HS First Year Advance Assamese Solutions Chapter-11 যীশুখ্ৰীষ্টৰ ছবি

HS First Year Advance Assamese Solutions Chapter-11 যীশুখ্ৰীষ্টৰ ছবি। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Advance Assamese Solutions Chapter-11 যীশুখ্ৰীষ্টৰ ছবি AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

Hs First Year Question Answer (Assamese Medium)

ইংৰাজী (English)Click Here
অসমীয়া Click Here
हिन्दीClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
তৰ্কবিদ্যা আৰু দর্শন (Logic & Philosophy)Click Here
পৰিৱেশ শিক্ষা ( Environmental Studies)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
সমাজতত্ত্ব (sociology)Click Here
অৰ্থনীতি (Economy)Click Here
ৰাজনীতি (Political Science)Click Here
ভূগোল (Geography)Click Here

HS First Year Advance Assamese Solutions Chapter-11 যীশুখ্ৰীষ্টৰ ছবি

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। মিলিটাৰী সম্পর্কে কেনে ধৰণৰ ধাৰণা গল্পটোত প্ৰকাশ পাইছে লিখা 

অথবা,

 ‘যীশুখৃষ্টৰ ছবি’ গল্পৰ মাজেৰে মিলিটাৰীৰ প্ৰতি অসমীয়া মানুহৰ ধাৰণা কেনেধৰণে প্ৰতিফলিত হৈছে, বৰ্ণনা কৰা৷ 

উত্তৰ ঃ প্রসিদ্ধ গল্পকাৰ, কথাশিল্পী চৈয়দ আব্দুল মালিকৰ যীশুখ্ৰীষ্টৰ ছবি’ গল্পটোত প্ৰকাশ পোৱা মতে মিলিটাৰী সম্পর্কে এনেকুৱা ধাৰণাৰ এটি ছবি দেখা যায় যে মিলিটাৰীবিলাক ভয় লগা ধৰণৰ লোক। ইচ্ছা কৰিলেই সিহঁতে হকে-বিহকে মানুহক গচকি যাব পাৰে৷ সিহঁতৰ অনেক কুকৰ্মৰ কাহিনী আছে, যিবিলাক শুনিলে ল’ৰা-ছোৱালীৰেই নহয়, ডাঙৰৰো ভয়তে পেটতে হাত-ভৰি লুকায়। সিহঁতে কাটে-মাৰে, য’তে-ত’তে উৎপাত কৰে। দয়া-মমতা সিহঁতৰ অকণো নাই।হাতত বন্দুক থকাৰ কাৰণেই সিহঁত দয়া-মমতাহীন। স্বাভাৱিকতে সেই কাৰণেই সকলোৱে সিহঁতক ভয় কৰে। ঘৰৰ ওচৰত কেম্প পাতি থাকিলেও সিহঁতৰ লগত আন মানুহৰ কথা বাদেই কেম্পৰ ওচৰৰ ঘৰৰ মানুহৰো কোনো সম্পর্ক নাথাকে। দেখাদেখি হৈ থাকিলেও মিলিটাৰী পোছাক পৰিহিত এই মানুহখিনিৰ লগত সাধাৰণতে আন মানুহৰ মাত বোল নহয়। সিহঁতে কিবা কথা সুধিলেও ভয়ে ভয়েহে উত্তৰ দিয়ে। সিহঁতক দেখিলেই ভয়তে ল’ৰা-ছোৱালী ঘৰৰ ভিতৰলৈ দৌৰ দিয়ে।

কিন্তু গল্পটিৰ শেষৰ ফালে আকৌ এনে এটা ধাৰণা দিছে যে মিলিটাৰীসকলো মানুহ। সিহঁতৰো ল’ৰা-ছোৱালী, তিৰোতা, ঘৰ-সংসাৰ আছে। সেইবোৰৰ মায়া-মোহে সিহঁতকো ব্যাকুল কৰি তোলে। নিজৰ মৰমৰ ল’ৰা-ছোৱালী, তিৰোতা আৰু ঘৰ-সংসাৰলৈ মনত পৰিলে মিলিটাৰীৰো অস্তৰত বুজাব নোৱৰা এক কান্দোনৰ ৰোল উঠে। সাধাৰণ মানুহৰ দৰে পিতৃত্বৰ আৱেগেৰে আনৰ ল’বা-ছোৱালী দেখিলেই নিজৰ ল’ৰা-ছোৱালীক আঁকোৱালি লোৱাৰ দৰে ল’বলৈ মনটো ব্যাকুল হৈ পৰে।

মিলিটাৰীৰ নিষ্ঠুৰতা থাকিলেও যে সিহঁতৰো এখন কোমল হৃদয় আছে এই ধাৰণা গল্পটিত প্ৰকাশ পাইছে।

প্রশ্ন ২। ‘ষীশুখ্ৰীষ্টৰ ছবি’ নহয় যীশুখ্ৰীষ্টৰ ফটো’— কথাষাৰৰ আঁত ধৰি গল্পটোৰ মূল কথাখিনি লিখা।

উত্তৰ : ফটোখন আছিল কথাশিল্পী চৈয়দ আব্দুল মালিকৰ ‘যীশুখ্ৰীষ্টৰ ছবি’ নামৰ গল্পটিত বর্ণিত এজন গোৰা মিলিটাৰীৰ ফটো। গল্পটিৰ মূল কথাখিনি এনে ধৰণৰ —

ভিনিহিদেৱেকে দাঁতৰ অপাৰেচনৰ কাৰণে কলিকতালৈ যোৱাত বাইদেৱেক আৰু ভাগিনী দুজনী খুপী আৰু ৰূপীৰ ৰখীয়া হৈ বাইদেৱেকৰ তাত লেখক আছিলহি৷ বাইদেৱেকৰ ঘৰখন মিলিটাৰী কেম্প এটাৰ কাষতে। বাইদেৱেক, ভাগিনীয়েক দুজনীয়ে মিলিটাৰীলৈ বৰকৈ ভয় কৰে; লেখকৰো অন্তৰত ভয় যদিও ভয় কৰাটো সিহঁতক নেদেখুৱায়। ভাগিনী দুজনীয়ে কাৰোবাৰ পৰা মিলিটাৰী সম্পর্কে নিতৌ নতুন নতুন গল্প শুনে আৰু সেইবোৰ শুনি লেখকৰো ভয় লাগে।

তেওঁলোকৰ মিলিটাৰী সম্পর্কে ধাৰণা হ’ল সিহঁত বৰ নিষ্ঠুৰ। সিহঁতে যাকে-তাকে গচকি যাব পাৰে৷ সিহঁতৰ বহুত কু-কৰ্মৰ কাহিনী আছে। সিহঁতে মাৰে-কাটে, যাকে-তাকে উৎপাত কৰে, অত্যাচাৰ কৰে। দয়া-মমতা সিহঁতৰ অকণো নাই। হাতত বন্দুক আছে কাৰণেই সিহঁত এনে দয়া-মমতাহীন৷ মানুহ নথকা ঘৰ-দুৱাৰ মিলিটাৰীয়ে এবাৰ পালে তাক আৰু ঘূৰাই পোৱাৰ আশা নাই,— একেবাৰে ধ্বংস কৰি থৈ যায়। সেই কাৰণেই চিপাহী-মিলিটাৰীলৈ ইমান ভয়। কেম্পৰ ওচৰত থাকিলেও সিহঁতৰ লগত কথা-বতৰা পতা নহয়।

ভয়তে ভাগিনী খুপী আৰু ৰূপীয়ে আবেলি ঘৰৰ আগফালে থকা ঘাঁহনিডৰাত অকলে নেখেলে। দুয়োজনী অতি ধুনীয়া মৰম লগা ছোৱালী। খুপী দহ-বাৰ বছৰীয়া, ৰূপী সাত বছৰীয়া। সিহঁতে ঘাঁহনিডোখৰত খেলি থাকিলে লেখক পদূলিমুখত ৰৈ থাকে৷ খেলাৰ মাজতে সিহঁতে মাজে মাজে একোবাৰ মিলিটাৰী কেম্পটোৰ ফালে চায়, একোবাৰ তেওঁ ৰৈ আছে নে নাই চায়। তাৰ পিছত আকৌ খেলে।

এদিন খুপীয়ে হঠাৎ খেলা এৰি থৈ একেবাৰে মোমায়েকৰ ওচৰলৈ আহি ফুচফুচাই ক’লে যে এজন মিলিটাৰীয়ে আলিটোৰ সিপাৰে বহি সিহঁতৰ ফালে একেথৰে চাই আছে। তেৱোঁ চালে৷ হয়, মিলিটাৰীটোৱে তেনেকৈয়ে চাই আছে। এনেয়ে বহি আছে, ভয় নাই খেলগৈ’ বুলি মোমায়েকে ক’লে যদিও সিহঁতে ভয়তে আৰু নেখেলিলে। ইয়াৰ পিছতো মোমায়েকে সাহস দিয়া সত্ত্বেও সিহঁত আৰু তালৈ খেলিবলৈ নোলাল।

পিছদিনা খুপী আৰু ৰূপীয়ে ঘাঁহনিডোখৰত খেলিবলৈ নগ’ল যদিও মোমায়েকে লক্ষা কৰিলে মিলিটাৰীজনে আগদিনাৰ দৰে সেই দিনাও তেনেকৈ বহি সিহঁতৰ ঘৰৰ ফালে চাই আছে। তেওঁ লক্ষ্য কৰিলে মিলিটাৰীজনৰ বয়স চল্লিশ বছৰমান হ’ব। বগা মুখখন ৰ’দে-বতাহে ঘূৰি ফুৰাত ডেই যোৱা যেন হৈছে। চকুযুৰি সেমেকা, বেজাৰৰ ছাঁ পৰিছে। সেইদৰে দুদিনমান মিলিটাৰীটোক তাতে তেনে অৱস্থাৰে সিহঁতৰ ঘৰৰ ফালে চাই বহি থকা দেখিলে।

ইয়াৰ পিছত কেম্পটোৰ পৰা মিলিটাৰীবোৰ তিনিদিনমান নোহোৱা হ’ল। এওঁলোকে ভালেই পালে। কিন্তু তাৰ পিছত সেই মিলিটাৰীবোৰ কেম্পটোলৈ আকৌ আহিল৷ খুপী আৰু ৰূপীয়ে হ’লে লক্ষ্য কৰিলে সেই মিলিটাৰীটো অহা নাই। সিহঁতে আবেলি নিশ্চিন্তমনে আগফালৰ ঘাঁহনিডৰাত খেলি আছিল। খেলৰ গুটি এটা সিহঁতৰ ফাটৰ ফালৰ চৌহদৰ বেৰখনৰ পিনে যোৱাত খুপীয়ে গুটিটো আনিবলৈ বুলি উঠি মুখ ঘূৰাই দেখিলে সিহঁতৰ নিচেই কাষতে বেৰত ধৰি সিহঁতৰ ফালে চাই সেই মিলিটাৰীটো থিয় হৈ আছে। সিহঁতে ভয়তে ‘আই ঔ’ বুলি চিঞৰি দৌৰি আহিল। মিলিটাৰীজনে— ‘বেবি, বেবি, হিয়েৰছ লজেঞ্চ ফৰ ইউ— বণ্ট ৰান। বুলি অভয় দিলে।

খুপীহঁতে ভয়তে কঁপি কঁপি মোমায়েকক সাবটি ধৰিলেহি। মিলিটাৰীটোৱে ‘লজেঞ্ছ’ বুলি হাঁহি হাঁহি গে’টখন খুলি সোমাই আহিল। মোমায়েকে মিলিটাৰীজনক মাতি আনি বৈঠক ৰুমত বহিবলৈ দিলে। মোমায়েকৰ পাছপিনে ভয়তে ৰৈ থকা খুপী-ৰূপীক মিলিটাৰীজনে মৰমেৰে বাৰে বাৰে লজেঞ্ছ ল’বলৈ মাতিলে। সিহঁতৰ অলপ ভয় কমাত মোমায়েকে মিলিটাৰীজনৰ ওচৰলৈ যাবলৈ সিহঁত লাহে কাষলৈ গ’ল। এক আৱেগ বিহবলভাৱে সিহঁত দুয়োকে মিলিটাৰীজনে ক’লে যে তেওঁৰো খুপী-ৰূপীৰ সমানেই দুজনী ছোৱালী আছে। সিহঁতক ঘৰত এৰি অহাৰ কেইবা বছৰ হ’ল। সিহঁতো চাগৈ ইমান ডাঙৰেই হৈছে। ইহঁতক দেখি তেওঁ নিজৰ ছোৱালী দুজনীক দেখা যেন লাগিছে। সন্ধিয়াৰ লণ্ডনৰ বাতৰিটো ৰেডিঅ’ত শুনি তেওঁ পত্নী আৰু ছোৱালী দুজনীৰ প্ৰতি অতি বিহবল হৈ পৰিছিল।

ইয়াৰ পিছতো সন্ধিয়া সন্ধিয়া মিলিটাৰীজনে তেওঁলোকৰ ঘৰলৈ সদায় আহি খুপী-ৰূপীক মৰম কৰি লজেঞ্ছ খাবলৈ দিয়ে। এদিন মোমায়েকে সন্ধিয়া আহি দেখিলে কেম্পৰ মিলিটাৰীবোৰ ক’ৰবালৈ গুচি গ’ল। খুপী-ৰূপীৰ মনটো মৰা। সিহতে খেলা-ধূলাও কৰা নাই। সিহঁত বিমৰ্ষ হৈ বহি আছে।

বায়েকে ভিতৰৰ পৰা এখন ছবি আনি লেখকক দি ক’লে মিলিটাৰীটোৱে খুপী-ৰূপীক দি গৈছে। তেওঁ ছবিখন চালে। গোৰাটোৰ ছবি। ঘাঁহনিত বহি গোৰাটো— কোলাত তাৰ দুজনী সৰু ছোৱালী। এজনী দহ বছৰীয়ামান— ইজনী অলপ সৰু মূৰত সিহঁতৰ সোণ বৰণীয়া চুলি,— মুখত ধুনীয়া হাঁহি। সেয়া আছিল মিলিটাৰীজনৰ জীয়েক ইভলিনা আৰু ডেইজি। যীশুখ্ৰীষ্টৰ ছবি নেকি বুলি বায়েকে সোধাত তেওঁ উত্তৰ দিছিল যে যীশুখ্ৰীষ্টৰ ছবি নহয়, যীশুখ্ৰীষ্টৰ ফটোহে৷ অৰ্থাৎ যীশুখ্ৰীষ্টৰ নিচিনা মৰম-চেনেহৰ হৃদয়ভৰা এগৰাকী পিতৃৰ ফটোহে। প্রশ্ন 

৩। যীশুখ্রীষ্টৰ ছবি’ গল্পটোত গোৰা চিপাহীজনৰ পিতৃ হৃদয়ৰ স্বৰূপ কেনেদৰে প্রকাশিত হৈছে, আলোচনা কৰা।

 উত্তৰ : প্রথিতযশা কথা-সাহিত্যিক গল্পকাৰ চৈয়দ আব্দুল মালিকৰ ‘যীশুখ্ৰীষ্টৰ ছবি’ গল্পটি এজন গোৰা চিপাহীৰ পিতৃ হৃদয়ৰ স্বৰূপ প্ৰকাশ কৰিবলৈকেই ৰচনা কৰা যেন লাগে, কিয়নো তাৰেই সুন্দৰ প্রতিফলন হৈছে এই গল্পটিত ।

দহ-বাৰ বছৰীয়া খুপী আৰু সাত বছৰীয়া ৰূপীয়ে সিহঁতৰ ঘৰৰ সন্মুখৰ ঘাঁহনিডোখৰত। আপোন মনে খেলি থকা দেখি ওচৰৰ কেম্পটোতে থকা গোৰা চিপাহীজনে সুদূৰ লণ্ডনৰ কোনো এখন গাঁৱৰ ঘৰত এৰি অহা নিজৰ ছোৱালী দুজনীক দেখা যেন অনুভৱ কৰিছিল। গোৰা চিপাহীজনৰ ছোৱালী দুজনীৰ নাম ইলিনা আৰু ডেইজি। খুপী-ৰূপীক তেওঁৰ নিজৰ ছোৱালী ইভলিনা-ডেইজি বুলি মৰম কৰিবলৈ তেওঁৰ পিতৃ হৃদয়খন ব্যাকুল হৈ পৰিছিল। সেইকাৰণেই তেওঁ সিহঁতৰ খেলা কৰা দৃশ্য আৰু সিহঁত দুজনীক সদায় একে ঠাইতে বহি একান্ত মনে চাই আছিল। তেওঁ নিজৰ ছোৱালী দুজনীৰ বিষয়ে এনেদৰে কৈছিল— ‘আমাৰ সৰু ঘৰটোৰ আগতো এনেকুৱা এডোখৰ সৰু ঘাঁহনি আছে।… আমি পিৰালিতে বহি থাকো। ইভলিনা আৰু ডেইজি দুয়োজনীয়ে খেলে— গধূলিলৈকে খেলে।’—কথাখিনিত যেন পিতৃ হৃদয়ৰ এক বুজাব নোৱৰা কৰুণতাৰ কাতৰ ধ্বনি অনুৰণিত হৈছে।

গোৰা চিপাহীজনে আৰু কৈছিল— ‘যলৈকে যাওঁ, সিহঁত মোৰ চকুৰ আগৰ পৰা নাতৰে ৷ মালয়লৈ গ’লোঁ, ছিঙ্গাপুৰলৈ গ’লোঁ, ৰেঙ্গুনতো যুদ্ধ কৰিলোঁ, এতিয়া আপোনালোকৰ দেশ পালোঁহি; কিন্তু যিমানেই আঁতৰে আঁতৰে ঘূৰি ফুৰিছোঁ, সিমানেই মোৰ প্ৰাণটোৱে সিহঁতক বেছিকৈ বিচাৰিছে।’ কথাখিনি কৈ সি হাঁহিলে, হাঁহিটো যে ইমান করুণ! এয়া সস্তানৰ প্ৰতি উথলি উঠা পিতৃ হৃদয়ৰ আকুল বিননি।

গোৰা চিপাহীজনে কৰণতাৰে কৈছে— ‘এই ৰূপীহঁতে সিদিনা খেলি থকা দেখি মোৰ ডেইজিহঁতৰ কথা মনত পৰিল। সিহঁতেও এনেকৈ হাঁহে, এনেকৈ ভয় কৰে, এনেকৈ ওমলে। এনেকৈ সিহঁতে মোৰ কোলাত বহি থাকে। ক’ৰবাৰ পৰা উভতি আহিলে ‘ডেডি’ ‘ডেডি’ বুলি দৌৰি আহি সাবটি ধৰে। য’তেই এনেকুৱা ছোৱালী দেখোঁ, ত’তেই মোৰ বুকুৰ কান্দোন আৰম্ভ হয়।’ পিতৃ হৃদয়ৰ এয়া কি মর্মন্তুদ প্রকাশ। গোৰা চিপাহীজনৰ পিতৃ হৃদয়ৰ এক হৃদয় বিদাৰক কান্দোন শুনিবলৈ পোৱা যায় তেওঁৰ এইখিনি কথাত – ‘কিন্তু কোনোৱে মোক ‘ডেডি’ নোবোলে— কোনোৱে নোবোলে। এনেকৈ বহুত অচিনাকি শিশুক, এনেদৰে ঘূৰি ফুৰোঁতে, বহুত ঠাইত বুকুৰ মাজত সাবটি লৈছোঁ, সিহঁতকে মোৰ ইভলিনা আৰু ডেইজি বুলি ভাবিবলৈ চেষ্টা কৰিছোঁ৷ কিন্তু কোনোৱে মোক ‘ডেডি’ নোবোলে, কোনোৱে মোক ‘ডেডি’ বুলি মৰম নকৰে৷ গোৰা চিপাহীজনে লগত সদায় লৈ ফুৰিছিল নিজৰ সন্তান দুটিৰ ফটো। বন্দুক-সঙ্গীনৰ হেঁচাত খাকী কাপোৰৰ তলত লুকাই থকা তাৰ সন্তানবৎসল পিতৃ-হৃদয়ৰ স্নেহ-ফল্গুৰ ধাৰা সদায় এনেকৈয়ে বৈ আছিল। গল্পটিৰ শেহান্তৰত তাৰেই প্ৰকাশ দেখা যায়।

চৈয়দ আব্দুল মালিক (১৯১৯-২০০০)

লেখক পৰিচিতি : প্রসিদ্ধ ঔপন্যাসিক, গল্পকাৰ তথা কথাশিল্পী চৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল ১৯১৯ চনৰ ১৬ জানুৱাৰীত গোলাঘাট জিলাৰ দেৰগাঁৱৰ ওচৰৰ নাহৰণিত। ১৯৩৭ চনত ফাৰ্চী বিষয়ত লেটাসহ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ মালিকে কটন কলেজৰ পৰা ১৯৪১ চনত ইংৰাজী বিষয়ত সন্মানসহকাৰে বি এ পাছ কৰে। ১৯৫১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এ পৰীক্ষাতো উত্তীর্ণ হয়। গোলাঘাটত স্কুলত শিক্ষকতাৰে তেওঁ কৰ্ম জীৱন আৰম্ভ কৰি পিছত যোৰহাটৰ জগন্নাথ বৰুৱা কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক হিচাপে কাম কৰি শেষত তাৰ মুৰব্বী অধ্যাপক পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।

চৈয়দ আব্দুল মালিক অসমীয়া সাহিত্যাকাশৰ অন্যতম ভোটাৰাস্বৰূপ। তেওঁ একাধাৰে কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, নাট্যকাৰ, অনুবাদক আৰু প্ৰবন্ধকাৰ। তেওঁৰ প্ৰকাশিত উপন্যাসৰ সংখ্যা ৬৭ খন। তাৰে কেইখনমান হ’ল— ‘ৰথৰ চকৰি ঘূৰে’, ‘বন জুই’, ‘ছবিঘৰ’ (১৯৫৮), ‘মাটিৰ চাকি’ (১৯৫৯), ‘সূৰুযমুখীৰ স্বপ্ন’ (১৯৬০), ‘জীয়া জুৰিব ঘাট’ (১৯৬০), ‘অন্য আকাশ অন্য তৰা’ (১৯৬১), ‘আধাৰশিলা’ (১৯৬৭), ‘ওমলা ঘৰ’ (১৯৬৪), ‘চকুলো’ ‘প্রাচীন আৰু প্ৰান্তৰ’ (১৯৬৮), ‘সিপাৰে প্ৰাণ-সমুদ্র’, ‘ৰজনীগন্ধাৰ চকুলো’ (১৯৬৭), ‘অঘৰী আত্মাৰ কাহিনী’ (১৯৬৯), ‘সোণালী সূতাৰে বন্ধা’ (১৯৭২), ‘এটা সূর্য, দুখন নদী আৰু এখন মৰুভূমি’ (১৯৭২), ‘একাবেঁকা বৃত্ত’ (১৯৭৪), ‘শৰীৰত একুৰা জুই’ (১৯৭৮), ‘ৰূপাবৰীৰ পলস’ (১৯৮০) ইত্যাদি। ‘অঘৰী আত্মাৰ কাহিনী’ উপন্যাসৰ বাবে মালিকে ১৯৭৪ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে।

চৈয়দ আব্দুল মালিকৰ প্ৰকাশিত গল্প পুথিৰ সংখ্যা একুৰিৰো অধিক। তেওঁৰ প্ৰথম প্ৰকাশিত চুটিগল্প সংকলন ‘পৰশমণি’। তেওঁৰ কেইখনমান প্রকাশিত গল্পপুথি হ’ল— ‘ৰঙা গড়া’ (১৯৫৩), ‘মৰহা পাপৰি’ (১৯৫৪), ‘এজনী নতুন ছোৱালী’, ‘মৰম মৰম লাগে’ (১৯৬১), ‘শিখৰে শিখৰে’, ‘শিল আৰু শিখা’ (১৯৬২), ‘অস্থায়ী আৰু অন্তৰা’ (১৯৬৫) ইত্যাদি। মালিকৰ গল্পব বিশেষত্ব হ’ল অৱহেলিত আৰু পীড়িত সমাজৰ প্ৰতি সহানুভূতি, সংস্কারমুক্ত অভিব্যক্তি, বিষয়বস্তু আৰু প্ৰকাশভঙ্গীৰ আকৰ্ষণীয়তা আদিত।

চৈয়দ আব্দুল মালিকৰ সৃজনী প্রতিভাৰ কাৰণেই ভাৰত চৰকাৰে ১৯৮৪ চনত তেওঁক ‘পদ্মশ্রী’ আৰু ১৯৯২ চনত ‘পদ্মভূষণ’ উপাধি প্রদান কৰে। তদুপৰি ১৯৯৯ চনত অসম চৰকাৰৰ দ্বাৰা শংকৰদেৱ বঁটাৰেও তেওঁ সন্মানিত হয়। ১৯৭৬-৮২ চনৰ কাৰ্যকালৰ বাবে তেওঁ ৰাজ্য সভাৰো সদস্য আছিল। ১৯৭৭ চনত অভয়াপুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুশ্চত্বাৰিংশ অধিৱেশনত তৈওঁ সভাপতিত্ব কৰিছিল।

এইজনা মহান কথাশিল্পীৰ ২০০০ চনৰ ১৯ ডিচেম্বৰত দেহাৱসান ঘটে। 

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। ‘পার্থক্যটো ইমানেই’— বুলি লেখকে কিহৰ কথা কৈছে, বুজাই লিখা। 

উত্তৰ ঃ লেখক আৰু বাইদেৱেক, ভাগিনী দুজনীৰ মিলিটাৰীৰ প্ৰতি ওপজা ভয়ৰ কথা কৈছে।

মিলিটাৰী,–– অর্থাৎ গোৰা চিপাহীলৈ এওঁলোক আটাইৰে বৰ ভয় লাগিছিল। ভয় লগাৰ কাৰণ আছিল গোৰা চিপাহীবিলাক বৰ নিষ্ঠুৰ বুলি শুনিছিল। সিহঁতৰ অনেক কু-কৰ্মৰ কথা তেওঁলোকে শুনিছিল, – সিহঁতে মাবে-কাটে, যাকে তাকে উৎপাত কৰে, অত্যাচাৰ কৰে। সিহঁতৰ দয়া-মমতা অকণো নাই। বন্দুক হাতত থকা কাৰণেই সিহঁত এনে দয়া-মমতাহীন। সেই কাৰণে এওঁলোক আটায়ে ভয় কৰিছিল। কিন্তু লেখকে কৰা ভয় আৰু বায়েক, ভাগিনীয়েকহঁতে কৰা ভয়ৰ মাজত পাৰ্থক্য আছিল। লেখকে ভয় কৰিছিল লুকুৱাই, আৰু বায়েক, ভাগিনীয়েকহঁতে ভয় কৰিছিল দেখুৱাই। ভয় লুকুৱাব পৰাটো সাহসৰে চিন যদিও তেওঁ সাহসৰ বাবে লুকুৱাই ভয় কৰা নাছিল। লুকুৱাই ভয় কৰি তেওঁ আনন্দও পোৱা নাছিল। ভয় দেখুৱালেও নলগা যেন দেখুওৱাৰ কাৰণ — নিজৰ মুৰব্বীয়ানা ৰক্ষা কৰা, লগতে সিহঁতৰ উৎপাতৰ পৰা অলপ ৰক্ষা পোৱা। সিহঁতৰ লগতে তেৱোঁ ভয় খোৱা যেন দেখুৱাবলৈ গ’লে ক’লৈকো এখোজো দিবৰ উপায় নহ’ব। গতিকে ভিতৰি ভিতৰি যিমানেই ভয় নাথাকক কিয়, বাহিৰত কিন্তু তেওঁ সাহস দেখুৱাই আশ্বাস দি কৈছিল ‘কিহৰ ভয় অ’? চিপাহী হ’ল কি হ’ল! সিহঁতো আমাৰ নিচিনা মানুহহে! চিপাহী হ’ল বুলি আৰু সিহঁতে আমাক চোবাই খাবনে??

বায়েক, ভাগিনীয়েকহঁতক সাহস দিবলৈ নিজে ভয় নোখোৱাটো দেখুৱাই কথাখিনি এনেদৰে কয় যদিও ভিতৰি ভিতৰি তেওঁৰ অত্যন্ত ভয় লাগে, গোৰা চিপাহীয়ে মানুহ চোবাই নাখালেও গচকি মাৰিব পাৰে। এইদৰে তেওঁ লুকুৱাই ভয় কৰা আৰু বায়েক-ভাগিনীয়েকহঁতে দেখুৱাই ভয় কৰা, — ইমানেই আছিল তেওঁলোকৰ ভয়ৰ মাজত পাৰ্থকা।

প্রশ্ন ২। গোৰা চিপাহীলৈ লেখকে লুকুৱাই ভয় কৰাৰ কাৰণ কি আছিল— বুজাই লিখা।

উত্তৰ: গোৰা চিপাহীলৈ লেখক আৰু লেখকৰ বায়েক, ভাগিনীয়েক দুজনীৰ ভয় আছিল অতি বেছি। বায়েক, ভাগিনীয়েকহঁতে সততে দেখুৱাই ভয় কৰিছিল যদিও লেখকে ভয় কৰিছিল লুকুৱাই। লুকুৱাই ভয় কৰাটো সাহসবে চিন আছিল যদিও তেওঁৰ সেই সাহস নাছিল। লুকুৱাই ভয় কৰি তেওঁ সাহসটো পোৱা নাছিলেই, আনন্দও পোৱা নাছিল। তেওঁ লুকুৱাই ভয় কৰাৰ কাৰণ হ’ল মুৰব্বীয়ানা ৰক্ষা কৰা, লগতে সিহঁতৰ উৎপাতৰ পৰা অলপ ৰক্ষা পোৱা ভিনিহিদেৱেক দাঁতৰ অপাৰেচনৰ কাৰণে কলিকতালৈ যোৱাত তেৱেঁই সিহঁতৰ ৰখীয়া হৈ আছেহি। গতিকে সিহঁতৰ দৰে দেখুৱাই ভয় কৰিলে তেওঁৰ মুৰব্বীয়ানা কেনেকৈ ৰক্ষা পৰিব! তেওঁ দেখুৱাই ভয় কৰিলে বায়েক-ভাগিনীয়েকহঁতৰ ভয় আৰু বেছি হ’ব আৰু সিহঁতৰ ভয়ৰ উৎপাতত তেওঁ ৰক্ষা পোৱাই টান হ’ব। সেই কাৰণেই তেওঁ লুকুৱাই ভয় কৰিছিল আৰু ভিতৰি ভয় থাকিলেও বাহিৰত সাহস দি কৈছিল— ‘কিহৰ ভয় অ’? চিপাহী হ’ল কি হ’ল! সিহঁতো আমাৰ নিচিনা মানুহহে! চিপাহী হ’ল বুলি আৰু আমাক চোবাই খাবনে।’

এইদৰে সাহস দি কথাষাৰ কয় যদিও তেওঁ ভিতৰি ভিতৰি ভয় খায়,– চোবাই নাখালেও সিহঁতে কিন্তু নিষ্ঠুৰভাৱে গচকি যাব পাৰে— এইবুলি ভাবি। 

প্রশ্ন ৩। গোৰা চিপাহীলৈ লেখক আৰু বায়েক, ভাগিনীয়েকহঁতে ভয় কৰাৰ কাৰণ কি আছিল, বুজাই লিখা।

উত্তৰ : লেখক আৰু বায়েক-ভাগিনীয়েকহঁতে গোৰা চিপাহীলৈ ভয় কৰাৰ কাৰণ হ’ল তেওঁলোকে শুনিছিল যে গোৰা চিপাহীবোৰ বৰ নিষ্ঠুৰ, সিহঁতে যাকে-তাকে গচকি যাব পাৰে, সিহঁতে মাৰে-কাটে, য’তে-ততে উৎপাত কৰে, অত্যাচাৰ কৰে। সিহঁতৰ হাতত বন্দুক থাকে। বন্দুক হাতত থকা কাৰণেই সিহঁতে অনেক কু-কর্মও কৰে। মানুহ নথকা ঘৰ পালে ভাঙি-ছিঙি ধ্বংস কৰে।

এনেবোৰ কাৰণতেই লেখক আৰু বায়েক-ভাগিনীয়েকহঁতে গোৰা চিপাহীলৈ ভয় কৰিছিল৷ 

প্রশ্ন ৪। গোৰা চিপাহীজনে খুপী-ৰূপীলৈ কিয় চাই আছিল? বুজাই লিখা।

উত্তৰঃ খুপী-ৰূপীহঁতে আবেলি সিহঁতৰ ঘৰৰ সন্মুখতে থকা ঘাঁহনিডোখৰত খেলি থাকেহি। খুপী দহ-বাৰ বছৰীয়া, ৰূপী সাত বছৰীয়া সিহঁতৰ ঘৰৰ সন্মুখতে আলিটোৰ সিপাৰে থকা মিলিটাৰী কেম্পটোৰ কাষতে বহি এজন মিলিটাৰী অৰ্থাৎ গোৰা চিপাহীয়ে খুপী-ৰূপীলৈ প্ৰায়ে চাই থাকেহি। অনবৰতে গোৰা চিপাহীলৈ ভয় কৰা খুপী-ৰূপীয়ে গোৰা চিপাহীজনে তেনেকৈ চাই থকা দেখিলে বৰ ভয় খায় আৰু খেলিবলৈ এৰি হয় মোমায়েকৰ ওচৰ পায়, অথবা ঘৰৰ ভিতৰলৈ দৌৰি আহে।

চিপাহীজনে খুপী-ৰূপীলৈ এনেকৈ সদায় একান্তমনে বহি চাই থকাৰ কাৰণ হ’ল— সুদূৰ লণ্ডনৰ গাঁৱৰ ঘৰত নিজ পত্নীৰে সৈতে এৰি অহা তেওঁৰো দুজনী ছোৱালী আছে, — খুপী ৰূপীৰ সমান বয়সৰে। খুপী-ৰূপী দেখাত যিমান ধুনীয়া চিপাহীজনৰ ছোৱালী ইভলিনা আৰু ডেইজিও সিমানেই ধুনীয়া। ইহঁতে ইহঁতৰ ঘৰৰ সন্মুখৰু ঘাঁহনিডোখৰত যিদৰে খেলি থাকে, সিহঁতেও সিহঁতৰ ঘৰৰ সন্মুখত থকা সৰু ঘাঁহনিডৰাত তেনেকৈয়ে খেলিছিল। ইহঁতে যিদৰে হাঁহে, ভয় কৰে, সিহঁতেও তেনেদৰে হাঁহে, ভয় কৰে। খুপী-ৰূপীক দেখি, খুপী-ৰূপীৰ হাঁহি, ভয় দেখি গোৰা চিপাহীজনৰ নিজৰ ছোৱালী দুজনীলৈ সঘনাই মনত পৰিছিল। তেওঁৰ ছোৱালী ইভ্‌লিনা আৰু ডেইজিয়েই যেন ইয়াত খেলি আছেহি এনে অনুভৱ কৰি চিপাহীজনৰ পিতৃ হৃদয় সিহঁতক ওচৰতে পাবলৈ ব্যাকুল হৈ পৰিছিল। সেই কাৰণে গোৰা চিপাহীজনে খুপী ৰূপীলৈ তেনেদৰে চাই আছিল।

HS First Year Advance Assamese Questions Answers

গোট ১ -কবিতাংশ

ক্ৰমিক নংপাঠলিংক
১. প্রহলাদ চৰিত্ৰ Click here
২. শিৱৰ কৃষিকর্ম Click here
৩. প্রিয়তমাৰ চিঠি: Click here
৪. পানেশৈ Click here
৫. পছোৱাৰ ডাক Click here
৬ .চামুৰাই Click here

গোট ২ – গদ্যাংশ

৭. শংকৰদেৱৰ বাল্যকাল Click here
৮. ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা Click here
৯. অংকীয়া নাটৰ ৰস বিচাৰ Click here

গোট ৩ – নাটক

১০. টিকেন্দ্রজিৎ Click here

গোট ৪ – চুটি গল্প

১১. যীশুখ্ৰীষ্টৰ ছবি Click here
১২. ভ্ৰষ্টলগ্ন Click here

গোট ৫ – সাহিত্য সমালোচনা

১৩. কবিতা Click here
১৪. নাটক Click here

গোট ৬ – ছন্দ

১৫. ছন্দ : ছন্দ্ৰ সংজ্ঞা, অক্ষৰ; মাত্রা; যতি, পৰ্ব, চৰণ; “স্তৱক; পদ বা পয়াৰ; ঝুমুৰী: কুসুমমালা, দুলড়ী: ছবি, লোছাৰি ছন্দ Click here

গোট ৭ – অসমীয়া সাহিত্যৰ বুৰঞ্জী

১৬. অসমীয়া কবিতা আৰু নাটকৰ পৰি Click here

প্রশ্ন ৫। ‘হাতত বন্দুক থাকিলেনো কাৰোবাৰ দয়া-মমতা থাকেনে?’— কথাযাৰ কি প্ৰসংগত কোৱা হৈছে, বুজাই লিখা।

উত্তৰ : মিলিটাৰীৰ হাতত সততে বন্দুক থাকে। বন্দুক হাতত থাকিলে মানুহৰ অদম্য সাহস হয়। সেই কাৰণে মিলিটাৰীবিলাক দুর্দান্ত সাহসী, কাকো ভয় নকৰে। যাকে-তাকে গচকি যাব পাৰে, কাটে-মাৰে, য’তে-ত’তে উৎপাত কৰে, অত্যাচাৰ কৰে। সিহঁত বৰ নিষ্ঠুৰ হয়; সিহঁতৰ অন্তৰত সেই সময়ত অর্থাৎ হাতত বন্দুক থকাৰ সময়ত দয়া-মমতা একেবাৰে নাথাকে। সিহঁতে অনেক কু-কৰ্ম কৰিবলৈও অকণো কুণ্ঠাবোধ নকৰে।

মিলিটাৰীৰ প্ৰতি লেখক আৰু তেওঁৰ বায়েক-ভাগিনীয়েকহঁতৰ মনত সৃষ্টি হোৱা অতিপাত ভয়ৰ কাৰণ উল্লেখ কৰিবলৈ যোৱাৰ প্ৰসংগতে এই কথাষাৰ কোৱা হৈছে।

প্রশ্ন ৬।–’জুই জ্বলিলেহে অপকাৰ কৰে, এনেয়ে একো নাই।’ -কথাষাৰ কি প্ৰসংগত কোৱা হৈছে, বুজাই লিখা।

উত্তৰ ঃ বন্দুকধাৰী মিলিটাৰীবোৰ দেখি লেখক আৰু বায়েক-ভাগিনীয়েকহঁতে সততে ভয় খায়। বন্দুক হাতত থাকিলে সিহঁত দয়া-মমতাহীন হয় বুলি তেওঁলোকে শুনিছে। সিহঁতে যিকোনো মুহূর্ততে গচকি যাব পাৰে, মাৰিব কাটিব পাৰে, য’তে-ত’তে উৎপাত, অত্যাচাৰ কৰিব পাৰে। সেই কাৰণেই তেওঁলোকে মিলিটাৰীক ভয় কৰিছিল।

পিছলৈ লেখকে অলপ সাহস গোটাই ভাবিলে–জুই জ্বলিলেহে অর্থাৎ বন্দুকটো ফুটিলেহে কাৰোবাক মাৰে বা অপকাৰ কৰে, নুফুটা বন্দুকে কাৰো অপকাৰ নকৰে। ঠিক সেইদৰে যুদ্ধৰ জুই চাৰিওফালে জ্বলিলে বা ক’ৰবাত গণ্ডগোল লাগিলেহে মিলিটাৰীয়ে অপকাৰ কৰে, মাৰে কাটে, উৎপাত, অত্যাচাৰ কৰে, এনেয়েতো একো নাই। সিহঁতো মানুহ। এনেয়ে আমাৰ নিচিনা সিহঁতৰো অন্তত দয়া-মমতা আছে।

প্রশ্ন ৭। ‘ময়ে এই ধুনীয়া ছোৱালী দুজনীৰ মোমায়েক।’ কোনে, কি প্ৰসংগত কৈছিল,— বুজাই লিখা।

উত্তৰ ঃ খুপী আৰু ৰূপী লেখকৰ দুজনী ভাগিনীয়েক। খুপী দহ-বাৰ বছৰীয়া, ৰূপী সাত বছৰীয়া দুয়োজনী ধুনীয়া; ৰূপীতকৈ খুপী বেছি ধুনীয়া। এই ধুনীয়া ভাগিনী ছোৱালী দুজনী লগত লৈ ফুৰিলে লেখকৰ গৰ্ব হয়— তেৱেঁ সেই ধুনীয়া ছোৱালী দুজনীৰ মোমায়েক বুলি। ধুনীয়া ছোৱালীৰ আপোন বা সম্পৰ্কীয় হোৱাটো এক গৌৰৱৰ কথা বুলি লেখকে অনুভৱ কৰিছে।

প্রশ্ন ৮। ‘ৰাতি খুপীয়ে কথাটো বাইটিৰ আগত ক’লে। শুনি বাইটিৰ ভয় আৰু অলপ বাঢ়িল।’— কথাটোনো কি ? কিয় বাঁইটিৰ ভয় আৰু অলপ বাঢ়িল, বুজাই লিখা।

উত্তৰঃ লেখকৰ লগতে বাইদেৱেক আৰু ভাগিনী দুজনীৰ মিলিটাৰীলৈ বৰ ভয়। কাৰণ তেওঁলোকে শুনিছে গোৰা চিপাহীবোৰ বৰ নিষ্ঠুৰ সিহঁতৰ কোনো দয়া-মমতা নাই। যাকে তাকে সিহঁতে গচকি যাব পাৰে, কাটে-মাৰে, উৎপাত, অত্যাচাৰ কৰে। গতিকে বায়েকহঁতৰ ঘৰৰ ওচৰতে মিলিটাৰী কেম্পটো আছে যদিও তেওঁলোকে মিলিটাৰীলৈ ভয় কৰে। ভাগিনী দুজনী মিলিটাৰীৰ আগলৈ ভয়তে নোলায় মোমায়েক পদূলিত ৰৈ থাকিলেহে সিহঁতে ঘৰৰ সন্মুখৰ ঘাঁহনিডৰাত খেলিবলৈ লয়।

এদিন তেনেকৈ খেলি থাকোতে হঠাতে ভাগিনীয়েক খুপীয়ে দেখিলে গোৰা চিপাহী এটাই কেম্পটোৰ কাষতে বহি লৈ সিহঁতৰ ফালে চাই আছে। সিহঁতে বৰ ভয় খালে। খুপীয়ে আহি মোমায়েকক ফুচফুচাই কথাটো ক’লে। মোমায়েকেও কথাটোত ভয় খালে যদিও এনেয়ে এৰোপ্লেন চাই আছে বুলি কৈ সিহঁতক সাহস দিলে। কিন্তু তেওঁৰ অন্তৰতো ভয় লাগিল।—

‘কিয় মিলিটাৰীটোৱে সিহঁতলৈ তেনেকৈ চাইছে’? ৰাতি খুপীয়ে মাকক কথাটো কোৱাত মাকে বৰ ভয় খালে। মিলিটাৰীটোৱে সিহঁতলৈ তেনেকৈ চাই আছে যেতিয়া কি বা কৰে।

প্রশ্ন ৯। গোৰা চিপাহীজনে খুপী-ৰূপীহঁতৰ লগত কেনেকৈ সম্পর্ক স্থাপন কৰিছিল—বৰ্ণনা কৰা।

উত্তৰ ঃ গোৰা চিপাহীজনৰ সুদূৰ লণ্ডনৰ এখন গাঁৱত এৰি অহা তাৰ মৰমৰ তিৰোতা আৰু দুজনী কণমানি জীয়েক ইভলিনা আৰু ডেইজিলৈ সততে মনত পৰি থাকে। বিশেষকৈ ক’ৰবাত জীয়েক দুজনীৰ নিচিনা ছোৱালী দেখিলেই তাৰ সিহঁতলৈ মনত পৰি অন্তৰখনে হাহাকাৰ কৰি উঠে।

খুপী-ৰূপীয়ে আগফালৰ ঘাঁহনিডৰাত খেলি থকা দেখিও গোৰা চিপাহীজনৰ নিজৰ ছোৱালী দুজনীলৈ মনত পৰিছিল। নিজৰ জীয়েক দুজনীৰ নিচিনা যেন অনুভৱ কৰি সিহঁতক মৰম কৰিবলৈ বুলি লজেঞ্ছ লৈ আহি সিহঁতৰ লগত আপোন হৈ পৰিল। সিহঁতৰ ঘৰলৈ আহি সিহঁতক কোলাত লৈ মৰম কৰিলে।

প্রথমে খুপী-ৰূপীয়ে গোৰা চিপাহীজনক বৰ ভয় কৰিছিল। সিহঁতে খেলি থকা চাই থকা দেখিয়েই ভয়তে সিহঁতে আগফালৰ ঘাঁহনিডোখৰত নেখেলা হ’ল। এদিন গোৰা চিপাহীটো নথকাৰ সুযোগতে সিহঁতে তাত খেলি আছিল; কিন্তু কেতিয়া যে সিহঁতৰ নিচেই ওচৰতে থকা চৌহদৰ বেৰখনৰ কাষত গোৰা চিপাহীটো থিয় হৈ আছেহি ক’বই পৰা নাছিল। পিছত দেখি সিহঁতে ‘আই ঔ’ বুলি চিঞৰি দৌৰি আহিল। গোৰা চিপাহীজনে ‘লজেঞ্ছ’ ‘লজেঞ্ছ’বুলি গে’টখন খুলি সোমাই আহিল। খুপীহঁতৰ মোমায়েকে চিপাহীজনক বৈঠক ৰূমলৈ মাতি আনি বহিবলৈ দিলে ৷ গোৰা চিপাহীজনে মৰমেৰে সিহঁত দুজনীক লজেঞ্ছ ল’বলৈ কাষলৈ মাতিলে। প্রথমে ভয় কৰিছিল যদিও পিছলৈ ভয় কমাত দুয়োজনী তেওঁৰ কাষলৈ গ’ল। মৰমেৰে সিহঁত দুয়োজনীকে লজেঞ্চু দি কোলাত বহুৱাই ল’লে আৰু নিজৰ ছোৱালী দুজনীৰ কথা কৈ তেওঁ হুমুনিয়াহ কাঢ়িলে৷ ইয়াৰ পিছত তাত থকা কেইদিন গোৰা চিপাহীজন সিহঁতৰ ঘৰলৈ প্ৰায়ে আহিছিল আৰু সিহঁতৰ লগত এক আত্মিক সম্পর্ক স্থাপন কৰিছিল। একেবাৰে তাৰ পৰা গুচি যোৱাৰ সময়তো খুপী-ৰূপীক নিজৰ জীয়েক দুজনীৰ লগত তোলা তাৰ এখন ফটোও দি গৈছিল— সিহঁতৰ মাজত গঢ়ি উঠা সেই আত্মিক সম্পৰ্কৰ চিনস্বৰূপে।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ‘যীশুখ্ৰীষ্টৰ ছবি’ গল্পৰ গল্পকাৰ কোন?

উত্তৰঃ চৈয়দ আব্দুল মালিক।

প্রশ্ন ২। চৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ ‘অঘৰী আত্মাৰ কাহিনী’ নামৰ উপন্যাসখনৰ বাবে। 

প্রশ্ন ৩। চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত উপন্যাস পুথিৰ সংখ্যা কিমান?

উত্তৰ: ৬৭ খন।

প্রশ্ন ৪। চৈয়দ আব্দুল মালিকৰ এখন গল্পপুথিৰ নাম লিখা?

উত্তৰ ঃ ‘পৰশমণি’।

প্রশ্ন ৫। চৈয়দ আব্দুল মালিকৰ প্রথম প্রকাশিত গল্পপুথি কোনখন?

উত্তৰ : ১৯৪৬ চনত প্ৰকাশ পোৱা ‘পৰশমণি’। 

প্রশ্ন ৬। ভাৰত চৰকাৰৰ পৰা চৈয়দ আব্দুল মালিকে কি কি উপাধি লাভ কৰিছিল?

উত্তৰ: ‘পদ্মশ্রী'(১৯৮৪), ‘পদ্মভূষণ’ (১৯৯২)– এইদুটা উপাধি লাভ কৰিছিল।

প্রশ্ন ৭। অসম চৰকাৰৰ পৰা চৈয়দ আব্দুল মালিকে কি বঁটা লাভ কৰিছিল?

উত্তৰ: শংকৰদেৱ বঁটা’।

প্রশ্ন ৮ ৷ অসম চৰকাৰৰ পৰা চৈয়দ আব্দুল মালিকে কোন চনত শংকৰদেৱ বঁটা লাভ কৰিছিল?

উত্তৰ : ১৯৯৯ চনত।

প্রশ্ন ৯। কোনটো কালৰ বাবে চৈয়দ আব্দুল মালিক ৰাজ্য সভাৰ সদস্য হৈ আছিল?

উত্তৰ : ১৯৭৬-৮২ চনৰ কালছোৱাৰ বাবে৷ 

প্রশ্ন ১০। চৈয়দ আব্দুল মালিক অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি হৈছিল?

উত্তৰ : ১৯৭৭ চনত অভয়াপুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুশ্চত্বাবিংশ অধিৱেশনৰ সভাপতি হৈছিল।

প্রশ্ন ১১। লেখকৰ ভিনিহি কলিকতালৈ কিয় গৈছিল?

উত্তৰ : দাঁতৰ অপাৰেশ্যনৰ কাৰণে গৈছিল? 

প্রশ্ন ১২। লেখকৰ ভাগিন ছোৱালী দুজনীৰ নাম কি আছিল?

উত্তৰ : খুপী আৰু ৰূপী।

প্রশ্ন ১৩। খুপী-ৰূপীৰ বয়স কিমান আছিল ?

উত্তৰ ঃ খুপী দহ-বাৰ বছৰীয়া আৰু ৰূপী সাত বছৰীয়া। 

প্রশ্ন ১৪। গোৰা চিপাহীটোৰ ছোৱালী দুজনীৰ নাম কি কি?

উত্তৰঃ ইভলিনা আৰু ডেইজি।

প্রশ্ন ১৫। গোৰা চিপাহীটোৰ ঘৰ ক’ত আছিল ?

উত্তৰঃ লণ্ডনৰ কোনো এখন গাঁৱত।

প্রশ্ন ১৬। গোৰা চিপাহীজনে খুপী-ৰূপীক কি দিব বিচাৰিছিল?

উত্তৰঃ লজেঞ্ছ দিব বিচাৰিছিল ৷

প্রশ্ন ১৭। গোৰা চিপাহীটোৰে একেবাৰে গুচি যোৱাৰ সময়ত খুপী-ৰূপীক কি দি গৈছিল ? 

উত্তৰ: জীয়েক দুজনীৰে সৈতে ঘাঁহনিডৰাত বহি তোলা তেওঁৰ এখন ফটো।

প্রশ্ন ১৮। চৈয়দ আব্দুল মালিকে কোন চনত ক’ত জন্মগ্ৰহণ কৰিছিল? 

উত্তৰ : ১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰনিত।

This Post Has 2 Comments

Leave a Reply