HS first Year Sociology Chapter 1- সমাজতত্ত্ব আৰু সমাজ

HS first Year Sociology Chapter 1- সমাজতত্ত্ব আৰু সমাজ । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS first Year Sociology Chapter 1- সমাজতত্ত্ব আৰু সমাজ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS first Year Sociology Chapter 1- সমাজতত্ত্ব আৰু সমাজ

পাঠভিত্তিক ৰচনাধর্মী প্রশ্নোত্তসমূহ

প্রশ্ন ১। সমাজ শাস্ত্ৰৰ উৎপত্তি আৰু বিকাশৰ অধ্যয়ন কিয় অতি দৰকাৰী ?(Why is the study of the origin and growth of sociology important?) 

উত্তৰ : সমাজ শাস্ত্ৰ ক’ত, কেতিয়া, কি পৰিস্থিতিৰ মাজত, কোনে সৃষ্টি কৰিছিল বা জন্ম দিছিল এনেবোৰ কথা জানিবলৈয়ে আমি সমাজ শাস্ত্ৰৰ উৎপত্তি আৰু ক্ৰম বিকাশৰ কথা অধ্যয়ন কৰাটো অতি আৱশ্যক। তলত সংক্ষেপে আলোচনাটি কৰা হ’ল—

(১) উৎপত্তিৰ পৰিস্থিতি: সমাজ-শাস্ত্ৰৰ উৎপত্তি হয় ইউৰোপত । ইংলেণ্ডৰ শিল্প বিপ্লৱ আৰু ফ্ৰান্সৰ ৰাজনৈতিক তথা সামাজিক বিপ্লৱে সমগ্ৰ ইউৰোপত এটা সুদূৰ প্ৰসাৰী নতুন যুগৰ সূচনা কৰে। সেই সময়ৰ ইউৰোপীয় সমাজত সকলো দিশতে এটা অস্থিৰ আৰু ভাঙনমুখী অৱস্থাৰ উদ্ভৱ হৈছিল। সেইবাবে সমসাময়িক চিন্তাবিদসকলে সামাজিক ঘটনাৰাজিক এটা বাস্তৱ, বহল আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে অধ্যয়ন কৰিবলৈ লৈছিল। সেই সময়তো অর্থাৎ ১৮ শতিকাৰ মাজভাগতো ‘সমাজ-শাস্ত্র’ এটা স্বতন্ত্র বিষয় হিচাপে প্রতিষ্ঠা হোৱা নাছিল। ইউৰোপৰ দার্শনিক চিন্তাবিদসকলে সমাজৰ ঘটনাবোৰৰ প্রকৃত কাৰণ, উৎস, স্বৰূপ আৰু ফলাফল আদিৰ বিষয়ে বৈজ্ঞানিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ ফলস্বৰূপে প্ৰত্যক্ষবাদী দর্শনব সৃষ্টি হয়।

(২) উৎপত্তি ঃ ১৮ শ শতিকাৰ প্রথমার্ধত ইউৰোপত দার্শনিক চিন্তাবিদসকলে সামাজিক ঘটনাৰাজিক অনুসন্ধানমূলক বৈজ্ঞানিক বিশ্লেষণেৰে অধ্যয়ন কৰিবলৈ লোৱাৰ সময়তে ফৰাচী -দার্শনিক আগষ্ট ক’টিৰ হাতত ১৮৩০ চনত সমাজ-শাস্ত্ৰৰ জন্ম হয় বুলি কোৱা হয়।

(৩) সমাজশাস্ত্ৰৰ অৰ্থ : ফ্ৰান্সৰ বিখ্যাত দার্শনিক আগষ্ট ক’টে (Auguste Comte) ১৮৩৯ চনত ‘সমাজ-শাস্ত্র’ বিষয়টিক এটা সুকীয়া আৰু স্বতন্ত্র বিষয় হিচাপে প্রতিষ্ঠা কৰে। সমাজ-শাস্ত্র বা তত্ত্ব মানে- সমাজৰ বিষয়ে বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰা এক বিশিষ্ট শাস্ত্র। Sociology শব্দটির উৎপত্তি হয় লেটিন শব্দ Socius শব্দৰ পৰা। ইয়াৰ অৰ্থ হ’ল ‘সমাজ’ Sociology শব্দটিৰ গ্ৰীক ভাষাৰ Logos শব্দৰ লগতো সম্বন্ধ আছে। ইয়াৰ অৰ্থ হ’ল সমাজৰ অধ্যয়ন। মুঠতে Sociology শব্দৰ অৰ্থ হ’ল ( Socio— সমাজ আৰু Logy – বিজ্ঞান) – সমাজৰ বিষয়ে বৈজ্ঞানিক পদ্ধতিৰে কৰা অধ্যয়ন।

(8) সমাজশাস্ত্ৰৰ ক্রমবিকাশ : জন্ম লগ্নৰে পৰা বৰ্তমানলৈ ফ্রান্স, জামেনী, ইংলেণ্ড আৰু আমেৰিকাত সমাজ-শাস্ত্রই ক্রমবিকাশ লাভ কৰি আহিছে। আগষ্ট ক’ট, ইম্‌লেদুৰখেইম্, হার্বাট স্পেন্‌চাৰ, মেক্স ৱেবাৰ আদিয়ে সমাজ শাস্ত্ৰৰ ক্ৰমবিকাশত যথেষ্ট অৰিহণা যোগাইছে। এইবোৰৰ লগতে আধুনিক যুগৰ সমাজ-শাস্ত্রবিদসকলে প্রগতিশীল সমাজখনৰ বিভিন্ন দিশৰ সমস্যা আৰু ঘটনাৰাজিৰ বিজ্ঞানসন্মত বিশ্লেষণৰ দ্বাৰা সমাজ শাস্ত্রক’ এটা ‘বিজ্ঞানসন্মত বিষয় হিচাপে প্রতিষ্ঠিত কৰিছে আৰু ইয়াৰ ক্ৰমবিকাশত যথেষ্ট অৰিহণা যোগাইছে।

কালক্ৰমত সমাজ-শাস্ত্র বিষয়টিয়ে ভাৰততো প্ৰসাৰতা লাভ কৰে। প্ৰথমে ১৯১৯ চনত ব্রোণে বিশ্ববিদ্যালয়ত বিষয়টি প্ৰৱৰ্তন কৰা হৈছিল। ১৯৩০ চনত এই বিশ্ববিদ্যালয়তে ইয়াক এটা সুকীয়া বিষয় হিচাপে স্বীকৃতি প্ৰদান কৰি এটা বিভাগ খোলা হৈছে। বৰ্তমান সমাজ-শাস্ত্র বিষয়টি ভাৰতৰ প্ৰায় সকলো বিশ্ববিদ্যালয়তে খোলা হৈছে। ভাৰতৰ বিখ্যাত লেখক ডি. এন. মজুমদাৰ, জি. এইচ. ঘুৰে, ৰাধাকমল মূখার্জী আদিৰ লিখনিৰ দ্বাৰ৷ এই বিষয়টিয়ে দ্রুতগতিত বিকাশ লাভ কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত জনপ্রিয়তা লাভ কৰিছে। উৎপত্তি আৰু বিকাশৰ এনেবোৰ কথা জানিবৰ বাবেই আমি ইয়াক অধ্যয়ন কৰাটো আৱশ্যক।

এইবোৰ কথা জানিলেহে আমি সমাজশাস্ত্র বিষয়বস্তু আৰু পৰিসৰ অধ্যয়নৰ পথ প্রশস্ত হব। 

প্রশ্ন ২। ‘সমাজ’ শব্দটোৰ বিভিন্ন দিশবোৰ আলোচনা কৰা। তোমাৰ সাধাৰণ ধাৰণাৰ পৰা ই কিমানখিনি বেলেগ ?

Ans. সমাজ কি ঃ সমাজ হ’ল এক নির্দিষ্ট অঞ্চলব, উমৈহতীয়া সংস্কৃতি থকা, ঐক্যবদ্ধ আৰু নিজস্ব সুকীয়া অস্তিত্ব থকা জনসমষ্টি। সংক্ষেপে এক কথাত ক’বলৈ হ’লে “সমাজ মানুহৰ সম্বন্ধৰে গঁঠা এখন জাল স্বৰূপ” (Society is a web of relationships):

(ক) সমাজৰ বিভিন্ন দিশ ঃ (১) সমাজ এটা সংগঠন। আন কথাত ক’বলৈ হ’লে ই এক স্বীকৃতিযোগ্য আন্তঃসম্পৰ্ক থকা কিছুমান সন্থাৰ জাল ওঁঠনি। 

(২) সমাজ অমূর্ত, সমাজৰ সমগ্ৰজনসমষ্টি সহ, ইয়াব অভৌতিক অংশটো দৃশ্যমান নহয় ৷ ব্যক্তিৰ মাজৰ অভৌতিক সামাজিক সম্বন্ধৰ মাজৰ জাতি, বর্ণ, মমতা, স্নেহ, ঘৃণা, দয়া অনুভূতি আদি দৃশ্যমান নহয় ৷ গতিকে সমাজ অমূর্ত।

(৩) প্ৰজনন ক্ৰিয়াৰ দ্বাৰা মানব সমাজ যুগ যুগ ধৰি বৰ্তি থাকে। সমাজৰ পৰা এচাম মানুহ যিদৰে লোপ পায়, ঠিক সেইদৰে গ্রজনন ক্রিয়াবে জন্ম পায়। পৰিয়ালৰ দ্বাৰা এই প্রজনন ক্রিয়া চলি থাকে।

(৪) সমাজৰ প্ৰত্যেক ব্যক্তিয়ে পর্বনিৰ্ভৰশীল। মানুহৰ মাজত পৰস্পৰ নিৰ্ভৰশীলতা থকা বাবেই সমাজৰ সৃষ্টি হৈছে। নিৰ্ভৰশীলতা সমাজৰ অত্যাৱশ্যকীয় বৈশিষ্ট্য। নিৰ্ভৰশীলতাৰ মূল কাৰণ হ’ল মানুহৰ সংগপ্ৰিয়তা, মৰম-স্নেহ, সহায় সহানুভূতি আদি। মানুহৰ আর্থিক অভাৱৰ বাবেও ই পৰনিৰ্ভৰশীল হ’বলৈ বাধ্য হয়।

(৫) সংস্কৃতি মানুহৰ এটা প্রধান বৈশিষ্ট্য আৰু দিশ। সংস্কৃতিয়ে মানৱজাতিক সভ্যতাৰ দিশলৈ প্রগতিশীল কৰে। মানব জাতিৰ সকলো গুণৰাশিয়ে সংস্কৃতিৰ ভিতৰত পৰে মানুহৰ গুণৰাশী, নৈতিকতা সামাজিক সম্বন্ধৰ মূল উপাদান। সংস্কৃতিত, সামাজিক প্রতিমান, পৰম্পৰা, মুলাবোধ থাকে, এইবোৰে মানুহৰ মাজত আক্রিয়া অব্যাহত ৰাখে ফলত সামাজিক প্ৰক্ৰিয়াৰ প্ৰচলন ঘটে। 

(খ) সমাজ সম্পর্কে তোমাৰ সাধাৰণ জ্ঞানতকৈ সমাজ কিদৰে পৃথক ?

সাধাৰণ অৰ্থত সমাজ বুলি ক’লে আমি সাধাৰণতে যিকোনো জনসমষ্টিৰ কথাকে বুঞ্জে।। কি সমাজ শাস্ত্রবিদসকলৰ মতে ‘সমাজৰ সংজ্ঞ৷ সুকীয়া তেওঁলোকৰ মতে যিকোনো জনসমষ্টিকে সমাজ বুলি ক’ব নোৱাৰি। সমাশাস্ত্ৰত সমাজ বুলিলে কেৱল মানৱ সমাজৰ কথাকে বুজোৱা হয়৷ প্ৰকৃতাৰ্থত সমাজ হ’ল এক নির্দিষ্ট অঞ্চলত স্থায়ীভাবে বসবাস কৰা উমৈহতীয়া সংস্কৃতি থকা, ঐক্যবদ্ধ আৰু নিজস্ব সুকীয়া অস্তিত্ব থকা এক জনসমষ্টি। মানুহৰ সাধাৰণ জ্ঞানৰ স’তে, সমাজৰ ধাৰণা প্রকৃতিগত বা ব্যক্তিগত, যিটো সাধাৰণ নিৰ্ভৰ কৰে অনুমানৰ ওপৰত। এই ধাৰণা সাধাৰণতে কাল্পনিকহে বাস্তৱ ভিত্তিক বা বৈজ্ঞানিক বিচ বিবেচনাৰ ওপৰত নিৰ্ভৰশীল নহয়।

সমাজশাস্ত্রবিদসকলে মানৱ সমাজৰ সংজ্ঞা বিভিন্ন প্ৰকাৰে দিছে। তাৰে কেইটিমান ভগত আলোচনা কৰা হ’ল- মেক আইভাৰ আৰু পেজৰ মতে সমাজ এটা সংগঠন যাৰ দ্বাৰা সামাজিক জীৱবোৰে নিজস্ব স্বভাৱ ব্যক্ত কৰে, আৰু নিজস্ব পথ-প্রদর্শক হিচাপে ব্যৱহাৰ কৰে। এই চিৰপৰিৱৰ্তনমুখী জটিল ব্যৱস্থাটোকে সমাজ বোলে। সংক্ষেপতে সমাজ হ’ল সামাজিক সম্বন্ধৰ জাল গাঁঠনিস্বৰূপ। আন এজন চিন্তাবিদ গ্ৰীণৰ মতে সমাজ হৈছে ব্যক্তিৰে গঠিত সর্ববৃহৎ জনসমষ্টি। ই স্থান,

কাল আৰু ইচ্ছাৰ দ্বাৰা গঠিত এটা সংগঠন। গিন্সবার্গৰ মতে ‘সমাজ হৈছে নির্দিষ্ট সম্বন্ধ বা আচৰণৰ দ্বাৰা গঠিত কিছুমান ব্যক্তিৰ সমূহ যাক তেনে সম্বন্ধ বা আচৰণ নথকা আন সমূহৰ পৰা পৃথক কৰিব পাৰি।

প্রশ্ন ৩। আধুনিক জগতত সমাজশাস্ত্র অধ্যয়নৰ আৱশ্যকতা কি আলোচনা কৰা।

নাইবা, 

সমাজৰ বিভিন্ন দিশ অধ্যয়নৰ ক্ষেত্ৰত সমাজশাস্ত্ৰৰ গুৰুত্ব আলোচনা কৰা। 

উত্তৰ। সমাজশাস্ত্ৰৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত বিভিন্ন পণ্ডিতে নানা মত দাঙি ধৰিছে। বহুতে এই শাস্ত্ৰৰ আৱশ্যকতা উপলব্ধি কৰিব নোৱাৰিলেও আধুনিক যুগৰ জটিল সমস্যাৱলীৰ সন্মুখত ইয়াৰ ব্যৱহাৰিক দিশৰ ক্ষেত্ৰত সকলোৱে সমাজশাস্ত্ৰৰ আৱশ্যকতা স্বীকাৰ কৰিবলৈ লৈছে।

আধুনিক যুগত সমাজ বিজ্ঞানৰ বিভিন্ন বিষয়ৰ বিভিন্ন দিশত নানা অধ্যয়ন, গবেষণা ইতিমধ্যে বহুত আগবাঢ়ি গৈছে যদিও সামাজিক দিশৰ বিভিন্ন কথা অধ্যয়নৰ বাবে সমাজশাস্ত্ৰইহে সেই সুবিধা প্ৰদান কৰিব পাৰে। ছাৰোপৰি পৰিৱৰ্তনশীল সমাজত ঘটি থকা ঘটনাসমূহৰ বিষয়ে সম্যকভাবে বৈজ্ঞানিক পদ্ধতিৰে জানিবলৈ আৰু সেইবিলাকৰ সমাধানৰ বাবে উপায় উদ্ভাৱন কৰিবলৈ সমাজশাস্ত্ৰৰ সহায় নিতান্ত প্রয়োজন হৈছে।

সামাজিক জীৱনৰ এনে কিছুমান বিষয় আছে যিবিলাক সমাজশাস্ত্ৰৰ বাহিৰে অন্যান্য সমাজ বিজ্ঞানৰ দ্বাৰা অধ্যয়ন কৰা নহয়৷ উদাহৰণ হিচাপে সমাজৰ গঠন প্ৰণালী, স্তৰীকৰণ পদ্ধতি, সামাজিক সংস্থা, সামাজিক মূল্যবোধ, সামাজিক সম্বন্ধৰ স্বৰূপ ইত্যাদি বিষয়সমূহ সমাজশাস্ত্ৰৰ যোগেদি অধ্যয়ন কৰা হয়। এইবিলাক হৈছে সমাজৰ অবিচ্ছেদ্য অংগ আৰু এই বিষয়বিলাক সম্যকভাৱে আলোচনা নকৰিলে সমাজ অধ্যয়ন অপূৰ্ণ হৈ ৰয়। অন্যান্য বিজ্ঞান সমাজৰ বিশেষ বিশেষ দিশ লৈহে জড়িত। উদাহৰণ হিচাপে ৰাজনীতি-বিজ্ঞানে ৰাজনৈতিক দিশ, অর্থনৈতিক বিজ্ঞানে অর্থনৈতিক দিশৰ বিষয়েহে অধ্যয়ন কৰে। আনহাতে সমাজশাস্ত্রই সমাজৰপৰা বিভিন্ন বিষয়বস্তু লৈ নিজস্ব পদ্ধতিবে আলোচনা কৰে।

সমাজ পৰিৱর্তনশীল। এনে সমাজ ব্যৱস্থাত নানাধৰণৰ সামাজিক সমস্যাৰ উদ্ভৱ হয়। সমাজ যিমানেই সৰল অৱস্থাৰ পৰা জটিল অবস্থালৈ ৰূপান্তৰিত হয়, সিমানেই সমস্যাবো পৰিমাণো বৃদ্ধি পায়। সেয়ে সমাজশাস্ত্রই উভয় সমাজৰ চৰিত্র বিশ্লেষণ কৰি সমস্যাসমূহৰ বিষয়ে বিশদভাৱে জনাত সহায় কৰে। উদাহৰণ হিচাপে সমাজ পৰিৱৰ্তনৰ লগত পৰিয়ালৰ পৰিৱর্তন, সামাজিক বিঘটন, সংঘর্ষ, অপৰাধ, নিবনুৱা, দৰিদ্ৰতা আদি অনেক সমস্যা জড়িত হৈ পৰে। এনে ঘটনাসমূহৰ বিষয়ে অধ্যয়ন কৰি সমস্যা সমাধানৰ উপায় উলিয়াবলৈ সমাজশাস্ত্রই সহায় কৰে৷ তাৰোপৰি শিল্পোন্নতির লগে লগে সমাজবিলাকত বিভিন্নধৰণৰ নতুন নতুন সমস্যাই দেখা দিছে। সমাজশাস্ত্ৰৰ সহায়ৰ অবিহনে এই সমস্যাবিলাকৰ নিৰাময় কৰিবলৈ আঁচনি যুণ্ডত কৰাটো অসম্ভৱ।

সমাজশাস্ত্ৰৰ আন এটা ব্যৱহাৰিক দিশ হৈছে সামাজিক সংস্থাসমূহৰ বিষয়ে সম্যক জ্ঞান লাভ কৰা। ঘৰ আৰু পৰিয়াল, স্কুল আৰু শিক্ষা, ৰাজ্য আৰু চৰকাৰ, শিল্প আৰু বৃত্তি, সম্প্ৰদায়ৰ সমিতি আদি অনেক সংস্থা আছে যাৰ জৰিয়তে সমাজ ক্রিয়াশীল হয়। গতিকে সমাজৰ বিষয়ে জানিবলৈ হ’লে এই সংস্থাসমূহৰ যথোপযুক্ত জ্ঞানৰ আৱশ্যক। সমাজশাস্ত্ৰই এইবোৰ পূৰণ কৰিছে। গতিকে সমাজশাস্ত্ৰ হৈছে সু-সংগঠিত বিভাগ যিয়ে শিক্ষা, মনোবিজ্ঞান, অর্থনীতি, ৰাজনীতি আদিৰ মাজত সমন্বয় স্থাপন কৰে।

মানুহে যিখন সমাজত বসবাস কৰে সেই সমাজৰ বিষয়ে বিশদ জ্ঞান থকাটো প্ৰয়োজন। তেতিয়াহে ব্যক্তিৰ লগত জড়িত সকলো কথা পুংখানুপুংখভাৱে জানি সেইমতে আঁচনি গ্রহণ কৰিব পাৰে৷ গতিকে সমাজশাস্ত্ৰ হৈছে মানৱ সম্পৰ্কীয় বিশেষ জ্ঞানৰ ভাণ্ডাৰ– যি সামাজিক জীৱন পৰিচালনা কৰাত সহায় কৰে।

সমাজশাস্ত্ৰই সংগঠিত সমাজৰ মানদণ্ড নিৰূপণ কৰাত সহায় কৰে। সামাজিক জীৱন-যাপনৰ ক্ষেত্ৰত ব্যক্তিক সমাজশাস্ত্ৰই পথ নিদৰ্শন কৰে। তাৰোপৰি সমাজশাস্ত্ৰৰ দ্বাৰা ব্যক্তিৰ সমস্যাসমূহৰ বিষয়ে জানিবলৈ সুবিধা হয়। এইদৰে পৰিয়ালসমূহৰ বিষয়ে জ্ঞান লাভ কৰিবলৈ নাইবা সমিতি বা বহলাৰ্থত গোটেই সমাজখনৰ বিষয়ে সম্যকভাৱে জানিবলৈ সমাজশাস্ত্ৰই সহায় কৰে৷

সাম্প্ৰতিক সময়ত বিশেষকৈ ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা সমাজশাস্ত্রব গুৰুত্ব বৃদ্ধি পাইছে। ভাৰতীয় সমাজ দ্রুত পৰিৱৰ্তনৰ সন্মুখীন হৈছে। পৰিয়াল ব্যৱস্থাত যথেষ্ট পৰিৱৰ্তন ঘটা দেখা গৈছে। নাৰী ল’ৰা-ছোৱালীবিলাকৰ মাজত স্বাধীনচেতীয়া মনোভাবে। ঠাই পাইছে। জাতিপ্ৰথাৰ পৰিৱর্তে শ্ৰেণী ব্যৱস্থাই মূৰ দাঙি উঠিছে উদ্যোগীকৰণ আৰু নগৰীকৰণ প্ৰণালীবদ্বাৰা শ্রমবিভাজনৰ ক্ষেত্ৰত বিৰাট পৰিৱৰ্তন দেখা গৈছে। আঞ্চলিকতাবাদে গা কৰি উঠিছে৷ ৰাজনৈতিক দলবিলাকৰ মাজত ক্ষমতা লৈ খোৱা-কামোৰা বৃদ্ধি পাইছে। বাজনৈতিক, অর্থনৈতিক, সামাজিক ক্ষেত্ৰত ঘটা অভূতপূর্ব পৰিবর্তনে আন কিছুমান সমস্যাৰ জন্ম দিছে। নিবনুৱা সমস্যা, দৰিদ্রতা, বিভিন্ন অপৰাধমূলক কাম, শিক্ষা সমস্যা আদি এশ এবুৰি সমস্যাই সমাজক পণ্ডে কৰি পেলাইছে। এনে জ্বলন্ত সমস্যাবিলাক অধ্যয়ন কৰি প্ৰতিকাৰ কৰাৰ প্রয়োজনীয়তা বৃদ্ধি পাইছে৷ এইক্ষেত্ৰত সমাজশাস্ত্ৰই এটা গুরুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব পাৰে৷ গতিকে পৰিৱৰ্তনশীল সমাজত সমাজশাস্ত্ৰৰ আৱশ্যকতা অপৰিসীম।

সমাজতত্ত্ব পৰিচয় ( Part – I )

ক্ৰমিক নংপাঠলিংক
1.সমাজতত্ত্ব আৰু সমাজ (Sociology and Society)Click Here
2.বিশেষ অর্থ থকা শব্দ, অৱধাৰণা আৰু সমাজতত্ত্বত ইয়াৰ ব্যৱহাৰ (Terms. Concepts and their use in Sociology)Click Here
3.সামাজিক সংস্থাবোধ (Understanding Social Institutions)Click Here
4.সংস্কৃতি আৰু সামাজিকৰণ (Culture and Socialisation)Click Here
5.সমাজতত্ত্ব অধ্যয়ন : গবেষণা প্রণালী (Doing Sociology: Research Methods)Click Here

সমাজ বোধ ( Part-II )

ক্ৰমিক নংপাঠলিংক
1.সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজৰ সামাজিক প্রক্রিয়া (Social Structure, Stratification and Social Process in Society)Click Here
2.গ্রামীণ আৰুনগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা (Social Change and Social Order in Rural and Urban Society)Click Here
3.পৰিবেশ আৰু সমাজ (Environment and Society)Click Here
4.পাশ্চাত্যৰ সমাজতত্ত্ববিদসকলৰ — এক পৰিচয় (Introduction Western Sociologists)Click Here
5.ভাৰতীয় সমাজতত্ত্ববিদসকল | (Indian Sociologists)Click Here

প্রশ্ন ৪। সমাজ কাক বোলে? সমাজৰ বৈশিষ্ট্যবিলাকৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰ।. সাধাৰণ অৰ্থত সমাজ বুলি ক’লে আমি সাধাৰণতে যিকোনো জনসমষ্টিৰ কথাকে বুর্জো। কিন্তু সমাজশাস্ত্ৰৰ ক্ষেত্ৰত ‘সমাজৰ’ সংজ্ঞা সুকীয়া সমাজশাস্ত্ৰৰ মতে যিকোনো জনসমষ্টিকে সমাজ বুলি ক’ব নোৱাৰি। সমাজশাদ্ভূত সমাজ বুলিলে কেৱল মানৱ সমাজৰ কথাকে বুজায়। সমাজশাস্ত্রবিদসকলে মানৱ সমাজৰ সংজ্ঞা বিভিন্ন প্রকাৰে দিছে। তাবে কেইটিমান তলত আলোচনা কৰা হ’ল মেক্ আইভাৰ আৰু পেজৰ মতে সমাজ এটা সংগঠন যাৰ দ্বাৰা সামাজিক জীৱবোৰে নিজস্ব স্বভাব ব্যক্ত কৰে, আৰু নিজৰ পথ প্রদর্শক হিচাপে ব্যৱহাৰ কৰে৷ এই চিৰপৰিৱৰ্তনমুখী জটিল ব্যৱস্থাটোকে সমাজ বোলে। সংক্ষেপতে সমাজ হ’ল সামাজিক সম্বন্ধৰ জাল গাঁঠনিস্বৰূপ।

আন এজন চিন্তাবিদ ‘গ্ৰীণৰ মতে সমাজ হৈছে ব্যক্তিৰে গঠিত সর্ববৃহৎ জনসমষ্টি। ই স্থান, কাল আৰু ইচ্ছাৰ দ্বাৰা গঠিত এটা সংগঠন। গিন্সবার্গৰ মতে ‘সমাজ হৈছে নির্দিষ্ট সম্বন্ধ বা আচৰণৰ দ্বাৰা গঠিত কিছুমান ব্যক্তিৰ সমষ্টি যাক তেনে সম্বন্ধ বা আচৰণ নথকা আন সমূহৰ পৰা পৃথক কৰিব পাৰি।

সমাজৰ বৈশিষ্ট্যসমূহ  সমাজৰ কিছুমান স্পষ্ট বৈশিষ্ট্য আছে। উল্লেখযোগ্য বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল 

১। ব্যক্তিৰ সমষ্টি: ব্যক্তিৰ সমষ্টিয়ে হ’ল সমাজৰ মূল আৰু প্ৰধান বৈশিষ্ট্য। ব্যক্তিৰ সমাজৰ অবিহনে সমাজৰ ধাৰণা কৰা অসম্ভৱ৷ গতিকে সমাজ গঠন হ’বলৈ সমাজ অত্যাবশ্যকীয়। 

২। সামাজিক সম্বন্ধৰ প্ৰকাৰ সমাজত ব্যক্তিৰ সম্বন্ধ বিভিন্ন ধৰণৰ দেখা যায়। সমাজৰ গতিশীলতাৰ ওপৰত ভিত্তি কৰি এই বিভিন্নতা গঢ়ি উঠে। সমাজৰ সম্বন্ধবোৰ প্ৰতিমান মূল্য আৰু ৰীতি-নীতিৰ দ্বাৰা পৰিচালিত হয়। সেইবাবে প্রতিমান মূল্য অনুসৰি ব্যক্তিসকলে সমাজত বিভিন্ন ভূমিকা পালন কৰে।

৩। পৰিৱৰ্তনশীল সামাজিক সম্বন্ধঃ সমাজ পৰিৱৰ্তনশীল। সমাজৰ পৰিৱৰ্তনৰ লগে লগে সামাজিক সম্বন্ধৰো পৰিৱৰ্তন ঘটায়। প্রাচীন ভাৰতীয় সমাজৰ সম্বন্ধ আধুনিক ভাৰতৰ সম্বন্ধৰ পৰা সম্পূর্ণ পৃথক আছিল।

৪। সমাজ অমূৰ্তঃ সমাজৰ জনসমষ্টিৰ কিছু অংশ, ঘৰ-দুৱাব, আলি পদূলি, দোকান-বজাৰ এই ভৌতিক অংশটো আমাৰ দৃশ্যমান হলে সমাজৰ অভৌতিক অংশটো দেখা নাযায়। এই অভৌতিক অংশটোরে বিশেষভারে সামাজিক সম্বন্ধ সৃষ্টি কৰে। সমাজৰ সমগ্র জনসমষ্টি, জাতি, বৰ্ণ, মমতা, স্নেহ, ঘৃণা আদি মানৱীয় ধাৰণাসমূহ দৃশ্যমান নহয়। গতিকেই সমাজক অমূর্ত বুলি কোৱা হয়।

৫। একতা ঃ কোনো এখন নির্দিষ্ট সমাজৰ ব্যক্তিসমূহৰ মাজত এটা একতা থাকে। এই একতা কিছুমান সাদৃশ্যতা বা অনুভূতিৰ ওপৰত গঢ়ি উঠে। সমাজৰ প্রাথমিক গোট হিচাপে পৰিয়ালৰ ব্যক্তিৰ মাজত যিদৰে ঐক্য গঢ়ি উঠে সেইদৰে সমাজতো এটা একতা গঢ়ি উঠে।

৬। বৈসাদৃশ্যসমাজত একতা যিদৰে এটা বৈশিষ্ট্য ঠিক সেইদৰে বৈসাদৃশ্যও এটা বৈশিষ্ট্য। একেখন সমাজতে মানুহৰ শাৰীৰিক বৈসাদৃশ্যৰ উপৰি মানুহৰ চিন্তা-চৰ্চা, আচাৰ-ব্যৱহাৰ, কাম কাজ, ভাব-অনুভূতি বিভিন্ন প্ৰকাৰৰ সমাজৰ এই বৈসাদৃশ্য অপৰিহাৰ্য বৈশিষ্ট্য।

 ৭। পাৰস্পৰিক নিৰ্ভৰশীলতা সমাজৰ প্রত্যেক ব্যক্তিয়ে পৰনিৰ্ভৰশীল। মানুহৰ মাজত পাৰস্পণিক নিৰ্ভৰশীলতা থকা বাবেই সমাজৰ সৃষ্টি হৈছে। এই নিৰ্ভৰশীলতাৰ মূল কাৰণ হ’ল মানুহৰ সংগপ্রিয়তা, যিটো গঢ়ি উঠে মানুহৰ স্বভাৱজাত মৰম-স্নেহ, সহায়-সহানুভূতিৰ ওপৰত। দ্বিতীয়তে, মানুহ নিৰ্ভৰশীল হোৱাৰ আন এটা কাৰণ হ’ল আর্থিক অভাৱ৷ মানুহৰ আৱশ্যকীয় বস্তুৰ বাবেও পৰস্পবৰ ওপৰত নিৰ্ভৰশীল হ’ব লগা হয়। এইবাবেই ই সমাজৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য।

জন্‌চনৰ মতে সমাজৰ লক্ষণবোৰ সমাজৰ বৈশিষ্ট্য আলোচনাৰ ক্ষেত্ৰত এইচ. এছ. জনচনে উল্লেখ কৰা সমাজৰ লক্ষণ চাৰিটাও উল্লেখযোগ্য। 

(ক) ভৌগোলিক সীমাজনচনৰ মতে সমাজ এখন গঠনৰ বাবে এডোখৰ ভৌগোলিক স্থানৰ প্ৰয়োজন। 

(খ) প্রজনন প্রজনন ক্রিয়া সমাজৰ এটা বিশেষ লক্ষণ। সমাজৰ পৰা এচাম মানুহ যিদৰে লোপ পায় ঠিক সেইদৰে প্রজনন ক্ৰিয়াৰ দ্বাৰা এচাম মানুহে সমাজত জন্ম পায়। এই প্ৰজনন ক্ৰিয়াৰ দ্বাৰাই সমাজ বৰ্তি থাকে। সমাজৰ প্ৰাথমিক গোট পৰিয়ালৰ মাধ্যমত এই প্রজনন ক্রিয়া চলি থাকে।

(গ) ব্যাপক সংস্কৃতিসংস্কৃতি সমাজৰ মূল বৈশিষ্ট্য কিয়নো মানুহৰ সকলো গুণকে সংস্কৃতিৰ ভিতৰত ধৰা হয়। এই গুণৰাজিয়ে সামাজিক সম্বন্ধৰ মূল উপাদান। ব্যাপক সংস্কৃতিয়ে সমাজৰ এটা প্রধান বৈশিষ্ট্য।

(ঘ) স্বাধীনতা : সমাজ বিশাল আৰু স্বতন্ত্র। প্রত্যেক সমাজৰে নিজস্ব কিছুমান দিশ আছে ৷ যেনে ধর্মীয়, ৰাজনৈতিক, অর্থনৈতিক, সামাজিক ইত্যাদি। এই দিশবোৰত স্বকীয় আৰু স্বতন্ত্র রূপ থাকে। ই আন সমাজৰ পৰা প্ৰভাৱমুক্ত।

প্রশ্ন ৫। ব্যক্তি আৰু সমাজৰ পাৰস্পৰিক সম্পর্ক বিষয়ে এটি টোকা লিখা। (Write a note on the relation between the Individual and Society?)

উত্তৰ।. ব্যক্তি আৰু সমাজ এই দুয়োটাৰে সম্বন্ধ অতি ওচৰ। এটাক বাদ দি আনটোৰ কথা চিন্তা কৰিব নোৱাৰি। ব্যক্তিৰ সমষ্টিয়েই সমাজ। প্রত্যেক ব্যক্তিৰ আচাৰ-ব্যৱহাৰ, আশা আকাংক্ষা, দৃষ্টি-ভংগী পৃথক হ’লেও ব্যক্তিৰ স্বকীয় বৈশিষ্টাৰ ওপৰত সমাজৰ প্ৰভাৱ নপৰা নহয়। মানুহ সমাজপ্রিয় প্রাণী। জন্মৰপৰা মৃত্যুৰ সময়লৈকে মানুহে সমাজত থাকিবলৈ ই কৰে। অকলশৰীয়াকৈ সমাজক বাদ দি কোনো মানুহেই থাকিবলৈ ইচ্ছা নকবে। উদাহৰণস্বৰূপে আলেকজেণ্ডাৰ চেলকাৰ্কে যেতিয়া অকলশৰে দ্বীপত বাস কৰিছিল সেই সময়ত সমাজ  তেওঁ সেই কথাটো উপলব্ধি কৰিছিল আৰু তেওঁ মনৰ কথা ব্যক্ত কৰি কৈছিল যে যদি তেওঁৰ দুখন পাখি থাকিলহেঁতেন তেওঁ আকৌ উৰি গৈ সমাজত বাস কৰিলেগৈহেঁতেন। ব্যক্তি আৰু সমাজ দুয়োটা একেটা টকাৰে দুটা পিঠি নহয়৷ স্পেনচাঁৰৰ মতে সমাজৰ কোনো বোধ বা ভবা শক্তি নাইবা জ্ঞানেন্দ্রিয় নাই কিন্তু এজন ব্যক্তিয়ে ভাবিব বা চিন্তা কৰিব পাৰে, সেই ভাষ লগত অন্য ব্যক্তিৰ ভাব-চিত্তাৰ বিনিময় কৰিব পাৰে। এজন ব্যক্তিয়ে আন এজনৰ লগত ভাবৰ বিনিময় কৰিলেও সকলোৰে মনৰ ভাব একে নহয়, নাইবা একেটা ৰূপতে গঢ়লৈ মুঠে। জীৱকোষ জীৱদেহৰ এটা অংশৰ দৰে ব্যক্তিক সমাজৰ এটা অংশ বুলি ক’ব নোৱাৰি৷ কাৰণ ব্যক্তিৰ ভাব, চিন্তা, ক্রিয়া-প্রক্রিয়াৰ কেন্দ্রস্থল ব্যক্তি নিজে। ব্যক্তিৰ সমষ্টিয়েই হৈছে সমাজ। সমাজ হৈছে সামাজিক সম্বন্ধৰ জালগাঁঠনি স্বৰূপ। ব্যক্তিৰ আশা-আকাংক্ষা বিভিন্ন উদ্দেশ সমাজৰদ্বাৰাহে সম্ভৱ হৈ উঠে। ব্যক্তি আৰু সমাজৰ সম্পৰ্ক এক তৰপীয়া নহয়। ব্যক্তিক বাদ দি সমাজৰ সৃষ্টি নহয় আৰু সমাজৰ অবিহনে ব্যক্তিৰ মানসিক বিকাশ সাধন নহয়।

মেক্ আইভাৰ আৰু পেজৰ মতে সমাজৰ কথা ভালকৈ বুজিবলৈ হ’লে ব্যক্তি আৰু সমাজৰ সম্বন্ধৰ কথা ভালদৰে বুজিব লাগিব। বিশেষকৈ পৰিৱৰ্তনশীল সামাজিক জীৱনৰ সমাজ আৰু ব্যক্তিৰ মাজত আৰু ব্যক্তি আৰু সমাজৰ মাজত ওতঃপ্রোত সম্বন্ধ ব্যক্তি আৰু সমাজৰ সম্বন্ধই কেনে ‘ধৰণেৰে ক্ৰিয়া কৰে সেইটো জনাৰ অতিপ্রয়োজন। সমাজ পৰিৱৰ্তনৰ লগে লগে সমাজৰ সকলোবোৰ দিশেই পৰিৱৰ্তন হয়। কিন্তু সেই পৰিৱৰ্তন বিশেষ এটা সামাজিক প্রথাৰ মাজেদি হয়। ইয়াৰ বহুত কাৰণ থাকিলেও এটা কথা নিশ্চিত যে মানুহ সমাজতে জন্ম গ্রহণ কৰি সামাজিক রীতি নীতিৰ মাজেদি ডাঙৰ দীঘল হয়। মানুহৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে মানুহে বিভিন্ন পথ অনুকৰণ কৰিব লগা হয়। ইয়াকে কৰিবলৈ যাওঁতে মানুহে নানান ঘাত-প্রতিঘাত, যুক্তি তৰ্কৰ মাজেদি পাৰ হ’ব লগা হয়। মানুহে যিখন সমাজত ইতিমধ্যে স্বীকৃতি লাভ কৰিছে সেইয়া উত্তৰ পুৰুষৰ বাবেও প্রয়োজন। অর্থাৎ ব্যক্তি আৰু সমাজৰ নিবিড় সম্বন্ধৰ মাজেদি সেই ব্যক্তিৰ প্ৰয়োজনৰ খাতিৰত কৰা কমই সামাজিক পৰিৱৰ্তন সাধন কৰাতো অৰিহণা যোগায়। অৱশ্যে এটা কথা উল্লেখ কৰিব পাৰি যে সামাজিক পৰিৱৰ্তন ব্যক্তিৱদ্বাৰা অনা হয়, ব্যক্তিৰ মানসিক বিকাশো সমাজৰদ্বাৰা হয়

সমাজ মানুহৰ কৃত্রিম সৃষ্টি। মানুহে সামূহিক স্বার্থ পূৰণ কৰিবৰ বাবে সমাজত বিভিন্ন -সম্বন্ধ সৃষ্টি কৰে। গতিকে দেখা গ’ল যে ব্যক্তি আৰু সমাজ দুয়োটাৰ সম্বন্ধ অতি ওচৰ আৰু ব্যক্তিয়ে যি পাইছে আৰু ব্যক্তিৰ যি আছে এই সকলোবোৰ সমাজৰ পৰাই পাইছে।

প্রশ্ন ৬। (ক) সমাজ শাস্ত্ৰ বুলিলে কি বুজা? 

(খ) ইয়াৰ অধ্যয়ন ক্ষেত্র বা বিষয়বস্তু সম্পর্কে আলোচনা কৰা৷ (What do you mean by Sociology? Discuss what is the scope or field of study of Sociology.)

অথবা lor, 

(ক) সমাজ শাস্ত্ৰৰ সংজ্ঞা দিয়া।

(খ) ইয়াৰ বিষয়বস্তুৰ পৰিসৰ কি আলোচনা কৰা। (Define Sociology. What is the subject natter of Sociology?

Ans. (ক) সমাজ শাস্ত্র সমাজ বিজ্ঞানবোৰৰ ভিতৰত এটি উল্লেখযোগ্য বিষয়। সমাজত মানুহৰ প্ৰকৃতি চিত্ৰিকৰণৰ বাবে ই এটা অতি গুৰুত্বপূর্ণ বিষয়। উৎপত্তিৰ ক্ষেত্ৰত ই অতি পুৰণি বিষয় নহ’লেও, বর্তমান স্কুল, কলেজ, আৰু বিশ্ববিদ্যালয়বোৰৰ বিষয় তালিকাত সমাজ শাস্ত্র এক উল্লেখযোগ্য বিষয়। সেই বাবে চিন্তাবিদ মেক্ আৰু ইয়ঙে সমাজ শাস্ত্ৰক আটাইবোৰ সমাজ বিজ্ঞানৰ ভিতৰতে নুমলীয়৷ সমাজ বিজ্ঞান বুলি কৈছে। মানুহ সামাজিক জীৱ, সেইবাবে সকলো মানুহৰ কাৰ্যাৱলী সমাজ শাস্ত্ৰৰ ভিতৰুৱা আলোচ্য বিষয়। মানুহৰ প্ৰকৃতিৰ সামাজিক * দিশটো অধ্যয়ন কৰাৰ বাবে বিজ্ঞান সম্মত সঠিক বিষয়টো উদ্ভাৱন কৰাৰ বাবে প্লেটো এৰিষ্টটোলৰ দিনৰে পৰা চেষ্টা কৰি আহিছে যদিও ১৮ শতিকাৰ মাজভাগলৈকে হোৱা নাছিল। ফ্ৰান্সৰ সমাজবিজ্ঞানী চিন্তাবিদ আগষ্ট ক’টে ১৮৩০ চনত প্ৰথম বাৰৰ বাবে, মানুহৰ প্ৰকৃতি অধ্যয়ন কৰা এই সামাজিক দিশটোক “সমাজ শাস্ত্র” নামেৰে নামাকৰণ কৰে। সমাজ শাস্ত্ৰক তেওঁৱেই এটা সুকীয়া আৰু স্বতন্ত্র বিষয় হিচাপে প্রতিষ্ঠা কৰে। সেই কাৰণেই তেওঁক সমাজ শাস্ত্রব ‘জনক’ বুলি গণ্য কৰা হয়

সমাজ শাস্ত্ৰৰ অর্থ ঃ শব্দগত দিশৰ গৰা ইংৰাজী ভাষাৰ Sociology শব্দটো লেটিন তাষাৰ Socius শব্দৰ পৰা উৎপত্তি হৈছে। Socius শব্দৰ অৰ্থ হ’ল— ‘সমাজ’। আনহাতে logy শব্দটো গ্ৰীক ভাষাৰ Logos শব্দৰ পৰা আহিছে। Logos শব্দৰ অৰ্থ হ’ল– বিজ্ঞান বা তত্ত্ব। গতিকে Sociology শব্দৰ অৰ্থ হ’ল— সমাজ বিজ্ঞান বা সমাজ শাস্ত্র। গতিকে সমাজ শাস্ত্র মানে হ’ল— সমাজৰ বিষয়ে বৈজ্ঞানিক প্রণালীৰে কৰা অধ্যয়ন। 

সমাজ শাস্ত্রব কেইটিমান উল্লেল্লখযোগ্য সংজ্ঞা বিশিষ্ট সমাজ শাস্ত্রবিদসকলৰ কেইটিমান উল্লেখযোগ্য সংজ্ঞা তলত উল্লেখ কৰা হ’ল। এই সংজ্ঞাবোৰ বিভিন্ন প্ৰকাৰৰ 

(১) ওৱার্ড (Ward) ৰ মতে- সমাজ শাস্ত্ৰ হ’ল সমাজ বা সমাজৰ আৱহাৱ৷ বিজ্ঞান (“Sociology is the science of society or of social phenomena”.)

(২) জিন্সবার্গৰ (Ginsberg) মতে সমাজ শাস্ত্ৰ হ’ল সমাজত মানুহৰ আস্তঃক্রিয়া আৰু পৰস্পৰৰ সম্বন্ধ আৰু সিহঁতৰ পৰিস্থিতি আৰু পৰিণামৰ অধ্যয়ন (“Sociology is the study of human interactions and interrelations, their condition and consequences.”) 

(৩) হৱহাউচ Hobhouse)-ৰ মৃতে সমাজ শাস্ত্ৰৰ বিষয়বস্তু হ’ল সমাজত মানুহৰ মনবোৰৰ আন্তঃক্রিয়া (“The subject-matter of Sociology is the interaction of human minds.”)

(৪) পাৰ্ক আৰু বাৰ্গে (Park and Burgess)-ৰ মতে — সমাজ শাস্ত্ৰ হ’ল সমূহীয়া আচৰণৰ বিজ্ঞান (Sociology is the science of collective behaviour.) 

(৫) দুৰখে ম (Durkheim)-ৰ মতে–সামাজিক ঘটনাসমূহক বস্তু হিচাপে ব্যৱহাৰ কৰাই হ’ল সমাজ শাস্ত্ৰৰ লক্ষ্য। (The aim of sociology is the treat social facts as things.)

(৬) মেক্ আইভাৰ (Mac Iver)-ৰ মতে – “সমাজ শাস্ত্ৰ হ’ল— সামাজিক সম্বন্ধৰ বিষয়ে অধ্যয়ন আৰু ই সামাজিক সম্বন্ধৰ জাল ওঁঠনি স্বৰূপ’, যাক আমি সমাজ বুলি কওঁ। (“Sociology is about social relationship, the network of relationships we call society.”)

Note (উত্তৰত যিকোনো দুটা বা তিনিটা সংজ্ঞা ব্যৱহাৰ কৰিলেই হ’ব) মুঠতে ওপৰৰ এই বিভিন্ন সংজ্ঞাবোৰৰপৰা সমাজ শাস্ত্ৰৰ বিষয়ে তিনিটা অভিমত পোৱা যায়।

(১) সমাজ শাস্ত্ৰ হ’ল ‘সমাজৰ বিজ্ঞান’। 

(২) দ্বিতীয়তে, ই হ’ল সামাজিক সম্বন্ধৰ বিজ্ঞান৷

(৩) তৃতীয়তে, ই হ’ল সামাজিক সম্বন্ধৰ প্ৰকাৰবোৰৰ অধ্যয়ন।

(খ) সমাজ শাস্ত্ৰৰ অধ্যয়ন ক্ষেত্র (Field of study of Sociology)  সমাজ শাস্ত্ৰৰ অধ্যয়ন ক্ষেত্ৰ বুলিলে সাধাৰণভাৱে গোটেই মানৱ সমাজখনকে বুজায় যদিও অন্যান্য সমাজ বিজ্ঞানৰ দৰে অধ্যয়নৰ পৰিসৰ সম্পৰ্কে চিন্তাবিদ সকলৰ মাজত মতভেদ থকা দেখা যায়। এই চিন্তাবিদ সকলৰ মাজত দুটা শ্ৰেণী বা গোষ্ঠী পোৱা যায়। আগষ্ট কট, দুৰখেইম আদি চিন্তাবিদসকলৰ মতে সমাজ শাস্ত্ৰৰ অধ্যয়ন ক্ষেত্র অতি বহল, সমাজৰ লগত সম্পর্ক থকা সকলো বস্তুকেই সামৰি লয়। আনহাতে জর্জ চেমুৱেল, ভিয়ের কাণ্ডট আদি চিন্তাবিদসকলৰ মতে সমাজ শাস্ত্ৰৰ অধ্যয়নক্ষেত্র সীমিত। তেওঁলোকে সামাজিক দিশটোৰ অধ্যয়নতে ইয়াক সীমাবদ্ধ কৰি ৰাখিব খোজে।

এই চিন্তাবিদৰ গোষ্ঠী দুটাৰ প্ৰথমটো গোষ্ঠীক সমন্বয়াত্মক চিন্তাবিদৰ গোষ্ঠী (Synthetic School of thought) আৰু দ্বিতীয় চিন্তাবিদৰ গোষ্ঠীটোক বিশেষাত্মক বা স্বৰূপাত্মক চিন্তাবিদৰ গেr (Specialistic or Formalistic School of thought) বুলি জনা যায়। এই দুই ভিন্ন চিহ্ন শীল গোষ্ঠীৰ চিন্তাধাৰাৰ বিষয়ে তলত সংক্ষেপে আলোচনা কৰা হ’ল—

(১) বিশেষাত্মক বা স্বৰূপাত্মক চিন্তাশীল গোষ্ঠী (Specialistic or Formalistic School of thought) : সামাজিক চিন্তাবিদ জর্জ চেমুৱেল, ভিয়েৰ, কাণ্ডট আৰু মেক্স ওয়েবাৰ আদিৰ মতে সমাজ শাস্ত্ৰৰ অধ্যয়ন ক্ষেত্র সীমিত। তেওঁলোকৰ মতে সমাজ শাস্ত্রই বিশেষভাৱে ‘সামাজিক সম্বন্ধৰ স্বৰূপৰ বিষয়ে সম্যকভাৱে অধ্যয়ন কৰাতহে আবদ্ধ থাকে। কেৱল সামাজিক সম্বন্ধৰ স্বৰূপৰ বিষয়ে অধ্যয়ন কৰিলেহে ই নিজকে এটা সুকীয়া, স্বতন্ত্রৰীয়া সমাজ-বিজ্ঞান হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিব। মুঠতে তেওঁলোকৰ মতে সমাজৰ অমূর্ত স্বৰূপবোৰৰ বিষয়ে অধ্যয়ন কৰাহে সমাজ শাস্ত্ৰৰ উদ্দেশ্য। ভিয়েৰ, কাণ্ডটৰ মতে– “Sociology should confine its study to mental relationship like love, hatred, corruption and competition.”

সমাজ শাস্ত্ৰৰ আন এদল চিন্তাবিদে এই চিন্তাধাৰাক সমালোচনা কৰি কৈছে যে সমাজৰ প্ৰতিটো দিশ সম্যকভাৱে অধ্যয়ন কৰাই সমাজ-শাস্ত্ৰৰ উদ্দেশ্য, নহ’লে সমাজৰ সংস্থাসমূহৰ সংকীর্ণভাৱে কেৱলমাত্র সম্বন্ধ আলোচনা কৰিয়ে ই এক প্রতিষ্ঠিত সমাজ বিজ্ঞান হ’ব নোৱাৰে। কিয়নো আন সমাজ বিজ্ঞানেও সামাজিক সম্বন্ধ স্বৰুপ অধ্যয়ন নকৰাকৈ থকা নাই। সেইবাবে সমাজ শাস্ত্র বিশেষাত্মক নহৈ সমন্বয়াত্মক হোৱা উচিত। 

(২) সমন্বয়াত্মক চিন্তাশীল গোষ্ঠী (Synthetic School of thought) : সমন্বয়াত্মক চিন্তাশীল গোষ্ঠীৰ মতে সমাজ শাস্ত্ৰৰ অধ্যয়নৰ পৰিসৰ অতি বহল। এই চিন্তাশীল গোষ্ঠীৰ মুখ্য পৃষ্ঠপোষক হ’ল আগষ্ট ক’ট। এই গোষ্ঠীৰ সমাজ বিজ্ঞানী সকলৰ মতে সংকীর্ণ ভাৱে, কেৱল এটা মাত্র দিশ অধ্যয়ন কৰাতে সমাজ শাস্ত্র আবদ্ধ নাথাকে। যি কোনো সামাজিক ঘটনাৰ বিষয়ে আলোচনা কৰোঁতে বিভিন্ন সমাজ বিজ্ঞানৰ সহায় ল’ব লগা হয় কাৰণ প্ৰতিটো ঘটনাব লগত বিভিন্ন সমাজ বিজ্ঞানৰ পাৰস্পৰিক সম্পর্ক থাকে। উদাহৰণ স্বৰূপে কোনো ৰাজনৈতিক ঘটনাৰ লগত ধর্মীয়, অর্থনৈতিক, সামাজিক মূল্যবোধ আদি নানা বিষয়ক কথা জড়িত হৈ থাকে৷ তেওঁলোকৰ মতে সামাজিক জীৱনৰ সকলো দিশৰে পৰস্পৰ সম্বন্ধ এটা থাকে গতিকে এটা মাত্র দিশ অধ্যয়ন কৰি সম্পূর্ণ ঘটনাৰ বিষয়ে জানিব নোৱাৰি। গতিকে সমাজ শাস্ত্রই সামাজিক জীৱনটে। সামগ্রিকভাৱেহে অধ্যয়ন কৰে। গতিকে ইয়াৰ অধ্যয়ন ক্ষেত্র অতি বহল। মুঠতে দেখা যায় যে সমাজ শাস্ত্ৰৰ অধ্যয়ন ক্ষেত্ৰৰ পৰিসৰক লৈ মতভেদ আছে। সেইবাবে ইয়াৰ অধ্যয়ন ক্ষেত্ৰ অতি ঠেক বা অতি বহল হোৱাটো সমীচীন নহ’ব। সমাজ শাস্ত্রবিদসকলে সমাজৰ অন্যান্য দিশবোৰ আন সমাজ বিজ্ঞানবোৰৰ বাবে এৰি থৈ সমাজৰ কেৱল ‘সামাজিক সমস্যাবোৰহে’ অধ্যয়ন কৰা উচিত।

প্রশ্ন ৭। ‘সমাজ শাস্ত্র বা সমাজতত্ত্ব হল সমাজৰ বিজ্ঞান’ – আলোচনা কৰা। (Sociology is the Science of Society’. Discuss)

নাইবা / or, 

(ক) সমাজৰ বৈজ্ঞানিক অধ্যয়নেই হ’ল সমাজতত্ত্ব’ – কথাষাৰ আলোচনা কৰা। (“Sociology is the scientific study of society.” Discuss the statement.)

Ans. বৈজ্ঞানিক প্রণালীৰে সমাজ অধ্যয়ন কৰাই হৈছে সমাজ-শাস্ত্ৰৰ মুখ্য উদ্দেশ্য। সমাজ শাস্ত্ৰৰ এই প্রকৃতি লৈ পণ্ডিতসকলৰ মাজত যথেষ্ট মতভেদ হৈছে। বহুতেই সমাজ শাস্ত্ৰৰ বিজ্ঞানৰ শাৰীত অন্তর্ভুক্ত কৰিব নোখোজে। কিন্তু বিজ্ঞানৰ বিভিন্ন সূত্র বা সিদ্ধান্ত উদ্ভাৱন কৰোঁতে যিবিলাক প্রণালী অৱলম্বন কৰা হয় সেইবিলাক যিহেতু সমাজ-শাস্ত্রতে। প্রযোজ্য গতিকে এই দৃষ্টিকোণৰ পৰা সমাজ-শাস্ত্ৰক সমাজৰ বৈজ্ঞানিক অধ্যয়ন বুলি গণ্য কৰাটো যথেষ্ট যুক্তিযুক্ত। এতিয়া সমাজ-শাস্ত্ৰত বৈজ্ঞানিক প্রণালী খটুৱাবলৈ কি কি বৈশিষ্ট্যৰ প্ৰয়োজন আৰু সেইবিলাক সমাজ শাস্ত্ৰত কেনেদৰে কামত লগোৱা হৈছে সেই সম্পর্কে চমুকৈ আলোচনা কৰা হওক।

(১) বিজ্ঞানৰ সিদ্ধান্তসমূহ যেনেকৈ পৰীক্ষা আৰু প্ৰমাণৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠা কৰা হয়, ঠিক তেনেকৈয়ে সমাজ-শাস্ত্ৰৰ সিদ্ধান্তসমূহহো পৰীক্ষা আৰু প্ৰমাণৰ ওপৰত ভিত্তি কৰি প্রতিষ্ঠা কৰা হৈছে। জনসংখ্যাৰ সংৰচনা, সামাজিক স্তৰীকৰণ, পৰিয়াল পৰিৱৰ্তন, সামূহিক আচৰণ, আদি বিভিন্ন প্ৰকাৰৰ সিদ্ধান্তবোৰ নিৰীক্ষণীয় তথ্যপাতিৰ ওপৰত ভিত্তি কৰি চলোৱা পৰীক্ষা আৰু প্ৰমাণৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছে। এই সিদ্ধান্তবোৰ পুনঃ অনুসন্ধানৰ জৰিয়তে সত্যতা নিরূপিত হৈছে। গতিকে সমাজ-শাস্ত্ৰৰ সিদ্ধান্ত সমূহক বৈজ্ঞানিক সিদ্ধান্ত বুলি সহজে মানি ল’ব পাৰি।

(২) দ্বিতীয়তে, সমাজ-শাস্ত্ৰৰ ব্যাখ্যা বিশ্লেষণ, তত্ত্ববিচাৰ বা সিদ্ধান্ত নিৰীক্ষণীয় তথ্যপাতিৰ ওপৰত ভিত্তি কৰি কৰা হয়। এই তথ্যপাতিবোৰ পৰিসংখ্যা বিজ্ঞানৰ জৰিয়তে শ্ৰেণীকৰণ কৰা হয়৷ অৱশ্যে সমাজ-শাস্ত্ৰৰ বিশ্লেষণত তর্কযুক্তি বহু পৰিমাণে ব্যৱহাৰ কৰা হয়— যিবোৰ যুক্তি পৰিসংখ্যা তথ্যপাতিৰ ওপৰত প্ৰতিষ্ঠিত।

(৩) প্রাকৃতিক বিজ্ঞানে সদায়েই সত্যৰ অনুসন্ধান কৰে। যিকোনো ঘটনা বা বস্তুৰ বিষয়ে প্রকৃত সত্য উদঘাটন কৰাটোৱেই ইয়াৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য। সত্যৰ ওপৰত প্ৰতিষ্ঠিত বিজ্ঞানে নিৰপেক্ষতা বা উদাসীনতা মানি চলে। ঠিক সেইদৰে সমাজ-শাস্ত্ৰৰ আন প্রাকৃতিক বিজ্ঞানৰ দৰেই নিৰপেক্ষধর্মী। সামাজিক ঘটনাবোৰৰ প্ৰকৃত স্বৰূপ, প্রকৃতি, ক্রিয়া, প্রক্রিয়া ইত্যাদিৰ বিষয়ে বাস্তৱ সত্য প্রকাশ কৰাটোৱেই ইয়াৰ ধৰ্ম। তাৰোপৰি সমাজশাস্ত্র নৈতিক মূল্যবোধৰ দ্বাৰা প্ৰভাৱান্বিত নহয়। উদাহৰণৰূপে সামাজিক স্তৰীকৰণ যে বৈষম্যৰ দ্বাৰা পৰিচালিত সেইটো সমাজ-শাস্ত্ৰই দেখুৱাই দিয়ে কিন্তু এই বৈষম্য থকাটো উচিত নে অনুচিত সেই সম্পর্কে মতামত প্রকাশ নকৰে। অৱশ্যে পৰোক্ষভাৱে মানুহৰ ভুল ধাৰণা বা অন্ধবিশ্বাস দুৰ্যটকৰন কৰাৰ ক্ষেত্ৰত সমাজ শাস্ত্ৰই সহায় কৰে৷ তাৰোপৰি জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰাৰ ক্ষেত্ৰতো সমাজ শাস্ত্রই বিশেষ বৰঙণি আগবঢ়ায়।

(৪) বৈজ্ঞানিক তত্ত্ব বা সিদ্ধান্তবোৰৰ স্থান আৰু কাল নির্বিশেষে সমানেই প্রযোজ্য। অর্থাৎ কোনো ঘটনা বা বস্তুৰ বিষয়ে পৰীক্ষা আৰু প্ৰমাণৰ জৰিয়তে যি তত্ত্ব বা সিদ্ধান্ত প্রকাশ কৰা হয় সেই তত্ত্ব বা সিদ্ধান্ত তদনুৰূপ ঘটনা বা বস্তুৰ ক্ষেত্ৰত সকলো ঠাইতে আৰু সকলো সময়তে সমানে প্রযোজ্য। ঠিক সেইদৰে সমাজ-শাস্ত্ৰৰ সিদ্ধান্তবোৰ সাৰ্বজনীন প্ৰকৃতিৰ। ইয়াত যিবিলাক সিদ্ধান্ত গ্ৰহণ কৰা হয় সেইবিলাক একে ধৰণৰ সমাজ বা সামাজিক ঘটনাৰ ক্ষেত্ৰত সমানে প্রযোজ্য। উদাহৰণস্বৰূপে যৌথ পৰিয়াল প্ৰণালীৰ পৰিৱৰ্তন এটি আণৱিক পৰিয়াললৈ ৰূপান্তৰ হোৱাত আধুনিক শিল্প বিপ্লবে যেনেকৈ এখন সমাজত সহায় কৰিছে আন এখন সমাজতো ঠিক তেনেদৰে সহায় কৰিছে। আকৌ সামাজিক শ্রেণীৰ আচৰণ সম্পর্কে যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেইবোৰ যি কোনো সমাজতেই প্রযোজ্য। এনে বহুতো দৃষ্টান্তৰ দ্বাৰা প্রতিপন্ন হয় যে সমাজ-শাস্ত্ৰৰ সিদ্ধান্ত সাৰ্বজনীনতাৰ ভেঁটিৰ ওপৰত ৰচিত।

(৫) সমাজ শাস্ত্র অন্যান্য প্রাকৃতিক বিজ্ঞানৰ নিচিনাকৈ সিদ্ধান্তধর্মী শাস্ত্র সমাজ-শাস্ত্ৰৰ মুখ্য উদ্দেশ্য হৈছে সামাজিক জীৱনত ঘটা বিভিন্ন প্ৰকাৰৰ ঘটনা বোৰৰ বিষয়ে কিছুমান শুদ্ধ সিদ্ধান্ত গ্রহণ করা। কিছুমানৰ মতে সামাজিক জীৱন অধ্যয়ন কৰি তথ্যপাতি প্ৰকাশ কৰাতেই সমাজ শাস্ত্ৰৰ দায়িত্ব শেষ নহয়। তাৰোপৰি সমাজ শাস্ত্ৰই প্ৰাকৃতিক বিজ্ঞানৰ নিচিনাকৈ পূৰ্বকথন দিব নোৱাৰে৷ ইয়াৰ মুখ্য কাৰণ হৈছে সামাজিক ঘটনাবিলাকৰ জটিলতা আৰু সঘন পৰিৱর্তা। এইখিনিতে আৰু এটা কথা উল্লেখনীয় যে বিজ্ঞানাগাৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত যেনেকৈ প্ৰাকৃতিক বিজ্ঞান বিশেষকৈ জ্যোতির্বিজ্ঞানত ব্যতিক্রম দেখা যায় সমাজ-শাস্ত্ৰটো বিজ্ঞানাগাৰ ব্যৱহাৰত ব্যতিক্রম আছে। সমাজ-শাস্ত্ৰই গোটেই বিশ্বকে বিজ্ঞানাগাৰ হিচাপে গ্ৰহণ কৰিছে।

(৬) সমাজ-শাস্ত্র সঞ্চয়ীশীল আৰু ক্রমবর্ধমান শাস্ত্ৰ। আৰম্ভণিৰে পৰা যিবোৰ তথ্যপাতি, তত্ত্ব ইত্যাদি প্রকাশ পাইছে সেইবোৰৰ ওপৰত পুনঃপৰীক্ষা বিশ্লেষণ, ব্যাখ্যা আদি এতিয়াও কৰি থকা হৈছে। আগতে প্ৰকাশ কৰা বহুতো তথ্য অধিক অনুসন্ধান আৰু তথ্যপাতি লৈ বিজ্ঞানসম্মত কৰি তোলা হৈছে। গতিকে সমাজ-শাস্ত্ৰৰ সিদ্ধান্তৰ পৰিসৰ আৰু তথ্যপাতিৰ ভঁৰাল ক্ৰমে ক্ৰমে বৃদ্ধি হৈছে। ঠিক সেইদৰে বিষয়বস্তুৰ পৰিসৰ বৃদ্ধি পাইছে। গতিকে এনে বিশিষ্ট লক্ষণবিলাকৰ দ্বাৰা ই প্রতীয়মান হয় যে অন্যান্য প্রাকৃতিক বিজ্ঞানৰ দৰে সমাজ-শাস্ত্ৰই সমাজৰ বৈজ্ঞানিক অধ্যয়নত ব্ৰতী হৈছে।

প্রশ্ন ৮। ‘সমাজ-শাস্ত্ৰ হ’ল সামাজিক সম্বন্ধ আৰু সামাজিক ঘটনাৰাজিৰ বৈজ্ঞানিক অধ্যয়ন’ — আলোচনা কৰা। (“Sociology is the scientific study of social relation and social facts’. Discuss)

Ans. বৈজ্ঞানিক প্রণালীৰে সমাজ অধ্যয়ন কৰাই হৈছে সমাজ-শাস্ত্ৰৰ মুখ্য উদ্দেশ্য। সমাজ শাস্ত্ৰৰ এই প্রকৃতি লৈ পণ্ডিতসকলৰ মাজত যথেষ্ট মতভেদ হৈছে। বহুতেই সমাজ শাস্ত্ৰৰ বিজ্ঞানৰ শাৰীত অন্তর্ভুক্ত কৰিব নোখোজে। কিন্তু বিজ্ঞানৰ বিভিন্ন সূত্র বা সিদ্ধান্ত উদ্ভাৱন কৰোঁতে যিবিলাক প্রণালী অৱলম্বন কৰা হয় সেইবিলাক যিহেতু সমাজ-শাস্ত্রতে। প্রযোজ্য গতিকে এই দৃষ্টিকোণৰ পৰা সমাজ-শাস্ত্ৰক সমাজৰ বৈজ্ঞানিক অধ্যয়ন বুলি গণ্য কৰাটো যথেষ্ট যুক্তিযুক্ত। এতিয়া সমাজ-শাস্ত্ৰত বৈজ্ঞানিক প্রণালী খটুৱাবলৈ কি কি বৈশিষ্ট্যৰ প্ৰয়োজন আৰু সেইবিলাক সমাজ শাস্ত্ৰত কেনেদৰে কামত লগোৱা হৈছে সেই সম্পর্কে চমুকৈ আলোচনা কৰা হওক।

(১) বিজ্ঞানৰ সিদ্ধান্তসমূহ যেনেকৈ পৰীক্ষা আৰু প্ৰমাণৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠা কৰা হয়, ঠিক তেনেকৈয়ে সমাজ-শাস্ত্ৰৰ সিদ্ধান্তসমূহহো পৰীক্ষা আৰু প্ৰমাণৰ ওপৰত ভিত্তি কৰি প্রতিষ্ঠা কৰা হৈছে। জনসংখ্যাৰ সংৰচনা, সামাজিক স্তৰীকৰণ, পৰিয়াল পৰিৱৰ্তন, সামূহিক আচৰণ, আদি বিভিন্ন প্ৰকাৰৰ সিদ্ধান্তবোৰ নিৰীক্ষণীয় তথ্যপাতিৰ ওপৰত ভিত্তি কৰি চলোৱা পৰীক্ষা আৰু প্ৰমাণৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছে। এই সিদ্ধান্তবোৰ পুনঃ অনুসন্ধানৰ জৰিয়তে সত্যতা নিরূপিত হৈছে। গতিকে সমাজ-শাস্ত্ৰৰ সিদ্ধান্ত সমূহক বৈজ্ঞানিক সিদ্ধান্ত বুলি সহজে মানি ল’ব পাৰি।

(২) দ্বিতীয়তে, সমাজ-শাস্ত্ৰৰ ব্যাখ্যা বিশ্লেষণ, তত্ত্ববিচাৰ বা সিদ্ধান্ত নিৰীক্ষণীয় তথ্যপাতিৰ ওপৰত ভিত্তি কৰি কৰা হয়। এই তথ্যপাতিবোৰ পৰিসংখ্যা বিজ্ঞানৰ জৰিয়তে শ্ৰেণীকৰণ কৰা হয়৷ অৱশ্যে সমাজ-শাস্ত্ৰৰ বিশ্লেষণত তর্কযুক্তি বহু পৰিমাণে ব্যৱহাৰ কৰা হয়— যিবোৰ যুক্তি পৰিসংখ্যা তথ্যপাতিৰ ওপৰত প্ৰতিষ্ঠিত।

(৩) প্রাকৃতিক বিজ্ঞানে সদায়েই সত্যৰ অনুসন্ধান কৰে। যিকোনো ঘটনা বা বস্তুৰ বিষয়ে প্রকৃত সত্য উদঘাটন কৰাটোৱেই ইয়াৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য। সত্যৰ ওপৰত প্ৰতিষ্ঠিত বিজ্ঞানে নিৰপেক্ষতা বা উদাসীনতা মানি চলে। ঠিক সেইদৰে সমাজ-শাস্ত্ৰৰ আন প্রাকৃতিক বিজ্ঞানৰ দৰেই নিৰপেক্ষধর্মী। সামাজিক ঘটনাবোৰৰ প্ৰকৃত স্বৰূপ, প্রকৃতি, ক্রিয়া, প্রক্রিয়া ইত্যাদিৰ বিষয়ে বাস্তৱ সত্য প্রকাশ কৰাটোৱেই ইয়াৰ ধৰ্ম। তাৰোপৰি সমাজশাস্ত্র নৈতিক মূল্যবোধৰ দ্বাৰা প্ৰভাৱান্বিত নহয়। উদাহৰণৰূপে সামাজিক স্তৰীকৰণ যে বৈষম্যৰ দ্বাৰা পৰিচালিত সেইটো সমাজ-শাস্ত্ৰই দেখুৱাই দিয়ে কিন্তু এই বৈষম্য থকাটো উচিত নে অনুচিত সেই সম্পর্কে মতামত প্রকাশ নকৰে। অৱশ্যে পৰোক্ষভাৱে মানুহৰ ভুল ধাৰণা বা অন্ধবিশ্বাস দুৰ্যটকৰন কৰাৰ ক্ষেত্ৰত সমাজ শাস্ত্ৰই সহায় কৰে৷ তাৰোপৰি জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰাৰ ক্ষেত্ৰতো সমাজ শাস্ত্রই বিশেষ বৰঙণি আগবঢ়ায়।

(৪) বৈজ্ঞানিক তত্ত্ব বা সিদ্ধান্তবোৰৰ স্থান আৰু কাল নির্বিশেষে সমানেই প্রযোজ্য। অর্থাৎ কোনো ঘটনা বা বস্তুৰ বিষয়ে পৰীক্ষা আৰু প্ৰমাণৰ জৰিয়তে যি তত্ত্ব বা সিদ্ধান্ত প্রকাশ কৰা হয় সেই তত্ত্ব বা সিদ্ধান্ত তদনুৰূপ ঘটনা বা বস্তুৰ ক্ষেত্ৰত সকলো ঠাইতে আৰু সকলো সময়তে সমানে প্রযোজ্য। ঠিক সেইদৰে সমাজ-শাস্ত্ৰৰ সিদ্ধান্তবোৰ সাৰ্বজনীন প্ৰকৃতিৰ। ইয়াত যিবিলাক সিদ্ধান্ত গ্ৰহণ কৰা হয় সেইবিলাক একে ধৰণৰ সমাজ বা সামাজিক ঘটনাৰ ক্ষেত্ৰত সমানে প্রযোজ্য। উদাহৰণস্বৰূপে যৌথ পৰিয়াল প্ৰণালীৰ পৰিৱৰ্তন এটি আণৱিক পৰিয়াললৈ ৰূপান্তৰ হোৱাত আধুনিক শিল্প বিপ্লবে যেনেকৈ এখন সমাজত সহায় কৰিছে আন এখন সমাজতো ঠিক তেনেদৰে সহায় কৰিছে। আকৌ সামাজিক শ্রেণীৰ আচৰণ সম্পর্কে যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেইবোৰ যি কোনো সমাজতেই প্রযোজ্য। এনে বহুতো দৃষ্টান্তৰ দ্বাৰা প্রতিপন্ন হয় যে সমাজ-শাস্ত্ৰৰ সিদ্ধান্ত সাৰ্বজনীনতাৰ ভেঁটিৰ ওপৰত ৰচিত।

(৫) সমাজ শাস্ত্র অন্যান্য প্রাকৃতিক বিজ্ঞানৰ নিচিনাকৈ সিদ্ধান্তধর্মী শাস্ত্র সমাজ-শাস্ত্ৰৰ মুখ্য উদ্দেশ্য হৈছে সামাজিক জীৱনত ঘটা বিভিন্ন প্ৰকাৰৰ ঘটনা বোৰৰ বিষয়ে কিছুমান শুদ্ধ সিদ্ধান্ত গ্রহণ করা। কিছুমানৰ মতে সামাজিক জীৱন অধ্যয়ন কৰি তথ্যপাতি প্ৰকাশ কৰাতেই সমাজ শাস্ত্ৰৰ দায়িত্ব শেষ নহয়। তাৰোপৰি সমাজ শাস্ত্ৰই প্ৰাকৃতিক বিজ্ঞানৰ নিচিনাকৈ পূৰ্বকথন দিব নোৱাৰে৷ ইয়াৰ মুখ্য কাৰণ হৈছে সামাজিক ঘটনাবিলাকৰ জটিলতা আৰু সঘন পৰিৱর্তা। এইখিনিতে আৰু এটা কথা উল্লেখনীয় যে বিজ্ঞানাগাৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত যেনেকৈ প্ৰাকৃতিক বিজ্ঞান বিশেষকৈ জ্যোতির্বিজ্ঞানত ব্যতিক্রম দেখা যায় সমাজ-শাস্ত্ৰটো বিজ্ঞানাগাৰ ব্যৱহাৰত ব্যতিক্রম আছে। সমাজ-শাস্ত্ৰই গোটেই বিশ্বকে বিজ্ঞানাগাৰ হিচাপে গ্ৰহণ কৰিছে।

(৬) সমাজ-শাস্ত্র সঞ্চয়ীশীল আৰু ক্রমবর্ধমান শাস্ত্ৰ। আৰম্ভণিৰে পৰা যিবোৰ তথ্যপাতি, তত্ত্ব ইত্যাদি প্রকাশ পাইছে সেইবোৰৰ ওপৰত পুনঃপৰীক্ষা বিশ্লেষণ, ব্যাখ্যা আদি এতিয়াও কৰি থকা হৈছে। আগতে প্ৰকাশ কৰা বহুতো তথ্য অধিক অনুসন্ধান আৰু তথ্যপাতি লৈ বিজ্ঞানসম্মত কৰি তোলা হৈছে। গতিকে সমাজ-শাস্ত্ৰৰ সিদ্ধান্তৰ পৰিসৰ আৰু তথ্যপাতিৰ ভঁৰাল ক্ৰমে ক্ৰমে বৃদ্ধি হৈছে। ঠিক সেইদৰে বিষয়বস্তুৰ পৰিসৰ বৃদ্ধি পাইছে। গতিকে এনে বিশিষ্ট লক্ষণবিলাকৰ দ্বাৰা ই প্রতীয়মান হয় যে অন্যান্য প্রাকৃতিক বিজ্ঞানৰ দৰে সমাজ-শাস্ত্ৰই সমাজৰ বৈজ্ঞানিক অধ্যয়নত ব্ৰতী হৈছে।

প্রশ্ন ৯। সমাজ শাস্ত্ৰৰ প্ৰকৃতি আলোচনা কৰা। ই বিজ্ঞান নে?

নাইবা / or, 

(ক) সমাজ শাস্ত্র কি? সমাজ-শাস্ত্ৰক কেনে ধৰণে বিজ্ঞান বুলিব পাৰি?

নাইবা / or, 

(খ) সমাজ-শাস্ত্র এবিধ বিজ্ঞান হয় নে? তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি দিয়া।

Ans. সমাজ শাস্ত্র এবিধ সামাজিক বিজ্ঞান। ই সামাজিক ক্রিয়া আৰু সামাজিক সম্বন্ধবোৰৰ অধ্যয়ন কৰে। সমাজ-শাস্ত্র প্রকৃত বিজ্ঞান হয় নে নহয় এই কথালৈ চিন্তাবিদসকলৰ মাজত মতভেদ দেখা যায়। কিছুমানে ইয়াক প্রকৃত বিজ্ঞান নহয় বুলি ক’ব খোজে আৰু আন কিছুমানে ইয়াক প্ৰকৃত বিজ্ঞান বুলি যুক্তি দিছে।

সমাজ-শাস্ত্র যে প্রকৃততে বিজ্ঞান তাৰ কেইটিমান যুক্তি তলত আলোচনা কৰা হ’ল। 

(১) পৰীক্ষা আৰু প্ৰমাণ ভিত্তিকপ্রকৃত বিজ্ঞানৰ ক্ষেত্ৰত যিদৰে কোনো এটা সিদ্ধান্ত পৰীক্ষা আৰু প্ৰমাণৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠা কৰা হয় ঠিক সেইদৰেই সমাজ-শাস্ত্ৰৰ সিদ্ধান্ত সনুহো পৰীক্ষা আৰু প্ৰমাণৰ ওপৰত ভিত্তি কৰিয়ে লোৱা হয়।

(২) নিৰীক্ষণীয় তথ্য ভিত্তিক বিজ্ঞানত যিদবে বিশ্লেষণ, নিৰীক্ষণ আৰু নানা তথ্যপাতিব সহায়ত সিদ্ধান্ত আদি লোৱা হয়, তেনেদৰেই সমাজ শাস্ত্ৰৰ ব্যাখ্যা, বিশ্লেষণ, সিদ্ধান্ত আদি নিৰীক্ষণীয় তথ্যপাতিৰ ওপৰত ভিত্তি কৰিয়ে কৰা হয়।

(৩) সত্য-সন্ধানী নিৰপেক্ষ প্ৰকৃতিৰ ঃ প্রকৃত বিজ্ঞানে সত্যৰ অনুসন্ধান কৰি, প্ৰকৃত সত্যৰ উদঘাটন কৰে। বিজ্ঞানে সকলো সময়তে নিবপেক্ষ নীতি মানি চলে। সমাজ-শাস্ত্রই নিৰপেক্ষ নীতিৰে সামাজিক ঘটনাবোৰৰ প্রকৃত স্বৰূপ, প্রকৃতি, ক্ৰিয়া প্ৰক্ৰিয়া আদিৰ বিষয়ে বাস্তব সত্য প্রকাশ কৰাটোৱে প্রধান উদ্দেশ্য। বাস্তৱ সত্য প্রকাশ কৰি সমাজত ভুল ধাৰণা দূব কৰাত সহায় কৰি কল্যাণ সাধন কৰে।

(৪) সার্বজনীন প্রকৃতিৰ ঃ বিজ্ঞানৰ তত্ত্ব বা সিদ্ধান্তবোৰ সাৰ্বজনীন। স্থান, কাল, পাত্র নির্বিশেষে সমানে প্রযোজ্য। সকলোৰে ক্ষেত্ৰত সকলো ঠাইতে আৰু সকলো সময়তে একেই। সমাজ শাস্ত্ৰৰ সিদ্ধান্তবোৰো সাৰ্বজনীন। উদাহৰণ স্বৰূপে সামূহিক আচৰণৰ আজিলৈকে যিবোৰ সিদ্ধান্ত লোৱা হৈছে সেইবোৰ সকলো সমাজতে সমানে প্রয়োজ্য।

(৫) সিদ্ধান্ত ধর্মীপ্রকৃত বিজ্ঞান যিদবে সিদ্ধান্তধর্মী সমাজ-শাস্ত্রও তেনেদৰে সিদ্ধান্তধর্মী । সামাজিক জীৱনত ঘটা বিভিন্ন প্ৰকাৰৰ ঘটনা অধ্যয়নৰ দ্বাৰা শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰাই হ’ল সমাজ-শাস্ত্ৰৰ প্ৰধান উদ্দেশ্য।

(৬) সঞ্চয়শীল ক্রমবর্ধমান শাস্ত্র আন বিজ্ঞানৰ দৰে সমাজ-শাস্ত্রও সঞ্চয়শীল আৰু ক্রমবর্ধমান শাস্ত্র। আগতে গ্ৰহণ কৰা সিদ্ধান্ত, তথ্যপাতি আৰু তত্ত্ববোৰৰ ওপৰতে পুনঃ পুনঃ পৰীক্ষা-নিৰীক্ষা চলাই তাক অধিক বিজ্ঞান সম্মত কৰি তোলা হৈছে। গতিকে সমাজ-শাস্ত্ৰৰ সিদ্ধান্তৰ পৰিসৰ আৰু তথ্যপাতিৰ ভঁৰাল সঞ্চিত হৈ ক্ৰমে ক্ৰমে বৃদ্ধি পাই গৈছে।

উপৰোক্ত আলোচনাৰ পৰা এইটোৱে প্ৰতিপন্ন হয় যে সমাজ-শাস্ত্ৰ আন বিজ্ঞানৰ দৰেই বিজ্ঞান। কিন্তু কিছুমান সমালোচকে সমাজ-শাস্ত্ৰক বিশুদ্ধ বিজ্ঞান হিচাপে স্বীকৃতি দিব নোখোজে।। প্ৰথম কাৰণ হ’ল মানৱ সমাজৰ ঘটনাবোৰৰ প্ৰকাৰ, ধৰণ, আচৰণ ক্ৰিয়া ইমান জটিল যে তাৰ পৰা সঠিক সিদ্ধান্ত কৰা সহজ নহয়। দ্বিতীয়তে, সমাজত মানুহৰ প্ৰকাৰ, আচৰণ, ব্যৱহাৰ, মন আদি একে নহয় সেইবাবে সামাজিক কোনো সিদ্ধান্তই একে হোৱাটো সম্ভৱ নহয়। তৃতীয়তে, মানৱ সমাজ পৰিৱৰ্তনশীল৷ বৰ্তমানৰ কোনো সামাজিক সিদ্ধান্তই ভৱিষ্যতৰ তেনে সিদ্ধান্তৰ লগত মিলি যাব পাৰে বুলি কব নোৱাৰি। চতুৰ্থতে, সমাজৰ অমূর্ত সামাজিক মূল্যবোধ, ধাৰণা, ৰুচি, অভিৰুচি আৰু বিচাৰ বিবেচনা আদিৰ বিষয়ে বিশ্লেষণ কৰি সিদ্ধান্তত উপনীত হোৱা বৰ কঠিন । পঞ্চমতে, সামাজিক ঘটনাৰ পূৰ্বকথন কৰাটো জটিল কাৰণ মানুহৰ কাৰ্যসাগ কোনো প্রকাৰেই একে নহয়৷ এইবোৰ কাৰণতে যদিও কিছুমান চিন্তাবিদে সমাজ-শাস্ত্ৰক বিজ্ঞান হিচাপে স্বীকৃতি দিব নিবিচাৰে তথাপি ই নিঃসন্দেহে এক বিজ্ঞানধর্মী শাঁস্ত কিয়নো ইয়াব চাৰিত্রিক বৈশিষ্ট্য সম্পূর্ণ বিজ্ঞান সম্মত৷ এইবোৰেই হ’ল সমাজ-শাস্ত্ৰৰ প্ৰকৃতি ৷

প্রশ্ন ৯। ‘সমাজ বিজ্ঞানৰ সকলো বিষয়ৰে মাতৃ হ’ল সমাজশাস্ত্র।’— উক্তিটোৰ যুক্তিযুক্ততা বিচাৰ কৰা।

উত্তৰ ঃ সমাজশাস্ত্রক সমাজৰ বিজ্ঞান বুলিয়েই আখ্যা দিয়া হয়। ই মানুহৰ সামাজিক জীৱনটো সামগ্রিকভাৱে অধ্যয়ন কৰিবলৈ চেষ্টা কৰে। কিন্তু মানুহৰ সামাজিক জীৱনটো ইমানেই সমস্যাবহুল আৰু জটিল যে ইয়াক সামগ্রিক জীৱনৰ পৰা সুকীয়া কৰি আনি অধ্যয়ন কৰা সম্ভৱ নহয়। মানুহৰ সামাজিক জীৱনটো বিভিন্ন দিশৰ এটা সংমিশ্রিত বস্তু। ইয়াৰ বিভিন্ন দিশ আছে। যেনে—— আর্থিক, ৰাজনৈতিক, ঐতিহাসিক, ধর্মীয়, সৌন্দর্যবোধৰ দিশ আদি। মানৱ জাতিৰ সামগ্রিক জীৱনৰ অধ্যয়ন কৰিবলৈ হ’লে এই সকলোবোৰ দিশ সমাজ বিজ্ঞানৰ বিভিন্ন বিষয়ৰ সহায়তহে অধ্যয়ন কৰিব পৰা যায়। সমাজশাস্ত্রই কোনো এখন নির্দিষ্ট সমাজৰ বিষয়ে জানিবলৈ হ’লে এই সকলো দিশৰ সহায়তহে ইয়াক ভালকৈ জানিব পাৰিব। ইয়াৰ পৰা এইটো স্পষ্ট হয় যে শাস্ত্রই স্বতন্তৰীয়াভাৱে বর্তি থাকিব নোৱাৰে।

সেইবুলি সমাজশাস্ত্রই যে আন সমাজ বিজ্ঞানৰ ওপৰতেই বর্তি আছে তেনে নহয়। সমাজ বিজ্ঞানৰ আন সকলোবোৰ বিষয়েই সমাজ শাস্ত্ৰৰ ওপৰত নিৰ্ভৰশীল। কাৰণ মানৱ জীৱনৰ কোনো এটা দিশেই মানুহৰ সামাজিক দিশটোৰ পৰা বিচ্ছিন্ন হৈ থাকিব নোৱাৰে। আনহাতে সমাজ বিজ্ঞানৰ প্ৰতিটো বিষয়ে মানুহৰ সামগ্রিক জীৱনৰ একো একোটা সুকীয়া দিশহে অধ্যয়ন কৰে৷ গতিকে সামাজিক জীৱনৰ সম্পূৰ্ণ ছবি এখন দাঙি ধৰিব নোৱাৰে। উদাহৰণস্বৰূপে নৃতত্ত্বই আদিম যুগৰ মানুহ আৰু ইয়াৰ সংস্কৃতি সম্পর্কে অধ্যয়ন কৰে। অর্থনীতিয়ে মানুহক সম্পদ সংগ্ৰাহক, খচাকাৰী হিচাপে, সম্পদ আৰু কল্যাণৰ মাজৰ সম্পৰ্ক বিচাৰ কৰে। বুৰঞ্জীয়ে মানুহ অতীতৰ গুৰুত্বপূৰ্ণ ঘটনাৰাজি কালানুক্রমে অধ্যয়ন করে। মনোবিজ্ঞানে মানুহৰ ব্যক্তিগত আচৰণ অধ্যয়ন কবে এইদৰে সমাজ বিজ্ঞানৰ বিভিন্ন বিষয়ে মানুহৰ বিভিন্ন দিশ অধ্যয়ন কৰে সমাজশাস্ত্ৰই৷ এইক্ষেত্ৰত সমাজশাস্ত্রক এক বিশেষ সমাজ বিজ্ঞান বুলি গণ্য কৰা হয়। এই কাৰণতে সমাজশাস্ত্ৰক সমাজ বিজ্ঞানৰ সকলো বিষয়ৰ মাতৃ বুলি আখ্যা দিয়াটো যুক্তিযুক্ত হোৱা বুলি ক’ব পাৰি। আগষ্ট ক’টে সমাজ শাস্ত্রক একমাত্র সমাজ বিজ্ঞান বুলি ক’ব বিচাৰে৷ তেওঁৰ মতে সমাজ এক সামূহিক গোট, ইয়াৰ অধ্যয়ন সামগ্রিকভাৱে একেলগে অধ্যয়ন কৰাটো উচিত। কিন্তু সমাজৰ সংগঠন ইমান বেছি বিশাল যে কোনো এটা বিষয়েই ইয়াক অকলে আন বিষয়ৰ সহায় নোহোৱাকৈ সামগ্রিকভাৱে অধ্যয়ন কৰাটো সম্ভৱ নহয়। সেইকাৰণে সমাজশাস্ত্ৰৰ বাবে আন বিষয়ৰ মূল্য কোনো প্রকাৰেই অস্বীকাৰ কৰিব নোৱাৰি।

প্রশ্ন ১০। সমাজ বিজ্ঞানৰ অন্যান্য বিষয়ৰ লগত সমাজ শাস্ত্ৰৰ সম্পৰ্ক আলোচনা কৰা।

অথবা / Or, 

(ক) মনোবিজ্ঞান, (খ) রাজনীতি বিজ্ঞান (গ) অর্থনীতি বিজ্ঞান আৰু (ঘ) ইতিহাসৰ লগত সমাজ শাস্ত্ৰৰ সম্বন্ধ কি?

Ans. সমাজ শাস্ত্র বিষয়টো সমাজ বিজ্ঞানৰ অন্তর্ভুক্ত এটা বিষয়। সেইবাবে ইয়াক সমাজ বিজ্ঞানৰ অন্যান্য বিষয়ৰ লগত সম্পর্ক নোহোৱাকৈ, লুকীয়াভাৱে অধ্যয়ন কৰিব নোৱাৰি। সমাজ বিজ্ঞানৰ অন্যান্য বিষয়ৰ লগত ইয়াৰ নিবিড় আৰু ঘনিষ্ঠ সম্বন্ধ আছে। সেই বুলি সমাজ শাস্ত্ৰৰ যে এটা সুকীয়া সত্তা বা স্থিতি নাই তেনে বুলিও আমি ভবা উচিত নহয়। সমাজ বিজ্ঞানব আন আন বিষয়ৰ লগত ইয়াৰ কিছুমান মিল আৰু কিছুমান অমিল আছে।

(ক) সমাজ শাস্ত্ৰ আৰু মনোবিজ্ঞানৰ সম্বন্ধ (Relation between Sociology and Psychology) (i) মনোবিজ্ঞানৰ লগত সমাজ শাস্ত্ৰৰ কিছুমান সামঞ্জস্য আছে যদিও কিছুমান পার্থক্যও নহোৱা নহয়। সাদৃশ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল দুয়োটা বিষয় মানুহৰ বিষয়ে অধ্যয়ন করে। জনসাধাৰণৰ মন বুজিবলৈ সমাজ-শাস্ত্রবিদ সকলে মনোবিজ্ঞানী সকলৰ সহায় বিচাৰে। ঠিক তেনেদৰেই মনোবিজ্ঞানীসকলেও সমাজ শাস্ত্রবিদ সকলৰ পৰা জনসাধাৰণৰ মনস্তাত্বিক কথাৰ লগতে গোটেই সমাজখনকে বুজিবৰ বাবে চেষ্টা কৰে। গতিকে সমাজ শাস্ত্র অধ্যয়নৰ প্ৰণালীবোৰৰ ভিতৰত মনোবৈজ্ঞানিক প্রণালীও এটা প্রণালী আৰু এই কথাই দুয়োটাৰে সম্পৰ্ক প্রতিপন্ন কৰে। মেক্-আইভাবৰ ভাষাত ক’বলৈ গ’লে “Sociology is special aid to psychology just as psychology gives special and to sociology.

(ii) সমাজ শাস্ত্ৰ আৰু মনোবিজ্ঞান এই দুয়োটা বিষয়ৰ মাজত কিছুমান সামঞ্জস্য আছে যদিও অধ্যয়নৰ পৰিসৰৰ ক্ষেত্ৰত দুয়োটাৰে কিছুমান পার্থক্যও আছে। মনোবিজ্ঞানীসকলে ব্যক্তিৰ বিষয়েহে অধ্যয়ন কৰে কিন্তু আনহাতে সমাজ শাস্ত্রই সমগ্ৰ সমাজখনকে অধ্যয়ন কৰে। গতিকে দুয়োটা বিষয়ৰ অধ্যয়নৰ উদ্দেশ্য সম্পূর্ণ পৃথক। মনোবিজ্ঞানীৰ অধ্যয়ন ব্যক্তিকেন্দ্রিক কিন্তু সমাজ শাস্ত্রবিদৰ অধ্যয়ন সামূহিক বা সমাজকেন্দ্রিক। সেই কাৰণে মেক্-আইভাবে হয়তো কৈছে— “In the last resort the difference between psychology and sociology is difference of focus of attention in the social reality itself.”

(খ) সমাজ-শাস্ত্ৰ আৰু ৰাজনীতি বিজ্ঞানৰ সম্বন্ধ  : (i) সমাজ শাস্ত্রবিদ আৰু ৰাজনীতি বিজ্ঞানবিদ এই দুয়ো প্ৰকাৰ চিন্তাবিদে মানুহৰ সমষ্টিৰ সম্পৰ্কে অধ্যয়ন কৰে। ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু হ’ল ‘ৰাষ্ট্ৰ’। ৰাষ্ট্ৰই চৰকাৰৰ জৰিয়তে ‘আইন’ প্রণয়ন কৰি, সমাজত আইন-শৃংখলা ৰক্ষা কৰে। জনসাধাৰণৰ আৰ্থিক উন্নতি আৰু সামগ্রিক কল্যাণ সাধ কৰাই ইয়াৰ মূল উদ্দেশ্য আৰু লক্ষ্য। সমাজ-শাস্ত্রবিদ সকলে আইন প্রণয়নৰ বাবে আৱশ্যকীয় বিভিন্ন তথ্য আৰু পৰিসংখ্যা সমূহৰ যোগান ধৰে। সমাজত ৰাইজৰ মনৰ চাল বুজিহে চৰকাৰ গঠনৰ বাবে নিৰ্বাচন পতা হয় আৰু প্ৰতিদ্বন্দ্বিতা আদি কৰা হয়, যিবোৰ ৰাজনীতি বিজ্ঞানৰ অপৰিহাৰ্য বিষয়। ৰাষ্ট্ৰই সমাজত সামাজিক শাস্তি-শৃংখলাৰ ৰক্ষণাবেক্ষণ দিয়ে। সামাজিক

সচেতনতাইহে সমাজত ৰাজনৈতিক পৰিৱৰ্তন আৰু বিপ্লৱ আদিৰ সৃষ্টি কৰিব পাৰে। এই কথ ঠিক যে ৰাজনীতি বিজ্ঞান আৰু সমাজ শাস্ত্ৰৰ ঘনিষ্ঠ সম্পর্ক আলোচনা কৰাৰ ক্ষেত্ৰত কেতিয়াবা কোনজন লেখক ৰাজনীতিবিদ আৰু কোনজন সমাজ-শাস্ত্রবিদ বা দার্শনিক তাক চিনাক্ত করা টান হৈ পৰে।

(ii) পার্থক্য ঃ সমাজ শাস্ত্ৰ আৰু ৰাজনীতি বিজ্ঞানৰ সম্পৰ্ক অতি ঘনিষ্ঠ যদিও এই দুয়োটা বিষয়ৰ মাজত কিছুমান পার্থক্যও আছে। (১) বাজনীতি বিজ্ঞানৰ অধ্যয়নৰ মূল বিষয়বস্তু হল ‘বাষ্ট্র’ আৰু আনহাতে সমাজশাস্ত্ৰৰ মূল বিষয়বস্তু হ’ল ‘সমাজ। (২) ৰাজনীতি বিজ্ঞানৰ অধ্যয়নর পৰিসৰ সীমিত কিন্তু সমাজ শাস্ত্ৰৰ অধ্যয়নৰ পৰিসৰ বিশাল ব্যক্তি আৰু সমাজৰ সকলো দিশ সামৰি লয়। (৩) ৰাজনীতি বিজ্ঞানে চৰকাৰৰ মনোনীত বিষয়হে অধ্যয়ন কবে যেনে— গণতস্থ নির্বাচন, ন্যায়পালিকা, বিধানমণ্ডল আদি; কিন্তু সমাজ শাস্ত্রই সমাজৰ ভাল বেয়া বা সামাজিকভাবে মনোনীত কৰা-নকৰা আদিৰ প্ৰশ্ন নাই— সকলো কথাই অধ্যয়ন কৰে৷ গতিকে দুয়োটা বিষয়ৰ অধ্যয়ন ক্ষেত্র আৰু পৰিসৰ লৈ পার্থক্য দেখা যায়। মুঠতে সমাজশাস্ত্ৰ হ’ল সমাজৰ বিজ্ঞান আৰু ৰাজনীতি বিজ্ঞান হ’ল ৰাষ্ট্ৰৰ বিজ্ঞান বা ৰাজনৈতিক সমাজৰ বিজ্ঞান।

(গ) সমাজ-শাস্ত্ৰ আৰু অৰ্থনীতি

(i) সমাজ শাস্ত্ৰ আৰু অৰ্থনীতিৰ সম্পৰ্ক : সমাজ-শাস্ত্ৰ আৰু অর্থনীতিবো নিবিড় সম্বন্ধ আছে। দুয়োটা বিষয়ে জনসাধাৰণৰ অৰ্থনৈতিক সমস্যা আৰু তেওঁলোকৰ ৰোজগাৰৰ উপায় আৰু খৰচৰ প্ৰণালী সম্পর্কে অধ্যয়ন কৰে। দুয়োটাৰে মাজৰ সম্বন্ধ ইমান বেছি নিবিড় যে নিৱনুৱা, দৰিদ্ৰতা, অপৰাধ, দুর্নীতি আদি সামাজিক সমস্যা অর্থনৈতিক নে সামাজিক ক সঠিক কৈ কোৱা টান। সমাজশাস্ত্রবিদ আৰু অর্থনীতিবিদসকলে পৰিসংখ্যা সংগ্ৰহ কৰে আৰু সামাজিক আৰু অর্থনৈতিক সমস্যাবোৰ উলিওৱাত আৰু সমাধান কৰাৰ বাবে পৰস্পৰে। পৰস্পৰক সহায় সহযোগ কৰে। সামগ্ৰী উৎপাদন আৰু বিতৰণ অৰ্থনীতিৰ অধ্যয়ন ক্ষেত্র হ’লে ই সামাজিক জীৱনৰ অতি অত্যাৱশ্যকীয় এটা দিশ। গতিকে দুয়োটা বিষয়ৰে পৰস্প লগত সম্বন্ধ অতি ঘনিষ্ঠ।

(ii) পার্থক্যওপৰত আলোচনা কৰা দুয়োটা বিষয়ৰে সম্বন্ধ আছে যদিও কিছুমান পার্থক্যও আছে। অর্থনীতি অধ্যয়নৰ পৰিসৰ অতি সীমিত, ই কেৱল অর্থনীতি সম্পৰ্কীয়হে আন কোনো সামাজিক সমস্যা ই সামৰি নলয়। আনহাতে, সমাজ শাস্ত্ৰৰ অধ্যয়ন ক্ষেত্র অতি বিশাল, ই সমাজখনক বিভিন্ন দিশ আৰু দৃষ্টিকোণৰ পৰা অধ্যয়ন কৰে কেৱল অর্থনৈতিক দিশৰ পৰাই অধ্যয়ন নকৰে। গতিকে দুয়োটা বিষয়ৰ পাৰ্থক্য আছে।

(ঘ) সমাজ-শাস্ত্ৰ আৰু বুৰঞ্জীৰ মাজত থকা সম্পর্ক আৰু পার্থক্য আলোচনা কৰা।

(i) সমাজ-শাস্ত্ৰ আৰু বুৰঞ্জীৰ সম্বন্ধ : সমাজ শাস্ত্ৰ আৰু বুৰঞ্জীৰ সম্বন্ধ অতি ঘনিষ্ঠ ৷ বুৰঞ্জীয়ে আমাক অতীতৰ সামাজিক সংস্থা,  সামাজিক সংগঠন আৰু সমস্যাৰাজিৰ বিষয়ে জ্ঞান দিয়ে। এই জ্ঞানে আমাক আজি সামাজিক সংস্থা বা অনুষ্ঠান আৰু সমস্যাবোৰৰ বিষয়ে অধ্যয়ন কৰিবলৈ অতি অপৰিহাৰ্য আৰু গুৰুত্বপূর্ণ সমল যোগায়। সমাজ-শাস্ত্র অধ্যয়নৰ এটা অতি গুৰুত্বপূৰ্ণ প্ৰণালী হ’ল ঐতিহাসিক প্ৰণালী। এই কথাৰ পৰাই সমাজ-শাস্ত্ৰ আৰু বুৰঞ্জীৰ

সম্বন্ধব নিবিড় সম্পর্কৰ কথা বুজিব পাৰি। সেইবাবেই জি. ই হাউবার্ডে সঠিকভাবে মন্তব্য কৰিছে Q- “History is past Sociology, and Sociology is the present History.”

(ii) পার্থক্যবোৰ সমাজ-শাস্ত আৰু বুৰঞ্জীৰ মাজত উক্ত সম্পর্কবোৰ থাকিলেও, দুয়োটা বিষয়ৰ মাজত কিছুমান স্পষ্ট পার্থক্যও আছে। বুৰঞ্জীয়ে সমাজৰ কেৱল অতীতৰ ঘটনাৰাজিৰ কথাহে অধ্যয়ন কৰে আনহাতে সমাজ-শাস্ত্রই সমাজৰ কেৱল যে অতীতর ঘটনা সমস্যাবোৰহে অধ্যয়ন কৰে তেনে নহয়, বর্তমনৰ এনেকি ভৱিষ্যতৰ সাম্ভাব্য ঘটনা সমস্যাৰ বিষয়েও অধ্যয়ন কৰে। ইয়াৰ উপৰি বুৰঞ্জীত অতীতৰ অর্থনৈতিক, বাজনৈতিক প্রণালী, বংশানুক্রমিক শাসনৰ বিষয়ে অধ্যয়ন কৰা হয় কিন্তু সমাজশাস্ত্ৰৰ এইবোৰৰ লগত কোনো সম্পর্ক নাই৷ বুৰঞ্জীয়ে নথিভুক্ত কিছুমান ঘটনাৰ বিষয়েহে অধ্যয়ন কৰে আনহাতে সমাজ শাস্ত্রই ঘটনা নথিভুক্ত কৰাৰ বাবে প্ৰাথমিক সামগ্ৰীৰ যোগান ধৰে। এইবোৰেই উক্ত বিষয়বোৰৰ লগত সমাজ-শাস্ত্ৰৰ সম্বন্ধ আৰু পার্থ

প্রশ্ন ১১। সমাজ তত্ত্ব আৰু সামাজিক নৃতত্ত্বৰ মাজৰ সম্পৰ্ক আৰু পাৰ্থক্যবোৰ আলোচনা কৰা। (Discuss the relationship between Sociology and Social Anthropology.)

Ans. (ক) সমাজ-শাস্ত্ৰ আৰু নৃতত্ত্ব এই দুয়োটা বিষয়ৰ সম্পৰ্ক ইমানেই ঘনিষ্ঠ যে একেই অধ্যয়ন ক্ষেত্ৰৰ দুট। সুকীয়া নাম যেনহে লাগে। এল. কে ‘বাৰৰ মতে দুটা বিষয়কে ‘জাজ ভগ্নী’ বুলিয়ে কোৱা হয়। Anthropology শব্দটো গ্ৰীক্ শব্দ দুটাৰ পৰা আহিছে। Anthropos মানে মানুহ আৰু Logos মানে অধ্যয়ন। গতিকে ইয়াৰ অৰ্থ হ’ল মানুহৰ বিষয়ে অধ্যয়ন বা মানৱ জাতিৰ বিকাশৰ বিষয়ে অধ্যয়ন। নৃতত্ত্বৰ অধ্যয়ন ক্ষেত্ৰখন বৰ বহল। ভৌতিক নৃতত্ত্বই আদিম মানৱৰ শাৰীৰিক বৈশিষ্ট্য আৰু বিকাশৰ বিষয়ে আলোচনা কৰে, সাংস্কৃতিক নৃতত্ত্বত আদিম মানৱৰ পৰা প্ৰচলিত হৈ অহ। সংস্কৃতি আলোচনা কৰা হয়। সামাজিক নৃতত্ত্বত আদিম মানৱৰ বিভিন্ন অনুষ্ঠান আৰু সম্পৰ্কৰ আলোচনা কৰা হয়। মুঠতে নৃতত্বই আদিম মানৱ আৰু ইয়াৰ সংস্কৃতিৰ অধ্যয়ন কৰে আৰু আনহাতে সমাজ-শাস্ত্ৰত বর্তমান যুগৰ মানুহৰ এই একেই অৱস্থা আৰু আৱহাৱাৰ অধ্যয়ন কৰা হয়। সমাজ-শাস্ত্ৰই বৰ্তমান যুগৰ মানুহৰ সমাজত থকা পৰস্পৰ সম্পৰ্কৰ অধ্যয়ন কৰে। সেই কাৰণেই কোৱা হয় – “Anthropology is the study of man and his culture as they developed in times long past, while Sociology studies the same phenomena as they are at present.”

গতিকে দেখা যায় নৃতত্ত্বই, সমাজ-শাস্ত্র অধ্যয়নত যথেষ্ট অৰিহণা যোগাইছে। নৃতত্ত্বই যোগান ধৰা উপাদানৰ ওপৰতে সমাজ-শাস্ত্ৰই বিশেষভাৱে নিৰ্ভৰশীল। সমাজ-শাস্ত্ৰৰ ঐতিহাসিক অংশটে৷ নৃতত্ত্বৰ সাংস্কৃতিক অংশৰ লগত প্রায় একেই। আধুনিক যুগৰ আৱহাৱ৷ সম্পর্কে জানিবলৈ আমি নৃতত্ত্বই আলোচনা কৰা আদিম মানৱৰ সাংস্কৃতিক দিশটোৰ ওপৰতে বিশেষভাৱে নির্ভৰ কৰিব লগা হয়। ঠিক সেইদৰে সমাজশাস্ত্রবিদসকলে উপনীত হোৱ৷ সিদ্ধান্তবোৰে নৃতত্ত্ববিদসকলক যথেষ্ট পৰিমাণে সহায় কৰে।

(খ) পার্থক্যবোৰ : সমাজ-শাস্ত্ৰ আৰু নৃতত্ত্বৰ এই দুয়োটা বিষয় পৰম্পৰ নিৰ্ভৰশীল হ’লেও প্রত্যেকৰে অধ্যয়ন ক্ষেত্র সম্পূর্ণ সুকীয়া আৰু স্পষ্ট। নৃতত্ত্ব প্রাথমিকভাৱে সামাজিক অনুষ্ঠানবোৰৰ লগতহে জড়িত। দ্বিতীয়তে, নৃতত্ত্বই সংকীর্ণ স্থিতিশীল সংস্কৃতিৰ বিষয়েহে অধ্যয়ন কৰে। আনহাতে সমাজ শাস্ত্ৰই অধ্যয়ন কৰে মানৱ জাতিৰ সভ্যতা, যি অতি বিশাল আৰু পৰিৱৰ্তনশীল। এই কাৰণতে নৃতত্বৰ বিকাশ তুলনামূলকভাবে সমাজ-শাস্ত্ৰতকৈ খৰতকীয়া আৰু সমাজ শাস্ত্ৰতকৈ ভাল বুলি ক’ব পাৰি। তৃতীয়তে, নৃতত্ত্ব হ’ল আদিম যুগৰ মানুহ আৰু মানুহৰ সংস্কৃতিৰ বিকাশৰ অধ্যয়ন। আনহাতে সমাজ-শাস্ত্ৰ হ’ল বর্তমান যুগৰ মানুহৰ সেই একেই আৱহাৱাৰ অধ্যয়ন। 

প্রশ্ন ১২। সম্প্রদায় আৰু সমিতিৰ মাজত পাৰ্থক্য নির্ণয় কৰা।

Ans. সম্প্রদায় আৰু সমিতি এই দুয়োবিধৰ মাজত পাৰ্থক্য হ’ল——

(ক) সম্প্ৰদায়ৰ লোকসকলৰ মাজত সাম্প্রদায়িক মনোভাবেই মূল বৈশিষ্ট্য। আনহাতে সংস্থা বা সমিতিৰ মাজত কোনো জাতিগত মনোভাব নাথাকে। 

(খ) সম্প্ৰদায়ত দৃঢ় সংগঠন নাথাকে। আনহাতে সংস্থাৰ সদস্যসকলৰ মাজত দৃঢ় সংগঠন থাকে আৰু এটা স্থিৰ উদেশ্যও থাকে।

(গ) সম্প্ৰদায়ৰ সদস্যপদ বাধ্যতা মূলক। কাৰণ জন্মগতভাবে সকলোৱেই ইয়াৰ সদস্য হ’ব লাগে। আনহাতে সংস্থাৰ সদস্যপদ বাধ্যতামূলক নহয়, ইচ্ছাকৃতভাৱেহে ইয়াৰ সদস্যপদ লাগে।

(ঘ) সম্প্রদায়ৰ ভাষা, ধর্ম, বীতি-নীতিৰ এটা বান্ধোন থাকে। আনহাতে সংস্থাত জাতীয়তাব ভাব নাথাকে; ভাষা, ধর্ম, ৰীতি-নীতিৰ বাস্কোন নাথাকে। 

(ঙ) সম্প্রদায় এটা স্থায়ী জনসমষ্টি, ই ভাগি নপৰে। ই এটা স্থায়ী ‘আমি’ ভাবত বর্তি থাকে।

আনহাতে সংস্থা স্থায়ী নহয়। সংস্থাৰ উদেশ্য পৰিপূৰ্ণ হ’লে সংস্থা ভংগ হৈও যাব পাৰে।

পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰসমূহ

Very short Answer Questions and Answers.

প্রশ্ন ১। সমাজ শাস্ত্র কি? (What is sociology?)

উত্তৰ: সমাজশাস্ত্ৰ হ’ল মানৱ সমাজ আৰু সমাজিক সম্পর্ক সামাজিকসমূহৰ আৰু সামাজিক পৰিবৰ্তনৰ বিজ্ঞান। চমুকৈ ক’বলৈ হ’লে ই হ’ল সমাজ আৰু মানৱ আচৰণৰ অধ্যয়ন।

প্রশ্ন ১(ক)। সমাজতত্ত্বৰ প্রধান লক্ষ্য কি? (What is the main objective of Sociology?)

উত্তৰ : সমাজতত্ত্বৰ প্ৰধান লক্ষ্য হৈছে মানুহৰ সামাজিক জীবন, সামাজিক গোট, আৰু সমাজ সম্পর্কে অধ্যয়ন কৰা। 

প্রশ্ন ১(খ)। “What is sociology” কিতাপখন কোনে লিখিছিল?

Ans. Inkeles Alex য়ে।

প্রশ্ন ২। সমাজ শাস্ত্ৰৰ প্রতিষ্ঠাতা বা পিতৃ কোন? (Who is the founder or father of sociology?)

Ans. আগষ্ট ক’ট (১৮৩০ চনত)।

প্রশ্ন ২(ক)। সমাজতত্ত্বৰ প্রধান বিষয়বস্তু কি ? (What is the main subject matter of Sociologies?) 

উত্তৰঃ সামাজিক প্ৰাণীৰূপে মানুহৰ নিজৰ ব্যৱহাৰ আৰু সম্পর্কই সমাজতত্ত্বৰ প্ৰধান বিষয়বস্তু।

প্রশ্ন ৩। সমাজ বুলিলে তুমি কি বুজা? (What do you understand by Society?)

Ans. সমাজ হ’ল কোনো এক নির্দিষ্ট অঞ্চলত ঐক্যবদ্ধভাৱে বসবাস কৰা, এক উমৈহতীয়া সংস্কৃতি আৰু স্বকীয় বৈশিষ্ট্য থকা জনসমষ্টি। 

প্রশ্ন ৪। আমাৰ বাবে সমাজৰ গুৰুত্ব কি? সংক্ষিপ্ত উত্তৰ দিয়া। (What is the importance of society for us? Write in brief.)

Ans. মানুহ সমাজ প্রিয় জীৱ? সমাজ নহ’লে মানুহ বর্তি থকা সম্ভৱ নহয়। মানৱ জীৱন সমাজৰ মানুহৰ মাজত থকা কিছুমান প্রতিমান, মূল্যবোধ, প্রচলিত প্রথা আৰু অভ্যাসৰ দ্বাৰা প্রতিবেষ্টিত হৈ বৰ্তি থাকে। সেই কাৰণে সমাজ অবিহনে মানৱ সমাজ তিষ্ঠি থকা সম্ভব নহয়৷

প্রশ্ন ৫। চাৰিবিধ জনপ্রিয় সমাজ বিজ্ঞানৰ নাম লিখা। (Write the names of four popular social science) 

Ans. চাৰিবিধ জনপ্রিয় সমাজ বিজ্ঞানৰ নাম : 

(১) সমাজ শাস্ত্র, 

(২) নৃতত্ত্ব, 

(৩) অর্থনীতি, 

(৪) রাজনীতি বিজ্ঞান। 

প্রশ্ন ৬। আগষ্ট ক’টে সমাজ শাস্ত্ৰৰ সংজ্ঞা কিদৰে দিছে? (How Auguste Define Sociology?).

Ans. আগষ্টক টৈ সমাজ শাস্ত্ৰক সমাজৰ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা এটা বিষয় বুলি

প্রশ্ন ৭। দুৰখেইমৰ মতে সামাজিক সংগঠনে কিহক বুজায়? সামাজিক সংগঠনৰ অৰ্থ তেওঁ কিদবে ব্যাখ্যা কৰে? According to Durkheim what does constitute by social fact? 

Ans. (a) দুৰখেইমৰ মতে সামাজিক সংগঠনে মানৱ সমাজক বুজায়।

(b) সামাজিক সংগঠন হ’ল এক সামাজিক বাতাবৰণ যত মানুহে এক পৰিস্থিতিত কিছুমান প্ৰতিমান অনুসৰণ কৰি কাম কৰিবলগীয়া হয়। 

প্রশ্ন ৭(ক) সমাজ শাস্ত্ৰৰ পিতৃ বুলি কাক জনা যায় ?

Ans. আগষ্ট ক’টক পিতৃ বুলি জনা যায়।

প্রশ্ন ৮। সমাজত প্ৰজননৰ গুৰুত্ব কি? (What is the importance of progery in Society?)

Ans. সমাজৰ চাৰিটা প্রধান উপাদানৰ ভিতৰত প্ৰজনন এটা অন্যতম উপাদান- প্রজনন ক্ৰিয়া সমাজৰ এটা বিশেষ লক্ষণ। এই প্রজনন ক্ৰিয়াৰ দ্বাৰাই সমাজ বর্তি থাকে। সমাজত যিদৰে এচাম মানুহ পোৱা যায় আন এচাম মানুহ সমাজত জন্ম পায়। সমাজৰ প্ৰাথমিক গোট পৰিয়ালৰ মাধ্যমত এই প্রজনন ক্রিয়া চলি থাকে।

প্র) ৯। সমাজত্বত্ত (সমাজশাস্ত্ৰ)ৰ ক’ত, কেতিয়া জন্ম হয়? (Where and when sociology was born?)

Ans. ১৮৩০ চনত ফ্ৰান্সত জন্ম হৈছিল।

প্রশ্ন ১০। “সমাজ তত্ত্বই হ’ল সকলো সমাজ বিজ্ঞানৰ ভিতৰত আটাইতকৈ নুমলীয়া সমাজ বিজ্ঞান” কোনে কৈছিল? (Who said that sociology is the youngest social science of all the social science)

Ans. মেক্ আৰু ইয়ংয়ে কৈছিল। (Mack and young).

প্রশ্ন ১১। সমাজতাত্ত্বিক অধ্যয়নৰ ক্ষেত্ৰত ‘সংবচনা (Structure) শব্দটো প্রথমে কোে ব্যৱহাৰ কৰিছিল ? (Who first used the word ‘structure in the field of sociological study?)

Ans. হার্বার্ট স্পেনচাৰে (Herbert spencer ৰে)

প্রশ্ন ১২। সমাজ তত্ত্বই কি কবে? (What does sociology?) 

Ans. সামাজিক সম্বন্ধ আৰু আন্তঃক্ৰিয়াৰ অধ্যয়ন কৰে।

প্রশ্ন ১৩। “সমাজ সামাজিক সম্বন্ধৰ জালগাঠনি” এই উক্তিটো কাৰ আছিল? (Society is the web of social relation, who said this statement?) 

Ans. মেক-আইভাৰ আৰু পেজব।

প্রশ্ন ১৪। মেক্স-ৱেবাৰ কোন চিন্তাধাৰাৰ সমৰ্থক? (Which theory of sociology was supported by the thinker max weber)

Ans. স্বৰূপাত্মক বা বিশেষাত্মক তত্ত্ব।

প্রশ্ন ১৫। আমেৰিকাৰ বিশিষ্ট সমাজশাস্ত্রবিদ এজনৰ নাম লিখা। (Write the name of an American Sociologist.)

Ans. মেক্ আইভাৰ (Mac-1-ver)

প্রশ্ন ১৬। সমাজৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা৷ (Mention one important feature of society.) 

Ans. সমাজৰ দুটা বৈশিষ্ট্য হ’ল— 

(ক) সমাজ অমূর্ত আৰু 

(খ) সমাজ মানুহৰ এক সমষ্টি।

প্রশ্ন ১৭। সমাজ আৰু সস্থাৰ বা সমিতিৰ এটা পার্থক্য লিখা। 

Ans. সমাজ অমূর্ত কিন্তু সস্থা মূর্ত।

প্রশ্ন ১৮। সমাজত পৰিয়াল হৈছে এটা জৈৱিক গোট / সামাজিক গোট / উৎপাদন গোট। 

Ans. এটা সামাজিক গোট (social group)

প্রশ্ন ১৯। সমাজতত্ত্বৰ ভগ্নী স্বৰূপ ‘বিষয়টো’ উল্লেল্লখ কৰা। (Mention the sister like discipline of sociology.)

Ans. ‘নৃতত্ত্ব’ (Anthropology).

প্রশ্ন ১৯(ক)। ভাৰতৰ সামাজিক পৰিবৰ্তনৰ বিষয়ে জানিবলৈ পাশ্চাত্যৰ কি প্রভাবৰ প্রাসংগিকতা অতি প্রয়োজনীয়? উল্লেখ কৰা। 

উত্তৰ ঃ পাশ্চাত্যৰ ঔপনিৱেশতাবাদ নগৰীকৰণ, উদ্যোগিকৰণ আদিৰ অতি প্রয়োজন আছে।

প্রশ্ন ২০। অৰ্থনীতিৰ প্ৰধান ভাগ দুটা কি কি? (What are the two main branches of Economics?) 

Ans. মূল বিভাগ দুটা হ’ল (1) সূক্ষ্ম বা আনবিক অর্থনীতি (Micra Economy) (2) স্থূল অর্থনীতি (Macro Economy).

প্রশ্ন ২১৷ ভাৰতৰ এজন বিশিষ্ট সমাজশাস্ত্রবিদৰ নাম লিখা।

(Write the name of an Eminent Sociologist of India.) 

Ans. এম. এন. শ্রীনিবাস (M. N. Srinivash)

প্রশ্ন ২২। সমাজতত্ত্ব শব্দটো প্রথমে কোনে ব্যৱহাৰ কৰিছিল? 

উত্তৰ : ১৮৩০ চনত ফ্রান্সত আগষ্ট কটে।

প্রশ্ন ২৩। দ্বিতীয়াক সমূহৰ এটা উদাহৰণ দিয়া।

(Give an example of Secondary Group)

Ans. অসম সাহিত্য সভা (The Assam Sahitya Sabha)

প্রশ্ন ২৪। সমাজ ক্রমবিকাশৰ ক্ষেত্ৰত স্পেনচাৰৰ অভিমত কি? (What is the view on the evolution of Society?)

Ans. স্পেনচাৰৰ সমাজ বিকাশৰ অভিমত হ’ল ‘সকলো সমাজেই প্ৰকৃতিৰ সহজৰ পৰা জটিল প্ৰণালীৰ মাজেৰে বিকাশৰ পথত আগবাঢ়ে; ইয়াত কোনো অনুষ্ঠানৰ হস্তক্ষেপ নাথাকে। ডাউইনৰ তত্ত্বৰ লগত মিল থকা বাবে ইয়াক সামাজিক ডারউইনবাদ বোলা হয়।

প্রশ্ন ২৫। “সমাজ সামাজিক সম্বন্ধৰ জালগাঁঠনি” এই উক্তিটো কোনে দিছিল? (Who said society is a web of relationships.)

Ans, এই উক্তিটো হ’ল মেক আইভাৰ আৰু পেজৰ।

প্রশ্ন ২৬। মানুহৰ বাবে সমাজৰ গুৰুত্ব কি? (What is the importance of society for man?)

Ans. মানুহ সমাজতহে বৰ্তি থাকিব পাৰে। সমাজৰ সকলো মানুহ এক দৃঢ় ঐক্য বন্ধনৰ ছাবা বান্ধ খাই থাকে – এই বান্ধনত কিছুমান প্রতিমান, মূল্যবোধ প্রথা অভ্যাস জড়িত হৈ থাকে। সেই বাবেই মানুহ সমাজ প্রিয়। 

প্রশ্ন ২৭। সমাজ তত্ত্ব সৃষ্টিৰ আঁৰত থকা এটা বস্তুবাদী কাৰক উল্লেখ কৰা। 

Ans, ইউৰোপৰ শিল্প বিপ্লৱ আৰু পুঁজিবাদী অর্থনীতি।

প্রশ্ন ২৮। একক বা আনবিক পৰিয়াল কি? (What is Nuclear or Modern family?)

Ans. একে পিতৃ-মাতৃৰ পৰা সৃষ্টি হোৱা পৰিয়ালকে একক পৰিয়াল বুলি জনা যায়।

প্রশ্ন ২৯। সমাজ শাস্ত্ৰৰ জন্ম স্থান আৰু সময় উল্লেখ কৰা। (Mention the place and year of sociology.)

Ans. সমাজশাস্ত্ৰৰ জন্মস্থান ফ্রান্স আৰু জন্মৰ বছৰ হ’ল ১৮৩০ চন।

প্রশ্ন ৩০। পুঁজিবাদ কি?

Ans. উৎপাদনৰ সকলো উপাদান কেৱল ব্যক্তিগত খণ্ডত থাকে আৰু যাৰ দ্বাৰা বজাৰ ব্যৱস্থাত মুনাফা আদায় কৰিব পাৰে আৰু শ্রমজীৱীক শোষণ কৰা হয় তাকে পুঁজিবাদ বোলে।

প্রশ্ন ৩১। ১৭ শতিকাৰ শিল্প বিপ্লৱ আমেৰিকাত/ভাৰতৰ/ইংলণ্ডত ঘটিছিল।

Ans. ইংলণ্ডত ঘটিছিল।

প্রশ্ন৩২। গৃহহীনতাৰ দুটা কাৰণ উল্লেখ কৰা। (Give two causes of Homelessness.) 

Ans. কাৰণ দুটা :

(১) গাঁৱৰ পৰা নগৰলৈ চাকৰি বিচাৰি আহি গৃহহীনতাৰ সমস্যাত পৰে। 

(২) ভূমিহীন বিদ্ৰ লোকে গৃহহীনতাত ভোগে।

প্রশ্ন ৩৩। সমাজতাত্ত্বিক চিন্তাধাৰাৰ মূল চিন্তাগোষ্ঠী দুটা কি কি? 

উত্তৰ ঃ সমাজতাত্ত্বিক চিন্তাধাৰাৰ মূল চিন্তাগোষ্ঠী দুটা হ’ল।

(১) বিশেষাত্মক বা স্বৰূপাত্মক চিন্তাগোষ্ঠী আৰু (২) সমন্বয়াত্মক চিন্তাশীল গোষ্ঠী।

সেই

প্রশ্ন ৩৪। “ইন্দিৰা আৱাস যোজনা” কি?

উত্তৰ : ‘ইন্দিৰা আবাস যোজনা’ ভাৰত চৰকাৰৰ এখন আচনি। ইয়াৰ জৰিয়তে দেশৰ দুখীয়া আৰু গৃহহীন লোকৰ বাবে বিনামূলীয়াকৈ ঘৰ দিয়া পৰিকল্পনা করা হয় আৰু এই সমস্যা নিৰাময়ৰ চেষ্টা কৰা হৈছে।

প্রশ্ন ৩৫। HUDCO কি? সম্পূর্ণ নামটো লিখা। 

উত্তৰ ঃ Housing and Urban Development Corporation চমুকৈ HUDCO (গৃহ আৰু নগৰ উন্নয়ন নিগম) । 

প্রশ্ন ৩৬। নাৰীবাদী সিদ্ধান্ত ( Feminist Theory) বুলিলে কি বুজা?

উত্তৰ : নাৰীবাদী সিদ্ধান্ত হ’ল – মানৱ জাতিৰ লিংগভিত্তিত কৰা এক সমাজতাত্ত্বিক দৃষ্টিভংগী; যিয়ে স্ত্রীলিংগক কেন্দ্ৰ কৰি সামাজিক জগতখনক ব্যাখ্যা কৰিবলৈ চেষ্টা কৰে। নাৰীবাদী দৃষ্টিভংগীৰে নাৰীজাতিৰ বিভিন্ন দিশ সামৰি আলোচনা পর্যালোচনা কৰে। লিংগ বৈষম্যতাবোৰ বিশ্লেষণ কৰি তাক আঁতৰ কৰাৰ প্ৰয়াস কৰে।

প্রশ্ন ৩৭। অর্থনীতিৰ প্ৰধান শাখা দুটা কি কি? 

উত্তৰঃ অৰ্থনীতিৰ প্ৰধান শাখা দুটা হ’ল – 

(ক) ক্ষুদ্র সমাজতত্ত্ব (Micro sociology)

আৰু (খ) বৃহৎ সমাজতত্ত্ব (Macro sociology)

(ক) ক্ষুদ্র সমাজতত্ত্বঃ সমাজত ব্যক্তিৰ মাজৰ প্রচলিত ক্ষুদ্র ক্ষুদ্র বা সৰু সৰু আন্তঃক্ৰিয়াৰ অধ্যয়নৰ দ্বাৰা কৰা অধ্যয়নকে ক্ষুদ্র সমাজতত্ত্ব বুলি কোৱা হয়।

(খ) বৃহৎ সমাজতত্ত্ব আনহাতে বৃহং গোট বা সংগঠনৰ মাজত হোৱা আন্তঃক্রিয়া বা সামাজিক ক্রিয়া বা ব্যৱস্থাবোৰৰ অধ্যয়নক বৃহৎ সমাজতত্ত্ব বোলে৷ 

প্রশ্ন ৩৮। “সমাজ শাস্ত্ৰ আৰু নৃতত্ত্ব যমজ বাই-ভনী”– এই উক্তিটো কোনে কৈছিল।

Ans. এই উক্তিটো আছিল সমাজ শাস্ত্রবিদ এল. কে. ক্র’ৱাৰৰ। (L. K. Crober)

প্রশ্ন ৩৯। কোন চনত ফৰাচী বিপ্লৱ হৈছিল? 

Ans. ১৭৮৯ চনত ফৰাচী বিপ্লৱ হৈছিল ।

প্রশ্ন ৪০। দ্বন্দ্ববাদ কি? (What is Dialectic?)

Ans. সমাজত থকা দুটা বিপৰীতমুখী সামাজিক শক্তিৰ সংঘর্ষ বা দ্বন্দ্ব। সমাজত প্ৰচলিত বাধ্যবাধকতা আৰু ব্যক্তিগত বা গোটৰ মাজত বিপৰীতমুখী মতভেদ বা দোদুল্যমান অৱস্থা। 

প্রশ্ন ৪১। অমর্ত্য সেন কোন?

Ans. অমর্ত্য সেন ভাৰতৰ বিশ্ববিখ্যাত অর্থনীতিবিদ। তেওঁ ২০০৫ চনত অর্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল।

প্রশ্ন ৪২। মেক্সৱেবাৰ কোনটো গোষ্ঠীৰ অন্তৰ্গত ? 

Ans. স্বৰূপাত্মক গোষ্ঠীৰ অন্তৰ্গত।

প্রশ্ন ৪৩। সমাজশাস্ত্র সমাজবিজ্ঞান নে প্রাকৃতিক বিজ্ঞান?

Ans. সমাজ বিজ্ঞান।

প্রশ্ন ৪৪। শিল্প বিপ্লৱ ক’ত হৈছিল?

উত্তৰ: ইংলেণ্ডত।

শুদ্ধ উত্তৰ বাছি দিয়া প্রশ্নোত্তৰ সমূহ

(Multiple choice Questions & Answers)

প্রশ্ন ১। সমাজতত্ত্বৰ বিষয় বস্তু –

(a) সামাজিক জীব হিচাবে মানব আচরণ

(b) মানৱ দৰ্শনৰ চিন্তাবিদ হিচাবে। 

(c) পুরুষ-মহিলাৰ মানৱীয় বৈশিষ্ট্য।

(d) মানুহৰ নিজৰ ভাগ্যৰ বিষয়ে।

উত্তৰ। (a) সামাজিক জীব হিচাবে মানব আচরণ

২। আগষ্ট ক টৈ এজন— 

(a) ফৰাচী পণ্ডিত

(b) ইংৰাজ পণ্ডিত

(c) জার্মান পণ্ডিত

(d) জাপানী পণ্ডিত। 

উত্তৰ। (a) ফৰাচী পণ্ডিত

প্রশ্ন ৩। সমাজ শাস্ত্ৰৰ পিতৃস্বৰূপbব্যক্তিজন

(a) অগষ্ট কট 

(b) মেক আইভাৰ

(c) সেক্স ৱেবাৰ

(d) নিমফ

উত্তৰ। (a) অগষ্ট কট

প্রশ্ন ৪। “সমাজ সামাজিক সম্বন্ধৰ জাল ঔঠনি” উক্তিটো কাৰ— 

(a) আগবাণ

(b) মেক আইভাৰ-পেজ

(c) নিমফ

(d) কিংচলি ডেভিচ।

উত্তৰ। (b) মেক আইভাৰ-পেজ

প্রশ্ন ৫। প্রত্যক্ষবাদী দৰ্শনৰ নেতৃস্থানীয় চিন্তাবিদজন—

(a) কার্ল মার্ক্স 

(b) আগষ্ট ক’টে

(c) হাবটি স্পে’নচাৰ

(d) আগবাণ 

উত্তৰ। (b) আগষ্ট ক’টে

প্রশ্ন ৬। “সমাজ শাস্ত্ৰ আৰু নৃতত্ব যুঁজা ভগ্নী স্বৰূপ”— উক্তি হ’ল—

(a) আগষ্ট কট

(b) মেক্স ৱেবাৰৰ

(c) এ. এল ক্ৰবাৰৰ

(d) হার্বাট স্পেনচাৰৰ

উত্তৰ। (c) এ. এল ক্ৰবাৰৰ

প্রশ্ন ৭। ডাউইন এজন বিখ্যাত

(a) প্রাকৃতিক বিজ্ঞানী 

(b) দার্শনিক

(c) বুৰঞ্জীবিদ

(d) সমাজতত্ত্ববিদ

উত্তৰ। (d) সমাজতত্ত্ববিদ

প্রশ্ন ৮। আগষ্ট ক’টে কেতিয়া ‘সমাজতত্ব’ শব্দটো উদ্ভাৱন কৰিছিল?

(a) 1831 

(b) 1832 

(c) 1830 

(d) 1836

উত্তৰ। (c) 1830

প্রশ্ন ৯। সমাজতত্ত্বৰ ভগ্নী স্বৰূপ বিষয়

(a) অর্থনীতি

(b) ৰাজনীতি বিজ্ঞান

(c) বুৰঞ্জী

(d) নৃতত্ত্ব 

উত্তৰ। (d) নৃতত্ত্ব

প্রশ্ন ১০। কার্লমাক্সে শোষিতক বুজাবলৈ ব্যৱহাৰ কৰা

(a) দুখীয়াৰো দুখীয়া

(b) সর্বহাৰ্য

(c) নিষ্পেষিত

(d) শ্রমিক

উত্তৰ। (b) সর্বহাৰ্য

প্রশ্ন ১১। সমাজতত্ত্বৰ জন্ম কত

(a) ইংলেণ্ডত 

(b) ফ্ৰান্সত 

(c) আমেৰিকাত 

(d) জার্মানীত 

উত্তৰ। (b) ফ্ৰান্সত

প্রশ্ন ১২। অগষ্ট ক’টৰ সমাজতত্ত্বৰ সংজ্ঞাটো—

(a) সমাজৰ বাতাবৰণৰ অধ্যয়ন;

(b) মানুহৰ মনবোৰৰ আন্তঃক্রিয়া;

(c) সমাজৰ বৈজ্ঞানিক অধ্যয়ন; 

(d) সামাজিক সম্বন্ধৰ অধ্যয়ন; 

উত্তৰ। (c) সমাজৰ বৈজ্ঞানিক অধ্যয়ন;

প্রশ্ন ১৩। শিল্পবিপ্লব প্রথমে আৰম্ভ হৈছিল?

(a) ফ্ৰান্সত

(b) ইংলেণ্ডত

(c) জার্মানিত

(d) গ্ৰীচত

উত্তৰ। (b) ইংলেণ্ডত

প্রশ্ন ১৪। নোবেল বঁটা বিজয়ী অমর্ত্য সেন

(a) বিজ্ঞানী

(b) অর্থনীতিবিদ

(c) সাহিত্যিক

(d) ইঞ্জিনীয়াৰ.

উত্তৰ। (b) অর্থনীতিবিদ

প্রশ্ন ১৫। ইংলণ্ডৰ বস্ত্ৰ উদ্যোগে ভাৰতৰ উদ্যোগত—

(a) বজাৰত বস্তুৰ দাম হ্রাস হৈছিল। 

(b) কেচাসামগ্ৰীৰ নাটনি হৈছিল।

(c) উদ্যোগৰ উৎপাদন কমাইছিল।

(d) বস্ত্রশিল্পৰ অৱনতি আনিছিল।

উত্তৰ। (d) বস্ত্রশিল্পৰ অৱনতি আনিছিল।

প্রশ্ন ১৬। অর্থনীতিৰ পিতৃ স্বৰূপ ব্যক্তিজ

(a) জে.এছ মিল

(b) কার্ল মার্ক্স

(c) এডাম স্মিথ

(c) Multhasa

উত্তৰ। (c) এডাম স্মিথ

প্রশ্ন ১৭। প্রতিযোগিতা মূলক অর্থনীতি চলে

(a) পুঁজিবাদী মতবাদ

(b) সমাজবাদত

(c) সাম্যবাদত 

(d) সামন্তবাদত

উত্তৰ। (a) পুঁজিবাদী মতবাদ

সমাজতত্ত্ব পৰিচয় ( Part – I )

ক্ৰমিক নংপাঠলিংক
1.সমাজতত্ত্ব আৰু সমাজ (Sociology and Society)Click Here
2.বিশেষ অর্থ থকা শব্দ, অৱধাৰণা আৰু সমাজতত্ত্বত ইয়াৰ ব্যৱহাৰ (Terms. Concepts and their use in Sociology)Click Here
3.সামাজিক সংস্থাবোধ (Understanding Social Institutions)Click Here
4.সংস্কৃতি আৰু সামাজিকৰণ (Culture and Socialisation)Click Here
5.সমাজতত্ত্ব অধ্যয়ন : গবেষণা প্রণালী (Doing Sociology: Research Methods)Click Here

সমাজ বোধ ( Part-II )

ক্ৰমিক নংপাঠলিংক
1.সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজৰ সামাজিক প্রক্রিয়া (Social Structure, Stratification and Social Process in Society)Click Here
2.গ্রামীণ আৰুনগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা (Social Change and Social Order in Rural and Urban Society)Click Here
3.পৰিবেশ আৰু সমাজ (Environment and Society)Click Here
4.পাশ্চাত্যৰ সমাজতত্ত্ববিদসকলৰ — এক পৰিচয় (Introduction Western Sociologists)Click Here
5.ভাৰতীয় সমাজতত্ত্ববিদসকল | (Indian Sociologists)Click Here

This Post Has 9 Comments

Leave a Reply