HS first Year Sociology Chapter 5 – সমাজতত্ত্ব অধ্যয়ন : গবেষণা প্রণালী

HS first Year Sociology Chapter 5 – সমাজতত্ত্ব অধ্যয়ন : গবেষণা প্রণালী । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS first Year Sociology Chapter 5 – সমাজতত্ত্ব অধ্যয়ন : গবেষণা প্রণালী AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS first Year Sociology Chapter 5 – সমাজতত্ত্ব অধ্যয়ন : গবেষণা প্রণালী

পাঠ্যপুথিৰ ৰচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। কি কাৰণে বৈজ্ঞানিক প্ৰণালীৰ প্ৰশ্ন ‘সমাজতত্ত্বত’ বিশেষভাবে গুৰুত্বপূৰ্ণ ? (Why is the question of scientific method particularly important in sociology?)

উত্তৰ : (১) সমাজতত্ত্বক সাধাৰণতে সমাজ বিজ্ঞান বুলিয়ে জনা যায়। সেইকাৰণে সমাজতত্ত্ব অধ্যয়নৰ বাবে বৈজ্ঞানিক প্রণালী বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। 

(২) সমাজ বিজ্ঞানৰ লগত বহুতো অন্যান্য বিষয় সম্পর্ক আছে। সমাজতত্ত্বই এনে কিছুমান বিষয় অধ্যয়ন কৰে, যিবোৰৰ বিষয়ে প্ৰায়ভাগ লোকেই পৰিচিত। আমি সকলোৱে সমাজত বাস কৰো আৰু সমাজতত্ত্বৰ বহুতো বিষয় বস্তুৰ বিষয়ে আমি ভালেমান কথা জানো। আমি সমাজৰ কিছুমান গোট, সংস্থা, প্রতিমান, সম্পর্ক অভিজ্ঞতাৰ পৰা জানিব পাৰো।

(৩) সমাজতত্ত্বক সমাজ বিজ্ঞান বুলি কোৱা হয়। এই বিষয়ৰ সমাজতত্ত্ববিদসকলক সমাজ বিজ্ঞানী বুলি কোৱা হয়। এই বৈজ্ঞানিক বিষয়সমূহক অধ্যয়ন কৰাৰ কিছুমান প্ৰণালী আছে যাৰ দ্বাৰা এই বিষয়বোৰৰ জ্ঞান আহৰণ কৰা হয়। সেয়েহে সমাজতত্ত্বত প্রণালীভিত্ত্বিক অধ্যয়নৰ গুৰুত্ব আছে। সেইকাৰণে সামগ্রিকভাৱে এজন সমাজতত্ত্ববিদে নিজকে সমাজৰ আন ব্যক্তিৰ পৰা পৃথক বুলি দাবী কৰে। তেওঁ কি জানে, বা কিমান জানে সেইটো আচল কথা নহয়, কোনবোৰ প্ৰণালীবে জ্ঞান আহৰণ কৰে সেইটোহে আচল কথা। সেইবাবে সমাজতত্ত্ব অধ্যয়নত বৈজ্ঞানিক প্ৰণালীৰ গুৰুত্ব আছে।

(৪) সমাজতত্ত্বৰ পণ্ডিতসকলৰ জনসাধাৰণৰ জীৱনৰ অভিজ্ঞতাৰ ওপৰত গভীৰ আগ্ৰহ দেখা যায়। উদাহৰণ স্বৰূপে সমাজতত্ত্ববিদসকলে যেতিয়া সামাজিক পৰিঘটনাবোৰ অধ্যয়ন কৰে তেওঁলোকে বন্ধুত্ব বা ধর্ম নাইবা বজাৰৰ দৰদাম কৰা চুক্তি আদিৰ দৰে বিষয়ৰ ওপৰত সাধাৰণ দৰ্শকৰ ভাব মতাদর্শ আৰু অনুভূতিবোৰকো অধ্যয়ন কৰিবলৈ চেষ্টা কৰে। যিবোৰ ব্যক্তিক অধ্যয়ন কৰে তেওঁলোকৰ মনোভাবকো প্রাধান্য দিয়ে। এই কাৰণে সমাজতত্ত্ব অধ্যয়নত বৈজ্ঞানিক প্ৰণালীৰ বিশেষ গুৰুত্ব অতি আৱশ্যক।

(৫) সমাজতত্ত্ববিদসকলে যিবোৰ ব্যক্তিক অধ্যয়ন কৰে, তেওঁলোকৰ মনোভাবক প্রধান্য দিবলৈ যত্ন কৰে। সেইসকলৰ দৃষ্টিভংগীৰেই পৰিঘটনাসমূহ চাবলৈ চেষ্টা কৰে। আনহাতে সংস্কৃতিভেদে এজন মানুহে বন্ধুত্বক কিদৰে লয়, আন এজনে পূজা-পাতল কৰোতে কি ভাবে? কোনো বস্তু দৰদাম কৰোঁতে বা বেটোতা আৰু কিনোতাৰ মাজৰ ভাব ভংগী কেনে তাকো সমাজতত্ত্ববিদসকলে অধ্যয়ন কৰে। মুঠতে সমাজতত্ত্বই সমাজৰ বিভিন্ন কার্যত জড়িত আন্তক্রিয়াত ব্যক্তিৰ জীৱন্ত প্রকাশবোৰ সমাজতত্ত্ববিদসকলে মনোযোগেৰে বৈজ্ঞানিকভাৱে অধ্যয়ন কৰে নিৰ্ধাৰিত কোনো বৈজ্ঞানিক প্ৰণালীৰ মাজেৰে।

(৬) সাধাৰণতে সমাজতত্ত্ববিদসকলে উক্ত পৰিঘটনাৰ প্ৰণালীভিত্তিক অধ্যয়নৰ জৰিয়তে জানৰ সৃষ্টি কৰি ইয়াক বিজ্ঞানসম্মত বুলি দাবী কৰে। বিজ্ঞানক বস্তুবাদী বুলি, বাস্তৱ ঘটনাৰ ওপৰত প্রতিষ্ঠিত জ্ঞান হিচাপে গণ্য কৰা হয়। কিন্তু ইয়াক প্ৰতিপন্ন কৰা সমাজ বিজ্ঞানৰ ক্ষেত্ৰত প্ৰাকৃতিক বিজ্ঞানৰ দৰে সহজ নহয়।

মঠতে সমাজতত্ত্বই মানুহৰ জীৱন্ত অভিজ্ঞতাবোৰ অধ্যয়ন কৰাত গুৰুত্ব আৰোপ কৰে। সমাজতত্ত্ববিদে বহুতো সামাজিক পৰিঘটনা অধ্যয়ন কৰে। বিভিন্ন ব্যক্তিৰ দৃষ্টিভংগী অধ্যয়ন কৰিবলৈ সমাজতত্ত্বই বিশেষ কিছুমান প্রণালী গ্রহণ করে। সেইবাবে সমাজতত্ত্ব অধ্যয়নত প্রণালী প্ৰয়োগৰ বিশেষ গুরুত্ব আছে। 

প্রশ্ন ২। সমাজতত্ত্বত বস্তুনিষ্ঠতা জটিলতাৰ কাৰণবোৰ কি কি ? কেইটিমান আলোচনা কৰা। (What are some of the reasons for objectivity being more complicated in social science, particularly disciplines like sociology?)

উত্তৰ ঃ (১) বস্তুনিষ্ঠতাৰ অৰ্থঃ ‘বস্তুনিষ্ঠতা’ শব্দটোৱে পক্ষপাতহীনতাক বা নিৰপেক্ষতাক অথবা বাস্তৱ তথ্যৰ ওপৰত প্ৰতিষ্ঠিতিকে বুজায়।

(২) বস্তুনিষ্ঠতাৰ আৱশ্যকীয় চর্ত : কোনো এটা বস্তুৰ ক্ষেত্ৰত বস্তুনিষ্ঠ হ’বলৈ হ’লে আমাৰ সেই বস্তুটোৰ প্ৰতি থকা অনুভূতি বা মনোভাব আওকাণ কৰিব লাগিব। আনহাতে ব্যক্তিনিষ্ঠতা শব্দটোৱে ব্যক্তিৰ নিজৰ মূল্যবোধ আৰু ভালপোৱা বেয়াপোৱাক অগ্ৰাধিকাৰ দিয়াটোক বুজায়। মুঠতে বিজ্ঞানৰ প্ৰধান বৈশিষ্ট্য হৈছে বস্তুনিষ্ঠতা, যি গুণৰ দ্বাৰা বিজ্ঞানে তথ্যভিত্তিক জ্ঞান আহৰণ কৰে। কিন্তু প্রাকৃতিক বিজ্ঞানত এই বস্তুনিষ্ঠতা আহৰণ কৰা যিমান সহজ সামাজিক বিজ্ঞানত ই সিমান সহজ নহয়।

(৩) সমাজতত্ত্বৰ ক্ষেত্ৰত বস্তুনিষ্ঠতা আহৰণৰ জটিলতাসমূহ : 

(a) বিজ্ঞান সদায়ে এক তথ্যভিত্তিক জ্ঞান হোৱাটো আশা কৰা হয়। কিন্তু প্রাকৃতিক বিজ্ঞানৰ ক্ষেত্ৰত ইয়াক যিমান সহজে আহৰণ কৰিব পাৰি সমাজ বিজ্ঞানৰ ক্ষেত্ৰত সিমান সহজে নোৱাৰি। কিছুমান জটিলতা থাকে।

(b) উদাহরণস্বরূপে যেতিয়া এজন ভূতত্ত্ববিদ আৰু এজন উদ্ভিদ বিজ্ঞানীয়ে ক্ৰমে এডোখৰ শিল আৰু এবিধ উদ্ভিদৰ বিষয়ে অধ্যয়ন কৰে, তেওঁলোকে সচেতনতাৰে থাকি কোনো প্রকারে পক্ষপাতিত্বমূলক মনোভাবক প্রশ্রয় দিব নালাগিব। নিৰপেক্ষভাৱে, পক্ষপাতিত্বহীনতাৰে, কোনো প্ৰকাৰ সূত্ৰৰ দ্বাৰা প্রভাবিত হ’ব নালাগিব। প্রাকৃতিক জগতৰ ক্ষেত্ৰত শিল আৰু উদ্ভিদৰ নিরপেক্ষ গবেষণা সহজে হ’ব পাৰে, কিন্তু সমাজবিজ্ঞানী সকলে সমাজবিজ্ঞানৰ বিশেষকৈ সমাজতত্ত্বৰ গবেষণা কৰোঁতে সমাজতত্ত্ববিদসকলে মানৱীয় সম্বন্ধৰে বান্ধ খাই, প্ৰভাৱিত হৈ নিৰপেক্ষ প্রতিবেদন দিয়াত অসুবিধা হ’ব পাৰে বা সমস্যায় বাধা দিব পাৰে।

(৪) পক্ষপাতমূলক সমস্যা ও সমাজতত্ত্ববিদসকলে একে মানবীয় সমস্যাৰ সম্বন্ধৰে বান্ধ যাই থাকে। তেওঁলোকও সাধাৰণ মানুহৰ দৰে পচন্দ-অপচন্দ ভাবধাৰাৰে সম্পর্কিত, তেওঁলোক তেনে ভাবৰ পৰা মুক্ত নহয়। যদি তেওঁ কোনো পাৰিবাৰিক সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰিব লগা হয়, তেনে ক্ষেত্ৰত তেওঁৰ নিজৰ জীৱনৰ অভিজ্ঞতাই তেওঁক প্ৰভাৱিত কৰাটো স্বাভাৱিক। কাৰণ প্ৰতিজন ব্যক্তিৰ নিজৰ নিজৰ সামাজিক মূল্যবোধ বা প্রতিকূল পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাবনা থাকে। আনহাতে যেতিয়া কোনো সমাজতত্ত্ববিদে আন কোনো জাতি বা ধর্মীয় সম্প্ৰদায়ৰ বিষয়ে অধ্যয়ন কৰে, আনমানুহে পোষণ কৰা মনোভাবৰ দ্বাৰা গৱেষক সমাজতত্ত্ববিদজন প্রভাবিত হ’ব পাৰে।

(৫) সমাজতত্ত্ববিদসকলে এনেবোৰ প্রভাবৰ পৰা নিজকে মুক্ত কৰি বস্তুনিষ্ঠ, নিৰপেক্ষ, পক্ষপাতহীন সিদ্ধান্ত এটা দিব পৰাটোৱে সমাজবিজ্ঞানৰ উদ্দেশ্য। তাকে কৰিবলৈ হ’লে প্ৰথম পদক্ষেপত গৱেষক-সমাজতত্ত্ববিদসকলে অধ্যয়ন কৰিব লগীয়া বিষয় বস্তুৰ ওপৰত ধাৰণা আৰু ভাবাদর্শ নিশ্চিত কৰি ল’ব লাগে। তেওঁ নিজকে বাহিৰৰ পৰ্যবেক্ষক ৰূপে নিয়োগ কৰিব লাগে। তেওঁ নিজৰ স্থিতি ৰক্ষা কৰি পৰিস্থিতিৰ বুজ ল’ব লাগে আৰু গৱেষণাক আনৰ দৃষ্টিভংগীৰে আগবঢ়াব লাগে। এনে কৌশলক আত্মপ্রতিফলন কৌশল বুলি কোৱা হয়। গৱেষকজনে এই কৌশলেৰে সংগ্ৰহ কৰা মনোভাববোৰক তেওঁৰ নিজৰ প্ৰতিফলনেৰে চাব লাগে আৰু অধ্যয়ন কৰা লোকসকলৰ মনোভাব, তেওঁলোকৰ দৃষ্টিভংগীৰে পূৰ্ণপৰ্যায়ত গ্ৰহণ কৰাৰ চেষ্টা কৰিব লাগে। গৱেষকজনে যিমানে আত্মপ্রতিফলনতা অৱলম্বন নকৰক কিয় তথাপি পক্ষপাতিত্বৰ অৱকাশ থাকি যাব পাৰে। এই ক্ষেত্ৰত যাৰ পৰা পক্ষপাতিত্বৰ মনোভাব অহাৰ সম্ভাৱনা থাকে সেইবোৰ উৎস কৌশলেৰে নিৰীক্ষণ কৰিব লাগে।

(৬) প্রকৃত সত্য আৰু সমাজতত্ত্ববিদ : কোনো ক্ষেত্ৰত বস্তুনিষ্ঠতা গুণ ৰক্ষা কৰাত আন কিছুমান সমস্যাই দেখা দিয়ে। প্রকৃত সত্য কি এই ক্ষেত্ৰত মানুহে নানা কথা আৰু ভাষ্য দাঙি ধৰে আৰু নিজৰ সুবিধামতে বেলেগ বেলেগ দৃষ্টিৰে চাব খোজে। সেইবাবে বাস্তৱক প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত নানা সামাজিক বিশ্লেষণ দাঙি ধৰি গ্রহণযোগ্যতাৰ ক্ষেত্ৰত প্ৰতিযোগিতাৰ মনোভাবেৰে নানা প্রশ্নৰ অৱতাৰণা কৰে। এই ক্ষেত্ৰত উদাহৰণ স্বৰূপে— বস্তুৰ উচিত মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত বেচোঁতা আৰু কিনোতাৰ মাজত মতভেদ থাকে। সেইদৰে ভাল খাদ্য আৰু বেয়া খাদ্যৰ ‘ধাৰণা’ বিভিন্ন জনৰ মানত একে নহ’ব পাৰে। এনে ধৰণৰ কক্ষবোৰত কোনটো ভাল কোনটো বেয়া তাক বিচাৰ কৰি সঠিকভাৱে নিৰ্ধাৰণ কৰাৰ কোনো সহজ পন্থা নাই। এনেবোৰ চিন্তাই মানুহক সহায় নকৰে। সমাজতত্ত্বৰ এই দিশত বিচাৰ নকৰে।

এইদৰে বস্তুনিষ্ঠতা ৰক্ষা কৰাৰ ক্ষেত্ৰত নানা সমস্যা দেখা দিয়ে। সমাজ বিজ্ঞানৰ বিভিন্ন শাখাৰ নিজা সুকীয়া সুকীয়া অধ্যয়ন দৃষ্টিভংগী থাকে। সমাজতত্বক বহুবিকল্প নির্দেশিত বিজ্ঞান হিচাপে জনা যায়। মুঠতে বিজ্ঞানৰ বিভিন্ন শাখাৰ চিন্তা-চৰ্চাৰ কেন্দ্ৰবোৰৰ মাজত প্রতিযোগিতামুখী উন্নতি হ’ব ধৰিছে আৰু বহুতো চিন্তাকেন্দ্ৰৰ সমাবেশ ঘটিছে। এই ধৰণৰ সমস্যাবোৰে প্ৰমাণ কৰে যে বস্তুনিষ্ঠতা এটা কঠিন আৰু জটিল বিষয়। বর্তমান সমাজ বিজ্ঞানীবোৰে বস্তুনিষ্ঠতাৰ ধাৰণাবোৰ সহজে বিশ্বাস নকৰে। কাৰণ এই ধাৰণাবোৰে বিপথে পৰিচালিত করে। আচলতে বস্তুনিষ্ঠতাৰ অৰ্থ হ’ল নিৰৱছিন্ন প্ৰক্ৰিয়াৰে উপনীত হ’ব বিচৰা কোনো এক লক্ষ্য হে। ই প্রাপ্য ফলাফল নহয়।

সমাজতত্ত্ব পৰিচয় ( Part – I )

ক্ৰমিক নংপাঠলিংক
1.সমাজতত্ত্ব আৰু সমাজ (Sociology and Society)Click Here
2.বিশেষ অর্থ থকা শব্দ, অৱধাৰণা আৰু সমাজতত্ত্বত ইয়াৰ ব্যৱহাৰ (Terms. Concepts and their use in Sociology)Click Here
3.সামাজিক সংস্থাবোধ (Understanding Social Institutions)Click Here
4.সংস্কৃতি আৰু সামাজিকৰণ (Culture and Socialisation)Click Here
5.সমাজতত্ত্ব অধ্যয়ন : গবেষণা প্রণালী (Doing Sociology: Research Methods)Click Here

সমাজ বোধ ( Part-II )

ক্ৰমিক নংপাঠলিংক
1.সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজৰ সামাজিক প্রক্রিয়া (Social Structure, Stratification and Social Process in Society)Click Here
2.গ্রামীণ আৰুনগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা (Social Change and Social Order in Rural and Urban Society)Click Here
3.পৰিবেশ আৰু সমাজ (Environment and Society)Click Here
4.পাশ্চাত্যৰ সমাজতত্ত্ববিদসকলৰ — এক পৰিচয় (Introduction Western Sociologists)Click Here
5.ভাৰতীয় সমাজতত্ত্ববিদসকল | (Indian Sociologists)Click Here

প্রশ্ন ৩। সমাজতত্ত্বত “বস্তুতাত্ত্বিকতা (objectivity) এক জটিল বিষয়।’ ইয়াৰ প্ৰধান কাৰণবোৰ আলোচনা কৰা। (How do sociologists try to deal with these difficulties and strive for objectivity?)

উত্তৰ :(১) বস্তুনিষ্ঠতাৰ অৰ্থঃ ‘বস্তুনিষ্ঠতা’ শব্দটোৱে পক্ষপাতহীনতাক বা নিৰপেক্ষতাক অথবা বাস্তৱ তথ্যৰ ওপৰত প্ৰতিষ্ঠিতিকে বুজায়।

(২) বস্তুনিষ্ঠতাৰ আৱশ্যকীয় চর্ত : কোনো এটা বস্তুৰ ক্ষেত্ৰত বস্তুনিষ্ঠ হ’বলৈ হ’লে আমাৰ সেই বস্তুটোৰ প্ৰতি থকা অনুভূতি বা মনোভাব আওকাণ কৰিব লাগিব। আনহাতে ব্যক্তিনিষ্ঠতা শব্দটোৱে ব্যক্তিৰ নিজৰ মূল্যবোধ আৰু ভালপোৱা বেয়াপোৱাক অগ্ৰাধিকাৰ দিয়াটোক বুজায়। মুঠতে বিজ্ঞানৰ প্ৰধান বৈশিষ্ট্য হৈছে বস্তুনিষ্ঠতা, যি গুণৰ দ্বাৰা বিজ্ঞানে তথ্যভিত্তিক জ্ঞান আহৰণ কৰে। কিন্তু প্রাকৃতিক বিজ্ঞানত এই বস্তুনিষ্ঠতা আহৰণ কৰা যিমান সহজ সামাজিক বিজ্ঞানত ই সিমান সহজ নহয়।

(৩) সমাজতত্ত্বৰ ক্ষেত্ৰত বস্তুনিষ্ঠতা আহৰণৰ জটিলতাসমূহ : 

(a) বিজ্ঞান সদায়ে এক তথ্যভিত্তিক জ্ঞান হোৱাটো আশা কৰা হয়। কিন্তু প্রাকৃতিক বিজ্ঞানৰ ক্ষেত্ৰত ইয়াক যিমান সহজে আহৰণ কৰিব পাৰি সমাজ বিজ্ঞানৰ ক্ষেত্ৰত সিমান সহজে নোৱাৰি। কিছুমান জটিলতা থাকে।

(b) উদাহরণস্বরূপে যেতিয়া এজন ভূতত্ত্ববিদ আৰু এজন উদ্ভিদ বিজ্ঞানীয়ে ক্ৰমে এডোখৰ শিল আৰু এবিধ উদ্ভিদৰ বিষয়ে অধ্যয়ন কৰে, তেওঁলোকে সচেতনতাৰে থাকি কোনো প্রকারে পক্ষপাতিত্বমূলক মনোভাবক প্রশ্রয় দিব নালাগিব। নিৰপেক্ষভাৱে, পক্ষপাতিত্বহীনতাৰে, কোনো প্ৰকাৰ সূত্ৰৰ দ্বাৰা প্রভাবিত হ’ব নালাগিব। প্রাকৃতিক জগতৰ ক্ষেত্ৰত শিল আৰু উদ্ভিদৰ নিরপেক্ষ গবেষণা সহজে হ’ব পাৰে, কিন্তু সমাজবিজ্ঞানী সকলে সমাজবিজ্ঞানৰ বিশেষকৈ সমাজতত্ত্বৰ গবেষণা কৰোঁতে সমাজতত্ত্ববিদসকলে মানৱীয় সম্বন্ধৰে বান্ধ খাই, প্ৰভাৱিত হৈ নিৰপেক্ষ প্রতিবেদন দিয়াত অসুবিধা হ’ব পাৰে বা সমস্যায় বাধা দিব পাৰে।

(৪) পক্ষপাতমূলক সমস্যা ও সমাজতত্ত্ববিদসকলে একে মানবীয় সমস্যাৰ সম্বন্ধৰে বান্ধ যাই থাকে। তেওঁলোকও সাধাৰণ মানুহৰ দৰে পচন্দ-অপচন্দ ভাবধাৰাৰে সম্পর্কিত, তেওঁলোক তেনে ভাবৰ পৰা মুক্ত নহয়। যদি তেওঁ কোনো পাৰিবাৰিক সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰিব লগা হয়, তেনে ক্ষেত্ৰত তেওঁৰ নিজৰ জীৱনৰ অভিজ্ঞতাই তেওঁক প্ৰভাৱিত কৰাটো স্বাভাৱিক। কাৰণ প্ৰতিজন ব্যক্তিৰ নিজৰ নিজৰ সামাজিক মূল্যবোধ বা প্রতিকূল পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাবনা থাকে। আনহাতে যেতিয়া কোনো সমাজতত্ত্ববিদে আন কোনো জাতি বা ধর্মীয় সম্প্ৰদায়ৰ বিষয়ে অধ্যয়ন কৰে, আনমানুহে পোষণ কৰা মনোভাবৰ দ্বাৰা গৱেষক সমাজতত্ত্ববিদজন প্রভাবিত হ’ব পাৰে।

(৫) সমাজতত্ত্ববিদসকলে এনেবোৰ প্রভাবৰ পৰা নিজকে মুক্ত কৰি বস্তুনিষ্ঠ, নিৰপেক্ষ, পক্ষপাতহীন সিদ্ধান্ত এটা দিব পৰাটোৱে সমাজবিজ্ঞানৰ উদ্দেশ্য। তাকে কৰিবলৈ হ’লে প্ৰথম পদক্ষেপত গৱেষক-সমাজতত্ত্ববিদসকলে অধ্যয়ন কৰিব লগীয়া বিষয় বস্তুৰ ওপৰত ধাৰণা আৰু ভাবাদর্শ নিশ্চিত কৰি ল’ব লাগে। তেওঁ নিজকে বাহিৰৰ পৰ্যবেক্ষক ৰূপে নিয়োগ কৰিব লাগে। তেওঁ নিজৰ স্থিতি ৰক্ষা কৰি পৰিস্থিতিৰ বুজ ল’ব লাগে আৰু গৱেষণাক আনৰ দৃষ্টিভংগীৰে আগবঢ়াব লাগে। এনে কৌশলক আত্মপ্রতিফলন কৌশল বুলি কোৱা হয়। গৱেষকজনে এই কৌশলেৰে সংগ্ৰহ কৰা মনোভাববোৰক তেওঁৰ নিজৰ প্ৰতিফলনেৰে চাব লাগে আৰু অধ্যয়ন কৰা লোকসকলৰ মনোভাব, তেওঁলোকৰ দৃষ্টিভংগীৰে পূৰ্ণপৰ্যায়ত গ্ৰহণ কৰাৰ চেষ্টা কৰিব লাগে। গৱেষকজনে যিমানে আত্মপ্রতিফলনতা অৱলম্বন নকৰক কিয় তথাপি পক্ষপাতিত্বৰ অৱকাশ থাকি যাব পাৰে। এই ক্ষেত্ৰত যাৰ পৰা পক্ষপাতিত্বৰ মনোভাব অহাৰ সম্ভাৱনা থাকে সেইবোৰ উৎস কৌশলেৰে নিৰীক্ষণ কৰিব লাগে।

(৬) প্রকৃত সত্য আৰু সমাজতত্ত্ববিদ : কোনো ক্ষেত্ৰত বস্তুনিষ্ঠতা গুণ ৰক্ষা কৰাত আন কিছুমান সমস্যাই দেখা দিয়ে। প্রকৃত সত্য কি এই ক্ষেত্ৰত মানুহে নানা কথা আৰু ভাষ্য দাঙি ধৰে আৰু নিজৰ সুবিধামতে বেলেগ বেলেগ দৃষ্টিৰে চাব খোজে। সেইবাবে বাস্তৱক প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত নানা সামাজিক বিশ্লেষণ দাঙি ধৰি গ্রহণযোগ্যতাৰ ক্ষেত্ৰত প্ৰতিযোগিতাৰ মনোভাবেৰে নানা প্রশ্নৰ অৱতাৰণা কৰে। এই ক্ষেত্ৰত উদাহৰণ স্বৰূপে— বস্তুৰ উচিত মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত বেচোঁতা আৰু কিনোতাৰ মাজত মতভেদ থাকে। সেইদৰে ভাল খাদ্য আৰু বেয়া খাদ্যৰ ‘ধাৰণা’ বিভিন্ন জনৰ মানত একে নহ’ব পাৰে। এনে ধৰণৰ কক্ষবোৰত কোনটো ভাল কোনটো বেয়া তাক বিচাৰ কৰি সঠিকভাৱে নিৰ্ধাৰণ কৰাৰ কোনো সহজ পন্থা নাই। এনেবোৰ চিন্তাই মানুহক সহায় নকৰে। সমাজতত্ত্বৰ এই দিশত বিচাৰ নকৰে।

এইদৰে বস্তুনিষ্ঠতা ৰক্ষা কৰাৰ ক্ষেত্ৰত নানা সমস্যা দেখা দিয়ে। সমাজ বিজ্ঞানৰ বিভিন্ন শাখাৰ নিজা সুকীয়া সুকীয়া অধ্যয়ন দৃষ্টিভংগী থাকে। সমাজতত্বক বহুবিকল্প নির্দেশিত বিজ্ঞান হিচাপে জনা যায়। মুঠতে বিজ্ঞানৰ বিভিন্ন শাখাৰ চিন্তা-চৰ্চাৰ কেন্দ্ৰবোৰৰ মাজত প্রতিযোগিতামুখী উন্নতি হ’ব ধৰিছে আৰু বহুতো চিন্তাকেন্দ্ৰৰ সমাবেশ ঘটিছে। এই ধৰণৰ সমস্যাবোৰে প্ৰমাণ কৰে যে বস্তুনিষ্ঠতা এটা কঠিন আৰু জটিল বিষয়। বর্তমান সমাজ বিজ্ঞানীবোৰে বস্তুনিষ্ঠতাৰ ধাৰণাবোৰ সহজে বিশ্বাস নকৰে। কাৰণ এই ধাৰণাবোৰে বিপথে পৰিচালিত করে। আচলতে বস্তুনিষ্ঠতাৰ অৰ্থ হ’ল নিৰৱছিন্ন প্ৰক্ৰিয়াৰে উপনীত হ’ব বিচৰা কোনো এক লক্ষ্য হে। ই প্রাপ্য ফলাফল নহয়।

প্রশ্ন ৪। আত্মপ্রতিফলন (reflexivity) মানে কি বুজা? সমাজতাত্ত্বিক অধ্যয়নত ইয়াৰ গুরুত্ব সম্পর্কে আলোচনা কৰা। (What is meant by reflexivity and why is it important in sociology ?) 

উত্তৰ : (১) আত্মপ্রতিফলনৰ অৰ্থ : সাধাৰণতে সমাজতত্ত্ববিদ এজনে তেওঁৰ নিজৰ কামৰ ওপৰত এজন বাহিৰা ব্যক্তিৰ ভবিষ্যতৰ সম্ভাৱনীয় মনোভাব পোৱাৰ প্ৰচেষ্টা চলায়। তেওঁ নিজে নিজক চোৱাৰ আৰু তেওঁৰ গৱেষণাক আনৰ চকুৰে চোৱাৰ প্ৰচেষ্টা কৰে। এই ধৰণৰ কৌশলকে ‘আত্মপ্ৰতিফলন’ বোলে আৰু কেতিয়াবা কেবল প্রতিফলন বুলি কোৱা হয়। সমাজতত্ত্ববিদজনে এই কৌশলৰদ্বাৰা সংগৃহীত মনোভাববোৰক নিজৰ প্ৰতিফলনেৰে চাবলৈ প্রচেষ্টা চলায়। এইদৰে তেওঁ সচেতনভাৱে আনৰ মনোভাব বিশেষকৈ তেওঁৰ লগত গবেষণা কৰা লোকসকলৰ মনোভাব গ্ৰহণ কৰিবলৈ যত্ন কৰে।

সমাজতত্ত্বত প্ৰতিফলনৰ গুৰুত্বঃ আত্মপ্ৰতিফলনৰ এটা ব্যৱহাৰিক দিশ হৈছে গবেষকজনে যিবোৰ অধ্যয়ন কৰিছে সেইবোৰ সযত্নে নথিভুক্ত কৰা। ইয়াৰ উপৰি সংগ্ৰহ কৰা তথ্যবোৰৰ উৎস নির্ভুলভাৱে যথাস্থানত লিপিবদ্ধ কৰাটো উন্নতমানৰ গবেষণাৰ আন এটা প্রধান বৈশিষ্ট্য। এইবোৰৰ সহায়ত এইটো নিশ্চিত কৰিব পাৰি যে সমাজতত্ত্বই এটা সঠিক পথেৰে আগবাঢ়ি গৈ নির্দিষ্ট মন্তব্য দিবলৈ সক্ষম হৈছে। গবেষণাৰ চিন্তাধাৰা বা যুক্তিবোৰ সঠিক দিশেৰে আগবঢ়া কার্যত ই আমাক সহায় কৰে।

প্রশ্ন ৫। অংশগ্রহী পর্যবেক্ষণৰ সময়ত নৃজাতিতত্ত্ববিদ আৰু সমাজতত্ত্ববিদসকলে প্ৰধানকৈ অবলম্বন কৰা কিছুমান প্রণালী সম্পর্কে আলোচনা কৰা। (What are some of the things that ethnographers and sociologists do during participant observation?)

উত্তৰ ঃ অৰ্থ ‘‘অংশগ্ৰহী পর্যবেক্ষণক’ কেতিয়াবা ‘ক্ষেত্ৰকৰ্ম’ (‘field work’) বুলিও কোৱা হয়। এই পৰিভাষাবোৰ প্ৰাকৃতিক বিজ্ঞানৰ পৰা উৎপত্তি হৈছিল বিশেষকৈ উদ্ভিদ বিদ্যা, প্রাণীবিদ্যা, ভূত, আদি বিষয়ৰ ‘ক্ষেত্ৰকৰ্ম’ৰ অৱধাৰণাৰ পৰা।

‘অংশগ্রহী পর্যবেক্ষণ’ অধ্যয়ন প্রণালী সমাজতত্ত্ব, বিশেষভাবে সামাজিক নৃতত্ত্ববিজ্ঞানত বৰ জনপ্ৰিয়। ওই অধ্যয়ন প্ৰণালীটোৰ জৰিয়তে সমাজতত্ত্ববিদসকলে সমাজ, সংস্কৃতি আৰু ব্যক্তিসকলৰ বিষয়ে অধ্যয়ন কৰি জ্ঞান আহৰণ কৰে। এই প্ৰণালীটো আন প্ৰণালীবোৰৰ পৰা পৃথক। ইয়াৰ প্রাথমিক তথ্য সংগ্ৰহ যেনে – জৰীপ, নাইবা সাক্ষাৎকাৰ, ক্ষেত্ৰ কৰ্ম আদিয়ে গৱেষণাৰ বিষয়বস্তুৰ আন্তক্রিয়াই যথেষ্ট দীঘলীয়া সময় লয়। ই আন অধ্যয়ন প্ৰণালীৰ দৰে একে নহয়।

অংশগ্ৰহী পর্যবেক্ষণৰ সময়ত নৃজাতিতত্ত্ববিদ আৰু সমাজতত্ত্ববিদৰ ভূমিকা : 

(ক) ক্ষেত্রকর্মত বা অংশগ্রহী পৰ্যবেক্ষণৰ সময়ত সমাজতত্ত্ববিদ বা সামাজিক নৃতত্ত্ববিদসকলে ক্ষেত্র অধ্যয়নত যথেষ্ট দীঘলীয়া সময় কটাব লগা হয়। কেতিয়াবা কেবা মাহ, বা এবছৰ বা তাতকৈও বহুত বেছিদিন জনসাধাৰণৰ মাজত থাকি তেওঁলোকৰ বিষয়ে অধ্যয়ন কৰিব লাগে।

(খ) সামাজিক নৃতত্ত্ববিদসকলে বিশেষ অধ্যয়ন ক্ষেত্ৰৰ এজন বাহিবৰ মানুহ হৈও তেওঁলোকে অধ্যয়ন কৰা লোকসকলৰ মাজত এজন থলুৱা লোক হৈ পৰে। অঞ্চলটোৰ থলুৱা লোকসকলৰ স্থানীয় ভাষা শিকে, আৰু তেওঁলোকৰ দৈনন্দিন জীৱনৰ সকলো কার্যকলাপত আপোনভাৱে সহযোগিতা কৰে। এইদৰে নৃতত্ববিদসকলে এই প্রচেষ্টাৰ দ্বাৰা সমাজৰ সকলো প্ৰকাৰৰ স্পষ্ট আৰু অস্পষ্ট জ্ঞান আৰু ভিতৰুৱা লোকসকলৰ কলা-কৌশলবোৰ আয়ত্ব কৰে।

(গ) যদিও সমাজতত্ত্ববিদ বা নৃতত্ত্বদিসকলৰ সাধাৰণতে একো একোটা নিৰ্ধাৰিত মনে বছা ইচ্ছাৰ বিষয় আৰু এলেকা থাকে, তথাপি অধ্যয়নৰ জনগোষ্ঠীৰ সামগ্ৰিক জীৱনৰ বিষয়ে সম্পূর্ণকৈ জনাটোৱেই হৈছে অংশগ্রহী পর্যবেক্ষণৰ মূল লক্ষ্য।

(ঘ) প্ৰকৃতাৰ্থত সমাজতত্ত্ববিদ আৰু নৃতত্ত্ববিদসকলে পোষ্যৰূপে গ্ৰহণ কৰা তেওঁলোকৰ জন্য নষ্টিৰ সকলো দিশ সমগ্ৰ ৰূপত শিকিব লাগিব বা জানিব লাগিব। যিদৰে সৰু সৰু ল’ৰা ছোলীবোৰে তেওঁলোকৰ চাৰিওফালৰ পৃথিৱীখনক জানিব খোজে।

(ঙ) নৃতত্ত্ববিদসকলে অতি ভিতৰুৱা অঞ্চলত বসবাস কৰা জনগোষ্ঠীৰ বিষয়ে তথ্য সংগ্রহ কৰিছিল আৰু সেইবোৰক সংগঠিত কৰিছিল। সেইবোৰ তথ্য তেওঁলোকে দেশ-বিদেশৰ ভ্ৰমণকাৰীৰ টোকা, মিচনাৰীসকলৰ বৰ্ণনা, সৈনিকসকলৰ জীৱনৰ অভিজ্ঞতা, জেমছ ফ্ৰেজাৰৰ নিচিনা অভিজ্ঞতাপুষ্ট নৃতত্ত্ববিদৰ বিৱৰণৰ পৰা, ইমাইল দুৰখেইমৰ গ্ৰন্থৰ আদিৰ পৰা।

(চ) ১৯ শতিকাৰ শেষভাগত আৰু ২০ শতিকাৰ প্ৰথম ভাগত ভালেমান বিশিষ্ট খ্যাতনামা নৃতত্ত্ববিদৰ আৱিৰ্ভাব হৈছিল। এইসকল নৃতত্ত্ববিদৰ হাতত এই বিজ্ঞানে এটা নতুন গতিধাৰা লাভ কৰিছিল। তেওঁলোকে এইসময়তে পৃথিৱীৰ দেশ-বিদেশৰ চুকে-কোণে থকা কিছুমান জনজাতিৰ ভাষা, ৰীতি-নীতি, উৎসব, পূজা, পার্বণ বিশ্বাস আদিৰ বিষয়ে কিছুমান জৰীপ প্ৰণালীগতভাৱে আৰম্ভ কৰে। নৃতত্ত্ববিজ্ঞানীসকলে ক্ষেত্ৰকৰ্ম (জৰীপ) বিশেষ গুৰুত্বসহকাৰে ল’বলৈ ধৰে আৰু পিচলৈ ই অপৰিহাৰ্য হৈ পৰে।

(ছ) ক্ষেত্ৰকৰ্মৰ এই কাৰ্যৰ বাবে প্ৰথমে তেওঁলোকে অধ্যয়ন কৰিব লগীয়া জনগোষ্ঠীৰ ওপৰত জৰীপ চলায়। ক্ষেত্র অধ্যয়নৰ আৰম্ভণিতে তেওঁলোকে এটা গুৰুত্বপূৰ্ণ কৌশল অৱলম্বন কৰে। ই হ’ল ‘জনগোষ্ঠীটোৰ বংশানুক্রমিক তালিকা (genealogy)। এই তালিকাৰ উৎস হ’ল লোক পিয়লত সন্নিৱিষ্ট তালিকাবোৰ। এই তালিকাৰ আধাৰতে পৰিয়াল বৃক্ষৰ আন এখন তালিকা প্রস্তুত কৰা হয়। পৰিয়ালৰ মুৰব্বীজনৰ পৰা তেওঁ পিতৃপুৰুষৰ বংশৰ বৃত্তান্ত, বিস্তৃত ৰূপত লোৱা হয়— লগতে নাতি-নাতিনী সকলো লিপিবদ্ধ কৰিব লাগে। মুঠতে মুৰব্বীজনে যিমান পুৰুষলৈ মনত পেলাব পাৰে সেই সকলৰ বংশানুক্রমিকভাৱে লিপিবদ্ধ কৰা হয়।

এইদৰে বংশ-বৃত্তান্তৰ অধ্যয়নে নৃত্তত্ত্বদিসকলক কোনো গোষ্ঠীৰ গাঁথনিৰ বিষয়ে জনাৰ সুবিধা দিয়ে। সাধাৰণতে নৃতত্ত্ববিদসকলে বিশেষকৈ দূৰদূৰণীৰ জনজাতীয় সম্প্ৰদায়ৰ ওপৰত ক্ষেত্রকর্ম চলায় কিন্তু আনহাতে সমাজতত্ত্ববিদসলে তেওঁলোকৰ ক্ষেত্ৰকৰ্ম সকলো ধৰণৰ সম্প্ৰদায়ৰ লোকৰ ওপৰতে চলায়। ইয়াৰ উপৰি সমাজতত্ত্বৰ ক্ষেত্ৰকৰ্মৰ বাবে গবেষকসকল গবেষণা কৰা জনগোষ্ঠীটোৰ লগত থাকি যথেষ্ট সময় কটোৱাৰ কোনো আৱশ্যকতা নাই।

প্রশ্ন ৬। অংশগ্রহী পৰ্যবেক্ষণৰ সুবিধা আৰু সীমাবদ্ধতাৰ বিষয়ে আলোচনা কৰা। (What are the strengths and weaknesses of participant observation as a method?) 

উত্তৰঃ (ক) অংশগ্রহী পৰ্যবেক্ষণৰ সুবিধাসমূহঃ অংশগ্রহী পর্যবেক্ষণ প্ৰথম আৰু প্ৰধান শক্তি বা সুবিধা হ’ল এই যে এই পদ্ধতিয়ে বা প্রণালীয়ে নিভৃতৰ পৰা চাব পৰা এক দৃষ্টিভংগীৰ সহায়েৰে জীৱনৰ বহুতো সমৃদ্ধিশালী আৰু মূল্যবান বিস্তৃত চবি এখন আগবঢ়াব পাবে। কর্মক্ষেত্রত আৱশ্যক হোৱা যিখিনি সময় আৰু চেষ্টা ব্যৱহাৰ কৰা হয় সেই ব্যৱহাৰৰ উপযুক্ত প্রতিদান লাভ কৰিব পাৰি একমাত্ৰ এজন ভিতৰুৱা হৈ চাব পৰা ব্যক্তিৰ দৃষ্টিভংগীৰে। গৱেষণাৰ আন প্ৰণালীৰে, দীর্ঘদিন ক্ষেত্ৰত থাকিলেও ক্ষেত্ৰত থাকিলেও ক্ষেত্ৰৰ সকলো জ্ঞান নিখুঁত ভাবে আয়ত্ত কৰাৰ দাবী কৰিব নোৱাৰে কাৰণ সেইবোৰ গৱেষণাই চমু আৰু খৰতকীয়াভাৱে অধ্যয়নহে কৰে। আনহাতে ক্ষেত্ৰ অধ্যয়নে পূৰ্বতে অনুমান কৰা ধাৰণাবোৰকে শুধৰণি কৰাত সহায় কৰে। কাৰণ পূৰ্বৰ বহুতো ভুল আৰু পক্ষপাতমূলক সিদ্ধান্ত থাকি যায়। ক্ষেত্র অধ্যয়নে আৱশ্যক মতে গবেষকক অধ্যয়নৰ পথ পৰিৱৰ্তনৰো ইংগিত দিব পাৰে। এই ক্ষেত্ৰত বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হওঁতে সম্ভাব্য প্রভাৱৰ আভাস দিব পাৰে।

এই প্ৰণালীত ক্ষেত্রকর্মীসকলে পূর্ণকালীন ব্যৱস্থাৰে ক্ষেত্ৰকৰ্মত বহুদিন থাকি কাম কৰা বাবে কর্মক্ষেত্ৰত উদ্ভৱ হ’ব পৰা সম্ভাৱ্য অনেক ভুল ত্রুটি বা পক্ষপাতিত্ব মনোভাববোৰ আতৰ কৰাৰ সুবিধা তেওঁলোকৰ থাকে। মুঠতে কম সময়তে খৰতকীয়াভাৱে কৰা প্ৰক্ৰিয়াবোৰত অনিবার্য কাৰণতে ভুলত্রুটি বৈ যোৱাৰ সম্ভাবনা বেছি।

(খ) অংশগ্রহী পর্যবেক্ষণ প্ৰণালীৰ দুৰ্বলতা বা সীমাবদ্ধতা বোৰ :  অংশগ্রহী পর্যবেক্ষণ বা ক্ষেত্রকর্ম প্রণালীত বহুত সময়জুৰি বিশদভাৱে গৱেষণামূলক ভাবে এজন মাত্র বিশেষজ্ঞ বা পণ্ডিতৰ দ্বাৰা কৰা হয়। আনহাতে এজন মাত্র গবেষকে বিশাল পৃথিৱীখনৰ এখন দেশৰ এটা মাত্ৰ সৰু অংশত সাধাৰণতে এখন গাঁৱত বা এটা সৰু সম্প্ৰদায়তহে সামৰি ল’ব পাৰে। গতিকে এইটো এটা উল্লেখনীয় দুর্ব্বলতা।

এই ক্ষেত্ৰত আমি কেতিয়াও নিশ্চিত হ’ব নোৱাৰো যে নৃতত্ত্ববিদ বা সমাজতত্ত্ববিদসকলে ক্ষেত্র অধ্যয়নৰ সময়ত যিবোৰ নিৰীক্ষণ কৰে সেইবোৰ বৃহৎ পৰিসৰতো একে দৰেই পাব নাই নাইবা ই অনন্য। এইটোরেই সম্ভৱত আটাইতকৈ ডাঙৰ অসুবিধা এটা।

(খ) ক্ষেত্ৰকৰ্ম প্ৰণালীৰ আন এটা সীমাবদ্ধতা হ’ল যে আমি এইটো নিশ্চিত হ’ব নোৱাৰো যে যুগুতাই উলিওৱা টোকাবোৰ নৃতত্ত্ববিদসকলৰ প্ৰকাশ ভংগী নে যিসকলক অধ্যয়ন কৰা হৈছে তেওঁলোকৰ ভাষ্য। কাৰণ অধ্যয়ন কৰা ব্যক্তিসকলৰ মনোভাবক প্রতিনিধিত্ব কৰি প্ৰকাশ কৰাটোও গৱেষণাৰ এটা উদ্দেশ্য। অৱশ্যে নৃতত্ত্ববিদসকলে চেতন বা অবচেতনভাৱে হ’লেও এই কথা বিবেচনা কৰে যে টোকাৰ পৰা কোনখিনি তথ্য হিচাপে বা কোনবোৰ গ্ৰন্থত বা প্ৰবন্ধত ব্যৱহাৰ কৰি তাক ঠিক কৰি লয়। কাৰণ তেওঁলোকৰ লেখনীৰ বাহিৰে এই জ্ঞান পাবলৈ আন কোনো উপায় অতি সীমিত। এনে গৱেষণাত ভুল-ত্রুটি বা পক্ষপাতিত্বৰ সম্ভাৱনা কিছু থকাটো অস্বাভাৱিক নহয়।

(গ) ক্ষেত্র অধ্যয়ন প্রণালীৰ একপক্ষীয় গুণৰ বাবে সাধাৰণতে সমালোচনা কৰা দেখা যায়। কাৰণ নৃতত্ত্ববিদ আৰু সমাজতত্ত্ববিদসকলে প্ৰশ্নৰ অৱতাৰণা কৰে, উত্তৰবোৰো তেওঁলোকেই দিয়ে আৰু অধ্যয়ন কৰা লোকসকলৰ পক্ষে সমর্থন কৰি বক্তব্যও ৰাখে। এনেবোৰ বিতৰ্কমূলক কথাই সমাজতাত্ত্বিক গৱেষণাক অধিক জটিলতৰ কৰাৰ উপৰি ইয়াক বিতর্কিত কৰিহে তুলিব। 

প্রশ্ন ৭। জৰীপ প্ৰণালীৰ মূল উপাদানবোৰ কি কি? এই প্ৰণালীৰ প্ৰধান সুবিধাবোৰৰ বিষয়ে লিখা। (What are the basic elements of the survey methods? What are the chief advantages of these methods?)

উত্তৰ : (ক) সমাজতাত্ত্বিক অধ্যয়ন প্রণালীবোৰৰ ভিতৰত সম্ভৱত জৰীপ প্ৰণালীকে সকলোৱে ভালদৰে জানে। বর্তমান এই জৰীপ প্ৰণালী আধুনিক মানুহৰ ৰাজহুৱা জীৱনৰ এটা প্রধান অংগ হৈ পৰিছে। সমাজতত্ত্বৰ অধ্যয়নৰ ক্ষেত্ৰত বৰ্তমান জৰীপ প্ৰণালীটো পৃথিৱীৰ সকলো ঠাইতে, সকলো প্ৰসংগতে ইয়াৰ প্ৰচলন হোৱা দেখা যায়।

(১) জৰীপ প্ৰণালীৰ মূল উপাদানসমূহ ঃ 

(খ) জৰীপ হ’ল কোনো এটা বিশেষ বিষয়ত এটা উপৰুৱা দৃষ্টিভংঙ্গী দিবলৈ এটা প্রচেষ্টা। জৰীপ প্ৰণালী হ’ল অতি সাৱধানে নির্বাচিত কৰা প্রতিনিধিৰ দ্বাৰা গঠিত এটা গোটে যোগান ধৰা খবৰ আৰু তথ্যৰ ওপৰত নিৰ্ভৰশীল এটা বিশেষ বিষয়ৰ ওপৰত কৰা এক সর্বাত্মক বা বিশাল পৰিসৰত কৰা অধ্যয়ন কৰা প্ৰক্ৰিয়া। এই প্রতিনিধিসকলকে সাধাৰণতে ‘উত্তৰদাতা’ (respondents) বুলি জনা যায়। এই প্রতিনিধিসকলেই গবেষকসকলে তেওঁলোকক সোধা প্ৰশ্নৰ উত্তৰবোৰৰ যোগান ধৰে।

(গ) এই জৰীপ প্ৰণালী কাৰ্যাৱলী এটা ডাঙৰ গৱেষকৰ দলে কৰে। এই দলটো থাকে জৰীপৰ মূল আঁচনি আৰু প্ৰণালী বা অভিকল্পবোৰ প্ৰস্তুতকাৰী গৱেষকসকল আৰু তেওঁলোকৰ লগত থাকে সহযোগী আৰু গৱেষণা সহায়কসকল।

(ঘ) জৰীপত তালিকাভুক্ত কৰা প্ৰশ্নসমূহ বিভিন্ন প্ৰকাৰে অৱতাৰণা কৰা হয় আৰু সোধা হয়। অনুসন্ধানকাৰী দলৰ সদস্যসকলে ব্যক্তিগতভাৱে প্ৰতিনিধিসকলৰ মুখামুখি হওঁতে প্ৰশ্নবোৰ মৌখিকভাৱে সুধি লব পাৰে। কেতিয়াবা টেলিফোন যোগেও প্রশ্নোত্তৰ সুধি লব পাৰে। তেওঁলোকে এই উত্তৰ লিখিতভাৱে বা ডাকযোগেও সংগ্ৰহ কৰিব পাৰে।

(ঙ) বৰ্তমানৰ সমসাময়িক যুগত ইলেক্ট্রনিক যোগাযোগ মাধ্যমৰ আবিষ্কাৰে তথ্য সংগ্ৰহৰ সুবিধা আৰু বেছি বৃদ্ধি কৰিছে। বৰ্তমান সকলো স্কুল-কলেজ, অফিচ-কাছাৰীত ক্রমাগতভাৱে বাঢ়ি অহা কম্পিউটাৰ আৰু দূৰসংযোগে তথ্য সংগ্ৰহ সুবিধা অধিক খৰতকীয়া কৰি তুলিছে। এইবোৰ মাধ্যমেৰেও উত্তৰৰ্দাতা সকলে ই-মেইল, বা ইণ্টাৰনেটৰ সহায়ৰেও প্রশ্নোত্তৰবোৰ দিব বা পাব পৰা যায়।

(২) জৰীপ প্ৰণালীৰ সুবিধাসমূহ ঃ 

(ক) জৰীপ প্ৰণালীৰ এটা সামাজিক তথা বৈজ্ঞানিক অধ্যয়ন প্রণালী হিচাপে কিছুমান সুবিধা আছে। এই প্ৰণালীৰে জনসমষ্টিৰ এটা ক্ষুদ্ৰ অংশৰহে অধ্যয়ন কৰা হয় যদিও সেই জৰীপৰ ফলাফলবোৰ সুবৃহৎ জনসমষ্টিৰ বাবেও ইয়াক সাধাৰণীকৰণৰ (generalisation) দ্বাৰা প্রযোজ্য কৰিব পৰা যায়। ই এক ডাঙৰ সুবিধা। কাৰণ সীমিত সময়, প্রচেষ্টা আৰু ধন খৰচ কৰিয়ে সমাজৰ এক বৃহৎ জনসমষ্টিৰ বাবেও এই জৰীপৰ ফলাফল ব্যৱহাৰ কৰিব পৰা যায়। এনে কাৰণতে জৰীপ প্ৰণালীৰ ক্ৰমান্বয়ে জনপ্রিয়তা বৃদ্ধি পাইছে।

(খ) নমুনাভিত্তিক জৰীপৰ সহায়ত লাভ কৰা ফলাফলবোৰে সাধাৰণীকৰণত যথেষ্ট মুফল লাভ কৰিছে। পৰিসংখ্যা বিজ্ঞানৰ এটি বিশেষ শাখা নমুনা সংগ্রহ সূত্র (sampling ) আবিষ্কাৰৰ লগে লগে নমুনাভিত্তিক অধ্যয়নবোৰ আৰু বেছি উচ্চ মানৰ হৈ পৰিছে। Theory) সূত্ৰবোৰে জৰীপ প্ৰণালীৰ উপাদান হিচাপে এটা চমু পথৰ সুবিধা প্ৰদান কৰিছে। 

প্রশ্ন ৮। প্রতিনিধিত্বমূলক নমুনা বাছনিত মানিব লগা কেইটামান দিশ সম্পর্কে আলোচনা (Describe some of the criteria involved in selecting a representative sample.)

উত্তৰ : (ক) সাধাৰণতে জনসমষ্টিৰ মাজৰ পৰা কোনো প্রতিনিধিক নমুনা বাছনি কৰাৰ আগেয়ে আমি দুটা নমুনা বাছনি সূত্ৰ মনলৈ আনিব লাগিব : 

(ক) প্রথম সূত্র মতে জনসংখ্যাৰ সকলোবোৰ প্ৰাসংগিক উপ-গোটবোৰ চিনাক্ত কৰিব লাগিব আৰু নমুনাত প্রতিনিধিত্ব কৰিব পৰা হব লাগিব। দেখা যায় প্ৰায়বোৰ সুবৃহৎ জনসমষ্টিয়ে একে জাতীয় (homogeneous) নহয় বা হোৱা দেখা নাযায়। তেনে জনসমষ্টিত উপজাতি থাকে। ইয়াকে স্তৰীকৰণ বোলে।

উদাহৰণঃ আমি আমাৰ ভাৰতৰ জনসংখ্যাক সাধাৰণতে গাঁৱলীয়া আৰুনগৰীয়া জনসংখ্যাত ভাগ কৰোঁ। এই দুয়োবিধৰ জনসংখ্যাৰ মাজত এটা পৃথক ৰূপ পোৱা যায়। যেতিয়া আমি কোনো এখন ৰাজ্য গাঁৱৰ জনসাধাৰণৰ কথা ভবা হয় তেতিয়া আমি বিভিন্ন সৰু-বৰ গাঁৱৰ গাঁৱলীয়া জনসাধাৰণৰ কথা কোৱা হয়। এই গাঁৱলীয়া জনসাধাৰণক বিভিন্ন স্তৰত ভাগ কৰিব পৰা যায়। যেনে— শ্রেণী, জাতি, লিঙ্গ, বয়স, ধর্মা শিক্ষিত বা স্বাক্ষৰ বা নিৰক্ষৰ আদি ভালেমান গুণাগুণৰ ভিত্তিত ভাগ কৰিব পাৰি। এনে ধৰণে স্তৰ বিলাক কৰিব পাৰি।

(খ) নমুনা বাছনি দ্বিতীয়টো সূত্রমতে প্রকৃত একক গোট বাছনি কৰিব পাৰি। এই একক গোটবোৰ কেতিয়াবা এজন ব্যক্তি, এখন গাঁও আৰু কেতিয়াবা এখন ঘৰৰ ব্যক্তি সকলো হ’ব পাৰে। এই বাছনি সুবিধা বা ভাগ্যৰ ভিত্তিত কৰা হয়। এই প্ৰকাৰৰ বাছনিক যাদৃচ্ছিকৰণ (randomisation) বুলি কোৱা হয়। এই প্রক্রিয়া সাধাৰণতে সাম্ভাব্যতা অৱধাৰণাৰ ওপৰত নির্ভরশীল। সাম্ভাব্যতাৰ অৰ্থ হ’ল— যিকোনো এটা ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা অর্থাৎ প্রতি বিষুৰীয়া (odd) সংখ্যাৰ অন্তত বা সমান (even) সংখ্যাৰ অন্তত একে ধৰণৰ ঘটনা ঘটাৰ সম্ভাৱনা।

উদাহৰণ : যেতিয়া এটা মুদ্ৰা আমি ওপৰলৈ টিলিকি মাৰি দিওঁ, তেতিয়া মুদ্ৰাটোৰ এটা ফাল (head) ওপৰলৈ আৰু আনটো তলমুৱা (tail) হৈ পৰিব। মুদ্ৰাটোৰ কোনো এটা ফাল ওপৰ মুৱাকৈ আৰু আনটো ফাল তলমুৱাকৈ পৰা সম্ভাৱনা সমান সমান বা শতকৰা ৫০/৫০ হ’ব। প্ৰকৃততে কোনটো ফাল ওপৰমুৱা আৰু কোনটো ফাল তলমুৱা কৈ পৰিব সেইটো কেৱল ভাগ্যৰ কথা, ইয়াত আন একো কাৰণ নাই। এনে ঘটনাকে যাদুচ্ছিক (ran dom) ঘটনা বোলা হয়।

প্রশ্ন ৯। জৰীপ প্ৰণালীৰ অসুবিধাবোৰ কি কি? বর্ণনা কৰা। (State some of the weakness of the survey Method.)

উত্তৰ ঃ (ক) গবেষণাৰ প্ৰণালীৰ অন্যান্য প্ৰণালীৰ দৰে জৰীপ প্ৰণালীৰো কিছুমান অসুবিধা আছে। জৰীপ প্ৰণালীৰ পদ্ধতিয়ে এক বৃহৎ পৰিসৰক সাঙুৰি লয়। এই বৃহৎ জনসংখ্যাক অধ্যয়ন কৰি সঠিক ফলাফল উলিওৱা এক অতি কষ্টসাধ্য আৰু দুরূহ কার্য। আনহাতে বৃহৎসংখ্যক উত্তৰদাতাক আবশ্যক হোৱা সময়ত দিয়াও জটিল কথা হৈ পৰে। জৰীপৰ প্ৰশ্নসূচীবোৰ বহুতো অনুসন্ধানকাৰীয়ে পৰিচালনা কৰে। জটিল প্রশ্নসমূহৰ উত্তৰদাতাসকলে পৰস্পৰে আলোচনা কৰিহে উত্তৰ দিয়া দেখা যায়। 

(খ) ইয়াৰ উপৰি জৰীপৰ প্রশ্নতালিকাবোৰ উত্তদাতাক উদ্দেশ্য কৰি কৰা হয় আৰু উত্তৰবোৰ লিপিবদ্ধ কৰোঁতে জৰীপত সম্ভাব্য ত্রুটি থাকি যোৱাটো স্বাভাবিক। সেইকাৰণে জৰীপৰ বাবে প্রস্তুত কৰা প্ৰশ্নসূচী অতি সাবধানে কৰা দৰকাৰ। কাৰণ এইবোৰ গৱেষকে নিজে নিয়ন্ত্রণ করিব লাগে গতিকে প্ৰয়োগৰ সময়ত ইয়াক শুধৰাই লোৱাটো সম্ভব নহয়। 

(গ) জৰীপ ব্যৱস্থাত অনুসন্ধানকাৰী আৰু উত্তৰদাতাৰ মাজৰ সম্পৰ্ক বৰ বেছিদিনীয়া নহয় সেইবাবে তেওঁলোকৰ মাজত পাৰস্পাৰিক বুজা পৰা বা বিশ্বাস নাথাকে। সেইবাবে প্রশ্ন সোধা আৰু উত্তৰ দিয়া কাৰ্য দুজন অপৰিচিত লোকৰ মাজত হোৱাৰ দৰেহে হয়। গতিকে প্রশ্ন কৰ্তা আৰু উত্তৰ্দাতাৰ মাজত আন্তৰিকতাহীনতা দেখা যায়।

(ঘ) দুর্ভাগ্যক্রমে এই ত্রুটিসমূহ আগেয়ে অনুমান কৰি লোৱা সম্ভৱ নহয় আৰু সেইকাৰণতে ইয়াক প্ৰতিৰোধ কৰাও টান হয়। এই কাৰণতে কেতিয়াবা জৰীপকাৰ্য ভুল পথেৰে পৰিচালিত হয়। জৰীপে উন্নত মানৰ কৃতকার্যতা লাভ কৰিবলৈ হ’লে ই এক সুসংহত আৰু সংৰচিত প্রশ্নসূচীৰ ওপৰত নিৰ্ভৰশীল হোৱাটো উচিত। এই গুণৰ অভাৱৰ বাবেই জৰীপ কার্যত সীমাবদ্ধতা দেখা যায়।

(ঙ) আনহাতে প্রশ্নসূচীন যিমানেই বিজ্ঞানসম্মত আৰু নির্ভুলভাৱে আঁচনিকৃত নহওক কিয়, ইয়াৰ কৃতকার্যতা বিশেষকৈ নিৰ্ভৰ কৰিব অনুসন্ধানকাৰী আৰু উত্তৰদাতাৰ মাজৰ আজ্ঞক্রিয়াৰ প্ৰকৃতিৰ ওপৰত আৰু বিশেষকৈ তেওঁলোকৰ মাজৰ সদিচ্ছা আৰু সহযোগিতাৰ ওপৰত।

প্রশ্ন ১০। অধ্যয়ন প্রণালী হিচাপে সাক্ষাৎকাৰ পদ্ধতিৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা। (Describe the main features of the interview as a research methods)

উত্তৰ: গৱেষণাৰ প্ৰণালী হিচাপে সাক্ষাৎকাৰৰ বৈশিষ্ট্যবোৰ

(১) সাক্ষাৎকাৰ হ’ল গৱেষণাকাৰী আৰু উত্তৰৰ্দাতাৰ মাজত পৰিচালিত তথা সংৰক্ষিত কথোপকথন বা মতবিনিময় অনুষ্ঠান। 

(২) দ্বিতীয়তে যদিও সাক্ষাৎকাৰত কিছু ব্যৱহাৰিক কৌশল জড়িত হৈ থাকে, ইয়াৰ কথোপকথনৰ ধৰণ সৰল হ’লে ই বিভ্রান্তিকৰ হোৱাৰ সম্ভাৱনা থাকে কাৰণ এজন সুদক্ষ সাক্ষাগ্ৰহণকাৰী হ’বলৈ হ’লে বহুত দক্ষতা আৰু অভ্যাসৰ প্রয়োজন হয়। 

(৩) আচলতে সংৰচিত প্রশ্ন তালিকা আৰু অংশগ্রহী প্রণালীত অৱলম্বন কৰা সম্পূর্ণ মুক্ত আস্তক্ৰিয়াৰ মাজৰ অৱস্থানত সাক্ষাতকাৰ প্ৰণালীৰ মুখ্য ভূমিকা থাকে। সাক্ষাৎকাৰৰ মুখ্য সুবিধা হ’ল “কথোপকথনৰ অত্যন্ত নমনীয়তা সাধন কৰা।

(৪) সাক্ষাৎকাৰত, প্ৰশ্নবোৰ নতুনকৈ সংযোজিত কৰি সুধিব পাৰি নাইবা আন ধৰণেও অৱতাৰণা কৰিব পাৰি সুধিব লগা প্রশ্নবোৰ আৱশ্যক মতে অগা পিছাও কৰিব পাৰি। অধিক তথ্যসমৃদ্ধ প্ৰশ্নবোৰ দীঘলীয়াও কৰিব পাৰি, নাইবা অবাঞ্ছিত প্রশ্নবোৰ এৰি যাব বা চুটি কৰিব পাৰি। মুঠতে সাক্ষাৎকাৰ চলাই নিওঁতে উক্ত সকলোবোৰ সম্ভৱ হ’ব পাৰে।

(৫) অন্যান্য পদ্ধতি বা প্ৰণালীৰ দৰে সাক্ষাৎকাৰ প্ৰণালীৰো কিছুমান অসুবিধা থকা দেখা যায়। সাক্ষাৎকাৰ মঞ্চৰ নমনীয় পৰিৱেশে কেতিয়াবা সাক্ষাৎকাৰ প্ৰণালীক আন দিশলৈ নিব পাৰে নাইবা উত্তদাতাৰ প্রকাশভংগীয়েও ইয়াত বিৰূপ পৰিস্থিতিতৰ সৃষ্টি কৰিব পাৰে। তেনে ক্ষেত্ৰত সাক্ষাৎকাৰ মনোযোগ সলনি কৰিব পাৰে। মুঠতে সাক্ষাৎকাৰ মঞ্চৰ সঠিক প্রতিষ্ঠাই সাক্ষাৎকাৰৰ সফলতা নির্ণয় কৰাত যথেষ্ট গুরুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে।

(৬) সাক্ষাৎকাৰৰ শৈলী (style) : সাক্ষাৎকাৰৰ বিভিন্ন শৈলী আছে। সুবিধামতে ইয়াৰ অভিজ্ঞতা আৰু মতামত বেলেগ বেলেগ হয়। কেতিয়াবা উদ্ভৰদাতাক কৰিব লগা প্রশ্ন বাদ দি কেৱল অধ্যয়ন কৰিব লগা বিষয়বোৰৰ তালিকাহে কৰা হয়। আকৌ আন কিছুমানে সংৰচিত আকাৰত উদ্ভৰদাতাক সুধিব লগা প্রশ্নবোৰহে সন্নিৱিষ্ট কৰে। এইদৰে সুবিধা মতে বিভিন্ন পথ অৱলম্বন কৰা হয়। কেতিয়াবা দৃশ্য- আব্য মাধ্যম (audio-video) ব্যৱহাৰ কৰাৰ সময়ত উদ্ভবদাতা আৰু সাক্ষাৎকাৰীসকল অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হয়।

(৭) বহুতো সময়ত সামাজিক পরিবেশেও সাক্ষাৎকাৰ গ্ৰহণত বা বাণীবদ্ধকৰণ প্ৰভাৱ পেলাব পাৰে। সাক্ষাৎকাৰ লোৱাৰ পিছত গবেষণাৰ বিৱৰণীখিনি উত্থাপন কৰোঁতেও বিভিন্ন নিয়ম- মানি চলা হয়। লিপিবদ্ধ কৰা টোকাবোৰ সম্পাদন কৰা হয় আৰু পৰিপাৰ্টিকৈ ধাৰাবাহিকভাৱে বিৱৰণী প্ৰকাশ কৰা হয়। কিছুমানে মূল কথোপকথকৰ মূল অংশটো ৰাখি যাব বিচাৰে ৷

চমু প্রশ্নোত্তৰ Short Answer Type Questions

প্রশ্ন ১। সমাজশাস্ত্ৰক কিয় সমাজ বিজ্ঞান বুলি কয়? (Why sociology is called a social science?)

উত্তৰ ঃ আন আন বহুতে। সমাজ বিজ্ঞানৰ বিষয়ৰ দৰে সমাজ শাস্ত্র বিষয়টোও প্রায় সকলো লোকৰ বাবে এক পৰিচিত বিষয়। সমাজ শাস্ত্ৰই অধ্যয়ন কৰা প্ৰায়বোৰ বিষয়েই আগতে মানুহ বেছ ভালদৰে পৰিচিত বিষয়। প্রায় সকলো বিষয়ে সমাজৰ লগত জড়িত। আগতে এই বিষয়বোৰ ভালদৰে জনা বিষয় সামাজিক গোট, সংস্থা প্রতিমান, সম্পর্ক, আস্তক্ৰিয়া, মানুহৰ দৈনন্দিনভাৱে, অভিজ্ঞতাৰ পৰা সকলোৱে জানে সেইবাবে ইয়াক সমাজৰ বিজ্ঞান বোলা হয়।

প্রশ্ন ২। তলত দিয়াবোৰৰ অৰ্থ লিখা। (Write the meaning of the following words/terms).

উত্তৰঃ (ক)প্রণালী বিজ্ঞান (Methodology) : অবধাৰণাগত, বৈধ, আৰু গবেষণামূলক প্ৰণালী যাৰ দ্বাৰা জ্ঞানৰ বিকাশ সাধন কৰা হয়। 

(খ) পথাৰ অধ্যয়ন (Field study) : এক প্ৰকাৰৰ গৱেষণা- যাৰ দ্বাৰা অনুসন্ধানৰ কোনো এটা বিষয়ে তাৰ গতানুগতিক পৰিবেশিক পৰিস্থিতি লক্ষ্য কৰা হয়।

(গ) সাক্ষাৎকাৰ (Interview) : ব্যক্তিগত পর্যায়ত ক্রমশ তথ্য-পাতি সংগ্ৰহৰ মুখামুখিকৈ কথোপকথন হোৱাৰ প্ৰণালী।

(ঘ) নমুনা অধ্যয়ন (Case study) নমুনা অধ্যয়ন হ’ল এক গৱেষণাৰ দৃষ্টিভংগী, যাঁত সাধাৰণতে কোনো এটা নমুনা বা গোটৰ বিশদ আৰু পুংখানুপুংখ বিশ্লেষণ থাকে তাকে নমুনা অধ্যয়ন বোলে।

(ঙ) সামাজিক জীপ (Social survey) [H.S.’15, ’17] সাধাৰণতে সামাজিক জৰীপ বুলিলে, সামাজিকভাবে ওপৰে ওপৰে চোৱাক বা সামাজিক বিকাশক বুজায়। এই প্ৰণালীৰ জৰিয়তে সমাজবিদসকলে সামাজিক সমস্যাবোৰক দৃষ্টি দিয়ে। গৱেষণাৰ বহুতো সমস্যাৰ বাবে ব্যক্তিগত সাক্ষাৎকাৰ আৰু অন্যান্য তথ্য পাতি সংগ্ৰহৰ বিভিন্ন উপায় অবলম্বন কৰি প্ৰণালীগতভাৱে জনসাধাৰণৰ পৰা তথ্যপাতি সংগ্ৰহ কৰা হয়। এই অধ্যয়নকে সাধাৰণতে সামাজিক জৰীপ বোলে।

(চ) সামাজিকৰণ (Socialisation) সামাজিকৰণ হ’ল এক সামাজিক প্রণালী যাব জয়িতে, এটা সামাজিক সমূহ বা গোটৰ শিশুসকলে, প্রচলিত প্রথা, বংশ-পৰম্পৰা, প্রতিমান, আৰু গোটৰ মূল্যবোধ আদিৰ কথা শিকিব পাৰে। 

(ছ) আন্তক্রিয়া প্রণালী (Interaction process) : কোনো সামাজিক গোটৰ আত্মক্রিয়া প্রণালী হ’ল এক মুখ্য প্রতিনিধি হিচাপে মানব জাতিক সংস্কৃতি আৰু কৰ্মপ্ৰণালীৰ চৰিত্ৰ গঠনত ব্যক্তিত্ব গঠনৰ বাবে প্রশিক্ষণ দিয়াৰ এক ব্যৱস্থা বা প্রণালী। 

প্রশ্ন ৩। আত্মপ্রতিফলন বুলিলে কি বুজা? (What do you mean by reflexivity)

উত্তৰ: সাধাৰণতে সমাজবিদসকলে তেওঁলোকৰ নিজৰ গবেষণামূলক কার্যাবলীৰ বিষয়ে আন বাহিৰা ব্যক্তি বা প্রতিনিধি মুখেৰে প্রতিক্রিয়া জানিব চেষ্টা কৰে। মুঠতে নিজৰ কামৰ বিষয়ে আনৰ পৰাহে জানিব চেষ্টা কৰে৷ সাধাৰণতে এই কৌশলটোকে নিজস্ব আত্মপ্রতিফলন বুলি কোৱা হয়। 

প্রশ্ন ৪। পৰিসংখ্যামূলক প্রণালী ? (What is statistical Method?)

উত্তৰ: পৰিসংখ্যামূলক প্রণালী (Statistical Method): পৰিসংখ্যা গবেষণাৰ বাবে অতি আবশ্যকীয় আহিলা বুলি বিশ্বাস কৰা হয়। তথ্য-পাতি সংগ্ৰহ আৰু তালিকা লিখত। ইয়াক ব্যৱহাৰ কৰা হয়। গির্দিংচে প্রথমে এই প্রণালী ব্যৱহাৰ কৰি সামাজিক সমস্যাৰ জ্ঞান আহৰণৰ নতুন পথ মুকলি কৰে। সমাজশান্বত সামাজিক সমস্যাৰ সঠিক তথ্য পাতি ৰাখিবৰ বাবে এই প্ৰণালী ব্যৱহাৰ কৰা হয়। কিন্তু এই প্ৰণালীৰ আটাইতকৈ ডাঙৰ অসুবিধা হ’ল সংখ্যা সূচকমাত্র গুণ বা প্ৰকাৰ সূচক নহয়। কিন্তু আনহাতে সমাজুশাস্ত্ৰ হ’ল গুণবাচক আৰু প্ৰকাৰ সূচকহে বেছি। উদাহৰণস্বৰূপে ইয়াৰ দ্বাৰা আমি কোনো এটা নিৰ্ধাৰিত বছৰত মানুহৰ মৃত্যুৰ সংখ্যাহে পাব পাৰো, এই মৃত মানুহৰ মৃত্যুৰ কাৰণ জানিব নোৱাৰিম। জনসংখ্যাৰ বিতৰণ, জন্ম-মৃত্যুৰ গড় পৰিমাণ, সামাজিক সংগঠনৰ পৰিমাণ আদি এই প্ৰণালীৰে ভালকৈ অধ্যয়ন কৰিব পাৰি। অৱশ্যে গুণগত দিশৰ অধ্যয়ন এই প্রণালীবে কৰা অসুবিধা সেয়েহে ইয়াৰ সীমিত ব্যৱহাৰৰ কথা আমি মনত ৰাখিব লাগিব। 

প্রশ্ন ৫। পৰীক্ষামূলক প্ৰণালী কি? (What is experimental Method?) 

উত্তৰ : পৰীক্ষামূলক প্ৰণালী (Experimental Method) ঃ পৰীক্ষামূলক প্ৰণালীয়ে নিয়ন্ত্রিত অৱস্থাত সামাজিক আৱহাৱা বা সমস্যা আদি পৰীক্ষা কৰাকে বুজায়। এই প্ৰণালীৰ দ্বাৰা পুনঃ পুনঃ পৰীক্ষাৰ জৰিয়তে ভুল-ত্রুটিবোৰ শুদ্ধ কৰিব পাৰি। আৱশ্যক হ’লে ফলাফলৰ পুনৰ পৰীক্ষা কৰি প্রমাণিত কৰিব পাৰি৷ সমাজশাস্ত্ৰত এই প্রণালী ভৌতিক বিজ্ঞানৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰি যদিও ইয়াৰ দ্বাৰা সমাজশাস্ত্ৰৰ বহুতো সমস্যা অধ্যয়ন কৰি বহুতো শিক্ষা ল’ব পৰা যায়। এই প্রণালীব অসুবিধা হ’ল মানুহৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলোৱা কম-বেছি পৰিমাণে সম্ভৱ নহয়। ইয়াৰ উপৰিও এই প্রণালীৰে শেষ ফলাফল লাভ কৰাটো টান। 

প্রশ্ন ৬। নমুনা অধ্যয়ন প্রণালী ? (What is case study Method?)

উত্তৰ: নমুনা অধ্যয়ন প্রণালী (Case study Method) আন কিছুমান সমাজশাজবিদে, সমাজশাস্ত্র অধ্যয়নত প্রাকৃতিক বিজ্ঞানৰ অধ্যয়ন প্রণালীসমূহ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰাটো ভুল বুলি যুক্তি দিয়ে। সামাজিক অনুষ্ঠানসমূহৰ অধ্যয়নৰ বাবে নির্দিষ্ট ঘটনাৰ নমুনা অধ্যয়ন প্ৰণালী ব্যৱহাৰ কৰাৰ বাবে শক্তিশালী যুক্তি আগবঢ়াইছে। এই প্রণালীত কোনো এটা সামাজিক সমস্যা অধ্যয়নৰ বাবে এটা অনুৰূপ সামাজিক ঘটনা বা নমুনা বাছি লৈ ইয়াৰ সকলো দিশ পুংখানুপুংখৰূপে অধ্যয়ন কৰা হয়। এই প্ৰণালীৰ অসুবিধা হ’ল প্ৰতিটো পক্ষৰ পৰা সঠিক তথ্য আৰু খা-খবৰ পোৱা টান, বিশেষকৈ ই যেতিয়া গুপ্ত প্রকৃতির হয়। আনহাতে সংগৃহীত তথ্য যদি ভুল হয় তেতিয়া সমস্যাৰ কাৰণ উদঘাটন কৰাৰ পৰিৱৰ্তে অধ্যয়নৰ সমস্ত উদ্দেশ্যটো বিফল হৈ পৰে।

প্রশ্ন ৭। সাক্ষাৎকাৰ প্ৰণালীৰ বিষয়ে চমুকৈ লিখা। (write briefly about the Interview Method.)

উত্তৰ ঃ সাক্ষাৎকার প্রণালীত অঘেষক এজনে নিৰ্ধাৰিত বিষয়ৰ খা-খবৰ যোগনীয়াৰ জনক ব্যক্তিগতভাবে প্রশ্ন কৰে আৰু তেওঁৰ দৰকাৰী খবৰৰ প্ৰকাৰবোৰ বিচাৰে। এই প্ৰণালীৰ আটাইতকৈ ডাঙৰ সুবিধা হল— অন্ধ্যেকজনে সংগ্ৰহ কৰা খা-খবৰবোৰৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে আৰু তেওঁ খবৰ দিওঁতাজনৰ ভাবগতি আৰু প্ৰকৃতিৰ বিষয়ে জানিব পাৰে আৰু সেইবোৰ তেওঁৰ সামৰণিত প্ৰকাশ কৰিব পাবে। কিন্তু এই প্ৰণালীৰ কিছুমান অসুবিধাও আছে। কিয়নো এইটো এনেকুৱাও হব পাৰে যে খবৰ দিওঁতা জনে প্রত্যক্ষ ভাৱে খবৰ দিয়াৰ বাবে প্ৰস্তুত নাথাকিলও পাবে বৰং খবৰবোৰ লিখিতভাবেও পঠাব পাৰে। কিন্তু এই প্ৰণালীটোৰ আন এটা বাধা হ’ল, ই সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব সাক্ষাৎকাৰ লওঁতাজনৰ ওপৰত যিজন হয়তো যথেষ্ট বেছি পৰিমাণে খা-খবৰ আহৰণ কৰাত সক্ষম নহ’ব পাৰে। তেওঁ হয়তো খবৰ যোগানীয়া জনৰ মনৰ ভিতৰত গভীৰভাৱে সোমাই যাব নোৱাৰিবও পাৰে।

প্রশ্ন ৮। পর্যবেক্ষণৰ অৰ্থ লিখা। 

উত্তৰ ঃ পৰ্যবেক্ষণ হ’ল এজন পর্যবেক্ষকে বা ব্যক্তিয়ে কোনো ঘটনা বা পৰিঘটনা আচৰণৰ প্রত্যক্ষভাৱে কৰা এক পৰীক্ষা।

(অতি চমু প্রশ্নোত্তৰ)

প্রশ্ন ১। জনসংখ্যা (Population) কি?

উত্তৰ : পৰিসংখ্যা বিজ্ঞান মতে, এক বিৰাট জনসমষ্টি (য’ত থাকে – ব্যক্তি, গাঁও বা গৃহস্থী আদি) য’ৰ পৰা নমুনা গ্ৰহণ কৰা হয়।

প্রশ্ন ২। লোক পিয়ল (Census) বুলিলে কি বুজা?

উত্তৰ ঃ এক সর্বাত্মক জৰীপ কাৰ্য, যি কাৰ্যৰ দ্বাৰা এটা নিৰ্দ্ধাৰিত অঞ্চলৰ জনসাধাৰণৰ প্রত্যেকজন ব্যক্তিকে সামৰি লোৱা হয়৷

প্রশ্ন ৩। প্রতিফলন (Reflexivity) কি?

উত্তৰ: গৱেষকে নিজকে নিৰীক্ষণ বা বিশ্লেষণ কৰিব পৰা সামর্থ্য বা সক্ষমতা।

প্রশ্ন ৪। আৰ্হি (Sample) কি? 

উত্তৰ : উপঅংশ বা নির্বাচিত অংশ (সাধাৰণতে সক), এক বৃহৎ জনসংখ্যাক প্রতিনিধিত্ব কৰাৰ বাবে গ্ৰহণ কৰা নমুনা।

প্রশ্ন ৫। অ-নমুনাকৃত ত্রুটি (Non-Sampling Error) ?

উত্তৰ : জৰীপত দেখা দিয়া ভুল, যিটো প্ৰধানকৈ আকৃতি প্ৰয়োগৰ সময়ত সৃষ্টি হয়।

প্রশ্ন ৬। অর্থ লিখা— মূল আচল) (Thesis), মূলৰ বিপৰীত (Antithesis), সংশ্লেষিত ফলাফল (Synthesis)

উত্তৰ:

(১) মূল বা আচল (Thesis)= মূল অৱস্থা বা বিষয়, 

(২) মূলৰ বিপৰীত (Antithesis) = মূলৰ বিপৰীত

(৩) সংশ্লেষিত ফলাফল (Synthesis) = মূল আৰু মূলৰ বিপৰীতৰ আন্তক্রিয়াৰ সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা ফলাফল।

প্রশ্ন ৭। সামাজিক জৰীপ সংক্ষিপ্ত বিস্তৃত (চুটি/দীঘল) অধ্যয়ন পদ্ধতি।

উত্তৰ: বিস্তৃত অধ্যয়ন পদ্ধতি।

প্রশ্ন ৮। সামাজিক গৱেষণাত সাক্ষাৎকাৰ তথ্য সংগ্ৰহৰ এটা পদ্ধতি। (হয় বা নহয়)

উত্তৰ: হয়।

প্রশ্ন ৯। সামাজিক অধ্যয়নৰ পদ্ধতি দুটা উল্লেখ কৰা।

উত্তৰ : অধ্যয়নব পদ্ধতি দুটা– 

(১) জৰীগ পদ্ধতি আৰু 

(২) সাক্ষাৎকাৰ পদ্ধতি।

প্রশ্ন ১০। সামাজিক জৰীপ সামাজিক সমস্যাৰ লগত জড়িত। (হয় বা নহয়)

উত্তৰ: হয়।

প্রশ্ন ১১। শুদ্ধ উত্তৰ বাছি দিয়া :

(১) ভাৰতৰ শেষৰ লোক পিয়ল হৈছিল? 

(a) 2001 

(b) 2002 

(c) 2011 

(d) 2000

উত্তৰ: (c) 2011

(২) ১৯৯১ চনৰ জৰীপ মতে কোন ৰাজ্যত প্রতি ১০০০ জন লৰাৰ বিপৰীতে ৮৭৫ জনী ছোৱালী আছিল?

(a) পাঞ্জাব 

(b) গুজৰাট

(c) হাৰিয়ানা

(d) হিমাচল প্রদেশ

উত্তৰ (a) পাঞ্জাব

(৩) প্রথম বিশ্বযুদ্ধৰ সময়ত অস্ট্রেলিয়া কোন সাম্রাজ্যৰ অধীনত আছিল ?

(a) ব্ৰিটিছ সাম্ৰাজ্যৰ 

(b) ফৰাচী সাম্রাজ্যৰ

(c) ৰুছ সাম্ৰাজ্যৰ 

(d) আমেৰিকা মহাদেশৰ

উত্তৰ। (a) ব্ৰিটিছ সাম্ৰাজ্যৰ

(৪) সম্ভবতঃ সমাজতাত্বিক পদ্ধতিৰ আটাইতকৈ জনপ্রিয় পদ্ধতি—

(a) জৰীপ পদ্ধতি

(b) পথাৰ কাৰ্য

(c) সাক্ষাত্কা

(d) কোনোটোৱে নহয়

উত্তৰ: (a) জৰীপ পদ্ধতি

সমাজতত্ত্ব পৰিচয় ( Part – I )

ক্ৰমিক নংপাঠলিংক
1.সমাজতত্ত্ব আৰু সমাজ (Sociology and Society)Click Here
2.বিশেষ অর্থ থকা শব্দ, অৱধাৰণা আৰু সমাজতত্ত্বত ইয়াৰ ব্যৱহাৰ (Terms. Concepts and their use in Sociology)Click Here
3.সামাজিক সংস্থাবোধ (Understanding Social Institutions)Click Here
4.সংস্কৃতি আৰু সামাজিকৰণ (Culture and Socialisation)Click Here
5.সমাজতত্ত্ব অধ্যয়ন : গবেষণা প্রণালী (Doing Sociology: Research Methods)Click Here

সমাজ বোধ ( Part-II )

ক্ৰমিক নংপাঠলিংক
1.সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজৰ সামাজিক প্রক্রিয়া (Social Structure, Stratification and Social Process in Society)Click Here
2.গ্রামীণ আৰুনগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা (Social Change and Social Order in Rural and Urban Society)Click Here
3.পৰিবেশ আৰু সমাজ (Environment and Society)Click Here
4.পাশ্চাত্যৰ সমাজতত্ত্ববিদসকলৰ — এক পৰিচয় (Introduction Western Sociologists)Click Here
5.ভাৰতীয় সমাজতত্ত্ববিদসকল | (Indian Sociologists)Click Here

This Post Has 3 Comments

Leave a Reply