Class 11 History Solutions Chapter 9 – উদ্যোগিক বিপ্লব

Class 11 History Solutions Chapter 9 – উদ্যোগিক বিপ্লব। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 11 History Solutions Chapter 9 – উদ্যোগিক বিপ্লব AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

Class 11 History Solutions Chapter 9 – উদ্যোগিক বিপ্লব

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। শিল্প বিপ্লৱ বুলিলে কি বুজা?

উত্তৰ:1780-1850ৰ সময়ছোৱাত বৃটেইনত সংঘটিত হোৱা ঔদ্যোগিক আৰু অৰ্থনৈতিক বিৱৰ্তনকে প্রথম শিল্প বিপ্লৱ বুলি জনা যায়।

প্রশ্ন ২। ইংলেণ্ডত প্রথমে কোনটো উদ্যোগত শিল্প বিপ্লৱ আৰম্ভ হৈছিল ?

উত্তৰ : ইংলেণ্ডত প্ৰথমে হস্ততাত বা বস্ত্র উদ্যোগত শিল্প বিপ্লৱ আৰম্ভ হৈছিল৷ 

প্রশ্ন ৩। ইংলেণ্ডত ‘Bank of England’ কোন চনত প্ৰতিষ্ঠা হয়।

উত্তৰ : ইংলেণ্ডত Bank of England 1694 খ্ৰীঃত প্রতিষ্ঠা হয়। 

প্রশ্ন ৪। আনাল্ড টানবীৰ মতে ইংলেণ্ডত প্রথম শিল্প বিপ্লৱ কেতিয়া সংঘটিত

উত্তৰ: আৰুনাল্ড টীন্দ্বীৰ মতে 1780-1820 খ্ৰীঃৰ ভিতৰত ইংলণ্ডত শিল্প বিপ্লব সংঘটিত হৈছিল। 

প্রশ্ন ৫। ওঠৰ শতিকাত ইংলেণ্ডৰ কোনকেইটা উদ্যোগে বিশেষ প্ৰসাৰ লাভ হৈছিল।

উত্তৰ : লো উদ্যোগ, কপাহী আৰু বয়ন উদ্যোগ আৰু বাষ্পীয় উদ্যোগসমূহে প্ৰসাৰ লাভ কৰিছিল।

প্রশ্ন ৬। ঊনৈশ শতকিাত গঢ়ি উঠা ইউৰোপৰ চহৰ সমূহৰ ভিতৰত কোনখন চহৰ ডাঙৰ আছিল?

উত্তৰ ইউৰোপৰ চহৰ সমূহৰ ভিতৰত লণ্ডন চহৰখন সবাতোকৈ ডাঙৰ। 

প্রশ্ন ৭। বেলজিয়াম আৰু জাৰ্মানীত কেতিয়া শিল্প বিপ্লৱ সংঘটিত হৈছিল?

উত্তৰ: 1830 খ্ৰীঃত বেলজিয়াম আৰু 1850 খ্ৰীঃত জার্মানীত শিল্পবিপ্লৱ আৰম্ভ হৈছিল।

প্রশ্ন ৮। লো উদ্যোগ কোনে প্রতিষ্ঠা কৰিছিল? 

উত্তৰ ঃ আব্রাহাম ডাৰ্বিয়ে (দ্বিতীয়জন) লো উদ্যোগ প্রতিষ্ঠা কৰিছিল।

প্রশ্ন ৯। বাষ্পীয় কল কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ ঃ জেমছ ৱাটে বাষ্পীয় কল আৱিষ্কাৰ কৰিছিল।

প্রশ্ন ১২। বাষ্প ইঞ্জিনৰ পিতৃ-পুৰুষ বুলি কোনজন ব্যক্তিক কোৱা হয়?

উত্তৰ: জর্জ ষ্টিফেনছনক বাষ্প ইঞ্জিনৰ পিতৃ-পুৰুষ বুলি কোৱা হয়৷ 

প্রশ্ন ১৩। নিৰাপদ চাকিৰ আৱিষ্কাৰক কোন আছিল ?

উত্তৰ : নিৰাপদ চাকিৰ আৱিষ্কাৰক আছিল হামফ্রি ডেভি।

বুৰঞ্জী

সূচীপত্ৰলিংক
অধ্যায় ১প্ৰাৰম্ভিক সমাজ Solutions
অধ্যায় ২ লিখন পদ্ধতি আৰু নগৰীয়া জীৱন Solutions
অধ্যায় ৩ সাম্ৰাজ্য Solutions
অধ্যায় ৪ মধ্য ইছলামীক দেশ
ইছলামৰ উদয় আৰু বিস্তাৰ: (৫৭০-১২০০ খ্ৰী:)
Solutions
অধ্যায় ৫ অঘৰী সাম্ৰাজ্য Solutions
অধ্যায় ৬ পৰিৱৰ্তিত ঐতিহ্য Solutions
অধ্যায় ৭ পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য Solutions
অধ্যায় ৮ সংস্কৃতিৰ সংঘাত Solutions
চতুৰ্থ গোটআধুনিকীকৰণৰ দিশে —-
অধ্যায় ৯ উদ্যোগিক বিপ্লব Solutions
অধ্যায় ১০মূল বাসিন্দাৰ স্থানান্তৰকৰণ Solutions
অধ্যায় ১১আধুনিকীকৰণৰ পথত Solutions

প্রশ্ন ১৪। ভাপ ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ ঃ 1814 চনত ষ্টিফেনছনে ৰকেট নামৰ ভাপ ইঞ্জিন আৱিষ্কাৰ কৰিছিল।

প্রশ্ন ১৫৷ উৰণীয়া মাকোৰ তাঁতশাল কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰঃ জন কে (1704-64) উৰ্ণীয়া মাকোৰ তাঁতশাল নিৰ্মাণ কৰিছিল।

প্রশ্ন ১৬। ফৰাচী বিপ্লৱ কোন চনত আৰম্ভ হৈছিল? 

উত্তৰ: 1789 চনত ফৰাচী বিপ্লৱ আৰম্ভ হৈছিল।

প্রশ্ন ১৭। উদ্যোগ বুলিলে কি বুজা?

উত্তৰঃ যি বিলাক উদ্যোগক শক্তিশালী মেচিনৰ দ্বাৰা নিয়ন্ত্রণ বা চলোৱা হৈছিল তাক উদ্যোগ বুলি কোৱা হৈছিল। সাধাৰণতে নগৰ অঞ্চলত এনে উদ্যোগবোৰ গঢ়ি উঠিছিল।

প্রশ্ন ১৮। কেতিয়া কোনে টেলিফোন আৱিষ্কাৰ কৰিছিল ?

উত্তৰ: 1876 চনত আলেকজেণ্ডাৰ গ্ৰাহামবেলে টেলিফোন আৱিষ্কাৰ কৰিছিল৷ 

প্রশ্ন ১৯। ইংলণ্ডত শিল্প বিপ্লৱৰ দ্বিতীয় পর্যায় কেতিয়াৰ পৰা আৰম্ভ হয়?

উত্তৰ: 1830 চনৰ পৰা ইংলণ্ডত শিল্প বিপ্লৱৰ দ্বিতীয় পর্যায় আৰম্ভ হয়। 

প্রশ্ন ২০। যন্ত্রচালিত তাঁতশাল কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ: 1875 খ্ৰীঃত কাৰ্টৰাইটে যন্ত্রচালিত তাঁতশাল আৱিষ্কাৰ কৰে৷

প্রশ্ন ২১। শিল্প বিপ্লৱ প্ৰথমে ক’ত আৰম্ভ হৈছিল? 

উত্তৰঃ শিল্প বিপ্লৱ প্ৰথমে ইংলণ্ডত আৰম্ভ হৈছিল।

প্রশ্ন ২২। মিউল নামৰ যন্ত্ৰটো কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ ঃ ছামুৱেল ক্ৰমটাউনে মিউল নামৰ যন্ত্ৰটো আৱিষ্কাৰ কৰিছিল৷

চমু প্রশ্নোত্তৰ

প্রশ্ন ১। শিল্প বিপ্লৱে জনসাধাৰণৰ জীৱন ধাৰণৰ ওপৰত কেনে প্ৰভাৱ পেলাইছিল? 

উত্তৰঃ শিল্প বিপ্লৱে সাধাৰণ মানুহৰ জীৱন ধাৰণৰ পদ্ধতিৰ আমূল পৰিৱৰ্তন সাধন কৰিছিল । উদ্যোগসমূহত জড়িত হৈ পৰাৰ লগে লগে তেওঁলোকে পুৰণি পৰম্পৰা ত্যাগ কৰি নতুন ধ্যান ধাৰণাৰে জীৱন নিৰ্বাহ কৰাত ব্যস্ত হৈ পৰিছিল। উদ্যোগসমূহ গঢ়ি উঠাৰ লগে লগে জনসাধাৰণৰ অৰ্থনৈতিক দিশৰ উন্নতি সাধন হৈছিল। ফলত তেওঁলোকৰ জীৱনশৈলীৰে৷

প্রশ্ন ২। কোনে আৰু কেতিয়া ইংলেণ্ডৰ ছেভেন নৈৰ ওপৰত বিশ্বৰ প্ৰথমখন দলং নিৰ্মাণ কৰিছিল ?

উত্তৰ ঃ তৃতীয়জন আব্রাহাম ডার্বি (1750-91) য়ে ছেভেন নৈৰ ওপৰত বিশ্বৰ প্ৰথমখন দলং নিৰ্মাণ কৰিছিল।

প্রশ্ন ৩। ইংলেণ্ডৰ যোগাযোগৰ ক্ষেত্ৰত কিহে পৰিৱৰ্তন সাধন কৰিছিল ?

উত্তৰ : ইংলেণ্ডৰ যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ ক্ষেত্ৰত শিল্প বিপ্লৱে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল ৷ শিল্প বিপ্লৱে ৰাস্তা-ঘাট আৰু ৰেল লাইনৰ দ্রুত সম্প্ৰসাৰণ ঘটাইছিল৷ যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত বিশেষকৈ ডাক সেৱাৰ প্ৰৱৰ্তন আছিল অতি উল্লেখযোগ্য। ইয়াৰোপৰি বৈদ্যুতিক ক্ষেত্ৰতো উন্নতি সাধন হৈছিল। 1839 খ্ৰীঃত মৰচিয়ে টেলিগ্রাফ সেৱাৰ প্ৰৱৰ্তন কৰিছিল। প্ৰভাৱ

প্রশ্ন 8। 1793-1815 খ্ৰীঃৰ ভিতৰত ফ্রান্স আৰু ইংলেণ্ডৰ ইংলেণ্ডৰ মাজত চলা যুদ্ধৰ উদ্যোগসমূহৰ ওপৰত কেনে ধৰণৰ আছিল?

উত্তৰ: 1793-1815 খ্ৰীঃৰ ভিতৰৰ কালছোৱাক নেপোলিয়নৰ যুগ বুলি কোৱা হয়। এই সময়ছোৱাৰ ভিতৰত ফ্রান্স আৰু ইংলণ্ডৰ মাজত কেবাবাৰো যুদ্ধ সংঘটিত হৈছিল। নেপোলিয়ন বোনাপর্টে ‘মহাদেশীয় ব্যৱস্থাৰ জৰিয়তে ইংলেণ্ডৰ বিৰুদ্ধে অর্থনৈতিক অৱৰোধ ঘোষণা কৰিছিল। ফলত ইংলণ্ডৰ সামগ্ৰী সমূহৰ ৰপ্তানি বন্ধ হৈ গৈছিল। এনে অৱস্থাত ইংলেণ্ডৰ উদ্যোগসমূহ বেয়াকৈ ক্ষতিগ্রস্ত হ’বলগা হৈছিল।

প্রশ্ন ৫। উৰণীয়া মাকো বা তাঁতশালৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ:1733 খ্ৰীঃত জন কে উৰণীয়া মাকো বা তাঁতশাল নিৰ্মাণ কৰিছিল। এই তাঁতশালত অতি কম সময়ৰ ভিতৰত বহুতো বস্তু তৈয়াৰ কৰিব পৰা হৈছিল। তাৰ কাৰণে যিমানবোৰ সূতাৰ আৱশ্যক হৈছিল, তেতিয়াৰ কাটনিৰ পৰা সিমানবোৰ সূতা উৎপাদন সম্ভৱ নহৈছিল।

প্রশ্ন ৬। স্পিনিং জেনিৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰ: 1765 খ্ৰীঃত জেন হাৰগ্ৰীভছে এই যন্ত্ৰটো আৱিষ্কাৰ কৰে। এই স্পিনিং জেনি বা নেওঠনী কলৰ দ্বাৰা এজন লোকে একেবাৰতে বহু পৰিমাণৰ সূতা প্রস্তুত কৰিব পৰা হ’ল।

এনেদৰে বেছি পৰিমাণৰ সূতা কাটি উলিওৱাৰ ফলত বস্ত্ৰও অধিক পৰিমাণে উৎপাদন কৰিবলৈ সক্ষম হৈছিল।

প্রশ্ন ৭। ইংলেণ্ডৰ শিল্প বিপ্লৱৰ সময়ত গ্রাম্য বনুৱাসকল কিয় চহৰমুখী হৈছিল? 

উত্তৰঃ শিল্প বিপ্লৱৰ সূচনাৰ লগে লগে গ্রাম্য কুটিৰ শিল্পৰ অৱনতি ঘটিবলৈ ধৰে৷ ফলত গ্রাম্য লোকসকল নিবনুৱা হৈ পৰে। সেয়েহে জীৱন নিৰ্বাহৰ তাৰণাত এই লোকসকল চহৰত অৱস্থিত উদ্যোগসমূহলৈ কাম বিচাৰি গাঁৱৰ পৰা ঢাপলি মেলিছিল।

প্রশ্ন ৮। শিল্প বিপ্লৱৰ সময়ত উদ্যোগপতিসকলৰ অৱস্থা কেনে হৈছিল ? 

উত্তৰঃ শিল্প বিপ্লৱৰ অগ্ৰগতিৰ লগে লগে উদ্যোগপতিসকল ক্রমে ধনী হৈ গৈছিল।

তেওঁলোকে অতিৰিক্ত লাভ্যাংশ বিলাক বিভিন্ন ঠাইত বিনিয়োগ কৰিছিল। ইয়াৰ বিপৰীতে উদ্যোগৰ উৎপাদনৰ লগত জড়িত বনুৱাসকল প্রকৃত মুনাফাৰ পৰা বঞ্চিত হ’ব লগা হৈছিল।

প্রশ্ন ৯। উদ্যোগসমূহত নিয়োজিত মহিলা আৰু শিশুসকলৰ অৱস্থা কেনে আছিল? 

অথবা, উদ্যোগপতিসকলে তেওঁলোকৰ কাৰখানাত মহিলা আৰু শিশু নিয়োগত পক্ষপাতী হোৱাৰ দুটা কাৰণ লিখা।

উত্তৰ ঃ উদ্যোগসমূহত শ্রমিকহিচাপে কাম কৰা মহিলা আৰু শিশুসকলৰ অৱস্থা অতি শোচনীয় আছিল। 1750 খ্ৰীঃত 50,000 জন লোক বাস কৰা নগৰৰ সংখ্যা দুখনৰ বিপৰীতে 1850 খ্ৰীঃত তেনে নগৰৰ সংখ্যা ২৭ খনলৈ বৃদ্ধি পাইছিল। কিন্তু নগৰসমূহৰ বৰ্ধিত সংখ্যাৰ সৈতে দ্রুত গতিত বৃদ্ধি পোৱা জনসংখ্যাৰ বাবে প্ৰয়োজনীয় গৃহ, স্বাস্থ্যবিধিসন্মত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু বিশুদ্ধ পানী যোগানৰ কোনো ব্যৱস্থা নাছিল। ফলত মহিলা শ্রমিকসকলৰ কম বয়সতে মৃত্যু হৈছিল। আনহাতে শিশুসকলৰ অধিকাংশই পাঁচবছৰ হোৱাৰ আগতে মৃত্যু ঘটিছিল। উল্লেখযোগ্য যে অপৰিষ্কাৰ পানী, কলেৰা, টাইফয়েডৰ দৰে মহামাৰী নাইবা বতাহৰ দ্বাৰা সংক্রমিত যক্ষ্মা ৰোগত অধিক মহিলা আৰু শিশু শ্রমিকৰ মৃত্যু ঘটিছিল। উল্লেখযোগ্য যে 1832 খ্ৰীঃত একত্রিশ হাজাৰতকৈ অধিক শ্রমিক কলেৰা, মহামাৰীত আক্রান্ত হৈ মৃত্যুমুখত পৰিছিল। 

প্রশ্ন ১০। ভাপ ইঞ্জিনৰ বিষয়ে চমুকৈ লিখা। ভাপ ইঞ্জিনৰ আৱিষ্কাৰে উদ্যোগ আৰু পৰিবহণ ব্যৱস্থালৈ কিদৰে বৈপ্লৱিক পৰিৱৰ্তন আনিছিল? 

উত্তৰ ঃ 1814 খ্ৰীঃত জৰ্জ ষ্টিফেনছনে ৰকেট নামৰ ভাপৰ ইঞ্জিন আৱিষ্কাৰ কৰে। এই ইঞ্জিনটো তেওঁৰ কৰ্ণয়ানত অৱস্থিত চৌদিশে সামগ্ৰী অনা দবাবোৰ টনা কামৰ ব্যৱস্থা কৰা হৈছিল। 1814 খ্ৰীঃত জর্জ ষ্টিফেনছনে ‘দি ব্রুটাচৰ’ নামৰ ইঞ্জিনটোৰ দ্বাৰা চালিত গাড়ীখনেৰে ত্ৰিশ টন ওজনৰ মাল ঘণ্টাত চাৰি মাইল বেগে ওখ পাহাৰত তুলি সকলোকে আচৰিত কৰিছিল। 1825 খ্ৰীঃত পোন প্ৰথমবাৰৰ বাবে চটকটন আৰু ডালিংটনৰ মাজত ৰেল চলিছিল। এই ৰেলগাড়ীখনে দুঘণ্টাত ন মাইল পথ অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল। 1830 খ্ৰীত লিভাৰপুল আৰু মানচেষ্টাৰৰ মাজতো ৰেল সংযোগ হ’ল। পিছৰ বিশ বছৰৰ ভিতৰত ঘণ্টাত ত্ৰিশৰ পৰা পঞ্চাশ মাইল বেগে ৰেল চলাচল কৰিব পৰা হৈছিল।

প্রশ্ন ১১। ‘‘শিল্প বিপ্লৱ’ শব্দটো ব্যৱহাৰ কৰা কেইগৰাকীমান পণ্ডিতৰ কথা উল্লেখ কৰা। অথবা, ইংৰাজী ভাষাত কোনে প্রথমে ‘শিল্প বিপ্লৱ’ শব্দটো ব্যৱহাৰ কৰিছিল? 

উত্তৰঃ ‘শিল্প বিপ্লৱ’ নামটো ব্যৱহাৰ কৰা ব্যক্তি কেইগৰাকী হ’ল ফ্ৰান্সৰ জৰ্জেছ মিচেলেট, জার্মানীৰ ফ্ৰেডেৰিক ইনজেল আৰু ইংলেণ্ডৰ দার্শনিক আৰু অৰ্থনৈতিক পণ্ডিত টায়নবী।

প্রশ্ন ১২। কোন চনত ইংলেণ্ডত প্ৰথম ৰেলপথ স্থাপন কৰা হৈছিল ? 

উত্তৰ : ১৮২৫ চনত ইংলেণ্ডত প্ৰথম ৰেলপথ স্থাপন কৰা হৈছিল।

প্রশ্ন ১২। শিল্প বিপ্লৱৰ সময়ছোৱাক কোন দুটা ভাগত ভাগ কৰা হৈছে? 

উত্তৰ ঃ শিল্প বিপ্লৱৰ সময়ছোৱাক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে। এই ভাগ দুটা হৈছে– 

(ক) 1786 পৰা 1850 ৰ সময়লৈ এইখিনিক শিল্পবিপ্লৱৰ প্ৰথমছোৱা কাল বুলি কোৱা হয়।

(খ) 1850 ৰ পিছৰ সময়ছোৱাক শিল্প বিপ্লৱৰ দ্বিতীয় কালছোৱা বুলি কোৱা হয়।

প্রশ্ন ১৩। শিল্প বিপ্লৱ বুলিলে কি বুজা? 

উত্তৰ:1780-1850 খ্ৰীঃত ইংলণ্ডত সংঘটিত ঔদ্যোগিক আৰু অর্থনৈতিক বিবর্তনক প্রথম শিল্প বিপ্লৱ বুলি কোৱা হয়। শিল্প বিপ্লৱৰ ফলত উৎপাদনৰ দিশত নতুন নতুন যন্ত্রপাতিৰ আৱিষ্কাৰ হয়। উৎপাদনৰ ক্ষেত্ৰত জন্তু আৰু মানুহৰ পৰিৱৰ্তে নানা ধৰণৰ যন্ত্রপাতিৰ উদ্ভাৱন ঘটিল। ফলস্বৰূপে কম সময়েত অধিক উৎপাদন সম্ভৱ হ’ল। শিল্প বিপ্লৱৰ লগে লগে উদ্যোগপতিৰ আৱিৰ্ভাৰ হোৱাৰ উপৰি বনুৱা শ্ৰেণীৰো সৃষ্টি হ’ল। ফলস্বৰূপে সমাজত শ্ৰেণী বিভাজনৰ সূচনা ঘটিল। 

প্রশ্ন ১৪। মিউলৰ বিষয়ে এটি টোকা লিখা।

উত্তৰ চামুৱেল ক্ৰমটাউনে (1753-1827) সাজি উলিওৱা এই যন্ত্রটোক ধেমালিতে ‘মিউল’ বা ‘খচ্চৰ’ নাম দিয়া হৈছিল। প্ৰকৃততে এয়া হ’ল কপাহৰ আঁহৰ পৰা সুতালাহি পকোৱা যন্ত্ৰ। ইয়াক 1779 খ্ৰীঃত নিৰ্মাণ কৰা হৈছিল। 

প্রশ্ন ১৫। শিল্প বিপ্লৱৰ সময়ত ৰূপাহী বস্ত্ৰ তৈয়াৰ কৰা কিছুমান অঞ্চলৰ নাম লিখা।

উত্তৰ: শিল্প বিপ্লৱৰ সময়ত কপাহী বস্ত্ৰ তৈয়াৰ কৰা অঞ্চলসমূহ হ’ল স্কটলেণ্ড, মাছগো, নিউকাচল, উত্তৰ সাগৰ, লাঙ্কাচিয়েৰ লিডছ, ইয়ৰ্কচিয়েৰ, আইৰিচ সাগৰ, মানচেষ্টাৰ, নাটিংহাম, নোইছেছটাৰ, ৱেলছ, লণ্ডন, ব্রিষ্টল প্রণালী, ইংলিছ প্ৰণালী আদি। 

প্রশ্ন ১৬। ইংলেণ্ডৰ উদ্যোগীকৰণৰ দিশত ঘটা চাৰিটা ফলাফল উল্লেখ কৰা।

উত্তৰ: এই ফলাফল চাৰিটা হ’ল– (ক) দেশৰ অৰ্থনীতিৰ প্ৰাণকেন্দ্ৰ হিচাপে নতুন নতুন চহৰ গঢ়ি উঠে। 

(খ) জাতীয় আয় বৃদ্ধি কৰাৰ দিশত উদ্যোগসমূহে বিশেষ ভূমিকা গ্রহণ কৰিছিল।

(গ) শিল্প উদ্যোগৰ ফলত ঘৰ, স্বাস্থ্য, শৌচালয় আৰু জীৱন নিৰ্বাহৰ মানদণ্ড নিম্নগামী হয়। (ঘ) শিল্প উদ্যোগৰ ফলত শ্রেণী বৈষম্যৰ সৃষ্টি হয়। কাৰণ উদ্যোগপতিসকলৰ শোষণ ব্যৱস্থাৰ ফলত মানুহৰ মাজত অসমতাই দেখা দিয়ে আৰু সমাজত শ্ৰেণী বিভাজনৰ সৃষ্টি হয়। 

প্রশ্ন ১৭। মাইনাৰ্ছ ফ্ৰেণ্ড (Miner’s Friend) বুলি কাক বুজোৱা হৈছিল ?

উত্তৰ : বনুৱাসকলে খনিবোৰ খান্দোতে বহু পৰিমাণৰ পানী ওলোৱাত এক গভীৰ সমস্যাৰ সৃষ্টি হৈছিল । সেয়ে এই সমস্যাৰ সমাধানৰ কাৰণে থমাচ ছচৰীয়ে 1698 খ্ৰীঃত ‘মাইনাৰচ্ ফ্ৰেণ্ড’ বা ‘খনি শ্ৰমিকৰ বন্ধু’ নামৰ বাষ্প শক্তিৰ দ্বাৰা চালিত এবিধ আৰ্হিকল উলিয়াই তাৰ দ্বাৰা এই পানীবোৰ নিষ্কাষণৰ কাৰণে চেষ্টা কৰা হৈছিল। অৱশ্যে এনে ব্যৱস্থাই শ্রমিকসকলক বিশেষ সহায় কৰিব পৰা নাছিল। কাৰণ এই কলবোৰ অতি মন্থৰ গতিত চলিছিল আৰু ইয়াক গভীৰ পানীৰ পৰিৱৰ্তে অগভীৰ পানীতহে ব্যৱহাৰ কৰিব পৰা গৈছিল। 

প্রশ্ন ১৮। অশ্বশক্তি (Horse Power) নামৰ জোখ-মাফ পদ্ধতি কি? ইয়াক কোনে উদ্ভাৱন কৰিছিল?

উত্তৰঃ জেমছৱাটে অশ্ব শক্তি (Horse Power) নামৰ জোখ মাফ পদ্ধতিৰ উদ্ভাৱন কৰিছিল। পুৰণি কালত অশ্ব বা ঘোঁৰাৰ শক্তি সকলো কামতে ব্যৱহাৰ কৰা হৈছিল। ৱাটাছ যান্ত্ৰিক শক্তি আৰু অশ্বশক্তিৰ উৎস অশ্বৰ মাজত এক তুলনা কৰাৰ কাৰণে এইবিধ একক জোখ মাফৰ অধ্যয়ন গোট সৃষ্টি কৰিছিল। এই গোটৰ হিচাপ মতে অশ্বশক্তি হ’ল এক মিনিটত এটা ঘোঁৰাই 33000 পাউণ্ড বা 14969 কেজি ওজন একফুট ওপৰলৈ তুলিব পৰা পৰিমাণৰ শক্তিৰ এক একক।

প্রশ্ন ১৯। কোনখিনি সময়ক কেনেলৰ যুগ (Canal Mania) আৰু ৰেলৱে যুগ (Railway Mania) বুলি কোৱা হয় ?

উত্তৰ:1788-1796 এইসময়ছোৱাক কেনেল বা খালৰ যুগ বুলি কোৱা হয়। কাৰণ এইসময়ছোৱাৰ ভিতৰত গোটেই ইংলেণ্ডত প্ৰায় 46 টা নতুন খাল খন্দাৰ আঁচনি গ্ৰহণ কৰা হৈছিল।

ঠিক তেনেদৰে 1830-1850 চনৰ মাজৰ সময়ছোৱাক ৰেলৱে সম্প্ৰসাৰণৰ যুগ বুলি কোৱা হয়। কাৰণ এইখিনি সময়ৰ ভিতৰত প্ৰায় চৈধাশ মাইল বেলৱে সম্প্ৰসাৰণৰ কাম সমাপ্ত হৈছিল। ঠিক তেনেদৰে এই সময়ছোৱাৰ ভিতৰত প্ৰায় 9,500 মাইল বেলৰ আলি নিৰ্মাণৰ কাৰণে চৰকাৰৰ পৰা অনুমোদন দিয়া হৈছিল।

প্রশ্ন ২০। খাল নিৰ্মাণৰ দুটা ফলাফল উল্লেখ কৰা। 

উত্তৰ: খাল নিৰ্মাণৰ ফলাফল দুটা হ’ল–

(ক) খাল নিৰ্মাণৰ ফলত নতুন নতুন বজাৰ সৃষ্টি হৈছিল। 

(খ) খালসমূহ নিৰ্মাণৰ ফলত উদ্যোগসমূহলৈ কয়লাৰ চাহিদা বাঢ়িল আৰু সৰবৰাহৰ ব্যৱস্থাও কৰা হ’ল। 

প্রশ্ন ২১। দি ব্লাটচাৰ (The Blucher) কি আছিল?

উত্তৰঃ 1814 চনত জৰ্জ ষ্টিফেনছনে আৱিষ্কাৰ কৰা ভাপ বা বাষ্প নামৰ ইঞ্জিনটোৰ নাম আছিল ‘দি ব্লাটচাৰ’। এই ইঞ্জিনটোৰ দ্বাৰা চালিত গাড়ীখনেৰে ত্ৰিশটন ওজনৰ মাল ঘণ্টাত চাৰিমাইল বেগেৰে ওখ পাহাৰত তুলি সকলোকে চমকৃত কৰিছিল৷

প্রশ্ন ২২। কোন দুখন ঠাইৰ মাজত, কেতিয়া প্রথম ৰেল চলিছিল?

উত্তৰ : 1825 খ্ৰীঃত পোনপ্ৰথমবাৰৰ বাবে ষ্টকটন আৰু ডার্লিংটনৰ মাজত ৰেল চলাচল কৰিছিল। প্রশ্ন ২৩। কেতিয়া আৰু কোনে ইংলেণ্ডৰ প্ৰথমটো খাল খান্দিছিল? উত্তৰঃ জেমছ ব্ৰিন্দলীয়ে 1761 খ্ৰীঃত বৰ্চাল নামৰ ঠাইত ইংলেণ্ডৰ প্ৰথমটো খাল খান্দিছিল। ৱৰ্চালৰ পৰা মানচেষ্টাৰলৈ এই খালৰ সহায়ত কয়লা সৰবৰাহ কৰিছিল। 

প্রশ্ন ২৪। ‘লুডিজিম’ (Luddism) বুলিলে কি বুজা? 

উত্তৰ: 1811-17 চনত জেনৰেল লুড নামৰ এজন অৱসৰপ্ৰাপ্ত সামৰিক বিষয়াই এটি ভিন্নসুৰীয়া আন্দোলনৰ নেতৃত্ব বহন কৰিছিল। লুডৰ নাম অনুসৰি এই আন্দোলনটোক লুডিজিম বুলি কোৱা হৈছিল। শ্রমিকৰ বাবে ন্যূনতম মজুৰি, মহিলা আৰু শিশু শ্রমিকৰ বাবে কামৰ নির্দিষ্ট সময়, কলৰ ব্যৱহাৰৰ ফলত ক্ষতিগ্রস্ত হোৱা লোকসকলৰ কৰ্মসংস্থান, ট্রেড ইউনিয়ন গঠন আদিবোৰোঁ আছিল লুডিজিম আন্দোলনৰ প্ৰধান উদ্দেশ্য আৰু লক্ষ্য। 

প্রশ্ন ২৫। কপাহ উদ্যোগত কলৰ ব্যৱহাৰ হোৱাৰ ফলত অতীসকলৰ অৱস্থা কেনে হৈছিল?

উত্তৰঃ কাহ উদ্যোগত কলৰ ব্যৱহাৰ আৰম্ভ হোৱাৰ লগে লগে হাজাৰ হাজাৰ তাতীয়ে কর্মসংস্থান হেৰুৱাই দৰিদ্ৰতাৰ কৱলত পাৰি দিশহাৰা হৈছিল। মন্থৰ গতিত তাঁত বোৱাত অভ্যস্ত তাঁতী কলে মেছিনৰ বস্তু উৎপাদনৰ সৈতে ফেৰ মৰাত ব্যৰ্থ হৈছিল।

সেয়ে 1990 ৰ দশকত তাঁতীসকলে এক আইনসংগত ন্যূনতম মজুৰিৰ দাবী তুলিছিল। কিন্তু সাংসদে তেওঁলোকৰ দাবী মানিলোৱা নাছিল। উপায়হীন হৈ এই লোকসকলে হতাল কৰাত চৰকাৰে তেওঁলোকক ছত্রভংগ দিয়াৰ কাৰণে বাধ্য হৈছিল। দুৰ্বল শ্ৰেণীৰ কপাহ শ্রমিকসকলে বাষ্পচালিত তাঁতশালৰ আৱিষ্কাৰেই তেওঁলোকৰ সকলো দুখ কষ্টৰ মূল বুলি ভাবি লয়। লাংকাচিয়েৰৰ এনে তাঁতশালবোৰ ভাগি ছিগি চূৰমাৰ কৰিছিল। এনেদৰে দেশৰ চাৰিওফালে কপাহ শ্রমিকসকলে প্রতিবাদ সাব্যস্ত কৰিছিল।

প্রশ্ন ২৬। ‘পেটালু হত্যাকাণ্ড’ বিষয়ে চমুকৈ লিখা। 

উত্তৰ উদ্যোগত মেছিন প্ৰয়োগৰ ফলত দেখা দিয়া সমস্যা সমাধানৰ কাৰণে 1819 খ্ৰীত মানচেষ্টাৰ চেন্ট পিটাৰচ পথাৰত প্ৰায় আশী হাজাৰ লোক সমবেত হৈ কিছুমান গণতান্ত্রিক দাবী উত্থাপন কৰিছিল। ৰাজনৈতিক সংস্থা গঠন, ৰাজহুৱা সভাৰ আয়োজন আৰু প্ৰেছৰ স্বাধীনতা। প্ৰদান আছিল দাবীবোৰৰ ভিতৰত অন্যতম। কিন্তু এনেধৰণৰ শান্তিপূর্ণ প্রতিবাদ চৰকাৰে অতি কঠোৰভাৱে দমন কৰে। চৰকাৰৰ এনে বৰ্বৰ কাৰ্যক ‘পেটালু হত্যা’ আখ্যা দিয়া হৈছিল। ‘‘উল্লেখযোগ্য যে ‘পেটালু’ শব্দটো ‘ৱাটাৰলু’ শব্দটোৰ বিদ্রূপাত্মক প্ৰতিৰূপ। স্মৰণীয় যে ৱাটাৰলু যুদ্ধত নেপোলিয়নে ইংলেণ্ড নেতৃত্বাধীন শক্তিৰ হাতত বিধ্বস্ত হৈছিল।

প্রশ্ন ২৭। ‘প্রাচীৰ বেষ্টিত ভূমি’ (Enclouser) বুলিলে কি বুজা ?

উত্তৰ: ‘প্ৰাচীৰ বেষ্টিত ভূমি’ নামৰ নীতিটো 1770 ৰ দশকত প্ৰয়োগ কৰা হৈছিল। এই নীতি বা পদ্ধতিৰ জৰিয়তে গ্রাম্যাঞ্চলৰ বহুতো ক্ষমতাশালী ভূ-স্বামীয়ে ক্ষুদ্র পামসমূহ নিজ ভূমিৰ প্ৰাচীৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছিল। এনে নীতিৰ দ্বাৰা ক্ষতিগ্রস্ত লোকসকলে ঔদ্যোগিক খণ্ড শ্রমিক হিচাপে কাম কৰাৰ বাহিৰে কোনো উপায় নাছিল।

প্রশ্ন ২৮। পুৰণি দুর্নীতি বুলিলে কি বুজা?

উত্তৰঃ ইংলেণ্ডৰ প্ৰতিবাদকাৰীসকলে এই দুটা শব্দ প্রয়োগেৰে ৰজা আৰু সংসদৰ কিছুমান বিশেষ অধিকাৰৰ বিৰুদ্ধে কটাক্ষ কৰিছিল। 

প্রশ্ন ২৯। উদ্যোগীকৰণৰ ক্ষেত্ৰত প্ৰয়োজনীয় আহিলা বা পৰিৱেশসমূহৰ বিষয়ে উল্লেখ

উত্তৰ : কোনো এটা উদ্যোগ গঢ়ি উঠিবলৈ হ’লে কিছুমান বিশেষ আহিলা বা পৰিৱেশৰ প্রয়োজন। এইবোৰ হ’ল—

(ক) প্রয়োজনীয় মূলধন প্রাকৃতিক আহিলা, যেনে— লো আৰু কয়লা; 

(খ) যথেষ্ট পৰিমাণৰ কেঁচা সামগ্ৰী; 

(গ) উৎপাদিত সামগ্রী বিক্ৰীৰ বাবে প্ৰয়োজনীয় বজাৰ; (ঘ) কম খৰচৰ নিবনুৱা; 

(ঙ) সুস্থিৰ ৰাজনৈতিক অৱস্থা: 

(ঘ) সুন্দৰ যোগাযোগ ব্যৱস্থা আৰু 

(ছ) উপযুক্ত

প্রশ্ন ৩০। শিল্প বিপ্লৱে কেনে সমাজ ব্যৱস্থা গঢ়ি তুলিছিল?

উত্তৰঃ শিল্প বিপ্লৱে সমাজত ধনী আৰু দুখীয়া নামে দুটা শ্ৰেণীৰ জন্ম দিছিল। শিল্প বিপ্লৱৰ ফলত সৃষ্টি হোৱা সমাজৰ ধনীক শ্ৰেণীটোৱে উৎপাদনৰ দিশসমূহ নিজে চোৱা চিতা কৰিছিল। তেওঁলোকে উৎপাদিত সামগ্ৰীসমূহ অধিক দামত বিক্ৰী কৰি আৰু অধিক ধনী হৈ পৰিছিল।

আনহাতে উদ্যোগত জড়িত শ্রমিসকলে উৎপাদন প্রক্রিয়াত সক্রিয়ভাৱে জড়িত আছিল যদিও তেওঁলোকে প্ৰকৃততে প্রাপ্য পাৰিশ্ৰমিকৰ পৰাও বঞ্চিত হ’ব লগা হৈছিল। ফলত সমাজত শ্ৰেণী বৈষম্যৰ সৃষ্টি হৈছিল।

প্রশ্ন ৩১। শিল্প উদ্যোগ গঢ়ি উঠাৰ ফলত জন্ম লাভ কৰা দুটা অর্থনৈতিক ব্যৱস্থাৰ নাম উল্লেখ কৰা।

উত্তৰ ঃ এই অর্থনৈতিক ব্যৱস্থা দুটা হ’ল— ঔপনিৱেশিকতাবাদ আৰু ধনতন্ত্রবাদ।

প্রশ্ন ৩২। শিল্প বিপ্লবৰ ফলত উদ্ভৱ হোৱা দুটা মতবাদৰ (ism) ৰ কথা উল্লেখ কৰা।

উত্তৰ শিল্প বিপ্লৱৰ ফলত উদ্ভৱ হোৱা দুটা মতবাদ হ’ল– 

(ক) ঔপনিবেশিকতাবাদ আৰু 

(খ) ধনতন্ত্রবাদ। 

প্রশ্ন ৩৩। 1842 চনৰ ভূ-গৰ্ভ আইন (Mines Act) প্রধান উদ্দেশ্য কি আছিল?

উত্তৰ : 1842 চনত চৰকাৰৰ দ্বাৰা নিযুক্ত খনি আয়োগে দাখিল কৰা প্ৰতিবেদন মতে 1833 চনৰ আইনখন খনিসমূহৰ কামকাজৰ ক্ষেত্ৰত অধিক বেমেজালিৰ সৃষ্টি কৰিছিল। এই আইনত ন বছৰৰ তলৰ শিশু শ্ৰমিকৰ খনিৰ কামত কোনো ধৰণৰ নিষেধাজ্ঞা নথকাৰ সুযোগ লৈ এই বয়সৰ শিশুৱে দলে দলে খনিৰ কামত সোমাই পৰিছিল।

সেয়েহে তেনে অৱস্থাৰ পৰিৱৰ্তন সাধন কৰাৰ অৰ্থে 1842 চনৰ খনি আৰু ভাৰতীয় আইনগনৰ দ্বাৰা বত্ৰিশ বছৰৰ তলৰ শিশু আৰু মহিলাসকলে ভূগৰ্ভত কাম কৰাটো নিষেধ কৰিছিল।

প্রশ্ন ৩৪। ‘শিল্প বিপ্লব’ নামটো কোনজন ব্যক্তিয়ে প্ৰথমতে ইংৰাজীত দিছিল। এই বিপ্লৱ প্ৰথমে ক’ত আৰু কোনটো উদ্যোগত আৰম্ভ হৈছিল?

ঊত্তৰ : (ক) অর্থনীতিবিদ আর্নল্ড টয়নবীয়ে প্ৰথমতে ইংৰাজীত দিছিল। 

(খ) প্রথমে এই বিপ্লৱ ইংলণ্ডত হৈছিল। 

(গ) এই বিপ্লৱ প্ৰথমতে কৃষিৰ যোগেদি হৈছিল। 

প্রশ্ন ৩৫। খালছৰ কি?

উত্তৰ: জাহাজৰ জৰিয়তে সামগ্ৰী কঢ়িয়াই নিয়াৰ কাৰণে প্রথমে ইংলেণ্ডত খাল বা কেনেল খন্দাৰ ব্যৱস্থা কৰা হৈছিল। ১৭৯০-১৮১০ চনৰ ভিতৰত হোৱা এনে প্ৰচেষ্টাকে খালজ্বৰ বুলি কোৱা হয়।

ৰচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। ইংলেণ্ডৰ লণ্ডন মহানগৰী কিয় বিশ্বৰ ভিতৰত প্ৰধান বাণিজ্যিক কেন্দ্র হিচাপে প্রতিষ্ঠিত হৈছিল?

উত্তৰ : শিল্প বিপ্লৱৰ সময়ত লণ্ডন মহানগৰী ইংলেণ্ডৰ বজাৰ সমূহৰ মূল কেন্দ্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। ইয়াৰ কাৰণসমূহ এনেধৰণৰ বুলি লক্ষ্য কৰা হয়

(ক) সেই সময়ৰ ইংলেণ্ডৰ এঘাৰখন মহানগৰীৰ ভিতৰত লণ্ডন মহানগৰীৰ পৰিসৰ আছিল অতি বৃহৎ। এখন প্রধান বাণিজ্যিক কেন্দ্র হিচাপে প্ৰতিষ্ঠা হোৱাৰ সকলোখিনি লক্ষ্যণেই আছিল লণ্ডন মহানগৰীৰ।

(খ) ওঠৰ শতিকাৰ আন্তর্জাতিক বজাৰৰ কেন্দ্ৰসমূহ ইটালী আৰু ফ্ৰান্সৰ ভূমধ্য সাগৰীয় বন্দৰৰ পৰা হলেণ্ড আৰু ইংলেণ্ডলৈ স্থানান্তৰ কৰা হৈছিল।

(গ) 1664 খ্ৰীঃত লণ্ডনৰ ‘বেংক অৱ ইংলেণ্ড’ প্রতিষ্ঠা হৈছিল। উল্লেখযোগ্য যে ইংলেণ্ডৰ বৃহৎ উদ্যোগসমূহ স্থাপন আৰু ৰক্ষণাবেক্ষণৰ বাবে প্ৰয়োজনীয় অর্থনৈতিক চাহিদা এই বেংকে পূৰ্ণ কৰিছিল।

(ঘ) লণ্ডন মহানগৰী ইংলেণ্ড, আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ ত্ৰিকোণীয় বাণিজ্যিক কেন্দ্র হিচাপে প্রতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। 

(ঙ) সেই সময়ত আমেৰিকা আৰু এছিয়া মহাদেশৰ বাণিজ্যিক প্ৰশাসনীয় ভৱনবোৰ এই লণ্ডন মহানগৰীত প্ৰতিষ্ঠা কৰিছিল। এনেধৰণৰ কাৰকসমূহৰ দ্বাৰা লণ্ডন মহানগৰী বিশ্বৰ ভিতৰত প্ৰধান বাণিজ্যিক কেন্দ্র হিচাপে প্রতিষ্ঠা লাভ কৰিছিল।

প্রশ্ন ২। ইংলেণ্ডত শিল্প বিপ্লৱ আৰম্ভ হোৱা কাৰণবোৰ কি কি আছিল ? 

অথবা, ইংলেণ্ডত প্রথমে কিয় শিল্পবিপ্লৱ হৈছিল, আলোচনা কৰা। 

উত্তৰ : শিল্প বিপ্লৱ পোনতে ইংলেণ্ডত আৰম্ভ হোৱাৰ কিছুমান কাৰণ আছে। তেনে কাৰণসমূহ হল 

(ক) খনিজ পদাৰ্থৰ প্ৰাচুৰ্য ঃ যিকোনো উদ্যোগ গঢ়ি তুলিবলৈ হ’লে খনিজ পদাৰ্থৰ প্ৰচুৰ প্রয়োজন হয়। ইংলেণ্ডৰ লো, কয়লা আদি তেনে খনিজপদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা গৈছিল। গতিকে ইংলেণ্ডত প্রথমে শিল্প বিপ্লব হোৱাৰ এয়া প্রথম কাৰণ বুলি ক’ব পাৰি।

(খ) মূলধনঃ অর্থনৈতিক দিশত ইংলেণ্ড আগবঢ়া আছিল। নতুন নতুন উদ্যোগ প্ৰতিষ্ঠাৰ কাৰণে প্ৰয়োজনীয় মূলধন বিনিয়োগ কৰিবলৈ ধনী লোকৰ অভাৱ নাছিল। ধনী লোকসকল অধিক লাভৰ আশাত ডাঙৰ ডাঙৰ উদ্যোগ প্ৰতিষ্ঠাৰ কাৰণে আগবাঢ়ি অহাৰ ফলত ইংলেণ্ডভ শিল্প বিপ্লৱ সম্ভৱ হৈছিল। 

(গ) ইংৰাজসকলৰ ব্যৱসায়ৰ প্ৰতি আগ্ৰহ ইংৰাজসকল আছিল প্রধান ব্যবসায়ীক জাতি।

তেওঁলোকে বিশ্বৰ বহুতো ঠাইত উপনিৱেশ পাতি তাৰ পৰা প্ৰয়োজনীয় কেঁচামাল সংগ্ৰহ কৰি সামগ্ৰী তৈয়াৰ কৰিছিল। সেই সামগ্ৰীবোৰ পুনৰ উপনিৱেশ সমূহত বিক্ৰী কৰিবলৈ প্ৰয়োজনীয় বজাৰ থকাৰ বাবেই সামগ্ৰী উৎপাদনৰ নতুন নতুন পদ্ধতি গ্ৰহণ কৰিছিল।

(ঘ) উপযুক্ত জলবায়ু ইংলণ্ডৰ জলবায়ু অতি গৰম অথবা অতি ঠাণ্ডাও নহয়। তেনে জলবায়ু শিল্প বাণিজ্যৰ বাবে অতি উপযোগী। তেনেকুৱা জলবায়ুৰে পৰিৱেষ্টিত ঠাইত মানুহৰ কর্মদক্ষতা বেছি হয়। ইয়ে শিল্প বাণিজ্য গঢ়ি উঠাত সহায় কৰে। ইংলণ্ডত শিল্প বিপ্লৱৰ সূচনা হোৱাৰ ইও এটা কাৰণ।

(ঙ) সাহসী আৰু পৰিশ্ৰমী গুণ : ইংলেণ্ডৰ লোকসকল অতি সাহসী আৰু পৰিশ্ৰমী আছিল। যিকোনো কঠিন কাম কৰি তোলা অথবা যিকোনো ঠাইলৈ গৈ বেহা বেপাৰ কৰাটো তেওঁলোকৰ পক্ষে উজু আছিল। ইংলেণ্ডৰ লোকৰ সাহস আৰু কৰ্মদক্ষতাইও ইংলেণ্ডত শিল্প বিপ্লৱ গঢ়ি উঠাত সহায় কৰিছিল। মুঠতে শিল্প উদ্যোগৰ হেতু প্রয়োজনীয় কাৰণসমূহ ইংলণ্ডত বিদ্যমান হোৱা হেতুকে পোনতে ইংলেণ্ডত শিল্প বিপ্লৱৰ আৰম্ভ হয়।

প্রশ্ন ৩। যোগাযোগ ব্যৱস্থাৰ ওপৰত শিল্প বিপ্লৱৰ প্ৰভাৱ সম্পৰ্কে যি জানা লিখা। 

উত্তৰ: ইংলেণ্ডৰ যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত শিল্প বিপ্লবে যথেষ্ট প্রভাৱ বিস্তাৰ কৰিছিল। উদাহৰণস্বৰূপে– (ক) কেঁচা সামগ্ৰী আৰু উৎপাদিত সামগ্ৰীসমূহ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ সৰবৰাহ কৰাৰ কাৰণে আৰু নিৰাপদ হিচাপে আহল বহল পকী ৰাস্তাবোৰ নিৰ্মাণ কৰা হৈছিল।

(খ) কয়লা সৰবৰাহ কৰাৰ কাৰণে ভালেমান খাল খন্দা হৈছিল। কয়লাৰ পৰিমাণ আৰু ওজন বেছি হোৱা কাৰণে সেইবোৰ স্থলপথেদি অনাটো কঠিন আৰু ব্যয়বহুল আছিল। তদুপৰি খালসমূহত চলাচল কৰা মালবাহী নাৱেৰে কয়লা অনাটো উজু বুলি বিবেচিত হৈছিল।

(গ) যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত শিল্প বিপ্লৱৰ আন এক উল্লেখনীয় অৱদান হ’ল ইঞ্জিনৰ আৱিষ্কাৰ। 1814 খ্ৰীঃত জৰ্জ ষ্টিফেনছনে ‘দি ব্লাটচাৰ’ৰ নামৰ ইঞ্জিনটোৰ দ্বাৰা চালিত গাড়ীখনেৰে ত্রিশটন ওজনৰ মাল ঘণ্টাত চাৰি মাইল বেগে ওখ পাহাৰত তুলি সকলোকে চমকৃত কৰিছিল। 1850 খ্ৰীৰ ভিতৰত ইংলেণ্ডৰ অধিকাংশ ঠাই ৰেল আলিৰ দ্বাৰা সংযোজিত হৈছিল। এনেদৰে দেখা যায় যে শিল্প বিপ্লৱে ইংলেণ্ডৰ যোগাযোগ ব্যৱস্থাৰ ওপৰত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল। 

প্রশ্ন ৪। ইংলেণ্ডৰ সংসদে কেতিয়া আৰু কি কাৰণে উমৈহতীয়া আইন (Combination Act) প্রণয়ন কৰিছিল? এই আইনৰ ধাৰাসমূহ উল্লেখ কৰা।

উত্তৰ: 1795 খ্ৰীঃত ইংলেণ্ডৰ সংসদে ‘উমৈহতীয়া আইন’ এখন প্ৰণয়ন কৰিছিল। এই আইন প্রণয়নৰ কাৰণ আছিল এনেধৰণৰ কৰা হৈছিল।

(ক) শ্ৰমিকসকলৰ সমস্যা সম্পর্কে যাতে কোনেও মাত মাতিব নোৱাৰে আৰু যাতে কোনেও ভোটাধিকাৰৰ দাবীত জনমত গঠন কৰিব নোৱাৰে, তাক সুনিশ্চিত কৰাৰ কাৰণে এই আইনখন প্ৰণয়ন কৰিছিল ।

(খ) 1789 চনৰ ফৰাচী আন্দোলনৰ সাক্ষ্য, মৈত্ৰী আৰু ভাতৃত্বৰ শ্লোগানেৰে যাতে ইংলেণ্ডৰ অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণেও এই আইন প্রণয়ন কৰা হৈছিল। এই আইনৰ ধাৰাসমূহ হ’ল–

(ক) বক্তৃতা, নাইবা লেখনিৰ দ্বাৰা ৰজা, সংবিধান আৰু চৰকাৰৰ বিৰুদ্ধে বিতৃষ্ণা বা অপমানসূচক মতামত দিয়াটো বেআইনী বুলি এই আইনৰ দ্বাৰা ঘোষণা কৰা হৈছিল।

(খ) এই আইনৰ সহায়ত পঞ্চাশ জনতকৈ অধিক লোকৰ কৰ্তৃত্ববিহীন সমাৱেশ নিষেধ। তথাপি পুৰণি দুৰ্নীতিৰ বিৰুদ্ধে প্রতিবাদ চলি থাকিল৷ ‘পুৰণি দুৰ্নীতি’ শব্দৰ প্ৰয়োগেৰে আন্দোলনকাৰীসকলে ৰজা আৰু সংসদৰ কিছুমান বিশেষ অধিকাৰৰ প্ৰতি কটাক্ষ কৰিছিল। 

প্রশ্ন ৫। ৰেলসেৱা আৰু খাল ব্যৱস্থাৰ তুলনামূলক সুবিধাবোৰ কি কি? 

উত্তৰ: বেলসেৱা আৰু খাল ব্যৱস্থাৰ প্ৰচলনৰ ফলত ইংলণ্ডৰ যোগাযোগ ব্যৱস্থাই এক নতুন গতি লাভ কৰিছিল। এনে ব্যৱস্থাৰ ফলত মানুহে অতি কম সময়তে আৰু কম খৰচতে অহা যোৱা কৰাৰ সুবিধা লাভ কৰিলে। উদ্যোগ বিলাকৰ কাৰণে কেঁচা সামগ্রী অন্য কামো কম সময় আৰু কম খৰচতে কৰিব পৰা হ’ল। তদুপৰি এনেধৰণৰ যোগাযোগ ব্যৱস্থাৰ জৰিয়তে উদ্যোগসমূহৰ উৎপাদিত সামগ্ৰীবোৰো উপযুক্ত বজাৰত বিক্ৰী কৰাৰ সুবিধা হৈছিল। ফলস্বৰূপে ব্যৱসায়ীসকল আর্থিকভাবে লাভৱান হ’বলৈ সক্ষম হৈছিল। 

প্রশ্ন ৬। 1792-1815 চনলৈকে সংঘটিত যুদ্ধসমূহত ইংলেণ্ডৰ যোগদানে দেশখনৰ শিল্পোন্নয়নত কিবা ক্ষয় ক্ষতি কৰিছিলনে?

উত্তৰ:1792-1815 চনৰ ভিতৰত সংঘটিত হোৱা যুদ্ধসমূহৰ বেছিভাগতে ইংলেণ্ডে অংশগ্ৰহণ কৰিছিল। ফলস্বৰূপে দেশখনৰ শিল্প উন্নয়নত বাধাৰ সৃষ্টি হৈছিল। কিয়নো দেশৰ পুঁজিসমূহ শিল্পৰ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বিপৰীতে সেইবোৰ যুদ্ধতহে বায় কৰিব লগা হৈছিল ৷ ফলত দেশত অর্থনৈতিক সংঘাতৰ সৃষ্টি হৈছিল। খাদ্য সামগ্রীর দাম ইমান ঊর্ধ্বগামী হৈছিল যে দুখীয়া লোকসকলে অতি প্রয়োজনীয় সামগ্রীখিনি ক্ৰয় কৰিবলৈকো সক্ষম হোৱা নাছিল। ইয়াৰোপৰি ব্যৱসায়ীসকলো যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল। 

প্রশ্ন ৭। শিল্প বিপ্লৱে মানুহৰ জীৱন ধাৰণৰ ওপৰত কেনেধৰণৰ কু-প্ৰভাৱ পেলাইছিল আলোচনা কৰা 

উত্তৰ: শিল্প বিপ্লৱে জনসাধাৰণৰ জীৱন ধাৰণৰ ওপৰত কিছুমান কুপ্রভাৱ পেলোৱা পৰিলক্ষিত হয়। যেনে-

(ক) প্রথম কথা, শিল্প বিপ্লৱে সমাজত শ্রেণী বিভাজনৰ সৃষ্টি কৰিছিল। এটা হ’ল কল কাৰাখানাৰ মালিক শ্ৰেণী তথা পুঁজিপতি আৰু আনটো শ্ৰেণী হ’ল বনুৱা শ্রমিক শ্রেণী। মালিকসকল অধিক ধনিক শ্ৰেণীত পৰিণত হোৱাৰ বিপৰীতে বনুৱা সকলে অতি কষ্টৰ মাজেৰে জীৱন নিৰ্বাহ কৰিব লগা হৈছিল। 

(খ) দ্বিতীয় কথা, শিল্প উদ্যোগৰ ফলত বহুতো নগৰৰ সৃষ্টি হৈছিল। ফলত এই নগৰসমূহলৈ কাম বিচাৰি মানুহৰ লানি নিছিগা সোত বৈছিল। ফলত মানুহবিলাকে চহৰমুখী হয়। চহৰৰ জনসংখ্যা বাঢ়িবলৈ লয়

(গ) চহৰৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে কিছুমান বস্তি অঞ্চলৰ সৃষ্টি হয়। বস্তিসমূহ লেতেৰা পৰিৱেশত গঢ়ি উঠিছিল, এই বিলাকে বেয়া প্ৰদূষণৰ সৃষ্টি কৰিছিল। এনে অস্বাস্থ্যকৰ পৰিৱেশত কাম কৰাৰ ফলত বাসিন্দাসকল নানা ধৰণৰ ৰোগত আক্ৰান্ত হ’ব লগা হৈছিল। 

(ঘ) বেয়া পৰিৱেশত বাস কৰাৰ ফলত গঢ় হিচাপত মানুহৰ আয়ুস কমি আহিছিল। উল্লেখযোগ্য যে 1832 খ্ৰীঃত মহামাৰী আৰু কলেৰা সদৃশ ৰোগত বহুতো লোকৰ অকাল মৃত্যু ঘটিছিল। 

(ঙ) জনসংখ্যা বৃদ্ধিৰ লগে লগে সমাজত অসামাজিক কাৰ্যৰ মাত্ৰা বাঢ়ি গৈছিল। হত্যা, লুণ্ঠন আদি নিয়মিত ঘটনাত পৰিণত হৈছিল।

(চ) বনুৱা শ্ৰেণীৰ উন্নতিৰ কাৰণে নানাধৰণৰ গণতান্ত্রিক আন্দোলন আৰম্ভ হৈছিল।

অৱশ্যে এনে আন্দোলনৰ ন্যায্যতা মানি লোৱাৰ বিপৰীতে চৰকাৰে ইয়াক কঠোৰ হাতেৰে দমন কৰাৰ কাৰণেহে চেষ্টা কৰিছিল।

(ছ) কাম কৰা মহিলা শ্রমিকে শ্ৰমৰ বিনিময়ত দেখাত আর্থিক স্বাধীনতাৰ উপৰি মৰ্যাদা লাভ কৰিছিল যদিও বাস্তৱ দিশত এইবোৰ অতি নগণ্য আছিল। কাৰণ তেওঁলোকে কিছুমান চৰ্তত কাম কৰিব লাগিছিল। বহুতো শিশুৰ জন্মতেই মৃত্যু হৈছিল।

প্রশ্ন ৮। ইংলেণ্ডৰ উদ্যোগীকৰণত কেঁচা সামগ্ৰীৰ সৰবৰাহে কেনে ধৰণৰ প্ৰভাৱ পেলাইছিল আলোচনা কৰা।

উত্তৰ : উদ্যোগসমূহলৈ কেঁচা সামগ্ৰীৰ সৰবৰাহৰ ফলত উৎপাদনৰ পৰিমাণ বাঢ়ি যায়৷ উদ্যোগসমূহ কেঁচা সামগ্ৰীৰ অভাৱৰ পৰা মুক্ত হয়। উদ্যোগসমূহ নিয়মীয়া হোৱাৰ ফলত কর্মসংস্থান বৃদ্ধি পায়। ব্যক্তিখণ্ডৰ উদ্যোগসমূহতো উন্নতি সাধন হ’ল। গোটেই দেশখনতে কেঁচা সামগ্ৰীৰ সৰবৰাহ নিয়মীয়া কৰাৰ কাৰণে 1850 খ্ৰীঃত ইংলেণ্ডৰ অধিকাংশ ঠাই ৰেল আলিৰ দ্বাৰা সংযোজিত হয়।

 প্রশ্ন ৯। শিল্প বিপ্লৱে বিভিন্ন শ্রেণীৰ ইংৰাজ মহিলা আৰু শিশুৰ জীৱন ধাৰণত কেনে ধৰণে প্ৰভাৱ বিস্তাৰ কৰিছিল?

অথবা, শিল্প বিপ্লৱে ইংলেণ্ডৰ মহিলা আৰু শিশুসকলৰ জীৱনলৈ কি কি পৰিৱৰ্ত্তন আনিছিল, চমুকৈ লিখা।

উত্তৰ : শিল্প বিপ্লৱে ইংৰাজ মহিলা আৰু শিশুৰ জীৱন ধাৰণত সুদুৰ প্ৰসাৰী প্ৰভাৱ পেলাইছিল। দেশত উদ্যোগসমূহ প্রতিষ্ঠা হোৱাৰ লগে লগে অধিক শ্রমিকৰ প্ৰয়োজন হৈছিল। ইফালে উদ্যোগপতিসকলে কাৰখানাত মহিলা আৰু শিশু শ্রমিকক নিয়োগ কৰিব বিচাৰিছিল। কাৰণ সেইসকল শ্রমিকক কম মজুৰিৰ বিনিময় কামত খটুৱাব পাৰিছিল। তদুপৰি তেনে, শ্রমিকসকল যিকোনো কাম কৰিবলৈ ইচ্ছুক আছিল।

লাংকাচিয়েৰ আৰু ইয়ৰ্কচিয়েৰ কপাহ উদ্যোগত মহিলা আৰু শিশু শ্রমিকক নিয়োগ কৰা হৈছিল। বেছম, লেচ্ আৰু ঊল গোঁঠাৰ বাবে প্রধানতঃ মহিলা শ্রমিকে কাম কৰিছিল। বামিংহামত ধাতু উদ্যোগতো মহিলা আৰু শিশু শ্রমিকে কাম পাইছিল। স্পিনিং জেনীৰ দৰে কপাহ নেওঠনী কলবোৰত শিশু শ্রমিকে তেওঁলোকৰ ক্ষুদ্ৰ দেহ আৰু আঙুলিৰে ক্ষিপ্ৰতাৰে চালকৰ উপযোগীকে সাজি উলিওৱা হৈছিল। তদুপৰি জ্বলেৰে ঠাহ খাই থকা ঠাইৰ মাজেদি সহজে অহা যোৱা কৰিবলৈ সম্মত হোৱাৰ বাবে বহুবোৰ বস্ত্ৰ শিল্প উদ্যোগীয়ে শিশু শ্রমিককহে পচন্দ কৰা দেখা গৈছিল। অৱশ্যে এনে পৰিৱেশত শিশু আৰু মহিলা শ্রমিকসকলে নানা ধৰণৰ অসুবিধা ভোগ কৰিব লগ হৈছিল। কেতিয়াবা শ্ৰমিকসকল আঘাতপ্রাপ্ত হৈছিল। আনকি টোপনৰ ভৰত কলত পৰি কোনো কোনো শিশুৱে প্রাণ ত্যাগো কৰিবলগা হৈছিল।

শিশু শ্রমিকক ‘ফান্দী’ হিচাপেও ব্যৱহাৰ কৰা হৈছিল। ফান্দী শিশু শ্রমিকে খনিৰ ভিতৰত কয়লা অনা নিয়া কৰা নবাবিলাকৰ বাবে দুৱাৰ খোলা আৰু বন্ধ কৰা কাম কৰিছিল। কেতিয়াবা এই শিশুসকলে কুলী হিচাপেও কাম কৰিব লগা হৈছিল।

কাৰখানাৰ মালিকসকলে শিশু শ্রমিকসকলক ভৱিষ্যতে উপযুক্ত শ্রমিক হিচাপে গঢ়ি তুলিৰ বাবে প্রশিক্ষণ দিয়াত গুৰুত্ব আৰোপ কৰিছিল। অৱশ্যে এনেবোৰ সুবিধাতকৈ মহিলা আৰু শিশু শ্রমিকসকলে নানা ধৰণৰ অসুবিধা ভোগ কৰিহে কাৰখানাৰ কাম কৰিবলৈ তেওঁলোক বাধ্য থাকিব লাগিছিল।

প্রশ্ন ১০। শিল্প বিপ্লৱৰ সময়ৰ শিশুশ্রমিকৰ বিষয়ে চমুকৈ আলোচনা কৰা। 

উত্তৰ: শিল্প বিপ্লৱে ইংৰাজ মহিলা আৰু শিশুৰ জীৱন ধাৰণত সুদুৰ প্ৰসাৰী প্ৰভাৱ পেলাইছিল। দেশত উদ্যোগসমূহ প্রতিষ্ঠা হোৱাৰ লগে লগে অধিক শ্রমিকৰ প্ৰয়োজন হৈছিল। ইফালে উদ্যোগপতিসকলে কাৰখানাত মহিলা আৰু শিশু শ্রমিকক নিয়োগ কৰিব বিচাৰিছিল। কাৰণ সেইসকল শ্রমিকক কম মজুৰিৰ বিনিময় কামত খটুৱাব পাৰিছিল। তদুপৰি তেনে, শ্রমিকসকল যিকোনো কাম কৰিবলৈ ইচ্ছুক আছিল।

লাংকাচিয়েৰ আৰু ইয়ৰ্কচিয়েৰ কপাহ উদ্যোগত মহিলা আৰু শিশু শ্রমিকক নিয়োগ কৰা হৈছিল। বেছম, লেচ্ আৰু ঊল গোঁঠাৰ বাবে প্রধানতঃ মহিলা শ্রমিকে কাম কৰিছিল। বামিংহামত ধাতু উদ্যোগতো মহিলা আৰু শিশু শ্রমিকে কাম পাইছিল। স্পিনিং জেনীৰ দৰে কপাহ নেওঠনী কলবোৰত শিশু শ্রমিকে তেওঁলোকৰ ক্ষুদ্ৰ দেহ আৰু আঙুলিৰে ক্ষিপ্ৰতাৰে চালকৰ উপযোগীকে সাজি উলিওৱা হৈছিল। তদুপৰি জ্বলেৰে ঠাহ খাই থকা ঠাইৰ মাজেদি সহজে অহা যোৱা কৰিবলৈ সম্মত হোৱাৰ বাবে বহুবোৰ বস্ত্ৰ শিল্প উদ্যোগীয়ে শিশু শ্রমিককহে পচন্দ কৰা দেখা গৈছিল। অৱশ্যে এনে পৰিৱেশত শিশু আৰু মহিলা শ্রমিকসকলে নানা ধৰণৰ অসুবিধা ভোগ কৰিব লগ হৈছিল। কেতিয়াবা শ্ৰমিকসকল আঘাতপ্রাপ্ত হৈছিল। আনকি টোপনৰ ভৰত কলত পৰি কোনো কোনো শিশুৱে প্রাণ ত্যাগো কৰিবলগা হৈছিল।

শিশু শ্রমিকক ‘ফান্দী’ হিচাপেও ব্যৱহাৰ কৰা হৈছিল। ফান্দী শিশু শ্রমিকে খনিৰ ভিতৰত কয়লা অনা নিয়া কৰা নবাবিলাকৰ বাবে দুৱাৰ খোলা আৰু বন্ধ কৰা কাম কৰিছিল। কেতিয়াবা এই শিশুসকলে কুলী হিচাপেও কাম কৰিব লগা হৈছিল।

কাৰখানাৰ মালিকসকলে শিশু শ্রমিকসকলক ভৱিষ্যতে উপযুক্ত শ্রমিক হিচাপে গঢ়ি তুলিৰ বাবে প্রশিক্ষণ দিয়াত গুৰুত্ব আৰোপ কৰিছিল। অৱশ্যে এনেবোৰ সুবিধাতকৈ মহিলা আৰু শিশু শ্রমিকসকলে নানা ধৰণৰ অসুবিধা ভোগ কৰিহে কাৰখানাৰ কাম কৰিবলৈ তেওঁলোক বাধ্য থাকিব লাগিছিল।

প্রশ্ন ১১। ঔদ্যোগীকৰণৰ ফলত জাপানত কিদৰে স্বাস্থ্য আৰু পৰিৱেশ সংক্রান্তৰ সমস্যাৰ সৃষ্টি হৈছিল আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল?

উত্তৰ : ঔদ্যোগীকৰণৰ ফলত জাপানত স্বাস্থ্য আৰু পৰিৱেশ সংক্রান্তৰ সমস্যাৰ সৃষ্টি হৈছিল। কেড্‌মিয়াম নামৰ এবিধ নমণীয় মৌলিক বিষক্ৰিয়াৰ ফলত অতি যাতনাদায়ক ৰোগে প্ৰথমবাৰৰ কাৰণে প্ৰদূষণৰ পৰা হ’ব পৰা বিপদৰ ইংগিত দিছিল। অৱশ্যে এনেবোৰ সমস্যাৰ প্ৰতিকাৰ আৰু ভূক্তভোগীসকলৰ ক্ষতিপূৰণৰ বাবে সকলো শ্ৰেণীৰ লোকৰ পৰা হেঁচা অহাত ইয়াক নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলে।

প্রশ্ন ১২। শিল্প বিপ্লৱৰ ওপৰত হোৱা বিতৰ্কৰ সমালোচনাত্মক আলোচনা কৰা।

উত্তৰ: ইংলেণ্ডত আৰম্ভ হোৱা (1780-1820) শিল্পোন্নয়নৰ ক্ষেত্ৰত দেখা পৰিৱৰ্তনক ঐতিহাসিকসকলে ‘শিল্প বিপ্লৱ’ আখ্যা দিছিল। অৱশ্যে ইয়াৰ পিছৰ কালৰ বহুতো সমালোচকে এই সূত্ৰক মানিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকৰ মতে এনে পৰিৱৰ্তনক বিপ্লৱ আখ্যা দিয়াটো সমীচীন নহয়।

আন কিছুমান সমালোচৰ মতে ইংলেণ্ডৰ বহুতো অঞ্চলত খনি, ফেক্টৰী আদিৰ প্ৰৱেশ ঘটা নাছিল, আৰু সেইবাবে ‘শিল্প বিপ্লৱ’ শব্দটো প্রযোজ্য হোৱাৰ যুক্তি নাই। কাৰণ লণ্ডন, মানচেষ্টাৰ, বিৰসিংহাম আদি অঞ্চলতহে শিল্পউদ্যোগৰ প্ৰসাৰ ঘটিছিল। শেষত ক’ব পাৰি যে, ‘বিপ্লৱ’ শব্দটোৰ সৈতে ‘শিল্প’ শব্দটিৰ ব্যৱহাৰে প্ৰথম শব্দটোত এটা সীমাবদ্ধতা আনি দিছে। কাৰণ, শিল্প উদ্যোগৰ বিকাশৰ দ্বাৰা সৃষ্ট বিবর্তন কেরল আর্থিক আৰু ঔদ্যোগিক ক্ষেত্ৰতে সীমাবদ্ধ নাছিল। এই বিবর্তনে সমাজত দুই শ্রেণীৰ সৃষ্টি কৰিছিল। ইয়াৰ প্ৰথম শ্ৰেণীটো আছিল অভিজাত আমোলা আৰু আনটে। সর্বহাবা শ্রমিক। 

প্রশ্ন ১৩। ব্রিটেইনে ১৭৯৩ চনৰ পৰা ১৮১৫ চনলৈ যুদ্ধত জড়িত হৈ থকাৰ ফলত তাব উদ্যোগসমূহত কিদৰে প্ৰভাৱ পৰিছিল?

উত্তৰ ঃ ১৭৯৩-১৮১৫ চনৰ ভিতৰত গ্রেটব্ৰিটেইনে কেবাখনো যুদ্ধত লিপ্ত হৈছিল। বনুৱাবোৰক কাৰখানা আৰু খেতিপথাৰত কাম কৰাৰ পৰিৱৰ্তে ৰণক্ষেত্ৰলৈ প্ৰেৰণ কৰিছিল। ফলত উদ্যোগসমূহত বিৰূপ প্ৰভাৱ পৰিছিল। খাদ্যশস্যৰ উৎপাদনৰ পৰিমাণ যথেষ্ট পৰিমাণে কমি গৈছিল। খাদা দ্ৰব্যৰ মূল্য ইমানেই বাঢ়ি গৈছিল যে ইয়াক ক্ৰয় কৰাটো সাধাৰণ মানুহৰ কাৰণে সমস্যা হৈ পৰিছিল৷ ফ্ৰান্সৰ নেপোলিয়ন বোনাপার্টে জাৰী কৰা মহাদেশীয় ব্যবস্থা। আৰু নেপোলিয়নৰ বিৰুদ্ধে ইংলেণ্ডে গ্রহণ কৰা অর্থনৈতিক অৱৰোধৰ ফলত ইউৰোপ মহাদেশলৈ ব্ৰিটিছ সামগ্ৰী ৰপ্তানিৰ পথ বন্ধ হৈ পৰিছিল। এনে পৰিস্থিতিত গ্রেট ব্রিটেইন গভীৰ অৰ্থনৈতিক সংকটৰ সম্মুখীন হ’ব লগা হৈছিল।

প্রশ্ন ১৪। দ্রুত ঔদ্যোগীকৰণৰ বাবে জাপান আৰু ইয়াৰ ওচৰ-চুবুৰীয়া দেশসমূহৰ মাজত যুদ্ধ হোৱাৰ উপৰি পৰিৱেশ নষ্ট হৈছিলনে? তোমাৰ মতামতসহ লিখা।

উত্তৰঃ দ্রুত ঔদ্যোগীকৰণৰ বাবে দ্বিতীয় বিশ্বযুদ্ধৰ আগমুহূৰ্তত দেশ সমূহৰ মাজত দ্রুত ঔদ্যোগীকৰণৰ পৰিৱেশ গঢ়ি উঠে। এই দিশত জাপানো বিশেষভাৱে আগবাঢ়ি গৈছিল। দ্রুত ঔদ্যোগীকৰণৰ ফলত দেশসমূহৰ মাজত তীব্র প্রতিদ্বন্দ্বিতা আৰম্ভ হয়। পশ্চিমীয়া শক্তিসমূহ্যে এই দিশত পিচ পৰি থকা নাছিল। পিছলৈ দ্বিতীয় বিশ্বযুদ্ধ সংগঠিত হোৱা কাৰণসমূহৰ ভিতৰত দ্রুত ঔদ্যোগীকৰণৰ বিষয়টোৱেও তীব্র প্রত্যাহান হিচাপে থিয় দিয়ে। এনেদৰে দেশসমূহৰ মাজত সুস্থ সংগঠিত হোৱাৰ লগতে পৰিৱেশ বিনষ্ট হৈ পৰিছিল। 

প্রশ্ন ১৪। তলত দিয়া কপাহী উদ্যোগৰ মেচিনসমূহৰ আৱিষ্কাৰকসকল কোন? 

(i) উৰণীয়া মাকোৰ ভাতশাল।

উত্তৰ: জনকে

(ii) স্পিনিং জেনি,

উত্তৰ : জেমচ্ হাৰ গ্ৰীম্‌ছ

(iii) ওৱাটাৰ ফ্রেম।

উত্তৰ ৰিচাৰ্ণ আৰ্কৰাইট।

(iv) পাৱাৰ লুম।

উত্তৰ: এডমাণ্ড কাৰ্টবাইট

বুৰঞ্জী

সূচীপত্ৰলিংক
অধ্যায় ১প্ৰাৰম্ভিক সমাজ Solutions
অধ্যায় ২ লিখন পদ্ধতি আৰু নগৰীয়া জীৱন Solutions
অধ্যায় ৩ সাম্ৰাজ্য Solutions
অধ্যায় ৪ মধ্য ইছলামীক দেশ
ইছলামৰ উদয় আৰু বিস্তাৰ: (৫৭০-১২০০ খ্ৰী:)
Solutions
অধ্যায় ৫ অঘৰী সাম্ৰাজ্য Solutions
অধ্যায় ৬ পৰিৱৰ্তিত ঐতিহ্য Solutions
অধ্যায় ৭ পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য Solutions
অধ্যায় ৮ সংস্কৃতিৰ সংঘাত Solutions
চতুৰ্থ গোটআধুনিকীকৰণৰ দিশে —-
অধ্যায় ৯ উদ্যোগিক বিপ্লব Solutions
অধ্যায় ১০মূল বাসিন্দাৰ স্থানান্তৰকৰণ Solutions
অধ্যায় ১১আধুনিকীকৰণৰ পথত Solutions

This Post Has One Comment

Leave a Reply