ৰজাতিবিধ।

হ’ম শব্দটো লেটিন ভাষাৰ পৰা অহা বুলি কোৱা হয়। হ’মৰ অৰ্থ হ’ল পুৰুষ৷ অৱশ্যে বিজ্ঞানীসকলে মহিলাসকলকো এই হ’ম প্ৰজাতিৰ বুলি মত পোষণ কৰিছিল। মৌলিক বৈশিষ্ট্যপূর্ণ লক্ষণৰ দ্বাৰা ইহঁতৰ শ্ৰেণী বিভাজন কৰা হৈছে। এই শ্রেণীবোৰ হ’ল হেবিলিচ বা আহিলা নিৰ্মাণ, হ’ম ইৰেক্টাছ বা দণ্ডায়মান পুৰুষ আৰু হ’ম চেপিয়েঞ্চ বা জ্ঞানী বা চিন্তাক্ষম পুৰুষ। আনহাতে এই তিনিবিধ প্ৰজাতিৰ জীৱাশ্ম বেলেগ বেলেগ ঠাইত উদ্ধাৰ হৈছে৷ উদাহৰণহিচাপে হ’ম হেবিলাচ নামৰ প্ৰজাতিৰ জীৱাশ্ম ইটালীৰ ইথিওপিয়াৰ অ’ম আৰু টাজ্ঞানিয়াৰ অল্ডোৱাই নামৰ গিৰিখাটটোৰ আৱিষ্কাৰ হৈছে। এই ঠাইসমূহ হ’ল কোবি ফ’ৰা, পশ্চিম তুর্কানা, কেনিয়া, ম’জকে, চাৰ্টিবান আৰু জাভা। আনহাতে হ’ম চেপিয়েঙ্গ নামৰ প্ৰজাতিৰ জীৱাশ্ম উদ্ধাৰৰ কোনো নির্দিষ্ট ঠাইৰ নাম জানিব পৰা হোৱা নাই।

ওপৰত উল্লেখ কৰা জীৱাশ্মসমূহৰ উদ্ধাৰৰ সময়ৰো পার্থক্য দেখা যায়। কাৰণ আফ্রিকা মহাদেশত আবিষ্কৃত জীৱাশ্মবিলাক এছিয়া মহাদেশত আবিষ্কৃত হোৱা জীৱাশ্মবিলাকতকৈ অতি প্রাচীন বুলি কোৱা হয়। সম্ভৱতঃ দুইৰ পৰা 1.5 নি. ব. পূ.ৰ ভিতৰত হ’মিনিডবিলাকে পূবআফ্ৰিকাৰ পৰা দক্ষিণ আৰু উত্তৰ পূব এছিয়া তথা ইউৰোপলৈ প্ৰব্ৰজন ঘটিছিল। এই প্রজাতিবোৰ প্রায় এক নিযুত বছৰ বৰ্তি থকা বুলি অনুমান কৰা হয়। ওপৰত উল্লেখ কৰা জীৱাশ্মসমূহৰ উপৰি বিশ্বৰ আন আন ঠাইতো জীৱাশ্ম উদ্ধাৰ হৈছিল। অৱশ্যে সেই জীৱাশ্মবোৰক উদ্ধাৰ হোৱা ঠাইৰ নামেৰে নামকৰণ কৰা হৈছিল। সেই অনুসৰি জার্মানীৰ হিডেলবার্গ চহৰত। পোৱা জীৱাশ্মবোৰক নাম দিয়া হৈছিল হিডেল্‌বাগনচিচ। তেনেদৰে নিয়েণ্ডাৰ উপত্যকাত উদ্ধাৰ হোৱা জীৱাশ্মবোৰক হ’ম নিয়েতার্থালেন্‌চিচ নামেৰে নামকৰণ কৰা হৈছিল।

হ’ম হিৰ্থেল্‌বাৰ্গেন্‌চিচ আৰু হ’ম নিয়েণ্ডাৰ্থালেন্‌চিচ হ’ল ইউৰোপত উদ্ধাৰ হোৱা অতি প্রাচীনতম জীৱাশ্ম। দুয়োবিধেই আর্কাইক বা অতি প্রাচীন হ’ম চেপিয়েন্‌চ্ প্ৰজাতিৰ অন্তৰ্গত। হ’ম হিডেল্‌ৱাৰ্গেনচিচ নামৰ জীৱাশ্মবিলাক আফ্রিকা ইউৰোপ আৰু এছিয়া মহাদেশৰ বিস্তীর্ণ অঞ্চলজুৰি সিঁচৰতি হৈ আছে।

তুলনামূলকভাৱে হ’ম জীৱাশ্মবিলাকৰ সাধাৰণতে অষ্ট্ৰাল পিথেকাচতকৈ মগজু, ডাঙৰ থুতৰিৰ হাড় কমকৈ ওলোৱা আৰু দাঁতৰ আকাৰ সৰু। মগজুৰ আকাৰ ডাঙৰ হ’লে বুদ্ধিমত্তাৰ লগতে স্মৃতিশক্তিও বেছি হয়। খাদ্য অভ্যাসৰ পাৰ্থক্যৰ বাবেই হয়তো থুতৰি আৰু দাঁতৰ আকৃতি বেলেগ।

প্রশ্ন ৪। প্রাচীন মানৱৰ শৰীৰৰ বা অংগবোৰৰ ভাগবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা। 

উত্তৰঃ প্রাচীন মানৱৰ দেহৰ আকাৰটোক কেবাটাও ভাগত বিভক্ত কৰা হৈছে। হাড়ৰ গঠনৰ ওপৰত ভিত্তি কৰি ইয়াৰ এটা ভাগক আন এটা ভাগৰ পৰা পৃথক কৰা হৈছে। উদাহৰণহিচাপে প্রাচীন মানৱৰ প্ৰজাতিবোৰক মূলতঃ লাওখোলাৰ আকাৰ, থুতৰিৰ হাড়ৰ বশিষ্ট্যৰ আধাৰত পৃথকীকৰণ কৰা হয়। সঠিক মূল্যাংকন কলা-কৌশল বোলা প্রক্ৰিয়াৰ ফলতেই বোধহয় এনে লক্ষণবোৰৰ ক্ৰমবিকাশ ঘটে।

* উদাহৰণহিচাপে দুই ভৰিৰ ওপৰত থিয় দি খোজকঢ়াৰ ফলত মানুহৰ হাত দুখন অন্যান্য সামগ্ৰী কঢ়িয়াব পৰাকৈ মুক্ত হৈ পৰিছিল। আনহাতে, হাত দুখন বেছিকৈ ব্যৱহাৰ কৰাৰ ফলত থিয় দি খোজকঢ়াৰ দক্ষতাও বাঢ়িবলৈ লৈছিল। ইয়াৰ ফলত হাত দুখন অন্যৰূপত ব্যৱহাৰ কৰিব পৰাকৈ মুক্ত হোৱাৰ উপৰি খোজ কাঢ়োতে চাৰিঠেঙীয়া জন্তুতকৈ কম শক্তি প্রয়োগ হৈছিল। এনেদৰে খোজকাঢ়োতে ৰাহি হোৱা শক্তিখিনিৰে দৌৰা কাৰ্যত সহায়ক হৈছিল। উল্লেখ কৰিব পাৰি যে মানৱ প্ৰথমে ভৰিৰে খোজকঢ়াৰ প্ৰমাণ 36 নি. ব. পূৰ পৰা প্ৰমাণ পোৱা যায়৷ উদাহৰণ হিচাপে টাঞ্জেনিয়াৰ লীটলি নামৰ ঠাইত উদ্ধাৰ হোৱা জীৱাশ্মৰ পদচিহ্ন আৰু ইটালীৰ ইথিওপিয়াৰ অ’ম নামে ঠাইত উদ্ধাৰ হোৱা অংগ হাড়ৰ জীৱাশ্মৰ পৰা প্ৰাচীন মানৱে খোজ কঢ়াৰ নিশ্চিত তথ্য পোৱা গৈছে।

প্রশ্ন ৫। মানৱৰ ক্ৰম বিকাশৰ কাহিনীৰ চমু বর্ণনা দিয়া। 

অথবা, আধুনিক মানৱৰ ক্ৰম বিকাশৰ ইতিহাস ব্যাখ্যা কৰা।

উত্তৰঃ প্রাচীন মানৱ বা আধুনিক মানৱৰ ক্ৰম বিকাশৰ কাহিনী অতি প্রাচীন আৰু সেইবোৰ অতি ৰোমাঞ্চকৰ। হ’ম চেপিয়েন্‌চৰ প্ৰাচীনতম প্ৰমাণবোৰ আফ্ৰিকাৰ বিভিন্ন অঞ্চলত পোৱা গৈছে। আধুনিক মানৱৰ উৎপত্তিৰ মূলদান নিৰ্ণয় কৰাটো অতি কঠিন আৰু বিতর্কিত। এই সম্বন্ধে দুটা আৰ্হিমত বা তথ্যৰ কথা উল্লেখ কৰিব পাৰি। উদাহৰণহিচাপে এটা আৰ্হিমত বা তথ্যমতেআধুনিক মানৱৰ উৎপত্তি কেবাটাও শূন্যস্থানৰ পৰা একেলগে হোৱা বুলি ধাৰণা কৰে। ইয়াকে আঞ্চলিক ধাৰাবাহিকতা আৰ্হিমত বুলি কোৱা হয়। আকৌ আনটো আৰ্হিমত বা তথ্য মতে কেরল আফ্রিকা মহাদেশকে প্রাচীন আৰু আধুনিক মানৱৰ একক মূলস্থান বুলি বিশ্বাস কৰা হয় ৷ ইয়াক স্থানান্তৰণ আৰ্হি মত বুলিও কোৱা হয়। আঞ্চলিক ধাৰাবাহিকতা আৰ্হিমত অনুসৰি আর্কাইক্ হম চেপিয়েনচ্‌বিলাক বিভিন্ন মহাদেশৰ নানা অঞ্চলত কালক্ৰমত আধুনিক মানৱলৈ ক্ৰমবিকাশ সম্ভৱ হৈছিল। সেইকাৰণে আধুনিক মানৱে বিশ্বৰ বিভিন্ন স্থানত আৰু বিভিন্ন মহলত আত্ম প্ৰকাশ কৰিছিল বুলি ধাৰণা কৰা হয়। এই অভিমত বর্তমান আধুনিক মানৱৰ আকাৰ প্ৰকাৰ আৰু আঞ্চলিক ভিন্নতাৰ ওপৰত প্ৰতিষ্ঠিত।

স্থানান্তৰণ আৰ্হিমত অনুসৰি আধুনিক মানৱৰ যিকোনো প্ৰকাৰৰ আদি ৰূপ আফ্রিকা মহাদেশৰ বাহিৰে আন কোনো স্থানতে পোঁৱাটো সম্ভৱ নহয়। ইয়াৰ সমৰ্থনত তত্ত্ববিদসকলে যুক্তি আগবঢ়াই কয় যে আধুনিক মানৱৰ জন্মতাত্ত্বিক আৰু দেহতাত্ত্বিক এক জাতীয়তা। এই আৰ্হিমতৰ যুক্তি হ’ল যে বহু ভিন্নতা সত্ত্বেও আধুনিক মানৱৰ মাজত সীমাহীন একজাতীয়তা অন্তর্নিহিত হৈ আছে৷ ইয়াৰ কাৰণ হ’ল আফ্ৰিকাৰ এটা মাত্ৰ অঞ্চলৰ পূৰ্বপুৰুষ সকলৰ বংশধৰসকলেই আছিল আধুনিক মানৱ। আধুনিক মানৱৰ প্রাচীনতম আদিৰূপৰ জীৱাশ্ম ইথিওপিয়াৰ অ’ম অঞ্চলত লাভ কৰাৰ তথ্য প্রমাণে স্থানান্তৰণ আৰ্হিমতকে সমর্থন কৰে। এই আৰ্হিৰ্মৰ পণ্ডিতসকলৰ মতে আধুনিক মানৱৰ মাজত যিবোৰ শাৰীৰিক ভিন্নতা দেখা যায় সেইবোৰ তেওঁলোকে প্ৰব্ৰজন কৰা অঞ্চলৰ পৰিৱেশৰ লগত খাপ খুৱাবলৈকে হাজাৰ হাজাৰ বছৰৰ ব্যৱধানত হোৱা শাৰীৰিক বিকাশ বা পৰিৱৰ্তনৰ ফল।

প্রশ্ন ৬। আদিম মানৱৰ খাদ্য সম্বন্ধে আলোচনা কৰা। অথবা, আদিম মানৱৰ খাদ্য সংগ্ৰহৰ চমু বুৰঞ্জী ব্যাখ্যা কৰা। 

অথবা, আদিম মানুহৰ খাদ্য সংগ্ৰহৰ উপায়বোৰ কি কি আছিল, চমুকৈ লিখা। 

উত্তৰঃ আদিম মানৱৰ ক্ৰম বিকাশৰ লগে লগে জীয়াই থকাৰ কাৰণে খাদ্যৰো প্রয়োজন হৈছিল। কাৰণ জীয়াই থকাৰ কাৰণ নানা ধৰণৰ খাদ্য সংগ্ৰহৰ কথা জানিব পাৰি। আদিম মানৱে সাধাৰণতে দুই ধৰণে খাদ্য সংগ্ৰহ কৰিছিল। এই দুইবিধ হ’ল সন্ধানৰ জৰিয়তে খাদ্য সংগ্ৰহ কৰা আৰু চিকাৰৰ জৰিয়তে নিজৰ খাদ্য সংগ্ৰহ কৰিছিল। মূলতে আদিম, মানত্বে ফল-মূল আৰু মাংসকে প্রধান খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল।

ফলমূলসমূহৰ ভিতৰত বিভিন্ন বীজ বা খোলাজাতীয় ফল আছিল প্রধান। এই ফল মূলবোৰ হ’ল বাদাম, নাৰিকল, নুনিগুটি, জামু, কল, আম, বগৰী, আলু, কচু আদি। অৱশ্যে আদিম মানৱে ফলমূলক প্রধান খাদ্য হিচাপে গ্ৰহণ কৰাৰ প্ৰমাণ এতিয়ালৈ পোৱা হোৱা নাই। কাৰণ এতিয়ালৈ আবিষ্কৃক জীৱাশ্মসমূহত হাড়জাতীয় পদার্থহে পোৱা গৈছে। ইয়াত কোনো ধৰণৰ উদ্ভিদৰ অৱশিষ্ট উদ্ধাৰ হোৱা নাই। আনহাতে নানা ধৰণৰ মাংসৰ ব্যৱহাৰ কৰিছিল যদিও এতিয়ালৈ সেইবোৰ সিজাই বা বান্ধি খোৱাৰ প্ৰমাণো পোৱা হোৱা নাই। কাৰণ এঙাৰৰ সন্ধান এতিয়ালৈ পোৱা নাই। আনহাতে এঙাৰবোৰ বহু বছৰলৈ নষ্ট নোহোৱাকৈ থাকি যায়।

পণ্ডিতসকলৰ মতে প্রায় 500,000 হাজাৰ মান বছৰৰ পূৰ্বে চিকাৰ কাৰ্য আৰম্ভ হৈছিল। আদিম মানৱে চিকাৰ কৰাৰ কথা দক্ষিণ ইংলেণ্ডৰ বক্যগুড় নামে ঠাইত আৰু জাৰ্মানীৰ শ্ব নিংজেননামে ঠাইত পোৱাত যাৰ পৰা জনা যায়, এই দুই ঠাইত পোৱা তথ্য অনুসৰি আদিম মানৱে প্ৰধানকৈ মাছক খাদ্য হিচাপে গ্ৰহণ কৰিছিল। কাৰণ ইয়াত আৱিষ্কৃত হোৱা জীৱাশ্মসমূহত সিঁচৰতি হৈ থকা নানা ধৰণৰ মাছৰ কাঁইটৰ পৰা এই কথাৰ প্ৰমাণ পোৱা গৈছে।

আনহাতে 35.000 পূর্বে ইউৰোপৰ বিভিন্ন স্থানত আদিম মানৱৰ পৰিকল্পিত চিকাৰৰ প্ৰমাণ পোৱা যায়। সাধাৰণতে নদীৰ কাষত বা ইয়াৰ পাৰত মানুহ থকা কাম কৰিছিল। সাধাৰণতে আদিম মানৱে প্ৰধানকৈ পহু আৰু ঘোঁৰাবোৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল। কাৰণ এই দুয়োবিধ প্ৰাণী নদীৰ পাৰত বাম কৰিছিল। অৱশ্যে মৃত্যুৰ পৰিৱৰ্তন অনুসৰি অন্য ধৰণৰ

জীৱস্তকো চিকাৰৰ জৰিয়তে খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল। খাদ্য সংগ্ৰহ আৰু চিকাৰ কাৰ্যত পুৰুষৰ লগতে মহিলাসকলৰ ভূমিকাৰ বিষয়েও জানিব পাৰি৷ বৰ্তমানৰ সমাজ ব্যৱস্থালৈ চাই সেই সময়তো আজিৰ দৰে পুৰুষ-মহিলা উভয়ে খাদ্য সংগ্ৰহৰ লগত জড়িত হৈ পৰিছিল বুলি তথ্যৰ পৰা জনা যায়।

প্রশ্ন ৭। আদিম মানৱৰ আহিলা নির্মাণ সম্বন্ধে চমু আলোচনা আগবঢ়োৱা। 

উত্তৰঃ অদিম মানৱৰ জীৱন-ধাৰণৰ প্ৰক্ৰিয়াৰ লগত আহিলা নিৰ্মাণৰ সম্পৰ্ক আহি পৰিছিল। অৱশ্যে মানুহৰ উপৰি চৰাই-চিৰিকটি আৰু জন্তুবোৰেও খাদ্যৰ অন্বেষণৰ কাৰণে কিছুমান আহিলা প্ৰস্তুত কৰিছিল। কিন্তু দেহতাত্ত্বিক আৰু স্নায়ুতাত্ত্বিক ক্রমবিকাশৰ ফলত মানুহৰ হাতবোৰ আহিলা নিৰ্মাণৰ ক্ষেত্ৰত বেছি দক্ষ আৰু উপযোগী হৈ পৰিছিল। এয়া বোধহয় আহিলা পাতিৰ ক্রমবর্ধমান চাহিদাৰ বাবে মানুহ এনেদৰে আগবাঢ়ি গৈছিল। ইয়াৰোপৰি অন্য জীৱজস্তুতকৈ মানুহৰ বুদ্ধি আৰু স্মৃতি শক্তিয়েও এনে আহিলা নিৰ্মাণৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা যোগাইছিল। আনহাতে চিম্পাঞ্জী আৰু বান্দৰবোৰৰ এনে গুণৰ অভাৱ পৰিলক্ষিত হৈছিল।.

আদিম মানৱে আহিলা তৈয়াৰ কৰাৰ প্ৰমাণ প্ৰথমে ইটালীৰ ইথিওপিয়া আৰু কেনিয়াৰ কিছুমান ঠাইত উদ্ধাৰ হোৱা আহিলাৰ পৰা জনা যায়। অৱশ্যে অন্যান্য কাম-কাজৰ দৰে আহিলা নিৰ্মাণৰ ক্ষেত্ৰতো পুৰুষ-মহিলা উভয়ে অংশ গ্ৰহণ কৰিছিল। নিজৰ আৰু সতি-সন্ততিৰ আহাৰৰ কাৰণে মহিলাসকলে আহিলা নিৰ্মাণ কৰিছিল বুলি জনা যায়।

চিকাৰৰ সঁজুলি হিচাপে নানা ধৰণৰ আহিলা তৈয়াৰ কৰা হৈছিল। 35,000 বছৰ আগতে প্রথমে চিকাৰৰ সঁজুলি হিচাপে শেল আৰু ধনু কাড়ৰ ব্যৱহাৰ হৈছিল। এই দুবিধ সঁজুলিয়ে মানুহৰ জন্তু চিকাৰৰ দক্ষতা বৃদ্ধি কৰিছিল। চিকাৰৰ জৰিয়তে সংগ্ৰহ কৰা মাংসবোৰ সম্ভৱতঃ হাড় গুচাই সিবোৰ জুইত সেকি নষ্ট নোহোৱাকৈ বহুদিনলৈ জমা কৰি খৈছিল। এনেদৰে সাঁচিথোৱা মাংসবোৰ বহু দিনলৈ খাদ্য হিচাপে ব্যৱহাৰ কৰাত সহায় হৈছিল।

সময়ৰ লগে লগে মানুহে বস্ত্ৰৰ ব্যৱহাৰ শিকিছিল। বস্ত্র হিচাপে প্ৰথমে জন্তুৰ চালকে ব্যৱহাৰ কৰিছিল। ফলত জন্তুৰ ছাল চেলোৱাৰ কাৰণে বেজীৰ ব্যৱহাৰ হৈছিল। 21,000 বছৰ পূর্বে মানুহে কাপোৰ চিলোৱাৰ প্ৰামাণিক তথ্য পোৱা গৈছে। ইয়াৰোপৰি বঁটালিৰ দৰে আহিলা ব্যৱহাৰৰ ফলত হাড়, পহৰ শিং, হাতীৰ দাঁত নাইবা কাঠ আদিৰ ওপৰত খোদাই বা চিত্র অংকনৰ পদ্ধতি আয়ত্ব কৰিবলৈ সক্ষম হৈছিল।

প্রশ্ন ৮। আদিম মানুহৰ বাসস্থান সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ আদিম মানৱে প্রথমে অঘৰী জীৱন যাপন কৰিছিল। স্থায়ী বাসস্থান হিচাপে কোনো স্থায়ী ঘৰ নাছিল। খাদ্যৰ সন্ধানৰ লগতে তেওঁলোকৰ বাসস্থানৰো সম্পৰ্ক আছিল। কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে আদিম মানৱে স্থায়ীভাৱে বাসস্থান নিৰ্মাণ কৰি সামাজিকভাৱে বাস কৰিবলৈ আৰম্ভ কৰিছিল।

আদিম মানৱৰ বাসস্থান সম্পর্কে বহু তথ্য পোৱা যায়। উদাহৰণহিচাপে কেনিয়াৰ ‘কি’লম্বে’ আৰু ‘অ’লর্ক্সেচাইলি’ৰ খননস্থলীত হাজাৰ হাজাৰ কুঠাৰ আৰু অন্যান্য আহিলা আৱিষ্কৃত হৈছে।

এই আবিষ্কৃত আহিলাসমূহ 700,000-500,000 বছৰৰ পুৰণি বুলি ঠাৱৰ কৰা হৈছে। এনেদৰে আৱিষ্কৃত হোৱা সামগ্রী বা আহিলাসমূহৰ পৰা আদিম মানৱৰ বাসস্থান সম্বন্ধে প্ৰমাণ পোৱা যায় ৷ তথ্যৰ পৰা জনা যায় যে অপর্যাপ্ত খাদ্য থকা স্থানলৈ আদিম মানুহে সঘনে অহা-যোৱা কৰিছিল। এনে স্থানবিলাকত নিশ্চিতভাৱে তেওঁলোকৰ উপস্থিতিৰ স্থান লক্ষ্য কৰা যায়। তেওঁলোকে পৰিস্থিতি সাপেক্ষে তেনে স্থানত ব্যৱহাৰ কৰা আহিলা-পাতি কিছুমান এৰি থৈ গৈছিল। কালক্ৰমত এনেদৰে এৰি থৈ যোৱা মানৱ আহিলা-পাতিবোৰ উক্ত স্থানৰ লগত একাকাৰ হৈ পৰিছিল৷ আনহাতে তেওঁলোক কমকৈ যোৱা স্থানবোৰ কম পৰিমাণৰ আহিলা পাতিবোৰ সিঁচৰতি হৈ পৰি ৰৈছিল।।

 চিত্ৰসমূহৰ পৰা জনা যায় যে প্রাচীন মানৱে কাম কৰা স্থানলৈ হিংস্র জন্তুবোৰো আহিছিল। পূৰাতত্ত্ববিদসকলৰ মতে প্রাচীন মানৱে য’তে খাদ্যৰ সন্ধান পাইছিল তালৈ ঢাপলি মেলিছিল। তেওঁলোকে বিভিন্ন স্থানত জিৰণি লৈছিল। সৰহভাগ সময় গছৰ ওপৰতে আশ্ৰয় গ্ৰহণ কৰিছিল।

আদিম মানৱৰ ক্ৰম বিকাশৰ লগে লগে জীৱন ধাৰণৰ মানদণ্ডৰো পৰিৱৰ্তন ঘটিছিল। উদাহৰণ হিচাপে 400,000-125,000 বছৰ মানৰ পৰা মানৱ জাতিয়ে গুহা আৰু মুকলি স্থানত বাস কৰিবলৈ লৈছিল৷ উদাহৰণহিচাপে দক্ষিণ ফ্ৰান্সত আৱিষ্কৃত হোৱা লাজাৰেট গুহাৰ তথ্যৰ পৰা এই কথা জানিব পাৰি। এই গুহাবোৰৰ ভিতৰত দুটা জুহাল, অন্যান্য খাদ্য সামগ্রী যেনে ফল-মূল, শাক-পাচলি, শস্যৰ বীজ, টানখোলাৰ ফল, চৰাইৰ কণী, নৈৰ মাছ আদিৰ অৱশিষ্ট পোৱা গৈছে। দক্ষিণে ফ্ৰান্সৰ উপকূলৰ টেৰা আমাতা নামৰ অন্য এক গুৰুত্বপূৰ্ণ স্থানৰ সন্ধান পোৱা গৈছে। ইয়াক কাঠ আৰু ঘাঁহেৰে তৈয়াৰী চালিৰে সৈতে অস্থায়ী মানৱ বাসস্থানৰ প্ৰমাণ পোৱা গৈছে।

কেনিয়াৰ চেছ’ৱাজ্ঞা আৰু দক্ষিণ আফ্ৰিকাৰ স্বাৰ্টক্রাঞ্চ নামৰ ঠাইত কিছুমান পোৰা বোকা মাটি, পোৰা হাড়-মূৰৰ লগতে কিছুমান আহিলা পাতিও আৱিষ্কাৰ হৈছে। অৱশ্যে এইবোৰৰ ব্যৱহাৰ কেনেদৰে হৈছিল অথবা সেই সময়ত জুইৰ আৱিষ্কাৰ হৈছিল নে নাই সেই বিষয়ে সবিশেষ জানিব পৰা নাযায়।

পোৰা মাটি আৰু পোৰা হাড়মূৰৰ আৱিষ্কাৰৰ পৰাই সেই সময়ত জুইৰ আৱিষ্কাৰৰ প্ৰমাণ পোৱা যায়। জুইৰ আৱিষ্কাৰৰ লগে লগে প্রাচীন সময়ৰ জীৱন নিৰ্বাহৰ মানদণ্ডৰো উন্নতি ঘটিছিল কাৰণ জুইৰ সহায়ত নানা ধৰণৰ আহিলা তৈয়াৰ কৰা হৈছিল। ইয়াৰোপৰি জুইৰ সহায়ত হিংস্ৰজত্তৰ আক্ৰমণৰ পৰা মানুহ ৰক্ষা পাবলৈ সক্ষম হৈছিল।

প্রশ্ন ৯। প্রাচীন কালৰ ভাষা (দোৱান) আৰু কলা-সংস্কৃতিৰ অগ্ৰগতিৰ চমু আভাস দিয়া। 

উত্তৰঃ আদিম যুগত কেনেদৰে ভাষাৰ উৎপত্তি আৰু বিকাশ হৈছিল সেই সম্বন্ধে খাটাংকৈ একো জানিব পৰা নাযায়, ভাষাৰ বিকাশ সম্পর্কে দুই এটা মতবাদ লক্ষ্য কৰা যায়। প্রথম মতবাদৰমতে হমিনিড নামৰ আদিম মানৱে হাতৰ ভংগীমাৰে নিজৰ ভাব বিনিময় কৰিছিল। তেনে ভংগীমাকে ভাষা হিচাপে ব্যৱহাৰ কৰিছিল। দ্বিতীয় মতবাদৰ মতে কথিত ভাষাৰ প্ৰচলনৰ আগতে গান গোৱাৰ দৰে গুণগুণনি বা ওঁ, আ আদি শব্দৰে মানুহে পাৰস্পৰিকভাৱ বিনিময় ঘটিছিল।

অন্য এক সূত্রমতে প্রাইমেট নামৰ গোষ্ঠীটোৱে মত বিনিময়ৰ মাধ্যম হিচাপে চিঞৰ-বাখৰ আৰু উকি ব্যৱহাৰ কৰিছিল। এনে ধৰণৰ অনুকৰণৰ ফলতে লাহে লাহে সম্ভৱতঃ মানুহৰ মাজত মাত কথাৰ সৃষ্টি হৈছিল। প্রাথমিক অৱস্থাত খুব কম সংখ্যক লোকহে এজনে আন এজনৰ ওচৰত নিজৰ ভাব বিনিময় কৰিছিল। লাহে লাহে ভাব বিনিময়ৰ ক্ষেত্ৰত এজনে আনজনক অনুকৰণ কৰিছিল। এনেদৰে সকলোৰে মাজত প্ৰকাশভংগী বা কথাৰ মাধ্যমৰ প্ৰচলন ঘটিছিল। পিছলৈ এই বিলাকেই দোৱান বা ভাষালৈ পৰিৱৰ্তন ঘটিছিল। ভাষাৰ বিকাশৰ দিশত কণ্ঠনলীয়েও সহায় কৰিছিল। জীৱবিদসকলে অনুমান কৰা মতে প্রায় 20,000 বছৰ মানৰ আগেয়ে ভাষাৰ এনে ক্রমবিকাশ সম্পূৰ্ণ হৈছিল। যাৰ আধুনিক মানৱৰ সৈতে সম্পর্ক দেখা গৈছিল। ইয়াৰোপৰি অনুমান কৰা মতে ভাষাৰ বিকাশৰ লগে লগে কলা আৰু চিত্ৰ শিল্পৰো বিকাশ সাধন হৈছিল। এনে বিকাশৰ সময় আজিৰ পৰা 40,000-35.000 বছৰ আগৰ বুলি অনুমান কৰা হয়।

প্রশ্ন ১০। হাড়জাসকল কোন আছিল। তেওঁলোকৰ বিষয়ে চমু আভাস দিয়া। 

উত্তৰঃ হাড়জাসকল আছিল এটি খাদ্য সংগ্রহকাৰী চিকাৰীৰ দল। তেওঁলোকে ফাঁট উপত্যকাৰ এটি লুণীয়া পানীৰ সৰোবৰৰ দাতিত বাস কৰিছিল বুলি কোৱা হয়। এই ঠাইখিনি শিলাময় আছিল আৰু নানা ধৰণৰ বনৰীয়া ফল-মূলেৰে পৰিপূৰ্ণ আছিল। বনৰীয়া জীৱ জঙ্কৰো এই অঞ্চল আছিল বাসস্থান। এই জন্তুবোৰৰ ভিতৰত হাতী, মহ, গড়, জেব্রা, জিৰাফ, হৰিণা, বান্দৰ, বন গাহৰী, সিংহ, চিতাবাঘ, হায়না আদি উল্লেখযোগ্য আছিল। হাতীৰ বাহিৰে অন্য জীৱ-জন্তুবোৰক হাড়জাসকলে খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল। এই অঞ্চলত বনৰীয়া জন্তুৰ সংখ্যা ইমানেই বেছি আছিল যে হাড়জাসকলে কোনো দিনে খাদ্যৰ সন্ধানত অন্য ঠাইলৈ যাব লগা হোৱা নাছিল। খাদ্য সংগ্রাহক আৰু চিকাৰী লোকসকলৰ ইয়াতকৈ শ্ৰেষ্ঠ চিকাৰৰ ৰম্যভূমি হয়তো পৃথিৱীৰ অন্য কতো বিচাৰি পোৱা নগৈছিল।

উদ্ভিদজাত খাদ্য দ্রব্য যেনে শিপা, আলু, নুনি জাতীয় ফল, বাওবাব্ গছৰ ফল আদি সাধাৰণ লোকৰ নজৰত নপৰিছিল। যদিও সর্বোচ্চ খৰাং, বতৰতো প্ৰকৃততে এইবোৰ প্ৰচুৰ পৰিমাণে পোৱা গৈছিল। বাৰিষা আৰু শীতকালত উদ্ভিদজাত খাদ্যবোৰ বেলেগ বেলেগ আছিল যদিও কোনো ঋতুতে ইয়াৰ অভাৱ নঘটিছিল। নানা প্রজাতিৰ মৌজোল আৰু পলু ইয়াত পোৱা গৈছিল৷ এইবোৰৰ উৎপাদন কোনো দিনে হ্রাস নহৈছিল। বাৰিষা কালত এই অঞ্চলত পানীৰ অভাৱ দেখা নগৈছিল। অৱশ্যে খৰালি কালত ঠাই ভেদে পানীৰ অভাৱ দেখা গৈছিল। সেয়ে হাড়জাসকলে প্রায় পাঁচ/ছয় কিলোমিটাৰ দূৰৰ পৰা খৰালি সময়ত পানী সংগ্ৰহ কৰিব লাগিছিল। সাধাৰণতে তেওঁলোকৰ বাসস্থানসমূহ পানীৰ উৎসৰ পৰা এক কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত নিৰ্মাণ কৰি লৈছিল। হাড়জাসকলে তেওঁলোকৰ বাসস্থান কোনো মুকলি ঘাঁহনিত স্থাপন কৰা নাছিল। তেওঁলোকৰ বাসস্থান সদায়ে ডাঙৰ গছ বা পথাৰৰ মাজত নাইবা দুয়োবিধৰ মাজত স্থাপন কৰিছিল ৷হাড়জাসকলে ভূমিৰ ওপৰত কেতিয়াও নিজা স্বত্ব দাবী কৰা নাছিল। প্রতিজন ব্যক্তিয়ে নিজৰ সুবিধা অনুসৰি বাসগৃহ নিৰ্মাণ কৰিছিল। এই ক্ষেত্ৰত কোনেও কাকো বাধা দিয়া বা হস্তক্ষেপ কৰা নাছিল। তেনেদৰে খাদ্য সামগ্রী আৰু ফল-মূলবোৰ নিজৰ ইচ্ছা অনুসৰি ব্যৱহাৰ কৰিছিল।

হাড়জাসকলে জীৱ-জন্তুৰ উপৰি বনৰীয়া উদ্ভিদৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। কাৰণ তেওঁলোকে মাংসতকৈ উদ্ভিদজাত সামগ্রী, ফল-মূল আৰু মৌৰস সেৱনৰ ওপৰত গুৰুত্ব দিছিল। সম্ভৱতঃ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি হাড়জাসকলে নিৰামিষ আহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। বাৰিষা কালত হাজাসকলে অলপ দূৰে দূৰে সৰু সৰু শিৱিৰ স্থাপন কৰি বাস কৰিবলৈ লৈছিল। আনহাতে খৰালিকালত একেলগে ডাঙৰ শিৱিধ স্থাপন কৰি কাম কৰিছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে নৃতত্ত্ববিদ ওড়বাৰ্ণৰ দ্বাৰা প্ৰকাশিত তথ্যৰ পৰা হাড়জাসকলৰ বিষয়ে সবিশেষ জানিব পৰা গৈছে।

প্রশ্ন ১১। আদিম মানৱৰ চিত্ৰ কলা সম্বন্ধে আলোচনা কৰা। 

অথবা, প্রাচীন কালৰ চিত্ৰ-কলাৰ অগ্ৰগতিৰ বিষয়ে চমু আভাস দিয়া।

উত্তৰঃ জীৱতত্ত্ববিদসকলে অনুমান কৰা অনুসৰি কঠিত ভাষাৰ বিকাশৰ লগে লগে আদিম সময়ৰ চিত্ৰ কলাৰ লগতো সম্পর্ক ঘটিছিল, কাৰণ দুয়োটাকে মানুহে ভাৱ প্ৰকাশৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছিল। লাহে লাহে মানুহে নানা ধৰণৰ চিত্ৰ অংকন কৰিবলৈ গৈছিল। বিশেষকৈ আদিম মানৱৰ আশ্রয়স্থলি গুহাবিলাকত এনেধৰণৰ চিত্ৰ অংকন কৰিবলৈ লৈছিল, ইয়াৰ প্ৰমাণ ফ্ৰান্সৰ লাচাক্স আৰু চৌডেট নামৰ আৱিষ্কৃত দহা দুটাৰ পৰা পোৱা যায়। কাৰণ এই গুহা দুটাত শ শ জীৱ জন্তুৰ চিত্ৰ আৱিষ্কৃত হৈছিল। আৰু এইবোৰ আজিৰ পৰা 30,000 ৰ পৰা 2,000 বছৰ পূৰ্বতে অংকন কৰা হৈছিল বুলি পণ্ডিতসকলে ধাৰণা কৰিছে। ইয়াত অংকন কৰা জীৱ-জন্তুৰ চিত্ৰসমূহৰ ভিতৰত মেথোন, ঘোঁৰা, ৰামছাগলী, হৰিণা, বৃহদাকাৰ হাতী, গড়, শিংহ, ভালুক, নাহৰ ফুটুকীবাঘ, হায়েনা ফেঁচা আদিবোৰ আছিল উল্লেখযোগ্য। কিন্তু চিত্রশিল্প বিলাক বা চিত্র অংকন কার্য কি উদ্দেশ্যেৰে কৰা হৈছিল সেই বিষয়ে সঠিক তথ্য পোৱা নাযায়। তথাপিও পণ্ডিতসকলে ধাৰণা কৰা মতে চিকাৰৰ লগত সংগতি ৰাখি জন্তুৰ এনে চিত্ৰবোৰ অংকন কৰা হৈছিল। এনে অংকনৰ জৰিয়তে হয়তো কেনেদৰে জীৱ-জন্তুবোৰ চিকাৰ কৰিব পাৰি তাৰ বাবে হয়তো আগতীয়াকৈ পূজা-পাতল বা যাদু-মন্ত্র অনুষ্ঠিত কৰা হৈছিল। হয়তো এনে চিত্র অংকনৰ জৰিয়তে মানুহে জীৱ-জন্তু চিকাৰৰ কৌশল অৱলম্বন কৰিছিল। ইয়াৰোপৰি জ্ঞান অৰ্জনৰ কাৰণত হয়তো জীৱ-জন্তুৰ চিত্ৰ অংকন কৰা হৈছিল। তথাপিও উদ্দেশ্যে যিয়েই নহওক কিয়, প্রাচীন কালত এনে চিত্র শিল্পই বর্তমান যুগৰ কলা সংস্কৃতিৰ অগ্ৰগতিৰ দিশত উল্লেখযোগ্য বৰঙণি যোগাইছিল।

প্রশ্ন ১২। মানৱ উৎপত্তিৰ আঞ্চলিক ধাৰাবাহিকতা আৰ্হিমতৰ সপক্ষে থকা যুক্তিবোৰ আলোচনা কৰা। পূৰাতাত্ত্বিক তথ্য প্রদানবোৰৰ ই এটা পতিয়নযোগ্য ব্যাখ্যা দিয়া বুলি তোমালোকে ভাবানে ?

উত্তৰঃ এই বিশ্বখন হ’ল অতি বিচিত্র। সেইফালৰ পৰা আদিম মানৱৰ উৎপত্তি বা জীৱাশ্মবোৰৰ উদ্ধাৰৰ বিষয়ে সঠিক বিৱৰণ পোৱা নাযায়। তথাপি নৃতত্ত্বদিসকলৰ তথ্য অনুসৰি আজিৰ পৰা পাঁচ নিযুত বৰ্ষ পূর্বে পৃথিৱীৰ চকুত মানৱজাতীয় প্ৰাণীৰ আৱির্ভাব ঘটিছিল বুলি ভাৱৰ কৰা হয়। আনহাতে বৰ্তমানৰ অৱস্থাপ্রাপ্ত আধুনিক মানৱৰ উৎপত্তি কাল আজিৰ পৰা 100,000 বছৰ আগৰ বুলি ধাৰণা কৰা হৈছে। মানৱ ইতিহাসৰ এই সুদীর্ঘ কালছোৱাত মানুহে কল-মূল আৰু জীৱ-জন্তু চিকাৰৰ জৰিয়তে জীৱন ধাৰণ কৰিছিল। ইয়াৰোপৰি চি কাৰৰ বাবে জানা ধৰণৰ শিলৰ অস্ত্ৰ তৈয়াৰ কৰি লৈছিল।

মানুহৰ ক্ৰমবিকাশৰ আহিলা হিচাপে জীৱাশ্মসমূহৰ বহুতো কথাৰ সম্ভেদ পাবলৈ সক্ষম হছো। এইবোৰৰ উপৰি বিভিন্ন সময়ত আৱিষ্কাৰ হোৱা চিত্ৰ গুহা সমূহৰ পৰাও আমি প্রাচীন নৱৰ ইতিহাস সম্বন্ধে জনাত সহায় হৈছে। অৱশ্যে এনে ধৰণৰ আৱিষ্কাৰবোৰক পণ্ডিতসকলে থমে প্রাচীন মানৱৰ অস্তিত্ব বুলি মানি ল’বলৈ টান পাইছিল।

অৱশ্যে পিছলৈ এনে পণ্ডিতসকলে জীৱাশ্মবোৰৰ পৰা মানৱৰ ক্ৰমবিকাশ সম্বন্ধে নানা ধৰণৰ প্ৰামাণিক তথ্য লাভ কৰিবলৈ সক্ষম হৈছিল। ৰাসায়নিক বিশ্লেষণৰ দ্বাৰা জীৱাশ্মবোৰৰ ত্যক্ষভাৱে কাল নিৰূপণ কৰি এই বিষয়ত সিদ্ধান্তত আহিবলৈ সহজ হৈছিল। ইয়াৰোপৰি লত লুকাই থকা জীৱাশ্মসমূহৰ সময় বা বয়স সম্বন্ধে শিলাবোৰৰ বয়স নিৰ্ধাৰণৰ দ্বাৰাও ৰূপণ কৰা হৈছিল। এনেদৰে জীৱাশ্মসমূহৰ সময়ৰ দ্বাৰা মানৱ সমাজৰ উৎপত্তিৰ বয়স ৰূপণ কৰা হৈছিল।

অৱশ্যে ধৰ্মীয় বিশ্বাসৰ কাৰণে বহুতো পণ্ডিতে এতিয়ালৈ আবিষ্কৃত হোৱা জীৱাশ্মসমূহৰ ■ত আধুনিক মানৱৰ সম্পৰ্ক থকা বুলি মানি ল’ব খোজা নাই। কাৰণ বাইবেলত বিশ্বাসী কসকল মানৱৰ অস্তিত্ব ভগৱানৰ সৃষ্টি আছিল বুলি বিশ্বাস কৰে। উদাহৰণ হিচাপে 1856চনত জার্মানীৰ ডাছেলডফ্ফু নামৰ নগৰৰ ওচৰত আৱিষ্কৃত নিয়েণ্ডাৰ উপত্যকাৰ এটি গিৰিখাটত এটি চূণশিলৰ খনিত বনুৱাসকলে এটি মানৱৰ লাওখোলা আৰু কংকালৰ কিছু অংশ আৱিষ্কাৰ কৰিছিল। পিছত কাৰ্লফালৰচি নামৰ এজন শিক্ষকে এইখনি বস্তুৰ ওপৰত অধ্যয়ন কৰিছিল। এনে অধ্যয়ন বা গৱেষণাৰ অন্তত তেওঁ শেষ আৱিষ্কৃত জীৱাশ্মখিনি আধুনিক মানৱৰ অৱশিষ্ট নাছিল বুলি মত পোষণ কৰিছে। কিন্তু ইয়াৰ পিছত এই অৱশিষ্টখিনি জার্মানীৰ বন বিশ্ববিদ্যালয়ৰ দেহত বিভাগৰ অধ্যাপক হার্মান ছাফাউচেনে সাধাৰণভাৱে অধ্যয়ন কৰে। অধ্যয়নৰ শেষত তেরোঁ এই জীৱাশ্মখিনি আধুনিক মানৱৰ পৰিৱৰ্তে ইতিমধ্যে বিলুপ্ত হোৱা মানৱ প্ৰজাতিৰ বুলি দাবী কৰি এই বিষয়ে এটি বিবৃতি প্রকাশ কৰে। অৱশ্যে জার্মানীৰ আন আন পণ্ডিতসকলে ছাফাউৰচেনৰ এনে সিদ্ধান্ত মানি ল’বলৈ টান পাইছিল। তেওঁলোকে এই জীৱাশ্ম আৰু লাওখোলাটো অতীতৰ কোনোৱে আধুনিক মানৱৰ অৱশিষ্ট বুলি ঘোষণা কৰিছিল ৷ ওপৰৰ আলোচনাৰ পৰা এটা সিদ্ধান্তত আহিব পাৰি যে জীৱাশ্ম উদ্ধাৰ কৰা আৰু এইবোৰৰ সঠিক বিশ্লেষণ প্রক্রিয়া অতি সহজ নহয়। বা এই বিষয়ত সঠিক সিদ্ধান্তত অহাটোও কঠিন। সেয়ে সঠিক কাল নিৰূপণৰ বাবে জীৱাশ্মৰ অৱস্থান সঠিকভাৱে নিৰ্ণয় কৰাটো অত্যন্ত জৰুৰী ৷ 

প্রশ্ন ১৩। বৰ্তমানৰ জনজাতি খাদ্য সংগ্ৰহ আৰু চিকাৰৰ মাজত অতীতৰ জনজাতিসকলৰ মাজত খাদ্য সংগ্ৰহ আৰু চিকাৰৰ পাৰ্থক্য থকা বুলি ভাবানে?

উত্তৰঃ খাদ্য সংগ্ৰহকাৰী আৰু চিকাৰী জনজাতিসকলৰ বিষয়ে বহুতো কথা জানিব পৰা গৈছে৷ ইয়াৰ সহায়ত আমি বৰ্তমানৰ আৰু অতীতৰ চিকাৰী আৰু খাদ্য সংগ্ৰাহকসকলৰ মাজত বহুতো পাৰ্থক্যৰ কথা জানিব পাৰো। উদাহৰণ হিচাপে বৰ্তমানৰ জনজাতিবোৰৰ চিকাৰ আৰু সংগ্ৰহৰ উপৰি অন্যান্য বহুতো বেলেগ অর্থনৈতিক কার্যকলাপ থাকে। সেই বিলাক হ’ল সৰু সুৰা বন্য সম্পদৰ বিনিময় তথা ব্যৱসায়, চুবুৰীয়া কৃষকৰ ভূমিত বনুৱা হিচাপে কাম কৰা আদি৷ ইয়াৰোপৰি এনেকুৱা পিছপৰা সম্পদবোৰৰ আধনিক কালত ভৌগোলিক, ৰাজনৈতিক, সামাজিক আদি বিভিন্ন ধৰণেৰে উপেক্ষা তথা পদদলিত কৰা হৈছে। অতীতৰ এনে সমাজৰ স্বাভাৱিক স্বতন্ত্রতা তেওঁলোকৰ নাই৷ গতিকে বৰ্তমানৰ চিকাৰী, সংগ্রাহক আৰু অতীতৰ এনে সমাজৰ মাজত বহুতো পার্থক্য পৰিলক্ষিত হয়।

ইয়াৰোপৰি খাদ্য সংগ্ৰহৰ কৰ্ম বিভাজনৰ ক্ষেত্ৰতো মত পার্থক্য দেখা যায়। কাৰণ সমাজভেদে পুৰুষ মহিলাই সমানে সমানে চিকাৰ আৰু সংগ্রহ কার্যত লিপ্ত হৈ আহিছে। 

প্রশ্ন ১৪৷ গোষ্ঠী বিজ্ঞানৰ বিৱৰণীৰ পৰা আদিম মানৱ জীৱন পদ্ধতি পুনৰুৰ্দ্ধাৰ কৰিবলৈ কি কি সুবিধা আৰু অসুবিধা হ’ব পাৰে বুলি তুমি ভাৱা ?

উত্তৰঃ গোষ্ঠী বিজ্ঞান হৈছে সমকালিন নৃ-গোষ্ঠীবিলাকৰ পদ্ধতিগত অধ্যয়ন। বৰ্তমানৰ নৃ গোষ্ঠীসমূহ আৰু অতীতৰ নৃ-গোষ্ঠীসমূহৰ মাজত থকা দিশবিলাক আলোচনা কৰিবলৈ যোৱাৰ ক্ষেত্ৰত নৃ-তত্ত্ববিদ সকলৰ মাজত দুটা পৰস্পৰ বিৰোধী মতবাদ বা চিন্তা লক্ষ্য কৰা যায়।

অতীত আৰু বৰ্ত্তমানৰ মাজত মিল থকা দেখিবলৈ পোৱা পণ্ডিতসকলে মত পোষণ কৰি কয় যে তুর্কানা হ্ৰদৰ পাৰত উদ্ধাৰ হোৱা ২ নিঃ বঃ পূঃ পুৰণি ইমিনিড় স্থানবোৰ আদিম মানৱৰ শীতকালিন শিৱিৰ আছিল। কাৰণ, শেহতীয়া চিকাৰ সংগ্ৰাহক হাড়জা আৰু কুঃচান সকলৰ শীতকালিন শিৱিৰৰ মাজত মিল থকা দেখা যায়।

ইয়াৰ বিপৰীতে আন কিছুমান পণ্ডিতে অতীত আৰু বৰ্তমানৰ চিকাৰী, সংগ্ৰাহকসকলৰ মাজত বহুত পার্থক্য থকা বুলি মত পোষণ কৰি আহিছে। তেওঁলোকৰ মতে বৰ্ত্তমানৰ তথ্য পাতিৰে অতীতৰ এনে মানৱ সমাজক বুজাটো সম্ভৱ নহয়। উদাহৰণস্বৰূপে বৰ্ত্তমানৰ এনে জনজাতিবোৰৰ চিকাৰ আৰু সংগ্ৰহৰ উপৰি অন্যান্য বহুতো বেলেগ কার্যকলাপ থাকে। সেইবোৰ হ’ল বন্য-সম্পদৰ বিনিময়, তথা ব্যৱসায়, চুবুৰীয়া কৃষকৰ ভূমিত বনুৱা হিচাপে কাম কৰা আদি৷ ইয়াৰোপৰি এনেকুৱা পিছপৰা সমাজবোৰক আধুনিক কাৰণত ভৌগোলিক, ৰাজনৈতিক, সামাজিক আদি বিভিন্ন ধৰণেৰে উপেক্ষা তথা পদদলিত কৰা হৈছে। অতীতৰ এনে সমাজৰ স্বাভাৱিক স্বতন্ত্রতা তেওঁলোকৰ নাই। গতিকে বৰ্ত্তমানৰ চিকাৰী সংগ্রাহক আৰু অতীতৰ এনে সমাজৰ মাজত বহুতো পার্থক্য আছে।

খাদ্য-সংগ্ৰহৰ কৰ্ম বিভাজনৰ ক্ষেত্ৰতো কিছুমান পণ্ডিতে মতানৈক্য থকা বুলি মত পোষণ কৰা দেখা যায়। উদাহৰণ হিচাপে আজিকালি সাধাৰণতে পুৰুষে চিকাৰ কৰাৰ বিপৰীতে মহিলাই সংগ্ৰহ কৰে। অন্যহাতে আন কিছুমান সমাজত পুৰুষ-মহিলাই একেলগে সংগ্ৰহ আৰু চিকাৰ কার্য সম্পাদন কৰে। আনকি দুয়োটা গোটে চিকাৰৰ আহিলাও নিৰ্মাণ কৰে।মুঠতে বৰ্তমানৰ এনে তথ্যৰ আধাৰত অতীতৰ এনে সমাজ সম্পর্কে সিদ্ধান্তলৈ থকাটো টান।

প্রশ্ন ১৫। গুহাত বাস কৰা আদিম মানৱৰ দুটা সুবিধা উল্লেখ কৰা। 

উত্তৰ : গুহাত বাস কৰা আদিম মানৱৰ দুটা সুবিধা হ’ল (ক) গুহাত বাস কৰিবলৈ লোৱাৰ ফলত হিংস্র জন্তুৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল।

(খ) ৰ’দ, বৰষুণ আদি প্রাকৃতিক দুৰ্যোগৰ পৰাও নিৰাপদ লাভ কৰিছিল।

প্রশ্ন ১৬। জুইৰ আৱিষ্কাৰক আধুনিক মানৱৰ এটি গুৰুত্বপূৰ্ণ ঘটনা বুলি কিয় কোৱা হয়?

উত্তৰ ঃ জুইৰ আৱিষ্কাৰে আদিম মানৱৰ জীৱন ধাৰণৰ দিশত আমূল পৰিৱৰ্তন সাধন কৰিছিল। জুয়ে ওহাৰ ভিতৰত তাপ আৰু পোহৰ দিছিল। জুইৰ আৱিষ্কাৰৰ পিছত ৰন্ধন প্ৰণালী বা সিজাই খোৱাৰ ব্যৱস্থা আৰম্ভ হৈছিল। ইয়াৰোপৰি জুইৰ সহায়ত চিকাৰৰ কাৰণে নানা ধৰণৰ সঁজুলি তৈয়াৰ কৰাটো সম্ভৱ হৈছিল। এই সঁজুলিসমূহ হ’ল— যাঠি, জোং, দা-কটাৰী আদি। জুইৰ সহায়ত হিংস্র জন্তুৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল। উল্লেখযোগ্য যে দহ লাখৰ পৰা চৈধ্য লাখ বছৰ আগেয়ে জুইৰ আৱিষ্কাৰৰ ফলত পোৰা মাটি, পোৰা হাড়ৰ টুকুৰাৰ লগতে শিলৰ সঁজুলিৰ অৱশিষ্ট দক্ষিণ আফ্রিকা, চোচাৱাঞ্জা, জেনিয়া আৰু ফ্ৰান্সত পোৱা গৈছে। অৱশ্যে এইবোৰ আগ্নেয়গিৰী উদ্‌গীৰণৰ ফলত যে স্বনিয়ন্ত্ৰিতভাৱে জুইৰ আৱিষ্কাৰৰ ফলত সম্ভৱ হৈছিল সেই বিষয়ে সঠিকভাৱে জানিব পৰা নাযায়৷

বুৰঞ্জী

সূচীপত্ৰলিংক
অধ্যায় ১প্ৰাৰম্ভিক সমাজ Solutions
অধ্যায় ২ লিখন পদ্ধতি আৰু নগৰীয়া জীৱন Solutions
অধ্যায় ৩ সাম্ৰাজ্য Solutions
অধ্যায় ৪ মধ্য ইছলামীক দেশ
ইছলামৰ উদয় আৰু বিস্তাৰ: (৫৭০-১২০০ খ্ৰী:)
Solutions
অধ্যায় ৫ অঘৰী সাম্ৰাজ্য Solutions
অধ্যায় ৬ পৰিৱৰ্তিত ঐতিহ্য Solutions
অধ্যায় ৭ পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য Solutions
অধ্যায় ৮ সংস্কৃতিৰ সংঘাত Solutions
চতুৰ্থ গোটআধুনিকীকৰণৰ দিশে —-
অধ্যায় ৯ উদ্যোগিক বিপ্লব Solutions
অধ্যায় ১০মূল বাসিন্দাৰ স্থানান্তৰকৰণ Solutions
অধ্যায় ১১আধুনিকীকৰণৰ পথত Solutions

This Post Has 11 Comments

Leave a Reply