HS first Year Sociology Chapter 3 – সামাজিক সংস্থাবোধ

HS first Year Sociology Chapter 3 – সামাজিক সংস্থাবোধ । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS first Year Sociology Chapter 3 – সামাজিক সংস্থাবোধ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS first Year Sociology Chapter 3 – সামাজিক সংস্থাবোধ

পাঠ্যভিত্তিক ৰচনাধর্মী প্রশ্নোত্তৰসমূহ–

প্রশ্ন ১। তোমাৰ অধ্যয়ন আৰু নিৰীক্ষণৰ স্কুলৰ বিষয়ে এখন ৰচনা লিখা। ওপৰত নিৰ্ভৰ কৰি সামাজিক সংস্থা হিচাপে I (Write an essay on the school as a social institution. Draw from both your reading as well as your personal observations.)

উত্তৰ।  স্কুল বা পঢ়াশালি হ’ল আনুষ্ঠানিক শিক্ষাৰ এক সংস্থ৷৷ ই মানৱ জাতিৰ জ্ঞান বিকাশৰ এক গুৰুত্বপূৰ্ণ সামাজিক সংস্থা। মানৱ জাতিৰ জীৱনৰ প্ৰথম অৱস্থাৰ, শিশু কালবে পৰা মানসিক বিকাশ আৰম্ভ হয় শিক্ষানুষ্ঠানবোৰৰ পৰাই। এইবোৰতে শিশুৱে অন্ধকাৰৰ পৰা পোহবলৈ আৰু অজ্ঞতাৰ পৰা জ্ঞানলৈ গতি কৰে। স্কুলতে ল’ৰা-ছোৱালীয়ে বিভিন্ন আচৰণৰ, প্ৰস্থিতিৰ আৰু পৰ্যায়ৰ ল’ৰা-ছোৱালীয়ে লগত মিলামিচা কৰিবলৈ সুবিধা পায়। পাঠ্যপুথিৰ পৰা স্কুলৰ ল’ৰা-ছোৱালীয়ে সামাজিক ব্যৱস্থা, দেশ-বিদেশৰ বিষয়ে নানা জ্ঞান বিজ্ঞানৰ কথন জানিব পাৰে। শিক্ষক-শিক্ষয়িত্ৰীৰ ব্যক্তিত্ব, জ্ঞান, আচৰণ, ব্যৱহাৰ-পাতিৰ কথাৰ নানা কথাৰ শিক্ষা পায়। স্কুলতে ল’ৰা-ছোৱালীয়ে উচ্চ শিক্ষাৰ পিনে ধাউতি লাভ কৰিব পাৰে আৰু অৱশেষত জীৱনৰ বাবে কর্মসংস্থাপনৰ বাবে প্ৰস্তুত হ’ব পাৰে।

স্কুলৰ শিক্ষাৰ পৰাই মানুহে শিক্ষা জীৱনৰ এক নিৰৱচ্ছিন্ন পদ্ধতি বুলি জ্ঞান কৰিবলৈ লয়। স্কুলীয়া শিক্ষাই মানুহক যিদৰে প্ৰভাৱিত কৰে আন কোনো অনুষ্ঠানেই জ্ঞান অর্জনৰ ক্ষেত্ৰত নকৰে। স্কুলীয়া শিক্ষাই মানুহৰ জীৱনক গঢ় দিয়ে।

স্কুলতে মানুহে মানৱ জীৱনৰ বেছি ভাগ আচৰণ প্ৰতিমান, মূল্যবোধ, ব্যৱহাৰ, ভাষা, চিত্র কল্প, সাধাৰণ জ্ঞান আদিৰ বিষয়ে জ্ঞান অর্জন কৰিব পাৰে। এই স্কুলৰ পৰ্যায়তে ল’ৰা-ছোৱালীৰ বিভিন্ন বিষয়ৰ প্ৰতি থকা আগ্ৰহ আৰু হেঁপাহৰ বিষয়ে জানিব পৰা যায় আৰু তেওঁলোকৰ প্রতিভাৰ বিকাশ ঘটে। তেওঁলোকৰ দক্ষতা আৰু সক্ষমতা এই পর্যায়তে ফুটি উঠে আৰু ভৱিষ্যত জীৱনৰ বাবে প্রস্তুতিৰ বাট মোকলাই ল’ব পাবে।

আনহাতে এই স্কুল পর্যায়তে আন একাংশ ল’ৰা-ছোৱালী ঘৰুৱা পৰিবেশ পৰিস্থিতিৰ বাবে স্কুলত অনুপস্থিত থাকে, ঘৰৱা কাম-কাজত নাইবা আর্থিক অৱস্থাৰ বাবে অন্ন-বস্ত্ৰৰ বাবে অর্থ অর্জনৰ কামত নিয়োজিত হ’ব লগা হয়। পিছ পৰা শ্রেণীবোৰৰ বাবে এই কথা বেছি প্রজোয্য হোৱা দেখা যায়।

প্রশ্ন ২। কৰ্মৰ ওপৰত এখন ৰচনা লিখা। কর্মসংস্থানৰ প্ৰচলিত দুয়োটা পর্যায়তে গুৰুত্ব দি, কিদৰে পৰিৱৰ্তন হৈছে লিখা। (Write an essay on ‘Work’. Focus on both the range of occupation, which exists and how they change.)

উত্তৰ। ‘কম’ই সাধাৰণভাৱে মঞ্জুধি মুক্ত নিয়োগকে বুজায় যদিও সকলো ক্ষেত্ৰতে এই কথা প্রজোয্য নহয়। বহুতো কমই ‘মজুৰিযুক্ত নিয়োগক’ নুবুজায়। বহুতো কর্ম অনাআর্থিক অনানুষ্ঠানিক কর্মকো বুজাব পাৰে। অন্য অনুষ্ঠানিক আর্থিক কৰ্ম বুলিলে কার্যালয় বর্হিভূত নিয়মীয়া নিয়োগৰ বাহিৰত হোৱা লেন-দেনকো বুজাব পাৰে।

সংজ্ঞা মুঠতে যিবোৰ মানসিক বা শাৰীৰিক কৰ্মৰ নিয়োগত এটা খৰচৰ দৰকাৰ হয় আৰু মানৱ জাতিৰ প্রয়োজন পুৰ্ণৰ বাবে কোনো বস্তু আৰু সেৱা উৎপাদনৰ উদ্দেশ্য থাকে তাকে কৰ্ম বুলি কোৱা হয়।

প্ৰাক-আধুনিক কালৰ সমাজত বেছি ভাগ মানুহে কৃষি ভূমিত নাইবা পশুপালন কার্যত লিপ্ত হ’ব লগা হৈছিল। কিন্তু বর্তমানৰ উদ্যোগিকভাৱে উন্নত সমাজত বেছি ভাগ মানুহেই কল-কাৰখানাৰ কামত আৰু বৃহৎ উদ্যোগবোৰত কাম কৰা দেখা যায়। পাশ্চাত্যৰ বেছিভাগ্য দেশতে বৃহৎ উদ্যোগবোৰৰ কল কাৰখানাৰ যন্ত্রচালিত মেচিনত বস্তু উৎপাদন হয়। কম সংখ্যক মানুহেহে খেতি পথাৰৰ কৃষি কাৰ্যত কাম কৰে।

বৃহৎ উদ্যোগবোৰত উৎপাদিত সামগ্ৰীবোৰৰ সম্পূৰ্ণ কাম এটাৰ বিভিন্ন অংশে শ্রমিকসকলৰ মাজত তেওঁলোকৰ পাৰদর্শিতা মতে কামবোৰৰ শ্রম বিভাজন করা হয়। উদাহৰণস্বৰূপে, মটৰ গাড়ী এখনৰ বিভিন্ন অংশৰ কাম শ্রমিকৰ পাৰদৰ্শিতা মতে বিভাজিত কৰি দিয়া হয়। এই কামবোৰৰ বেছি ভাগ কাম মেচিনত কৰা হয়  শ্রমিকে হাতেৰে কৰিব নালাগে। কিন্তু ভাৰতৰ নিচিনা দেশত মুঠ জনসংখ্যাৰ শতকৰা ৭৫/৮০ ভাগ লোকেই গ্রামাঞ্চলত বাস কৰে আৰু কৃষি কার্যত লিপ্ত থাকে। প্রায় শতকরা ৭৫ ভাগ লোকেই জীৱন নির্বাহ কৰে কৃষিৰ ওপৰত। 

শ্রম বিভাজন ঃ শ্রম বিভাজনৰ ক্ষেত্ৰত পৰম্পৰাগত সমাজত হস্তশিল্প কলাৰ ক্ষেত্ৰত গ্ৰাম্যাঞ্চলত পাৰ্গতালি দেখা যায়। হস্তশিল্পৰ দক্ষতা দীর্ঘকাল প্রশিক্ষণ লোৱাৰ পাছতহে হোৱা দেখা যায়। এই হস্তশিল্পৰ কামত সাধাৰণতে শ্রমবিভাজন নাথাকে একেজন শিল্পীয়ে গোটেই কামটে৷ সম্পূর্ণ কৰি উলিয়াব। 

কর্ম স্থান সলনি আধুনিক সমাজত কৰ্মৰ স্থান সলনি হৈছে। সমাজত উদ্যোগীকৰণ হোৱাৰ আগতে সকলে৷ কামেই ঘৰতে ঘৰৰ সকলো সদস্যই লগলাগি সঠিকভাৱে কৰিছিল। কিন্তু আধুনিক যুগত কামবোৰ সাধাৰণতে ফেক্টোৰিত বা কাৰখানাত কৰা হয়। বৃহৎ উদ্যোগবোৰত কল-কাৰখানা মেচিনৰ সহায়তহে শ্রমিকসকলে বিভিন্ন সামগ্ৰীবোৰ উৎপাদন করে। কল বা মেচিনত কয়লা বা বিদ্যুৎ ব্যৱহাৰ কৰি ইয়াক চালিত কৰা হয়। কৰ্মক আধুনিক যুগত ঘৰৰ পৰা কাৰখানা বা উদ্যোগিক অঞ্চললৈ স্থানান্তৰ কৰা হৈছে।

কৰ্মৰ বিশেষীকৰণঃ আধুনিক যুগত প্ৰতিটো কামকে বিশেষীকৰণ কৰা হৈছে। শ্রমিকসকলৰ একো একোটা বিশেষ কামৰ বা কাৰ্যৰ বাবে প্রশিক্ষণ দি একোজন বিশেষজ্ঞ কৰি তোলা হয় আৰু সেই বিশেষ শ্রমিকজনেহে কোনো এটা বিশেষ কামটো কৰিব পাৰে। ইয়াৰ ফলত কাৰখানাবোৰত এটা শৃংখলাবদ্ধ পৰিবেশ স্থাপন হোৱা দেখা যায়। কৰ্মীসকলৰ মাজত মেনেজাৰ, চুপাৰভাইজাৰ, মেচিনিষ্ট সাধাৰণ শ্রমিক আদি থাকে।

আৰ্থিক আন্তনির্ভশীলতাৰ বিকাশ আধুনিক যুগৰ সমাজত মূল বৈশিষ্ট্যবোৰৰ ভিতৰৰ এটা হ’ল আর্থিক নিৰ্ভৰশীলতাৰ বিকাশ। আধুনিক যুগৰ উদ্যোগবোৰ পৰস্পৰ নিৰ্ভৰশীল। এই নিৰ্ভৰশীলতাইহে এই উদ্যোগবোৰ পৰিচালিত কৰি ৰাখিছে। সমাজত উদ্যোগবোৰৰ উৎপাদন ক উদ্যোগৰ লগত জড়িত শ্রমিকসকল আৰু উপভোক্তাসকলেও সকলো ক্ষেত্ৰতে ইয়াত সহায আগবঢ়াই সকলো কৰ্ম কাৰ্যৰ পৰিচালনাকার্য চলাই থকাত সহায় কৰিছে।

কর্ম সংস্কৃতিৰ পৰিৱৰ্তন কৰ্মৰ নমনীয় উৎপাদন আৰু বিকেন্দ্ৰিকৰণ ক্ষেত্ৰত শিশু বিপ্লৱৰ পাছত পৰম্পৰাগত উৎপাদন ব্যৱহাৰ আমূল পৰিৱৰ্তন ঘটিছে উৎপাদন ব্যৱস্থা ঘ পৰিয়ালৰ পৰা বৃহৎ ঔদ্যোগিক কাৰখানালৈ স্থানান্তৰ হৈছে। আধুনিক সমান্ত সকলোৰে উৎপাদন কার্য উদ্যোগ পামবোৰতহে হয়। ইয়াকে নমনীয় উৎপাদন বুলি জনা যায়। আধুনিক যুগৰ বিশ্বায়নৰ সময়ত উদ্যোগপামবোৰ মাজত আৰু দেশবোৰৰ মাজত উৎপাদনৰ ক্ষেত্ৰত প্রতিদ্বন্দ্বিতা আৰু প্রতিযোগিতা চলে। গতিকে আধুনিক উদ্যোগবোৰ হ’ল এক দীর্ঘ যোগানৰ লানিৰ একোটা অংশহে। এইক্ষেত্ৰত উৎপাদনকাৰীসকলৰ স্বাধীনতাৰ সীমাবদ্ধত থকা দেখা যায়।

পর্যায়সমূহ কোনো এটা সামগ্ৰীৰ পোনপ্ৰথমৰ ডিজাইনাৰ জনৰ উদ্ভাৱন কৰ্মৰ পৰা একেবাৰে শেষৰ উপভোক্তাৰ কমলৈকে প্রায় শতাধিক পর্যায় থাকে। সাধাৰণতে যোগানৰ এই দীঘলীয়া লানিটো উৎপাদনকাৰীৰ ভাগত পৰে মাত্র ১৫ টা মান পর্যায়হে। গতিকে। শ্রমিকে দৰমহা বৃদ্ধিৰ কোনো আন্দোলন কৰিলে, উৎপাদনকাৰীয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হয়।

প্রশ্ন ৩। তোমাৰ সমাজত থকা অধিকাৰবোৰৰ প্ৰকাৰবোৰ আলোচনা কৰা। এইবোৰে তোমাৰ জীৱনত কিদৰে প্ৰভাৱ পেলাইছে।(Discuss the kinds of rights that exist in your society. How do they affect your life.)

উত্তৰ : আধুনিক যুগৰ প্ৰায়বোৰ গণতান্ত্রিক দেশতে নাগৰিকসকলক কিছুমান অধিকাৰ উপভোগ কৰিবলৈ সাংবিধানিকভাৱে দিয়া হয়। আমাৰ ভাৰতীয় সমাজতো স্বাধীনতার পাছৰে পৰা কিছুমান অধিকাৰ সাংবিধানিকভাবে প্রদান কৰা হৈছে৷ সেইবোৰ তলত আলোচনা কৰা হ’ল।

অধিকাৰৰ প্ৰকাৰবোৰ

(ক) অসামৰিক অধিকাৰ ঃ ভাৰতৰ জনসাধাৰণক কিছুমান অসামৰিক অধিকাৰ প্ৰদান কৰা হৈছে । এই অধিকাৰবোৰক ব্যক্তি স্বাধীনতা বুলি কোৱা হয়। ইয়াৰ ভিতৰত পৰে চলন ফুৰণৰ স্বাধীনতা, বাকস্বাধীনতা, ধৰ্মৰ স্বাধীনতা, দৰিদ্ৰতাৰ পৰা মুক্ত হোৱাৰ স্বাধীনতা, আইনৰ চকুত সমানে ন্যায় লাভৰ স্বাধীনতা।

(খ) ৰাজনৈতিক অধিকাৰ : ভাৰতীয় সমাজ ব্যৱস্থাত জনসাধাৰণক ৰাজনৈতিকভাৱে কিছুমান অধিকাৰ প্ৰদান কৰা হৈছে। তাৰ ভিতৰত ১. সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ, ২ চৰকাৰৰ ওচৰত দৰ্খাস্ত দাখিল কৰাৰ অধিকাৰ। মধ্যযুগৰ ৰাষ্ট্ৰ ব্যৱস্থাত এই অধিকাৰবোৰ নাগৰিকক প্ৰদান কৰা হোৱা নাছিল।

(গ) সামাজিক অধিকাৰ আধুনিক যুগৰ কল্যাণকামী বাইবোৰত এক প্ৰকাৰৰ সমাজ কল্যাণমূলক অধিকাৰ প্ৰদান কৰা দেখা যায়। সমাজত এই আঁচনিবোৰ দ্বিতীয় মহাসমৰৰ পিছৰে পৰা প্ৰৱর্তন হোৱা দেখা যায়। এই অধিকাৰবোৰৰ ভিতৰত স্বাস্থ্য আৰু চিকিত্সা বিষয়ক অধিকাৰ, নিবনুৱা ভাট্টাৰ অধিকাৰ, দৰিদ্ৰতা নিবাৰণৰ অধিকাৰ, ন্যূনতম মজুধি লাভৰ অধিকাৰ আদিয়ে প্রধান। পাশ্চাত্যৰ সমাজতান্ত্রিক দেশসমূহত সামাজিক কল্যাণমূলক অধিকাৰবোৰৰ প্ৰৱর্তন বেছি দেখা যায়। 

(ঘ) কল্যাণমূলক অধিকাৰ বৰ্তমান আধুনিক যুগৰ কল্যাণকামী ৰাষ্ট্ৰবোৰত, বিশেষকৈ সমাজতান্ত্রিক ৰাষ্ট্ৰবোৰ কল্যাণমূলক অধিকাৰ প্ৰৱর্তন হোৱা দেখা যায়। ৰাষ্ট্ৰৰ আর্থিক উন্নয়নৰ আৰুন ধাৰণৰ মান উন্নত কৰাৰ উদ্দেশ্যে জনসাধাৰণৰ মাজত থকা নিৰক্ষৰতা, দৰিদ্রতা, বাসস্থান, যাতায়ত ব্যৱস্থাৰ উন্নতি কৰাৰ বাবে কিছুমান কল্যাণমূলক আঁচনিৰ প্ৰৱৰ্তন কৰিছে। 

জনসাধাৰণৰ জীৱনত অধিকাৰৰ প্ৰভাৱ–

১. অসামৰিক অধিকাৰে জনসাধাৰণৰ মুক্ত জীৱন-যাপনৰ সুবিধা প্রদান করে। ন্যা প্ৰাপ্তিৰ সুবিধা, সমতাৰ সুবিধা, ভাব প্রকাশৰ অধিকাৰ, ধৰ্মৰ সুবিধা, চলনফুৰণৰ অধিকাৰ, এইবোৰে মানুহক আর্থিক উন্নতিৰ লগতে সম্পত্তি আহৰণ সুবিধা প্ৰদান কৰে। 

২. গণতান্ত্রিক দেশৰ ৰাজনৈতিক অধিকাৰে নাগৰিকক নিৰ্বাচনত ভোট দিয়াৰ আৰু প্রতিনিধিৰ বাবে প্রার্থী হোৱাৰ অধিকাৰ আদি প্ৰদান কৰি জনসাধাৰণৰ সামাজিক প্রস্থিতি যথেষ্ট বৃদ্ধি কৰিছে। 

৩. সামাজিক তথা কল্যাণমূলক অধিকাৰে সমাজৰ আর্থিকভাৱে দুর্বল শ্রেণীতকৈ সমাজত এটা সম্মানজনক প্রস্থিতি উপনীত হোৱা অধিকাৰ প্ৰৱৰ্তন কৰিছে। সমাজৰ এটা নিকৃষ্ট স্থানৰ পৰা উন্নত কৰিবলৈ সক্ষম হৈছে। স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ কিছু পৰিমাণে সকাহ দিছে।

সমাজতত্ত্ব পৰিচয় ( Part – I )

ক্ৰমিক নংপাঠলিংক
1.সমাজতত্ত্ব আৰু সমাজ (Sociology and Society)Click Here
2.বিশেষ অর্থ থকা শব্দ, অৱধাৰণা আৰু সমাজতত্ত্বত ইয়াৰ ব্যৱহাৰ (Terms. Concepts and their use in Sociology)Click Here
3.সামাজিক সংস্থাবোধ (Understanding Social Institutions)Click Here
4.সংস্কৃতি আৰু সামাজিকৰণ (Culture and Socialisation)Click Here
5.সমাজতত্ত্ব অধ্যয়ন : গবেষণা প্রণালী (Doing Sociology: Research Methods)Click Here

সমাজ বোধ ( Part-II )

ক্ৰমিক নংপাঠলিংক
1.সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজৰ সামাজিক প্রক্রিয়া (Social Structure, Stratification and Social Process in Society)Click Here
2.গ্রামীণ আৰুনগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা (Social Change and Social Order in Rural and Urban Society)Click Here
3.পৰিবেশ আৰু সমাজ (Environment and Society)Click Here
4.পাশ্চাত্যৰ সমাজতত্ত্ববিদসকলৰ — এক পৰিচয় (Introduction Western Sociologists)Click Here
5.ভাৰতীয় সমাজতত্ত্ববিদসকল | (Indian Sociologists)Click Here

প্রশ্ন ৪৷ সমাজত বিশদ পৰিমাণৰ অৰ্থনৈতিক, ৰাজনৈতিক, সংস্কৃতিক পৰিৱৰ্তন (উদাহৰণ প্ৰব্ৰজন)ৰ ফলশ্ৰুতিত পৰিয়ালত পৰিৱৰ্তন, বাসস্থান পদ্ধতি আনকি আন্তক্ৰিয়াৰ ধৰণৰ যি পৰিৱৰ্তন ঘটে তাক বিচাৰ কৰা। (Find out how membership, residence pattern and even the mode of interaction changes in the family with broader economic, political and cultural changes, for instance migration.) 

উত্তৰঃ ভাৰতৰ পৰিয়াল পদ্ধতিৰ পৰিৱৰ্তনৰ প্ৰধান কাৰণসমূহৰ বিষয়ে আলোচনা কৰিবলৈ হ’লে আমি আধুনিক যুগত পাশ্চাত্য সভ্যতাৰ প্ৰভাৱত আৰম্ভ হোৱা পৰিৱৰ্তনৰ ওপৰতহে বেছি গুৰুত্ব আৰোপ কৰিব লাগিব। ইংৰাজসকল ভাৰতলৈ অহাৰ পাছৰে পৰা পশ্চিমীয়া শিক্ষা-সংস্কৃতিয়ে আৰু উদ্যোগীকৰণ ব্যৱস্থাত বিশেষকৈ পৰিয়াল পদ্ধতিত আমূল পৰিৱৰ্তনৰ সূচনা কৰে। তলত এই কাৰণসমূহ আলোচনা কৰা হ’ল—

(ক) উদ্যোগীকৰণ ঃ উদ্যোগীকৰণ ব্যৱস্থাই মধ্য যুগৰ সামাজিক স্থবিৰতা হ্রাস কৰাত সহায় করে। উদ্যোগীকৰণ ব্যৱস্থাই বহুতো ব্যৱসায় বৃত্তিৰ সা-সুবিধা আনে। মানুহে এনে সুবিধা গ্রহণৰ বাবে নিজৰ ঠাই এৰি আন ঠাইলৈ যাব লগা হয়। উদ্যোগীকৰণৰ প্ৰভাৱ পৰিলক্ষিত হৈছে বিশেষকৈ তলত দিয়া পৰিৱৰ্তনবোৰৰ ক্ষেত্ৰত ।

(১) নতুন বৃত্তিৰ উদ্ভৱ ঃ উদ্যোগীকৰণৰ ফলত ভাৰতত বিভিন্ন বিভাগত অসংখ্য নতুন বৃত্তিৰ সৃষ্টি হয়। মানুহে জীৱিকা অৰ্জনৰ কাৰণে নিজ পৰিয়ালৰ পৰা আঁতৰি গৈ বেলেগ বৃত্তি লৈ জীৱন নিৰ্বাহ কৰিবলৈ আৰম্ভ কৰে। নগৰ চহৰত মানুহে পৰিশ্ৰমত সহজে ধন ঘটাৰ বাবে নিজৰ পৰিয়াল বা গাঁও এৰি নগৰলৈ যাব লগা হয় ইয়াৰ ফলত পৰিয়ালত পৰিৱৰ্তনে দেখা দিয়ে। 

(২) কুটীৰ শিল্পৰ অৱনতি নতুন উদ্যোগবোৰত উৎপাদিত সামগ্ৰীৰ লগত গাঁৱলীয়া কুটীৰ শিল্পৰ সামগ্ৰীয়ে ফেৰ মাৰিব নোৱাৰা হ’ল ফলত কুটীৰ শিল্পৰ অৱনতি হ’বলৈ ধৰে। মানুহে কুটীৰ শিল্প এৰি বৃহৎ উদ্যোগবোৰত কাম-কাজৰ অনুসন্ধান কৰিবলৈ ধৰে। 

(৩) নগৰীয়া বাতাবৰণ 3 উদ্যোগ কেন্দ্ৰবিলাক গঢ়ি উঠাৰ লগে লগে সেই ঠাইবোৰত নগৰৰো সৃষ্টি হ’বলৈ আৰম্ভ কৰে। নগৰ চহৰবোৰত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বাঢ়িবলৈ ধৰে৷ নগৰত শিক্ষা-দীক্ষা আদিৰ সা-সুবিধা বৃদ্ধি হ’বলৈ ধৰে। নগৰৰ আধুনিক সা-সুবিধাই গাঁৱৰ শিক্ষিত মানুহক আকৰ্ষণ কৰিবলৈ ধৰে। গাঁৱৰ পৰা নগৰলৈ এটা প্ৰব্ৰজনৰ সোঁত ববলৈ ধৰে৷

(৪) নগদ ধনৰ প্ৰচলন উদ্যোগীকৰণৰ লগে লগে শ্রমিকৰ মজুৰি নগদ ধনেৰে দিয়াৰ নিয়ম প্রচলন হ’ল।নগদ টকাৰে কাৰ্যৰ পৰিমাণ স্থিৰ কৰাৰ নিয়ম প্ৰচলন হ’ল। ফলত ব্যক্তিবাদী চিন্তাধাৰাই গা কৰি উঠাত যুটীয়া পৰিয়ালৰ ৰক্ষণশীল বান্ধোনত সংঘাতে দেখা দিলে। যুটীয়া আয়-ব্যয়ৰ কথা এৰি মানুহে ব্যক্তিগত চিন্তা কৰিবলৈ ল’লে ।

(৫) বাসস্থানৰ সমস্যা ঃ ব্যৱসায়, চাকৰি, শিক্ষা আদিৰ সুবিধা গ্ৰহণৰ বাবে নগৰত বাস কৰিবলগীয়া হোৱাত নগৰবোৰত বাসস্থানৰ সমস্যাই দেখা দিয়ে। গতিকে পৰিয়ালৰ পৰিয়ালবোৰ সৰু সৰু হ’বলৈ ধৰে আৰু যুটীয়া পৰিয়ালত নানা অসুবিধাই দেখা দিবলৈ ধৰে। ফলত যুটীয়া পৰিয়াল লোপ পাবলৈ আৰম্ভ কৰে।

(৬) নাৰীৰ কৰ্মসংস্থানৰ ব্যৱস্থাঃ উদ্যোগীকৰণে কেৱল পুৰুষকেই যে সুবিধা প্রদান কৰিছে তেনে নহয় শিক্ষিত নাৰীসকলকো পুৰুষৰ সমানেই কর্মসংস্থানৰ সা-সুবিধা আগবঢ়াইছে। নাৰীয়ে পুৰুষৰ সমানে ধন উপাৰ্জন কৰিব পৰা হোৱাত পুৰুষৰ ওপৰত থকা নিৰ্ভৰশীলতা লাহে লাহে হ্রাস পাবলৈ ধৰে। নাৰীৰ সমান অধিকাৰ আৰু মৰ্যাদাৰ দাবীয়ে সংৰক্ষণশীল পৰিয়ালৰ ভেটি ল’ৰাই দিয়ে। নাৰীৰ স্বাধীনতা আৰু মুক্তিৰ হাবিয়াসে পৰিয়ালৰ এটা আমূল পৰিৱৰ্তন আনে।

(৭) যাতায়াতৰ উন্নতিবৃটিছ শাসনৰ শেষফালে আৰু ভাৰতৰ স্বাধীনতাৰ পাছৰ পৰ যাতায়াত আৰু পৰিবহণৰ লগতে যোগাযোগ ব্যৱস্থাৰ যথেষ্ট পৰিৱৰ্তন হয়। এইবোৰে বাণিজ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ লগতে মানুহে এঠাইৰ পৰা আন ঠাইলৈ যোৱাত যথেষ্ট সুবিধা হয়।

(৮) পৰিয়ালৰ কাম-কাজৰ পৰিৱৰ্তন কৃষিজীৱী পৰিয়ালত সামূহিক বা সন্মিলিত শ্ৰমৰ আৱশাক। পুৰুষ-মহিলাৰ মাজত শ্ৰমৰ বিভাজন আছিল। কিন্তু উদ্যোগীচরণে পাৰিবাৰিক কাম-কাজৰ মৌলিক পৰিৱৰ্তন ঘটোৱাত, পৰিয়ালত সন্মিলিত অমৰ আৱশ্যক নোহোৱা হ’ল। 

(৯) ধন আৰু ব্যক্তিৰ যোগ্যতাৰ ওপৰত গুৰুত্ব ও উদ্যোগিক সমাজত ধন-সম্পদৰ মাধ্যমতহে সামাজিক প্রস্থিতি, মর্যাদা প্রতিষ্ঠা আদি নিৰ্ণয় কৰা হ’বলৈ ধৰে। এই সমাজত সম্পদ আহৰণৰ বাবে ব্যক্তিগত যোগ্যতাৰ একান্ত প্রয়োজন হ’বলৈ ধৰে। ৰক্ষণশীল ফুটীয়া পৰিয়ালৰ বান্ধোনত মানুহে ব্যক্তিগত যোগ্যতাৰ উন্নতি সাধন কৰিব নোৱৰা হ’ল। গতিকে মানুহে সেই বান্ধোন ভাঙি দিবলৈ ধৰে।

(১০) জনসংখ্যা বৃদ্ধি আৰু আর্থিক অবস্থা যুটীয়া পৰিয়ালত জনসংখ্যা বৃদ্ধি পাবলৈ ধৰাত সীমিত আয় বা পৰিসত সীমিত পৰিমাণৰ মাটিয়ে পৰিয়ালবোৰক আর্থিক নাটনিৰ সম্মুখীন কৰে আৰু অচল হৈ পৰে। ফলত যুটীয়া পৰিয়ালৰ নিবনুৱা বোজা স্বৰূপ ডেকা গাভৰুসকল আত্মনির্ভশীল হৈ ওলাই আহিবলৈ ধৰে৷ 

(১১) আধুনিক শিক্ষা আধুনিক শিক্ষাই প্ৰসাৰতা লাভ কৰাৰ লগে লগে মানুহৰ মনত ব্যক্তিবাদ, সমতা, স্বতন্ত্রতা আদি চিন্তাধাৰাই গা কৰি উঠে। বিশেষকৈ ইংৰাজী শিক্ষা আৰু পশ্চিমীয়া সংস্কৃতিয়ে সমগ্র ভাৰতীয় সমাজ ব্যৱস্থাত এটা আমূল পৰিৱৰ্তনৰ সূচনা কৰে। আগৰ যুটীয়া পৰিয়ালৰ পৰিৱর্তে এক পৰিয়ালৰ প্ৰতি বেছি আকর্ষিত হয়। ব্যক্তিগত পৰিয়ালত যিমান স্বাধীনতা স্বতন্ত্রতা আৰু আন সা-সুবিধা পাব পাৰি যুটীয়া পৰিয়ালত তেনে সা-সুবিধা সম্ভৱ নহয়।

(১২) আইনৰ প্ৰভাৱ : স্বাধীনোত্তৰ কালৰ বিবাহ আৰু উত্তৰাধিকাৰ সম্পৰ্কীয় আইনবোৰৰ প্রভাৱ বিশেষ তাৎপর্যপূর্ণ। আন্তর্জাতীয় বিবাহ অনুমোদনৰ ফলত ৰক্ষণশীলতাৰ কেন্দ্ৰস্বৰূপ যুটীয়া পৰিয়ালৰ বান্ধোন সোলক-ঢোলক হৈ পৰে। নাৰীক সম্পত্তিৰ অধিকাৰ পুৰুষৰ সমানে দিয়াত নাৰীয়ে গুৰুষৰ সমানে ফেৰ মাৰিব পৰা হ’ল। বিবাহক আগতে যিদৰে ধৰ্মীয় সংস্কাৰ বুলি ধৰা হৈছিল; বিবাহ সম্পর্কীয় নতুন আইনে সেই ধাৰণাৰ সলনি কৰিছে।

ধর্ম (Religion )

প্রশ্ন ৫। ধর্ম বুলিলে কি বুজা ? আধুনিক সমাজত ধৰ্মৰ স্থান সম্পর্কে চমুকৈ আলোচন৷ কৰা। (What do you mean by religion? Discuss about the place of religion in the modern society?)

নাইবা/Or, 

ধর্ম কি ? (What is religion) 

উত্তৰ:- কিছুমান অলৌকিক পৰমার্থিক শক্তিৰ ওপৰত থকা মানুহৰ বিশ্বাস আৰু সেই অলৌকিক শক্তিবোৰক সন্তুষ্ট কৰিবলৈ উদ্দেশ্য কৰি পূজা-প্ৰাৰ্থনা আদি বিভিন্ন প্ৰকাৰৰ সামূহিক ক্ৰিয়া-কাণ্ডৰ সমষ্টিকে ধর্ম বোলা হয়। আনহাতে পৰমাৰ্থিক জগতৰ পৰমাত্মাৰ শক্তি আৰু মহিমাৰ বিষয়ে থকা গভীৰ বিশ্বাসকো ধৰ্ম বুলি ক’ব পাৰি। মানুহে এনে বিশ্বাসৰ ওপৰত

ভিত্তি কৰিয়েই খাদ্যবস্তু, আচৰণ আদিৰ ওপৰত বাধা-নিষেধ আরোপ কৰে। ইমাইল দুৰণেইমৰ। মতে যিবিলাক বস্তুক পবিত্ৰ হিচাপে জ্ঞান কৰা হয় সেইবোৰ বস্তুৰ দ্বাৰা অলৌকিক শক্তিব উদ্দেশ্যে কিছুমান পুজা-পাৰ্বণ কৰা হয় আৰু একেধৰণৰ পূজা-পার্বণ কৰা মানুহৰ সমষ্টি লৈ ধৰ্মৰ সৃষ্টি হয়। গতিকে ধৰ্মক এটা সামূহিক ধাৰণা হিচাপে গণ্য কৰা হয়। সেয়ে ভগবান আৰু অন্যান্য অলৌকিক শক্তিক কেন্দ্ৰ কৰি সৃষ্টি কৰা বিশ্বাস, আচৰণ আৰু ধাৰণাৰ সমষ্টিক ধর্ম বুলি কোৱা হয়।

প্রশ্ন ৬। সমাজ তত্ত্বই ধৰ্মক কেনেদৰে অধ্যয়ন কৰে? আলোচনা কৰা। (How does sociology study religion?)

উত্তৰ : আধুনিক সমাজত ধৰ্মৰ স্থান ধর্ম মানৱ সমাজৰ এক অবিচ্ছেদ্য অংগ। পৃথিৱীৰ সকলো মানুহৰ মাজত ধৰ্মক সামাজিক জীৱনৰ অতি প্রয়োজনীয় সংস্থা হিচাপে গণ্য কৰা হয়। ধর্ম মানুহৰ জন্মগত স্বত্ব। এটি শিশুৰ জন্মৰ লগে লগেই তেওঁৰ পিতৃৰ ধৰ্মৰ প্ৰভাৱ সেই শিশুটিৰ গাত পৰে। সেয়ে সকলো মানুহেই ধৰ্মৰ লগত জড়িত আৰু প্রত্যেক মানুহৰে বেলেগ বেলেগ ধর্ম আছে।

ধৰ্মৰ সৃষ্টি হৈছে মানৱ সমাজৰ কল্যাণৰ বাবে। মানুহে যেতিয়৷ বিভিন্ন অলৌকিক শক্তিৰ প্ৰভাৱত ভীতিগ্ৰস্ত হৈ পৰিছিল আৰু সেই অলৌকিক শক্তিৰ প্ৰভাৱৰ পৰা নিজকৰক্ষা কৰাৰ প্রয়োজনীয়তা অনুভৱ কৰিছিল তেতিয়াই সেই অলৌকিক শক্তিক সন্তুষ্ট করার উদ্দেশ্যে বিভিন্ন ক্রিয়া-কর্ম, পূজা-পাৰ্বণ আদি কৰিছিল। এনেকৈয়ে ধর্ম মানৱ সমাজৰ কল্যাণৰ বাবে সৃষ্টি হৈছিল। আধুনিক সমাজতো বিজ্ঞানৰ চৰম উৎকর্ষ সাধনৰ ফলত সকলো ঘটনাবে বিজ্ঞানসম্মত অধ্যয়ন কৰি নতুন সিদ্ধান্তত উপনীত হ’ব পৰা হৈছে। তথাপিও মানুহৰ মাজত ধৰ্মৰ ধাৰণাৰ অৱসান ঘটা নাই। বিজ্ঞানে মানুহৰ মনৰ পৰা অন্ধবিশ্বাস আঁতৰাবলৈ সমৰ্থ হ’লেও মানুহৰ আধ্যাত্মিক চিস্তাধাৰাৰ উৎকৰ্ষ সাধনৰ বাবে ধৰ্ম অতি প্রয়োজনীয়। পুৰণিকালত যেতিয়া আইনৰ সৃষ্টি হোৱা নাছিল তেতিয়া সমাজত বেয়া কামৰ পৰা বিৰত কৰিবলৈ ধৰ্মই একমাত্র অনুষ্ঠান আছিল। বর্তমান ৰাষ্ট্ৰত প্ৰচলিত আইন-কানুনৰ ক্ষেত্ৰতো ধৰ্মই এটা উৎস হিচাপে পৰিগণিত হৈছে।

ধৰ্মই সমাজলৈ শাস্তি, শৃংখলা আৰু নিৰাপত্তা কঢ়িয়াই আনে। প্রত্যেক ধৰ্মৰে মূলনীতিসমূহ ন্যায়, সত্য আৰু অহিংসাৰ ওপৰত ভিত্তি কৰিয়েই ৰচনা কৰা হয়। সেয়ে ধর্মীয় বাধা-নিষেধ সমাজৰ শৃংখলা ৰক্ষা কৰাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা দেখা যায়।

বৰ্তমান সমাজত ধৰ্মৰ গুৰুত্ব একেদৰেই আছে যদিও প্রাচীন সমাজৰ দৰে ধৰ্মৰ গোড়ামি বর্তমান সমাজত দেখিবলৈ পোৱা নাযায়। বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে আজিকালি প্রতিজন মানুহে ধৰ্মৰ বাধা-নিষেধসমূহক বিজ্ঞানসন্মত দৃষ্টিভংগীৰে চালিজাৰি চাবলৈ শিকিছে৷ সেয়ে ধৰ্মৰ স্বৰূপৰ কিছু পৰিৱৰ্তন ঘটিছে। প্রাচীন কালত মানুহে ধৰ্মৰ নামত নানা ধৰণৰ লৌকিক আৰু অলৌকিক বস্তুক পূজা সেৱা কৰিছিল কিন্তু আধুনিক সমাজত পূজা-সেৱা কেৱল দেৱ দেৱী বা ঐশ্বৰিক পৰমাত্মাকহে কৰা হয়।

বৰ্তমান সমাজত ধৰ্মই মানুহৰ কেৱলমাত্র ধর্মীয় দিশটোহে সাঙুৰি লয় আনহাতে ৰাজনীতি আদি দিশ ধর্মীয় দিশৰ পৰা সম্পূর্ণ মুক্ত। ধৰ্মৰ বিভাজন আধুনিক যুগৰ ধৰ্মৰ এটা উল্লেখযোগ্য দিশ। সাধাৰণতে ধর্মীয় ৰীতি নীতি, আচাৰ-ব্যৱহাৰৰ মতবিৰোধৰ ফলতেই আধুনিক সমাজত বিভিন্ন ধর্ম সম্প্ৰদায়ৰ সৃষ্টি। হোৱা দেখা যায়। ধর্ম বিজ্ঞানসম্মত অধ্যয়নৰ ফলতেই হিন্দু ধৰ্মৰ ভিতৰত শাক্ত, শৈৱ, বৈষ্ণৱ আদি বিভিন্ন পথৰ সৃষ্টি হোৱা দেখা যায়।

সামাজিক সংহতি ৰক্ষা কৰাৰ ক্ষেত্ৰতো ধর্মই গুরুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। একে ধর্মবিশ্বাসী। -লোকসকলৰ মাজত ঐক্য-সংহতি গাঁঢ় উঠে। মানুহৰ জীৱনৰ মহত্ব আৰু গুরুত্ব উপলব্ধি কৰিবলৈকো আধুনিক সমাজত ধৰ্মৰ গুৰুত্ব অতি বেছি।

অৱধাৰণাসমূহ

Essay Type Questions and Answers ওপৰঞ্চি পাঠভিত্তিক ৰচনধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। অৱধাৰণা কি? (What is concept) ? 

উত্তৰ: সমাজবিজ্ঞান হিচাপে সমাজশাস্ত্ৰই মানুহৰ সামাজিক জীৱনৰ বিজ্ঞানসন্মত অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্রত্যেক বিজ্ঞানৰে কিছুমান নিৰ্ধাৰিত কথাক বুজাবলৈ কিছুমান বিশেষ শব্দ, ভাবার্থ আৰু ধাৰণা থাকে। এই নিৰ্ধাৰিত প্ৰতিশব্দই আৰু ইয়াৰ স্পষ্ট ধাৰণাই অৰ্থৰ স্বাৰ্থতা নাইকিয়া কৰে। সার্বজনীনভাৱে গৃহীত নির্দিষ্ট আৰু স্পষ্ট শব্দই ব্যৱহাৰ কৰোঁতা, শুনোতা বা পঢ়োতাৰ মনত কোনো প্ৰকাৰৰ দ্বিধা বা দ্ব্যৰ্থতাৰ ভাব নানে নির্দিষ্ট ধাৰণাই কোনো ভাবক বৈজ্ঞানিক স্বৰূপ দিয়ে। সেইবাবেই প্রত্যেক বিজ্ঞানৰ এনে ধাৰণা বা শব্দবোৰ স্পষ্টভাৱে বুজাৰ ওপৰত গুৰুত্ব দিয়া হয়।

সমাজশাস্ত্ৰই মানুহৰ পৰস্পৰৰ মাজৰ কাৰ্য আৰু সম্পৰ্কৰ ওপৰত গুরুত্ব দিয়ে সমাজতহে মানুহৰ মাজত পৰস্পৰৰ কাৰ্য আৰু সম্বন্ধৰ মাজৰ সম্পৰ্ক গঢ়ি উঠে। সমাজ হ’ল মানুহৰ মাজত গঢ়ি উঠা বিভিন্নসমূহ: সম্প্রদায় আৰু সস্থাবোৰত প্রচলিত বিভিন্ন সংস্থাৰ সংমিশ্রিত রূপ। গতিকে এই সংস্থানো কি? এই অধ্যায়ত আমি পাঠ্যক্ৰমত নিৰ্ধাৰিত কৰি দিয়া কেইটিমান সংস্থাৰ বিষয়ে আলোচনা কৰিম। এই নির্দিষ্ট সংস্থাকেইটা হ’ল— (১) বিবাহ পদ্ধতি, (২) পৰিয়াল পদ্ধতি, (৩) ধর্ম পদ্ধতি, (৪) স্বজন পদ্ধতি।

কিন্তু কোনো নির্দিষ্ট সংস্থাৰ বিষয়ে পঢ়াৰ আগতে সংস্থাৰ অৱধাৰণাটো স্পষ্ট কৰি লোৱাটো ভাল হ’ব। 

প্রশ্ন ২। সামাজিক সংস্থা বুলিলে কি বুজা?

(What do you understand about social institutions?) 

নাইবা, 

উদাহৰণসহ সামাজিক সংস্থাৰ সংজ্ঞা দিয়া।

(Give the definition of social Institution, with examples.)

উত্তৰঃ সামাজিক সংস্থা সম্পর্কে বিভিন্ন চিন্তাবিদে বিভিন্ন ধাৰণা আগবঢ়াইছে মেকাইবাৰ আৰু পেজৰ মতে, “সংস্থা পদ্ধতিৰ সংস্থা পদ্ধতিৰ সংস্থাপিত ৰূপ। ই এবিধ প্রচলিত সামাজিক ক্রিয়া বিধি” (The established forms or conditions of procedure characteristics of Group activities) আনহাতে কিংছলি ডেভিচৰ মতে, কোনো এটা বা তাতকৈ বেছি সামাজিক কার্যকলাপ সমাপন কৰিবৰ বাবে যি এলানি সমাচাৰ জনৰীতি আৰু নীতি-নিয়মৰ সম্পৰ্ক সংগঠিত হয় তাকেই সংস্থা বোলে। মুঠতে সাধাৰণভাৱে সংস্থা হ’ল নিয়ম-নীতিৰ দ্বাৰা সৃষ্টি কৰা এক সংগঠিত পদ্ধতি। এই পদ্ধতিৰ সহায়ত কোনো এক সামাজিক ক্রিয়া সম্পাদন কৰা হয়। এনে পদ্ধতিৰ ভিতৰত আমি আমাৰ পাঠ্যক্ৰমৰ পৰা— (১) বিবাহ পদ্ধতি, (২) পৰিয়াল পদ্ধতি, (৩) ধর্ম পদ্ধতি বা (৪) স্বজন পদ্ধতিৰ

উদাহৰণ দিব পাৰে৷৷ এইবোৰকে সামাজিক সংস্থা বোলা হয়। তলত আমি এই সংস্থাবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।

পৰিয়াল (Family)

প্রশ্ন ১। পৰিয়াল কাক বোলে ? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি? (What is family? What are the main characteristics?)

উত্তৰ ঃ পৰিয়াল হ’ল সমাজৰ প্ৰাথমিক গোেট। পৰিয়ালক কেন্দ্ৰ কৰিয়েই মানুহৰ সামাজিক জীৱন আৰম্ভ হয়। স্বামী-স্ত্রী তেওঁলোকৰ ল’ৰা-ছোৱালী আৰু আন আত্মীয় স্বজন, যি সকলে একে ৰান্ধনীশালত স্থায়ীভাৱে খোৱা-বোৱা কৰি একেলগে একেখন ঘৰতে বসবাস কৰে সেই জনসমষ্টিটোকে আমি সাধাৰণতে পৰিয়াল বুলি কওঁ যদিও সমাজশাস্ত্রবিদসকলে ইয়াৰ সংজ্ঞা বিভিন্ন প্রকাৰে দিছে। সিপিঠিত দুটা উল্লেখযোগ্য সংজ্ঞা দিয়া হ’ল—

(১) মেক্ আইভাৰ আৰু পেজৰ মতে, “পৰিয়াল এনে এক নির্দিষ্ট আৰু স্থায়ী যৌন সম্বন্ধৰ দ্বাৰা নিৰ্ধাৰিত সামাজিক গোট, যি সন্তান জন্ম দিয়া আৰু সিহঁতক লালন-পালন কৰা কাৰ্যক সম্পাদন কৰে।”

(২) আগবাণ আৰু নিম্নফৰ মতে, “ পৰিয়াল বিবাহিত পতি-পত্নী আৰু তেওঁলোকৰ নিজৰ নাইবা আনৰপৰা তুলি লোৱা সন্তানক লৈ গঠিত হোৱা ব্যক্তিৰ সমষ্টি বা গোট।” মুঠতে দেখা যায় পতি-পত্নী আৰু তেওঁলোকৰ সস্তানেই পৰিয়াল গঠনৰ মূল আধাৰ। পৰিয়ালৰ বৈশিষ্ট্যসমূহ : ( Characteristics of Family)

(১) সাৰ্বজনীনতাপৰিয়াল এটা সাৰ্বজনীন সংস্থা। মানৱ সমাজত প্রাচীন যুগৰে পৰ সকলো স্তৰতে পৰিয়ালৰ স্থিতি বিভিন্ন প্ৰকাৰে পোৱা যায়। বিভিন্ন সময়ৰ এই পৰিয়ালবোৰ পতি-পত্নী আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীক লৈ একেলগে সুখে-শান্তিৰে বসবাস কৰাট এটা সার্বজনীন চিৰন্তন চৰিত্ৰ।

(২) অনুভূতিৰ আধাৰ পৰিয়াল হ’ল মানুহৰ সকলো প্ৰকাৰৰ মানৱীয় অনুভূতিৰ আধাৰ৷ মানুহৰ সুখ-দুখ, ভয়-ভক্তি, ভাল-বেয়া, হাঁহি-কান্দোন, যশ-অপযশ, মৰম-চেনেই আদি সকলো অনুভূতিৰ আধাৰ। পৰিয়ালৰ ব্যক্তিসকলক এই অনুভূতিবোৰে এক নিবিড় এনাজৰীৰে বান্ধ খাই থাকে। পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিয়ে সুখ-দুখৰ সমভাগী। 

(৩) সীমিত আকাৰ ঃ পৰিয়াল সাধাৰণতে সীমিত আকাৰৰ৷ দ্বাৰা পৰিয়ালৰ গঠন হ’লেও, তেওঁলোকৰ ল’ৰা-ছোৱালীৰ জন্ম হৈ পৰিয়ালৰ ব্যক্তিৰ সংখ্যা বৃদ্ধি হয় যদিও আনহাতে মৃত্যুৰ দ্বাৰা পৰিয়ালৰ সংখ্যা কমিও যায়। বিবাহৰ দ্বাৰাও পৰিয়ালৰ ব্যক্তির সংখ্যা কম-বেছি হ’ব পাৰে। মুঠতে পৰিয়াল সদায় এটা সীমিত আকাৰত থাকে। পৰিয়ালৰ ব্যক্তিৰ সংখ্যা বঢ়া-চুটা এটা নিত্যনৈমিত্তিক কথা।

(8) ব্যক্তিত্ব গঠনৰ স্থান ব্যক্তিৰ চৰিত্ৰ গঠনত পৰিয়ালৰ প্ৰভাৱ অপৰিসীম। পৰিয়ালতে মানুহে জন্মগ্রহণ কৰি ডাঙৰ-দীঘল হয়। পৰিয়ালৰ লোকৰপৰাই কচি-অভিৰুচি, আচাৰ-ব্যৱহাৰ, ভয়-ভক্তি, চিন্তা-চৰ্চাৰ আৰম্ভণি হয় আৰু মানুহৰ ব্যক্তিত্বই গঢ় ল’বলৈ আৰম্ভ কৰি শেষত পূর্ণ পর্যায় পায়। মুঠতে প্রত্যেক ব্যক্তিৰ ব্যক্তিত্ব পৰিয়ালৰ অৰিহণা অসীম। 

(৫) সমাজৰ প্ৰাথমিক গোট ই সমাজৰ প্ৰাথমিক গোট। পৰিয়াল অবিহনে সমাজ গঠন সম্ভৱ নহয়৷ পৰিয়ালক কেন্দ্ৰ কৰিয়ে, সামাজিক সম্বন্ধবোৰ গঢ়ি উঠে আৰু এই সামাজিক সম্বন্ধবোৰ হ’ল সমাজ গঠনৰ মূল গাঁথনি। মুঠতে সম এইবোৰেই হ’ল পৰিয়ালৰ মূল বৈশিষ্ট্য। সময়ৰ সোঁতত পৰিয়ালৰ গঠন কাৰ্য বা চৰিত্ৰ পৰিৱৰ্তন ঘটিলেও এই বৈশিষ্ট্যসমূহৰ পৰিৱৰ্তন নহয়। 

প্রশ্ন ২। শিশুৰ সামাজিকৰণত পৰিয়ালৰ গুৰুত্ব ভূমিকা সম্পর্কে এটা টোকা লিখা। (Write a note on the significance of family on the socialisation of children)

নাইবা, 

সামাজিকৰণত পৰিয়ালৰ ভূমিকা কি তাৰ এটি চমু আভাস দিয়া।

(Give a brief short note on the role of family in socialisation.)

উত্তৰ ঃ সামাজিকৰণত পৰিয়ালৰ অৰিহণা আৰু গুৰুত্ব বিশেষভাৱে উল্লেখযোগ্য। সামাজিক জীৱনত পৰিয়াল হ’ল প্রাথমিক গোট। শিশুৰ ব্যক্তিত্ব বিকাশত পৰিয়ালৰ প্ৰভাৱেই আটাইতকৈ বেছি। পৰিয়ালেই শিশুৰ সামাজিকৰণৰ প্ৰধান আৰু একমাত্র স্থল। শিশু এটা পৰিয়ালত জন্মগ্রহণ কৰাৰ পাছৰেপৰা পৰিয়ালৰ সভ্য হিচাপে পৰিয়ালৰ জৰিয়তে সমাজৰ বিভিন্ন প্ৰকাৰৰ শিক্ষা লাভ কৰিবলৈ আৰম্ভ কৰে। প্ৰথম অৱস্থাত মাকৰ লগতেই শিশুৰ পাৰস্পৰিক সম্পৰ্কই গঢ় লৈ উঠে ৷ ডাঙৰ হৈ অহাৰ লগে লগে পৰিয়ালৰ অন্যান্য ব্যক্তিসকলৰ লগত শিশুৰ ঘনিষ্ঠ সম্পর্ক গঢ়ি উঠিবলৈ ধৰে। একেবাৰে সৰু অৱস্থাৰ পৰাই শিশুৱে পৰিয়ালৰ বা ঘৰখনৰ সকলো সদস্যবে— মাক-বাপেক, ভাই-ভনী, দাদা-খুৰা, ককাই ভাই, ককাদেউতা-আইতা এই সকলো ব্যক্তিৰে আদৰ্শ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। শিশুৱে ক্রমান্বয়ে পৰিয়ালৰ মানুহবোৰৰ মাত-কথা, আচাৰ-ব্যৱহাৰ, চাল-চলন আদি লাহে লাহে আয়ত্ত কৰিব ধৰে। পৰিয়ালৰ লোকে শিশুক ঘৰখনৰ পৰিৱেশ, চৰিত্ৰ গঠনৰ উপযোগী কৰি সৰুৰে পৰা বিভিন্ন কথা শিকাবলৈ যত্নপৰ হ’ব লাগে।

সামাজিকৰণৰ প্ৰাথমিক পাঠ শিশুৱে ঘৰখনৰ পৰাই পায়। শিশুৰ মানসিক উৎকৰ্ষতাৰ বিকাশ আৰম্ভ হয় ঘৰখনতে। সাধাৰণতে দেখা যায় যে শিক্ষা-দীক্ষা, চাল-চলন, ব্যৱহাৰ পাতি, আচাৰ-ব্যৱহাৰত পিছপৰা ঘৰ বা পৰিয়াল এখনৰ ল’ৰা-ছোৱালীতকৈ সেইবোৰ আগবঢ়া বা সম্ভ্ৰাপ্ত পৰিয়ালৰ ল’ৰা-ছোৱালীৰ মানসিক উৎকর্ষ যথেষ্ট উন্নত।

শিশু স্বভাৱতে অনুকৰণপ্রিয়। এই অনুকৰণপ্রিয় শুধু থকা বাবেই পৰিয়ালৰ লোকসকলৰ আদর্শ চিন্তাধাৰা, চাল-চলন, কথা-বার্তা আদি হবহু শিশুৱে অনুকৰণ কৰি আয়ত্ত কৰে। এই কাৰণতে শিশুর মানসিক উৎকৰ্ষতা সাধন কৰিবলৈ পৰিয়ালৰ লোকে নানা উপায় অবলম্বন কৰে৷ এইদৰে পৰিয়ালে সামাজিকৰণ পদ্ধতিৰে শিশুৰ মানসিক উৎকর্মতা সাধন কৰে।

বিবাহ (Marriage )

প্রশ্ন ১। বিবাহৰ সংজ্ঞা দিয়া (Define Marriage)। বিবাহৰ উৎপত্তিৰ কাৰণ কি? বিবাহ কেইপ্ৰকাৰ, কি কি সংক্ষেপে আলোচনা কৰা। (Discuss briefly, what are the kinds of Marriage) 

উত্তৰ : বিবাহ এটা সামাজিক প্রথা। সাধাৰণভাৱে নাৰী-পুৰুষৰ মাজত সন্তান লাভব স্থায়ীভাৱে হোৱা যৌন সম্বন্ধকে বিবাহ বুলিব পাৰি। বিভিন্ন সমাজত বিভিন্ন প্ৰকাৰৰ বিবাহ প্ৰচলন হৈ আহিছে। বিভিন্ন সময়ত সমাজশাস্ত্রবিদসকলে বিবাহৰ সংজ্ঞা বিভিন্ন প্ৰকাৰে দিছে৷ তাৰে দুটামান সংজ্ঞা তলত দিয়া হ’ল। বিবাহৰ সংজ্ঞা (Definition)

(ক) চিন্তাবিদ এইচ. এম. জনচনৰ মতে সন্তান লাভৰ উদ্দেশ্যেৰে এহাল নাৰী-পুৰুষে নিজৰ নিজৰ মৰ্যাদা ক্ষুণ্ণ নোহোৱাকৈ স্থায়ীভাৱে যৌন সম্বন্ধ স্থাপন করাকে বিবাহ বোলে। 

(খ) আন এজন চিন্তাবিদ ওয়েষ্টাৰ মাৰ্কৰ মতে এজন পুৰুষ বা এজনী নাৰীৰ লগত এজন বা ততোধিক নাৰী বা পুরষে গতি-পত্নী হিচাপে সস্তান লাভৰ উদ্দেশ্যেৰে আৰু পিতৃ । দায়িত্ব বহনৰ বাবে স্থায়ীভাবে যৌন সহস্ক স্থাপন কৰাকে বিবাহ বোলে। মাতৃৰ বিবাহ মানর সমাজৰ এক অন্যতম অবিচ্ছেদ্য অংগশ্বৰূপ। বিবাহ অবিহনে পৰিয়াল গঠন সম্ভৱ নহয়, সেইদৰে সমাজ সৃষ্টিৰো সম্ভৱ নহ’লহেঁতেন৷ গতিকে বিবাহ সমাজৰ অগবিহায় সামাজিক অনুষ্ঠান। 

উৎপত্তিৰ কাৰণ ঃ (Causes of Origin) সমাজবিজ্ঞানীসকলে বিবাহৰ উৎপত্তিৰ কাৰণ কেইবাটাও দিছে—

(১) মানুহৰ যৌন সম্বন্ধ স্থায়ী, নিয়মীয়া আৰু শৃংখলাবদ্ধভাৱে চৰিতাৰ্থ কৰিবৰ বাবেই সমাজত বিবাহ ব্যৱস্থা বা প্ৰথাৰ প্ৰচলন কৰা হয়। বেছিভাগ চিন্তাবিদে এই মতবাদ মানি লয়। এই নিয়মীয়া আৰু স্থায়ী যৌন সম্বন্ধ প্রচলন কৰা বাবেই বিবাহ অনুষ্ঠানৰ আৱশ্যক।

(২) আন কিছুমান চিন্তাবিদ মতে মানুহৰ যৌন ক্ষুধা পূৰণ কৰাটো প্ৰধান উদ্দেশ্য নহয়। বংশ ৰক্ষাৰ উদ্দেশ্যে সন্তান-সন্ততি জন্ম দিয়াৰ যি কামনা-বাসনা থাকে তাৰ বাবেহে প্রথ প্ৰচলিত হৈছে। বিধাহ নহ’লেও মানুহে সন্তান জন্ম দিব পাৰে কিন্তু তেনে সস্তানক সমাজে স্বীকৃতি নিদিয়ে আৰু সস্তান প্রতিপালনৰ দায়িত্ব নাথাকে গতিকে পৰিয়াল গঠন নহয়। এই ব্যৱস্থাই সমাজত বিশৃংখলতাৰ সৃষ্টি কৰিব। গতিকে পৰিয়াল গঠন আৰু সন্তান লাভৰ উদ্দেশ্যৰে মানুহে সমাজত বিবাহ প্রথা প্রচলন কৰিছিল।

আন কিছুমান চিন্তাবিদে বিবাহৰ আন এটা কাৰণ আর্থিক কাৰণ’ বুলিও কৈছে নাৰী পুৰষে মিলি কষিৰ উৎপাদন কৰিছিল আৰু লগতে পৰিয়াল গঠন কৰি স্থায়ীভাবে বসবাস কৰি কৃষিৰ কাম-কাজবোৰ চলাইছিল। গতিকে কৃষিকার্য সৃষ্টি হোৱাৰ পাছত নাৰী-পুৰুষে।। মিলি পৰস্পৰে পৰম্পৰ্ক কৃষি উৎপাদন কাৰ্যৰ সহায়-সহযোগৰ বাবেই বিবাহ প্ৰথাৰ প্ৰচলন হোৱা বুলি ক’ব খোজে। আর্থিক মুঠতে ওপৰৰ আলোচনাৰ পৰ৷ দেখা যায়ন- দৈহিক, মানসিক, সামাজিক আৰু কাৰণতে বিবাহ প্রথাৰ প্ৰচলন হৈছে বুলি ধৰা হৈছে। 

প্রশ্ন ২। বিবাহ কেই প্ৰকাৰৰ কি কি? আলোচনা কৰা।

(Discuss what are the kinds of Marriages?) 

উত্তৰ: পৃথিৱীৰ বিভিন্ন সমাজত বিভিন্ন প্ৰকাৰৰ বিবাহ পদ্ধতি প্রচলন হোৱা দেখা যায়। প্রাচীন যুগৰে পৰা সমাজত প্ৰচলিত হৈ অহা বিবাহ পদ্ধতিসমূহক সমাজশাস্ত্ৰত কেইটামান নির্দিষ্ট ভাগত ভাগ কৰা হৈছে। এই ভাগবোৰ হ’ল

(১) বহির্বিবাহ আৰু অন্তর্বিবাহ, 

(২) বহু-পতি আৰু বহু-পত্নী বিবাহ, 

(৩) এক পতি

পত্নী বিবাহ। ১। বহির্বিবাহ (Exogamy) আৰু অস্তবিবাহ and (Indogamy) ঃ সকলো সমাজতে বিবাহৰ কিছুমান সাধাৰণ নীতি-নিয়ম বান্ধি লোৱা হৈছে। এই নীতি-নিয়ম মতে কোনে কাব লগত বৈবাহিক সম্বন্ধ কৰিব পাৰিব বা নোৱাৰিব, তাক স্থিৰ কৰা হয়। উদাহৰণস্বৰূপে— একে পৰিয়ালৰ সতি-সম্ততি, ভাই-ভনী আৰু তেওঁলোকৰ সতি-সন্ততিৰ মাজত বিবাহ নিষিদ্ধ, ঠিক সেইদৰে নিজৰ সম্প্ৰদায় বা জাতিৰ, ধৰ্মৰ বাহিৰতো বিবাহ নিষিদ্ধ। এই নীতি-নিয়মৰ ওপৰত নিৰ্ভৰ কৰি বিবাহক দুটা ভাগত ভাগ কৰা হৈছে।

(ক) অন্তর্বিবাহ : যেতিয়া মানুহে নিজৰ জাতি, ধর্ম, বর্ণ, সম্প্ৰদায়ৰ মাজতে বিয়া-বাৰু সম্পন্ন কৰে, আন জাতি, ধর্ম, বর্ণ আৰু সম্প্রদায়ত ইয়াক নিষিদ্ধ বুলি ধৰে তেনে বিবাহক অন্তর্বিবাহ বুলি কোৱা হয়। এই বিবাহ পদ্ধতি প্রচলিত সমাজত ইয়াৰ ব্যতিক্ৰম হ’লে তাক সমাজে স্বীকৃতি নিদিয়ে। সাধাৰণতে হিন্দু সমাজত এই প্রথা প্রচলিত।

(খ) বহিবিবাহ :  সমাজত মানুহে যেতিয়া নিজৰ গোত্র, কুল, গোষ্ঠী বা নিকটৱৰ্তী আত্মীয়-স্বজনৰ লোৱ বা তেজৰ সম্বন্ধ থকা লোকৰ বাহিৰত বিয়া-বাৰু কৰায়, নিজৰ লোকৰ লগত বিবাহ সম্বন্ধ নকৰে তেনে বিবাহক বহির্বিবাহ পদ্ধতিৰ বোলে। এই অন্তর্বিবাহ আৰু বহির্বিবাহ পদ্ধতি একে সময়তে, সমাজৰ একেখিনি মানুহেই পালন করে। অন্তর্বিবাহ প্রচলিত সমাজতে বহির্বিবাহো প্রচলিত। এনে বিবাহ পদ্ধতি বা প্ৰকাৰৰ বিবাহ পৃথিৱীৰ প্ৰায়বোৰ সমাজতে প্রচলিত হোৱা দেখা যায়।

(2) বহু-বিবাহ (Polygamy)ঃ বহু-বিবাহ পদ্ধতিক দুটা ভাগত ভাগ কৰিব পাৰি— (ক) বহু পত্নী বিবাহ আৰু (খ) বহু পতি বিবাহ।

(ক) বহু পত্নী বিবাহ (Polygyay) : পৃথিৱীৰ বিভিন্ন ঠাইৰ বিভিন্ন সমাজত বহু-পত্নী বিবাহ এতিয়াও প্রচলিত। এই বিবাহ পদ্ধতিত এজন পুৰুষে এজনীতকৈ অধিক নাৰীক বিবাহ কৰাব পাৰে আৰু পত্নী হিচাপে ৰাখিব পাৰে। এই পত্নীসকলক একেখন ঘৰতে বা বেলেগ বেলেগ ঘৰত সুকীয়াকৈও ৰখা হয়। তুলনামুলকভাৱে ডাঙৰজনা পত্নীক বেছি সন্মান দিয়া দেখা যায়। এই বিবাহৰ বৈশিষ্ট্য হ’ল সকলোবোৰ সস্তানেই পিতৃৰ উপাধি বা বংশমর্যাদা লাভ কৰে। এই বিবাহৰ মূল কাৰণ হ’ল ।

(১) বিভিন্ন কাৰণত পত্নী সপ্তানহীনা হ’লে এই বিবাহ হ’ব পাৰে। 

(২) পুৰুষৰ সামাজিক মর্যাদা বৃদ্ধিৰ বাবেও কিছুমান সমাজত বহু-পত্নীক গ্ৰহণৰ নিয়ন প্রচলিত।

(৩) কৃষিকার্য বা আন উৎপাদন কাৰ্যৰ বাবে অধিক সতি-সন্ততিৰ বাবে বহু পত্নীত বিবাহ প্রচলন হোৱা দেখা যায়। . 

(৪) যৌন কামনা অধিক হ’লেও কিছুমান পুরুষে বহুপত্নী গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা দেখা।

(খ) বহু-পতি বিবাহ (Polyandry) ঃ প্রাচীন যুগত বহু-পতি বিবাহৰ প্ৰচলন আছিল।। যেতিয়া সমাজত এজনী নাৰীয়ে কেইবাজনো পুৰুষক পতি হিচাপে গ্ৰহণ কৰি বসবাস কৰে। তেনে সম্বন্ধক বহু-পতি বিবাহ পদ্ধতি বোলে। একে সহোদৰ ভাই-ককাইৰ মাজতহে এ বিবাহ দেখা যায়। নাৰীজনীয়ে সাধাৰণতে একে ভায়েক ককায়েকৰ মাজতহে পত্নী হিচাপে বসবাস কৰে৷ এইদৰে ভ্ৰাতৃস্থানীয় লোকৰ মাজতে সীমিত থকা বহু-পতি বিবাহক পিতৃয়াজুত বহু পতি বিবাহ বোলা হয়। আনহাতে এজনী নাৰীয়ে যেতিয়া এজনৰ পাছত এজনকৈ বহু-পনি হিচাপে থাকে বা পতি গ্রহণ কৰে, তেনে বিবাহক মাতৃয়াত্মক বহু-পতি বিবাহ বোলে। বৰ্তমানৰ সমাজ ব্যৱস্থাত বহুপতি বিবাহ পদ্ধতি লুপ্তপ্রায় বুলিয়ে ক’ব পাৰি।

(৩) এক পতি-পত্নী বিবাহ (Monogamy) বর্তমান সমাজত এক পতি-পত্নী বিবাহৰ প্রচলন সর্বজনস্বীকৃত। যেতিয়া সমাজত এজন পুৰুষে এজনী নাৰীক বা এজনী নাৰীয়ে এজন পুৰুষৰ লগত বিবাহ-পাশত আবদ্ধ হৈ সতি-সস্ত্ততি জন্ম দি, স্থায়ীভারে জীবন নির্বাহ কৰে তাকে এক পতি-পত্নী বিবাহ পদ্ধতি বোলে। অৱশ্যে কোনো এজনী আকস্মিক মৃত্যু হলে পুনৰ বিবাহ কৰা কথাটো সুকীয়া কথা। সমাজত নাৰী-পুৰুষৰ সমান স্থান মর্যাদা স্বীকৃত হোৱাৰ পাছত বৰ্তমান সমাজত এই বিবাহৰ স্থান সকলোতে স্বীকৃত হৈছে।

প্রশ্ন ৩। বিবাহ বুলিলে কি বুজা ? হিন্দু বিবাহৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ কি কি? (What do you mean by marriage? What are the aims and objectives of a Hindu Marriage?)

উত্তৰ(ক) বিবাহ হ’ল এটা পবিত্ৰ সংস্থ৷ যাৰ মাধ্যমেৰে প্রাপ্তবয়স্ক পুরুষ আৰু মহিলাই শাৰীৰিক, মানসিক, ধর্মীয় আৰু সামাজিক বান্ধোনেৰে বান্ধ খাই স্বামী-স্ত্রী রূপে জীবন অতিবাহিত কৰি সামাজিক স্বীকৃতি লাভ কৰে। এই সংস্থাৰ জৰিয়তে স্বামী-স্ত্রী লগালাগি পৰিয়াল গঠন কৰি সস্তানর জন্ম দিয়ে আৰু সেই সম্ভানৰ ৰক্ষণাবেক্ষণ আৰু সৰ্বাংগীন উন্নতিৰ দায়িত্ব বহন কৰে। বিবাহৰ মাধ্যমেৰে স্বামী-স্ত্রীৰ মাজত যি আত্মাৰ মিলন হয় সৌ মিলন জন্ম-জন্মাত্তৰৰ বাবে স্থায়ী বুলি গণ্য কৰা হয়। প্রতি সমাজৰে বিবাহ এক পষ্টি অনুষ্ঠান আৰু এই অনুষ্ঠানে সামাজিক স্বীকৃতি লাভ কৰিছে। তলত হিন্দু বিবাহৰ ল আৰু উদ্দেশ্যসমূহ বর্ণনা কৰা হ’ল।

(খ) হিন্দু বিবাহৰ লক্ষ্য আৰু উদ্দেশ্য |Jor’13) হিন্দু দর্শনমতে প্রত্যেক বিবাহৰ মূল ল্যসমূহ হ’ল ধর্মীয় কার্য সম্পাদন, পিতলণ আৰু দেৱঋণ পরিশোধ, সন্তান জন্ম দিয়া, পবিত্রভাৱে যৌন কামনা পৰিপূৰ্ণ কৰা আৰু সমাজৰ অপৰিহাৰ্য ব্যক্তিৰ জীৱনৰ সম্পূর্ণ বিকাশ সাধন করা। হিন্দুধৰ্মত এনেকুৱা কিছুমান ধর্মীয় সংস্কাৰ আছে যিবোৰ সংস্কাৰ কেৱলমাত্র বিবাহৰ মাধ্যমেৰেহে পূৰণ কৰিব পাৰি। উদাহৰণস্বৰূপে শ্রীশ্ৰী ৰামচন্দ্ৰই ৰাজসূয় যজ্ঞ আৰম্ভ কৰোতে সীতাৰ প্রতিমূর্তি সাজি যৰ কাম সমাধা কৰিছিল। আকৌ মানুহৰ মৃত্যু হ’লেও তেওঁৰ আত্মাৰ শাস্তিৰ বাবে ক্রিয়া কর্ম সমাধা কৰিবলৈ সস্তানৰ প্রয়োজন। সেয়ে বিবাহকার্য সম্পাদন কৰি সস্তান জন্ম দিয়াটো ধর্মীয়ভাবে স্বীকৃত আছিল। সেয়ে হিন্দু বিবাহৰ মূল উদ্দেশ্য হৈছে। ধর্মীয় কার্য সমাধা কৰি আধ্যাত্মিক চিন্তাধাৰাৰ উৎকর্ষ সাধন কৰা। বিবাহৰ মাধ্যমেৰে বিভিন্ন ধর্মীয় কার্য সমাপন কৰাৰ নিৰ্দেশ আছিল। এটা প্রচলিত প্রবাদ আছে। বিবাহৰ অবিহনে মানুহৰ হাড় শুচি নহয় বুলিও হিন্দু সমাজত মানৱ জীৱনৰ সময়ছোৱাক চাৰিটা ভাগত ভাগ কৰা হৈছে আৰু এই প্রত্যেকটো ভাগকে একো একোটা আশ্রম বোলা হয়। এই চাৰি আশ্ৰমৰ ভিতৰত গৃহস্থাশ্রম সকলোতকৈ মহান আৰু তাৎপর্যপূর্ণ। বিবাহৰ দ্বাৰাহে এই ‘গৃহস্থাশ্রম সম্ভৱপৰ বিবাহৰ আন এটা লক্ষ্য হৈছে গৃহস্থী ধর্ম পালন। 

প্রজনন বা বংশ বক্ষাটো হিন্দু বিবাহৰ আন এটা প্রধান লক্ষ্য। ব্যক্তিৰ পূর্ণতা লাভ হয় বিবাহৰ মাধ্যমেৰে। সন্তান লাভ সামাজিক আৰু ধর্মীয় দুয়োটা দিশৰপৰাই সমানে গুরুত্বপূর্ণ। সেয়েহে প্রজনন তথা বংশ ৰক্ষাটো বিবাহৰ আন এটা লক্ষ্য। 

হিন্দু বিবাহৰ আন এটা উদ্দেশ্য হ’ল সমাজৰ মাজত বিশৃংখল যৌন সম্পর্ক নিয়ন্ত্রণ কৰা। বিবাহৰ মাধ্যমেৰে পতি-পত্নীয়ে শৃংখলাবন্ধভাবে যৌন সম্পৰ্ক ৰক্ষা কৰাৰ উপৰিও সন্তান লাভৰ দ্বাৰা সামাজিক কর্তব্যও পালন কৰা দেখা যায়।

হিন্দু বিবাহৰ লক্ষ্য আৰু আদৰ্শসমূহ নৈতিকতাৰ ওপৰত প্ৰতিষ্ঠিত আৰু বিবাহিত পুৰুষ মহিলাৰ কৰ্তব্যৰ কথাও বিবাহৰ মধুৰ মাধ্যমেৰে বুজাই দিয়া হয়। সেয়ে হিন্দু বিবাহক এক পবিত্র অনুষ্ঠান হিচাপে গণ্য কৰা হয় আৰু ই সামাজিক জীৱনৰ পূৰ্ণতাৰ বাবে অপৰিহাৰ্য। মনুৰ মতে বিবাহৰ অবিহনে পুৰষ বা নাৰী কোনেও পূর্ণতা লাভ কৰিব নোৱাৰে।

প্রশ্ন ৪। হিন্দু বিবাহৰ বিভিন্ন বিভাগবোৰ আলোচনা কৰা। (What are the class of Hindu Marriage.)

নাইবা, 

তোমালোকৰ সমাজত থকা বিবাহৰ নীতি-নিয়মবোৰ লিখা। (Note what are the marriage rules that are followed in your society.) নাইবা, বিবাহৰ সংগী নিৰ্বাচনৰ বিধিবোৰ উল্লেখ কৰা।

উত্তৰ: হিন্দু সমাজত বিভিন্ন প্রকাৰ বিবাহ প্রচলিত। তলত এই বিবাহৰ ভাগবোৰ আলোচনা কৰা হ’ল 

১। ব্রাহ্ম বিবাহ ও ইয়াত উপযুক্ত বয়সত দৰা-কন্যাৰ মতৰ সাপেক্ষে বিবাহ হয়। কন্যাৰ পিতৃয়ে হোম-যজ্ঞ সম্পাদন কৰি দৰাক কন্যা দান কৰা হয়।

২। দৈৱ বিবাহ এই প্রথা মতে কন্যাৰ পিতৃয়ে আ-অলংকাৰসহ কন্যাক কুল পুৰোহিতৰ ওচৰত গতাই দিয়ে আৰু পুৰোহিতে হোম-যজ্ঞ কৰি কন্যাক দৰাৰ হাতত অৰ্পণ কৰে। 

৩। অর্শ বিবাহ! এনে পদ্ধতিত কন্যাৰ পিতৃয়ে এজন যোগ্য পাত্রক, যজ্ঞ কৰি কন্যা দান।। কৰে আৰু দৰাৰ পৰা গাই-গক বা ষাঁড়-গৰু দান হিচাপে লয়। 

৪। প্রজাপত্য বিবাহ এনে বিবাহত দুয়োপক্ষৰ সকলো পুৰুষ-মহিলা মিলি যজ্ঞাদিতে দৰা-কন্যাৰ মংগল কামনা কৰি বিবাহ সম্পাদন কৰে। 

৫। অসুৰ বিবাহ : এই প্রথামতে কন্যাৰ পিতৃয়ে দৰাৰ পৰা কন্যাৰ এনে বিবাহ নিম্নজাতিৰ হিন্দুসকলৰ মাজত প্ৰচলিত।

৬। গন্ধর্ব বিবাহ দৰা-কন্যাৰ মাজত হোৱা প্ৰেম-প্ৰীতিৰ পৰিমাণ স্বৰূপে এই বিধ বিবন্ধ সম্পাদিত হয়। বিধিগতভাৱে সম্পাদিত হোৱা বিবাহৰ পূৰ্বেই এইবিধ বিবাহত দৈহিক মিলনৰ সম্ভাৱনা থাকে।

৭। ৰাক্ষস বিবাহ এইবিধ বিবাহ ক্ষত্রিয় সমাজৰ মাজত প্ৰচলিত আছিল বুলি জনা যায়। এই বিবাহত পুৰুষে বলেৰে যুৱতী কন্যাক হৰণ কৰি বিবাহপাশত সুমুৱায়। এনে কার্যত বন ফৈদৰ লগত কন্যা ফৈদৰ যুদ্ধও হয় আৰু কন্যা ঘৰৰ অনেকৰ কেতিয়াবা প্রাণ নাশ হয়। দৰাৰ ফৈদে কন্যাৰ ফালৰ সা-সম্পত্তি হৰণ কৰি যৌতুক হিচাপে গ্ৰহণ কৰে।

৮। পৈশাচিক বিবাহপৈশাচিক বিবাহ পদ্ধতিত নিকৃষ্ট বুলি আখ্যা দিয়া হয়। এনে বিবাহ যুঁজাৰু ফৈদবিলাকৰ মাজত প্ৰচলিত আছিল। এই বিবাহত কোনো গাভৰু নিচাযুক্ত হৈ শুই থাকোতে পুৰুষে গোপনে হৰণ কৰি নিয়ে। এইদৰে মুঠতে ৮ প্ৰকাৰে হিন্দু বিবাহ সমাপন কৰা হৈছিল ।

স্বজন পদ্ধতি (Kinship)

প্রশ্ন ১। স্বজন পদ্ধতি কি? (What is Kinship)  ই কেই প্ৰকাৰৰ এটি চমু আভাস দিয়া।নাইবা, স্বজন পদ্ধতিৰ এটা চমুটোকা লিখা। (What are its kinds, give an idea, or write a short note of Kinship System).

উত্তৰ ঃ বিবাহৰ জৰিয়তে সমাজত মানুহৰ পাৰস্পৰিক সম্পর্ক বা আত্মীয়তা গঢ়ি উঠে। বিবাহ প্রথাৰ জৰিয়তেই কেৱল যে এজন পুৰুষৰ লগত এজনী নাৰীৰ চিৰদিনৰ বাবে সম্পর্ক বা আত্মীয়তা গঢ়ি উঠে তেনে নহয়। বিবাহৰ পাছত দৰা-কন্যাৰ পিতৃ-মাতৃ, ভাই-ভনী আৰু আন আত্মীয়-কুটুম্বৰ লগতে এক চিৰদিনীয়া আত্মীয়তা গঢ়ি উঠে। আনহাতে এই সম্বন্ধৰ লগতে জন্মৰ জৰিয়তে গঢ়ি উঠা সম্পর্কও জড়িত হৈ থাকে। জন্মৰ সম্বন্ধ, তেজ-মঙহৰ সম্বন্ধ। এই বিবাহ আৰু জন্মৰ জৰিয়তে ব্যক্তিৰ মাজত যি এক আত্মীয়তা গঢ়ি উঠে আৰু তাৰ দ্বাৰা যি সমূহৰ সৃষ্টি হয় তাকে স্বজন পদ্ধতি বোলে।

বিভিন্ন সমাজ ব্যৱস্থাত বিভিন্ন প্ৰকাৰৰ স্বজন পদ্ধতি দেখা যায়। সাধাৰণতে স্বজন পদ্ধতিক দুই ভাগত ভগাব পাৰি।

(১) এক-পক্ষীয় স্বজন পদ্ধতি আৰু 

(২) দ্বি-পাক্ষিক স্বজন পদ্ধতি।

(১) এক-পক্ষীয় স্বজন পদ্ধতি এই পদ্ধতিৰ ভিতৰত পিতৃ বা মাতৃ যিকোনো এক পক্ষৰ ব্যক্তিসকলক ধৰা হয়। পিতৃ পক্ষ হলে পিতৃৰ ভাই-ভনী তেওঁলোকৰ ল’ৰা-ছোৱালীক আৰু মাতৃ-পক্ষৰ হ’লে মাতৃৰ ভাই-ভনী আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীক স্বজন বুলি ধৰা হয়। ইয়াৰ যিকোনো এটা পক্ষকছে এক-পক্ষীয় স্বজন বুলি ধৰা হয়।

(২) দ্বি-পাক্ষিক স্বজন পদ্ধতি : এই পদ্ধতিৰ ভিতৰত পিতৃ পক্ষ আৰু মাতৃ-পক্ষৰ দুয়োটাৰে ভাই-ভনী আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীক লৈ ধৰা হয়। স্বজন গোষ্ঠী এটাত বা সমূহ এটাত কিমান ব্যক্তি থাকিব বা ধৰা হ’ব এই লৈ বিভিন্নজনৰ বিভিন্ন মত পোৱা যায়। মুঠতে সামাজিক পদ্ধতি মতে স্বজন পদ্ধতি সৰু-ডাঙৰ হোৱা দেখা যায়।

প্রশ্ন ২। স্বজন পদ্ধতি বুলিলে কি বুজা সংক্ষেপে বুজাই লিখা। (What do you understand by kinship write briefly) 

উত্তৰ: স্বজন পদ্ধতি প্রায় সকলো প্ৰকাৰৰ সমাজতে ‘স্বজনীয়তাই’ সামাজিক সম্পৰ্কৰ সংগঠনকো বুজায়। স্বজনীয়তাৰ বান্ধোনে, তেজৰ বংশগত সম্বন্ধৰ বান্ধোন, বৈবাহিক সূত্রে হোৱা সম্বন্ধৰ বান্ধোন আৰু তোলনীয়৷ সূত্রে গঢ়ি উঠা বান্ধোনৰ সম্বন্ধক বুজায়। পৰিয়া, বিবাহ আৰু স্বজনীয়তা অতি নিবিড়ভাৱে পৰস্পৰে পৰস্পৰৰ লগত জড়িত। এই সম্বন্ধবোৰক সাধাৰণতে ককাদেউতা, দেউতা, মা, ভাই-ভনী, খুড়া, মামা ইত্যাদিৰে জনা যায়। এই সম্বন্ধৰ বান্ধোন আৰু স্থায়ীত্বই হ’ল স্বজনীয়তাৰ ভেটি। এই সম্বন্ধৰ বান্ধোনত কিছুমান অধিকাৰ আৰু বাধা নিষেধ জড়িত হৈ আছে যিবোৰে ইয়াক স্থায়ী আৰু নিশ্চিত কৰিছে। স্বজনীয়তা সংস্কৃতিবে এটা অংশ, যত জন্ম আৰু বৈবাহিক বান্ধোনৰ দ্বাৰা, সম্পর্ক বা সম্বন্ধৰ ভাবাবেগ জড়িত হৈ থাকে। স্বজনীয়া এনে এক জনসমষ্টিৰ সংগঠন যাক তেজৰ বংশগত সম্বন্ধৰ দ্বাৰা নাইবা বৈবাহিক সম্বন্ধৰ দ্বাৰা স্বীকৃতি দিয়া হয়৷

স্বজন পদ্ধতিৰ সংজ্ঞা (Definition) = জি ডানকান মিট্‌চেপৰ মতে— ‘আমি স্বজনীয় শব্দটো তেজৰ সম্বন্ধৰ দ্বাৰা আৰু অতি ওচৰ সম্পৰ্কৰ দ্বাৰা সম্বন্ধীয় লোকৰ সম্বন্ধক বুজাবলৈহে ব্যৱহাৰ কৰোঁ।’ (Where we use the term Kinship we are refferring to people who are related by consanguinity and affinity’)। তেজৰ সম্বন্ধই একে বংশোদ্ভব লোকৰ সমষ্টিক বুজায়। তেজোদ্ভৰ সম্বন্ধই একে পৰিয়ালত জন্ম পোৱা নাইবা পৰিয়ালত তোলনীয়া কৰি ৰখা লোককো বুজায়। আনহাতে ওচৰ সম্বন্ধ বা অন্তৰংগ সম্বন্ধই বৈবাহিক সূত্রে গঢ়ি উঠা সম্বন্ধক বুজায়। উদাহৰণস্বৰূপে পিতা-পুত্ৰ সম্বন্ধ হ’ল তেজৰ সম্বন্ধ আৰু স্বামী-স্ত্ৰীৰ সম্বন্ধ হ’ল ওচৰ সম্পৰ্ক বা অন্তৰংগ সম্বন্ধ। এই ক্ষেত্ৰত মার্ডকে (Murdock) মত পোষণ কৰে যে সকলো সমাজতে প্রত্যেকজন প্রাপ্তবয়স্ক ব্যক্তিৰ সাধাৰণতে দুটা একক পৰিয়ালৰ লগতে সম্বন্ধ গঢ়ি উঠে। প্রথম, পৰিয়ালটো হ’ল যিটোত তেওঁ নিজে জন্মগ্রহণ কৰে আৰু য’ত তেওঁৰ পিতৃ-মাতৃ, ভাই-ভনী থাকে। দ্বিতীয়, পৰিয়ালটো হ’ল যিটো তেওঁ নিজে বিবাহৰ জৰিয়তে গঢ় দিয়ে আৰু য’ত পতি-পত্নী আৰু তেওঁলোকৰ ল’ৰা-ছোৱালী থাকে। এই দুটা পৰিয়াল আৰু পূৰ্বপুৰুষসকল, সতি-সন্ততি, উত্তৰাধিকাৰীসকলৰ মাজত গঢ়ি উঠা সম্বন্ধকে স্বজন পদ্ধতি বুলি জনা যায়।

স্বজনীয়তাই দুট৷ গুৰুত্বপূৰ্ণ আৰু সম্পৰ্ক থকা উদ্দেশ্য পূৰণৰ কাম কৰে৷ (ক) ই এটা বংশৰ পৰা পৰৱৰ্তী বংশলৈ প্ৰস্থিতি আৰু সম্পত্তি হস্তান্তৰিত কৰা উপায় দিয়ে।

(খ) কোনে৷ কোনো সমাজত স্বজনীয়তাই একোটা কাৰ্যকৰী সামাজিক সমূহ প্রতিষ্ঠা আৰু পৰিচালনা কৰাতো সেৱা আগবঢ়ায়। স্বজনীয়তা দুটা অতি ওচৰ সম্পৰ্কীত সংস্থাৰ দ্বাৰা উৎপাদিত এটা সংস্থা, পৰিয়াল আৰু বিবাহ আৰু ইয়ে সমাজত মানুহৰ জন্ম, স্ত্রী-পুৰুষৰ দৈহিক মিলন, মৃত্যু আদি আচৰণ পৰিচালনা কৰে। স্বজনীয়তাই তেওঁলোকৰ মাজৰ আশা main basis of আকাংক্ষা, অধিকাৰ, কর্তব্য পৰস্পৰৰ মাজত পৰিচালনা কৰে। 

প্রশ্ন ৩। স্বজনীয়তাৰ মূল ভিত্তিসমূহ কি কি? (What are the kinship system?) (What are the basic foundation of kinship)

উত্তৰঃ স্বজনীয় ব্যৱস্থাৰ কিছুমান মূল ভিত্তি আছে। চিন্তাবিদ হেৰী এম জনছনৰ (Harry. M. Johnson) মতে স্বজনীয়তাৰ প্ৰধান ভিত্তি ছয়টা। সেইবোৰ হ’ল— 

(ক) যৌনতা (sex) ঃ ভাই আৰু ভনী– এই দুই শব্দই যি তেজৰ সম্বন্ধক বুজায় ই যৌনতা সম্বন্ধৰে সম্পৰ্কীত। গতিকে এই সম্বন্ধৰ মূল ভেটি হ’ল যৌনতা।

(খ) বংশ (Generation)পিতা আৰু পুত্র এই দুই শব্দই দুটা বংশক বুজায়। এই সম্বন্ধৰ মূল ভেটি হ’ল তেজৰেই সম্বন্ধ।

(গ) অতি আত্মীয়তা (Closeness) : জোঁৱাই (son-in-law) আৰু পিতৃৰ ভগ্নীৰ স্বামীৰ লগত থকা সম্বুদ্ধ তেজৰ সম্বন্ধ নহয়।

(ঘ) তেজৰ সম্বন্ধ (Blood relation) : তেজৰ সম্বন্ধৰ ওপৰত নিৰ্ভৰ কৰা স্বজন পদ্ধতিক পুৰুষানুক্রম বা বংশানুক্ৰমত ভাগ কৰিব পাৰি। যেনে—– ককাদেউতা, দেউতা, পুত্র নাতি ল’ৰা ইত্যাদি। আনহাতে খুড়া আৰু তেওঁৰ ল’ৰা-ছোৱালী আদি।

(ঙ) বিভাগসমূহ (Division) : সকলো প্ৰকাৰৰ স্বজনীয়তাকে দুট! ভাগত ভাগ কৰিব পাৰি 

(i) (ক) দেউতাৰ দেউতা (পিতৃ বংশীয়) ককা,

(খ) মাৰ দেউতা (মাতৃ বংশীয়) ককা,

(ii) (ক) ভাইৰ ছোৱালী (ভতিজী), 

(খ) ভনীৰ ছোৱালী (ভাগিনী)।

(iii) (ক) পুত্ৰৰ পুত্ৰ (নাতি ল’ৰা),

(খ) পুত্ৰীৰ ল’ৰা (ছোৱালীৰ নাতি ল’ৰা) আদি।

(চ) বন্ধন সূত্র (Binding Tread) : ওপৰৰ উল্লিখিত বিভাগসমূহৰ গুৰুত্ব নিৰ্ভৰ কৰে স্বজনীয় লোকৰ আত্মীয়তাৰ ওপৰত। এই আত্মীয়তাৰ যোগসূত্ৰ নিৰ্ভৰ কৰে অতি আত্মীয়ত নাইবা তেজৰ সম্বন্ধৰ ওপৰত। উদাহৰণস্বৰূপে শহুৰৰ লগত থকা সম্বন্ধ নিৰ্ভৰ কে আত্মীয়তাৰ যোগসূত্ৰ ওপৰত— স্বামীৰ ক্ষেত্ৰতে হওক বা স্ত্ৰীৰ ক্ষেত্ৰতে হওক। মুঠে স্বজনীয়তাৰ মূল ভেটি হ’ল পৰিয়াল বৃক্ষ বংশানুক্রমিক বা পুৰুষানুক্রমিক।

প্রশ্ন ৪। ভাৰতৰ স্বজন পদ্ধতি সম্পর্কে এটি আভাস দিয়া। (Give an idea about the kinship of India)

উত্তৰ ঃ ভাৰতৰ স্বজন পদ্ধতিয়ে দেশখনৰ বিভিন্ন জাতি, উপ-জাতিব বিভিন্ন বিবাহ পদ্ধতিক আৰু প্ৰথাক প্রতিনিধিত্ব কৰে। সমগ্ৰ ভাৰতৰ এক স্বজন পদ্ধতিৰ বিষয়ে বিৱৰণ দিয়াটো সম্ভৱ নহয়৷ স্বজনীয়তা এটা সংস্থা হিচাপে ইয়াক আঞ্চলিক সংস্কৃতি হিচাপেহে বর্ণনা কৰিব পাৰি। প্রখ্যাত সমাজশাস্ত্রবিদ ইবাবতী কাৰ্ভেৰ মতে ভাৰতৰ স্বজনীয়তাক চাৰিটা আঞ্চলিক ভিত্তিত বৰ্ণনা কৰিব পাৰি। যেনে— উত্তৰাঞ্চল, দক্ষিণাঞ্চল; পূৰ্বাঞ্চল আৰু পশ্চিমাঞ্চলৰ স্বজনীয়তা। আন কিছুমান সমাজশাস্ত্ৰবিদে দুই প্ৰকাৰৰ স্বজনীয়তাৰ কথাহে উল্লেখ কৰে৷ উত্তৰাঞ্চলৰ স্বজনীয়তা আৰু দাক্ষিণাত্যৰ স্বজনীয়তা। এই দুই পদ্ধতিকে আকৌ আৰ্য আৰু দ্রাবিজৰীয়ান স্বজনীয়তা পদ্ধতি বুলিও জনা যায়।

উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ স্বজনীয়তা : দক্ষিণ ভাৰতৰ স্বজনীয়তা : সাধাৰণতে ওচৰ সম্পৰ্কীয় স্বজাতীয় বা স্বজনীয়তাৰ মাজত বৈবাহিক সম্পর্ক কৰাতহে বেছি পছন্দ কৰে। বিশেষকৈ দুই ধৰণৰ ভতিজা-ভতিজীৰ মাজত পৰস্পৰৰ বিবাহ হয়; কিন্তু সমান্তৰাল ভতিজা ভতিজী নাইব৷ ডাঙৰ বাইদেৱেকৰ ছোৱালীৰ লগত হ’ব নোৱাৰে। মুঠতে আন্তঃ বৈবাহিকসমূহৰ মাজত তুলনামূলক প্রষ্ঠিতি থাকিব লাগে। যিবোৰ সমূহ সাধাৰণতে ভৌগোলিকভাৱে ওচৰা উচৰি এনেকি একেখন গাঁৱৰে তেনে সমূহকহে বৈবাহিকভাৱে জড়িত হোৱা দেখা যায় আৰু যিবোর ক্ষেত্রত কইনাই সম্পৰ্কীয় পাত্রজনক আগে চিনি পায়। দক্ষিণ ভাৰতত স্বজনীয়সমূহৰ মাজত প্ৰচলিত সম্বন্ধই স্বজনীয়তা শক্তিশালী কৰি তোলে যদিও স্বজনীয়তা বান্ধোন সম্প্ৰসাৰিত নহয়। সংকীৰ্ণ হৈ থাকে।

উত্তৰ ভাৰতৰ স্বজনীয়তা ভাৰতৰ উত্তৰাঞ্চলত, দক্ষিণাঞ্চলৰ স্বজনীয়তা পদ্ধতিৰ সম্পর্ক বিপৰীত পদ্ধতিৰ প্ৰচলন। উত্তৰ ভাৰতত ভাগিন-ভতিজাৰ মাজত পাৰস্পাৰিক বিবাহ হ’ব নোৱাৰে, সম্পূর্ণ নিষেধ। এনেকি উত্তৰ ভাৰতত ওচৰ সম্বন্ধীয় ল’ৰা-ছোৱালীৰ মাজত বৈবাহিক সম্পর্ক হ’ব নোৱাৰে। কিছুমান গাঁৱত গ্রাম্য আত্মঃবিবাহ নিষেধ কৰাও দেখা যায়। গাঁৱৰ বাহিৰৰ ল’ৰা বা ছোৱালীৰ মাজতহে বিবাহ হ’ব পাৰে। ইয়াৰ ফলত দূৰ-দূৰণিৰ গাঁৱৰ পৰাহে বিবাহ কৰাব বা বিয়া দিব পৰা যায়। এনে ব্যৱস্থাৰ দ্বাৰা স্বজনীয়তাৰ বৃত্তৰ পৰিধি সম্প্ৰসাৰণ কৰাত গুৰুত্ব দিয়া হয় সংকীৰ্ণ কৰা নহয়। উত্তৰ ভাৰতৰ স্বজনীয় প্ৰথাৰে কইনাজনীক স্বামীৰ পৰিয়াললৈ এজনী অচিনাকি ব্যক্তি হিচাপেহে অনা হয়। এনে এক পৰিস্থিতিত কইনা অপৰিচিত পৰিয়ালৰ লোকৰ মাজত নানা নির্দয় ব্যৱহাৰৰ মাজত চলিব লগা হয়। উত্তৰ ভাৰতত বহুতো লোকে দৰা-কইনাৰ ঘৰ দুখনৰ সামাজিক প্রস্থিতি অসমান হোৱাটো বিচাৰে। দাঘৰে সাধাৰণতে নিম্ন সামাজিক প্ৰস্থিতিৰ লোকৰ পৰাহে কইনা অনাটো পছন্দ কৰে৷ উত্তৰ ভাৰতত প্ৰায় ভাগ সমাজতে যৌতুক প্রথাৰ ওপৰতে নিৰ্ভৰ কৰি বিবাহ কার্য সম্পন্ন হোৱা দেখা যায়। ই এক মাৰাত্মক কু-প্ৰথা, এই প্ৰথাৰ দ্বাৰা কইনাজনীয়ে দৰাৰ ঘৰত নানা সমস্যাৰ সন্মুখীন হোৱা দেখা যায়।

প্রশ্ন ৫। সমসাময়িক ভাৰতত স্বজনীয় পদ্ধতিৰ গুৰুত্বৰ বিষয়ে সংক্ষেপে আলোচনা কৰা।

(Discuss briefly about the significance of the contemporary Indian Kinship system.) 

নাইবা,

স্বজন পদ্ধতিৰ কামসমূহ উল্লেখ কৰা (Mention the function of kinship.)

উত্তৰ ঃ আধুনিক ভাৰতৰ সমসাময়িক লোকৰ মাজতো স্বজনীয় বান্ধোনৰ গুৰুত্ব কোনো প্ৰকাৰে কম নহয়৷ কোনো পৰিয়ালৰ বিভিন্ন সমস্যা আৰু সংকটৰ সময়ত বেছিভাগ ভাৰতীয় লোকেই নিজৰ স্বজনীয় লোকৰ ওপৰতহে নিৰ্ভৰশীল হোৱা দেখা যায়। কোনো এজন স্বজনীয় লোকৰ মৃত্যু হ’লে সকলো স্বজনীয় পুৰুষ-মহিলাই মৃত লোকজনৰ পৰিয়ালক সমবেদনা জনায় আৰু ব্যথিত হয়। কোনো এজন ব্যক্তি বিদেশলৈ যাব লগা হ’লে তেওঁ নিজৰ ধা আত্মীয়-স্বজনক যোগাযোগ কৰে আৰু মৰম-চেনেহ জনায়। কোনো লোক নতুন এখন ঠাইলৈ গ’লে তেওঁ সেই নতুন ঠাইত প্রথমে নিজৰ স্বজনী লোকৰ ঘৰতহে থাকিবলৈ লয় ব৷ তেনে লোকৰহে সহায়-সহযোগ বিচাৰে৷ কোনো পৰিয়ালত বিবাহযোগ্য ল’ৰা বা ছোৱালী থাকিলে বিবাহৰ প্ৰস্তাৱ নিজৰ আত্মীয় বা স্বজনীয় লোকৰ জৰিয়তেহে অহ বা দিয়া দেখা যায়। মুঠতে স্বজনীয় যোগসূত্ৰৰ গুৰুত্ব পৰিয়ালসমূহৰ মাজত অতি প্রয়োজনীয়। কোনো পৰিয়ালত বিবাহ উৎসৱ আদি অনুষ্ঠিত হলে, সকলো প্ৰকাৰৰ সহায়-সহযোগ স্বজনীয় লোকৰ জৰিয়তে হোৱা দেখা যায়। দৰা-কইনাক উপহাৰ-উৎসগ৷ আদি দিয়াৰ ক্ষেত্ৰতো নিজৰ আত্মীয়-স্বজনেই সহযোগ কৰে। মুঠতে সৰহ ভাগ ভাৰতীয় লোকৰ জীৱনৰ সামাজিক আৰু সাংস্কৃতিক আন্তঃগাঁথনি স্বজনীয় লোকৰ দ্বাৰাই গঠিত হয়। জাতি, শ্রেণী, গোষ্ঠী, খেল, ওচৰ-চুবুৰীয়াৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ । কাৰণ তেনে সমূহবোৰে৷ ব্যক্তিৰ সামাজিক আৰু সাংস্কৃতিক জীৱনত অতি প্রয়োজন। অৱশ্যে এইবোৰৰ আগতে ভাৰতীয়সকলে সকলোৰে আগতে সংকট মুহূর্তত নিজৰ স্বজনীয় আত্মীয়সকলকহে বিচাৰে।

প্রশ্ন ৬। ধর্ম বুলিলে কি বুজা? ধৰ্মৰ সামাজিক ক্রিয়াসমূহ বাছি উলিওৱা।

নাইবা, 

ধৰ্মৰ অৰ্থ প্ৰকাশ কৰা। ধৰ্মৰ সামাজিক ক্ৰিয়াৰ বিষয়ে চমুকৈ for(What do you mean by religion? Choose out the social functions of Religion? or Express the meaning of religions. Write briefly about the social functions of religion.) 

নাইবা,

 অধুনিক সমাজ ব্যৱস্থাত ধৰ্মৰ ভূমিকা সম্পর্কে আলোচনা কৰা।

উত্তৰ : ধৰ্মৰ অৰ্থ : সাধাৰণভাৱে এক পাৰ্থিৱ আৰু অলৌকিক শক্তিৰ প্ৰতি থকা মানুহ বিশ্বাসেই হ’ল ধৰ্ম। প্রাচীন যুগৰে পৰা ধৰ্মই মানৱ সমাজত এক গুরুত্বপূর্ণ ভূমিকা গ্রহণ কৰি অহিছে। ধৰ্মই সমাজত মানুহৰ কাৰ্য-কলাপ আৰু শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত অতি গুরুত্বপূর্ণ ভূমিক লৈছে। ধর্মক সেইবাবেই এক শক্তিশালী চিৰন্তন সামাজিক সংস্থা হিচাপে গণ্য কৰা হয়।

সংজ্ঞাঃ সামাজশাস্ত্রবিদসকলে বিভিন্ন সময়ত ধৰ্মৰ সংজ্ঞা বিভিন্ন প্ৰকাৰে দিছে। বিশিষ্ট মাজবিদ দুৰখেইমে ‘ধর্ম মানে এনে কিছুমান বিশ্বাসৰ সমষ্টি, যি বিশ্বাস কিছুমান বস্তুৰ পবিত্ৰ আৰু আন কিছুমানক অপবিত্র বুলি গণ্য কৰে আৰু যাৰ সহায়ত এক ধর্ম সম্প্ৰদায়ৰ সৃষ্টি হয়’ বুলি মত প্ৰকাশ কৰিছে। মেকআইভাৰ আৰু পেজৰ মতে ‘ধর্ম হ’ল মানুহ আৰু কিছুমান অতীন্দ্রিয় শক্তিৰ মাজত থকা সম্পৰ্কৰ কথা। আন এজন চিন্তাবিদ ই. বি. টেইলৰৰ মতে ‘ধর্ম হৈছে অলৌকিক শক্তিৰ ওপৰত থকা মানুহৰ বিশ্বাস মাথোন’। আন এজন সমাজবিদ মেলিনৱস্কিৰ মতে ধর্ম হৈছে কিছুমান ক্রিয়াকাণ্ড আৰু বিশ্বাসৰ পদ্ধতি আৰু সামাজিক ঘটনা আৰু ব্যক্তিগত অভিজ্ঞতা মাথোন। এই সংজ্ঞাবোৰৰ পৰা এই কথা স্পষ্ট কৰি বুজা যায় যে ধর্ম হৈছে কিছুমান বিশ্বাস আৰু সেই বিশ্বাসৰ লগত জড়িত কিছুমান ক্রিয়াকাণ্ড। মুঠতে ধর্ম অবিহনে কোনো সমাজ তিষ্টি থকা দেখা নাযায়।

ধৰ্মৰ সামাজিক ক্রিয়া : ধর্ম মানৱ সমাজৰ এটা অতি অপৰিহার্য কোনো সমাজ তিষ্ঠি থকা দেখা নাযায়। সামাজিক সংজ্ঞা। পৃথিৱীৰ সকলো সমাজতে ধৰ্মৰ প্রভাব দেখা যায়। ধর্ম এক সর্বব্যাপী থকা চিৰস্তন সামাজিক সংস্থা। মানৱ সমাজত ধৰ্মৰ প্ৰভাৱ অতি ব্যাপক আৰু গভীৰ ধৰ্মই • মানুহৰ প্ৰায় সকলো দিশতেই প্রভাৱ পেলায়। ধর্মই সমাজত মানুহৰ কাৰ্য-কলাপ, আচৰণ আদি নিয়ন্ত্ৰণ কৰাত এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছে। ধৰ্মৰ সামাজিক ক্রিয়া কেবাটা দিশতো আলোচনা কৰিব পাৰি।

১। ধৰ্ম আৰু সংহতি ধর্ম ঐক্য আৰু সংহতিৰ মূল উৎস। ধর্মই মানুহৰ মাজত এক আবেগিক ঐক্য গঢ়ি তোলে আৰু এক দৃঢ় বান্ধোনেৰে বান্ধি ৰাখে। একে ধৰ্মৰ মানুহৰ মাজত ধর্মীয় ভাব আৰু আদৰ্শই এটা আপোনভাব গঢ়ি তোলে আৰু দৃঢ় ঐক্য গঢ়ি তোলে। এইদৰেই ধর্মই একোটা সমবিশ্বাসী সম্প্রদায় গঢ়ি তোলে।

২। ধৰ্ম আৰু ন্যায় সমাজত ধর্মক ন্যায়ৰ উৎস বুলি গণ্য কৰা হয়। ধর্ম সমাজত চৰম বিচাৰৰ আধাৰ ৷ আদিম সমাজ ব্যৱস্থাত ধর্মীয় ব্যৱস্থাৰেই দোষী-নিৰ্দোষীৰ বিচাৰ কৰা হৈছিল ৷ কোনো ব্যক্তি বা সমাজে এজন মানুহক অবিচাৰ কৰিলেও তেওঁ ধৰ্মৰ নামত অলৌকিক শক্তিৰ বিচাৰ আৰু কাৰ্যলৈ এৰি দিয়ে। অর্থাৎ ধৰ্মই অন্যায়কাৰীক বিচাৰ কৰিব বুলি ধৰি লয়। এইদৰে ধৰ্মই সকলো সমাজত ন্যায় বিচাৰৰ আধাৰ হিচাপে ক্ৰিয়া কৰি আহিছে৷ সমাজত মানুহে মানুহৰ পৰ বিচাৰ নাপালে ধৰ্মৰ অলৌকিক শক্তিৰ পৰা ন্যায় পাবলৈ আশা কৰে। এই আশাৰ আধা স্বৰূপ হ’ল ধৰ্ম।

৩। ধৰ্ম আৰু নৈৰাশ্য ঃ ধর্ম হৈছে এক সর্বশক্তিমান সত্তাৰ ওপৰত ৰখা বিশ্বাস। মানুহে এই সত্তাৰ ওচৰত নিজৰ জ্ঞান বুদ্ধি, দক্ষতা আৰু শাৰীৰিক শক্তিক তুচ্ছজ্ঞান কৰে। কাৰণ মানুহৰ জীৱনলৈ যেতিয়া জড়, ব্যাধি, মৃত্যু আদি নানা বিপদ আহে ধর্মীয় বিশ্বাসৰ জৰিয়তে এই সকলোবোৰবে স্বাভাৱিক ঘটনা বুলি ধৰি লৈ মনত শাস্তি বা সান্ত্বনা লাভ কৰে।

৪। ধৰ্ম তাৰু সামাজিক নিয়ন্ত্রণ সামাজিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ধৰ্মৰ ভূমিকা ব্যাপক আৰু অতিশয় গুরুত্বপূর্ণ। প্রত্যেক ধৰ্মৰ লগত পাপ-পুণ্য দুটা সামাজিক মূল্যবোধ জড়িত আছে। সৎ কাৰ্যৰ দ্বাৰা পুণ্য সঞ্চয় হয় আৰু পুণ্যৰ ফলত আত্মাৰ সংগতি হোৱা বুলি মানুহে ধাৰণা কৰে। মানুহে ধৰ্মৰ বিধি-বিধান, ৰীতি-নীতি আৰু আদৰ্শৰ কথা চিন্তা কৰি বহুতো কামৰ * পৰা নিজকে বিৰত কৰি ৰাখে। সাধাৰণতে সমাজৰ মঙ্গলৰ বাবে যিবোৰ কাম প্রতিকূলমূলক সেইবোৰ কাম ধৰ্ময়ো নিষেধ কৰে। ধৰ্মই নিষেধ কৰা কাম মানুহে পাপৰ ভয়ত নকৰে।

৫। ধৰ্ম আৰু সততা ॥ শেষত ধৰ্মই মানুহৰ জীৱনৰ মহডু উপলব্ধি কৰাত সহায় কৰে। ধৰ্ম-বিশ্বাসৰ দ্বাৰা মানুহে নিজকে সর্বশক্তিমান ঈশ্বৰৰ অংশ হিচাপে গণ্য কৰে আৰু মানৱ জীৱন মহান বুলি ভাবে। জীৱনৰ মহত্ত্ব উপলব্ধি কৰিব নোৱাৰিলে মানুহে জীৱনত কোনো। মহত্ত্বপূর্ণ কাম কৰিব নোৱাৰে।

৬। ধৰ্ম আৰু শিক্ষা : ধর্ম শিক্ষা প্ৰসাৰণৰ মূল উপায়। প্রাচ্য আৰু পাশ্চাত্যত শিক্ষাব প্ৰসাৰণৰ মূলতেই আছিল ধর্ম। প্রাচীনকালত ধর্মীয় ভাবক কেন্দ্ৰ কৰিহে মানুহক শিক্ষা দিয়া হৈছিল। গীর্জা, মন্দিৰ আৰু মজিদ আদি শিক্ষাৰ কেন্দ্ৰ আছিল। তক্ষশীলা আৰু নালন্দা বিশ্ববিদ্যালয় বুদ্ধ ধৰ্মৰ কেন্দ্ৰ আছিল।

৭। ধৰ্ম আৰু সমতা ঃ সকলো ধর্মতে সকলো মানুহকে সমান বুলি গণ্য কৰা হয়৷ ধৰ্মৰ মানত উচ্চ-নীচ নাই, সকলো সমান। ধৰ্মৰ দুৱাৰ সকলোৰে বাবে মুক্ত, সকলো মানুহকে সকলো ধর্মতে দীক্ষা দিয়া হয়। কোনো ধর্মত কিবা অসমতা থাকিলে ই মানুহে কৰি লোৱা যি প্রকৃত ধৰ্মৰ পৰিপন্থী। সকলো ধর্মতে ভিক্ষা বা দানৰ নিয়ম প্রচলিত। ই আর্থিক সমতা প্ৰতি াৰে এক প্ৰচেষ্টা।

৮। ধৰ্ম আৰু সহনশীলতা সকলো ধৰ্মই সহনশীলতাৰ শিক্ষা দিয়ে ধর্মীয় উদাবতা সকলো ধৰ্মৰে মূল মন্ত্ৰ সকলো ধৰ্মৰ মহাপুৰুষসকলে ধর্মীয় সহনশীলতা আৰু উদাৰতাৰ নিদর্শন দি থৈ গৈছে– অশোক, বুদ্ধ, মহাত্মা গান্ধী, যীশু তাবেই নিদর্শন।

৯। ধৰ্ম আৰু সভ্যতা-সংস্কৃতি ধর্মই সকলো জাতিৰে সভ্যতা-সংস্কৃতিৰ বিকাশত অৰিহণা যোগায়। প্রাচীন চিত্রকলা, স্থাপত্য আদিত ধৰ্মৰ প্রভাব দেখা যায়। মানুহৰ জন্ম, মৃত্যু বিবাহৰ লগত জড়িত হৈ ই সভ্যতাৰ বিকাশত যথেষ্ট সহায়ক হয়।

অৱশ্যে ধূমই যে সমাজৰ কেৱল কল্যাণমূলক কামকে কৰে তেনে নহয়। ধর্মই সমাজত অনেক ধৰণৰ সংঘৰ্যৰো সৃষ্টি কৰে ধৰ্মৰ নামত সমাজত বহুতো অঘটন ঘটে আৰু বিশৃংখলতাৰ সৃষ্টি হয়। ধর্মই মানুহক অনেক সময়ত অন্ধবিশ্বাসী কবি তোলে। ইয়াৰ ফলতে সমাজত মানুহে অনেক যাতনা ভোগ কৰিবলগীয়া হয়।

তথাপি আমি সকলোৱে এটা চিসতা মানি ল’ব লাগিব যে ধর্মই সমাজ সংগঠনত বিশেষকৈ পিছ পৰা সমাজত সামাজিকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে।

চমু প্রশ্নোত্তৰ Very short Questions and Answers

প্রশ্ন ১। বিবাহৰ সংজ্ঞা দিয়া (Define Marriage) 

উত্তৰ : বিবাহ এক সাৰ্বজনীন সামাজিক প্রথা। চিন্তাবিদ এইচ এম জন্‌চনৰ ( H.M Johnson) মতে সন্তান লাভৰ উদ্দেশ্যেৰে এহাল নাৰী পুৰুষে নিজৰ নিজৰ সামাজিক মর্যাদ৷ ক্ষুণ্ণ নোহোৱাকৈ স্থায়ীভাৱে যৌন সম্পর্ক স্থাপনৰ সামাজিক স্বীকৃতি লাভ কৰাকে বিবাহ বোলে।

প্রশ্ন ২। বিবাহৰ প্ৰকাৰবোৰ কি কি। (What are the kinds of Marriage)

উত্তৰঃ বিবাহৰ প্ৰকাৰবোৰ হ’ল— 

(ক) বহিঃবিবাহ আৰু আন্তঃবিবাহ।

(খ) বহুপতি আৰু বহু পত্নী বিবাহ। 

(গ) এক পতি-পত্নী বিবাহ।

প্রশ্ন ৩। বহিবিবাহ আৰু আন্তবিবাহ কাক বোলে? (What are Exogamy and Endogamy?)

উত্তৰ: (ক) বহির্বিবাহ সমাজত মানুহে যেতিয়া নিজৰ গোত্র, কুল, গোষ্ঠী বা নিকটৱৰ্তী আত্মীয়-স্বজনৰ লোক বা তেজৰ সম্বন্ধ থকা লোকৰ বাহিৰত বিয়া-বাৰু কৰায়, তেনে বিবাহক বহির্বিবাহ পদ্ধতিৰ বিবাহ বোলে৷

(খ) অন্তর্বিবাহযেতিয়া মানুহে নিজৰ জাতি, ধর্ম, বর্ণ, সম্প্ৰদায়ৰ মাজতে বিয়া-বাৰু সম্পন্ন কৰে, আন জাতি, ধর্ম, বর্ণ আৰু সম্প্রদায়ত ইয়াক নিষিদ্ধ বুলি ধৰে তেনে বিবাহক শ্ৰম্ভৰ্বিবাহ বুলি কোৱা হয়। এই বিবাহ পদ্ধতি প্রচলিত সমাজত ইয়াৰ ব্যতিক্ৰম হ’লে তাক সমাজে স্বীকৃতি নিদিয়ে। সাধাৰণতে হিন্দু সমাজত এই প্রথা প্রচলিত।

প্রশ্ন ৪। লিংগ বুলিলে কি বুজা? (What do you mean by Gender) 

উত্তৰ ঃ সমাজত পুৰুষ-মহিলা চিনাক্তকৰণত লিংগ হ’ল সমাজত ব্যক্তিৰ মূল অংগ। লিংগৰ দ্বাৰাহে নাৰী-পুৰুষৰ মাজৰ চিনাক্তকৰণ সম্ভৱ হ’ব পাৰে। 

প্রশ্ন ৫। সার্বভৌমত্ব কি? (What is Sovereignty)

উত্তৰ : ৰাষ্ট্ৰৰ চূড়ান্ত ক্ষমতাকে সার্বভৌম ক্ষমতা বোলা হয়। সার্বভৌম ক্ষমতা অবিহনে কোনো ৰাজ্যই ৰাষ্ট্ৰ হ’ব নোৱাৰে।

প্রশ্ন ৬। নাগৰিক বুলিলে কি বুজা? (What do you mean by citizen?)

উত্তৰ : সাধাৰণতে ৰাজনৈতিক সম্প্ৰদায়ৰ সদস্যকে নাগৰিক বুলি জনা যায়। এই নাগৰিক সদস্যসকলৰ কিছুমান অধিকাৰ আৰু কৰ্তব্য জড়িত হৈ থাকে। ৰাজনৈতিক সম্প্ৰদায়ত জন্মৰ লগে লগে নাগৰিক পদবীৰ অন্তর্ভুক্ত হয়।

প্রশ্ন ৭। মতবাদ? বুলিলে কি বুজা? (What is do you mean by Ideology?)

উত্তৰঃ মতবাদ হ’ল এনে এক ভাবধাৰা বা বিশ্বাস যিবোৰ শক্তিশালী গোটৰ স্বাৰ্থ বা ইচ্ছা প্রতিপন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয়। যিবোৰ সমাজত অসমতাই পৰিপাতি কৈ প্ৰতিষ্ঠা লাভ কৰে তেনে সমাজতে মতবাদ দেখা যায়। মতবাদৰ অৱধাৰণা স্পষ্টভাৱে ৰাষ্ট্ৰৰ ক্ষমতাৰ লগত জড়িত থাকে কিয়নে৷ মতবাদ ব্যৱস্থাই গোটবোৰৰ ক্ষমতাৰ বৈধতা (Legitimacy) প্রতিপন্ন কৰে।

প্রশ্ন ৮। বৈধতা কি? (What is legitimacy?)

উত্তৰঃ বৈধতা হ’ল ৰাজনৈতিক সংস্থাই বিস্তাৰ কৰা প্ৰভাৱৰ যুক্তিযুক্ততাৰ ওপৰত থকা বিশ্বাস আৰু তাক স্বইচ্ছাই পালন কৰাটো। প্ৰজাই স্বইচ্ছাই পালন কৰাৰ যুক্তিযুক্ততা থকাটোৱেই বৈধতা থকাক বুজায়।

প্রশ্ন ৯। বহু বিবাহ কি? (What is Polygamy)

উত্তৰঃ যেতিয়া এজন পুৰুষৰ এজনীতকৈ অধিক নাৰীৰ লগত আৰু এজনী নাৰীৰ এজন পুৰুষতকৈ অধিক পুৰুষৰ লগত বিবাহ হয় তাকে বহু বিবাহ বোলে৷

প্রশ্ন ১০। তলত দিয়াবোৰৰ অৰ্থ লিখা ?

(ক) জনৰীতি (Folkways),

(খ) পৰিয়াল (Family),

(গ) আনৱিক পৰিয়াল (Nuclear Family),

(ঘ) যুটীয়া পৰিয়াল (Joint Family),

(ঙ) স্বজনীয়তা (Kinship),

(চ) সস্থা (Association)

উত্তৰ(ক) জনৰীতি (Folkways): জনবীতি হ’ল জনসাধাৰণৰ মাজত পৰম্পৰাগতভাৱে প্ৰচলিত হৈ অহা অলিখিত ৰীতি-নীতি। পূৰ্বতি কালৰে পৰা সমাজত অভ্যাসবশত পালন কৰি অহা নীতি-নিয়ম তাকে জনবীতি বুলি জনা যায়। যেনে হিন্দু ধর্মব মৃতকৰ সৎকাৰ বা শ্ৰাদ্ধ আদি কৰাটো এটা জনৰীতি বা পৰম্পৰাগত নীতি। 

(খ) পৰিয়াল (Family): পৰিয়াল এক সার্বজনীন সংস্থা। সমাজ সৃষ্টিৰ মূলতে পৰিয়ালৰ। অৱস্থান পোৱা যায়। ‘পতি-পত্নী, ল’ৰা-ছোৱালী আন আত্মীয়-স্বজন যিসকলে একে ৰান্ধনিশালত স্থায়ীভাৱে খোৱা-লোৱা কৰি একেলগে, একেখন ঘৰতে বসবাস কৰে, এই জনসমষ্টিকে পৰিয়াল বুলি ক’ব পাৰি মুঠতে আধুনিক যুগত পতি-পত্নী আৰু তেওঁলোকৰ অবিবাহিত ল’ৰা-ছোৱালীকলৈয়ে এখন পৰিয়াল হয়।

(গ) আনৱিক পৰিয়াল (Nuclear Family): ‘স্বামী-স্ত্রী আৰু তেওঁলোকৰ অবিবাহিত ল’ৰা-ছোৱালীক লৈয়ে এখন আনৱিক বা আধুনিক পৰিয়াল সৃষ্টি হ’ব পাৰে।

(ঘ) যুটীয়া পৰিয়াল (Joint Family) : যি পৰিয়ালত স্বামী-স্ত্রী আৰু তেওঁলোকৰ অবিবাহিত সম্ভানৰ উপৰি, বিবাহিত পুতেক, বোৱাৰীয়েক, নাতি-নাতিনী, গৃহস্থৰ পিতৃ মাতৃ, ককায়েক নবৌয়েকৰ উপৰি তেওঁলোকৰ ল’ৰা-ছোৱালী, গৃহস্থৰ ভনী আদিয়ে একেলগে থাকে আৰু একে ঘৰতে খোৱা-বোৱা কৰে তেনে পৰিয়ালকে যুটীয়া পৰিয়াল বোলা হয়। যুটীয়া পৰিয়ালৰ ব্যৱস্থা হৈছে অতি প্রাচীন ব্যৱস্থা। এই ব্যৱস্থাত সকলো উমৈহতীয়া সম্পত্তি অধিকাৰ লাভ কৰে আৰু সমুহীয়া পূজা-পার্বণত সহযোগিতা কৰে আৰু প্রত্যেকেই প্রত্যেকৰ লগত মৰমৰ এনাজৰীৰে বান্ধ খাই থাকে।

(ঙ) স্বজনীয়তা (Kinship): বিবাহৰ জৰিয়তে সমাজত মানুহৰ পাৰস্পৰিক সম্পৰ্ক বা আত্মীয়তা গঢ়ি উঠে। বিবাহ প্রথাৰ জৰিয়তেই কেৱল যে এজন পুৰুষৰ লগত এজনী নাৰীৰ চিৰদিনৰ বাবে সম্পর্ক বা আত্মীয়তা গঢ়ি উঠে তেনে নহয়। বিবাহৰ পাছত দৰা-কন্যাৰ পিতৃ-মাতৃ, ভাই-ভনী আৰু আন আত্মীয়-কুটুম্বৰ লগতে এক চিৰদিনীয়া আত্মীয়তা গঢ়ি উঠে। আনহাতে এই সম্বন্ধৰ লগতে জন্মৰ জৰিয়তে গঢ়ি উঠা সম্পর্কও জড়িত হৈ থাকে। জন্মৰ সম্বন্ধ, তেজ মঙহৰ সম্বন্ধ। এইদৰে বিবাহ আৰু জন্মৰ জৰিয়তে ব্যক্তিৰ মাজত যি এক আত্মীয়তা গঢ়ি উঠে আৰু তাৰ দ্বাৰা যি এক সমূহৰ সৃষ্টি হয় তাকে স্বজন পদ্ধতি বোলে। 

(চ) সস্থা (Association) : নির্দিষ্ট উমৈহতীয়া উদ্দেশ্য পূৰণৰ বাবে ব্যক্তিৰ দ্বাৰা গঠিত সমূহকে সন্থা বোলে।

প্রশ্ন ১১। বৈবাহিক সম্বন্ধৰ অৰ্থ লিখা? (Write the meaning of Affinal Relation)

উত্তৰ : বৈবাহিক সূত্রে স্থাপন হোৱা সম্বন্ধকে বৈবাহিক সম্বন্ধ বোলে। যেনে— স্বামী স্ত্রীর সম্বন্ধ বা সামাজিকভাবে স্বীকৃতি প্রাপ্ত যৌন সম্বন্ধ। 

প্রশ্ন ১২। বিবাহক কিয় সার্বজনীন সংস্থা বুলি জনা যায় ? (Why Marriage known as Universal Institution?) 

উত্তৰ : (ক) বিবাহক এটা সার্বজনীন সংস্থা বুলি জনা যায় কাৰণ পৃথিৱীৰ সকলো মানৱ সমাজতে বিবাহ পদ্ধতিৰ প্ৰচলন আদিম অৱস্থাৰ পৰাই চলি আহিছে।

(খ) প্রাচীন কালৰে পৰা আধুনিক অৱস্থালৈ বিবাহ প্রথাৰ প্ৰচলন পৃথিৱীৰ সকলো মানৱ সমাজতে হৈ আহিছে। অৱশ্যে বিবাহ প্রথাৰ প্ৰকাৰ আৰু প্ৰকৃতি সকলো সমাজতে একে নহয় বা সময়ে সময়ে ইয়াৰ পৰিৱৰ্তন হৈ আহিছে। বিবাহৰদ্বাৰা এহাল নাৰী-পুৰুষৰ যৌন সম্পর্কক স্বীকৃতি দিয়া যায়। 

প্রশ্ন ১৩। বিবাহ সংস্থা সৃষ্টিৰ তিনিটা কাৰণ লিখা? (Write three reasons of responsible for the origin of the institution of marriage.)

উত্তৰঃ তিনি প্রধান কাৰণ হ’ল— 

(ক) মানুহৰ দৈহিক কামনা পূৰণ আৰু সন্তুষ্টিৰ বাবে।

(খ) বংশ ৰক্ষাৰ বাবে সামাজিকভাবে স্বীকৃত সতি-সন্ততি জন্ম প্ৰদানৰ বাবে। 

(গ) পৰিয়াল সৃষ্টিৰ আর্থিক সহায় সহযোগৰ বাবে।

প্রশ্ন ১৪। ৰাজনৈতিক সংস্থাৰ অৰ্থ লিখা? (Write the meaning of political institution.)

উত্তৰঃ যিবোৰ সংস্থাই একচেটিয়াভাৱে বৈধতাৰে প্ৰভাৱ (শক্তি) বিস্তাৰ কৰে। তাকে ৰাজনৈতিক সংস্থা বোলে। ৰাজনৈতিক সংস্থাৰ ক্ষমতা অসীম আৰু চৰ্তবিহীন নহয়৷

প্রশ্ন ১৫। ভিক্ষাৰীৰ অর্থ কি? (What is meant by Begaar ? )

উত্তৰঃ কাম নকৰাকৈ পইচা-মজুৰি বিচৰ৷ লোক।

প্রশ্ন ১৬। বিশ্বায়ন মানে কি? (What is Globalisation?) 

উত্তৰ ঃ সমগ্র বিশ্বজুৰি ব্যক্তিগত মূলধনৰ জৰিয়তে হোৱা আর্থিক কার্যকলাপৰ (উৎপাদন আৰু বিতৰণৰ) এক সংহত ৰূপকে বিশ্বায়ন বুলি ক’ব পাৰি। 

প্রশ্ন ১৭। সমাজত কি কি উপাদানে ক্ষমতাৰ প্রকৃতি নিৰ্ধাৰণ কৰে সেইবোৰৰ নাম উল্লেল্লখ কৰা।

উত্তৰঃ সমাজত কিছুমান ব্যক্তি বা সংস্থাই বিভিন্ন উপাদানৰ জৰিয়তে তেওঁলোকৰ ক্ষমতাৰ প্রভাৱ পেলোৱা দেখা যায়। এই প্ৰভাৱৰ সামাজিক গুৰুত্ব দেখা যায়। এই ক্ষমতাৰ প্ৰকৃতি নিৰ্ধাৰণ কৰা কিছুমান উপাদান আছে। এই উপাদনবোৰ তলত দিয়া দৰে উল্লেখ কৰিব পাৰি।

(ক) ব্যক্তি বা সংস্থাৰ সামাজিক প্ৰস্থিতি।

(খ) সমাজ তেওঁলোকৰ মৰ্যাদা।

(গ) তেওঁলোকৰ যসস্থ্যা বা কৃতী।

(ঘ) শাৰীৰিক বা মানসিক ক্ষমতা। 

(ঙ) শিক্ষা-দীক্ষা, জ্ঞান, সক্ষমতা, উৎকর্ষতা আদি।

প্রশ্ন ১৮। শিক্ষাৰ দুটা মূল উদ্দেশ্য আৰু লক্ষ্য উল্লেখ কৰা। (Mention two aim and objectives of Education)

উত্তৰ: শিক্ষাৰ প্ৰধান উদ্দেশ্য হ’ল সমাজখনক এখন আদর্শ সমাজ হিচাপে গঢ়ি তোল। আদর্শ সমাজ গঢ়ি তুলিবলৈ সমাজত প্ৰতিজন ব্যক্তিকে সুশিক্ষা প্রদান কৰি একোজন সং ব্যক্তিত্ব সম্পন্ন ব্যক্তি ৰূপে গঢ় দিয়াই হ’ল শিক্ষাৰ প্ৰধান আৰু মূল উদ্দেশ্য।

(ক) শিক্ষাৰ মূল প্রধান লক্ষ্য সংব্যক্তিত্ব সম্পন্ন ব্যক্তি গঢ় দিয়া। 

(খ) স্বার্থ দেশপ্রেমিক গঢ় দিয়া।

(গ) শিক্ষাই ব্যক্তি আৰু সমাজৰ সংহতি স্থাপন কৰে। (ঘ) শিক্ষাই মানুহৰ দক্ষতাৰ বিকাশ সাধন কৰে।

(ঙ) শিক্ষাই মানুহক সংস্কৃতিৱান কৰে। 

প্রশ্ন ১৯। কর্ম বুলিলে কি বুজা? (What is work?)

উত্তৰ ঃ সাধাৰণতে কৰ্মই মজুৰিযুক্ত নিযুক্তিকে বুজায় যদিও, ই মুঠতে মজুৰি পোৱাই হওক বা নহওক, শাৰিৰীক বা মানসিক শ্রমকহে বুজায়, যিয়ে মানুহৰ প্ৰয়োজন পূৰণ কৰিব পৰা কোনো বস্তু বা সেৱাৰ উৎপাদন কৰে। 

প্রশ্ন ২০। শ্রম বিভাজন বুলিলে কি বুজা? (What do you mean by Division of Labour?)

উত্তৰ  ঃ শ্রম বিভাজন হ’ল কৰ্মীসকলৰ মাজত তেওঁলোকৰ দক্ষতা আৰু কৌশলী অনুপাতে কামবোৰ ভাগ কৰি দিয়া হয়। আধুনিক যুগৰ ঔদ্যোগিক বিকাশৰ ফলত উৎপাদন কার্য নিখুঁত আৰু বৃদ্ধি কৰাৰ বাবে এই পদ্ধতি প্রয়োগ কৰা হয়। 

প্রশ্ন ২১। ক্ষমতা আৰু ৰাষ্ট্ৰ বুলিলে কি বুজা ? (What is meant by power and state?)

উত্তৰ : বৈধ ক্ষমতাৰ প্ৰয়োগ সকলো ৰাষ্ট্ৰৰ ক্ষেত্ৰতে অতি গুৰুত্বপূর্ণ এক উপাদান। বৈধভাৱে শক্তি প্রয়োগ কৰাটো ৰাষ্ট্ৰৰ এক একছত্রী-অধিপতি। ৰাষ্ট্ৰৰ ক্ষমতা অসীম নহয় নাইবা চৰ্তবিহীনো নহয় ৷ চর্তবিহীন ক্ষমতা বর্তি নাথাকে। আধুনিক যুগত গণতান্ত্রিক রাষ্ট্রই চর্তবিহীন ক্ষমতা প্রয়োগ নকৰে। ৰাষ্ট্ৰৰ সংবিধানে ক্ষমতা ব্যৱহাৰৰ সীমা বান্ধি দিয়ে। যেতিয়ালৈকে জনসাধাৰণৰ ‘সাধাৰণ ইচ্ছা’ ‘ক্ষমতাৰ ব্যৱহাৰ মানি লব পাৰে তেতিয়ালৈকেহে ক্ষমতা বৈধ বুলি গ্রহণযোগ্য হ’ব। 

প্রশ্ন ২২। ক্ষমতা আৰু কৰ্তৃত্ব কি? (What is power and Authority?)

উত্তৰ : যেতিয়া এজন ব্যক্তিয়ে আন ব্যক্তি বা ব্যক্তিসকলৰ ওপৰত তেওঁলোকৰ ইচ্ছা থকা নথকাৰ কথা নাভাবি প্রভাৱ বা ক্ষমতা প্রয়োগ বা বিস্তাৰ কৰে তাকে ক্ষমতা বোলে। কিন্তু আনহাতে যাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা হয়, তেওঁলোকে যদি নিজ ইচ্ছাই উপযাচি বিস্তাৰিত প্ৰভাৱ গ্রহণ কৰে তাকে কৰ্তৃত্ব বোলে। কর্তৃত্ব হ’ল বৈধ ক্ষমতা। কোনো এজন একনায়কত্ববাদী বা স্বেচ্ছাচাৰী শাসকে শক্তি বা ক্ষমতা প্রয়োগ কৰিলে তাক ক্ষমতা বুলি কোৱা হয়, যদিহে ইচ্ছাব বিরুদ্ধে তেনে ক্ষমতা প্রয়োগ হয়। আধুনিক যুগত সমাজত ৰাষ্ট্ৰ মুৰব্বীসকলে প্ৰয়োগ কৰা প্ৰভাৱক সাধাৰণতে কৰ্তৃত্ব বুলি কোৱা হয় কাৰণ সংবিধানত এই ক্ষমতা প্রয়োগৰ সীমা বান্ধি দিয়া থাকে। গতিকে কর্তৃত্ব হ’ল সামাজিকভাৱে স্বীকৃতিপ্রাপ্ত প্ৰভাৱহে। 

প্রশ্ন ২৩। তোমাৰ সমাজত থকা অধিকাৰবোৰ কি কি উল্লেখ কৰা ? (Mention the rights of your society?)

উত্তৰ: আধুনিক যুগৰ সমাজত নাগৰিকসকলক কিছুমান অধিকাৰ সংবিধানিকভাবে প্ৰদান কৰা হৈছে। এই অধিকাৰবোৰ তলত উল্লেখ কৰা হ’ল

(ক) অসামৰিক অধিকাৰ (civil rights)

(খ) বাজনৈতিক অধিকাৰ (political rights)

(গ) সামাজিক অধিকাৰ (social rights)

(ঘ) কল্যাণমূলক অধিকাৰ (welfare rights) 

প্রশ্ন ২৪। সামাজিক সংস্থা হিচাপে ধর্ম বুলিলে কি বুজা? (What do you understand by religion as a sociological Institution.) 

উত্তৰ: কিছুমান অলৌকিক পৰমার্থিক শক্তিৰ ওপৰত থকা মানুহৰ বিশ্বাস আৰু সেই অলৌকিক শক্তিবোৰক সন্তুষ্ট কৰিবলৈ উদ্দেশ্য কৰি পূজা-প্রার্থনা আদি বিভিন্ন প্ৰকাৰৰ সামূহিক ক্রিয়া কাণ্ডৰ সমষ্টিকে ধর্ম বোলা হয়। আনহাতে পৰমার্থিক জগতৰ পৰমাত্মাৰ শক্তি আৰু মহিমাৰ বিষয়ে থকা গভীৰ বিশ্বাসকো ধৰ্ম বুলি ক’ব পাৰি। মানুহে এনে বিশ্বাসৰ ওপৰত ভিত্তি কৰিয়েই খাদ্যবস্তু, আচৰণ আদিৰ ওপৰত বাধা-নিষেধ আরোপ কৰে। ইমাইল দুৰখেইমৰ মতে যিবিলাক বস্তুক পবিত্ৰ হিচাপে জ্ঞান কৰা হয় সেইবোৰ বস্তুৰ দ্বাৰা অলৌকিক শক্তিৰ উদ্দেশ্যে কিছুমান পূজা-পার্বণ কৰা হয় আৰু একেধৰণৰ পূজা-পাৰ্বণ কৰা মানুহৰ সমষ্টিক লৈ ধৰ্মৰ সৃষ্টি হয়। গতিকে ধৰ্মক এট৷ সামূহিক ধাৰণা হিচাপে গণ্য কৰা হয়। সেয়ে ভগৱান আৰু অন্যান্য অলৌকিক শক্তিক কেন্দ্ৰ কৰি সৃষ্টি কৰা বিশ্বাস, আচৰণ আৰু ধাৰণাৰ সমষ্টিক ধৰ্ম বুলি কোৱা হয়। ধর্ম মানুহৰ সৃষ্টি।

প্রশ্ন ২৫। অর্থনীতিৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা। (Mention two important characteristics.)

উত্তৰ: তলত অৰ্থনীতিৰ বৈশিষ্ট্য দুটা উল্লেখ কৰা হ’ল—

(ক) শ্ৰমৰ বিভাজন (Division of Labour)

(খ) কর্মস্থানৰ পৰিৱৰ্তন ঘৰৰ পৰা কাৰখানালৈ (Transformation of place of work from home to Factories)

প্রশ্ন ২৬। পৰিয়ালৰ দুটা কাৰ্য উল্লেখ কৰা৷

উত্তৰ : (১) দৈহিক কামনাৰ স্থায়ীত্ব দি, সতি-সন্ততি জন্ম দিয়া। 

(২) সতি সন্ততিক শিক্ষা-দীক্ষা দি, চৰিত্ৰ গঠন কৰা আদি।

প্রশ্ন ২৬। পৰিয়ালৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ ঃ (১) সার্বজনীনতা, 

(২) সমাজৰ প্রাথমিক গোট। 

প্রশ্ন ২৭। ধর্ম এটা পৰম্পৰাগত পদ্ধতি / প্রথা/সংস্থা |

উত্তৰ: সংস্থা৷

চমু প্ৰশ্নোত্তৰ

প্রশ্ন ১। সংস্থাৰ এটা উদাহৰণ দিয়া। 

উত্তৰ: সদৌ অসম ছাত্ৰ সন্থা।

প্রশ্ন ২। স্বজন পদ্ধতিক দুটা ভাগত ভাগ কৰা হয় — তাৰে এটা হ’ল একপকীয় স্বজন পদ্ধতি আনটো কি?

উত্তৰ: আনটো হ’ল- দ্বিপক্ষীয় স্বজন পদ্ধতি।

প্রশ্ন ৩। পৰিয়াল এটা সংস্থা নে সন্থা? 

উত্তৰ: পৰিয়াল এটা সংস্থা।

প্রশ্ন ৪। ধর্ম এটা সামাজিক পদ্ধতি নে সংস্থা উল্লেখ কৰা।

উত্তৰ: ধৰ্ম এটা সংস্থা।

প্রশ্ন ৫। হিন্দু ধর্মত জীৱনৰ চৰম লক্ষ্য কি? 

উত্তৰঃ মোক্ষ লাভ কৰা অর্থাৎ পৰমেশ্বৰৰ লগত মিলি যোৱা।

প্রশ্ন ৬। হিন্দু বিবাহ আইনখন কেতিয়া হৈছিল?

উত্তৰ : ১৯৫৫ চনত।

প্রশ্ন ৭। ভাৰতৰ কোনটো ধৰ্মত কোৰাণ আৰু হিন্দুশাস্ত্ৰৰ সমন্বয় দেখা যায়।

উত্তৰ: শিখ ধৰ্মত।

প্রশ্ন ৮। হিন্দু বিবাহক সামাজিক চুক্তি বুলি ধৰা হয়নে?

উত্তৰ: নহয়।

প্রশ্ন ৯। হিন্দু বিবাহৰ আইনমতে দৰা-কইনাৰ উপযুক্ত বয়স কি?

উত্তৰ : দবাৰ নিম্নতম বয়স ২১ বছৰ আৰু কইনাৰ নিম্নতম বয়স ১৮ বছৰ হোৱা উচিত।

প্রশ্ন ১০। সমাজ আৰু সমিতিৰ এটা পার্থক্য লিখা। 

উত্তৰ ঃ সমাজ অমূৰ্ত্ত কিন্তু সমিতি মূৰ্ত্ত।

প্রশ্ন ১১। বহু পত্নী বিবাহ ব্যৱস্থা থকা জাতি এটাৰ নাম লিখা।

উত্তৰ: সাহাল জাতি।

প্রশ্ন ১২। নিজৰ সমূহৰ ভিতৰত হোৱা বিবাহক কি বিবাহ বোলে?

উত্তৰ: অন্তৰ্বিবাহ বোলে।

প্রশ্ন ১৩। মতাদর্শ (ideology) বুলিলে কি বুজা?

উত্তৰ : মতাদর্শ হ’ল— কোনো ব্যক্তি বা সংগঠনৰ প্রতিষ্ঠিত ভাবধাৰা বা বিশ্বাস। মতাদর্শ ক্ষমতা আৰু আদৰ্শৰ লগত জড়িত হৈ থাকে। ই স্থায়িত্ব আৰু ন্যায্যতাৰ লগতো জড়িত থাকে।

প্রশ্ন ১৪। ন্যায্যতা (Legitimacy) কি? 

উত্তৰ : ৰাজনৈতিকভাৱে বৈধতা থকা কার্য বা ক্রিয়া কলাপৰে ন্যায্যতা থকা বুলি গণ্য কৰা হয়।

প্রশ্ন ১৫। সামাজিক গতিশীলতা (Social Mobility) বুলিলে কি বুজা?

উত্তৰ: সমাজৰ একাংশ বা একেটা অঞ্চলত কোনো প্রস্থিতি বা বৃত্তিৰ পৰা আন প্ৰস্থিতি বা বৃত্তিলৈ গতি বা পরিবর্তিত হলে তাকে সামাজিক গতিশীলতা বুলি ক’ব পাৰি। যেনে— কৃষিভূমিক ঔদ্যোগিক পামলৈ পৰিবৰ্তন কৰি বিভিন্ন উদ্যোগ গঢ় দি খেতিয়কসকলক বনুৱা শ্রমিকত পৰিবৰ্তন কৰিলে ইয়াকে সামাজিক গতিশীলতাৰ উদাহৰণ বুলি ক’ব পাৰি। যেনে— ইটাৰ ভাটা, মটৰ কাৰখানা আদি গঢ়ি উঠা দেখা যায়।

প্রশ্ন ১৬। তথ্যভিত্তিক অন্বেষণ (Empirical Investigation) বুলিলে কি বুজা? 

উত্তৰঃ কোনো বিশেষ অঞ্চলত বিজ্ঞানসন্মতভাৱে চলোৱা এক তথ্যভিত্তিক সমাজতাত্ত্বিক অধ্যয়ন।

শুদ্ধ উত্তৰ বাছি দিয়া প্রশ্নোত্তৰ Multiple Choice Questions and Answers

প্রশ্ন ১। তলৰ কোনটো সংস্থা নহয়—

(ক) বিবাহ 

(খ) শিক্ষা

(গ) ধর্ম

(ঘ) ফুটবল খেল চোৱা দর্শকসকল

উত্তৰ:(ঘ) ফুটবল খেল চোৱা দর্শকসকল

প্রশ্ন ২। বহির্বিবাহ আদিম যুগৰ প্ৰতীক – 

(ক) নিজৰ সমূহৰ বাহিৰত হোৱা বিবাহ।

(খ) তেজৰ সম্পৰ্ক থকা পুৰুষ নাৰীৰ বিবাহ।

(গ) নিজক সমূহৰ মাজত হোৱা বিবাহ। 

(ঘ) কোনোটোৱে নহয়।

উত্তৰ : (ক) নিজৰ সমূহৰ বাহিৰত হোৱা বিবাহ।

প্রশ্ন ৩। একে জাতি বা শ্ৰেণীৰ মাজত হোৱা বিবাহক –

(ক) অন্তর্বিবাহ

(খ) বহির্বিবাহ

(গ) স্বগোত্র বিবাহ 

(ঘ) কুলিন বিবাহ

উত্তৰ: (ক) অন্তর্বিবাহ

প্রশ্ন ৪। সন্থাৰ বৈশিষ্ট্য হ’ল—

(ক) প্রতিমান 

(খ) সামাজিক প্রথা

(গ) জনবীতি

(ঘ) পৰম্পৰা

উত্তৰঃ (ক) প্রতিমান

প্রশ্ন ৫। ‘ধৰ্ম জনসাধাৰণ বাবে আফিং স্বৰূপ’ কাৰ উক্তি?

(ক) মেক্স ওৱেবাৰ

(খ) এঞ্জেল

(গ) কার্লমার্ক্স

(ঘ) দুৰখেইম

উত্তৰ : (গ) কার্লমার্ক্স

প্রশ্ন ৬। জাতি ব্যৱস্থা হ’ল—

(ক) সামাজিক সংস্থা

(খ) ধর্মীয় সংস্থা

(গ) অর্থনৈতিক সংস্থা

(ঘ) ৰাজনৈতিক সংস্থা

উত্তৰ: (ক) সামাজিক সংস্থা

প্রশ্ন ৭। অর্থনৈতিক সংস্থাটো কি? 

(ক) সম্পদ

(খ) ঋণ

(গ) বেংক

(ঘ) কোনোটোৱে নহয়

উত্তৰ : (গ) বেংক

প্রশ্ন ৮। তলৰ কোনজন দ্বিতীয় স্বজন নহয়

(ক) খুলহালিৰ পত্নী

(খ) ভগ্নীপতি

(গ) ভাইৰ পত্নী

(ঘ) স্ত্ৰীৰ ডাই

উত্তৰ:- (ক) খুলহালিৰ পত্নী

প্রশ্ন ৯। তলৰ কোনজন প্রাথমিক স্বজন নহয়—

(ক) মাতৃ

(খ) পিতৃ

(গ) খুড়া 

(ঘ) ভাই

উত্তৰঃ (গ) খুড়া

প্রশ্ন ১০। তলৰ কোনটো সাধাৰণ বিবাহ ব্যৱস্থা—

(ক) বহু পতি বিবাহ 

(খ) এক পতি পত্নী বিবাহ

(গ) পৰীক্ষামূলক বিবাহ

(ঘ) স্বগোত্র বিবাহ

উত্তৰ : (ঘ) স্বগোত্র বিবাহ

প্রশ্ন ১১। কোনটো প্রাচীন ভাৰতীয় প্ৰকাৰৰ পৰিয়াল বিবাহ

(ক) বহু পতি বহু পত্নী বিবাহ 

(খ) দাম্পত্য বিবাহ 

(গ) অন্তর্বিবাহ

(ঘ) সগোত্রীয় বিবাহ

উত্তৰ:(ক) বহু পতি বহু পত্নী বিবাহ

প্রশ্ন ১২। বস্তু বিনিময় প্রথা কিন্তু

(ক) সেৱাৰ পৰিৱৰ্তে সেৱা 

(খ) বস্তুৰ পৰিৱৰ্তে সেৱা। 

(গ) বস্তুৰ পৰিৱর্তে বস্তু

(ঘ) কোনোটোৱে নহয়।

উত্তৰ(ঘ) কোনোটোৱে নহয়।

প্রশ্ন ১৩। তলৰ কোনটো এটা সন্থা—

(ক) বিবাহ

(খ) বিবাহ শোভা যাত্রা

(গ) স্কুল

(ঘ) কোনোটোৱে

উত্তৰ ঃ (ঘ) কোনোটোৱে

প্রশ্ন ১৪। পৰস্পৰ মাজৰ প্ৰেম-প্রীতিৰে সম্পন্ন হোৱা বিবাহ –

(ক) গন্ধর্ব বিবাহ

(খ) ৰাক্ষস বিবাহ

(গ) ধর্ম 

(ঘ) অসুৰ বিবাহ

উত্তৰ: (ক) গন্ধর্ব বিবাহ

প্রশ্ন ১৫। ৰাজনৈতিক সংস্থাৰ লক্ষ্য 

(ক) আইন-শৃংখলা ৰক্ষা কৰা 

(খ) কৰ্তৃত্ব বলৱ কৰা।

(গ) ৰাষ্ট্ৰৰ কৰ্তৃত্ব বৃদ্ধি কৰা 

(ঘ) ব্যক্তিক উৎকৃষ্ট সেৱা প্ৰদান কৰা; 

উত্তৰ : (ঘ) ব্যক্তিক উৎকৃষ্ট সেৱা প্ৰদান কৰা;

প্রশ্ন ১৬। ক্ষমতা হ’ল— ‘আনক নিয়ন্ত্ৰণ কৰাৰ সক্ষমতা যাতে তেওঁলোকে যি কৰাৰ ইচ্ছা তাক কৰিব পাৰে তলৰ কোনটোৱে মানুহক পালন কৰিবলৈ বাধ্য নকৰে—

(ক) মানুহে বাধ্যতা আৰু কৰ্তব্যৰ বাবে বিকাশ লাভ কৰে। 

(খ) স্বাৰ্থপৰত আৰু সমাজৰ কাৰণে।

(গ) অবাধ্যতাই শাস্তি প্রদান কৰে। 

(ঘ) নেতা আৰু কৰ্তৃত্বৰ সম্পত্তিৰ বাবে।

উত্তৰ :(ঘ) নেতা আৰু কৰ্তৃত্বৰ সম্পত্তিৰ বাবে।

সমাজতত্ত্ব পৰিচয় ( Part – I )

ক্ৰমিক নংপাঠলিংক
1.সমাজতত্ত্ব আৰু সমাজ (Sociology and Society)Click Here
2.বিশেষ অর্থ থকা শব্দ, অৱধাৰণা আৰু সমাজতত্ত্বত ইয়াৰ ব্যৱহাৰ (Terms. Concepts and their use in Sociology)Click Here
3.সামাজিক সংস্থাবোধ (Understanding Social Institutions)Click Here
4.সংস্কৃতি আৰু সামাজিকৰণ (Culture and Socialisation)Click Here
5.সমাজতত্ত্ব অধ্যয়ন : গবেষণা প্রণালী (Doing Sociology: Research Methods)Click Here

সমাজ বোধ ( Part-II )

ক্ৰমিক নংপাঠলিংক
1.সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজৰ সামাজিক প্রক্রিয়া (Social Structure, Stratification and Social Process in Society)Click Here
2.গ্রামীণ আৰুনগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা (Social Change and Social Order in Rural and Urban Society)Click Here
3.পৰিবেশ আৰু সমাজ (Environment and Society)Click Here
4.পাশ্চাত্যৰ সমাজতত্ত্ববিদসকলৰ — এক পৰিচয় (Introduction Western Sociologists)Click Here
5.ভাৰতীয় সমাজতত্ত্ববিদসকল | (Indian Sociologists)Click Here

This Post Has 3 Comments

Leave a Reply