HS First Year Education Chapter-5 মানসিক জীৱনৰ শাৰীৰিক ভিত্তি

HS First Year Education Chapter-5 মানসিক জীৱনৰ শাৰীৰিক ভিত্তি পোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Education Chapter-5 মানসিক জীৱনৰ শাৰীৰিক ভিত্তি AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয় HS First Year Education Chapter-5 মানসিক জীৱনৰ শাৰীৰিক ভিত্তি

HS First Year Education Chapter-5 মানসিক জীৱনৰ শাৰীৰিক ভিত্তি

A. এটা শব্দ বা বাক্যত উত্তৰ দিয়া

প্রশ্ন ১। যিকোনো এবিধ গ্রহণেন্দ্রিয়ৰ নাম লিখা

উত্তৰ চকু।

প্ৰশ্ন ২। জ্ঞান লাভৰ প্ৰথম প্ৰক্ৰিয়াটোৰ নাম কি?

উত্তৰ সংবেদন 

প্রশ্ন ৩। ইন্দ্ৰিয় অনুশীলনৰ মুখ্য পৃষ্ঠপোষক কোন আছিল?

উত্তৰ : মণ্টেচৰী।

প্রশ্ন ৪। উদ্দীপকৰ ভুল ব্যাখ্যা দিয়াক কি বুলি কোৱা হয় ?

উত্তৰ: ভ্রান্ত প্রত্যক্ষ

প্রশ্ন ৫। মানুহৰ জঁকাটোত মুঠ কিমান সংখ্যক হাড় থাকে? 

উত্তৰ: ২০৬ ডাল

প্রশ্ন ৬। ভ্রান্ত প্রত্যক্ষৰ এটা উদাহৰণ দিয়া।

উত্তৰ : ৰছী এডালক সাপ বুলি ভুল কৰা৷ 

প্রশ্ন ৭। সংবোধনৰ উন্নতিৰ মানসিক স্তৰক কি বোলে?

উত্তৰ: সংপ্রত্যয়

প্রশ্ন ৮। শব্দৰ লগত সম্বন্ধ থকা ইন্দ্ৰিয়টো কি ?

উত্তৰ কাণ।

প্রশ্ন ৯। মস্তিষ্কৰ আটাইতকৈ ডাঙৰ অংশটোৰ নাম কি?

উত্তৰ: শুকমস্তিষ্ক। 

প্রশ্ন ১০। কর্ণিয়া কোনটো ইন্দ্ৰিয় অংশ?

উত্তৰ চকু।

প্রশ্ন ১১। এটা অনালী গ্ৰন্থিৰ নাম লিখা। 

উত্তৰ পিনিয়েল।

প্রশ্ন ১২। লঘু মস্তিষ্কৰ এটা প্ৰধান কাৰ্য উল্লেল্লখ কৰা।

উত্তৰ: অভ্যাসবশতঃ ক্ৰিয়াবোৰ এই মস্তিষ্কই নিয়ন্ত্ৰিত কৰে। 

প্রশ্ন ১৩। অমূল প্রত্যক্ষ কি?

 উত্তৰ : মস্তিস্ক ক্ৰিয়াৰ অস্বাভাৱিকতাৰ হেতুকে কোনো কোনো সময়ত ইন্দ্ৰিয়ৰ যোগে প্রত্যক্ষ অভিজ্ঞতা নোপোৱা অৱস্থাতো তাক পোৱা যেন ভাবি ভুলকৈ জ্ঞান লাভ কৰা হয়।

এনে অভিজ্ঞতাক অমূল প্রত্যক্ষ বোলা হয়। 

প্রশ্ন ১৪। মেকভূগেলৰ মতে যুযুৎসা প্রবৃত্তিৰ লগত কোনটো আৱেগৰ সম্পর্ক আছে?

উত্তৰ ক্রোধ।

প্রশ্ন ১৫। ভ্রান্ত প্রত্যক্ষ ?

উত্তৰঃ সকলো লোকেই কম-বেছি পৰিমাণে সংবেদন অনুভূতিৰ বাস্তৱ অনুভূতিৰ বাস্তৱ জ্ঞান আহৰণত সচৰাচৰ কৰা ভুলৰ অভিজ্ঞতাই হৈছে ভ্রান্ত প্রত্যক্ষ। এনে ভুলৰ বেলিকা বিষয়বস্তু ব্যক্তিয়ে ইন্দ্রিয়ব যোগে প্রত্যক্ষ অভিজ্ঞতা পোৱা সত্ত্বেও আৰু ভুলকৈ অৰ্থ প্ৰদান কৰি উঠে। উদাহৰণস্বৰূপে মৰুভূমিৰ মৰীচিকা, বাটত পৰি থকা ৰছীডালক সাপ যেন দেখা ইত্যাদি।।

B. খালী ঠাই পূৰ কৰা 

প্রশ্ন ১। সংবেদন নিয়ন্ত্রিত হয় ৰ দ্বাৰা।

উত্তৰ কেন্দ্ৰীয় স্নায়ুতন্ত্র।

প্রশ্ন ২। উদস্থ অংগবোৰৰ লগত সংযোজিত স্নায়ুতন্ত্র হ’ল 

উত্তৰঃ স্বয়ংচালিত স্নায়ুতন্ত্র।

প্রশ্ন ৩। প্রতিবর্ত ক্রিয়াসমূহ ৰ দ্বাৰা নিয়ন্ত্রিত হয়।

উত্তৰ মেৰুম।

প্রশ্ন ৪। সংবেদন ৰ বাবে বিশেষ প্রয়োজন। 

উত্তৰ: সংবোধন।

প্রশ্ন ৫। মেৰুমজ্জাৰ শীৰ্ষস্থানত থকা স্নায়ুগ্রন্থিক বুলি জনা যায়।

উত্তৰ: অধঃমস্তিষ্ক। 

প্রশ্ন ৬। অধঃমস্তিষ্ক এটা অংশ।

উত্তৰ মস্তিস্কৰ।

উত্তৰ : গুৰু মস্তিষ্ক। হৈছে বৌদ্ধিক আচৰণৰ ঘাই কেন্দ্ৰ।

প্রশ্ন ৮। সংবেদন অনুভূতিৰ মূল উপাদান হৈছে 

উত্তৰ: উদ্দীপক।

প্রশ্ন ৯। ইন্দ্রিয়যোগে আমি যি সংবেদন অভিজ্ঞতা পাওঁ তাক 

উত্তৰ: বিশিষ্ট সংবেদন।

প্রশ্ন ১০। ইন্দ্ৰিয় শিক্ষাৰ পদ্ধতি হৈছে ।

উত্তৰ: ক্রিয়া প্রধান।

প্রশ্ন । সংবোধন হ’ল সংবেদন আৰু তাৰ

উত্তৰ: অর্থ।

প্রশ্ন ১২। অমূল প্রত্যক্ষ হৈছে •সংবোধন।

উত্তৰ ভুল।

প্রশ্ন ১৩। মস্তিষ্ক আৰু • লৈ কেন্দ্ৰীয় স্নায়ুতন্ত্র গঠিত হৈছে।

উত্তৰ মেৰুমজ্জা।

প্রশ্ন ১৪। মেৰুমজ্জাৰ ওপৰৰ অংশটো হ’ল । 

উত্তৰ: অধঃমস্তিষ্ক।

C. শুদ্ধ নে অশুদ্ধ লিখা :

প্রশ্ন ১। গুৰু মস্তিষ্কই দেহৰ স্থিৰতা আৰু ভাৰসাম্যতা ৰক্ষা কৰে।

উত্তৰ: অশুদ্ধ।

প্রশ্ন ২। দৈহিক প্রতিবর্ত ক্রিয়া মস্তিষ্কৰ দ্বাৰা পৰিচালিত নহয়৷ 

উত্তৰ শুদ্ধ। 

প্রশ্ন ৩। বিভিন্ন ইন্দ্রিয় অনুভূতি গুৰু মস্তিষ্কৰ পৃথক পৃথক অঞ্চলত পৃথকভাৱে গ্রহণ কৰা হয়।

উত্তৰ শুদ্ধ।

প্রশ্ন ৪। অধঃমস্তিষ্কই ব্যক্তিৰ নিদ্ৰাকেন্দ্ৰ হিচাপে কাম কৰে।

উত্তৰ : শুদ্ধ।

প্রশ্ন ৫। অক্ষিপটত থকা দণ্ড কোষবোৰে বস্তুৰ ৰঙৰ সংবেদন অনুভূতি দিব পাৰে।

উত্তৰ অশুদ্ধ।

প্রশ্ন ৬। শংকু কোষবোৰে কম পোহৰত বস্তুৰ সংবেদন অনুভূতি দিব পাৰে।

উত্তৰ: অশুদ্ধ। 

প্রশ্ন ৭। স্বতঃক্রিয় স্নায়ুতন্ত্ৰই মস্তিষ্কৰ লগত প্রত্যক্ষ যোগাযোগ ৰক্ষা কৰি নচলে। 

উত্তৰ : শুদ্ধ।

প্রশ্ন ৮। অনুমস্তিষ্কক আবেগ নিয়ন্ত্ৰণৰ কেন্দ্ৰৰূপে জনা যায়।

উত্তৰ : শুদ্ধ।

প্রশ্ন ৯। প্রতিবর্ত ক্রিয়া গুৰু মস্তিষ্কৰ দ্বাৰা পৰিচালিত নহয়৷ 

প্রশ্ন ১০। শিক্ষিত লোকে ভ্রান্ত প্রত্যক্ষৰ প্ৰভাৱত নপৰে।

উত্তৰ: অশুদ্ধ। 

প্রশ্ন ১১। সংবেদন কেৱল ইন্দ্ৰিয়ৰ যোগেদিহে পাব পাৰি।

উত্তৰ: অশুদ্ধ। 

প্রশ্ন ১২। নৱজাত শিশুৰ সংবেদন আৰু সংবোধন একেলগে পাব পাৰি।

উত্তৰ অশুদ্ধ।

প্রশ্ন ১৩। সংবেদনৰ প্রকৃত অভিজ্ঞতা বয়সস্থ লোকেহে পাব পাৰে।

উত্তৰ: অশুদ্ধ।

প্রশ্ন ১৪। মস্তিষ্কৰ অস্বাভাৱিক অৱস্থাত অমূলক প্রত্যক্ষ অনুভূত হয়। iv

উত্তৰ শুদ্ধ।

প্রশ্ন ১৫। সংবেদন মানসিক অভিজ্ঞতা বুলিব নোৱাৰি।

উত্তৰ : শুদ্ধ। 

প্রশ্ন ১৬। সংবেদনৰ অভিজ্ঞতা অস্পষ্ট অনুমানৰ ওপৰত প্রতিষ্ঠিত।

উত্তৰ: শুদ্ধ৷

প্রশ্ন ১৭। ইন্দ্রিয় শিক্ষা চকুৰে নেদেখা শিশুক দৃষ্টি দানৰz সমপৰ্যায়ৰ।

উত্তৰ : শুদ্ধ।

প্রশ্ন ১৮। সংবেদন সংবোধনৰ বাবে বিশেষভাবে প্রয়োজনীয়।

উত্তৰ শুদ্ধ।

চমু প্রশ্নোত্তৰ প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-২/৩)

প্রশ্ন ১। সংবেদনৰ তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰ সংবেদনৰ তিনিটা বৈশিষ্ট্য হ’ল

(ক) উদ্দীপকে কোনো জ্ঞানেন্দ্ৰিয়ক উদ্দীপিত কৰিলেই সংবেদনৰ সৃষ্টি হয়। 

(খ) বাস্তৱ জগতৰ জ্ঞান লাভ কৰাৰ মূলতে হ’ল সংবেদন।

(গ) সংবেদন লাভ কৰাৰ সময়ত মন নিষ্ক্রিয় অৱস্থাত থাকে।

প্রশ্ন ২। সংবোধনৰ তিনিটা বৈশিষ্ট্য লিখা। 

উত্তৰ: সংবোধনৰ তিনিটা বৈশিষ্ট্য হ’ল

(ক) সংবোধন হ’ল উদ্দীপক সম্পর্কে সঠিক জ্ঞান লাভৰ স্তৰ।

(খ) সংবোধন হ’ল মগজুৰ দ্বিতীয় প্রতিক্রিয়া।

(গ) সংবোধনৰ ক্ষেত্ৰত মন সক্ৰিয় হৈ থাকে।

প্রশ্ন ৩। সংপ্রত্যয়নৰ তিনিটা বৈশিষ্ট্য লিখা। 

উত্তৰ সংপ্রত্যয়ৰ তিনিটা বৈশিষ্ট্য হ’ল

(ক) সংপ্রত্যয়ন সংবোধনৰ ওপৰত নিৰ্ভৰ কৰে।

(খ) সংপ্রত্যয়ন আহৰণ হ’লে বিভিন্ন বস্তু, গুণ আদিক সাধাৰণ শ্রেণীভুক্ত কৰা সহজ হয়। 

(গ) অভিজ্ঞতা যিমানে বিস্তৃত হয় সংপ্রত্যয়ন সিমানে স্পষ্ট হয়।

প্রশ্ন ৪। সংবেদনৰ তিনিটা প্ৰকাৰ লিখা। 

উত্তৰঃ সংবেদন তিনিটা প্ৰকাৰ হ’ল–

(ক) চকুৰ সহায়ত হোৱা দৃষ্টি সংবেদন। 

(খ) কাণৰ সহায়ত হোৱা শ্রবণ সংবেদন।

(গ) জিভাৰ সহায়ত হোৱা স্বাদগত সংবেদন।

প্রশ্ন ৫। সংপ্রত্যয় গঠনৰ দুটা স্তৰৰ নাম লিখা।

উত্তৰ ঃ সংপ্রত্যয় গঠনৰ দুটা স্তৰৰ নাম হ’ল– 

(ক) পর্যবেক্ষণ আৰু 

(খ) বিশ্লেষণ।

প্রশ্ন ৬। আমাৰ মগজুৰ তিনিটা অংশৰ নাম লিখা। 

উত্তৰ আমাৰ মগজুৰ তিনিটা অংশৰ নাম হ’ল – 

(ক) প্ৰমস্তিষ্ক 

(খ) মধ্য মস্তিষ্ক আৰু

(গ) সেতু মস্তিষ্ক। 

প্রশ্ন ৭। মানৱদেহৰ স্নায়ুতন্ত্ৰৰ ভাগ তিনিটা লিখা। 

উত্তৰ : মানৱদেহৰ স্নায়ুতন্ত্ৰৰ ভাগ তিনিটা হ’ল– 

(ক) কেন্দ্ৰীয় স্নায়ুতন্ত্র 

(খ) প্রান্তীয় স্নায়ুতন্ত্র 

(গ) স্বয়ংচালিত স্নায়ুতন্ত্র।

প্রশ্ন ৮। মানৱ দেহৰ তিনিধি গ্রহণেন্দ্ৰিয়ৰ নাম লিখা।

উত্তৰ: চকু, কাণ, নাক।

প্রশ্ন ৯। চকুৰ চাৰিটা অংশৰ নাম লিখা।

উত্তৰ : চকুৰ তিনিটা অংশ হ’ল– 

(ক) কর্ণিয়া বা অচ্ছোদ পটল 

(খ) লেন্স আৰু 

(গ) অক্ষিপট বা ৰেটিনা। 

(ঘ) পোপিল (Pupil)।

প্রশ্ন ১০। কাণৰ তিনিটা অংশৰ নাম লিখা 

উত্তৰ ঃ কাণৰ তিনিটা অংশৰ নাম হ’ল– 

(ক) কাণৰ পৰ্দা 

(খ) কাণৰ হাড়িয়া আৰু 

(গ) বহিঃ কাণ।

প্রশ্ন ১১। দুই প্ৰকাৰৰ সাধকৰ নাম লিখা। 

উত্তৰ: দুই প্ৰকাৰৰ সাধকৰ নাম হ’ল– 

(ক) পেশী আৰু 

(খ) গ্রন্থি।

প্রশ্ন ১২। দুই প্ৰকাৰৰ সনালী গ্ৰন্থিৰ নাম লিখা। 

উত্তৰ: (ক) লালটি গ্ৰন্থি আৰু 

(খ) পাচক গ্রন্থি। 

প্রশ্ন ১৩। দুই প্ৰকাৰৰ অনালী গ্ৰন্থিৰ নাম লিখা।

উত্তৰঃ (ক) পিনিয়েল আৰু 

(খ) পিটুইটেৰি। 

প্রশ্ন ১৪ মেমজ্জাৰ প্ৰধান কাম কি কি?

উত্তৰ মেৰুমজ্জাৰ প্ৰধান কাম দুটা হ’ল 

(ক) প্রতিবর্ত ক্রিয়াৰ নিয়ন্ত্ৰণ কৰা

(খ) শৰীৰৰ বিভিন্ন অংশৰ পৰা মগজুলৈ বা মগজুৰ পৰা সেই অংশবোৰলৈ স্নায়বিক শক্তি পৰিবহণ কৰা।

HS First Year Education Solutions – শিক্ষা

Unit No.LessonsLinks
Unit-1শিক্ষাৰ ধাৰণা আৰু লক্ষ্য (Concept and Aims of Education)Click here
Unit- 2মানৱ বিকাশৰ স্তৰ (Stages of Human Development)Click here
Unit – 3বিদ্যালয় আৰু ইয়াৰ সংগঠন (School and its Organization)Click here
Unit – 4মনোবিজ্ঞান আৰু শিক্ষা (Psychology and Education)Click here
Unit – 5মানসিক জীৱনৰ শাৰীৰিক ভিত্তি (Physical Basis of Mental Life)Click here
Unit – 6মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন (Bases and Direction of Human behavior)Click here
Unit – 7ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা [ Primary Education in India and Assam]Click here

প্রশ্ন ১৫। শিশুৰ সংবোধনৰ তিনিটা বৈশিষ্ট্য লিখা। 

উত্তৰ শিশুৰ সংবোধনৰ তিনিটা বৈশিষ্ট্য হ’ল—

(ক) উদ্দীপকে কিমান শক্তিশালীভাৱে জ্ঞানেন্দ্রিয়ক উদ্দীপিত কৰে তাৰ ওপৰত শিশুৰ সংবোধন নিৰ্ভৰ কৰে। 

(খ) কোনো কোনো উদ্দীপকৰ সংবোধন শিশুয়ে সহজে আৰু সঠিকভাৱে লাভ কৰে।

(গ) বৃদ্ধিৰ স্তৰৰ ওপৰতো শিশুৰ সংবোধন নিৰ্ভৰ কৰে। 

প্রশ্ন ১৬। ভুল সংবোধন দুইবিধ কি কি?

উত্তৰ: ভুল সংবোধন দুইবিধ হ’ল– 

(ক) ভ্রান্ত প্রত্যক্ষ আৰু 

(খ) অমূল প্রত্যক্ষ। 

প্রশ্ন ১৭। জিভাৰ সহায়ত ল’ব পৰা তিনি প্ৰকাৰৰ স্বাদ উল্লেখ কৰা। 

উত্তৰ জিভাৰ সহায়ত ল’ব পৰা তিনি প্ৰকাৰৰ স্বাদ হ’ল– মিঠা, টেঙা আৰু তিতা।

প্রশ্ন ১৮। জৈবিক সংবেদন কি?

উত্তৰ জৈৱিক প্ৰয়োজনীয়তাৰ বাবে দেহৰ অভ্যন্তৰ ভাগত হোৱা পৰিৱৰ্তনৰ ফলত এইবিধ সংবেদন অনুভূত হয়। এইবিধ সংবেদন অনুভূতিৰ ফলত সকলো জীৱই ক্ষুধা, তৃষ্ণা আদি অনুভৱ কৰে। ইয়াৰ উপৰি অখাদ্য বস্তু খালে আৰু বস্তু হজম নহ’লে অভোক লগা, পেটৰ অসুখ হোৱা আদি অনুভৱ কৰা হয়।

প্রশ্ন ১৯। গুৰুমস্তিক আৰু লঘুমস্তিস্কৰ দুটাকৈ কাৰ্য উল্লেখ কৰা। 

উত্তৰঃ মস্তিষ্ক মস্তিস্ক হ’ল কেন্দ্ৰীয় স্নায়ুমণ্ডলীৰ সদর কার্যালয়। মস্তিস্কই আমাৰ দেহৰ সকলোবোৰ উচ্চপৰ্য্যায়ৰ দেহ মানসিক কাৰ্য, বুদ্ধি, চিন্তা, আৱেগ-অনুভূতি আদি নিয়ন্ত্রণ কৰে। ই দেখাত এটা ফুলকবিৰ দৰে। কবিৰ ঠাৰিডাল হ’ল মেৰুমজ্জা আৰু মূৰৰ ডাঠ লাওখোলাৰ দ্বাৰাই আবৃত্ত হৈ থাকে। ইয়াৰ বিভিন্ন ভাগবোৰ তলত আলোচনা কৰা হ’ল— 

(১) গুৰুমস্তিস্ক : দুটা সমান গোলার্ধত বিভক্ত মস্তিস্কৰ এই প্রধান অংশটো মগজুৰ আটাইতকৈ ডাঙৰ আৰু ই প্রায় অর্ধগোলাকৃতিৰ। প্ৰমস্তিস্কৰ উপৰিভাগৰ ধোৱা বৰণৰ ভাজবিশিষ্ট চামনিক প্ৰমস্তিস্ক আৱৰণ বোলে। এই প্ৰমস্তিস্কই আমাৰ উচ্চ পর্যায় চিস্তা আৰু আচৰণ পৰিচালনা কৰে। প্ৰমস্তিস্ক আৱৰণ তিনিটা ভাগত বিভক্ত 

(১) সংবেদন অঞ্চল 

(২) সঞ্চালক অঞ্চল 

(৩) অনুষংগ অঞ্চল। অনুযংগ অঞ্চলে বাকী দুটা অঞ্চলৰ মাজত সংযোগ সাধন কৰে। আমাৰ বেলেগ বেলেগ সংবেদনৰ কাৰণে প্ৰমস্তিস্কৰ অঞ্চলসমূহ নির্দিষ্ট কৰা আছে।

(২) লঘুমস্তি  লঘু মস্তিস্ক শুৰুমস্তিস্কৰ পিছফালে অৱস্থিত। ই দুটা অৰ্ধগোলকৰ আকৃতিৰ আৰু মাজত এডাল সংযোজক আছে। ইয়াৰ প্ৰধান কাম হ’ল শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰা মগজুৰ এই অংশই আমাৰ অভ্যাসবশত কামবোৰ যেনে খোজকঢ়া চাইকেল চলোৱা, সাঁতোৰা আদি কাম নিয়ন্ত্ৰিত কৰে।

(৩) মধ্যমস্তিস্ক ঃ গুৰুমস্তিস্কৰ তললৈ মধ্যমস্তিস্ক অৱস্থিত। ই হ’ল আমাৰ মস্তিস্কৰ মূলদেশ। ইয়াৰ পৰাই অর্ন্তবাহী আৰু বৰ্হিবাহী স্নায়ু পথ ৰচিত হৈছে। প্ৰমস্তিস্কৰ দ্বাৰা নিয়ন্ত্ৰণৰ প্রয়োজন নোহোৱা কিছুমান আচৰণ মধ্যমস্তিস্কৰ দ্বাৰা নিয়ন্ত্রিত হয়। ইয়াৰ দুটা ভাগ হ’ল থেলামাছ আৰু হাপপোথেলামাছ।

(৪) থেলামাছ মধ্যমস্তিস্কৰে অংশ বিশেষ এই ভাগে গুরুমস্তিস্কৰ সকলো স্নায়ৱিক উত্তেজনা প্ৰেৰণ কৰে। বিভিন্ন জ্ঞানেন্দ্ৰিয়ৰ পৰা স্নায়ুবোৰ থেলামাছ পাই আৰু তাৰপৰা নতুন স্নায়ু গুরুমস্তিস্ক পায়। সেয়েহে এই অংশক সংবেদন কেন্দ্রও বোলা হয়। ইয়াৰ অংশ হাইপোথেলামাছৰ দ্বাৰা মানুহৰ আবেগ অনুভুতি নিয়ন্ত্ৰিত আৰু পৰিচালিত হয়। থেলামাছ আৰু হাইপোথেলামাছে ব্যক্তিৰ আৱেগৰ দৈহিক লক্ষণসমূহ নিয়ন্ত্ৰণ কৰে৷

(৫) অধঃ মস্তিস্ক আৰু সেতু মস্তিস্ক : অধঃ মস্তিস্ক হ’ল মগজুৰ সৰ্বনিম্ন অঞ্চলত অৱস্থিত স্নায়ুগ্ৰন্থি। ইয়াক সুষমা শীর্ষক বুলিও জনা যায়। মেৰুমজ্জাৰ ঊৰ্ধ্বাংশ এই ঠাইখিনিৰ ওপৰৰ বহল অংশক সেতু মস্তিস্ক বোলে। দেখিবলৈ সেতুৰ নিচিনা হোৱা বাবে এই অংশক সেতুমস্তিস্ক বোলা হয়। ই হ’ল লঘু মস্তিস্ক আৰু গুৰুমস্তিস্কৰ সংযোগ স্থল অধঃ মস্তিস্কই মেৰুমজ্জা আৰু মগজুৰ বাকী অংশৰ মাজত স্নায়ুপ হিচাবে কাম কৰে।

প্রশ্ন ১। সংবেদন বুলিলে কি বুজা? সংবেদনৰ বৈশিষ্ট্যসমূহ লিখা। 

উত্তৰ:মানসিক উদ্দীপনার প্রথম স্তৰটোৱেই হৈছে সংবেদন। প্ৰাণীয়ে নিজৰ দেহত থকা পঞ্চ ইন্দ্ৰিয়ৰ যোগেদি বাহ্যিক জগতৰ জ্ঞান লাভ কৰে বাহিৰৰ জগতৰ কোনো উদ্দীপকে দেহৰ বিভিন্ন ইন্দ্ৰিয়ৰ সংযোগত আহি ইন্দ্ৰিয়ত থকা স্নায়ুসমূহ উত্তেজিত কৰে আৰু এই উত্তেজনা অন্তর্বাহী স্নায়ুৰ মাজেৰে মগজু পায়গৈ। তেতিয়া মগজুত এক স্নায়ুমূলক অনুভূতি বা প্রাথমিক বোধ জন্মে। অর্থাৎ বাহ্যিক বস্তুৰ কোনো উদ্দীপকে স্নায়ু আৰু মগজুৰ সহায়ত যি সৰলতম বা প্ৰাথমিক ভাব জগাই তোলে তাকে সংবেদন বোলে। উদাহৰণ স্বৰূপে বাহিৰত হঠাতে এটা শব্দ হ’ল অর্থাৎ দূৰৰ পৰা শব্দ তৰংগ আহি আমাৰ শ্ৰৱণেন্দ্ৰিয়ত পৰিল। সেই শব্দ উদ্দীপক শ্রবণেন্দ্রিত পৰাৰ লগে লগে তাৰ স্নায়ুসমূহ উত্তেজিত হৈ তাৰ বাৰ্তা মগজুলৈ পঠিয়াৰ। এইটো শব্দ সংবেদন। যেতিয়ালৈকে শব্দটো কিহৰ আমি ধৰিব নোৱাৰো ই সংবেদন হৈ থাকে। কেৱল মাত্ৰ শিশুৰ ক্ষেত্ৰতহে সংবেদনৰ প্ৰকৃত ৰূপ পোৱা যায়। কিন্তু ডাঙৰৰ ক্ষেত্ৰত ইয়াক প্ৰকৃত ৰূপত পোৱা নাযায়। কাৰণ ডাঙৰৰ ক্ষেত্ৰত থকা পূর্ব অভিজ্ঞতাই যিকোনো সংবেদনক জ্ঞানত পৰিণত করায়।

সংবেদনৰ বৈশিষ্ট্যসমূহ 

১। সংবেদন হ’ল বাস্তৱ জগতৰ পৰা জ্ঞান লাভ কৰা প্ৰথম আৰু মূল উপাদান। 

২। বাহ্যিক কোনো ঘটনাই উদ্দীপনাৰ সৃষ্টি নকৰিলে সংবেদনৰ জন্ম হ’ব নোৱাৰে।

৩। উদ্দীপকৰ তীব্ৰতা, গুণ, মাত্রা, স্থায়িত্বৰ ওপৰত সংবেদন নিৰ্ভৰ কৰে। 

৪। সংবেদন বস্তুকেন্দ্রিক মানসিক অৱস্থা, অর্থাৎ ই সদায় বস্তুৰ ওপৰত নিৰ্ভৰশীল। 

৫। সংবেদন নিষ্ক্রিয়। ই আপোনা আপুনি আমাৰ মনলৈ আহে। 

প্রশ্ন ২। সংপ্রত্যয়ন কাক বোলে?l শিক্ষকে সংপ্রত্যক্ষৰ যোগেদি কেনেকৈ শিক্ষণ প্রক্রিয়া সফল কৰি তুলিব পাৰে লিখা। 

উত্তৰঃ সংপ্ৰত্যয়ন হৈছে এক উচ্চ স্তৰৰ মানসিক পর্যায় সংবোধনৰ পৰৱৰ্তী পৰ্যায় হৈছে সংপ্রত্যয়ন। ইন্দ্ৰিয়যোগে আমাৰ বাহাজগতৰ পৰিৱেশৰ পৰা বিভিন্ন বস্তু সম্বন্ধে সংবেদন লাভ কৰা হয়। এই সংবেদনৰ অৰ্থযুক্ত জ্ঞান লাভ হ’লেই ই সংবোধনত পৰিণত হয়। এই প্রত্যক্ষ জ্ঞান আমাৰ মনত ক্রমান্বয়ে সঞ্চিত হৈ জ্ঞান আর্জিত বস্তু সমূহৰ বিষয়ে এক সাধাৰণ মত বা ধাৰণাৰ সৃষ্টি কৰে। এই সাধাৰণ মত বা ধাৰণা মনত সৃষ্টি কৰিবলৈ পৰ্য্যবেক্ষণ, বিশ্লেষণ, ভাবাত্মিকৰণ, সংশ্লেষণ, তুলনা আৰু নামকৰণ আদি বিভিন্ন মানসিক ক্রিয়াই ব্যক্তিক সহায় কৰে। এনেদৰে অতীতত প্রত্যক্ষ কৰা কোনো বস্তুৰ বিষয়ে আহৰণ কৰা সামূহিক, সুসংবদ্ধ সাধাৰণ মত বা ধাৰণাকে সংপ্রত্যয়ন বোলা হয়।

সংপ্রত্যয়নৰ বৈশিষ্ট্যসমূহ 

(১) ব্যক্তিয়ে নিজস্বভাৱে মনৰ জ্ঞান অভিজ্ঞতাক নামাকৰণ কৰা পদ্ধতিটোৱেই হ’ল সংপ্রত্যয়ন। 

(২) সংপ্রত্যয়ন হ’ল ব্যক্তিয়ে কোনো বিষয়বস্তুৰ ওপৰত আয়ত্ত কৰা বিস্তৃত অভিজ্ঞতাৰ সংক্ষেপকৰণ বা সাৰাংশকৰণ কৰা কাৰ্য।

(৩) সংপ্ৰত্যয়ন নিৰ্ভৰ কৰে ব্যক্তিয়ে আয়ত্ত কৰা মানসিক অভিজ্ঞতাৰ বিস্তৃতি আৰু প্ৰাচুৰ্যৰ ওপৰত। 

(৪) সকলো সময়তে সংপ্ৰত্যয়নৰ বাস্তৱ ভিত্তি নাথাকিবও পাৰে। কোনো কোনো সময়ত। পাৰে। অবাস্তৱ বস্তু বা বিষয়ৰ প্রতিও সংপ্রত্যয়ন 

(৫) সংপ্রত্যয়ন বস্তুগত আৰু ভাবগত দুয়োবিধেই হ’ব পাৰে। 

(৬) সংপ্রত্যয়নে চিন্তা প্ৰক্ৰিয়াত ঘোৰাক যোগায়।

(৭) সংপ্রত্যয়ন সংবোধনৰ ওপৰত নিৰ্ভৰশীল কিন্তু সংবেদনৰ ওপৰত নহয়। শিশুৰ সংপ্রত্যয়ন গঢ়ি তোলাত শিক্ষকে এক গুরুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব পাৰে। উদাহৰণ স্বৰূপে –

(১) শিশুৰ শুদ্ধ সংপ্রত্যয়ন নিৰ্ভৰ কৰে শুদ্ধ সংবোধনৰ ওপৰত। শুদ্ধ সংবোধন নিৰ্ভৰ কৰে ইন্দ্ৰিয় যোগে পোৱা সংবেদন অনুভূতিৰ ওপৰত। গতিকে শিশুৰ পৰৱৰ্তী শিক্ষাক্ষেত্ৰত সুস্থ সবল সংপ্রত্যয়ণ লাভ কৰিবৰ বাবে শিক্ষাৰ প্ৰাৰম্ভিক পৰ্য্যায়ত বিশেষকৈ প্ৰাক্‌-প্রাথমিক শিক্ষা ব্যৱস্থাত ইন্দ্ৰিয় প্ৰশিক্ষণৰ জৰিয়তে শুদ্ধ সংবেদন লাভ কৰাৰ ওপৰত গুৰুত্ব দিয়া উচিত। 

(২) শিক্ষকে যন্ত্রিকভাৱে বক্তৃতা পদ্ধতিৰে পাঠ্যপুথিৰ বিষয় জ্ঞান দিয়াৰ পৰিৱৰ্তে শিশুসকলক সক্রিয় সহযোগিতাৰে ক্ৰিয়াৰ যোগেদি শিক্ষা (Learning by doing) দিয়াৰ ব্যৱস্থা কৰিব লাগে। এনে শিক্ষা পদ্ধতিৰ ব্যৱহাৰে শিশুক বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত সংপ্রত্যয় গঢ়ি তোলাত সহায়ক হয়।

(৩) শিশুসকলৰ সংপ্রত্যয়ন গঢ়ি তোলাৰ ক্ষেত্ৰত শব্দ জ্ঞান আৰু ভাষা-জ্ঞানে যথেষ্ট ভূমিকা গ্রহণ কৰে। সেয়েহে শৈশৱকালতে শিশুসকলক প্রয়োজনীয় ভাণ্ডাৰৰ লগত পৰিচয় কৰি দিব লাগে। সেই শব্দবোৰৰ শুদ্ধ উচ্চাৰণ আৰু উপযুক্ত প্রয়োগৰ ওপৰত গুৰুত্ব দিব লাগে।

(৪) সংপ্রত্যয়ন গঢ়ি উঠাত সহায়ক হ’বৰ বাবে শিক্ষকে পাঠদান কৰোতে সহজৰ পৰা কঠিনলৈ, জ্ঞাতৰ পৰা অজ্ঞাতলৈ ইত্যাদি মনোবৈজ্ঞানিক নীতিসমূহ প্ৰয়োগ কৰিব লাগে। ইয়াৰ উপৰিও উদাহৰণ, ৰিজনি, পূর্ব প্রসংঙ্গৰ উল্লেখ কৰিও ছাত্ৰ-ছাত্ৰীৰ মাজত সহজে বিষয় বস্তু সম্বন্ধে ধাৰণা গঢ়ি তোলাত সহায় কৰিব পাৰে।

(৫) বাস্তৱৰ জটিল ধাৰণাবোৰৰ বিষয়ে বা পাঠ্যপুথিৰ জটিল পাঠ শিশুৱে সহজে আয়ত্ত কৰিবৰ বাবে চিত্ৰৰ ব্যৱহাৰ কৰিব পাৰে। প্ৰয়োজন সাপেক্ষে বিষয়বস্তুৰ লগত ৰজিতা খুৱাই চিত্ৰসমূহত ৰঙৰ প্ৰয়োগো কৰিব পাৰে।

(৬) শৈশৱ কালত শিশুসকল তেওঁলোকৰ চাৰিওফালৰ পৰিৱেশৰ প্ৰতি সচেতন হৈ উঠে। তেওঁলোকৰ কৌতূহলী মনে বিভিন্ন ধৰণৰ প্ৰশ্নৰ অবতাৰণা কৰে। শিক্ষকসকলে এই প্রশ্নবোৰৰ উত্তৰ সহজ সৰলভাৱে বুজাই দি সেই বিষয় সম্বন্ধে নির্ভুল ধাৰণা গ্ৰহণ কৰাত সহায় কৰিব লাগে।

এনেধৰণে শিশুকে ছাত্ৰ-ছাত্ৰীৰ মনত নির্ভুল সংপ্রত্যয়নৰ জন্ম দিব পাৰে। অৱশ্যে শিশুৰ সংপ্রত্যয়নৰ ক্ষমতা বহু পৰিমাণে নিৰ্ভৰ কৰে সিহঁতৰ মানসিক পৰিপক্কতাৰ ওপৰত। 

প্রশ্ন ৩। সংপ্রত্যয়নৰ দ্বাৰা মানসিক মিতব্যয় (Mental economy) কেনেকৈ হয়? সংপ্রত্যয়নৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰ সংবোধনৰ উন্নত মানসিক স্তৰকে সংপ্রত্যয়ন বোলা হয়। সংবোধনৰ ওপৰত ভিত্তি কৰিয়েই সংগ্ৰত্যয়ন গঢ়ি উঠে। আমাৰ অন্তর্নিহিত প্ৰেৰণা আৰু সহজাত প্রবণতাই আমাক পৰিবেশৰ বিভিন্ন উদ্দীপকৰ মাজৰ পৰা কিছুমান বিশেষ উদ্দীপকৰ প্ৰতিহে আকৃষ্ট কৰি তোলে। একেজাতীয় বিভিন্ন বস্তু, ব্যক্তি, প্রাণী, বিষয়, অভিজ্ঞতা আদিৰ তুলনা, যুক্তি, বিচাৰ অথবা বিশ্লেষণেৰে সেইবোৰৰ বিষয়ে আমাৰ মনত ক্ৰমশঃ এটা উঠে। এনেধৰণৰ জ্ঞানকে সংপ্রত্যয়ন বোলা হয়। কেইটামান বিশেষ মানসিক প্রক্ৰিয়াৰ মাজেৰে। সংপ্রত্যয়ন গঢ়ি উঠে। সেই প্রক্রিয়া কেইটা হ’ল– বিষয়বস্তুৰ ওপৰত পর্যবেক্ষণ, বিশ্লেষণ, তুলনা, পৃথকীকৰণ আৰু সামান্যীকৰণৰ জৰিয়তে বিষয়বস্তুৰ ওপৰত এক ধাৰণা গঢ়ি উঠে। উদাহৰণ স্বৰূপে শিশুৱে বিভিন্ন ধৰণৰ, জাতৰ, বিভিন্ন ৰঙৰ কুকুৰ দেখি কুকুৰ সম্বন্ধে এক ধাৰণাৰ সৃষ্টি কৰিবলৈ সক্ষম হয়। ধাৰণা গঢ়ি উঠাৰ পিচত নামকৰণ কৰা হয় যাতে সহজে ধাৰণাটো মনত ৰাখিব পাৰি বুজিব পাৰি আৰু নির্দেশ কৰিব পাৰি। গতিকে সংপ্রত্যয়ন হ’ল অতীত অভিজ্ঞতাৰ সচেতন পুনৰ সংগঠন কার্য

সংপ্রত্যয়নৰ বৈশিষ্ট্যসমূহ :

(১) ব্যক্তিয়ে নিজস্বভাৱে মনৰ জ্ঞান অভিজ্ঞতাক নামকৰণ কৰা পদ্ধতিটোৱেই হ’ল। সংপ্রত্যয়ন।

(২) সংগ্ৰত্যয়ন হ’ল ব্যক্তিয়ে কোনো বিষয়বস্তুৰ ওপৰত আয়ত্ত কৰা বিস্তৃত অভিজ্ঞতাৰ সংক্ষেপকৰণ বা সাৰাংশকৰণ কৰা কাৰ্য।

(৩) সংপ্রত্যয়ন নিৰ্ভৰ কৰে ব্যক্তিয়ে আয়ত্ত কৰা মানসিক অভিজ্ঞতাৰ বিস্তৃতি আৰু প্ৰাচুৰ্যৰ ওপৰত। 

(৪) সকলো সময়তে সংপ্রত্যয়নৰ বাস্তৱ ভিত্তি নাথাকিবও পাৰে। কোনো কোনো সময়ত

অবাস্তৱ বস্তু বা বিষয়ব প্রতিও সংপ্রত্যয়ন গঢ়ি উঠিব পাৰে। 

(৫) সংপ্রত্যয়ন বস্তুগত আৰু ভাবগত দুয়োবিধেই হ’ব পাৰে।

(৬) সংপ্রত্যয়নে চিন্তা প্ৰক্ৰিয়াত খোৰাক যোগায়। 

(৭) সংপ্রত্যয়ন সংবোধনৰ ওপৰত নিৰ্ভৰশীল কিন্তু সংবেদনৰ ওপৰত নহয়।

প্রশ্ন ৪ চমুটোকা লিখা।

(ক) মস্তিষ্ক 

(খ) উদ্দীপক 

(গ) গ্রহণেন্দ্রিয় 

(ঘ) অনালীগ্রন্থী 

উত্তৰ : (ক) মস্তিষ্ক মস্তিস্ক হ’ল কেন্দ্ৰীয় স্নায়ুমণ্ডলীৰ সদর কার্যালয়। মস্তিস্কই আমাৰ দেহৰ সকলোবোৰ উচ্চপৰ্য্যায়ৰ দেহ মানসিক কাৰ্য, বুদ্ধি, চিন্তা, আৱেগ-অনুভূতি আদি নিয়ন্ত্রণ কৰে। ই দেখাত এটা ফুলকবিৰ দৰে। কবিৰ ঠাৰিডাল হ’ল মেৰুমজ্জা আৰু মূৰৰ ডাঠ লাওখোলাৰ দ্বাৰাই আবৃত্ত হৈ থাকে। ইয়াৰ বিভিন্ন ভাগবোৰ তলত আলোচনা কৰা হ’ল— 

(১) গুৰুমস্তিস্ক : দুটা সমান গোলার্ধত বিভক্ত মস্তিস্কৰ এই প্রধান অংশটো মগজুৰ আটাইতকৈ ডাঙৰ আৰু ই প্রায় অর্ধগোলাকৃতিৰ। প্ৰমস্তিস্কৰ উপৰিভাগৰ ধোৱা বৰণৰ ভাজবিশিষ্ট চামনিক প্ৰমস্তিস্ক আৱৰণ বোলে। এই প্ৰমস্তিস্কই আমাৰ উচ্চ পর্যায় চিস্তা আৰু আচৰণ পৰিচালনা কৰে। প্ৰমস্তিস্ক আৱৰণ তিনিটা ভাগত বিভক্ত 

(১) সংবেদন অঞ্চল 

(২) সঞ্চালক অঞ্চল 

(৩) অনুষংগ অঞ্চল। অনুযংগ অঞ্চলে বাকী দুটা অঞ্চলৰ মাজত সংযোগ সাধন কৰে। আমাৰ বেলেগ বেলেগ সংবেদনৰ কাৰণে প্ৰমস্তিস্কৰ অঞ্চলসমূহ নির্দিষ্ট কৰা আছে।

(২) লঘুমস্তি  লঘু মস্তিস্ক শুৰুমস্তিস্কৰ পিছফালে অৱস্থিত। ই দুটা অৰ্ধগোলকৰ আকৃতিৰ আৰু মাজত এডাল সংযোজক আছে। ইয়াৰ প্ৰধান কাম হ’ল শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰা মগজুৰ এই অংশই আমাৰ অভ্যাসবশত কামবোৰ যেনে খোজকঢ়া চাইকেল চলোৱা, সাঁতোৰা আদি কাম নিয়ন্ত্ৰিত কৰে।

(৩) মধ্যমস্তিস্ক ঃ গুৰুমস্তিস্কৰ তললৈ মধ্যমস্তিস্ক অৱস্থিত। ই হ’ল আমাৰ মস্তিস্কৰ মূলদেশ। ইয়াৰ পৰাই অর্ন্তবাহী আৰু বৰ্হিবাহী স্নায়ু পথ ৰচিত হৈছে। প্ৰমস্তিস্কৰ দ্বাৰা নিয়ন্ত্ৰণৰ প্রয়োজন নোহোৱা কিছুমান আচৰণ মধ্যমস্তিস্কৰ দ্বাৰা নিয়ন্ত্রিত হয়। ইয়াৰ দুটা ভাগ হ’ল থেলামাছ আৰু হাপপোথেলামাছ।

(৪) থেলামাছ মধ্যমস্তিস্কৰে অংশ বিশেষ এই ভাগে গুরুমস্তিস্কৰ সকলো স্নায়ৱিক উত্তেজনা প্ৰেৰণ কৰে। বিভিন্ন জ্ঞানেন্দ্ৰিয়ৰ পৰা স্নায়ুবোৰ থেলামাছ পাই আৰু তাৰপৰা নতুন স্নায়ু গুরুমস্তিস্ক পায়। সেয়েহে এই অংশক সংবেদন কেন্দ্রও বোলা হয়। ইয়াৰ অংশ হাইপোথেলামাছৰ দ্বাৰা মানুহৰ আবেগ অনুভুতি নিয়ন্ত্ৰিত আৰু পৰিচালিত হয়। থেলামাছ আৰু হাইপোথেলামাছে ব্যক্তিৰ আৱেগৰ দৈহিক লক্ষণসমূহ নিয়ন্ত্ৰণ কৰে৷

(৫) অধঃ মস্তিস্ক আৰু সেতু মস্তিস্ক : অধঃ মস্তিস্ক হ’ল মগজুৰ সৰ্বনিম্ন অঞ্চলত অৱস্থিত স্নায়ুগ্ৰন্থি। ইয়াক সুষমা শীর্ষক বুলিও জনা যায়। মেৰুমজ্জাৰ ঊৰ্ধ্বাংশ এই ঠাইখিনিৰ ওপৰৰ বহল অংশক সেতু মস্তিস্ক বোলে। দেখিবলৈ সেতুৰ নিচিনা হোৱা বাবে এই অংশক সেতুমস্তিস্ক বোলা হয়। ই হ’ল লঘু মস্তিস্ক আৰু গুৰুমস্তিস্কৰ সংযোগ স্থল অধঃ মস্তিস্কই মেৰুমজ্জা আৰু মগজুৰ বাকী অংশৰ মাজত স্নায়ুপ হিচাবে কাম কৰে।

(খ) উদ্দীপক

উত্তৰঃ আমি অনবৰতে আমাৰ বাহ্যিক জগতখনৰ পৰা বিভিন্ন জ্ঞান লাভ কৰি থাকো। এইবোৰৰ বাবে আমি আমাৰ চকু, কাণ, নাক, জিভা আৰু ছাল এই যষ্ঠ ইন্দ্ৰিয়ৰ ওপৰত নিৰ্ভৰশীল প্ৰতিটো ইন্দ্ৰিয়ৰ বাবে এক নিৰ্দিষ্ট ৰূপৰ বাহ্যিক শক্তি প্রয়োজন। এই জ্ঞানেন্দ্রিয়সমূহ উত্তেজিত কৰা শক্তিসমূহকে উদ্দীপক বোলে। উদাহৰণস্বৰূপে চকুৰ বাবে পোহৰ, কাণৰ বাবে শব্দ উদ্দীপক।

বহিঃজগতৰ পৰা পোৱা উদ্দীপকসমূহৰ উত্তৰত আমাৰ দেহে কৰা সকলো ধৰণৰ কাৰ্যই প্রতিক্রিয়া। কোনো উদ্দীপকে জ্ঞানেন্দ্রিয়কউত্তেজিত কৰাৰ লগে লগে হোৱা পেশীৰ সংকোচন আৰু গ্ৰন্থিৰ ক্ষৰণৰ ফলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। অর্থাৎ প্রতি উদ্দীপকৰে প্ৰতিক্ৰিয়া থাকে। উদাহৰণস্বৰূপে চকুত হঠাতে বেছি পোহৰ আহি পৰিলে চকুপানী ওলোৱা। 

(গ) গ্রহণেন্দ্রিয়

উত্তৰঃ মানৱ শৰীৰত পাচ প্ৰকাৰৰ ইন্দ্ৰিয় আছে। চকু, নাক, কাণ, জিভা, আৰু ছাল। এই পাচটা ইন্দ্ৰিয়ক পঞ্চ ইন্দ্রিয় বোলা হয়। প্রতিটো ইন্দ্রিয়তে কিছুমান বিশেষ ধৰণৰ গ্ৰহণকোষ আছে যিবোৰে বৰ্হিজগতৰ বিভিন্ন উদ্দীপকৰ পৰা উদ্দীপনা গ্রহণ কৰে। অৰ্থাৎ এই গ্রহণকোষ সুহৰ উদ্দীপনা গ্ৰহণৰ এক ক্ষমতা আছে। উদাহৰণ স্বৰূপে চকুৱে পোহৰ উদ্দীপনা আৰু ণেৰে শব্দ উদ্দীপনা। সেয়েহে এই ইন্দ্রিয় সমূহক গ্রহণেন্দ্রিয় বোলে। উদ্দীপনা গ্ৰহণ কৰাৰ লগে লগে এই কোষবোৰত তড়িৎ ৰাসায়নিক পৰিৱৰ্তন ঘটে আৰু এই কাৰণতে ইয়াত উত্তেজনাৰ সৃষ্টি হয়।

গ্রহণেন্দ্ৰি গ্ৰহণ কৰা, উদ্দীপক সমূহ প্রথমে মগজু পায়গৈ অন্তৰ্বাহী স্নায়ুৰ স্হায়ত। তাৰ পাছত মগজুত সৃষ্টি হোৱা প্ৰতিক্রিয়া শৰীৰৰ বিভিন্ন অংশৰ যোগেদি প্রকাশ পায়। শৰীৰৰ যিবোৰ অংশৰ যোগেদি এই প্রতিক্রিয়াবোৰ প্ৰকাশ পায় সেইবোৰকে সাধকেন্দ্রিয় বোলে। সাধকেন্দ্ৰিয় দুই প্ৰকাৰৰ। 

(১) পেশীসমূহ আৰু 

(২) গ্ৰন্থিসমূহ।

গ্রাহণেন্দ্রিয় তলত প্ৰতিটো গ্ৰহণেন্দ্রিয় কাৰ্যৰ চমু বিৱৰণ দিয়া হ’ল।

(১) চকু ঃ প্ৰমস্তিস্কৰ উপৰিভাগত থকা দৃষ্টি অঞ্চলৰ লগত দর্শন স্নায়ুৱে চকুত সংলগ্ন কৰি থাকে। কোনো বস্তুৰ পোহৰ চকুত পৰিলে সৃষ্টি হোৱা স্নায়বিক উত্তেজনা দর্শন স্নায়ুরে মগজুলৈ কঢ়িয়াই আনে আৰু তাৰ ফলতে দৃষ্টি সংবেদন লাভ হয়। চকুত থকা লেন্সৰ সহায়ত আমি বস্তুটো দেখিবলৈ পাও।

(২) ঝাণ কাণৰ সহায়ত প্রাণীরে শব্দ সংবেদন লাভ কৰে। প্ৰমস্তিষ্কৰ প্ৰাৱণ অঞ্চলৰ লগত কাণক ইয়াৰ পৰা যোৱা স্নায়ুকে সংযোগ কৰি ৰাখিছে। বাহিৰৰ পৰা অহা শব্দ সংবেদনে কাগৰ পৰ্দাত কণ্ঠনিৰ সৃষ্টি কৰে। এই কপনি কাণৰ হাড়িয়া, কুমৰ হাতত থকা সুপ্তা, মূলগৰ আকৃতিৰ হাড় নিয়াৰিৰ হাড় আৰু খাৰুৱা আকৃতিৰ হাড়ৰ মাজেৰে গৈ অভ্যন্তৰৰ পৰ্দাত খুন্দা মাৰে। তাৰ লগত সংযোগ হৈ থকা অস্তবাহী স্নায়ুৰ সহায়ত সেই শব্দ সংবেদনৰ অনুভূতি মগজুলৈ যায়।

(৩) নাক আমাৰ এই ইন্দ্ৰিয়ৰ সহায়ত বিভিন্ন বস্তুৰ গোন্ধ পাও নাকৰ অভ্যন্তৰত স্নায়ুকোষেৰে গঠিত এখন পাতল আৱৰণ আছে। বাহিৰৰ বতাহৰ সংস্পৰ্শত আহিব পৰা পাতল আহৰণৰ তলতে আছে গন্ধ স্নায়ুকোষ। বতাহত কোনো বস্তুৰ বায়বীয় কণা আহি নাকত সোমোৱাৰ ফলত স্নায়ুকোষত একপ্ৰকাৰ ৰাসায়নিক ক্রিয়া ঘটে। গন্ধবাহী স্নায়ুরে সেই উদ্দীপনা মগজুলৈ পঠিয়াই আৰু আমি যাণ সংবেদন পাও। 

(৪) : জিভাৰ উপৰিভাগত সৰু সৰু দানাৰ দৰে কিছুমান স্বাদবাহী কোষ আৰু কিছুমান স্বাদকোষক আছে। আমি আহাৰ খালে স্বাদ কোষবোৰৰ পৰা এবিধ বস ওলাই আহাৰৰ লগত মিহলি হয়। তেতিয়া দ্বাদ সম্পর্কীয় স্নায়ুত উদ্দীপনা সৃষ্টি হয়। স্নায়ুৰ মাজেৰেই মস্তিস্ক পালেই আমাৰ স্বাদ সম্পৰ্কীয় সংবেদন হয়। জিভাৰ অংশত মিঠা, তাৰ ওপৰত দুয়োকাষে লুণীয়া, মাজভাগত টেঙা আৰু ভিতৰফালে তিতা স্বামৰ স্বাদকোষক থাকে। 

(৫) ছালছাল আমাৰ আন এটা ইন্দ্ৰিয়। ইয়াৰ এক বিশেষত্ব হ’ল ই সমগ্ৰদেহত বিয়পি আছে। বাহিৰৰ বিভিন্ন বস্তু ছালত লাগিলে উপছালৰ ওপৰত এটা হেচা পৰে। গৰমস চেঁচা ইত্যাদি বস্তুৱে তেতিয়া উপছালৰ তলত থকা ভুত উত্তেজনা সৃষ্টি কৰে। এই উত্তেজনা তুকত থকা স্নায়ুবোৰে মস্তিস্কলৈ লৈ যায় আৰু তেতিয়াই আমাৰ স্পর্শ সংবেদন হয়।

উত্তৰ নলীবিহীন বা অনালী গ্রন্থি (Ductless gland) নলীমুক্ত গ্ৰন্থিৰ দৰে দেহৰ ভিতৰ ভাগত থকা কিছুমান গ্ৰন্থিৰ ৰাসায়নিক দ্রব্য বাহিৰলৈ উলিয়াই পঠিয়াবলৈ কোনো ব্যৱস্থা নাথাকে। সেইবোৰ গ্ৰন্থিকে অনালী বা নলীবিহীন গ্রন্থি বোলা হয়। এই গ্রন্থিসমূহ

(১) পিইটেন্থি (Pituitary gland) মধ্য মস্তিস্কত অৱস্থিত এই গ্রন্থি অতি গুরুত্বপূর্ণ। পিটুইটেৰীৰ সন্মুখটাৱে শৰীৰ নিয়ন্ত্ৰণ হৰম’ন ক্ষৰণ কৰে। ই শ্বেতসাৰ, মাংসসাৰ আৰু চৰিসাৰৰ বিপাক নিয়ন্ত্ৰণ কৰি শৰীৰৰ সু-সামঞ্জস্যপূর্ণ বিকাশত সহায় কৰে। তাৰোপৰি আন কেইবা প্ৰকাৰৰ হৰম’ন ক্ষৰণ আৰু বিভিন্ন এণ্ড্ৰজাইন গ্ৰন্থিৰ হৰম’নৰ দায়িত্ব গ্ৰহণ কৰে এই পিটুইটেৰী গ্রন্থিয়ে। সেয়েহে এই গ্রন্থিক মুখ্য গ্রন্থি বা গ্রন্থি পতি (Master gland) বুলিও কোৱা হয়। 

(২) পিনিয়াল গ্রন্থি (Pineal gland) : এই গ্রন্থি দীর্ঘম্যাদী নহয়। শৈশৱ কালত এই গ্রন্থি সক্ৰিয় হৈ থাকে আৰু যৌৱন কালত ভৰি দিয়াৰ লগে লগে ইয়াৰ ক্ৰিয়াকালৰ অন্ত পৰে। সেই ফালৰ পৰা বিচাৰ কৰিলে এই গ্ৰন্থিৰ প্ৰয়োজনীয়তা বৰ বেছি নহয়।

(৩) থাইৰইড গ্ৰন্থি (thyroid gland) মানুহৰ সুস্থ দেহ-মানসিক বিকাশত থাইৰইড গ্ৰন্থিৰ স্বাভাৱিক ক্রিয়াই যথেষ্ট প্রভাৱ পেলায়। এই গ্ৰন্থিৰ পৰা থাইৰক্সিন (thyroxin) আৰু কেলছিটানান (Calcitonin) নামৰ দুই ধৰণৰ হৰম’ন ক্ষৰণ হয়।

থাইৰক্সিন প্ৰ’টিন জাত হৰম’ন। ইয়াত এটা আয়ডিন যৌগ থাকে। কেলছিটানানে শৰীৰৰ তেজৰ কেলছিয়ামৰ পৰিমাণ নিয়ন্ত্রণ কৰে। থাইৰইড গ্ৰন্থিৰ পৰা হোৱা হৰম’ন ক্ষৰণৰ মাত্ৰা বেছি হ’লে মানুহজন চঞ্চল আৰু উত্তেজিত স্বভাৱৰ হয়। তাৰ বিপৰীতে হৰম’ন ক্ষৰণ কম হলে বা ক্ষৰণত বাধা পৰিলে মানুহৰ মনোযোগ, উদ্যম শক্তি আদি হ্রাস হোৱা দেখা যায়। 

(8) পেৰাথাইৰইড (Parathyroid gland) ঃ থাইৰইড গ্ৰন্থিৰ চাৰিওফালে থকা গ্ৰন্থিকেইটা হ’ল পেৰাথাইৰইড। ইয়াৰ পৰা ক্ষৰণ হোৱা হৰম’নবোৰৰ নাম পেৰাট (Parat) হৰম’ন। এই হৰম’নে শৰীৰত কেলছিয়াম বিপাক নিয়ন্ত্ৰণ কৰে। দেহৰ চূণ জাতীয় উপাদানেৰে গঠিত বিভিন্ন অংশ (হাড়, দাঁত আদি) গঠনত এই হৰম নে সহায় কৰে। এই হৰম’নৰ ক্ষৰণ কম হ’লে ব্যক্তি পেশীৰ কঁপনি, সিয়ামূৰী আদি ৰোগৰ দ্বাৰা আক্রান্ত হয়। তাৰ বিপৰীতে হৰম’ন ক্ষৰণ বেছি হ’লে হাড় ঠুনুকা হয়।

(৫) থাইমাছ গ্ৰন্থি (Thymus gland) এই গ্রন্থি ডিঙিৰ তলত অৱস্থিত। শৰীৰ আৰু মনৰ বিকাশ এই গ্ৰন্থিৰ পৰা ক্ষৰণ হোৱা হৰম’নৰ ওপৰত নিৰ্ভৰ কৰে।

(৬) এড্রিনেল গ্রন্থি (Adrenal gland) ও মূত্রাশয়ৰ ওচৰত এই গ্রন্থি অৱস্থিত। ইয়াৰ পৰা ক্ষৰণ হোৱা হৰম’নৰ অস্বাভাৱিকতাই ৰোগৰ বীজাণু প্রতিহত কৰাৰ ক্ষমতা কমাই দিয়ে আৰু বিচাৰ বুদ্ধিৰ ক্ষমতা কমি যায়। 

(৭) পেংক্রিয়াচ (Pancreas gland) ই যদিও নলীযুক্ত গ্রন্থি তথাপি ই নলীবিহীন অস্থিৰ দৰে কাম কৰে। এই গ্ৰন্থিৰ পৰা ওলোৱা হৰম’নৰ অভাৱ ঘটিলে বহুমূত্ৰ ৰোগৰ জন্ম কাম-কাজৰ প্ৰতি আগ্ৰহ কমি আহে।

(৮) যৌন গ্রন্থি (Sex gland) এই গ্ৰন্থিৰ পৰা ক্ষৰণ হোৱা হৰম’নৰ পৰিমাণ অনিয়মীয়া হ’লে বয়স অনুসৰি হ’ব লগা পুৰুষৰ পুৰুষসুলভ আৰু নাৰীৰ নাৰীসুলভ আচৰণৰ বিসংগতিয়ে দেখা দিয়ে।

প্রশ্ন ৫। সংবোধন আৰু সংপ্ৰত্যয়ৰ ছয়টা পার্থক্য লিখা। 

উত্তৰ : সংবোধন হৈছে বাহিৰৰ উদ্দীপক সমুহে আমাৰ মনত সৃষ্টি কৰা সংবেদনৰ স্পষ্ট অথবা অর্থপূর্ণ ব্যাখ্যা আৰু সংপ্ৰত্যয়ন হৈছে অতীত আহৰণ কৰা অভিজ্ঞতাক সু-সংবদ্ধভাৱে আৰু অৰ্থব্যঞ্জকভাবে প্রত্যক্ষ কৰাকে সংপ্রত্যয়ন বোলা হয়। সংবোধন আৰু সংপ্রত্যয়নৰ

(১) সংবোধনৰ বাবে সংবেদন অনুভূতিৰ আৱশ্যক। সংপ্রত্যয়নৰ বাবে সংবোধন অভিজ্ঞতাৰ আৱশ্যক।

(২) সংবোধন হ’ল উদ্দীপকৰ যোগেদি পোৱা প্ৰত্যক্ষজ্ঞান। সংপ্রত্যয়ন হ’ল উদ্দীপকৰ অনুপস্থিতিত পোৱা জ্ঞান।

(৩) সংবোধনত ব্যক্তিনিষ্ঠ প্ৰভাৱ অত্যন্ত সাধাৰণ সংপ্ৰতায়নত কিন্তু এনে প্রভাৱ অধিক হ’ব পাৰে।

(৪) সংবোধনে সংপ্রত্যক্ষক গঢ় দি তোলে আৰু সংপ্ৰত্যক্ষই আকৌ চিন্তা উপকৰণ হিচাবে কাম কৰে।

(৫) সংবোধন হ’ল সংবেদনৰ অৰ্থ প্ৰদান কৰা কাৰ্য। আনহাতে সংপ্রত্যয়ন হৈছে অতীত অভিজ্ঞতাক সংলগ্ন কৰি তাৰ নামকৰণ কৰা কাৰ্য। 

(৬) সংবোধনত নতুন আৰু পুৰণি অভিজ্ঞতাৰ সংযোগ আমাৰ অজ্ঞাতসাৰেই ঘটে। সংপ্রত্যয়নৰ এই সংযোগ আমাৰ জ্ঞাতসাৰেই ঘটে।

(৭) সংবোধনৰ অভিজ্ঞতা বাস্তৱ ভিত্তিক। সংপ্রত্যয়নৰ অভিজ্ঞতা বাস্তৱ অবাস্তৱ দুয়ো প্ৰকাৰৰ হ’ব পাৰে।

প্রশ্ন ৬। সংবোধনৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰ সংবোধনৰ বৈশিষ্ট্য—

১। সংবোধন হ’ল জটিল মানসিক অৱস্থা।

২। সংবোধন হ’ল বস্তুৰ প্ৰকৃত জ্ঞান আৰু সংবেদনতকৈ অধিক সক্রিয়। 

৩। সংবোধন উপস্থাপনমূলক আৰু প্ৰতিনিধিত্বমূলক।

৪। সংবোধনে পূর্ব অভিজ্ঞতাৰ ভিত্তিত আমাক বস্তুৰ পৰিপূৰ্ণ জ্ঞান দিয়ে।

৫। সংবোধনত অনুভূতিৰ বাহিৰেও বুদ্ধিৰ পৰিচয় পোৱা যায়। 

প্রশ্ন ৭। সংবেদন আৰু সংবোধনৰ মাজত থকা পার্থক্যসমূহ আলোচনা কৰা।

উত্তৰ সংবেদন আৰু সংবোধনৰ ভিতৰত সাদৃশ্য থাকিলেও সিহঁতৰ মাজত পার্থক্যও নথকা নহয়। মনোবৈজ্ঞানিক সকলৰ মতে সংবেদন আৰু সংবোধনৰ মাজত থকা পাৰ্থক্যবোৰ সংবেদন

১। সংবেদন হ’ল সৰল দৈহিক অভিজ্ঞতা।।

২। সংবেদন হ’ল উদ্দীপকে সৃষ্টি কৰা উদ্দীপকৰ প্ৰাথমিক বোধ। 

৩। সংবেদন হ’ল বস্তুৰ গুণৰ সংবোধনত। সংবোধন চেতনা।

১। সংবোধন হ’ল জটিল মানিসক অৱস্থা।

২। সংবোধন হ’ল প্রাথমিক বোধৰ ব্যাখ্যা।

৪। সংবেদন সংবোধনতকৈ নিষ্ক্রিয়।

৫। সংবেদন হ’ল জ্ঞানৰ উপাদান।

৬। সংবেদন অনুমানৰ ওপৰত প্ৰতিস্থিত। 

৭। সংবেদন পূৰ্ব্ব অভিজ্ঞতাৰ প্ৰভাৱ

৮। সংবেদনে বস্তুৰ আংশিক ৰূপহে আমাক দিয়ে।

৪। সংবোধন সংবেদনতকৈ অধিক

৫। সংবোধন হ’ল বস্তুৰ প্ৰকৃত জ্ঞান। অভিজ্ঞতা।

৬। সংবোধন হ’ল বাস্তব

৭। সংবোধনত পূর্ব অভিজ্ঞতাৰ প্ৰভাৱ থাকে। 

৮। সংবোধনে বস্তুৰ পৰিপূর্ণ জ্ঞান আমাক দিয়ে। 

৯। সংবেদন উপস্থাপনমূলক। 

৯। সংবোধন উপস্থাপনমূলক আৰু প্রতিনিধিত্বমূলক।

১০। সংবেদনে জ্ঞানৰ উপাদান।

১১। সংবেদনত অনুভূতিৰ স্থান বেছি।

প্রশ্ন ৮। শিক্ষণত সংপ্রত্যয়নৰ গুৰুত্ব কি?

১০। সংবোধনে সেই উপাদানবোৰৰ মাজত সম্পর্ক স্থাপন কৰে। ১১। সংবোধনত অনুভূতিৰ বাহিৰেও বুদ্ধিৰ পৰিচয় পোৱা যায়।

উত্তৰ ঃ জন্মতে কেঁচুৱাৰ কোনো অভিজ্ঞতা নাথাকে আৰু সেই বাবে কেঁচুৱাৰ কোনো ধাৰণাও নাথাকে। লাহে লাহে অভিজ্ঞতা লাভ কৰে আৰু ধাৰণাও আয়ত্ত কৰে। মাতৃভাষা শিক্ষাৰ লগে লগে নিজৰ বিভিন্ন ধাৰণাক শব্দৰে প্ৰকাশ কৰে। ভাষা নজনা মানুহেও বহুত পৰিমাণে ধাৰা আয়ম্ভ কৰিব পাৰে। এই কথা ঠিক যে ভাষাজ্ঞানে ধাৰণাৰ স্পষ্টীকৰণত বহুত সহায় কৰে৷ যাৰ ভাষা দুল্ল তেওঁৰ ধাৰণাও সেই অনুপাতে অস্পষ্ট আৰু অগভীৰ। শিক্ষাৰ ক্ষেত্ৰত সংপ্ৰত্যয়নৰ এক বিশিষ্ট ভূমিকা আছে। বিমানো শিক্ষা দীর্ঘদিন স্থায়ী আৰু বাস্তৱ জীৱনৰ উপযোগী হয় যদিহে সেই শিক্ষাই অতীতৰ পুৰণি আৰু বৰ্তমানৰ নতুন অভিজ্ঞতাৰ মাজত সংযোগ ঘটাবলৈ সক্ষম হয়। এতেকে শিশু শিক্ষা ফলবতী হ’লে সিহঁতৰ সংপ্ৰত্যয়নৰ সুস্থ বিকাশ ক’ৰবলৈ শিক্ষক সকলে যত্ন কৰিব লাগিব। জার্মান দার্শনিক হার্বার্টে (Herbert) শিক্ষাদানৰ এক বিশিষ্ট পদ্ধতি হিচাপে সংপ্রত্যয়নক স্বীকৃতি দি কৈছিল যে শিশুৱে অতীতৰ বাস্তৱ জীৱনৰ পৰা লাভ কৰা বিভিন্ন অভিজ্ঞতাক নিত্য নতুনভাৱে আয়ত্ত কৰা জ্ঞানৰ লগত সংযুক্ত কৰি বিভিন্ন বিষয়ত সিহঁতৰ স্পষ্ট ধাৰণা জন্মাবলৈ চেষ্টা কৰিব লাগিব। কোনো নতুন পাঠ শ্ৰেণীত উপস্থাপন কৰোঁতে পূর্বে আলোচিত অন্য পাঠৰ পৰা উদাহৰণ উদ্ধৃতি ইত্যাদি দিব লাগিব। এনেদৰে জনা কথাৰ পৰা নজনা কথালৈ (known to (unknown facts) শিশুক ধীৰে ধীৰে আগুৱাই দিব পাৰিলেহে তাৰ শিক্ষা ফলৱৰ্তী হ’ব।

প্রশ্ন ৯। শিশুৰ শিক্ষা সংবোধনৰ গুৰুত্ব ব্যাখ্যা করা। অথবা, সংবোধনৰ শৈক্ষিক তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰ শিশুৰ শিক্ষাত সংবোধনে এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে। অৱশ্যে শিশুৰ নিৰ্ভুল সংবোধন নিৰ্ভৰ কৰে নিৰ্ভুল সংবেদনৰ ওপৰত। গতিকে আধুনিক শিক্ষাবিদসকলে সংবেদন শিক্ষাৰ ওপৰত বিশেষভাৱে জোৰ দিছে। কাৰণ সংবেদনৰ

অভিজ্ঞতাসমূহৰ অৰ্থযুক্ত প্রকাশেই হৈছে সংবোধন। শৈশৱকালত শিশুৰ বিমূর্ত চিন্তাশক্তি। (Abstract thinking) অপৈণত অৱস্থাত থাকে গতিকে এনে অৱস্থাত শিশুসকলক তাত্ত্বিক জ্ঞান পাঠাপুথিৰ জৰিয়তে দিয়াৰ পৰিৱর্তে ইন্দ্রিয় অভিজ্ঞতাৰ জৰিয়তে মূর্ত বস্তুৰ বিষয়ে শুল্ক আৰু স্পষ্ট জ্ঞান অৰ্জন কৰাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিব লাগে। শৈশৱকালত শিশুৰ প্রত্যক্ষ জ্ঞান শক্তিশালী কৰি তুলিলে ভৱিষ্যতে বিমুর্তজ্ঞান অর্জন কৰাত সহায়ক • হয়। শিশুৰ সংবেদন বহু পৰিমাণে উদ্দীপকৰ আকর্ষণীয়তাৰ ওপৰত নিৰ্ভৰ কৰে। আকৌ শিশুসকল হৈছে খেলপ্রিয়। সেয়েহে মেডাম মণ্টেছৰীয়ে তেখেতৰ শিশু শিক্ষা পদ্ধতিত দুয়োটা দিশৰ ওপৰতে গুৰুত্ব আৰোপ কৰিছে। ৰংচঙীয়া বস্তুৰ দ্বাৰা শিশুৰ খেলাৰ সামগ্ৰী তৈয়াৰ কৰি তেখেতে সংখ্যাজ্ঞান, ঘনত্ব, উচ্চতা, তীব্রতা, কোমলতা, কঠিনতা আদিৰ বিষয়ে প্রত্যক্ষ জ্ঞান লাভ কৰাত সহায় কৰে। এনেদৰে ইন্দ্ৰিয় যোগে লাভ কৰা প্ৰত্যক্ষ জ্ঞান-অভিজ্ঞতাৰ জৰিয়তে বিশুদ্ধ আৰু স্পষ্ট সংবোধন গঢ়ি তুলিব পাৰে। শিক্ষাবিদ ফরেলেও (Froebel) এনেদৰে ইন্দ্ৰিয়যোগে পোৱা জনৰ ভিত্তিত সংবোধন গঢ়ি তোলাৰ

ওপৰত গুৰুত্ব প্ৰদান কৰিছে। সামগ্রিকতাবাদীসকলে সংবোধনৰ ক্ষেত্ৰত আন এক গুরুত্বপূর্ণ দিশ উনুকিয়াই দিছে। ইন্দ্রিয়যোগে শিশু বা ছাত্র-ছাত্রীসকলে বিভিন্ন জ্ঞান অভিজ্ঞতা অর্জন কৰিব পাৰে। কিন্তু পৰিস্থিতি আৰু প্ৰয়োজন সাপেক্ষে সেই বিভিন্ন ধৰণৰ জ্ঞান অভিজ্ঞতাসমূহৰ বিভিন্ন অংশক সু-সংগবদ্ধভাৱে কার্যত খটোৱাৰ প্ৰশিক্ষণহে শিশুসকলক দিয়া দৰকাৰ।

প্রশ্ন ১০। ভ্রান্ত প্রত্যক্ষ আৰু অমূল প্রত্যক্ষৰ মাজৰ পাৰ্থক্য নির্ণয় কৰা। 

উত্ত ভ্রান্ত প্রত্যক্ষ

১। মস্তিষ্কৰ অস্থিৰ অৱস্থাৰ পৰা হয়। উদ্দীপনাৰ দ্বাৰা ভুল ধাৰণা অনুভূত হয়। ২। ব্যক্তিৰ দৈহিক আচৰণ, গতিবিধি অমূল প্রত্যক্ষ স্বাভাৱিক অৱস্থাত থাকে।

১। মস্তিষ্কৰ ক্ৰিয়া অস্বাভাৱিক হৈ পৰে আৰু প্রলাপ বকে।

২। ব্যক্তিৰ দৈহিক আচৰণ, গতিবিধি স্বাভাৱিক অৱস্থাত নাথাকে।

অমূল প্রত্যক্ষ 

৩। ভ্রান্ত প্রত্যক্ষ সকলোৰে বাবে একে। 

৩। ব্যক্তি বিশেষেহে এনে হয়। ইয়াতব্যক্তি পার্থক্য নাই।

৪। ইয়াৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী বিধৰ হৈ উঠিব পাৰে।

৫। জ্ঞানেন্দ্ৰিয়ৰ দোষতো ভ্রান্ত প্রত্যক্ষৰ সৃষ্টি হ’ব পাৰে।

৪। ইয়াৰ প্ৰভাৱ জীৱনত সুদূৰ প্ৰসাৰী হৈ পৰিব নোৱাৰে।

৫। জ্ঞানেন্দ্রিয় সক্ষম হৈ থকা বা নথকাৰ ওপৰত অমূল প্রত্যক্ষ নিৰ্ভৰ নকৰে।

প্রশ্ন ১১। গ্রহণেন্দ্রিয় আৰু সাধকৰ মাজৰ পাৰ্থক্যসমূহ লিখা।

উত্তৰ

১। গ্রহণেন্দ্ৰিয়বোৰ বাহিৰৰ উদ্দীপকৰ উদ্দীপনা সংগ্রহ কৰি মগজুলৈ। প্ৰেৰণ কৰে।

২। গ্রহণেন্দ্রিয়বোৰে স্নায়বিক উত্তেজনা সংবেদী স্নায়ুৰ সহায়ত মগজুলৈ প্ৰেৰণ সাধক কৰে।

১। সাধকসমূহৰ দ্বাৰা বাহিৰৰ উদ্দীপকৰ উদ্দীপনা মগজুৰ পৰা ঘূৰি অহাৰ পিছত প্রতিক্রিয়া প্রকাশ পায়। ২। সাধকসমূহলৈ মগজুৱে স্নায়বিক উত্তেজনা প্ৰেৰক স্নায়ুৰে পঠায়। 

৩। গ্রহণেন্দ্ৰিয়বোৰ দেহৰ বহিঃজগতত অৱস্থিত।

৩। সাধকসমূহ দেহৰ অন্তৰ্ভাগত অৱস্থিত। 

৪। অভিজ্ঞতাৰ বাবে কেন্দ্রীয় স্নায়ু- তন্ত্রই সম্পাদন কৰিব লগা কাম গ্রহণেন্দ্ৰিয়ই আৰম্ভ কৰে।

৪। উদ্দীপকৰ উদ্দীপনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাধকবোৰে অভিজ্ঞতাৰ বাবে কেন্দ্রীয় স্নায়ুতন্ত্রই কৰিব লগা কাম সমাপ্ত কৰে।

প্রশ্ন ১২। প্ৰমস্তিষ্কৰ কাৰ্যাৱলীৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰ প্ৰমস্তিষ্কৰ কাৰ্যবোৰ হ’ল— 

(ক) প্ৰমস্তিদ্ধই মানুহৰ বুদ্ধি আৱেগ ইচ্ছাশক্তি আদি পৰিচালনা কৰে।

(খ) প্রমস্তিষ্কই ভাঁজবিশিষ্ট আৱৰণেই সকলো উন্নত আচৰণ আৰু বৌদ্ধিক ক্ৰিয়াৰ কেন্দ্র। 

(গ) প্ৰমস্তিষ্কৰ সংবেদন অঞ্চলে অন্তর্বাহী স্নায়ুৰে অহা স্নায়বিক উত্তেজনা গ্রহণ কৰে আৰু সঞ্চালক অঞ্চলে আমাৰ দেহৰ পেশী আৰু গ্ৰন্থিসমূহ নিয়ন্ত্রণ কৰে।

(ঘ) আমাৰ দৃষ্টি, স্পর্শ, স্মৃতি, গোন্ধ, শব্দ সম্পৰ্কীয় অভিজ্ঞতা নিৰ্ধাৰণৰ বাবে প্ৰমস্তিস্কৰ অঞ্চলসমূহ নির্দিষ্ট কৰা থাকে। 

প্রশ্ন ১৩। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ মূলতঃ আমাৰ সকলোবোৰ দেহ-মানসিক ক্ৰিয়াৰ আৰু আচৰণৰ নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ কেন্দ্ৰস্থল হিচাপে ইয়াক চিহ্নিত কৰিব পাৰি। কিয়নো ইয়াৰ পৰাই আমাৰ সকলো দেহ মানসিক আচৰণ পৰিচালিত হয়। ইয়াৰ কাৰ্য সম্পাদনৰ ক্ষেত্ৰত মৌলিক প্ৰভেদৰ বিবেচনাৰে দুটা ভাগত বিভক্ত কৰিব পাৰি। ইয়াৰ মূল ভাগ দুটা হ’ল– (ক) মেৰুমজ্জা আৰু (খ) মস্তিষ্ক। 

প্রশ্ন ১৪। মানৱ মগজুৰ চাৰিটা অংশৰ নাম লিখা। 

উত্তৰ প্ৰশ্ন নং ৪ত চোরা।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। সংবোধন কাক বোলে? (সংবোধন বিভিন্ন স্তৰৰ মাজেৰে কেনেকৈ গঠিত হয়

লিখা।) উত্তৰ : (বাহিৰৰ কোনো উদ্দীপকে আমাৰ ইন্দ্ৰিয়ত

(GM HS-2011, ’16] উত্তেজনা সৃষ্টি কৰিলে অস্তঃমুখী

স্নায়ুৱে সেই উত্তেজনা মগজুলৈ লৈ যায়। বাহ্যিক উদ্দীপকৰ স্বৰূপ জানি উঠিবৰ বাবে কেৱল

মাত্র ইন্দ্রিয়ানুভূতি বা সংবেদনেই যথেষ্ট নহয় ইয়াৰ বাবে পূৰ্বজ্ঞানৰ প্ৰয়োজন। পূর্বজ্ঞানগ বিশ্লেষণ কৰি আমি বাহ্যিক উদ্দীপকটো কি সেই কথা গম পাব পাৰো। অর্থাৎ সংবেদনে জ্ঞান ৰূপে আমাৰ সন্মুখত দেখা দিয়ে সংবেদন যেতিয়া অর্থপূর্ণ হয় তেতিয়া ইয়াক সংবোধন বোলে। অর্থাৎ অর্থহীন সংবেদনৰ বাখ্যাই হ’ল সংবোধন। উদাহৰণস্বৰূপে কোঠাৰ ভিতৰত থকা মানুহ এজনে ৰে’লগাড়ীৰ শব্দ শুনিলে৷ ৰে’লগাড়ীৰ শব্দ কেনেকুৱা বা আন যানবাহনৰ পৰা অহা শব্দৰ লগত ইয়াৰ প্ৰভেদ কি, সেই সম্বন্ধে অভিজ্ঞতা নথকা মানুহ এজনৰ বাবে এই শব্দটো যে ৰে’লগাড়ীৰ তাক কোৱাটো সম্ভৱ নহব। গতিকে যি পর্যন্ত তেওঁ তাক বে’লগাড়ীৰ শব্দ বুলি জানি নল’ব সেই পর্যন্ত শব্দৰ অনুভূতি সংবেদন হৈ থাকিব। কিন্তু পূর্ব অভিজ্ঞতা থকা মানুহৰ শব্দটো কাণত পৰাৰ লগে লগে ই ৰৌলগাড়ীৰ শব্দ বুলি গম পাব। অর্থাৎ কোনো উদ্দীপকৰ বাবে সংবেদন হ’ল প্রথম প্ৰক্ৰিয়া আৰু সংবোধন হ’ল দ্বিতীয় প্রক্রিয়া। সংবোধনৰ বিভিন্ন স্তৰসমূহ হ’ল—

১। পৃথকীকৰণ, ২। সদৃশকৰণ, ৩। অনুষংগ বা পুনৰুদ্রেক, ৪। বস্তুচেতনা আৰু স্থাননিৰূপণ, ৫। বিশ্বাস।)

সংবোধনৰ পৃথকীকৰণ হৈছে আমি বিভিন্ন সংবেদনক দৃষ্টিগত, শ্রবণগত, ঘ্রাণগত ইত্যাদি ভাগত ভাগ কৰিব পাৰো। সদৃশকৰণ হৈছে অতীতৰ সংবেদনৰ অভিজ্ঞতাৰ লগত বৰ্তমানৰ সংবেদনৰ অভিজ্ঞতাৰ সাদৃশ্য উলিওৱা। সংবোধনৰ স্তৰত বিভিন্ন সংবেদনৰ মাজত সংযোগ সাধন কৰি তাক মনত পেলোৱা কাৰ্যক অনুষংগ আৰু পুনৰুদ্ৰেক বোলা হয়। সংবেদনৰ উৎস সংবেদনৰ স্বৰূপ স্থান, অৱস্থিতি আদি স্থিভাৱে নিৰূপণ কৰা কাৰ্যক বস্তুচেতনা আৰু স্থান নিৰূপণ বোলা হ’ল। শেষ পর্যায়ত সংবেদন যেতিয়া সংবোধন হৈ পৰে বস্তুৰ প্ৰকৃত অস্তিত্বৰ ওপৰত আমাৰ বিশ্বাস জন্মে।

সংবোধন বিভিন্ন স্তৰৰ মাজেৰে গঠিত হয়।

সংবেদন অনুভূতিক স্পষ্ট আৰু অৰ্থপূৰ্ণ কৰি তোলা মানসিক অৱস্থাটোকে সংবোধন বোলে। এই অৱস্থাত মন সক্রিয় হৈ থাকে। সক্রিয় মানসিক অৱস্থাত ব্যক্তিয়ে পূর্বজ্ঞান অভিজ্ঞতাৰ ভিত্তিত সংবেদনাত্মক অনুভূতিৰ অৰ্থ প্ৰদান কৰা কাৰ্যত কেতবোৰ বিশেষ ক্ৰিয়া পর্যায় জড়িত হৈ থাকে। এই ক্রিয়া পর্যায় সমূহৰ জৰিয়তে সংবেদন অনুভূতি সংবোধনলৈ

উন্নীত হয়। এই ক্রিয়া পৰ্যায়সমূহ হ’ল—

(১) সাদৃশ্যকৰণ (Assimilation) : সংবেদনাত্মক অনুভূতিৰ জৰিয়তে অতীত অভিজ্ঞতাৰ লগত নতুন অভিজ্ঞতাক সাদৃশ্যমূলক তুলনা কৰি সংবোধন লাভ কৰিব পাৰি।

(২) বৈসাদৃশ্যকৰণ (Discrimination) : আমাৰ মনে সংবেদনাত্মক অনুভুতিক অতীত অভিজ্ঞতাৰ সৈতে থকা বৈসাদৃশ্যতাৰ লগত তুলনা কৰিও সংবোধন লাভ কৰিব পাৰে। (৩) অনুসংগকৰণ (Association) : ব্যক্তিয়ে অতীতত লাভ কৰা জ্ঞান অভিজ্ঞানৰ

ভিত্তিত নতুন সংবেদনাত্মক অনুভূতিক অর্থ প্রদান কৰি সংবোধনলৈ উন্নীত কৰিব পাৰে। (৪) বিষয়ীকৰণ (Objectification) ঃ সকলো সংবেদনাত্মক অনুভূতি আমাৰ মনৰ কোনো

এক বিশেষ পৰিচিত ব্যক্তি, বস্তু বা বিষয়ত ভিত্তি কৰিহে সংবোধনলৈ উন্নীত হয়।

(৫) Unification) সংবেদন অনুভূতি যোগে লাভ কৰা কোনো বস্তু বা বিষয়ৰ অংশবিশেষত সংযোজন বা একেলগ কৰিছে পূর্ণ বিষয় বা বস্তুটো সম্বন্ধে সংবোধন লাভ কৰি উঠিব পাৰি। সামগ্রিকতাবাদীসকলে এই সংযোজন কাৰ্যৰ ওপৰত গুৰুত্ব আৰোপ

(৬) বিশ্বাস (Belief) ও বিশ্বাসৰ জৰিয়তেও সংবেদনাক অনুভূতি সংবোধনলৈ উন্নীত

হয়। সংবেদনৰ জৰিয়তে পোৱা কৰ বাস্তব অভিজ্ঞতামূলক অস্তিত্মক বিশ্বাস কৰি সংবোধন দৃঢ় কৰি তুলিব পাৰি। আস্তা২। ইন্দ্ৰিয়সমূহেই হৈছে জ্ঞান আহৰণৰ দুৱাৰ মুখ কোনে কি প্রসঙ্গত এই কথামা

কৈছিল? ব্যাখ্যা কৰ উত্তৰমেডাম মণ্টেৰীয়ে কৈছিল যে ইন্দ্ৰিয়সমূহেই হৈছে জ্ঞান আহৰণৰ দুৱাৰ মুখ? শিশুৰ শিক্ষা ব্যৱস্থাত সংবেদনৰ যথেষ্ট গুরুত্ব আছে। আধুনিক শিক্ষাবিদসকলেও এই কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। সংবেদন হৈছে শিশুৰ প্ৰাথমিক অভিজ্ঞতা। সংবেদন লাভ কৰা পঞ্চ ইন্দ্রিয়সমূহেই হৈছে শিশু শিক্ষাৰ প্ৰধান আহিলাম্বৰূপ। কাৰণ শিশুৰ প্ৰাৰম্ভিক কালৰ শিক্ষা সংবেদনাত্মক অনুভূতিৰ ওপৰত নিৰ্ভৰ কৰে, যেনে– চকুৰে চাই, কাণেৰে শুনি বা স্পর্শ কৰি কোনো বস্তুৰ বিষয়ে অনুভূতি আয়ত্ত কৰা উদ্দীপকৰ তীব্ৰতা, স্থায়িত্ব, গতিশীলতা আদিৰ ওপৰত শিশুৰ সংবেদন নিৰ্ভৰ কৰে। অৱশ্যে শিশুৰ সংবেদন অনুভূতি সাধাৰণতে দুর্বল হয়। শিশুৰ সংবেদন অনুভূতি সবল আৰু অৰ্থপূৰ্ণ কৰি তুলিবলৈ সংবেদনাত্মক অনুভূতিৰ পুনরাবৃত্তি সংরক্ষণ, স্মৃতি আৰু অনুশীলনৰ প্ৰয়োজন মেডাম মন্টেগুৰীয়ে শিশুৰ ইন্দ্ৰিয় প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব দিছে। শৈশৱ কালত শিশুসকলে মূৰ্ত্ত বস্তুৰ (Concrete object) পৰাহে সংবেদনাত্মক অনুভূতি আয়ত্ত কৰিব পাৰে। কাৰণ বস্তু সম্বন্ধে শিশুৰ কোনো প্ৰাৰম্ভিক ধাৰণা নাথাকে। সেয়েহে প্রকৃত অর্থত আনবিহীন সংবেদন শিশুৱেহে মাথোন লাভ কৰিব পাৰে। শিক্ষাবিদসকলৰ মতে, সংবেদন সৃষ্টি নোহোৱাকৈ শিশুরে বজ্রধর্মী জ্ঞান আয়ত্ত কৰিব নোৱাৰে। পতিকে অমূর্ত কিছুমান ধাৰণা যেনে- মুখ, ভূত পিশাচ আনিৰ কথা সাধু কথাৰ জৰিয়তে বোৱাৰ পৰিৱৰ্তে শিশুসকলক মূর্ত কস্তুৰ জ্ঞান ইন্দ্ৰিয় ঘোগে আয়ত্ব কৰাতহে সহায় কৰিব লাগে। “এনে বাস্তব ইন্দ্রিয় রোগে পোৱা অভিজ্ঞতা সমূহৰ ভিত্তিতে শিশুৱে ক্ৰমে সংবোধন আৰু সংপ্রত্যয়নৰ জন্ম দিব পাৰে। গতিকে এই ক্ষেত্ৰত শিক্ষা, পিতৃ-মাতৃ আৰু শিশুৰ যতনকাৰীসকল সচেতন হ’ব লাগে যাতে শিশুর শুদ্ধ সংবেদনা অনুভূতি লাভ কৰিব পাৰে। অৱশ্যে শিশুৰ স্পষ্ট আৰু বিশুদ্ধ সংবেদন অনুভূতি আহৰণ বহু পৰিমাণে নিৰ্ভৰ কৰে গ্ৰহণেজিয়সমূহৰ দোগমুজতাৰ ওপৰত। গ্রহণেন্দ্রিয়সমূহ দোষ আৰু দুর্বল হলে শিশুৰ শিক্ষা বাধাগ্রস্থ হোৱাৰ যথেষ্ট সম্ভাবনা থাকে। গতিকে শিক্ষকসকলে শিশুৰ কোনটো গ্রহণেপ্রিয় দুর্বল সেইটো বুজি উঠি সেইমতে চিকিৎসকৰ দিহা পৰামৰ্শ ল’ব লাগে।

প্রশ্ন ৩। সংবেদন আৰু সংৰোধৰ সম্বন্ধ বুজাই লিখা। উত্তৰ। সংবেদন হ’ল চেতনাৰ সাধাৰণ বা সৰলতম অৱস্থা। ইলিয়সমূহ উদ্দীপকৰ সাম্পৰ্শলৈ অহাৰ লগে লগে উদ্দীপক সম্বন্ধে মনত যি প্রাথমিক চেতনা

সংবেদন বোলা হয়। সংবেদনক ব্যাখ্যা কৰিলেই সংবোধনত পৰিণত হয়। গতিকে দেখা যায় যে দুয়োটাৰে মাজত ঘনিষ্ঠ সম্বন্ধ আছে, দুয়োটাৰ মাজত থকা সাদৃশ্য আৰু বৈশাদৃশ্যসমূহ এনে ধৰণৰ সাদৃশ্য

(১) সংবেদন আৰু সংবোধন দুয়ো ইন্দ্ৰিয় অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল। উদ্দীপকে যদি আমাৰ ইন্দ্ৰিয়সমূহ উত্তেজিত নকৰে তেনেহলে সংবেদন আৰু সংবোধনৰ সৃষ্টি নহয় ৷

(২) সংবেদন আৰু সংবোধন দুয়োটাই বহিঃমুখী। বাহ্য জগতৰ উদ্দীপকৰ ওপৰত দুয়োটাই নিৰ্ভৰশীল।

বৈসাদৃশ্য ঃ সংবেদন আৰু সংবোধনৰ মাজৰ পাৰ্থক্য হ’ল–

(১) সংবেদন হৈছে জ্ঞান আহৰণৰ উপকৰণ কিন্তু সংবোধন হৈছে কোনো বিষয়বস্তু সম্বন্ধে প্রকৃত জ্ঞান।

(২) সংবেদন হ’ল কোনো বিষয়ৰ গুণগত ধাৰণাৰ বিষয়ে এক সৰল সচেতনতা। কোনো ধৰণৰ উদ্দীপকৰ সান্নিধ্য লাভ কৰিলে তাৰ আকাৰ, ৰং, কোমলতা আদি গুণ সম্বন্ধে সচেতন হোৱা যায়। আনহাতে সংবোধন হ’ল কোনো বিষয়ৰ বাস্তব জ্ঞানৰ ভিত্তিত বস্তুটো সম্বন্ধে প্রকৃত জ্ঞান অৰ্জন কৰা। গতিকে সংবেদন হ’ল— বস্তুৰ গুণৰ চেতনা কিন্তু সংবোধন হ’ল বস্তুৰ অস্তিত্বৰ চেতনা। (৩) সংবেদন হ’ল কোনো বস্তু বা বিষয় সম্বন্ধে লাভ কৰা পূৰ্ব জ্ঞানৰ প্ৰাথমিক অৱস্থা

আনহাতে সংবোধন হ’ল সংবেদনৰ জৰিয়তে লাভ কৰা প্ৰত্যক্ষ জ্ঞানৰ তাৎপৰ্যবোধ। (৪) সংবেদনক বিচ্ছিন্ন অভিজ্ঞতা বুলিব পাৰি কাৰণ কোনো বস্তুৰ বিশেষ বিশেষ গুণসমূহ পৃথক পৃথক ইন্দ্ৰিয়ৰ মাধ্যমেদি গৈ সংবেদনৰ সৃষ্টি কৰে, আনহাতে সংবোধন হৈছে বস্তু বা বিষয় সম্বন্ধে একক অভিজ্ঞতা। বিভিন্ন গুণাৱলী বিশ্লেষণ কৰি বস্তু সম্বন্ধে যেতিয়া একক ধাৰণা জন্মে সেয়া হ’ল সংবোধন।

প্রশ্ন ৪। সংবেদন কেই প্ৰকাৰৰ? জৈৱিক সংবেদন আৰু পেশীয় সংবেদনৰ পাৰ্থক্য লিখা।

উত্তৰ : শৰীৰৰ বাহ্যিক আৰু আভ্যন্তৰীণ সংবেদন অনুভূতি সমূহক তিনিটা ভাগত ভগাব পাৰি, সেইসমূহ হ’ল—

(ক) জৈৱিক বা আঙ্গিক সংবেদন (Organic sensation)

(খ) ইন্দ্ৰিয় বা বিশিষ্ট সংবেদন (special sensation)

(গ) পেশীয় সংবেদন (Motor sensation)

জৈৱিক সংবেদন আৰু পেশীয় সংবেদনৰ পাৰ্থক্য :

পাকস্থলীৰ পেশীসমূহৰ ক্ৰিয়া প্ৰক্ৰিয়া আৰু দৈহিক পৰিবৰ্তনৰ ফলত এই সংবেদনৰ সৃষ্টি হয়। ক্ষুধা আৰু তৃষ্ণা হ’ল জৈৱিক সংবেদনৰ উদাহৰণ। আনহাতে পেশীয় সংবেদন মাংসপেশী আৰু তন্ত্রসমূহৰ ক্ৰিয়া প্রতিক্রিয়াই স্নায়ুকোষসমূহত হয়। এনে উদ্দীপনাৰ ফলত যি সংবেদন অনুভূত হয়, তাকে পেশীয় সংবেদন বোলে। প্রশ্ন ৫। ভুল সংবোধন কেনেকৈ হয়?ই কেই প্ৰকাৰৰ মান্ত প্রত্যক্ষৰ কাৰণসমূহ লিখা। উত্তৰ সংবেদনক ব্যাখ্যা কৰাৰ লগে লগে সংবোধনত পৰিণত হয়। সংবেদনৰ সঠিকভাবে বা শুদ্ধকৈ ব্যাখ্যা নহ’লে ভুল সংবোধনৰ সৃষ্টি হয়। সংবেদন নহ লৈ সংবোধন হ’ব নোৱাৰে। বাহিৰৰ জগতৰ বিভিন্ন উদ্দীপকৰ সহায়ত আমাৰ ইন্দ্রিয়সমূহৰ জৰিয়তে আমাৰ মনত সংবেদন জাগি উঠে আৰু সেই সংবেদনৰ ব্যাখ্যা কৰাত পৃথকীকৰণ, সদৃশকৰণ, পুনৰ্যাতন, বাস্তৱীকৰণ আৰু বিশ্বাসে সহায় কৰে। এই সংবেদনৰ সঠিক বিশ্লেষণে শুদ্ধ সংবোধনৰ সৃষ্টি কৰে। কিন্তু আমাৰ দৈনন্দিন জীৱনত অস্বাভাৱিক কল্পনাৰ ফলত অথবা অতীত অভিজ্ঞতাৰ ভুল ব্যাখ্যাৰ ফলত ভুল সংবোধনবো সৃষ্টি হয়।

ভুল সংবোধন প্ৰধানকৈ দুবিধ – ভ্রান্ত প্রত্যক্ষ আৰু অলীক বা অমূল প্রত্যক্ষ। (১) বস্তুগত কাৰণ উদ্দীপকৰ আকাৰ গঠন আদিৰ বাবেও ভ্রান্ত প্রত্যক্ষৰ সৃষ্টি হয়।

প্রত্যক্ষৰ মূল কাৰণসমূহ হ’ল

(২) দৈহিক কাৰণ ব্যক্তিৰ দৈহিক অৱস্থাৰ ফলতো ভ্রান্ত প্রত্যক্ষ সৃষ্টি হয়। যুদ্ধকাল দৃষ্টি শক্তি কমি যোৱাৰ ফলত, ৰমেনকে হবে বুলি মাতা, পাণ্ডুৰোগীয়ে বগা বস্তুক হালধীয় বৰ্ণৰ দেখা ইত্যাদি ভুল সংবোধনৰ কাৰণ।

(৩) মানসিক কাৰণ ভ্রান্ত ধাৰণা, পূর্ব ধাৰণা, প্রত্যাশা, উদ্বেগ, ভয়, সংস্কা বিশ্বাস, সন্দেহ আদিও ভুল সংবোধন সৃষ্টি কৰাত সহায় কৰে।

This Post Has One Comment

Leave a Reply