HS First Year Education Chapter 1 – শিক্ষাৰ ধাৰণা আৰু লক্ষ্য

HS First Year Education Chapter 1 – শিক্ষাৰ ধাৰণা আৰু লক্ষ্য। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Education Chapter 1 – শিক্ষাৰ ধাৰণা আৰু লক্ষ্য AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয় HS First Year Education Chapter 1 – শিক্ষাৰ ধাৰণা আৰু লক্ষ্য

HS First Year Education Chapter 1 – শিক্ষাৰ ধাৰণা আৰু লক্ষ্য

অতি চমু প্রশ্নোত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-১)

A. এটা শব্দ বা বাক্যত উত্তৰ দিয়াঃ

প্রশ্ন ১। লেটিন শব্দ ‘Educare’- অর্থ কি ?

উত্তৰ: তুলি-তালি ডাঙৰ-দীঘল কৰা বা প্রতিপালন কৰা’। 

প্রশ্ন ২। লেটিন শব্দ ‘Education’ ৰ অৰ্থ কি ?

 উত্তৰ: ‘An act of teaching’ বা শিক্ষাদান কৰা কাৰ্য।

প্রশ্ন ৩। উপযুক্ত সময়ত সুখ আৰু দুখ অনুভৱ কৰিব পৰা সামর্থ্যই হ’ল শিক্ষা এই উক্তিটো কাৰ?

উত্তৰ: প্লেটোৰ৷

প্রশ্ন ৪। কোনে শিক্ষাক দ্বি-পাক্ষিক প্রক্রিয়া বুলি অভিহিত কৰিছে?

উত্তৰ: শিক্ষাবিদ ছাৰ জন আদাম্‌ছে।

প্রশ্ন ৫। ত্রিপক্ষীয় শিক্ষাত কি কি তিনিটা দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে? 

উত্তৰ: শিক্ষার্থী, শিক্ষক আৰু সামাজিক পৰিবেশ। 

প্রশ্ন ৬। ‘Emile’ (এমিল) গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰ: বিখ্যাত প্রকৃতিবিদ জে. জে. কছো

প্রশ্ন ৭। ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ গুৰি ধৰোতা কোন? 

উত্তৰ: ইংলেণ্ডৰ ছাৰ টি. পি. নান। 

প্রশ্ন ৮। ত্রিপক্ষীয় শিক্ষা পদ্ধতিত শিক্ষক, শিক্ষার্থী আৰু কিহৰ অন্তর্ভুক্তিৰ কথা জন ডিউহয়ে কৈছে?

উত্তৰ: সামাজিক পৰিবেশৰ।

প্রশ্ন ৯। কিণ্ডাৰ গার্টেন স্কুলৰ জন্মদাতা কোন? 

উত্তৰ: জার্মানীৰ শিক্ষা দার্শনিক ফ্রবেল (Froebel)

প্রশ্ন ১০। বিখ্যাত গ্রন্থ Republic ( বিপাব্লিক) ৰ ৰচক কোন?

উত্তৰ: প্লেটো।

প্রশ্ন ১১। শিক্ষাৰ কি লক্ষ্যত ব্যক্তিসত্তাৰ বিকাশৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে?

উত্তৰ: শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যত।

প্রশ্ন ১২। শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যত বৰ্তমানৰ বাবে গ্রহণযোগ্য দৃষ্টিভঙ্গী কোনে আগবঢ়ায় ?

উত্তৰ: দার্শনিক জন ডিউইয়ে (John Dewey)

প্রশ্ন ১৩। কোন শিক্ষাবিদে শিক্ষাৰ লক্ষ্য হিচাপে সামাজিক যোগ্যতা (Social efficiency) অৰ্জনৰ ওপৰত বিশেষ গুৰুত্ব দিছে?

উত্তৰ: শিক্ষাবিদ জন ডিউইয়ে।

প্রশ্ন ১৪। ‘শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে – এই উক্তিটো কৰি ?

উত্তৰ: দার্শনিক এৰিষ্ট টলৰ।

প্রশ্ন ১৫। এটা লেটিন শব্দৰ উৎপত্তি মতে ইংৰাজীৰ ‘এডুকেচন’ শব্দত ‘duco’ শব্দৰ অর্থ কি ?

উত্তৰ: ‘duco’ মানে হ’ল ‘উলিয়াই আনা’, ‘বিকশিত কৰা’।

প্রশ্ন ১৬। শিক্ষাক কোনে দ্বি-পাক্ষিক প্রক্রিয়া বুলি কৈছিল?

উত্তৰ: ছাৰ জন আদমচে। 

প্রশ্ন ১৭। ‘শিক্ষা হৈছে এক জীৱনজোৰা প্ৰক্ৰিয়া যাৰ যোগেদি অভিজ্ঞতাৰ পুনৰ নিৰ্মাণ কৰিব পৰা যায়। কথাষাৰ কোনে কৈছিল? 

উত্তৰ: জন ডিউইয়ে।

প্রশ্ন ১৮। ‘সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰাটোৱেঁই শিক্ষা।’— এই কথাষাৰ কোনে কৈছিল?

উত্তৰ: এৰিষ্ট টলে।

প্রশ্ন ১৯। শিক্ষাৰ ক্ৰি-পাক্ষিক প্রক্রিয়া কোনে সমৰ্থন কৰিছিল?

উত্তৰ: জন ডিউইয়ে।

প্রশ্ন ২০। শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যৰ মুখ্য সমর্থক কোন আছিল?

উত্তৰ: ছাৰ পাৰ্চি নান (Percy Nunn) 

প্রশ্ন ২১। Education শব্দটো গ্রীক / লেটিন/ফৰাচী ভাষাৰ পৰা আহিছে।

উত্তৰ: লেটিন।

প্রশ্ন ২২। শিক্ষাৰ এটা সংজ্ঞা দিয়া। 

উত্তৰ: শিক্ষা হ’ল মানুহৰ অন্তর্নিহিত শক্তিৰ স্বাভাৱিক ঐক্যবদ্ধ আৰু প্ৰগতিশীল বিকাশ।

প্রশ্ন ২৩। আধুনিক শিক্ষাৰ পিতৃ বুলি কাক কোৱা হয়? 

উত্তৰ: পেষ্টালজী।

প্রশ্ন ২৪। ‘School’ শব্দটোৰ মূল গ্রীক শব্দটো কি?

উত্তৰ: ‘skhole’

প্রশ্ন ২৫। শিক্ষা হ’ল মানুহৰ অন্তর্নিহিত পূৰ্ণতাৰ স্পষ্ট প্রকাশ’ কথাষাৰ কোনে কৈছিল?

উত্তৰ: স্বামী বিবেকানন্দই।

প্রশ্ন ২৬। “শিক্ষা হ’ল মানুহৰ অন্তর্নিহিত শক্তিৰ স্বাভাৱিক সুসামঞ্জস্যপূর্ণ আৰু প্ৰগতিশীল বিকাশ – কথাষাৰ কোনে কৈছিল?

উত্তৰ: পেষ্টালজী।

প্রশ্ন ২৭। “শিক্ষা বুলিলে মই শিশু আৰু পৈণত বয়সৰ মানুহৰ শৰীৰ, মন আৰু আত্মা বিকাশকে বুজোঁ।”— কথাষাৰ কোনে কৈছিল?

উত্তৰ: মহাত্মা গান্ধীয়ে। 

B. ভুল-শুদ্ধ উত্তৰ দিয়াঃ

প্রশ্ন ১। ব্যক্তিকেন্দ্রিক লক্ষ্য আৰু সমাজকেন্দ্রিক লক্ষ্য আচলতে ইটো সিটোৰ পৰিপূৰকহে, বিৰোধী নহয়।

উত্তৰ: শুদ্ধ। 

প্রশ্ন ২। আনুষ্ঠানিক শিক্ষাৰ পৰা লাভ কৰা ডিগ্রী, ডিপ্লমা আদি সামাজিকভাৱে স্বীকৃত।

উত্তৰ: শুদ্ধ। 

প্রশ্ন ৩। লেটিন শব্দ ‘Educare’- Education ৰ লগত কোনো সম্বন্ধ নাই। 

উত্তৰ: ভুল।

প্রশ্ন ৪। বর্তমান শিক্ষাক এক দ্বি-পক্ষীয় প্রক্রিয়া ৰূপে বিবেচনা কৰা হৈছে।

উত্তৰ: ভুল।

প্রশ্ন ৫। সামাজিক পৰিবৰ্তনত শিক্ষাই এক গুৰুত্বপূৰ্ণ আহিলা স্বৰূপে কাম কৰে।

উত্তৰ: শুদ্ধ।

প্রশ্ন ৬। উদ্দেশ্য প্রণোদিতভাৱে নির্দিষ্ট সময়ৰ বাবে নির্দিষ্ট পাঠ্যক্ৰমৰ জ্ঞান প্ৰদান কৰাকে সংকীর্ণ অৰ্থত শিক্ষা বোলা হয়। 

উত্তৰ: শুদ্ধ।

প্রশ্ন ৭। ৰুচো হ’ল এজন মহান ভাৰতীয়। 

উত্তৰ: ভুল।

প্রশ্ন ৮। আধুনিক শিক্ষা হ’ল বিষয়কেন্দ্রিক।

উত্তৰ: ভুল।

প্রশ্ন ৯। পুথিগত জ্ঞান অর্জনকহে প্রকৃত অর্থত শিক্ষা বোলা হয়।

উত্তৰ: ভুল।

প্রশ্ন ১০। ‘Education’ শব্দটো ফ্ৰেন্স ভাষাৰ পৰা উৎপত্তি হৈছে।

উত্তৰ: ভুল! 

প্রশ্ন ১১। কৌটিল্য, পানিনি আদি মহান আধুনিক ভাৰতীয় শিক্ষাবিদ৷

উত্তৰ: ভুল।

প্রশ্ন ১২। শিক্ষা মানুহৰ সভ্যতা-সংস্কৃতি বিকাশক, সংৰক্ষক নহয়। 

উত্তৰ: শুদ্ধ।

প্রশ্ন ১৩। আধুনিক শিক্ষা হ’ল শিশুকেন্দ্রিক।

উত্তৰ: শুদ্ধ।

প্রশ্ন ১৪। শিক্ষাৰ কোনো সত্তা নাই।

উত্তৰ: ভুল। 

প্রশ্ন ১৫। জন ডিউইয়ে সামাজিক লক্ষ্য প্রবৰ্তন কৰিছিল?

উত্তৰ: শুদ্ধ।

প্রশ্ন ১৬। জীৱবিদ্যাৰ লগত শিক্ষাৰ কোনো সম্পর্ক নাই।

উত্তৰ: অশুদ্ধ।

C. খালী ঠাই পূৰ কৰাঃ

প্রশ্ন ১Democracy and Education নামৰ গ্ৰন্থৰ ৰচয়িতা হ’ল ………    

উত্তৰ: জন ডিউই।

প্রশ্ন ২। ‘Educare’ এটা……..শব্দ।

উত্তৰ: লেটিন শব্দ। 

প্রশ্ন ৩। আনুষ্ঠানিক শিক্ষা হ’ল যথেষ্ট…….- কিন্তু অনানুষ্ঠানিক শিক্ষা সহজলভ্য

উত্তৰ: ব্যয়বহুল।

প্রশ্ন ৪। বৰ্তমানৰ শিক্ষা….  কেন্দ্রিক।

উত্তৰ: শিশু।

প্রশ্ন ৫। …….  – ৰ শিক্ষাৰ এটা উদাহৰণ হৈছে দূৰবর্তী শিক্ষা। 

উত্তৰ: অগানুগতিক শিক্ষা।

চমু প্রশ্নোত্তৰ প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ২/৩)

প্রশ্ন ১। আনুষ্ঠানিক শিক্ষাৰ বৈশিষ্ট্য লিখা। 

উত্তৰ: আনুষ্ঠানিক শিক্ষাৰ বৈশিষ্ট্য হ’ল—

(ক) আনুষ্ঠানিক শিক্ষা পূর্ব নির্ধাৰিত নীতি নিয়ম আৰু অনুশাসন ব্যৱস্থাৰ দ্বাৰা পৰিচালিত। 

(খ) এই শিক্ষা পুথিগত জ্ঞানৰ জৰিয়তে অৰ্জন কৰা হয়।

(গ) এই শিক্ষা পূর্ব পৰিকল্পিত আৰু পৰিচালিত।

প্রশ্ন ২। শিক্ষা হ’ল দ্বি-পাক্ষিক প্রক্রিয়া’— ইয়াত কোন দুটা পক্ষৰ কথা কোৱা হৈছে?

উত্তৰ: (ক) শিক্ষক আৰু (খ) ছাত্ৰ-ছাত্ৰী।

প্রশ্ন ৩। শিক্ষাৰ প্রধান লক্ষ্য দুটা কি কি?

উত্তৰ: শিক্ষাৰ প্রধান লক্ষ্য দুটা হ’ল—

(ক) ব্যক্তিকেন্দ্রিক লক্ষ্য আৰু 

(খ) সমাজকেন্দ্রিক লক্ষ্য।

প্রশ্ন ৪। শিক্ষা কেইপ্ৰকাৰ আৰু কি কি?

উত্তৰ: শিক্ষা তিনি প্ৰকাৰৰ। যেনে—

(ঝ) আনুষ্ঠানিক শিক্ষা 

(খ) অনানুষ্ঠানিক শিক্ষা আৰু 

(গ) অগতানুগতিক শিক্ষা। 

প্রশ্ন ৫। শিক্ষা’ শব্দটো কোন শব্দৰ পৰা উৎপত্তি হৈছে? ইয়াৰ অৰ্থ কি ? 

উত্তৰ: লেটিন ভাষা ‘এডুকেয়াৰ’ (Educare) শব্দৰ পৰা উৎপত্তি হৈছে যাৰ অৰ্থ হৈছে লালন-পালন কৰা। 

প্রশ্ন ৬। অনানুষ্ঠানিক শিক্ষাৰ দুটা বা তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰ: অনানুষ্ঠানিক শিক্ষাৰ বৈশিষ্ট্য হ’ল—

(ক) এই শিক্ষা যিকোনো বয়সতে সমাজৰ আৰু ব্যক্তিগত প্রয়োজনৰ ভিত্তিত কৰিব পাৰি। 

(খ) এই শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া।

(গ) এই শিক্ষা ব্যয়বহুল নহয়।

প্রশ্ন ৭। শিক্ষাৰ সংকীর্ণ অৰ্থৰ তিনিটা বৈশিষ্ট্য লিখা। 

উত্তৰ: শিক্ষাৰ সংকীর্ণ অৰ্থৰ তিনিটা বৈশিষ্ট্য হল—

(ক) শিক্ষা কেৱল বিদ্যালয়, মহাবিদ্যালয় আদি অনুষ্ঠানত লাভ 

(খ) কেৱল শিক্ষক-শিক্ষয়িত্ৰীয়েহে এই শিক্ষা দান কৰে।

(গ) শিক্ষা কেৱল শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমতে সীমাবদ্ধ। 

প্রশ্ন ৮। শিক্ষাৰ ব্যাপক অৰ্থৰ তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰ: শিক্ষাৰ ব্যাপক অৰ্থৰ তিনিটা বৈশিষ্ট্য হ’ল– 

(ক) শিক্ষা যিকোনো পৰিস্থিতিত আহৰণ কৰা হয়।

(খ) শিক্ষাৰ পৰিসৰ কোনো নির্দিষ্ট পাঠ্যক্ৰমত সীমাবদ্ধ নহয়, ই সীমাহীন।

(গ) শিক্ষা এক বিকশাত্মক প্রক্রিয়া।

প্রশ্ন ৯। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ তিনিটা গুণ উল্লেখ কৰা।

উত্তৰ: শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ তিনিটা গুণ হ’ল—

(ক) ব্যক্তিৰ উন্নতি সাধনেই এই লক্ষ্যৰ মূল বিষয়বস্তু বুলি কোৱা হয়।

(খ) প্রত্যেক ব্যক্তিকে নিজৰ শক্তি সামর্থ্যৰ লগত সম্বন্ধ ৰাখি বিকাশ ঘটিবলৈ দিয়াটোৱেই

শিক্ষাৰ লক্ষ্য হ’ব লাগে।

(গ) শিক্ষাৰ জৰিয়তে ভিতৰৰ আৰু বাহিৰৰ প্ৰকৃতিৰ নিয়ন্ত্ৰণ কৰি অন্তর্নিহিত এই ঐশ্ববিক গুণৰ বিকাশ ঘটোৱাই জীৱনৰ লক্ষ্য।

প্রশ্ন ১০। ব্যক্তিকেন্দ্রিক লক্ষ্যৰ তিনিটা দোষ লিখা।

উত্তৰ: ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ তিনিটা দোষ হ’ল—

(ক) ৰেমণ্টৰ মতে, “অকলশৰীয়া এজন ব্যক্তি হৈছে অলীক ব্যক্তিৰ চিন্তা কৰিব নোৱাৰি। কল্পনা। সমাজক বাদ দি

(খ) ব্যক্তিৰ ওপৰত বেছি গুৰুত্ব দিলে প্রত্যেক ব্যক্তিয়ে নিজৰ প্ৰাপাৰ কথাহে চিন্তা কৰিব, তেওঁৰ দায়িত্বৰ কথা চিন্তা নকৰে।

(গ) ব্যক্তিৰ বিকাশৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ কৰিলে ৰাজনৈতিক আৰু অর্থনৈতিক দিশত খেলিমেলিৰ সৃষ্টি হ’ব পাৰে।

প্রশ্ন ১১। শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ দুটা বা তিনিটা গুণ লিখা।

উত্তৰ: শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ তিনিটা গুণ হ’ল—

(ক) এই লক্ষ্যই প্রত্যেক ব্যক্তিক উপযুক্ত নাগৰিক হিচাপে গঢ় দি তোলাত গুৰুত্ব আৰোপ কৰে।

(খ) এই লক্ষ্যই সামাজিক সমস্যা সমাধানত ব্যক্তিক সহায় কৰে।

(গ) শিক্ষাৰ জৰিয়তে এখন সমাজৰ সংস্কৃতি এক পুৰুষৰ পৰা পিছৰ পুৰুষলৈ হস্তান্তৰ কৰিব লাগে আৰু ইয়াৰ পৰিবৰ্তন হ’ব লাগে।

প্রশ্ন ১২। সমাজকেন্দ্রিক লক্ষ্যৰ বিপক্ষে যুক্তি দিয়া।

উত্তৰ: (ক) ইয়াত ব্যক্তিৰ অস্তিত্ব স্বীকাৰ কৰা নহয় ৷

(খ) ব্যক্তি বিশেষৰ সম্ভাৱনীয়তাসমূহ সম্পূর্ণকৈ বিকাশ হোৱাত প্রয়োজনীয় সুবিধাৰ অৱকাশ নাথাকে।

(গ) দেশৰ বিকাশত অনবৰতে গুৰুত্ব দিয়া শিক্ষা ব্যৱস্থাত ব্যক্তিয়ে নিজৰ বিকাশৰ বাবে ঊচিত পৰিমাণৰ প্ৰেৰণা লাভ নকৰে৷

প্রশ্ন ১৩। শিক্ষা এক ত্রিপাক্ষিক প্রক্রিয়া’। ইয়াত কোন তিনিটা পক্ষৰ কথা উল্লেখ কৰিছে।

উত্তৰ: (ক) শিক্ষক 

(খ) শিক্ষার্থী আৰু 

(গ) সামাজিক পৰিবেশ (পাঠ্যক্রম)।

প্রশ্ন ১৪। অগতানুগতিক শিক্ষাৰ তিনিটা উদ্দেশ্য লিখা।

উত্তৰ: অগতানুগতিক শিক্ষাৰ তিনিটা উদ্দেশ্য হ’ল

(ক) ৬ বছৰৰ পৰা ১৪ বছৰ বয়সৰ ল’বা-ছোৱালীৰ শিক্ষাৰ হাৰ বৃদ্ধি কৰা।

(খ) শিক্ষাক সার্বজনীন ৰূপ দিয়াত সহায় কৰা।

(গ) সময়োপযোগী শিক্ষাদানৰ ব্যৱস্থা কৰা।

প্রশ্ন ১৫। অগতানুগতিক শিক্ষাৰ তিনিটা সুবিধা লিখা।

উত্তৰ: অগতানুগতিক শিক্ষাৰ তিনিটা সুবিধা হ’ল

(ক) এই শিক্ষা আনুষ্ঠানিক শিক্ষাতকৈ জীৱন নিৰ্বাহ প্ৰণালীৰ লগত অধিক ঘনিষ্ঠ।

(খ) এই শিক্ষাৰ জৰিয়তে কিবা কাৰণত আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হোৱা ব্যক্তিক আকৌ শিক্ষা লোৱাৰ সুবিধা প্ৰদান কৰে। 

(গ) এনে শিক্ষাৰ দ্বাৰা বিশেষকৈ আর্থিকভাৱে অনুন্নত ব্যক্তিয়ে বেছি উপকাৰ পায়, কাৰণ ইয়াত শিক্ষাৰ সা-সঁজুলি বিনামূলীয়া৷ 

প্রশ্ন ১৬। ‘Education’ শব্দটোৰ উৎপত্তি ব্যাখ্যা কৰা।

উত্তৰ: শিক্ষা শব্দটোৰ ইংৰাজী প্রতিশব্দ ‘Education’ৰ উৎপত্তি সম্বন্ধে বিভিন্ন মতামত আছে। জন আদামচৰ (John Adams) মতে Education শব্দটো লেটিন ভাষাৰ ‘Educare’ ৰ পৰা আহিছে। Educare শব্দৰ অৰ্থ হৈছে ‘তুলি তালি ডাঙৰ দীঘল কৰা’ বা ‘প্রতিপালন কৰা’। Education শব্দটো আন দুটা লেটিন শব্দ E.আৰু Ducoৰ পৰা অহা বুলিও কোনো কোনো শিক্ষাবিদে মত পোষণ কৰিছে। ইয়াৰ শব্দগত অৰ্থ হ’ল E = Out of য’ৰ পৰা আৰু Duco = I lead অর্থাৎ মই আগবাঢ়ো বা ম‍ই বিকাশ লাভ কৰো। আন দুটা লেটিন শব্দ Educere আৰু Educatum ৰ লগতো Education শব্দটোৰ উৎপত্তিৰ সম্বন্ধ আছে বুলি অনুমান কৰা হৈছে।

প্রশ্ন ১৭। শিক্ষাৰ বৃত্তিমূলক লক্ষ্যৰ তিনিটা প্রয়োজন উল্লেখ কৰা। 

উত্তৰ: শিক্ষাৰ বৃত্তিমূলক লক্ষ্যৰ তিনিটা প্রয়োজন হ’ল

(ক) বৃত্তিয় শিক্ষাই ব্যক্তিৰ সু-সামঞ্জস্য বিকাশ কৰি সমাজ সেৱাত ব্ৰতী হ’বলৈ শিকায়। 

(খ) ব্যক্তিৰ নিজস্ব যোগ্যতা প্ৰতিভা আৰু সম্ভাৱনীয়তা বিকাশত সহায় কৰিব পাৰে। 

(গ) নিবনুৱা সমস্যা সমাধান কৰি দেশৰ আর্থ সামাজিক বিকাশত অৰিহণা যোগায়।

প্রশ্ন ১৮। আনুষ্ঠানিক শিক্ষাৰ দুটা লক্ষ্য কি কি?

উত্তৰ: (ক) সাৰ্বজনীন শিক্ষাৰ প্ৰসাৰ ঘটোৱা (খ) সজ অভ্যাস গঠন কৰা।

প্রশ্ন ১৯। অগতানুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ : অগতানুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য হ’ল–

(ক) অগতানুগতিক শিক্ষা শিক্ষাৰ্থীৰ জীৱন আৰু কাৰ্যৰ লগত সংলগ্ন।

(খ) এই শিক্ষা অংশকালীন আৰু সুলভ মূল্যৰ৷

প্রশ্ন ২০। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ পাৰ্থক্য লিখা। 

উত্তৰ: শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্রিক লক্ষ্যৰ পাৰ্থক্য তলত উল্লেখ কৰা

ব্যক্তিকেন্দ্রিক লক্ষ্যসমাজকেন্দ্রিক লক্ষ্য
১। এই লক্ষ্য প্রকৃতিবাদ দৰ্শনৰ ওপৰত প্ৰতিস্থিত।
২। ই মানুহৰ জৈৱিক বংশগতিৰ ওপৰত গুৰুত্ব দিয়ে।
১। এই লক্ষ্য প্রয়োগবাদ দৰ্শনৰ ওপৰত প্ৰতিস্থিত।
২। মানুহৰ সামাজিক বংশগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্রশ্ন ২১। অগতানুগতিক শিক্ষা কি?

উত্তৰ: অ-গতানুগতিক শিক্ষা এক বিশেষ ধৰণৰ পৰিকল্পনা আৰু আনুষ্ঠানিকতাৰ মাজেৰে প্ৰদান আৰু গ্ৰহণ কৰা হয়। এই শিক্ষা হৈছে এনে শিক্ষা পৰিকল্পনা য’ত নমনীয়তা শিক্ষাৰ মূল চাবিকাঠী। অর্থাৎ এনে শিক্ষাত নমনীয় নিয়ম-শৃংখলাৰ মাজেৰে শিক্ষাৰ পৰিকল্পনা প্রস্তুত কৰি কিছু সৰলভাৱে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হয়। এনে প্রক্রিয়াত নামভৰ্তিকৰণ, পাঠ্যক্রম, শিক্ষা প্ৰদান আৰু গ্ৰহণৰ স্থান, শিক্ষা প্ৰদানৰ ৰীতি-নীতি, শিক্ষাৰ সময় আৰু স্থিতিকাল আদিৰ ক্ষেত্ৰত নমনীয় নীতি গ্রহণ কৰা হয়। এনেবোৰ দিশৰ ক্ষেত্ৰত এই শিক্ষা এক মুকলি প্ৰক্ৰিয়াৰ শিক্ষা বুলি কোৱা হয়। 

প্রশ্ন ২২। “শিক্ষা এটা ত্রি-পাক্ষিক প্রক্রিয়া” — কথাষাৰ কোনে কৈছিল? চমুকৈ ব্যাখ্যা কৰা।

উত্তৰ: শিক্ষা এক ত্ৰি-পাক্ষিক প্রক্রিয়া বুলি জন ডিউয়ে কৈছিল। তেখেতে উল্লেখ কৰিছিল যে ছাত্ৰ আৰু শিক্ষকৰ উপৰিও শিক্ষাক্ষেত্ৰত জড়িত থকা তৃতীয় প্রয়োজনীয় দিশটো হ’ল সামাজিক দিশ। সমাজৰ ৰীতি-নীতি, আদর্শ আদি শিক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক পৰিচয় কৰাই দি সমাজৰ একো একোজন সু-নাগৰিক কৰি গঢ়ি তোলাটো শিক্ষাৰ অন্যতম লক্ষ্য। গতিকে ত্রি-পক্ষীয় শিক্ষা ব্যৱস্থাত তিনিটা দিশৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছে, সেই তিনিটা হ’ল– (১) শিক্ষক (২) ছাত্ৰ-ছাত্ৰী আৰু (৩) সামাজিক পৰিবেশ বা পাঠ্যক্রম। এই তিনিওটা প্রয়োজনীয় দিশকে আমি ত্রিভুজাকাৰে প্ৰকাশ কৰিব পাৰো—

ৰচনাধৰ্মী প্রশ্নোত্তৰ প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-৪/৫/৬)

প্রশ্ন ১। শিক্ষাৰ পৰিসৰ বৰ্ণনা কৰা। 

উত্তৰ: শিক্ষাৰ পৰিসৰ বুলিলে ইয়াৰ পৰিসীমাকে বুজা যায়।

ইয়াৰ পৰিসৰ যথেষ্ট বহল। শিক্ষাই ব্যক্তিৰ সামূহিক বিকাশ যেনে শাৰীৰিক, মানসিক, নৈতিক, সামাজিক আৰু আধ্যাত্মিক বিকাশৰ বিষয়ে আলোচনা কৰে। শিক্ষাৰ পৰিসৰ বুলিলে কি কি বিষয়বস্তু কিমান পৰিমাণে সামৰি লয় তাকে বুজোৱা হয়। শিক্ষাৰ পৰিসৰ বুলিলে নিন্মোক্ত কথাখিনি বুজা যায়—

(১) শিক্ষাৰ পৰিসৰ কেৱল মাত্ৰ পুথিগত জ্ঞান অর্জনতে আবদ্ধ নহয়, মানুহৰ সামগ্ৰিক বিকাশ আৰু উন্নতিও শিক্ষাৰ অন্তৰ্গত।

(২) শিক্ষা প্রক্রিয়া মানুহৰ সমগ্ৰ জীৱন ব্যাপী থাকে। কিয়নো শিক্ষা প্রক্রিয়া ব্যক্তিৰ জন্মৰ লগে লগে আৰম্ভ হয় আৰু সমগ্ৰ জীৱনত চলি থাকি মৃত্যুৰ লগে লগে অস্ত পৰে৷ 

(৩) শিক্ষাই ব্যক্তিক বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতিৰ লগত সমাযোজন ৰক্ষা কৰি চলাত সহায় কৰে।

(8) শিক্ষাই নতুন প্রজন্মক সমাজৰ সভ্যতা, সংস্কৃতি, আদর্শ আদিৰ বিষয়ে অবগত কৰে।

প্রশ্ন ২। শিক্ষা কি ? সংজ্ঞাসহকাৰে বৰ্ণনা কৰা।

উত্তৰ: শিক্ষা বুলিলে দেহ, মন আৰু আত্মাৰ সামূহিক বিকাশকে বুজা যায়। শিক্ষাৰ ব্যাপক অৰ্থত জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈ লাভ কৰা প্ৰতিটো অভিজ্ঞতাকে অন্তর্ভুক্ত কৰা হৈছে। সংকীৰ্ণ অৰ্থত শিক্ষা বুলিলে উদ্দেশ্য প্রণোদিতভাবে, নির্দিষ্ট সময়ৰ বাবে নির্দিষ্ট পাঠ্যক্ৰমৰ জ্ঞান দিয়াকে বুজা যায়। কাৰোবাৰ বাবে শিক্ষা হৈছে অভিজ্ঞতা আহৰণ। অন্য এজনৰ মতে শিক্ষা হৈছে পৰিবেশৰ লগত খাপ খাব পৰা ক্ষমতা। এই ক্ষমতা তিনি ধৰণে আহৰণ কৰিব পাৰি, সেয়া হ’ল আনুষ্ঠানিক, অনানুষ্ঠানিক আৰু অনৌপচাৰিক ভাবে।

পুৰণি কালৰ পৰা বৰ্তমান সময়লৈ শিক্ষাবিদসকলে শিক্ষা সম্বন্ধে নিজৰ নিজৰ ধাৰণ৷ আগবঢ়াইছে। সেই ধাৰণাসমূহ সংজ্ঞা আকাৰে আলোচনা কৰা হ’ল–

ভাৰতীয় চিন্তাধাৰাত শিক্ষাৰ সংজ্ঞাঃ দ্বাৰা এজন ব্যক্তি

(ক) ঋক্‌বেদৰ মতে– “শিক্ষা এনে এটি প্রক্রিয়া, যাৰ আত্মনিৰ্ভৰশীল হয় আৰু আত্মাকো (ব্যক্তি) নিজৰ দৰে জ্ঞান কৰাৰ ক্ষমতা লাভ কৰে।” 

(খ) উপনিষদৰ মতে– “শিক্ষাৰ জৰিয়তে এজন ব্যক্তিৰ আত্মাৰ মুক্তি নাইবা নির্বাণ লাভ কৰাই মূল উদ্দেশ্য।” 

(গ) কৌটিল্যৰ মতে– “মানুহক নিজৰ দেশ আৰু জাতিৰ প্রতি ভালপোৱা বা প্ৰেমৰ ভাব সৃষ্টি কৰাটোৱেই হ’ল শিক্ষাৰ অৰ্থ।” 

(ঘ) বিবেকানন্দৰ মতে– ‘মানুহৰ অন্তর্নিহিত জ্ঞানৰাশিৰ সম্পূর্ণ বিকাশ ঘটোৱাই শিক্ষাৰ অর্থ। 

(ঙ) মহাত্মা গান্ধীৰ মতে – “শিক্ষাৰ অৰ্থ হ’ল এজন ব্যক্তিৰ সৰ্বাংগীণ উন্নতি। বিশেষকৈ শিশুৰ শাৰীৰিক, আধ্যাত্মিক আৰু মানসিক জগতৰ উন্নতিয়েই হ’ল শিক্ষাৰ অৰ্থ।”

(চ) ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে— “শিক্ষাই মানসিক জগতৰ উন্নতি সাধন কৰি প্ৰকৃতিৰ সত্য উদ্ঘাটন কৰাত সহায় কৰিব লাগে।” শিক্ষাই মানুহক পাৰ্থিৱ জগতৰ চিত্তাৰ পৰা মুক্তি দি আভ্যন্তৰীণ জগতৰ উন্নতি সাধন কৰিব লাগে। পশ্চিমীয়া চিন্ত’ ধাৰাত শিক্ষাৰ সংজ্ঞা :

(ক) প্লেটোৰমতে ঃ “উপযুক্ত সময়ত সুখ আৰু দুখ অনুভৱ কৰিব পৰা সামৰ্থ্যই হ’ল শিক্ষা। মানুহৰ শৰীৰ আৰু মনক উন্নত পৰ্যায়লৈ লৈ গৈ আত্মাৰ সৌন্দর্য বিকশাই, যিমান সম্ভৱ পৰিপক্কত লাভ কৰোৱাই হ’ল শিক্ষাৰ অৰ্থ।”

(খ) পেষ্টা।জীৰ মতে : “শিক্ষা হ’ল মানুহৰ অন্তর্নিহিত শক্তিৰ স্বাভাৱিক, ঐক্যবদ্ধ আৰু প্ৰগতিশীল বিকাশ”।

(গ) ফ্ৰৰেনৰ মতে“ব্যক্তিৰ অন্তর্নিহিত সুপ্ত গুণসমূহৰ মুক্ত প্রকাশ আৰু শিশুৰ আভ্যস্তৰীণ গুণৰ বাহ্যিক প্রকাশেই হ’ল শিক্ষা”। 

(ঘ) হার্বাট স্পেনচাৰৰ মতে “সম্পূর্ণ জীৱনেই শিক্ষা”।

(ঙ) টি. পি. নানৰ মতে “শিশুৱে নিজৰ সম্ভৱপৰ উৎকৃষ্ট সামৰ্থৰে মানৱ জীৱনলৈ এক অভিনৱ অৱদান আগবঢ়াবৰ বাবে তেওঁৰ স্বকীয়তাৰ সম্পূর্ণ বিকাশেই শিক্ষা।” 

(চ) জন ডিউইৰ মতে “অভিজ্ঞতাৰ পুনৰ নিৰ্মাণৰ যোগেদি জীৱনধাৰণৰ প্ৰণালীয়েই হ’ল শিক্ষা।” ই ব্যক্তিৰ সেই সকলোবোৰ সামৰ্থ্যৰ বিকাশ, যিয়ে তেওঁক তেওঁৰ পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ আৰু তেওঁৰ সম্ভাৱনীয়তাসমূহ পৰিপূৰ্ণ কৰিবলৈ সমৰ্থ কৰি তুলিব।

বহল অর্থত, হার্বার্ট স্পেনচাৰ (Herbert Spencer)-ৰ মতে সম্পূর্ণ জীৱনেই হৈছে শিক্ষা। সম্পূর্ণ জীৱন বোলাৰ লগে লগে ব্যক্তিৰ শাৰীৰিক, মানসিক, আবেগিক, নৈতিক, সৌন্দর্যবোধক – সকলো দিশৰে বিকাশ লাভ কৰাকে বুজায়। ইয়াৰ বাবে প্রয়োজন ব্যক্তিব অস্তনির্হিত শক্তি সাম্যর্থখিনিৰ স্বাভাৱিক প্রকাশ আৰু বিকাশ। এই বিকাশে ব্যক্তিসকলৰ মাজত মানৱীয় গুণসমূহৰ বিকাশ সাধন কৰি প্ৰগতিৰ পথত আগুৱাই নিয়াই বহল অর্থত শিক্ষাৰ মূল উদ্দেশ্য৷

প্রশ্ন ৩। অগতানুগতিক শিক্ষাৰ গুৰুত্ব চমুকৈ লিখা।

উত্তৰ: অগতানুগতিক শিক্ষাৰ গুৰুত্ব তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি। 

(ক) অগতানুগতিক শিক্ষাৰ জৰিয়তে কিবা কাৰণত আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হোৱা ব্যক্তিক পুনৰ শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰে।

(খ) এই শিক্ষা আনুষ্ঠানিক শিক্ষাতকৈ জীৱন নিৰ্বাহ প্ৰণালীৰ লগত অধিক ঘনিষ্ঠ। 

(গ) এনে শিক্ষাৰ দ্বাৰা বৃত্তিত লিপ্ত থকা সকলেও উপকৃত হ’ব পাৰে, কাৰণ ইয়াৰ সময়সূচী আনুষ্ঠানিক শিক্ষাৰ দৰে দৃঢ় নহয়। 

(ঘ) এনে শিক্ষাৰ দ্বাৰা বিশেষকৈ আর্থিকভাৱে অনুন্নত ব্যক্তিয়ে বেছি উপকাৰ পায়, কাৰণ ইয়াত শিক্ষাৰ সা-সজুলি বিনামূলীয়া।

(ঙ) এই শিক্ষা আনুষ্ঠানিক শিক্ষাতকৈ অধিক বৈচিত্র্যময়, ই শিক্ষার্থীৰ সন্মুখত জীৱনৰ বিভিন্ন দিশ পোহৰাই তোলে। ই এক সম্পূর্ণরূপে গণতান্ত্রিক শিক্ষা প্রক্রিয়া যাৰ মূল নীতি হ’ল– “সকলোৰে বাবে শিক্ষা”।

প্রশ্ন ৪। শিক্ষাৰ দ্বি-পাক্ষিক আৰু ত্ৰি-পাক্ষিক প্রক্রিয়া বুলিলে কি বুজা?

উত্তৰ: শিক্ষাদান আৰু শিক্ষা গ্রহণ কাৰ্য্য সফল কৰি তুলিবলৈ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত এক যুগ্ম সৌহাদ্যপূর্ণ সম্পর্কৰ প্ৰয়োজন। পুৰণি কালত সেয়েহে শিক্ষাক ছাত্ৰ আৰু শিক্ষকৰ মাজতে আবদ্ধ থকা এক প্রক্রিয়া বুলি বিশ্বাস কৰিছিল। শিক্ষকে নিজৰ জ্ঞান, অভিজ্ঞতাৰাজি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিলাই দিয়ে। ছাত্র-ছাত্রীসকলেও শিক্ষকৰ পৈনত, অভিজ্ঞ আৰু শক্তিশালী ব্যক্তিত্বৰ দ্বাৰা প্ৰভাৱিত হৈ নিজ নিজ বিকাশৰ পথ সুগম কৰি তোলে। সেয়েহে চাৰ জন আদামচেশিক্ষাক এক দ্বি-পক্ষীয় প্রক্রিয়া বুলি অভিহিত কৰিছিল। কিন্তু শিক্ষাৰ উদ্দেশ্য কিছুমান প্রয়োজনীয় বিষয়ৰ ওপৰত জ্ঞান প্ৰদান কৰাতেই সীমাবদ্ধ কৰিব নোৱাৰে। কিয়নো ছাত্র-ছাত্রীক সমাজৰ সু-নাগৰিক কৰি গঢ়ি তোলা শিক্ষাৰ যিটো লক্ষ্য, সেই লক্ষাত উপনীত হ’বৰ বাবে শিক্ষাত সামাজিক দিশটোৰ প্ৰতিও সমানেই গুৰুত্ব দিব লাগিব। এই কথা প্ৰথমে উল্লেখ কৰিছিল আমেৰিকাৰ বিখ্যাত শিক্ষাবিদ জন ডিউয়ে (John Dewey)। তেখেতে উল্লেখ কৰিছিল যে ছাত্ৰ আৰু শিক্ষকৰ উপৰিও শিক্ষা ক্ষেত্ৰত জড়িত থকা তৃতীয় প্রয়োজনীয় দিশটো হ’ল সামাজিক দিশ। সমাজৰ ৰীতি নীতি, আদর্শ আদি শিক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক পৰিচয় কৰাই দি সমাজৰ একো একোজন সু-নাগৰিক কৰি গঢ়ি তোলাটো শিক্ষাৰ এক অন্যতম লক্ষ্য। সেই লক্ষ্যত উপনীত হ’বৰ বাবে শিক্ষাত সামাজিক পৰিৱেশৰ যুক্তিযুক্ততা জন ডিউয়েও উল্লেখ কৰিছিল। সেয়েহে বৰ্তমান সময়ত বিদ্যালয়সমূহক একো একোখন ক্ষুদ্র সমাজ বোলা হয়, য’ত বৃহত্তৰ সমাজৰ ক্ষুদ্র ক্ষুদ্র প্রতিনিধিবোৰে প্রতিনিধিত্ব কৰে। সমাজৰ ক্ষুদ্র ক্ষুদ্র প্রতিনিধিবোৰক সামাজিকভাৱে উপযুক্ত কৰি গঢ়ি তোলাটো গণতান্ত্রিক দেশৰ কৰ্তব্য। কাৰণ আজিৰ (বৰ্তমানৰ) ক্ষুদ্র ক্ষুদ্র প্রতিনিধিবোৰৰ ওপৰতেই অহাকালিৰ ভৱিষ্যতৰ) সামাজিক বিকাশৰ গতি নিৰ্ভৰ কৰিব। সেয়েহে উপযুক্ত সামাজিক পৰিৱেশত শিক্ষক আৰু ছাত্ৰৰ মাজত শিক্ষা দান আৰু শিক্ষা কাৰ্য সম্ভৱ কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। গতিকে ত্রিপক্ষীয় শিক্ষা ব্যৱস্থাত তিনিটা দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, সেই তিনিটা হ’ল– (১) শিক্ষক (২) ছাত্র (৩) সামাজিক পৰিৱেশ।

এই তিনিওটা প্রয়োজনীয় দিশকে আমি ত্রিভুজাকাৰে প্ৰকাশ কৰিব পাৰো—-

এই ত্ৰি-পক্ষীয় শিক্ষাৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল 

(১) ছাত্ৰ আৰু শিক্ষকৰ লগতে আন এক প্ৰয়োজনীয় দিশ হ’ল সামাজিক পৰিৱেশ।

(২) শিক্ষানুষ্ঠানৰ সামাজিক পৰিৱেশে ছাত্ৰ-ছাত্ৰীৰ সামাজিক গুণসমূহৰ বিকাশত সহায়

(৩) সামাজিক ৰীতি-নীতি, পৰম্পৰা আদৰ্শ আদি অতি পৰিকল্পিতভাৱে নতুন পুৰুষৰ মাজত বিলাই দিয়া হয়।

HS First Year Education Solutions – শিক্ষা

Unit No.LessonsLinks
Unit-1শিক্ষাৰ ধাৰণা আৰু লক্ষ্য (Concept and Aims of Education)Click here
Unit- 2মানৱ বিকাশৰ স্তৰ (Stages of Human Development)Click here
Unit – 3বিদ্যালয় আৰু ইয়াৰ সংগঠন (School and its Organization)Click here
Unit – 4মনোবিজ্ঞান আৰু শিক্ষা (Psychology and Education)Click here
Unit – 5মানসিক জীৱনৰ শাৰীৰিক ভিত্তি (Physical Basis of Mental Life)Click here
Unit – 6মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন (Bases and Direction of Human behavior)Click here
Unit – 7ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা [ Primary Education in India and Assam]Click here

প্রশ্ন ৫। আনুষ্ঠানিক শিক্ষা বুলিলে কি বুজা ? ইয়াৰ বৈশিষ্ট্যবোৰ লিখা। 

উত্তৰ: প্রাচীন কালত মানুহৰ শিক্ষা, অভিজ্ঞতা আছিল সীমিত বিধৰ৷ প্ৰাকৃতিক পৰিৱেশত জীৱন নিৰ্বাহ কৰোতে নানা অভিজ্ঞতা লাভ কৰি মানুহে পৰিৱেশৰ লগত খাপ খাই চলিবলৈ শিকিছিল। তেতিয়া জীৱন নিৰ্বাহৰ উপায়ো আছিল সহজ সৰল বিধৰ। সেয়ে জীৱন সংগ্ৰামত লাভ কৰা জ্ঞানেই যথেষ্ট আছিল। কিন্তু ক্রমবিৱৰ্তনৰ লগে লগে মানুহৰ শিক্ষা অভিজ্ঞতা আৰু কৰ্মক্ষেত্ৰৰ পৰিধি বৃদ্ধি পাই আহে। ফলত একো একোটা বিশেষ অনুষ্ঠান আৰু বিশেষ ‘ব্যক্তিয়ে শিক্ষাদানৰ দায়িত্ব ল’ব লগা হয়। এনেধৰণে সু-সংগঠিতভাৱে দিয়া শিক্ষাকে কোৱা হয় আনুষ্ঠানিক শিক্ষা। এনে শিক্ষাক সু-সংগঠিত বা আনুষ্ঠানিক শিক্ষা বুলি এই কাৰণেই কোৱা হয় যে ইয়াত নির্দিষ্ট নীতি-নিয়ম মানি, নির্দিষ্ট পাঠ্যক্ৰমৰ জৰিয়তে এক নির্দিষ্ট স্থানৰ নির্দিষ্ট অনুষ্ঠানত শিক্ষা দিয়া হয়। তাৰোপৰি এনে শিক্ষা ব্যৱস্থাত সুপৰিকল্পিত শিক্ষণ পদ্ধতি, শিক্ষা-আহিলা, পৰীক্ষা ব্যৱস্থা, নির্দিষ্ট সংখ্যক শিক্ষক-শিক্ষয়িত্ৰী থাকে আৰু তেওঁলোকে নির্দিষ্ট সময় অনুযায়ী (তালিকা মতে) শিক্ষার্থীসকলক শিক্ষা দিয়ে। শিক্ষার্থীয়ে তেওঁলোকৰ বাবে নির্দিষ্ট কৰি দিয়া পাঠ্যপুথি অধ্যয়ন কৰিব লাগে। সেয়ে বৰ্তমানৰ স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়ক আনুষ্ঠানিক শিক্ষানুষ্ঠান বুলি জনা যায়। 

আনুষ্ঠানিক শিক্ষাৰ প্ৰধান বৈশিষ্ট্য কেইটা হৈছে এনেধৰণৰ—

(১) আনুষ্ঠানিক শিক্ষা পর্যায়ক্রমে ভিন ভিন শিক্ষানুষ্ঠানত দিয়া হয়। যেনে প্রাথমিক

বিদ্যালয়, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় ইত্যাদি। 

(২) শিক্ষানুষ্ঠানসমূহত নিৰ্ধাৰিত সময় অনুযায়ী, নিৰ্ধাৰিত বিষয়ৰ জ্ঞান, নির্ধাৰিত নীতি নিয়ম আৰু অনুশাসনৰ মাজেদি দিয়া হয়।

(৩) শিক্ষাৰ্থীৰ সম্পূর্ণ স্বাধীনতা আৰু স্বতঃস্ফূর্ততা ইয়াত নাথাকে। 

(৪) সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে ই সমানে উপযুক্ত নহয়।

(৫) এইবিধ শিক্ষা সামাজিকভাৱে স্বীকৃতিপ্রাপ্ত। 

(৬) এই শিক্ষা যথেষ্ট ব্যয়বহুল আৰু কষ্টসাধ্য।

(৭) এই শিক্ষাত এটা স্তৰত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পাছতহে আনটো স্তৰত শিক্ষালয়ৰ বাবে একোজন শিক্ষার্থী যোগ্য বুলি বিবেচিত হয়। 

প্রশ্ন ৬। আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত ছয়টা পার্থক্য লিখা।

উত্তৰ: আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত কিছুমান পাৰ্থক্যসমূহ হ’ল—

আনুষ্ঠানিক শিক্ষাঅনানুষ্ঠানিক শিক্ষা
১। আনুষ্ঠানিক শিক্ষা অনানুষ্ঠানিক শিক্ষাতকৈ নতুন।
২। পূর্ব নির্ধাৰিত নীতি-নিয়ম আৰু অনুশাসন ব্যৱস্থাৰ দ্বাৰা পৰিচালিত। 
৩। নির্দিষ্ট পাঠ্যক্ৰমৰ জৰিয়তে পোৱা আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ ঠেক আৰু সীমিত বিধৰ। 
৪। আনুষ্ঠানিক শিক্ষা পূর্ব পৰিকল্পিত আৰু পৰিচালিত। 
৫। এই শিক্ষা আয়ত্বকৰণৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ ইচ্ছা আৰু স্বাধীনতা সীমাবদ্ধ।
৬। আনুষ্ঠানিক শিক্ষা শিক্ষাৰ্থীৰ বয়স, মানসিক পৰিপক্কতা আৰু প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি দিয়া হয়।
৭। আনুষ্ঠানিক শিক্ষা পুথিগত জ্ঞানৰ জৰিয়তে অৰ্জন কৰা হয়।
৮। আনুষ্ঠানিক শিক্ষাত নির্দিষ্ট বিষয়সূচী আৰু কাৰ্যসূচী থাকে।
৯। আনুষ্ঠানিক শিক্ষাই প্ৰদান কৰা ডিগ্ৰী, ডিপ্লমা, চার্টিফিকেট সামাজিকভাৱে স্বীকৃত।
১০। এই শিক্ষা ব্যয়বহুল।
১১। এই শিক্ষা ব্যক্তিৰ জীৱনৰ মাথোঁ কেইটামান বছৰহে আগুৰি থাকে।
১২। সমাজৰ প্ৰতিজন ব্যক্তিৰ বাবে এই শিক্ষা সমানে প্রয়োজনীয় আৰু উপযুক্ত নহয়৷
১। আনুষ্ঠানিক শিক্ষাতকৈ ই পুৰণি
২। কোনো পূর্ব নির্ধাৰিত নীতি-নিয়ম বা অনুশাসনৰ দ্বাৰা পৰিচালিত নহয়
৩। অনানুষ্ঠানিক শিক্ষাৰ পৰিধি ব্যাপক।
৪। অনানুষ্ঠানিক শিক্ষা পূর্ব পৰিকল্পিত আৰু পৰিচালিত নহয়। 
৫। এই প্ৰকাৰৰ শিক্ষা গ্রহণত আনুষ্ঠানিক শিক্ষাতকৈ অধিক স্বাধীনতা লাভ কৰে।
৬। অনানুষ্ঠানিক শিক্ষা যিকোনো বয়সতে সমাজৰ আৰু ব্যক্তিগত প্রয়োজনৰ ভিত্তিত অৰ্জন কৰিব পাৰি।
৭। অনানুষ্ঠানিক শিক্ষা দৈনন্দিন জীৱনৰ অভিজ্ঞতাৰ পৰাই অৰ্জন কৰিব পাৰি আনুষ্ঠানিক শিক্ষা
৮। এই শিক্ষাত পূর্ব নির্ধাৰিত বিষয় সূচী আৰু কাৰ্যসূচী নাথাকে।
৯। এই শিক্ষাৰ পৰা অর্জন কৰা জানব বিনিময়ত কোনো ডিগ্রী, ডিপ্লমা, চার্টিফিকেট আদি দিয়া নহয়।
১০। এই শিক্ষা ব্যয়বহুল নহয়। 
১১। অনানুষ্ঠানিক শিক্ষাই ব্যক্তিৰ গোটেই জীৱন জুৰি আগুৰি থাকে।
১২। সমাজৰ প্ৰতিজন ব্যক্তিৰ বাবে এই শিক্ষা সমানে গুরুত্বপূর্ণ।

প্রশ্ন ৭। অনৌপচাৰিক শিক্ষা কাক বোলে? ইয়াৰ বৈশিষ্ট্যবোৰ লিখা। 

উত্তৰঃ বৰ্তমান সময়ত অগতানুগতিক বা অনৌপচাৰিক শিক্ষাই যথেষ্ট জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হৈছে। বর্তমান প্রচলিত আনুষ্ঠানিক শিক্ষাৰ সময়সূচী, পাঠ্যক্রম, পৰীক্ষা ব্যৱস্থা, অনুশাসন আদি এক নির্দিষ্ট আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত শেষ কৰিবলগীয়া হয়। সেয়েহে যিসকলে কিবা বিশেষ কাৰণত আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হৈছে বা চাকৰিৰ বাবে আনুষ্ঠানিক শিক্ষাৰ সময়সীমাৰ ভিতৰত শিক্ষাগ্ৰহণ কৰিবলৈ অপাৰগ হৈছে, কিন্তু তেওঁলোকৰ শিক্ষা গ্ৰহণৰ বাবে যথেষ্ট আগ্রহো আছে তেনে লোকসকলৰ মনোআকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হৈছে অনৌপচাৰিক শিক্ষাই । অনৌপচাৰিক শিক্ষাৰ এক সুবিধা হ’ল ই গতানুগতিক শিক্ষাৰ দৰে শিক্ষকপ্ৰধান নহৈ শিক্ষার্থীপ্রধানহে। এই শিক্ষা গ্রহণকাৰীৰ সুবিধা-অসুবিধা অনুসৰি নমনীয় আৰু গতিশীল কৰি তোলা হৈছে। এইবিধ শিক্ষা সুসংগঠিত আৰু পূর্বপৰিকল্পিত যদিও আনুষ্ঠানিক শিক্ষাৰ দৰে কটকটীয়া নীতি-নিয়ম ইয়াত পালন কৰিবলগীয়া নহয়। এইবিধ শিক্ষাত শিক্ষাৰ্থীৰ “ প্ৰয়োজন আৰু সময়-সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিহে শিক্ষাৰ নীতি-নিয়ম আৰু অনুশাসন ব্যৱস্থা গঢ়ি তোলা হয়। এইবিধ শিক্ষাত শিক্ষার্থীক অধিক স্বাধীনতা, স্বতঃস্ফূর্ততা আৰু আত্মপ্ৰকাশৰ সুবিধা প্ৰদান কৰা হয়। ৰেডিঅ’, টিভি, কম্পিউটাৰ যন্ত্ৰ, ভিডিঅ’ আৰু অডিঅ’ কেছেট, টেপ ৰেকৰ্ডাৰ মহাকাশত স্থাপন কৰা ছেটেলাইট্ আদিৰ জৰিয়তে পাঠ্যক্ৰমৰ পাঠসমূহৰ বিষয়ে জ্ঞান অর্জন কৰিব পাৰে। 

অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্য :

অনৌপচাৰিত বা এই শিক্ষাৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল— 

১। এই শিক্ষাত শিক্ষকৰ শিক্ষাদান ব্যৱস্থাৰ পৰিৱৰ্তে শিক্ষাৰ্থীৰ স্বপ্রণোদিত শিক্ষা গ্ৰহণৰ ভূমিকাৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰা হৈছে। 

২। অগতানুগতিক শিক্ষাৰ মূল শিক্ষা দৰ্শনটো হ’ল— “শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া’।

৩। জনসংযোগৰ মাধ্যমৰ জৰিয়তে পৰোক্ষভাৱেহে শিক্ষা প্ৰদান কৰা হয়। 

৪। এই শিক্ষাই ব্যক্তি স্বাধীনতা আৰু আত্ম-অনুশাসনৰ নীতিৰ ওপৰত গুৰুত্ব কৰিছে।

৫। সময়, পৰিস্থিতি, সমাজ আৰু জীৱনৰ ব্যক্তিগত প্রয়োজনৰ ভিত্তিত এই শিক্ষাৰ পাঠ্যসূচী যুগুত কৰা হয়।

৬। গণতান্ত্রিক নীতিৰে শিক্ষা সকলোৰে বাবে সার্বজনীন কৰি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে।

৭ | আনুষ্ঠানিক শিক্ষাৰ সীমাবদ্ধতা গুচাব পৰাকৈ সৰ্বাধিক লোকক উপকৃত কৰাটোৱেই এই শিক্ষাৰ মূল উদ্দেশ্য।

প্রশ্ন ৮। আনুষ্ঠানিক আৰু অগতানুগতিক শিক্ষাৰ মাজত পাঁচটা পার্থক্য লিখা।

উত্তৰ: আনুষ্ঠানিক আৰু অগতানুগতিক শিক্ষাৰ মাজত থকা পাঁচটা পার্থক্য তলত উল্লেখ কৰা হ’ল–

আনুষ্ঠানিক শিক্ষাঅগতানুগতিক শিক্ষা
১। ইয়াৰ এটা নিৰ্দিষ্ট প্রৱেশ বিন্দু আৰু প্ৰস্থান বিন্দু আছে। 
২। ইয়াত প্ৰৱেশৰ বাবে বয়সৰ এক নির্ধাবিত উচ্চসীমা আছে। 
৩। এই শিক্ষা বৃত্তিমুখী।
৪। শিক্ষাৰ্থীৰ জীৱনৰ এক নিৰ্দিষ্ট বয়সসীমাৰ ভিতৰতহে ইয়াক প্ৰদান কৰা হয়।
৫। ইয়াক শিক্ষকে শিক্ষাৰ্থীৰ ওপৰত আৰোপ কৰে।
১। ইয়াৰ প্ৰৱেশবিন্দু আৰু প্ৰস্থান বিন্দু প্রক্রিয়া নমনীয়।
২। ইয়াৰ কোনো নির্ধাৰিত সময়সীমা নাই।
৩। এই শিক্ষা বিকাশমুখী।
৪। ই এক জীৱনজোৰা প্রক্রিয়া, বয়সব কোনো সীমা নাই ৷
৫। ইয়াত কোনো কথা জোৰকৈ আৰোপ কৰা নহয়।

প্রশ্ন ৯। শিক্ষাৰ বৃত্তিমূলক লক্ষ্য কি ? সমাজত এই লক্ষ্যক কিয় অগ্ৰাধিকাৰ দিয়া হৈছে।

উত্তৰ: সময় আৰু সমাজৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ চিন্তাধাৰা, প্রয়োজন আৰু মূলবোধৰো পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনৰ ফলতে আজিৰ শিক্ষা কেৱল জ্ঞান আহৰণৰ বাবে অথবা মানুহৰ বৌদ্ধিক, আধ্যাত্মিক অথবা সাংস্কৃতিক বিকাশৰ বাবেই আয়ত্ত কৰা নহয়। বৰ্তমান সময়ত শিক্ষাক এক ব্যৱহাৰিক জীৱনৰ প্ৰয়োজন পূৰণৰ আহিলা হিচাপেহে বিবেচনা কৰা হয়। সেয়েহে বর্তমান যুগত শিক্ষাৰ বৃত্তিমূলক লক্ষ্যই প্রাধান্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। বৃত্তিমূলক শিক্ষাৰ প্ৰধান লক্ষ্য হ’ল ছাত্ৰ-ছাত্ৰীসকলক জীৱনত স্বাবলম্বী, উৎপাদনক্ষম আৰু অর্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাটো। এই লক্ষ্যত উপনীত হ’বৰ বাবে প্রয়োজন হয় শিক্ষানুষ্ঠানসমূহত পৰিকল্পিত আৰু নিয়মিতভাৱে শিক্ষার্থীসকলক কাৰিকৰী আৰু প্ৰযুক্তিবিদ্যাৰ জ্ঞান প্ৰদান কৰাটো। বৃত্তিমূলক শিক্ষাৰ জৰিয়তে শিক্ষার্থীসকলক ভৱিষাৎ জীৱনত অর্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল হ’ব পৰাকৈ নিজৰ শক্তি-সামৰ্থ্যৰ ভিত্তিত একো একোটা বৃত্তি বাছি লোৱাত সহায় কৰাই প্রধান উদ্দেশ্য। এই লক্ষ্যৰ মতে স্কুলীয়া পাঠ্যক্ৰমত বৃত্তি সম্পৰ্কীয় বিষয় অন্তর্ভুক্ত কৰাটো নিতান্তই প্ৰয়োজনীয়। কাৰণ বৌদ্ধিক বা মানৱীয় গুণৰ বিকাশৰ লগে লগে অর্থনৈতিক স্বাৱলম্বীতাৰো প্ৰয়োজন। ই এহাতে শিক্ষার্থীসকলক শ্ৰমৰ মর্যাদা উপলব্ধি কৰাত সহায় কৰে আৰু আনহাতে সমাজৰ একো একোজন উৎপাদনশীল নাগৰিক হিচাপে গঢ়ি তোলাত সহায় কৰে। তদুপৰি নিম্ন বুদ্ধি বৃত্তিসম্পন্ন ছাত্র-ছাত্রীসকলে যিহেতু উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে সেয়েহে বৃত্তিমূলক শিক্ষাৰ জৰিয়তে যিকোনো এটা বৃত্তিৰ জ্ঞান অর্জন কৰি সমাজৰ উপযুক্ত আৰু দায়িত্বশীল ব্যক্তি হিচাপে নিজকে গঢ়ি তুলিব পাৰে। জৈৱিক প্রয়োজনসমূহ পূৰণ হ’লেও মানসিক আৰু আত্মিক প্রয়োজনসমূহ অপুৰ্ণ হৈয়ে ৰয়।

বৃত্তিমুখী শিক্ষাৰ বৈশিষ্ট্যসমূহ :—

১। শিক্ষাৰ বৃত্তিমুখী লক্ষ্যৰ ধাৰণা আপেক্ষিকভাৱে নতুন।

২। এই লক্ষ্য বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ প্ৰগতিশীল দৃষ্টিভংগীৰ ওপৰত প্ৰতিষ্ঠিত।

৩। শিক্ষাৰ এই লক্ষ্য প্রয়োগবাদ দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত। 

৪। এই লক্ষ্যই শিক্ষাৰ্থীৰ ব্যৱহাৰিক জীৱনৰ প্ৰয়োজনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে।

৫। শিক্ষাৰ এই লক্ষ্যই শিক্ষাৰ্থীৰ প্রায়োগিক ক্রিয়াত্মক দিশৰ অভিজ্ঞতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

সমাজত এই লক্ষ্যক অগ্ৰাধিকাৰ দিয়াৰ মূল কাৰণসমূহ হ’ল— 

(১) বৃত্তিমুখী লক্ষ্যই এজন ব্যক্তিক স্বাৱলম্বী কৰি গঢ়ি তুলিব পাৰে।

(২) এই লক্ষ্যই অর্থনৈতিক আৰু সামাজিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত সহায় কৰে। 

(৩) নিম্নমানৰ বুদ্ধিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ই বিশেষভাবে উপযোগী।

(৪) এই শিক্ষাই ছাত্র-ছাত্রীসকলক উৎপাদনমুখী কৰি গঢ়ি তুলি নিবনুৱা সমস্যা সমাধান কৰাত যথেষ্ট সহায় কৰে। 

(৫) জ্ঞানৰ প্রায়োগিক দিশৰ ওপৰত গুৰুত্ব দি দেশৰ মানব সম্পদৰ পূৰ্ণ ব্যৱহাৰৰ ক্ষেত্ৰত অৰিহণা যোগায়।

প্রশ্ন ১০। “শিক্ষাৰ সমাজকেন্দ্ৰিক আৰু ব্যক্তিকেন্দ্রিক লক্ষ্য এটা আনটোৰ ওপৰত পৰস্পৰ বিৰোধী নহয় বৰং পৰিপূৰকহে।” কথাফাকিৰ তাৎপর্য ব্যাখ্যা কৰা৷

উত্তৰ: ব্যক্তি আৰু সমাজৰ মাজত এক ওতঃপ্রোতঃ সম্বন্ধ আছে, এটা আনটোৰ পৰা কেতিয়াও পৃথক হ’ব নোৱাৰে। কাৰণ ব্যক্তি আৰু সমাজ দুয়োটাই দুয়োটাৰে ওপৰত নিৰ্ভৰশীল। ব্যক্তিয়ে সমাজত প্ৰভাৱ পেলায় আৰু আনহাতে সমাজে ব্যক্তিৰ ওপৰত নিজস্ব প্রভাব বিস্তাৰ কৰে। এহাতে ব্যক্তিৰ উন্নতিৰ দ্বাৰা সমাজৰ উন্নতি সম্ভব হৈ উঠে আৰু আনহাতে ৱিকশিত সমাজে ব্যক্তিৰ ওপৰত অধিক সন্তোষজনক ধনাত্মক প্রভাব পেলাই ব্যক্তিৰ সামূহিক বিকাশ সম্ভব কৰি তোলে। সেয়েহে শিক্ষাৰ সমাজকেন্দ্ৰিক আৰু ব্যক্তিকেন্দ্রিক লক্ষ্য এটা আনটোৰ পৰস্পৰ বিৰোধী নহয় আৰু শিক্ষাৰ লক্ষ্য স্থিৰ কৰোতে দুয়োটা লক্ষ্যকে সমান অগ্ৰাধিকাৰ দিয়া আৱশ্যক।

শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সমৰ্থকসকলৰ মতে সমাজৰ প্ৰত্যেকজন ব্যক্তিকে একো একোজন স্বয়ং সম্পূর্ণ সত্তা বুলি ধৰি লোৱা হয়। ব্যক্তিৰ সৰ্বাংগীন উন্নতিৰ ওপৰত ইয়াত গুৰুত্ব আৰোপ কৰা হয়। প্লেটোৰ মতে ব্যক্তিক তেওঁলোকৰ সম্ভাৱনীয়তাসমূহৰ পূর্ণ বিকাশৰ সুবিধা দিব লাগে। পূর্ণ বিকশিত ব্যক্তিসত্বাৰ জৰিয়তে সমাজে উপকৃত হ’ব পাৰে।

জন ডিউইৰ মতে এখন প্রগতিশীল সমাজ গঠন কৰিবৰ বাবে ইয়াৰ প্ৰতিজন ব্যক্তিকে বৌদ্ধিক স্বাধীনতা প্ৰদান কৰা উচিত। ব্যক্তিৰ মানসিক আৰু বৌদ্ধিক বিকাশ সামাজিক পৰিবেশ। অবিহনে সম্ভব হৈ নুঠে৷ সেয়েহে ব্যক্তি আৰু সমাজৰ উমৈহতিয়া স্বার্থ পূৰণৰ বাবে গণতান্ত্রিক সমাজ ব্যৱস্থাৰ প্ৰয়োজন।

শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সমৰ্থক পাৰ্চিনানেও ব্যক্তি আৰু সমাজ দুয়োটা দিশবে সমানে উন্নতিৰ পোষকতা কৰিছিল। ব্যক্তিৰ উন্নতিৰ অবিহনে এখন উন্নত সমাজ আশা কৰিব নোৱাৰি আনহাতে এখন উন্নত সমাজৰ অবিহনে ব্যক্তিৰ সামগ্রিক উন্নতিৰ পথ বাধাগ্রস্থ হৈ পৰে। সেয়েহে ওপৰৰ আলোচনাৰ পৰা এইটো স্পষ্ট হৈ পৰে যে শিক্ষাৰ ব্যক্তিকেন্দ্রিক আৰু সমাজকেন্দ্রিক লক্ষ্য প্রকৃততে পৰস্পৰ বিৰোধী নহয়, বৰঞ্চ পৰিপূৰকহে।”

প্রশ্ন ১১। শিক্ষাৰ ব্যক্তিকেন্দ্রিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ মাজত পাঁচটা পার্থক লিখা। 

উত্তৰ: শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ মাজত থকা পাঁচটা পার্থক্য 

ব্যক্তিকেন্দ্রিক লক্ষ্য সমাজকেন্দ্রিক লক্ষ্য
১। এই লক্ষ্য প্রকৃতিবাদ দৰ্শনৰ ওপৰত প্ৰতিস্থিত।
২। এই লক্ষ্যৰ মুখ্য সমর্থক হ’ল ছাৰ পাৰ্টি নান (Percy Nunn)। 
৩। ই মানুহৰ জৈৱিক বংশগতিৰ ওপৰত গুৰুত্ব দিয়ে।
৪। এই লক্ষ্যই ব্যক্তিক সম্পূর্ণ স্বাধীনতা প্ৰদান কৰে। 
৫। এই লক্ষ্যত প্রত্যেক ব্যক্তিকে একোটা স্বয়ংসম্পূর্ণ সত্তা বুলি গণ্য কৰা হয় আৰু সেই সত্তা বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।
১। এই লক্ষ্য প্রয়োগবাদ দর্শনৰ ওপৰত প্ৰতিস্থিত।
২। এই লক্ষ্যৰ মুখ্য সমর্থক হ’ল জন ডিউই (John Dewey) ।
৩। মানুহৰ সামাজিক বংশগতিৰ ওপৰত ই গুৰুত্ব আৰোপ কৰে। 
৪। এই লক্ষ্যই সম্পূর্ণ স্বাধীনতা প্ৰদান নকৰে৷
৫। এই লক্ষ্যৰ মতে ব্যক্তিৰ অৱস্থিতি কেৱল সমাজৰ বাবেহে। গতিকে সামাজিক কার্যাৱলীৰ মাধ্যমেদি ব্যক্তিত্ব বিকাশত গুৰুত্ব প্ৰদান কৰে।

প্রশ্ন ১২। এখন গণতান্ত্রিক ৰাষ্ট্ৰত শিক্ষাৰ লক্ষ্য কি হোৱা উচিত?

উত্তৰ: গণতন্ত্র হ’ল ৰাইজৰ দ্বাৰা, ৰাইজৰ বাবে ৰাইজৰ চৰকাৰ। সৰ্বসাধাৰণ ৰাইজৰ উপকাৰৰ বাবে সাধাৰণ ৰাইজৰ দ্বাৰা যি ৰাষ্ট্র গঠিত হয় তাকেই গণতান্ত্রিক ৰাষ্ট্ৰ বোলা হয়। এনে জনকল্যাণকামী গণতান্ত্রিক চৰকাৰ বা ৰাষ্ট্ৰৰ প্ৰধান কাম হ’ল ৰাষ্ট্ৰৰ শিক্ষাৰ ক্ষেত্ৰত গণতান্ত্রিক আদর্শ ৰক্ষা কৰি উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা। এনে গণতান্ত্রিক শিক্ষা ব্যৱস্থাই শিক্ষা গ্ৰহণৰ বাবে দেশৰ সকলো নাগৰিককে সমান অধিকাৰ প্ৰদান কৰে। ধনী-দুখীয়া, উচ্চ নীচ, জাতি-ধর্ম, বর্ণ-সম্প্ৰদায়ৰ মাজত কোনো বৈষম্য নাৰাখি শিক্ষাৰ সুযোগ সকলোকে দিয়ে। কিলপেট্রিকে শিক্ষা আৰু গণতন্ত্রৰ মাজৰ সম্বন্ধ সন্দৰ্ভত মত প্ৰকাশ কৰি কৈছিল যে শিক্ষা আৰু গণতন্ত্র পৰস্পৰে পৰস্পৰৰ অস্তিত্ব বজাই ৰাখে। এটাক এৰি আনটোৰ অস্তিত্ব আৰু সাফলা বিপদাপন্ন হৈ পৰে। গণতন্ত্রই শিক্ষাক সুৰক্ষা দিয়ে আৰু আনহাতে শিক্ষাই গণতন্ত্রক সফল কৰি তোলে। এখন গণতান্ত্রিক বাইত জনসাধাৰণৰ শিক্ষা বিকাশৰ ভিন্ন ভিন্ন দিশ সামৰি জনকল্যাণমুখী শিক্ষানীতি আৰু আদর্শ প্রস্তুত কৰিব লাগে। এই ক্ষেত্ৰত গণতান্ত্রিক শিক্ষাৰ লগত জড়িত বিভিন্ন দিশসমূহ আৰু ইয়াৰ মূল বৈশিষ্টসমূহ হ’ল—

১। গণতান্ত্রিক লক্ষ্যৰ এক গুৰুত্বপূৰ্ণ দিশ হ’ল শিক্ষার্থীসকলক কার্যকরী শিক্ষাবে শিক্ষিত আৰু অর্থনৈতিকভাৱে উৎপাদনশীল কৰি গঢ়ি তুলিব লাগে ৷ 

২। গণতন্ত্র সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ৰাষ্ট্ৰৰ প্ৰতিজন ব্যক্তিয়ে গণতান্ত্রিক আদর্শ আৰু ইয়াৰ প্ৰক্ৰিয়াসমূহ মানি চলিব লাগে। ইয়াৰ বাবে প্রয়োজন প্রতিজন ব্যক্তি বা শিক্ষাৰ্থীৰ মাজত একো একোজন ৰাষ্ট্রৰ যোগ্য নাগৰিক বা সু-নাগৰিক হোৱাৰ বিশেষ বিশেষ গুণসমূহৰ বিকাশ সাধন কৰা।

৩। গণতান্ত্রিক শিক্ষা ব্যৱস্থাত প্ৰতিজন ব্যক্তিৰে শাৰীৰিক, মানসিক, সামাজিক, নৈতিক, আনুভূতিক ইত্যাদি দিশসমূহৰ বিকাশ সাধনৰ জৰিয়তে প্রতিজন ছাত্ৰ-ছাত্ৰীৰে ব্যক্তিত্বৰ পূৰ্ণ বিকাশৰ ওপৰত জোৰ দিব লাগে।

৪। গণতান্ত্রিক শিক্ষাই দেশৰ উঠি অহা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ব্যক্তিত্ব বিকাশৰ জৰিয়তে নেতৃত্বৰ প্ৰয়োজনীয় গুণসমূহৰো বিকাশ সাধন কৰিব লাগে।

৫। গণতান্ত্রিক শিক্ষাৰ আন এক প্রধান লক্ষণ হ’ল ছাত্ৰ-ছাত্ৰীসকলক বৌদ্ধিক স্বাধীনতা প্ৰদান কৰা, যাতে তেওঁলোকে মুক্তভাৱে চিন্তা-চৰ্চা কৰিব পাৰে আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত মৌলিক অৱদান আগবঢ়াব পাৰে। 

৬। গণতান্ত্রিক শিক্ষাই স্কুলীয়া অৱস্থাৰে পৰা কণ কণ ছাত্র-ছাত্রীসকলক ভাষা-ধর্ম, জাতি বর্ণ নির্বিশেষে বৈষম্যহীনভাৱে সকলোৰে মাজত একাত্মবোধ, সামাজিক ন্যায় আৰু সমতাৰ ভাব জগাই তোলাত সহায় কৰিব লাগে।

৭। গণতান্ত্রিক শিক্ষাই দেশৰ আইন-কানুন, নীতি-নিয়ম, বিধি-ব্যৱস্থাৰ প্রতি আনুগত্য আৰু শ্ৰদ্ধাৰ ভাব জগাই তুলি জাতীয় জীৱনলৈ শৃংখলা আৰু স্থিৰতা আনি দেশৰ জাতীয় অনুশাসন মজবুত কৰাত সহায় কৰিব লাগে।

৮। গণতান্ত্রিক শিক্ষাই সমাজৰ পৰা কুসংস্কাৰ, অন্ধবিশ্বাস, ধর্মান্ধতা, সংকীর্ণতা আদি পুৰণিকলীয়া অন্যৱশ্যকীয় ভাবধাৰা ওচাই নতুন প্রগতিশীল চিন্তাধাৰাৰ বিকাশত সহায় কৰিব

প্রশ্ন ১৩। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্য একেটা মুদ্ৰাৰে দুটা ফাল মাথো। আলোচনা কৰা।

অথবা

“শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য আৰু সমাজকেন্দ্রিক লক্ষ্য এটা আনটোৰ বিৰোধী নহয়, পৰিপূৰকহে”– আলোচনা কৰা৷

উত্তৰ: শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য আৰু সমাজকেন্দ্ৰিক লক্ষ্যত দুটা ভিন ভিন দৃষ্টিকোণৰ ওপৰত অধিক অগ্রাধিকাৰ দিছে। ব্যক্তিকেন্দ্রিক শিক্ষাত ব্যক্তিৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হৈছে। শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যত প্রত্যেক ব্যক্তিক একো একোটি স্বয়ংসম্পূর্ণ সত্তা বুলি ধৰি লৈ ব্যক্তিৰ নিজস্ব কচি-অভিৰুচি, শক্তি সামৰ্থ্য আৰু গুণাৱলীক বিশেষ প্রাধান্য দিয়া হয়। আনহাতে সমাজকেন্দ্রিক লক্ষ্যত শিক্ষার্থীসকলক সামাজিক জীৱনৰ বাবে উপযুক্ত কৰি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। সেয়েহে তেওঁলোকৰ মতে বিদ্যালয়ক এক সামাজিক প্রতিষ্ঠান আৰু শিক্ষাকার্যক এক সামাজিক কার্য হিচাপে গণ্য কৰিব লাগে ৷ গতিকে সাধাৰণ দৃষ্টিত শিক্ষাৰ এই দুয়োবিধ লক্ষ্যই পৰস্পৰবিৰোধী যেন লাগে যদিও বর্তমান সময়ত দুয়োবিধ লক্ষ্যৰ বেছিভাগ সমর্থকেই চমবাদী দৃষ্টিভংগী ত্যাগ কৰাৰ পোষকতা কৰিছে। কিয়নো ব্যক্তিকেন্দ্রিক লক্ষ্যত ভবাৰ দৰে শিশুৰ স্বকীয় উন্নয়নৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ ফলত শিশুসকল আত্মকেন্দ্রিক ব্যক্তি হোৱাৰ সম্ভাৱনা থাকে, আনহাতে উগ্র সমাজকেন্দ্রিক লক্ষ্যই সমাজৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ ফলত ব্যক্তিৰ (শিশুসকলৰ) ব্যক্তিগত গুণৰাজি বিকাশৰ সুবিধা নোপোৱাৰ সম্ভাৱনা অধিক থাকে। গতিকে এই ক্ষেত্ৰত শিক্ষাৰ দুয়োবিধ লক্ষাই সম্পূর্ণ গ্ৰহণীয় বুলি স্বীকাৰ কৰি ল’ব নোৱাৰি। সেয়েহে বর্তমান সময়ত দুয়োবিধ লক্ষ্যৰ মাজত সমন্বয় সাধনৰ চেষ্টা কৰা হৈছে। সমাজ হৈছে ব্যক্তিৰ সমষ্টি। ব্যক্তি নহ’লে সমাজ হ’ব নোৱাৰে। আনহাতে সামাজিক প্রাণী হিচাপে সমাজ নহ’লে ব্যক্তিৰ সম্পূর্ণ বিকাশ সম্ভৱ নহয়। জন আদাম্‌ছৰ ভাষাত ক’বলৈ হ’লে, ব্যক্তি সত্তাৰ বৃদ্ধিৰ বাবে ব্যক্তিয়ে সমাজ এখনৰ মাধ্যম পাব লাগিব। সমাজৰ ব্যক্তিসমূহৰ মাজত মিলা-মিচাৰ সুবিধা আৰু ভাবৰ আদান-প্রদানৰ যোগেদিহে ব্যক্তিয়ে সামাজিক ব্যক্তি হিচাপে নিজক গঢ়ি তুলিব পাৰে। সামাজিক আৰু সাংস্কৃতিক পৰিৱেশতহে ব্যক্তিৰ সামূহিক বিকাশ সম্ভৱ হয়। গতিকে বর্তমানৰ সামাজকেন্দ্ৰিক লক্ষ্যৰ সমৰ্থকসকলে শিক্ষার্থীসকলক সামাজিক পৰিৱেশত ডাঙৰ-দীঘল কৰিবলৈ বিদ্যালয়ত সামাজিক পৰিৱেশ প্ৰদানৰ পোষকতা কৰিছে। তেওঁলোকে বিদ্যালয়ক এখন ক্ষুদ্র সমাজ হিচাপে গণ্য কৰে। এই সমাজত শিশুসকলৰ ব্যক্তি সত্বাৰ বিকাশৰ বাবে ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সমৰ্থকসকলে শিক্ষা শিশুকেন্দ্রিক হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এনেদৰে শিক্ষাৰ দুই লক্ষ্যৰ মাজত সমন্বয় ৰক্ষা কৰি শিশুৰ ব্যক্তিগত আৰু সামাজিক বিকাশ একেলগে সম্ভৱ কৰি তুলিব পাৰি৷ 

প্রশ্ন ১৪। শিক্ষাৰ লগত নিম্নলিখিত বিষয়বোৰৰ সম্বন্ধ লিখা।

(ক) শিক্ষা আৰু জীৱবিদ্যা।

(খ) শিক্ষা আৰু সমাজ বিজ্ঞান

(গ) শিক্ষা আৰু দর্শন

(ঘ) শিক্ষা আৰু অৰ্থনীতি

(ঙ) শিক্ষা আৰু পৰিসংখ্যাবিজ্ঞান।

উত্তৰ: জীৱবিদ্যাৰ লগত শিক্ষাৰ সম্পৰ্ক (Relation between Biology and Education) : শিক্ষাৰ লগত জীৱবিদ্যাৰ এক গভীৰ সম্পৰ্ক আছে। জীৱবিদ্যা অর্থাৎ ইংৰাজী Biology শব্দটো গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে। গ্রীক ভাষাত Bio মানে হ’ল জীৱন আৰু Logos মানে হ’ল আলাপ-আলোচনা। গতিকে ব্যুৎপত্তিগত অৰ্থৰ ফালৰ পৰা জীৱনৰ বিজ্ঞানেই হ’ল জীৱবিদ্যা বা জীৱবিজ্ঞান। বিজ্ঞানৰ যিটো শাখাই জীৱন আৰু জীৱিত প্ৰাণী তথা কস্তু সামগ্ৰীৰ বিষয়ে অধ্যয়ন কৰে তাকেই জীৱবিদ্যা বুলি কোৱা হয়। জীৱবিজ্ঞানৰ দুটা মুখ্য ভাগ হ’ল- প্রাণীবিদ্যা (Zoology) আৰু উদ্ভিদবিদ্যা (Botany)। আধুনিক জীৱবিদ্যাই উদ্ভিদ আৰু প্ৰাণীৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে সকলো জীৱৰে জীৱন নিয়ন্ত্রণ কৰা মূল নীতি আৰু সূত্ৰৰ বিষয়ে জ্ঞানৰ খোৰাক যোগায়। শিক্ষাৰ লগত জীৱবিদ্যাৰ এক গুৰুত্বপূর্ণ সম্পর্ক আছে। শিক্ষাৰ কাম হৈছে মানৱীয়

ক্ষমতাৰ বিকাশ সাধন কৰি সামাজিক জীৱনৰ উপযোগী স্বাৱলম্বী জীৱন যাপন কৰাত সহায় কৰা। জীৱবিদ্যাৰ দ্বাৰা লাভ কৰা জ্ঞানৰ সহায়ত শিক্ষাই মানুহৰ বিকাশ প্রক্রিয়া পদ্ধতিগতভাৱে পৰিচালনা কৰাত সহায় কৰে। জীৱবিদ্যাৰ জ্ঞানে শিক্ষকক ছাত্র-ছাত্রীৰ জৈৱিক চৰিত্ৰ, দৈহিক বিশেষত্ব, শৰীৰৰ ভিন্ন কার্যকলাপ সম্পর্কে জ্ঞান লাভ কৰাত সহায় কৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ ব্যক্তি পাৰ্থক্যতাই (Individual difference) যেনে— বিভিন্ন গ্রন্থী পেশীসমূহৰ নিজস্ব কাম-কাজ, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ প্ৰভাৱ ইত্যাদিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক গঠন, শক্তি-সামর্থ্য, মানসিক সহিষ্ণুতা, বাধাগ্রস্তুতা ইত্যাদিয়ে শিক্ষাদান আৰু শিক্ষা গ্রহণ কার্যত বিশেষ প্ৰভাৱ বিস্তাৰ কৰে। সেয়েহে কিছুমান বিশেষ বিশেষ প্রয়োজনীয়তাৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীসকলক পৃথক শিক্ষণ পদ্ধতিৰে আছুতীয়াকৈ শিক্ষা প্ৰদানৰো ব্যৱস্থা কৰা হয়। জীৱবিদ্যাৰ বৈজ্ঞানিক জ্ঞান আৰু নীতিসমূহে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণত বহু পৰিমাণে সহায় কৰে। বৰ্তমানৰ শিশুকেন্দ্রিক শিক্ষা ব্যৱস্থাত শিশুক জৈৱিক আৰু মানসিক প্রয়োজন অনুসৰি যে শিক্ষা প্ৰদান কৰিব লাগে সেই বিজ্ঞানসন্মত ধাৰণাও বহু পৰিমাণে জীৱবিদ্যাৰ দ্বাৰা প্ৰভাৱিত। জীৱবিদ্যাই গৱেষণামূলক তথ্যৰ ভিত্তিত শিক্ষাৰ লগত জড়িত বিভিন্ন অন্ধবিশ্বাস দূৰ কৰিবলৈ সক্ষম হৈছে। উদাহৰণস্বৰূপে, স্ত্রী-শিক্ষাৰ কথাকে ক’ব পাৰি। জীৱবিজ্ঞানে প্রমাণ কৰি দেখুৱালে যে স্ত্রী আৰু পুৰুষৰ মাজত মানসিক আৰু বৌদ্ধিক গুণৰ পাৰ্থক্য নাই। ফলত সমগ্র বিশ্বতে স্ত্রী শিক্ষাৰ প্ৰতি থকা পুৰণি চিন্তাধাৰাৰ পৰিৱৰ্তে এক নতুন জাগৰণৰ সৃষ্টি হ’ল। সেইদৰে সমাজত প্ৰচলিত বিভিন্ন ঝু-সংস্কাৰ আঁতৰ কৰাটোত জীৱবিজ্ঞানৰ বিজ্ঞানসন্মত দৃষ্টিভংগীয়ে যথেষ্ট পৰিমাণে সহায় আগবঢ়াইছে। ছাত্ৰ-ছাত্ৰীৰ বয়স আৰু দেহ-মানসিক প্ৰয়োজনৰ ভিত্তিত জীৱবিদ্যাই শিক্ষা পৰিকল্পনা প্রস্তুতকৰণত, পাঠ্যক্ৰম প্ৰস্তুতকৰণত, অনুশাসন ব্যৱস্থাৰ প্ৰৱৰ্তনত, শিক্ষাদানৰ পদ্ধতি নিৰূপণ কার্যত মূল্যায়নৰ ব্যৱস্থা আৰু সহ-পাঠ্যক্ৰমৰ বিষয়সমূহ প্রয়োগৰ ক্ষেত্ৰতো যথেষ্ট সহায় আগবঢ়ায়

(খ) শিক্ষা আৰু সমাজবিজ্ঞান:

উত্তৰ: শিক্ষা আৰু সমাজবিজ্ঞানৰ মাজত এক ওতঃপ্রোত সম্বন্ধ আছে। শিক্ষাই ব্যক্তিৰ জন্মগত অসংশোধিত প্রবৃত্তিগত আচৰণসমূহ সংশোধিত কৰি সামাজিকভাৱে প্ৰকাশৰ উপযোগী কৰি গঢ়ি তোলে। কাৰিকৰী দিশত শিক্ষা হৈছে, এনে এক প্রক্রিয়া যাৰ দ্বাৰা সমাজে স্কুল কলেজ আদিৰ মাধ্যমেৰে সাংস্কৃতিক ঐতিহ্য, মূল্যবোধ, দক্ষতা পৰম্পৰাগতভাবে প্ৰদান কৰে। শিক্ষানুষ্ঠানত শিক্ষকে পদ্ধতিগতভাবে সমাজৰ লক্ষ্য আৰু উদ্দেশ্যক ছাত্ৰ-ছাত্ৰীৰ আগত উপস্থাপন কৰে। আনহাতে সমাজ শাস্ত্র বিজ্ঞান হৈছে সামাজিক জীৱন সম্পৰ্কীয় বিজ্ঞান। ‘সমাজশাস্ত্ৰ বিজ্ঞানৰ ইংৰাজী প্রতিশব্দ হৈছে ‘sociology’ এই sociology শব্দটো মূলতঃ লেটিন শব্দ socius অর্থাৎ একেলগে থকা (companion) বা সমাজ আৰু গ্ৰীক শব্দ ‘Logos’ অর্থাৎ জ্ঞান বা scientific study’ । গতিকে সমাজবিজ্ঞানহ’ল যি বিজ্ঞানে সমাজৰ বিষয়ে প্রণালীবদ্ধভাবে অধ্যয়ন চলায়। সমাজ বিজ্ঞানৰ আলোচনাৰ মূল বিষয়সমূহ হ’ল মানুহৰ জীৱন প্ৰক্ৰিয়া, কাৰ্য্যকলাপ, দলীয় আচৰণ, ৰুচিবোধ, আচাৰ ব্যৱহাৰ, জাতি আৰু সম্প্ৰদায় সম্পৰ্কীয় চেতনাৰ স্বৰূপ নির্ণয়, সভ্যতা-সংস্কৃতি আদিৰ সবিশেষ আলোচনা। ইয়াৰ উপৰিও সমাজৰ উৎপত্তি, উত্থান-পতন, ক্রমবিকাশ আৰু বিবর্তন, সামাজিক সম্পর্ক, সামাজিক জীৱন প্ৰণালীৰ বিশেষত্ব আদিৰ বিষয়েও সমাজ বিজ্ঞানত অধ্যয়ন কৰা হয়। সমাজ বিজ্ঞানে সামাজিক আচৰণ, সমাজৰ ক্ৰিয়াকলাপ আদিৰ বিষয়ে ধাৰাবাহিকভাবে বিচাৰ বিশ্লেষণ কৰে।

ওপৰৰ আলোচনাৰ পৰা এইটো স্পষ্ট হৈ পৰে যে শিক্ষাৰ উদ্দেশ্য হ’ল ব্যক্তিৰ মাজত সামাজিক গুণসমূহৰ বিকাশ সাধন কৰা যাৰ জৰিয়তে ব্যক্তি আৰু সমাজ উভয়ে মংগলে বসবাস কৰিব পাৰে। আনহাতে সমাজ বিজ্ঞানত ব্যক্তিয়ে বসবাস কৰা সমাজখনৰ বিষয়ে তন্নতন্নকৈ বিজ্ঞানসন্মতভাবে অধ্যয়ন কৰা হয়। সেয়েহে শিক্ষা আৰু সমাজ বিজ্ঞানক একেটা মুদ্ৰাৰে দুটা পিঠি হিচাপে স্বীকাৰ কৰা হৈছে।

(গ) শিক্ষা আৰু দৰ্শন:

উত্তৰ: শিক্ষা আৰু মনোবিজ্ঞানৰ সম্পৰ্ক (Relation between Education and Psychology)  : শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত এক ওতঃপ্রোত সম্বন্ধ আছে। মনোবিজ্ঞানে শিক্ষাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে। শিক্ষাৰ প্ৰধান লক্ষ্য হ’ল ছাত্র ছাত্ৰীৰ দেহ-মন আৰু আত্মাৰ সৰ্বাত্মক বিকাশত সহায় কৰা। মনোবিজ্ঞান এনে এটা বিষয় যাৰ জ্ঞানে শিক্ষকসকলক ছাত্ৰৰ মন আৰু প্ৰকৃতি বুজাত সহায় কৰে। বিকাশৰ স্তৰ অনুযায়ী ছাত্র ছাত্ৰীৰ প্ৰয়োজন আৰু সমস্যাসমূহ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাত মনোবিজ্ঞানে শিক্ষকসকলক সহায় কৰে। শিক্ষকে কোনো এটা বিষয়ৰ শিক্ষা দিবলৈ যাওঁতে যেনেকৈ সেই বিষয়টো ভালকৈ জনা দৰকাৰ ঠিক তেনেকৈয়ে যাক শিক্ষা দিব লগা হয় তাকো ভালদৰে জনা আৱশ্যক। সেইবাবে শিক্ষাদানৰ ক্ষেত্ৰত বিষয় আৰু শিশু উভয়কে শিক্ষকে জানিব লাগে। মনোবিজ্ঞানৰ সহায়ত শিক্ষকে শিশু সম্বন্ধে জানিব পাৰে। শিশুৰ প্রকৃতি, আচৰণ, ইচ্ছা-আকাংক্ষা, মানসিক ক্ষমতা, যোগ্যতা, সদ্ভাৱনীয়তা ইত্যাদি মনোবিজ্ঞানৰ জৰিয়তে শিক্ষকে আয়ত্ত কৰিব পাৰে। ব্যক্তি পাৰ্থক্যৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীৰ বয়স আৰু পঠনীয় বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি কি পদ্ধতিৰে শিক্ষা দান কৰিলে অধিক গ্রহণযোগ্য হৈ উঠিব— সেই সিদ্ধান্ত গ্ৰহণ কৰাটো মনোবিজ্ঞানে শিক্ষকক সহায় কৰে। মনোবিজ্ঞানে শিক্ষা পৰিৱেশনৰ ওপৰত থকা নিয়ন্ত্রণ ক্ষমতা সম্পর্কে শিক্ষকক অৱগত কৰাই, প্রয়োজন অনুসৰি তেনে পৰিৱেশৰ পৰিৱৰ্তন আৰু উন্নতি সাধনত সহায় কৰে। তদুপৰি শিক্ষাৰ্থীয়ে শিক্ষা গ্রহণ কার্যত প্ৰদৰ্শন কৰা বিভিন্ন আচাৰ-ব্যৱহাৰ, ক্ৰিয়া-কলাপ আদি বহু পৰিমাণে তেওঁলোকৰ অচেতন মনৰ দ্বাৰা প্ৰভাৱিত হয়। গতিকে ছাত্র-ছাত্ৰীৰ মনৰ তিনিওটা স্তৰ যেনে— সচেতন, অৱচেতন আৰু অচেতনৰ বিভিন্ন ক্ৰিয়া-কলাপ আৰু শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ সম্বন্ধে শিক্ষকে মনোবিজ্ঞানৰ জৰিয়তে আয়ত্ত কৰিব পাৰে। শিক্ষাদান আৰু শিক্ষা গ্রহণ কার্যত দেখা দিয়া বিভিন্ন সমস্যাৱলী যেনে— ছাত্ৰ-ছাত্ৰীৰ অমনোযোগিতা, শিক্ষক অথবা অন্য ছাত্র-ছাত্ৰীৰ প্ৰতি প্রতিকূল আচৰণ, শিক্ষানুষ্ঠানৰ অনুশাসন ভংগৰ প্ৰৱণতা ইত্যাদি সমস্যাসমূহ শাস্তিমূলক নীতিৰ দ্বাৰা সমাধান কৰিবলৈ গলে সমস্যা সমাধান হোৱাৰ পৰিৱৰ্তে অধিক জটিল হৈ উঠাৰহে সম্ভাৱনা অধিক। এইক্ষেত্ৰত শিক্ষকে অতি সাবধানে মনোবিজ্ঞানৰ নীতিসমূহ ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীৰ সমস্যাসমূহ দূৰ কৰিব পাৰে। মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক শৈক্ষিক মূল্যায়নৰ ক্ষেত্ৰতো সহায় কৰে। এনেদৰে শিক্ষাদান আৰু গ্ৰহণ কাৰ্য অধিক মনোগ্রাহী আৰু ফলপ্রসু কৰি তুলিবৰ বাবে মনোবিজ্ঞানে শিক্ষকক যথেষ্ট পৰিমাণে সহায় কৰে। 

(ঘ) শিক্ষা আৰু অৰ্থনীতি: (Education and Economics) :

উত্তৰ: শিক্ষা আৰু অৰ্থনীতিৰ মাজত এক ওতঃপ্রোত সম্পর্ক আছে। অতীত কালত জীৱন ধাৰণ প্ৰক্ৰিয়া আছিল অতি সহজ-সৰল। কিন্তু বর্তমান সময়ত জনসংখ্যা বৃদ্ধিৰ লগতে জ্ঞানৰ প্ৰসাৰ তথা বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ বিস্তাৰৰ বাবে জীৱন ধাৰণ প্ৰক্ৰিয়া অতীততকৈ অধিক জটিল হৈ পৰিছে। সেয়েহে বৰ্তমান যুগৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে অর্থনীতিৰ জ্ঞান প্ৰয়োজনীয় হৈ পৰিছে। প্রখ্যাত অর্থনীতিবিদ মাৰ্শ্বালৰ (Marshall) মতে, মানুহৰ জীৱনৰ সাধাৰণ বৈষয়িক কাম-কাজৰ বিষয়ে অধ্যয়নেই হ’ল অৰ্থনীতিৰ মূল কথা। এই বিজ্ঞানে মানৱ কল্যাণৰ অৰ্থে আহৰণ কৰা সকলো বৈষয়িক সম্পদক কেন্দ্ৰ কৰি ব্যক্তি আৰু সমাজে কৰা কাম-কাজক অধ্যয়ন কৰে। বহল অর্থত অর্থনীতি মানৱ কল্যাণমুখী সকলো কৰ্মৰ লগতে জড়িত। শিক্ষাক মানৱ সম্পদ বিকাশৰ আহিলা হিচাপে বিবেচনা কৰা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগেই শিক্ষা আৰু অৰ্থনীতিৰ মাজৰ সম্পৰ্ক অধিক গভীৰ আৰু ব্যাপক হ’বলৈ আৰম্ভ কৰিলে। পুৰণি কালত শিক্ষাৰ মূল উদ্দেশ্য আছিল ছাত্র ছাত্ৰীৰ মাজত জ্ঞানৰ বিকাশ ঘটোৱাটো। কিন্তু বর্তমান সময়ত জ্ঞান আৰু উৎপাদনশীলতাৰ সম্পর্ক ঘনিষ্ঠ হৈ পৰা বাবে শিক্ষাক মানৱ সম্পদ উন্নয়নৰ মাধ্যম হিচাপে অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। এনে উন্নয়ন প্রক্রিয়াত প্রতিজন ছাত্ৰ-ছাত্ৰীৰ মানৱীয় প্রতিভাসমূহৰ প্ৰণালীবদ্ধ বিকাশৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক উৎপাদন প্ৰক্ৰিয়াৰ অংশীদাৰ হিচাপে গঢ়ি তোলাটোৱে শিক্ষাৰ প্ৰধান কাম। সেয়েহে শিক্ষকে ছাত্ৰ-ছাত্ৰীক বুজিব পৰাকৈ মুদ্ৰা সম্পর্কে, উৎপাদিত বস্তু বেচা-কিনাৰ বাবে বজাৰ ব্যৱস্থাৰ বিষয়ে উৎপাদিত বস্তুৰ বিতৰণ আৰু চাহিদা সম্পর্কে জ্ঞান প্রদান কৰা আৱশ্যক। ঠিক তেনেদৰে মূলধন, লাভ-লোকচান, আয় ব্যয় সম্পর্কেও অর্থনীতিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে জ্ঞান অৰ্জন কৰিব পাৰে। উপার্জিত ধন বা ৰাহি হোৱা ধন জমা কৰিবৰ বাবে কি ধৰণৰ সঞ্চয় ব্যৱস্থা গ্ৰহণ কৰিব সেয়া অৰ্থনীতিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে আয়ত্ত কৰিব পাৰে। মুদ্রাস্ফীতি, বেংক ব্যৱস্থা, ঋণদান ব্যৱস্থা ইত্যাদিৰ বিষয়ে বিতংভাৱে অর্থবিজ্ঞানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে আয়ত্ত কৰিব পাৰে। অর্থনীতিবিদসকলে মত প্ৰকাশ কৰিছে যে শ্ৰেণীকোঠাত অৰ্জন কৰা অৰ্থনীতিৰ বিভিন্ন জ্ঞানসমূহ কেৱল শ্রেণীকোঠাৰ মাজতে আৱদ্ধ নাথাকে, ইয়াৰ প্ৰভাৱ গোটেই জীৱনজুৰি বিয়পি থাকে। গতিকে শিক্ষকে শিক্ষাদান ক্ষেত্ৰত বহল পৰিসৰত জীৱনৰ প্রায়োগিক উপযোগিতাৰ ভিত্তিত অৰ্থনীতিৰ জ্ঞান ছাত্র-ছাত্রীসকলক দিব লাগে। বৰ্তমান সময়ত বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই শিক্ষাৰ ক্ষেত্ৰত অর্থ বিনিয়োগ কৰাৰ ওপৰত গুৰুত্ব দিছে। এই বিনিয়োগৰ ওপৰতে ৰাষ্ট্ৰখনৰ গুণগত আৰু সংখ্যাগত শৈক্ষিক বিকাশ নিৰ্ভৰ কৰে। কাৰণ শিক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ধৰণৰ জ্ঞান অৰ্জনৰ দ্বাৰা ভৱিষ্যৎ অর্থনৈতিক বিকাশত অৰিহণা যোগাব পাৰে। সেয়েহে শিক্ষা আৰু অৰ্থনীতিৰ সম্পৰ্কক একেটা মুদ্ৰাৰে ইফাল-সিফাল বুলিব পাৰি। দেশৰ অৰ্থনৈতিক বিকাশৰ বাবে শিক্ষাৰ প্ৰয়োজন। আনহাতে শৈক্ষিক বিকাশৰ বাবে প্রয়োজন অর্থ বিনিয়োগৰ চমুকৈ ক’বলৈ গ’লে শিক্ষাই দেশৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত দুই ধৰণে প্ৰভাৱ বিস্তাৰ কৰে—

১। তাত্ত্বিক আৰু প্ৰায়োগিক জ্ঞান প্রদান আৰু প্ৰশিক্ষণৰ জৰিয়তে উৎপাদনৰ বাবে প্ৰয়োজনীয় যোগ্যতা আৰু অৰ্হতা অর্জনত ছাত্র-ছাত্ৰীসকলক সহায় কৰা। 

২৷ দেশৰ সামূহিক বিকাশৰ বাবে প্রয়োজন হোৱা ব্যক্তিগত চিন্তাধাৰা, মূল্যবোধ, আচৰণবিধি আদি গুণসমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিকাশ সাধনত সহায় কৰা।

(ঙ) শিক্ষা আৰু পৰিসংখ্যা বিজ্ঞান পৰিসংখ্যা বিজ্ঞান বুলিলে কোনো বিষয়ে সংখ্যামূলক তথ্য সংগ্ৰহ কৰি সেই তথ্যৰ পৰীক্ষা, বিশ্লেষণ, ব্যাখ্যা, তুলনা আদিৰ জৰিয়তে এক তত্ত্বমূলক সিদ্ধান্তত উপনীত হোৱাকে বুজায়। সেয়ে পৰিসংখ্যা হ’ল এক বিজ্ঞান যত সংখ্যা সজোৱা, বিশ্লেষণ, উপস্থাপন আৰু তুলনাক পৰীক্ষামূলক দিশেৰে বিচাৰ কৰি চোৱা হয়। কার্ল পিয়েছন (Karl Pearson) আৰু ছাৰ্লচ স্পিয়েমেনে কুৰি শতিকাৰ আৰম্ভণিতে পৰিসংখ্যা বিজ্ঞানত উপযুক্ত পদ্ধতিৰ (সহ-সম্বন্ধ গুণাংক) প্ৰয়োগৰ জৰিয়তে ইয়াৰ ব্যৱহাৰিক উপযোগিতা বৃদ্ধি. কৰি তুলিছে। ইয়াৰ লগে লগে মানৱ সভ্যতাৰ প্ৰতিটো বিষয়ৰ লগতে পৰিসংখ্যা বিজ্ঞানৰ ঘনিষ্ঠতা বৃদ্ধি পাই আহিছে। শিক্ষাৰ ক্ষেত্ৰতো পৰিসংখ্যা বিজ্ঞানৰ ব্যৱহাৰ অপৰিহাৰ্য হৈ পৰিছে। ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ত নাম ভৰ্তিৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ শৈক্ষিক কৃতকার্যতা, বাৰ্ষিক উপস্থিতি আদিৰ বিষয়ে ব্যাখ্যা কৰিবলৈ পৰিসংখ্যা বিজ্ঞানৰ সহায় লোৱা হয়। বর্তমান সময়ত ছাত্ৰ-ছাত্ৰীৰ মানসিক শক্তি-সামর্থ্য, সম্ভাৱনীয়তা, সীমাৱদ্ধতা ইত্যাদি গুৰুত্বপূৰ্ণ দিশসমূহ

পুৰণি ব্যক্তিনিষ্ঠ (Subject method) পদ্ধতিৰে বিশ্লেষণ কৰাৰ পৰিৱৰ্তে পৰিসংখ্যা বিজ্ঞানৰ উপযুক্ত পদ্ধতি প্রয়োগৰ জৰিয়তে বস্তুনিষ্ঠভাৱে (Objective way) পৰিমাণ কৰাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰা হয়। শিক্ষানুষ্ঠানসমূহত অনুষ্ঠিত হোৱা পৰীক্ষাসমূহৰ ফলাফলক পৰিসংখ্যাৰ জৰিয়তে প্ৰকাশৰ দ্বাৰা ছাত্র-ছাত্রীসমূহক নির্বাচন আৰু শ্রেণীভুক্তকৰণ সম্ভৱ হৈ উঠিছে। পৰিসংখ্যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসমূহৰ কৃতকাৰ্যতাৰ ওপৰত ভিত্তি কৰিয়ে শিক্ষানুষ্ঠানসমূহৰ অৰ্হতা, পাৰদৰ্শিতা আৰু কাৰ্যকাৰিতা সম্বন্ধে বুজিব পৰা যায়। পৰিসংখ্যাৰ জৰিয়তে শিক্ষাদানৰ পদ্ধতিসমূহৰ তুলনামূলক অধ্যয়ন আৰু প্ৰয়োজনভিত্তিক উন্নীতকৰণ সম্ভৱ হৈ উঠে।

প্রশ্ন ১৫। আনুষ্ঠানিক শিক্ষাৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি?

উত্তৰ: আনুষ্ঠানিক শিক্ষাৰ প্ৰধান বৈশিষ্ট্য কেইটা হৈছে এনেধৰণৰ – 

(১) আনুষ্ঠানিক শিক্ষা পর্যায়ক্রমে ভিন ভিন শিক্ষানুষ্ঠানত দিয়া হয়। যেনে প্রাথমিক বিদ্যালয়, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় ইত্যাদি।

(২) শিক্ষানুষ্ঠানসমূহত নিৰ্ধাৰিত সময় অনুযায়ী, নিৰ্ধাৰিত বিষয়ৰ জ্ঞান, নিৰ্ধাৰিত নীতি নিয়ম আৰু অনুশাসনৰ মাজেদি দিয়া হয়।

(৩) শিক্ষাৰ্থীৰ সম্পূর্ণ স্বাধীনতা আৰু স্বতঃস্ফূর্ততা ইয়াত নাথাকে। 

(৪) সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে ই সমানে উপযুক্ত নহয়।

(৫) এইবিধ শিক্ষা সামাজিকভাৱে স্বীকৃতিপ্রাপ্ত।

(৬) এই শিক্ষা যথেষ্ট ব্যয়বহুল আৰু কষ্টসাধ্য।

(৭) এই শিক্ষাত এটা স্তৰত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পাছতহে আনটো স্তৰত শিক্ষালয়ৰ বাবে একোজন শিক্ষার্থী যোগ্য বুলি বিবেচিত হয়।

(৮) আনুষ্ঠানিক শিক্ষাৰ বাবে মানৱজীৱনৰ নিৰ্দিষ্ট কেইটামান বছৰহে প্রয়োজন হয়। এই বৈশিষ্ট৷ কেইটালৈ মন কৰিলেই আমি আনুষ্ঠানিক শিক্ষা সম্পর্কে একোটা ধাৰণা লাভ কৰিব পাৰো।

প্রশ্ন ১৬। অনানুষ্ঠানিক শিক্ষাৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি?

উত্তৰ: অনানুষ্ঠানিক শিক্ষাৰ প্ৰধান বৈশিষ্ট্যসমূহ হৈছে এনেধৰণৰ 

(১) অনানুষ্ঠানিক শিক্ষা কোনো নির্দিষ্ট স্থান, কাল বা পাত্ৰৰ দ্বাৰা নিৰ্ধাৰিত সূচী অনুযায়ী দিয়া নহয়৷ 

(২) ইয়াত কোনো নিৰ্ধাৰিত নীতি-নিয়ম নাথাকে বা বাধ্যতামূলক অনুশাসনো জাপি দিয়া নহয়৷ 

(৩) এই শিক্ষাৰ পৰিধি অতি ব্যাপক আৰু ই সমগ্র জীৱন জুৰি চলি থাকে। 

(৪) অনানুষ্ঠানিক শিক্ষাব্যৱস্থাত শিক্ষক সকলে পূর্ণ স্বাধীনতা লাভ কৰে বাবেই তেওঁলোকৰ শিক্ষাও লাভ হয় স্বতঃস্ফূর্তভাৱে।

(৫) এনে শিক্ষা সাধাৰণতেই ব্যয়বহুল আৰু কষ্টসাধ্য নহয়। তাৰ পৰিৱৰ্তে ই সহজলভ্য বুলিহে ক’ব পাৰি।

(৬) সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবেই এনে শিক্ষা সমানে প্রয়োজন। ওপৰত আলোচনাটিৰ পৰা আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ পাৰ্থক্য সম্পর্কে আমি স্পষ্ট ধৰণা লাভ কৰিব পাৰো। এইখিনিতে উল্লেখযোগ্য যে আমেৰিকাৰ বিখ্যাত শিক্ষাবিদ জন ডিউই (John Dewey) নামৰ লোকজনে তেওঁৰ এখন কিতাপত (Democracy & Education) উল্লেখ কৰিছে যে আনুষ্ঠানিক শিক্ষাক ‘ইচ্ছাকৃত শিক্ষা’ (Intentional Education) আৰু অনানুষ্ঠানিক শিক্ষাক ‘ঘটনাক্রমিক শিক্ষা’ (Incidental Education) বুলি ক’ব পৰা যায়। কিয়নো প্রথমবিধ শিক্ষা আমি প্রয়োজন অনুসৰি নিৰ্ধাৰিত পাঠ্যক্ৰম আৰু নীতি-নিয়মৰ মাজেৰে ইচ্ছাকৃতভাৱে গ্রহণ কৰো। অন্যহাতে, দ্বিতীয়বিধ শিক্ষাত পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ল’বলৈ যাওঁতে ঘটনাক্রমে বহুতো জ্ঞান লাভ কৰো। সেই হিচাপে এই দুয়োবিধ শিক্ষাৰেই বৰ্তমান সময়ত অতি প্রয়োজন।

প্রশ্ন ১৭। অনৌপচাৰিক বা অগতানুগতিক শিক্ষাৰ উদ্দেশ্যৰ বিষয়ে লিখা।

উত্তৰ: অগতানুগতিক শিক্ষা হ’ল সমাজৰ বিভিন্ন পৰ্যায়ৰ ব্যক্তিক শৈক্ষিক কাৰ্যসূচীৰ দ্বাৰা শিক্ষিত কৰি সামাজিক জীৱনৰ উপযোগী জ্ঞান আৰু দক্ষতা প্ৰদান কৰা এক প্ৰক্ৰিয়া। এই শিক্ষা ব্যৱস্থাত ভৰ্তিকৰণ, পাঠ্যক্রম শিক্ষণৰ গতি, সময় আৰু কোনো ধৰা বন্ধা নীতি নাই। জ্ঞানেই হ’ল এই শিক্ষাৰ মূলমন্ত্র।

অগতানুগতিক শিক্ষাৰ মূল উদ্দেশ্যসমূহ হ’ল

(ক) এই শিক্ষাৰ যোগেদি যিবিলাক ল’বা-ছোৱালীয়ে উপযুক্ত বয়সত নানান অসুবিধাৰ কাৰণে শিক্ষা লাভ কৰিব নোৱাৰে সেইবিলাকৰ কাৰণে এই আঁচনি লোৱা হৈছে। 

(খ) নিৰক্ষৰ পুৰুষ আৰু মহিলাৰ কাৰণে এই শিক্ষাৰ আৱশ্যকতা বেছি।

(গ) এই শিক্ষাৰ যোগেদি শিক্ষাক সার্বজনীন ৰূপ দিয়াত সহায় কৰে।

(ঘ) যিবিলাক ল’ৰা-ছোৱালীয়ে উপযুক্ত সময়ত প্রাথমিক শিক্ষা শেষ কৰিব নোৱাৰে। সেই ল’ৰা-ছোৱালীবিলাকৰ কাৰণে অগতানুগতিক শিক্ষা পদ্ধতি বিশেষ উপযোগী। 

(ঙ) এই শিক্ষাৰ জৰিয়তে সামাজিক চেতনা, নাগৰিকত্ববোধ আৰু পৰিৱেশ সচেতনতা বৃদ্ধি কৰা হয়।

(চ) জাতীয় উন্নয়নমূলক কাৰ্য আৰু আঁচনিৰ লগত এনে শিক্ষাৰ সংযোগ ঘটোরা হয়।

(ছ) শিকাৰক ভাষা জান, সংখ্যাৰ জ্ঞান, পৰিৱেশ অধ্যয়ন, সহজ বিজ্ঞানৰ বিষয়ে অবগত (জ) শিক্ষাৰ গুণগত দিশৰ ওপৰত গুৰুত্ব দান কৰি শিক্ষা দানতকৈ শিক্ষা গ্রহণৰ ওপৰত কৰোৱা হয়।

(ঝ) পাঠ্যক্ৰমত ক্রীড়ামূলক কার্যক্রম অন্তর্ভুক্ত কৰি আনন্দদায়ক অভিজ্ঞতা প্ৰদান কৰা হয়। 

(এ) নিম্ন আর্থ-সামাজিক গোটৰ ব্যক্তিৰ বাবে সাধাৰণ শিক্ষা প্ৰদান কৰাৰ লগতে শিক্ষা আধৰুৱা হৈ থকা সকলক আনুষ্ঠানিক শিক্ষাৰ ওচৰ চপাই অনা হয়। 

(ট) পাঠ্যক্রম সম্পূর্ণভাৱে পৰিৱেশ ভিত্তিক কৰি পৰিৱেশ সচেতনতা বৃদ্ধি কৰা হয়।

প্রশ্ন ১৮। অনৌপচাৰিক শিক্ষা কেনেদৰে প্ৰদান কৰিব পাৰি। অথবা, অনৌপচাৰিক বা অগতানুগতিক শিক্ষাৰ মাধ্যমসমূহৰ বিষয়ে আলোচনা কৰা। 

উত্তৰ: অগতানুগতিক শিক্ষা পদ্ধতিৰে শিক্ষা প্ৰদান কৰিবলৈ বিভিন্ন ধৰণৰ অনুষ্ঠানৰ সহায় লোৱা হয়। যেনে 

(ক) আনুষ্ঠানিক শিক্ষাৰ অনুষ্ঠানসমূহ।

(খ) অগতানুগতিক শিক্ষাৰ অনুষ্ঠানসমূহ। 

(গ) বেচৰকাৰী অনুষ্ঠানসমূহ।

(ঘ) জনসংযোগৰ মাধ্যমসমূহ। 

অগতানুগতিক শিক্ষাত বিভিন্ন অনুষ্ঠানবোৰে স্কুল কলেজ আৰু বিশ্ববিদ্যালয়ৰ বিভিন্ন গোটসমূহক অন্তর্ভুক্ত কৰি সময়ে সময়ে আনুষ্ঠানিক শিক্ষাৰে এই অনুষ্ঠানসমূহে শিক্ষাৰ কাৰ্যসূচীৰ ব্যৱস্থা কৰা দেখা যায়। ৰেডিঅ’, টেলিভিচন, চিনেমা আদিৰ জৰিয়তে এই শিক্ষা সম্প্ৰসাৰণ কৰা হয়। বেচৰকাৰী শিক্ষাৰ অনুষ্ঠান যেনে—ক্লাব, কমিটী আদিয়ে অগতানুগতিক শিক্ষাৰ সম্প্ৰসাৰণত সহায় কৰে। অগতানুগতিক শিক্ষাৰ সুকীয়া অনুষ্ঠানসমূহ হ’ল নেহ যুৱক কেন্দ্ৰসমূহ, শ্রমিক কল্যাণসমূহ, গ্ৰাম্য সাক্ষৰতা কেন্দ্ৰসমূহ, শ্রমিকৰ প্ৰশিক্ষণ কেন্দ্ৰসমূহ আৰু সমূহীয়া পুথিভঁৰালসমূহ। এই শিক্ষা বিকাশত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি এজন ব্যক্তিক সম্পূর্ণ এজন যোগ্য ব্যক্তি কৰি সহজে গঢ়ি তুলিবলৈ চেষ্টা কৰাৰ উপৰি এই শিক্ষাৰে নিৰ লোকসকলক লিখা-পঢ়াৰ লগতে সাধাৰণ স্বাস্থ্য ৰক্ষণ, পৰিষ্কাৰ-পৰিচ্ছন্নতা, পৰিৱেশ সং পৰিয়াল পৰিকল্পনা আদিৰ বিষয়ে জ্ঞান দিয়া হয়। অগতানুগতিক শিক্ষাত ছাত্ৰ-ছাত্ৰীৰ সুবিধ। অনুসৰি প্ৰতিদিনে মাত্র দুই ঘণ্টাকৈ ৰাতিপুৱা বা আবেলি শিক্ষাদানৰ ব্যৱস্থা কৰা হয়। অগতানুগতিক শিক্ষা কেন্দ্ৰত শিক্ষকে শিক্ষাদান কৰাৰ উপৰি ছাত্ৰ-ছাত্ৰীক ঘৰুৱা কাম কাজ কৰাত উৎসাহ দিয়ে আৰু অভিভাৱকসকলৰ লগত যোগাযোগ ৰক্ষা কৰি চলে। অগতানুগতিক শিক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয়তা আৰু যোগ্যতালৈ লক্ষ্য ৰাখি বিশেষ ধৰণৰ পাঠ্যপুথি প্ৰস্তুত কৰা হয়। ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ কিতাপ, পেন্সিল, ফলি আদি যোগান ধৰা হয়।। প্রাথমিক শিক্ষাৰ আনুষ্ঠানিক শিক্ষা চাৰিবছৰীয়া, কিন্তু অগতানুগতিক শিক্ষাৰ নিম্ন প্রাথমিক পৰ্যায়ৰ কাৰ্যসূচী মাত্ৰ দুবছৰীয়া। অগতানুগতিক শিক্ষাৰ পাঠ্যক্রম শেষ কৰাৰ পাছত ছাত্ৰ ছাত্ৰীক প্ৰমাণ-পত্ৰ দিয়াৰ ব্যৱস্থা আছে। এনে প্ৰমাণ-পত্ৰৰ সহায়ত তেওঁলোকে ইচ্ছা কৰিলে আনুষ্ঠানিক শিক্ষাত যোগ দিব পাৰে।

প্রশ্ন ১৯। এখন গণতান্ত্রিক দেশত নাগৰিকতাৰ শিক্ষা কি কাৰণত প্রয়োজনীয় ? 

নাইবা, 

সু-নাগৰিকৰ শিক্ষা বুলিলে কি বুজা ?

উত্তৰ: বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে বর্তমান সমাজ অধিক জটিলতৰ হৈ পৰিছে। ইয়াৰ লগে লগে শিক্ষাই ব্যক্তিক সু-নাগৰিক কৰি গঢ়ি তোলাৰ ওপৰত অধিক জনপ্রিয়তা লাভ কৰি আহিছে। বৰ্তমানৰ শিক্ষাৰ্থীক ভৱিষ্যত সমাজৰ সু-নাগৰিক অর্থাৎ যোগ্য নাগৰিক হিচাবে গঢ়ি তোলাতোই শিক্ষাৰ সু-নাগৰিকত্বৰ লক্ষ্যৰ প্ৰধান কথা। এই ধাৰণা সৰ্বপ্ৰথম বাৰৰ বাবে জনসমাজৰ মাজলৈ লৈ আহে গ্ৰীক দার্শনিক প্লেটোৱে তেওঁৰ ‘ৰিপাব্লিক’ নামৰ গ্ৰন্থৰ যোগেদি। তেওঁৰ মতে শিক্ষাই প্ৰতিজন লোকৰ সু-নাগৰিক হিচাবে গঢ় দি তুলিব পাৰে। বৰ্তমান পৃথিৱীৰ প্ৰায়ভাগ ৰাষ্ট্ৰতে গণতন্ত্ৰই প্ৰসাৰ লাভ কৰি উঠিছে। গণতন্ত্ৰৰ সাফল্য নিৰ্ভৰ কৰে দেশৰ নাগৰিক সকলৰ যোগ্যতাৰ ওপৰত। সেয়েহে শিক্ষাৰ সু নাগৰিকত্বৰ লক্ষ্যই লাহে লাহে জনপ্রিয়তা লাভ কৰি আহিছে।

দার্শনিক মিলটনৰ ভাষাত সামাজিক জীৱনেই হওঁক বা ব্যক্তিগত জীৱনেই হওঁক, যুদ্ধ বা শান্তি যিকোনো পৰিস্থিতিতে মানুহে তেওঁৰ কৰ্তব্য পৰায়নতাৰে, পাৰদৰ্শিতাৰে, মহানুভৱতাৰে কৰিব পৰাটো পূৰ্ণাংগ আৰু উদাৰ প্ৰকৃতিৰ শিক্ষাৰ ফল। একমাত্র সু-নাগৰিকতাৰ লক্ষ্যইহে.. ব্যক্তিক সমাজ সচেতন দায়িত্বশীল আৰু সমাজৰ হিতসাধনকাৰী স্বৰূপে গঢ়ি তুলিব পাৰে। নিজ অধিকাৰ, দায়িত্ব ইত্যাদি সুচাৰু ৰূপে পালন কৰি অইনকো ইয়াৰ সদব্যৱহাৰ কৰিবলৈ দিবৰ বাবে ব্যক্তিক সু-নাগৰিকৰ শিক্ষা দিব লাগে। প্রতিখন সমাজতে প্ৰতিজন নাগৰিকৰ বাবে আইনসংগত কিছুমান অধিকাৰ থাকে। ইয়াৰ লগতে আনুসংগিক কিছুমান কর্তব্য থাকে। স্বায়ত্ব শাসনৰ মনোভাব গঢ়ি তোলা ভোটাধিকাৰৰ মূল্য বুজি উঠা, নিজৰ আৰু সমাজৰ দাবী প্রয়োজনৰ সময়ত সাব্যস্ত কৰা, নিজৰ আৰু সমাজৰ বাবে অর্থনৈতিক উৎপাদনৰ যোগাতা লাভ কৰা, স্বাস্থ্যৰক্ষা আৰু পৰিষ্কাৰ, পৰিচ্ছন্নতাৰ নীতি মানি চলা, সমাজৰ প্ৰতিজন নাগৰিকৰ প্রতি সহানুভূতিশীল আৰু সহযোগিতাৰ মনোভাব গঢ়ি তোলা, ইত্যাদি ভাব জগাই তোলা হৈছে সু-নাগৰিকতাৰ শিক্ষাৰ মূল লক্ষ্য। শিক্ষাৰ এই লক্ষ্য আৰু আদৰ্শক গণতান্ত্রিক শিক্ষা আদর্শ বুলি জনা যায়। কিয়নো প্রতিজন নাগৰিকে যোগ্যতাৰে সৈতে নিজ নিজ কর্তব্য সমূহ পালন কৰিলেহে এখন দেশৰ উন্নতি সাধন হ’ব পাৰে। এই শিক্ষাই ব্যক্তিৰ মনত নিজ দেশৰ প্রতি দায়িত্ববোধ আৰু দেশপ্রেম জগাই তুলিব পাবে। এই লক্ষ্যই ব্যক্তিক সমাজৰ লগত সুস্থ সমাযোজনা কৰাত সহায় কৰে। সু-নাগৰিকত্বৰ লক্ষ্য নিসন্দেহে এক উল্লেখযোগ্য আদর্শ আৰু ইয়াৰ উদ্দেশ্যসমূহে বহুপৰিমাণে আধুনিক সমাজৰ আশা-আকাংক্ষা পূৰণ কৰিব পাৰিলেও ইয়াৰ কেতবোৰ দুৰ্বলতা নুই কৰিব নোৱাৰি। 

(১) এই লক্ষ্যই মানৱীয় দিশতকৈ ৰাজনৈতিক দিশৰ লগত অধিক গুৰুত্ব আৰোপ কৰিছে।

(২) ৰাজনৈতিক আৰু নাগৰিক অধিকাৰে মানুহক সহজেই ক্ষমতাপ্রিয় আৰু আত্মকেন্দ্রিক কৰি তুলিব পাৰে।

(৩) ভোটাধিকাৰ আৰু নাগৰিকৰ অধিকাৰৰ সংকীর্ণ মনোভাবে সমাজত ৰাজনৈতিক প্রতিদ্বন্দ্বিতাৰ এক অসুস্থ পৰিৱেশ সৃষ্টি কৰিব পাৰে। সেয়েহে কিছুমান শিক্ষাবিদৰ মতে এই লক্ষ্যই শিক্ষাৰ ব্যাপক লক্ষ্যক সামৰি ল’ব পৰা নাই। ই মাথোন এক আংশিক লক্ষাহে সামৰি লৈছে। 

প্রশ্ন ২০। সংকীর্ণ আৰু ব্যাপক অৰ্থত শিক্ষা বুলিলে কি বুজা?

উত্তৰ: সংকীর্ণ অৰ্থত শিক্ষা বুলিলে উদ্দেশ্য প্রণোদিতভাৱে, নির্দিষ্ট সময়ৰ বাবে নির্দিষ্ট পাঠ্যক্ৰমৰ জ্ঞান দিয়াকে বুজায়। ইয়াৰ বাবে প্ৰয়োজন হয় সুপৰিকল্পিত শিক্ষণ পদ্ধতিৰ। ছাত্র ছাত্ৰীৰ বয়স, সামর্থ্য, ৰুচি, ব্যক্তি পার্থক্য আদিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাক বিভিন্ন স্তৰত ভাগ কৰা হয়। পিতৃ-মাতৃ আৰু সমাজৰ পৰা পোৱা জ্ঞানৰ উপৰিও অভিজ্ঞ শিক্ষকৰ দ্বাৰা বিষয়বস্তুৰ জ্ঞান প্ৰদানৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰা হয়। ইয়াৰ বাবে প্রয়োজন হয় শিক্ষানুষ্ঠানৰ।

শিক্ষানুষ্ঠানত নীতি-নিয়ম, বিষয়সূচী, সময়সূচী অনুশাসন আদি মানি চলিব লগা হয়। শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক নির্দিষ্ট সময়ৰ ভিতৰত জীৱনৰ বাবে প্রয়োজনীয় জ্ঞান পদ্ধতিগতভাৱে প্ৰদান কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলক সমাজৰ আদৰ্শ, পৰম্পৰা, বিশ্বাস, দর্শন আদিৰ লগতে সমাজৰ প্ৰতি থকা তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতিও সচেতন কৰি তোলে। ছাত্র-ছাত্রীসকলক তেওঁলোকৰ বিভিন্ন অধিকাৰ সম্বন্ধে জ্ঞান কৰি দিয়া হয়। সমাজত প্রচলিত কু-সংস্কাৰ, অন্ধবিশ্বাস আদিক বৈজ্ঞানিক দৃষ্টিভংগীৰে বিচাৰ কৰাৰ মানসিকতা গঢ়ি তোলা হয়। এনেদৰে শিশু অথবা ছাত্ৰ-ছাত্ৰীসকলৰ বিকাশৰ পথ পৰিকল্পিতভাৱে গঢ়ি তোলাই সংকীৰ্ণ অৰ্থত শিক্ষাৰ উদ্দেশ্য।

ব্যাপক অর্থত শিক্ষা এক গোটেই জীৱন জোৰা প্ৰক্ৰিয়া বুলিব পাৰি। গতিকে কেৱল মাত্র শিক্ষানুষ্ঠানৰ চাৰিবেৰৰ মাজত লাভ কৰা শিক্ষাকে ইয়াত শিক্ষাৰ আখ্যা দিয়া হোৱা নাই। ইয়াত শিক্ষা শব্দটোৱে জীৱনৰ প্ৰতিটো সৰু-বৰ অভিজ্ঞতাকে শিক্ষাৰ অন্তৰ্ভুক্ত কৰিছে। শিক্ষাবিদ লজ (Lodge) ৰ ভাষাত ক’বলৈ গ’লে, বহল অৰ্থত সকলো অভিজ্ঞতাই শিক্ষা প্ৰদায়িনী। মহৰ কামোৰ, তৰমুজৰ সোৱাদ, ধুমুহা বৰষুণত যাত্ৰী হিচাপে এখন সৰু নাৱত কটোৱাৰ অভিজ্ঞতা— এই সকলোবোৰৰে এক প্ৰত্যক্ষ শিক্ষামূলক প্ৰভাৱ আমাৰ ওপৰত পৰে। গতিকে বহল অর্থত শিক্ষাই যিকোনো পৰিস্থিতিৰ সন্মুখীন হোৱা আৰু সমাযোজন কৰাত সহায় কৰে। জীৱনৰ সমস্যাসমূহ অধ্যয়ন আৰু সমাধান কৰি পৰিৱৰ্তিত পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ল’বলৈ বাস্তৱ শিক্ষা দিয়ে। প্রয়োগিক দিশৰ ওপৰত গুৰুত্ব দিয়াৰ

লগতে ব্যক্তির দেহ, মন আৰু আত্মাৰ সৰ্বাত্মক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বহল অর্থত, হার্বার্ট স্পেনচাৰ (Herbert Spenser)-ৰ মতে সম্পূর্ণ জীৱনেই হৈছে শিক্ষা। সম্পূৰ্ণ জীৱন বোলাৰ লগে লগে ব্যক্তিৰ শাৰীৰিক, মানসিক, আবেগিক, নৈতিক, — সকলো দিশৰে বিকাশ লাভ কৰাকে বুজায়। ইয়াৰ বাবে প্রয়োজন ব্যক্তিৰ সৌন্দর্যবোধক অন্তনির্হিত শক্তি সাম্যৰ্থখিনিৰ স্বাভাৱিক প্ৰকাশ আৰু বিকাশ। এই বিকাশে ব্যক্তিসকলৰ মাজত মানৱীয় গুণসমূহৰ বিকাশ সাধন কৰি প্ৰগতিৰ পথত আগুৱাই নিয়াই বহল অর্থত শিক্ষাৰ মূল উদ্দেশ্য।

প্রশ্ন ২১। শিক্ষাৰ ব্যক্তিকেন্দ্রিক আৰু সমাজকেন্দ্রিক লক্ষ্যৰ বিষয়ে আলোচনা কৰা। 

উত্তৰ: (ক) ব্যক্তিকেন্দ্রিক শিক্ষা ব্যক্তিকেন্দ্রিক শিক্ষা মানে হৈছে প্ৰতিটো শিশুৰ ব্যক্তিগত সুকীয়া সত্বাৰ ওপৰত অধিক গুরুত্ব দি বিকাশৰ পথত আগুৱাই নিবলৈ দিয়া শিক্ষা। শিক্ষাৰ এই লক্ষ্য দৰ্শনৰ প্ৰকৃতিবাদৰ ওপৰত প্ৰতিস্থিত। ইংলেণ্ডৰ ছাৰ পাৰ্ছীনান আছিল এই ব্যক্তিবাদৰ প্ৰধান সমর্থক। তেওঁৰ মতে এখন শিক্ষা আঁচনিৰ সাফল্য নিৰ্ভৰ কৰে ব্যক্তিৰ শ্ৰেষ্ঠতম সম্ভাৱনাৰ উচ্চতম বিকাশৰ ওপৰত। অর্থাৎ এই দৃষ্টিভংগীমতে শিশুৰ ব্যক্তিত্ব গঢ়ি উঠিবৰ বাবে তাৰ দেহ মানসিক ক্ষমতা সমূহৰ আশানুৰূপ বিকাশত সর্বাধিক গুরুত্ব দিব লাগে।

এই দৃষ্টিভংগী বিভিন্ন দৃষ্টিকোণৰ পৰা সমৰ্থন কৰা হৈছে। জৈৱিক দৃষ্টিকোণৰ পৰা ব্যক্তিৰ বংশগতিৰ অস্তিত্ব আশানুৰূপ বিকশাই তুলিবৰ বাবে এই শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। মনোবৈজ্ঞানিক দিশৰ ফালৰ পৰাও মানুহৰ দেহ মানসিক অৱস্থা, বুদ্ধি বৃত্তিৰ ক্ষেত্ৰত থকা পাৰ্থক্যৰ বিবেচনা কৰিহে শিক্ষা প্ৰদানত গুৰুত্ব দিব লাগে। সামাজিক দৃষ্টিভংগীৰ ফালৰ পৰাও ব্যক্তিক সমাজৰ উৰ্দ্ধত বিবেচনা কৰা হয়। পূর্ণ বিকশিত ব্যক্তিয়েহে সমাজৰ উন্নতি আৰু আশানুৰূপ পৰিৱৰ্তন সাধন কৰিব পাৰে। সেয়েহে ব্যক্তিৰ স্বতঃস্ফুত বিকাশৰ গতিত সমাজে কোনো ধৰণৰ প্ৰভাৱ বা প্রতিবন্ধকতাৰ সৃষ্টি কৰিব নালাগে।

শিক্ষাৰ ব্যক্তিকেন্দ্ৰীক মতবাদে সমাজৰ প্রত্যেক ব্যক্তিক এজন স্বয়ং সম্পূর্ণ সত্তা বুলি ধৰি লোৱা হ’য়। আৰু প্ৰতিজন ব্যক্তিৰ মৰ্যদা কচি অভিৰুচি তথা ব্যক্তিগত অভাৱ অভিযোগ বোৰক এই শিক্ষা ব্যৱস্থাত অধিক গুৰুত্ব প্ৰদান কৰা হয়।

শিক্ষাৰ এই ব্যক্তিকেন্দ্ৰিক লক্ষ্য দৃঢ়ভাৱে সমর্থন কৰা ইউৰোপৰ মধ্যযুগীয় ৰুছোৰ নাম প্রথমেই উল্লেখ কৰিব পাৰি। কছোৰ মতে শিশুক প্ৰকৃতিৰ মাজত মুক্ত আৰু স্বাধীনতাৰে ব্যক্তি প্ৰকৃতিৰ বিকাশ সাধন কৰাই শিক্ষাৰ লক্ষ্য হোৱা উচিত। প্রাচীন গ্রীছ দেশৰ ছোফিষ্ট সকলেও ব্যক্তিক সমাজতকৈ অগ্ৰাধিকাৰ দিয়া বিশ্বাস কৰিছিল।

আধ্যাত্মিক জীৱনৰ চৰম বিকাশ বিভিন্ন বিষয়বস্তু অধ্যয়ন আৰু কৰ্মৰ মাজেদি ব্যক্তিৰ পূৰ্ণবিকাশ কৰোৱাই আছিল ভাৰতীয় মনীষীসকলৰ শিক্ষাৰ আদৰ্শ। আধুনিক মনস্তত্বৰ মতেও ব্যক্তি বিশেষৰ জন্মগত গুণৰাশি শক্তি প্ৰতিভাৰ পূৰ্ণবিকাশ শিক্ষাৰ লক্ষ্য হোৱা উচিত। সমাজকেন্দ্রিক লক্ষ্য 

সমাজকেন্দ্রিক শিক্ষা : বর্তমান সময়ত সামাজিক প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ সামাজবাদী লক্ষ্যৰ অৱতাৰণা কৰিছে। এই লক্ষ্যৰ মূল কথা হ’ল শিক্ষাৰ্থীক সমাজিক জীৱনৰ বাবে সুদক্ষ কৰি তোলা। এই লক্ষ্য বুলিলে ঘাইকৈ দুটা কথা বুজোৱা হয় যেনে, সামাজিক লক্ষ্যই দেশ বা ৰাষ্ট্ৰৰ সামূহিক স্বাৰ্থ ৰক্ষা আৰু সামাজিক মংগল কামনা কৰাটোৱেই বুজায়। শিক্ষাই দেশৰ নাগৰিক সকলৰ মন সমাজৰ উন্নতিকামী আৰু মংগলকামী কৰি তুলিব লাগে। দ্বিতীয়তে শিক্ষাৰ সামাজিক লক্ষ্য বুলিলে ব্যক্তিয়ে সামাজিক যোগ্যতা অর্থাৎ নাগৰিক সচেতনতা, অর্থনৈতিক নিৰ্ভৰশীলতা নৈতিকমান বিশিষ্টতা আদি গুণ থাকিলেহে দেশৰ সামূহিক উন্নতি সম্ভৱ হৈ উঠিব পাৰে।

শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ প্ৰধান সমর্থক আছিল আমেৰিকাৰ জন ডিউই। তেওঁৰ মতে শিক্ষাৰ প্ৰধান লক্ষ্য হৈছে মানুহৰ জীৱনটো অবিৰাম গতিত চলাই লৈ যোৱা মানুহ সামাজিক জীৱ। এটা শিশুৱে সমাজৰ মাজত ডাঙৰ দীঘল হওঁতে সমাজৰ আচাৰ-ব্যৱহাৰ, ভাষাৰ আদান-প্রদান, ক্রিয়া-প্রক্রিয়া আদর্শ নীতি নিয়ম গ্ৰহণ কৰে। মানুহৰ জীৱনৰ গতিৰ উন্নতি সাধন কৰিবৰ বাবে সুস্থ সামাজিক পৰিৱেশৰ দৰকাৰ। বৰ্তমান শিল্প আৰু বিজ্ঞানৰ যুগ। বর্তমান সময়ত গণতন্ত্ৰৰ প্ৰসাৰৰ লগে লগে শিল্প বিজ্ঞান ইত্যাদি নতুন নতুন চিন্তাধাৰাৰ যোগেদি সমাজতান্ত্রিক আদৰ্শৰ প্ৰভাৱ বেছি স্পষ্ট হৈ পৰিছে৷ কাৰণ সমাজপ্ৰিয়তা হৈছে মানুহৰ এক সহজাত প্রবৃত্তি। এই প্রবৃত্তিসমূহ বিকাশ কৰা অতি প্রয়োজন। ব্যক্তিৰ মানসিক আৰু বৌদ্ধিক বিকাশ সামাজিক পৰিৱেশ অবিহনে। কৰিব নোৱাৰে। সামাজিক পৰিৱেশৰ মাধ্যমতহে ব্যক্তিৰ সহজাত ক্ষমতা আৰু বিকাশযোগ্যতা আদি আৱিষ্কৃত হ’ব পাৰে। কাৰ ব্যক্তিত্বত কেনে যোগ্যতা নিহিত হৈ আছে তাক জানিবৰ কাৰণে সামাজিক পৰিবেশৰ প্রয়োজন। কোনো কোনো শিক্ষাবিদৰ মতে দেহৰ বিকাশ সাধনৰ বাবে কোষে যিদৰে নিজ ভূমিকা লয় ঠিক তেনেদৰে ব্যক্তিৰ বিকাশ সমাজৰ বাহিৰত হোৱাটো অসম্ভৱ কথা। তদুপৰি ব্যক্তিৰ নিজ নিজ প্রয়োজনসমূহ সমাজৰ যোগেদিহে প্রতিবিম্বিত হয়। সেয়েহে ব্যক্তিৰ প্ৰয়োজনতকৈ সামাজিক প্রয়োজনে সদায় অগ্রাধিকাৰ পোৱা উচিত

প্রশ্ন ২২। উদাৰনৈতিক আৰু বৃত্তিমূলক শিক্ষাৰ মাজৰ পাৰ্থক্য নির্ণয় কৰা।

  উত্তৰ: উদাৰনৈতিক শিক্ষা মূলতঃ সংজ্ঞানাত্মক আৰু আনুভূতিক। আনহাতে শিক্ষা সংক্ৰিয়াত্মক৷

উদাৰনৈতিক শিক্ষাই সৌন্দর্য উপলব্ধিৰ প্রতি মন আকর্ষণ কৰে। আনহাতে, বৃত্তিয় শিক্ষাই ধন উপাৰ্জনৰ বাবে পথ নিৰ্বাচন কৰিবলৈ প্ৰেৰণা যোগায়। উদাৰনৈতিক শিক্ষাই আধ্যাত্মিক তাত গুৰুত্ব দিয়ে। আনহাতে বৃত্তিমূলক শিক্ষাত আধ্যাত্মিক দিশৰ ওপৰত গুৰুত্ব কম।

উদাৰনৈতিক শিক্ষাৰ পৰিসৰ বৰ বহল, ইয়াত সমগ্র বিশ্বৰে সাহিত্য, সংগীত, দর্শন আদি সন্নিৱিষ্ট হোৱাৰ সুবিধা থাকে। আনহাতে বৃত্তিমূলক শিক্ষাৰ পৰিসৰ সংকীর্ণ। একোটা বৃত্তি লগত জড়িত কার্য-কলাপতে ই সীমাবদ্ধ। উদাৰনৈতিক শিক্ষাই শিক্ষার্থীক মৌলিক মূল্যবোধৰ প্ৰতি সংবেদনশীল কৰি তোলে। কিন্তু বৃত্তিমূলক শিক্ষাৰ লক্ষ্যই শিক্ষাৰ্থীক বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগিক দিশৰ লগত পৰিচয় কৰি দিয়ে।

প্রশ্ন ২৩। বৃত্তিমূলক শিক্ষাৰ লক্ষ্য কি?  ইয়াৰ দুৰ্বলতা উল্লেখ কৰা৷

উত্তৰ: বৰ্তমান পৃথিৱীত নিবনুৱা সমস্যাই এক প্ৰবল ৰূপ ধাৰণ কৰিছে। শিক্ষা-দীক্ষা → লাভ কৰি সস্তানে অর্থ উপাৰ্জন কৰাৰ ক্ষমতা অৰ্জন কৰাটো প্রত্যেক অভিভাৱকে কামনা কৰে। সেয়েছে, অথকাৰী শিক্ষা লাভ কৰাৰ প্ৰতি আজি সকলোৱে আগ্রহ প্রকাশ কৰিছে। জীৱিকা অৰ্জন কৰিব পৰা ক্ষমতা অর্জনেই হ’ল শিক্ষাৰ চৰম লক্ষ্য। এই মত পোষণ কৰা সকলৰ মতে শিক্ষাৰ প্ৰধান কাম হ’ল শিক্ষার্থীক জীৱিকা নিৰ্বাহৰ কাৰণে উপযুক্ত কৰি গঢ়ি তোলা। ভৱিষ্যতে জীৱন নিৰ্বাহৰ বৃত্তি সম্বন্ধে শিক্ষার্থীক স্পষ্ট ধাৰণা দিব পাৰিলেহে সেই শিক্ষা অর্থপূৰ্ণ আৰু উদ্দেশ্যধর্মী হয়। এই শিক্ষা লক্ষাৰ দুর্বলতা বা সীমাবদ্ধতা

(ক) এই শিক্ষা মূলতঃ সংক্ৰিয়াত্মক যি মানুহৰ অনুভূতিসমূহক গুৰুত্ব নিদিয়ে। 

(খ) বৃত্তিমূলক উদ্দেশ্য আগত ৰাখি শিক্ষা দিলে ছাত্ৰ-ছাত্ৰীৰ কাৰণে শিক্ষা অর্থপূর্ণ হয় সঁচা, কিন্তু এই লক্ষ্য পূৰ্ণ হোৱাই যথেষ্ট নহয়। ইয়াৰ লগতে শিক্ষাৰ আন আন লক্ষ্য পূৰণৰ ব্যৱস্থা কৰা প্ৰয়ো

(গ) মানুহে কেরল অন্ন-বস্তুৰ ব্যৱস্থা কৰিয়েই সন্তুষ্টি লাভ কৰিব নোৱাৰে। গতিকে এই লক্ষ্যক সম্পূৰ্ণৰূপে সমর্থন কৰিবনোৱাৰি।

(ঘ) এই শিক্ষাৰ লক্ষ্য অতি সংকীর্ণ, ইয়াত সমগ্ৰ বিশ্বৰে সাহিত্য, সংগীত, দর্শন আদি জ্ঞান পোৱাৰ সুবিধা নাই।

(ঙ) এই লক্ষ্যই শিক্ষার্থীক মৌলিক মূল্যবোধৰ প্ৰতি সংবেদনশীল কৰি তুলিব নোৱাৰে।

প্রশ্ন ২৪। শিক্ষাৰ গণতান্ত্রিক লক্ষ্য বুলিলে কি বুজা? 

উত্তৰ: গণতন্ত্র হ’ল ৰাইজৰ দ্বাৰা, ৰাইজৰ বাবে ৰাইজৰ চৰকাৰ। সৰ্বসাধাৰণ ৰাইজৰ উপকাৰৰ বাবে সাধাৰণ ৰাইজৰ দ্বাৰা যি ৰাষ্ট্র গঠিত হয় তাকেই গণতান্ত্রিক ৰাষ্ট্ৰ বোলা হয়। এনে জনকল্যাণকামী গণতান্ত্রিক চৰকাৰ বা ৰাষ্ট্ৰৰ প্ৰধান কাম হ’ল ৰাষ্ট্ৰৰ শিক্ষাৰ ক্ষেত্ৰত গণতান্ত্রিক আদর্শ ৰক্ষা কৰি উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা। এনে গণতান্ত্রিক শিক্ষা ব্যৱস্থাই শিক্ষা গ্ৰহণৰ বাবে দেশৰ সকলো নাগৰিককে সমান অধিকাৰ প্ৰদান কৰে। ধনী-দুখীয়া, উচ্চ নীচ, জাতি-ধর্ম, বর্ণ-সম্প্ৰদায়ৰ মাজত কোনো বৈষম্য নাৰাখি শিক্ষাৰ সুযোগ সকলোকে দিয়ে। কিলপেট্রিকে শিক্ষা আৰু গণতন্ত্রৰ মাজৰ সম্বন্ধ সন্দৰ্ভত মত প্ৰকাশ কৰি কৈছিল যে শিক্ষা আৰু গণতন্ত্র পৰস্পৰে পৰস্পৰৰ অস্তিত্ব বজাই ৰাখে। এটাক এৰি আনটোৰ অস্তিত্ব আৰু সাফলা বিপদাপন্ন হৈ পৰে। গণতন্ত্রই শিক্ষাক সুৰক্ষা দিয়ে আৰু আনহাতে শিক্ষাই গণতন্ত্রক সফল কৰি তোলে। এখন গণতান্ত্রিক বাইত জনসাধাৰণৰ শিক্ষা বিকাশৰ ভিন্ন ভিন্ন দিশ সামৰি জনকল্যাণমুখী শিক্ষানীতি আৰু আদর্শ প্রস্তুত কৰিব লাগে। এই ক্ষেত্ৰত গণতান্ত্রিক শিক্ষাৰ লগত জড়িত বিভিন্ন দিশসমূহ আৰু ইয়াৰ মূল বৈশিষ্টসমূহ হ’ল—

১। গণতান্ত্রিক লক্ষ্যৰ এক গুৰুত্বপূৰ্ণ দিশ হ’ল শিক্ষার্থীসকলক কার্যকরী শিক্ষাবে শিক্ষিত আৰু অর্থনৈতিকভাৱে উৎপাদনশীল কৰি গঢ়ি তুলিব লাগে ৷ 

২। গণতন্ত্র সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ৰাষ্ট্ৰৰ প্ৰতিজন ব্যক্তিয়ে গণতান্ত্রিক আদর্শ আৰু ইয়াৰ প্ৰক্ৰিয়াসমূহ মানি চলিব লাগে। ইয়াৰ বাবে প্রয়োজন প্রতিজন ব্যক্তি বা শিক্ষাৰ্থীৰ মাজত একো একোজন ৰাষ্ট্রৰ যোগ্য নাগৰিক বা সু-নাগৰিক হোৱাৰ বিশেষ বিশেষ গুণসমূহৰ বিকাশ সাধন কৰা।

৩। গণতান্ত্রিক শিক্ষা ব্যৱস্থাত প্ৰতিজন ব্যক্তিৰে শাৰীৰিক, মানসিক, সামাজিক, নৈতিক, আনুভূতিক ইত্যাদি দিশসমূহৰ বিকাশ সাধনৰ জৰিয়তে প্রতিজন ছাত্ৰ-ছাত্ৰীৰে ব্যক্তিত্বৰ পূৰ্ণ বিকাশৰ ওপৰত জোৰ দিব লাগে।

৪। গণতান্ত্রিক শিক্ষাই দেশৰ উঠি অহা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ব্যক্তিত্ব বিকাশৰ জৰিয়তে নেতৃত্বৰ প্ৰয়োজনীয় গুণসমূহৰো বিকাশ সাধন কৰিব লাগে।

৫। গণতান্ত্রিক শিক্ষাৰ আন এক প্রধান লক্ষণ হ’ল ছাত্ৰ-ছাত্ৰীসকলক বৌদ্ধিক স্বাধীনতা প্ৰদান কৰা, যাতে তেওঁলোকে মুক্তভাৱে চিন্তা-চৰ্চা কৰিব পাৰে আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত মৌলিক অৱদান আগবঢ়াব পাৰে। 

৬। গণতান্ত্রিক শিক্ষাই স্কুলীয়া অৱস্থাৰে পৰা কণ কণ ছাত্র-ছাত্রীসকলক ভাষা-ধর্ম, জাতি বর্ণ নির্বিশেষে বৈষম্যহীনভাৱে সকলোৰে মাজত একাত্মবোধ, সামাজিক ন্যায় আৰু সমতাৰ ভাব জগাই তোলাত সহায় কৰিব লাগে।

৭। গণতান্ত্রিক শিক্ষাই দেশৰ আইন-কানুন, নীতি-নিয়ম, বিধি-ব্যৱস্থাৰ প্রতি আনুগত্য আৰু শ্ৰদ্ধাৰ ভাব জগাই তুলি জাতীয় জীৱনলৈ শৃংখলা আৰু স্থিৰতা আনি দেশৰ জাতীয় অনুশাসন মজবুত কৰাত সহায় কৰিব লাগে।

৮। গণতান্ত্রিক শিক্ষাই সমাজৰ পৰা কুসংস্কাৰ, অন্ধবিশ্বাস, ধর্মান্ধতা, সংকীর্ণতা আদি পুৰণিকলীয়া অন্যৱশ্যকীয় ভাবধাৰা ওচাই নতুন প্রগতিশীল চিন্তাধাৰাৰ বিকাশত সহায় কৰিব।

প্রশ্ন ২৫। শিক্ষাৰ সমাজকেন্দ্রিক লক্ষ্যৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰ: ব্যক্তিকেন্দ্রিক শিক্ষা ব্যক্তিকেন্দ্রিক শিক্ষা মানে হৈছে প্ৰতিটো শিশুৰ ব্যক্তিগত সুকীয়া সত্বাৰ ওপৰত অধিক গুরুত্ব দি বিকাশৰ পথত আগুৱাই নিবলৈ দিয়া শিক্ষা। শিক্ষাৰ এই লক্ষ্য দৰ্শনৰ প্ৰকৃতিবাদৰ ওপৰত প্ৰতিস্থিত। ইংলেণ্ডৰ ছাৰ পাৰ্ছীনান আছিল এই ব্যক্তিবাদৰ প্ৰধান সমর্থক। তেওঁৰ মতে এখন শিক্ষা আঁচনিৰ সাফল্য নিৰ্ভৰ কৰে ব্যক্তিৰ শ্ৰেষ্ঠতম সম্ভাৱনাৰ উচ্চতম বিকাশৰ ওপৰত। অর্থাৎ এই দৃষ্টিভংগীমতে শিশুৰ ব্যক্তিত্ব গঢ়ি উঠিবৰ বাবে তাৰ দেহ মানসিক ক্ষমতা সমূহৰ আশানুৰূপ বিকাশত সর্বাধিক গুরুত্ব দিব লাগে।

এই দৃষ্টিভংগী বিভিন্ন দৃষ্টিকোণৰ পৰা সমৰ্থন কৰা হৈছে। জৈৱিক দৃষ্টিকোণৰ পৰা ব্যক্তিৰ বংশগতিৰ অস্তিত্ব আশানুৰূপ বিকশাই তুলিবৰ বাবে এই শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। মনোবৈজ্ঞানিক দিশৰ ফালৰ পৰাও মানুহৰ দেহ মানসিক অৱস্থা, বুদ্ধি বৃত্তিৰ ক্ষেত্ৰত থকা পাৰ্থক্যৰ বিবেচনা কৰিহে শিক্ষা প্ৰদানত গুৰুত্ব দিব লাগে। সামাজিক দৃষ্টিভংগীৰ ফালৰ পৰাও ব্যক্তিক সমাজৰ উৰ্দ্ধত বিবেচনা কৰা হয়। পূর্ণ বিকশিত ব্যক্তিয়েহে সমাজৰ উন্নতি আৰু আশানুৰূপ পৰিৱৰ্তন সাধন কৰিব পাৰে। সেয়েহে ব্যক্তিৰ স্বতঃস্ফুত বিকাশৰ গতিত সমাজে কোনো ধৰণৰ প্ৰভাৱ বা প্রতিবন্ধকতাৰ সৃষ্টি কৰিব নালাগে।

শিক্ষাৰ ব্যক্তিকেন্দ্ৰীক মতবাদে সমাজৰ প্রত্যেক ব্যক্তিক এজন স্বয়ং সম্পূর্ণ সত্তা বুলি ধৰি লোৱা হ’য়। আৰু প্ৰতিজন ব্যক্তিৰ মৰ্যদা কচি অভিৰুচি তথা ব্যক্তিগত অভাৱ অভিযোগ বোৰক এই শিক্ষা ব্যৱস্থাত অধিক গুৰুত্ব প্ৰদান কৰা হয়।

শিক্ষাৰ এই ব্যক্তিকেন্দ্ৰিক লক্ষ্য দৃঢ়ভাৱে সমর্থন কৰা ইউৰোপৰ মধ্যযুগীয় ৰুছোৰ নাম প্রথমেই উল্লেখ কৰিব পাৰি। কছোৰ মতে শিশুক প্ৰকৃতিৰ মাজত মুক্ত আৰু স্বাধীনতাৰে ব্যক্তি প্ৰকৃতিৰ বিকাশ সাধন কৰাই শিক্ষাৰ লক্ষ্য হোৱা উচিত। প্রাচীন গ্রীছ দেশৰ ছোফিষ্ট সকলেও ব্যক্তিক সমাজতকৈ অগ্ৰাধিকাৰ দিয়া বিশ্বাস কৰিছিল।

আধ্যাত্মিক জীৱনৰ চৰম বিকাশ বিভিন্ন বিষয়বস্তু অধ্যয়ন আৰু কৰ্মৰ মাজেদি ব্যক্তিৰ পূৰ্ণবিকাশ কৰোৱাই আছিল ভাৰতীয় মনীষীসকলৰ শিক্ষাৰ আদৰ্শ। আধুনিক মনস্তত্বৰ মতেও ব্যক্তি বিশেষৰ জন্মগত গুণৰাশি শক্তি প্ৰতিভাৰ পূৰ্ণবিকাশ শিক্ষাৰ লক্ষ্য হোৱা উচিত। সমাজকেন্দ্রিক লক্ষ্য 

সমাজকেন্দ্রিক শিক্ষা : বর্তমান সময়ত সামাজিক প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ সামাজবাদী লক্ষ্যৰ অৱতাৰণা কৰিছে। এই লক্ষ্যৰ মূল কথা হ’ল শিক্ষাৰ্থীক সমাজিক জীৱনৰ বাবে সুদক্ষ কৰি তোলা। এই লক্ষ্য বুলিলে ঘাইকৈ দুটা কথা বুজোৱা হয় যেনে, সামাজিক লক্ষ্যই দেশ বা ৰাষ্ট্ৰৰ সামূহিক স্বাৰ্থ ৰক্ষা আৰু সামাজিক মংগল কামনা কৰাটোৱেই বুজায়। শিক্ষাই দেশৰ নাগৰিক সকলৰ মন সমাজৰ উন্নতিকামী আৰু মংগলকামী কৰি তুলিব লাগে। দ্বিতীয়তে শিক্ষাৰ সামাজিক লক্ষ্য বুলিলে ব্যক্তিয়ে সামাজিক যোগ্যতা অর্থাৎ নাগৰিক সচেতনতা, অর্থনৈতিক নিৰ্ভৰশীলতা নৈতিকমান বিশিষ্টতা আদি গুণ থাকিলেহে দেশৰ সামূহিক উন্নতি সম্ভৱ হৈ উঠিব পাৰে।

শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ প্ৰধান সমর্থক আছিল আমেৰিকাৰ জন ডিউই। তেওঁৰ মতে শিক্ষাৰ প্ৰধান লক্ষ্য হৈছে মানুহৰ জীৱনটো অবিৰাম গতিত চলাই লৈ যোৱা মানুহ সামাজিক জীৱ। এটা শিশুৱে সমাজৰ মাজত ডাঙৰ দীঘল হওঁতে সমাজৰ আচাৰ-ব্যৱহাৰ, ভাষাৰ আদান-প্রদান, ক্রিয়া-প্রক্রিয়া আদর্শ নীতি নিয়ম গ্ৰহণ কৰে। মানুহৰ জীৱনৰ গতিৰ উন্নতি সাধন কৰিবৰ বাবে সুস্থ সামাজিক পৰিৱেশৰ দৰকাৰ। বৰ্তমান শিল্প আৰু বিজ্ঞানৰ যুগ। বর্তমান সময়ত গণতন্ত্ৰৰ প্ৰসাৰৰ লগে লগে শিল্প বিজ্ঞান ইত্যাদি নতুন নতুন চিন্তাধাৰাৰ যোগেদি সমাজতান্ত্রিক আদৰ্শৰ প্ৰভাৱ বেছি স্পষ্ট হৈ পৰিছে৷ কাৰণ সমাজপ্ৰিয়তা হৈছে মানুহৰ এক সহজাত প্রবৃত্তি। এই প্রবৃত্তিসমূহ বিকাশ কৰা অতি প্রয়োজন। ব্যক্তিৰ মানসিক আৰু বৌদ্ধিক বিকাশ সামাজিক পৰিৱেশ অবিহনে। কৰিব নোৱাৰে। সামাজিক পৰিৱেশৰ মাধ্যমতহে ব্যক্তিৰ সহজাত ক্ষমতা আৰু বিকাশযোগ্যতা আদি আৱিষ্কৃত হ’ব পাৰে। কাৰ ব্যক্তিত্বত কেনে যোগ্যতা নিহিত হৈ আছে তাক জানিবৰ কাৰণে সামাজিক পৰিবেশৰ প্রয়োজন। কোনো কোনো শিক্ষাবিদৰ মতে দেহৰ বিকাশ সাধনৰ বাবে কোষে যিদৰে নিজ ভূমিকা লয় ঠিক তেনেদৰে ব্যক্তিৰ বিকাশ সমাজৰ বাহিৰত হোৱাটো অসম্ভৱ কথা। তদুপৰি ব্যক্তিৰ নিজ নিজ প্রয়োজনসমূহ সমাজৰ যোগেদিহে প্রতিবিম্বিত হয়। সেয়েহে ব্যক্তিৰ প্ৰয়োজনতকৈ সামাজিক প্রয়োজনে সদায় অগ্রাধিকাৰ পোৱা উচিত

প্রশ্ন ২৬। শিক্ষা ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰ: ব্যক্তিকেন্দ্রিক শিক্ষা ব্যক্তিকেন্দ্রিক শিক্ষা মানে হৈছে প্ৰতিটো শিশুৰ ব্যক্তিগত সুকীয়া সত্বাৰ ওপৰত অধিক গুরুত্ব দি বিকাশৰ পথত আগুৱাই নিবলৈ দিয়া শিক্ষা। শিক্ষাৰ এই লক্ষ্য দৰ্শনৰ প্ৰকৃতিবাদৰ ওপৰত প্ৰতিস্থিত। ইংলেণ্ডৰ ছাৰ পাৰ্ছীনান আছিল এই ব্যক্তিবাদৰ প্ৰধান সমর্থক। তেওঁৰ মতে এখন শিক্ষা আঁচনিৰ সাফল্য নিৰ্ভৰ কৰে ব্যক্তিৰ শ্ৰেষ্ঠতম সম্ভাৱনাৰ উচ্চতম বিকাশৰ ওপৰত। অর্থাৎ এই দৃষ্টিভংগীমতে শিশুৰ ব্যক্তিত্ব গঢ়ি উঠিবৰ বাবে তাৰ দেহ মানসিক ক্ষমতা সমূহৰ আশানুৰূপ বিকাশত সর্বাধিক গুরুত্ব দিব লাগে।

এই দৃষ্টিভংগী বিভিন্ন দৃষ্টিকোণৰ পৰা সমৰ্থন কৰা হৈছে। জৈৱিক দৃষ্টিকোণৰ পৰা ব্যক্তিৰ বংশগতিৰ অস্তিত্ব আশানুৰূপ বিকশাই তুলিবৰ বাবে এই শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। মনোবৈজ্ঞানিক দিশৰ ফালৰ পৰাও মানুহৰ দেহ মানসিক অৱস্থা, বুদ্ধি বৃত্তিৰ ক্ষেত্ৰত থকা পাৰ্থক্যৰ বিবেচনা কৰিহে শিক্ষা প্ৰদানত গুৰুত্ব দিব লাগে। সামাজিক দৃষ্টিভংগীৰ ফালৰ পৰাও ব্যক্তিক সমাজৰ উৰ্দ্ধত বিবেচনা কৰা হয়। পূর্ণ বিকশিত ব্যক্তিয়েহে সমাজৰ উন্নতি আৰু আশানুৰূপ পৰিৱৰ্তন সাধন কৰিব পাৰে। সেয়েহে ব্যক্তিৰ স্বতঃস্ফুত বিকাশৰ গতিত সমাজে কোনো ধৰণৰ প্ৰভাৱ বা প্রতিবন্ধকতাৰ সৃষ্টি কৰিব নালাগে।

শিক্ষাৰ ব্যক্তিকেন্দ্ৰীক মতবাদে সমাজৰ প্রত্যেক ব্যক্তিক এজন স্বয়ং সম্পূর্ণ সত্তা বুলি ধৰি লোৱা হ’য়। আৰু প্ৰতিজন ব্যক্তিৰ মৰ্যদা কচি অভিৰুচি তথা ব্যক্তিগত অভাৱ অভিযোগ বোৰক এই শিক্ষা ব্যৱস্থাত অধিক গুৰুত্ব প্ৰদান কৰা হয়।

শিক্ষাৰ এই ব্যক্তিকেন্দ্ৰিক লক্ষ্য দৃঢ়ভাৱে সমর্থন কৰা ইউৰোপৰ মধ্যযুগীয় ৰুছোৰ নাম প্রথমেই উল্লেখ কৰিব পাৰি। কছোৰ মতে শিশুক প্ৰকৃতিৰ মাজত মুক্ত আৰু স্বাধীনতাৰে ব্যক্তি প্ৰকৃতিৰ বিকাশ সাধন কৰাই শিক্ষাৰ লক্ষ্য হোৱা উচিত। প্রাচীন গ্রীছ দেশৰ ছোফিষ্ট সকলেও ব্যক্তিক সমাজতকৈ অগ্ৰাধিকাৰ দিয়া বিশ্বাস কৰিছিল।

আধ্যাত্মিক জীৱনৰ চৰম বিকাশ বিভিন্ন বিষয়বস্তু অধ্যয়ন আৰু কৰ্মৰ মাজেদি ব্যক্তিৰ পূৰ্ণবিকাশ কৰোৱাই আছিল ভাৰতীয় মনীষীসকলৰ শিক্ষাৰ আদৰ্শ। আধুনিক মনস্তত্বৰ মতেও ব্যক্তি বিশেষৰ জন্মগত গুণৰাশি শক্তি প্ৰতিভাৰ পূৰ্ণবিকাশ শিক্ষাৰ লক্ষ্য হোৱা উচিত। সমাজকেন্দ্রিক লক্ষ্য 

প্রশ্ন ২৭। শিক্ষাৰ বৃত্তিমূলক লক্ষ্যৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰ: বৰ্তমান পৃথিৱীত নিবনুৱা সমস্যাই এক প্ৰবল ৰূপ ধাৰণ কৰিছে। শিক্ষা-দীক্ষা → লাভ কৰি সস্তানে অর্থ উপাৰ্জন কৰাৰ ক্ষমতা অৰ্জন কৰাটো প্রত্যেক অভিভাৱকে কামনা কৰে। সেয়েছে, অথকাৰী শিক্ষা লাভ কৰাৰ প্ৰতি আজি সকলোৱে আগ্রহ প্রকাশ কৰিছে। জীৱিকা অৰ্জন কৰিব পৰা ক্ষমতা অর্জনেই হ’ল শিক্ষাৰ চৰম লক্ষ্য। এই মত পোষণ কৰা সকলৰ মতে শিক্ষাৰ প্ৰধান কাম হ’ল শিক্ষার্থীক জীৱিকা নিৰ্বাহৰ কাৰণে উপযুক্ত কৰি গঢ়ি তোলা। ভৱিষ্যতে জীৱন নিৰ্বাহৰ বৃত্তি সম্বন্ধে শিক্ষার্থীক স্পষ্ট ধাৰণা দিব পাৰিলেহে সেই শিক্ষা অর্থপূৰ্ণ আৰু উদ্দেশ্যধর্মী হয়। এই শিক্ষা লক্ষাৰ দুর্বলতা বা সীমাবদ্ধতা

(ক) এই শিক্ষা মূলতঃ সংক্ৰিয়াত্মক যি মানুহৰ অনুভূতিসমূহক গুৰুত্ব নিদিয়ে। 

(খ) বৃত্তিমূলক উদ্দেশ্য আগত ৰাখি শিক্ষা দিলে ছাত্ৰ-ছাত্ৰীৰ কাৰণে শিক্ষা অর্থপূর্ণ হয় সঁচা, কিন্তু এই লক্ষ্য পূৰ্ণ হোৱাই যথেষ্ট নহয়। ইয়াৰ লগতে শিক্ষাৰ আন আন লক্ষ্য পূৰণৰ ব্যৱস্থা কৰা প্ৰয়ো

(গ) মানুহে কেরল অন্ন-বস্তুৰ ব্যৱস্থা কৰিয়েই সন্তুষ্টি লাভ কৰিব নোৱাৰে। গতিকে এই লক্ষ্যক সম্পূৰ্ণৰূপে সমর্থন কৰিবনোৱাৰি।

(ঘ) এই শিক্ষাৰ লক্ষ্য অতি সংকীর্ণ, ইয়াত সমগ্ৰ বিশ্বৰে সাহিত্য, সংগীত, দর্শন আদি জ্ঞান পোৱাৰ সুবিধা নাই।

(ঙ) এই লক্ষ্যই শিক্ষার্থীক মৌলিক মূল্যবোধৰ প্ৰতি সংবেদনশীল কৰি তুলিব নোৱাৰে।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। অনানুষ্ঠানিক শিক্ষাৰ মাধ্যমসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰ: বিদ্যালয় আৰু মহাবিদ্যালয়ৰ চাৰিবেৰৰ মাজত আৱদ্ধ নাথাকি বৃহত্তৰ জীৱনৰ পৰা পৰোক্ষভাৱে লাভ কৰা শিক্ষাই হৈছে অনানুষ্ঠানিক শিক্ষা। কোনো বাধ্যবাধকতা নোহোৱাকৈ এক মুক্ত পৰিৱেশত ছাত্র-ছাত্রীসকলে এই শিক্ষা লাভ কৰে। ইয়াত কোনো ধৰাবন্ধা কাৰ্যসূচী আৰু সময় তালিকা নাথাকে। বৃহত্তৰ সমাজ জীৱনৰ বিভিন্ন মাধ্যমৰ পৰা পোৱা জীৱনৰ বাবে প্রয়োজনীয় শিক্ষাই হৈছে অনানুষ্ঠানিক শিক্ষা। অনানুষ্ঠানিক শিক্ষাৰ নিম্নলিখিত মাধ্যমসমূহে কোনো এজন ব্যক্তিৰ ব্যক্তিগত আৰু সমাজ জীৱনৰ বাবে উপযুক্ত কৰি তোলে।

(ক) গৃহ বা পৰিয়াল ঃ পৰিয়াল হৈছে প্ৰথম আৰু প্ৰধান অনানুষ্ঠানিক শিক্ষাৰ মাধ্যম। সকলো শিশুৱে ঘৰখনতে তাৰ প্ৰথম শিক্ষা আৰম্ভ কৰে। আই, ভাই, ককাই, মা-দেউতাক চিনি পায় পৰিয়ালত। পৰিয়ালৰ মাজত শিশুৱে কথা কয়, ৰীতি-নীতি গ্ৰহণ কৰে আৰু গীত মাতৰ জ্ঞান লাভ কৰে। ঘৰখন বা পৰিয়ালেই শিশুৰ সামাজিক, অর্থনৈতিক, ধর্মীয়, নৈতিক আ সাংস্কৃতিক দিশৰ বিকাশত যথেষ্ট অৰিহণা যোগায়। পৰিয়ালৰ দ্বাৰাই মানৱীয় গুণসমূহৰ বিকাশ সাধন কৰি সমাজত খাপ খাই চলিবলৈ শিকে। শিশুৱে ঘৰখনক কেন্দ্র কৰিয়েই আৱেগ অনুভূতি, আচৰণ, মনোভাৱ আৰু সামাজিক পৰিৱেশৰ লগত সমাযোজন কৰিবলৈ পৰিয়ালৰ লোকসকলৰ পৰাই শান্ত ব্যৱহাৰ, শালীনতা, শিষ্টাচাৰ, সহানুভূতিশীল, পৰোপকাৰ আদি মানৱীয় গুণসমূহ আয়ত্ত কৰে।

(খ) বাতৰি কাকত : জনসংযোগৰ আটাইতকৈ শক্তিশালী আৰু পুৰণা মাধ্যম হৈছে। বাতৰি কাকত। বাতৰি কাকতসমূহে জনগণৰ মতামত দাঙি ধৰাৰ লগতে দেশ-বিদেশৰ গা খবৰ, ৰাজনীতি, সমাজনীতিৰ আৱশ্যকীয় বা বাতৰি, খা-খবৰ আদি জনাত সহায় কৰে। দেশৰ সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰতো বাতৰি কাকতৰ অৱদান অপৰিসীম।

(গ) পুথিভঁৰাল ঃ পৰোক্ষভাৱে আমি যিবিলাক মাধ্যমৰ পৰা শিক্ষা আৰু জ্ঞান লাভ কৰিব পাৰোঁ তাৰ ভিতৰত এটা প্রধান মাধ্যম হ’ল— গ্রন্থাগাৰ বা পুথিভঁৰাল ছাত্ৰৰ অধ্যয়নৰ অভ্যাস গঠন কৰাত পুথিভঁৰালৰ প্ৰভাৱ অসীম৷ পুথিভঁৰাল বিভিন্ন প্ৰকাৰৰ যেনে—ৰাজহুৱা পুথিভঁৰাল, স্কুলীয়া পুথিভঁৰাল, ঘৰুৱা পুথিভঁৰাল ইত্যাদি। পুথিভঁৰালে ল’বা-ছোৱালীৰ স্বাধীন চিন্তাধাৰা গঢ়ি উঠাত আৰু যুক্তিশক্তি তীক্ষ্ণ কৰাত সহায় কৰে।

(ঘ) দূৰদৰ্শন ঃ বর্তমান যুগত দূৰদৰ্শনিক শিক্ষাৰ এক উল্লেখযোগ্য মাধ্যম হিচাপে ধৰা হৈছে। দূৰদৰ্শনৰ যোগেদি আমোদ-প্রমোদ আৰু অৱসৰ বিনোদনৰ উপৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা নেদেখা নুশুনা অনেক বস্তু দেখা শুনাৰ লগতে অনেক শিক্ষামূলক তথ্য আৰু অভিজ্ঞতাও পোৱা যায় ৷ দূৰদৰ্শনৰ শিক্ষামূলক কাৰ্যসূচীয়ে সীমিত সময়ৰ ভিতৰতে শিক্ষনীয় বিষয় সার্থকভাবে উপস্থাপন কৰিব পাৰে আৰু ইয়াৰ পৰিকল্পিত কাৰ্যসূচীয়ে শিক্ষাৰ্থীৰ মনোযোগ আৰু অনুৰাগ বৃদ্ধি কৰে।

(ঙ) ৰেডিঅ‘: অনানুষ্ঠানিক শিক্ষাৰ মাধ্যম হিচাপে ৰেডিঅ ই জনশিক্ষাৰ এক গুরুত্বপূর্ণ। ভূমিকা বহন কৰিছে। কুৰি শতিকাৰ জন শিক্ষাৰ মাধ্যম হিচাপে ৰেডিঅ’ই হৈছে আটাইতকৈ জনপ্ৰিয় আৰু কম খৰচী। পঢ়া শুনা কৰিব পৰা মানুহে কিতাপ-পত্ৰ, বাতৰি কাকত আদিৰ মাধ্যমত নানা ধৰণৰ কথা জানিবলৈ সক্ষম হয়। কিন্তু নিৰক্ষৰ ব্যক্তিসকলে ৰেডিঅ’ৰ মাধ্যমেৰে নানা ধৰণৰ কথা শুনি জ্ঞান লাভ কৰিব পাৰে।

(চ) সংঘ, সমিতি, ক্লাব আদিঃ অনানুষ্ঠানিক শিক্ষাৰ মাধ্যম হিচাপে সংঘ বা সমিতিবোৰৰ শিশুৰ শিক্ষাত প্রত্যক্ষভাৱে প্ৰভাৱ নপৰিলেও বিভিন্ন সংগঠনে স্থাপন কৰা সংঘ যেনে— যুৱ সংঘ, নাৰী সংঘ, মহিলা সমিতি আদিৰ প্ৰভাৱ ব্যক্তিৰ জীৱনত যথেষ্ট পৰে। এই সংঘ বা সমিতিবোৰ কেতিয়াবা স্থায়ী আৰু কেতিয়াবা অস্থায়ী হিচাপে স্থাপন কৰা হয় । সাহিত্য, কলা, সংস্কৃতি আদি চৰ্চাৰ কাৰণে কিছুমান স্থায়ী সমিতি আৰু শৰীৰ চৰ্চা, ৰাজনীতি, সমাজনীতি, খেলা-ধূলা আদিৰ কাৰণে কেতিয়াবা কিছুমান অস্থায়ী সমিতি স্থাপন কৰি নতুন জ্ঞান, নতুন নতুন দৃষ্টিভংগী আহৰণ কৰিব পাৰে।

(ছ) কথাছবি বা চিনেমা ঃ কথাছবি বা চিনেমাক এক শৈক্ষিক প্রযুক্তি কৌশল হিচাপে মানুহৰ সাংস্কৃতিক মূল্যবোধ আৰু আচৰণৰ পৰিৱৰ্তন সাধন কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে। পশ্চিমীয়া উন্নত দেশসমূহত চিনেমাৰ যোগেদি ল’ৰা-ছোৱালীক টান বিষয়সমূহ আৰু নেদেখা নুশুনা বিষয়বস্তু বুজোৱাত সহায় কৰে। কিতাপত পঢ়াতকৈ দেখিলে শুনিলে ল’ৰা-ছোৱালীয়ে বিষয়বস্তুৰ প্রতি সহজে আকর্ষিত হয়। বিজ্ঞানৰ নানা আৱিষ্কাৰ, ভূগোল, জ্যোতির্বিজ্ঞান, গণিত, চিকিৎসা বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞান আদি জটিল বিষয়বোৰো উপযুক্ত সা-সঁজুলিৰ ব্যৱহাৰৰ জৰিয়তে উদাহৰণৰ সৈতে বিবিধ তথ্যচিত্র উলিয়াই ৰাইজৰ আগত দাঙি ধৰিছে। এইবিলাক তথ্যচিত্রই ছাত্র-ছাত্রীক সহায় কৰাৰ লগতে জনসাধাৰণকো জ্ঞান লাভ কৰাত সহায় কৰিছে।

প্রশ্ন ২। এখন গণতান্ত্রিক দেশত নাগৰিকতাৰ শিক্ষা কি কাৰণত প্ৰয়োজনীয় ? 

নাইবা,

সু-নাগৰিকৰ শিক্ষা বুলিলে কি বুজা? 

উত্তৰ: সু-নাগৰিকতাৰ শিক্ষা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে বর্তমান সমাজ অধিক জটিলতৰ হৈ পৰিছে। ইয়াৰ লগে লগে শিক্ষাই ব্যক্তিক সু-নাগৰিক কৰি গঢ়ি তোলাৰ ওপৰত অধিক জনপ্রিয়তা লাভ কৰি আহিছে। বৰ্তমানৰ শিক্ষাৰ্থীক ভৱিষ্যত সমাজৰ সু-নাগৰিক অর্থাৎ যোগ্য নাগৰিক হিচাবে গঢ়ি তোলাতোই শিক্ষাৰ সু-নাগৰিকত্বৰ লক্ষ্যৰ প্রধান কথা। এই ধাৰণা সৰ্বপ্ৰথম বাৰৰ বাবে জনসমাজৰ মাজলৈ লৈ আহে গ্রীক দার্শনিক প্লেটোৱে তেওঁৰ ‘ৰিপাব্লিক’ নামৰ গ্ৰন্থৰ যোগেদি। তেওঁৰ মতে শিক্ষাই প্রতিজন লোকৰ সু নাগৰিক হিচাবে গঢ় দি তুলিব পাৰে।

বৰ্তমান পৃথিৱীৰ প্ৰায়ভাগ ৰাষ্ট্ৰতে গণতন্ত্রই প্ৰসাৰ লাভ কৰি উঠিছে। গণতন্ত্রৰ সাফল্য নিৰ্ভৰ কৰে দেশৰ নাগৰিক সকলৰ যোগ্যতাৰ ওপৰত। সেয়েহে শিক্ষাৰ সু-নাগৰিকত্বৰ লক্ষ্যই লাহে লাহে জনপ্রিয়তা লাভ কৰি আহিছে। দার্শনিক মিলটনৰ ভাষাত সামাজিক জীৱনেই হওঁক বা ব্যক্তিগত জীৱনেই হওঁক, যুদ্ধ বা

শাস্তি যিকোনো পৰিস্থিতিতে মানুহে তেওঁৰ কৰ্তব্য পৰায়নতাৰে, পাৰদৰ্শিতাৰে, মহানুভৱতাৰে কৰিব পৰাটো পূৰ্ণাংগ আৰু উদাৰ প্ৰকৃতিৰ শিক্ষাৰ ফল। একমাত্র সু-নাগৰিকতাৰ লক্ষ্যইহে ব্যক্তিক সমাজ সচেতন দায়িত্বশীল আৰু সমাজৰ হিতসাধনকাৰী স্বৰূপে গঢ়ি তুলিব পাৰে। নিজ অধিকাৰ, দায়িত্ব ইত্যাদি সুচাৰু ৰূপে পালন কৰি অইনকো ইয়াৰ সদব্যৱহাৰ কৰিবলৈ দিবৰ বাবে ব্যক্তিক সু-নাগৰিকৰ শিক্ষা দিব লাগে। প্রতিখন সমাজতে প্ৰতিজন নাগৰিকৰ বাবে আইনসংগত কিছুমান অধিকাৰ থাকে। ইয়াৰ লগতে আনুসংগিক কিছুমান কর্তব্য থাকে। স্বায়ত্ব শাসনৰ মনোভাব গঢ়ি তোলা ভোটাধিকাৰৰ মূল্য বুজি উঠা, নিজৰ আৰু সমাজৰ দাবী প্রয়োজনৰ সময়ত সাব্যস্ত কৰা, নিজৰ আৰু সমাজৰ বাবে অর্থনৈতিক উৎপাদনৰ যোগ্যতা লাভ কৰা, স্বাস্থ্যৰক্ষা আৰু পৰিষ্কাৰ, পৰিচ্ছন্নতাৰ নীতি মানি চলা, সমাজৰ প্ৰতিজন নাগৰিকৰ প্রতি সহানুভূতিশীল আৰু সহযোগিতাৰ মনোভাব গঢ়ি তোলা, ইত্যাদি ভাব জগাই তোলা হৈছে সু-নাগৰিকতাৰ শিক্ষাৰ মূল লক্ষ্য। শিক্ষাৰ এই লক্ষ্য আৰু আদৰ্শক গণতান্ত্রিক শিক্ষা আদর্শ বুলি জনা যায়। কিয়নো প্রতিজন নাগৰিকে যোগ্যতাৰে সৈতে নিজ নিজ কর্তবা সমূহ পালন কৰিলেহে এখন দেশৰ উন্নতি সাধন হ’ব পাৰে। এই শিক্ষাই ব্যক্তিৰ মনত নিজ দেশৰ প্রতি দায়িত্ববোধ আৰু দেশপ্রেম জগাই তুলিব পাৰে। এই লক্ষ্যই ব্যক্তিক সমাজৰ লগত সুস্থ সমাযোজনা কৰাত সহায় কৰে।

সু-নাগৰিকত্বৰ লক্ষ্য নিসন্দেহে এক উল্লেখযোগ্য আদৰ্শ আৰু ইয়াৰ উদ্দেশ্যসমূহে বহুপৰিমাণে আধুনিক সমাজৰ আশা-আকাংক্ষা পূৰণ কৰিব পাৰিলেও ইয়াৰ কেতবোৰ দুৰ্বলতা নুই কৰিব নোৱাৰি।

(১) এই লক্ষ্যই মানবীয় দিশতকৈ ৰাজনৈতিক দিশৰ লগত অধিক গুরুত্ব আৰোপ কৰিছে। 

(২) ৰাজনৈতিক আৰু নাগৰিক অধিকাৰে মানুহক সহজেই ক্ষমতাপ্রিয় আৰু আত্মকেন্দ্রিক কৰি তুলিব পাৰে। 

(৩) ভোটাধিকাৰ আৰু নাগৰিকৰ অধিকাৰৰ সংকীর্ণ মনোভাবে সমাজত ৰাজনৈতিক প্রতিদ্বন্দ্বিতাৰ এক অসুস্থ পৰিৱেশ সৃষ্টি কৰিব পাৰে। সেয়েহে কিছুমান শিক্ষাবিদৰ মতে এই লক্ষ্যই শিক্ষাৰ ব্যাপক লক্ষক সামৰি ল’ব পৰা নাই। ই মাথোন এক আংশিক লক্ষাহে সামৰি

প্রশ্ন ৩। আনুষ্ঠানিক, অনৌপচাৰিক বা অগতানুগতিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত থকা পার্থক্যসমূহ বিচাৰ কৰা। 

উত্তৰ: প্ৰতিজন ব্যক্তিয়ে জীৱনত বিভিন্ন সময়ত বিভিন্ন ধৰণে বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতিত শিক্ষা গ্রহণ কৰে। এই শিক্ষা আনুষ্ঠানিক, অগতানুগতিক আৰু অনানুষ্ঠানিক যিকোনো প্ৰকাৰে অৰ্জন কৰিব পাৰি। অৱশ্যে এই তিনিওবিধ শিক্ষাৰে নিজস্ব লক্ষ্য, উদ্দেশ্য, বৈশিষ্ট্য আৰু শিক্ষা ব্যৱস্থা আছে। তিনিও বিধ শিক্ষাৰে প্রভেদসমূহ তলত আলোচনা কৰা হ’ল—

১। আনুষ্ঠানিক শিক্ষা নিয়মীয়া ছাত্র-ছাত্রীসকলে এক নির্দিষ্ট বয়সৰ ভিতৰতহে গ্ৰহণৰ সুবিধা অৰ্জন কৰিব পাৰে। আনহাতে অগতানুগতিক আৰু অনানুষ্ঠানিক শিক্ষা জীৱনৰ যিকোনো সময়তে গ্ৰহণ কৰিব পৰা যায়।

২। আনুষ্ঠানিক শিক্ষাৰ লক্ষ্য সুনির্দিষ্ট আৰু অপৰিৱর্তিত। আনহাতে অগতানুগতিক শিক্ষাৰ লক্ষ্য পৰিৱৰ্তনীয় আৰু প্ৰয়োজনসাপেক্ষ। কিন্তু অনানুষ্ঠানিক শিক্ষাত তেনে কোনো নির্দিষ্ট লক্ষ্য-উদ্দেশ্যৰ প্ৰতি সচেতনতাৰ ভাব নাথাকে।

৩। আনুষ্ঠানিক শিক্ষা এক নির্দিষ্ট সময়সীমা আগত ৰাখি প্ৰদান কৰা হয়। অগতানুগতিক শিক্ষাৰ সময় শিক্ষাৰ্থীৰ শিক্ষা অগ্ৰগতিৰ ওপৰত নিৰ্ভৰ কৰে। আনহাতে অনানুষ্ঠানিক শিক্ষাৰ তেনে কোনো নির্দিষ্ট শিক্ষা গ্ৰহণৰ সময়সীমা নাথাকে। জীৱনৰ যিকোনো সময়তে এই শিক্ষা অৰ্জন কৰিব পাৰি।

৪। আনুষ্ঠানিক শিক্ষাৰ পাঠ্যক্রম পূর্ব নির্ধাৰিত আৰু অনমনীয়। কিন্তু অগতানুগতিক শিক্ষাৰ পাঠ্যক্ৰম সীমিত, বিশেষ বিষয়ৰ আৰু নমনীয় হয়। আনহাতে অনানুষ্ঠানিক শিক্ষাৰ কোনো নির্দিষ্ট পাঠ্যক্রম নাথাকে।

৫। আনুষ্ঠানিক শিক্ষাত অনুশাসন ব্যৱস্থা কঠোৰ আৰু আনুগতামূলক, অগতানুগতিক শিক্ষাৰ অনুশাসন ব্যৱস্থা আত্ম-নিয়ন্ত্রণমূলক আৰু আত্ম-পৰিচালিত বিধৰ। অনানুষ্ঠানিক শিক্ষাৰ অনুশাসন ব্যৱস্থা মুক্ত আৰু পৰিস্থিতি সাপেক্ষ হয়।

৬। আনুষ্ঠানিক শিক্ষাৰ শিক্ষণ ব্যৱস্থা শিক্ষকপ্রধান। আনহাতে অগতানুগতিক শিক্ষাৰ শিক্ষা ব্যৱস্থা হ’ল শিক্ষার্থী প্রধান আৰু অনানুষ্ঠানিক শিক্ষাৰ শিক্ষণ ব্যৱস্থা হ’ল পৰিস্থিতি প্রধান। ” 

৭। আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰ হৈছে স্কুল-কলেজৰ সুনিয়ন্ত্রিত পৰিৱেশ। অগতানুগতিক শিক্ষাৰ ক্ষেত্ৰ হ’ল শিক্ষানুষ্ঠানৰ শিথিল পৰিৱেশ। অনানুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰ হ’ল জীৱনৰ বাবে প্ৰয়োজনীয় পৃথিৱীৰ মুক্ত পৰিৱেশ। 

প্রশ্ন ৪। শিক্ষাৰ লক্ষ্য বুলিলে কি বুজা?

উত্তৰ: বহল অৰ্থত শিক্ষা হ’ল ব্যক্তিৰ জন্মৰ পৰা মৃত্যুলৈকে চলি থকা এক নিবিচ্ছিন্ন প্রক্রিয়া। শিক্ষাৰ জৰিয়তে ব্যক্তিয়ে নিজ আচৰণসমূহ সংশোধন তথা পৰিৱৰ্তন কৰিবলৈ সক্ষম হয়। কিন্তু যিকোনো কাৰ্য সূচাৰুৰূপে আৰু প্ৰণালীৱদ্ধভাৱে পৰিচালনা কৰিবৰ বাবে এক সুনির্দিষ্ট লক্ষ্যৰ প্ৰয়োজন। শিক্ষা সম্বন্ধীয় আমাৰ মনৰ ধাৰণা সাৰ্থক ৰূপায়নৰ বাবে শিক্ষাতো লক্ষ্যৰ প্ৰয়োজন। লক্ষ্যই শিক্ষা সম্বন্ধীয় কোনো কথাৰ চিন্তা বা ধাৰণা সুগঠিত আৰু সুনিয়ন্ত্ৰিত কৰি তোলাত সহায় কৰে। শিক্ষাৰ প্ৰধান লক্ষ্য হ’ল শিশুসকলৰ সৰ্বাত্মক বিকাশ সাধন কৰাটো। এই লক্ষ্যত উপনীত হ’বৰ বাবে শিক্ষাত বিভিন্ন উদ্দেশ্যৰ অৱতাৰণা কৰা হয়৷ কাৰণ লক্ষ্য হ’ল এক অদৃশ্য দিশ যিটো স্পর্শ বা আয়ত্ত কৰিব নোৱাৰি। সেয়েহে সেই লক্ষ্যত উপনীত হ’বৰ বাবে বিভিন্ন উদ্দেশ্যৰ সৃষ্টি কৰা হয়। ব্যক্তি জীৱনৰ লক্ষ্যই শিক্ষাৰ উদ্দেশ্য গঢ় দি তোলে। সেয়েহে প্রতিজন শিক্ষক, শিক্ষার্থী আৰু অভিভাৱকৰ মনত নিজ নিজ শিক্ষা কাৰ্যৰ একো একোটা লক্ষ্য আৰু সেই লক্ষ্যত উপনীত হ’বৰ বাবে উদ্দেশ্য অন্তনির্হিত হৈ থাকে। লক্ষ্যত সকলো চিন্তা আৰু ক্ৰিয়া সুপৰিকল্পিত আৰু তাৰ পৰিণতি সম্বন্ধে আমি আত্ম-সচেতন হওঁ। লক্ষাৰ দ্বাৰা পৰিচালিত কাৰ্য ক্রমাগতভাৱে উন্নতিশীল আৰু ইয়াৰ পৰিণতি আশানুৰূপ হৈ উঠে। শিক্ষাত লক্ষ্যৰ দ্বাৰা পৰিচালিত কাৰ্যসমূহ সম্বন্ধে ব্যক্তিয়ে আগতীয়াকৈ ফল অনুমান কৰিব পাৰে আৰু ভাল ফল পাবলৈ পদ্ধতিগত প্রচেষ্টা আৰম্ভণিৰে পৰাই গ্ৰহণ কৰিব পাৰে।

This Post Has 5 Comments

Leave a Reply