HS First Year Advance Assamese Solutions Chapter-8 ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা

HS First Year Advance Assamese Solutions Chapter-8 ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Advance Assamese Solutions Chapter-8 ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয় HS First Year Advance Assamese Solutions Chapter-8 ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা

Hs First Year Question Answer (Assamese Medium)

ইংৰাজী (English)Click Here
অসমীয়া Click Here
हिन्दीClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
তৰ্কবিদ্যা আৰু দর্শন (Logic & Philosophy)Click Here
পৰিৱেশ শিক্ষা ( Environmental Studies)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
সমাজতত্ত্ব (sociology)Click Here
অৰ্থনীতি (Economy)Click Here
ৰাজনীতি (Political Science)Click Here
ভূগোল (Geography)Click Here

HS First Year Advance Assamese Solutions Chapter-8 ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। ‘ভাবৰ যি ঘাত-প্রতিঘাতৰ কথা কোৱা হৈছে, তাৰ প্রথম জিলিঙনি সকলো হিত ছাত্র সমাজেই আগেয়ে পায়।’— কৃষ্ণকান্ত সন্দিকৈৰ প্ৰবন্ধটিৰ আলমত উক্ত মন্তব্যৰ বিশ্লেষণ কৰা। 

উত্তৰঃ দেশত হোৱা বিভিন্ন আন্দোলন আৰু পৰিৱৰ্তনৰ লগে লগে মানুহৰ মনত নতুন নতুন ভাৱ নতুন নতুন আশা আৰু আকাংক্ষাৰ উদয় হয়। যিবিলাক দেশর্ত এনে নতুন ভাবৰ আঘাত লাগিছে সেইবিলাক দেশত যদি সেই আঘাতৰ সমান বা তাতোকৈও বেছি প্ৰবল ভাবৰ প্ৰতিঘাত উঠে তেতিয়া সেই দেশবিলাকতে পৰিৱৰ্তন বেছি বেগেৰে হয় আৰু অধিক পৰিমাণে সফলো হয়।

এই ঘাত-প্রতিঘাতৰ জিলিঙনি সকলোতকৈ আগেয়ে পায় ছাত্র সমাজে আৰু ছাত্র সমাজে পোৱা এই জিলিঙনিৰ প্ৰভাৱতেই জাতীয় অৱস্থাৰ ক্ৰমবিকাশৰ ৰূপ আৰু প্ৰকৃতি অনেক পৰিমাণে পৰিষ্টুট হৈ ওলাই পৰে। ঊনবিংশ শতিকাৰ প্ৰথম ভাগৰ ৰুছ সাহিত্য সমালোচনা কৰিলে দেখা যায় পশ্চিম ইউৰোপৰ সভ্যতাই ৰুছ ছাত্ৰ আৰু শিক্ষিত যুৱকসকলৰ মনত পোনতে যি ভাবৰ হেন্দোলনি তুলিছিল তাক লৈ তেওঁলোকৰ মাজত প্ৰৱল উৎসাহপূর্ণ আলোচনা-সমালোচনা হৈছিল। ইয়াৰ ফলত ছাত্ৰ সমাজৰ মাজত সেই নতুন সভ্যতা গ্ৰহণ কৰা আৰু সেই নতুন সভ্যতা গ্রহণ নকৰি পৰম্পৰাগত ৰুছ সভ্যতাকে বাহাল ৰখা— এই দুটা দলত বিভক্ত হৈছিল। ইয়াৰ ফলত ৰুছ জাতীয় ঐতিহ্য ৰক্ষা কৰি নতুন ইউৰোপীয় সভ্যতা প্রচলনেৰে ৰুছ ছাত্র সমাজে এক ইতিহাস ৰচনা কৰিছিল। এই আন্দোলনৰ পাশ্চাত্য সভ্যতাৰ সংঘৰ্ষত ৰুছ ছাত্ৰ আৰু শিক্ষিত যুৱকসকলৰ মাজত যি ভাবৰ ঢৌ উঠিছিল তাক সমাজে অনুমান কৰিব পাৰি। এনেদৰে অলপ দিনৰ ভিতৰতে কছ দেশত যিবিলাক পৰিৱৰ্তন আৰু আন্দোলন হৈছে তাৰ মূলতে এই ভাবৰ ঘাত-প্রতিঘাত।

উদাহৰণস্বৰূপে, অকল কছ দেশৰ ছাত্ৰ-ছাত্ৰীসকলে লোৱা হৈছে যদিও প্রগতিশীল সকলো দেশৰে ছাত্ৰ সমাজৰ ক্ষেত্ৰত এই কথা খাটে। অৱশ্যে ভাৰতীয় ছাত্র সমাজৰ মাজত পাশ্চাতা ভাব আৰু চিত্তাৰ সমকক্ষ প্ৰৱল ভাবৰ প্ৰতিঘাত নোহোৱাত পাশ্চাত্য সত্যতাই আমাৰ ওপৰত অনেক প্ৰভাৱ বিস্তাৰ কৰিছে, কিন্তু ভাৰতীয় ঐতিহ্য ৰক্ষা কৰি সামাজিক আৰু জাতীয় জীৱন সফল কৰিবৰ কাৰণে তাক সঠিকভাৱে আয়ত্ত কৰি নিজৰ বশ কৰি কৰি ল’ব পৰা নাই। সেই কাৰণেই প্ৰাচ্য আৰু পাশ্চাত্য ভাবৰ সংঘৰ্ষত, অর্থাৎ ঘাত-প্রতিঘাততত জাতীয় আদর্শ গঠন কৰি তুলিবলৈ হ’লে ছাত্র সমাজৰ মাজেদিয়ে প্রথম বিকাশ হ’ব লাগিব। 

প্রশ্ন ২। ‘আদর্শই নতুন নতুন ভাব আৰু অনুভূতিৰ সোঁত বোৱাই আহুকাল, অসন্তোষ আৰু আনকি বিপ্লৱ সৃষ্টি কৰে কিন্তু ইয়াতে প্ৰাণৰ স্পন্দন আৰু জাতীয় জীৱনৰ হেন্দোলনি আৰম্ভ হয়। – কৃষ্ণকান্ত সন্দিকৈৰ ‘ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা’ প্ৰবন্ধৰ আলমত উক্ত মন্তব্যৰ সত্যতা বিচাৰ কৰা।

উত্তৰ : ব্যক্তিগত লাভালাভৰ ওপৰত এটা জাতীয় মর্যাদা আৰু আত্মসন্মান আছে, উপাধিতকৈও ওপৰত এটা চৰিত্ৰৰ গৌৰৱ আৰু জ্ঞানৰ গৌৰৱ আছে, খোৱা-পিন্ধাৰ বাহিৰেও কিছুমান চিৰন্তন সত্য আৰু অশৰীৰি মূল্য (Spiritual Values) আছে, এইবিলাক আদৰ্শৰ অনুশীলন কৰাটোও ছাত্র-জীৱনৰ লক্ষ্য হোৱা উচিত। তেনেদৰে আদৰ্শই আমাৰ সামাজিক আৰু জাতীয় জীৱন পৱিত্ৰ আৰু মহীয়ান কৰে। এই আদৰ্শৰ খাতিৰতে অনেকে শিক্ষাৰ ব্যৱস্থাত জ্ঞানতকৈ চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিকাশৰ ওপৰ অধিক গুৰুত্ব দিয়ে।

এইটো ঠিক যে আদর্শ এটা আহুকলীয়া বস্তু যিকোনো আদর্শকে প্রথমতে সকলোৱে পোনপটীয়াকৈ গ্ৰহণ কৰিব নোখোজে। কিয়নো একোটা আদর্শই মানুহৰ মনত পৰম্পৰাগত ভাবৰ সলনি নতুন নতুন ভাব আৰু অনুভূতিৰ সোঁত বোৱায়৷ তেতিয়াই মানুহৰ মনত নতুন 

আৰু পুৰণিক লৈ আহুকাল আৰু অসম্ভোষৰ সৃষ্টি হয়, পুৰণিক বাদ দি নতুনক প্রতিষ্ঠা বা নতুন প্রতিষ্ঠা নকৰি পুৰণিকে বাহাল ৰখা, অথবা পুৰণি ঐতিহ্য ৰক্ষা কৰিও নতুনক প্রতিষ্ঠা কৰাৰ এক প্ৰৱল বিপ্লৱ, আন্দোলনৰ সৃষ্টি হয়। ইয়ে কিছুমানৰ মনত বেমেজালি, অসন্তোষৰ সৃষ্টি কৰে আৰু নতুন আদর্শ প্রতিষ্ঠাৰ গৌৰৱে কিছুমানক আনন্দ দিয়ে। এই ব্যক্তিগত লাভালাভ, আহুকাল, বেমেজালি, সন্তোষ-অসত্তোষ, বিপ্লৱে আদিয়ে জাতীয় আৰু সামাজিক জীৱনত প্রভূত প্ৰভাৱ বিস্তাৰ কৰে, প্ৰাণৰ স্পন্দন তোলে, জাতীয় জাগৰণৰ হেন্দোলনি আৰম্ভ হয়।

প্রশ্ন ৩। ইউৰোপীয় আৰু ভাৰতীয় শিক্ষাৰ পাৰ্থক্যসমূহ কৃষ্ণকান্ত সন্দিকৈ ডাঙৰীয়াৰ প্ৰবন্ধৰ আলমত বিশ্লেষণ কৰা। 

উত্তৰ ঃ ইউৰোপীয় আৰু ভাৰতীয় শিক্ষাৰ আটাইতকৈ ডাঙৰ পাৰ্থক্য হৈছে স্কুলীয়া শিক্ষাত। পশ্চিম ইউৰোপৰ স্কুলবিলাকত আমাৰ বি এ-তকৈ ওখ ধৰণৰ শিক্ষা দিয়া হয়। উচ্চ শিক্ষাৰ কাৰণে বিশ্ববিদ্যালয়লৈ নগ’লেও হয়। ইংলেণ্ডৰ স্কুলবিলাকত শ্বেক্‌ছপীয়েৰ ভালকৈ পঢ়োৱা হয়। ইতিহাসত বিশ্ববিদ্যালয়ৰ সর্বোচ্চ ডিগ্ৰী পৰীক্ষাৰ কাৰণে পঢ়া অনেক কিতাপ স্কুলীয়া ল’ৰাই পঢ়িব লাগে। গ্ৰীক আৰু লেটিনৰ পাঠ্য আমাৰ বি এ-ৰ সংস্কৃততকৈ বেছি। বিজ্ঞান ৰীতিমতে পঢ়িব লাগে। জার্মানীত প্রাচীন, আধুনিক আৰু বৈজ্ঞানিক – এই তিনিবিধ শিক্ষাৰ যেই সেই এবিধক প্রধান বুলি ধৰি লৈ বেলেগ বেলেগ ৰুচিৰ ছাত্ৰৰ কাৰণে বেলেগ বেলেগ স্কুল পতা হৈছে। তাত স্কুলীয়া শিক্ষাৰ পয়োভৰ আৰু বেছি। অৱশ্যে নিজৰ ভাষাতে সকলোবিলাক পঢ়িব লাগে বুলি ইউৰোপীয় ছাত্ৰই আমাতকৈ বেছি সুবিধা পায়। কিন্তু ইউৰোপত স্কুলীয়া শিক্ষাৰ মূল মন্ত্ৰটোৱেই বেলেগ। আমাৰ কলেজবিলাকৰপৰা দুটা-এটা শ্ৰেণী নি স্কুলত্ জাপি দিলেই আমি তেনে শিক্ষা পাম বুলি আশা কৰিব নোৱাৰোঁ। ইউৰোপৰ বিশ্ববিদ্যালয়ৰ শিক্ষা নহ’লেও যাতে স্কুলীয়া শিক্ষাৰেই মানুহ শিক্ষিত হ’ব পাৰে, তাৰ ওপৰত লক্ষ্য ৰাখি স্কুলীয়া শিক্ষাৰ দিহা কৰা হৈছে। আনপক্ষে কিন্তু বিশ্ববিদ্যালয়ৰ শিক্ষা আমাতকৈ ভালকৈ আয়ত্ত কৰিব পাৰে।

ইউৰোপৰ ডিগ্ৰী পৰীক্ষাবিলাক আমাৰ ইয়াতকৈ টান নহয়। সেই কাৰণে সাধাৰণ ক্ষমতাৰ ভাৰতীয় ছাত্ৰয়ো ইউৰোপীয় বিশ্ববিদ্যালয়ত সর্বোচ্চ উপাধি লৈ আহিবলৈ টান নাপায়। ইউৰোপত এফালে উচ্চ শিক্ষা স্কুলীয়া শিক্ষাৰ শকত আৰু সুদৃঢ় ভেটিৰ ওপৰত প্রতিষ্ঠিত আৰু আনফালে এটা তাকৰীয়া নিৰ্বাচিত দলে জ্ঞান চৰ্চা আৰু গৱেষণা আৰম্ভ কৰে ডিগ্রী লোৱাৰ পাছত; —সি এটা জীৱন ব্যাপি সাধনা হৈ থাকে। ভাৰতৰ জাতীয় গঠনৰ কাৰণে সঁজুলি বিচাৰোঁতে সাধাৰণ শিক্ষাৰ বিষয়ত ইউৰোপীয় শিক্ষাৰ এই গুৰিটোলৈহে বেছি মন দিব লাগে।

ইউৰোপীয় স্কুলীয়া শিক্ষা উন্নত হ’লেও যিবিলাক বিশ্ববিদ্যালয়লৈ যাব নোৱাৰে তেওঁবিলাকৰ কাৰণে বিশ্ববিদ্যালয়ে এটা নতুন ধৰণৰ শিক্ষাৰ দিহা কৰিছে— যিটো দিহা ভাৰতীয় শিক্ষা ব্যৱস্থাত নাই। ইউৰোপৰ পেৰিচকে ধৰি কোনো কোনো বিশ্ববিদ্যালয়ত ছাত্রক দিয়া কোনো বক্তৃতাত জনসাধাৰণক এনেয়ে সোমাবলৈ দিয়া হয়। এই ব্যৱস্থা ভাৰতৰ কোনো বিশ্ববিদ্যালয়ত নাই। 

প্রশ্ন ৪। প্রসংগ সংগতি উল্লেখ কৰি ব্যাখ্যা কৰা— (ক) ‘তেজী সবল মন আৰু নিৰ্জীৱ মনৰ পাৰ্থক্য ইয়াতে।’

উত্তৰ ঃ উদ্ধৃত কথাফাকি প্রাচ্যবিদ্যাৰ ধীমান পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ ৰচিত ‘ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা’ নামৰ পাঠটিৰ অন্তৰ্গত। পাশ্চাত্য দেশৰ ছাত্ৰৰ আৰু ভাৰতীয় ছাত্ৰৰ মনোবল সম্পৰ্কত ক’বলৈ যাওঁতে এনেদৰে উল্লেখ কৰিছে। লেখকে পাশ্চাত্য দেশবোৰত নতুন সভ্যতা আৰু ভাবৰাশিৰ প্ৰৱেশ ঘটাৰ লগে লগেই তাৰ ছাত্ৰ সমাজত প্ৰৱল উৎসাহপূৰ্ণ সমালোচনা হয় আৰু সেই সভ্যতা আৰু ভাবৰাশি গ্ৰহণৰ সপক্ষে আৰু বিপক্ষে তেওঁলোকৰ তেজী সবল মনত নানান যুক্তিতৰ্কৰ অৱতাৰণা হয়। তাৰ পিছতহে পুৰণি ঐতিহ্য ৰক্ষা কৰি তেনেবোৰ নতুন সভ্যতা আৰু ভাবৰাশি তেওঁলোক গ্ৰহণ কৰে। ভাৰততো যেতিয়া পাশ্চাত তেনেবোৰ সভ্যতা আৰু ভাবৰাশিয়ে প্রভাৱ বিস্তাৰ কৰিছিল তেতিয়া ভাৰতীয় ছাত্র সমাজে আলোচনা-সমালোচনা কৰা নগৈছিল; বৰুং পোনপটীয়াকৈ তেনেবোৰ সভ্যতা আৰু ভাবৰাশি গ্ৰহণ কৰাৰ ফলত ভাৰতীয় সভ্যতাৰ অনেকখিনি হানি হৈছিল। এই সম্পৰ্কত লেখকে এটা সুন্দৰ উদাহৰণ দাঙি ধৰিছে, এপাত কাঁড় যদি এটা শিলৰ ওপৰত পৰেহি তেনেহ’লে সি তাত এটা চিন বহুৱাই উফৰি পৰিব; বোকাত পৰিলে তৎক্ষণাত লাগি ধৰিব। নতুন সভ্যতা আৰু ভাবৰাশিক কাঁড়, পাশ্চাত্য দেশৰ ছাত্ৰ সমাজৰ তেজী সবল মনক শিল আৰু ভাৰতীয় ছাত্র সমাজৰ নিৰ্জীৱ মনক বোকাৰ লগত তুলনা কৰি দেখুওৱা হৈছে।

(খ) ‘চৰিত্ৰবলৰ লগত শাৰীৰিক বলৰ সম্পর্ক আছে।’ 

উ: উদ্ধৃত কথাফাকি পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ ৰচিত ‘ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা’ নামৰ পাঠটিৰ অন্তর্গত।

মানুহ জীৱনৰ কাৰণে চৰিত্ৰ বলৰ লগে লগে শাৰীৰিক বলৰো যে প্রয়োজন এই সম্পর্কে ক’বলৈ যাওঁতে লেখকে এনেদৰে উল্লেখ কৰিছে।

ভাৰতীয় ছাত্রসমাজ আত্মসন্মান আৰু জাতীয় মর্যাদাবোধ সম্পর্কত সদায় সচেতন। তেওঁলোকৰ চৰিত্ৰ বল আৰু নিঃস্বার্থ ভাবো আছে। কিন্তু শাৰীৰিক বলৰ ক্ষেত্ৰত তেওঁলোক বেছিভাগেই হীন। জীৱনত যিকোনো ক্ষেত্ৰত জয়লাভ কৰিবলৈ চৰিত্ৰ বলৰ লগতে শাৰীৰিক বলৰো প্ৰয়োজন বেছি। চৰিত্ৰ বলত মহীয়ান এজন লোক যদি শাৰীৰিক বলত একেবাৰে দুৰ্বল তেনেহ’লে তেওঁ যিকোনো কামতে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। আমাৰ শিক্ষানীতি শাৰীৰিক বলৰ ক্ষেত্ৰত উদাসীন যদিও পাশ্চাত্য বিশ্ববিদ্যালয়ত শাৰীৰিক বল লাভৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে। তাত আনকি কুস্তি, যুযুৎসু বিদ্যা, বক্সিং, মালযুঁজ আদিৰ ব্যৱস্থা আছে আৰু তাৰ বাবে সুকীয়া শিক্ষকো ৰখা হৈছে। সেই কাৰণেই ইউৰোপীয় ছাত্র সবল, স্বাস্থ্যৱান আৰু যুঁজাৰু ৷

(গ) ‘ওখ খাপৰ জ্ঞান গৱেষণা সকলো দেশতে তাকৰীয়া মানুহৰ কাম।’ 

উত্তৰ : উদ্ধৃত কথাফাকি পণ্ডিতপ্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ ৰচিত ‘ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা’ নামৰ পাঠটিৰ অন্তৰ্গত। ওখ খাপৰ জ্ঞানৰ গৱেষণা কৰাটো যে সকলো লোকৰ কাৰণে সম্ভৱ নহয় তাকে বুজাবলৈ • যাওঁতে লেখকে এই কথাফাকি উল্লেখ কৰিছে।

ইউৰোপৰ স্কুলীয়া শিক্ষাতেই উচ্চ শিক্ষাৰ অনেকখিনি পাঠ্যক্ৰম জৰিত হৈ থাকে।ইউৰোপত উচ্চ শিক্ষা স্কুলীয়া শিক্ষাৰ শকত আৰু সুদৃঢ় ভেটিত ওপৰত প্রতিষ্ঠিত। সেই কাৰণেই এই স্কুলত অধ্যয়ন কৰি যোৱা ছাত্ৰ-ছাত্ৰীয়ে কলেজীয়া বা বিশ্ববিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিবলৈ উজু পায়। আনহাতে কলেজ বা বিশ্ববিদ্যালয়ত নপঢ়াকৈয়ো তেওঁলোকে স্কুলতে উচ্চ শিক্ষা লাভ কৰে। আনহাতে এটা তাকৰীয়া নিৰ্বাচিত ছাত্ৰইহে জ্ঞান চৰ্চা আৰু গৱেষণা আৰম্ভ কৰে ডিগ্ৰী লোৱাৰ পাছত তেওঁলোকৰ কাৰণে সি এটা জীৱনব্যাপি সাধনা হৈ থাকে। এনে সাধনা সকলোৰে কাৰণে সম্ভৱ নহয় কাৰণে সকলো দেশতে ওখ খাপৰ জ্ঞানৰ গৱেষণা তাকৰীয়া মানুহৰহে কাম হৈ পৰে।

(ঘ) ‘ৰাণী এলিজাবেথৰ জীৱনীতকৈ মুছলিনী বা গেৰিবল্ডিৰ জীৱনী নিশ্চয় বেছি উপকাৰী।’ 

উত্তৰ ঃ উদ্ধৃত কথাফাকি প্রাচ্যবিদ্যাৰ ধীমান পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ ৰচিত ‘ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা’ নামৰ পাঠটিৰ অন্তৰ্গত। ৰজা-মহাৰজা তথা ৰাজনৈতিক ব্যক্তিৰ জীৱনীতকৈ যে একোজন প্রতিভাৱান বীৰ বীৰাঙ্গনা তথা ব্যক্তিৰ জীৱনীয়েহে ছাত্ৰ-ছাত্ৰীক বেছি উপকৃত কৰে তাকে ক’বলৈ যাওঁতে লেখকে তুলনামূলকভাৱে উক্ত কথাষাৰি উল্লেখ কৰিছে। ৰাণী এলিজাবেথ ইংলেণ্ড তথা বৃটিছ সাম্ৰাজ্যৰ মহাৰাণী। ৰাজপৰিয়াল আৰু বৃটিছ পৰম্পৰা অনুসৰি তেওঁ এই পদত অধিষ্ঠিত হৈছে। তেওঁৰ জীৱনৰ কিবা বিশেষত্ব থাকিলেও সেই বিশেষত্বই ছাত্র সমাজক যিমানখিনি উপকৃত কৰিব তাতোকৈ মুছলিনী আৰু গেৰিবল্ডিৰ জীৱনৰ বিশেষত্ব আৰু আদৰ্শইছে ছাত্ৰসকলক বেছি উপকৃত কৰিব। কাৰণ মুছলিনীয়ে সাধাৰণ কমাৰৰ ঘৰত জন্ম লাভ কৰি নিজৰ কৰ্মপ্ৰেৰণা, উদ্যোগ আৰু কঠোৰ প্ৰচেষ্টাৰে ইটালীৰ শাসকৰ আসনত অধিষ্ঠিত হ’ব পাৰিছিল আৰু ঠিক সেইদৰেই গেৰিবৰ্ল্ডিয়েও সাধাৰণ সৈনিকৰ পৰা কঠোৰ শ্ৰমৰ অদ্ভুত সেনাবাহিনীৰ অধিনায়কৰ পদ লাভ কৰিছিল আৰু ইটালীৰ স্বাধীনতা ঘূৰাই আনিছিল। ৰাণী এলিজাবেথৰ জীৱনীতকৈ সেই কাৰণেই মুছলিনী আৰু গেৰিবল্ডিৰ জীৱনী ছাত্ৰ সমাজৰ কাৰণে নিশ্চয় বেছি উপকাৰী।

(ঙ) ‘আমাৰ সমাজৰ বৰ্তমান গঠন আধুনিক ৰাষ্ট্ৰৰ উপযোগী নহয়৷’ অথবা, সামাজিক ক্ষেত্ৰত ভণ্ডামিৰ পৰা আঁতৰ হৈ থাকো বুলিলে ছাত্র সমাজে বহুত কৰিব পাৰে।

উত্তৰ : উদ্ধৃত কথাফাকি পণ্ডিতপ্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ ৰচিত ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা’ নামৰ পাঠটিৰ অন্তৰ্গত। সামাজিক বিষয়ত ছাত্ৰৰ কৰ্তব্য কি সেই সম্পৰ্কে ক’বলৈ যাওঁতে লেখকে এনেদৰে উল্লেখ কৰিছে। আগৰ ভাৰতত ৰাষ্ট্র বান্ধনিতকৈ সমাজৰ বান্ধনি বেছি শকত আছিল। সেই কাৰণে ৰাষ্ট্ৰীয় বিপ্লৱৰ সময়তো ভাৰতীয় সমাজ বিপ্লৱৰ হাত সাৰি আছিল। ৰাষ্ট্ৰৰ স্বাৰ্থতকৈ সমাজৰ = স্বাৰ্থত বা নিজা সংঘাদিৰ স্বাৰ্থত কাম কৰিছিল। কিন্তু বর্তমান গাইগুটীয়া সংঘৰ ধাৰণা অতিক্ৰম কৰিহে আধুনিক একবাদী ৰাষ্ট্র বিকশিত হৈছে। এই কাৰণেই আজি ভাৰততো এক ৰাষ্ট্ৰৰ অংশীদাৰ হৈ এটা বিৰাট জাতি গঠন কৰিবলৈ জাতি আৰু সম্প্ৰদায়ৰ বিভাগ দূৰ কৰিব লাগিব। সামাজিক ক্ষেত্ৰত ছাত্র সমাজ ভণ্ডামিৰ পৰা সদায় আঁতৰত থকা দৰকাৰ। তেতিয়াহে বৰ্তমান সমাজ গঠন আধুনিক ৰাষ্ট্ৰৰ উপযোগী হৈ উঠিব।

কৃষ্ণকান্ত সন্দিকৈ

লিখক পৰিচিতি : প্রাচ্য-পাশ্চাত্যৰ এগৰাকী ধীমান পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হয় ১৮৯৮ চনৰ ১০ জুলাই তাৰিখে যোৰহাটত। তেওঁৰ পিতৃ মাতৃৰ নাম আছিল যথাক্রমে দানবীৰ ৰাধাকান্ত সন্দিকৈ আৰু নাৰায়ণী সন্দিকৈ। তেওঁ ১৯১৩ চনত প্ৰৱেশিকা, ১৯১৫ চনত কটন কলেজৰ পৰা আই এ, ১৯১৭ চনত কলিকতাৰ সংস্কৃত কলেজৰ পৰা সংস্কৃতত সম্মানসহ বি এ আৰু ১৯১৯ চনত সংস্কৃত বৈদিক শাখাৰ এম এ পৰীক্ষাত ১ম শ্রেণীত উত্তীর্ণ হয়। তাৰ পিছত তেওঁ বিলাতলৈ গৈ ১৯২৩ চনত ‘মদাৰ্ণ হিষ্টৰী’ত পুনৰ এম এ ডিগ্ৰী লৈ পেৰিছত দুবছৰ কাল তেওঁ বিভিন্ন ভাষা অধ্যয়ন কৰে আৰু ১৯২৭ চনত স্বদেশলৈ ঘূৰি আহে। ১৯৩০ চনত যোৰহাট জগন্নাথ বৰুৱা কলেজৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰা কৃষ্ণকান্ত সন্দিকৈদেৱে ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচার্য হিচাপে কার্যভাৰ গ্ৰহণ কৰি একেৰাহে দুটা কার্যকাল থাকি বিশ্ববিদ্যালয়খনৰ প্ৰগতিত প্রভূত অৰিহণা যোগায় তেওঁ ১৯৩৭ চনত অসম সাহিত্য সভাৰ আৰু ১৯৫১ চনত অখিল ভাৰতীয় প্ৰাচ্য বিদ্যা সন্মিলনৰ সংস্কৃত শাখাৰ সভাপতিৰ আসনত অধিষ্ঠিত হয়। ১৯৫৫ চনত ভাৰত চৰকাৰে ‘পদ্মশ্ৰী’ সন্মানেৰে তেওঁক সন্মানিত কৰে। ১৯৮২ চনৰ ৭ জুন তাৰিখে এইগৰাকী পণ্ডিতৰ দেহাৱসান ঘটে।

অসমীয়া ভাষাত কেবাটাও উচ্চ পর্যায়ৰ প্ৰবন্ধ লিখাৰ উপৰি ‘সন্মিলন প্ৰৱন্ধাৱলী’ (১৯১৯) গ্রন্থখনি সন্দিকৈদেৱে সম্পাদন কৰে। তেওঁৰ ৰচিত গ্রন্থবোৰ হ’ল— ‘Naishadha Charita of Sri Harsa (1934), Yasastalika and Indian Culture (1949), আৰু ‘Setubandha’ (1976)

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। ডঃ কৃষ্ণকান্ত সন্দিকৈৰ জীৱন আৰু সাহিত্য কৃতিৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰ : প্রাচ্য-পাশ্চাত্যৰ এগৰাকী অসাধাৰণ প্ৰতিভা তথা ধীমান পণ্ডিত ডঃ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হয় ১৮৯৮ চনৰ ২০ জুলাই তাৰিখে যোৰহাটত। তেওঁৰ পিতৃৰ নাম আছিল ক্রমে দানবীৰ ৰাধাকান্ত সন্দিকৈ আৰু নাৰায়ণী সন্দিকৈ তেওঁ ১৯১৩ চনত প্ৰৱেশিকা, ১৯১৫ চনত কটন কলেজৰ পৰা আই এ পাছ কৰি কলিকতাৰ কলেজত পঢ়িবলৈ যায়। কলিকতাৰ সংস্কৃত কলেজৰ পৰা ১৯১৭ চনত সন্মানসহ বি এ আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ১৯১৯ চনত সংস্কৃত বৈদিক শাখাত এম এ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লৈ পাছ কৰে। তাৰ পিছত তেওঁ বিলাতলৈ গৈ অক্সফোর্ড বিশ্ববিদ্যালয়ৰ পৰা পুনৰ ‘মদাৰ্ন হিষ্টৰী ত এম এ ডিগ্ৰী লৈ দুবছৰ কাল পেৰিছত বিভিন্ন ভাষা অধ্যয়ন কৰি প্ৰচুৰ ব্যুৎপত্তি লাভ কৰে। ইউৰোপৰ বিভিন্ন ভাষা-জ্ঞান লাভ কৰি ১৯২৭ চনত তেওঁ স্বদেশলৈ ঘূৰি আহে।

নিজ দেশলৈ ঘূৰি আহি তেওঁ প্ৰথমে পৈতৃক চাহ বাগিচাৰ পৰিচালনাৰ কামত আত্মনিয়োগ কৰে যদিও ১৯৩০ চনত যোৰহাট জগন্নাথ বৰুৱা কলেজত অধ্যক্ষ হিচাপে যোগদান কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচার্য। ১৯৪৮ চনৰ পৰা ১৯৫৭ চনলৈ দুটা কাৰ্যকালৰ বাবে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ পদত অধিষ্ঠিত হৈ বিশ্ববিদ্যালয়খনে ঠন ধৰি উঠাত প্ৰভুত বৰঙণি আগবঢ়ায়। ১৯৫১ চনত অখিল ভাৰতীয় প্ৰাচ্য বিদ্যা সন্মিলনৰ লৌকিক সংস্কৃত শাখাৰ সভাপতিৰ পদ অলংকৃত কৰা কৃষ্ণকান্ত সন্দিকৈদেৱে ১৯৫৫ চনত ভাৰত চৰকাৰৰ পৰা ‘পদ্মশ্ৰী’ আৰু ১৯৬৭ চনত ‘পদ্মভূষণ’ সন্মান লাভ কৰে। অসম সাহিত্য সভাই প্ৰৱৰ্তন কৰা উচ্চ সন্মান ‘সদস্য মহীয়ান’ সন্দিকৈদেৱকেই ১৯৭৮ চনত প্ৰথমে প্ৰদান কৰা হয়। ১৯৩৭ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিৰ আসন অলংকৃত কৰিছিল। অসম ছাত্ৰ সন্মিলনৰো তেওঁ আছিল মুখ্য উদ্যোক্তা। এই ছাত্র সম্মিলনৰ গোলাঘাটত অনুষ্ঠিত চতুৰ্দশ অধিৱেশনৰ আৰু যোৰহাট ছাত্ৰ সন্মিলনৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনতো তেওঁ সভাপতিত্ব কৰিছিল। ১৯৮২ চনৰ ৭ জুন তাৰিখে এই জন মহান জ্ঞান-তপস্বীৰ যোৰহাটতে দেহাৱসান ঘটে।

কৃষ্ণকান্ত সন্দিকৈৰ সাহিত্য-কৃতি আৰু প্ৰতিভা চিৰ জ্যোতিষ্মান। তেওঁ ছাত্ৰাৱস্থাৰে পৰা কবিতা আৰু প্ৰবন্ধাদি লিখি মাতৃভাষা সাহিত্যলৈ বৰঙণি আগবঢ়াই আহিছে। সেই সময়ৰ ‘বাহী’, ‘আলোচনী’ আদি কাকতত তেওঁৰ ভালেকেইটা মূল্যৱান প্রবন্ধ প্রকাশ পাইছিল। তেওঁৰ ৰচিত অসমীয়া গ্রন্থ বিশেষ নাই যদিও অসমীয়া ভাষাত লিখা বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পোৱা উচ্চমানৰ তেওঁৰ প্ৰবন্ধসমূহ তেওঁৰ মৃত্যুৰ পিছত প্ৰকাশ পোৱা ‘কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ’ নামৰ গ্ৰন্থত অন্তর্ভুক্ত কৰা হৈছে। তদুপৰি তেওঁৰ শিশু উপযোগী ভালেমান লিখনি প্রকাশ পাইছে। কৃষ্ণকান্ত সন্দিকৈ সম্পাদিত এখন গ্ৰন্থ হ’ল ‘সন্মিলন প্রবন্ধাৱলী’। এইখন অসম ছাত্র সন্মিলনৰ ভাবনা একত্র সংকলন।

কৃষ্ণকান্ত সন্দিকৈৰ অমৰ কীৰ্তি হ’ল তেওঁ ইংৰাজীত ৰচনা কৰা গ্ৰন্থসমূহ। এই গ্রন্থসমূহ হ’ল— ‘নৈষাধ চৰিত অব্ শ্রীহৰ্ষ’ (১৯৩৪) (Naishadha charita of Sri Harsha), আৰু যশস্তিলক এণ্ড ইণ্ডিয়ান কালচাৰ’ (১৯৪৯) (Yasastilaka and Indian Culture) ‘সেতুবন্ধ’ (১৯৭৬) (Setu Bandha)। এই গ্রন্থকেইখনে দেশ-বিদেশৰ বিদ্বৎ সমাজত প্ৰচুৰ সমাদৰ লাভ কৰিছে আৰু তেওঁৰ পাণ্ডিত্য, মহান প্ৰতিভাৰ চিনাকি দিছে।

প্রাচ্য-পাশ্চাত্যত সমাদৃত এই গৰাকী পণ্ডিতৰ অসমীয়া ভাষাত ৰচিত প্রবন্ধ-পাতিৰ সংখ্যা কম যদিও সেয়া আছিল অতি উচ্চমানৰ উচ্চ প্রশংসিত লিখনি। পণ্ডিত যজ্ঞেশ্বৰ শৰ্মাদেৱে এইক্ষেত্ৰত এনেদৰে মন্তব্য কৰিছে ‘তেওঁ অসমীয়াত মাত্ৰ কেইটামান প্রবন্ধ লিখিলে। অৱশ্যে সেইখিনি গোটা ধান, তাত পতান নাই। সেইখিনি প্ৰবন্ধ তেওঁৰ বিস্তৃত আৰু গভীৰ অধ্যয়নৰ ওপৰত প্রতিষ্ঠিত।’ মুঠতে মুষ্টিমেয় প্রবন্ধকেইটিয়ে আমাৰ গদ্য সাহিত্য আৰু গদ্য ৰীতিৰ পৰিপুষ্টি সাধন কৰাৰ উপৰি গদ্যক ওজস্বিতা দান কৰিছে। তেওঁৰ গদ্যশৈলী সংক্ষিপ্ত, প্রাঞ্জল, যুক্তিনিৰ্ভৰ আৰু অননুকৰণীয় ৷ 

HS First Year Advance Assamese Questions Answers

গোট ১ -কবিতাংশ

ক্ৰমিক নংপাঠলিংক
১. প্রহলাদ চৰিত্ৰ Click here
২. শিৱৰ কৃষিকর্ম Click here
৩. প্রিয়তমাৰ চিঠি: Click here
৪. পানেশৈ Click here
৫. পছোৱাৰ ডাক Click here
৬ .চামুৰাই Click here

গোট ২ – গদ্যাংশ

৭. শংকৰদেৱৰ বাল্যকাল Click here
৮. ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা Click here
৯. অংকীয়া নাটৰ ৰস বিচাৰ Click here

গোট ৩ – নাটক

১০. টিকেন্দ্রজিৎ Click here

গোট ৪ – চুটি গল্প

১১. যীশুখ্ৰীষ্টৰ ছবি Click here
১২. ভ্ৰষ্টলগ্ন Click here

গোট ৫ – সাহিত্য সমালোচনা

১৩. কবিতা Click here
১৪. নাটক Click here

গোট ৬ – ছন্দ

১৫. ছন্দ : ছন্দ্ৰ সংজ্ঞা, অক্ষৰ; মাত্রা; যতি, পৰ্ব, চৰণ; “স্তৱক; পদ বা পয়াৰ; ঝুমুৰী: কুসুমমালা, দুলড়ী: ছবি, লোছাৰি ছন্দ Click here

গোট ৭ – অসমীয়া সাহিত্যৰ বুৰঞ্জী

১৬. অসমীয়া কবিতা আৰু নাটকৰ পৰি Click here

প্রশ্ন ২। চমুটোকা লিখা।

উত্তৰ:১। হেগেল এওঁ আছিল জাৰ্মানীৰ প্ৰখ্যাত দার্শনিক। তেওঁৰ জন্ম হয় ষ্টাটগার্ড নামৰ ঠাইত। ধৰ্ম বিজ্ঞানৰ ছাত্ৰ হেগেলে ১৭৯৩ চনত পি এইচ ডি উপাধি লাভ কৰে। তেওঁ হাইডেনবাৰ্গ আৰু বার্লিন বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল। তেওঁৰ দার্শনিক গৱেষণাই ঊনবিংশ শতাব্দীৰ জাৰ্মান চিন্তাধাৰাক বিশেষভাৱে প্ৰভাৱান্বিত কৰিছিল। তেওঁৰ ৰচিত গ্রন্থ হ’ল— Phenomenology of the Spirit, Logic, Philosophy of Right.

২। টুর্গেনিভ  : এওঁ বিখ্যাত কছ লেখক। তেওঁৰ সম্পূৰ্ণ নাম হ’ল আইভান চাৰ্ভেভিছ টুৰ্গেনিভ । তেওঁ ভালেকেইখন উপন্যাস ৰচনা কৰে আৰু সেইবোৰত কৃষকৰ ওপৰত চলা অত্যাচাৰৰ কাহিনী বর্ণনা কৰা হৈছে। তেওঁৰ ৰচিত গ্রন্থসমূহ হ’ল— A nest of Gentle Folk, Father and sons, Smoke, Vergin soil আদি। 

৩। কুইণ্টিলিয়ান এগৰাকী প্ৰভাৱশালী প্রাচীন লেটিন লেখক। তেওঁ শিক্ষাত জ্ঞানৰ প্ৰেৰণাতকৈ চৰিত্ৰৰ সাধনক বেছি গুৰুত্ব দিছিল।

৪। নিটচে এওঁ প্রখ্যাত জার্মান লেখক। ইংৰাজীত অনূদিত তেওঁৰ উল্লেখযোগ্য গ্রন্থ হ’ল – Thus Spake Zarathustra, Beyond Good and Evil. 

৫। পিণ্ডাৰ : এওঁ গ্ৰীচ লেখক। গ্ৰীচৰ জাতীয় খেল অলিম্পিকৰ বিজয়ী বীৰসকলৰ গম্ভৰ বীৰগাথা ৰচনা কৰি এওঁ পুৰস্কৃত হৈছিল। এওঁৰ সময় হ’ল খৃঃ পূঃ ৫১৮-৪৩৮ লৈ। তেওঁৰ এতিয়ালৈ পোৱা একমাত্ৰ গ্ৰন্থখনি হ’ল Epinicia (বা Victory Odes)।

৬। ইউৰিপিডিচ (খৃঃপূঃ ৪৮০-৪০৭) ঃ প্রাচীন গ্ৰীচৰ সৰ্বশ্ৰেষ্ঠ বিয়োগান্ত নাট ৰচয়িতা। তেওঁ নব্বৈখন নাট ৰচনা কৰি অমৰ হৈ গৈছে। তাৰ ভিতৰত মিডিয়া (Medea), আলচেষ্টিছ (Alcestis), ইলেক্ট্রা (Electra), হিপ লিটাচ (Hippolytus) আদি উল্লেখযোগ্য।

৭। ভাৰবি : কালিদাসোত্তৰ কালৰ এগৰাকী প্রখ্যাত কবি। ‘অৱন্তী সুন্দৰী কথা’ৰ মতে ভাৰবিৰ আন নাম ‘দামোদৰ’। অষ্টাদশসৰ্গ বিশিষ্ট ‘কিৰাতাৰ্জুনীয়’ ভাৰবিৰ অমৰ কাব্য। অৰ্থ গৌৰৱত ভাৰবি অদ্বিতীয়। ভাব আৰু ভাষাৰ অপৰূপ প্ৰকাশভঙ্গীয়ে ভাৰবিৰ কাব্যক অনন্য কৰি ৰাখিছে।

৮। অর্জুন ঃ কুম্ভীৰ গৰ্ভত জন্ম লাভ কৰা পঞ্চপাণ্ডৱৰ এওঁ তৃতীয়জন। এওঁ ইন্দ্ৰৰ ঔৰসত জন্ম লাভ কৰিছিল। এওঁ আছিল দ্রোণাচাৰ্যৰ অতি প্রিয় শিষ্য। মহাভাৰতৰ যুদ্ধত স্বয়ং শ্ৰীকৃষ্ণ এওঁৰ ৰথৰ সাৰথি আছিল। মহাদেৱক সন্তুষ্ট কৰি এওঁ তেওঁৰ পৰা পাশুপাত অস্ত্র লাভ কৰিছিল।

৯৷ ৰাণী এলিজাবেথ (খৃঃ ১৫৩৩–১৬০৩) : ইংলেণ্ডৰ ৰাণী। ২৫ বছৰতে সিংহাসনত উপবিষ্ট হৈ ৪৫ বছৰ কাল এওঁ ৰাজত্ব কৰে। এওঁৰ ৰাজত্ব কালৰ উল্লেখযোগ্য ঘটনাবোৰ হ’ল— প্ৰটেষ্টাণ্ট ধৰ্ম ইংলেণ্ডৰ ৰাজধৰ্মৰূপে স্বীকৃত, স্পেনীয় ৰণৰী ‘আর্মাডা’ৰ পৰাজয়, স্কটলেণ্ডৰ ৰাণী মেৰী টুৱাৰ্টৰ প্ৰাণদণ্ড, শ্বেক্‌ছপীয়েৰ প্রভৃতি অনেক বিখ্যাত লেখক, কবি তথা নাট্যকাৰৰ অভ্যুদয় আদি। তেওঁৰ দিনতেই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতলৈ বেপাৰ কৰিবলৈ আহে ৷

১০। মুছোলিনী (১৮৮৩-১৯৪৫)  : ইটালীৰ ভেৰিয়াৰ প্ৰিদাপ্লিত গাঁৱত জন্মগ্রহণ কৰা মুছোলিনীৰ সম্পূৰ্ণ নাম হ’ল চিনৰ বেনিটো মুছোলিনী। তেওঁৰ পিতৃৰ নাম আছিল আলেচান্দ্রো ৷ তেওঁৰ পিতৃ বৃত্তিত কমাৰ আছিল। মুছোলিনীয়ে কলেজত অধ্যয়ন কৰি প্ৰথমে শিক্ষকতা কৰিছিল যদিও কৰ্তৃপক্ষৰ লগত হোৱা মনোমালিন্যৰ কাৰণে এই কাম বাদ দি ‘II Popolo’ নামৰ বাতৰিকাকতৰ লগত জড়িত হৈ পৰে। পিছত তেওঁৰ এক বিশেষ দোষত দোষী সাব্যস্ত কৰি নিৰ্বাসন দণ্ড বিহে। তাৰ পিছত তেওঁ ‘Latotta Di Classi’ নামৰ বাতৰিকাকত এখন উলিয়াই জনপ্রিয়তা অর্জন কৰে। এই জনপ্ৰিয়তাৰ ফলতেই তেওঁ ফেচিষ্ট দল গঠন কৰি প্ৰথমে ইটালীৰ প্ৰধানমন্ত্ৰী আৰু পিছত ইটালীৰ শাসক হিচাপে অধিষ্ঠিত হয়। কিন্তু দুবছৰ পিছতে তেওঁ আততায়ীৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হয়।

১১। গেৰিবল্ডি (খৃঃ ১৮০৭-১৮৮২) : এওঁ এজন ইটালীৰ বিখ্যাত সৈনিক আৰু দেশপ্রেমিক ব্যক্তি। চৰকাৰৰ বিৰুদ্ধে বিদ্রোহ কৰাৰ কাৰণে তেওঁক মৃত্যুদণ্ড বিহাত তেওঁ দক্ষিণ আমেৰিকালৈ পলাই যায়। তাৰ পিছত তেওঁ মাতৃভূমিলৈ ঘূৰি আহি যুদ্ধত লিপ্ত হয় আৰু এক বিৰাট সেনাবাহিনীৰ অধিনায়ক হৈ ইটালীৰ স্বাধীনতা ঘূৰাই আনে। তেওঁৰ স্বেচ্ছাসেৱক বাহিনীৰ নাম আছিল ‘Red Shirt’.

১২। টলষ্টয় (খৃঃ ১৮২৮-১৯১০)  : টলষ্টয়ৰ পূৰা নাম কাউন্ট লিও নিকোভিলাছ টলষ্টয়। খ্যাতনামা কছ সাহিত্যিক। মানৱ প্ৰেম আৰু ঈশ্বৰ বিশ্বাসেই আছিল তেওঁৰ সাহিত্যৰ মূলধন। তেওঁৰ অমৰ সৃষ্টিসমূহৰ ভিতৰত হ’ল– War and Peace, Anna Karenina’. The end of the age, The power of Darkness ইত্যাদি। 

১৩। ডষ্টয়েভস্কি (১৮২১-১৮৮১) ঃ বিখ্যাত কছ ঔপন্যাসিক। মস্কোেত জন্মগ্রহণ কৰা এইজনা বিখ্যাত লেখকক ৰাজনৈতিক কাৰণত দোষী সাব্যস্ত কৰি ১৮৪৯ চনত চাইবেৰিয়ালৈ নির্বাসিত কৰে। তেওঁৰ যুগজয়ী উপন্যাস হ’ল— Poor People, Crime and Punishment, The Ediot, The Possess, Brothers Karamazov আদি। 

১৪। অজন্তা [HS-2017] : মহাৰাষ্ট্ৰৰ ঔৰাংগাবাদ জিলাৰ এখনি সৰু গাঁও। বৌদ্ধ যুগৰ গুহাশিল্পৰ বাবে ঠাইখন আজিও বিশ্ববিখ্যাত। খৃঃপূঃ ২-৭ শতাব্দীৰ ভিতৰত এই শিল্পসমূহ খোদিত কৰা হৈছিল বুলি পণ্ডিতসকলে ঠিৰাং কৰিছে। এইবিলাকৰ পৰা ইতিহাসৰ অনেক তথ্য পোৱা যায়।

১৫। তক্ষশীলাবর্তমান পাকিস্তানৰ অন্তৰ্গত এখনি প্রাচীন নগৰী। ই ভৰতপুত্ৰ তত্ক্ষৰাজৰ ৰাজধানী আছিল৷ ইয়াত থকা বিশ্ববিদ্যালয়খনিত বেদ, দর্শন, বিজ্ঞান আৰু বিভিন্ন শিল্প কলাৰ শিক্ষা দিয়া হৈছিল। খনন কার্য চলাই অনেক প্রত্নতাত্ত্বিক সমল উদ্ধাৰ কৰা হৈছে।

১৬। নালন্দা  : পুৰণিকালৰ এখনি প্ৰসিদ্ধ বিদ্যায়তনিক কেন্দ্রস্থল। এইখন ঠাই বর্তমান বড়গাঁও ৰূপে পৰিচিত। চীনা পৰিব্ৰাজক হিউৱেন চাং ইয়ালৈ আহি অধ্যক্ষ শীলভদ্ৰৰ ওচৰত বৌদ্ধশাস্ত্র অধ্যয়ন কৰিছিল। দেশ-বিদেশৰ নানা ছাত্ৰই নালন্দা বিশ্ববিদ্যালয়ত আহি শিক্ষা গ্ৰহণ কৰিছিল। তুর্কীৰ আক্ৰমণত ঐতিহ্যময় নালন্দা ধ্বংসস্তূপত পৰিণত হয়।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। কৃষ্ণকান্ত সন্দিকৈয়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা কি বিষয়ত এম এ উপাধি লৈছিল?

উত্তৰ : সংস্কৃত বৈদিক শাখা বিষয়ত।

প্রশ্ন ২। কৃষ্ণকান্ত সন্দিকৈয়ে অক্সফোর্ড বিশ্ববিদ্যালয়ৰ পৰা কি বিষয়ত এম এ উপাধি লৈছিল?

উত্তৰ ঃ ‘মদাৰ্ণ হিষ্টী’ বিষয়ত।

প্রশ্ন ৩। কৃষ্ণকান্ত সন্দিকৈয়ে ভাৰত চৰকাৰৰ পৰা কি সন্মান লাভ কৰিছিল?

উত্তৰ‘: পদ্মশ্ৰী’ সন্মান।

প্রশ্ন ৪। অসম সাহিত্য সভাই কৃষ্ণকান্ত সন্দিকৈক কিসন্মানেৰে সন্মানিত কৰিছিল?

উত্তৰ : ‘সদস্য মহীয়ান’ সন্মানেৰে।

প্রশ্ন ৫। কৃষ্ণস্ত সন্দিকৈয়ে সম্পাদনা কৰা অসমীয়া গ্ৰন্থখনৰ নাম কি? 

উত্তৰ: সন্মিলন প্ৰৱন্ধাৱলী’।

প্রশ্ন ৬। কৃষ্ণ কান্ত সন্দিকৈৰ ৰচিত এখনি গ্ৰন্থৰ নাম লিখা।

উত্তৰ: ‘Stubandha’ (সেতুবন্ধ)।

প্রশ্ন ৭। হেগেল কোন আছিল?

উত্তৰ : জার্মান দার্শনিক। 

প্রশ্ন ৮। ৰাচী ছাত্রবিলাকৰ এটা বিশেষত্ব কি?

উত্তৰ: তৰোৱাল খেলা। 

প্রশ্ন ৯। টলষ্টয় আৰু ডষ্টয়েভস্কি কোন দেশৰ লেখক?

উত্তৰ : ৰুছ দেশৰ।’

প্রশ্ন ১০। টুৰ্গেনিভ নামৰ লেখকজনৰ সম্পূৰ্ণ নাম কি? 

উত্তৰ: আইভান ছাৰ্ভেভিছ টুগেনিভ।

প্রশ্ন ১১। ‘ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা’ পাঠটো প্রথমে ক’ত প্ৰকাশ পাইছিল?

উত্তৰ: ‘মিলন’ অষ্টম বছৰ, প্রথম সংখ্যাত।

প্রশ্ন ১২। এক ৰাষ্ট্ৰৰ অংশীদাৰ হৈ এটা বিৰাট জাতি গঠন কৰিবলৈ হ’লে ভাৰতীয়সকলে কি কৰিব লাগিব ?

উত্তৰ: জাতি আৰু সম্প্ৰদায়ৰ বিভাগ দূৰ কৰিব লাগিব। 

প্রশ্ন ১৩। ভাৰতৰ এখন প্রাচীন বিশ্ববিদ্যালয়ৰ নাম লিখা।

উত্তৰ: নালন্দা

প্রশ্ন ১৪। মুছলিনীৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ চিনৰ বেনিটো মুচোলিনী।

প্রশ্ন ১৫। ‘ৱাৰ এণ্ড পিচ’ (War and Peace) নামৰ গ্ৰন্থখনৰ লেখক কোন? 

উত্তৰঃ টলষ্টয়।

This Post Has 2 Comments

Leave a Reply