Class 11 History Solutions Chapter 7- পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য

Class 11 History Solutions Chapter 7- পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 11 History Solutions Chapter 7- পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

Class 11 History Solutions Chapter 7- পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য

অতি চমু প্রশ্নোত্তৰ

১। ইউটোপিয়া (Utopia) নামৰ বিখ্যাত পুথিখন কোনে ৰচনা কৰিছিল? 

উত্তৰ : ইউটোপিয়া নামৰ বিখ্যাত পুথিখন টমাচ মোৰে ৰচনা কৰিছিল। এই পুঁথিখনৰ জৰিয়তে তেওঁ ষোড়শ শতিকাত ইউৰোপত প্রচলিত সমাজ ব্যৱস্থাৰ বিৰুদ্ধে কঠোৰ সমালোচনা আগবঢ়াইছিল।

প্রশ্ন ২। ৰোমৰ চেণ্ট পিটাচৰাৰ্গৰ গীৰ্জাৰ নিৰ্মাণৰ কাম কোনে আৰম্ভ কৰিছিল?

উত্তৰ: মিচাইলএংগেলএ (Michelangels) ৰোমৰ বিখ্যাত চেণ্ট পিটাৰ্চবাৰ্গৰ গীৰ্জাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। 

প্রশ্ন ৩। নৱজাগৰণৰ সময়ত বিখ্যাত ভাস্কর্য কি আছিল?

উত্তৰ: Florantine Donatello হ’ল নৱজাগৰণৰ সময়ৰ বিখ্যাত ভাস্কর্য।

প্রশ্ন ৪। লিওনার্ডো-ডা-ভিন্সিৰ বিখ্যাত চিত্রশিল্প সমূহ কি কি আছিল?

উত্তৰ: ‘ভার্জিন অৱ দা ৰকচ ‘দি লাষ্ট চাপাৰ’ আৰু ‘মনালিচা’ হ’ল লিওনার্ডো-ডা ভিন্সিৰ (1452-1519) উল্লেখযোগ্য চিত্রকর্ম।

প্রশ্ন ৫। মার্টিন থাৰ কোন আছিল? 

উত্তৰ ঃ মার্টিন লুথাৰ জাৰ্মানীৰ গুটেনবার্গ বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক আৰু সংস্কাৰক (1483-1545) আছিল।

প্রশ্ন ৬। ‘The Prince’ নামৰ পুথিখন কোনে লিখিছিল? 

উত্তৰ: The Prince নামৰ পুথিখন (1513 চনত) মেকিয়াভেলিয়ে লিখিছিল।

প্রশ্ন ৭। তুর্কীসকলে কেতিয়া কনষ্টান্টিনোপল অধিকাৰ কৰিছিল? 

উত্তৰ: কীসকলে 1453 চনত কনষ্টান্টিনোপল অধিকাৰ কৰিছিল।

প্রশ্ন ৮। পণ্ডিতসকলৰ মতে আধুনিক যুগ কেতিয়াৰ পৰা আৰম্ভ হয়? 

উত্তৰঃ পণ্ডিতসকলৰ মতে পোন্ধৰ শতিকাৰ পৰা আধুনিক যুগ আৰম্ভ হয়।

প্রশ্ন ৯। গিঅ’ট কোন আছিল? 

উত্তৰ ঃ গিঅ’ট এগৰাকী সফল শিল্পী আছিল। ফ্লোৰেন্স মহানগৰী গঢ়াৰ ক্ষেত্ৰতো তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।

প্রশ্ন ১০। ডাণ্টে এলি কোন আছিল?

উত্তৰঃ তেওঁ ধৰ্মীয় বিষয়বস্তুৰ ওপৰত লিখিছিল। ফ্লোন্সে মহানগৰী গঢ়াৰ ওঁৰ বিশেষ ভূমিকা আছিল।

প্রশ্ন ১১। ‘অল দা ডিগনিটি অৱ মেন’ নামৰ পুথিখনৰ ৰচক কোন? 

উত্তৰ ঃ গিয়ভানিপিকোডেলা মিৰাণড’ল হ’ল উক্ত পুথিখনৰ লেখক।

প্রশ্ন ১২। Humanities (হিউমেনিটিছ) শব্দটো ক’ৰ পৰা আহিছে?

উত্তৰঃ ‘হিউমেনিটিছ’ শব্দটো লেনিট শব্দ হিউমেনিটাছ (Humanitas) শব্দৰ পৰা আহিছে।

বুৰঞ্জী

সূচীপত্ৰলিংক
অধ্যায় ১প্ৰাৰম্ভিক সমাজ Solutions
অধ্যায় ২ লিখন পদ্ধতি আৰু নগৰীয়া জীৱন Solutions
অধ্যায় ৩ সাম্ৰাজ্য Solutions
অধ্যায় ৪ মধ্য ইছলামীক দেশ
ইছলামৰ উদয় আৰু বিস্তাৰ: (৫৭০-১২০০ খ্ৰী:)
Solutions
অধ্যায় ৫ অঘৰী সাম্ৰাজ্য Solutions
অধ্যায় ৬ পৰিৱৰ্তিত ঐতিহ্য Solutions
অধ্যায় ৭ পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য Solutions
অধ্যায় ৮ সংস্কৃতিৰ সংঘাত Solutions
চতুৰ্থ গোটআধুনিকীকৰণৰ দিশে —-
অধ্যায় ৯ উদ্যোগিক বিপ্লব Solutions
অধ্যায় ১০মূল বাসিন্দাৰ স্থানান্তৰকৰণ Solutions
অধ্যায় ১১আধুনিকীকৰণৰ পথত Solutions

প্রশ্ন ১৩। ৰোমত সমতাৰ অধিকাৰী কোন আছিল? 

উত্তৰ : পোপ আছিল ৰোমত সমতাৰ অধিকাৰী ৷

প্রশ্ন ১৪। The Civilization of the Renaissance in Italy নামৰ পুথিখন কোনে লিখিছিল ?

উত্তৰ ঃ উল্লেখিত পুথিখন জেকব বার্কহার্ডে লিখিছিল। 

প্ৰশ্ন ১৫। ৰেনেচা বা পুনর্জাগৰণ শব্দটোৰ উদ্ভাৱক কোন?

উত্তৰঃ জেকব বাৰ্কহাৰ্ড হ’ল ৰেনেচা বা পুনৰজাগৰণ শব্দটোৰ উদ্ভাৱক।

প্রশ্ন ১৬। কোনজন ইংৰাজ সম্রাটে ৰোমৰ পোপৰ ক্ষমতা বিলুপ্ত কৰিছিল ?

উত্তৰ : টিউদৰ সম্রাট অষ্টম হেন্ৰীয়ে ৰোমৰ পোপৰ ক্ষমতা হ্ৰাস কৰিছিল।

প্রশ্ন ১৭। কেলভিন কোন আছিল? 

উত্তৰ ঃ কেলভিনে চুইজাৰলেণ্ডত প্ৰটেষ্টাণ্ট আন্দোলন বিয়পোৱাত সহায় কৰিছি

প্রশ্ন ১৮। ছপাশাল কোনে উদ্ভাৱন কৰিছিল ? 

উত্তৰঃ জোহান্স গুটেনবার্গে ছপাশাল উদ্ভাৱন কৰিছিল।

প্রশ্ন ১৯। আধুনিক যুগৰ দেহতত্ত্ববিদজন কোন আছিল?

উত্তৰঃ অধ্যাপক এইড্ৰিয়াচ ভোচলিয়াচ আছিল আধুনিক যুগৰ দেহতত্ত্ববিদ। 

প্রশ্ন ২০। ইবনচিনা কোন আছিল?

উত্তৰঃ ইবনচিনা এগৰাকী চিকিৎসক হোৱাৰ উপৰি তেওঁ এগৰাকী দার্শনিকো

প্রশ্ন ২১। চিকিৎসাবিষয়ৰ বিশ্বকোষৰ প্ৰণেতাজন কোন?

উত্তৰ ঃ এলৰাজি হ’ল চিকিৎসাবিষয়ৰ বিশ্বকোষৰ প্ৰণেতা৷ 

প্রশ্ন ২২। আৰৱ ভাষাত এৰিষ্টটলক কি বুলি কোৱা হৈছিল?

উত্তৰ ঃ আৰৱ ভাষাত এৰিষ্টটলক ‘আৰিষ্টু’ বুলি কোৱা হৈছিল। 

প্রশ্ন ২৩। আৰৱ ভাষাত প্লেটোক কি বুলি কোৱা হৈছিল?

উত্তৰঃ আৰৱ ভাষাত প্লেটোক আল্ফাটুন বুলি কোৱা হৈছিল।

প্রশ্ন ২৪। কোনখিনি সময়ক পৰৱৰ্তী মধ্যযুগ বুলি কোৱা হৈছিল?

উত্তৰ ঃ একাদশৰ পৰা চতুৰ্দ্দশ শতিকাৰ মাজৰ সময়ছোৱাক পৰৱৰ্তী মধ্যযুগ বুলি হৈছিল।

প্রশ্ন ২৫। কোনখিনি সময় আদি মধ্যযুগ বুলি কোৱা হয়? 

উত্তৰ : নৱমৰ পৰা একাদশ শতিকাৰ মাজৰ সময়ছোৱাক আদি মধ্যযুগ বুলি কোৱা হয়।

প্রশ্ন ২৬। মধ্যযুগ বুলি কোনখিনি সময়ক কোৱা হয় ? 

উত্তৰ : পঞ্চমৰ পৰা চতুৰ্দ্দশ শতিকাৰ মাজৰ সময়ছোৱাক মধ্যযুগ বুলি কোৱা হয়। –

প্রশ্ন ২৭। কোনখিনি সময়ক অন্ধকাৰ যুগ আখ্যা দিয়া হয়? 

উত্তৰঃ পঞ্চমৰ পৰা নৱম শতাকাৰ মাজৰ সময়খিনিক অন্ধকাৰৰ যুগ আখ্যা দিয়া হৈছিল। 

প্রশ্ন ২৮। আধুনিক শব্দটো কেতিয়াৰ পৰা ব্যৱহাৰ কৰা হৈছিল?

উত্তৰঃ পঞ্চদশ শতিকাৰ সময়ৰ পৰা ‘আধুনিক’ শব্দটো ব্যৱহাৰ কৰিবলৈ লোৱা হৈছিল। 

প্রশ্ন ২৯। ‘ৰেনেচা মানুহ’ শব্দটো কাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল?

উত্তৰঃ পণ্ডিত, ৰাজনীতিজ্ঞ, ঈশ্বৰতত্ত্ববিদ আৰু নতুন সৃষ্টিৰ শিল্পীসকলৰ ক্ষেত্ৰত ‘ৰেনেচা মানুহ’ শব্দটো ব্যৱহাৰ কৰা হৈছিল।

প্রশ্ন ৩০। মধ্যাকর্ষণ শক্তি (Theory of Gravitation)ৰ তত্ত্ববিদজন কোন আছিল?

উত্তৰঃ আইজাক নিউটন আছিল মধ্যাকর্ষণ শক্তিৰ তত্ত্ববিদ। 

প্রশ্ন ৩১। পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি প্রথমে কোনে প্ৰমাণ কৰিছিল?

উত্তৰ ঃ বিখ্যাত দার্শনিক গেলিলিঅ’ ই পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘুৰে বুলি প্ৰমাণ কৰিছিল।

প্রশ্ন ৩২। এগৰাকী লুথাৰ পন্থীৰ নাম লিখা।

উত্তৰ: উইলিয়াম টিনডেল এগৰাকী লুথাৰপন্থী ব্যক্তি।

প্রশ্ন ৩৩। প্রটেষ্টাণ্ট ধর্ম বা প্রটেষ্টাণ্ট আন্দোলনৰ প্ৰথমজন কোন? 

অথবা, ইউৰোপত কেথলিকসকলৰ বিৰুদ্ধে কোনে প্ৰটেষ্টাণ্ট আন্দোলনৰ গুৰি ধৰিছিল?

উত্তৰ ঃ মার্টিন লুথাৰ হ’ল প্ৰটেষ্টাণ্ট ধর্ম বা প্রটেষ্টাণ্ট আন্দোলনৰ প্ৰধানজন গুৰিয়াল। 

প্রশ্ন ৩৪। দুজন মানৱতাবাদী ব্যক্তিৰ নাম লিখা।

উত্তৰ : ইংলেণ্ডৰ চাৰ টমাছমূৰ আৰু ইচেমাছ হ’ল দুজন মানৱতাবাদী ব্যক্তি।

প্রশ্ন ৩৪(ক)। ‘ডনকুইক্সট’ গ্ৰন্থৰ ৰচক কোন আছিল?

উত্তৰঃ স্পেইনৰ ছাৰভেণ্টিছ (Cervantes)। 

প্রশ্ন ৩৫। অনপ্লিজাৰ নামৰ পুথিখনৰ ৰচক কোন?

উত্তৰ : লৰেঞ্জো ভেলাই আছিল উক্তপুথিখনৰ লেখক।

প্রশ্ন ৩৬। কোপার্নিকােছ কি আবিষ্কাৰ কৰিছিল? 

উত্তৰ : “পোলেণ্ডৰ কোপার্নিকাছে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্রদক্ষিণ কৰে সেই কথা প্রমাণ কৰে।

প্রশ্ন ৩৭। The canterbury Tales লিখক কোন? 

উত্তৰ: ইংলেণ্ডৰ চচাৰ নামৰ লোকজন হ’ল ইয়াৰ লেখক।

চমু প্রশ্নোত্তৰ

প্রশ্ন ১। মধ্যযুগৰ দুটা বৈশিষ্ট্যৰ কথা উল্লেখ কৰা।

উত্তৰ : মধ্যযুগৰ দুটা বৈশিষ্ট্য হ’ল— 

(ক) গীৰ্জাৰ দ্বাৰা সমাজ ব্যৱস্থা নিয়ন্ত্রণ, 

(খ) এই সময়ত মানুহে পৰম্পৰা অনুসৰি শাসন ব্যৱস্থাক বিশ্বাস কৰিছিল। তেওঁলোকে কোনো পৰিৱৰ্তন বিচৰা নাছিল।

প্রশ্ন ২। নৱজাগৰণৰ সূচনা কৰা ইটালীৰ চাৰিখন বিখ্যাত চহৰৰ নাম উল্লেখ কৰা। 

উত্তৰঃ এই চাৰিখন চহৰ হ’ল– ফ্লোৰেন্স, মিলান, ভেনিচ আৰু জেনোৱা।

প্রশ্ন (ক) নৱজাগৰণৰ সময়ৰ দুটা উল্লেখযোগ্য আৱিষ্কাৰৰ নাম লিখা।

উত্তৰ : নৱজাগৰণৰ সময়ৰ দুটা উল্লেখযোগ্য আৱিষ্কাৰ হ’ল ছপাশাল আৰু মেৰিনাৰ কম্পাছ।

প্রশ্ন ৩। ছপাশাল আৱিষ্কাৰৰ এটি উল্লেখযোগ্য ফলাফল উল্লেল্লখ কৰা।

উত্তৰ ছপাশালৰ আৱিষ্কাৰৰ ফলত বহুতো উল্লেখযোগ্য পুথি প্ৰণয়নৰ কাম সম্পন্ন হৈছিল। এই উল্লেখযোগ্য পুথিসমূহৰ পৰা মানুহে সহজে সঞ্চিত জ্ঞান আহৰণৰ সুবিধা পাইছিল। 

প্রশ্ন ৪। পেট্রার্ক (Petrarch) কোন আছিল?

উত্তৰ : পেট্ৰাৰ্ক এগৰাকী প্রখ্যাত চিন্তাবিদ আৰু দার্শনিক আছিল। তেওঁ এজন মানৱতাবাদী চিন্তাবিষয়কো আছিল। তেওঁ ইটালীক নতুন দিশলৈ ধাৱিত কৰাৰ চিন্তা কৰিছিল। কিছুমান শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ জৰিয়তে মানুহক নতুন ধ্যান ধাৰণাৰ আভাস দিয়াৰ চেষ্টা কৰিছিল।

প্রশ্ন ৫। ইটালীৰ কেইখনমান উল্লেখযোগ্য বিশ্ববিদ্যালয়ৰ নাম উল্লেখ কৰা। 

উত্তৰ : ইটালীৰ কেইখনমান উল্লেখযোগ্য বিশ্ববিদ্যালয় হ’ল – পাদুৱা (Padua), পাতিয় (Pavia), মিলান, ভেনিচ আৰু ৰোম। 

প্রশ্ন ৬। অক্সফোর্ডৰ সংস্কাৰকসকল কোন আছিল? 

উত্তৰ : ইংলণ্ডৰ অক্সফোর্ডৰ বিশ্ববিদ্যালয়ত সমবেত হোৱা মানৱতাবাদী লোকসকলক অক্সফোর্ডৰ সংস্কাৰক বুলি কোৱা হয়। এই লোকসকলৰ প্ৰচেষ্টাৰ ফলতে অক্সফোর্ড বিশ্ববিদ্যালয় শিক্ষাৰ প্ৰধান কেন্দ্ৰস্থলীলৈ ৰূপান্তৰিত হৈছিল।

প্রশ্ন ৭। প্ৰতি-সংস্কাৰ আন্দোলন বুলিলে কি বুজা? 

উত্তৰ : মার্টিন লুথাৰৰ নেতৃত্বত জার্মানীত কেথলিক ধর্মৰ বিৰুদ্ধে এটি আন্দোলন উঠিছিল। এই আন্দোলনকে প্রটেষ্টাণ্ট আন্দোলন বুলি কোৱা হৈছিল। লুথাৰৰ নেতৃত্বত হোৱা এই আন্দোলনে বিশেষ প্ৰসাৰ লাভ কৰিছিল।

সেয়ে এই আন্দোলনক প্রত্যাহ্বান জনোৱাৰ কাৰণে কেথলিকসকলে প্রটেষ্টান আন্দোলন বিৰুদ্ধে অন্য এক আন্দোলন গঢ়ি তুলিছিল। এই আন্দোলনকে প্রতি সংস্কাৰ বিৰোধী আন্দো বুলি কোৱা হয়। 

প্রশ্ন ৮। ছপাশালৰ আৱিষ্কাৰৰ ফলত সাধাৰণ মানুহ কেনেদৰে উপকৃত হৈছিল।

উত্তৰ ছপাশালৰ আৱিষ্কাৰৰ লগে লগে নানা ধৰণৰ পুথি ছপা হৈ ওলাইছিল। পুথিসমূহ জনসাধাৰণে কম দামতে ক্ৰয় কৰাৰ সুবিধা পাইছিল। ফলত মানুহৰ অধ্যয়নৰ আগ্রহ জন্মিছিল।

প্রশ্ন ৯। পাপমোচন পত্র কি আছিল?

উত্তৰঃ সেই সময়ত পোপ বা যাজকসকলে এখন পত্ৰ প্ৰকাশ কৰি বিক্ৰী কৰিছিল দ্বাৰা কোৱা হৈছিল যে কোনোৱে যদি পাপ কৰে, এইখন কিনিলে ইয়াৰ দ্বাৰা পাপকৰোঁতাজন। পাপমুক্ত হ’ব। সেয়ে এই পত্ৰখনক পাপমোচন পত্ৰ বোলা হৈছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে এই পাপ মোচন পত্ৰৰ বিৰুদ্ধে মার্টিন লুথাৰে তীব্ৰ প্ৰতিবাদ জনাইছিল। আৰু ইয়াৰ বিৰুদ্ধে তেওঁ পচান্নব্বৈ (৯৫) টা যুক্তি আগবঢ়াইছিল। 

প্রশ্ন ১০। ইগনেচিয়াচ লয়লা কোন আছিল?

উত্তৰ ঃ ইগ্‌নেচিয়াচ লয়লা এজন ঘোৰ কেলিক পন্থী আছিল। তেওঁ মার্টিন লুথাৰৰ নেতৃত্বত হোৱা প্ৰটেষ্টান ধৰ্মৰ বিৰুদ্ধে যুজিবলৈ আগবাঢ়ি আহিছিল। এই উদ্দেশ্যে তেওঁ ১৫৪০ খ্ৰীঃত যীশু সমাজ প্রতিষ্ঠা কৰে। সেয়ে তেওঁৰ অনুগামীসকলক জেচুইট বুলি জনা যায়৷ জনসাধাৰণক দৰিদ্ৰতা আৰু অজ্ঞতাৰ পৰাই মুক্ত কৰাই আছিল যীশু সমাজৰ প্ৰধান উদ্দেশ্য আছিল। 

প্রশ্ন ১১। কপাৰনিকাচ কোন আছিল ?

উত্তৰ : কপাৰনিকাচ এগৰাকী দার্শনিক আৰু বৈজ্ঞানিক পণ্ডিত আছিল। তেওঁৰ সময়ৰ আগলৈ সকলোবোৰ গ্ৰহ পৃথিৱীৰ চাৰিওফালে ঘূৰে বুলি বিশ্বাস কৰিছিল। কিন্তু কপাৰনিকাচে এইটো ভুলি বুলি প্রমাণিত কৰি ঘোষণা কৰিছিল যে আচলতে সূৰ্যক কেন্দ্ৰ কৰিহে পৃথিৱী আৰু ইয়াৰ গৃহসমূহ সূৰ্যৰ চাৰিওফালে ঘূৰে। এই ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য গ্ৰন্থখন হ’ল— “দি ৰিভলিউছনিয়াচ।’

প্রশ্ন ১২। গেলিলিও কোন আছিল?

উত্তৰ : গেলিলিও এজন বিখ্যাত দার্শনিক আছিল। গেলিলিওৰ লিখনিয়ে আকাশমণ্ডল আৰু পৃথিৱীৰ মাজত থকা ব্যৱধানক ওচৰ চপাই আনিলে। সূর্যকেন্দ্রিক পদ্ধতিৰ অংশ হিচাপে পৃথিৱীৰ তত্ত্বটো কেপলাৰৰ ‘কছম’ গ্রাফিকেল মিষ্টি’ নামৰ গ্ৰন্থই জনপ্ৰিয় কৰি তুলিছিল। য’ত দেখুওৱা হৈছে যে সূর্য কেন্দ্ৰ কৰি গ্ৰহবোৰ কণী অকাৰেৰে ঘূৰে, বৃত্তাকাৰে নহয় ৷ গেলিলিওই “দি মোচন’ নামৰ গ্ৰন্থত পৃথিৱীখন যে সূৰ্যৰ চাৰিওফালে ঘূৰে তাক নিশ্চিত কৰি দেখুৱাইছিল।

প্রশ্ন ১৩। ইজাবেলা দি ষ্টে’ কোন আছিল?

উত্তৰ: মধ্যযুগত মহিলাসকলৰ অগ্ৰাসনৰ দিশত বৰঙণি আগবঢ়োৱা মহিলা চিন্তাবিদসকলৰ ভিতৰত ইজাবেলা দি ষ্টে’ আছিল উল্লেখযোগ্য। স্বামীৰ অনুপস্থিতিত তেওঁ শাসন কার্য চলাইছিল। তেওঁ শাসন কৰা ৰাষ্ট্ৰ মানটুৱাক বৌদ্ধিক দিশত এক উল্লেখযোগ্য ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল। তেওঁ মহিলাসকলৰ স্বতন্ত্রতাৰ স্বাৰ্থত অর্থনৈতিক ক্ষমতা থকাটো বাঞ্ছনীয় বুলি অনুভৱ কৰিছিল। 

প্রশ্ন ১৪। কেছেদ্ৰাফেডেল কোন আছিল?

উত্তৰঃ মধ্যযুগৰ মহিলাসকলৰ বৌদ্ধিক বিকাশৰ দিশত ভেনিচিয়ান কেছেদ্ৰা ফেডেলে উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল। তেওঁৰ লিখনিৰ পৰা জনা যায় যে মধ্যযুগৰ মহিলাসকল অধ্যয়নশীল আছিল। সেই মহিলাসকলে বিভিন্ন ধৰণৰ লিখনিমূলক কাম কাজ কৰিছিল। অৱশ্যে ফেডেলে উল্লেখ কৰা মতে সেই সময়ৰ মানৱতাবাদী পণ্ডিতৰ গুণাগুণসমূহ মহিলাসকলে আহৰণ কৰিবলৈ সক্ষম হোৱা নাছিল।

প্রশ্ন ১৫। নিকল মেকিয়াভেলি কোন আছিল।

উত্তৰ ঃ মেকিয়াভেলি এজন মানৱতাবাদী ব্যক্তি আছিল। ১৫১৩ খ্রীঃত প্রকাশিত ‘নি প্রিন্স’ নামৰ উল্লেখযোগ্য পুথিখন আছিল তেওঁৰ উল্লেখযোগ্য সৃষ্টি। এই পুথিখনত তেওঁ মানুহৰ প্ৰকৃতি সম্বন্ধে লিখিছিল। মেকিয়াভেলিয়ে বিশ্বাস কৰিছিল যে সকলো মানুহেই বেয়া আৰু নিজৰ বেয়া দিশটোহে প্ৰদৰ্শন কৰে। কাৰণ মানুহৰ আকাঙ্ক্ষা হ’ল অতৃপ্ত বা সীমাহীন। তেওঁ আৰু বিশ্বাস কৰিছিল যে মানুহে নিজৰ কৰ্মৰ কাৰণে পৈাৱা উদ্‌গনিৰ ফলত তেওঁ অধিক আত্মকেন্দ্রিক হৈ পৰে।

প্রশ্ন ১৬ঃ ইটালীৰ দুখন বিখ্যাত মহানগৰীৰ নাম উল্লেখ কৰা। 

উত্তৰ ঃ ভেনিচ আৰু জেনোৱা হ’ল সেই সময়ৰ ইটালীৰ দুখন বিখ্যাত মহানগৰী। 

প্রশ্ন ১৭। মানৱতাবাদী বুলি কাক বা কোনসকলক কোৱা হৈছিল ?

উত্তৰ : ঊনবিংশ শতিকাৰ বুৰঞ্জীবিদসকলে মানৱতাবাদ শব্দটোৰ উদ্ভাৱন কৰিছিল। এই শব্দটো পণ্ডিতসকলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল। যি সফল পণ্ডিতে ব্যাকৰণ, বাগ্মিতা, কবিতা, ইতিহাস আৰু নৈতিকজ্ঞানৰ শিক্ষা দিছিল সেইসকল লোককে মানৱতাবাদী বুলি কোৱা হৈছিল।

প্রশ্ন ১৮। লিঅ’নার্ড ডা ভিন্সিৰ বিষয়ে চমুকৈ লিখা। অথবা, লিঅ’নার্ড ডা ভিন্সিৰ দুখন কালজয়ী ছবিৰ নাম লিখা। 

উত্তৰ ঃ লিঅ’ নাৰ্ড ডা ভিন্সি মধ্যযুগৰ এজন প্রখ্যাত চিত্রবিদ আছিল। উদ্ভিদবিদ্যা, শৰীৰ বিদ্যা, অংকশাস্ত্র, কলা আদিৰ প্ৰতি তেওঁৰ অতি ধাউতি আছিল। ভিন্সিৰ শ্ৰেষ্ঠ আৰু অমৰ চিত্ৰশিল্প হ’ল মনালিছা আৰু লাষ্ট চুপাৰ।

প্রশ্ন ১৯। বাস্তৱবাদ (Realism) বুলিলে কি বুজা?

উত্তৰ ঃ লিঅ’ লাৰ্ড ডি ভিন্সিৰ দৰে চিত্ৰবিদসকলে ছবিৰ জৰিয়তে বাস্তৱ দিশক ফুটাই তুলিবলৈ চেষ্টা কৰিছিল ৷ লাহে লাহে দেহবিজ্ঞান, জ্যামিতি, পদার্থ বিজ্ঞান আদি বিষয়সমূহক চিত্ৰৰ মাধ্যমেৰে বাস্তৱক ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছিল। চিত্ৰৰ মাধ্যমত ফুটাই তোলা দিশটো ক্ৰমে অতিকৈ জনপ্ৰিয় হৈ পৰে। আৰু এই ধাৰণা বা দিশটোক বাস্তৱবাদ (Realism) বুলি কোৱা হৈছিল। এই ধাৰণাটো ঊনবিংশ শতিকাত চলিছিল৷

প্রশ্ন ২০। নৱজাগৰণৰ যুগৰ চাৰিজন বৈজ্ঞানিকৰ নাম লিখা। 

উত্তৰ : নৱজাগৰণৰ যুগৰ চাৰিজন বৈজ্ঞানিক হ’ল কপাৰনিকাচ, গেলিলিও, আইজাক নিউটন আৰু ভিজাণুৱাচ?

প্রশ্ন ২১। নৱাজগৰণৰ সময়ত লিখনিৰ দ্বাৰা সমাজত প্ৰভাৱ বিস্তাৰ কৰা দুগৰাকী মহিলাৰ নাম লিখা।

উত্তৰঃ এই দুগৰাকী মহিলা হ’ল 

(ক) ভেনিচিয়ান কেছেদ্ৰা ফেডেল (1465-1588) আৰু (খ) মানটুৱাৰ ইজাবেলা ডি ষ্টে (1474-1539)

প্রশ্ন ২২। এইড্রিয়াচ ভেচলিয়াচ কিহৰ কাৰণে বিখ্যাত আছিল?

উত্তৰ ঃ অধ্যাপক এড্রিয়াচ ভেচেলিয়াচ বেলজিয়ামৰ লোক আছিল। তেওঁ পাদুৱা বিশ্ববিদ্যালয়ৰ ঔষধবিভাগৰ এজন অধ্যাপক আছিল। ইয়াৰোপৰি তেৱেঁই হ’ল প্রথম ব্যাক্তি যিয়ে মানুহৰ শৰীৰ কাটি পৰীক্ষা কৰিছিল। এইটোৱেই আছিল আধুনিক যুগৰ দেহতত্ত্বৰ আৰম্ভণি৷

প্রশ্ন ২৩। ইটালী আৰু উত্তৰ ইউৰোপত আৰম্ভ হোৱা মানৱতাবাদী আন্দোলনৰ মাজত কি পার্থক্য দেখা যায় ?

উত্তৰ: দুয়োটা আন্দোলনৰ মাজত পার্থক্য হ’ল— ইটালীৰ মানৱতাবাদী আন্দোলনৰ নেতৃত্ব বহন কৰিছিল বৃত্তিগত বুদ্ধিজীৱী সকলে। আনহাতে, উত্তৰ ইউৰোপৰ মানৱতাবাদী আন্দোলনৰ নেতৃত্ব বহন কৰিছিল গীৰ্জাৰ লোকসকলে।

প্রশ্ন ২৪ চৈধ্যশৰ পৰা সোতশ শতিকাৰ ইউৰোপৰ বিষয়ে জনাৰ কেইটামান উৎস বা উপাদানৰ কথা উল্লেখ কৰা।

উত্তৰ ঃ এই উপাদান কেইটা হ’ল নথি-পত্ৰ, প্ৰকাশিত পুথি, নানা ধৰণৰ চিত্ৰশিল্প ভাস্কর্য,নির্মাণ সামগ্ৰী আৰু শিল্পজাত সামগ্রী। 

প্রশ্ন ২৫। ইটালীৰ দুজন মুছলীম জ্ঞানী লেখকৰ নাম উল্লেখ কৰা।

উত্তৰ: এই দুজন মুছলমান লেখক হ’ল ইবন চিনা আৰু অল-রাজি। 

প্রশ্ন ২৬। মানৱতাবাদী চিন্তাধাৰাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰ ঃ মানৱতাবাদী চিন্তাধাৰাৰ দুটা প্রধান বৈশিষ্ট্য হ’ল—

(ক) মানৱতাবাদী চিন্তাধাৰা মতে মানুহ ভেদে মানুহৰ প্রকৃতিও বেলেগ বেলেগ।

(খ) মানৱতাবাদীসকলে প্রত্যেক ব্যক্তিৰে স্বাধীনতা আৰু অধিকাৰৰ সপক্ষে মত পোষণ কৰিছিল।

প্রশ্ন ২৭। টমাচমোৰ কোন আছিল?

 উত্তৰ: ছাৰ টমাচমোৰ ইংলণ্ডৰ এজন মানৱতাবাদী খ্ৰীষ্টিয়ান লোক আছিল। তেওঁ কেথলিক গীর্জাসমূহে সাধাৰণ মানুহৰ ওপৰত চলোৱা শোষণৰ বিৰুদ্ধে তীব্রভাৱে প্ৰতিবাদ কৰিছিল। তেওঁৰ উল্লেখযোগ্য পুথি হ’ল ‘ইউট’পিয়া’।  ইয়াৰ জৰিয়তে তেওঁ সেই সময়ৰ সমাজত কুসংস্কাৰবোৰ জনসাধাৰণৰ দৃষ্টিগোচৰ কৰিছিল। 

প্রশ্ন ২৮। ফ্রেন্সকো পিট্ৰাক কোন আছিল?

উত্তৰঃ ফ্ৰেন্সকো পিট্ৰাক ইটালীৰ নৱজাগৰণৰ সময়ৰ এজন প্রখ্যাত কবি আছিল। তেওঁক প্রথমজন মানৱতাবাদী লোক বুলি কোৱা হয়। তেওঁ পুৰণি ৰোমান সভ্যতাৰ অধ্যয়নৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। 

প্রশ্ন ২৯। ৰাফেল (Raphael) কোন আছিল?

উত্তৰ বাফেল ইটালীৰ নৱজাগৰণৰ সময়ৰ এজন প্রখ্যাত শিল্পী আছিল। তেওঁ এজন একেৰাহে কবি, শিল্পী আৰু এজন ভাস্কর্যবিদ আছিল। 

প্রশ্ন ৩০। নৱজাগৰণ (Renaissance) বুলিলে কি বুজা?

উত্তৰ ঃ পোন্ধৰ শতিকাৰ শেষ ভাগত পৃথিৱীত এক নতুন ভাবধাৰাৰ সৃষ্টি হয়। ইয়াৰ ফলত মানুহৰ মধ্যযুগীয়া জীৱনধাৰাৰ পৰিবৰ্তন ঘটে। মানুহৰ মানসিক চিন্তা, ধর্মীয় বিশ্বাসত এই নতুন চিন্তাধাৰাই অভূতপূর্ব প্রভাব বিস্তাৰ কৰে। ভৌগোলিক আবিষ্কাৰ আৰু নানা যন্ত্রপাতিৰ প্ৰৱৰ্তনে মানুহৰ জীৱনত ব্যাপক পৰিবৰ্তন সূচনা কৰে। ইয়াৰ ফলতে পৃথিৱীত আধুনিক যুগৰ আৰম্ভ হয়। ১৪৫৩ খ্ৰীঃত অটোমেন তুর্কীসকলে পূব ৰোমান সাম্রাজ্যৰ স্নায়ুকেন্দ্ৰ বাইজেন্টিয়াম দখল কৰাত তাত থকা বহুতো পণ্ডিত আৰু বিদ্বান লোক নিজৰ পুথি-পাজি লৈ পশ্চিম ইউৰোপৰ ইটালীত আশ্রয় লয়। এই পণ্ডিত সকলে ইটালীত প্রাচীন গ্রীক আৰু বোমান সাহিত্য, দর্শন, কলা-সংস্কৃতি আদি নতুন দৃষ্টিভংগীৰে চৰ্চা আৰম্ভ কৰে। ইয়াৰ ফলত ইটালীত সাহিত্য আৰু শিল্পকলাৰ অভিনৱ পৰিবৰ্তন ঘটে। এই নতুন দৃষ্টিভংগী ইটালীতে আবদ্ধ নাথাকি লাহে লাহে সমগ্ৰ ইউৰোপতে বিয়পি পৰে। ইতিহাসত এই জ্ঞানৰ জাগৰণকে ৰেনেছ বা নবজাগৰণ বোলা হয়।

প্রশ্ন ৩১। মার্টিন লুথাৰ কোন আছিল আৰু তেওঁ ইউৰোপৰ কোনখন দেশৰ লোক  আছিল? 

উত্তৰ : মার্টিন লুথাৰ এজন ধৰ্ম সংস্কাৰক আছিল। তেওঁ জার্মানীৰ লোক আছিল। 

প্রশ্ন ৩২। মধ্য যুগৰ ইউৰোপৰ মানৱতাবাদী চিন্তাধাৰাৰ বিকাশৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: ১৫ শতিকাত মানৱতাবাদী চিন্তাধাৰাৰ বিকাশ ঘটিছিল। লেটিন শব্দ হিউমেনিটাৰৰ পৰা মানৱতাবাদ শব্দৰ উৎপত্তি হৈছে। মানৱতাবাদীসকলে ভাবিছিল যে শতেক জোৰাঁ অন্ধকাৰৰ পিছত প্ৰকৃত সভ্যতা প্রতিষ্ঠা কৰিছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে ৰোমান সাম্রাজ্য পতনৰ পিছত এক অন্ধকাৰ যুগ আৰম্ভ হৈছিল। পিছত তেওঁলোকৰ মতেৰেই পণ্ডিতসকলে ঘোষণা কৰিছিল যে চতুৰ্দ্দশ শতিকাৰ পৰা ইউৰোপত এক নতুন যুগৰ সূচনা হয়। মানৱতাবাদীসকলে অষ্টাদশ শতিকাৰ পৰা আধুনিক যুগৰ আৰম্ভণি বুলি কয়।।

প্রশ্ন ৩৩। মাইকেল এজেওলো কোন আছিল? তেওঁৰ এখন বিখ্যাত চিত্ৰৰ নাম উল্লেখ কৰা।

অথবা, কোন দুটা সৃষ্টিয়ে মাইকেল এঞ্জেল’ক অমৰ কৰি তুলিছিল। 

উত্তৰ : মাইকেল এজেওলো এজন প্রখ্যাত চিত্রশিল্পী আছিল। তেওঁৰ এখন বিখ্যাত ৰঙীণ চিত্ৰ হ’ল ‘পাইতা’ (পিতা)। 

প্রশ্ন ৩৪। চুইজাৰলেণ্ডত লুথাৰৰ মতবাদ জনপ্ৰিয় কৰি তোলা লুথাৰৰ এজন  অনুগামীৰ নাম লিখা।

উত্তৰঃ এই দুজন অনুগামী হ’ল – জিংলি আৰু জন কেলভিন। 

প্রশ্ন ৩৫। লিওনার্ডো-দা-ভিন্সিৰ দুখন চিত্রশিল্পৰ নাম লিখা। 

উত্তৰ: লিওনার্ডো-দা-ভিন্সিৰ দুখন চিত্রশিল্পৰ নাম হ’ল মনালিছা আৰু দি-লষ্ট-চুপাৰ।

ৰচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। চৈধ্য আৰু পোন্ধৰশ শতিকাৰ ভিতৰত ইউৰোপ মহাদেশত সংঘটিত হোৱা কছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰ ঃ চৈধ্য আৰু পোন্ধৰশ শতিকাৰ ভিতৰত সংঘটিত হোৱা পৰিৱৰ্তনসমূহ হ’ল—

(ক) ছপা মেচিনৰ আৱিষ্কাৰৰ ফলত জ্ঞানৰ দিশত এক নতুন পৰিৱৰ্তন আৰম্ভ হয়। ছপা মচিনৰ ফলত নানা বিষয়ৰ কিতাপ প্রকাশ পায়। ইয়াৰ ফলত কিতাপ অধ্যয়নৰ জৰিয়তে নুহে জ্ঞান লাভৰ সুযোগ লাভ কৰে৷ নগৰসমূহৰ দৃষ্টি আছিল আন এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। ইয়াৰোপৰি গাঁও অঞ্চলৰ সাংস্কৃতিক পৰিৱৰ্তন ঘটে।

(খ) ছপা মেচিনৰ আৱিষ্কাৰে জ্ঞানৰ দিশত এক নতুন দিশৰ উন্মোচন ঘটায়। ছপা মেচিনতবানানা ধৰণৰ কিতাপ প্রকাশ পায়। ইয়াৰ ফলত মানুহৰ কিতাপ পঢ়া আৰু জ্ঞান আহৰণৰ কাৰণে ধাউতি বাঢ়ে। 

(ঘ) কিতাপৰ আৱিষ্কাৰৰ লগে লগে মানুহৰ ইতিহাসৰ ওপৰত নতুন ধাৰণাৰ সূচনা হয়। মানুহৰ মনত প্রাচীন সভ্যতা আৰু সংস্কৃতিক মানুহৰ ঐতিহাসিক ধাৰণাৰে জানিবলৈ আগ্ৰহ বাঢ়ে। 

(ঙ) ধর্মীয় দিশটোক মানুহে বিজ্ঞান সন্মত দৃষ্টিভংগীৰে চাবলৈ প্ৰয়াস কৰে। 

(চ) এই দুই শতিকাৰ জ্যোতির্বিদ্যা আৰু ভৌগোলিক জ্ঞান আহৰণৰ কাৰণে নতুন জাগৰণৰ সূচনা হয়। প্রশ্ন 

২। ছপাশাল কোনে আৱিষ্কাৰ কৰিছিল?। ইয়াত কোনখন কিতাপ প্রথম ছপা কৰা হৈছিল? ছপাশালৰ প্ৰভাৱ কেনে আছিল। 

উত্তৰ : 1455 খ্ৰীঃত জোহান্স গুটেনবার্গ নামৰ জার্মান লোক এজনে প্রথম ছপাশাল নিৰ্মাণ কৰিছিল৷

তেওঁৰ ছপাশালত প্রথম কিতাপ হিচাপে বাইবেলৰ ১৫০ টা কপি ছপা হৈ ওলাইছিল। ছপাশালৰ উদ্ভাৱনে সমাজত বিশেষ প্রভাৱ পেলাইছিল। বাইবেলৰ উপৰি পোন্ধৰশ শতিকাৰ লেটিন ভাষাত লিখা বহুত ক্লাছিকেল পুথি ইটালীত ছপা হৈ ওলায়। কিতাপৰ প্ৰকাশৰ লগে লগে মানুহৰ অধ্যয়নৰ প্রতি আগ্রহ বাঢ়ে। কেৱল শিক্ষকৰ পাঠদানৰ ওপৰতে নিৰ্ভৰ কৰিব নলুগা হয়। ধাৰণা, মতামত আৰু খৰচৰ আগতকৈ বিস্তৃতি লাভ কৰে আৰু ই অতি খটকীয়া হৈ পৰিল। নতুন নতুন দিশৰ ওপৰত নানা ধৰণৰ কিতাপ প্রকাশ হ’ল। এইবোৰ সহজ দামত মানুহে কিনিব পৰা হ’ল। কম দামত মানুহে সহজে কিতাপ পঢ়িব পৰা হ’ল। ফলত মানুহৰ মনত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি উঠিল। পঞ্চদশ শতিকাৰ শেষৰ ফালে ইটালীৰ মানৱতাবাদী সংস্কৃতিয়ে আল্পচ পাৰ হৈ ক্ষীপ্ৰতাৰে বিস্তাৰ লাভ কৰাৰ মূল কাৰণটো আছিল ছপা কিতাপৰ বহুল প্ৰচাৰ৷ কিতাপৰ প্ৰচলনৰ লগে লগে মানুহৰ মনত মানৱতাবাদী ধাৰণা গঢ়ি উঠে।

প্রশ্ন ৩। ইটালীৰ নগৰসমূহৰ পুনৰুত্থানৰ কাৰণবোৰ আলোচনা কৰা। অথবা, নৱজাগৰণ পোনপ্ৰথমে ইটালীত আৰম্ভ হোৱাৰ কাৰণ কি ?

উত্তৰঃ ৰোমান সাম্ৰাজ্যৰ পতনৰ ফলত ইটালীৰ নগৰ সমূহৰো পতন ঘটিছিল। অৱশ্যে পিছলৈ এই নগৰসমূহৰ পুনৰুত্থান ঘটে। নগৰসমূহৰ পুনৰুত্থানৰ কিছুমান কাৰণ লক্ষ্য কৰা যায়। এইকাৰণসমূহ হ’ল— 

(ক) পূব ইউৰোপৰ বাইজানটাইন সাম্রাজ্যক গীৰ্জাৰ অধনীলৈ অনা হৈছিল। এই গীৰ্জা সমূহেও ইটালীৰ নগৰসমূহৰ পুনৰুত্থানত বিশেভাৱে সহায় কৰিছিল৷

(খ) ৰোমান সাম্ৰাজ্যৰ পতনৰ পিছত পশ্চিম ইউৰোপক সামন্তসকলৰ বান্ধোনলৈ আনি পুনৰ গঠন কৰা হৈছিল। এই বান্ধোনৰ ফলতো ইটালীৰ নগৰসমূহ পুনৰ নিৰ্মাণ হোৱাত সহায়ক হৈছিল। 

(গ) ইছলাম ধৰ্মৰ আৱিৰ্ভাবৰ কাৰণে ইটালীৰ চহৰসমুহ পুনৰ একগোট হোৱাত সহায় কৰিছিল।

(ঘ) দ্বাদশ শতিকাৰ পৰা মঙ্গোলবিলাকে চিল্ক, পাট আদি বস্ত্ৰবোৰ চীনৰ লগত ব্যৱসায় আৰম্ভ কৰাৰ পৰা আৰু পশ্চিম ইউৰোপৰ দেশ বিলাকৰ লগত ব্যৱসায় বাণিজ্যৰ লেন দেন বৃদ্ধি পোৱাৰ ফলত ইটালীৰ নগৰ বিলাকৰো প্ৰাধান্য বাঢ়িবলৈ লয়। পিছলৈ এই নগৰবোৰ বিশাল সাম্রাজ্যৰ অধিকাৰী হোৱাই নহয়, স্ব-নিৰ্ভৰশীল নগৰ বাট হৈ পৰিল। লগৰ ৰাষ্ট্ৰবোৰৰ ভিতৰত হোৰেন্স আৰু ভেনিচ হ’ল প্রজাতান্ত্রিক আৰু বহুতো নগৰ ৰজা সকলৰ দ্বাৰা শাসিত ৰাষ্ট্ৰ। সেই সময়ৰ নগৰবোৰৰ ভিতৰত আন দুখন আছিল ভেনিয় আৰু জেনোৱা। এই দুখন চহৰ ইউৰোপৰ অন্যান্য ঠাইতকৈ কিছু বেলেগ আছিল।

প্রশ্ন ৪। কপাৰ নিকাচৰ সূত্ৰটো কি আছিল? কপাৰ নিকাছৰ সূত্র বিপ্লব সম্বন্ধে আলোচনা কৰা।

উত্তৰ কপাৰনিকাছ মার্টিন লুথাৰৰ সমসাময়িক লোক আছিল। কপাৰ নিকাচৰ গ্ৰহ মণ্ডল সম্বন্ধে আৱিষ্কাৰ হোৱা নতুন সুত্ৰই বিজ্ঞানৰ ক্ষেত্ৰত নতুন দিশৰ উন্মোচন ঘটাইছিল। সেই সময়ত মানুহে পৃথিৱীখন এখন পাপৰ ঠাই বুলি বিশ্বাস কৰিছিল। সেয়ে পাপৰ বোজাই পৃথিৱীখনক স্থবিৰ কৰি তুলিছিল বুলি বিশ্বাস কৰিছিল। সেয়ে এই স্থবিৰ পৃথিৱীৰ চাৰিওফালে স্বৰ্গীয় গৃহবিলাক ঘূৰে বুলি বিশ্বাস কৰিছিল। আনকি সূৰ্যটোও পৃথিৱীৰ চাৰিওপিনে ঘূৰে বুলি গভীৰ বিশ্বাস কৰিছিল।

কিন্তু কপাৰনিকাছে তেওঁৰ নতুন উদ্ভাৱন সুত্ৰৰ জৰিয়তে এইটো প্রতিপন্ন কৰিছিল যে পৃথিৱীকে আদি কৰি অন্যান্য গ্রহবোৰ আচলতে সূৰ্যৰ চাৰিওফালে ঘূৰে। এই উদ্দেশ্যে তেওঁ ‘দি ৰিভলিউছনিয়াচ’ নামৰ এখন গ্ৰন্থৰ পাণ্ডুলিপি প্ৰস্তুত কৰে। কিন্তু কপাৰনিকাছে সেই গ্ৰন্থখন প্ৰকাশ কৰিবলৈ ইচ্ছা কৰা নাছিল। কাৰণ পুৰণি ৰীতি নীতিত বিশ্বাসী ধর্মযাজকে তেওঁৰ তত্ত্বত প্রতিক্ৰিয়া প্ৰকাশ কৰিব বুলি তেওঁ ভয় খাইছিল। ইয়াৰোপৰি তেওঁ নিজে আছিল এজন যীশুৰ উপাসক।

অৱশো তেওঁ এই কিতাপখনৰ পাণ্ডুলিপিটো মৃত্যুৰ আগমুহূৰ্তত তেওঁৰ অনুগামী জোৱাচিম ৰেটিকাচৰ হাতত দি গৈছিল। পিছত এই কিতাপখন প্ৰকাশ হৈছিল। কিন্তু তেওঁৰ তত্ত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিবলৈ মানুহক বহু সময় লাগিল। পিছলৈ অৱশ্যে কপৰিনিকাছৰ সূত্ৰ সঁচা বুলি প্রমাণিত হয়। 

প্রশ্ন ৫। চতুর্দশ শতিকাৰ ইউৰোপত নৱজাগৰণ হৈছিল বুলি তুমি ভাবানে? তোমাৰ যুক্তি আগবঢ়োৱা।

উত্তৰ পুথি অধ্যয়নৰ জৰিয়তে চতুর্দশ শতিকাত ইউৰোপত নৱজাগৰণৰ কথা জনা যায়। প্রকৃততে সেই সময়ত ইউৰোপ মহাদেশত নৱজাগৰণ হৈছিল নে নাই সেই সম্বন্ধে ইতিহাসবিদসকলৰ মাজত পার্থক্য বিধাজ মান। কাৰণ গ্ৰীক আৰু ৰোমান সভ্যতাই বহু বছৰ আগতে মানুহৰ মাজত নৱচেতনা সঞ্চাৰিত কৰিছিল।

ইংলেণ্ডৰ পিটাৰ বাটবাৰ মতে চতুর্দশ শতিকাৰ গ্ৰীক আৰু ৰোমান সভ্যতাৰ পুনৰ জন্ম হৈছিল। আনহাতে পুৰণি যুগটো অন্ধকাৰৰ যুগ আছিল বুলি তেওঁ মত পোষণ কৰিছে। কিন্তু তেওঁৰ যুক্তি আধুনিক পণ্ডিত সকলে মানিব খোজা নাই।

আচলতে নৱজাগৰণৰ যুগটোক আধুনিক আৰু মধ্য যুগটোক অন্ধকাময় বুলি কোৱাটো যুক্তিসংগত যেন নালাগে। কাৰণ নৱজাগৰণৰ আগতেও কিছুমান দিশত মানুহৰ মৌলিক চিন্তাধাৰাৰ পৰিৱৰ্তন কথা জনা য়ায়। তেনে চিন্তা ধাৰা নৱজাগৰণৰ সময়ৰ চিন্তাধাৰাতকৈ কোনো গুণে নিম্ন নহয় বুলি বহুতো পণ্ডিতে মত পোষণ কৰা দেখা যায়। কাৰণ দ্বাদশ আৰু ত্রয়োদশ শতিকাৰ সামাজিক দিশৰ প্ৰগতিৰ লগত নৱজাগৰণৰ সময়ৰ প্ৰগতি আৰু চিন্তাধাৰাৰ বহুতো মিল দেখা যায়। উদাহৰণহিচাপে নৱম শতিকাত ফ্ৰান্সত নৱজাগৰণৰ সময়ৰ স্থাৰ সাহিত্য আৰু শিল্পকলাৰ বিকাশ ঘটিছিল।

ঠিক তেনেদৰে নৱজাগৰণৰ বহু সময় আগতে বৰ্তমানৰ এছিয়া মহাদেশ বহু দিশত আগবঢ়া আছিল। কাৰণ প্ৰযুক্তিবিদ্যা আৰু দক্ষতাৰ দিশত এছিয়া ৰোমানসকলতকৈ আগবঢ়া আছিল। পৃথিৱীৰ বহু অঞ্চলৰ ইখনৰ লগত সিখনৰ সংযোগ স্থাপন হৈছিল আৰু নৌবিদ্যাৰ নতুন নতুন কৌশলে মানুহক জলযাত্ৰাত আগবঢ়াত সহায় কৰিছিল। ইউৰোপীয়সকলে কেৱল গ্রীক আৰু ৰোমানসকলৰ পৰাই শিকা নাছিল; তেওঁলোকে ভাৰত, আৰৱ, ইৰাণ, মধ্য এছিয়া আৰু চীনদেশৰ পৰাও নানা দিশত জ্ঞান আহৰণ কৰিছিল। কিন্তু বুৰঞ্জীবিদসকলে সেই কথাবোৰ চিন্তা কৰা নাছিল৷ কাৰণ তেওঁলোকে বুৰঞ্জী লিখিছিল ইউৰোপীয় চিন্তাধাৰাক লৈছে।

গতিকে চৈধ্যশ শতিকাত ইউৰোপত হোৱা নৱজাগৰণক লৈ সিদ্ধান্ত লৈ অহাটো জটিল। কাৰণ তথ্যগত সূত্ৰই প্রমাণ কৰে যে চৈধ্যশ শতিকাৰ বহু বছৰ আগতে পৃথিৱীৰ নানা দিশত নানা সভ্যতাই ঠন ধৰি উঠিছিল। সেই সভ্যতাৰ অৱদানসমূহ নৱজাগৰণৰ সময়ৰ অৱদানৰ লগত কোনো গুণে কম নহয় বুলি বহুতে মত পোষণ কৰা দেখা যায়। মাত্র ইতিহাসবিদসকলে নিজা চিন্তাধাৰাৰ দ্বাৰা বিশ্লেষণ কৰি নৱজাগৰণৰ অৱদানসমূহক আগ স্থান দিয়া দেখা যায়। সেয়ে এই সম্পর্কে ইতিহাসবিদসকলৰ মাজত মত পার্থক্য লক্ষ্য কৰা যায়। 

প্রশ্ন ৬। সংস্কাৰক হিচাপে মার্টিন লুথাৰৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ ধৰ্ম সংস্কাৰ আন্দোলনৰ ক্ষেত্ৰত মার্টিন লুথাৰক পিতৃপুৰুষ বুলি কোৱা হয়। 1453 খ্ৰীঃত জাৰ্মানীৰ এটি কৃষক পৰিয়ালত লুথাৰৰ জন্ম হয়। মাক দেউতাকে এজন আইনজ্ঞ হিচাপে প্ৰতিষ্ঠা হোৱাটো বিচাৰিছিল। কিন্তু লুথাৰে ধৰ্মশাস্ত্ৰৰ এজন অধ্যাপক হিচাপেহে নিজকে প্ৰতিষ্ঠা কৰে৷ লুথাৰ এজন খ্ৰীষ্টানধৰ্মৰ পৃষ্ঠপোষক আছিল। কিন্তু সেই সময়ৰ যাজক আৰু ধৰ্মগুৰুসকলৰ বিশ্বাসী অৰু ব্যভিচাৰী জীৱন প্রত্যক্ষভাৱে দৰ্শন কৰি তেওঁলোকৰ তেনে কাৰ্যৰ বিৰুদ্ধে তেওঁৰ মনত ঘৃণা জন্মে। এনে অৱস্থাত লুথাৰৰ মনত খ্ৰীষ্টান ধৰ্মৰ সংস্কাৰৰ কথা জাগ্ৰত হয়। ইতিমধ্যে তেওঁ ধৰ্ম সংস্কাৰৰ কাৰণে এটি সুযোগ লাভ কৰে। অর্থলোভী পোপ দশম লিওই জাকজমকতাপূর্ণ চেণ্ট পিটাৰ গীর্জা ঘৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ কাৰণে ইণ্ডালজেন্স বা পাপ মোচন নামৰ এবিধ পত্ৰ বিক্ৰীৰ কাৰণে যাজকসকলক নির্দেশ দিয়ে। এই বিষয়ে কোৱা হৈছিল যে যিয়ে এই পত্রখন কিনিব তেওঁ পাপ নাশ হৈ পুণ্য অৰ্জন কৰিব পাৰিব।

পোপৰ নিৰ্দেশ মতে তোতজাল নামৰ এজন ধর্মযাজকে এই পত্ৰখন বিক্ৰীৰ কাৰণে জার্মানীত উপস্থিত হয়। তেওঁ জার্মানীৰ বিভিন্ন ঠাইত এই পত্ৰখন বিক্ৰী কৰি লুথাৰে অধ্যাপনা কৰা উইটেনবার্গ বিশ্ববিদ্যালয়ত উপস্থিত হয়। তেতিয়া তোতজালৰ এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে আৰু তেওঁৰ যুক্তিৰ সপক্ষে প্রায় ৯৫ টা যুক্তি আগবঢ়ায়। কেথলিকসক । বিৰুদ্ধে কৰা এনে প্রতিবাদৰ ফলতো লুথাৰৰ নেতৃত্বত প্রতিবাদ বা প্রটেষ্টাণ্ট আন্দোলনৰ সূত্রপাত ঘটে। লুথাৰে পিছত পোপৰ বিৰুদ্ধে জার্মানবাসীক জগাই তুলিবলৈ সক্ষম হয়। তেওঁ পোপৰ আধিপত্যৰ প্ৰতিবাদ কৰি তেওঁৰ যুক্তিৰ সপক্ষে তিনিখন কিতাপ প্রকাশ কৰে।

লুথাৰৰ এনে কার্যত পোপ অসন্তুষ্ট হৈ পৰে। সেয়ে তেওঁ লুথাৰক সমাজচ্যুত কৰে। কিন্তু লুথাৰ এনে কাৰ্য অলপো বিচলিত নহ’ল। পোপে ইয়াৰ পিছতো লুথাৰক দমন কৰাৰ কাৰণে। বহুতো ব্যৱস্থা গ্রহণ কৰিছিল। কিন্তু লুথাৰৰ অনুগামীৰ সংখ্যা ক্রমে বৃদ্ধি পায়। লুথা আন্দোলনে ক্রমে তীব্রতা লাভ কৰে।

এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে শেষত মার্টিন লুথাৰ আৰু পোপৰ মাজত এখন ঐতিহাসিক চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিখনকে 1555 খ্ৰীঃৰ আগাৰ্গৰ শান্তি চুক্তি বুলি জনা য়ায়। চুক্তিৰ জৰিয়তে মার্টিন লুথাৰৰ নেতৃত্বত হোৱা সংস্কাৰ আন্দোলনক পোপে স্বীকৃতি প্রদান কৰিবলৈ বাধ্য হয় ৷ মার্টিন লুথাৰে সফলতা লাভ কৰিবলৈ সক্ষম হয়। পিছলৈ এই আন্দোলন প্রটেষ্টান্ট আন্দোলন নামে জনাজাত হৈ পৰিল।

প্রশ্ন ৭। সামাজিক সংস্কাৰক হিচাপে জন কেলভিনৰ বৰঙণিৰ বিষয়ে চমুকৈ আলোচনা কৰা। 

উত্তৰ ঃ ইউৰোপৰ ধৰ্ম সংস্কাৰৰ লগত জড়িত ব্যক্তিসকলৰ ভিতৰত জন কেলভিনো। আছিল অতি উল্লেখযোগ্য ব্যক্তি। 1509 খ্ৰীঃত এটি মধ্যবিত্ত পৰিয়ালত কেলভিনৰ জন্ম হয়। আইনজ্ঞ হোৱাৰ কাৰণে তেওঁ ওকালতি শিক্ষা গ্রহণ কৰিছিল। কিন্তু সেই সময়ৰ ইউৰোপীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতে জন কেলভিনৰ মন সংস্কাৰৰ পিনে ধাবমান হ’য়। এই ক্ষেত্ৰত তেওঁ সেই সময়ৰ ইউৰোপৰ প্ৰধান ধৰ্ম সংস্কাৰক মার্টিন লুথাৰৰ দ্বাৰা তেওঁ প্ৰভাৱান্বিত হৈছিল। ধৰ্ম সংস্কাৰ আন্দোলনৰ লগত জড়িত। হোৱাৰ পিছত কেলভিনে কেথলিত ধর্ম ত্যাগ কৰে আৰু প্ৰটেষ্টাণ্ট ধৰ্ম প্ৰচাৰৰ কামত ব্ৰতী হয়। ইয়াৰ ফলত তেওঁ ফ্ৰান্সৰ গোড়া কেথলিক সম্রাট ফ্রান্সিচৰ কোপদৃষ্টিত পৰা ফলত কেলভিনে নিজ দেশ ত্যাগ কৰি ছুইজাৰলেণ্ডৰ জেনেভাত কাম কৰিবলৈ লয়। মৃত্যুৰ সময়লৈ তেওঁ তাতে আছিল। 1546 খ্ৰীঃত তেওঁ প্ৰটেষ্টাণ্ট ধৰ্মৰ সমৰ্থনত এখন পুথি প্ৰকাশ কৰি উলিয়ায়। এই পুথিখনৰ নাম হ’ল ‘খ্ৰীষ্টধৰ্মৰ বিধি’। তেওঁ প্ৰচাৰ কৰা ধৰ্মীয় নীতিবোৰ তেওঁ আদৰ্শ ৰাজ্য বা ঈশ্বৰৰ নগৰ’ ৰূপে গঢ়ি তুলিছিল।

যুক্তিৰ দ্বাৰা প্ৰমাণ কৰিব নোৱাৰা কোনো কথাকে কেলভিনে বিশ্বস কৰা নাছিল। তেওঁৰ মতে মানুহৰ সেৱাতকৈ ঈশ্বৰৰ সেৱাত মানুহে বেছি গুৰুত্ব দিয়া উচিত। তেওঁৰ নিৰ্দেশ মতে জেনেভাৰ লোকসকলে লাহ বিলাহ ত্যাগ কৰিছিল তেওঁ খেলা-ধূলা প্রায় বন্ধ কৰি দিছিল। যিবোৰ নাৰীয়ে তেওঁলোকৰ পোচাকৰ ওপৰত গৌৰৱ অনুভৱ কৰিছিল, নাইবা যিবোৰ লোকে যুক্তিবিহীনভাবে মতবাদ আগবঢ়াছিল। তেনেবোৰ লোককো তেওঁ কঠোৰ শাস্তি বিহিছিল।

কেলভিনৰ জীৱনৰ শ্ৰেষ্ঠ অৱদান হ’ল জেনেভা বিশ্ববিদ্যালয়খনত ইউৰোপৰ ভিতৰত এখন শ্রেষ্ঠ শিক্ষানুষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰা। উল্লেখ কৰিব পাৰি যে কেলভিনৰ অশেষ চেষ্টা আৰু কষ্টৰ ফলত তেওঁ এই স্থান অনুষ্ঠানখন গঢ় দিবলৈ সক্ষম হৈছিল। 

প্রশ্ন ৮। নিম্নোক্ত বছৰ সমূহ ঘটনাৰ সৈতে লগ লগোৱা বা মিলোৱা। 

বছৰঘটনা
১৪৯২
১৪৯৮
১৫২২
১৬০০
(i) ইষ্ট-ইণ্ডিয়া কোম্পানীৰ গঠন।
(ii) মেগেলানে জলপথেৰে পৃথিৱী পৰিভ্ৰমণ কৰে৷
(iii) কলম্বাচে আমেৰিকা আৱিষ্কাৰ কৰে৷ 
(iv) ভাস্কো ডা গামা ভাৰতলৈ আহিছিল।

উত্তৰ:

বছৰঘটনা
১৪৯২
১৪৯৮
১৫২২
১৬০০
(iii) কলম্বাচে আমেৰিকা আৱিষ্কাৰ কৰে।
(iv) ভাস্কো ডা গামা ভাৰতলৈ আহিছিল। 
(ii) মেগেলানে জলপথেৰে পৃথিৱী পৰিভ্ৰমণ কৰে
(i) ইষ্ট-ইণ্ডিয়া কোম্পানীৰ গঠন।

প্রশ্ন ৯। 15 আৰু 16 শতিকাৰ ইউৰোপত হোৱা “বিভাজন বিপ্লৱ”ৰ বিষয়ে ব্যাখ্যা কৰা 

উত্তৰ ঃ পোন্ধৰ আৰু যোল্লশ শতিকাত ইউৰোপত বিজ্ঞানিক জ্ঞানৰ বিকাশৰ ফলত নানা দিশৰ পৰিৱৰ্ত্তন সাধন হৈছিল ভৌগোলিক দিশৰ পৰিবৰ্ত্তন এই দিশত আছিল অতি উল্লেখযোগ্য৷ হাচান-অল-রাজানে ষোল্ল শতিকাৰ আগভাগতে পোপ দশম লিওৰ বাবে প্ৰথমখন আফ্ৰিকাৰ ভূগোল প্ৰকাশ কৰিছিল। ইয়াৰ সহায়ত নাৱিকসকলে নানা দেশ আবিষ্কাৰ কৰাত সহায়ক হৈছিল। ঠিক তেনেকৈ কৃষিৰ ক্ষেত্ৰতো বৈজ্ঞানিক বিপ্লৱৰ ফলত নানা ধৰণৰ পৰিৱৰ্ত্তন আহি পৰিছিল। মাটিৰ ব্যৱহাৰ পদ্ধতিৰো পৰিৱৰ্ত্তন হ’ল। এডৰা মাটি বিভিন্ন সময়ত বিভিন্ন খেতি কৰিব পৰা হ’ল। ইয়াৰোপৰি সাহিত্য আৰু চিন্তা-ধাৰাৰে পৰিৱৰ্ত্তন আৰম্ভ হৈছিল।

প্রশ্ন ১০। মানৱতাবাদী চিন্তাধাৰাৰ প্ৰতিফল কি কি ক্ষেত্ৰত প্ৰতিফলিত হৈছিল, ব্যাখ্যা কৰা 

উত্তৰ ইংৰাজ হিউমেনিটিছ শব্দটো হিউমেনিটাছ’ৰ পৰা আহিছে। এই শব্দটোৰ দ্বাৰা ৰামান আইনবিদ চীচাৰে সংস্কৃতি বুজাবলৈ ব্যৱহাৰ কৰিছিল। কোনো ধৰ্মৰ লগত ইয়াৰ —কানো সম্পর্ক নাছিল। ইয়ে যুক্তিৰ জৰিয়তে ব্যক্তিবিশেষৰ নিজৰ গুণ বা দক্ষতা বৃদ্ধিৰ পৰত জোৰ দিয়া হৈছিল। লাহে লাহে মানবতাবাদৰ ধাৰণাই বৈপ্লৱিক ৰূপ ধাৰণ কৰিছিল। হিউমেনিটিছ বা মানৱতাবাদী ধাৰণাই লাহে লাহে বিভিন্ন দিশত প্ৰভাৱ বিস্তাৰ কৰিছিল। ই ধাৰাই ইতিহাস, বিজ্ঞান আৰু দর্শন, শিল্প, স্থাপত্য আৰু শিক্ষাৰ দিশত গভীৰ প্ৰভাৱ পলাইছিল। মানৱতাবাদে মানুহ সম্বন্ধে এটি নতুন ধাৰণাৰ সৃষ্টি কৰিছিল। মানৱতাবাদী ভাৱধাৰাই নুহৰ জীৱনৰ ওপৰত ধৰ্মৰ নিয়ন্ত্ৰণ শিথিল

বুৰঞ্জী

সূচীপত্ৰলিংক
অধ্যায় ১প্ৰাৰম্ভিক সমাজ Solutions
অধ্যায় ২ লিখন পদ্ধতি আৰু নগৰীয়া জীৱন Solutions
অধ্যায় ৩ সাম্ৰাজ্য Solutions
অধ্যায় ৪ মধ্য ইছলামীক দেশ
ইছলামৰ উদয় আৰু বিস্তাৰ: (৫৭০-১২০০ খ্ৰী:)
Solutions
অধ্যায় ৫ অঘৰী সাম্ৰাজ্য Solutions
অধ্যায় ৬ পৰিৱৰ্তিত ঐতিহ্য Solutions
অধ্যায় ৭ পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য Solutions
অধ্যায় ৮ সংস্কৃতিৰ সংঘাত Solutions
চতুৰ্থ গোটআধুনিকীকৰণৰ দিশে —-
অধ্যায় ৯ উদ্যোগিক বিপ্লব Solutions
অধ্যায় ১০মূল বাসিন্দাৰ স্থানান্তৰকৰণ Solutions
অধ্যায় ১১আধুনিকীকৰণৰ পথত Solutions

This Post Has One Comment

Leave a Reply