HS first Year Sociology Chapter 2 – বিশেষ অর্থ-বাহক শব্দ, অৱধাৰণা আৰু সমাজতত্ত্বত ইয়াৰ ব্যৱহাৰ

HS first Year Sociology Chapter 2 – বিশেষ অর্থ-বাহক শব্দ, অৱধাৰণা আৰু সমাজতত্ত্বত ইয়াৰ ব্যৱহাৰ । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS first Year Sociology Chapter 2 – বিশেষ অর্থ-বাহক শব্দ, অৱধাৰণা আৰু সমাজতত্ত্বত ইয়াৰ ব্যৱহাৰ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS first Year Sociology Chapter 2 – বিশেষ অর্থ-বাহক শব্দ, অৱধাৰণা আৰু সমাজতত্ত্বত ইয়াৰ ব্যৱহাৰ

ৰচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। সমাজ শাস্ত্ৰত কি কাৰণত বিশেষ পৰিভাষা বা শব্দ আৰু ধাৰণা ব্যৱহাৰ কৰা

Ans. সমাজবিজ্ঞান হিচাপে সমাজশাই মানুহৰ সামাজিক জীৱনৰ বিজ্ঞানসন্মত অধ্যয়নৰ

ওপৰত গুৰুত্ব আৰোপ কৰে। প্রত্যেক বিজ্ঞানৰে কিছুমান নির্ধাৰিত কথাক বুজাবলৈ কিছুমান বিশেষ শব্দ, ভাবার্থ আৰু ধাৰণা থাকে। এই নির্ধাৰিত প্ৰতিশব্দই আৰু ইয়াৰ স্পষ্ট ধাৰণাই অৰ্থৰ দ্ব্যর্থতা নাইকিয়া কৰে৷ সার্বজনীনভাৱে গৃহীত নির্দিষ্ট আৰু স্পষ্ট শব্দই ব্যৱহাৰ কৰোঁতা, শুনোঁতা বা পঢ়োঁতাৰ মনত কোনো প্ৰকাৰৰ দ্বিধা বা দ্ব্যর্থতাৰ ভাব নানে। নির্দিষ্ট ধাৰণাই কোনো ভাবক বৈজ্ঞানিক স্বৰূপ দিয়ে। সেইবাবেই প্রত্যেক বিজ্ঞানৰ এনে ধাৰণা বা শব্দবোৰ স্পষ্টভাৱে বুজাৰ ওপৰত গুৰুত্ব দিয়া হয়।

সমাজশাস্ত্ৰই মানুহৰ পৰস্পৰৰ মাজৰ কাৰ্য আৰু সম্পর্কৰ ওপৰত গুরুত্ব দিয়ে। সমাজতহে মানুহৰ মাজত পৰস্পৰৰ কাৰ্য আৰু সম্বন্ধৰ মাজৰ সম্পর্ক গঢ়ি উঠে। সমাজ হ’ল মানুহৰ মাজত গঢ়ি উঠা বিভিন্ন সমূহ, সম্প্রদায় আৰু সন্থাবোৰত প্ৰচলিত বিভিন্ন সংস্কাৰ সংমিশ্ৰিত ৰূপ। গতিকে এই সংস্থানো কি?

এই অধ্যায়ত আমি পাঠ্যক্ৰমত নির্ধারিত কৰি দিয়া কেইটিমান সংস্থাৰ বিষয়ে আলোচনা কমি। এই নির্দিষ্ট সংস্থাকেইটা হ’ল– (১) বিবাহ প্রণালী, (২) পৰিয়াল প্রণালী, (৩) ধর্ম প্রণালী, (৪)স্বজন প্রণালী। কিন্তু কোনো নির্দিষ্ট সংস্থাৰ বিষয়ে পঢ়াৰ আগতে সংস্থাৰ অৱধাৰণাটো স্পষ্ট কৰি লোৱাটো ভাল হ’ব।

উদাহৰণস্বৰূপে পৰিয়াল (family) এই শব্দটিৰে একে পিতৃ-মাতৃৰ সতি-সন্ততিবে গঠিত ব্যক্তিসমূহৰ কথাক বুজায়। ঠিক সেইদৰে স্তৰীকৰণ (stratification) শব্দটিৰে আমি সমাজত মানুহৰ জ্ঞাতি বা শ্রেণীক বা ভাগক বুজাবলৈ ব্যৱহাৰ কৰো৷ সেইদৰে সংস্থা (Insti Intions), প্রস্থিতি (states), ভূমিকা (Role), সামাজিক সমূহ (social groups), প্রতিমান (Norus), value ( মূল্যবোধ) আদি শব্দবোৰৰ দ্বাৰা সমাজশাস্ত্র বিষয়টোৰ বিশেষ বিশেষ গোট, আৰু সমূহৰ মাজৰ আন্তঃক্রিয়া আৰু সম্পৰ্কৰ বিভিন্ন কথাক জানিবলৈ এই শব্দ আৰু অবধাৰণাক বুজাবলৈ ব্যৱহাৰ কৰা হয়।

প্রশ্ন ২। (ক) সামাজিক সমূহৰ সংজ্ঞা দিয়া। 

উত্তৰ: (ক) সামাজিক সমূহ  : সমূহ বা সামাজিক গোট সমাজ শাস্ত্ৰৰ এটা উল্লেখযোগ্য অৱধাৰণা। সাধাৰণ অৰ্থত ব্যক্তিৰ সমষ্টিকে সামাজিক গোট বোলা হয় যদিও সমাজ শাস্ত্ৰত ইয়াৰ সংজ্ঞা বেলেগ। সমাজ শাস্ত্ৰৰ মতে ব্যক্তিৰ মাজত ঘটা আন্তঃক্রিয়াই সামাজিক গোটৰ মূল উৎস। যেতিয়া দুই বা ততোধিক ব্যক্তিৰ মাজত আন্তঃক্রিয়া ঘটে তেতিয়াই সামাজিক গোটৰ সৃষ্টি হয়। মুঠতে দুই বা ততোধিক পৰস্পৰ সম্বন্ধ থকা ব্যক্তিয়ে এক উদ্দেশ্য বা স্বাৰ্থৰ বাবে একগোট হোৱাকে সামাজিক গোট বোলে। কেইজনমান বিখ্যাত সমাজ শাস্ত্রবিদে আগবঢ়োৱা সংজ্ঞা তলত আলোচনা কৰা হ’ল। 

(১) মেক্ আইভাৰ আৰু পেজৰ মতে পৰস্পৰ সম্বন্ধ থকা ব্যক্তিৰ যি কোনো সংগঠনকে সামাজিক গোট বা সমূহ বোলে। 

(২) আর্ণল্ড গ্ৰীণৰ মতে ‘সামাজিক গোট হৈছে সময় সাপেক্ষ ব্যক্তিৰ সমষ্টি, যি সমষ্টি সুসংগঠিত আৰু যাৰ এক বা ততোধিক স্বার্থ থকাৰ উপৰি উমৈহতীয়া কার্য থাকে। এইদৰে বিভিন্ন সময়ত বিভিন্ন চিন্তাবিদে সমূহৰ সংজ্ঞা দিছে।

(খ) ইয়াৰ প্ৰধান বৈশিষ্ট্যবোৰ কি কি আলোচনা কৰা। (Define Social Group. Discuss, what are the main characteristics of it.)

উত্তৰ: সামাজিক গোটৰ বৈশিষ্ট্য  ওপৰৰ সংজ্ঞাসমূহৰ আলোচনাৰ পৰা সামাজিক সমূহ বা গোটবোৰৰ কেইটিমান বিশেষ বৈশিষ্ট্য পৰিলক্ষিত হয়। তলত কেইটিমান উল্লেখযোগ্য বৈশিষ্ট্য আলোচনা কৰা হ’ল –

(১) একতাৰ ভাব : সামাজিক গোটবোৰৰ সদস্যসকলৰ মাজত সদায় এটা ‘একতাব ভাব’ থাকে৷ গোটৰ প্ৰত্যেক সদস্যই গোটৰ আন সদস্যৰ প্রতি সহানুভূতিশীলভাৱে সকলো ক্ষেত্ৰতে আগ্রহ বা হেঁপাহ দেখুৱায়। 

(২) ‘আমি’ ভাব বিদ্যমান গোট বা সমূহবোৰ এনেভাৱে সংলগ্নকৃত সাদৃশীকৰণ যে সকলো সদস্যই তেওঁলোকৰ স্বাৰ্থ সমূহীয়াভাৱে ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰে।

(৩) পৰস্পৰৰ সম্পৰ্ক : সামাজিক গোটৰ সদস্যসমূহৰ মাজত গভীৰ আন্তৰিকতা থাকে। সদস্যসকলে উদ্দেশ্য পূৰণৰ বাবে একেলগে খোজমিলাই আগবাঢ়ি যায়। তেওঁলোকৰ মাজৰ গভীৰ আস্তৰিক সম্পৰ্কই গোটৰ বিশেষ বৈশিষ্ট্য।

(৪) উমৈহতীয়া স্বার্থ : গোট বা সমূহ সদায়ে উৎপত্তি হয়, আৰম্ভ হয় বা অগ্রসর হয় এটা উমৈহতীয়া স্বার্থক লৈ। সামাজিক গোটবোৰ আন্তঃক্ৰিয়াৰ এটা অন্তনিহিত উমেহতীয়া স্বার্থ থাকে।

(৫) নিজস্ব প্রতিমান : ৰাষ্ট্ৰৰ যিদৰে আইন-কানুন থাকে ঠিক সেইদৰে গোট বা সমূহৰ সদস্যসকলেও গোটৰ কিছুমান নীতি বা আচৰণ, ‘প্রতিমান’ হিচাবে পালন কৰি চলিব লাগে। 

(৬) পৰস্পৰ নিৰ্ভৰশীলতা গোট বা সমূহৰ সদস্যসকলৰ মাজত পৰস্পৰ নিৰ্ভৰশীলথাকে। এজনে আন জনৰ ওপৰত নিৰ্ভৰ কৰি উমৈহতীয়া উদ্দেশ্য পূৰণৰ বাবে অগ্ৰসৰ হয়। 

প্রশ্ন ৩। (ক) সামাজিক সমূহ বুলিলে কি বুজা? 

(খ) উদাহৰণ সহ ইয়াৰ প্ৰকাৰসমূহ আলোচনা কৰা। (What do you understand by Social Group? Discuss its kinds with examples.) 

উত্তৰ : (ক) সামাজিক সমূহ (সমূহ বা সামাজিক গোট সমাজ শাস্ত্ৰৰ এটা উল্লেখযোগ্য অৱধাৰণা। সাধাৰণ অৰ্থত ব্যক্তিৰ সমষ্টিকে সামাজিক গোট বোলা হয় যদিও সমাজ শাস্ত্ৰত ইয়াৰ সংজ্ঞা বেলেগ। সমাজ শাস্ত্ৰৰ মতে ব্যক্তিৰ মাজত ঘটা আন্তঃক্রিয়াই সামাজিক গোটৰ মূল উৎস। যেতিয়া দুই বা ততোধিক ব্যক্তিৰ মাজত আন্তঃক্রিয়া ঘটে তেতিয়াই সামাজিক গোটৰ সৃষ্টি হয়। মুঠতে দুই বা ততোধিক পৰস্পৰ সম্বন্ধ থকা ব্যক্তিয়ে এক উদ্দেশ্য বা স্বাৰ্থৰ বাবে একগোট হোৱাকে সামাজিক গোট বোলে। কেইজনমান বিখ্যাত সমাজ শাস্ত্রবিদে আগবঢ়োৱা সংজ্ঞা তলত আলোচনা কৰা হ’ল। 

(১) মেক্ আইভাৰ আৰু পেজৰ মতে পৰস্পৰ সম্বন্ধ থকা ব্যক্তিৰ যি কোনো সংগঠনকে সামাজিক গোট বা সমূহ বোলে। 

(২) আর্ণল্ড গ্ৰীণৰ মতে ‘সামাজিক গোট হৈছে সময় সাপেক্ষ ব্যক্তিৰ সমষ্টি, যি সমষ্টি সুসংগঠিত আৰু যাৰ এক বা ততোধিক স্বার্থ থকাৰ উপৰি উমৈহতীয়া কার্য থাকে। এইদৰে বিভিন্ন সময়ত বিভিন্ন চিন্তাবিদে সমূহৰ সংজ্ঞা দিছে।

(খ) সামাজিক সমূহৰ প্ৰকাৰ সামাজিক সমূহ বা গোটক কেবাটাও ভিত্তিত কেবাপ্ৰকাৰে ভাগ কৰা হয়। কুলি (Cooley) আদি কিছুমান চিন্তাবিদে সমূহৰ সদস্যৰ মাজৰ সম্বন্ধৰ ওপৰত ভিত্তি কৰি সমূহক দুটা ভাগত ভাগ কৰা হয়।

(I) এই ভাগ দুটা হ’লঃ প্রাথমিক সমূহ আৰু দ্বিতীয়ক গৌণ সমূহ ঃ

(ক) প্রাথমিক সমূহঃ যি সমূহ বা গোট, সদস্যসকলৰ মুখামুখি বা প্রত্যক্ষ সম্বন্ধব, আন্তবিকতা আৰু সহৃদয়তাৰ মাজেৰে গঢ়ি উঠে তাকে প্রাথমিক গোট বোলে। সাধাৰণতে ইয়াৰ আকাৰ সক। মুখামুখি সম্পর্কই ইয়াৰ মূল উৎস। উদাহৰণ স্বৰূপে পৰিয়াল হ’ল প্রাথমিক সমূহ। 

প্রাথমিক সমূহৰ বৈশিষ্ট্য  ইয়াৰ প্রধান বৈশিষ্ট্যবোৰ, হ’ল

(১) ঘনিষ্ঠ সম্পর্ক : প্রাথমিকসমূহৰ সদস্যসকলৰ মাজত এটা নিবিড় ঘনিষ্ঠ সম্পর্ক থাকে।

(২) সৰু আকাৰ ইয়াৰ আকাৰ সৰু হোৱা বাবেই সদস্যসকলে পৰস্পৰে পৰস্পৰৰ লগত মুখামুখি সম্পৰ্ক ৰখাটো সম্ভৱ হৈ উঠে।

(৩) এক উদ্দেশ্যপ্রাথমিক সমূহৰ সদস্যসকলৰ উদ্দেশ্য একেই, বেলেগ বেলেগ উদ্দেশ্য নাথাকে।

(8) ব্যক্তিগত সম্পর্কসদস্যসকলৰ মাজৰ সম্পৰ্ক একান্ত ব্যক্তিগত সম্পর্ক। 

(৫) আন্তঃসম্পর্কপ্রাথমিক সমূহৰ সদস্যসকলৰ মাজত আন্তঃসম্পর্ক থাকে। এই আস্তৰিকতাপূর্ণ সম্পর্কৰ বাবেই ইয়াৰ সদস্যসকলৰ মাজত নিবিড় সম্পর্ক গঢ়ি উঠে।

(৬) সক্রিয় অংশগ্রহণইয়াৰ সদস্যসকলে সমূহীয়া উদ্দেশ্য আৰু লক্ষ্য পুৰণৰ বাবে প্রত্যেকে ইয়াৰ কাৰ্যত সক্রিয় অংশগ্রহণ কৰে। 

(৭) স্বাভাবিক নিয়ন্ত্রণ ঃ প্রাথমিক সমূহৰ সদস্যসকলৰ মাজত এটা সুশৃঙ্খল নিয়ন্ত্রণ থাকে। স্বাভাবিক নিয়ন্ত্রণে সদস্যসকলৰ মাজত শৃঙ্খলা আনে আৰু অহংভাব আহিব নিদিয়ে।

(৮) নিঃস্বার্থ সম্পর্ক ঃ প্রাথমিক সমূহৰ সদস্যসকলৰ মাজৰ সম্পর্ক স্বার্থ জড়িত নহয়। সদস্যসকলৰ সম্পর্ক স্বাভাবিকভাবে গঢ়লৈ উঠে। সদস্যসকলৰ সম্পৰ্ক আৰু আস্তবিকতা নিঃস্বার্থভাবে গঢ়ি উঠে। 

(খ) দ্বিতীয়ক সমূহ ঃ দ্বিতীয়ক সমূহ আধুনিক সমাজ ব্যৱস্থাত যথেষ্ট পৰিমাণে গঢ় লৈ উঠা দেখা যায় ৷ ই প্রাথমিক সমূহৰ এক বিপৰীতধর্মী সমূহ। ইয়াত সদস্যসকলৰ মুখামুখি বা প্রত্যক্ষ সম্পর্ক নাথাকে৷ ইয়াত সদস্যসকলৰ সম্পৰ্ক নিবিড় বা ঘনিষ্ঠ নহয়৷ উদাহৰণ স্বৰূপে বাই বা বাজনৈতিক দল হ’ল দ্বিতীয়ক সমূহ দ্বিতীয়ক গৌণ সমূহৰ বৈশিষ্ট্য—

(১) আনুষ্ঠানিক সম্পর্ক দ্বিতীয় সমূহৰ সদস্যসকলৰ মাজত সম্পর্ক আনুষ্ঠানিক, এটা নিয়মৰ মাজেৰে গঢ়ি উঠে, আৰু নিয়মৰ মাজেৰে বৰ্তি থাকে। 

(২) সক্রিয় আৰু নিষ্ক্রিয় সদস্য এই সমূহৰ সদস্যসকল প্ৰায়ে নিষ্ক্রিয় সদস্যৰ নিষ্ক্ৰিয়তাৰ বাবে তেওঁলোকৰ মাজত নিবিড় সম্পর্ক গঢ়ি নুঠে ।

(৩) পৰোক্ষ সম্পর্ক : দ্বিতীয়ক সমূহৰ সদস্যসকলৰ মাজৰ সম্পর্ক পৰোক্ষ সম্পর্ক। সদস্যসকল বিশাল সমাজত বিস্তৃত হৈ থাকে। সদস্যসকলৰ মাজত দেখা সাক্ষাৎ নাথাকিবও পাৰে। 

(৪) উপনিয়মঃ দ্বিতীয়ক সমূহৰ নিজা সাংবিধানিক লিখিত নিয়মকানুনৰ উপৰি সমূহৰ সদস্যসকলৰ সুবিধাৰ বাবে কিছুমান উপ-নিয়ম বা উপ-বিধি প্রণয়ন কৰি লোৱা হয়।

(ll) অন্তসমূহ আৰু বহিসমূহ (Ingroup and Outgroup) সামাজিক গোট বা সমূহৰ সদস্যৰ সচেতনতাৰ মিলৰ ওপৰত ভিত্তি কৰি সমূহক আৰু এটা প্ৰকাৰে ভাগ কৰা হয় । এই মতে ইয়াক (ক) অন্তসমূহ আৰু (খ) বহিসমূহত ভাগ কৰা হয়। 

(ক) অন্তসমূহ বা ভিতৰ সমূহ : কোনো ব্যক্তিয়ে নিজকে যি গোট বা সমূহৰ বুলি পৰিচয় দিয়ে সেইটোৱেই তেওঁৰ গোট বা সমূহ। যেনে তেওঁৰ পৰিয়াল, বংশ, লিংগ, মহাবিদ্যালয়, ধর্ম আদি। কোনো বিষয়ে সচেনতাৰ মিল থকা ব্যক্তিৰ মাজতে অন্তসমূহৰ সৃষ্টি হয়। অন্তসমূহ কিছুমান ব্যক্তিক বাদ দি আন কিছুমানক সন্নিৱিষ্ট কৰি সদস্যসকলৰ মাজত গঢ়ি উঠে। অন্তসমূহ সাধাৰণতে ‘আমি’ ভাবৰ দ্বাৰা সংগঠিত সদস্যৰ দ্বাৰা গঠিত। ই এক সহানুভূতিশীল আৰু আন্তৰিকতাপূর্ণ নিবিড় সম্বন্ধ থকা সদস্যৰ সংগঠন। যেনে— পৰিয়াল এটা অন্তসমূহ।

(খ) বহিসমূহ বা বাহিৰ সমূহ বহিসমূহৰ সংজ্ঞা দিয়া হয় অন্তসমূহৰ সদস্যৰ সম্বৰ তুলনাত সাধাৰণতে ‘আমি’ আৰু ‘সিহঁত’ ভাবৰ মাধ্যমেদি। প্রত্যেক গোটৰ সদস্যসকল সচেতন যে আন সদস্য বা ‘সিহঁত’ তেওঁলোকৰ লগত নাই। উদাহৰণ আমি হিন্দু, সিহঁত মুছলমান, আমি ছাত্র, সিহঁত শ্রমিক। আন যি সমূহৰ লগত আমি ভাবৰ আন্তৰিকতা নাথাকে বা ‘সিহঁত’ বুলি ভবা হয় তাকে বহিসমূহ বোলে।

(III) প্ৰসংগ সমূহ (Reference Group)  : যিকোনো সমূহৰ সদস্যসকলে নিজকে আন সমূহৰ লগত তুলনা কবে আৰু আনসমূহৰ দৰে হ’ব খোজে। যি সমূহৰ দৰে হ’ব খোজে সেই সমূহকে প্ৰসংগ সমূহ বোলে। যেনে- মধ্যবিত্ত ভাৰতীর সকলে ইংৰাজসকলৰ দৰে হ’ব খোজে গতিকে ইংৰাজসকল, ভাবতীয়ব প্রসংগ সমূহ আন কিছুমান সমাজশাস্ত্রবিদে সমূহক গঠনৰ ওপৰত নিৰ্ভৰ কৰি তিনি প্ৰকাৰে ভাগ কৰিছে– (১) বাধ্যতামূলক সমূহ, (২) ইচ্ছাকৃত সমূহ, (৩) নির্বাচিত সমূহ। 

(১) বাধ্যতামূলক সমূহ ঃ যিবোৰ সমূহ বাধ্যতামূলকভাৱে সদস্যভুক্ত কৰি গঠন হয় তাকে বাধ্যতামূলক সমূহ বোলে। যেনে- পৰিয়াল। ইয়াৰ সদস্য পদ বাধ্যতামূলক। পৰিয়ালত জন্মিলেই সদস্য হ’বই লাগিব ।

(২) ইচ্ছাকৃত সমূহ ঃ যিবোৰ সমূহ সদস্যৰ ইচ্ছাৰ দ্বাৰা গঠিত হয় তাকে ইচ্ছাকৃত সমূহ বোলে। যেনে— মহিলা সংস্থা। ইয়াৰ সদস্যই ইচ্ছাকৃত ভাৱেহে ইয়াৰ সদস্য হয়। 

(৩) নির্বাচিত সমূহ : আনহাতে যিবোৰ সমূহ নির্বাচিত বা মনোনীত সদস্যৰ দ্বাৰা গঠিত হয় তাকে নির্বাচিতসমূহ বোলে। যেনে— গাঁও পঞ্চায়ত 

সমাজতত্ত্ব পৰিচয় ( Part – I )

ক্ৰমিক নংপাঠলিংক
1.সমাজতত্ত্ব আৰু সমাজ (Sociology and Society)Click Here
2.বিশেষ অর্থ থকা শব্দ, অৱধাৰণা আৰু সমাজতত্ত্বত ইয়াৰ ব্যৱহাৰ (Terms. Concepts and their use in Sociology)Click Here
3.সামাজিক সংস্থাবোধ (Understanding Social Institutions)Click Here
4.সংস্কৃতি আৰু সামাজিকৰণ (Culture and Socialisation)Click Here
5.সমাজতত্ত্ব অধ্যয়ন : গবেষণা প্রণালী (Doing Sociology: Research Methods)Click Here

সমাজ বোধ ( Part-II )

ক্ৰমিক নংপাঠলিংক
1.সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজৰ সামাজিক প্রক্রিয়া (Social Structure, Stratification and Social Process in Society)Click Here
2.গ্রামীণ আৰুনগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা (Social Change and Social Order in Rural and Urban Society)Click Here
3.পৰিবেশ আৰু সমাজ (Environment and Society)Click Here
4.পাশ্চাত্যৰ সমাজতত্ত্ববিদসকলৰ — এক পৰিচয় (Introduction Western Sociologists)Click Here
5.ভাৰতীয় সমাজতত্ত্ববিদসকল | (Indian Sociologists)Click Here

প্রশ্ন ৪। সামাজিক সমূহবোৰৰ শ্ৰেণীবিভাজন কৰা আৰু সেইবোৰৰ প্ৰত্যেকৰে বিশেষ বৈশিষ্ট্যবোৰ উল্লেখ কৰা (Classify the Social Group Mention the characteristics of them.)

উত্তৰ : সামাজিক সমূহ (সমূহ বা সামাজিক গোট সমাজ শাস্ত্ৰৰ এটা উল্লেখযোগ্য অৱধাৰণা। সাধাৰণ অৰ্থত ব্যক্তিৰ সমষ্টিকে সামাজিক গোট বোলা হয় যদিও সমাজ শাস্ত্ৰত ইয়াৰ সংজ্ঞা বেলেগ। সমাজ শাস্ত্ৰৰ মতে ব্যক্তিৰ মাজত ঘটা আন্তঃক্রিয়াই সামাজিক গোটৰ মূল উৎস। যেতিয়া দুই বা ততোধিক ব্যক্তিৰ মাজত আন্তঃক্রিয়া ঘটে তেতিয়াই সামাজিক গোটৰ সৃষ্টি হয়। মুঠতে দুই বা ততোধিক পৰস্পৰ সম্বন্ধ থকা ব্যক্তিয়ে এক উদ্দেশ্য বা স্বাৰ্থৰ বাবে একগোট হোৱাকে সামাজিক গোট বোলে। কেইজনমান বিখ্যাত সমাজ শাস্ত্রবিদে আগবঢ়োৱা সংজ্ঞা তলত আলোচনা কৰা হ’ল। 

(১) মেক্ আইভাৰ আৰু পেজৰ মতে পৰস্পৰ সম্বন্ধ থকা ব্যক্তিৰ যি কোনো সংগঠনকে সামাজিক গোট বা সমূহ বোলে। 

(২) আর্ণল্ড গ্ৰীণৰ মতে ‘সামাজিক গোট হৈছে সময় সাপেক্ষ ব্যক্তিৰ সমষ্টি, যি সমষ্টি সুসংগঠিত আৰু যাৰ এক বা ততোধিক স্বার্থ থকাৰ উপৰি উমৈহতীয়া কার্য থাকে। এইদৰে বিভিন্ন সময়ত বিভিন্ন চিন্তাবিদে সমূহৰ সংজ্ঞা দিছে।

(খ) সামাজিক সমূহৰ প্ৰকাৰ সামাজিক সমূহ বা গোটক কেবাটাও ভিত্তিত কেবাপ্ৰকাৰে ভাগ কৰা হয়। কুলি (Cooley) আদি কিছুমান চিন্তাবিদে সমূহৰ সদস্যৰ মাজৰ সম্বন্ধৰ ওপৰত ভিত্তি কৰি সমূহক দুটা ভাগত ভাগ কৰা হয়।

(I) এই ভাগ দুটা হ’লঃ প্রাথমিক সমূহ আৰু দ্বিতীয়ক গৌণ সমূহ ঃ

(ক) প্রাথমিক সমূহঃ যি সমূহ বা গোট, সদস্যসকলৰ মুখামুখি বা প্রত্যক্ষ সম্বন্ধব, আন্তবিকতা আৰু সহৃদয়তাৰ মাজেৰে গঢ়ি উঠে তাকে প্রাথমিক গোট বোলে। সাধাৰণতে ইয়াৰ আকাৰ সক। মুখামুখি সম্পর্কই ইয়াৰ মূল উৎস। উদাহৰণ স্বৰূপে পৰিয়াল হ’ল প্রাথমিক সমূহ। 

প্রাথমিক সমূহৰ বৈশিষ্ট্য  ইয়াৰ প্রধান বৈশিষ্ট্যবোৰ, হ’ল

(১) ঘনিষ্ঠ সম্পর্ক : প্রাথমিকসমূহৰ সদস্যসকলৰ মাজত এটা নিবিড় ঘনিষ্ঠ সম্পর্ক থাকে।

(২) সৰু আকাৰ ইয়াৰ আকাৰ সৰু হোৱা বাবেই সদস্যসকলে পৰস্পৰে পৰস্পৰৰ লগত মুখামুখি সম্পৰ্ক ৰখাটো সম্ভৱ হৈ উঠে।

(৩) এক উদ্দেশ্যপ্রাথমিক সমূহৰ সদস্যসকলৰ উদ্দেশ্য একেই, বেলেগ বেলেগ উদ্দেশ্য নাথাকে।

(8) ব্যক্তিগত সম্পর্কসদস্যসকলৰ মাজৰ সম্পৰ্ক একান্ত ব্যক্তিগত সম্পর্ক। 

(৫) আন্তঃসম্পর্কপ্রাথমিক সমূহৰ সদস্যসকলৰ মাজত আন্তঃসম্পর্ক থাকে। এই আস্তৰিকতাপূর্ণ সম্পর্কৰ বাবেই ইয়াৰ সদস্যসকলৰ মাজত নিবিড় সম্পর্ক গঢ়ি উঠে।

(৬) সক্রিয় অংশগ্রহণইয়াৰ সদস্যসকলে সমূহীয়া উদ্দেশ্য আৰু লক্ষ্য পুৰণৰ বাবে প্রত্যেকে ইয়াৰ কাৰ্যত সক্রিয় অংশগ্রহণ কৰে। 

(৭) স্বাভাবিক নিয়ন্ত্রণ ঃ প্রাথমিক সমূহৰ সদস্যসকলৰ মাজত এটা সুশৃঙ্খল নিয়ন্ত্রণ থাকে। স্বাভাবিক নিয়ন্ত্রণে সদস্যসকলৰ মাজত শৃঙ্খলা আনে আৰু অহংভাব আহিব নিদিয়ে।

(৮) নিঃস্বার্থ সম্পর্ক ঃ প্রাথমিক সমূহৰ সদস্যসকলৰ মাজৰ সম্পর্ক স্বার্থ জড়িত নহয়। সদস্যসকলৰ সম্পর্ক স্বাভাবিকভাবে গঢ়লৈ উঠে। সদস্যসকলৰ সম্পৰ্ক আৰু আস্তবিকতা নিঃস্বার্থভাবে গঢ়ি উঠে। 

(খ) দ্বিতীয়ক সমূহ ঃ দ্বিতীয়ক সমূহ আধুনিক সমাজ ব্যৱস্থাত যথেষ্ট পৰিমাণে গঢ় লৈ উঠা দেখা যায় ৷ ই প্রাথমিক সমূহৰ এক বিপৰীতধর্মী সমূহ। ইয়াত সদস্যসকলৰ মুখামুখি বা প্রত্যক্ষ সম্পর্ক নাথাকে৷ ইয়াত সদস্যসকলৰ সম্পৰ্ক নিবিড় বা ঘনিষ্ঠ নহয়৷ উদাহৰণ স্বৰূপে বাই বা বাজনৈতিক দল হ’ল দ্বিতীয়ক সমূহ দ্বিতীয়ক গৌণ সমূহৰ বৈশিষ্ট্য—

(১) আনুষ্ঠানিক সম্পর্ক দ্বিতীয় সমূহৰ সদস্যসকলৰ মাজত সম্পর্ক আনুষ্ঠানিক, এটা নিয়মৰ মাজেৰে গঢ়ি উঠে, আৰু নিয়মৰ মাজেৰে বৰ্তি থাকে। 

(২) সক্রিয় আৰু নিষ্ক্রিয় সদস্য এই সমূহৰ সদস্যসকল প্ৰায়ে নিষ্ক্রিয় সদস্যৰ নিষ্ক্ৰিয়তাৰ বাবে তেওঁলোকৰ মাজত নিবিড় সম্পর্ক গঢ়ি নুঠে ।

(৩) পৰোক্ষ সম্পর্ক : দ্বিতীয়ক সমূহৰ সদস্যসকলৰ মাজৰ সম্পর্ক পৰোক্ষ সম্পর্ক। সদস্যসকল বিশাল সমাজত বিস্তৃত হৈ থাকে। সদস্যসকলৰ মাজত দেখা সাক্ষাৎ নাথাকিবও পাৰে। 

(৪) উপনিয়মঃ দ্বিতীয়ক সমূহৰ নিজা সাংবিধানিক লিখিত নিয়মকানুনৰ উপৰি সমূহৰ সদস্যসকলৰ সুবিধাৰ বাবে কিছুমান উপ-নিয়ম বা উপ-বিধি প্রণয়ন কৰি লোৱা হয়।

(ll) অন্তসমূহ আৰু বহিসমূহ (Ingroup and Outgroup): সামাজিক গোট বা সমূহৰ সদস্যৰ সচেতনতাৰ মিলৰ ওপৰত ভিত্তি কৰি সমূহক আৰু এটা প্ৰকাৰে ভাগ কৰা হয় । এই মতে ইয়াক (ক) অন্তসমূহ আৰু (খ) বহিসমূহত ভাগ কৰা হয়। 

(ক) অন্তসমূহ বা ভিতৰ সমূহ : কোনো ব্যক্তিয়ে নিজকে যি গোট বা সমূহৰ বুলি পৰিচয় দিয়ে সেইটোৱেই তেওঁৰ গোট বা সমূহ। যেনে তেওঁৰ পৰিয়াল, বংশ, লিংগ, মহাবিদ্যালয়, ধর্ম আদি। কোনো বিষয়ে সচেনতাৰ মিল থকা ব্যক্তিৰ মাজতে অন্তসমূহৰ সৃষ্টি হয়। অন্তসমূহ কিছুমান ব্যক্তিক বাদ দি আন কিছুমানক সন্নিৱিষ্ট কৰি সদস্যসকলৰ মাজত গঢ়ি উঠে। অন্তসমূহ সাধাৰণতে ‘আমি’ ভাবৰ দ্বাৰা সংগঠিত সদস্যৰ দ্বাৰা গঠিত। ই এক সহানুভূতিশীল আৰু আন্তৰিকতাপূর্ণ নিবিড় সম্বন্ধ থকা সদস্যৰ সংগঠন। যেনে— পৰিয়াল এটা অন্তসমূহ।

(খ) বহিসমূহ বা বাহিৰ সমূহ: বহিসমূহৰ সংজ্ঞা দিয়া হয় অন্তসমূহৰ সদস্যৰ সম্বৰ তুলনাত সাধাৰণতে ‘আমি’ আৰু ‘সিহঁত’ ভাবৰ মাধ্যমেদি। প্রত্যেক গোটৰ সদস্যসকল সচেতন যে আন সদস্য বা ‘সিহঁত’ তেওঁলোকৰ লগত নাই। উদাহৰণ আমি হিন্দু, সিহঁত মুছলমান, আমি ছাত্র, সিহঁত শ্রমিক। আন যি সমূহৰ লগত আমি ভাবৰ আন্তৰিকতা নাথাকে বা ‘সিহঁত’ বুলি ভবা হয় তাকে বহিসমূহ বোলে।

(III) প্ৰসংগ সমূহ (Reference Group)  : যিকোনো সমূহৰ সদস্যসকলে নিজকে আন সমূহৰ লগত তুলনা কবে আৰু আনসমূহৰ দৰে হ’ব খোজে। যি সমূহৰ দৰে হ’ব খোজে সেই সমূহকে প্ৰসংগ সমূহ বোলে। যেনে- মধ্যবিত্ত ভাৰতীর সকলে ইংৰাজসকলৰ দৰে হ’ব খোজে গতিকে ইংৰাজসকল, ভাবতীয়ব প্রসংগ সমূহ আন কিছুমান সমাজশাস্ত্রবিদে সমূহক গঠনৰ ওপৰত নিৰ্ভৰ কৰি তিনি প্ৰকাৰে ভাগ কৰিছে– (১) বাধ্যতামূলক সমূহ, (২) ইচ্ছাকৃত সমূহ, (৩) নির্বাচিত সমূহ। 

(১) বাধ্যতামূলক সমূহ ঃ যিবোৰ সমূহ বাধ্যতামূলকভাৱে সদস্যভুক্ত কৰি গঠন হয় তাকে বাধ্যতামূলক সমূহ বোলে। যেনে- পৰিয়াল। ইয়াৰ সদস্য পদ বাধ্যতামূলক। পৰিয়ালত জন্মিলেই সদস্য হ’বই লাগিব ।

(২) ইচ্ছাকৃত সমূহ ঃ যিবোৰ সমূহ সদস্যৰ ইচ্ছাৰ দ্বাৰা গঠিত হয় তাকে ইচ্ছাকৃত সমূহ বোলে। যেনে— মহিলা সংস্থা। ইয়াৰ সদস্যই ইচ্ছাকৃত ভাৱেহে ইয়াৰ সদস্য হয়। 

(৩) নির্বাচিত সমূহ : আনহাতে যিবোৰ সমূহ নির্বাচিত বা মনোনীত সদস্যৰ দ্বাৰা গঠিত হয় তাকে নির্বাচিতসমূহ বোলে। যেনে— গাঁও পঞ্চায়ত

প্রশ্ন ৫৷ প্ৰাথমিক সমূহ আৰু দ্বিতীয়ক সমূহৰ মাজৰ পাৰ্থক্যবোৰ আলোচনা কৰা৷ (Discuss the distinction between the Primary Group and Secondary Group.)

উত্তৰঃ প্রাথমিক আৰু দ্বিতীয়ক সমূহৰ পাৰ্থক্য : মানৱ সমাজ বিভিন্ন প্ৰকাৰৰ সমূহ বা গোটৰ সমষ্টি। সমাজ-শাস্ত্রবিদসকলে এই সমূহবোৰৰ গঠন, সদস্যৰ সম্পৰ্ক আৰু ইয়াৰ স্থায়িত্ব আদিৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভাগ কৰিছে। এই ভাগ দুটা হ’ল প্রাথমিক সমূহ বা গোট আৰু দ্বিতীয়ক বা গৌণ সমূহ বা গোট। সমাজ শাস্ত্রবিদসকলে দ্বিতীয়ক সমূহক প্রাথমিক সমূহৰ বিপৰীত বুলি কৈছে যদিও ইহঁতৰ মাজত কিছুমান পার্থক্য দেখা যায়— পার্থক্যরোর তলত দেখুৱা হ’ল।

(১) প্রাথমিক গোটৰ আকৃতি সৰু বা সদস্য সংখ্যা কম, কিন্তু দ্বিতীয়ক গোটৰ আকৃতি বৃহৎ বা সদস্যৰ সংখ্যা তুলনামূলকভাৱে বেছি। ই পৃথিৱী ব্যাপি থাকিব পাৰে। (২) প্রাথমিক সমূহৰ বা গোটৰ সদস্যৰ সম্পৰ্ক প্রত্যক্ষ, মুখামুখী আৰু আস্তবিকতাপূর্ণ। আনহাতে গৌণ গোটৰ সদস্যৰ সম্পৰ্ক পৰোক্ষ, মুখামুখী নহয়, আনুষ্ঠানিক, দূৰ সম্পর্ক।

(৩) প্রাথমিক গোটৰ সদস্যৰ সম্পর্ক স্থায়ী আৰু ই স্বতঃস্ফুর্তভারে গঢ়ি উঠে। সদস্যসকলৰ প্রত্যেকক ভালদৰে জানে বা বুজি পায়। আনহাতে দ্বিতীয়ক গোটৰ সদস্যৰ সম্পৰ্ক অস্থায়ী আৰু ঔপচাৰিক৷ সদস্যসকল এজনে আনজনৰ বিষয়ে নাজানিবও পাৰে বা দেখা দেখি নহবও পাবে। 

(৪) প্ৰাথমিক গোটৰ সদস্যসকলৰ উদ্দেশ্য আৰু লক্ষ্য একে, সকলো সদস্যৰ আশা আকাঙক্ষা একে, কিন্তু গৌণ গোটৰ সদস্যৰ উদ্দেশ্য আৰু লক্ষ্য একে নহয়। প্রত্যেক সদস্যই নিজৰ নিজর সুকীয়৷ উদ্দেশ্য বা লক্ষ্য পূৰণৰ চেষ্টা কৰে। 

(৫) প্রাথমিক গোটবোৰ সমাজৰ আধাৰ শিলা স্বৰূপ; কিন্তু গৌণ গোটৰ সমূহ প্রাথমিক গোটৰ আয়তহে গঢ় লৈ উঠে।

(৬) প্রাথমিক গোটসমূহ স্বাভাবিকভাৱে গঢ়লৈ উঠে, তেন্তে কোনো বিধি-নিয়মৰ মাজে গঢ় নলয়; কিন্তু গৌণ বা দ্বিতীয়ক গোটসমূহ বিধি নিয়মৰ মাজেৰে গঢ়ি উঠে আৰু পৰিচালিত হয়। 

(৭) প্রাথমিক গোটৰ মাজত কোনো উপগোট বা সমূহ নাথাকে; কিন্তু গৌণ গোটসমূহত উপগোট থাকে।

(৮) প্রাথমিক গোটৰ সদস্যৰ প্ৰস্থিতি, জন্ম আৰু বয়সৰ দ্বাৰা নিৰ্ণয় কৰা হয় কিন্তু গৌণ গোটৰ সদস্যৰ প্ৰস্থিতি পদবী বা ভূমিকাৰ দ্বাৰাহে নিৰ্ণয় কৰা হয়।

(৯) প্রাথমিক গোটবোৰ অতি প্রাচীন কালৰ পৰা প্ৰচলিত আৰু সাধাৰণতে গ্রাম্য প্রকৃতির। আনহাতে গৌণ গোটবোৰ আধুনিক, নগৰীয়৷ প্ৰকৃতিৰ সাধাৰণতে উদ্যোগিক সমাজৰ বৈশিষ্ট্য।

(১০) প্রাথমিক গোটৰ সদস্যৰ সম্বন্ধ সমাজবাদী নীতিৰে পৰিচালিত বুলি কব পাৰি; কিন্তু গৌণ গোটৰ সদস্যৰ সম্বন্ধ ব্যক্তিবাদী নীতিৰে পৰিচালিত।।

(১১) প্রাথমিক গোটৰ উদ্দেশ্য সম্বন্ধ নির্দেশৰ আৰু ই বিশেষাত্মক প্ৰকৃতিৰ নহয়। আনহাতে গৌণ গোটৰ উদ্দেশ্য লক্ষ্য নির্দেশাত্মক অর্থাৎ এক বিশেষ লক্ষ্য বা উদ্দেশ্যৰ বাবেহে গৌণ গোট গঠন কৰা হয়।

(১২) প্রাথমিক গোটসমূহ বয়োবৃদ্ধ বা জ্যেষ্ঠজনেই নিয়ন্ত্রণ কৰে; কিন্তু গৌণ গোট বা দ্বিতীয় সমূহক চৰকাৰ, আদালত, আৰক্ষী আদিৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়। 

(১৩) প্রাথমিক গোটৰ মূল বৈশিষ্ট্য হল— মৰম, স্নেহ, সহানুভূতি, সহযোগ আদি। কিন্তু গৌণ গোটৰ তেনে আস্তৰিক মৰম-স্নেহ নাথাকে। ই সম্পূর্ণ ব্যক্তিস্বার্থৰ ওপৰত ভিত্তি কৰি চলে। 

প্রশ্ন ৬। প্রাথমিক সমূহৰ অৰ্থ প্ৰকাশ কৰি, ব্যক্তিত্ব গঠনত ইয়াৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা। (Explain the meaning of Primary Group and discuss its importance in personality formation.)

উত্তৰ: ব্যক্তিত্ব গঠনত প্রাথমিক গোটসমূহৰ ভূমিকা: মানুহৰ সামাজিককৰণত প্ৰাথমিক গোটসমূহৰ ভূমিকা অতি গুরুত্বপূর্ণ। কাৰণ ব্যক্তি বা মানুহৰ জীৱনত সামাজিক আচাৰ-ব্যৱহাৰ, ধ্যান-ধাৰণা, জীৱনৰ আশা-আকাঙক্ষা আদি প্রাথমিক সমূহৰ বা গোটবোৰৰ প্ৰভাৱতেই গঢ়লৈ উঠে। মানুহে প্ৰথমে পৰিয়ালত, তাৰ পিছত ওচৰ-চুবুৰীয়া সম্প্রদায়, বন্ধু-বৰ্গৰ গোট, আত্মীয় স্বজন, সহকর্মী আদি প্রাথমিক গোটৰ প্ৰভাৱত ভাষা, ধর্ম, নৈতিকজ্ঞান, স্বভাব, আচৰণ, ৰীতি-নীতি, সামাজিক মূল্যবোধ, প্রতিমান ইত্যাদি আহৰণ কৰি সমাজত এজন প্রকৃত সভ্য হৈ পৰে। এই প্রাথমিক সমূহৰ প্ৰভাৱতেই মানুহে নিজৰ ব্যক্তিগত জীৱনৰ আশা আৰু আকাঙ্ক্ষা, আদর্শ আদি গঢ়ি তোলে। প্রাথমিক সমূহে, সভ্যসকলৰ ওপৰত ভাল বেয়া নানা প্রভার পেলাব পাৰে। পৰিয়াল এটা প্রাথমিক সমূহ হিচাপে ব্যক্তিৰ ওপৰত যথেষ্ট প্রভাৱ বিস্তাৰ কৰে ৷ কিয়নো পৰিয়ালৰ সদস্যসকলৰ কাৰ্যকলাপ, আচাৰ-ব্যৱহাৰ, চিন্তাধাৰা, সামাজিক মূল্যবোধ আৰু আশা-আকাঙক্ষাই পৰিয়ালৰ আন সদস্যৰ কাৰ্যকলাপ আৰু চিন্তাধাৰাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় পৰিয়ালতে মানুহৰ সামাজিককৰণৰ ভেটি স্থাপন হয়। পৰিয়ালতেই ব্যক্তিৰ সামাজিক স্বভাৱ, প্ৰকৃতি, আচৰণ, মূল্যবোধ, ধৰ্ম, ৰীতি-নীতিৰ জ্ঞান আচাৰ-ব্যৱহাৰ আদি গঢ়ি উঠে। প্রাথমিক সমূহৰ পৰা মানুহে নানা অপৰাধমূলক চিন্তাধাৰাৰো শিক্ষা পোৱা দেখা যায়। সংগদোষত বহুতো কোমলমতীয়া ল’ৰা-ছোৱালী বিপথে যোৱা দেখা যায় আৰু সমাজত। নানা অপৰাধমূলক কামত লিপ্ত হোৱা দেখা যায়। সংগই মানুহকে বিশেষভাবে প্রভাবিত কৰিব পাৰে ৷ কিছুমান চিন্তাবিদৰ মতে মানুহে বিশেষকৈ চাৰিট৷ আশা পূৰণৰ বাবে প্রাথমিক সমূহবোৰৰ পৰা আটাইতকৈ বেছি অৰিহণা পায়। সেই চাৰিটা হ’ল– (১) আনৰ পৰা সঁহাৰি পোৱাৰ আশা, (২) স্বীকৃতি লাভৰ আশা (৩) নিৰাপত্তাৰ আশা আৰু (৪) নতুন অভিজ্ঞতা লাভব আশা ৷ মানুহৰ এই চাৰিটা আশা পূৰণ হ’লেহে সামাজিক জীৱনৰ সাৰ্থকতা লাভ কৰা হয় আৰু মানুহে জীৱনত উৎসাহ উদ্দীপনা লাভ করে। প্রাথমিক সমূহবোৰেহে এই আশা পূৰণত অৰিহণা যোগাব পাৰে৷ যি সমাজৰ প্ৰাথমিক সমূহবোৰে মানুহৰ ব্যক্তিগত আচৰণত অৰিহণা যোগাব নোৱাবে বা এইবোৰৰ প্ৰভাৱ বা নিয়ন্ত্রণ অতি দুর্বল হয় তেনে সমাজতে সৰহ ভাগ মানুহৰে জীৱনত ব্যর্থতা, নৈৰাশ্য, আত্মহত্যা বা আন অপৰাধমূলক সামাজিক সমস্যায় দেখা দিয়ে৷ সমাজত উঠি অহা মানৱ সম্পদৰ অপব্যৱহাৰ হোৱাৰ সম্ভাৱনাই দেখা দিয়ে আৰু সমাজত বিশৃংখলতা আৰু অনিশ্চয়তাই দেখা দিয়ে।

মুঠতে প্রাথমিক সমূহবোৰৰ সমাজ গঠনত অৰিহণা অসীম। ব্যক্তিৰ সামাজিক জীৱনৰ ভেটি গঠিত হয় প্রাথমিক সমূহবোৰৰ দ্বাৰা৷ ই মানুহৰ দিক দৰ্শক। প্রাথমিক সমূহবোৰেই মানুহক সামাজিক জীৱৰূপে গঢ় দিয়ে। প্রাথমিক সমূহবোৰৰ প্রশিক্ষণ নাপালে মানুহ হয়তো আন জীৱ-জন্তুৰ দৰে জীৱন যাপন কৰিব লাগিলে হেঁতেন।

প্রশ্ন ৭। সামাজিক স্তৰীকৰণ বুলিলে কি বুজা?  সামাজিক স্তৰীকৰণৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰা। (What do you understand by social stratification? Discuss the forms of social stratification) 

নাইবা /Or. 

(ক) সামাজিক স্তৰীকৰণৰ সংজ্ঞা দিয়া আৰু ইয়াৰ স্বৰূপ সম্বন্ধে আলোচনা কৰা। (Define social stratification and discuss its nature.)

উত্তৰ ঃ (১) পৰিচয় ঃ সামাজিক স্তৰীকৰণ ব্যৱস্থা মানৱ সমাজৰ অবিছেদ্য প্রচলিত প্রথা। প্রাচীন কালৰে পৰা সমাজত এই স্তৰীকৰণ ব্যৱস্থা দেখা যায়। পৃথিৱীৰ বিভিন্ন দেশৰ সমাজত স্তৰীকৰণ ব্যৱস্থাৰ প্ৰচলন বিভিন্ন ৰূপত দেখা যায়। সমাজৰ চাৰিওফালে বিভিন্ন প্ৰকৃতিৰ স্বৰূপ। ধনী-দুখীয়া, পুঁজিপতি-শ্রমিক, উদ্যোগপতি-খেতিয়ক, শাসক-প্রজা সকলো ফালে

সমাজখন, ৰাজনৈতিক, অর্থনৈতিক, সামাজিক নানা শ্রেণীত বিভক্ত। সাধাৰণভাৱে সামাজিক স্তৰীকৰণ মানে ‘বিভিন্ন শ্ৰেণীত সমাজৰ বিভাজন’। তলত সমাজশাস্ত্রবিদসকলৰ কেইটিমান সংজ্ঞা আলোচনা কৰা হ’ল— বিশিষ্ট চিন্তাবিদ মূৰায়ৰ (Murray) মতে— “সামাজিক স্তৰীকৰণ হ’ল সমাজৰ উচ্চ-নীচ সামাজিক গোটত দীগন্তমুখী সামাজিক বিভাজন” (“Social stratification is a horizontal division of society in to ‘higher and lower’ social units.’’) কিংচলী ডেভিচৰ মতে— “স্বৰীকৰণ হ’ল সমাজ প্ৰণালীৰ বিষয়ে সামাজিক স্থানবোৰত অসমানভাৱে সামাজিক অধিকাৰ আৰু সা-সুবিধাবোৰ বিতৰণ কৰা প্ৰণালী।”

অ’গবান আৰু নিমকফব মতে— “ডৰীকৰণ মানে সমাজৰ ব্যক্তি আৰু সামাজিক সমূহবোৰক কিছু স্থায়ীভাৱে পদানুক্রমিক অৱস্থানেৰে কেইটামান প্ৰস্থিতিত বিভক্ত কৰা।”

উক্ত সংজ্ঞাবিলাকৰ পৰা দেখা যায় যে স্তৰীকৰণ মানে এনে এটা সামাজিক প্ৰক্ৰিয়া যাৰ জৰিয়তে সমাজর ব্যক্তিসকলৰ সামাজিক স্থান উচ্চ-নীচ হিচাপে কেইটামান ভাগত স্থায়ীভাৱে বিভক্ত কৰা হয়। আৰু যি বিভক্তিকৰণৰ ফলত সমাজত উচ্চ-নিম্ন বিভিন্ন শ্ৰেণীৰ লোকৰ সৃষ্টি হয়।

সামাজিক স্তৰীকৰণৰ প্ৰকাৰঃ সমাজ অনুসৰি বিভিন্ন প্ৰকাৰৰ সামাজিক স্তৰীকৰণ দেখিবলৈ পোৱা যায়। যেনে— শাসক আৰু শাসিত, ধনী আৰু দুখীয়া, জাতি আৰু অজাতি, শ্বেতাংগ আৰু কৃষ্ণাংগ, সম্ভ্ৰান্ত আৰু সাধাৰণ লোক, মুক্ত নাগবিক, দাস-দাসী ইত্যাদি। সমাজ অনুসৰি স্তৰীকৰণৰ স্বৰূপ বেলেগ বেলেগ হলেও এই সমূহ স্তৰীকৰণক দুটা বহল ভাগত ভগাব পাৰি। বন্ধ আৰু মুক্ত স্তৰীকৰণ। আকৌ এই দুয়োবিধ স্তৰীকৰণৰ প্ৰধান লক্ষণ হৈছে সামাজিক গতিশীলতা। আনহাতে সামাজিক গতিশীলতা হৈছে উচ্চ বা নিম্নশ্রেণীৰ লোকৰ মাজত। ঊর্ধমুখী বা অধঃমুখীভাৱে গতিকরা সামাজিক প্রক্রিয়া। অর্থাৎ এক বিশেষ সামাজিক শ্রেণী বা স্তৰৰলোকে যেতিয়া অন্য এটা শ্ৰেণী বা স্তৰৰ লোকৰ মাজত সামাজিকভাৱে অন্তর্ভুক্ত হৈ পৰে তেতিয়া সেই প্রক্রিয়াটোক সামাজিক গতিশীলতা বোলা হয়। ই সম্ভৱ হয় নতুন শ্রেণী বা স্তৰৰ লোকৰ সমপর্যায়ৰ নতুন ভূমিকা স্থায়ীভাৱে গ্ৰহণ কৰাৰ ফলত।

এনে ধৰণৰ গতিশীলতা একোটা ব্যক্তিৰ জীৱন কালছোৱাৰ বা তেওঁৰ উত্তৰপুৰুষৰ কালতো সম্ভৱ হ’ব পাৰে। নিজৰ চেষ্টা আৰু গুণানুযায়ী একোজন ব্যক্তিয়ে অতি নিম্ন শ্ৰেণীৰ পৰা ক্ৰমাৎ উচ্চতম শ্ৰেণীলৈ গতি কৰিব পাৰে। আনহাতে চেষ্টা বা গুণৰ অবিহনে অঞ্চমুখী গতিশীলতাই দেখা যায়।

(১) মুক্ত স্তৰীকৰণ ঃ গতিশীলতা থকা স্তৰীকৰণক মুক্ত স্তৰীকৰণ বোলে। গতিশীলতা আকৌ দুই প্ৰকাৰৰ – শীর্ষবিন্দুক গতিশীলতা আৰু দিগন্তমুখী গতিশীলতা। নিম্নতমৰূপৰা উচ্চতমলৈ বা উচ্চতমৰ পৰা নিম্নতমলৈ গতিকৰা সামাজিক গতিশীলতাক শীর্ষবিন্দুক গতিশীলতা বোলে। আনহাতে একে শ্রেণী বা স্তৰৰ ভিতৰত প্ৰস্থিতিৰ সলনি নঘটোৱাকৈ এক বিশেষ পদৰপৰা আন এটা পদলৈ গতি কৰাটোক দিগন্তমুখী গতিশীলতা বোলে। এনেদবে গতিশীলতা থকা স্তৰীকৰণক মুক্ত স্তৰীকৰণ বোলে। 

(২) বন্ধ স্তৰীকৰণ ঃ যিবোৰ সামাজিক স্তৰীকৰণত শীর্ষবিন্দুক গতি-শীলতাৰ অভাৱ বা গতিশীলতাৰ বাৰ্বে সুবিধা নেথাকে তেনে ধৰণৰ স্তৰীকৰণক বন্ধ স্তৰীকৰণ বোলা হয়। এনে স্তৰীকৰণত এজন ব্যক্তিৰ অন্য এক শ্ৰেণী বা স্তৰৰ লোকৰ মাজত শ্রেণীগত স্থান পরিবর্তন। কৰাত যথেষ্ট বাধ্য থাকে। যেনে— ভাৰতীয় জাতি প্ৰথা, ইউৰোপীয় সামন্তপ্রথা”” তলত বন্ধ আৰু মুক্ত স্তৰীকৰণ প্ৰথাৰ বিষয়ে চমুকৈ আলোচনা কৰা হৈছে।

(ক) জাতি বা বর্ণপ্রথা জাতি প্রথা বন্ধ স্তৰীকৰণ এক উল্লেখযোগ্য উদাহরণ। সামাজিক স্তুৰীকৰণ প্ৰণালীত হিন্দুৰ জাতি বা বর্ণপ্রথা পৃথিবীতেই বিৰল। জাতিৰ সংজ্ঞা পণ্ডিত সকলে বিভিন্ন ধৰণে দিয়া দেখা যায়। ৰিচলিৰ মতে জাতি এনে কিছুমান পৰিয়াল বা পৰিয়ালসমূহৰ সমষ্টি, যিসকলে একেধৰণৰ বৃত্তি অৱলম্বন কৰে, একে পিতৃপুৰুষ বা অলৌকিক দেৱতাৰ বংশধৰ হিচাপে নিজকে পৰিচয় দিয়ে। আৰু যিসকলে বংশানুক্রমে একে ধৰণৰ বৃদ্ধি বা ব্যৱসায় অৱলম্বন কৰে আৰু একে গোষ্ঠীৰ সম্প্ৰদায় হিচাপে মত প্ৰকাশ কৰাৰ যোগ্যতা থাকে। এই সামাজিক ব্যৱস্থাত জন্মোতেই লাভ কৰা সামাজিক প্ৰস্থিতি তেওঁৰ সমগ্ৰ জীৱনৰ বাবে দৈ যায় আৰু বৃত্তি, বাসস্থান, জীৱন ধাৰণৰ ধৰণ কৰণ, ব্যক্তিগত লগৰীয়া আৰু কোন জাতিৰ লগত বৈবাহিক সম্বন্ধ কৰিব পাৰে সকলো নির্ধাৰণ কৰা থাকে। তাৰোপৰি ভাৰতীয় সমাজৰ জাতি উপজাতিৰ সংখ্যা, ইয়াৰ প্ৰণালী, ভাষা, ধর্ম, সংস্কৃতি আদিৰ বিচিত্ৰতালৈ চাই জাতি ব্যৱস্থাৰ বিষয়ে এই সর্বজনসম্মত সংজ্ঞা দিয়াটো কঠিন। জাতি বা বর্ণ প্রথমে চাৰিটা আছিল যদিও কালক্ৰমত এই চাৰিজাতি বহু জাতি উপজাতিত পৰিণত হয়৷ ইয়াৰ মুখ্য কাৰণবোৰ হ’ল– জন্মৰ দ্বাৰাই জাতি নিৰ্ধাৰণ জাতিগত কাম বা বৃত্তি খোৱা-বোৱা ইত্যাদিত বাধানিষেধ, অশুবিবাহ প্রথা, অন্যান্য সামাজিক আদান-প্রদান ইত্যাদি।

(খ) সামন্তপ্রথা : সামস্তপ্রথা বন্ধ দ্ৰৰীকৰণ প্ৰণালীৰ আন এটা উদাহৰণ। মধ্যযুগত ইউৰোপত সামস্তপ্ৰথা প্ৰচলিত আছিল। এই সামস্তপ্রথাত সমাজক তিনিটা প্রধান শ্রেণীত ভাগ কৰা হৈছিল। যেনে– সম্ভ্রান্ত বা আভিজাত্য, পুৰোহিত আৰু সাধাৰণ প্ৰজা, দাসপ্রথা প্রচলন সময়ত দাসবিলাককো এটা শ্ৰেণীত অন্তর্ভুক্ত কৰা হৈছিল। এই শ্রেণীবিলাকৰ মাজত ৰাজনৈতিক অধিকাৰ, ন্যায় বিচাৰৰ অধিকাৰ, বৃত্তি আৰু অন্যান্য সা-সুবিধা বিতৰণৰ ক্ষেত্ৰত বহুখিনি প্রভেদ আছিল। পুৰোহিতে সকলো ধৰণৰ ক্ষমতা লাভ কৰিছিল, আভিজাত্য শ্রেণীতো ধৰ্মৰ বাহিৰে সকলো ক্ষেত্রতে সর্বেসর্বা আছিল। সাধাৰণ প্ৰজাসকলৰ বাবে সুকীয়া ন্যায়বিচাৰ, দণ্ড আৰু অন্যান্য ৰাজনৈতিক অধিকাৰ আৰু সামাজিক সুবিধাৰ ব্যৱস্থা আছিল ৷

মুঠতে জাতিবর্ণ প্রথা আৰু সামস্তপ্রথা এই দুয়োবিধ শ্ৰেণীকৰণত জন্মপ্রদত্ত প্ৰস্থিতিয়ে। মুখ্যভূমিকা লোৱা দেখা যায়।

(গ) মুক্ত শ্ৰেণীকৰণ  সামাজিক শ্রেণী ব্যৱস্থা মুক্ত স্তৰীকৰণ ব্যৱস্থাৰ এক উপযুক্ত উদাহৰণ। সামাজিক শ্রেণী মুক্ত শ্ৰেণীকৰণত শীর্ষবিন্দুক গতিশীলতা বেছি। এজন ব্যক্তিয়ে এনে স্তৰীকৰণ প্ৰণালীত এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ নিজৰ সামাজিক। প্ৰস্থিতি পৰিৱৰ্তন কৰিব পাৰে। এই স্তৰীকৰণত জন্মই এজন ব্যক্তিৰ শ্রেণী নিৰ্ধাৰণ কৰি দিব নোৱাৰে। নিজৰ চেষ্টা আৰু গুণৰ ফলত উচ্চশ্রেণীলৈ উন্নীত হোৱাৰ সম্ভাৱনা থাকে আনহাতে ইয়াৰ অভাৱৰ প্ৰস্থিতি হেৰুৱাৰ সম্ভাৱনাই অধিক।

উদ্যোগীকৰণ আৰু নগৰীকৰণ প্ৰণালীৰ লগে লগে আধুনিক সমাজবোৰত অর্থনৈতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি সামাজিক শ্রেণী গঠিত হোৱা দেখা গৈছে। কাল-মার্ক্সৰ মতে সামাজিক শ্রেণী মানে অর্থনৈতিক স্বার্থজড়িত শ্ৰেণী। তেওঁ সমাজত বিশেষকৈ তিনি শ্ৰেণীৰ লোক দেখুৱাইছে— ভূমিগতি, পুঁজিপতি আৰু বনুৱা। অৱশ্যে তেওঁ প্ৰায়বোৰ ক্ষেত্ৰত ‘বুর্জোৱা’ আৰু ‘প্ৰলিটেৰিয়েট’ দুই শব্দক বেছি প্ৰয়োগ কৰিছে। আর্থিক সম্পদৰ বাহিৰেও ধৰ্ম, শিক্ষা, বৃত্তি আৰু অন্যান্য কিছুমান গুণ আৰু কামৰ দ্বাৰাই এজনৰ শ্ৰেণী নিৰ্ধাৰণ হ’ব পাৰে। মেক্ আইভাৰ আৰু পেজৰ মতে, সামাজিক শ্রেণী সমাজৰ বা একোটা সম্প্ৰদায়ৰ এনে এটা ভাগ যি ভাগে সামাজিক প্রস্থিতিৰ দ্বাৰা সমাজৰ আনবোৰ লোকৰপৰা পৃথক হৈ পৰে। 

প্রশ্ন ৮। সামাজিক স্তৰীকৰণৰ সিদ্ধান্ত সমূহৰ বিষয়ে আলোচনা কৰা।

(Discuss about the theories of Social Stratification.) 

নাইবা / or, 

সামাজিক স্তৰীকৰণৰ কাৰণ সম্পৰ্কীয় কোনটো সিদ্ধান্ত তুমি সমৰ্থন কৰা? আলোচনা কৰা। (Which of the theories of Social Stratification do you support? Discuss.

উত্তৰ: সামাজিক স্তৰীকৰণ প্রত্যেক সমাজৰে সাধাৰণ বৈশিষ্ট্য। অৱশ্যে সমাজভেদে ইয়াৰ যথেষ্ট তাৰতম্য দেখা যায়। সমাজ-শাস্ত্রবিদসকলে স্তৰীকৰণ সম্পর্কে যি বিভিন্ন ব্যাখ্যা দাঙি ধৰিছে সেইবিলাকক দুটা বহল ভাগত ভাগ কৰিব পাৰি – (১) অর্থনৈতিক সিদ্ধান্ত আৰু সামাজিক ক্ৰিয়াত্মক সিদ্ধান্ত। তলত দুয়োটা সিদ্ধান্তৰ বিষয়ে চমুকৈ আলোচনা কৰা হৈছে।

(১) অর্থনৈতিক সিদ্ধান্ত এই সিদ্ধান্তৰ প্ৰধান পৃষ্ঠপোষক হ’ল কার্লমার্ক্স। তেওঁৰ মতে সমাজত থকা অর্থনৈতিক বৈষম্যই হৈছে সামাজিক স্তৰীকৰণৰ প্ৰধান কাৰণ। প্রত্যেক সমাজতেই কিছুমান মানুহ সম্পদশালী হোৱা দেখা যায়। ইয়াৰ মুখ্য কাৰণ হৈছে উৎপাদনৰ বাবে যি মূল সম্পদৰ প্ৰয়োজন তেওঁলোকৰ হাতত কেন্দ্ৰীভূত হৈ থাকে। পৰিণাম স্বৰূপে অর্থনৈতিক উৎপাদনৰ গোটেই অৱস্থাটোকে তেওঁলোকে নিজৰ আয়ত্ত্বাধীন কৰি ল’ব পাৰে। গতিকে সমাজৰ এই সকল ব্যক্তিৰ আর্থিক অৱস্থা আন বোৰতকৈ বেছি টনকীয়াল হৈ পৰে। তেওঁলোকে উন্নতৰ জীৱন যাপন কৰি জীৱনৰ মানদণ্ড বঢ়াব পাৰে। আনহাতে যিসকল ব্যক্তিয়ে এনে সম্বদ আহৰণ কৰাৰ পৰা বঞ্চিত হয় তেওঁলোকৰ জীৱনধাৰণৰ প্ৰণালীও বাকী সকলতকৈ পৃথক হৈ পৰে। ইয়াৰ ফলত সমাজত দুটা শ্ৰেণীয়ে দেখা দিয়ে, এটা হৈছে সম্পদশালী লোকৰ শ্ৰেণী আনটো হৈছে সম্পদহীন শ্ৰেণী। মার্ক্সৰ মতে প্রস্তুৰ যুগৰ পৰা আৰম্ভ কৰি বর্তমান সময়লৈকে এইদৰে সমাজত দুটা শ্ৰেণীয়ে বিৰাজ কৰি আহিছে। যেনে— শাসক আৰু শাসিত, শোষক আৰু শোষিত, ধনী আৰু নিৰ্ধনী।

(২) ক্রিয়াত্মক সিদ্ধান্ত: (ক) সমাজ-শাস্ত্রবিদ মেক্স ৱেভাৰৰ মতে স্তৰীকৰণ আর্থিক অৱস্থাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠাটো স্বাভাৱিক। একে অর্থনৈতিক অৱস্থাৰ কাৰণবশতঃ যিসকল লোকে একেধৰণৰ কস্তু ক্ৰয় কৰি একেধৰণৰ জীৱনযাপন কৰে তেওঁলোকে এটা শ্ৰেণীৰ সৃষ্টি কৰে। আনহাতে সমাজৰ যিসকল লোকে ব্যয়বহুল বস্তু কিনা-বেচাত অংশগ্রহণ কৰিব নোৱাৰে তেওঁলোক একে অর্থনৈতিক মানদণ্ডৰ লোক। তেওঁৰ মতে ক্রয় ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি সামাজিক শ্রেণীৰ সৃষ্টি কৰিব পাৰে।

মেক্স ৱেভাৰৰ মতে, আর্থিক অৱস্থাই সামাজিক স্তৰীকৰণৰ একমাত্ৰ কাৰণ হ’ব নোৱাৰে। ইয়াৰ উপৰি প্ৰস্থিতিৰ প্ৰভেদকৰণ আৰু ক্ষমতাকৄ কেন্দ্ৰ কৰি সামাজিক শ্রেণী গঠন হ’ব পাৰে।

সমাজত ব্যক্তিৰ গুণ অনুসৰি বেলেগ বেলেগ পদত প্রতিষ্ঠিত হয় আৰু সেইকাৰণে সেই • ব্যক্তিসকলৰ প্ৰস্থিতিও বেলেগ বেলেগ হয়। যেনে— ধর্মগুক, পুৰোহিত, যুঁজাৰ, শিক্ষাবিদ। ইত্যাদি। এইসকল লোকৰ সামাজিক শ্ৰেণীকৰণ আর্থিক অৱস্থাৰ ওপৰত ভিত্তি কৰি ৰচনা। কৰা নহয়।

ৰাজনৈতিক ক্ষমতাইও মানুহৰ শ্ৰেণী নিৰ্বাচনত সহায় কৰে, গণতান্ত্রিক ৰাজ্য বিলাকত • ৰাজনৈতিক দলৰ জৰিয়তেই সমাজৰ গুৰুত্বপূর্ণ সিদ্ধান্তবোৰ লোৱা হয়। এই সিদ্ধান্তবোধ। ৰাজনৈতিক, অর্থনৈতিক, শিক্ষা, সামাজিক বা ব্যক্তিগত সকলো প্ৰকাৰৰেই হ’ব পাৰে। গতিকে ৰাজনৈতিক দলৰ ক্ষমতাত অধিস্থিত লোকসকলক সমাজৰ একোজন উচ্চত্থাপৰ লোক বুলি। গণ্য কৰা হয়, অর্থনৈতিক অৱস্থা, পদমর্যদা, বাজনৈতিক ক্ষমতা এই তিনিওটা বস্তুৱেই পৰস্পৰ বিৰোধী বা সম্পূর্ণ স্বতন্ত্ৰ নহয়। উদাহৰণ স্বৰূপে এজন মানুহ অর্থনৈতিক অৱস্থাৰ জৰিয়তে উচ্চপদত অধিষ্ঠিত হ’ব পাৰে । নাইবা বাজনৈতিক ক্ষমতাৰ দোহাই দি আর্থিক উন্নতি কৰাৰ সম্ভাৱনা থাকে।

ডেভিছ আৰু মূৰেৰ মতে সামাজিক স্তৰীকৰণৰ মূলভেটি হৈছে সামাজিক প্ৰণালীৰ বিভিন্ন প্ৰস্থিতিবোৰৰ প্ৰভেদীকৰণ । সমাজ এখন বৰ্তি থাকিবলৈ হ’লে সামাজিক প্রয়োজনীয়তা অনুসৰি ব্যক্তিসকলৰ মাজত ভূমিকাৰ বিতৰণৰ প্ৰয়োজন৷ অৱশ্যে সকলো প্রয়োজনীয় কামেই সহজসাধ্য আৰু সমান আকর্ষণীয় নহয়। কামৰ পদমর্যদা আৰু গুৰুত্ব অনুসৰি বৈষম্যমূলক বা অসমান ধৰণৰ সা-সুবিধা সমাজৰ বিভিন্ন পদবোৰৰ ভিতৰত বিতৰণ কৰিব লগা হোৱা বাবেই সামাজিক স্তৰীকৰণৰ সৃষ্টি হয়। এইদৰে অসমানভাৱে সমাজৰ সা-সুবিধা, ক্ষমতা আৰু অধিকাৰবোৰ বিভিন্ন পদবোৰৰ মাজত বিতৰণ কৰাৰ ফলত সুকীয়া সুকীয়া মানদণ্ডৰ জীৱন ধাৰণ কৰিব পৰা কিছুমান সামাজিক শ্ৰেণীৰ সৃষ্টি হয়।

সমাজত কিছুমান কাম অধিক গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয়, এই বিলাক কামৰ বাবে বিশেষধৰণৰ শিক্ষা আৰু প্ৰশিক্ষণৰ প্ৰয়োজন, তেনেবোৰ পদৰ মৰ্যাদ৷ সাধাৰণতেই উচ্চখাপৰ। পদবোৰৰ ভূমিকাৰ প্ৰয়োজনীয়তা আৰু আৱশ্যকীয় প্রতিভা, শিক্ষা আৰু প্ৰশিক্ষণ থকা লোকৰ অভাৱ অনুযায়ীয়েই পদবোৰৰ উচ্চ স্থান নির্ণয় করা হয়। অৱশ্যে সামাজিক স্তৰীকৰণৰ মাত্ৰা আৰু প্ৰকাৰ সকলো সমাজতে একে নহয়। কিয়নো সকলো সমাজে একেধৰণৰ গুৰুত্ব আৰু প্রয়োজনীয়তা একেদৰে মূল্যাংকন নকৰে। যেনে- কোনো এখন সমাজত সামৰিক কাৰ্য বা প্ৰতিৰক্ষা কাৰ্য অধিক গুৰুত্বপূৰ্ণ আনহাতে আন এখন সমাজত আর্থিক কাৰ্যহে অধিক গুৰুত্বপূৰ্ণ। গতিকে সমাজব প্রাকৃতিক, অর্থনৈতিক, ৰাজনৈতিক অৱস্থা আৰু পৰম্পৰাগত সংস্কৃতি অনুযায়ী সমাজৰ বিভিন্ন পদবোৰৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা নির্ণয় কৰা হয়। অৱশ্যে এইটোও ঠিক যে কামৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাক মাপ কাঠী হিচাপে লৈ সামাজিক স্তৰীকৰণ স্পষ্টকৈ কৰাটো সম্ভৱ নহয়। উদাহৰণস্বৰূপে এজন শিক্ষকৰ প্ৰস্থিতি এজন চিকিৎসাবিদৰ প্ৰস্থিতিতকৈ নিম্ন যদিও শিক্ষকৰ ভূমিকা সমাজত বিশেষ গুরুত্বপূর্ণ। তাৰোপৰি কোনবোৰ কাম সমাজৰ বাবে কিমান প্রয়োজন এই সম্পর্কেও সঠিকভাৱে ঠাৱৰ কৰি প্ৰস্থিতি নির্ণয় কৰাটো সম্ভৱ নহয়। কিয়নো সামাজিক পৰিৱৰ্তনৰ লগে লগে সামাজিক প্রয়োজনীয়তাও পৃথক হয়। –

গতিকে দেখা যায় যে একেখন সমাজত ধৰ্ম ৰাজনৈতিক, অর্থনৈতিক, কার্য সমান গুরুত্বপূর্ণ বুলি বিবেচিত নহয়। আৰু সেইহেতু সমাজ অনুসৰি বিভিন্ন পদত অধিষ্ঠিত ব্যক্তিৰ মর্যাদা বা প্রস্থিতিও বেলেগ বেলেগ হয়।

ডেভিচৰ ক্ৰিয়াত্মক সিদ্ধান্তত এইটো কথা স্পষ্ট যে সমাজৰ বাবে প্রয়োজনীয় কাম আৰু কিছুমান পদৰ ভূমিকা গ্ৰহণৰ কাৰণে উপযুক্ত লোকৰ অভাৱকেই ভিত্তি কৰি সকলো সমাজে স্তৰীকৰণ নকৰে। অৱশ্যে এইটো অনস্বীকার্য যে প্রত্যক্ষ বা পৰোক্ষভাবে প্রয়োজনীয়তা আৰু উপযুক্ত লোকৰ অভাৱৰ দ্বাৰা সামাজিক শ্রেণীকৰণ প্ৰায়েই হোৱা দেখা যায়।

প্রশ্ন ৯। জাতি বুলিলে কি বুজা?  জাতি প্ৰথাক কোন প্ৰকাৰৰ স্তৰীকৰণ বুলি ধৰা হয়? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি?  জাতি-প্ৰথাই ভাৰতীয় সমাজৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পেলায়? (What do you understand by caste system? What kind of stratification is the caste system? What are the main characteristics of it? How does the caste system influence Indian Society?) 

উত্তৰ ঃ (১) জাতিৰ সংজ্ঞা কোনো নির্দিষ্ট ভূখণ্ডত একে উদ্দেশ্য আৰু আদৰ্শৰ দ্বাৰা অনুপ্রাণিত সাধাৰণতে কোনো এক নিৰ্দিষ্ট উপৰি পুৰুষৰ পৰা উদ্ভৱ হোৱা বুলি ধাৰণা কৰা হয়। যদিও কেৱলমাত্ৰ তেজৰ সম্পৰ্কই এটা জাতি গঠনৰ একমাত্র উপাদান নহয়। উমেহতীয়া বাসস্থান, ভাষা, ধর্ম, কৃষ্টি, সভ্যতা আৰু উমৈহতীয়া ইতিহাস আদিক জাতি গঠনৰ উল্লেখযোগ্য উপাদান হিচাপে গণ্য কৰা হয়। জাতি কাক বোলে এই বিষয়ে বিভিন্ন লেখকে বিভিন্ন মতামত দাঙি ধৰিছে যদিও এই সম্পর্কত অধ্যাপক বাগেছৰ মতে “জাতি হ’ল উমৈহতীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু ৰীতি নীতি আদিৰ জৰিয়তে ঐক্যবদ্ধ হোৱা কিছুমান জনসাধাৰণৰ সমষ্টি।” সাধাৰণতে এটা জাতি বুলিলে সেই জাতিৰ লোকৰ মাজত একে সামাজিক নিয়মকানুন, ধর্মীয় আদৰ্শ আৰু অন্তৰ্বিবাহৰ প্ৰচলন থকা দেখা যায়।

(২) স্তৰীকৰণৰ প্ৰকাৰ ঃ সামাজিক স্তৰীকৰণৰ ক্ষেত্ৰ জাতি প্রথা হ’ল বন্ধ স্তৰীকৰণ ব্যৱস্থাৰ এক উল্লেখযোগ্য উদাহরণ। জাতিয়ে মানুহক জন্মৰ ওপৰত ভিত্তি কৰি নানা শ্ৰেণীত ভাগ কৰিছে। তেজৰ সম্পৰ্ক থকা জাতি ব্যৱস্থা বদ্ধ জৰীকৰণৰ এক স্পষ্ট উদাহৰণ। জাতি ব্যৱস্থাৰ কিছুমান উল্লেখযোগ্য বৈশিষ্ট্য আছে। তলত সেইবোৰ আলোচনা কৰা হ’ল—

(৩) জাতি ব্যৱস্থাৰ বৈশিষ্ট্য : 

(১) প্রত্যেক জাতিৰে একো একোটা নিজস্ব পৰম্পৰাগত বৃত্তি থাকে। এই বৃত্তিবোৰ সাধাৰণতে কৰ্মক কেন্দ্ৰ কৰিয়েই গঢ়লৈ উঠিছিল। যেনে– ব্রাহ্মণ, ক্ষত্রিয়, বৈশা আৰু শূদ্র। 

(২) জাতিৰ তিনিটা ভাগ থাকে– উচ্চজাতি, মধ্যজাতি আৰু নিম্নজাতি। জন্ম আৰু কৰ্মৰ ওপৰত ভিত্তি কৰিয়েই এই ভাগ কৰা হয়। সাধাৰণতে ব্রাহ্মণ জাতিক সমাজত উচ্চ স্থান, কায়স্থ আৰু ক্ষত্রিয় জাতিক সমাজত মধ্যস্থান আৰু শুদ্র জাতিৰ লোকসকলক সমাজত নিম্ন স্থান প্রদান কৰা হৈছিল৷ সেয়ে জাতিক সামাজিক স্তৰীকৰণৰ স্বৰূপ হিচাপে গণ্য কৰা হয়। 

(৩) জাতিৰ আন এটা বৈশিষ্ট্য হৈছে অন্তৰ্বিবাহ। একে জাতি আৰু উপজাতিৰ মানুহৰ মাজতহে বিবাহ সীমিত হৈ থাকে।

(৪) জাতি প্ৰথা জন্মগত। জন্মই জাতিৰ নিৰ্ণয় কৰে।

(৫) ভৌগোলিক এলেকাও জাতি গঠনৰ এটা বৈশিষ্ট্য। কোনো এটা নির্দিষ্ট ভৌগোলিক এলেকাত বহুদিন একেলগে বাস কৰাৰ ফলতো এটা জাতি গঠন হ’ব পাৰে। 

(৬) উমৈহতীয়া ভাষা, সংস্কৃতি, সাহিত্য আৰু ইতিহাসকে জাতি এটাৰ বৈশিষ্ট্য হিচাপে গণ্য কৰা হয়।

( ৭) ৰাজনৈতিক সংগঠন জাতিৰ আন এটা বৈশিষ্ট্য। ৰাজনৈতিকভাৱে সংগঠিত হোৱাৰ আগতে ইহুদীসকলৰ জাতীয়তা আছিল কিন্তু তেওঁলোকক জাতি হিচাপে গণ্য কৰ| হোৱা নাছিল, পেলেষ্টাইনত ৰাজনৈতিকভাৱে সংগঠিত হোৱাৰ পাচতহে ইহুদীসকলে জাতি হিচাপে স্বীকৃতি লাভ কৰিছিল।

(৮) প্ৰতিটো জাতিৰ বাবে নির্দিষ্ট ব্যৱসায় বা কর্ম থাকে। 

(৪) জাতি ব্যৱস্থাৰ কার্যাবলী :

(১) সমাজৰ বিভাজন সৃষ্টি : জাতি প্রথাই সমগ্ৰ সমাজখনক কিছুমান খণ্ড-উপখণ্ডত ভাগ কৰিছে। প্রত্যেক সামাজিক গোটৰ প্ৰস্থিতি, কৰ্তব্য আৰু অধিকাৰ বেলেগ। ব্যক্তিসকলৰ জাতিৰ প্রতি আনুগত্যতা আৰু নৈতিক দায়বদ্ধতা থকাটো প্রত্যেক জাতিৰে কাম্য।

(২) সংস্তৰণ: ব্রাহ্মণসকলক ঊর্ধ্বত ৰাখি সমাজবিলাক ক্রম অনুসৰি সজোৱা থাকে। সংস্তৰণ ব্যৱস্থাত ঊর্ধ্বতম জাতি ব্ৰাহ্মণৰ পিছতে ক্ৰমে ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰৰ স্থান। অৱশ্যে ব্রাহ্মণ আৰু অস্পৃশ্যসকলৰ স্থান অপৰিৱর্তিত থাকিলেও বাকী সকলৰ স্থান সদায় একে নেথাকে। বর্তমান সময়ত নগৰ সমূহত জাতি প্ৰথাৰ এই কঠোৰতা হ্রাস পাইছে।

(৩) খোৱা-বোৱা সামাজিক চাল-চলনৰ ওপৰত নিষেধ : প্রত্যেক জাতিতে খোৱা বোৱা সামাজিক চাল-চলনৰ ওপৰত কিছুমান বাধা-নিষেধ আৰোপ কৰা দেখা যায়। কোনে কাৰ পৰা কেনে ধৰণৰ আহাৰ আদি গ্ৰহণ কৰিব পাৰে তাৰো কিছুমান নিয়ম থাকে। উদাহৰণ স্বৰূপে ব্রাহ্মণসকলে নিম্ন জাতিসমূহৰ পৰা সিদ্ধ অন্ন গ্রহণ কৰাটো নিষেধ।

(৪) বিবাহ সম্বন্ধীয় নিষেধ বিবাহৰ ক্ষেত্ৰত জাতিসমূহৰ ওপৰত কঠোৰভাৱে বাধা নিষেধ আৰোপ কৰা থাকে। নিজৰ জাতি বা উপজাতিৰ মাজত বিবাহ কৰাৰ অনুমোদন থাকিলেও নিজ এলেকাৰ বাহিৰত বিবাহ কৰাত নিষেধ থাকে। অন্তর্বিবাহ প্রথা জাতিৰ এটা। প্রধান লক্ষণ।

(৫) সামাজিক আৰু ধাৰ্মিক নিযোগ্যতা: সামাজিকভাৱে প্রত্যেক জাতিয়েই সদস্যবিলাকে পৰম্পৰাগত বৃত্তিবা জীৱিকালৈ জীৱন নিৰ্বাহ কৰাটো আশা কৰে। বৃত্তিৰ পৱিত্ৰতা বা অপৱিত্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি বৃত্তি ধাৰণ কৰাত বাধা নিষেধ থাকে। যেনে ব্রাহ্মণসকলে পুৰোহিতৰ কাম কৰা, চমাৰে চমাৰৰ কাম কৰা ইত্যাদি। ধৰ্মৰ দৃষ্টিকোণৰ পৰা সকলো বৃত্তি সমান মর্যাদাৰ নহয়৷ গতিকে বিভিন্ন বৃত্তিধাৰীৰ স্থান সমাজত বিভিন্ন।

প্রশ্ন ১০। শ্রেণী বুলিলে কি বুজা? শ্রেণী কোন প্ৰকাৰৰ স্তৰীকৰণ? জাতি আৰু শ্ৰেণীৰ পাৰ্থক্য লিখা।

(What do you understand by class? What kind of Social Stratification the class is? Distinguish between the caste and class.)

নাইবা / Or, 

সামাজিক শ্ৰেণীৰ সংজ্ঞা দিয়া। ইয়াৰ প্ৰধান বৈশিষ্ট্যবোৰ আলোচনা কৰা। (What is Social class? Discuss its main characteristics)

উত্তৰ ঃ (১) সংজ্ঞা ঃ এখন সমাজত প্ৰায় একেধৰণৰ সামাজিক প্রস্থিতি উপভোগ কৰা ব্যক্তিসকলক এটা শ্রেণী বুলি গণ্য কৰা হয়। গতিকে শ্ৰেণী হৈছে এটা সম্প্ৰদায়ৰ অংশ বা ব্যক্তিৰ সমষ্টি যিসকলক সমাজৰ মানদণ্ড অনুসৰি অন্যান্য সকলৰ পৰা উচ্চ বা নিম্ন বুলি পৃথক কৰা হয়৷ প্ৰত্যেকটো সামাজিক শ্ৰেণীৰ সামাজিক আচৰণ, মানদণ্ড আৰু বৃত্তিৰ ক্ষেত্ৰত পার্থক্য আছে। ব্যক্তিৰ প্ৰস্থিতিৰ লগত জড়িত সন্মানৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰেণী ৰচনা কৰা হয়। তলত শ্ৰেণীৰ কেইটামান সংজ্ঞা দিয়া হৈছে—

(ক) মেক্‌ আইভাৰ আৰু পেজৰ মতে— “সামাজিক শ্ৰেণী হৈছে সম্প্ৰদায়ৰ এটা অংশ যি অংশ প্ৰস্থিতিৰ সহায়ত আনৰ পৰা পৃথক কৰিব পাৰি। 

(খ) আগবাৰ্ণ আৰু নিম্নফৰ মতে— “এখন নির্দিষ্ট সমাজত প্রায় একে ধৰণৰ প্ৰস্থিতি লৈ বসবাস কৰা ব্যক্তি সমূহক শ্রেণী বোলে।”

গতিকে দেখা গ’ল— সামাজিক প্ৰস্থিতিয়েই হৈছে শ্রেণী সংগঠনৰ মূল ভেটি। সামাজিক প্ৰস্থিতি নির্ণয় কৰা প্ৰণালী ভিন্ন ভিন্ন সমাজত ভিন্ন ভিন্ন। আকৌ সময়ৰ পৰিৱৰ্তনৰ লগে লগে একেখন সমাজতে প্ৰস্থিতিৰ তাৰতম্য ঘটে। গতিকে শ্রেণী পৰিৱর্তনশীল। 

(২) স্তৰীকৰণৰ প্ৰকাৰ সামাজিক শ্ৰেণী ব্যৱস্থা মুক্ত স্তৰীকৰণৰ ব্যৱস্থাৰ এক উপযুক্ত উদাহৰণ। এই মুক্ত শ্ৰেণীকৰণত শীর্ষবিন্দু গতিশীলতা বেছি। এজন ব্যক্তিয়ে এনে স্তৰীকৰণ প্রণালীত এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ নিজৰ সামাজিক প্ৰস্থিতি পৰিৱৰ্তন কৰিব পাৰে। এই স্তৰীকৰণত জন্মই এজন ব্যক্তিৰ শ্রেণী নিৰ্ধাৰণ কৰিব নোৱাৰে। যেনে শিক্ষিত আৰু অশিক্ষিত, পুঁজিপতি-শ্রমিক আদি নিজৰ চেষ্টা আৰু গুণৰ ফলত উচ্চ শ্ৰেণীলৈ উন্নত হোৱাৰ সম্ভাৱনা থাকে আনহাতে ইয়াৰ অভাৱতে কোনো ব্যক্তিয়ে নিজৰ প্ৰস্থিতি হেৰুৱাই উচ্চৰ পৰা নিম্ন শ্ৰেণীলৈ যোৱাৰ সম্ভাৱনাও থাকে।

(৩) শ্রেণীৰ বৈশিষ্ট্য :

(ক) একে শ্রেণীৰ ব্যক্তিসকলৰ মাজত সম প্ৰস্থিতিৰ ভাব। 

(খ) নিজতকৈ ওপৰত অৱস্থিত ব্যক্তি সকলতকৈ নিজকে নিম্ন বুলি ধাৰণা কৰা।

(গ) নিজ শ্ৰেণীতকৈ তলত থকা ব্যক্তি সমূহতকৈ নিজকে উচ্চ বুলি ধাৰণা কৰা।

(৪) জাতি আৰু শ্ৰেণীৰ পাৰ্থক্যসমূহ—

(১) জাতি সংস্তৰীত সমাজত সামাজিক পার্থক্য জন্মৰ ওপৰত নিৰ্ভৰ কৰে। আনহাতে শ্ৰেণীপ্রধান সমাজত আর্থিক অৱস্থা বা ব্যক্তিৰ সাফল্যৰ ওপৰত নিৰ্ভৰ কৰি সামাজিক বিভাজন কৰা হয়।

(২) জাতি এটা জটিল সামাজিক ব্যৱস্থা। আনহাতে শ্রেণী শিথিল। যিহেতু জাতি জন্মৰ ওপৰত আধাৰিত সেয়ে, সহজে নিজৰ জাত পৰিত্যাগ কৰা অসম্ভৱ। কিন্তু শ্ৰেণীৰ লগত যিহেতু বৃত্তি, ক্ষমতা, সম্পত্তি আদি জড়িত সেয়ে এজন ব্যক্তিয়ে নিজ চেষ্টাৰ ফলত নিজৰ শ্ৰেণীৰ পৰিৱৰ্তন ঘটাব পাৰে।

(৩) জাতি ব্যৱস্থাত পূর্বনির্ধাৰিত বৃত্তি থাকে। সদস্যসকলে পৈতৃক বৃত্তি লৈ জীৱন নিৰ্বাহ কৰাটো জাতিৰ নিয়ম। কিন্তু শ্রেণী ব্যৱস্থাত তেনে কোনো বাধ্যবাধকতা নাই। আনহাতে বৃত্তিয়েহে এজন ব্যক্তিৰ শ্ৰেণী নিৰ্ণয় কৰে। 

(৪) বিবাহ খোৱা-বোৱা বা সামাজিক আদান-প্রদান আদিত জাতি ব্যৱস্থাত কিছুমান নিয়ম মানি চলিব লাগে। জাতি অন্তর্বিবাহী। কিন্তু শ্ৰেণীত তেনে কোনো নিষেধ নাই।

(৫) জাতি পৰিচালনাৰ বাবে জাতি পৰিষদ থাকে। ব্যক্তিসকলৰ আচৰণ প্ৰণালীৰ নীতি-নিয়ম থাকে। জাতিৰ নিয়ম ভঙ্গ কৰিলে জাতিচ্যুত কৰাৰ ব্যৱস্থা আছে। কিন্তু শ্ৰেণীত জাতিৰ নিচিনা কোনো ব্যৱস্থা নাই। 

প্রশ্ন ১১। সামাজিক প্রস্থিতি আৰু ভূমিকা বুলিলে কি বজা? ইয়াৰ বৈশিষ্ট্যসমূহ আলোচন (What do you understand by Social Status and Role? Discuss its characteristics.) 

উত্তৰ : সামাজিক ড্ৰৰীকৰণৰ ক্ষেত্ৰত সমাজশাস্ত্ৰত প্ৰস্থিতি আৰু ভূমিকা এই অৱধাৰণা দুটা অতি গুরুত্বপূর্ণ। 

(ক) সামাজিক প্রস্থিতি (Social Status) : প্রত্যেক ব্যক্তি বা মানুহৰে সমাজত এবে উ প্রস্থিতি থাকে। সামাজিক প্ৰস্থিতি হ’ল মানুহৰ সামাজিক স্থান। সমাজত মানুহে লাভ কৰা একো একোটা সামাজিক স্থান বা পদ থাকে, এই স্থানৰ জৰিয়তে মানুহে কিছুমান নির্দিষ্ট দায়িত্ব বা কৰ্তব্য পালন কৰিব লাগে। এই স্থানকে মানুহ বা ব্যক্তিজনৰ প্ৰস্থিতি বোলা হয়। বিভিন্ন স্থানত অধিষ্ঠিত ব্যক্তিসকলে বিভিন্ন সামাজিক মর্যদা লাভ কৰে। উদাহরণস্বরূণে অফিচৰ কেৰাণী, মহৰী, পিয়ন, চকীদাৰ, স্কুল-কলেজৰ ছাত্র-ছাত্রী, শিক্ষক আদিৰ সামাজিক স্থান বেলেগ বেলেগ। পদ অনুসৰি এই স্থানৰ উচ্চ-নীচ থাকে। সেই অনুপাতে তেওঁলোকৰ দায়িত্ব, কর্তব্য আৰু ক্ষমতাও বেলেগ বেলেগ। পৰিয়াল একোটাতো ব্যক্তিসমূহৰ প্ৰস্থিতি দেখা যায়— যেনে পৰিয়ালৰ মুখিয়াল, পিতৃ-মাতৃ, ককাই-ভাই, বাই-ভনী আদি কিছুমান গৰ আছে, এই পদবোৰৰ ঘৰখনত, সমাজত মৰ্যদা, স্থান বেলেগ বেলেগ। যেনে মুখিয়াল বা পিতৃ মাতৃ গৰাকীৰ স্থান মর্যদা বাকীবোৰ সদস্যৰ স্থান বা মর্যদাতকৈ উচ্চ, তেওঁলোকৰ ক্ষমতা বা অধিকাৰো বেলেগ।

ওপৰত আলোচনা কৰা উদাহৰণৰ পৰা এইটো সহজে বুজিব পাৰি যে সামাজিক সমূহত বিভিন্নপদৰ তুলনামূলক স্থান আছে আৰু এই স্থানসমূহক প্ৰস্থিতি বুলি কোৱা হয়। এই সামাজিক স্থান বা প্ৰস্থিতিবোৰত থকা ব্যক্তিসকলে বেলেগ বেলেগ মর্যাদা, সম্মান লাভ কৰে। 

প্ৰস্থিতিৰ সংজ্ঞা  : সমাজশাস্ত্রবিদসকলে প্ৰস্থিতিৰ সংজ্ঞা বেলেগ বেলেগ প্ৰকাৰে আগবঢ়াইছে৷ তলত কেইটামান দিয়া হ’ল— 

(১) মেক্ আইভাৰ আৰু পেজে প্ৰস্থিতিৰ সংজ্ঞা এই ধৰণে দিছে– ‘প্ৰস্থিতি’ হ’ল একোজন ব্যক্তিৰ সামাজিক স্থান যি স্থানৰ জৰিয়তে তেওঁ সমাজত জন সাধাৰণৰ পৰা আদৰ সন্মান লাভ কৰিব পাৰে নাইবা তেনে আদৰ-সন্মানৰ পৰা বঞ্চিত হ’বলগীয়া হয়।

(২) আগ্বাণ আৰু নিম্নকফে প্ৰস্থিতিৰ সহজ-সৰল সংজ্ঞা দি কৈছে যে, ই সামাজিক সমূহৰ মাজত এজন ব্যক্তিৰ স্থান নির্ণয় কৰে।

(৩) জনচনৰ মতে, প্রস্থিতি আৰু ভূমিকা সামাজিক স্থানৰে দুটা অভিন্ন অংশ। প্রস্থিতিয়ে কিছুমান দাবী আৰু অধিকাৰক বুজায়। 

ওপৰত আলোচনা কৰা সংজ্ঞাবোৰ বিশ্লেষণ কৰি দেখা যায় যে প্রস্থিতি মানে সমাজত কোনো এজন ব্যক্তি নাইবা সমূহে লাভ কৰি থকা একো একোটা সামাজিক স্থান। সমাজত ব্যক্তিয়ে লাভ কৰ৷ প্ৰস্থিতি বিশ্লেষণ কৰিলে তলত দিয়া বৈশিষ্ট্যবোৰ পোৱা যায়—

(১) প্ৰস্থিতিয়ে সমাজৰ সাংস্কৃতিক অৱস্থাটো প্রতিপন্ন কৰে। 

(২) সকলো ব্যক্তিৰ সামাজিক প্রস্থিতি একে নহয়।

(৩) ভূমিকা অনুসৰি প্ৰস্থিতি নির্ণায়িত হয়। 

(৪) প্ৰস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি সমাজ এখনক কিছুমান সমূহত ভাগ কৰিব পাৰি৷

(৫) প্ৰস্থিতি হ’ল সমাজৰ এটা সামূহিক অংশ। 

সামাজিক প্ৰস্থিতিৰ প্ৰকাৰ  : সামাজিক প্রস্থিতি দুই প্রকাৰৰ (১) প্রদত্ত প্ৰস্থিতি আৰু (২) লব্ধ প্ৰস্থিতি।

(১) প্রদত্ত প্ৰস্থিতি: জন্মৰ জৰিয়তে এজন মানুহে যি প্ৰস্থিতি লাভ কবে তাকেই প্রদত্ত প্রস্থিতি বুলি কোৱা হয়। হিন্দু সমাজৰ জাতি বা বর্ণ প্রথাত এনে প্ৰস্থিতি দেখা পোৱা যায়। আগৰ দিনত উচ্চ জাতিৰ জন্মগ্রহণ কৰা লোকৰ সামাজিক প্রস্থিতি সাধাৰণতে উচ্চ বুলিয়েই গণ্য কৰা হৈছিল। বৰ্তমান এই দৃষ্টিভঙ্গীৰ কিছু সাল-সলনি ঘটিছে। জাতি প্ৰথাৰ উপৰি বয়স আৰু লিঙ্গৰ ওপৰত ভিত্তি কৰি মানুহৰ সামাজিক স্থান নির্ণয় কৰা হয়। যেনে— পুৰুষ মহিলাৰ প্ৰস্থিতি, নিম্ন আৰু প্রাপ্তবয়স্ক লোকৰ প্ৰস্থিতি, বিবাহিত আৰু অবিবাহিত লোকৰ প্রস্থিতি ইত্যাদি ৷ এইবোৰ প্ৰস্থিতি সমাজে নিৰ্ধাৰণ কৰি লয়৷

(২) লব্ধ প্রস্থিতি  ঃ সমাজত এনে কিছুমান প্রস্থিতি আছে যিবোৰ এজন মানুহে নিজ কর্ম আৰু গুণৰ জৰিয়তে লাভ কৰে। উদাহৰণস্বৰূপে এজন উচ্চ শিক্ষিত ব্যক্তি উচ্চ পদত অধিষ্ঠিত হয় আৰু সমাজত উচ্চ আসন লাভ কৰে। এনেদৰে নিজৰ-ব্যক্তিগত প্ৰচেষ্টাত যিবোৰ সামাজিক প্ৰস্থিতি লাভ কৰা হয় সেইবোৰক লব্ধ প্ৰস্থিতি বুলি কোৱা হয়।

(খ) ভূমিকা (Role)  : ভূমিকা হৈছে, এজন মানুহৰ প্ৰস্থিতিৰ লগত আৰোপ কৰি যোৱা দায়িত্ব আৰু কৰ্তব্য। প্রত্যেক প্ৰস্থিতিৰ লগত কিছুমান কাম জড়িত থাকে আৰু এই কামসমূহ কেনেকৈ কৰিব লাগে সেই বিষয়ে সমাজৰ এটা ধাৰণা আছে। এই ধাৰণা অনুযায়ী এজন ব্যক্তিয়ে তেওঁৰ কৰ্তব্য বা দায়িত্ব পালন কৰাকে ভূমিকা বুলি কোৱা হয়। একেজন ব্যক্তিয়ে একে সময়তে কেইবাটাও ভূমিকা গ্রহণ কৰিব পাৰে। উদাহৰণস্বৰূপে, একেজন ব্যক্তিয়েই পৰিয়ালত পৰিয়ালৰ মুব্বীৰ ভূমিকা, বৃত্তি কার্যত এজন শিক্ষকৰ ভূমিকা, খেল পথাৰত এজন খেলুৱৈৰ ভূমিকা, সংঘ আদিত সভাপতিৰ ভূমিকা ইত্যাদি গ্ৰহণ কৰিব পাৰে। 

ভূমিকা সম্পৰ্কীয় এই আলোচনাৰ পৰা কেইটামান সিদ্ধান্তত উপনীত হ’ব পাৰি। সেইবোৰ তলত উল্লেখ কৰা হ’ল—

(১) মানুহে বিভিন্ন কার্যতে অংশগ্রহণ কৰাতে ভূমিকা জড়িত হৈ থাকে।

(২) একেজন মানুহে বিভিন্ন ভূমিকাত নিজকে জড়িত কৰিব পাৰে। 

(৩) বয়স আৰু লিংগ অনুসৰি সামাজিক প্রস্থিতি থাকে আৰু সেইমতে ভূমিকা বিতৰণ কৰা হয়।

(৪) সামাজিক মূল্যবোধ আদর্শ আদিৰ লগত ভূমিকা লিপ্ত হৈ থাকে।

(৫) সহযোগিতা আৰু সহৃদয়তাৰ অবিহনে মানুহে ভূমিকা পালন কৰা সহজ নহয়।

(৬) দায়িত্ব আৰু কৰ্তব্যই হ’ল ভূমিকাৰ মূল আধাৰস্বৰূপ।

(৭) ভূমিকাক সীমাবদ্ধ কৰিব নোৱাৰি। কাৰণ নিষ্ঠা সহকাৰে এজন লোকে পালন কৰা দায়িত্ব আৰু কৰ্তব্যই হৈছে মানুহজনৰ ভূমিকা। তেওঁ একেলগে অনেক ভূমিকা গ্ৰহণ কৰি থাকিব পাৰে!

(৮) সামাজিক সাংস্কৃতিক দিশৰ পৰা এজন লোকৰ আটাইবোৰ ভূমিকাৰে সমান গুরুত্ব নাথাকে। কিছুমান সমাজৰ পক্ষে নিতান্ত প্রয়োজনীয়, কিন্তু, আন কিছুমানৰ সামাজিক প্রয়োজনীয়তা নাথাকিবও পাৰে।

(গ) বিসঙ্গতি, প্ৰস্থিতি আৰু ভূমিকা সমাজৰ প্ৰায় ভাগ মানুহেই একে সময়তে কেইবাটাও ভূমিকা পালন কৰিবলগীয়া হয়। এইদৰে একেজন মানুহে দুটা বা ততোধিক সামাজিক প্ৰস্থিতিৰ অধিকাৰী হৈ বিভিন্ন ধৰণৰ ভূমিকা পালন কৰিবলগীয়া হয়। কেতিয়াবা, এনে ধৰণৰ বহুমুখী ভূমিকা পালন কৰিবলৈ যাওঁতে এটা প্ৰস্থিতিৰ লগত আন এটা প্ৰস্থিতিৰ সংঘর্ষ হয়। উদাহৰণস্বৰূপে এজন উকীলৰ ভূমিকাৰ কথাকেই উল্লেখ কৰিব পাৰি। উকীল হিচাপে এজন মানুহে এজন মক্কেলক মোকদমাৰ পৰা মুক্ত কৰাটো কৰ্তব্য। কিন্তু সত্য আৰু ন্যায় অটুট বখাটো তেওঁৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ কর্তব্য। কেতিয়াবা এই দুয়োটা ভূমিকা পালন কৰাটো কঠিন হৈ পৰে। প্ৰস্থিতি আৰু ভূমিকাৰ এনে বিসঙ্গতিৰ ফলত সমাজত নানা ধৰণৰ সমস্যাৰ উদ্ভৱ হয়।

প্রশ্ন ১২। প্ৰস্থিতি আৰু ভূমিকাৰ অৰ্থ স্পষ্ট কৰি ব্যাখ্যা কৰা। এখন জাতি ভিত্তিক সমাজত প্ৰস্থিতি কেনেদৰে নিৰ্ণয় কৰা হয়, সেই বিষয়ে চমুকৈ আলোচনা কৰা। (Explain clearly the meaning of Role and status. Write briefly how status is determined in a caste based society.

উত্তৰঃ সামাজিক ড্ৰৰীকৰণৰ ক্ষেত্ৰত সমাজশাস্ত্ৰত প্ৰস্থিতি আৰু ভূমিকা এই অৱধাৰণা দুটা অতি গুরুত্বপূর্ণ। 

(ক) সামাজিক প্রস্থিতি (Social Status) : প্রত্যেক ব্যক্তি বা মানুহৰে সমাজত এবে উ প্রস্থিতি থাকে। সামাজিক প্ৰস্থিতি হ’ল মানুহৰ সামাজিক স্থান। সমাজত মানুহে লাভ কৰা একো একোটা সামাজিক স্থান বা পদ থাকে, এই স্থানৰ জৰিয়তে মানুহে কিছুমান নির্দিষ্ট দায়িত্ব বা কৰ্তব্য পালন কৰিব লাগে। এই স্থানকে মানুহ বা ব্যক্তিজনৰ প্ৰস্থিতি বোলা হয়। বিভিন্ন স্থানত অধিষ্ঠিত ব্যক্তিসকলে বিভিন্ন সামাজিক মর্যদা লাভ কৰে। উদাহরণস্বরূণে অফিচৰ কেৰাণী, মহৰী, পিয়ন, চকীদাৰ, স্কুল-কলেজৰ ছাত্র-ছাত্রী, শিক্ষক আদিৰ সামাজিক স্থান বেলেগ বেলেগ। পদ অনুসৰি এই স্থানৰ উচ্চ-নীচ থাকে। সেই অনুপাতে তেওঁলোকৰ দায়িত্ব, কর্তব্য আৰু ক্ষমতাও বেলেগ বেলেগ। পৰিয়াল একোটাতো ব্যক্তিসমূহৰ প্ৰস্থিতি দেখা যায়— যেনে পৰিয়ালৰ মুখিয়াল, পিতৃ-মাতৃ, ককাই-ভাই, বাই-ভনী আদি কিছুমান গৰ আছে, এই পদবোৰৰ ঘৰখনত, সমাজত মৰ্যদা, স্থান বেলেগ বেলেগ। যেনে মুখিয়াল বা পিতৃ মাতৃ গৰাকীৰ স্থান মর্যদা বাকীবোৰ সদস্যৰ স্থান বা মর্যদাতকৈ উচ্চ, তেওঁলোকৰ ক্ষমতা বা অধিকাৰো বেলেগ।

ওপৰত আলোচনা কৰা উদাহৰণৰ পৰা এইটো সহজে বুজিব পাৰি যে সামাজিক সমূহত বিভিন্নপদৰ তুলনামূলক স্থান আছে আৰু এই স্থানসমূহক প্ৰস্থিতি বুলি কোৱা হয়। এই সামাজিক স্থান বা প্ৰস্থিতিবোৰত থকা ব্যক্তিসকলে বেলেগ বেলেগ মর্যাদা, সম্মান লাভ কৰে। 

প্ৰস্থিতিৰ সংজ্ঞা  : সমাজশাস্ত্রবিদসকলে প্ৰস্থিতিৰ সংজ্ঞা বেলেগ বেলেগ প্ৰকাৰে আগবঢ়াইছে৷ তলত কেইটামান দিয়া হ’ল— 

(১) মেক্ আইভাৰ আৰু পেজে প্ৰস্থিতিৰ সংজ্ঞা এই ধৰণে দিছে– ‘প্ৰস্থিতি’ হ’ল একোজন ব্যক্তিৰ সামাজিক স্থান যি স্থানৰ জৰিয়তে তেওঁ সমাজত জন সাধাৰণৰ পৰা আদৰ সন্মান লাভ কৰিব পাৰে নাইবা তেনে আদৰ-সন্মানৰ পৰা বঞ্চিত হ’বলগীয়া হয়।

(২) আগ্বাণ আৰু নিম্নকফে প্ৰস্থিতিৰ সহজ-সৰল সংজ্ঞা দি কৈছে যে, ই সামাজিক সমূহৰ মাজত এজন ব্যক্তিৰ স্থান নির্ণয় কৰে।

(৩) জনচনৰ মতে, প্রস্থিতি আৰু ভূমিকা সামাজিক স্থানৰে দুটা অভিন্ন অংশ। প্রস্থিতিয়ে কিছুমান দাবী আৰু অধিকাৰক বুজায়। 

ওপৰত আলোচনা কৰা সংজ্ঞাবোৰ বিশ্লেষণ কৰি দেখা যায় যে প্রস্থিতি মানে সমাজত কোনো এজন ব্যক্তি নাইবা সমূহে লাভ কৰি থকা একো একোটা সামাজিক স্থান। সমাজত ব্যক্তিয়ে লাভ কৰ৷ প্ৰস্থিতি বিশ্লেষণ কৰিলে তলত দিয়া বৈশিষ্ট্যবোৰ পোৱা যায়—

(১) প্ৰস্থিতিয়ে সমাজৰ সাংস্কৃতিক অৱস্থাটো প্রতিপন্ন কৰে। 

(২) সকলো ব্যক্তিৰ সামাজিক প্রস্থিতি একে নহয়।

(৩) ভূমিকা অনুসৰি প্ৰস্থিতি নির্ণায়িত হয়। 

(৪) প্ৰস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি সমাজ এখনক কিছুমান সমূহত ভাগ কৰিব পাৰি৷

(৫) প্ৰস্থিতি হ’ল সমাজৰ এটা সামূহিক অংশ। 

সামাজিক প্ৰস্থিতিৰ প্ৰকাৰ  : সামাজিক প্রস্থিতি দুই প্রকাৰৰ (১) প্রদত্ত প্ৰস্থিতি আৰু (২) লব্ধ প্ৰস্থিতি।

(১) প্রদত্ত প্ৰস্থিতি: জন্মৰ জৰিয়তে এজন মানুহে যি প্ৰস্থিতি লাভ কবে তাকেই প্রদত্ত প্রস্থিতি বুলি কোৱা হয়। হিন্দু সমাজৰ জাতি বা বর্ণ প্রথাত এনে প্ৰস্থিতি দেখা পোৱা যায়। আগৰ দিনত উচ্চ জাতিৰ জন্মগ্রহণ কৰা লোকৰ সামাজিক প্রস্থিতি সাধাৰণতে উচ্চ বুলিয়েই গণ্য কৰা হৈছিল। বৰ্তমান এই দৃষ্টিভঙ্গীৰ কিছু সাল-সলনি ঘটিছে। জাতি প্ৰথাৰ উপৰি বয়স আৰু লিঙ্গৰ ওপৰত ভিত্তি কৰি মানুহৰ সামাজিক স্থান নির্ণয় কৰা হয়। যেনে— পুৰুষ মহিলাৰ প্ৰস্থিতি, নিম্ন আৰু প্রাপ্তবয়স্ক লোকৰ প্ৰস্থিতি, বিবাহিত আৰু অবিবাহিত লোকৰ প্রস্থিতি ইত্যাদি ৷ এইবোৰ প্ৰস্থিতি সমাজে নিৰ্ধাৰণ কৰি লয়৷

(২) লব্ধ প্রস্থিতি  ঃ সমাজত এনে কিছুমান প্রস্থিতি আছে যিবোৰ এজন মানুহে নিজ কর্ম আৰু গুণৰ জৰিয়তে লাভ কৰে। উদাহৰণস্বৰূপে এজন উচ্চ শিক্ষিত ব্যক্তি উচ্চ পদত অধিষ্ঠিত হয় আৰু সমাজত উচ্চ আসন লাভ কৰে। এনেদৰে নিজৰ-ব্যক্তিগত প্ৰচেষ্টাত যিবোৰ সামাজিক প্ৰস্থিতি লাভ কৰা হয় সেইবোৰক লব্ধ প্ৰস্থিতি বুলি কোৱা হয়।

(খ) ভূমিকা (Role)  : ভূমিকা হৈছে, এজন মানুহৰ প্ৰস্থিতিৰ লগত আৰোপ কৰি যোৱা দায়িত্ব আৰু কৰ্তব্য। প্রত্যেক প্ৰস্থিতিৰ লগত কিছুমান কাম জড়িত থাকে আৰু এই কামসমূহ কেনেকৈ কৰিব লাগে সেই বিষয়ে সমাজৰ এটা ধাৰণা আছে। এই ধাৰণা অনুযায়ী এজন ব্যক্তিয়ে তেওঁৰ কৰ্তব্য বা দায়িত্ব পালন কৰাকে ভূমিকা বুলি কোৱা হয়। একেজন ব্যক্তিয়ে একে সময়তে কেইবাটাও ভূমিকা গ্রহণ কৰিব পাৰে। উদাহৰণস্বৰূপে, একেজন ব্যক্তিয়েই পৰিয়ালত পৰিয়ালৰ মুব্বীৰ ভূমিকা, বৃত্তি কার্যত এজন শিক্ষকৰ ভূমিকা, খেল পথাৰত এজন খেলুৱৈৰ ভূমিকা, সংঘ আদিত সভাপতিৰ ভূমিকা ইত্যাদি গ্ৰহণ কৰিব পাৰে। 

ভূমিকা সম্পৰ্কীয় এই আলোচনাৰ পৰা কেইটামান সিদ্ধান্তত উপনীত হ’ব পাৰি। সেইবোৰ তলত উল্লেখ কৰা হ’ল—

(১) মানুহে বিভিন্ন কার্যতে অংশগ্রহণ কৰাতে ভূমিকা জড়িত হৈ থাকে।

(২) একেজন মানুহে বিভিন্ন ভূমিকাত নিজকে জড়িত কৰিব পাৰে। 

(৩) বয়স আৰু লিংগ অনুসৰি সামাজিক প্রস্থিতি থাকে আৰু সেইমতে ভূমিকা বিতৰণ কৰা হয়।

(৪) সামাজিক মূল্যবোধ আদর্শ আদিৰ লগত ভূমিকা লিপ্ত হৈ থাকে।

(৫) সহযোগিতা আৰু সহৃদয়তাৰ অবিহনে মানুহে ভূমিকা পালন কৰা সহজ নহয়।

(৬) দায়িত্ব আৰু কৰ্তব্যই হ’ল ভূমিকাৰ মূল আধাৰস্বৰূপ।

(৭) ভূমিকাক সীমাবদ্ধ কৰিব নোৱাৰি। কাৰণ নিষ্ঠা সহকাৰে এজন লোকে পালন কৰা দায়িত্ব আৰু কৰ্তব্যই হৈছে মানুহজনৰ ভূমিকা। তেওঁ একেলগে অনেক ভূমিকা গ্ৰহণ কৰি থাকিব পাৰে!

(৮) সামাজিক সাংস্কৃতিক দিশৰ পৰা এজন লোকৰ আটাইবোৰ ভূমিকাৰে সমান গুরুত্ব নাথাকে। কিছুমান সমাজৰ পক্ষে নিতান্ত প্রয়োজনীয়, কিন্তু, আন কিছুমানৰ সামাজিক প্রয়োজনীয়তা নাথাকিবও পাৰে।

(গ) বিসঙ্গতি, প্ৰস্থিতি আৰু ভূমিকা সমাজৰ প্ৰায় ভাগ মানুহেই একে সময়তে কেইবাটাও ভূমিকা পালন কৰিবলগীয়া হয়। এইদৰে একেজন মানুহে দুটা বা ততোধিক সামাজিক প্ৰস্থিতিৰ অধিকাৰী হৈ বিভিন্ন ধৰণৰ ভূমিকা পালন কৰিবলগীয়া হয়। কেতিয়াবা, এনে ধৰণৰ বহুমুখী ভূমিকা পালন কৰিবলৈ যাওঁতে এটা প্ৰস্থিতিৰ লগত আন এটা প্ৰস্থিতিৰ সংঘর্ষ হয়। উদাহৰণস্বৰূপে এজন উকীলৰ ভূমিকাৰ কথাকেই উল্লেখ কৰিব পাৰি। উকীল হিচাপে এজন মানুহে এজন মক্কেলক মোকদমাৰ পৰা মুক্ত কৰাটো কৰ্তব্য। কিন্তু সত্য আৰু ন্যায় অটুট বখাটো তেওঁৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ কর্তব্য। কেতিয়াবা এই দুয়োটা ভূমিকা পালন কৰাটো কঠিন হৈ পৰে। প্ৰস্থিতি আৰু ভূমিকাৰ এনে বিসঙ্গতিৰ ফলত সমাজত নানা ধৰণৰ সমস্যাৰ উদ্ভৱ হয়।

প্রশ্ন ১৩। “প্রভাবশালী জাতি বুলিলে কি বুজা?

উত্তৰ ঃ এই অৱধাৰণাটো এম. এন. শ্রীনিবাসে মধ্যৱৰ্তী জাতিৰ জমিদাৰীসকলক বুজাবলৈ ব্যৱহাৰ কৰিছিল। এই জমিদাৰসকলে সংখ্যাত অধিক হোৱা বাবে নিজৰ এলেকাত ৰাজনৈতিক আৰু অৰ্থনৈতিক প্রভুত্ব বিস্তাৰ কৰিছিল।

প্রশ্ন ১৪। সামাজিক নিয়ন্ত্ৰণৰ সংজ্ঞা দিয়া । সামাজিক নিয়ন্ত্ৰণৰ প্ৰধান প্রতিনিধিবোৰৰ বিষয়ে আলোচনা কৰা। (Define Social Control. Discuss the major agencies of Social Control.)

নাইবা Or, 

সামাজিক নিয়ন্ত্ৰণৰ অৰ্থপ্ৰকাশ কৰা। সামাজিক নিয়ন্ত্ৰণৰ প্ৰধান উপায়বিলাকৰ বিষয়ে আলোচনা কৰা। (Elucidate the meaning of Social Control. Discuss the major agencies of Social Control.)

নাইবা/Or, সামাজিক নিয়ন্ত্ৰণৰ সংজ্ঞা লিখা | HS-2016] আৰু ইয়াৰ প্ৰধান উপাদানসমূহ বর্ণনা কৰা (Define Social Control. Describe the main elements of Social Control.)

উত্তৰ: পৰিচয়সমাজত যিবোৰ প্ৰণালীৰে মানুহৰ কাৰ্য্যকলাপ নিয়ন্ত্রণ কৰি এখন সুসংগঠিত, শান্তিপূর্ণ সমাজ গঠনৰ চেষ্টা কৰা হয় সেইবোৰ প্ৰণালীকে সামাজিক নিয়ন্ত্রণ বোলা হয়।

মানুহ সমাজপ্ৰিয় জীৱ। আদিম যুগৰেপৰা মানুহে সমাজ পাতি বাস কৰিবলৈ লয় যদিও মানুহ আটাইতকৈ স্বাৰ্থপৰ জীৱ। সকলো ক্ষেত্ৰত নিজৰ স্বাৰ্থপূৰণৰ কথা চিন্তা কৰে আৰু নিজৰ স্বাৰ্থপূৰণ কৰিবলৈ যাওঁতে আনৰ স্বাৰ্থত আঘাত হোৱাটো স্বাভাবিক। সমাজৰ এনেধৰণৰ আংক্ৰিয়াৰ ফলতে সমাজত বিশৃঙ্খলাৰ সৃষ্টি হয়। সেইবাবে সমাজত আনৰ স্বাৰ্থত আঘাত বা অধিকাৰ বা স্বাধীনতা খর্ব নহ’বৰ বাবে নীতি-নিয়ম বান্ধি মানুহৰ অনিষ্টকাৰী কার্যকলাপ নিয়ন্ত্ৰণৰ বাবে কিছুমান উপায় উদ্ভাৱন কৰিবলগীয়া হয়। এইদৰে মানুহৰ অনিষ্টকাৰী কাৰ্যকলাগৰ নিয়ন্ত্রণ প্রণালীকে সামাজিক নিয়ন্ত্রণ প্রণালী বোলা হয়।

সামাজিক নিয়ন্ত্ৰণৰ সংজ্ঞা : প্রত্যেক সমাজতে ব্যক্তি আৰু সমূহৰ আচৰণ নিয়ন্ত্ৰণৰ একোটা প্ৰণালী আছে। এই নিয়ন্ত্রণৰ প্ৰণালীকে সামাজিক নিয়ন্ত্রণ বোলে। সামাজিক নিয়ন্ত্ৰণৰ সংজ্ঞ৷ বিভিন্ন চিন্তাবিদে বিভিন্ন প্রকাৰে দিছে। মেক্ আইভাৰ আৰু পেজৰ মতে, সামাজিক নিয়ন্ত্রণ এনে এক উপায় যাৰ দ্বাৰা গোটেই সমাজ ব্যৱস্থাটোৱে নিজকে এক ক্রিয়াশীল শক্তি কগে আগবঢ়াই লৈ যাবলৈ সমৰ্থবান হয়। “Social Control is the way in which entire Social order coheres and maintains itself.” আন এজন চিন্তাবিদ ই. এ. ৰোচৰ মতে সামাজিক নিয়ন্ত্রণ এনে এক প্ৰণালীৰ উপায় যাৰ দ্বাৰা সমাজে ইয়াৰ সদস্যসকলক গ্রহণযোগ্য মানদণ্ডৰ আচৰণেৰে সমৰূপতালৈ আনে। (Social Control is the System of devices whereby socie y brings its members in to conformity with the accepted standards of behaviour) আন কিছুমানৰ মতে সামাজিক ৰীতি-নীতি, আদর্শ আদিৰ প্ৰতি মানুহে দেখুওৱা ‘সনুগত্যই হ’ল সামাজিক নিয়ন্ত্রণ।” এই সংজ্ঞাবোৰৰ পৰা এইটোৱে প্ৰতিপন্ন হয় যে সামাজিক নয়ন্ত্ৰণৰ প্ৰধান লক্ষ্য হ’ল সামুহিক কল্যাণ সাধন আৰু এজন ব্যক্তিৰ প্ৰভাৱ সামূহিক প্ৰভাৱ। অধীনস্থ। এই প্রভাৱ ধর্ম নাইবা জনমত আদিৰ দ্বাৰা বিস্তাৰিত কৰিব পৰা যায়।

নিয়ন্ত্ৰণৰ উপায়সমূহ  : আধুনিক যুগৰ জটিল সমাজ-ব্যৱস্থাত সামাজিক সমস্যা ব্যাপক আৰু বহুমুখী সেইবাবেই বৰ্তমান সমাজত মানুহৰ আচৰণ নিয়ন্ত্ৰণ কৰাৰ বাবে বিভিন্ন সংস্থাৰ সহয় লোৱা হয়। এই সংস্থাবোৰক নিয়ন্ত্রণ কর্তা বা প্রতিনিধি বুলি গণ্য কৰা হয়। সকলো সমাজতে এনেকুৱা কিছুমান কর্তা থকা দেখা যায়। যেনে— আইন, প্রথা, ধর্ম, পৰিয়াল নৈতিকতা, জনমত, সামাজিক পৰামৰ্শ ব্যক্তিত্ব, লোকাচাৰ আদি৷ তাৰে কেইটিমান প্রধান উপায়ৰ আলোচনা কৰা হ’ল

(ক) সামাজিক প্রথা ঃ সমাজত প্ৰচলিত ৰীতি-নীতি, পৰম্পৰা, লোকাচাৰ, অভ্যাস আদিব সমষ্টিকে সামাজিক প্রথা বোলে। সমাজত মানুহৰ আচাৰ-ব্যৱহাৰ, সাজ-পোছাক, খাদ্য, জীৱন ধাৰণৰ প্ৰণালী, ধৰ্ম আদি সকলোবোৰেই প্ৰথাৰ ভিতৰত পৰে।

সামাজিক প্রথাই মানৱ জীৱনত অতি গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰে। এই প্রথাই মানুহক জন্মৰেপৰা জীৱনত গভীৰভাৱে ৰেখাপাত কৰি আহে, শিশু অৱস্থাৰপৰাই এই প্রথাবোৰে মানুহ এজনৰ স্বভাব-চৰিত্ৰ মানসিক, সামাজিক, ধর্মীয় আদি নানা দিশত প্ৰভাৱিত কৰি ব্যক্তিত্বৰ গঢ় দিয়ে। কিছুমান সমাজত প্ৰথাৰ প্ৰচলন আৰু প্ৰভাৱ আইনৰ সমানে দেখা যায়। জনজাতীয় সমাজ ব্যৱস্থাত প্ৰথাৰ প্ৰভাৱ বেছি দেখা যায়।

সামাজিক নিয়ন্ত্ৰণত প্ৰথাৰ ভূমিকা ও সামাজিক প্রথা সামাজিক নিয়ন্ত্রণ ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগ। সামাজিক নিয়ন্ত্ৰণত প্ৰথাৰ ভূমিকা অতি গুৰুত্বপূর্ণ। যিবোৰ সমাজত ৰাজনৈতিক, অর্থনৈতিক বা ধর্মীয় জটিলতা নাই আৰু সমাজত শ্রেণী সংঘর্ষও নাথাকে, তেনে সবল শৃঙ্খলাপূর্ণ সমাজত সামাজিক প্রথাই মানুহৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত উল্লে যোগ্য ভূমিকা গ্রহণ কৰে। উদাহৰণস্বৰূপে ইংলণ্ডৰ সমাজ ব্যৱস্থাৰ কথা উল্লেখ কৰি পাৰি।

(১) সামাজিক প্রথাবোৰ হ’ল পুৰুষানুক্রমে চলি অহা কিছুমান ৰীতি-নীতি। এই ৰীতি নীতিবোৰ প্রাচীন যুগৰেপৰা পুৰুষানুক্রমে প্রচলিত হৈ আহিছে। ইয়াৰ লগত কিছুমান ধর্মীয় কথাও জড়িত থাকে। পৰৱৰ্তী যুগৰ কোনো লোকো এই প্রচলিত প্রথাৰ বিৰোধিতা কৰা সাহস নকৰে, বৰং বিনা বাক্যে মানিহে চালে। এইদৰে সমাজত প্ৰথাই কেতিয়াবা আইনৰ দৰেই শক্তিশালী ভূমিকা পালন কৰে।

(২) সামাজিক প্রথাসমূহ পুৰুষানুক্রমে প্রচলিত হৈ আহি সমাজত এটা ‘প ৱত্ৰ নীতি’ হিচাপে মানুহৰপৰা বিশেষ শ্রদ্ধা-ভক্তি পায়। সমাজত ইয়াৰ স্থান ইমানেই উন্নিত হয়। যে ইয়াক ভঙ্গ কৰা মানে নিজে মহাপাপত লিপ্ত হোৱা বুলি গণা কৰে৷ সেইয়ে প্রত্যেক ব্যক্তিয়ে নিজকে তেনে কামৰপৰা বিৰত ৰাখে। 

(৩) সামাজিক প্রথাবোৰৰ এই সামাজিক মূল্যবোধ আছে। ই সামাজিক নৈতিকতাৰ লগত জড়িত। সেইবাবেই মানুহে ইয়াক নৈতিক কর্তব্য হিচাপেই পালন কৰি, সমাজৰ কল্যাণ সাধনত বা শৃঙ্খলা ৰক্ষা কৰাত সহায় কৰে। 

(৪) সমাজত প্রচলিত প্রথাবোৰ কালক্ৰমত মানুহৰ অভ্যাসত পৰিণত হৈ পৰে। সমাজীকৰণৰ জৰিয়তে মানুহে জন্মৰেপৰা সমাজখনৰ প্ৰচলিত প্ৰথাৰ লগত ওতঃপ্রোতভাৱে জড়িত হৈ থাকিলে, অৱশেষত ৰীতি-নীতিবোৰ মানুহৰ ব্যক্তিগত অভ্যাসত পৰিণত হৈ পৰে। আৰু সেই ৰীতি-নীতিবোৰ অভ্যাসবশতঃ পালন কৰি যায় তাক সহজে ত্যাগ কৰিব নোৱাৰে।

ওপৰৰ আলোচনাৰ পৰা এইটো প্রতিপন্ন হয় যে সামাজিক প্রথাই সমাজত এটা শক্তিশালী, সামাজিক নিয়ন্ত্রণ ব্যৱস্থা বা কর্তা হিচাপে থাকি সামাজিক শৃংখলা ৰক্ষা কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ৷

(খ) আইনঃ আইন সামাজিক নিয়ন্ত্ৰণ ব্যৱস্থাৰ অন্যতম কর্তা। আইন হ’ল কোনো ৰাজনৈতিক কর্তৃত্ব থকা সংস্থা দ্বাৰা প্ৰণয়ন কৰা বিধি বা বিধান। আইন ৰাষ্ট্ৰৰ বাসিন্দা সকলোৰে বাবে সমানে প্রযোজ্য। আইনৰ পিচত সার্বভৌম ক্ষমতা থাকে। কোনোেেৱ এই আইন মতে নচলিলে বা আইন ভংগ কৰিলে যথোপযুক্ত শাস্তি প্রদান কৰা হয়। ৰাষ্ট্ৰখনত আইন কার্যকৰী কৰিবলৈ চৰকাৰৰ কিছুমান বিভাগ থাকে, যেনে – প্রশাসনীয় বিভাগ, আৰক্ষী বিভাগ আৰু ন্যায়ালয় বিভাগ ইত্যাদি।

সামাজিক নিয়ন্ত্ৰণত আইনৰ ভূমিকা সমাজত সামাজিক শৃংখলা ৰক্ষাৰ বাবে মানুহৰ আচৰণ নিয়ন্ত্ৰণ কৰাটোৱে আইনৰ মুখ্য উদ্দেশ্য। সকলো মানুহেই যিহেতু কম-বেছি পৰিমাণে স্বাৰ্থপৰ সমাজত মানুহে জীৱন নির্বাহ কৰোঁতে নিজ নিজ স্বার্থ পূরণ কৰিবলৈ যাওঁতে যাতে কোনেও আনৰ স্বাৰ্থত আঘাত হানিব নোৱাৰে আৰু সমাজত শান্তি শৃংখলা বজায় থাকে তাৰ বাবে প্ৰত্যেক ৰাষ্ট্ৰৰ চৰকাৰে কিছুমান বিধি-নিয়ম প্রণয়ন কৰি মানুহৰ আচৰণ নিয়ন্ত্ৰণ কৰে। এই বিধি নিয়মে হ’ল ‘আইন’। এই আইন্‌ সকলোৰে বাবে সমানে প্রযোজ্য। আইন ভঙ্গ কৰিলে বিচাৰ কৰি, দোষ অনুযায়ী শাস্তি প্রদান কৰা হয়। দণ্ড বা শাস্তি পোৱাৰ ভয়ত মানুহে তেনে কামৰ পৰা বিৰত থাকে আৰু আনহাতে সমাজৰ শাস্তি শৃংখলা অটুট থাকে। গতিকে আইনৰ দ্বাৰা মানুহক কিছুমান কাম কৰাত বাধা প্ৰদান কৰি, তেনে কাম নকৰিবলৈ বাধ্য কৰা হয়।

আনহাতে আইনৰ দ্বাৰা সমাজৰ মানুহক নিজৰ কৰ্তব্য আৰু দায়িত্বৰ প্রতি সজাগ কৰি, তেনে কাম কৰিবলৈ বাধ্য কৰা হয়। উদাহৰণস্বৰূপে কোনে৷ এজন চৰকাৰী কৰ্মচাৰীয়ে নিজৰ কর্তব্য আৰু দায়িত্ব পালন নকৰিলে আইন মতে শাস্তি প্রদান কৰিব পাৰিব। গতিকে কর্মচাৰীজনে তেনে কর্তব্য আৰু দায়িত্ব বাধ্য হৈ পালন কৰে।

এইদৰেই আইনে সামাজিক নিয়ন্ত্রণত এটা উল্লেখযোগ্য ভূমিকা গ্রহণ কৰি আছে। আইন হ’ল এক কৰ্তৃত্বসম্পন্ন সামাজিক নিয়ন্ত্রণ ব্যৱস্থা।

(গ) সামাজিক নিয়ন্ত্ৰণত ধৰ্মৰ ভূমিকা সামাজিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ধৰ্মৰ ভূমিকা ব্যাপক আর্ক অতিশয় গুরুত্বপূর্ণ। ধর্মই সমাজত মানুহৰ আচৰণ যিদৰে নিয়ন্ত্রণ কৰিব পাৰে আন কোনো সামাজিক কর্তাই তেনেদৰে নিয়ন্ত্রণ কৰিব নোৱাৰে। ধর্মই কিদৰে সমাজত মানুহৰ আচৰণ নিয়ন্ত্রণ কৰে সিপিঠিত আলোচনা কৰা হ’ল।

(ক) ধৰ্ম হ’ল অলৌকিক শক্তিৰ ওপৰত থকা মানুহৰ বিশ্বাস। সমাজত মানুহৰ জন্ম-মৃত্যু, সুখ-দুখ, বিপদ-আপদ সকলোৰে মূলতে এই অলৌকিক শক্তি থকা বুলি বিশ্বাস কৰে। সেইবাবে মানুহে সমাজৰ ধৰ্মীয় নীতি-নিয়মবোৰ উলংঘা কৰিব ভয় কৰে। কাৰণ এই নীতি-নিয়মবোৰ ভগৱানৰ নীতি-নিয়ম বুলি গণ্য কৰে। ইয়াক ভংগ কৰিলে ভগৱান বা সেই অলৌকিক শক্তি অসন্তুষ্ট হৈ নানা বিপদ-আপদত পেলাই শাস্তি প্রদান কৰিব পাৰে বুলি ভাবে। সেইবাবে কোনো লোকে ধর্মীয় বিধি-বিধানবোৰ উলংঘা নকৰে।

(খ) ধর্মীয় কাৰ্যৰ লগত সমাজৰ মানুহৰ পাপ-পুণ্যৰ এটা ধাৰণা জড়িত হৈ থাকে। সমাজৰ যিবোৰ কল্যাণমূলক কাম, সৎ কর্ম সেইবোৰ কৰিলে মানুহৰ পুণ্য হয় বুলি ভাবে আৰু আনহাতে সমাজৰ অনিষ্টকাৰী, অমঙ্গলজনক কাম কৰিলে পাপত লিপ্ত হোৱা বুলি ভাবে। পাপীলোকে

পৰলোকত শাস্তি ভোগ কৰিব লাগে আৰু পুণ্যৱান লোকে স্বর্গগামী হয় বুলি বিশ্বাস কৰে। এইবোৰ কাৰণতো মানুহে অনিষ্টকাৰী, অমঙ্গলজনক কামবোৰৰ পৰা নিজকে বিৰত ৰাখে। সমাজৰ কল্যাণমূলক ধর্মীয় নীতি-নিয়মবোৰ পালন কৰি চলে। 

(গ) সমাজত ধৰ্মীয় নীতি-নিয়ম কিছুমানে এনে গভীৰভাৱে মানুহক প্রভাৱিত কবে যে ই ক্রমান্বয়ে মানুহৰ নৈতিক কর্তব্যত পৰিণত হয়। গতিকে ধর্মীয় নীতি-নিয়মবোৰ মানুহৰ নৈতিক কৰ্তব্যত পৰিণত হৈ তাৰ দ্বাৰাই মানুহৰ কাৰ্যকলাপ নিয়ন্ত্রিত কৰে।

(ঘ) বহুতো সমাজ ব্যবস্থাত ধর্মীয় নীতি-নিয়মবোৰ শিক্ষাৰ জৰিয়তে মানুহক অৱগত কৰাবলৈ বা আদর্শ হিচাপে গ্ৰহণ কৰিবলৈ শিক্ষা দিয়া হয়। আন কিছুমান সমাজত ধৰ্মীয় নীতি উলংঘা কৰিলে নানা কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা আছে এনেকি প্রাণদণ্ড পর্যন্ত দিয়া উদাহৰণও আছে। গতিকে বহুতে শাস্তির ভয়তো এই নীতিবোৰ মানি চলে।

গতিকে দেখা যায় যে ধর্মীয় নীতি-নিয়মৰ দ্বাৰা সমাজত মানুহৰ আচৰণ যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণ কৰা দেখা যায়।

(ঘ) সামাজিক নিয়ন্ত্রণত পৰিয়ালৰ ভূমিকা সমাজত পৰিয়াল এটা উল্লেখযোগ্য সামাজিক নিয়ন্ত্রণ কর্তা। প্রত্যেক পৰিয়ালেই পৰিয়ালৰ ব্যক্তিৰ স্বভাৱ, চৰিত্ৰ, ব্যৱহাৰ আচৰণ, কর্ম কাণ্ডৰ ওপৰত নজৰ বা কৰ্তৃত্ব ৰক্ষাৰ চেষ্টা কৰে। পৰিয়ালৰ কোনো ব্যক্তিয়ে যাতে কোনো সমাজবিৰোধী কার্যত লিপ্ত নহয় বা সমাজৰ নীতি-নিয়ম উলংঘা নকৰে তাৰ বাবে যত্ন লয়। পৰিয়ালৰ লোকে তেনে অপৰাধমূলক কাম কৰিলে পৰিয়ালেই নিজে তাৰ শাস্তি প্রদানৰো ব্যৱস্থা কৰে।

প্রত্যেক পৰিয়ালে শিশু অৱস্থাৰে পৰা মান-সম্মান, ব্যৱহাৰ আচৰণ আদিৰ শিক্ষা সদস্যসকলক দিয়াৰ ব্যৱস্থা কৰে৷ সেইবাবে প্রত্যেক ব্যক্তিয়ে নিজৰ পৰিয়ালৰ মান-মর্যদা ৰক্ষাৰ বাবেই কোনো অপৰাধমূলক বা সমাজবিৰোধী কার্যত লিপ্ত নহয়। অপৰাধ বিশেষজ্ঞৰ মতে প্রায় বেছি ভাগ সমাজ বিৰোধী বা অপৰাধী লোকেই নিয়গুণ বিহীন পৰিয়ালৰ লোক। গতিকে ইয়াৰ পৰা প্ৰমাণ হয় যে পৰিয়ালৰ দ্বাৰাই মানুহ নিয়ন্ত্রিত হ’বলৈ শিক্ষা পায়।

সেইবাবেই আমি এইটো ক’ব পাৰে৷ যে পৰিয়াল সামাজিক নিয়ন্ত্ৰণৰ মূল কাৰণ মানুহে পৰিয়ালতে প্রথমে সামাজিক নিয়ন্ত্ৰণৰ শিক্ষা পায় আৰু সামাজিক নিয়ন্ত্রণ সচেতনতা গঢ়ি উঠে। 

প্রশ্ন ১৫। (ক) সামাজিক নিয়ন্ত্রণ বুলিলে কি বুজা? 

(খ) ইয়াৰ প্রয়োজনীয়তা কি সংক্ষেপে আলোচনা কৰা। (What do you understand by social control? Discuss briefly what is its necessity.)

উত্তৰ: (ক) সামাজিক সমূহ (সমূহ বা সামাজিক গোট সমাজ শাস্ত্ৰৰ এটা উল্লেখযোগ্য অৱধাৰণা। সাধাৰণ অৰ্থত ব্যক্তিৰ সমষ্টিকে সামাজিক গোট বোলা হয় যদিও সমাজ শাস্ত্ৰত ইয়াৰ সংজ্ঞা বেলেগ। সমাজ শাস্ত্ৰৰ মতে ব্যক্তিৰ মাজত ঘটা আন্তঃক্রিয়াই সামাজিক গোটৰ মূল উৎস। যেতিয়া দুই বা ততোধিক ব্যক্তিৰ মাজত আন্তঃক্রিয়া ঘটে তেতিয়াই সামাজিক গোটৰ সৃষ্টি হয়। মুঠতে দুই বা ততোধিক পৰস্পৰ সম্বন্ধ থকা ব্যক্তিয়ে এক উদ্দেশ্য বা স্বাৰ্থৰ বাবে একগোট হোৱাকে সামাজিক গোট বোলে। কেইজনমান বিখ্যাত সমাজ শাস্ত্রবিদে আগবঢ়োৱা সংজ্ঞা তলত আলোচনা কৰা হ’ল। 

(১) মেক্ আইভাৰ আৰু পেজৰ মতে পৰস্পৰ সম্বন্ধ থকা ব্যক্তিৰ যি কোনো সংগঠনকে সামাজিক গোট বা সমূহ বোলে। 

(২) আর্ণল্ড গ্ৰীণৰ মতে ‘সামাজিক গোট হৈছে সময় সাপেক্ষ ব্যক্তিৰ সমষ্টি, যি সমষ্টি সুসংগঠিত আৰু যাৰ এক বা ততোধিক স্বার্থ থকাৰ উপৰি উমৈহতীয়া কার্য থাকে। এইদৰে বিভিন্ন সময়ত বিভিন্ন চিন্তাবিদে সমূহৰ সংজ্ঞা দিছে।

(খ) সামাজিক নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা আধুনিক সমাজ ব্যৱস্থাত সামাজিক নিয়ন্ত্রণ অতি প্ৰয়োজনীয় কাৰণ– 

(১) মানুহ যিহেতু স্বাৰ্থপৰ জীৱ তেওঁ নিজৰ স্বাৰ্থপূৰণৰ বাবে অবাধ স্বাধীনতাৰ কাম কৰিলে, সমাজত আনৰ স্বাৰ্থত আঘাত হোৱাটো স্বাভাৱিক, আৰু এক অৰাজক, বিশৃঙ্খলতাৰ সৃষ্টি হ’ব। ফলত সমাজৰ অস্তিত্ব হয়তো নাইকিয়া হৈ যাব পাৰে। গতিকে এখন সুশৃঙ্খল, শান্তিপূর্ণ প্রগতিবাদী সমাজ গঢ়ি তুলিবলৈ এই অবাধ স্বাধীনতাৰ অৱসান ঘটাবর উদ্দেশ্যে শক্তিশালী সামাজিক নিয়ন্ত্ৰণ ব্যৱস্থা বা প্ৰণালীৰ আৱশ্যক।

(২) আনহাতে সমাজ পৰিৱৰ্তনশীল যদিও ই সামগ্ৰীকভাৱে পৰিৱৰ্তন নহয় সেইবাবে সমাজৰ পৰিৱৰ্তিত দিশ আৰু অপৰিৱৰ্তিত দিশৰ ভাৰসাম্যতাৰ সমন্বয় ঘটাবৰ উদ্দেশ্যেও সামাজিক নিয়ন্ত্ৰণৰ অতি আৱশ্যক যাৰ অবিহনে সমাজত বিশৃঙ্খলতাই দেখা দিব পাৰে। যেনে— ৰাজনৈতিক পৰিৱৰ্তন হ’লে অপৰিৱৰ্তিত ধর্মীয় ব্যৱস্থাই যাতে তাৰ লগত খাপ খাই চলিব পাৰে তাৰ বাবে উপযুক্ত সামাজিক নিয়ন্ত্রণ ব্যবস্থা আবশ্যক। 

(৩) সমাজৰ প্ৰচলিত আচাৰ-ব্যৱহাৰ, প্ৰথা, ৰীতি-নীতি আদৰ্শৰ প্রতি অনুগত হৈ চলিলে নাইবা সামাজিক প্রতিমান অনুযায়ী নিজৰ নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰিলে সমাজৰ অনুৰূপতা বক্ষা কৰা যায়। মানুহে নৈতিক বিচাৰ-বিবেচনাৰে সামাজিক প্রতিমানবোৰ মানি চলিলে এই প্রতিমানবোৰ মানুহৰ অভ্যাসত পৰিণত হয়। যেনে— জ্যেষ্ঠ জনক সন্মান কৰা, ধর্মীয় নীতি-নিয়ম লংঘন নকৰা বা পালন কৰা এই নীতি-নিয়মৰ নিয়ন্ত্রণে সমাজত মানুহৰ ব্যক্তিত্বৰ গঢ় দিয়ে। এই ব্যক্তিত্ব বিকাশৰ প্ৰয়োজনতো সামাজিক নিয়ন্ত্ৰণৰ আৱশ্যক। 

(৪) বর্তমানৰ সমস্যাবহুল সমাজবোৰত ক্রমান্বয়ে অপৰাধৰ মাত্রা বৃদ্ধি পাইছে৷ অপৰাধ বৃদ্ধিৰ সমস্যা অধ্যয়ন কৰি দেখা যায় যে নিয়ণ ব্যৱস্থা দুর্বল হ’লেও এই মাত্রা বৃদ্ধি হয়। সেই বাবে শক্তিশালী সুসংহত সামাজিক নিয়ন্ত্রণ প্রণালীৰ আৱশ্যকতা অতি আৱশ্যক । সাধাৰণ পৰিয়ালবোৰতে নিয়ন্ত্রণ ব্যৱস্থা বা অনুশাসন ব্যৱস্থা দুর্বল হলে পৰিয়ালৰ লোকে নানা অনিষ্টকাৰী অপৰাধত লিপ্ত হ’ব পাবে। ওপৰত আলোচনা কৰ৷ এইবোৰ কাৰণতে সমাজত সামাজিক নিয়ন্ত্ৰণৰ প্ৰয়োজন অতি গুরুত্বপূর্ণ। সামাজিক নিয়ন্ত্রণ ব্যৱস্থা সমাজৰ অবিচ্ছেদ্য অঙ্গ।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। সামাজিক সমূহ বা গোট মানে কি? (What is social Group) 

উত্তৰ: সাধাৰণ অৰ্থত ব্যক্তিৰ সমষ্টিকে সামাজিক গোটা বা সমূহ বোলা হয় যদিও সমাজ শাস্ত্ৰত ইয়াৰ সংজ্ঞা বেলেগ। সমাজতত্ত্ব মতে ব্যক্তিৰ মাজত ঘটা আন্তঃক্রিয়াই সামাজিক গোটৰ মূল উৎস। যেতিয়া দুই বা ততোধিক ব্যক্তিৰ মাজত আন্তঃক্রিয়া ঘটে তেতিয়াই সামাজিক গোটৰ সৃষ্টি হয়। মুঠতে দুই বা ততোধিক পৰম্পৰ সম্বন্ধ থকা ব্যক্তিয়ে এক উদ্দেশ্য বা স্বার্থৰ বাবে একগোট হোৱাকে সামাজিক গোট বোলে। উদাহৰণ – (১) পৰিয়াল, (২) জাতি, (৩) জনজাতি (৪) ফুটবল সংস্থা আদি।

প্রশ্ন ২। সমূহৰ দুটা প্ৰকাৰ উল্লেখ কৰা। (Mention two major classification of Groups.)

উত্তৰ : তলত সামাজিক সমূহৰ দুটা প্রধান প্ৰকাৰ উল্লেখ কৰা হ’ল (ক) চার্লচ এইচ কুলিৰ মতে সমূহক দুটা প্ৰকাৰে ভাগ কৰা হৈছে– 

(১) প্রাথমিক সমূহ (Primary Groups) আৰু 

(২) দ্বিতীয় সমূহ (Secondary groups). 

(খ) আন এজন চিন্তাবিদ চামাৰৰ (Summer) মতে সামাজিক সমূহক আন দুটা ভাগত ভাগ কৰা হৈছে– (১) অন্তৰ গোট (in-group) আৰু 

(২) বাহিৰ গোট (out group.) 

(গ) আন তৃতীয় ভাগ এটা হ’ল– 

(১) আনুষ্ঠানিক গোট (Formal group) আৰু 

(২) অনানুষ্ঠানিক গোট (Informal Group)

প্রশ্ন ৩ : সামাজিক গোটৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা (Mention four characteristics of groups.)

উত্তৰ:- বৈশিষ্ট্য : 

(১) সমূহৰ সসদ্যসকলৰ মাজত সম্পর্ক থাকে।

(২) তেওঁলোকৰ মাজত উমৈহতীয়া উদ্দেশ্য আৰু স্বার্থ থাকে। 

(৩) সদস্যসকলৰ মাজত এটা বুজাবুজি, সহযোগ বা সমন্বয় থাকে।

(৪) তেওঁলোকৰ মাজত পৰম্পৰ নিৰ্ভৰশীলতা থাকে।

(৫) সদস্যসকলৰ মাজত এটা আন্তঃসম্পর্ক বা ক্রিয়া চলি থাকে। 

প্রশ্ন ৪। প্রাথমিকসমূহ বা গোট আৰু দ্বিতীয়ক সমূহ বা গোট কাক বোলে উদাহৰণহ লিখা। (Write what are primary and secondary groups with examples.) 

উত্তৰ : (ক) প্রাথমিক মুখ্য সমূহ যি সামাজিক সমূহ বা গোটৰ সদস্যসকলৰ মাজৰ মুখামুখি বা প্রত্যক্ষ সম্বন্ধ আস্তৰিকতা আৰু সহৃদয়তাৰ মাজেৰে গঢ়ি উঠে তাকে প্রাথমিক গোট (primary social group) বোলে। সাধাৰণতে ইয়াৰ আকাৰ সৰু, আৰু মুখামুখি সম্পর্কই ইয়াৰ মূল উৎস। উদাহৰণ যেনে— পৰিয়াল, স্বজনীয়তা।

(খ) দ্বিতীয়ক গৌণ সমূহ ঃ দ্বিতীয়ক সমূহ প্রাথমিক সমূহৰ এক সম্পূর্ণ বিপৰীত ধৰ্মী সমূহ। ইয়াৰ সদস্যসকলৰ মাজত সম্পর্ক থাকে যদিও এই সম্পর্ক মুখামুখি, বা প্রত্যক্ষ সম্পর্ক নহয় বা নাথাকে৷ ইয়াত সদস্যসকলৰ সম্পৰ্ক নিবিড় বা ঘনিষ্ঠ নহয়। দুবে দূৰে থকা সম্পর্কহে। উদাহরণ যেনে– ‘ছাত্রসস্থাৰ সাহিত্য সভাৰ, কংগ্ৰেছ দলৰ সদস্যৰ মাজত থকা সম্পৰ্কৰ দৰে।

প্রশ্ন ৫। প্রাথমিক মুখ্যসমূহ আৰু দ্বিতীয়ক গৌণসমূহৰ প্ৰত্যেকৰে দুটাকৈ বৈশিষ্ট্য উল্লেখ কৰা। (Mention two characteristics of each of the primary and secondary social group) 

উত্তৰ (ক) প্ৰাথমিক মুখ্য সমূহঃ 

(১) প্রাথমিক সমূহৰ আকাৰ সৰু, সদসৰসংখ্যা কম থাকে।

(২) ইয়াৰ সদস্যসকলৰ মাজৰ সম্পৰ্ক বৰ ঘনিষ্ঠ, মুখামুখি। 

(খ) দ্বিতীয়ক গৌণ সমূহ ঃ 

(১) দ্বিতীয় সমূহৰ আকাৰ ডাঙৰ, সদস্যসংখ্যা বহুত বেছি থাকে।

(২) সদস্যসকলৰ মাজত পৰস্পৰ সম্পৰ্ক প্রত্যক্ষ বা মুখামুখি নহয়। ঐক্যতাৰ বান্ধ কম। 

প্রশ্ন ৬। সামাজিক সমূহৰ বা গোটৰ ভিতৰসমূহ আৰু বাহিৰ সমূহ বুলিলে কি বুজা?

উত্তৰ : সমাজতাত্ত্বিক চিন্তাবিদ চামাৰৰ (Summer) মতে সামাজিক সমূহক বা গোটক আন এক প্ৰকাৰে শ্ৰেণী বিভাজন কৰিছে– (১) ভিতৰ সমূহ আৰু (২) বাহিৰ সমূহ। (১) ভিতৰসমূহ (In Group): যেতিয়া এজন মানুহে আন এজন মানুহৰ লগত পৰিচিত হয়, তেতিয়া তেওঁলোকৰ মাজত এটা সম্পর্ক ঘটে আৰু তেওঁলোকৰ মাজত ‘আমাৰ’ এই ভাব গঢ়ি উঠে। এইদৰে গঢ়ি উঠা সমূহকে ভিতৰসমূহ বোলে।

(২) বাহিৰ সমূহ (out group): যেতিয়া কোনো লোকে আন সমূহৰ সদস্যক ‘তেওঁলোক’ বা ‘সিহঁত’ বুলি ভাব প্রকাশ কৰে তেতিয়া তেনে সমূহকে বাহিৰ সমূহ বুলি কোৱা হয়। বাহিৰ সমূহকে কেতিয়াবা ‘সিহঁত’ সমূহ বুলিও কোৱা হয়।

প্রশ্ন ৭। প্রাথমিক আৰু দ্বিতীয়কসমূহৰ দুটা পার্থক্য দেখুওৱা (Show two differences between the primary and secondary Groups.) 

উত্তৰ: প্ৰাথমিক আৰু দ্বিতীয়কসমূহৰ মাজত কিছুমান পার্থক্য আছে। তলত দুটা পার্থক্য দেখুওৱা হ’ল –

(১) আকাৰ : প্রাথমিকসমূহৰ আকাৰ আৰু পৰিসৰ সৰু সদস্যসংখ্যা সীমিত; কিন্তু আনহাতে দ্বিতীয়ক সমূহৰ আকাৰ বিশাল আৰু পৰিসৰ অসীম। সদস্যসংখ্যাও অসীম, সমগ্র বিশ্বব্যাপী সদস্য থাকিব পাৰে।

(২) সম্বন্ধঃ প্রাথমিক সমূহৰ সদস্যৰ মাজত সম্বন্ধ প্রত্যক্ষ নিবিড় আন্তবিকতা পূর্ণ, গভীৰ। সদস্যসকলৰ মাজত দেখাদেখি, মুখামুখি সম্পর্ক থাকে কিন্তু দ্বিতীয়ক সমূহৰ সদস্যৰ মাজত সম্পর্ক পৰোক্ষ, মুখামুখি সম্পর্ক নাথাকে। তেওঁলোকৰ মাজত আনুষ্ঠানিক সম্পর্কহে থাকে। 

প্রশ্ন ৮। ”ক্ষুদ্ৰ সমাজতত্ত্ব’ আৰু ‘বৃহৎ সমাজতত্ত্ব’ৰ ওপৰত চমুকৈ লিখা।

উত্তৰ: পৰিবেশৰ সৈতে খাপ খোৱা দৈনন্দিন ব্যৱহাৰ আৰু মুখামুখি সম্পৰ্কক ক্ষুদ্র সমাজতত্ত্ব বুলি কোৱা হয়। এনে সমাজতত্ত্বত ব্যক্তি আৰু ক্ষুদ্ৰসমূহৰ ব্যাখ্যা অন্তৰ্ভুক্ত হৈ থাকে। কিন্তু সমাজতত্ত্বৰ সৈতে ইয়াৰ পার্থক্য থাকে। আনহাতে বৃহৎ সমাজতত্ত্বই বৃহৎ আকাৰৰ সামাজিক পদ্ধতি, ৰাজনৈতিক পদ্ধতি নাইবা অর্থনৈতিক পদ্ধতিক সামৰি লয়। এই দুয়োটাৰ পৰস্পৰৰ লগত সম্পর্ক থাকে।

প্রশ্ন ৯। সামাজিক নিয়ন্ত্রণ কি? (What is social control?)

উত্তৰ: সামাজিক নিয়ন্ত্রণ হ’ল এনে কিছুমান কাৰিকৰী কৌশল, চৰ্ত বা সীমাবদ্ধতা যাৰ দ্বাৰা কিছুমান, সমূহ বা গোটৰ কার্যকলাপক সমাজৰ কিছুমান প্রতিমান, প্ৰথা মানি চলিবলৈ পতিয়ন নিয়াবলৈ, ব্যৱস্থা কৰা হয় তাকে সামাজিক নিয়ন্ত্রণ বোলা হয়। 

প্রশ্ন ১০। সামাজিক নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা কি? (What is the need of social control?)

উত্তৰ : সামাজিক নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা আধুনিক সমাজ ব্যৱস্থাত সামাজিক নিয়ন্ত্রণ অতি প্রয়োজনীয়, কাৰণ – 

(১) মানুহ যিহেতু স্বাৰ্থপৰ জীৱ তেওঁ নিজৰ স্বাৰ্থপূৰণৰ বাবে অবাধ স্বাধীনতাৰ কাম কৰিলে, সমাজত আনৰ স্বাৰ্থত আঘাত হোৱাটো স্বাভাৱিক আৰু এক অৰাজক, বিশৃঙ্খলতাৰ সৃষ্টি হ’ব। ফলত সমাজৰ অস্তিত্ব হয়তো নাইকীয়া হৈ যাব পাৰে৷ গতিকে এখন সুশৃঙ্খল, শান্তিপূর্ণ প্রগতিবাদী সমাজ গঢ়ি তুলিবলৈ এই অবাধ স্বাধীনতাৰ অৱসান ঘটাবৰ উদ্দেশ্যে শক্তিশালী সামাজিক নিয়ন্ত্রণ ব্যৱস্থা বা পদ্ধতিৰ আৱশ্যক।

(২) আনহাতে সমাজ পৰিৱৰ্তনশীল যদিও ই সামগ্রিকভাৱে পৰিৱৰ্তন নহয় সেই বাবে সমাজৰ পৰিৱৰ্তিত দিশ আৰু অপৰিৱৰ্তিত দিশৰ ভাৰসাম্যতাৰ সমন্বয় ঘটাবৰ উদ্দেশ্যত সামাজিক নিয়ন্ত্ৰণৰ অতি আৱশ্যক, যাৰ অবিহনে সমাজত বিশৃঙ্খলতাই দেখা দিব পাৰে। যেনে— ৰাজনৈতিক পৰিৱৰ্তন হ’লে অপৰিৱর্তিত ধর্মীয় ব্যৱস্থাই যাতে তাৰ লগত খাপ খাই চলিব পাৰে তাৰ বাবে উপযুক্ত সামাজিক নিয়ন্ত্ৰণ ব্যৱস্থা আৱশ্যক।

(৩) সমাজৰ প্ৰচলিত আচাৰ-ব্যৱহাৰ, প্ৰথা, ৰীতি-নীতি, আদর্শব প্রতি অনুগত হৈ চলিলে নাইবা সামাজিক প্রতিমান অনুযায়ী নিজৰ নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰিলে সমাজৰ অনুৰূপতা ৰক্ষা কৰা হয়। মানুহে নৈতিক বিচার-বিবেচনাৰে সামাজিক প্রতিমানবোৰ মানি চলিলে এই প্রতিমানবোৰ মানুহৰ অভ্যাসত পৰিণত হয়। যেনে- জ্যেষ্ঠজনক সম্মান কৰা, ধর্মীয় নীতি-নিয়ম লঙ্ঘন নকৰা বা পালন কৰা এই নীতি-নিয়মৰ নিয়ন্ত্রণে সমাজত মানুহৰ ব্যক্তিত্বৰ গঢ় দিয়ে। এই ব্যক্তিত্ব বিকাশৰ প্ৰয়োজনীয়তা সামাজিক নিয়ন্ত্রণৰ আৱশ্যক। 

(৪) বৰ্তমানৰ সমস্যাবহুল সমাজবোৰত ক্রমান্বয়ে অপৰাধৰ মাত্রা বৃদ্ধি পাইছে। অপৰাধ বৃদ্ধিৰ সমস্যা অধ্যয়ন কৰি দেখা যায় যে নিয়ন্ত্রণ ব্যবস্থা দুর্বল হ’লেও এই মাত্রা বৃদ্ধি হয়। সেইবাবে শক্তিশালী সুসংহত সামাজিক নিয়ন্ত্রণ পদ্ধতিৰ আৱশ্যকতা অতি আৱশ্যক। সাধাৰণ পৰিয়ালবোৰতে নিয়ন্ত্রণ ব্যবস্থা বা অনুশাসন ব্যৱস্থা দুর্বল হ’লে পৰিয়ালৰ লোকে নানা অনিষ্টকাৰী অপৰাধত লিপ্ত হব পাৰে। ওপৰত আলোচনা কৰা এইবোৰ কাৰণতে সমাজত সামাজিক নিয়ন্ত্ৰণৰ প্রয়োজন অতি গুরুত্বপূর্ণ। সামাজিক নিয়ন্ত্ৰণৰ ব্যৱস্থা সমাজৰ অবিচ্ছেদ্য অঙ্গ।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। কার্লমার্ক্সৰ মতে – প্রধান অৱধাৰণা দুটা কি?

উত্তৰ : শ্ৰেণী আৰু সংঘর্ষ।

প্রশ্ন ২। সংৰচনাত্মক কাৰ্যাত্মকবাদী আৰু মার্ক্সবাদী সকলৰ মতে সমাজৰ ধাৰণা কি আছিল?

উত্তৰ ঃ (১) সংৰচনাত্মক কাৰ্যাত্মকবাদী সকলৰ মতে সমাজ হ’ল – মিলিজুলি থকা এক জনসমষ্টি।

(২) মার্ক্সবাদীসকলৰ মতে সমাজ হ’ল প্ৰকৃততে এক সংঘর্ষধর্মী জনসমষ্টি।

প্রশ্ন ৩। সমাজৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ : সমাজ এক অমূর্ত ধাৰণা।

প্রশ্ন ৪। প্রাথমিক সমূহৰ এটা উদাহৰণ দিয়া।

উত্তৰ ঃ পৰিয়াল।

প্রশ্ন ৫। অন্তর্বিবাহে অন্য জাতৰ পৰা বিবাহ কৰাক বুজায়—এইটো সঁচানে?

উত্তৰ : সঁচা নহয়।

প্রশ্ন ৫ (ক) গৌণ গোটসমূহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

Ans. (১) গৌণ বা দ্বিতীয়ক সমূহৰ আকাৰ ডাঙৰ।

(২) সদস্যসকলৰ সম্পর্ক প্রত্যক্ষ বা মুখামুখী নহয়। 

প্রশ্ন ৬। সমাজশাস্ত্ৰ আৰু অৰ্থনীতিবিজ্ঞানৰ দুটা উমৈহতীয়া অধ্যয়ন ক্ষেত্র উল্লেখ কৰা।

উত্তৰঃ উমৈহতীয়া অধ্যয়ন ক্ষেত্ৰ দুটা হ’ল 

(১) নিবনুৱা সমস্যা আৰু 

(২) দৰিদ্ৰতা, বা অপৰাধ প্রবণতা।

প্রশ্ন ৭। দ্বিতীয়াকসমূহৰ দুটা উদাহৰণ দিয়া।

উত্তৰ : সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভা। 

প্রশ্ন ৮। পৰিয়াল এক সমূহ হিচাপে প্রাথমিক সমূহ নে দ্বিতীয়াক সমূহ? 

উত্তৰ ঃ প্রাথমিক সমূহ।

প্রশ্ন ৯। ধৰ্মৰ এটা সামাজিক ক্রিয়াক উত্তৰ ধৰ্মৰ প্ৰধান ক্রিয়া হল সামাজিক নিয়ন্ত্রণ।

উত্তৰ ঃ ধৰ্মৰ প্ৰধান ক্রিয়া হ’ল সামাজিক নিয়ন্ত্রণ।

প্রশ্ন ১০। মহাবিদ্যালয়ৰ ছাত্র বা ছাত্রী হিচাপে তুমি কি প্ৰস্থিতি আহৰণ কৰিছা। 

উত্তৰ: স্বলক বা আৰ্হিত প্ৰকাৰৰ প্ৰস্থিতি আহৰণ কৰিছো। 

প্রশ্ন ১১। উত্তৰ-পূব ভাৰতৰ দুটা মাতৃপ্রধান জনজাতিৰ নাম লিখা। 

উত্তৰ: (১) খাছীয়া (২) গাবো

প্রশ্ন ১২। সমাজশাস্ত্ৰৰ লগত সম্পর্ক থকা যিকোনো দুবিধ সমাজ বিজ্ঞানৰ নাম লিখা। 

উত্তৰ : (১) বাঙ্গুনীতি বিজ্ঞান আৰু (২) অর্থনীতি বিজ্ঞান।

প্রশ্ন ১৩। সামাজিক নিয়ন্ত্ৰণৰ কেইটামান প্রতিনিধিৰ নাম লিখা।

উত্তৰঃ সামাজিক প্রতিনিধিৰ নাম কেইটামান

(ক) পৰিয়াল 

(খ) সামাজিক প্রথা,

(গ) আইন 

(ঘ) ধর্ম।

প্রশ্ন ১৪। যিকোনো অর্থ থকা দুটা শব্দ (Terms) লিখা।

উত্তৰ : বিশেষ অর্থ থকা দুটা শব্দ হল – (ক) দ্বন্দ্বাত্মক (য) শ্ৰেণী আৰু (গ) নিয়ন্ত্রণ।

প্রশ্ন ১৫। সমাজতত্ত্ব কি ? সমাজতত্ত্ব কিহৰ লগত জড়িত ?

উত্তৰ: সমাজতত্ত্ব সামাজিক সম্পর্কৰ অধ্যয়ন। ই প্রাথমিকভাবে সামাজিকসমূহৰ লগত জড়িত।

প্রশ্ন ১৬। ভাৰতীয় সমাজত কেই প্ৰকাৰৰ স্তৰীকৰণ দেখা যায় ?

উত্তৰ : ভাৰতীয় সমাজত চাৰিপ্ৰকাৰৰ স্তৰীকৰণ দেখা যায়।

(১) দাস প্রথা (Slavery system) 

(২) জাতি প্রথা (Cast system) 

(৩) সামপ্ত প্রথা (এষ্টেট) (Estate) আৰু 

(৪) শ্রেণী প্রথা (Class system)

প্রশ্ন ১৭। প্রসংগসমূহ অবধাৰণাটো কোনে আগবঢ়াইছিল ? 

উত্তৰ : চিন্তাবিদ এম. এন. শ্রীনিবাসে।

প্রশ্ন ১৭। বন্ধ স্তৰীকৰণৰ এটা উদাহৰণ দিয়া। 

উত্তৰ : ভাৰতীয় সমাজত প্ৰচলিত ‘জাতি ব্যৱস্থা’।

প্রশ্ন ১৮। এজনৰ সামাজিক প্রস্থিতি পৰিয়ালত/সমাজত/কাৰ্য্যালয়ৰ নিৰ্দ্ধাৰণ হয়।

উত্তৰ : সমাজত হয়।

প্রশ্ন ১৮। মুক্ত সামাজিক স্তৰীকৰণৰ এটা উদাহৰণ দিয়া।

উত্তৰ : পুঁজিপতি, শিক্ষক আদি।

প্রশ্ন ১৯। প্রাথমিকসমূহৰ প্ৰতিষ্ঠাতা কোন আছিল?

উত্তৰ: চাৰ্লচ এইছ কুলি (Charls H. Cooly)

নির্বাচিত ৰচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। সামাজিক স্তৰীকৰণৰ সংজ্ঞা দিয়া?

নাইবা, 

সামাজিক স্তৰীকৰণ বুলিলে কি বুজা? সামাজিক স্তৰীকৰণৰ প্ৰকাৰ বা স্বৰূপ সম্পর্কে আলোচনা কৰা।

উত্তৰ : (ক) সামাজিক স্তৰীকৰণৰ সংজ্ঞা : বিভিন্ন সমাজতাত্ত্বিকে সামাজিক স্তৰীকৰণৰ সন্দৰ্ভত বিভিন্ন দৃষ্টিভঙ্গীৰ সংজ্ঞা আগবঢ়োৱা দেখা যায়। তলত কেইটিমান সূত্র আগবঢ়োৱা হ’ল—

(১) সমাজতাত্ত্বিক পিটিৰিম ছৰ কিনৰ মতে, সামাজিক স্তৰীকৰণৰ অৰ্থ হ’ল– এক নির্দিষ্ট জনসংখ্যাক উচ্চ-নীচ হিচাপে কেইটিমান শ্ৰেণীত বিভক্ত কৰা। 

(২) কিংছলি ডেভিচৰ (Kingsley Davis) মতে, স্তৰীকৰণ হ’ল সমাজ পদ্ধতিত সামাজিক স্থানবোৰত অসমানভাৱে সামাজিক অধিকাৰ আৰু সা-সুবিধাবোৰ বিতৰণ কৰা পদ্ধতি। 

(৩) সমাজতাত্ত্বিক অগবার্ণ আৰু নিমকহৰ ভাষাত/স্তৰীকৰণ মানে সমাজৰ ব্যক্তি আৰু সামাজিক সমূহবোৰক স্থায়ীভাবে পদানুক্রমিক অৱস্থাৰে কেইটিমান প্ৰস্থিতিত বিভক্ত কৰা।

মুঠতে সাধাৰণভাৱে কবলৈ গ’লে সামাজিক স্তৰীকৰণ এনে এটি সামাজিক প্ৰক্ৰিয়া যাৰ দ্বাৰা সমাজৰ ব্যক্তিসমূহক পদানুক্রমে উচ্চ, নিম্ন আদি কেইটিমান সামাজিক স্থানত বিভক্ত কৰা হয় আৰু ফলস্বৰূপে পদানুযায়ী কিছুমান ব্যক্তিয়ে আন সকলৰ তুলনাত অধিক ক্ষমতা, সুবিধা, সম্মান লাভ কৰে আৰু আন কিছুমানে তেনে ক্ষমতা, সুবিধা, সন্মানৰ পৰা বঞ্চিত হয়। বিভিন্ন সমাজতাত্ত্বিকে আগবঢ়োৱা স্তৰীকৰণৰ সংজ্ঞাসমূহৰ পৰা দেখা যায় যে স্তৰীকৰণ এটি সামাজিক প্রক্রিয়া যাৰ মাধ্যমেৰে সমাজৰ ব্যক্তি আৰু সমূহৰ সামাজিক স্থান অনুক্রমে বিভক্তি কৰা হয়। ফলস্বৰূপে সমাজত উচ্চ-নীচ ভেদাভেদৰ সৃষ্টি হয়। এইদৰে সৃষ্টি হোৱা কোনো শ্ৰেণীৰ লোকে বিশেষ বিশেষ ধৰণৰ সা-সুবিধা, ক্ষমতা, অধিকাৰ লাভ কৰে আৰু

আন আন কিছুমানে এই সুবিধা, ক্ষমতা, অধিকাৰৰ পৰা বঞ্চিত হয়।

(খ) সামাজিক স্তৰীকৰণৰ স্বৰূপঃ সামাজিক স্তৰীকৰণৰ স্বৰূপ সম্বন্ধেও বিভিন্ন মত দেখা যায়। যি কি নহওক, জাতি, সামাজিক শ্রেণী, সামত্ত প্রথা, উদ্যোগ প্রধান আধুনিক সমাজবোৰকে স্তৰীকৰণৰ স্বৰূপ হিচাপে লোৱা হয়। অৱশ্যে এই সকলোবোৰকে সামৰি আন সামাজিক স্বৰীকৰণৰ মূল স্বৰূপ বা প্ৰকাৰ দুই ধৰণৰ বুলি দেখুৱাব পাৰি। যেনে– (১) মুক্ত স্তৰীকৰণ আৰু (২) বন্ধ স্তৰীকৰণ।।

(১) মুক্ত স্তৰীকৰণ প্ৰথা  : যি স্তৰীকৰণ কোনো ব্যক্তিয়ে নিজৰ দক্ষতা আৰু ইচ্ছাৰ দ্বাৰা সামাজিক প্ৰস্থিতিৰ পৰিৱৰ্তন আনিব পাৰে তাক মুক্ত স্তৰীকৰণ বোলা হয়। শ্ৰেণী: পদ্ধতি মুক্ত স্তৰীকৰণৰ উপযুক্ত উদাহৰণ বুলি কোৱা হয়। অর্থাৎ এই স্তৰীকৰণ প্ৰথা অনুযায়ী যিকোনো শ্ৰেণীৰ লোকে আন যিকোনো শ্ৰেণীলৈ নিজৰ সামাজিক প্রস্থিতি পৰিৱৰ্তন কৰিব পাৰে। মুক্ত স্তৰীকৰণৰ উদাহৰণ হিচাবে সামাজিক শ্রেণী আৰু উদ্যোগপ্রধান আধুনিক সমাজলৈ আঙুলিয়াব পাৰি।

সামাজিক শ্রেণী: মেক্ আইভাৰ পেজৰ মতে কিছুমান ব্যক্তি বা ব্যক্তিৰ গোটক শ্রেণী হিচাবে বুজা যায় ব্যক্তিসমষ্টিটোৰ বা সম্প্রদায়টোৰ সমগ্ৰ জীৱন নিৰ্বাহৰ প্ৰণালী বা ভাৱধাৰাৰ প্রভাৱৰ ফলতে সামাজিক শ্ৰেণীৰ সৃষ্টি হয়। আকৌ কার্ল মা’ৰ মতে, / মানৱ জাতিৰ ইতিহাস মানেই শ্রেণী সংগ্ৰামৰ ইতিহাস। অর্থাৎ সকলো প্ৰকাৰ মানৱ সমাজৰ মাজতে শ্রেণী প্ৰথাৰ প্রচলন আছে।

মুখ্যত সামাজিক শ্ৰেণীসমূহত অর্থনৈতিক স্বার্থ জড়িত। মা’ৰ মতে অর্থনৈতিক কাৰণতে সমাজত সাধাৰণতে ভূমিপতি, পুজিপতি আৰু সাধাৰণ বনুৱা আদি তিনিটা শ্ৰেণীৰ সৃষ্টি হৈছে। এই শ্ৰেণীসমূহ পূর্ব নির্দ্ধাৰিত অনুযায়ী সৃষ্টি নহয় বৰং ব্যক্তি বিশেষৰ পাৰদর্শিতা বা দক্ষতাৰ ফল বা অভাৱৰ কাৰণেহে শ্রেণীবোৰ সৃষ্টি হয়। সেয়ে এই শ্রেণীসমূহত সামাজিক গতিশীলতাৰ উমান পোৱা যায়।

(২) বন্ধ সুৰকৰণ প্ৰথা যিবোৰ স্তৰীকৰণৰ ক্ষেত্ৰত সামাজিক গতিশীলতাৰ অভাৱ বা গতিশীলতাৰ কোনো সুবিধা নাই তাক বন্ধ স্তৰীকৰণ বোলা হয়। অর্থাৎ যেতিয়া এক লোকে আন কোনো উচ্চ বা নিম্ন শ্ৰেণীলৈ নিজৰ স্থিতি পৰিৱৰ্তন কৰিব নোৱাৰে তাকে বন্ধ স্তৰীকৰণ বোলা যায়। উদাহৰণ হিচাবে ভাৰতবৰ্ষৰ জাতিগত প্ৰথা আৰু ইউৰোপীয় সমাজৰ মধ্যযুগীয় সামস্ত প্রথাকে দেখুৱাৰ পৰা যায়।

(ক) জাতি প্ৰথা ভাৰতবৰ্ষৰ বুৰঞ্জীত জাতি প্রথা অতি প্রাচীন, ইয়াক চতুর্বর্ণ বুলিও জনা যায়। সকলোবোৰ ভাৰতীয় মানুহে মুখ্যতঃ ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ চাৰিটা জাতিত বিভক্ত। জাতিবোৰ সাধাৰণতে বৃত্তি ভিত্তিত গঢ়ি উঠা। কিন্তু কালক্ৰমত এজন ব্যক্তি যি জাতত জন্মগ্রহণ কবে সেই জাততে অন্তর্ভূক্ত কৰা হয়। সেয়ে অন্য জাতৰ এজন ব্যক্তি শিক্ষা-দীক্ষা বা পাৰদৰ্শিতাৰ ফলত নিজ জাত এৰি অইন জাতত অন্তর্ভুক্ত হ’ব নোৱাৰে। অর্থাৎ জাতি প্রথাত গতিশীলতা দেখা নাযায়।

(খ) সামন্ত প্রথা : ইউৰোপৰ মধ্যযুগীয়া সামস্ত প্ৰথাও ভাৰতৰ জাতি প্ৰথাৰ দৰে বন্ধ পৰীকৰণ প্ৰথা। এই প্রথানুযায়ী ব্যক্তিসকলক সম্ভ্রাপ্ত শ্রেণী, পুৰোহিত আৰু সাধাৰণ প্ৰজা আদি তিনিটা শ্রেণীতে বিভক্ত কৰা হৈছিল। সম্ভ্ৰাস্ত শ্ৰেণী উচ্চ স্থানত, পুৰোহিত মধ্যস্থানত আৰু সাধাৰণ প্ৰজাক নিম্ন স্থানত অধিষ্ঠিত কৰা হৈছিল। আনকি ৰাজনৈতিক অধিকাৰ, ন্যায় বিচাৰ, বৃত্তি আৰু অন্যান্য সা-সুবিধা বিতৰণৰ ক্ষেত্ৰত শ্ৰেণী অনুযায়ী তাৰতম্য দেখা যায়। ভাৰতীয় জাতি প্ৰথাৰ দৰে সামস্ত প্রথাতো কোনো গতিশীলতাৰ উমান পোৱা নাযায়।

প্রশ্ন ২। সামাজিক স্তৰীকৰণৰ সংজ্ঞা দিয়া ৷ শ্রেণী পদ্ধতিক কোন প্ৰকাৰৰ স্তৰীকৰণ বুলি ধৰা হয়? আলোচনা কৰা।

উত্তৰ : (৩ নং প্রশ্নোত্তৰৰ সংজ্ঞা আৰু মুক্ত স্তৰীকৰণ প্ৰথা চোৱা।)

প্রশ্ন ৩। সামাজিক স্তৰীকৰণৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰ : স্তৰীকৰণৰ ব্যৱস্থাঃ সামাজিক স্তৰীকৰণৰ সুস্পষ্ট বৈশিষ্ট্য হৈছে প্ৰস্থিতি বা মৰ্যাদাৰ অসমতা৷ কাৰণ এখন সমাজ প্রতিজন ব্যক্তিৰ মাজত সুবিধা আৰু সম্পত্তিৰ বিতৰণ সমান হোৱা দেখা নাযায়। মে’ৱেবাৰ নামৰ সমাজতাত্ত্বিকজনৰ মতে মানুহৰ জীৱনৰ অধিকাৰ বা সুবিধাসমূহ সমান নহয়। সেয়ে জীৱনৰ অধিকাৰসমূহ বিতৰণৰ স্তৰীকৰণৰ সৃষ্টি কৰিছে।

(১) জাতি আৰু প্ৰজাতি : প্ৰায়বোৰ সমাজতে স্তৰীকৰণৰ প্ৰক্ৰিয়াৰ মূল আধাৰ হৈছে প্ৰজাতিৰ ভিন্নতা। আফ্রিকা, আমেৰিকা আৰু কিছুমান ইউৰোপীয় দেশত প্ৰজাতীয় সংঘর্ষ স্তৰীকৰণ আৰু অসমতাৰ এক প্ৰভাৱশালী কাৰক হিচাবে অভিহিত হৈছে।

(২) বৃত্তিগত মর্যাদা বৃত্তিগত মৰ্যাদোৰ ফলত সমাজত উচ্চ-নীচ ভেদাভেদ সৃষ্টি হৈ স্তৰীকৰণ হোৱা দেখা যায়। কাৰণ বৃত্তি অনুযায়ী ব্যক্তিসকলে অর্থ উপার্জন কৰে। আকৌ, কিছুমান বৃত্তিয় সমাজত অধিক মর্যদা দাবী কৰি উচ্চস্থান লাভ কৰে। 

(৩) প্রশাসনীয় প্রস্থিতি প্রশাসনীয় স্থিতিৰ ওপৰতো সামাজিক স্তৰীকৰণ প্ৰক্ৰিয়া নিৰ্ভৰ কৰা দেখা যায়। কৰ্মৰ ক্ষেত্ৰত উচ্চ মর্যাদাসম্পন্ন বিষয়াসকলে অধিক সম্মান লাভ কৰা সমাজৰ উচ্চস্তৰীয় ব্যক্তি হিচাবে স্বীকৃত হোৱা দেখা যায়। 

(৪) শাসকীয় শ্রেণীঃ সাধাৰণতে শাসকীয় শ্ৰেণীয়ে শাসিত শ্ৰেণীতকৈ উচ্চস্তান দখল কৰা দেখা যায়। আনকি গণতন্ত্রৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্রম দেখা নাযায়।

(৫) শ্রেণীব্যৱস্থাৰ ওপৰত স্তৰীকৰণ নিৰ্ভৰশীল মুখ্যত অর্থনৈতিক প্ৰক্ৰিয়া আৰু শ্ৰমৰ বিভাজনৰ পৰিণতি স্বৰূপেই শ্রেণীব্যৱস্থাৰ উৎপত্তি উদ্যোগীকৰণৰ ফলত ব্যৱস্থা সুস্পষ্ট হৈ উঠিছে। বুর্জোয়া, প্রলেটোৰিয়েট আদি শ্রেণীবিভাজনত এই কথা প্রমাণিত হয়। ফলস্বৰূপে দেখা যায় সামাজিক স্তৰীকৰণ সমাজবিশেষে শ্রেণীব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল।

(৬) জাতি ব্যৱস্থাৰ ওপৰত স্তৰীকৰণ নিৰ্ভৰশীল ভাৰতীয় সমাজ ব্যৱস্থালৈ লক্ষ্য কৰিলে দেখা যায় স্তৰীকৰণ জাতিব্যৱস্থাৰ ওপৰতো নিৰ্ভৰশীল। / চতুবর্ণ*ৰ ভিত্তিত সৃষ্টি হোৱা ভাৰতীয় জাতি ব্যৱস্থাৰ ফলতে এই সমাজত উচ্চ-নীচ ভেদাভেদৰ সৃষ্টি হৈ স্তৰীকৰণ হোৱা দেখা যায়। 

(৭) সামন্ত প্রথাঃ পূর্বকালত ইউৰোপত সামস্ত প্ৰথাৰ প্ৰভাৱতে সামাজিক স্তৰীকৰণৰ সৃষ্টি হোৱা বুলি প্ৰমাণ পোৱা যায়। সেয়ে সামাজিক স্তৰীকৰণৰ উক্ত সমাজবোৰত সামস্ত প্ৰথাৰ ওপৰত নিৰ্ভৰশীল।

অৱশ্যে সকলোদিশ সামৰি মৌৱেবাৰৰ ভাষাত অর্থনৈতিক অসমতা, প্ৰস্থিতিৰ অসমতা আৰু ক্ষমতাৰ অসমতা সামাজিক স্তৰীকৰণৰ মূল আধাৰ বুলি কোৱাৰ যুক্তিযুক্ততা আছে।

শুদ্ধ উত্তৰ বাছি দিয়া প্রশ্নোত্তৰসমূহ (Multiple Choice Type Question & Answers)

Q.1. বন্ধ স্তৰীকৰণত সামাজিক প্রস্থিতি নিৰ্ধাৰণ কৰা হয়— 

(a) নিজৰ প্ৰচেষ্টাৰ ওপৰত

(b) নিজৰ গুণৰ ওপৰত

(c) ব্যক্তি জন্মৰ দ্বাৰা

(d) শৈক্ষিক ডিগ্রী দ্বাৰা

উত্তৰ (c) ব্যক্তি জন্মৰ দ্বাৰা

Q.2. ভাৰতীয় নাৰীৰ সামাজিক প্ৰস্থিতি উচ্চ আছিল—

(a) মধ্যযুগত 

(b) প্রাচীন যুগত

(c) আধুনিক যুগত

(d) বর্তমান যুগত

উত্তৰ (b) প্রাচীন যুগত

Q.3. পৰিয়াল এটা—

(a) জৈৱিক সমূহ

(b) সাংস্কৃতিক সমূহ

(c) সামাজিক সমূহ

(d) আর্থিক সমূসমূ

উত্তৰ। (c) সামাজিক সমূহ

Q.4. মুক্ত সামাজিক স্তৰীকৰণ সম্ভবপৰ হয়—

(a) জাতিত

(b) জনজাতি সমাজত

(c) উন্নত সমাজত

(d) শ্রেণীগত সমাজত 

উত্তৰ। (d) শ্রেণীগত সমাজত

Q.5. সামাজিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰথাই শক্তিশালী ভূমিকা লোৱা সমাজখন হ’ল—

(a) ঔদ্যোগিক সমাজ 

(b) নগৰীয়া সমাজ

(c) অঘৰী সমাজ

(d) জনজাতীয় সমাজ

উত্তৰ।(d) জনজাতীয় সমাজ

Q.6. শ্রেণী ভিত্তিক অনুসন্ধান প্ৰণালীৰ প্ৰতিষ্ঠাপক হ’ল—

(a) মেক্স ওয়েবাৰ 

(b) আগবার্ণ 

(c) কার্লমার্ক্স 

(d) ৱাৰণাৰ 

উত্তৰ।(c) কার্লমার্ক্স

Q.7. কোনজনৰ মতে সমাজক বুজিবলৈ শ্ৰেণী আৰু সংঘৰ্ষ হ’ল মূল

(a) ইমলেদুৰখেইম 

(b) কার্লমার্ক্স

(c) বাৰ্জাৰ পেটাৰ এল

(d) এ আৰ দেশাই

উত্তৰ (b) কার্লমার্ক্স

Q.8. মানুহৰ সন্থাই হ’ল

(a) সমূহ 

(b) জনসমষ্টি 

(c) গোট 

(d) শ্রেণী 

উত্তৰ। (a) সমূহ

Q.9. সামন্তবাদী প্রভুৰ সম্পৰ্ক আছিল—

(a) প্রাচীন ভাৰতত

(b) মধ্যযুগীয় ইউৰোপত

(c) আধুনিক ইউৰোপত

d) মধ্যযুগীয় ইংলেণ্ডত।

উত্তৰ। (b) মধ্যযুগীয় ইউৰোপত

 Q.10. উৎপাদনৰ উপাদান সমূহ

(a) ভূমি আৰু মূলধন 

(b) ভূমি আৰু শ্ৰম

(c) ভূমি, শ্রম, মূলধন

(d) কেচা সামগ্ৰী

উত্তৰ। (c) ভূমি, শ্রম, মূলধন

Q.11. তলৰ কোনটো স্তৰীকৰণৰ প্ৰণালীৰ প্ৰকাৰ নহয়— 

(a) দাস প্রথা 

(b) জাতি প্রথা 

(c) শ্রেণী প্রথা 

(d) যৌতুক প্রথা

উত্তৰ। (d) যৌতুক প্রথা

Q.12. ব্যক্তিগত সম্পত্তিয়ে হ’ল একমাত্ৰ কাৰণ — 

(a) সামাজিক অসমতা

(b) মানবীয় মূল্যবোধ হ্রাস

(c) শিক্ষাদীক্ষা

(d) মানুহৰ স্বাৰ্থপৰতা

উত্তৰ। (a) সামাজিক অসমতা

Q.13. সামাজিক স্তৰীকৰণে বুজায়—

(a) সামাজিক ন্যায়;

(b) সামাজিক অসমতা 

(c) সামাজিক অন্যায়;

(d) সামাজিক সমতা;

উত্তৰ। (b) সামাজিক অসমতা

Q.14. কোনটো প্রাথমিক সমূহ—

(a) শ্রমিক সংস্থ৷

(b) ছাত্ৰ সন্থা

(c) পৰিয়াল

(d) গণ পৰিষদ

উত্তৰ। (c) পৰিয়াল

Q.15. সংগঠনৰ অত্যাৱশ্যকীয় উপাদান—

(a) লক্ষ্য

(b) প্রতিমান

(c) অনুশাসন

(d) এই সকলোবোৰ

উত্তৰ। (d) এই সকলোবোৰ

সমাজতত্ত্ব পৰিচয় ( Part – I )

ক্ৰমিক নংপাঠলিংক
1.সমাজতত্ত্ব আৰু সমাজ (Sociology and Society)Click Here
2.বিশেষ অর্থ থকা শব্দ, অৱধাৰণা আৰু সমাজতত্ত্বত ইয়াৰ ব্যৱহাৰ (Terms. Concepts and their use in Sociology)Click Here
3.সামাজিক সংস্থাবোধ (Understanding Social Institutions)Click Here
4.সংস্কৃতি আৰু সামাজিকৰণ (Culture and Socialisation)Click Here
5.সমাজতত্ত্ব অধ্যয়ন : গবেষণা প্রণালী (Doing Sociology: Research Methods)Click Here

সমাজ বোধ ( Part-II )

ক্ৰমিক নংপাঠলিংক
1.সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজৰ সামাজিক প্রক্রিয়া (Social Structure, Stratification and Social Process in Society)Click Here
2.গ্রামীণ আৰুনগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা (Social Change and Social Order in Rural and Urban Society)Click Here
3.পৰিবেশ আৰু সমাজ (Environment and Society)Click Here
4.পাশ্চাত্যৰ সমাজতত্ত্ববিদসকলৰ — এক পৰিচয় (Introduction Western Sociologists)Click Here
5.ভাৰতীয় সমাজতত্ত্ববিদসকল | (Indian Sociologists)Click Here

This Post Has 5 Comments

Leave a Reply