HS First Year Environment Chapter 5 পৰিৱেশ প্ৰদূষণ

HS First Year Environment Chapter 5 পৰিৱেশ প্ৰদূষণ। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Environment Chapter 5 পৰিৱেশ প্ৰদূষণ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয় HS First Year Environment Chapter 5 পৰিৱেশ প্ৰদূষণ

HS First Year Environment Chapter 5 পৰিৱেশ প্ৰদূষণ

পাঠভিত্তিক প্রশ্নোত্তৰ

১। পৰিবেশ প্ৰদূষণ মানে কি বুজা ? বিভিন্ন প্ৰকাৰৰ প্ৰদূষণৰ বিষয়ে লিখা। 

উত্তৰ পৰিবেশ প্ৰদূষণঃ সৰিবেশৰ মূল উপাদানসমূহ দূষিত হোৱাকে পৰিবেশ প্ৰদূষণ বুলি কোৱা হয়। পৰিবেশ প্ৰদূষণ আধুনিক যুগৰ এক ভয়াবহ সমস্যা। পৰিবেশ প্ৰদূষণে পৰিবেশৰ মূল উপাদান বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ ঘটাইছে। ফলস্বৰূপে জীৱ বৈচিত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে। স্বাৰ্থপৰ মানুহে নিজৰ অভাৱ পূৰণৰ বাবে পৰিবেশৰ মূল উপাদান বায়ু, পানী, মাটি, প্রাকৃতিক সম্পদ আৰু জীৱ বৈচিত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। উন্নয়নশীল দেশসমূহে উন্নতিৰ শিখৰত উঠাৰ তীব্র প্রতিযোগিতাত অৱতীৰ্ণ হৈ প্রাকৃতিক সম্পদ লুণ্ঠনত নামি পৰিছে। ফলস্বৰূপে সমগ্র পৃথিৱীকে পৰিবেশ প্ৰদূষণৰ সমস্যাই আগুৰি ধৰিছে। 

বিভিন্ন প্ৰকাৰৰ প্ৰদূষণসমূহ হ’ল–

(১)পৰিবেশ অনুসৰি— যেতিয়া পৰিবেশৰ বিভিন্ন অংশ প্ৰদূষণত আক্রান্ত হয় তেতিয়া সেইবোৰক এইদৰে ভাগ কৰিব পাৰি—

(ক) বায়ু প্ৰদূষণ

(খ)জল প্ৰদূষণ

(গ)ভূমি প্ৰদূষণ

(২) প্ৰদূষক অনুসৰি প্ৰদূষক অনুসৰি প্ৰদূষণ নিন্মোক্ত প্ৰকাৰৰ হ’ব পাৰে –

(ক) তাপ প্ৰদূষণ

(খ) শব্দ প্ৰদূষণ

(গ) তেজস্কিৰয় প্রদূষণ

(ঘ)গোটা আবৰ্জনাৰ প্ৰদূষণ

(ঙ) তৈল প্ৰদূষণ

(চ) ঔদ্যোগিক প্ৰদূষণ

(ছ) সাগৰীয় প্ৰদূষণ

2। বায়ু প্ৰদূষণ কি ? বায়ু প্ৰদূষণৰ উৎসসমূহ চিনাক্ত কৰা।

উত্তৰ বায়ু প্ৰদূষণঃ বিশ্ব স্বাস্থ্যসংস্থাৰ সূত্ৰ অনুসৰি বায়ু প্ৰদূষণ হ’ল মানুহৰ বিভিন্ন ক্রিয়া কলাপৰ ফলত সৃষ্টি হোৱা বিভিন্ন প্ৰকাৰৰ পদাৰ্থ বায়ুত মিহলি হৈ মানুহকে আদি কৰি সমস্ত প্রাণীজগত আৰু উদ্ভিদজগতৰ ক্ষতি কৰা এক প্ৰক্ৰিয়া। বায়ুত মিহলি হোৱা নানা ধৰণৰ ক্ষতিকাৰক (জীৱ আৰু উদ্ভিদৰ) পদাৰ্থৰ উপস্থিতিয়েই বায়ু প্ৰদূষণ।

বায়ু প্ৰদূষণৰ উৎসসমূহ হ’ল –

(ক) ধূলিকণা আৰু জীৱাণু।।

(খ) কার্বন-ডাই-অক্সাইড।

(গ) ছালফাৰ-ডাই-অক্সাইড।

(ঘ) কার্বন মন ‘ক্সাইড।

(ঙ) হাইড্ৰ’জেন অক্সাইড।

(চ) নাইট্ৰ’জেন অক্সাইড।

(ছ) সীহ ইত্যাদি।

(৩) মানৱ শৰীৰত বায়ু প্ৰদূষণৰ প্ৰভাবৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ গেছীয় প্ৰদূষণবোৰৰ ভিতৰত কাৰ্বন মন’ক্সাইডে মানুহৰ স্নায়ুতন্ত্র, হৃদপিণ্ড আৰু হাওঁফাওঁৰ জটিলতাৰ সৃষ্টি কৰে। তেজৰ হিম’গ্লবিনৰ সৈতে CO যুক্ত হৈ কার্বক্সি হ’ম’গ্লবিন উৎপন্ন কৰে। এই পদাৰ্থবিধে লোহিত বক্তকণিকাৰ (RBC) অক্সিজেন বহন কৰে। ক্ষমতা কমাই দিয়ে। SO2 গেছ পানীত দ্রবীভূত হয় আৰু ই কোমল পেশীত সোমাই পৰি মুখ শুকাই তোলে; ডিঙিত খচ্খচনি তোলে আৰু চকু জল জলীয় কৰে। নাইট’জেনৰ অক্সাইডে চকু আৰু নাকৰ খচ্খচনি তোলে। কণিকা জাতীয় প্ৰদূষক কিছুমানে নাকৰ ভিতৰৰ নোমত আবদ্ধ হৈ পৰি কাহ সৃষ্টি কৰে।

8। জলপ্ৰদূষণ কি? মানৱ শৰীৰত জল প্ৰদূষণৰ প্ৰভাৱসমূহ কি কি? 

উত্তৰঃ জলপ্ৰদূষণঃ সানীত অনিষ্টকাৰী কণা, মৌল বা বীজাণু মিহলি হৈ থাকিলে পানীখিনি প্ৰদূষিত হোৱা বুলি কোৱা হয় ইয়াকে জল প্ৰদূষণ বোলা হয়।

মানৱ শৰীৰত জল প্ৰদূষণৰ প্ৰভাৱসমূহ হলঃ 

(ক) টাইফইয় – ছেলমনেলা টাইফি

(খ) কলেৰা – ভিব্ৰিঅ’ কলেৰা 

(গ)ডিচেন্ট্রি – ছিজেলা

(ঘ) ডায়েৰিয়া – ক্রিপ্টছপৰিডিয়াম 

(ঙ) জিয়াৰডিয়াছিছ – জিয়াৰডিয়া লেম্বলিয়া

(চ) ডায়েৰিয়া – ইকলি

(ছ) গেষ্ট’এণ্টাৰাইটিছ – বিভিন্ন ভাইৰাছ 

(জ) পলিঅ’ – পলিঅ’ ভাইৰাছ।

ঘৰুৱা বৰ্জিত পদাৰ্থ আৰু অন্যান্য আবর্জনা বা মানুহ জীৱ-জন্তুৰ দ্বাৰা বৰ্জিত পদার্থ প্রত্যক্ষ বা পৰোক্ষভাবে খোৱা পানীৰ লগত মিহলি হৈ দূষিত হোৱাটো বিশেষকৈ তৃতীয় বিশ্বত পানীৰ গুণাগুণৰ লগত জড়িত অতি সাধাৰণ আৰু বহলভাবে ব্যাপ্ত সমস্যা। বর্জিত পদাৰ্থৰ পৰা হোৱা প্ৰদূষণৰ বাবে বেক্টেৰিয়া, ভাইৰাছ, বিভিন্ন পৰজীৱীৰ দৰে আন্ত্ৰিক বীজাণুসমূহ শৰীৰলৈ আহে আৰু এইসমূহৰ পৰা সাধাৰণ গেষ্ট’এণ্টাৰাইটিছৰ পৰা গুৰুতৰ আৰু মাৰাত্মক গ্ৰহণী, কলেৰা বা টাইফইড পর্যন্ত বিভিন্ন ৰোগ হয়। তদুপৰি ঘাঁ, জ্বৰ, মায়’কার্ডাইটিছ, মেননজাইটিছ, শ্বাসজনিত ৰোগ আদি হ’ব পাৰে। পানীৰ উৎসত বৈ অহা ঘৰুৱা বৰ্জিত পদার্থ মিহলি হ’লে এমিবিয়াছিছ, জিয়াৰডিয়াছিছ আদি প্ৰট’জৱাৰ পৰা হোৱা বেমাৰ হয়।

৫। ভূমি প্ৰদূষণ কি? ইয়াক কেনেকৈ নিয়ন্ত্রণ কৰিব পাৰি? 

উত্তৰঃ ভূমি প্ৰদূষণঃ প্রাকৃতিক কাৰক, মানুহৰ কু-কার্য অর্থাৎ বনাঞ্চল ধ্বংস বিভিন্ন ৰাসায়নিক দ্রব্য ব্যৱহাৰ আদিৰ ফলত মাটিৰ স্বাভাৱিক গুণ নষ্ট হয়, তাকে স্থল প্ৰদূষণ বুলি কোৱা হয়। 

ভূমি প্ৰদূষণৰ নিয়ন্ত্রণ ব্যবস্থা :

(ক) উদ্যোগৰ বৰ্জিত পদার্থসমূহক মাটিত এৰি দিয়াৰ পূৰ্বে সেইসমূহক ভালদৰে পৰিশোধন কৰিব লাগে।

(খ) গোটা আবর্জনাসমূহক উৎসতে জৈৱ বিয়োজনীয় আৰু জৈৱ অবিয়োজনীয় হিচাপে ভাগ কৰি ফলপ্ৰসু বৈজ্ঞানিক পদ্ধতিৰে সেইসমূহৰ বিয়োজন ঘটাব লাগে। 

(গ) ৰাসায়নিক সাবৰ পৰিবৰ্ত্তে জৈৱ সাৰৰ প্ৰয়োগত উদগনি যোগোৱা উচিত। 

(ঘ) বাসায়নিক কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ নিয়ন্ত্রণ কৰা উচিত।

(ঙ) মাটিত থকা বিষাক্ত ৰাসায়নিক পদার্থসমূহ দূৰ কৰিবৰ বাবে জৈৱ পৰিচৰ্যা পদ্ধতি অৱলম্বন কৰিব পৰা যায়।

(চ) ভূমি প্ৰদূষিত কৰাত যিসকল জড়িত সেইসমূহ শান্তিমূলক ব্যৱস্থা লবৰ বাবে প্ৰয়োজনীয় আইন প্ৰৱৰ্ত্তন কৰা উচিত।

(ছ) মানুহৰ মাজত সজাগতা সৃষ্টি কৰা উচিত।

৬। গোটা আৱৰ্জনা কি? সেইবোৰক কিদৰে ভাগ কৰা হয় ? উদাহৰণ দিয়া। 

উত্তৰ : গোটা আৱৰ্জনা : ঘৰুৱা, ব্যৱসায়িক, প্রতিষ্ঠানিক, কৃষি, খনন আৰু ঔদ্যোগিক কাম কাজৰ ফলত গোটা আৱৰ্জনা সৃষ্টি হয়। ব্যৱহাৰৰ অনুপযোগী আৰু অনাৱশ্যকীয় বুলি পেলাই দিয়া এনে আৱৰ্জনাক গোটা আবর্জনা বোলা হয়।

পেলনীয়া পদাৰ্থৰ বৈশিষ্ট্য আৰু পৰিমানৰ ওপৰত ভিত্তি কৰি তলত দিয়া শ্ৰেণীত ভাক কৰা হৈছে।

(১) নগৰ বা পৌৰ এলেকাৰ পেলনীয়া পদার্থ।

(২) শিল্প উদ্যোগৰ পেলনীয়া পদার্থ। 

(৩) কৃষি কাৰ্যৰ পেলনীয়া পদার্থ।

(৪)জৈৱ (অণুজীৱ), সম্বন্ধীয় প্ৰদূষণ। 

(৫) তেজস্ক্রিয় পদার্থব পেলনীয়া অংশ

(১) নিগৰ বা পৌৰ এলেকাৰ পেলনীয়া পদাৰ্থ ঃ নগৰ অঞ্চলত জসংখ্যা দিনকদিনে বাঢ়ি গৈছে আৰু মানুহবিলাকে অপৰিকল্পিতভাৱে ঘৰ সাজি লৈছে। বৰষুণৰ পানী যোৱাৰ বাবে নলা-নর্দমা নাই, নাই মুকলি ঠাই যাৰ ফলত মানুহবিলাকে নিত্য ব্যৱহৃত সামগ্ৰী য’তে-ত’তে পেলাই দিয়ে যাৰ ফলত বৰষুণ এজাক দিলে সেইবিলাক য’তে ত’তে সিচৰিত হৈ মুখ কৰিব নোৱাৰা অৱস্থা হয়। পৌৰ নিগমৰ, জাবৰ পেলোৱা ডাষ্টবিনৰ সুব্যৱস্থা নাই । বৰ্তমান আটাইতকৈ ডাঙৰ সমস্যা হৈছে পলিথিনৰ কেৰী বেগ। এই পলিথিনৰ পচনক্ৰিয়া নাই। নলা, নৰ্দমা আদিত এইবোৰ পেলাই দিয়াৰ ফলত নালা নর্দমা বন্ধ হৈ যায় আৰু বানপানীৰ সৃষ্টি কৰে।

(২) শিল্প উদ্যোগৰ পেলনীয়া পদাৰ্থঃ শিল্প উদ্যোগৰ পৰা নিৰ্গত হোৱা পেলনীয়া পানী আৰু অন্য পদাৰ্থবোৰেই মাটি প্ৰদূষিত কৰে। এই কল কাৰখানা সমূহৰ পৰা নিৰ্গত হোৱা ধেআৱা আৰু অন্যান্য পেলনীয়া পানী আৰু অন্য পদার্থবিলাকে মাটি আৰু পানী প্ৰদূষণ ঘটাই জনজীৱন দুর্বহ কৰি তুলিছে।

(৩) কৃষি কাৰ্যৰ পেলনীয়া পদার্থ : ভাৰতবৰ্ষৰ জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাইছে। ফলত অধিক খাদ্য শস্য উৎপাদন কৰিবৰ কাৰণে কৃষি কার্যত বিভিন্ন পরিকার বাসায়নিক দ্রব্য ব্যৱহাৰ কৰিব লাগে। এই ৰাসায়নিক দ্ৰব্যৰ ভিতৰত ৰাসায়নিক সাৰ, কীট পতঙ্গ নিয়ন্ত্ৰণৰ কাৰণে কীটনাশক ৰোগ নিবাৰণৰ বাবে ৰোগনাশিক আদি প্রধান। এই ৰাসায়নিক দ্রব্যবিলাকে মাটিৰ প্ৰাকৃতিক গুণাগুণ নষ্ট কৰে। জধেমধে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে সাৰৰ লগতে থকা মৌল আৰু মাটিত মৌলৰ লগত বিক্রিয়া ঘটি লবণযুক্ত হয় আৰু অম্লতা বাঢ়ে। নাইট্ৰ’জেনযুক্ত সাৰৰ পৰা নাইট্রেট ৰূপত নাইট্ৰ’জেন মাটিৰ তলেদি নিৰ্ধাৰণ পক্ৰিয়াৰে বৰষুণে উটুৱাই নি বিল, পুখুৰী আদিত পেলায়। ফলত ই পানীৰ লগত মিহলি হৈ মাত্মক বোমাৰৰ সৃষ্টি কৰে।

(8) জৈৱ সম্বন্ধীয় প্ৰদূষণ : বিভিন্ন ৰোগৰ বীজাণু মাটিৰ যোগেদি শৰীৰত প্ৰবেশ কৰি বিভিন্ন ৰোগৰ সৃষ্টি কৰে। পেলু আদি পৰজীৱীবোৰে মানুহ, অন্যান্য পৌহনীয়া বা বনৰীয়া পশু-পক্ষীৰ মাটিৰ যোগেদি শৰীৰত প্ৰবেশ কৰে। ৰোগাক্রান্তই ত্যাগ মল মূত্ৰত এই বীজাণুবিলাক মাটিত বহুদিনলৈকে জীৱিত হোৱা শস্য বা ঘাঁহ, বন আদিত সংক্রমিত হয়। শৌচাগাৰ থকা সত্ত্বেও বহুতো মানুহে পৰম্পৰাগত অভ্যাসৰ কাৰণে বাহনি, পথাৰ আদিত মল-মূত্র ত্যাগ কৰে। বৰষুণৰ পানীয়ে সেই মল উটুৱাই লৈ গৈ শস্যৰ পথাৰ আদিত বিয়পাই দিয়ে। পানী শুকাই যোৱাৰ পাছত সেই মলত থকা পেলুৰ কণী, অন্য বীজাণু আদি মাটি ৰৈ যায়। 

৭। গোট আবর্জনা পৰিবেশগত প্রভাব সম্পর্কে আলোচনা কৰা ।

উত্তৰঃ গোটা আৱৰ্জনা পৰিবেশগত প্রভাৱসমূহ হ’ল –

(ক) জাৱৰ পেলোৱা ঠাইখিনি দূষিত হৈ পৰে, যি ঠাইত বেমাৰৰ বীজাণু কঢ়িওৱা এন্দুৰ নিগনি আৰু মাখিয়ে বংশবৃদ্ধি কৰে।

(খ) অনুজীৱৰ জৰিয়তে গোটা আৱৰ্জনাৰ পচন হোৱা বাবে চাৰিওফালৰ ঠাইখিনিত মিথেন গেছ নির্গত হয়।

(গ) গোটা জাৱৰৰ পৰা ওলোৱা বা তাৰ মাজেৰে বৈ অহা গেলা পানীখিনি মূৰকত মাটি, মুকলি উৎসৰ পানী আৰু ভূ-গৰ্ভৰ পানীত মিহলি হয়।

(ঘ) গোটা আৱৰ্জনাত বিভিন্ন ধৰণৰ সামগ্ৰী মিহলি হৈ থাকে আৰু এইবোৰক কোনো পৰ্যায়ত পৃথক কৰা নহয়। এই আৱৰ্জনাৰ মাজত উদ্যোগ, চিকিৎসালয়, নাছিং হোম, ঘৰুৱা কাম-কাজ আদিৰ পৰা সৃষ্টি হোৱা বিভিন্ন ধৰণৰ বৰ্জিত পদার্থ থাকে। 

(ঙ) আৱৰ্জনাৰ দ’মৰ পৰা বৈ অহা লেতেৰা পানীত বিভিন্ন ধৰণৰ ৰাসায়নিক দ্রব্য মিহলি হৈ থাকে আৰু এইসমূহে ভূগৰ্ভৰ পানী প্ৰদূষিত কৰে।

(চ) জাবৰ পেলোৱা ঠাইখিনিৰ মাটিৰ ওপৰিভাগত পকী নোহোৱা বাবে বা আন কোনো আৱৰণী নথকা বাবে লেতেৰা পানী মাটিৰ তললৈ প্ৰৱেশ কৰি সমস্যা বৃদ্ধি কৰে। 

(ছ) আৱৰ্জনা জমা কৰা ঠাইখনৰ ওপচৰ বসবাস কৰা লোকসকলৰ স্বাস্থ্যৰ ক্ষতি হোৱাটো অৱধাৰিত, ইয়াক এৰাই চলিব নোৱাৰে। 

(জ) বৰ্ত্তমান প্ৰত্যেকৰে ঘৰে ঘৰে গৈ আৱৰ্জনা সংগ্ৰহ কৰি অনাটো সময়ৰ অপচয় আৰু ইয়াৰ বাবে আৱৰ্জনা সংগ্ৰহৰ খৰচ বাঢ়ে।

(ঝ) ট্রেক্টব বা ট্রাকতদ মুকলিকৈ আৱৰ্জনা কঢ়িয়াই নিয়াটো অস্বাস্থ্যকৰ আৰু ই চহৰৰ নান্দনিক সৌন্দর্যও নষ্ট কৰে।

৮। প্রধানসেউজ গৃহ গেছসমূহ কি কি ? সেউজ গৃহ প্ৰভাৱ কি?

উত্তৰ : প্রধান সেউজ গৃহ গেছসমূহ হৈছে – কার্বন ডাই-অক্সাইড(CO2), মিথেন (CH4), নাইট্ৰাছ অক্সাইড (N2,O), ক্লৰফুৰ’কাৰ্বন (CFC), জলীয় বাষ্প আৰু অজ’ন। 

সেউজ গৃহ প্ৰভাৱঃ গছ-গছনি বঢ়াবলৈ গ্রীণ হাউচৰ প্ৰয়োগ কৰা হয়। শীত প্রধান দেশবোৰত শীত কালত পোহৰ আৰু তাপ গছ-গছনিৰ বৃদ্ধিৰ বাবে যথেষ্ট নহয়। কাচেৰে সজা গ্রীণ হাউচে ঘৰৰ ভিতৰত বেলিৰ পোহৰ সোমাব দিয়ে যদিও ইনফ্ৰাৰেড ৰশ্মি ওলাই যোৱাত বাধা দিয়ে। ফলত ঘৰৰ ভিতৰভাগত ক্রমশঃ তাপমাত্রা বৃদ্ধি হয়। গ্রীণ হাউচ এফেক্টৰ অৰ্থ হ’ল যে মানুহে সৃষ্টি কৰা কাৰ্বন-ডাই-অক্সাইডে সৃষ্টি কৰা ঢাকনিৰ তলৰ পৰা তাপ ওলাই যাব নোৱাৰি পৃথিৱীৰ উপৰি ভাগত সৃষ্টি কৰা ক্রমবৰ্দ্ধমান উত্তাপ।

কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ দিনক দিনে বাঢ়ি যোৱা বাবে বৈজ্ঞানিকসকলৰ মতে পৃথিৱীৰ তাপমাত্রা ক্রমশঃ বৃদ্ধি হ’ব ধৰিছে। তাপমাত্রা ক্ৰমশঃ বৃদ্ধি হ’লে হিমবাহবোৰ গলিব আৰু সাগৰ মহাসাগৰৰ জলপৃষ্ঠৰৰ উচ্চতা বাঢ়িব। বহুত দ ঠাইৰ পানীৰ তলত ডুবি যাবষ

সমুদ্র পৃষ্টৰ পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তন হ’ব। এতেকে CO2, ৰ মাত্রা বৃদ্ধি, দ্রুত শিল্পায়ন, অৰণ্য ধ্বংস আৰু জীৱাশ্মা যুক্ত ইন্ধনৰ ব্যৱহাৰে পৃথিৱীৰ তাপ মাত্রা বৃদ্ধিৰ প্ৰধান কাৰণ। CO2, ৰ নিৰ্গমন ৰোধ কৰিবলৈ ব্যৱস্থা ল’ব লাগিব।

৯। গোলকীয় উষ্ণায়ন (গ্ল’বেল ৱামিং) বুলিলে কি বুজা ? গোলকীয় উষ্ণায়নৰ কেইটামান পৰিণতিৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ গোলকীয় উষ্ণায়ন বা উষ্ণতা বৃদ্ধি : সেউজ গৃহ প্ৰভাৱৰ বাবে, ভূ-পৃষ্ঠৰ গড় উষ্ণতা প্রায় ১৫° ছেণ্টিগ্রেড হৈ আছে আৰু এই উষ্ণতাত পৃথিৱীখন বিভিন্ন ধৰণৰ জীৱৰ বাবে অনুকূল। কিন্তু যদিহে সেউজ গৃহ গেছসমূহে এই কাম নকৰে তেন্তে পৃথিৱীৰ অধিক পৰিমাণৰ তাপ পুনৰ আঁতৰি যাব। ইয়াৰ ফলত পৃথিৱীখন শীতল হৈ পৰিব আৰু ইয়াৰ পৰিবেশ হৈ পৰিব জীৱ জীয়াই থাকিব নোৱাৰা। বায়ুমণ্ডলত থকা সেউজ গৃহ গেছসমূহে আমাৰ গ্ৰহটোক উষ্ণ কৰি ৰখা বাবে ইয়াত মানুহ আৰু অন্যান্য জীৱসমূহে বৰ্ত্তি থাকিব পাৰিছে। কিন্তু মানুহৰ কাৰ্যকলাপৰ লগতে বিভিন্ন প্রাকৃতিক কাৰণত যোৱা দশককেইটাত সেউজ গৃহ গেছৰ গাঢ়তা বৃদ্ধি পাইছে। বিজ্ঞানীসকলে নির্ণয় কৰিছে যে যোৱা শতিকাৰ প্ৰথম ভাগৰ পৰা এতিয়ালৈকে পৃথিৱীৰ গঢ় উষ্ণতা ০.৩-০.৬২ ছেণ্টিগ্রেড বৃদ্ধি পাইছে। ১৫০ বছৰ পূৰ্বে আৰম্ভ হোৱা ঔদ্যোগিক বিপ্লৱৰ পৰা মানুহৰ বিভিন্ন কার্যকলাপে বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে। ১৭৫০ আৰু ২০০০ চনৰ ভিতৰত কার্বন ডাই-অক্সাইড, মিথেন আৰু নাইট্ৰাছ অক্সাইডৰ বায়ুমণ্ডলীয় গাঢ়তা যথাক্রমে ৩১%, ১৭১% আৰু ১৭% বৃদ্ধি পাইছে (আই পি চি চি, ২০০১)। সেউজ গৃহ গেছসমূহে এখন আৱৰণীৰ সৃষ্টি কৰি উষ্ণতা বৃদ্ধি কৰা এই পৰিঘটনাটোকেই বোলা হৈছে গোলকীয় উষ্ণায়ন বা উষ্ণতা বৃদ্ধি।

ভূ-পৃষ্ঠৰ উত্তাপ বৃদ্ধি বৰ্তমান সমগ্ৰ মানৱজাতিৰ বাবেই প্ৰত্যাহ্বান হিচাপে পৰিগণতি হৈছে। ইয়াৰ প্ৰধান ফলাফলসমূহ –

(ক) ভূ-পৃষ্ঠৰ গড় উষ্ণতা 15 ডিগ্ৰী ছেণ্টিগ্রেড উষ্ণ হৈ থাকে। এই উষ্ণতা জীৱজগতৰ বাবে অনকূল।

(খ) জলবায়ুৰ পৰিৱৰ্তন হ’ব। ইয়াৰ ফলত ঠায়ে ঠায়ে বৃষ্টিপাত আৰু তুষাৰপাত  অনিওমিয় হ’ব। ইয়াৰ উপৰিও বানপানী হৈ কৃষিবিত্তিৰ অৰ্থনীতিৰ দুৰ্বল হ’ব।

(গ) গৱেষণাৰ পৰা দেখা গৈছে যে মেৰু অঞ্চলত প্রভাব বেছিকৈ পৰি ইয়াৰ বৰফবোৰ গলিব (অহা ৩০ ৰ পৰা ৪০ বছৰৰ ভিতৰত)। ইয়াৰ ফলত নিম্নভূমি দেশবোৰ জলমগ্ন হ’ব। সাগৰীয় পানী বিয়পি পৰি আন পানীৰ উৎসবোৰ নিমখীয়া হ’ব। 

(ঘ) সাগৰীয়া উপকূলীয় অঞ্চলৰ প্ৰকৃতিৰ পৰিৱৰ্তন হ’ব। 

(ঙ) উষ্ণতা আৰু জলবায়ুৰ পৰিৱৰ্তনে পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বিনষ্ট হ’ব। লগে লগে জৈৱ-বৈচিত্ৰতাৰ ভাবুকি হ’ব।

(চ), সাগৰপৃষ্ঠৰ উষ্ণতা বৃদ্ধিৰ বাবে বা-মাৰলি, ঘূর্ণিবতাহ আদি সঘনাই হ’ব। 

(ছ) মানৱ স্বাস্থ্যৰ অৱনতি ঘটিব। উষ্ণ পৰিবেশত বহুতো বীজাণুৱে বংশবৃদ্ধি খৰতকীয়া হ’ব আৰু নতুন নতুন ৰোগৰ বৃদ্ধি হ’ব।

১০। এচিড বৰষুণ কি ?

উত্তৰ : উদ্যোগিক কাম-কাজ আৰু জীৱাশ্ম ইন্ধন দহনৰ ফলত উৎপন্ন হোৱা ছালফাৰ আৰু নাইট্ৰ’জেনৰ অক্সাইডসমূহ হৈছে বায়ুমণ্ডলৰ গেছসমূহৰ পৰা সৃষ্টি হোৱা এচিডৰ প্রধান উৎস। বতাহে যেতিয়া ছালফাৰ ডাই-অক্সাইড আৰু নাইট্ৰ’জেনৰ অক্সাইডসমূহক বিভিন্ন দিশত বৈ নিয়ে, তেতিয়া সেইবোৰ পানীৰ বাষ্পৰ সংস্পৰ্শলৈ আহিছালফিউৰিক এচিড, নাইট্রিক এচিড, ছালফেট আৰু নাইট্ৰেটৰ ক্ষুদ্ৰ কণা সৃষ্টি কৰে। এই ৰাসায়নিক পদার্থসমূহ সেমেকা (যেনে এচিড বৰষুণ, তুষাৰ, কুঁৱলী আৰু মেঘাবাষ্প আদি) আৰু শুকান (যেনে এচিড ধূলিকণা) পদাৰ্থৰ ৰূপত ভূ-পৃষ্ঠলৈ নামি আহে। এই গোটেই প্ৰক্ৰিয়াটোত সৃষ্টি হোৱা মিশ্ৰণটোকে আম্লিক বা এচিড বৰষুণ বোলা হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

১। পৃথিৱীৰ উল্লেখযোগ্য সভ্যতা দুবিধৰ নাম লিখা। 

উত্তৰঃ নীল নদীৰ সভ্যতা আৰু মিচৰীয়া সভ্যতা। 

২। পৰিবেশৰ অৱক্ষয় কি কি কাৰণত হয় ? 

উত্তৰঃ প্রাকৃতিক কাৰণ আৰু আনটো মানৱ সৃষ্ট কাৰণত।

৩। পৰ্বতৰ শিল ভাঙিবলৈ কি বিস্ফোৰক ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ ডিনামাইট।

৪। ১৮৫০ চনত পৃথিৱীৰ জনসংখ্যা কিমান আছিল ? 

উত্তৰঃ এক বিলিয়ন।

৫। বর্তমান ভাৰতৰ জনসংখ্যা কিমান? 

উত্তৰ ঃএশ দহ কোটি।

৬। অসমৰ অভয়াৰণ্য দুখনৰ নাম লিখা। 

উত্তৰঃ কাজিৰঙা আৰু মানাহ?

৭। দুবিধ খনিজ সম্পদ নাম লিখা।

উত্তৰঃ পেট্ৰ’লিয়াম আৰু কয়লা।

৮। ১৯৫০ চনত ক’ত ‘স্মগ’ সৃষ্টি হৈছিল?

উত্তৰঃ লণ্ডনৰ শিল্প প্রধান অঞ্চলত।

৯। ভাৰতৰ ক’ত ক’ত স্মগৰ সৃষ্টি হৈছে?

উত্তৰঃ কলকাতা আৰু মুম্বাইত।

১০। অ’জন বিন্ধা কি?

উত্তৰঃ ক্ল’ৰিণ অণুৱে অ’জন অণু ভাঙি দিয়াৰ ফলত অ’জন স্তৰত সূক্ষ্ম সূক্ষ্ম ছিদ্ৰ হয়। এনে ছিদ্ৰক অ’জন বিন্ধা বোলে।

১১। পৃথিৱীৰ উল্লেখযোগ্য সভ্যতা দুবিধৰ নাম লিখা।

উত্তৰঃ নীল নদীৰ সভ্যতা আৰু মিচৰীয়া সভ্যতা।

১২। পৰিবেশৰ অৱক্ষয় কি কি কাৰণত হয় ? 

উত্তৰঃ প্ৰাকৃতিক কাৰণ আৰু আনটো মানৱ সৃষ্ট কাৰণত।

১৩। সৰ্বতৰ শিল ভাঙিবলৈ কি বিস্ফোৰক ব্যৱহাৰ কৰা হয় ? 

উত্তৰঃ ডিনামাইট।

১৪। ১৮৫০ চনত পৃথিৱীৰ জনসংখ্যা কিমান আছিল ?

উত্তৰঃ এক বিলিয়ন।

১৫। বৰ্তমান ভাৰতৰ জনসংখ্যা কিমান? 

উত্তৰঃ এশদহ কোটি।

১৬। অসমৰ অভয়াৰণ্য দুখনৰ নাম লিখা।

উত্তৰঃ কাজিৰঙা আৰু মানাহ?

১৭। দুবিধ খনিজ সম্পদ নাম লিখা। 

উত্তৰঃ পেট্ৰ’লিয়াম আৰু কয়লা।

১৮। ১৯৫০ চনত ক’ত ‘স্মগ’ সৃষ্টি হৈছিল?

উত্তৰঃ লণ্ডনৰ শিল্প প্রধান অঞ্চলত।

১৯। ভাৰতৰ ক’ত ক’ত স্মগৰ সৃষ্টি হৈছে?

উত্তৰঃ কলকাতা আৰু মুম্বাইত।

২০। অ’জন বিন্ধা কি?

উত্তৰঃ ক্ল’ৰিণ অণুৱে অ’জন অণু ভাঙি দিয়াৰ ফলত অ’জন স্তৰত সূক্ষ্ম সূক্ষ্ম ছিদ্র হয়। এনে ছিদ্ৰক অ’জন বিন্ধা বোলে।

২১। পানীৰ উপকাৰিতাসমূহ লিখা।

উত্তৰঃ পানীৰ উপকাৰিতাসমূহ হ’ল—

(ক) জীৱন-ধাৰণৰ বাবে পানীৰ আৱশ্যক।

(খ) পানীয়ে গছ-গছনিৰ বিকাশ সাধ কৰি প্ৰাণীৰ আহাৰৰ যোগান ধৰে।

(গ) পানীয়ে গোটা, জুলীয়া আৰু গেচীয় অৱস্থা ধাৰণ কৰাৰ বাবে পৰিবেশীয় ভাৰসাম্য আৰু জলচক্র বা বতৰচক্ৰ ৰক্ষা কৰে।

(ঘ) পানীৰ কাৰণে মীম পালন বা আন জলজ সম্পদৰ পৰিচালনা সম্ভৱ হৈছে। 

(ঙ) বোৱতী পানীয়ে পৰিবেশ পৰিষ্কাৰ কৰাত সহায় কৰে। ইয়াৰ উপৰিও জল পৰিবহন আৰু পৰ্যটন উদ্যোগৰ বিকাশ।

(চ) বোৱতী পানীত বান্ধ দি জলসিঞ্চন আৰু বিদ্যুৎ শক্তিৰ উৎপাদন কভি পাৰি।

পানী এটা মূল্যবান প্রাকৃতিক সম্পদ। প্রত্যেকটো জীৱৰ দেহত 65-76% পানীয়েই থাকে। পৃথিৱীৰ পানী অনায়াহে পোৱা যায় যদিও ইয়াৰ 97% অংশ সাগৰত লুণীয়া পানী হিচাপে থকাৰ বাবে ব্যৱহাৰৰ অনুপযোগী। বাকী 3% অংশক সতেজ পানী হিচাপে পোৱা যায়। এই কম পৰিমাণৰ পানীৰ এটা বুজন পৰিমাণ পৃথিৱীৰ মেৰু অঞ্চলত বৰফ হিচাপে থাকে। কেবল 0.003% পানীহে ভূমিজল (Ground water) আৰু পৃষ্ঠজল (Surface water) হিচাপে ব্যৱহাৰ কৰিব পৰা পানী থাকে।

সাধাৰণতে নদীৰ পাৰতেই প্রাচীন সভ্যতাৰ বিকাশ হোৱা দেখা যায়। কিন্তু এনে নদীতেই অৱশেষ (Waste) বিলাক পেলাবলৈ লোৱাত এই পানী কলুসিত (Polluted) হৈছে।

জনসংখ্যা বৃদ্ধিৰ লগে লগে সতেজ পানী fresh water ৰ ওপৰত সাংঘাতিক চাপ পৰিছে। 2004 চনত পৃথিৱীৰ 2/3 অংশ জনসংখ্যাৰ খোৱা পানীৰ অভাৱত ভূগিব লাগিব। উন্নত দেশবিলাকৰ প্ৰতিটো পৰিয়ালে উন্নয়নশীল দেশতকৈ বহুগুণে বেছি সতেজ পানী ব্যৱহাৰ কৰে

HS First Year Environmental Studies Solutions – পৰিৱেশ শিক্ষা

অধ্যায় নংপাঠলিংক
অধ্যায় ১পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণাClick Here
অধ্যায় ২বাস্তব্য বিদ্যা সম্পৰ্কীয় ধাৰণাClick Here
অধ্যায় ৩জৈৱ বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণClick Here
অধ্যায় ৪প্রাকৃতিক সম্পদClick Here
অধ্যায় ৫পৰিৱেশ প্ৰদূষণClick Here
অধ্যায় ৬সামাজিক বিষয়সমূহ আৰু পৰিৱেশClick Here

২২। জলচক্ৰ বুলিলে কি বুজা?

উত্তৰঃ সাধাৰণতে আমি দেখা বা ব্যৱহাৰ কৰা পানী অবিৰামভাৱে হৈ থকা জলচক্ৰৰ পৰাহে পাওঁ। পৃথিৱীৰ উপৰিভাগত থকা পানীৰ বাষ্পীভৱন হৈ ডাৱৰ হয়। এই ডাৱৰৰ পৰা বৰষুণ বা বৰফৰ ৰূপত ব্যৱহাৰ কৰে আৰু অৱশেষত সাগৰত মিতি হয়। দেখা যায় বৰষুণৰ 90% পানী জলচক্ৰৰ ক্ৰিয়াৰ মহাসাগৰতেই জমা হয়। বছৰি 1.4 ইঞ্চি পানী বাষ্পীভৱন হয়। সৌৰশক্তিয়ে এই পৰিঘটনাটো নিয়ন্ত্ৰণ কৰে। তদুপৰি গছ-গছনিয়েও এই জলচক্র নিয়ন্ত্ৰণত পোনপটীয়া বৰঙণি যোগায়।

২৩। ভূমিজল কি ? চমুকৈ লিখা।

উত্তৰঃ সতেজ পানীৰ প্ৰায় 9.9% ভাগ পানী ভূমিজলৰ পৰা পোৱা যায়। আগতে ভূমিজল অতি বিশুদ্ধ আছিল যদিও বর্তমান বিভিন্ন কাৰণত এই সম্পদ দূষিত হোৱাটো প্রমাণিত হৈছে।

পৃথিৱীৰ গৰ্ভত বিভিন্ন শিলাখণ্ড, বালি আৰু গ্রেভেলৰ স্তৰৰ মাজত এই পানী  আবদ্ধ আৰু কেতিয়াবা মুক্ত অবস্থাত থাকে।

ভূমিজল ব্যবহাৰৰ ফলাফলঃ

(ক) অতিকৈ ভূমিজল নিষ্কাষণ কৰি থাকিলে এই স্তৰবিলাক শুকাই যাব পাৰে। ইয়াৰ ফলত শিলাখণ্ড ভাঙি যাব আৰু মাটিত থকা ঘৰবিলাকৰ হানি হ’ব পাৰে। নলীত ফাট মেলি পানীৰ সোঁত বিপৰীত দিশত যাব পাৰে।

(খ)শুস্ক (Arid) অঞ্চলত জলসিঞ্চনৰ বাবে বৈছিকৈ জলখনন কৰিলে ভূমিজলপৃষ্ঠ নামি যাব পাৰে।

(গ) অতিমাত্ৰা ভূমিজলৰ বাবে খননকার্য কৰিলে পশ্চাৎমুখী পানীয়ে জলপৃষ্ঠ ওপৰলৈ আহিব পাৰে। ইয়াৰ ফলত জল আবদ্ধ (water logging) হৈ লৱণ (salinity) সমস্যাৰ সৃষ্টি হ’ব পাৰে।

২৪। বানপানী কাক বোলে ?

উত্তৰঃ বানপানী হ’ল এটা প্রাকৃতিক সমস্যা। পৃথিৱীৰ কিছুমান দেশত (বাংলাদেশ আৰু ভাৰত) বছৰৰ কেইটামান মাহত (মে’—চেপ্তেম্বৰ) অতিমাত্ৰা বৰষুণ হয়। ইয়াৰ ফলত হ্রদ, নদী বা আন আপেক্ষিকভাৱে দ অঞ্চলত পানীৰে উপচি পৰে। ইয়াকেই বানপানী বোলা হয়।

২৫। বানপানী হোৱাৰ কাৰণসমূহ লিখা।

উত্তৰঃ বানপানীৰ মুখ্য কাৰণসমূহ তলত উল্লেখ কৰা হ’ল— 

(ক) নদীৰ পানীৰ ধাৰণ ক্ষমতা ক্রমান্বয়ে কমি আহিছে। ভূমি ক্ষয় লগতে ভূমিস্খলনৰ ফলত নদীৰ পলস বাঢ়ি ইয়াৰ গভীৰতা কমি আহি থাৰণ ক্ষমতা কমি আহিছে। 

(খ) ভূপৃষ্ঠৰ সেউজ আৱৰণ উচ্ছেদৰ বাবে ভূমি ক্ষয় হোৱাৰ বাবে বানপানীৰ মাত্ৰা বৃদ্ধি হৈছে।

(গ) নন্দীৰ উৎপত্তি অঞ্চলত বৰষুণৰ বৃদ্ধি

(ঘ) নদীৰ গতি সলনি কৰিলে বানপানী হয় ।

(ঙ) নদীৰ বান্ধ ভাঙিলেও কৃত্রিম বান হয়। 

(চ) সাগৰৰ গভীৰতা কমি আহিলেও বানপানী হোৱাত সহায় কৰে।

(ছ) বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ বাবে পৰ্বত বা মেৰু অঞ্চলত পৰফ গলাৰ বাবে সাগৰৰ পৃষ্ঠ ওরুন্দি পৰিছে।

২৬। বানপানীৰ অশুভ পৰিণাম কেনে ধৰণৰ হ’ব পাৰে? 

উত্তৰঃ বানপানীৰ ফলত হোৱা অশুভ পৰিণামসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) বানপানীয়ে স্থাৱৰ সম্পত্তি, খেতি, পশু আনকি মানুহৰো জীৱন নাশ কৰে। 

(খ) যাতায়তৰ বিচ্ছিন্ন আৰু খাদ্যবস্তুৰ নাটনি হয়।

(গ) বানপানী হ’লে খোৱা পানীৰ নাটনি হয় ।

(ঘ) বানপানীৰ পাছতে মহামাৰী ৰোগে দেখা দিয়ে। 

(ঙ) নদীৰ পাৰ পহাৰ ফলত বছৰি বহুত মানুহ গৃহহীন হয়।

(চ) নদীদৰ গতি সলনি হ’লে, খেতি কৰা মাটি আৰু বসতি অঞ্চলৰ হ্ৰাস হয়।

২৭। পানী প্ৰদূষণৰ কাৰণ আৰু পানী প্ৰদূষণ ৰোধ কৰিবলৈ ল’বলগীয়া ব্যৱস্থাৰে লিখা। 

উত্তৰঃ পানী প্ৰদূষিত কৰা বিভিন্ন কাৰকবোৰ হ’ল—

নগৰ অঞ্চলত খোৱা পানীৰ যোগান ধৰা হয় যদিও সেই পানী পৰিবাহী যিবিলা নলা সেইসমূহত মামৰ ধৰা বাবেও খোৱা পানী প্ৰদূষিত হয়। জনসংখ্যা বৃদ্ধি ফলত য’তে ত’তে পস্ৰাৱ,পায়খানা কৰা, গা ধোৱা আদিৰ ফলতো পানী প্ৰদূষণ হয় পানীৰ বিভিন্ন কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক দ্ৰব্য নঘৰ অঞ্চলত বেছি মিহলি হয় ফলত পানী প্ৰদূষিত হয়। নগৰ অঞ্চলত ব্যাপক হাৰত হোৱা বায়ু প্ৰদূষণৰ বাবে খোৱাপানী প্ৰদূষিত হোৱা দেখা যায়। কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা উচ্ছিষ্ট পানী প্ৰদূষিত কৰে।

কৃষি পথাৰৰ পৰা নিগৰি যোৱা পানীত কাটনাশক দৰব সাৰ আৰু পশুপক্ষীৰ ময়ল, মিহলি হৈ থাকে। এইবিশাক্ত বস্তুবোৰ বৰষুণৰ পানীৰ লগত মাটিত প্ৰৱেশ করে আৰু নৈ বিল আদি জলাশয়ত প্ৰৱেশ কৰে। সাৰবোৰে পানীত হোৱা ঘাঁহবন আম শেলুৱৈ আদি বৃদ্ধিত সহায় কৰে ফলত সেইবোৰে গোটেই জলভাগ বেৰি ধৰে জলজ প্রাণীৰ জীৱন ধাৰণ অসম্ভৱ হয়। কীটনাশক দ্ৰব্যবোৰ পানী প্ৰদূষিত কর মানুহ আৰু জীৱৰ ব্যৱহাৰৰ অনুপযুক্ত কৰি তোলে। পশুৰ মনমূত্ৰই পানীত দুৰ্গ কৰি প্ৰদূষিত কৰে।

কল-কাৰখনাৰ যন্ত্রপাটিৰ অংশ বিশেষ ঠাণ্ডা কৰাৰ পাছত তলত পানী পুনর জলাশয়ত এৰি দিলে জলাশয়ৰ পানী প্ৰদূষিত হয়। পানীৰ সামান্যতম উষ্ণতা বৃদ্ধি মাছ আৰু আন জলজ প্রাণীৰ ক্ষতি কৰিব পাৰে। বেছি গৰম পানীয়ে মাছ পুলি সংখ্যা হ্ৰাস কৰি আনিছে। গৰম পানীয়ে শেলুৱৈ আৰু আন জলজ উদ্ভিদৰ বা বৃদ্ধিত সহায় কৰে। খাৰুৱা তেলৰ বেহাবেপাৰ কৰিবলৈ সাগৰীয় জাহাজেৰে ছে অনা নিয়া কৰিবলগীয়া হয়। তেল বাগীৰ পৰি নাইবা দুৰ্ঘটনাৰ ফলত খাৰুৱা তে সাগৰৰ পানীৰ ওপৰত পৰি সাগৰৰ পানী প্ৰদূষিত কৰে। ১৯৬৮ আৰু ১৯৮৩ ভিতৰত ৫০০তকৈ অধিক টেঙ্কাৰ দুৰ্ঘটনাত পতিত হোৱাৰ ফলত বহুত নিযুত থাৰুৱা তেল সাগৰৰপানীত মিহলি হয়। এইবোৰে সমুদ্র পৃষ্ঠৰ আৰু জলজ প্রাণ বিপদ মাতি আনে। পাখীত তেল ধৰা বাবে উৰিব নোৱাৰি বহুত সাগৰ চৰাইৰ মৃত্যু হয়।

আনবিক পৰীক্ষা কৰা সময়ত বায়ুমণ্ডলত সষ্টি হোৱা ৰেডিও একটিভ ধূলিকণাবোৰ বৰষুণৰ পানীৰ লগত মাটিত সৰি পরে। ইয়াৰ কিছুমান বৰষুণৰ পানীত ভুগৰ্ভত প্ৰৱেশ কৰি ভূগর্ভস্থ পানী প্ৰদূষিত কৰে। কিছুমান এনে পানী নৈ, বিল পুখুৰী আদিত পৰি সেইবোৰ প্ৰদূষিত কৰে লগতে মানুহ আৰু প্ৰাণীজগতৰ যিসকলে তেনে প্ৰদূষিত পানী পান কৰে তেওঁলোকৰো ক্ষতি হয় লগত ই জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে।

পানী প্ৰদূষণ ৰোধ কৰিবলৈ ল’বলগীয়া ব্যৱস্থাবোৰঃ

(ক) কল-কাৰখানাৰ প্ৰদূষিত ময়ালা আদি পৰিশোধন নকৰাকৈ নদী, নলা নাইবা আন কোনো জলাশয়ত পেলাব দিব নালাগে। চৰকাৰে কঠোৰ আইন কৰি, ময়লা পিৰশোধন কৰাৰ ব্যৱস্থা নথকা কাৰখানাক বস্তু উৎপাদনৰ অনুমতি দিব নালাগে। 

(খ) গৃহস্থৰ ঘৰৰ বজ্য জাবৰ ময়লা আদি পৰিশোধন কৰাৰ পাচতহে পানীত পেলোৱাৰ ব্যৱস্থা কৰিব লাগে।

(গ) ৰাসায়নিক কীটনাশক দৰব আৰু সাৰৰ প্ৰয়োগ সীমিত কৰিব লাগে আৰু গছ গছনিৰ পৰা তৈয়াৰী কীটনাশক দৰব উৎপাদন কৰি সেইবোৰ ব্যৱহাৰ কৰিব লাগে। 

(ঘ) কঢ়া আইন কৰি মানুহ আৰু জীৱৰ মৰাশ নদীত পেলোৱা বন্ধ কৰিব লাগে। নদীৰ পাৰ পৰিস্কাৰ কৰি ৰাখিব লাগে।

(ঙ) পানীত হোৱা ঘাঁহবোৰ সঘনাই উভালি পেলাবৰ ব্যৱস্থা কৰিব লাগে।

(চ) পটাচিয়াম পাৰমাঙ্গানেট ব্যৱহাৰ কৰি পানী অনুজীৱমুক্ত কৰি ৰাখিব লাগে। 

(ছ) দেহত পানীয়ে কৰা অপকাৰৰ বিষয়ে ৰাইজক সজাগ কৰিব লাগে। চৰকাৰী আৰু বেচৰকাৰী সন্থাসমূহে প্ৰদূষিত পানীয়ে কৰা অপকাৰৰ বিষয়ে ৰাইজক সচেতন কৰিব লাগে।

২৮। বায়ুপ্ৰদূষণৰ মূল উৎসসমূহ আৰু ইয়াৰ নিয়ন্ত্ৰণৰ উপায়। 

উত্তৰঃ বায়ুত প্ৰদূষকদ্ৰব্য এৰি দিলে বায়ুপ্ৰদূষিত হৈ পৰে। বায়ু প্ৰদূষণে অকল হুহুকে নহয়, গছ-বিৰিখ, শস্যৰ পথাৰ, ঘৰবাৰী আৰু মানুহে সজা আন বস্তুকো প্ৰভাৱান্বিত কৰে। বায়ু প্ৰদূষণৰ মূল উৎসবোৰ হ’ল- মটৰ গাড়ী আদিৰ পৰা ওলোৱা ধোঁৱা, শিল্পৰ নির্গত ধোঁৱা, ময়লা, চলভেণ্ট নামৰ পদাৰ্থ আৰু ৰেডিওএক্টিভ বিকিৰণ। মটৰগাড়ী আৰু শিল্পীবোৰে এৰি দিয়া প্রধান বায়ু প্ৰদূষকবোৰ হ’ল।

এইবোৰৰ উপৰিও মানুহৰ বাবে ক্ষতিকাৰক আন ভালেমান পদার্থ আছে। এইবোৰ ভিতৰত সীহ, এচবেচটচ্‌, বেৰিলিয়াম, কাডিমাস, পাৰৰ্ড আৰু কীটপতঙ্গনা? দৰববোৰ প্ৰধান।

(ক) চালফাৰ অক্সাইড।

(খ) নাইট্ৰজেন অক্সাইড। 

(গ) কার্বন মন অক্সাইড।

(ঘ) পার্টিকুলেটচ (ধূলিকণা সদৃশ পদাৰ্থৰ কনিকাবোৰ)

(ক) কয়লা আৰু খনিজ তেল আদি চালফাৰ যুক্ত বস্তুবোৰ পোৰাৰ ফলত চালফাৰ ডাই অক্সাইড্‌ উৎপন্ন হয়। চালফাৰ-ডাই-অক্সাইড উৎপন্ন কৰা প্ৰধান উৎসবোৰ হ’ল বিজুলি শক্তি উৎপাদন কেন্দ্ৰবোৰ, তাপৰ সৃষ্টি কৰা চুলাবোৰ আৰু গোবৰ গো আদি তৈয়াৰ কৰা কেন্দ্ৰবোৰ। চালফাৰ-ডাই- অক্সাইডে প্রস্রার প্রণালী আক্রমণ কৰি হাওঁ ফাওঁ ক্ষতিগ্ৰহস্ত কৰে। ই গছ গছনিৰো প্ৰভূত ক্ষতি কৰে। পকীঘৰ আৰু আন বস্তুকো ই আক্রমণ কৰি প্ৰদূষিত কৰে।

(খ) যানবাহন চলোৱা ইঞ্জিনৰ ভিতৰত, কল কাৰখানাত ব্যৱহাৰ কৰা বইলাৰ আৰু বিজুল উৎপাদন কেন্দ্ৰবোৰত বৰ বেছি উত্তাপত ইন্ধন জ্বলালে নাইট্রজেন অক্সাইড সৃষ্টি হয়।

(গ) মটৰগাড়ী আদি বিজুলি উৎপাদন কেন্দ্ৰ আৰু কল কাৰখানাত পোৰা ইন্ধন আৰু কৃষিকমৰ্ম্মৰ উত্যক্ত আবৰ্জনা আদি জ্বলোৱাৰ ফলত হাইড্রোকার্বনৰ সৃষ্টি হয়। হাইড্রোকার্বন আৰু নাইট্ৰজেন অক্সাইড লগ হৈ স্মগৰ সৃষ্টি হয়। ১৯৫২ চনত লণ্ড মহানগৰত হোৱা স্মগ দুৰ্ঘটনাত ৩৫০০ ৰ পৰা ৪০০০ লোকৰ মৃত্যু হৈছিল। ১৯০৯ ১৯৬৩ চনত স্মগৰ বাবে গ্লাচগো চহৰত বহুত মানুহ মৰিছিল। ১৯৩০ চন বেলজিয়ামত আৰু ১৯৪৫-৪৬ চনত জাপানত আৰু আন ভালেমান চহৰ একেধৰণৰ মৃত্যু হৈছিল। স্মগত থকা বস্তুবোৰ শ্বাস-প্রশ্বাস আৰু কলিজাৰ বেমাৰৰ সৃষ্টি কৰে। স্বাসনলী সম্পৰ্কীয় বেমাৰো স্মগৰ বাবে হয়। ই প্রাণী আৰু গছ উভয়দে আক্ৰমণ কৰে। স্মগৰ এক প্ৰকাৰৰ মৃত্যুদূত বুলিব পাৰি। 

(ঘ) কার্বন মনোক্সাইড : ইন্ধনত থকা কাৰ্বন সম্পূর্ণ রূপে দহন নোহোৱাৰ ফলত মট ইঞ্জিন আদিয়ে কার্বন মনোঅক্সাইড গেছ নির্গত কৰে। এই গেছ শ্বাস প্রশ্বাসত ভিতৰলৈ নিলে, তেজৰ অকিসজেন আহৰণ কৰা ক্ষমতাত বাধাপ্রাপ্ত হয়। ই টোপনি ভাল উদ্রেক কৰে। বেছি পৰিমাণত কাৰ্ব মনো অক্সাইড গ্ৰহণ কৰিলে মৃত্যু হ’ব পাৰে আৰু কম পৰিমাণত গ্ৰহণ কৰিলে ই শ্বাস-প্রশ্বাসৰ সমস্যাৰ সৃষ্টি কৰে। সুসম পৰিমাণত থাকিলে ই উপকাৰী গেছ।

(ঙ) পার্টি কুলেত বা বায়ুত ওপঙি থকা কনিকাবোৰ গোট নাইবা পনীয়া উভয় বিধ বস্তুৰে হ’ব পাৰে। সেইবোৰৰ ভিতৰত ধূলিকণাবোৰ, কুৱলি, ধোঁৱা চাই আদি থাকে আৰু কল কাৰখানাৰ নলীৰে সেইবোৰ নিৰ্গতহৈ থকা দেখা যায়। এই ধূলিকণাবোৰে সূৰ্যৰ ৰশ্মি মাটিত পৰাত বাধা দিয়ে আৰু গছ-গছনিৰ ক্ষতি কৰে। উসাহ-নিসাহৰ লগত দেহৰ প্ৰৱেশ কৰি ই শ্বাস প্রশ্বাসৰ সমস্যাৰ সৃষ্টি কৰে।

দ্রুত শিল্পায়নে বায়ু অধিক পৰিমাণে প্ৰদূষিত কৰিছে। চিমেণ্ট, লো আৰু তীখা, ফাটিলাইজাৰ, পেট্রক্যাসিকেল আদি কাৰখানাবোৰৰ বাবে প্ৰদূষক নির্গত নোহোৱাৰকৈ ৰকাটো তেনেই কঠিন কাম। চিমেণ্ট কাৰখানাৰ ওচৰত বসবাস কৰা লোকসকল শ্বাস প্রশ্বাসৰ ৰোগত ভূগিবলৈ বাধ্য। ইয়াৰ কাৰণ প্ৰদূষিত হয়। বায়ু প্ৰদূষণৰ আন দুটা উৎস হ’ল চলভেল্ট আৰু ৰেডিও এ কটিভিটি। তলভেণ্টৰ ব্যৱহাৰে দিনক দিনে ক্রমশঃ বাঢ়ি আহিছে। ৰং, স্প্রে, পলিচ কৰা আদিৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়।

এই বস্তুবোৰ বতাহত বহুকাললৈ ওপঙি থাকে আৰু এইবোৰ মানুহৰ বাবে ক্ষতিকৰ। কীটনাশক দ্ৰব্যবোৰে গ্ৰামাঞ্চলত বায়ু প্ৰদূষিত কৰে।

বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ গোটেই বিশ্বতে প্রচেষ্টা চলাই থকা হৈছে কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ সন্তোষজনক উন্নতি লভিব পৰা নাই ।

এই ক্ষেত্ৰত ল’বলগীয়া কেইটামান ব্যৱস্থা হ’ল—

(ক) নিৰ্গমনমৰ মাত্ৰা কমাই ৰাখিবলৈ মটৰগাড়ীৰ উঞ্জিনবোৰ নতুন আৰ্হিত সাজিব লাগে। 

(খ) কাৰিকৰী দিশৰ উপৰিও ব্যক্তিগত দিশতো তলত উল্লেখ কৰা ব্যৱস্থাবোৰ লোৱা উচিত।

(i) যান-বাহনবোৰৰ নিয়মীয়া পৰীক্ষণ আৰু চাফ চিকুণকৰণ। 

(ii) ফিল্টাৰৰ ব্যৱহাৰ। 

(iii) পুৰণি ইঞ্জিন আৰু ইঞ্জিনৰ অংশবোৰ সলাই নতুন লগোৱা।

(iv) ইঞ্জিনবোৰ ভালদৰে টিউনিং কৰা।

(গ) শিল্পবোৰ মানুহৰ বসতিস্থলৰ পৰা নিৰাপদ দূৰত্বত স্থাপন কৰা।

(ঘ) খৰি, কয়লা আদি পৰম্পৰাগত ইন্ধনৰ সলনি কম ধোঁৱা ওলোৱা ইন্ধন ব্যৱহাৰ আৰু বনজুই নিয়ন্ত্ৰণ কৰা।

(ঙ) প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থা নকৰালৈকে শিল্প, কল-কাৰখানাক উৎপাদনৰ অনুমতি দিব নালাগে।

(চ) ধোঁৱা যোৱা চিমনিবোৰ ওখ কৰা আৰু ধূলিকণা আদি সৰকি যাব নোৱাৰাকৈ চেকনি লগাই দিয়া ।

(ছ) হাবিৰ আবৰণ মাটিৰ মুঠ ৩৩ শতাংশ সংৰক্ষণ। ইয়াৰ উদ্দেশ্য হ’ল যে হাবিৰ আবৰণে প্ৰদূষণ ৰুধিব পাৰে। বৃক্ষৰোপন আৰু বনানীকৰণ সামাজিক আৰু চৰকাৰী ভাবে ল’ব লাগে। এনে কৰিলে পৰিৱেশৰ লসমতা ৰক্ষাতো সহায়ক হ’ব।

(জ) চহৰ আৰু গাঁওবোৰৰ চাৰিওফালে সেউজীয়া অঞ্চলৰ সংৰক্ষণ। শিল্পবোৰৰ চাৰিওফালেও একেধৰণৰ সেউজীয়া অঞ্চলৰ সৃষ্টি কৰা। 

(ঝ) কয়লা আৰু বাস্পচালিত ইঞ্জিনৰ সলনি ৰেলগাড়ীৰ বিজুলী শক্তি চালিত ইঞ্জিনৰ প্রয়োগ।

(ঞ) মটৰ গাড়ী আৰু শিল্পৰ প্ৰদূষম নিয়ন্ত্ৰণ কৰিবলৈ কঢ়া আইনৰ প্ৰচলন আৰু প্ৰয়োগ।

২৯। পানী বা বায়ু প্ৰদূষণৰ বাবে প্ৰাকৃতিক আৰু মানুহে সৃষ্টি কৰা কাৰণসমূহ।

উত্তৰঃ গুণগত মানদণ্ড বিনষ্টহে খোৱাৰ অনুপযুক্ত হ’লে পানী প্ৰদূষিত হোৱা বুলি কোৱা হয়। পানী প্ৰদূষিত কৰা বস্তুবোৰ হ’ল কল কাৰখানাৰ আবৰ্জনা, গৃহস্থৰ পেলনীয়া বস্তুবোৰ, খনি নাইবা খেতি পথাৰৰ আবৰ্জনাবোৰ, বিজুলী উৎপাদন কেন্দ্ৰ গৰমপানী, তেল আদি। এই প্ৰদূষণকাৰী পদাৰ্থবোৰ পানীৰ মৌলিক, ৰাসায়নিক আৰু জৈৱিক মৌলিবোৰৰ পৰিৱৰ্তন ঘটায়। Suspended, Colloidal আৰু Dissolved অৱস্থাত পানী প্ৰদূষণ হ’ব পাৰে।

Suspended অর্থাৎ ওপত্তি থকা দ্ৰব্যবোৰ এইবোৰৰ উপৰিও মানুহৰ বাবে ক্ষতিকাৰক আন ভালেমান পদার্থ আছে। এইবোৰৰ ভিতৰত সীহ, এচবেচটচ, বেৰিলিয়াম, ক্যাজিমান, পাৰজ আৰু কীটপতঙ্গনাশক দৰৱবোৰ প্ৰধান। যেনে ধূলিকণা, ধাত কণিকাবোৰ, ফেন, কাপোৰ, কাগজ, গচৰ পাত আদি বস্তুবোৰে পানী প্ৰদূষিত কৰে।

Colloidal বিধৰ প্ৰদূষকবোৰ পানীত মিহলি হৈ থাকে আৰু সেইবোৰ সহজে পৃথক কৰিব নোৱাৰি। বিভিন্ন ধাতুৰ অক্সাইডবোৰ আৰু ক্ষুদ্রতম বেক্টেৰীয়াবোৰ এই শ্ৰেণীৰ প্ৰদূষক।

তৃতীয় বিধৰ প্ৰদূষকবোৰ পানীত দ্রবীভূত হৈ মিহলি হৈ যায়। চালফাৰ ডাই অক্সাইড, কার্বন ডাই অক্সাইড, মিছেন আদি গেছবোৰ আৰু চদিয়াম, পটাচিয়াম, লৌহ আদি ধাতুবোৰ এই শ্ৰেণীৰ পানী প্ৰদূষক। পানীৰ প্ৰদূষণ প্রাকৃতিক উৎস নাইবা মানুহে কৰা কামৰ ফলত হ’ব পাৰে।

প্রাকৃতিক উৎসবোৰ : পানী দূষিত কৰা প্ৰাকৃতিক উৎসবোৰ হ’ল মাটি, ধাতৱ পদাৰ্থবোৰ, হিউমাচ, প্রাণীবোৰৰ মলমূত্ৰাৰ পানীত থকা অনুজীৱীবোৰ। বৰষুণৰ সময়ত মুগা ৰঙৰ লেতেৰা পানী নদী আৰু আন জলাশয়বোৰত দেখা যায়। এইবোৰ হ’ল পানীৰ লগত বোকাৰ মিশ্রণ। একেদৰে ওপঙি থকা আৰু দ্রবীভূত হোৱা নানান বিধৰ প্ৰদূষক আছে। মানুহে সহিব পৰাতকৈ বেছি পৰিমাণৰ খনিজ পদার্থ মিহলিহৈ থকা পানী স্বাস্থ্যৰ বাবে ক্ষতিকৰ। কিছুমান পশু পক্ষাৰ ময়লাও বিষাক্ত হ’ব পাৰে লগতে পানীত থকা কিছুমান জলজ উদ্ভিদেও পানী প্ৰদূষিত কৰে।

মানুহৰ দ্বাৰা সৃষ্টি উৎসবোৰঃ মানুহে কৰা পানীৰ প্ৰদূষকবোৰ হ’ল—

(ক) কল-কাৰখানাৰ আৱৰ্জনাবোৰ।

(খ) গৃহস্থৰ ঘৰৰ আৱৰ্জনাবোৰ।

(গ) খনিজ আৰু পথাৰৰ পৰা বৈ যোৱা আবর্জনাবোৰ।

(ঘ) বিজুলী শক্তি উৎপাদন কেন্দ্ৰৰ পৰা এৰি দিয়া তপত পানী।

(ঙ) খনিজ তেল।

(চ) খনিজ একটিভ আবর্জনাবোৰ।

কল-কাৰখানাৰ পৰা অৰি দিয়া নানান ধৰণৰ বিষাক্ত পেলনীয়া বস্তুৱে খোৱা পানীৰ অভাৱ সৃষ্টি কৰাৰ লগতে জলজ প্রাণীবোৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত প্ৰধান প্ৰদূষকবোৰ হ’ল তেল শোধনাগাৰবোৰ, প্রেট্ৰকেমিকেল গোটবোৰ, কাগজ কল, কাপোৰ কল, খাদ্য উৎপাদন কাৰী শিল্পবোৰ, চাকন আদি বস্তুবোৰ আৰু ধাতু গঢ়া কাৰখানাবোৰ।

ভাৰতবৰ্ষৰ প্ৰায়বোৰ নদীৰ পানী এইদৰে প্ৰদূষিত কৰা হৈছে। পবিত্র গঙ্গা, যমুনা, দামোদৰ আদি নদী ইয়াৰ উদাহৰণ। গঙ্গাৰ পাৰত হৃষিকেশ, হৰিদ্বাৰ, এলাহাবাদ, বাৰানসী আদি পবিত্ৰ চহৰ নগৰবোৰ অৱস্থিত। এই চাৰিখন চহৰ আৰু বিহাৰ আৰু কলকাতাই গঙ্গাৰ পানী ইমান প্ৰদূষিত কৰিছে যে “The Ganga Action Plan এ গঙ্গাৰ পানীৰ প্ৰদূষণ ৰুধিব পৰা নাই। যমুনা নদীৰ ক্ষেত্ৰতো কথা একেটাই। একমাত্র দিল্লীৰ শিল্প উদ্যোগ থকা অঞ্চলেই বহু লক্ষ টন আবর্জনা যমুনা নদীত পেলায়।

দামোদৰ নদীয়ে বোকাৰো তীখা কাৰখানা, ভাৰতীয় লোহা আৰু তীখা কোম্পানী, বেঙ্গল পেপাৰমিল, সিন্দ্ৰি সাৰ কাৰখানাৰ আবৰ্জনা বহন কৰি প্ৰদূষিত হৈ পৰিছে। এইবোৰ বৰ ডাঙৰ কল-কাৰখানা আৰু এইবোৰে দেশৰ অৰ্থনীতিত প্ৰভূত বৰঙণি যোগাইছে যদিও এইবাৰে পৰিৱেশ পদূষণ কৰাতো অৰিহণা যোগাইছে আৰু নদীৰ জলধাৰা প্ৰদূষিত কৰিছে।

আমাৰ দেশৰ প্ৰদূষিত পানীৰ সৰবৰ নদীৰ উদাহৰণ বিশেষ কৰিব নোৱাৰি। গৃহস্ত পেলনীয়া আৱৰ্জনাবোৰ পানী আৰু লগতে প্লাষ্টিকৰ মোনা, চাবন, চৌদা, কাপোৰ, কাগজ আদি সমুদায় বস্তু মিলি গৃহস্থৰ বহ্য ময়লাৰ সৃষ্টি হয় আৰু ই পানী প্ৰদূষণৰ এক প্ৰধান কাৰক।

প্রাকৃতিকভাৱে পানী প্ৰদূষিত হোৱাৰ কাৰণবোৰ হ’ল— 

(ক) আগ্নেয়গিৰিৰ উদ্‌গীৰণৰ জৰিয়তে ভূ-গৰ্ভৰ ৰাসায়নিক দ্রব্যই পানী প্ৰদূষিত কৰে।

(খ) সূৰ্যৰ পোহৰ যথেষ্ট নাহোৱা অঞ্চলত শেলাইজাতীয় উদ্ভিদৰ সংখ্যা বৃদ্ধি হৈ কালক্ৰমত সূচনা কৰা ৰাসায়নিক বিক্রিয়ায়ো পানী প্ৰদূষিত কৰে।

(গ) জলজ উদ্ভিদৰ সংখ্যাধিক বিস্তাৰণে নিম্নভাগলৈ পোহৰ প্ৰৱেশ কৰাত বাধা জন্মায় আৰু ইয়াৰ পৰিণামস্বৰূপে ব্যাপক হাৰত জলজ উদ্ভিদ গেলি-পচি পানী প্ৰদূষিত কৰি তোলে।

৩০। পানী বা বায়ু প্ৰদূষণৰ বাবে প্ৰাকৃতিক আৰু মানুহে সৃষ্টি কৰা কাৰণসমূহ ।

উত্তৰঃ গুণগত মানদণ্ড বিনষ্টহে খোৱাৰ অনুপযুক্ত হ’লৈ পানী প্ৰদূষিত হোৱা বুলি কোৱা হয়। পানী প্ৰদূষিত কৰা বস্তুবোৰ হ’ল কল কাৰখানাৰ আবৰ্জনা, গৃহস্থৰ পেলনীয়া বস্তুবোৰ, খনি নাইবা খেতি পথাৰৰ আবৰ্জনাবোৰ, বিজুলী উৎপাদন কেন্দ্ৰ গৰমপানী, তেল আদি। এই প্ৰদূষণকাৰী পদাৰ্থবোৰ পানীৰ মৌলিক, ৰাসায়নিক আৰু জৈৱিক মৌলিবোৰৰ পৰিৱৰ্তন ঘটায়। Suspended, Colloidal আৰু Dissolved অৱস্থাত পানী প্ৰদূষণ হ’ব পাৰে।

Suspended অর্থাৎ ওপত্তি থকা দ্ৰব্যবোৰ এইবোৰৰ উপৰিও মানুহৰ বাবে ক্ষতিকাৰক আন ভালেমান পদার্থ আছে। এইবোৰৰ ভিতৰত সীহ, এচবেচচ, বেৰিলিয়াম, ক্যাজিমান, পাৰজ আৰু কীটপতঙ্গনাশক দৰববোৰ প্রধান। যেনে-ধূলিকণা, ধাত কণিকাবোৰ, ফেন, কাপোৰ, কাগজ, গচৰ পাত আদি বস্তুবোৰে পানী প্ৰদূষিত কৰে।

Colloidal বিধৰ দূষকবোৰ পানীত মিহলি হৈ থাকে আৰু সেইবোৰ সহজে পৃথক কৰিব নোৱাৰি। বিভিন্ন ধাতুৰ অক্সাইডবোৰ আৰু ক্ষুদ্রতম বেক্টেৰীয়াবোৰ এই শ্ৰেণীৰ প্ৰদূষক।

তৃতীয় বিধৰ প্ৰদূষকবোৰ পানীত দ্রবীভূত হৈ মিহলি হৈ যায়। চালফাৰ ডাই অক্সাইড, কার্বন ডাই অক্সাইড, মিছেন আদি গেছবোৰ আৰু চদিয়াম, পটাচিয়াম, লৌহ আদি ধাতুবোৰ এই শ্রেণীৰ পানী প্ৰদূষক। পানীৰ প্ৰদূষণ প্রাকৃতিক উৎস নাইবা মানুহে কৰা কামৰ ফলত হ’ব পাৰে।

প্রাকৃতিক উৎসবোৰ : পানী দুষিত কৰা প্ৰাকৃতিক উৎসবোৰ হ’ল মাটি, ধাতৱ পদাৰ্থবোৰ, হিউমাচ, প্ৰাণীবোৰৰ মলমূত্ৰাৰু পানীত থকা অনুজীৱীবোৰ। বৰষুণৰ সময়ত মুগা ৰঙৰ লেতেৰা পানী নদী আৰু আন জলাশয়বোৰত দেখা যায়। এইবোৰ হ’ল পানীৰ লগত বোকাৰ মিশ্ৰণ। একেদৰে ওপঙি থকা আৰু দ্রবীভূত হোৱা নানান বিধৰ প্ৰদূষক আছে। মানুহে সহিব পৰাতকৈ বেছি পৰিমাণৰ খনিজ পদার্থ মিহলিহৈ থকা পানী স্বাস্থ্যৰ বাবে ক্ষতিকৰ। কিছুমান পশু পক্ষাৰ ময়লাও বিষাক্ত হ’ব পাৰে লগতে পানীত থকা কিছুমান জলজ উদ্ভিদেও পানী প্ৰদূষিত কৰে।

মানুহৰ দ্বাৰা সৃষ্টি উৎসবোৰ মানুহে কৰা পানীৰ প্ৰদূষকবোৰ হ’ল—

(ক) কল-কাৰখানাৰ আৱৰ্জনাবোৰ। 

(খ) গৃহস্থৰ ঘৰৰ আৱৰ্জনাবোৰ।

(গ) খনিজ আৰু পথাৰৰ পৰা বৈ যোৱা আবৰ্জনাবোৰ।

(ঘ) বিজুলী শক্তি উৎপাদন কেন্দ্ৰৰ পৰা এৰি দিয়া তপত পানী।

(ঙ) খনিজ তেল।

(চ) খনিজ একটিভ আৱৰ্জনাবোৰ।

কল-কাৰখানাৰ পৰা অৰি দিয়া নানান ধৰণৰ বিষাক্ত পেলনীয়া বস্তুৱে খোৱা পানীৰ অভাৱ সৃষ্টি কৰাৰ লগতে জলজ প্রাণীবোৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত প্ৰধান প্ৰদূষকবোৰ হ’ল তেল শোধনাগাৰবোৰ, প্রেট্ৰকেমিকেল গোটবোৰ, কাগজ কল, কাপোৰ কল, খাদ্য উৎপাদন কাৰী শিল্পবোৰ, চাবন আদি বস্তুবোৰ আৰু ধাতু গঢ়া কাৰখানাবোৰ।

ভাৰতবৰ্ষৰ প্ৰায়বোৰ নদীৰ পানী এইদৰে প্ৰদূষিত কৰা হৈছে। পবিত্র গঙ্গা, যমুনা, নামোদৰ আদি নদী ইয়াৰ উদাহৰণ। গঙ্গাৰ পাৰত হৃষিকেশ, হৰিদ্বাৰ, এলাহাবাদ,

বাৰানসী আদি পবিত্ৰ চহৰ নগৰবোৰ অৱস্থিত। এই চাৰিখন চহৰ আৰু বিহাৰ আৰু কলকাতাই গঙ্গাৰ পানী ইমান প্ৰদূষিত কৰিছে যে The Ganga Action Plan’s গঙ্গাৰ পানীৰ প্ৰদূষণ ৰুধিব পৰা নাই। যমুনা নদীৰ ক্ষেত্ৰতো কথা একেটাই। একমাত্র দিল্লীৰ শিল্প উদ্যোগ থকা অঞ্চলেই বহু লক্ষ টন আবর্জনা যমুনা নদীত পেলায়।

দামোদৰ নদীয়ে বোকাৰো তীখা কাৰখানা, ভাৰতীয় লোহা আৰু তীখা কোম্পানী, বেঙ্গল পেপাৰমিল, সিন্দ্ৰি সাৰ কাৰখানাৰ আবৰ্জনা বহন কৰি প্ৰদূষিত হৈ পৰিছে। এইবোৰ বৰ ডাঙৰ কল-কাৰখানা আৰু এইবোৰে দেশৰ অৰ্থনীতিত প্ৰভূত বৰঙণি যোগাইছে যদিও এইবাৰে পৰিৱেশ পদূষণ কৰাতো অৰিহণা যোগাইছে আৰু নদীৰ জলধাৰা প্ৰদূষিত কৰিছে।

আমাৰ দেশৰ প্ৰদূষিত পানীৰ সৰবৰ নদীৰ উদাহৰণ বিশেষ কৰিব নোৱাৰি। গৃহস্তৰ পেলনীয়া আৱৰ্জনাবোৰ পানী আৰু লগতে প্লাষ্টিকৰ মোনা, চাবন, চৌদা, কাপোৰ, কাগজ আদি সমুদায় বস্তু মিলি গৃহস্থৰ বহা ময়লাৰ সৃষ্টি হয় আৰু ই পানী প্ৰদূষণৰ এক প্ৰধান কাৰক।

প্রাকৃতিকভাৱে পানী প্ৰদূষিত হোৱাৰ কাৰণবোৰ হ’ল—

(ক) আগ্নেয়গিৰিৰ উদ্‌গীৰণৰ জৰিয়তে ভূ-গৰ্ভৰ ৰাসায়নিক দ্রব্যই পানী প্ৰদূষিত কৰে। 

(খ) সূৰ্যৰ পোহৰ যথেষ্ট নাহোৱা অঞ্চলত শেলাইজাতীয় উদ্ভিদ সংখ্যা বৃদ্ধি হৈ কালক্ৰমত সূচনা কৰা ৰাসায়নিক বিক্ৰিয়ায়ো পানী প্ৰদূষিত কৰে। 

(গ) জলজ উদ্ভিদৰ সংখ্যাধিক বিস্তাৰণে নিম্নভাগলৈ পোহৰ প্ৰৱেশ কৰাত বাধা জন্মায় আৰু ইয়াৰ পৰিণামস্বৰূপে ব্যাপক হাৰত জলজ উদ্ভিদ গেলি-পচি পানী প্ৰদূষিত কৰি তোলে। 

৩১। বায়ু প্ৰদষণ কেনেকৈ হয়? বায়ু প্ৰদূষণৰ উৎস কেইটামান উল্লেখ কৰা। 

উত্তৰ : বিশ্ব স্বাস্থ্যসংস্থাৰ সূত্ৰ অনুসৰি বায়ু প্ৰদূষণ হ’ল মানুহৰ বিভিন্ন ক্ৰিয়া-কলাপৰ ফলত সৃষ্টি হোৱা বিভিন্ন প্ৰকাৰৰ পদাৰ্থ বায়ুত মিহলি হৈ মানুহকে আদি কৰি সমস্ত প্রাণীজগত আৰু উদ্ভিদজগতৰ ক্ষতি কৰা এক প্ৰক্ৰিয়া। বায়ুত মিহলি হোৱা নানা ধৰণৰ ক্ষতিকাৰক (জীৱ আৰু উদ্ভিদৰ) পদাৰ্থৰ উপস্থিতিয়েই বায়ু প্ৰদূষণ। 

বায়ু প্ৰদূষণৰ উৎসসমূহ হ’ল–

(ক) ধূলিকণা আৰু জীৱাণু।

(খ) কার্বন-ডাই-অক্সাইড।

(গ) ছালফার-ডাই-অক্সাইড।

(ঘ) কার্বন মন’ক্সাইড।

(ঙ) হাইড্ৰ’জেন অক্সাইড।

(চ) নাইট্ৰ’জেন অক্সাইড। 

(ছ) সীহ ইত্যাদি।

৩২। বায়ু প্ৰদূষণৰ প্ৰভাৱৰ বিষয়ে লিখা।

উত্তৰঃ (ক) বায়ু প্ৰদূষণৰ প্ৰভাবঃ গেছীয় প্ৰদূষণবোৰৰ ভিতৰত কাৰ্বন-মন’ক্সাইডে মানুহৰ স্নায়ুতন্ত্র, হৃদপিণ্ড আৰু হাঁওফাওঁৰ জটিলতাৰ সৃষ্টি কৰে। তেজৰ হিম’গ্লবিনৰ সৈতে CO যুক্ত হৈ কাবক্সি-হিম’গ্ল’বিন উৎপন্ন কৰে। এই পদার্থবিধে লোহিত রক্তকণিকাৰ (RBC) অক্সিজেন বহন কৰা ক্ষমতা কমাই দিয়ে। SO2 গেছ পানীত দ্রৱীভূত হয় আৰু ই কোমল পেশীত সোমাই পৰি মুখ শুকাই তোলে; ডিঙিত খচ্খচনি তোলে আৰু চকু জলজলীয়া কৰে। নাইট্ৰ’জেনৰ অক্সাইডে চকু আৰু নাকৰ খচ্‌খচনি তোলে। কণিকা জাতীয় প্ৰদূষক কিছুমানে নাকৰ ভিতৰৰ নোমত আৱদ্ধ হৈ পৰি কাহ সৃষ্টি কৰে।

(খ) জীৱ-জন্তুৰ ওপৰত প্ৰভাৱ : ঔদ্যোগিক অঞ্চলৰ কাষৰীয়া ঠাইবোৰত থকা ঘৰচীয়া জন্তু, হাঁহ, কুকুৰা আদি প্ৰদূষকৰ দ্বাৰা ক্ষতিগ্রস্ত হয়। বিশেষকৈ ফ্ল’ৰাইড যৌগৰ দ্বাৰা সৃষ্টি হোৱা প্ৰদূষকে হাঁহ, কুকুৰাৰ হাড়বোৰ নষ্ট কৰি সিহঁতৰ ক্ষতিসাধন কৰে।

(গ) পদাৰ্থ বস্তুৰ ওপৰত প্ৰভাৱঃ ছালফাৰ আৰু নাইট্ৰ’জেনৰ অক্সাইডৰ পৰা সৃষ্টি হোৱা এছিড বৰষুণে ধাতু আৰু অট্টালিকাসমূহৰ ক্ষতিসাধন কৰে। H2S গেছে ছিলভাৰ আৰু লেডৰ দ্বাৰা সৃষ্টি কৰা পেইণ্ট নষ্ট কৰে। অ’জনে ৰবৰৰ দ্বাৰা প্ৰস্তুত কৰা পদাৰ্থবোৰ জাৰিত কৰি নষ্ট কৰে।

(ঘ) খাদ্য শস্যৰ ওপৰত প্ৰভাৱ : বায়ু প্ৰদূষকবোৰে খাদ্য শস্যও নষ্ট কৰে। নাইট্ৰ’জেনৰ অক্সাইড আৰু ফ্ল’ৰাইড যৌগসমূহে শস্যৰ উৎপাদন হ্রাস কৰে। ফ্ল’ৰাইডে পাতৰ ক্ষতিসাধন কৰে; মিথেনৰ দৰে হাইড্ৰ ‘কাৰ্বনে পাতবোৰ অকালতে সৰাই দিয়ে। ফুল আৰু কলিবোৰৰ ক্ষতি সাধন কৰে।

৩১। বায়ু প্ৰদূষিত কৰা প্ৰধান গেছসমূহ কি কি আৰু ইহঁতৰ উৎপত্তি স্থলসমূহ উল্লেখ কৰা।

উত্তৰঃ (ক) কার্বন মন ‘ক্সাইড (CO): মটৰ-গাড়ী, পেট্ৰ’লজাত আৰু কয়লা ইন্ধন হিচাপে ব্যৱহাৰ কৰা কল-কাৰখানা।

(খ) ছালফাৰ-ডাই-অক্সাইড (SO2): তাপ বিদ্যুৎ কারখানা আৰু কয়লা ইন্ধন হিচাপে ব্যৱহাৰ কৰা কাৰখানা।

(গ) নাইট্রিক অক্সাইড (NO) : মটৰগাড়ী, কাৰখানা আৰু তাপ বিদ্যুৎ কাৰখানা। (ঘ) হাইড্ৰ’কার্বনঃ মটৰগাড়ী, তেল শোধনাগাৰ, পেট্ৰলৈ ব্যৱহাৰ কৰা কাৰখানা।

৩৪। স্থল প্ৰদূষণ কিয় হয় ? কাৰণসমূহ লিখা।

উত্তৰঃ প্ৰাকৃতিক কাৰক, মানুহৰ কু-কাৰ্য অর্থাৎ বনাঞ্চল ধ্বংস বিভিন্ন ৰাসায়নিক দ্রব্য ব্যৱহাৰ আদিৰ ফলত মাটিৰ স্বাভাৱিক গুণ নষ্ট হয়, তাকে স্থল প্রদূষণ বুলি কোৱা হয়। স্থল প্ৰদূষণৰ কাৰণবোৰ এনেধৰণৰ 

প্রাকৃতিক কাৰণ : আগ্নেয়গিৰি, ভূমিস্খলন, বানপানী, ধুমুহা, শিলাবৃষ্টি আদি প্রাকৃতিক দুৰ্ঘটনাই মাটি প্ৰদূষণত ইন্ধন যোগায়। বিভিন্ন জাবৰ জোঁথৰ, আৱৰ্জনা আদি জমা কৰি থোৱা ঠাইবোৰ প্ৰদূষিত হয়। সেই ঠাইত অসংখ্য ৰোগৰ বীজাণৱে মাটি বিষাক্ত কৰি তোলে আৰু শাক-পাচলিৰ খেতি নষ্ট কৰে।

প্ৰাকৃতিক কাৰণতকৈ মাটি প্ৰদূষণৰ বাবে মানুহেই মূলত দায়ী। সভ্যতাৰ ৰণুৱা ঘোঁৰাই বায়ু, পানীকেই যে অকল প্ৰদূষিত কৰিছে সেইটো নহয়, জীৱন্ত সম্পদ মাটিকো প্ৰদূষিত কৰিছে।

এডোখৰ মাটিত বছৰ বছৰ ধৰি কৃষিকাৰ্য চলাই অহাৰ ফলত অথবা শস্যাবর্তন ব্যৱস্থাৰ অভাৱত মাটিৰ উৰ্বৰা শক্তি কমি যায়। অধিক উৎপাদনক্ষম উৰ্বৰ মাটিৰ সৃষ্টিৰ বাবে বিজ্ঞানৰ আবিষ্কৃত নানাবিধ ৰাসায়নিক সাৰ মাটিত সিঁচি দিয়া হয়। কৃত্রিমভাৱে মাটি কিছু উর্বৰ হয় যদিও এই সাৰসমূহে মাটিৰ প্ৰাকৃতিক গুণ ব্যাহত কবে। কাৰণ, সেইবোৰ ৰাসায়নিক সাৰে মাটিত থকা অণুজীৱবোৰ ধ্বংস কৰে। অণুজীৱ হ’ল, মাটিৰ জীৱন্তরূপৰ স্ৰষ্টা। অণুজীৱৰ ধ্বংসই মাটিৰ উৰ্বৰ্তা ব্যাহত কৰি প্ৰদূষক পদার্থসমূহৰ গুণ অব্যাহত ৰাখে।

বিচাৰ বিবেচনাহীনভাৱে নিৰ্বননিকৰণ, জনসংখ্যা বৃদ্ধিৰ ফলত উদ্ভৱ হোৱা অপ্রাকৃতিক অবস্থা, বতৰৰ পৰিৱৰ্তন আদি মাটি প্ৰদূষণৰ কাৰণ।

মাটিৰ লগত মানুহৰ সম্পৰ্ক অঞ্চল কৃষিকাৰ্য, গছ-গছনিতে সীমাবদ্ধ নহয়; বন্যপ্রাণী, বাসস্থান, স্থাপত্য, নগৰ-গাঁও উন্নয়নৰ লগতো মাটি প্ৰদূষিত হোৱা নোহোৱাৰ বহু সম্পর্কে জড়িত হৈ আছে। স্থলপ্ৰদূষণৰ ফলত মানুহ আৰু উদ্ভিদ সকলোৰে সমস্যা হয়। উদ্ভিদৰ প্ৰজাতি বিনষ্ট হয়, মানুহৰ বসতি স্থানৰ সমস্যা হয়। জনসংখ্যা বৃদ্ধিৰ লগে লগে গাঁও অঞ্চল দ্রুত গতিত নগৰলৈ ৰূপান্তৰিত হৈ আহিব ধৰিছে। শিল্পোদ্যোগ, কল-কাৰখানা আদি বৃদ্ধি হৈ আহিছে, কৃষিৰ বাবে পতিত মাটি আৰু পাতল বননি ভাঙি খেতিৰ উপযোগী মাটি উলিওৱা হৈছে, লগতে বিনষ্ট হৈছে স্থলভাগৰ প্ৰাকৃতিক পৰিবেশ। চহৰ আৰু শিল্পোদ্যোগৰ বাবে বৰ্জিত পদাৰ্থৰ পৰিমাণ বাঢ়ি গৈছে, ফলত পার্শ্ববর্তী মাটি প্ৰদূষিত হৈছে। কলকাৰাখানাৰ বিষাক্ত বৰ্জিত পদার্থইও মাটিৰ উপৰিভাগ বিষাক্ত কৰিছে। গছ-গছনিৰ বিলুপ্তিত প্রাকৃতিক ভাৰাসাম্য বিনষ্ট হৈছে।

কীটনাশক, অপতৃণনাশক আদিৰ বহুল প্রয়োগে মাটি মারাত্মকভাৱে প্ৰদূষিত কৰিছে। 

পাৰমাণৱিক আৰু আণৱিক বিস্ফোৰণৰ ফলত মাটিৰ তেজষ্ক্রিয় প্ৰদূষণ হয়। তেজষ্ক্রিয় আইছ টপসমূহ বছৰৰ পিছত বছৰ ধৰি ধ্বংস নোহোৱাকৈ মাটিত থাকি যায় আৰু তাৰপৰা হোৱা বিকিৰণে মানুহ আৰু জীৱজন্তুৰ বিপদ ঘটায়। ৰাছিয়াৰ ইউক্ৰেনত থকা চেন’বিল পাৰমাণৱিক বিয়েক্টৰত দুর্ঘটনাবশতঃ ঘটা এটা বিস্ফোৰণত ৩১ জন লোকৰ মৃত্যু হৈছিল আৰু বহুতো ক্ষতি হৈছিল। ধাতৱ প্ৰদূষকবোৰ মাটিৰ লগত মিহলি হৈ থাকে আৰু এইবোৰে উদ্ভিদ আৰু প্ৰাণীৰ বিপদ ঘটায়।

৩৫। শব্দ প্ৰদূষণৰ বিষয়ে লিখা। কেইবিধমান শব্দ প্ৰদূষণৰ নাম লিখা।

উত্তৰঃ বিভিন্ন মাধ্যমৰ পৰা উদ্ভৱ হোৱা শব্দ তৰঙ্গৰ প্ৰাৱল্য অধিক হ’লৈ মানুহৰ শ্ৰৱণেন্দ্ৰিয়ত আঘাত কৰে, তেতিয়াই শব্দ প্ৰদূষণ হোৱা বুলি কোৱা হয়। শব্দ প্ৰদূষণ সৃষ্টি কৰা বিভিন্ন উৎসক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে। 

(ক) কল-কাৰখানাৰ যন্ত্ৰ-পাতি।

(খ) বিভিন্ন মাধ্যমত চলা যান-বাহনৰ ইঞ্জিন। 

(গ) কৃত্রিম কোলাহল।

কল-কাৰ্খানাসমূহত ব্যৱহৃত যন্ত্রপাতিবোৰৰপৰা উচ্চ স্তৰৰ শব্দ কোলাহল উৎপন্ন হয়। সেয়েহে যন্ত্রপাতিৰ শব্দ প্ৰাৱল্য কম কৰাৰ বাবে চাইলেন্সাৰ জাতীয় সঁজুলি লগাব লাগে। মানুহৰ কাণে ১৮০ ডেচিবেললৈকে সহ্য কৰিব পাৰে। শব্দ প্ৰদূষণে মানুহৰ শ্ৰৱন শক্তি নষ্ট কৰাৰ উপৰিও উচ্চ ৰক্তচাপ, স্নায়ৱিক দুর্বলতা, নিদ্রাহীনতা, হৃদৰোগ, মূৰ-ঘূৰণি আদি ৰোগৰ সৃষ্টি কৰে।

মেল-মিটিং, সভা আদিত লাউডস্পীকাৰ, টেপৰেকৰ্ডাৰ আদি বজাই মানুহে কোলাহল সৃষ্টি কৰে। হিলৈ, ফটকা আদি ফুটাই মানুহে উৎসৱ-পাৰ্বন আদিত শব্দ প্ৰদূষণ ঘটায়।

তদুপৰি বিভিন্ন যান-বাহন, পাৰমাণৱিক অস্ত্র-শস্ত্ৰৰ ব্যৱহাৰে পৰিবেশৰ মূল উপাদান। বায়ু, মাটি, পানী সমানে প্ৰদূষিত কৰিছে।

কেইবিধমান শব্দ প্ৰদূষকৰ নাম তলত দিয়া হ’ল—

(ক) ছাইৰেন

(খ) উৰাজাহাজ, ৰকেট, জেটবিমান

(গ)বিজুলী ঢেৰেকণি

(ঘ)কল কাৰখানা

(ঙ) গাড়ীৰ হৰ্ণ

(চ) মটৰগাড়ী, ৰে’লগাড়ী আদি।

আধুনিক অস্ত্র-শস্ত্র, বোমা-বাৰুদ আৰু পাৰমাণৱিক বিস্ফোৰক সম্পৰ্ণৰূপে বন্ধ কৰিব নোৱাৰিলে পৃথিৱীৰ পৰিবেশ, প্রাণী আৰু উদ্ভিদৰ বাবে বাসোপযোগী কৰি ৰখাটো অত্যন্ত কঠিন হ’ব।

গ্রীণ হাউছ এফেক্টত CO2 গেছে উষ্ণতাৰ তাৰতম্যৰ ক্ষেত্ৰত শতকৰা ৫৫ ভাগ, ক্ল’ৰ’ফ্ল’ৰ’ কাৰ্বনে শতকৰা ২৫ ভাগ, মিথেনে শতকৰা ১৫ ভাগ আৰু নাইট্ৰাছ অক্সাইডে শতকৰা ৫ ভাগ প্ৰভাৱ পেলায়। অ’জন গেছৰ প্ৰভাৱ কিমান এতিয়ালৈকে ঠাৱৰ কৰিব পৰা নাই। সূৰ্যৰ পৰা বিকিৰিত হোৱা সৌৰশক্তি বায়ুমণ্ডলত প্ৰৱেশ কৰোতে শতকৰা ২৬ ভাগ মেঘ আৰু অন্যান্য পদার্থ কণিকাৰ পৰা প্ৰতিফলিত হৈ সৌৰজগতলৈ ঘূৰি যায়। বায়ুমণ্ডলত থকা মেঘ, জলীয়ভাপ আৰু ক্ষুদ্র পদার্থ কণিকাই শতকৰা ১৯ ভাগ শক্তি শুহি লয়, শতকৰা চাৰি ভাগ ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত হৈ সৌৰজগতলৈ ঘূৰি যায়। বাকী প্রায় শতকৰা ৫১ ভাগ পৃথিৱী উষ্ম কৰাত, কুমেৰু মহাদেশৰ বৰফ গলোৱাত, সাগৰ-মহাসাগৰৰ পানী বাষ্পীভৱনত আৰু উদ্ভিদৰ সালোক সংশ্লেষণ প্রক্রিয়াত খৰচ হয়। সূৰ্যৰ পৰা বিকিৰিত হোৱা অতি বেঙুনী ৰশ্মি সেউজগৃহত থকা গেছসমূহে শুহিলৈ পৃথিৱীৰ উষ্ণতা নিয়ন্ত্ৰণ কৰি আছে। কিন্তু বর্তমান যুগত ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য আৰু কৃষিক্ষেত্ৰত প্ৰয়োগ কৰা ৰাসায়নিক সাৰ আদিৰ ফলত পৃথিৱীৰ বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ প্রায় শতকৰা ২৫ ভাগ বৃদ্ধি হৈছে। তেনেদৰে ক্ল’ৰফ্ল’ৰ’ কাৰ্বন, মিথেন, নাইট্ৰাছ অক্সাইড আদি গেছৰ পৰিমাণো বৃদ্ধি হৈছে। ফলস্বৰূপে সেউজ গৃহ প্ৰভাৱত বিসঙ্গতিয়ে দেখা দিছে। সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। ইতিমধ্যে বায়ুমণ্ডলৰ গড় উষ্ণতা বৃদ্ধি হৈছে আৰু এনেদৰে উষ্ণতা বৃদ্ধি হৈ থাকিলে অহা পঞ্চাশ বছৰৰ ভিতৰত বায়ুমণ্ডলৰ গড় উষ্ণতা একৰ পৰা চাৰি ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বায়ুমণ্ডলৰ এনে উষ্ণতা বৃদ্ধিক ভূ-উষ্মীকৰণ (Global Warming) বা গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয়। গোলকীয় উষ্ণতাই পৰিস্থিতি তন্ত্ৰ অসন্তুলিত কৰি তুলিব। সেউজগৃহ প্ৰক্ৰিয়াৰ পৰিৱৰ্তনৰ ফলত কুমেৰু মহাদেশৰ বৰফ গলি পৃথিৱীত বতৰৰ আমূল পৰিৱৰ্তন ঘটাব। কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত পৰিস্থিতিতন্দ্ৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব।

৩৬। স্থূল প্ৰদূষণৰ কাৰণসমূহ লিখা।

উত্তৰঃ স্থল প্ৰদূষণৰ কাৰণ:

(ক) বিভিন্ন জাবৰ-জোঁথৰ, আবৰ্জনা আদি দম কৰি থোৱা ঠাইবোৰ প্ৰদূষিত হৈ পৰে। এনে আবৰ্জনাবোৰত থকা অসংখ্যা ৰোগজনকসমূহে মাটি বিষাক্ত কৰি তোলে আৰু শাক-পাচলিৰ খেতি নষ্ট কৰে। 

(খ) বিভিন্ন উদ্যোগে স্থল প্রদূষণ ঘটায়। কয়লা খনিৰ আবৰ্জনাই মাটি, পানী উভয়কে আম্লিক কৰি তোলে। অম্লযুক্ত মাটিত উদ্ভিদ, শস্য আদিৰ বৃদ্ধি নহয়। খাৰাৱা তে আহঁৰণ কৰা অঞ্চলত তৈল জাতীয় পদার্থই মাটি আৰু লগতে পানী প্ৰদূষিত কৰে। 

(গ) কৃষি কাৰ্যত ব্যৱহৃত ৰাসায়নিকক সাৰ কীটনাশক, বননাশক আদিয়ে মাটিৰ প্ৰদূষ ঘটায়। 

(ঘ) ছিমেণ্ট উদ্যোগৰ পৰা ওলোৱা ধূলিকণা মাটিত জমা হৈ মাটিৰ স্বাভাৱিক গুণ নষ্ট কৰে। ছিমেণ্টৰ ধূলিবোৰ উৎসতে আঁতৰাই নি প্ৰদূষণ ৰোধ কৰিব পাৰি।

৩৭। স্থল প্ৰদূষণ কেনেকৈ নিয়ন্ত্ৰণ কৰা হয় লিখা।

উত্তৰঃ স্থল প্ৰদূষণৰ নিয়ন্ত্ৰণঃ 

(ক) আবৰ্জনাসমূহ পেলাই দিয়াৰ আগতে উপযুক্তভাৱে তাক উপচাৰিত কৰিব লগে যাতে সি প্ৰদূষণৰ সৃষ্টি কৰিব নোৱাৰে।

(খ) কীটনাশক দ্রব্যসমূহ যধে-মধে ব্যৱহাৰ কৰাৰো বন্ধ কৰিব লাগে। এইবোৰৰ সলনি জৈৱিক প্ৰক্ৰিয়াৰে কীটনাশক কার্য সংঘটিত কৰিবলৈ উৎসাহিত কৰিব লাগে।

(গ) উদ্যোগসমূহত আবর্জনা আৰু পেলনীয়া বস্তুৰ উপচাৰণ প্ৰক্ৰিয়া সদায় ব্যৱহাৰ কৰিব লাগে। ইয়াৰ দ্বাৰা প্ৰদূষণৰ পৰিমাণ বহু কমি যাব।

৩৮। সামুদ্রিক প্ৰদূষণ কি ? ইয়াৰ ফলত কি ৰোগ হয়?

উত্তৰঃ সামুদ্রিক প্ৰদূষণ : সাগৰৰ পানী বিভিন্ন প্ৰক্ৰিয়াৰে যেনে— সাগৰীয়া লৈতবাহী জাহাজৰ পৰা তেল পৰি সাগৰৰ পানীৰ প্ৰদূষণ হোৱাকে সামুদ্রিক প্রদূষণ বোলে। সাগৰৰ পানীত পাৰা, জিংক, লেড, কেডমিয়াম, আছেনেকি আদি ধাতব পদার্থ থাকিলে সাগৰৰ পানী প্ৰদূষিত হয়। পাৰাৰ দ্বাৰা প্ৰদূষিত পানীয়ে মানৱ দেণ্ডত মিনামাটা (Minamata) নামৰ ৰোগৰ সৃষ্টি হয়। সেইদৰে কেডমিয়ামৰ দ্বাৰা মানুহৰ ইটাই-ইটাই (litai-itai) নামৰ ৰোগ হয়।

৩৯।শব্দ প্ৰদূষণ কি? শব্দ প্ৰদূষণৰ ফলত কি কি ৰোগ হ’ব পাৰে?

উত্তৰঃ শব্দ প্ৰদূষণঃ ঘৰত ব্যৱহাৰ কৰা বিভিন্ন যন্ত্ৰ-পাতি (যেনে— ৰেডিঅ’, টিভি, ষ্টেৰিঅ’, কাপোৰ ধোৱা মেচিন আদি) কল-কৰাখাত ব্যৱহাৰ কৰা বিভিন্ন যন্ত্রপাতি আদি শব্দ প্ৰদূষণৰ উৎস। জীৱৰ স্বাভবিক জীৱন-যাত্ৰাত চিঞৰ-বাখৰ এটা অবিচ্ছেদ্য অংগ। এই চিঞৰ-বাখৰ এটা নিৰ্দিষ্ট সীমা অতিক্ৰম কৰি গ’লে ই মানুহৰ পৰিবেশ বিনষ্ট হয়, ইয়াকে শব্দ প্রদৃশণ বোলে।

শব্দ প্ৰদূষণৰ ফলত হ’ব পৰা ৰোগঃ শব্দৰ প্রাবল্য 85.dB (decible) তকৈ বেছি হ’লে শ্ৰৱণেন্দ্ৰীয়ই বেয়াকৈ প্রভাবিত কৰে। শব্দৰ প্রাবল্য বেছি হ’লৈ মানুহ কলা হ’ব পাৰে। তদুপৰি মূৰৰ বিষ, টোপনিত ব্যাঘাট জন্মায়। স্নায়বিক উত্তেজনা আদি হ’ব পাৰে। ইয়াৰ উপৰি শব্দ প্ৰদূষণৰ ফলত মানুহৰ হৃদৰোগ, শ্বাসজনিত ৰোগ, ৰক্তচাপ বৃদ্ধি পায়।

80। পেলনীয়া পদার্থসমূহ কেনেদৰে শ্রেণীবিভাগ কৰা হৈছে লিখা। 

উত্তৰ : পেলনীয়া পদাৰ্থৰ বৈশিষ্ট্য আৰু পৰিমানৰ ওপৰত ভিত্তি কৰি তলত দিয়া শ্ৰেণীত ভাক কৰা হৈছে।

(ক) নগৰ বা পৌৰ এলেকাৰ পেলনীয়া পদাৰ্থ।

(খ) শিল্প উদ্যোগৰ পেলনীয়া পদার্থ।

(গ) কৃষি কাৰ্যৰ পেলনীয়া পদার্থ। 

(ঘ) জৈৱ (অণুজীৱ), সম্বন্ধীয় প্ৰদূষণ।

(ঙ) তেজষ্ক্রিয় পদাৰ্থৰ পেলনীয়া অংশ

(ক) নিগৰ বা পৌৰ এলেকাৰ পেলনীয়া পদাৰ্থ : নগৰ অঞ্চলত জসংখ্যা দিনকদিনে বাঢ়ি গৈছে আৰু মানুহবিলাকে অপৰিকল্পিতভাৱে ঘৰ সাজি লৈছে। বৰষুণৰ পানী যোৱাৰ বাবে নলা-নৰ্দমা নাই, নাই মুকলি ঠাই যাৰ ফলত মানুহবিলাকে নিত্য ব্যবহৃত সামগ্ৰী য’তে-ত’তে পেলাই দিয়ে যাৰ ফলত বৰষুণ এজাক দিলে সেইবিলাক য’তে ত’তে সিচৰিত হৈ মুখ কৰিব নোৱাৰা অৱস্থা হয়। পৌৰ নিগমৰ, জাবৰ পেলোৱা ডাষ্টবিনৰ সুব্যৱস্থা নাই । বৰ্তমান আটাইতকৈ ডাঙৰ সমস্যা হৈছে পলিথিনৰ কেৰী বেগ। এই পলিথিনৰ পচনক্ৰিয়া নাই। নলা, নৰ্দমা আদিত এইবোৰ পেলাই দিয়াৰ ফলত নালা নর্দমা বন্ধ হৈ যায় আৰু বানপানীৰ সৃষ্টি কৰে।

(খ) শিল্প উদ্যোগৰ পেলনীয়া পদার্থ : শিল্প উদ্যোগৰ পৰা নিৰ্গত হোৱা পেলনীয়া পানী আৰু অন্য পদাৰ্থবোৰেই মাটি প্ৰদূষিত কৰে। এই কল কাৰখানা সমূহৰ পৰা নিৰ্গত হোৱা ধেআৱা আৰু অন্যান্য পেলনীয়া পানী আৰু অন্য পদার্থবিলাকে মাটি আৰু পানী প্রদূষণ ঘটাই জনজীৱন দুৰ্বহ কৰি তুলিছে।

(গ) কৃষি কাৰ্যৰ পেলনীয়া পদাৰ্থ : ভাৰতবৰ্ষৰ জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাইছে। ফলত অধিক খাদ্য শস্য উৎপাদন কৰিবৰ কাৰণে কৃষি কাৰ্যত বিভিন্ন পরিকাৰৰ ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰিব লাগে। এই ৰাসায়নিক দ্ৰব্যৰ ভিতৰত ৰাসায়নিক সাৰ, কীট পতঙ্গ নিয়ন্ত্ৰণৰ কাৰণে কীটনাশক ৰোগ নিবাৰণৰ বাবে ৰোগনাশিক আদি প্রধান। এই ৰাসায়নিক দ্রব্যবিলাকে মাটিৰ প্ৰাকৃতিক গুণাগুণ নষ্ট কৰে। জধেমধে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে সাৰৰ লগতে থকা মৌল আৰু মাটিত মৌলৰ লগত বিক্রিয়া ঘটি লৱণযুক্ত হয় আৰু অম্লতা বাঢ়ে। নাইট্ৰ’জেনযুক্ত সাৰৰ পৰা নাইট্রেট ৰূপত নাইট্ৰ’জেন মাটিৰ তলেদি নিৰ্ধাৰণ প্ৰক্ৰিয়াৰে বৰষুণে উটুৱাই নি বিল, পুখুৰী আদিত পেলায়। ফলত ই পানীৰ লগত মিহলি হৈ মাত্মক বোমাৰৰ সৃষ্টি কৰে।

(ঘ) জৈৱ সম্বন্ধীয় প্ৰদূষণ : বিভিন্ন ৰোগৰ বীজাণু মাটিৰ যোগেদি শৰীৰত প্ৰবেশ কৰি বিভিন্ন ৰোগৰ সৃষ্টি কৰে। পেলু আদি পৰজীৱীবোৰে মানুহ, অন্যান্য পৌঁহনীয়া বা বনৰীয়া পশু-পক্ষীৰ মাটিৰ যোগেদি শৰীৰত প্ৰবেশ কৰে। ৰোগাক্রান্তই ত্যাগ মল মূত্ৰত এই বীজাণুবিলাক মাটিত বহুদিনলৈকে জীৱিত হোৱা শস্য বা ঘাঁহ, বন আদিত সংক্রমিত হয়। শৌচাগাৰ থকা সত্ত্বেও বহুতো মানুহে পৰম্পৰাগত অভ্যাসৰ কাৰণে বাহনি, পথাৰ আদিত মল-মূত্র ত্যাগ কৰে। বৰষুণৰ পানীয়ে সেই মল উটুৱাই লৈ গৈ শস্যৰ পথাৰ আদিত বিয়পাই দিয়ে। পানী শুকাই যোৱাৰ পাছত সেই মলত থকা পেলুৰ কণী, অন্য বীজাণু আদি মাটি ৰৈ যায়।

৪১। প্রাকৃতিক দুর্যোগ বুলিলে কি বুজা? ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যায় ?

উত্তৰ : প্রাকৃতিক দুর্যোগ ঃ প্ৰাকৃতিক দুর্যোগ বুলি ক’লে বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে যেনে— প্রাকৃতিক বা মানৱসৃষ্ট দুর্যোগ। ভূমিকম্প, চাকনৈয়া (cyclone) আদিত সম্পূর্ণ প্রাকৃতিকভাৱে সৃষ্ট আৰু হঠাৎ সংঘটিত হোৱা দুর্যোগ। ইয়াক ৰোধ খরাটো সহজ নহয়। আনহাতে শুষ্কতা (draught) মানবসৃষ্ট বা প্রকৃতিগত দীৰ্ঘদিনিয়া কাৰকৰ প্ৰভাৱত হোৱা দুর্যোগ। ইয়াক কিছু পৰিমাণে ৰোধ কৰিব পৰা যায়। সাধাৰণতে সংঘটিত হৈ থকা দুর্যোগসমূহহ’ল ভূমিকম্প, সাগৰীয় টৌ, বানপানী, ধুমুহা, চাকনৈয়া, মানৱসৃষ্টসমূহৰ ভিতৰত ভূমিস্খলন (Landslide), আগ্নেয়গিৰি, উদ্‌গীৰণ, মহামাৰী, শুষ্কতা আদি।

দুর্যোগ ব্যৱস্থাপনৰ (Disaster management) দ্বাৰা শৃঙ্খলাবদ্ধভাৱে অধ্যয়ন আৰু বিশ্লেষণৰ দ্বাৰা এই দুৰ্যোগসমূহৰ পৰা কিছু পৰিমাণে ক্ষয়ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিব পৰা যায়।

৪২। ভূমিকম্প কি ? ইয়াৰ কাৰণসমূহ চমুকৈ লিখা। ভূমিকম্পৰ ফলাফলসমূহ চমুকৈ লিখা।

উত্তৰঃ ভূমিকম্প হ’ল পৃথিৱীৰ ভিতৰত এবিধ ডাঙৰ প্ৰাকৃতিক দুর্যোগ। পৃথিৱীৰ কোনো অংশ কোনো কাৰণত কপি উঠাকে ভূমিকম্প বুলি কোৱা হয়। ভূমিকম্পৰ প্রাবল্য ৰিখটাৰ (Richter) নামৰ স্কেলৰ সহায়ত জোখা হয়।

ভূমিকম্পৰ সময়ত বৃহৎ পৰিমাণৰ শক্তি ঢৌৰ আকাৰত পৃথিৱীপৃষ্ঠত মুক্ত হয় বাবেই কম্পনৰ সৃষ্টি হয়।

ভূমিকম্প হোৱাৰ কাৰণ বহুতো আছে। আধুনিক ভূবিজ্ঞানে ভূ-পৃষ্ঠৰ ‘ফলক বিৱৰ্তন’ (Plate Tectonics) পৰিঘটনাকে ভূমিকম্পৰ মুখ্য কাৰণ হিচাপে চিনাক্ত কৰিছে। পৃথিৱীৰ বিভিন্ন ভূখণ্ড আৰু জলখণ্ড কিছুমান বৃহৎ ফলকৰ (Plate) ওপৰত অৱস্থিত এই ফলকসমূহ ইয়াৰ তলতে থকা গলিত আৰু উচ্চ স্থিতিস্থাপকতা বিশিষ্ট স্তৰটোৰ ওপৰত (asthenosphere) ওপঙি থাকে আৰু গতিশীল অৱস্থাত থাকে। দুখন ফলকৰ মাজত হোৱা ঘৰ্ষণ আৰু সংঘৰ্ষৰ ফলত ভূমিকম্পৰ সৃষ্টি হয়। ভূমিকম্পৰ অন্যান্য কিছুমান কাৰণো আছে। সেইবিলাক হ’ল – আগ্নেয়গিৰি উদ্‌গীৰণ, সাগৰীয়া ঢৌৱে উপকূল অঞ্চলত খুনিদওৱাৰ ফলত, ভূ-খণ্ড তললৈ খহি পৰাৰ ফলত, দুর্বল ভূ-তাত্ত্বিক অঞ্চলত বৃহৎ নিৰ্মাণ কায্য কৰাৰ কাৰণে।

ভূমিকম্পৰ ফলাফলসমূহঃ ভূমিকম্পৰ ফলত পৃথিৱীত বহুতো অনিষ্ট হয়। সহস্ৰজনৰ মৃত্যু হোৱাৰ লগতে বহুতো সা-সম্পত্তি ধ্বংস হয়। একোটা ভূমিকম্পই এটা অঞ্চলত অর্থনৈতিক আন্তঃগাঠনি ধ্বংস কৰি অর্থনৈতিক অস্থিৰতাৰ সৃষ্টি হয়।

This Post Has One Comment

Leave a Reply