HS First Year Education Chapter 6 – মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন

HS First Year Education Chapter 6 – মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন পোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Education Chapter 6 – মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয় HS First Year Education Chapter 6 – মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন

HS First Year Education Chapter 6 – মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন

অতি চমু প্রশ্নোত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-১)

A. এটা শব্দ বা বাক্যত উত্তৰ দিয়া 

প্রশ্ন ১। প্রয়োজন কাক বোলে?

উত্তৰঃ জীয়াই থকাৰ বাবে প্ৰাণীয়ে দৰকাৰী বুলি অনুভৱ কৰা সকলো বস্তু সামগ্রী, চেতনা, ভাব-অনুভূতি ইত্যাদি সকলোবোৰকেই প্রয়োজন বোলা হয়। 

প্রশ্ন ২। প্রবৃত্তি আৰু আৱেগ যে ঘনিষ্ঠভাৱে জড়িত সেয়া কোনে স্থাপিত কৰিছিল

উত্তৰ: মেক ডুগাল।

প্রশ্ন ৩। আৱেগৰ এটা প্রধান বৈশিষ্ট্য প্ৰদান কৰা।

উত্তৰ : আৱেগ অস্থায়ী।

প্রশ্ন ৪। আৱেগ অনুভূতিৰ পৰা নে ভাববৃত্তিৰ পৰা উৎপন্ন হয়, লিখা।

উত্তৰ ঃ অনুভূতিৰ পৰা৷

প্রশ্ন ৫ পলায়ন প্রবৃত্তিৰ লগত কোনটো আবেগ জড়িত?

উত্তৰ: ভয়।

প্রশ্ন ৬। ‘Emotion’ শব্দটো লেটিন ভাষাৰ কি শব্দৰ পৰা উৎপত্তি হৈছে?

উত্তৰ: ‘Emovere’ শব্দৰ পৰা। 

প্রশ্ন ৭ ‘Emovere’ শব্দৰ অর্থ কি?

উত্তৰ: To stir up বা আলোড়িত কৰা।

প্রশ্ন ৮ ইংৰাজী ‘Instinct’ শব্দটো লেটিন ভাষাৰ কি শব্দৰ পৰা আহিছে?

উত্তৰ: ‘Instinctus’ যাৰ অৰ্থ উচটাই দিয়া। 

প্রশ্ন৯ : ‘Sublimation’ শব্দটো প্রথমে কোনে ব্যৱহাৰ কৰিছিল

উত্তৰ: ফ্লয়ডে। 

প্রশ্ন ১০। কোনজন মনোবিদৰ মতে মানুহৰ সহজাত প্রবৃত্তি চৈধ্যতা?

উত্তৰ: উইলিয়াম মেক্‌ডুগেলৰ মতে। 

প্রশ্ন ১১। প্রবৃত্তি বুলিলে কি বুজা ?

উত্তৰ: প্ৰবৃত্তি হ’ল এক জৈৱিক। দ্দেশ্য পূৰণৰ বাবে কৰা ক্রিয়া-আচৰণ। 

প্রশ্ন ১২। “আবেগ হ’ল ব্যক্তিৰ এক সঞ্চালিত অথবা আন্দোলিত অৱস্থা” কথাষাৰ কোনে কৈছিল?

উত্তৰ: উদ্ভৱৰ্থ (Woodworth)।

B. খালীঠাই পূৰ কৰা

প্রশ্ন ১। পশু প্রবৃত্তিৰ দ্বাৰা মানুহ……… দ্বাৰা পৰিচালিত হয়।

উত্তৰ: বুদ্ধিৰ।

প্রশ্ন ২। সহজাত প্রবৃত্তিয়ে কর্ম-প্ৰৱণতা আৰু …….ভাৱ প্ৰৱণতা সৃষ্টি কৰে। 

উত্তৰ: আৱেগে। ক্রিয়া জাগ্রত কৰে।

প্রশ্ন ৩। অভিপ্রায়ে……. ক্রিয়া জাগ্ৰত কৰে।

উত্তৰঃ শিক্ষণ।

প্রশ্ন ৪। ইংৰাজী Emotion শব্দটো…….. শব্দৰ পৰা আহিছে। 

উত্তৰ: ‘Enovere’

প্রশ্ন ৫। হাস্য প্রবৃত্তিৰ লগত ……..আবেগ জড়িত হৈ আছে। 

উত্তৰ: বিনোদন।

প্রশ্ন ৬। মানুহে আনৰ লগত …..   থাকিবলৈ ভাল পোৱাৰ কাৰণ —

উত্তৰ : যৌথ প্রবৃত্তি। 

প্রশ্ন ৭ শিশুৰ প্ৰাথমিক আবেগ……. নহয়।

উত্তৰ: পলায়ন।

প্রশ্ন ৮। প্রবৃত্তিক প্রতিৱৰ্তী ক্ৰিয়াৰ পৰা পৃথক কৰে ……….

উত্তৰ মগজুৰ নিয়ন্ত্রণে।

প্রশ্ন ৯। বিৰোচন হৈছে……  ।

 উত্তৰ প্ৰবৃত্তি।

প্রশ্ন ১০। আবেগ হৈছে ……….-সঞ্চালিত অথবা আন্দোলিত কৰা অৱস্থা।

উত্তৰ মনৰ/অনুভূতি। 

প্রশ্ন ১১। অভ্যাসক………প্রকৃতি বুলি কোৱা হয়

উত্তৰ ঃ দ্বিতীয়।

C. শুদ্ধ / অশুদ্ধ নির্ণয় কৰা ।

প্রশ্ন ১। আৱেগ হ’ল এটা প্ৰসঙ্গ য’ত ব্যক্তি সঞ্চালিত নাইবা উত্তেজিত হয়।”

উত্তৰ : শুদ্ধ। 

প্রশ্ন ২। প্রবৃত্তি হ’ল এক শিক্ষণহীন আচৰণ।

উত্তৰ: শুদ্ধ।

প্রশ্ন ৩। আৱেগত বিচাৰ-বুদ্ধিয়ে থিতাপি ল’ব নোৱাৰে।

উত্তৰ শুদ্ধ।

প্রশ্ন ৪। অভিপ্রেবণে শিক্ষণ ক্রিয়া জাগ্রত কৰে।

উত্তৰ: শুদ্ধ।

প্রশ্ন ৫। দৈহিক নিৰাপত্তাৰ চাহিদাটো শিশুৰ মানসিক প্রয়োজনসমূহৰ এটা। 

উত্তৰ: অশুদ্ধ।

প্রশ্ন ৬। খাদ্য অন্বেষণৰ প্ৰবৃত্তিৰ লগত ‘ভয়’ আৱেগটো জড়িত 

উত্তৰ: অশুদ্ধ।

প্রশ্ন ৭। ইতৰ প্ৰাণীৰ কোনো ভাবৃত্তি নাথাকে৷

উত্তৰ : শুদ্ধ।

প্রশ্ন ৮। ভয় হ’ল প্ৰতিবর্ত ক্রিয়া।

উত্তৰ অশুদ্ধ।

প্রশ্ন ৯। ক্রোধ এবিধ আৱেগ।

উত্তৰঃ অশুদ্ধ।

প্রশ্ন ৮। প্ৰবৃত্তি আৰু আৱেগৰ মাজত সম্বন্ধ আছে। 

উত্তৰ শুদ্ধ।

প্রশ্ন ৯। “প্রয়োজন হ’ল এক দৈহিক অভাৱ।” (শুদ্ধ নে অশুদ্ধ)

উত্তৰ অশুদ্ধ।

প্রশ্ন ১০। ‘প্রবৃত্তি এজন ব্যক্তিৰ আৰ্জিত গুণ।

উত্তৰ অশুদ্ধ।

প্রশ্ন ১১। কৌতূহল খং আৱেগৰ লগত জড়িত।

উত্তৰ: অশুদ্ধ।

চমু প্রশ্নোত্তৰ প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-২/৩)

প্রশ্ন ১। এজন শিশুৰ তিনিটা প্ৰাথমিক প্ৰয়োজনৰ নাম লিখা।

উত্তৰ এজন শিশুৰ তিনিটা প্রাথমিক প্রয়োজন হ’ল— (ক) দৈহিক প্রয়োজন 

(খ) নিৰাপত্তাৰ প্ৰয়োজন আৰু 

(গ) মৰম-স্নেহৰ

প্রশ্ন ২। প্ৰবৃত্তিৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ প্ৰবৃত্তিৰ দুটা বৈশিষ্ট্য হ’ল—

(ক) প্রবৃত্তি হ’ল প্ৰাণীয়ে জন্মগতভাৱে লাভ কৰা স্বাভাৱিক কৰ্ম প্ৰৱণতা। 

(খ) প্ৰবৃত্তিমূলক আচৰণ মগজুৰ দ্বাৰা চালিত।

প্রশ্ন ৩। আৱেগৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ ঃ আৱেগৰ দুটা বৈশিষ্ট্য হ’ল— 

(ক) অনুভূতিৰ তীব্ৰতাৰ বাবে আৱেগৰ সৃষ্টি হয়।

(খ) ব্যক্তিভেদে আৱেগৰ উগ্ৰতাৰ কম-বেছি হয়।

প্রশ্ন ৪। অভ্যাসৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ ঃ অভ্যাসৰ দুটা বৈশিষ্ট্য হ’ল– 

(ক) অভ্যাস ব্যক্তিভেদে পৃথক পৃথক হয়, 

(খ) মানুহৰ জীৱন কালত অভ্যাসৰ পৰিৱৰ্তন হয়।

প্রশ্ন ৫। প্রতিবর্ত ক্ৰিয়াৰ ২/৩ টা বৈশিষ্ট্য লিখা।

উত্তৰ : প্রতিবর্ত ক্ৰিয়া বৈশিষ্ট্য হ’ল – 

(ক) প্রতিবর্ত ক্রিয়া সকলো শ্ৰেণীৰ প্ৰাণীৰ (ক্ষেত্ৰতে একে, 

(খ) চৰিত্ৰৰ ওপৰত প্ৰতিবর্ত ক্ৰিয়াৰ কোনো প্রভাৱ নাথাকে, 

(গ) প্রতিবর্ত ক্রিয়া ক্ষণস্থায়ী। 

প্রশ্ন ৬। প্ৰেৰণাৰ তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰ প্ৰেৰণাৰ তিনিটা বৈশিষ্ট্য হ’ল – 

(ক) প্ৰেৰণাই জীৱক (দেহ-মানসিক প্রয়োজন

পূৰণৰ কাৰণে এক অন্তর্নিহিত শক্তিৰ যোগান ধৰি কৰ্মত প্রবৃত্ত কৰে, 

(খ) প্রেবণা উদ্দেশ্য প্ৰণোদিত আৰু ই দৈহিক আৰু মানসিক দুয়োবিধ কাৰণেইউদ্ভৱ হ’ব পাৰে, 

(গ) আমাৰ প্ৰেৰণাসমূহৰ স্বাভাৱিক প্রকাশত বাধাপ্রাপ্ত হলে কেতবোৰ দেহ-মানসিক জটিলতাৰ সৃষ্টি হ’ব পাৰে।

প্রশ্ন ৭। শিশুৰ তিনিটা জৈৱিক প্ৰয়োজন উল্লেখ কৰা। 

উত্তৰঃ শিশুৰ তিনিটা জৈৱিক প্ৰয়োজন হ’ল– ক্ষুধা, তৃষ্ণা আৰু যৌন কামনা।

প্রশ্ন ৮। শিশুৰ দুটা মানসিক প্রয়োজন উল্লেখ কৰা। 

উত্তৰঃ শিশুৰ দুটা মানসিক প্রয়োজন হ’ল— খ্যাতি লাভ আৰু বিদ্যালাভ।

প্রশ্ন ৯। প্রবৃত্তিমূলক কাৰ্যৰ পৰ্যায় তিনিটা কি কি?

উত্তৰ ঃ প্রবৃত্তিমূলক কাৰ্যৰ পৰ্যায় তিনিটা হ’ল– 

(ক) জ্ঞানমূলক 

(খ) অনুভূতিমূলক 

(গ) ক্রিয়াত্মক।

প্রশ্ন ১০। অভিপ্রায়ৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ: অভিপ্ৰায়ৰ দুটা বৈশিষ্ট্য হ’ল – 

(ক) অভিপ্রেত আচৰণ স্বতঃস্ফুর্ত আৰু মুক্ত।

(থ) অভিপ্রেত আচৰণৰ পুনৰাবৃত্তি কৰি থাকিলে পিছলৈ সি অভ্যাসত পৰিণত হয়। 

প্রশ্ন ১১। প্রবৃত্তি পৰিশোধনৰ তিনিটা উপায় উল্লেখ কৰা।

উত্তৰঃপ্রবৃত্তি পৰিশোধনৰ তিনিটা উপায় হ’ল – 

(ক) অবদমন 

(খ) উন্নীতকৰণ 

(গ) অব্যৱহাৰ। 

প্রশ্ন ১২। আবেগ কি.? আৱেগৰ সংজ্ঞা দিয়া।

উত্তৰ : কোনো অভিজ্ঞতা লাভৰ জৰিয়তে যদি আমাৰ মনত সুখ দুখ আদি বোধ আহি পৰে তেতিয়া তাক অনুভূতি বোলে। সেই অনুভূতিৰ তীব্রতা বৃদ্ধি পালে ই আৱেগত পৰিণত হয়। আবেগিত উত্তেজনাই আমাৰ শৰীৰৰ স্বাভাবিক অৱস্থাৰ পৰিবৰ্তন আনে। এনে পৰিৱৰ্তনব্যক্তিৰ ক্ৰিয়া আচৰণত প্ৰকাশ পায়। মনৰ দুখ বেদনাৰ বেলিকা চকু পানী ওলোৱা, ভয়ৰ বেলিকা মুখ শুকাই যোৱা বা ঘামি জামি যোৱা আদি অৱস্থাই ব্যক্তিৰ দেহ ৰাসায়নিক পৰিৱৰ্তনৰ ইংগিত দিয়ে। মনোবিজ্ঞানী থুলেচৰৰ মতে, “কোনো বিশেষ বস্তুৰ লগত সংযুক্ত অনুভূতিমূলক অৱস্থাকেই আৱেগ বোলে। মনোবিজ্ঞানী ড্ৰেভাৰৰ মতে সহজাত প্রবৃত্তিৰ কাৰ্যত বাধা পৰিলে আৱেগ অভিভূত হয়। 

প্রশ্ন ১৩। আৱেগ শব্দটো কোন ভাষাৰ পৰা অনা হৈছে? মূল শব্দটো কি ?

উত্তৰ: আৱেগৰ ইংৰাজী প্রতিশব্দ হৈছে ‘Emotion’ | এই Emotion শব্দটো লেটিন ভাষাৰ ‘Emovere’ শব্দটোৰ পৰা আহিছে। ‘Emovere’ শব্দটোৰ অৰ্থ হৈছে ‘Disturb’ অর্থাৎ বিৰক্ত কৰা; আলোড়িত কৰা ইত্যাদি। শব্দগত আৱেগৰ অৰ্থ হৈছে উৎকণ্ঠা, উত্তেজনাবোধ। 

প্রশ্ন ১৪। মনোগ্রন্থি কি?

উত্তৰ ঃ অচেতন মনত সম্পূর্ণ বা আংশিকভাৱে আবদ্ধ হৈ থকা আৱেগিকভাৱে সংবেদনশীল মনোভাৱ, অভিলাষ, স্মৃতি আদিৰ একো একোটা সামুহিক গোটকে মনোগ্রন্থি বুলি কোৱা হয়।

প্রশ্ন ১৫। ভাববৃত্তিৰ দুটা প্ৰকাৰ উল্লেখ কৰা।

উত্তৰ: ভাববৃত্তিৰ দুটা প্ৰকাৰ হ’ল–

 (ক) মূৰ্ত ভাববৃত্তি আৰু 

(খ) বিমূর্ত ভাবৃত্তি। 

প্রশ্ন ১৬। মানুহৰ প্ৰয়োজনৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ: প্ৰয়োজনৰ দুটা বৈশিষ্ট্য হ’ল—

(ক) প্ৰয়োজন হৈছে এক স্বাভাৱিক প্রক্রিয়া। সকলো জীৱৰে প্রয়োজন আছে। 

(খ) জীৱ মাত্রেই প্রয়োজন আছে যদিও মানুহ আৰু জীৱৰ মাজত থকা প্রয়োজনসমূহৰ ভিন্নতা আছে। 

HS First Year Education Solutions – শিক্ষা

Unit No.LessonsLinks
Unit-1শিক্ষাৰ ধাৰণা আৰু লক্ষ্য (Concept and Aims of Education)Click here
Unit- 2মানৱ বিকাশৰ স্তৰ (Stages of Human Development)Click here
Unit – 3বিদ্যালয় আৰু ইয়াৰ সংগঠন (School and its Organization)Click here
Unit – 4মনোবিজ্ঞান আৰু শিক্ষা (Psychology and Education)Click here
Unit – 5মানসিক জীৱনৰ শাৰীৰিক ভিত্তি (Physical Basis of Mental Life)Click here
Unit – 6মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন (Bases and Direction of Human behavior)Click here
Unit – 7ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা [ Primary Education in India and Assam]Click here

প্রশ্ন ১৭। অভ্যাসৰ দুটা সুফল উল্লেখ কৰা।

উত্তৰ : (ক) অভ্যাসৰ দ্বাৰা আমি কঠিন কাম কম সময়তে কৰি তুলিব পাৰো।

(খ) অভ্যাসৰ দ্বাৰা এটা সময়ত এটাতকৈ অধিক কাম সম্পন্ন কৰিব পাৰি।

ৰচনাধর্মী প্রশ্নোত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-৪/৫/৬) 

প্রশ্ন ১। সহজাত প্রবৃত্তি আৰু প্ৰতিবর্ত ক্ৰিয়াৰ মাজত পাঁচটা পার্থক্য লিখা। 

সহজাত প্রবৃত্তিপ্রতিবর্ত ক্রিয়া
১। প্রবৃত্তি হ’ল প্ৰাণীয়ে জন্মগতভাৱে লাভ কৰা স্বাভাৱিক কর্ম প্ৰৱণতা।
২। প্ৰতিটো প্ৰবৃত্তিৰ লগত একোটা আৱেগ জড়িত হৈ থাকে। 
৩। প্ৰবৃত্তিমূলক আচৰণ মগজুৰ দ্বাৰা পৰিচালিত।
৪। ইয়াৰ কাৰ্যৰ লগত দেহ-মন উভয়ে জড়িত হৈ থাকে।
৫। প্রবৃত্তিৰ দেহ আৰু মনৰ ওপৰত স্থায়ী প্রভার থাকে।
১। প্রতিবর্ত ক্রিয়া হ’ল প্ৰাণীৰ দেহৰ কোনো অংশই পৰিবেশৰ কোনো উদ্দীপকৰ প্ৰতি জনোৱা প্রতিক্রিয়া।
২। মনৰ আৱেগ, অনুভূতিৰ লগত ইয়াৰ কোনো সম্পর্ক নাই। 
৩। প্রতিবর্ত ক্রিয়া মেৰুমজ্জাৰ দ্বাৰা পৰিচালিত।সহজাত প্রবৃত্তি
৪। প্রতিবর্ত ক্ৰিয়াৰ দেহৰ বেলেগ বেলেগ অংশত আবদ্ধ থাকে।
৫। প্রতিবর্ত ক্রিয়া ক্ষণস্থায়ী।

প্রশ্ন ২। সহজাত প্রবৃত্তি আৰু অভ্যাসৰ মাজত পার্থক্য নির্ণয় কৰা৷ উত্তৰ

সহজাত প্রবৃত্তিঅভ্যাস
১। ই হ’ল জন্মগতভাৱে লাভ কৰা কৰ্ম প্ৰৱণতা।
২) প্রবৃত্তি নির্মূল কৰিব নোৱাৰি, প্রয়োজন মতে পৰিশোধন হৈ কৰা হয়।
৩। প্রবৃত্তিৰ লগত সদায় আৱেগ। জড়িত হৈ থাকে।
৪। প্রবৃত্তি সকলো মানুহৰ বাবে একেই।
৫। বয়স বঢ়াৰ লগে লগে প্রবৃত্তিবোৰৰ শক্তি হ্রাস হয়।
১। অভ্যাস হ’ল এক আর্জিত প্রক্রিয়া।
২। প্রয়োজন হ’লে কিছুমান অভ্যাস গুচাব পাৰি।
৩। অভ্যাসৰ ক্ষেত্ৰত আৱেগিক উত্তেজনা পৰিলক্ষিত নহয় ৷ 
৪। অভ্যাস ব্যক্তিভেদে পৃথক পৃথক হয়। 
৫। অভ্যাস যিমানে পুৰণি হয়, সি বেছি শক্তিশালী হৈ পৰে।

প্রশ্ন ৩। অভ্যাস আৰু প্ৰতিবর্ত ক্ৰিয়াৰ মাজত চাৰিটা পার্থক্য লিখা।

অভ্যাসপ্রতিবর্ত ক্রিয়া
১। অভ্যাস ব্যক্তিভেদে পৃথক পৃথক হয়। 
২। মানুহৰ জীৱনকালত অভ্যাসৰ পৰিবর্তন হয়।
৩। অভ্যাসৰ প্ৰভাৱ মানুহৰ গোটেই জীৱনলৈ থাকিব পাৰে।
৪। চৰিত্ৰ গঠনৰ ওপৰত ভাল অভ্যাসৰ কুপ্ৰভাৱ আৰু বদ অভ্যাসৰ কু-প্রভাৱ পৰে।
১। প্রতিবর্ত ক্রিয়া সকলো প্ৰাণীৰ ক্ষেত্রতে একে। 
২। প্রতিবর্ত ক্রিয়া সদায় অপৰিবৰ্তিত অৱস্থাত থাকে।
৩। প্রতিবর্ত ক্রিয়া ক্ষণস্থায়ী।
৪। চৰিত্ৰৰ ওপৰত প্ৰতিবর্ত ক্ৰিয়াৰ কোনো প্রভাৱ নাথাকে।

প্রশ্ন ৪। সহজাত প্রবৃত্তিৰ পৰিশোধনৰ পাঁচটা পদ্ধতি আলোচনা কৰা। 

 উত্তৰ: সহজাত প্রবৃত্তিৰ পৰিশোধনৰ পদ্ধতিসমূহ তলত আলোচনা কৰা হল।

(ক) অব্যৱহাৰ : আমাৰ ক্ষতিসাধন কৰিব পৰা অসৎ, অসামাজিক প্রবৃত্তিৰ প্ৰভাৱ, নির্মূল কৰিবৰ বাবে এই পদ্ধতিৰ সহায় ল’ব পাৰি। এই পদ্ধতিৰ মতে মানুহে যাতে অবাঞ্ছনীয় প্ৰবৃত্তিসমূহৰ প্ৰকাশৰ সুযোগ নাপায় তাৰ দিহা কৰা হয় ।

(খ) অৱদমন : কোনো প্রবৃত্তিৰ প্ৰকাশত প্রত্যক্ষভাৱে বাধাদান কৰাটোৱেই অবদমন কার্য। যিবোৰ প্ৰবৃত্তি ক্ষতিকাৰক, তেনে প্রবৃত্তিমূলক আচৰণ প্ৰকাশ নোপোৱাকৈ দমন কৰি ৰখা হয়।

(গ) পূর্ণ স্বাধীনতা ও সহজাত প্রবৃত্তিৰ পৰিশোধনৰ বাবে শাস্তি প্রদান নকৰি, স্বাভাবিক মুক্ত পৰিৱেশত স্বতঃস্ফূর্তভাৱে পৰিশোধন হ’বলৈ দিয়া প্রয়োজন। কঁচো, নেইল (Neilly আদি। শিক্ষাবিদসকল এনে নীতিৰ পক্ষপাতী।

(ঘ) বিৰেচন ঃ পৰিতৃপ্তিৰ বিকল্প পথ অৱলম্বন কৰিলে সেই প্রবৃত্তিবোৰ অবদমিত কৰি ৰখাৰ কুফলবোৰৰ পৰা হাত সাৰিব পাৰি। যেনে— কাজিয়া বা মাৰপিট কৰাটো সভ্য প্ৰকৃতিৰ আচৰণ নহয়। গতিকে প্রতিযোগিতাৰ মাধ্যমেৰে এই যুযুৎসা প্রবৃত্তিৰ পৰিতৃপ্তি সাধন কৰিব পৰা যায়। 

(ঙ) উন্নীতকৰণ ঃ প্রবৃত্তিৰ পৰিশোধনৰ সকলোতকৈ ভাল পদ্ধতি হ’ল উন্নীতকরণ। প্ৰবৃত্তি অবাঞ্ছিত ধৰণে পৰিতৃপ্তি কৰিবলৈ নিদি ব্যক্তি আৰু সমাজৰ কল্যাণ হোৱাকৈ সম্পাদন কৰা কাৰ্যাবলীৰ দ্বাৰা পৰিতৃপ্তি কৰোৱাকে উন্নীতকৰণ বোলা হয়। উদাহৰণস্বৰূপে যৌন প্রবৃি অন্তর্নিহিত শক্তিক সমাজৰ উন্নতিকল্পে ব্যৱহাৰ কৰিবলৈ হলে ব্যক্তিয়ে কবিতা লিখা, বিভিন্ন শিল্প কলা আদি কামত লিপ্ত কৰাৰ জৰিয়তে প্ৰকাশ কৰিব লাগিব। ই এক সামাজিক স্বীকৃতিপ্রাপ্ত

প্রশ্ন ৫। শিশুৰ প্ৰয়োজনবোৰ উল্লেখ কৰা। 

উত্তৰ : ব্যক্তি পাৰ্থক্য থকা সত্বেও প্ৰতিটো শিশুৰে মুখ্য প্রয়োজনীয়তা সার্বজনীন। বায়ু পানী, আহাৰ, আশ্রয়, নিদ্ৰা আৰু জিৰণি, যৌন ক্ষুধা আদিৰ প্ৰয়োজন প্ৰতিটো শিশুৱে অনুন কৰে। কিন্তু গৌণ প্ৰয়োজনসমূহ শিশুৰ ব্যক্তিগত প্রয়োজন, বয়স, স্থান আৰু বিভিন্ন কল ওপৰত নিৰ্ভৰ কৰে। প্ৰয়োজনসমূহ হ’ল: 

(ক) প্ৰতিটো শিশুৱে দৈহিক নিৰাপত্তাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে। 

(খ) প্ৰতিটো শিশুৱে সিহঁতৰ চিন্তা আৰু কৰ্মৰ বাবে স্বাধীনতাৰ প্ৰয়োজন অনুভৱ হয়

(গ) শিশুৱে চিন্তা আৰু কৰ্মত সদায়েই সক্রিয় অংশগ্ৰহণৰ প্ৰয়োজনীয়তা অনুভৱ করে 

(ঘ) শিশুৱে নিজৰ পছন্দৰ বস্তু সংগ্ৰহ কৰাৰ চাহিদা অনুভৱ কৰে।

(ঙ) শিশুৱে সমাজৰ আন ব্যক্তিসকলৰ পৰা স্বীকৃতি পোৱাটো বিচাৰে। 

(চ) শিশুৱে নিজৰ ঘৰ আৰু সমাজৰ মাজত নিৰাপত্তাৰ পৰিৱেশৰ প্ৰয়োজন অনুসা

প্রশ্ন ৬। মেকডুগালে উল্লেখ কৰা যি কোনো পাঁচটা প্ৰবৃত্তিৰ নাম লিখা।

উত্তৰ ঃ মনোবৈজ্ঞানিক মেকডুগলে মানুহৰ প্ৰবৃত্তিক ১৪ টা ভাগত ভাগ কৰিছে। প্ৰতি ভাগৰ লগত মানুহৰ আৱেগ জড়িত হৈ থাকে। সেইসমূহ হ’ল—

প্রবৃত্তিআৱেগ
১। পলায়ন
২। যুযুৎসা
৩। জুগুপ্সা 
৪। বাৎসল্য
৫। আবেদন
৬। সংগম
৭। কৌতূহল
৮। বশ্যতা, অধীনতা 
৯। আত্ম-প্রতিষ্ঠা, আগ্রহ
১০। যৌন প্রবৃত্তি
১১। খাদ্যান্বেষণ
১২। সংগ্রহ
১৩। সংগঠন
১৪। হাস্য
১। ভয়
২। ক্রোধ
৩। বিৰক্তি, ঘৃণা
৪। স্নেহ
৫। দুখ
৬। কাম, লালসা
৭। বিস্ময়, আশ্চর্য 
৮। আত্ম-বিলোপন, হীনমন্যতা
৯। আত্ম-গৰিমাবোধ
১০। নিঃসংগতা
১১। ক্ষুধা
১২। মালিকীস্বত্ববোধ, অধিকাৰিত্ব
১৩। সৃষ্টিৰ আনন্দ
১৪। বিনোদন

প্রশ্ন ৭। প্রবৃত্তি কি? ইয়াৰ পাঁচটা বৈশিষ্ট উল্লেখ কৰা। 

উত্তৰ : সহজাত প্রবৃত্তি হ’ল জীৱৰ স্বাভাৱিক অন্তর্নিহিত আৰু মৌলিক কৰ্ম-প্ৰৱণতা। পূর্ব-সংকল্পৰ দ্বাৰা পৰিচালিত নহৈ আৰু ফলাফল সম্পর্কে কোনো ধাৰণা নোহোৱাকৈ সহজাত প্রবৃত্তিয়ে কর্মত ব্রতী হোৱাত সহায় কৰে। এই ক্ষমতাৰ সহায়েৰে জীৱই কোনো শিক্ষা বা অভিজ্ঞতা আদি নোহোৱাকৈয়ে ব্যৱহাৰিক জীৱনৰ কামবোৰ নিয়মিতভাৱে সুচাৰুৰূপে সম্প কৰে। পৰিৱেশৰ ভিন্ন ভিন্ন পৰিস্থিতিৰ সন্মুখীন হৈ নিজৰ দেহ-মানসকি ক্ষমতাৰ জৰিয়তে প্রত্যুত্তৰ দিয়া কাৰ্য এই ক্ষমতাৰ জৰিয়তে সম্ভৱ হয়। আত্মৰক্ষা বা বংশৰক্ষাৰ কাৰণে প্ৰাণীয়ে স্বাভাৱিকতে যিবোৰ কাৰ্য কৰে সেইবোৰ সহজাত প্রবৃত্তিৰ অস্তৰ্গত। যেনে – চৰায়ে বাহ সাজে, মেকুৰীয়ে নিগনি ধৰে ইত্যাদি। মনোবিজ্ঞানী উইলিয়াম মেকডুগলে সহজাত প্রবৃত্তি সম্বন্ধে এনেদৰে সংজ্ঞা আগবঢ়াইছে – “যি স্বাভাৱিক প্ৰৱণতাই তাৰ অধিকাৰীক কোনো এক বিশেষ শ্রেণীৰ বিষয়ৰ প্রতি মনোনিৱেশ কৰায় আৰু সেই বিষয় অথবা বস্তুৰ বৰ্তমানত এক আবেগিক উত্তেজনা আৰু কৰ্মপ্ৰেৰণা অনুভৱ কৰায়, এক বিশেষ আচৰণ প্ৰদৰ্শনৰ বাবে প্ৰবৃত্ত কৰায় তাকে সহজাত প্রবৃত্তি বোলা হয়।

বৈশিষ্টাবোৰ  : সহজাত প্রবৃত্তিৰ কিছুমান বিশেষ বৈশিষ্ট্য হ’ল 

(১) সহজাত প্রবৃত্তি জন্মগত, ই শিক্ষা অভিজ্ঞতাৰ ফল নহয়।

(২) সহজাত প্রবৃত্তি জন্মলব্ধ হ’লেও শিক্ষাৰদ্বাৰা ইয়াৰ সংশোধন আৰু উন্নীতকৰণ কৰিব পাৰি। 

(৩) সহজাত প্রবৃত্তি পৰিচালিত ক্ৰিয়া আচৰণ আদি সচৰাচৰ অচেতন মনৰ পৰা উদ্ভৱ হয়।

(৪) অচেতন মনৰ সহজাত প্রবৃত্তিবোৰৰ উদ্দেশ্য ঘাইকৈ দুই প্ৰকাৰৰ হয়, যেনে – আত্মৰক্ষা সংক্রান্ত আৰু জাতি ৰক্ষা সংক্রান্ত। 

(৫) সকলোবোৰ সহজাত প্রবৃত্তিৰে অনুভৱ কাল গোটেই জীৱন জুৰি সমানে নাথাকে। কেতবোৰ প্ৰবৃত্তি শৈশৱত প্ৰৱল হৈ উঠি প্রাপ্তবয়স্ক কালত নোহোৱা হৈ পৰে।

(৬) প্রবৃত্তিমূলক আচৰণ বিশেষ বিশেষ জাতিৰ ক্ষেত্ৰত বিশেষ বিশেষ ধৰণৰ হ’ব পাৰে। 

(৭) সহজাত প্রবৃত্তিবোৰ সম্পূৰ্ণৰূপে নির্মূল কৰিব নোৱাৰি। শিক্ষা-দীক্ষাৰ জৰিয়তেপ্রবৃত্তিবোৰ পৰিৱৰ্তন আৰু পৰিশোধিত কৰিব পাৰি কিন্তু ধ্বংস কৰিব নোৱাৰি।

(৮) সহজাত প্রবৃত্তিবোৰ উদেশ্যধৰ্মী। যেনে– পলায়ন প্ৰবৃত্তিৰ গাঁৱত আত্মৰক্ষাৰ উদ্দেশ্য 

(৯) সহজাত প্রবৃত্তি আৰু আৱেগৰ মাজত এক গভীৰ সম্পৰ্ক লুকাই থাকে।

প্রশ্ন ৮। প্রবৃত্তিৰ শৈক্ষিক মূল্য নির্ণয় কৰা। 

উত্তৰ : সহজাত প্রবৃত্তিৰ শৈক্ষিক তাৎপর্য হ’ল— জৈৱিক প্রবৃত্তিৰ উন্নতীকৰণ অথবা উৎকর্ষ সাধনেই হৈছে সহজাত প্রবৃত্তি সংশোধনৰ সকলোতকৈ উত্তম উপায়। শিক্ষাৰ্থীৰ সহজাত জৈৱিক প্রবৃত্তিৰ উৎকৰ্ষ সাধন কৰাটোৱেঁই শিক্ষকৰ প্ৰধান কর্তব্য। সহজাত প্রবৃত্তিয়ে হ’ল শিশুৰ জীৱনৰ বিকাশৰ মূলমন্ত্র। এই সহজাত প্রবৃত্তিয়ে শিশুৰ আচৰণ নিয়ন্ত্ৰণ আৰু পৰিৱেশৰ লগত সমাযোজনত সহায়ক হিচাপে কাম কৰে। বয়স আৰু পৰিৱেশ অনুযায়ী শিক্ষার্থীসকলৰ মনত নানা প্রবৃত্তি শক্তিশালী হৈ উঠি সিহঁতৰ ক্ৰিয়া-আচৰণ প্ৰভাৱিত কৰে। গতিকে প্রতিজন শিক্ষকৰে শিশুৰ ক্ৰিয়া-আচৰণ প্ৰভাৱিত কৰা প্ৰবৃত্তি তথা প্রবৃত্তি সংলগ্ন আৱেগসমূহৰ বিষয়ে জ্ঞান থা দৰকাৰ। এই ক্ষেত্ৰত উইলিয়াম জেম্‌ছৰ মন্তব্যটি উল্লেখযোগ্য। তেওঁ মত প্ৰকাশ কৰিছিল যে শিক্ষাৰ দ্বাৰা সহজাত প্রবৃত্তি নিয়ন্ত্ৰণ আৰু পৰিৱৰ্তন কৰা সম্ভৱ হৈ উঠে৷ সেয়েহে এই শক্তিশালী প্ৰবৃত্তিসমূহৰ সৈতে পৰিচিত হৈ সিহঁতৰ স্বাভাৱিক তথা গঠনমূলক বিকাশত সহায় কৰিবৰ বাবে শিক্ষকে শিশুৰ প্ৰবৃত্তিগত প্রয়োজনৰ ওপৰত ভিত্তি কৰি শিক্ষা প্ৰদান কৰিব লাগে। শিক্ষাক অধিক ফলৱৰ্তী কৰি তুলিবৰ বাবে প্ৰবৃত্তিসমূহক ভালদৰে কামত লগাব লাগে। তাৰ বাবে প্রয়োজনীয় শিক্ষা বিষয়-পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰিব লাগে, সহ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে। উন্নত শিক্ষণ পদ্ধতি প্রয়োগ কৰিব লাগে আৰু ছাত্ৰ-ছাত্ৰীৰ ওপৰত কঠোৰ অনুশাসন প্ৰয়া কৰাৰ পৰিৱৰ্তে সিহঁতৰ মাজত আত্ম-অনুশাসনৰ ভাব গঢ়ি তুলিব লাগে। সহজাত প্রবৃত্তি উন্নীতকৰণৰ আঁচনিও শিক্ষানুষ্ঠানে গ্ৰহণ কৰিব লাগে। ছাত্ৰৰ মনত থকা ৰূপ অনুসৰি একোট বিশেষ বিষয়ৰ ওপৰত প্রকাশিত পুথি, আলোচনী আদি সংগ্ৰহৰ অভ্যাস গঢ়ি তুলিব লাগে একেদৰে শিক্ষানুষ্ঠানত শিক্ষকে শিশুৰ সহজাত প্রবৃত্তিসমূহ গঠনমূলকভাৱে প্রকাশ আৰু বিকাশ জৰিয়তে সিহঁতৰ ব্যক্তিসত্ত্বা সুস্থ আৰু সুন্দৰভাৱে গঢ়ি তোলাত সহায় কৰিব লাগে।

প্রশ্ন ৯। আৱেগৰ যিকোনো চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰ ঃ বৈশিষ্ট্যবোৰ আৱেগৰ স্বৰূপ সম্বন্ধে বুজিবলৈ ইয়াৰ বৈশিষ্ট্যসমূহ অধ্যয়ন আৱশ্যকতা আছে, সেইসমূহ হ’ল— 

১। আৱেগত দেহ আৰু মন উভয়ৰে প্রতিক্রিয়া পৰিলক্ষিত হয়।

২। আবেগিক উত্তেজনাই দেহ মনৰ স্বাভাৱিক অৱস্থাৰ কাৰ্য্য কলাপত পৰিবৰ্তন আনি দিয়ে। ৩। সহজাত প্রবৃত্তিৰ পৰা আৱেগ উদ্ভৱ হয়, গতিকে আৱেগ হৈছে প্ৰবৃত্তিৰ ওপৰত নিৰ্ভৰশীল। 

৪। আৱেগৰ সৃষ্টি নানা ধৰণৰ উদ্দীপকৰ বাবে হ’ব পাৰে।

প্রশ্ন ১০। আবেগ আৰু প্ৰবৃত্তিৰ মাজৰ পাৰ্থক্য নির্ণয় কৰা। 

উত্তৰ : (১) প্রবৃত্তিয়ে মানুহৰ ক্ৰিয়া প্ৰৱণতা জগাই তোলে কিন্তু আৱেগে মানুহৰ ভাব প্রবণতা জগাই তোলে।

(২) প্রবৃত্তি সুপ্ত আৰু নিষ্ক্রিয় অৱস্থাত থাকে কিন্তু আৱেগ ব্যক্তিৰ বাহ্যিক আচৰণত প্ৰকাশ পায়।

(৩) পৰিবেশৰ পৰিস্থিতিয়ে ব্যক্তিৰ মনত প্রবৃত্তিৰ সৃষ্টি কৰে কিন্তু প্রবৃত্তিৰ প্ৰৱণতাই আৱেগক ব্যক্তিৰ মনত সৃষ্টি কৰে। 

(৪) প্ৰতিটো প্ৰবৃত্তিৰ লগত একোটা আৱেগিক প্রক্রিয়া জড়িত হৈ থাকে আৰু প্ৰতিটো আৱেগৰ ক্ষেত্ৰতে একোটা প্রবৃত্তিগত উৎস সংলগ্নিত হৈ থাকে। 

(৫) আৱেগৰ বাবে প্ৰবৃত্তিৰ প্ৰয়োজন কিন্তু প্রবৃত্তিৰ বাবে আৱেগৰ প্ৰয়োজন নহ’বও পাৰে।

প্রশ্ন ১১। অভ্যাস বুলিলে কি বুজা? অভ্যাসৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা। 

উত্তৰ ঃ যিকোনো কাম একে নিয়মে বাৰে বাৰে কৰাৰ ফলত কামটোৰ বাবে আৰম্ভণিতে প্রয়োজন হোৱা ঐচ্ছিক ক্রিয়া অৱশেষত নিশ্চেষ্ট ক্ৰিয়াত পৰিণত হয়। তেনে অৱস্থাত আমাৰ মানসিক প্রস্তুতি ইচ্ছা, মনোযোগ অথবা সজাগতা নোহোৱাকৈ সুন্দৰভাৱেই কামটো সম্পাদন কৰিব পাৰি। এনে কৰ্ম প্ৰক্ৰিয়াৰ স্থায়ী অৱস্থাই হৈছে অভ্যাস। গতিকে অভ্যাসৰ ফলত কামটো ক্ৰমে সহজ হৈ পৰাৰ লগতে কাৰোঁতাৰ কৰ্ম নিপুণতা বৃদ্ধি পায় যাৰ ফলত কামটো আৰম্ভণিতকৈ কম কষ্ট আৰু কম সময়তে সম্পন্ন কৰিব পৰা হয়৷ গতিকে অভ্যাসৰ ফলত কামৰ আৰম্ভণিতে দেখা দিয়া অসুবিধা আৰু কঠিনতাৰ মাত্ৰা কমি আহি শেষত এনে এক অৱস্থাত উপনীত হয় যে কোনো বিশেষ দেহ মানসিক প্রস্তুতিৰ প্ৰয়োজন নোহোৱাকৈ অতি সহজে শুদ্ধভাৱে কামটো সম্পাদিত কৰিব পৰা হয়। অভ্যাসৰ ফলত আমাৰ স্বাভাৱিক প্রকৃতিগত দৈহিক ক্ৰিয়াবোৰ আপোনা আপুনি সম্পাদিত হোৱাৰ নিচিনাকৈ অভ্যাসসিদ্ধ কামবোৰ ঠিক তেনেকৈয়ে সম্পাদিত হোৱা বাবে অভ্যাসক দ্বিতীয় প্রকৃতি বুলিও কোৱা হয়। উদাহৰণস্বৰূপে গাড়ী চলোৱা, উল ওঠা, ৰাতিপুৱা সোনকালে শোৱাপাটী এবা ইত্যাদি।।

অভ্যাস দৈহিক আৰু মানসিক দুয়োবিধ ক্ৰিয়াৰ পৰাই গঠন হব পাৰে। দৈহিক ক্ৰিয়াসমূহ বাৰে বাৰে পুনৰাবৃত্তি হোৱাৰ ফলত মাংসপেশী আৰু স্নায়ুবোৰত তেনে কামৰ এক সহজ স্নায়ুপথ ৰচিত হয়। ফলত কামসমূহ দৈহিকভাৱে অকনো কষ্ট নোহোৱাকৈ কৰিব পৰা হয়, যেনে— সাঁতোৰা, খোজকঢ়া ইত্যাদি। দৈহিক পুনৰাবৃত্তিৰ লগে লগে প্রয়োজন হয় ব্যক্তিৰ মানসিক প্রস্তুতিৰ, আৱেগ-অনুভূতি আৰু অভিপ্ৰায়ৰ, যিবোৰ মানসিক ক্ৰিয়াৰ অন্তৰ্গত। দৈহিক ক্ৰিয়াৰ দৰে মানসিক কাৰ্যৰ পুনৰাবৃত্তিও অভ্যাসৰ গঢ় দিয়ে। উদাহৰণ স্বৰূপে – পৰচৰ্চা কৰা, হকে-বিহকে খং কৰা, সন্দেহ কৰা আদি মানসিক ক্ৰিয়াৰ পুনৰাবৃত্তিৰ ফলত জন্ম হোৱা অভ্যাস।

অভ্যাসৰ বৈশিষ্টা অভ্যাস বা অভ্যস্ত ক্রিয়াৰ কিছুমান বিশেষ আছে, সেইসমূহ হ’ল

১) অভ্যাস জন্মগত নহয়, ই হৈছে কর্ম সম্পাদনৰ বাবে আর্জিত ক্ষমতা।

২) অভ্যাসে কৰ্মৰ নিপুণতা বৃদ্ধি কৰে। 

৩) অভ্যাসে কর্ম সম্পাদনৰ বাবে সময়ৰ পৰিমাণ চমুৱাই আনে আৰু ভুলৰ পৰিমাণ নাইকিয়া কৰে।

৪) অভ্যাসৰ ফলত বিশেষ মনোযোগ নিদিয়াকৈ যন্ত্ৰৰ দৰেই কার্য সম্পাদন কৰিব পাৰি।

৫) অভ্যাস থাকিলে একে সময়তে একাধিক কাৰ্যৰ প্রতি মনোযোগ দিব পাৰি। 

৬) অভ্যাস যিমানে পুৰণি হয় সিমানে শক্তিশালী হয়।

(৭) অভ্যাসৰ ফলত কাষ্টকৰ কামো কষ্ট অনুভব নকৰাকৈ সমাপন কৰিব পাৰি। 

৮) অভ্যাসৰ পৰিৱৰ্তনহীনতাই বাক্তিক ৰক্ষণশীল মনৰ অধিকাৰী কৰি গঢ়ি তোলে।

৯) অভ্যাসৰ ফলত ব্যক্তিৰ ইচ্ছাশক্তি ক্রমশঃ দূৰ্বল হৈ পৰে আৰু বিচাৰ শক্তি লোপ পায়। 

১০) অভ্যাসৰ যোগেদি ব্যক্তিৰ চৰিত্ৰ আৰু ব্যক্তিত্বও ফুটি উঠে। 

প্রশ্ন ১২ অভ্যাস গঠনৰ নীতিসমূহৰ বিষয়ে উল্লেখ কৰা। কু অভ্যাস কেনেকৈ ধবংস কৰিবা 

উত্তৰ : একে ধৰণৰ পৰিস্থিতিত একে ধৰণৰ কামৰ পুনৰাবৃত্তিয়ে হ’ল অভ্যাস। এই অভ্যাস দুইপ্ৰকাৰৰ হ’ব পাৰে। সজ অভ্যাস আৰু বদ অভ্যাস। অভ্যাস গঠনৰ প্ৰস্তুতিকালত ব্যক্তিয়ে কেতবোৰ বিশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিব লাগে। অভ্যাস গঠনৰ সময়ত আমাৰ স্বাভাৱিক প্রবৃত্তি প্ৰৱণতাবোৰ বিশেষভাৱে দমন আৰু নিয়ন্ত্রণ কৰিবলগা হয়। গতিকে অভ্যাস গঠনৰ সময়ত কিছুমান নীতি বিশেষভারে মানি চলা উচিত, সেই নীতিসমূহ হ’ল— 

(১) কোনো এক নতুন অভ্যাস গঠন কৰিবলৈ মনত দৃঢ়সংকল্পৰ প্ৰয়োজন। যি নতুন অভ্যাস গঠন কৰিবলৈ বিচৰা হয় তাৰ সুফল সম্পর্কে শিশুক প্রতায় মনাব পাৰিলে শিশুসকলে সেই অভ্যাস গঠন কৰিবলৈ মানসিকভাৱে প্ৰস্তুত হ’ব আৰু দৃঢ়সংকল্পৰে কাম আৰম্ভ কৰিব।

(২) বিভিন্ন অজুহাত দেখুৱাই অভ্যাস গঠনৰ বাবে কাম আৰম্ভ নকৰাকৈ ৰৈ থাকিব নালাগে। মনত সংকল্প গ্রহণ কৰাৰ লগে লগে কাম আৰম্ভ নকৰিলে পাছলৈ মনৰ দৃঢ়তা কমি যায় আৰু কেতিয়াবা অভ্যাস গঠন নহয়গৈ।

(৩) অভ্যাস গঠনৰ বাবে পুনৰাবৃত্তিৰ প্ৰয়োজন আৰু ই সময় লয়। অভ্যাস ভালকৈ গঢ়ি নুঠা পর্যন্ত কামৰ পুনৰাবৃত্তিৰ ব্যৱস্থা কৰাব লাগে।

(৪) অভ্যাস গঠনৰ বাবে শিশুক মানসিকভাৱে প্ৰস্তুত কৰাত যুক্তিতকৈ অবেগ বেছি কাৰ্যকৰী। গতিকে সজ অভ্যাস গঠনৰ বাবে শিশুৰ অনুভূতি জগাই তুলিবলৈ যত্ন কৰিব লাগে আৰু প্ৰতি স্তৰত প্ৰেৰণা যোগাই সিহঁতৰ মানসিক শক্তি অটুট ৰখাৰ ব্যৱস্থা কৰিব লাগে

(৫) বাল্যকালেই অভ্যাস গঠনৰ বাবে উপযুক্ত সময়। কম বয়সীয়া ল’ৰা-ছোৱালীয়ে দৈহিক পুনৰাবৃত্তিৰ দ্বাৰা সহজে অভ্যাস গঠন কৰিব পাৰে। কিন্তু বয়সস্থ লোকে নোৱাৰে। 

(৬) অভ্যাস গঠন কালত কোনো ব্যতিক্রম বা অনিয়ম হ’ব নালাগে। যিটো কামৰ পুণৰাবৃত্তিৰে অভ্যাস গঠন হয়, কিবা অজুহাত দেখুৱাই মাজে মাজে কাম নকৰকৈ থাকিলে নতুন অভ্যাস গঠনৰ চেষ্টা ফলৱৰ্তী নহ’বও পাৰে। আৰম্ভণিৰ মানসিক দৃঢ়তা আৰু উদ্যম এনে অনিয়মৰ ফলত হ্রাস পোৱাৰ সম্ভাৱনা থাকে। 

(৭) সজ অভ্যাস গঠনৰ বাবে ঘৰ আৰু বিদ্যালয়ত উপযুক্ত পৰিৱেশ সৃষ্টি কৰাৰ প্রয়োজন৷ পৰিৱেশ উন্নত নহ’লে শিশুৰ সজ অভ্যাস গঠনৰ বাবে চলোৱা সকলো প্ৰচেষ্টা অথলে যাব পাৰে।

(৮) সজ অভ্যাস গঠন হোৱাৰ বাবে পুৰস্কৃত কৰা আৰু বেয়া অভ্যাস ওচাবৰ কাৰণে শিশুৰ বয়স আৰু প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি শাস্তিৰ ব্যৱস্থা কৰা উচিত। অৱশ্যে তেওঁলোকৰ দুই এটা সাধাৰণ কু-অভ্যাস দেখিলেই মন ভাঙি যোৱাকৈ সমালোচনা কৰা বা অতিমাত্রা শাস্তি বিধান কৰাও অনুচিত।

কু-অভ্যাস ধ্বংস কৰিবৰ বাবে

কু-অভ্যাস ত্যাগৰ উপায়  সজ অভ্যাস গঠন কৰা যিদৰে কঠিন কাম ঠিক তেনেদৰে স্থায়ী ৰূপ লোৱা বদ অভ্যাস ত্যাগ কৰাটোও সমানেই কঠিন কাম। বদ অভ্যাস দূৰ কৰিবৰ বাবে কিছুমান বিশেষ বৈশিষ্ট্যৰ প্ৰয়োজন, সেইসমূহ হ’ল— 

১) কু-অভ্যাসৰ কু-পৰিণতিৰ বিষয়ে প্রথমেই মানসিক সজাগতা আনিব লাগিব। এনে সজাগতাই কু-অভ্যাস পৰিত্যাগ কৰাৰ প্ৰয়োজনীয় হোৱা মানসিক প্রস্তুতিত সহায় কৰে। 

২) এনে মানসিক সজাগতা অহাৰ মুহূৰ্তৰ পৰাই কু-অভ্যাসৰ পুনৰাবৃত্তি সম্পূৰ্ণৰূপে ত্যাগ কৰা

৩) কু অভ্যাস ত্যাগ কৰাৰ লগে লগে তাৰ অনুৰূপ ব্যৱস্থা হিচাপে বিপৰীত ধৰণৰ সজ অভ্যাস গঠনৰ চেষ্টা কৰা উচিত।

৪) অসুস্থ পৰিৱেশে কু-অভ্যাস গঠনত সহায় কৰে। গতিকে কু-অভ্যাস ত্যাগ কৰিব বাবে পৰিৱেশনৰ পৰিৱর্তন অথবা উন্নতি সাধন কৰাৰ প্রয়োজন।

৫) কু-অভ্যাসে স্থায়ী ৰূপ ল’লে তাক দূৰ কৰিবলৈ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। কিয়নো গনডাইকৰ ফলাফলৰ নীতি মতে ক্ৰিয়াৰ দুখজনক পৰিণতিকে তাৰ পুনৰাবৃত্তিত বাধা প্ৰদান কৰে। 

প্রশ্ন ১৩। অফ সৰ বৈশিষ্ট্যবোৰ কি কি? ভাল অভ্যাস কেনেকৈ গঠন কৰিব পাৰি

উত্তৰ : অ্যাসৰ বৈশিষ্ট্য: অভ্যাস বা অভ্যস্ত ক্ৰিয়াৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে, 

সেইসমূহ হ’ল

১) অভ্যা। জন্মগত নহয়, ই হৈছে কর্ম সম্পাদনৰ বাবে আর্জিত ক্ষমতা। 

২) অভ্যাস কৰ্মৰ নিপুণতা বৃদ্ধি কৰে।

৩) অংাসে কর্ম সম্পাদনৰ বাবে সময়ৰ পৰিমাণ চমুৱাই আনে আৰু ভুলৰ পৰিমাণ নাইকিয়া কৰে।

(৪) অভ্যাসৰ ফলত বিশেষ মনোযোগ নিদিয়াকৈ যন্ত্ৰৰ দৰেই কার্য সম্পাদন কৰিব পাৰি। 

(৫) অভ্যাস থাকিলে একে সময়তে একাধিক কাৰ্যৰ প্রতি মনোযোগ দিব পাৰি।

৬) অভ্যাস যিমানে পুৰণি হয় সিমানে শক্তিশালী হয়। (৭) অভ্যাসৰ ফলত কষ্টকৰ কামো কষ্ট অনুভৱ নকৰাকৈ সমাপন কৰিব পাৰি।

(৮) অভ্যাসৰ পৰিৱৰ্তনহীনতাই ব্যক্তিক বক্ষণশীল মনৰ অধিকাৰী কৰি গঢ়ি তোলে। 

৯) অভ্যাসৰ ফলত ব্যক্তিৰ ইচ্ছাশক্তি ক্ৰমশঃ দুৰ্বল হৈ পৰে আৰু বিচাৰ শক্তি লোপ পায়। 

১০) অভ্যাসৰ যোগেদি ব্যক্তিৰ চৰিত্ৰ আৰু ব্যক্তিত্বও ফুটি উঠে।

ভাল অভ্যাস গঠন কৰিবৰ বাবে

(১) কোনো এক নতুন অভ্যাস গঠন কৰিবলৈ মনত দৃঢ়সংকল্পৰ প্ৰয়োজন। যি নতুন অভ্যাস গঠন কৰিবলৈ বিচৰা হয় তাৰ সুফল সম্পর্কে শিশুক প্রত্যয় মনাব পাৰিলে শিশুসকলে সেই অভ্যাস গঠন কৰিবলৈ মানসিকভাৱে প্ৰস্তুত হ’ব আৰু দৃঢ়সংকল্পৰে কাম আৰম্ভ কৰিব। 

(২) বিভিন্ন অজুহাত দেখুৱাই অভ্যাস গঠনৰ বাবে কাম আৰম্ভ নকৰাকৈ ৰৈ থাকিব নালাগে। মনত সংকল্প গ্রহণ কৰাৰ লগে লগে কাম আৰম্ভ নকৰিলে পাছলৈ মনৰ দৃঢ়তা কমি যায় আৰু কেতিয়াবা অভ্যাস গঠন নহয়গৈ। 

(৩) অভ্যাস গঠনৰ বাবে পুনৰাবৃত্তিৰ প্ৰয়োজন আৰু ই সময় লয়। অভ্যাস ভালকৈ গঢ়ি নুঠা পর্যন্ত কামৰ পুনৰাবৃত্তিৰ ব্যৱস্থা কৰাব লাগে।

( ৪) অভ্যাস গঠনৰ বাবে শিশুক মানসিকভাৱে প্ৰস্তুত কৰাত যুক্তিতকৈ অবেগ বেছি কৰ্য ৰী। গতিকে সজ অভ্যাস গঠনৰ বাবে শিশুৰ অনুভূতি জগাই তুলিবলৈ যত্ন কৰিব লাগে আৰু প্ৰতি স্তৰত প্ৰেৰণা যোগাই সিহঁতৰ মানসিক শক্তি অটুট ৰখাৰ ব্যৱস্থা কৰিব

(৫) বাল্যকালেই অভ্যাস গঠনৰ বাবে উপযুক্ত সময়। কম বয়সীয়া ল’ৰা-ছোৱালীয়ে দৈহিক পুনৰাবৃত্তিৰ দ্বাৰা সহজে অভ্যাস গঠন কৰিব পাৰে। কিন্তু বয়সস্থ লোকে নোৱাৰে।

(৬) অভ্যাস গঠন কালত কোনো ব্যতিক্রম বা অনিয়ম হ’ব নালাগে। যিটো কামৰ পুণৰাবৃত্তিৰে অভ্যাস গঠন হয়, কিবা অজুহাত দেখুৱাই মাজে মাজে কাম নকৰ?ৈ থাকিলে নতুন অভ্যাস গঠনৰ চেষ্টা ফলৱৰ্তী নহ’বও পাৰে। আৰম্ভণিৰ মানসিক দৃঢ়তা থাক উদ্যম এনে অনিয়মৰ ফলত হ্রাস পোৱাৰ সম্ভাৱনা থাকে। 

(৭) সজ অভ্যাস গঠনৰ বাবে ঘৰ আৰু বিদ্যালয়ত উপযুক্ত পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়োজন। পৰিৱেশ উন্নত নহ’লে শিশুৰ সজ অভ্যাস গঠনৰ বাবে চলোৱা সকলো প্রচেষ্টা অথলে যাব পাবে।

(৮) সজ অভ্যাস গঠন হোৱাৰ বাবে পুৰস্কৃত কৰা আৰু বেয়া অভ্যাস গুচাবৰ কাৰণে শিশুৰ বয়স আৰু প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি শাস্তিৰ ব্যৱস্থা কৰা উচিত। অৱশ্যে তেওঁলোকৰ দুই এটা সাধাৰণ কু-অভ্যাস দেখিলেই মন ভাঙি যোৱাকৈ সমালোচনা কৰা বা অতিমাত্রা শাস্তি বিধান কৰাও অনুচিত। 

প্রশ্ন ১৪ প্রয়োজন বুলিলে কি বুজা? প্ৰয়োজনৰ শৈক্ষিক তাৎপর্য বর্ণনা কৰা।

উত্তৰ : প্ৰয়োজন হৈছে সাধাৰণ আৱশ্যকতা। সকলোধৰণৰ আচৰণৰ মূলতে হৈছে এই প্রয়োজন। যেতিয়া ব্যক্তিয়ে কোনোধৰণৰ অভাৱ অনুভৱ কৰে, তেতিয়া সেই অভাৱ পূৰ কৰিবলৈ উদ্যত হয়। এনেদৰে অভাৱে জন্ম দিয়ে প্রয়োজনৰ। প্রয়োজনক দুটা ভাগত ভাগ কৰিব পাৰি, যেনে মুখ্য প্রয়োজন আৰু গৌণ প্রয়োজন। মুখ্য প্রয়োজনসমূহৰ ভিতৰত জৈৱিক বা দৈহিক প্রয়োজনসমূহ অন্তর্ভুক্ত। প্রতি জীৱই নিজৰ

ৰক্ষা আৰু জাতি ৰক্ষাৰ বাবে ইয়াক অনুভৱ কৰে। এই প্রয়োজনবোৰ দেহৰ ভিতৰত হোৱা ৰাসায়নিক ক্রিয়া আৰু পৰিৱৰ্তনৰ বাবে দেখা দিয়ে। ইয়াৰ ফলত জীৱই এক অভাৱৰ তীব্রতা দেহ-মনত অনুভৱ কৰে। এই অভাৱ পূৰণ নোহোৱালৈকে এক অশাস্ত আৰু অস্বাভাৱিক অৱস্থাই জীৱক আমনি দিয়ে। উদাহৰণস্বৰূপে, খাদ্যৰ অভাৱত অনুভৱ কৰা ভোক, পানীৰ অভাৱত পিয়াহ আৰু বায়ুৰ অভাৱত উশাহ নিশাহ লোৱাৰ অসুবিধা ইত্যাদি। এই দৈহিক প্রয়োজনবোৰ শৰীৰৰ ভিতৰত হোৱা ৰাসায়নিক ক্ৰিয়াৰ দ্বাৰা উদ্ভৱ হয়। দৈহিক প্ৰয়োজনৰ ভিতৰত যৌন প্রয়োজন এক গুৰুত্বপূৰ্ণ। তেনেকৈ সুস্থ দেহৰ বাবে বিশ্ৰামৰ প্ৰয়োজন, নিদ্ৰাৰ প্ৰয়োজন ইত্যাদি। এই দৈহিক প্ৰয়োজনবোৰ সহজাত বিধৰ হয়। শিক্ষাৰদ্বাৰা কিছু পৰিমাণে ই প্ৰভাৱিত হ’লেও ই শিক্ষালব্ধ নহয়। গৌণ প্রয়োজনৰ ভিতৰত মানসিক আৰু সামাজিক প্রয়োজনসমূহ অন্তর্ভুক্ত। উচ্চ শ্ৰেণীৰ প্ৰাণী হিচাপে বিশেষকৈ মানুহৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে এই মানসিক আৰু সামাজিক প্ৰয়োজনৰ গুৰুত্ব বৰ বেছি। নিঃসংগ অৱস্থাত আনলোকৰ সংস্পৰ্শৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয়। জ্ঞানৰ অভাৱ পূৰণৰ বাবে অধ্যয়ন কৰিবলৈ বিচৰা হয়। সু-জীৱন যাপন কৰিবৰ বাবে মৰম-চেনেহ আৰু ভাল পোৱা আদিৰ প্ৰয়োজন। তেনেদৰে সামাজিক জীৱন যাপন কৰিবলৈ ব্যক্তিৰ প্ৰয়োজন হয় মান-সন্মান, ক্ষমতা, স্বাধীনতা, ধন-সম্পত্তি ইত্যাদিৰ। ব্যক্তিৰ সু-সামঞ্জস্যপূর্ণ ব্যক্তিত্ব বিকাশৰ বাবে এই মানসিক আৰু সামাজিক প্ৰয়োজনসমূহ পূৰণ কৰাটো গুৰুত্বপূর্ণ। এই প্রয়োজনসমূহ শিক্ষাৰদ্বাৰা প্ৰভাৱিত হোৱা বাবে ইয়াৰ বিকাশ সম্ভৱ হৈ উঠে।

 প্রয়োজনৰ শৈক্ষিক তাৎপর্য :

প্রয়োজনৰ যথেষ্ট শৈক্ষিক তাৎপর্য আছে। মানুহৰ বাহিৰে আন প্ৰাণীসমূহৰ প্ৰয়োজনসমূহ গতানুগতিক আৰু নতুনত্বহীন। তেনেবোৰ জীৱৰ প্ৰয়োজনসমূহৰ কোনো বিশেষ পৰিৱৰ্তন হোৱা পৰিলক্ষিত নহয় ৷ জীৱ-জন্তুবোৰৰ এই প্রয়োজনসমূহ সহজ সৰল আৰু সীমিত বিধৰ। তাক নিজ নিজ পৰিবেশত জীৱ জন্তুবোৰে স্বাভাৱিকভাৱেই পূৰণ কৰিব পাৰে। কিন্তু জীৱশ্ৰেষ্ঠ মানুহৰ এই প্ৰয়োজনসমূহ অধিকসংখ্যক, ভিন্নমুখী আৰু জটিলবিধৰ। এই সকলোবোৰ প্ৰয়োজন নিজ নিজ পৰিবেশত যথাযথভাৱে পূৰণ কৰাটো সম্ভৱ নহয়৷ আমাৰ সমাজ ব্যৱস্থাই সকলোবোৰ প্ৰয়োজন আৰু প্ৰেৰণা তাৰ জৈৱিক ৰূপত পূৰ্ণ হোৱাটো নিবিচাৰে। সমাজৰ গ্রহণযোগ্য নীতি নিয়ম আৰু আদৰ্শ ৰক্ষা কৰিহে এই সমূহ পূৰণ কৰিব লাগে। সেয়েহে শিক্ষাই ছাত্র-ছাত্রীক জৈৱিক প্ৰয়োজন আৰু প্ৰেৰণাসমূহ সংশোধিত, নিয়ন্ত্ৰিত আৰু পৰিমাৰ্জিত ৰূপত পূৰণত সহায় কৰে। শিশুৰ শিক্ষা পৰিবেশত তাৰ মৌলিক দেহ-মানসিক প্রয়োজনবোৰ সংশোধিত আৰু গ্ৰহণযোগ্য ৰূপত পূৰ্ণৰ ব্যৱস্থা কৰাটো অতি গুৰুত্বপূৰ্ণ কথা। শিশু আচৰণ সমস্যামুক্ত আৰু অৱদমিত নকৰি স্বতঃস্ফুর্ত বিধৰ কৰি তুলিবলৈ শিক্ষাত নতুন নতুন শিক্ষা পদ্ধতিৰ উদ্ভাৱন কৰি তোলা হৈছে। এইবোৰৰ মূল উদ্দেশ্য হ’ল শিশু প্ৰৱণতা আৰু প্ৰয়োজনবোৰ সংশোধিত কৰি সমাজৰ গ্ৰহণযোগ্য ৰূপত পূৰণৰ বাবে যথাযথ ব্যৱস্থা কৰা আৰু ইয়াৰ জৰিয়তে শিশুসকলৰ সুস্থ আৰু শক্তিশালী ব্যক্তিত্ব গঢ়ি তোলাত সহায় কৰা৷ 

প্রশ্ন ১৫। প্ৰেৰণা কি?  ইয়াৰ বৈশিষ্ট্যসমূহ লিখা। প্ৰেৰণাৰ শৈক্ষিক তাৎপর্য নিৰ্ণয় কৰা।

 উত্তৰ ঃ আমাৰ দৈহিক আৰু মানসিক প্রয়োজন পূৰাবৰ বাবে মনত যি অদম্য গতিশীল আৰু কর্মমুখৰ অৱস্থাৰ সৃষ্টি হয় তাকেই মনোবৈজ্ঞানিকসকলে প্ৰেৰণা আখ্যা দিছে৷ ই প্ৰাণীৰ ভিতৰত থকা এক আভ্যন্তৰীণ প্রচেষ্টা। প্ৰেৰণাই আমাক জৈৱিক আৰু মানসিক দাবী পূৰণ কৰিবৰ বাবে এক অস্তনির্হিত শক্তিৰ যোগান ধৰি কাৰ্যত প্রবৃত্ত কৰে। সেয়েহে প্রয়োজনৰ তাড়নাত সৃষ্টি হোৱা ক্ৰিয়া প্ৰৱণ আৰু গতিশীল মানসিক অৱস্থাকে প্ৰেৰণা বোলা হয়। প্ৰেৰণা জীৱনৰ প্ৰয়োজন, অভিপ্রায়, লক্ষ্য বা উদ্দেশ্যৰ দ্বাৰা পৰিচালিত হয়। পৰীক্ষাত কৃতকাৰ্য হোৱাৰ অভিপ্রায়ে ছাত্রক অধ্যয়নৰ প্ৰেৰণা দিয়ে। প্ৰেৰণা সেয়েহে উদ্দেশ্য প্রণোদিত আৰু ই দৈহিক-মানসিক দুয়োবিধ কাৰণতে হ’ব পাৰে। দৈহিক প্ৰেৰণাৰ কাৰণ হ’ল ক্ষুধা, তৃষ্ণা, যৌন লালসা আদি পূৰণৰ বাবে সৃষ্টি হোৱা প্ৰেৰণাসমূহ। সেই দৰে আনন্দ, কৃতকার্যতা, সম্মান, গৌৰৱ আদিৰ বাবে মনত সৃষ্টি হোৱা প্ৰেৰণা হ’ল মানসিক প্ৰেৰণাৰ কাৰণ।

প্ৰেৰণাৰ কেতবোৰ বৈশিষ্ট্য হ’ল—

(১) প্ৰেৰণা হ’ল জীৱৰ দেহ-মানসিক প্রয়োজন পূৰ্ণৰ কাৰণে এক অন্তর্নিহিত শক্তি যিয়ে কৰ্মত প্রবৃত্ত হোৱাত সদায় সহায় কবে। 

(২) প্ৰেৰণা জীৱৰ প্ৰয়োজন, অভিপ্রায়, উদ্দেশ্যৰ দ্বাৰা পৰিচালিত হয়। উদাহৰণ স্বৰূপে— পৰীক্ষাত কৃতকাৰ্য হোৱাৰ অভিপ্রায়ে ছাত্রক অধ্যয়নৰ প্ৰেৰণা যোগায়।

(৩) প্ৰেৰণাসমূহৰ স্বাভাৱিক প্রকাশত বাধাপ্রাপ্ত হ’লে কেতিয়াবা মানসিক দ্বন্দ্ব আৰু কেতিয়াবা দেহ-মানসিক জটিলতাৰো সৃষ্টি হোৱা দেখা যায়।

(৪) প্ৰেৰণা দৈহিক আৰু মানসিক দুয়ো প্ৰকাৰৰে হ’ব পাৰে। ক্ষুধা, তৃষ্ণা আদি দৈহিক প্ৰেৰণাৰ কাৰণ ঠিক তেনেদৰে আনন্দ, গৌৰৱ আদি উপলব্ধি কৰাতো মানসিক প্ৰেৰণাৰ কাৰণ।

প্ৰেৰণাৰ শৈক্ষিক তাৎপর্য :

প্ৰেৰণাৰ যথেষ্ট শৈক্ষিক তাৎপর্য আছে। আমি শিক্ষা লাভ কৰিবলৈ পোৱা উদ্যমখিনিয়ে হ’ল প্ৰেৰণা৷ প্ৰেৰণাই কাম-কাজ নিয়াৰি তথা সুচাৰুভাৱে সম্পাদন কৰিবলৈ আমাক অনুপ্ৰেৰণা যোগায়। শিক্ষাৰ জৰিয়তে শিশুসকলৰ জৈৱিক প্ৰেৰণাক গতানুগতিক অৱস্থাৰ পৰা উন্নত পৰ্যায়লৈ নিব পাৰি। শিক্ষালাভ কৰা শিক্ষাৰ্থীৰ প্ৰকাশভংগী সংযত সুৰুচিপূৰ্ণ আৰু শালীন • হোৱাৰ সম্ভাৱনা অধিক থাকে। এজন শিক্ষালাভ কৰা আৰু আন এজন শিক্ষা লাভ নকৰা ব্যক্তিৰ মাজত নিহিত থকা ক্ষুধা, তৃষ্ণা, যৌন প্ৰৱণতা একে ধৰণৰ যদিও ইয়াৰ প্ৰকাশৰ ক্ষেত্ৰত যথেষ্ট ভিন্নতা পৰিলক্ষিত হয়। এই ভিন্নতাৰ কাৰণ হ’ল শিক্ষাৰ ফলত ব্যক্তিয়ে সমাজ স্বীকৃতভাৱে নিজৰ জৈৱিক প্ৰেৰণাসমূহ প্রকাশ কৰিব সক্ষম হয়।

প্রশ্ন ১৬। অভিপ্রায় বুলিলে কি বুজায় ? ইয়াৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ : অভিপ্ৰায় হৈছে যি আমাক কৰ্মৰ প্ৰতি উচটাই দিয়ে অথবা অনুপ্রাণিত কৰে। অভিপ্ৰায়ৰ লগত কিছুমান অনুভূতি আৰু লক্ষ্যত উপনীত হোৱাৰ আগ্ৰহ বা চেষ্টা জড়িত হৈ থাকে। শিক্ষকে ছাত্ৰৰ মাজত থকা অভিপ্রায়সমূহ জনি লৈ শিক্ষাদান কৰিলে অধিক সুফল পাব পাৰে। মনোবৈজ্ঞানিসকলৰ মতে অভিপ্রায় শিক্ষা, অভিজ্ঞতা আৰু পৰিৱেশৰ দ্বাৰা প্ৰভাৱান্বিত হয় আৰু ইয়াত জৈৱিক তাড়না সিমান শক্তিশালী নহয়। অভিপ্রায় দেহ-মানসিক পৈণতাৰ ওপৰতো নিৰ্ভৰ কৰে। অভিপ্রায় শিক্ষামূলক আৰু শিক্ষাহীন দুয়োবিধে হ’ব পাৰে। যিকোনো বিষয়ত সহজে আৰু শুদ্ধভাৱে শিক্ষণ লাভৰ ক্ষেত্ৰত অভিপ্ৰায়ৰ ভূমিকা অসীম।

মানুহৰ অভিপ্রায় নিহিত আচৰণৰ কিছুমান বৈশিষ্ট্য হ’ল– 

(১) অভিপ্রেত আচৰণ স্বতঃস্ফূর্ত আৰু মুক্ত।

(২) অভিপ্রেত আচৰণ ব্যক্তিৰ সম্পূৰ্ণ আয়ত্তৰ ভিতৰত থকা বাবে ইয়াৰ সংশোধন ব্যক্তিৰ নিজ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। 

(৩) অভিপ্ৰেত কাৰ্যৰ পাতনিতে উদ্দীপকৰ প্ৰভাৱ অনুভূত হয়; অৱশ্যে পাছলৈ ইয়াৰ প্ৰভাৱ হ্রাস পাই আহে।

(৪) অভিপ্ৰেত কাৰ্য পুনৰাবৃত্তিৰ ফলত ই অভ্যাসত পৰিণত হ’ব পাৰে। 

(৫) অভিপ্রেত আচৰণ ব্যক্তিৰ উদ্দেশ্য বা লক্ষ্যৰ দ্বাৰা পৰিচালিত হয়।

প্রশ্ন ১৭। চমুটোকা লিখা

(ক) প্ৰয়োজন (খ) প্ৰেৰণা (গ) প্রবৃত্তি (ঘ) অভ্যাস (ঙ) প্রতিবর্ত ক্রিয়া (চ) উন্নীতকৰণ 

উত্তৰ:

ক) প্ৰয়োজন

প্ৰয়োজন হৈছে সাধাৰণ আৱশ্যকতা। সকলোধৰণৰ আচৰণৰ মূলতে হৈছে এই প্রয়োজন। যেতিয়া ব্যক্তিয়ে কোনোধৰণৰ অভাৱ অনুভৱ কৰে, তেতিয়া সেই অভাৱ পূৰ কৰিবলৈ উদ্যত হয়। এনেদৰে অভাৱে জন্ম দিয়ে প্রয়োজনৰ। প্রয়োজনক দুটা ভাগত ভাগ কৰিব পাৰি, যেনে মুখ্য প্রয়োজন আৰু গৌণ প্রয়োজন। মুখ্য প্রয়োজনসমূহৰ ভিতৰত জৈৱিক বা দৈহিক প্রয়োজনসমূহ অন্তর্ভুক্ত। প্রতি জীৱই নিজৰ

ৰক্ষা আৰু জাতি ৰক্ষাৰ বাবে ইয়াক অনুভৱ কৰে। এই প্রয়োজনবোৰ দেহৰ ভিতৰত হোৱা ৰাসায়নিক ক্রিয়া আৰু পৰিৱৰ্তনৰ বাবে দেখা দিয়ে। ইয়াৰ ফলত জীৱই এক অভাৱৰ তীব্রতা দেহ-মনত অনুভৱ কৰে। এই অভাৱ পূৰণ নোহোৱালৈকে এক অশাস্ত আৰু অস্বাভাৱিক অৱস্থাই জীৱক আমনি দিয়ে। উদাহৰণস্বৰূপে, খাদ্যৰ অভাৱত অনুভৱ কৰা ভোক, পানীৰ অভাৱত পিয়াহ আৰু বায়ুৰ অভাৱত উশাহ নিশাহ লোৱাৰ অসুবিধা ইত্যাদি। এই দৈহিক প্রয়োজনবোৰ শৰীৰৰ ভিতৰত হোৱা ৰাসায়নিক ক্ৰিয়াৰ দ্বাৰা উদ্ভৱ হয়। দৈহিক প্ৰয়োজনৰ ভিতৰত যৌন প্রয়োজন এক গুৰুত্বপূৰ্ণ। তেনেকৈ সুস্থ দেহৰ বাবে বিশ্ৰামৰ প্ৰয়োজন, নিদ্ৰাৰ প্ৰয়োজন ইত্যাদি। এই দৈহিক প্ৰয়োজনবোৰ সহজাত বিধৰ হয়। শিক্ষাৰদ্বাৰা কিছু পৰিমাণে ই প্ৰভাৱিত হ’লেও ই শিক্ষালব্ধ নহয়। গৌণ প্রয়োজনৰ ভিতৰত মানসিক আৰু সামাজিক প্রয়োজনসমূহ অন্তর্ভুক্ত। উচ্চ শ্ৰেণীৰ প্ৰাণী হিচাপে বিশেষকৈ মানুহৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে এই মানসিক আৰু সামাজিক প্ৰয়োজনৰ গুৰুত্ব বৰ বেছি। নিঃসংগ অৱস্থাত আনলোকৰ সংস্পৰ্শৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয়। জ্ঞানৰ অভাৱ পূৰণৰ বাবে অধ্যয়ন কৰিবলৈ বিচৰা হয়। সু-জীৱন যাপন কৰিবৰ বাবে মৰম-চেনেহ আৰু ভাল পোৱা আদিৰ প্ৰয়োজন। তেনেদৰে সামাজিক জীৱন যাপন কৰিবলৈ ব্যক্তিৰ প্ৰয়োজন হয় মান-সন্মান, ক্ষমতা, স্বাধীনতা, ধন-সম্পত্তি ইত্যাদিৰ। ব্যক্তিৰ সু-সামঞ্জস্যপূর্ণ ব্যক্তিত্ব বিকাশৰ বাবে এই মানসিক আৰু সামাজিক প্ৰয়োজনসমূহ পূৰণ কৰাটো গুৰুত্বপূর্ণ। এই প্রয়োজনসমূহ শিক্ষাৰদ্বাৰা প্ৰভাৱিত হোৱা বাবে ইয়াৰ বিকাশ সম্ভৱ হৈ উঠে।

 প্রয়োজনৰ শৈক্ষিক তাৎপর্য :

প্রয়োজনৰ যথেষ্ট শৈক্ষিক তাৎপর্য আছে। মানুহৰ বাহিৰে আন প্ৰাণীসমূহৰ প্ৰয়োজনসমূহ গতানুগতিক আৰু নতুনত্বহীন। তেনেবোৰ জীৱৰ প্ৰয়োজনসমূহৰ কোনো বিশেষ পৰিৱৰ্তন হোৱা পৰিলক্ষিত নহয় ৷ জীৱ-জন্তুবোৰৰ এই প্রয়োজনসমূহ সহজ সৰল আৰু সীমিত বিধৰ। তাক নিজ নিজ পৰিবেশত জীৱ জন্তুবোৰে স্বাভাৱিকভাৱেই পূৰণ কৰিব পাৰে। কিন্তু জীৱশ্ৰেষ্ঠ মানুহৰ এই প্ৰয়োজনসমূহ অধিকসংখ্যক, ভিন্নমুখী আৰু জটিলবিধৰ। এই সকলোবোৰ প্ৰয়োজন নিজ নিজ পৰিবেশত যথাযথভাৱে পূৰণ কৰাটো সম্ভৱ নহয়৷ আমাৰ সমাজ ব্যৱস্থাই সকলোবোৰ প্ৰয়োজন আৰু প্ৰেৰণা তাৰ জৈৱিক ৰূপত পূৰ্ণ হোৱাটো নিবিচাৰে। সমাজৰ গ্রহণযোগ্য নীতি নিয়ম আৰু আদৰ্শ ৰক্ষা কৰিহে এই সমূহ পূৰণ কৰিব লাগে। সেয়েহে শিক্ষাই ছাত্র-ছাত্রীক জৈৱিক প্ৰয়োজন আৰু প্ৰেৰণাসমূহ সংশোধিত, নিয়ন্ত্ৰিত আৰু পৰিমাৰ্জিত ৰূপত পূৰণত সহায় কৰে। শিশুৰ শিক্ষা পৰিবেশত তাৰ মৌলিক দেহ-মানসিক প্রয়োজনবোৰ সংশোধিত আৰু গ্ৰহণযোগ্য ৰূপত পূৰ্ণৰ ব্যৱস্থা কৰাটো অতি গুৰুত্বপূৰ্ণ কথা। শিশু আচৰণ সমস্যামুক্ত আৰু অৱদমিত নকৰি স্বতঃস্ফুর্ত বিধৰ কৰি তুলিবলৈ শিক্ষাত নতুন নতুন শিক্ষা পদ্ধতিৰ উদ্ভাৱন কৰি তোলা হৈছে। এইবোৰৰ মূল উদ্দেশ্য হ’ল শিশু প্ৰৱণতা আৰু প্ৰয়োজনবোৰ সংশোধিত কৰি সমাজৰ গ্ৰহণযোগ্য ৰূপত পূৰণৰ বাবে যথাযথ ব্যৱস্থা কৰা আৰু ইয়াৰ জৰিয়তে শিশুসকলৰ সুস্থ আৰু শক্তিশালী ব্যক্তিত্ব গঢ়ি তোলাত সহায় কৰা৷

(খ) প্ৰেৰণা

(খ) প্ৰেৰণা আমাৰ দৈহিক আৰু মানসিক প্রয়োজন পূৰাবৰ বাবে মনত যি অদম্য গতিশীল আৰু কৰ্মমুখৰ অৱস্থাৰ সৃষ্টি হয় তাকেই মনোবৈজ্ঞানিকসকলে প্ৰেৰণা আখ্যা দিছে। ই প্ৰাণীৰ ভিতৰত থকা এক আভ্যন্তৰীণ প্রচেষ্টা। প্ৰেৰণাই আমাক জৈৱিক আৰু মানসিক দাবী পূৰণ কৰিবৰ বাবে এক অন্তনির্হিত শক্তিৰ যোগান ধৰি কাৰ্যত প্রবৃত্ত কৰে। সেয়েহে প্ৰয়োজনৰ তাড়নাত সৃষ্টি হোৱা ক্রিয়া প্ৰৱণ আৰু গতিশীল মানসিক অৱস্থাকে প্ৰেৰণা বোলা হয়। প্ৰেৰণা জীৱনৰ প্ৰয়োজন, অভিপ্রায়, লক্ষ্য বা উদ্দেশ্যৰ দ্বাৰা পৰিচালিত হয়। পৰীক্ষাত কৃতকাৰ্য হোৱাৰ অভিপ্রায়ে ছাত্ৰক অধ্যয়নৰ প্ৰেৰণা দিয়ে। প্ৰেৰণা সেয়েহে উদ্দেশ্য প্রণোদিত আৰু ই দৈহিক-মানসিক দুয়োবিধ কাৰণতে হ’ব পাৰে। দৈহিক প্ৰেৰণাৰ কাৰণ হ’ল ক্ষুধা, তৃষ্ণা, যৌন-লালসা আদি পূৰণৰ বাবে সৃষ্টি হোৱা প্ৰেৰণাসমূহ। সেই দৰে আনন্দ, কৃতকার্যতা, সন্মান, গৌৰৱ আদিৰ বাবে মনত সৃষ্টি হোৱা প্ৰেৰণা হ’ল মানসিক প্ৰেৰণাৰ কাৰণ।

(গ) প্রবৃত্তি

(গ) প্রবৃত্তি :  সহজাত প্রবৃত্তি হ’ল জীৱৰ স্বাভাৱিক অন্তর্নিহিত আৰু মৌলিক কৰ্ম-প্ৰৱণতা। ইয়াৰ সংজ্ঞা বিভিন্নজনে বিভিন্ন ধৰণে আগবঢ়াইছে তাৰ ভিতৰত হ’ল 

(১) মনোবিদ ৰছৰ মতে, “কেতবোৰ বিশেষ পৰিস্থিতিত কেতবোৰ বিশেষ সুপ্ত আচৰণ প্রদর্শিত হয়, যি শিকিব লগা নহয় আৰু যিবোৰ এক শ্ৰেণীৰ জীৱৰ সকলোৰে মাজত সাধাৰণভাৱে থাকে, ইয়াকেই “প্রবৃত্তি” শব্দৰ যোগে বর্ণনা কৰা হয়। 

(২) চি. ডব্লিউ. ভেলেণ্টাইনে প্রবৃত্তিৰ সংজ্ঞা দি কয় যে “প্রবৃত্তি হৈছে প্ৰথমে জৈৱিক উদ্দেশ্য পূৰণৰ বাবে বিশেষ ৰূপত কৰা ক্ৰিয়া-আচৰণৰ এক সুপ্ত তাড়না দ্বিতীয়তে, সুনিপুণ ক্ৰিয়াৰ বাবে অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল নোহোৱা এক সুপ্ত প্রক্রিয়া।”

(ঘ) অভ্যাস

(ঘ) অভ্যাসঃ যিকোনো কাম একে নিয়মে বাৰে বাৰে কৰাৰ ফলত কামটোৰ বাবে আৰম্ভণিতে প্রয়োজন হোৱা ঐচ্ছিক ক্রিয়া অৱশেষত নিশ্চেষ্ট ক্রিয়াত পৰিণত হয়। তেনে অৱস্থাত আমাৰ মানসিক প্রস্তুতি ইচ্ছা, মনোযোগ অথবা সজাগতা নোহোৱাকৈ সুন্দৰভাৱেই কামটো সম্পাদন কৰিব পাৰি। এনে কৰ্ম প্ৰক্ৰিয়াৰ স্থায়ী অৱস্থাই হৈছে অভ্যাস। গতিকে অভ্যাসৰ ফলত কামটো ক্ৰমে সহজ হৈ পৰাৰ লগতে কাৰোঁতাৰ কৰ্ম নিপুণতা বৃদ্ধি পায় যাৰ ফলত কামটো আৰম্ভণিতকৈ কম কষ্ট আৰু কম সময়তে সম্পন্ন কৰিব পৰা হয়। গতিকে অভ্যাসৰ ফলত কামৰ দেখা দিয়া অসুবিধা আৰু কঠিনতাৰ মাত্ৰা কমি আহি শেষত এনে এক অৱস্থাত উপনীত হয় যে কোনো বিশেষ দেহ মানসিক প্রস্তুতিৰ প্রয়োজন নোহোৱাকৈ অতি সহজে শুদ্ধভাৱে কামটো সম্পাদিত কৰিব পৰা হয়। অভ্যাসৰ ফলত আমাৰ স্বাভাৱিক প্রকৃতিগত দৈহিক ক্রিয়াবোৰ আপোনা আপুনি সম্পাদিত হোৱাৰ নিচিনাকৈ অভ্যাসসিদ্ধ কামবোৰ ঠিক তেনেকৈয়ে সম্পাদিত হোৱা বাবে অভ্যাসক ‘দ্বিতীয় প্রকৃতি বুলিও কোৱা হয়। উদাহৰণস্বৰূপে গাড়ী চলোৱা, ঊল ওঠা, ৰাতিপুৱা সোনকালে শোৱাপাটী এবা ইত্যাদি।

অভ্যাস দৈহিক আৰু মানসিক দুয়োবিধ ক্ৰিয়াৰ পৰাই গঠন হ’ব পাৰে। দৈহিক ক্ৰিয়াসমূহ বাৰে বাৰে পুনৰাবৃত্তি হোৱাৰ ফলত মাংসপেশী আৰু স্নায়ুবোৰত তেনে কামৰ এক সহজ স্নায়ুপথ ৰচিত হয়। ফলত কামসমূহ দৈহিকভাৱে অকনো কষ্ট নোহোৱাকৈ কৰিব পৰা হয়, যেনে— সাঁতোৰা, খোজকঢ়া ইত্যাদি। দৈহিক পুনৰাবৃত্তিৰ লগে লগে প্রয়োজন হয় ব্যক্তিৰ মানসিক প্রস্তুতিৰ, আৱেগ-অনুভূতি আৰু অভিপ্ৰায়ৰ যিবোৰ মানসিক ক্ৰিয়াৰ অন্তৰ্গত। দৈহিক ক্ৰিয়াৰ দৰে মানসিক কাৰ্যৰ পুনৰাবৃত্তিও অভ্যাসৰ গঢ় দিয়ে। উদাহৰণ স্বৰূপে— পৰচৰ্চা কৰা, হবে -বিহকে খং কৰা, সন্দেহ কৰা আদি মানসিক ক্ৰিয়াৰ পুনরাবৃত্তিৰ ফলত জন্ম হোৱা অভ্যাস।

(ঙ) প্রতিবর্ত ক্রিয়া

(ঙ) প্রতিবর্ত ক্রিয়া : প্রতিবর্ত ক্রিয়া সম্পূর্ণ শাৰীৰিক৷ শৰীৰৰ কোনো এক বিশেষ অংশতহে ইয়াৰ প্ৰতিক্রিয়া সীমাবদ্ধ থাকে। প্রতিবর্ত ক্রিয়া দেহৰ কোনো ক্ষুদ্র অংশৰ (অংশ) লগত জড়িত বাবে ই সহজ, সৰল প্ৰকৃতিৰ। যান্ত্রিকভাবে সম্পাদিত হয় যদিও প্রতিবর্ত ক্রিয়া ক্ষিপ্ৰতৰ আৰু ক্ষণস্থায়ী। প্রতিবর্ত ক্রিয়াত কোনো প্রকাৰৰ আবেগ অনুভূতি জড়িত নহয়। প্রতিপেক্ষ বা প্রতিবর্ত ক্ৰিয়াৰ উদাহৰণ স্বৰূপে চকু পিৰিকিওৱা, হাচিওৱা, কাঁহ উঠা ইত্যাদি।

(ছ) উন্নীতকৰণ

(ছ) উন্নীতকৰণ : প্রবৃত্তিৰ ৰূপান্তৰৰ বাবে উন্নীতকৰণ প্রক্রিয়াই সবাতোকৈ উত্তম। এই উন্নীতকৰণ পদ্ধতিৰ দ্বাৰা প্ৰবৃত্তিৰ দমন নির্মূল কৰা অথবা পূর্ণ স্বাধীনতা কোনোতোৱেই ব্যৱহাৰ কৰা নহয়। প্রবৃত্তিমূলক কৰ্মপ্ৰেৰণাসমূহ অসুস্থ আৰু অসামাজিক মাধ্যমেৰে পূৰণ হ’বলৈ নিদি সুস্থ আৰু সমাজ স্বীকৃত পথেদি পৰিচালনা কৰা হয় এই উন্নীতকৰণ প্ৰক্ৰিয়াত। বিশেষকৈ ইয়াত যৌন প্রবৃত্তিসমূহ প্রত্যক্ষভাৱে পোন পতীয়াকৈ পূৰণ কৰাব পৰিৱৰ্তে বিকল্প সমাজস্বীকৃত পথেৰে পূৰণৰ ওপৰত জোৰ দিয়ে। এই সম্বন্ধে মনোবিজ্ঞানী ফ্ৰয়েদে কৈছে যে যৌন প্রবৃত্তি হ’ল সকলো প্রবৃত্তিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। অৱশ্যে বর্তমান ইয়াক বহল অৰ্থত ব্যৱহাৰ কৰা হয়। মনোবিজ্ঞানী ৰচৰ মতে উন্নীতকৰণৰ অৰ্থ হৈছে স্বাভাৱিক প্রবৃত্তিৰ কোনো ক্ষতি সাধন নকৰাকৈ আদিম জৈৱিক অৱস্থাৰ পৰা উন্নীত কৰা যাক ব্যক্তি আৰু সমাজৰ উন্নতিকল্পে পুনৰ নিয়োগ কৰিব পাৰি। উদাহৰণ স্বৰূপে এগৰাকী শিশুহীনা বিধৱা তিৰোতাই নাৰ্ছাৰি অথবা শিশু গৃহত কাম কৰি তেওঁৰ মাতৃ প্রবৃত্তি এক নৈতিক আৰু সমাজস্বীকৃত পথেৰে পূৰণ কৰিব পাৰে। গতিকে জীৱৰ জৈৱিক প্ৰবৃত্তিমূলক আচৰণক সুস্থ আৰু বিকাশশীল পথেদি পৰিচালিত কৰাকে উন্নীতকৰণ বোলা হয়।

প্রশ্ন ১৮। সু-অভ্যাস গঠনত পৰিয়ালৰ ভূমিকা সম্পর্কে চমুকৈ ব্যাখ্যা কৰা। বা, অভ্যাস গঠনত অভিভাৱক আৰু শিক্ষকৰ ভূমিকা সম্পর্কে আলোচনা কৰা।

উত্তৰ : ছাত্ৰ-ছাত্ৰীৰ মাজত থকা সঞ্জ অভ্যাস গঢ়ি তুলিবৰ বাবে পৰিয়ালৰ পিতৃ-মাতৃ আৰু অন্যান্য লোকে তলত উল্লেখ কৰা ভূমিকাসমূহ অৱলম্বন কৰিব লাগে।

(ক) প্রবল ইচ্ছাশক্তি প্রয়োগ কৰিব নোৱাৰিলে কোনো অভ্যাসেই গঢ়ি তুলিব নোৱাৰি। ৰাতিপুৱা সোনকালে শুই উঠি ব্যায়াম কৰা আদি কার্যত অভ্যাস গঢ়ি তুলিবৰ বাবে মাক দেউতাকে সন্তানক সংকল্পিত কৰাব লাগে। 

(খ) অসুস্থ পৰিবেশত পৰি কু-সংগীৰ প্ৰভাৱত যাতে অপৰিণত শিশু বদ স্বভাৱী নহয় তাৰ প্ৰতিও তেওঁলোকে সতর্ক দৃষ্টি ৰাখিব লাগে। 

(গ) শিষ্টাচাৰ, আত্ম নিৰ্ভৰশীলতা, সংযম, সততা, নিজ কর্তব্য পালন কৰা ইত্যাদি কামত শিশুৰ সু-অভ্যাস গঠন কৰাটো পিতৃ-মাতৃৰ কৰ্তব্য। 

(ঘ) পৰিবেশৰ ওপৰত সজ অভ্যাস সদায় নিৰ্ভৰ কৰে। এই ক্ষেত্ৰত পিতৃ-মাতৃয়ে এক উপযুক্ত পৰিবেশ গঢ়ি তুলিব লাগে ল’ৰা-ছোৱালীয়ে সু-অভ্যাস গঠনত সহায়ক হোৱাকৈ। 

(ঙ) সব্জ চৰিত্ৰ গঠন আৰু কু আদর্শ যাতে পৰিহাৰ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি পিতৃ-মাতৃয়ে শিক্ষকৰ লগত আলোচনা কৰিব লাগে। গৃহ আৰু স্কুলৰ মাজত সহযোগিতা আৰু বুজাপৰাৰ ভাব থকাটো বিশেষ প্রয়োজনীয়।

প্রশ্ন ১৯। অভ্যাসক কিয় ‘দ্বিতীয় প্রকৃতি’ বুলি কোৱা হয়? 

উত্তৰ: অভ্যাসঃ যিকোনো কাম একে নিয়মে বাৰে বাৰে কৰাৰ ফলত কামটোৰ বাবে আৰম্ভণিতে প্রয়োজন হোৱা ঐচ্ছিক ক্রিয়া অৱশেষত নিশ্চেষ্ট ক্রিয়াত পৰিণত হয়। তেনে অৱস্থাত আমাৰ মানসিক প্রস্তুতি ইচ্ছা, মনোযোগ অথবা সজাগতা নোহোৱাকৈ সুন্দৰভাৱেই কামটো সম্পাদন কৰিব পাৰি। এনে কৰ্ম প্ৰক্ৰিয়াৰ স্থায়ী অৱস্থাই হৈছে অভ্যাস। গতিকে অভ্যাসৰ ফলত কামটো ক্ৰমে সহজ হৈ পৰাৰ লগতে কাৰোঁতাৰ কৰ্ম নিপুণতা বৃদ্ধি পায় যাৰ ফলত কামটো আৰম্ভণিতকৈ কম কষ্ট আৰু কম সময়তে সম্পন্ন কৰিব পৰা হয়। গতিকে অভ্যাসৰ ফলত কামৰ দেখা দিয়া অসুবিধা আৰু কঠিনতাৰ মাত্ৰা কমি আহি শেষত এনে এক অৱস্থাত উপনীত হয় যে কোনো বিশেষ দেহ মানসিক প্রস্তুতিৰ প্রয়োজন নোহোৱাকৈ অতি সহজে শুদ্ধভাৱে কামটো সম্পাদিত কৰিব পৰা হয়। অভ্যাসৰ ফলত আমাৰ স্বাভাৱিক প্রকৃতিগত দৈহিক ক্রিয়াবোৰ আপোনা আপুনি সম্পাদিত হোৱাৰ নিচিনাকৈ অভ্যাসসিদ্ধ কামবোৰ ঠিক তেনেকৈয়ে সম্পাদিত হোৱা বাবে অভ্যাসক ‘দ্বিতীয় প্রকৃতি বুলিও কোৱা হয়। উদাহৰণস্বৰূপে গাড়ী চলোৱা, ঊল ওঠা, ৰাতিপুৱা সোনকালে শোৱাপাটী এবা ইত্যাদি।

অভ্যাস দৈহিক আৰু মানসিক দুয়োবিধ ক্ৰিয়াৰ পৰাই গঠন হ’ব পাৰে। দৈহিক ক্ৰিয়াসমূহ বাৰে বাৰে পুনৰাবৃত্তি হোৱাৰ ফলত মাংসপেশী আৰু স্নায়ুবোৰত তেনে কামৰ এক সহজ স্নায়ুপথ ৰচিত হয়। ফলত কামসমূহ দৈহিকভাৱে অকনো কষ্ট নোহোৱাকৈ কৰিব পৰা হয়, যেনে— সাঁতোৰা, খোজকঢ়া ইত্যাদি। দৈহিক পুনৰাবৃত্তিৰ লগে লগে প্রয়োজন হয় ব্যক্তিৰ মানসিক প্রস্তুতিৰ, আৱেগ-অনুভূতি আৰু অভিপ্ৰায়ৰ যিবোৰ মানসিক ক্ৰিয়াৰ অন্তৰ্গত। দৈহিক ক্ৰিয়াৰ দৰে মানসিক কাৰ্যৰ পুনৰাবৃত্তিও অভ্যাসৰ গঢ় দিয়ে। উদাহৰণ স্বৰূপে— পৰচৰ্চা কৰা, হবে -বিহকে খং কৰা, সন্দেহ কৰা আদি মানসিক ক্ৰিয়াৰ পুনরাবৃত্তিৰ ফলত জন্ম হোৱা অভ্যাস।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। আচৰণ কি? কোনবোৰ দিশৰ ওপৰত মানৱ আচৰণে ভিত্তি কৰে। 

উত্তৰ: সহজ ভাষাত ক’বলৈ হ’লে— এজন মানুহৰ চাৰিওফালে থকা নানা ধৰণৰ উদ্দীপকৰ প্ৰতি তেওঁ যি ধৰণৰ দেহ-মানসিক প্রতিক্ৰিয়া প্ৰদৰ্শন কৰে, তেনে প্ৰতিক্ৰিয়াৰ ফলাফলকে আচৰণ বুলি কোৱা হয়। ইয়াৰ দ্বাৰা ব্যক্তিজনৰ প্ৰতিটো কার্যকলাপ যেনে— তেওঁৰ চিন্তা-ভাবনা, আবেগ-অনুভূতি আৰু বিভিন্ন দৈহিক কার্যকলাপক বুজোৱা হয়। মানৱ আচৰণে এজন ব্যক্তিৰ অনুভৱ, চিন্তা-ভাবনা আৰু তেওঁ লিপ্ত হোৱা সকলো কাৰ্যৰে সামূহিক ৰূপটোকে সামৰি লয়। আমেৰিকাৰ বিখ্যাত মনোবিজ্ঞানী জে.বি. ৱাটছনে আচৰণ শব্দটোৰ ব্যৱহাৰ কৰিছিল তেওঁৰ বিশিষ্ট চিন্তা আৰু ধাৰণাক উপস্থাপন কৰিবৰ বাবে। ১৯১৩ চনত তেখেতেই প্রতিষ্ঠা কৰিছিল আচৰণবাদৰ। আচৰণবাদী সকলে মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান হিচাপে অভিহিত কৰিছিল আৰু জীৱন্ত প্রাণীসমূহৰ আচৰণৰ দৃষ্টিভংগী অনুধাৱন কৰিয়েই মনোবিজ্ঞানৰ বিষয়বস্তুসমূহ নির্বাচন কৰি লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ গতিকে আচৰণবাদীসকলৰ মতে মনোবিজ্ঞান সম্পূর্ণরূপে প্রাকৃতিক বিজ্ঞানৰ এক বস্তুনিষ্ঠ নিৰীক্ষাত্মক শাখা। আচৰণবাদৰ দৃষ্টিভংগী স্পষ্ট কৰি তুলিবৰ বাবে ৱাটচনে তিনিখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়ায়। ১৯১৪ চনত “আচৰণ তুলনামূলক মনোবিজ্ঞানৰ এটা প্ৰস্তাৱনা”, ১৯১৯ চনত ‘এজন আচৰণবাদীৰ দৃষ্টিকোণৰ পৰা মনোবিজ্ঞান’ আৰু ১৯২৫ চনত ‘আচৰণবাদ’ নামৰ তেখেতৰ তৃতীয়খন গ্ৰন্থ প্ৰকাশ কৰি উলিয়ায়। আচৰণবাদী সকলৰ মতে আচৰণ অধ্যয়নৰ মাধ্যমেৰেহে মানুহৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিব পাৰি।

কিছুমান বিশেষ দিশৰ ওপৰত মানৱ আচৰণ নিৰ্ভৰ কৰে। সেই দিশসমূহ হ’ল প্রয়োজন, প্ৰেৰণা, অভিপ্রায়, প্রবৃত্তি, অনুভৱজনিত চিন্তা, আবেগ, মানসিক জোট ইত্যাদি।

প্রশ্ন ২। প্রয়োজনৰ লগত মানৰ আচৰণৰ সম্পৰ্ক ব্যাখ্যা কৰা।

উত্তৰ: প্ৰয়োজন হৈছে সাধাৰণ আৱশ্যকতা। সকলোধৰণৰ আচৰণৰ মূলতে হৈছে এই প্রয়োজন। যেতিয়া ব্যক্তিয়ে কোনোধৰণৰ অভাৱ অনুভৱ কৰে, তেতিয়া সেই অভাৱ পূৰ কৰিবলৈ উদ্যত হয়। এনেদৰে অভাৱে জন্ম দিয়ে প্রয়োজনৰ। প্রয়োজনক দুটা ভাগত ভাগ কৰিব পাৰি, যেনে মুখ্য প্রয়োজন আৰু গৌণ প্রয়োজন। মুখ্য প্রয়োজনসমূহৰ ভিতৰত জৈৱিক বা দৈহিক প্রয়োজনসমূহ অন্তর্ভুক্ত। প্রতি জীৱই নিজৰ প্ৰাণ ৰক্ষা আৰু জাতি ৰক্ষাৰ বাবে ইয়াক অনুভৱ কৰে। এই প্রয়োজনবোৰ দেহৰ ভিতৰত হোৱা ৰাসায়নিক ক্ৰিয়া আৰু পৰিৱৰ্তনৰ বাবে দেখা দিয়ে। ইয়াৰ ফলত জীৱই এক অভাৱৰ তীব্রতা দেহ-মনত অনুভৱ কৰে। এই অভাৱ পূৰণ নোহোৱালৈকে এক অশান্ত আৰু অস্বাভাৱিক অৱস্থাই জীৱক আমনি দিয়ে। উদাহৰণস্বৰূপে, খাদ্যৰ অভাৱত অনুভৱ কৰা ভোক, পানীৰ অভাৱত পিয়াহ আৰু বায়ুৰ অভাৱত উশাহ নিশাহ লৈাৱাৰ অসুবিধা ইত্যাদি। এই দৈহিক প্রয়োজনবোৰ শৰীৰৰ ভিতৰত হোৱা ৰাসায়নিক ক্ৰিয়াৰ দ্বাৰা উদ্ভৱ হয়। দৈহিক প্ৰয়োজনৰ ভিতৰত যৌন প্রয়োজন এক গুৰুত্বপূৰ্ণ। তেনেকৈ সুস্থ দেহৰ বাবে বিশ্ৰামৰ প্ৰয়োজন, নিদ্ৰাৰ প্ৰয়োজন ইত্যাদি। এই দৈহিক প্রয়োজনবোৰ সহজাত বিধৰ হয়। শিক্ষাৰদ্বাৰা কিছু পৰিমাণে ই প্ৰভাৱিত হলেও ই শিক্ষালব্ধ নহয়। গৌণ প্রয়োজনৰ ভিতৰত মানসিক আৰু সামাজিক প্রয়োজনসমূহ অন্তর্ভুক্ত। উচ্চ শ্ৰেণীৰ প্ৰাণী হিচাপে বিশেষকৈ মানুহৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে এই মানসিক আৰু সামাজিক প্ৰয়োজনৰ গুৰুত্ব বৰ বেছি। নিঃসংগ অৱস্থাত আনলোকৰ সংস্পৰ্শৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয়। জ্ঞানৰ অভাৱ পূৰণৰ বাবে অধ্যয়ন কৰিবলৈ বিচৰা হয়। সু-জীৱন যাপন কৰিবৰ বাবে মৰম-চেনেহ আৰু ভাল পোৱা আদিৰ প্ৰয়োজন। তেনেদৰে সামাজিক জীৱন যাপন কৰিবলৈ ব্যক্তিৰ প্ৰয়োজন হয় মান-সম্মান, ক্ষমতা, স্বাধীনতা, ধন-সম্পত্তি ইত্যাদিৰ। ব্যক্তিৰ সু-সামঞ্জস্যপূর্ণ ব্যক্তিত্ব বিকাশৰ বাবে এই মানসিক আৰু সামাজিক প্রয়োজনসমূহ পূৰ্ণ কৰাটো গুরুত্বপূর্ণ। এই প্রয়োজনসমূহ শিক্ষাৰদ্বাৰা প্ৰভাৱিত হোৱা বাবে ইয়াৰ বিকাশ সম্ভৱ হৈ।

This Post Has 2 Comments

Leave a Reply