HS first Year Sociology (Part-II সমাজ বোধ) অধ্যায় – ৩ পৰিবেশ আৰু সমাজ

HS first Year Sociology (Part-II সমাজ বোধ) অধ্যায় – ৩ পৰিবেশ আৰু সমাজ। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS first Year Sociology (Part-II সমাজ বোধ) অধ্যায় – ৩ পৰিবেশ আৰু সমাজ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS first Year Sociology (Part-II সমাজ বোধ) অধ্যায় – ৩ পৰিবেশ আৰু সমাজ

(পাঠ্যপুথিৰ ৰচনাধর্মী প্রশ্নোত্তৰসমূহ)

প্রশ্ন ১। পৰিস্থিতি বিজ্ঞান বুলিলে কি বুজা?  তোমাৰ নিজৰ ভাষাত লিখা। (Describe in your own words what you understand by the term ‘ecology’.) 

উত্তৰঃ পৰিস্থিতি বিজ্ঞানে ভৌতিক জগত আৰু জীৱজগতৰ পদ্ধতি আৰু প্ৰক্ৰিয়াৰ জালখনক বুজায় য’ত মানুহো এটা উপাদান। পৰ্বত-পাহাৰ, নদ-নদী, সমতল-সাগৰ, গছ গছনি, জীৱ-জন্তু এই সকলোবোৰ পৰিস্থিতি বিজ্ঞানৰ অন্তৰ্গত। কোনো এখন ঠাইৰ এই পৰিস্থিতি বিজ্ঞানৰ ভৌতিক বস্তুবোৰৰ ওপৰত সেই ঠাইখনৰ ভৌগোলিক আৰু আর্দ্রতা বিজ্ঞানৰ আন্তক্রিয়াই প্ৰভাৱ পেলায়। ইয়াকে পৰিস্থিতি বিজ্ঞান বোলে।

প্রশ্ন ২। পৰিস্থিতি বিজ্ঞান কেৱল প্ৰাকৃতিক শক্তিবোৰতে সীমাবদ্ধ নহয় কিয়? (Why is ecology not limited only to the forces of nature)

উত্তৰঃ পৃথিৱীৰ উপৰি ভাগৰ ভৌগোলিক আৰু আৰ্দ্ৰতাৰ বিভিন্নতাৰ বাবে পৰিস্থিতি অনুযায়ী জীবজগতে নিজকে খাপ খোৱাকৈ উপযোগীকৈ গঢ়ি তোলে। মানৱ জাতিয়ে পৰিস্থিতি মতে কেনেদৰে বসবাস কৰিব, কিদৰে জীৱিকা নির্বাহ কৰিব, সাজ-পোছাক কেনেদৰে পিন্ধিব তাক নিৰ্ধাৰণ কৰি লয় কাৰণ মানুহ বিবেকী প্রাণী।

কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে, মানুহৰ কাৰ্যকলাপৰদ্বাৰা পৰিবেশত প্রাকৃতিক পাৰিপাৰ্শ্বিক অৱস্থাৰ পৰিৱৰ্তন ঘটিছে৷ মানুহ বিবেকী হোৱা বাবে নিজকে প্ৰকৃতিৰ প্রতিকূল অৱস্থাৰ পৰা রক্ষণাবেক্ষণ দিয়াৰ বাবে, নিজৰ বাসস্থান, ৰাস্তা-ঘাট, দলং, নদী-বান্ধ আদিৰে নিজৰ সুখ স্বাচ্ছন্দ্য বুদ্ধি কৰিছে। এনেকি আৱশ্যকতকৈ অধিক বেছি হাবি-জংঘল কাটি অনাবৃষ্টিৰ পৰিবেশ সৃষ্টি কৰিছে। নদী-বান্ধ দি বিদ্যুৎ উৎপাদন কৰিছে। গাড়ী-মটৰৰ অত্যাধিক ব্যৱহাৰে বিশ্বব্যাপী তাপমাত্রা বৃদ্ধি কৰিছে।

গতিকে মানুহৰ কাৰ্যাৱলীৰ ফলতে সমাজৰ পৰিবেশ প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল হৈ থকা নাই। বহুতো ক্ষেত্ৰত প্ৰাকৃতিক পৰিৱেশে কিছুমান অস্বাভাৱিক ৰূপো লোৱা দেখা যায়। বর্তমান, আধুনিক যুগত পৰিস্থিতি বিজ্ঞান অকল প্ৰকৃতিৰ শক্তিবোৰৰ ওপৰতে সীমাবদ্ধ হৈ থকা নাই। 

৩। সামাজিক পৰিবেশ উদ্ভৱৰ উভয়মুখী বা দুমুখীয়া প্ৰক্ৰিয়াটো বর্ণনা কৰা। (Describe the two-way process by which social environments emerge.) 

উত্তৰঃ জৈৱ-ভৌতিক পাৰিপাৰ্শ্বিকতা আৰু মানুহৰ কাৰ্যকলাপৰ আন্তঃক্রিয়াব্বাৰা সামাজিক পৰিবেশৰ উদ্ভৱ হয়। এই প্রক্রিয়াটোক এটা উভয়মুখী প্রক্রিয়া বুলি কোৱা হয় কিয়নো এফালে প্রকৃতিয়ে মানৱ সমাজক গঢ় দিয়ে আৰু আনহাতে মানৱ সমাজেও প্রকৃতিক গঢ় দিয়ে।

উদাহৰণস্বৰূপে – সিন্ধু গংগা উপত্যকাৰ সাৰুৱা-উৰ্বৰা ভূমিয়ে কৃষিৰ উৎপাদন অপর্যাপ্ত পরিমাণে উপচাই দিছে যদিও মানবীয় সৃষ্টিৰে বৃহৎ উদ্যোগ স্থাপন কৰি মানৱ সমাজৰ বহুমুখী উন্নয়নৰ পথ মুকলি কৰি মানৱসৃষ্ট সমাজ গঢ়ি তুলিছে। মানুহৰ কৰ্মই নিজৰ উন্নয়নৰ বাবে প্রকৃতিক নিয়ন্ত্রণ কৰিব বিচাৰে আৰু মানৱসৃষ্ট পৰিবেশৰ সৃষ্টি কৰে।

প্রশ্ন ৪। সামাজিক সংগঠনে কিয় আৰু কেনেকৈ পৰিবেশ আৰু সমাজৰ মাজৰ সম্বন্ধক গঢ় দিয়ে?  (Why and how does social organisation shape the relationship between the environment and society?)

উত্তৰঃ সামাজিক সংগঠনবোৰৰ দ্বাৰা পৰিবেশ আৰু সমাজৰ মাজৰ আন্তঃক্রিয়াক আকাৰ প্ৰদান কৰা হয়। সম্পত্তিৰ সম্বন্ধই কিদৰে আৰু কাৰদ্বাৰা প্ৰাকৃতিক সম্পদবোৰ ব্যৱহাৰ কৰিব পৰা যাব তাক নিৰ্ধাৰণ কৰে। উদাহৰণস্বৰূপে যদি ৰাজ্যৰ অৰণ্য ভূমিৰ বনজ সম্পদ চৰকাৰৰ মালিকীস্বত্বত থাকে, বনজসম্পদৰ ব্যৱহাৰ বা সংগ্রহ ব্যৱসায়ীৰ দ্বাৰা নে গাঁওবাসীৰ দ্বাৰা কৰাব সেই সিদ্ধান্ত চৰকাৰে কৰিব। মাটি আৰু পানীৰ উৎসৰ ওপৰত থকা ব্যক্তিগত মালিকীস্বত্বৰ হাতত থাকিব, আন মানুহে এই উৎস ব্যৱহাৰ কৰা ক্ষেত্ৰত কি কি নিয়ম-নীতি বা চর্ত থাকিব তাক তেওঁলোকে নিৰ্ধাৰণ কৰিব। সম্পদৰ ওপৰত থকা মালিকীস্বত্ব আৰু নিয়ন্ত্ৰণৰ সম্পৰ্ক উৎপাদন পদ্ধতিৰ লগত জড়িত

শ্রম বিভাজনৰ লগতো সম্পর্কীত। আনহাতে ভূমিহীন শ্রমিকসকল আৰু মহিলাসকলৰ প্ৰকৃতিক সম্পদৰ লগত থকা সম্পৰ্ক পুৰুষতকৈ বেলেগ হ’ব। কাৰণ গ্ৰাম্যাঞ্চলৰ মহিলাৰ ঘৰুৱা সম্পদৰ নাটনিৰ অভিজ্ঞতা পুৰুষতকৈ বেছি হয় কাৰণ ইন্ধন সংগ্ৰহ আৰু পানী সংগ্ৰহৰ কাম মহিালসকলেহে কৰে; কিন্তু তেওঁলোকৰ এইবোৰ সম্পদৰ ওপৰত নিয়ন্ত্রণ নাথাকে। সমাজৰ বিভিন্ন সামাজিক সমূহে পৰিবেশৰ লগত কেনেদৰে সম্পৰ্ক ৰক্ষা কৰিব তাৰ ওপৰত সামাজিক সংগঠনে প্ৰভাৱ পেলাব পাৰে। 

প্রশ্ন ৫। কিয় পারিপার্শ্বিক ব্যৱস্থাপনা সমাজৰ কাৰণে এক জটিল আৰু বিশাল কাম ? (Why is environmental management a complex and huge task for Society?)

উত্তৰঃ বৰ্তমান যুগত এইটো সত্য যে পৰিবেশিক ব্যৱস্থাপনা সমাজৰ এটা বৰ জটিল আৰু কঠিন কাম। জৈৱভৌতিক পদ্ধতিৰ বিষয়ে ভৱিষ্যৎবাণী কৰিবলৈ আৰু নিয়ন্ত্ৰণ কৰিবলৈ বৰ বিশেষ একো জনা নাযায়। ইয়াৰ উপৰি পৰিবেশৰ সৈতে মানুহৰ সম্পৰ্ক ক্রমান্বয়ে জটিলৰ পৰা জটিলৰ হৈ পৰিছে। ঔদ্যোগীকৰণৰ উন্নয়নৰ লগে লগে সম্পদ আহৰণৰ কাম বৃদ্ধি পাইছে আৰু তৰাণ্ঠিত হৈছে। ইয়াৰে পৰিণামত সমগ্র আর্থিক ব্যৱস্থাত এটা অভূতপূর্ব পৰিৱৰ্তনে দেখা দিছে। জটিল উদ্যোগিক প্রযুক্তিবিদ্যা আৰু সংগঠনৰ ধৰণৰ বাবে অতি সূক্ষ্ম ব্যৱস্থাপনাৰ আৱশ্যক হৈছে কিয়নো ই ভুল-ত্রুটিৰ বাবে ই বৰ ঠুনুকা আৰু বৰ ভয়ানক কথা।

বর্তমান আমি এখন বিপদসংকুল সমাজত বাস কৰিছোঁ। য’ত নেকি আমি ভালভাৱে নজনা প্রযুক্তি আৰু সামগ্ৰীৰ ব্যৱহাৰ হয়। ভূপালৰ মাৰাত্মক গেছ নির্গত দুর্ঘটনা, ইউৰোপৰ মেড-কাউ বেমাৰ আদিয়ে প্রমাণ করে যে ঔদ্যোগিক পৰিবেশত দুর্ঘটনা হোৱাটো স্বাভাৱিক ঘটনা।

প্রশ্ন ৬। প্ৰদূষণৰ সৈতে জড়িত কেইটামান গুৰুত্বপূর্ণ সমস্যা কি কি? (What are some of the important problems of pollutions of environment.)

উত্তৰঃ পৰিবেশৰ লগত জড়িত কেইবিধমান গুৰুত্বপূর্ণ প্রদূষণ সমস্যা : 

  1. বায়ু প্ৰদূষণঃ গ্রাম্য আৰু নগৰীয়া অঞ্চলত বায়ু প্ৰদূষণকে পৰিবেশৰ এটা প্রধান সমস্যা বুলি গণ্য কৰা হয়। এই প্রদূষণ সমস্যাই মানুহৰ উশাহ-নিশাহৰ সমস্যাৰ সৃষ্টি কৰি, নানা ধৰণৰ সাংঘাতিক বেমাৰৰ সৃষ্টি কৰে এনেকি মৃত্যুও হ’ব পাৰে। সাধাৰণতে বায়ু প্ৰদূষণ হয় সৰু-বৰ উদ্যোগসমূহ, যান-বাহনৰ পৰা নিৰ্গত ধোঁৱা, বিষাক্ত বাষ্প, ঘৰুৱা কার্যত দোকান পোহাৰত ব্যৱহাৰ কৰা কয়লা, খৰি আদিৰ ধোঁৱাৰ পৰা বায়ু দুষিত হয়। আমি সকলোৱে দেখা পাওঁ যান-বাহন, কল-কাৰখান, ইটা ভাটা. বিস্কুটৰ ভাটি ৰান্ধনিশালৰ জুই আদিৰ ধোঁৱাৰ পৰাই বায়ু প্ৰদূষণ হয়। গাঁও অঞ্চলত মহিলাসকলে বহুতো অসুবিধাৰ মাজত ৰান্ধনিশালত কাম কৰিব বায়ু প্ৰদূষণৰ অতি অনিষ্টকাৰী পৰিবেশত কাম কৰে, আৰু নানা বেমাৰ ভোগ কৰি থাকে আৰু অৱশেষত অকালতে মৃত্যুক সাৱটি ল’ব লগা হয়।
  2.  জল প্ৰদূষণ : পানীৰ প্ৰদূষণে মাটি প্ৰদূষণ কৰাৰ উপৰি ভূমি জলবো ক্ষতি সাধন কৰে। এই প্ৰদূষণৰ প্ৰধান উৎস হ’ল—(ক) ঘৰুৱা নলা নর্দমা, (খ) শিল্প-উদ্যোগৰ পৰা নিৰ্গত ৰাসায়নিক পদাৰ্থ আৰু পানী, তেল মবিল আদি, (গ) কৃষিকার্যত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ আৰু কীটনাশক দ্রব্যমিশ্রিত পানী আদি, বৰষুণৰ পানীয়ে প্ৰাকৃতিক পানীৰ লগত মিলাই মাটি আৰু পানী প্ৰদূষিত কৰে। এই পানীয়ে মানুহৰ শৰীৰত নানা বেমাৰৰ সৃষ্টি কৰে।
  3. শব্দ প্ৰদূষণ ঃ শব্দ প্ৰদূষণ আধুনিক যুগৰ এক ডাঙৰ সমস্যা। নগৰবোৰত শব্দ প্ৰদূষণ বৰ বেছি। নগৰত শব্দ প্ৰদূষণৰ উৎসসমূহ হ’ল— ধর্মীয় অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠানবোৰে ব্যৱহাৰ কৰা লাউড স্পিকাৰ, ৰাজনৈতিক প্ৰচাৰ অভিযান, যানবাহন, গাড়ী মটৰৰ হৰ্ণ, আবাসিক স্থানত পতা শিক্ষানুষ্ঠানৰ অট্টালিকা নিৰ্মাণ কাৰ্যৰ শব্দ আদি। আবাসিক স্থানৰ শান্তিৰ পৰিবেশ হুলস্থুলীয়া কৰি তোলে।

প্রশ্ন ৭। প্রাকৃতিক সম্পদৰ হ্ৰাসৰ সৈতে জড়িত মুখ্য পৰিবেশ সমস্যাবোৰ কি কি? (What are the major environmental issues associated with resource depletion?)

উত্তৰঃ সম্পদ হ্রাস: প্রাকৃতিক সম্পদ কিছুমান মানুহে ব্যৱহাৰ কৰাৰ পিছত একেবাৰে নিঃশেষ হৈ যায়। এনে সম্পদক অনবীকৰণ সম্পদ (non-renewable resource) বোলে। এই সম্পদবোৰৰ ব্যৱহাৰো এটা অতি গুৰুত্বপূৰ্ণ পৰিবেশিক সমস্যা। এই সম্পদবোৰৰ ভিতৰত পেট্র’ল, ডিজেল, গেছ, কয়লা আদি প্ৰধান। সম্ভৱত পানী আৰু ভূমিৰ (মাটি) হ্রাস আৰু ধ্বংস হোৱাটো আৰু বেছি দ্রুততৰ। বৰ্তমান ভাৰতৰ ভূমিজলৰ স্তৰ দ্ৰুত গতি তললৈ নামিছে। ভাৰতৰ কেইবাখনো ৰাজ্যত ভূমিজলৰ স্তৰ উদ্বেগজনকভাবে হ্রাস পাইছে। কৃষি আৰু উদ্যোগৰ চাহিদা বৃদ্ধি হৈছে।

আনহাতে মানুহৰ অনিষ্টকাৰী কার্যকলাপ— যেনে নদীৰ ওপৰত বান্ধ দি পানী অন্যফালে বোৱাই নিয়া হৈছে। নগৰৰ জলাশয় পুতি অট্টালিকা সাজিছে। এইবোৰ কাৰ্যই প্রাকৃতিক পৰিবেশ নষ্ট কৰিছে। নদীৰ গৰাখহনীয়া, ইটাৰ ভাটা কৰি ভূমিৰ উপৰি ভাগৰ ধ্বংস সাধন কৰিছে। কৃষি ভূমিৰ সম্প্ৰসাৰণৰ বাবে বনাঞ্চল অৰণ্য, আর্দ্রভূমি আদি ক্ৰমে লুপ্ত পাব ধৰিছে। বন্যপ্ৰাণী, জীৱ-জন্তুৰ বাবে আবাস ভূমি লোপ পাব ধৰিছে। এইদৰেই প্ৰাকৃতিক সম্পদ হ্রাস পাই আহিছে।

প্রশ্ন ৮। পাৰিপাৰ্শ্বিক সমস্যাবোৰ একে সময়তে সামাজিক সমস্যা কিয় হয় ব্যাখ্যা কৰা। (Explain why environmental problems are simultaneously social problems)

উত্তৰঃ 

  1.  মানুহ সামাজিক জীব। মানুহ সমাজতে জন্মে, বাস কৰে আৰু মৃত্যু হয়। পৰিবেশক বাদ দি আমি সমাজ আৰু জনগণৰ কথা কল্পনাই কৰিব নোৱাৰো। জনসংখ্যা, সমাজ আৰু পৰিবেশ এই তিনিওটা ওতঃপ্রতোভাৱে আন্তঃসম্পর্কীয়। গতিকে এইটো সত্য যে পৰিবেশৰ সমস্যা মানে সমাজৰ সমস্যা। সমাজেই পৰিবেশিক সমস্যার সৃষ্টি কৰে আৰু সামাধানও কৰে। 
  2. সামাজিক অসমতাৰ বাবেই পৰিবেশিক সমস্যাই বেলেগ বেলেগ সমূহৰ ওপৰত প্ৰভাব পেলায়। সামাজিক প্রস্থিতি আৰু ক্ষমতাই নিৰ্ধাৰণ কৰে পৰিবেশিক সমস্যাৰ বাবেই মানুহে নিজকে নিজে কিমানখিনি অপমান কৰিব পাৰে বা তাক আওকাণ কৰিব পাৰে। কোনো কোনো ক্ষেত্ৰত তেওঁলোকৰ সমাধনে প্ৰকৃততে অতি বেয়া পৰিবেশিক বৈষমতা আনিব পাৰে।
  3. ভাৰতৰ কক্ষ আৰু গুজৰাট আদি ঠাই, যেতিয়া পানীৰ নাটনি হয় ধনী কৃষকসকালে গভীৰ নলী-নাদ বহুৱাই খেতি পথাৰত পানী দি নগদ শস্যৰ খেতি কৰে। আনহাতে দুখীয়া খেতিয়কসকলে খেতিকৰা দুৰৰে কথা এনেকি তেওঁলোকে খাবলৈও পানী নাপায়। এনেকুৱা এটা সময়ত ধনীকৃষকসকলৰ সেমেকি থকা খেতি পথাৰতে যেন তেওঁলোক ইতিকিং হে কৰে।
  4.  কিছুমান পৰিৱেশিক চিন্তাধাৰা, নির্দিষ্ট বিশেষ সামাজিকসমূহৰ মাজতে সীমিত হৈ নাথাকি, সার্বজনীন চিন্তাৰ বিষয় হৈ পৰে। উদাহৰণস্বৰূপে বায়ুৰ প্ৰদূষণ হ্রাস কৰা, বা জৈব বৈচিত্র্যতাক নিৰাপত্তা প্ৰদান কৰা কাৰ্যই সকলোৰে সার্বজনীনভাৱে হিত সাধন কৰে। কিন্তু সমাজতাত্ত্বিক বিশ্লেষণে দেখুৱাইছে যে— সার্বজনীনভাৱে ৰাইজৰ লাভৰ বাবে যুগুতোৱা আঁচনিতো বাজনৈতিক আৰু অৰ্থনৈতিকভাবে ক্ষমতাশালীলোকৰ স্বাৰ্থহে পূৰণ কৰে দুখীয়া দুৰ্বললোকৰ স্বাৰ্থত আঘাত হনা দেখা যায়। গতিকে পৰিবেশ জনসাধাৰণৰ বাবে এক প্রত্যাহ্বান বুলিয়ে ক’ব পাৰি।

সমাজতত্ত্ব পৰিচয় ( Part – I )

ক্ৰমিক নংপাঠলিংক
1.সমাজতত্ত্ব আৰু সমাজ (Sociology and Society)Click Here
2.বিশেষ অর্থ থকা শব্দ, অৱধাৰণা আৰু সমাজতত্ত্বত ইয়াৰ ব্যৱহাৰ (Terms. Concepts and their use in Sociology)Click Here
3.সামাজিক সংস্থাবোধ (Understanding Social Institutions)Click Here
4.সংস্কৃতি আৰু সামাজিকৰণ (Culture and Socialisation)Click Here
5.সমাজতত্ত্ব অধ্যয়ন : গবেষণা প্রণালী (Doing Sociology: Research Methods)Click Here

সমাজ বোধ ( Part-II )

ক্ৰমিক নংপাঠলিংক
1.সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজৰ সামাজিক প্রক্রিয়া (Social Structure, Stratification and Social Process in Society)Click Here
2.গ্রামীণ আৰুনগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা (Social Change and Social Order in Rural and Urban Society)Click Here
3.পৰিবেশ আৰু সমাজ (Environment and Society)Click Here
4.পাশ্চাত্যৰ সমাজতত্ত্ববিদসকলৰ — এক পৰিচয় (Introduction Western Sociologists)Click Here
5.ভাৰতীয় সমাজতত্ত্ববিদসকল | (Indian Sociologists)Click Here

প্রশ্ন ৯। সামাজিক পৰিস্থিতি বিজ্ঞানে কি বুজায় ? (What is meant by social ecology?)

উত্তৰঃ 

  1. সকলো সমাজৰে চাৰিওফালৰ এটা পৰিস্থিতিৰ ভিত্তি থাকে। সমাজতত্ত্ববিদ অগবাৰ্ণ আৰু নিমফৰ মতে সামাজিক পৰিস্থিতি (social ecology) হ’ল সম্প্রদায় আৰু পৰিবেশৰ মাজৰ সম্বন্ধৰ অধ্যয়ন।
  2. আনহাতে পৰিস্থিতি (ecology) হ’ল জীৱ বিজ্ঞানৰ এটা বিশেষ শাখা। গতিকে পৰিস্থিতি হ’ল— জীৱিত বস্তু আৰু পৰিবেশৰ (environment) মাজৰ সম্বন্ধৰ অধ্যয়ন। জীৱিত বস্তু বুলিলে সাধাৰণতে আমি মানৱ জাতি, জীৱ-জন্তু আৰু গছ-গছনিক বুজোঁ। মুঠতে পৰিস্থিতি বিজ্ঞানে ভৌতিক আৰু জৈৱিক পদ্ধতিৰ আৰু প্ৰক্ৰিয়াৰ জালখনক বুজায়। জৈৱিক পদ্ধতিত মানুহ এটা বিশেষ উপাদান। পৰিস্থিতি বিজ্ঞানে পৰ্বত-পাহাৰ, নদ-নদী, সমতল, সাগৰ, গছ-গছনি, জীব-জন্তু এই সমস্ত সামগ্রিক পৰিবেশটোকে সামৰি লয়।
  3. পৰিবেশ মানে জৈৱিক আৰু ভৌগোলিক বা ভৌতিক পৰিস্থিতিত দুয়োটাকে বুজায়। প্রকৃতিবিদ চাৰ্লচ ডারউইনৰ দিনৰে পৰা পৰিবেশক জীবিত বস্তুৰ এখন জাল বুলি ব্যাখ্যা কৰিছে য’ত গছ-গছনি আৰু জীৱ-জন্তু দুয়োটাৰে এটাই আনটোৰ লগত সম্পর্কিত আৰু অঞ্চলটোৰ ভৌতিক বৈশিষ্ট্যৰ লগতো সম্পর্কিত। গতিকে পৰিস্থিতিৰ (ecology) অৰ্থ হ’ল পৰিবেশৰ লগত খাপখাই চলাটো।

পৰিস্থিতিৰ (ecology) ধাৰণাই স্বাভাৱিকতে, পৃথিৱীৰ জৈৱিক জগতৰ জালখনত মানব জাতিক এটা অংশ হিচাপে সন্নিৱিষ্ট কৰে। মুঠতে এটা অঞ্চলৰ ভৌতিক, জৈৱিক আৰু সাংস্কৃতিক আন্তাসম্পর্কই হ’ল পৰিস্থিতি বিজ্ঞানৰ বিষয়বস্তু। মানব জাতিয়ে পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই আৰু পৰিবেশক আৱশ্যক মতে নিয়ন্ত্রণ কৰি মিলিব বা মিলাব পাৰে। মানুহে বিভিন্ন পৰিস্থিতিগত (ecological) অৱস্থাত শীতল আৰু

উষ্মজলবাদযুত পাহাৰ আৰু সমতলত, সাগৰৰ পাৰত, অৰণ্যত, উপত্যকা, মরুভূমিত নিজকে খাপখুৱাই লৈ জীৱন নিৰ্বাহ কৰি আছে।

HS first Year সমাজশাস্ত্র (Part-II সমাজ বোধ) অধ্যায় – ৩ পৰিবেশ আৰু সমাজ

নির্বাচিত দৰকাৰী পাঠভিত্তিক ৰচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১০। পৰিবেশ বুলিলে কি বুজা? বিভিন্ন প্ৰকাৰৰ পৰিবেশৰ বিষয়ে আলোচনা কৰা। (What do you mean by environment? Discuss the various types of environment) 

উত্তৰঃ প্রাণী মাত্ৰেই পৰিবেশৰ অধীন। মানুহ ইতৰ প্ৰাণীৰ পৰা এইখিনিতেই শ্রেষ্ঠ যে মানুহে প্রয়োজন অনুসৰি স্বাভাৱিক পৰিবেশ একোটাৰ সৃষ্টি কৰি ল’ব পাৰে। সেয়ে সামাজিক প্রাণী হিচাপে পৰিবেশৰ লগত মানুহৰ ওতঃপ্রোত সম্বন্ধ। পৰিবেশ মানুহক বিভিন্ন দিশৰ পৰা প্রভাৱান্বিত করে। সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত পৰিবেশৰ প্ৰভাৱ ওতঃপ্রোতভাৱে জড়িত হৈ থাকে। তেনেকৈয়ে, যেতিয়া পৰিবেশ পৰিৱৰ্তনে দেখা দিয়া তেতিয়াও সেই পৰিৱৰ্তনে মানুহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাটো অতি স্বাভাবিক। মুঠৰ ওপৰত চৌদিশে আৱৰি থকা দৃশ্যমান আৰু অদৃশ্যমান বস্তুৰ ওপৰতে পৰিবেশৰ সৃষ্টি নির্ভৰ কৰে। সমাজশাস্ত্রবিদসকলে পৰিবেশৰ সংজ্ঞা আগবঢ়াই আহিছে। এতিয়া তাৰে

দুটি মান সংজ্ঞাৰ উল্লেখ কৰা হ’ল——

মেক আইভাৰ (E. J. Ross) ৰ মতে, ‘পাৰিপাৰ্শ্বিকতা এটা বহিঃশক্তি, যি আমাক প্রভাবান্বিত কৰে। গতিকে, দেখা গ’ল যে মানুহৰ ওপৰত পৰিবেশৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী। ই মানুহৰ জীৱন ধাৰণৰ বিভিন্ন প্ৰণালীৰ লগত গভীৰভাৱে অন্তনির্হিত হৈ থাকে। মানুহৰ গতি-বিধি, আচাৰ ব্যৱহাৰ, খাদ্য-পোছাক আদি নিয়ন্ত্ৰণ কৰা চৌদিশৰ অৱস্থানটোকে পৰিবেশ বুলি ক’ব পাৰি।

পৰিবেশৰ প্ৰকাৰ : পৰিবেশক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি। সমাজশাস্ত্ৰবিদৰ দৃষ্টিভংগীৰে ভাগ কৰা এই প্রধান পৰিবেশ দুটা হ’ল—

(ক) ভৌতিক পৰিবেশ;

(খ) সামাজিক আৰু সাংস্কৃতিক পৰিবেশ।

(ক) ভৌতিক পৰিবেশ ঃ প্রকৃতিগত পৰিবেশেই ভৌতিক পৰিবেশ। সেই ফালৰ পৰা ইয়াকো দুটা ভাগত ভগাব পাৰি―

(ক) ভৌতিক আৰু (খ) প্রাকৃতিক পৰিবেশ।

প্রকৃতিগত সকলো বস্তুৰ ওপৰতে প্রাকৃতিক পরিবেশ নিৰ্ভৰ কৰে। নদ-নদী, পৰ্বত-পাহাৰ, গছ-গছনি, হাবি-বন ইত্যাদি প্রকৃতিগত পৰিবেশ। ই মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰত। আনহাতে, ভৌতিক পৰিবেশক মানুহে গঢ় দি ল’ব পাৰে। ভৌতিক পৰিবেশত মানুহৰদ্বাৰা সৃষ্ট পদার্থসমূহ পোনপটীয়াভাৱে জড়িত হৈ থাকে। যেনে— সাজ-পোছাক, যানবাহন, কল-কাৰখানা ইত্যাদি। মানৱ সমাজত ভৌতিক পৰিবেশৰ প্ৰভাৱ মন কৰিবলগীয়া। কোনো এখন ঠাইৰ মানৱ সমাজৰ উন্নতি-অবনতি, আচাৰ-ব্যৱহাৰ, খাদ্য-বস্তু ইত্যাদি নিৰ্ভৰ কৰে মানুহৰ ভৌতিক পৰিবেশৰ ওপৰত। ভৌগোলিক বাতাবৰণে এই বস্তুবোধৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি থাকে। মানুহৰ কার্যপ্রণালী আৰু অভাব আদি নিৰ্ভৰ কৰে এই অৱস্থাটোৰ ওপৰত।

(খ) সামাজিক আৰু সাংস্কৃতিক পৰিবেশ ঃ মানুহৰ সামাজিক জীৱনক কেন্দ্ৰ কৰি সামাজিক আৰু সাংস্কৃতিক পৰিবেশ গঢ় লয়। সামাজিক জীৱনক আবৰি থকা সামাজিক তথা, সামাজিক সমৃদ্ধ প্রতিমান এই আটাইবিলাকেই সামাজিক পৰিবেশৰ সমষ্টি। সেই ফালৰ পৰা ইয়াক আত্মপৰিবেশ বুলিও ক’ব পাৰি। মেক্‌ আইভাবে এই সন্দৰ্ভত সুন্দৰ ব্যাখ্যা দাঙি ধৰিছে। এই পৰিবেশৰ ওপৰতে নিৰ্ভৰ কৰি সাংস্কৃতিক বাতাবৰণ গঢ়ি উঠে। মানুহৰ জ্ঞান বিদ্যা, খেলা ধুলা, শিক্ষা-দীক্ষা ইত্যাদিবোৰ বাতাবৰণ নির্বিশেষে বিকাশ লাভ কৰিবলৈ সক্ষম হয়।

প্রশ্ন ১১। গাঁও আৰু নগৰৰ মাজত থকা প্ৰধান পার্থক্যসমূহ উল্লেখ কৰা।(Distinguish between the village and town)

উত্তৰঃ গাঁও আৰু নগৰৰ তুলনামূলক পার্থক্য নিৰূপণৰ বিষয়টো স্বাভাৱিকতেই জটিল প্ৰকৃতিৰ। তথাপি সমাজ শাস্ত্রীয় দৃষ্টিভংগীৰে গাঁও আৰু নগৰৰ পাৰ্থক্য নিরূপণ কৰিবলৈ যত্ন কৰা হৈছে। 

(১) সামাজিক সাংগঠনিক পার্থক্য (Difference in Social Organisation) : গাঁও আৰু নগৰৰ প্ৰধান পার্থক্য পৰিলক্ষিত হয় ইয়াৰ সাংগঠনিক দিশত। এইক্ষেত্ৰত থকা পার্থক্যসমূহ এনে ধৰণেৰে দেখুৱাব পাৰি। 

  1. পৰিয়াল ঃ নগৰীয়া পৰিয়ালতকৈ গ্ৰাম্যাঞ্চলৰ পৰিয়ালসমূহ তুলনামূলকভাৱে অধিক বহল আকৃতিৰ আৰু শক্তিশালী। যৌথ পৰিয়াল ব্যৱস্থা গ্ৰাম্যাঞ্চলৰ এটা প্রধান বৈশিষ্ট্য। আকৌ, নগৰীয়া পৰিয়ালতকৈ গাঁৱৰ পৰিয়ালৰ প্ৰশাসনিক ব্যৱস্থা, আত্মনির্ভশীলতা, সদস্যসকলৰ মাজত সহৃদয়তা আৰু সাংগঠকি দিশসমূহ অধিক শক্তিশালী। সেই ধৰণেৰে, গ্রাম্য পৰিয়ালৰ দৈনন্দিন কর্মাদিও নগৰীয়া পৰিয়ালতকৈ অধিক।
  2. বিবাহঃ বিবাহৰ ক্ষেত্ৰতো গাঁও আৰু নগৰৰ পাৰ্থক্য পৰিলক্ষিত হয়। গ্ৰাম্যাঞ্চলৰ বাবে বিবাহ এক সামাজিক সংস্কাৰ। সেইবাবে বিবাহ কার্য সম্পাদন কৰাটো প্ৰতিজন গাঁৱলীয়া মানুহৰ বাবে ধৰ্মীয় আৰু পৱিত্ৰ কৰ্তব্য। নগৰীয়া বিবাহ পদ্ধতি সাধাৰণতে এহাল দম্পত্তীৰ বুজা-বুজি ভালপোৱা আদিৰ ওপৰতে বহুখিনি নিৰ্ভৰ কৰে। যিটোক ইংৰাজীত ‘Love marriage’ বুলি কোৱা হয়। নগৰীয়া জনসাধাৰণৰ কাৰণে বিবাহ পাশত আবদ্ধ হোৱাটো যেনে সহজ, বিবাহ-বিচ্ছেদো তেনেকৈয়ে সহজ।
  3. নাৰীৰ প্ৰস্থিতি ঃ সাধাৰণতে নগৰ অঞ্চলৰ নাৰী এগৰাকীতকৈ গাঁও অঞ্চলৰ নাৰী এগৰাকীয়ে তুলনামূলকভাবে কম স্বাধীনতা লাভ কৰে। শিক্ষাৰ অভাৱ হোৱা হেতুকেই ই সম্ভৱ হৈছে। তদুপৰি, গাঁও অঞ্চলত মহিলা সংগঠন আদিৰো প্রাদুর্ভাব কম। সেই কাৰণে গাঁৱলীয়া মহিলা এগৰাকীৰ সামাজিক প্ৰস্থিতিতকৈ নগৰ অঞ্চলৰ মহিলা এগৰাকীয়ে সন্মানজনক প্ৰস্থিতিত নিজকে প্রতিষ্ঠা কৰাৰ সুবিধা পায়।
  4.  ‘আমি’ ভাবঃ গ্রাম্য সম্প্রদায়সমূহৰ মাজত ‘আমি’ ভাব এটা পৰিলক্ষিত হয়। কিয়নো নগৰ অঞ্চলতকৈ গ্ৰাম্য সমাজত সম্প্ৰদায়ৰ প্ৰভাৱ ব্যক্তিৰ ওপৰত অতি বেছি। পৰস্পৰ নির্ভৰশীলতা, সহযোগিতা, সহৃদয়তা আদি থকাৰ বাবে গাঁৱলীয়া জনসাধাৰণৰ মাজত ‘আমি’ ভাব সুন্দরভাবে ফুটি উঠি। 
  5. শ্রেণী সংঘর্ষ : নগৰ অঞ্চলত শ্রেণী সংঘৰ্ষৰ মনোভাব কিছুমান প্রকাশ পোৱা দেখা যায়। নগৰত বসবাস কৰা জনসাধাৰণ বিভিন্ন প্রদেশৰ বিভিন্ন প্ৰান্তৰ। ভাষা, ধর্ম, শিক্ষা, সংস্কৃতিৰ ক্ষেত্ৰত তেওঁলোকৰ মাজত স্ব জাতীয়তা ভাবৰ অভাৱ। গতিকে, একে আদর্শ আৰু আত্ম-পৰিচয়ৰ ভিত্তিত নগৰৰ বিশেষ বিশেষ শ্রেণী কিছুমান জন্ম হয়। এই সম্পৰ্ভত ব্যাডাচে (Bogardas) কৈছে, ‘Class extremes characterize the city’ কিন্তু গাঁৱৰ জনসাধাৰণৰ মাজত স্ব-জাতীয়তা ভাব গঢ়ি উঠে।

(২) সামাজিক সম্বন্ধৰ ক্ষেত্ৰত পার্থক্য : (Difference in Social Relations) : সামাজিক সম্বন্ধৰ ক্ষেত্ৰত গাঁও আৰু নগৰৰ মাজত নিম্নলিখিত পার্থক্যসমূহ পৰিলক্ষিত হয়—

  1. গ্রামাঞ্চলৰ সামাজিক সম্বন্ধ ব্যক্তিকেন্দ্রিক। সাধাৰণতে গাঁৱৰ জনসংখ্যা কম। সেইবাবে ইয়াৰ জনসাধাৰণে মুখামুখি’ সম্পর্ক বজায় ৰাখিব পাৰে। আনহাতে, নগৰৰ জনসাধাৰণৰ সামাজিক সম্বন্ধ কেৱল আনুষ্ঠানিক। অতি ওচৰ সম্বন্ধৰ ব্যক্তিসকলৰ বাহিৰে নগৰৰ জনসাধাৰণৰ সম্পৰ্কৰ আনুষ্ঠানিকতাৰ মাজতো সীমাবদ্ধ থাকে।
  2. গাঁৱৰ জনসাধাৰণৰ সামাজিক সম্বন্ধত প্রাথমিক সমূহৰ সদস্যসকলৰ সম্বন্ধ প্রকাশ পায়। পৰিয়াল প্ৰাথমিকসমূহৰ এটা উল্লেখযোগ্য উদাহৰণ। এই পৰিয়ালবোৰৰ জৰিয়তে গাঁৱৰ জনসাধাৰণে প্রাথমিকসমূহৰ সদস্যৰ দৰে প্ৰত্যক্ষ সম্বন্ধ ৰক্ষা কৰে। আনহাতে, নগৰৰ জনসাধাৰণৰ সম্পৰ্কক দ্বতীয়কসমূহৰ সদস্যসকলৰ সম্পৰ্কৰ লগত তুলনা কৰিব পাৰি। 
  3. গ্ৰাম্যাঞ্চলৰ সামাজিক সম্বন্ধ পৰম্পৰাগতভাৱে চলি থাকে। কিন্তু নগৰ অঞ্চলৰ জনসাধাৰণৰ সামাজিক সম্পৰ্কত এই পৰম্পৰা পৰিলক্ষিত নহয়।

(৩) আর্থিক দিশত থকা পার্থক্য (Difference in Economic Life) : অর্থনৈতিক দিশত গাঁও আৰু নগৰৰ মাজত বিশেষ পার্থক্য পৰিলক্ষিত হয়। এই দিশত থকা মূল পার্থক্যসমূহ নিম্নলিখিত ধৰণেৰে দেখুৱাব পাৰি—

  1.  গ্ৰাম্যাঞ্চলৰ জনসাধাৰণৰ প্ৰধান ব্যৱসায় কৃষি। কৃষিৰ উপৰি অন্যান্য ব্যৱসায়ত আত্মনিয়োগ কৰিলেও এনেলোকৰ সংখ্যা নিচেই কম। কিন্তু নগৰৰ জনসাধাৰণে সাধাৰণতে শিল্প উদ্যোগ, কলকারখানা, যন্ত্ৰ-পাতি, ব্যৱসায়-বাণিজ্য, চাকৰি আদি বিভিন্ন বৃত্তিত আত্মনিয়োগ কৰে।
  2. জীৱন-নিৰ্বাহৰ মানদণ্ড নগৰৰ জনসাধাৰণতকৈ গাঁৱৰ জনসাধাৰণৰ সাধাৰণে নিম্নমানব। কিয়নো, গাঁৱৰ জনসাধাৰণৰ অর্থনৈতিক উৎপাদনৰ উপাদানসমূহ সীমাবদ্ধ। সেয়ে গাঁৱৰ জনসাধাৰণতকৈ নগৰৰ জনসাধাৰণে সঞ্চয়ৰ বাবেও মন মেলিব পাৰে।
  3. অর্থনৈতিক উন্নয়ন আৰু উৎপাদনৰ ক্ষেত্ৰতো গাঁও আৰু নগৰৰ পাৰ্থক্য দেখা যায়। নগৰ অঞ্চলৰ কৃষক এজনে শস্য উৎপাদনৰ বাবে যিবোৰ সা-সুবিধা পায়, গাঁৱৰ কৃষক এজন সেই সা-সুবিধাবোৰৰ পৰা সদায় বঞ্চিত হোৱা দেখা যায়। ট্রেক্টৰ, উন্নত সাৰ, বীজ, জলসিঞ্চন আদিৰ সুব্যৱস্থা থকাৰ বাবে নগৰীয়া কৃষক এজনে অধিক উৎপাদন কৰিব পাৰে। কিন্তু গাঁৱলীয়া কৃষকসকলে যুগ যুগ ধৰি পৰম্পৰাগত পদ্ধতিতে অভ্যস্ত থাকে।

(৪) আন্তঃক্রিয়া ভিত্তিক পার্থক্য (Difference in Social Interaction):- 

  1. গ্রাম্য সমাজত কম সংখ্যক লোকৰ সৈতে সংস্পর্শ ঘটে। সেয়ে পাৰস্পৰিক সম্পৰ্কই প্রাথমিক আৰু প্ৰত্যক্ষ ৰূপ ধাৰণ কৰে। আনহাতে, নগৰীয়া সমাজত লোকসকলৰ মাজত বিভিন্ন প্ৰকাৰে সংশৱ ঘটে। সেই সংশ্লৱৰ পৰিসৰো ব্যাপক। এই সম্বন্ধসমূহ নৈর্ব্যক্তিক, অস্থায়ী, জটিল, বহুমুখী আৰু বিশেষ ধৰণৰ ঔপচাৰিক আচৰণৰদ্বাৰা নিৰ্ধাৰিত হয়।
  2. শ্রম বিভাজন, বিশেষীকৰণ আদি নগৰ অঞ্চলৰ লক্ষণীয় দিশ। শিল্প উদ্যোগ, ব্যৱসায় বাণিজ্য আদি বিভিন্ন দিশৰ দক্ষতা আৰু অভিজ্ঞতার প্রয়োজন হোৱা বাবে শ্রম বিভাজন নির্দিষ্ট। হৈ থাকে। এই দিশত সামাজিক সহযোগিতা নগৰ অঞ্চলত অধিকভাবে পৰিলক্ষিত হয়। 
  3. নগৰৰ জনসাধাৰণ আন্তঃক্রিয়া আৰু সম্বন্ধগত অৱস্থাসমূহ প্রতিযোগিতামূলক। কিন্তু গ্রাম্যাঞ্চলত প্রতিযোগিতামূলক ভাবধাৰা পৰিলক্ষিত হয়। 
  4. সংস্কৃতিগত পার্থক্য নথকাৰ বাবে গ্ৰাম্য সমাজৰ একত্রীকরণ প্রক্রিয়া দ্রুত গতিবে চলি থাকে। কিন্তু নগৰ অঞ্চলত বিভিন্ন সংস্কৃতিগত সমূহ থকাৰ বাবে একত্ৰীকৰণ প্ৰক্ৰিয়াত দীর্ঘসূত্রীতা দেখা যায়।
  5. গ্রামাঞ্চলৰ জনসাধাৰণৰ মাজত সংঘর্ষ আদিৰ উদ্ভৱ হ’লে ই প্রত্যক্ষভাবে প্রকাশ ঘটে। কিন্তু নগৰ অঞ্চলত এই ক্ষেত্ৰত পৰোক্ষ দর্শনহে হয়। 

(৫) সাংস্কৃতিক জীৱনৰ পাৰ্থক্য (In Cultural Life) : সাংস্কৃতিক জীৱন প্ৰণালীৰ ক্ষেত্ৰতো গাঁও আৰু নগৰীয়া জীৱনৰ পাৰ্থক্য আছে। এই পার্থক্যসমূহ এনে ধৰণৰ―

  1. ভ্ৰাম্য সংস্কৃতি সাধাৰণতে স্থিতিশীল। কিন্তু নগৰীয়া সংস্কৃতি গতিশীল এই সন্দৰ্ভত নজমূল কৰিমে (Nazmul Karim) লিখিছে— Dynasty after dynasty tumbles down, revolution succeeds revolution… but the village communities remain the same. 
  2. গ্রাম্য সংস্কৃতিৰ মূল ভেটি হ’ল জাতি আৰু পৱিত্ৰতা। কিন্তু নগৰীয়া সংস্কৃতি নিৰপেক্ষতাৰ ওপৰত নিৰ্ভৰশীল।
  3. গ্ৰাম্য সংস্কৃতিত চিৰাচৰিত প্ৰথাৰ স্থান মনকৰিবলগীয়া। কিন্তু নগৰীয়া সংস্কৃতি চিৰাচৰিত প্ৰথাৰ ওচৰত নিৰ্ভৰ নকৰে। শিক্ষা সম্প্ৰসাৰণৰ লগে লগে উন্নত ধৰণৰ সংস্কৃতিয়ে স্থান দখল কৰিছে।

প্রশ্ন ১২। প্রাকৃতিক পৰিবেশ আৰু মানৱ পৰিবেশৰ অৰ্থ কি?

উত্তৰঃ (ক) কোনো এখন ঠাইৰ প্ৰাকৃতিক পৰিবেশে ভূ-পৃষ্ঠৰ ওপৰৰ ভূ-প্রকৃতি—নন্দ নদী, পাহাৰ-পৰ্বত, সমতল-সমভূমি, মৰুভূমি, মাটি, পানী, জলবায়ু, উদ্ভিদ, জীৱ-জন্তু, পশু পক্ষী আদিয়ে যি পৰিবেশৰ সৃষ্টি কৰে তাকে প্রাকৃতিক পৰিবেশ বোলে।

(খ) প্রাকৃতিক পৰিবেশৰ লগত নিজকে খাপ খুৱাবৰ বাবে মানুহে নিজৰ কৰ্মৰ দ্বাৰা যি পৰিবেশ গঢ়ি তোলে তাকে মানৱ পৰিবেশ বোলে। মানুহে প্ৰকৃতিৰ ভূ-প্রকৃতি, মাটি, পানী, জলবায়ু, উদ্ভিদ, জীৱ-জন্তু, প্রাকৃতিক সম্পদ আহৰণ কৰি নিজৰ সুবিধামতে বাসস্থান, বাট পথ, অনুষ্ঠান-প্রতিষ্ঠান, পৰিবহন, কৃষি-উদ্যোগ, সাজ-পাৰ আদিৰে যি মানৱীয় পৰিবেশ গড়ি তোলে তাকে মানৱ পৰিবেশ বোলে।

প্রশ্ন ১৩। পৰিবেশ নিয়ন্ত্রণবাদ আৰু সম্ভাব্যবাদ একেনে? যদি একে নহয়, ভেঙে দুয়োটা মতবাদৰ মাজত থকা পার্থক্য উল্লেখ কৰা।

উত্তৰঃ মানুহ আৰু পৰিবেশৰ সম্পৰ্ক অতি নিবিড়। এই সম্পর্ক অধ্যয়ন কৰাটো ভূগোল বিজ্ঞানেৰ মুখ্য উদ্দেশ্য। মানুহ আৰু পৰিবেশৰ সম্পর্ক স্থানভেদে আৰু সময় ভেদে বেলেগ বেহোগ হোৱা দেখা যায়। বেছিভাগ ভূগোলবিজ্ঞানীয়ে মানুহ প্ৰকৃতিৰ দাস বুলি ভাবে। তেওঁলোকে মানুহক প্রাকৃতিক পরিবেশে নিয়ন্ত্রণ কৰে বুলি ধাৰণা কৰে। মানুহে প্রাকৃতিক পৰিবেশৰ লগত নিজকে খাপ খুৱাইছে জীৱন নিৰ্বাহ কৰে। এই মতবাদটোকে পৰিবেশ নিয়ন্ত্রণবাদ বুলি জনা যায়। এই মতবাদটোৰ বিপৰীতে আন এটা মতবাদ আছে। এই মতবাদে মানুহক এবিধ বিচাৰ বিবেচনা আৰু উদ্ভাৱন বা সৃজনীশক্তি থকা প্ৰাণী বুলি গণ্য কৰে। তেওঁলোকৰ মতে মানুহে প্রাকৃতিক পৰিবেশক আবশ্যক মতে নিয়ন্ত্রণ কৰি নিজৰ সুযোগ সুবিধা কৰি ল’ব পাৰে। ভূগোল বিজ্ঞানৰ এই মতবাদকে সম্ভাব্যবাদ বা সম্ভাব্য মতবাদ বুলি জনা যায়। গতিকে দেখা যায় নিয়ন্ত্রণবাদ আৰু সম্ভাব্যবাদ একে নহয়। দুয়োটাৰে মাজত পার্থক্য আছে।

পার্থক্যসমূহঃ

  1. নিয়ন্ত্রণবাদে মানুহ প্ৰকৃতিৰ দাস অর্থাৎ প্ৰকৃতিৰ নিয়ন্ত্রণত থাকি বসবাস বা জীবিকা নিৰ্বাহ কৰা প্ৰাণী বুলি ভাবে। কিন্তু সম্ভাব্যবাদে মানুহক এবিধ বিবেকীক সৃজনী শক্তিসম্পন্ন প্রাণী বুলি ভাবে— মানুহে আৱশ্যকমতে প্রকৃতিক নিয়ন্ত্রণ কৰিব পাৰে বুলি ভাবে। 
  2. নিয়ন্ত্রণবাদে মানৱ জাতিক আদিম যুগৰ মানৱ জাতি বুলিয়ে ধাৰণা কৰি আছে বুলি ভাবে হয়; কিন্তু সম্ভাব্যবাদে মানুহক নিজে নিজৰ বুদ্ধিবৃত্তিৰ বিকাশ সাধন কৰিব পৰা প্ৰাণী বুলি ভাবে। মানুহে নিজৰ কৌশল খটাই সকলো প্রতিকূল সমস্যাৰ সমাধান কৰিব পাৰে। মানুহে প্ৰকৃতিক নিয়ন্ত্রণ কৰা বহুতো উদাহৰণ আছে।

প্রশ্ন ১৪। পৰিবেশৰ ওপৰত মানব সমাজে কি ধৰণৰ প্ৰভাৱ পেলাইছে বহলাই আলোচনা কৰা।

নাইবা, 

পৰিৱেশ আৰু সমাজৰ বিষয়ে এটি চমুটোকা লিখা।

অথবা, 

সমাজ আৰু পৰিৱেশৰ মাজৰ সম্বন্ধ ব্যাখ্যা কৰা।

উত্তৰঃ আদিম যুগৰে পৰা মানুহে পৰিবেশৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। আদিম মানৱে খাদ্যৰ সন্ধানত চিকাৰ বিচাৰি ফলমূল সংগ্ৰহ কৰোঁতে অৰণ্যৰ স্বাভাৱিক পৰিবেশৰ ওপৰত স্বাভাৱিকতেই প্রভাৱ পেলাইছিল।

  1.  জুই ব্যৱহাৰৰ প্ৰভাৱঃ জুই আবিষ্কাৰৰ পিছত, মানুহে ইয়াক ব্যৱহাৰ কৰি প্ৰকৃতিৰ পৰিবেশত প্ৰভাৱ পেলাইছিল। জুইৰে মানুহ অৰণ্যৰ জীৱ-জন্তু চিকাৰ কৰিছিল আৰু এই জুইৰেই হিংস্র জীব-জন্তুক ভয় দেখুৱাই খেদি পঠাইছিল। শুকান অৰণ্যত জুই জ্বলাই দি পৰিবেশৰ পৰিৱৰ্তন আনিছিল ঘাহনি গছ লতা পুৰি পাহাৰ-পৰ্বতৰ ঢাপত খেতি-বাতি কৰিছিল। মুঠতে মানুহে প্ৰকৃতিৰ স্বাভাৱিক পৰিবেশত এটা পৰিৱৰ্তন আনি প্রভাৱ পেলাইছিল।
  2. জনবসতিৰ প্ৰভাৱ ঃ প্ৰকৃতিৰ কোনো এক সুবিধাজনক স্থানত কিছুমান মানুহে বসবাস কৰিবলৈ লোৱাৰ পিছত সেই ঠাইৰ আগৰ পৰিবেশ সলনি হয়। নদী উপত্যকা, সমভূমি, মালভূমি আদিত মানুহে ঘৰবাৰী সাজি বসবাস কৰিবলৈ ল’লে। সেই ঠাইলৈ অহা-যোৱাৰ বাট-পথ মুকলি কৰি, পানী-দুনিৰ ব্যৱস্থা, পোহনীয়া জীৱ-জন্তু ৰখাৰ সুবিধা, গছ-গছনি ছাঁ দিয়া, প্রয়োজনীয় ফলমুলৰ গছ ৰোৱা আদিৰে এক ঘৰুৱা পৰিবেশ সৃষ্টি কৰে। এইদৰেই এখন গাঁৱৰ সৃষ্টি হয়। হাবি-বননিৰ ঠাইত এখন গাঁও প্রতিষ্ঠা হয়, উদং সমভূমিত মানুহৰ সমাগম হয়। এইদৰে মানুহৰ জনবসতিৰ দ্বাৰা প্ৰাকৃতিক পৰিবেশ প্রভাবিত হয়। হাবি-বননি মুকলি কৰিলেও পরিবেশ পৰিবর্তন আনে।
  3. খনিজ পদাৰ্থৰ উদ্ঘাটনৰ প্ৰভাৱঃ মানুহে ভূ-গৰ্ভৰ পৰা বিভিন্ন উদ্যোগ, কাৰখানা প্ৰতিষ্ঠা কৰি সেই ঠাইবোৰত এক আমূল পৰিৱৰ্তন আনে। অটব্য অৰণ্য, পাহাৰ, নৈ, বিল আদিক সমতলভূমিত পৰিণত কৰি ধুনীয়া নগৰ-চহৰ গঢ়ি তোলে। উদাহৰণস্বৰূপে অটব্য অৰণ্যত পাহাৰৰ মাজত ডিগবৈত তেল পুঙৰ খাদ আৱিষ্কাৰ কৰিছিল। কিন্তু সেই ঠাইত বর্তমান ডিগবৈ চহৰ গঢ়ি উঠিছে, বৃহৎ তেল উদ্যোগ গঢ়ি উঠিছে, অগনন কৰ্মী কৰ্মচাৰী বসবাস কৰিছে। তালৈ ৰে’ল লাইন, চাৰিওফালৰ পৰা যানবাহন চলাচলৰ বাবে বাট-পথ গঢ়ি উঠিছে। ঠিক সেইদৰে জামছেদপুৰ, দুর্গাপুৰ আদি বৃহৎ নগৰ-চহৰ গঢ়ি উঠিছে। এইবোৰ মানুহৰ প্ৰভাৱতে হোৱা পৰিবৰ্তন।।
  4. কৃষি আৰু পশুপালনৰ প্ৰভাৱ : কৃষিকাৰ্য আৰু পশুপালনৰ জৰিয়তেও মানুহে পৰিবেশৰ ওপৰত যথেষ্ট প্রভাৱ পেলাইছে। মানুহে হাবি-জংঘল কাটি খেতি পথাৰ কৰিছে, নদীৰ উপত্যকাত শস্যৰ পথাৰ কৰিছে। নদীর ওপৰত বান্ধ দি খেতি পথাৰত জলসিঞ্চন, জলবিদ্যুৎ উৎপাদন কৰিছে। পাৱাৰ পাম্প দি খেতি পথাৰত পানী দিয়াৰ ব্যৱস্থা কৰিছে। নানা প্ৰকাৰৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰি উৎপাদন বৃদ্ধি কৰিছে। বিভিন্ন শাক-পাচলি, ধান, মৰাপাটৰ প্ৰজাতিৰ সৃষ্টি কৰিছে৷ আগৰ পৰা প্ৰচলিত হৈ থকা বহুতো প্ৰজাতিৰ শস্যৰ ৰূপ আৰু উৎপাদিকা শক্তিৰ পৰিৱৰ্তন ঘটাইছে আৰু আন কিছুমান নিৰ্মূল কৰিছে। পশুপালনৰ ক্ষেত্ৰতো প্ৰজাতিৰ পৰিৱৰ্তন আনিছে, যথেষ্ট পৰিমাণে গাখীৰ দিব পৰা গৰু-ম’হ, মাংস দিব পৰা ভেবা ছাগলী, গাহৰি আদিৰ প্ৰজাতি সৃষ্টি কৰিছে। বৈজ্ঞানিক প্ৰচেষ্টাৰে এই পোহনীয়া পশুবোৰক পালনৰ উপায় উদ্ভাৱন কৰিছে। মুঠতে মানুহে প্রাকৃতিক পৰিবেশৰ ওপৰত এক উল্লেখনীয় প্ৰভাৱ পেলাইছে আৰু ইয়াক নিয়ন্ত্ৰণ কৰিছে।
  5. যাতায়াত আৰু পৰিবহনৰ প্ৰভাৱ : মানুহে পৃথিৱীত যাতায়াত আৰু পৰিবহনৰ দ্বাৰা সমগ্র পৃথিৱীখনকে পৰিৱৰ্তন কৰিছে। বৰ্তমানৰ পৰিবহন ব্যৱস্থাই পৃথিৱীৰ দেশসমূহৰ মাজৰ দূৰত্ব যেন কমাই পেলাইছে। নিৰ্দ্ধাৰিত কেইঘণ্টামানতে সমগ্ৰ পৃথিৱী পৰিভ্ৰমণ কৰিব পাৰি। ৰে’লপথ, স্থলপথ, জলপথ আৰু বিমানপথেৰে মানুহে পৃথিৱীৰ যিকোনো ঠাইলৈ যাব পাৰে। বিভিন্ন প্ৰকাৰৰ যান-বাহনে আৰু পৰিবহন ব্যৱস্থাই মানুহৰ অসাধ্যকে সাধন কৰিছে। পৰিবহন ব্যৱস্থাই পৃথিৱীৰ মানৱ জাতিৰ মাজত এটা নতুন পৰিবেশৰ সৃষ্টি কৰিছে। প্ৰকৃতিৰ পৰিবেশৰ ওপৰত মানুহৰ সৃষ্টিশীল বুদ্ধি-কৌশলে যথেষ্ট প্রভাৱ পেলাইছে আৰু পৃথিৱীখনকে যেন সৰু কৰি এখন গাঁওৰ নিচিনা কৰি পেলাইছে।

প্রশ্ন ১৫। পৰিবেশৰ সমস্যা বুলিলে কি বুজা? জনসংখ্যা বৃদ্ধিয়ে এনে সমস্যা উদ্ভৱ হোৱাত কি ধৰণৰ অৰিহণা যোগাইছে লিখা।

উত্তৰঃ পৰিবেশৰ সমস্যা বুলিলে সাধাৰণতে প্ৰাকৃতিক বা সামাজিক— এই দুটা পৰিবেশৰ স্বাভাৱিক গতিত কিছুমান পৰিবেশ অনিষ্টকাৰী প্ৰভাৱৰ সৃষ্টি হোৱাকে বুজায়। এই অনিষ্টকাৰী প্রভাৱসমূহৰ কিছুমান প্রাকৃতিকভাৱে আৰু কিছুমান মানুহে সৃষ্টি কৰা।

সাধাৰণতে জনসংখ্যা বৃদ্ধিয়ে পৰিবেশৰ সমস্যাবোৰ সৃষ্টি কৰা দেখা যায়। সমাজত জনসংখ্যা বৃদ্ধিৰ ফলত খাদ্য সমস্যা আৰু বাসস্থান সমস্যাই দেখা দিয়ে। এই সমস্যা সমাধান কৰাৰ বাবে প্ৰাকৃতিক সম্পদ আহৰণৰ আৱশ্যকতা আহি পৰে। বাসস্থান নির্মাণ, খাদ্যৰ যোগান ধৰিবলৈ বনাঞ্চল ধ্বংস কৰি, খাল বিল পুতি মাটিৰ পৰিমাণ বৃদ্ধি কৰিব লগা হয়। এইদৰে নিনীকৰণ সমস্যাৰ সৃষ্টি হয়। নিবনীকৰণৰ ফলত ভূমিৰ অৱক্ষয় সৃষ্টি হয়। অৰণ্য ধ্বংস কৰাৰ ফলত মাটি খহি, নদ নদীৰ খনন কাৰ্যৰ দ্বাৰা ভূমি অৱক্ষয়িত হয়। নগৰ চহৰৰ উদ্যোগপ্রধান অঞ্চলত কর্মসংস্থানৰ বাবে আহি নগৰৰ জনসংখ্যা বৃদ্ধি কৰাৰ ফলত অস্বাস্থ্যকৰ পৰিবেশ গঢ়ি তুলি, প্ৰদুষণৰ সৃষ্টি কৰে। এইদৰেই জনসংখ্যা বৃদ্ধিয়ে পৰিবেশত নানা সমস্যাৰ সৃষ্টি কৰে। 

প্রশ্ন ১৬। পৰিবেশ প্ৰদূষণ মানে কি লিখা ?

উত্তৰঃ এক কথাত ক’বলৈ হ’লে প্ৰাকৃতিক পৰিবেশ দূষিত হোৱাকে প্ৰদূষণ বোলে। মানুহে নিজ কাৰ্যৰ দ্বাৰা মাটি, পানী আৰু বায়ু দুষিত কৰি, প্রাকৃতিক পৰিবেশৰ অনিষ্ট সাধন কৰাকে পৰিবেশ প্ৰদূষণ কৰা বুলি কোৱা হয়। মাটি, পানী আৰু বায়ুত বিভিন্ন অনিষ্টকাৰী, সামগ্ৰী ভৌতিক, ৰাসায়নিক আৰু জৈৱিক প্ৰক্ৰিয়াৰে সংযোজিত কৰি দুষিত কৰাকে প্ৰদূষণ কৰা বুলি জনা যায়। এই কাৰ্যৰ দ্বাৰা মানুহে নিজৰ লগতে প্রাকৃতিক পৰিবেশৰ অংশবিশেষ উদ্ভিদ আৰু অন্যান্য প্রাণীৰো ধ্বংস সাধন কৰিছে। এইদৰে মানুহে গোটেই প্রাকৃতিক পৰিবেশৰে অনিষ্ট সাধন কৰিছে। 

প্রশ্ন ১৭। বায়ু প্ৰদূষণৰ সৃষ্টি কেনেকৈ হয়? ই কি ধৰণৰ ক্ষতি সাধন কৰে?

উত্তৰঃ বায়ুৰ স্বাভাৱিক গঠনৰ পৰিৱৰ্তন ঘটিলে ইয়াক প্ৰদূষণ হোৱা বুলি কোৱা হয়। বিশুদ্ধ বায়ুত নাইট্ৰ’জেন, অক্সিজেন, আগনৰ উপৰিও আৰু আন ১৩ টা উপাদান নিৰ্দ্ধাৰিত পৰিমাণত থাকিব লাগে। মানুহৰ তিনি প্ৰকাৰৰ কাৰ্যৰ দ্বাৰা বায়ু প্ৰদূষণ হোৱা দেখা যায়। 

  1. যান বাহন পৰিচালনা 
  2.  শিল্প-উদ্যোগৰ প্ৰচলন 
  3. শক্তি উৎপাদন কাৰ্যৰ দ্বাৰা।

জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ বাবে যান-বাহনৰ ইঞ্জিনে কার্বন মনোক্সাইড, হাইড্রোকার্বন, নাইট’ জেন অক্সাইড আদি বায়ু প্ৰদূষণকাৰী পদাৰ্থৰ সৃষ্টি কৰে। শিল্প-উদ্যোগবোৰৰ পৰা ছালফাৰ ডাই-অক্সাইড আৰু ক্ষুদ্ৰ কণাৰ সৃষ্টি কৰে। নগৰু-চহৰত এই পদাৰ্থবোৰ বায়ুৰ লগত মিহলি হৈ জীৱজগতৰ অনিষ্ট সাধন কৰে। এই গেছীয় ধোঁৱাজাতীয় পদাৰ্থবোৰে বৃহৎ নগৰ-চহৰবোৰত ঘন কুঁৱলীৰ সৃষ্টি কৰে। ইয়াকে স্মগ (Smog) বুলি জনা যায়। এইবোৰে নগৰ-চহৰত বায়ু প্ৰদূষণ কৰে।

আধুনিক যুগত জীৱাশ্ম ইন্ধন অৰ্থাৎ খাৰুৱা তেলৰ পৰা উৎপাদিত পেট্রোলজাতীয় ইন্ধন ব্যৱহাৰ কৰা বাবে ঔদ্যোগিক অঞ্চলবোৰত ‘এছিড বৰষুণ’ হয় বুলি জনা যায়। বৰষুণৰ পানী যেতিয়া বায়ুমণ্ডলৰ প্ৰদূষণৰ মাজেৰে ভূ-পৃষ্ঠত পৰে ই ছালফিউৰিক এছিড আৰু নাইট্রিক এছিডযুক্ত হৈ পৰে। কাৰণ ঔদ্যোগিক অঞ্চলবোৰৰ আকাশমার্গ বিভিন্ন প্ৰদূষণকাৰী গেছজাতীয় পদাৰ্থৰে ভৰি থাকে। এছিড বৰষুণে উদ্ভিদ জগত আৰু জীৱ জগতৰ অশেষ ক্ষতিসাধন কৰে। এইদৰে প্ৰদূষিত হোৱা বায়ুয়ে মানৱ সমাজৰ স্বাস্থ্যৰ ক্ষতিসাধন কৰে। ঔদ্যোগিক অঞ্চলৰ মানুহৰ সাধাৰণতে চকু, নাক, শ্বাস-প্রশ্বাসৰ নানা বেমাৰ হোৱা দেখা যায়।

প্রশ্ন ১৮। পানী কেনেকৈ প্ৰদূষিত হয়? প্ৰদূষিত পানীয়ে মানুহৰ কি অনিষ্ট কৰে লিখা। 

নাইবা, 

পানী প্ৰদূষণৰ ফলাফলৰ বিষয়ে এটি চমুটোকা লিখা। 

উত্তৰঃ পানী সকলো জীৱৰ বাবেই অপৰিহাৰ্য দ্রব্য। পানী অবিহনে কোনো জীৱ জীয়াই নাথাকে। মানুহে ব্যৱহাৰ কৰা পানী বিশুদ্ধ হোৱা উচিত। স্বাভাৱিক অৱস্থাত প্ৰকৃতিৰ নদ-নদী, জান জুৰি, পুখুৰী, খাল-বিল, কুৱা আদিৰ পৰা পোৱা প্ৰাকৃতিক পানী বিশুদ্ধ বুলি ধৰা হয়। কিন্তু বিভিন্ন কাৰণত এই পানী দূষিত বা অপৰিষ্কাৰ হ’ব পাৰে। এই প্রাকৃতিক পানী দুষিত হোৱাকে প্ৰদূষণ হোৱা বুলি কোৱা হয়। সাধাৰণতে মানুহেই নানা কাৰ্যৰ দ্বাৰা পানী দূষিত কৰা দেখা যায়। মানুহৰ অসাধাৰণ কাৰ্যই পানী দূষিত করে। মানুহে পৰিত্যক্ত, অপৰিষ্কাৰ বা দূষিত দ্রব্য, মৰাশ, গেলা পচা বস্তু পানীত পেলাই বা নদ-নদীত, পুখুৰীত গা ধুই, কাপোৰ ধুই পানী প্ৰদুষণ কৰা দেখা যায়।

সাধাৰণতে তিনিটা কাৰ্যই পানী দৃষিত কৰা বুলি জনা যায়— 

  1. শিল্প উদ্যোগৰ দ্বাৰা।
  2. নগৰ-মহানগৰত অসাৱধানভাৱে য’তে ত’তে পেলোৱা আৱৰ্জনা আৰু জাবৰ-জোথৰৰ 
  3. কৃষিকাৰ্যৰ দ্বাৰা। এই তিনিটা উৎসৰ পৰা বিভিন্ন ৰাসায়নিক দ্রব্য, বর্জিত সামগ্রী, ক্ষয়ীভূত মাটি, নানা প্ৰকাৰৰ বিষাক্ত গেছ, পানী, ধূলি, বিভিন্ন পদার্থ চূণ পানীৰ প্ৰবাহ আম বৰষুণৰ পানীয়ে প্রাকৃতিক পানীৰ লগত মিহলাই ইয়াক প্ৰদূষিত কৰে।

মানুহে প্ৰদূষিত পানী খালে বা ব্যৱহাৰ কৰিলে নানা প্রকাৰ বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে। প্রদূষিত পানীত বিভিন্ন বেমাৰৰ বীজানু, নানা অনিষ্টকাৰী বাসায়নিক পদার্থ মিহলি হৈ থাকিব পাৰে। এইবোৰে মানুহৰ শৰীৰত টাইফয়ড, কলেৰা, গ্ৰহণী, জণ্ডিছ, গেছটো এণ্টাৰাইটিও আদি বেমাৰৰ জীৱানু প্ৰৱেশ কৰাব পাৰে। বর্তমান কৃষিকাৰ্যৰ দ্বাৰাও পানী প্ৰদূষিত হোৱাৰ সম্ভাৱনা থাকে কাৰণ আজিকালি কৃষিত নানা প্রকাৰৰ ৰাসায়নিক সার, কীটনাশক ঔষধ প্ৰয়োগ কৰা হয়। এইবোৰ পানীৰ লগত মিহলি হৈও পানী প্ৰদূষিত হ’ব পাৰে। ঔদ্যোগিক অঞ্চলৰ আকাশমার্গত বিভিন্ন বিষাক্ত গেছ, ধোঁৱা, ছাই বায়ুমণ্ডলত মিশ্ৰিত হৈ থাকে। বৰষুণৰ পানীয়ে ইয়াৰ মাজেৰে ভূ-পৃষ্ঠত পৰিলে ইয়াকে এছিড বৰষুণ বোলে। এই বৰষুণৰ পানীৰ লগত মিশ্ৰিত হৈ পানী প্ৰদূষণ কৰে। গাঁও অঞ্চলতকৈ নগৰ আৰু ঔদ্যোগিক অঞ্চলত পানী প্ৰদূষণ হোৱাৰ সম্ভাৱনা বৰ বেছি দেখা যায়। উদ্যোগসমূহৰ উচ্ছিষ্ট্য দূষিত পানী বা আৱৰ্জনাবোৰ নদ নদীত নিক্ষেপ করে। ইয়াৰ দ্বাৰা নৈৰ পানী প্ৰদূষিত হয়। বর্তমান গংগা, ব্রহ্মপুত্ৰ আৰু বহুতো নদীৰ পানী উদ্যোগ-প্রতিষ্ঠানবোৰে প্ৰদূষিত কৰি তুলিছে।

প্রশ্ন ১৯। প্ৰদূষণ হ্ৰাস কৰিবলৈ মানুহে কিধৰণে চেষ্টা কৰা উচিত বুলি ভাবা? 

উত্তৰঃ সাধাৰণতে মানুহৰ অপৰিকল্পিত, অবিবেচক, অসাবধান কার্যৰ দ্বাৰাই প্ৰাকৃতিক পৰিবেশ প্ৰদূষিত হয়। মাটি, পানী বায়ু আদি মানুহে নিজৰ কাৰ্যৰ দ্বাৰা প্ৰদূষিত কৰে। ইয়াৰ দ্বাৰা গোটেই জীৱজগতৰ লগতে মানুহে নিজৰ জীৱনকো বিপদাপন্ন কৰি তুলিছে। গতিকে মানুহেই এই প্ৰদূষণ কার্য হ্রাস কৰিব, নাইবা পাৰিলে বন্ধ কৰাৰ চেষ্টা কৰিব লাগিব।

পৰিবেশ প্ৰদূষণ হ্রাস কৰিবলৈ হ’লে সমাজৰ প্ৰত্যেকজন নাগৰিকেই ইয়াৰ প্ৰতি সজাগ সচেতন হ’ব লাগিব। তেনে কৰিবলৈ হ’লে এই বিষয়ে এখন পৰিকল্পিত আঁচনি লোৱা উচিত। এই আঁচনিত মানুহক সৰুৰে পৰা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি আকৃষ্ট কৰিব লাগে। এই শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে।

  1. প্রাইমাৰি স্কুলৰ পৰা মাধ্যমিক স্কুল পর্যন্ত এই শিক্ষা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা উচিত যাতে সৰুৰে পৰা ল’ৰা-ছোৱালীক এই বিষয়ে শিক্ষা দি প্ৰদূষণ সচেতন নাগৰিক কৰি তুলিব পাৰি। 
  2. চৰকাৰীভাৱে প্ৰদূষণ নিৰাময়ৰ বাবে পৰিকল্পিতভাৱে প্ৰচেষ্টা কৰা উচিত। স্বেচ্ছাসেৱী অনুষ্ঠানবোৰেও প্ৰদূষণ সজাগতা ব্যৱস্থা লোৱা উচিত। 
  3. নগৰ চহৰবোৰত আৰু ঔদ্যোগিক অঞ্চলত নিৰ্মাণৰ সময়তে পৰিকল্পনা কৰি প্ৰদূষণ হ্ৰাসৰ উপায় অৱলম্বন কৰি, তাক নিৰাময় ব্যৱস্থা ৰখা উচিত।
  4. নলা নৰ্দমাবোৰ অহল বহল কৰি তাক চাফা কৰি ৰখাৰ নিয়মীয়া ব্যৱস্থা ৰখা উচিত। 
  5. অপৰিষ্কাৰ কৰি ৰখা অঞ্চলত ইয়াৰ কাৰণ উদ্ঘাটন কৰাৰ প্ৰচেষ্টা চলাব লাগে, যাতে অপৰিষ্কাৰ কৰা ব্যক্তিসকলক ধৰিব পৰা যায়। আৱশ্যক হ’লে তার শাস্তিৰ ব্যৱস্থা কৰা উচিত। ভাবৰ-জোঁথৰ, আৱৰ্জনা আদি পেলাৰ পৰা ব্যৱস্থা ঠায়ে ঠায়ে ৰাখিব লাগে। এইবোৰ নিয়মীয়াকৈ পৰিষ্কাৰ কৰিব লাগে।
  6. পুখুৰীৰ পানী ব্যৱহাৰ কৰিলে তেনে পুখুৰীত কাপোৰ ধোৱা গা ধোৱা নিষেধ কৰিব লাগে। নদী নলাত কোনো পচা বস্তু আবৰ জোঁথৰ, আৱৰ্জনা বা মৰাশ আদি পেলাব নালাগে। 
  7. ঔদ্যোগিক অঞ্চলত শিল্প-উদ্যোগ, অনুষ্ঠান প্রতিষ্ঠানবোৰৰ পৰা ওলোৱা, ধোঁৱা, গেছ বা বিভিন্ন ৰাসায়নিক দ্ৰব্য আৰু বিষাক্ত পানী, তেল জাতীয় বস্তু বিভাগীয়ভাৱে সেইবোৰ প্ৰদূষণ নিয়ন্ত্রণ বা হ্ৰাস কৰিব পৰা ব্যৱস্থা ল’ব লাগে।
  8. চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্রণ বিভাগৰ প্ৰদূষণ হ্রাস কৰাৰ বাবে স্পষ্ট বৈধ নীতি-নিয়ম থাকিব লাগে। তেনে নীতি-নিয়ম ভংগকাৰীক বিহিত শাস্তি বা জৰিমণা কৰা উচিত। এনেবোৰ কাৰ্য হাতত ল’লে ভৱিষ্যতে প্ৰদূষণ হ্রাস কৰিব পৰা যাব। 

প্রশ্ন ২০। নগৰীয়া পৰিবেশ আৰু সম্ভ্রান্ত শ্রেণীবোৰৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ কোনো এখন দেশৰ নগৰ-চহৰবোৰ গঢ়ি উঠাৰ লগে লগে ই ক্ৰমে বৃদ্ধি পাবলৈ ধৰে। নগৰৰ অফিচ-কাছাৰী পঢ়াশালী, স্কুল-কলেজ, নানা ৰকমৰ শিক্ষানুস্থান আদি গঢ়ি উঠাৰ লগতে বজাৰ সমাৰ, দোকান- পোহাৰ গঢ় লৈ উঠে। প্রশাসনিক বিভাগত নানা বিভাগৰ অফিচৰ, উপৰিও চৰকাৰী অফিচাৰ, বিষয়াৰ আবাস গৃহ আদি গঢ় লৈ উঠে। ক্রমে জনসংখ্যা বৃদ্ধি পায় । নগৰলৈ গ্ৰাম্যাঞ্চলৰ পৰা বিভিন্ন পৰ্য্যায়ত লাহে লাহে শ্রমিক বনুৱাৰ সোঁত ববলৈ ধৰে কৰ্ম সংস্থাপন বিচাৰি। উদ্যোগ, কাৰখানা, ফেক্টৰিবোৰত গাঁৱৰ মানুহে কৰ্ম সংস্থাপন বিচাৰি ভিৰ কৰিবলৈ ধৰে। এই প্ৰব্ৰজনকাৰী শ্রমিক, বনুৱা সকলে চৰকাৰী বা ৰাজহুৱা স্থানত বসবাস কৰিবলৈ বা নগৰৰ আচুতীয়া ঠাইত জুপুৰী সাজি বসবাস কৰিবলৈ বাধ্য হয় অবৈধভাৱে। কাৰণ নগৰত মাটি কিনি বা বৈধভাৱে আবাস স্থল লবলৈ শ্রমিক বনুৱাৰ সামৰ্থ্য নাই। আনহাতে সমৃদ্ধিশালী ধনী বিষয়া-কৰ্মচাৰীসকলে বৈধভাৱে মাটি লৈ পকী ঘৰ, বহু মহলীয়া ঘৰ সাজি লবলৈ আৰম্ভ কৰে। অবৈধভাৱে বসবাস কৰা দুখীয়া শ্রমিক বনুৱাক উচ্ছেদ কৰি সেই ঠাইত ধনী সম্ভ্রান্ত লোকক ঘৰ সাজিবলৈ মাটি বেছি দামত বিক্ৰী কৰা হৈছে। উদ্যোগ, কাৰখানাৰ শ্ৰমিকসকলে নগৰৰ পৰিত্যক্ত জলাশয়, দ অঞ্চলৰ জলমগ্ন ঠাইত জুপুৰী সাজি অতি অস্বাস্থ্যকৰ ঠাইত বসবাস কৰে।

মুঠতে নগৰাঞ্চলত এফালে সম্ভ্রান্ত, ধনী, সমৃদ্ধিশালী লোকসকল সুউচ্চ বহুমহলীয়া পকীঘৰত পৰিপাটিকৈ পৰিষ্কাৰ অঞ্চলবোৰত আবাস স্থলী সাজি বসবাস কৰে। মুঠতে নগৰত বাসিন্দাসকলে দুটা শ্ৰেণীত বিভক্ত হৈ দুটা প্ৰকাৰৰ সুকীয়া জীৱন যাপন কৰা দেখা যায়। নগৰৰ পৰিবেশত শ্রমিক বনুৱা সকলে এটা নিকৃষ্ট, নিম্নমানৰ জীৱন যাপন কৰে, যত খোৱা পানী, শৌচালয় আদিৰ অভাৱ, বাট-পথ অতি নিম্ন মানৰ, অতি অস্বাস্থ্যকৰ পৰিবেশত বসবাস কৰে আনহাতে আন এটা ধনী শ্রেণীয়ে সুউচ্চ বহুমহলীয়া সুসজ্জিত বাসস্থানত বাস কৰে, পানী বাট পথ অতি পরিপাটি স্বাস্থ্যসন্মত স্কুল কলেজৰ উদ্যান, অৱসৰবিনোদৰ স্থানৰ মাজত বসবাস কৰে। মুঠতে নগৰৰ পৰিবেশে নগৰীয়া সমাজখনক দুটা ধনী, দুখীয়া সমাজত বিভক্ত কৰি তোলে।

অতিচমু প্রশ্নোত্তসমূহ Very Short Questions and Answers

প্রশ্ন ১। পৰিৱেশ বুলিলে কি বুজা? (What do you understand by environment?)

উত্তৰঃ পৰিবেশে সাধাৰণতে ভৌগোলিক তথা জৈৱিক অৱস্থাটোকে বুজায়। পৰিবেশে চাৰিওফালৰ ভৌতিক আৰু জৈৱিক অৱস্থাটো কথাক বুজায়। পৰিবেশে প্রাকৃতিক আৰু মানৱ সৃষ্ট দুয়োটা পৰিবেশৰ মাটি, পানী, বায়ু, উষ্ণমতা আদি সকলোকে সামৰি লয়।

প্রশ্ন ২। প্রাকৃতিক পৰিস্থিতি কি? (What is Ecology?) 

উত্তৰঃ প্রাকৃতিক পৰিস্থিতি ভৌতিক আৰু জৈৱিক ব্যৱস্থা আৰু পদ্ধতিৰ এখন জাল গাঁথনিক বুজায়, য’ত নেকি মানৱ জীৱনো এটা উপাদান। পর্বত সাগৰ, মাটি, নদ-নদী, জীৱজগতৰ প্রাণীজগত আদিয়ে হ’ল প্ৰাকৃতিক পৰিস্থিতি বা পৰিবেশৰ একোটা অংশ বিশেষ।

প্রশ্ন ৩। সামাজিক প্রকৃতিক পৰিস্থিতি কি? (What is Social Ecology?)

উত্তৰঃ ভৌতিক জগত, জীৱ-জগত আৰু মানৱ সংস্কৃতিৰ আন্তঃসম্পর্কই হ’ল সামাজিক পৰিস্থিতিৰ মূল বিষয়বস্তু। সামাজিক ভাৰসাম্যতা হ’ল সম্প্রদায় আৰু পৰিবেশৰ মাজত থকা সম্পৰ্কৰ অধ্যয়ন।

প্রশ্ন ৪। পৰিস্থিতি ব্যৱস্থা কি? (What is Ecosystem?)

উত্তৰঃ পৰিস্থিতিৰ অৱধাৰণাই মানৱ জাতি, জীব-জন্তু, উদ্ভিদ আৰু পৰিবেশ আদিক অংশ হিচাপে লৈ এটা একক সত্তাক বুজায়। এই সত্তাৰ মানৱ জাতি, জীৱ-জন্তু আৰু উদ্ভিদ হ’ল জীৱিত উপাদান আৰু আনহাতে পৰিবেশ অজৈর প্রাণহীন উপাদান। এই উপাদানসমূহৰ আন্তঃসম্পৰ্ক থকাৰ বাবেই পৰিবেশ ব্যৱস্থা, ক্রিয়াশীল হৈ বৰ্তি থাকিব পাৰিছে।

প্রশ্ন ৫। বিশ্বত ঘটি থকা চাৰিটা পৰিবেশিক সমস্যা উল্লেখ কৰা।  (Mention four environmental problems.) 

উত্তৰঃ তলত চাৰিটা প্ৰধান সমস্যা উল্লেখ কৰা হ’ল –

(ক) সম্পদ নিশেষ।, 

(খ) প্ৰদূষণ।, 

(গ) বিশ্ব উষ্ণতা বৃদ্ধি।, 

(ঘ) মানৱীয় অনিষ্টকাৰী ক্রিয়া।

প্রশ্ন ৬। সম্পদ নিশেষ বুলিলে কি বুজা? (What do you mean by Resource Depletion?)

উত্তৰঃ অনবীকৰণ প্ৰাকৃতিক সম্পদ ব্যৱহাৰে হ’ল আটাইতকৈ গুৰুতৰ পৰিবেশ সমস্যা। কিয়নো অনবীকরণ প্রাকৃতিক সম্পদ ক্রমান্বয়ে নিঃশেষ হৈ আহিছে। উদাহৰণস্বৰূপে খাৰুৱা তেল, সোণ আদিৰ নিচিনা অনবীকৰণ খনিজ সম্পদ পৃথিৱীত ক্রমে নিঃশেষ হৈ আহিছে। যিবোৰ সম্পদ মানুহে সৃষ্টি কৰিব নোৱাৰে তাক নিঃশেষ কৰাটো মানৱ জাতিৰ বাবে এক গুৰুতৰ সংকটৰ সৃষ্টি হ’ব পাৰে।

প্রশ্ন ৭। বিশ্ব উষ্ণতাৰ বৃদ্ধি কি? (What is Global Warming? ) 

উত্তৰঃ মানুহৰ বিধ্বংসী কার্যৱলীৰ দ্বাৰা ভূপৃষ্ঠৰ উপৰিভাগত নানা ধ্বংস কার্য চলাই আহিছে। পৃথিৱীৰ উপৰিভাগৰ বনাঞ্চল ধ্বংস কৰি পৰিবেশ বিনষ্ট কৰিব ধৰিছে। নদ-নদী, পাহাৰ-পৰ্বত, পুতি, খান্দি নানা পৰিবেশ বিনষ্টকাৰী কৰ্মৰ দ্বাৰা প্ৰকৃতিৰ ভাৰসাম্যবিহীন কাৰ্যৰ দ্বাৰা, নানা কল-কাৰখানা বৃহৎ উদ্যোগ স্থাপন কৰি নানা বিস্ফোৰণ; আনৱিক পৰীক্ষা নিৰীক্ষাৰদ্বাৰা; পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ কাৰ্যৰ সমাপন কৰি; বিশ্বত ক্রমান্বয়ে স্বাভাৱিকতকৈ উষ্ণতা বৃদ্ধি পাই আহিছে বুলি বিজ্ঞানীসকলে প্ৰমাণ কৰিছে। গতিকে মানুহে নিজৰ উন্নয়নৰ বাবে কাম কৰিবলৈ গৈ জীৱজগত অনিষ্টকাৰী বা ধ্বংসমুখী কাৰ্যহে কৰি আছে। মানুহে এইবোৰ কাৰ্যৰ দ্বাৰা কাৰ্বন-ডাই-অক্সাইড, মেথাইন গেছৰ পৰিমাণ বায়ুমণ্ডলত বৃদ্ধি কৰি পৃথিৱীৰ উষ্ণতা বৃদ্ধি কৰিছে।

প্রশ্ন ৮। পৰিবেশ বিনষ্টকাৰী সমস্যাই কিদৰে সামাজিক সমস্যাৰ সৃষ্টি কৰে উদাহৰণ দি বুজাই দিয়া। (How the environmental problem created social problems explained with an example?) 

উত্তৰঃ আধুনিক যুগত মানুহে নিজৰ উন্নয়নৰ বাবে পাহাৰ-পর্বত, ধ্বংস কৰি বনাঞ্চল কাটি নদ-নদীৰ উৎসত নানা জলসিঞ্চন, বিদ্যুৎ প্রকল্প আদিৰ বান্ধ দি কলকাৰখানা স্থাপন কবি, প্রাকৃতিক পৰিবেশ ধ্বংস কৰি, নদ নদীৰ ধাৰা সোঁতৰ পৰিৱৰ্তন কৰি, সমতলত নদীৰ গতিৰ পৰিৱৰ্তন কৰি, সমাজত নানা সামাজিক পৰিৱৰ্তন সাধন কৰি তুলিছে, বানপানী, গৰাখহনীয়াৰ সৃষ্টি কৰি মানুহৰ গাঁও-ভুইত নানা সমস্যাৰ সৃষ্টি কৰিছে। গতিকে মানুহৰ কাৰ্যৰ দ্বাৰা পৰিবেশ বিনষ্ট কৰি সামাজিক সমস্যাহে বৃদ্ধি কৰিছে। পৰিবেশ বিনষ্ট কৰা সমস্যাই সামাজিক সমস্যা বৃদ্ধিহে কৰিছে।

প্রশ্ন ৯। নগৰীয়া উপকণ্ঠ বুলিলে কি বুজা? (What do you meant by Suburb ? ) 

উত্তৰঃ আধুনিক যুগত এক শ্ৰেণীৰ উচ্চ মধ্যবিত্ত লোকে নগৰীয়া বিশেষকৈ মহানগৰৰ কোলাহল, হাই-উৰুমি, কল-কাৰখানাৰ, ধোঁৱা ধূলি, বজাৰ সমাৰ, অফিচ-কাছাৰী, স্কুল-কলেজৰ, গাড়ী-মটৰৰ চলাচল আদি ধামখুমীয়া, বিশৃংখলতাৰ মাজত থাকিব নুখুজে, বসবাস নকৰাটো পচন্দ কৰে। সেই কাৰণতে ডাঙৰ নগৰ-চহৰবোৰৰ পৰা আঁতৰত শান্ত পৰিবেশৰ মাজত বসবাস কৰিবলৈ আৰম্ভ কৰে। এই নগৰীয়া পৰিবেশৰ আঁতৰত, কম জনসংখ্যাৰ বাসস্থানত হুকাৰ একোটা পৰিবেশ গঢ়ি তুলিবলৈ লৈছে। এনেকুৱা চহৰৰ পৰা আঁতৰত গঢ়ি উঠা বসতি স্থানকে নগৰ উপকণ্ঠ বোলা হয়।

প্রশ্ন ১০। নগৰীয়া আৰু গাঁৱলীয়া জীৱন নিৰ্বাহ পথৰ একোটি পার্থক্য দেখুওৱা। (Show the difference of livelihood of urban and rural area.)

উত্তৰঃ নগৰীয়া আৰু গাঁৱলীয়া জীৱন নিৰ্বাহৰ পথৰ এক বিশাল পার্থক্য দেখা যায়। নগৰ আৰু গাঁওৰ পৰিবেশ সম্পূর্ণ পৃথক। নগৰৰ পৰিবেশত মানুহে অফিচ-কাছাৰী, কল-কাৰখানা, উদ্যোগৰ অনুষ্ঠান প্রতিষ্ঠান, স্কুল কলেজ, দোকান-বজাৰ, গাড়ী-মটৰ, ৰেল-জাহাজ আদিৰে ভৰপূৰ একোটা অঞ্চল। কিন্তু আনহাতে গ্রাম্য অঞ্চলত বৃহৎ, বৃহৎ অঞ্চল জুৰি, একোখন খেতি পথাৰৰ মাজত সৰু-ডাঙৰ, গাঁও অঞ্চলৰ বাৰী-বাগান, গছ-গছনিৰে ভৰা, ফল-মূলৰ বাৰীৰে শান্ত বাট পথেৰে একোটা নিৰিবিলি পৰিবেশ।

নগৰাঞ্চলত প্ৰায় সৰহ ভাগ মানুহে অফিচ কাছাৰীৰ অফিচাৰ, কেৰাণী, মহৰী, বনুৱা, শ্রমিক, স্কুল কলেজৰ ল’ৰা-ছোৱালী, শিক্ষক, কৰ্মচাৰীৰে ভৰপূৰ। নগৰত সাধাৰণতে মানুহে, কল-কারখানা, উদ্যোগ, অনুষ্ঠান-প্ৰতিষ্ঠানত কাম কৰা মানুহৰ সংখ্যা অধিক। এইবোৰৰ কাম কৰিয়ে মানুহে জীৱিকা নির্বাহ কৰে। শ্রমিক বা বনুৱাসকলে উদ্যোগ, কল-কাৰখানাত কাম কৰি জীৱিকা নির্বাহ কৰে। নগৰৰ আন শিক্ষিত শ্ৰেণীয়ে অফিচ-কাছাৰীত, স্কুল কলেজত আন বানিজ্য ব্যৱসায়ৰ অনুষ্ঠান প্রতিষ্ঠানত কাম কৰি জীৱিকা-নিৰ্বাহ কৰে।

আনহাতে গ্ৰাম্যাঞ্চলৰ প্ৰায় ৮০-৯০ শতাংশ লোকে কৃষি কাৰ্যৰ কাম-কাজ কৰিয়ে জীৱিকা নিৰ্বাহ কৰে। আন এক শ্ৰেণীৰ লোকে কুটীৰ শিল্পৰ, বাঁহ-বেতৰ কাম-কাজ কৰিও জীৱিকা নির্বাহ কৰে। গতিকে নগৰ আৰু গ্ৰাম্যাঞ্চল লোকৰ জীৱিকা নির্বাহৰ পাৰ্থক্য সম্পূর্ণ পৃথক দেখা যায়।

HS first Year সমাজশাস্ত্র (Part-II সমাজ বোধ) অধ্যায় – ৩ পৰিবেশ আৰু সমাজ

শুদ্ধ উত্তৰ বাছি দিয়া প্রশ্নোত্তৰসমূহ Multiple Choice Questions and Answers

প্রশ্ন ১। প্ৰাকৃতিক সামগ্ৰীৰ উৎস—

(ক) বজাৰ

(খ) বস্তুবাদী বিশ্ব

(গ) প্রকৃতি

(ঘ) ভগৱান

উত্তৰঃ (গ)বস্তুবাদী বিশ্ব

প্রশ্ন ২। কোনটো নগৰীকৰণৰ লগত জড়িত নহয়

(ক) ব্যৱসায়-বাণিজ্য 

(খ) উদ্যোগীকৰণ

(গ) পৰিবহণ উন্নতি

(ঘ) চিকিৎসা বিজ্ঞানৰ উন্নতি

উত্তৰঃ (ঘ)চিকিৎসা বিজ্ঞানৰ উন্নতি

প্রশ্ন ৩। তলৰ কোনটো পৰিস্থিতিৰ (ecology) লগত জড়িত নহয় ? 

(ক) মানব জাতি 

(খ) জীৱ-জন্তু 

(গ) উদ্ভিদ

(ঘ) ধর্ম

উত্তৰঃ (ঘ) ধর্ম

প্রশ্ন ৪। সামাজিক পৰিস্থিতিৰ (social ecology) বৈশিষ্ট্য নহয়

(ক) জনসংখ্যা 

(খ) পৰিবেশ 

(গ) প্রযুক্তি 

(ঘ) প্রকৃতি

উত্তৰঃ (ঘ) প্রকৃতি

প্রশ্ন ৫। মানৱ পৰিস্থিতিৰ অধ্যয়নৰ ভিতৰত নাই—

(ক) মানুহৰ কাৰ্য কলাপ

(খ) জলবায়ু 

(গ) সম্প্রদায়

(ঘ) পৰিবেশ

উত্তৰঃ (খ)জলবায়ু

প্রশ্ন ৬। পৰিস্থিতি (ecology) কোনটো বিষয়ত পৰে—

(ক) পদার্থ বিজ্ঞান 

(খ) জীব বিজ্ঞান

(গ) সমাজ বিজ্ঞান

(ঘ) অর্থনীতি বিজ্ঞান

উত্তৰঃ (খ) জীব বিজ্ঞান

প্রশ্ন ৭। কি প্ৰদূষণে ভূপাল দুৰ্ঘটনা সংঘটিত কৰিছিল—

(ক) বায়ু প্ৰদূষণে 

(খ) শব্দ প্ৰদূষণে

(গ) পানী প্ৰদূষণে

(ঘ) মাটি প্রদূষণে

উত্তৰঃ (ক) বায়ু প্ৰদূষণে

প্রশ্ন ৮। গোলকীয় উষ্ণতা কি গেছে বৃদ্ধি কৰে 

(ক) কার্বন-ডাই অক্সাইড গেছে 

(খ) অক্সিজেন গেছে।

(গ) হাইড্রোজেন গেছে

(ঘ) নাইট্রজেন গেছে। 

উত্তৰঃ (ক) কার্বন-ডাই অক্সাইড গেছে

প্রশ্ন ৯। শব্দ প্ৰদূষণ জড়িত নাথাকে—

(ক) ধর্মীয় অনুষ্ঠান 

(খ) সাংস্কৃতিক অনুষ্ঠান

(গ) শিক্ষানুষ্ঠান

(ঘ) চিকিৎসানুষ্ঠান

উত্তৰঃ (ঘ) চিকিৎসানুষ্ঠান

প্রশ্ন ১০। ভৌগোলিক বিশদ বিৱৰণত (topography) নাথাকে ?

(ক) ভূমি

(খ) জলবায়ু

(গ) জনসংখ্যা

(ঘ) জল

উত্তৰঃ (খ) জলবায়ু

প্রশ্ন ১১। জীবজগত আৰু পৰিবেশৰ সম্বন্ধ অধ্যয়ন হ’ল

(ক) জীব বিজ্ঞান 

(খ) ভূগোল

(গ) পৰিস্থিতি

(ঘ) শৰীৰ বিজ্ঞান

উত্তৰঃ (ক) জীব বিজ্ঞান

প্রশ্ন ১২। ঔদ্যোগিক সমাজত কৃষি হ’ল—

(ক) জীৱনৰ পন্থা

(খ) আন এক উদ্যোগ

(গ) গুরুত্বহীন

(ঘ) সহায়ক

উত্তৰঃ (খ) আন এক উদ্যোগ

প্রশ্ন ১৩। প্ৰস্থিতি আৰু মান জড়িত থাকে –

(ক) প্রজাতিত 

(খ) জাতিত

(গ) সমাজ

(ঘ) মেট্ৰো

উত্তৰঃ (খ) জাতিত

প্রশ্ন ১৪। এক লাখতকৈ অধিক জনসংখ্যা থকা ঠাইক

(ক) নগৰ

(খ) টাউন

(গ) মহানগৰ

(ঘ) বংশত

উত্তৰঃ (গ) মহানগৰ 

প্রশ্ন ১৫। বন্ধ স্তৰীকৰণত সামাজিক প্ৰস্থিতি নিৰ্ধাৰণ কৰা হয়—

(ক) প্ৰচেষ্টাৰ দ্বাৰা

(খ) গুণৰ দ্বাৰা

(গ) জন্মৰ দ্বাৰা

(ঘ) শিক্ষাৰ দ্বাৰা

উত্তৰঃ (গ) জন্মৰ দ্বাৰা

প্রশ্ন ১৬। ইজে ৰ’ছৰ মতে পৰিবেশ এটা—

(ক) সামাজিক শক্তি

(খ) আন্তঃশক্তি

(গ) বহিঃশক্তি

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)সামাজিক শক্তি

প্রশ্ন ১৭। যি প্ৰক্ৰিয়াৰ যোগেদি সমাজত ব্যক্তিয়ে উমৈহতীয়া লক্ষ্য সাধনৰ বাবে কাম কৰে তাক—

(ক) একতা

(খ) সমন্বয়

(গ) সহযোগিতা

(ঘ) প্রতিযোগিতা

উত্তৰঃ (ঘ) প্রতিযোগিতা

HS first Year সমাজশাস্ত্র (Part-II সমাজ বোধ) অধ্যায় – ৩ পৰিবেশ আৰু সমাজ

সমাজতত্ত্ব পৰিচয় ( Part – I )

ক্ৰমিক নংপাঠলিংক
1.সমাজতত্ত্ব আৰু সমাজ (Sociology and Society)Click Here
2.বিশেষ অর্থ থকা শব্দ, অৱধাৰণা আৰু সমাজতত্ত্বত ইয়াৰ ব্যৱহাৰ (Terms. Concepts and their use in Sociology)Click Here
3.সামাজিক সংস্থাবোধ (Understanding Social Institutions)Click Here
4.সংস্কৃতি আৰু সামাজিকৰণ (Culture and Socialisation)Click Here
5.সমাজতত্ত্ব অধ্যয়ন : গবেষণা প্রণালী (Doing Sociology: Research Methods)Click Here

সমাজ বোধ ( Part-II )

ক্ৰমিক নংপাঠলিংক
1.সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজৰ সামাজিক প্রক্রিয়া (Social Structure, Stratification and Social Process in Society)Click Here
2.গ্রামীণ আৰুনগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা (Social Change and Social Order in Rural and Urban Society)Click Here
3.পৰিবেশ আৰু সমাজ (Environment and Society)Click Here
4.পাশ্চাত্যৰ সমাজতত্ত্ববিদসকলৰ — এক পৰিচয় (Introduction Western Sociologists)Click Here
5.ভাৰতীয় সমাজতত্ত্ববিদসকল | (Indian Sociologists)Click Here

This Post Has One Comment

Leave a Reply