Class 11 History Solutions Chapter 6 – পৰিৱৰ্তিত ঐতিহ্য

ClClass 11 History Solutions Chapter 6 – পৰিৱৰ্তিত ঐতিহ্য। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 11 History Solutions Chapter 6 – পৰিৱৰ্তিত ঐতিহ্য AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

Class 11 History Solutions Chapter 6 – পৰিৱৰ্তিত ঐতিহ্য

প্রশ্ন(১): মধ্যযুগ বুলিলে কি বুজা ?

উত্তৰ: ইউৰোপৰ ইতিহাসত পঞ্চম শতিকাৰ পৰা পঞ্চদশ শতিকাৰ মাজৰ সময়খিনি বুজাবলৈ ‘মধ্যযুগ’ শব্দটো ব্যৱহাৰ কৰা হৈছিল।

প্রশ্ন(২): চতুর্থ শতিকাৰ পৰা কি ধৰ্ম ৰোমান সাম্ৰাজ্যত চলি আহিছিল ? 

উত্তৰ: খৃষ্টধর্ম।

প্রশ্ন(৩): ইউৰোপৰ সমাজখনক কেইটা শ্রেণীক ভাগ কৰা হৈছিল আৰু কি কি?

উত্তৰ: তিনিটা শ্ৰেণী । সেইকেইটা হ’ল – খ্ৰীষ্টিয়ান পুৰোহিত সকল, সামন্ত প্রভুসকল আৰু কৃষসকল । 

প্রশ্ন(৪): ইউৰোপত মাটিৰ, গৰাকী আৰু ৰাজনৈতিক ক্ষমতাৰ অধিকাৰী কোন আছিল ? 

উত্তৰ গীর্জা।

প্রশ্ন(৫): সামন্তবাদৰ ওপৰত গৱেষণা কৰা ফ্ৰান্সৰ প্ৰথমজন পণ্ডিত কোন আছিল ?

উত্তৰ: মার্কব্লক।

প্রশ্ন(৬) মার্কব্লকৰ মতে ইতিহাসে কি সামৰি লয় ?

উত্তৰ: তেওঁৰ মতে ইতিহাসে ৰাজনৈতিক বুৰঞ্জী, আন্তর্জাতিক সম্পৰ্ক আৰু মহানলোকৰ জীৱনীৰ বাহিৰেও আৰু বহু কথা সামৰি লয় ।

প্রশ্ন(৭): মানুহৰ জীৱনক গঢ় দিয়াত মাৰ্কব্লকে কিহৰ ওপৰত গুৰুত্ব দিছিল ?

উত্তৰ: ভূগোল অধ্যয়নৰ ওপৰত।

প্রশ্ন(৮): ব্লকৰ মতে সামন্তবাদী সমাজ কোনখন আছিল ?

উত্তৰ: ব্লকৰ মতে সামন্তবাদী সমাজখন হ’ল ইউৰোপীয় সমাজখন বিশেষকৈ 900 খ্ৰীষ্টাব্দৰ পৰা 1300 ৰ ভিতৰত ফ্ৰান্সৰ সমাজখনক বুজাইছিল ।

প্রশ্ন(৯); সামন্তবাদ শব্দটো কি উদ্দেশ্য ব্যৱহাৰ কৰা হৈছিল ?

উত্তৰ: মধ্যযুগত ইউৰোপত প্রচলিত অর্থনীতি, আইন, ৰাজনীতি আৰু সামাজিক সম্পর্কবোৰক বুজাবলৈ ইতিহাসবিদসকলে সামন্তবাদ’ শব্দটো ব্যৱহাৰ কৰিছিল।

প্রশ্ন(১০) সামন্তবাদ শব্দটো কি শব্দৰ পৰা উৎপত্তি হৈছে ?

উত্তৰ: জার্মান শব্দ ‘Feud’ ৰ পৰা এই শব্দটো লোৱা হৈছে আৰু ইয়াৰ অৰ্থ হ’ল এডোখৰ মাটি।

প্রশ্ন (১১) সামন্তবাদ বুলিলে কি বুজা ?

উত্তৰ: অর্থনৈতিক ধাৰণাত সামন্তবাদ হৈছে এক প্ৰকাৰ কৃষি উৎপাদন যিটো মাটিৰ গৰাকী আৰু কৃষসকলৰ মাজৰ সম্পৰ্কৰ ওপৰত ভিত্তি কৰি হৈছে। কৃষকে নিজৰ নিজৰ মাটিত খেতি কৰাৰ উপৰিও গৰাকীৰ মাটিত খেতি কৰিছিল, খেতিয়কসকলে নিজৰ শ্ৰম গৰাকীৰ সেৱাত দিছিল আৰু তাৰ বিনিময়ত তেওঁলোকে সামৰিক সুৰক্ষা পাইছিল।

প্রশ্ন(১২): ফ্ৰান্সৰ পূৰ্বৰ নাম কি আছিল ? এই নামটো কোনে দিছিল?

উত্তৰ: ফ্ৰান্সৰ পূৰ্বৰ নাম আছিল গল বাগউল। এই নামটো ফ্ৰেংকচ নামৰ এটা জার্মান জাতিয়ে দিছিল ।

প্রশ্ন(১৩): ‘পবিত্ৰ ৰোমান সাম্রাজ্যেৰ সম্রাট’ বুলি কাক কোৱা হয় আৰু কিয় ?

উত্তৰ: ফ্ৰান্সৰ ৰজা চাৰ্লমেগনেক। ষষ্ঠ শতিকাৰ পৰা ফৰাচী ৰজাই এই অঞ্চল শাসন কৰিছিল। আৰু তেওঁলোক আছিল খ্ৰীষ্টিয়ান । ফৰাচীসকলৰ গীৰ্জাৰ লগত ঘনিষ্ঠ সম্পর্ক আছিল আৰু এই সম্পর্কক অধিক দৃঢ় কৰি পোপে 800 খৃঃত ৰজা চাৰ্লমেগনেক ‘পবিত্ৰ ৰোমান সাম্ৰাজ্যৰ সম্রাট উপাধি প্রদান কৰিলে।

প্রশ্ন(১৪): ভার্চেলেজৰ (অধীনতা) বিষয়ে কি জানা লিখা।

উত্তৰ: সম্ভ্রান্তসকলৰ মাটিৰ ওপৰত থকা অধিকাৰকে অধীনতা বা Vassalage বুলি জনা যায় । 

প্রশ্ন(১৫) ফ্রান্সৰ সামন্তবাদী সমাচাৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰ: ফ্রান্সবাসী খ্ৰীষ্টিয়ান আছিল আৰু তেওঁলোকৰ গীৰ্জাৰ লগত ঘনিষ্ঠ সম্পৰ্ক ৰখাটো আছিল উল্লেখযোগ্য বৈশিষ্ট্য।

প্রশ্ন(১৬): কাৰ ঘৰক মেনৰ বোলা হৈছিল ?

উত্তৰ: সামন্তপ্ৰভুৰ ঘৰক খাত বা Manor বোলা হৈছিল।

প্রশ্ন(১৭) ‘এবে’ শব্দটো কি শব্দৰ পৰা লোৱা হৈছে?

উত্তৰ Abbey বা এবে শব্দটো চিৰিয়াৰ শব্দ ‘abba’ ৰ পৰা লোৱা হৈছে আৰু ইয়াৰ অৰ্থ পিতা’।

প্রশ্ন(১৮): পাইকান মাটি বুলিলে কি বুজা ?

উত্তৰ: সামন্ত প্রভুসকলে নাইটসকলক এটুকুৰা মাটি দিছিল যি টুকুৰাক কোৱা হৈছিল পাইকান মাটি বা Fier অর্থাৎ সামৰিক সেৱাৰ কাৰণে দিয়া মাটি।

প্রশ্ন(১৯): মনাচটাৰী (Monastry ) শব্দটো কি শব্দৰ পৰা লোৱা হৈছে।

উত্তৰ: মনাচটাৰী শব্দটো গ্ৰীক শব্দ ‘মনচ (monos) ৰ পৰা অনা হৈছে- যাৰ অৰ্থ হৈছে যি অকলশৰীয়াকৈ থাকে।

প্রশ্ন(২০): পামাৰ কি ?

উত্তৰ: পামাৰ এজন সন্ন্যাসী যিয়ে দূৰণিৰ পূণ্যস্থানলৈ যাত্ৰা কৰে

বুৰঞ্জী

সূচীপত্ৰলিংক
অধ্যায় ১প্ৰাৰম্ভিক সমাজ Solutions
অধ্যায় ২ লিখন পদ্ধতি আৰু নগৰীয়া জীৱন Solutions
অধ্যায় ৩ সাম্ৰাজ্য Solutions
অধ্যায় ৪ মধ্য ইছলামীক দেশ
ইছলামৰ উদয় আৰু বিস্তাৰ: (৫৭০-১২০০ খ্ৰী:)
Solutions
অধ্যায় ৫ অঘৰী সাম্ৰাজ্য Solutions
অধ্যায় ৬ পৰিৱৰ্তিত ঐতিহ্য Solutions
অধ্যায় ৭ পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য Solutions
অধ্যায় ৮ সংস্কৃতিৰ সংঘাত Solutions
চতুৰ্থ গোটআধুনিকীকৰণৰ দিশে —-
অধ্যায় ৯ উদ্যোগিক বিপ্লব Solutions
অধ্যায় ১০মূল বাসিন্দাৰ স্থানান্তৰকৰণ Solutions
অধ্যায় ১১আধুনিকীকৰণৰ পথত Solutions

প্রশ্ন(২১): The Canterburg Tales’ গ্ৰন্থখন কোনে লিখিছিল ?

উত্তৰ: জিও ফ্রি চৌচাৰে ।

প্রশ্ন (২২): Taile বা ‘টেইল’ কি ?

উত্তৰ: ৰাজাই কৃষ্ণকৰ ওপৰত আৰোপ কৰা এবিধ প্রত্যক্ষ কৰ।

প্রশ্ন(২৩):চহৰৰ বতাহে স্বাধীন কৰিছে’ – উক্তিটোৰ তাৎপর্য ব্যাখ্যা কৰা

উত্তৰ: ‘চহৰৰ বতাহে স্বাধীন কৰিছে- এইটো এটা জনপ্রিয় বচন আছিল। বহু ভৃত্যই মুক্ত হোৱাৰ আশাৰে পলাই গৈ চহৰত লুকাই আছিল যদি এজন ভৃত্য এবছৰ আৰু এদিনো ধৰা নপৰাকৈ থাকিব পাৰে সেইজন মুক্ত মানুহত পৰিণত হৈছিল । চহৰৰ বহুত মানুহ হয় কৃষক নহ’লেবা পলাই ফুৰা ভৃত্য যিসকলে অদক্ষ শ্রম দান কৰিছিল দোকানী আৰু সদাগৰৰ সংখ্যা অসংখ্য হৈছিল । পিছলৈ বিশেষ ক্ষেত্ৰত দক্ষ থকা কিছুমান ব্যক্তি যেনে – বেমাৰ, উকীল আদিৰ প্ৰয়োজন হৈছিল । ডাঙৰ চহৰবিলাকৰ জনসংখ্যা আছিল প্রায় 30 হাজাৰ । এই সকল লোকেই চতুর্থ শ্রেণী গঠন কৰা বুলি ক’ব পাৰি ৷

প্রশ্ন(২৪):গীল্ড বা সম্প্রদায় বুলিলে কি বুজা ?

উত্তৰ: গীল্ড বা সম্প্রদায় আছিল অর্থনৈতিক সংগঠনৰ ভিত্তিত গঢ় উঠা ব্যৱস্থা । প্রত্যেক হস্তশিল্প আৰু উদ্যোগ শিল্প সংগঠিত কৰা হৈছিল এটা সম্প্ৰদায়ৰ বা সমাজত যিটো সংগঠনে সংগ্রামী গুণগত মান, মূল্য আৰু বিক্ৰী নিয়ন্ত্রণ কৰিছিল। সমাজ ঘৰ প্ৰত্যেক চহৰৰ এটা বৈশিষ্ট্য আছিল য’ত উৎসৱ- পর্বণ উদঘাটন কৰা হৈছিল আৰু ইয়াত আটাইবোৰ সমাজৰ মুৰব্বীসকল লগ হৈছিল । ৰখীয়াসকল চহৰৰ দেৱালৰ ওচৰে ওচৰে ঘূৰি ফুৰিছিল, সংগীতজ্ঞসকলে ভোজমেল আৰু শোভাযাত্ৰাত বাদ্য বুজাইছিল আৰু অতিথিশালাৰ পৰিচালক সকলে ভ্ৰমণকাৰীসকলৰ যতন লৈছিল।

প্রশ্ন(২৫); সমাজত কেইটা শ্ৰেণী আছিল আৰু কি কি ?

উত্তৰ: সমাজৰ তিনিটা শ্ৰেণী বৰ্তি আছিল। যেনে – পুৰোহিত, অভিজাত আৰু কৃষকসকল।

প্রশ্ন(২৬): অশ্বাৰোহী সম্ভ্রান্ত ব্যক্তি বা নাইটসকলৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: নাইটসকল হ’ল এক অশ্বাৰোহী বাহিনী দল। নৱম শতিকাৰ পৰা ইউৰোপত সঘনাই স্থানীয় যুদ্ধ চলি আছিল। যুদ্ধৰ কাৰণে কৃষক সৈনিকেই যথেষ্ট নাছিল । এটা ডাঙৰ অশ্বাৰোহী বাহিনীৰ প্রয়োজনীয়তা উপলব্ধি কৰা হৈছিল। এনে অৱস্থাই এচাম নতুন মানুহৰ সৃষ্টি কৰিলে যি সকলক ‘নাইট’ বুলি কোৱা হ’ল। ৰজাৰ লগত সামন্ত প্রভুসকলৰ আৰু সামন্তপ্রভুসকলে নাইটসকলক এটুকুৰা মাটি দিছিল যি টুকুৰাক কোৱা হৈছিন পাইকান মাটি’ অর্থাৎ সামৰিক সেৱাৰ কাৰণে দিয়া মাটি । মাটিৰ ৰক্ষণাবেক্ষণৰ প্ৰতি প্রতিশ্রুতিও প্রভুবে দিছিল। পাইকান মাটি বংশানুক্রমিক হিচাপে ৰাখিব পাৰে। এই মাটি 100 ৰ পৰা 2000 একৰলৈকে বিস্তৃত আছিল য’ত নাইট আৰু পৰিয়ালৰ বাবে ঘৰ এটা গীৰ্জা আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকৰ বাবে অন্যান্য সংস্থাপন আছিল। ইয়াৰোপৰি পানীৰ কল আৰু মদৰ কাৰখাৰা আছিল। সামন্তবাদী জমিদাৰীৰ দৰে এওঁলোকৰ মাটি বিলাকতো কৃষকে কাম কৰিছিল । সামন্ত প্রভুৱে দিয়া মাটিৰ বিনিময়ত নাইটসকলে প্ৰভুক এটা নিয়মীয়া মাছল দিছিল আৰু যুদ্ধ আদি হ’লে তেওঁৰ বাবে যুদ্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। নাইটসকলে নিজৰ দক্ষতা অটুট ৰাখিবৰ বাবে অস্ত্ৰ পৰিচালনাৰ কাৰণে নিয়োজিত ব্যক্তিৰ লগত নিয়মিতভাৱে তৰোৱাল চলোৱাৰ কৌশল অনুশীলন কৰিছিল

এজন নাইটে এজনতকৈ অধিক প্রভূক সেৱা আগবঢ়াব পাৰিছিল । কিন্তু তেওঁৰ মূল আনুগত্য আছিল নিজৰ প্ৰভুৰ প্ৰতিহে।

প্রশ্ন(২৭): সমাজৰ প্ৰথম শ্ৰেণী বা পুৰোহিত সকলৰ বিষয়ে লিখা ।

উত্তৰ: কেথলিক গীৰ্জাবিলাকৰ নিজা সুকীয়া আইন আছিল। শাসকে প্ৰদান কৰা মাটিৰ তেওঁলোক অধিকাৰী আছিল আৰু মাটিৰ ওপৰত নিজেই কৰ বহুৱাব পাৰিছিল। এই কাৰণে গীর্জাবিলাক অতি ক্ষমতাশালী প্রতিষ্ঠান হৈ পৰিছিল আৰু সেয়ে ৰজাৰ ওপৰত নিৰ্ভৰশীল নাছিল। পশ্চিমীয়া গীৰ্জাৰ প্রধান আছিল পোপ। পোপে ৰোমত বাস কৰিছিল। ইউৰোপৰ খ্ৰীষ্টানসকল বিচপ আৰু ধৰ্ম যাজকৰ দ্বাৰা পৰিচালিত হৈছিল। এওঁলোকক লৈয়ে প্রথম শ্ৰেণীটো গঠিত হৈছিল। প্ৰায়বোৰ গাঁৱৰে নিজা নিজা গীর্জা আছিল আৰু এইবিলাকত প্রতি দেওবাৰে পুৰোহিতৰ বাণী শুনিবলৈ আৰু একেলগে প্রার্থনা কৰিবলৈ মানুহ গোট খাইছিল।

প্রতিজন মানুহেই পুৰোহিত হ’ব নোৱাৰিছিল। দাস বা ভৃত্য (Serf) সকলৰ ক্ষেত্ৰত যেনেকৈ প্রতিবন্ধকতা আছিল ঠিক তেনেকৈয়ে দৈসিকভাবে অক্ষম লোকসকলৰ ক্ষেত্ৰতো বাধা আছিল । মহিলাসকল কেতিয়াও পুৰোহিত হ’ব নোৱাৰিছিল পুৰোহিতসকলে বিয়া বাৰুও কৰাব নোৱাৰিছিল । বিচপ বা পুৰোহিতসকল আছিল ধর্মীয় সম্ভ্রান্ত লোক । বৃহৎ পৰিমাণৰ মাটিবাৰী থকা সামন্ত প্রভুসকলৰ দৰে বিচপ সকলৰো বৃহৎ পৰিমাণৰ মাটিবাৰী আছিল আৰু তেওঁলোকে আটক দুনীয়া ৰাজপ্রাসাদত বাস কৰিছিল । গোটেই বছৰ ধৰি কৃষকে কৰা উৎপাদনৰ 10 শতাংশ তেওঁলোকক দিব লাগিছিল। ধনী লোকসকলে নিজৰ আৰু পৰিয়ালৰ কোনো বেমাৰী লোকৰ ভৱিষ্যৎ নিৰাপত্তাৰ বাবে ৰখা সাঁচতীয়া ধনৰ পৰাও বিচপসকলে ধন সংগ্ৰহ কৰিছিল।

প্রশ্ন(২৮); চতুর্দশ শতিকাৰ প্ৰথমাৰ্দ্ধত ইউৰোপৰ অৰ্থনৈতিক প্ৰসাৰৰ গতি মন্থৰ হৈ পৰাৰ কাৰণসমূহ লিখা?

উত্তৰ: চতুর্দশ শতিকাৰ প্ৰথমাৰ্দ্ধত ইউৰোপৰ অৰ্থনৈতিক প্ৰসাৰৰ গতি মন্থৰ হৈ পৰাৰ কাৰণসমূহ হ’ল– উত্তৰ ইউৰোপত এয়োদশ শতিকাৰ শেষৰ ফালে আগৰ তিনিশ বছৰৰ গ্ৰীষ্মৰ গৰমৰ ঠাইত উৎকট শীত পৰে। শস্য উৎপাদনৰ সময় এমাহ কমি যায় আৰু ওখ মাটিত খেতি কৰাটো কঠিন হৈ পৰে। ধুমুহা আৰু সাগৰীয় বানে বহু কৃষি পথাৰৰ অনিষ্ট সাধন কৰিছিল যাৰ ফলত চৰকাৰৰ কৰ উপাৰ্জনৰ হাৰ কমি যায়। প্রয়োদশ শতিকাৰ আগতে অনুকূল বতৰৰ কাৰণে হাবিৰ মাটি উলিয়াই খেতি কৰাৰ সুবিধা হৈছিল আৰু চৰণীয়া পথাৰ কিছুমান খেতিৰ উপযোগী কৰি ল’ব পাৰিছিল ।

যদিওবা তিনিখন পথাৰত চক্ৰাকাৰ পদ্ধতিত খেতি কৰা হৈছিল, অত্যাধিক হাল বোৱাৰ ফলত মাটিৰ উৰ্বৰা শক্তি হ্রাস পাইছিল । প্রকৃত মাটি সংৰক্ষণৰ ক্ষেত্ৰত কোনো ধৰণৰ নিৰ্দেশনা নাছিল । পশু খাদ্যৰ নাটনিৰ বাবে পশুৰ সংখ্যা কমি গৈছিল বর্ধিত জনসংখ্যা অনুপাতে খাদ্যৰ নাটনি হোৱাত দুর্ভিক্ষই দেখা দিছিল । 1315,1317 আৰু 1320 খৃঃত ইউৰোপত চৰম দুর্ভিক্ষই দেখা দিছিল আৰু বৃহৎ সংখ্যক পশুৰ মৃত্যু হৈছিল।

ইয়াৰোপৰি অস্ট্রিয়া আৰু চাইবেৰিয়াত ৰূপৰ মুদ্ৰাৰ উৎপাদন হ্রাস পোৱাৰ কাৰণে ধাতু মুদ্ৰাৰ (Metal Money) নাটনি হৈছিল যাৰ ফলত বাণিজ্যৰ যথেষ্ট ক্ষতি হৈছিল । এনেকুৱা এটা অৱস্থাই মুদ্ৰাত ৰূপৰ পৰিমাণ কমাই সতীয়া ধাতুৰ মিশ্ৰণ দিবলৈ চৰকাৰক বাধ্য কৰিছিল।

ভয়ংকৰ অৱস্থাটো আহিবলৈ তেতিয়াও বাকী। প্রয়োদশ আৰু চতুর্দশ শতিকাত বাণিজ্যিক সম্প্ৰসাৰণৰ লগে লগে দুৰণি দেশৰ পৰা সামগ্রী কঢ়িওৱা জাহাজ আহি ইউৰোপৰ বন্দৰত লাগিবলৈ ধৰিলে। এই জাহাজবোৰত নিগনিও আহিছিল যিয়ে প্রেগৰ দৰে ভয়ংকৰ মহামাৰী ৰোগো কঢ়িয়াই আনিলে (The Black Death)। আগৰ শতিকাবোৰত তুলনামূলকভাৱে একাষৰীয়াকৈ থকা পশ্চিম ইউৰোপত 1347 ৰ পৰা 1350 খ্ৰীঃৰ ভিতৰত মহামাৰীয়ে দেখা দিয়ে। আধুনিক গৱেষণাৰ হিচাপ মতে সমগ্ৰ ইউৰোপত মুঠ জনসংখ্যাৰ 20 শতাংশ লোকৰ মৃত্যু হৈছিল আৰু ঠাই বিশেষে এই মৃত্যুৰ হাৰ আছিল 40 শতাংশ ।

This Post Has One Comment

Leave a Reply