Class 11 History Solutions Chapter 8 – সংস্কৃতিৰ সংঘাত

Class 11 History Solutions Chapter 8 – সংস্কৃতিৰ সংঘাত । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 11 History Solutions Chapter 8 – সংস্কৃতিৰ সংঘাত AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

Class 11 History Solutions Chapter 8 – সংস্কৃতিৰ সংঘাত

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ইনকাসকলে (Incas) দক্ষিণ আমেৰিকাৰ কোন অঞ্চলত শাসন কৰিছিল ?

উত্তৰঃ ইনকাসকলে পেৰুৰ উপকূলীয় উচ্চ ভূমি অঞ্চল, ইকুৱেডৰৰ উচ্চ ভূমি অঞ্চল, উত্তৰ চিলি, বলিভিয়াৰ পশ্চিম অংশ আৰু আর্জেণ্টিয়াৰ উত্তৰ-পশ্চিম অঞ্চলত শাসন কৰিছিল।

প্রশ্ন ২। পৃথিৱীৰ ভিতৰত বৃহত্তম নদীখনৰ নাম লিখা। 

উত্তৰঃ ব্ৰাজিলৰ আমাজান হ’ল পৃথিৱীৰ ভিতৰত বৃহত্তম নদী।

প্রশ্ন ৩। কেতিয়া পৰ্তুগীজ আৰু স্পেইনৰ ভ্ৰমণকাৰীসকল দক্ষিণ আমেৰিকালৈ আহিছিল?

উত্তৰ: ১৫ আৰু ১৬ শ শতিকাৰ ভিতৰত এই দুই ভ্ৰমণকাৰী দল আমেৰিকালৈ আহিছিল। 

প্রশ্ন ৪। ইউৰোপীয়সকলে দক্ষিণ আমেৰিকালৈ ক’ৰ পৰা দাসসকলক আমদানি কৰিছিল?

উত্তৰ : ইউৰোপীয় বনিকসকলে আফ্রিকা মহাদেশৰ পৰা দাসসকলক আমদানি কৰিছিল।

প্রশ্ন ৫। কলম্বাচ কোন আছিল?

উত্তৰ: স্পেইনৰ সম্রাটে কলম্বাচক সাগৰীয় পথ আৱিষ্কাৰৰ কাৰণ অর্থ সাহায্য প্রদান কৰিছিল। কলম্বাচ এজন ইটালীৰ ভ্ৰমণকাৰী আছিল।

প্রশ্ন ৬। কেতিয়া স্পেইন আৰু পৰ্টুগালৰ উপনিৱেশবোৰে স্বাধীনতা লাভ কৰিছিল। 

উত্তৰ ঃ ওঠৰ শতিকাৰ ভিতৰত স্পেইন আৰু পৰ্টুগালৰ উপনিৱেশবোৰে স্বাধীনতা লাভ কৰিছিল।

প্রশ্ন ৭। দক্ষিণ আমেৰিকাৰ ভৌগোলিক পৰিসৰ কেনেধৰণৰ আছিল?

উত্তৰঃ পেৰু অঞ্চলৰ উচ্চ ভূমি অঞ্চল, ইকুৱেডৰৰ উচ্চ পাহাৰীয়া অঞ্চল, উত্তৰ চিলি, পশ্চিম বলিভিয়াৰ পশ্চিম অংশ আৰু আৰ্জেণ্টিনাৰ পশ্চিম অংশক লৈ দক্ষিণ আমেৰিকা অৱস্থিত আছিল।

প্রশ্ন ৮। টুপিনাম্বা নামৰ জনগোষ্ঠীটো ক’ত বাস কৰিছিল?

উত্তৰ ঃ দক্ষিণ আমেৰিকাৰ পূব-উপকূলত তেওঁলোকে বাস কৰিছিল। 

প্রশ্ন ৯। আৰাৱাকিয়ান লুকাইছ নামৰ জনগোষ্ঠীটো ক’ত বাস কৰিছিল?

উত্তৰঃ কেৰিবিয়ান সাগৰৰ বৰ্তমানৰ বাহমাজ আৰু বৃহৎ এণ্টিলিছ দ্বীপত আৰাৱাকিয়ান লুকাইছসকল বাস কৰিছিল। 

প্রশ্ন ১০। ব্ৰাজিলৰ পৰা কেতিয়া দাস প্রথাৰ অৱসান ঘটিছিল।

উত্তৰ : ১৮৮০ চনৰ ভিতৰত ব্ৰাজিলৰ পৰা দাস প্রথাৰ অৱসান ঘটিছিল। 

প্রশ্ন ১১। পৰ্তুগীজসকলে দক্ষিণ আমেৰিকাৰ কোনখন গুৰুত্বপূৰ্ণ ঠাই দখল কৰিছিল।

উত্তৰ: ব্ৰাজিলখন পৰ্তুগীজসকলে দখল কৰিছিল।

প্রশ্ন ১২। দক্ষিণ আমেৰিকাৰ পৰা বিশ্বৰ বিভিন্ন দেশলৈ কি কি খাদ্য সম্ভাৰ আমদানি কৰা হৈছিল।

উত্তৰ ঃ আলু, ধঁপাত, চেনী, ৰবৰ আদি সামগ্ৰীবোৰ আমদানি কৰা হৈছিল। 

প্রশ্ন ১৩। কলম্বাচে প্রথমে দক্ষিণ আমেৰিকাৰ কোন ঠাইত স্পেইনৰ পতাকা উৰুৱাছিল?

উত্তৰ: গুৱানা হানি নামৰ ঠাইত কলম্বাচে স্পেইনৰ পতাকাখন উৰুৱাছিল। 

বুৰঞ্জী

সূচীপত্ৰলিংক
অধ্যায় ১প্ৰাৰম্ভিক সমাজ Solutions
অধ্যায় ২ লিখন পদ্ধতি আৰু নগৰীয়া জীৱন Solutions
অধ্যায় ৩ সাম্ৰাজ্য Solutions
অধ্যায় ৪ মধ্য ইছলামীক দেশ
ইছলামৰ উদয় আৰু বিস্তাৰ: (৫৭০-১২০০ খ্ৰী:)
Solutions
অধ্যায় ৫ অঘৰী সাম্ৰাজ্য Solutions
অধ্যায় ৬ পৰিৱৰ্তিত ঐতিহ্য Solutions
অধ্যায় ৭ পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য Solutions
অধ্যায় ৮ সংস্কৃতিৰ সংঘাত Solutions
চতুৰ্থ গোটআধুনিকীকৰণৰ দিশে —-
অধ্যায় ৯ উদ্যোগিক বিপ্লব Solutions
অধ্যায় ১০মূল বাসিন্দাৰ স্থানান্তৰকৰণ Solutions
অধ্যায় ১১আধুনিকীকৰণৰ পথত Solutions

প্রশ্ন ১৪। কেতিয়া স্পেইনে ফিলিপাইনৰ দ্বীপপুঞ্জ দখল কৰিছিল?

উত্তৰঃ ১৫৭১ খ্ৰীঃত স্পেইনে ফিলিপাইনৰ দ্বীপপুঞ্জবোৰ দখল কৰিছিল।

প্রশ্ন ১৫। কেতিয়া পিজাকসকলে ইনকা সাম্রাজ্য দখল কৰিছিল?

উত্তৰ: ১৫৩২ খ্ৰীঃত পিজাকসকলে ইনকা সাম্ৰাজ্য দখল কৰিছিল।

প্রশ্ন ১৬। কোনে প্রথমে পৰ্তুগালসকলৰ কাৰণে ব্ৰাজিলখন দাৰী কৰিছিল? 

উত্তৰ: এলভাৰিছ কেব্ৰেলে প্রথমে পর্তুগাল সকলৰ কাৰণে ব্ৰাজিলখন দাবী কৰিছিল।

প্রশ্ন ১৭। স্পেইনে দখল কৰা দক্ষিণ আমেৰিকাৰ ঠাইবোৰৰ নাম লিখা। 

উত্তৰ ঃ স্পেইনে দখল কৰা দক্ষিণ আমেৰিকাৰ ঠাইবোৰ হ’ল মেক্সিকো, গুৱাটেমলো, নিকাৰাগুৱা আৰু হন্দুৰাজ।

প্রশ্ন ১৮। মণ্টিজুমা কোন আছিল। 

উত্তৰ : আজটেক ৰাজ্যৰ এজন প্ৰসিদ্ধ ৰজা আছিল মন্টিজুমা।

প্রশ্ন ১৯। ব্রাজিল নামটো ক’ৰ পৰা আহিছে?

উত্তৰ: ব্ৰাজিলউড গছৰ পৰা ব্ৰাজিল নামটো আহিছে। 

প্রশ্ন ২০। কেতিয়া ইউৰোপীয়ান সকলে জলপথেদি যাত্ৰা আৰম্ভ কৰিছিল ?

উত্তৰ : ১৩৮০ খ্ৰীচৰ পৰা ইউৰোপীয়সকলে জলপথেদি যাত্ৰা আৰম্ভ কৰিছিল।

প্রশ্ন ২১। আজটেক আৰু ইনকা সভ্যতাৰ এটি উমৈহতীয়া বৈশিষ্ট্যৰ কথা উল্লেখ কৰা।

উত্তৰ: দুয়োটা সভ্যতাৰ মাজত সমাজত শ্রেণী বিভাজন প্রথা চলি আহিছিল। 

প্রশ্ন ২২। ইনকা সকলৰ হিচাব ৰখা পদ্ধতিটোক কি বুলি কোৱা কৈছে।

উত্তৰ : ইনকা সকলৰ হিচাৰ ৰখা পদ্ধতিটোক ‘কুইপা’ বুলি কোৱা হৈছিল।

প্রশ্ন ২৩। ইন্‌কা সকলৰ জীৱিকাৰ প্ৰধান উৎস কি আছিল?

উত্তৰ: কৃষি আছিল ইনকাসকলৰ জীৱিকাৰ প্ৰধান উৎস।

প্রশ্ন ২৪। ইনকা সাম্র্যাজ্যৰ প্ৰথমজন সম্রাট কোন আছিল? 

উত্তৰ : ইনকা মানকোকাপাকো আছিল ইনকা সাম্ৰাজ্যৰ প্ৰথম জন সম্রাট।

প্রশ্ন ২৫। ইনকা সাম্রাজ্যৰ ৰাজধানী কি আছিল? 

উত্তৰ :-কুজকো আছিল ইনকা সাম্ৰাজ্যৰ ৰাজধানী।

প্রশ্ন ২৬। ইনকা সভ্যতাৰ বিকাশ ক’ত হৈছিল ?

উত্তৰ: দক্ষিণ আমেৰিকাৰ পেক অঞ্চলত স্বাদশ শতিকাৰ প্ৰথম ভাগত ইনকা সভ্যতাৰ বিকাশ ঘটিছিল।

প্রশ্ন ২৭। কেতিয়া আৰু ক’ত মায়া সভ্যতাৰ বিকাশ ঘটিছিল? 

উত্তৰ ঃ একাদশ আৰু চতুৰ্দশ শতিকাৰ মাজ ভাগত মেক্সিকোেত মায়া সভ্যতাৰ বিকাশ ঘটিছিল।

প্রশ্ন ২৮। আজটেক সভ্যতাৰ কেতিয়া পতন হৈছিল? কৰা হৈছিল।

উত্তৰ ঃ ষোড়শ শতিকাৰ প্ৰথম ভাগত আজটেক সভ্যতাৰ পতন ঘটিছিল। 

প্রশ্ন ২৯। আজটেক সাম্ৰাজ্যৰ শিক্ষানুষ্ঠানক কি বুলি কোৱা হৈছিল?

উদ্ভৰঃ শিক্ষানুষ্ঠানবোৰক কেলমেকা বুলি কোৱা হৈছিল? 

প্রশ্ন ৩০। কেতিয়া আৰু ক’ত আজটেকৰ ৰাজধানী প্রতিষ্ঠা কৰা হৈছিল। 

উত্তৰ: ১৩২৬ টেনচটিটলান নামৰ ঠাইত আজটেক সাম্ৰাজ্যৰ ৰাজধানী প্রতিষ্ঠা 

প্রশ্ন ৩১। ১৫৫০ – ১৮৮০ খ্ৰীঃৰ ভিতৰত আফ্ৰিকাৰ পৰা ব্রাজিললৈ আমদানি কৰা হৈছিল ?

উত্তৰ : প্রায় ৬০০,০০ জন দাস আমদানি কৰা হৈছিল।

প্রশ্ন ৩২। আজটেক আৰু ইনকা সভ্যতা বর্তমান কোেনা দেশৰ অন্তর্ভুক্ত?

উত্তৰ ঃ এই দুয়োটা সভ্যতা বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত। 

প্রশ্ন ৩৯। কেতিয়া আৰু কাৰ কবলৰ পৰা পৰ্তুগালে স্বাধীনতা লাভ কৰিছিল? 

উত্তৰ ঃ ১১৩৯ খ্ৰীঃত স্পেইনৰ কবলৰ পৰা পৰ্তুগালে স্বাধীনতা লাভ কৰিছিল। স্বাধীনতা ঘোষণা কৰিছিল

প্রশ্ন ৩৩। কোন চনত পৰ্তুগীজসকলে ব্রাজিলৰ উপকূল অঞ্চল দখল কৰে। 

উত্তৰ: ১৫৩৪ খ্ৰীঃত পৰ্তুগীজসকলে ব্রাজিলৰ উপকূল অঞ্চল দখল কৰে। 

প্রশ্ন ৩৪। কোন চনত আটাহুয়ালপাই ইনকা সাম্রাজ্য দখল কৰে?

উত্তৰ: ১৫৩২ খ্ৰীঃত আটাহুয়ালপাই ইনকা সাম্ৰাজ্য দখল কৰে। 

প্রশ্ন ৩৫৷ মণ্টেজুমাই ক’টিজ কোন দেশৰ লোক আছিল?

উত্তৰঃ মণ্টেজুমাই ক’টিজ স্পেইন দেশৰ লোক আছিল। 

প্রশ্ন ৩৬। নতুন পৃথিৱীৰ বৰ্তমানৰ নাম কি? 

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ হ’ল নতুন পৃথিৱীৰ নাম।

প্রশ্ন ৩৭। কোন চনত কলম্বাচে স্পেইনৰ সহযোগত সমুদ্র যাত্ৰা আৰম্ভ কৰিছিল? 

উত্তৰঃ ১৪৯২ খ্ৰীঃত কলম্বাচে স্পেইনৰ সহযোগত সমুদ্রযাত্ৰা আৰম্ভ কৰিছিল।

প্রশ্ন ৩৮। কোন চনত স্পেইনে কিউটা আক্ৰমণ কৰিছিল?

উত্তৰঃ ১৪১৫ খ্ৰীঃত স্পেইনে কিউটা আক্ৰমণ কৰিছিল।

প্রশ্ন ৪০। ক্ৰছেদ বা ধর্মযুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? 

উত্তৰ ঃ তুর্কী আৰু খ্ৰীষ্টানসকলৰ মাজত ক্ৰছেদ বা ধর্মযুদ্ধ হৈছিল৷

প্রশ্ন ৪১। কোন চনত তুর্কীসকলে কণষ্টান্টিনোপল দখল কৰিছিল। 

উত্তৰ : ১৪৫৩ খ্ৰীঃত তুর্কী সকলে কণষ্টান্টিনোপল জয় কৰিছিল।

প্রশ্ন ৪২। স্পেনিচ আৰু পৰ্তুগীজসকলৰ ভৌগোলিক আৱিষ্কাৰৰ প্ৰধান উদ্দেশ্য কি আছিল

উত্তৰ : ৰাজনৈতিক, অর্থনৈতিক আৰু ধৰ্মীয় দিশত আধিপত্য বিস্তাৰ কৰাই। আছি দুয়োটা শক্তিৰ প্ৰধান উদ্দেশ্য।

প্রশ্ন ৪৩। সমুদ্র যাত্ৰাৰ প্ৰধান বাটকটীয়া কোন কোন আছিল? 

উত্তৰ ঃ পৰ্তুগীজ আৰু স্পেইন আছিল সমুদ্রযাত্ৰাৰ প্ৰধান উদ্দেশ্যে।

প্রশ্ন ৪৪। কোন চনত টলেমিৰ ভূগোল বিষয়ক কিতাপখন প্রকাশ পাইছিল? 

উত্তৰ ঃ ১৪৭৭ খ্ৰীঃত টলেমিৰ ভূগোল বিষয়ক কিতাপখন প্রকাশ পাইছিল ৷

প্রশ্ন ৪৫। ‘পুঁজিবাদ আৰু দাসত্ব’ নামৰ পুথিখন কোনে আৰু কেতিয়া ৰচনা কৰিছিল 

উত্তৰ ঃ এৰিক উইলিয়ামছে ১৯৪০ চনত এই পুথিখন ৰূচনা কৰিছিল।

প্রশ্ন ৪৬। ১৬৭৬ চনত কিমানখন ঔপনিৱেশে ইংৰাজৰ বিৰুদ্ধে স্বাধীনতা ঘোষণা কৰিছিল। 

উত্তৰঃ ১৬৭৬ খ্ৰীঃত তেৰখন উপনিৱেশে ইংৰাজৰ বিৰুদ্ধে

প্রশ্ন ৪৭। কোন চনত আমেৰিকাই স্বাধীনতা লাভ কৰিছিল? 

উত্তৰ ৷ ১৭৭৬ চনত আমেৰিকাই স্বাধীনতা লাভ কৰিছিল।

প্রশ্ন ৪৮। দক্ষিণ আমেৰিকাৰ আন এটি নাম কি ? 

উত্তৰঃ দক্ষিণ আমেৰিকাক লেটিন আমেৰিকা বুলি কোৱা হয়।

প্রশ্ন ৪৯। লেটিন আমেৰিকাৰ কি কি দুটা ভাষাৰ প্ৰচলন আছে?

উত্তৰ ± স্পেনিচ আৰু পৰ্তুগীজ হ’ল লেটিন আমেৰিকাত প্ৰচলিত দুটা ভাষা। 

প্রশ্ন ৫০। স্পেনিচসকলে দক্ষিণ আমেৰিকাত কোন ঠাইত ৰূপৰ খনি আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ বৰ্তমানৰ বলিভিয়াত স্পেনিচসকলে ৰূপৰখনি আৱিষ্কাৰ কৰিছিল।

প্রশ্ন ৫১। আমেৰিকা আৱিষ্কাৰ কৰা নাৱিকজনৰ নাম কি আছিল? 

উত্তৰ: কলম্বাচ

প্রশ্ন ৫২। মেক্সিকো শব্দটো কৰ পৰা আহিছে?

উত্তৰ : এজটেকসকলৰ উপাস্য দেৱতা মেক্সিট্‌লি (mexitli) শব্দৰ পৰা আহিছে। 

প্রশ্ন ৫৩। তলৰ চন-তাৰিখবোৰ কি কি ঘটনাৰ সৈতে জড়িত।

(ক) ১৪৯২ 

(খ) ১৬০০

(গ) ১৫২২

(ঘ) ১৫৭১

(ঙ) ১৪৯৭

(চ) ১৫০০ 

(ছ) ১৫২১ 

(জ) ১৪৯৮ 

(ঝ) ১৫৩২

(ঞ)১৪৯৯

উত্তৰঃ (ক) বাহাম আৰু কিউবা কলম্বাচে স্পেইনৰ কাৰণে দাবী কৰিছিল।

(খ) ইষ্ট-ইণ্ডিয়া কোম্পানী গঠন।

(গ) মেগলানে গোটেই পৃথিৱী ভ্ৰমণ কৰে। 

(ঘ) স্পেনিচসকলে ফিলিপাইন জয় কৰে।

(ঙ) ইংৰাজ লোক জনকেবটেৰ উত্তৰ আমেৰিকাত উপস্থিত। 

(চ) কেৱলৰ ব্ৰাজিল দাবী।

(ছ) কর্টজে আজটেক সকলক পৰাস্ত কৰে। 

(জ) ভাস্কোদাগামাৰ ভাৰতত উপস্থিত।

(ঝ) পীজাৰোৰ ইনকা সাম্রাজ্য জয়।

(ঞ) আমেৰিগো ভেচপুচিৰ দক্ষিণ আমেৰিকাত উপস্থিত।

প্রশ্ন ৫৪। এমেৰিগ’ ভেচপুচি কোন আছিল? 

উত্তৰ ঃ এমেৰিগ ভেচপুচিয়ে ১৫০৭ চনত আমেৰিকাৰ উপনিৱেশৰ ওপৰত এখন ভ্রমণ কাহিনী প্ৰকাশ কৰিছিল।

প্রশ্ন ৫৫। Capitalism and slavery গ্ৰন্থখনৰ লেখক কোন? 

উত্তৰ: আধুনিক ইতিহাসবিদ এবিক উইলিয়ামচে ১৯৪০ চনত ৰচনা কৰিছিল৷

চমু প্রশ্নোত্তৰ

প্রশ্ন ১। টলেমি কোন আছিল ?

উত্তৰ ঃ টলেমি হ’ল ভূগোল বিষয়ক পুথিৰ জনক। তেওঁ এজন ইজিপ্তৰ পণ্ডিত আছিল। 1477 খ্ৰীঃত তেওঁৰ ভূগোল বিষয়ৰ প্ৰথমখন পুথি প্ৰকাশ পাইছিল। প্ৰথমবাৰৰ কাৰণে টলেমিয়ে অক্ষাংশ আৰু দ্রাঘিমাংশৰ গণনা অনুসৰি ঠাইবিলাকৰ অৱস্থান নির্ণয় কৰিছিল। টলেমিৰ মতে পৃথিৱীখন এটা মণ্ডলৰ নিচিনা। 

প্রশ্ন ২। ইউৰোপীয় সকলে কিয় সমুদ্রযাত্ৰাৰ কাৰণে মন মেলিছিল? 

উত্তৰ ঃ তলত উল্লেখ কৰা কাৰণকেইটা আগত ৰাখি ইউৰোপীয়সকলে সমুদ্র কৰিছিল— 

(ক) নতুন ঠাই আৱিষ্কাৰৰ জৰিয়তে ৰূপ আৰু সোণৰ খনিৰ সন্ধান কৰিব বিচাৰিছিল।

(খ) ভৌগোলিক আৱিষ্কাৰৰ লগতে ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যও ইয়াৰ লগত জড়িত আছিল।

(গ) নতুন ব্যৱসায়-বাণিজ্যৰ কাৰণে বজাৰৰ অনুসন্ধান কৰা।

প্রশ্ন ৩। কোনে আৰু কেতিয়া ইণ্ডিজ আৱিষ্কাৰ কৰিছিল? 

উত্তৰঃ 1492 খ্ৰীঃত কলম্বাচে ইণ্ডিজ আৱিষ্কাৰ কৰিছিল।

প্রশ্ন ৪। আজাটক আৰু ইন্‌কা সভ্যতাৰ কেইটামান উমৈহতীয়া বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰ : দুয়োটা সভ্যতাৰ কেইটামান উমৈহতীয়া বৈশিষ্ট্য হ’ল—

(ক) দুয়োটা সভ্যতা ইউৰোপীয় সভ্যতাতকৈ কিছু বেলেগ আছিল। 

(খ) দুয়ো সভ্যতাৰ লোকে পুৰোহিত শ্ৰেণীক সন্মান কৰিছিল।

(গ) দুয়োটা সভ্যতাৰ লোকে সোণখচিত মন্দিৰ নিৰ্মাণ কৰিছিল। 

(ঘ) দুয়োটা সভ্যতাৰ মানুহৰ ব্যক্তিগত সম্পত্তিৰ ওপৰত অধিকাৰ আছিল।

(ঙ) ইউৰোপীয়সকলৰ দৰে দুয়ো সভ্যতাৰ মানুহে সোণ আৰু ৰূপৰ মূল্য বুজা নাছিল।

প্রশ্ন ৫। কি কি কাৰণত পৰ্তুগীজসকলে আৰু স্পেইনীসকলে সমুদ্র যাত্ৰা আৰম্ভ কৰিছিল? 

উত্তৰ: দুয়োটা দলে সমুদ্ৰাযাত্ৰা কৰাৰ কাৰণবোৰ হ’ল

(ক) সোণ আৰু মছলা আহৰণৰ কাৰণে দুয়োটা দলে সমুদ্র যাত্ৰা আৰম্ভ কৰিছিল। 

(খ) পৰ্তুগীজসকলে মাছধৰা কার্যত পাৰ্গত আছিল। সেয়ে তেওঁলোকে সমুদ্রযাত্রাতো সফলতা লাভ কৰিব বুলি বিশ্বাসী আছিল।

(গ) সামৰিক দিশত স্পেইনৰ লোকে অন্য দেশত বীৰ হ’ব বিচাৰিছিল। 

(ঘ) দাস ব্যৱসায় কৰাও আছিল দুয়ো দেশৰ সাগৰীয় যাত্ৰাৰ আন এটি উল্লেখযোগ্য কাৰণ।

(ঙ) ধর্মযুদ্ধৰ ফলত প্ৰাচ্যৰ পিনে সাগৰীয় পথ আৱিষ্কাৰৰ আৱশ্যকতাও আছিল দুয়োদলৰ সাগৰীয়া যাত্ৰাৰ অন্য এটি কাৰণ।

প্রশ্ন ৬। দক্ষিণ আমেৰিকাক কিয় লেটিন আমেৰিকা বুলি জনা যায়? 

উত্তৰ ঃ দক্ষিণ আমেৰিকাক লেটিন আমেৰিকা বুলি জনা যায়। কাৰণ এই মহাদেশত দুটা প্রধান ভাষা স্পেনিছ আৰু পৰ্তুগীজ লেটিন ভাষাগোষ্ঠীৰ অংশ। বাসিন্দাসকল আছিল প্রথমে গৈ থিতাপি লোৱা ইউৰোপীয়ান সকলু (ফ্ৰেৱল বুলি জনা গৈছিল) পিছত গৈ কাম কৰা সকল আৰু আফ্ৰিকামূলৰ। তাৰ বেছিভাগ মানুহেই কেথলিক স্থানীয় পৰম্পৰাগত সংস্কৃতিৰ লগত ইউৰোপৰ সংস্কৃতিৰ সমন্বয় ঘটি বহু উপাদানেৰে মহান সংস্কৃতি গঢ় লৈছে। 

প্রশ্ন ৭। কলম্বাচে স্পেইনৰ কাৰণে কোন দুটা দ্বীপ দাবী কৰিছিল? এই দ্বীন দুটাৰ বৰ্তমানৰ নাম কি?

উত্তৰ ঃ কলম্বাচে স্পেইনৰ কাৰণ কিউবানছকান বা কিউবা আৰু কিছুকেয়ালৈ বা হিচপানিয়া নামৰ দ্বীপ দুটা দাবী কৰিছিল।

বর্তমান এই দ্বীপ দুটা হ’ল হাইটি। বর্তমান ডমিনিয়ান ৰিপাব্লিকৰ অৰ্ন্তভূক্ত। 

প্রশ্ন ৭৷ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰখন কাৰ নামেৰে নামাকৰণ কৰা হৈছিল? আমেৰিকা নামটো কোনে আৰু কেতিয়া আনুষ্ঠানিকভাৱে ব্যৱহাৰ কৰিছিল ?

উত্তৰ  ঃ (ক) কলম্বাচে প্রথমে আৱিষ্কাৰ কৰা ঠাইখিনিক আমেৰিগো ভেচপুচি নামে এজন ফ্লোৰেন্সৰ ভূগোলবিদে ‘নতুন পৃথিৱী’ বুলি অভিহিত কৰিছিল। পিছলৈ আমেৰিগোৰ নাম অনুসৰি নতুন পৃথিৱীৰ নাম আমেৰিকা হ’ল। আমেৰিকা নামটো প্রথমে 1507 চনত জার্মান প্রকাশক এজনে ব্যৱহাৰ কৰিছিল।

প্রশ্ন ৯। টুপিনাম্বাসকল কোন আছিল?

উত্তৰ ঃ টুপিনাম্বা নামৰ লোকসকলে দক্ষিণ আমেৰিকাৰ পূব-উপকূল আৰু বনাঞ্চলত বাস কৰিছিল৷ তেওঁৰ খেতিৰ সঁজুলি নাছিল। সেই কাৰণে তেওঁলোকে ডাঠ হাবি-বননিবোৰ চাফ-চিকুণ কৰিও খেতি কৰিব পৰা নাছিল। ইয়াৰ বিপৰীতে তেওঁলোকে যথেষ্ট পৰিমাণে ফল-মূল, শাক-পাচলি আৰু মাছ সংগ্ৰহ কৰিছিল, সেয়ে তেওঁলোকে কৃষিৰ ওপৰত নিৰ্ভৰ নকৰাকৈ চলিব পাৰিছিল৷

প্রশ্ন ১০। কোন চনত মাচুপিচুৰ ইনকা নগৰ আৱিষ্কাৰ কৰিছিল ?.

উত্তৰঃ 1911 চনত মাচুপিচুৰ ইনকা নগৰ আৱিষ্কাৰ কৰিছিল। 

প্রশ্ন ১১। জড়োপাসক সকল কোন আছিল?

উত্তৰঃ জড়োপাসক সকল আছিল পুৰোহিত শ্ৰেণীৰ লোক। তেওঁলোকে পার্থিব আৰু অ-পার্থিব পদাৰ্থৰ জীৱশক্তি থকা বুলি বিশ্বাস কৰিছিল। 

প্রশ্ন ১২। আমেৰিকা আৱিষ্কাৰ কৰাৰ পিছত আৱিষ্কাৰকসকলে তাত কেনেধৰণৰ সংস্কৃতি পাইছিল?

উত্তৰ ঃ আমেৰিকা আৱিষ্কাৰক সকলে তাত দুই ধৰণৰ সংস্কৃতি দেখা পাইছিল। এই দুটা

(ক) তাৰ অৰ্থনীতি সবল আছিল। উদাহৰণ হিচাপে কেৰিবিয়ান আৰু ব্ৰাজিল অঞ্চলৰ অর্থনীতিৰ কথা উল্লেখ কৰিব পাৰি।

(খ) তাত শক্তিশালী ৰাজতন্ত্ৰ আছিল আৰু ইয়াৰ ভিত্তি আছিল কৃষি আৰু খনি। উদাহৰণ হিচাপে মায়া, আজটেক আৰু পেৰুৰ ইনকা সভ্যতাঁৰ কথা উল্লেখ কৰিব পাৰি। 

প্রশ্ন ১৩। ইণ্ডিজলৈ অহা সাগৰীয় পথটো কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল ? 1।। 

উত্তৰ ঃ স্পেইনৰ সম্ৰাটৰ অৰ্থ সাহায্য লৈ খ্ৰীষ্টোফাৰ কলম্বাচ নামৰ এজন ইটালীয়ান লোকে 1492 খ্ৰীঃত ইণ্ডিজলৈ অহা সাগৰীয় পথটো আৱিষ্কাৰ কৰিছিল৷ 

প্রশ্ন ১৪। আজটেক আৰু ইন্‌কা সাম্ৰাজ্যৰ মাজত থকা দুটা সাদৃশ্যৰ কথা উল্লেখ কৰা।

উত্তৰ ঃ আজটেক সাম্ৰাজ্য গঢ়ি উঠিছিল মধ্য আমেৰিকাত আৰু ইনকা বা সাম্রাজ্য গাঢ়ি উঠিছিল দক্ষিণ আমেৰিকাত। দুয়োখন সাম্ৰাজ্যৰ মাজত থকা দুটা সাদৃশ্য হল—

(ক) দুয়োখন সাম্রাজ্য আছিল যুক্তৰাষ্ট্ৰীয় আৰ্হিৰ। 

(খ) দুয়োখন সাম্রাজ্য কাৰিকৰী দিশত আগবঢ়া আছিল।

প্রশ্ন ১৫। কৃত্রিম দ্বীপ বুলিলে কি বুজা?

অথবা, 

আজটেক সকল কেনেকৈ তেওঁলোকৰ ভূমি আবাদী বা বাসপযোগী কৰি তুলিছিল।

উত্তৰ: আজটক সাম্ৰাজ্যত মাটিৰ পৰিমাণ কম আছিল। সেয়ে আজটেকসকলে কৃত্রিম ব্যৱস্থা কৰি মাটিৰ পৰিমাণ বঢ়াইছিল। তেওঁলোকে ইকৰাৰে ডাঙৰ ডাঙৰ ঢাৰি তৈয়াৰ কৰি তাৰ ওপৰত গছ আৰু বোকাৰে আবৃত কৰি মেক্সিকো হ্রদত কৃত্রিমভাৱে দ্বীপ তৈয়াৰ কৰিছিল । তাৰ মাজে মাজে খাল খান্দি লৈছিল আৰু দ্বীপৰ ওপৰতে 1305 খ্ৰীঃত আজটেকৰ ৰাজধানী চহৰ টেনচাটটলাম নিৰ্মাণ কৰিছিল। 

প্রশ্ন ১৬। আবাদীকৰণ বুলিলে কি বুজা?

উত্তৰঃ পৰিত্যক্ত ভূমি কৃষিৰ বাবে আৰু বসবাসৰ বাবে উপযোগী কৰি লোৱাকে আবাদীকৰণ বোলা হয়। 

প্রশ্ন ১৭। কোন কেইটা সম্প্ৰদায়ক লৈ আজটেক সমাজৰ আভিজাত্য শ্ৰেণীটো গঠন কৰা হৈছিল?

উত্তৰ ঃ বংশানুক্রমিকভাৱে যিসকলক আদ্যেপান্ত, পুৰোহিত শ্ৰেণী আৰু নাগ সন্মানেৰে সন্মানিত কৰা সমাজৰ উচ্চ পদবীধাৰীসকলকলৈ আজটেক সমাজৰ আভিজাত্য শ্ৰেণীটো গঢ়ি উঠিছিল। 

প্রশ্ন ১৮। ইউৰোপীয়সকলে টুপিনাম্বাসকলক কিয় ঈৰ্ষাৰ চকুৰে চাইছিল ?

উত্তৰ : টুপিনাম্বাসকল স্বাৱলম্বী আছিল। তেওঁলোক আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ চলিব পাৰিছিল। নিজে নিজৰ খাদ্য সংগ্ৰহ কৰি লব পাৰিছিল৷ ইয়াৰোপৰি তেওঁলোক স্বাধীনচিতীয়া আছিল। কাৰণ তেওঁলোকৰ জীৱন নিয়ন্ত্ৰণ কৰাৰ কাৰণ কোনো ৰজা, সৈন্যদল বা গীর্জা নাছিল। সেয়ে তেওঁলোকৰ স্বাধীনচিতীয়া জীৱন প্ৰণালী দেখি তেওঁলোকৰ লগত এনে সংযোগ ঘটা ইউৰোপীয়সকলে টুপিনাম্বাসকলক ঈৰ্ষাৰ চকুৰে চাইছিল। 

প্রশ্ন ১৯। ভৌগোলিক যাত্রা পথত নাৱিকসকলে ব্যৱহাৰ কৰা আৱশ্যকীয় যন্ত্রপাতিবোৰৰ নাম উল্লেখ কৰা।

উত্তৰ: নাৱিসকলে ভৌগোলিক আৱিষ্কাৰৰ পথত ব্যৱহাৰ কৰা আৱশ্যকীয় যন্ত্রপাতিবোৰ হ’ল কম্পাছ, দূৰবীণ যন্ত্র, ভৌগোলিক মানচিত্র আৰু জ্যোতির্বিজ্ঞান সম্পৰ্কীয় নথি-পত্ৰবোৰ। 

প্রশ্ন ২০। আজটেক আৰু ইনকা সকলৰ লগত ইউৰোপীয়সকলৰ কি পার্থক্য লক্ষ্য কৰা যায় ?

উত্তৰ: আজটেক আৰু ইনকাসকলৰ লগত ইউৰোপীয়সকলৰ মাজত দেখা দিয়া পাৰ্থক্যবোৰ

(ক) আজটেক আৰু ইনকা সভ্যতা প্রাচীন হোৱাৰ বিপৰীতে ইউৰোপীয় সভ্যতা হ’ল আধুনিক যুগৰ ৷

(খ) প্রাচীন যুগত ইউৰোপীয় শাসন ব্যৱস্থা ৰাজতান্ত্রিক বা বংশানুক্রমিক হোৱাৰ বিপৰীতে। আজটেক আৰু ইনকা সভ্যতাক পৰিচালিত কৰা তেনে কোনো বংশানুক্রমিক ৰাজবংশৰ। প্রমাণ পোৱা নাযায়। 

(গ) ইউৰোপীয় সকলৰ মাজত সোণ আৰু ৰূপৰ মূল্য অধিক হোৱাৰ বিপৰীতে এই দুই সভ্যতাৰ লোকে সোণ আৰু ৰূপৰ মূল্যক তেনেকৈ গুৰুত্ব দিব বিচৰা নাছিল।

প্রশ্ন ২১। কুইপা বুলিলে কি বুজা?

উত্তৰ কৃষিয়ে আছিল ইনকা সভ্যতাৰ লোকসকলৰ প্ৰধান জীৱিকা। সেয়ে তেওঁলোক শিক্ষাৰ দিশত সিমান আগবঢ়া নাছিল। সেয়ে তেওঁলোকে হিচাপ ৰখাৰ কাৰণে এক পদ্ধতি। অৱলম্বন হাৰিছিল। এই হিচাপ ৰখা পদ্ধটিটোকে ‘কুইপা’ বুলি কোৱা হয়। এই পদ্ধতি অনুসৰি তেওঁলোকে ৰছী বা জৰীৰ গাঁঠি দি দি হিচাপ ৰাখিছিল। পণ্ডিতসকলৰ মত অনুসৰি সূতা গাঁঠি ইনকাসকলে কিছুমান বিধিও তৈয়াৰ কৰি লৈছিল।

প্রশ্ন ২২। আৱিষ্কাৰৰ যুগ বুলিলে কি বুজা?

উত্তৰ : যেতিয়া সাগৰীয় পথৰ আৱিষ্কাৰৰ লগতে নতুন নতুন দেশ আৱিষ্কাৰ হোৱাৰ সময়খিনিক আধুনিক বিশ্ব ইতিহাসত ‘আৱিষ্কাৰৰ যুগ’ বুলি কোৱা হয়। পোন্ধৰ শতিকাৰ শেষৰ বছৰটোৰ পৰা আৰম্ভ কৰি ষোল্ল শতিকাৰ আৰম্ভণিৰ সময়ছোৱাক সাধাৰণতে আৱিষ্কাৰৰ যুগ বা সময় বুলি কোৱা হয়। 

প্রশ্ন ২৩। ‘চকুপানীৰ ৰাতি’ বুলিলে কি বুজা?

উত্তৰ ঃ আজটেক আৰু স্পেনিয়াৰ্ডৰ যুদ্ধ চলি থকাৰ সময়ত আজটেক সকলৰ প্ৰায় ছয়শ সৈন্য নিহিত হৈছিল। এই ঘটনাটোকে ‘চকু পানীৰ ৰাতি’ বুলি কোৱা হয়।

প্রশ্ন ২৪। ক্রুছেদৰ স্মৃতি বা সামৰিক বিজয় বুলিলে কি বুজা?

উত্তৰ : ক্রুছেদৰ স্মৃতি বা সামৰিক বিজয় বুলিলে ধৰ্ম যুদ্ধৰ কথাকে সোঁৱৰাই দিয়ে। এই ক্রুছেদ বা ধর্ম যুদ্ধৰ’স্মৃতিয়ে বহু ব্যক্তিক সাগৰৰ বীৰ হোৱাৰ কাৰণে অনুপ্ৰেৰণা যোগাইছিল। স্পেইনৰ সম্রাট জয় কৰা ৰাজ্য বিলাকৰ ওপৰত অধিকাৰ দাবী কৰিলে আৰু অভিযানৰ লগত জড়িত ব্যক্তিসকলক উপাধি আৰু জয় কৰা ঠাই শাসন কৰিবলৈ দি পুৰস্কৃত কৰিছিল।

প্রশ্ন ২৫। কলম্বাচে সাগৰীয় অভিযানৰ কাৰণে কাৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিল?

উত্তৰ: 1410 খ্ৰীঃত কার্ডিনেল গিয়ার্ডো এইলিয়ে জোতির্বিদ্যা আৰু ভূগোলৰ ওপৰত লিখা কিতাপখন পঢ়ি কলম্বাচে সাগৰীয় অভিযানৰ কাৰণে অনুপ্ৰেৰণা লাভ কৰিছিল। 

প্রশ্ন ২৬। কলম্বাচে প্রথমে দেখা ঠাইখিনিক তেওঁ কি নাম দিছিল? আচলতে এই ঠাইখিনিৰ আচল নাম কি আছিল?

উত্তৰঃ কলম্বাচ আৰু তেওঁৰ সহযোগী সকলে দেখা প্রথম ভূখণ্ডক ভাৰতবৰ্ষ বুলি ভাবিছিল৷

আচলতে সেই স্থলভূমি ভাৰতবৰ্ষ নাছিল। সেই ঠাইখিনি আছিল বাহামাৰা গুৱানহানি দ্বীপ।

প্রশ্ন ২৭। স্থানীয় অধিবাসীসকলৰ লগত কলম্বাচৰ সংঘাতৰ বিষয়ে লিখা। 

উত্তৰঃ কলম্বাচে লক্ষ্য স্থান পোৱাৰ আগতে এক সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল। কাৰণ তেওঁ হিংস্ৰ কেৰিব নামৰ জনগোষ্ঠীটোৰ বিক্ষোভৰ সন্মুখীন হ’ব লগা হৈছিল৷ অৱশ্যে পিছলৈ তেওঁলোকক কলম্বাচক আদৰি লৈছিল।

প্রশ্ন ২৮। ইনকাসকল কোন আছিল? তেওঁলোকৰ কোনজন শাসকে কাজাকাত ৰাজধানী পাতিছিল?

উত্তৰঃ দক্ষিণ আমেৰিকাৰ বৃহত্তম আদিম সভ্যতা হ’ল পেৰুৰ কেৱেচুবা-বা ইনকাসকল।

প্রথম ইনকা শাসক মান্‌কো কাপাকে কাজাকাত ৰাজধানী স্থাপন কৰিছিল। 

প্রশ্ন ২৯। হ’পিসকল কোন আছিল?

উত্তৰ ঃ হ’পিসকল আমেৰিকাৰ এটি আদিম জনগোষ্ঠীৰ লোক আছিল। তেওঁলোক আমেৰিকাৰ উত্তৰ-পূব ভাগত বাস কৰিছিল।

প্রশ্ন ৩০। ১৫৩৪ চনত ইনকা সকলে কিয় বিদ্রোহ কৰিছিল ? 

উত্তৰঃ পিজাৰো নামৰ এজন কেপ্তেইনৰ সেনাপতিয়ে তাৰ ৰজাৰ সহায়ত ইনকা আক্রমণ কৰিছিল। ইনকাত থকা সোণ সংগ্ৰহৰ উদ্দেশ্যেই এই আক্রমণ চলিছিল। পিজাৰোৱে ইনকাৰ ৰজাক বন্দী কৰি পিছত হত্যা কৰে। ইয়াতে ক্ষুব্ধ হৈ ইনকাৰ জনসাধাৰণ, দেশ ৰক্ষাৰ কাৰণে পিজাৰোৰ বিৰুদ্ধে ১৫৩৪ চনত বিদ্রোহ ঘোষণা কৰে। 

প্রশ্ন ৩১। ইউৰোপ অভিযাত্ৰীসকলৰ দ্বাৰা আমেৰিকা আৱিষ্কাৰৰ দুটা প্রত্যক্ষ ফলাফল লিখা।

উত্তৰঃ ইয়াৰ দুটা প্রত্যক্ষ ফলাফল হ’ল– 

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰত বহিৰাগত সকলৰ ক্ৰমান্বয়ে ভিৰ হ’বলৈ ধৰে।

(খ) এই বহিৰাগতসকলে থলুৱা লোক সকলৰ ভূমিকাক নানা ধৰণে দমন কৰিবলৈ লৈছিল।

ৰচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। মেছোপটেমিয়ান সভ্যতাৰ লগত আজটেক সভ্যতাৰ তুলনামূলক বিশ্লেষণ আগবঢ়োৱা।

উত্তৰ ঃ মেছোপটেমিয়া বা চুমেৰীয় সভ্যতা আৰু আজটেক সভ্যতা দুয়োটাই অতি উন্নত সভ্যতা আছিল। তথাপি দুয়োটা সভ্যতাক তুলনা কৰিলে দুয়োটাৰ মাজত কিছু পার্থক্য পৰিলক্ষিত হয়। উদাহৰণ হিচাপে মেছোপটেমিয়া সভ্যতাৰ তুলনাত আজটেক সভ্যতা হ’ল এটি নতুন সত্যতা কাৰণ মেছোপটেমীয়া সভ্যতা বহু বছৰৰ আগতেই গঢ়ি উঠিছিল।

আজটেক সভ্যতাৰ দৰে মেছোপটেমীয়া সভ্যতাৰ দিনত সমাজৰ শ্রেণী বিভাজনৰ কথা জনা নাযায়। মেছোপটেমীয়া সভ্যতা নগৰকেন্দ্ৰীক সভ্যতা হোৱাৰ বিপৰীতে আজটেক সভ্যতা আছিল গ্রাম্য সভ্যতা। শিক্ষা আৰু সংস্কৃতিৰ দিশতো আজটেক সভ্যতাতকৈ মেছোপটেমিয়া সভ্যতা কোনো গুণে পিছপৰা নাছিল। মেছোপটেমিয়া সভ্যতা নগৰকেন্দ্ৰীক হোৱা হেতুকে ইয়াৰ জীৱন ধাৰণাৰ মানদণ্ডৰ অতি উচ্চ আছিল। বর্তমানে আৱিষ্কৃত ভগ্নাৱশেষৰ পৰা এই কথাৰ প্ৰমাণ পোৱা যায়।

প্রশ্ন ২। কোন বিলাক নতুন বিকাশে পঞ্চদশ শতিকাৰ ইউৰোপীয় সকলক নৌ-পৰিবহণত সহায় কৰিছিল সেই বিষয়ে চমু আভাস দিয়া।

উত্তৰ ধৰ্মযুদ্ধৰ পিছত আৰবৰ লোকসকলে প্ৰাচ্যলৈ অহা যোগাযোগ ব্যৱস্থা বন্ধ কৰিছিল। ফলত প্ৰাচ্যৰ পিনে অহাৰ কাৰণে নতুন সাগৰীয় পথৰ আৱিষ্কাৰৰ প্ৰয়োজনীয়তা আহি পৰে। এনে অৱস্থাক পঞ্চদশ শতিকাত ইউৰোপৰ নাবিকসকলে নতুন পথৰ সন্ধানত সমুদ্ৰযাত্ৰা আৰম্ভ কৰে। এই ক্ষেত্ৰত তেওঁলোকক কিছুমান উপাদানে সহায় কৰিছিল। উদাহৰণহিচাপে উন্নত ধৰণৰ জাহাজ নির্মাণ কৌশল আবিষ্কাৰ হোৱাৰ ফলত নাৱিকসকলৰ কাৰণে সমুদ্ৰযাত্ৰা সহজ হৈ পৰিছিল। কাৰণ এনে ডাঙৰ জাহাজবিলাকত বৃহৎ পৰিমাণৰ সামগ্ৰী আৰু যুদ্ধৰ সৰঞ্জাম কঢ়িয়াই নিব পৰা হৈছিল। ফলত শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ লগতে যথেষ্ট দিনলৈ খোৱা সামগ্ৰীৰ অভাৱ নঘটিছিল।

ইয়াৰোপৰি ইউৰোপৰ ভ্রমণ বিষয়ক সাহিত্য, ভূ-বিৱৰণ আৰু ভূগোলৰ ওপৰত নানা ধৰণৰ কিতাপ প্ৰকাশ পাইছিল। 1477 খ্ৰীঃত টলেমিৰ প্ৰথমখন তথ্য সম্বলিত ভূগোলৰ কিতাপ প্রকাশ পাইছিল। সেয়ে এইবোৰ কিতাপ অধ্যয়নৰ জৰিয়তে নাবিকসকলে আগতীয়াকৈ ভৌগোলিক জ্ঞান আহৰণ কৰি সঠিকভাৱে সাগৰ যাত্ৰা কৰাত সুবিধা হৈছিল। নাবিকসকলে সঠিক পদক্ষেপ লবলৈও সুবিধা হৈছিল। কম্পাছৰ আৱিষ্কাৰৰ ফলত দিশ নিৰ্ণয় কৰাটো নাবিকসকলৰ কাৰণে সহজ হৈ পৰিছিল।

প্রশ্ন ৩। কেনে ধৰণৰ নতুন খাদ্য সম্ভাৰ দক্ষিণ আমেৰিকাৰ পৰা বিশ্বৰ অন্য দেশলৈ সৰবৰাহ কৰিছিল। সেই বিষয়ে চমুকৈ আলোচনা কৰা৷ অথবা, দক্ষিণ আমেৰিকাৰ পৰা পৃথিৱীৰ আন দেশলৈ প্ৰচলিত হোৱা যিকোনো দুবিধ নতুন খাদ্য সামগ্ৰীৰ নাম লিখা।

উত্তৰ: আমেৰিকা আৱিষ্কাৰ আছিল আধুনিক যুগৰ এক উল্লেখযোগ্য দিশ। আমেৰিকা আৱিষ্কাৰৰ পিছত দেখা গ’ল যে কৃষিৰ দিশত এই ঠাইখন অতি আগবঢ়া। ইয়াত নানা ধৰণৰ খাদ্য উৎপাদন হৈছিল। যিবোৰৰ অন্য ঠাইত অভাৱ দেখা গৈছিল। সেয়ে ইউৰোপৰ বণিকৰ দলসমূহে আমেৰিকাত উৎপাদিত সামগ্ৰীসমূহৰ ব্যৱসায় আৰম্ভ কৰে।

দক্ষিণ আমেৰিকাত ধপাত, আলু, কুঁহিয়াৰ, গম, ৰবৰ আদি সামগ্ৰীসমূহ উৎপাদন হৈছিল। অতি কমসময়ৰ ভিতৰত এনে নিৰামিষ খাদ্যসমূহ ইউৰোপীয়সকলৰ মাজত জনপ্ৰিয় হৈ পৰে। ফলত এনে সামগ্ৰীসমূহ আমেৰিকাৰ পৰা প্ৰচুৰ পৰিমাণে আমদানি কৰা হ’ল। আমেৰিকাৰ পৰা আমদানি কৰা আলু আৰু জলকীয়া ইউৰোপীয়সকলৰ মাজত অধিক জনপ্ৰিয় হৈ পৰে। ইউৰোপৰ লগতে এছিয়া মহাদেশলৈ এনে সামগ্ৰীসমূহ আমদানি কৰা হৈছিল। 

প্রশ্ন ৪। পঞ্চদশ শতিকাৰ পোনপ্ৰথমে স্পেইন পৰ্তুগীজসকলে আটলান্টিক মহাসাগৰ পাৰ হৈ এনে দুঃসাহসিক অভিযান আৰম্ভ কৰাৰ কাৰণবোৰ কি কি বুলি ভাবা? চমুকৈ উত্তৰ লিখা।

অথবা, ইউৰোপীয়সকলে নতুন ঠাই সন্ধান কৰাৰ কাৰণবোৰ ব্যাখ্যা কৰা।

উত্তৰ ঃ স্পেইন আৰু পৰ্তুগীজসকলেই আছিল সমুদ্ৰ যাত্ৰাৰ প্ৰধান বাটকটীয়া। এই দুয়োখন দেশে সামুদ্রিক যাত্ৰাৰ জৰিয়তে নতুন নতুন নানা পথৰ সন্ধান দিছিল। তেওঁলোকে সমুদ্র যাত্রা কৰাৰ কেইটিমান কাৰণ দেখা যায়। এই কাৰণকেইটা হ’ল ৰাজনৈতিক, অর্থনৈতিক আৰু ধৰ্মীয়।

(১) ৰাজনৈতিক কাৰণঃ ৰাজনৈতিক কাৰণ আগত ৰাখি ইউৰোপীয় সকলে সমৃদ্ধ যাত্ৰা আৰম্ভ কৰাৰ কাৰণ দেখা যায়। পর্তুগাল এখন সৰু দেশ আছিল।1139 খৃত তেওঁলোক স্পেইনৰ কবলৰ পৰা স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয়। আনহাতে পর্তুগীজ সকল সাগৰত মাছ মৰা কাৰ্যতো অতি পাৰ্গত আছিল। এনে কাৰ্যৰ দ্বাৰা তেওঁলোক উৎসাহিত হৈ 1465 খ্ৰীঃত পৰ্তুগালৰ ৰাজকোঁৱৰ হেনৰীয়ে কিউটা আক্রমণ কৰে। তেওঁলোক আফ্রিকা বজাভোৰ নামৰ অন্তৰীপত বাণিজ্য স্থাপন কৰি নিজৰ ৰাজনৈতিক আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।

(২) অর্থনৈতিক কাৰণঃ সমুদ্ৰৰ অভিযানৰ ক্ষেত্ৰত অর্থনৈতিক কাৰণটোৱেও অৰিহণা যোগাইছিল। কাৰণ চতুর্দশ শতিকাৰ পৰা আৰম্ভ কৰি পঞ্চম শতিকাৰ মাজভাগলৈ ইউৰোপ মহাদেশৰ অৰ্থনীতি অতি দুৰ্বল হৈ পৰিছিল। ব্যৱসায় বাণিজ্যৰ গতিও অতি মন্থৰ হৈ ছিল। মুদ্ৰা তৈয়াৰ কৰাৰ কাৰণে ইউৰোপৰ দেশ সমূহৰ মাজত সোণ-ৰূপৰ নাটনি হৈছিল। ইয়াৰোপৰি ধৰ্মযুদ্ধ বা ক্রুছেদ যুদ্ধৰ ফলতো ইউৰোপত অর্থনৈতিক দুর্যোগে দেখা দিছিল। দেশৰ অৰ্থনীতি সবল কৰাৰ কাৰণে এক নতুন বাণিজ্য ক্ষেত্ৰ বিচাৰি ইউৰোপীয়সকলে সমুদ্ৰযাত্ৰা আৰম্ভ কৰিছিল।

(৩) ধর্মীয় কাৰণঃ সমুদ্র যাত্ৰাৰ লগত ধর্মীয় দিশটোও জড়িত আছিল। কাৰণ নতুন ঠাই আৱিষ্কাৰৰ জৰিয়তে সেই ঠাই সমূহৰ লোকসকলক খৃষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰিব পাৰিব বুলি খৃষ্টান ধৰ্মগুৰু সকলে বিশ্বাস কৰিছিল। এনে সম্ভাৱনাই তেওঁলোকক নতুন নতুন ঠাই আৱিস্কাৰ কৰাৰ কাৰণে অনুপ্ৰেৰণা যোগাইছিল। এই ক্ষেত্ৰত ধৰ্ম প্ৰচাৰক সকলেও সুযোগ লৈছিল। কাৰণ ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে বহুতো ধৰ্ম প্ৰচাৰকে অভিযানকাৰী সকলৰ লগত গৈছিল আৰু সেই ঠাইত খৃষ্টান ধৰ্ম প্ৰচাৰ কৰিছিল। 

প্রশ্ন ৫৷ কোনো আমেৰিকা আৱিষ্কাৰ কৰিছিল ? দক্ষিণ আমেৰিকা বা লেটিন আমেৰিকা আৱিষ্কাৰৰ পিছত ইউৰোপৰ দেশসমূহ কেনেকৈ ঔপনিৱেশিক সাম্রাজ্য প্রতিষ্ঠাৰ দিশত আগবাঢ়ি গৈছিল আলোচনা কৰা।

উত্তৰ: খ্ৰীষ্টোফাৰ কলম্বাচে আমেৰিকা আৱিষ্কাৰ কৰিছিল। আমেৰিকা আৱিষ্কাৰৰ পিছত ইউৰোপৰ দেশ সমূহ বিশেষকৈ ইংলেণ্ড আৰু ফ্রান্সে আমেৰিকাৰ ঔপনিৱেশিক সাম্রাজ্য প্রতিষ্ঠাৰ দিশত আগবাঢ়ি যায়। লাহে লাহে ইউৰোপৰ আন আন দেশসমূহেও দক্ষিণ আমেৰিকাৰ লগতে সমগ্র এছিয়া মহাদেশত ঔপনিৱেশিক সাম্রাজ্য প্রতিষ্ঠাৰ কাৰণে উঠি পৰি লাগে।

পৰ্তুগীজসকলৰ পিছত স্পেইনে দক্ষিণ আমেৰিকাত উপনিৱেশ বিস্তাৰৰ কাৰণে কাৰ্য ব্যৱস্থা গ্রহণ কৰে। স্পেনীয়সকল বৰ্তমানৰ আর্জেণ্টিনা, প্রশান্ত সাগৰৰ ফিলিপাইন দ্বীপতে, মধ্য আফ্ৰিকাৰ নিকাৰাগুৱা, পেৰু আদি ঠাইসমূহ দখল কৰে। 1701 খৃঃৰ ভিতৰত স্পেইনৰ উপনিৱেশ স্থাপনৰ প্ৰক্ৰিয়া উচ্চ শিখৰ পায়গৈ।

ঠিক তেনেদৰে ইয়াৰ পিছত ওলণ্ডাজসকলে দক্ষিণ আমেৰিকাত উপনিৱেশ স্থাপনৰ কাৰণে প্ৰচেষ্টা হাতত লয়। তেওঁলোক প্রশান্ত সাগৰৰ দ্বীপ জাভাৰ বাল্টামত, জাকার্টা, ব্রাজিল আদিত নিজৰ ঔপনিৱেশিক সাম্রাজ্য স্থাপন কৰে। ইয়াৰোপৰি চীন, জাপান, ভাৰতবৰ্ষ, শ্রীলংকা, পাৰস্য আদি এছিয়াৰ দেশসমূহৰ লগতো ওলণ্ডাজসকলে ঔপনিৱেশিক আধিপত্য স্থাপন কৰিবলৈ সক্ষম হৈছিল।

ঔপনিৱেশিক সাম্রাজ্য স্থাপনৰ দিশত ইংৰাজ সকল আছিল অতি আগৰণুৱা। তেওঁলোকেই পিছৰ কালত আমেৰিকাত একক আধিপত্য স্থাপন কৰিবলৈ সক্ষম হৈছিল। ইংৰাজসকলে আমেৰিকাত তেৰখন উপনিবেশ স্থাপন কৰি নিজৰ সাম্রাজ্য নীতি বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰোপৰি ইংৰাজসকলে সমগ্ৰ এছিয়া মহাদেশতো নিজৰ ঔপনিৱেশিক আধিপত্য স্থাপন কৰাত সফল হৈছিল।

প্রশ্ন ৬। আজটেক (Aztecs) সভ্যতাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বৰ্তমানৰ আমেৰিকা যুক্তৰাষ্ট্ৰত আজটেক সভ্যতা গঢ়ি উঠিছিল। পিছত তেওঁলোকে উত্তৰ আমেৰিকাৰ পৰা মধ্য আমেৰিকাৰ উপত্যকা অঞ্চললৈ স্থানান্তৰিত হৈছিল। তাত থকা অন্যান্য জন-জাতি সমূহক পৰাস্ত কৰি তেওঁলোকে নিজৰ সাম্ৰাজ্যৰ পৰিসৰ বৃদ্ধি কৰিছিল।

আজটেক সমাজ প্রধানত দুটা ভাগত বিভক্ত আছিল। অভিজাত শ্ৰেণী আৰু পুৰোহিত শ্ৰেণী1 সমাজত অভিজাত আৰু পুৰোহিত শ্ৰেণীয়ে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। এই দুই শ্ৰেণীয়ে চৰকাৰ গঠনত ভূমিকা লৈছিল। তেওঁলোকৰ নিজা নিজা সৈন্য বাহিনীও আছিল। অভিজাত সকলৰ মাজৰ পৰা নেতা নির্বাচন কৰা হৈছিল। এই নেতাজনে জীৱন জুৰি শাসন কৰাৰ সুবিধা লাভ কৰিছিল, ৰজাক পৃথিৱীৰ সূৰ্যৰ প্ৰতিনিধি হিচাপে বিবেচনা কৰা হৈছিল। যোদ্ধা, পুৰোহিত আৰু অশ্বাৰোহীসকলেই আছিল সমাজৰ আটাইতকৈ সম্মানীয় ব্যক্তি। ব্যৱসায়ী সকলে চৰকাৰৰ দূত আৰু চোৰাংচোৱা হিচাপে কাম কৰিছিল। প্ৰতিভাৱান শিল্পী, চিকিৎসক আৰু শিক্ষক সকলো সমাজৰ সন্মানীয় ব্যক্তি আছিল।

আজটেক সাম্ৰাজ্যত মাটিৰ পৰিমাণ কম আছিল। সেয়ে তেওঁলোকে কৃত্রিমভাৱে দ্বীপ তৈয়াৰ কৰিছিল৷ আৰু সেই দ্বীপতে আজটেকৰ ৰাজধানী টেনচটিটলান নামৰ নগৰীখন নিৰ্মাণ কৰিছিল।

আজটেক সভ্যতা গ্রাম্য সভ্যতা আছিল। খেতি আছিল জীৱিকাৰ প্ৰধান উৎস। গাঁওসমূহত নানা ধৰণৰ খেতি-বাতি কৰা হৈছিল। অৱশ্যে মাটি কাৰো ব্যক্তিগত সম্পত্তি নাছিল। মাটিৰ

গৰাকী আছিল শাসন ব্যৱস্থাৰ মুৰব্বীসকল। সমাজত দাস প্রথাৰ প্ৰচলনৰ কথা জনা যায়। পুৰুষ সকলে শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰিছিল। শিক্ষানুষ্ঠানবোৰক ‘কেলমেক’ বোলা হৈছিল। মহিলা সকলৰ আনুষ্ঠানিক শিক্ষা লোৱাত বাধা আছিল। অৱশ্যে ঘৰুৱা কাম-কাজত তেওঁলোক অতি পাৰ্গত আছিল। ষোল্লশ শতিকাৰ প্ৰথম ভাগত আজটেক সভ্যতাৰ পতন ঘটা বুলি জনা যায়।

প্রশ্ন ৭। উত্তৰ আমেৰিকাৰ স্থানীয় বাসিন্দা সকলে কেনেদৰে নিজৰ মাটি হেৰুৱাব লগা হৈছিল? 

অথবা, 

আমেৰিকাৰ থলুৱা লোকসকল ইউৰোপীয়সকলৰ দ্বাৰা কেনেদৰে বিতাৰিত হৈছিল? 

উত্তৰ ঃ লাহে লাহে আমেৰিকা যুক্তৰাষ্ট্ৰত বাহিৰাগত সকলৰ ভিৰ ক্ৰমে বৃদ্ধি পাবলৈ ধৰা তেওঁলোকে বনুৱা লোকসকলক মাজে মাজে চলনা আৰু পিছলৈ বলপূৰ্বকভাৱে মাটি বি কৰাৰ দলিলত চহী কৰাই লৈ নামমাত্র মূল্যৰো বিনিময়ত মাটিবোৰ হস্তগত কৰিছিল। ইয়াৰ ফলত সেই লোকসকলে নিজ পৈত্রিক স্থান এৰি যাবলৈ বাধ্য হৈছিল, কেতিয়াবা এই আমেরিকান লোকসকলে থলুৱাসকলক অধিক মূল্যত মাটি ক্রয় কৰাৰ প্ৰতিশ্ৰুতি দি পিছলৈ কুট-কৌশলেৰে অতি কম মূল্যত মাটিবোৰ ক্ৰয় কৰিছিল৷ এইখিনি উল্লেখ কৰিব পাৰি যে তথাকথিত আমেৰিকাৰ উচ্চ বিষয়াসকলে থলুৱা লোকক এনেদৰে নিজৰ মাটিৰ পৰা বঞ্চিত কৰা কাৰ্য একো ভুল বুদ্ধি নাভাবিছিল ৷ পিছলৈ আনকি এই লোকসকলক নিজ নাগৰিকত্বৰ পৰাও বঞ্চিত কৰা হৈছিল। 

প্রশ্ন ৮৷ মায়া সভ্যতাৰ বিকাশ ক’ত হৈছিল? এই সভ্যতাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

অথবা, 

মায়া সংস্কৃতিৰ বিষয়ে এটি চমুটোকা লিখা।

উত্তৰঃ আমেৰিকাৰ মেক্সিকোেত মায়া সভ্যতা গঢ়ি উঠিছিল। এই সভ্যতাৰ বিকাশৰ সম হ’ল একাদশ শতিকাৰপৰা চতুৰ্দ্দশ শতিকাৰ মাজভাগলৈ। অৱশ্যে ৰাজনৈতিক ক্ষমতাৰ দিশৰ ফালৰ পৰা ষষ্ঠদশ শতিকাতো মায়া শাসক সকলৰ ক্ষমতা আজকে সকলতকৈ কম আছিল। নানা ধৰণৰ শস্য উৎপাদন কৰি ধৰ্মীয় উৎসৱ পালন কৰাটোহে আছিল মায়া সকলৰ প্ৰধান নীতি আৰু সংস্কাৰ। খেতিৰ আৰম্ভণি, মাজভাগ আৰু খেতি ছপোৱাৰ সময়ত ধর্মীয় উৎসব পালন কৰা হৈছিল। আজটেক সভ্যতাৰ দৰে মায়া সভ্যতা গ্রাম্য ভিত্তিত গঢ়ি উঠিছিল। পুৰোহিত আৰু অভিজাত সকলে সমাজত মুখ্য ভূমিকা পালন কৰিছিল। চিত্ৰৰ সহায়ত তেওঁলোকে লিখন পদ্ধতি এটা উলিয়াইছিল। অৱশ্যে বৰ্তমানলৈ ইয়াৰ পাঠোদ্ধাৰ কৰিব পৰা হোৱা নাই।

প্রশ্ন ৯। ইন্‌কা সভ্যতাৰ ক’ত বিকাশ ঘটিছিল? এই সভ্যতাৰ চমু ইতিহাস ব্যাখ্যা কৰা। 

উত্তৰঃ দক্ষিণ আমেৰিকাত গঢ়ি উঠা দেশীয় সভ্যতা বিলাকৰ ভিতৰত পেৰুৰ কোৱেচুৱা বা ইন্‌ন্কা সভ্যতা আছিল অতি উল্লেখযোগ্য। এই সভ্যতাৰ নাম অনুসৰি ইয়াৰ শাসকজনৰ নামৰ আগত ইন্‌কা শব্দটো ব্যৱহাৰ কৰাৰ নিয়ম আছিল। দক্ষিণ আমেৰিকাত গঢ়ি উঠা এই সভ্যতাৰ মাটি কালি আছিল প্রায় তিনিহাজাৰ মাইল।

সম্রাট আছিল শাসন ব্যৱস্থাৰ মুখিয়াল। এই সভ্যতাৰ প্ৰচলিত ভাষা আছিল কোচুেৱা। ৰজাৰ তলত কিছুমান পৰিষদ গঠন কৰা হৈছিল। এই পৰিষদৰ মুখিয়াল সকলে সম্ৰাটৰ প্ৰতি আনুগত্য প্ৰকাশ কৰাটো বাধ্যতামূলক আছিল। আনহাতে এই মুখিয়াল বা শাসকসকলক ৰজাই প্রয়োজন অনুসৰি পুৰস্কৃত কৰিছিল। আচলতে ইন্‌কা সাম্ৰাজ্যৰ শাসন ব্যৱস্থা আছিল জোটবন্ধন বা সংযুক্ত ধৰণৰ প্রায় এক মিলিয়ন মানুহ ইয়াত বাস কৰিছিল।

ইন্‌কা সকল অতি দক্ষ নির্মাতা আছিল। নির্মাণ কাৰ্যত প্ৰধানকৈ শিল ব্যৱহাৰ কৰা হৈছিল। লাষ্টা সমূহো শিলেৰে নিৰ্মাণ কৰা হৈছিল। কামত ব্যৱহাৰ কৰা শিল সমূহৰ টুকুৰা সমূহ প্ৰয়োজন অনুসৰি অতি ডাঙৰ কৰা হৈছিল। অৱশ্যে এইবোৰ অন৷ নিয়াৰ কাৰণে কোনো ধৰণৰ যান হিন ব্যৱহাৰ কৰা হোৱা নাছিল। কৃষি আছিল জনসাধাৰণৰ জীৱিকাৰ প্ৰধান উৎস। কৃষিত পানী যোগান ধৰাৰ ব্যৱস্থা নাছিল। পদ্ধতিৰে ৰখাৰ ব্যৱস্থা হাতত লৈছিল। ইয়াৰ জৰিয়তে তেওঁলোকে বিধি তৈয়াৰ কৰিছিল। 

প্রশ্ন ১০ মেছোপটেমিয়া সভ্যতাৰ লগত আজটেক সভ্যতাৰ তুলনা কৰা।

উত্তৰ: মেছোপটেমিয়া সভ্যতাৰ লগত আজটেক সভ্যতাৰ তুলনা কৰিলে কিছুমান পার্থক্য যায়। উদাহৰণস্বৰূপে মেছোপটেমিয়া সভ্যতাৰ তুলনাত আজটেক সভ্যতা আধুনিক সভ্যতা। কাৰণ মেছোপটেমিয়া সভ্যতা আজটেক সভ্যতাতকৈ বহু বছৰ আগতে উঠিছিল।

আজটেক সভ্যতাৰ মেছোপটেমিয়া সভ্যতাৰ সমাজৰ শ্ৰেণী বিভাজনৰ জনা নাযায়। মেছোপটেমিয়া সভ্যতাতকৈ মেছোপটেমিয়া সভ্যতা কোনোগুণে পিছপৰা নাছিল। মেছোপটেমিয়া সভ্যতা নগৰকেন্দ্রিক হেতুকে ইয়াৰ জীৱনশৈলীও অতি উন্নত ধৰণৰ আছিল। বৰ্তমান আবিষ্কৃত ভগ্নাৱশেষৰ কথাৰ প্ৰমাণ যায়। 

প্রশ্ন ১১। দক্ষিণ আমেৰিকাৰ আৱিষ্কাৰে ইউৰোপৰ ঔপনিৱেশিক বিস্তাৰক কেনেকৈ আগুৱাই নিছিল? উত্তৰ ঃ কলম্বাছৰ আমেৰিকা আৱিষ্কাৰৰ লগে ইউৰোপৰ দেশসমূহে ঔপনিৱেশিক সাম্ৰাজা প্ৰতিষ্ঠাৰ দক্ষিণ আমেৰিকাৰ লগতে এছিয়া ওপৰতো আধিপত্য স্থাপনৰ কাৰণে চলায়। পৰ্তুগীজসকলৰ স্পেইনে দক্ষিণ আমেৰিকাৰ লগত প্ৰান্তত উপনিবেশ স্থাপনৰ কাৰণে প্ৰচেষ্টা হাতত স্পেনিছসকলে বর্তমানৰ ফিলিপাইন মধ্য আমেৰিকাৰ নিকাৰাণ্ডৱা, আদি ঠহিসমূহ দখল ১৭০০ খ্ৰীৰ ভিতৰত উপনিবেশ স্থাপনৰ প্ৰক্ৰিয়া পায়গৈ।

ঠিক তেনেদৰে ওলন্দাজসকলে দক্ষিণ উপনিবেশ স্থাপনৰ কাৰণে প্ৰচেষ্টা লয়। তেওঁলোকে প্রশান্ত মহাসাগৰৰ জাভাৰ বান্টামত, জাকার্টা, ব্রাজিল আদিত নিজৰ কৰে। ইয়াৰ চীন, পাৰস্য আদি দেশসমূহৰ লগতো ওলন্দাজসকলে ঔপনিবেশিক আধিপত্য স্থাপন কৰিবলৈ হৈছি

ঔপনিবেশিক সাম্রাজ্য স্থাপনৰ দিশত ইংৰাজসকল আছিল উল্লেখযোগ্য। পিছলৈ আমেৰিকাত একক আধিপত্য কৰিবলৈ হৈছিল। ইংৰাজসকলেই আমেৰিকাত তেৰখন হৈছিল৷ ইয়াৰ উপৰি ইংৰাজসকলে সমগ্র এছিয়া মহাদেশতো নিজৰ ঔপনিবেশিক আধিপত্য প্রতিষ্ঠা কৰাত হৈছিল।

বুৰঞ্জী

সূচীপত্ৰলিংক
অধ্যায় ১প্ৰাৰম্ভিক সমাজ Solutions
অধ্যায় ২ লিখন পদ্ধতি আৰু নগৰীয়া জীৱন Solutions
অধ্যায় ৩ সাম্ৰাজ্য Solutions
অধ্যায় ৪ মধ্য ইছলামীক দেশ
ইছলামৰ উদয় আৰু বিস্তাৰ: (৫৭০-১২০০ খ্ৰী:)
Solutions
অধ্যায় ৫ অঘৰী সাম্ৰাজ্য Solutions
অধ্যায় ৬ পৰিৱৰ্তিত ঐতিহ্য Solutions
অধ্যায় ৭ পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য Solutions
অধ্যায় ৮ সংস্কৃতিৰ সংঘাত Solutions
চতুৰ্থ গোটআধুনিকীকৰণৰ দিশে —-
অধ্যায় ৯ উদ্যোগিক বিপ্লব Solutions
অধ্যায় ১০মূল বাসিন্দাৰ স্থানান্তৰকৰণ Solutions
অধ্যায় ১১আধুনিকীকৰণৰ পথত Solutions

This Post Has One Comment

Leave a Reply