HS First Year Education Chapter 3 – বিদ্যালয় আৰু ইয়াৰ সংগঠন

HS First Year Education Chapter 3 – বিদ্যালয় আৰু ইয়াৰ সংগঠন। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Education Chapter 3 – বিদ্যালয় আৰু ইয়াৰ সংগঠন AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয় HS First Year Education Chapter 3 – বিদ্যালয় আৰু ইয়াৰ সংগঠন

HS First Year Education Chapter 3 – বিদ্যালয় আৰু ইয়াৰ সংগঠন

অতি চমু প্রশ্নোত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-১)

A. এটা শব্দ বা বাক্যত উত্তৰ দিয়া : 

প্রশ্ন ১। বিদ্যালয়ৰ বৈষয়িক অৱস্থা বুলিলে কি বুজা?

উত্তৰঃ বিদ্যালয়ৰ বৈষয়িক অৱস্থা বুলিলে বিদ্যালয়ৰ সকলোবোৰ পার্থিব পৰিৱেশৰ কথাকে সাঙুৰি লোৱা হৈছে। 

প্রশ্ন ২। স্কুলৰ মানৱীয় সম্পদসমূহ কি কি?

উত্তৰঃ ছাত্র, শিক্ষক আৰু স্কুলৰ শিক্ষাৰ লগত জড়িত কৰ্মচাৰীসকল। 

প্ৰশ্ন ৩। বিদ্যালয়ৰ শ্ৰেণীকক্ষ এটা সচৰাচৰ কিমান ছাত্ৰ-ছাত্ৰী বহিব পৰা বিধৰ হ’ব লাগে?

উত্তৰঃ শ্ৰেণী কোঠা এটা সচৰাচৰ ৫০ জন ছাত্ৰ ভালদৰে বহিব পৰাকৈ আহল-বহল হ’ব লাগে।

প্রশ্ন ৪। পাঠ্যক্ৰমৰ ইংৰাজী শব্দ ‘Curriculum’ টো কি ভাষাৰ কি শব্দৰ পৰা উৎপত্তি হৈছে।

উত্তৰঃ পুৰণি লেটিন ভাষাৰ ‘currere’ শব্দৰ পৰা উৎপত্তি হৈছে। 

প্রশ্ন ৫। মজলীয়া স্কুলৰ পাঠ্যক্রমে কিমান বয়সৰ ছাত্ৰ-ছাত্ৰীক সামৰি লয়?

উত্তৰঃ ১১ বছৰ বয়সৰ পৰা ১৩ বছৰ বয়সলৈ। 

প্রশ্ন ৬। শ্রেণীকক্ষত এখন দেশৰ ভৱিষ্যৎ গঢ়ি তোলা হয়।” – এই কথাষাৰ কোনে কৈছিল।

উত্তৰঃ কোঠাৰী আয়োগে কৈছিল। 

প্রশ্ন ৭ ‘Currere’ শব্দটোৰ অর্থ কি ?

উত্তৰঃ ‘Currere’ শব্দৰ ইংৰাজী অৰ্থ হৈছে ‘race course’ অর্থাৎ ঘোঁৰা দৌৰ দিয়া স্থান বা পৰিসীমা।

প্রশ্ন ৮। প্রতিভাশালী ছাত্ৰ-ছাত্ৰীৰ বুদ্ধাংকৰ পৰিসৰ কিমান? 

উত্তৰঃ ১৪০ ৰ ঊৰ্ধ্বৰ।

প্রশ্ন ৯। অতি প্ৰখৰ বুদ্ধিসম্পন্ন ছাত্র-ছাত্রীৰ বুদ্ধাংকৰ পৰিসৰ কিমান? 

উত্তৰঃ ১২০ ৰ পৰা ১৪০ ৰ ভিতৰত।

প্রশ্ন ১০। উচ্চ বুদ্ধিসম্পন্ন ছাত্ৰ ছাত্ৰীৰ বুদ্ধাংকৰ পৰিসৰ কিমান?

উত্তৰঃ ৪ ১১০ ৰ পৰা ১২০ ৰ ভিতৰত।

প্রশ্ন ১১। সাধাৰণ বুদ্ধিসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বুদ্ধাংকৰ পৰিসৰ কিমান?

উত্তৰঃ ৯০ ৰ পৰা ১১০ ৰ ভিতৰত।

প্রশ্ন ১২। বিজ্ঞান পৰীক্ষাগাৰত প্ৰয়োজন হোৱা যিকোনো দুটা আচ-বাবৰ নাম কি বুলি কোৱা হয়?

উত্তৰঃ আলমাৰি আৰু পানী যোগানৰ বাবে পানী টেপ, টেংকি আদিৰ ব্যৱস্থা।

প্রশ্ন ১৪। শ্রেণীকক্ষত প্রয়োজনীয় দুবিধ আহিলাৰ নাম লিখা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীৰ বাবে ডেক্স-বেঞ্চ, শিক্ষকৰ বাবে চকী-মেজ। 

প্রশ্ন ১৫। বিদ্যালয়ৰ প্ৰতিষ্ঠানৰ বৈষয়িক সম্পদ তিনিবিধৰ নাম লিখা।

উত্তৰঃ মাটি, বিদ্যালয় গৃহ আৰু শ্ৰেণীকক্ষ। 

প্রশ্ন ১৬। UGC ৰ সম্পূর্ণ নাম কি?

উত্তৰঃ University Grants Commission. 

প্রশ্ন ১৭। UGC-ৰ প্ৰধান কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰঃ নতুন দিল্লীত।।

প্রশ্ন ১৮। কম্পিউটাৰৰ অর্থ কি?

উত্তৰঃ কম্পিউটাৰ হ’ল মানৱ নির্মিত এক দ্রুত গতিৰ যন্ত্ৰ। 

প্রশ্ন ১৯। কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ১৭৯১-১৮৭১ চনৰ ভিতৰত চাৰ্লছ বেবেজ (Charles Babbage) নামৰ এজন ইংৰাজ লোকে।

প্রশ্ন ২০। Website ৰ প্ৰথম পেজটোক কি বুলি জনা যায়।

উত্তৰঃ হোম পেজ (Home page) বুলি জনা যায়। 

প্রশ্ন ২১। Website কি ?

উত্তৰঃ ৱেব চাইট হ’ল ৱেব পেজৰ সমষ্টি। প্রতিটো ৱেব চাইট www.ৰে আৰম্ভ হয়।

প্রশ্ন ২২। ৱেব পেজ কি?’

উত্তৰঃ ৱেব পেজৰ সমষ্টিয়েই হ’ল ৱেৱ চাইট। ৱেব পেজসমূহ এটা ব্ৰাউচাৰৰ জৰিয়তে ৱেৱ চৰকাৰৰ পৰা মূল্যাংকন কৰা হয়। 

প্রশ্ন ২৩। UGC কিমান চনত স্থাপিত হয়?

উত্তৰঃ ১৯৫৩ চনৰ নৱেম্বৰ মাহত।

প্রশ্ন ২৪। NCERT কিমান চনত স্থাপন কৰা হৈছিল ? 

উত্তৰঃ ১৯৬১ চনৰ ১ ছেপ্তেম্বৰত নতুন দিল্লীত।

প্রশ্ন ২৫। অসমত SCERT কেতিয়া স্থাপন কৰা হৈছিল? 

উত্তৰঃ ১৯৮৫ চনৰ ২৯ মাৰ্চত।

প্রশ্ন ২৬। তলত উল্লেখ কৰা সমূহৰ সম্পূৰ্ণ গঢ় কেইটা লিখা।

(ক) NCERT

উত্তৰঃ National Council of Educational Research and Training 

(খ) SCERT

উত্তৰঃ State Council of Educational Research and Training

(গ) DIET

উত্তৰঃ District Institution of Education and Training.

প্রশ্ন ২৭। বিদ্যালয় প্রতিষ্ঠানৰ অৰ্থ কি? 

উত্তৰঃ স্কুলঘৰ, মাটি, স্কুলৰ আচবাব, অন্য সা-সঁজুলি, মানৱ সম্পদ যেনে – ছাত্র-ছাত্রী, শিক্ষক আৰু আন কর্মকর্তাসকলক অন্তৰ্ভূক্ত কৰা এটা বহল শব্দ হৈছে বিদ্যালয় প্রতিষ্ঠান। প্রশ্ন ২৮। প্ৰমূল্যৰ শিক্ষা বুলিলে কি বুজা? উত্তৰ ঃ প্ৰমূল্যৰ শিক্ষাই কোনো মানুহে বা সমাজে গ্রহণ করা আদর্শক বুজায়। প্ৰমূল্য শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীৰ দৈহিক, বৌদ্ধিক আৰু সৌন্দর্যবোধৰ বিকাশ আৰু উন্নতি সাধন হয়।

প্রশ্ন ২৯। শ্রেণীকক্ষত ব্যৱহাৰ কৰিব পৰা শ্ৰৱণ দৰ্শন সঁজুলিৰ নাম লিখা।

উত্তৰঃ ৰেডিঅ’, টেপ ৰেকৰ্ডাৰ, দূৰদৰ্শন আৰু কম্পিউটাৰ। 

প্রশ্ন ৩০। দুই প্ৰকাৰৰ অনুশাসন কি কি?

উত্তৰঃ দুই প্ৰকাৰৰ অনুশাসন হৈছে – 

(ক) বাহ্যিক আৰু 

(খ) আভ্যন্তৰীণ অনুশাসন।

প্রশ্ন ৩১। মজলীয়া স্কুলৰ পাঠ্যক্ৰম বুলিলে কি বুজা? 

উত্তৰঃ প্রাথমিক আৰু উচ্চ মাধ্যমিক স্তৰৰ মধ্যৱৰ্তী অৱস্থাত মজলীয়া স্কুলৰ পাঠ্যক্ৰম প্ৰদান কৰা হয়।

প্রশ্ন ৩২। শ্রেণী কোঠা হৈছে। ——এক সম্পদ। (খালী ঠাই পূৰ কৰা)

উত্তৰঃ বৈষয়িক।

প্রশ্ন ৩৪। NCTE ৰ সম্পূৰ্ণ ৰূপ কি? 

উত্তৰঃ National Council for Teacher Education, 

প্রশ্ন ৩৫। ১৯৬১ চনত ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ গঠন কৰা হৈছিল। (শুদ্ধ নে অশু 

উত্তৰঃ অশুদ্ধ।

প্রশ্ন ৩৬। পুথিভঁৰাল হৈছে এটা বৈষয়িক সম্পদ। (শুদ্ধ নে অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

চমু প্রশ্নোত্তৰ প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-২/৩)

প্রশ্ন ১। বিদ্যালয় গৃহ বা বৈষয়িক অৱস্থাৰ প্ৰয়োজনীয় সম্পদসমূহ কি কি? 

উত্তৰঃ বিদ্যালয় গৃহ বা বৈষয়িক অৱস্থাৰ প্ৰয়োজনীয় সম্পদসমূহ হ’ল —–

(ক) স্কুল প্রতিষ্ঠানৰ বাবে প্রয়োজনীয় অৱস্থান বা ভূমিখণ্ড 

(খ) স্কুল গৃহ 

(গ) শ্রেণী কোঠা

(ঘ) বিজ্ঞানৰ পৰীক্ষাগাৰ 

(ঙ) গ্রন্থাগাৰ 

(চ) স্কুল সংগ্রহালয়। 

প্রশ্ন ২। যিকোনো দুই প্ৰকাৰৰ মাধ্যমিক স্কুলৰ নাম লিখা।

উত্তৰঃ যিকোনো দুই প্ৰকাৰৰ মাধ্যমিক স্কুলৰ নাম হ’ল— 

(ক) উচ্চ আৰু উচ্চতৰ মাধ্যমিক স্কুল।

(খ) কেন্দ্রীয় বিদ্যালয়, পাব্লিক স্কুল।

প্রশ্ন ৩। স্কুল এখনত পুথিভঁৰালৰ দুটা শৈক্ষিক তাৎপর্য উল্লেখ কৰা। 

উত্তৰঃ স্কুল এখনত পুথিভঁৰালৰ দুটা শৈক্ষিক তাৎপর্য হ’ল—

(ক) পুথিভঁৰালত থকা বিভিন্ন পুথিসমূহৰ অধ্যয়নৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ সুবিধা পায়।

 (খ) পাঠ্যপুথিৰ উপৰি আন কিতাপ পঢ়াৰ অভ্যাসটো গঢ়ি তোলাৰ সুবিধা পায়।

প্রশ্ন ৪। পাঠ্যক্ৰমৰ বিভিন্ন প্রকারসমূহ কি কি?

উত্তৰঃ পাঠ্যক্ৰমৰ বিভিন্ন প্ৰকাৰসমূহ হ’ল—

(ক) অনমনীয় আৰু নমনীয় পাঠ্যক্রম। 

(খ) শিশুকেন্দ্রিক পাঠ্যক্রম।

(গ) বিষয় কেন্দ্রিক পাঠ্যক্রম। 

(ঘ) ক্রিয়া ভিত্তিক পাঠ্যক্রম।

(ঙ) সহ-সম্বন্ধিত পাঠ্যক্রম।

প্রশ্ন ৫। যিকোনো চাৰিটা শাৰীৰিক সহ পাঠ্যক্ৰমৰ নাম লিখা। 

উত্তৰঃ ফুটবল, বেডমিণ্টন, হকী, শাৰীৰিক ব্যায়াম।

প্রশ্ন ৬। যিকোনো চাৰিটা শৈক্ষিক সহ পাঠ্যসূচীৰ নাম উল্লেখ কৰা। 

উত্তৰঃ ৰচনা লিখা, কবিতা লিখা, তর্ক, আকস্মিক বক্তৃতা

প্ৰশ্ন ৭। যিকোনো চাৰিটা সামাজিক সহঃপাঠ্যসূচীৰ নাম উল্লেল্লখ কৰা। 

উত্তৰঃ এন চি চি (N.C.C). বেডব্ৰুছ (Red Cross), স্কুলৰ চাফাই, গাইড, এন এছ এছ ইত্যাদি।

প্রশ্ন ৮। চাৰিটা আৱেগিক সহঃপাঠ্যসূচীৰ নাম উল্লেখ কৰা।

উত্তৰঃ গান গোৱা, নৃত্য কৰা, বাদ্য বজোৱা, নাটক কৰা, ছবি অঁকা। 

প্রশ্ন ৯। স্কুল প্রকল্পৰ বাবে প্রয়োজন হোৱা পাঁচ প্ৰকাৰৰ কৰ্মচাৰীৰ নাম উল্লেখ কৰা। 

উত্তৰঃ শিক্ষক, অফিচৰ কৰ্মচাৰী, চকীদাৰ, বিয়েবাৰ, চুইপাৰ।

প্রশ্ন ১০। কম্পিউটাৰৰ যিকোনো তিনিটা প্রধান অংশৰ নাম লিখা। 

উত্তৰঃ

(ক) ইনপুট আহিলা 

(খ) আউটপুট আহিলা আৰু 

(গ) স্মৃতি গোট

প্রশ্ন ১১। কম্পিউটাৰৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰঃ কম্পিউটাৰৰ তিনিটা বৈশিষ্ট্য হল—

(ক) কম্পিউটাৰ হ’ল এক মানৱ নিৰ্মিত দ্রুত গতিৰ যন্ত্ৰ।

(খ) কম্পিউটাৰে একেটা গতিতে অনবৰত কাম কৰি থাকিব পাৰে।

(গ) কম্পিউটাৰে স্মৃতিৰ ভঁৰালত অসংখ্য তথ্য সংৰক্ষণ কৰি থ’ব পাৰে।

প্রশ্ন ১২। কম্পিউটাৰৰ জৰিয়তে দিয়া পৰামৰ্শৰ তিনিটা সুবিধা/ব্যৱহাৰ উল্লেখ কৰা। 

উত্তৰঃ (ক) ই নির্দেশনাৰ উপায় আৰু লক্ষ্যক ব্যক্তিগতকৰণ কৰিবলৈ সক্ষম হয়। 

(খ) ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু ফলাফলৰ পূৰ্ণ পৰ্যায়ৰ নথিপত্ৰ সংগ্ৰহ কৰাত যথেষ্ট সহায় কৰে।

(গ) কম্পিউটাৰে শিক্ষকক নিৰ্দেশনাৰ সামগ্ৰীৰ উন্নতিকৰণত সহায় কৰে। 

প্রশ্ন ১৩। E-Mail ৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰঃ (ক) ডাকঁ ব্যৱস্থাতকৈ (Postal Service) ই-মেইলে বহু বেছি দ্রুত গতিত কাম

(খ) E-mail ত নানা ধৰণৰ ডাক-টিকটৰ প্ৰয়োজন নহয়।

(গ) এক মুহূৰ্তৰ ভিতৰত বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণ কার্য সম্পাদিত হয়। 

প্রশ্ন ১৪। CD ৰোমৰ তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ (ক) চিডি ৰোমত তথ্য সংৰক্ষণৰ যথেষ্ট ক্ষমতা থাকে।

(খ) চিডি ৰোমত সংৰক্ষিত হৈ থকা তথ্যসমূহ সহজে বেয়া হোৱাৰ সম্ভাৱনা কম থাকে। 

(গ) ৰোমৰ স্মৃতিত সংৰক্ষিত কোনো নির্দেশ মচি পেলাব নোৱাৰি আৰু সেইবোৰৰ পৰিবৰ্তনো কৰিব পৰা নাযায়। 

প্রশ্ন ১৫। Website-ৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ (ক) যিকোনো অনুষ্ঠানে ৱেব চাইট খুলিব পাৰে। অনুষ্ঠানটোৰ সকলো সা সুবিধাৰ বিষয়ে ৱে চাইটত উল্লেখ কৰিব পাৰে। 

(খ) প্রয়োজন সাপেক্ষে সেই ৱেব চাইটৰ বুটাম টিপিলেই যিকোনো ব্যক্তিয়ে অনুষ্ঠানটোৰ বিষয়ে সবিশেষ তথ্য লাভ কৰিব পাৰে। 

(গ) পৃথিৱীৰ যিকোনো ঠাইৰে শিক্ষানুষ্ঠান বা যিকোনো অনুষ্ঠান প্রতিষ্ঠানৰ নিজস্ব বেরচাইট থাকিব পাৰে।

প্রশ্ন ১৬। দূৰালাপ সন্মিলনৰ প্ৰকাৰ তিনিটাৰ নাম উল্লেখ কৰা। 

উত্তৰঃ (ক) শ্ৰব্য দুৰালাপ সন্মিলন (Audio Teleconferencing)

(খ) দৃশ্য দূৰালাপ সন্মিলন (Video Teleconferencing) 

(গ) কম্পিউটাৰ দূৰালাপ সম্মিলন (Computer Teleconferencing)

প্রশ্ন ১৭। শিক্ষাত প্রযুক্তিবিদ্যাৰ তিনিটা ব্যৱহাৰৰ বিষয়ে লিখা।। 

উত্তৰঃ (ক) জনসংখ্যা বিস্ফোৰণৰ বাবে।

(খ) জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ হাৰ দ্রুত হোৱাৰ বাবে। 

(গ) বর্তমান সমাজত বিজ্ঞান আৰু প্ৰযুক্তিৰ পৰিবৰ্তন হোৱা বাবে। 

প্রশ্ন ১৮:NCERT-ৰ কামসমূহক তিনিটা বহল ভাগত ভাগ কৰা হৈছে। ভাগকেইটা কি কি?

উত্তৰঃ (ক) গৱেষণা আৰু উন্নয়ন। 

(খ) চাকৰিকালীন আৰু প্ৰাক চাকরিকালীন প্রশিক্ষণ ব্যৱস্থা। 

(গ) স্কুলীয়া শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লোৱা। যেনে পাঠ্যক্রম, শিক্ষণ পদ্ধতি আদিৰ উন্নীতকৰণ কৰা। 

প্রশ্ন ১৯। SCERT গঠন কৰাৰ তিনিটা প্রধান উদ্দেশ্য উল্লেখ কৰা। 

উত্তৰঃ (ক) শিক্ষাৰ বিভিন্ন গোট আৰু বিভাগৰ কাম-কাজ এঠাইৰ পৰা পৰিচালনা সুবিধা কৰা।

(খ) ৰাজ্যৰ শৈক্ষিক সমস্যাসমূহ সমাধান কৰি শিক্ষাৰ উন্নয়নত সহায় কৰা।

(গ) একক অনুষ্ঠানৰ জৰিয়তে শৈক্ষিক উন্নয়নৰ লগত জড়িত কাম-কাজ নিয়ন্ত্ৰণ আৰু প্ৰশাসনৰ ব্যৱস্থা কৰা।

প্রশ্ন ২০। SCERT ৰ তিনিটা শৈক্ষিক বিভাগৰ নাম লিখা।

উত্তৰঃ (ক) পাঠাক্রম উন্নয়ন বিভাগ।

(খ) শিক্ষা গৱেষণা আৰু পৰীক্ষা সংস্কৰণ বিভাগ। 

(গ) শিক্ষণ প্রশিক্ষণ বিভাগ।

প্রশ্ন ২১।SCERT ৰ প্ৰধান তিনিটা কাম লিখা।

উত্তৰঃ (ক) শিক্ষা সম্বন্ধীয় পৰিকল্পনা আৰু নীতি নির্ধাৰণত ৰাজ্য চৰকাৰক সহায় কৰা। 

(খ) স্কুলীয়া শিক্ষাত আৰু শৈক্ষিক গৱেষণাৰ ক্ষেত্ৰত সক্রিয় অংশগ্রহণ কৰা।

(গ) ৰাজ্যৰ শৈক্ষিক জগতত গৱেষণা কৰি পোৱা তথ্যসমূহ আৰু ফলাফলসমূহক ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ চৰকাৰক পৰামৰ্শ দিয়া।

প্রশ্ন ২২। সহ পাঠ্যক্রম কাৰ্যসূচীৰ যিকোনো দুটা সুবিধা লিখা ? 

উত্তৰঃ (ক) শাৰীৰিক উৎকর্ষ সাধন আৰু অংগচালনাৰ কৌশল আয়ওকৰণ।

(খ) সুপ্ত ক্ষমতাৰ চিনাক্তকৰণ আৰু ব্যক্তিত্বৰ পূর্ণ বিকাশৰ সুবিধা প্রদান।

প্রশ্ন ২৩। শৈক্ষিক প্ৰযুক্তিবিদ্যাৰ যিকোনো তিনিটা উপযোগিতা লিখা।

উত্তৰঃ (ক) শিক্ষা প্রযুক্তিবিদ্যাৰ সহায়ত শিকোৱা প্ৰক্ৰিয়াক স্মৃতিৰ স্তৰৰ পৰা চিন্তাশীল ভত সংগঠিত কৰি তুলিব পাৰি। 

(খ) শিক্ষা প্রযুক্তি বিদ্যাৰ সহায়ত শিকোৱা কাৰ্যক অধিক মনোগ্রাহী কৰি তোলাৰ সুবিধা আছে।

(গ) বিভিন্ন শ্ৰৱণ-দর্শন সঁজুলি বা হাৰ্ডৱেৰ দৃষ্টিভঙ্গীৰ দ্বাৰা শিকোৱা কাৰ্যক অধিক ফলপ্রসূ

কৰি তুলিব পাৰি।

প্রশ্ন ২৪। এজন সু-শিক্ষকৰ যিকোনো তিনিটা গুণ লিখা।

উত্তৰঃ এজন সুশিক্ষকৰ তিনিটা গুণ হ’ল—

(ক) শিক্ষকৰ বুদ্ধিমত্তা সাধাৰণ স্তৰতকৈ বেছি হোৱা প্রয়োজন। তেওঁৰ অধ্যয়নত ৰাপ আৰু ৰুচি থকা একান্ত প্রয়োজন। 

(খ) ছাত্ৰ-ছাত্ৰীৰ কাৰণে শিক্ষক এজন, আদর্শ ব্যক্তি হোৱা উচিত। তেখেতৰ আদর্শ গুণৰাজি মুখৰ কথাতকৈ কাৰ্যৰ জৰিয়তে ফুটি উঠা দৰকাৰ। 

(গ) শিক্ষক এজন মানসিকভাৱে স্বাস্থ্যৱান আৰু আৱেগিকভাবে স্থিৰ হোৱাটো প্রয়োজন। 

প্রশ্ন ২৫। স্কুল প্রকল্পৰ মানৱ সম্পদবোৰ লিখা।

উত্তৰঃ স্কুল প্রকল্পৰ মানৱ সম্পদবোৰ হ’ল– 

(ক) শিক্ষক, (খ) ছাত্র-ছাত্রী আৰু (গ) কৰ্মচাৰীবৃন্দ। 

প্রশ্ন ২৬। পাঠ্যক্ৰমৰ দুটা দোষ লিখা।

উত্তৰঃ পাঠ্যক্ৰমৰ দুটা দোষ হ’ল– 

(ক) জীৱনৰ লগত পাঠ্যক্ৰমৰ সংযোগ নিচেই কম।

ফলত বিভিন্ন বৃত্তি কার্যকাৰীভাৱে সম্পন্ন কৰিবৰ কাৰণে শিক্ষাৰ্থীসকল সক্ষম হৈ নুঠে।

(খ) পাঠ্যক্রম, পাঠদান আৰু মূল্যাংকন এই তিনিওটা পৰস্পৰ নিৰ্ভৰশীল। কিন্তু বর্তমান শিক্ষা ব্যৱস্থাত পৰীক্ষাৰ ওপৰতহে বেছি প্রাধান্য দিয়া দেখা যায়। প্রশ্ন 

২৭। শ্রেণীকোঠাৰ তিনিটা প্রয়োজনীয় অৱস্থাৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ (ক) শ্ৰেণীকোঠাসমূহ আহল-বহল হ’ব লাগে। বেঞ্চ ডেক্সবোৰ ছাত্ৰৰ বয়স আৰু দৈহিক উচ্চতা অনুযায়ী সাজিব লাগে।

(খ) শ্ৰেণীকোঠাৰ দীঘ প্রস্থ সমান হ’ব লাগে।

(গ) শিক্ষকৰ আসন কিছু উচ্চ স্থানত হ’ব লাগে, যাতে সকলো শিক্ষার্থীয়ে শিক্ষকজনক আৰু শিক্ষকজনেও ছাত্র-ছাত্রীক ঠিকমতে দেখা পায়।

প্রশ্ন ২৮। অভিৰোচক হিচাপে এজন শিক্ষকৰ দুটা কাৰ্য উল্লেখ কৰা। 

উত্তৰঃ (ক) পঢ়া-শুনাৰ প্রতি প্রত্যেক ছাত্র-ছাত্রীৰ এক স্বভাৱসুলভ প্রণোদন নাথাকিব পাৰে। এই প্ৰেৰণা সৃষ্টি কৰাৰ দায়িত্ব শিক্ষকজনৰ। 

(খ) শিক্ষকে শ্ৰেণীকোঠাটোত বিভিন্ন শ্ৰৱণ-দৰ্শন সঁজুলি ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীক প্রণোদিত কৰা উচিত। 

প্রশ্ন ২৯। স্কুলৰ বৈষয়িক অৱস্থা বুলিলে কি বুজায় লিখা।

উত্তৰঃ স্কুলৰ বৈষয়িক অৱস্থা বুলিলে বিদ্যালয়ৰ সকলোবোৰ পাৰ্থিৱ পৰিবেশৰ কথাকে সাঙুৰি লোৱা হৈছে। যেনে— মাটি, বিদ্যালয়ৰ ঘৰ, ছাত্রাবাস, শ্রেণীকোঠা, গৱেষণাগাৰ, বাহিৰা ঘৰ, ঘৰৰ বিভিন্ন সাজ-সজ্জা ইত্যাদি।

প্রশ্ন ৩০। এখন সমাজৰ বিকাশত এজন শিক্ষকৰ ভূমিকা আলোচনা কৰা। 

উত্তৰঃ শিক্ষকসকলৰ সমাজৰ প্ৰতিও যথেষ্ট ভূমিকা আছে। এইবোৰ তলত উল্লেখ কৰা

(ক) কিছুমান গুৰুত্বপূর্ণ দিন যেনে— শিক্ষক দিৱস, শিশু দিৱস আদি সামূহীয়াভাৱে সমাজত পাতিবলৈ শিক্ষকে চেষ্টা কৰা উচিত।

(খ) কিছুমান স্থানীয় উৎসৱ অনুস্থিত কৰি তাত সমজুৱাসকলক অংশগ্ৰহণ কৰিবলৈ শিক্ষকে উদ্‌গনি দিয়া উচিত। 

(গ) শিক্ষকে মানুহৰ মনৰ পৰা সামাজিক অন্ধবিশ্বাস আৰু ঠেক মনোভাৱ বিভিন্ন যুক্তিৰে আঁতৰাবলৈ চেষ্টা কৰা উচিত। 

প্রশ্ন ৩১। বিশ্ববিদ্যালয় অনুদান আয়োগৰ (UGC) তিনিটা কার্য লিখা। 

উত্তৰঃ (ক) মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহক বিত্তৰ যোগান ধৰা এই আয়োগৰ প্রধান কার্য।

(খ) কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰক বিশ্ববিদ্যালয় স্তৰত শিক্ষাৰ উন্নতি সাধনৰ বাবে প্রয়োজনীয় ব্যৱস্থা সম্পর্কে দিহা পৰামৰ্শ দিয়া। 

(গ) বিশ্ববিদ্যালয়ৰ শিক্ষাদান, মূল্যায়ন আৰু গৱেষণাৰ মানদণ্ড নিশ্চিত কৰা আৰু তদাৰক কৰা।

প্রশ্ন ৩২। দূৰলাপ সন্মিলনৰ দুটা প্ৰকাৰ লিখা। উত্তৰ দুটা প্ৰকাৰ হ’ল

(ক) শ্ৰৱন দূৰলাপ সন্মিলন। 

(খ) ৱেব (Web) দুৰলাপ সন্মিলন।

ৰচনাধর্মী প্রশ্নোত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-৪/৫/৬)

প্রশ্ন ১। বিদ্যালয়ৰ প্ৰকল্প স্থাপন কৰাৰ সময়ত মাটি নির্বাচন কৰাৰ সময়ত মনত ৰাখিবলগীয়া পাঁচটা চৰ্ত উল্লেখ কৰা। 

উত্তৰঃ এখন বিদ্যালয় স্থাপনৰ বাবে প্ৰথমতেই প্রয়োজনীয় বিষয়টো হ’ব এটুকুৰা আহল বহল ভূমিখণ্ডৰ। স্কুলখন প্ৰতিষ্ঠা কৰিব খোজা ঠাইডোখৰে প্ৰধান কেইটামান আৱশ্যকীয় চৰ্ত পূৰ্ণ কৰিব লাগিব। এই চৰ্তসমূহ হৈছে—

প্ৰথমতে, স্কুল-ঘৰ সাজিবলৈ লোৱা ঠাইডোখৰ কিছু ওখ, ফৰকাল আৰু ৰ’দ পৰা হ’ব লাগে, যাতে পানী জমা হৈ সহজে শিক্ষার্থীৰ বাবে অস্বাস্থ্যকৰ হৈ নপৰে। দ্বিতীয়তে, জনসাধাৰণৰ বসতি প্রধান অঞ্চলৰ ভিতৰতে হ’লেও স্কুল স্থাপন কৰা ঠাইডোখৰত কোনোধৰণৰ হাই-উৰুমি নথকা নিৰিবিলি পৰিৱেশত হ’ব লাগে।

তৃতীয়তে, যাতায়াতৰ সুবিধা থকা ঠাইত স্কুলঘৰৰ স্থান নির্বাচন কৰিব লাগে, কিন্তু ঘাই পথৰ নিচেই কাষতে হ’ব নালাগে। কিয়নো কণ কণ শিক্ষাৰ্থীসকলৰ বাবে বিদ্যালয়খন সকলো ধৰণৰ বিপদৰ পৰা মুক্ত হ’ব লাগে।

চতুৰ্থতে, বিদ্যালয়ৰ চাৰিওকাষে যাতে প্রাকৃতিক সৌন্দর্যময় পৰিৱেশ থাকে তালৈ লক্ষ্য ৰাখিব। ওচৰত কোনো ধৰণৰ পথাৰ, ফুলনি বাগিচা ইত্যাদিবিলাক থাকিব লাগে। আৰু একো নাথাকিলেও বিদ্যালয়ৰ সন্মুখত এখন ফুলনি বাগিচা পাতিব লাগে। পঞ্চমতে, বিদ্যালয়ৰ কাষত বা সন্মুখত যাতে শিক্ষার্থীসকলে খেলিবৰ বাবে মুকলি খেল পথাৰ থাকে তালৈকো লক্ষ্য ৰাখিব লাগে।

যষ্ঠতে, বিদ্যালয়ৰ ওচৰত যাতে কোনো কল-কারখানা, চিনেমা হল, বজাৰ বা তেনে কোনো জন কোলাহলৰ পৰিৱেশ নাথাকে তালৈকো মন কৰিব লাগে।

সপ্তমতে, স্কুলৰ অৱস্থান কেতিয়াও চিকিৎসালয় বা তেনে প্রাথমিক স্বাস্থ্যকেন্দ্ৰ আদিৰ নিলগত হ’ব নালাগে।

প্রশ্ন ২। স্কুল গৃহ নিৰ্মাণ কৰোতে মনত ৰাখিব লগা পাঁচটা কথাৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ স্কুল ঘৰটোৱে সাধাৰণতে শিক্ষার্থীক আকৰ্ষণ কৰিব পাৰিব লাগে। স্কুল-ঘৰ নিৰ্মাণ কৰাৰ আগতে সেয়ে বিশেষ কেইটামান কথাত গুৰুত্ব দিব লাগে—

(১) স্কুলঘৰটো সাজিবলৈ লোৱাৰ আগতে তাৰ সমূহীয়া প্ৰয়োজনলৈ লক্ষ্য ৰাখি প্ৰথমতে স্কুল-ঘৰটোৰ এটা নক্সা তৈয়াৰ কৰিব লাগে। এই ক্ষেত্ৰত প্ৰাথমিক আৰু মাধ্যমিক স্কুলৰ পৃথক প্ৰয়োজনৰ কথাও বিবেচনা কৰিব লাগে।

(২) স্কুলঘৰটো আকর্ষণীয় কৰি সাজিব লাগে যাতে শিক্ষার্থীয়ে গর্ব অনুভৱ কৰিব পাৰে। তাৰোপৰি শিক্ষাৰ্থীৰ মনত পৱিত্ৰতা আৰু সুন্দৰতাৰ ভাব জগাই তুলিবলৈকো সক্ষম হ’ব পাৰে। 

(৩) স্কুল ঘৰটো নিৰ্মাণ কৰোতে চাব লাগে যাতে তাপ, পোহৰ আৰু বায়ু চলাচল কৰাত কোনো অসুবিধা নহয়। অন্যথাই শিক্ষক আৰু শিক্ষার্থী উভয়ৰে স্বাস্থ্যৰ পক্ষে স্কুলঘৰটো অনুকূল নহ’বও পাৰে।

(৪) পাঠ্যক্ৰমত সন্নিবিষ্ট সকলো বিষয়ৰ অধ্যয়ন কৰিব পৰাকৈ, আৰু সহ-পাঠ্যক্ৰমিক কাৰ্যসূচীসমূহ নিয়াৰিকৈ পৰিচালনা কৰিব পৰাকৈ স্কুলঘৰটো নিৰ্মাণ কৰিব লাগে।

(৫) প্ৰত্যেকটো স্কুলগৃহৰ লগত স্কুলৰ কাৰ্যালয়, অধ্যক্ষৰ কাৰ্যালয়, শিক্ষকসকলৰ জিৰণি কোঠা, শ্রেণীকক্ষ, সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচী পৰিচালনা কক্ষ, পুথিভঁৰাল, পৰীক্ষাগাৰ, কৰ্মশালা আদি বিভিন্ন কক্ষসমূহ সামৰি লৈ স্কুলঘৰ নিৰ্মাণ কৰিব লাগে।

(৬) সমগ্ৰ স্কুলখনৰ পৰিচালনা আৰু পৰিদৰ্শন কৰাত প্রধান শিক্ষকজনৰ সুবিধা হোৱাকৈ তেওঁৰ কাৰ্য্যালয়টো স্থাপন কৰিব লাগে।

(৭) শিক্ষাৰ ক্রমবর্ধমান আৰু সমাজৰ প্ৰয়োজনলৈ লক্ষ্য ৰাখি ভৱিষ্যতে বিদ্যালয়খনৰ সম্প্ৰসাৰণ ঘটোৱাৰো সুবিধা ৰাখি স্কুলঘৰ নিৰ্মাণ কৰিব লাগে।

প্রশ্ন ৩। শ্রেণীকোঠা নিৰ্মাণ কৰোতে মনত ৰাখিবলগীয়া চৰ্তসমূহ উল্লেখ কৰা।

উত্তৰঃ শিক্ষণ কাৰ্যটো হৈছে এটা গৱেষণাত্মক ক’লা। শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত গঢ় লৈ উঠা সম্বন্ধই শিক্ষকসকলক ি হৈছে ভরিয়া ভিন্ন তথ্য উদ্‌ঘাটনতো সহায় কৰে। স্কুলৰ শ্ৰেণী-কোঠাটো সাৎ ৬ন্নত সমাজ নিৰ্মাণৰ প্ৰধান কর্মশালা স্বৰূপ। কিন্তু এই গভীৰ দায়িত্ব পালন কৰিব পৰাকৈ স্কুলৰ শ্ৰেণীকোঠাসমূহ সজাই তোলাটোও একান্ত প্রয়োজন। ছাত্ৰসকলৰ মনত কৌতূহল আৰু অভিৰোচনৰ ভাব সৃষ্টি কৰিব পৰাকৈ শ্ৰেণীসমূহ স্বকীয় বৈশিষ্ট্যপূর্ণ গঢ়ি তুলিব লাগে। শ্ৰেণীকোঠাসমূহ আহল-বহল হ’ব লাগে। বেঞ্চ ডেক্সবোৰ ছাত্ৰৰ বয়স আৰু দৈহিক উচ্চতা অনুযায়ী সাজিব লাগে। শ্রেণীকোঠাটোৰ দীঘ-প্ৰস্থ সমান হ’ব লাগে। শিক্ষকৰ আসন কিছু উচ্চ স্থানত হ’ব লাগে, যাতে সকলো শিক্ষার্থীয়ে শিক্ষক জনক আৰু শিক্ষকজনেও সকলো ছাত্র-ছাত্রীক ঠিকমতে দেখা পায়। শ্রেণীকোঠাত উপযুক্ত স্থানত ব্লেকবোর্ড, মেপ, চার্ট, ৰেখাচিত্র আদি অন্যান্য সামগ্ৰীসমূহ ৰাখিব লাগে।

প্রশ্ন ৪। বিজ্ঞান পৰীক্ষাগাৰ নিৰ্মাণ কৰোতে মনত ৰাখিবলগীয়া পাঁচটা চৰ্ত উল্লেখ কৰা। 

উত্তৰঃ (১) বিজ্ঞান পৰীক্ষাগাৰটো মুখ্য বিদ্যালয় ঘৰৰ পৰা অলপ আঁতৰত পার্শ্বৱৰ্তীভাবে স্থাপন কৰিব লাগে।

(২) কোঠাত নিয়মিয়াভাবে প্রয়োজন হোৱা গেছ, পানী আৰু বিদ্যুৎ যোগানৰ ব্যৱস্থা থাকিব লাগে।

(৩) কেমেৰা আৰু পৰ্দাৰ সহায়ত ছবি আৰু স্লাইডক সক্ৰিয় কৰি তোলাৰ ব্যৱস্থা কৰিব লাগে।

(৪) ৰাসায়নিক পদার্থসমূহ ৰাখিব পৰাকৈ ভাল আলমাৰীৰ ব্যৱস্থা থাকিব লাগে। 

(৫) পৰীক্ষাগাৰৰ বস্তুসমূহ নিখুঁতভাৱে ৰাখিবৰ বাবে এজন পৰীক্ষাগাৰ কৰ্মচাৰীক নিযুক্তি দিব লাগে।

প্রশ্ন ৫। সুচলকাৰী হিচাপে শিক্ষকৰ পাঁচটা কাৰ্যাৱলী উল্লেখ কৰা।

উত্তৰঃ (১) শিক্ষকে শিক্ষাদান কৰাৰ আগতে শৈক্ষিক পৰিকল্পনা প্রস্তুত কৰি উলিয়াব

(২) এনে পৰিকল্পিত পাঠদানত শিক্ষকে প্রয়োজনীয় উন্নত শিক্ষণ পদ্ধতি আৰু শিক্ষণীয় সা-সজুলি ব্যৱহাৰ কৰি শিক্ষাদান কৰিব লাগে। 

(৩) তেওঁ ছাত্ৰ-ছাত্ৰীক নিজৰ চিন্তা বুদ্ধিৰে সমাধান কৰিব পৰা প্ৰশ্ন সুধিব লাগে আৰু শুদ্ধ উত্তৰৰ বাবে উৎসাহিত কৰিব লাগে।

(৪) তেওঁ ছাত্ৰ-ছাত্ৰীৰ বহীবোৰ নিৰীক্ষণ কৰিব লাগে আৰু ভুলবোৰ শুদ্ধ কৰি ছাত্ৰ ছাত্ৰীক বুজাই দিব লাগে। 

(৫) পঠনীয় বিষয়ৰ প্ৰতি অভিৰোচনৰ সৃষ্টি কৰিবৰ বাবে প্রয়োজন সাপেক্ষে দৃশ্য-শ্ৰব্যৰ সজুলি সমূহৰো ব্যৱহাৰ কৰিব পাৰে।

প্রশ্ন ৬। অভিপ্ৰেৰক হিচাপে শিক্ষকৰ পাঁচটা কাৰ্যাৱলী উল্লেখ কৰা। 

উত্তৰঃ ১। অমনোযোগী ছাত্র-ছাত্রীসকলক হঠাতে বিষয়বস্তুৰ ওপৰত সমূহীয়াভাৱে প্রশ্ন সুধি শিক্ষণীয় বিষয়বস্তুৰ প্রতি মনোযোগ আকর্ষণ কৰিব পাৰে। 

২। উদাহৰণেৰে বুজালে শিক্ষণীয় বিষয় মনোযোগী হৈ উঠে।

৩। শিক্ষণীয় বিষয় ক্ৰমে সহজৰ পৰা কঠিনলৈ পঢ়ুৱালে ছাত্ৰ-ছাত্ৰীৰ আয়ত্তকৰণত সুবিধ হয় আৰু মনোযোগ দিব পাৰে।

৪। ছাত্ৰ-ছাত্ৰীক ভাল কামৰ বাবে উৎসাহিত কৰিবৰ বাবে প্রশংসা আৰু পুৰস্কাৰ আ কামৰ বাবে দোষাৰোপকৰণ আৰু শাস্তি বিধানৰ ব্যৱস্থা কৰিব পাৰে। ৫। ছাত্ৰ-ছাত্ৰীৰ মাজত সুস্থ প্রতিযোগিতাৰ ভাব সৃষ্টি কৰি শিক্ষণীয় বিষয়ত অধিক মনোযোগ দিয়াত সহায় কৰিব পাৰে।

প্রশ্ন ৭ পৰামৰ্শদাতা হিচাপে শিক্ষকৰ পাঁচটা কাৰ্যাৱলী উল্লেখ কৰা। 

উত্তৰঃ দিহা-পৰামৰ্শদাতা হিচাপে শিক্ষকৰ ভূমিকা (Teacher a counsellor): শিক্ষাদান আৰু গ্ৰহণ কাৰ্য অধিক সফল কৰি বাস্তৱৰ যিকোনো পৰিস্থিতিৰ লগত শিক্ষার্থীয়ে নিজকে খাপ খুৱাই ল’ব পৰাকৈ শিক্ষকৰ দিহা পৰামৰ্শৰ প্ৰয়োজন। এই দিহা পৰামৰ্শৰ মূল কাম তিনিটা, সেইকেইটা হ’ল—

১। ছাত্ৰ-ছাত্ৰীক পৰিৱৰ্তিত পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই লোৱাত সহায় কৰা। 

২। ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত শক্তি-সামর্থ্য, যোগ্যতা আৰু সম্ভাৱনীয়তা তথা পৰিৱৰ্তিত পৰিস্থিতিত সমাজৰ প্ৰয়োজনীয়তাৰ ভিত্তিত জীৱনৰ পেচা নিৰ্ণয়ত সহায় কৰা।

৩। তৃতীয়টো গুৰুত্বপূৰ্ণ দিশ হ’ল পৰিস্থিতিৰ লগত অপ-সমাযোজন কৰিবলগীয়া কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হোৱাৰ আগতেই দিহা পৰামৰ্শৰ জৰিয়তে ছাত্র-ছাত্রীক সমস্যামুক্ত শিক্ষা জীৱন যাপনত সহায় কৰা।

বৰ্তমানৰ প্ৰতিযোগিতাৰ যুগত ছাত্র-ছাত্রীসকলে কম সময়তে অধিক জ্ঞান আয়ত্ত কৰি নিজকে প্রতিষ্ঠিত কৰাটো প্ৰয়োজন হৈ পৰিছে। এইক্ষেত্ৰত বহু ছাত্ৰ-ছাত্ৰীয়ে নিজকে খাপ খুৱাব নোৱৰাৰ ফলত নানা সমস্যাৰ সৃষ্টি হয়। সেয়েহে শিক্ষকে শিক্ষানুষ্ঠানসমূহত দিহা পৰামৰ্শ কেন্দ্ৰ (Counselling centre) খুলি ছাত্র-ছাত্ৰীক সহায় কৰিব লাগে। ব্যক্তিগত বা সামূহিক প্রচেষ্টাতে হওক, ইয়াৰ জৰিয়তে শিক্ষকে ছাত্র-ছাত্রীসকলক নিম্নলিখিত ধৰণে সহায় কৰিব পাৰে। যেনে- 

১। ছাত্র-ছাত্রীৰ সৰ্বাংগীন উন্নতিত সহায় কৰা। 

২। ছাত্ৰ-ছাত্ৰীৰ উপযুক্ত শিক্ষা বিষয় নির্বাচনকৰণত সহায় 

৩। ছাত্র-ছাত্রীক উপযুক্ত পেচা নিৰ্বাচনত সহায় কৰা।

৪। ছাত্র-ছাত্রীক পৰিৱৰ্তিত পৰিস্থিতিত নিজকে খাপ খুওৱাত সহায় কৰা।

৫। ছাত্ৰ-ছাত্ৰীৰ শিক্ষা আৰু কৰ্মসংস্থাপনৰ মাজত সমন্বয় ৰক্ষা কৰি মানৱ সম্পদৰ ব্যৱহাৰত সহায় কৰা। ৬। ছাত্র-ছাত্রীসকলক আত্মোপলব্ধি আৰু আত্ম সংস্থাপনত সহায় কৰা।

৭। শিক্ষাৰ ক্ষেত্ৰত অপচয় আৰু অনুন্নয়নত বাধা দিয়া।

৮। ছাত্ৰ-ছাত্ৰীৰ মাজত বিশৃংখলতাৰ ভাব ৰোধ কৰা। 

প্রশ্ন ৮। ভাল পুথিভঁৰাল এটাৰ যিকোনো পাচটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ (১) পুথিভঁৰালত সকলো স্তৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ বাবে কিতাপ থাকিব

(২) পুথিভঁৰাল ভালদৰে চলাবৰ বাবে একোজন সুদক্ষ পুথিভঁৰালীৰ প্ৰয়োজন।

(৩) বিদ্যালয়ৰ পুথিভঁৰাল হ্রস্বকালীন আৰু দীর্ঘকালীন বন্ধৰ সময়তো খোলা ৰাখিব লাগে।

(৪) বিদ্যালয়ৰ পুথিভঁৰালক জনপ্ৰিয় কৰিবৰ বাবে বছৰত এবাৰকৈ বাৰ্ষিক পুথিভঁৰাল দিৱস উৎযাপন কৰিব লাগে। 

(৫) বিভিন্ন বিষয়ৰ পুথি সহজে পাব পৰাকৈ বিষয়বস্তু অনুসৰি নিয়াৰিকৈ সজাই লাগে।

প্রশ্ন ৯। এজন শিক্ষকৰ পাঁচটা ব্যক্তিগত গুণাৱলী উল্লখ কৰা।

উত্তৰঃ (ক) শিক্ষকজনৰ মনোবৈজ্ঞানিক সচেতনতা থকাৰ প্ৰয়োজন। তেতিয়া শিক্ষাৰ্থীসকলৰ ব্যক্তিগত পার্থক্য শিক্ষাৰ্থীৰ বৌদ্ধিক সক্ষমতা, ৰুচি, অভিৰুচি আগ্রহ ইত্যাদি সম্পর্কে বিজ্ঞানসম্মতভাৱে অধ্যয়ন কৰি শিক্ষাকার্য সফল কৰি তোলাত সক্ষম হ’ব পাৰিব আৰু কোনো সমস্যাৰ উদ্ভৱ হ’লে তাক সহজে সমাধান কৰিব পাৰিব।

(খ) শিক্ষকজনৰ আত্মনিয়ন্ত্ৰণৰ ক্ষমতা থকা বাঞ্ছনীয়। অত্যধিক ক্রোধ, আৱেগিক বা মানসিক দুর্বলতা আদিয়ে অসুস্থ মনৰহে পৰিচয় দিয়ে ছাত্রক সফলভাৱে নিয়ন্ত্ৰণ কৰিবলৈ শিক্ষকজনৰ আত্মনিয়ন্ত্রণ ক্ষমতা অধিক প্রয়োজন। 

(গ) শিক্ষকজনৰ নিজৰ ব্যৱসায়ৰ প্রতি শ্রদ্ধা থাকিব লাগিব, তেতিয়াহে তেওঁ একাগ্রচিত্তে শিক্ষাদানত ব্ৰতী হ’ব পাৰিব। 

(ঘ) বিনম্ৰতা হৈছে শিক্ষকজনৰ একোপদ অলংকাৰ স্বৰূপ। শিক্ষকৰ উচ্চ চিন্তা-চৰ্চ্চা

আৰু সবল জীৱনযাপনৰ প্ৰতি অনুৰাগ থকা দৰকাৰ। নিহংকাৰী, বিনয়ী আৰু মৰমিয়াল শিক্ষকে সহজে ছাত্ৰৰ মন জয় কৰিব পাৰে।

(ঙ) শিক্ষকৰ ব্যক্তিত্ব অধিক আকর্ষণীয় কৰি তোলে তেওঁৰ ৰসিকতা বা ধেমেলীয়া স্বভাৱে। শিক্ষকজন কেতিয়াও অভিমানী আৰু ক্ষমতালোভী হ’ব নালাগে। তাৰোপৰি ছাত্ৰৰ প্রতি কটুক্তি, বক্রোক্তি অথবা নিৰুৎসাহজনক মন্তব্য আৰু সমালোচনা শিক্ষকে পৰাপক্ষত এৰাই চলিব লাগে।

(চ) শিক্ষকে শিক্ষার্থীক মূল্যায়ন কৰা অথবা কোনো ক্ষেত্ৰতে বিচাৰ কৰাৰ সময়ত সদায় নিৰপেক্ষ দৃষ্টিভঙ্গী গ্রহণ কৰা উচিত। পক্ষপাতিত্বই শিক্ষকৰ ভাবমূর্তি ম্লান কৰে।

(ছ) সহানুভূতিশীলতা শিক্ষকৰ আন এক থাকিব লগা গুণ। শিক্ষার্থীসকলৰ দেহ-মানসিক সমস্যা সহানুভূতিৰে বিবেচনা কৰা, তেওঁলোকক উপযুক্ত ‘দিহা-পৰামৰ্শেৰে সহায় কৰা শিক্ষকৰ

প্রশ্ন ১০। শিক্ষকৰ পাঁচটা বৃত্তিমূলক গুণাবলী উল্লেখ কৰা। 

উত্তৰঃ (১) শিক্ষণীয় বিষয়বস্তুৰ ওপৰত শিক্ষকৰ যথেষ্ট দক্ষতা থকাৰ প্ৰয়োজন। 

(২) শিক্ষণীয় বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি উপযুক্ত শিক্ষণ পদ্ধতি প্রয়োগ কৰাৰ কৌশল আয়ত্ত কৰা উচিত।

(৩) শ্ৰেণীত পাঠদান কৰাৰ আগতে নিজকে পাঠদানৰ বাবে প্রস্তুত কৰি তুলিব লাগে আৰু পাঠ পৰিকল্পনা কৰিব লাগে। 

(৪) বিকাশৰ স্তৰ সম্বন্ধে আৰু সেই স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ মনোবিজ্ঞান সম্বন্ধে শিক্ষকৰ উপযুক্ত জ্ঞান থকাৰ প্ৰয়োজন। 

(৫) প্রয়োজন সাপেক্ষে ছাত্র-ছাত্রীক প্রসংসা বা শাস্তি প্ৰদানৰ ন্যায়িক ব্যৱহাৰ কৰিব লাগে।

প্রশ্ন ১১। আদর্শ শিক্ষক এজনৰ পাঁচটা গুণ উল্লেখ কৰা। 

উত্তৰঃ এজন শিক্ষক হ’ব লাগিলে তেওঁ বিভিন্ন গুণৰ অধিকাৰী হ’ব লাগিব। সেই গুণসমূহ হ’ল

(১) তেওঁ শাৰীৰিকভাৱে সুস্থ সবল হ’ব লাগিব৷ তেওঁৰ পঞ্চ ইন্দ্ৰিয়ই সমানেই সুস্থভাৱে কাম কৰিব লাগিদ।

(২) শিক্ষকৰ মাত কথা স্পষ্ট আৰু আত্ৰ হ’ব লাগিব, উচ্চাৰণ শুদ্ধ হ’ব লাগিব৷

(৩) শিক্ষকজনৰ বিষয়বস্তুৰ ওপৰত গভীৰ জ্ঞান থাকিব লাগিৰ। তাৰোপৰি ভিন ভিন বিষয়ত হোৱা সাম্প্ৰতিক পৰিৱৰ্তন আৰু উন্নতিৰ বিষয়েও তেওঁৰ জ্ঞান থকা বাঞ্ছনীয়। 

(৪) শিক্ষকজন আৱেগিকভাবে নিয়ন্ত্রিত, মার্জিত স্বভাৱৰ হ’ব লাগিব।

(৫) ছাত্ৰ-ছাত্ৰীৰ মাজত অনুশাসন বজাই ৰাখিব খোজাৰ আগতে তেওঁ নিজেই অনুশাসিত হ’ব লাগিব।

(৬) শিক্ষকজন ছাত্ৰ-ছাত্ৰীৰ বাবে হ’ব লাগিব বন্ধু, দার্শনিক আৰু পথ প্ৰদৰ্শক।

প্রশ্ন ১২। নতুন পৰিস্থিতিত শিক্ষকৰ সন্মুখত দিয়া পাঁচটা প্ৰত্যাহ্বানৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ বর্তমান সময়ত শিক্ষাৰ নীতি, শিক্ষণ পদ্ধতিকে আদি কৰি শিক্ষাৰ সামগ্ৰিক বাৰণাসমূহৰ পৰিৱৰ্তন ঘটিছে। শিক্ষাক মানৱ সম্পদ উন্নয়নৰ মূল আহিলা হিচাপে গণ্য কৰা বাবে বর্তমান সময়ত শিক্ষকৰ দায়িত্ব আৰু কৰ্তব বহুগুণে বৃদ্ধি পাইছে। জাতি গঠন, সমাজ গঠন আৰু জীৱনবোধৰ বিকাশ সাধনত শিক্ষকৰ গুৰুত্ব অসীম। শিক্ষাতত্বৰ ফালৰ পৰা ছাত্ৰৰ সুস্থ আৰু সবল ব্যক্তিত্ব গঠনৰ সকলো আনুষংগিক দিশ শিক্ষকে সামগ্রিকভাবে বিবেচনা কৰিব লাগে। শিক্ষা মনোবিজ্ঞানৰ ফালৰ পৰা ছাত্ৰৰ সুপ্ত, অন্তর্নিহিত শক্তি তথ্য ক্ষমতাসমূহৰ বিকাশৰ দায়িত্ব শিক্ষকে গ্রহণ কৰিব লাগে। নৈতিক দৃষ্টিকোণৰ পৰা শিক্ষকৰ দায়িত্ব হ’ল ছাত্ৰৰ নৈতিক গুণ আৰু আদৰ্শসমূহ বিকশাই তুলি সুচৰিত্ৰ আৰু সু-ব্যক্তিত্ব গঠন প্রক্রিয়াত সহায় কৰি একো একোজন সুনাগৰিক হিচাপে গঢ়ি তোলা। গতিকে বর্তমান সময়ত শিক্ষকতা বৃত্তি নতুন নতুন সমস্যা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগাত পৰিছে। এই প্রত্যাহানসমূহ মূলতঃ এনে ধৰণৰ

১। ছাত্র-ছাত্রীসকলৰ সুপ্ত প্রতিভাসমূহ চিনাক্ত কৰা আৰু সেইবোৰৰ বিকাশৰ জৰিয়তে ব্যক্তিত্বৰ পূর্ণ বিকাশ কৰিবলৈ মনোবিজ্ঞানসন্মতভাৱে শিক্ষা দান করা। 

২। জাতীয় ঐক্য আৰু সংহতি ৰক্ষা কৰিব পৰাকৈ ছাত্ৰ-ছাত্ৰীৰ মনত গভীর স্বদেশ প্রেম আৰু জাতীয়তাবোধৰ ভাব অনুভূতি বিকশিত কৰি তোলা।

৩। ছাত্ৰ-ছাত্ৰীৰ মনত আন্তর্জাতিক মনোভাব আৰু ভ্রাতৃত্ববোধ অনুভূতির প্রবলভাৱে বিকশিত আৰু জাগ্রত কৰি তোলাত সহায় কৰা।

৪। প্ৰমূল্যবোধৰ প্ৰকৃত স্বরূপ উপলব্ধি কৰাত ছাত্ৰ-ছাত্ৰীক সহায় কৰা।

৫। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্রুত বিকাশৰ লগত নিজকে খাপ খুৱাই ল’ব পৰাকৈ ছাত্ৰ ছাত্ৰীসকলক সহায় কৰা। 

৬। ছাত্র-ছাত্রীৰ মন যাতে ঋণাত্মক (Negative feeling) চিন্তাধাৰাই গ্রাস কৰি জীৱন সম্বন্ধে বিৰূপ মনোবৃত্তি গঢ়ি তুলিব নোৱাৰে তাৰ প্ৰতি শিক্ষকসকল সম্পূর্ণ সচেতন হোৱা উচিত। 

৭। নিজৰ যোগ্যতা আৰু সম্ভাৱনীয়তাৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীসকলৰ পূৰ্ণ বিকাশৰ জৰিয়তে সমাজৰ একো একোজন সুনাগৰিক হিচাপে গঢ়ি তোলাটোও শিক্ষকৰ এক গুৰু দায়িত্ব।

প্রশ্ন ১৩। পাঠ্যক্ৰমৰ ৫টা প্ৰকাৰৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ পাঠ্যক্ৰমৰ ৫টা প্ৰকাৰৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল–

(ক) বিষয়-কেন্দ্রিক পাঠ্যক্রম (Subject-centred Curriculum) নিশ্চয় কি পাঠ্যক্ৰমত কিছুমান বিশেষ বিষয় অধ্যয়নৰ ওপৰত গুৰুৰ আৰোপ কৰা হয়। এই পাঠ্যক্ৰমত শিক্ষাৰ্থীৰ অভিজ্ঞতা আৰু প্ৰয়োজনতকৈ অধ্যয়নৰ বিষয়বস্তুৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয়। এই পাঠ্যক্রমে ছাত্র-ছাত্ৰীক পাঠ্যক্ৰমত অন্তর্ভুক্ত বিষয়সমূহৰ ওপৰত বিশিষ্ট জ্ঞান অভিজ্ঞতা আহৰণৰ ওপৰত জোৰ দিয়ে। সেইবাবে বিষয়-কেন্দ্রিক পাঠ্যক্ৰম হৈ উঠে তত্ত্ব বিষয়ক চিন্তা প্রধান আৰু মননাত্মক। এনে পাঠ্যক্ৰমৰ শিক্ষাদানৰ বাবে বিশেষজ্ঞ শিক্ষকৰো প্রয়োজন হয়।

(খ) ক্রিয়া-ভিত্তিক পাঠ্যক্রম (Activity-based Curriculum) ]ঃ শিশুৰ এক জন্মগত প্ৰৱণতা হৈছে কাম কৰি ভাল পোৱা। শিশুৰ এই জন্মগত প্ৰৱণতাক বেছি প্রবল কৰি তুলিবলৈ শিক্ষাবিদ আৰু মনোবিদসকলে ক্ৰিয়া ভিত্তিক পাঠ্যক্ৰম প্ৰস্তুতৰ পোষকতা কৰিছে। তত্ত্বভিত্তিক বা বিষয়-কেন্দ্রিক শিক্ষা পদ্ধতিৰ পৰিৱৰ্তে শিশুৱে নিজৰ ইচ্ছা, আগ্রহ আদিৰ জৰিয়তে অভিজ্ঞতা অৰ্জনৰ ওপৰত প্ৰকৃতিবাদীসকলে জোৰ দিছে। কৰ্ম প্ৰবণ শিশুক কাম কৰাৰ সুবিধা দিলে আৰু তেওঁলোকৰ সক্রিয় অংশ গ্রহণে অভিজ্ঞতা অর্জন কৰাত সহায়”ৰ। গতিকে জ্ঞান আহৰণ প্ৰক্ৰিয়া কিছুমান তত্ত্বগধুৰ বিষয় অধ্যয়ন কৰাৰ পৰিৱৰ্তে কৰ্মৰ নজেৰে পোৱা শিক্ষা হ’ব লাগে। আধুনিক শিক্ষা পদ্ধতি, যেনে— মণ্টেছৰী পদ্ধতি, ডেল্টন ন, প্রকল্প পদ্ধতি আদি এই আদর্শেৰে পৰিচালিত।

(গ) অভিজ্ঞতাভিত্তিক পাঠ্যক্রম এইবিধ পাঠ্যক্রম উন্নত মানৰ আৰু বিভিন্ন ধৰণৰ নি, কৌশল, মনোভাব আদিৰ অভিজ্ঞতাৰ যোগান ধৰে। এনে পাঠ্যক্ৰমৰ পৰা শিক্ষার্থীয়ে ন আৰু বাস্তব জীৱনৰ মাজত থকা গভীৰ সম্পৰ্কৰ বিষয়ে উপলব্ধি কৰিবলৈ সক্ষম হয়। ক্ষাবিদ জন ডিউইয়ে শিশুৰ অভিজ্ঞতাক সর্বাধিক গুরুত্ব প্রদান কৰিছে।

(ঘ) অপৃথকীকৰণ পাঠ্যক্ৰম : অপৃথকীকৰণ পাঠ্যক্ৰমত বিশেষীকৰণৰ ওপৰত গুৰুত্ব ন নকৰে অর্থাৎ এই পাঠ্যক্ৰমত বিভিন্ন বিষয়ৰ ওপৰত বিশেষভাৱে অধ্যয়ন কৰাত গুরু ৰোপ নকৰে। শিশুৰ পূৰ্ণ ব্যক্তিত্বৰ বিকাশ কোনো বিষয়ৰ বা সকলো বিষয়ৰ সামগ্রিকভাবে ল্ভ কৰা অভিজ্ঞতাৰ যোগেদিহে সম্ভব হৈ উঠে। সামগ্রীবাদী মনোবিজ্ঞানীসকলেও যিকোনো অয়ৰ সামগ্ৰিক ধাৰণাৰ জৰিয়তেহে শিক্ষণ সম্ভৱ হৈ উঠে বুলি বিশ্বাস কৰে। বিভিন্ন বিষয়ৰ ত্ৰিকৰণ আৰু কৰ্মৰ যোগেদিহে এই সংহতি অনাটো সম্ভব হৈ উঠে।

(ঙ) বুনিয়াদী শিক্ষা পাঠ্যক্রম: জাতিৰ পিতা মহাত্মা গান্ধীয়ে বুনিয়াদী শিক্ষা পাঠ্যক্ৰমৰ প্ৰচলন আৰম্ভ কৰে। বুনিয়াদী শিক্ষা পাঠ্যক্ৰমৰ মূল উদ্দেশ্য হ’ল প্ৰতিজন শিক্ষার্থীৰে দেহ-মন → আত্মাৰ পূৰ্ণ বিকাশত সহায় কৰা। সহ-সম্বন্ধৰ নীতি এই পাঠ্যক্ৰমৰ মূল কথা বুনিয়াদী ক্ৰাৰ পাঠ্যক্রম অনুসৰি কিছুমান উদ্দেশ্যধর্মী ক্রিয়াকলাপৰ দ্বাৰা শিক্ষার্থী সকলক জানৰ যোগান তব লাগে। বুনিয়াদী শিক্ষা পাঠ্যক্ৰমৰ মতে জীৱনৰ বাস্তব অভিজ্ঞতা আৰু বিষয়সমূহৰ পুংখানুপুংখ ক্তগত নিৰীক্ষণেই হ’ল প্রকৃত জ্ঞান অৰ্জনৰ আহিলা। এই পাঠ্যক্রমে এহাতে ছাত্ৰ-ছাত্ৰীৰ দ্রুত বাস্তৱ জ্ঞান প্রদানৰ ওপৰত গুৰুত্ব দিয়ে আৰু আনহাতে তেওঁলোকৰ অন্তৰত দেশপ্ৰেমৰ ধ জাগ্রত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্রশ্ন ১৪। প্রচলিত পাঠ্যক্ৰমৰ পাঁচটা আসোঁৱাহ উল্লেখ কৰা। 

উত্তৰঃ আধুনিক দৃষ্টিভংগীত পাঠ্যক্ৰমৰ সংজ্ঞা অতি ব্যাপক। পুৰণি কালৰ দৰে পাঠ্যক্ৰম ল ক’লে এতিয়া কেৱল শিক্ষানুষ্ঠানৰ পঠিতব্য বিষয়সমূহকে বুজা নাযায়। বৰং পাঠ্যক্রম চলে এজন শিক্ষার্থীয়ে শ্রেণীকোঠা, খেল পথাৰ, গ্রন্থাগাৰ, ৰসায়নাগাৰ, মঞ্চ, বিভিন্ন বিভাগৰ আগশালা আৰু লগত গঢ়ি উঠা আন্তৰিক সম্বন্ধৰ সহায়েৰে যি জ্ঞান-অভিজ্ঞতা ভ কৰে সেই সকলোখিনিকে বুজা যায়।”

কিন্তু পাঠ্যক্রম সম্বন্ধে বর্তমানে গ্ৰহণ কৰা ব্যাপক ধাৰণাৰ পৰিপ্ৰেক্ষিতত প্ৰচলিত পাঠ্যক্রমে শিক্ষাৰ্থীসকলৰ প্ৰয়োজন পূৰণ কৰিব পৰা নাই। আৰু সেয়ে প্রচলিত পাঠ্যক্ৰম নানা ধৰণৰ আলোচনাৰ সন্মুখীন হ’ব লগা হৈছে। পাঠ্যক্ৰমৰ ত্রুটিসমূহ আমি তলত দিয়াধৰণে আলোচনা কৰিব পাৰো।

(১) সঙ্কীর্ণ ভাৱাপন্নপ্রচলিত পাঠ্যক্রমসমূহে শিক্ষার্থীক জ্ঞান অভিজ্ঞতা প্রয়োজন পাতে দিবলৈ সক্ষম হ’ব পৰা নাই। পৰীক্ষাত উত্তীৰ্ণ হ’বৰ বাবে ছাত্ৰসকলক সক্ষম কৰি =লাই প্রচলিত পাঠ্যক্ৰমৰ মূল লক্ষ্য হৈ পৰিছে; ফলত শিক্ষাৰ্থীক জীৱনৰ উপযোগী সামগ্ৰীক দিয়াত ব্যর্থতা প্রকাশ পাইছে। প্রচলিত পাঠ্যক্রমসমূহ প্ৰস্তুত কৰোতে সম্ভীর্ণতা অতিৰোৱাৰ ৰত গুৰুত্ব দিয়া যেন মুঠেই অনুভৱ নহয়।

(২) পুথিগত আৰু তত্ত্বপ্রধান প্রচলিত পাঠ্যক্রমসমূহ (একেবাৰে শিক্ষাৰ নিম্নস্তবৰ পৰা সর্বোচ্চ স্তৰলৈকে) তত্বপ্রধান আৰু চিন্তামূলক কৰি প্ৰস্তুত কৰা হৈছে। আৰু সেয়ে অনাবশ্যকভাৱে ই তত্বপ্রধান আৰু পুথিগত হৈ পৰিছে। শিক্ষার্থীয়ে কৰ্মৰ মাজেদি জ্ঞানলাভ

কৰিলে তাৰ স্বতঃস্ফূর্ত আনন্দ লাভ কৰে আৰু জ্ঞানৰ প্ৰতি তৃষ্ণা বাঢ়ে। কিন্তু প্রচলিত পাঠ্যক্রমে শিক্ষার্থীক কর্ম সম্পাদনৰ স্বাভাৱিক আনন্দৰ পৰা বঞ্চিত কৰাৰ লগতে শিক্ষাৰ প্রতিও অনাগ্রহী কবিহে তুলিছে। তাৰোপৰি তাত্ত্বিক জ্ঞানৰ ওপৰত পাঠ্যক্রমে ইমানেই অধিক গুৰুত্ব দিছে যে শিক্ষাৰ্থীৰ বাস্তৱ জীৱনৰ প্ৰয়োজনীয়তালৈকো লক্ষ্য ৰখা নাই।

(৩) পাঠাবিষয়ৰ মাত্ৰাধিক্য প্রচলিত পাঠ্যক্ৰমৰ এটি প্রধান ত্রুটি হৈছে প্রয়োজনাধিক বিষয়ৰ অন্তর্ভুক্তি ছাত্ৰৰ দেহ-মানসিক সক্ষমতা, যোগ্যতাৰ ওপৰত ভিত্তি কৰিহে পাঠাবিষয় পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰিব লাগে। কিন্তু প্রচলিত পাঠ্যক্ৰমত ছাত্ৰৰ বাস্তৱ জীৱনত কোনো

কামত নহা বিধৰ বিষয়ো অন্তর্ভুক্ত কৰি অযথা বিৰক্তিকৰ কৰি পাঠ্যক্ৰম ৰচনা কৰা হৈছে। ফলত শিক্ষার্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হ’বৰ বাবে বিষয়বস্তু নুবুজাকৈয়ে মুখস্থ কৰিব লগা হৈছে। পাঠ্যক্রম শেষ কৰাৰ দায়িত্বৰ বাবে শিক্ষকে শ্ৰেণীত বিষয়টো সম্পর্কে বক্তৃতা দিয়েই ক্ষান্ত থাকিব লগা হয় আৰু শিক্ষার্থীয়ে নির্বিকাৰ শ্ৰোতা হৈ বহি থাকিব লগা হয়। পুংখানুপুঙ্খভাৱে বিষয়ৰ আলোচনা কৰা শিক্ষক ছাত্ৰ কাৰো বাবে সম্ভৱ নহয়।

(৪) ব্যক্তি-পাৰ্থক্যৰ প্ৰতি উদাসীনতা শিক্ষা ব্যৱস্থাত প্ৰধানকৈ গুৰুত্ব দিব হৈছে ছাত্ৰৰ ব্যক্তিগত লগা বিষয়টো জগত পার্থক্য। । সফলভাৱে শিক্ষা দিবলৈ হ’লে শিক্ষাৰ্থীৰ নিজস্ব আগ্রহ অভিকড়ি, ইচ্ছা, প্রয়োজন আদি অনুধায়ীহে বিষয় অধ্যয়ন কৰিবলৈ দিব লাগে। ব্যক্তিগত ৰুচি-অভিৰুচি, সক্ষমতা, বৌদ্ধিত্মক সামর্থ্য আদিব পার্থক্য প্ৰধানকৈ পৰিলক্ষিত হয় কৈশোৰকালত। সেয়ে এই স্তৰত ছাত্ৰৰ ভিন্নমুখী প্ৰয়োজন অনুযায়ী শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। কিন্তু চলিত পাঠ্যক্ৰমত তেনে ভিন্নতাৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই আৰু ছাত্ৰৰ বিভিন্ন প্রতিভাৰ বিকাশৰ সুযোগো দিয়া হোৱা নাই।

(৫) কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষাৰ অভাৱ : দেশৰ আৰ্থ সামাজিক অৱস্থালৈ লক্ষ্য সকল অধিক উৎপাদনক্ষম কৰি গঢ়ি তোলাত শিক্ষা-ব্যৱস্থাই গুৰুত্ব আৰোপ কৰিব লাগে। দেশত সাধাৰণ শিক্ষাৰে শিক্ষিত নিবনুৱা যুৱকৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি ছাত্ৰসকলক প্রযুক্তিবিদ্যা আৰু বৃত্তিমূলক শিক্ষা নিয়াৰহে ব্যৱস্থা কৰিব লাগে। কিন্তু বর্তমান পাঠ্যক্ৰমাত এই বিষয়বোৰ আদায়ৰ বিশেষ সুবিধা দিয়া হোৱা নাই। এনে শিক্ষাৰ বাবে উপযুক্ত শিশুর পাঠ্যপুথি আৰু সা-সঁজুলিবো অভাৱ দেখা যায়।

প্রশ্ন ১৫। পাঠ্যক্রম প্রস্তুতিকৰণৰ পাঁচটা নীতি উল্লেখ কৰা। 

উত্তৰঃ পাঠ্যক্ৰম প্ৰস্তুতিৰ নীতিসমূহ এখন আদর্শ পাঠ্যক্রম প্রস্তুতকৰি উলিয়াবলৈ নতুন পুৰুষৰ ক্ষমতা, আশা, বৰ্তমানৰ প্ৰয়োজনীয়তা অতীত সভ্যতা সংস্কৃতি সংৰক্ষণৰ ব্যৱস্থা, এক ভিন্নতা আদি সমুহ বিষয় কৰিবলগীয়া হয়। তাৰোপৰি এখন আদর্শ পাঠ্যক্রম প্রস্তুত কৰিবলৈ কিছুমান মৌলিক নীতিৰ ওপৰত চন কৰা হয়। এই নীতিসমূহ হ’ল—

(১) দার্শনিক নীতি শিক্ষাৰ লক্ষ্য, উদ্দেশ্য ইত্যাদিবিলাক প্ৰধানকৈ নিৰ্ভৰ কৰে দৰ্শনৰ ওপৰত কেনেবকণৰ শিক্ষাই বর্তমান সমাজৰ আশা-আকাছা পূৰণ কৰি পাৰি তাকো শিক্ষাদৰ্শনৰ দ্বাৰাহে ঠিৰাং কৰা সম্ভৱ আৰু নির্দিষ্ট শিক্ষা-ব্যৱস্থাৰ নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’বৰ বাবে কেনেধৰণৰ পাঠ্যক্রম প্রয়োজন, তাকো ঠিক কৰিব পাৰে দৰ্শনেহে। সাধাৰণতে দেখা যায় এখন দেশৰ ৰাজনৈতিক আৰু সামাজিক দৰ্শনে শিক্ষাৰ ওপৰত যথেষ্ট প্রভাৱ পেলায়। সেয়েহে এখন দেশৰ মাধ্যমিক বিদ্যালয়ত প্রচলিত পাঠ্যক্ৰমখন আন এখন দেশৰ বাবে গ্রহণযোগ্য পাঠ্যক্ৰম নহ’বও পাৰে। গতিকে ব্যক্তি আৰু সমাজ উভয়ৰে আশা আকাংক্ষা তথা চাহিদা পূৰণ কৰিব পৰাকৈ আদর্শ পাঠ্যক্রম এখন প্রস্তুত কৰিবলৈ হ’লে দৰ্শনৰ ওপৰত ভিত্তি কৰিহে পাঠ্যক্ৰম ৰচনা কৰিব লাগিব।

(২) চৰিত্ৰ গঠনৰ নীতি: শিক্ষাৰ্থীৰ চৰিত্ৰ গঠন কৰাতো শিক্ষাৰ মূল উদ্দেশ্য হোৱা উচিত। মানৱ জীৱনৰ সুখ, শাস্তি আৰু কৃতকাৰ্য্যতা লাভৰ চাৰিত্ৰিক সুন্দৰতা অঅক সৱলতাই বিশেষ ধৰণে সহায় কৰে৷ সেয়েহে এখন শিক্ষানুষ্ঠানৰ পাঠ্যক্রমে শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ গুণসমূহ সমাজৰ গ্রহণযোগ্যভাৱে বিকশাই তুলি চৰিত্ৰ গঠনত সহায় কৰিব লাগে। সেয়েহে এখনি পাঠ্যক্রম প্রস্তুত কৰোঁতে শিক্ষাৰ্থীৰ চৰিত্ৰ গঠনৰ বাবে আৱশ্যকীয় অভিজ্ঞতা তাত সন্নিবিষ্ট কৰিব লাগে।

(৩) সামাজিকতা বিকাশৰ নীতি : আজিৰ কণ কণ শিক্ষাৰ্থীয়েই হৈছে ভৱিষ্যত দেশৰ ধৰণীস্বৰূপ৷ দেশৰ উপযুক্ত নাগৰিকৰূপে সফলতাৰে আৰু সক্ষমতাৰে নিজৰ দায়িত্ব পালন কৰিব পৰাকৈ শিক্ষাৰ্থীসকলক জ্ঞান-অভিজ্ঞতা প্ৰদান কৰিব লাগে। সামাজিক জীৱনত প্রয়োজনীয় জ্ঞান-অভিজ্ঞতা তেওঁলোকক শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমে প্ৰদান কৰিব লাগিব । এজন শিক্ষাৰ্থীৰ মনত নিজৰ সমাজখনক ভাল পোৱাৰ ভাব সমাজখনৰ উন্নয়নত আত্মনিয়োগৰ ভাব শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমেই জগাই তুলিব লাগিব। সেয়েহে এখন আদর্শ পাঠ্যক্ৰমে শিক্ষাৰ্থীৰ মনত সামাজিক সচেতনতা আৰু সামাজিক দায়বদ্ধতাৰ ভাব আনি দিয়াৰ লগতে অন্যান্য সামাজিক গুণৰাজিক বিকাশতো অৰিহণা যোগাৰ পাৰে। পাঠ্যক্রম প্রস্তুত কৰোঁতে শিক্ষাবিদসকলে এই নীতিটোৰ ওপৰত যথোপযুক্ত গুৰুত্ব আৰোপ কৰা উচিত।

(৪) ব্যক্তি-বিভিন্নতাৰ নীতিঃ এটা শ্ৰেণীত একে বয়সৰ ছাত্ৰ-ছাত্ৰী থাকিলেও তেওঁলোকৰ বুদ্ধিবৃত্তি, সক্ষমতা, ৰুচি-অভিৰুচি, ইচ্চা অনিচ্ছা, ব্যক্তিগত প্রয়োজনীয়তা, মানসিক চাহিদা ইত্যাদিবিলাক তেওঁলোকৰ প্ৰত্যেকৰে পৃথক পৃথক। তাৰোপৰি শিক্ষা আহৰণ আৰু তাৰ প্রমাণ হৈছে সম্পূর্ণরূপে ব্যক্তিগত কার্য। আনকি প্রতিজন শিক্ষার্থীয়ে একেখন পাঠ্যক্ৰমৰ পৰা ব্যক্তিগত ভাবেহে উপকৃত হয়। সেয়েহে পাঠ্যক্রম প্রস্তুত কৰোঁতে ব্যক্তি বিভিন্নতাৰ ওপৰত গুৰুত্ব দিয়া উচিত। এখন পাঠ্যক্রমে বিভিন্ন ছাত্ৰৰ মানসিক চাহিদা পূৰণ কৰিব পাৰিব লাগিব, আৰু শিক্ষাৰ্থীসকলৰ অন্তর্নিহিত গুণবাজিৰ বিকাশ সাধনত সহায়ক হ’ব লাগিব। তেনে পাঠ্যক্রমকহে আদর্শ পাঠ্যক্রম বুলি ক’ব পৰা যায়।

(৫) মানসিক পৰ্যায়ৰ বিবেচনাৰ নীতি কোনো এটা শিক্ষানুষ্ঠানৰ বাবে পাঠ্যক্রম প্রস্তুত কৰোঁতে শিক্ষাৰ্থীৰ দৈহিক বিকাশৰ লগত মানসিক বিকাশৰ কথাও পর্যালোচনা কৰিব লাগে৷ শৈশৱ, বাল্যকাল, কৈশোৰকাল আৰু প্ৰাপ্তবয়স্ক আদি বিভিন্ন কালৰ শিক্ষাৰ্থীৰ দৈহিক বিকাশৰ লগতে মানসিক বিকাশৰ ওপৰতো গুরুত্ব দিব লাগে। কিয়নো, এই প্রত্যেকটো পৰ্যায়ৰ মানসিক বিকাশৰ কেতবোৰ নিজস্ব বৈশিষ্ট্য আৰু গতি-পদ্ধতি থাকে। এইসমূহ বিবেচনা কৰি প্ৰত্যেকটো পৰ্যায়ৰ উপযোগীকৈ পাঠ্যক্ৰম প্ৰস্তুত কৰিলেহে একোখনি আদর্শ পাঠ্যক্রম প্রস্তুত

প্রশ্ন ১৬। সহ পাঠ্যক্রম কাৰ্যসূচীৰ যিকোনো পাঁচটা উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা। 

উত্তৰঃ (১) সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচীয়ে ল’ৰা-ছোৱালীৰ দেহ-মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰে।

(২) ই ছাত্ৰ-ছাত্ৰীৰ জন্মগত প্রতিভাসমূহ চিনাক্ত কৰাত আৰু এইসমূহ বিকাশত সহায় কৰে। 

(৩) ই ল’ৰা-ছোৱালীৰ আৱেগিক পৈণতা লাভ কৰাত সহায় কৰে।

(৪) ই ছাত্ৰ-ছাত্ৰীৰ মানসিক সজাগতা, বৌদ্ধিক আৰু সামাজিক বিকাশ তথা সমস্যা সমাধান কৰিব পৰা ক্ষমতাৰ বিকাশ সাধনত সহায় কৰে।

(৫) ই ছাত্ৰ-ছাত্ৰীক স্বাধীন আৰু স্বতঃস্ফুর্তভাৱে আত্ম প্ৰকাশ কৰিবলৈ আৰু আত্ম উপলব্ধি কৰিবলৈ সুবিধা দিয়ে ৷

প্রশ্ন ১৭। সহ পাঠ্যক্রম কাৰ্যসূচীৰ ছয়টা উদ্দেশ্য উল্লেখ কৰা। 

উত্তৰঃ পুৰণি শিক্ষা ব্যৱস্থাত পুথিগত বিদ্যাৰ ওপৰতেই আটাইতকৈ বেছি গুৰুত্ব দিয়া হৈছিল। সময় অতিবাহিত হোৱাৰ লগে লগে শিক্ষাক মানুহে বহল দৃষ্টিভংগীৰে চাবলৈ শিকিছে। মানসিক উৎকর্ষ সাধনৰ উপৰি শিক্ষাৰ্থীৰ শাৰীৰিক, আধ্যাত্মিক, আনুভূতিক, সাংস্কৃতিক আদি দিশত বিকাশ ঘটোৱা শিক্ষাৰ লক্ষ্য হিচাপে পৰিগণিত হৈছে। সেয়েহে সহ-পাঠ্যক্ৰম কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছে আৰু এই শিক্ষাৰ মূল উদ্দেশ্যসমূহ হ’ল—

(ক) শিক্ষার্থীৰ সুপ্ত প্রতিভা বিকশাই তোলাৰ লগতে সর্বাসংগীন উন্নতি সাধন কৰা।

(খ) শিক্ষাৰ্থীৰ মনত জীৱন, বিদ্যালয়, সমাজ আদিৰ বিষয়ে এক সুষ্ঠ মনোভার গঢ়ি 

(গ) শিক্ষার্থীক গণতান্ত্রিক জীৱন ধাৰাৰ বিষয়ে অৱগত কৰোৱা আৰু তেওঁলোকক এনে তোলা। প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ উদ্‌গনি যোগোৱা। 

(ঘ) ছাত্ৰ-ছাত্ৰীৰ মনত সৃষ্টিশীলতাৰ ভাব জগাই তোলা।

(ঙ) সুজনীমূলক তথা সুস্থ সমালোচনাত্মক চিন্তাধাৰাৰ বিকাশ ঘটোৱা।

(চ) নেতৃত্বদানৰ শিক্ষা দিয়া, যিটো গতানুগতিক শ্ৰেণীকোঠাৰ ভিতৰত সম্ভৱ নহয়।

(ছ) শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশৰ ওপৰত গুৰুত্ব দিয়া।

প্রশ্ন ১৮। ইণ্টাৰনেট ব্যৱহাৰৰ পাঁচটা সুবিধাৰ বিষয়ে উল্লেখ কৰা। 

উত্তৰঃ ১ | ইণ্টাৰনেট হ’ল বিশ্বৰ সৰ্ববৃহৎ কম্পিউটাৰ নেটৱৰ্ক। ইয়াৰ তথাভাণ্ডাৰৰ প্ৰসাৰ যথেষ্ট বিশাল।

২। ইন্টাৰনেটৰ সহায়েৰে বিশ্বৰ যিকোনো প্ৰান্তৰ খবৰ স্পষ্ট আৰু মুক্তভাৱে লাভ কৰিব পাৰি।

 ৩। World Wide Web (WWW)-ৰ ব্যৱহাৰৰ জৰিয়তে প্রয়োজনীয় তথ্য অতি সহজে লাভ কৰিব পাৰি। wwwৰ ব্যৱহাৰে ইণ্টাৰনেটৰ দ্বাৰা সীমাহীন তথ্যৰ মাজৰ পৰা প্ৰয়োজনীয় তথ্য বাছি উলিওৱাতো সহজ হৈ উঠিছে।

৪। ইণ্টাৰনেটৰ জৰিয়তে অতি কম সময়ত আৰু কম খৰচতে বিভিন্ন ধৰণৰ প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিব পাৰি। 

৫। ক্ৰেতা আৰু বিক্ৰেতাৰ প্ৰয়োজন অনুসৰি সকলো ধৰণৰ সমস্যা সমাধান ইণ্টাৰনেটৰ জৰিয়তে কৰিব পাৰি।

প্রশ্ন ১৯। শিক্ষাত কম্পিউটাৰৰ ব্যৱহাৰৰ পাঁচটা সীমাবদ্ধতাৰ উল্লেখ কৰা।

উত্তৰঃ (১) কম্পিউটাৰ হ’ল অতি ব্যয়বহুল। 

(২) ছফ্টৱেৰৰ কিছুমান ত্রুটি থকাও দেখিবলৈ পোৱা যায়। 

(৩) কম্পিউটাৰৰ মাধ্যমেৰে নিৰ্দেশনা দিবলৈ প্ৰশিক্ষণপ্রাপ্ত শিক্ষকৰ প্ৰয়োজন।

(৪) কম্পিটাৰৰ পৰ্দাখন সৰু হোৱা বাবে এটা শ্ৰেণীকোঠাৰ সকলো ছাত্রই ভালদৰে দেখা নাপাবও পাৰে। 

(৫) আমাৰ বিদ্যালয়বোৰত পৰ্য্যাপ্ত পৰিমাণে শিক্ষা সা-সঞ্জুলি সু-সজ্জিত কোঠালী, প্রশিক্ষণপ্রাপ্ত কর্মচাৰী আৰু ছফটৱেৰৰ অকাব। 

প্রশ্ন ২০। কম্পিউটাৰৰ সুবিধা আৰু সীমাবদ্ধতাসমূহ আলোচনা কৰা। 

উত্তৰঃ ১। গতিবেগ (Speed) : কম্পিউটাৰৰ এটা প্ৰধান সুবিধা হ’ল ই দ্রুতগতিত কার্য সম্পন্ন কৰিব পাৰে। ই মানুহতকৈ বহু বেছি বেগত কার্য সম্পন্ন কৰিব পাৰে। 

২। সময় (Time) ঃ কম্পিউটাবে অধিক কম (সহজেই হওক বা জটিলেই হওক) সময়ৰ ভিতৰত যিকোনো সমস্যা সমাধান কৰিব পাৰে। বৃহৎ তথা জটিল গণনাসমূহ মাত্র কেই ছেকেণ্ডমানৰ ভিতৰতে সমাধান কৰি উলিয়াব পাৰে কম্পিউটাৰে।

৩। শুদ্ধতা বা সত্যতা (Accuracy) : অতি দ্রুতগামী হোৱাৰ উপৰি কম্পিউটাৰৰ আন এটা সুবিধা হ’ল কাৰ্যসমূহৰ শুদ্ধতা। কম্পিউটাৰৰ্ক প্ৰদান কৰা তথ্য আৰু নির্দেশবোৰ সঠিক হ’লে কম্পিউটাৰে নিৰ্ভুল ফলাফল প্ৰদান কৰে।

৪। পৰিশ্ৰম (Diligence)ঃ কম্পিউটাৰৰ আন এটা সুবিধা হ’ল মানুহৰ দৰে কম্পিউটাৰ অতি সোনকালে ক্লান্ত নহয় বা অধিক কাম কৰিবলৈ আমনিবোধ নকৰে। কম্পিউটাৰে কেইবাঘণ্টা ধৰি একেৰাহে কাম কৰি থাকিব পাৰে। ৫। স্বয়ংক্রিয় চলন (Automation) : প্রয়োজনীয় তথ্য আৰু নিৰ্দেশ প্ৰদানৰ জৰিয়তে কোনো এটা বিশেষ কাম কম্পিউটাৰৰ দ্বাৰা সম্পাদন কৰিব পাৰি। কম্পিউটাৰ এটাক আপোনা আপুনি এনেধৰণৰ কাৰ্য স্বয়ংক্রিয়ভাৱে সমাধা কৰিবলৈ নিৰ্দেশ দিব পৰা যায়।

কম্পিউটাৰৰ সীমাৱদ্ধতা : কম্পিউটাৰৰ বিভিন্ন সুবিধা থাকিলেও ইয়াৰ কিছুমান সীমাৱদ্ধতা আছে। কিয়নো কম্পিউটাৰ হৈছে এটা যন্ত্র। ই নিজে নিজে কোনো কাম সমাধা কৰিব নোৱাৰে। ঘিকোনো কাম নিখুঁতভাৱে কৰিবলৈ হ’লে কম্পিউটাৰক স্পষ্ট তথা সঠিক তথ্য প্ৰদান কৰিব লাগিব আৰু কামটো কৰিবৰ বাবে নির্দেশ দিব লাগিব। তেতিয়াহে কম্পিউটাৰে নির্ভুল ফলাফল প্রদান কৰিব পাৰিব। কিয়নো কম্পিউটাৰ এটাই নিজে কোনো কথা চিন্তা বা বিবেচনা কৰিব নোৱাৰে। তথ্য আৰু নিৰ্দেশৰ ভিত্তিতহে ই কাৰ্য সমাধা কৰে। 

প্রশ্ন ২১। প্ৰমূল্য শিক্ষাৰ পাঁচটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ মূল্যবোধ শব্দই কোনো মানুহে বা সমাজে গ্ৰহণ কৰা আদৰ্শক বুজায়। মূল্যবোধ দৰ্শনৰ এক অবিচ্ছেদ্য অংশ। আমাৰ ধৰ্ম, বিশ্বাস, নৈতিক মনোভাৱ, জীৱনৰ দৰ্শন ৰাজনৈতিক আদর্শ ইত্যাদি যিবোৰ এখন সমাজ আৰু সংস্কৃতিৰ পৰিচায়ক আৰু এই সকলোবোৰ সমাজত প্রচলিত মূল্যবোধৰ অংশ।

শিক্ষাৰ্থীৰ মনত মূল্যবোধ গঢ়ি তুলিবলৈ হ’লে কিছু নির্দিষ্ট আদর্শ বা লক্ষ্যৰ ভেটিত শিক্ষা পৰিকল্পনা কৰিব লাগিব। এনে প্রমূল্য শিক্ষাৰ প্রধান উদ্দেশ্যবোৰ হ’ল— 

(ক) নতুন পৰিস্থিতিত সামঞ্জস্য বিধান কৰি নতুন সত্য আৱিষ্কাৰ কৰাৰ বাবে শিক্ষার্থীক প্রয়োজনীয় মানসিক শক্তি দান কৰা।

(খ) পুথিগত আনৰ লগত সামাজিক দক্ষতাৰ ভাৰসাম্য ৰক্ষাত সহায় কৰা। দৃষ্টিভঙ্গীৰে সামাজিক ঘটনাপ্রবাহ আৰু পৰিস্থিতিৰ বুজ 

(গ) গতিশীল সমাজত বৈজ্ঞানীক লোৱাৰ বাবে মানসিকতাৰ গঢ় দিয়া। শিক্ষার্থীক প্রস্তুত কৰা।

(ঘ) আত্মশক্তি আৰু আত্মঅনুশাসনত প্ৰত্যয়ৰ সৃষ্টি কৰা। 

(ঙ) দেশৰ অস্তিত্ব আৰু সন্মান অক্ষুণ্ণ ৰাখিব আৰু জাতীয় ভাবাপন্ন হ’বৰ বাবে পর্যায়ক্রমে

(চ) প্রেম, শাস্তি, অহিংসা, দয়া, কৰুণা, সেৱাৰ দৰে উচ্চস্তৰীয় প্ৰমূলাৰ প্ৰতি আগ্রহ বঢ়োৱা।

(ছ) ঠেক মনোভাৱৰ পৰিৱৰ্তে বহল দৃষ্টিভঙ্গীৰে সকলো সমস্যাৰ সমাধান কৰিবৰ বাবে মানসিক শক্তি দান কৰা।

(জ) সহযোগিতা, সহানুভূতি আৰু শান্তিপূর্ণ সহঅৱস্থানৰ বাবে মানসিকতাৰ সৃষ্টি কৰা। 

(ঝ) অন্যায়, অবিচাৰ, অহিংসা, দ্বেষ, মিথ্যাচাৰ পৰিহাৰ কৰি সমাজত শান্তি অব্যাহত ৰথাত সহায় কৰা।

(ঞ) জাতি, ধর্ম, বর্ণ, সম্প্রদায় নির্বিশেষে সকলোলৈকে সমদৃষ্টিৰে চোৱাৰ ক্ষমতা সৃষ্টি কৰা।

(ট) কঠোৰ শ্ৰম কৰিবৰ বাবে প্ৰয়োজনীয় মানসিকতা গঢ়ি তোলা। 

(ঠ) দেশৰ ভৌগোলিক, প্রাকৃতিক, সামাজিক, সাংস্কৃতিক আৰু প্রযুক্তিবিদ্যা সম্পর্কে সচেতনতাৰ সৃষ্টি কৰা।

(ড) প্রমূল্য শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীৰ দৈহিক, বৌদ্ধিক আৰু সৌন্দৰ্যবোধৰ বিকাশ আৰু উন্নতি সাধন কৰা। 

(ঢ) ব্যক্তিগত আৰু সামাজিক ক্ষেত্ৰত পৰিমাণগত আৰু গুণগত উন্নয়নৰ সম্পৰ্কে বাস্তবানুবাদ দৃষ্টিভঙ্গী গঢ়ি তোলা। 

(ণ) বিজ্ঞান প্রযুক্তিৰ লগত নৈতিক আৰু আধ্যাত্মিক প্ৰমূল্যৰ ভাৰসাম্য ৰক্ষা কৰাৰ শক্তি প্ৰদান কৰা। 

(ত) নাগৰিকত্বৰ প্ৰকৃত স্বৰূপ আৰু দায়িত্বৰ প্ৰতি উপযুক্ত মানসিকতাৰ গঢ় দিয়া।

(থ) আন্তর্জাতিক বুজা পৰা আৰু আদান প্রদান তথা শান্তিপূর্ণ সহ-অৱস্থানৰ বাবে মানসিকতাৰ গঢ় ‘দিয়া। 

প্রশ্ন ২২। প্রমূল্য শিক্ষা ছাত্ৰ-ছাত্ৰীৰ মাজত কেনেদৰে প্ৰদান কৰিব পাৰি আলোচনা কৰা।

উত্তৰঃ প্রঃ লা কোনেও বংশানুক্রমে অর্থাৎ জন্মগতভাৱে লাভ কৰিব নোৱাৰে। ব্যক্তিয়ে প্রমূল্য জীৱনবলিত আয়ত্তহে কৰে। মানৱ শিশুৰ সৰ্বতোপ্ৰকাৰ সুস্থ বিকাশ হ’ল– শিক্ষাৰ মূল লক্ষ্য। এ লক্ষ্য পূৰ্ণত সাৰ্থকতা লাভ কৰিবলৈ হ’লে শিক্ষাৰ্থীৰ মনত বিকাশৰ বাবে প্রয়োজনীয় মু ন্যবোধৰ ধাৰণা শক্তিশালী ৰূপত গঢ় দিব লাগিব। ছাত্ৰ-ছাত্ৰীৰ মাজত শিক্ষা প্ৰদান কৰিবলৈ মূল্যবোধৰ ক্ষেত্ৰত শিক্ষাৰ তিনিও প্ৰকাৰ কৌশল প্ৰয়োগ কৰিব পাৰি—

(ক) আনুষ্ঠানিক ( Formal)

(খ) অনানুষ্ঠানিক (Informal)

(গ) অগতানুগতিক (Non Formal)

এই তিনিও পর্যায়তে মূল্যবোধৰ শিক্ষা দিবলৈ হ’লে প্ৰাথমিকৰ পৰা উচ্চশিক্ষাৰ স্তৰলৈ বিভিন্ন সুচিন্তিত কাৰ্যসূচীৰ আঁচনি কৰা উচিত।

বিদ্যালয়ত বিভিন্ন উপায়ে প্ৰমূল্যৰ শিক্ষাদানৰ ব্যৱস্থা কৰিব পাৰি৷ যেনে 

(ক) পুৱাৰ সমাবেশঃ শিক্ষাৰ্থীৰ মনত মূল্যবোধৰ ধাৰণা দৃঢ়ভাৱে গঢ়ি তুলিবৰ বাবে প্রত্যেক শিক্ষানুষ্ঠানত শৈক্ষিক কাম-কাজ আৰম্ভ হোৱাৰ আগতে ছাত্র সমাবেশৰ ব্যৱস্থা থাকিব লাগে। 

(খ) বাধ্যতামূলক কৰণ ঃ মূল্যবোধৰ শিক্ষাক বাধ্যতামূলক হিচাপে সকলো শিক্ষানুষ্ঠানতে ৰাখিব লাগে। বিশ্বৰ প্ৰধান প্রধান ধর্ম যেনে— হিন্দু, ইছলাম, বৌদ্ধ, জৈন, খ্ৰীষ্ট, শিখ ইত্যাদিৰ মূল্যবান আৰু বক্তব্যখিনি ছাত্র-ছাত্রীক শিক্ষকে অৱগত কৰাব লাগে।

(গ) উপযুক্ত সময় প্রমূল্য শিক্ষাদানৰ উপযুক্ত সময় হ’ল নিচেই শৈশৱকাল। সৰুতে নানা কাম-কাজ, কথা-বতৰা আৰু অভিজ্ঞতাৰ মাজেদি পিতৃ-মাতৃয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷ মৰম-চেনেহ, সততা, জেষ্ঠজনৰ প্ৰতি শ্রদ্ধা, জীৱ-জহ্বৰ প্রতি সহৃদয়তা ইত্যাদি বিভিন্ন মূল্যবোধৰ ধাৰণা শিশুৰ মনত মাক-দেউতাক আৰু আত্মীয়স্বজনে বোপণ কৰিব পাৰে। 

(ঘ ) মহৎলোকৰ জন্মদিৱস পালন পৃথিৱীৰ মহৎলোকসকলৰ জন্মদিৱস পালন কৰি তেওঁলোকৰ জীৱন আৰু বাণী সম্পর্কে আলোচনা হ’ব লাগে। 

(ঙ) ক’লা আৰু চিত্ৰাংকণ প্রতিযোগিতা বিভিন্ন বয়সৰ ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ ক’লা আৰু চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰিও প্ৰমূল্যৰ শিক্ষা পৰোক্ষভাৱে দিব পাৰি৷

(চ) পুৰস্কাৰ প্ৰদানছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ অধ্যয়ন আৰু বিভিন্ন কৰ্মৰ ক্ষেত্ৰত সততা, সাহসিকতা, পাৰদৰ্শিতা, সেৱামূলক আদর্শ দেখুৱালে তেওঁলোকক পুৰস্কৃত কৰি অনুপ্ৰেৰণা যোগাব লাগে।

(ছ) পাঠ্যক্ৰমৰ সংস্কাৰঃ পাঠ্যক্ৰমত থকা বিষয়বোৰৰ প্ৰয়োজনীয় সংস্কাৰ সাধন কৰি প্ৰমূল্য শিক্ষাৰ উপযোগী কৰি যুগুত কৰিব লাগে।

(জ) পাঠ্যপুথিৰ সংস্কাৰ পুৰণি গতানুগতিক পাঠ্যপুস্তকসমূহৰ প্ৰয়োজনীয় পৰিবৰ্দ্ধন আৰু সংস্কাৰ প্ৰমূল্য শিক্ষাৰ ক্ষেত্ৰত অত্যস্ত আৱশ্যক।

(ঝ) মাধ্যমৰ ব্যৱহাৰকথাছবি, নাট্যানুষ্ঠান, ৰেডিঅ’, দূৰদৰ্শন, বাতৰি কাকত ইত্যাদি বিভিন্ন কাৰ্যসূচী সম্প্ৰচাৰৰ বিশেষ প্রয়োজন। শিক্ষামূলক অনুষ্ঠানসমূহ এনে মাধ্যমযোগে চাবৰ বাবে শিক্ষানুষ্ঠানে প্রয়োজনীয় ব্যৱস্থা কৰিব লাগে।

(ঞ) বিশেষজ্ঞৰ বক্তৃতানুষ্ঠান নৈতিকতা, সামাজিকতা, আধ্যাত্মিকতা ইত্যাদি বিভিন্ন বিষয়ৰ ওপৰত পণ্ডিত লোকসকলৰ দ্বাৰা সময়ে সময়ে বক্তৃতা প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে।

(ট) গ্রন্থ প্রদর্শনী ও শিক্ষানুষ্ঠানসমূহত নৈতিক, আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক, সৌন্দৰ্যবিষয়ক প্ৰমূল্যৰ বাৰ্তা বহন কৰা বিভিন্ন গ্ৰন্থৰ প্ৰদৰ্শনী পাতি মূল্যবোধৰ ধাৰণাৰ সৃষ্টি কৰিব পাৰি।

(ঠ) গার্ল গাইড, স্কাউটিং, এন এছ এছ এন চি চি সংগঠন প্রতি শিক্ষানুষ্ঠানে মূল্যবোধৰ শিক্ষাদান কৰাৰ ক্ষেত্ৰত গার্ল গাইড, স্কাউটিং ইত্যাদি সংগঠন কৰাৰ বিষয়ত অগ্ৰাধিকাৰ দিব লাগে। এনেবোৰ সংগঠনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে দলীয় আনুগতা, নিস্বার্থ সেৱা, কৰ্মস্পৃহা, পৰোপকাৰ, জাতীয় চেতনা আদি বৃদ্ধি পায়।

(ড) শিক্ষাদানৰ কৌশল শিক্ষক সকলে বিভিন্ন বিষয়ৰ শিক্ষা দিওঁতে সেইবোৰৰ অন্তর্নিহিত প্রমূল্য সম্পর্কে শিক্ষার্থীক সচেতন কৰিবলৈ সচেষ্ট থাকিব লাগিব। শিক্ষকৰ নিজৰ আচৰণ, কথা বতৰা আৰু দৃষ্টিভঙ্গী আদর্শনীয় হোৱা উচিত।

(ঢ) সমাজ সেৱাৰ অনুষ্ঠান বিদ্যালয়ৰ চৌহদ, নলা-নর্দমা, পৰিষ্কাৰ কৰা, ফুল-ফলৰ বাগিচা কৰা, কোনো উৎসৱ অনুষ্ঠান সুচাৰুৰূপে পৰিচালনা কৰা, নিৰক্ষৰ লোকক স্বাক্ষৰ কৰা কামত হাত মিলোৱা, অন্ধ-বধিৰ ৰোগগ্রস্ত ব্যক্তিক সহায় কৰা ইত্যাদি পর্যায়ক্রমে প্রাথমিক স্তৰৰ পৰা কলেজীয়া স্তৰলৈ অনুষ্ঠিত কৰিব পাৰি।

প্রশ্ন ২৩। শৈক্ষিক নেতা হিচাপে প্রধান শিক্ষকৰ ভূমিকা আলোচনা কৰা। 

উত্তৰঃ শৈক্ষিক নেতা হিচাপে প্রধান শিক্ষকৰ ভূমিকা অসীম। স্কুলৰ সামূহিক সফলতা বহু পৰিমাণে নিৰ্ভৰ কৰে প্ৰধান শিক্ষকগৰাকীৰ কর্মদক্ষতা, যোগ্যতা, সতর্কতা, অভিজ্ঞতা আৰু জ্ঞানৰ প্ৰায়োগিক উপযোগিতাৰ ওপৰত। তেখেতৰ এক সুস্থ জীৱন দৰ্শন আৰু বাস্তৱমুখী শিক্ষা দর্শন থাকিব লাগিব। তেখেতৰ কৰ্মভিত্তিক প্রায়োগিক প্রশিক্ষণৰো আৱশ্যক। মানৱ সমাজত ঘটা ন ন আবিষ্কাৰসমূহ আৰু পৰিৱৰ্তনসমূহৰ বিষয়ে তেখেতৰ প্ৰয়োজনীয় জ্ঞান থকাটো আৱশ্যক। তদুপৰি প্ৰধান শিক্ষকগৰাকীৰ শাৰীৰিক, মানসিক, নৈতিক, আৱেগিক, সৌন্দর্যবোধক আদি প্ৰতিটো দিশৰে সু-সামঞ্জস্যপূর্ণ বিকাশেৰে সুব্যক্তিত্বৰ গৰাকী হোৱাটো প্রয়োজনীয়। শৈক্ষিক নেতা হিচাপে প্রধান শিক্ষকগৰাকীয়ে বিভিন্ন গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব গ্রহণ কৰিবলগীয়া হয়। সেই কামসমূহ এনে ধৰণৰ

১। প্রধান শিক্ষকগৰাকীয়ে শিক্ষাদান কাৰ্যৰ পৰা অব্যাহতি ল’ব নালাগে ৷ তেখেতে কমেও দুটা বা তিনিটাকৈ পিৰিয়ড ল’ব লাগে। এনেদৰে শিক্ষাদান কাৰ্যৰ লগত জড়িত থকাৰ দুটা সুফল হ’ল এহাতে তেখেতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক মানদণ্ডৰ আৰু আনহাতে শিক্ষকৰ শিক্ষাদানৰ মানদণ্ডৰ উমান পাব পাৰে। ফলত প্ৰয়োজন হলে শিক্ষাৰ গুণগত মানদণ্ড বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

২। স্কুলৰ প্ৰশাসন সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে পূর্ব পৰিকল্পনাৰ প্ৰয়োজন। প্রধান শিক্ষকে গোটেই বছৰটোৰ বাবে শিক্ষাবর্ষ আৰম্ভ হোৱাৰ আগতেই পৰিকল্পনা কৰিব লাগে।

৩। প্রধান শিক্ষকৰ আন এক গুৰুত্বপূৰ্ণ কাৰ্য হ’ল সাংগঠনিক কাৰ্যৰ সুপৰিচালনা কৰা। শৈক্ষিক নির্দেশনামূলক কাৰ্য, পাঠ্যক্ৰম আৰু সহপাঠ্যক্ৰমমূলক কার্য, প্রশাসনীয় কার্য আদিকে সামৰি স্কুলৰ সামগ্ৰিক সাংগঠনিক পৰিচালনাৰ দায়িত্ব প্রধান শিক্ষকে গ্রহণ কৰে। 

৪। প্রধান শিক্ষকৰ আন এক গুরুত্বপূর্ণ দায়িত্ব হ’ল স্কুলৰ সামগ্রিক কাম-কাজৰ পৰিদৰ্শন কৰা। এনে পৰিদৰ্শনৰ যোগেদি তেখেতে বিভিন্ন ক্ষেত্ৰত দেখা দিয়া কেৰোণসমূহ দূৰ কৰি সুফল পোৱাত সহায় কৰে।

৫। স্কুলৰ অনুশাসন ব্যৱস্থা বহু পৰিমাণে প্রধান শিক্ষকজনৰ শৈক্ষিক দৰ্শন আৰু ব্যক্তিত্বৰ ওপৰত নিৰ্ভৰশীল। 

৬। প্রয়োজনসাপেক্ষে ছাত্র-ছাত্রী, শিক্ষক আৰু বিভাগীয় কৰ্মচাৰীসমূহক প্রধান শিক্ষকগৰাকীয়ে উপদেশ আৰু অভিৰোচনৰ জৰিয়তে কর্ম উদ্যম বঢ়াব লাগে।

৭। প্রধান শিক্ষকগৰাকীয়ে সমাজৰ আন আন ব্যক্তি আৰু সংগঠনৰ লগত স্কুলৰ যোগসূত্র স্থাপন কৰে। সেয়েহে এইক্ষেত্ৰত তেখেতৰ যোগাযোগৰ (Communication Skill) পাৰদৰ্শিতা থকাটো আৱশ্যক।

এনেদৰে স্কুলৰ প্ৰধান শিক্ষকজনে স্কুলৰ ভিতৰ আৰু বাহিৰ প্ৰতিটো দিশতে দৃষ্টি ৰাখি স্কুলৰ সৰ্বাংগীন উন্নতি সাধন কৰিবলৈ সক্ষম হয়। 

প্রশ্ন ২৪। বিশ্ববিদ্যালয় অনুদান আয়োগৰ যিকোনো পাঁচটা কার্যৱলী উল্লেল্লখ কৰা।

উত্তৰঃ (১) বিশ্ববিদ্যালয়ৰ আৰ্থিক দিশটো অনুসন্ধান কৰি প্ৰয়োজনীয় অনুদান দিয়া। 

(২) ভাৰতীয় বিশ্ববিদ্যালয় আৰু কেন্দ্রীয় আয়োগৰ দ্বাৰা পৰিচালিত সমপৰ্যায়ৰ অনুষ্ঠানসমূহলৈ উন্নয়ন আৰু পৰিচালনাৰ বাবে অনুদান ধার্য কৰা।

(৩) বিশ্ববিদ্যালয়ৰ শিক্ষা উন্নত কৰিবলৈ আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে পৰামৰ্শ দান আৰু পৰামৰ্শসমূহৰ কাৰ্যকৰণত সহায় কৰা।

(৪) বিশ্ববিদ্যালয়সমূহক যিকোনো অনুদান আগবঢ়াবলৈ কেন্দ্ৰীয় আৰু ৰাজা চৰকাৰক 

(৫) গোটেই বছৰটোৰ বাবে বাজেট তৈয়াৰ কৰা উল্লেখ

এই আয়োগে পৰামর্শ দিয়ে।

প্রশ্ন ২৫। তলত দিয়া বিষয়সমূহৰ প্ৰতিটোৰে পাঁচটাকৈ কাৰ্যাৱলীৰ বিষয়ে

(a) UGC  (b) NCERT (c) SCERT 

উত্তৰঃ (a) UGC ৰ পাঁচটা কার্যাৱলীৰ উদ্দেশ্য তলত উল্লেখ কৰা হ’ল– 

(১) বিশ্ববিদ্যালয়ৰ আৰ্থিক দিশটো অনুসন্ধান কৰি প্ৰয়োজনীয় অনুদান দিয়া।

(২) ভাৰতীয় বিশ্ববিদ্যালয় আৰু কেন্দ্ৰীয় আয়োগৰ দ্বাৰা পৰিচালিত সমপৰ্যায়ৰ অনুষ্ঠানসমূহলৈ উন্নয়ন আৰু পৰিচালনাৰ বাবে অনুদান ধার্য কৰা। 

(৩) বিশ্ববিদ্যালয়ৰ শিক্ষা উন্নত কৰিবলৈ আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে পৰামৰ্শ দান আৰু পৰামৰ্শসমূহৰ কাৰ্যকৰণত সহায় কৰা।

(৪) বিশ্ববিদ্যালয়সমূহক যিকোনো অনুদান আগবঢ়াবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক এই আয়োগে পৰামর্শ দিয়ে।

(৫) গোটেই বছৰটোৰ বাবে বাজেট তৈয়াৰ কৰা।

(b) NCERT

উত্তৰঃ NCERT-ৰ কামসমূহক মূলত তিনিটা ভাগত ভাগ কৰিব পাৰি, সেইসমূহ হ’ল— 

(১) গৱেষণা আৰু উন্নয়ন। 

(২) চাকবিকালীন আৰু প্ৰাক-চাকৰিকালীন প্রশিক্ষণৰ ব্যৱস্থা।

(৩) স্কুলীয়া শিক্ষাৰ মানদণ্ড উন্নত কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা। এইসমূহৰ ভিতৰত—

(ক) পাঠ্যক্রম, নির্দেশনা সামগ্রী, শিক্ষণ পদ্ধতি, মূল্যায়ন কৌশল, শিক্ষণ সঁজুলিসমূহৰ উন্নীতকৰণ কৰা।

(খ) শিক্ষক, শিক্ষকৰ শিক্ষক আৰু শিক্ষাৰ লগত জড়িত অন্যান্য সকলো ব্যক্তিৰে চাকৰিকালীন আৰু প্ৰাক চাকৰিকালীন প্রশিক্ষণৰ ব্যৱস্থা কৰা৷ 

(গ) গৱেষণাৰ পৰা সংগৃহীত বিভিন্ন তথ্যপাতি আৰু সিদ্ধান্তৰ লগতে উন্নত শৈক্ষিক কৌশল প্রয়োগৰ ব্যৱস্থা কৰা।

(ঘ) উচ্চ শিক্ষাৰ অধ্যয়নৰ বাবে দশম শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থীৰ বাবে জলপানি বা বৃত্তিৰ ব্যৱস্থা কৰা।

(c) SCERT

উত্তৰঃ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্রশিক্ষণ পরিষদে প্রধানতঃ নিম্নোক্ত কাৰ্যসমূহৰ দায়িত্ব গ্রহণ কৰে

১। ৰাজ্যিক চৰকাৰক শিক্ষা পৰিকল্পনা আৰু শিক্ষানীতি গ্রহণৰ ক্ষেত্ৰত উপদেশ আৰু সাহায্য প্ৰদান কৰা।

২। শিক্ষক, শৈক্ষিক প্রশাসক আৰু অন্যান্য জড়িত ব্যক্তিব বাবে হ্রস্বকালীন আৰু দীর্ঘকালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰা 

৩। গৱেষণা কার্য সম্পাদন কৰি ৰাজ্যিক শৈক্ষিক ক্ষেত্ৰত গুণগত মানদণ্ড উন্নতিৰ বাবে পৰামর্শ প্রদান কৰা। 

৪। শিক্ষক প্রশিক্ষণৰ অনুষ্ঠানসমূহৰ পৰীক্ষা চলোৱা। 

৫। শিক্ষা বিভাগ, মাধ্যমিক শিক্ষা বোর্ড, মাধ্যমিক শিক্ষা পৰিষদ, পাঠ্যপুথি প্রকাশন নিগম, NCERT আদিৰ লগত সমন্বয় ৰক্ষা কৰি কাম কৰা।।

৬। মূল্যায়ন আৰু পৰীক্ষা সংস্কাৰৰ কাম সম্পাদন কৰা। 

৭। প্রাথমিক স্তৰৰ বৃত্তি পৰীক্ষা সঞ্চালন কৰা।

৮। শিক্ষা পৰিচালনা, পৰীক্ষা ব্যৱস্থা, পাঠ্যক্ৰমৰ সংস্কাৰ ইত্যাদি প্রয়োজনীয় বিষয়ৰ ওপৰত চেমিনাৰ, ৱৰ্কশ্বপ অনুষ্ঠিত কৰা। 

৯। এই পৰিষদে শিক্ষাৰ লগত জড়িত নতুন নতুন বিষয়বোৰ যেনে – শিক্ষা প্রযুক্তিবিদ্যা, পৰিৱেশ অধ্যয়ন, অনুশিক্ষণ (Micro-teaching) আদি বিষয়ত হ্রস্বকালীন শিক্ষক প্রশিক্ষণৰ ব্যৱস্থা কৰা বিভিন্ন শৈক্ষিক অনুষ্ঠানে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ অধীনত কাম কাজ পৰিচালনা কৰে। সেই অনুষ্ঠানসমূহ হ’ল— শিক্ষক প্রশিক্ষণ কলেজসমূহ (CTE), বি এড (B. Ed.) কলেজসমূহ, বুনিয়াদী প্রশিক্ষণ কেন্দ্ৰসমূহ (BTC), জিলা শৈক্ষিক প্রশিক্ষণ অনুষ্ঠানসমূহ (DIET), প্রাক প্রাথমিক প্রশিক্ষণ কেন্দ্রসমূহ (PPTC), হিন্দী প্রশিক্ষণ কলেজ (উত্তৰ গুৱাহাটী), হিন্দী প্রশিক্ষণ প্রতিষ্ঠান (ডিফু)।

প্রশ্ন ২৬। চমুটোকা লিখা। (ক) ইণ্টাৰনেট (খ) Website (গ) CD Rom (ঘ) E-Mail (ঙ) দূৰালাপ সম্মিলন।

উত্তৰঃ (ক্) ইণ্টাৰণেণ্ট:  বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে আজি গোটেই বিশ্বতে এক চিনাকি নাম হ’ল ইণ্টাৰনেট। দুটা বা ততোধিক কম্পিউটাৰ যদি কোনো এটা মাধ্যমেৰে এটাৰ লগত আনটোৰ সংযোগ সাধন কৰা হয় তেতিয়া তাক কম্পিউটাৰ নেটৱৰ্ক বুলি কোৱা হয়৷ এনে এটা নেটৱৰ্কৰ লগত যদি সমগ্ৰ বিশ্বৰ নেটৱৰ্কবোৰ সংযোগ কৰা হয় তেনে ব্যৱস্থাক ‘ইণ্টাৰনেট’ বোলা হয়। সেয়েহে ইণ্টাৰনেট হ’ল নেটৱৰ্কৰ নেটৱৰ্ক। ইণ্টাৰনেট হ’ল বিশ্বৰ সৰ্ববৃহৎ কম্পিউটাৰ নেটৱৰ্ক। ইয়াৰ তথ্যভাণ্ডাৰৰ প্ৰসাৰ যথেষ্ট বিশাল। ইণ্টাৰনেটৰ জৰিয়তে ইটোৱে আনটোৰ লগত যোগাযোগ স্থাপনৰ লগতে তথ্যৰ অংশীদাৰ হ’ব পাৰে। ইন্টাৰনেটৰ জৰিয়তে বিভিন্ন প্রয়োজনীয় তথ্য, শব্দ, ৰৈখিক চিত্ৰ ছফটৱেৰ, পঠন সামগ্ৰী লাভ কৰিব পাৰি। ইন্টাৰনেটৰ জৰিয়তে কম খৰচত আৰু দ্রুত গতিত সংবাদ লাভ কৰিব, সংবাদ।

প্ৰেৰণ কৰিব আৰু সংবাদৰ সংকলন লাভ কৰিব পৰা যায়। ইণ্টাৰনেটৰ জৰিয়তে প্রয়োজনীয় সংবাদ যুক্তিসংগতভাৱে নিৰ্বাচন কৰাৰ অৰ্থে গফাৰৰ (Gopher) বিকাশ সাধন কৰোৱা হয়। সদ্য উদ্ভাবিত World Wide Web (WWW)-ৰ অতি সহজে, কম সময়তে আৰু কুশলতাৰে বিশ্বৰ বিভিন্ন ঠাইৰ প্ৰয়োজনীয় তথ্যভাণ্ডাৰ লাভ কৰিব পাৰি। ইন্টাৰনেটৰ দ্বাৰা আধুনিক কালৰ লোকসকলে মূলতঃ নিম্নলিখিত সুবিধাসমূহ গ্ৰহণ কৰিব পাৰে, সেইবোৰ হ’ল—

১। ই-মেইল, ২। ৱেব ব্রাউজিং, ৩। ই কমার্চ, ৪। ই-এডুকেশান, ৫। ই-মেডিছিন, ৬। ই এণ্টাৰটেইনমেণ্ট, ৭। ই-গেম্‌ছ, ৮। ই-নিউজ, ৯। ৱেব-কেমেৰা ১০। ই-গভর্নেন্স, ১১।ই-বেংকিং।

(খ) ৱেবচাইট

উত্তৰঃ ৱেবছাইট (Website) : বৰ্ল্ড ৱাইড ৱেবত (WWW) থকা ছাইটকে ৱেবছাইট বোলা হয়। ৱৰ্ল্ড ৱাইড ৱে’বৰ অৰ্থ হ’ল মকৰাৰ জালিৰ দৰে অসংখ্য কম্পিউটাৰৰ এক বিশ্বজুৰি থকা নেটৱৰ্ক সমগ্র বিশ্বৰ অসংখ্য কম্পিউটাৰ ইণ্টাৰনেটৰ মাধ্যমত পাৰস্পৰিকভাৱে সংযুক্ত। গতিকে ৱৰ্ল্ড রাইড ৱেবত এটা বিষয়ৰ তথ্যৰ পৰা আন এটালৈ ইচ্ছামতে যাব পাৰি। ইণ্টাৰনেটৰ যিটো অংশত ই-মেইল ব্যৱহাৰৰ সুবিধা আছে সেই অংশটোক ৱৰ্ল্ড ৱাইড রেব (World) Wide Web) অথবা রেব (Web) বুলি কোৱা হয়। সাধাৰণতে ৱে’ব ই-মেইলত যিকোনো এটা কম্পিউটাৰৰ পৰা খবৰ অথবা তথ্যপাতি সংগ্রহ আৰু যিকোনো এটা কম্পিউটাৰলৈ খবৰ অথবা তথ্য-পাতি প্ৰেৰণ কৰা সম্ভৱ। ৱে’ব-ই-মেইলৰ এয়াই হৈছে আটাইতকৈ বেছি সুবিধা। যিকোনো অনুষ্ঠান প্রতিষ্ঠানে ৱে’বত তেওঁলোকৰ তথ্য সংৰক্ষিত কৰি ৰাখে যাক বে’ব ব্রাউজিং বুলি কোৱা হয়। চৰকাৰী বিভাগ, শিক্ষানুষ্ঠান, চিকিৎসালয়, ব্যক্তিগত প্রতিষ্ঠান আদিত নিজৰ বিষয়ে বিভিন্ন তথ্য-পাতি, খা-খবৰ ইণ্টাৰনেটত সংৰক্ষণ কৰি ৰাখে। এনেকৈ সংৰক্ষণ কৰি ৰখা স্থানক ৱেবছাইট বুলি কোৱা হয়। ইণ্টাৰনেট ব্যৱহাৰকাৰী এজনে ৱেবছাইটবোৰ চাই নানা কথা শিকিব আৰু জানিব পাৰে। তদুপৰি ৱেবছাইটবোৰৰ পৰা ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে নিজৰ প্রয়োজনীয় তথ্য-পাতি আহৰণ কৰিবও পাৰে। ৱেবছাইটবিলাকত বহু তথ্য সন্মিলিত হলে তাত বহু পৃষ্ঠাজুৰি সেই তথ্য সংৰক্ষণ কৰা হয়। এই পৃষ্ঠাবোৰৰ প্ৰতিটোকে ৱে’ব পেজ বোলা হয়। ইণ্টাৰনেটত যিকোনো ৱেবছাইট যেতিয়া প্ৰকাশ কৰা হয়, সেই ৱেবছাইটৰ প্ৰথম যিটো পেজ পৰ্দাত উপস্থিত হয় তাক হোম পেজ (Home Page) বুলি কোৱা হয়।

(গ) চি ডি ৰোম

উত্তৰঃ চিডিৰম (CD ROM): মানুহৰ মগজুৰ দৰে কম্পিউটাৰৰ মগজুৱেও স্মৃতিৰক্ষা কার্য সম্পাদন কৰে। কম্পিউটাৰৰ স্থায়ী স্মৃতিক ৰম (ROM) বুলি কোৱা হয়। ইংৰাজী বৰফলাৰ আখৰ সন্নিৱিষ্ট ROM-ৰ অৰ্থ হ’ল Read Only Memory | ROM-ৰ স্মৃতিত সংৰক্ষিত কোনো নির্দেশ মচি পেলাব নোৱাৰি আৰু সেইবোৰৰ পৰিৱৰ্তনো কৰিব পৰা নাযায়। সেইবাবেই ROM-ক কম্পিউটাৰৰ স্থায়ী স্মৃতি বোলা হয়। কম্পিউটাৰত তথ্য-পাতি সংৰক্ষিত কৰি ৰাখিবৰ বাবে সর্বাধুনিক আৰু সৰ্বশ্রেষ্ঠ মাধ্যম হ’ল চিডি-ৰম (CD-ROM)। CD-ROM-ৰ সম্পূর্ণ ইংৰাজী অর্থ হ’ল Compact Disk Read Only Memory। সংগীত শ্ৰব্য চিডিৰ দৰেই CD-ROM হয় যদিও কম্পিউটাৰত

বখা চিডিবোৰক চিডি ৰম বোলা হয়। এই CD-ROM-বোৰ দেখাত ঘূৰণীয়া আৰু ব্যাস প্রায় ৫ ইঞ্চি। কিছুদিনৰ আগলৈকে এইবোৰ চিডি পঢ়িব পৰাহে আছিল। কিন্তু বর্তমান ইয়াৰ ওপৰত লিখিব পৰা CD-ROM ওলাইছে। ড্রাইভাৰ্চৰ সহায়ত এনে চিডিত লিখিব পৰা যায়। ৬০০ ফ্লপিৰ তথ্য লিপিবদ্ধ কৰিব পৰা CD-ROM বর্তমানে অত্যন্ত জনপ্ৰিয় হৈ উঠিছে। ROM-ৰ কিছুমান বিশেষ সুবিধা আছে। ROM-ত অন্তর্ভুক্ত তথ্যসমূহ কম্পিউটাৰত বিদ্যুৎ যোগান ব্যাহত হ’লেও নোহোৱা হৈ নাযায়। কাম কৰি থকা সময়তে কম্পিউটাৰে প্ৰয়োজনীয় তথা বা নির্দেশসমূহ সংৰক্ষণ কৰি ৰাখিব পাৰে। অৱশ্যে ROM-ত কোনো তথ্য মচি পুনৰ নতুন তথা লিখা সম্ভৱ নহয়। ৰমত সংৰক্ষিত তথ্য কেতিয়াও বেয়া নহয়। 

(ঘ) ই-মেইল

উত্তৰঃ ই-মেইল অথবা ইলেকট্রনিক মেইল ইণ্টাৰনেটৰ দ্বাৰা নিয়ন্ত্রিত এক বিশেষ ডাক সেৱা। ই-মেইল হৈছে এটা কম্পিউটাৰৰ সহায়ত আন এটা কম্পিউটাৰলৈ নানা ধৰণৰ সংবাদ অথবা তথ্যভিত্তিক খা-খবৰ প্ৰেৰণৰ এক অত্যাধুনিক ব্যৱস্থা। বিভিন্ন কাৰণত বিভিন্ন ব্যক্তি বা সংস্থাই বিশ্বৰ ইটো প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ সংবাদ প্ৰেৰণ কৰিবলগীয়া হয়। সাধাৰণ ডাক ব্যৱস্থাৰ যোগেদি সংবাদ প্ৰেৰণ কাৰ্য সম্ভৱ যদিও ইয়াৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন। ই মেইল এনে এক ইলেক্ট্ৰ’নিক ডাক ব্যৱস্থা যাৰ জৰিয়তে দ্রুত গতিত সংবাদ তথা তথ্য বিশ্বৰ যিকোনো এটা প্ৰাস্তৰ পৰা আন এটা প্রান্তলৈ অতি সহজে, নির্ভুলভাৱে অতি কম খৰচতে প্ৰেৰণ আৰু সংগ্ৰহ কৰিব পাৰি।

ই-মেইলৰ আৱিষ্কাৰক হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভিযস্ত৷ ৰে উম্‌লিন্‌ছন। ১৯৭১ চনত তেখেতে ই-মেইল প্ৰ’গ্ৰামটো লিখি উলিয়ায়। বহুদিনলৈ ই-মেইল গৱেষণাগাৰ আৰু বিশ্ববিদ্যালয়ৰ বিজ্ঞানী আৰু অভিযন্তাসকলৰ মাজতে সীমাবদ্ধ আছিল। ১৯৮৯ চন মানৰ পৰাহে ই সৰ্বসাধাৰণৰ বাবে মুকলি হয়। ১৯৯১ চনৰ ৱৰ্ল্ড ৱাইড ৱে বৰ সূচনাৰ পৰা ই অধিক জনপ্রিয় হৈ পৰে। ই-মেইলৰ বাবে আৱশ্যক হোৱা সা-সঁজুলিবোৰ হ’ল—

১। এটা কম্পিউটাৰ, ২। এটা মডেম (Modem), ৩। টেলিফোন লাইন, ৪। চাৰ্ভিছ প্রভাইডাৰ, ৫। এটা ইণ্টাৰনেট ছফট্‌ৱেৰ।

ই-মেইলৰ সুবিধাসমূহ হ’ল—

১। ই এক অভ্যস্ত কম খ ৰচৰ ডাক ব্যবস্থা।

২। অতি ক্ষীপ্র গতিৰে তথ্য বা খবৰ পঠাব আৰু সংগ্ৰহ কৰিব পাৰি। ৩। একে খৰচ আৰু সময়তে মাত্র এজন বা একাধিক ব্যক্তিলৈ ই-মেইলৰ কপি পঠাব পাৰি।

৪। বাহিৰৰ পৰা অহা ই-মেইলত টীকা-টিপ্পনী কৰি থ’ব বা পুনৰ ঘূৰাই পঠাব বা আনলৈ আগবঢ়াই দিব পাৰি। 

৫। ই-মেইলৰ্ আন এক সুবিধা হ’ল – ই-মেইল কেতিয়াও নেহেৰায়।

৬। ছবি, তথ্য-পাতি, কাইল আদি কোনো বাৰ্তাৰ লগত গাঁথি দি পঠিয়াব পাৰি। প্ৰয়োজন হ’লে সেইবোৰ সুকীয়া সুকীয়াকৈ চাব পাৰি বা অন্য কাৰোবালৈ পঠাব পাৰি। ই-মেইলৰ যথেষ্ট সুবিধা আছে যদিও ইয়াৰ বিভিন্ন অসুবিধাও আছে, সেইবোৰ হ’ল—

১।ই-মেইলত সামান্য ভুল থাকিলেও ই কাৰ্যকৰী নহয়। ২।ই-মেইল থকা ব্যক্তিসকলে নিয়মীতভাৱে নিজৰ ঠিকনাত অহা খা-খবৰ, বা-বাতৰি খুলি নাচালে দ্রুতবেগী বার্তা প্ৰেৰণৰ অৰ্থ নিৰ্থক হৈ পৰে।

৩। ই কথোপকথনৰ দৰেই দ্রুত যদিও ইয়াত মনৰ ভাবাবেগৰ প্ৰকাশ নঘটে।

(ঙ) দূৰালাপ সন্মিলন

উত্তৰঃ বৰ্তমান যুগত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অত্যাধুনিক আৱিষ্কাৰ আৰু নতুন উদ্ভাৱনে শিক্ষাৰ প্ৰসাৰণ আৰু জ্ঞান বিজ্ঞানৰ পৰিসৰ বৃদ্ধিত বিপ্লবৰ সূচনা কৰিছে। বিশেষকৈ যোগাযোগ ব্যৱস্থাৰ উন্নয়নে সমগ্র পৃথিৱীখনক সংকোচিত কৰিছে। পৃথিৱীৰ বিভিন্ন দেশ বিদেশৰ শিক্ষাবিদ বিশেষজ্ঞসকলৰ মাজত আৱশ্যক হ’লেই যোগাযোগ ৰক্ষা কৰাৰ সুবিধা হৈছে৷ পৃথিৱীৰ বিভিন্ন ঠাইৰ বিশেষজ্ঞসকল একে ঠাইতে সম্মিলিত হোৱা কোনো আৱশ্যকতা নাই। টেলিফোন, দূৰদৰ্শন, ই-মেইল, ইন্টাৰনেট চেটিং আৰু বিভিন্ন ইলেকট্রনিকস্থ কৌশলৰ জৰিয়তে আৱশ্যক মতে বিশেষজ্ঞসকলে যি কোনো সময়তে সন্মিলিত হ’ব পাৰে বা আলোচনাত মিলিত হ’ব পাৰে। ভাৰতত থাকিও এজন শিক্ষাবিদে আমেৰিকা, ইংলেণ্ড বা জার্মানী আদি দেশৰ তিনি বা চাৰিজনে মিলিতহৈ কোনো বিষয়ৰ ওপৰত ভাব বিনিময় কৰি জ্ঞানৰ প্ৰসাৰণ ঘটাব পাৰে। আজিৰ যুগত যোগাযোগৰ মাধ্যমত দূৰে দূৰে, বিভিন্ন দেশত থাকিও বিশেষজ্ঞসকলে জ্ঞান-বিজ্ঞানৰ জ্ঞানৰ বিনিময় কৰি, নিজৰ জ্ঞান বৃদ্ধিৰ লগতে দেশৰ আৰু জনগণৰ কল্যাণ সাধনৰ চেষ্টা অব্যাহত ৰাখিছে। এনেকুৱা আলোচনা বা সন্মিলনকে দূৰালাপ সন্মিলন (Teleconference) বোলে। বর্তমান কম্পিউটাৰ নামৰ যোগাযোগৰ আহিলাৰে এই কাম অতি সহজ সাধ্য কৰি তুলিছে।

প্রশ্ন ২৭।NCTE-ৰ চাৰিটা কাৰ্যাৱলী আলোচনা কৰা।

উত্তৰঃ NCTE-ৰ চাৰিটা কাৰ্যাৱলী হ’ল—

 (ক) শিক্ষক প্রশিক্ষণৰ বিভিন্ন দিশ সম্পর্কে জৰীপ আৰু বিস্তৃত অধ্যয়ন কৰি তাৰ প্রতিবেদন প্রকাশ কৰিব পাৰে। 

(খ) দেশখনৰ শিক্ষক প্রশিক্ষণ কেনেভাৱে চলিছে আৰু ইয়াৰ বিকাশ কেনেভাৱে হৈছে তাক সঘনে পর্যবেক্ষণ কৰা আৰু সমন্বয় সাধন কৰা

(গ) স্বীকৃতিপ্রাপ্ত অনুষ্ঠানত শিক্ষকৰূপে নিযুক্তি পাবৰ বাবে এজন লোকৰ থাকিব লগা ন্যূনতম অর্হতা সম্পর্কে নির্দেশনা দিয়া। 

(ঘ) স্বীকৃতিপ্রাপ্ত অনুষ্ঠানৰ প্ৰশিক্ষাৰ্থীৰ পৰা পাঠ গ্ৰহণৰ বাবে আৰু আন আন প্ৰকাৰৰ মাচুল আদায়ৰ ক্ষেত্ৰত নির্দেশনা দিয়া।

প্রশ্ন ২৮। DIET-ৰ তিনিটা কাৰ্যাৱলী লিখা। 

উত্তৰঃ DIET-ৰ তিনিটা কার্যাবলী হ’ল

(ক) প্রশিক্ষণ প্ৰদান কৰা। (বিশেষ দৃষ্টান্তৰ পৰা সাধাৰণ নিয়মলৈ সিদ্ধান্ত লোৱাৰ বাবে ধাৰাবাহিক প্ৰক্ৰিয়াৰে)

(খ) সম্পদ সম্পৰ্কীয় সমর্থন সেৱা আগবঢ়োৱা। (সম্প্ৰসাৰণ, নির্দেশ প্রদান, বস্তু সামগ্ৰীৰ বিকাশ সাধন, সঁজুলি আদিৰ ক্ষেত্ৰত)

(গ) ক্রিয়ামূলক গৱেষণাৰ (Action Research) ব্যৱস্থা কৰা৷ 

প্রশ্ন ২৯। কম্পিউটাৰৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ কম্পিউটাৰৰ চাৰিটা বৈশিষ্ট্য হল-

(ক) কম্পিউটাৰ হ’ল এক মানৱ নির্মিত দ্রুত গতিৰ যন্ত্র। 

(খ) কম্পিউটাৰে একেটা গতিতে অনবৰত কাম কৰি থাকিব পাৰে।

(গ) কম্পিউটাৰৰ স্মৃতিৰ ভঁৰালত অসংখ্য তথ্য সংৰক্ষণ কৰি থ’ব পাৰি। 

(ঘ) কম্পিউটাৰৰ তিনিটা প্রধান অংশ হ’ল ক্ৰমে ইনপুট আহিলা, আউটপুট আহিলা আৰু স্মৃতি গোট।

(ঙ) ই নির্দেশনাৰ উপায় আৰু লক্ষ্যক ব্যক্তিগত কৰণ কৰিবলৈ সক্ষম হয়।

প্রশ্ন ৩০। প্রচলিত পাঠ্যক্ৰমৰ চাৰিটা আসোঁৱাহ লিখা।

উত্তৰঃ আধুনিক দৃষ্টিভংগীত পাঠ্যক্ৰমৰ সংজ্ঞা অতি ব্যাপক। পুৰণি কালৰ দৰে পাঠ্যক্ৰম ল ক’লে এতিয়া কেৱল শিক্ষানুষ্ঠানৰ পঠিতব্য বিষয়সমূহকে বুজা নাযায়। বৰং পাঠ্যক্রম চলে এজন শিক্ষার্থীয়ে শ্রেণীকোঠা, খেল পথাৰ, গ্রন্থাগাৰ, ৰসায়নাগাৰ, মঞ্চ, বিভিন্ন বিভাগৰ আগশালা আৰু লগত গঢ়ি উঠা আন্তৰিক সম্বন্ধৰ সহায়েৰে যি জ্ঞান-অভিজ্ঞতা ভ কৰে সেই সকলোখিনিকে বুজা যায়।”

কিন্তু পাঠ্যক্রম সম্বন্ধে বর্তমানে গ্ৰহণ কৰা ব্যাপক ধাৰণাৰ পৰিপ্ৰেক্ষিতত প্ৰচলিত পাঠ্যক্রমে কাৰ্থীসকলৰ প্ৰয়োজন পূৰণ কৰিব পৰা নাই। আৰু সেয়ে প্রচলিত পাঠ্যক্ৰম নানা ধৰণৰ আলোচনাৰ সন্মুখীন হ’ব লগা হৈছে। পাঠ্যক্ৰমৰ ত্রুটিসমূহ আমি তলত দিয়াধৰণে আলোচনা

(১) সঙ্কীর্ণ ভাৱাপন্নপ্রচলিত পাঠ্যক্রমসমূহে শিক্ষার্থীক জ্ঞান অভিজ্ঞতা প্রয়োজন পাতে দিবলৈ সক্ষম হ’ব পৰা নাই। পৰীক্ষাত উত্তীৰ্ণ হ’বৰ বাবে ছাত্ৰসকলক সক্ষম কৰি =লাই প্রচলিত পাঠ্যক্ৰমৰ মূল লক্ষ্য হৈ পৰিছে; ফলত শিক্ষাৰ্থীক জীৱনৰ উপযোগী সামগ্ৰীক দিয়াত ব্যর্থতা প্রকাশ পাইছে। প্রচলিত পাঠ্যক্রমসমূহ প্ৰস্তুত কৰোতে সম্ভীর্ণতা অতিৰোৱাৰ ৰত গুৰুত্ব দিয়া যেন মুঠেই অনুভৱ নহয়।

(২) পুথিগত আৰু তত্ত্বপ্রধান প্রচলিত পাঠ্যক্রমসমূহ (একেবাৰে শিক্ষাৰ নিম্নস্তবৰ পৰা সর্বোচ্চ স্তৰলৈকে) তত্বপ্রধান আৰু চিন্তামূলক কৰি প্ৰস্তুত কৰা হৈছে। আৰু সেয়ে অনাবশ্যকভাৱে ই তত্বপ্রধান আৰু পুথিগত হৈ পৰিছে। শিক্ষার্থীয়ে কৰ্মৰ মাজেদি জ্ঞানলাভ

কৰিলে তাৰ স্বতঃস্ফূর্ত আনন্দ লাভ কৰে আৰু জ্ঞানৰ প্ৰতি তৃষ্ণা বাঢ়ে। কিন্তু প্রচলিত পাঠ্যক্রমে শিক্ষার্থীক কর্ম সম্পাদনৰ স্বাভাৱিক আনন্দৰ পৰা বঞ্চিত কৰাৰ লগতে শিক্ষাৰ প্রতিও অনাগ্রহী কবিহে তুলিছে। তাৰোপৰি তাত্ত্বিক জ্ঞানৰ ওপৰত পাঠ্যক্রমে ইমানেই অধিক গুৰুত্ব দিছে যে শিক্ষাৰ্থীৰ বাস্তৱ জীৱনৰ প্ৰয়োজনীয়তালৈকো লক্ষ্য ৰখা নাই।

(৩) পাঠাবিষয়ৰ মাত্ৰাধিক্য প্রচলিত পাঠ্যক্ৰমৰ এটি প্রধান ত্রুটি হৈছে প্রয়োজনাধিক বিষয়ৰ অন্তর্ভুক্তি ছাত্ৰৰ দেহ-মানসিক সক্ষমতা, যোগ্যতাৰ ওপৰত ভিত্তি কৰিহে পাঠাবিষয় পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰিব লাগে। কিন্তু প্রচলিত পাঠ্যক্ৰমত ছাত্ৰৰ বাস্তৱ জীৱনত কোনো

কামত নহা বিধৰ বিষয়ো অন্তর্ভুক্ত কৰি অযথা বিৰক্তিকৰ কৰি পাঠ্যক্ৰম ৰচনা কৰা হৈছে। ফলত শিক্ষার্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হ’বৰ বাবে বিষয়বস্তু নুবুজাকৈয়ে মুখস্থ কৰিব লগা হৈছে। পাঠ্যক্রম শেষ কৰাৰ দায়িত্বৰ বাবে শিক্ষকে শ্ৰেণীত বিষয়টো সম্পর্কে বক্তৃতা দিয়েই ক্ষান্ত থাকিব লগা হয় আৰু শিক্ষার্থীয়ে নির্বিকাৰ শ্ৰোতা হৈ বহি থাকিব লগা হয়। পুংখানুপুঙ্খভাৱে বিষয়ৰ আলোচনা কৰা শিক্ষক ছাত্ৰ কাৰো বাবে সম্ভৱ নহয়।

(৪) ব্যক্তি-পাৰ্থক্যৰ প্ৰতি উদাসীনতা শিক্ষা ব্যৱস্থাত প্ৰধানকৈ গুৰুত্ব দিব হৈছে ছাত্ৰৰ ব্যক্তিগত লগা বিষয়টো জগত পার্থক্য। । সফলভাৱে শিক্ষা দিবলৈ হ’লে শিক্ষাৰ্থীৰ নিজস্ব আগ্রহ অভিকড়ি, ইচ্ছা, প্রয়োজন আদি অনুধায়ীহে বিষয় অধ্যয়ন কৰিবলৈ দিব লাগে। ব্যক্তিগত কচি-অভিকচি, সক্ষমতা, বৌদ্ধিত্মক সামর্থ্য আদিব পার্থক্য প্ৰধানকৈ পৰিলক্ষিত হয় কৈশোৰকালত। সেয়ে এই স্তৰত ছাত্ৰৰ ভিন্নমুখী প্ৰয়োজন অনুযায়ী শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। কিন্তু চলিত পাঠ্যক্ৰমত তেনে ভিন্নতাৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই আৰু ছাত্ৰৰ বিভিন্ন প্রতিভাৰ বিকাশৰ সুযোগো দিয়া হোৱা নাই।

(৫) কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষাৰ অভাৱ : দেশৰ আৰ্থ সামাজিক অৱস্থালৈ লক্ষ্য সকল অধিক উৎপাদনক্ষম কৰি গঢ়ি তোলাত শিক্ষা-ব্যৱস্থাই গুৰুত্ব আৰোপ কৰিব লাগে। দেশত সাধাৰণ শিক্ষাৰে শিক্ষিত নিবনুৱা যুৱকৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি ছাত্ৰসকলক প্রযুক্তিবিদ্যা আৰু বৃত্তিমূলক শিক্ষা নিয়াৰহে ব্যৱস্থা কৰিব লাগে। কিন্তু বর্তমান পাঠ্যক্ৰমাত এই বিষয়বোর আদায়ের বিশেষ সুবিধা দিয়া হোৱা নাই। এনে শিক্ষাৰ বাবে উপযুক্ত শিশুর পাঠ্যপুথি আৰু সা-সঁজুলিবো অভাৱ দেখা যায়।

প্রশ্ন ৩১। ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ (NCERT) চাৰিটা প্রধান কার্য উল্লেখ কৰা। 

উত্তৰঃ NCERT-ৰ কামসমূহক মূলত তিনিটা ভাগত ভাগ কৰিব পাৰি, সেইসমূহ হ’ল— 

(১) গৱেষণা আৰু উন্নয়ন। 

(২) চাকবিকালীন আৰু প্ৰাক-চাকৰিকালীন প্রশিক্ষণৰ ব্যৱস্থা।

(৩) স্কুলীয়া শিক্ষাৰ মানদণ্ড উন্নত কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা। এইসমূহৰ ভিতৰত—

(ক) পাঠ্যক্রম, নির্দেশনা সামগ্রী, শিক্ষণ পদ্ধতি, মূল্যায়ন কৌশল, শিক্ষণ সঁজুলিসমূহৰ উন্নীতকৰণ কৰা।

(খ) শিক্ষক, শিক্ষকৰ শিক্ষক আৰু শিক্ষাৰ লগত জড়িত অন্যান্য সকলো ব্যক্তিৰে চাকৰিকালীন আৰু প্ৰাক চাকৰিকালীন প্রশিক্ষণৰ ব্যৱস্থা কৰা৷ 

(গ) গৱেষণাৰ পৰা সংগৃহীত বিভিন্ন তথ্যপাতি আৰু সিদ্ধান্তৰ লগতে উন্নত শৈক্ষিক কৌশল প্রয়োগৰ ব্যৱস্থা কৰা।

(ঘ) উচ্চ শিক্ষাৰ অধ্যয়নৰ বাবে দশম শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থীৰ বাবে জলপানি বা বৃত্তিৰ ব্যৱস্থা কৰা।

প্রশ্ন ৩২। ইণ্টাৰনেট কি?

উত্তৰঃ ইণ্টাৰণেণ্ট:  বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে আজি গোটেই বিশ্বতে এক চিনাকি নাম হ’ল ইণ্টাৰনেট। দুটা বা ততোধিক কম্পিউটাৰ যদি কোনো এটা মাধ্যমেৰে এটাৰ লগত আনটোৰ সংযোগ সাধন কৰা হয় তেতিয়া তাক কম্পিউটাৰ নেটৱৰ্ক বুলি কোৱা হয়৷ এনে এটা নেটৱৰ্কৰ লগত যদি সমগ্ৰ বিশ্বৰ নেটৱৰ্কবোৰ সংযোগ কৰা হয় তেনে ব্যৱস্থাক ‘ইণ্টাৰনেট’ বোলা হয়। সেয়েহে ইণ্টাৰনেট হ’ল নেটৱৰ্কৰ নেটৱৰ্ক। ইণ্টাৰনেট হ’ল বিশ্বৰ সৰ্ববৃহৎ কম্পিউটাৰ নেটৱৰ্ক। ইয়াৰ তথ্যভাণ্ডাৰৰ প্ৰসাৰ যথেষ্ট বিশাল। ইণ্টাৰনেটৰ জৰিয়তে ইটোৱে আনটোৰ লগত যোগাযোগ স্থাপনৰ লগতে তথ্যৰ অংশীদাৰ হ’ব পাৰে। ইন্টাৰনেটৰ জৰিয়তে বিভিন্ন প্রয়োজনীয় তথ্য, শব্দ, ৰৈখিক চিত্ৰ ছফটৱেৰ, পঠন সামগ্ৰী লাভ কৰিব পাৰি। ইন্টাৰনেটৰ জৰিয়তে কম খৰচত আৰু দ্রুত গতিত সংবাদ লাভ কৰিব, সংবাদ।

প্ৰেৰণ কৰিব আৰু সংবাদৰ সংকলন লাভ কৰিব পৰা যায়। ইণ্টাৰনেটৰ জৰিয়তে প্রয়োজনীয় সংবাদ যুক্তিসংগতভাৱে নিৰ্বাচন কৰাৰ অৰ্থে গফাৰৰ (Gopher) বিকাশ সাধন কৰোৱা হয়। সদ্য উদ্ভাবিত World Wide Web (WWW)-ৰ অতি সহজে, কম সময়তে আৰু কুশলতাৰে বিশ্বৰ বিভিন্ন ঠাইৰ প্ৰয়োজনীয় তথ্যভাণ্ডাৰ লাভ কৰিব পাৰি। ইন্টাৰনেটৰ দ্বাৰা আধুনিক কালৰ লোকসকলে মূলতঃ নিম্নলিখিত সুবিধাসমূহ গ্ৰহণ কৰিব পাৰে, সেইবোৰ হ’ল—

। ই-মেইল, ২। ৱেব ব্রাউজিং, ৩। ই কমার্চ, ৪। ই-এডুকেশান, ৫। ই-মেডিছিন, ৬। ই এণ্টাৰটেইনমেণ্ট, ৭। ই-গেম্‌ছ, ৮। ই-নিউজ, ৯। ৱেব-কেমেৰা, ১০। ই-গভর্নেন্স, ১১।ই-বেংকিং।

প্রশ্ন ৩৩। ৱেব ছাইট কি ?

উত্তৰঃ ৱেবছাইট (Website) : বৰ্ল্ড ৱাইড ৱেবত (WWW) থকা ছাইটকে ৱেবছাইট বোলা হয়। ৱৰ্ল্ড ৱাইড ৱে’বৰ অৰ্থ হ’ল মকৰাৰ জালিৰ দৰে অসংখ্য কম্পিউটাৰৰ এক বিশ্বজুৰি থকা নেটৱৰ্ক সমগ্র বিশ্বৰ অসংখ্য কম্পিউটাৰ ইণ্টাৰনেটৰ মাধ্যমত পাৰস্পৰিকভাৱে সংযুক্ত। গতিকে ৱৰ্ল্ড রাইড ৱেবত এটা বিষয়ৰ তথ্যৰ পৰা আন এটালৈ ইচ্ছামতে যাব পাৰি। ইণ্টাৰনেটৰ যিটো অংশত ই-মেইল ব্যৱহাৰৰ সুবিধা আছে সেই অংশটোক ৱৰ্ল্ড ৱাইড রেব (World) Wide Web) অথবা রেব (Web) বুলি কোৱা হয়। সাধাৰণতে ৱে’ব ই-মেইলত যিকোনো এটা কম্পিউটাৰৰ পৰা খবৰ অথবা তথ্যপাতি সংগ্রহ আৰু যিকোনো এটা কম্পিউটাৰলৈ খবৰ অথবা তথ্য-পাতি প্ৰেৰণ কৰা সম্ভৱ। ৱে’ব-ই-মেইলৰ এয়াই হৈছে আটাইতকৈ বেছি সুবিধা। যিকোনো অনুষ্ঠান প্রতিষ্ঠানে ৱে’বত তেওঁলোকৰ তথ্য সংৰক্ষিত কৰি ৰাখে যাক বে’ব ব্রাউজিং বুলি কোৱা হয়। চৰকাৰী বিভাগ, শিক্ষানুষ্ঠান, চিকিৎসালয়, ব্যক্তিগত প্রতিষ্ঠান আদিত নিজৰ বিষয়ে বিভিন্ন তথ্য-পাতি, খা-খবৰ ইণ্টাৰনেটত সংৰক্ষণ কৰি ৰাখে। এনেকৈ সংৰক্ষণ কৰি ৰখা স্থানক ৱেবছাইট বুলি কোৱা হয়। ইণ্টাৰনেট ব্যৱহাৰকাৰী এজনে ৱেবছাইটবোৰ চাই নানা কথা শিকিব আৰু জানিব পাৰে। তদুপৰি ৱেবছাইটবোৰৰ পৰা ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে নিজৰ প্রয়োজনীয় তথ্য-পাতি আহৰণ কৰিবও পাৰে। ৱেবছাইটবিলাকত বহু তথ্য সন্মিলিত হলে তাত বহু পৃষ্ঠাজুৰি সেই তথ্য সংৰক্ষণ কৰা হয়। এই পৃষ্ঠাবোৰৰ প্ৰতিটোকে ৱে’ব পেজ বোলা হয়। ইণ্টাৰনেটত যিকোনো ৱেবছাইট যেতিয়া প্ৰকাশ কৰা হয়, সেই ৱেবছাইটৰ প্ৰথম যিটো পেজ পৰ্দাত উপস্থিত হয় তাক হোম পেজ (Home Page) বুলি কোৱা হয়।

প্রশ্ন ৩৪। NCERT ৰ দুটা প্ৰধান কাৰ্য উল্লেখ  কৰা।

উত্তৰঃ (ক) পাঠ্যক্রম, নির্দেশনা সামগ্রী, শিক্ষণ পদ্ধতি, মূল্যায়ন কৌশল, শিক্ষণ সঁজুলিসমূহৰ উন্নীতকৰণ কৰা।

(খ) শিক্ষক, শিক্ষকৰ শিক্ষক আৰু শিক্ষাৰ লগত জড়িত অন্যান্য সকলো ব্যক্তিৰে চাকৰিকালীন আৰু প্ৰাক চাকৰিকালীন প্রশিক্ষণৰ ব্যৱস্থা কৰা৷

প্রশ্ন ৩৫। পাঠ্যক্ৰম ৰচনাৰ দুটা নীতি লিখা।

উত্তৰঃ (ক) পাঠ্যক্রম, নির্দেশনা সামগ্রী, শিক্ষণ পদ্ধতি, মূল্যায়ন কৌশল, শিক্ষণ সঁজুলিসমূহৰ উন্নীতকৰণ কৰা। পাঠ্যক্ৰম প্ৰস্তুতিৰ নীতিসমূহ এখন আদর্শ পাঠ্যক্রম প্রস্তুতকৰি উলিয়াবলৈ নতুন পুৰুষৰ ক্ষমতা, আশা, বৰ্তমানৰ প্ৰয়োজনীয়তা অতীত সভ্যতা সংস্কৃতি সংৰক্ষণৰ ব্যৱস্থা, এক ভিন্নতা আদি সমুহ বিষয় কৰিবলগীয়া হয়। তাৰোপৰি এখন আদর্শ পাঠ্যক্রম প্রস্তুত কৰিবলৈ কিছুমান মৌলিক নীতিৰ ওপৰত চন কৰা হয়। এই নীতিসমূহ হ’ল

(১) দার্শনিক নীতি শিক্ষার লক্ষ্য, উদ্দেশ্য ইত্যাদিবিলাক প্ৰধানকৈ নিৰ্ভৰ কৰে দৰ্শনৰ ওপৰত কেনেবকণৰ শিক্ষাই বর্তমান সমাজৰ আশা-আকাছা পূৰণ কৰি পাৰি তাকো শিক্ষাদৰ্শনৰ দ্বাৰাহে ঠিৰাং কৰা সম্ভৱ আৰু নির্দিষ্ট শিক্ষা-ব্যৱস্থাৰ নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’বৰ বাবে কেনেধৰণৰ পাঠ্যক্রম প্রয়োজন, তাকো ঠিক কৰিব পাৰে দৰ্শনেহে। সাধাৰণতে দেখা যায় এখন দেশৰ ৰাজনৈতিক আৰু সামাজিক দৰ্শনে শিক্ষাৰ ওপৰত যথেষ্ট প্রভাৱ পেলায়। সেয়েহে এখন দেশৰ মাধ্যমিক বিদ্যালয়ত প্রচলিত পাঠ্যক্ৰমখন আন এখন দেশৰ বাবে গ্রহণযোগ্য পাঠ্যক্ৰম নহ’বও পাৰে। গতিকে ব্যক্তি আৰু সমাজ উভয়ৰে আশা আকাংক্ষা তথা চাহিদা পূৰণ কৰিব পৰাকৈ আদর্শ পাঠ্যক্রম এখন প্রস্তুত কৰিবলৈ হ’লে দৰ্শনৰ ওপৰত ভিত্তি কৰিহে পাঠ্যক্ৰম ৰচনা কৰিব লাগিব।

(২) চৰিত্ৰ গঠনৰ নীতি: শিক্ষাৰ্থীৰ চৰিত্ৰ গঠন কৰাতো শিক্ষাৰ মূল উদ্দেশ্য হোৱা উচিত। মানৱ জীৱনৰ সুখ, শাস্তি আৰু কৃতকাৰ্য্যতা লাভৰ চাৰিত্ৰিক সুন্দৰতা অঅক সৱলতাই বিশেষ ধৰণে সহায় কৰে৷ সেয়েহে এখন শিক্ষানুষ্ঠানৰ পাঠ্যক্রমে শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ গুণসমূহ সমাজৰ গ্রহণযোগ্যভাৱে বিকশাই তুলি চৰিত্ৰ গঠনত সহায় কৰিব লাগে। সেয়েহে এখনি পাঠ্যক্রম প্রস্তুত কৰোঁতে শিক্ষাৰ্থীৰ চৰিত্ৰ গঠনৰ বাবে আৱশ্যকীয় অভিজ্ঞতা তাত সন্নিবিষ্ট কৰিব লাগে। 

প্রশ্ন ৩৬। পাঠ্যক্রম কি ? পাঠ্যক্ৰমৰ ঠেক আৰু বহল অৰ্থৰ বিষয়ে লিখা। 

উত্তৰঃ পাঠ্যক্ৰম শব্দ বিশ্লেষণ কৰিলে পাব পাৰি যে ইয়াৰ ইংৰাজী শব্দ curriculum পুৰণি লেটিন ভাষাৰ ‘currere’ শব্দৰ পৰা উৎপত্তি হৈছে। ইয়াৰ অৰ্থ ‘race course’ বা ঘোঁৰা দৌৰ দিয়া স্থান যাক অতিক্ৰম কৰি লক্ষ্যস্থানত উপনীত হ’ব পৰা যায়। বৰ্ত্তমান এই অর্থ শিক্ষাৰ লক্ষ্য সাধন কৰিবৰ বাবে অধ্যয়ন কৰিব লগা নির্দিষ্ট পাঠ্যবিষয়ৰ উপাদানক বুজোৱা হয়।

পাঠ্যক্রমক বর্তমান সীমিত (ঠেক) আৰু বহল এই দুই অৰ্থত প্রয়োগ কৰা হয় । ঠেক অর্থত শিক্ষার্থীয়ে শিক্ষা গ্ৰহণৰ কালছোৱাত অধ্যয়ন সম্পূৰ্ণ কৰি পৰীক্ষাত উপনীত হ’ব লগা নির্দিষ্ট অধ্যয়নসূচীকেই বুজোৱা হয়। এনে নির্ধাৰিত অধ্যয়নসূচী শিক্ষা কর্তৃপক্ষই শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ বাবে প্ৰস্তুত কৰি তোলে। পৰীক্ষা গ্রহণৰ অন্তত সফলতাৰ মান অনুসৰি ডিগ্ৰী, ডিপ্লোমা আৰু যোগ্যতাৰ মানপত্ৰ প্ৰদান কৰা হয়। ঠেক অৰ্থত পাঠ্যক্ৰম হৈছে ছাত্ৰ আৰু শিক্ষকৰ নিজ নিজ কর্তব্য সাধনৰ আৰ্হি স্বৰূপ।

পাঠ্যক্রম বহল অর্থ বুলিলে বৰ্ত্তমান আমি কেতবোৰ অনুমোদিত বিষয়ৰ অধ্যয়নসূচীকেই নুবুজো। বহল অৰ্থত এখন শিক্ষানুষ্ঠানে ইয়াৰ শ্ৰেণী কক্ষৰ বাহিৰে ভিতৰে ছাত্ৰক প্ৰদান কৰিব পৰা সমগ্ৰ শিক্ষা অভিজ্ঞতাই সামৰি লোৱা হয়। এনে অভিজ্ঞতাই ছাত্ৰৰ সমগ্ৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰি তোলা হয়। ই ব্যক্তিগত আৰু সামাজিক জীৱনৰ বিকাশ সাধনৰ বাবে প্রয়োজন হোৱা সকলো জ্ঞান-অভিজ্ঞতাকেই সামৰি লয়। 

প্রশ্ন ৩৭। ই-মেইলৰ চাৰিটা সুবিধা লিখা।

উত্তৰঃ ই-মেইলৰ সুবিধাসমূহ হ’ল—

১। ই এক অভ্যস্ত কম খ ৰচৰ ডাক ব্যবস্থা।

২। অতি ক্ষীপ্র গতিৰে তথ্য বা খবৰ পঠাব আৰু সংগ্ৰহ কৰিব পাৰি। ৩। একে খৰচ আৰু সময়তে মাত্র এজন বা একাধিক ব্যক্তিলৈ ই-মেইলৰ কপি পঠাব পাৰি।

৪। বাহিৰৰ পৰা অহা ই-মেইলত টীকা-টিপ্পনী কৰি থ’ব বা পুনৰ ঘূৰাই পঠাব বা আনলৈ আগবঢ়াই দিব পাৰি। 

৫। ই-মেইলৰ্ আন এক সুবিধা হ’ল – ই-মেইল কেতিয়াও নেহেৰায়।

প্রশ্ন ৩৮। পুথিভঁৰালৰ চাৰিটা শৈক্ষিক গুৰুত্ব লিখা। 

উত্তৰঃ

(১) পুথিভঁৰালত সকলো স্তৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ বাবে কিতাপ থাকিব

(২) পুথিভঁৰাল ভালদৰে চলাবৰ বাবে একোজন সুদক্ষ পুথিভঁৰালীৰ প্ৰয়োজন।

(৩) বিদ্যালয়ৰ পুথিভঁৰাল হ্রস্বকালীন আৰু দীর্ঘকালীন বন্ধৰ সময়তো খোলা ৰাখিব লাগে।

(৪) বিদ্যালয়ৰ পুথিভঁৰালক জনপ্ৰিয় কৰিবৰ বাবে বছৰত এবাৰকৈ বাৰ্ষিক পুথিভঁৰাল দিৱস উৎযাপন কৰিব লাগে। 

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। চমুটোকা লিখা। 

(ক) বিষয়কেন্দ্রিক পাঠ্যক্রম, 

(খ) ক্রিয়াভিত্তিক পাঠ্যক্রম, 

(গ) অভিজ্ঞতাভিত্তিক পাঠ্যক্রন,

(ঘ) অপৃথকীকৰণ পাঠ্যক্রম, 

(ঙ) বুনিয়াদী শিক্ষা পাঠ্যক্রম, 

(চ) জীৱনভিত্তিক পাঠ। 

উত্তৰঃ (ক) বিষয়-কেন্দ্রিক পাঠ্যক্রম (Subject-centred Curriculum): বিষয়, কেন্দ্রিক পাঠ্যক্ৰমত কিছুমান বিশেষ বিষয় অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই পাঠ্যক্ৰমত শিক্ষার্থীৰ অভিজ্ঞতা আৰু প্ৰয়োজনতকৈ অধ্যয়নৰ বিষয়বস্তুৰ ওপৰত অধিক গুরুত্ব প্ৰদান কৰা হয়। এই পাঠ্যক্রমে ছাত্র-ছাত্রীক পাঠ্যক্ৰমত অন্তর্ভুক্ত বিষয়সমূহৰ ওপৰত বিশিষ্ট জ্ঞান অভিজ্ঞতা আহৰণৰ ওপৰত জোৰ দিয়ে। সেইবাবে বিষয়-কেন্দ্রিক পাঠ্যক্ৰম হৈ উঠে তত্ত্ব বিষয়ক, চিন্তা প্রধান আৰু মননাত্মক। এনে পাঠ্যক্ৰমৰ শিক্ষাদানৰ বাবে বিশেষজ্ঞ শিক্ষকৰো প্ৰয়োজন হয় 

(খ) ক্রিয়া-ভিত্তিক পাঠ্যক্রম (Activity-based Curriculum)  : শিশুৰ এক জন্মগত প্ৰৱণতা হৈছে কাম কৰি ভাল পোৱা শিশুৰ এই জন্মগত প্রৱণত্যক বেছি প্রবল কৰি তুলিবলৈ শিক্ষাবিদ আৰু মনোবিদসকলে ক্রিয়া ভিত্তিক পাঠ্যক্রম প্রস্তুতৰ পোষকতা কৰিছে। তত্ত্বভিত্তিক বা বিষয়-কেন্দ্রিক শিক্ষা পদ্ধতিৰ পৰিৱর্তে শিশুৱে নিজৰ ইচ্ছা, আগ্রহ আদিৰ জৰিয়তে অভিজ্ঞতা অৰ্জনৰ ওপৰত প্ৰকৃতিবাদীসকলে জোৰ দিছে। কর্ম প্রবণ শিশুক কাম কৰাৰ সুবিধা দিলে আৰু তেওঁলোকৰ সক্রিয় অংশ গ্রহণে অভিজ্ঞতা অর্জন কৰাত সহায় কৰে। গতিকে জ্ঞান আহৰণ প্ৰক্ৰিয়া কিছুমান তত্ত্বগধুৰ বিষয় অধ্যয়ন কৰাৰ পৰিৱৰ্তে কৰ্মৰ মাজেৰে পোৱা শিক্ষা হ’ব লাগে। আধুনিক শিক্ষা পদ্ধতি, যেনে— মণ্টেছৰী পদ্ধতি, ডেল্টন প্লেন, প্রকল্প পদ্ধতি আদি এই আদর্শেৰে পৰিচালিত।

(গ) অভিজ্ঞতাভিত্তিক পাঠ্যক্রম এইবিধ পাঠ্যক্রম উন্নত মানৰ আৰু বিভিন্ন ধৰণৰ জ্ঞান, কৌশল, মনোভাব আদিৰ অভিজ্ঞতাৰ যোগান ধৰে। এনে পাঠ্যক্ৰমৰ পৰা শিক্ষাৰ্থীয়ে জ্ঞান আৰু বাস্তব জীৱনৰ মাজত থকা গভীৰ সম্পৰ্কৰ বিষয়ে উপলব্ধি কৰিবলৈ সক্ষম হয়। শিক্ষাবিদ জন ডিউইয়ে শিশুৰ অভিজ্ঞতাক সর্বাধিক গুৰুত্ব প্ৰদান কৰিছে। 

(ঘ) অপৃথকীকৰণ পাঠ্যক্রম অপুথকীকৰণ পাঠ্যক্ৰমত বিশেষীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান নকৰে অৰ্থাৎ এই পাঠ্যক্ৰমত বিভিন্ন বিষয়ৰ ওপৰত বিশেষভাৱে অধ্যয়ন কৰাত গুৰুত্ব আৰোপ নকৰে। শিশুৰ পূর্ণ ব্যক্তিত্বৰ বিকাশ কোনো বিষয়ৰ বা সকলো বিষয়ৰ সামগ্রিকভাবে লাভ কৰা অভিজ্ঞতাৰ যোগেদিহে সম্ভৱ হৈ উঠে। সামগ্রীবাদী মনোবিজ্ঞানীসকলেও যিকোনো বিষয়ৰ সামগ্রিক ধাৰণাৰ জৰিয়তেহে শিক্ষণ সম্ভৱ হৈ উঠে বুলি বিশ্বাস কৰে। বিভিন্ন বিষয়ৰ একত্ৰিকৰণ আৰু কৰ্মৰ যোগেদিহে এই সংহতি অনাটো সম্ভব হৈ উঠে।

(ঙ) বুনিয়াদী শিক্ষা পাঠ্যক্রম জাতিৰ পিতা মহাত্মা গান্ধীয়ে বুনিয়াদী শিক্ষা পাঠ্যক্ৰমৰ প্ৰচলন আৰম্ভ কৰে। বুনিয়াদী শিক্ষা পাঠ্যক্ৰমৰ মূল উদ্দেশ্য হ’ল প্ৰতিজন শিক্ষার্থীৰে দেহ মন আৰু আত্মাৰ পূৰ্ণ বিকাশত সহায় কৰা। সহ-সম্বন্ধৰ নীতি এই পাঠ্যক্ৰমৰ মূল কথা। বুনিয়াদী শিক্ষাৰ পাঠ্যক্রম অনুসৰি কিছুমান উদ্দেশ্যধর্মী ক্রিয়াকলাপৰ দ্বাৰা শিক্ষার্থী সকলক

জনৰ যোগান ধৰিব লাগে। বুনিয়াদী শিক্ষা পাঠ্যক্ৰমৰ মতে জীৱনৰ বাস্তৱ অভিজ্ঞতা আৰু বিষয়সমূহৰ পুংখানুপুংখ ব্যক্তিগত নিৰীক্ষণেই হ’ল প্ৰকৃত জ্ঞান অৰ্জনৰ আহিলা। এই পাঠ্যক্রমে এহাতে ছাত্ৰ-ছাত্ৰীৰ মাজত বাস্তৱ জ্ঞান প্ৰদানৰ ওপৰত গুৰুত্ব দিয়ে আৰু আনুহাতে তেওঁলোকৰ অন্তৰত দেশপ্ৰেমৰ ভাব জাগ্রত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

(চ) জীৱনভিত্তিক পাঠ্যক্রম জীৱনভিত্তিক পাঠ্যক্রমক ভাৰসাম্য পাঠ্যক্রম হিচাপেও জনা যায়। এই পাঠ্যক্রমত, পাঠ্যক্রম প্রস্তুতিৰ গুৰুত্বপূৰ্ণ নীতিসমূহক অগ্রাধিকাৰ দিয়া হৈছে। জীৱনভিত্তিক পাঠ্যক্রমত বিভিন্ন পর্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তেওঁলোকৰ বয়স অনুযায়ী বিভিন্ন কাৰ্যা কলাপ আৰু বিষয়সমূহ নির্বাচন কৰা হয়। এইবিধ পাঠ্যক্রমে মানৱ জীৱনৰ প্ৰতিটো ক্ৰিয়া কলাপৰ দিশকেই সামৰি লয় আৰু এইদৰে জীৱনভিত্তিক পাঠ্যক্রমে ব্যক্তি আৰু সমাজ উভয়ৰে প্ৰয়োজন পূৰ কৰে। সাংস্কৃতিক পৰম্পৰা সমূহৰ সৈতে নতুন প্ৰজন্মক চিনাকি কৰি দি এই পাঠ্যক্রমে সাংস্কৃতিক সম্পদসমূহ এটা পুৰুষৰ পৰা আন | পুৰুষলৈ হস্তান্তৰ কৰাত সহায় কৰে। এই জীৱনভিত্তিক পাঠ্যক্রমে বর্তমানক ব্যাখ্যা কৰে আৰু ভৱিষ্যতৰ বাবে পৰিকল্পনা। কৰে। এনেদৰে, এইবিধ পাঠ্যক্রমে শিক্ষার্থীসকলক বৰ্তমানৰ সমাজ ব্যৱস্থাৰ লগত নিজকে খাপ খুৱাই লোৱাত সহায় কৰে।

প্রশ্ন ২। সহ-পাঠ্যক্রমিক কার্যৱলীৰ চাৰিটা প্ৰকাৰ উল্লেখ কৰা। 

উত্তৰঃ (১) এই ধৰণৰ কাৰ্যই ছাত্ৰ-ছাত্ৰীক শাৰীৰিক স্বাস্থ্য সুন্দৰভাৱে বজাই ৰখাত সহায় কৰে। 

(২) এনে ধৰণৰ কাৰ্যৱলীয়ে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক সক্ষমতা যেনে চিন্তা, যুক্তি আৰু সমস্যা সমাধান কৰাৰ ক্ষমতা আদি বৃদ্ধিত সহায় কৰে।

(৩) এই কাৰ্যসূচীয়ে ছাত্র-ছাত্ৰীক সামাজিকভাৱে পৈণত কৰি গঢ়ি তোলে। 

(৪) এইবিধ ক্রিয়াই ছাত্র-ছাত্রীক আরেগিকভাৱে পৈণত কৰে যিয়ে তেওঁলোকৰ সুস্থ ব্যক্তিত্ব গঢ়াত সহায় কৰে। 

প্রশ্ন ৩। কম্পিউটাৰ আৰু দূৰ সন্মিলনৰ বিষয়ে লিখা।

উত্তৰঃ কম্পিউটাৰ আৰু দূৰ সন্মিলন : বিজ্ঞানৰ এক অপূর্ব অৱদান কম্পিউটাৰ হ’ল এক ইলেকট্রনিক মেচিন যাৰ অবিহনে বর্তমান সমাজত কোনো এক বিষয় সম্পূর্ণ নহয়। অৱশ্যে ই নিজ ইচ্ছাত কোনো কাম কৰিব নোৱাৰে। ইয়াৰ সহায়ত কোনো কাম কৰিব লাগিলে প্রথমে ইয়াক কামটোৰ সম্পূৰ্ণ বিৱৰণ দিব লাগে। ইয়াক প্রপ্রেম বোলা হয়। প্রগ্রেম নড়বালে ই কোনোমতে নিজে কাম কৰিব নোৱাৰে। ভালেমান ছাত্র-ছাত্রীক একে সময়তে কোনো এটা কম্পিউটাৰত ভৰাই লোৱা বিষয় বস্তুৰে শিক্ষা দিব পাৰি। আঁচনিমতে কোনো পাঠৰ বাবে বিষয়বস্তু কম্পিউটাৰত ভৰোৱা হয়। প্রতিজন ছাত্ৰৰ সকলোবোৰ অনুক্ৰিয়া কম্পিউটাৰটোৱে ৰেকৰ্ড কৰিব আৰু সংৰক্ষণ কৰিব পাৰে। এনে অনুক্ৰিয়াৰ ভিত্তিত কম্পিউটাৰটোৱে নিৰ্ণয় কৰিব পাৰে অনুক্ৰিয়াটোৰ ঠিক পিছতে ছাত্ৰজনক কি খবৰটো দিব লাগিব৷ কোনো প্রশ্নৰ উত্তৰ কৰোতে এজন ছাত্ৰৰ কিমান সময় লাগে আৰু উত্তৰটো কিমান দূৰ শুদ্ধ হৈছে সেইবোৰ কম্পিউটাৰটোৱে ৰেকৰ্ড কৰে। ইয়াৰ ভিত্তিতে বিষয়বস্তুৰ কোন শাখা পিছত শিকিব পাৰি তাৰ আঁচনি হয়।

মানুহ এঠাইত গোট খাই মুখামুখিকৈ কৰা আলোচনাৰ যিমানখিনি সুবিধা আছে কম্পিউটাৰৰ সহায়ত বা আন প্ৰকাৰে সংযোগস্থাপন কৰি আলোচনাৰপৰা সিমানখিনি সুবিধা আশা কৰিব নোৱাৰি। কিন্তু আলোচনাৰ অংশগ্ৰহণকাৰী সকলৰ বিভিন্ন অসুবিধাৰ কাৰণে নির্দিষ্ট সময়ত নিৰ্দিষ্ট ঠাইত উপস্থিত হ’ব নোৱাৰাৰ কাৰণে কম্পিউটাৰ দুৰসন্মিলনৰ ব্যৱস্থা কৰা হয় যাতে এই অসুবিধাসমূহ দূৰ হ’ব পাৰে। কোনো সন্মিলনত হোৱা কথোপকথন কম্পিউটাৰৰ মেম’ৰিক জমা ৰাখিব পাৰি আৰু সন্মিলনত উপস্থিত থাকিব নোৱাৰা কোনো লোকে নিজ সুবিধা মতে কোনো সময়ত টাৰমিনেলত বহি মেম’ৰিৰ পৰা অনা সেই কথোপকথনতৃ উত্থাপিত প্রশ্নব উত্তৰ গ্ৰহণ কৰা, নিজ মস্তব্য যোগদিয়া আদি কার্য সম্পাদন কৰিব পাৰে। এই কম্পিউটাৰ সন্মিলনৰ বিকল্প হৈছে দুৰসন্মিলন আলোচনা। ইয়াত আলোচনাৰ অংশগ্ৰহণকাৰী সকল বিভিন্ন স্থানত থাকে কিন্তু তেওঁলোকে ইলেকট্রনিক সংযোগ ব্যৱস্থাৰে একে সময়তে আলোচনাত অংশগ্ৰহণ কৰিব পাৰে।

প্রশ্ন ৪। সুচলকাৰী বা সহজ কৰোঁতা হিচাপে শিক্ষকৰ ভূমিকা উল্লেখ কৰা। 

উত্তৰঃ শিক্ষাদান হ’ল একাধাৰে কলা, বিজ্ঞান আৰু কৌশলৰ সংমিশ্রণ। বর্তমান সময়ত শিক্ষাৰ নীতি আৰু পদ্ধতিত যথেষ্ট পৰিৱৰ্তন হোৱা হেতুকে শিক্ষকৰ দায়িত্বও দিনে দিনে বৃদ্ধি পাই আহিছে। শিক্ষাৰ মূল উদ্দেশ্য হ’ল ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন উন্নতি সাধন কৰা। এই উদ্দেশ্যত উপনীত হ’বৰ বাবে শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষানুষ্ঠানৰ ভিতৰত আৰু প্ৰয়োজন অনুসৰি শিক্ষানুষ্ঠানৰ বাহিৰতো সহায় আগবঢ়াব লাগে। শিক্ষকে শিক্ষাদান কৰাৰ আগতে শৈক্ষিক পৰিকল্পনা প্রস্তুত কৰি লোৱা প্ৰয়োজন। এনে পৰিকল্পিত পাঠদানত শিক্ষকে প্রয়োজনীয় উন্নত শিক্ষণ পদ্ধতি আৰু শিক্ষণীয় সা-সঁজুলি ব্যৱহাৰ কৰি শিক্ষাদান কৰিব পাৰে। ফলত কঠিন শিক্ষণীয় বিষয়ো ছাত্র-ছাত্রীয়ে সহজে আয়ত্ত কৰিব পাৰে। এনে ধৰণৰ উন্নত শিক্ষণ পদ্ধতিৰ পাঠদানে অমনোযোগী ছাত্ৰ-ছাত্ৰীৰো সহজতে শিক্ষণীয় বিষয়লৈ মনোযোগ আকর্ষণ কৰিব পাৰে৷ পঠনীয় বিষয়ৰ ওপৰত নিৰ্ভৰ কৰি শিক্ষকে প্রয়োজনসাপেক্ষে দৃশ্য-শ্ৰব্যৰ সঁজুলিও ব্যৱহাৰ কৰিব পাৰে। বিভিন্ন পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীৰ মনত অভিৰোচনৰ সৃষ্টি কৰি আত্ম-অনুশাসিত কৰাত সহায় কৰিব লাগে। শিক্ষকে ছাত্র-ছাত্রীসকলক আত্মোপলব্ধি কৰাত সহায় কৰিব লাগে যাতে শিক্ষণীয় বিষয়সমূহ কম কষ্টতে অতি সোনকালে নিখুঁতভাৱে আয়ত্ত কৰিব পাৰে। শিক্ষকে বিভিন্ন মনোবৈজ্ঞানিক পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীসকলৰ দেহ মানসিক অৱস্থাৰ বুজ ল’ব লাগে। ছাত্ৰ-ছাত্ৰীৰ বয়স, যোগ্যতা, সম্ভাৱনীয়তা আৰু বিকাশৰ স্তৰ আদিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাদান কৰিব লাগে। এনেদৰে ব্যক্তি পাৰ্থক্যৰ প্ৰতি লক্ষ ৰাখি শিক্ষা প্ৰদান কৰিলে ছাত্র ছাত্রীয়ে শিক্ষণীয় বিষয় আয়ত্তকৰণত সুবিধা পায়। গতিকে শিক্ষকৰ প্রধান দায়িত্ব হ’ল ছাত্ৰ ছাত্ৰীসকলক কোনো অসুবিধা নোপোৱাকৈ শিক্ষণীয় বিষয় আয়ত্তকৰণত আৰু শিক্ষা পৰিৱেশৰ লগত সমস্যামুক্তভাৱে সমাযোজন (Adjustinent) কৰণত সহায় কৰা।

প্রশ্ন ৫। অভিৰোচক বা অভিৰোচন সৃষ্টিকাৰী হিচাপে শিক্ষকৰ ভূমিকা। 

  উত্তৰঃ বৰ্তমান শিক্ষা ব্যৱস্থাত শিক্ষকৰ প্ৰথম দায়িত্ব হ’ল ছাত্ৰ-ছাত্ৰীসকলৰ মনত শিক্ষা গ্ৰহণৰ অভিৰোচনৰ সৃষ্টি কৰা। কাৰণ শিক্ষা গ্ৰহণৰ বাবে অভিৰোচন হ’ল প্রাণশক্তি স্বৰূপ। অভিৰোচনে এহাতে শিক্ষা আহৰণৰ বাবে প্রস্তুতি আনি দিয়ে আৰু আনহাতে শিক্ষা বিষয়

নিৰ্ধাৰণ, পৰিচালনা আৰু নিয়ন্ত্রণ কৰে। ই ছাত্ৰ-ছাত্ৰীৰ মনত প্ৰয়োজনীয় দেহ-মানসিক প্রস্তুতি আনি দি শিক্ষণ স্বতঃস্ফূর্ত কৰি তোলে। সেয়েহে প্রতিজন শিক্ষক আৰু শিক্ষা কর্তৃপক্ষ এইক্ষেত্ৰত সচেতন হ’ব লাগে। শিক্ষকৰ ব্যক্তিগত প্রচেষ্টা আৰু শিক্ষানুষ্ঠানৰ দৈহিক আৰু বৈষয়িক আকর্ষণীয়তাইহে শিক্ষাৰ্থীৰ মনত শিক্ষা গ্রহণৰ প্ৰতি ধাউতি জগাই তোলে। শিক্ষাৰ্থীৰ বিকাশৰ বিভিন্ন স্তৰৰ দেহ-মানসিক প্রয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি অভিৰোচনৰ সৃষ্টি কৰিব লাগে। এইক্ষেত্ৰত শিক্ষকে ব্যক্তি পার্থক্যৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে। শিক্ষাৰ্থীৰ ভিন্নমুখী প্রয়োজন পূৰণৰ বাবে শিক্ষা কৰ্তৃপক্ষয়ো ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শিক্ষকসকলে ছাত্র-ছাত্রীৰ মনত অভিৰোচনৰ সৃষ্টি কৰা বাহ্যিক আৰু আভ্যন্তৰীণ কাৰণসমূহ সম্বন্ধে সচেতন হ’ব লাগে। শিক্ষাৰ বাহ্যিক অভিৰোচনৰ বাবে প্রয়োজন হয় উন্নত শিক্ষা। পৰিৱেশ, শিক্ষাৰ সা-সঁজুলি, পুথিভঁৰাল, পাঠাগাৰ, বিজ্ঞানাগাৰ, প্রয়োগশালা’ সুব্যৱস্থা আৰু শিক্ষকৰ ব্যক্তিত্ব তথা উন্নত শিক্ষা পদ্ধতিৰ। তেনেদৰে আভ্যন্তৰীণ অভিৰোচনৰ সৃষ্টি কৰিবলৈ ছাত্ৰৰ ব্যক্তিগত আগ্রহ, ক্ষমতা, অর্হতা, উন্নতিৰ গতি আদিৰ প্রতি শিক্ষকে সচেতনতাবে লক্ষ্য ৰাখিব লাগে আৰু প্ৰয়োজনীয় ক্ষেত্ৰত প্ৰেৰণা যোগাব লাগে। ছাত্র-ছাত্রীয়ে মনোযোগেৰে শিক্ষা আহৰণৰ ক্ষেত্ৰত বাহ্যিক আৰু আভ্যন্তৰীণ দুয়োবিধ অভিবোচনেই সমানেই প্রয়োজনীয়। ছাত্ৰ-ছাত্ৰীৰ মনত অভিৰোচনৰ সৃষ্টি কৰিবৰ বাবে শিক্ষকে শ্রেণীকোঠাত কিছুমান পন্থাব সহায় ল’ব পাৰে, সেইসমূহ হ’ল– 

১। অমনোযোগী ছাত্র-ছাত্রীসকলক হঠাতে বিষয়বস্তুৰ ওপৰত সমূহীয়াভাৱে প্ৰশ্ন সুধি শিক্ষণীয় বিষয়বস্তুৰ প্রতি মনোযোগ আকৰ্ষণ কৰিব পাৰে। 

২। উদাহৰণেৰে বুজালে শিক্ষণীয় বিষয় মনোযোগী হৈ উঠে।

৩। শিক্ষণীয় বিষয় ক্রমে সহজৰ পৰা কঠিনলৈ পঢ়ুৱালে ছাত্ৰ-ছাত্ৰীৰ আয়ত্তকৰণত সুবিধা হয় আৰু মনোযোগ দিব পাৰে।

৪। ছাত্র-ছাত্ৰীক ভাল কামৰ বাবে উৎসাহিত কৰিবৰ বাবে প্রশংসা আৰু পুৰষ্কাৰ আৰু বেয়া কামৰ বাবে দোষাৰোপকৰণ আৰু শাস্তি বিধানৰ ব্যৱস্থা কৰিব পাৰে। 

৫। ছাত্ৰ-ছাত্ৰীৰ মাজত সুস্থ প্রতিযোগিতাৰ ভাব সৃষ্টি কৰি শিক্ষণীয় মনোযোগ দিয়াত সহায় কৰিব পাৰে। 

প্রশ্ন 7. হাৰ্ডৱেৰ আৰু ছফটৱেৰ বুলিলে কি বুজা?

উত্তৰঃ কম্পিউটাৰৰ চকুৰে দেখা আৰু হাতেৰে স্পৰ্শ কৰিব পৰা সকলো ভৌতিক অংশকে হাৰ্ডৱেৰ বোলা হয়। উদাহৰণস্বৰূপে, কিবোর্ডখন, চি পি ইউ (CPU), ভি ডি ইউ (VDU), প্রিণ্টাৰ, ডিক্স ছাইড এই সকলোবোৰেই হ’ল হাৰ্ডৱেৰ।

কম্পিউটাৰৰ দ্বাৰা সমস্যা এটাৰ সমাধান বা আন কোনো কাৰ্য কৰিবলৈ দিয়া নির্দেশক প্ৰ’গ্ৰেম (Program) বুলি কোৱা হয়। কম্পিউটাৰৰ লগত জড়িত সকলো ধৰণৰ প্ৰগ্ৰেমক ছফটৱেৰৰ দ্বাৰা বুজোৱা হয়। এই ছফটৱেৰ ফ্লপি ডিক্স, টেপ, কেছেট, ৰম (ROM) আদিত সাঁচি ৰখা হয় আৰু এইবোৰৰ সহায়েৰে প্ৰয়োজন মতে কম্পিউটাৰ ব্যৱহাৰ কৰোতাজনে কম্পিউটাৰৰ দ্বাৰা বিভিন্ন ধৰণৰ কাম কৰিবলৈ সক্ষম হয়। সেয়েহে এই ছফটৱেৰ অবিহনে

কম্পিউটাৰৰ হাৰ্ডৱেৰৰ বিশেষ কোনো গুৰুত্ব নোহোৱা হৈ পৰে। সেয়েহে ছফট্‌ৱেৰৰ মুখ্য উদ্দেশ্য হ’ল হাৰ্ডৱেৰ ব্যৱহাৰ কৰাত দক্ষতা বঢ়োৱা আৰু কম্পিউটাৰ ব্যৱহাৰ কৰিব খোজাজনৰ বাবে কম্পিউটাৰ ব্যৱহাৰ কৰিবলৈ সহজ কৰি তোলা।

ছফট্‌ৱেৰৰ প্ৰধান ভাগকেইটা হ’ল—

(ক) অপাৰেটিং ছিষ্টেম (Operating System), 

(খ) ইউটিলিটি প্ৰ’গ্ৰেম (Utility program), 

(গ) এপ্লিকেছন ছফটৱেৰ পেকেজেছ্ (Application Software Packages), 

(ঘ) ভাষা প্র’চেছৰ (Language Processors) |

প্রশ্ন ৮। পাঠ্যক্রম কি ? পাঠ্যক্ৰমৰ চাৰিটা প্রয়োজনীয়তা দাঙি ধৰা।

উত্তৰঃ পাঠ্যক্রম শব্দ বিশ্লেষণ কৰিলে পাব পাৰি যে ইয়াৰ ইংৰাজী শব্দ curriculum পুৰণি লেটিন ভাষাৰ ‘currere’ শব্দৰ পৰা উৎপত্তি হৈছে। ইয়াৰ অৰ্থ race course’ বা ঘোঁৰা দৌৰ দিয়া স্থান যাক অতিক্রম কৰি লক্ষ্যস্থানত উপনীত হ’ব পৰা যায়। বর্ত্তমান এই অর্থ শিক্ষাৰ লক্ষ্ম সাধন কৰিবৰ বাবে অধ্যয়ন কৰিব লগা নির্দিষ্ট পাঠ্যবিষয়ৰ উপাদানক বুজোৱা হয়।

পাঠ্যক্ৰমৰ চাৰিটা প্ৰয়োজনীয়তা হল—

(ক) পাঠ্যক্ৰমৰ সহায়ত শিক্ষাৰ মূল বা সত্যতা কাৰ্য-প্ৰণালীৰ দ্বাৰা বাস্তবায়িত কৰিব পাৰি। 

(খ) পাঠ্যক্রমে শিক্ষণ-শিকন প্ৰক্ৰিয়াৰ নিৰ্দেশক হিচাপে ভূমিকা পালন কৰে। পাঠ্যক্ৰমৰ অবিহনে শিক্ষা প্রক্রিয়াটো নিৰ্থক।

(গ) পাঠ্যক্ৰমৰ দ্বাৰা শিক্ষাৰ লক্ষণসমূহত উপনীত হ’ব পৰা যায় আৰু শিক্ষাৰ্থীৰ সৰ্বাঙ্গীন বিকাশত সহায় কৰে। 

(ঘ) পাঠ্যক্ৰমৰ বহল ক্ৰিয়া সূচী আৰু অভিজ্ঞতাৰ দ্বাৰা শিক্ষার্থীয়ে সামাজিক প্রয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি নিজকে যোগ্য কৰি তোলে।

This Post Has 2 Comments

Leave a Reply