HS first Year Sociology (Part-II সমাজ বোধ) অধ্যায় – ৪ পাশ্চাত্যৰ সমাজতত্ত্ববিদসকলৰ — এক পৰিচয়

HS first Year Sociology (Part-II সমাজ বোধ) অধ্যায় – ৪ পাশ্চাত্যৰ সমাজতত্ত্ববিদসকলৰ — এক পৰিচয়। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS first Year Sociology (Part-II সমাজ বোধ) অধ্যায় – ৪ পাশ্চাত্যৰ সমাজতত্ত্ববিদসকলৰ — এক পৰিচয় AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS first Year Sociology (Part-II সমাজ বোধ) অধ্যায় – ৪ পাশ্চাত্যৰ সমাজতত্ত্ববিদসকলৰ — এক পৰিচয়

(পাঠ্যপুথিৰ ৰচনাধর্মী প্রশ্নোত্তৰসমূহ)

প্রশ্ন ১। সমাজৰ বিকাশত জ্ঞানোদয়ৰ গুৰুত্ব কি? (What is the Enlightenment important for the development of Sociology?) 

উত্তৰঃ ১৭ শতিকাৰ শেষৰ ভাগত আৰু ১৮ শতিকাত পাশ্চাত্যৰ ইউৰোপীয় দেশবোৰত পৃথিৱীখনৰ বিষয়ে এক নতুন চিন্তাধাৰাৰ উদ্ভাসিত হোৱা দেখা যায়। এই নতুন দর্শনে মানব জাতিক বিশ্ব ব্ৰহ্মাণ্ডখনৰ কেন্দ্ৰস্থানত প্ৰতিষ্ঠা কৰে আৰু বিবেকি চিন্তাৰ কেন্দ্ৰস্থানত উপনীত কৰায়। সমালোচনামূলক মানবীয় বিবেকি চিন্তাকৰাৰ সক্ষমতাই মানব জাতিৰ প্ৰতিজন ব্যক্তিকে সকলো জ্ঞানৰ সৃষ্টিকাৰী আৰু ব্যৱহাৰকাৰীত পৰিণত কৰে। গতিকে যি ব্যক্তিয়ে মানবীয় বিবেকি চিন্তা কৰিব পাৰে তাকেই প্রকৃত পূর্ণ মানুহ বুলি গণ্য কৰা হয়। যিসকলৰ চিন্তাশক্তি অসম্পূর্ণ তেওঁলোকক পৌৰাণিক যুগৰ ব্যক্তি বুলি ধৰি প্ৰকৃত মানবীয় বিবেকি চিন্তাৰ মানুহ সৃষ্টি কৰি সমাজক মানবীয়ভাবে বিশ্লেষণ কৰি আধুনিক সমাজ ব্যৱস্থা প্রতিষ্ঠা কৰা উচিত। আগৰ যুগৰ প্ৰাকৃতিক সমাজ, ধর্ম, ভগবান সৃষ্ট স্বৰ্গীয় কার্যকলাপক আঁতৰাই থৈ বিবেকৰ চিন্তাক কেন্দ্রীয় স্থানত প্রতিষ্ঠা কৰি মানুহৰ সমাজ গঢ়ি তুলিব লাগে। গতিকে নতুনকৈ উদ্ভাসিত হোৱা চিন্তাবেহে সমাজতত্ত্বৰ প্ৰতিষ্ঠা সম্ভব হৈ উঠিব।

প্রশ্ন ২। সমাজতত্ত্বৰ বিকাশ সাধনৰ ক্ষেত্ৰত শিল্প বিপ্লৱ কি দৰে দায়বদ্ধ? (How was the Industrial Revolution responsible for giving rise to sociology?) 

উত্তৰঃ 

  1. বৈজ্ঞানিক যন্ত্ৰ-পাতি আৰু ইঞ্জিনৰ আৱিষ্কাৰ : ১৮ শতিকাৰ আৰম্ভ হোৱা শিল্প বিপ্লৱৰ ফলতে আধুনিক উদ্যোগ ব্যৱস্থাৰ আধাৰ শিলাৰ স্থাপন হৈছিল। আধুনিক বিজ্ঞান আৰু কাৰিকৰী ব্যৱস্থাৰ শৃংখলাবদ্ধ ব্যৱহাৰে বিশেষকৈ নতুন নতুন কল-কাৰখানা, যন্ত্রপাতি, ইঞ্জিন আৰু বিভিন্ন মেচিনৰ আৱিষ্কাৰে আৰু শক্তিশালী কলকাৰাখানাই উদ্যোগিক উৎপাদন বৃদ্ধি কৰে।
  2. নতুন শ্রমিক সংগঠন আৰু বজাৰঃ নতুন উদ্যোগিক নীতিৰে শ্রমিক সংগঠন স্পিনি জেনি আদি নতুন মেচিন আৰু শক্তিচালিত যন্ত্রপাতিৰে অপর্যাপ্ত উৎপাদন বৃদ্ধি হয় আৰু দেশ-বিদেশৰ বজাত বিক্ৰী কৰা হয়। পৃথিৱীৰ সকলো ঠাইৰ বজাৰৰ পৰা উদ্যোগৰ বাবে কেঁচা সামগ্রী আমদানি কৰা হৈছিল। বৃহৎ উৎপাদন ব্যবস্থাই পৃথিৱীৰ সকলো দেশৰ বজাৰতে ইয়াৰ প্রভাৱ পেলাইছিল।
  3. সামাজিক জীৱনত প্রধান পৰিৱৰ্তন ঃ আধুনিক উদ্যোগ নীতিৰ অপর্যাপ্ত উৎপাদন ব্যৱস্থাই সামাজিক জীৱনতো এক আমূল পৰিৱৰ্তনৰ সৃষ্টি কৰে। নগৰ অঞ্চলত স্থপান কৰা কল-কাৰাখানত অধিক শ্রমিকৰ প্ৰয়োজন হোৱাত গ্রামাঞ্চলৰ পৰা কর্মসংস্থানৰ বাবে অনেক নিবনুৱা শ্রমিকে নগৰৰ কাৰখানাবোৰত নিযুক্তি লাভ কৰে। নগৰত জনসংখ্যা বৃদ্ধি পায়, বাসস্থানৰ অভাবে দেখা দিয়ে, বক্তি অঞ্চলৰ স্থাপন হয়, অস্বাস্থ্যকৰ পৰিবেশষৰ প্ৰদূষণ আদি পৰিবেশৰ সৃষ্টি হয়। এক নতুন সমাজ ব্যৱস্থাই দেখা দিয়ে।
  4. নিম্নমানৰ মজুৰী : আধুনিক উদ্যোগ ব্যৱস্থাত নিম্ন হাৰত মজুৰী দিয়া হয়। ফলত পৰিমাণৰ নাৰী পুৰুষ উপৰি ল’ৰা-ছোৱালীসকলোৱে ফেক্টৰী কাৰখানাত বহুত সময় কাম কৰিব লগা হয় আৰু এক কুৎসিৎ বিপদজনক অৱস্থাত কাম কৰিব লগা হয়। এইদৰে নগৰ অঞ্চলৰ লোকে গ্ৰাম্য অঞ্চলৰ লোকৰ ওপৰত প্ৰভৃত্ব খটায়। অতি কম ঠাইতে শ্রমিকসকলে বসবাস কৰি কদর্য বস্তি অঞ্চলবোৰ সৃষ্টি কৰে আৰু দৰিদ্ৰ, অস্বাস্থ্যকৰ জীৱন যাপন কৰে। সমাজ অসমান শ্ৰেণীৰ সমাজ ব্যৱস্থা, ধনী-দুখীয়াৰ ব্যৱধান যথেষ্ট বৃদ্ধি পায়।
  5. নতুন চৰকাৰী ব্যৱস্থাৰ সৃষ্টিঃ নতুন প্ৰকাৰৰ চৰকাৰৰ অধীনত স্বাস্থ্য আৰু কল্যাণমূলক সা–সুবিধা দাবী উত্থাপন, অপৰাধ নিয়ন্ত্ৰণৰ ব্যৱস্থা দাবী উত্থাপন আদি সামাজিক নতুন চিন্তাধাৰা প্ৰবৰ্তনৰ সৃষ্টিৰ দাবী উদ্ভাবন হয়।
  6. নতুন সামাজিক চিন্তাধাৰাৰ সৃষ্টি : উদ্যোগিক সমাজ ব্যৱস্থাৰ নতুন বিশ্লেষণে বৈজ্ঞানিক দৃষ্টিভংগীৰ সামাজিক ব্যৱস্থাৰ উদ্ভাবন কৰে। গতিকে সমাজতত্ত্ব বিষয়বস্তু সৃষ্টি হয় উদ্যোগিক সমাজৰ পৰাই সৃষ্টি হয়।
  7. আধুনিক যুগৰ উদ্যোগি সমাজ ব্যৱস্থাৰ কাৰণতে সমাজত অভিজ্ঞতাবাদী বৈজ্ঞানিক আলোচনাত সামাজিক আচৰণৰ পৰিৱৰ্তনে দেখা দিয়ে আৰু বিভিন্ন সামাজিক অনুষ্ঠান আদি সৃষ্টি হয়।

প্রশ্ন ৩। উৎপাদন ব্যৱস্থাৰ বিভিন্ন সা-সজুলীবোৰ কি কি (What are the Various Component of a mode of Production). 

উত্তৰঃ সমাজবাদী চিন্তাবিদ মার্ক্সৰ ধাৰণা মতে– উৎপাদনৰ ধৰণ এক বিশাল ব্যৱস্থা মানব জাতিৰ ইতিহাসৰ লগত জড়িত হৈ আছে। আদিম যুগৰ সাম্যবাদী; দাসত্ববাদী, সামন্তবাদী আৰু পুঁজিবাদী এইবোৰ হ’ল মানব জাতিৰ উৎপাদন ব্যৱস্থা ইতিহাসৰ স্তৰ। ইতিহাসৰ স্তৰ উৎপাদন ব্যবস্থা মানব জাতিৰ একোটা যুগৰ বৈশিষ্ট্য— এই উৎপাদন ব্যৱস্থাত একোটা অট্টালিকাৰ আধাৰ শিলা থকাৰ দৰে একোটা আধাৰ শিলা থাকে য’ত এক শক্তিশালী মূল আর্থিক ভেটি থাকে আৰু উৎপাদন শক্তি আৰু সম্পর্ক থাকে। উৎপাদিকা শক্তিয়ে উৎপাদনৰ সকলো আহিলা বা উপাদানবোৰক বুজায় যেনে ভূমি, শ্রম, কাৰিকৰী কৌশল, শক্তি উৎস (বিদ্যুৎ, কয়লা, পেট্রোলিয়াম) আদি। উৎপাদনৰ সম্পৰ্কই সাধাৰণতে আর্থিক সম্পর্ক, শ্রমিক সংগঠনৰ সহযোগিতা আদিক বুজায়। ইয়াৰ উপৰিও সম্পত্তিৰ সম্পৰ্ক মালিকীস্বত্ত্ব আৰু উৎপাদনৰ আহিলাৰ নিয়ন্ত্ৰণ আদিও উৎপাদন পদ্ধতিত জড়িত থাকে। মুঠতে আধুনিক যুগত উৎপাদন পদ্ধতিত উৎপাদনৰ প্ৰধান আহিলা বা উপাদান হ’ল- ভূমি বা মাটি, যিঠাইত কল কাৰখানাবোৰৰ বাবে ঘৰ দুৱাৰ অট্টালিকাবোৰ গঢ়ি তোলা হয়। কাৰখানাত সামগ্রী উৎপাদনৰ বাৰে যন্ত্ৰ পাতি, দৰকাৰী ইঞ্জিন, মেচিন আদি স্থাপন কৰা হয়। এইবোৰকে মূলধন বুলি কোৱা হয়। এই কাৰখানাৰ যন্ত্রপাতি মেচিন আদি পৰিচালনাৰ বাবে লাগে বিভিন্ন পর্যায়ত বিভিন্ন কৌশলৰ দক্ষতা থকা শ্রমিক। এই ভূমি, মূলধন, শ্রমিক আদিৰ বাবে লাগে সংগঠক বা উদ্যোগি ব্যক্তি। উদ্যোগভাইহে কোনো এটা উদ্যোগ গঢ়ি তুলি কোনো প্রয়োজনীয় সামগ্রী উৎপাদন কৰাৰ ব্যৱস্থা কৰিব পাৰে।

ইয়াৰ উপৰিও এটা উদ্যোগত উৎপাদন ব্যৱস্থা চলি থাকিবলৈ তাত কেঁচা সামগ্ৰীৰ যোগান নিয়মীয়াভাৱে ধৰিব লাগে। গতিকে আৱশ্যক মতে উদ্যোগত কেঁচা সামগ্ৰীৰ নিয়মীয়া আমদানি কৰিব লাগে। আনহাতে উদ্যোগত উৎপাদিত সামগ্ৰীবোৰ বিক্ৰীৰ বাবে নিয়মীয়াকৈ বজাৰত যোগান ধৰিব লাগিব আৰু বজাৰত চাহিদাৰ বাবে প্ৰচাৰ আদিৰ ব্যৱস্থাও কৰিব লাগিব। গতিকে আধুনিক উৎপাদন ব্যৱস্থাত এই বিভিন্ন সা-সজুলি যোগান আৰু ব্যৱস্থা কৰিব লাগে।

প্রশ্ন ৪। মার্ক্সৰ মতে, বিভিন্ন শ্রেণীৰ মাজত সংঘর্ষ কিয় হয়? (Why do classes come into conflict?) 

উত্তৰঃ 

  1. শ্রেণী বিভাজন পদ্ধতি : মার্ক্সৰ মতে জনসাধাৰণক বিভিন্ন সামাজিক শ্ৰেণীত বিভাজন কৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদ্ধতি হ’ল উৎপাদন পদ্ধতি, ধর্ম ভাষা, জাতি বা আন কোনে পৰিচয়ৰ বাবে নহয়। তেওঁৰ মতে, সামাজিক উৎপাদন পদ্ধতিত যিসকলে একেটা স্থানতে কাম কৰে তেওঁলোকেই এটা শ্ৰেণী গঠন কৰে। উৎপাদন পদ্ধতি আৰু সম্পত্তিৰ সম্পৰ্কত লাভ কৰা স্থানৰ বাবেই তেওঁলোকে একে ইচ্ছা আৰু উদ্দেশ্যৰ ভাগত পৰে।
  2. ঐতিহাসিক শ্রেণীবিভাজন পদ্ধতি : মার্ক্সৰ মতে ঐতিহাসিক পদ্ধতিৰে শ্ৰেণীবোৰ গঠন হয়, যিবোৰক উৎপাদনৰ সৰ্ত্ত আৰু শক্তিয়ে একেটা আকৃতি প্রদান কৰে আৰু পৰিণাম হিচাপে সংঘৰ্ষত লিপ্ত কৰায়। উৎপাদন পদ্ধতিবোৰ যিহেতু (কাৰিকৰী পদ্ধতি, সামাজিক সম্পৰ্কৰ উৎপাদন আদি) পৰিবৰ্তন হৈ থাকে গতিকে শ্রেণীবোৰৰ মাজত সংঘাটৰ সূত্ৰপাত হয়, ফলত সংঘর্ষ আৰম্ভ হয়। উদাহৰণ স্বৰূপে পুঁজিবাদী উৎপাদন পদ্ধতিয়ে শ্রমিক শ্ৰেণীৰ সৃষ্টি কৰে, এইটো সামন্তবাদী কৃষি ব্যৱস্থা ধ্বংসৰ পিছত গঠন হোৱা এটা সম্পত্তিবিহীন নগৰীয়া শ্ৰমিকৰ শ্ৰেণী। শ্ৰমৰ বিনিময়ত জীবিকা নির্বাহ কৰা এটা শ্রেণী।
  3. চাৰ্ক আৰু কৃষকসকল ঃ ইউৰোপত মধ্যযুগত সামন্তবাদীযুগৰ অন্ত পৰাত তাত কাৰ্যকৰণ চাৰ্য আৰু ক্ষুদ্ৰকৃষকসকল কর্মহীন হৈ জীৱিকাৰ বাবে নতুনকৈ নগৰ-চহৰত গঢ়ি উঠা ফেক্টৰী আৰু কাৰাখানবোৰত সৰ্বহাৰা শ্রমিক শ্রেণী হিচাপে এটা নতুন সামাজিক শ্ৰেণীৰ গঢ় দিয়ে। উৎপাদন পদ্ধতিয়ে এই সামাজিক শ্রেণীৰ জন্ম দিয়ে।
  4. মার্ক্সৰ শ্ৰেণী সংগ্রাম : মার্ক্সৰ মতে সামাজিক পৰিৱৰ্তন সাধনৰ ক্ষেত্ৰত শ্রেণী সংগ্রামেই হ’ল আটাইতকৈ শক্তিশালী চালিকা শক্তি। মার্ক্স আৰু এনজেলে কৈছে— “The history of all hitherto existing Societies is the history of class Struggle.
  5. শ্রেণীসংগ্ৰামৰ ইতিহাস : মানব জাতির ইতিহাস অধ্যয়ন কৰিলে শ্রেণী সংগ্ৰামৰ প্রকৃতি বিভিন্ন যুগত ১ বিভিন্ন প্ৰকাৰে পোৱা যায়। প্রাচীন কালৰে পৰা সমাজ বিৱৰ্তনৰ ইতিহাস চালে দেখা যায় প্ৰতিটো পৰ্যায়ৰ উৎপীড়ণকাৰী আৰু উৎপীড়িতৰ সংঘৰ্ষৰ বৈশিষ্ট্য বেলেগ বেলেগ। এই সংঘৰ্ষবোৰ হৈছিল– প্রভৃ আৰু দাসৰ, লওঁ আৰু চাৰ্যসকলৰ, মালিক আৰু কৃষকৰ আৰু পুঁজিপতি আৰু শ্ৰমিকৰ মাজত। এই সংঘৰ্ষবোৰ কেতিয়াবা তলে তলে আৰু কেতিয়াবা মুক্তভাবে মুখামুখী কৈ হৈছিল। প্ৰতিটো পৰ্যায়তে প্রধান বিৰোধী শ্ৰেণী চিনাক্ত হৈছিল উৎপাদন পদ্ধতিৰ সংঘাতৰ পৰাই ।
  6. আধুনিক যুগৰ উৎপাদন ব্যৱস্থাৰ সকলো উপাদান বুর্জোৱা শ্রেণীৰ হস্তগত : আধুনিক যুগৰ পুঁজিবাদী ব্যৱস্থাত, উৎপাদন সকলো উপাদান বুর্জোৱা শ্ৰেণীৰ (পুজিপতিৰ) হাতত পুঞ্জিভূত হয়। সামন্তবাদী যুগৰ পিছত আৰম্ভ হোৱা পুঁজিবাদী উৎপাদন ব্যৱস্থাৰ, সর্বহাৰা শ্রমিক সকলে শ্রম বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰাত বাহিৰে শ্ৰমিকৰ গত্যন্তৰ নাথাকে।
  7. প্রত্যক্ষ শ্রেণী সংগ্রাম : উৎপাদন ব্যৱস্থাত শ্রেণীসংগ্রাম কোনো এটা উদ্দেশ্য প্রণোদিতভাৱে সংঘটিত নহয়; যদিও ইয়াৰ বহুতো আর্থিক কারণ থাকে। সেইবাবে উৎপীড়িতসকলৰ মাজত কোনো এটা নির্দিষ্ট বিষয়ক লৈ তেওঁলোকৰ মাজত ৰাজনৈতিকভাৱে ‘শ্ৰেণীসচেতনতা’ জগাই তুলিবলৈ এটা দৃঢ় সংগঠনৰ আৱশ্যক। ৰাজনৈতিক সংগঠনৰ জৰিয়তে এক শক্তিশালী শ্রমিক ঐক্য দৃঢ় কৰিহে প্ৰতাপী পূজিপতি আৰু শাসক শ্রেণীক উচ্ছেদ কৰাটো সম্ভব কৰিব পৰা যাব। 
  8. মতবাদৰ সৃষ্টি : মতবাদৰ উপস্থিতিতহে অর্থনৈতিক আৰু সামাজিক ৰাজনৈতিক পদ্ধতিৰ মাজত সম্পৰ্কই এটা জটিল ৰূপ ধাৰণ কৰাৰ কাৰণে উদ্ভব হ’ব পাৰে। প্ৰত্যেক পর্যায়তে শাসক শ্রেণীয়ে একোটা প্রবলপ্রতাপী মতবাদৰ সৃষ্টি কৰিব পাৰে। এনেকুৱা প্ৰতাপী মতবাদ শাসক শ্রেণী সৃষ্টি কৰি প্ৰচলিত সামাজিক বিশৃংখলাৰ বিৰুদ্ধে দমননীতি চলোৱা যুক্তিযুক্ততা দেখুৱাব পাৰে। দুখীয়া অজ্ঞ জনসাধাৰণ এনে প্রতাপী মতবাদে উৎপাদিত কৰি বুজাব পাৰে যে তেওঁলোক ধনীশ্ৰেণীৰ শোষণৰ বাবে দুখীয়া হোৱা নাই বরং ভাগ্যদোষৰ বাবেহে দুখীয়া হৈছে আৰু পূৰ্বজন্মৰ বেয়া কৰ্মৰ বাবেহে দুখীয়া দুখীয়া হৈ জন্ম পাইছে।। অৱশ্যে এনে মতবাদৰ বিৰুদ্ধে প্রতিবাদী মতবাদ ও গঢ়ি উঠিব পাৰে। শাসকশ্রেণীৰ বিপথে পৰিচালিত মতবাদৰ বিৰুদ্ধে প্রতিবাদী মতবাদ গঢ়ি তাক প্রত্যাহ্বান জনাব পাৰে। আৰু শ্রেণী সচেতনতা জাগ্ৰত কৰি তুলিব পাৰিলে, শ্রেণী সংগ্রামে সফলতা লাভ কৰিব পাৰে যদিহে সামাজিক ৰাজনৈতিক জাগৰণে বিপ্লৱৰ সৃষ্টি কৰিব পাৰে। 

সমাজতত্ত্ব পৰিচয় ( Part – I )

ক্ৰমিক নংপাঠলিংক
1.সমাজতত্ত্ব আৰু সমাজ (Sociology and Society)Click Here
2.বিশেষ অর্থ থকা শব্দ, অৱধাৰণা আৰু সমাজতত্ত্বত ইয়াৰ ব্যৱহাৰ (Terms. Concepts and their use in Sociology)Click Here
3.সামাজিক সংস্থাবোধ (Understanding Social Institutions)Click Here
4.সংস্কৃতি আৰু সামাজিকৰণ (Culture and Socialisation)Click Here
5.সমাজতত্ত্ব অধ্যয়ন : গবেষণা প্রণালী (Doing Sociology: Research Methods)Click Here

সমাজ বোধ ( Part-II )

ক্ৰমিক নংপাঠলিংক
1.সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজৰ সামাজিক প্রক্রিয়া (Social Structure, Stratification and Social Process in Society)Click Here
2.গ্রামীণ আৰুনগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা (Social Change and Social Order in Rural and Urban Society)Click Here
3.পৰিবেশ আৰু সমাজ (Environment and Society)Click Here
4.পাশ্চাত্যৰ সমাজতত্ত্ববিদসকলৰ — এক পৰিচয় (Introduction Western Sociologists)Click Here
5.ভাৰতীয় সমাজতত্ত্ববিদসকল | (Indian Sociologists)Click Here

প্রশ্ন ৫। মার্ক্সৰ শ্ৰেণী সংগ্রাম তত্ত্বৰ এটি বিৱৰণ দিয়া। (Describe Karl Marx’s theory of class struggle.)

উত্তৰঃ কার্লমার্ক্স শ্ৰেণীসংগ্ৰাম তত্ত্বটোৰ সৃষ্টি কৰ্তা। তেওঁ বিশ্বাস কৰে যে সমাজ পৰিৱৰ্তন প্রধান চালিকা শক্তি হ’ল শ্রেণী সংগ্রাম। মার্ক্স আৰু এঞ্জেলে প্ৰকাশ কৰা বিখ্যাত ‘কমিউনিষ্ট মেনিফেষ্টো’ নামৰ গ্ৰন্থখনত উল্লেখ কৰিছে যে—এতিয়ালৈকে ইতিহাসত থকা সমাজবোৰৰ ইতিহাস শ্রেণী সংগ্ৰামৰে ইতিহাস’ (The history of all hitherto existing socialites is the history of class struggle) প্রাচীন কালৰে পৰা থকা মানৰ জাতিৰ ইতিহাসৰ সকলো পর্যায়তে শ্রেণী সংগ্ৰামৰ প্রকৃতি বেলেগ বেলেগ হলেও ই হ’ল উৎপীড়ণকাৰী আৰু মাজৰ শ্ৰেণী সংগ্রাম। যেনে স্বাধীন মানুহ আৰু দাসৰ মাটিৰ মালিক আৰু চাৰ্যৰ, পুঁজিপতি আৰু শ্ৰমিকৰ মাজৰ সংগ্ৰাম। বিভিন্ন সমাজ ব্যৱস্থাত হোৱা ইতিহাসৰ এই সংগ্রামবোৰৰ মূলতে হ’ল–উৎপাদন ব্যবস্থাত পোৱা ইতিহাসৰ এই সংগ্রামবোৰৰমূলতে হ’ল উৎপাদন ব্যৱস্থাৰ মাজত হোৱা সংঘটিৰ পৰা। আধুনিক পুঁজিবাদী ব্যৱস্থাত বুর্জোৱা শ্ৰেণীটোৱে উৎপাদনৰ সকলো উপাদান মালিকী সত্ত্ব হস্তপাত কৰি, শ্রমিক শ্রেণীটোক সম্পূৰ্ণ সর্বহাৰা কৰি কেবল শ্ৰমৰ বিনিময়ত জীয়াই থকাৰ বাবে সামান্য মজুৰীত দিনে বাড়িয়ে উৎপাদনৰ কামত ব্যস্ত ৰাখি শোষণ কৰে। এইদৰে উৎপাদন ব্যৱস্থাৰ মালিক আৰু শ্ৰমিকৰ মাজত যুগে যুগে শোষক আৰু শোষিতৰ মালিক আৰু

শ্রমিকৰ মাজত শ্রেণী সংগ্রাম চলি আহি আছে। এই দুয়োটা শ্ৰেণীৰ নিজৰ নিজৰ স্বাৰ্থতে অবিৰাম সংগ্রাম চলি থাকে কেতিয়াবা লুক ঢাককৈ আৰু কেতিয়াবা মুক্তভাবে সন্মুখা-সম্মুখীকে। অৱশেষত ই এক বিপ্লৱৰ ৰূপ ধাৰণ কৰে আৰু সমাজত এক আমূল পৰিৱৰ্তনৰ সৃষ্টি কৰে। এই সংগ্ৰাম প্ৰকৃত সমাজবাদ প্রতিষ্ঠা নোহোৱালৈকে চলি থাকে বুলি সমাজবাদী সকলো বিশ্বাস কৰে। 

প্রশ্ন ৬। সামাজিক সত্য (fact) কি? এইবোৰক আমি কিদৰে চিনাক্ত কৰিব লাগে ? (What are Social facts? How do you recognise them?)

উত্তৰঃ সমাজ তত্ত্ববিদ দুৰখেইমৰ মতে সমাজ প্রকৃতার্থতে এক সামাজিক সত্য। ইয়াৰ উৎপত্তি হৈছে ব্যক্তিৰ উৰ্দ্ধত একে নৈতিক সম্প্রদায় হিচাপে। এই সামাজিক সত্যৰ বান্ধোনে জনসমষ্টি এটাক এটা গোটত ঐক্যবদ্ধ কৰাটো সমাজ সৃষ্টিৰ বাবে অত্যাৱশ্যকীয়। কাৰণ ইহ’ল সমাজ এখনৰ স্থিতিৰ মূল বস্তু। এই বান্ধোন বা সামাজিক ঐক্যবদ্ধতাই ব্যক্তিসকলৰ ওপৰত এটা হেচা প্ৰয়োগ কৰিছিল, গোটৰ আশা-আকাংক্ষা আৰু প্ৰতিমান আদি নিশ্চিত কৰিবলৈ। এই নিয়ন্ত্রণে ব্যক্তিৰ আচৰণৰ ধৰণ আৰু বৈচিত্ৰতা কিছু পৰিমাণে হলেও সীমিত কৰিছিল। সামাজিক ক্ৰিয়াৰ এই বান্ধোনৰ সীমাবদ্ধতাই আচরণ বিধিৰ ভৱিষ্যৎ বাণী কৰিব পৰা গৈছিল। সেইকাৰণে আচৰণৰ ধৰণৰ লক্ষ্য কৰি, সামাজিক প্রতিমান আচৰণ বিধি আৰু সামাজিক ঐক্যবদ্ধতা আদি চিনাক্ত কৰাটো সম্ভব হৈছিল কাৰণ এইবোৰেই সমাজক শাসন কৰে। গতিকে সামাজিক সত্য ৰাজি একপ্ৰকাৰ অমূর্ত দেখা নাযায় ঠিক ভাবাদর্শ, প্রতিমান

মূল্যবোধ আৰু অন্যান্য আদিৰ দৰে। অৱশ্যে এই আচৰণ ধৰণবোৰ অভিজ্ঞতাবাদী দৃষ্টিৰে অধ্যয়ন কৰি পুনৰীক্ষণ কৰিব পাৰি কাৰণ সমাজত প্ৰত্যেকৰে মাজত সম্পর্ক থাকে। চিন্তাবিদ দুৰখেইমৰ মতে সমূহীয়া চুক্তিৰে ব্যক্তিৰ ওপৰত ন্যস্ত কৰা আচৰণ বিধিতে সামাজিক ঘটনাৰ স্তিতি পোৱা যায়। দৈনন্দিন জীৱনৰ ব্যৱহাৰিক কাৰ্যাৱলীৰ মাজতে ইয়াৰ প্ৰমাণ পোৱা যায়। দুৰখেইমে সমাজৰ যি বৈজ্ঞানিক বুজাপৰাৰ বিকাশ সাধন কৰিব বিচাৰে সেইবোৰ নৈতিক ঘটনাৰাজীৰ স্বীকৃতি ওপৰত নিৰ্ভৰশীল। তেওঁ লিখিছে নৈতিক ঘটনাৰাজী অন্যান্য বাতাবৰণৰ নিচিনা। এইবোৰ হ’ল কিছুমান কর্মনীতি যাৰ কিছুমান স্পষ্ট বৈশিষ্ট্য আছে, কিয়নো এইবোৰক লক্ষ্য কৰিব, বর্ণনা কৰিব, শ্রেণী বিভাজন কৰিব বা ব্যাখ্যা কৰিব পাৰি। নৈতিক আচৰণবোৰ হ’ল কোনো নির্দিষ্ট সামাজিক চৰ্তৰ নিদর্শন। সেইকাৰণে কোনো সমাজত নৈতিকতা বাবে উপযুক্ত হ’লেও আন সমাজৰ বাবে উপযুক্ত নহবও পাৰে। সেইকাৰণে দুৰখেঈমৰ মতে, প্রচলিত সামাজিক পৰিস্থিতি নৈতিক আচৰণৰ পৰাই অনুমান কৰিব পৰা যায়। সেইকাৰণতে সমাজ শাস্ত্ৰৰ প্ৰাকৃতিক বিজ্ঞানৰ লগত মিল থকা বুলি কোৱা হয়। 

প্রশ্ন ৭। সমাজ তত্ত্ব সম্পৰ্কে চিন্তাবিদ দুৰখেইমৰ অৱদান কি? (What are the contributions to sociology of Durkhion’?

উত্তৰঃ এটা নতুন বৈজ্ঞানিক বিষয় হিচাপে চিন্তাবিদ দুৰখেইমে ইয়াৰ সংজ্ঞা দুটা দৃষ্টা ভংগীৰে দিছে। প্রথমে তেওঁৰ মতে সমাজতত্ত্বৰ বিষয় বস্তু হ’ল সামাজিক ঘটনাৰ (Social facts) অবায়ন। ইআন বিজ্ঞানৰ পৰা পৃথক। তেওঁৰ মতে সমাজ শাস্ত্র সম্পূর্ণভাবে ‘জবনী’ পৰ্যায়ৰ লগত জড়িত যিটো নেকি এক জটিল সমূহীয়া জীৱনৰ য’ত সামাজিক বাতাবৰণ প্ৰকৃতি সম্পূর্ণ বাচক অমূর্ষু আমি এই সম্প্রদায়বোৰ দেখা নাপাওঁ যিদৰে আমি এডাল গছৰা ল’ৰা-ছোৱালীবোৰ দেখা পাওঁ, কিন্তু ব্যক্তিৰ গঠিত সামূহিক গোটটো দেখিলেও আমি সমূহৰ সামাজিক আচৰণবোৰ দেখা নাপাওঁ। গতিকে দূৰখেইমে সমাজ শাস্ত্ৰ বা তত্ত্বৰ বিষয়টোৰ অমূৰ্ত্ত সত্তাটোৰ অৰ্থাৎ সামাজিক ঘটনাৰ অমূৰ্ত নেদেখা আচৰণৰ বিষয়ৰ এই বিষয়টোত বুজাইছে। 

প্রশ্ন ৮। আমোলাতন্ত্ৰৰ মূল বৈশিষ্ট্যবোৰ কি কি? (What are the basic characteristics of Bureaucracy?) নাইবা, আমোলাতন্ত্ৰৰ ওপৰত এটি চমু টোকা লিখা। (Write short notes on Bureaucracy)

উত্তৰঃ আমোলাতন্ত্ৰৰ প্ৰধান বৈশিষ্ট্যসমূহ: 

  1. আমোলাতন্ত্ৰৰ নিৰ্দ্ধাৰিত এলেকা (Official jurisdiction) : আমোলাতন্ত্রৰ কামৰ এটা নিৰ্দ্ধাৰিত এলেকা থাকে। এইবোৰ চৰকাৰ নীতি নিয়ম, আইন আৰু প্ৰশাসনীয় নীতিৰে পৰিচালনা কৰা হয়। আমোলাতন্ত্ৰৰ নিয়মীয়া কাৰ্যৰে অফিচৰ কৰ্তব্যবোৰ বিতৰণ কৰি দিয়া হয়।
  2. উচ্চ কৰ্তৃপক্ষই আদেশবোৰ জাৰি কৰে (Higher authorities issues orders) : আমোলাতান্ত্রিক ব্যৱস্থাত উচ্চ কর্তৃপক্ষই তলতীয়া কৰ্মচাৰীক কামবোৰ কাৰ্যকৰীকৰাৰ বাবে। আৱশ্যকীয় আদেশবোৰ জাৰী কৰে। কৰ্মচাৰীয়ে নিজৰ নিজৰ দায়িত্ববোৰ কঠোৰভাৱে সীমা বান্ধি দিয়া থাকে। যিসকলৰ প্ৰয়োজনীয় অৰ্হতা থাকে তেনে লোককহে নিযুক্তি দিয়া হয়। আমোলাতন্ত্ৰত অফিচৰ নিৰ্দিষ্ট স্থানত স্বতন্ত্রতাৰে নিজৰ কৰ্তব্য পালন কৰিব লাগে।
  3. পর্যায়ক্রমে সুশৃংখলতাৰে স্থানবোৰ সজোৱা থাকে (Hierarchical ordering of Positions) : কৰ্মচাৰীসকলৰ কৰ্তৃত্ব অনুযায়ী পর্যায়ক্রমে খলপে খলপে তলৰ পৰা, ওপৰলৈ সজোৱা হয়। উচ্চ পর্যায় বিষয়াই নিম্ন পর্যায় কৰ্মচাৰীৰ কামকাজ নিৰিক্ষণ কৰে। প্রত্যেক বিষয়াৰে উচ্চ বিষয়াৰ ওচৰত বিচাৰৰ বাবে আপিল কৰাৰ অনুমতিৰ সুবিধা দিয়া। যদিয়ে কোনো অসন্তুষ্টি থাকে।
  4. লিখিত নথি-পত্ৰৰ ওপৰত বিশ্বাস (Reliance on Written Document): আমোলাতান্ত্রিক সংগঠনবোৰ লিখিত নথি পত্ৰৰ ওপৰত নিৰ্ভৰ কৰিহে পৰিচালনা কৰা হয়। ফাইলত থকা নথি পত্ৰবোৰ সযতনে সুশৃংখলভাবে ৰখা হয়। অফিচাৰসকলে আলোচনাৰ মাজেৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ নিয়ম। অফিচৰ এটা সামুহিক প্রশাসন (domain) আছে। ব্যক্তিগত সিদ্ধান্ত নচলে।
  5. অফিচ পৰিচালনা (Office Management): অফিচ পৰিচালনা হ’ল এক বিশেষ ধৰণৰ আধুনিক কার্যক্রমনিকা। ইয়াৰ বাবে আৱশ্যক হয় প্রশিক্ষণপ্রাপ্ত, দক্ষতা সম্পন্ন ব্যক্তি। যিয়ে অফিচ পরিচালনা কৰিব পাৰে। 
  6. অফিচৰ আচৰণ (Conduct in Office) : সাধাৰণতে অফিচৰ কাৰ্যাৱলীত কৰ্মচাৰীসকলে, পুরুষ মহিলা নির্বিশেষে অফিচৰ সম্পূর্ণ সময়তে কামত মনোনিবেশ কৰিব লাগে। সেই কাৰণতে অফিচৰ কৰ্মচাৰীৰ অফিচ আচৰণ নীতি-নিয়ম মতে প্রশাসন কৰা হয়। এই প্রশাসনে পুৰুষ বা মহিলাৰ ৰাজহুৱা আচৰণক তেওঁলোকৰ ব্যক্তিগত আচৰণৰ পৰা পৃথক কৰে। যিহেতু অফিচৰ নীতি-নিয়মবোৰ বৈধভাৱে স্বীকৃতিপ্রাপ্ত গতিকে কৰ্মচাৰীসকল তাৰ বাবে দায়বদ্ধ থাকিব লাগে। এইদৰে চিন্তাবিদ ওৱেবে (Max Weleer) আমোলাতন্ত্ৰক এটা আধুনিক ৰাজনৈতিক কর্তৃপক্ষ হিচাপে প্ৰদৰ্শন কৰি কিদৰে এজন ব্যক্তিগত অভিনেতাই (actor) তেওঁলোকৰ দক্ষতা আৰু প্রশিক্ষণ কৌশল আৰু নেষ্ট দায়বদ্ধতা কর্তৃত্বশীলভাবে কার্যকৰী কৰিব পাৰে তাকে দাঙি ধৰিছে।

প্রশ্ন ৯। যান্ত্ৰিক আৰু আংগিক একতাৰ মাজত পাৰ্থক্যবোৰ কি কি ? (What are the differences between ‘mechanical’ and organic solidarity?) 

উত্তৰঃ যান্ত্ৰিক আৰু জৈৱিক সংহতিৰ পাৰ্থক্যবোৰ:

(ক) যান্ত্রিক সংহতি (Mechanical Solidarity) : যান্ত্রিক সংহতি প্রতিষ্ঠিত হৈছিল কম সংখ্যক জনসমষ্টিৰে গঠিত সমাজৰ নিচিনাকৈ ব্যক্তিগত সদস্যসকলৰ দ্বাৰা। ই এনে কছিমান স্বনিৰ্ভৰশীল স্বতন্তৰীয়া সামুহিক গোটৰ দ্বাৰা গঠিত হৈছিল, য’ত বিশেষ গোটবোৰৰ প্রত্যেকজন ব্যক্তিয়ে একে ধৰণ কাৰ্যও বা কামত ব্যস্ত আছিল। যিহেতু তেওঁলোকৰ সভাত সংহতি বা ঐক্যবান্ধোন একে আৰু ব্যক্তিগত সম্পৰ্কৰ তেনে সমাজবোৰ পৃথকতাৰ ক্ষেত্ৰত সহনশীল নহয় আৰু এনে সম্প্ৰদায়ৰ প্ৰতিমান ভংগৰ ক্ষেত্ৰত কঠোৰ শান্তি হয়। আনহাতে যান্ত্রিক সংহতি নিৰ্ভৰশীল সমাজবোৰে, সম্প্ৰদায়ৰ প্ৰতিমানৰ পৰা সদস্যসকল আঁতৰি নোযোৱাটো বন্ধ কৰিবৰ বাবে দমনমূলক আইন আদি ব্যৱহাৰ কৰে। এইটো কৰা হয় কাৰণ ব্যক্তিসকল আৰু সম্প্রদায়বোৰ এনে কঠিনভাৱে সংহত যে আচৰণ বিধি যদি ভংগ কৰা হয়। সম্প্ৰদায়বোৰ ভংগহৈ যাব পাৰে বুলি ভয় থাকে।

(খ) জৈবিক সংহতি (Organic Solidarity) : আংগিক সংহতিয়ে হ’ল আধুনিক সমাজৰ বৈশিষ্ট্য, এই সমাজ প্রধান নিৰ্ভৰ কৰে ইয়াৰ সদস্যসকলৰ বিভিন্নতাৰ ওপৰত। এই সমাজবোৰৰ জনসংখ্যা যথেষ্ট বেছি দেখা যায়, সেইবাবে ইয়াৰ সদস্যৰ ব্যক্তিগত সম্পর্ক নাথাকে। এই সমাজবোৰ সাধাৰণতে সংস্থাবোৰৰ ওপৰতে নিৰ্ভৰশীল। ইয়াৰ সন্নিবিষ্টসমূহ বা গোটবোৰ স্বনিৰ্ভৰশীল নহয়, আন গোটৰ ওপৰত বৰ্তি থাকে, কিন্তু স্বতন্ত্রতাই হ’ল আংগিক সংহতিৰ মূল ভিত্তি। এই সংহতিয়ে সদস্যৰ প্ৰয়োজনীয়ত পৃথক পৃথক হোৱাটো বিচাৰে আৰু তেওঁলোকৰ ভূমিকা বিভিন্ন হোৱাটো বিচাৰে। আধুনিক সমাজৰ আইনবোৰ শুধৰণী মূলক কিন্তু প্রাচীন সমাজব আইনবোবে ভূল কাম কৰা অপৰাধিক শাস্তি প্রদান কৰে। আধুনিক সমাজত ব্যক্তি কিছু পৰিমাণে স্বাধীনতা দিয়া হয় কিন্তু প্রাচীন সমাজৰ ব্যক্তিসকল সমূহৰ লগত মিলি যাব লাগে।

প্রশ্ন ১০। উদ্যোগিক বিপ্লবৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ উদ্যোগ বিপ্লব বা শিল্প বিপ্লব পৃথিৱীত এক যুগান্তকাৰী ঐতিহাসিক বিপ্লব। এই বিপ্লৱৰ সূচনা হৈছিল প্রথমে ইংলেণ্ডত। ১৮ শতিকাৰ শেষৰ ভাগত ১৯ শতিকাৰ আগভাগত ক্রমান্বয়ে লাহে লাহে এই বিপ্লৱৰ সূচনা হৈছিল। এই বিপ্লৱৰ দুটা প্রধান দিশ আছে।

(১) ঔদ্যোগিক উৎপাদন বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ প্ৰৱৰ্ত্তন কৰা। মানুহৰ কায়িক শ্রম লাঘবৰ কাৰণে নতুন যন্ত্র পাতিৰ আবিষ্কাৰ; শক্তিৰ নতুন উৎসৰ সন্ধান আৰু উদ্ভাবন কৰা।

(২) ব্যৱসায়িক ভিত্তিত ‘কেচামাল আমদানি আৰু উৎপাদিত সামগ্ৰীৰ দেশ বিদেশত বিক্রি কৰি বাণিজ্যিক সম্প্ৰসাৰণ ঘটাইছিল। এই বিপ্লব প্রথমে আৰম্ভ হৈছিল বস্ত্ৰ শিল্পৰ উদ্যোগত। ১৭৬৪ চনত হাভিছ নামৰ লোক এজনে স্পিনিং জেনি নামৰ এটা সূতা কটা যন্ত্র আবিষ্কাৰ কৰে। তাৰ পাচত জন কেইয়ে ফ্রাই ছালৈ উৰণীয়া মাকো, কাৰ্টৰাইটে যন্ত্র চালিত তাঁতশাল আবিষ্কাৰ কৰে জেমছ ৱাটে জলশক্তিৰ পৰিৱৰ্তে ভাপৰ দ্বাৰা পৰিচালিত ইঞ্জিন আবিষ্কাৰ কৰে। তাৰ পাচত ষ্টিফেনছনে এই ইঞ্জিনৰ উন্নতি সাধন কৰে। ক্রমান্বয়ে এটা বিপ্লব ফ্রান্স, বেলজিয়াম, জার্মান আদি দেশলৈ বিয়পি পৰে। এই বিপ্লবৰ ফলত সমগ্ৰ ইউৰোপতে বৃহৎ উদ্যোগসমূহ গঢ়ি উঠে? ফলত উৎপাদন পদ্ধতিও আমূল পৰিবৰ্তনে দেখা দিয়ে। এই বিপ্লবেই বৈদেশিক বাণিজ্যৰ প্ৰসাৰণ সাধন কৰে। এই বিপ্লবৰ ফলত ভাৰতৰ শিল্প বিপ্লবৰ ওপৰত বেয়া প্রভাব পেলাইছিল আৰু ভাৰতৰ কুটীৰ শিক্ষৰ অৱনতি ঘটিছিল।

অতিচমু প্রশ্নোত্তৰ Very Short Type Questions and Answers

প্রশ্ন Q.1. পাশ্চাত্যৰ তিনিজন উল্লেখযোগ্য সমাজ তত্ত্ববিদৰ নাম লিখা।(Give the names of three important Western Sociologist)

উত্তৰঃ পাশ্চাত্যৰ উল্লেখযোগ্য সমাজতত্ত্ববিদ তিনিজন : 

  1. কার্লমার্ক্স: (Karl Mark 1818-1883)
  2. ইম্‌লি দুৰখেইম (Emile Durkheim (1858-1917)
  3. মেক্সবোৰ (Max Weber 1864-1920).

প্রশ্ন ২। সমাজতত্ত্ব সৃষ্টিকাৰী তিনিটা বিপ্লৱৰ নাম লিখা। (Write the names of three revolutions, which are related to the emer gence of Sociology.) 

উত্তৰঃ সমাজতত্ত্ব সৃষ্টিকাৰী বিপ্লৱ তিনিটা :

  1.  বৈজ্ঞানিক বিপ্লৱ ( 17th 2nd half-18th Century )
  2. ফৰাচী বিপ্লৱ (1789A.D.) (৩) শিল্প বিপ্লর (Late 18th to 19th)

প্রশ্ন ৩। ফৰাচী বিপ্লৱৰ আদৰ্শ তিনিটা কি কি? (What are the three ideal of French Revolution?)

উত্তৰঃ আদৰ্শ তিনিটা হ’ল―

  1. স্বতা (স্বাধীনতা) (Liberty), 
  2.  সমতা (equality),
  3.  ভাতৃত্ব (Fraternity) 

প্রশ্ন ৪। কোন কোন দেশৰ পৰা কার্লমার্ক্সক দেশান্তৰ কৰিছিল ?

(From which states Karl Mark was excited?) 

উত্তৰঃ সমাজতত্ত্ববিদ কার্লমার্ক্সক– জার্মানী, ফ্রান্স আৰু অষ্ট্ৰিয়াৰ পৰা দেশান্তৰ কৰিছিল।

প্রশ্ন ৫। কার্লমার্ক্সৰ মতে মানব জাতিৰ জীৱন সংগ্ৰামৰ ইতিহাসৰ পৰ্যায় কেইটা কি কি? (What are the phases of the history of Human Struggling of life?) 

উত্তৰঃ প্রাচীন কালৰে পৰা মানব জাতিয়ে তলত উল্লেখ করা পর্যায় কেইটাৰ মাজেৰে ক্ৰমে বিকাশ সাধন কৰা বুলি মার্ক্সে মত প্রকাশ কৰে—

  1. প্রাচীন সাম্যবাদী পর্যায় 
  2.  দাস প্রথা 
  3. সামন্তবাদী প্রথা 
  4. পুঁজিবাদী মতবাত 
  5.  সমাজবাদী মতবাদ। 

প্রশ্ন ৬। অভিজ্ঞতাবাদী বিজ্ঞান বুলিলে কি বুজা? (What do you mean bé Empirical Science?) 

উত্তৰঃ যি অধ্যয়ন নিৰিক্ষণ আৰু পৰীক্ষা আৰু প্ৰমাণৰ দ্বাৰ আৰু অভিজ্ঞতা আদিব ওপৰত নিৰ্ভৰ কৰি কৰা হয় তাকে বিজ্ঞানসম্মত বা অভিজ্ঞতাবাদী বিজ্ঞান (Wmpirical Science) বোলে।

প্রশ্ন ৭। মার্ক্স আৰু এঞ্জেলে ৰচনা কৰা বিখ্যাত গ্রন্থ দুখন কি কি ? (What are the names of the two famous books written by Marx and Engels.?)

উত্তৰঃ  

  1. The Manifesto of the Communist Party (1848)
  2.  The Das Capital Vol-1 (1867)

প্রশ্ন ৮। ঐতিহাসিক বস্তুবাদ বুলিলে কি বুজা? (What do you mean by Historical materialism?)

উত্তৰঃ ঐতিহাসিক বস্তুবাদে মানুহৰ বস্তুবাদী কাৰ্যাৱলীয়ে প্রাকৃতিক জগত সৃষ্টি কৰা উন্নয়নমূলক ফলাফলক বুজায়, পৰিক্ৰম স্বৰূপে যিয়ে মানুহৰ অন্যান্য সংস্থাবোৰ নিৰ্ণয় কৰে।

প্রশ্ন ৯। শোষণ কি? (What is Exploitation?)

উত্তৰঃ শোষণে শ্রমিক বা বনুৱাৰ প্ৰাপ্য মঞ্জুৰীৰ উদ্ধৃত অংশটোৰ পৰা বঞ্জিত কৰি আত্মসাৎ কৰাক বুজায়। 

প্রশ্ন ১০। বুর্জোৱা কোন? (Who are Bourgeoise?)

উত্তৰঃ বুর্জোৱাবোৰ এনে কিছুমান মুষ্টিমেয় ব্যক্তি যিয়ে সমাজত উৎপাদনৰ সকলো আহিলা হস্তগত কৰি, সমাজৰ সকলো ক্ষমতা আৰু সম্পদ আহৰণ কৰে আৰু প্ৰকৃত উৎপাদনকাৰীক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি সকলো ধন নিজৰ হাতত পুঞ্জীভূত কৰে।

প্রশ্ন ১১। বিখ্যাত সমাজতত্ত্ববিদ মেক্সৱেবাৰ কোন দেশৰ আছিল?

উত্তৰঃ জার্মান দেশৰ ।

প্রশ্ন ১২। কার্লমার্ক্স এজন জার্মান দার্শনিক। (হয় নে নহয় লিখা।)

উত্তৰঃ হয়।

শুদ্ধ উত্তৰ বাছি দিয়া প্রশ্নোত্তৰসমূহ (Multiple Choice questions and Answers) 

(1) পাশ্চাত্যৰ সমাজতত্ত্ববিদ জন

(a) এম এন শ্রীনিবাস

(b) জি এছ ঘূৰী

(c) ই দুৰখেইম

(d) ডি পি মুখার্জী

উত্তৰঃ (c) ই দুৰখেইম

(2) কার্লমার্ক্সে লিখা বিখ্যাত গ্রন্থখন-

(a) ‘ডি বিলিজন অব ইন্ডিয়া’ 

(b) এছেজ জন ছোছিয়োলোজি

(c) ‘ডাচ কেপিটেল’

(d) সমাজত শ্রম বিভাজন’

উত্তৰঃ (c) ‘ডাচ কেপিটেল’

(3) ফৰাচী বিপ্লৱ হৈছিল—

(a) 1798 A.D..

(b) 1889 A.D.

(c) 1789A.D.

(d) 1779 A.D.

উত্তৰঃ (c) 1789A.D.

(4)17 শতিকাত শিল্প বিপ্লৱ প্রথমে আৰম্ভ হৈছিল

(a) ফ্রান্সত

(b) জার্মানীত

(c) আমেৰিকাত

(d) ইংলেণ্ডত

উত্তৰঃ (d) ইংলেণ্ডত

(5) অর্থনৈতিক বিপ্লৱটো হ’ল

(a) ফৰাচী বিপ্লৱ 

(b) শিল্প বিব্লপ

(c) গৌৰৱময় বিপ্লব

(b) ফৰাচী বিপ্লৱ

উত্তৰঃ (b) শিল্প বিব্লপ

(6) কার্লমার্ক্সৰ জন্ম হৈছিল

(a) 1981A.D.

(b) 1781A.D.

(c) 1818A.D.

(d) 1882 ADM

উত্তৰঃ (c) 1818A.D.

(7) মার্ক্সৰ মতে মানব সংগ্ৰামত শেষ পর্যায়টো—

(a) সামন্তবাদ

(b) সাম্যবাদ

(c) পুঁজিবাদ 

(d) সমাজবাদ

উত্তৰঃ (d) সমাজবাদ

(৪) ইমলে দুৰখেইমৰ জন্ম হৈছিল—

(a) 1881 (May)

(b) 1858 (April)

(c) 1857 (April)

(d) 1962 (June)

উত্তৰঃ (b) 1858 (April)

(9) সমাজতত্ত্বৰ জন্ম হৈছিল–

(a) 1830 AD

(b) 1730 AD

(c) 1834AD

(d) 1835 AD

উত্তৰঃ (a) 1830 AD

(10) মেক্স ওৱেবাৰ আছিল–

(a) জার্মান 

(b) ইংলিচ

(c) ফ্ৰেন্স

(d) অস্ট্রিয়ান

উত্তৰঃ (a) জার্মান

(11) ‘Division of Labour in Society’ কোনে লিখিছিল—

(a) ইমলে দুৰখেইমে

(b) মেক্স ওরেবাৰে

(c) কার্লমার্ক্সে

(d) মেক্ আইভাবে।

উত্তৰঃ (a) ইমলে দুৰখেইমে

(12) কার্লমার্ক্সৰ বন্ধুজন

(a) লেনিন

(b) ইমলে দুখেইম

(c) ফ্রেডেবিক এঞ্জেল

(d) ষ্টেলিন

উত্তৰঃ (c) ফ্রেডেবিক এঞ্জেল

(13) কোনটো বিপ্লব ক্রমবিকশিত—

(a) ৰুচ বিপ্লৱ 

(b) ফৰাচী বিপ্লৱ

(c) শিল্প বিপ্লৱ

(d) গৌৰৱময় বিপ্লৱ

উত্তৰঃ (c) শিল্প বিপ্লৱ

(14) কার্ল মার্ক্স আছিল—

(a) দার্শনিক

(b) সমাজতত্ত্ববিদ

(c) শিক্ষাবিদ

(d) (d) বিপ্লৱী

উত্তৰঃ (b) সমাজতত্ত্ববিদ

(15) পুঁজিবাদীসমাজৰ পৰিবৰ্তন আনিব ভুক্তভোগীসকলে—

(a) বুর্জোৱাসকলে 

(b) শ্রমিকসকলে

(c) বিপ্লৱীসকলে 

(d) সৰ্বহাৰাসকলে

উত্তৰঃ (b) শ্রমিকসকলে

(16) উৎপাদনৰ আহিলা বা উপাদান নহয়

(a) ভূমি

(b) শ্রম

(c) মূলধন

(d) বজাৰ

উত্তৰঃ (d) বজাৰ

(17) মার্ক্সৰ মতে কোনটো ঐতিহাসিক উৎপাদন পর্যায় নহয়

(a) প্রাচীন সাম্যবাদ 

(b) সামন্তবাদ

(c) সমাজবাদ 

(d) পুঁজিবাদ

উত্তৰঃ (c) সমাজবাদ

(18) মার্ক্সৰ কি আমূল পৰিবৰ্তনৰ ৰাজনৈতিক মতবাদৰ বাবে তেওঁক দেশান্তৰ কৰা হৈছিল—

(a) পুঁজিবাদীমতবাদ

(b) সমাজবাদীমতবাদ

(c) মার্ক্সবাদী মতবাদ

(d) সমাজবাদী মতবাদ

উত্তৰঃ (c) মার্ক্সবাদী মতবাদ

(19) জীৱনৰ অতিমূল্যবান সময়ত দেশান্তৰিত হৈ থকা কালছোৱাত কোন দেশে আশ্রয়দি তেওঁৰ নিৰ্ভীক চিৰসত্য তত্ত্বৰ প্ৰকাশ কৰিবলৈ সুবিধা দিছিল ?

(a) জার্মানীয়ে

(b) ফ্রান্সে

(c) ইংলেণ্ডে

(d) অস্ট্রিয়াই

উত্তৰঃ (c) ইংলেণ্ডে

(20) মেক্স ওৱেবাৰ কোন দেশৰ নাগৰিক আছিল?

(a) ইংলেণ্ডৰ 

(b) জার্মানীৰ

(c) ফ্ৰান্সৰ

(d) পোলেণ্ডৰ 

উত্তৰঃ (b) জার্মানীৰ

(21) তল কোনখন গ্রন্থ মেক্স ওৱেবাৰে লিখা নহয়

(a) Essays in Sociology.

(b) The Religion of India

(c) The Methodology of the Social Science 

(d) The Division of Labour in Society

উত্তৰঃ (a) Essays in Sociology

(22) ইমলে দুৰখেইম আছিল—

(a) এজন দার্শনিক

(b) সমাজতত্ত্ববিদ

(c) জুইচ ধর্মজ্ঞ লোক

(d) শিক্ষাবিদ 

উত্তৰঃ (d) শিক্ষাবিদ

(23) মার্ক্সে উৎপীড়ণ আৰু শোষণ কোনে শেষ কৰিব বুলি কৈছে?

(a) পুঁজিপতিসকলে

(b) শ্রমিকসকলে

(c) চার্ফসকলে

(d) সাম্যবাদীসকলে

উত্তৰঃ (b) শ্রমিকসকলে

(24) শিল্প বিপ্লৱৰ প্ৰথম উদ্যোগ আছিল—

(a) লো-তীখা উদ্যোগ 

(b) মৰাপাট উদ্যোগ

(c) বস্ত্ৰ উদ্যোগ 

(d) কৃষি উদ্যোগ

উত্তৰঃ (c) বস্ত্ৰ উদ্যোগ

সমাজতত্ত্ব পৰিচয় ( Part – I )

ক্ৰমিক নংপাঠলিংক
1.সমাজতত্ত্ব আৰু সমাজ (Sociology and Society)Click Here
2.বিশেষ অর্থ থকা শব্দ, অৱধাৰণা আৰু সমাজতত্ত্বত ইয়াৰ ব্যৱহাৰ (Terms. Concepts and their use in Sociology)Click Here
3.সামাজিক সংস্থাবোধ (Understanding Social Institutions)Click Here
4.সংস্কৃতি আৰু সামাজিকৰণ (Culture and Socialisation)Click Here
5.সমাজতত্ত্ব অধ্যয়ন : গবেষণা প্রণালী (Doing Sociology: Research Methods)Click Here

সমাজ বোধ ( Part-II )

ক্ৰমিক নংপাঠলিংক
1.সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজৰ সামাজিক প্রক্রিয়া (Social Structure, Stratification and Social Process in Society)Click Here
2.গ্রামীণ আৰুনগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা (Social Change and Social Order in Rural and Urban Society)Click Here
3.পৰিবেশ আৰু সমাজ (Environment and Society)Click Here
4.পাশ্চাত্যৰ সমাজতত্ত্ববিদসকলৰ — এক পৰিচয় (Introduction Western Sociologists)Click Here
5.ভাৰতীয় সমাজতত্ত্ববিদসকল | (Indian Sociologists)Click Here

This Post Has One Comment

Leave a Reply