HS First Year Education Chapter 4 – মনোবিজ্ঞান আৰু শিক্ষা

HS First Year Education Chapter 4 – মনোবিজ্ঞান আৰু শিক্ষা পোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Education Chapter 4 – মনোবিজ্ঞান আৰু শিক্ষা AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয় HS First Year Education Chapter 4 – মনোবিজ্ঞান আৰু শিক্ষা

HS First Year Education Chapter 4 – মনোবিজ্ঞান আৰু শিক্ষা

অতি চমু প্রশ্নোত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-১)

A. এটা শব্দ বা বাক্যত উত্তৰ দিয়া : 

প্রশ্ন ১। ‘Psyche’ শব্দৰ অৰ্থ কি?

উত্তৰঃ Soul বা আত্মা।

প্রশ্ন ২। শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক অভিহিত কৰা হয় ?

উত্তৰঃ পেষ্টাল’জী।

প্রশ্ন ৩। মনোবিজ্ঞান শব্দটো গ্রীক শব্দ কোন দুটাৰ পৰা আহিছে?

উত্তৰঃ ‘Psyche’ আৰু ‘Logos’

প্রশ্ন : ‘Psychology’ শব্দটো কোন ভাষাৰ উৎপত্তি?

উত্তৰঃ গ্ৰীক ভাষাৰ

প্রশ্ন ৫। মনোবিজ্ঞানৰ এটা শাখাৰ নাম লিখা ?

উত্তৰঃ শিশু মনোবিজ্ঞান। 

প্রশ্ন ৬। মনোবিজ্ঞান মানে কি?

উত্তৰঃ মনোবিজ্ঞান হ’ল মানুহৰ আচৰণৰ বিজ্ঞানসন্মত অধ্যয়ন। 

প্রশ্ন ৭। কোনজন মনোবিদে মনোবিজ্ঞানক মানুহৰ আচৰণৰ বিজ্ঞানসন্মত অধ্যয়ন বুলি কৈছিল?

উত্তৰঃ ৱাটচনে (Watson) |

প্রশ্ন ৮। শিক্ষকে বিষয় জ্ঞানৰ উপৰি শিক্ষাৰ্থীৰ বিষয়ে জনাটো প্রয়োজন। কথাষাৰ কোনে কৈছিল? 

উত্তৰঃ জন আদামছে।

প্রশ্ন ৯। মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ মাজৰ এটা পার্থক্য লিখা। 

উত্তৰঃ মনোবিজ্ঞানৰ পৰিসৰ অতি বহল। শিক্ষা মনোবিজ্ঞান হৈছে ইয়াৰ এটা শাখা। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ ঠেক।

প্রশ্ন ১০। “মনোবিজ্ঞানে প্রথমে হেৰুৱালে ইয়াৰ আত্মাক, তাৰ পাছত হেৰুৱালে মনক,তাৰ পাছত হেৰুৱালে সচেতনতাক, আৰু এতিয়া আছেগৈ মাথোঁ আচৰণ কথাষাৰ কোনে কৈছিল?

উত্তৰঃ ক্ৰো আৰু ফ্রো (Crow and Crow)

B. খালী ঠাঁই পূৰ কৰাঃ

প্রশ্ন ১। আধুনিক শিক্ষা……..

উত্তৰঃ শিশুকেন্দ্রিক।

প্রশ্ন ২। শিক্ষামনোবিজ্ঞান …….মনোবিজ্ঞানৰ এক শাখা।

উত্তৰঃ প্রায়োগিক। 

প্রশ্ন ৩। শিক্ষাত মনোবিজ্ঞানৰ নীতি প্ৰয়োগ কৰা প্ৰথম ব্যক্তিজন হ’ল- -……….

উত্তৰঃ পেষ্টাল ‘জী।

প্রশ্ন ৪। শিক্ষা মনোবিজ্ঞানে শিক্ষাৰ………নিৰ্ণয় নকৰে।

উত্তৰঃ উদ্দেশ্য।

প্রশ্ন ৫। কচোৰ শিক্ষা বিষয়ক প্রসিদ্ধ গ্রন্থখনৰ নাম…… ।

উত্তৰঃ ইমিল (Emile)। 

প্রশ্ন ৬। মনোবিজ্ঞানক …….বিজ্ঞান বোলা হয়।

উত্তৰঃ আচৰণৰ

প্রশ্ন ৭। মনোবিজ্ঞান অধ্যয়ন হৈছে……..।

উত্তৰঃ বস্তুনিষ্ঠ

প্রশ্ন ৮। মনোবিজ্ঞানে…….. আচৰণ অধ্যয়ন কৰে।

উত্তৰঃ ব্যক্তিৰ আচৰণ।

প্রশ্ন ৯। মনোবিজ্ঞান অধ্যয়ন পদ্ধতি হৈছে……….

উত্তৰঃ বিশ্লেষণাত্মক।

প্রশ্ন ১০। ‘মনোবিজ্ঞান’ শব্দটো পুৰণি -……. ভাষাৰ পৰা উৎপত্তি হৈছে।

উত্তৰঃ শুদ্ধ। গ্ৰীক।

প্রশ্ন ১১। শিক্ষা মনোবিজ্ঞানে শিক্ষাৰ ……….নিৰ্ণয় কৰিব নোৱাৰে।

উত্তৰঃ শুদ্ধ। লক্ষ্য।

প্রশ্ন ১২। – শিক্ষকক শিশু প্রকৃতি বুজাত সহায় কৰে।

উত্তৰঃ শুদ্ধ। মনোবিজ্ঞানে। 

প্রশ্ন ১৩। ইংৰাজী phychology শব্দটো গ্ৰীক ভাষাৰ ……আৰু …..এই শব্দ দুটাৰ পৰা আহিছে।

উত্তৰঃ Psyche আৰু Logos

প্রশ্ন ১৪। মনোবিজ্ঞান……বিজ্ঞান।

উত্তৰঃ শুদ্ধ। প্ৰত্যক্ষ।

প্রশ্ন ১৫। শিক্ষা মনোবিজ্ঞানৰ পিতৃ হৈছে…….

উত্তৰঃ শুদ্ধ। পেষ্টাল ‘জী। 

প্রশ্ন ১৬। শিক্ষা মনোবিজ্ঞানৰ অধ্যয়ন……. বাবে অধিক প্রয়োজন।

উত্তৰঃ শুদ্ধ। শিক্ষকৰ বাবে।

প্রশ্ন ১৭। শিক্ষাব লক্ষ্য স্থিৰ কৰে ––।

উত্তৰঃ শুদ্ধ। দৰ্শনে।

প্রশ্ন ১৮। মনোবিজ্ঞান শব্দটো গ্ৰীক শব্দ –……. আৰু ‘Logos’ ৰ পৰা আহিছে। 

উত্তৰঃ Phyche

প্রশ্ন ১৯। বিষয়বস্তুৰ উপৰি শিক্ষকে ……জনা উচিত।

উত্তৰঃ শিক্ষাৰ্থীক। 

প্রশ্ন ২০। এজন জন আৰু লেটিন দুয়োটাকে জনা উচিত।

উত্তৰঃ শিক্ষকে।”

C. ভুল শুদ্ধ নিৰ্ণয় কৰাঃ

প্রশ্ন ১। প্ৰক্ষিপ্ত পদ্ধতিৰ সহায়েৰে ব্যক্তিৰ বাহ্যিক আচৰণ অধ্যয়ন কৰা হয়।

উত্তৰঃ অশুদ্ধ।

প্রশ্ন ২। পৰীক্ষণ পদ্ধতিৰ দ্বাৰা সামাজিক যোগ্যতা বিচাৰ কৰিব পাৰি।

উত্তৰঃ ভুল।

প্রশ্ন ৩। শিক্ষাৰ উদ্দেশ্য স্থিৰ কৰে মনোবিজ্ঞানে, দর্শনে নহয়।

উত্তৰঃ অশুদ্ধ।

প্রশ্ন ৪। মনোবিজ্ঞান এবিধ ইতিবাচক বিজ্ঞান। 

উত্তৰঃ শুদ্ধ।

প্রশ্ন ৫। শিশু মনোবিজ্ঞানে কৈশোৰৰ আচৰণ অধ্যয়ন কৰে।

উত্তৰঃ ভুল। 

প্রশ্ন ৬। মনোবিজ্ঞানত গৱেষণাগাৰৰ পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন নাই।

উত্তৰঃ ভুল।

প্রশ্ন ৭ শিক্ষা আৰু মনোবিজ্ঞানৰ উদ্দেশ্য একে ধৰণৰ।

উত্তৰঃ শুদ্ধ।

প্রশ্ন ৮। শিক্ষাৰ তত্ত্বসমূহৰ নিৰ্ধাৰণত মনোবিজ্ঞানে সহায় কৰে।

উত্তৰঃ শুদ্ধ।

প্রশ্ন ৯। শিক্ষা আৰু মনোবিজ্ঞান, ইটো সিটোৰ পৰিপন্থী। 

উত্তৰঃ শুদ্ধ।

প্রশ্ন ১০। মনোবিজ্ঞানে কেৱল মনৰ সচেতন দিশটো অধ্যয়ন কৰে।

উত্তৰঃ ভুল।

প্রশ্ন ১১। শ্রেণীকোঠাৰ পৰিবেশৰ লগত মনোবিজ্ঞানৰ সম্বন্ধ নাই।

উত্তৰঃ ভুল।

প্রশ্ন ১২। মনোবিজ্ঞানে অস্বাভাবিক আচৰণ সম্বন্ধে আলোচনা নকবে। 

উত্তৰঃ ভুল।

প্রশ্ন ১৩। মনোবিজ্ঞানৰ পৰিসৰ সীমিত। 

উত্তৰঃ ভুল।

প্রশ্ন ১৪ ইৰাজী Psychology শব্দটোৰ অৰ্থ আত্মাৰ বিজ্ঞান।

উত্তৰঃ শুদ্ধ।

প্রশ্ন ১৫। মনোবিজ্ঞান হ’ল আচৰণৰ বিজ্ঞান।

উত্তৰঃ শুদ্ধ।

প্রশ্ন ১৬। অভ্যাস হৈছে মানুহৰ দ্বিতীয় প্রকৃতি। 

উত্তৰঃ শুদ্ধ।

চমু প্রশ্নোত্তৰ প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ২/৩) 

প্রশ্ন ১। মনোবিজ্ঞানৰ দুটা শাখাৰ নাম লিখা।

উত্তৰঃ মনোবিজ্ঞানৰ দুটা শাখাৰ নাম হ’ল–

(ক) শিশু মনোবিজ্ঞান আৰু (খ) শিক্ষা মনোবিজ্ঞান

প্রশ্ন ২। নিৰীক্ষণ পদ্ধতিৰ দুটা গুণ লিখা। 

উত্তৰঃ (ক) পৰীক্ষকে এই পদ্ধতিৰ দ্বাৰা শিশুৰ ভাবগতি আচৰণ আৰু কথা-বতৰা পুংখানুপুংখভাৱে নিৰীক্ষণ কৰে। 

(খ) শিশু শিক্ষাৰ ক্ষেত্ৰত এই পদ্ধতি অতি ফলপ্রসূ হোৱা দেখা যায়। কিয়নো অন্তদর্শনব দ্বাৰা মনৰ কথা প্ৰত্যক্ষভাৱে জনাৰ কোনো সুযোগ নাই।। 

প্রশ্ন ৩। শিক্ষা আৰু মনোবিজ্ঞানৰ দুটা পার্থক্য লিখা। 

উত্তৰঃ শিক্ষা আৰু মনোবিজ্ঞানৰ দুটা পার্থক্য হ’ল

(ক) শিক্ষা হৈছে আদর্শনিষ্ঠ বা মান নির্ণায়ক বিজ্ঞান; কিন্তু মনোবিজ্ঞান হৈছে এক বিশ্লেষণাত্মক বিজ্ঞান।

(খ) মানুহৰ দেহ, মন আৰু আত্মাৰ বিকাশ সাধন কৰাই হৈছে শিক্ষা। আনহাতে মানুহৰ সহজাত প্রবৃত্তি, আবেগ-অনুভূতি, স্মৃতি, চিন্তা, কল্পনা আদিৰ বিজ্ঞানভিত্তিক অধ্যয়ন হৈছে মনোবিজ্ঞানৰ অন্তৰ্গত।

প্রশ্ন ৪। পর্যবেক্ষণ পদ্ধতি কি? চমুকৈ লিখা।

উত্তৰঃ পৰ্যবেক্ষণ পদ্ধতিৰ দ্বাৰা শিশু বা ব্যক্তিৰ ভাবগতি আচৰণ আৰু কথা-বতৰা পুংখানুপুংখভাৱে নিৰীক্ষণ কৰা হয়। শিশু শিক্ষাৰ ক্ষেত্ৰত এই পদ্ধতি অতি ফলপ্রসূ হোৱা দেখা যায়। কারণ পর্যবেক্ষণ পদ্ধতিৰ সহায়ত আমি আনৰ মনৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিবলৈ সক্ষম হওঁ। কিছুমান মনোবৈজ্ঞানিকৰ মতে এই পদ্ধতিয়ে হ’ল মনোবিজ্ঞ প্ৰকৃত পদ্ধতি। 

প্রশ্ন ৫। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ ভিতৰত থকা যিকোনো তিনিটা বিষয় উল্লেখ কৰা।

উত্তৰঃ (ক) ব্যক্তিগত বৈষম্য 

(খ) ব্যক্তিত্ব বিকাশৰ বিভিন্ন গতি আৰু 

(গ) বংশগতি আৰু পৰিবেশ।। 

প্রশ্ন ৬। মনোবিজ্ঞানৰ উৎপত্তিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ১৫৯০ খৃষ্টাব্দত ঝডলফ্ গোকেল নামৰ এজন লোকে মনোবিজ্ঞানৰ ওপৰত প্রথমখন কিতাপ প্রণয়ন কৰি উলিয়াইছিল। কিতাপখনৰ নাম আছিল চাইক ‘লজীয়া। ইংৰাজী চাইক’লজী বা চাইক’লজীয়া শব্দটো দুটা গ্ৰীক শব্দ – Psyche আৰু Logos ৰ পৰা অনা হৈছে। Psyche শব্দৰ অৰ্থ হ’ল আত্মা আৰু Logos শব্দৰ অৰ্থ হ’ল বিজ্ঞান সন্মত অধ্যয়ন অর্থাৎ আত্মাৰ বিষয়ে কৰা বিজ্ঞান সন্মত অধ্যয়নেই হৈছে মনোবিজ্ঞান। 

প্রশ্ন ৭। অন্তদর্শন পদ্ধতিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ব্যক্তিয়ে নিজেই নিজৰ মনৰ প্ৰক্ৰিয়াৰ বিশ্লেষণ আৰু পর্যবেক্ষণ কৰা পদ্ধতিয়ে হৈছে অস্তঃনিৰীক্ষণ পদ্ধতি। বর্তমান এই পদ্ধতি অতি ত্রুটিপূর্ণ বুলি মনোবিজ্ঞানী সকলে মত প্ৰকাশ কৰিছে। অস্তঃনিৰীক্ষাৰ দ্বাৰা পৰ্যবেক্ষণ কৰা মানসিক প্রক্ৰিয়া আৰু তাৰ ফলাফল হয় অতি অস্পষ্ট আৰু অনির্দিষ্ট। তাৰোপৰি শিশু আৰু অশিক্ষিত লোকৰ ওপৰত এই পদ্ধতি প্ৰয়োগ কৰিব নোৱাৰি।

প্রশ্ন ৮। মনোবিজ্ঞান অধ্যয়নৰ তিনিটা উদ্দেশ্য লিখা।

উত্তৰঃ (ক) মানুহৰ আচৰণ বৰ্ণনা কৰা আৰু তাৰ হেতু উদ্‌ঘাটন কৰা। 

(খ) বিশেষ পৰিস্থিতিত ব্যক্তি বিশেষৰ বা এটা গোটৰ বা সমাজৰ আচৰণ কেনে হ’ব, তাক আগতীয়াকৈ ক’ব পৰাৰ ক্ষমতা অৰ্জন কৰা।

(গ) মানুহৰ আচৰণ নিয়ন্ত্ৰণ আৰু উন্নত কৰাৰ উপায় উদ্ভাৱন কৰা। 

প্রশ্ন ৯। অন্তদর্শন পদ্ধতিৰ তিনিটা সুবিধা লিখা।

উত্তৰঃ অন্তৰ্দৰ্শন পদ্ধতিৰ তিনিটা সুবিধা হ’ল

(ক) এই পদ্ধতি অনুসৰি, আত্মনিৰীক্ষণৰ গুৰুত্ব সবাতোকৈ অধিক। 

(খ) আত্মনিৰীক্ষণৰ দ্বাৰা নিজৰ অভিজ্ঞতাৰ প্রতি মনোযোগী হ’ব পাৰি।

(গ) অন্তৰ্পৰ্শনৰ দ্বাৰা ব্যক্তিয়ে নিজৰ ভাব-চিন্তা, দুখ-বেজাৰ আৰু অন্যান্য অনুভূতি শৃংখলাবদ্ধভাৱে পৰীক্ষা কৰি চাব পাৰি।

প্রশ্ন ১০। পৰিসংখ্যাভিত্তিক পদ্ধতিৰ দুটা সুবিধা লিখা।

উত্তৰঃ পৰিসংখ্যাভিত্তিক পদ্ধতিৰ দুটা সুবিধা হ’ল

(ক) এই পদ্ধতিত সম্পূর্ণ বিজ্ঞানসন্মত নিয়ম নীতি অনুসৰণ কৰা হয়।

(খ) ই এক নিৰ্ভৰযোগ্য পদ্ধতি। এই পদ্ধতি প্রয়োগৰ দ্বাৰা প্রাপ্ত তথ্যসমূহ সংখ্যাৰ সহায়েৰে প্ৰকাশ কৰিব পাৰি।

প্রশ্ন ১১। শিক্ষা মনোবিজ্ঞান কাক বোলে?

উত্তৰঃ শিক্ষা মনোবিজ্ঞান হ’ল সাধাৰণ মনোবিজ্ঞানৰ এক প্রায়োগিক দিশ। সাধাৰণ মনোবিজ্ঞানে প্রতিষ্ঠা কৰা সূত্ৰ, তথ্য পদ্ধতি আদি মনোবিজ্ঞানে শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰে। শৈক্ষিক পৰিবেশত ছাত্ৰ-ছাত্ৰীৰ ওপৰত মনোবিজ্ঞানসম্মত তথ্য-পাতি প্ৰয়োগ কৰি তেওঁলোকৰ উন্নতি সাধন কৰিবলৈ চেষ্টা কৰা শিক্ষা মনোবিজ্ঞানৰ লক্ষ্য।

প্রশ্ন ১২। শিক্ষা মনোবিজ্ঞানৰ তিনিটা উপাদান উল্লেখ কৰা।

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ তিনিটা উপাদান হ’ল—

(ক) শিকন প্রক্রিয়া (Learning Process)। 

(খ) পাঠ্যক্রম নির্মাণ (Curriculum construction)

(গ) শিক্ষাৰ্থীৰ প্ৰকৃতি (Nature of the learner)

প্রশ্ন ১৩। ‘মনোবিজ্ঞান হ’ল প্রাণীমাত্রেই আচৰণৰ প্ৰত্যক্ষ বিজ্ঞান’। কথাষাৰ কোনে কৈছিল?

উত্তৰঃ মেকডুগলে (Me Dougall)। 

প্রশ্ন ১৪। শিক্ষা মনোবিজ্ঞানৰ দুটা পদ্ধতি উল্লেখ কৰা।

উত্তৰঃ (ক) নিৰীক্ষণ পদ্ধতি 

(খ) অন্তদর্শন পদ্ধতি।

ৰচনাধর্মী প্রশ্নোত্তৰ প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-৪/৫/৬)

প্রশ্ন ১। মনোবিজ্ঞানক কিয় আচৰণৰ বিজ্ঞান বোলা হয় ? বিচাৰ কৰা।

উত্তৰঃ মনোবিজ্ঞানৰ প্ৰতিশব্দ “Psychology” শব্দটোৰ আভিধানিক অর্থ যদিও “আত্মাৰ বিজ্ঞান” ই পিচলৈ ‘মনৰ বিজ্ঞান’ হিচাপে গঢ় লৈ উঠে। কিন্তু মনৰ বিজ্ঞান বুলি কওঁতে এজন মনোবিদে আকৌ ইয়াক ‘চেতন মনৰ বিজ্ঞান’ (Science of consciousness) বুলিহে অভিহিত কৰে। কিন্তু পৰৱৰ্তী সময়ত বিভিন্ন মনোবিজ্ঞানীয়ে প্ৰমাণ কৰিছিল যে মনৰ তিনিটা অৱস্থা থাকে, যেনে, চেতন, অচেতন আৰু অবচেতন (conscious unconscious and subconscious)। গতিকে মানুহৰ চেতন মনৰ অধ্যয়ন কৰিলেই নহ’ব, তাৰোপৰি মানুহৰ ক্ৰিয়া আচৰণত মনৰ এই তিনিওটা অৱস্থাৰে প্ৰভাৱ পৰে। সেয়ে মনোবিজ্ঞানীসকলে মনোবিজ্ঞানক “আচৰণ অধ্যয়নৰ বিজ্ঞান” (Psychology is the science of behaviour) বুলি অভিহিত কৰিছে আৰু বৰ্তমানো মনোবিজ্ঞানৰ এই সংজ্ঞাটোৱেই বাহাল আছে।

মনোবিজ্ঞানী (Woodworth) উঅর্থে মনোবিজ্ঞানক “পৰিৱেশৰ সৈতে সম্পৰ্ক থকা ব্যক্তিৰ ক্ৰিয়া-কলাপৰ বিজ্ঞান” বুলি কৈছে।

আচৰণবাদী মনোবিদ ৱাটছনৰ (Watson) মতে “মনোবিজ্ঞান হৈছে আচৰণৰ এক বিষয়নিষ্ঠ বিজ্ঞান”।

মনোবিদ চাৰ্লছ ই, স্কিনাৰে (Charles E. Skinner) মনোবিজ্ঞানৰ আন এক ব্যাপক সংজ্ঞা আগবঢ়াইছে। তেওঁৰ মতে “জীৱনত সন্মুখীন হোৱা যিকোনো পৰিস্থিতিত কৰা আচৰণৰ (অনুক্ৰিয়াৰ) অধ্যয়নেই হৈছে মনোবিজ্ঞান।”

আন এটি সংজ্ঞামতে “মনোবিজ্ঞান হৈছে পৰিৱেশৰ লগত কৰা সমযোজনৰ ফলস্বৰূপে। কৰা ব্যক্তিৰ আচৰণৰ অধ্যয়ন।” মনোবিজ্ঞানৰ এই অধ্যয়ন প্ৰাণীৰ জন্মৰ প্ৰাক্-মুহূৰ্তৰ পৰা মৃত্যুলৈকে আগুৰি থাকে। অর্থাৎ মনোবিজ্ঞানে সকলো জীৱিত প্রাণী বা জন্তুৰ সকলো স্তৰতে প্ৰদৰ্শন কৰা আচৰণ অধ্যয়ন কৰে।

মনোবিজ্ঞানে সকলো প্রাণী বা জীৱজন্তুৰ আচৰণ যেনে আছে তেনে অৱস্থাতেই অধ্যয়ন কৰে। আৰু এই অধ্যয়নৰ ক্ষেত্ৰত বিজ্ঞানৰ পদ্ধতিসমূহ অৱলম্বন কৰে। প্ৰত্যেক মানুহ বা জন্তুৰ আচৰণসমূহ তাৰ মানসিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। আচৰণ হৈছে মানসিক জীৱনৰ বহিঃপ্রকাশ। মনোবিজ্ঞানক আচৰণ বিজ্ঞান বুলি এই কাৰণেই কোৱা হয় যে, ই মানুহ বা জন্তুৰ আচৰণৰ অন্তৰালত নিহিত থকা কাৰণসমূহ উলিয়াবৰ বাবে বিজ্ঞানৰ পদ্ধতি আৰু প্ৰমূল্যসমূহ প্রয়োগ কৰে। 

প্রশ্ন ২। শিক্ষা মনোবিজ্ঞান কাক বোলে ? শিক্ষা মনোবিজ্ঞান আৰু সাধাৰণ মনোবিজ্ঞানৰ মাজৰ পাৰ্থক্য নির্ণয় কৰা।

উত্তৰঃ বিখ্যাত মনোবৈজ্ঞানিক পিটাৰ চেণ্ডিফোর্ডৰ মতে মনোবিজ্ঞানৰ নীতি আৰু সিদ্ধান্তসমূহ বিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানত প্ৰয়োগ কৰাই হৈছে শিক্ষা মনোবিজ্ঞানৰ প্রধান কর্তব্য। সাধাৰণ মনোবিজ্ঞানৰ জ্ঞান প্ৰয়োগ কৰি শিক্ষাদান কার্যও শিক্ষকক কৃতকার্য কৰি তোলাটোৱেই হৈছে শিক্ষা মনোবিজ্ঞানৰ লক্ষ্য। শিক্ষানুষ্ঠানত শিক্ষক শিক্ষার্থী, শিক্ষণীয় বিষয়, শিক্ষাৰ পৰিৱেশ আদি বিভিন্ন বিষয়ত উদ্ভৱ হোৱা বিভিন্ন সমস্যাবাজি সমাধানৰ অৰ্থে মনোবিজ্ঞানৰ নীতিসমূহ প্ৰয়োগ কৰাই হৈছে শিক্ষা মনোবিজ্ঞানৰ বিষয়বস্তু। মনোবিজ্ঞানৰ বিভিন্ন বিভাগৰ ভিতৰত শিক্ষা মনোবিজ্ঞান হৈছে এটা উল্লেখযোগ্য বিভাগ। শিক্ষা -মনোবিজ্ঞান কাক বোলে আমি স্পষ্টকৈ জানিবৰ বাবে মনোবিজ্ঞানীসকলে শিক্ষা মনোবিজ্ঞান সম্পর্কে আগবঢ়োৱা সংজ্ঞাৰ বিষয়ে জানিব লাগিব। মনোবিজ্ঞানী Skinner (স্কীনাৰ) ৰ মতে “শিক্ষা মনোবিজ্ঞানে শিক্ষা গ্রহণ অৱস্থাও ব্যক্তিৰ আচৰণৰ ওপৰত আলোচনা কৰে।” মনোবিজ্ঞানী Crow and Crow-ৰ মতে, শিক্ষা মনোবিজ্ঞানে ব্যক্তিৰ জন্মৰ পৰা বয়স্ক কাললৈকে এজন ব্যক্তিয়ে লাভ কৰা শিক্ষা অভিজ্ঞতাৰ বিষয়ে ব্যাখ্যা ও আলোচনা কৰে।” মুঠতে, শিক্ষানুষ্ঠানৰ বিভিন্ন পৰিস্থিতিত উদ্ভৱ হোৱা সমস্যাৰাজি মনোবিজ্ঞানৰ নীতিৰ জৰিয়তে বিজ্ঞানসন্মতভাৱে অধ্যয়ন আৰু সমাধান কৰাই হৈছে শিক্ষা মনোবিজ্ঞানৰ বিষয়বস্তু।

শিক্ষা মনোবিজ্ঞান আৰু সাধাৰণ মনোবিজ্ঞানৰ পাৰ্থক্য (১) মনোবিজ্ঞান অধ্যয়নৰ পৰিসীমা শিক্ষা মনোবিজ্ঞানতকৈ অধিক প্ৰসাৰিত। দুয়োবিধ মনোবিজ্ঞানেই প্রধানতঃ মানৱ আচৰণ অধ্যয়ন কৰে সাধাৰণ মনোবিজ্ঞানে মানৱ আচৰণ এক সামগ্ৰিক ৰূপত অধ্যয়ন কৰে আনহাতে শিক্ষা মনোবিজ্ঞানে কেৱল শিক্ষাৰ্থীৰ আচৰণহে অধ্যয়ন কৰে।

(২) সাধাৰণ মনোবিজ্ঞান হ’ল এক তত্ত্ব প্রধান বিষয়। ইয়াত সামগ্রিকভাবে মন সম্বন্ধীয় নীতি আৰু তত্ত্বসম্বন্ধে আলোচনা কৰে। আনহাতে শিক্ষামনোবিজ্ঞান যিহেতুকে প্রায়োগিক মনোবিজ্ঞানৰ এটা শাখা সেয়েহে ই শিক্ষা ক্ষেত্ৰত মনোবিজ্ঞানৰ নীতিসমূহৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

(৩) সাধারণ মনোবিজ্ঞানৰ এক দীঘলীয়া ইতিহাস আছে। কিন্তু শিক্ষা মনোবিজ্ঞান তুলনামূলকভাৱে নতুন। 

প্রশ্ন ৩। শিক্ষা মনোবিজ্ঞানৰ সংজ্ঞা দিয়া শিক্ষাত মনোবিজ্ঞানৰ অধ্যয়নৰ গুৰুত্ব সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ বিখ্যাত মনোবিজ্ঞানী পিটাৰ চেণ্ডিফোর্ডৰ মতে মনোবিজ্ঞানৰ নীতি আৰু সিদ্ধান্তসমূহ বিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানত প্ৰয়োগ কৰাই হৈছে শিক্ষা মনোবিজ্ঞানৰ প্রধান কর্তব্য। মনোবিজ্ঞানী (craw) ক্ৰো আৰু ক্রোধ (crow) মতে, “শিক্ষা মনোবিজ্ঞানে ব্যক্তিৰ জন্মৰ পৰা বয়স্ক কাললৈকে এজন ব্যক্তিয়ে লাভ কৰা শিক্ষা অভিজ্ঞতাৰ বিষয়ে ব্যাখ্যা ও আলোচনা কৰে।” 

শিক্ষাত মনোবিজ্ঞান অধ্যয়নৰ গুৰুত্ব  :

শিক্ষাৰ সাধাৰণতে তিনিটা দিশ থকা দেখা যায়, যেনে– (১) শিক্ষাৰ লক্ষা, (২) শিক্ষাৰ পদ্ধতি আৰু (৩) শিক্ষণীয় বিষয়বস্তু।

শিক্ষাৰ এই তিনিওটা প্রধান দিশতে মনোবিজ্ঞানে গুরুত্বপূর্ণ ভূমিকা পালন কৰে। প্ৰথমতে, শিক্ষাৰ কি হ’ব সেইটো নিৰ্ধাৰণ কৰে দৰ্শনে, কিন্তু কি উপায়েৰে বা কেনে পদ্ধতি অবলম্বন কৰি লক্ষ্যত উপনীত হ’ব পৰা যায় তাক নিৰ্ধাৰণ কৰে মনোবিজ্ঞানে। দ্বিতীয়তে, শিক্ষার্থীৰ শাৰীৰিক বিকাশৰ পৰ্যায় অনুযায়ী কেনেধৰণৰ পদ্ধতিৰে শিক্ষা

দিলে শিক্ষার্থীসকল উপকৃত হ’ব তাকো নিৰ্ধাৰণ কৰে মনোবিজ্ঞানে। তৃতীয়তে, শিশুক বিকাশৰ স্তৰ অনুযায়ী কেনেধৰণৰ বিষয়বস্তু অধ্যয়ন কৰিবলৈ দিলে ফলৱৰ্তী হ’ব তাকো ঠিৰাং কৰে মনোবিজ্ঞানে।

আধুনিক শিক্ষা পদ্ধতি প্ৰধানকৈ দুটা মনোবিজ্ঞানসম্মত নীতিৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰথমটো হৈছে “ব্যক্তি বিভিন্নতাৰ নীতি” আৰু দ্বিতীয়টো হৈছে “কর্ম তৎপৰতাৰ নীতি”। অর্থাৎ বৰ্তমানৰ শিক্ষাপদ্ধতিয়ে শিক্ষাৰ্থীৰ মাজত থকা ৰুচি, আগ্রহ, শাৰীৰিক, মানসিক শক্তিব পার্থক্য, বৌদ্ধিক শক্তি আৰু অভিৰুচি তথা সক্ষমতা অনুযায়ী শিক্ষালাভৰ ওপৰত গুৰুত্ব দিয়ে। অন্যহাতেদি শিক্ষার্থীসকলে নিষ্ক্রিয়ভাৱে নীৰৱ দৰ্শক হৈ বহি থকাৰ পৰিৱর্তে স্বাধীনভাৱে খেলাৰ মাজেদি বা হাতকামে কৰি শিক্ষালাভ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মণ্টেছৰী

পদ্ধতি, ফ্লোৱেলৰ কিতাৰ গার্টেন পদ্ধতি, জেন্টন পদ্ধতি, প্রজেক্ট পদ্ধতি ইত্যাদিবিলাক পদ্ধতি প্ৰধানকৈ মনোবিজ্ঞানৰ ওপৰত ভিত্তি কৰিয়েই গঢ়লৈ উঠিছে। আধুনিক শিক্ষা হৈছে শিশুকেন্দ্রিক শিক্ষা। এইক্ষেত্ৰত মনোবিদ জন আড্রাচ (John Adams) এ কৰা মন্তব্য তাৎপর্যপূর্ণ। তেওঁ কৈছিল- “শিক্ষকে জন’ক লেটিন শিকাবলৈ

হ’লে তেওঁৰ নিজৰ ভাষাজ্ঞানৰ লগতে জ’নৰ সম্পর্কেও জ্ঞান থকা প্রয়োজন।” শিক্ষকসকলে বিষয়বস্তুৰ লগতে শিক্ষার্থীজনৰ বিষয়েও জানিব লাগিব। শিক্ষাৰ্থীৰ ৰুচি, অভিকচি, আগ্রহ, বৌদ্ধিক শক্তি, মানসিক প্রস্তুতি, ঘৰুৱা অৱস্থা, বংশগতিয় আৰু পৰিৱেশীয় প্ৰভাৱ — এই সকলোবোৰৰ বিষয়ে জানিলেহে সফলতাৰে শিক্ষা দিয়া সম্ভৱ আৰু এইবিলাক জানিবৰ বাবে মনোবিজ্ঞানৰ জ্ঞান অপৰিহাৰ্য। শিক্ষাদান আৰু শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত শিশুৰ আৱেগ আৰু সহজাত প্রবৃত্তিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰে। শিশুৰ আৱেগ আৰু প্ৰবৃত্তিসমূহৰ উপযুক্তভাৱে বিকাশ সাধন কৰিব পৰাই শিক্ষাৰ প্রধান উদ্দেশ্য। কিন্তু এই সকলোবিলাক মনোবিজ্ঞানৰ সহায়তহে সম্ভৱ হয়।

মনোবিজ্ঞানে শিক্ষাৰ উদ্দ্যেশ্য সাধন, শিক্ষাপদ্ধতিৰ নিৰ্বাচন, আৰু শিক্ষাৰ ক্ষেত্ৰত উদ্ভর হোৱা বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে। গতিকে, শিক্ষাত মনোবিজ্ঞানৰ প্ৰয়োজনীয়তা কোনোপধ্যেই অস্বীকাৰ কৰিব নোৱাৰি।

প্রশ্ন ৪। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ সম্বন্ধে আলোচনা কৰা। 

উত্তৰঃ মনোবিজ্ঞান হ’ল প্ৰাণীৰ আচৰণ সম্বন্ধে অধ্যয়ন কৰা বিজ্ঞান। শিক্ষা মনোবিজ্ঞান হ’ল সাধাৰণ মনোবিজ্ঞানৰ এটি শাখা যিনেকি শিক্ষাৰ ক্ষেত্ৰত বিশেষ তাৎপর্যপূর্ণ। বিখ্যাত মনোবৈজ্ঞানিক পিটাৰ চেণ্ডিফোর্ডৰ মতে মনোবিজ্ঞানৰ তথ্য আৰু নীতিসমূহ বিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানত প্ৰয়োগ কৰাটোৱেই হ’ল শিক্ষা মনোবিজ্ঞানৰ প্ৰধান কাম। সাধাৰণ মনোবিজ্ঞানৰ জ্ঞানপ্ৰয়োগ কৰি শিক্ষাদান কার্যত শিক্ষকক কৃতকার্য কৰি তোলাতো হ’ল শিক্ষা মনোবিজ্ঞানৰ লক্ষ্য। বর্তমান শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ বাঢ়ি অহাৰ ফলত ইয়াৰ কাৰ্যক্ষেত্ৰৰ

পৰিসৰ বাঢ়ি আহিছে। ইয়াৰ পৰিসৰ সমূহ হ’ল— 

(১) ব্যক্তিগত বৈষম্যশিক্ষার্থী সকলৰ মাজতথকা ব্যক্তিগত বৈষম্য বুদ্ধিবৃত্তি অভিৰুচি, ব্যক্তিত্ব ইত্যাদিত থকা ব্যক্তিগত পার্থক্যৰ কথা শিক্ষা মনোবিজ্ঞানে আঙুলিয়াই দিয়াত বৰ্তমান শিক্ষাদান পদ্ধতিৰ পৰিৱৰ্তন ঘটিছে।

(২) শিক্ষাদানৰ নীতিশিশুৱে কিছুমান নিয়মৰ দ্বাৰা কাম শিকে। শিক্ষা মনোবিজ্ঞানৰ দ্বাৰা এই নিয়মৰ লগত পৰিচয় ঘটাত বৰ্তমান শিক্ষকশ্রেণী বিশেষভাৱে উপকৃত হৈছে। 

(৩) সহজাত প্রবৃত্তি আৰু আৱেগ শিশুৰ শিক্ষাত সহজাত প্রবৃত্তি আৰু আৱেগৰ এক গুৰুত্বপূর্ণ ভূমিকা আছে। এই বিষয়ে জনাত শিক্ষামনোবিজ্ঞানে শিক্ষকক সহায় কৰে। 

(৪) ব্যক্তিত্ব বিকাশৰ বিভিন্ন গতি নানান গৱেষণা পৰীক্ষা-নিৰীক্ষাৰ পৰা গম পোৱা গৈছে যে বিভিন্ন ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশৰ গতি একে নহয়। এই সত্যৰ দ্বাৰা শিক্ষা প্ৰণালী নিয়ন্ত্ৰিত হ’লে ই ব্যক্তিত্বৰ বৈচিত্ৰ ৰক্ষা কৰে।

(৫) নিজ্ঞান মনত অধ্যয়ন নিজ্ঞান মনৰ অধ্যয়ন অবিহনে ছাত্র-ছাত্ৰীৰ আচৰণ সম্পূর্ণভাৱে বুজা সম্ভৱ নহয়। গতিকে শিক্ষাৰ্থীৰ আচৰণ বুজি শিক্ষা দিয়াত শিক্ষকসকল কৃতকার্য হ’বৰ বাবে নিজ্ঞান মনৰ অধ্যয়ন কৰা প্ৰয়োজন আৰু সেই কাৰণে শিক্ষা মনোবিজ্ঞানৰ -জানৰ প্ৰয়োজন। 

(৬) গণমনোবিজ্ঞান শিক্ষা কার্য বাক্তিগতভাৱে নহয় দলীয়ভাৱে চলা কার্য। সেয়েহে এটা শ্রেণী শাসন কৰোতে আৰু সেই শ্ৰেণীত শিক্ষাদান কৰোতে শিক্ষকে ঘনাই গণমনোবিজ্ঞানৰ জান প্রয়োগ কৰিব লগাত পৰে।

(৭) বংশগতি আৰু পৰিৱেশ এই দুই প্রভাৱে শিশুৰ শিক্ষা আৰু বিকাশ সম্ভৱপৰ কৰি তোলে। এই সম্পর্কীয়জ্ঞান শিক্ষকে শিক্ষামনোবিজ্ঞানৰ পৰা পায়।

(৮) সামঞ্জস্যহীনতাৰ সমস্যা শিশুৱে কোনো কাৰণত নিজৰ ঘৰুৱা, স্কুলীয়া বা অন্য সামাজিক পৰিৱেশৰ লগত খাপ খুৱাই লোৱাত বিশেষ অসুবিধা পায়। এনেবোৰ সমস্যা সমাধানত আৰু শিশুৰ সামঞ্জস্যহীন ব্যৱহাৰ সংশোধন কৰাত মনোবিজ্ঞানে শিক্ষক আৰু অভিভাৱকক বিশেষভাৱে সহায় কৰে।

প্রশ্ন ৫। এজন আদর্শ শিক্ষকৰ বাবে মনোবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা কি আলোচনা কৰা। 

উত্তৰঃ শিক্ষা-মনোবিজ্ঞান বুলিলে আমি বুজি পাওঁ যে শিক্ষাৰ ক্ষেত্ৰত উদ্ভর হোৱা সমস্যাৰাজি সমাধানৰ অৰ্থে মনোবিজ্ঞানৰ সূত্ৰ আৰু নীতিসমূহ প্ৰয়োগ কৰা। সেয়ে শিক্ষা উনাবিজ্ঞান অধ্যয়ন কৰাটো শিক্ষকসকলৰ বাবে, শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষৰ বাবে অতি প্রয়োজন। পেষ্টালী, বেল, মণ্টেছৰী আদি বিভিন্ন শিক্ষাবিদ, দার্শনিকে শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ প্রয়োজনীয়তাৰ বিষয়ে মতবাদ ডাঙি ধৰিছে। জন-আডামচ (Jolin Adams) নামৰ শিক্ষাবিদজনে কৈছিল যে, – “শিক্ষকে জনক লেটিন ভাষা শিকাবলৈ হ’লে তেওঁ সেই ভাষা জনাৰ উপৰিও জনক ভালদৰে জানিব লাগিব।” অর্থাৎ শিক্ষকজনৰ ভাষাজ্ঞানৰ লগতে জন নামৰ ছাত্ৰজনৰ দেহ-মানসিক প্রস্তুতি, আগ্রহ মনোযোগ আৰু বৌদ্ধিক শক্তি সম্পর্কেও জ্ঞান থাকিব লাগিব।

শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ বিভিন্ন কাৰণ বা প্রয়োজনীয়তা সম্পর্কে আমি তলত দিয়াৰ দৰে আলোচনা কৰিব পাৰোঃ

(১) শিক্ষা মনোবিজ্ঞানে লক্ষ্যত উপনীত হোৱাত সহায় কৰে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰে দৰ্শনে। কিন্তু নির্ধাৰিত লক্ষ্যত উপনীত হ’বৰ বাবে উপযুক্ত উপায় আৰু পথ নির্দেশ কৰে শিক্ষা-মনোবিজ্ঞানে। ছাত্ৰই তেওঁৰ লক্ষ্যত উপনীত হ’বৰ বাবে শিক্ষকৰ সহায়ৰ প্রয়োজন। শিক্ষা মনোবিজ্ঞানৰ জ্ঞানেহে শিক্ষকক শুদ্ধ পথ গ্রহণ কৰি শিক্ষাদানত কৃতকার্যতা লাভ কৰাত সহায় কৰে।

(২) শিক্ষাৰ পদ্ধতি নির্ধাৰণত শিক্ষা মনোবিজ্ঞানে গুরুত্বপূর্ণ স্থান অধিকাৰ কৰে : শিশুৰ বিকাশৰ স্তৰ অনুযায়ী বিভিন্ন পদ্ধতি অবলম্বন কৰিলেহে শিক্ষাদান সফলভাৱে কৰিব পৰা যায়। শিশুৰ কোনটো স্তৰত কি পদ্ধতিৰে শিকাব পাৰিলে শিশুৱে আয়ত্ত কৰিব পাৰিব তাক শিক্ষা-মনোবিজ্ঞানৰ জ্ঞান থাকিলেহে জনা সম্ভৱ। সেয়ে উপযুক্ত সময়ত উপযুক্ত পদ্ধতি অৱলম্বন কৰিবৰ বাবে শিক্ষকে অধ্যয়ন কৰা উচিত।

(৩) শিশুৰ ব্যক্তিত্বৰ বিকাশত শিক্ষা মনোবিজ্ঞানে শিক্ষকক শিশুক শিক্ষা দিয়াৰ লগতে সৎ চিন্তা আৰু সৎ কৰ্মৰ অভ্যাস গঠন কৰোৱা, নৈতিক চৰিত্ৰৰ দৃঢ় ভেটি স্থাপন কৰা, সুস্থ ব্যক্তিত্বৰ বিকাশ সাধন কৰা ইত্যাদি বহুতো দায়িত্ব পালন কৰিব লাগে। এই দায়িত্বসমূহ পালন কৰোতে শিক্ষকক সহায় কৰে শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে। কিয়নো শিশুৰ মন আৰু প্ৰকৃতি বুজি উঠা, শিক্ষাৰ্থীৰ ৰুচি আগ্রহ সম্পর্কে জনা, বৌদ্ধিক শক্তি আৰু দেহ-মানসিক সক্ষমতা আদি জানি উঠাৰ পাছতহে শিক্ষকে ছাত্ৰৰ ব্যক্তিত্বৰ বিকাশত উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰিব পাৰিব। সেয়ে এই সকলোবিলাক জানি ল’বৰ বাবে শিক্ষা মনোবিজ্ঞান অধ্যয়ন কৰা প্ৰয়োজন।

(৪) শিক্ষা মনোবিজ্ঞানে শিশুৰ মনস্তত্ব সম্পর্কে জনাত সহায় কৰে শিশুৰ মানসিক অৱস্থা আৰু দৈহিক বৃদ্ধিৰ লগে লগে পৰিৱৰ্তন হোৱা মানসিকতা সম্পর্কে জানিলেহে শিক্ষকে শিশুৰ চাহিদা অনুসৰি শিক্ষা দিবলৈ সক্ষম হ’ব পাৰিব। সেয়ে ব্যক্তিজীৱনৰ বিকাশৰ স্তৰ বিভাজন আৰু দৈহিক স্তৰ অনুযায়ী লাভ কৰা মানসিক বিকাশ সম্পর্কে জ্ঞান লাভ কৰিবলৈ শিক্ষক সকলে শিক্ষা মনোবিজ্ঞান অধ্যয়ন কৰা অতি প্রয়োজন।

(৫) শিক্ষা-মনোবিজ্ঞানে শিশুৰ ওপৰত পৰা বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱ সম্পর্কে জনাত সহায় কৰেঃ সাধাৰণতে একেখন স্কুলৰ একেটা শ্ৰেণীত থকা শিক্ষাৰ্থীসকলৰ মাজত চৰিত্ৰ আৰু ব্যক্তিত্বৰ ক্ষেত্ৰত নানান বৈচিত্র্য আৰু প্ৰভেদ দেখা পোৱা যায়। বুদ্ধিবৃত্তি, অভিকচি, চিন্তাধাৰা, ক্রিয়াকৌশল, ব্যক্তিত্বৰ সংৰক্ষণ, দেহ-মানসিক সক্ষমতা আদি সকলোতে ইজনৰ লগত সিজনৰ পাৰ্থক্য পৰিলক্ষিত হয়। শিশুৰ ব্যক্তিগত পার্থক্যৰ ক্ষেত্ৰত বংশগতি আৰু পৰিৱেশ উভয়ৰে প্ৰভাৱ পৰে। এনে পার্থক্য সমূহলৈ লক্ষ্য ৰাখি সকলোকে সফলভাৱে শিক্ষা দিয়াৰ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ জ্ঞান অপরিহার্য।

(৬) শিক্ষাৰ্থীৰ অচেতন মনৰ জটিলতাৰ বুজ লৈ সুস্থ ব্যক্তিৰূপে গঢ়ি তোলাত শিক্ষকক শিক্ষা-মনোবিজ্ঞানেহে সহায় কৰিব পাৰে শিক্ষাৰ্থীৰ অচেতন মনত সঞ্চিত হৈ থকা বহু অৱদমিত আশা-আকাঙ্খা, কামনা-বাসনা সময়ে সময়ে সক্রিয় হৈ উঠি সিহঁতৰ সজ্ঞান আচৰণ, অবগতিআদি প্রভাৱান্বিত কৰে। আৰু তেতিয়াই ঘৰত আৰু বিদ্যালয়ত অবাধ্যত শৃঙ্খলাহীনতা, অপৰাধ-প্ৰৱণতা আদি নানান সমস্যাৰ সৃষ্টি কৰে। শিক্ষা মনোবিজ্ঞান অধ্যয়ন কৰা আৰু তাৰ গভীৰ জ্ঞান থকা শিক্ষকে এনে আচৰণ সংশোধন কৰি ব্যক্তিত্বৰ বিকাশ সাধন কৰিবলৈ সক্ষম হয়।

(৭) উন্নত শিক্ষা পদ্ধতি গ্রহণত শিক্ষা মনোবিজ্ঞানে শিক্ষকক যথেষ্ট সহায় কৰে। শিক্ষার্থীসকলক সফলভাৱে শিক্ষা দিবলৈ হ’লে শিক্ষণৰ নীতিসমূহ জানিব লাগিব আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা উন্নত শিক্ষা পদ্ধতি সম্পর্কেও জানিব লাগিব৷ তেতিয়াহে শিক্ষক হিচাপে সফলতা লাভ কৰাটো সম্ভৱ হয়। আৰু এই সমূহ জ্ঞান লাভ কৰিবলৈ হ’লে শিক্ষা মনোবিজ্ঞান অধ্যয়ন কৰিবই লাগিব।

এনে বিভিন্ন দিশৰ পৰা বিচাৰ কৰি আমি এই সিদ্ধাস্তত উপনীত হ’ব পাৰো যে শিক্ষকসকলে শিক্ষা-মনোবিজ্ঞান অধ্যয়ন কৰা অতি প্রয়োজন। ছাত্ৰৰ বুদ্ধাংক নির্ণয় কৰা, স্মৃতিশক্তি পৰিমাপ কৰা, সহজাত প্রবৃত্তি আৰু আৱেগ নিয়ন্ত্ৰণৰ কৌশল অৱলম্বন কৰা, অভিক্ষমতা, কচি আগ্রহ মনোযোগ আদি নিৰ্ণয় কৰি সেইমতে বিকাশৰ ব্যৱস্থা কৰা – এই সকলো ক্ষেত্ৰতে শিক্ষকক শিক্ষা-মনোবিজ্ঞানৰ সহায়ৰ প্ৰয়োজন। সেয়ে শিক্ষক অভিভাৱক সকলোৱে শিক্ষা মনোবিজ্ঞান অধ্যয়ন কৰা দৰকাৰ।

প্রশ্ন ৬। প্রক্ষিপ্ত পদ্ধতিৰ সুবিধা আৰু অসুবিধা সম্পর্কে লিখা।

উত্তৰঃ প্ৰক্ষিপ্ত পদ্ধতিৰ সুবিধাসমূহ হ’ল—

(১) এই পদ্ধতিৰ প্রয়োগে ব্যক্তিৰ মনৰ অবদমিত বিষয়বোৰ সহজেই পোহৰলৈ আনি মনৰ জটিলতা দূৰ কৰাত সহায় কৰে। 

(২) এই পদ্ধতিৰ প্রয়োগে মানসিক ৰোগৰ চিনাক্তকৰণ আৰু ইয়াৰ নিৰাময়ৰ ব্যৱস্থা কৰিব পাৰে। 

(৩) এই পদ্ধতিৰ জৰিয়তে এজন লোকৰ ব্যক্তিত্বৰ সম্পূৰ্ণ আভাস লাভ কৰিব পাৰি৷

অসুবিধাসমূহঃ

(১) এই পদ্ধতি হ’ল ঘাইকৈ ব্যক্তিধৰ্মী। সেয়েহে স্কুলৰ পৰামর্শদাতাসকলৰ বাবে ই উপযোগী নহয়৷ 

(২) এই পদ্ধতিৰ প্ৰয়োগ কৰিবৰ বাবে বিশেষ প্রশিক্ষণৰ প্ৰয়োজন। এজন সাধাৰণ শিক্ষকে এই পদ্ধতি ছাত্ৰ-ছাত্ৰীৰ ওপৰত প্ৰয়োগ কৰাটো সম্ভব নহয়।

(৩) এই পদ্ধতি সময়সাপেক্ষ। ইয়াৰ পৰা লব্ধ হোৱা তথ্যসমূহৰ বিশ্লেষণো এক কঠিন কাম।

HS First Year Education Solutions – শিক্ষা

Unit No.LessonsLinks
Unit-1শিক্ষাৰ ধাৰণা আৰু লক্ষ্য (Concept and Aims of Education)Click here
Unit- 2মানৱ বিকাশৰ স্তৰ (Stages of Human Development)Click here
Unit – 3বিদ্যালয় আৰু ইয়াৰ সংগঠন (School and its Organization)Click here
Unit – 4মনোবিজ্ঞান আৰু শিক্ষা (Psychology and Education)Click here
Unit – 5মানসিক জীৱনৰ শাৰীৰিক ভিত্তি (Physical Basis of Mental Life)Click here
Unit – 6মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন (Bases and Direction of Human behavior)Click here
Unit – 7ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা [ Primary Education in India and Assam]Click here

প্রশ্ন ৭। শিক্ষা মনোবিজ্ঞান এক বস্তুনিষ্ঠ বিজ্ঞান— বহলাই লিখা।

উত্তৰঃ আমি মনোবিজ্ঞান সম্পর্কে কৰা অধ্যয়নৰ পৰা এটা কথা জানিব পাৰিছোঁ যে মনোবিজ্ঞান হৈছে এটি বস্তুনিষ্ঠ বিজ্ঞান। কিয়নো এই বিজ্ঞানে ব্যক্তিৰ আচৰণ পৰ্যবেক্ষণ কৰি তাক যেনে আছে তেনে অৱস্থাত অধ্যয়ন কৰি প্ৰত্যক্ষ অভিজ্ঞতা লাভৰ মাজেদি সিদ্ধান্তসমূহ গ্ৰহণ কৰে৷ আচৰণৰ অন্তর্নিহিতকাৰণ উদঘাটন কৰে। মনোবিজ্ঞান বাস্তৱ অভিজ্ঞতাৰ ওপৰত প্রতিষ্ঠিত আৰু ইয়াৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ ক্ষেত্ৰত বিজ্ঞানৰ পদ্ধতিসমূহ অৱলম্বন কৰে।

শিক্ষাৰ ক্ষেত্ৰত মনোবিজ্ঞানৰ নীতিসমূহ প্ৰয়োগ কৰাকে শিক্ষা মনোবিজ্ঞান বুলি কোৱা হয়। বিখ্যাত মনোবিদ পিটাৰ চেণ্ডিফোর্ড (Peter Sandiford) ৰ মতে মনোবিজ্ঞানৰ সত্য আৰু নীতিসমূহ বিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানত প্ৰয়োগ কৰাটোৱে হ’ল শিক্ষা মনোবিজ্ঞানৰ প্ৰধান কাম। সাধাৰণ মনোবিজ্ঞানৰ জ্ঞান প্ৰয়োগ কৰি শিক্ষাদান কার্যও শিক্ষকক কৃতকাৰ্য্য কৰি তোলাটোৱেই হৈছে শিক্ষা মনোবিজ্ঞানৰ লক্ষ্য।

শিক্ষাৰ প্ৰধানকৈ তিনিটা দিশ আছে– 

(১) শিক্ষাৰ লক্ষ্য, (২) শিক্ষা পদ্ধতি, (৩) শিক্ষাৰ বিষয়বস্তু।

(১) ব্যক্তিৰ ব্যক্তিত্বৰ পৰিপূৰ্ণ বিকাশ সাধনকে শিক্ষাৰ লক্ষ্য বুলি ধৰিলেও সেই লক্ষ্যত উপনীত হ’বলৈ মনোবিজ্ঞানৰ বাস্তৱসন্মত প্ৰয়োগ কৰা প্ৰয়োজন। অন্যথাই লক্ষ্যত উপনীত হ’ব পৰা নাযাব।

(২) শিশুৰ বিকাশৰ স্তৰ অনুযায়ী শিক্ষাদানৰ পদ্ধতিও পৃথক পৃথক হয়। কোনটো স্তৰত কেনেধৰণৰ পদ্ধতি অবলম্বন কৰিলে কৃতকার্যতা লাভ কৰিব পাৰি, তাৰ সমাধান মনোবিজ্ঞানেহে দিব পাৰে।

(৩) মনোবিজ্ঞানে শিশুৰ মন আৰু প্ৰকৃতি বুাত শিক্ষকক সহায় কৰে। তাৰোপৰি শিশুৰ বিকাশৰ স্তৰ অনুযায়ী বিষয়বস্তু উপস্থাপন কৰা, শিক্ষাৰ্থীৰ বৌদ্ধিক ক্ষমতা নির্ণয় কর সেইমতে শিক্ষা দিয়া, শিশুৰ দেহ-মানসিক প্রস্তুতি গঢ়ি লৈ শিক্ষণীয় বিষয়বস্তু নিবেদন ক এই সকলো ক্ষেত্রতে মনোবিজ্ঞানৰ নীতি প্ৰয়োগ কৰিলেহে কৃতকার্যতা লাভ কৰিব পাৰি। এইবিলাকৰ উপৰিও শিশুৰ ব্যক্তিগত বৈষম্য অনুযায়ী বিশেষ শিক্ষাৰ ব্যৱস্থা কৰা, শিশুৰ বুদ্ধিৰ পৰিমাণ নির্ণয় কৰা, শিক্ষণৰ নীতিসমূহ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা, শিশুৰ আগ্রহ-অভিৰুচি নির্ণয় কৰা, শিশুৰ অচেতন মনৰ জটিলতা সম্পর্কে বুজ লোৱা, ইত্যাদি সকলো বিষয়তে মনোবিজ্ঞানৰ প্ৰয়োজন। মনোবিজ্ঞানে যিহেতু বস্তুনিষ্ঠ বিজ্ঞান আৰু ইয়াৰ সিদ্ধান্তসমূহ যিহেতু বাস্তৱ আৰু প্ৰত্যক্ষ অধ্যয়নৰ ভিত্তিত শিক্ষাৰ সমস্যা সমাধানত ব্যৱহাৰ কৰা হয়, কাজেই শিক্ষা মনোবিজ্ঞানকো বস্তুনিষ্ঠ বিজ্ঞান বুলি অভিহিত কৰা হয়। 

প্রশ্ন ৮। অধ্যয়নৰ এক বিষয় হিচাপে মনোবিজ্ঞানৰ ধাৰণাৰ পৰিবৰ্তনৰ এক চমু ইতিহাস দাঙি ধৰা। 

উত্তৰঃ মনোবিজ্ঞানৰ অৰ্থ : মনোবিজ্ঞানৰ ইংৰাজী প্রতিশব্দ ‘Psychology’ গ্রীক ভাষাৰ ‘Psyche’ আৰু ‘Logos’ শব্দ দুটাৰ পৰা অনা হৈছে। ‘Psyche’ শব্দৰ অৰ্থ হৈছে। ‘আছা’ আৰু ‘Logos’ শব্দৰ অৰ্থ হৈছে ‘বিজ্ঞান সম্মত অধ্যয়ন’ অর্থাৎ আত্মাৰ বিষয়ে বিজ্ঞান সন্মত অধ্যয়ন কৰাই হৈছে মনোবিজ্ঞান। সেয়ে মনোবিজ্ঞানৰ সংজ্ঞা দিয়া হৈছিল “Psychology is the science of soul” অর্থাৎ “মনোবিজ্ঞান হৈছে আত্মাৰ বিজ্ঞান”। কিন্তু আত্মাৰ স্বৰূপ লৈ নানা সন্দেহ, সমস্যা আৰু বাক্ বিতণ্ডাৰ সৃষ্টি হ’ল। কোনোৱে মত প্ৰকাশ কৰিলে যে আত্মা যিহেতু দৃশ্যমান নহয় গতিকে ভাব বিজ্ঞান সন্মত অধ্যয়নো সম্ভৱ নহয়।

পৰৱৰ্তী সময়ত শিক্ষাবিদসকলে মনোবিজ্ঞানক মনৰ বিজ্ঞান বুলি অভিহিত কৰিলে। তেওঁলোকৰ মতে— “মানসিক প্ৰক্ৰিয়াৰ পৰ্যবেক্ষণেই হৈছে মনোবিজ্ঞান” (Psychology is the science of the mind) কিন্তু মন সম্পৰ্কীয় ধাৰণাৰ ওপৰতো সন্দেহ আৰু বাক বিতণ্ডাৰ সৃষ্টি হ’ল। মধ্যযুগৰ শেষত ডেকার্টে (Desearte) নামৰ এগৰাকী মনীষীয়ে মনৰ দুটা দিশ থকা বুলি পৰীক্ষা কৰি দেখুৱালে। তেওঁৰ মতে মনৰ ‘জড়’ (Unconscious) আৰু ‘চেতন’ (Conscious) এই দুই অৱস্থা থাকে। তেওঁৰ মতে “চেতন মনৰ পৰ্যবেক্ষণেই হৈছে মনোবিজ্ঞান” (Psychology is the science of consciousness)। কিন্তু ডেকার্টেৰ এই সংজ্ঞাও বৰ বেছিদিন টিকি নাথাকিল। ফ্রয়ড আদি মনোবিদসকলে বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি প্ৰমাণ কৰিলে যে মনৰ প্ৰধান চেতন, অচেতন আৰু অবচেতন বা অর্ধচেতন আদি তিনিটা স্তৰ আছে। সেয়ে মনোবিজ্ঞানে কেৱল চেতন (Conscious mind) মনৰ অধ্যয়ন কৰাকে নুবুজায়, ইয়াৰ উপৰি অবচেতন আৰু অচেতন স্তৰ দুটাকো অন্তর্ভুক্ত কৰিব লাগিব। ফ্ৰয়ডে পৰীক্ষা কৰি দেখুৱাইছিল যে মানুহৰ ক্ৰিয়া, আচৰণত কেৱল যে চেতন মনৰহে প্ৰভাৱ সৰে এনে নহয়, অবচেতন বা অচেতন মনৰো যথেষ্ট প্রভাৱ পৰে। অৰ্থাৎ এই আটাইকেইটা মানসিক স্তৰৰ প্ৰকাশ ঘটে মানুহৰ বাহ্যিক ব্যৱহাৰ আৰু আচৰণত৷ সেয়ে মেকডুগেল (MC) Dougall) নামৰ মনোবিজ্ঞানীজনে সংজ্ঞা আগবঢ়াইছিল এনেদৰে— “মনোবিজ্ঞান হৈছে মানুহৰ আচৰণ অধ্যয়ন কৰা বিজ্ঞান” (Psychology is the science of behaviour). মনোবিজ্ঞানী মেক্‌ডুগেলৰ এই সংজ্ঞাটো এতিয়ালৈকে সর্বসন্মতভাৱে স্বীকৃত হৈ আছে।

মনোবিজ্ঞানৰ অৰ্থ বিচাৰিলে এতিয়া আৰু আত্মা, মন, চেতনা আদি বিতর্কমূলক শব্দবোৰ ব্যৱহাৰ কৰিব লগা নহয়, আচৰণ অধ্যয়নেই যিহেতু মনোবিজ্ঞানৰ বিষয়বস্তু, সেয়ে বাস্তৱক্ষেত্ৰত মনোবিজ্ঞান অধিক স্পষ্ট আৰু বস্তুনিষ্ঠ হৈ পৰা দেখা গৈছে। এয়ে হৈছে মনোবিজ্ঞানৰ অৰ্থ।

প্রশ্ন ৯। শিক্ষা আৰু মনোবিজ্ঞান ইটোৰ সিটোৰ পৰিপূৰক, বিৰোধী নহয়— উক্তিটোৰ ব্যাখ্যা দাঙি ধৰা। 

অথবা

শিক্ষা আৰু মনোবিজ্ঞানৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত যথেষ্ট সম্বন্ধ আছে। শিক্ষাৰ তত্ত্ব উদ্ভাবন, উদ্দেশ্য নির্ণয় কৰাৰ ক্ষেত্ৰত দৰ্শনৰ যথেষ্ট প্রভাৱ আছে। কিন্তু এই শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ, তত্ত্বসমূহ বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ প্ৰয়োজন হয় মনোবিজ্ঞানৰ। বহুপণ্ডিতৰ মতে শিক্ষাৰ তত্ত্ব মনোবিজ্ঞানিক চিন্তা চৰ্চাৰ পৰা উৎপত্তি হয়। প্ৰতিটো শিক্ষা ব্যৱস্থাৰে নিজস্ব কেতবোৰ নীতি আৰু আদর্শ আছে। এই নীতি আৰু আদর্শ সমূহ শ্রেণীকোঠাত ৰূপায়িত কৰিবৰ বাবে প্রয়োজন হয় স্মৃতিশক্তি, অভিৰোচন; বৌদ্ধিক ক্ষমতা, মনোযোগ, আগ্রহ আদি বিষয়সমূহৰ। এই বিষয়সমূহ মনোবিজ্ঞানৰ লগত ওতপ্রোত বাবে জড়িত। শ্ৰেণীকোঠাৰ সফল পাঠদান নিৰ্ভৰ কৰে উপযুক্ত শিক্ষণ পদ্ধতি আৰু কৌশলৰ ওপৰত। ছাত্ৰ-ছাত্ৰীৰ বিকাশৰ স্তৰ অনুযায়ী, বিষয়বস্তুৰ গুৰুত্ব অনুসৰি কেনে শিক্ষণ সঁজুলি প্রয়োগ কৰিব, কোনটো শিক্ষণ পদ্ধতি প্রয়োগ কৰা উচিত ইত্যাদি কথাবোৰ নিৰ্ভৰ কৰিব শিক্ষকৰ উপযুক্ত মনোবৈজ্ঞানিক জ্ঞানৰ ওপৰত৷ গতিকে শিক্ষা আৰু মনোবিজ্ঞানৰ যুটীয়া সহযোগতহে এক সুশিক্ষা ব্যৱস্থা আশা কৰিব পাৰি। শিক্ষাত মনোবৈজ্ঞানিক চিন্তাধাৰাৰ প্ৰয়োগৰ ফলস্বৰূপে ন ন শিক্ষণ পদ্ধতি উদ্ভাবন আৰু এইবোৰৰ প্ৰয়োগৰ দ্বাৰা শিক্ষাদান আৰু শিক্ষা গ্রহণ কার্যত সুফল পোৱা হৈছে। ঠিক তেনেদৰে নির্দেশনা আৰু পৰামৰ্শদান কার্যৰ লগতো মনোবিজ্ঞানৰ যথেষ্ট সম্বন্ধ আছে। ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন ধৰণৰ দেহ-মানসিক, আৱেগিক, শৈক্ষিক আৰু সামাজিক সমস্যা এই মনোবিজ্ঞানৰ জৰিয়তে সমাধান কৰি শিক্ষাৰ বিকাশত অৰিহণা যোগাব পাৰে। ওপৰৰ আলোচনাৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে শিক্ষা আৰু মনোবিজ্ঞান ইটো সিটোৰ পৰিপূৰক, বিৰোধী নহয়।

প্রশ্ন ১০। মনোবিজ্ঞান আৰু শিক্ষাৰ মাজৰ পাঁচটা পার্থক্য লিখা।

উত্তৰঃ মনোবিজ্ঞান আৰু শিক্ষাৰ মাজৰ পাঁচটা পার্থক্য হ’ল

(ক) মনোবিজ্ঞান এক বাস্তৱবিজ্ঞান। কিন্তু শিক্ষা হৈছে এক আদর্শমূলক বিজ্ঞান।

(খ) মনোবিজ্ঞানে লক্ষ্যত উপনীত হ’বৰ বাবে উপযুক্ত পথৰ সন্ধান দিয়ে। কিন্তু শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ বাবে বিকাশৰ লক্ষ্য স্থিৰ কৰে।

(গ) মনোবিজ্ঞান আদিতে দর্শনৰে এটা ভাগ আছিল যদিও বর্তমান ই অন্য বিষয়ৰ পৰা স্বাধীন। আনহাতে শিক্ষা বিষয়টো দর্শন, ইতিহাস, অর্থনীতি, রাজনীতি আদি বিষয়ৰ লগত ওতপ্রোতভাৱে জড়িত। 

(ঘ) মনোবিজ্ঞানে শিকন, বৃদ্ধি, ব্যক্তিত্ব, অনুভূতি বাপ প্ৰৱণতা আদি সংলক্ষণসমূহ অধ্যয়ন কৰি এইবিলাকৰ সূত্ৰ, তত্ত্ব পদ্ধতি আদি প্ৰতিষ্ঠা কৰে। আনহাতে শিক্ষাই ওপৰোক্ত গুণসমূহ বিকশাই তোলাত সহায় কৰে। 

(ঙ) মনোবিজ্ঞানে আহৃত জ্ঞান আৰু অন্যান্য সংলক্ষণসমূহ জুখিবৰ বাবে অভীক্ষা প্রস্তুত কৰে। কিন্তু শিক্ষাই উপযুক্ত পৰিমাণৰ জৰিয়তে শিক্ষাৰ্থীৰ আহহৃত জ্ঞান আৰু সংলক্ষণৰ বুজ লয়।

প্রশ্ন ১১। শিক্ষামনোবিজ্ঞান অধ্যয়নৰ কেইটামান পদ্ধতিৰ বিষয়ে লিখ। 

উত্তৰঃ শিক্ষা-মনোবিজ্ঞান আধুনিক সময়ত অধ্যয়ন কৰিব লগা এটা ব্যাপক পৰিসৰৰ বিষয়। শিক্ষাৰ বিভিন্ন পৰিস্থিতিৰ উদ্ভৱ হোৱা বিভিন্ন সমস্যাৰাজি সমাধানৰ অর্থে বাস্তব অধ্যয়ন কৰা আৰু বৈজ্ঞানিক পদ্ধতি অবলম্বন কৰি তাৰ সমাধানৰ পথ উদঘাটন কৰাই হৈছে শিক্ষা মনোবিজ্ঞানৰ বিষয়। সেয়ে শিক্ষা মনোবিজ্ঞান অধ্যয়ন কৰাৰ পদ্ধতিও বহুতো থকা দেখা যায়। যেনে—(১) প্রয়োগ পদ্ধতি বা পৰীক্ষণ পদ্ধতি (Experimental Method), (২) অন্তঃনিৰীক্ষণ পদ্ধতি (Introspective Method) (৩) পর্যবেক্ষণ পদ্ধতি (Observation Method), (৪) ক্রমবিকাশমূলক পদ্ধতি (Developmental Method) (৫) নৈদানিক পদ্ধতি (Clinical Method), (৬) পৰিসংখ্যামূলক পদ্ধতি (Statistical Method), (৭) বিচার্য – বিষয় অধ্যয়ন পদ্ধতি(Case study Method) (৮) বিশ্লেষণ পদ্ধতি (Analytical Method)

(১) পৰীক্ষণ পদ্ধতি কোনো নিয়ন্ত্রিত পৰিৱেশত কোনো বিশেষ চৰ্তৰ অধীনত মানসিক কার্য বা প্ৰক্ৰিয়াৰ কাৰণ আৰু বিশেষত্ব নির্ণয় কৰাৰ পদ্ধতিয়েই হৈছে প্ৰয়োগ পদ্ধতিৰ মূলকথা। পদার্থবিদ্যা ৰসায়ন বিদ্যা আদিৰ দৰেই পৰীক্ষা-নিৰীক্ষাৰ মাজেদি মানুহৰ কেতবোৰ আচৰণৰ কাৰণ নিৰ্ণয় কৰা হয় বাবেই এই পদ্ধতিক পৰীক্ষণ পদ্ধতি বুলি কোৱা হয়।

(২) অন্তঃনিৰীক্ষণ পদ্ধতি বা অন্তদর্শন পদ্ধতি ব্যক্তিয়ে নিজেই নিজৰ মনৰ প্ৰক্ৰিয়াৰ বিশ্লেষণ আৰু পর্যবেক্ষণ কৰা পদ্ধতিয়ে হৈছে অন্তঃনিৰীক্ষণ পদ্ধতি। বর্তমান এই পদ্ধতি অতি ত্রুটিপূর্ণ বুলি মনোবিজ্ঞানী সকলে মত প্রকাশ কৰিছে। অস্তঃনিৰীক্ষাৰ দ্বাৰা পৰ্যবেক্ষণ কৰা মানসিক প্ৰক্ৰিয়া আৰু তাৰ ফলাফল হয় অতি অস্পষ্ট আৰু অনির্দিষ্ট। তাৰোপৰি শিশু আৰু অশিক্ষিত লোকৰ ওপৰত এই পদ্ধতি প্রয়োগ কৰিব নোৱাৰি।

(৩) পর্যবেক্ষণ পদ্ধতি ঃ এই পদ্ধতিৰ দ্বাৰা ব্যক্তিৰ আচাৰ-আচৰণ, কথা-বতৰা, ভাবগতি ক্রিয়াকলাপ আদি পুংখানুপুঙ্খভাৱে নিৰীক্ষণ কৰা হয়। এই পদ্ধতিৰ সহায়ত আমি আনৰ মনৰ ভাবগতিৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিবলৈ সক্ষম হওঁ।

(৪) ক্রমবিকাশ পদ্ধতিঃ এই পদ্ধতিত বহু ধৈর্য, শ্ৰম অৰু সময়ৰ প্ৰয়োজন হয়। কিয়নো এই পদ্ধতিত শিশুক তাৰ জন্মৰ পৰা পূর্ণবয়স প্রাপ্ত হোৱালৈকে গভীৰভাৱে পৰ্যবেক্ষণ কৰা হয়। শিশুৰ জীৱনৰ বিভিন্ন স্তৰত পৰিৱেশৰ বিভিন্ন শক্তিয়ে কেনে ধৰণে তাৰ ক্ৰমবিকাশত প্ৰভাৱ বিস্তাৰ কৰে সেইবোৰ নিৰীক্ষণ কৰাটো এই পদ্ধতিৰ মূল কাম।

(৫) নৈদানিক পদ্ধতি বর্তমানকালত মনঃচিকিৎসা শাস্ত্ৰৰ উন্নতিৰ লগে লগে শিক্ষা মনোবিজ্ঞানৰ ক্ষেত্ৰত এই শাস্ত্ৰৰ কিছুমান পদ্ধতি ব্যৱহাৰ হোৱা দেখা গৈছে। এই পদ্ধতিসমূহকে নৈদানিক পদ্ধতি বুলি জনা যায়। এনে পদ্ধতিৰ দ্বাৰা শিক্ষা মনোবিজ্ঞানত দেখা দিয়া সমস্যাসমূহ সমাধান কৰিব পৰা যায়।

(৬) পৰিসংখ্যীয় পদ্ধতি ঃ কুৰি শতিকাৰ শিক্ষাত পৰিসংখ্যা বিজ্ঞানৰ পদ্ধতিবোৰ অতি ব্যাপকভাৱে প্ৰয়োগ কৰা হয়। ইয়াৰ ফলত শিক্ষাশ্রয়ী পৰিসংখ্যা [Educational Statistics] নামৰ এটি বিজ্ঞান লাহে লাহে গঢ় লৈ উঠিছে। ব্যক্তিগত পার্থক্য, বুদ্ধিৰ পৰিমাণ, ব্যক্তিত্বৰ প্রকৃত যোগ্যতা, সামর্থ্য, মানসিক শক্তিৰ যথাৰ্থ স্বৰূপ নির্ণয় ইত্যাদি বিভিন্ন বিষয় নিৰ্ধাৰণৰ কাৰণে এই পদ্ধতিৰ প্ৰয়োজন বর্তমানে ক্রমশ বৃদ্ধি পাই আহিছে।

(৭) বিচার্য বিষয় অধ্যয়ন পদ্ধতি বা ঘটনা বিৱৰণী পদ্ধতি এই পদ্ধতিৰ দ্বাৰা কোনো শিশু বা ব্যক্তিৰ ক্ৰমবিকাশৰ বিভিন্ন স্তৰ গৃহ পৰিৱেশ, সামাজিক পৰিৱেশ ইত্যাদি বিষয়ে নানা ধৰণৰ তথ্য সংগ্ৰহ কৰা হয়। এই তথ্য সংশ্লিষ্ট ব্যক্তিৰ নিজৰ আৰু আত্মীয়স্বজন, প্রতিবেশী, বন্ধুবান্ধৱৰ কথাৰপৰা সংগ্ৰহ কৰা হয়। ব্যক্তিয়ে নিজে দিয়া বর্ণনা অতিৰঞ্জিত হোৱাৰ সম্ভৱনা বেছি কাৰণে তেনে ক্ষেত্ৰত তথ্য সংগ্ৰহ কৰোতে বৰ সাবধান হোৱা প্রয়োজন। কোনো ব্যক্তিৰ জীৱনত বিভিন্ন সময়ত ঘটা ঘটনাৱলী সংগ্ৰহ কৰাৰ পিছত একত্ৰিত কৰা হয় আৰু বৰ্তমান অৱস্থাৰ লগত থাকিব পৰা সম্বন্ধ বিচাৰ কৰিচোৱা হয়।

(৮) বিশ্লেষণ পদ্ধতিঃ এই পদ্ধতিৰ দ্বাৰা মনোবৈজ্ঞানিক সকলে জটিল মানসিক প্ৰক্ৰিয়াবোৰক তাৰ অন্তর্ভুক্ত ক্ষুদ্র ক্ষুদ্র উপাদানত বিভক্ত কৰি সেইবোৰত থকা পাৰস্পৰিক সম্পৰ্ক উদঘাটন কৰে। এই পদ্ধতিৰ দ্বাৰাও মানৱমনৰ নানা গোপন ৰহস্য জনাত সহায় হয়।

মুঠতে, ওপৰত উল্লেখিত পদ্ধতিসমূহৰ দ্বাৰা শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া সমাধানৰ অৰ্থে তথ্য সংগ্ৰহ কৰি উপযুক্ত ব্যৱস্থা লোৱা হয়।

প্রশ্ন ১২। নিৰীক্ষণ পদ্ধতি কি? এই পদ্ধতিৰ সুবিধা আৰু অসুবিধাবোৰ লিখা। 

উত্তৰ: এই পদ্ধতিৰ দ্বাৰা ব্যক্তিৰ আচাৰ-আচৰণ, কথা-বতৰা, ভাবগতি, ক্রিয়াকলাপ আদি পুংখানুপুংখভাৱে নিৰীক্ষণ কৰা হয়। এই পদ্ধতিৰ সহায়ত আমি মনৰ ভাবগতির বিষয়ে সম্যক জ্ঞান লাভ কৰিবলৈ সক্ষম হওঁ। সৰল অৰ্থত নিৰীক্ষণ মানে হ’ল ব্যক্তিয়ে অতি সচেতনভাৱে জীৱৰ বিভিন্ন ক্রিয়া প্রতিক্ৰিয়াৰ চাক্ষুস জ্ঞান লাভৰ বাবে কৰা প্ৰক্ৰিয়া।

নিৰীক্ষণৰ সুবিধাসমূহ ঃ

(ক) এই পদ্ধতি হ’ল তথ্য সংগ্ৰহৰ অতি সহজ পদ্ধতি য’ত প্ৰযুক্তিবিজ্ঞানৰ প্ৰয়োজন নহয়।

(খ) ই এক বস্তুনিষ্ঠ আৰু সাৰ্বজনীন পদ্ধতি যিটো বিজ্ঞানসম্মতভাৱে অনুসৰণ কৰিব পাৰি। 

(গ) এই পদ্ধতিত নিৰীক্ষকে প্রত্যক্ষভাৱে নিৰীক্ষণৰ শুদ্ধতা বিচাৰ কৰিব পাৰে। তথ্য সংগ্ৰহৰ ক্ষেত্ৰত সাক্ষাৎ গ্ৰহণতকৈ এই পদ্ধতি নিৰ্ভৰযোগ্য।

নিৰীক্ষণৰ অসুবিধাবোৰ

(ক) এই পদ্ধতি নিৰীক্ষকৰ পক্ষপাতমূলক মনোভাৱ বা ব্যক্তিগত দৃষ্টিভংগীৰ পৰা মুক্ত নহয়। 

(খ) এই পদ্ধতি নিৰীক্ষকৰ অৰ্হতা বা সামৰ্থাৰ অভাৱৰ ফলত প্রাপ্ত ফলাফলে বৈধ্যতা আৰু নিৰ্ভৰযোগ্যতা হেৰুওৱাৰ সম্ভাৱনা থাকে।

(গ) ব্যক্তিৰ এনে কিছুমান অতি গোপনীয় কার্য থাকে যিবোৰ সঠিকভাৱে নিৰীক্ষণত ধৰা নপৰে।

প্রশ্ন ১৩। অন্তঃপ্রেক্ষণ পদ্ধতি কি? এই পদ্ধতিৰ সুবিধা আৰু সীমাবদ্ধতাবোৰ উল্লেল্লখ কৰা।

উত্তৰ : ব্যক্তিৰ আত্ম পর্যবেক্ষণাত্মক ক্রিয়াকে অন্তঃপ্ৰেক্ষণ বুলি কোৱা হয়। এনে পদ্ধতিত ব্যক্তিয়ে নিজেই নিজৰ মনক নিৰীক্ষণ কৰি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰে। মনোবিজ্ঞানী Titchner-ৰ ভাষাত ‘অন্তঃপ্ৰেক্ষণ হ’ল ব্যক্তিৰ অভ্যস্তৰৰ নিৰীক্ষণ। 

অন্তঃপ্ৰেক্ষণৰ সুবিধাসমূহ হ’ল– 

(ক) এই পদ্ধতিয়ে ব্যক্তিৰ নিজস্ব মানসিক অৱস্থাৰ বিশ্লেষণৰে প্ৰয়োজন সাপেক্ষে আন ব্যক্তিৰ মানসিক অৱস্থাৰ বিষয়ে উপলব্ধি কৰাত সহায় কৰিব পাৰে।

(খ) মানসিক প্ৰক্ৰিয়াৰ তথ্য আহৰণত এই পদ্ধতি অতি সহজ আৰু কম খৰচী। 

(গ) এনে পদ্ধতিত নিৰীক্ষক হিচাপে অনুসন্ধান কৰিবলগীয়া বিষয়টোত ব্যক্তিজন নিজেই উপস্থিত থাকি গৱেষণাৰ প্ৰাথমিক উৎস হৈ পৰে। 

অন্তঃপ্ৰেক্ষণৰ সীমাবদ্ধতা বা অসুবিধাসমূহ হ’ল

(ক) এই পদ্ধতিৰ দ্বাৰা লাভ কৰা অভিজ্ঞতাৰে আনৰ অনুভূতিক মূল্যায়ন কৰিব খোজা কার্য অবৈজ্ঞানিক।

(খ) শিশু আৰু অস্বাভাৱিক ব্যক্তিৰ মানসিক প্ৰক্ৰিয়াক অন্তঃপ্ৰেক্ষণ পদ্ধতিৰে বিচাৰ কৰি সিদ্ধান্তত উপনীত হোৱা অসম্ভৱ।

(গ) এই পদ্ধতিয়ে সমস্যাকেন্দ্ৰিক সকলোবোৰ তথ্য যুক্তিযুক্তভাৱে যোগান ধৰিব নোৱাৰে।

প্রশ্ন ১৪। এজন শিক্ষকৰ কিয় মনোবিজ্ঞান অধ্যয়ন কৰা প্রয়োজন? 

উত্তৰঃ শিক্ষা-মনোবিজ্ঞান বুলিলে আমি বুজি পাওঁ যে শিক্ষাৰ ক্ষেত্ৰত উদ্ভর হোৱা সমস্যাৰাজি সমাধানৰ অৰ্থে মনোবিজ্ঞানৰ সূত্ৰ আৰু নীতিসমূহ প্ৰয়োগ কৰা। সেয়ে শিক্ষা উনাবিজ্ঞান অধ্যয়ন কৰাটো শিক্ষকসকলৰ বাবে, শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষৰ বাবে অতি প্রয়োজন। পেষ্টালী, বেল, মণ্টেছৰী আদি বিভিন্ন শিক্ষাবিদ, দার্শনিকে শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ প্রয়োজনীয়তাৰ বিষয়ে মতবাদ ডাঙি ধৰিছে। জন-আডামচ (Jolin Adams) নামৰ শিক্ষাবিদজনে কৈছিল যে, – “শিক্ষকে জনক লেটিন ভাষা শিকাবলৈ হ’লে তেওঁ সেই ভাষা জনাৰ উপৰিও জনক ভালদৰে জানিব লাগিব।” অর্থাৎ শিক্ষকজনৰ ভাষাজ্ঞানৰ লগতে জন নামৰ ছাত্ৰজনৰ দেহ-মানসিক প্রস্তুতি, আগ্রহ মনোযোগ আৰু বৌদ্ধিক শক্তি সম্পর্কেও জ্ঞান থাকিব লাগিব।

শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ বিভিন্ন কাৰণ বা প্রয়োজনীয়তা সম্পর্কে আমি তলত দিয়াৰ দৰে আলোচনা কৰিব পাৰোঃ

(১) শিক্ষা মনোবিজ্ঞানে লক্ষ্যত উপনীত হোৱাত সহায় কৰে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰে দৰ্শনে। কিন্তু নির্ধাৰিত লক্ষ্যত উপনীত হ’বৰ বাবে উপযুক্ত উপায় আৰু পথ নির্দেশ কৰে শিক্ষা-মনোবিজ্ঞানে। ছাত্ৰই তেওঁৰ লক্ষ্যত উপনীত হ’বৰ বাবে শিক্ষকৰ সহায়ৰ প্রয়োজন। শিক্ষা মনোবিজ্ঞানৰ জ্ঞানেহে শিক্ষকক শুদ্ধ পথ গ্রহণ কৰি শিক্ষাদানত কৃতকার্যতা লাভ কৰাত সহায় কৰে।

(২) শিক্ষাৰ পদ্ধতি নির্ধাৰণত শিক্ষা মনোবিজ্ঞানে গুরুত্বপূর্ণ স্থান অধিকাৰ কৰে : শিশুৰ বিকাশৰ স্তৰ অনুযায়ী বিভিন্ন পদ্ধতি অবলম্বন কৰিলেহে শিক্ষাদান সফলভাৱে কৰিব পৰা যায়। শিশুৰ কোনটো স্তৰত কি পদ্ধতিৰে শিকাব পাৰিলে শিশুৱে আয়ত্ত কৰিব পাৰিব তাক শিক্ষা-মনোবিজ্ঞানৰ জ্ঞান থাকিলেহে জনা সম্ভৱ। সেয়ে উপযুক্ত সময়ত উপযুক্ত পদ্ধতি অৱলম্বন কৰিবৰ বাবে শিক্ষকে অধ্যয়ন কৰা উচিত।

(৩) শিশুৰ ব্যক্তিত্বৰ বিকাশত শিক্ষা মনোবিজ্ঞানে শিক্ষকক শিশুক শিক্ষা দিয়াৰ লগতে সৎ চিন্তা আৰু সৎ কৰ্মৰ অভ্যাস গঠন কৰোৱা, নৈতিক চৰিত্ৰৰ দৃঢ় ভেটি স্থাপন কৰা, সুস্থ ব্যক্তিত্বৰ বিকাশ সাধন কৰা ইত্যাদি বহুতো দায়িত্ব পালন কৰিব লাগে। এই দায়িত্বসমূহ পালন কৰোতে শিক্ষকক সহায় কৰে শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে। কিয়নো শিশুৰ মন আৰু প্ৰকৃতি বুজি উঠা, শিক্ষাৰ্থীৰ ৰুচি আগ্রহ সম্পর্কে জনা, বৌদ্ধিক শক্তি আৰু দেহ-মানসিক সক্ষমতা আদি জানি উঠাৰ পাছতহে শিক্ষকে ছাত্ৰৰ ব্যক্তিত্বৰ বিকাশত উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰিব পাৰিব। সেয়ে এই সকলোবিলাক জানি ল’বৰ বাবে শিক্ষা মনোবিজ্ঞান অধ্যয়ন কৰা প্ৰয়োজন।

(৪) শিক্ষা মনোবিজ্ঞানে শিশুৰ মনস্তত্ব সম্পর্কে জনাত সহায় কৰে শিশুৰ মানসিক অৱস্থা আৰু দৈহিক বৃদ্ধিৰ লগে লগে পৰিৱৰ্তন হোৱা মানসিকতা সম্পর্কে জানিলেহে শিক্ষকে শিশুৰ চাহিদা অনুসৰি শিক্ষা দিবলৈ সক্ষম হ’ব পাৰিব। সেয়ে ব্যক্তিজীৱনৰ বিকাশৰ স্তৰ বিভাজন আৰু দৈহিক স্তৰ অনুযায়ী লাভ কৰা মানসিক বিকাশ সম্পর্কে জ্ঞান লাভ কৰিবলৈ শিক্ষক সকলে শিক্ষা মনোবিজ্ঞান অধ্যয়ন কৰা অতি প্রয়োজন।

(৫) শিক্ষা-মনোবিজ্ঞানে শিশুৰ ওপৰত পৰা বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱ সম্পর্কে জনাত সহায় কৰেঃ সাধাৰণতে একেখন স্কুলৰ একেটা শ্ৰেণীত থকা শিক্ষাৰ্থীসকলৰ মাজত চৰিত্ৰ আৰু ব্যক্তিত্বৰ ক্ষেত্ৰত নানান বৈচিত্র্য আৰু প্ৰভেদ দেখা পোৱা যায়। বুদ্ধিবৃত্তি, অভিকচি, চিন্তাধাৰা, ক্রিয়াকৌশল, ব্যক্তিত্বৰ সংৰক্ষণ, দেহ-মানসিক সক্ষমতা আদি সকলোতে ইজনৰ লগত সিজনৰ পাৰ্থক্য পৰিলক্ষিত হয়। শিশুৰ ব্যক্তিগত পার্থক্যৰ ক্ষেত্ৰত বংশগতি আৰু পৰিৱেশ উভয়ৰে প্ৰভাৱ পৰে। এনে পার্থক্য সমূহলৈ লক্ষ্য ৰাখি সকলোকে সফলভাৱে শিক্ষা দিয়াৰ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ জ্ঞান অপরিহার্য।

(৬) শিক্ষাৰ্থীৰ অচেতন মনৰ জটিলতাৰ বুজ লৈ সুস্থ ব্যক্তিৰূপে গঢ়ি তোলাত শিক্ষকক শিক্ষা-মনোবিজ্ঞানেহে সহায় কৰিব পাৰে শিক্ষাৰ্থীৰ অচেতন মনত সঞ্চিত হৈ থকা বহু অৱদমিত আশা-আকাঙ্খা, কামনা-বাসনা সময়ে সময়ে সক্রিয় হৈ উঠি সিহঁতৰ সজ্ঞান আচৰণ, অবগতিআদি প্রভাৱান্বিত কৰে। আৰু তেতিয়াই ঘৰত আৰু বিদ্যালয়ত অবাধ্যত শৃঙ্খলাহীনতা, অপৰাধ-প্ৰৱণতা আদি নানান সমস্যাৰ সৃষ্টি কৰে। শিক্ষা মনোবিজ্ঞান অধ্যয়ন কৰা আৰু তাৰ গভীৰ জ্ঞান থকা শিক্ষকে এনে আচৰণ সংশোধন কৰি ব্যক্তিত্বৰ বিকাশ সাধন কৰিবলৈ সক্ষম হয়।

(৭) উন্নত শিক্ষা পদ্ধতি গ্রহণত শিক্ষা মনোবিজ্ঞানে শিক্ষকক যথেষ্ট সহায় কৰে। শিক্ষার্থীসকলক সফলভাৱে শিক্ষা দিবলৈ হ’লে শিক্ষণৰ নীতিসমূহ জানিব লাগিব আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা উন্নত শিক্ষা পদ্ধতি সম্পর্কেও জানিব লাগিব৷ তেতিয়াহে শিক্ষক হিচাপে সফলতা লাভ কৰাটো সম্ভৱ হয়। আৰু এই সমূহ জ্ঞান লাভ কৰিবলৈ হ’লে শিক্ষা মনোবিজ্ঞান অধ্যয়ন কৰিবই লাগিব।

এনে বিভিন্ন দিশৰ পৰা বিচাৰ কৰি আমি এই সিদ্ধাস্তত উপনীত হ’ব পাৰো যে শিক্ষকসকলে শিক্ষা-মনোবিজ্ঞান অধ্যয়ন কৰা অতি প্রয়োজন। ছাত্ৰৰ বুদ্ধাংক নির্ণয় কৰা, স্মৃতিশক্তি পৰিমাপ কৰা, সহজাত প্রবৃত্তি আৰু আৱেগ নিয়ন্ত্ৰণৰ কৌশল অৱলম্বন কৰা, অভিক্ষমতা, কচি আগ্রহ মনোযোগ আদি নিৰ্ণয় কৰি সেইমতে বিকাশৰ ব্যৱস্থা কৰা – এই সকলো ক্ষেত্ৰতে শিক্ষকক শিক্ষা-মনোবিজ্ঞানৰ সহায়ৰ প্ৰয়োজন। সেয়ে শিক্ষক অভিভাৱক সকলোৱে শিক্ষা মনোবিজ্ঞান অধ্যয়ন কৰা দৰকাৰ।

প্রশ্ন ১৫। শিক্ষা মনোবিজ্ঞানৰ পৰিধিৰ বিষয়ে চমুকৈ আলোচনা কৰা। 

উত্তৰঃ মনোবিজ্ঞান হ’ল প্ৰাণীৰ আচৰণ সম্বন্ধে অধ্যয়ন কৰা বিজ্ঞান। শিক্ষা মনোবিজ্ঞান হ’ল সাধাৰণ মনোবিজ্ঞানৰ এটি শাখা যিনেকি শিক্ষাৰ ক্ষেত্ৰত বিশেষ তাৎপর্যপূর্ণ। বিখ্যাত মনোবৈজ্ঞানিক পিটাৰ চেণ্ডিফোর্ডৰ মতে মনোবিজ্ঞানৰ তথ্য আৰু নীতিসমূহ বিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানত প্ৰয়োগ কৰাটোৱেই হ’ল শিক্ষা মনোবিজ্ঞানৰ প্ৰধান কাম। সাধাৰণ মনোবিজ্ঞানৰ জ্ঞানপ্ৰয়োগ কৰি শিক্ষাদান কার্যত শিক্ষকক কৃতকার্য কৰি তোলাতো হ’ল শিক্ষা মনোবিজ্ঞানৰ লক্ষ্য। বর্তমান শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ বাঢ়ি অহাৰ ফলত ইয়াৰ কাৰ্যক্ষেত্ৰৰ

পৰিসৰ বাঢ়ি আহিছে। ইয়াৰ পৰিসৰ সমূহ হ’ল— 

(১) ব্যক্তিগত বৈষম্যশিক্ষার্থী সকলৰ মাজতথকা ব্যক্তিগত বৈষম্য বুদ্ধিবৃত্তি অভিৰুচি, ব্যক্তিত্ব ইত্যাদিত থকা ব্যক্তিগত পার্থক্যৰ কথা শিক্ষা মনোবিজ্ঞানে আঙুলিয়াই দিয়াত বৰ্তমান শিক্ষাদান পদ্ধতিৰ পৰিৱৰ্তন ঘটিছে।

(২) শিক্ষাদানৰ নীতিশিশুৱে কিছুমান নিয়মৰ দ্বাৰা কাম শিকে। শিক্ষা মনোবিজ্ঞানৰ দ্বাৰা এই নিয়মৰ লগত পৰিচয় ঘটাত বৰ্তমান শিক্ষকশ্রেণী বিশেষভাৱে উপকৃত হৈছে। 

(৩) সহজাত প্রবৃত্তি আৰু আৱেগ শিশুৰ শিক্ষাত সহজাত প্রবৃত্তি আৰু আৱেগৰ এক গুৰুত্বপূর্ণ ভূমিকা আছে। এই বিষয়ে জনাত শিক্ষামনোবিজ্ঞানে শিক্ষকক সহায় কৰে। 

(৪) ব্যক্তিত্ব বিকাশৰ বিভিন্ন গতি নানান গৱেষণা পৰীক্ষা-নিৰীক্ষাৰ পৰা গম পোৱা গৈছে যে বিভিন্ন ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশৰ গতি একে নহয়। এই সত্যৰ দ্বাৰা শিক্ষা প্ৰণালী নিয়ন্ত্ৰিত হ’লে ই ব্যক্তিত্বৰ বৈচিত্ৰ ৰক্ষা কৰে।

(৫) নিজ্ঞান মনত অধ্যয়ন নিজ্ঞান মনৰ অধ্যয়ন অবিহনে ছাত্র-ছাত্ৰীৰ আচৰণ সম্পূর্ণভাৱে বুজা সম্ভৱ নহয়। গতিকে শিক্ষাৰ্থীৰ আচৰণ বুজি শিক্ষা দিয়াত শিক্ষকসকল কৃতকার্য হ’বৰ বাবে নিজ্ঞান মনৰ অধ্যয়ন কৰা প্ৰয়োজন আৰু সেই কাৰণে শিক্ষা মনোবিজ্ঞানৰ -জানৰ প্ৰয়োজন। 

(৬) গণমনোবিজ্ঞান শিক্ষা কার্য বাক্তিগতভাৱে নহয় দলীয়ভাৱে চলা কার্য। সেয়েহে এটা শ্রেণী শাসন কৰোতে আৰু সেই শ্ৰেণীত শিক্ষাদান কৰোতে শিক্ষকে ঘনাই গণমনোবিজ্ঞানৰ জান প্রয়োগ কৰিব লগাত পৰে।

(৭) বংশগতি আৰু পৰিৱেশ এই দুই প্রভাৱে শিশুৰ শিক্ষা আৰু বিকাশ সম্ভৱপৰ কৰি তোলে। এই সম্পর্কীয়জ্ঞান শিক্ষকে শিক্ষামনোবিজ্ঞানৰ পৰা পায়।

(৮) সামঞ্জস্যহীনতাৰ সমস্যা শিশুৱে কোনো কাৰণত নিজৰ ঘৰুৱা, স্কুলীয়া বা অন্য সামাজিক পৰিৱেশৰ লগত খাপ খুৱাই লোৱাত বিশেষ অসুবিধা পায়। এনেবোৰ সমস্যা সমাধানত আৰু শিশুৰ সামঞ্জস্যহীন ব্যৱহাৰ সংশোধন কৰাত মনোবিজ্ঞানে শিক্ষক আৰু অভিভাৱকক বিশেষভাৱে সহায় কৰে।

প্রশ্ন ১৬। শিক্ষা মনোবিজ্ঞান কি? শিক্ষা মনোবিজ্ঞানৰ তাৎপৰ্যৰ বিষয়ে লিখা।

উত্তৰঃ বিখ্যাত মনোবিজ্ঞানী পিটাৰ চেণ্ডিফোর্ডৰ মতে মনোবিজ্ঞানৰ নীতি আৰু সিদ্ধান্তসমূহ বিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানত প্ৰয়োগ কৰাই হৈছে শিক্ষা মনোবিজ্ঞানৰ প্রধান কর্তব্য। মনোবিজ্ঞানী (craw) ক্ৰো আৰু ক্রোধ (crow) মতে, “শিক্ষা মনোবিজ্ঞানে ব্যক্তিৰ জন্মৰ পৰা বয়স্ক কাললৈকে এজন ব্যক্তিয়ে লাভ কৰা শিক্ষা অভিজ্ঞতাৰ বিষয়ে ব্যাখ্যা ও আলোচনা কৰে।” 

শিক্ষাত মনোবিজ্ঞান অধ্যয়নৰ গুৰুত্ব  :

শিক্ষাৰ সাধাৰণতে তিনিটা দিশ থকা দেখা যায়, যেনে– (১) শিক্ষাৰ লক্ষা, (২) শিক্ষাৰ পদ্ধতি আৰু (৩) শিক্ষণীয় বিষয়বস্তু।

শিক্ষাৰ এই তিনিওটা প্রধান দিশতে মনোবিজ্ঞানে গুরুত্বপূর্ণ ভূমিকা পালন কৰে। প্ৰথমতে, শিক্ষাৰ কি হ’ব সেইটো নিৰ্ধাৰণ কৰে দৰ্শনে, কিন্তু কি উপায়েৰে বা কেনে পদ্ধতি অবলম্বন কৰি লক্ষ্যত উপনীত হ’ব পৰা যায় তাক নিৰ্ধাৰণ কৰে মনোবিজ্ঞানে। দ্বিতীয়তে, শিক্ষার্থীৰ শাৰীৰিক বিকাশৰ পৰ্যায় অনুযায়ী কেনেধৰণৰ পদ্ধতিৰে শিক্ষা দিলে শিক্ষার্থীসকল উপকৃত হ’ব তাকো নিৰ্ধাৰণ কৰে মনোবিজ্ঞানে। তৃতীয়তে, শিশুক বিকাশৰ স্তৰ অনুযায়ী কেনেধৰণৰ বিষয়বস্তু অধ্যয়ন কৰিবলৈ দিলে ফলৱৰ্তী হ’ব তাকো ঠিৰাং কৰে মনোবিজ্ঞানে।

আধুনিক শিক্ষা পদ্ধতি প্ৰধানকৈ দুটা মনোবিজ্ঞানসম্মত নীতিৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰথমটো হৈছে “ব্যক্তি বিভিন্নতাৰ নীতি” আৰু দ্বিতীয়টো হৈছে “কর্ম তৎপৰতাৰ নীতি”। অর্থাৎ বৰ্তমানৰ শিক্ষাপদ্ধতিয়ে শিক্ষাৰ্থীৰ মাজত থকা ৰুচি, আগ্রহ, শাৰীৰিক, মানসিক শক্তিব পার্থক্য, বৌদ্ধিক শক্তি আৰু অভিৰুচি তথা সক্ষমতা অনুযায়ী শিক্ষালাভৰ ওপৰত গুৰুত্ব দিয়ে। অন্যহাতেদি শিক্ষার্থীসকলে নিষ্ক্রিয়ভাৱে নীৰৱ দৰ্শক হৈ বহি থকাৰ পৰিৱর্তে স্বাধীনভাৱে খেলাৰ মাজেদি বা হাতকামে কৰি শিক্ষালাভ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মণ্টেছৰী পদ্ধতি, ফ্লোৱেলৰ কিতাৰ গার্টেন পদ্ধতি, জেন্টন পদ্ধতি, প্রজেক্ট পদ্ধতি ইত্যাদিবিলাক পদ্ধতি প্ৰধানকৈ মনোবিজ্ঞানৰ ওপৰত ভিত্তি কৰিয়েই গঢ়লৈ উঠিছে। আধুনিক শিক্ষা হৈছে শিশুকেন্দ্রিক শিক্ষা। এইক্ষেত্ৰত মনোবিদ জন আড্রাচ (John Adams) এ কৰা মন্তব্য তাৎপর্যপূর্ণ। তেওঁ কৈছিল- “শিক্ষকে জন’ক লেটিন শিকাবলৈ হ’লে তেওঁৰ নিজৰ ভাষাজ্ঞানৰ লগতে জ’নৰ সম্পর্কেও জ্ঞান থকা প্রয়োজন।” শিক্ষকসকলে বিষয়বস্তুৰ লগতে শিক্ষার্থীজনৰ বিষয়েও জানিব লাগিব। শিক্ষাৰ্থীৰ ৰুচি, অভিকচি, আগ্রহ, বৌদ্ধিক শক্তি, মানসিক প্রস্তুতি, ঘৰুৱা অৱস্থা, বংশগতিয় আৰু পৰিৱেশীয় প্ৰভাৱ — এই সকলোবোৰৰ বিষয়ে জানিলেহে সফলতাৰে শিক্ষা দিয়া সম্ভৱ আৰু এইবিলাক জানিবৰ বাবে মনোবিজ্ঞানৰ জ্ঞান অপৰিহাৰ্য। শিক্ষাদান আৰু শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত শিশুৰ আৱেগ আৰু সহজাত প্রবৃত্তিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰে। শিশুৰ আৱেগ আৰু প্ৰবৃত্তিসমূহৰ উপযুক্তভাৱে বিকাশ সাধন কৰিব পৰাই শিক্ষাৰ প্রধান উদ্দেশ্য। কিন্তু এই সকলোবিলাক মনোবিজ্ঞানৰ সহায়তহে সম্ভৱ হয়।

মনোবিজ্ঞানে শিক্ষাৰ উদ্দ্যেশ্য সাধন, শিক্ষাপদ্ধতিৰ নিৰ্বাচন, আৰু শিক্ষাৰ ক্ষেত্ৰত উদ্ভর হোৱা বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে। গতিকে, শিক্ষাত মনোবিজ্ঞানৰ প্ৰয়োজনীয়তা কোনোপধ্যেই অস্বীকাৰ কৰিব নোৱাৰি।

(১) শিক্ষা মনোবিজ্ঞানে লক্ষ্যত উপনীত হোৱাত সহায় কৰে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰে দৰ্শনে। কিন্তু নির্ধাৰিত লক্ষ্যত উপনীত হ’বৰ বাবে উপযুক্ত উপায় আৰু পথ নির্দেশ কৰে শিক্ষা-মনোবিজ্ঞানে। ছাত্ৰই তেওঁৰ লক্ষ্যত উপনীত হ’বৰ বাবে শিক্ষকৰ সহায়ৰ প্রয়োজন। শিক্ষা মনোবিজ্ঞানৰ জ্ঞানেহে শিক্ষকক শুদ্ধ পথ গ্রহণ কৰি শিক্ষাদানত কৃতকার্যতা লাভ কৰাত সহায় কৰে।

(২) শিক্ষাৰ পদ্ধতি নির্ধাৰণত শিক্ষা মনোবিজ্ঞানে গুরুত্বপূর্ণ স্থান অধিকাৰ কৰে : শিশুৰ বিকাশৰ স্তৰ অনুযায়ী বিভিন্ন পদ্ধতি অবলম্বন কৰিলেহে শিক্ষাদান সফলভাৱে কৰিব পৰা যায়। শিশুৰ কোনটো স্তৰত কি পদ্ধতিৰে শিকাব পাৰিলে শিশুৱে আয়ত্ত কৰিব পাৰিব তাক শিক্ষা-মনোবিজ্ঞানৰ জ্ঞান থাকিলেহে জনা সম্ভৱ। সেয়ে উপযুক্ত সময়ত উপযুক্ত পদ্ধতি অৱলম্বন কৰিবৰ বাবে শিক্ষকে অধ্যয়ন কৰা উচিত।

(৩) শিশুৰ ব্যক্তিত্বৰ বিকাশত শিক্ষা মনোবিজ্ঞানে শিক্ষকক শিশুক শিক্ষা দিয়াৰ লগতে সৎ চিন্তা আৰু সৎ কৰ্মৰ অভ্যাস গঠন কৰোৱা, নৈতিক চৰিত্ৰৰ দৃঢ় ভেটি স্থাপন কৰা, সুস্থ ব্যক্তিত্বৰ বিকাশ সাধন কৰা ইত্যাদি বহুতো দায়িত্ব পালন কৰিব লাগে। এই দায়িত্বসমূহ পালন কৰোতে শিক্ষকক সহায় কৰে শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে। কিয়নো শিশুৰ মন আৰু প্ৰকৃতি বুজি উঠা, শিক্ষাৰ্থীৰ ৰুচি আগ্রহ সম্পর্কে জনা, বৌদ্ধিক শক্তি আৰু দেহ-মানসিক সক্ষমতা আদি জানি উঠাৰ পাছতহে শিক্ষকে ছাত্ৰৰ ব্যক্তিত্বৰ বিকাশত উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰিব পাৰিব। সেয়ে এই সকলোবিলাক জানি ল’বৰ বাবে শিক্ষা মনোবিজ্ঞান অধ্যয়ন কৰা প্ৰয়োজন।

(৪) শিক্ষা মনোবিজ্ঞানে শিশুৰ মনস্তত্ব সম্পর্কে জনাত সহায় কৰে শিশুৰ মানসিক অৱস্থা আৰু দৈহিক বৃদ্ধিৰ লগে লগে পৰিৱৰ্তন হোৱা মানসিকতা সম্পর্কে জানিলেহে শিক্ষকে শিশুৰ চাহিদা অনুসৰি শিক্ষা দিবলৈ সক্ষম হ’ব পাৰিব। সেয়ে ব্যক্তিজীৱনৰ বিকাশৰ স্তৰ বিভাজন আৰু দৈহিক স্তৰ অনুযায়ী লাভ কৰা মানসিক বিকাশ সম্পর্কে জ্ঞান লাভ কৰিবলৈ শিক্ষক সকলে শিক্ষা মনোবিজ্ঞান অধ্যয়ন কৰা অতি প্রয়োজন।

(৫) শিক্ষা-মনোবিজ্ঞানে শিশুৰ ওপৰত পৰা বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱ সম্পর্কে জনাত সহায় কৰেঃ সাধাৰণতে একেখন স্কুলৰ একেটা শ্ৰেণীত থকা শিক্ষাৰ্থীসকলৰ মাজত চৰিত্ৰ আৰু ব্যক্তিত্বৰ ক্ষেত্ৰত নানান বৈচিত্র্য আৰু প্ৰভেদ দেখা পোৱা যায়। বুদ্ধিবৃত্তি, অভিকচি, চিন্তাধাৰা, ক্রিয়াকৌশল, ব্যক্তিত্বৰ সংৰক্ষণ, দেহ-মানসিক সক্ষমতা আদি সকলোতে ইজনৰ লগত সিজনৰ পাৰ্থক্য পৰিলক্ষিত হয়। শিশুৰ ব্যক্তিগত পার্থক্যৰ ক্ষেত্ৰত বংশগতি আৰু পৰিৱেশ উভয়ৰে প্ৰভাৱ পৰে। এনে পার্থক্য সমূহলৈ লক্ষ্য ৰাখি সকলোকে সফলভাৱে শিক্ষা দিয়াৰ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ জ্ঞান অপরিহার্য।

(৬) শিক্ষাৰ্থীৰ অচেতন মনৰ জটিলতাৰ বুজ লৈ সুস্থ ব্যক্তিৰূপে গঢ়ি তোলাত শিক্ষকক শিক্ষা-মনোবিজ্ঞানেহে সহায় কৰিব পাৰে শিক্ষাৰ্থীৰ অচেতন মনত সঞ্চিত হৈ থকা বহু অৱদমিত আশা-আকাঙ্খা, কামনা-বাসনা সময়ে সময়ে সক্রিয় হৈ উঠি সিহঁতৰ সজ্ঞান আচৰণ, অবগতিআদি প্রভাৱান্বিত কৰে। আৰু তেতিয়াই ঘৰত আৰু বিদ্যালয়ত অবাধ্যত শৃঙ্খলাহীনতা, অপৰাধ-প্ৰৱণতা আদি নানান সমস্যাৰ সৃষ্টি কৰে। শিক্ষা মনোবিজ্ঞান অধ্যয়ন কৰা আৰু তাৰ গভীৰ জ্ঞান থকা শিক্ষকে এনে আচৰণ সংশোধন কৰি ব্যক্তিত্বৰ বিকাশ সাধন কৰিবলৈ সক্ষম হয়।

(৭) উন্নত শিক্ষা পদ্ধতি গ্রহণত শিক্ষা মনোবিজ্ঞানে শিক্ষকক যথেষ্ট সহায় কৰে। শিক্ষার্থীসকলক সফলভাৱে শিক্ষা দিবলৈ হ’লে শিক্ষণৰ নীতিসমূহ জানিব লাগিব আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা উন্নত শিক্ষা পদ্ধতি সম্পর্কেও জানিব লাগিব৷ তেতিয়াহে শিক্ষক হিচাপে সফলতা লাভ কৰাটো সম্ভৱ হয়। আৰু এই সমূহ জ্ঞান লাভ কৰিবলৈ হ’লে শিক্ষা মনোবিজ্ঞান অধ্যয়ন কৰিবই লাগিব।

এনে বিভিন্ন দিশৰ পৰা বিচাৰ কৰি আমি এই সিদ্ধাস্তত উপনীত হ’ব পাৰো যে শিক্ষকসকলে শিক্ষা-মনোবিজ্ঞান অধ্যয়ন কৰা অতি প্রয়োজন। ছাত্ৰৰ বুদ্ধাংক নির্ণয় কৰা, স্মৃতিশক্তি পৰিমাপ কৰা, সহজাত প্রবৃত্তি আৰু আৱেগ নিয়ন্ত্ৰণৰ কৌশল অৱলম্বন কৰা, অভিক্ষমতা, কচি আগ্রহ মনোযোগ আদি নিৰ্ণয় কৰি সেইমতে বিকাশৰ ব্যৱস্থা কৰা – এই সকলো ক্ষেত্ৰতে শিক্ষকক শিক্ষা-মনোবিজ্ঞানৰ সহায়ৰ প্ৰয়োজন। সেয়ে শিক্ষক অভিভাৱক সকলোৱে শিক্ষা মনোবিজ্ঞান অধ্যয়ন কৰা দৰকাৰ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। অধ্যয়নৰ এক বিষয় হিচাপে মনোবিজ্ঞানৰ ধাৰণাৰ পৰিবৰ্তনৰ এক চমু ইতিহাস দাঙি ধৰা

উত্তৰঃ মনোবিজ্ঞানৰ অৰ্থ : মনোবিজ্ঞানৰ ইংৰাজী প্রতিশব্দ ‘Psychology’ গ্রীক ভাষাৰ ‘Psyche’ আৰু ‘Logos’ শব্দ দুটাৰ পৰা অনা হৈছে। ‘Psyche’ শব্দৰ অৰ্থ হৈছে ‘আত্মা’ আৰু ‘Logos’ শব্দৰ অৰ্থ হৈছে ‘বিজ্ঞান সন্মত অধ্যয়ন’ অর্থাৎ আত্মাৰ বিষয়ে বিজ্ঞান সন্মত অধ্যয়ন কৰাই হৈছে মনোবিজ্ঞান। সেয়ে মনোবিজ্ঞানৰ সংজ্ঞা দিয়া হৈছিল “Psychol ogy is the science of soul” অর্থাৎ “মনোবিজ্ঞান হৈছে আত্মাৰ বিজ্ঞান”। কিন্তু আত্মাৰ স্বৰূপ লৈ নানা সন্দেহ, সমস্যা আৰু বাক্-বিতণ্ডাৰ সৃষ্টি হ’ল। কোনোৱে মত প্ৰকাশ কৰিলে যে আত্মা যিহেতু দৃশ্যমান নহয় গতিকে তাৰ বিজ্ঞান সম্মত অধ্যয়নো সম্ভৱ নহয়।

পৰৱৰ্তী সময়ত শিক্ষাবিদসকলে মনোবিজ্ঞানক মনৰ বিজ্ঞান বুলি অভিহিত কৰিলে। তেওঁলোকৰ মতে– “মানসিক প্ৰক্ৰিয়াৰ পৰ্যবেক্ষণেই হৈছে মনোবিজ্ঞান” (Psychology is the science of the mind) কিন্তু মন সম্পৰ্কীয় ধাৰণাৰ ওপৰতো সন্দেহ আৰু বাক্‌ বিতণ্ডাৰ সৃষ্টি হ’ল। মধ্যযুগৰ শেষত ডেকার্টে (Descarte) নামৰ এগৰাকী মনীষীয়ে মনৰ দুটা দিশ থকা বুলি পৰীক্ষা কৰি দেখুৱালে। তেওঁৰ মতে মনৰ ‘জড়’ (Unconscious) আৰু ‘চেতন’ (Conscious) এই দুই অৱস্থা থাকে। তেওঁৰ মতে “চেতন মনৰ পৰ্যবেক্ষণেই হৈছে – মনোবিজ্ঞান” (Psychology is the science of consciousness)। কিন্তু ডেকাৰ্টেৰ এই সংজ্ঞাও বৰ বেছিদিন টিকি নাথাকিল। ফ্ৰয়ড আদি মনোবিদসকলে বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি প্ৰমাণ কৰিলে যে মনৰ প্ৰধান চেতন, অচেতন আৰু অবচেতন বা অর্ধচেতন আদি তিনিটা স্তৰ আছে। সেয়ে মনোবিজ্ঞানে কেৱল চেতন (Conscious mind) মনৰ অধ্যয়ন কৰাকে নুবুজায়, ইয়াৰ উপৰি অবচেতন আৰু অচেতন স্তৰ দুটাকো অন্তর্ভুক্ত কৰিব লাগিব। ফ্রয়ডে পৰীক্ষা কৰি দেখুৱাইছিল যে মানুহৰ ক্ৰিয়া, আচৰণত কেৱল যে চেতন মনৰহে প্ৰভাৱ পৰে এনে নহয়, অবচেতন বা অচেতন মনৰো যথেষ্ট প্রভাৱ পৰে। অর্থাৎ এই আটাইকেইটা মানসিক স্তৰৰ প্ৰকাশ ঘটে মানুহৰ বাহ্যিক ব্যৱহাৰ আৰু আচৰণত৷ সেয়ে মেকডুগেল (Mc Dougall) নামৰ মনোবিজ্ঞানীজনে সংজ্ঞা আগবঢ়াইছিল এনেদৰে— “মনোবিজ্ঞান হৈছে মানুহৰ আচৰণ অধ্যয়ন কৰা বিজ্ঞান” (Psychology is the science of behaviour).

মনোবিজ্ঞানী মেক্‌ভুগেলৰ এই সংজ্ঞাটো এতিয়ালৈকে সর্বসন্মতভাৱে স্বীকৃত হৈ আছে। মনোবিজ্ঞানৰ অৰ্থ বিচাৰিলে এতিয়া আৰু আত্মা, মন, চেতনা আদি বিতৰ্কমূলক শব্দবোৰ ব্যৱহাৰ কৰিব লগা নহয়, আচৰণ অধ্যয়নেই যিহেতু মনোবিজ্ঞানৰ বিষয়বস্তু, সেয়ে বাস্তৱক্ষেত্ৰত মনোবিজ্ঞান অধিক স্পষ্ট আৰু বস্তুনিষ্ঠ হৈ পৰা দেখা গৈছে। এয়ে হৈছে মনোবিজ্ঞানৰ অৰ্থ।

প্রশ্ন ২। মনোবিজ্ঞানৰ বিভিন্ন শাখাসমূহ আলোচনা কৰা। 

উত্তৰঃ মনোবিজ্ঞানৰ শাখাসমূহ (Branches of Psychology) মনোবিজ্ঞান হ’ল এক আচৰণৰ বিজ্ঞান। আচৰণক বিভিন্ন দিশ আৰু উপাদানৰ যোগেদি অধ্যয়ন কৰিব পাৰি।

কিয়নো আচৰণ হ’ল এটি জটিল বিষয় আৰু ইয়াৰ পৰিসৰো ব্যাপক। বর্তমান বিভিন্ন দিশ আৰু কার্যত মনোবিজ্ঞানৰ জ্ঞান ব্যৱহাৰ কৰা হয় আৰু সেইবাবে মনোবিজ্ঞানৰ বিভিন্ন ভাগৰ সৃষ্টি হৈছে। বহুলভাৱে মনোবিজ্ঞানক দুটা ভাগত ভাগ কৰা হৈছে—

১। সাধাৰণ মনোবিজ্ঞান বা বিশুদ্ধ মনোবিজ্ঞান (Pure Psychology) ২। প্রায়োগিক বা ব্যৱহাৰিক মনোবিজ্ঞান (Applied Psychology) বিশুদ্ধ বা সাধাৰণ মনোবিজ্ঞানে বিষয়বস্তুৰ আঁচনি আৰু তত্ত্বক বুজায়। মনোবিজ্ঞানৰ এই শাখাই নীতি আৰু তত্ত্বসমূহ নিৰ্ধাৰণ কৰা আৰু বিভিন্ন পদ্ধতি আৰু কৌশলসমূহৰ ব্যাখ্যা, পৰিমাপন আৰু আচৰণৰ উন্নয়নৰ বাবে পৰামৰ্শ প্রদান কৰে। বহল দৃষ্টিত সাধাৰণ মনোবিজ্ঞানে মানুহৰ সাৰ্বজনীন আচৰণসমূহ অধ্যয়ন কৰে। প্ৰায়োগিক মনোবিজ্ঞান হ’ল বিশুদ্ধ মনোবিজ্ঞানৰ দ্বাৰা উদ্ভৱ হোৱা নীতি, তত্ত্ব আৰু কৌশলসমূহক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ ব্যৱস্থা কৰা।

উপৰোক্ত শাখা দুবিধৰ অন্তৰ্গত বিভিন্ন উপ-শাখাবোৰ হ’ল 

১। সামাজিক মনোবিজ্ঞান (Social Psychology) : সামাজিক মনোবিজ্ঞানে এজন ব্যক্তিৰ লগত আন ব্যক্তিৰ সম্বন্ধ, ব্যক্তি আৰু সমাজৰ পাৰস্পৰিক কাৰ্যসমূহ, সমাজত ঘটি থকা বিভিন্ন ঘটনা, কার্যসমূহৰ কাৰণ ইত্যাদি সম্পর্কে অধ্যয়ন কৰা হয়। উক্ত শাখাই ব্যক্তিৰ ব্যক্তিগত বা সামাজিক সম্পর্কত দলীয় চলনশীলতা, ভাল লগা আৰু বেয়া লগা, আগ্রহ আৰু মনোভাব, সামাজিক দূৰত্ব আৰু কুসংস্কাৰ আদিৰ সম্পৰ্কে অধ্যয়ন কৰে। সমাজ বিজ্ঞান আৰু নৃতত্ত্ব বিজ্ঞানে বিভিন্ন প্রকাৰে সামাজিক মনোবিজ্ঞানক প্ৰভাৱিত কৰে। এই বিষয়ত উইলিয়াম মেগডুগলে প্ৰকাশ কৰা Introduction to Social Psychology নামৰ কিতাপখন এইক্ষেত্ৰত প্রধান বাটকটীয়া আছিল।

২। অস্বাভাৱিক মনোবিজ্ঞান (Abnormal Psychology) 2 অস্বাভাবিক মনোবিজ্ঞানে অস্বাভাৱিক মানুহৰ আচৰণ সম্পর্কে অধ্যয়ন আৰু ব্যাখ্যা কৰে। মনোবিজ্ঞানৰ এইটো প্ৰশাখাই ব্যক্তিৰ মনৰ সকলো প্ৰকাৰৰ অস্বাভাৱিকতাৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে অধ্যয়ন কৰে৷ মনোবিজ্ঞানী ফ্ৰয়ড (Froed), এডলাৰ (Adler) আৰু ইয়ুং (Young) এই মনোবিজ্ঞানৰ লগত বিশেষভাৱে জড়িত।

৩। সংপৰীক্ষামূলক মনোবিজ্ঞান (Experimental Psychology) : সংপৰীক্ষামূলক মনোবিজ্ঞানে ব্যক্তিৰ মানসিক প্ৰক্ৰিয়া আৰু আচৰণ সম্পর্কে নিয়ন্ত্রিত বা গৱেষণাগাৰৰ পৰিস্থিতিত বিজ্ঞানসন্মতভাৱে অভীক্ষাসমূহৰ প্রয়োগ সম্পর্কে অধ্যয়ন কৰে। শিক্ষা মনোবিজ্ঞানে সংপৰীক্ষামূলক মনোবিজ্ঞানৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। 

৪। দেহতাত্ত্বিক বা শাৰীৰিক মনোবিজ্ঞান (Physiological Psychology) মনোবিজ্ঞানৰ এই ভাগৰ দ্বাৰা মানুহৰ দেহতন্ত্ৰৰ গাঁথনি আৰু ইয়াৰ লগত মনৰ সম্বন্ধ সম্বন্ধে আলোচনা কৰে। মানুহৰ ইন্দ্ৰিয়সমূহ, স্নায়ৱিক প্ৰক্ৰিয়া, গ্রন্থিসমূহৰ ভূমিকা আদি পৰীক্ষা নিৰীক্ষা কৰা হয়। ই জ্ঞানমূলক, অনুভূতিমূলক আৰু মনোপেশীয় মানৱ আচৰণৰ লগত জড়িত শৰীৰৰ আভ্যন্তৰীণ গ্ৰন্থিসমূহৰ কাৰ্য আদিক সামৰি লয়। 

৫। অতি বা অতিন্দ্ৰীয় মনোবিজ্ঞান (Parapsychology) : অতিন্দ্ৰীয় মনোবিজ্ঞানে মানুহৰ মনৰ অলৌকিক ক্ষমতাসমূহৰ বিষয়ে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰে। ব্যক্তিৰ অতিন্দ্ৰীয় সংবোধন, পূর্বজ্ঞান, টেলিপেথি ইত্যাদি সমস্যা সম্বন্ধে অতি মনোবিজ্ঞানে অধ্যয়ন কৰে। Raine নামৰ মনোবিজ্ঞানীগৰাকীয়ে পোনপ্ৰথমে আমেৰিকা, লণ্ডন আৰু কেমব্রীজ বিশ্ববিদ্যালয়ত বিজ্ঞানসন্মত আৰু পৰীক্ষামূলক অধ্যয়ন এই মনোবিজ্ঞানৰ ক্ষেত্ৰত আৰম্ভ কৰে। আমাৰ ভাৰতবৰ্ষত ড° বেনাৰ্জীৰ নাম এইক্ষেত্ৰত উল্লেখযোগ্য।

*৬। নৈদানিক মনোবিজ্ঞান (Clinical Psychology)  : নৈদানিক মনোবিজ্ঞানে কোনো নিদান বা চিকিৎসালয়লৈ অহা ব্যক্তিৰ মানসিক অসুস্থতা বা অস্বাভাৱিকতাৰ কাৰণ সম্বন্ধে অধ্যয়ন আৰু ব্যাখ্যা কৰে। মানসিক ৰোগৰ ধৰণ নিৰ্ণয় কৰিবৰ বাবে আৰু প্ৰয়োজনীয় মানসিক চিকিৎসা সেৱা আগবঢ়াবৰ বাবে কিছুমান পদ্ধতি উদ্ভাৱন কৰিছে। ইয়াকেই নৈদানিক পদ্ধতি বোলা হয়। তদুপৰি এনেদৰে মানসিক অসুস্থতাত ভোগা ব্যক্তিসকলক সমাজত সমাযোজন (Adjustment) কৰিব পৰাকৈ জুলাপ (therapy) ৰ ব্যৱস্থা আগবঢ়ায়।

৭। বিকাশমূলক মনোবিজ্ঞান (Developmental Psychology)  : মনোবিজ্ঞানৰ উক্ত শাখাই ব্যক্তিৰ জীৱনৰ বিকাশ, উন্নয়ন আৰু পৰিৱৰ্তিত আচৰণৰ ভিত্তিত প্ৰধানকৈ তিনিটা শাখাত অধ্যয়ন কৰে। সেয়া হ’ল—

(ক) শিশু মনোবিজ্ঞান(Child Psychology)

(খ) বয়ঃসন্ধি মনোবিজ্ঞান(Adolescent Psychology)

(গ) বয়স্ক মনোবিজ্ঞান (Adult Psychology)

৮। অপৰাধ মনোবিজ্ঞান (Criminal Psychology) : অপৰাধীসকলক ধৰা পেলাবৰ বাবে বৰ্তমান সময়ত অপৰাধ মনোবিজ্ঞানৰ সৃষ্টি হৈছে। এই মনোবিজ্ঞানৰ দ্বাৰা অপৰাধীসকলৰ আচৰণ, অপৰাধৰ উপাদানসমূহ যেনে— সামাজিক, জৈৱিক, সাংস্কৃতিক আদি দিশত অধ্যয়ন কৰা হয়। অপৰাধ মনোবিজ্ঞানে এহাতে সমাজৰ পৰা অপৰাধীসকলক চিনাক্তকৰণত সহায় কৰে আৰু আনহাতে অপৰাধৰ কাৰণ বিশ্লেষণ কৰি তাৰ নিৰাময়ত সহায় কৰে।

৯। ঔদ্যোগিক মনোবিজ্ঞান (Industrial Psychology) ঔদ্যোগিক মনোবিজ্ঞানে উদ্যোগৰ পৰিৱেশৰ লগত সম্পর্কিত মানুহৰ আচৰণ অধ্যয়ন কৰিবৰ বাবে মনোবৈজ্ঞানিক নীতি, সুত্র তথা কৌশলসমূহ অধ্যয়ন কৰে। 

প্রশ্ন ৩। শিক্ষামনোবিজ্ঞান অধ্যয়নৰ কেইটামান পদ্ধতিৰ বিষয়ে লিখা।

উত্তৰঃ শিক্ষা-মনোবিজ্ঞান আধুনিক সময়ত অধ্যয়ন কৰিব লগা এটা ব্যাপক পৰিসৰৰ বিষয়। শিক্ষাৰ বিভিন্ন পরিস্থিতিৰ উদ্ভৱ হোৱা বিভিন্ন সমস্যাৰাজি সমাধানৰ অৰ্থে বাস্তব অধ্যয়ন কৰা আৰু বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি তাৰ সমাধানৰ পথ উদঘাটন কৰাই হৈছে শিক্ষা মনোবিজ্ঞানৰ বিষয়। সেয়ে শিক্ষা মনোবিজ্ঞান অধ্যয়ন কৰাৰ পদ্ধতিও বহুতো থকা দেখা যায়। যেনে—(১) প্রয়োগ পদ্ধতি বা পৰীক্ষণ পদ্ধতি (Experimental Method), (২) অস্তঃনিরীক্ষণ পদ্ধতি (Introspective Method) (৩) পর্যবেক্ষণ পদ্ধতি (Observation Method), (৪) ক্রমবিকাশমূলক পদ্ধতি (Developmental Method), (৫) নৈদানিক পদ্ধতি (Clinical Method), (৬) পৰিসংখ্যামূলক পদ্ধতি (Statistical Method) (৭)বিচার্য – বিষয় অধ্যয়ন পদ্ধ’ ৩(Case study Method), (৮) বিশ্লেষণ পদ্ধতি (Analytical Method)

(১) পৰীক্ষণ পদ্ধতিঃ কোনো নিয়ন্ত্রিত পৰিৱেশত কোনো বিশেষ চৰ্তৰ অধীনত মানসিক কার্য বা প্ৰক্ৰিয়াৰ কাৰণ আৰু বিশেষত্ব নির্ণয় কৰাৰ পদ্ধতিয়েই হৈছে প্ৰয়োগ পদ্ধতিৰ মূলকথা। পদার্থবিদ্যা ৰসায়ন বিদ্যা হাদিৰ দৰেই পৰীক্ষা-নিৰীক্ষাৰ মাজেদি মানুহৰ কেতবোৰ আচৰণৰ কাৰণ নিৰ্ণয় কৰা হয় বাবেই এই পদ্ধতিক পৰীক্ষণ পদ্ধতি বুলি কোৱা হয়।

(২) অন্তঃনিৰীক্ষণ পদ্ধতি বা অন্তদর্শন পদ্ধতি ব্যক্তিয়ে নিজেই নিজৰ মনৰ প্ৰক্ৰিয়াৰ বিশ্লেষণ আ- পর্যবেক্ষণ কৰা পদ্ধতিয়ে হৈছে অন্তঃনিৰীক্ষণ পদ্ধতি। বর্তমান এই পদ্ধতি অতি ত্রুটিপূর্ণ বুলি মনোবিজ্ঞানী সকলে মত প্রকাশ কৰিছে। অস্তঃনিৰীক্ষাৰ দ্বাৰা পৰ্যবেক্ষণ ‘কৰা মানসিক প্ৰক্ৰিয়া আৰু তাৰ ফলাফল হয় অতি অস্পষ্ট আৰু অনির্দিষ্ট। তাৰোপৰি শিশু আৰু অশিক্ষিত লোকৰ ওপৰত এই পদ্ধতি প্রয়োগ কৰিব নোৱাৰি।

(৩) পর্যবেক্ষণ পদ্ধতিঃ এই পদ্ধতিৰ দ্বাৰা ব্যক্তিৰ আচাৰ-আচৰণ, কথা-বতৰা, ক্রিয়াকলাপ আদি পুংখানুপুঙ্খভাৱে নিৰীক্ষণ কৰা হয়। এই পদ্ধতিৰ সহায়ত আমি আনক মনৰ ভাবগতিৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিবলৈ সক্ষম হওঁ।

(৪) ক্রমবিকাশ পদ্ধতিঃ এই পদ্ধতিত বহু ধৈর্য, শ্রম অৰু সময়ৰ প্ৰয়োজন হয়। কিয়নো এই পদ্ধতিত শিশুক তাৰ জন্মৰ পৰা পূর্ণবয়স প্রাপ্ত হোৱালৈকে গভীৰভাৱে পৰ্যবেক্ষণ কৰা হয়। শিশুৰ জীৱনৰ বিভিন্ন স্তৰত পৰিৱেশৰ বিভিন্ন শক্তিয়ে কেনে ধৰণে তাৰ ক্ৰমবিকাশত প্ৰভাৱ বিস্তাৰ কৰে সেইবোৰ নিৰীক্ষণ কৰাটো এই পদ্ধতিৰ মূল কাম।

(৫) নৈদানিক পদ্ধতি : বর্তমানকালত মনঃচিকিৎসা শাস্ত্ৰৰ উন্নতিৰ লগে লগে শিক্ষা মনোবিজ্ঞানৰ ক্ষেত্ৰত এই শাস্ত্ৰৰ কিছুমান পদ্ধতি ব্যৱহাৰ হোৱা দেখা গৈছে। এই পদ্ধতিসমূহকে নৈদানিক পদ্ধতি বুলি জনা যায়। এনে পদ্ধতিৰ দ্বাৰা শিক্ষা মনোবিজ্ঞানত দেখা দিয়া সমস্যাসমূহ সমাধান কৰিব পৰা যায়।

(৬) পৰিসংখ্যীয় পদ্ধতি : কুৰি শতিকাৰ শিক্ষাত পৰিসংখ্যা বিজ্ঞানৰ পদ্ধতিবোৰ অতি ব্যাপকভাৱে প্ৰয়োগ কৰা হয়। ইয়াৰ ফলত শিক্ষাশ্রয়ী পৰিসংখ্যা (Educational Statistics] নামৰ এটি বিজ্ঞান লাহে লাহে গঢ় লৈ উঠিছে। ব্যক্তিগত পার্থক্য, বুদ্ধিৰ পৰিমাণ, ব্যক্তিত্বৰ পক্ব যোগ্যতা, সামর্থ্য, মানসিক শক্তিৰ যথার্থ স্বৰূপ নির্ণয় ইত্যাদি বিভিন্ন বিষয় নিৰ্ধাৰণৰ কাৰণে এই পদ্ধতিৰ প্ৰয়োজন বর্তমানে ক্রমশ বৃদ্ধি আহিছে।

(৭) বিচার্য বিষয় অধ্যয়ন পদ্ধতি বা ঘটনা বিৱৰণী পদ্ধতি  এই পদ্ধতিৰ দ্বাৰা কোনো শিশু বা ব্যক্তিৰ ক্ৰমবিকাশৰ বিভিন্ন স্তৰ গৃহ পৰিৱেশ, সামাজিক পৰিৱেশ ইত্যাদি বিষয়ে নানা ধৰণৰ তথ্য সংগ্ৰহ কৰা হয়। এই তথ্য সংশ্লিষ্ট ব্যক্তিৰ নিজৰ আৰু আত্মীয়স্বজন, প্রতিবেশী, বন্ধুবান্ধৱৰ কথাৰপৰা সংগ্ৰহ কৰা হয়। ব্যক্তিয়ে নিজে দিয়া বর্ণনা অতিৰঞ্জিত হোৱাৰ সম্ভৱনা বেছি কাৰণে তেনে ক্ষেত্ৰত তথ্য সংগ্ৰহ কৰোতে বৰ সাবধান হোৱা প্রয়োজন। কোনো ব্যক্তিৰ জীৱনত বিভিন্ন সময়ত ঘটা ঘটনাৱলী সংগ্ৰহ কৰাৰ পিছত একত্ৰিত কৰা হয়। আৰু বৰ্তমান অৱস্থাৰ লগত থাকিব পৰা সম্বন্ধ বিচাৰ কৰি চোৱা হয়।

(৮) বিশ্লেষণ পদ্ধতিঃ এই পদ্ধতিৰ দ্বাৰা মনোবৈজ্ঞানিক সকলে জটিল মানসিক প্রক্রিয়াবোৰক তাৰ অন্তৰ্ভুক্ত ক্ষুদ্র ক্ষুদ্ৰ উপাদানত বিভক্ত কৰি সেইবোৰত থকা পাৰস্পৰিক সম্পৰ্ক উদঘাটন কৰে।

এই পদ্ধতিৰ দ্বাৰাও মানৱমনৰ নানা গোপন ৰহস্য জনাত সহায় হয়। মুঠতে, ওপৰত উল্লেখিত পদ্ধতিসমূহৰ দ্বাৰা শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া সমাধানৰ অৰ্থে তথ্য সংগ্ৰহ কৰি উপযুক্ত ব্যৱস্থা লোৱা হয়। 

প্রশ্ন ৪। শিক্ষা মনোবিজ্ঞান এক বস্তুনিষ্ঠ বিজ্ঞান— বহলাই লিখা।

উত্তৰঃ শিক্ষা-মনোবিজ্ঞান এক বস্তুনিষ্ঠ বিজ্ঞানঃ আমি মনোবিজ্ঞান সম্পর্কে কৰা অধ্যয়নৰ পৰা এটা কথা জানিব পাৰিছোঁ যে মনোবিজ্ঞান হৈছে এটি বস্তুনিষ্ঠ বিজ্ঞান। কিয়নো। এই বিজ্ঞানে ব্যক্তিৰ আচৰণ পৰ্যবেক্ষণ কৰি তাক যেনে আছে তেনে অৱস্থাত অধ্যয়ন কৰি প্রত্যক্ষ অভিজ্ঞতা লাভৰ মাজেদি সিদ্ধান্তসমূহ গ্ৰহণ কৰে আচৰণৰ অন্তর্নিহিত কাৰণ উদঘাটন কৰে। মনোবিজ্ঞান বাস্তৱ অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত আৰু ইয়াৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ জ্ঞানৰ সমূহ অৱলম্বন কৰে।

শিক্ষাৰ ক্ষেত্ৰত মনোবিজ্ঞানৰ নীতিসমূহ প্ৰয়োগ কৰাকে শিক্ষা মনোবিজ্ঞান বুলি কোৱা হয়। বিখ্যাত মনোবিদ পিটাৰ চেণ্ডিফোর্ড (Peter Sandiford) ৰ মতে মনোবিজ্ঞানৰ সত্য আৰু নীতিসমূহ বিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানত প্ৰয়োগ কৰাটোৱে হ’ল শিক্ষা মনোবিজ্ঞানৰ প্ৰধান কাম। সাধাৰণ মনোবিজ্ঞানৰ জ্ঞান প্ৰয়োগ কৰি শিক্ষাদান কার্যও শিক্ষকক কৃতকাৰ্য্য কৰি তোলাটোৱেই হৈছে শিক্ষা মনোবিজ্ঞানৰ লক্ষ্য।

শিক্ষাৰ প্ৰধানকৈ তিনিটা দিশ আছে– (১) শিক্ষাৰ লক্ষ্য, (২) শিক্ষা পদ্ধতি, (৩) শিক্ষাৰ বিষয়বস্তু। 

(১) ব্যক্তিৰ ব্যক্তিত্বৰ পৰিপূৰ্ণ বিকাশ সাধনকে শিক্ষাৰ লক্ষ্য বুলি ধৰিলেও সেই লক্ষ্যত উপনীত হ’বলৈ মনোবিজ্ঞানৰ বাস্তৱসন্মত প্ৰয়োগ কৰা প্ৰয়োজন। অন্যথাই লক্ষ্যত উপনীত হ’ব পৰা নাযাব। 

(২) শিশুৰ বিকাশৰ স্তৰ অনুযায়ী শিক্ষাদানৰ পদ্ধতিও পৃথক পৃথক হয়। কোনটো স্তৰত কেনেধৰণৰ পদ্ধতি অৱলম্বন কৰিলে কৃতকাৰ্যতা লাভ কৰিব পাৰি, তাৰ সমাধান মনোবিজ্ঞানেহে দিব পাৰে৷

(৩) মনোবিজ্ঞানে শিশুৰ মন আৰু প্ৰকৃতি বুজাত শিক্ষকক সহায় কৰে। তাৰোপৰি শিশুৰ বিকাশৰ স্তৰ অনুযায়ী বিষয়বস্তু উপস্থাপন কৰা, শিক্ষাৰ্থীৰ বৌদ্ধিক ক্ষমতা নির্ণয় কৰি সেইমতে শিক্ষা দিয়া, শিশুৰ দেহ-মানসিক প্রস্তুতি গঢ়ি লৈ শিক্ষণীয় বিষয়বস্তু নিবেদন কৰা— এই সকলো ক্ষেত্ৰতে মনোবিজ্ঞানৰ নীতি প্ৰয়োগ কৰিলেহে কৃতকাৰ্যতা লাভ কৰিব পাৰি।

এইবিলাকৰ উপৰিও শিশুৰ ব্যক্তিগত বৈষম্য অনুযায়ী বিশেষ শিক্ষাৰ ব্যৱস্থা কৰা, শিশুৰ বুদ্ধিৰ পৰিমাণ নির্ণয় কৰা, শিক্ষণৰ নীতিসমূহ শিক্ষাৰ ক্ষেত্ৰত প্ৰায়োগ কৰা, শিশুৰ আগ্রহ-অভিৰুচি নির্ণয় কৰা, শিশুৰ অচেতন মনৰ জটিলতা সম্পর্কে বুজ লোৱা, ইত্যাদি সকলো বিষয়তে মনোবিজ্ঞানৰ প্ৰয়োজন। মনোবিজ্ঞানে যিহেতু বস্তুনিষ্ঠ বিজ্ঞান আৰু ইয়াৰ সিদ্ধান্তসমূহ যিহেতু বাস্তৱ আৰু প্ৰত্যক্ষ অধ্যয়নৰ ভিত্তিত শিক্ষাৰ সমস্যা সমাধানত ব্যৱহাৰ কৰা হয়, কাজেই শিক্ষা মনোবিজ্ঞানকো বস্তুনিষ্ঠ বিজ্ঞান বুলি অভিহিত কৰা হয়।

প্রশ্ন ৫। এজন শিক্ষকে কিয় শিক্ষার্থী আৰু পাঠ দুয়োটা বিষয়ে জনা উচিত— বহলাই লিখা। 

উত্তৰঃ এজন শিক্ষকে শিক্ষার্থী আৰু পাঠ দুয়োটাৰে বিষয়ে জনা উচিত। বৰ্তমানৰ শিশুকেন্দ্রিক পাঠ্যক্ৰমত শিক্ষকে শিশুৰ ইচ্ছা-অভিৰুচি, ক্ষমতা, সম্ভাৱনীয়তা আৰু দুর্বলতা সম্বন্ধে জানিব লাগে। দার্শনিক ৰুচোৱে শিশুৰ প্ৰকৃতি অনুসৰি শিক্ষা প্ৰদানৰ পোষকতা কৰিছিল। সেয়েহে শিক্ষকে ব্যক্তি পাৰ্থক্যৰ প্ৰতি সচেতন হ’ব লাগে যাতে প্রতিজন ছাত্ৰ-ছাত্ৰীৰ নিজস্ব প্রতিভাৰ বিকাশ সাধন হ’ব পাৰে।

শিক্ষাদান কৰিবৰ বাবে শিক্ষকৰ শিক্ষণীয় বিষয়ৰ ওপৰত জ্ঞান থকাটো নিতান্তই দৰকাৰী। শিক্ষণীয় বিষয়ৰ ওপৰত জ্ঞান আৰু পাঠ পৰিকল্পনাই শিক্ষকক শিক্ষা দান কার্যত যথেষ্ট সহায় কৰে। শিক্ষা ক্ষেত্ৰত মনোবিজ্ঞানৰ নীতিসমূহ প্ৰয়োগ কৰি শিক্ষকে সুফল লাভ কৰিব পাৰে। 

প্রশ্ন ৬। মনোবিজ্ঞানৰ দুটা গুৰুত্বপূৰ্ণ শাখা হিচাপে শিশু মনোবিজ্ঞান আৰু বিকাশ সম্বন্ধীয় মনোবিজ্ঞানৰ ধাৰণা দিয়া। 

উত্তৰঃ মনোবিজ্ঞানৰ শাখাসমূহ (Branches of Psychology) মনোবিজ্ঞান হ’ল এক আচৰণৰ বিজ্ঞান। আচৰণক বিভিন্ন দিশ আৰু উপাদানৰ যোগেদি অধ্যয়ন কৰিব পাৰি।

কিয়নো আচৰণ হ’ল এটি জটিল বিষয় আৰু ইয়াৰ পৰিসৰো ব্যাপক। বর্তমান বিভিন্ন দিশ আৰু কার্যত মনোবিজ্ঞানৰ জ্ঞান ব্যৱহাৰ কৰা হয় আৰু সেইবাবে মনোবিজ্ঞানৰ বিভিন্ন ভাগৰ সৃষ্টি হৈছে। বহুলভাৱে মনোবিজ্ঞানক দুটা ভাগত ভাগ কৰা হৈছে—

১। সাধাৰণ মনোবিজ্ঞান বা বিশুদ্ধ মনোবিজ্ঞান (Pure Psychology) ২। প্রায়োগিক বা ব্যৱহাৰিক মনোবিজ্ঞান (Applied Psychology) বিশুদ্ধ বা সাধাৰণ মনোবিজ্ঞানে বিষয়বস্তুৰ আঁচনি আৰু তত্ত্বক বুজায়। মনোবিজ্ঞানৰ এই শাখাই নীতি আৰু তত্ত্বসমূহ নিৰ্ধাৰণ কৰা আৰু বিভিন্ন পদ্ধতি আৰু কৌশলসমূহৰ ব্যাখ্যা, পৰিমাপন আৰু আচৰণৰ উন্নয়নৰ বাবে পৰামৰ্শ প্রদান কৰে। বহল দৃষ্টিত সাধাৰণ মনোবিজ্ঞানে মানুহৰ সাৰ্বজনীন আচৰণসমূহ অধ্যয়ন কৰে। প্ৰায়োগিক মনোবিজ্ঞান হ’ল বিশুদ্ধ মনোবিজ্ঞানৰ দ্বাৰা উদ্ভৱ হোৱা নীতি, তত্ত্ব আৰু কৌশলসমূহক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ ব্যৱস্থা কৰা।

উপৰোক্ত শাখা দুবিধৰ অন্তৰ্গত বিভিন্ন উপ-শাখাবোৰ হ’ল 

১। সামাজিক মনোবিজ্ঞান (Social Psychology) : সামাজিক মনোবিজ্ঞানে এজন ব্যক্তিৰ লগত আন ব্যক্তিৰ সম্বন্ধ, ব্যক্তি আৰু সমাজৰ পাৰস্পৰিক কাৰ্যসমূহ, সমাজত ঘটি থকা বিভিন্ন ঘটনা, কার্যসমূহৰ কাৰণ ইত্যাদি সম্পর্কে অধ্যয়ন কৰা হয়। উক্ত শাখাই ব্যক্তিৰ ব্যক্তিগত বা সামাজিক সম্পর্কত দলীয় চলনশীলতা, ভাল লগা আৰু বেয়া লগা, আগ্রহ আৰু মনোভাব, সামাজিক দূৰত্ব আৰু কুসংস্কাৰ আদিৰ সম্পৰ্কে অধ্যয়ন কৰে। সমাজ বিজ্ঞান আৰু নৃতত্ত্ব বিজ্ঞানে বিভিন্ন প্রকাৰে সামাজিক মনোবিজ্ঞানক প্ৰভাৱিত কৰে। এই বিষয়ত উইলিয়াম মেগডুগলে প্ৰকাশ কৰা Introduction to Social Psychology নামৰ কিতাপখন এইক্ষেত্ৰত প্রধান বাটকটীয়া আছিল।

২। অস্বাভাৱিক মনোবিজ্ঞান (Abnormal Psychology) 2 অস্বাভাবিক মনোবিজ্ঞানে অস্বাভাৱিক মানুহৰ আচৰণ সম্পর্কে অধ্যয়ন আৰু ব্যাখ্যা কৰে। মনোবিজ্ঞানৰ এইটো প্ৰশাখাই ব্যক্তিৰ মনৰ সকলো প্ৰকাৰৰ অস্বাভাৱিকতাৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে অধ্যয়ন কৰে৷ মনোবিজ্ঞানী ফ্ৰয়ড (Froed), এডলাৰ (Adler) আৰু ইয়ুং (Young) এই মনোবিজ্ঞানৰ লগত বিশেষভাৱে জড়িত।

৩। সংপৰীক্ষামূলক মনোবিজ্ঞান (Experimental Psychology) : সংপৰীক্ষামূলক মনোবিজ্ঞানে ব্যক্তিৰ মানসিক প্ৰক্ৰিয়া আৰু আচৰণ সম্পর্কে নিয়ন্ত্রিত বা গৱেষণাগাৰৰ পৰিস্থিতিত বিজ্ঞানসন্মতভাৱে অভীক্ষাসমূহৰ প্রয়োগ সম্পর্কে অধ্যয়ন কৰে। শিক্ষা মনোবিজ্ঞানে সংপৰীক্ষামূলক মনোবিজ্ঞানৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। 

৪। দেহতাত্ত্বিক বা শাৰীৰিক মনোবিজ্ঞান (Physiological Psychology) মনোবিজ্ঞানৰ এই ভাগৰ দ্বাৰা মানুহৰ দেহতন্ত্ৰৰ গাঁথনি আৰু ইয়াৰ লগত মনৰ সম্বন্ধ সম্বন্ধে আলোচনা কৰে। মানুহৰ ইন্দ্ৰিয়সমূহ, স্নায়ৱিক প্ৰক্ৰিয়া, গ্রন্থিসমূহৰ ভূমিকা আদি পৰীক্ষা নিৰীক্ষা কৰা হয়। ই জ্ঞানমূলক, অনুভূতিমূলক আৰু মনোপেশীয় মানৱ আচৰণৰ লগত জড়িত শৰীৰৰ আভ্যন্তৰীণ গ্ৰন্থিসমূহৰ কাৰ্য আদিক সামৰি লয়। 

৫। অতি বা অতিন্দ্ৰীয় মনোবিজ্ঞান (Parapsychology) : অতিন্দ্ৰীয় মনোবিজ্ঞানে মানুহৰ মনৰ অলৌকিক ক্ষমতাসমূহৰ বিষয়ে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰে। ব্যক্তিৰ অতিন্দ্ৰীয় সংবোধন, পূর্বজ্ঞান, টেলিপেথি ইত্যাদি সমস্যা সম্বন্ধে অতি মনোবিজ্ঞানে অধ্যয়ন কৰে। Raine নামৰ মনোবিজ্ঞানীগৰাকীয়ে পোনপ্ৰথমে আমেৰিকা, লণ্ডন আৰু কেমব্রীজ বিশ্ববিদ্যালয়ত বিজ্ঞানসন্মত আৰু পৰীক্ষামূলক অধ্যয়ন এই মনোবিজ্ঞানৰ ক্ষেত্ৰত আৰম্ভ কৰে। আমাৰ ভাৰতবৰ্ষত ড° বেনাৰ্জীৰ নাম এইক্ষেত্ৰত উল্লেখযোগ্য।

৬। নৈদানিক মনোবিজ্ঞান (Clinical Psychology)  : নৈদানিক মনোবিজ্ঞানে কোনো নিদান বা চিকিৎসালয়লৈ অহা ব্যক্তিৰ মানসিক অসুস্থতা বা অস্বাভাৱিকতাৰ কাৰণ সম্বন্ধে অধ্যয়ন আৰু ব্যাখ্যা কৰে। মানসিক ৰোগৰ ধৰণ নিৰ্ণয় কৰিবৰ বাবে আৰু প্ৰয়োজনীয় মানসিক চিকিৎসা সেৱা আগবঢ়াবৰ বাবে কিছুমান পদ্ধতি উদ্ভাৱন কৰিছে। ইয়াকেই নৈদানিক পদ্ধতি বোলা হয়। তদুপৰি এনেদৰে মানসিক অসুস্থতাত ভোগা ব্যক্তিসকলক সমাজত সমাযোজন (Adjustment) কৰিব পৰাকৈ জুলাপ (therapy) ৰ ব্যৱস্থা আগবঢ়ায়।

৭। বিকাশমূলক মনোবিজ্ঞান (Developmental Psychology)  : মনোবিজ্ঞানৰ উক্ত শাখাই ব্যক্তিৰ জীৱনৰ বিকাশ, উন্নয়ন আৰু পৰিৱৰ্তিত আচৰণৰ ভিত্তিত প্ৰধানকৈ তিনিটা শাখাত অধ্যয়ন কৰে। সেয়া হ’ল—

(ক) শিশু মনোবিজ্ঞান(Child Psychology)

(খ) বয়ঃসন্ধি মনোবিজ্ঞান(Adolescent Psychology)

(গ) বয়স্ক মনোবিজ্ঞান (Adult Psychology)

৮। অপৰাধ মনোবিজ্ঞান (Criminal Psychology) : অপৰাধীসকলক ধৰা পেলাবৰ বাবে বৰ্তমান সময়ত অপৰাধ মনোবিজ্ঞানৰ সৃষ্টি হৈছে। এই মনোবিজ্ঞানৰ দ্বাৰা অপৰাধীসকলৰ আচৰণ, অপৰাধৰ উপাদানসমূহ যেনে— সামাজিক, জৈৱিক, সাংস্কৃতিক আদি দিশত অধ্যয়ন কৰা হয়। অপৰাধ মনোবিজ্ঞানে এহাতে সমাজৰ পৰা অপৰাধীসকলক চিনাক্তকৰণত সহায় কৰে আৰু আনহাতে অপৰাধৰ কাৰণ বিশ্লেষণ কৰি তাৰ নিৰাময়ত সহায় কৰে।

৯। ঔদ্যোগিক মনোবিজ্ঞান (Industrial Psychology) ঔদ্যোগিক মনোবিজ্ঞানে উদ্যোগৰ পৰিৱেশৰ লগত সম্পর্কিত মানুহৰ আচৰণ অধ্যয়ন কৰিবৰ বাবে মনোবৈজ্ঞানিক নীতি, সুত্র তথা কৌশলসমূহ অধ্যয়ন কৰে।

This Post Has One Comment

Leave a Reply