HS First Year Advance Assamese Solutions Chapter-4 পানেশৈ

HS First Year Advance Assamese Solutions Chapter-4 পানেশৈ। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Advance Assamese Solutions Chapter-4 পানেশৈ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয় 

Hs First Year Question Answer (Assamese Medium)

ইংৰাজী (English)Click Here
অসমীয়া Click Here
हिन्दीClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
তৰ্কবিদ্যা আৰু দর্শন (Logic & Philosophy)Click Here
পৰিৱেশ শিক্ষা ( Environmental Studies)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
সমাজতত্ত্ব (sociology)Click Here
অৰ্থনীতি (Economy)Click Here
ৰাজনীতি (Political Science)Click Here
ভূগোল (Geography)Click Here

HS First Year Advance Assamese Solutions Chapter-4 পানেশৈ

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। পানেশৈক বাপেকে কি বুলি কৈছিল? তাৰ উত্তৰত পানেশৈয়ে কি ক’লে?

উত্তৰ: নীল সাগৰত সোণালী প্রতিমা যেন পানেশৈয়ে খেলা কৰি থকা দেখি ঐ আই পানেশৈ’ বুলি বিনাই বাপেকে তেওঁৰ ঘাটত নাও চপাই দিবলৈ ক’লে আৰু তেওঁ ক’লে যে তেওঁ দুহাতে দুমুঠিকৈ চাৰিমুঠি আৰু গলত হাৰ পিন্ধাই দিব। পানেশৈয়ে খাটলি পীৰাত বহি ভাত খাব, বেটীয়ে তেওঁক আল ধৰিব।

বাপেকৰ এই কথা শুনি পানেশৈয়ে উত্তৰত বাপেকক এই বুলি ক’লে যে খাটলি পীৰাত বহি তেওঁ ভাত নাখায়, বেটীয়েও তেওঁক আল ধৰিব নালাগে। বাপেকক পানেশৈয়ে কাষলৈ আহিবলৈ মানা কৰিলে আৰু উলটি যাবলৈ ক’লে। পানেশৈয়ে সেই দশাকে ভাল বুলি ক’লে। আজলী ছোৱালী পাই তেওঁক এনে দশা কৰিলে; গতিকে তেওঁৰ কাৰণে এই দশাই ভাল। তেওঁ আৰু মানুহৰ মাজত নাথাকে। তেওঁ মানুহৰ পৰা আঁতৰে আঁতৰেই থাকিব। এনেকৈ কৈয়ে পানেশৈয়ে সাগৰৰ পানীত বুৰ মাৰিলে।

প্রশ্ন ২। পানেশৈ কোন শ্রেণীৰ কবিতা? কবিতাটোৰ কথাখিনি বর্ণনা কৰা।

উত্তৰ : ‘পানেশৈ’ এটি লোক-গীতি কবিতা। ইয়াক ঘাইকৈ আখ্যানমূলক মালিতাসুৰীয়া কবিতাৰ শ্ৰেণীত পেলাব পাৰি। 

সাগৰৰ পাৰত বাস কৰা ল’ৰা-ছোৱালীকে আদি কৰি সকলোৱে নীল সাগৰত পানীৰ মাজত সোণালী প্রতিমা যেন পানেশৈয়ে খেলা কৰি থকা দেখি আচৰিত হৈ সকলোকে চাবলৈ মাতিলে ৷ তাকে শুনি আথে বেথে সাগৰৰ পাৰলৈ গৈ পানেশৈৰ বাপেকে বিনাই ‘ঐ আই পানেশৈ’ বুলি তেওঁৰ ঘাটত নাও চপাই দিবলৈ ক’লে। ঘাটত নাও চপাই দিলে তেওঁ দুহাতে দুমুঠিকৈ চাৰিমুঠি দি যাব আৰু পানেশৈৰ গলত হাৰ পিন্ধাই দিব। পানেশৈয়ে খাটলি পীৰাত বহি ভাত খাব, বেটী-বান্দীয়ে তেওঁক আল ধৰিব।

বাপেকৰ এই কথা শুনি পানেশৈয়ে ক’লে যে তেওঁ খাটলি পীৰাত বহি ভাতো নাখায় আৰু বেটীয়েও তেওঁৰ আল ধৰিব নালাগে । তেওঁৰ কাষলৈ বাপেক আহিব নালাগে। বাপেকক পানেশৈয়ে উলটি যাবলৈ ক’লে, কাৰণ তেওঁৰ যি দশা হৈছে সেই দশাই তেওঁৰ কাৰণে ভাল। আজলী ছোৱালী পাই তেওঁৰ এই দশা কৰিলে৷ গতিকে তেওঁৰ আৰু মানুহৰ মাজত নাথাকে, তেওঁ মানুহৰ পৰা আঁতৰে আঁতৰে নিলগে থাকিব। ইয়াকে কৈ পানেশৈয়ে পানীত বুৰ মাৰিলে ৷ লগে লগে ঢৌৱে ঢৌৱে মিলি যেন এটি গানৰ সুৰ বাজি উঠিল। শ হাত দূৰৈত নীল সাগৰৰ পানীৰ মাজত সোণালী পদুম পাহিৰ দৰে পানেশৈ আকৌ ভাহি উঠিল আৰু আপোন মনে

যেন গুণ গুণ কৰি কত গীত গাবলৈ ধৰিলে। এই গানৰ মোল হয়তো কোনেও নুবুজিলে। ইয়াৰ পিছতো পানেশৈৰ সাদৰী মাক-বাপেকে পানেশৈক মাতি কত দিন বিনাইছে; কিন্তু পানেশৈয়ে তেওঁলোকলৈ ফিৰিয়ে নাচালে। তাকে দেখি তেওঁলোকৰ বুকুত শোকে খুন্দা মাৰি ধৰে।

এদিন পুৱাতে মানুহে দেখিলে যে সাগৰৰ পাৰত গছ এজোপাৰ গুৰিত পানেশৈ আই মৃতাৱস্থাত পৰি আছে। পানেশৈৰ নিয়ৰত তিতি থকা মূৰ দুইতাৰ চুলি দুফালে পৰি আছে, কোমল মুখখনিত সুৰুৰ্যৰ সোণালী কিৰণ পৰি জিকিমিকি কৰি আছে। উশাহ বন্ধ হৈ পৰাত 

কপালৰ শিৰবিলাক ক’লা হৈ পৰিছে। মানুহৰ নিষ্ঠুৰতাৰ কাৰণেই সুগন্ধি গোলাপ নিজানতে ফুলি নিজানতে সৰি যোৱাৰ দৰে ৰূপহী পানেশৈ আইতীয়েও অকালতে বেজাৰতে এনেকৈ মৰি থাকিল ৷

প্রশ্ন ৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।

নপৰে নিশাহ.          কপালত চোৱা

           মৃত্যুৰ কলীয়া ৰেখ,

নিষ্ঠুৰ মানুহ            শেষ হ’ল আজি

          জীৱন দিনৰ লেখ।’

উত্তৰ: উদ্ধৃত কবিতাফাকি ভাঙনি কোৱৰ আনন্দচন্দ্ৰ আগৰৱালা ৰচিত ‘পানেশৈ’ নামৰ কবিতাটিৰ অন্তৰ্গত। 

মানুহৰ নিষ্ঠুৰতাৰ কাৰণে হোৱা ‘ৰূপহী আইতী’ পানেশৈৰ মৃত্যুৰ কথাকে এই কবিতাফার্কিত প্রকাশ পাইছে।

পানেশৈ আছিল মাক-বাপেকৰ অতি আদৰৰ ছোৱালী। মানুহৰ নিষ্ঠুৰতা সহ্য কৰিব নোৱাৰি এদিন তেওঁ নীল সাগৰৰ বুকুত জাঁপ দিলে। মাক-বাপেকে অনেক বিনাই মাতিলে যদিও তেওঁ আৰু ঘূৰি নাহিল। এদিন মানুহে দেখিলে সাগৰৰ পাৰৰ গছ এডালৰ গুৰিত পানেশৈৰ মৃতদেহটো পৰি আছে। পানেশৈৰ মূৰৰ দুয়োফালে দুইতাৰ চুলি মেলখাই পৰি আছে। কোমল মুখখনিত সূৰুষৰ সোণালী কিৰণ পৰি জিকিমিকি কৰি আছে। উশাহ বন্ধ হোৱাত অর্থাৎ মৃত্যু হোৱাত তেওঁৰ কপালৰ সিৰবোৰ কলীয়া ৰেখাত পৰিণত হৈছে। এইদৰেই মানুহৰ নিষ্ঠুৰতাৰ কাৰণে এটা মূল্যৱান জীৱন শেষ হ’ল।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। ‘পানেশৈ’ কোন শ্রেণীৰ কবিতা? সেই শ্রেণী কবিতাৰ লক্ষণবোৰ উল্লেখ কৰি ‘পানেশৈ’ক সেই শ্ৰেণীৰ কবিতা বোলাৰ কাৰণ দর্শোৱা।

উত্তৰ: ‘পানেশৈ’ এটি লোক-গীতিধর্মী কবিতা। ইয়াক ঘাইকৈ আখ্যানমূলক মালিতা সুৰীয়া কবিতার শ্রেণীত পেলাব পাৰি।

মালিতা বা বেলাড সাধাৰণতে আখ্যানমূলক। আনকি অনেক চুটি চুটি লৌকিক গীততো একোটা বেলাড বা মালিতাৰ আখ্যানৰ কেঁাঁহটো সোমাই থকা দেখা যায়। ভাব-অনুভূতিৰ ৰচনা প্ৰণালীৰ সৰলতা আৰু সহজতাই এই সাহিত্যৰ ঘাই লক্ষণ। এনেবোৰ লোক-গীতি কবিতাত বা মালিতাত একোটা পৌৰাণিক বা বুৰঞ্জীমূলক বা লোক-কাহিনী, সাধুকথা বা প্রেম প্রীতি, বিৰহ-বিচ্ছেদ, শোক আদিৰ কথা জড়িত হৈ থাকে। ইয়াৰ ভাব-অনুভূতিৰ ৰচনা প্রণালীৰ সৰলতাই সকলোৰে অন্তস্পৰ্শী আৰু সহজবোধ্য কৰি তোলে। কোনো কোনো মালিতাত অলৌকিকতাও প্রকাশ পায়।

“পানেশৈ’ক আখ্যানমূলক মালিতাসুৰীয়া কবিতা এই কাৰণেই বোলা হৈছে ইয়াত এটি কৰুণ কাহিনী জড়িত হৈ আছে। ওপৰত উল্লেখ কৰাৰ দৰে ই এটা লৌকিক গীতি-কাহিনী। ইয়াত ভাব-অনুভূতিৰ সৰল আৰু সহজ প্রকাশ ঘটিছে। ইয়াত প্ৰকাশ পাইছে সমাজৰ তথা মানুহৰ নিষ্ঠুৰতাৰ বলি হোৱা পানেশৈ নামৰ এগৰাকী যুৱতীৰ অকালতে হোৱা মৃত্যুৰ কৰুণ কাহিনী। এই ফালৰ পৰা চালে ইয়াক নিঃসন্দেহে মালিতাৰে অন্তর্ভুক্ত এটি খেদগীতি বা শোকগাঁথা বুলিব পাৰি৷ মানুহৰ তথা সমাজৰ নিষ্ঠুৰতাৰ হাতোৰাত পৰি হয়তো বাঞ্ছিত প্ৰেমৰ বিফলতাত সাগৰৰ বুকুত আত্মজাহ দিয়া পানেশৈৰ কৰুণ কাহিনী আৰু হতভগা পিতৃ-মাতৃৰ অন্তস্পর্শী বিলাপ-বিননি কবিতাটিৰ মাজেৰে প্ৰকাশ পাইছে।

প্রশ্ন ২। প্রসংগ সংগতি দশাই ব্যাখ্যা কৰা।

(ক) ‘ৰূপহী আইতী.            অকালতে হায়

                 বেজাৰত গ’ল মৰি, 

সুগন্ধি গোলাপ                   নিজানত ফুলি

                  নিজানত গ’ল সৰি।’

উত্তৰ ঃ উদ্ধৃত কবিতাফাকি ভাঙনি কোঁৱৰ আনন্দচন্দ্ৰ আগৰৱালা ৰচিত ‘পানেশৈ’ নামৰ কবিতাটির অন্তর্গত। মানুহৰ নিষ্ঠুৰতাৰ বলি পানেশৈ নামৰ গাভৰুগৰাকীৰ অকাল মৃত্যুৰ কথা কবিতাফাকিৰ জৰিয়তে প্ৰকাশ কৰিছে।

মাক-বাপেকৰ অতি মৰমৰ ছোৱালী পানেশৈয়ে মানুহৰ তথা সমাজৰ নিষ্ঠুৰতাৰ কাৰণেই হয়তো মনৰ বাঞ্ছিত আশা পূৰাব নোৱাৰি সাগৰৰ বুকুত আত্মজাহ দিয়ে। মাক-বাপেকৰ কাৰ বিলাপেও তেওঁক ঘূৰাই আনিব নোৱাৰিলে। মানুহৰ সমাজৰ এগৰাকী অতি ৰূপহী যুৱতীয়ে মানুহৰ সহানুভূতি, মৰমৰ পৰা বঞ্চিত হৈ বুকুত এবোজা বেজাৰ লৈ মৰি থাকিল। নিজানত ফুলা সুগন্ধি গোলাপে কাৰো আদৰ নোপোৱাকৈয়ে নিজানতে সৰি পৰাৰ দৰে ‘ৰূপহী আইতী’ পানেশৈয়ো মানুহৰ আদৰ-সহানুভূতি নোপোৱাকৈয়ে মৰি থাকিল। নিজানত ফুলি নিজানত সৰি পৰা সুগন্ধি গোলাপ পাহিৰ লগত সমাজতে থাকি সমাজৰ আদৰ নাপাই মৃত্যু হোৱা পানেশৈক কবিয়ে এটি ৰিজনি দাঙি ধৰিছে।

(খ) ‘দুহাতে দুমুঠি দি যাওঁ চাৰি মুঠি, গলত দি যাম হাৰ খাটলি পীৰাতে বহি ভাতে খাবা, বেটীয়ে ধৰিব আল।’

উত্তৰঃ উদ্ধৃত কবিতাফাকি ভাঙনি কোঁৱৰ আনন্দচন্দ্ৰ আগৰৱালা ৰচিত ‘পানেশৈ’ নামৰ কবিতাটিৰ অন্তর্গত।

মানুহৰ নিষ্ঠুৰতাত অতিষ্ঠ পানেশৈয়ে মানুহৰ সমাজ এৰি সাগৰৰ বুকুলৈ গুচি যোৱাত পিতাকে কিদৰে কাতৰ আহ্বান কৰি উভতি আহিবলৈ কাকৃতি কৰিছিল, তাকেই এই কবিতাফাকিত প্রকাশ পাইছে।

মানুহৰ নিষ্ঠুৰতা সহ্য কৰিব নোৱাৰি পানেশৈ মানুহৰ মাজৰ পৰা সাগৰৰ মাজলৈ গুচি গ’ল। পিতাকে আৰু পিছত পানেশৈক দেখা পোৱা নাছিল যদিও এদিন হঠাতে নীল সাগৰৰ মাজত পানীৰ লগত খেলি থকা দেখি তেওঁৰ ঘাটত নাও চপাই নামি আহিবলৈ পানেশৈক বাপেকে বিনাই অনুৰোধ কৰিলে। বাপেকে উভতি আহিবলৈ খাটনি ধৰি ইয়াকো ক’লে যে তাই উভতি আহিলে দুই হাতেৰে অৰ্থাৎ সকলো দি হ’লেও তেওঁ তাইৰ অভাৱ পূৰণ কৰিব, ডিঙিত হাৰ পিন্ধাব, খাটলি পীৰাত বহি তাই বাণীৰ দৰে আহাৰ খাব আৰু বেটী-বান্দীয়ে তাইৰ আলপৈচান ধৰিব তাই আৰু কোনো দুখ-কষ্ট, বেদনা নাপায়। পিতাকৰ এই কথা কিন্তু পানেশৈয়ে অগ্রাহ্য কৰি উভতি নাহিল।

(গ) শ হাত দূৰৈত              নীলিমাৰ মাজে

                  সোণালী পদুম পাহি,

ওলাল আকউ.                 ভুৱন উজ্বলি

                পানেশৈ আইটী ভাহি।

উত্তৰ ঃ উদ্ধৃত কবিতাফাকি ভাঙনি কোঁৱৰ আনন্দচন্দ্ৰ আগৰৱালা ৰচিত ‘পানেশৈ’ নামৰ কবিতাটিৰ অন্তৰ্গত।

পানেশৈ নামৰ যুৱতীগৰাকীৰ অকাল মৃত্যুৰ কথা ক’বলৈ যোৱাৰ প্ৰসংগতেই কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।

মানুহৰ নিষ্ঠুৰতা সহ্য কৰিব নোৱাৰিয়েই পানেশৈ নামৰ যুৱতীগৰাকী এদিন আত্মহত্যাৰ উদ্দেশ্যেই সাগৰৰ মাজলৈ গ’ল। সাগৰৰ মাজত পানেশৈক দেখি ঘাটত নাও চপাই তাৰ পৰা উঠি আহিবলৈ কাভাৱে খাটনি ধৰিলে। উভতি আহিলে তাইৰ অভাৱ-অভিযোগ সকলো পূৰাই গলত হাৰ পিন্ধাই দিব বুলি কোৱাৰ উপৰি খাটলি পীৰাত বহি ৰাণীৰ দৰে ভাত খাব আৰু বেটীয়ে আল ধৰিব বুলিও তাইক বাপেকে ক’লে। বাপেকৰ কথাত তাই তেনেবোৰ সুবিধা তাইক নালাগে, আজলী ছোৱালী পাই তাইক তেনে অৱস্থা কৰিলে, গতিকে তাইৰ কাৰণে সেয়াই ভাল, তাই আৰু মানুহৰ সমাজলৈ উভতি নাহে বুলি কৈ শ শ দূৰত নীল সাগৰৰ পানীৰ মাজত ‘সোণালী পদুম পাহি’ৰ দৰে ধুনীয়া পানেশৈজনী এবাৰ ডুব যায়, এবাৰ ৰ’দৰ পোহৰত উজ্বলি ভাহি উঠিল।

প্রশ্ন ৩। ‘চোৱাহি জগত               নীল সাগৰত

                       সোণালী প্রতিমা মেলে।’

– এই ‘সোণালী প্রতিমা’ কোন? কিয়নো তাই নীল সাগৰত খেলিবলৈ ল’লে। 

উত্তৰ : এই ‘সোণালী প্রতিমা’ হ’ল নীল সাগৰত আত্মজাহ দিবলৈ যোৱা ৰূপহী পানেশৈ। মানুহৰ নিষ্ঠুৰতা সহ্য কৰিব নোৱাৰি পানেশৈয়ে এদিন নাৱত উঠি সাগৰৰ বুকুত আত্মজাহ দিবলৈকে বুলি ঢাপলি মেলিলে। তাৰ পৰা আৰু পানেশৈক হয়তো কোনেও দেখা পোৱা নাছিল; কিন্তু হঠাতে এদিন সাগৰপৰীয়া ল’ৰা-ছোৱালী সকলোৱে দেখিলে নীল সাগৰৰ বুকুত সোণালী প্রতিমাৰ দৰে ৰূপহী পানেশৈয়ে পানীৰ ঢৌৰ লগত খেলি আছে। তাকে দেখি সাগৰপৰীয়া সেই ল’ৰা ছোৱালীবিলাকে পানেশৈক চাবলৈ সকলোকে চিঞৰি চিঞৰি মাতিলে। আনকি বাপেকেও পানেশৈ সাগৰৰ বুকুত খেলি থকা শুনি আথে বেথে দৌৰি গৈ জীয়েক পানেশৈক দেখি বিনাই কাতৰভাৱে ‘ঐ আই পানেশৈ’ বুলি মাতি উভতি আহিবলৈ খাটনি ধৰিলে৷

প্রশ্ন ৪। ‘দুহাতে দুমুঠি দি যাওঁ চাৰি মুঠি, গলত দি যাম হাৰ

খাটলি পীৰাতে বহি ভাতে খাবা, বেটীয়ে ধৰিব আল।’ — কথাষাৰ কোনে, কাক, কিয় কৈছিল বুজাই লিখা।

উত্তৰ ঃ মানুহৰ নিষ্ঠুৰতাক সহ্য কৰিব নোৱাৰি আত্মজাহৰ উদ্দেশ্যে নাৱত উঠি সাগৰৰ বুকুলৈ যোৱা জীয়েক পানেশৈক বাপেকে এনেদৰে কৈছিল। জীয়েক পানেশৈৰ শোকত ভাগি পৰা বাপেকে সাগৰৰ মাজত নাৱৰ ওপৰত পানীৰ লগত খেলি থকা দেখি বিনাই বিনাই কাতৰভাৱে ক’লে যে তাই তেওঁৰ ঘাটত নাও চপাই উভতি আহিব লাগে। তাইক যি লাগে তেওঁ দুই হাতেৰে সকলো দি তাইৰ অভাৱ পূৰণ কৰি দিব; তাইৰ গলত হাৰ পিন্ধাই দিব। তাই কোনো দুখ কষ্ট নকৰাকৈ খাটলি পীৰাত বহি ৰাণীৰ দৰে মহা আৰামেৰে ভাত খাব আৰু বেটী-বান্দীয়ে তাইক সকলো সময়তে আলপৈচান ধৰিব বুলি কৈ বাপেকে পানেশৈক উভতি আহিবলৈ খাটনি ধৰিলে। 

প্রশ্ন ৫। ‘আঁতৰে আঁতৰে           থাকিম ঐ নিলগে

                     মাৰিলে পানীতে বুৰ,’

—কোনে, কিয় এনেকৈ কৈ পানীত বুৰ মাৰিলে বুজাই লিখা। 

উত্তৰ : পানেশৈ নামৰ ৰূপহী যুৱতীগৰাকীয়ে এইদৰে কৈ পানীত বুৰ মাৰিছিল। পানেশৈয়ে মানুহৰ নিষ্ঠুৰতাক সহ্য কৰিব নোৱাৰি সাগৰৰ বুকুত আত্মজাহ দিবলৈ নাৱত উঠি ঢাপলি মেলিলে৷ তাকে দেখি শোকত আতুৰ বাপেকে তেওঁৰ ঘাটত নাও চপাই উভতি আহিবলৈ পানেশৈক কাতৰভাৱে খাটনি ধৰিলে। খাটনি ধৰি বাপেকে পানেশৈক এই কথাও ক’লে যে তাই উভতি আহিলে তেওঁ দুইহাতে উদাৰচিতে তাইৰ সকলো অভাৱ পূৰণ কৰিব, তাইক শুৱাই পৰাকৈ গলত হাৰো পিন্ধাই দিব। তাই খাটলি পীৰাত বহি আবামেৰে ভাত খাব আৰু বেটীয়ে তাইৰ সকলো আলপৈচান ধৰিব ।

বাপেকৰ এই কথাত মানুহৰ নিষ্ঠুৰতাৰ বলি পানেশৈয়ে অভিমানেৰে ক’লে যে তাই আৰু খাটলি পীৰাত বহি ভাতো নাখায়, বেটীয়েও তাইৰ আল ধৰিব নালাগে। বাপেক উভতি ঘৰলৈ যাওক৷ তাই আৰু মানুহৰ সমাজলৈ নাযায়। আজলী ছোৱালী পাই মানুহে তাইৰ এনে দশা কৰিলে। এতিয়া তাইৰ কাৰণে এয়াই ভাল। তাই মানুহৰ পৰা আঁতৰে আঁতৰেই থাকিব। এনেদৰে কৈ তাই পানীত বুৰ মাৰিলে ।

প্রশ্ন ৬। ‘এদিন পুৱাতে           সাগৰ পাৰৰ

                   এজোপা গছৰ মূলে,

দেখিলে মানুহে                   পানেশৈ আই

                অনন্ত কাললৈ শুলে।’

—পানেশৈৰ এনেকুৱা দশা কেনেকৈ হ’বলৈ পালে, লিখা। 

উত্তৰ ঃ পানেশৈ আছিল ৰূপহী যুৱতী, মাক-বাপেকৰ অতি মৰমৰ। সমাজত হয়তো পানেশৈয়ে পালে অমানৱীয় বিচাৰ আৰু নিষ্ঠুৰতা। ইয়াকে সহ্য কৰিব নোৱাৰি তাই আত্মজাহ দিবলৈ বুলি নাৱত উঠি নীল সাগৰৰ বুকুলৈ মানুহৰ সমাজৰ পৰা আঁতৰি গ’ল। মাক বাপেকৰ কাতৰ আহ্বানকো তাই এবাৰো কাণ নকৰিলে। পানীৰ লগত ঢৌৱে ঢৌৱে খেলি থকা সকলোৱে তাইক প্রত্যক্ষ কৰিলে। কিন্তু এদিন ৰাতিপুৱা মানুহে দেখিলে সাগৰৰ পাৰৰ এজোপা গছৰ গুৰিত পানেশৈৰ মৃতদেহ পৰি আছে। মানুহৰ নিষ্ঠুৰতাৰ কাৰণেই পানেশৈৰ এনে দশা হ’বলৈ পালে।

HS First Year Advance Assamese Questions Answers

গোট ১ -কবিতাংশ

ক্ৰমিক নংপাঠলিংক
১. প্রহলাদ চৰিত্ৰ Click here
২. শিৱৰ কৃষিকর্ম Click here
৩. প্রিয়তমাৰ চিঠি: Click here
৪. পানেশৈ Click here
৫. পছোৱাৰ ডাক Click here
৬ .চামুৰাই Click here

গোট ২ – গদ্যাংশ

৭. শংকৰদেৱৰ বাল্যকাল Click here
৮. ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা Click here
৯. অংকীয়া নাটৰ ৰস বিচাৰ Click here

গোট ৩ – নাটক

১০. টিকেন্দ্রজিৎ Click here

গোট ৪ – চুটি গল্প

১১. যীশুখ্ৰীষ্টৰ ছবি Click here
১২. ভ্ৰষ্টলগ্ন Click here

গোট ৫ – সাহিত্য সমালোচনা

১৩. কবিতা Click here
১৪. নাটক Click here

গোট ৬ – ছন্দ

১৫. ছন্দ : ছন্দ্ৰ সংজ্ঞা, অক্ষৰ; মাত্রা; যতি, পৰ্ব, চৰণ; “স্তৱক; পদ বা পয়াৰ; ঝুমুৰী: কুসুমমালা, দুলড়ী: ছবি, লোছাৰি ছন্দ Click here

গোট ৭ – অসমীয়া সাহিত্যৰ বুৰঞ্জী

১৬. অসমীয়া কবিতা আৰু নাটকৰ পৰি Click here

প্রশ্ন ৭। ‘পানেশৈ’ কবিতাটিৰ আঁৰত থকা কাহিনীটো তোমাৰ ভাষাৰে বৰ্ণনা কৰা।

উত্তৰ : ‘পানেশৈ’ এটি মালিতা বা বেলাড জাতীয় কবিতা। কবিতাটিত সম্পূর্ণভাৱে বৰ্ণিত নহ’লেও ইয়াৰ আঁৰত এটি বৰ মনোৰম কাহিনী জড়িত হৈ আছে। পানেশৈৰ কাহিনীটো ঠাই ভেদে মানুহৰ মুখত বেলেগ বেলেগভাৱে শুনা যায়। তাৰে এটি কাহিনীকে ইয়াত উল্লেখ কৰা হ’ল।

এদিন এজন মানুহে সাগৰৰ পাৰত এটি কণী পালে। মানুহজনে বিনো কণী বুলি আনি তেওঁ ধোঁৱাচাঙত তুলি থ’লে। মানুহজনৰ এজন ল’বাৰ বাহিৰে আন কোনো নাছিল। বাপেক পুতেকে কিবা অলপ খাই-বৈ ঘৰ-দুৱাৰ জপাই থৈ কামলৈ ওলাই যায়। সেই কণীটোৰ ভিতৰত এজনী ছোৱালী সোমাই আছিল। তাই ঘৰত কোনো নথকাৰ সুৰুঙাতে কণীৰ ভিতৰৰ পৰা ওলাই আহি বাপেক-পুতেকে খাই এৰি থৈ যোৱা ভাত পানী খাই আকৌ ভাত-আঞ্জা ৰান্ধি কণীটোৰ ভিতৰত সোমাই থাকে। বাপেক-পুতেকে নতুনকৈ ভাত ৰান্ধি থোৱা দেখি সদায় আচৰিত হয় আৰু কোনেনো ৰান্ধি থয়হি বুলি ভাবি চিন্তিও নাপালে। সেয়ে এদিন পুতেক কামলৈ যোৱাত বাপেকেও কামলৈ যোৱা ভাও ধৰি তাতেই লুকাই নিৰীক্ষণ কৰি থাকিল। ছোৱালীজনীয়ে আগৰ দৰে কণীটোৰ পৰা ওলাই আহি ভাত-আঞ্জা ৰান্ধিবলৈ ধৰিলে। মানুহজনে সকলো লক্ষ্য কৰি আছিল আৰু মনে মনে ওলাই আহি কণীৰ চোকোৰাটো ভাঙি দলিয়াই পেলাই ছোৱালীজনীক মৰমেৰে হাতত ধৰিলেহি আৰু ক’লেহি যে তাই আৰু চোকোৰাৰ ভিতৰত থাকিব নোৱাৰিব। তাই তেওঁ জী হিচাপে তেওঁলোকৰ লগতে থাকিব লাগিব৷

ইয়াৰ পিছত নিজৰ বাপেক আৰু ল’ৰাজনক নিজৰ ককায়েক হিচাপে লৈ ছোৱালীজনী তাতেই মহাসুখে থাকিবলৈ ল’লে। তেওঁলোকে তাইৰ নাম দিলে পানেশৈ। পানেশৈ লাহে লাহে আৰু ধুনীয়াজনী হৈ পৰিল। কিছুদিন পিছত নিজৰ পুতেকৰ সৈতেই পানেশৈৰ বিয়া পাতিবলৈ ওলোৱাত ককায়েকৰ লগত তাই বিয়া হ’বলৈ ঘোৰ আপত্তি কৰিলে। ইয়াৰ বাবে তাই বাপেক আৰু ককায়েকৰ হাতত যথেষ্ট নিষ্ঠুৰ ব্যৱহাৰ পাবলগীয়া হ’ল।

এদিন এজনী মগনীয়া বুঢ়ীৰ পৰামর্শক্রমে ইকৰাৰ নাও এখনি সাজি তাই তাত উঠি ঘৰৰ পৰা ওলাই সাগৰৰ মাজলৈ গুচি গ’ল। বাপেকে বিচাৰিও তাইক আৰু নাপালে। কিন্তু এদিন হঠাতে সাগৰপৰীয়া ল’ৰা-ছোৱালীবিলাকে সোণালী প্রতিমাৰ নিচিনা ধুনীয়া পানেশৈক নাৱত উঠি নীল সাগৰৰ মাজত খেলি থকা দেখিলে। বাপেকেও কথাটো গম পাই তাই তেওঁৰ ঘাটত নাও চপাই উভতি আহিবলৈ কাতৰভাৱে খাটনি ধৰিলে। তাই উভতি আহিলে তেওঁ দুহাতে উদাৰচিতে তাইৰ সকলো অভাৱ দূৰ কৰাৰ লগতে গলৰ হাৰ পিন্ধাই দিব, খাটলি পীৰাত বহি ৰাণীৰ দৰে ভাত খাব, বেটীয়ে তাইৰ আল ধৰিব বুলি কোৱাতো, তেনেবোৰ তাইৰ আৰু দৰকাৰ নাই বুলি কৈ উভতি নাহিল। কিছুদিন পিছত এদিন মানুহে দেখিলে সাগৰৰ পাৰৰ গছ এডালৰ গুৰিত তাইৰ মৃতদেহটো পৰি আছে।

পানেশৈৰ বিষয়ে থকা বিভিন্ন কাহিনীৰ এক ধৰণৰ কাহিনী এইটোৱেই। মালিতাসমূহ বিশেষকৈ মুখ বাগৰি অহাৰ কাৰণে বিভিন্ন ঠাইত সংযোজন-বিয়োজন হোৱাৰ কাৰণেই এইটো কাহিনীকে বেলেগ বেলেগ ধৰণে শুনা যায়, বা পোৱা যায়। 

আনন্দচন্দ্ৰ আগৰৱালা (১৮৭৪-১৯৩৯)

কবি পৰিচিতিঃ অসমীয়া সাহিত্য জগতত ‘ভাঙনি কোৱৰ’ আখ্যাৰে প্রখ্যাত কবি আনন্দচন্দ্ৰ আগৰৱালাৰ জন্ম হয় বিখ্যাত আগৰৱালা পৰিয়ালত ১৮৭৪ চনত শোণিতপুৰ জিলাৰ কলংপুৰ মৌজাৰ বৰঙাবাৰীত। তেওঁৰ পিতৃৰ নাম আছিল কাশীনাথ আগৰৱালা ৷ তেজপুৰতে হাইস্কুলীয়া শিক্ষা সাং কৰি কলিকতালৈ পঢ়িবলৈ যায় যদিও কোনো ডিগ্রী লাভ নকৰাকৈ উলটি আহি পুলিচৰ চাকৰিত যোগদান কৰে আৰু পুলিচ ছুপাৰিণ্টেণ্ডেণ্ট হিচাপে চাকৰিৰ পৰা ১৯২৯ চনত অৱসৰ গ্ৰহণ কৰে। ১৯৩৪ চনত মঙলদৈ চহৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ পঞ্চদশ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল। ১৯৩৯ চনত তেজপুৰত তেওঁৰ পৰলোকপ্রাপ্তি হয়।

আনন্দচন্দ্ৰ আগৰৱালাই কলিকতাত থকা কালতে ‘জোনাকী’ কাকত আৰু অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ লগত বিশেষভাৱে জড়িত হৈ পৰে। তেওঁ ‘জোনাকী’ আৰু ‘বিজুলী’ কাকতৰ অন্যতম প্রধান লেখক, কবি। কৰুণাভিৰাম বৰুৱাৰ সম্পাদিত শিশু আলোচনী ‘ল’ৰাবন্ধু’ৰ তেওঁ আছিল প্রধান সহায়ক। কেইজনমান বন্ধুৰ লগ লাগি তেওঁ ‘ধৰ্ম-সংগীত’ নামেৰে এখন গীতৰ পুথিও ৰচনা কৰিছিল৷ তেওঁৰ নিজা একমাত্ৰ কবিতাৰ পুথি হ’ল ‘জিলিকনি’ (১৯২০)। মৃত্যুৰ পিছত শতবার্ষিকী জন্মোৎসৱত তেওঁৰ অপ্রকাশিত কবিতাৰ সংগ্ৰহ ‘পদুমণি’ (১৯৭৪) প্রকাশ কৰা হয়। বিদেশী কবিতা, ঘাইকৈ ইংৰাজী কবিতাৰ অনুবাদ করিতাসমূহৰ জনপ্রিয়তা আৰু সফলতাৰ কাৰণেই অসমীয়া কাব্যজগতত তেওঁ ‘ভাঙনি কেঁাৱৰ’ নামেৰে জনাজাত। অনুবাদ কবিতাই তেওঁৰ লেখনিৰ স্পৰ্শত দ্বিজত্ব লাভ কৰি মহিমামণ্ডিত হৈ পৰিছে। অনুবাদ কবিতাসমূহো মৌলিক কবিতাৰ দৰেই উপভোগ্য হৈছে। ‘জীৱন সংগীত’, ‘সুখৰ ঠাই’, ‘চহা আৰু পণ্ডিত’, ‘যোগী’ আদি তেওঁৰ উল্লেখযোগ্য তথা অতি জনপ্রিয় অনুবাদ কবিতা। 

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। অসমীয়া সাহিত্যত ‘ভাঙনি কোৱৰ’ কাক বোলা হয়? 

উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালাক কোৱা হয় ।

প্রশ্ন ২। আনন্দচন্দ্ৰ আগৰৱালাক ভাঙনি কোৱৰ’ আখ্যা কিয় দিয়া হৈছে? 

উত্তৰ ঃ অনুবাদ কুশলতাৰ কাৰণে আনন্দচন্দ্ৰ আগৰৱালাক ‘ভাঙনি কোঁৱৰ’ আখ্যা দিয়া

প্রশ্ন ৩। আনন্দচন্দ্ৰ আগৰৱালাৰ কবিতা পুথিখনিৰ নাম কি? 

উত্তৰ : জিলিকনি।

প্রশ্ন ৪। আনন্দচন্দ্ৰ আগৰৱালাই কি চাকৰিৰ পৰা অৱসৰ লৈছিল ?

উত্তৰঃ ‘পুলিচ ছুপাৰিণ্টেণ্ডেণ্ট’ চাকৰিৰ পৰা।

প্রশ্ন ৫। কোন চনত, ক’ত আনন্দচন্দ্ৰ আগৰৱালাই অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল ?

উত্তৰ: ১৯৩৪ চনত মঙলদৈত অনুষ্ঠিত সভাত।

প্রশ্ন ৬। ‘পানেশৈ’ কবিতাত ‘সোণালী প্রতিমা’ বুলি কাক কোৱা হৈছে? 

উত্তৰ ঃ পানেশৈ নামৰ যুৱতীগৰাকীক ।

প্রশ্ন ৭। ‘খাটলি পীৰাতে বহি ভাতে খাবা, বেটীয়ে ধৰিব আল। – বুলি কোনে কাক কৈছে?

উত্তৰ : পানেশৈক বাপেকে কৈছে। 

প্রশ্ন ৮। ৰূিপহী আইটী.   অকালতে হায়

            বেজাৰত গ’ল মৰি,’

– এই গৰাকী ‘ৰূপহী আইটী’ কোন?

উত্তৰ-পানেশৈ।

প্রশ্ন ৯। ‘পানশৈ’ কবিতাটোৰ কবিগৰাকীৰ নাম লিখা। তেওঁ অসমীয়া সাহিত্যত কি আখ্যাৰে বিভূষিত?

উত্তৰ ঃ আনন্দ চন্দ্ৰ আগৰৱালা। ‘ভাঙনি কোৱৰ’ আখ্যাৰে বিভূষিত।

প্রশ্ন ১০। ‘পানেশৈ’ কোন শ্ৰেণীৰ কবিতা ?

উত্তৰ ঃ ‘লোক-গীতিধর্মী’ কবিতা।

প্রশ্ন ১১। ‘জিলিকনি কবিতাপুথিখন কোনে ৰচনা কৰিছিল ? 

উত্তৰ: আনন্দচন্দ্ৰ আগৰৱালা। 

প্রশ্ন ১২। খাটলি পীৰাৰ অৰ্থ কি?

উত্তৰ ঃ এবিধ চাৰিচুকীয়া কাঠৰ পীবা।

This Post Has One Comment

Leave a Reply