HS First Year Education Chapter 7 – ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা

HS First Year Education Chapter 7 – ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষাপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Education Chapter 7 – ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয় HS First Year Education Chapter 7 – ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা

HS First Year Education Chapter 7 – ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা

অতি চমু প্রশ্নোত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-১)

A. এটা শব্দ বা বাক্যত উত্তৰ দিয়াঃ

প্রশ্ন ১। ভাৰতবৰ্ষত বিজ্ঞান আৰু সাহিত্যৰ বিকাশৰ বাবে ১৮১৩ চনৰ চাৰ্টাৰ আইনত কিমান টকা ধার্য কৰা হৈছিল?

 উত্তৰ: ৪১ লাখ টকা।

প্রশ্ন ২। নিম্ন পৰিশ্ৰাৱণৰ নীতি কোনে আগবঢ়াইছিল ?

উত্তৰ: মেকলে।

প্রশ্ন ৩। হাণ্টাৰ আয়োগ কিমান চনত গঠন হৈছিল?

উত্তৰ: ১৮৮২ চনত।

প্রশ্ন ৪। প্রাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ বাবে ইম্পেৰিয়েল লেজিছলেটিভ কাউন্সিলত প্রথমে কোনে বিল উত্থাপন কৰিছিল? 

উত্তৰ: গোপাল কৃষ্ণ গোখলে।

প্রশ্ন ৫। প্রথম অসমীয়া বাতৰি কাকতখনৰ নাম কি আছিল?

উত্তৰ: অৰুণোদয়।”

প্রশ্ন ৬। এটা জাতিৰ ভাগ্য গঢ় লয় এটা ।

উত্তৰ: শ্ৰেণীকোঠাত।

প্রশ্ন ৭। উদৰ প্ৰতিবেদনৰ সভাপতি কোন আছিল?

উত্তৰ : চালছ উড। (Charles Wood) 

প্রশ্ন ৮। DPEP ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰ: District Primary Education Programme. 

প্রশ্ন ৯। গান্ধীজীয়ে নিজৰ ৱাৰ্দ্ধা আঁচনি কোন চনত প্ৰবৰ্তন কৰিছিল ? [H.S.13]

উত্তৰ : ১৯৩৭ চনত।

প্রশ্ন ১০। ভাৰতীয় শিক্ষা আয়োগ ১৮৮২ চনৰ সভাপতি কোন আছিল ?

উত্তৰ: ছাৰ উইলিয়াম হান্টাৰ। 

প্রশ্ন ১১। বুনিয়াদী শিক্ষাৰ অন্য এক নাম কি?

উত্তৰ: নঈ তালিম (Nai Talim) 

প্রশ্ন ১২। নালন্দা বৈদিক/ বৌদ্ধ/মুছলমান সকলৰ এটা কেন্দ্ৰ আছিল।

উত্তৰ : বৌদ্ধ।

প্রশ্ন ১৩।প্রাথমিক শিক্ষাত ‘ফলাফলভিত্তিক অনুদান ব্যৱস্থাৰ পৰামর্শ’ কোনে দিছিল?

উত্তৰ: হান্টাৰ আয়োগে।

প্রশ্ন ১৪। ‘মনিটৰিয়েল পদ্ধতি’ৰ আনটো নাম কি?

উত্তৰ: বেল প্ৰথা।

প্রশ্ন ১৫। ভাৰতত ব্ৰিটিছৰ শাসনত বাধ্যতামূলক প্রাথমিক শিক্ষাৰ বাবে দাবী কোনে

উত্তৰ: গোপাল কৃষ্ণ গোখলে। 

প্রশ্ন ১৬। ‘সত্ৰ’ কি?

উত্তৰ : সত্ৰসমূহ হৈছে শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সমাজলৈ ধৰ্ম প্ৰচাৰৰ এক অৱদান যত শ্ৰীকৃষ্ণৰ দৌল উৎসৱ, বাস, নৃত্য, ভাওনা আদি অনুষ্ঠিত হয়। 

প্রশ্ন ১৭। 1901 চনত চিমলাত শিক্ষা সম্মিলন কোনে আহ্বান কৰিছিল?

প্রশ্ন ১৮। ‘মনিটৰিয়েল প্রথা’ প্রথমে কোনে উদ্ভাৱন কৰিছিল? 

উত্তৰঃ ড° এনড্ৰি বেল (Andrew Bell)

B. খালী ঠাই পূৰ কৰা ঃ 

প্রশ্ন ১। মনিটৰিয়েল প্রথাক …….প্ৰথা বুলি কোৱা হয়।

উত্তৰ: বেল প্রথা।

প্রশ্ন ২। মেকলেৰে মাইনুট দাখিল কৰা হৈছিল―—।

উত্তৰ : ১৮৩৫ চনত।

প্রশ্ন ৩। ১৮৫৪ চনৰ উদৰ ঘোষণাপত্ৰক ভাৰতীয় শিক্ষাৰ……… বোলা হৈছিল

উত্তৰ: মেগনা কাৰ্টা। 

প্রশ্ন ৪ বাধা সন্মিলনৰ সভাপতি আছিল…….l

উত্তৰঃ ড° জাকিৰ হুছেইন। 

প্রশ্ন ৫। অসম প্রাথমিক শিক্ষা আইনখন ― চনত গৃহীত হৈছিল।

উত্তৰ : ১৯২৬ চনত।

প্রশ্ন ৬। ভাৰত চৰকাৰে ডি. পি.ই. পি. (DPEP)–– চনত হাতত লয়।

উত্তৰ : ১৯৯৩ চনত। 

প্রশ্ন ৭। পূৰ্ণ সাক্ষৰতা প্ৰচাৰ কাৰ্য (TLC) প্রথম • ৰাজ্যত চলোৱা হয়।

উত্তৰ: কেৰেলা ।

প্রশ্ন ৮। ৰাষ্ট্ৰীয় সাক্ষৰতা মিছন (NLM) –…. চনত গঠন কৰা হয়।

 উত্তৰ : ১৯৮৮ চনৰ ৫ মে’।

প্রশ্ন ৯। প্রথমে ভাৰতীয় শিক্ষা আয়োগ গঠন কৰা হৈছিল……চনত।

উত্তৰ ঃ ১৮৮২ চনত। 

প্রশ্ন ১০। মেক’লেৰ প্ৰতিবেদন দাখিল কৰিছিল……চনত।

উত্তৰ : ১৮৩৫ চনত।

C. ভুল-শুদ্ধ উত্তৰ দিয়া : 

প্রশ্ন ১। মহাত্মা গান্ধী বুনিয়াদী শিক্ষাৰ প্ৰধান সমর্থক আছিল।

উত্তৰঃ শুদ্ধ।

প্রশ্ন ২। ভাৰতীয় সংবিধানৰ 45 নং অনুচ্ছেদত প্রাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক বুলি গৃহীত কৰা হৈছে।

উত্তৰ শুদ্ধ।

প্রশ্ন ৩। সহায়ক অনুদান প্রথা হাণ্টাৰ আয়োগৰ পৰামর্শ মতে প্রথম কার্যকৰী 

উত্তৰ ভুল।

প্রশ্ন ৪। অসম প্রাথমিক শিক্ষা আইন ১৯৩৬ চনত গৃহীত হৈছিল। 

উত্তৰ: ভুল।

প্রশ্ন ৫। মোক্তাবসমূহ মুছলমানসকলৰ উচ্চ শিক্ষানুষ্ঠান আছিল।

উত্তৰ: ভুল। 

প্রশ্ন ৬। প্রথম অসমীয়া বাতৰিকাকতখন ১৮৪৬ চনত প্ৰকাশ হৈছিল।

উত্তৰঃ শুদ্ধ।

প্রশ্ন ৭। ১৯১১ চনত গোখলে বিল সংসদত গৃহীত হৈছিল।

উত্তৰ শুদ্ধ।

প্রশ্ন ৮। ১৯৩৭ চনত ৰাৰ্দ্ধা অধিৱেশন অনুষ্ঠিত হৈছিল।

উত্তৰ : শুদ্ধ 

প্রশ্ন ৯। প্রাথমিক শিক্ষা ভাৰতীয় জনগণৰ এক মৌলিক অধিকাৰ।

উত্তৰ শুদ্ধ।

প্রশ্ন ১০। লর্ড ৰিপনে হান্টাৰ আয়োগ নিযুক্ত কৰিছিল।

উত্তৰ শুদ্ধ।

চমু প্রশ্নোত্তৰ প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-২/৩)

প্রশ্ন ১। ১৮৫৪ চনৰ উদৰ নিৰ্দেশনাৰ দুটা সুফল লিখা।

উত্তৰ : ১৮৫৪ চনৰ উদৰ নিৰ্দেশনাৰ দুটা সুফল হ’ল—

(ক) উদৰ প্ৰতিবেদনৰ পৰামৰ্শ মমেই ক্ৰমে বোম্বে, মাদ্ৰাজ আৰু কলিকতাত বিশ্ববিদ্যালয় স্থাপন কৰা হয়।

(খ) সহায়ক অনুদান দিয়াৰ ব্যৱস্থা কৰি প্ৰাথমিক মাধ্যমিক আৰু মহাবিদ্যালয়সমূহৰ মাজত এটা সমন্বয় গঢ়ি তুলি শিক্ষা ব্যৱস্থা উন্নত কৰা। 

প্রশ্ন ২। গোখলেৰ বিলখন কিয় নাকচ হৈছিল? তিনিটা কাৰণ দর্শোৱা। 

উত্তৰ: গোখলেৰ বিল নাকচ হোৱাৰ তিনিটা কাৰণ হল—

(ক) বিলখনত ৰাইজৰ সমৰ্থন নাছিল।

(খ) স্থানীয় ব’ৰ্ডসমূহ বিলখনৰ বিৰোধী আছিল।

(গ) বিলখন সময়তকৈ আগতীয়া হৈছিল; ই প্রাথমিক শিক্ষাক আগুৱাই নিয়াৰ পৰিৱৰ্তে পাছলৈহে ঠেলিব চেষ্টা কৰিছিল৷

প্রশ্ন ৩। ১৮১৩ চনৰ চনদ আইনৰ যিকোনো তিনিটা শৈক্ষিক তাৎপর্য লিখা।

উত্তৰ: ১৮১৩ চনৰ চনদ আইনৰ তিনিটা শৈক্ষিক তাৎপর্য হল

(ক) এই আইনৰ পৰামর্শ অনুসৰি মিছনেৰীসকলে ভাৰতীয় মানুহক শিক্ষা-দীক্ষা দিবৰ বাবে স্কুল স্থাপন কৰে।

(খ) ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰতি বছৰে ১ লাখ টকা ভাৰতীয় শিক্ষা বিস্তাৰৰ বাবে দিয়া হয়। 

(গ) আঞ্চলিক ভাষা অর্থাৎ মাতৃভাষাত শিক্ষা দিয়াৰ ব্যৱস্থা আৰু পাঠ্যপুথি প্ৰস্তুত কৰা ব্যৱস্থা গ্রহণ।

প্রশ্ন ৪ শ্ৰীৰামপুৰ ত্ৰয়ী মানে কি?

উত্তৰ: ভাৰতীয় শিক্ষা ব্যৱস্থা উন্নীতকৰণত মিছনেৰীসকল বিশেষকৈ তিনিজন ব্যক্তিয়ে যথেষ্ট অৰিহণা আগবঢ়াই আহিছে। সেই তিনিজন ব্যক্তি হ’ল— কেৰী, ওৱাৰ্ড আৰু মাৰ্ছমেন। তেওঁলোকৰ শৈক্ষিক প্রচেষ্টাক একেলগে ‘শ্ৰীৰামপুৰ ত্রয়ী’ বুলি কোৱা হয়। 

প্রশ্ন ৫। ‘গুৰুকুল প্ৰথা’ কি?

উত্তৰ : অতীত ভাৰতীয় শিক্ষা ব্যৱস্থাত গুৰুকুল প্রথাই যথেষ্ট সমাদৰ লাভ কৰিছিল। কিছুমান বিদ্যান ব্যক্তিয়ে নিজ গৃহত ছাত্ৰসকলৰ বাবে শিক্ষাৰ ব্যৱস্থা কৰিছিল। গুৰুৱে ছাত্ৰসকলৰ দেহ-মানসিক আধ্যাত্মিক তথা সামাজিক বিকাশৰ দায়িত্ব গ্রহণ কৰিছিল। ছাত্ৰসকলৰ জীৱনৰ বাবে প্রয়োজনীয় সকলো শিক্ষা গুরুগৃহত অর্জন কৰিছিল। গুৰু-শিষ্যৰ সম্পৰ্ক পিতা-পুত্ৰৰ দৰে আছিল। এনেকৈ গুৰু গৃহত অর্জন কৰা শিক্ষা ব্যবস্থাকে গুৰুকুল প্রথা বোলা হৈছিল।

প্রশ্ন ৬। ১৮৫৪ চনৰ উড ডেচপাচৰ দুটা পৰামর্শ লিখা 

উত্তৰ : ১৮৫৪ চনৰ উড ডেচপাচৰ দুটা পৰামর্শ হ’ল– (ক) বোম্বে, মাদ্রাজ আৰু কলিকতাত একোখনকৈ বিশ্ববিদ্যালয় স্থাপন কৰা।

(খ) সহায়ক অনুদান দিয়াৰ ব্যৱস্থা কৰি প্ৰাথমিক, মাধ্যমিক আৰু মহাবিদ্যালয় সমূহৰ মাজত সমন্বয় স্থাপন কৰা 

প্রশ্ন ৭। বুনিয়াদী শিক্ষাৰ তিনিটা/চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ : (১) বুনিয়াদী শিক্ষা নীতিৰ এক প্রধান বিশেষত্ব হ’ল শিক্ষাৰ্থীসকলৰ মাতৃভাষাক শিক্ষাৰ মাধ্যম আৰু বাহক হিচাপে ব্যৱহাৰ কৰাটো। 

(২) বুনিয়াদী শিক্ষা নীতিৰ আন এক প্রধান বিশেষত্ব হ’ল শিক্ষার্থীসকলক অর্থনৈতিকভাবে স্বাবলম্বী হোৱাত সহায় কৰাতো, কিয়নো এই নীতি অনুসৰি হস্ত শিল্পৰ দ্বাৰা যি বস্তু তৈয়াৰী হ’ব সেইবোৰ বস্তু বজাৰত বিক্ৰী কৰি শিক্ষাৰ্থীয়ে কিছু ধন নিজৰ বাবে আৰু বাকীখিনি

শিক্ষকসকলক দৰমহা দিয়াত খৰচ কৰিব। 

(৩) বুনিয়াদী শিক্ষা নীতিৰ আন এক বিশেষত্ব হ’ল কৰ্মভিত্তিক পাঠ্যক্ৰম অন্তর্ভুক্তিৰ জৰিয়তে শিশুৰ সৰ্বাত্মক বিকাশত সহায় কৰা।

(৪) বুনিয়াদী শিক্ষা নীতি ভাৰতবৰ্ষৰ জাতীয় শিক্ষা আদৰ্শৰ দ্বাৰা প্ৰভাৱিত। এই শিক্ষা নীতিৰ জৰিয়তে দেশৰ ভৱিষ্যত নাগৰিক হিচাপে শিক্ষাৰ্থীসকলক তেওঁলোকৰ নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য সম্পর্কে সচেতন কৰি দিয়াটোত গুৰুত্ব দিছে। 

প্রশ্ন ৮। বুনিয়াদী শিক্ষাৰ যিকোনো চাৰিটা/তিনিটা গুণ চমুকৈ লিখা।

উত্তৰ : (ক) বুনিয়াদী শিক্ষাৰ এটা গুণ হ’ল শিক্ষাৰ্থীসকলৰ মাতৃভাষাক শিক্ষাৰ মাধ্যম

আৰু বাহক হিচাপে ব্যৱহাৰ কৰা।

(খ) কর্মভিত্তিক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তিৰ জৰিয়তে শিশুৰ সর্বাত্মক বিকাশ সাধন কৰা। 

(গ) প্রাথমিক পর্যায়ত শিশুক হস্তশিল্পৰ মাধ্যমেৰে উৎপাদনমুখী শিক্ষা দি অর্থনৈতিক স্বাৱলম্বিতা লাভত সহায় কৰা। 

(ঘ) শিক্ষকসকলৰ প্ৰশিক্ষণৰ বাবে চৰকাৰে উপযুক্ত ব্যৱস্থা হাতত লোৱাৰ প্ৰতি পৰামৰ্শ প্ৰদান কৰা।

প্রশ্ন ৯। বুনিয়াদী শিক্ষাৰ তিনিটা দুর্বল দিশ উল্লেল্লখ কৰা।

উত্তৰ: বুনিয়াদী শিক্ষাৰ তিনিটা দুর্বল দিশ তলত উল্লেখ কৰা হ’ল—— 

(ক) শিক্ষাক আত্মনিৰ্ভৰশীল কৰিব পৰাকৈ ধন উপাৰ্জনৰ বাবে শিশুৰ দ্বাৰা নির্মিত বস্তুও

(খ) বুনিয়াদী শিক্ষাৰ ইংৰাজী ভাষা শিকাৰ কোনো ব্যৱস্থা নথকাটো এটা ত্রুটি। 

(গ) কোমল বয়সীয়া শিশুক আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যে হাতৰ কামত লগোৱা বৰ সহজ নহয়।

প্রশ্ন ১০। জিলা প্রাথমিক শিক্ষা কার্যসূচী (DPEP) ৰ তিনিটা লক্ষ্য উল্লেখ কৰা

উত্তৰ: জিলা প্রাথমিক শিক্ষা কাৰ্যসূচীৰ তিনিটা লক্ষ্য হল—

(ক) সকলো ল’ৰা-ছোৱালীক প্রাথমিক বিদ্যালয়ত পঢ়াৰ সুবিধা দিয়া। 

(খ) মাজতে পঢ়িবলৈ এৰা ল’ৰা-ছোৱালীৰ হাৰ দহ শতাংশলৈ কমোৱা।

(গ) সকলো ল’ৰা-ছোৱালীয়ে আহৰণ কৰা শিক্ষাৰ মান বুজন পৰিমাণে উন্নত কৰা। 

প্রশ্ন ১১। ৰাষ্ট্ৰীয় সাক্ষৰতা মিছন (NLM) ৰ তিনিটা উদ্দেশ্য বা কার্যাবলী লিখা। 

উত্তৰ : ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনৰ তিনিটা উদ্দেশ্য বা কার্যাৱলী হ’ল— 

(ক) শিকাৰুৰ প্ৰয়োজন পূৰাব পৰাকৈ কাৰ্যসূচী প্ৰস্তুত কৰি শিকাৰ প্ৰতি তেওঁলোকৰ আগ্রহ বঢ়োৱা। 

(খ) উপযুক্ত শিক্ষকৰ নিযুক্তি আৰু শিক্ষকৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা।

(গ) বিভিন্ন স্তৰৰ সাক্ষৰতা প্ৰদানৰ কাৰ্যসূচী দক্ষতাৰে পৰিচালনা কৰিব পৰ৷ লোকৰ সমিতি গঠন কৰা।

প্রশ্ন ১২। পূৰ্ণ সাক্ষৰতা প্ৰচাৰ কাৰ্য (Total Literacy Campaign – TLC) ৰ তিনিটা লক্ষ্য বা কাৰ্যসূচী উল্লেখ কৰা।

উত্তৰ: পূৰ্ণ সাক্ষৰতা প্ৰচাৰ কাৰ্যৰ তিনিটা লক্ষ্য বা কাৰ্যসূচী হ’ল— 

(ক) TLC ৰ মূল লক্ষ্য সকলো ল’ৰা ছোৱালীক বিদ্যালয়ত ভৰ্তি কৰোৱা আৰু প্ৰাথমিক শিক্ষা সম্পূর্ণ নোহোৱা পর্যন্ত বিদ্যালয় নেৰাকৈ ৰখা।

(খ) প্ৰচাৰ কাৰ্যৰ বাবে হোৱা খৰচ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে 2:1 অনুপাতত বহন কৰোৱা। 

(গ) এনে প্ৰচাৰ কাৰ্য গণ আন্দোলনৰ প্ৰকৃতিৰ হয় য’ত সকলো শ্ৰেণীৰ লোকে অংশগ্রহণৰ সুবিধা পোৱা।

প্রশ্ন ১৩। প্রাচ্য-পাশ্চাত্য সংঘাতৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ (ক) প্রাচ্যবাদীসকলে ভাৰতীয় ভাষাৰ উন্নতি আৰু প্ৰসাৰত গুৰুত্ব দিছিল। পাশ্চাত্যবাদীসকলে পশ্চিমীয়া সাহিত্য আৰু বিজ্ঞান শিক্ষা প্রবর্তনত জোৰ দিছিল। প্রকৃত শিক্ষাৰ উদ্দেশ্য আৰু লক্ষ্যত দ্বিমত আছিল। 

(খ) ভাৰতীয় শিক্ষাৰ মাধ্যম কি হ’ব সি এক অন্যতম কাৰণ আছিল।

HS First Year Education Solutions – শিক্ষা

Unit No.LessonsLinks
Unit-1শিক্ষাৰ ধাৰণা আৰু লক্ষ্য (Concept and Aims of Education)Click here
Unit- 2মানৱ বিকাশৰ স্তৰ (Stages of Human Development)Click here
Unit – 3বিদ্যালয় আৰু ইয়াৰ সংগঠন (School and its Organization)Click here
Unit – 4মনোবিজ্ঞান আৰু শিক্ষা (Psychology and Education)Click here
Unit – 5মানসিক জীৱনৰ শাৰীৰিক ভিত্তি (Physical Basis of Mental Life)Click here
Unit – 6মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন (Bases and Direction of Human behavior)Click here
Unit – 7ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা [ Primary Education in India and Assam]Click here

প্রশ্ন ১৪। নিম্ন পৰিশ্ৰাৱণ নীতি বুলিলে কি বুজা?

উত্তৰ : ইংৰাজ শাসন ভাৰতত কটকটীয়া কৰিবৰ উদ্দেশ্যে লর্ড মেক’লে এচাম লোকক উচ্চ শিক্ষা দিয়াৰ পক্ষপাতী আছিল, কাৰণ প্ৰয়োজন অনুসৰি সেই শ্ৰেণীটোৱে তলৰ শ্ৰেণীটোক শিক্ষাদান দিয়াত সহায় হ’ব। ইংৰাজী শিক্ষাৰে শিক্ষিত হোৱা সমাজৰ এই ওপৰমহলাৰ লোকসকলক তেওঁ ফিলটাৰৰ লগত ৰিজাইছিল। ফিলটাৰৰ পৰা পানী নিগৰি নিগৰি পৰাৰ দৰে সমাজত ওপৰ মহলাৰ লোকসকলেও নিম্নস্তৰৰ লোকসকলক শিক্ষাদানৰ ব্যৱস্থা কৰিছিল। মেক লৈৰ এই নীতিক নিম্নমুখী পৰিশ্ৰাৱণ নীতি বুলি কোৱা হয়।

প্রশ্ন ১৫। ২০০৯ চনৰ শিক্ষা অধিকাৰ আইনৰ দুটা সুবিধা/ব্যৱস্থা উল্লেখ কৰা।

উত্তৰ ঃ (ক) দেশৰ ৬ বছৰ বয়সৰ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুলৈ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা।

(খ) গুণগত শিক্ষাৰ উন্নতি সাধন এই আইনে বাধ্যতামূলক কৰিব। 

প্রশ্ন ১৬। সম্পূর্ণ সাক্ষৰতা অভিযান (TLC) বুলিলে তুমি কি বুজা?

উত্তৰ ঃ (ক) দেশৰ ৬ বছৰ বয়সৰ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুলৈ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা।

(খ) গুণগত শিক্ষাৰ উন্নতি সাধন এই আইনে বাধ্যতামূলক কৰিব। 

প্রশ্ন ১৭। প্রাচীন ভাৰতবৰ্ষৰ গুৰুকুল শিক্ষা ব্যৱস্থাৰ দুটা বৈশিষ্ট লিখা।

উত্তৰঃ (ক) গুৰুৱে শিষ্যসকলক শিক্ষাদানৰ ক্ষেত্ৰত প্ৰয়োগ কৰি এক শিক্ষক সম্প্রদায় গঢ় দি তোলা হৈছিল।

(খ) ইয়াৰ শিক্ষা ব্যৱস্থা আছিল সহজ-সৰল, প্রয়োজনভিত্তিক আৰু মিত্যৱৱ্যয়ী বিধৰ।

প্রশ্ন ১৮। মাদ্রাছাৰ ওপৰত এটি চমু টোকা লিখা।

উত্তৰ : পৃষ্ঠা ১৬৫ ৰ প্ৰশ্ন নং ১৭ (চ)ত চোৱা।

প্রশ্ন ২০। ভাৰতীয় সংবিধানৰ 45 নং অনুচ্ছেদত থকা দুটা সুবিধা লিখা।

উত্তৰঃ (ক) ১৪ বছৰ বয়সলৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্রদান।

(খ) মাতৃভাষাৰ মাধ্যমত শিক্ষা দিয়াৰ পোষকতা।

(গ) অনুন্নত ৰাজ্যসমূহলৈ অধিক বিত্তীয় সাহায্য দিয়া।

ৰচনাধর্মী প্রশ্নোত্তৰ প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-৪/৫/৬)

প্রশ্ন ১। ১৮৮২ চনৰ হাণ্টাৰ আয়োগে ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত কি পৰামৰ্শ আগবঢ়াইছিল? বর্ণনা কৰা।

উত্তৰ : ১৮৮১ চনত লর্ড ৰিপন ভাৰতৰ গভৰ্ণৰ হৈ আহে। তেওঁ ভাৰতীয় শিক্ষাৰ প্ৰতি যথেষ্ট আগ্রহ দেখুৱাইছিল। আগৰ উড্‌চ ডেচ্‌পাচ্‌ আৰু স্টেন্‌লী ডেচ্‌পাচ্‌ পৰামৰ্শবলী কিমান কাৰ্যকৰী হ’ল তাৰ বিষয়ে তেওঁ মনযোগ দিছিল। তেওঁ ১৮৮২ চনৰ ৩ ফেব্ৰুৱাৰীত ‘চাৰ ডব্লিউ ডব্লিউ হান্টাৰ (W. W. Hunter) ৰ সভাপতিত্বত এখন শিক্ষা আয়োগ গঠন কৰি দিছিল। এয়াই হৈছে ১৮৮২ চনৰ ভাৰতীয় শিক্ষা আয়োগ। হাণ্টাৰ আয়োগ এই আয়োগৰ মূল লক্ষ্য আছিল চলিত ভাৰতীয় শিক্ষা পদ্ধতিৰ পৰ্যালোচনা কৰা আৰু প্ৰয়োজন অনুসৰি ইয়াৰ উন্নতিৰ বাবে পৰামর্শ আগবঢ়োৱা। প্রাথমিক শিক্ষাৰ ক্ষেত্ৰতত এই আয়োগে অভিমত প্ৰকাশ কৰিছিল যে যদিও শিক্ষাৰ প্ৰতি স্তৰতে চৰকাৰে বিশেষ মনোযোগ দিয়া উচিত; তথাপিতো প্রাথমিক শিক্ষাৰ প্ৰসাৰত সক্রিয় ভাৱে চেষ্টা কৰাটোহে চৰকাৰৰ প্ৰধান কৰ্তব্য। আয়োগে প্রাথমিক শিক্ষা প্ৰসাৰৰ বাবে তলৰ পৰামৰ্শৱলী আগবঢ়ায়। —

  1. মাতৃভাষাৰ জৰিয়তে দিয়া জনসাধাৰণৰ উপযোগী সাধাৰণ শিক্ষাকে
  2. দেশীয় প্রাথমিক স্কুলবিলাকক আর্থিক সাহায্যৰ যোগেদি উৎসাহিত কৰিব লাগে। 
  3. প্রাথমিক শিক্ষা প্ৰসাৰৰ বাবে চৰকাৰে আৰ্থিক সাহায্য আগবঢ়াব লাগে। প্রয়োজন অনুসৰি চৰকাৰে এই শিক্ষা প্ৰসাৰৰ বাবে আইন প্রণয়ন কৰিব লাগে। 
  4. পৰিদৰ্শকৰ দ্বাৰা সাহায্যপ্রাপ্ত স্কুল পৰীক্ষা কৰাব লাগে।
  5. সকলো ঠাইৰ নিজা প্রয়োজন আৰু বিশেষত্ব অনুসৰি প্ৰাথমিক শিক্ষাৰ মানদণ্ড থিৰ কৰাৰ লগতে সৰ্বভাৰতীয় পর্যায়ত একে মানদণ্ড থিৰ কৰাৰ ওপৰত গুৰুত্ব দিয়া উচিত। 
  6. কিতাপ পত্ৰ সংগ্ৰহৰ ক্ষেত্ৰত স্থানীয় পৰিচালনা সমিতিৰ স্বাধীনতা থকা উচিত। 
  7. পৰীক্ষাৰ ফলাফল অনুসৰি স্কুলক অর্থ সাহায্যৰ নীতি পিচ-পৰা অঞ্চলৰ প্ৰাথমিক শিক্ষা অনুষ্ঠানৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।
  8. ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক উন্নয়নৰ বাবে স্কুলত খেল ধেমালী আদিৰ ব্যৱস্থা থকা উচিত।
  9. স্কুলত মাণ্ডুলৰ ব্যৱস্থা থাকিব কিন্তু দুখীয়া আৰু মেধাবী ছাত্র-ছাত্ৰীক মাছুল ৰেহাই দিয়া হ’ব। 
  10. ‘লোকেল ব’ৰ্ড’ আৰু ‘মিউনিচিপাল বোর্ড’ সমূহে প্রত্যেক প্রাথমিক স্কুলৰ যাবতীয় খৰচৰ বাবে সুকীয়া অৰ্থৰ ব্যৱস্থা কৰিব লাগিব। 
  11. প্রাথমিক স্কুলৰ শিক্ষকসকলৰ প্ৰশিক্ষণৰ কাৰণে ঠায়ে ঠায়ে নর্মাল স্কুলৰ চৰকাৰে ব্যৱস্থা কৰিব লাগিব।
  12. সম্ভব হলে ঠায়ে ঠায়ে নৈশ স্কুল স্থাপন কৰিব যাতে যি বিলাক ল’ৰা ছোৱালীয়ে দিনত সময় নাপায় ৰাতি পঢ়িব পাৰে। 
  13. লর্ড হার্ডিঞ্জ (Lord Hardinge)-ৰ পৰামৰ্শ অনুসৰি যিকোনো সাধাৰণ চৰকাৰী চাকৰীৰ প্ৰাৰ্থী নিযুক্তিৰ ক্ষেত্ৰতো লিখিব আৰু পঢ়িব জনাৰ ওপৰত গুৰুত্ব দিব লাগে।
  14. প্রাথমিক স্কুলত শিক্ষাৰ মাধ্যম কি ভাষা হ’ব সেইটো থিৰ কৰিব প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি স্থানীয় কমিটীয়ে।
  15. সংখ্যালঘু ভাষাভাষীৰ পৰা যদি অন্ততঃ এটা বা দুটা শ্ৰেণী পাতিব পৰাকৈ এখন স্থূলত ছাত্র-ছাত্রী থাকে তেনে সেই ভাষাৰ শিক্ষক নিযুক্তি দিবলৈ যত্ন কৰিব লাগে।

প্রশ্ন ২। প্রাথমিক শিক্ষাৰ ওপৰত দিয়া উদৰ প্ৰতিবেদনৰ ছয়টা পৰামৰ্শ উল্লেখ কৰা। 

উত্তৰ : ১৮৫৩ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ চনদ পুনৰ নৱীকৰণৰ সময়ত ভাৰতবৰ্ষৰ শিক্ষা সম্পর্কে বিশদভাৱে তথ্যানুসন্ধান কৰিবলৈ ব্যৱস্থা লোৱা হৈছিল। সেই দায়িত্ব অর্পণ কৰা হৈছিল সেই সময়ৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰিচালনা সমিতিৰ অধ্যক্ষ ছাৰ্লচ উডৰ ওপৰত আৰু তেওঁৰ নাম অনুসৰি এই নির্দেশনামাখনক “উদ্ভৰ নিৰ্দেশনামা” বোলা হয়। ছাৰ্লচ উডে ১৮৫৪ চনত ইংলণ্ডৰ পাৰ্লিয়ামেন্টৰ ওচৰত ভাৰতৰ শিক্ষা সম্বন্ধে এখন দীঘলীয়া প্রতিবেদন দাখিল কৰে। এই প্রতিবেদনত প্রাথমিক শিক্ষাৰ উন্নতিৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়োৱা হয়। এই পৰামৰ্শসমূহ হ’ল–

(১) উড়ে দেশৰ শিক্ষাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা অনুভব কৰিছিল। 

(২) প্ৰাচ্য বিবাদৰ ক্ষেত্ৰত উড়ে প্ৰাচ্যৰ মত সহানুভূতি সহকাৰে বিচাৰ কৰিছিল। 

(৩) প্রত্যেক প্ৰদেশৰ সাধাৰণ শিক্ষা পৰিচালনাৰ বাবে একোটা শিক্ষা বিভাগ (Department of Education) গঠন কৰি একোজন ডি. পি আই (Director of Public Instruction) নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগিব।

(৪) শিক্ষা বিভাগৰ জৰিয়তে বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠানৰ এক যোগসূত্র স্থাপন কৰিব লাগে। অর্থাৎ বিশ্ববিদ্যালয় আৰু কলেজৰ পৰা আৰম্ভ কৰি হাইস্কুল আৰু প্ৰাথমিক বিদ্যালয়লৈ পৰস্পৰৰ মাজত এক সম্বন্ধ থকা দৰকাৰ।

(৫) সকলো শ্ৰেণীৰ স্কুলীয়া শিক্ষকৰ প্ৰশিক্ষণৰ বাবে উপযুক্ত প্রশিক্ষণ কেন্দ্র স্থাপন কৰা দৰকাৰ।

(৬) ভাৰতীয় দেশীয় প্রাথমিক স্কুলৰ সম্প্ৰসাৰণৰ প্রতি অধিক মনোযোগ দিব লাগে। 

(৭) শিক্ষানুষ্ঠানৰ সাহায্যার্থে নির্দিষ্ট চৰ্ত অনুসৰি অনুদান (Grant in aid) দিয়াৰ ব্যৱস্থা থকা উচিত। যাতে স্থানীয়ভাৱে পৰিচালিত স্কুলবোৰক এনে অনুদানৰ দ্বাৰা উৎসাহিত কৰিব পৰা যায়। এইবোৰৰ লগতে আৰু কেইটামান পৰামৰ্শ আগবঢ়োৱা হৈছিল।

  • সাহায্যপ্রাপ্ত সকলো স্কুলত যাতে ধৰ্মনিৰপেক্ষতাৰ ভেটিত শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হয়। 
  • এনেবোৰ স্কুল যাতে স্থানীয় সমিতি (Local Committee)-ৰ দ্বাৰা পৰিচালিত হয়। 
  • চৰকাৰী পৰিদৰ্শক (Inspector) এ এই স্কুলবোৰ মাজে মাজে চোৱাৰ ব্যৱস্থা থকা দৰকাৰ। 
  • ছাত্ৰ-ছাত্ৰীৰ পৰা সামান্য হলেও মাচুল লোৱাৰ ব্যৱস্থা থাকিব লাগে ৷
  • ভাৰতীয় দেশীয় ভাষাত স্কুলীয়া কিতাপ ছপোৱাৰ ওপৰত গুৰুত্ব দিয়া উচিত।

(৯) ভাৰতত স্ত্রী-শিক্ষাৰ বিশেষ প্রয়োজন আছে। সেই হিচাপে স্ত্রী-শিক্ষাৰ বহুল প্ৰচাৰৰ বাবে যত্ন কৰা দৰকাৰ।

(১০) ভাৰতৰ যিবোৰ ঠাইত ইংৰাজী শিক্ষাৰ বাবে দাবী জনোৱা হয় তেনে ঠাইৰ স্কুলত ইংৰাজী শিকোৱাৰ বাবে ব্যৱস্থা কৰিব লাগে। এই ডেচ্‌পাখন প্ৰৱৰ্তন কৰাৰ পিচৰ পৰা শিক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য পৰিৱৰ্তন চকুত পৰে। কিছুমানে সেয়ে ডেচ্‌পাখনক ভাৰতীয় শিক্ষাৰ মেগ্নাকার্টা বুলি ক’ব খোজে। 

প্রশ্ন ৩। সর্বশিক্ষা অভিযানৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে লিখা।

উত্তৰঃ ‘সৰ্বশিক্ষা অভিযান’ হ’ল প্ৰাথমিক শিক্ষা ব্যৱস্থাক সার্বজনীন কৰাৰ এটি প্রচেষ্টা। এই অভিযান হ’ল ভাৰতবৰ্ষত গুণগত মূল্য শিক্ষাৰ দাবী পূৰণৰ বাবে সৃষ্টি হোৱা এক প্রতিক্রিয়া। এই অভিযানৰ প্ৰচেষ্টাটোৱে বিদ্যালয় ব্যৱস্থাক সামূহিক স্বত্ত্বাধিকাৰৰ জৰিয়তে বিকশিত কৰাত সহায়ক হ’ব। বিশেষকৈ সমাজৰ পিছপৰা শিশুসকলক বিকশিত কৰাৰ বাবে চেষ্টা চলাব।

সর্বশিক্ষা অভিযানে প্রাথমিক শিক্ষাক সার্বজনীন কৰাৰ লগতে গুণগত মান উন্নত কৰি তোলাৰ ব্যৱস্থাও কৰিছে। জিলাভিত্তিক বিকেন্দ্রীকৃত নির্দিষ্ট বিষয়ভিত্তিক পৰিকল্পনা ৰাইজৰ সক্রিয় অংশগ্রহণত সর্বশিক্ষা অভিযানে সম্ভৱ কৰি তুলিব। সৰ্বশিক্ষা অভিযান সকলো জিলাতে ৰূপায়িত হ’ব। জিলা প্ৰাথমিক শিক্ষা আঁচনিৰ দ্বাৰা অন্তর্ভুক্ত হোৱা সকলো জিলা এই অভিযানৰ অন্তর্ভুক্ত হ’ব। ‘সর্বশিক্ষা অভিযান’ হৈছে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক চৰকাৰ, কেন্দ্রীয় শাসিত অঞ্চলৰ চৰকাৰ আদিক লৈ চলোৱা এটি যৌথ প্রচেষ্টা।

সৰ্বশিক্ষা অভিযানৰ লক্ষ্য ‘সৰ্বশিক্ষা অভিযান’ৰ মূল লক্ষ্য হ’ল ৬-১৪ বছৰৰ ভিতৰত সকলো শিশুকে উপযুক্ত আৰু যুক্তিযুক্ত প্রাথমিক শিক্ষা আঞ্চলিক আৰু লিংগভিত্তিক বৈষম্য দূৰ কৰাৰ ব্যৱস্থা দূৰ কৰা। এই আঁচনিখনৰ লক্ষ্যই শিশুক প্রাকৃতিক পৰিৱেশৰ জ্ঞান লাভ কৰোৱাৰ লগতে ফলদায়ক পৰিৱেশৰ জ্ঞান লাভ কৰিবলৈও অনুমতি প্ৰদান কৰিব। বিশেষকৈ শিশুক প্রাথমিক শিক্ষাৰ মাধ্যমেৰে আধ্যাত্মিক আৰু বস্তুগতভাৱে পূৰ্ণ বৃদ্ধি কৰি মানৱ সম্ভাৱনীয়তাসূচক কৰি তুলিব লাগিব। এই আঁচনিত শিশুসকলৰ স্বাৰ্থ উন্মেষণৰ পৰিৱৰ্তে পৰস্পৰ সহযোগিতাৰ মাধ্যমেৰে কৰ্মসম্পাদনৰ সুবিধা প্ৰদানৰ শিক্ষা প্ৰদান কৰা হ’ব। সৰ্বশিক্ষা অভিযানৰ আন লক্ষ্যসমূহ উল্লেখ কৰা হ’ল –

  1. ২০০৩ চনৰ ভিতৰত সকলোবোৰ শিশুকে বিদ্যালয় শিক্ষা নিশ্চিত কেন্দ্র বিকল্প বিদ্যালয়, বিদ্যালয় প্রত্যাৱৰ্তন শিবিৰ আদি সামৰি লোৱা হ’ব। 
  2. বিদ্যালয়সমূহত সকলোবোৰ শিশুৱে ২০০৭ চনৰ ভিতৰত পাঁচবছৰীয়া শিক্ষা সমাপ্ত কৰিব লাগিব।
  3. প্রাথমিক শিক্ষাক গুণসম্পন্নতা জীৱনৰ বাবে, কেন্দ্রীভূত আৰু সন্তোষজনক শিক্ষার ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।
  4. আঠবছৰীয়া প্ৰাথমিক শিক্ষা সকলো শিশুৱে ২০১০ চনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। 
  5. ২০১০ চনৰ ভিতৰত প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত সাৰ্বজনীন সংৰক্ষণ নিশ্চিত কৰা আৰু সকলো শিশুৰ শিক্ষা সম্পূৰ্ণ কৰা হ’ব।
  6. প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত সৃষ্টি হোৱা সামাজিক আৰু লিংগ বৈষম্য ২০১০ চনৰ ভিতৰত আঁতৰ কৰাৰ ব্যৱস্থা কৰা হ’ব। 

প্রশ্ন ৪। অসম প্রাথমিক শিক্ষা আইন, ১৯২৬ চনৰ ছয়টা ধাৰা লিখা।

উত্তৰ : ১৯২৬ চনত অসম চৰকাৰে বাধ্যতামূলক প্রাথমিক শিক্ষা প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্য আগত ৰাখি অসমত “প্রাথমিক শিক্ষা আইন ১৯২৬” প্ৰৱৰ্তন কৰে। এই আইনৰ মূল বিধান সমূহ তলত দিয়া ধৰণৰ।

  • এই আইন সমস্ত প্রদেশখনতে প্রযোজ্য হ’ব।
  • ৬ বছৰৰ পৰা ১১ বছৰ বয়সৰ প্ৰত্যেক ল’ৰা-ছোৱালীৰ বাবে বাধ্যতামূলক প্রাথমিক শিক্ষা প্ৰৱৰ্তনৰ বাবে স্থানীয় কর্তৃপক্ষৰ দুই-তৃতীয়াংশ সভ্যই লগ লাগি নিজৰ এলেকাত এই আইন প্রয়োগৰ বাবে চৰকাৰৰ ওচৰত লিখিত ভাবে জনাব লাগিব। সেই মতে চৰকাৰে অনুমোদন জনাব।
  • বাধ্যতামূলক প্রাথমিক শিক্ষাৰ বাবে হোৱা খৰচৰ এক-তৃতীয়াংশ স্থানীয় কর্তৃপক্ষই (লোকেল ব’র্ড বা মিউনিচিপালিটি) খৰচ কৰিব লাগিব। ইয়াৰ বাবে প্ৰয়োজন হ’লে তেওঁলোকে এটা শিক্ষা কৰ লগাব পাৰিব। বাকী দুই-তৃতীয়াংশ চৰকাৰে বহন কৰিব। 
  • যদিহে কোনো স্থানীয় কর্তৃপক্ষই নির্দিষ্ট সময়ত বাধ্যতামূলক প্রাথমিক শিক্ষা প্ৰৱৰ্তনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰি যাৱতীয় কাম-কাজ কৰিব নোৱাৰে তেনে হ’লে তেনে ক্ষেত্ৰত চৰকাৰে সেই কাম কৰিবলৈ স্থানীয় কর্তৃপক্ষক ক’ব পাৰিব।
  • বাধ্যতামূলক প্রাথমিক শিক্ষা বিনামূলীয়া হ’ব। প্রয়োজন হ’লে দুখীয়া অভিভাৱকৰ ল’ৰা-ছোৱালীক বিনামূলীয়াকৈ কিতাপ পত্ৰৰ যোগান ধৰাৰো ব্যৱস্থা কৰা হ’ব।
  • উক্ত আইনৰ প্ৰয়োগৰ ক্ষেত্ৰত স্থানীয় কৰ্তৃপক্ষই প্রধান দায়িত্ব ল’ব লাগিব। অৱশ্যে শিক্ষক আদিৰ নিযুক্তিৰ ক্ষেত্ৰত ডি.পি.আইৰ দায়িত্ব থাকিব।
  • চৰকাৰে এই ক্ষেত্ৰত পুঁজিৰ ব্যৱহাৰ, শিক্ষা কৰ লগোৱা, শিক্ষ সমিতিৰ নিয়ম কানুন প্ৰস্তুত কৰা আদি কাল আইন প্রণয়নৰ যোগেদি কৰিব পাৰিব।
  • স্থানীয় কৰ্তৃপক্ষ আৰু শিক্ষা সমিতিয়ে যদি উচিত বুলি বিবেচনা কৰে সকলো দায় দায়িত্ব বহন কৰিব। Director of Public Instruction এ যদি উচিত বুলি বিবেচনা কৰে তেনে হ’লে শিক্ষাৰ বাবে সা-সঁজুলি আদি যোগান ধৰাৰ উপৰিও শিক্ষক নিয়োগ কৰিব। এই প্রাথমিক আইন পাচ কৰা হৈছিল যদিও নানা কাৰণত ইয়াক কার্যকৰী কৰিব পৰা নহ’ল। ইতিমধ্যে আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ পাছত আন এখন প্রাথমিক শিক্ষা আইন প্ৰৱৰ্তন কৰা হ’ল। 

প্রশ্ন ৫। অসমত মিছনেৰীসকলৰ যিকোনো চাৰিটা অৱদান উল্লেখ কৰা।

উত্তৰঃ (ক) সাধাৰণ মানুহক শিক্ষিত কৰি তোলা। যাতে তেওঁলোকে খ্ৰীষ্টধৰ্মৰ আদৰ্শসমূহ যথাযথভাবে উপলব্ধি কৰিব পাৰে। 

(খ) ১৮১৯ চনত শ্ৰীৰামপুৰৰ ছপাশালৰ পৰা অসমীয়া ভাষাত প্ৰথম বাইবেল প্ৰকাশ কৰা।

(গ) ১৮৩৯ চনত উইলিয়াম ৰবিনছনে অসমীয়া ভাষাৰ ব্যাকৰণ (Grammar of Assamese language) যুগুত কৰি উলিওৱা।

(ঘ) ১৯৬৭ চনত মাইলছ্ এনছনে অসমীয়া ভাষাত প্রথম অভিধান প্ৰকাশ যাৰ নাম আছিল ‘অসমীয়া আৰু ইংৰাজীত অভিধান। 

(ঙ) ১৮৪৬ চনৰ পৰা ‘অৰুণোদয়’ নামৰ প্ৰথম অসমীয়া মাহেকীয়া আলোচনী প্ৰকাশ কৰা।

প্রশ্ন ৬। প্ৰাচ্য আৰু পাশ্চাত্য বিবাদৰ কাৰণসমূহ কি কি?

অথবা, 

প্ৰাচ্য আৰু পাশ্চাত্যৰ বিবাদৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰ ঃ ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ ৪৩ নং দফাটোত ভাৰতীয় শিক্ষাৰ উন্নতিৰ বাবে ১ লাখ টকা আছুতীয়াকৈ ৰখাৰ কথা ঘোষণা কৰে। ফলত দেশী-বিদেশী সকলো কর্তৃপক্ষই শিক্ষাৰ ক্ষেত্ৰত সচেতন হৈ পৰে। চৰকাৰে দিব খোজা ১ লাখ টকাৰ প্ৰয়োগ কৰাৰ বাবে ভাৰতবৰ্ষত দীর্ঘ দিনৰ বাবে বিবাদৰ সূত্রপাত হয়। এই বিবাদৰ মূল কাৰণটো হ’ল দফগটোত সন্নিৱিষ্ট কথাসমূহৰ অস্পষ্টতা। ফলত ১ লাখ টকা খৰচৰ বাবে তিনিটা ভিন্নমত গ্ৰহণকাৰী দলৰ সৃষ্টি হয়। সেই দলসমূহৰ ভিতৰত এটা দলে ভাৰতবৰ্ষত পুৰণি সংস্কৃত আৰু আৰবী ভাষাৰ উন্নতিৰ সমৰ্থক যাক প্রাচ্যবাদী বোলা হয়, দ্বিতীয় দলটোৱে পাশ্চাত্যৰ ভাষা সাহিত্য আৰু বিজ্ঞান ভাৰতবৰ্ষত বিকাশ হোৱাটো বিচাৰিছিল যাক পাশ্চত্যবাদী বোলা হয় আৰু তৃতীয় দলটোৱে আধুনিক ভাৰতীয় ভাষা সংস্কৃতিৰ বিকাশ কামনা কৰিছিল। এই তিনিওটা দলৰ মাজত শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য কি হ’ব, শিক্ষাদানৰ মাধ্যম কি হ’ব, শিক্ষাৰ দায়িত্ব কোনে ল’ব, শিক্ষাদানৰ ব্যৱস্থা কেনে হ’ব ইত্যাদি বিষয়সমূহ লৈ মতানৈক্যৰ সৃষ্টি হৈছিল। শিক্ষাৰ মাধ্যম এটা দলৰ মতে ইংৰাজী হোৱাটো বাঞ্ছনীয়, আনটো দলে প্রাচীন ভাৰতীয় ভাষা হোৱাটো বাঞ্ছনীয় আৰু আনটো দলে শিক্ষাৰ মাধ্যম আধুনিক ভাৰতীয় ভাষা হোৱাটো বিচাৰিছিল। শিক্ষাৰ দায়িত্ব গ্রহণ সম্বন্ধেও তেওঁলোকৰ মাজত মতানৈক্য আছিল। এটা দলে শিক্ষাৰ দায়িত্ব চৰকাৰে লোৱাটো বিচাৰিছিল, আনটো দলে শিক্ষাৰ দায়িত্ব দেশীয় অনুষ্ঠানবোৰে লোৱাটো বিচাৰিছিল। সেইদৰে তৃতীয় দলটোৱে শিক্ষাৰ দায়িত্ব মিছনেৰীসকলে লোৱাটো বিচাৰিছিল। শিক্ষাদান ব্যৱস্থা সম্পর্কে পাশ্চাত্যবাদীসকলে কেৱল মাত্র উচ্চ শ্ৰেণীৰ ভাৰতীয়সকলৰ মাজতহে শিক্ষা প্ৰদানৰ পোষকতা কৰিছিল। ইয়াৰ বিপৰীতে প্রাচ্যবাদীসকলে সকলো জনসাধাৰণৰ মাজতে শিক্ষা প্ৰচাৰ কৰাৰ পোষকতা কৰিছিল। এই মতবিৰোধ ২০ বছৰৰো অধিক কাল চলি থাকিল আৰু ১৮৩৫ চনত যেতিয়া লর্ড মেক্‌লেৰ প্ৰতিবেদন প্রকাশ পালে তেতিয়াহে এই বিবাদৰ অন্ত পৰিল। 

প্রশ্ন ৭। উদ্ভৰ ঘোষণা পত্ৰৰ মূল পৰামৰ্শসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰ : ১৮৫৩ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ চনদ পুনৰ নবীকৰণৰ সময়ত ভাৰতবৰ্ষৰ শিক্ষা সম্পর্কে বিশদভাৱে তথ্যানুসন্ধান কৰিবলৈ ব্যৱস্থা লোৱা হৈছিল। সেই দায়িত্ব অর্পণ কৰা হৈছিল সেই সময়ৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰিচালনা সমিতিৰ অধ্যক্ষ ছাৰ্লচ উভৰ ওপৰত আৰু তেওঁৰ নাম অনুসৰি এই নির্দেশনামাখনক “উদ্ভৰ নির্দেশনামা” বোলা হয়। ছালচ উড়ে ১৮৫৪ চনত ইংলণ্ডৰ পাৰ্লিয়ামেন্টৰ ওচৰত ভাৰতৰ শিক্ষা সম্বন্ধে এখন দীঘলীয়া প্রতিবেদন দাখিল কৰে। এই প্রতিবেদনত প্ৰাথমিক শিক্ষাৰ উন্নতিৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়োৱা হয়। এই পৰামৰ্শসমূহ হ’ল—

(১) উড়ে দেশৰ শিক্ষাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল।

(২) প্রাচ্য বিবাদৰ ক্ষেত্ৰত উডে প্ৰাচ্যৰ মত সহানুভূতি সহকাৰে বিচাৰ কৰিছিল। 

(৩) প্রত্যেক প্ৰদেশৰ সাধাৰণ শিক্ষা পৰিচালনাৰ বাবে একোটা শিক্ষা বিভাগ (Department of Education) গঠন কৰি একোজন ডি. পি আই (Director of Public Instruction) নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। 

(৪) শিক্ষা বিভাগৰ জৰিয়তে বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠানৰ এক যোগসূত্র স্থাপন কৰিব লাগে। অর্থাৎ বিশ্ববিদ্যালয় আৰু কলেজৰ পৰা আৰম্ভ কৰি হাইস্কুল আৰু প্ৰাথমিক বিদ্যালয়লৈ পৰস্পৰৰ মাজত এক সম্বন্ধ থকা দৰকাৰ। 

(৫) সকলো শ্ৰেণীৰ স্কুলীয়া শিক্ষকৰ প্ৰশিক্ষণৰ বাবে উপযুক্ত প্রশিক্ষণ কেন্দ্ৰ স্থাপন কৰা

(৬) ভাৰতীয় দেশীয় প্রাথমিক স্কুলৰ সম্প্ৰসাৰণৰ প্ৰতি অধিক মনোযোগ দিব লাগে।

(৭) শিক্ষানুষ্ঠানৰ সাহায্যার্থে নির্দিষ্ট চৰ্ত অনুসৰি অনুদান (Grant in aid) দিয়াৰ ব্যৱস্থা থকা উচিত। যাতে স্থানীয়ভাৱে পৰিচালিত স্কুলবোৰক এনে অনুদানৰ দ্বাৰা উৎসাহিত কৰিব পৰা যায়।। এইবোৰৰ লগতে আৰু কেইটামান পৰামর্শ আগবঢ়োৱা হৈছিল। 

(ক) সাহায্য প্রাপ্ত সকলো স্থূলত যাতে ধৰ্মনিৰপেক্ষতাৰ ভেটিত শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হয়। 

(খ) এনেবোৰ স্কুল যাতে স্থানীয় সমিতি (Local Committee)-ৰ দ্বাৰা পৰিচালিত

(গ) চৰকাৰী পৰিদৰ্শক (Inspector) -এ এই স্কুলবোৰ মাজে মাজে চোৱাৰ ব্যৱস্থা থকা দৰকাৰ। 

(ঘ) ছাত্ৰ-ছাত্ৰীৰ পৰা সামান্য হ’লেও মাচুল লোৱাৰ ব্যৱস্থা থাকিব লাগে। 

(৮) ভাৰতীয় দেশীয় ভাষাত স্কুলীয়া কিতাপ ছপোৱাৰ ওপৰত গুৰুত্ব দিয়া উচিত।

(৯) ভাৰতত স্ত্রী-শিক্ষাৰ বিশেষ প্রয়োজন আছে। সেই হিচাপে স্ত্রী শিক্ষাৰ বহুল প্ৰচাৰৰ বাবে যত্ন কৰা দৰকাৰ। 

(১০) ভাৰতৰ যিবোৰ ঠাইত ইংৰাজী শিক্ষাৰ বাবে দাবী জনোৱা হয় তেনে ঠাইৰ স্কুলত ইংৰাজী শিকোৱাৰ বাবে ব্যৱস্থা কৰিব লাগে। এই ডেচ্‌পাচ্‌খন প্ৰৱৰ্তন কৰাৰ পিচৰ পৰা শিক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য পৰিৱৰ্তন চকুত পৰে। কিছুমানে সেয়ে ডেচ্‌পাচ্‌খনক ভাৰতীয় শিক্ষাৰ মেগ্নাকার্টা বুলি ক’ব খোজে। 

প্রশ্ন ৮। উডৰ ঘোষণা পত্ৰখনক ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাসত মেগাকার্টা আখ্যা দিয়া হয়।’ যুক্তি সহকাৰে লিখা।

উত্তৰ ঃ ১৮৫৩ চনত কোম্পানীৰ চনদ পুনঃ প্ৰৱৰ্তিত কৰিবৰ সময়ত ভাৰতবৰ্ষৰ শিক্ষা সম্পর্কে বিশদভাৱে অনুসন্ধানৰ ব্যৱস্থা কৰিছিল। ইয়াৰ ফলতে সৃষ্টি হৈছিল উদ্ভৰ ঘোষণা পত্ৰৰ ৷ এই ঘোষণা পত্ৰৰ সভাপতি আছিল বোর্ড অব কন্ট্রোলৰ সভাপতি ‘চাৰ্লচ উড’। তেওঁৰ নাম অনুসৰিয়েই ১৮৫৪ চনৰ ঘোষণা পত্ৰ খনক উদ্ভৰ ঘোষণা পত্ৰ বোলা হয়। উদ্ভৰ ঘোষণা পত্ৰখনৰ প্ৰধান উদ্দেশ্য আছিল ভাৰতৰ শিক্ষাৰ ক্ষেত্ৰত থকা বিভিন্ন বিবাদযুক্ত সমস্যাৰ সমাধান কৰি ভাৰতত শিক্ষাৰ বিস্তাৰ কৰাটো। উদ্ভৰ প্ৰতিবেদনখনেই হ’ল ভাৰতবৰ্ষৰ প্ৰথম প্রতিবেদন য’ত নেকি ভাৰতবৰ্ষৰ শিক্ষাৰ উন্নতিৰ লগত জড়িত সমূহ লাগতিয়াল পৰামর্শ আগবঢ়াইছিল। এই উদ্ভৰ প্ৰতিবেদনৰ পৰামর্শ মর্মেই ক্রমে বোম্বে, মাদ্ৰাজ আৰু কলিকতাত উকোখনকৈ বিশ্ববিদ্যালয় স্থাপন হ’ল। ইয়াৰ উপৰি প্ৰত্যেকখন প্রদেশতে শিক্ষা বিভাগ স্থাপন কৰি একোজন শিক্ষাধিকাৰ নিয়োগ কৰাৰ ব্যৱস্থা কৰিলে। সহায়ক অনুদান দিয়াৰ ব্যৱস্থা কৰি প্ৰাথমিক, মাধ্যমিক আৰু মহাবিদ্যালয় সমূহৰ মাজত এটা সমন্বয় গঢ়ি তুলি দেশীয় স্কুলবোৰৰ উন্নতি সাধন কৰাৰ ব্যৱস্থা কৰিলে। শিক্ষক প্রশিক্ষণৰ ব্যৱস্থা আৰম্ভ কৰিলে। ভাৰতবৰ্ষত পুৰুষৰ লগে লগে স্ত্ৰীসকলৰ উন্নতিৰ বাবে তেওঁ স্ত্রী শিক্ষাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল। এনেদৰে শিক্ষাৰ উন্নতিৰ বাবে যিমানবোৰ পৰামর্শ আগবঢ়াইছিল, এনে ধৰণৰ পৰামৰ্শ আন কোনো প্রতিবেদনতো ইয়াৰ আগতে প্ৰকাশ কৰা হোৱা নাছিল। সেয়েহে উদ্ভৰ ঘোষণা পত্ৰখনক ভাৰতীয় শিক্ষাৰ বিশেষ চনদ বা ‘মেগ্নাকার্টা’ বুলি কোৱা হয়।

প্রশ্ন ৯। ১৮৮২ চনৰ হান্টাৰ আয়োগে ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত কি কি পৰামৰ্শ আগবঢ়াইছিল? বর্ণনা কৰা 

উত্তৰঃ ১৮৮১ চনত লৰ্ড ৰিপন ভাৰতৰ গভৰ্ণৰ হৈ আহে। তেওঁ ভাৰতীয় শিক্ষাৰ প্ৰতি যথেষ্ট আগ্রহ দেখুৱাইছিল। আগৰ উচ্চ ডেপাচ্ আৰু স্টেন্‌লী ডেচ্‌পাচ্‌ পৰামৰ্শৱলী কিমান কাৰ্যকৰী হ’ল তাৰ বিষয়ে তেওঁ মনযোগ দিছিল। তেওঁ ১৮৮২ চনৰ ৩ ফেব্ৰুৱাৰীত “চাৰ ডব্লিউ ডব্লিউ হান্টাৰ (W. W. Hunter) ৰ সভাপতিত্বত এখন শিক্ষা আয়োগ গঠন কৰি পিছিল। এয়াই হৈছে ১৮৮২ চনৰ ভাৰতীয় শিক্ষা আয়োগ। হান্টাৰ আয়োগ এই আয়োগৰ মূল লক্ষ্য আছিল চলিত ভাৰতীয় শিক্ষা পদ্ধতিৰ পৰ্যালোচনা কৰা আৰু প্ৰয়োজন অনুসৰি ইয়াৰ উন্নতিৰ বাবে পৰামৰ্শ আগবঢ়োৱা। প্রাথমিক শিক্ষাৰ ক্ষেত্ৰতত এই আয়োগে অভিমত প্ৰকাশ কৰিছিল যে যদিও শিক্ষাৰ প্ৰতি স্তৰতে চৰকাৰে বিশেষ মনোযোগ দিয়া উচিত; তথাপিতো প্রাথমিক শিক্ষাৰ প্ৰসাৰত সক্রিয় ভাৱে চেষ্টা কৰাটোহে চৰকাৰৰ প্ৰধান কর্তব্য। আয়োগে প্রাথমিক শিক্ষা প্ৰসাৰৰ বাবে তলৰ পৰামৰ্শবলী আগবঢ়ায়।

১। মাতৃভাষাৰ জৰিয়তে দিয়া জনসাধাৰণৰ উপযোগী সাধাৰণ শিক্ষাকে প্রাথমিক শিক্ষা বোলা হয়। 

২। দেশীয় প্রাথমিক স্কুলবিলাকক আর্থিক সাহায্যৰ যোগেদি উৎসাহিত কৰিব লাগে।

৩। প্রাথমিক শিক্ষা প্ৰসাৰৰ বাবে চৰকাৰে আর্থিক সাহায্য আগবঢ়াব লাগে। প্রয়োজন অনুসৰি চত্কাৰে এই শিক্ষা প্ৰসাৰৰ বাবে আইন প্রণয়ন কৰিব লাগে।

৪। পৰিদৰ্শকৰ দ্বাৰা সাহায্যপ্রাপ্ত স্কুল পৰীক্ষা কৰাব লাগে।

৫। সকলো ঠাইৰ নিজা প্রয়োজন আৰু বিশেষত্ব অনুসৰি প্ৰাথমিক শিক্ষাৰ মানদণ্ড থিৰ কৰাৰ লগতে সৰ্বভাৰতীয় পর্যায়ত একে মানদণ্ড থিৰ কৰাৰ ওপৰত গুৰুত্ব দিয়া উচিত। 

৬। কিতাপ পত্ৰ সংগ্ৰহৰ ক্ষেত্ৰত স্থানীয় পৰিচালনা সমিতিৰ স্বাধীনতা থকা উচিত। ৭। পৰীক্ষাৰ ফলাফল অনুসৰি স্থূলক অর্থ সাহায্যৰ নীতি পিচ পৰা অঞ্চলৰ প্ৰাথমিক শিক্ষা অনুষ্ঠানৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।

৮। ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক উন্নয়নৰ বাবে স্কুলত খেল ধেমালী আদিৰ ব্যৱস্থা থকা উচিত।

৯। স্কুলত মাছুলৰ ব্যৱস্থা থাকিব কিন্তু দুখীয়া আৰু মেধাবী ছাত্র-ছাত্ৰীক মাছুল বেহাই দিয়া হ’ব।

১০। ‘লোকেল ব’ৰ্ড’ আৰু ‘মিউনিচিপাল বোর্ড’ সমূহে প্রত্যেক প্রাথমিক স্কুলৰ যাবতীয় খৰচৰ বাবে সুকীয়া অৰ্থৰ ব্যৱস্থা কৰিব লাগিব।

১১। প্রাথমিক স্কুলৰ শিক্ষকসকলৰ প্ৰশিক্ষণৰ কাৰণে ঠায়ে ঠায়ে নর্মাল স্কুলৰ চৰকাৰে ব্যৱস্থা কৰিব লাগিব। 

১২। সম্ভৱ হলে ঠায়ে ঠায়ে নৈশ স্কুল স্থাপন কৰিব যাতে যি বিলাক ল’ৰা ছোৱালীয়ে দিনত সময় নাপায় ৰাতি পঢ়িব পাৰে। 

১৩। লর্ড হার্ডিঞ্জ (Lord Hardinge)-ৰ পৰামৰ্শ অনুসৰি যিকোনো সাধাৰণ চৰকাৰী চাক্ৰীৰ প্ৰাৰ্থী নিযুক্তিৰ ক্ষেত্ৰতো লিখিব আৰু পঢ়িব জনাৰ ওপৰত গুৰুত্ব দিব লাগে। 

১৪। প্রাথমিক স্কুলত শিক্ষাৰ মাধ্যম কি ভাষা হ’ব সেইটো থিৰ কৰিব প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি স্থানীয় কমিটীয়ে।

১৫। সংখ্যালঘু ভাষাভাষীৰ পৰা যদি অস্তুতঃ এটা বা দুটা শ্ৰেণী পাতিব পৰাকৈ এখন স্কুলত ছাত্র-ছাত্রী থাকে তেনে সেই ভাষাৰ শিক্ষক নিযুক্তি দিবলৈ যত্ন কৰিব লাগে। 

প্রশ্ন ১০। লর্ড কার্জনৰ শিক্ষা নীতিৰ চমু বর্ণনা দিয়া।

উত্তৰ ৷ ১৮৯৯ চনত লর্ড কার্জন ইংলণ্ডৰ ৰাজ প্রতিনিধি স্বৰূপে ভাৰতলৈ আহে। ১৮৯৯ ৰ পৰা ১৯০৫ চনলৈকে তেওঁ ছবছৰৰ বাবেহে প্রশাসনীয় ক্ষমতাত আছিল। তেওঁ আছিল এজন দৃঢ়মনা, অসীম কর্মদক্ষতাসম্পন্ন সাহসী প্রশাসক। শিক্ষাৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰিবৰ বাবে তেখেতে ১৯০১ চনত চিমলাত এখন শিক্ষা সম্মিলন আহ্বান কৰিছিল। তেখেতে ভাৰতৰ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ উপৰি কৃষি শিক্ষা, নৈতিক শিক্ষা, কলা সম্বন্ধীয় স্কুল স্থাপন, পুৰাতত্ত্ব বিভাগ স্থাপন, বিদেশত অধ্যয়নৰ বাবে বৃত্তিদান, শিক্ষাৰ সঞ্চালক প্রধান নিযুক্তি ইত্যাদি ক্ষেত্ৰত পৰামর্শ আগ বঢ়াইছিল। কার্জনে ভাৰতৰ প্ৰাথমিক শিক্ষাৰ সংখ্যাত্মক আৰু গুণাত্মক দিশৰ বিকাশৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়াইছিল। সেইসমূহ হ’ল—

(ক) প্রাথমিক শিক্ষা সম্বন্ধে উদাৰ অনুদান ব্যৱস্থা : প্রাথমিক শিক্ষাৰ উন্নতিৰ বাবে তেওঁ মিউনিচিপেলিটি আৰু লোকেল বৰ্ডবোৰক শিক্ষাৰ বাবে পৌনঃপুনিক অর্থ সাহায্য দিয়াৰ ব্যৱস্থা কৰে। তেওঁ চৰকাৰী অর্থ সাহাৰ্যৰ পৰিমাণ মুঠ খৰচৰ এক তৃতীয়াংশৰ পৰা দুভাগৰ এভাগলৈ বৃদ্ধি কৰি তোলে। এনে অর্থ সাহাৰ্যৰ ব্যৱস্থাই বিদ্যালয়ৰ আৰু ছাত্ৰৰ সংখ্যা দ্রুতভাৱে বৃদ্ধি কৰি তোলে। 

(২) ১৮৮২ চনত হাল্টাৰে আৰম্ভ কৰা ফলাফলৰ ভিত্তিত অনুদান আগবঢ়োৱা ব্যৱস্থা তেওঁ পৰিহাৰ কৰে৷

(৩) শিক্ষক প্রশিক্ষণৰ ব্যৱস্থা কৰিছিল। 

(৪) তেওঁ শিক্ষকৰ দৰমহা বৃদ্ধি আৰু ভাৰতৰ সকলো শিক্ষকৰ দৰমহা একে হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

(৫) পুৰণি পাঠ্যক্ৰমৰ পৰিৱর্তে নতুন নতুন উপযোগী বিষয়বস্তুৰ অন্তৰ্ভূক্তিৰে পাঠ্যক্ৰমৰ সংস্কাৰ সাধন কৰিছিল। 

(৬) পুৰণি শিক্ষা পদ্ধতিৰ পৰিৱৰ্তে উন্নত শিক্ষাদানৰ পদ্ধতি বিশেষকৈ কিণ্ডাৰগার্টেনৰ দৰে উন্নত শিক্ষা দান পদ্ধতিৰে প্ৰাথমিক শিক্ষা প্ৰদানত গুৰুত্ব আৰোপ কৰিছিল।

(খ) মাধ্যমিক শিক্ষা নীতি : কার্জনে মাধ্যমিক শিক্ষাৰ দিশত গ্ৰহণ কৰা নীতিক দুটা বহল দিশত ভাগ কৰিব পাৰি—

 (১) নিয়ন্ত্ৰণৰ নীতি ঃ লর্ড কার্জনে সকলোবিধ মাধ্যমিক বিদ্যালয়ক চৰকাৰৰ কঠোৰ নিয়ন্ত্ৰণৰ অধীনলৈ অনাৰ বাবে কিছুমান নীতি গ্রহণ কৰে। 

(২) সম্প্ৰসাৰণৰ নীতি শিক্ষাৰ গুণগত মানদণ্ড বৃদ্ধি কৰিবৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিল।

(গ) উচ্চ শিক্ষা নীতিকার্জনে উচ্চ শিক্ষাৰ সংস্কাৰৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰে। তেওঁ ১৯০২ চনত বিশ্ববিদ্যালয় শিক্ষা আয়োগ গঠন কৰে। বিশ্ববিদ্যালয়ৰ প্ৰশাসন চৰকাৰৰ অধীনলৈ নিবৰ বাবে কার্জনে এই আইনখনৰ ব্যৱস্থা কৰিছিল। ১৯০২ চনৰ আয়োগৰ পৰামর্শ ক্ৰমেই ১৯০৪ চনৰ ১১ মাৰ্চত এই আইন প্রস্তুত কৰি তোলা হয়। 

প্রশ্ন ১১।ভাৰতবৰ্ষত প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত গোপালকৃষ্ণ গোখলেৰ অৱদান আলোচনা কৰা।

উত্তৰঃ ১৯১০ চনৰ ১৯ মাৰ্চৰ দিনা “ইম্পিৰিয়েল লেজিচলেটিভ কাউঞ্চিলত (Imperial Legislative Council) গোপাল কৃষ্ণ গোখলেই প্ৰথমবাৰৰ বাবে ভাৰতত বিনামূলীয়া বাধ্যতামূলক প্রাথমিক শিক্ষা প্ৰৱৰ্তনৰ বাবে এখন বিল ডাঙি ধৰে। এই বিলখনেই বুৰঞ্জীত গোখলেৰ বিল বুলি পৰিচিত। এই বিলখনৰ মূল ধাৰাসমূহ আছিল এনে ধৰণৰ।

১। ১৮৭০ চনৰ ইংলেণ্ডৰ শিক্ষা আইনৰ আৰ্হিত ভাৰতবৰ্ষতো এখন আইন পাচ কৰিব লাগে। যাতে ইয়াৰ দ্বাৰা লোকেল ব’ৰ্ড’ আৰু ‘মিউনিচিপাল বোর্ড’ বোৰে নিজ নিজ এলেকাবোৰত প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰিব পাৰে।

২। কোন কোন অঞ্চলত প্রাথমিক শিক্ষা বাধ্যতামূলক হ’ব সেইটো থিৰাং কৰিব সেই অঞ্চলৰ স্থানীয় সংস্থাৰ সদস্য সকলে। কোনো অঞ্চল নিৰ্বাচিত হ’বৰ কাৰণে কিমান সংখ্যক ছাত্র-ছাত্রী স্কুলত পঢ়ি থাকিব লাগিব সেইটো ঠিক কৰিব প্রাদেশিক চৰকাৰবোৰে। ৩। কোনো অঞ্চল বাধ্যতামূলক প্রাথমিক শিক্ষাৰ কাৰণে নিৰ্বাচিত হোৱাৰ পিচত সেই অঞ্চলৰ স্বায়ত্বশাসিত সভাই গোটেই অঞ্চলত নাইবা কোনো এটা অংশত প্রাথমিক শিক্ষা বাধ্যতামূলক কৰিব পাৰিব। 

৪। যি অঞ্চলত প্রাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ নীতি প্ৰৱৰ্তিত হ’ব তাত ছাত্র ছাত্ৰীক স্কুললৈ পঠাবৰ কাৰণে অভিভাৱক সকলক বাধ্য কৰা হ’ব।

৫। প্রাথমিক শিক্ষা প্রথমে বাধ্যতামূলক কৰা হ’লেও অবৈতনিক কৰা ন’হব। কিন্তু অভাৱগ্রস্ত অভিভাৱকে যাতে ল’ৰা-ছোৱালী পঢ়াবৰ কাৰণে কোনো মাচুল আদি দিবলগীয়া নহয় সেইটো বিবেচনা কৰা হ’ব।

৬। ৬-১০ বছৰৰ ছোৱালীৰ ক্ষেত্ৰত প্ৰথমে এই আইন বাধ্যতামূলক নহ’ব। কিন্তু লাহে লাহে ছোৱালীৰ ক্ষেত্ৰতো বাধ্যতামূলক কৰা হ’ব। ৭। স্থানীয় স্বায়ত্তশাসিত অনুষ্ঠান যেনে ‘লোকেল ব’ৰ্ড’ আৰু মিউনিচিপালিটিয়ে নতুন স্কুল পতা, প্রচলিত স্কুলক স্বীকৃতি দান কৰা আদিৰ দায়িত্ব ল’ব আৰু প্ৰাদেশিক শিক্ষাবিভাগৰ ওপৰত থাকিব স্কুলত উপস্থিত থকা সময় আৰু দিন ধার্য কৰাৰ দায়িত্ব। 

৮। স্কুলৰ উপস্থিতি বাধ্যতামূলক হৈছেনে নাই তাক চাবৰ কাৰণে এখন স্কুল উপস্থিতি কমিটী (School Attendance Committee) গঠন কৰিব লাগিব। 

৯। স্থানীয় কর্তৃপক্ষই প্রাদেশিক চৰকাৰৰ অনুমতি সাপেক্ষে শিক্ষাৰ কাৰণে বিশেষ কৰ (Tax) লগাব পাৰিব।

যদিও এই বিলখন সেই সময়ৰ ভাৰতীয় লোকৰ কাৰণে অতি প্রয়োজনীয় আৰু সময়োপযোগী আছিল কিন্তু বেছিভাগ সদস্যই আপত্তি কৰাত বিলখন গ্রাহ্য নহ’ল, বিলখন ৩৮ ভোটৰ বিপৰীতে ১৩ ভোটত অগ্রাহ্য হ’ল। এই বিলৰ ফলস্বৰূপে দেশৰ বিভিন্ন প্ৰদেশত বাধ্যতামূলক প্রাথমিক শিক্ষা প্ৰৱৰ্তন কৰা হৈছিল।

মুঠতে নানা অজুহাত দেখুৱাই বিলখন পাচ নকৰাৰ বাবে মহান নেতা গোখলেৰ আকাঙক্ষা পূৰ্ণ নহ’ল। কিন্তু সেয়ে হ’লেও এটা কথা ঠিক যে গোখলেৰ বিলৰ প্ৰভাৱত কিছু পৰিমাণে হ’লেও ভাৰতীয় প্রাথমিক শিক্ষা উপকৃত হৈছিল। কাৰণ ইয়াৰ ফলস্বৰূপে ঠায়ে ঠায়ে চৰকাৰী সাহায্য প্রাপ্ত প্রাথমিক শিক্ষাৰ অনুষ্ঠান বৃদ্ধি পাইছিল। লগতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বৃদ্ধি। পাইছিল। সেই হিচাপে গোখলেই বাধ্যতামূলক প্রাথমিক শিক্ষাৰ যি বীজ ৰোপন কৰিছিল তাৰ ফলতেই পিচত দেশৰ বিভিন্ন প্রদেশত বাধ্যতামূলক প্রাথমিক শিক্ষা আইন প্ৰৱৰ্তন কৰা হৈছিল।

প্রশ্ন ১২। ১৯৩৭ চনৰ বাৰ্ধা আঁচনিৰ চমু আভাস দিয়া। 

উত্তৰ: জাতিৰ পিতা মহাত্মা গান্ধীয়ে ‘হৰিৰ্জন’ কাকতৰ জৰিয়তে তেওঁৰ শিক্ষা অভিজ্ঞতা আৰু দৃষ্টিভংগী ভাৰতীয় জনসাধাৰণৰ আগত দাঙি ধৰিছিল। তেখেতৰ মতে প্রকৃত শিক্ষা সেয়া যাৰ জৰিয়তে দেহ, মন আৰু আত্মাৰ বিকাশ সম্ভৱ হৈ উঠে। কিন্তু প্রচলিত শিক্ষাৰ জৰিয়তে ই সম্ভৱ হৈ নুঠে আৰু সেয়ে তেখেত বুনিয়াদী শিক্ষাৰধাৰণা আগবঢ়াইছিল। ১৯৩৭

চনৰ ২২ আৰু ২৩ অক্টোবৰত দেশৰ আগশাৰীৰ শিক্ষাবিদ, সমাজকর্মী আৰু কংগ্ৰেছৰ সাতখন প্ৰদেশৰ শিক্ষামন্ত্ৰীৰ উপস্থিতিত স্বাৰ্দ্ধাত দুদিনীয়াকৈ এখন সৰ্বভাৰতীয় শিক্ষা সম্মিলন আহ্বান কৰিছিল। এই সম্মিলনত তেখেতে নিজে অধ্যক্ষতা কৰিছিল। এই সম্মিলনতেই ‘বুনিয়াদী শিক্ষা আঁচনি’ গ্ৰহণ কৰা হৈছিল। ৱাৰ্দ্ধা সন্মিলনত গ্ৰহণ কৰা বাবেই পিচত বুনিয়াদী শিক্ষা আঁচনিক’ৱাৰ্ছা আঁচনি’ বুলি অভিহিত কৰা হয়। এই সন্মিলনত ডাঃ জাকিৰ হুচেইনক সভাপতি হিচাপে লৈ এখন কমিটি গঠন কৰি দিয়া হয় আৰু এই কমিটীয়ে বুনিয়াদী শিক্ষাৰ কাৰ্যকৰীকৰণ আৰু পাঠ্যক্ৰম প্ৰস্তুতৰ দায়িত্ব গ্রহণ কৰে। এই সম্মিলনত প্রাথমিক শিক্ষা সম্বন্ধে গুরুত্বপূর্ণ প্রস্তাব গ্রহণ কৰা হয়। এই কেইটা হৈছে—

১। আমাৰ দেশত বিনামূলীয়া বাধ্যতামূলক শিক্ষা ৭ বছৰৰ পৰা ১৪ বছৰ বয়সৰ সকলো ল’ৰা-ছোৱালীয়ে পাব লাগিব।

২। মাতৃভাষা শিক্ষাৰ মাধ্যম হ’ল

৩। বুনিয়াদী শিক্ষাৰ পাঠ্যক্ৰমৰ মূল বিষয় হ’ব লাগিব স্থানীয় কোনো এটা শিল্প (Craft) | এই শিল্পক কেন্দ্ৰ কৰি সমন্বয় পদ্ধতিৰে (Correlation Method) বাকী লাগতিয়াল বিষয়বোৰ শিকাব লাগিব।

৪। বুনিয়াদী স্থূলত ছাত্র-ছাত্রীয়ে উৎপন্ন কৰা বিভিন্ন ধৰণৰ বস্তু বজাৰত বেচি তাৰ দ্বাৰা সিহঁতৰ নিজৰ পঢ়া খৰচ নিজে উলিয়াবলৈ শিকিব লাগিব।

৫। শিক্ষকসকলৰ প্ৰশিক্ষণৰ বাবেও চৰকাৰে উপযুক্ত ব্যৱস্থা হাতত ল’ব লাগিব। মুঠতে গান্ধীজীয়ে ভাবিছিল যে বুনিয়াদী শিক্ষা আঁচনি কার্যকৰী কৰি তুলিব পাৰিলে ভাৰতবাসীয়ে নিজৰ কৃষ্টি, সংস্কৃতিৰ ওপৰত নিৰ্ভৰ কৰি এক স্বাৱলম্বী শিক্ষা পদ্ধতি গঢ়ি তুলিব পাৰিব৷ ইয়াৰ জৰিয়তে অর্থনৈতিক স্বাধীনতা লাভ কৰাত সহায় হ’ব আৰু মানুহৰ মনত জাতীয় চেতনাৰ ভাব জাগি উঠিব। সিয়েই হয়তো ৰাজনৈতিক স্বাধীনতা লাভতো সহায় কৰিব পাৰিব। গান্ধীজীয়ে লগতে ভাবিছিল যে বুনিয়াদী শিক্ষাৰ যোগেদি দেশৰ চলি থকা জাতিভেদ প্রথা, অস্পৃশ্যতা, অন্ধবিশ্বাস আদি ঝু-সংস্কাৰবোৰ মানুহৰ মনৰ পৰা লাহে লাহে আঁতৰি যাব আৰু হয়তো এখন সমৃদ্ধিশালী, স্বাধীন ভাৰতীয় সমাজ গঠন হৈ উঠিব পাৰিব। এনেধৰণৰ মহান উদ্দেশ্য আগত ৰাখি গান্ধীজীয়ে আমাৰ দেশৰ বুনিয়াদী শিক্ষাৰ পাতনি মেলিছিল।

প্রশ্ন ১৩। বুনিয়াদী শিক্ষা অকৃতকার্য হোৱাৰ পাঁচটা কাৰণ দর্শোৱা। 

 উত্তৰ: ভাৰতবৰ্ষত বুনিয়াদী শিক্ষা বিফল হোৱাৰ পাঁচটা কাৰণ হ’ল—

(ক) সহসম্বন্ধৰ প্ৰণালী হ’ল এই শিক্ষা আঁচনিৰ মূল কথা। কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা যায় যে কোনো এটি হস্তশিল্পক কেন্দ্ৰ কৰি সকলো বিষয়ৰ সম্পৰ্ক নাথাকে। তেনে ক্ষেত্ৰত জোৰ কৰি সম্পৰ্ক স্থাপন কৰিবলৈ যত্ন কৰিলে শিক্ষা নিষ্প্রাণ আৰু অস্বাভাৱিক হৈ পৰাটো অতি স্বাভাবিক কথা।

(খ) বুনিয়াদী শিক্ষাৰ আঁচনিখনৰ কৃতকাৰ্যতা নিৰ্ভৰ কৰিছিল উপযুক্ত শিক্ষক আৰু পাঠ্যপুথিৰ ওপৰত, কিন্তু উপযুক্ত শিক্ষক আৰু পাঠ্যপুথিৰ অভাৱৰ কাৰণে বাধাপ্রাপ্তহৈ এই শিক্ষা আঁচনিখন

(গ) শিক্ষাৰ সমস্ত ব্যয় চৰকাৰে বহন কৰাটো প্ৰতি ৰাইৰে কৰ্তবা। বুনিয়াদী শিক্ষা ব্যবস্থামতে শিক্ষাৰ্থীৰ উৎপাদনেৰে শিক্ষানুষ্ঠানৰ কিছু ব্যয় বহন কৰাটো নিন্দনীয়। 

(ঘ) এই শিক্ষা আঁচনিখন বিফল হোৱাৰ আন এক অন্যতম কাৰণ হ’ল শিশুৰ শিশুসুলভ ক্রীড়া প্ৰকৃতিৰ প্ৰতি এই আঁচনিখন আছিল সম্পূর্ণ উদাসীন।

(ঙ) এই শিক্ষা আঁচনিত মাতৃভাষাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ ফলত এহাতে ইংৰাজী ভাষা অৱহেলিত হৈ পৰে আৰু আনহাতে উচ্চ শিক্ষা গ্রহণর্ত ভবিষ্যতে ছাত্র-ছাত্রীয়ে নিজকে সমাযোজন (Adjustment) কৰাত অসুবিধা আহি পৰে। 

প্রশ্ন ১৪। অসম প্রাথমিক শিক্ষা আইন ১৯২৬ ৰ মূল দফাবোৰ কি কি আছিল? চমুকৈ লিখা।

উত্তৰ : ১৯২৬ চনত অসম চৰকাৰে বাধ্যতামূলক প্রাথমিক শিক্ষা প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্য আগত ৰাখি অসমত “প্রাথমিক শিক্ষা আইন ১৯২৬” প্ৰৱৰ্তন কৰে। এই আইনৰ মূল বিধান সমূহ তলত দিয়া ধৰণৰ।

১। এই আইন সমস্ত প্রদেশখনতে প্রযোজ্য হব। ২। ৬ বছৰৰ পৰা ১১ বছৰ বয়সৰ প্ৰত্যেক ল’ৰা-ছোৱালীৰ বাবে বাধ্যতামূলক প্রাথমিক শিক্ষা প্ৰৱৰ্তনৰ বাবে স্থানীয় কর্তৃপক্ষৰ দুই-তৃতীয়াংশ সভ্যই লগ লাগি নিজৰ এলেকাত এই আইন প্রয়োগৰ বাবে চৰকাৰৰ ওচৰত লিখিত ভাবে জনাব লাগিব। সেই মতে চৰকাৰে অনুমোদন জনাব।

৩। বাধ্যতামূলক প্রাথমিক শিক্ষাৰ বাবে হোৱা খৰচৰ এক-তৃতীয়াংশ স্থানীয় কর্তৃপক্ষই (লোকেল ব’র্ড বা মিউনিচিপালিটি) খৰচ কৰিব লাগিব। ইয়াৰ বাবে প্ৰয়োজন হ’লে তেওঁলোকে এটা শিক্ষা কৰ লগাব পাৰিব। বাকী দুই-তৃতীয়াংশ চৰকাৰে বহন কৰিব৷

৪ । যদিহে কোনো স্থানীয় কর্তৃপক্ষই নির্দিষ্ট সময়ত বাধ্যতামূলক প্রাথমিক শিক্ষা প্ৰৱৰ্তনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰি যাৱতীয় কাম-কাজ কৰিব নোৱাৰে তেনে হ’লে তেনে ক্ষেত্ৰত চৰকাৰে সেই কাম কৰিবলৈ স্থানীয় কর্তৃপক্ষক ক’ব পাৰিব।

৫। বাধ্যতামূলক প্রাথমিক শিক্ষা বিনামূলীয়া হ’ব। প্রয়োজন হ’লে দুখীয়া অভিভাৱকৰ ল’ৰা-ছোৱালীক বিনামূলীয়াকৈ কিতাপ পত্ৰৰ যোগান ধৰাৰো ব্যৱস্থা কৰা হ’ব।” 

৬।উক্ত আইনৰ প্ৰয়োগৰ ক্ষেত্ৰত স্থানীয় কৰ্তৃপক্ষই প্রধান দায়িত্ব ল’ব লাগিব। অৱশ্যে শিক্ষক আদিৰ নিযুক্তিৰ ক্ষেত্ৰত ডি.পি.আইৰ দায়িত্ব থাকিব। 

৭। চৰকাৰে এই ক্ষেত্ৰত পুঁজিৰ ব্যৱহাৰ, শিক্ষা কৰ লগোৱা শিক্ষ সমিতিৰ নিয়ম কানুন প্ৰস্তুত কৰা আদি কাল আইন প্রণয়নৰ যোগেদি কৰিব পাৰিব।

৮। স্থানীয় কর্তৃপক্ষ আৰু শিক্ষা সমিতিয়ে যদি উচিত বুলি বিবেচনা কৰে সকলো দায় দায়িত্ব বহন কৰিব। Director of Public Instruction এ যদি উচিত বুলি বিবেচনা কৰে তেনে হ’লে শিক্ষাৰ বাবে সা-সঁজুলি আদি যোগান ধৰাৰ উপৰিও শিক্ষক নিয়োগ কৰিব।

এই প্রাথমিক আইন পাচ কৰা হৈছিল যদিও নানা কাৰণত ইয়াক কাৰ্যকৰী কৰিব পৰা নহ’ল। ইতিমধ্যে আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ পাছত আন এখন প্রাথমিক শিক্ষা আইন প্ৰৱৰ্তন কৰা হ’ল।

প্রশ্ন ১৫। সর্বশিক্ষা অভিযান কি? ইয়াৰ উদ্দেশ্যসমূহ লিখা। 

উত্তৰ ঃ ‘সৰ্বশিক্ষা অভিযান’ হ’ল প্রাথমিক শিক্ষা ব্যৱস্থাক সাৰ্বজনীন কৰাৰ এটি প্রচেষ্টা।

এই অভিযান হ’ল ভাৰতবৰ্ষত গুণগত মূল্য শিক্ষাৰ দাবী পূৰণৰ বাবে সৃষ্টি হোৱা এক প্রতিক্রিয়া। এই অভিযানৰ প্ৰচেষ্টাটোরে বিদ্যালয় ব্যৱস্থাক সামূহিক স্বত্ত্বাধিকাৰৰ জৰিয়তে বিকশিত কৰাত সহায়ক হ’ব। বিশেষকৈ সমাজৰ পিছপৰা শিশুসকলক বিকশিত কৰাৰ বাবে চেষ্টা চলাব৷

সর্বশিক্ষা অভিযানে প্রাথমিক শিক্ষাক সার্বজনীন কৰাৰ লগতে গুণগত মান উন্নত কৰি তোলাৰ ব্যৱস্থাও কৰিছে। জিলাভিত্তিক বিকেন্দ্ৰীকৃত নির্দিষ্ট বিষয়ভিত্তিক পৰিকল্পনা ৰাইজৰ সক্রিয় অংশগ্রহণত সৰ্বশিক্ষা অভিযানে সম্ভৱ কৰি তুলিব। সৰ্বশিক্ষা অভিযান সকলো জিলাতে ৰূপায়িত হ’ব। জিলা প্ৰাথমিক শিক্ষা আঁচনিৰ দ্বাৰা অন্তর্ভুক্ত হোৱা সকলো জিলা এই অভিযান অন্তর্ভুক্ত হ’ব। সৰ্বশিক্ষা অভিযান’ হৈছে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ আদিক লৈ চলোৱা এটি যৌথ প্রচেষ্টা।

সৰ্বশিক্ষা অভিযানৰ লক্ষ্য ‘সৰ্বশিক্ষা অভিযান’ৰ মূল লক্ষ্য হ’ল ৬-১৪ বছৰৰ ভিতৰত সকলো শিশুকে উপযুক্ত আৰু যুক্তিযুক্ত প্রাথমিক শিক্ষা আঞ্চলিক আৰু লিংগভিত্তিক বৈষম্য দূৰ কৰাৰ ব্যৱস্থা দূৰ কৰা। এই আঁচনিখনৰ লক্ষ্যই শিশুক প্রাকৃতিক পৰিৱেশৰ জ্ঞান লাভ কৰোৱাৰ লগতে ফলদায়ক পৰিৱেশৰ জ্ঞান লাভ কৰিবলৈও অনুমতি প্ৰদান কৰিব৷ বিশেষকৈ শিশুক প্রাথমিক শিক্ষাৰ মাধ্যমেৰে আধ্যাত্মিক আৰু বস্তুগতভাৱে পূর্ণ বৃদ্ধি কৰি মানৱ সম্ভাৱনীয়তাসূচক কৰি তুলিব লাগিব। এই আঁচনিত শিশুসকলৰ স্বাৰ্থ উন্মেষণৰ পৰিৱৰ্তে পৰস্পৰ সহযোগিতাৰ মাধ্যমেৰে কৰ্মসম্পাদনৰ সুবিধা প্ৰদানৰ শিক্ষা প্ৰদান কৰা হ’ব। সৰ্বশিক্ষা অভিযানৰ আন লক্ষ্যসমূহ উল্লেখ কৰা হ’ল— 

১। ২০০৩ চনৰ ভিতৰত সকলোবোৰ শিশুকে বিদ্যালয় শিক্ষা নিশ্চিত কেন্দ্র বিকল্প বিদ্যালয়, বিদ্যালয় প্রত্যাৱৰ্তন শিবিৰ আদি সামৰি লোৱা হ’ব।

২। বিদ্যালয়সমূহত সকলোবোৰ শিশুৱে ২০০৭ চনৰ ভিতৰত পাঁচবছৰীয়া শিক্ষা সমাপ্ত কৰিব লাগিব।

৩। প্রাথমিক শিক্ষাক গুণসম্পন্নতা জীৱনৰ বাবে, কেন্দ্ৰীভূত আৰু সন্তোষজনক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

৪। আঠবছৰীয়া প্রাথমিক শিক্ষা সকলো শিশুৱে ২০১০ চনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। 

৫। ২০১০ চনৰ ভিতৰত প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত সাৰ্বজনীন সংৰক্ষণ নিশ্চিত কৰা আৰু সকলো শিশুৰ শিক্ষা সম্পূৰ্ণ কৰা হ’ব। 

৬। প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত সৃষ্টি হোৱা সামাজিক আৰু লিংগ বৈষম্য ২০১০ চনৰ ভিতৰত আঁতৰ কৰাৰ ব্যৱস্থা কৰা হ’ব।

প্রশ্ন ১৬। চমু টোকা লিখা।

(ক) জিলা প্রাথমিক শিক্ষা 

(খ) অধিকাৰ হিচাপে শিক্ষা 

(গ) পূর্ণ সাক্ষৰতা অভিযান 

(ঘ) সার্বজনীন প্রাথমিক শিক্ষা।

উত্তৰ :

(ক) জিলা প্ৰাথমিক শিক্ষা

ডিপিইপিৰ সম্পূর্ণ নাম হৈছে জিলা প্রাথমিক শিক্ষা আঁচনি (District Primary Education Programme or DPEP.) ভাৰতবৰ্ষৰ শিক্ষাজগতত ৰাজীৱ গান্ধী প্রধান মন্ত্ৰী হৈ থকাৰ সময়ত ১৯৮৬ চনৰ মে মাহৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে আমূল পৰিৱৰ্তন আনে। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ কাৰ্য ৰূপায়ণৰ বাবে ১৯৮৬ চনৰ আগষ্ট মাহত ‘বিস্তাৰিত কৰ্ম আঁচনি’ চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা হয়। এই কার্য আঁচনিয়ে প্রাথমিক শিক্ষা সার্বজনীনকৰণৰ বাবে গুৰুত্ব প্ৰদান কৰিছে– 

(ক) চৈধা বছৰ বয়সলৈকে সকলো ল’বা-ছোৱালীৰে সাৰ্বজনীন নামভৰ্তিকৰণ আৰু ধাৰণাৰ ওপৰত।

(খ) শিক্ষাৰ গুণগত মানদণ্ডৰ বাস্তৱিক উন্নতি সাধনৰ ওপৰত। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি গ্ৰহণৰ সময়ত বিভিন্ন ধৰণৰ নতুন পথ, যেনে – অংশকালীন বিদ্যালয় স্থাপন, অনানুষ্ঠানিক শিক্ষাকেন্দ্র স্থাপন কৰি জীৱিকা নিৰ্বাহৰ দ্বাৰা শিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত হোৱা ল’ৰা-ছোৱালীৰ বাবে স্কুলৰ সময় সীমা নমনীয় কৰি অধিক সুবিধা প্রদান কৰা, শিক্ষাৰ সুবিধা নিশ্চিতকৰণৰ বাবে ল’ৰা-ছোৱালীৰ ওপৰত বিশেষ গুৰুত্ব দিয়া। ৰাষ্ট্ৰীয় শিক্ষা আঁচনি কাৰ্য ৰূপায়ণৰ বাবে আনুষ্ঠানিক শিক্ষাৰ ওপৰত বিশেষ প্রাধান্য দিছিল। শিক্ষাৰ অনানুষ্ঠানিক মাধ্যমৰ বাহিৰেও ভাৰত চৰকাৰে শিক্ষাৰ মান উন্নত কৰা আৰু সাৰ্বজনীন কৰাৰ বাবে নানা ধৰণৰ নতুন নতুন কর্ম আঁচনি আৰু পৰিকল্পনাৰ ভিতৰত জিলা প্রাথমিক শিক্ষা আঁচনি (DPEP) গুৰুত্বপূৰ্ণ।

জিলা প্রাথমিক শিক্ষা আঁচনিখন হৈছে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰাথমিক শিক্ষাৰ গুণগত মান উন্নতকৰণৰ আৰু সাৰ্বজনীনকৰণৰ অতি গুৰুত্বপূৰ্ণ আঁচনি। জিলা প্রাথমিক শিক্ষা আঁচনি ১৯৯৪ চনত আৰম্ভ হয়। এই আঁচনিখন ৰাজ্যিক পৰ্যায়ৰ চৰকাৰী পঞ্জীয়নভুক্ত সমিতিৰ সহায়ত কাৰ্যকৰী কৰাৰ ব্যৱস্থা হাতত লৈছিল৷ ৰাজ্যত প্রাথমিক শিক্ষা বিকাশৰ প্ৰক্ৰিয়া অধিক জনমুখী কৰি তোলা আৰু মনোগ্রাহী কৰি তোলাৰ বাবে ৰাজ্যিক চৰকাৰে এই আঁচনিখন ৰূপায়ণত অধিক গুৰুত্ব প্রদান কৰিছিল। এই আঁচনি প্ৰস্তুত কৰি তোলাৰ মূলতে আছিল প্রচলিত প্রাথমিক শিক্ষা ব্যৱস্থাক পুনৰুজ্জীবিত কৰি তোলা আৰু এইক্ষেত্ৰত অৱশিষ্টখিনি পুৰণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা। এই আঁচনিখনে সামৰি লোৱা মূল অংশবোৰ তলত দিয়া হ’ল—

১। শিক্ষাদান আৰু আহৰণৰ সামগ্ৰীসমূহৰ বিকাশ সাধন কৰা।

২। শিশুসকলৰ সৈতে অক্ষমসকলক সংহত শিক্ষা প্ৰদানৰ বাবে সুব্যৱস্থা (হাতত ৩। প্রাথমিক শিক্ষাৰ বাবে নতুন বিদ্যালয় আৰু শ্রেণীকক্ষ নিৰ্মাণ কৰা।

৪। নতুন শিক্ষক নিয়োগ কৰা।

৫। দূৰায়ত শিক্ষা আঁচনিৰ সম্প্ৰসাৰণ। ৬। অনৌপচারিক শিক্ষাৰ কেন্দ্ৰ আৰু বিকল্প বিদ্যালয় মুকলিকৰণ।

৭। শিক্ষকসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা। 

৮। মহিলা, অনুসূচীত জাতি আৰু জনজাতিসকলৰ কাৰণে বিশেষ সহায়ৰ ব্যৱস্থা কৰা।

(খ) অধিকাৰ হিচাপে শিক্ষা : অধিকাৰ হিচাপে শিক্ষাৰ গুৰুত্ব যথেষ্ট আছে। শিক্ষা হ’ল নাগৰিকসকলৰ এটা মৌলিক অধিকাৰ। এই ‘অধিকাৰ মর্মে ৬ ৰ পৰা ১৪ বছৰৰ ভিতৰৰ সকলো শিশুৱে শিক্ষা লাভ কৰিবলৈ সক্ষম হ’ব লাগিব৷ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সকলোবোৰ শিশুকে শিক্ষা প্ৰদান কৰাটো চৰকাৰৰ গুৰুত্বপূর্ণ দায়িত্ব আৰু কর্তব্য। কিয়নো শিক্ষা প্ৰদানৰ জৰিয়তে প্ৰতিজন শিশুকে একো একোজন উপযুক্ত নাগৰিক হিচাপে গঢ়ি তুলিব লাগিব যাতে তেওঁলোক নিজ নিজ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সচেতন হ’ব পাৰে। নাগৰিক সকলক উপযুক্ত হিচাপে গঢ়ি তুলিবৰ বাবেই বাটুই তেওঁলোকক শিক্ষা প্রদান কৰিব লাগে বাবেই ৰাষ্ট্ৰই তেওঁলোকক শিক্ষা প্ৰদান কৰিব লাগে। সেয়েহে ভাৰতীয় সংবিধানৰ ৪৫ নং অনুচ্ছেদত কোৱা হৈছিল ৰাষ্ট্ৰই সংবিধান গ্ৰহণ কৰাৰ ১০ বছৰৰ ভিতৰত দেশৰ ৬-১৪ বছৰৰ বয়সৰ সকলো শিশুকে মুক্ত আৰু বাধ্যতামূলক প্রাথমিক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব | এই নির্দেশনা নীতি বাস্তৱত ৰূপায়িত কৰিবৰ বাবে ৰাষ্ট্ৰই নানা ধৰণৰ প্ৰচেষ্টা চলাই আহিছে। এই অনুসৰি ১৯৬০ চনৰ ভিতৰতে দেশৰ সকলো শিশুৱে সাক্ষৰ হৈ উঠিব লাগিছিল। কিন্তু বিভিন্ন কাৰণত এই কার্য সম্পূৰ্ণ হৈ উঠিব পৰা নাই। এই লক্ষ্যত উপনীত হ’ব পৰাকে ভাৰত চৰকাৰে ২০০১ চনৰ পৰা কাৰ্যকৰী হোৱাকৈ ‘সৰ্বশিক্ষা অভিযান’ নামৰ এখন কাৰ্যকৰী আঁচনি গ্ৰহণ কৰে। এই সকলোবোৰৰ মাজতে অন্তর্নিহিত হৈ আছে ‘অধিকাৰ হিচাপে শিক্ষাৰ ধাৰণাটো।

(গ) পূর্ণ সাক্ষৰতা অভিযান (Total literacy campaign) : ১৮৮৯ চনত ৰাষ্ট্ৰীয় ‘জন জাগৰণ প্ৰচেষ্টা’ বা জন আন্দোলন প্রচেষ্টা মূলক আঁচনি গ্ৰহণ কৰে। এই আঁচনিৰ জৰিয়তে স্বেচ্ছাকৃতভাৱে সমাজৰ লোকসকলক কম সময়ৰ ভিতৰতে সাক্ষৰতা দানৰ ব্যৱস্থা কৰিব বিচৰা হৈছিল। ইয়াৰ বাবে সংগীত, কলা, নাটক আদি সাংস্কৃকি উপাদানৰ প্রয়োগেৰে জনসাধাৰণৰ মাজত পূৰ্ণ সাক্ষৰতা আভিযান আঁচনি কাৰ্যকৰী আৰু অধিক সফল কৰি গঢ়ি তুলিব পাৰি। এই আঁচনিৰ মূল বৈশিষ্ট্যসমূহ হ’ল— 

(১) বেনাৰ, ষ্টিকাৰ, প’ষ্টাৰ কলাযাত্ৰা আদি কাৰ্যসূচীৰে জনসাধাৰণৰ মাজত প্ৰচাৰ চলোৱা৷

(২) বিভিন্ন সম্প্ৰদায়ৰ লোকক এই আঁচনিত অন্তর্ভুক্ত কৰি লোৱা। 

(৩) জিলা, গাওঁ পর্যায় আৰু খণ্ড উন্নয়ন পর্যায়ত কমিটি গঠন কৰা।

(৪) প্রতি ১০ জন নিৰক্ষৰৰ বাবে এজন স্বেচ্ছাসেৱী নিয়োগ কৰাৰ ব্যৱস্থা কৰা।

(৫) স্বেচ্ছাসেৱীৰ প্ৰশিক্ষণৰ বাবে প্রশিক্ষণ শিবিৰ স্থাপন কৰা। 

(৬) চৰকাৰী আৰু বেচৰকাৰী বিষয়া, নির্বাচিত প্রতিনিধি, স্বেচ্ছাসেৱী অনুষ্ঠান, সমাজকর্মী আৰু ব্যৱসায় প্রতিষ্ঠান আদিক আঁচনিখনৰ লগত জড়িত কৰি তোলা। 

(৭) শিক্ষাদানৰ সময় স্থান আদি স্বেচ্ছাসেৱী আৰু শিক্ষা গ্রহণকাৰীৰ সুবিধা মতে নিৰ্ধাৰণ কৰা।

(ঘ) সার্বজনীন প্রাথমিক শিক্ষা : প্রাথমিক শিক্ষা হৈছে দেশৰ সাধাৰণ শিক্ষাৰ ন্যূনতম মানদণ্ড। এই শিক্ষা প্ৰতিটো শিশুৱে লাভ কৰিবলৈ পোৱাটো এক জন্মগত অধিকাৰ স্বৰূপে বিবেচনা কৰিব পাৰি। সেইবাবে দেশৰ কোনো শিশু শিক্ষাৰ এই ন্যূনতম মানদণ্ডৰ পৰা বঞ্চিত হ’ব নালাগে। ইয়াক সকলো শিশুৰ বাবে সম্ভৱ কৰি তোলা অথবা সাৰ্বজনীন কৰি তোলাটো জনহিতকৰ আৰু কল্যাণকামী ৰাষ্ট্ৰ এখনৰ মৌলিক কণ্ঠব্য। আমাৰ দেশত প্ৰাথমিক শিক্ষা সার্বজনীন কৰি গঢ়ি তুলিবলৈ বিভিন্ন সময়ত চৰকাৰী আৰু বেচৰকাৰী প্ৰচেষ্টা চলোৱা হৈছিল। পোন প্রথম বাৰৰ্ বাবে ১৯১০-১১ চনত গোপালকৃষ্ণ গোগ্‌লেই প্রাথমিক শিক্ষা বাধ্যতামূলক কৰি তুলিবলৈ বেচৰকাৰীভাবে এক ব্যর্থ প্রচেষ্টা চলায়। ১৯১৮ চনত মুঙ্গে প্ৰদেশত আৰু তাৰ পিছৰ কেইবছৰত অন্যান্য ৰাজ্যত ক্ৰমে বাধ্যতামূলক প্রাথমিক শিক্ষা আইন বলবং কৰা হয়। মহাত্মা গান্ধীৰ অধীনত ১৯৩৭ চনৰ ৱাৰ্দ্ধা শিক্ষা সম্মিলনত বুনিয়াদী শিক্ষা বাধ্যতামূলক কৰি তোলাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ১৯৫০ চনত কাৰ্যকৰী হোৱা ভাৰতীয় সংবিধানতো ১০ বছৰ সময়ৰ ভিতৰত সমগ্ৰ দেশতে ১৪ বছৰ বয়সলৈকে সকলো ল’বা-ছোৱালীৰ প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰি তুলিবলৈ পৰামর্শ দিয়ে। শেহতীয়াকৈ ভাৰত চৰকাৰে প্ৰকাশ কৰা ১৯৮৬ চনৰ নতুন শিক্ষানীতিতো ১০ বছৰৰ ভিতৰত সকলো ল’ৰা-ছোৱালীকে ১৪ বছৰ বয়সলৈ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব। কিন্তু দুর্ভাগ্যক্রমে এই সকলোবোৰ সিদ্ধাস্ত আৰু সংকল্প গ্রহণ কৰাৰ স্বত্বত্ত আমাৰ দেশত প্রাথমিক শিক্ষা সার্বজনীন কৰি তোলাটো বর্তমানেও এক জটিল সমস্যা স্বৰূপ হৈয়ে আছে। সাৰ্বজনীনকৰণৰ ক্ষেত্ৰত প্ৰধান সমস্যা হৈছে শিক্ষা অপচয় আৰু অনুন্নয়ন।

তদুপৰি আন কেতবোৰ সমস্যা হৈছে প্ৰাপ্তবয়স্ক লোকসকলৰ নিৰক্ষৰতা, সামাজিক অন্ধ বিশ্বাস, দৰিদ্ৰতা, ছোৱালী শিক্ষাৰ প্ৰতি অৱহেলাৰ মনোভাব, জনসংখ্যাৰ বিস্ফোৰণ, অনাকর্ষণীয় পাঠ্যক্রম, প্রশাসনীয় দুর্বলতা আদি বিভিন্ন কাৰণত প্ৰাথমিক শিক্ষাক প্রকৃত অর্থত সার্বজনীন কৰি গঢ়ি তুলিব পৰা নাই।

প্রশ্ন ১৭। চমুটোকা লিখা

(ক) গুৰুকুল প্ৰথা 

(খ) পাঠশালা 

(গ) টোল 

(ঘ) সত্ৰ 

(ঙ) মোক্তাব 

(চ) মাদ্রাছা

উত্তৰ : (ক) গুৰুকুল প্রথা : অতীত ভাৰতীয় শিক্ষা ব্যৱস্থাত গুৰুকুল প্ৰথাই যথেষ্ট সমাদৰ লাভ কৰিছিল। কিছুমান বিদ্যান ব্যক্তিয়ে নিজ গৃহত ছাত্ৰসকলৰ বাবে শিক্ষাৰ ব্যৱস্থা কৰিছিল। গুৰুৱে ছাত্ৰসকলৰ দেহ-মানসিক আধ্যাত্মিক তথা সামাজিক বিকাশৰ দায়িত্ব গ্রহণ কৰিছিল। ছাত্ৰসকলৰ জীৱনৰ বাবে প্ৰয়োজনীয় সকলো শিক্ষা গুৰুগৃহতে অৰ্জন কৰিছিল৷ গুৰু শিষ্যৰ সম্পৰ্ক পিতা-পুত্ৰৰ দৰে আছিল। সেই সময়ত পাৰিবাৰিক শিক্ষাৰ প্ৰচলন আছিল যদিও পাৰিবাৰিক শিক্ষাই শিক্ষাৰ্থীসকলৰ সৰ্বাংগীন বিকাশত সহায় কৰা নাছিল। ঋষিসকলে প্রথমে নিজৰ পুত্ৰসকলৰ বাবে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছিল। পিচলৈ ঋষি পুত্ৰৰ লগতে ক্ষত্রিয়সকলেও গুৰুকুলত শিক্ষা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। ঋষিসকলে বেদ, • বেদাংগ আদি মনোযোগেৰে অধ্যয়ন কৰাৰ লগতে দেৱ দেৱী সকলকো পূজা অর্চনাও কৰিছিল। এই উদ্দেশ্য আগত ৰাখি প্ৰকৃতিৰ নিৰ্জন ঠাইত আশ্ৰম স্থাপন কৰিছিল আৰু আশ্ৰমতে ছাত্ৰসকলৰ জীৱনৰ বাবে প্রয়োজনীয় শিক্ষা প্ৰদান কৰিছিল। এই শিক্ষাত ‘চাটিফিকেট’ প্ৰদানৰ ব্যৱস্থা নাছিল আৰু বাহ্যিক পৰীক্ষাৰো (external examination) ব্যৱস্থা নাছিল। শিক্ষাৰ অন্তত গুৰুৱে প্রয়োজন ভিত্তিক আভ্যন্তৰীণ পৰীক্ষাৰে (Internal examination) ছাত্ৰসকলক উত্তীর্ণ হোৱা বুলি ঘোষণা কৰিছিল। এনেদৰে অতীত কালত গুৰু গৃহত অৰ্জন কৰা শিক্ষা ব্যৱস্থাকে গুৰকুল প্ৰথা বোলা হৈছিল।

(খ) পাঠশালা প্রাচীন কালত হিন্দু সমাজৰ শিশু সকলক শিক্ষা দিয়াৰ বাবে মূল কেন্দ্রবিন্দু হিচাপে পাঠশালা এক গুৰুত্বপুর্ণ শিক্ষা অনুষ্ঠান আছিল। সেই সময়ত এই পাঠশালা সমূহ সংস্কৃত ভাষা অধ্যয়নৰ ঘাই কেন্দ্ৰ আছিল। এই অনুষ্ঠানৰ শিক্ষকসকল সংস্কৃত জ্ঞানৰ ভাণ্ডাৰ আছিল আৰু তেওঁলোকে শিক্ষার্থীসকলক উপযুক্তভাৱে পাঠদান কৰাটো ধৰ্মীয় কৰ্তব্যৰ লগতে দায়িত্ব বুলি জ্ঞান কৰিছিল। পাঠশালাবোৰ সাধাৰণতে মঠ বা মন্দিৰতে স্থাপন কৰা হৈছিল যদিও কিছুমান পাঠশালাৰ নিজা ঘৰ-দুৱাৰ আছিল। দেশৰ শাসনকর্তা আৰু ধনী-মানী ব্যক্তিসকলে পাঠশালাৰ উন্নতিৰ অৰ্থে দান-বৰঙণি আগবঢ়াইছিল আৰু লগতে ব্যৱস্থাপনা মণ্ডলীক উৎসাহিত কৰিছিল। পাঠশালা সমূহত শিক্ষাৰ্থীসকলৰ বাবে খোৱা আৰু থকাৰ ব্যৱস্থা আছিল। তেওঁলোকে শিক্ষা লাভৰ বাবে কোনো ধৰণৰ মাচুল দিব নালাগিছিল যদিও অৱস্থাপন্ন পৰিয়ালৰ শিক্ষার্থীয়ে স্ব-ইচ্ছাই মাচুল দিছিল। এই পাঠশালা সমূহৰ মূল উদ্দেশ্য উপযুক্ত পণ্ডিত সৃষ্টি কৰি সমাজক বৌদ্ধিক দিশত আগুৱাই লৈ যোৱাই আছিল যদিও কম সংখ্যক লোকহে ইয়াৰ দ্বাৰা লাভবান হৈছিল। কাৰণ এই শিক্ষানুষ্ঠান সমূহ ৰক্ষণশীল প্ৰকৃতিৰ আৰু ব্যক্তিকেন্দ্ৰিক আছিল। তাৰোপৰি এই পাঠশালা সমূহ সর্বসাধাৰণ লোকৰ বাবে নাছিল।

(গ) টোল- : টোলবোৰক পুৰণি ধৰণৰ বিখ্যাত শিক্ষাৰ কেন্দ্ৰস্থল বুলি কোৱা হয়। প্রাচীন কালত ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাত সংস্কৃত ভাষাৰ জ্ঞান সম্প্ৰসাৰণ কৰিবলৈ টোলবোৰ স্থাপন কৰা হৈছিল। সেয়েহে এই টোলবোৰক সংস্কৃত বিদ্যালয় বুলিও কোৱা হয়। এই অনুষ্ঠানবোৰ বর্তমানেও অসম, বঙ্গদেশ, বিহাৰ, অন্ধ্ৰপ্ৰদেশ আদিত প্ৰচলিত হৈ থকা দেখা যায়। এই টোলবোৰে ভাৰতবৰ্ষৰ পৰম্পৰাগত শিক্ষা সম্প্ৰসাৰণত অৰিহণা যোগাই আহিছে। জমিদাৰী প্ৰথা প্রচলন হোৱাৰ পিছৰে পৰা টোল সমূহৰ আৱিৰ্ভাৱ হোৱা দেখা যায়। গ্রামাঞ্চলৰ অধ্যাপক সকলে ২০-২৫ জনকৈ ছাত্র গোটাই টোলবোৰত বিনামূলীয়া শিক্ষা দানৰ ব্যৱস্থা কৰিছিল। শিক্ষার্থী আৰু অধ্যাপক সকলে ভূমিৰ পৰা আয় হোৱা বস্তুৰে ভৰণ-পোষণ কৰাৰ লগতে ধনী-মানী ব্যক্তিসকলৰ আৰ্থিকসাহায্যৰ ওপৰতো নিৰ্ভৰশীল আছিল। শিক্ষার্থী সকলক বিনামূলীয়া খোৱা-পিন্ধা আৰু থকাৰ সুবিধা কৰিবৰ বাবে অধ্যাপক সকলে কিছুমান পজাঘৰ সজাই লৈছিল।

বৰ্তমান সমাজতো টোলৰ ব্যৱস্থা আছে যদিও ইয়াৰ খ্যাতি নিম্ন গতিলৈ অগ্ৰসৰ হোৱা দেখা যায়। পুৰণি কালত এই টোলসমূহত কেৱল ব্ৰাহ্মণ সমাজৰ ল’ৰাৰ বাবেহে আছিল যদিও বর্তমান সকলো জাতৰ ল’ৰাৰ বাবে নামভৰ্ত্তিৰ সুবিধা আছে। এই অনুষ্ঠানসমূহৰ ভৰণ-পোষণ আৰু শিক্ষকৰ দৰ্মহা আদি বৰ্তমান চৰকাৰ নিয়ন্ত্ৰাধীন কৰা হৈছে যাতে অতীতৰ সংস্কৃতি আৰু পৰম্পৰাক সংৰক্ষণ কৰিব পাৰি।

(ঘ) সত্ৰ  : সত্ৰসমূহ হৈছে শ্ৰীমন্ত শঙ্কৰদেৱৰ অসমীয়া সমাজলৈ এক অনবদ্য অৱদান। সমাজত নাম ধৰ্ম প্ৰচাৰৰ লগে লগে নৃত্য, গীত, কলা, সংস্কৃতি, শিল্প আদিৰ চৰ্চা আৰম্ভ হয় বাবে মহাপুৰুষ শঙ্কৰদেৱে এই সত্ৰসমূহ স্থাপন কৰে। প্ৰাচীন সংস্কৃতিৰ কেন্দ্রবিন্দু স্বৰূপে যিবোৰ জনসমাজত কৃষ্টি-সংস্কৃতিৰ পূৰ্ণ স্বৰূপ বিকশিত কৰাত সহায় কৰি আহিছে। বৈষ্ণৱ যুগৰ পৰাই জনসাধাৰণ আৰু ৰাজ-পৰিয়ালৰ সহায় সহযোগিতাত এই সত্ৰসমূহ চলি আহিছে। শ্ৰীকৃষ্ণৰ দৌল উৎসৱ, ৰাস উৎসৱৰ পৰা আৰম্ভ কৰি নৃত্য, ভাওনা সবাহ, নাট্যাভিনয় আদি এই সত্ৰসমূহত অনুষ্ঠিত হয়। ইয়াৰ ফলত সত্ৰসমূহৰ জৰিয়তে অসমীয়া লোক সমাজত ঐক্যভাৱৰ সৃষ্টি কৰাত সহায় কৰিছে। পুৰণি শিক্ষাৰ অনুষ্ঠান বুলি জনাজাত এই সত্ৰসমূহে বর্তমানেও কলা সংস্কৃতিৰ

শিক্ষা সম্প্ৰসাৰণত নানা ধৰণেৰে অৰিহনা যোগাই আহিছে। বৈষ্ণৱ কলা-কৃষ্টি, গীত-মাত আদিৰ লগতে সত্ৰীয়া নৃত্যৰ অনুশীলনৰ কেন্দ্ৰ স্বৰূপ এই সত্ৰসমূহে অসমীয়া সংস্কৃতি আৰু পৰম্পৰাক চহকী কৰি থৈ গৈছে। সেয়েহে শঙ্কৰদেৱৰ কালছোৱাক অসমীয়া ভাষা সংস্কৃতিৰ বিকাশৰ স্বর্ণযুগ বুলি কোৱা হয়।

(ঙ) মোক্তার   মোক্তাব সমূহ হৈছে মুছলমান সকলৰ প্ৰাথমিক শিক্ষাৰ অনুষ্ঠান। মোক্তার শব্দৰ অৰ্থ হৈছে তেওঁ লিখে’ অর্থাৎ যি ঠাইত লিখা-পঢ়াৰ সুবিধা আছে তাকে মোক্তার বোলা হয়। এই মোক্তাববোৰ সাধাৰণতে মছজিদৰ লগতে একেলগে স্থাপন কৰা হয়। ইয়াত পবিত্ৰ কোৰাণৰ শিক্ষাদানৰ ওপৰত প্ৰাধান্য দিয়া হয় যদিও লিখা পঢ়াৰ লগতে গণিতো কিছু পৰিমাণে শিকোৱাৰ ব্যৱস্থা আছে। মোক্তাবত শিক্ষা লাভ কৰাটো সকলো মুছলমানৰ বাবে বাধ্যতামূলক গণ্য কৰা হয়। যিসকল মাক-দেউতাকে নিজৰ ল’ৰাক মোক্তাবলৈ নপঠায় তেওঁলোক শাস্তিৰ পাত্ৰ হ’ব লগা হয়। অৱশ্যে মুছলমান সকলে ছোৱালীক মোক্তাবলৈ পঠোৱাৰ পক্ষপাতি নাছিল। ধনী ঘৰৰ লোক সকলে নিজ ল’ৰা-ছোৱালীক ঘৰতে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল। মোক্তাবত মৌলবী সকলে পাঠদান কৰিছিল। ইয়াত নামভৰ্ত্তিৰ ব্যৱস্থাও মন কৰিবলগীয়া। শিশুৰ চাৰি বছৰ চাৰি মাহ আৰু চাৰি দিন হোৱাৰ লগে লগে বন্ধু-বান্ধৱ আৰু পৰিয়ালবৰ্গৰ উপস্থিতিত ‘বিচমিল্লা’ নামৰ এক অনুষ্ঠানৰ জৰিয়তে শিক্ষাৰম্ভ কৰা হৈছিল। প্ৰথমতে শিশুসকলক কোৰাণৰ পাঠবোৰ সঠিকভাৱে পঢ়িবলৈ দিয়া হৈছিল আৰু উচ্চাৰণৰ ওপৰত গুৰুত্ব দিছিল। কিন্তু পিছলৈ আৰবী আৰু পাচীভাষাৰে লিখিবলৈ শিকোৱা হয়। মোক্তাবৰ শিক্ষকসকলে শিক্ষার্থীসকলক ব্যক্তিগতভাৱে যত্ন লয় আৰু উৎকৃষ্ট মানদণ্ডৰ শিক্ষার্থীক পুৰস্কাৰ আৰু বৃত্তি প্রদান কৰে। সেয়েহে প্রাথমিক শিক্ষা প্ৰসাৰৰ বাবে মোক্তাব অতি প্রভাবশালী আছিল।

(চ) মাদ্ৰাছা মোক্তাবৰ পিছতে উচ্চ পৰ্যায়ৰ শিক্ষানুষ্ঠান হ’ল মাদ্ৰাছা। শিক্ষার্থীসকলে মোক্তাবত শিক্ষা সাং কৰাৰ পিছত মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰিবলৈ নামভৰ্ত্তি কৰিব পাৰে। মাদ্ৰাছা সমূহত সাধাৰণতে ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃতি প্রাপ্ত শিক্ষকেহে পাঠদান কৰে। কিছুমান শিক্ষকক অৱশ্যে বাজ পৰিয়ালেও নিযুক্তি দিয়ে। এই মাদ্রাছাবোৰো মছজিদৰ লগতে সংলগ্ন আছিল যদিও পিছলৈ শিক্ষাৰ্থীসকলৰ আৱাসিক ব্যৱস্থা নিজাববীয়াকৈ কৰিছিল। এই ছাত্রাবাস বোৰৰ খৰচ বহন কৰিছিল ৰাষ্ট্ৰই আৰু মাদ্ৰাছাবোৰৰ প্ৰশাসন আৰু সংগঠনৰ দিশটো চোৱা-চিতা কৰিছিল একোখন পৰিচালনা সমিতিয়ে মাদ্রাছাসমূহত ধর্মীয় আৰু ধৰ্ম মিৰপেক্ষ দুয়োবিধ শিক্ষা দিয়া হয়। আন আন পাঠ্যক্রম সমূহৰ ভিতৰত আৰবী, ব্যাকৰণ, গদ্য, পদা, তর্কশাস্ত্র দর্শন, আইন, জ্যোতিবিদ্যা, গণিত, ইতিহাস, ভূগোল, চিকিৎসাবিজ্ঞান, কৃষি আদি অন্তর্ভুক্ত কৰিব পাৰি। ধর্মীয় শিক্ষাৰ ভিতৰত কোৰাণৰ বিস্তৃত অধ্যয়ন, কোৰাণৰ চলন্ত আবৃত্তি, ইচলামীয় আইন চূফী অধ্যয়ন আদিয়ে প্রধান। এই পাঠ্যক্রম অধ্যয়ন কৰি শিক্ষার্থী সকলে মাদ্রাছাবোৰত উচ্চ শিক্ষা সমাপ্ত কৰাৰ পিছত ৰাজদৰবাৰত উচ্চ পদবী লাভ কৰিবলৈ সক্ষম হৈছিল। 

প্রশ্ন ১৮। বুনিয়াদী শিক্ষাৰ ছয়টা গুণ উল্লেখ কৰা।

উত্তৰ: বুনিয়াদী শিক্ষাৰ পাঁচটা গুণ হ’ল–

(ক) এই শিক্ষা ব্যৱস্থাই কর্ম সম্পাদনৰ মাজেদি জ্ঞান আহৰণ কৰাত অধিক গুৰুত্ব দিছিল।

(খ) ইয়াৰ মাজেদি দিয়া আনিৰ্ভৰশীলতাৰ শিক্ষাই অর্থনৈতিক দিশত সহায় কৰিছিল। 

(গ) হস্তশিল্পৰ মাজেনি শিক্ষা নিয়াৰ বাবে এই শিক্ষা শিশুৰ বাবে স্বতঃস্ফূর্ত আৰু আনন্দময় হৈ পৰে।

(ঘ) এই শিক্ষা ব্যৱস্থাত মাতৃভাষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে।

(ঙ) এই শিক্ষা ব্যবস্থাই ছাত্রক ঘনিষ্ঠভাবে বৃত্তিৰ লগত সম্পর্ক স্থাপন কৰি দিয়ে। 

(চ) এই শিক্ষাই শিশু জীবন উপযোগী শিক্ষা প্রদানত সহায় কৰে। 

প্রশ্ন ১৯। ভাৰতত শিক্ষাৰ সম্পৰ্কে লর্ড মেকলেৰ পৰামৰ্শসমূহ কি ধৰণৰ আছিল।

উত্তৰ: ভাৰতীয় শিক্ষা সম্পর্কে লওঁ মেলেৰ পৰামৰ্শসমূহৰ বিষয়ে ক’বলৈ হ’লে প্ৰথমতে, মেকূলেৰ প্ৰতিবেদনত তেওঁ প্ৰথম ১৮১৩ চনৰ চাদৰ ৪৩ নং ধাৰাটো ব্যাখ্যা কৰি কৈছিল যে চন ‘সাহিত্য’ শব্দটোৱে সংস্কৃত বা আৰবী সাহিত্যৰ কথা নুবুজায় ইংৰাজী সাহিত্যৰ কথাহে বুজায়।

দ্বিতীয়তে, শিক্ষিত ভাৰতীয় বুলিলে দর্শন বা মিস্টনৰ কাব্যৰ জ্ঞান আহৰণ কৰা লোকসকলকহে বুঝায়। তৃতীয়তে, জ্ঞান-বিজ্ঞান শিক্ষাৰ উৎসাহ সঞ্চাৰ কৰাৰ অৰ্থ হ’ল ইংৰাজী ভাষাৰ মাধ্যমত পাশ্চাত্য জ্ঞান-বিজ্ঞানৰ বিস্তাৰ ইংৰাজী ভাষা মাধ্যম কৰা সপক্ষে তেওঁ নিম্নোক্ত যুক্তি দাঙি ধৰিছিল—

(ক) ইংৰাজী ভাষাইহে দেশৰ জনগণক ঐক্যবদ্ধ কৰিব পাৰিব। 

(খ) ইংৰাজী হ’ল শাসকসকলৰ ভাষা। এই ভাষা শিকি ভাৰতীয়সকলে ইংৰাজৰ অধীনত চাকদি-বাতৰি কৰিব পাৰিব।

(গ) ইংৰাজী ভাষা সম্প্ৰসাৰিত হ’লে দেশৰ নানা সমস্যা যেনে- সামাজিক কুসংস্কাৰ আৰু তা দূৰ হ’ব।

(ঘ) ইংৰাজী ভাষা পশ্চিমৰ ভাষাসমূহৰ ভিতৰত প্ৰধান ইত্যাদি।

২০। অসমত বাধ্যতামূলক প্রাথমিক শিক্ষা প্রবর্তন নোহোৱাৰ মূল কাৰণসমূহ আলোচনা কৰা 

বা 

প্রাথমিক শিক্ষা সার্বজনীনৰ সমস্যাসমূহ লিখা।

উত্তৰ: অসমত প্ৰাথমিক শিক্ষাৰ কেতবোৰ উল্লেখনীয় সমস্যাৰে জৰিত। সেইবোৰ

(ক) অপচনা আৰু অনুন্নয়ন অধিকসংখ্যক ছাত্র-ছাত্ৰীয়ে স্কুলত ভৰ্তি হৈ প্ৰাথমিক শিক্ষা সমাপ্ত নকৰাকৈ স্কুল এৰি যায়। আন কিছুসংখ্যক ছাত্ৰ পঢ়াৰ অমনোযোগী আৰু অনিয়মীয়া হোৱাৰ ফলত একে শ্রেণীতে একাধিক বছৰ থাকি পাছত স্কুল এৰি দিয়ে। এনেবোৰ ক্ষেত্ৰত

(খ) দৰিদ্ৰতাঃ অসমৰ বেছিভাগ লোকে কৃষিজীৱী। আর্থিক অনাটনৰ বাবে ল’ৰা-ছোৱালীক স্কুলীয়া সাজ-পোচাক, কিতাপ-পত্ৰ আৰু অন্যান্য সা-সঁজুলি যোগান দিব নোৱাৰে আৰু ফলত শিক্ষার প্রতি নিকৎসাহে দেখা দিয়ে।

(গ) শিক্ষকৰ সমস্যা প্রাথমিক স্কুলৰ বেছিভাগ শিক্ষক প্রশিক্ষণপ্রাপ্ত নহয়। ফলত আধুনিক শিক্ষা প্রণালীৰ প্ৰয়োগ কৰিব নোৱাৰে। তদুপৰি অসমৰ ৫০ ভাগ প্রাথমিক স্কুল এজন শিক্ষকৰ দ্বাৰা চলোৱা হয়। 

(ঘ) আওপুৰণি পাঠ্যক্রম বর্তমান জীৱনৰ বাবে উপযোগী বিজ্ঞানসন্মত পাঠ্যক্রম আমাৰ প্ৰাথমিক স্তৰত যথেষ্ট অভাৱ দেখা যায়। তদুপৰি পুথিগত বিদ্যা গ্ৰহণ কৰিবলীয়া হোৱাত ছাত্ৰ-ছাত্ৰীৰ মনোযোগ আকর্ষণ কৰিব নোৱাৰে।

(ঙ) অভিভাৱকৰ নিৰক্ষৰতা আৰু উদাসীনতা : অভিভাৱকসকলৰ বেছিভাগেই নিৰক্ষৰ হোৱা বাবে শিক্ষাৰ প্রতি উদাসীন হোৱা দেখা যায়। শিক্ষাৰ মূলা নুবুজাৰ হেতু নিজৰ ল’ৰা ছোৱালীক স্কুললৈ পঠোৱাৰ সলনি খেতিপথাৰ বা অন্যান্য কামত নিয়োগ কৰাটো বেছি লাভজনক বুলি ভাবে।

ইয়াৰ উপৰি সমাজৰ কু-সংস্কাৰ, অন্ধবিশ্বাস, আর্থিক অনাটন, অনাকর্ষণীয় স্থূলীয়া পৰিবেশ আদিয়ে প্রাথমিক শিক্ষা বাধ্যতামূলক কৰাত বাধা প্ৰদান কৰিছে। 

প্রশ্ন ২১। 1854 চনৰ উদৰ শিক্ষাবিষয়ক নিৰ্দেশনামাৰ চাৰিটা প্ৰধান পৰামৰ্শ লিখা।

উত্তৰ: ওপৰৰ প্ৰশ্ন নং ৭ ত চোৱা।

প্ৰশ্ন ২২। অসমৰ সাহিত্য আৰু শিক্ষা জগতলৈ খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ অৱদান দাঙি

উত্তৰ: ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি মতে অসম ব্ৰিটিছৰ অধীনলৈ আহে। অসমত শিক্ষাৰ ধৰা।

বিস্তাৰ আৰু অসমীয়া ভাষাৰ উন্নতিৰ বাবে মিছনেৰীসকলে উল্লেখযোগ্য বৰঙণি আগবঢ়ায়। তাৰ এক চমু আভাস তলত আলোচনা কৰা হ’ল— 

(১) ১৮২৯ চনত বংগদেশৰ শ্ৰীৰামপুৰ মিছনেৰীৰৰ এটা শাখা গুৱাহাটীত খোলা হয় আৰু এই শাখাই অসমত কেইবাখনো স্কুল স্থাপন কৰে। নেথান ব্রাউন, অলিভাৰ কট্টাৰ আদি মিছনেৰীসকলে শদিয়াত আৰু তাৰ ওচৰে পাজৰে কেইবাখনো বিদ্যালয় স্থাপন কৰে। তেওঁলোকে

শদিয়াত এটা ছপাখানা স্থাপন কৰে আৰু ভালেমান স্কুলীয়া পাঠ্যপুথি ৰচনা কৰে। 

(২) মিছনেৰীসকলৰ যত্নত ইংৰাজ বিষয়াসকলৰ মনৰ পৰা অসমীয়ৰা পৰিবৰ্তে বাংলা ভাষা প্রচলনৰ ভুলধাৰণা আঁতৰ হয় আৰু সেই কাৰণে 1873 চনৰ 19 এপ্রিল তাৰিখৰ পৰা অসমত স্থানীয় শিক্ষাৰ মাধ্যম অসমীয়া হয়।

(৩) অসমীয়া ভাষাৰ প্ৰথম অভিধান আৰু প্ৰথম ব্যাকৰণ মিছনেৰীসকলেই লিখিছিল। Miles Bronson-যে প্রথম অভিধান Dictionary in Assamese and English’ নামেৰে নামকৰণ কৰি 1867 চনত সম্পাদনা কৰি উলিয়ায়।

(৪) আত্মাৰাম শৰ্মা নামৰ এগৰাকী অসমীয়া পণ্ডিতৰ সহযোগত শ্ৰীৰামপুৰ এয়ীয়ে 1813 চনত বাইবেলখন অসমীয়া ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰে। 

(৫) 1846 চনত Nathan Brown যে শিৱসাগৰৰ পৰা প্ৰথম অসমীয়া বাতৰি কাকত ‘অৰুণোদয়’ প্রকাশ কৰে। 

(৬) পাঠ্যপুথি ৰচনা কৰাৰ লগতে মিছনেৰীসকলেই প্ৰথম পুৰণি পুথি আৰু বুৰঞ্জীৰ সংগ্ৰহ আৰু প্ৰকাশৰ কাম হাতত লৈছিল।

(৭) মিছনেৰীসকলে স্ত্রীশিক্ষাৰ প্ৰসাৰ আৰু উন্নতিৰ বাবে প্ৰচেষ্টা চলাইছিল আৰু শিক্ষকৰ প্ৰশিক্ষণৰ বাবে প্ৰশিক্ষণ প্রতিষ্ঠানো স্থাপন কৰিছিল। 

প্রশ্ন ২৩। চাৰ্টাৰ আইন 1813 কি ? এই আইনখনৰ শৈক্ষিক তাৎপর্য আলোচনা কৰা।

উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানী আৰু খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ পৰস্পৰ বিৰোধী স্থিতি আৰু এক তিক্ততাপূর্ণ পৰিস্থিতিত ১৮১৩ চনত চাৰ্টাৰ আইন বৃটিছ পাৰ্লিয়ামেণ্টত গ্ৰহণ কৰা হয়। এই আইনখনৰ মতে, কোম্পানীৰ ৰাজহ কৰ আৰু অন্যান্য উপাৰ্জনৰ পৰা হোৱা বছেৰেকীয়া আয় তেওঁলোকৰ বেপাৰ-বাণিজ্যৰ কামত খৰচ কৰি উঠি যি ধন ৰাহি হয় তাৰ পৰা কমেও এক লাখ টকা বছৰি ভাৰতৰ শিক্ষিত দেশীয় লোকসকলৰ ভাষা-সাহিত্যৰ বিকাশত উৎসাহ যোগাবৰ বাবে আছুতীয়াকৈ ৰাখিব লাগিব। উল্লেখযোগ্য যে এইখনেই হৈছে ইংৰাজ শাসকসকলে ভাৰতীয় শিক্ষা-বিকাশৰ বাবে গ্ৰহণ কৰা চৰকাৰী ব্যৱস্থাৰ প্ৰথম দলিল স্বৰূপ।

আইনখনৰ প্রাধান্য : ১৮১৩ চনৰ এই আইন কেইবাটাও কথাৰ বিবেচনাৰে গুরুত্বপূর্ণ।

সেইসমূহ হ’ল—

(ক) এই আইন হৈছে ভাৰতীয় শিক্ষাৰ দিশত ইংৰাজ সাংসদসকলৰ প্ৰথম আৰু বলিষ্ঠ পদক্ষেপ৷ ভাৰতীয় শিক্ষাৰ প্ৰয়োজনীয়তা ইয়াত অনুভৱ কৰা দেখা যায়।

(খ) ভাৰতৰ শিক্ষাৰ দুৰৱস্থা গুচাবৰ বাবে যে চৰকাৰী অৰ্থসাহায্যৰ প্ৰয়োজন এই কথাৰ অনুভৱ আইনখনত স্পষ্ট হৈ উঠে। 

(গ) প্রাচ্য সাহিত্য-সংস্কৃতিৰ পুনৰ জাগৰণ আৰু বিকাশ কৰা আৰু পাশ্চাত্য জ্ঞান-বিজ্ঞানেৰে শিক্ষিত শ্ৰেণী ভাৰতীয় সকলক প্ৰভাৱিত কৰি তোলা, এই দুয়োটা দিশ আইনখনত পৰিলক্ষিত

(ঘ) ভাৰতত পাশ্চাত্য শিক্ষা আৰু জ্ঞান-বিজ্ঞানৰ প্ৰয়োগ ইয়াৰ যোগেদি আইনসংগত কৰি তোলা হয়। 

(ঙ) ভাৰতীয় শিক্ষাৰ প্ৰতি ইষ্ট-ইণ্ডিয়া কোম্পানীৰ আইনসংগত অধিকাৰ, দায়িত্ব, কর্তব্য এই কথা স্পষ্ট কৰি তোলা হয়। এনেবোৰ কথাৰ বিবেচনাই ভাৰতীয় শিক্ষাত এই আইনখন ঐতিহাসিক কৰি তোলা হয়। প্রশ্ন 

২৪। মহাত্মা গান্ধীয়ে প্ৰবৰ্তন কৰা বুনিয়াদী শিক্ষাৰ প্ৰধান বৈশিষ্ট্যবোৰ দাঙি ধৰা

উত্তৰ : বুনিয়াদী শিক্ষাৰ প্রাচীন বৈশিষ্টবোৰ হ’ল 

(ক) এই শিক্ষাই ব্যক্তিৰ দেহ-মন আৰু আত্মা এই তিনিও দিশতে সুসামঞ্জস্য ৰক্ষা কৰি সবল ব্যক্তিত্বৰ বিকাশ সাধন কৰি তোলে,

(খ) বুনিয়াদী শিক্ষাত বিশ্বাস কৰা হয় যে জ্ঞান হৈছে চিন্তা আৰু ক্ৰিয়াৰ সমন্বয় সাধনকাৰী আৰু সহ-সম্বন্ধ ৰক্ষাকাৰী। হস্তশিল্পই এই সহ-সম্বন্ধ স্থাপন কৰি তোলে।

(গ) শিক্ষাই শিশুক শিক্ষা আহৰণৰ মুহূর্তৰে পৰা স্বাৱলম্বিতাৰ নীতিশিক্ষা দিব লাগে। এই শিক্ষাই নৈতিক আৰু আধ্যাত্মিক দিশৰ বিকাশ কৰিব পাৰে।

(ঘ) শিক্ষাই সমতা, ভাতৃত্ব আৰু সামাজিক ন্যায় আদি সুনাগৰিকতাৰ গুণসমূহৰ চেতনা জগাই তুলিব পাৰে। (ঙ) বুনিয়াদী শিক্ষা হৈছে প্ৰয়োগবাদ দর্শন ভিত্তিক যাৰ আদর্শ হৈছে প্ৰয়োগিকতা, উপযোগিতা আৰু উৎপাদনশীলতা।

(চ) শিশু-শিক্ষা সামাজিক আৰু সাংস্কৃতিক পৰম্পৰা ৰক্ষাকাৰী হৈ উঠিব লাগে হস্তশিল্প বা কুটিৰ শিল্প হৈছে এনে সাংস্কৃতিক পৰম্পৰা ৰক্ষাৰ বিষয়। 

(ছ) মাতৃভাষাৰ অবিহনে শিক্ষা শিশুৰ বাবে স্বাভাৱিক আৰু স্বতঃস্ফূর্ত বিধৰ হৈ উঠিব নোৱাৰে। সেইবাবে মাতৃভাষা শিক্ষাৰ মাধ্যম হ’ব লাগে। 

(জ) শিক্ষা কেরল ছাত্রৰ বাবে গ্ৰহণাত্মক বিধৰ হৈ উঠাৰ পৰিবৰ্তে সৃজনাত্মক বিধৰ হৈ উঠিব লাগে। হস্ত- এই সৃজনাত্মক ক্ষমতাৰ বিকাশ কৰিব পাৰে। 

প্রশ্ন ২৫। প্রাথমিক শিক্ষা সাৰ্বজনীন কৰণৰ ছয়টা সমস্যা উল্লেখ কৰা 

 উত্তৰ : প্রাথমিক শিক্ষা সার্বজনীনকৰণৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহ তলত উল্লেখ কৰা হ’ল—

(১) বিভিন্ন আর্থ-সামাজিক গোটসমূহৰ মাজত থকা বৈশিষ্ট্যই প্রাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণৰ ক্ষেত্ৰত হেঙাৰস্বৰূপে দেখা দিয়ে।

(২) জনসাধাৰণৰ দৰিদ্ৰতা আৰু অজ্ঞতা এইক্ষেত্ৰত আন এক সমস্যা।

(৩) দ্ৰুতগতিত অপৰিকল্পিতভাৱে বৃদ্ধি পোৱা জনসংখ্যা, যাৰ ফলত কল্যাণমূলক আঁচনিসমূহ সফলতাৰে কাৰ্যকৰী কৰিব পৰা নাযায়। 

(৪) প্রাথমিক শিক্ষাৰ অন্তৰ্ভুক্ত কৰিব লগা শিশুৰ সংখ্যাৰ তুলনাত শৈক্ষিক সা-সুবিধা যথেষ্ট নহয় আৰু লগতে বিভিন্ন ঠাইত থকা বিদ্যালয়সমূহৰ জৰাজীৰ্ণ অৱস্থাইও ছাত্র-ছাত্রীক আকৰ্ষণ কৰিব নোৱাৰে। 

(৫) দৈনন্দিন জীৱনৰ অভিজ্ঞতাৰ লগত সম্পর্ক নথকা পাঠ্যক্রমো এইক্ষেত্ৰত এক সমস্যা বুলিব পাৰি৷ 

(৬) অনাকর্ষণীয় শৈক্ষিক পদ্ধতি, তথা অমনোবৈজ্ঞানিক শিক্ষণ সঁজুলি এইক্ষেত্ৰত হেঙাৰস্বৰূপ৷

(৭) উপযুক্ত প্রশিক্ষণপ্রাপ্ত শিক্ষক, শিক্ষা-সেৱাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা শিক্ষক আৰু যথেষ্টসংখ্যক শিক্ষকৰ অভাৱো এইক্ষেত্ৰত আন এক সমস্যা। ভিতৰুৱা অঞ্চলবোৰত শিক্ষকৰ অভাৱ বিশেষকৈ মহিলা শিক্ষকৰ অভাৱ আন এক সমস্যা।

(৮) চহৰ আৰু গ্ৰাম্য অঞ্চলৰ মাজৰ বৈষম্য ল’ৰা-ছোৱালীৰ শিক্ষা-সুবিধাৰ ক্ষেত্ৰত বৈষম্য অঞ্চল, জিলা তথা ৰাজ্যভিত্তিক বৈষম্য ইত্যাদিও প্রাথমিক শিক্ষা সার্বজনীন কৰণৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা। ওপৰত উল্লেখ কৰা সমস্যাবোৰ প্ৰধানতঃ প্রাথমিক শিক্ষা সাৰ্বজনীনকৰণৰ আঁচনি বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা।

প্রশ্ন ২৬। প্রাথমিক শিক্ষা সাৰ্বজনীনকৰণৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহ সমাধানৰ কিছুমান পৰামৰ্শ আগবঢ়োৱা।

উত্তৰঃ আমাৰ দেশত প্ৰাথমিক শিক্ষা সার্বজনীনকৰণৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহৰ সমাধানৰ উপায় হিচাপে তলত দিয়া পৰামৰ্শসমূহ আগবঢ়াব পাৰি

(১) বিশ্বত বহুতো দেশ বিশেষকৈ উন্নত দেশৰ তুলনাত আমাৰ দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ৰ নিচেই সামান্য অংশ শিক্ষা শিতানত খৰচ কৰা হয়। এই ধনৰ পৰিমাণ বৃদ্ধি কৰি শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত বিনামূলীয়া বাধ্যতামূলক, সার্বজনীন শিক্ষা প্রৱর্তন কৰাৰ ক্ষেত্ৰত সফলতাৰে আগবাঢ়িব পৰা যাব।

(২) সকলো ল’ৰা-ছোৱালীক জাতি, ধর্ম, শ্রেণী, অঞ্চল নির্বিশেষে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধীনলৈ আনাটোত গুৰুত্ব দিব লাগে।

(৩) দেশৰ সকলো অংশৰ ল’ৰা-ছোৱালীৰ প্ৰথমিক বিদ্যালয়ত নাম ভর্ত্তিকৰণ আৰু অৱৰোধ সুনিশ্চিত কৰিব লাগে। 

(৪) ছাত্র-ছাত্রীৰ প্রয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব দিব লাগে ৷ বিশেষকৈ গ্রামাঞ্চল আৰু জনজাতীয় অঞ্চলৰ লোকসকলৰ বাবে বিশেষ পাঠ্যক্রম প্ৰস্তুত কৰণৰ ওপৰত গুৰুত্ব দিব লাগে।

(৫) প্রাথমিক শিক্ষা সম্প্ৰসাৰণৰ বাবে উপযুক্ত প্ৰচাৰ মাধ্যমৰ সহায় ল’ব লাগে। যাতে এই ক্ষেত্ৰৰ সকলো আঁচনি জনসাধাৰণে সহজে বুজি উঠি গুৰুত্ব উপলব্ধি কৰিব পাৰে। 

(৬) উপযুক্ত প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ ব্যৱস্থা কৰিব লাগে।

(৭) সময় সাপেক্ষে আৰু প্রয়োজন সাপেক্ষে অংশকালীন শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।। 

(৮) বিদ্যালয়সমূহৰ বৈষয়িক অৱস্থাৰ উন্নতি সাধন কৰি ছাত্ৰ-ছাত্ৰীৰ বাবে আকর্ষণীয় কৰি তুলিব লাগিব। 

(৯) প্রাথমিক শিক্ষা বিস্তাৰত ব্ৰতী হোৱা ব্যক্তি, অনুশাসন আদিক ৰাষ্ট্ৰীয় পুৰস্কাৰ আৰু স্বীকৃতি প্রদানেৰে সন্মানিত কৰিব লাগে।

(১০) উচ্চ সামাজিক মূল্যবোধ সৃষ্টিৰে দেশৰ দুৰ্নীতি বোধ কৰাৰ ওপৰত গুৰুত্ব দিব লাগে, যাতে শিক্ষাৰ ক্ষেত্ৰত প্ৰস্তুত কৰা আঁচনিসমূহৰ সফল ৰূপায়ণত দুর্নীতিয়ে বাধাৰ সৃষ্টি কৰিব নোৱাৰে। 

প্রশ্ন ২৭। ২০০৯ চনৰ শিক্ষা অধিকাৰ আইনৰ মূল সুবিধা/ব্যৱস্থাসমূহ উল্লেখ কৰা।

উত্তৰ : শিক্ষা অধিকাৰ আইন-২০০৯ ৰ মূল ব্যৱস্থাসমূহ হ’ল—

(১) দেশৰ ৬ বছৰ বয়সৰ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুলৈ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা। 

(২) প্রাথমিক শিক্ষা পর্যায়ত কোনো শিশুকে একেটা শ্রেণীতে ৰাখি থ’ব নোৱাৰিব, বিদ্যালয়ৰ পৰা উলিয়াই দিব নোৱাৰিব আৰু শিশুসকলৰ বাবে বোৰ্ডৰ পৰীক্ষা উত্তীৰ্ণ হোৱাৰ প্ৰয়োজন নহ’ব।

(৩) প্ৰাথমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানত নামভৰ্ত্তিৰ কাৰণে জন্ম-মৃত্যু আৰু বিবাহ পঞ্জীয়ন আইন ১৮৮৬ ৰ অধীনত প্ৰদান কৰা জন্মৰ প্ৰমাণ পত্র অথবা নির্দিষ্ট সময়ে সময়ে জাৰি কৰা  অন্যান্য নথিপত্ৰৰ আধাৰত শিশুটিৰ বয়স নিৰ্ধাৰণ কৰা হব। 

(৪) প্রাথমিক শিক্ষা সমাপ্ত কৰা প্ৰতিটো শিশুকে এখনকৈ প্ৰমাণ পত্ৰ দিব লাগিব।

(৫) বিদ্যালয়ত ছাত্ৰ আৰু শিক্ষকৰ অনুপাত নির্দিষ্ট হ’ব লাগিব। নিম্ন প্রাথমিক বিদ্যালয় এই অনুপাত ১: ৩০ আৰু উচ্চ প্রাথমিকত এই অনুপাত ১:৩৫ হ’ব। 

(৬) শিশুৰ শিক্ষাৰ অধিকাৰ আইনখন জম্মু-কাশ্মীৰৰ বাহিৰে সমগ্ৰ দেশতে কাৰ্যকৰী হব।। 

(৭) গুণগত শিক্ষার উন্নতি সাধন এই আইনে বাধ্যতামূলক কৰিব।

(৮) অহা ৫ বছৰৰ ভিতৰত শিক্ষকসকলে প্রয়োজনীয় বৃত্তিগত প্রশিক্ষণ সম্পূর্ণ কৰিব লাগিব। 

(৯) তিনি বছৰৰ ভিতৰত বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ উন্নতি সাধন কৰিব লাগিব, অন্যথাই স্বীকৃতি বাতিল হ’ব। ইত্যাদি।

প্রশ্ন ২৮। 1944 চনৰ চার্জেন্ট কমিটীৰ প্রতিবেদনৰ মূল দফাসমূহ / পৰামৰ্শসমূহ আলোচনা 

উত্তৰ : 1944 চনত স্থাৰ জন চার্জেন্ট (Sir John Sargent)ক শিক্ষা উপদেষ্টাৰ দায়িত্ব দিয়া হয়। তেওঁ এখন কমিটী গঠন কৰি এখন প্রতিবেদন দাখিল কৰে৷ সেই প্রতিবেদনৰ মূল পৰামৰ্শসমূহ তলত আলোচনা কৰা হ’ল—

(১) প্রাক-প্রাথমিক শিক্ষা জাতীয় শিক্ষাৰ অন্তৰ্ভুক্ত কৰিব লাগে আৰু ৩ – ৬ বছৰ বাবে শিশুৰ শিক্ষা বিনামূলীয়া কৰিব লাগে।

(২) প্রাথমিক পর্যায়ত বুনিয়াদী শিক্ষাৰ নীতি আৰু পদ্ধতি গ্রহণ কৰি বিনামূলীয়া আৰু বাধ্যতামূলক কৰি তোলাৰ পৰামর্শ দিয়া হয়।

(৩) অৱশ্যে হস্তশিল্পৰ যোগেদি শিক্ষাত স্বাৱলম্বিতাৰ নীতি আৰু ইংৰাজী ভাষাৰ অধ্যয়ন ইয়াত বহিস্কৰণৰ নীতি অগ্রাহ্য কৰা হয়।

(৪) বুনিয়াদী পৰ্যায়ৰ ৬ – ১০ বছৰৰ বাবে নিম্ন বুনিয়াদী আৰু ১১ – ১৪ বছৰক উচ্চ বুনিয়াদী স্বৰূপে দুটা ভাগ কৰিব লাগে।

(৫) হাইস্কুলৰ শিক্ষা নিৰ্বাচিত বিধৰ হ’ব লাগে আৰু ১১ – ১৭ বছৰৰ ভিতৰত দিব লাগে।

(৬) এই শিক্ষাৰ পাঠ্যক্ৰম শৈক্ষিক আৰু কাৰিকৰী দুই ধৰণৰ হ’ব লাগে। 

(৭) এই পৰ্যায়ৰ শিক্ষাৰ মাধ্যম মাতৃভাষা হ’ব লাগে আৰু ইংৰাজী ভাষাকো দ্বিতীয় বাধ্যতামূলক ভাষা স্বৰূপে শিক্ষা দিব লাগে।

(৮) স্নাতক পর্যায়ৰ শিক্ষা তিনি বছৰীয়া হ’ব লাগে আৰু ইন্টাৰ-মিডিয়েট পর্যায় তুলি দিব লাগে।

(৯) উচ্চ শিক্ষাৰ মানদণ্ড উন্নত কৰি তুলিবৰ বাবে ছাত্ৰৰ নামভৰ্তিত কঠোৰ নীতি গ্রহণ কৰিব আৰু উপযুক্ত শিক্ষক নিযুক্তি দিব লাগে।

(১০) ১০–১৪ বছৰ বয়সৰ নিৰক্ষৰ প্ৰাপ্তবয়স্ক সকলক শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। 

প্রশ্ন ২৯। ১৯৩৭ চনৰ ৱাৰ্দ্ধা আঁচনিৰ চাৰিটা সাংগঠনিক বৈশিষ্ট্য লিখা।

উত্তৰ: উত্তৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে ‘হৰিৰ্জন’ কাকতৰ জৰিয়তে তেওঁৰ শিক্ষা অভিজ্ঞতা আৰু দৃষ্টিভংগী ভাৰতীয় জনসাধাৰণৰ আগত দাঙি ধৰিছিল। তেখেতৰ মতে প্রকৃত শিক্ষা সেয়া যাৰ জৰিয়তে দেহ, মন আৰু আত্মাৰ বিকাশ সম্ভৱ হৈ উঠে। কিন্তু প্রচলিত শিক্ষাৰ জৰিয়তে ই সম্ভৱ হৈ নুঠে আৰু সেয়ে তেখেত বুনিয়াদী শিক্ষাৰধাৰণা আগবঢ়াইছিল। ১৯৩৭

চনৰ ২২ আৰু ২৩ অক্টোবৰত দেশৰ আগশাৰীৰ শিক্ষাবিদ, সমাজকর্মী আৰু কংগ্ৰেছৰ সাতখন প্ৰদেশৰ শিক্ষামন্ত্ৰীৰ উপস্থিতিত স্বাৰ্দ্ধাত দুদিনীয়াকৈ এখন সৰ্বভাৰতীয় শিক্ষা সম্মিলন আহ্বান কৰিছিল। এই সম্মিলনত তেখেতে নিজে অধ্যক্ষতা কৰিছিল। এই সম্মিলনতেই ‘বুনিয়াদী শিক্ষা আঁচনি’ গ্ৰহণ কৰা হৈছিল। ৱাৰ্দ্ধা সন্মিলনত গ্ৰহণ কৰা বাবেই পিচত বুনিয়াদী শিক্ষা আঁচনিক’ৱাৰ্ছা আঁচনি’ বুলি অভিহিত কৰা হয়। এই সন্মিলনত ডাঃ জাকিৰ হুচেইনক সভাপতি হিচাপে লৈ এখন কমিটি গঠন কৰি দিয়া হয় আৰু এই কমিটীয়ে বুনিয়াদী শিক্ষাৰ কাৰ্যকৰীকৰণ আৰু পাঠ্যক্ৰম প্ৰস্তুতৰ দায়িত্ব গ্রহণ কৰে। এই সম্মিলনত প্রাথমিক শিক্ষা সম্বন্ধে গুরুত্বপূর্ণ প্রস্তাব গ্রহণ কৰা হয়। এই কেইটা হৈছে—

১। আমাৰ দেশত বিনামূলীয়া বাধ্যতামূলক শিক্ষা ৭ বছৰৰ পৰা ১৪ বছৰ বয়সৰ সকলো ল’ৰা-ছোৱালীয়ে পাব লাগিব।

২। মাতৃভাষা শিক্ষাৰ মাধ্যম হ’ল

৩। বুনিয়াদী শিক্ষাৰ পাঠ্যক্ৰমৰ মূল বিষয় হ’ব লাগিব স্থানীয় কোনো এটা শিল্প (Craft) | এই শিল্পক কেন্দ্ৰ কৰি সমন্বয় পদ্ধতিৰে (Correlation Method) বাকী লাগতিয়াল বিষয়বোৰ শিকাব লাগিব।

৪। বুনিয়াদী স্থূলত ছাত্র-ছাত্রীয়ে উৎপন্ন কৰা বিভিন্ন ধৰণৰ বস্তু বজাৰত বেচি তাৰ দ্বাৰা সিহঁতৰ নিজৰ পঢ়া খৰচ নিজে উলিয়াবলৈ শিকিব লাগিব।

প্রশ্ন ৩০। “সম্পূর্ণ সাক্ষৰতা অভিযান” বুলিলে কি বুজা? এই অভিযানৰ পাঁচটা বৈশিষ্ট্য চমুকৈ লিখা।

উত্তৰ: পূর্ণ সাক্ষৰতা অভিযান (Total literacy campaign) : ১৮৮৯ চনত ৰাষ্ট্ৰীয় ‘জন জাগৰণ প্ৰচেষ্টা’ বা জন আন্দোলন প্রচেষ্টা মূলক আঁচনি গ্ৰহণ কৰে। এই আঁচনিৰ জৰিয়তে স্বেচ্ছাকৃতভাৱে সমাজৰ লোকসকলক কম সময়ৰ ভিতৰতে সাক্ষৰতা দানৰ ব্যৱস্থা কৰিব বিচৰা হৈছিল। ইয়াৰ বাবে সংগীত, কলা, নাটক আদি সাংস্কৃকি উপাদানৰ প্রয়োগেৰে জনসাধাৰণৰ মাজত পূৰ্ণ সাক্ষৰতা আভিযান আঁচনি কাৰ্যকৰী আৰু অধিক সফল কৰি গঢ়ি তুলিব পাৰি। এই আঁচনিৰ মূল বৈশিষ্ট্যসমূহ হ’ল— 

(১) বেনাৰ, ষ্টিকাৰ, প’ষ্টাৰ কলাযাত্ৰা আদি কাৰ্যসূচীৰে জনসাধাৰণৰ মাজত প্ৰচাৰ চলোৱা৷

(২) বিভিন্ন সম্প্ৰদায়ৰ লোকক এই আঁচনিত অন্তর্ভুক্ত কৰি লোৱা। 

(৩) জিলা, গাওঁ পর্যায় আৰু খণ্ড উন্নয়ন পর্যায়ত কমিটি গঠন কৰা।

(৪) প্রতি ১০ জন নিৰক্ষৰৰ বাবে এজন স্বেচ্ছাসেৱী নিয়োগ কৰাৰ ব্যৱস্থা কৰা।

(৫) স্বেচ্ছাসেৱীৰ প্ৰশিক্ষণৰ বাবে প্রশিক্ষণ শিবিৰ স্থাপন কৰা। 

(৬) চৰকাৰী আৰু বেচৰকাৰী বিষয়া, নির্বাচিত প্রতিনিধি, স্বেচ্ছাসেৱী অনুষ্ঠান, সমাজকর্মী আৰু ব্যৱসায় প্রতিষ্ঠান আদিক আঁচনিখনৰ লগত জড়িত কৰি তোলা। 

(৭) শিক্ষাদানৰ সময় স্থান আদি স্বেচ্ছাসেৱী আৰু শিক্ষা গ্রহণকাৰীৰ সুবিধা মতে নিৰ্ধাৰণ কৰা।

অতিৰিক্ত প্ৰশ্নোত্তৰ

প্রশ্ন ১। ভাৰতবৰ্ষৰ অতীত শিক্ষা ব্যৱস্থাৰ এটি চমু আভাস দিয়া। 

উত্তৰ ঃ ভাৰতবৰ্ষৰ অতীত শিক্ষা ব্যৱস্থা পৰিচালনাৰ বাবে কোনো বিশেষ শিক্ষা কর্তৃপক্ষ নাছিল আৰু শিক্ষাৰ দায়িত্ব গ্রহণ কৰিবৰ বাবে কোনো শিক্ষা বিষয়াও নাছিল। সেই সময়ত কিছুমান বিদ্যান ব্যক্তিয়ে নিজ গৃহতে ছাত্রশালা স্থাপন কৰি ছাত্ৰসকলক শিক্ষা প্ৰদান কৰিছিল। ছাত্ৰ সকলে গুৰুগৃহত গুৰুৰ তত্ত্বাবধানত শিক্ষা লাভ কৰিছিল৷ গুৰুৱে ছাত্ৰসকলক নিজৰ ল’ৰাৰ দৰে মৰম কৰিছিল আৰু জীৱনৰ বাবে প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰিছিল। শিক্ষাদানৰ এই প্ৰথাটোক ‘গুৰুকুল’ প্রথা হিচাপে জনা যায়। গুরুকুল প্ৰথাৰ পিছতে ‘টোল’, ‘পাঠশালা’ নামৰ দুবিধ শিক্ষানুষ্ঠানৰ প্ৰচলন হৈছিল। ‘টোল’ আৰু ‘পাঠশালা’ত শিক্ষাৰ আনুষ্ঠানিকতা ৰক্ষা কৰা হৈছিল। এই শিক্ষানুষ্ঠানসমূহত জীৱনৰ বাবে প্ৰয়োজনীয় সকলো দিশৰে শিক্ষা দিয়া প্রদান কৰা হৈছিল। মুছলমান ৰাজত্বকালত শিক্ষাৰ আন দুবিধ প্রতিষ্ঠান ‘মোক্তাব’ আৰু ‘মাদ্ৰাছা ও প্রতিষ্ঠা হৈছিল। এই শিক্ষা সকলোৰে বাবে মুকলি নাছিল, কেৱল মাত্র উচ্চ বংশৰ লোকৰ বাবেহে ই মুকলি আছিল। ইংৰাজসকলৰ আগমনৰ লগে লগে ভাবতীয় শিক্ষা ব্যৱস্থাৰ আমোল পৰিৱৰ্তন ঘটে৷ তেওঁলোকে ইংৰাজী শিক্ষা প্ৰচলনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।

প্রশ্ন ২। লর্ড কার্জনৰ শিক্ষা নীতিৰ চমু বর্ণনা দিয়া। 

উত্তৰ : ১৮৯৯ চনত লর্ড কার্জন ইংলণ্ডৰ ৰাজ প্রতিনিধি স্বৰূপে ভাৰতলৈ আহে।

১৮৯৯ ৰ পৰা ১৯০৫ চনলৈকে তেওঁ ছবছৰৰ বাবেহে প্ৰশাসনীয় ক্ষমতাত আছিল। তেওঁ আছিল এজন দৃঢ়মনা, অসীম কর্মদক্ষতাসম্পন্ন সাহসী প্রশাসক। শিক্ষাৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰিবৰ বাবে তেখেতে ১৯০১ চনত চিমলাত এখন শিক্ষা সন্মিলন আহ্বান কৰিছিল। তেখেতে ভাৰতৰ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত নীতি ঘোষণা কৰিছিল। ইয়াৰ উপৰি কৃষি শিক্ষা, নৈতিক শিক্ষা, কলা সম্বন্ধীয় স্কুল স্থাপন, পুৰাতত্ত্ব বিভাগ স্থাপন, বিদেশত অধ্যয়নৰ বাবে বৃত্তিদান, শিক্ষাৰ সঞ্চালক প্রধান নিযুক্তি ইত্যাদি ক্ষেত্ৰত পৰামৰ্শ আগ বঢ়াইছিল। কার্জনে ভাৰতৰ প্ৰাথমিক শিক্ষাৰ সংখ্যাত্মক আৰু গুণাত্মক দিশৰ বিকাশৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়াইছিল। সেইসমূহ হ’ল— 

(ক) প্রাথমিক শিক্ষা সম্বন্ধে

উদাৰ অনুদান ব্যৱস্থা : প্রাথমিক শিক্ষাৰ উন্নতিৰ বাবে তেওঁ মিউনিচিপেলিটি আৰু লোকেল বৰ্ডবোৰক শিক্ষাৰ বাবে পৌনঃপুনিক অর্থ সাহায্য দিয়াৰ ব্যৱস্থা কৰে। তেওঁ চৰকাৰী অৰ্থ সাহাৰ্যৰ পৰিমাণ মুঠ খৰচৰ এক তৃতীয়াংশৰ পৰা দুভাগৰ এভাগলৈ বৃদ্ধি কৰি তোলে। এনে অর্থ সাহাৰ্যৰ ব্যৱস্থাই বিদ্যালয়ৰ আৰু ছাত্ৰৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি কৰি তোলে৷

(২) ১৮৮২ চনত হাণ্টাৰে আৰম্ভ কৰা ফলাফলৰ ভিত্তিত অনুদান আগবঢ়োৱা ব্যৱস্থা তেওঁ পৰিহাৰ কৰে৷

(৩) শিক্ষক প্রশিক্ষণৰ ব্যৱস্থা কৰিছিল। 

(৪) তেওঁ শিক্ষকৰ দৰমহা বৃদ্ধি আৰু ভাৰতৰ সকলো শিক্ষকৰ দৰ্মহা একে হোৱাৰ

(৫) পুৰণি পাঠ্যক্ৰমৰ পৰিৱর্তে নতুন নতুন উপযোগী বিষয়বস্তুৰ অন্তর্ভুক্তিৰে পাঠ্যক্ৰমৰ সংস্কাৰ সাধন কৰিছিল। 

(৬) পুৰণি শিক্ষা পদ্ধতিৰ পৰিৱৰ্তে উন্নত শিক্ষাদানৰ পদ্ধতি বিশেষকৈ কিণ্ডাৰগার্টেনৰ দৰে উন্নত শিক্ষা দান পদ্ধতিৰে প্ৰাথমিক শিক্ষা প্রদানত গুৰুত্ব আৰোপ কৰিছিল।

(খ) মাধ্যমিক শিক্ষা নীতি : কাৰ্জনে মাধ্যমিক শিক্ষাৰ দিশত গ্ৰহণ কৰা নীতিক দুটা বহল দিশত ভাগ কৰিব পাৰি—

(১) নিয়ন্ত্ৰণৰ নীতি ঃ লর্ড কার্জনে সকলোবিধ মাধ্যমিক বিদ্যালয়ক চৰকাৰৰ কঠোৰ নিয়ন্ত্ৰণৰ অধীনলৈ অনাৰ বাবে কিছুমান নীতি গ্রহণ কৰে।

(২) সম্প্ৰসাৰণৰ নীতি শিক্ষাৰ গুণগত মানদণ্ড বৃদ্ধি কৰিবৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিল।

(গ) উচ্চ শিক্ষা নীতি কার্জনে উচ্চ শিক্ষাৰ সংস্কাৰৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে। তেওঁ ১৯০২ চনত বিশ্ববিদ্যালয় শিক্ষা আয়োগ গঠন কৰে। বিশ্ববিদ্যালয়ৰ প্ৰশাসন চৰকাৰৰ অধীনলৈ নিবৰ বাবে কার্জনে এই আইনখনৰ ব্যৱস্থা কৰিছিল। ১৯০২ চনৰ আয়োগৰ পৰামৰ্শ ক্ৰমেই ১৯০৪ চনৰ ১১ মাৰ্চত এই আইন প্ৰস্তুত কৰি তোলা হয়।

প্রশ্ন ৩। চমুটোকা লিখাঃ 

(ক) প্রাচ্য পাশ্চাত্যৰ বিবাদ 

(খ) মেকলেৰ প্রতিবেদন।

 উত্তৰ: (ক) প্রাচ্য পাশ্চাত্যৰ বিবাদ : ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ ৪৩ নং দফাটোত ভাৰতীয় শিক্ষাৰ উন্নতিৰ বাবে ১ লাখ টকা আছুতীয়াকৈ ৰখাৰ কথা ঘোষণা কৰে। ফলত দেশী-বিদেশী সকলো কৰ্তৃপক্ষই শিক্ষাৰ ক্ষেত্ৰত সচেতন হৈ পৰে। চৰকাৰে দিব খোজা ১ লাখ টকাৰ প্ৰয়োগ কৰাৰ বাবে ভাৰতবৰ্ষত দীর্ঘ দিনৰ বাবে বিবাদৰ সূত্রপাত হয়। এই বিবাদৰ মূল কাৰণটো হ’ল দফাটোত সন্নিৱিষ্ট কথাসমূহৰ অস্পষ্টতা। ফলত ১ লাখ টকা খৰচৰ বাবে তিনিটা ভিন্নমত গ্ৰহণকাৰী দলৰ সৃষ্টি হয়। সেই দলসমূহৰ ভিতৰত এটা দলে ভাৰতবৰ্ষত পুৰণি সংস্কৃত আৰু আৰবী ভাষাৰ উন্নতিৰ সমৰ্থক যাক প্রাচ্যবাদী বোলা হয়, দ্বিতীয় দলটোৱে পাশ্চাত্যৰভাষা সাহিত্য আৰু বিজ্ঞান ভাৰতবৰ্ষত বিকাশ হোৱাটো বিচাৰিছিল যাক পাশ্চত্যবাদী বোলা হয় আৰু তৃতীয় দলটোৱে আধুনিক ভাৰতীয় ভাষা সংস্কৃতিৰ বিকাশ কামনা কৰিছিল। এই তিনিওটা দলৰ মাজত শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য কি হ’ব, শিক্ষাদানৰ মাধ্যম কি হ’ব, শিক্ষাৰ দায়িত্ব কোনে ল’ব, শিক্ষাদানৰ ব্যৱস্থা কেনে হ’ব ইত্যাদি বিষয়সমূহ লৈ মতানৈক্যৰ সৃষ্টি হৈছিল। শিক্ষাৰ মাধ্যম এটা দলৰ মতে ইংৰাজী হোৱাটো বাঞ্ছনীয়, আনটো দলে প্রাচীন ভাৰতীয় ভাষা হোৱাটো বাঞ্ছনীয় আৰু আনটো দলে শিক্ষাৰ মাধ্যম আধুনিক ভাৰতীয় ভাষা হোৱাটো বিচাৰিছিল। শিক্ষাৰ দায়িত্ব গ্রহণ সম্বন্ধেও তেওঁলোকৰ মাজত মতানৈক্য আছিল। এটা দলে শিক্ষাৰ দায়িত্ব চৰকাৰে লোৱাটো বিচাৰিছিল, আনটো দলে শিক্ষাৰ দায়িত্ব দেশীয় অনুষ্ঠানবোৰে লোৱাটো বিচাৰিছিল। সেইদৰে তৃতীয় দলটোৱে শিক্ষাৰ দায়িত্ব মিছনেৰীসকলে লোৱাটো বিচাৰিছিল। শিক্ষাদান ব্যৱস্থা সম্পর্কে পাশ্চাত্যবাদীসকলে কেৱল মাত্ৰ উচ্চ শ্ৰেণীৰ ভাৰতীয়সকলৰ মাজতহে শিক্ষা প্ৰদানৰ পোষকতা কৰিছিল। ইয়াৰ বিপৰীতে প্রাচ্যবাদীসকলে সকলো জনসাধাৰণৰ মাজতে। শিক্ষা প্ৰচাৰ কৰাৰ পোষকতা কৰিছিল। এই মতবিৰোধ ২০ বছৰৰো অধিক কাল চলি থাকিল আৰু ১৮৩৫ চনত যেতিয়া লর্ড মেক্‌লেৰ প্ৰতিবেদন প্রকাশ পালে তেতিয়াহে এই বিবাদৰ অস্ত পৰিল।

(খ) মেক্‌লেৰ প্ৰতিবেদনঃ ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত মেক্‌লের প্রতিবেদনে এক সুদূৰপ্ৰসাৰী পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল। ১৮৩৪ চনত লর্ড মেকলে আইনসভাৰ সদস্য আৰু General Committee of Public Instruction ৰ অধ্যক্ষ হিচাপে ভাৰতলৈ আহিছিল। তেখেত ভাৰতলৈ অহা সময়লৈ প্ৰাচ্য পাশ্চাত্যৰ বিবাদ অমিমাংসিত হৈয়ে? আছিল। সেয়েহে প্রাচ্য-প্রাশ্চাত্যৰ বিবাদৰ নিস্পত্তি কৰাৰ দায়িত্ব মেক্‌লেৰ ওপৰত নাস্ত কৰিছিল। মেক্‌লে এজন অতি তীক্ষ্ণ বুদ্ধিৰ আইনজ্ঞ আৰু ইংৰাজী সাহিত্যৰ প্ৰেমিক আৰু লগতে ভাৰতীয় ভাষা সাহিত্য বিদ্বেষী আছিল। তেওঁ চাৰ্টাৰ আইনৰ ৪৩ নং দফাটোত উল্লেখ কৰা বিভিন্ন শব্দৰ অৰ্থ পাশ্চাত্যবাদীৰ সমৰ্থনত ব্যাখ্যা কৰিছিল। দফাটোত উল্লেখ থকা Literature শব্দটোৱে ইংৰাজী সাহিত্যকহে বুজাইছে, ভাৰতীয় সাহিত্যক নহয়৷ আৰু Learned Nations of India’ শব্দটোৱে ইংৰাজী সাহিত্য জনা ভাৰতীয় লোককহে বুজাইছে। তেওঁ উল্লেখ কৰিছিল যে আমি শাসন কৰা লাখ লাখ ভাৰতীয় সাধাৰণ মানুহ আৰু আমাৰ মাজত বৰ্তমান এনে এদল মানুহৰ সৃষ্টি কৰিব লাগিব যিসকল তেজ আৰু বৰণত ভাৰতীয় কিন্তু কচি, মতামত নৈতিকতা আৰু শিক্ষাৰ ক্ষেত্ৰত ইংৰাজ৷ তেওঁ ইংৰাজী ভাষাৰ সমৰ্থনত যুক্তি প্রদর্শন কৰি কৈছিল যে ইংৰাজী ভাষা হৈছে ইংৰাজ শাসকসকলৰ আৰু উচ্চ পদস্থ ভারতীয় বিষয়াসকলৰ ভাষা। ইয়াৰ উপৰি ইংৰাজী ভাষাই ভাৰতবৰ্ষৰ বেপাৰ বাণিজ্যতো সহায় কৰিব পাৰে। ভাৰতবৰ্ষৰ মানুহেও প্রাচ ভাষা (সংস্কৃত আৰবী) সাহিত্যতকৈ ইংৰাজী ভাষাহে অধিক বিচাবে। ঠিক তেনেদৰে শিক্ষা প্ৰদানৰ ক্ষেত্ৰত তেওঁ নিম্ন পৰিশ্ৰাৱণ নীতিৰ পোষকতা কৰিছিল। শিক্ষাদানৰ মাধ্যম হিচাপে ইংৰাজী ভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

প্রশ্ন ৩। মনিটৰিয়েল প্ৰথাৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰ ঃ মনিটৰিয়েল প্রথাই শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। ইংৰাজ ৰাজত্ব কালত ভাৰতবৰ্ষত শিক্ষাৰ অগ্ৰগতিৰ বাবে খ্ৰীষ্টান মিছনেৰীসকলে যথেষ্ট আগভাগ লৈছিল। অৱশ্যে শিক্ষা প্ৰচাৰৰ লগে লগে খ্ৰীষ্টান ধর্ম প্রচাৰো তেওঁলোকৰ এক ওপুত উদ্দেশ্য আছিল। মিছনেৰীসকলে ঠায়ে ঠায়ে স্কুল স্থাপন কৰি শিক্ষা বিস্তাৰৰ কাম নিয়োজিত হৈছিল। লাহে লাহে স্কুলবোৰৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছিল কিন্তু সেই তুলনাত শিক্ষকৰ পৰিমাণ তাকৰীয়া আছিল। আর্থিক কাৰণত শিক্ষকৰ পৰিমাণ বৃদ্ধি কৰিব পৰা নাছিল। সেই সমস্যাৰ সমাধান হিচাপে অনাথ ল’ৰা ছেৰিটি স্কুলৰ চুপাৰিনটেণ্ডেণ্ট ড° এনড্রি বেল (Dr. Andrew Bell) নামৰ চাহাৰজনে তলৰ শ্ৰেণীৰ ছাত্ৰক ওপৰৰ শ্ৰেণীৰ ওজা ছাত্রই পঢ়োৱা নিয়ম কৰি দিছিল৷ ভাৰতবৰ্ষত এই প্রথা আগৰে পৰা চলি আছিল। ওপৰৰ শ্ৰেণীৰ বড়া বছা ল’ৰাবোৰক ‘মনিটৰ’ পাতি তলৰ শ্ৰেণীক পঢ়াবলৈ দিয়া বাবে এই প্ৰথাটোক ‘মনিটৰিয়েল’ প্ৰথা বুলি জনা যায়। ইংলণ্ডত এই প্ৰথাটোক ড° বেলৰ নাম অনুসৰি বেল প্ৰথা বোলা হয়। ভাৰতবৰ্ষৰ মাদ্ৰাজত এই প্রথা প্রথমে আৰম্ভ হৈছিল বাবে ইয়াক মাম্রাজ প্রথা বুলিও জনা যায়। ভাৰতবৰ্ষত, এজনীয়া শিক্ষক থকা স্কুলবোৰত যথেষ্ট সঁহাৰি লাভ কৰিছিল। যোৱা ১৯ শতিকাত, এই প্ৰথাৰ জৰিয়তে শিক্ষক প্রশিক্ষণ সমস্যা আৰু বাধ্যতামূলক প্রাথমিক শিক্ষাৰ সমস্যাও বহু পৰিমাণে সমাধান হৈছিল।

This Post Has One Comment

Leave a Reply