HS first Year সমাজশাস্ত্র (Part-II সমাজ বোধ) অধ্যায় – ৫ ভাৰতীয় সমাজতত্ত্ববিদসকল

HS first Year সমাজশাস্ত্র (Part-II সমাজ বোধ) অধ্যায় – ৫ ভাৰতীয় সমাজতত্ত্ববিদসকল । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS first Year সমাজশাস্ত্র (Part-II সমাজ বোধ) অধ্যায় – ৫ ভাৰতীয় সমাজতত্ত্ববিদসকলAHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS first Year সমাজশাস্ত্র (Part-II সমাজ বোধ) অধ্যায় – ৫ ভাৰতীয় সমাজতত্ত্ববিদসকল

(পাঠ্যপুথিৰ ৰচনাধর্মী প্রশ্নোত্তৰসমূহ)

প্রশ্ন ১। অনস্থ কৃষ্ণ আয়াৰ আৰু শৰৎ চন্দ্ৰ ৰয় কিদৰে সামাজিক নৃতত্ত্ব বিজ্ঞানৰ ব্যৱহাৰিক কার্যত সোমাই পৰিছিল লিখা ? (How did Anantha Krishna Iyer and Sarat Chandra Ray Come to Practical Social Anthropology?) 

উত্তৰঃ ভাৰতত আৰম্ভণীতে সমাজশাস্ত্রবিদ আৰু নৃতত্ত্ববিদসকল আকস্মিকভাৱে এই বিষয়ত সোমাই পৰে। তেওঁলোকে নিজৰ জীৱনৰ ব্যৱহাৰিক কৰ্ম অভিজ্ঞতা, ভাৰতৰ সমাজ ব্যৱস্থাৰ লগত জড়িত হৈ সমাজশাস্ত্রবিদ হিচাপে পৰিগণিত হয়। তেওঁলোকৰ সমাজশাস্ত্ৰৰ কোনো আনুষ্ঠানিক শিক্ষা বা ডিগ্রী নাছিল।

(১) এল কে অনষ্ঠকৃষ্ণ আয়াৰ (১৮৬১-১৯৩৭) : উদাহৰণস্বৰূপে ভাৰতৰ এজন আটাইতকৈ আগৰণুৱা সকলোৰে জনাজাত সামাজিক নৃতত্ত্ববিদ আছিল এল কে অনণ্ঠকৃষ্ণ আয়াৰ (১৮৬১-১৯৩৭)। অনষ্ঠকৃষ্ণ আয়াৰে প্ৰথমে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰিছিল এজন কোনী হিচাবেহে পাচলৈ তেওঁ এজন স্কুল শিক্ষক হয় আৰু তাৰ পিছত কোচিনৰ এখন কলেজৰ শিক্ষক হিচাপে নিযুক্তি পায়। তাৰ পিছত কোচিনৰ দেৱানে তেওঁক ৰাজ্যখনৰ (কোচিনৰ) নৃতাত্ত্বিক জৰীপ এটা কৰিবলৈ দায়িত্ব দিয়ে। ইয়াৰ পিছত বৃটিছ চৰকাৰে দেশীয় যুৱৰাজ শাসিত ৰাজ্যবোৰৰ ঠিক একেধৰণৰ জৰীপ এটা কৰিবলৈ তেওঁকে দায়িত্বভাৰ অৰ্পণ কৰিছিল। অনষ্ঠকৃষ্ণ আয়াৰে এই দায়িত্ব ভাৰ সফলতাৰে পালন কৰে। তেওঁ আৰ্ণাকুলাৰৰ মঙ্গবাজা মহাবিদ্যালয়তো শিক্ষক হিচাপে কাম কৰি থকাৰ লগতে জনগোষ্ঠীয় সম্পৰ্কীয় পর্যবেক্ষক (অনৈবিতনিক) হিচাপেও কাম কৰিছিল। তেওঁৰ এই সকলোবোৰ কামতে সন্তুষ্ট। হৈ সেইসময়ৰ বৃটিছ নৃতত্ত্ববিদ আৰু প্ৰশাসকসকলে তেওঁক যথেষ্ট প্রশংসা কৰিছিল আৰু পিছত মহীশুৰ ৰাজ্যৰ একে ধৰণৰ নৃতাত্ত্বিক জৰীপৰ কামত সহায় কৰিবলৈ তেওঁক আহ্বান কৰিছিল। এইজন অনষ্ঠকৃষ্ণ আয়াৰেই সম্ভবতঃ প্রথমে নিজাবীবয়াকৈ শিক্ষা লাভ কৰি, অনা আনুষ্ঠানিকভাৱে নৃতাত্ত্বিক হিচাপে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয়ভাবে স্বীকৃতি লাভ কৰিছিল আৰু শিক্ষাবিদ হিচাপে জনাজাত হৈ পৰিছিল।

পিছত তেওঁক মাদ্রাজ বিশ্ববিদ্যালয়ত ভাষণ দিবলৈ আমন্ত্ৰণ কৰি নিছিল আৰু কলিকতা। বিশ্ববিদ্যালয়ৰ বিডাৰ হিচাবে নিযুক্তি দিয়া হৈছিল। তাতেই তেওঁ ভাৰতৰ প্ৰথম নৃতাত্ত্বিক বিভাগ স্থাপন কৰি স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ কৰিছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ত ১৯১৭ ১৯৩২ চনলৈ আছিল।

অনষ্ঠকৃষ্ণ আয়াৰৰ কোনো আনুষ্ঠানিক শিক্ষা-দীক্ষা নাছিল যদিও তেওঁৰ ভাৰতৰ গোষ্ঠীগত বিভাগৰ ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ সভাপতি নির্বাচিত কৰিছিল। ইউৰোপৰ বিশ্ববিদ্যালয়বোৰত তেওঁ ভ্ৰমণ কৰি ভাষণ দি ফুৰোতে, জার্মান বিশ্ববিদ্যালয়ে তেওঁক অবৈতনিক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল। তেওঁক কোচিন ৰাজ্যই ‘ৰায়বাহাদুৰ’ আৰু ‘দেৱান বাহাদুৰ’ উপাধিও প্রদান কৰিছিল। 

(২) আইনবিদ শৰৎ চন্দ্ৰ ৰায় (1871-1912): আইনবিদ “শৰৎ চন্দ্ৰ বয়ও এজন বিশিষ্ট আকস্মিকভাৱে হোৱা নৃতত্ত্ববিদ আছিল আৰু এই বিষয়ত ভাৰতৰ এজন আগৰণুৱা শিক্ষাবিদ আছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্রী লাভ কৰি ৰিপন কলেজৰ পৰা আইন পাচ কৰিছিল। তেওঁ ১৮৯৮ চনত ৰাঁচিত এখন খ্রীষ্টান মিছমাৰী স্কুলত শিক্ষকৰ চাকৰীত নিযুক্তি লাভ কৰিছিল। এই চাকৰিটোৱে তেওঁৰ জীৱনত দিশ সলনি কৰি পেলাইছিল। তেওঁ তাত চল্লিছ বছৰ ধৰি চাকৰী কৰি নিজকে তাৰ সমাজ আৰু সংস্কৃতিৰ লগত এক হৈ পৰে আৰু তাৰ জনজাতীয় গোষ্ঠীৰ লগত মিলি যায়। তেওঁ গেটনাপুৰৰ নৃতাত্ত্বিক কামত খুব মনোনিবেশ কৰি এজন নৃতত্ত্ববিদ হৈ পৰে। পিছত তেওঁ ৰাচী কোৰ্টত ওকালতি আৰম্ভ কৰে। শৰৎ চন্দ্ৰ ৰয়ৰ জনগোষ্ঠীয় সমাজৰ প্ৰতি এক গভীৰ হাবিয়াস সৃষ্টি হৈছিল আৰু তেওঁ তাতেই কোৰ্টৰ কাম কাজত জনগোষ্ঠীয় নীতিনিয়ম আৰু আইনবোৰ ব্যাখ্যা কৰা কামত জড়িত থাকিছিল। তেওঁ জনজাতীয় সম্প্ৰদায়ৰ মাজত যথেষ্ট ভ্ৰমণ কৰিছিল আৰু জাতিটো বিষয়ে গবেষণামূলক যথেষ্ট তথ্য পাতি সংগ্ৰহ কৰিছিল। তেওঁ এই সকলো কাম উপযাচি নিজেই কৰিছিল। এই কালছোৱাত এই জনগোষ্ঠী বিভিন্ন প্ৰবন্ধ পাতি ৰাষ্ট্ৰীয় আৰু বৃটিছ আলোচনী জাৰ্ণেল আদিত প্ৰকাশিত হৈছিল। তেওঁ এই প্ৰবন্ধৰ বৃটিছসকলে যথেষ্ট মূল্য দিছিল। ইয়াৰ দ্বাৰাই ৰয়ক সকলোৱে জামিছিল। তেওঁ ১৯২২ চনত Man in India নামৰ এখন আলোচনী প্রতিষ্ঠা কৰি গৈছে।

মুঠতে ভাৰতত সমাজশাস্ত্ৰ আৰু নৃতত্ত্ব বিষয় দুটাৰ প্ৰতিষ্ঠাত ভাৰতৰ প্ৰথম আগৰণুৱা চিন্তাবিদ হিচাপে অনণ্ঠকৃষ্ণ আয়াৰ আৰু শৰৎ চন্দ্ৰ ৰয়কে গণ্য কৰা হয়। 

প্রশ্ন ২। গোবিন্দ সদাশিৱ ঘূৰীক প্রতিষ্ঠাতা হিচাপে আৰু জাতি আৰু জনজাতিৰ তেওঁৰ অভিমতৰ এটি আভাস দিয়া।

উত্তৰঃ (ক) প্ৰতিষ্ঠাপক হিচাবে ঘুৰী : চিন্তাবিদ ঘূৰীয়ে প্ৰথম বাৰৰ বাবে সমাজশাস্ত্ৰ বিষয়টোক আনুষ্ঠানিকভাৱে বোম্বে বিশ্ববিদ্যালয়ত প্রতিষ্ঠা কৰি, স্নাতকোত্তৰ শ্ৰেণী খোলে। এই বিভাগতে তেওঁ বহুতো ছাত্র ছাত্রীক ডিগ্ৰী আৰু ডক্তৰেট ডিগ্ৰী প্ৰদান কৰে। তেওঁ এই বিশ্ববিদ্যালয়তে ‘ভাৰতীয় সমাজতাত্ত্বিক সমাজ নামৰ এটা অনুষ্ঠান খোলে আৰু এখন সমাজ শাস্ত্রীয় বুলেটিন প্রকাশ কৰে। তেওঁ বুলেটিনত প্ৰকাশ কৰা বিভিন্ন প্রবন্ধ আৰু লিখনী বিশেষ পাণ্ডিত্ব পূর্ণ আছিল। শিক্ষাবিদ ঘূৰীয়ে বোম্বে বিশ্ববিদ্যালয়ত বিভাগৰ দুটা কাৰ্য সফলতা আৰু কৃতিত্বৰে চলাই লৈ গৈছিল- (i) শিক্ষাবিদ আৰু (ii) গৱেষণামূলক অধ্যয়ন সমানে চলাইছিল। তেওঁ বিশ্ববিদ্যালয়ৰ দুটা বিভাগক নৃতত্ত্ব আৰু সমাজশাস্ত্ৰক এটা বিভাগত একত্ৰিত কৰিছিল।

(খ) জাতি আৰু বংশ বিষয়ত ঘূৰী : জাতি আৰু বংশ বিষয়ৰ লিখনীত গোবিন্দ সদাশিব ধুৰী আছিল বিশেষ ভাবে জনাজাত। তেওঁ জাতি আৰু বংশৰ উপৰিও জাতিবোৰ বিভিন্ন সংস্থা অনুষ্ঠানৰ বিষয়ে লিখিছে সেইবোৰ হ’ল— জনজাতি, স্বজনীয়তা, পৰিয়াল বিবাহ, সংস্কৃতি, সভ্যতা, নগৰৰ ঐতিহাসিক ভূমিকা, ধৰ্ম সামাজিক সংঘৰ্ষ আৰু সংহতি আদি। তেওঁ হিন্দু ধৰ্ম আৰু পৰিচয়, জাতীয়তা আৰু সংহতি সম্পৰ্কীয় বহুতো প্রবন্ধ আৰু গ্ৰন্থ প্ৰকাশ কৰে।

(গ) ঘূৰী আৰু ভাৰতীয় জনজাতি : ঘূৰীৰ প্ৰধান বিষয় বস্তুবোৰৰ ভিতৰত জনজাতি বা আদিবাসীৰ সংস্কৃতি আছিল এটা প্রধান বিষয়। ১৯৩০ চনৰ পৰা ১৯৪০ চনৰ মাজত ভাৰতত জনজাতীয় সমাজৰ স্থান সম্পর্কে এক বিতর্কমূলক আলোচনা চলিছিল। এই ক্ষেত্ৰত ৰাষ্ট্ৰৰ কি ভূমিকা হোৱা উচিত। তেওঁ লোকৰ বাবে ৰাষ্ট্ৰৰ সহাৰি কেনে হোৱা উচিত। সেইসময়তে কিছুমান বৃটিছ প্ৰশাসক আৰু নৃতত্ত্ববিদে ভাৰতৰ জনজাতিসকলৰ প্ৰতি বিশেষভাবে আগ্রহি হৈ পৰে আৰু এই জনজাতিসকলকে এটা স্বকীয় সাংস্কৃতিক বৈশিষ্টাৰে প্রাচীন অধিবাসী বুলি বিশ্বাস কৰিছিল কাৰণ তেওঁলোক মূলসুঁতিৰ হিন্দুসকলৰ পৰা তেওঁলোক বেলেগ আছিল। এই জনজাতিসকলক সৰল, সহজ, নিমাখিত বুলি ভাবিছিল আৰু হিন্দুসকলৰ সংস্কৃতি আৰু সমাজত পৰিশোষিত, লাঞ্ছিত আৰু সাংস্কৃতিক ভাবে পিচ পৰি গৈছে বুলি বিশ্বাস কৰিছিল। এই কাৰণতে ইংৰাজ প্রশাসকসকলে ভাবিছিল যে এই ক্ষেত্ৰত জনজাতিসকলক ৰক্ষণাবেক্ষণ দিয়া ৰাষ্ট্ৰৰ কৰ্তব্য বুলি ভাবিছিল। যাতে তেওঁলোকে মূলসুঁতিৰ লগত সম্মিলিত হৈ নাইকীয়া হৈ যাব লগা নহয় আৰু জীৱন যাত্ৰাৰ সুকীয়া সাংস্কৃতিক ৰক্ষা কৰিব পাৰে।

যিয়ে নহক জনজাতিসকলৰ বাবে ভাৰতীয় জাতীয়তাবাদী সকলো সমানেই সহানুভূতিশীল আছিল। ভাৰতৰ জাতীয়তাবাদীসকলে ভাৰতৰ ৰাষ্ট্ৰীয় সংহতিৰ আৰু ভাৰতীয় সমাজ আৰু সংস্কৃতিক আধুনিকীকৰণৰ আৱশ্যকতাত হে বেছি গুৰুত্ব দিছিল। জাতীয়তাবাদীসকলে বিশ্বাস কৰিছিল যে জনজাতীয় সংস্কৃতিক সংৰক্ষণৰ চেষ্টা কৰি ভুলপথে পৰিচালিত কৰি জনজাতিসকলক বিচপৰা ৰাজ্য হিচাবে ৰাখি যাদুঘৰৰ আদিম সংস্কৃতি কৰি ৰাখিব বিচৰা বুলিহে ভাবে। বৃটিছসকলে হিন্দুসকলৰ বহুতো সংস্কৃতিক পিচপৰা বুলি বিশ্বাস কৰে আৰু সংস্কাৰৰ আৱশ্যকতা আছে, কিন্তু তেওঁলোকে জনজাতিসকলকো পিচপৰা জাতিবুলিয়ে বিশ্বাস কৰে আৰু উন্নত কৰিব লাগে বুলি ভাবে। এই ক্ষেত্ৰত ঘূৰীয়ে জাতীয়তাবাদীসকলক সমৰ্থন কৰে আৰু ভাৰতৰ জনজাতিসকলৰ দৰেই হিন্দুসকলৰো বহুতো পিচপৰা জাতিৰ লোক আছে যিসকলৰ উন্নয়ন একে দৰেই আৱশ্যক। চিন্তাবিদ ঘুৰীয়ে ভাৰতৰ অসংখ্য জনজাতিৰ সংস্কৃতি উদাহৰণ দাঙি ধৰি দেখুৱাইছে যে জনজাতিসকলে হিন্দুসকলৰ লগতে বহুকাল নিৰবচ্ছিন্নভাৱে আন্তক্রিয়াত জড়িত হৈ আছে ঘুৰীৰ মতে। মূলসুঁতিৰ হিন্দুসকলৰ লগত আন আন পিচপৰা জাতি সম্মিলিত হোৱাৰ দৰে, জনজাতিসকলেও কিছু হৈছে যদিও আন কিছুমান পিচপৰা জাতিৰ দৰে সম্পূৰ্ণ হৈ উঠা নাই কিছুপিচ পৰি আছে। এই যুক্তি অকল জনজাতিৰ বাবেই নহয় আন আন জাতিৰ ক্ষেত্ৰতো একেই।

প্রশ্ন ৩। ভাৰতত জাতি আৰু বংশ সম্বন্ধ ক্ষেত্ৰত হার্বাট বিজলি আৰু গোবিন্দ সদাশিব ঘূৰীৰ অভিমত সম্পর্কে আলোচনা কৰা। (Discuss the views of Herbert Risley and Govind SadaShiv Ghurey on the relationship between race and caste in India.)

উত্তৰঃ 

  1.  ইংৰাজ সেনা বাহিনীৰ বিষয়া হার্বাট ৰিজলি, নৃতত্ত্বৰ বিষয়ত বৰ আগ্ৰহী আছিল আৰু এই বিষয়ত তেওঁ কিছুমান বৰ প্রভাবশালী অভিমত দিছিল। তেওঁৰ মতে মানব জাতিক কিছুমান স্পষ্ট আৰু পৃথক জাতিত ভাগ কৰিব পাৰি। এই ভাগবোৰ শাৰীৰিক বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি কৰিব পাৰি। যেনে লাউখোলাৰ ঘেৰৰ, নাকৰ দীৰ্ঘতা, লাউখোলাৰ মগজু থকা অংশৰ স্থানৰ ওপৰত নিৰ্ভৰ কৰিব পাৰি।
  2. বিজলি আৰু আন নৃতত্ত্ববিদ সকলে বিশ্বাস কৰে যে ভাৰত এখন অভিনব বিজ্ঞানাগাৰ য’ত মানুহৰ জাতিৰ ক্ৰমবিকাশৰ অধ্যয়ন কৰিব পাৰি কাৰণ পৃথক গোট বা জাতিৰ মাজত আন্তঃবিবাহ কঠোৰ ভাবে নিষিদ্ধভাবে উৎপত্তি হয় জাতিৰ পৰা কাৰণ বিভিন্ন বংশগত গোট স্পষ্টভাৱে জাতিৰ পৰাই উৎপত্তি হয়।
  3. সাধাৰণতে উচ্চ জাতিবোৰ আৰ্য (ইন্দো-এৰিয়ান) গোষ্ঠীৰ পৰা উদ্ভৱ হৈছে আনহাতে নিম্নজাতিৰ লোকসকল অনাৰ্য, আদিম জনগোষ্ঠীৰ বা মংগোলয় নাইবা অন্য জাতিবলোকৰ পৰা উদ্ভব হৈছে। মুঠতে শাৰীৰিক গঠনৰ পাৰ্থক্যৰ ওপৰত নিৰ্ভৰ কৰিয়ে জাতিগত পার্থক্যবোৰ স্থিৰ কৰা হৈছিল।
  4. বিজলি আৰু অন্যান্যসকলে পৰামৰ্শ দিয়ে যে নিম্নজাতৰ ভাৰতীয়সকলকে আদিম অধিবাসী বুলি ধৰা হয়। আর্যসকলে তেওঁলোকক দমন কৰি ভাৰতত নিগাজীকে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল।

ভাৰতৰ জাতি আৰু বংশলৈ ঘূৰীৰ অভিমত

  1. চিন্তাবিদ ঘুৰীৰ শৈক্ষিক কৃতিত্বৰ কথা সকলোৰে জনাজাত হৈছিল তেওঁৰ ডক্টৰেট ডিগ্ৰীৰ থেচ্চিৰ দ্বাৰা যিখন তেওঁ কেম্ব্রিজ বিশ্ববিদ্যালয়ত দাখিল কৰিছিল আৰু পিছত প্ৰকাশ পাইছিল। ‘ভাৰতৰ জাতি আৰু বংশ’ নামেৰে 1932 চনত। ঘুৰীৰ এই কামে সকলোৰে বিশেষকৈ ভাৰতৰ নৃতত্ত্ব বিদসকলৰ বিশেষভাৱে আকৃষ্ট কৰিছিল। ঘূৰীৰ ঠিক সময়তে প্রকাশ পোৱা এই গ্রন্থখনে সেই সময়ৰ প্রভাবশালী সমাজতত্ত্ববিদ সকলক এক বিশদ সমালোচনাৰ খোৰাক জোগাইছিল বিশেষকৈ ভাৰতৰ জাতি আৰু বংশ সম্পর্কে।
  2. ঘুৰীয়ে বৃটিছ চিন্তাবিদ ৰিজলিয়ে আগবঢ়া যুক্তিবোৰৰ লগত অসম্মত নহলেও তেওঁ এই বোৰক অৰ্দ্ধ সত্য বুলিহে বিশ্বাস কৰিছিল। তেওঁ ভাৰতৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ পাৰ্থক্য বিবেচনা নকৰাকৈ কোনো এটা নির্দিষ্ট সম্প্ৰদায়ৰ এটা জোখ বিতৰণ কৰাত তেওঁলোকৰ বিষয়ে এটা গড় হিচাপ ধৰি সমস্যা হব বুলি বিশেষভাৱে আঙুলিয়াই দিছে।
  3. ঘুৰীয়ে মত প্রকাশ কৰে যে ৰিজলিয়ে তেওঁৰ থেছিছত প্ৰকাশ কৰা উচ্চ জাতি হ’ল আৰ্যসকল আৰু নিম্নজাতি হ’ল অনাৰ্যসকল যদিও সত্য বহল ভিত্তিত তেওঁলোকে কেৱল উত্তৰ ভাৰতকহে প্রতিনিধিত্ব কৰে। ভাৰতৰ অন্যঠাইৰ আন্তঃগোটবোৰৰ জোখৰ পাৰ্থক্য শৃংখলাবদ্ধৰা বৰ বেছি নহয়।
  4. ইয়াৰ উপৰিও সিন্ধু গংগা উপত্যকাৰ বেছিভাগ ভাৰতীয়ই আশা কৰে, বেছিভাগ জাতিৰ গোটে আন জাতি গোষ্ঠীৰ লগত বহু কাল আগৰে পৰা মিশ্ৰিত হৈ অহাটো গ্ৰহণকৰি আহিছে। এইদৰে জাতিগত পবিত্ৰতা আন্তঃবিবাহ নিষিদ্ধ হোৱা বাবে ৰক্ষা কৰা হৈ আহিছে কেৱল হিন্দুস্থানতহে বিশেষকৈ উত্তৰ ভাৰতহে। ভাৰতৰ বাকী অংশত আন্তঃবিবাহ (জাতীয় গোটৰ ভিতৰতে হোৱা বিবাহ) নিজৰ নিজৰ গোটৰ বা জাতিৰ ভিতৰহে সম্পন্ন হয়।

মুঠতে বর্তমান জাতিৰ বংশগত তত্ত্ব বিশ্বাস কৰা নহয়। কিন্তু বিংশ শতিকাৰ প্ৰথমাৰ্দ্ধলৈ ইয়াক সত্য বুলি বিশ্বাস কৰা হৈছিল। ঐতিহাসিক সকলৰ মাজত এতিয়াও এটা সংঘর্ষমূলক মতবাদ চলি আহি আছে আৰ্যসকল আৰু তেওঁলো ভাৰতৰ আগমন সম্পর্কে। মুঠতে যি সময়ত ঘুৰীয়ে এইবোৰক আপোনাৰ বিষয় বস্তুহিচাপে লৈ সমালোচনা হৈছিল তাৰ কাৰণতে ই সমাজতত্ত্ববিদসকলৰ মাজত বিশেষভাবে আকর্ষণীয় হৈছিল।

সমাজতত্ত্ব পৰিচয় ( Part – I )

ক্ৰমিক নংপাঠলিংক
1.সমাজতত্ত্ব আৰু সমাজ (Sociology and Society)Click Here
2.বিশেষ অর্থ থকা শব্দ, অৱধাৰণা আৰু সমাজতত্ত্বত ইয়াৰ ব্যৱহাৰ (Terms. Concepts and their use in Sociology)Click Here
3.সামাজিক সংস্থাবোধ (Understanding Social Institutions)Click Here
4.সংস্কৃতি আৰু সামাজিকৰণ (Culture and Socialisation)Click Here
5.সমাজতত্ত্ব অধ্যয়ন : গবেষণা প্রণালী (Doing Sociology: Research Methods)Click Here

সমাজ বোধ ( Part-II )

ক্ৰমিক নংপাঠলিংক
1.সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজৰ সামাজিক প্রক্রিয়া (Social Structure, Stratification and Social Process in Society)Click Here
2.গ্রামীণ আৰুনগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা (Social Change and Social Order in Rural and Urban Society)Click Here
3.পৰিবেশ আৰু সমাজ (Environment and Society)Click Here
4.পাশ্চাত্যৰ সমাজতত্ত্ববিদসকলৰ — এক পৰিচয় (Introduction Western Sociologists)Click Here
5.ভাৰতীয় সমাজতত্ত্ববিদসকল | (Indian Sociologists)Click Here

প্রশ্ন ৪। ঘূৰীৰ মতে জাতিৰ এটা সংক্ষিপ্ত, সামাজিক নৃতাত্ত্বিক সংজ্ঞা দিয়া। (Summarise the social anthropological definition of caste.)

উত্তৰঃ জাতিৰ এটা বিশদ আৰু বহল সংজ্ঞা দিয়াৰ বাবে গোবিন্দ সদাশিব ঘূৰী বৰ জনপ্রিয়। তেওঁৰ সংজ্ঞাত মুঠতে ছয়টা বৈশিষ্ট্যত গুৰুত্ব দিয়া হৈছিল। এই বৈশিষ্ট্যবোৰ তলত সংক্ষেপে আলোচনা কৰা হ’ল।

মূল বৈশিষ্ট্যঃ 

  1. বিভাজিত অংশই হ’ল জাতিৰ ভিত্তি : জাতি হ’ল আংশিক বিভাজনৰ ওপৰত প্ৰতিষ্ঠিত এটা সংস্থা। ইয়াৰ অৰ্থ হ’ল জাতি সামাজিক কিছুমান ওচৰ সম্পৰ্কীয় ভাগত ভাগ কৰা হয়। এইবোৰ একো একোটা অংশ বিশেষ নাইবা একোটা কোঠালী। প্রত্যেকটো জাতিয়ে একোটা কোঠালীৰ নিচিনা। এইবোৰ ওচৰ সম্পৰ্কীয় কাৰণ জাতি নির্ণয় হব জন্মৰ দ্বাৰা। কোনো বিশেষ জাতিৰ পিতৃৰ পৰা জন্মপোৱা ল’ৰা-ছোৱালীও সেই জাতিৰে হ’ব। 
  2. জন্মই জাতিৰ ভিত্তিঃ আনহাতে জাতিৰ সদস্যভুক্ত হ’বলৈ হ’লে জন্মত বাহিৰে আন উপায় নাই। এজন ব্যক্তিৰ জাতি নিৰ্ণয় হয় জন্মৰ পৰাহে ইয়াক কোনেও পৰিৱৰ্তন বা এৰাব নোৱাৰে।
  3. জাতি উচ্চ-নীচ খলপৰ দ্বাৰা বিভাজিত : জাতি সমাজ উচ্চ-নীচ খলপীয়া বিভাজনৰ ওপৰত প্রতিষ্ঠিত। প্রত্যেকটো জাতি আনটোৰ পৰা অসমান অর্থাৎ প্রত্যেক জাতিয়ে এটাতকৈ হয় উচ্চ নহয় নীচ। কোনো দুটা জাতিয়ে কেতিয়াও সমান নহয়। 
  4.  ই সামাজিক আন্তঃক্ৰিয়াত বাধা প্ৰদান কৰে: জাতি সংস্থাই সামাজিক আন্তঃক্রিয়া বাধা দান কৰে। বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত। ইয়াৰ বিশদ নীতি নিয়ম আছে কি খাদ্য কোন গোটৰ লগত ভাগ কৰি যাব পাৰি বা নোৱাৰি। পবিত্ৰতা বা প্ৰদূষিত ভাবে এই নিয়ম কৰা হয়।
  5. অস্পৃশ্যতা সংস্থা ঃ জাতি ব্যৱস্থাৰ বাবে ভাৰতত এটা অতি আপত্তিজনক সংস্থাই গঢ়লৈ উঠে। অৱশেষত ই সামাজিক আন্তঃক্ৰিয়াত এটা বাধাৰ স্বৰূপ হৈ পৰে। ইয়াক সামাজিকভাৱে অস্পৃশ্যতা সংস্থা বুলি জনা যায়। যাৰ দ্বাৰা কোনো বিশেষ জাতিৰ মানুহ এজনকে চুলেও অপবত্রি বা প্ৰদূষণ হোৱা বুলি গণ্য কৰা হৈছিল।
  6.  বিভিন্ন জাতিৰ সুকীয়া সুকীয়া অধিকাৰ আৰু কৰ্তব্য : উচ্চ নীচ্চৰ খলপীয়া ব্যৱস্তাৰ নীতি-নিয়ম আৰু সামাজিক আন্তঃক্ৰিয়াৰ হকা বাধাৰ কাৰণতে জাতি ব্যৱস্থাতো সুকীয়া সুকীয়া অধিকাৰ আৰু কৰ্তব্যৰ ব্যৱস্থা ৰাখিছিল। এই অধিকাৰ আৰু কৰ্তব্যবোৰ কেবল ধর্মীয় কামতে নহয় ধর্মীয় নিৰপেক্ষ কামতো ব্যৱহাৰ হৈছিল।
  7.  বৃত্তি পচন্দমতে লব নোৱাৰিছিল : জাতিগত বাধা নিষেধৰ বাবে নিজৰ পছন্দ মতে কর্ম কৰিব নোৱাৰিছিল। জাতিৰ দৰে কৰ্মও জন্মৰ লগতে বংশগতভাৱে জড়িত আছিল। সামাজিক পর্যায়তে, শ্রম বিভাজনৰ বাবেই জাতিয়ে অনমনীয়ভাবে কাম কৰিচিল। নির্দিষ্ট জাতিৰ বাবে নির্দিষ্ট কৰ্মৰ ব্যৱস্থা ৰখা হৈছিল।
  8. বিবাহ ব্যৱস্থাত কঠোৰ বাধা-নিষেধ : জাতিয়ে বিবাহ ব্যৱস্থাত কঠোৰ বাধা নিষেধ নষ্ট কৰে। জাতিৰ আন্তঃবিবাহ (endogany) বা (নিজ জাতিৰ ভিতৰতে বিবাহ) আৰু বহিঃ বিবাহৰ (exogancy) নিষেধাজ্ঞা (যাক বিবাহ কৰিব নোৱাৰে)। গতিকে বিবাহৰ যোগ্য বা অযোগ্য নীতি নিয়মে জাতি ব্যৱস্থাক সহায় কৰে।

ঘূৰীৰ সংজ্ঞাৰ উপকাৰীত : 

  1.  ঘূৰীয়ে দিয়া জাতিৰ সংজ্ঞাই জাতিৰ অধ্যয়নৰ আৰু বেছি শৃংখলাবদ্ধ কৰিবলৈ সহায় কৰে। 
  2. তেওঁৰ অৰ্থপূর্ণ বিশদ সংজ্ঞা পৌৰাণিক পাঠ্যৰ ওপৰত নিৰ্ভৰশীল।
  3. প্রকৃত ব্যৱহাৰিক কার্যত, জাতিৰ বহুতো বৈশিষ্ট্যকে পরিবর্তন ঘটিছে, যদিও প্রায় সকলোবোৰেই কোনো এটা প্ৰকাৰে প্ৰচলিত হৈ আছে।
  4. যোৱা কেবাটাও দশকত প্ৰজাতিৰ ওপৰত কৰা জৰিপে, স্বাধীন ভাৰতৰ জাতি ব্যৱস্থাত যি ঘটিছে তাত যথেষ্ট সহায় কৰিছে। 

প্রশ্ন ৫। ‘জীৱন্ত পৰম্পৰাৰ দ্বাৰা ডি. পি. মুকেজিয়ে কি বুজাইছে? তেওঁ ভাৰতীয় সমাজ তত্ত্ববিদসকলক এই পৰম্পৰাত জড়িত হ’বলৈ কিয় জোৰা দিছিল ? (What does D. P. Mukerji means ‘living tradition’? Why did he insist that Indian Sociologists be rooted in this tradition?) 

উত্তৰঃ সমাজতাত্ত্বিক ডি পি মুকেজীয়ে ভাৰতীয় সমাজ ব্যৱস্থাৰ ওপৰত যথেষ্ট গুরুত্ব আৰোপ কৰি কৈছে যে ভাৰতীয় সমাজতাত্ত্বিকসকলৰ প্ৰথম কর্তব্য হ’ল ভাৰতীয় সমাজতাত্ত্বিকসকলৰ প্ৰথম কৰ্তব্য হ’ল ভাৰতীয় সামাজিক পৰম্পৰাৰ বিষয়ে অধ্যয়ন কৰা আৰু ইয়াৰ বিষয়ে জ্ঞান আহৰণ কৰা। তেওঁৰ মতে এই পৰম্পৰাৰ অধ্যয়ন অতীতৰ ভিতৰতে সীমিত নাৰাখি ইয়াৰ পৰিৱৰ্তনৰ প্ৰতি সজাগ সচেতন হ’ব কৈছে। তেওঁ ভাৰতীয় পৰম্পৰাক ‘জীৱন্ত পৰম্পৰা’ বুলি কৈছে। ইয়াৰ অতীত, বর্তমান আৰু ভৱিষ্যত আছে। মুখেজীৰ মতে ভাৰতীয় পৰম্পৰাই অতীতৰ পৰম্পৰাৰ লগত এটা সম্পৰ্ক ৰক্ষা কৰি তাৰ পৰা কিছু আহৰণ কৰিছে লগতে নতুন নতুন বস্তু আহৰণ কৰে। এইদৰে এটা জীৱন্ত ৰূপত নতুন পৰম্পৰাৰ লগত নিজকে খাপথুৱাইলৈ বিকাশৰ পথত আগবাঢ়ি গৈ থাকে।

তেওঁৰ মতে একোজন ভাৰতীয় সমাজতাত্বিকে ভাৰতীয় জনৰীতি, পৰম্পৰা, প্ৰথা আদিত নিত্যান্তই ভাগ লোৱা উচিত কিয়নো তেওঁ নিজৰ পৰম্পৰাক ভালদৰে জনাৰ উপৰিও ইয়াৰ তল-উপৰ, অতীত ভৱিষ্যত সকলো খৰচি মাৰি জনা উচিত। তেওঁ বিশ্বাস কৰে যে এজন সমাজতত্ববিদে ভাৰতীয় পৰম্পৰাৰ সকলো শিকা আৰু পৰিচিত হোৱা উচিত উচ্চ-নীচি শ্ৰেণী, ভাষা-সংস্কৃতি-সংস্কৃত, আৰবী, পাৰ্চি আদি ভাষা এনেকি দোৱানবোৰও জানিব লাগে। সমাজত পৰম্পৰাগত সংস্কৃতৰ কোনোবোৰৰ পৰিৱৰ্তন হৈছে আৰু কোনবোৰৰ পৰিৱৰ্তন হোৱা নাই। তাকো তেওঁলোকে পৰীক্ষা কৰিব লাগে। উদাহৰণস্বৰূপে – (১) সমাজ ল’ৰা ছোৱালীয়ে কোনোবৰ খেলা আগতে খেলিছিল এতিয়া (১০/২০/৩০ বছৰৰ পিছত) কি খেলা খেলে। (২) জনপ্ৰিয় উৎসবোৰ আগতে আৰু বৰ্তমান কি ফেচনত সাজ-পোচাক পিন্ধে এই সকলোবোৰ সমাজ তত্ত্ববিদসকলে লক্ষ্য কৰা উচিত।

ডি পি মুকেজীয়ে যুক্তি দি কৈছিল যে ভাৰতীয় সংস্কৃতি আৰু সমাজ পাশ্চাত্যৰ দৰে ব্যক্তি বাদি নহয়। ভাৰতীয় ব্যক্তিবাদীধৰণৰ ইচ্ছাবোৰ গড়হিচাবে কম বেছি পৰিমাণে তেওঁৰ সামাজিক-সাংস্কৃতিক গোটৰ ধৰণে কঠোৰভাৱে ধৰি লয় আৰু তেওঁ ইয়াৰ পৰা ফালৰি কাটি নাযায়। এইদৰে ভাৰতীয় সামাজিক ব্যবস্থা মূলগতভাৱে গোটৰ বা নিজৰ জাতিৰ মতে চলে ব্যক্তিগতভাৱে নিজে কৰা নহয়। যদিও উপযাচিকৰা মতবাদ নগৰীয়া মধ্যবিত্ত শ্রেণীত প্রভাবিত কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ উদ্ভব নিজেই ভাৰতীয় সমাজতত্ত্ববিদসকলৰ বাবে এক আমোদজনক অধ্যয়নৰ বিষয় হ’ব বুলি ভাবে।

প্রশ্ন ৬। ভাৰতীয় সমাজতত্ত্বৰ ইতিহাসত গ্রামাঞ্চলৰ অধ্যয়নৰ গুৰুত্ব কি? গাঁৱৰ অধ্যয়নৰ উন্নয়নৰ ক্ষেত্ৰত এম. এন. নিবাসে কি ভূমিকা পালন কৰিছে। (What is the significance of village studies in the history of Indian Sociology? What role did M.N. Srinivas play and Promoting village studies.)

উত্তৰঃ গাঁৱৰ অধ্যয়নৰ গুৰুত্ব:-

  1. ভাৰতৰ অধিক সংখ্যক লোক গীবত বাস কৰে। ভাৰতৰ প্ৰায় ৭০ শতাংশ লোক গ্রামাঞ্চলতে বসবাস করে। গতিকে ভাৰতবর্ষ আমাঞ্চল বা গাঁৱৰ দ্বাৰাই গঠিত। পণ্ডিতসকলে বা সুশিক্ষিতলোকে গাঁওঅঞ্চলৰ জৰীপ বা সাক্ষাৎকাৰ বা গাঁও অঞ্চলৰ বিষয়ে অধ্যয়ন কৰিবলৈহে গাঁৱলৈ যায়। আমি যদি গাঁৱৰ সমস্যাবোৰ চৰকাৰ বা সমাজৰ নাই পৃথিৱীৰ জ্ঞাতাৰ্থে দাঙি ধৰিব বিচাৰো আমি ভাৰতীয় গাঁৱৰ বিষয়ে আৰু ভাৰতীয় গাঁৱলীয়া জীৱনৰ বিষয়ে অধ্যয়ন কৰা উচিত কাৰণ ই ভাৰতীয় সমাজতত্ত্বৰ ইতিহাসৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা হ’ব।
  2. ভাৰতৰ গ্ৰামাঞ্চলৰ বিশষ অধ্যয়নেহে গাবলীয়া সমাজখন প্রাথমিক জ্ঞান দিব পাৰিব। যদি পণ্ডিত বা গৱেষকসকলে গাঁৱৰ অভিজ্ঞতা আৰু জৰীপ কাৰ্যৰ বাবে গাঁও অঞ্চললৈ যায়। তেওঁলোকৰ জৰীপ আৰু প্ৰত্যক্ষ অভিজ্ঞতাই গাঁৱলীয়া সমাজতত্ত্বৰ সম্পূৰ্ণ যা খবৰ আৰু জ্ঞান বিশদভাবে পাব পাৰিব।
  3. গাঁৱৰ অধ্যয়নৰ অতি আবশ্যক, যদি আমি অসম্পূৰ্ণ আৰু ভুল তথ্য পাতি আৰু খবৰৰ ওপৰত পাশ্চাত্যৰ সমাজশাস্ত্ৰবিদসকলে বৃটিছ চৰকাৰৰ পক্ষপাতহীন ইচ্ছা, মতবাদ, আৰু নীতিৰে কৰা ঔপনিবেশি দৃষ্টভংগীৰে আৰু ভূল নীতিৰে কৰা অধ্যয়নক প্রত্যাহ্বান জনাই অধ্যয়ন কৰিব পাৰো।

গাঁৱৰ অধ্যয়নৰ উৎকর্ষতাত শ্রীনিবাসৰ ভূমিকাঃ

  1. চিন্তাবিদ তথা সমাজশাস্ত্রবিদ এম এন শ্রীনিবাসে ভাৰতীয় সমাজ সম্পৰ্কে আৰু ভাৰতৰ গাঁৱলীয়া জীৱনৰ বিষয়ে এনে কিছুমান গুৰুত্বপূৰ্ণ তথ্য সম্বলিত অবদান দিয়ে গৈছে। যেই ভাৰতৰ গাঁৱলীয়া ইতিহাসৰ অমূল্য সম্পদ হৈ থাকিব।
  2. এম এন শ্রীনিবাসৰ বৃটিছ সামাজিক নৃতত্ত্বৰ আৰু আমেৰিকান নৃতত্ত্বৰ লগত শক্তিশালী সম্পর্ক আছে। শ্রীনবাসে এক শ্ৰেণীৰ নতুন সমাজশাস্ত্ৰবিদৰ বংশধৰক সফল প্রশিক্ষণ দিবলৈ সক্ষম হৈছে। পিছত এই সকল সমাজশাস্ত্রবিদে আগত দশকবোৰত এই নিৰ্দিষ্ট বিষয়টো নেতৃত্ব দিবলৈ সক্ষম হ’ব।
  3. চিন্তাবিদ শ্রীনিবাসৰ বাবেই ভাৰতীয় গাঁও আৰু গাঁৱলীয়া সমাজে জীৱনৰ এক পথ প্রদর্শন স্বৰূপ হ’ব বুলি ধাৰণা কৰা হয়। যদিও তেওঁৰ গ্রামাঞ্চলত এটা চুটি দৰ্শনেৰেহে গ্রামাঞ্চলৰ জৰীপ কৰিছিল আৰু তাৰ পৰাই তেওঁ গাঁৱৰ প্ৰাথমিক জ্ঞান লাভ কৰিছিল। গ্রামাঞ্চলৰ প্ৰত্যক্ষ জৰীপ কাৰ্যই তেওঁৰ বৌদ্ধিক জীৱনৰ পথ নিৰ্দ্ধাৰণ কৰিছিল। 
  4. অন্য সমাজশাস্তবিদে উদ্‌গনি আৰু সহায়ঃ শ্রীনবাসে ১৯৫০-৬০ চনতত এটা সামূহিক প্রচেষ্টাৰে সহায়, উৎসাহ আৰু সমন্বয় মিলিত কৰিবলৈ সক্ষম হৈছিল। তেওঁ গাঁও অধ্যয়নত এই কার্য SC Dube আৰু D.N. Mazumder ৰ নিচিনা পণ্ডিতসকলক লৈ সমাপণ কৰিছিল। 

প্রশ্ন ৭। ঘুৰীৰ মতে ধৰ্মৰ গুৰুত্ব কি? (What was the Significance of religion according to Ghury?)

উত্তৰঃ গোবিন্দ সদাশিৱ ঘূৰীৰ ভাৰতীয় ধৰ্মৰ প্ৰতি বিশ্বাস আৰু ব্যৱহাৰৰ অধ্যয়নৰ ক্ষেত্ৰত অশেষ মৌলিক অৱদান আছে। তেওঁ ধৰ্মৰ ওপৰত ছয়খন কিতাপ লিখিছে। 

  1.  ভাৰতীয় সাধু (১৯৫৩) 
  2. ঈশ্বৰ আৰু মানুহ (১৯৬২) 
  3. ধর্মীয় সচেতনতা (১৯৬৫) 
  4.  ভাৰতীয় acculturation 
  5. সহনশীলতা। 

ইতিহাসৰ ফেহুজালিৰ সময়তে ধর্মীয় সচেতনতাই নিজৰ মূলবোধৰ প্ৰকাশ সাধন কৰিছিল।

প্রশ্ন ৮। এম এন শ্রীনিবাস আৰু লুইচ দমনে গৱেষণাৰ বিষয় হিচাবে ‘গাঁওৰ’ সপক্ষে আৰু বিপক্ষে কি কি যুক্তি দিছিল? (What arguments were given for and against the village as a subject of Sociologist, research by M.N. Srinivas and Louis Dumon.?) 

উত্তৰঃ আনিবাস আৰু লুইচ দুমনে গাঁৱক গবেষণাৰ এটা বিষয় হিচাবে লৈ তাৰ সপক্ষে আৰু বিপক্ষে কিছুমান যুক্তি দাঙি ধৰিছে।

  1. M.N. শ্রনিবাসে ভাৰতীয় গাঁৱক সমাজশাস্ত্রীয় গৱেষণাৰ এটা বিষয় হিসাবে লবলৈ বিচাৰিছে কাৰণ গাঁৱলীয়া সমাজ শ্রীনিবাসৰ গোটেই জীৱনৰ এটা পথ প্রদর্শক পোহৰ হিচাবে ৰাখিবলৈ বিচাৰে। তেওঁ ভাৰতীয় গাঁৱৰ বিষয়ে বিশদভাবে লিখি থৈ গৈছে। তেওঁৰ লিখনী দুটা বহুল ভিত্তিত লিখা আছে। প্রথমতে জনগোষ্ঠীয় বিৱৰণৰ গাঁৱৰ বিষয়ে জৰীপ কৰি আলোচনা কৰিছে। দ্বিতীয় পৰ্যায়ত তেওঁ গাঁৱৰ বিষয়ে ঐতিহাসিকমূলক আৰু অৱধাৰণাৰ বিষয়ে লিখিছিল। সামাজিক বিশ্লেষণ দিশত। এই বিষয়ত লিখনিত গাঁৱৰ উপকাৰীতা সম্বন্ধে এটা বিতর্কমূলক আলোচনা কৰি গাঁৱৰ অধ্যয়নৰ বিৰুদ্ধে লিখিছে।
  2. জাতি বেছি আৱশ্যক: লুইচ দুমন্তৰে নিচিনা কিছুমান নৃতত্ত্ববিদে ভাবে যে জাতি আদিৰ দৰে কিছুমান সামাজিক সংস্থা গাঁও আদি সংস্থাতকৈ বেছি আৱশ্যক কাৰণ গাঁৱবোৰ হ’লীনর্দিষ্ট অঞ্চলত বসবাস কৰা জনসমষ্টি মাত্র। গাঁওবোৰ থাকিবও পাৰে নাইবা নাইকীয়া হবও পাৰে। জনসমষ্টিবোৰ এখন গাঁও বা ঠাইৰ পৰা আন গাঁও বা ঠাইলৈ গুচি যাব পাৰে। জনসমষ্টিবোৰ এখন গাঁও বা ঠাইৰ পৰা আন গাঁও বা ঠাইলৈ গুচি যাব পাৰে। কিন্তু সংস্থাবোৰ যেনে ধর্ম বা জাতি জনসমষ্টি য’তে যায় তাৰ লগতে লগ লাগি থাকে। এই কাৰণতে দুখনে বিশ্বাস কৰে যে গাঁৱৰ ওপৰত বেছি গুৰুত্ব দিলে ই বিপথগামী হ’ব। 
  3. এটা সম্পর্ক থকা সামাজিক গোট: ওপৰত উল্লিখিত মতামতৰ বিৰুদ্ধে শ্রীনবাসে বিশ্বাস কৰে যে গাঁও হ’ল এক সম্পর্ক থকা সামাজিক সত্তা। ঐতিহাসিক প্রমাণে দেখুৱায় যে গাঁওবেৰে ঐক্যবদ্ধ প্রতীক হিচাবে সেৱা আগবঢ়ায়। গাঁৱলীয়া ঐক্যবদ্ধতা হ’ল গাৱলীয়া সামাজিক জীৱনৰ এক গুৰুত্বপূর্ণ বৈশিষ্ট্য। গাঁৱে গাঁৱৰ মানুহক ঐক্যবদ্ধ কৰি ৰাখে।
  4. ঔপনিবেশিক অফিচে এখন ভুল প্রতিচ্ছবি দাঙি ধৰিছে : শ্রীনবাসে বৃটিছ প্রশাসক আৰু নৃতত্ত্ববিদসকলক সমালোচনা কৰিছে যে তেওঁলোকে ভাৰতীয় গাঁওবোৰক পৰিৱৰ্তন হীন, ক্ষুদ্র গণৰাজ্য বুলি গণ্য কৰে। তেওঁ ঐতিহাসিক আৰু সমাজতাত্ত্বিক প্রমাণ দি ইনিবাসে দেখুৱাইছে, যে গাঁৱবোৰ যথেষ্টভাৱে পৰিৱৰ্তনশীল। ইয়াৰ উপৰিও গাঁওবোৰ আধুনিশীলও নহয়। বৰং গাঁওবোৰ অনবৰতে বিভিন্ন কামত জড়িত হৈ থাকে যেনে আর্থিক, সামাজিক আৰু ৰাজনৈতিক কামত আঞ্চলিক পর্যায়ত ব্যস্ত থাকিব লগা হয়।

প্রশ্ন ৯। চিন্তাবিদ ঘূৰীৰ মতে সমাজতত্ত্ব কি দৰে ক্ৰমবিকশিত হৈছে আলোচনা কৰা। (Discuss about the growth of Sociology according to Ghurye.)

উত্তৰঃ 

  1. গোবিন্দ সদাশিব খুৰীয়ে ভাৰতত সংস্কৃতিৰ এখন নতুন সামাজিক জীৱনৰ আৱিষ্কাৰ কৰিব বিচাৰিছিল। এই গুৰুত্বপূর্ণ পর্যায়খন আছিল সাহিত্য আৰু সমাজ।
  2.  সুৰীয়েই আছিল সমাজতাত্ত্বিক অধ্যয়নত সাহিত্য ব্যৱহাৰ কৰা ভাৰতীয় সমাজতাত্ত্বিকসকলৰ ভিতৰত প্ৰথম জন ব্যক্তি। ঘূৰীয়ে নিজৰ সংস্কৃত সাহিত্যৰ বিকাশ জ্ঞান ব্যৱহাৰ কৰি বেদ, সংস্কৃত শাস্ত্ৰ মহাকাব্য আৰু কালিদাসৰ ভবভূতিৰ কবিতাৰ উদ্ধৃতি, ভাৰতীয় সামাজিক আৰু সাংস্কৃতিক জীৱনৰ পোহৰ পেলাবলৈ ব্যৱহাৰ কৰিছিল।
  3. গোবিন্দ সদাশিৱ ঘূৰিয়ে মাজে মাজে দেশীয় ভাষাৰ সাহিত্যিক জ্ঞান ব্যৱহাৰ কৰিছিল যেনে— মাৰাঠী সাহিত্যৰ আৰু আধুনিক সাহিত্যৰ লিখক বংকিম চন্দ্ৰৰ চেটাৰ্জিৰ সাহিত্যৰ কথা উল্লেখ কৰিছিল। মুঠতে ঘুৰীয়ে সমাজতত্ত্ব ভাৰতীয় সমাজ ব্যৱহাৰ এখন হুবহু চিত্রপাত সাহিত্যৰ মাজেৰেও দাঙি ধৰিব বিচাৰিছিল। 
  4.  সমাজতত্ত্বৰ পণ্ডিতসকলে ঘুৰীৰ সমাজ শাস্ত্ৰৰ জ্ঞানৰ বিশালতাক বিশ্ব কৰাৰ লগত ৰিজাইছিল। তেওঁৰ লিখনীবোৰ আছিল ধর্মীয় বিশ্বাস, ভাবাদর্শ আদিৰ লগত জড়িত থকা কথা। ঘুৰী আৰু তেওঁৰ শিষ্যসকলৰ গৱেষণা আৰু লিখনীবোৰে এখন নতুন সমাজ শাস্ত্রীয় ৰাজ্যৰ সন্ধানত কৰিছিল।
  5. মুঠতে ভাৰতৰ প্ৰাচীন পৰম্পৰাৰ জ্ঞানৰ মাজেৰে আজিৰ ভাৰতৰ সামাজিক পদ্ধতিৰ কথা বুজিবলৈ ঘূৰীৰ সমাজশাস্ত্রীয় যোগোৱা অৱদানবোৰ আমি নিশ্চয় অতি সাবধানে অনুসৰণ কৰিব লাগিব।

প্রশ্ন ১০। এম এন শ্রীনিবাসৰ বিষয়ে এটা চমুটোকা লিখা। 

উত্তৰঃ স্বাধীনতাৰ পাচত ভাৰতৰ আটাইতকৈ খ্যাতিসম্পন্ন সমাজতত্ত্ববিদ ব্যক্তিজন আছিল এম এন শ্রীনিবাস। তেওঁৰ সম্পূৰ্ণ নাম আছিল মহীশৰ নৰসিংহচাৰ শ্ৰীনিবাস। তেওঁৰ জন্ম হৈছিল ১৯১৬ চনত নৱেম্বৰ মাহত এটা ব্ৰাহ্মণ পৰিয়ালত। তেওঁ প্ৰথমে মহীশূৰ বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰি পাচত বম্বে বিশ্ববিদ্যালয়ৰ পৰা নৃতত্ব বিভাগত এম. এ. ডিগ্রী লাভ কৰে। তেওঁ দুবাৰকৈ ডক্টৰেট ডিগ্রী লাভ কৰে, প্রথমে বম্বে বিশ্ববিদ্যালয়ৰ পৰা আৰু পাচত অক্সফোর্ড বিশ্ববিদ্যালয়ৰ পৰা ডি ফিল ডিগ্রী লাভ কৰে। তেওঁ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত ভাৰতীয় সমাজতত্ত্বৰ প্ৰবক্তা ৰূপে নিযুক্তি পাইছিল। তেওঁৰ ‘Structural functional কিতাপখনে শ্রীনিবাসক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকাই তুলিছিল। ১৯৫১ চনত ভাৰতলৈ ঘূৰি আহি বৰোদাৰ মহাৰাজা বিশ্ববিদ্যালয়ত সমাজতত্ত্ব বিভাগত মুৰব্বী অধ্যাপক হিচাপে কাম কৰে। পাচত তেওঁ Delhi School of Economics ত নতুনকৈ সমাজতত্ত্ব বিভাগ স্থাপন, কৰে। এই কলেজত তেওঁ এটা অতি বিখ্যাত মহত্বপূর্ণ কেন্দ্ৰৰূপে জনাজাত হৈ পৰে। শ্রীনিবাসনে কিছুমান উল্লেখনীয় কাম কৰি গৈছে, যেনে— জাতি, আধুনিকীকৰণ, আৰু সামাজিক পরিবর্তন প্রক্রিয়া, গাওঁ, সমাজ আদি। তেওঁ ভাৰতীয় সমাজতত্ত্বক বিশ্ব মানচিত্ৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। তেওঁ ১৯৯৯ চনত ইহলীলা সম্বৰণ কৰিছিল।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ভাৰতবৰ্ষত সমাজতত্ত্ব বিষয়টি আনুষ্ঠানিক ৰূপত প্ৰতিষ্ঠা কৰা ব্যক্তিজন কোন আছিল?

উত্তৰঃ জি. এছ. ঘূৰী।

প্রশ্ন ২। ভাৰতত ঘটনাক্রমে হোৱা সমাজতত্ত্ববিদ দুজনৰ নাম লিখা।

উত্তৰঃ 

  1. অগ্ৰণী পুৰুষ এল কে অনস্থকৃষ্ণ আয়াৰ।
  2. আইনবিদ শৰৎ চন্দ্ৰ ৰায়

 প্রশ্ন ৩। ভাৰতত চাৰিগৰাকী মহান সমাজতত্ত্ববিদৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ মহান সমাজতত্ত্ববিদ চাৰিগৰাকীৰ নাম ―

  1. গোবিন্দ সদাশিৱ ঘূৰী (১৮৯৩–১৯৮৩)
  2. ধূর্জতি প্রসাদ মুখার্জী (১৮৯৪–১৯৬১)
  3. অক্ষয় ৰমনলাল দেশাই (১৯১৫ ১৯৯৪) 
  4. মহীশূর নৰসিংহচাৰ শ্ৰীনিবাস (১৯১৬–১৯৯৯)

প্রশ্ন ৪। এম. এন. শ্রীনিবাসৰ জীৱনজোৰা অধ্যয়নৰ কেন্দ্ৰবিন্দু কি আছিল? 

উত্তৰঃ “ভাৰতীয় গাঁও আৰু গ্ৰাম্য সমাজৰ অধ্যয়ন কৰা।”

প্রশ্ন ৫। ভাৰতীয় বিখ্যাত সমাজতত্ত্ববিদ এম এন শ্রীনিবাসৰ সম্পূর্ণ নাম কি লিখা।

উত্তৰঃ সমাজতত্ত্ববিদ এম. এন. শ্রীনিবাসৰ সম্পূর্ণ নাম হ’ল— “মহীশূৰ নৰসিংহচাৰ শ্রীনিবাস”।

প্রশ্ন ৬। ভাৰতীয় সমাজত্বৰ পিতৃ বুলি কাক জনা যায়?

উত্তৰঃ অগ্রণী পুৰুষ এল. কে. অনস্থকৃষ্ণ আয়াৰক। 

প্রশ্ন ৭। সমাজৰ কোন সংস্থাৰ লগত ‘পবিত্ৰ’ আৰু ‘অপবিত্র’ ধাৰণা দুটি জড়িত হৈ আছে।

উত্তৰঃ জাতি নামৰ সংস্থা আৰু অস্পৃশ্যতাৰ ধাৰণাৰ লগত জড়িত হৈ আছে।

প্রশ্ন ৮। জীৱন্ত পৰম্পৰা কি বুজা? 

উত্তৰঃ জীবন্ত পৰম্পৰা হৈছে নতুন আৰু পুৰণিৰ সংমিশ্রণ। 

প্রশ্ন ৯। কল্যাণকামী ৰাষ্ট্ৰৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ বহুদলীয় গণতান্ত্রিক ব্যৱস্থা আৰু মিশ্র অর্থনীতি।

শুদ্ধ উত্তৰ বাছি দিয়া প্রশ্নোত্তৰ

Multiple Choice Type Questions and Answers

প্রশ্ন ১। ভাৰতত সমাজ শাস্ত্ৰৰ আনুষ্ঠানিক বিশ্ববিদ্যালয় শিক্ষা আৰম্ভ হৈছিল—

(a) 1819 চনত

(b) 1919 চন

(c) 1719 চনত

(d) 1619 চন

উত্তৰঃ (b) 1919 চন

প্রশ্ন ২। ভাৰতত সংস্থাগত সমাজতত্ত্বৰ প্ৰতিষ্ঠাপক কোন–

(a) অনস্থকৃষ্ণ আয়াৰ 

(b) শৰৎ চন্দ্ৰ ৰায়

(c) জি এছ ঘুৰী

(d) ডিপি মুখার্জী।

উত্তৰঃ (c) জি এছ ঘুৰী

প্রশ্ন ৩। গোবিন্দ সদাশিৰ ঘূৰীৰ জন্ম হৈছিল

(a) 1890 55

(b) 1891 চন

(c) 1892 চন

(d) 1893 চনত

উত্তৰঃ : (d) 1893 চনত

প্ৰশ্ন 8। The author of the Book caste and Race in India’ was

(a) ডিপি মুখার্জী

(b) জি এছ ঘূৰী

(c) শৰৎ চন্দ্ৰ ৰয়,

(d) এ আৰ দেশাই 

উত্তৰঃ (b) জি এছ ঘূৰী

প্রশ্ন ৫। সমাজতত্ত্বৰ আনুষ্ঠানিক শিক্ষা দিয়া প্রথম ভাৰতীয় বিশ্ববিদ্যালয়খন

(a) বোম্বে বিশ্ববিদ্যালয়;

(b) কলিকতা বিশ্ববিদ্যালয়,

(c) মাদ্রাজা বিশ্ববিদ্যালয়,

(d) দিল্লী বিশ্ববিদ্যালয়

উত্তৰঃ (a) বোম্বে বিশ্ববিদ্যালয়;

প্রশ্ন ৬। ভাৰতৰ প্ৰথমজন নৃতত্ত্ববিদ

(a) অনস্থ কৃষ্ণ আয়াৰ

(b) এ আৰ দেশাই

(c) এম. এন শ্রীনিবাস

(d) ডি পি মুখার্জী

উত্তৰঃ (a) অনস্থ কৃষ্ণ আয়াৰ

প্রশ্ন ৭। অক্ষয় ৰামানলালা দেশাই জন্ম গ্রহণ কৰিছিল 

(a) 1914 A.D.

(b) 1915 A.D.

(c) 1916 A.D.

(d) 1917 A.D.

উত্তৰঃ (b) 1915 A.D

প্রশ্ন ৮। হার্বাট ৰিজলি আছিল-

(a) বৃটিছ উপনিবেশিক বিষয়া

(b) ফৰাচী উপনিবেশিক বিষয়া

(c) ডাচ্ উপনিবেশিক বিষয়া; 

(d) পর্তুগীজ উপনিবেশিক বিষয়া; 

উত্তৰঃ (a) বৃটিছ উপনিবেশিক বিষয়া

প্রশ্ন ৯। সমাজতত্ত্ববিদ জি. এছ. ঘুৰীয়ে ৰচনা কৰা ‘Caste and Race in India’ গ্ৰন্থখন প্রকাশিত হৈছিল—

(a) 1931 A.D.

(b) 1933 A.D

(c) 1932 A.D.

(d) 1934 A.D.

উত্তৰঃ (c) 1932 A.D

প্রশ্ন ১০। মার্ক্সবাদৰ দ্বাৰা গভীৰভাবে প্রভাবিত হোৱা নৃতত্ত্ববিদজন

(a) শৰৎ চন্দ্ৰ ৰয় 

(b) এম এন শ্রীনিবাস

(c) ডি. পি. মুখার্জী

(d) এছ চি ডুবে

উত্তৰঃ (c) ডি. পি. মুখার্জী

প্রশ্ন ১১। এম এন শ্রীনিবাসৰ মৃত্যু হৈছিল—

(a) 1909 A.D.

(b) 1999 AD 

(c) 1998 AD

(d) 1989 AD

উত্তৰঃ (b) 1999 AD

প্রশ্ন ১২। এম এন শ্রীনিবাসে পি. এইচ. ডি ডিগ্রী লাভ কৰিছিল

(a) অক্সফোর্ড বিশ্ববিদ্যালয়ৰ পৰা 

(b) বোম্বাই বিশ্ববিদ্যালয়ৰ পৰা

(c) কলিকতা বিশ্ববিদ্যালয়ৰ পৰা 

(d) দিল্লী বিশ্ববিদ্যালয়ৰ পৰা

উত্তৰঃ (b) বোম্বাই বিশ্ববিদ্যালয়ৰ পৰা

প্রশ্ন ১৩। সমাজতত্ত্ববিদ শ্রীনিবাসে Ph. D আৰু D. Phil. ডিগ্রী লাভ কৰিছিল—

(a) বোম্বে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা । 

(b) বোম্বে অক্সফোর্ডৰ বিশ্ববিদ্যালয় পৰা ।

(c) মাদ্ৰাজ-দিল্লী বিশ্ববিদ্যালয়ৰ পৰা।

(d) বোম্বে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা।

উত্তৰঃ (b) বোম্বে অক্সফোর্ডৰ বিশ্ববিদ্যালয় পৰা ।

প্রশ্ন ১৪। আজীবন মার্ক্সবাদী সমাজতত্ত্ববিদ জন –

(a) ডি পি মুখার্জী

(b) জি এছ ঘূৰী 

(c) এ আৰ দেশহি

(d) এচ চি বয়

উত্তৰঃ (c) এ আৰ দেশহি

প্রশ্ন ১৫। ভাৰতৰ নিজেই শিক্ষা লোৱা নৃতত্ত্ববিদ জন যি জনে পণ্ডিত হিচাপে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল—

(a) এ কে আয়াৰ

(b) শৰৎ চন্দ্ৰ বয়; 

(c) জি এছ ঘূৰী

(d) ডি পি মুখার্জী,

উত্তৰঃ (a) এ কে আয়াৰ

সমাজতত্ত্ব পৰিচয় ( Part – I )

ক্ৰমিক নংপাঠলিংক
1.সমাজতত্ত্ব আৰু সমাজ (Sociology and Society)Click Here
2.বিশেষ অর্থ থকা শব্দ, অৱধাৰণা আৰু সমাজতত্ত্বত ইয়াৰ ব্যৱহাৰ (Terms. Concepts and their use in Sociology)Click Here
3.সামাজিক সংস্থাবোধ (Understanding Social Institutions)Click Here
4.সংস্কৃতি আৰু সামাজিকৰণ (Culture and Socialisation)Click Here
5.সমাজতত্ত্ব অধ্যয়ন : গবেষণা প্রণালী (Doing Sociology: Research Methods)Click Here

সমাজ বোধ ( Part-II )

ক্ৰমিক নংপাঠলিংক
1.সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজৰ সামাজিক প্রক্রিয়া (Social Structure, Stratification and Social Process in Society)Click Here
2.গ্রামীণ আৰুনগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা (Social Change and Social Order in Rural and Urban Society)Click Here
3.পৰিবেশ আৰু সমাজ (Environment and Society)Click Here
4.পাশ্চাত্যৰ সমাজতত্ত্ববিদসকলৰ — এক পৰিচয় (Introduction Western Sociologists)Click Here
5.ভাৰতীয় সমাজতত্ত্ববিদসকল | (Indian Sociologists)Click Here

Leave a Reply