HS First Year Advance Assamese Solutions Chapter-10 টিকেন্দ্রজিৎ

HS First Year Advance Assamese Solutions Chapter-10 টিকেন্দ্রজিৎ। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Advance Assamese Solutions Chapter-10 টিকেন্দ্রজিৎ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

Hs First Year Question Answer (Assamese Medium)

ইংৰাজী (English)Click Here
অসমীয়া Click Here
हिन्दीClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
তৰ্কবিদ্যা আৰু দর্শন (Logic & Philosophy)Click Here
পৰিৱেশ শিক্ষা ( Environmental Studies)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
সমাজতত্ত্ব (sociology)Click Here
অৰ্থনীতি (Economy)Click Here
ৰাজনীতি (Political Science)Click Here
ভূগোল (Geography)Click Here

HS First Year Advance Assamese Solutions Chapter-10 টিকেন্দ্রজিৎ

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। ‘টিকেন্দ্রজিৎ’ নাটকৰ কাহিনী অংশৰ মূল কি? নাট্যকাৰে ইয়াত কি কি বিষয়ত মৌলিকতা দেখুৱাইছে? 

অথবা

‘টিকেন্দ্রজিৎ’ নাটকত নাট্যকাৰে ক’ত কেনেকৈ বুৰঞ্জীৰ লগত কল্পনাৰ সংযোগ ঘটাইছে আলোচনা কৰা।

অথবা,

 ‘টিকেন্দ্রজিৎ’ নাটকৰ কাহিনীৰ সমল নাট্যকাৰে ক’ৰ ক’ৰ পৰা সংগ্ৰহ কৰিছে? নাটকৰ কাহিনীভাগ চমুকৈ লিখাঁ ।

অথবা, 

‘টিকেন্দ্রজিৎ’ নাটকৰ কাহিনীভাগ ক’ৰ পৰা লোৱা হৈছে? নাটকখনত নাট্যকাৰৰ মৌলিকতা কোনখিনিত? 

উত্তৰ : ‘টিকেন্দ্ৰজিৎ’ নাটকৰ নাট্যকাৰ হ’ল সাহিত্য চার্য অতুল চন্দ্ৰ হাজৰিকা | নাট্যকাৰ হাজৰিকাদেৱে ৰচনা কৰা এই নাটকখনিৰ কাহিনী অংশৰ মূল হ’ল ধনমঞ্জৰী কলেজৰ বুৰঞ্জীৰ অধ্যাপক জ্যোতির্ময় ৰায় ৰচিত ইংৰাজী বুৰঞ্জী গ্রন্থ The History of Manipur। নাট্যকাৰে পাতনিতে কোৱামতে, বুৰঞ্জীৰ মূল কাহিনীটো নাটকখনিত প্রায় অব্যাহত ৰখা হৈছে ৷ বুৰঞ্জীখনিত বর্ণিত কাহিনীমতে ১৮৯১ খ্ৰীষ্টাব্দত মণিপুৰত ইংৰাজক খেদিবৰ নিমিত্তে যি সংগ্রাম চলোৱা হৈছিল তাৰ নেতৃত্ব কৰিছিল সেনাপতি টিকেন্দ্ৰজিৎ আৰু বৃদ্ধ মন্ত্ৰী ঠঙাল জেনেৰেলে। ১৮২৬ খ্ৰীষ্টাব্দত ৰজা গম্ভীৰ সিংহক মান সৈন্য খেদাত সহায় কৰি ইংৰাজে মণিপুৰত খোপনি পুতিবলৈ সুবিধা পায় আৰু তাৰ পাছত ক্ৰমে কৌশলেৰে ইংৰাজসকলে মণিপুৰক কতলীয়া ৰাজ্যত পৰিণত কৰে। ১৮৯০ চনত অকৰ্মণ্য ৰজা সুৰচন্দ্ৰ সিংহক ৰাজ্য পৰিত্যাগ কৰিবলৈ বাধ্য কৰি সেনাপতি টিকেন্দ্রজিৎ আৰু ঠঙাল জেনেৰেলে সাহসী ৰাজকোঁৱৰ কুলচন্দ্ৰক ৰাজপাটত বহুৱাই ইংৰাজক খেদাবৰ যত্ন কৰে। ইংৰাজে অৱস্থা বিষম দেখি টিকেন্দ্ৰজিতৰ নিৰ্বাসন দাবী কৰে আৰু অসমৰ কমিচনাৰ কুইনটন চাহাব মণিপুৰলৈ আহি টিকেন্দ্ৰজিতক গ্রেপ্তাৰ কৰিবলৈ বাজপ্রাসাদ আক্ৰমণ কৰায়। ফলত ইংৰাজ আৰু মণিপুৰীসকলৰ মাজত সংঘর্ষ হয় আৰু ইংৰাজ পৰাজিত হয়। মণিপুৰী সৈন্যই পলিটিকেল ৰেচিডেণ্ট গ্ৰীমউদ আৰু কমিচনাৰ কুইনটনসহ কেইবাজনো ইংৰাজ বিষয়াক বধ কৰে। মণিপুৰৰপৰা বাকী ইংৰাজ বিষয়া পলাই যায়। কিন্তু এমাহৰ মূৰত শক্তিশালী সৈন্যবাহিনী লৈ পুনৰ মণিপুৰ আক্ৰমণ কৰি দখল কৰে। মণিপুৰী সৈন্য পৰাজিত হয়। ইংৰাজে বিদ্রোহী নায়ক টিকেন্দ্রজিৎ আৰু ঠঙাল জেনেৰেলক ফাঁচী দিয়ে।

ওপৰৰ বুৰঞ্জী কাহিনীৰ ৰূপৰেখাৰপৰা ক’ব পাৰি নাট্যকাৰে বুৰঞ্জীৰ কাহিনীভাগ অবিকৃতভাৱে ৰাখিছে। বুৰঞ্জীত কাহিনীৰ নাট্যরূপ দিবলৈ যাওতে নাট্যকাৰে স্থানবিশেষে কিছুমান নতুন বিষয় সংযোগ কৰিছে আৰু তেনে সংযোগতেই নাটকখনিৰ নাট্যকাৰৰ মৌলিকত্ব প্রকাশিত হৈছে।

চৰিত্ৰ-সৃষ্টিৰ ক্ষেত্ৰত নাট্যকাৰে দুটি বিশেষ নাৰীচৰিত্ৰ সংযোজন কৰিছে। সেই দুটি চৰিত্ৰ হ’ল – ৰজা সুচন্দ্ৰৰ ৰাজ্যসভাৰ নৰ্তকী মধুমঞ্জৰী আৰু টিকেন্দ্রজিতৰ পত্নী চন্দ্ৰলেখা। এই দুটি নাৰী চৰিত্ৰৰ উপৰিও নাট্যকাৰে ৰঘুনন্দন সিং, কালমণি সিং, ভম্বল সিং আদি কিছুমান পার্শ্বচৰিত্ৰৰ সৃষ্টি কৰি দৰ্শক-পাঠকক মনোৰঞ্জন দিবৰ যত্ন কৰিছে।

টিকেন্দ্ৰজিৎ এখনি বুৰঞ্জীমূলক নাটক। বুৰঞ্জীৰ ঘটনা বিশেষক কেন্দ্ৰ কৰি বুৰঞ্জীমূলক নাটক ৰচিত হ’লেও ই বুৰঞ্জীৰ পুনৰাবৃত্তি নহয়। ঐতিহাসিক কাহিনীক কলাত্মক ৰূপত সজাই তুলিব পৰাতহে নাট্যকাৰৰ সাৰ্থকতা। হাজৰিকাদেৱে টিকেন্দ্ৰজিৎ নাটকত বুৰঞ্জীপ্ৰসিদ্ধ চৰিত্ৰসমূহৰ ৰাজনৈতিক কার্য-কলাপ বৰ্ণনা কৰিয়েই ক্ষান্ত থকা নাই। চৰিত্ৰৰ পাৰিবাৰিক জীৱনৰ কথাও তেওঁ কল্পনাৰে পূৰ্ণ কৰিছে। এই প্রসঙ্গত মধুমঞ্জৰী আৰু চন্দ্ৰলেখা চৰিত্ৰ দুটি উল্লেখযোগ্য। এই দুটি মৌলিক চৰিত্ৰৰে নাট্যকাৰে এহাতে টিকেন্দ্ৰজিতৰ ব্যক্তিগত বা পাৰিবাৰিক জীৱনৰ চিত্ৰ ফুটাই তুলিছে আনহাতে ঠঙাল জেনেৰেলৰ ব্যক্তিগত জীৱনৰ আভাসো দাঙি ধৰিছে।

ৰঘুনন্দন সিং ওস্তাদ, কালামণি সিং আৰু ভম্বল সিং— এই তিনিটা চৰিত্ৰ নাট্যকাৰৰ মৌলিক সৃষ্টি। নাটকীয় কাৰ্য-কাহিনীৰ লগত এই চৰিত্ৰকেইটি অঙ্গাঙ্গীভাৱে জড়িত নহয় যদিও হাস্যৰস সৃষ্টিৰ বাবেই নাট্যকাৰে এই চৰিত্ৰকেইটি সৃষ্টি কৰিছে। ইয়াৰ উপৰিও নাট্যকাৰে কাহিনীৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি চাপ্ৰাচী, পিয়ন, ৱাৰ্ডাৰ আদি চৰিত্ৰৰ সৃষ্টি কৰি মৌলিকত্বৰ পৰিচয় দিছে।

সংলাপ প্রয়োগৰ ক্ষেত্ৰত নাট্যকাৰে চৰিত্ৰানুগ ভাষা প্রয়োগ কৰি মৌলিকতাৰ পৰিচয় দিছে। টিকেন্দ্রজিং আৰু ঠঙাল জেনেৰেলৰ মুখত বীৰোচিত সংলাপৰ প্ৰয়োগে চৰিত্ৰ দুটিৰ বৈশিষ্ট্য প্ৰকাশ কৰিছে। ইংৰাজৰ কেৰাণী ৰসিকলালৰ মুখত বঙালী ভাষা, পলিটিকেল এজেণ্ট গ্রিমউডৰ মুখত ভঙা ভঙা অসমীয়া আৰু লাটচাহাব কুইনটনৰ মুখত নির্ভেজাল ইংৰাজীৰ প্রয়োগ চৰিত্ৰানুগ হৈছে।

মণিপুৰৰ সামাজিক আৰু সাংস্কৃতিক জীৱন সম্পর্কিত কিছুমান কথাৰ প্ৰয়োগেও নাট্যকাৰৰ মৌলিকত্ব প্রতিপাদন কৰে। এই প্রসঙ্গত মণিপুৰী ৰাসনৃত্য, নগানৃত্য আৰু মণিপুৰী লোকসকলৰ অন্ধবিশ্বাস, কু-সংস্কাৰৰ উল্লেখ প্রণিধানযোগ্য। এনেদৰে নাট্যকাৰে বিভিন্ন বিষয়ত মৌলিকত্ব প্রদর্শন কৰি টিকেন্দ্ৰজিৎ নাটকখনি সাধাৰণ দৰ্শক-পাঠকৰ মনোগ্রাহী কৰি তুলিবলৈ যত্ন কৰিছে। 

প্রশ্ন ২। ‘টিকেন্দ্রজিৎ’ নাটকৰ নাৰী চৰিত্ৰকেইটিৰ পৰিচয় আৰু কাৰ্যাৱলী বিশ্লেষণ কৰি এটি আলোচনা কৰা৷  

অথবা,

 ‘টিকেন্দ্ৰজিৎ’ নাটকৰ নাৰী চৰিত্ৰকেইটিৰ পৰিচয় দি নাটকত সিবোৰৰ ভূমিকা বিশ্লেষণ কৰি এটি আলোচনা কৰা।

অথবা, 

‘টিকেন্দ্রজিৎ’ নাটকৰ যিকোনো এটা নাৰী চৰিত্ৰৰ ভূমিকা পৰ্যালোচনা কৰা। 

অথবা, 

‘টিকেন্দ্রজিৎ’ নাটকৰ নাৰী চৰিত্ৰ কেইটা? তোমাৰ ভাল লগা যিকোনো এটি নাৰী চৰিত্ৰ বিশ্লেষণ কৰা। 

অথবা,

 ‘টিকেন্দ্ৰজিৎ’ নাটকৰ মধুমঞ্জৰী আৰু চিত্ৰলেখা চৰিত্ৰ দুটি বিশ্লেষণ কৰি দেখুওৱা

উত্তৰঃ অতুলচন্দ্ৰ হাজৰিকাদেৱৰ টিকেন্দ্ৰজিৎ নাটকত মুঠ নাৰী চৰিত্ৰ দুটি। সেই দুটি হ’ল ৰাজনৰ্তকী মধুমঞ্জৰী আৰু টিকেন্দ্ৰজিতৰ পত্নী চন্দ্ৰলেখা। এই দুয়োটি নাৰী চৰিত্ৰ নাট্যকাৰে নিজস্বভাৱে সৃষ্টি কৰিছে আৰু তাৰ দ্বাৰা চৰিত্ৰৰ পাৰিবাৰিক জীৱনৰ একোটি আভাস দিবৰ যত্ন কৰিছে।

মধুমঞ্জৰী : মধুমঞ্জরী চৰিত্ৰটিৰ আমি প্রথম পৰিচয় পাওঁ নাটকৰ ১ম অংকত তৃতীয় দৃশ্যত। বৃটিছৰ ছত্ৰছায়াত ৰাজকার্য পৰিচালনা কৰা বিলাসী ৰজা সুৰচন্দ্ৰৰ ৰাজসভাৰ এগৰাকী নর্তকী হিচাপে নাট্যকাৰে মধুমঞ্জৰীক অংকন কৰিছে। মধুমঞ্জৰীৰ লাস্যময়ী নৃত্য-ভংগীমাত ৰজা সুবচন্দ্ৰ সম্পূৰ্ণৰূপে মুগ্ধ। নর্তকীৰূপে মধুমঞ্জৰীয়ে ৰজাৰ প্ৰিয়পাত্ৰী হৈ ৰজাৰ পৰা আশাতীত পুৰস্কাৰো লাভ কৰিছিল। মধুমঞ্জৰীৰ ৰূপমাধুৰী আকণ্ঠ পান কৰি ৰজা সুৰচন্দ্ৰ প্ৰায় উন্মাদ হৈ উঠিছিল আৰু তেনে অৱস্থাতে তেওঁ মধুমঞ্জৰীক প্রতিশ্রুতি দিছিল : ‘মই তোমাক সামান্য কাৰেঙৰ লিগিৰী ওচাই ৰাজনৰ্তকীৰ পদত অভিষিক্ত কৰিম। কেরল সিমানেই নহয়, মোৰ কাৰেঙত থকা সকলো ৰাণীৰ ওপৰত তোমাক প্রতিষ্ঠিত কৰিম।’ (১ম অংক, ৩য় দৃশ্য)।

মধুমঞ্জৰী আছিল চতুৰা আৰু কাৰ্যশীলা। উপস্থিত বুদ্ধি আৰু প্রত্যুৎপন্নমতিতো তেওঁ পিছপৰা নাছিল। ৰজা সুৰচন্দ্ৰক সেনাপতি টিকেন্দ্ৰজিতে মণিপুৰৰ ভৱিষ্যতৰ বিষয়ে সাৱধানবাণী শুনাই যোৱাৰ পিছত মধুমঞ্জৰীয়ে ৰজাক গুচাবৰ বাবে কৰা ষড়যন্ত্ৰৰ বাতৰি সুৰচন্দ্ৰকে দিছে। নাচোনৰ ছেৱে ছেৱে ৰাজনৰ্তকী মধুমঞ্জৰীয়ে ৰজাঘৰীয়া বাতৰি সংগ্ৰহ কৰিছে। আগুচা কোঁৱৰৰ সৈতে হোৱা তেওঁৰ কথা-বতৰাত প্রত্যুৎপন্নমতি গুণৰ প্ৰকাশ দেখা যায়। ৰজা সুৰচন্দ্ৰক হত্যা কৰিবলৈ হাতত বন্দুক লৈ ৰাজকাৰেঙত প্ৰৱেশ কৰা আগুচা কোঁৱৰক নিজৰ প্রত্যুৎপন্নমতিৰে মধুমঞ্জৰীয়ে ওভোতাই পঠাবলৈ সক্ষম হৈছিল। ৰাজনৰ্তকীৰূপে মধুমঞ্জৰীৰ যি পৰিচয় আমি প্রথমে পাওঁহক দ্বিতীয় অংকত সেই পৰিচয় সম্পূৰ্ণ সলনি হৈ গ’ল। বিলাসী ৰজা সুৰচন্দ্ৰৰ পলায়নৰ পিছত আশ্ৰয় বিচাৰি ঘূৰি ফুৰা মধুমঞ্জৰী গোৰা চিপাহীৰ কামনাৰ বলি হ’বলগা হ’ল। আশ্ৰয় বিচাৰি ঠঙাল জেনেৰেলৰ ওচৰত উপস্থিত হোৱাত মধুমঞ্জৰীয়ে ঠঙালৰ স্নেহ আশ্রয় লাভ কৰিছে। ঠঙালক তেওঁ ধৰ্মপিতাস্বৰূপে গ্ৰহণ কৰিছে। ঠঙালৰ ওচৰ পোৱাৰ পিছত মধুমঞ্জৰীৰ জীৱনৰ গতিয়েই সলনি হৈ গ’ল। কাৰেঙৰ লিগিৰী মধুমঞ্জৰীৰ মৃত্যু হৈ যেন এক নতুন জন্ম লাভ কৰিলে। ঠঙালেও মধুমঞ্জৰীক কন্যাৰূপে গ্ৰহণ কৰি দেশোদ্ধাৰৰ মন্ত্ৰত দীক্ষা দিছে। 

ঠঙাল জেনেৰেলৰ পালিত কন্যাৰূপে মধুমঞ্জৰীয়ে ঠঙালৰ ঘৰুৱা কাম-কাজবোৰ সম্পাদন কৰাৰ লগতে ঠঙালৰ জীৱনৰ ব্ৰতৰ লগত নিজকে মিলাই দিবৰ যত্ন কৰিছে। ঠঙালৰ নিৰ্দেশত দেশৰ কামত তেওঁ নিজকে নিয়োজিত কৰিছে। কুশলী মধুমঞ্জৰীয়ে অসমৰ চীফ কমিছনাৰ কুইনটনৰ আগমন উপলক্ষ্যে অনুষ্ঠিত হ’ব লগা দৰবাৰত নাচ-গান কৰাৰ উপৰিও বৃটিছ বিষয়াসকলৰ মাজত হোৱা ভিতৰুৱা আলোচনাৰ খবৰ সংগ্ৰহ কৰিবলৈ সাজু হৈ ওলাই গৈছে। এতিয়াৰ পৰা মধুমঞ্জৰীৰ চৰিত্ৰত ব্যক্তিগত স্বার্থসিদ্ধিৰ কোনো অভিলাষ আৰু চকুত নপৰে। দৰবাৰত মধুমঞ্জৰীয়ে নৃত্য প্ৰদৰ্শন কৰিব নোৱাৰিলে যদিও ইংৰাজসকলৰ ভিতৰুৱা ষড়যন্ত্ৰৰ খবৰ তেওঁ যথাসময়ত আনি ঠঙাল জেনেৰেলক দিছে।

পঞ্চম অংকৰ প্ৰথম দৃশ্যত হাবিৰ মাজৰ এটি পঁজাত আমি মধুমঞ্জৰীক পুনৰ লগ পাওঁ। সেনাপতি টিকেন্দ্রজিতে আত্মগোপন কৰি থকা কালছোৱাত সেনাপতিৰ পত্নী চন্দ্ৰলেখাক মধুমঞ্জৰীয়েই সম্পূৰ্ণ আশ্ৰয় আৰু নিৰাপত্তা দান কৰিছে। মণিপুৰৰ সৈন্যবাহিনীৰ পৰাজয় আৰু টিকেন্দ্রজিৎ প্ৰমুখ্যে সকলো বিদ্ৰোহী ইংৰাজৰ হাতত বন্দী হোৱাৰ খবৰ দি মধুমঞ্জৰীয়ে চন্দ্ৰলেখাৰ বুকুত সাহস সঞ্চাৰ কৰিবলৈ আহ্বান জনাইছে। শেষৰ দৃশ্যত টিকেন্দ্ৰজিতৰ ফঁাচীৰ সময়ত টিকেন্দ্ৰজিতৰ সন্মুখত উপস্থিত হোৱা নাৰীবাহিনীৰো নেতৃত্ব দিছিল মধুমঞ্জৰীয়েই। এনেদৰে মধুমঞ্জৰী চৰিত্ৰত আমি দ্বৈত বৈশিষ্ট্য লক্ষ্য কৰোঁ। নাটকৰ প্ৰথম অৱস্থাত তেওঁৰ চৰিত্ৰত ব্যক্তিগত স্বাৰ্থপূৰণৰ অভিলাষ লক্ষ্য কৰা যায় যদিও পৰৱৰ্তী অংশত তেওঁ দেশ তথা জাতিৰ সেৱাত নিজকে অৰ্পণ কৰিছে।

চন্দ্ৰলেখা  : ‘টিকেন্দ্রজিৎ’ নাটকৰ দ্বিতীয়টো নাৰী চৰিত্ৰ হৈছে টিকেন্দ্ৰজিতৰ পত্নী চন্দ্ৰলেখা। মধুমঞ্জৰী চৰিত্ৰৰ দৰে চন্দ্ৰলেখাৰ চৰিত্ৰটিয়ে নাটকত সিমান গুৰুত্ব লাভ কৰা নাই। নাটকৰ দ্বিতীয় অঙ্কৰ চতুৰ্থ দৃশ্যত আমি চন্দ্ৰলেখা চৰিত্ৰটিক প্ৰথমবাৰৰ বাবে লগ পাওঁ। নাটকখনিৰ আধিকাৰীক বা মূল কাহিনীৰ সৈতে চন্দ্ৰলেখা চৰিত্ৰৰ কোনো সম্পর্ক নাট্যকাৰে দেখুওৱা নাই।

চন্দ্ৰলেখা আছিল পতিব্ৰতা নাৰীৰ এক উজ্জ্বল নিদর্শন। পতিব্রতা নাৰী হিচাপে তেওঁ স্বামী টিকেন্দ্ৰজিতৰ পাৰিবাৰিক জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সহায়-সহযোগ কৰিছিল। স্বামীৰ মংগল চিন্তাই আছিল তেওঁৰ জীৱনৰ উদ্দেশ্য। স্বাধীনতাৰ চিন্তাই ব্যতিব্যস্ত কৰা টিকেন্দ্ৰজিতৰ মনৰ উমান চন্দ্ৰলেখাই ঠিকেই পাইছিল। নাটকখনিৰ দ্বিতীয় অংকৰ চতুর্থ দৃশ্যতে আমি চন্দ্ৰলেখাক টিকেন্দ্রজিতৰ চিন্তাৰ সমভাগী হোৱা দেখা পাওঁ। টিকেন্দ্ৰজিতে চন্দ্ৰাৰ আগত বৃটিছৰ মনোভাবৰ বিষয়ে কোৱাৰ লগতে ঠঙাল জেনেবেলৰ অভং মনোভাবৰ কথা প্রকাশ কৰাত উপযুক্ত পত্নীৰূপে চন্দ্রলেখাই টিকেন্দ্রজিতক সুস্থিৰভাৱে চিন্তা কৰি কাৰ্যক্ষেত্ৰত নামিবলৈ অনুৰোধ কৰিছে। নাৰীৰ সহজাত প্রবৃত্তিৰে চন্দ্ৰলেখাই স্বামীৰ বিপদৰ কথা আগতীয়াকৈ

অনুমান কৰিছিল আৰু সেয়ে সাপৰ লগত সম্পৰ্ক ৰখাটো বুদ্ধিমানৰ কাম নহয় বুলি কৈ ঠঙালৰ সৈতে সকলো সম্পর্ক ছেদ কৰিবলৈ অনুৰোধ জনাইছে।

নাটকখনিত চন্দ্ৰলেখাৰ চৰিত্ৰটো আকর্ষণীয় ৰূপত ফুটাই তোলাত নাট্যকাৰ ব্যৰ্থ হৈছে। নাটকৰ শেষৰফালে চন্দ্ৰাৰ চৰিত্ৰত কোনো বিশেষত্ব চকুত নপৰে। টিকেন্দ্ৰজিৎ বন্দী হোৱাৰ পিছত তেওঁ সম্পূর্ণ অসহায়া হৈ পৰিছে আৰু সেয়ে তেওঁ মধুমঞ্জৰীক অনুৰোধ কৰিছে : ‘মোক ৰক্ষা কৰা ভনীটি৷ এই বিপদত তোমাৰ বাহিৰে মোৰ কোন আপোন আছে?’ স্বামীৰ বিপদৰ কথা শুনি সৰ্বসাধাৰণ নাৰীৰ দৰেই চন্দ্ৰলেখাও ভাগি পৰিছে। তেনে অৱস্থাত মধুমঞ্জৰীয়েহে সাহসৰ পৰিচয় দি চন্দ্ৰলেখাক সান্ত্বনা দিছে।

নাটকৰ শেষৰ দৃশ্যত ফাঁচী মঞ্চত উঠিবলৈ যোৱা স্বামী টিকেন্দ্রজিতক তুলসীৰ মালা আৰু চন্দনৰ ফেঁাঁট দি চন্দ্রলেখাই কান্দি কান্দি বিদায় দিছে। শেষৰ দৃশ্যত চন্দ্ৰলেখা চৰিত্ৰৰ কৰুণতা নাট্যকাৰে হৃদয়স্পর্শী কৰি অংকন কৰাত ব্যৰ্থ হৈছে৷ সেয়ে চন্দ্ৰলেখা চৰিত্ৰটি ধীৰ গম্ভীৰ আৰু পতিব্ৰতা নাৰী হিচাপে আমি দেখা পাওঁ যদিও কার্য-কুশলা নাৰীৰূপে চৰিত্ৰটি অংকিত হোৱা নাই।

প্রশ্ন ৩। বুৰঞ্জীমূলক নাটক কাক বোলে? এনে নাটকৰ প্ৰধান লক্ষণ কি? বুৰঞ্জীমূলক নাটক হিচাপে ‘টিকেন্দ্ৰজিৎ’ নাটকৰ এটি সমালোচনা কৰা৷

 উত্তৰ ঃ বুৰঞ্জী বা ইতিহাসৰ ঘটনা বিশেষক কেন্দ্ৰ কৰি যি নাটক ৰচিত হয় তেনে নাটককে সাধাৰণতে বুৰঞ্জীমূলক নাটক বোলা হয়। বুৰঞ্জীমূলক নাটক ৰচনাৰ মূল প্ৰেৰণা হ’ল স্বদেশপ্ৰীতি আৰু অতীতৰ প্ৰতি শ্রদ্ধাশীল মনোভাব। জাতিৰ চৈতন্য যেতিয়া উদ্বুদ্ধ হয়, দেশৰ প্রাচীন ঐতিহ্যৰ প্ৰতি যেতিয়া আস্থা বাঢ়ে আৰু অতীতৰ শৌর্য-বীর্য, গুণ-গৰিমাৰ পৰা অনুপ্ৰেৰণা লাভ কৰাৰ যেতিয়া প্ৰচেষ্টা চলে তেতিয়াই বুৰঞ্জীমূলক নাটকৰ অভ্যুত্থান ঘটে।

বুৰঞ্জীমূলক নাটকৰ বিশেষ কিছুমান লক্ষণ আছে। বুৰঞ্জীৰ ঘটনা বিশেষক কেন্দ্ৰ কৰি বুৰঞ্জীমূলক নাটক ৰচিত হ’লে ইয়াক ইতিহাসৰ পুনৰাবৃত্তি বুলি ক’ব নোৱাৰি। ইতিহাস অতীত ঘটনাৰ নিৰপেক্ষ বিচাৰক, মানৱৰ আশা-আকাংক্ষাৰ, আৱেগ-অনুভূতিৰ কলাত্মক প্ৰকাশ নহয় । কিন্তু বুৰঞ্জীমূলক নাটক অতীতৰ ঘটনা আৰু মানৱ অভিব্যক্তিৰ কলাত্মক ৰূপ। ঐতিহাসিক ঘটনাৰ শুকান জঁকাত অস্থি-মাংস সংযোগ কৰি প্ৰাণ প্রতিষ্ঠা কৰিব পৰাতহে এনে নাটকৰ সাৰ্থকতা নিৰ্ভৰ কৰে।

বুৰঞ্জীমূলক নাটকত নাট্যকাৰে বুৰঞ্জীৰ প্ৰসিদ্ধ ঘটনা বা চৰিত্ৰ ইচ্ছামতে পৰিবৰ্তন কৰিব নোৱাৰে। ঘটনাৰ মাজত বুৰঞ্জীয়ে যদি কেতিয়াবা ছিদ্ৰ ৰাখি যায় তেনেহ’লে তেনে ছিদ্র নাট্যকাৰে কল্পনাৰে পূৰ্ণ কৰাত বাধা নাই। বুৰঞ্জীৰ ঘটনাক উজ্জ্বল বা স্পষ্ট কৰিবলৈ নাট্যকাৰে স্বকীয় ৰহণ সানিব পাৰে।

সাধাৰণতে বুৰঞ্জীত কোনো প্ৰসিদ্ধ চৰিত্ৰৰ ৰাজনৈতিক কার্য-কলাপহে পোৱা যায়, চৰিত্ৰটোৰ পাৰিবাৰিক জীৱন বা ব্যক্তিগত ৰুচি-অভিৰুচি সম্পৰ্কত ইতিহাস প্রায় নীৰৱ। এনে ক্ষেত্ৰত নাট্যকাৰে সেই সময়ৰ সমাজলৈ দৃষ্টি বাখি ইতিহাসে চৰিত্ৰটোত খালী দিশ পূৰণ কৰিব পাৰে।

নাট্যকাৰে সংলাপৰ ক্ষেত্ৰত চৰিত্ৰানুগ সংলাপ প্রয়োগ কৰি কৃতিত্বৰ পৰিচয় দিছে। গ্রিমউদৰ মুখত ভঙা ভঙা অসমীয়া কুইনটনৰ মুখত ইংৰাজী ভাষা আৰু বঙালী কেৰাণীৰ মুখত প্ৰয়োগ কৰা বাংলা ভাষাই সংলাপৰ ক্ষেত্ৰত বিশিষ্টতা দাঙি ধৰিছে। এনেদৰে আলোচনা কৰি ক’ব পাৰি যে নাটকীয় দৃষ্টিকোণৰ পৰা টিকেন্দ্ৰজিৎ নাটকত কিছু ত্রুটি পৰিলক্ষিত হ’লেও ঐতিহাসিক ঘটনা এটিৰ নাট্যৰূপৰ ক্ষেত্ৰত নাট্যকাৰে সফল হৈছে বুলিয়েই ক’ব লাগিব।

প্রশ্ন ৪। ‘টিকেন্দ্রজিৎ’ নাটকৰ নায়ক কোন? ঠঙাল জেনেৰেল নে টিকেন্দ্ৰজিৎ? নায়কজনৰ বিষয়ে আলোচনা কৰা। 

 নাইবা,

 ‘টিকেন্দ্ৰজিৎ’ নাটকৰ প্ৰধান পুৰুষ চৰিত্ৰ কোনটো ? সেই চৰিত্রটি অঙ্কনত নাট্যকাৰ কিমানদূৰ কৃতকাৰ্য হৈছে আলোচনা কৰা। 

উত্তৰঃ যিটো চৰিত্ৰক কেন্দ্ৰ কৰি অথবা যিটো চৰিত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ নাটকীয় কাহিনী বা ঘটনা আগবাঢ়ে আৰু পৰিসমাপ্তি ঘটে, সাধাৰণতে তেনে চৰিত্ৰটিকেই নাটকৰ নায়ক বা প্রধান চৰিত্ৰ বুলি ধৰা হয়। ‘টিকেন্দ্ৰজিৎ’ নাটকত পুৰুষ আৰু স্ত্রী দুয়ো ধৰণৰ চৰিত্ৰ আছে যদিও গোটেই নাটকখনত পুৰুষ চৰিত্ৰৰ ভূমিকাই সৰ্বাধিক। আকৌ এই পুৰুষ চৰিত্ৰসমূহৰ ভিতৰত ঠঙাল জেনেৰেল আৰু ‘টিকেন্দ্ৰজিৎ এই দুয়োটা চৰিত্ৰৰে ভূমিকা মনকৰিবলগীয়া আৰু গুৰুত্বপূৰ্ণ। ঠঙাল জেনেৰেলে নাটকৰ আৰম্ভণিৰে পৰা শেষলৈকে এই বিশেষ ভূমিকা গ্ৰহণ কৰিছে যদিও নাটকীয়া ঘটনা আৰু কাহিনী আগবাঢ়িছে টিকেন্দ্ৰজিৎ চৰিত্ৰটিক লৈহে। একমাত্র টিকেন্দ্রজিতক • কেন্দ্ৰ কৰিহে নাটকৰ সকলো ঘটনা, পৰিঘটনা সংঘটিত হৈছে। এই কাৰণেই নাটকখনত ঠঙাল জেনেৰেলৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিলেও টিকেন্দ্ৰজিতকহে নাটকখনৰ নায়ক তথা প্রধান চৰিত্ৰ বুলি কোৱা হয়। আনকি এই গুৰুত্বলৈ লক্ষ্য কৰি নাট্যকাৰে এই প্রধান চৰিত্ৰটিৰ নামেৰেই নাটকখনৰ নামকৰণো কৰিছে।

টিকেন্দ্ৰজিৎ নাটকৰ প্ৰথম অঙ্কৰ প্ৰথম দৃশ্যতেই আমি টিকেন্দ্রজিৎ চৰিত্ৰটিৰ প্ৰথম পৰিচয় পাওঁ। অৱশ্যে তেওঁৰ লগত বৃদ্ধ ঠঙাল জেনেৰেলৰ চৰিত্ৰটিও জটিল হৈ আছে। নাট্যকাৰে ঠঙাল জেনেৰ্বেল আৰু টিকেন্দ্ৰজিতৰ মণিপুৰৰ স্বাধীনতা উদ্ধাৰত আত্মোৎসর্গ কৰা বিদ্ৰোহী নায়কৰূপে চিত্ৰিত কৰিবলৈ প্ৰয়াস কৰিছে। ঠঙাল জেনেৰেলেই টিকেন্দ্রজিতক দেশোদ্ধাৰৰ মন্ত্ৰত দীক্ষিত কৰিছে। টিকেন্দ্ৰজিতে স্বাধীনতাৰ উদাত্ত প্ৰেৰণাত সঁহাৰি দিছে যদিও তেওঁ সম্পূৰ্ণ আৱেগ-প্ৰৱণ আৰু আঁকোৰগোজ নাছিল। কিন্তু ইয়াৰ বিপৰীতে ঠঙাল জেনেৰেল আছিল ইংৰাজবিদ্বেষী ভাবপ্রৱণ ব্যক্তি। টিকেন্দ্রজিৎ আছিল সম্পূর্ণ ধীৰ, স্থিৰ আৰু বিবেচক। তেওঁৰ চৰিত্ৰৰ এই বৈশিষ্ট্য আমি প্রথম অঙ্কৰ প্ৰথম দৃশ্যতে লক্ষ্য কৰোঁ। ঠঙাল জেনেৰেলে যেতিয়া বৃটিছৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰস্তাৱ দিলে তেতিয়া টিকেন্দ্রজিতে আৱেগৰ বশৱৰ্তী হৈ তৎকালেই ঠঙালৰ সৈতে একমত হোৱা নাই। তেওঁ এই বিষয়ত চিন্তা কৰি চাব লাগিব বুলিহে ঠঙালৰ আগত এনেদৰে কৈছেলক্ষ্য মহৎ কিন্তু পথ দুর্গম। এই বিষয়ে আমি চাব লাগিব ডাঙৰীয়া’। টিকেন্দ্ৰজিৎ আছিল বিবেকী, এই গুণৰ বাবেই ঠঙালৰ তেওঁ অপ্রিয়ভাজনো হ’ব লগা হৈছিল।

স্বদেশৰ প্ৰতি এক গভীৰ ভালপোৱা টিকেন্দ্রজিং চৰিত্ৰৰ প্ৰতিটো কথা আৰু কামত প্রকাশিত হৈ উঠিছে। বৃটিছৰ বিৰুদ্ধে দেশোদ্ধাৰৰ প্ৰচেষ্টাৰ ব্ৰতী টিকেন্দ্রজিতে ঠঙাল জেনেৰেলক আশ্বাস দি কৈছিল ১৮৫৭ চনত ভাৰতৰ প্ৰথম স্বাধীনতাৰ যুদ্ধৰ সময়ত মণিপুৰ যদিও ঘোৰ টোপনিত লালকাল আছিল, টিকেন্দ্রজিতৰ নেতৃত্বত কিন্তু সেই মৰটোপনিৰ পুনৰ অভিনয় হ’বলৈ তেওঁ নিদিয়ে৷ দেশপ্ৰেমৰ মহান বাণীৰে উদ্বুদ্ধ টিকেন্দ্ৰজিতে মণিপুৰৰ বিলাসী ৰজা সুৰচন্দ্ৰৰ ৰাজত্বকালত গৈ তেওঁক সাৱধান কৰি দি কৈছে : ‘নৰ্তকীৰ প্ৰেমত দিনে-ৰাতিয়ে মছগুল হৈ থাকিলে, ফিৰিঙী ইংৰাজৰ কথাত উঠা-বহা কৰি থাকিলে, তোমাৰ ভৱিষ্যৎ, মণিপুৰৰ ভৱিষ্যৎ অন্ধকাৰ।”

টিকেন্দ্রজিতে বুজি পাইছিল ইংৰাজৰ প্ৰবল শক্তিৰ তুলনাত মণিপুৰৰ শক্তি তেনেই নগণ্য। নিজে প্রস্তুত নোহোৱাকৈ ইংৰাজক জোকাই লোৱাটো বুদ্ধিমানৰ কাম নহয় বুলি তেওঁ বুজি পাইছিল। তেওঁৰ উদ্দেশ্য আছিল ইংৰাজৰ লগত বন্ধুভাৱেৰে থাকি মণিপুৰৰ হেৰোৱা স্বাধীনতা ঘূৰাই আনিব। তেওঁ হিংসাৰে নহয়, অহিংসাৰে সমস্যাৰ সমাধান বিচাৰে। তেনে প্রচেষ্টাত যদি তেওঁ কৃতকার্য নহয় তেতিয়াহে তেওঁ প্ৰলয়ৰ দৰে জুলি উঠিব।

টিকেন্দ্ৰজিৎ যথার্থ বীৰ। ঠঙাল জেনেৰেলৰ লগত তেওঁৰ মতৰ পাৰ্থক্য আছিল। ঠঙাল জেনেবেলে যিকোনো মুহূৰ্ততে বৃটিছক আক্ৰমণ কৰিব খোজে। কিন্তু টিকেন্দ্ৰজিতে ইংৰাজক পাছফালৰ পৰা আক্ৰমণ কৰিব নোখোজে। বৃটিছৰ বিৰুদ্ধে যুদ্ধ পৰিকল্পনাত ব্যস্ত থাকোতেই তেওঁৰ বিৰুদ্ধে নিৰ্বাসনৰ আদেশ হ’ল আৰু ইংৰাজে তেওঁৰ হাউলি আক্ৰমণ কৰিলে। তেতিয়া টিকেন্দ্ৰজিতে বীৰত্বৰ পৰিচয় দি ইংৰাজসকলক পৰাস্ত কৰিলে।

কিন্তু বীৰ, দেশপ্রেমিক চৰিত্ৰত আমি কেতিয়াবা মানসিক দুর্বলতাৰো পৰিচয় পাওঁ। এই প্রসঙ্গত ইংৰাজ বিষয়াকেইজনে তেওঁৰ ওচৰলৈ সন্ধিৰ প্ৰস্তাৱ লৈ অহাৰ পিছৰ অৱস্থাৰ উল্লেখ কৰিব পাৰি। সন্ধিৰ বাবে এদিনৰ সময় দি টিকেন্দ্ৰজিতে ইংৰাজ বিষয়াকেইজনক ৰাজহাউলি ত্যাগ কৰাৰ নিৰ্দেশ দিয়াৰ পিছত ঠঙাল জেনেৰেলে ইংৰাজ বিষয়াকেইজনক অদূৰদৰ্শী হিচাপে হত্যা কৰা কাৰ্যত টিকেন্দ্ৰজিতে বাধা দিব পৰা নাই৷ সেই হত্যা ৰোধ কৰিব নোৱাৰাৰ বাবেই ইংৰাজে পুনৰ মণিপুৰ আক্ৰমণ কৰি সকলো বিদ্রোহীকে বন্দী কৰে আৰু টিকেন্দ্রজিৎ আৰু ঠঙাল জেনেৰেলক ফাঁচী দিয়ে।

স্বদেশপ্রেমত উদ্বুদ্ধ টিকেন্দ্রজিৎ চৰিত্র অঙ্কনত নাট্যকাৰ সম্পূৰ্ণ কৃতকাৰ্য হৈছে বুলি ক’ব নোৱাৰি। তেওঁৰ কাৰ্য আৰু কথা-বতৰাৰ পৰা এজন ভাবপ্ৰৱণ ব্যক্তিরূপেহে প্রতীয়মান হয়।

বিদ্ৰোহৰ আয়োজন, কার্যপটুতা, সংগঠন আদিত তেওঁ যি ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেই ভূমিকা গ্ৰহণ কৰিব পৰা নাই। কথাৰে ইংৰাজ খেদিবলৈ প্ৰয়াস কৰাতকৈ যদি কাৰ্যকুশল নায়কৰূপে তেওঁক চিত্ৰিত কৰিলেহেঁতেন তেতিয়াহে চৰিত্ৰটো অধিক আকর্ষণীয় হ’লহেঁতেন। 

প্রশ্ন ৫। টিকেন্দ্রজিৎ নাটকত ঠঙাল জেনেৰেলৰ চৰিত্ৰ নাট্যকাৰে কেনেভাৱে অঙ্কন কৰিছে আলোচনা কৰা। 

উত্তৰ ঃ টিকেন্দ্ৰজিৎ নাটকৰ পুৰুষ চৰিত্ৰসমূহৰ ভিতৰত সবাতোকৈ উল্লেখযোগ্য পুৰুষ চৰিত্ৰ দুটি হৈছে সেনাপতি টিকেন্দ্রজিৎ আৰু ঠঙাল জেনেৰেল। এই দুটি চৰিত্ৰৰ কাৰ্যৰ জৰিয়তেই নাটকৰ কাহিনীভাগ আৱৰ্তিত হৈছে। এই দুয়োটি চৰিত্ৰক নাট্যকাৰে মণিপুৰৰ স্বাধীনতা উদ্ধাৰত আত্মোৎসর্গ কৰা বিদ্ৰোহী নায়কৰূপে চিহ্নিত কৰিবলৈ যত্ন কৰিছে।

টিকেন্দ্ৰজিৎ নাটকৰ প্ৰথম অংকৰ প্ৰথম দৃশ্যতে ঠঙাল জেনেৰেলক লগ পাওঁ। স্বাধীনতাৰ প্রবল স্পৃহাৰে অনুপ্রাণিত মেজৰ জেনেৰেল ঠঙালে বীৰ সেনাপতি টিকেন্দ্রজিতক লোগটক হ্রদৰ পাৰলৈ মাতি নি মণিপুৰৰ স্বাধীনতা মন্ত্ৰত তেওঁক দীক্ষিত কৰিবলৈ যত্ন কৰিছে। নাটকত বর্ণিত কাহিনী অনুসৰি মেজৰ জেনেৰেল ঠঙালৰ ইংৰাজৰ ওপৰত এক প্রচণ্ড ক্রোধ আছে আৰু সেই ক্ৰোধৰ আৰম্ভণি বহুদিনৰ আগৰপৰাই হৈছে। পূর্বে এবাৰ পলিটিকেল এজেণ্ট গ্রীমউড ছুটীত থাকোতে মেজৰ জেনেৰেল ঠঙালে মণিপুৰৰ উদ্ধাৰকল্পেই ব্রহ্মাদত্তই মন্ত্ৰীৰ দায়িত্ব লৈছিল। কিন্তু চতুৰ ইংৰাজে তেওঁৰ উদ্দেশ্য বুজি তেওঁক কামৰ পৰা বৰ্খাস্ত কৰিছিল। সেই তেতিয়াৰপৰাই বৃটিছসকলৰ প্ৰতি একুৰা জুই তেওঁৰ অন্তৰত উমি উমি জ্বলি আছিল। সাপে কঁকালৰ কোব পাহৰি নোযোৱাৰ দৰে ঠঙালেও এই অপমানৰ কথা কেতিয়াও পাহৰা নাছিল৷ ঠঙালৰ জীৱনৰ প্ৰধান ব্ৰত আছিল মণিপুৰৰ পৰা যিমান সোনকালে পাৰে ইংৰাজক উচ্ছেদ কৰা৷ মণিপুৰৰ পৰা ইংৰাজক খেদোৱাৰ কাৰ্যত ঠঙালে টিকেন্দ্ৰজিতৰ ওপৰতে প্ৰধান ভসা কৰিছিল৷ কিন্তু টিকেন্দ্ৰজিৎ আছিল ঠঙাল চৰিত্ৰৰ কিছু বিপৰীত। ঠঙালে ভবাৰ দৰে টিকেন্দ্ৰজিতে হঠাৎ ইংৰাজক জোকাই ল’ব নোখোজে।

নাটকখনিত বর্ণিত কাহিনীৰ ৰূপৰেখা অনুসৰি ঠঙাল জেনেৰেলৰ চৰিত্ৰটিত দূৰদৰ্শী গুণৰ অভাৱ লক্ষ্য কৰা যায়। ঠঙাল জেনেৰেলে যিকোনো মুহূৰ্ততে ইংৰাজক আক্ৰমণ কৰি মণিপুৰৰ পৰা উৎখাত কৰিব বিচাৰে। হঠাতে বৃটিছৰ লগত যুদ্ধ এখনত অৱতীৰ্ণ হ’লে মণিপুৰৰ ভৱিষ্যৎ কি হ’ব সেই চিন্তা ঠঙাল জেনেৰেলৰ কথা-বতৰাত ফুটি উঠা দেখা নাযায়। বৃটিছৰ ওপৰত তেওঁৰ প্ৰচণ্ড ক্রোধ। ক্রোধেই তেওঁৰ অন্তৰত এটা ব্ৰহ্মদৈত্যৰ জন্ম দিছে যি অনবৰতে বৃটিছৰ ৰঙা তেজ পান কৰিবলৈকে বিচাৰি আছিল। ঠঙাল জেনেৰেল নিজেই এঠাইত কৈছে : মধ্যম পাণ্ডৱ ভীমে যেনেকৈ চলুৱে চলুৱে দুঃশাসনৰ বুকুৰ তেজ পান কৰিছিল, ময়ো তেনেকৈ শত্ৰু ইংৰাজৰ, গোৰা চিপাহীৰ তেজ হেঁপাহ পলুৱাই পিবলৈ ইচ্ছা কৰোঁ। …অন্তৰত এই এটা ব্ৰহ্মদৈত্য পুহিছোঁ। (২য় অঙ্ক ২য় দৃশ্য)। ইংৰাজ বিষয়া কেইজনে সন্ধিৰ প্ৰস্তাৱ লৈ টিকেন্দ্ৰজিতৰ ওচৰলৈ আহোঁতে তেওঁ এদিন সময় দিছিল। কিন্তু অদূৰদৰ্শী, ইংৰাজ বিদ্বেষত অন্ধ ঠঙাল জেনেৰেল বিষয়াকেইজনক হত্যাৰ আদেশ দিলে আৰু তাৰ ফলস্বৰূপেই টিকেন্দ্রজিৎ আৰু ঠঙাল জেনেৰেল দুয়ো ইংৰাজৰ ফাঁচীকাঠত মৃত্যুবৰণ কৰিবলগা হ’ল।

ঠঙাল জেনেৰেলৰ চৰিত্ৰত কাৰ্যকুশলতাৰ অভাৱ লক্ষ্য কৰা যায়। নাটকখনিৰ বিভিন্ন অংশত আমি ঠঙালক এজন বৃটিছ-বিদ্বেষী ব্যক্তি হিচাপেই দেখা নাপাওঁ। বৃটিছৰ বিৰুদ্ধে যুঁজ কৰাৰ কোনো পৰিকল্পিত আঁচনি ঠঙালৰ নাছিল। তেওঁ যেন কেৱল কথাৰেই মণিপুৰৰ পৰা ইংৰাজক খেদিবৰ প্ৰয়াস কৰিছিল। নাট্যকাৰে ঠঙাল চৰিত্রটি কার্যকুশল চৰিত্ৰৰূপে অংকন

কৰিব পৰা নাই। ঠঙাল জেনেৰেল চৰিত্রটি ওপৰে ওপৰে দেখাত অভং যেন ধাৰণা হ’লৈও তেওঁৰ চৰিত্ৰত কিছু চতুৰালিও লক্ষ্য কৰা যায়। বৃটিছৰ ভৱিষ্যৎ কাৰ্যপন্থা সম্পৰ্কে চতুৰ ঠঙালে আগতেই কিছু কথা অনুমান কৰিছিল৷ সেয়ে তেওঁ কমিছনাৰ চাহাবৰ উপস্থিতিত হ’বলগীয়া দৰবাৰলৈ বৃটিছৰ গোপন খবৰ ল’বৰ বাবে মধুমঞ্জৰীক পঠাইছিল। তেওঁ যথাৰ্থকে অনুমান কৰিছিল, দৰবাৰখন আচলতে টিকেন্দ্ৰজিতক ধৰিবলৈ পতা এখন জালহে।

ঠঙাল জেনেৰেলৰ চৰিত্ৰত সবাতোকৈ লক্ষ্যণীয় বৈশিষ্ট্য স্বদেশপ্রেম। নাটকৰ প্ৰথম অংকৰ প্রথম দৃশ্যতে তেওঁৰ চৰিত্ৰত আমি এই বৈশিষ্ট্য দেখা পাওঁ। ‘বাঘৰ তেজত যি স্নান কৰিব জানে, মানুহৰ তেজো সি পান কৰিব পাৰিব লাগিব’ বুলি তেওঁ টিকেন্দ্ৰজিতক বৃটিছৰ বিৰুদ্ধে জগাই তুলিবলৈ যত্ন কৰিছে। মণিপুৰৰ পৰা ফিৰিঙ্গী ইংৰাজক উচ্ছেদ কৰাটোৱেই আছিল তেওঁৰ জীৱনৰ ব্ৰত। বয়সৰ ভাৰত তেওঁ হালি গৈছে যদিও দেশপ্ৰেমৰ জুইকুৰা তেওঁৰ অন্তৰত অহৰহ জ্বলি আছিল। সেয়ে মৃত্যুৰ আগতে তেওঁ এবাৰ প্ৰলায়াগ্নিৰ দৰে জ্বলি উঠিবলৈ হাবিয়াস কৰিছিল, কিন্তু পূৰ্ণ নহ’ল। ঠঙাল জেনেৰেলৰ চৰিত্ৰত এক আঁকোৰগোজ মনোভাব লক্ষ্য কৰা যায়। বৃটিছৰ বিষয়াকেইজনক বন্দীশালত থ’বলৈ টিকেন্দ্রজিতে আদেশ দিছিল। কিন্তু ঠঙালৰ আঁকোৰগোজ মনোভাবৰ বাবেই সিহঁতক হত্যা কৰা হ’ল। এই অদূৰদৰ্শী কাৰ্যৰ বাবেই শেষত ঠঙালে ফাঁচীকাঠত মৃত্যুবৰণ কৰিবলগা হ’ল।

এনেদৰে বিচাৰ কৰি চালে দেখা যায় যে ঠঙাল জেনেৰেলৰ চৰিত্ৰটো ‘টিকেন্দ্ৰজিৎ’ নাটকখনিৰ এটি প্রধান চৰিত্ৰৰূপে পৰিগণিত হৈছে। কিন্তু বিদ্ৰোহৰ নেতা হিচাপে তেওঁৰ চৰিত্ৰত বিশেষ কার্য-কুশলতাৰ ছাপ দেখা নাযায়।

প্রশ্ন ৬। ‘‘টিকেন্দ্রজিৎ’ নাটকৰ প্ৰথম দৰ্শনত থকা ঠঙাল আৰু টিকেন্দ্ৰজিতৰ কথোপকথনৰ সাৰাংশ লিখা।

অথবা, 

মণিপুৰৰ ৰাজনৈতিক সংকটৰ বিষয়ে টিকেন্দ্রজিতক কোনে, কেনেকৈ সজাগ কৰি তুলিছিল?

উত্তৰঃ ‘টিকেন্দ্ৰজিৎ’ নাটকৰ প্ৰথম দৰ্শনত গিৰিমালা পৰিবেষ্টিত মনোৰম দৃশ্যৰ মাজত থকা লোটাক হ্রদত নৌকা বিহাৰৰ অন্তত ঠঙাল জেনেৰেল আৰু ৰাজকুমাৰ টিকেন্দ্ৰজিৎ নাৱৰ পৰা কথা পাতি পাতি পাৰলৈ উঠি আহিছে।

ঠঙাল জেনেৰেলে প্ৰকৃততে টিকেন্দ্রজিতক তালৈ এক বিশেষ উদ্দেশ্যেৰে লৈ আহিছে। টিকেন্দ্ৰজিতে এনে মনোৰম দৃশ্য চাই অভিভূত হৈ পৰিছে। এনে এটি নির্জন দৃশ্যৰ মাজলৈ তেওঁলোক অহাৰ এটা বিশেষ উদ্দেশ্য আছে বুলি ঠঙালে টিকেন্দ্রজিতৰ আগত ব্যক্ত কৰিছে।

তেতিয়ালৈকে টিকেন্দ্ৰজিতে সেই বিশেষ উদ্দেশ্যৰ কথা জনা নাছিল। ঠঙালে যেতিয়া পুৰণি সাধু শুনাবলৈ তেওঁক তালৈ আনিছে বুলি ক’লে তেতিয়া ঠঙালে ধেমালি কৰিছে বুলি টিকেন্দ্রজিতে ভাবিছিল। কিন্তু ঠঙালে কাৰো লগত ধেমালি নকৰে ই গুৰুত্বপূৰ্ণ কাহিনী বুলি যেতিয়া ক’লে তেতিয়া টিকেন্দ্রজিত মনে মনে থাকিল। কাহিনী কৈ থকাৰ মাজত কোনো প্রশ্ন

নুতুলিবলৈয়ো ঠঙালে টিকেন্দ্রজিতক কৈ থ’লে। ঠঙালে কাহিনীটো ক’লে এনেধৰণে— এখন দেশত এজন ৰজা আছিল । ৰজাৰ কেইবাগৰাকী ৰাণী আছিল৷ সেই দেশৰ এটা নিয়ম আছিল– বৰ ৰাণীৰ পুত্ৰহে ৰজা হ’ব পাৰে, বাকীবোৰৰ পুত্ৰই নোৱাৰে। এইজনা ৰজাৰ সৰু ৰাণীৰহে পুত্ৰ এজন জন্ম পালে। আনবোৰৰ পুত্ৰ নহ’ল। সৰু ৰাণীয়ে ঈৰ্ষাত কোনোবাই পুত্ৰক অনিষ্ট কৰিব পাৰে বুলি ভাবি কোনেও ক’ব নোৱাৰাকৈ পুত্ৰটিক নগা পাহাৰৰ এঘৰত ডাঙৰ হ’বলৈ দিলে। ৰজা অপুত্রক হোৱাত এজন উপযুক্ত যুৱক বিচাৰি যোৱাত এই কোঁৱৰ্জনকে দৈৱক্ৰমে পালে। সৰু ৰাণীয়ে কৈ নিদিয়ালৈকে এইজন যুৱক যে তেওঁৰ পুত্ৰ এই কথা ৰজাই জনা নাছিল। কোঁৱৰ্জনৰ নাম গৰিব নেৱাজ বা নগা কোৱৰ, টিকেন্দ্ৰজিতৰ উপৰিপুৰুষ।

এইখিনিলৈকে কোৱাৰ লগে লগেই টিকেন্দ্ৰজিতে ধৰিব পাৰিলে যে ঠঙালে তেওঁলোকৰ উপৰি পুৰুষৰ কথাই কৈছে। টিকেন্দ্ৰজিতে ধৰিব পৰাত ঠঙালে টিকেন্দ্ৰজিতক বুদ্ধিমান বুলি প্রশংসা কৰিছে। তাৰ পিছত ঠঙালে টিকেন্দ্ৰজিতক তেওঁলোকৰ উপৰিপুৰুষ গৰিব নেৱাজ কি দৰে গৰিবৰ বন্ধু আছিল; অত্যাচাৰীৰ যম আছিল আৰু কিদৰে নগা, কুকি আদি জাতিয়ে তেওঁক ভয় কৰি চলিছিল, বগা বণিকে মণিপুৰত খোপনি পুতিব পৰা নাছিল— এইবোৰ কথা বিবৰি ক’লে।

তাৰপিছত ঠঙালে ক’লে যে গৰিব নেৱাজৰ পিছত টিকেন্দ্ৰজিতৰ পিতৃ চন্দ্ৰকীৰ্তিৰ দিনত মণিপুৰত প্ৰাচীন কীর্তি অধিক উজ্জ্বল হৈছিল বুলি বহুতে ভাবে যদিও তেওঁ নাভাবে। কিয়নো ৰজা চন্দ্ৰকীৰ্তিয়ে বগা বঙালৰ ছাঁৰ তলত ৰাজত্ব কৰিছিল। স্বাধীন মণিপুৰক আনৰ তলতীয়া কৰিছিল। ই বৰ লাজৰ কথা৷ ইয়াৰ বাবে তেওঁ অন্তৰত দাৰুণ আঘাত পাইছে৷ গতিকে মণিপুৰৰ পৰাধীনতাৰ এই মহাপাপ টিকেন্দ্রজিতে আঁতৰ কৰিব লাগিব। ইংৰাজক আৰু লাই দিব নোৱাৰি। তেতিয়া টিকেন্দ্রজিতে ইয়াৰ বাবে কি কৰিব লাগিব বুলি সোধাত ঠঙালে ক’লে যে বিদেশী ইংৰাজক অবাধ প্ৰশ্ৰয় দি মহাৰাজ চন্দ্ৰকীৰ্তিয়ে যি কুকীর্তি এৰি থৈ গ’ল, তেওঁৰ তৃতীয় পুত্র টিকেন্দ্রজিতে তাৰে প্রায়শ্চিত্ত কৰিব লাগিব। তেতিয়া টিকেন্দ্রজিতে ক’লে যে লক্ষ্য মহং কিন্তু পথ দুর্গম, এই বিষয়ে ভাবি চাব লাগিব।

টিকেন্দ্ৰজিতৰ কথা শুনি ঠঙালে টিকেন্দ্রজিতক উৎসাহ দি ক’লে যে তেওঁ পাৰিব। তেওঁ তেওঁৰ ওপৰত বিশ্বাস ৰাখিছে। তেওঁৰ সহায়ক হিচাপে তেওঁৰ ওচৰত ঠঙাল সততে থাকিবই। ই’লেও প্ৰৱল প্ৰতাপী ইংৰাজক বিপক্ষে যেনে তেনে থিয় হোৱাটো বৰ ঠিক নহ’ব বুলি কোৱাত ঠঙালে নানান যুক্তি প্রদর্শন কৰি টিকেন্দ্ৰজিতক ক’লে যে টিকেন্দ্রজিতেই এপাট মাথোঁ শৰেৰে মণিপুৰত প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘত নিধন কৰি ব্যাঘ্ৰবিজয়ী বা কেবেং উপাধি লাভ কৰিছে। গতিকে বগা বঙালৰ বিপক্ষে থিয় হোৱাটো একো ডাঙৰ কথা নহয় বুলি ঠঙালে টিকেন্দ্রজিতক অৱশেষত ইংৰাজৰ বিপক্ষে উত্তেজিত কৰি তুলিলে। ‘টিকেন্দ্রজিৎ’ নাটকৰ প্ৰথম দৰ্শনত থকা ঠঙাল আৰু টিকেন্দ্রজিতৰ কথোপকথনৰ সাৰাংশ এয়াই।

প্রশ্ন ৭। মধুমঞ্জৰীয়ে কি পৰিস্থিতিত কেনেকৈ ঠঙাল জেনেৰেলক লগ পাইছিল, লিখা

অথবা, 

কি পৰিস্থিতিত মধুমঞ্জৰীয়ে ঠঙাল জেনেৰেলৰ আশ্ৰয় ল’ব লগা হ’ল চমুকৈ লিখা।

উত্তৰ ঃ টিকেন্দ্ৰজিৎ নাটকৰ নাৰী চৰিত্ৰ কেইটিৰ ভিতৰত মধুমঞ্জৰী এটি উল্লেখযোগ্য নাৰী চৰিত্ৰ। নাটকৰ প্ৰথম ভাগত আমি মধুমঞ্জৰীক মণিপুৰৰ ৰাজপ্রাসাদৰ নৰ্তকীৰূপে দেখা পাওঁ। কিন্তু মণিপুৰৰ বিলাসী ৰজা সুৰচন্দ্ৰ বিদ্ৰোহৰ ভয়ত ৰাজপ্রাসাদ ত্যাগ কৰি পলাই যোৱাৰ পিছত আমি মধুমঞ্জৰী চৰিত্ৰৰ আনটো দিশৰ পৰিচয় পাওঁ। 

এক বিশেষ পৰিস্থিতিত পৰি মধুমঞ্জৰীয়ে ঠঙাল জেনেৰেলৰ আশ্ৰয় ল’বলগা হ’ল। ৰজা সুচন্দ্ৰ পলাই যোৱাত ৰাজনৰ্তকী মধুমঞ্জৰী সম্পূৰ্ণ আশ্রয়হীনা হৈ পৰিল। আশ্ৰয় বিচাৰি তাই মণিপুৰত ঘূৰি ফুৰিলে। এনেকৈ ঘূৰি ফুৰোঁতে এদিন মধুমঞ্জৰী দুজন গোৰা চিপাহীৰ কামনাৰ বলি হ’বলগা হ’ল। তেতিয়া লাজে-অপমানে জৰ্জৰিতা মধুমঞ্জৰীয়ে ঠঙাল জেনেৰেলৰ ওচৰলৈ গৈ নিজৰ দুখৰ কাহিনী, গোৰা চিপাহীৰ দ্বাৰা লাঞ্ছিতা হোৱাৰ কথা আৰু ৰজা সুৰচন্দ্ৰ পলাই গৈ তাইক আশ্রয়হীনা কৰি যোৱাৰ কথা ক’লে । মধুমঞ্জৰীৰ দুখৰ কাহিনী শুনি বৃদ্ধ ঠঙাল জেনেৰেলে আশ্রয় দি নিজৰ পালিতা কন্যাৰূপে আদৰি ল’লে আৰু মধুমঞ্জৰীয়ে ঠঙালক ধর্মপিতাস্বৰূপে গ্ৰহণ কৰি ঠঙালৰ আশ্ৰয়তে থাকিবলৈ ল’লে।

প্রশ্ন ৮। মধুমঞ্জৰী কোন? টিকেন্দ্রজিৎ নাটকত তেওঁৰ ভূমিকা কি? 

উত্তৰ : টিকেন্দ্ৰজিৎ নাটকৰ দুটি নাৰী চৰিত্ৰৰ ভিতৰৰে মধুমঞ্জৰী হ’ল অন্যতম নাৰী চৰিত্ৰ। এই চৰিত্ৰটি নাটকৰ আগছোৱাত মণিপুৰৰ বিলাসী ৰজা সুৰচন্দ্ৰৰ ৰাজপ্রাসাদৰ নৰ্তকী ৰূপত দেখা পোৱা যায়। নৰ্তকীৰূপে ৰজাৰ মন যোগাই নিজৰ ব্যক্তিগত স্বার্থ পূৰণ কৰাই আছিল মধুমঞ্জৰীৰ উদ্দেশ্য। কিন্তু ৰাজসিংহাসন ত্যাগ কৰি সুৰচন্দ্ৰ মণিপুৰৰ পৰা পলাই যোৱাত আশ্রয়হীনা মধুমঞ্জৰী গোৰা চিপাহীৰ দ্বাৰা ধৰ্ষিতা হোৱাত ঠঙাল জেনেৰেলক ধর্মপিতা মানি তেওঁৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰে।

নাটকৰ এইখিনিলৈ নাটকীয় ঘটনাত মধুমঞ্জৰীৰ খুব বেছি গুৰুত্ব নাই যদিও সেই সময়ত গোৰা চিপাহীৰ দ্বাৰা সাধাৰণ মণিপুৰী নাৰী কেনেদৰে লাঞ্ছিতা হৈছিল মধুমঞ্জৰীক প্রতীক হিচাপে লৈ তাক দেখুওৱা হৈছে।

নাটকখনিৰ পিছৰ অংশত, অর্থাৎ মধুমঞ্জৰীয়ে ঠঙাল জেনেৰেলৰ ঘৰত পালিতা কন্যা হিচাপে আশ্রয় লোৱাৰ পিছত মধুমঞ্জৰীৰ চৰিত্ৰই নাটকীয় কাহিনীৰ অগ্ৰগতিত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। এইছোৱাত আগৰ মধুমঞ্জৰীৰ সম্পূর্ণ পৰিৱৰ্তন ঘটিছে। মধুমঞ্জৰীয়ে এহাতে যেনেকৈ বৃটিছ দৰবাৰলৈ নর্তকী হিচাপে গৈ দৰবাৰৰ গোপন খবৰ আনিবলৈ কুণ্ঠাবোধ কৰা নাই, তেনেদৰে টিকেন্দ্ৰজিতৰ আত্মগোপনৰ সময়ত হাবিৰ মাজত অকলশৰে এটি পঁজা ঘৰত ৰাখিবলগীয়া হোৱা টিকেন্দ্ৰজিতৰ পত্নী চন্দ্ৰলেখাৰো ভগ্নী হিচাপে দায়িত্ব লৈছে এই মধুমঞ্জৰীয়েই। তাৰ উপৰি নাটকৰ শেষ দৃশ্যত টিকেন্দ্রজিৎ আৰু ঠঙাল জেনেৰেলৰ ফাচিৰ আগমুহূৰ্তত তেওঁলোকৰ কাষলৈ যোৱা মণিপুৰৰ নাৰী বাহিনীৰো নেতৃত্ব দিছে মধুমঞ্জৰীয়েই। এনেদৰে নাটকৰ শেষৰ ফালে মণিপুৰৰ স্বাধীনতা উদ্ধাৰৰ মন্ত্ৰত দীক্ষিতা হৈ মধুমঞ্জৰীয়ে মণিপুৰৰ নাৰী সমাজৰ গৌৰৱ ঘোষণা কৰাৰ উপৰিও মণিপুৰবাসীৰো স্বাধীনচিতীয়া মনোভাবৰ চিত্ৰ এখনি দাঙি ধৰিবলৈ কৰা টিকেন্দ্ৰজিৎ নাটকৰ মুখ্য উদ্দেশ্য সফলকাম হোৱাত বিশেষ ভূমিকা গ্রহণ কৰিছে।

প্রশ্ন ৯। টিকেন্দ্রজিৎ নাটকত থকা যি কোনো এটা প্রধান ইংৰাজ চৰিত্ৰৰ চমু পৰিচয় দাঙি ধৰা।

উত্তৰঃ টিকেন্দ্ৰজিৎ নাটকত ঘাইকৈ দুটা ইংৰাজ চৰিত্ৰ আছে; সেয়া হ’ল বৃটিছ পলিটিকেল এজেন্ট গ্ৰিমউদ আৰু অসমৰ বৰলাট চাহাব মিঃ কুইণ্টন। ইয়াৰে বৃটিছ পলিটিকেল এজেণ্ট গ্রিম্‌উদ চৰিত্ৰটিৰ চমু পৰিচয় দাঙি ধৰা হ’ল।

বৃটিছ চৰকাৰে মণিপুৰৰ শাসনকর্তা হিচাপে গ্ৰিমউদক নিযুক্তি দিছিল। মণিপুৰত তেওঁ শাসনকার্য চলাইছিল যদিও আনবোৰ ইংৰাজ বিষয়াতকৈ তেওঁ কিছু ব্যতিক্রম আছিল। শাসনকর্তা হিচাপে মণিপুৰত থকা কালছোৱাত তেওঁ শাসকৰ কোনো ভেম লৈ থকা নাছিল; বৰং গ্রিমউদে মণিপুৰৰ বীৰ সেনাপতি টিকেন্দ্ৰজিতৰ লগত এক বুজাপৰাৰ মনোভাব গঢ়ি তুলিছিল। টিকেন্দ্রজিং আছিল গ্রিমউদৰ বন্ধু। টিকেন্দ্ৰজিতৰ লগত তেওঁ পলো খেলিছিল, চিকাৰ কৰিবলৈ গৈছিল। অকল সেয়াই নহয়— তেওঁ বন্ধু হিচাপে টিকেন্দ্ৰজিতৰ ঘৰুৱা জীৱনৰ সুখ-দুখৰ খবৰো লৈছিল৷

বিদ্ৰোহৰ আশংকা কৰি মণিপুৰৰ ৰজা সুৰচন্দ্ৰ পলাই যোৱাত গ্ৰিমউদে টিকেন্দ্ৰজিতৰ পৰামৰ্শক্রমেই কুলচন্দ্ৰক মণিপুৰৰ সিংহাসনত বহুৱায়। ইংৰাজ বিষয়া হ’লেও টিকেন্দ্ৰজিতৰ নিৰ্বাসনৰ খবৰ পাই গ্রিমউদ মর্মাহত হৈছিল। ৰাজ কৰ্মচাৰী হিচাপে এই নিৰ্বাসনৰ বাতৰিটো টিকেন্দ্রজিতক দিওঁতে তেওঁ দ্বিধাবোধ কৰিছিল; আনকি বৰলাট চাহাব মিঃ কুইণ্টনৰ আগত এই নির্বাসন অসম্ভৱ বুলিও কৈছিল। কিন্তু দুখৰ বিষয়— ঠঙাল জেনেৰেলৰ নিৰ্দেশক্রমে মণিপুৰৰ স্বাধীনতাৰ আন্দোলনত গ্ৰিমউদ প্ৰমুখ্যে

পাঁচজন ইংৰাজ বিষয়াক বলি দিয়া হ’ল। ইংৰাজ বিষয়া হ’লেও কিন্তু গ্রিমউদ আছিল যথেষ্ট বিবেকী আৰু সহযোগকামী বিষয়া।

প্রশ্ন ১০। মিঃ কুইফ্টনে কি কি চৰ্তত কুলচন্দ্ৰক মণিপুৰৰ মহাৰাজ পাতিব খুজিছিল লিখা। – 

অথবা, 

কুলচন্দ্ৰক মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিয়াৰ পূৰ্বে কুইণ্টন চাহাবে কি কি চৰ্ত উত্থাপন কৰিছিল?

উত্তৰ : মণিপুৰৰ বিলাসপ্রিয় ৰজা সুৰচন্দ্ৰই বিদ্ৰোহৰ ভয়ত ৰাজপাট এৰি পলাই যোৱাৰ পিছত মণিপুৰৰ পলিটিকেল এজেন্ট গ্রিমউডে টিকেন্দ্ৰজিতৰ লগত আলোচনা কৰি সাময়িকভাৱে কুলচন্দ্ৰক মণিপুৰৰ ৰজা হিচাপে নিযুক্তি দিলে। পিছে সেই নিযুক্তিত ভাৰত চৰকাৰৰ স্বীকৃতি নাছিল। ভাৰত চৰকাৰৰ পৰা যেতিয়া কুলচন্দ্ৰক স্বীকৃতি দিব খোজা হ’ল তেতিয়া চৰকাৰে বিশেষ তিনিটা চৰ্ত আৰোপ কৰিলে। বৃটিছ লাটচাহাব মিঃ কুইণ্টনে সেই চৰ্ত তিনিটা এনেদৰে ব্যাখ্যা কৰিছিল :

প্ৰথম চৰ্তমতে মণিপুৰৰ ৰজা কুলচন্দ্ৰই বৃটিছ পলিটিকেল এজেণ্টৰ তলত তিনিশ ইংৰাজ সৈন্য ৰখাৰ অনুমতি দিব লাগিব।

দ্বিতীয় চৰ্তমতে কুলচন্দ্রই পলিটিকেল এজেণ্টৰ পৰামৰ্শ মতে ৰাজ্যশাসন কৰিব লাগিব। আৰু তৃতীয় আৰু গুৰুত্বপূৰ্ণ চৰ্তটো আছিল এই যে ৰজাই সেনাপতি টিকেন্দ্ৰজিতক মণিপুৰৰ পৰা নিৰ্বাসন দিয়া কাৰ্যত সমৰ্থন জনাই ভাৰত চৰকাৰক সহযোগ কৰিব লাগিব ৷ মিঃ কুইণ্টনে ঘোষণা কৰা চৰ্ত তিনিটা আছিল এই তিনিটাই।

প্রশ্ন ১১।‘শুই থকা সাপক গচকি ধৰিলে সি নিশ্চয় ফেট মেৰি ধৰিব। ময়ো বিচাৰিছোঁ তাকেই।’ – কোনে কি প্ৰসংগত কাক এনেদৰে কৈছিল? 

উত্তৰ ঃ অতুল চন্দ্ৰ হাজৰিকাৰ ‘টিকেন্দ্ৰজিৎ’ নাটকৰ তৃতীয় অংকৰ তৃতীয় দৃশ্যত ঠঙাল জেনেৰেলে পালিতা কন্যা মধুমঞ্জৰীক এনেদৰে কৈছিল। ‘শুই থকা সাপ’ বাক্যাংশৰে ঠঙাল জেনেৰেলে টিকেন্দ্ৰজিতক নিৰ্দেশ কৰিছে।

টিকেন্দ্ৰজিৎ আৰু ঠঙাল— এই দুয়োজনে মণিপুৰৰ পৰা ইংৰাজক খেদাবৰ বাবে বদ্ধপৰিকৰ, প্রথম অংকৰ প্ৰথম দৃশ্যতে বৃদ্ধ ঠঙাল জেনেৰেলে টিকেন্দ্রজিতক লোগটাক হ্ৰদৰ কাষলৈ মাতি নি নিভৃতে স্বদেশ উদ্ধাৰৰ মন্ত্ৰত দীক্ষিত কৰিবৰ যত্ন কৰিছে। সেনাপতি টিকেন্দ্ৰজিতে ঠঙালৰ প্রস্তাব সমর্থন কৰে যদিও দুয়োজনৰ কাৰ্যপন্থা বেলেগ। টিকেন্দ্রজিতে ধীৰে সুস্থিৰে মণিপুৰৰ পৰা ইংৰাজক খেদোৱাৰ ক্ষেত্ৰত প্ৰতিটো পদক্ষেপ দিব খোজে। আনহাতে ঠঙাল জেনেৰেলৰ কথা আৰু কামৰ মাজত কিছু হঠকাৰিতা আছে। টিকেন্দ্রজিত বিবেচক আৰু দূৰদৰ্শী। টিকেন্দ্রজিতে অহিংসা বিপ্লৱেৰে মণিপুৰৰ স্বাধীনতা আনিব খোজা কাৰ্যক ঠঙাল জেনেৰেলে সমৰ্থন নকৰে৷ পিছে ইংৰাজসকলেই যেতিয়া টিকেন্দ্রজিতক জোকাই ল’ব খুজিলে তেতিয়া স্বাভাৱিকতে ঠঙাল আনন্দিত হৈছে। কাৰণ শুই থকা সাপৰ দৰে নিথৰ হৈ থকা টিকেন্দ্রজিতে বগা বণিকৰ আক্রমণ হ’লেই প্ৰতি আক্রমণ কৰিব। টিকেন্দ্ৰজিৎ তেতিয়া যুদ্ধ কৰিবলৈ বাধ্য হ’ব। ইংৰাজৰ বিৰুদ্ধে হোৱা যুদ্ধত তেতিয়া টিকেন্দ্রজিতেই নায়ক হ’ব লাগিব। ঠঙাল জেনেৰেলৰ এই উক্তিৰ মাজেদি মণিপুৰৰ স্বাধীনতা যুদ্ধত টিকেন্দ্রজিতক সম্পূর্ণ জড়িত কৰাৰ উদ্দেশ্য প্রকাশিত হৈছে।

প্রশ্ন ১২। ‘মণিপুৰৰ ঢেকীয়াপতীয়া বাঘে স্বইচ্ছাৰে ইংৰাজৰ জালত মূৰ সুমুৱাই দিব লগা হৈছে, বাইদেউ। – কোনে কি প্ৰসংগত কাৰ প্ৰতি এই উক্তি কৰিছিল? ‘মণিপুৰৰ ঢেকীয়াপতীয়া বাঘ’ কথাষাৰৰ তাৎপর্য কি?

উত্তৰ ঃ টিকেন্দ্ৰজিৎ নাটকৰ পঞ্চম অংকৰ প্ৰথম দৃশ্যত এই কথাষাৰ মধুমঞ্জৰীয়ে চন্দ্ৰলেখাক কৈছিল। সেনাপতি টিকেন্দ্ৰজিতৰ অজ্ঞাতবাসৰ কালছোৱাত টিকেন্দ্ৰজিতৰ পত্নী চন্দ্ৰলেখাক মধুমঞ্জৰীৰ আশ্ৰয়ত এখন হাবিৰ মাজত পঁজা এটিত টিকেন্দ্ৰজিতে এৰি গৈছিল। বৃটিছ বিষয়াসকলক হত্যা কৰাৰ পিছত ইংৰাজসকলে মণিপুৰত যথেষ্ট অত্যাচাৰ চলালে। মণিপুৰৰ ভাগ্য আকাশলৈ দুৰ্যোগৰ কলীয়া ডাৱৰ নামি আহিল। দেশোদ্ধাৰৰ বাবে টিকেন্দ্ৰজিতে ইংৰাজৰ কবলৰ পৰা নিজকে বচাই ৰাখি অজ্ঞাতবাসত থাকিব লগা হ’ল আৰু পত্নী চন্দ্ৰলেখাক হাবিৰ মাজত এটি পঁজা ঘৰত মধুমঞ্জৰীৰ আশ্ৰয়ত এৰি গ’ল ৷ মধুমঞ্জৰী বাহিৰৰ পৰা খবৰ সংগ্ৰহ কৰি চন্দ্ৰলেখাৰ আগত যুদ্ধৰ পিছৰ খবৰবোৰ দাঙি ধৰোঁতে এই উক্তি কৰিছিল। মধুমঞ্জৰীৰ উক্তি অনুসৰি ৰাজধানীৰ ওচৰতেই বলৰাম সিং নামৰ এজন বিচাৰকৰ ঘৰত আশ্ৰয় লৈ আত্মগোপন কৰি থকা সেনাপতি টিকেন্দ্ৰজিৎ ৰোগাক্ৰান্ত হৈ পৰে আৰু ইংৰাজৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়। ইয়াত ‘মণিপুৰৰ ঢেকীয়াপতীয়া বাঘ’ কথাষাৰৰ দ্বাৰা সেনাপতি টিকেন্দ্রজিতক নির্দেশ কৰা হৈছে।

প্রশ্ন ১৩। ‘কাইলৈ ধলপুৱাতেই কাউৰ-কুকুৰ মাটিত নৌপৰোঁতেই বোলে তেওঁৰ ডিঙিত চিপজৰী লাগিব।’ — কোনে কাক এই বতৰা দিছে? ইয়াত কাৰ ডিঙিত চিপজৰী লগাৰ কথা কৈছে?

উত্তৰ : ‘টিকেন্দ্ৰজিৎ’ নাটকত ভম্বল সিঙে এই বতৰা ওস্তাদ আৰু ক’লামণিক দিছে। ইংৰাজৰ বিৰুদ্ধে সংঘটিত বিদ্রোহত এই তিনিটি চৰিত্ৰয়ো অংশগ্রহণ কৰিছিল। ক’লামণি সিং ইংৰাজৰ চিপাহীৰ গুলীত আহত হয় বাকী দুজনৰো কপাল আৰু হাতত বেণ্ডেজ বান্ধিব লগা হ’ল।

ইয়াত ভম্বল সিঙে টিকেন্দ্ৰজিতৰ ডিঙিত চিপজৰী লগাৰ কথা কৈছে। মণিপুৰৰ পৰা ইংৰাজসকলক ছলে-বলে-কৌশলে খেদাবৰ বাবে টিকেন্দ্রজিৎ কৃতসংকল্প আছিল। তেওঁ ধীৰ স্থিৰভাৱে সেই লক্ষ্যৰ ফালে আগবাঢ়িব খুজিছিল। টিকেন্দ্রজিতে ইংৰাজসকলক প্রথম যুদ্ধত পৰাজিত কৰি দুজন ইংৰাজ বিষয়া বন্দী কৰিছিল। কিন্তু ঠঙাল জেনেবেলে সেই বিষয়া দুজনক হত্যা কৰে। ফলত ইংৰাজে প্রবল শক্তিৰে মণিপুৰ আক্ৰমণ কৰি টিকেন্দ্ৰজিত আৰু ঠঙাল জেনেৰেলক বন্দী কৰে। বিচাৰত তেওঁলোকৰ ফাঁচীৰ হুকুম হয়।

প্রশ্ন ১৪। ‘বাঘৰ তেজত যি স্নান কৰিব জানে মানুহৰ তেজো সি পান কৰিব পাৰিব লাগিব বুজিছা।’ – কোনে কি প্ৰসংগত কাক এনেদৰে কৈছিল? 

উত্তৰ : ‘টিকেন্দ্ৰজিৎ’ নাটকৰ প্ৰথম অংকৰ প্ৰথম দৃশ্যত এই কথাষাৰ বৃদ্ধ মন্ত্ৰী ঠঙাল জেনেবেলে সেনাপতি টিকেন্দ্ৰজিতক কৈছিল।

টিকেন্দ্ৰজিৎ নাটকৰ প্ৰথম দৃশ্যত ঠঙাল জেনেৰেলে সেনাপতি টিকেন্দ্রজিতক লোগটাক হ্রদৰ পাৰৰ নির্জন স্থানলৈ মাতি নি নিভৃতভাৱে মণিপুৰৰ প্রাচীন ইতিহাস টিকেন্দ্রজিতৰ আগত দাঙি ধৰি বৃটিছৰ বিৰুদ্ধে সংগ্রামৰ নেতৃত্ব দিবলৈ টিকেন্দ্রজিতক আহ্বান জনাইছে। পূৰ্বে পলিটিকেল এজেণ্টৰ অনুপস্থিতিৰ সুযোগ লৈ ঠঙালে বৃটিছক খেদাবৰ বাবে প্ৰতিৰক্ষা দপ্তৰৰ দায়িত্ব লৈছিল। কিন্তু ইংৰাজে সেই কৌশল বুজি পাই তেওঁক পদচ্যুত কৰিলে। তেতিয়াৰে পৰাই ইংৰাজক মণিপুৰৰ পৰা খেদোৱাই ঠঙালৰ ধ্যান-জ্ঞান হৈ পৰিল। সেয়ে ঠঙালে টিকেন্দ্ৰজিতক মণিপুৰৰ অতীত গৌৰৱ সোঁৱৰাই দি কৈছে যে পিতৃ চন্দ্ৰকীৰ্তি সিংহই কৰা ভুলৰ সংশোধন কৰিব লাগিব টিকেন্দ্রজিতেই। পিচে ঠঙালৰ কথা শুনি বিবেচক টিকেন্দ্রজিতে ভাবি-চিত্তিহে কামত অগ্ৰসৰ হ’ব লাগিব বুলি কোৱাত টিকেন্দ্রজিতক সোঁৱৰাই দি কৈছে যে টিকেন্দ্রজিতেই এদিন হাতত এপাট মাথোন অস্ত্র লৈ ভয়ংকৰ ঢেকীয়াপতীয়া বাঘকো বগৰাই পেলাই কৈৰেং বা ব্যাঘ্ৰবিজয়ী আখ্যা পাইছিল। টিকেন্দ্রজিতৰ হাতত বাঘৰ তেজ আৰু ঠঙালৰ হাতত মানুহৰ তেজ। বাঘৰ তেজত স্নান কৰিব জনাজনে মানুহৰ তেজো পান কৰিব জানিব লাগিব৷ এই কথাৰে ঠঙাল জেনেৰেলে ইংৰাজসকলক মণিপুৰৰ পৰা খেদিবলৈ প্ৰয়োজন হোৱা বিদ্রোহত টিকেন্দ্রজিতে নেতৃত্ব দিব লাগিব বুলি টিকেন্দ্রজিতক কৈছে।

প্রশ্ন ১৫। ‘তুমি পাৰিবা ৰাজকুমাৰ, মই জানো তুমি পাৰিবা। মণিপুৰৰ অৱনত মূৰ তুমি আকৌ উন্নত কৰিব পাৰিবা।’ – কোনে কাক কেতিয়া কি প্ৰসংগত এই কথাষাৰি কৈছিল। ইয়াৰপৰা বক্তাৰ চৰিত্ৰৰ বিষয়ে কি অনুমান কৰিব পাৰি?

উত্তৰ ঃ টিকেন্দ্ৰজিৎ নাটকৰ ১ম অংকৰ ১ম দৃশ্যত লোগটাক হ্ৰদৰ পাৰত ঠঙাল জেনেৰেলে সেনাপতি টিকেন্দ্রজিতক এনেদৰে কৈছিল।

ঠঙাল জেনেৰেলে টিকেন্দ্রজিতক লোগটাক হ্ৰদ্ৰৰ পাৰলৈ মাতি নি নিভৃতে মণিপুৰৰ স্বাধীনতা উদ্ধাৰৰ বিষয়ে কৈছিল। ঠঙাল জেনেৰেলে টিকেন্দ্ৰজিতৰ গৰিবনোৱাজৰ দিনত কোনো বগা বণিকেই এই দেশত খোপনি পুতিবলৈ সুবিধা পোৱা নাছিল। কিন্তু টিকেন্দ্ৰজিতৰ পিতৃ চন্দ্ৰকীৰ্তিৰ ৰাজত্বকালত বগা বণিকে এই দেশত খোপনি পুতিবলৈ সুবিধা পালে। সেই চন্দ্ৰকীৰ্তি ৰজাৰে তৃতীয় পুত্র টিকেন্দ্ৰজিতৰ হাতত ঠঙাল জেনেৰেলে মণিপুৰৰ হৃত স্বাধীনতা উদ্ধাৰৰ ভাৰ অৰ্পণ কৰিব খোজে। টিকেন্দ্ৰজিতে এই উদ্দেশ্য মহৎ বুলি কৈ উদ্দেশ্য পূৰ্ণৰ পথটো বৰ দুৰ্গম বুলি কোৱাত আৱেগ-প্ৰৱণ হৈ ঠঙাল জেনেৰেলে ওপৰত উল্লেখ কৰা কথাখিনি কৈছিল৷ এই উক্তিৰ জৰিয়তে ঠঙাল জেনেৰেলৰ মনৰ স্বাধীনতা স্পৃহাৰ উমান পোৱা যায়।

প্রশ্ন ১৬। ‘লক্ষ্য মহৎ কিন্তু পথ দুর্গম, এই বিষয়ে ভাবি চাব লাগিব ডাঙৰীয়া৷’ -কৌনে কেতিয়া কি প্ৰসংগত এই উক্তি কৰিছিল, বহলাই লিখা। 

উত্তৰ ঃ বৃটিছৰ হাতৰ পৰা মণিপুৰ উদ্ধাৰ কাৰ্যত ব্ৰতী হ’বলৈ লোগটাক হ্রদ ‘পাত ঠঙাল জেনেৰেলে টিকেন্দ্রজিতক যেতিয়া আহ্বান জনাইছিল টিকেন্দ্রজিতে তেতিয়া ঠঙাল জেনেৰেলক এনেদৰে কৈছিল।

নাটকখনিৰ ১ম অংকৰ ১ম দৃশ্যত ঠঙাল জেনেবেলে টিকেন্দ্রজিতক লোগটাক হ্ৰদৰ পাৰলৈ মাতি নি টিকেন্দ্ৰজিতৰ মণিপুৰৰ অতীত গৌৰৱৰ বুৰঞ্জী দাঙি ধৰি দেশৰ বৰ্তমান দুৰৱস্থাৰ স্বৰূপ উদ্‌ঘাটন কৰি দেখুৱাইছিল। ঠঙালে কৈছিল সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা বগা বণিকৰ দল মণিপুৰত গোজেই গজ হৈ পৰিল। পূৰ্বৰ মণিপুৰৰ ৰজাসকলৰ ভুলৰ ফলতেই মণিপুৰ ইংৰাজৰ অধীনলৈ যাবলগা হ’ল। মণিপুৰৰ পৰা ইংৰাজ শাসন ওফৰাই পেলাই এখন স্বাধীন মণিপুৰ গঠন কৰিবলৈ ঠঙালে সেয়ে টিকেন্দ্রজিতক আহ্বান জনাইছিল। ঠঙালে কৈছিল আৱশ্যক হ’লে মণিপুৰৰ বুৰঞ্জী তেজেৰে লিখিব লাগিব। ঠঙালৰ সেই কথা শুনি টিকেন্দ্রজিতে কৈছিল যে মণিপুৰক বৃটিছৰ হাতৰ পৰা উদ্ধাৰ কৰা লক্ষ্যটো অতি মহৎ সঁচা, কিন্তু এই লক্ষ্যত উপনীত হ’ব পৰা পথটো বৰ দুৰ্গম। কাৰণ বৃটিছৰ প্ৰবল শক্তিৰ তুলনাত মণিপুৰৰ শক্তি তেনেই নগণ্য। এইক্ষেত্ৰত নভবা-নিচিন্তাকৈ কামত হাত দিলে বিপদৰ সম্ভাৱনাই অধিক বুলি টিকেন্দ্রজিতে মত প্রকাশ কৰিছে। উক্তিটোৰ জৰিয়তে টিকেন্দ্ৰজিতৰ দূৰদৰ্শী দৃষ্টিভংগীৰ পৰিচয় পোৱা যায়।

প্রশ্ন ১৭। ই কি গুলীৰ শব্দ দেখোন? বিপ্লৱ আৰম্ভ হ’লেই নেকি?” —কথাষাৰ কোনে কৈছিল? বক্তাৰ কথা-বতৰাৰ পৰা চৰিত্ৰটিৰ বিষয়ে তোমাৰ কি ধাৰণা হয় ? 

উত্তৰঃ উল্লিখিত কথাষাৰৰ বক্তাজন মণিপুৰৰ বিলাসী ৰজা সুৰচন্দ্ৰ। সুচন্দ্ৰ মধুমঞ্জৰীৰ নৃত্য-গীতত মত্ত হৈ থাকোতে সুৰচন্দ্ৰৰ ভ্ৰাতৃ আগুচা কোঁৱৰে ৰাজপ্রাসাদ আক্ৰমণ কৰি বন্দুকৰ গুলী ফুটোৱাত সেই গুলীৰ শব্দ শুনি ভয়াতুৰ ৰজা সুৰচন্দ্ৰই এনেদৰে কৈছিল। সুচন্দ্ৰ আছিল এজন অলস, ভয়াতুৰ আৰু বিলাসপ্ৰিয় ৰজা। বৃটিছৰ ছত্ৰছায়াত ৰাজত্ব কৰা সুৰচন্দ্ৰই বিলাসপূর্ণ জীৱন অতিবাহিত কৰি ৰাজকার্যলৈ সম্পূর্ণ পিঠি দিছিল । সৰ্বসাধাৰণ প্ৰজাৰ দুখ-দুৰ্গতিয়ে ৰজাৰ অন্তৰ স্পৰ্শ কৰা নাছিল। বিলাস-বৈভৱত দিন কটোৱাৰ বাবেই ভ্রাতৃ টিকেন্দ্ৰজিতে সুৰচন্দ্ৰক ককৰ্থনা কৰিছিল। পিছে ৰজা সুৰচন্দ্ৰই টিকেন্দ্ৰজিতৰ সাৱধানবাণীক বিমাতাৰ সম্ভানে ঈর্ষাবশতঃ কোৱা কথা বুলিহে কৈছিল। বিলাসপূর্ণ জীৱন-যাপনত অভ্যস্ত সুৰচন্দ্ৰ আছিল সম্পূর্ণ অকর্মণ্য। সাহসেৰে ৰাজোচিত গাম্ভীৰ্যৰে তেওঁ সমস্যাৰ মুখামুখি হ’বলৈ অসমৰ্থ হৈছিল। এই কথাৰ স্পষ্ট প্রমাণ মধুমঞ্জৰীৰ লগত হোৱা তেওঁৰ কথা-বতৰাত ধৰা পৰে। আগুচা কোঁৱৰে বন্দুক ফুটোৱাৰ শব্দ শুনিয়েই ৰজাই বিপ্লৱ আৰম্ভ হোৱা বুলি ভাবি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ আঁতৰি পৰিছিল। তাৰ বাবে তেওঁ মধুমঞ্জৰীৰ বিদ্ৰূপৰো সন্মুখীন হৈছিল।

প্রশ্ন ১৮। ‘নুবুৰোঁ মানে বাম, নমৰোঁ মানে চাম’। – কোনে কি প্রসঙ্গত এনেদৰে কৈছে, বুজাই লিখা। 

উত্তৰ : উল্লিখিত কথাষাৰ টিকেন্দ্ৰজিৎ নাটকৰ পঞ্চম অংকৰ প্ৰথম দৃশ্যত মধুমঞ্জৰীয়ে টিকেন্দ্ৰজিতৰ পত্নী চন্দ্ৰলেখাক কৈছে।

বৃটিছ বিষয়াকেইজনক হত্যা কৰাৰ পিছত ইংৰাজসকলে মণিপুৰ ছাৰখাৰ কৰি দিলে। মণিপুৰৰ ভাগ্য আকাশলৈ দুৰ্যোগৰ ক’লীয়া ডাৱৰ নামি আহিল। দেশোদ্ধাৰৰ বাবে টিকেন্দ্রজিতে ইংৰাজৰ কবলৰ পৰা নিজকে বচাই ৰাখি অজ্ঞাতবাসত থাকিব লগা হ’ল আৰু পত্নী চন্দ্ৰলেখাক হাবিৰ মাজত এটি পঁজাঘৰত মধুমঞ্জৰীৰ আশ্ৰয়ত এৰি গ’ল। মধুমঞ্জৰীয়ে বাহিৰৰ পৰা খা খবৰ সংগ্ৰহ কৰি জানিব পাৰিলে যে ৰোগাক্রান্ত হৈ পৰি টিকেন্দ্ৰজিতে ইংৰাজৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ল। স্বামীৰ আত্মসমর্পণৰ বাতৰি শুনি চন্দ্ৰলেখা ব্যাকুল হৈ পৰাত মধুমঞ্জৰীয়ে চন্দ্ৰলেখাক সান্ত্বনা দি এনেদৰে কৈছিল। তেওঁ কৈছিল টিকেন্দ্রজিৎ বন্দী হ’লেও তেওঁলোকে দেশৰ হকে কৰিব লগা কাম বহুত আছে। সেয়ে বিপদত ভাগি নপৰি সাহসেৰে কৰ্তব্য পথত আগবাঢ়িবলৈ মধুমঞ্জৰীয়ে এনেদৰে চন্দ্ৰলেখাক উদ্‌গনি দিছে।

HS First Year Advance Assamese Questions Answers

গোট ১ -কবিতাংশ

ক্ৰমিক নংপাঠলিংক
১. প্রহলাদ চৰিত্ৰ Click here
২. শিৱৰ কৃষিকর্ম Click here
৩. প্রিয়তমাৰ চিঠি: Click here
৪. পানেশৈ Click here
৫. পছোৱাৰ ডাক Click here
৬ .চামুৰাই Click here

গোট ২ – গদ্যাংশ

৭. শংকৰদেৱৰ বাল্যকাল Click here
৮. ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা Click here
৯. অংকীয়া নাটৰ ৰস বিচাৰ Click here

গোট ৩ – নাটক

১০. টিকেন্দ্রজিৎ Click here

গোট ৪ – চুটি গল্প

১১. যীশুখ্ৰীষ্টৰ ছবি Click here
১২. ভ্ৰষ্টলগ্ন Click here

গোট ৫ – সাহিত্য সমালোচনা

১৩. কবিতা Click here
১৪. নাটক Click here

গোট ৬ – ছন্দ

১৫. ছন্দ : ছন্দ্ৰ সংজ্ঞা, অক্ষৰ; মাত্রা; যতি, পৰ্ব, চৰণ; “স্তৱক; পদ বা পয়াৰ; ঝুমুৰী: কুসুমমালা, দুলড়ী: ছবি, লোছাৰি ছন্দ Click here

গোট ৭ – অসমীয়া সাহিত্যৰ বুৰঞ্জী

১৬. অসমীয়া কবিতা আৰু নাটকৰ পৰি Click here

প্রশ্ন ১৯। ‘তোমাৰ হাতৰ সৌ বস্ত্ৰ আৰু মোৰ হাতৰ এই অস্ত্ৰ।’ – কথাষাৰৰ বক্তা আৰু শ্রোতা কোন? বক্তাই কি বুজাব খুজিছে?

উত্তৰঃ বক্তাগৰাকী হ’ল মণিপুৰৰ সেনাপতি টিকেন্দ্রজিৎ আৰু শ্রোতাগৰাকী হ’ল তেওঁৰ পত্নী চন্দ্ৰলেখা।

বক্তা টিকেন্দ্রজিতে এই কথাষাৰেৰে এইটোকে বুজাব বিচাৰিছে যে তেওঁৰ । চন্দ্ৰলেখাই নিজহাতে বৈ দিয়া বৰ্মস্বৰূপ বস্ত্ৰ পৰিধান কৰি তেওঁৰ হাতৰ অস্ত্ৰেৰেই তেওঁলোকৰ ৰাজ্য মণিপুৰৰ স্বাধীনতা হৰণকাৰী পৰৰাজ্যলোভী ইংৰাজক খেদিব পাৰিব।

প্রশ্ন ২০। ‘কোৱা উত্তৰ দিয়া। ৰজাৰ নিচিনা ৰজা হ’ব পাৰিবানে নোৱাৰা?” – কোনে কি প্ৰসংগত এনেদৰে কৈছে?

উত্তৰ : উল্লিখিত কথাষাৰ ‘টিকেন্দ্ৰজিৎ’ নাটকৰ দ্বিতীয় অংকৰ দ্বিতীয় দৃশ্যত ঠঙাল জেনেৰেলে কুলচন্দ্ৰক কৈছে।

মণিপুৰৰ ৰজা সুৰচন্দ্ৰ বিদ্ৰোহৰ ভয়ত ৰাজসিংহাসন ত্যাগ কৰি পলাই যোৱাৰ পিছত মণিপুৰত থকা ইংৰাজ শাসনকর্তা গ্রিমউডে যুৱৰাজ কুলচন্দ্ৰক মণিপুৰৰ ৰাজ্যভাৰ গতাই পত্র-সন্দেশ দি পঠালে। কুলচন্দ্ৰই ৰজাৰূপে পদভাৰ গ্ৰহণ কৰাৰ আগতে ঠঙাল জেনেৰেলৰ আশীৰ্বাদ বিচাৰি যোৱাত ঠঙাল জেনেৰেলে যুৱৰাজক এনেদৰে কৈছিল। ঠঙালে কুলচন্দ্ৰক আশ্বাস দি ক’লে যে বেপাৰী ইংৰাজক এই দেশৰ পৰা নির্মূল কৰাৰ সংকল্প যদি কুলচন্দ্ৰই ল’ব পাৰে আৰু প্ৰয়োজনীয় সময়ত যদি কুলচন্দ্ৰ ধুমুহাতকৈও ভয়ংকৰ আৰু বজ্ৰতকৈও প্রলয়ংকৰ হ’ব পাৰে তেনেহলে তেওঁৰ প্রতি ঠঙালৰ আশীৰ্বাদ সদায় থাকিব। ৰজাৰ নিচিনা ৰজা হ’ব পাৰিলেহে কুলচন্দ্ৰই ঠঙাল আৰু লগতে মণিপুৰবাসীৰ সহায় লাভ কৰিব পাৰিব।

প্রশ্ন ২১। ‘সিহঁতে আঁউসীৰ ধাৰ পূৰ্ণিমাত শুজিহে এৰিব।’ – কোনে কি প্রসঙ্গত এনেদৰে কৈছে, বুজাই লিখা।

উত্তৰঃ উল্লিখিত কথাষাৰ টিকেন্দ্ৰজিৎ নাটকৰ পঞ্চম অংকৰ প্ৰথম দৃশ্যত মধুমঞ্জৰীয়ে কৈছে।

বৃটিছ বিষয়াসকলক ঠঙাল জেনেৰেলে হত্যা কৰোৱাৰ পিছত ইংৰাজ সৈন্যবাহিনীয়ে মণিপুৰত আতংকৰ সৃষ্টি কৰিলে। মণিপুৰৰ ভাগ্য আকাশলৈ দুৰ্যোগৰ ক’লীয়া ডাৱৰ নামি আহিল। দেশোদ্ধাৰৰ বাবে সেনাপতি টিকেন্দ্রজিতে অজ্ঞাতবাসত কাল কটাবলৈ ধৰিলে। তেওঁ পত্নী চন্দ্ৰলেখাক হাবিৰ মাজৰ এটি পঁজাঘৰত মধুমঞ্জৰীৰ আশ্ৰয়ত এৰি গ’ল। সেই পঁজাঘৰত থাকোতেই মধুমঞ্জৰীয়ে জানিব পাৰিলে যে শাৰীৰিক অসুস্থতাৰ বাবে টিকেন্দ্ৰজিতে ইংৰাজৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ল। সেই খবৰ শুনি পত্নী চন্দ্ৰলেখা ভাগি পৰিছে। মধুমঞ্জৰীক উপায়ৰ কথা সোধাত মধুমঞ্জৰীয়ে এনেদৰে কৈছিল। মধুমঞ্জৰীয়ে কৈছে যে চতুৰ ইংৰাজে কাকো সুদাই নেৰে, টিকেন্দ্ৰজিৎ প্ৰমুখ্যে সকলোকে প্রাণদণ্ড দিব। যিহেতু ইংৰাজ বিষয়াকেইজনক হত্যা কৰা হ’ল। সেয়ে ইংৰাজেও হত্যাৰেই ইয়াৰ প্ৰতিশোধ ল’ব।

প্রশ্ন ২২। ৰজা সুৰচন্দ্ৰক কোনে কিয় হত্যা কৰিব খুজিছিল ? 

উত্তৰ : ৰজা সুৰচন্দ্ৰক আগুচা কোৱৰে হত্যা কৰিব খুজিছিল। কাৰণ ৰজা সুৰচন্দ্ৰ অতি কাপুৰুষ। শত্ৰুৰ নাম শুনিলেই, বন্দুকৰ গুলীৰ শব্দ শুনিলেই ৰাজভৱন এৰি পলাই পত্ৰং দিয়ে। বিদেশী শাসক বৃটিছৰ অনুগ্ৰহধন্য হৈ দেশ শাসন কৰিবলৈ বিচাৰে। দেশ তথা প্ৰজাৰ মংগলৰ চিন্তা কৰাতকৈ তেওঁ বিলাসকক্ষত সুৰা আৰু নৰ্তকীক লৈ মছগুল হৈ থাকে। দেশ শাসনৰ বাবে তেওঁ আছিল একেবাৰেই অকর্মণ্য, অসমর্থ। সেই কাৰণেই আওঁচা কোঁৱৰে তেওঁক হত্যা কৰি মণিপুৰৰ সিংহাসনত এজন নতুন ৰজা প্রতিষ্ঠা কৰিব বিচাৰিছিল। 

প্রশ্ন ২৩। “দুর্মতি হোৱা নাই, সুমতিয়ে হৈছে বুলি ধৰি লোৱা।” —এই উক্তি কাৰ? কাক, কিভাৱে কৈছিল ?

উত্তৰ ঃ এই উক্তি মণিপুৰৰ সেনাপতি টিকেন্দ্ৰজিতৰ। সেই সময়ৰ মণিপুৰৰ ৰজা সুৰচন্দ্ৰ আছিল ভয়াতুৰ, কাপুৰুষ, অসমর্থ। দেশ ৰক্ষা আৰু দেশৰ সৰ্বাংগীণ উন্নতিৰ কথা চিন্তা কৰাতকৈ তেওঁ নৰ্তকীৰ প্ৰেমত মছগুল হৈ থাকিছিল। ইংৰাজৰ অনুগ্ৰহত দেশ শাসন কৰিবলৈ বিচাৰিছিল ৷ এইবিলাক কথা ঠঙাল জেনেৰেল, সেনাপতি টিকেন্দ্রজিৎ আৰু মণিপুৰবাসীয়ে ভাল পোৱা নাছিল। ইংৰাজক মণিপুৰৰ পৰা খেদি পঠিয়াবলৈ ঠঙাল আৰু টিকেন্দ্রজিতে মণিপুৰবাসীক একগোট কৰিছিল। নিজৰ কৰ্তব্যৰ প্ৰতি ৰজা সুৰচন্দ্ৰক সোঁৱৰাই দিবলৈ যেতিয়া টিকেন্দ্রজিৎ বিলাসকক্ষত প্রবেশ কৰিলে তেতিয়া সুৰচন্দ্ৰই এনে কাৰ্যত লিপ্ত হোৱাৰ দুৰ্মতি কিয় হ’ল বুলি টিকেন্দ্ৰজিতক ক’লে ৷ টিকেন্দ্ৰজিতে এয়া দুর্মতি নহয় সুমতিহে বুলি তেওঁলোকে কৰিবলৈ লোৱা কাম মণিপুৰৰ মংগলৰ বাবেই যে কৰিছে এই কথা ৰজা সুৰচন্দ্ৰক বুজাবলৈ চেষ্টা কৰিছে।

প্রশ্ন ২৪। ‘টিকেন্দ্রজিৎ বণিয়া ইংৰাজৰ গোলাম নহয়। লগতে ইয়াকো ক’বা—স্বাধীন— স্বাধীন মণিপুৰে ইংৰাজ চৰকাৰে উপহাৰ দিয়া সোণৰ শিকলি ছিঙি পেলাবলৈ সাজু হৈছে’ – প্রসঙ্গ উল্লেখ কৰি বুজাই লিখা।

উত্তৰঃ টিকেন্দ্ৰজিৎ নাটকৰ চতুৰ্থ অংকৰ প্ৰথম দৃশ্যত এই কথাষাৰি সেনাপতি টিকেন্দ্রজিতে পলিটিকেল এজেণ্ট গ্রিমউডৰ আগত এই কথা কৈছে। মণিপুৰৰ পলিটিকেল এজেণ্ট গ্রিমউডে অসমৰ কমিছনাৰ কুইণ্টন চাহাবৰ নির্দেশক্রমে মণিপুৰত এখন দৰবাৰৰ আয়োজন কৰি তালৈ মণিপুৰৰ ৰজা আৰু বিশিষ্ট লোকসকলক নিমন্ত্ৰণ কৰিছিল। দৰবাৰৰ গোপন-উদ্দেশ্য আছিল টিকেন্দ্রজিতক বন্দী কৰা। এই কথা জানি টিকেন্দ্ৰজিৎ দৰবাৰলৈ নগ’ল। ফলত দৰবাৰ অনুষ্ঠিত নহ’ল। তেতিয়া গ্রিমউড টিকেন্দ্রজিতব ঘৰলৈ আহিল। তেওঁ ক’লে যে টিকেন্দ্ৰজিৎ দৰবাৰত অনুপস্থিত থকাৰ বাবে টিকেন্দ্ৰজিতক’ মণিপুৰৰ পৰা নিৰ্বাসন দিছে। তেতিয়া টিকেন্দ্রজিতে গ্রিমউডক ক’লে যে তেওঁ ইংৰাজৰ গোলাম নহয় সেয়ে ইংৰাজৰ নিৰ্দেশ মানিবলৈ তেওঁ বাধ্য নহয়। তেওঁ লগতে সকীয়াই দিলে যে মণিপুৰে ইংৰাজ চৰকাৰে উপহাৰ দিয়া সোণৰ শিকলি ছিঙি পেলাব অর্থাৎ মণিপুৰৰ স্বাধীনতাৰ বাবে তেওঁ যুঁজ দিব। কথাষাৰিৰ জৰিয়তে টিকেন্দ্ৰজিতৰ নিৰ্ভীক আৰু স্বাধীনচিতীয়া মনোভাবৰ পৰিচয় পোৱা যায়।

প্রশ্ন ২৫। প্রথম অংকৰ তৃতীয় দৃশ্যত আগুচা কোঁৱৰ আৰু মধুমঞ্জৰীৰ মাজত হোৱা কথা-বতৰা আৰু মণিপুৰৰ ভৱিষ্যৎ সম্পর্কে মধুমঞ্জৰীৰ মন্তব্য চমুকৈ লিখা। 

উত্তৰঃ ‘টিকেন্দ্ৰজিৎ’ নাটকৰ প্ৰথম অংকৰ তৃতীয় দৃশ্যত আগুচা কোঁৱৰ আৰু মধুমঞ্জৰীৰ মাজত এটি কথোপকথন সন্নিবিষ্ট হৈছে। আণ্ডচা কোঁৱৰ ৰজা সুৰচন্দ্ৰৰ কনিষ্ঠ ভাতৃ আৰু মধুমঞ্জৰী হ’ল ৰাজসভাৰ নৰ্তকী। এই দৃশ্যতে ৰজা সুৰচন্দ্ৰ মধুমঞ্জৰীৰ নৃত্য-গীতত মছগুল হৈ থাকোতেই সেনাপতি টিকেন্দ্রজিতে ৰজাক বিলাসৰ পৰা আঁতৰি দেশৰ প্ৰজাৰ কথা কাণ পাতি শুনিবলৈ পৰামৰ্শ দি গ’ল। টিকেন্দ্ৰজিৎ যোৱাৰ পিছতেই মধুমঞ্জৰীয়ে সুৰচন্দ্ৰৰ আগত মণিপুৰৰ আঠজন ৰাজভাতৃৰ মাজত এটি ষড়যন্ত্র ৰচিত হোৱাৰ কথা ক’ব খুজিছিল। এফালে চাৰিজন আৰু আনফালে চাৰিজন লগলাগি এই ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি কোৱাৰ পিছতেই চাৰিজাই বন্দুকৰ শব্দ হয়। সেই বন্দুকৰ শব্দ শুনি অকর্মণ্য ভয়াতুৰ ৰজা সুৰচন্দ্ৰ পলাই যোৱাৰ পিছতেই আগুচা কোঁৱৰ প্ৰৱেশ কৰে আৰু ৰজা কেনি গ’ল জানিবলৈ বিচাৰে। আগুচাই ৰাজনৰ্তকী মধুমঞ্জৰীৰ বিলাস ভৱনত থকাৰ কাৰণ বিচৰাত মধুমঞ্জৰীয়েও আগুচাক তালৈ অহাৰ কাৰণ বিচাৰিছে। আগুচাই ৰজাক বিচাৰি তালৈ অহা বুলি কোৱাত মধুমঞ্জৰীয়ে সোঁৱৰাই দিছে যে এইখন যুদ্ধক্ষেত্র নহয়। কাপুৰুষ ৰজা কেনি পলাইছে আগুচাই জানিব বিচৰাত মধুমঞ্জৰীয়ে কৈছে যে আগুচাও বীৰ পুৰুষ নহয়, নহ’লে মাজৰাতি পাছ দুৱাৰেদি বিলাস ভৱনত প্ৰৱেশ নকৰিলেহেঁতেন। মধুমঞ্জৰীৰ কথা শুনি আগুচাই ক’লে যে তেওঁ কাপুৰুষ ৰজাক আঁতৰাই মণিপুৰৰ ৰাজসিংহাসনত এজন নতুন ৰজা বহুৱাবলৈ আহিছে। তেতিয়া মধুমঞ্জৰীয়ে আগুচাৰ সেই কাৰ্যৰ পৰিণামৰ কথা সোঁৱৰাই দিছে। এটা বন্দুক হাতত লৈ অকলে আগুচাই ৰজাক হত্যা কৰি সাৰি যাব নোৱাৰে। নিদ্রিত প্ৰহৰীয়ে হুলস্থুল শুনিলে আগুচাৰ ৰক্ষা নাই। গতিকে আগুচা সোনকালে পলাই যাওক। নহ’লে মধুমঞ্জৰীয়ে জয়ঘণ্টা বজাই দি সকলোকে জগাই দিব। তেতিয়া আগুচা কোঁৱৰে মধুমঞ্জৰীয়ে উচিত কথাকে কৈছে বুলি তাৰ পৰা পলাই গ’ল।

মধুমঞ্জৰী আৰু আগুচাৰ কথোপকথনৰ পাছত মধুমঞ্জৰীয়ে মণিপুৰৰ ভৱিষ্যৎ সম্পর্কে এনেদৰে মন্তব্য দিছে ঃ ‘এয়ে মণিপুৰ, এয়ে মণিপুৰৰ ৰজা, এয়ে মণিপুৰৰ ৰাজভ্ৰাতা। মণিপুৰৰ ভৱিষাৎ— কোনে ক’ব পোহৰ নে আন্ধাৰ?”

প্রশ্ন ২৬। মহাৰাণী ভিক্টোৰীয়াই চন্দ্ৰকীর্তি সিংহক দিয়া উপাধিটো কি? কিয় এই উপাধি দিয়া হৈছিল? 

উত্তৰ ঃ মহাৰাজ চন্দ্ৰকীর্তি সিংহ আছিল সেনাপতি টিকেন্দ্ৰজিতৰ পিতৃ। তেওঁৰ ৰাজত্বকালত মণিপুৰৰ প্ৰাচীন কীর্তি উজ্জ্বল হৈ উঠিছিল। মহাৰাণী ভিক্টোৰীয়াই মহাৰাজ চন্দ্ৰকীৰ্তি সিংহক কে-চি-এছ-আই উপাধি প্ৰদান কৰিছিল। ইংৰাজসকলে মণিপুৰৰ চৌপাশৰ বিদ্রোহ দমনত চন্দ্ৰকীর্তি সিংহই সহায় কৰিছিল আৰু সেইবাবেই ভাৰত সম্রাজ্ঞী মহাৰাণী ভিক্টোৰীয়াই চন্দ্ৰকীৰ্তি ‘সিংহক এই উপাধি দিছিল। অসমৰ লাট বাহাদুৰে বৃটিছ প্ৰদত্ত সেই উপহাৰ তেওঁক প্ৰদান কৰিছিল। 

প্রশ্ন ২৭। টিকেন্দ্রজিৎ নাটকত চন্দ্ৰলেখাই তাঁতশালত কাপোৰ বৈ থকা অৱস্থাত টিকেন্দ্ৰজিতে তেওঁৰ সৈতে কি কথা পাতিছিল তাৰ আভাস দিয়া। সেই কথা-বতৰাৰ মাজেদি টিকেন্দ্ৰজিৰ চৰিত্ৰৰ বিষয়ে কি জানিব পাৰি চমুকৈ লিখা।

উত্তৰ ঃ টিকেন্দ্রজিৎ নাটকৰ ২য় অংকৰ ৪র্থ দৃশ্যত টিকেন্দ্ৰজিতৰ পত্নী চন্দ্ৰলেখাই তাঁত বৈ থকা অৱস্থাত টিকেন্দ্ৰজিতৰ লগত কথা-বতৰা হোৱা দেখা যায়। চন্দ্রলেখা আছিল পতিব্রতা নাৰীৰ এক উজ্জ্বল নিদর্শন। স্বাধীনতাৰ চিন্তাত ব্যতিব্যস্ত টিকেন্দ্ৰজিতৰ চিন্তাৰ সমভাগী আছিল চন্দ্ৰলেখা। টিকেন্দ্রজিতৰ আঠগৰাকী পত্নীৰ ভিতৰত চন্দ্ৰলেখাই যে সর্বশ্রেষ্ঠা সেই কথা টিকেন্দ্রজিতে এই দৃশ্যতে চন্দ্ৰলেখাক কৈছে। পতিব্ৰতা নাৰী হিচাপে চন্দ্ৰলেখাই কিছুদিনৰ পৰা স্বামী কি কাৰণে চিন্তিত হৈ আছে সেই কথা জানিবলৈ বিচাৰিছে। টিকেন্দ্রজিতে প্রথমে তেওঁৰ চিন্তাৰ কাৰণৰ কথা ক’ব খোজা নাছিল। কিন্তু পত্নীৰ নেৰানেপেৰা চেষ্টাত ক’লে যে মণিপুৰত ইংৰাজ আধিপত্যই তেওঁৰ চিন্তাৰ কাৰণ৷ চন্দ্ৰাই তেতিয়া প্ৰশ্ন কৰিছে যে ইংৰাজৰ লগতে দেখোন টিকেন্দ্ৰজিতৰ সনা-পিঠা, তেনেহ’লে ইংৰাজক বেয়া পোৱাৰ কাৰণ কি? টিকেন্দ্ৰজিতে কৈছে যে ব্যক্তিগতভাৱে কোনো ইংৰাজৰ ওপৰতে তেওঁৰ আখেজ নাই। তেওঁ যে কৌশলেৰে ইংৰাজক মণিপুৰৰ পৰা খেদাবৰ বাবেহে ইংৰাজৰ লগত মিত্ৰতা কৰিছে সেই কথাও ক’লে। লগতে তেওঁ কৈছে যে ঠঙাল জেনেৰেলৰ আকৌৰগোজ আৰু অভং মনোভাব তেওঁ সমর্থন নকৰে। চাহাবৰ লগত তেওঁৰ মিতিৰালি বাহ্যিকহে, আস্তবিক নহয়। সিহঁত সাপ। সেই সাপ নচুৱাই তেওঁ ৰং চাব খোজে, কিন্তু হিংসাৰে নহয়, অহিংসাৰে। তেওঁ কৌশলেৰে সিহঁতৰ বিহদাঁত উভালিব খোজে।  চন্দ্ৰলেখা আৰু টিকেন্দ্ৰজিতৰ মাজৰ এই কথোপকথনৰ পৰা টিকেন্দ্ৰজিতৰ চৰিত্ৰৰ স্বদেশপ্ৰীতি আৰু বীৰত্বৰ পৰিচয় পোৱা যায়। তেওঁ যে বিবেচক আৰু কৌশলী আছিল সেই কথাও এই কথোপকথনত প্রতীয়মান হৈছে। অৱশ্যে তেওঁ যে কিছু পৰিমাণে ভাবপ্রৱণ আছিল। সেই কথাও ইয়াত প্রকাশিত হৈছে।

প্রশ্ন ২৮। ‘তোমাৰ চকুপানীৰ গঙ্গাজলেৰে ধোৱা এই ফুলচন্দন।’ – কোনে কাক কি প্রসঙ্গত কৈছে, বুজাই লিখা।

উত্তৰঃ উল্লিখিত কথাষাৰ টিকেন্দ্ৰজিৎ নাটকৰ ৪র্থ অংকৰ ৩য় দৃশ্যত ফাঁচীকাঠত উঠাৰ আগমুহূর্তত টিকেন্দ্রজিতে পত্নী চন্দ্ৰলেখাক কৈছে।

টিকেন্দ্ৰজিৎ চৰিত্ৰৰ প্ৰতিটো কথা আৰু কাম পৰিচালিত হৈছিল স্বদেশৰ প্ৰতি এক গভীৰ ভালপোৱা মনোভাবেৰে৷ বৃটিছৰ বিৰুদ্ধে দেশোদ্ধাৰৰ প্ৰচেষ্টাত ব্ৰতী টিকেন্দ্ৰজিতে বন্ধুভাবেৰে থাকি মণিপুৰৰ হেৰোৱা স্বাধীনতা ঘূৰাই আনিবলৈ প্ৰয়াস কৰিছিল। কিন্তু তেওঁৰ সেই আশা ফলৱতী নহ’ল। বৃটিছ বিষয়া কেইজনমানক হত্যা কৰাৰ পিছত ইংৰাজসকলে মণিপুৰৰ ওপৰত অক্থ্য অত্যাচাৰ চলালে। মণিপুৰৰ আকাশলৈ দুৰ্যোগৰ কলীয়া ডাৱৰ নামি আহিল। টিকেন্দ্রজিতে অজ্ঞাতবাসত কাল কটাবলৈ ধৰিলে। কিন্তু শেষত ৰোগাক্রান্ত হোৱাত তেওঁ ইংৰাজৰ ওচৰত আত্মসমর্পণ কৰিলে। ইংৰাজে বিচাৰত তেওঁক ফাঁচীৰ হুকুম দিলে। ফাঁচীৰ আগমুহূৰ্তত প্রিয়তমা পত্নী চন্দ্রলেখাই টিকেন্দ্রজিতক দেখা কৰিবলৈ যাওঁতে তেওঁ হাঁহি মুখেৰেই এনেদৰে প্ৰিয়তমা পত্নীৰ পৰা বিদায় লৈছিল। 

প্রশ্ন ২৯। ‘যিদিনা মাতৃ পূজাৰ মাহেন্দ্রক্ষণ মিলিব, সেইদিনা মই ভীষণ কঠোৰ হ’ম।’— কোনে কাক কি প্রসঙ্গত এনেদৰে কৈছিল, বুজাই লিখা।

উত্তৰ ঃ এই কথাষাৰি টিকেন্দ্ৰজিৎ নাটকৰ ২য় অংকৰ চতুৰ্থ দৃশ্যত টিকেন্দ্ৰজিতে তেওঁৰ প্রিয়তমা পত্নী চন্দ্ৰলেখাক কৈছে।

চন্দ্ৰলেখা আছিল এগৰাকী পতিব্ৰতা নাৰী। স্বাধীনতা চিন্তাত ব্যস্ত টিকেন্দ্ৰজিতে পত্নীৰ লগত সাধাৰণ আলাপ-আলোচনা কৰিলেও মনৰ গোপন কথা ব্যক্ত কৰা নাছিল। কিন্তু পত্নীৰ নেৰানেপেৰা প্ৰশ্নৰ উত্তৰত তেওঁ ক’বলৈ বাধ্য হ’লে যে মণিপুৰৰ হৃত স্বাধীনতা ঘূৰাই অনাটোৱেই তেওঁৰ একমাত্র লক্ষ্য। চন্দ্ৰলেখাই ইংৰাজৰ লগত সম্পর্ক ছেদ কৰিবলৈ স্বামীক পৰামৰ্শ দিয়াত টিকেন্দ্ৰজিতে ক’লে যে তেওঁ মণিপুৰৰ স্বাধীনতা বগা চাহাবৰ লগত মিত্রতা কৰিয়েই আনিব খোজে। মণিপুৰৰ পৰা ইংৰাজক খেদাই পঠিয়াবৰে তেওঁ চেষ্টা কৰিছে। যিদিনা সেই সুযোগ পাব সেইদিনা টিকেন্দ্রজিতে প্রয়োজনতকৈ অধিক কঠোৰ হৈ মণিপুৰৰ হেৰোৱা স্বাধীনতা ঘূৰাই আনিব বুলি পত্নী চন্দ্ৰলেখাক কৈছে। 

প্রশ্ন ৩০। টিকেন্দ্ৰজিৎ আৰু ঠঙালক কোনে কি কি অভিযোগত মৃত্যুদণ্ড বিহিছিল? 

উত্তৰ ঃ টিকেন্দ্ৰজিৎ আৰু ঠঙাল আছিল মণিপুৰৰ স্বাধীন সংগ্রামী বীৰ। মণিপুৰক বৃটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ সংগ্ৰামৰ কাৰণেই বৃটিছে এই দুয়ো গৰাকী বীৰকে বন্দী কৰে। শেষত বৃটিছৰ স্পেচিয়েল কোর্টে বিচাৰ কৰি টিকেন্দ্ৰজিৎ আৰু ঠঙালক মৃত্যুদণ্ড বিহিছিল। বৰলাট বাহাদুৰেও এই মৃত্যুদণ্ডৰ আদেশ বাহাল ৰাখিছিল। টিকেন্দ্ৰজিৎ আৰু ঠঙালক মৃত্যুদণ্ড বিহাৰ অভিযোগ কোর্টৰ মতে আছিল তিনিটা; এক, মহামান্য ভাৰত-সম্ৰাজ্ঞীৰ বিৰুদ্ধে এওঁলোকে যুদ্ধ ঘোষণা কৰা; দুই, পাঁচজন বৃটিছ বিষয়া হত্যাৰ প্ৰৰোচনা; আৰু তিনি, নবহত্যা। এই তিনিটা অভিযোগ সঁচা বুলি প্ৰমাণিত হোৱাত তেওঁলোকক মৃত্যুদণ্ডৰ দৰে চৰম শাস্তি বিহিছিল।

প্রশ্ন ৩১। ‘তোকনো আদা বেপাৰীক সেইবোৰ জাহাজৰ খবৰ কেলেই অ’?’ – কোনে, কি প্রসংগত, কাক এইদৰে কৈছিল? 

উত্তৰ ঃ কথাষাৰি টিকেন্দ্ৰজিৎ’ নাটকৰ পঞ্চম অংকৰ দ্বিতীয় দর্শনত ভম্বল সিঙৰ কথাত ওস্তাদে কৈছিল৷

বৃটিছৰ কবলৰ পৰা মণিপুৰক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা সংগ্ৰামী বীৰ টিকেন্দ্ৰজিং আৰু ঠত্তালক বৃটিছে প্রথমে কৌশল কৰিও কৰায়ত্ব কৰিব নোৱাৰি ৰাজটোলত জুই লগাই দিলে। ইয়াৰ ফলত মণিপুৰী লোকে পাঁচজন চাহাবক বন্দী কৰি হত্যা কৰিলে। পিছত চাহাবসকলে পশ্চিমৰ পৰা অধিক সৈন্য আনি মণিপুৰবাসীৰ ওপৰত অকথ্য অত্যাচাৰ আৰম্ভ কৰিলে, মণিপুৰ লণ্ড ভণ্ড কৰিলে, জধে-মধে যাকে তাকে গুলীয়াই নিৰীহ প্ৰজাক পহু মৰাদি মাৰিলে। ওস্তাদ নামৰ লোকজনৰো ভৰি এখনত গুলী লাগি চিৰদিনৰ কাৰণে ঘূণীয়া হ’ল। তাকে দেখি তাৰ লগ বন্ধু • ভম্বল সিঙে ওস্তাদক যুদ্ধ কৰোঁতে নে পলাওঁতে ভৰিৰ এই অৱস্থা হ’ল বুলি ঠাট্টা কৰি সোধাত ওস্তাদে ভম্বল সিঙক এনেদৰে কৈছিল।

প্রশ্ন ৩২। ‘এডেও দুডেও লোটা নিবৰ ছেও।’ — এইযাৰ কাৰ মুখৰ উক্তি আৰু ই কি সূচাইছে আলোচনা কৰা।

উত্তৰ ঃ টিকেন্দ্ৰজিৎ নাটকৰ ২য় অংকৰ ২য় দৃশ্যত এইটো ঠঙাল জেনেৰেলৰ উক্তি। এই উক্তিটোৰ জৰিয়তে ঠঙালে বিদেশী বগা বণিকে বেপাৰ কৰাৰ সুযোগত কেনেদৰে মণিপুৰ অধিকাৰ কৰিলে সেই কথাকে ক’ব খুজিছে।

টিকেন্দ্ৰজিতৰ পিতৃ ৰজা চন্দ্ৰৰ্কীতি সিংহৰ ৰাজত্বকালত সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা অহা বগা বণিকৰ দলে মণিপুৰত প্ৰথমবাৰৰ বাবে খোপনি পুতিবলৈ সুবিধা পালে৷ চতুৰ ইংৰাজে বোৰৰ সুবিধামতে মণিপুৰৰ আভ্যন্তৰীণ বিষয়টো হস্তক্ষেপ কৰিলে আৰু এনেদৰেই এদিন ভাৰতবৰ্ষৰ আনবোৰ স্বাধীন ৰাজ্যৰ দৰেই মণিপুৰো ইংৰাজৰ বহতীয়া হৈ পৰিল৷ ভাৰত৷সীৰ স্বাধীনতা স্পৃহা ভৰিৰে গচকি ইংৰাজে ভাৰতত বিজয়ৰ জয় নিচান উৰুৱালে। ম।িপুৰৰ দৰে সৰু এখনি ৰাজ্যও ইংৰাজৰ লোভী দৃষ্টিৰপৰা সাৰি নগ’ল। স্বাধীনতাকামী ঠঙাল জেনেৰেলে ইংৰাজৰ এই কৌশলক সেয়ে ‘এডেও দুডেও লোটা নিবৰ ছেও’ বুলি অ ভহিত কৰিছে।

প্রশ্ন ৩৩। সাপে নাপাহৰে কঁকালৰ কোব। ময়ো এই অপমানৰ কথা কেতিয়াও নাপাহৰোঁ। অউসীৰ ধাৰ পূৰ্ণিমাত গুজিহে এৰিম।’ –কোনে কি প্রসঙ্গত এই কথাষাৰি কৈছে? কথাষাৰিৰ জৰিয়তে বক্তাৰ চৰিত্ৰৰ কিবা বিশেষত্ব ধৰা পৰে নেকি?

উত্তৰ ঃ টিকেন্দ্ৰজিৎ নাটকৰ ২য় অংকৰ ২য় দৃশ্যত ঠঙাল জেনেৰেলে এই কথাষাৰি কৈছে। স্বাধীনতাকামী ঠভালে বৃটিছসকলৰ সাম্রাজ্যবাদী ভাবধাৰা সহ্য কৰিব পৰা নাছিল। নিজৰ ঘৰত অকলশৰে বহি থাকোতে বৃটিছসকলৰ প্ৰতি ঠঙালৰ অন্তৰত অহৰহ এক ক্ৰোধৰ জন্ম হৈছিল। সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা বেপাৰ কৰিবলৈ অহা বৃটিছসকল এদিন মণিপুৰৰ ৰজাসকলৰ দুৰ্বলতাৰ সুযোগ লৈ গোজেই গছ হৈ পৰিল। নিজানত অকলে বহি থকা ঠঙালৰ অন্তৰত উদিত হৈছে পূর্বে বৃটিছসকলে তেওঁৰ প্ৰতি কৰা এক অন্যায়ৰ কথা। মণিপুৰৰ শাসনকার্য পৰিচালনা কৰা বৃটিছ পলিটিকেল এজেণ্ট গ্রিমউড্ এবাৰ ছুটীত থাকোতে ঠঙালে বৃটিছক খেদাবৰ কৌশলেৰে ব্ৰহ্ম দপ্তৰৰ ভাৰ নিজৰ হাতত তুলি লৈছিল। কিন্তু চতুৰ ইংৰাজে ঠঙালৰ কৌশল বুজি পালে আৰু ছুটীৰ পৰা আহিয়েই গ্রিমউডে ঠঙালৰ হাতৰ পৰা কাৰ্যভাৰ কাঢ়ি লৈ তেওঁক বৰ্খাস্ত কৰিলে।

ঠঙালক বৰ্খাস্ত কৰি বৃটিছে ভাবিছিল মণিপুৰত তেওঁলোক এতিয়া নিৰাপদ হ’ল মণিপুৰত বৃটিছ শাসন-ব্যৱস্থা গজগঞ্জীয়া হ’ল। কিন্তু বৃটিছৰ সেই ধাৰণা ভুল আছিল। কাৰণ সেই অপমান ঠঙালৰ মনত সাপে কঁকালত খোৱা কোবৰ দৰে মনত ৰৈ গ’ল। সাপে কঁকালৰ কোবৰ কথা কেতিয়াও পাহৰি নোযোৱাৰ দৰে ঠঙাল জেনেৰেলেও এই অপমানৰ কথা পাহৰি যাব পৰা নাই। এই ঘটনাই ঠঙালৰ অন্তৰত স্বাধীনতা স্পৃহা অতি কোবাল কৰিহে তুলিছে। তেওঁ সয়ে আশা কৰিছে এদিন বৃটিছক মণিপুৰৰ পৰা খেদাই তেওঁ মণিপুৰক উদ্ধাৰ কৰি এই অপানৰ পোতক তুলিব। 

প্রশ্ন ৩৪। ‘অন্ধবিশ্বাসেই হওক বা সত্য বিশ্বাসেই হওক এনে এটা মাহেন্দ্রক্ষণ, এনে এটা সোণালী সুযোগ এৰি দিব নোৱাৰি।’ – কোনে কি প্ৰসংগত এই উক্তি কৰিছিল, তাৎপর্য বিচাৰ কৰি লিখা ৷

উত্তৰ : ‘টিকেন্দ্ৰজিৎ’ নাটকৰ চতুৰ্থ অংকৰ চতুর্থ দৃশ্যত ঠঙাল জেনেবেলে টিকেন্দ্রজিতৰ আগত এই উক্তি কৰিছিল।

সেনাপতি টিকেন্দ্রজিতক বন্দী কৰিবৰ বাবে কমিছনাৰ চাহাবে যি দৰবাৰৰ আয়োজন কৰিছিল টিকেন্দ্রজিৎ অনুপস্থিত থকাৰ বাবে সেই দৰবাৰ অনুষ্ঠিত নহ’ল। তেতিয়া ইংৰাজসকলে টি কেন্দ্ৰজিতৰ হাউলি আক্রমণ কৰি টিকেন্দ্ৰজিতক বন্দী কৰিবৰ চেষ্টা কৰিলে। কিন্তু পৰাক্ৰমী টিকেন্দ্রজিতে ইংৰাজৰ সেই আক্রমণ প্রতিহত কৰিলে। কেৱল সিমানেই নহয়, যুদ্ধত পৰাজিত হোৱাৰ পিছত ইংৰাজ বিষয়াসকলে সন্ধিৰ বিষয়ে কথা-বতৰা পাতিবলৈ ৰাজচ’ৰালৈ আহিব লগা হ’ল। কুইণ্টন, গ্ৰিমউড প্ৰমুখ্যে পাঁচজন বৃটিছ বিষয়া ৰাজচ’ৰালৈ অহাৰ পিছত সেনাপতি টিকেন্দ্রজিতে তেওঁলোকক মণিপুৰ ত্যাগ কৰিবৰ বাবে এদিনৰ সময় দি ৰাজচ’ৰা ত্যাগ কৰিবলৈ নিৰ্দেশ দিলে। কিন্তু টিকেন্দ্রজিৎ আঁতৰি যোৱাৰ লগে লগে ঠঙাল জেনেৰেলে ইংৰাজ বিষয়াকেইজনক বন্দী কৰিলে। তেওঁৰ উদ্দেশ্য ইংৰাজকেইজনক প্ৰাণদণ্ড দিয়া। এই কথা জানিব পাৰি টিকেন্দ্রজিতে ইংৰাজ বিষয়াবেইজনক প্ৰাণদণ্ডৰ পৰিবৰ্তে বন্দী কৰি থ’বলৈহে ক’লে। টিকেন্দ্ৰজিতৰ এই নৰম দৃষ্টিভংগী দেখি ঠঙাল জেনেবেলে। ক’লে— শত্ৰুৰ প্ৰতি কোনো দয়া-মমতা থকা উচিত নহয়। এই শত্রুকেইজনক দেৱতাৰ আগত বলি দি সিহঁতৰ মূৰকেইটা যদি মাটিত পোতা হয় তেনেহ’লে দেশ জয়মুক্ত হ’ব, মণিপুৰ ধনে-ধানে পৰিপূৰ্ণ হ’ব। টিকেন্দ্ৰজিতে ঠঙাল জেনেৰেলৰ এই কথাবোৰ অন্ধবিশ্বাস বুলি অভিহিত কৰাত ঠঙাল জেনেবেলে ওপৰত উল্লেখ কৰাৰ দৰে কথাখিনি কৈছে। কথাখিনিৰ জৰিয়তে প্রতিহিংসাপৰায়ণ ঠঙালৰ স্বৰূপটো ওলাই পৰিছে।

প্রশ্ন ৩৫। গ্রিমউড কোন আছিল? সেনাপতি টিকেন্দ্ৰজিতৰ লগত তেওঁৰ ব্যক্তিগত সম্পর্ক কেনে আছিল? টিকেন্দ্রজিতৰ নিৰ্বাসন সম্পর্কে তেওঁ কি মন্তব্য দিছিল? 

উত্তৰ : গ্রিমউড আছিল মণিপুৰত বৃটিছৰ পলিটিকেল এজেণ্ট। নাটকত দেখুওৱা মতে গ্রিমউড আৰু টিকেন্দ্ৰজিতৰ ব্যক্তিগত সম্পর্ক মধুৰ আছিল। নাটকৰ দ্বিতীয় অংকৰ প্রথম দৃশ্যত গ্ৰিমউড আৰু টিকেন্দ্রজিতৰ মাজত হোৱা কথোপকথনৰ পৰা সেই মধুৰ সম্পৰ্কৰ উমান, পাব পাৰি। গ্রিমউডে টিকেন্দ্রজিতক বন্ধুৰূপে গ্ৰহণ কৰিছিল। দুয়োজনে একেলগে প’লো খেলাৰ উপৰিও চিকাৰলৈ লৈ বাঘ-হৰিণ আদি মাৰিছিল। টিকেন্দ্রজিতক গ্রিমউডে ইমানেই ভাল পাইছিল যে ৰজা সুৰচন্দ্ৰ পলাই যোৱাৰ পিছত মণিপুৰৰ খালী হোৱা সিংহাসনত টিকেন্দ্রজিতকে বহিবলৈ তেওঁ অনুৰোধ কৰিছিল। অৱশ্যে টিকেন্দ্রজিতে নিজে ৰাজপাট গ্রহণ নকৰি যুৱৰাজ কুলচন্দ্ৰক ৰজা পাতিবলৈ পৰামৰ্শ দিলে আৰু সেই পৰামৰ্শ মতেই গ্রিমউডে কুলচন্দ্ৰক ৰজা পাতিলে। এনেদৰে গ্রিমউড আৰু টিকেন্দ্ৰজিতৰ মাজত ব্যক্তিগত মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল।

মণিপুৰবাসীৰ লগত টিকেন্দ্রজিতৰ সম্পর্ক কিমান গভীৰ আছিল সেই কথা গ্রিমউডে হৃদয়ঙ্গম কৰিব পাৰিছিল। সেয়ে কমিছনাৰ কুইণ্টন চাহাবে টিকেন্দ্রজিতক নির্বাসন দিওঁতে সেই প্ৰস্তাৱ কাৰ্যকৰী কৰাটো টান হ’ব বুলি তেওঁ যথার্থভাৱেই কৈছিল। গ্রিমউডে স্পষ্টভাৱেই কমিছনাৰক কৈছিল যে তেওঁ মণিপুৰবাসীৰ লগতে টিকেন্দ্ৰজিতকো ভালদৰে জানে আৰু সেয়ে টিকেন্দ্রজিতক নির্বাসনলৈ পঠোৱাটো যথেষ্ট কষ্টকৰ হ’ব। অৱশ্যে শেষত কুইণ্টনৰ নিৰ্দেশ অনুসৰিয়েই তেওঁ টিকেন্দ্ৰজিতক কৈছিল যে এই নির্বাসন দণ্ড তেওঁৰ ইচ্ছাৰ বিৰুদ্ধেহে হৈছে।

প্রশ্ন ৩৬। ‘তুমি ভাৰত চৰকাৰৰ চাকৰ। সেইবাবে হুকুম মানিবলৈ বাধ্য। কিন্তু এই টিকেন্দ্রজিৎ? সিতো তোমাৰ দৰে ভাৰত চৰকাৰৰ চাকৰ নহয়। সি এই অন্যায় আদেশ মানিব কিয়?’ – কোনে কেতিয়া কাক এনেদৰে কৈছিল ? কথাষাৰৰ জৰিয়তে বক্তাজনৰ চৰিত্ৰৰ কিবা আভাস পোৱা যায় নেকি?

উত্তৰ ঃ ‘টিকেন্দ্ৰজিৎ’ নাটকৰ ৪র্থ অংকৰ ১ম দৃশ্যত সেনাপতি টিকেন্দ্রজিতে তেওঁৰ বন্ধু পলিটিকেল এজেণ্ট গ্রিমউডৰ আগত এই উক্তি কৰিছিল।

মণিপুৰৰ পলিটিকেল এজেণ্ট গ্ৰিমউডে অসমৰ কমিছনাৰ কুইণ্টন চাহাবৰ নিৰ্দেশক্রমে মণিপুৰত এখন দৰবাৰৰ আয়োজন কৰি তালৈ ৰজা আৰু অন্যান্য ৰাজকুমাৰসকলক নিমন্ত্রণ কৰিলে। দৰবাৰৰ গোপন উদ্দেশ্য আছিল টিকেন্দ্রজিতক বন্দী কৰা। এই গোপন উদ্দেশ্যৰ কথা জানি টিকেন্দ্রজিৎ দৰবাৰলৈ নগ’ল আৰু তাৰ ফলত দৰবাৰ অনুষ্ঠিত নহ’ল। তেতিয়া গ্রিমউড চাহাবে টিকেন্দ্রজিতক লগ পাবৰ বাবে টিকেন্দ্ৰজিতৰ বাসভৱনলৈ আহিল। তেওঁ টিকেন্দ্ৰজিতক ক’লে যে ভাৰত চৰকাৰে কুলচন্দ্ৰক মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিছে আৰু টিকেন্দ্ৰজিতক মণিপুৰৰ পৰা নিৰ্বাসন দিছে। ব্যক্তিগত বন্ধু হিচাপে গ্রিমউডে টিকেন্দ্রজিতক নির্বাসন দিয়া এই আদেশ ভালপোৱা নাই বুলি কৈ বৃটিছ চৰকাৰৰ চাকৰিয়াল হিচাপে তেওঁ ইয়াৰ বিপক্ষে যাব নোৱাৰি টিকেন্দ্রজিতক এই খবৰ দিবলৈ অহা বুলি ক’লে। তেতিয়া টিকেন্দ্রজিতে ওপৰত কোৱাৰ দৰে গ্রিমউডক কৈছিল। গ্রিমউড ভাৰত চৰকাৰৰ চাকৰ, সেয়ে তেওঁ ভাৰত চৰকাৰৰ হুকুম মানিবলৈ বাধ্য। কিন্তু টিকেন্দ্ৰজিৎ ভাৰত চৰকাৰৰ চাকৰ নহয়। সেয়ে এই অন্যায় আদেশ তেওঁ মানি ল’ব নোৱাৰে। কথাষাৰিৰ জৰিয়তে টিকেন্দ্রজিতৰ নিৰ্ভীক আৰু স্বাধীনচিতীয়া মনোভাবৰ পৰিচয় পোৱা যায়।

প্রশ্ন ৩৭। ‘যদি ৰজা হৈ থাকিব খোজা, ক্ষত্রিয় সন্তান বুলি নিজকে চিনাকি দিব খোজা, তেন্তে তৰোৱালৰ ঝনঝননি, বন্দুক-কামানৰ গুৰুম গুৰুম শব্দ উপভোগ কৰিবলৈ শিকা। — কোনে কাক কেতিয়া কি প্রসঙ্গত এই কথা কৈছিল? বহলাই লিখা। অথবা, বিলাস ভবনত টিকেন্দ্ৰজিতে সুৰচন্দ্ৰক কি কাৰণে সাৱধানবাণী শুনাইছিল ?

উত্তৰ ঃ মণিপুৰৰ ৰজা সুৰচন্দ্ৰই ৰাজপ্রাসাদত ৰাজনৰ্তকী মধুমঞ্জৰীৰ সৈতে বিলাস আনন্দত মত্ত হৈ থাকোতে সেনাপতি টিকেন্দ্ৰজিতে এই কথাষাৰ কৈছিল। ইংৰাজৰ ছত্ৰছায়াত ৰাজকার্য পৰিচালনা কৰা অকর্মণ্য ৰজা সুৰচন্দ্ৰই মণিপুৰৰ জনসাধাৰণৰ কথা চিন্তা নকৰি, মণিপুৰবাসীৰ দুখ-দুদৰ্শনা, আলৈ আহুকালৰ কোনো ভু নলৈ সদায় ৰং-ৰহইচত দিন যাপন কৰিছিল। সেয়ে দেশপ্ৰেমত উদ্বুদ্ধ টিকেন্দ্রজিতে ৰজাৰ বিলাসভৱনত সোমাই ৰাজনৰ্তকী মধুমঞ্জৰীক তাৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দি ৰজাক নিজৰ কৰ্তব্যৰ বিষয়ে সোঁৱৰাই দিবলৈ বুলি এনেদৰে কৈছিল। ৰজা সুৰচন্দ্ৰই যেতিয়া টিকেন্দ্রজিতে অনাহকতে নিন্দা কৰিছে বুলি ক’লে তেতিয়া টিকেন্দ্ৰজিতে ওপৰৰ কথাখিনিবে ৰজাৰ কর্তব্য সোঁৱৰাই দিছে। নর্তকীৰ নূপুৰৰ ৰুণ-জুনু শব্দই ৰজাৰ কাণ জুৰ পেলাব পাবে কিন্তু এনেদৰে বিলাসত মত্ত হৈ থাকি দেশ ৰক্ষা কৰিব নোৱাৰে। নিজকে ক্ষত্রিয় সন্তান বুলি পৰিচয় দিবলৈ হ’লে ৰজাই শক্তিৰে পৰিচয় দিব পাৰিব লাগিব, নূপুৰৰ ৰুণু-জুনু শব্দৰ পৰিবৰ্তে তৰোৱালৰ ঝনঝননি, বন্দুক কামানৰ গুলীৰ শব্দ উপভোগ কৰিবলৈ শিকিব লাগিব। ৰজাৰ শক্তিয়েই ৰজাৰ নিৰাপত্তা। 

প্রশ্ন ৩৮। ‘আৱশ্যক হ’লে ধুমুহাতকৈও ভয়ঙ্কৰ, বজ্ৰতকৈয়ো প্রলয়ঙ্কৰ হ’ব লাগিব।’

– কোনে কাক কেতিয়া কি প্রসঙ্গত এই কথাষাৰ কৈছে? বহলাই লিখা। 

উত্তৰ : টিকেন্দ্ৰজিৎ নাটকৰ ২য় অংকৰ ২য় দৃশ্যত কথাষাৰি ঠঙাল জেনেৰেলে যুৱৰাজ কুলচন্দ্ৰক কৈছিল। মণিপুৰৰ ৰজা সুৰচন্দ্ৰই বিদ্ৰোহৰ ভয়ত ৰাজসিংহাসন ত্যাগ কৰি পলাই যোৱাৰ পিছত মণিপুৰত থকা ইংৰাজ শাসনকর্তা গ্রিমউডে কুলচন্দ্ৰক মণিপুৰৰ ৰাজ্যভাৰ গতাই পত্ৰ-সন্দেশ দি পঠালে যুৱৰাজ কুলচন্দ্ৰই বজাৰূপে পদভাৰ গ্ৰহণ কৰাৰ আগতে ঠঙাল জেনেৰেলৰ আশীৰ্বাদ বিচাৰি যোৱাত ঠঙাল জেনেৰেলে যুৱৰাজক এনেদৰে কৈছিল।

ঠঙাল জেনেৰেলে আশীৰ্বাদ ভিক্ষা কৰা কুলচন্দ্ৰক আশ্বাস দি ক’লে যে কুলচন্দ্ৰই ঠঙালৰ আশীর্বাদ নিশ্চয় পাব। কিন্তু সুৰচন্দ্ৰৰ দৰে ভীৰু, অকর্মণ্য, পলায়নবাদী ৰজাৰ প্ৰতি ঠঙালৰ কোনো আশীৰ্বাদ নাই। বেপাৰী ইংৰাজক পুলিয়ে পোখাই উভালি সিহঁতক এই দেশৰ পৰা নির্মূল কৰাৰ সংকল্প যদি কুলচন্দ্ৰই ল’ব পাৰে আৰু প্ৰয়োজনীয় সময়ত যদি কুলচন্দ্ৰ ধুমুহাতকৈও ভয়ঙ্কৰ আৰু বজ্ৰতকৈও প্রলয়ঙ্কৰ হ’ব পাৰে তেনেহ’লে ৰজাৰ প্ৰতি ঠঙালৰ আশীৰ্বাদ সদায়েই থাকিব। 

প্রশ্ন ৩৯। ‘সিহঁতে আজি বুজিছে– মণিপুৰতো মানুহ আছে, টিকেন্দ্ৰজিতৰ তৰোৱালত ধাৰ আছে, গুলীত মৃত্যু আছে।’ – কোনে কি প্রসঙ্গত এই উক্তি কৰিছিল? এই উক্তিৰ আঁৰৰ কথাখিনি চমুকৈ লিখা।

উত্তৰঃ টিকেন্দ্রজিৎ নাটকৰ ৪র্থ অংকৰ ৪র্থ দৃশ্যত ৰজা কুলচন্দ্রক টিকেন্দ্রজিতে এই কথাষাৰ কৈছিল। যুদ্ধ জয়ৰ পিছত সেনাপতি টিকেন্দ্রজিতৰ পৰা ৰজাই যুদ্ধ জয়ৰ বিষয়ে জানিবলৈ ৰিচৰাত তেওঁ এই উক্তিৰে ইংৰাজসকলৰ মনোভাব পৰিবৰ্তনৰ ইঙ্গিত দিছে।

ৰজা কুলচন্দ্ৰক ৰজা হিচাপে মানি ল’বলৈ হ’লে ইংৰাজসকলে তিনিটা চৰ্ত আৰোপ কৰিছিল৷

তাৰেই তৃতীয়টো চৰ্তমতে টিকেন্দ্ৰজিতক মণিপুৰৰ পৰা নিৰ্বাসন দিয়াত কুলচন্দ্ৰই ইংৰাজক সহায় কৰিব লাগিব। ইংৰাজসকলে টিকেন্দ্রজিতক বন্দী কৰিবৰ বাবে এখন দৰবাৰৰ আয়োজন কৰিলে। কিন্তু টিকেন্দ্রজিতে সেই কথা গম পাই দৰবাৰত উপস্থিত নাথাকিল, ফলত দৰবাৰ অনুষ্ঠিত নহ’ল। তেতিয়া ইংৰাজে টিকেন্দ্রজিতৰ হাউলি আক্ৰমণ কৰি টিকেন্দ্ৰজিতক বন্দী কৰিবলৈ চেষ্টা কৰিলে৷ দুয়োপক্ষৰ মাজত প্ৰচণ্ড যুদ্ধ হ’ল। যুদ্ধত ইংৰাজসকল পৰাজিত হ’ল। সেই যুদ্ধ জয়ৰ আনন্দতে টিকেন্দ্রজিতে ওপৰৰ উক্তিটো কৰিছিল৷ 

প্রশ্ন ৪০। ইমানদিনে মই চেষ্টা কৰিও এই ব্রহ্মদৈত্যটো টিকেন্দ্ৰজিতৰ গাত জপাই দিব পৰা নাই।’ – কোনে কাক কি প্রসঙ্গত এই কথাষাৰ কৈছে? কথাষাৰত উল্লেখ থকা “ব্ৰহ্মদৈত্য টো কি? বুজাই লিখা।

উত্তৰ: টিকেন্দ্ৰজিৎ নাটকৰ ৩য় অংকৰ ৩য় দৃশ্যত ঠঙাল জেনেৰেলে মধুমঞ্জৰীৰ আগত এই কথাষাৰ কৈছিল।

মণিপুৰৰ পলিটিকেল এজেণ্ট গ্রিমউড চাহাব এবাৰ ছুটীত মণিপুৰৰ পৰা আঁতৰি থকাৰ সুযোগত ঠঙাল জেনেৰেলে মণিপুৰৰ ব্ৰহ্ম দপ্তৰৰ ভাৰ লৈছিল। কিন্তু গ্রিমউড ছুটীৰ পৰা আহি তেওঁক সেই কামৰ পৰা বৰ্খাস্ত কৰে। সেইদিন ধৰি ঠঙালৰ অন্তৰত বৃটিছৰ বিৰুদ্ধে এটা ক্ষোভ আৰু ক্ৰোধৰ জন্ম হয়। বৃটিছৰ বিৰুদ্ধে তেওঁৰ মনত বাহ লোৱা এই প্রচণ্ড ক্ষোভকেই ঠঙালে ব্রহ্মদৈত্য বুলি অভিহিত কৰিছে। ঠঙালৰ ইচ্ছা মণিপুৰৰ পৰা যেনে তেনে ইংৰাজক খেদিব লাগে। বৃটিছৰ লগত যুঁজ কৰি হ’লেও মণিপুৰক উদ্ধাৰ কৰাটোৱেই আছিল ঠঙালৰ জীৱনৰ লক্ষ্য। এইক্ষেত্ৰত তেওঁ সেনাপতি টিকেন্দ্ৰজিতৰ সহায় বিচাৰিছিল। সশস্ত্র সংগ্রামেৰে বৃটিছৰ আধিপত্য ওফৰাই পেলোৱাটোৱেই আছিল ঠঙালৰ উদ্দেশ্য। কিন্তু টিকেন্দ্রজিৎ তেনে উগ্রভাবাপন্ন নাছিল। টিকেন্দ্রজিতে কাৰ্যৰ আগ-পাছ গুণিহে আগবঢ়াৰ পক্ষপাতী আছিল। তেওঁ প্ৰথম অৱস্থাত বন্ধুভাৱেৰে বৃটিছৰ হাতৰ পৰা মণিপুৰ উদ্ধাৰ কৰিব পাৰি নেকি তাৰ চিন্তা কৰিছিল। টিকেন্দ্ৰজিৰ এনে মনোভাব দেখি। ঠঙাল জেনেৰেলে ওপৰত কোৱাৰ দৰে কৈছিল।

প্রশ্ন ৪১। ‘দেশৰ কাৰণে, জাতিৰ কাৰণে, নিজৰ ৰজাৰ কাৰণে এইদৰে ডিঙিত চিপজৰী ল’বলৈ পোৱাটো সৌভাগ্যৰ কথা। কোনে কেতিয়া কি প্রসঙ্গত এই উক্তি কৰিছিল। এই উক্তিৰ জৰিয়তে প্ৰকাশ পোৱা বক্তাৰ চৰিত্ৰৰ আভাস দিয়া। 

অথবা,

 ‘যদি মোক সঁচাকৈয়ে তোমালোকে বিচাৰিছা, মণিপুৰে বিচাৰিছে, তেন্তে, মই আকৌ আহিম, – আকৌ ডিঙিত চিপজৰী ল’ম।’— কথাষাৰ কোনে, কাক, কি প্ৰসংগত কৈছিল, বিৱৰি লিখা।

উত্তৰ ঃ টিকেন্দ্ৰজিৎ নাটকৰ ৫ম অংকৰ ৩য় দৃশ্যত ফাঁচী মঞ্চত উঠা সেনাপতি টিকেন্দ্ৰজিতৰ এয়া শেষ উক্তি। ফাঁচী মঞ্চত উঠাৰ পিছত জেল অধ্যক্ষই যেতিয়া টিকেন্দ্ৰজিতৰ কিবা ক’বলগা থাকিলে ক’ব পাৰে বুলি ক’লে তেতিয়া টিকেন্দ্ৰজিতে ইংৰাজসকলৰ অন্যায় আচৰণৰ কথা কোৱাৰ লগতে এই কথা কৈছিল।

টিকেন্দ্রজিতে স্পষ্টভাৱেই কৈছিল যে ইংৰাজসকলে তেওঁৰ প্ৰতি অনা অভিযোগবোৰ এটাও সত্য নহয়। টিকেন্দ্রজিং ৰাজদ্রোহী বা মণিপুৰদ্ৰোহী কেতিয়াও নহয়, তেওঁক অৱশ্যে বৃটিছসকলে ইংৰাজদ্ৰোহী বুলি ক’ব পাৰে। তেওঁ স্পষ্টভাৱেই ক’লে যে ইংৰাজ আইনমতে বিচাৰ কৰাৰ কোনো অধিকাৰ ইংৰাজসকলৰ নাই। অসমৰ চীফ কমিছনাৰ কুইণ্টন চাহাবে অপ্ৰৰোচিতভাৱে তেওঁৰ হাউলি আক্ৰমণ কৰিছিল, হাউলিত গুলীবৰ্ষণ কৰি জুই জুলাই দিছিল। তাৰেই প্ৰতিবাদত টিকেন্দ্ৰজিতে যিখিনি কৰিছিল সেয়া বৃটিছৰ বিপক্ষে তেওঁৰ আক্ৰমণ নাছিল, সেয়া আছিল আত্মৰক্ষাৰ উপায়হে। তাৰ উপৰি টিকেন্দ্ৰজিতৰ বিচাৰ আছিল একপক্ষীয়। এয়া আছিল বিচাৰৰ নামত এক ভেকোভাওনাহে। এই মৃত্যুত টিকেন্দ্রজিতৰ কোনো দুখ নাই, কোনো অনুতাপ নাই। দেশৰ কাৰণে, জাতিৰ কাৰণে, নিজৰ ৰজাৰ কাৰণে মৃত্যুক আহ্বান কৰি ডিঙিত চিপজৰী ল’বলৈ পোৱাটো তেওঁৰ বাবে এক সৌভাগ্যৰ কথাহে। এই উক্তিৰ জৰিয়তে টিকেন্দ্রজিতৰ দেশপ্রেম তথা স্বাধীনতাপ্রিয় মনটোৰ উমান পোৱা যায়।

প্রশ্ন ৪২। পিছে, তোমাৰ বাঘৰ লগত খেল শেষ হৈছে। এইবাৰ খেলিব লাগিব সিংহৰ লগত।’ – কোনে কাক কেতিয়া এই কথা কৈছিল, বুজাই লিখা। 

উত্তৰ ঃ টিকেন্দ্ৰজিৎ নাটকৰ তৃতীয় অংকৰ প্রথম দৃশ্যত কুলচন্দ্ৰ সিংহৰ ৰাজচ’ৰাত সেনাপতি টিকেন্দ্রজিতক উদ্দেশ্য কৰি ঠঙাল জেনেবেলে এনেদৰে কৈছিল। টিকেন্দ্রজিতে পূর্বে কৈৰেং উপাধি লাভ কৰিছিল। কৈৰেং শব্দৰ অৰ্থ ব্যাঘ্রবিজয়ী। এই মণিপুৰতে টিকেন্দ্ৰজিতে হাতত এপাট মাথোন অস্ত্ৰ লৈ ভয়ংকৰ ঢেকীয়াপতীয়া বাঘকো বধ কৰিছিল। সেই বাঘ বিজয়ৰ প্ৰসঙ্গ ঠঙাল জেনেৰেলে উদ্দেশ্যপূৰ্ণভাৱে উল্লেখ কৰিছে। মণিপুৰৰ স্বাধীনতা উদ্ধাৰৰ কামত টিকেন্দ্রজিতক নিয়োজিত কৰি ঠঙাল জেনেৰেলে বৃটিছ সিংহৰ বিৰুদ্ধে টিকেন্দ্ৰজিতক যুঁজ কৰাৰ বাবে সাজু হ’বলৈ কৈছে। বৃটিছক মণিপুৰৰ পৰা উৎখাত কৰিবলৈ যি যুঁজৰ প্ৰয়োজন হ’ব সেই যুঁজ বাঘৰ লগত হোৱা যুঁজতকৈ ভয়ঙ্কৰ। সেয়ে টিকেন্দ্ৰজিতক ঠঙাল জেনেৰেলে সোঁৱৰাই দিছে যে বাঘৰ লগত যুঁজ শেষ হৈছে, এতিয়া টিকেন্দ্ৰজিতে বৃটিছ সিংহৰ বিৰুদ্ধেহে যুঁজিব লাগিব।

প্রশ্ন ৪৩। ‘মই মানুহ নহওঁ আই। এই বুঢ়া এজন ৰাক্ষস। অন্তৰত মই এটা ব্ৰহ্মদৈত্য পুহিছোঁ।’ — কোনে কেতিয়া কি পৰিবেশত এই উক্তি কৰিছিল? নাটকখনিত বক্তাজনৰ ভূমিকা বর্ণনা কৰা৷ 

উত্তৰ ঃ টিকেন্দ্ৰজিৎ নাটকৰ ২য় অংকৰ ২য় দৃশ্যত ঠঙাল জেনেৰেলে মধুমঞ্জৰীক কৈছিল।

ৰজা সুৰচন্দ্ৰৰ পলায়নৰ পিছত মধুমঞ্জরী আশ্রয়হীন হৈ পৰিল। আশ্রয় বিচাৰি ঘূৰি ফুৰোতে তাই গোৰা চিপাহীৰ দ্বাৰা ধর্ষিতা হ’ল আৰু শেষত ঠঙাল জেনেৰেলৰ ওচৰত তাই আশ্রয় লাভ কৰিলে। ঠঙাল জেনেৰেলক মধুমঞ্জৰীয়ে শাপগ্রস্ত মণিপুৰৰ ত্ৰাণকৰ্তা বুলি অভিহিত কৰাত ঠঙাল জেনেৰেলে তেনেদৰে কৈছিল।

স্বাধীনতাকামী ঠঙাল জেনেৰেল বৃদ্ধ হৈ আহিছে। মণিপুৰক ত্রাণ কৰিব পৰা শক্তি ঠঙালৰ আজি নাই। কিন্তু বৃদ্ধ হৈছে যদিও, তেওঁৰ কঁকাল বয়সৰ ভৰত হালি গৈছে যদিও তেওঁ আকৌ এবাৰ মৃত্যুৰ আগতে প্ৰলয়াগ্নিৰ দৰে জ্বলি উঠিব খোজে। বিদেশী বগা বণিকে মণিপুৰত গোজেই গছ হৈ যোৱা দেখি ঠঙালৰ অন্তৰত অনবৰতে একুৰা জুই জুলি আছিল। ক্ৰোধ আৰু ক্ষোভত তেওঁ সেয়ে ঢেকীয়াপতীয়া বাঘতকৈও হিংস্ৰ হৈ উঠিছে। তেওঁৰ ইচ্ছা বিদেশীৰ বুকু ফালি ভীমে দুঃশাসনৰ ৰক্ত পান কৰাৰ দৰে যেন ৰক্ত পান কৰিব। তেওঁ যেন আৰু মানুহ হৈ থকা নাই, এজন ৰাক্ষসত পৰিণত হৈছে। মণিপুৰৰ হেৰোৱা স্বাধীনতা উদ্ধাৰ কৰাৰ এক দুৰ্বাৰ আকাংক্ষা তেওঁৰ এই উক্তিত ধৰা পৰিছে।

নাটকখনিত ঠঙাল জেনেৰেলৰ চৰিত্ৰৰ এক বিশেষ ভূমিকা আছে। স্বাধীনতা-পিয়াসী ঠঙালেই টিকেন্দ্ৰজিতক মণিপুৰৰ গৌৰৱ উদ্ধাৰৰ হকে আয়োজিত ৰণত নেতৃত্ব দিবলৈ টিকেন্দ্রজিতক অনুপ্রাণিত কৰিছে। পিছে তেওঁৰ স্বাধীনতা স্পৃহা প্ৰবল যদিও তেওঁৰ কাৰ্যকলাপত দূৰদৰ্শিতা লক্ষ্য কৰা নাযায়। সন্ধি কৰিবলৈ অহা ইংৰাজ বিষয়াসকলক টিকেন্দ্ৰজিতে এদিনৰ সময় দি ৰাজচ’ৰা ত্যাগ কৰিবলৈ দিছিল যদিও ঠঙালে সেই বিষয়াকেইজনক হত্যা কৰিলে। তাৰ ফলস্বৰূপেই টিকেন্দ্রজিৎ আৰু ঠঙাল জেনেৰেল ফাঁটীকাঠত উঠিব লগা হ’ল।

প্রশ্ন ৪৪। ‘মণিপুৰৰ ভৱিষ্যৎ কোনে ক’ব পাৰে পোহৰ নে আন্ধাৰ?’ – বক্তাগৰাকীৰ পৰিচয়সহ তেনে উক্তিৰ কাৰণ কি বুজাই লিখা। অথবা, আগুঁছা কোৱৰৰ সম্ভাব্য আক্ৰমণৰ পৰা মধুমঞ্জুৰীয়ে মণিপুৰৰ ৰাজভৱন কিদৰে ৰক্ষা কৰিছিল?

 উত্তৰ ঃ টিকেন্দ্ৰজিৎ নাটকৰ ১ম অংকৰ ৩য় দৃশ্যৰ সমাপ্তিত এইটো মধুমঞ্জৰীৰ উক্তি। মধুমঞ্জৰী আছিল বিলাসী ৰজা সুৰচন্দ্ৰৰ ৰাজসভাৰ নৰ্তকী। এদিন বিলাসপ্ৰিয় আৰু নৰ্তকীৰ নৃত্যত মছগুল হৈ থকা ৰজাক সেনাপতি টিকেন্দ্রজিতে সাৱধানবাণী শুনাই থৈ গ’ল। টিকেন্দ্ৰজিত আঁতৰি যোৱাৰ পিছত ৰাজনৰ্তকী মধুমঞ্জৰীয়ে মণিপুৰৰ আঠজন ৰাজভ্ৰাতাৰ মাজত হোৱা গৃহবিপ্লৱৰ কথা ৰজাৰ আগত উল্লেখ কৰাৰ পিছতেই চাৰিজাই গুলীৰ শব্দ হ’ল। বিদ্ৰোহ আৰম্ভ হ’লেই বুলি ৰজা সুৰচন্দ্ৰ তাৰ পৰা পলাই যোৱাত হাতত বন্দুক লৈ সোমাই অহা আগুচা কোঁৱৰৰ মুখামুখি হ’ল মধুমঞ্জৰী। আগুচাই কাপুৰুষ ৰজা কেনি পলাল সেই কথা মধুমঞ্জৰীৰ পৰা জানিব বিচাৰিলে। তেওঁ ৰজাক হত্যা কৰি মণিপুৰৰ ৰাজপাটত এজন নতুন ৰজা প্ৰতিষ্ঠাৰ বাবে আহিছিল। পিছে মধুমঞ্জৰীয়ে আগুচাক তেওঁ কৰিবলৈ অহা কামৰ পৰিণামৰ কথা সোঁৱৰাই দিয়াত আগ-পিছ নাভাবি হঠাতে ৰাজপ্রাসাদত প্ৰৱেশ কৰা আওচা কোঁৱৰ লৰালৰিকৈ তাৰ পৰা পলাই গ’ল। তেতিয়া মধুমঞ্জৰীৰ মুখত নাট্যকাৰে এই উক্তি দিছে। উক্তিটোৰ জৰিয়তে মণিপুৰৰ ভৱিষ্যৎ ফট্‌ফটীয়াকৈ ওলাই পৰিছে। সাধাৰণ বন্দুকৰ গুলীৰ শব্দ শুনিয়েই মণিপুৰৰ ৰজা পলাই গৈছে, অপৰিণামদর্শী আৱেগপ্ররণ ৰাজভ্ৰাতৃসকলেই ৰাজপ্রাসাদত প্ৰৱেশ কৰিছে। এনেবোৰ কাৰ্যই আচলতে মণিপুৰৰ আন্ধাৰ ভৱিষ্যতটোৰ কথাকে নির্দেশ কৰিছে।

প্রশ্ন ৪৫। চন্দ্রলেখা কোন? নাটকৰ শেষ দৃশ্যত তেওঁৰ ভূমিকা কি আছিল?

উত্তৰ ঃ চন্দ্ৰলেখা মণিপুৰৰ বীৰ সেনাপতি টিকেন্দ্ৰজিতৰ পতিব্ৰতা সুগৃহিণী পত্নী। নাটকৰ শেষ দৃশ্যত স্বামী টিকেন্দ্রজিৎ আৰু ঠঙাল জেনেৰেলৰ ফঁাচী মঞ্চত উঠাৰ সময়ত চন্দ্ৰলেখাৰ ভূমিকা যেনে কৰুণতম হ’ব লাগিছিল সেয়া অকণো হোৱা নাই। মাথোন ফাঁচী মঞ্চত উঠিবলৈ যোৱা স্বামী টিকেন্দ্ৰজিতক এধাৰী তুলসীৰ মালা আৰু চন্দনৰ ফোঁট পিন্ধাই দি সাধাৰণভাৱে কান্দি কান্দি বিদায় দিছে। এই দৃশ্যটিত পতিব্ৰতা নাৰী হিচাপে স্বামীৰ মৃত্যুৰ আগমুহূৰ্তত চন্দ্ৰলেখাৰ ভূমিকা নাট্যকাৰে আৰু মৰ্মস্পৰ্শী কৰি তুলিব পাৰিলেহেঁতেন।

প্রশ্ন ৪৬। ‘টিকেন্দ্রজিৎ’ নাটকখনৰ মূল কাৰ্যৰ গুৰি কোনটো চৰিত্ৰই ধৰিছে বুলি ভাবা ?

উত্তৰঃ ‘টিকেন্দ্ৰজিৎ’ নাটকখনৰ মূল কাৰ্যৰ গুৰি ধৰিছে টিকেন্দ্ৰজিৎ চবিত্রই। ‘টিকেন্দ্রজিৎ নাটকখনত অন্যতম প্রধান চৰিত্ৰ ঠঙাল জেনেৰেল নাটকৰ আৰম্ভণিৰে পৰা শেষলৈকে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে যদিও নাটকীয় ঘটনা আৰু কাহিনী আগবাঢ়িছে টিকেন্দ্ৰজিৎ চৰিত্ৰটিক লৈহে। এই চৰিত্ৰটিৰ কাৰ্যাৱলীৰ গুৰুত্বলৈ লক্ষ্য ৰাখিয়েই আনকি নাট্যকাৰে নাটকখনৰ নামকৰণো কৰিছে ‘টিকেন্দ্ৰজিৎ’৷ গতিকে নাটকখনৰ মূল কাৰ্যৰ গুৰি ধৰোঁতা চৰিত্ৰ হ’ল টিকেন্দ্ৰজিৎ।

প্রশ্ন ৪৭। বিলাসভৱনত টিকেন্দ্ৰজিতে সুৰচন্দ্ৰক কি কাৰণে সাৱধান বাণী শুনাইছিল?

উত্তৰ : সুৰচন্দ্ৰ আছিল সেই সময়ত মণিপুৰৰ ৰজা৷ ৰজা হিচাপে তেওঁৰ গধুৰ দায়িত্ব হ’ল মণিপুৰৰ সিংহাসন স্বাধীনভাৱে ৰক্ষা কৰাটো, মণিপুৰবাসীৰ জীৱন-মৰণৰ সমস্যাবোৰ সমাধান কৰাটো, মণিপুৰৰ গৌৰৱময় স্বাধীন অস্তিত্ব ৰক্ষা কৰাটো। কিন্তু সুৰা সকলোবোৰলৈ আওকাণ কৰি বেপাৰী ইংৰাজৰ গাত আউজি মাথোন পুতলা ৰজা হৈ দেশ শাসন কৰি মধুমঞ্জৰী নামৰ গাভৰু নৰ্তকী এজনীৰ লগত বিলাসভৱনত নাচ-গানত মত্ত হৈ আছিল। সেই কাৰণেই স্বাধীনচেতা বীৰ ভাতৃ টিকেন্দ্ৰজিতে সুৰচন্দ্ৰক সাৱধান বাণী শুনাইছিল। 

প্রশ্ন ৪৮। ‘তাঁতৰ শালত কোন সেইজনী ? দেৱী নে অপেশ্বৰী?– কোনে, কাক উদ্দেশ্য কৰি এই উক্তি কৰিছিল ? 

 উত্তৰ ঃ টিকেন্দ্ৰজিতৰ কাৰেঙত তেওঁৰ পত্নী চন্দ্ৰলেখাই তাঁতৰ শালত বহি খট্‌খট্ মাকো চলাই কাপোৰ বৈ থাকোঁতে টিকেন্দ্ৰজিতে কাৰেঙ প্ৰৱেশ কৰি সুন্দৰী পত্নী চন্দ্ৰলেখাক ৰগৰ কৰি এই উক্তি কৰিছিল।

প্রশ্ন ৪৯। ‘সাপত বিশ্বাস নাই, বাঘত বিশ্বাস নাই, বগা বণিকত বিশ্বাস নাই।’— কোনে কি প্ৰসংগত এনেদৰে কৈছে, বুজাই লিখা। 

উত্তৰ ঃ উল্লিখিত উক্তিটো ‘টিকেন্দ্ৰজিৎ’ নাটকৰ তৃতীয় অংকৰ তৃতীয় দৃশ্যত ঠঙাল জেনেৰেলে পালিতা কন্যা মধুমঞ্জৰীক কৈছে।

বৃটিছসকলৰ বিৰুদ্ধে ঠঙাল জেনেৰেলৰ অন্তৰত আছিল প্রচণ্ড ক্ষোভ আৰু ক্ৰোধ ৷ ঠঙালৰ ইচ্ছা মণিপুৰৰ পৰা যেনে তেনে ইংৰাজক খেদোৱা। এইটোৱেই আছিল তেওঁৰ জীৱনৰ লক্ষ্য। সশস্ত্র সংগ্রামেৰে বৃটিছৰ আধিপত্য ওফৰাই পেলোৱাটোৱেই আছিল ঠঙালৰ উদ্দেশ্য। এইক্ষেত্ৰত তেওঁ সেনাপতি টিকেন্দ্রজিতৰ সহায় বিচাৰিছিল। মধুমঞ্জৰীয়ে ঠঙালক যেতিয়া সোঁৱৰাই দিলে যে টিকেন্দ্ৰজিতৰ লগত ইংৰাজ এজেণ্টজনৰ ভাল সম্পর্ক, সেয়ে হয়তো ইংৰাজে টিকেন্দ্ৰজিতক অপকাৰ নকৰিব, তেতিয়া ঠঙালে ওপৰত কোৱাৰ দৰে কৈছিল। সাপ বা বাঘৰ দৰে হিংস্র জন্তুক যেনেকৈ বিশ্বাস কৰিব পৰা নাযায়, তেনেদৰে বগা বণিক ইংৰাজসকলকো বিশ্বাসত ল’ব পৰা নাযায়।

প্রশ্ন ৫০। তাঁতৰ শালত কোন সেইজনী ? দেৱী নে অপেশ্বৰী?’— এই সংলাপটিৰ বক্তা কোন? বক্তাই কাক উদ্দেশ্য কৰি এনেদৰে কৈছে? দুয়োৰে মাজৰ সম্পর্ক কি?

উত্তৰ : এই সংলাপটিৰ বক্তা টিকেন্দ্রজিৎ। টিকেন্দ্রজিতে চন্দ্রলেখাক উদ্দেশ্য কৰি এনেদৰে কৈছে। টিকেন্দ্ৰজিৎ আৰু চন্দ্ৰলেখাৰ মাজৰ সম্পৰ্ক হ’ল স্বামী-স্ত্রী। 

প্রশ্ন ৫১৷ ৰজা সুৰচন্দ্ৰৰ চৰিত্ৰটোৱে টিকেন্দ্ৰজিৎ নাটকত কেনে ধৰণৰ ভূমিকা গ্রহণ কৰিছে, বুজাই লিখা। 

উত্তৰঃ টিকেন্দ্ৰজিৎ নাটকত ৰজা সুৰচন্দ্ৰক নাট্যকাৰে এজন বিলাসী, অলস আৰু বৃটিছৰ ছত্ৰছায়াত ৰাজত্ব কৰা ৰজা হিচাপে অংকন কৰিছে। তেওঁ আছিল সম্পূর্ণ বিলাসপ্রিয়। ৰাজ কর্তব্যলৈ পিঠি দি তেওঁ নর্তকীৰ নাচ-গানৰ জৰিয়তে এটি অলস জীৱন যাপন কৰিছিল। সৰ্বসাধাৰণ প্ৰজাৰ দুখ-দুর্গতিয়ে ৰজা সুৰ চন্দ্ৰৰ অন্তৰ স্পৰ্শ কৰিব পৰা নাছিল। বিলাস-বৈভৱত দিন কটোৱাৰ বাবেই ৰজা সুৰচন্দ্ৰক টিকেন্দ্ৰজিতে ককৰ্থনা কৰি সাৱধান বাণী শুনাইছিল। টিকেন্দ্রজিতে ৰজাক সোঁৱৰাই দিছিল যে এনেদৰে বিলাসপূর্ণ জীৱন অতিবাহিত কৰিলে আৰু ফিৰিঙী ইংৰাজক তোষণ কৰি ৰাজ্য শাসন কৰিলে মণিপুৰৰ ভৱিষ্যৎ অন্ধকাৰ হ’ব। এই সাৱধান বাণীক কিন্তু সুৰচন্দ্ৰই অকণো কাণ কৰা নাছিল।

ৰজা সুৰচন্দ্ৰক নাটকখনিত সম্পূর্ণ অকর্মণ্য ৰজা হিচাপে অংকন কৰিছে। নাটকখনিত তেওঁৰ ভূমিকা একেবাৰে দুৰ্বল। সাহসেৰে, বাজোচিত গাম্ভীৰ্য আৰু মৰ্যাদাৰে তেওঁ সমস্যাৰ মুখামুখি হ’বলৈ অসমৰ্থ হৈছিল। অনেকবাৰ সাৱধান কৰি দিয়া সত্ত্বেও তেওঁ ৰাজ কৰ্তব্যৰ প্রতি পিঠি দি নর্তকীৰ নাচ-গানত মছগুল হৈ অলস আৰু বিলাসী জীৱন কটোৱাত ভাতৃসকল তেওঁৰ বিদ্রোহী হৈ উঠিছিল। সকলো কথাতে দুৰ্বল আৰু ভীৰু চৰিত্ৰৰ পৰিচয় দিয়া সুৰচন্দ্ৰই আগুচা কোৱৰৰ বন্দুকৰ গুলীৰ শব্দ শুনিয়েই সাহসেৰে তাৰ মুখামুখি নহৈ পিছ দুৱাৰেৰে পলাই পত্ৰং দিছিল। পিছত বিদ্ৰোহৰ ভয়ত ৰাজসিংহাসন ত্যাগ কৰি পলাই গৈ শ্বিলং আৰু কলিকতাত বৃটিছ বিষয়াক লগ ধৰি সিংহাসন লাভৰ চেষ্টা কৰিছিল যদিও তেওঁ আৰু সিংহাসন লাভ কৰিব নোৱাৰিলে। আগুচা কোৱৰৰ হাততেই তেওঁৰ মৃত্যু হৈছিল। এজন ৰজা হ’লেও নাটকখনত সুৰচন্দ্ৰৰ ভূমিকা এনে দুৰ্বল আৰু নিষ্প্রভ আছিল।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। অতুল চন্দ্ৰ হাজৰিকাক অসম সাহিত্য সভাৰ কি শ্রেষ্ঠ সন্মানেৰে সন্মানিত কৰা হৈছিল?

উত্তৰ : ‘সাহিত্যাচাৰ্য’ উপাধি প্রদানেৰে।

২। ‘টিকেন্দ্রজিৎ’ নাটকখনৰ আধাৰ গ্ৰন্থ কি?

উত্তৰ : অধ্যাপক জ্যোতির্ময় ৰায় ৰচিত ‘The History of Manipur’ নামৰ গ্ৰন্থখনি।

প্রশ্ন ৩। ভাৰতৰ প্রথম স্বাধীনতা সংগ্রাম কোন চনত হৈছিল?

উত্তৰ : ১৮৫৭ চনত।

প্রশ্ন ৪। মণিপুৰৰ স্নায়ুকেন্দ্র কাক বোলা হৈছে?

উত্তৰ:- লোগটাক হৃদক।

প্রশ্ন ৫। নগাকোৱৰ কাক বোলা হৈছিল?

উত্তৰ ঃ টিকেন্দ্ৰজিতৰ উপৰিপুৰুষ গৰিব নেৱাজক বোলা হৈছিল।

প্রশ্ন ৬। কে-চি-এছ-আই উপাধি কোনে কাক দিছিল? 

উত্তৰ : ভাৰত সাম্রাজ্ঞী মহাৰাণী ভিক্টোৰিয়াই মণিপুৰৰ ৰজা চন্দ্ৰকীর্তি সিংহক দিছিল।

প্রশ্ন ৭। ‘আঠজন ৰাজভ্রাতাৰ ভিতৰত একমাত্ৰ সিংহৰ পোৱালি তুমি।’ কথাষাৰি কোনে কাক কৈছিল?

উত্তৰ ঃ ঠঙাল জেনেৰেলে মণিপুৰ ৰাজকোঁৱৰ তথা সেনাপতি টিকেন্দ্রজিতক কৈছিল।

প্রশ্ন ৮। অর্জুনক মণিপুৰত শৰেৰে হানি কোনে ধৰাশায়ী কৰিছিল?

উত্তৰ : অর্জুন-চিত্রাঙ্গদাৰ পুত্ৰ মহাবীৰ বব্ৰুবাহনে।

প্রশ্ন ৯। ব্যাঘ্ৰবিজয়ী বা কৈৰেং উপাধি কাক আৰু কিয় দিয়া হৈছিল? 

উত্তৰ ঃ এপাট মাথোঁ অস্ত্ৰ লৈ ভয়ংকৰ ঢেকীয়াপতীয়া বাঘ এটাক আঘাত কবি মাটিত বগৰাই পেলোৱাৰ কাৰণে মণিপুৰৰ বীৰ টিকেন্দ্রজিতক এই উপাধি দিয়া হৈছিল।

‘প্রশ্ন ১০। ‘বাওনা হৈ মই আজি আকাশৰ জোনটো হাত মেলি ঢুকি পাইছোঁ। —কথাষাৰি কোনে কাক কৈছিল?

উত্তৰ : ৰাজনৰ্তকী মধুমঞ্জৰীয়ে মণিপুৰৰ ৰজা সুৰচন্দ্ৰক কৈছিল।

প্রশ্ন ১১। মণিপুৰৰ সৰ্বশ্ৰেষ্ঠ সুন্দৰীগৰাকীৰ নাম কি আছিল? 

উত্তৰ ঃ মাইপাক্ৰী।

প্রশ্ন ১২। ‘তাঁতৰ শালত কোন সেইজনী ? দেৱী নে অপেম্বৰী?’ – কোনে কাক এনেকৈ কৈছিল?

উত্তৰ ঃ মণিপুৰৰ সেনাপতি টিকেন্দ্ৰজিতে তেওঁৰ পত্নী চন্দ্ৰলেখাক কৈছিল।

প্রশ্ন ১৩। ঠঙাল জেনেৰেল আৰু টিকেন্দ্ৰজিতৰ শেষ পৰিণতি কি হ’ল? 

উত্তৰ : ইংৰাজ ৰাজবিষয়াসকলে তেওঁলোক দুয়োকে ফাঁচী দিলে।

প্রশ্ন ১৪। মধুমঞ্জৰী ৰজা সুৰচন্দ্ৰৰ কি আছিল?

উত্তৰ : ৰাজনৰ্তকী আৰু প্ৰেমিকা।

প্রশ্ন ১৫। ৰসিকলাল কুণ্ডু কোন?

উত্তৰ : ইংৰাজ এজেণ্টৰ বৰ কেৰাণী। 

প্রশ্ন ১৬। দুঃশাসনৰ বুকুৰ তেজ কোনে পান কৰিছিল?

উত্তৰ : দ্বিতীয় পাণ্ডৱ ভীমে।

প্রশ্ন ১৭। ‘টিকেন্দ্রজিৎ’ নাটকৰ কাহিনীভাগ ক’ৰ পৰা লোৱা হৈছে?

উত্তৰ : অধ্যাপক জ্যোতির্ময় ৰায় ৰচিত ‘দি হিষ্টৰী অব্ মণিপুৰ’ নামৰ গ্ৰন্থখনিৰ পৰা।

প্রশ্ন ১৮। ‘টিকেন্দ্রজিৎ’ নাটকৰ নাট্যকাৰ কোন? 

উত্তৰঃ অতুল চন্দ্ৰ হাজৰিকা।

প্রশ্ন ১৯। ‘তোকনো আদা বেপাৰীক এইবোৰ জাহাজৰ খবৰ কেলেই অ’।’

– কোনে, কাক এইদৰে কৈছিল?

উত্তৰঃ ৰঘুনন্দন ওস্তাদে ভম্বল সিঙক কৈছিল।

প্রশ্ন ২০। “আকাশৰ তৰাৰ লগত পিতনিৰ তৰাৰ ৰিজানি নহয় পিতা। মানৱীয় মোৰ গাত গোসানীৰ শক্তি সম্ভৱ নহয়।’ – কোনে, কাক পিতা বুলি সম্বোধন কৰিছে? কাৰ গাত গোসাঁনীৰ শক্তি সম্ভৱ নহয় বুলি কোৱা হৈছে?

উত্তৰ ঃ মধুমঞ্জুৰীয়ে ঠঙাল জেনেৰেলক পিতা বুলি সম্বোধন কৰিছে। মধুমঞ্জুৰীৰ গাত গোসানীৰ শক্তি সম্ভৱ নহয় বুলি কোৱা হৈছে।

প্রশ্ন ২১। টিকেন্দ্রজিৎ নাটখন প্রথম কিমান চনত মঞ্চস্থ হৈছিল ? 

উত্তর : ১৯৫৯ চনত।

প্রশ্ন ২২। লোটাক হ্ৰদটো ক’ত অৱস্থিত?

উত্তৰ: মণিপুৰত অৱস্থিত।

প্রশ্ন ২৩। “চিপাহী বিদ্রোহ’ কিমান চনত সংঘটিত হৈছিল ? 

উত্তৰ : ১৮৫৭ চনত সংঘটিত হৈছিল।

প্রশ্ন ২৪। টিকেন্দ্রজিৎ নাটকত থকা ওস্তাদ চৰিত্ৰটিৰ প্রকৃত নাম কি?

উত্তৰ: ৰঘুনন্দন সিং।

প্রশ্ন ২৫। “টিকেন্দ্রজিৎ’ কোন শ্রেণীৰ নাটক 

উত্তৰ: বুৰঞ্জীমূলক নাটক।

প্রশ্ন ১৩। ঠঙাল জেনেৰেলে কাক তোলনীয়া কন্যা হিচাপে গ্ৰহণ কৰিছিল?

উত্তৰ: মধুমঞ্জুৰীক।

This Post Has 3 Comments

Leave a Reply