HS First Year Advance Assamese Solutions Chapter-9 অংকীয়া নাটৰ ৰস-বিচাৰ

HS First Year Advance Assamese Solutions Chapter-9 অংকীয়া নাটৰ ৰস-বিচাৰ। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Advance Assamese Solutions Chapter-9 অংকীয়া নাটৰ ৰস-বিচাৰ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

Hs First Year Question Answer (Assamese Medium)

ইংৰাজী (English)Click Here
অসমীয়া Click Here
हिन्दीClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
তৰ্কবিদ্যা আৰু দর্শন (Logic & Philosophy)Click Here
পৰিৱেশ শিক্ষা ( Environmental Studies)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
সমাজতত্ত্ব (sociology)Click Here
অৰ্থনীতি (Economy)Click Here
ৰাজনীতি (Political Science)Click Here
ভূগোল (Geography)Click Here

HS First Year Advance Assamese Solutions Chapter-9 অংকীয়া নাটৰ ৰস-বিচাৰ

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। ৰস বুলিলে কি বুজা ?ই কেই প্ৰকাৰৰ আৰু কি কি? 

উত্তৰঃ কবি-সাহিত্যিকৰ সাহিত্য কৰ্মত নির্মিত বিষয়বস্তুৱে যেতিয়া পাঠক, শ্রোতা বা দৰ্শকৰ চিত্তত প্রতিফলিত হৈ স্থায়ীভাবসমূহক জাগ্রত কৰি আস্বাদন দিয়ে, তেতিয়াই ভাবসমূহৰ কাব্যিক ৰূপটোক বস বোলা হয়। কাব্য, নাট আদিত প্রকাশিত বিভাব, অনুভাব আৰু সঞ্চাৰী ভাবৰ সমন্বিত প্রচেষ্টাত অস্তৰৰ স্থায়ীভাব বসত পৰিণত হয়।

প্রাচীনতম আলংকাৰিক ভৰত মুনিয়ে আঠ প্ৰকাৰৰ ৰস আৰু তেওঁৰ পৰৱৰ্তী কোনো কোনো ৰসজ্ঞ পণ্ডিতে শান্ত বসকো ৰসৰ অন্তৰ্ভুক্ত কৰি মুঠতে ন প্ৰকাৰ ৰসৰ উল্লেখ কৰিছে। গতিকে ৰস ন প্ৰকাৰৰ। এই ন প্ৰকাৰৰ ৰস হ’ল— শৃঙ্গাৰ, হাস্য, কৰুণ, বীৰ, ভয়ানক, অদ্ভুত, বৌদ্র, বীভৎস আৰু শান্ত। ইয়াত বাহিৰেও আকৌ কোনো কোনো পণ্ডিতে বাৎসল্যকো এক প্ৰকাৰ ৰস বুলি ক’ব খোজে।

প্রশ্ন ২। লেখকৰ মতে অংকীয়া নাটত কি ৰস প্রকাশ পাইছে, আলোচনা কৰা।

উত্তৰ : কাব্য বা নাটত প্ৰকাশ হোৱা বিভাব (কাৰণ), অনুভাব (কাৰ্য) আৰু সঞ্চাৰী ভাবৰ সমন্বয়ত অন্তৰৰ স্থায়ীভাব ৰসাৱস্থাত পৰিণত হয়। স্থায়ীভাব হ’ল ন বিধ। এই নবিধ স্থায়ীভাবৰ ভেটিত অংকীয়া নাটৰ ৰস বিচাৰ কৰা অসুবিধা, কাৰণ অংকীয়া নাটৰ উদ্দেশ্য দর্শকক কাব্যৰস পান কৰোঁৱা নহয়, ভক্তিৰসত আকণ্ঠ নিমজ্জিত কৰোঁৱাহে। সেয়েহে অংকীয়া নাটৰ প্ৰধান ৰস ভক্তিৰস। ‘কক্মিনীহৰণ’, ‘কেলিগোপাল’ নাটত ৰতি ভাবৰ প্রাধান্য আছে যদিও শৃঙ্গাৰ ৰস সৃষ্টি কৰা নাট্যকাৰৰ উদ্দেশ্য নহয়। যদি যুক্তিৰ খাতিৰত কোৱা হয় যে ‘কেলি গোপাল’ত শৃঙ্গাৰ ৰসৰ অনুকূল আৰু পৰিপোষক বর্ণনা আৰু দৃশ্যৰ প্ৰাধান্য আছে যেতিয়া নিশ্চয় ইয়াৰ শৃঙ্গাৰ ৰসাত্মক নাট বুলিব লাগিব, তাৰ  উত্তৰত ক’ব লাগিব যে ঈশ্বৰক আশ্ৰয় কৰি প্ৰকৃত ৰতিভাব উদয় হ’ব নোৱাৰে। সমান ইন্দ্রিয়ক্রিয়াসম্পন্ন যুৱক-যুৱতীৰ মাজত হোৱা ভাব ৰতি, কিন্তু ঈশ্বৰ ইন্দ্ৰিয়াতীত।

সেইদৰে ‘ৰুক্মিণীহৰণ’ বা ‘ৰাম বিজয়’ নাটক বীৰ ৰসপ্ৰধান বুলি ক’ব নোৱাৰি; কাৰণ তাত ঈশ্বৰৰ কাৰ্যাৱলীত যি বীৰত্ব পোৱা যায় সি তেওঁৰ বীৰত্ব নহয়, তেওঁৰ মহিমা বা ঐশ্বর্য, মানুহৰ ক্ষেত্ৰতহে তেনে কাৰ্যক বীৰত্ব বোলা হয়। মনত ৰাখিব লাগিব গোপীসকলে, ৰুক্মিণী আৰু সীতাই শ্ৰীকৃষ্ণ বা ৰামক জগতৰ স্বামীৰূপেহে সৃষ্টি কৰিছে। ৰুক্মিণীয়ে শ্রীকৃষ্ণক ‘শ্রীপৰমেশ্বৰসকল সুৰাসুৰ বন্দিত প্ৰপন্নজনতাৰণ নাৰায়ণ শ্ৰীকৃষ্ণ’ বুলিহে ভাবিছে। ‘ৰাম বিজয়’তো সীতাই ভাবিছে ‘হামু পূৰব জনমে ঈশ্বৰ নাৰায়ণক স্বামী ইচ্ছা করলো। অনেক কায়ক্লেশ কৰিয়ে বহু বৰিষ তপস্যা কয়লো। তদনন্তৰে আকাশীবাণী শুনলো, আহে কন্যা, তোহো এহি জনমে স্বামীক ভেণ্ট নাহি পারব, আৰু জনমে ৰাম ৰূপে তোহোক বিবাহ কৰব।’ ‘কেলি গোপাল’ত গোপীসকলেও কৃষ্ণক জগতৰ ঈশ্বৰ বুলিহে ভাবিছে। মহাপুৰুষে কৃষ্ণ বা ৰামক কার্যত মানৱৰ ব্যৱহাৰ আৰোপ কৰিলেও ঈশ্বৰ বুলি সোঁৱৰাই দিবলৈ পাহৰা নাই। গতিকে সাধাৰণ কাব্য-নাটত ৰূপায়িত ন বিধ ৰস অংকীয়া নাটত স্বাভাৱি ভাৱে। | হোৱা নাই; এইবোৰত প্রকটিত হোৱা শৃঙ্গাৰ বা বীৰৰসক ভক্তি ৰসৰে বিভিন্ন অভিব্যক্তি বুলিহে গ্রহণ কৰিব লাগিব।

এই ভক্তিৰসকে পাঁচ প্ৰকাৰে আলংকাৰিকসকলে দেখুৱাইছে। সেইকেইটা হ’ল,— শান্ত ভক্তি ৰস, বাৎসল্য ভক্তিৰস, দাস্য ভক্তিবস, সম্য ভক্তিৰস আৰু শৃঙ্গাৰাত্মক ভক্তি বস। মাধৱদেৱৰ অংকীয়া নাট ‘ভোজন-বিহাৰ’, ‘কোটোৰা খেল’ আদি নাটত সখ্য ভক্তিৰসৰ অভিব্যক্তি দেখা যায় ৷ ‘অর্জুন-ভঞ্জন’, ‘চোৰ ধৰা’, ‘পিম্পৰা গুচোৱা’– এই কেইখন বাৎসল্য ভক্তিৰসৰ নাট। আনহাতে মহাপুৰুষ শংকৰদেৱৰ ‘কেলি গোপাল’, ‘ৰুক্মিণীহৰণ’, ‘পাৰিজাত হৰণ’ ‘ৰামবিজয়’ নাটত শৃঙ্গাৰাত্মক ভক্তিৰসৰ প্ৰকাশ দেখা যায়।

প্রশ্ন ৩। ‘পাঁচ প্ৰকাৰ ভক্তিৰস কি কি? বহলাই আলোচনা কৰা৷

উত্তৰ ঃ ড° সত্যেন্দ্ৰ নাথ শৰ্মাই তেওঁৰ লিখিত ‘অঙ্কীয়া নাটৰ ৰস-বিচাৰ’ প্ৰবন্ধত উল্লেখ কৰা মতে ভক্তিৰস হ’ল পাঁচ প্ৰকাৰৰ। সেয়ে হ’ল— শাস্ত ভক্তিবস, বাৎসল্য ভক্তিস, দাস্য ভক্তিৰস, সখ্য ভক্তিৰস আৰু শৃঙ্গাৰাত্মক ভক্তিৰস। এইসমূহ তলত বহলাই আলোচনা কৰা হ’ল। 

(১) শান্ত ভক্তিৰস : কৃষ্ণক সর্ব ঐশ্বর্যশালী চিৰন্তন বস্তুৰূপে অনুভৱ কৰি সকলো বিষয়-বাসনা পৰিত্যাগ পূর্বক একান্ত নিষ্ঠাৰে তেওঁৰ চৰণত আত্মসম্পূৰ্ণ কৰি ‘নিৰ্মল তৰঙ্গচয়হীন অন্তৰত যি প্ৰশাস্তি আৰু আনন্দ উপভোগ কৰে, সেয়ে শান্ত ভক্তিবস। 

(২) বাৎসল্য ভক্তিৰস ঃ কৃষ্ণ সস্তান, ভক্ত মাতা বা পিতা, এই সম্পৰ্কৰ ভেটিত নাটৰ কথা-বস্তু নিৰ্মাণ হ’লে সেই নাটক বাৎসল্য ভক্তিৰসৰ নাট আখ্যা দিয়া হয়। ইয়াত মাতা বা পিতাৰ লালন-পালন আৰু চেনেহ-মমতাৰ লগতে শাসন, ভর্ৎসনাৰ কথাও জড়িত হৈ থাকে। ‘অর্জুন ভঞ্জন’, ‘চোৰ-ধৰা’, পিম্পৰা গুচোৱা’– এইকেইখন কা বাৎসল্য ভক্তিৰসৰ নাট। এই নাটকেইখন বাৎসল্য ভক্তিৰসৰ নাট । এই নাট কেইখনত কৃষ্ণৰ দুষ্টালি, মাক ছবি যশোদাৰ পুত্ৰ চেনেহ-মম, শাসন-ভৎর্সনা আদি স্বাভাৱিক ৰূপ প্ৰকট হৈছে যদিও দর্শকৰ মনত বাৎসল্য ভক্তিৰসৰ ভাবে৷ জগাই তুলিছে।

(৩) দাস্য ভক্তিসঃ ভক্ত বৎসল শ্ৰীকৃষ্ণৰ ওচৰত ভক্তই নিজকে দাসৰূপে সেৱা কৰি যি বিমল আনন্দ অনুভৱ কৰে, সেয়ে দাস্য ভক্তিস। কৃষ্ণৰ মহিমা, কৰুণা আৰু ভক্ত বৎসলতা ভক্তমনক আকর্ষণ কৰে আৰু তেওঁক সেৱা কৰি ভক্তই কৃতাৰ্থ আৰু অলৌকিক আনন্দ অনুভৱ কৰে। এই দাসৰূপে ভক্ত আৰু স্বামীৰূপ কৃষ্ণক অৱলম্বন বিভাৱৰূপে লৈ নাট বা কাব্য ৰচিত হ’লে সেয়ে দাস্য ভক্তিৰসৰ সৃষ্টি কৰিব।

(৪) সখ্য ভক্তিসঃ ভক্তই কৃষ্ণক পৰম বান্ধৱ বুলি অনুভৱ কৰি, তেওঁৰ লগত একাত্মাৰ সম্পর্ক গঢ়ি তুলি কৃষ্ণময় জীৱনত আত্মবিলীন গ’লে তাৰ পৰা কাব্যত উদ্রেক হোৱা ভক্তিৰসেই সম্য ভক্তিস। ভগৱান কৃষ্ণৰ দাম, সুদাম, বলৰাম আদি সমনীয়া বন্ধু আৰু গৰখীয়া পাৰস্পৰিক প্রীতি আৰু বন্ধুভাৱাপন্ন কাৰ্যৰ ভেটিত যি নাট বা কাব্য ৰচিত হয় তাতেই সখ্যাত্মক ভক্তিৰসৰ সৃষ্টি হয়। মাধৱদেৱৰ ‘ভোজন-বিহাৰ’, ‘কোটোৰা খেল’ আদি নাটত আৰু একাংশ বৰগীতত সমা-ভক্তিৰসৰ অভিব্যক্তি দেখা যায়।

(৫) শৃঙ্গাৰাত্মক ভক্তিসঃ কৃষ্ণৰ ৰূপ দর্শন কৰি আৰু তেওঁৰ সংগ লাভ কৰি নিজৰ ইন্দ্ৰিয় বৃত্তি চৰিতাৰ্থ কৰিবৰ ঐকান্তিক বাসনা হলে, নাইবা কৃষ্ণৰ ৰূপ-গুণাদিৰ দ্বাৰা আকৃষ্ট হৈ বিবাহসূত্রে তেওঁক স্বামী লাভৰ ইচ্ছা জন্মিলে, নাইবা নিজৰ শৰীৰ-মন সকলো কৃষ্ণত অৰ্পণ কৰি কৃষ্ণম্প্ৰীতি সাধনাৰ একান্ত বশবর্তী হৈ কৃষ্ণক প্রেমাষ্পদৰূপে দৃষ্টি কৰিলে যি ভাব ভক্ত হৃদয়ত উদ্রেক হয় আৰু প্রেমাষ্পদ কৃষ্ণয়ো তদনুৰূপ যি প্রতিদান দিয়ে সেই চিত্র যেতিয়া কাব্য বা নাটত ৰূপায়িত হয় দৰ্শকৰ চিত্তত তেতিয়া শৃঙ্গাৰাত্মক ভক্তিৰসৰ সঞ্চাৰ হয়। চমুকৈ ক’বলৈ গ’লে নাৰী আৰু কৃষ্ণৰ মাজৰ পাৰস্পৰিক ভগৱৎ প্ৰেমৰ দ্বাৰা শৃঙ্গাৰাত্মক ভক্তিৰসৰ সৃষ্টি হয়। মহাপুৰুষৰ ‘কেলিগোপাল’, ‘পাৰিজাত হৰণ’, ‘ৰুক্মিণী হৰণ’, ‘ৰামবিজয়’আদি নাটত আৰু ‘কীৰ্তন’ৰ ‘ৰাসক্ৰীড়া’ত এই শৃঙ্গাৰাত্মক ভক্তিৰসৰ সৃষ্টি হৈছে।

প্রশ্ন ৪। ‘কৃষ্ণৰতি’ বুলিলে কি বুজা? 

উত্তৰঃ গৌড়ীয় বৈষ্ণৱ আলংকাৰিকসকলে ভক্তিপ্রধান নাটসমূহৰ ৰস-বিচাৰ কৰিবলৈ যাওঁতে তেওঁলোকে ‘ৰতি’ৰ অৰ্থ-সম্প্ৰসাৰণ কৰি তাৰ ৰস পৰিণতি দেখুৱাইছে। বিশিষ্ট আলংকাৰিক বিশ্বনাথ চক্ৰৱৰ্তীৰ প্ৰসিদ্ধ অলংকাৰ গ্ৰন্থত উল্লেখ কৰিছে যে— মানৱ মনৰ সহজ অনুৰাগেই ৰতি। বৈষ্ণৱসকলৰ অনুৰাগৰ আধাৰ হৈছে কৃষ্ণ। সেয়েহে তেওঁলোকৰ ৰতি লৌকিক নহয়, বৰং ‘কৃষ্ণৰতি হৈ। শ্ৰৱণ-কীর্তন-স্মৰণাদিৰ দ্বাৰা ভক্ত-হৃদয়ত স্থায়ীভাব ‘কৃষ্ণৰতি’ক আস্বাদানীয় অৱস্থালৈ পর্যবসিত কৰিলেই সি ভক্তিৰস নাম পায়। সহজ ভাষাৰে ক’বলৈ গ’লে কৃষ্ণক কেন্দ্ৰ কৰি শ্ৰদ্ধা বা সেৱাৰ মনোভাব সৃষ্টি হ’লে সেয়াই ‘কৃষ্ণৰতি’।

ড° সত্যেন্দ্র নাথ শৰ্মা

লিখক পৰিচিতি : অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সমালোচক. পণ্ডিত ড° সত্যেন্দ্র নাম শৰ্মাৰ জন্ম হৈছিল ১৯১৭ চনত। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ৰ ওপৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৪২ চনত কটন ‘কলেজত অধ্যাপনা কৰিবলৈ লয়। ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হোৱাত ১৯৪৯ চনত এই বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপক পদত যোগদান কৰে আৰু শেষত তাতেই আধুনিক ভাৰতীয় ভাষা বিভাগৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ অধ্যাপক হিচাপে আসনত অধিষ্ঠিত হৈ অৱসৰ গ্ৰহণ কৰে। ১৯৭৫ চনত তিতাবৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিবেশনত তেওঁ সভাপতিৰ আসন অলংকৃত কৰিছিল।

অসমীয়া সাহিত্য জগতত ডঃ সত্যেন্দ্র নাথ শৰ্মাৰ এক বিশিষ্ট আসন আছে। ঘাইকৈ সাহিত্য-সমালোচনাত অগ্রগণী আৰু অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণেতা হিচাপে অসমীয়া সাহিত্য-জগতত তেওঁ চিৰদিনেই স্মৰণীয় হৈ ৰ’ব। তেওঁৰ ৰচিত গ্রন্থসমূহৰ কেইখনমান হ’ল— ‘অসমীয়া সাহিত্যৰ ইতিবৃত্ত’— পিছলৈ ইয়াৰ পৰিৱৰ্তিত আৰু পৰিবৰ্ধিত ৰূপ ‘অসমীয়া উপন্যাস সাহিত্য’, ‘অসমীয়া উপন্যাসৰ ভূমিকা’, ‘অসমীয়া উপন্যাসৰ গতিধাৰা’, ‘কাহিনী কাব্যৰ প্ৰবাহ’, ‘সাহিত্যৰ আভাস’, ‘প্রবন্ধ চয়ন’ আদি তত্ত্বগধুৰ ৰচনাৱলী। তেওঁৰ গৱেষণা গ্রন্থ হ’ল– Neo Vaishnavite Movement and Satra Institution of Assam. তেওঁৰ আন এখনি ইংৰাজী গ্রন্থ ‘Epics and Puranas’ [ তদুপৰি ‘ৰূপকত্রয়ম’, ‘অংকমালা’, ‘কথা ৰামায়ণ’, ভক্তিগীত পদ সঞ্চয়ন’, ‘গীত-গোবিন্দ’ আদি বহুতো পুৰণি পুথি তেওঁ সম্পাদনা কৰে। ‘ৰামায়ণৰ ইতিবৃত্ত’ নামৰ আন এখন তেওঁৰ অতি মূল্যৱান গ্রন্থ। এই গ্ৰন্থৰ বাবে তেওঁ ১৯৮৮ অসম প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰে। ১৯৯৯ চনত এইজনা স্বনামধন্য সাহিত্যিক পণ্ডিতৰ দেহাৱসান ঘটে।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। স্থায়ী ভাবসমূহ কি কি? কোনটো স্থায়ীভাবৰ পৰা কোনটো ৰসৰ পৰিণতি ঘটে? ইয়াৰ লগত সঞ্চাৰী ভাবৰ সম্পর্ক কি?

উত্তৰঃ আলংকাৰিকসকলৰ মতে স্থায়ী ভাব ন টা, সেয়া হ’ল ৰতি, হাস্য, শোক, উৎসাহ, ভয়, বিস্ময়, ক্রোধ, জণ্ডপ্সা আৰু শম। ইয়াৰে ৰতি ভাবৰ পৰা শৃঙ্গাৰ ৰস, হাস্য ভাবৰ পৰা হাস্যৰস, শোক ভাবৰ পৰা কৰুণ ৰস, উৎসাহ ভাবৰ পৰা বীৰৰস, ভয় ভাবৰ পৰা ভয়ানক ৰস, বিস্ময় ভাবৰ পৰা অদ্ভুত ৰস, ক্রোধ ভাবৰ পৰা ৰৌদ্রস, জুগুপ্সা ভাবৰ পৰা বীভৎস ৰস আৰু শম ভাবৰ পৰা শান্তসৰ পৰিণতি ঘটে। এই হিচাপে ৰস ন টা হ’ল— শৃঙ্গাৰ, হাসা, কৰুণ, বীৰ, ভয়ানক, অদ্ভুত, ৰৌদ্র, বীভৎস আৰু শাস্ত। বহুতে ওপৰোক্ত নৱৰসৰ উপৰি বাৎসল্যকো ৰসৰ লগত স্থান দিব খোজে৷

স্থায়ী ভাবৰ অতিৰিক্ত কিছুমান অস্থায়ী বা ক্ষন্তেকীয়া ভাবে সময় আৰু পৰিস্থিতি সাপেক্ষে মনত ভুমুকি মাৰেহি। ইহঁতক সঞ্চাৰী ভাব বোলে। সঞ্চাৰী ভাব মনলৈ আহে আৰু যায়; ক্ষন্তেকৰ কাৰণে উদয় হৈ আকৌ মাৰ যায়। ড° সত্যেন্দ্ৰ নাথ শৰ্মাৰ মতে সঞ্চাৰী ভাব আঠচল্লিশ আৰু আন কিছুমানৰ মতে তেত্রিশ প্ৰকাৰ। সেইবোৰৰ কেইটিমান হ’ল— গ্লানি, আশংকা, লজ্জা, হর্ষ, অসূয়া, আলস্য, দৈন্য, মদ, মোহ, স্মৃতি, গর্ব, আবেগ, চিন্তা, বিষাদ, উন্মাদ, ব্যাধি, বিতর্ক, নিদ্রা, ধৃতি আদি।

সঞ্চাৰীভাবসমূহ ক্ষন্তেকীয়া আলহীৰ দৰে হ’লেও স্থায়ী ভাবৰ লগত ইয়াৰ সম্পৰ্ক মধুৰ। এইবোৰে স্থায়ী ভাবৰ আনুষঙ্গিক বা সহায়কৰূপে থাকি স্থায়ী ভাবক পৰিপুষ্ট কৰি ৰসৰ অভিমুখে সঞ্চাৰিত কৰে। 

প্রশ্ন ২। কাব্যৰ ‘ভাব’ বুলিলে কি বুজা? অস্তৰৰ স্থায়ী ভাব কিহৰ সমবায়ত ৰসাৱস্থাত পৰিণত হয়, আলোচনা কৰা।

উত্তৰ : আলংকাৰিকসকলে আগবঢ়োৱা মতানুসৰি মানুহৰ মনত কিছুমান সহজাত প্রবৃত্তি থাকে, যিবোৰে পৰিস্থিতি সাপেক্ষে প্রতিক্রিয়া প্রকাশ কৰে বা পৰিস্থিতিৰ স’তে ক্রিয়াশীল হৈ উঠে। যেনে—সাপ, বাঘ আদি দেখিলে ভয়ৰ ভাব আহে। এনে ভয়, ঘৃণা, শৃঙ্গাৰ আদি চিত্তানুভূতিকে কাব্যৰ ক্ষেত্ৰত ‘ভাব’ বুলি কোৱা হয়। আলংকাৰিকসকলৰ মতে প্রধান ভাব হ’ল ন টা— ৰতি, হাস, শোক, ক্রোধ, উৎসাহ, ভয়, বিস্ময়, যুগুপ্সা আৰু শম। এই ন বিধ ভাবৰ দ্বাৰা পর্যবসিত হোৱা ন বিধ ৰস হ’ল– ৰতি ভাবৰ পৰা শৃঙ্গাৰ, হাস ভাবৰ পৰা হাস্য শোক ভাবৰ পৰা কৰণ, ক্ৰোধৰ পৰা ৰৌদ্র, উৎসাহৰ পৰা বীৰ, ভয়ৰ পৰা ভয়ানক, বিস্ময়ৰপৰা অদ্ভুত, যুগুপ্সাৰ পৰা বীভৎস আৰু শমৰ পৰা শাস্তস।

অন্তৰৰ স্থায়ীভাব বসাৱস্থাত পৰিণত হয় কাব্য বা নাটত প্ৰকাশ হোৱা বিভাব (কাৰণ), অনুভাব (কাৰ্য) আৰু সঞ্চাৰী ভাবৰ সমবায়ত। যিয়ে ভাবক বিশেষভাৱে প্রকট কৰি তোলে সেয়াই বিভাব৷ বিভাব আকৌ দুই প্ৰকাৰৰ,— আলম্বন আৰু উদ্দীপন বিভাব। আলম্বন বিভাব ভাবক জাগৃত কৰে, – অৰ্থাৎ আলম্বন হ’ল মনৰ ভিতৰত থকা ভাবক ক্রিয়াশীল কৰি তোলা শক্তি৷ আকৌ যি উপকৰণৰ সহায়ত আলম্বন বিভাবৰ দ্বাৰা জাগৃত বিষয়ক উদ্দীপ্ত কৰা হয়, সেয়াই উদ্দীপন বিভাব। বিভাব হ’ল কাৰণ। অনুভাব হ’ল কাৰ্য। ভাবৰ অনুগামী লক্ষণেই হ’ল অনুভাব। অনুভাবক বাহ্যিক প্রতিক্রিয়া বুলিব পাৰি৷

অর্থাৎ যিবিলাক শাৰীৰিক চিহ্নেৰে সুখ-দুখাদি ভাব প্রকাশ পায় সেইবিলাককে অনুভাব বোলে। ভয়ত সেঁতা পৰা, খঙত দাঁত চোবোৱা, বঙত জঁপিওৱা, শোকত চকুলো নিৰ্গত কৰা আদি ক্ৰমে ভয়ানক, ৰৌদ্র, শান্ত আৰু কৰুণ ৰসৰ অনুভাব।

সঞ্চাৰী ভাবসমূহ ক্ষন্তেকীয়া আলহীৰ দৰে, ইহঁত মনলৈ আহে আৰু যায়। জড়তা, গ্লানি, আশংকা, লজ্জা, হর্ষ, অসূয়া, দৈন্য, মদ, মোহ আদি আঠচল্লিশ প্ৰকাৰৰ (কোনোৰ মতে তেত্রিশ প্ৰকাৰৰ) সঞ্চাৰী ভাব। ইহঁত চিত্তবৃত্তিত নিগাজিকৈ নাথাকিলেও ইহঁতে স্থায়ী ভাবক পৰিপুষ্ট কৰি ৰসৰ অভিমুখে সঞ্চাৰিত কৰে। 

প্রশ্ন ৩। স্থায়ী ভাব কাক বোলে? স্থায়ীভাব কি কি? ‘স্থায়ী ভাবৰ ভেটিত অংকীয়া নাটৰ বিচাৰ কৰা অসুবিধা – এই কথাষাৰো পাঠৰ আধাৰত বিচাৰ কৰা।

উত্তৰঃ কোনো বিষয় পঢ়াত, দেখাত বা শুনাত মনত যি সুখ-দখাদিৰ উদয় হয় তাক ভাব বোলা হয়। যি ভাবে মনক প্ৰৱলৰূপে অভিভূত কৰে তাক স্থায়ীভাব বোলে৷ স্থায়ীভাব ন প্ৰকাৰৰ—ৰতি, হাস, শোক, উৎসাহ, ভয়, বিস্ময়, ক্রোধ, জুগুপ্সা আৰু শম। এই ন বিধ স্থায়ী ভাবৰ পৰা পর্যবসিত হোৱা নবিধ ৰস হ’ল–শৃঙ্গাব, হাস্য, কৰণ, বীৰ, ভয়ানক, অদ্ভুত, ৰৌদ্র, বীভৎস আৰু শাস্ত।

ড° সত্যেন্দ্র নাথ শৰ্মাই ‘অংকীয়া নাটৰ ৰস-বিচাৰ’ প্ৰবন্ধত অংকীয়া নাটৰ ৰস বিচাৰ কৰিবলৈ যাওঁতে মন্তব্য কৰিছে ‘ওপৰত কোৱা ন বিধ স্থায়ীভাবৰ ভেটিত অংকীয়া নাটৰ বিচাৰ কৰা অসুবিধা।’ ইয়াৰ কাৰণ তেওঁ নিৰ্দেশ কৰিছে যে অংকীয়া নাটসমূহৰ * উদ্দেশ্য দর্শকক কাব্যৰস পান কৰোৱা নহয়, ভক্তিৰসত আকণ্ঠ নিমজ্জিত কৰোঁৱাহে। অংকীয়া নাটসমূহৰ মূল নায়ক কৃষ্ণ বা ৰাম; মূল নায়িকা ৰাধা, ৰুক্মিণী বা সীতা। এই নাটসমূহ ৰচিত হৈছে কৃষ্ণ বা ৰামৰ মাহাত্ম্য প্ৰকাশ কৰি দৰ্শক-ভক্তৰ অন্তৰত ভক্তিৰ ভাব উদ্রেগ কৰিবলৈ। কৃষ্ণ বা ৰাম ঈশ্বৰ অৱতাৰ৷ ঈশ্বৰ নিগুণ, ইন্দ্ৰিয়াতীত। মানুহৰ ৰতি, হাস্য, শোক আদিৰে ঈশ্বৰক জুখিব নোৱাৰি। সেয়েহে শৃঙ্গাৰ, বীৰ, কৰুণ আদি বসসিক্ত অংকীয়া নাটত যি শৃঙ্গাবাত্মক দৃশ্য দেখা পোৱা যায়, সেয়া কৃষ্ণৰতিৰে নিষ্পন্ন হোৱা শৃঙ্গাৰাত্মক ভক্তিৰসহে, ঈশ্বৰৰ যি বীৰত্বব্যঞ্জক দৃশ্য অংকিত হৈছে, সেয়া কৃষ্ণৰ বীৰত্ব নহয়, লীলাহে। উদাহৰণস্বৰূপে মহাপুৰুষৰ অংকীয়া নাট ‘কেলি গোপাল’, • ‘ৰুক্মিণীহৰণ’, ‘পাৰিজাত হৰণ’, ‘ৰাম বিজয়’ আদি’ নাটকত লীলাৰ জৰিয়তে শৃঙ্গাৰাত্মক ভক্তিৰস প্রকাশ পাইছে৷ সেইদৰে ‘কালিয় দমন’, ‘কংস বধ’ নাটত শাস্তময় ভক্তিৰস, ‘অর্জুন-ভঞ্জন’, ‘চোৰ-ধৰা’, ‘পিম্পৰা গুচুৱা’নাটত বাৎসল্য ভক্তিৰস, ‘ভোজন-বিহাৰ’, ‘কোটোৰা-খেল’ আদি নাটত সম্য ভক্তিৰস প্ৰকাশ পাইছে।

এনেদৰে কৃষ্ণ-ৰাম কেন্দ্রিক এই অংকীয়া নাটসমূহৰ ৰস বিচাৰ স্থায়ীভাবৰ ভেটিত কৰাটো অসুবিধা হয়। কিয়নো নাটসমূহৰ ৰতি, হাস, শোক, উৎসাহ আদিৰ দ্বাৰা নিষ্পন্ন ৰসসমূহ দৰাচলতে কৃষ্ণ বা ৰামৰ মহিমা বা মায়াহে।

HS First Year Advance Assamese Questions Answers

গোট ১ -কবিতাংশ

ক্ৰমিক নংপাঠলিংক
১. প্রহলাদ চৰিত্ৰ Click here
২. শিৱৰ কৃষিকর্ম Click here
৩. প্রিয়তমাৰ চিঠি: Click here
৪. পানেশৈ Click here
৫. পছোৱাৰ ডাক Click here
৬ .চামুৰাই Click here

গোট ২ – গদ্যাংশ

৭. শংকৰদেৱৰ বাল্যকাল Click here
৮. ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা Click here
৯. অংকীয়া নাটৰ ৰস বিচাৰ Click here

গোট ৩ – নাটক

১০. টিকেন্দ্রজিৎ Click here

গোট ৪ – চুটি গল্প

১১. যীশুখ্ৰীষ্টৰ ছবি Click here
১২. ভ্ৰষ্টলগ্ন Click here

গোট ৫ – সাহিত্য সমালোচনা

১৩. কবিতা Click here
১৪. নাটক Click here

গোট ৬ – ছন্দ

১৫. ছন্দ : ছন্দ্ৰ সংজ্ঞা, অক্ষৰ; মাত্রা; যতি, পৰ্ব, চৰণ; “স্তৱক; পদ বা পয়াৰ; ঝুমুৰী: কুসুমমালা, দুলড়ী: ছবি, লোছাৰি ছন্দ Click here

গোট ৭ – অসমীয়া সাহিত্যৰ বুৰঞ্জী

১৬. অসমীয়া কবিতা আৰু নাটকৰ পৰি Click here

প্রশ্ন ৪। অংকীয়া নাটত শৃঙ্গাৰাত্মক ভক্তিৰস কিদৰে প্ৰকাশ পাইছে – বুজাই লিখা ৷

উত্তৰ ঃ কৃষ্ণৰ ৰূপ-লাৱণ্য দৰ্শন কৰি আৰু তেওঁৰ সংগ লাভ কৰি নিজৰ ইন্দ্রিয় বৃত্তি চৰিতাৰ্থ কৰিবৰ ঐকান্তিক বাসনা হ’লে, নাইবা কৃষ্ণৰ ৰূপ-গুণাদিৰ দ্বাৰা আকৃষ্ট হৈ বিবাহসূত্রে তেওঁক স্বামী লাভৰ ইচ্ছা জন্মিলে, নাইবা নিজৰ শৰীৰ-মন সকলো কৃষ্ণত অৰ্পণ কৰি কৃষ্ণ-প্ৰীতি সাধনাৰ একান্ত বশৱৰ্তী হৈ কৃষ্ণক প্রেমাষ্পদৰূপে দৃষ্টি কৰিলে যি ৰতি ভাব ভক্ত হৃদয়ত উদয় হয়, আৰু প্ৰেমাষ্পদ কৃষ্ণয়ো তদনুৰূপ যি প্রতিদান দিয়ে, আৰু সেই চিত্ৰ যেতিয়া কাব্য নাটত ৰূপায়িত হয়, দৰ্শকৰ চিত্তত তেতিয়া শৃঙ্গাৰাত্মক ভক্তিৰসৰ সঞ্চাৰ হয়।

অংকীয়া নাট ‘কেলি গোপাল’, ‘কক্মিণী হৰণ’, ‘পাৰিজাত হৰণ’ আৰু ‘ৰামবিজয়’ আদিত • শৃঙ্গাৰাত্মক ভক্তিৰসৰ প্ৰকাশ দেখা যায়। এইসমূহ অংকীয়া নাটত দেখাত যদিও শৃঙ্গাৰ ৰসৰ প্রাদুর্ভাব, প্রকৃততে সেয়া শৃঙ্গাৰাত্মক ভক্তিসহে। আলংকাৰিকসকলৰ মতে সমান ইন্দ্রিয়ক্রিয়াসম্পন্ন যুৱক-যুৱতীৰ মাজত হোৱা ভাবহে ৰতি আৰু তেনে পৰিস্থিতিতহে শৃঙ্গাৰ ৰসৰ সৃষ্টি হ’ব পাৰে। এইসমূহ নাটৰ মূল নায়ক কৃষ্ণ বা ৰাম প্ৰকৃততে ঈশ্বৰ অৱতাৰ। ঈশ্বৰ ইন্দ্ৰিয়াতীত৷ তেওঁত এনে জাগতিক ৰতি ভাব বা শৃঙ্গাৰ ৰস অৰ্পণ কৰিব নোৱাৰি। গোপীসকলে, ৰুক্মিণী আৰু সীতাই কৃষ্ণ বা ৰামক জগতৰ স্বামীৰূপেহে দৃষ্টি কৰিছে। ৰুক্মিণীয়ে শ্রীকৃষ্ণক ‘পৰমেশ্বৰসকল সুৰাসুৰ বন্দিত প্ৰপন্নজনতাৰণ নাৰায়ণ কৃষ্ণ’ বুলিহে ভাবিছে। ‘ৰামবিজয়’ নাটত সীতাই ৰাম সম্পর্কে ভাবিছে— ‘হামু পূৰব জনমে ঈশ্বৰ নাৰায়ণক স্বামী ইচ্ছা করলো।’ ‘কেলি গোপাল’ৰ গোপীসকলেও সেইদৰে কৃষ্ণক জগতৰ স্বামী বুলি ভাবিছে। মহাপুৰুষে কৃষ্ণ বা ৰামৰ কাৰ্যত মানৱৰ ব্যৱহাৰ আৰোপ কৰিলেও ঈশ্বৰ বুলি সোঁৱৰাই থাকিবলৈ ক্ষন্তেকো পাহৰা নাই৷ গতিকে এই নাটসমূহত প্ৰকাশ পোৱা শৃঙ্গাৰ ৰস সাধাৰণ কাব্য-নাটত বর্ণিত লৌকিক নায়ক-নায়িকাৰ প্ৰেমৰ ভেটিত সৃষ্টি হোৱা শৃঙ্গাৰ ৰস নহয়, ইয়াৰ স্থায়ীভাব অলৌকিক, আলম্বন, বিভাবো অলৌকিক। গতিকে এই নাটসমূহৰ অলৌকিক ভগৱৎ প্ৰেমৰ চিত্ৰই দর্শক বা পাঠকৰ মনো ভগৱ প্ৰেম ৰসত নিমজ্জিত কৰাৰ কাৰণে ই সাধাৰণ লৌকিক শৃঙ্গাৰ ৰস নহৈ শৃঙ্গাৰাত্মক ভক্তিৰসত পৰিণত হৈছে।

প্রশ্ন ৫। ‘কালিয় দমন’, ‘কংস বধ’ নাটক কোন শ্রেণীৰ ৰসত অন্তর্ভুক্ত কৰা হৈছে, বুজাই লিখা। 

উত্তৰ : ‘কালিয় দমন’ আৰু ‘কংস বধ’ নাট দুখনিক শান্ত ভক্তিৰসৰ শ্ৰেণীৰ অন্তর্ভুক্ত কৰা হৈছে৷ ‘কালিয় দমন’ নাটকত কালিয়নাগৰ ভয়ংকৰ মূৰ্তি, গৰ্ব, বীৰত্ব আৰু কালিয়নাগৰ, পত্নীসকলৰ কৃষ্ণৰ ওচৰত স্বামীৰ প্ৰাণ-ভিক্ষাৰ কাতৰ প্ৰাৰ্থনা আদিত ভয়ানক, বীৰ, কৰণ আদি ৰস প্ৰকাশ পাইছে যদিও শেষত কালিয়নাগৰ অহংকাৰ আৰু গৰ্ব খর্ব হৈ কৃষ্ণৰ চৰণত আত্মসমর্পণৰ দৃশ্যই দৰ্শকৰ মনত বিনয়ৰ ভাব সৃষ্টি কৰি শাস্তময় ভক্তিৰসত পৰিণত কৰিছে। সেইদৰে ‘কংস বধ’ নাটতো মহা প্রতাপী আৰু অহংকাৰী কংসৰ শেষ পৰিণামে দৰ্শকৰ মনত বৈৰাগ্য বা নির্বেদ ভাব সৃষ্টি কৰি শাস্তময় ভক্তিৰসৰ সঞ্চাৰ কৰিছে। 

প্রশ্ন ৬। প্রসংগ সংগতি দশাই ব্যাখ্যা কৰা—

ক) ‘এইবোৰ স্থায়ী ভাবৰ আনুষঙ্গিক বা সহায়কৰূপে সন্ধিয়াৰ অৰুণৰাগৰ দৰে ক্ষন্তেক দেখা দি নাইকিয়া হয়।’

উত্তৰঃ উদ্ধৃত কথাফাকি সুসাহিত্যিক পণ্ডিত ড” সত্যেন্দ্র নাথ শৰ্মা ৰচিত ‘অংকীয়া নাটৰ ৰস-বিচাৰ নামৰ প্রবন্ধটিৰ অন্তৰ্গত। অংকীয়া নাটৰ ৰস সম্পর্কে আলোচনা কৰিবলৈ যাওঁতে প্ৰসংগক্রমে এই কথাফাকি উল্লেখ কৰিছে।

স্থায়ী ভাব হ’ল ৰতি, হাস, শোক, উৎসাহ, ভয়, বিস্ময়, ক্রোধ, জুগুপ্সা আৰু শম। মানুহৰ এই চিৰন্তন ভাবধাৰা পৰিশোধিত হৈ ন বিধ ৰসত পৰিণত হয়। এই ন বিধ হ’লে ৰতিৰ পৰা শৃঙ্গাস, হাসৰ পৰা হাস্য, শোকৰ পৰা কৰুণ, উৎসাহৰ পৰা বীৰ, ভয়ৰ পৰা ভয়ানক, বিস্ময়ৰ পৰা অদ্ভুত, ক্ৰোধৰ পৰা ৰৌদ্র, জুগুপ্সাৰ পৰা বীভৎস আৰু শমৰ পৰা শান্তস। এইবোৰ স্থায়ী ভাবৰ উপৰি সঞ্চাৰী ভাব নামৰ এবিধ ভাব আছে। সন্ধিয়া সূৰ্যৰ ৰেঙণি ক্ষন্তেক দেখা দি যিদৰে মাৰ যায় ঠিক তেনেদৰে এই সঞ্চাৰী ভাবসমূহ মনলৈ ক্ষন্তেকৰ বাবে আহে আৰু ক্ষন্তেকতে নাইকিয়া হয়। মনত ক্ষন্তেকৰ কাৰণে উদয় হৈ আকৌ মাৰ যায়। ইহঁত অস্থায়ী আহে আৰু যায়। ইহঁতে স্থায়ী ভাবৰ আনুষঙ্গিক বা সহায়কৰূপে কাম কৰে। এই ভাবসমূহ হ’ল লজ্জা, আশংকা, ধৃতি, হর্ষ, মদ, মোহ ইত্যাদি।

(খ) স্থায়ী ভাবৰ ভেটিত অংকীয়া নাটৰ ৰস বিচাৰ কৰা অসুবিধা।

উত্তৰ : উদ্ধৃত কথাফাকি সু-সাহিত্যিক ড° সত্যেন্দ্ৰ নাথ শৰ্মা ৰচিত ‘অংকীয়া নাটৰ ৰস বিচাৰ’ প্রবন্ধটিৰ অন্তৰ্গত। অংকীয়া নাটৰ ৰস সম্পর্কে আলোচনা কৰিবলৈ যাওঁতে লেখকে প্রাসংগিকভাৱে এই কথাফাকি উল্লেখ কৰিছে।

মহাপুৰুষ দুজনাই মহান উদ্দেশ্য লৈ অংকীয়া নাটসমূহ ৰচনা কৰিছিল৷ সেয়া হ’ল দর্শক, শ্রোতা, পাঠকক ভক্তিৰসত নিমজ্জিত কৰোৱা। স্থায়ী ভাবৰ পৰা পৰিণত হোৱা শৃঙ্গাৰাদি বিভিন্ন সাধাৰণ কাব্য-বস পান কৰোৱাই মনোৰঞ্জন দিয়াটো তেওঁলোকৰ উদ্দেশ্য নাছিল। সেয়ে স্থায়ী ভাবৰ ভেটিত অংকীয়া নাটৰ বিচাৰ কৰাত অসুবিধা আছে। কাৰণ নাটসমূহৰ নায়ক কৃষ্ণ বা ৰাম মানৱ নহয়, ঈশ্বৰহে। ঈশ্বৰ ইন্দ্রিয়াতীত। ইন্দ্রিয়াতীত ঈশ্বৰত স্থায়ীভাব আৰোপ কৰি বিচাৰ কৰাটো কোনোপধ্যেই সুবিধাজনক বা উচিত নহয়। তাত যিবোৰ স্থায়ী ভাবৰ ৰস দেখা যায়, সেয়া সেইকাৰণেই লৌকিক নহয়, অলৌকিক; সেয়া স্থায়ী ভাবৰ পৰা পৰিণত হোৱা বিভিন্ন ৰসৰ ব্যতিৰেক ভক্তিৰসহে৷ সেয়ে সাধাৰণ কাব্য বা নাটৰ দৰে স্থায়ী ভাবৰ ভেটিত অংকীয়া নাটৰ ৰস বিচাৰ কৰিব নোৱাৰি।

(গ) ‘সকলো ৰস আস্বাদন কৰিবলৈ অন্তৰত বাসনাৰ প্ৰয়োজন।’ 

নাইবা,

 ‘যাৰ অন্তৰত ৰস আস্বাদনৰ সংস্কাৰ বা বাসনা নাথাকে সি কোনো ৰসকে আস্বাদন কৰিব নোৱাৰে।’ 

উত্তৰ : উদ্ধৃত কথাফাকি সু-সাহিত্যিক পণ্ডিত ড° সত্যেন্দ্ৰ নাথ শৰ্মা ৰচিত ‘অংকীয়া নাটৰ ৰস বিচাৰ’ নামৰ প্ৰবন্ধটিৰ অন্তৰ্গত। অংকীয়া নাটৰ সম্পৰ্কে আলোচনা কৰিবলৈ গৈ লেখকে প্রাসংগিকভাৱে এই কথাফাকি উল্লেখ কৰিছে।

প্রিয়বস্তুৰ প্ৰতি মানৱ মনৰ সহজ অনুৰাগেই ৰতি। বৈষ্ণৱৰ সকলোতকৈ প্রিয় বস্তু ভগৱান কৃষ্ণ, গতিকে তেওঁলোকৰ ৰতি লৌকিক নহয়, ‘কৃষ্ণৰতি’। শ্ৰৱণ-কীৰ্তন-স্মৰণ ইত্যাদিৰ দ্বাৰা ভক্ত হৃদয়ত উদ্রেক হোৱা স্থায়ী ভাব ‘কৃষ্ণৰতি’ক বিভাৱ-অনুভাব-সঞ্চাৰী ভাবৰ যোগেদি আস্বাদনীয় অৱস্থালৈ আনিলেই সি ভক্তিসত পৰিণত হয়। এই ৰস আস্বাদন কৰিবলৈ বাসনাৰ প্রয়োজন৷ ৰস আস্বাদন কৰা বাসনা বা ইচ্ছা যাৰ নাই বা ৰস আস্বাদনৰ পৰম্পৰা বা পৰিৱেশ নাই সি অকল ভক্তিৰসেই নহয়, কোনো ৰসকে সি আস্বাদন কৰিব নোৱাৰে। বাসনাইহে মানুহক ৰস আস্বাদনৰ প্ৰেৰণা দিয়ে।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ড° সত্যেন্দ্র নাথ শর্মা গুৱাহাটী বিশ্ববিদ্যালয়ত কি বিশেষ সন্মানীয় আসনত অধিষ্ঠিত হৈছিল ?

উত্তৰ : ৰবীন্দ্ৰ নাথ ঠাকুৰ আসনত ৷

প্রশ্ন ২। ড° সত্যেন্দ্র নাথ শৰ্মা ৰচিত অসমীয়া সাহিত্যৰ বুৰঞ্জী বিষয়ক গ্ৰন্থখনৰ নাম কি? 

উত্তৰ ঃ ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত।”

প্রশ্ন ৩। ড° সত্যেন্দ্র নাথ শৰ্মাৰ গৱেষণা গ্রন্থখনিৰ নাম কি?

উত্তৰ : ‘Neo Vaisnavite Movement and Satra Institution of Assam | 

প্রশ্ন ৪। কোনখন গ্ৰন্থৰ বাবে ড° সত্যেন্দ্র নাথ শৰ্মাই অসম প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰিছিল? 

উত্তৰ : ‘ৰামায়ণৰ ইতিবৃত্ত’ নামৰ গ্ৰন্থৰ বাবে।

প্রশ্ন ৫। ড° সত্যেন্দ্র নাথ শৰ্মাই সম্পাদনা কৰা দুখনি গ্ৰন্থৰ নাম লিখা।

উত্তৰ : ‘অংকমালা’, ‘গীত-গোবিন্দ’। 

(চ) ড° সত্যেন্দ্ৰ নাথ শৰ্মাই ৰচনা কৰা ইংৰাজী গ্ৰন্থখনৰ নাম কি?

উত্তৰ: ‘Epics and Puranas’।

(ছ) ভৰত মুনিয়ে কাব্যস কেইপ্ৰকাৰৰ বুলি কৈছে?

উত্তৰ : আঠ প্ৰকাৰৰ বুলি কৈছে।

(জ) ক্ষন্তেকীয়া ভাবক আলংকাৰিকসকলে কি ভাব বুলি কৈছে?

উত্তৰ : ‘সঞ্চাৰী ভাব’ বুলি কৈছে। 

(ঝ) স্থায়ী ভাব কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ : স্থায়ীভাব ন প্ৰকাৰৰ। সেয়া হ’ল— ৰতি, হাস, শোক, উৎসাহ, ভয়, বিস্ময়, ক্রোধ, জুগুপ্সা আৰু শম।

(ঞ) ৰস কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ : ৰস ন প্ৰকাৰব। সেয়া হ’ল— শৃঙ্গাৰ, হাস্য, কৰুণ, বীৰ, ভয়ানক, অদ্ভুত, বৌদ্র, বীভৎস আৰু শাস্ত।

(ট) সঞ্চাৰী ভাবৰ দুটা উদাহৰণ দিয়া।

উত্তৰ: লজ্জা, আশংকা ইত্যাদি।

(ঠ) অংকীয়া নাটৰ উদ্দেশ্য কি?

উত্তৰ ঃ দৰ্শকক ভক্তিৰসত আকণ্ঠ নিমজ্জিত কৰোৱা। 

(ড) ‘কেলি গোপাল, ‘ৰুক্মিণী হৰণ’, ‘পাৰিজাত হৰণ’, ‘ৰাম বিজয়’ নাটত কি ৰস প্রকাশ পাইছে?

উত্তৰ : শৃঙ্গাৰাত্মক ভক্তিৰস প্রকাশ পাইছে। 

(ঢ) ‘সাহিত্য দর্পন’ গ্ৰন্থখনিৰ ৰচক কোন?

উত্তৰ : বিশ্বনাথ চক্রবর্তী।

(ণ) সাহিত্য দর্পন’ কি বিষয়ক গ্রন্থ?

উত্তৰ : অলংকাৰ বিষয়ক গ্রন্থ।

(ত) সকলো ৰস আস্বাদন কৰিবলৈ অন্তৰত কিহৰ প্ৰয়োজন?

উত্তৰ : বাসনাৰ প্ৰয়োজন।

(থ) ভক্তিৰস কেইপ্ৰকাৰৰ আৰু কি কি ? 

উত্তৰ : ভক্তিৰস পাঁচ প্ৰকাৰৰ, সেয়া হ’ল — শৃঙ্গাৰাত্মক ভক্তিৰস, দাস্য ভক্তিস, বাৎসল্য ভক্তিৰস, সম্য ভক্তিৰস আৰু শান্ত ভক্তিস। 

(দ) ‘ভোজন-বিহাৰ’, ‘কোটোৰা-খেল’ আদি নাটত কি ৰস প্রকাশ পাইছে?

উত্তৰঃ সখ্য ভক্তিৰস প্ৰকাশ পাইছে। 

(ধ) ‘অর্জুন-ভঞ্জন’, ‘চোৰধৰা’, ‘পিম্পৰা গুচোৱা’ নাটত কি ৰস প্রকাশ পাইছে?

উত্তৰঃ বাৎসল্য ভক্তিৰস প্রকাশ পাইছে।

(ন) ‘ভোজন-বিহাৰ’ নাটখন কাৰ ৰচনা?

উত্তৰঃ মহাপুৰুষ মাধৱদেৱৰ। 

(প) ‘ৰাম বিজয়’ নাটকখন কাৰ ৰচনা?

উত্তৰ : মহাপুৰুষ শংকৰদেৱৰ।

(ফ) প্রাচীন আলংকাৰিকসকলৰ মতে ৰস কেইপ্ৰকাৰৰ? 

উত্তৰঃ আঠ প্ৰকাৰৰ।

(ব) ভক্তি ৰস কোনে আস্বাদন কৰিব পাৰে?

উত্তৰ : ‘কৃষ্ণৰতি’ৰ প্ৰৱণতা যাৰ অন্তৰত সুপ্তভাৱে থাকে তেওঁহে ভক্তিৰস আস্বাদন কৰিব পাৰে৷

This Post Has 2 Comments

Leave a Reply