Class 11 History Solutions Chapter 10 – মূল বাসিন্দাৰ স্থানান্তৰকৰণ

Class 11 History Solutions Chapter 10 – মূল বাসিন্দাৰ স্থানান্তৰকৰণ। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 11 History Solutions Chapter 10 – মূল বাসিন্দাৰ স্থানান্তৰকৰণ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

Class 11 History Solutions Chapter 10 – মূল বাসিন্দাৰ স্থানান্তৰকৰণ

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। আমেৰিকা নামটো কাৰ নামেৰে দিয়া হৈছিল।

উত্তৰ ঃ ফ্লোৰেন্সৰ এজন ভূগোলবিদ আমেৰিগো ভেচপুচিয়ে নতুন ঠাইখনক এক ‘নতুন পৃথিৱী’বুলি অভিহিত কৰিছিল। সেই অঞ্চল কিমান বৃহৎ তেওঁ অনুমান কৰিছিল। তেওঁৰ নাম অনুসৰিয়ে পিচলৈ ঠাইখনৰ নাম হয় ‘আমেৰিকা’। অৱশ্যে আমেৰিকা নামটো ১৫০৭ চনত এগৰাকী জার্মান প্রকাশকে পোন প্রথমে ব্যৱহাৰ কৰিছিল।

প্রশ্ন ২। আমেৰিকাক কিয় ‘নতুন পৃথিৱী’ বুলি কোৱা হৈছিল?

উত্তৰঃ কলম্বাছে প্রথমে আৱিষ্কাৰ কৰা ঠাইখনক নতুন পৃথিৱী বুলি কোৱা হৈছিল। কাৰণ তাৰ আগতে তেওঁলোকে তেনে নতুন ঠাই দেখা নাছিল। পিছলৈ এই নতুন পৃথিৱীৰ নামে আমেৰিকা হয়।

প্রশ্ন ৩। উপনিৱেশ বুলিলে কি বুজা?

উত্তৰ : ইউৰোপীয় আৰু আন দেশৰ লোকসকলে প্ৰব্ৰজনৰ জৰিয়তে কোনো এঠাইত কাম কৰি অধিকাৰ কৰা স্থানসমূহক উপনিৱেশ বুলি কোৱা হয়।

প্রশ্ন ৪। কেতিয়া ইংৰাজ, ফ্রান্স আৰু ওলন্দাজসকলে আমেৰিকাত ব্যৱসায় বাণিজ্যৰ কাৰণে প্ৰচেষ্ট৷ আৰম্ভ কৰিছিল?

উত্তৰ ঃ ১৯১৭শ শতিকাৰ পিছত ইংৰাজ, ফ্রান্স আৰু ওলন্দাজসকলে আমেৰিকাত ব্যৱসায় বাণিজ্যৰ কাৰণে চেষ্টা আৰম্ভ কৰিছিল।

প্রশ্ন ৫। উত্তৰ আমেৰিকাৰ কিমানখন উপনিৱেশে বৃটিছ চৰকাৰৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰিছিল। 

উত্তৰ : উত্তৰ আমেৰিকাৰ তেৰখন উপনিৱেশ বৃটিছ চৰকাৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰিছিল।

প্রশ্ন ৬। ‘কানাটা’ শব্দটো ক’ৰ পৰা আহিছিল?

উত্তৰ : জাকুইছ কাৰটিয়েৰ নামৰ ভৌগোলিক অন্বেষণকাৰীজনে হুৰুণ ইৰোকুৱছসকলৰ ভাষাৰ ওপৰত ভিত্তি কৰি কানাডা নামটোৰ সৃষ্টি কৰিছিল। কানাডা শব্দটো ‘কানাটা’ শব্দৰ অপভ্রংশ আৰু ইয়াৰ অৰ্থ হ’ল গাঁও। 

প্ৰশ্ন ৭। নতুন পৃথিৱীৰ অন্তৰ্গতদেশ চাৰিখনৰ নাম লিখা।

উত্তৰ : উল্লেখিত দেশ চাৰিখন হ’ল – আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড।

প্রশ্ন ৮। ‘অষ্ট্ৰেলিয়া’ শব্দটো ক’ৰ পৰা আহিছে? 

উত্তৰ: ‘অষ্ট্ৰেলিয়া’ শব্দটো লেটিন শব্দ ‘অষ্টৰল’ শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ’ল দক্ষিণ। 

প্রশ্ন ৯। ন-বাসিন্দা বুলি কাক কোৱা হয় ?

উত্তৰ: চন-বাসিন্দা শব্দটো পমুৱা তথা প্ৰব্ৰজনকাৰীসকলক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল।

প্রশ্ন ১০। স্থানীয় (Native) মানে কি বুজা।

উত্তৰ ৷ কোনো এখন ঠাইত জন্ম গ্ৰহণ কৰি, সেই ঠাইখনতে বাস কৰা লোকসক স্থানীয় বুলি কোৱা হয়।

প্রশ্ন ১১। কেপ্টেইন কুকক ক’ত হত্যা কৰা হৈছিল ? 

উত্তৰ ঃ ‘হাৱাই’নামৰ ঠাইত কেপ্টেইন কুকক হত্যা কৰা হৈছিল। 

প্রশ্ন ১২। সংযুক্ত অষ্ট্ৰেলিয়া কেতিয়া গঠন হৈছিল?

উত্তৰ: সংযুক্ত অষ্ট্ৰেলিয়া ১৯০১ চনত গঠন হৈছিল। 

প্রশ্ন ১৩। অষ্ট্ৰেলিয়াৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰ: অষ্ট্ৰেলিয়াৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল আছিল আর্ল অব হপটন (Earl of Hope toun)

প্রশ্ন ১৪। কেতিয়া আমেৰিকাৰ পৰা দাস প্রথাৰ অৱসান ঘটিছিল? 

উত্তৰ: ১৮৬১-৬৫ খ্ৰীঃৰ ভিতৰত আইনসঙ্গতভাৱে আমেৰিকাৰ পৰা দাস প্রথা তুলি দিয়া হৈছিল।

বুৰঞ্জী

সূচীপত্ৰলিংক
অধ্যায় ১প্ৰাৰম্ভিক সমাজ Solutions
অধ্যায় ২ লিখন পদ্ধতি আৰু নগৰীয়া জীৱন Solutions
অধ্যায় ৩ সাম্ৰাজ্য Solutions
অধ্যায় ৪ মধ্য ইছলামীক দেশ
ইছলামৰ উদয় আৰু বিস্তাৰ: (৫৭০-১২০০ খ্ৰী:)
Solutions
অধ্যায় ৫ অঘৰী সাম্ৰাজ্য Solutions
অধ্যায় ৬ পৰিৱৰ্তিত ঐতিহ্য Solutions
অধ্যায় ৭ পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য Solutions
অধ্যায় ৮ সংস্কৃতিৰ সংঘাত Solutions
চতুৰ্থ গোটআধুনিকীকৰণৰ দিশে —-
অধ্যায় ৯ উদ্যোগিক বিপ্লব Solutions
অধ্যায় ১০মূল বাসিন্দাৰ স্থানান্তৰকৰণ Solutions
অধ্যায় ১১আধুনিকীকৰণৰ পথত Solutions

প্রশ্ন ১৫। ইউৰোপীয় ব্যবসায়ীসকলে কেতিয়া উত্তৰ আমেৰিকাত খোপনি পুতিছিল ? 

উত্তৰ : ইউৰেপীয় ব্যবসায়ীসকলে ১৭শ শতিকাত আমেৰিকাৰ উত্তৰ-পূব সাগৰীয় দাঁতি অঞ্চলত খোপনি পুতিছিল।

প্রশ্ন ১৬। উত্তৰ আমেৰিকাৰ চাৰিসীম৷ কেনেধৰণৰ আছিল?

উত্তৰ : প্রশান্ত মহাসাগৰৰ পৰা আটলান্টিক মহাসাগৰলৈকে বিস্তৃত উত্তৰ আমেৰিকাৰ এটা দিশে সুমেৰু বৃত্ত আৰু আনটো দিশে কৰ্কটক্রান্তি চুইছেগৈ।

প্রশ্ন ১৭। নিউজিলেণ্ড শব্দটো ক’ৰ পৰা আহিছে? অথবা, ‘নিউজিলেণ্ড’ নামটো কোনে দিছিল?

উত্তৰঃ ইংলেণ্ডৰ তাচনে নামৰ এজন ব্যক্তিয়ে অষ্ট্ৰেলিয়াৰ দাঁতিকাষৰীয়া এলানি দ্বীপ আৱিষ্কাৰ কৰি ইয়াৰ নাম দিছিল নিউজিলেণ্ড। (নিউ-নতুন, জি- সাগৰ, লেণ্ড—ভূমি)। ‘জি’-ডাচ্ শব্দ আৰু ইয়াৰ অৰ্থ হ’ল সাগৰ।

প্রশ্ন ১৮। ১৮৬১-৬৫ খ্ৰীঃৰ ভিতৰত উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত সংঘটিত হোৱা যুদ্ধৰ কাৰণ কি আছিল? 

উত্তৰঃ উত্তৰ আমেৰিকাই দাস প্রথাৰ অৱসান বিচৰাৰ বিপৰীতে দক্ষিণ আমেৰিকাই এই ব্যৱস্থা বাহাল থকাটো বিচাৰিছিল। ফলত দুয়োখন দেশৰ মাজত যুদ্ধ সংঘটিত হৈছিল। অৱশ্যে এই যুদ্ধত উত্তৰ আমেৰিকা জয়ী হৈছিল। এনেদৰে দাস প্ৰথাৰো অৱসান ঘটিছিল।

প্রশ্ন ১৯। দাস প্রথা সম্বন্ধে উত্তৰ আমেৰিকাৰ মনোভাব কেনে আছিল?

উত্তৰঃ উত্তৰ আমেৰিকাৰ লোকসকলে দাস প্রথা অমানৱীয় বুলি বিবেচনা কৰিছিল আৰু এই প্ৰথাৰ অৱসানৰ বাবে মাত মাতি আহিছিল। 

প্রশ্ন ২০। ইতিহাস পুথিত অষ্ট্ৰেলিয়াৰ থলুৱা লোকসকলক কিয় বাদ দিয়া হৈছিল? 

উত্তৰঃইউৰোপীয় লেকাসকলে অষ্ট্ৰেলিয়াৰ থলুৱা লোকসকলৰ সভ্যতা আৰু সংস্কৃতিকতিলমানো গুৰুত্ব দিয়া নাছিল। সেয়ে তেওঁলোকে সেই লোকসকলৰ কাৰণে কোনো বুৰঞ্জীবিষয়ক পুথি লিখিবলৈ ইচ্ছা কৰা নাছিল।

প্রশ্ন ২১। ১৮৩২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুখ্য ন্যায়াধীশ কোন আছিল?

উত্তৰ : ১৮৩২ চনত জন মাৰ্চাল আছিল আমেরিকা যুক্তৰাষ্ট্ৰৰ মুখ্য ন্যায়াধীশ। 

প্রশ্ন ২২। আমেৰিকান বুলি কোনসকলক কোৱা হৈছিল ?

উত্তৰ : থলুৱা লোকসকলে ইউৰোপীয় লোকসকলক আমেৰিকান বুলি কৈছিল। 

প্রশ্ন ২৩। কোন চনত কানাডাক এখন স্বাযত্ত্ব শাসিত সংযুক্ত ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া

উত্তৰ ঃ ১৮৬৭ চনত কানাডাক এখন স্বায়ত্ব শাসিত সংযুক্ত ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। 

প্রশ্ন ২৪। কোন চনত সাত বছৰীয়া যুদ্ধৰ অন্ত পৰিছিল?

উত্তৰ: ১৭৬৩ চনত সাতবছৰীয়া যুদ্ধৰ অন্ত পৰিছিল। 

প্রশ্ন ২৫। ৰেড ইণ্ডিয়ান কাক কোৱা হৈছিল ?

উত্তৰ ঃ বাদামী বঙৰ আমেৰিকান ভাৰতীয়লোকক ৰেড ইণ্ডিয়ান বুলি কোৱা হৈছিল। 

প্রশ্ন ২৬। কলম্বাচে কেতিয়া আমেৰিকা আৱিষ্কাৰ কৰিছিল ?

উত্তৰ: 1492 চনত।

প্রশ্ন ২৭। কোন চনত বৃটিছসকলে অস্ট্রেলিয়াত প্ৰৱেশ কৰিছিল ।

উত্তৰ: 1770 খৃত প্ৰৱেশ কৰিছিল। 

প্রশ্ন ২৮। কলম্বাচে কি কিতাপৰ দ্বাৰা অনুপ্রাণিত হৈ সাগৰ ভ্ৰমণত ওলাইছিল, তাৰ নাম লিখা

উত্তৰঃ কাৰ্ডিনেল পিয়েৰ দ্য এটলিয়ে লিখা ‘জ্যোতির্বিদ্যা আৰু ভূগোল’ (Imago Mundi) নামৰ কিতাপখনৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। 

প্রশ্ন ২৯। তলত দিয়া চন তাৰিখবোৰ কি ঘটনাৰ লগত জড়িত?

(১) 1492 

(2) 1497.

(৩) 1507

(৪) 1607

(৫)1608

(৬) 1620

(৭)1701

(৮)1763

(৯) 1773 

(১০) 1774

(১১)4-7-1776

(১২)1289

(১৩) 1789 

(১৪)1789

(১৫) 1791

(১৬) 1859

(১৭) 1867 

(১৮) 1867

(১৯) 1861-65

(২০) 1849

(২১) 1606 

(২২) 1642

(২৩) 1770

(২৪) 1788

(২৫) 1850

(২৬) 1851

(২৭) 1851-61

(২৮) 1901

(২৯) 1911 

(৩০) 1974 

(৩১) 1948-75

(৩২) 1992

উত্তৰঃ (১) কলম্বাচৰ আমেৰিকা আৱিষ্কাৰ।

(২) জন কেবোটৰ নিউফাউগুলেণ্ড ভ্রমণ।

(৩) নতুন পৃথিৱীক আমেৰিকা নামেৰে নামাকৰণ। 

(৪) ভার্জিনিয়াত ইংৰাজসকলে কলনি স্থাপন কৰে।

(৫) ফ্রান্সসকলে কুইবেক (কানাডা)ত কলনি স্থাপন কৰে। 

(৬) ইংৰাজসকলৰ প্লামাউথ আৱিষ্কাৰ।

(৭) ফ্রান্স আৰু কুইবেকৰ থলুৱা লোকক মাজত সন্ধি স্থাপন। 

(৮) ইংৰাজৰ দ্বাৰা কুইৱেক দখল।

(৯) কুইরেক আইন প্রণয়ন।

(১০) বষ্টন বন্দৰৰ ঘটনা?

(১১) আমেৰিকাৰ স্বাধীনতা ঘোষণা।

(১২) আমেৰিকাৰ সংবিধান গ্রহণ।

(১৩) আমেৰিকাৰ সংবিধানখন বলবৎ হয়। 

(১৪) আমেৰিকাৰ প্ৰথম ৰাষ্ট্রপতি হিচাপে জর্জৱাচিংটনৰ কাৰ্যভাৰ গ্ৰহণ।

(১৫) কানাডাৰ সাংবিধানিক আইন প্রণয়ন। স্রোত।

(১৬) সোণৰবাবে কানাডালৈ মানুহৰ 

(১৭) কানাডা যৌথতন্ত্র গঠন।

(১৮) কানাডা আমেৰিকান ভাৰতীয় আইন।

(১৯) আমেৰিকাৰ গৃহযুদ্ধ। 

(২০) সোণৰ বাবে আমেৰিকালৈ জনস্রোত।

(২১) ওলন্দাজসকলৰ অষ্ট্রেলিয়া আৱিষ্কাৰ। 

(২২) টাছমানে অৱতৰণ কৰা দ্বীপটোক তেওঁৰ নামেৰে টাহমানিয়া নামাকৰণ কৰা হয়।

(২৩) নিউ ছাউথৱেলছ আৱিষ্কাৰ।

(২৪) চিডনী নগৰ প্ৰতিষ্ঠা।

(২৫) অষ্ট্ৰেলিয়াৰ উপনিৱেশসমূহৰ স্বাধীনতা লাভ।

(২৬) চীনদেশৰ পৰা ভগনীয় কুলী আমদানি। 

(২৭) সোণ সংগ্রহ কাৰণে হেতা ওপৰা

(২৮) ছয়খন ৰাজ্যৰ দ্বাৰা অষ্ট্ৰেলিয়াত যৌথতন্ত্র গঠন। (২৯) কানবেৰাক অষ্ট্ৰেলিয়াৰ ৰাজধানী হিচাপে ঘোষণা।

(৩০) শ্বেতাংগ অষ্ট্রেলিয়া নীতিৰ অৱসান

(৩১) দুই মিলিয়ন ইউৰোপীয় লোকৰ অষ্ট্ৰেলিয়ালৈ প্ৰব্ৰজন ৷

(৩২) অষ্ট্ৰেলিয়াৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰা স্থানীয়সকলৰ মাটিৰ অধিকাৰক স্বীকৃতি প্রদান।

প্রশ্ন ৩০। আমেৰিকাত ৰেড ইণ্ডিয়ানসকলৰ পুনর্গঠন আইনখন কোন চনত প্ৰণয়ন কৰা হৈছিল?

উত্তৰ : ১৯৩৪ চনত প্ৰণয়ন কৰা হৈছিল।

চমু প্রশ্নোত্তৰ

প্রশ্ন ১। অষ্ট্ৰেলিয়াৰ আদিবাসীবিলাকৰ প্ৰতি ইংৰাজসকলে কিয় বিদ্বেষভাব পোষণ কৰিছিল? এই বিদ্বেষৰ যুক্তিযুক্ততা ইংৰাজসকলৰ কাৰণে কি আছিল?

উত্তৰ : ইংৰাজ নাৱিকসকলৰ প্ৰধান নেতা কেপ্তেইন কুক আৰু তেওঁৰ সহযোগীসকলে অষ্ট্ৰেলিয়াৰ আদিবাসীসকলৰ মাজত গঢ়ি উঠা বন্ধুত্বৰ কথা কুকৰ প্রতিবেদন মতে জানিব পাৰি। কিন্তু হঠাতে কোনো আততায়ীৰ হাতত কুকৰ মৃত্যু হয়। কুকৰ এনে হত্যাকাণ্ড অষ্ট্ৰেলিয়ান আদিবাসীসকলে কৰা বুলি ইংৰাজসকল পতিয়ন গৈছিল। সেয়ে তেওঁলোকে এই আদিবাসীসকলৰ বিৰুদ্ধে বিদ্বেষ বা অত্যাচাৰী কাৰ্যসমূহ হাতত লৈছিল। আচলতে কেপ্টেইন কুকৰ মৃত্যু অষ্ট্ৰেলিয়াৰ আদিবাসীৰ হাতত হোৱা নাছিল। তেওঁৰ হত্যাকাৰীজন আছিল হাৱাই দ্বীপৰ আদিবাসীহে।

প্রশ্ন ২। টোৰেছ ষ্ট্ৰেইট দ্বীপৰ বাসিন্দাসকল কোন? 

উত্তৰ ঃ অষ্ট্ৰেলিয়াৰ উত্তৰ অঞ্চলত স্থানীয় লোকৰ আন এটা বিৰাট জনগোষ্ঠীয়ে বাস কৰি আহিছিল। এই লোকসকলক টোৰেছ স্ট্রেইট দ্বীপৰ বাসিন্দা বুলি কোৱা হয়। এই লোকসকলৰ ক্ষেত্ৰত ‘থলুৱা আদিবাসী’ শব্দটো ব্যৱহাৰ কৰা নহৈছিল। সম্ভৱতঃ তেওঁলোক কোনোবা সুকীয়া জনগোষ্ঠীৰ লোক আছিল। আৰু অন্য কোনো ঠাইৰ পৰা প্ৰব্ৰজনকাৰীৰ ৰূপত অষ্ট্ৰেলিয়াত প্ৰৱেশ কৰা বুলি অনুমান কৰা হয়। 2005 চনৰ লোকপিয়ল মতে এই লোকসকলৰ সংখ্যা মহাদেশখনৰ জনসংখ্যাৰ শতকৰা প্ৰায় 2.4 ভাগ।

প্রশ্ন ৩। অষ্ট্রেলিয়াত কেতিয়া মানৱ বসতিকৰণ আৰম্ভ হৈছিল? 

উত্তৰ : আমেৰিকাৰ দৰে অষ্ট্ৰেলিয়াৰ মানৱ বসতিকৰণৰ ইতিহাসো অতি দীঘলীয়া। প্রায় চল্লিশ হাজাৰ বছৰ বা তাৰো পূৰ্বৰে পৰা সেই দেশলৈ আদিবাসীসকলৰ আগমন ঘটিছিল। বিভিন্ন জনগোষ্ঠীৰ প্ৰব্ৰজনকাৰীসকলক থোৰতে আদিবাসী বুলি কোৱা হৈছিল। এই লোকসকল নিউগিয়েনাৰ পৰা অহা বুলি ঠাৱৰ কৰা হৈছিল। উল্লেখযোগ্য যে নিউগিয়েনা এখন মূল দলঙেৰে অষ্ট্ৰেলিয়াৰ সৈতে সংলগ্ন আছিল। অৱশ্যে এই লোকসকলে দাবী কৰা অনুসৰি তেওঁলোকেই অষ্ট্ৰেলিয়াৰ আদিম জনগোষ্ঠী। তেওঁলোক বাহিৰৰ পৰা প্ৰব্ৰজন কৰা নাছিল। ‘এই লোকসকলে অষ্ট্ৰেলিয়াৰ বিগত শতিকাসমূহক সময়ৰ সপোন বুলি অভিহিত কৰে।

প্রশ্ন ৪। 1974 চনটো অষ্ট্ৰেলিয়াৰ কাৰণে কিয় উল্লেখযোগ্য আছিল? 

উত্তৰঃ 1974 চনত অষ্ট্ৰেলিয়া চৰকাৰে এটি উল্লেখযোগ্য নীতি গ্রহণ কৰিছিল । বহু বছৰৰ পৰা প্ৰব্ৰজনৰ যোগেদি অষ্ট্ৰেলিয়াত বসবাস কৰা লোকসকলৰ প্ৰতি অষ্ট্ৰেলিয়াৰ চৰকাৰে মুক্তনীতি গ্ৰহণ কৰিছিল। সকলোকে নিজ দেশৰ নাগৰিক বুলি স্বীকৃতি দিছিল। সার্বজনীন সাংস্কৃতিক বিকাশৰ বাবে বহুমুখী নীতি গ্ৰহণ কৰি থলুৱা, ইউৰোপীয় এছিয়াৰ পৰা অহা পমুৱা আদি সকলো লোকৰ প্ৰতি সহধৰ্মিতা আৰু সমশ্ৰদ্ধা প্ৰকাশৰ বাবে এক অভূতপূর্ব সিদ্ধান্ত গ্রহণ কৰিছিল। সেই বছৰতে শ্বেতাংগ অষ্ট্রেলিয়া নীতিৰো অৱসান ঘটিছিল।

প্রশ্ন ৫। ‘অষ্ট্ৰেলিয়াৰ মহামৌনতা’ বুলিলে তুমি কি বুজা? 

উত্তৰঃ1968 চনত ডব্লিউ ই এইচ ষ্টেনাৰ নামৰ এজন নৃতত্ত্ববিদে ‘অষ্ট্ৰেলিয়ানৰ মহামৌনতা’ শীর্ষক এলানি বক্তব্য দিছিল৷ এই বক্তৃতাৰ জৰিয়তে তেওঁ অষ্ট্ৰেলিয়াৰ অধিবাসীসকলৰ বিষয়ে ঐতিহাসিকসকলৰ মৌনতা সম্বন্ধে উল্লেখ কৰিছিল। ঐতিহাসিকসকলে অষ্ট্ৰেলিয়াৰ অধিবাসীসকলৰ বিষয়ে বুৰঞ্জীৰ পৰা বাদ দিয়া কাৰ্যক সমালোচনা কৰি এই বিষয়ে সকলোকে সজাগ কৰাৰ উদ্দেশ্যেৰে নৃতত্ত্ববিদ গৰাকীয়ে এইলানি বক্তৃতা প্ৰদান কৰিছিল।

প্রশ্ন ৬। ‘আমাক কেলেই কোৱা নাছিল (Why wouldn’t we told?) কিতাপখনৰ লেখকজন কোন? পুথিখনৰ উদ্দেশ্য কি আছিল?

উত্তৰঃ ‘আমাক কে’লেই কোৱা নাছিল পুথিখনৰ লেখক আছিল হেনৰী বেণপ্ত। ৰেণল্ডে অষ্ট্ৰেলিয়াৰ আদিবাসীসকলৰ ঐতিহাক সন্মান কৰিছিল। সেয়ে তেওঁ এই পুথিখনৰ জৰিয়তে অষ্ট্ৰেলিয়াৰ আদিবাসীসকলৰ সকলো দিশ সামৰি সকলোৰে মন চুই যোৱাকৈ লিখিছিল। আচলতে কেপ্টেইন কুকে অস্ট্রেলিয়া আৱিষ্কাৰ কৰাৰ পিছতহে সেই দেশৰ ইতিহাস আৰম্ভ হৈছিল বুলি থকা ধাৰণাটো যে অবাস্তব সেই বিষয়ে এইজন লেখকে তেওঁৰ পুথিযোগে যুক্তি দাঙি ধৰি এই ভুলধাৰণা খণ্ডন হোৱা উচিত বুলি স্পষ্টভাৱে এই পৃথিত উল্লেখ কৰিছিল।

প্রশ্ন ৭। ইংৰাজসকলে কি উদ্দেশ্যে স্থানীয় লোকসকলক মদ বা ৰাগিয়াল খাদ্য যোগান ধৰিছিল?

উত্তৰ : ইউৰোপীয়সকলে আমেৰিকাৰ স্থানীয় লোকক মদৰ প্রতি আসক্ত কৰি তুলিছিল। বন্দুকৰ নিচাৰ দৰে ইউৰোপীয় নিচাযুক্ত পানীয়সমূহো তেওঁলোকৰ প্ৰতি প্ৰিয় হৈ উঠিল। আচলতে মাতাল লোকৰ ওপৰত সহজতে বেহা বেপাৰৰ চৰ্তবোৰ খটুৱাবলৈ উল্লু বুলি ইউৰোপীয়সকলে স্থানীয় লোকক মদৰ প্রতি আসক্ত কৰি তুলিছিল। এই ক্ষেত্ৰত ইউৰোপীয়সকল যথেষ্ট সফলো হৈছিল।

প্রশ্ন ৮। ইউৰোপীয়সকলে কি কি বস্তুৰ বিনিময়ত থলুৱা লোকসকলৰ পৰা কেনেধৰণৰ সামগ্ৰী সংগ্ৰহ কৰিছিল? থলুৱা লোকসকলক ইউৰোপীয়সকলে প্ৰদান কৰা সামগ্ৰীসমূহ কেনেকৈ পিছলৈ ইংৰাজসকলৰ কাৰণে বিপদ কঢ়িয়াই আনিছিল বুলি তুমি ভাবা? 

উত্তৰঃ মিচিচিপি নৈৰ পাৰে পাবে দক্ষিণ দিশে ইউৰোপীয়সকলে বহুতো স্থানীয় বজাৰ দেখিছিল। বজাৰসমূহত বিনিময় মাধ্যমেৰে ব্যৱসায় চলিছিল। নিয়মিতভাৱে বহা এনে বজাৰত বহুতো লোকৰ সমাৱেশ ঘটিছিল। অনন্য আৰু দুষ্প্রাপ্য হস্তনির্মিত সামগ্ৰী আৰু খাদ্যসামগ্রী আছিল এই বজাৰ সমূহৰ বিশেষ আকর্ষণ।

ইউৰোপীয় বেপাৰীসকলে বজাৰসমূহত স্থানীয়লোকৰ পৰা কম্বল, লোৰ পাত্ৰ, বন্দুক, মদ আদিৰ বিনিময়ত নিজ নিজ পচন্দৰ বস্তু সংগ্ৰহ কৰিছিল। ধনুকাড়েৰে চিকাৰত অভ্যস্ত এই লোকসকলে বন্দুক হাতত তুলি লৈ আনন্দত মতলীয়া হৈ পৰিছিল। পিছলৈ এওঁলোকে বন্দুক চালনাত অতি পাৰ্গত হৈ পৰিছিল আৰু পিচৰ সময়ত ইউৰোপীয়সকলৰ বিৰুদ্ধে অস্ত্ৰধাৰণ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। 

প্রশ্ন ৯। ইউৰোপৰ কেইখনমান সাম্রাজ্যবাদী ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰ : ইউৰোপৰ কেইখনমান সাম্রাজ্যবাদী ৰাষ্ট্ৰ হ’ল স্পেইন, পর্তুগাল, হলেণ্ড, ইংলেণ্ড, ফ্রান্স আৰু জাৰ্মানী।

প্রশ্ন ১০। সাম্রাজ্যবাদ বুলিলে কি বুজা?

উত্তৰ কোনো এটা জাতি বা ৰাষ্ট্ৰই আন এক জাতি বা অঞ্চলৰ ওপৰত আধিপত্য স্থাপন কৰা কাৰ্যক সাম্রাজ্যবাদ বা উপনিবেশবাদ বুলি কোৱা হয়। যিখন দেশ সাম্রাজ্য স্থাপন কবে সেইখন হৈছে সাম্রাজ্যবাদী ৰাষ্ট্ৰ আৰু যিখন দেশৰ ওপৰত আধিপত্য বিস্তাৰ কৰে সেইখন ঠাই বা দেশ সাম্রাজ্যবাদী ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্রিত হয়।

প্রশ্ন ১১। অষ্ট্ৰেলিয়াৰ প্ৰথম অধিবাসীসকল কোন আছিল?

উত্তৰ অষ্ট্ৰেলিয়ালৈ পোন প্ৰথমে অহা পমুৱাসকলৰ অধিকাংশ আছিল ইংলেণ্ডে পঠিওৱা নির্বাসিত অপবাধী।এই অপৰাধীসকলৰ কাৰাদণ্ডৰ সমাপ্তি ঘটাৰ পিছত তেওঁলোকক চর্তসাপেক্ষে অস্ট্রেলিয়াত মুক্তভাৱে থাকিবলৈ দিয়া হৈছিল। অৱশ্যে তেওঁলোক যাতে ইংলেণ্ডলৈ উভতি নাযায় তাৰ বাবে তেওঁলোকৰ ওপৰত চৰ্ত আৰোপ কৰা হৈছিল।

প্রশ্ন ১২। ১৯৩৪ চনৰ ‘আমেৰিকা ইণ্ডিয়ান ‘সকলৰ পুনর্গঠন আইনখন কিয় আমেৰিকাৰ কাৰণে গুৰুত্বপূৰ্ণ বুলি কোৱা হয়?

উত্তৰ : ১৯৩৪ চনৰ আমেৰিকা ইণ্ডিয়ান পুনর্গঠন আইন নামৰ যুগান্তকাৰী আইনখনৰ দ্বাৰা সংৰক্ষিত অঞ্চলবাসী থলুৱাসকলৰ বাবে ভূমিক্ৰয় আৰু ঋণগ্ৰহণৰ অধিকাৰ সাব্যস্ত কৰিছিল। সেইকাৰণে এই আইনখনক আমেৰিকাৰ কাৰণে গুৰুত্বপূৰ্ণ বুলি কোৱা হয়।

প্রশ্ন ১৩। আমেৰিকাৰ ঔদ্যোগিক বিকাশত অৰিহণা যোগোৱা দুটা কাৰণ উল্লেখ কৰা। 

উত্তৰঃ উল্লিখিত কাৰণ দুটা হ’ল 

(ক) সোণৰ সন্ধানৰ স্বাৰ্থত বেলআলিৰ সম্প্ৰসাৰণে আমেৰিকাৰ ঔদ্যোগিক বিকাশত বিশেষ অৰিহণা যোগাইছিল। 

(খ) খেতিপথাৰৰ উন্নতিৰ আৰণে নানা ধৰণৰ যন্ত্রপাতি উদ্যোগসমূহৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। ফলত এনে যন্ত্ৰ নিৰ্মাণৰ কারণে নতুন নতুন উদ্যোগ স্থাপনৰ সম্ভাৱনাই দেখা দিছিল।

প্রশ্ন ১৪। আমেৰিকাৰ সোণ আবিষ্কাৰৰ দুটা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা।

উত্তৰ এই দুটা ফলাফল হ’ল– 

(ক) সোণৰ সন্ধানত ১৮৪০ চনৰ ভিতৰত ইউৰোপৰ

পাৰা হাজাৰ হাজাৰ লোকৰ আমেৰিকালৈ প্ৰব্ৰজন ঘটিল। 

(খ) সোণৰ খনি আৱিষ্কাৰৰ ফলত চীনৰ পৰা হাজাৰ হাজাৰ থলুৱা আমদানি কৰি আমেৰিকাৰ ইমূৰৰ পৰা সিমূৰলৈ ৰেল আলি সম্প্ৰসাৰণৰ কাম আগবাঢ়িল। ফলত ১৮৭০ খ্ৰীঃত যুক্তৰাষ্ট্ৰ আৰু ১৮৮৫ খ্ৰীঃত কানাডাত বেল আলি নিৰ্মাণৰ কাম সমাপ্ত হ’ল। 

প্রশ্ন ১৫। ‘সোণৰ সন্ধানত খৰখেদা’ বুলিলে কি বুজা?

অথবা, “সোণৰ বাবে হোৱা দৌৰ” কি ? 

উত্তৰ : ১৮৪০ ৰ দশকত আমেৰিকাৰ কেলিফৰ্ণিয়াত সোণৰ খনি আৱিষ্কাৰ হয়। ইয়াৰ ফলত ইউৰোপীয় লোকসকলৰ সোণৰ সংগ্ৰহৰ প্ৰতি উৎকণ্ঠা বাঢ়ে। ফলত আৰম্ভ হ’ল ইউৰোপীসকলৰ মাজত সোণৰ বাবে খৰখেদা। হাজাৰ হাজাৰ ইউৰোপীয় লোকে ক্ষীপ্ৰগতিত সোণ সংগ্ৰহৰ মানসেৰে আমেৰিকালৈ ঢাপলি মেলিলে। ইয়াকে সোণৰ বাবে খৰখেদা বুলি কোৱা হয় । 

প্রশ্ন ১৬। চকুলোৰ স্মৃতিৰেখাবোৰ কি আছিল?

উত্তৰঃ ১৮৩২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুখ্য ন্যায়াধীশ জন মার্চালে আইনৰ দৃষ্টিত চেৰোকী নামৰ জনগোষ্ঠীটোৰ মৰ্যাদা সম্বন্ধে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি কৈছিল যে তেওঁলোক এটা স্বতন্ত্র জনগোষ্ঠী। তদুপৰি যিহেতু তেওঁলোক একবিধিসন্মত নিজস্ব ভৌগোলিক ক্ষেত্ৰৰ অধিবাসী, সেয়ে তেওঁলোক কিছুমান ক্ষেত্ৰত সাৰ্বভৌম আৰু সেইবাবে তেওঁলোকৰ ওপৰত বলপূৰ্বকভাৱে জর্জিয়াৰ আইন জাপি দিব নোৱাৰে। কিন্তু সেইসময়ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি এন্দ্ৰজেকচনে জন মাৰ্চালৰ ৰায়দানৰ বিৰোধিতা

কৰিছিল। তেওঁ এই ৰায় সম্পূৰ্ণৰূপে আওকাণ কৰিছিল আৰু সৈনাৰ আৰা চেৰোকীসকলক উচ্ছেদ কৰি আমেৰিকাৰ বৃহৎ মৰুভূমিৰ সিপাৰলৈখেদি পঠিয়াইছিল। এনেদৰে খেদি দিয়া ১৫০০০ চেৰোকীৰ চাৰিভাগৰ এভাগৰ পথৰ ওপৰতে মৃত্যু ঘটিছিল। এই ঘটনাকে চকুলোৰ স্মৃতিৰেখা বুলি কোৱা হয়। 

প্রশ্ন ১৭। 1832 চনৰ ৰায়দান কিয় গুৰুত্বপূৰ্ণ আছিল?

উত্তৰ ঃ সেই সময়ৰ আমেৰিকাৰ মুখ্য ন্যায়াধীশ জন মার্ছালে 18:32 চনৰ বায়দান প্রদান কৰিছিল৷ এই ৰায়দানৰ জৰিয়তে তেওঁ চেৰোকীসকলক এটা স্বতন্ত্র জনগোষ্ঠী বুলি ঘোষণা কৰিছিল। যদিও ৰাষ্ট্ৰপতি জেকছনে মুখ্য ন্যায়াধীশৰ ঘোষণাৰ বিৰোধিতা কৰিছিল, তথাপি জন মাৰ্ছালে চেৰোকীসকলক সার্বভৌম বুলি ঘোষণা কৰি তেওঁলোকৰ ওপৰত জর্জিয়া চৰকাৰে। কোনো আইন জাপি দিব নোৱাৰে বুলি ঘোষণা কৰিছিল। এনে দিশৰ ফালৰ পৰা জন মাৰ্চালক ঘোষণা গুৰুত্বপূৰ্ণ বুলি কোৱা হয়। 

প্রশ্ন ১৮। ইংৰাজ/ইউৰোপীয়ানসকলে চেৱোকী বা অন্যান্য থলুৱা লোকসকলৰ প্ৰতি কেনে মনোভাব পোষণ কৰিছিল?

 অথবা ইৰাজ/ইউৰোপীয়ানসকলে চেৰোকী বা অন্যান্য আমেৰিকাৰ জনগোষ্ঠীসমূহৰ প্ৰতি কৰা বেয়া আচৰণ কিয় যুক্তিসংগত বুলি ভাবিছিল?

উত্তৰ : ইংৰাজ/ ইউৰোপীয়ানসকলে চেৰোকী বা অন্যান্য আমেৰিকাৰ জনগোষ্ঠীসমূহৰ প্রতি ভাল ভাব পোষণ কৰা নাছিল। এইক্ষেত্ৰত তেওঁলোকৰ যুক্তি আছিল এয়ে যে- 

(ক) এই জনগোষ্ঠীসমূহে ভালদৰে ইংৰাজী শিকা বা কল পৰা নাছিল, 

(খ) থলুৱা লোকসকলে উপযুক্তভাবে মাটিৰ ব্যৱহাৰ নাজানিছিল। 

(গ) এই লোকসকলে নিজ নিজ হস্ত কৰ্মৰ নৈপুণা কামত খটুৱাই বস্তু তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰিব নাজানিছিল। সেই কাৰণে ইংৰাজ/ ইউৰোপীয়াসকলে এই মানুহবোৰ জীয়াই থাকি লাভ নাই, তেওঁলোক মৰাই ভাল বুলি মত পোষণ কৰিছিল।

প্রশ্ন ১৯। উলহুইট গোল্ড বুলিলে কি বুজা? 

উত্তৰ: ১৯১১ চনত প্ৰতিষ্ঠা কৰা অষ্ট্ৰেলিয়াৰ ৰাজধানীখনৰ নাম আছিল। উলহুইট গোল্ড। অর্থাৎ উল, ঘেহু আৰু সোণ। কাৰণ এইকেইবিধ সামগ্ৰীৰ বাবে এই ঠাইখন বিখ্যাত আছিল। পিছলৈ ইয়াৰ নাম কাণবেৰা কৰা হ’ল। কানবোৰ অৰ্থ হ’ল মিলন ক্ষেত্র।

প্রশ্ন ২০। অষ্ট্ৰেলিয়াৰ ৰাজধানীখনৰ নাম কি? ইয়াক কেতিয়া নিৰ্মাণ কৰা হৈছিল? ৰাজধানীখনৰ নামৰ অৰ্থ কি ?

উত্তৰ : অষ্ট্ৰেলিয়াৰ ৰাজধানীখনৰ নাম কানবেৰা। এই ৰাজধানীখন ১৯১১ চনত নিৰ্মাণ কৰা হৈছিল। কানবেৰা এটা থলুৱা নাম। ইয়াৰ অৰ্থ হ’ল মিলন ভূমি।

প্ৰশ্ন ২১। অষ্ট্ৰেলিয়াৰ ৰূপান্তৰৰ প্ৰৱাহত অৰিহণা যোগোৱা দুজন ব্যক্তিৰ অৰিহণাৰ কথা উল্লেখ কৰা।

উত্তৰ : (ক) ১৬৬৮ খ্ৰীঃত নৃতত্ত্ববিদ ডব্লিউ এইচ ষ্টেনাৰৰ ‘অষ্ট্ৰেলিয়াৰ মহামৌনতা শীর্ষক জনপ্রিয় বক্তৃতালানি’ আৰু– 

(খ) ‘হেনৰী ৰেণৰ্ল্ডৰ আমাক কেলেই কোৱা নাছিল। নামৰ গ্ৰন্থখনে অষ্ট্ৰেলিয়াৰ ৰূপান্তৰৰ প্ৰবাহত বিশেষ অৰিহণা যোগাইছিল। 

প্রশ্ন ২২। ‘Terra nullius’ বা এইভূমি কাৰো নহয়’ বাক্যটোৱে কি বুজাইছে?

উত্তৰ : Terra nullius (টেবা নুলিউচ)ৰ অৰ্থ হ’ল এই ভূমি কাৰো নহয়। এইখিনিতে উল্লেখ কৰিব পাৰি যে ইউৰোপীয়সকলে অস্ট্রেলিয়াত নিজৰ নামত ভূমি অধিগ্রহণ কৰিব বিচাৰিছিল। কিন্তু অস্ট্রেলিয়া চৰকাৰে এনে কাৰ্যৰ বিৰোধিতা কৰি অষ্ট্ৰেলিয়াৰ ভূমি টেবা নুলিউট বা এই ভূমি কাৰো নহয় বুলি উল্লেখ কৰিছিল।

প্রশ্ন ২৩। ঊনৈশ শতিকাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত ইংৰাজী ভাষা ব্যৱহাৰ কৰাৰ বাহিৰে অর্থনৈতিক আৰু সামাজিক জীৱনত তুমি অন্য কিবা প্ৰভাৱ লক্ষ্য কৰিছানে?

উত্তৰ : ইংৰাজী ভাষা ব্যৱহাৰৰ বাহিৰে অর্থনৈতিক আৰু সামাজিক জীৱন ধাৰা পৰম্পৰাগতভাৱে চলাই নিয়াৰ কাৰণে তাৰ অধিবাসীসকলে চেষ্টা কৰিছিল। ইয়াৰ বিপৰীতে ইংৰাজসকলে তাৰ থলুৱা জনসাধাৰণক সকলো ধৰণৰ সা-সুবিধাৰ পৰা বঞ্চিত কৰিব বিচাৰিছিল। থলুৱা লোকসকলে অর্থনৈতিক আৰু ৰাজনৈতিক সা-সুবিধাৰ কাৰণে সংগ্ৰাম কৰিব লাগিছিল।

প্রশ্ন ২৪। বৰ্তমানৰ কোনকেইখন দেশক লৈ ইউৰোপীয়সকলে ‘নতুন পৃতিৱী’ নামে নামকৰণ কৰিছিল?

উত্তৰ ঃ ‘নতুন পৃথিৱী’ৰ অন্তৰ্গত দেশকেইখন হ’ল— আমেৰিকা, কানাডা, অষ্ট্রেলিয়া আৰু নিউজিলেণ্ড।

প্রশ্ন ২৫। দক্ষিণ আৰু উত্তৰ আমেৰিকাৰ থলুৱা লোকৰ মাজত যিকোনো এটা প্ৰভেদৰ ওপৰত মন্তব্য দিয়া।

উত্তৰ: দক্ষিণ আৰু উত্তৰ আমেৰিকাৰ থলুৱা লোকৰ মাজৰ এটা প্ৰভেদ হ’ল এই যে আমেৰিকাৰ লোকসকল দক্ষিণ আমেৰিকাৰ লোকতকৈ অতি প্রাচীন। 

প্রশ্ন ২৬। ন-বাসিন্দা (Settler colonies) ৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ ঃ ন-বাসিন্দা বুলিলে সাধাৰণতে দক্ষিণ আফ্রিকাত ওলন্দাজসকল, আয়াৰলেণ্ডত বৃটিছসকল আৰু আমেৰিকাত নিউজিলেণ্ড, অষ্ট্রেলিয়া আৰু অন্যান্য ইউৰোপীয় বসতিকাৰী লোকসকলক বুজায়। ইয়াৰ দুটা বৈশিষ্ট্য হ’ল—

(ক) এই দেশসমূহত ইউৰোপীয়সকলে যি আৱাসভূমি গঢ়ি তুলিছিল তাক উপনিবেশ বুলি কোৱা হয়। ইউৰোপীয়সকলৰ হেচাত এই কলনিসমূহত বাস কৰা অধিবাসীসকল অন্য ঠাইলৈ যাবলৈ মাস্তি হৈছিল। 

(খ) কানাডাৰ বাহিৰে বাকী উপনিৱেশসমূহৰ প্ৰচলিত ভাষা আছিল ইংৰাজী। কাৰণ কানাডাত চৰকাৰী ভাষা হিচাপে ফ্ৰান্স ভাষাক স্বীকৃতি দিয়া হৈছিল৷ 

প্রশ্ন ২৭। নৃ-তত্ত্ব বিষয়টোৰ বিকাশ ক’ত হৈছিল?  উত্তৰ আমেৰিকাত এই বিষয়টোৰ অধ্যয়ন কিয় আৰম্ভ কৰা হৈছিল?

উত্তৰঃ ১৮৪০ ৰ দশকত ফ্ৰান্সতনৃ-তত্ত্ব বিষয়টোৰ বিকাশ হৈছিল। পিছলৈ এই বিষয়টো উত্তৰ আমেৰিকাত অধ্যয়ন কৰিবলৈ লয়। এই অধ্যয়নৰ দ্বাৰা ইউৰোপৰ সভ্য সম্প্ৰদায়ৰ মাজত বৈসাদৃশ্য অধ্যয়নৰ প্ৰতি আগ্রহ জন্মাইছিল।

প্রশ্ন ২৮। কেতিয়া আৰু কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল? তেওঁৰ কিয় (Indian) ইণ্ডিয়ান বুলিছিল।

উত্তৰ: ১৪৪৯ চনৰ ১২ অক্টোবৰত কলম্বাছে আৱিষ্কাৰ কৰিছিল।

তেওঁ নতুনকৈ আৱিষ্কাৰ কৰা নতুন স্থলভূমিক প্রথমে ভাৰতবর্গ বুলি ভাবিছিল। প্রথমে তাৰ মানুহবোৰক Indian বুলি ভাবিছিল। অৱশ্যে পিছলৈ তেওঁ সেই নতুন ঠাইখিনি আমেৰিকা বুলি নামকৰণ কৰিছিল।

ৰচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। কেতিয়া আৰু কেনেকৈ আমেৰিকা আৰু কানাডাৰ থলুৱা লোকসকলৰ উন্নতিৰ কাৰণে চিন্তা-চৰ্চা আৰম্ভ হৈছিল ?

উত্তৰ : 1920 চনৰ পৰা আমেৰিকা আৰু কানাডাৰ থলুৱা লোকসকলৰ উন্নতিৰ কাৰণে চেষ্টা চলোৱা হৈছিল।

পোন প্ৰথমবাৰৰ কাৰণে 1928 চনত সমাজ বিজ্ঞানী লুই মেৰিয়াৰ দ্বাৰা প্ৰকাশিত আমেৰিকান ভাৰতীয় প্ৰশাসনৰ সমস্যা মানুহ’ নামৰ চার্জ প্রতিবেদনত থলুৱাসকলৰ স্বাস্থ্য সেৱা আৰু শিক্ষাৰ সা-সুবিধাসমূহৰ মানদণ্ড অতি নিম্ন বুলি উল্লেখ কৰা হৈছিল। এনে লেখনিৰ দ্বাৰা থলুৱাসকল আকৃষ্ট হৈছিল আৰু সাহস পাইছিল। ইয়াৰ ফলস্বৰূপে 1954 চনত থলুৱাসকলে আমেৰিকান ভাৰতীয়সকলৰ অধিকাৰ শীৰ্ষক এখন ঘোষণা পত্ৰৰ দ্বাৰা চৰকাৰৰ ওচৰত কিছুমান দাবী উত্থাপন কৰিছিল। এই দাবীৰ ভিতৰত থলুৱাসকলৰ নিয়ন্ত্ৰণত থকা সংৰক্ষিত অঞ্চলৰ স্থিতাৱস্থা বাহাল ৰখা আৰু থলুৱা সংস্কৃতিক চৰকাৰে সন্মান জনোৱা আছিল উল্লেখযোগ্য। পিছলৈ এই দুয়োটা দাবী চৰকাৰে মানি লৈছিল।

ঠিক তেনেকৈ কানাডাৰ থলুৱাসকলেও চৰকাৰৰ ওচৰত নিজৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবী উত্থাপন কৰিছিল। প্রথম অৱস্থাত কানাডা চৰকাৰে এনে দাবী অগ্রাহ্য কৰিছিল। কিন্তু 1982 চনত সংবিধানক আইনৰ দ্বাৰা কানাডা চৰকাৰে বৰ্তমানৰ আদিবাসী আৰু থলুৱালোকে পূৰ্বৰ সন্ধিৰ চৰ্ত মতে লাভ কৰা অধিকাৰসমূহক স্বীকৃতি দিবলৈ বাধ্য হৈছিল। উল্লেখযোগ্য যে যুক্তৰাষ্ট্ৰ (আমেৰিকা) আৰু কানাডা উভয়ৰে আদিবাসী থলুৱা লোকৰ সংখ্যা ওঠৰ শতিকাৰ সংখ্যাতকৈ বহু পৰিমাণে হ্রাস হ’লেও এতিয়া তেওঁলোকে স্বকীয় সংস্কৃতিৰ ৰক্ষণাবেক্ষণৰ অধিকাৰ লাভ কৰিছে। বিশেষকৈ কানাডাৰ এনে অধিবাসীসকলে তেওঁলোকৰ পৱিত্ৰ ভূমিৰ ওপৰত নিজস্বত্ব পাই সুখী হৈছিল।

প্রশ্ন ২। আমেৰিকাৰ গৃহ যুদ্ধৰ বিষয়ে চমুকৈ আলোচনা কৰা। 

উত্তৰ: প্ৰধানকৈ দাস ব্যৱসায়ৰ প্ৰশ্নক লৈ উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ মাজত 1816 1817 চনৰ ভিতৰত এখন গৃহযুদ্ধ হৈছিল।

আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ দক্ষিণ অঞ্চলৰ উষ্ণ জলবায়ুত ইউৰোপীয় লোকসকলে ঘৰৰ বাহিৰত তথা উদ্বুজ অঞ্চল কাম কৰাৰ ক্ষেত্ৰত বিশেষ কষ্ট পাইছিল। উত্তৰ অঞ্চলৰ থলুৱা লোকৰ বাবেও এনে জলবায়ু আছিল অসহনীয়। সেয়ে তেওঁলোকৰ কিছুমানক ধৰি নি দক্ষিণৰ উপনিৱেশসমূহত দাস-হিচাপে কামত লগায়। কিন্তু কামৰ বোজা সহিব নোৱাৰি তেওঁলোকৰ বেছিভাগৰে মৃত্যু ঘটিল। সেইবাবে দক্ষিণৰ কৃষি পামসমূহৰ গৰাকীসকলে দাস ব্যৱসায়ীসকলৰ পৰা আফ্ৰিকাৰ পৰা অন্য দাস ক্ৰয় কৰিছিল। এই ব্যৱসায়ক লৈ পিছলৈ তুমুল প্রতিবাদ হৈছিল। ফলত এই ব্যৱসায় বন্ধ কৰা হৈছিল।

কিন্তু যিসকল আফ্ৰিকাৰ লোকে ইতিমধ্যে আমেৰিকাত দাস হিচাপে বাস কৰিছিল তেওঁলোক দাস হিচাপেই থাকি গ’ল। আনকি তেওঁলোকৰ সতি সস্ততি সকলেও সেই মাসত্বৰ পৰা মুক্তি নাপালে।

আনহাতে উত্তৰ অঞ্চলৰ জনসাধাৰণে দক্ষিণৰ দিশত চলা এনে দাস ব্যৱসায় ভালপোৱা নাছিল। কারণ উত্তৰ অঞ্চল কৃষিপ্রধান ঠাই নোহোৱা বাবে দাসৰো প্ৰয়োজন নাছিল। সেয়ে উত্তৰ আমেৰিকাৰ জনসাধাৰণে দক্ষিণ আমেৰিকাত চলি অহা কাম ব্যৱসায় বন্ধ কৰাৰ কাৰণে দাবী জনায়। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত দাস প্রথাৰ সমৰ্থক আৰু বিৰোধী পক্ষৰ মাজত এক বিবাদৰ সূত্রপাত হয়। এই বিবাদে পিছলৈ গৃহযুদ্ধৰ ৰূপ লয়। উল্লেখযোগ্য যে 1816-65 চনৰ ভিতৰত এই গৃহযুদ্ধ চলি আছিল। অৱশেষত বিৰোধী বা উত্তৰ আমেৰিকাই এই গৃহযুদ্ধত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে এই গৃহযুদ্ধই আমেৰিকাত দাস প্রথা বন্ধ কৰে যদিও, আমেৰিকাবাসী আফ্ৰিকাৰ দাসসকলে নাগৰিক অধিকাৰ লাভৰ বাবে কুৰি শতিকালৈ আন্দোলন চলাই থাকিব লগা হৈছিল।

প্রশ্ন ৩। কোনে আৰু কেতিয়া ‘আমেৰিকান ভাৰতীয় সকলৰ অধিকাৰ’ শীর্ষক ঘোষণা পত্ৰ জাৰি কৰিছিল? 

উত্তৰ : 1945 চনত থলুৱাসকলে ‘আমেৰিকান ভাৰতীয় লোকসকলৰ অধিকাৰ’ শীর্ষক ঘোষণা পত্র জাৰি কৰিছিল।

এই ঘোষণা পত্ৰৰ জৰিয়তে থলুৱাসকলে চৰকাৰক এই বুলি অৱগত কৰিছিল যে দুটা বিশেষ চৰ্তৰ ভিত্তিত তেওঁলোকে যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব লাভৰ বাবে সাজু। সেই চৰ্ত দুটা

(ক) থলুৱাসকলৰ পৰা সংৰক্ষিত অঞ্চলবোৰ চৰকাৰে কেতিয়াও ল’ব নোৱাৰিব। 

(খ) তেওঁলোকৰ থলুৱা) পৰম্পৰাগত কৃষি সভ্যতাত চৰকাৰে কোনো ধৰণৰ হস্তক্ষেপ নকৰিব বুলি প্রতিশ্রুতি দিব লাগিব।

এই ঘোষণাপত্র অতি গুৰুত্বপূৰ্ণ আছিল। কাৰণ পিছলৈ চৰকাৰে থলুৱা লোকসকলৰ দুয়োটা দাবীয়ে মানি ল’বলৈ বাধ্য হয়।

প্রশ্ন ৪। ইউৰোপীয় লোক আৰু আমেৰিকাৰ থলুৱাসকলে ইদলে সিদলৰ প্রতি কি ধাৰণা পোষণ কৰিছিল? আৰু প্ৰকৃতি সম্বন্ধে তেওঁলোকৰ দৃষ্টিভঙ্গীৰ পাৰ্থক্য কেনেধৰণৰ আছিল আলোচনা কৰা।

অথবা, ১৯৫০–৬০ৰ দশকত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ থলুৱাসকলে কিয় প্রতিবাদ কৰিছিল। ইয়াৰ ফলাফল কি হ’ল? 

উত্তৰ ঃ ইউৰোপীয় লোকসকলে শিক্ষা, সুসংগঠিত ধৰ্ম আৰু নগৰীয়া জীৱন পদ্ধতিৰ মাপকাঠীৰে জুখিহে কোনো লোকক ‘সভ্য’ আখ্যা দিছিল। ইউৰোপীয় লোকসকলৰ মতে আমেৰিকাৰ থলুৱা লোকসকল আছিল অসভ্য। থলুৱা আমেৰিকানসকলৰ প্ৰতি আমেৰিকাৰ তৃতীয় জন ৰাষ্ট্ৰপতি থমাচে কঠুৱা মন্তব্য দি কৈছিল যে বহু কষ্ট কৰি আমি সভ্য কৰিবলৈ চেষ্টা কৰা এই দুৰ্ভগীয়া জাতিটোক দৰাচলতে কণ কঠিয়া মাৰি উৎখাট কৰা উচিত। থলুৱা লোকসকলে, ইউৰোপীয় বেপাৰীসকলে দিয়া সামগ্ৰীসমূহ ‘উপহাৰ’ বুলি গণ্য কৰিছিল।

আনহাতে ইউৰোপীয় বেপাৰীসকলে এই লোকসকলৰ পৰা সংগ্ৰহ কৰা মাছ, নোমাল ছাল আদি ইউৰোপৰ বজাৰত বেছি মূল্যত বিক্ৰী কৰি চকী হোৱাৰ সপোন দেখিছিল। সুদূৰ ইউৰোপত থকা এনে বজাৰ সম্বন্ধে থলুৱা লোকৰ কোনো ধাৰণা নাছিল। বৰং এনে সামগ্রীর বাবে ইউৰোপীয় বেপাৰীসকলে কিয় কেতিয়াবা বহু বেছি আৰু কেতিয়াবা নিচেই কম উপহাৰ দিয়ে, সেইটোৱেহে তেওঁলোকক বিবুদ্ধিত পেলাইছিল।

প্রকৃতি সম্বন্ধে বা অৰণ্যসমূহৰ ক্ষেত্ৰত থলুৱা আৰু ইউৰোপীয় তথা নতুন বাসিন্দা সকলৰ দৃষ্টিভঙ্গীৰ যথেষ্ট প্রভেদ আছিল। থলুৱাসকলে ইউৰোপীয় পমুৱাই নেদেখা স্থানবোৰলৈ নিজ বসতি সম্প্ৰসাৰণ কৰিছিল। পমুৱাসকলে অৰণ্যসমূহৰ গছ-গছনি কাটি তাত শস্য পথাৰ সৃষ্টি কৰিছিল। কিন্তু থলুৱাসকলে এনেবোৰ কথা বুজি পোৱা নাছিল। তেওঁলোকে নিজৰ আৱশ্যকখিনিৰহে খেতিবাতি কৰিছিল। শস্য বেচা কিনাৰ কোনো নিয়ম নাছিল। মাটিবোৰ নিজৰ কৰি লোৱাৰ কাৰণে তেওঁলোকে কেতিয়াও চিন্তা কৰা নাছিল। জেফাৰচনৰ মতে এনেধৰণৰ ধ্যান ধাৰণাই তেওঁলোকক সভ্যতাৰ বহির্ভূত কৰি ৰাখিছিল।

প্রশ্ন ৫। কি কাৰণত ইতিহাসৰ কিতাপৰ পৰা অষ্ট্ৰেলিয়াৰ থলুৱা অধিবাসীসকলৰ প্রাচীন ইতিহাস বাদ পৰিছিল? 

উত্তৰঃ অষ্ট্ৰেলিয়াৰ প্ৰাচীন ইতিহাস, ইতিহাসৰ কিতাপৰ পৰা বাদ পৰি যোৱাৰ কাৰণসমূহ

(১) পৃথিৱীত অষ্ট্রেলিয়া মহাদেশখন আবিষ্কাৰ কৰিছিল 1700 শতিকাত কেপ্তেইন ঝুকে আৰু তেতিয়াৰে পৰা অষ্ট্ৰেলিয়াৰ বুৰঞ্জী আৰম্ভ হোৱা বুলি ধৰি লোৱা হৈছিল।

(২) সেই সময়তে থলুৱা অধিবাসীসকলৰ কোনো লোকে কেথ্রেইন কুকক হত্যা কৰিছিল। সেই কাৰণতে ইংৰাজসকলে স্থানীয় থলুৱা বাসিন্দাসকলৰ বিষয়ে কোনো ধৰণৰ বিষয় বুৰঞ্জীত লিখিবলৈ বাদ দিছিল। (৩) আনহাতে স্থানীয় থলুৱা বাসিন্দাৰ সেই সময়ত তেওঁলোকৰ ভাষা লিখাৰ আখৰ নাছিল। তেওঁলোকৰ ভাষা লিখাৰ ব্যৱস্থা নাছিল। গতিকে প্রাচীন কালৰ কোনো বিষয়তে তেওঁলোকৰ লিখিত বুৰঞ্জী পোৱা নাযায়। 

(৪) অষ্ট্ৰেলিয়াৰ প্ৰায়ভাগ ইংৰাজ লোক আছিল ইংলেণ্ডৰ পৰা নিৰ্বাচিত অভিযুক্ত কিছুমান লোক। নিৰ্বাসনৰ ম্যাদ উকলি যোৱাৰ পাচত তেওঁলোকক অস্ট্রেলিয়াতে নিগাজিকৈ থাকিবলৈ দিয়া হৈছিল কাৰণ তেওঁলোক যাতে পুনৰ ইংলেণ্ডলৈ ঘূৰি যাব নোৱাৰে তাৰো ব্যৱস্থা কৰিছিল। এই ইংৰাজ লোকসকলে স্থানীয় লোকৰ বিপক্ষে থকা ঘৃণা আৰু অবজ্ঞাৰ বাবে তেওঁলোকৰ কোনো কথাত হাত দিয়া নাছিল বা লিখা নাছিল।

(৫) নিগাজিকৈ থকা নির্বাসিত ইংৰাজসকলে থলুৱা লোকসকলক অসভ্য, বৰ্ব্বৰ বুলি ভাবিছিল।

প্রশ্ন ৬। আমেৰিকা বাসীসকলৰ বাবে “সীমামূৰীয়া” শব্দটোৰ অৰ্থ কি?

উত্তৰ : আমেৰিকা বাসীসকলৰ বাবে সীমামূৰীয়া বা সীমান্ত বুলি কোনো নিৰ্দ্ধাৰিত স্থায়ী সীমা নথকাটো বুজায় অর্থাৎ, সদায়ে পৰিবর্তন আৰু সম্প্ৰসাৰণ হোৱা সীমাক বুজায়। আমেৰিকা যেতিয়া, ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত হৈছিল তেতিয়া, বৰ্তমানৰ আমেৰিকাৰ এটা মাত্ৰ অংশহে দখলত আছিল। স্বাধীনতাৰ ১০০ বছৰৰ পাচত ক্ৰমে ইয়াৰ সীমা আটলান্টিক আৰু প্ৰশান্ত মহাসাগৰৰ মাজৰ সকলো ঠাই আমেৰিকাৰ অন্তৰ্ভুক্ত হৈ পৰে।

ক্রমান্বয়ে স্বাধীনতাৰ পাচত আমেৰিকাৰ চৰকাৰে তাৰ প্রাচীন অধিবাসী সকলৰ পৰা নতুন নতুনকৈ বিভিন্ন পদ্ধতিৰে ক্ৰয় কৰি, বলপূৰ্ব্বক, চৰকাৰৰ সৈন্যবাহিনীৰ দ্বাৰা মাটিবোৰ নিজৰ দখলভুক্ত কৰিছিল। এনে কাৰণতে আমেৰিকাৰ সীমান্ত সীমা সৰ্বসায় পৰিবৰ্তন হৈ আছিল৷ এনেকি আমেৰিকাই দক্ষিণফালে ফৰাচীসকলৰ পৰা (লাওচিয়ানা), ৰুচিয়াৰ পৰা (আলাস্কা), আৰু একেবাৰে দক্ষিণাঞ্চল মেক্সিকোৰ পৰা কিনি লৈছিল। মুঠতে বিভিন্ন খনিজ বৰ অন্বেষণৰ খাটিৰতে আমেৰিকাৰ চাৰিওফালে ক্রমান্বয়ে বিস্তৃত অঞ্চলত আমেৰিকাৰ সীমা বহলাই গৈ আছিল। সেইকাৰণে আমেৰিকান সকলৰ বাবে কোনো সীমান্ত বুলি কোনো কথা নাছিল।

প্রশ্ন ৭। আমেৰিকাৰ থলুৱা সকল ইউৰোপীয়সকলৰ দ্বাৰা কেনেকৈ বিতাড়িত হৈছিল? 

উত্তৰ ঃ আমেৰিকাত ইউৰোপীয়সকলৰ বাসস্থান বৃদ্ধিৰ লগে লগে স্থানীয় বা আমেৰিকাৰ থলুৱা লোকসকলক মাটি বিক্ৰী কৰি আঁতৰি যাবলৈ বাধ্য কৰোৱা হৈছিল। এনেকুৱাও উদাহৰণ পোৱা যায় যে থলুৱা লোকসকলক অধিক ধন দিম বুলি প্ৰতিজ্ঞা কৰি পিছত কম দাম দি মাটিবোৰ নিজৰ কৰি লোৱাত থলুৱা লোকসকল বিতাড়িত হ’ব লগা হৈছিল। আনকি চৰকাৰী উচ্চ পদবীধাৰী লোকসকলে এনেবৌৰ অন্যায় দেখি নিমাতে বা নিজৰ লোকক উৎসাহিত কৰিছিল আৰু থলুৱা লোকসকলক নিজৰ ঠাই এৰি যোৱাত সহায় কৰিছিল।

প্রশ্ন ৮। অষ্ট্ৰেলিয়াত হোৱা ৰূপান্তৰৰ বতাহ সম্পর্কে এটি টোকা লিখা। 

উত্তৰ : কুৰি শতিকাৰ দ্বিতীয় দশকৰ পৰাহে যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ মূল বাসিন্দাৰ ভাগ্য ববি উদয় হয়। মূল বাসিন্দা সকলে যাতে ইউৰোপৰ সংস্কৃতি গ্ৰহণ কৰি মূল সুঁতিৰ লগত মিলি যাব পাৰে, সেই আশাৰে তেওঁলোকৰ বাবে থকা বিশেষ চৰ্তবোৰ ৰদ কৰাৰ কথা চিন্তা কৰে। অৱশ্যে এই লোকসকলে নিজৰ সংস্কৃতি পৰিহাৰ কৰি ইউৰোপীয় সংস্কৃতি গ্ৰহণ কৰাৰ ইচ্ছা কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে নিজৰ ঐতিহ্য ৰক্ষাৰ চৰ্তত যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰাৰ কাৰণে ইচ্ছা কৰিছিল। এনে ধৰণৰ ব্যৱস্থা কানাডাটো গ্ৰহণ কৰা হৈছিল। ১৯৬৯ চনত চৰকাৰে আদিবাসী লোকৰ স্বত্বৰ স্বীকৃতি নিদয়াৰ কথা ঘোষণা কৰে।

প্রশ্ন ৯। মূল বাসিন্দা কাক কোৱা হয়? দক্ষিণ আমেৰিকা আৰু উত্তৰ আমেৰিকাৰ মূল বাসিন্দাসকলৰ মাজত থকা যিকোনো পার্থক্য বিষয় লিখা।

উত্তৰ ঃ কোনো এখন ঠাইত জন্ম গ্ৰহণ কৰি সেই ঠাইখনতে বাস কৰি অহা লোককে সাধাৰণতে মূল বাসিন্দা বুলি কোৱা দক্ষিণ আমেৰিকাৰ জলবায়ু অতি উষ্ণ বা গৰম আছিল। সেয়ে ইয়াৰ লোকসকলে ঘৰৰ বাহিৰত কাম-কাজ কৰাত অসুবিধা আছিল। সেয়ে তাত প্ৰচলিত দাসকলৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোক চলিব লগা হৈছিল।

আনহাতে উত্তৰ আমেৰিকাৰ লোক সকল অতি প্রাচীন বাসিন্দা আছিল। উত্তৰ আমেৰিকাৰ

লোকৰ বহুতো কঠিত ভাষা আছিল। অৱশ্যে এই ভাষাক লিপিবদ্ধ কৰা হোৱা নাছিল। উ আমেৰিকাৰ জলবায়ু ভাল হোৱা বাবে তাৰ লোকসকলে দাসসকলৰ ওপৰত নিৰ্ভৰ কৰিবলৈ চলিব নালাগিছিল। 

প্রশ্ন ১০৷ কি পটভূমিত অষ্ট্ৰেলিয়াৰ চৰকাৰে মহাদেশখনক “অশ্বেতাংগা সকলৰ পৰা মুক্ত ৰখাৰ নীতি গ্রহণ কৰিছিল। আলোচনা কৰা।

উত্তৰঃ অষ্ট্ৰেলিয়াত ইউৰোপীয় পমুৱাসকলৰ উপস্থিতিৰ ফলত ঊনৈশ আৰু কুৰি শতিকালৈ প্রায় ৯০ শতাংশ লোকে ঘৰবাৰী, সা-সম্পত্তি আদি হেঁৰুৱাব লগা হৈছিল। অষ্ট্ৰেলিয়ালৈ অহা পমুৱাসকলৰ অধিকাংশই আছিল ইংলেণ্ডে পঠিওৱা নিৰ্বাসিত অপৰাধী। এই লোকসকল অতি নিষ্ঠুৰ আৰু দয়াহীন আছিল। তেওঁলোকে বলপূর্বকভাবে মাটিবোৰ দখল কৰিছিল। অস্ট্রেলিয়াত ১৯৭৪ চনৰ ভিতৰত অ-শ্বেতাংগ বা কৃষ্ণাংগ লোক উপচি পৰাৰ শংকাই দেখা দিছিল। এনে ধাৰণাৰ বশৱতী হৈ অষ্ট্ৰেলিয়াৰ চৰকাৰে মহাদেশখনক অ-শ্বেতাংগসকলৰ পৰা মুক্ত ৰখাৰ নীতি গ্ৰহণ কৰিছিল।

বুৰঞ্জী

সূচীপত্ৰলিংক
অধ্যায় ১প্ৰাৰম্ভিক সমাজ Solutions
অধ্যায় ২ লিখন পদ্ধতি আৰু নগৰীয়া জীৱন Solutions
অধ্যায় ৩ সাম্ৰাজ্য Solutions
অধ্যায় ৪ মধ্য ইছলামীক দেশ
ইছলামৰ উদয় আৰু বিস্তাৰ: (৫৭০-১২০০ খ্ৰী:)
Solutions
অধ্যায় ৫ অঘৰী সাম্ৰাজ্য Solutions
অধ্যায় ৬ পৰিৱৰ্তিত ঐতিহ্য Solutions
অধ্যায় ৭ পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য Solutions
অধ্যায় ৮ সংস্কৃতিৰ সংঘাত Solutions
চতুৰ্থ গোটআধুনিকীকৰণৰ দিশে —-
অধ্যায় ৯ উদ্যোগিক বিপ্লব Solutions
অধ্যায় ১০মূল বাসিন্দাৰ স্থানান্তৰকৰণ Solutions
অধ্যায় ১১আধুনিকীকৰণৰ পথত Solutions

This Post Has One Comment

Leave a Reply