HS First Year Assamese গোট ৩ : কবিতা পাঠ পাঠ ৭- এখন চিঠি

HS First Year Assamese গোট ৩ : কবিতা পাঠ পাঠ ৭- এখন চিঠি। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Assamese গোট ৩ : কবিতা পাঠ পাঠ ৭- এখন চিঠি AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয় HS First Year Assamese গোট ৩ : কবিতা পাঠ পাঠ ৭- এখন চিঠি

HS First Year Assamese গোট ৩ : কবিতা পাঠ পাঠ ৭- এখন চিঠি

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-১)

১। ‘এখন চিঠি’ কবিতাটো হেম বৰুৱাৰ কোনখন কবিতা পুথিৰ অন্তৰ্গত ?

উত্তৰঃ ‘এখন চিঠি’ কবিতাটো হেম বৰুৱাৰ ‘মন-ময়ূৰী’ কবিতা পুথিখনৰ অন্তৰ্গত।

২। হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম লিখা।

 উত্তৰঃ হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম হ’ল—পছোৱা।

৩। চেলা গিৰিপথ ক’ত আছে?

উত্তৰঃ ঢেলা গিৰিপথ অৰুণাচল প্ৰদেশত চীনা সীমান্তত থকা এটি গিৰিপথ।

৪। কবিয়ে কেনে মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে? 

উত্তৰঃ যি মৃত্যুৱে দহক জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ বুলি কবিয়ে কৈছে।

8।‘এখন চিঠি’ কবিতাটোত সৈনিকজনৰ পত্নীৰ নাম কি?

উত্তৰঃ মমতা।

(খ) চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ২ অথবা ৩)

১। ‘এখন চিঠি’ কবিতাত সৈনিকজন যুদ্ধলৈ যাবৰ সময়ত তেওঁৰ পত্নীয়ে কি কৰিছিল? 

উত্তৰঃ সৈনিকজন যুদ্ধলৈ যাবৰ সময়ত পত্নী গৰাকীৰ মানসিক অবস্থা অতি দুখশা আছিল।

বিৰহৰ জ্বালাত তেওঁ বোৱা হৈ পৰিছিল আৰু দু-চকুৰ লোতকে বাৰিষাৰ ঢলৰ ৰূপ ধাৰণ কৰিছিল।

২।‘এখন চিঠি’ কবিতাত সৈনিকজনে যুদ্ধক্ষেত্ৰৰ কেনে বিৱৰণ আগবঢ়াইছে? 

উত্তৰঃ কবিয়ে সীমান্তৰ যুদ্ধৰ এটি নিখুঁত বর্ণনা দাঙি ধৰিছে। কবিতাৰ সৈনিকজন যি ঠাইত

থিয় হৈ আছে তাত কেবল পর্বত আৰু পর্বত। এনে লাগে যেন চৌদিশৰ পৰা পৰ্বতে সাৱটি ধৰিছে। তাৰ মাজত কোনো কল্পনা নাথাকে। অর্থাৎ কোনো কল্পনাৰ কোনো অর্থ নাই। পিঞ্জৰাত বন্ধী পক্ষীৰ দৰেই এটি শ্বাসৰুদ্ধ অবস্থা। অতি কাব্যিকতাৰে কবিয়ে এই পৰিবেশৰ বৰ্ণনা দিছে যে ইয়াত পৰ্বতৰ বাহু-বন্ধনত কল্পনা ছাই হৈ যায়।

৩। সৈনিকজনে মৃত্যুক কেনেদৰে গ্ৰহণ কৰিছে?

উত্তৰঃ সৈনিক জীৱনৰ মৃত্যুক তেওঁ স্বৰ্গীয় পাৰিজাত ফুলৰ লগত ৰিজাইছে— য’ত দেৱতাৰ আর্শীবাদ থাকে। কিয়নো তেওঁলোকে আশা আকাংক্ষা, প্রেম-প্রীতি, মায়া মোহ সকলো ত্যাগ কৰি দেশৰ হকে তেওঁলোকে আত্ম উচৰ্গা কৰে কাৰণ তেওঁলোকৰ জীৱন দানে আন দহজনৰ জীৱন দান দিয়ে।

৪। নিজৰ সন্তান দুটাক কি কথাৰে বুজনি দিবলৈ সৈনিকজনে কৈছে? 

উত্তৰঃ যদি যুদ্ধত তেওঁৰ মৃত্যু হয় তেতিয়াও যাতে তেওঁৰ ল’ৰা দুটিয়ে পিতৃৰ অভাৱ অনুভৱ নকৰে তাৰ বাবে সৈনিকজনে তেওঁৰ পত্নীক অনুৰোধ জনাইছিল।

৫। সৈনিকজনে চিঠিখন সেইদিনাই ডাকত দিব নোৱৰাৰ কাৰণ কি ?

উত্তৰ; চিঠিখন লিখাৰ দিনাখনে ডাকত দিব নোৱাৰাৰ কাৰণ হ’ল – চিঠিখন লিখি থাকোতেই যুদ্ধ ক্ষেত্ৰত পুনৰ নামি পৰিবলৈ সৈনিক জনলৈ নিৰ্দেশ আহিছে।

(গ) দীঘল প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)

১।‘এখন চিঠি’ কবিতাত পত্নীৰ প্ৰতি সৈনিকজনৰ কেনে মনোভাব প্রকাশ পাইছে? [2018 ] 

উত্তৰঃ এখন চিঠি কবিতাটোত এগৰাকী সৈনিকে তেওঁৰ পত্নীলৈ এখন চিঠি লিখিছে। আদেশ পালে যিকোনো মূহুর্ততে যুদ্ধক্ষেত্ৰলৈ যাবলৈ তেওঁ সাজু। ওখ পর্বতমালাৰ মাজত থিয় হৈ তেওঁ পত্নীৰ পৰা বিদায় লৈ অহা মৌন ক্ষণৰ কথা চিঠিখনত সেঁৱাৰণ কৰিছে। সৈনিক গৰাকী পত্নীৰ ওচৰৰ পৰা বিদায় লৈ অহা সময়ত পত্নী গৰাকীৰ মানসিক অৱস্থা অতি দুখ লগা আছিল। বিৰহ-বেদনাত তেওঁৰ মুখত মাত নাইকীয়া হৈ পৰিছিল। কেবল দু-চকুৰ লোতকে বাৰিষাৰ ঢলৰ ৰূপ ধাৰণ কৰিছিল। পত্নীৰ এনে অবস্থা দেখি সৈনিক গৰাকীও শোকত বিহবল হৈ পৰিছিল আৰু মুখেৰে এটা শব্দও ক’ব পৰা নাছিল। চিঠিখনত সৈনিকজনে মৃত্যু সম্পর্কে তেওঁৰ পত্নীক এনেদৰে কৈছিল, যদি যুদ্ধত তেওঁৰ মৃত্যু হয় তেতিয়া সেয়া পাৰিজাত ফুল সদৃশ আৰু দেৱতাৰ আশীর্বাদ স্বরূপ। কাৰণ এজন সৈনিকৰ মৃত্যুৱে দহজনৰ জীৱন বচায়। লগতে তেওঁৰ পত্নীক এটা অনুৰোধ কৰিছিল যে তেওঁৰ মৃত্যুৰ পিছত যাতে তেওঁৰ ল’ৰা দুটাই কেতিয়াওঁ পিতৃৰ অভাৱ অনুভৱ নকৰে।

২।সৈনিকৰ দেশপ্রেম ‘এখন চিঠি’ কবিতাত কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। 

উত্তৰঃ এজন সৈনিকৰ হৃদয়ৰ দুখ, বেদনা আৰু কৰ্তব্য বোধ, দেশপ্রেম সকলো কবিৰ কাপেৰে অতি বাস্তৱ আৰু সুন্দৰভাৱে নিগৰি আহিছে।

সৈনিকজনে পত্নীক পত্ৰৰ জৰিয়তে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে। তেওঁৰ চকুৰ আগত ভাহি আছে বিদায়ৰ মূহুৰ্ত্তৰ পত্নী মুখেৰে ভাব ব্যক্ত কৰিব নোৱাৰা অথচ দুচকুৰ লোতকেৰে বান সৃষ্টি কৰা অৱস্থাটো। পত্নীৰ আগত তেওঁ নিজৰ বাক্ ৰুদ্ধ অৱস্থাটোৰ বৰ্ণনাও তেওঁ পত্ৰৰ জৰিয়তে পত্নীৰ আগত স্বীকাৰ কৰি গৈছে। তেওঁ এই অৱস্থাটোক পোৰা জুই বুলি কৈছে কিয়নো তেওঁৰ অন্তৰৰ তাপ গুচাবলৈ একে উপায় নাই, সেই তাপ বনপোৰা জুইৰদৰে নিজেই জ্বলি জ্বলি শেষ হ’ব। এতিয়া তেওঁ আছে হেজাৰ হেজাৰ ফুট ওখ পৰ্বতৰ মাজত যাৰ মাজত সোমাই পৰি তেওঁৰ কল্পনাবোৰ ছাই হৈ গৈছে। তেওঁৰ মতে পৰ্বতবোৰত খুন্দা খাই প্রতিধ্বনিত হৈছে তেওঁৰ দৰে আৰু বহুজন সৈনিকৰ অন্তৰত জুই শিখা, তেজৰ চেকুৰাবোৰ। ইয়াতেই মৰিশালী হৈ গৈছে মৰমৰ আশাবোৰ।

পৰ্বতৰ নিস্তব্ধতাৰ মাজত লিখা আছে হেজাৰ জনৰ দেশৰ হকে দান কৰা বুকুৰ তেজ, সমাধিস্থ হৈছে ক’ত আশা, সৈনিক জনৰ মতে সেয়া হয় মৌন ভাষাৰে লিখা মহাকাব্য, তেজৰ বুৰঞ্জী।

মৃত্যু সম্পর্কে সেয়ে সৈনিকজনে কৈছে তেওঁলোকৰ যদি মৃত্যু হয় সেয়া পাৰিজাত ফুল সদৃশ, দেৱতাৰ আৰ্শীবাদ স্বৰূপ কাৰণ এজন সৈনিকৰ মৃত্যুৱে আন দহজনৰ জীৱন বচায়। এনে মৃত্যু অবিনশ্বৰ বা অপৰাজেয়।

এইদৰে সৈনিকজনৰ জীৱনৰ বেদনা আৰু গৌৰৱ দুয়োটাকে অতি মৰ্ম্মস্পশী ৰূপত প্ৰকাশ পাইছে।

৩। ‘এখন চিঠি’ কবিতাত যুদ্ধক্ষেত্ৰৰ ভয়াৱহতা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। 

উত্তৰঃ এখন চিঠি কবিতাটো হেম বৰুৱা দেৱৰ মন-ময়ূৰী নামৰ কবিতাপুথিৰ অন্তৰ্গত এটি উল্লেখনীয় কবিতা। কবিতাটি অতি পোনপটীয়া। ঘৰৰ পৰা দূৰৈত মেঘাচ্ছন্ন পর্বতত থাকি। দেশৰ হকে যুদ্ধ দিয়া এজন সৈনিকৰ মনৰ কথা। কবিতাটোত পত্নী পুত্ৰৰ পৰা আতৰত থক শোকাবহ অনুভূতিৰ লগতে দেশপ্ৰেমৰ মাহাত্ম্য অতি সাৱলীল ৰূপত প্ৰকাশিত হৈছে।

কবিতাটো এটি যুদ্ধৰ মুহূৰ্ত্তৰ বৰ্ণনা। মেঘাচ্ছন্ন পৰ্বতৰ মোহনাত ক্ষন্তেক বিশ্রাম লৈছে সৈনিকে। তাতেই তেওঁ ঘৰলৈ চিঠি লিখিছে। লিখিবলৈ লৈ তেওঁৰ মনত পৰিছে বিদায় ক্ষণত নিথৰ হৈ পৰা তেওঁৰ পত্নীৰ মুখখনৰ কথা। তেওঁৰ মুখত তেতিয়া কোনো শব্দ নাছিল। কেৱল বাৰিষাৰ বান নামিছিল তেওঁৰ চকুত। উত্তৰত নিৰুত্তৰ হৈ পৰিছিল সাহসী সৈনিক। সেইবোৰ পাৰ হৈ অহা কথা বাদ দি তেওঁ নিজৰ অৱস্থাৰ কথা বর্ণনা কৰিবলৈ ধৰিছে। এতিয়া তেওঁ আছে হাজাৰ হাজাৰ ফুট ওখ পৰ্বতৰ মাজত যাৰ মাজত সোমাই পৰাৰ লগে লগে কল্পনা ছাই হৈ যায়। এই পৰ্বতবোৰৰ মাজতে বহু সৈনিকৰ তেজৰ চেকুৰাবোৰ প্ৰতিধ্বনিত হৈ আছে। ইয়াৰ মাজতেই মৰিশালী হৈ গৈছে মৰম আশা।

পৰ্বতৰ নিস্তব্ধতাৰ মাজত লিখা আছে এখন তেজৰ বুৰঞ্জী। অর্থাৎ এনে পৰ্বতৰ বুকুতে কিমানজনে দেশৰ বাবে তেজ দিছে, কিমান জনৰ আশাৰ সমাধি হৈছে সেয়া কোনেও সঠিকভাৱে নাজানে। মহাকাব্যৰ দৰে বিশাল সেই কাহিনী পৰ্বতৰ মৌন ভাষাতে যেন লেখি থোৱা আছে। এই পৰ্বতৰ পৰা এতিয়া তেওঁ দূৰণিত ৰৈ ৰৈ কামানৰ শব্দ হোৱা শুনিছে। চৌদিশে মাত্র বাৰুদৰ ধোঁৱা।

সেয়েহে মৃত্যু ইয়াত তেনেই স্বাভাৱিক কথা। কিন্তু সেই মৃত্যু অপৰাজেয়। সেয়েহে তেওঁ লিখিছে যে মৃত্যুৱে যদি অভিনন্দন জনায় তেনেহলে সেই মৃত্যু হ’ব দেৱতাৰ আশীৰ্বাদ ধন্য পাৰিজাত ফুলৰ দৰে।

ইয়াৰ মাজতে তেওঁৰ ল’ৰা দুটালৈ মনত পৰিছে। সিহঁতক পিতৃৰ অভাব অনুভৱ কৰিবলৈ যাতে নিদিয়ে তাৰ প্ৰতি দৃষ্টি দিবলৈ তেওঁ পত্নীক অনুৰোধ জনাইছে। আৰু সিহঁতক ইয়াকে বুজাবলৈ কৈছে যে যি মৃত্যুৱে দহক জীৱন দিয়ে সেই মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ।

ইতিমধ্যে আদেশ আহিছে। ততাতৈয়াকৈ মৰম জনাই তেওঁ চিঠিখন সামৰিছে৷ শত্ৰু সৈন্যই চেলা গিৰিপথ অতিক্ৰম কৰিছে। গতিকে চিঠিখন ডাকত দিয়াও নহ’ব। সেইটো তেওঁ জানে। কিন্তু সৈনিকৰ জীৱনেই এনেকুৱা।

কবিয়ে ইয়াত সৈনিকৰ জীৱনৰ বেদনা আৰু গৌৰৱ দুয়োটাকে অতি মৰ্ম্মস্পর্শী ৰূপত প্ৰকাশ কৰিছে।

৪। ‘তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল’ কথাষাৰৰ মৰ্মাৰ্থ বুজাই লিখা।

উত্তৰঃ ‘এখন চিঠি’ শীর্ষক কবিতাটি এখন যুদ্ধৰ মুহুৰ্তৰ বৰ্ণনা। মেঘাচ্ছন্ন পর্বতত থাকি দেশৰ হকে যুদ্ধ দিয়া এজন সৈনিকৰ মনৰ কথা। কবিতাটোত পত্নী পুত্ৰৰ পৰা আঁতৰত থকাৰ শোকাবহ অনুভূতিৰ লগতে দেশ প্ৰেমৰ মাহাত্ম্য অতি সাৱলীল ৰূপত প্ৰকাশিত হৈছে। চিঠিখন লিখিবলৈ লৈ তেওঁৰ মনত পৰিছে বিদায় ক্ষণত নিথৰ হৈ পৰা তেওঁৰ পত্নীৰ মুখখনৰ কথা। সৈনিকজনে পত্নীৰ ওচৰৰ পৰা বিদায় লৈ অহা সময়ত পত্নী গৰাকীৰ মানসিক অৱস্থা অতি দুখলগা আছিল। তেওঁ বিবহৰ জ্বালাত বোবা হৈ পৰিছিল আৰু দু-চকুৰ লোতকে বাৰিষাৰ বানৰ ৰূপ ধাৰণ কৰিছিল। তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল কথাষাৰৰ সমাৰ্থ এইটোৱেই যে সৈনিকগৰাকীৰ পত্নীয়ে স্বামীৰ বিচ্ছেদত দুখত ভাগি পৰিছিল। ঠিক যেনেকৈ বাৰিষাৰ দিনত বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰি সকলো বিনষ্ট কৰে। নিজৰ বুলিবলৈ কাৰোৰে ওচৰত একো নাথাকে।

৫। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ

(ক) এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই লেখি যোৱা তেজৰ বুৰঞ্জী।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত সন্নিবিষ্ট প্রখ্যাত কবি হেম | বৰুৱাদেৱৰ ‘এখন চিঠি’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।

কবিয়ে তেওঁৰ কবিতাৰ নায়ক সৈনিকজন থিয় হৈ থকা ঠাইখিনি আৰু যুদ্ধৰ বিভীষিকাময়

পৰিস্থিতিৰ বৰ্ণনা দিয়াৰ প্ৰসংগত উক্ত কথাখিনিৰ অৱতাৰণা কৰিছে।

কবিতাটিত কবিয়ে যুদ্ধক্ষেত্ৰত সৈনিক এজনৰ উপলব্ধিৰ চিত্ৰ অংকণ কৰিছে। চেলা গিৰিপথৰ | ওচৰত এটি পৰ্বতৰ মোহনতা আছে তেওঁ। এই চেলা গিৰিপথ ঐতিহাসিকভাৱে গুৰুত্বপূর্ণ ঠাই। সীমান্ত পথ। আটাইতকৈ জটিল এই সীমান্তৰ সুৰক্ষা। এনেবোৰ ঠাইত যোগাযোগৰ | কোনো উত্তম ব্যবস্থা নাথাকে। অসহ্য শীত, খাদ্য চিকিৎসা আদিৰ সীমাবদ্ধতা এই সকলো | বিলাকৰ মাজতে যিকোনো মুহূৰ্ত্ততে আক্ৰমণৰ মুখামুখি হোৱাৰ সম্ভাৱনাক লৈ ইয়াত সৈন্যসকল জীয়াই থাকে। গুলী, বাৰুদ, কামানৰ শব্দৰে কম্পিত হৈ থাকে পৰ্বতৰ মাটি। ইতিহাসৰ কিমান যুঁজত নীৰৱ সাক্ষী হৈ থিয় দি আছে এই পাহাৰবোৰ। কিমান তেজৰ চেকুৰা লাগি আছে তাত। পর্বতে মৌন ভাষাৰেই লিখি থৈছে এনে অলেখ কাহিনী। সেয়েহে লেখকে কৈছে যে সীমান্তৰ প্ৰহৰীসকলৰ দুখ-বেদনা আৰু জীৱন দানৰ অলেখ বীৰত্বব্যঞ্জন কাহিনী এই পাহাৰৰ বুকুতে সোমাই আছে। এখন মহাকাব্যৰ দৰেই এই কাহিনী। মাথো মৌন ভাষাৰে লেখা।

(খ) মৃত্যুৱে যদি অভিনন্দন জনায় সেই মৃত্যু পাৰিজাত ফুল তাত দেৱতাৰ আশীর্বাদ আছে।

উত্তৰঃ ওপৰোক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ সন্নিবিষ্ট হেম বৰুৱাদেৱৰ ‘এখন চিঠি’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিয়ে এজন সৈনিকে দেশৰ হকে জীবন। দান কৰি যি মহৎ কাম কৰি থৈ যায় তাকে বুজাবলৈ এই কথাৰ অৱতাৰণা কৰিছে।

এগৰাকী সৈনিকে নিজৰ পত্নী, সন্তান, মা-দেউতা সকলো মায়া মোহক ত্যাগ কৰি কেৱল দেশৰ স্বাৰ্থতে আত্মবলিদান দিয়ে, কাৰণ তেওঁৰ সেই বলিদানেৰে আন দহজনৰ জীৱন ৰক্ষা কৰিব পাৰে। সেয়েহে কবিয়ে সেই মৃত্যুক স্বর্গীয় পাৰিজাতৰ লগত বিজাইছে। তেওঁৰ মতে এনে মহান ত্যাগ দেৱতাৰ আশীৰ্বাদ স্বৰূপ। এজন সৈনিকৰ মৃত্যু অপৰাজেয়। এজন সাধাৰণ ব্যক্তিৰ মৃত্যুৰ লগত এই সৈনিকৰ মৃত্যুক তুলনা কৰা এক অন্যায়।

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ১)

১।কবি হেম বৰুৱাৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ তেজপুৰত।

২।হেম বৰুৱাই সম্পাদনা কৰা কাকত দুখনৰ নাম কি কি?

 উত্তৰঃ জনতাঃ ১৯৪৬ চন, পছোৱা : ১৯৪৮-৪৯ চন

৩। ‘ৰঙা কৰবীৰ ফুল’ কোনে লিখিছিল?

উত্তৰঃ হেম বৰুৱাই

8। ‘কিউপিত আৰু ছাইকী’ হেম বৰুৱাই ৰচনা কৰা কোন শ্ৰেণীৰ গ্ৰন্থ?

উত্তৰঃ ভ্রমণ কাহিনী।

৫। হেম বৰুৱা অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল?

উত্তৰঃ ধুবুৰী অধিৱেশনৰ ১৯৭২ চনত।

(খ) চমু আৰু দীঘল প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ২/৩/৪ আৰু ৫)

১। কবিতাটিত বর্নিত যুদ্ধ ক্ষেত্ৰত কোন গিৰিপথৰ কথা উল্লেখিত হৈছে? 

উত্তৰ: কবিতাটিত চেলা গিৰিপথ শত্ৰুৱে অতিক্ৰম কৰাৰ কথা কোৱা হৈছে। 

২। সৈনিকগৰাকী পত্নীৰ ওচৰৰ পৰা বিদায় লৈ অহা সময়ত পত্নীৰ মানসিক অৱস্থা কেনেকুৱা আছিল? সেই সময়ত সৈনিকগৰাকীয়ে কি কৰিছিল?

উত্তৰঃ সৈনিক গৰাকী পত্নীৰ ওচৰৰ পৰা বিদায় লৈ অহা সময়ত পত্নী গৰাকীৰ মানসিক অৱস্থা অতি দুখলগা আছিল। তেওঁ বিৰহৰ জ্বালাত বোবা হৈ পৰিছিল আৰু দু-চকুৰ লোভকে বাৰিষাৰ ঢলৰ ৰূপ ধাৰণ কৰিছিল।

এনে পৰিস্থিতিত সৈনিক গৰাকীও আবেগ বিহ্বল হৈ পৰিছিল। মুখেৰে টু শব্দ এটাও কৰিব পৰা নাছিল অথচ হৃদয় ক’বলগীয়া কথাৰে ঠাহ খাই আছিল, যিবোৰক কবিয়ে পৰ্বতীয়া বনপোৰা জুই লগত তুলনা কৰিছে। যেনে বেদনাবোৰে হৃদয়তে উমি উমি জ্বলি তাতেই নুমাই গৈছে। 

৩। চিঠিখন লিখি থকা সময়ত সেইবোৰ কথাক সৈনিকগৰাকীয়ে ‘কি কথা’ বুলি ভাবিছে? তেওঁৰ অন্তৰত সেইবোৰ কিহৰ ৰূপত আছে?

উত্তৰঃ চিঠিখন লিখি থকা সময়ত সেইবোৰ কথাক সৈনিক গৰাকীয়ে ‘অনাৰী কথা’ বুলি ভাবিছে। তেওঁৰ অন্তৰত এই ‘অনাৰী কথা’ কথাবোৰ পৰ্বতীয়া বনপোৰা জুইৰ ৰূপত আছে।

8। ওখ পৰ্বৰ্তবোৰত কেনেধৰণৰ স্মৃতিৰ প্ৰতিধ্বনি শুনিবলৈ পাইছে?

উত্তৰঃ ওখ পর্বতবোৰত বীৰ সৈনিক সকলৰ সকলো কল্পনা ছাই হৈ যায়। তাত প্রতিধ্বনিত হৈ থাকে সৈনিক সকলৰ চকুৰ তেজৰ চেকুৰা, অন্তৰৰ জুই-শিখা আৰু মৰমৰ মৰাশালিবোৰ।

গোট ১ : গদ্য

ক্ৰমিক নং পাঠ লিংক
1.ধনৰ ব্যৱহাৰ Click here
2.অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ Click here
3.গৌৰৱ Click here
4.কিতাপৰ কথা Click here
5.গিবন Click here
6.কেম্ব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান Click here
7.অসমৰ পুৰণি খেল-ধেমালি Click here
8.এভাৰেষ্টৰ সপোন আৰু বিভীষিকা Click here

গোট ২ঃ চুটিগল্প

1. বিয়াৰ প্ৰেজেণ্ট Click here

গোট ৩ঃ কবিতা

1.ৰাৱণক বিভীষণৰ সজ উপদেশ Click here
2. বৰগীতঃ জয় জয় যাদৱ Click here
3. ধনবৰ আৰু ৰতনী Click here
4.বনকুঁৱৰী Click here
5.লাচিত ফুকন Click here
6.ৰাজপথ Click here
7.এখন চিঠি Click here

গোট ৪ : নাটক

1. কুশল কোঁৱৰ Click here
গোট ৫ গোট ৫ : চমু ৰচনা আৰু ব্যাকৰণ Click Here

৫।সৈনিক জীৱনৰ ঘটনা প্ৰৱাহক কিহৰ লগত তুলনা কৰা হৈছে? 

উত্তৰঃ সৈনিক জীৱনৰ ঘটনা প্রবাহক কবিয়ে মহাকাব্যৰ লগত তুলনা কৰিছে। তাৰোপৰি তেওঁ এই ঘটনা প্রবাহক পৰ্বতৰ মৌন ভাষাই লিখা তেজৰ বুৰঞ্জী বুলি আখ্যা দিছে।

৬। কবি হেমবৰুৱাৰ এটি পৰিচয় দিয়া।

উত্তরঃ ১৯১৫ চনত জন্মগ্রহণ কৰা কবি হেম বৰুৱা আছিল এজন নিৰ্ভাঁজ মনৰ মানুহ। ৰাজনীতিৰ মাজত থাকি সংসদত নিজক বিশেষভাৱে প্ৰতিষ্ঠা কৰিছিল যদিও আচলতে তেওঁ আছিল মনে-প্রাণে কবি। মানুহৰ মাজত থাকি ভালপোৱা কবি হেম বৰুৱাই আধুনিক অসমীয়া কবিতাক যিটো বাটেৰে আগুৱাই নিলে আমি এতিয়াও সেই বাটেৰে বহুদূৰ যাবলৈ আছে।

কবিতাৰ দৰে তেওঁ ভ্রমণ কাহিনী, চিন্তাশীল প্রবন্ধ, সাহিত্য আলোচনা আদিও লিখিছিল। কবিৰ কাব্যগ্রন্থ দুখন হ’ল মনময়ুৰী’ আৰু ‘বালিচন্দা’। বিদেশ ভ্ৰমণৰ কাহিনীৰে চহকী তেওঁৰ ‘সাগৰ দেখিছা’, ‘ৰঙা কৰবীৰ ফুল’, ‘মেকং নৈ দেখিলো’, ‘ইজৰাইল’ আদি উল্লেখনীয় ভ্রমণ সাহিত্য। আধুনিক সাহিত্য’, ‘আচফুল’, ‘সাহিত্য আৰু সমস্যা’ আদি তেওঁৰ সাহিত্য আৰু সমাজ বিষয়ক গধুৰ প্ৰৱন্ধৰ গ্রন্থ। ‘কিউপিড আৰু ছাইকী’ তেওঁৰ আন এক উল্লেখযোগ্য সাহিত্য কর্ম। জয়ন্তী যুগত প্ৰতিষ্ঠা লাভ কৰি ৰামধেনু যুগত পূর্ণতা পোৱা হেম বৰুৱাৰ কবিতাত তীক্ষ্ণ সমাজ চেতনা, ৰাজনীতি চিন্তার প্রতিফলন আৰু আছে জীৱনৰ গভীৰ স্পন্দন। ড° হীৰেণ গোঁহায়ে কৈছে—প্ৰকৃতাৰ্থত হেম বৰুৱা আধুনিক অসমীয়া কবিতাৰ জন্মদাতা। বৰুৱাদেৱে অসম সাহিত্য সভাৰ ধুবুৰী অধিবেশনত সভপতিত্ব কৰিছিল। ১৯৭৭ চনত তেখেতৰ দেহাবসান ঘটে।

৭। কৰিয়ে কিয় সেই অনাৰী কথাবোৰক পৰ্বতীয়া বনপোৰা জুইৰ লগত ৰিজাইছে? 

উত্তৰঃ পৰ্বতৰ বনপোৰা জুই নিজেও জ্বলে নিজেই নুমায়। কবিতাটিত সৈনিকজনেও নিজৰ আবেগ অনুভূতির কথাবোৰ কাকো ক’ব নোৱাৰে। তাৰ প্ৰকাশ দেখুৱাবৰো কোনো উপায় নাই। সেইবোৰ কথা লেখাও নাই। মাথোন উপলব্ধি। কিন্তু এই উপলব্ধিও তেওঁ কাৰো লগত বিনিময় কৰিব নোৱাৰে। কাৰণ যাক লৈ এই অনুভৱ তেওঁক লগত পোৱা এতিয়া অসম্ভব। সেয়েহে তেওঁৰ মনৰ এই কথাবোৰ পৰ্বতীয়া বনপোৰা জুইৰ দৰে নিজৰ মনতে জ্বলে আৰু নিজেই নোহোৱা হয়।

৮। কবিতাটিত মৃত্যুক কিহৰ লগত তুলনা কৰা হৈছে? 

উত্তৰঃ কবিতাটিত মৃত্যুক দেৱতাৰ আশীৰ্বাদ ধন্য পাৰিজাত ফুলৰ লগত তুলনা কৰা হৈছে।

৯। কবিতাটিত সৈনিকজনৰ পত্নীৰ নাম কি ? তেওঁ পত্নীক কি বুলি অনুৰোধ কৰিছে? 

উত্তৰঃ কবিতাটিত সৈনিকজনৰ পত্নীৰ নাম ‘মমতা’। সৈনিকজনে তেওঁৰ যদি যুদ্ধত মৃত্যু হয় তেতিয়াও যাতে তেওঁৰ ল’ৰা দুটিয়ে পিতৃৰ অভাৱ অনুভৱ নকৰে তাৰ প্ৰতি মনোযোগ দিবলৈ তেওঁ অনুৰোধ জনাইছে।

১০। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা : 

(ক) যি মৃত্যুৱে দহক জীবন দিয়ে সেই মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ সন্নিবিষ্ট হেম বৰুৱাদেৱৰ ‘এখন চিঠি’ শীর্ষক কবিতাটিৰ পৰা লোৱা হৈছে। কবিয়ে এজন সৈনিকৰ মৃত্যু কিমান গুৰুত্বপূৰ্ণ তাকে বৰ্ণনা কৰিবলৈ গৈ এই কথাৰ উত্থাপন কৰিছে।এগৰাকী যুদ্ধক্ষেত্ৰৰ সৈনিকে যুদ্ধৰ মাজত ক্ষন্তেক জিৰণিতে ঘৰলৈ চিঠি লিখিছে। বিভিন্নভাবে তেওঁক হেঁচা মাৰি ধৰিছে। আহিবৰ পৰত দেখি অহা পত্নীৰ সেমেকা চকুহালৰ কথা মনত পৰিছে, সন্তান দুটিৰ কথা মনত পৰিছে। তেওঁ জানে যে তেওঁ যি ঠাইত আছে তাত যি কোনো সময়তে তেওঁৰ মৃত্যু হ’ব পাৰে। সেয়েহে তেওঁ পত্নীক অনুৰোধ জনাইছে তেওঁৰ যদি মৃত্যু হয় তেনেহলে সন্তান দুটিক যেন তেওঁৰ অনুপস্থিতি অনুভৱ কৰিবলৈ দিয়া নহয়। কাৰণ তেওঁৰ মৃত্যু নহয় ৷ ভূপেন হাজৰিকাই কোৱা দৰে এই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ হৈ থাকে। আত্মা যিদৰে অবিনশ্বৰ, অৰ্থাৎ আত্মাৰ কোনো ক্ষয় নাই, সেইদৰে এই মৃত্যুও বলিদানৰ গৌৰৱেৰে এনেদৰে জীৱন্ত হৈ থাকিব যে তাৰ কোনো ক্ষয় নাই।

(খ) সেইবোৰ অনাখৰী কথা আজিও অন্তৰত পৰ্বতীয়া বনপোৰা জুই হৈ আছে।

উত্তৰঃ ওপৰোক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত কবি হেম বৰুৱাদেৱ ৰচিত ‘এখন চিঠি’ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে।

সৰ্বতৰ বনপোৰা জুই নিজেই জ্বলে, নিজেই নুমায়। কবিতাটিত সৈনিকজনেও নিজৰ আবেগ অনুভূতিৰ কথাবোৰ কাকো ক’ব নোৱাৰে। তাৰ প্ৰকাশ দেখুৱাবৰো কোনো উপায় নাই। সেইবোৰ অন্তৰৰ ভাব তেওঁ কতো লেখাও নাই। মাথোন উপলব্ধি কৰিছে। কিন্তু এই উপলব্ধিও তেওঁ কাৰো লগত বিনিময় কৰিব নোৱাৰে। কাৰণ যাক লৈ এই অনুভৱ তেওঁক লগ পোৱা এতিয়া অসম্ভৱ। সেয়েহে সৈনিক জনৰ মনৰ এই কথাবোৰ পৰ্বতীয়া বনপোৰা জুইৰ দৰে নিজৰ মনতে জ্বলে আৰু নিজেই নোহোৱা হয়।

This Post Has 10 Comments

Leave a Reply