HS First Year Advance Assamese Solutions Chapter-6 চামুৰাই

HS First Year Advance Assamese Solutions Chapter-6 চামুৰাই। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Advance Assamese Solutions Chapter-6 চামুৰাই AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয় HS First Year Advance Assamese Solutions Chapter-6 চামুৰাই

Hs First Year Question Answer (Assamese Medium)

ইংৰাজী (English)Click Here
অসমীয়া Click Here
हिन्दीClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
তৰ্কবিদ্যা আৰু দর্শন (Logic & Philosophy)Click Here
পৰিৱেশ শিক্ষা ( Environmental Studies)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
সমাজতত্ত্ব (sociology)Click Here
অৰ্থনীতি (Economy)Click Here
ৰাজনীতি (Political Science)Click Here
ভূগোল (Geography)Click Here

HS First Year Advance Assamese Solutions Chapter-6 চামুৰাই

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। চামুৰাই কোন? কবিতাটিত চামুৰাইৰ কথা কিয় কোৱা হৈছে? 

উত্তৰ : চামুৰাই হ’ল কপিলীপাৰত বাস কৰা এগৰাকী মাতৃভূমিৰ প্ৰতি প্ৰাণ উছৰ্গা কৰিব পৰা অখ্যাত সৈনিক, যাৰ উপৰিপুৰুষ মৰাণ সেনাক খেদি পুনৰ আহোম ৰজাক ৰাজপাটত বহুৱাবলৈ ফিৰিঙি সেনাৰ সৈতে সুদূৰ বিপাশা নদীৰ পাৰৰ পৰা অসমলৈ আহিছিল আৰু অসমকে মাতৃভূমি হিচাপে আকোঁৱালি লৈ কপিলীৰ পাৰত স্থায়ীভাৱে থাকি গ’ল।

চামুৰাই নিজেই এগৰাকী দেশৰক্ষাৰ্থে প্ৰাণাহুতি দিবলৈ সাজু থকা দেশপ্রেমী সৈনিক। তদুপৰি তেওঁৰ ভাতৃয়ে দেশৰ হকে যুঁজি লাডাখৰ হিমচেঁচা বৰফৰ মাজত মৃত্যুবৰণ কৰিছে, পিতৃয়ে ফাচীকাঠত ওলমি শ্বহীদ হৈছে আৰু ককাদেউতাক, ককাদেউতাকৰ ককাকেও দেশৰ হকেই প্রাণাহুতি দিছে। এনে এটি মহান গাঁথাৰ কাহিনীকেই চামুৰায়ে নিজেই কবিতাটিৰ জৰিয়তে বৰ্ণনা কৰিছে। এই কাৰণেই কবিতাটিত চামুৰাইৰ কথা কোৱা হৈছে।

প্রশ্ন ২। ‘জননীৰ জঠৰ কাৰাত বন্দী’ বুলি কিয় কোৱা হৈছে?

উত্তৰ ঃ কাৰাগাৰত বন্দীসকলে বন্দী হৈ থাকিবলগীয়া হয়; ইচ্ছা কৰিলে তেওঁলোক তাৰ পৰা ওলাই আহিব নোৱাৰে। ঠিক সেইদৰে মাতৃ-গৰ্ভত থকা সম্ভানো লৰচৰ কৰিব বা ইচ্ছা কৰিলেই ওলাই আহিব নোৱৰাকৈ বন্দী হোৱাৰ দৰে জঠৰ হৈ সোমাই থাকে, জন্ম নোহোৱা পর্যন্ত। নিজৰ পিতৃয়ে আইতাকক সেৱা কৰি মাতৃভূমি ৰক্ষাৰ্থে যুঁজলৈ যোৱাৰ সময়ত চামুৰাইৰ জন্ম হোৱা নাছিল, মাকৰ গৰ্ভতে আছিল। সেই কাৰণেই সেই সময়ত চামুৰায়ে নিজেই জননীৰ জঠৰ-কাৰাত বন্দী হৈ আছিল বুলি কৈছে।

প্রশ্ন ৩। চামুৰাইৰ উপৰিপুৰুষসকলে অসম ভূমিত কেতিয়া আৰু কেনেকৈ পদার্পণ কৰিছিল?

উত্তৰ ঃ চামুৰাইৰ উপৰিপুৰুষসকল আছিল অসিজীৱি, অর্থাৎ মাতৃভূমিৰ ৰক্ষার্থে যুঁজা লোক। তেওঁলোকৰ বাসস্থান আছিল বহুদূৰৰ বিপাশা নদীৰ পাৰ। অসমত বিদ্ৰোহী মৰাণে অসমৰ ৰজাক পদচ্যুত কৰাত সেই বিদ্ৰোহী মৰাণক খেদি ৰজাক পুনৰ ৰাজপাটত বহুৱাবলৈ ফিৰিঙি সেনাৰ লগত চামুৰাইৰ উপৰিপুৰুষসকল অসমলৈ আহিছিল আৰু অসমৰ মোহনীয় ৰূপত মোহিত হৈ সেইসকল অসমতে থাকি গ’ল। তেওঁলোকে কপিলীপাৰত বসতি স্থাপন কৰিলে।

প্রশ্ন ৪। চামুৰাইৰ উপৰিপুৰুষে আহোম ৰজাৰ আগত কি প্রতিজ্ঞা কৰিছিল?

উত্তৰ ঃ বিদ্রোহী মৰাণক খেদি আহোম ৰজাক পুনৰ ৰাজপাটত বহুৱাই অসমতে থাকি যোৱা চামুৰাইৰ উপৰিপুৰুষে আহোম ৰজাৰ আগত প্ৰণাম জনাই এই বুলি প্রতিজ্ঞা কৰিছিল যে তেওঁলোকে অসমকে নিজৰ মাতৃভূমি হিচাপে আকোঁৱালি লৈ অসমতে থাকিব। যেতিয়াই ৰজাই তেওঁলোকক আদেশ দিব তেতিয়াই তেওঁলোকে ৰজা আৰু ৰাইজৰ বাবে, দেশৰ বাবে তাৰ বিনিময়ত কৰ হিচাবে দিব তেওঁলোকৰ বুকুৰ তেজ; অর্থাৎ ৰজা আৰু ৰাইজ, দেশৰ বাবে প্ৰাণ আহুতি দিবলৈ তেওঁলোকে সাজু থাকিব।

প্রশ্ন ৫। ‘হাৰাকিৰি’ কি?

উত্তৰ ঃ ‘হাৰাকিৰি’ৰ অৰ্থ হ’ল— নিজকে আঘাত কৰি আত্মহত্যা কৰা। চামুৰাইৰ ককাদেউতাকৰ ককাকে হাদিৰাচকীৰ ৰণত হাৰি বিপক্ষ সৈন্যৰ হাতত বন্দী হৈ গোলামী জীৱন অতিবাহিত কৰাতকৈ মৃত্যুৱেই শ্ৰেষ্ঠ বুলি ভাবি নিজৰ অস্ত্ৰৰেই নিজক আঘাত কৰি ‘হাৰাকিৰি’ অর্থাৎ আত্মহত্যা কৰিছিল।

প্রশ্ন ৬। চামুৰাইৰ দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰা। 

উত্তৰঃ চামুৰাই এগৰাকী দেশপ্রেমিক, সৈনিক। দেশপ্রেমিক যোদ্ধা উপৰিপুৰুষৰ তেওঁ সস্তান। তেওঁৰ গোটেই বংশ-পৰিয়ালেই দেশৰ হকে প্রাণ আহুতি দিয়াৰ নিদৰ্শন আছে। তেওঁলোক অতীজতে বহুদূৰৰ বিপাশা নদীৰ পাৰৰ বাসিন্দা আছিল যদিও মৰাণ বিদ্ৰোহ দমনৰ উদ্দেশ্যে অহা তেওঁৰ উপৰিপুৰুষসকল অসমতে থাকি গ’ল আৰু অসমক মাতৃভূমি হিচাপে মনে-প্রাণে আকোৱালি ল’লে। সেইসকলৰেই সন্তান সৈনিক চামুৰাই ৷ মাতৃভূমিৰ হকে প্ৰাণ আহুতি দিবলৈ সততে সাজু থকা চামুৰায়ে নিজেই কৈছে তেওঁৰ গাত লাচিত, শিৱাজীৰ তেজৰ ধাৰা বৈ আছে। মাতৃভূমিৰ বাবে প্ৰাণ উছৰ্গা কৰা বীৰ তথা মহান লোকসকলৰ ছবি নিচিনা বা তেওঁলোকৰ বিষয়ে আজিৰ বহুতে একো নজনাত চামুবায়ে খেদ প্ৰকাশ কৰিছে। এতিয়াও তেওঁ তেওঁৰ উপৰিপুৰুষ মহান যোদ্ধাসকলৰ দৰেই মূৰত পাগুৰি মাৰি তাত ফণি খুচি লৈ সাহসী সৈনিকৰ দৰে মাতৃভূমিৰ বাবে সততে সাজু হৈ থাকে। এইবিলাক কথা আৰু কাৰ্যৰ পৰা তেওঁৰ দেশপ্ৰেমৰ নিদৰ্শন পোৱা যায় ৷

প্রশ্ন ৭। চামুৰাইৰ উপৰিপুৰুষৰ পৰিচয় দাঙি ধৰা।

উত্তৰ ঃ চামুৰাইৰ উপৰিপুৰুষসকলৰ বাসস্থান আছিল বিপাশ নদীৰ পাৰত। সেইসকলৰ বংশধৰ বর্তমানেও বিপাশা নদীৰ দুয়োপাৰ আৰু ৰাজপুতনাত আছে। বিদ্ৰোহী মৰাণসকলে আহোম ৰজাক পদচ্যুত কৰাত এই বিদ্ৰোহীক খেদি পুনৰ আহোম ৰজাক বাজপাটত বহুৱাবলৈ ফিৰিঙি সেনাৰ লগত চামুৰাইৰ উপৰি পুৰুষসকল অসমলৈ আহিছিল আৰু ৰজাক পুনৰ ৰাজপাটত বহুৱাই তেওঁলোক অসমতে থাকি গ’ল৷ তেওঁলোকে অসমকে নিজ মাতৃ-ভূমি হিচাপে আকোৱালি লৈ ৰজা আৰু ৰাইজৰ হকে প্রাণ দিবলৈ প্ৰতিজ্ঞা কৰিলে। চামুৰাইৰ পিতৃয়ে গান্ধীৰ আহ্বানত দেশৰ হকে যুঁজিবলৈ গৈ ফঁাচীকাঠত ওলমিবলগীয়া হ’ল। নিজ ভাতৃয়ে দেশৰ হকে যুঁজি লাডাখৰ হিমচেঁচা বৰফত প্ৰাণত্যাগ কৰে। ককাদেউতাক আৰু ককাদেউতাকৰ ককাকেও মাতৃভূমি বক্ষার্থেই যুঁজি মৃত্যুবৰণ কৰে।

এনেকৈয়ে চামুৰাইৰ পূৰ্বপুৰুষসকলে দেশ তথা মাতৃভূমিৰ ৰক্ষাৰ্থে যুঁজি মৃত্যুবৰণ কৰে।

মহেন্দ্ৰ বৰা (১৯২৯-১৯৯৭)

কবি পৰিচিতি  : আধুনিক কবি আৰু নতুন সাহিত্যৰ এগৰাকী উৎসাহী সমর্থক মহেন্দ্ৰ বৰাৰ জন্ম হয় ১৯২৯ চনত ডিব্ৰুগড়ৰ টিংখঙত। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম এ পাছ কৰাৰ পিছত তেওঁ একাধিক মহাবিদ্যালয়ত কাম কৰে আৰু শেষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপক, মুৰব্বী অধ্যাপক আৰু লক্ষ্মীনাথ বেজবৰুৱা আসনৰ অধ্যাপকৰূপে কাম কৰি অৱসৰ গ্ৰহণ কৰে।

আধুনিক সাহিত্য-জগতত এগৰাকী উল্লেখযোগ্য কবি হিচাপে প্রতিষ্ঠা লাভ কৰা মহেন্দ্ৰ বৰা আছিল একেধাৰে কবি, সমালোচক, অনুবাদক, ছন্দ-শিল্প আৰু লিপি-তত্ত্বৰ বিশ্লেষক, সাংবাদিক আৰু ভাষাতত্ত্বৰ একান্ত সাধক। তেওঁৰ ৰচিত কাব্যগ্রন্থ হ’ল— ‘জাতিষ্মৰ’, ‘এই নদীয়েদি’, ‘ৰূপৰ টিলিঙাৰ মাত’, ‘আলি দোমোজাৰ ক্ৰুছৰ পৰা’, ‘নীলা ধঁতুৰাৰ ফুল’ আদি; তত্ত্বমূলক গ্ৰন্থ হ’ল— ‘অসমীয়া কবিতাৰ ছন্দ’, ‘ৰমন্যাসবাদ’, ‘সাহিত্য উপক্রমণিকা’, ‘ফুল, তৰা আৰু গান’, ‘সাহিত্য আৰু সাহিত্য’, ‘অসমীয়া ছন্দৰ শিল্প তত্ত্ব’, ‘গৱেষণা প্রণালী তত্ত্ব’ আদি; অনুবাদ গ্রন্থ হ’ল— ‘গালিভাৰ’, ‘ডনকুইকছট’, ‘ৰজা’, ‘বিনোদিনী’, ইয়ার্লিং’, ‘দেশে দেশে গল্প’, ‘পিনিক্কিঅ’’, ‘নীল সাগৰৰ সাধু’, ‘ভূত’, সীতা’, ‘পিটাৰপেন’, ‘মহাভাৰত’ আদি।

ইয়াৰ উপৰি তেওঁৰ সম্পাদিত গ্রন্থ হ’ল— ‘নতুন কবিতা’, ‘আনন্দচন্দ্ৰ আগৰৱালা গ্রন্থাৱলী’, ‘দুর্গেশ্বৰ শৰ্মা ৰচনাৱলী’ আদি। তেওঁ ইংৰাজী গ্ৰন্থও ৰচনা কৰিছিল; সেয়া হ’ল— ‘The Evolution of Assamese Scripts’, ‘Fundamentals of Assamese Metre’, ‘1857 in Assam’, ‘The Swooping Sparrow’ আদি। ‘উপলা নদীৰ দৰে’ নামৰ এখনি আত্মজীৱনীও তেওঁ লিখি থৈ যায়। ‘গীতা শাস্ত্ৰ’ৰ কাব্যিক অনুবাদো তেওঁৰ অন্যতম অৱদান। ১৯৭৬ চনত পাঠশালাত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৫৩তম অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল। ১৯৯৭ চনত এইজনা কবি-সাহিত্যিকৰ পৰলোকপ্ৰাপ্তি হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। ‘চামুৰাই’ কবিতাৰ মূলকথাখিনি চমুকৈ লিখা।

উত্তৰ ঃ ‘চামুৰাই’ কবিতাটিত নিজকে চামুৰাই বুলি পৰিচয় দিয়া এজন সৈনিকে দেশ আৰু জাতিৰ বাবে প্ৰাণ বিসর্জন দিয়া নিজ ভাতৃ, পিতৃ আৰু পূৰ্বপুৰুষসকলৰ মহান ত্যাগৰ কথা গৌৰৱেৰে বৰ্ণনা কৰিছে।

চামুৰাইজনে কৈছে যে তেওঁক হয়তো আনে চিনি নাপাব পাৰে; তথাপি তেওঁ মাতৃভূমিক ভাল পোৱা এজন সৈনিক, অসম ভূমিৰ কপিলীপাৰত বাস কৰা এজন লোক। তেওঁৰ বংশ পৰিয়ালে দেশৰ কাৰণে প্ৰাণ আহুতি দি আহিছে। তেওঁৰ নিজ পিতৃয়ে আইতাকক সেৱা কৰি ওলাই গৈ ক্ষুদ্ৰিাম, কানাইলালুহঁতৰ দৰে দেশৰ হকে প্রাণ আহুতি দিলে। সেই সময়ত চামুৰাই মাকৰ গৰ্ভতে আছিল।

চামুৰায়ে নিজেই নিজক ‘ৰজাৰ পোৱালি’ বুলি কৈ তেওঁলোকৰ উপৰিপুৰুষৰ বাসস্থান সুদূৰ বিপাশা নদীৰ তীৰত আছিল বুলি কৈছে। উপৰিপুৰুষে হেনো ফিৰিঙি সেনাৰ সৈতে মৰাণক খেদি ৰজাক ৰাজপাটত পুনৰ বহুৱাবলৈ অসমলৈ আহি অসমতে থাকি গ’ল আৰু অসমকে নিজৰ মাতৃভূমি বুলি আকোৱালি ল’লে। অসমৰ ৰজাক পুনৰ ৰাজপাটত বহুৱাই অসমভূমিকে আন্তৰিকভাৱে তেওঁলোকে সেৱা কৰি থাকিল। চামুৰাইৰ ককাদেউতাকৰ ককাকেও হাদিৰাচকিৰ যুঁজত মাতৃভূমিৰ কাৰণে যুঁজি মৃত্যুবৰণ কৰিছিল আৰু পিতাকেও মাতৃভূমিৰ বাবেই ফঁাচীকাঠত ওলমিবলগীয়া হৈছিল। তথাপি চামুৰায়ে নিজৰ পৰিয়ালৰ ভৰণ-পোষণ বা নিজৰ ল’ৰাটিৰ পঢ়া খৰচৰ বাবে চৰকাৰৰ কোনো বানচ লোৱা নাই। নিজৰ খেতিৰ জহাধান বেচি পাৰিলে তেওঁ ল’ৰাটি পঢ়াব, নোৱাৰিলে সৈন্য বিভাগত নাম লিখাই দি মাতৃভূমিৰ ৰক্ষাৰ্থে সেৱা কৰাৰ ব্যৱস্থা কৰাই দিব।

কপিলীপাৰত বাস কৰা এই চামুৰাইৰ ভায়েকেই সিদিনা জন্মভূমিৰ ৰক্ষাৰ্থে গৈ লাডাখৰ হিমচেঁচা বৰফৰ মাজত প্ৰাণাহুতি দিলে। চামুৰায়ে কৈছে যে তেওঁৰ উপৰিপুৰুষৰ লগত অহা সেনাবিলাকে অসমৰ পৰা ধন-সোণ লৈ নিজ ঠাইলৈ পলাই গ’ল যদিও তেওঁলোক অসমতে স্থায়ীভাৱে থাকি গ’ল। এতিয়াও তেওঁলোকৰ বংশধৰ সুদূৰ ৰাজপুতনাত আৰু বিপাশা নদীৰ দুয়োপাৰে বিদ্যমান। চামুৰাইৰ গাত এতিয়াও লাচিত আৰু শিৱাজীৰ তেজৰ ধাৰা বৈ আছে। পূৰ্বপুৰুষৰ অসিৰ আঘাতত খোৰা টাইমুৰ, দুস্ত চেংগিজো উভতি গৈছিল।

চামুৰায়ে খেদ কৰি কৈছে যে আজিৰ মানুহে তেওঁৰ উপৰিপুৰুষ তথা শ্বহীদ পিতৃক ছবি চিনি নাপালেও, ৰবীন্দ্ৰনাথ, সুভাষ বসু, সৰোজিনী নাইডুক নাজানিলেও কিন্তু দেৱালত আঁৰি ৰাখে চিনেমাৰ নায়িকা মধুমতি আদিৰ ছবি, জাতীয় বীৰ তথা নমস্য ব্যক্তিসকলৰ ছবি নাৰাখে। তথাপি চামুৰায়ে এতিয়া বিপাশা নদীৰ পাৰৰ সেই পূৰ্বপুৰুষসকলৰ দৰে এতিয়াও শিৰত আটিল পাগুৰি মাৰি ফণি এখন খুচি লৈ সেইসকলৰ মহান ত্যাগ আৰু বীৰত্বৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে। 

প্রশ্ন ২। প্রসংগ সংগতি উল্লেখ কৰি ব্যাখ্যা কৰা—

(ক) ‘পুৰুষে পুৰুষে আমি প্রাণ দিছোঁ দেশৰ কাৰণে

শুজিছোঁ জাতিৰ ধাৰ যুঁজ কৰি বিদেশী শেননৰ স’তে।

উত্তৰঃ উদ্ধৃত কবিতাফাকি কবি-সাহিত্যিক মহেন্দ্ৰ বৰা ৰচিত ‘চামুৰাই’ কবিতাৰ অন্তৰ্গত। পূৰ্বসকলৰ পৰা বৰ্তমানলৈ চামুৰাইৰ বংশৰ লোকসকলে কিদৰে দেশৰ কাৰণে আত্মত্যাগ কৰি আহিছে তাৰে কথা এই কবিতাফাকিৰ জৰিয়তে প্ৰকাশ পাইছে।

দেশ তথা জাতিৰ কল্যাণৰ হকে কাম কৰাটোৱেই দেশ জাতিৰ ধাৰ শুজাবৰ একমাত্র উপায়৷ আনকি দেশ, জাতিৰ ৰক্ষার্থে বিদেশীৰ লগত যুঁজাও এক মহান কর্তব্য। চামুৰাইৰ বংশই পুৰুষে পুৰুষে দেশৰ হকে বিদেশী সেনাৰ সৈতে যুঁজ কৰি ইয়াৰ মহান আদর্শ দাঙি ধৰিছে। চামুৰাইৰ ককাদেউতাকে দেশৰ হকে যুঁজি মৃত্যু বৰণ কৰে; ককাদেউতাকৰ ককাকে হাদিৰাচকীৰ যুঁজত হাৰি দেশ তথা জাতিৰ সন্মানৰ কাৰণে আত্মহত্যা কৰে; গান্ধীজীৰ আহ্বানত জাতিৰ হকে যুঁজিবলৈ গৈ ফঁাচীকাঠত ওলমিবলগীয়া হয়। চামুৰাইৰ নিজ ভাতৃয়ে বিদেশী সেনাৰে যুদ্ধ কৰি লাডাখৰ হিমচেঁচা বৰফত প্ৰাণত্যাগ কৰে। দেশৰ কাৰণে প্ৰাণত্যাগ কৰিবলৈ আনকি চামুৰাই আৰু চামুৰাইৰ পুত্ৰও প্ৰতিজ্ঞাবদ্ধ ৷ এনেদৰেই চামুৰাইৰ বংশৰ বিভিন্নজন মহান পুৰুষে বিদেশী সেনাৰ সৈতে যুঁজি দেশ তথা জাতিৰ ধাৰ শুজি আহিছে। .

(খ) ‘সেই এক ইতিকথা তিনিহাত দীঘল চুলিৰ সতে

খাপৰ কৃপাণ খুলি ভূমি চুই মূৰৰ পাগেৰে 

উপৰি পুৰুষে মোৰ স্বৰ্গদেউ ঈশ্বৰক জনালে প্রণাম।’

উত্তৰ ঃ উদ্ধৃত কবিতাফাকি কবি-সাহিত্যিক মহেন্দ্ৰ বৰা ৰচিত ‘চামুৰাই’কবিতাৰ অন্তৰ্গত। সুদূৰ বিপাশা নদীৰ পাৰৰ বাসিন্দা চামুৰাই পূৰ্বপুৰুষসকল অসমলৈ আহি কিদৰে থাকিবলৈ ল’লে সেই কথা ক’বলৈ যাওঁতেই কবিয়ে চামুৰাইৰ মুখেৰে এনেদৰে ব্যক্ত কৰিছে।

চামুৰাইৰ পূৰ্বপুৰুষসকল অসমৰ বিদ্ৰোহী মৰাণক খেদি আহোম ৰজাক পুনৰ ৰাজপাটত বহুৱাবলৈ ফিৰিঙি সেনাৰ স’তে অসমলৈ আহিছিল। আহোম ৰজাক ৰাজপাটত পুনৰ বহুৱাই বিদ্ৰোহী মৰাণক খেদি পঠিওৱাৰ পাছত বাকী সৈন্যবোৰ গুচি গ’ল যদিও চামুৰাইৰ পূৰ্বপুৰুষে খাপৰ পৰা তৰোৱাল খুলি তিনিহাত দীঘল চুলিৰ পাগুৰিৰে অসমৰ মাটি চুই সেৱা কৰি অসমকে নিজ মাতৃভূমি হিচাপে আকোৱালি অসমতে চিৰকাললৈ থাকি গ’ল আৰু স্বৰ্গদেউ ঈশ্বৰক নিজৰ ৰজা বুলি সসন্মানে প্রণাম জনালে। লগতে অসমৰ হকে, ৰজা আৰু ৰাইজৰ হকে জীৱন উছৰ্গা কৰিবলৈ প্ৰতিজ্ঞা কৰিলে।

(গ) ‘মৰিলে মৰিম আমি তৰা হৈ কৰিম আৰতি জননীৰ দেৱ-দেউলত মাৰ লগে বেলিৰ পোহৰ’

উত্তৰ ঃ উদ্ধৃত কবিতাফাকি কবি-সাহিত্যিক মহেন্দ্ৰ বৰা ৰচিত ‘চামুৰাই’ কবিতাৰ অন্তৰ্গত। চামুৰাই আৰু চামুৰাইৰ পূৰ্বপুৰুষসকলে অসমত থাকি অসমৰ হকে কেনেদৰে সেৱা আগবঢ়াইছে সেই কথাকে কবিতাফাকিৰ জৰিয়তে প্রকাশ পাইছে।

চামুৰাইৰ পূৰ্বপুৰুষ সুদূৰ বিপাশা নদীৰ পাৰৰ পৰা মৰাণ বিদ্ৰোহীক খেদি আহোম ৰজাক পুনৰ ৰাজপাটত বহুৱাবলৈ ফিৰিঙি সেনাৰ লগত অসমলৈ আহিছিল। ৰজাক ৰাজপাটত বহুৱাই ফিৰিঙি সেনা উলতি গ’ল যদিও চামুৰাইৰ পূৰ্বপুৰুষসকল উভতি নগ’ল আৰু অসমকে নিজ মাতৃ ভূমি বুলি আকোৱালি লৈ অসমৰ হকে জীৱন উছৰ্গা কৰিবলৈ প্ৰতিজ্ঞা কৰিলে আৰু আহোম ৰজাক নিজৰ ৰজা বুলি প্ৰমাণ জনালে। অসম ৰক্ষাৰ কাৰণে মৃত্যুবৰণ কৰিলেও অসমৰ শেষ অৱস্থালৈ আকাশৰ তৰা হৈ হ’লেও মাতৃ ভূমিৰ সেৱা কৰিবলৈ, মাতৃ-মন্দিৰত আৰতি কৰিবলৈ চামুৰায়ে প্রতিজ্ঞা কৰিছে।

HS First Year Advance Assamese Questions Answers

গোট ১ -কবিতাংশ

ক্ৰমিক নংপাঠলিংক
১. প্রহলাদ চৰিত্ৰ Click here
২. শিৱৰ কৃষিকর্ম Click here
৩. প্রিয়তমাৰ চিঠি: Click here
৪. পানেশৈ Click here
৫. পছোৱাৰ ডাক Click here
৬ .চামুৰাই Click here

গোট ২ – গদ্যাংশ

৭. শংকৰদেৱৰ বাল্যকাল Click here
৮. ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা Click here
৯. অংকীয়া নাটৰ ৰস বিচাৰ Click here

গোট ৩ – নাটক

১০. টিকেন্দ্রজিৎ Click here

গোট ৪ – চুটি গল্প

১১. যীশুখ্ৰীষ্টৰ ছবি Click here
১২. ভ্ৰষ্টলগ্ন Click here

গোট ৫ – সাহিত্য সমালোচনা

১৩. কবিতা Click here
১৪. নাটক Click here

গোট ৬ – ছন্দ

১৫. ছন্দ : ছন্দ্ৰ সংজ্ঞা, অক্ষৰ; মাত্রা; যতি, পৰ্ব, চৰণ; “স্তৱক; পদ বা পয়াৰ; ঝুমুৰী: কুসুমমালা, দুলড়ী: ছবি, লোছাৰি ছন্দ Click here

গোট ৭ – অসমীয়া সাহিত্যৰ বুৰঞ্জী

১৬. অসমীয়া কবিতা আৰু নাটকৰ পৰি Click here

(ঘ) ‘গদাধৰ সি যে মোৰ একেটি মাথোন ভাই

শুলে শিল হৈ সুদূৰ লাডাখ প্ৰান্তত।’

উত্তৰঃ উদ্ধৃত কবিতাফাকি কবি-সাহিত্যিক মহেন্দ্ৰ বৰা ৰচিত ‘চামুৰাই’ কবিতাৰ অন্তৰ্গত। চামুৰাই, চামুৰাইৰ বংশধৰ আৰু পূৰ্বপুৰুষসকলে অসমত থাকি অসম তথা নিজ দেশৰ হকে কিদৰে অসীম ত্যাগ স্বীকাৰ কৰি সেৱা আগবঢ়াইছে তাকে ক’বলৈ যাওতে এই কথা ফাকিৰ উল্লেখ কৰিছে।

চামুৰাইৰ পূৰ্ব-পুৰুষসকলে বিদ্ৰোহী মৰাণক খেদি আহোম ৰজাক ৰাজপাটত বহুৱাবলৈ ফিৰিঙি সেনাৰ লগত সুদূৰ বিপাশা নদীৰ পাৰৰ পৰা আহি অসমকে নিজ মাতৃভূমি বুলি আকোঁৱালি লৈ অসমতে স্থায়ীভাৱে থাকি গ’ল। মাতৃভূমিৰ ৰক্ষাৰ্থে চামুৰাইৰ ককাক, ককাকৰ ককাকে প্রাণ আহুতি দিলে। পিতাকেও দেশৰ কাৰণেই ফঁাচীকাঠত ওলমিলে। নিজৰ একমাত্র ভায়েক গদাধৰেও দেশৰ হকে যুঁজিবলৈ গৈ লাডাখৰ বৰফৰ মাজত প্ৰাণাহুতি দি শিল হৈ পৰি থাকিল৷ চামুৰাই নিজেও এজন দেশৰ হকে প্রাণ দিব খোজা দেশপ্রেমিক সৈনিক। আনকি চামুৰাই নিজৰ সন্তানক পঢ়াৰ খৰচ দিব নোৱাৰিলে সৈন্য বিভাগত সুমুৱাই দি দেশৰ কাৰণেই আগবঢ়াই দিব বিচাৰিছে।

(ঙ) ‘জুহাল কাষত বহি আইতাই ক’লে মোক আৰু এটি ইতিকথা হাদিৰা চকীত হাৰি হাৰাকিৰি কৰি

কেনেকে’ মৰিল মোৰ ককাদেউতাৰ ককা।

উত্তৰ ঃ উদ্ধৃত কথাফাকি কবি, সাহিত্যিক মহেন্দ্ৰ বৰা ৰচিত ‘চামুৰাই’ নামৰ কবিতাটিৰ অন্তর্গত।

জাপানৰ চামুৰাইসকলৰ দৰে অসমীয়া শিখসকলে মাতৃভূমি অসমৰ হকে পুৰুষাণুক্রমে কিদৰে আত্মত্যাগ কৰি আহিছে তাকেই কবিতাফাকিৰে প্ৰকাশ কৰিব বিচাৰিছে।

জাপানৰ চামুৰাইসকল অসিজীৱী। ঠিক সেইদৰে অসমৰ কপিলী নদীৰ পাৰত বাস কৰা শিখসকলো অসিজীৱী। তেওঁলোক ফিৰিঙি সেনাৰ লগত সুদূৰ পাঞ্জাৱৰ বিপাশা নদীৰ পাৰৰ পৰা আহি অসমকে মাতৃভূমি বুলি মান্য কৰি চিৰদিনৰ কাৰণে অসমতে থাকি গ’ল আৰু সেই তেতিয়াৰে পৰাই অসমৰ অস্তিত্ব ৰক্ষাৰ হেতু পুৰুষাণুক্রমে তেওঁলোকে আত্মত্যাগ কৰি আহিছে। বৰ্তমানৰ চামুৰাই নামৰ সৈনিকগৰাকীক আইতাকে তেওঁক পূৰ্বপুৰুষসকলৰ আত্মত্যাগৰ কাহিনী • কৈ শুনাওঁতে কৈছিল যে তেওঁৰ ককাদেউতাকৰ ককাকে দেশৰ হকে যুঁজিবলৈ গৈ হাদিৰা চকীত শত্ৰু সেনাৰ লগত হাৰি শত্ৰু সেনাৰ হাতত বন্দী হৈ গোলামী কৰাতকৈ মৃত্যুৱেই শ্রেয় বুলি নিজৰ অস্ত্ৰৰ দ্বাৰাই আত্মহত্যা কৰি প্ৰকৃত দেশপ্রেমী বীৰ হিচাপে কাললৈ খিয়াতি ৰাখি থৈ গৈছিল৷ আনকি তেওঁৰ পিতাকেও দেশৰ হকে হাঁহি মুখে ফাঁচী কাঠত ওলমিছিল।

(চ) ‘লোৱা নাই তথাপিতো স্বদেশ প্ৰেমৰ একো মাহিলি বানচ 

উলিয়াব খোজা নাই মোৰ ল’ৰাটিৰ বাবে পঢ়াৰ খৰচ’।

উত্তৰ ঃ উদ্ধৃত কবিতাফাকি কবি, সাহিত্যিক মহেন্দ্ৰ বৰা ৰচিত ‘চামুৰাই’ নামৰ কবিতাটিৰ অন্তর্গত। 

চামুৰাইসকলে নিঃস্বার্থভাৱে কেনেদৰে দেশ আৰু জাতিৰ কাৰণে কাম কৰি আহিছে তাকেই কবিতাফাকিৰ জৰিয়তে প্ৰকাশ কৰিব বিচৰা হৈছে। কপিলী পাৰত বাস কৰা অসমীয়া শিখসকলক কবিয়ে চামুৰাই আখ্যা দিছে। মোৱামৰীয়া বিদ্রোহ দমনৰ সময়ত ফিৰিঙি সৈন্যৱ লগত তেওঁলোকৰ উপৰি পুৰুষ পাঞ্জাৱৰ বিপাশতা নদীৰ পাৰৰ পৰা অসমলৈ আহিছিল আৰু অসমতে নিগাজীকৈ থাকি অসমকে নিজৰ মাতৃভূমি হিচাপে আঁকোৱালি ল’লে। সেই দিন ধৰি অসম আৰু অসমীয়া জাতিৰ হকে তেওঁলোকে পুৰুষাণুক্ৰমে নিঃস্বার্থভাৱে আত্মত্যাগ কৰি আহিছে। কোনো দিনেই তেওঁলোকে তাৰ বিনিময়ত দেশ বা জাতিৰ পৰা একো বিচৰা নাই। বৰ্তমানৰ চামুৰাইজনৰ ককাদেউতাকৰ ককাকে দেশৰ কাৰণে আত্মহত্যা কৰিছিল, পিতাক ফাঁচী কাঠত ওলমিছিল আৰু ভাতৃয়েও দেশৰ অখণ্ডতা ৰক্ষাৰ্থে হিম চেঁচা লাডাখত প্রাণাহুতি দিছিল। কিন্তু তেওঁলোকক আজি দেশে পাহৰিলে। মুক্তিযুঁজাৰু সতি-সন্ততিয়ে শিক্ষা গ্রহণৰ বাবে চৰকাৰী সাহায্য পায়। কিন্তু চামুৰাইসকলে সেই সুবিধা লাভৰ পৰা আঁতৰি আছে। নিজৰ সন্তানক পঢ়ুৱাব লগা হ’লে ভঁৰালৰ ধান বেচিয়েই পঢ়ুৱাব নহ’লে তাক সেনাবাহিনীত নাম লিখাই দি দেশৰ বাবে যুঁজিবলৈকেই পঠিয়াব।

প্রশ্ন ৩। পাঁচ-ছটামান বাক্যৰ ভিতৰত হোৱাকৈ উত্তৰ দিয়া। 

(ক) কবিয়ে শিখসকলক কিয় চামুৰাই বুলি অভিহিত কৰিছে?

উত্তৰঃ জাপানত যুদ্ধ-বিগ্রহত ব্যস্ত এদল সৈনিক চামুৰাই নামেৰে জনাজাত। জাপানৰ এই চামুৰাইসকলৰ দৰেই অসমৰ নগাঁৱৰ কপিলী পাৰত বাস কৰা অসমীয়া শিখসকলেও যুঁজ কৰিয়েই জীৱিকা নিৰ্বাহ কৰে। এই সকলৰ পূৰ্বপুৰুষ আহিছিল সুদূৰ পাঞ্জাৱৰ বিপাশা নৈৰ পাৰৰ পৰা ফিৰিঙি সেনাৰ লগত আৰু অসমকে নিজৰ মাতৃভূমি বুলি আঁকোৱালি লৈ অসমতে থাকি গ’ল। সেই তেতিয়াৰ পৰাই জাপানৰ চামুৰাই সম্প্ৰদায়ৰ দৰে অসমৰ আৰু অসমীয়া জাতিৰ হকে আত্মবলিদান দি আহিছে, দেশ আৰু জাতিৰ হকে অহৰহ যুঁজি আহিছে। যুদ্ধকেই তেওঁলোকে জীৱিকা হিচাপে গণ্য কৰে। এই কাৰণেই কবিয়ে শিখসকলক চামুবাই আখ্যা দিছে।

(খ) ‘মোক তুমি পাবানো কেনেকে’ চিনি

পিতা মোৰ নাছিল বিষয়া মসীজীৱী নকল-নবিছ’

– কথাষাৰ কোনে কিয় এনেদৰে কৈছে? 

উত্তৰ : জাপানৰ যুঁজাৰু সৈনিক চামুৰাইসকলৰ দৰেই অসমৰ কপিলীৰ পাৰত বাস কৰা অসমীয়া শিখসকলেও দেশ আৰু জাতিৰ কাৰণে যুঁজি প্ৰাণাহুতি দিয়াৰ ভালেমান উদাহৰণ আছে। সেই কাৰণেই শিখসকলক চামুৰাই আখ্যা দিয়া হৈছে। বৰ্তমানৰ চামুৰাই সৈনিকজনৰ ককাদেউতাকৰ ককাকে দেশৰ হকে যুঁজিবলৈ গৈ হাদিৰাচকীত শত্ৰু সেনাৰ লগত হাৰি শত্ৰু সেনাৰ হাতত বন্দী হৈ গোলামী হোৱাতকৈ মৃত্যুৱে শ্রেয় বুলি নিজৰ অস্ত্ৰেৰেই আত্মহত্যা কৰিছিল। পিতাকে দেশৰ হকে যুঁজিবলৈ গৈ ফঁাচী কাঠত ওলমিছিল; ভায়েক গদাধৰে দেশৰ অখণ্ডতা ৰক্ষা কৰিবলৈ গৈ হিম চেঁচা লাডাখত প্ৰাণাহুতি দিছিল। তথাপি মানুহে তেওঁলোকক চিনি নাপায় – নাম নলয়। মানুহে সমাদৰ কৰে, নাম লয় কেৱল কেৰাণী, মহৰি, নকল-নবিছ এই সকলৰহে। তেওঁৰ পূৰ্ব পুৰুষসকলে, পিতাকে দেশৰ কাৰণে মৃত্যুবরণ কৰিলেও কেৰাণী, নকল নবিছ নাছিল কাৰণেই হয়তো মানুহে তেওঁলোকক চিনি নাপায়, নাম নলয়। চামুৰাইজনে মানুহৰ এই অকৃতজ্ঞতাৰ কথাকেই কৈছে।

(গ) “যিটো বাটে গৈ উভতি নাহিল আৰু কনক কুশল ক্ষুদিৰাম কানাইলালৰ দল’ – -কি প্ৰসংগত কোনে এই কথাষাৰ কৈছে?

উত্তৰ: অসমৰ কনকলতা, কুশল কোঁৱৰ, বংগৰ ক্ষুদিৰাম, কানাইলাল আদি লোকসকলে দেশ আৰু জাতিৰ উদ্ধাৰ আৰু ৰক্ষাৰ কাৰণে শত্রু সেনাৰ হাতত হয় গুলী খাই, নহয় ফাঁচী কাঠত ওলমি মৃত্যুবৰণ কৰিছিল। এইসকলৰ দেশ আৰু জাতিৰ কাৰণে কৰা চৰম ত্যাগৰ নিদর্শনে আজিও সকলোকে উদ্বুদ্ধ কৰি তোলে। এইসকল মহান ত্যাগী দেশপ্রেমিকৰ দৰেই চামুৰাইৰ উপৰি পুৰুষসকলেও দেশৰ কাৰণে প্ৰাণাহুতি দিছে। তেওঁৰ পিতৃয়েও আইতাকক সেৱা কৰি দেশৰ কাৰণে যুঁজিবলৈ গৈ কনকলতা, কুশল কোঁৱৰ, ক্ষুদিৰাম, কানাইলালাহঁতৰ দৰেই শত্ৰুৰ হাতত ফাঁচী কাঠত ওলমিবলগীয়া হৈছিল। নিজ পিতৃৰ আত্মত্যাগৰ এই কথা ক’বলৈ যোৱাৰ প্ৰসংগতেই চামুৰায়ে এই কথাষাৰ কৈছিল।

(ঘ) ‘চউদিশে ধূসৰ পাহাৰ যাৰ পথাৰত গুটি গুটি মাণিকৰ মুঠি

 ইয়াতে থাকিম আমি যেতিয়াই ডাক দিব 

ৰজা আৰু ৰাইজক কৰ দিম বুকুৰ শোণিত যাচি।’ — কথাখিনি বুজাই লিখা।

উত্তৰঃ অসমৰ কপিলীৰ পাৰত বাস কৰা শিখসকলক চামুৰাই বুলি কবিয়ে আখ্যা দিছে। এই শিখসকল অসমত মৰাণ বিদ্ৰোহৰ সময়ত মৰাণসকলক খেদি অসমৰ ৰজাক পুনৰ ৰাজপাটত বহুৱাবলৈ ফিৰিঙি সেনাৰ লগত অসমলৈ আহিছিল। বিদ্রোহ দমন কৰি আনবোৰ সেনা নিজ দেশলৈ ঘূৰি গ’ল যদিও এই শিখসকল ঘূৰি নগ’ল। অসমৰ চাৰিওফালে থকা পাহাৰৰ অপূৰ্ব প্রাকৃতিক সৌন্দৰ্য আৰু পথাৰত উৎপন্ন মাণিকস্বৰূপ সোণালী ধানবোৰ দেখি তেওঁলোক অতিকে মোহিত হৈ খাপৰ তৰোৱাল সোলোকাই তিনি হাত দীঘল চুলিৰ মূৰৰ পাগুৰিৰে অসমৰ মাটিত সেৱা জনাই অসমকে নিজ মাতৃভূমি বুলি অসমৰ ৰজা আৰু ৰাইজৰ কাৰণে প্ৰাণ উছৰ্গা কৰিম বুলি প্ৰতিজ্ঞা কৰি অসমতে থাকি গ’ল। দেশৰ আহ্বান হ’লেই ৰজা আৰু ৰাইজৰ কাৰণে প্ৰাণাহুতি দিবলৈ তেওঁলোক সদায় সাজু। 

(ঙ) ‘তোমালোকে চিনি পোৱা চিনি পাব লাগে যাক

দেৱালত আঁৰি থোৱা চিনেমাৰ মধুমতী বধু নায়িকাক’ – কথাষাৰ এনেদৰে কোৱাৰ কাৰণ কি ?

উত্তৰঃ দেশ আৰু জাতিৰ কাৰণে প্ৰাণ ত্যাগ কৰা মহান বীৰ শ্বহীদসকলৰ আজি মানুহৰ মাজত সমাদৰ নাই৷ চামুৰাইৰ ককাক, ককাকৰ ককাক, পিতৃ, ভাতৃ এইসকলেও দেশ আৰু জাতিৰ কাৰণে আত্মাহুতি দি শ্বহীদ হৈছিল। এই সকলৰো নাম কোনেও নলয়। আনকি দেশৰ কাৰণে আত্মত্যাগ কৰা এইসকল মহান বীৰ, ৰবীন্দ্ৰ নাথ ঠাকুৰ, মহাত্মা গান্ধী, সুভাস বসু, সৰোজিনী নাইডু আদিকো আজি মানুহে চিনি নোপোৱা হৈছে, এইসকলৰ কাৰোঁ ছবি কোনেও আঁৰি নথয়। আজি দেৱালত আঁৰি ৰাখিছে চিনেমাৰ অভিনেত্রী মধুমতী বধু নায়াৰ ছবি; তেওঁলোককহে আজি মানুহে চিনি পায়। দেশৰ ত্যাগী বীৰ মহান শ্বহীদসকলক চিনি নোপোৱাৰ চৰিত্ৰ আজি আমাৰ মাজত গঢ় লৈ উঠিছে।

(চ) চামুৰাইৰ দেউতাকে কেনেকৈ মৃত্যুবৰণ কৰিছিল ? উল্লেখ কৰা। 

উত্তৰ ঃ চামুৰাই মাকৰ গৰ্ভত থকা অৱস্থাতেই চামুৰাইৰ দেউতাকে দেশ ৰক্ষাৰ আহ্বানত দেশপ্ৰেমত উদ্বুদ্ধ হৈ পৰে৷ তেওঁ আইতাকক সেৱা কৰি শত্ৰুসেনাৰ লগত যুঁজ দিবলৈ ওলাই গ’ল। অসীম বীৰত্বৰে মাতৃভূমিৰ কাৰণে যুঁজি শেষত শত্রুসেনাৰ হাতত তেওঁ বন্দী হয় আৰু কনক, কুশল, ক্ষুদিৰাম, কানাইলালহঁতৰ দৰে ফঁাচী কাঠত ওলমি মৃত্যুবৰণ কৰে। এইদৰে চামুৰাইৰ দেউতাকে মৃত্যুবৰণ কৰিছিল।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। কবি মহেন্দ্ৰ বৰাৰ এখনি কবিতা পুথিৰ নাম লিখা।

উত্তৰ : জাতিষ্মৰ।

প্রশ্ন ২। ছন্দশাস্ত্ৰৰ ওপৰত লিখা মহেন্দ্ৰ বৰাৰ পুথি এখনিৰ নাম লিখা।

উত্তৰঃ অসমীয়া কবিতাৰ ছন্দ।

প্রশ্ন ৩। ৰিজাৰ পোৱালি মই বাস কৰোঁ কপিলীপাৰত’ – কোনে এই কথাষাৰ কৈছে?

উত্তৰ ঃ চামুৰাই নামৰ এজন সৈনিকে।

প্রশ্ন ৪। ‘জননীৰ জঠৰ কাৰাত বন্দী’ হৈ কোন আছিল?

উত্তৰ ঃ চামুৰাই।

প্রশ্ন ৫। ‘অসিজীৱী’ মানে কি?

উত্তৰ : অস্ত্ৰধাৰী অর্থাৎ সৈনিক। 

প্রশ্ন ৬। ফিৰিঙি সেনাৰ লগত অসমলৈ কোন আহিছিল?

উত্তৰ ঃ চামুৰাইৰ পূৰ্বপুৰুষ। 

প্রশ্ন ৭। চামুৰাইৰ পূৰ্বপুৰুষ কাৰ লগত অসমলৈ আহিছিল?

উত্তৰ: ফিৰিঙি সেনাৰ লগত। 

প্রশ্ন ৮। ফিৰিঙি সেনা অসমলৈ কিয় আহিছিল?

উত্তৰঃ বিদ্রোহী মৰাণক খেদি আহোম ৰজাৰ ৰাজপাটত বহুৱাবলৈ ।

প্রশ্ন ৯। হাদিৰাচকীত কোনে যুদ্ধ কৰিছিল?

উত্তৰ ঃ চামুৰাইৰ ককাদেউতাকৰ ককাকে। 

প্রশ্ন ১০। চামুৰাইৰ পিতৃৰ কি দশা হৈছিল?

উত্তৰ : ফাঁচীকাঠত ওমলিবলগীয়া হৈছিল। 

প্রশ্ন ১১। চামুৰাইৰ ভায়েকৰ মৃত্যু ক’ত হৈছিল?

উত্তৰ ঃ দেশৰ হকে যুঁজিবলৈ যাওঁতে লাড়াখত। প্রশ্ন 

১২। চামুৰাইৰ ভায়েকক আইতাকে কি নাম দিছিল?

উত্তৰ: গদাধৰ সিং।

প্রশ্ন ১৩। চামুৰাইৰ পূৰ্বপুৰুষ আহি অসমৰ ক’ত কাম কৰিবলৈ ল’লে ? 

উত্তৰ : কপিলী পাৰত ৷

প্রশ্ন ১৪। চামুৰাইৰ বঙহৰ ঘৰ ক’ত আছে?

উত্তৰঃ বিপাশা নদীৰ দুয়োপাৰে আৰু ৰাজপুতনাত ।

প্রশ্ন ১৫। চামুৰাই কোন?

উত্তৰ ঃ এগৰাকী দেশপ্রেমী সৈনিক। জাপানৰ যুঁজাৰু জাতি, সৈনিকপুৰুষ।

প্রশ্ন ১৬। ‘চামুৰাই’ কবিতাটি মহেন্দ্ৰ বৰাৰ কোনখন পুথিৰ পৰা লোৱা হৈছে?

উত্তৰ ঃ ‘এই নদীয়েদি’ কবিতা পুথিৰ পৰা লোৱা হৈছে। 

প্রশ্ন ১৭। ‘চামুৰাই’ শব্দটো কোন ভাষাৰ শব্দ ?

উত্তৰ : জাপানী ভাষাৰ শব্দ।

প্রশ্ন ১৮। অসমৰ চামুৰাই কাক কোৱা হৈছে?

উত্তৰঃ কপিলী পাৰত বাস কৰা শিখসকলক কোৱা হৈছে।

প্রশ্ন ১৯। ‘হাৰাকিবি’ মানে কি?

উত্তৰঃ ‘হাবাকিৰি’ মানে আত্মহত্যা।

প্রশ্ন ২০। ‘হাৰাকিবি’ শব্দটো কোন ভাষাৰ শব্দ?

উত্তৰ : জাপানী ভাষাৰ শব্দ।

প্রশ্ন ২১। ‘অসমীয়া ছন্দ শিল্পতত্ত্ব’ গ্ৰন্থখনি কাৰ ৰচনা

উত্তৰঃ সাহিত্যিক ড° মহেন্দ্ৰ বৰাৰ ৰচনা।

প্রশ্ন ২২। চামুৰায়ে ক’ত বাস কৰে?

উত্তৰঃ কপিলীপাৰত।

This Post Has 2 Comments

Leave a Reply