HS First Year Advance Assamese Solutions Chapter-12 ভ্ৰষ্টলগ্ন

HS First Year Advance Assamese Solutions Chapter-12 ভ্ৰষ্টলগ্ন। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Advance Assamese Solutions Chapter-12 ভ্ৰষ্টলগ্ন AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

Hs First Year Question Answer (Assamese Medium)

ইংৰাজী (English)Click Here
অসমীয়া Click Here
हिन्दीClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
তৰ্কবিদ্যা আৰু দর্শন (Logic & Philosophy)Click Here
পৰিৱেশ শিক্ষা ( Environmental Studies)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
সমাজতত্ত্ব (sociology)Click Here
অৰ্থনীতি (Economy)Click Here
ৰাজনীতি (Political Science)Click Here
ভূগোল (Geography)Click Here

HS First Year Advance Assamese Solutions Chapter-12 ভ্ৰষ্টলগ্ন

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। ‘অন্তৰৰ অতি গুপুত কোণত সেইবোৰ কি কথা লুকাই আছে? – মঞ্জুলাৰ অন্তত কি কথা লুকাই আছিল, বহলাই আলোচনা কৰা৷ 

উত্তৰ ঃ মঞ্জুলাই বিশ বছৰীয়া বোৱাৰী জীৱন কটোৱাৰ পিছত শাহুৱেকজনীৰ প্ৰায় আশী বছৰৰ ওচৰত মৃত্যু হ’ল। দুবছৰৰ আগতেই শহুৰেকৰো মৃত্যু হৈছিল। আজি বিশ বছৰে পাই অহা শাহুৱেকৰ মৃত্যুত মঞ্জুলাৰ দুগালেদি চকুলো বাগৰি আহিল, অথচ– শোকৰ মাজতো নিজৰ অন্তৰৰ অন্তঃস্থলীত ইমান দিনে লুকাই থকা কেতবোৰ কথাই মঞ্জুলাক শিয়ৰাই তুলিলে।

বিশ বছৰৰ আগতে মঞ্জুলাই বি এ-টো পাছ নকৰোঁতেই তাইক মাক-দেউতাকে ত্রিদিবলৈ বিয়া দি দিলে। বি এ-টো পাছ কৰা ইচ্ছা কৰি বিয়া হ’বলৈ ভনীয়েক মৃদুলাৰ জৰিয়তে মাক দেউতাকৰ ওচৰত আপত্তি দর্শাইছিল যদিও ‘পিছতো তাই বি এ পাছ কৰিব পাৰিব, পঢ়াৰ সময় কেতিয়াও হেৰাই নাযায়। কিন্তু এবাৰ হেৰালে এনে ল’ৰা, এনে ঘৰ আমি যে পুনৰাই পাম তাৰ কি নিশ্চয়তা আছে?’— এই যুক্তিৰে তাইক একপ্ৰকাৰ তাইৰ অমততেই ত্রিদিবৰ লগত বিয়া দি দিলে।

সঁচাকৈয়ে ত্রিদিব ভাল ঘৰৰ ভাল ল’বা। ত্রিদিব কলেজৰ অধ্যাপক, শিক্ষিত, সংস্বভাৱী, বিনয়ী আৰু শাস্ত। একো ৰাগিয়াল বস্তু মুখত নিদিয়ে। মাক-দেউতাকৰ অতি বাধ্য পুত্র। বিয়াৰ পিছতো ত্রিদিব অকণো সলনি হোৱা নাই।

কিন্তু মঞ্জুলাৰ আপত্তি আছিল তাতেই। কিয় ত্রিদিব ইমান বেছি বাধ্য হৈ চলিব লাগে, কিয় ত্রিদিবধ ইমান বয়সতো সাহ নহয় মঞ্জুলাক লৈ এঠাইলৈ (মাক-দেউতাকৰ অনুমতি লৈয়ে বাৰু) ফুৰিবলৈ যাবলৈ, এখন চিনেমা চাবলৈ? কিয় ত্রিদিবে তেওঁলোক দুয়োৰে সামান্য এটা জীৱন গঢ়ি উঠিবলৈ নিদিলে ?

অথচ মঞ্জুলাৰ বিয়া হৈছে এজন প্ৰফেছাবৰ লগত। তাইৰ ভনীয়েক মৃদুলাৰ গিৰীয়েক কিন্তু ইমান শিক্ষিত নহয়৷ আই এ-লৈকে পঢ়িছে। ব্যৱসায় কৰে। অৱস্থাও মঞ্জুলাহঁতৰ দৰে নহয়। অথচ সামান্য আয়েৰেও সিহঁত দুয়ো এটা হাঁহিভৰা জীৱন কটাইছে, ফুৰিছে, চিনেমা চাইছে, – এবাৰ দাৰ্জিলিঙৰ পৰাও ঘূৰি আহিছে। সিহঁতৰ সৰু সংসাৰ — মৃদুলা, গিৰীয়েক, বিধৱা শাহুৱেক আৰু সৰু দেওৰেক এটা। ভাত-পানী মৃদুলাই বান্ধে, সামান্য আয়ৰ সাধাৰণ আয়োজন, তাৰ বিপৰীতে মঞ্জুলাৰ ঐশ্বর্য-বৈভৱ, খোৱা-লোৱাৰ প্ৰচুৰ আয়োজন, মানুহ-দুনুহ গাড়ীৰ আহ-যাহ। তথাপি মঞ্জুলাৰ শান্তি নাই, তাই মুকলিকৈ ত্রিদিবৰ লগত হাঁহিব নোৱাৰে, কলৈকো যাব নোৱাৰে, চিনেমা চাব নোৱাৰে, এটা ব্যক্তিগত জীৱন ভাবিব নোৱাৰে। সদায় একে ধৰণৰ কাম— ৰন্ধা-বঢ়া, খোৱা-লোৱা, শাহু-শহুৰক আল ধৰা, আলহী-অতিথিক সৎকাৰ কৰা, ঘৰ-সংসাৰ চম্ভালা।

ভনীয়েক মৃদুলা এবাৰ বায়েক মঞ্জুলাৰ ঘৰলৈ দুদিনমান থকাকৈ আহি বায়েকৰ তেনেবোৰ বৈভৱ দেখি আচৰিতেই হৈছিল। পিছত দেখিলে বায়েক দিনে-ৰাতিয়ে কেৱল সেইবোৰ কামতেই ব্যস্ত হৈ থাকিব লাগে। তেতিয়া বায়েকক ৰান্ধনি-চান্ধনি এটা ৰাখি অলপ আজৰি হৈ ল’বলৈ পৰামর্শ দিছিল। কিন্তু শাহু-শহুৰ থকা সেইখন ঘৰত ৰান্ধনি-চান্ধনি ৰখাটো যে অসম্ভৱ সেই কথা মঞ্জুলাই জানিছিল। তাইৰ যে কষ্ট হৈছে, তাইক যে অলপ আজৰি লাগে এই কথাও তাই কাকো খুলি ক’ব নোৱাৰে।

মৃদুলাই খোলা মনেৰে কোৱা কথাখিনিয়ে মঞ্জুলাৰ মনৰ সমস্ত ক্ষোভ জগাই তুলিলে৷ সঁচাকৈয়ে বিবাহিত জীৱনৰ সমস্ত ক্ষোভ তাই আজি কুৰি বছৰে এনেকৈয়ে মনতে গোপনে পুহি ৰাখিছে, কুমাৰী জীৱনৰ মুকলিমূৰীয়া দিনবোৰ সুঁৱৰি গোপনেই হাহাকাৰ কৰি আহিছে, মাকৰ মৰমসনা, প্ৰশ্ৰয়ভৰা দিনবোৰলৈ মনত পেলায়। এনেকৈয়ে গোপনে পুহি ৰাখিছে শাহুৱেকৰ শাসনৰ বিৰুদ্ধে পুঞ্জীভূত হৈ উঠা বিদ্বেষ আৰু অশান্তিবোৰ।

মঞ্জুলাৰ অন্তৰৰ অতি গুপুত কোণত এইবোৰ কথাই লুকাই আছিল। 

প্রশ্ন ২। ‘নাই বাইদেউ, এনেকৈ পাকঘৰতে জীৱনটো শেষ কৰি নিদিবি, এটা বান্ধনি চান্ধনি ৰাখ।’— কথাষাৰ কোনে, কি প্ৰসংগত কৈছিল?

উত্তৰ : মঞ্জুলা আৰু মৃদুলা দুয়ো বাই-ভনী। বি এ পঢ়ি থকা অৱস্থাতেই মঞ্জুলাৰ ত্রিদিবৰ লগত বিয়া হৈ যায়। বি এ-টো পাছ কৰাৰ মনেৰে বিয়া হ’বলৈ মঞ্জুলাই আপত্তি কৰিছিল যদিও ত্রিদিবৰ দৰে শিক্ষিত, কলেজৰ অধ্যাপক, সৎস্বভাৱী, বিনয়ী আৰু শান্ত, কোনো ৰাগিয়াল বস্তু মুখত নিদিয়া ল’ৰা, চহৰৰ ভিতৰতে এখন আঢ্যৱন্ত, খোৱা-পিন্ধাৰতো আকাল নায়েই, দহজনক খুৱাব-পিন্ধাব পৰা ঘৰ হয়তো আৰু নাপাব এই যুক্তিৰেই মঞ্জুলাক মাক-দেউতাকে ত্রিদিবলৈ বিয়া দি দিলে। যেনেদৰে শুনিছিল বা ভাবিছিল ত্রিদিব আৰু ঘৰখন ঠিক তেনেকুৱাই। ত্রিদিব অতি সৎস্বভাৱী, বিনয়ী আৰু শান্ত হোৱাৰ উপৰি মাক-দেউতাকৰ তেওঁ অতি বাধ্য।

মঞ্জুলাৰ আপত্তি আছিল এইখিনিতেই অর্থাৎ ত্রিদিব মাক-বাপেকৰ অতি বাধ্য হোৱাতেই তাইৰ আপত্তি। এই বাধ্যতাৰ কাৰণেই ত্রিদিবে তাইক লৈ হয়তো মাক-দেউতাকৰ অনুমতি লৈয়েই এঠাইলৈ ফুৰিবলৈ যোৱা, চিনেমা চাবলৈ যোৱাৰ সাহস সেই মুহূৰ্তলৈ গোটাব পৰা নাই। এই কাৰণেই সিহঁত দুয়োৰে মাজত সামান্য এটা জীৱন গঢ়ি উঠিবলৈও ত্রিদিবে নিদিলে। মঞ্জুলাই যোৱা কুৰি বছৰ ধৰি কেৱল ৰাতিপুৱা শুই উঠাৰ পৰা নিশা বিছনাত পৰালৈকে সেই একেবোৰ কামকে গতানুগতিক কৰি আহিছে– ৰন্ধা-বঢ়া, খোৱা-লোৱা, স্বামী-শাহু-শহুৰ, ল’ৰা ছোৱালীক আলপৈচান ধৰা, আলহী-অতিথিক শুশ্ৰূযা কৰা ঘৰ সংসাৰ চোৱা-চিতা কৰা৷

মঞ্জুলাৰ ভনীয়েক মৃদুলাৰ গিৰীয়েক কিন্তু ইমান শিক্ষিত নহয়। আই এ-লৈকে পঢ়ি ব্যৱসায় কৰে। সিমান ডাঙৰ ব্যৱসায়ো নহয়। কিন্তু সেই সামান্য আয়েৰেও দুয়ো এটা হাঁহিভবা ফূৰ্তিৰ জীৱন কটাইছে, ফুৰিছে, চিনেমা চাইছে। এবাৰ দাৰ্জিলিঙৰ পৰাও ঘূৰি আহিছে। সৰু সংসাৰ সিহঁতৰ– মৃদুলা, গিৰীয়েক, নিমাখিত বিধৱা বুঢ়ী শাহু আৰু সৰু দেওৰেক এটা। ভাত-পানী মৃদুলাই বান্ধে; সামান্য আয়ৰ সাধাৰণ আয়োজন।

এবাৰ মৃদুলা আহি বায়েকৰ ঘৰত চাৰিদিন থাকি গৈছিল। প্রথম তাই বায়েক মঞ্জুলাহঁতৰ ঐশ্বর্য-বৈভৱ, খোৱা-লোৱাৰ আয়োজন, মানুহ-দুনুহ, গাড়ীৰ আহ-যাহ দেখি চমৎকৃত হৈছিল

আৰু বৰ উৎসাহেৰে কৈছিল– ‘তোৰ বৰ কপাল দে বাইদেউ!’ কিন্তু চাৰিদিন থকাৰ পিছত বাইদেৱেকৰ সেই একেখিনি এৰিব নোৱৰা ব্যস্ততা দেখি মৃদুলাই কৈছিল যে বাইদেৱেকে ইমান মানুহৰ ইমান বিধে বিধে ৰন্ধা-বঢ়া আৰু লগতে ইমান আলহী-অতিথি সৎকাৰ কৰি তাইৰনো অকণো আমনি নালাগেনে? কেৱল ৰন্ধা বঢ়াৰ পিছত খোৱা আৰু খোৱাৰ পিছত ৰন্ধা-বঢ়া। এনেকৈয়ে দেখোন বাইদেৱেকৰ দিনবোৰ গৈছে৷ সিহঁত ইমান ধনী মানুহ, ৰান্ধনি-চান্ধনি ৰাখি অলপ আজৰি হৈ নলয় কিয়? মৃদুলাই পুনৰ ক’লে— সেই চাৰিদিন তাত থাকিয়েই মৃদুলাৰ হেনো উশাহ বন্ধ হৈ যোৱা যেন লাগিছে। কেরল কাম, কেৱল খোৱা-বোৱাৰ কাৰবাৰ। মানুহ কিবা অকল খাবলৈকে জীয়াই থাকে নেকি? সেই কাৰণেই এই প্ৰসংগতে মৃদুলাই বায়েক মঞ্জুলাক কৈছিল— ‘নাই বাইদেউ, এনেকৈ পাকঘৰতে জীৱনটো শেষ কৰি নিদিবি,— এটা ৰান্ধনি-চান্ধনি ৰাখ।’

প্রশ্ন ৩। ‘মুক্তি— আঃ কি মধুৰ।’— মঞ্জুলাই কি ধৰণৰ মুক্তি বিচাৰিছিল? সেই মুক্তি তেওঁ পালেনে, – বুজাই লিখা। 

 অথবা, 

শাহুয়েক ঢুকুৱাৰ পিছত মঞ্জুলাৰ সংসাৰলৈ কেনে ধৰণৰ পৰিৱৰ্তন আহিল, বিৱৰি লিখা।

উত্তৰ ঃ মঞ্জুলাৰ শহুৰেকৰ দুবছৰ আগতেই মৃত্যু হৈছিল। দুবছৰৰ পিছত এতিয়া প্রায় আশী বছৰ বয়সতে শাহুৱেকৰো মৃত্যু হ’ল। বি.এ পাছ কৰিবলৈ নৌ পাওঁতেই মঞ্জুলাৰ কলেজৰ অধ্যাপক ত্রিদিবৰ লগত কুৰি বছৰ আগতেই বিয়া হৈছিল। ত্রিদিব আছিল অতি ভাল ল’ৰা। শিক্ষিত, সৎস্বভাৱী, বিনয়ী আৰু শাস্ত। একো ৰাগিয়াল বস্তু কোনো দিন মুখত নিদিয়া ত্রিদিব আছিল মাক-দেউতাকৰ অতি বাধ্য মাক-দেউতাকৰ প্ৰতি থকা অতি বাধ্যতাই হৈছে মঞ্জুলাৰ মনৰ গোপন আপত্তি। মঞ্জুলাই ভাবিছিল কিয় ত্রিদিব ইমান বেছি বাধ্য হৈ চলিব লাগে, কিয় তেওঁৰ এই বয়সতো সাহস নহয় তেওঁক লৈ এঠাইলৈ (মাক-দেউতাকৰ অনুমতি লৈয়ে বাৰু) ফুৰিবলৈ যাবলৈ, চিনেমা এখন চাবলৈ? কিয় তেওঁক বিয়া কৰাই তেওঁ এনেকৈ সম্পূর্ণভাৱে শাৰ তলত এৰি দিলে? কিয় তেওঁলোক দুয়োৰে সামান্য জীৱন এটা গঢ়ি উঠিবলৈ নিদিলে। এইখন ঘৰত গিৰীয়েকে নিজৰ পত্নীক লৈ ফুৰিবলৈ যোৱা, চিনেমা চোৱা, সুকীয়া জীৱনৰ চিন্তা কৰাটো যেন অসম্ভৱ। কেৱল কাম, কেৱল খোৱা-বোৱাৰ কাৰবাৰ, আলহী-অতিথিৰ সৎকাৰ। ইয়াৰ বাহিৰে যেন একো চিন্তাই কৰিব নোৱাৰে এই ঘৰখনত৷ শাহৰ তলত থাকি এনেবোৰ কাম কৰি কৰি মঞ্জুলাই যেন এটি বন্ধ কোঠাতহে আৱদ্ধ হৈ আছিল, এনে অনুভৱ কৰিছিল৷ যোৱা কুৰিটা বছৰ বোৱাৰী জীৱনত তাই মুকলিকৈ ফুৰা-চকা কৰাটো বাদেই অকণো আজৰি লৈ বহাৰ সময়েই উলিয়াব নোৱাৰিলে। বিবাহিত জীৱনৰ এই সমস্ত ক্ষোভ তাই আজি কুৰি বছৰে এনেকৈয়ে গোপনে পুহি ৰাখিছিল, কুমাৰী জীৱনৰ মুকলিমূৰীয়া দিনবোৰ সুঁৱৰি গোপনে হাহাকাৰ কৰি আহিছে। শাহুৱেকৰ শাসনৰ বিৰুদ্ধে পুঞ্জীভূত হৈ উঠা বিদ্বেষ আৰু অশান্তিবোৰ তেওঁ গোপনেই পুহি ৰাখিছিল। ইয়াৰ পৰা মনে মনে তেওঁ মুক্তি পাবলৈ বিচাৰিছিল৷

শাহুৱেকৰ মৃত্যুত কান্দোনৰ ৰোল উঠা, শোকে আগুৰি ধৰা ঘৰখনত শোকসন্তপ্ত মঞ্জুলায়ো চকুপানী মচি মচিও কিন্তু এই বন্ধন, বিদ্বেষ আৰু অশান্তিৰ পৰা মুক্তি পোৱাৰ বাবে এটা স্বস্তিৰ নিশ্বাস পেলালে এইবুলি — ‘মুক্তি – আঃ কি মধুৰ…।”

কিন্তু মঞ্জুলাই বিবাহিত জীৱনৰ কুৰি বছৰৰ পিছত পোৱা এই মুক্তি তেওঁৰ কাৰণে প্ৰকৃত মুক্তি নহ’ল । শাহুৱেকৰ মৃত্যুৰ পিছত সম্পূৰ্ণভাৱে ঘৰখনৰ গৃহিণী হৈ পৰা মঞ্জুলাই নিজৰ ইচ্ছা মতেই ঘৰখন চলাব পাৰিব বুলি ভাৱি গিৰীয়েক ত্রিদিবক কথাটো জনাই এটা ঠাকুৰ ৰাখিলে। যোৱা কুৰিটা বছৰ মঞ্জুলা পাকঘৰতেই সোমাই থাকিল, – তাৰ পৰা ওলাই অকণমান তাই জিৰণি ল’ব নোৱাৰিলে। ঘৰলৈ ঠাকুৰ অহাত অন্ততঃ তাই কিছু আজৰি পাব, পাকঘৰটোৰ পৰা মুক্তি পাব।

কিন্তু প্রথম দিনাই নিজৰ আৰু ননদ পুতুলীৰ ল’ৰা-ছোৱালী কোনোৱেই ঠাকুৰে ৰন্ধা ভাত আঞ্জাৰ অকণো জুতি নাপালে। আঞ্জা তৰকাৰীত অত্যন্ত জলা ৷ সকলোৱে আপত্তি কৰিবলৈ ধৰিলে ৷ আনকি মঞ্জুলা-ত্রিদিবহঁতৰো ঠাকুৰৰ ৰন্ধা খাই ভাল নালাগিল ৷ তথাপি ঠাকুৰ থাকিল।

পাকঘৰৰ পৰা ওলাই মঞ্জুলাই যথেষ্ট আজৰি সময় পালে; কিন্তু এই সময়বোৰ তাই কটাই কেনেকৈ? আলোচনী এখন হাতত লৈ পাকঘৰলৈ সঘনাই গৈ ঠাকুৰৰ ওপৰত তাইৰ কেইবাবাৰো মূৰ গৰম হৈ উঠিল। তথাপি তাই সহ্য কৰি থাকিল, – কিন্তু মনত শান্তি নোহোৱা হ’ল,— ঠাকুৰৰ কাণ্ড-কাৰখানা আৰু পাকঘৰৰ বিশৃঙ্খল, লেতেৰা অৱস্থা দেখি। যা হওক অশান্তি পালেও অন্ততঃ তাই পাকঘৰৰ পৰা মুক্তি পাইছে। এতিয়া তাই অনেক আজৰি সময় পাব আলোচনী-কিতাপ কাকত আদি পঢ়িবলৈ, ইঘৰ-সিঘৰ ফুৰি ওচৰ-চুবুৰীয়াৰ লগত কথা পাতিবলৈ আৰু মন গ’লে হৰেক ৰকমৰ এম্‌ইডাৰি কৰিবলৈ। শাহুৱেক জীয়াই থকা সময়ত এইবোৰ একোৱেই কৰিবলৈ সময় নাপাইছিল— সুবিধা নাপাইছিল।

মঞ্জুলাই কিতাপ-আলোচনী-কাগজেৰে ঠাহ খাই থকা ঘৰটোত সেইবোৰ এখন এখনকৈ লৈ পঢ়িবলৈ চেষ্টা কৰিলে; কিন্তু তাইৰ অকণো মন নবহিল, – ভাল নালাগিল। এমব্রইডাৰিকে কৰোঁ বুলি ভাবি কাপোৰ-বেজি-সূতা উলিয়াই লোৱাত জীয়েক মন্দিৰাহঁত আচৰিত হ’ল— মাকে এই বয়সত বেজি-সূতাৰে এম্‌ইডাৰি কৰিব! এইডাৰিত বং মিলাব নোৱাৰি আৰু জীয়েক মন্দিৰাহঁতৰ কথাত মনটো সেমেকি, তাতকৈ ডাঙৰ কথা কামটোত একেবাৰে মন বহুৱাব নোৱাৰি সেই কাম জীয়েকহঁতক কৰিবলৈ দি এৰি পেলালে। ভাল চিনেমা এখন হৈ আছে বুলি জীয়েক মন্দিৰাৰ পৰা জানি মন্দিৰাৰ লগতে চিনেমাখন চাবলৈ গ’ল। চাই আহি জীয়েকক গালি পাৰিলে— ‘এই বাজে অসভ্য চিনেমাখন চাবলৈকে মোক আনিছিলি, মুনু?”

নাই, কোনো এটা কামতে মঞ্জুলাৰ ভাল লগা নাছিল। মঞ্জুলাই মনত এটা অস্থিৰ ছট্‌ফটনি অনুভৱ কৰিলে। মঞ্জুলাৰ বুকু ঠেলি এটা দীর্ঘশ্বাস বাহিৰ হৈ আহিল। মুক্তি ? এৰা মুক্তি ! তাই ঠিকেই পালে; কিন্তু সুদীর্ঘ বিশ বছৰ পাৰ হৈ গৈ এদিনৰ কুৰি বছৰীয়া চঞ্চলা গাভৰুজনীক আজি দুকুৰি বছৰীয়া প্রৌঢ়াত পৰিণত কৰিলে। যি মুক্তিৰ কাৰণে সেই কুৰি বছৰীয়া গাভৰু প্ৰাণটোৱে ছট্‌ফটাই মৰিল, মনে মনে বিদ্রোহ কৰি থাকিছিল, সেই মুক্তিৰ স্বাদ যে আজি দুকুৰি বছৰীয়া জীৱনটোত ইমান বিস্বাদ লাগিব, তাই ভুলতো এবাৰ কল্পনা কৰিব পৰা নাছিল। প্ৰকৃততে মঞ্জুলাই সেই মুক্তি নাপালে।

প্রশ্ন ৪ ‘মাহীয়েকৰ দৰে স্পষ্ট বক্তা হৈছে ভাগিনীয়েকজনী’— ইয়াত মাহীয়েক আৰু ভাগিনীয়েক কোন?

উত্তৰ ঃ মাহীয়েক হ’ল মঞ্জুলাৰ ভনীয়েক মৃদুলা আৰু ভাগিনীয়েক হ’ল মঞ্জুলাৰ ডাঙৰ জীয়েক মন্দিৰা মঞ্জুলাৰ ভনীয়েক মৃদুলা সদায়ে স্পষ্ট কোনো লুক-ঢাক ৰাখি কথা ক’ব নোৱাৰে। সেই কাৰণেই মঞ্জুলাহঁতৰ ঐশ্বর্য-বৈভৱ, খোৱা-লোৱাৰ আয়োজন, মানুহ দুনুহ, গাড়ীৰ আহ-যাহ দেখি উচ্ছ্বসিত হৈ কৈছিল— ‘তোৰ বৰ কপাল দে বাইদেউ!’ কিন্তু বাইদেৱেকৰ দিনে-ৰাতিয়ে পাকঘৰত ব্যস্ততা দেখিও স্পষ্টভাৱেই কৈছিল,… ‘তহঁত ইমান ধনী মানুহ, এটা ৰান্ধনি-চান্ধনি ৰাখি অলপ আজৰি হৈ নল’ৱ কিয়? তোৰ ঘৰত এই চাৰিদিন থাকিয়ে মোৰ হ’লে উশাহ বন্ধ হৈ যোৱাৰ দৰে লাগিছে দে, বাইদেউ। কেৱল কাম, কেৱল খোৱা-বোৱাৰ কাৰবাৰ। মানুহ কিবা খাবলৈকে জীয়াই থাকে নেকি? নাই বাইদেউ, এনেকৈ পাকঘৰতে জীৱনটো শেষ কৰি নিদিবি, এটা ৰান্ধনি-চান্ধনি ৰাখ।’

মঞ্জুলাৰ ভনীয়েক মৃদুলাৰ দৰেই মৃদুলাৰ ভাগিনীয়েক অৰ্থাৎ মঞ্জুলাৰ ডাঙৰ জীয়েক মন্দিৰাও স্পষ্ট বক্তা। মাকে প্রৌঢ় বয়সত এমব্ৰইডাৰি কৰিব লোৱা দেখি কৈছিল–… এইটো কি কৰিছা, মা? অ’ কুছন কভাৰত ফুল তুলিছা! কিন্তু মা, এইটোনো কি ৰঙৰ সূতা ব্যৱহাৰ কৰিছা? বৰ তেলীয়া দেখাইছে পাই- তোমালোকৰ দিনত ছোৱালীবোৰে ইমান মেহনত কৰি চিলাই কৰিছিল, কিন্তু ৰঙৰ ‘চয়েছ’ মুঠেই নাছিল। আজিকালিৰ চিলাইবোৰত বেছি খাটনি নপৰে, কিন্তু ইমান সুন্দৰ ৰং মিলাই কৰে কাৰণে কিমান বেছি ভাল দেখি… মা, তুমি এইটো ৰঙৰ সূতাৰে নকৰিবাচোন – মই বাৰু তোমাক ৰং মিলাই সূতা আনি দিম…।”

এনেকৈয়ে মাহীয়েক মৃদুলা আৰু ভাগিনীয়েক মন্দিৰাই স্পষ্টভাৱে অৰ্থাৎ কোনো লুক ঢাক নাৰাখি কথা ক’ব পাৰিছিল। 

প্রশ্ন ৫। ঠাকুৰে ৰন্ধা-বঢ়া কৰিবলৈ লোৱাত মঞ্জুলাৰ কেনে ধৰণৰ সুবিধা আৰু অসুবিধা হৈছিল, বুজাই লিখা।

উত্তৰ : ঠাকুৰে ৰন্ধা-বঢ়া কৰিবলৈ লোৱাত মঞ্জুলাই যোৱা কুৰি বছৰে বন্দী হৈ থকা পাকঘৰটোৰ পৰা মুক্তি পালে। আগতে ব’ব-বহিবলৈ অকণো সময় নোপোৱা মঞ্জুলাই এতিয়া অফুৰন্ত সময় পালে জিৰণি ল’বলৈ, কিতাপ-কাগজ-পত্ৰ পঢ়িবলৈ, ওচৰ-চুবুৰীয়াৰ ইঘৰ-সিঘৰত ফুৰি কথাৰ মহলা মাৰিবলৈ আৰু ইচ্ছা মতে ইটো-সিটো কৰিবলৈ।

মঞ্জুলাই ঠাকুৰে ৰন্ধা-বঢ়া কৰিবলৈ লোৱাত এইখিনি সুবিধা পাম বুলি ভাবিছিল যদিও সুবিধাতকৈ অসুবিধা বেছি পালে, শান্তিতকৈ অশান্তি বেছিহে পালে। ঠাকুৰৰ ৰন্ধা খাই ল’ৰা ছোৱালীবোৰৰ ভীষণ আপত্তি, ঠাকুৰে ৰন্ধা ভাত-আঞ্জা মুখত নালাগে, জুতি নাপায়, আঞ্জা 

তৰকাৰীত জলা বেছি। আনকি ডাঙৰসকলেও ঠাকুৰৰ ৰন্ধা খাই বেয়া পালে। তেওঁলোকেও খোৱাত কোনো তৃপ্তি নাপালে। ঠাকুৰক মঞ্জুলাই শিকাই-বুজাই দিলেও ঠাকুৰে নামানে, নিজৰ মতেই ৰান্ধে। তদুপৰি ইমান দিন শৃঙ্খলাবদ্ধ, টিপ্‌টপ্, পৰিষ্কাৰ পাকঘৰটো বিশৃঙ্খল আৰু লেতেৰা হৈ পৰাত মঞ্জুলাৰ অশান্তি বাঢ়িল। তাই নিজেই বিৰক্তিৰে কৈছে— ‘এই মানুহবোৰক সঁচায়ে ৰাখিও উপায় নাই, নাৰাখিও উপায় নাই। নাৰাখিলে দেহে দুখ পায়, আকৌ ৰাখিলেও মনে অশাস্তি পাই মৰে…।’

তদুপৰি মঞ্জুলাই পোৱা অফুৰন্ত সময় কটাবলৈ কিতাপ-আলোচনী, কাগজ-পত্ৰৰে ঠাহ খাই থকা ঘৰখনত ইখন-সিখনকৈ কিতাপ-আলোচনী আদি পঢ়িবলৈ লৈয়ো তাই শাস্তিনাপালে। অকণো সেইবোৰত তাইৰ মন নবহিল। সেইবোৰ হাতত লৈয়ে বাৰে বাৰে পাকঘৰলৈ গৈ ঠাকুৰক ইটো-সিটো দিহা দি থাকেগৈ। কি বা ৰান্ধে ঠাকুৰে, এই চিন্তা আৰু এই অশান্তি। কিতাপ-পত্ৰ পঢ়াত মন নবহাত এম্‌ইডাৰিকে কৰোঁ বুলি হাতত কাপোৰ, বেজি-সূতা ল’লে যদিও চকু দুটা জলক্‌-তবক্ কৰিব ধৰাত আৰু ডাঙৰ জীয়েকৰ কথাত তাকো কৰিবলৈ এৰি দিলে। জীয়েকে ভাল চিনেমা এখন অহা বুলি কোৱাত ইমান দিনে চিনেমা চাই নোপোৱা মঞ্জুলাই জীয়েকৰ লগতে চিনেমা চাই আহি জীয়েকক ভীষণ গালি দিলে— ‘এই বাজে অসভ্য চিনেমাখন চাবলৈকে মোক নিছিলি’ বুলি।

ঠাকুৰে ৰন্ধা-বঢ়া কৰিবলৈ লোৱাত মঞ্জুলাই পোৱা অফুৰন্ত সময়খিনি কটোৱাত আৰু ইমান দিনৰ মৰমৰ পাকঘৰৰ কদৰ্য ৰূপত, ঠাকুৰৰ অতৃপ্ত আৰু আপত্তিজনক খাদ্য-খানাত মঞ্জুলাই সঁচাকৈয়ে বৰ অস্বস্তি আৰু অশাস্তিবোধ কৰিছিল। তাই সুবিধাতকৈ বেছি অসুবিধাৰহে সন্মুখীন হৈছিল।

নিৰুপমা বৰগোহাঞি

লেখিকাৰ পৰিচিতি  : অসমীয়া সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ লেখিকা, সু সাহিত্যিক নিৰুপমা বৰগোহাঞিৰ জন্ম হৈছিল ১৯৩২ চনত গুৱাহাটীত। তেওঁ গুৱাহাটীতে স্কুলীয়া শিক্ষা লাভ কৰি পিছত ইংৰাজী আৰু অসমীয়া দুয়োটা বিষয়তে এম এ পাছ কৰে। তাৰ পিছত তেওঁ ১৯৫৪ চনৰ পৰা ১৯৬৫ চনলৈ গোৱালপাৰা কলেজত অধ্যাপনা কৰে। শেষত সাংবাদিকতাৰ লগত জড়িত হৈ গুৱাহাটীৰ পৰা প্ৰকাশিত সাপ্তাহিক ‘জনজীৱন’ কাকতৰ সম্পাদিকা আৰু নীলাচল’ কাকতৰ সহকাৰী সম্পাদিকা হিচাপে কাম কৰিছিল। তেওঁৰ প্ৰসিদ্ধ কথা-সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ লগত বিবাহ হয়।

নিৰুপমা বৰগোহাঞি বৰ্তমান সময়ৰ এগৰাকী অন্যতম শ্রেষ্ঠ সাহিত্যিক। তেওঁ একাধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু নিবন্ধকাৰ। এতিয়ালৈকে তেওঁৰ প্ৰকাশিত গল্প পুথিৰ সংখ্যা ১২ খন আৰু উপন্যাসৰ সংখ্যা ৩০ খন। তেওঁৰ কেইখনমান গল্পপুথি হ’ল— ‘অনেক আকাশ’, ‘জীৱন আৰু ফেণ্টাচী’, ‘নিৰুপমা বৰগোঞিৰ শ্ৰেষ্ঠ গল্প’, ‘নিৰুপমা বৰগোহাঞিৰ গল্প সমগ্র’, ‘জলছবি’ইত্যাদি।

উল্লেখযোগ্য উপন্যাস হ’ল– “সেই নদী নিৰৱধি’, ‘এজন বুঢ়া মানুহ’, ‘দিনৰ পিছত দিন’, ‘হৃদয় এটা নির্জন দ্বীপ’, ‘ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ’, ‘অন্য জীৱন’, ‘অভিযাত্রী’, ‘পখী ঘূৰি যায়’ ইত্যাদি। ‘অভিযাত্রী’ উপন্যাসৰ বাবে তেওঁ ১৯৯৬ চনত ভাৰত চৰকাৰৰ সাহিত্য অকাডেমী বঁটা লাভ কৰে। শ্ৰীমতী বৰগোহাঞিৰ অন্য এখনি উল্লেখযোগ্য গ্রন্থ হ’ল— ‘বিশ্বাস আৰু সংশয়ৰ মাজেদি। এই গ্রন্থখনিক তেওঁ ‘স্মৃতি কথা’ বুলি উল্লেখ কৰিছে। তেওঁৰ ৰচিত একাধিক নাটকো আকাশবাণী যোগেও প্ৰচাৰিত হৈছে। প্ৰগতিশীল আৰু মানৱতাবাদী লেখিকা নিৰুপমা বৰগোহাঞিৰ গল্পৰ বৈশিষ্ট্য হ’ল– নাৰীবাদী চিন্তাৰ প্ৰকাশ। ‘ভ্ৰষ্টলগ্ন’ গল্পটি ‘অসম বাণীৰ শ্ৰেষ্ঠ গল্প’ নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে।

HS First Year Advance Assamese Questions Answers

গোট ১ -কবিতাংশ

ক্ৰমিক নংপাঠলিংক
১. প্রহলাদ চৰিত্ৰ Click here
২. শিৱৰ কৃষিকর্ম Click here
৩. প্রিয়তমাৰ চিঠি: Click here
৪. পানেশৈ Click here
৫. পছোৱাৰ ডাক Click here
৬ .চামুৰাই Click here

গোট ২ – গদ্যাংশ

৭. শংকৰদেৱৰ বাল্যকাল Click here
৮. ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা Click here
৯. অংকীয়া নাটৰ ৰস বিচাৰ Click here

গোট ৩ – নাটক

১০. টিকেন্দ্রজিৎ Click here

গোট ৪ – চুটি গল্প

১১. যীশুখ্ৰীষ্টৰ ছবি Click here
১২. ভ্ৰষ্টলগ্ন Click here

গোট ৫ – সাহিত্য সমালোচনা

১৩. কবিতা Click here
১৪. নাটক Click here

গোট ৬ – ছন্দ

১৫. ছন্দ : ছন্দ্ৰ সংজ্ঞা, অক্ষৰ; মাত্রা; যতি, পৰ্ব, চৰণ; “স্তৱক; পদ বা পয়াৰ; ঝুমুৰী: কুসুমমালা, দুলড়ী: ছবি, লোছাৰি ছন্দ Click here

গোট ৭ – অসমীয়া সাহিত্যৰ বুৰঞ্জী

১৬. অসমীয়া কবিতা আৰু নাটকৰ পৰি Click here

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। মঞ্জুলাই বিয়া হ’বলৈ কিয় আপত্তি কৰিছিল? এই আপত্তিত মাক-দেউতাকে তাইক কি বুলি কৈছিল?

উত্তৰ ঃ মঞ্জুলাৰ বয়স তেতিয়া বিশ বছৰ; এজনী গাভৰু ছোৱালী। তাই সদায় মাক বাপেকৰ বাধ্য, শাস্ত, শিষ্ট ছোৱালী। বি এ-টো পাছ নকৰোঁতেই মাক-দেউতাকে তাইক বিয়া দিবলৈ ওলোৱাত তাই দেখুৱাই আপত্তি নকৰিলে যদিও ভনীয়েক মৃদুলাক লাহে লাহে কৈছিল— ‘মোৰ আগেয়ে বি এ-টো পাছ কৰাৰহে ইচ্ছা আছিল।’

মৃদুলাই গৈ কথাষাৰ মাক-দেউতাৰ কাণ ছোওৱাত তেওঁলোকে উত্তৰ দিছিল— ‘পিছতো · তাই বি এ পাছ কৰিব পাৰিব, পঢ়াৰ সময় কেতিয়াও হেৰাই নাযায়। কিন্তু এবাৰ হেৰালে এনে ল’ৰা, এনে ঘৰ আমি যে পুনৰায় পাম তাৰ কি নিশ্চয়তা আছে?

প্রশ্ন ২। মঞ্জুলা আৰু ভনীয়েক মৃদুলাৰ ঘৰ দুখন কেনে ধৰণৰ উল্লেখ কৰা। 

উত্তৰঃ মঞ্জুলাৰ বিয়া হৈছিল চহৰৰ আঢ্যৱন্ত ঘৰৰ ল’ৰা ত্রিদিবৰ লগত। অতি ধনী-মানী ত্রিদিবৰ ঘৰখনত ভনীয়েহঁতক বিয়া দি উলিয়াই পঠিওৱাৰ পিছত আছিল ত্রিদিব, ত্রিদিবৰ নিৰ্জু পত্নী মঞ্জুলা আৰু মাক-দেউতাক। অৱশ্যে দুর্ভাগ্যক্রমে বিধৱা হোৱাৰ পিছত ত্রিদিবৰ ভনীয়েক পুতুলী তাইৰ তিনিটাকৈ ল’ৰা-ছোৱালীৰ সৈতে গিৰীয়েকৰ ঘৰত নাথাকি মাকৰ ঘৰতে থাকিবলৈ লৈছে। সিহঁতো এতিয়া মঞ্জুলাহঁতৰ স্থায়ী পৰিয়াল। মঞ্জুলাৰ দেওৰেক থাকে সুদূৰ কাশ্মীৰত পৰিয়াল লৈ। মঞ্জুলাহঁতৰ খোৱা-পিন্ধাৰতো অভাৱ নায়েই, আৰু দহজনক খুৱাব-পিন্ধাব পাৰে তেওঁলোকে। কত মানুহ, কত আলহী-অতিথি আহে যায় সেইখন ঘৰলৈ। কোনো শুদামুখে উভতি যাব নালাগে সেইখন ঘৰৰ পৰা, অতি সুন্দৰ সোধা-পোছা, কথা-মাতত মৌ বৰষে, কি যে সাদৰী আৰু মধুৰ ব্যৱহাৰ প্ৰতিজন মানুহৰ।

মঞ্জুলাৰ গিৰীয়েক ত্রিদিব আছিল অতি ভাল ল’ৰা। কলেজৰ অধ্যাপক, শিক্ষিত, সংস্বভাৱী, বিনয়ী আৰু শাস্ত। একো ৰাগিয়াল বস্তু মুখত নিদিয়ে। মাক-দেউতাকৰ অতি বাধ্য। মাক দেউতাকৰ অতি বাধ্য কাৰণেই মঞ্জুলাক বিয়া কৰাই তেওঁ শাহুৱেকৰ তলত সম্পূর্ণভাৱে এৰি দিলে, যাৰ কাৰণে মঞ্জুলাক লৈ ত্রিদিবে, মাক-দেউতাকৰ অনুমতি লৈয়েই হওক লাগে, এঠাইলৈ ফুৰিবলৈ, চিনেমা চাবলৈ নিবলৈ সাহস কৰিব নোৱাৰে, কেৱল ঘৰখনৰ কাম, পাকঘৰত সোমাই থাকি কেৱল খোৱা-বোৱাৰ কাৰবাৰতে ব্যস্ত হৈ থাকিবলগীয়া হৈছে। ত্রিদিবৰ লগত নিজস্বভাৱে হাঁহি-ফূৰ্তিৰ এটা জীৱন কটাবলৈও যেন তাইৰ সময় আৰু সুযোগ নাই।

মঞ্জুলাৰ ভনীয়েক মৃদুলাৰ ঘৰখন কিন্তু ইয়াৰ প্ৰায় বিপৰীত। মৃদুলাৰ গিৰীয়েকৰ শিক্ষা কম, – আই এ-লৈকে পঢ়িছে। ব্যৱসায় কৰে মানুহজনে— সিমান ডাঙৰ ব্যৱসায়ো নহয়। কিন্তু সেই সামান্য আয়েৰেও দুয়ো এটা হাঁহিভৰা ফূৰ্তিৰ জীৱন কটাইছে, – ফুৰিছে, চিনেমা চাইছে। এবাৰ দাৰ্জিলিঙৰ পৰাও ঘূৰি আহিছে। সৰু সংসাৰ সিহঁতৰ— মৃদুলা, গিৰীয়েক, নিমাখিত বিধৱা বুঢ়ী শাহুৱেক আৰু সৰু দেওৰেক এটা। ভাত-পানী মৃদুলাই ৰান্ধে, সামান্য আয়ৰ সাধাৰণ আয়োজন। তথাপি মৃদুলা সুখী, কোনো বন্ধন বা অভাৱ অনুভৱ নকৰে।

প্রশ্ন ৩। – ‘অন্ততঃ মঞ্জুলাৰ কাৰণে মঞ্জুলাৰ জীৱনত তেওঁৰ আৰু একো চিন থাকিব নোৱাৰে।’—ইয়াত কাৰ কি চিন থাকিব নোৱৰাৰ কথা কোৱা হৈছে– বুজাই লিখা। 

উত্তৰ : মঞ্জুলাৰ শাহুৱেকৰ মৃত্যুৰ লগে লগে এইখন ঘৰৰ পুৰণি দিনৰ মানুহ দুজনৰ শেষজনৰো চিন হেৰাই গ’ল। শহুৰেক দুবছৰ আগতেই ঢুকাইছিল। এতিয়া দুবছৰৰ মূৰত শাহুৱেকৰো মৃত্যু হ’ল। শাহুৱেকৰ মৃত্যুৰ লগে লগে বিশেষকৈ মঞ্জুলাৰ কাৰণে মঞ্জুলাৰ জীৱনত তেওঁৰ আৰু একো চিন থাকিব নোৱাৰে– চিন থকাটো মঞ্জুলাই মনে-প্রাণে নিবিচাৰে।

কুৰি বছৰ আগতে মঞ্জুলাই বি এ-টো পাছ কৰিবলৈ নৌপাওঁতেই মঞ্জুলাৰ কলেজৰ অধ্যাপক ত্রিদিবৰ লগত বিয়া হৈছিল। অতি ভাল ল’ৰা ত্রিদিব আছিল শিক্ষিত, সৎস্বভাৱী, বিনয়ী আৰু শাস্ত। একো ৰাগিয়াল বস্তু মুখত নিদিয়া ত্রিদিব আছিল মাক-বাপেকৰ অতিবাধ্য আৰু অতি বাধ্য কাৰণেই ত্রিদিবে বিয়া হৈয়েই তাইক সম্পূর্ণভাৱে শাহুৰ তলত এৰি দিছিল। সেই কাৰণে ত্রিদিবে ইমান বয়সতো তাইক লৈ, মাক-দেউতাকৰ অনুমতি লৈ হ’লেও, এঠাইলৈ ফুৰিবলৈ যাবলৈ, চিনেমা এখন চাবৰ বাবে নিবলৈ সাহস গোটাব নোৱাৰিলে। শাহুৱেকৰ কাৰণেই সিহঁত দুয়োৰে সামান্য এটা জীৱন গঢ়ি উঠিব নোৱাৰিলে। তাই শাহুৱেকৰ নিৰ্দেশত কেৱল ঘৰৰ কাম, খোৱা বোৱাৰ কাৰবাৰ, আলহী-অতিথি সৎকাৰ আৰু ঘৰ-সংসাৰ চম্ভালা, এইবোৰতে ব্যস্ত থাকি যোৱা কুৰিটা বছৰ পাৰ কৰিলে । তাই শাহুৰ কৱলত কেৱল কাম আৰু পাকঘৰতেই আৱদ্ধ হৈ থাকিবলগীয়া হ’ল বোৱাৰী জীৱনৰ এই কুৰিটা বছৰ 

এতিয়া শাহুৱেকৰ মৃত্যুৰ লগে লগে এই ঘৰখনৰ পুৰণি দিনৰ মানুহ দুজনৰ শেষৰজনৰো চিন হেৰাই গ’ল— বিশেষকৈ শাহুৱেকৰ তিৰোতা মানুহ হৈ কি ইমান কাগজ-পত্র চাব লাগে…. সেই বেজী সূতাৰ কামবোৰ বেছিকৈ কৰি কিডাল হ’ব, তাতকৈ তাঁতখনতে বহাঁগৈ…. বোৱাৰী ছোৱালী বৰকৈ লোকৰ ঘৰে ঘৰে ফুৰি ফুৰিব নাপায়, লেপ্‌লেপাই চেপ্‌চেপাই এসোপা কথাৰ মহলা মাৰি থাকিলে স্বভাৱটো বেয়া হৈ যায়, মুখৰ কথাৰ লাগ-বান্ধ নোহোৱা হৈ পৰে’… আদি কথাৰে কৰা শাসনৰ পৰম্পৰাৰ চিন আৰু মঞ্জুলাৰ জীৱনত থাকিব নোৱাৰে। তাই আজি সম্পূর্ণভারে মুক্ত। শাহুৱেকৰ হকা

বাধা, নিয়ম-নীতিৰ আদৰ্শৰ চিন তাইৰ জীৱনত কেতিয়াও থাকিব নোৱাৰে,–নাথাকে।

প্রশ্ন ৪। ‘মাকৰ অকাৰণ উষ্মাত আচৰিত হ’ল মন্দিৰা।’— মাকৰ কি অকাৰণ উষ্মাত মন্দিৰা আচৰিত হৈছিল বুজাই লিখা

উত্তৰঃ শাহুৱেকৰ মৃত্যুৰ পিছত ঠাকুৰক পাকঘৰটো এৰি দি মঞ্জুলাই অফুৰন্ত সময় পালে। সময় কটাবলৈ প্রথমে কিতাপ কাগজ পত্র পঢ়িবলৈ ল’লে যদিও তাত তাইৰ অকণো মন – নবহিল, ভাল নালাগিল। তাৰ পিছত কুছন ক’ভাৰত ফুলকে তোলো বুলি মঞ্জুলাই কাপোৰ, ফ্রেম, বেজী-সূতা যতনাই লৈ কিছুসময় চিলাই কৰিলে। তাৰ পিছতে মঞ্জুলাই অনুভৱ কৰিলে তাইৰ চকু দুটা জলক্‌-তক কৰিব ধৰিছে। তাই চকু দুটা মোহাৰি লৈ পুনৰ চিলাই কৰিব বিচাৰিলে। কিন্তু নাই— বৰ আমনি কৰিছে চকু দুটাই । মঞ্জুলাই বৰ বিৰক্তিবোধ কৰিলে ৷

ঠিক সেই সময়তে মঞ্জুলাৰ ডাঙৰ জীয়েক মন্দিৰা সোমাই আহি কোনো দিন চিলাই কৰা নেদেখা মাকক চিলাই কৰি থকা দেখি আচৰিত ঘটনা এটা দেখাৰ দৰে মন্দিৰাই যেতিয়া সুধিলে— “কি কৰিছা মা? চিলাই?’ তেতিয়া ইতিমধ্যে মনে মনে বিৰক্তি আৰু অশাস্তি পাই থকা মাকে বেছ উষ্মাৰেই ওলোটাকৈ প্ৰশ্ন কৰিছিল— ‘কিয়, মই চিলাই কৰিব নাপায় নেকি?’ মাকৰ এই অকাৰণ উষ্মাত মন্দিৰা আচৰিত হৈছিল।

প্রশ্ন ৫। হিন্দী চিনেমাখন চাই আহি মঞ্জুলাই জীয়েক মন্দিৰাক কি বুলি ডবিয়াইছিল? 

উত্তৰ : ভাল চিনেমা এখন আহিছে, বহুত দিন ধৰি চলিছে, সিহঁতক চাবলৈ দিব লাগে, বুলি মন্দিৰাই যেতিয়া মাক মঞ্জুলাক ধৰিলেহি ‘ব’ল ময়ো যাওঁ তহঁতৰ লগতে’ বুলি মাকো সিহঁতৰ লগত চিনেমা চাবলৈ গ’ল।

বক্স-অফিচ হিট্‌ কৰা হিন্দী চিনেমাখন চাই মঞ্জুলাৰ মুখ গহীন হৈ আছিল। শেষ হোৱাত হলৰ পৰা ওলাই আহি মন্দিৰাক এককম এই বুলি ডবিয়াইছিল— ‘এই বাজে অসভ্য চিনেমাখন চাবলৈকেহে মোক আনিছিলি, মুনু? দিন-কালবোৰ হ’ল কি? এইসোপা চাই দেখোন ল’ৰা-ছোৱালীবোৰ তেনেই গুচিব।’ ভোৰভোৰাই আহিল মঞ্জুলা। মন্দিৰাই মাকে নেদেখাকৈ মুখ টিপি হাঁহিলে।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। নিৰুপমা বৰগোহাঞিৰ গল্প সংকলন এখনৰ নাম লিখা।  

উত্তৰ : ‘জলছবি’।

প্রশ্ন ২। নিৰুপমা বৰগোহাঞিৰ এখন উপন্যাসৰ নাম লিখা।

উত্তৰঃ ‘অভিযাত্রী’।

প্রশ্ন ৩। কোনখন উপন্যাসৰ বাবে কোন চনত নিৰুপমা বৰগোহাঞিয়ে ভাৰত চৰকাৰৰ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ?

উত্তৰ:- ১৯৯৬ চনত ‘অভিযাত্রী’ নামৰ উপন্যাস গ্রন্থৰ বাবে।

প্রশ্ন ৪। ‘ভ্ৰষ্টলগ্ন’ গল্পটি ক’ৰ পৰা লোৱা হৈছে?

উত্তৰ : ‘অসম বাণীৰ শ্ৰেষ্ঠ গল্প’ পুথিৰ পৰা লোৱা হৈছে। 

প্রশ্ন ৫। মঞ্জুলাৰ গিৰীয়েকৰ নাম কি আছিল? 

উত্তৰঃ মঞ্জুলাৰ গিৰীয়েকৰ নাম ত্রিদিব আছিল?

প্রশ্ন ৬। মঞ্জুলাৰ ভনীয়েকৰ নাম কি?

উত্তৰ ঃ মৃদুলা।

প্রশ্ন ৭। মঞ্জুলাৰ ডাঙৰ জীয়েকৰ নাম কি?

উত্তৰঃ মন্দিৰা৷

প্রশ্ন ৮। মঞ্জুলাৰ দেওৰেকৰ নাম কি?

উত্তৰ: প্ৰদীপ

প্রশ্ন ৯। প্ৰদীপৰ ল’ৰা-ছোৱালী কেইটা?

উত্তৰ : দুটা। 

প্রশ্ন ১০। প্রদীপ চাকৰিসূত্ৰে ক’ত থাকে ?

উত্তৰ : কাশ্মীৰত থাকে।

প্রশ্ন ১১। গিৰীয়েকৰ মৃত্যুৰ পিছত মঞ্জুলাহঁতৰ ঘৰত থাকিবলৈ লোৱা মঞ্জুলাৰ ননদজনীৰ নাম কি?

উত্তৰ ঃ পুতলী। 

প্রশ্ন ১২। পুতলীৰ ল’ৰা-ছোৱালী কেইটা?

উত্তৰ: তিনিটা।

প্রশ্ন ১৩। মঞ্জুলাৰ বিয়াৰ কিমান বছৰত শাহুৱেকৰ মৃত্যু হৈছিল?

উত্তৰঃ কুৰি বছৰৰ মূৰত। 

প্রশ্ন ১৪। শাহুৱেকৰ মৃত্যুৰ কেইবছৰৰ আগতে মঞ্জুলাৰ শহুৰেকৰ মৃত্যু হৈছিল?

উত্তৰঃ দুবছৰৰ আগতে৷ 

প্রশ্ন ১৫। ত্রিদিবে কি চাকৰি কৰিছিল?

উত্তৰঃ কলেজৰ অধ্যাপকৰ চাকৰি।

প্রশ্ন ১৬। ‘এটা ঠাকুৰকে ৰাখোঁ বুলি ভাবিছোঁ’— কথাষাৰৰ বক্তা কোন?

উত্তৰ: মঞ্জুলা।

প্রশ্ন ১৭।‘সেই নদী নিৰবধি – উপন্যাসখন কোনে ৰচনা কৰিছিল?

উত্তৰ: নিৰুপমা বৰগোহাঞি। 

প্রশ্ন ১৮৷ নিৰুপমা বৰগোহাঞি কোনখন কাকতৰ সহকাৰী সম্পাদক আছিল?

উত্তৰ : ‘নীলাচল’ কাকতৰ।

প্রশ্ন ১৯। ভ্রষ্টলগ্ন গল্পটি প্রথমে ক’ত প্ৰকাশ হৈছিল আৰু পৰৱৰ্ত্তী সময়ত কোন সংকলনত গল্পটি সংকলিত হৈছে?

উত্তৰ ঃ ‘অসম বাণী’ত আৰু নিৰুপমা গোহাঞিৰ গল্প সমগ্ৰত প্ৰকাশিত হৈছিল।

This Post Has 3 Comments

Leave a Reply