HS First Year Advance Assamese Chapter-16 অসমীয়া সাহিত্যৰ বুৰঞ্জী

HS First Year Advance Assamese Chapter-16 অসমীয়া সাহিত্যৰ বুৰঞ্জী। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Advance Assamese Chapter-16 অসমীয়া সাহিত্যৰ বুৰঞ্জী AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

Hs First Year Question Answer (Assamese Medium)

ইংৰাজী (English)Click Here
অসমীয়া Click Here
हिन्दीClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
তৰ্কবিদ্যা আৰু দর্শন (Logic & Philosophy)Click Here
পৰিৱেশ শিক্ষা ( Environmental Studies)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
সমাজতত্ত্ব (sociology)Click Here
অৰ্থনীতি (Economy)Click Here
ৰাজনীতি (Political Science)Click Here
ভূগোল (Geography)Click Here

HS First Year Advance Assamese Chapter-16 অসমীয়া সাহিত্যৰ বুৰঞ্জী

পাঠভিত্তিক প্রশ্নোত্তৰ

অসমীয়া সাহিত্যৰ বুৰঞ্জী

(১৮৪৬ চনৰ পৰা ১৮৮৮ চনলৈকে) কেৱল কবিতা আৰু নাটকৰ সাধাৰণ পৰিচয়

প্রশ্ন ১। ১৮৪৬ খ্রীষ্টাব্দৰ পৰা ১৮৮৮ খ্ৰীষ্টাব্দলৈ অসমীয়া কবিতা আৰু কাব্য সাহিত্যৰ এটি সাধাৰণ পৰিচয় দাঙি ধৰা।

উত্তৰ : শিৱসাগৰৰ মিছনাৰী প্ৰেছৰ পৰা ইং ১৮৪৬ চনত ‘অৰুনোদই’ মাহেকীয়া আলোচনী প্রকাশ হয়। এইখনেই অসমীয়া ভাষাৰ প্রথম আলোচনী তথা বাতৰিকাকত। ড° নাথান ব্রাউনকে ধৰি কেইবাজনো খ্ৰীষ্টানধর্মী মিছনাৰী সদস্যই এই কাকতখনি ১৮৪৬ চনৰ পৰা ১৮৬৭ চনলৈ নিয়মিতভাৱে আৰু তাৰ পিছত এৰা ধৰাকৈ ১৮৮০ চনলৈ প্ৰকাশ কৰি উলিয়ায়। ‘অৰুনোদই’ কাকতৰ বাহিৰেও ‘অৰুনোদই’ কাকতক অনুসৰণ কৰি ইং ১৮৮৮ চনলৈ এই সুদীর্ঘ কালছোৱাত আউনীআটিৰ সত্ৰাধিকাৰ দত্তদের গোস্বামীৰ ‘আসাম বিলাসিনী’ (১৮৭১ ৮৩), হেমচন্দ্ৰ বৰুৱাৰ ‘আসাম নিউছ’ (১৮৮২-৮৫), গুণাভিৰাম বৰুৱাৰ ‘আসাম বন্ধু’ (১৮৮৫ ৮৬), বলিনাৰায়ণ বৰাৰ ‘মৌ’ (১৮৮৬), কৰুণাভিৰাম বৰুৱাৰ শিশু আলোচনী ‘ল’ৰা বন্ধু’ (১৮৮৮) আৰু তদুপৰি ‘আসাম মিহিৰ’ (১৮৭২-৭৩), ‘আসাম-দর্পণ’ (১৮৭৪-৭৫) আদি কেইবাখনো অসমীয়া আলোচনী, বাতৰিকাকত প্রকাশ পায়। এই আটাইবোৰ কাকততে বিভিন্ন দেশৰ প্ৰসিদ্ধ ঐতিহাসিক ঘটনাৰ পৰিচয়, বাইবেলৰ কাহিনীৰ অনুবাদ, ধৰ্মৰ কথা, প্রকৃতি অধ্যয়ন, নৈতিক শিক্ষা, হিন্দুস্থানৰ বিৱৰণ, পুৰণি অসম বুৰঞ্জী, অসমত সেই সময়ত ঘটা কিছুমান ঘটনা আৰু সামাজিক কথা, চুটি সাধু, জীৱনী, সাময়িক সংবাদ, ভূগোল বিষয়ক ৰচনা, বৈজ্ঞানিক আৱিষ্কাৰ, জনজাতি কিছুমানৰ বিৱৰণ, স্তুতি গীত, কবিতা, বর্ণনাত্মক কবিতা, নাটক আদি বিবিধ বিষয়ৰ লেখনি প্ৰকাশ পাইছিল। ইয়াৰ জৰিয়তেই অসমীয়া ভাষা-সাহিত্যত পশ্চিমীয়া সাহিত্য-ভাবধাৰাৰ প্ৰকাশ ঘটি অসমীয়া সাহিত্যই আধুনিক স্তৰলৈ গতি কৰে আৰু অসমীয়া লেখক-সাহিত্যিকৰ সৃষ্টি হ’বলৈ ধৰে। আমাৰ আলোচ্য বিষয় এই সময়ছোৱাত অসমীয়া কবিতা আৰু কাব্য সাহিত্যয়ো এই কাকতসমূহৰ জৰিয়তে বিশেষভাৱে অগ্রগতি লাভ কৰিছিল।

ড° নাথান ব্ৰাউনে ১৮৫৪ চনত আৰু তাৰ পিছতো ড° মাইল্‌ছ ব্ৰন্সনে কিছুমান স্তুতিমূলক কবিতা ভাঙনি কৰি ‘অৰুনোদই’ কাকতত প্ৰকাশ কৰাইছিল। এই কবিতাসমূহ ঘাইকৈ ধৰ্মীয় স্তুতিমূলক গীত।

নিধিলিবাই ফাৰৱেল বা নিধিৰাম ফাৰৱেলেও নামঘোষা, কীৰ্ত্তন ঘোষাৰ ছন্দৰ আৰ্হিত কিছুমান পদ্য ৰচনা কৰি ‘অৰুনোদই’ কাকতত প্ৰকাশ কৰিছিল৷ এইবোৰ সাধাৰণতে বর্ণনাত্মত কবিতা আছিল। ইয়াৰ উপৰি ‘বিনই বচন’, ‘প্রভু যিশুখ্ৰীষ্টৰ অৱতাৰ বিৱৰণ’, ‘নিস্তাৰৰ উপাই’ আদি কবিতাবোৰো পুৰণি বৈষ্ণৱ কবিতাৰ ঠাচত লিখি ‘অকনোদই’ত প্ৰকাশ কৰিছিল। আধুনিক অসমীয়া কবিতাৰ দুৰ্বল আৰম্ভণি ফাৰৱেলেই কৰে বুলি ক’ব পাৰি। সেই সময়ত প্ৰকাশ পোৱা ‘ধৰ্মৰ গীত’ নামৰ গ্ৰন্থখনিত ৩৯ জন ধৰ্মৰ গীত ৰচকৰ নাম পোৱা যায়।

আনন্দৰাম ঢেকিয়াল ফুকনে (১৮২৯-৫৯) ১৮৪৬ চনৰ পৰাই ‘অৰুনোদই’ কাকতত বিভিন্ন বিষয়ৰ ওপৰত লিখিবলৈ লয়। অন্যান্য লিখনিৰ বাহিৰেও তেওঁ ডেডিডৰ গীত এভাগ, ২১০ টা গীতেৰে ‘পরিত্র গীতাৱলী’ লিখি প্ৰকাশ কৰে। ১৮৫৫ চনত ফুকনে ইংৰাজীতে লিখি উলিওৱা ‘A Few Remarks on Assamese Language’ নামৰ গ্ৰন্থত ৬২ খন পদপুথি আৰু ৪০ খন নাটকৰ কথা উল্লেখ আছে।

দুতিৰাম হাজৰিকাই প্রাচীন কাব্যৰীতিত ১৮৬২ চনত ‘কলি ভাৰত’ নামৰ গ্ৰন্থ এখনি লিখি প্ৰকাশ কৰিছিল। ৰমাকান্ত চৌধুৰী (১৮৪৬-৮৯)-য়ে পশ্চিমীয়া কবিতাৰ ৰীতিত অমিত্রাক্ষৰ ছন্দত ১৮৭৫ চনত ‘অভিমন্য বধ’ কাব্য ৰচনা কৰি প্ৰকাশ কৰি অসমীয়া কবিতাত নতুন ৰীতিৰ সূচনা কৰে।

ভোলানাথ দাস (১৮৫৮-১929)  অন্য এগৰাকী কবি-সাহিত্যিক, যিয়ে অসমীয়া কাব্য সাহিত্যলৈ আগবঢ়োৱা বৰঙণিত দুটা ঘাই বৈশিষ্ট্য দেখা যায়। সেই দুটা হ’ল অমিত্রাক্ষৰ ছন্দৰ প্ৰৱৰ্তন আৰু সৰলভাৱে ‘লিৰিক অর্থাৎ গীতি কবিতাৰ প্ৰচলন অমিত্রাক্ষৰ ছন্দত লিখা তেওঁৰ ‘সীতাহৰণ কাব্য’ ১৮৭১ চনত ‘আসাম বিলাসিনী’ কাকতত প্ৰকাশ পায়। দুটা খণ্ডত তেওঁৰ খণ্ড কবিতাৰ পুথি ‘কবিতা মালা’ ১৮৮২ চনত আৰু ১৮৮৩ চনত ‘চিন্তা তৰঙ্গিনী’ ৩য় আৰু চতুৰ্থ খণ্ড ১৮৮৪-৮৫ চনত প্ৰকাশ পায়। ‘চিন্তা ৰঙ্গিনী’ৰ ‘মেঘ’, ‘মধুহাঁসি’, ‘কিয়নো নাজাগে আমাৰ মন’ আদি কবিতাত আধুনিক গীতি-কবিতাৰ নিখুঁত ৰূপ স্পষ্ট। কবিতাত মনোৰম বৰ্ণনা-চাতুৰ্য আৰু ছন্দৰ নব্য প্ৰয়োগৰ বাবে এওঁৰ স্থান অসমীয়া কাব্য-বুৰঞ্জীত স্থায়ী হৈ ৰ’ল। ‘সুভদ্ৰা হৰণ’ নামৰ পাঁচশমান শাৰীৰ এখনি কাব্য আৰু গদ্য-পদ্য মিহলি ‘প্রসংগমালা’ নামৰ আন এখনি গ্রন্থ তেওঁৰ অপ্ৰকাশিত হৈ ৰ’ল। বলদেৱ মহন্তৰ (১৮৫০-৯৫) ‘উজুপাঠ’ (১৮৭৪) এখনি সুখপাঠ্য কবিতাৰ পুথি। এওঁৰ সাৱলীল ছন্দ, ছন্দৰ সৌন্দৰ্যই নগণ্য বিষয়বস্তুকো মনোৰম আৰু উপাদেয় কৰি তুলিছে। অসমীয়া কাব্য জগতত ‘অগ্নি কবি’ নামেৰে খ্যাত কমলাকান্ত ভট্টাচাৰ্য্যৰ (১৮৫৩-১৯৩৬) এই কালছোৱাত অর্থাৎ ১৮৮৮ চন পর্যন্ত কিতাপ আকাৰে কোনো গ্রন্থ প্রকাশ নাপালেও অৰুনোদইকে আদি কৰি সেই কালছোৱাত প্ৰকাশ পোৱা আলোচনী, বাতৰিকাকতসমূহত স্বদেশ প্ৰেমৰ একুৰা চিৰ অনির্বাপিত অগনি লৈ লিখা অনেক কবিতা প্রকাশ পাইছিল ৷

‘মৌ’ৰ সম্পাদক বলিনাৰায়ণ বৰাই ‘অসমীয়া বাবু’, ‘ডাঙৰীয়া’ আদি ব্যঙ্গাত্মক কবিতা লিখি আলোচনীত প্ৰকাশ কৰিছিল। দত্তদেৱ গোস্বামী (১৮৩৬-১৯১৪) নামৰ এজন ব্যক্তিয়ে ‘ধ্ৰুৱ চৰিত’, ‘দক্ষযজ্ঞ’ নামৰ দুখনি পুথি লিখি প্ৰকাশ কৰিছিল।

আধুনিক কবিতাৰ আন এজন বাটকটীয়া ৰত্নেশ্বৰ মহন্তই (১৮৬৪-৯৩) ৰচনা কৰা আৰু দুটা খণ্ডত প্ৰকাশ পোৱা কবিতাৰ পুথি কবিতাৰ হাৰ’ত ৰোমাণ্টিচিজমৰ শিহৰণ পোৱা যায়। ‘গাঁৱলীয়া বোৱাৰী’ তেওঁৰ এটি উল্লেখযোগ্য কবিতা।

অসমৰ সাহিত্যজগতত বিশিষ্ট অৱদান আগবঢ়োৱা হৰিবিলাস আগৰৱালাই (১৮৪২ ১৯৩১) মহাপুৰুষজনাৰ ‘কীৰ্ত্তনঘোষা’ ১৮৭৬ চনত ছপাই প্ৰকাশ কৰা উপৰি ভাগৱত ভাঙনিৰ দশম, একাদশ স্কন্ধ, গুণমালা, ভটিমা, ভক্তিৰত্নাৱলী, বৰগীত, কক্মিণীহৰণ কাব্য আৰু দৈতাৰি আৰু ৰামানন্দৰ গুৰুচৰিত প্ৰকাশ কৰি উলিয়ায়। ১৮৪৬ চনৰ পৰা ১৮৮৮ চনলৈ এই সময়ছোৱাত দীননাথ বেজবৰুৱাৰ ধৰ্মপুথি ‘আচাৰ্য্য সংহতি, , ‘উৎকলখণ্ড’, নগাঁৱৰ ৰঘুদেৱ গোস্বামীৰ ‘হিতোপদেশ”, কামৰূপৰ গোপীনাথ চক্ৰৱৰ্তীৰ ‘ৰাধাৰ কলঙ্ক ভঞ্জন’, নলবাৰী সত্ৰৰ ললিত গোস্বামীৰ ৰাধাকৃষ্ণৰ লীলা বিষয়ক পুথি ‘কেলি বৃহস্য’, পদ্মহাস গোস্বামীৰ ‘পদ্যমালা’ (১৮৮০), চন্দ্ৰশেখৰ বৰুৱাৰ ৰূপকাত্মক পদাৰ পুথি ‘সংসাৰ কানন’ (১৮৭৯) আদি ভালেমান কবিতাৰ পুথিও প্ৰকাশ পাই অসমীয়া কাব্য সাহিত্যক আগবঢ়াই নিয়াত বিশেষভাৱে বৰঙণি যোগাইছিল। 

প্রশ্ন ২। ১৮৪৬ চনৰ পৰা ১৮৮৮ চনলৈ অসমীয়া নাট্য সাহিত্যৰ এটি সাধাৰণ পৰিচয় দাঙি ধৰা। অথবা, ‘অৰুণোদয় যুগৰ অসমীয়া নাটক’ সম্পর্কে এটি আলোচনা আগবঢ়োৱা।

 উত্তৰ : বেপ্তিষ্ট মিছনাৰীসকলে শিৱসাগৰৰ মিছনাৰী প্ৰেছৰ পৰা ইংৰাজী ১৮৪৬ চনত ড° নাথান ব্রাউনৰ সম্পাদনাত অসমীয়া ভাষাৰ প্রথম আলোচনী, বাতৰিকাকত ‘অৰুনোদই’ প্ৰকাশ পায়। ইয়াৰ লগে লগে অসমীয়া ভাষা-সাহিত্যৰ এক নতুন যুগৰ সূচনা হয়। ‘অৰুণোদই’ কাকত ১৮৪৬ চনৰ পৰা ১৮৬৭ চনলৈ নিয়মিতভাৱে আৰু তাৰ পাছত ১৮৮০ চনলৈ এবাধৰাকৈ প্ৰকাশ পাইছিল।

আমাৰ পঠিতব্য কাল ১৮৪৬ চনৰ পৰা ১৮৮৮ চনলৈ এই সময়ছোৱাত ‘অৰুনোদই’ কাকতক অনুসৰণ কৰি আউনীআটিৰ সত্ৰাধিকাৰৰ ‘আসাম বিলাসিনী’ (১৮৭১-৮৩), হেমচন্দ্ৰ বৰুৱাৰ “আসাম নিউছ’ (১৮৮২-৮৫), গুণাভিৰাম বৰুৱাৰ ‘আসাম বন্ধু’ (১৮৮৫-৮৬), বলিনাৰায়ণ বৰাৰ ‘মৌ’ (১৮৮৬), কৰুণাভিৰাম বৰুৱাৰ শিশু আলোচনী ‘ল’ৰা বন্ধু’ (১৮৮৮), আৰু তদুপৰি ‘আসাম মিহিৰ’ (১৮৭২-৭৩), ‘আসাম দর্পণ’ (১৮৭৪-৭৫) আদি কেইবাখনো অসমীয়া আলোচনী, বাতৰিকাকত প্রকাশ পাইছিল। এই আটাইবোৰ কাকততে বিভিন্ন দেশৰ প্ৰসিদ্ধ ঐতিহাসিক ঘটনাৰ পৰিচয়, বাইবেলৰ কাহিনীৰ অনুবাদ, ধৰ্মৰ কথা, প্রকৃতি অধ্যয়ন, নৈতিক শিক্ষা, হিন্দুস্থানৰ বিৱৰণ, পুৰণি অসম বুৰঞ্জী, অসমত সেই সময়ত ঘটা কিছুমান ঘটনা আৰু সামাজিক কথা, চুটিসাধু, জীৱনী, সাময়িক সংবাদ, ভূগোল বিষয়ক ৰচনা, বৈজ্ঞানিক আৱিষ্কাৰ, জনজাতি কিছুমানৰ বিৱৰণ, স্তুতিগীত, কবিতা, নাটক আদি বিবিধ বিষয়ৰ লিখনি প্ৰকাশ হৈছিল।

এই কালছোৱাত আমাৰ আলোচ্য বিষয় অসমীয়া নাট্য সাহিত্যৰ কথা বিচাৰ কৰিলে দেখা যায় যে শংকৰী যুগৰ অংকীয়া নাটসমূহ আদর্শ হিচাপে থাকিলেও আৰু পশ্চিমীয়া সাহিত্যৰ অনুকৰণত অসমীয়া লিখকসকলে লিখিবলৈ আৰম্ভ কৰিলেও, সেই কালছোৱাত অসমীয়া নাট্য সাহিত্যই বিশেষভাৱে বিকাশ লাভ কৰা নাছিল। তথাপি নাট্য সাহিত্যৰ যে শুভাৰম্ভ হৈছিল ই সঁচা।

হেমচন্দ্ৰ বৰুৱায়েই (১৮৩৬-৯৭)  সম্ভৱতঃ প্রথম আধুনিক অসমীয়া নাটক ৰচনাৰ প্ৰচেষ্টা হাতত লয়। তেওঁৰ একমাত্র নাটক ‘কানীয়াৰ কীৰ্ত্তন’ ১৮৬১ চনত প্রকাশ পায়। ই এখন টাইপ চৰিত্ৰৰ ধেমেলীয়া নাটক। আভিজাত্য আৰু শিক্ষাৰ নামত অনীতি অশিক্ষা, চিকিৎসাৰ নামত কুসংস্কাৰ, ধৰ্মৰ নামত ব্যভিচাৰ এই সকলোবিলাক হাস্য-ব্যঙ্গৰ মাজেৰে নাটকখনিত প্ৰকাশ পাইছে।

‘অৰুণোদই’ যুগৰ অৰ্থাৎ এই কালছোৱাৰ অন্যতম স্বনামধন্য লেখক গুণাভিৰাম বৰুৱাই (১৮৩৭-৯৪) ১৮৫৭ চনত ‘ৰাম-নৱমী’, নাটক ৰচনা কৰে। এইখনেই অসমীয়া ভাষাৰ প্রথম আধুনিক আৰু সামাজিক নাটক। বিধৱা-বিবাহৰ সপক্ষে যুক্তি-তৰ্কৰ অৱতাৰণা কৰাই হৈছে নাটখনিৰ মূল বিষয়বস্তু আৰু উদ্দেশ্য। গুণাভিৰাম বৰুৱাৰ দ্বিতীয় এখনি সামাজিক নাটক ‘বিবাহ-ৰহস্য’ৰ দুটি দৃশ্য ১৮৮৬ চনত ‘আসাম বন্ধু’ত প্ৰকাশ পাইছিল। নাটখন অসম্পূৰ্ণ হৈ থাকিল।

মাকান্ত চৌধুৰীয়ে (১৮৪৬-৮৯) :- নতুন মঞ্চ আন্দোলনত উৎসাহিত হৈ ‘সীতাহৰণ’ আৰু ‘ৰাৱণ বধ’ নামৰ দুখনি নাটক ৰচনা কৰিছিল; ‘সীতাহৰণ’ নাটখন ছপা হৈছিল যদিও দুয়োখন নাটকেই এতিয়া পাবলৈ নাই লম্বোদৰ বৰাই (১৮৬০-৯২) মহাকবি কালিদাসৰ ‘শকুন্তলা’ নাটখনি অসমীয়ালৈ অনুবাদ কৰিছিল যদিও সি মঞ্চোপযোগী নহ’ল। হ’লেও নাটখনিয়ে মূলৰ সৌন্দৰ্যৰ বহল সন্ধান দিয়ে। ‘সমাজ দর্পণ’ নামৰ আন এখনি নাটক লিখিবলৈ লৈছিল যদিও তেওঁৰ অকাল মৃত্যুৱে তাক সম্পূৰ্ণ কৰিব নিদিলে।

নগাঁৱৰ ৰুদ্ৰৰাম বৰদলৈৰ ‘বঙাল-বঙালনী’ ১৮৭১ চনত প্ৰকাশ পায়। এইখন এখনি নিম্নখাপৰ কৌতুক সৃষ্টি কৰা নাটক। নাটকখনত আৰ্টৰ অভাৱত ৰুচিৰ বিপৰ্যয় ঘটিছে।

ৰত্নেশ্বৰ মহত্তই (১৮৪৬-৯৩) ‘দ্রৌপদীৰ বেণীবন্ধন’কে ধৰি দুখন নাটক ৰচনা কৰাৰ কথা পোৱা যায়। দুয়োখন নাটকেই অপ্রকাশিত অৱস্থাত থাকি যায়। গুৱাহাটীৰ কেফায়ৎ উল্লা নামৰ এজন লেখকে হাস্য-ব্যঙ্গাত্মক এখনি নাটক ‘ৰঙ্গিলীৰ পুথি’ ৰচনা কৰিছিল। হৰিবিলাস আগৰৱালাই (১৮৪২-১৯৩১) মহাপুৰুষৰ ‘ৰামবিজয় নাটখনি প্ৰকাশ কৰি উলিয়ায়।

প্রশ্ন ৩। আধুনিক অসমীয়া সাহিত্যলৈ ‘অৰুণোদই’ কাকতৰ বৰঙণি সম্পর্কে এটি প্ৰৱন্ধ যুগুত কৰা।        

অথবা

অসমীয়া ভাষাৰ পুনঃ প্রতিষ্ঠাত মিছনেৰীসকলৰ বৰঙণি সম্পর্কে আলোচনা কৰা।

উত্তৰ ঃ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুযায়ী অসম ইংৰাজ শাসনৰ অন্তর্ভুক্ত হয়। ইংৰাজসকলে নিজৰ শাসনৰ কাম-কাজৰ সুচলৰ কাৰণে বঙালী কেৰাণী-মহৰি-বিষয়া আদিব অসমলৈ আমদানি কৰে আৰু সেইসকল বঙালীৰ প্ৰৰোচনাতেই ১৮৩৬ চনৰ পৰা অসমৰ স্কুল-কাছাৰী আদিত অসমীয়া ভাষাৰ সলনি বঙলা ভাষাৰ প্ৰচলন হয়। অসমৰ স্কুল-কাছাৰী আদিত বঙলা ভাষাৰ প্ৰচলন ১৮৭৩ চন পর্যন্ত হৈছিল। ইয়াৰ ফলত অসমীয়া ভাষা-সাহিত্য তথা শিক্ষা জগতৰ অশেষ ক্ষতি সাধন হয়।

অসমৰ স্কুল-কাছাৰীত বঙলা ভাষাৰ প্ৰচলন আৰম্ভ হোৱাৰ বছৰতে অর্থাৎ ১৮৩৬ চনত সুদূৰ আমেৰিকাৰ পৰা খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ অৰ্থে আমেৰিকান বেপ্তিষ্ট মিছনাৰী দল এটা আহি অসমত উপস্থিত হয়হি৷ অসমত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ বাবে থলুৱা লোকসকলৰ ভাষা জনাৰ আৰু ইয়াৰ প্ৰসাৰৰ অবিহনে সম্ভৱ নহয় বুলি জানি তেওঁলোকে বঙলা ভাষাৰ সলনি থলুৱা লোকৰ ভাষা অসমীয়া ভাষাৰ শিক্ষা আৰু প্ৰচাৰ, প্ৰসাৰত অধিকভাৱে মনোনিৱেশ কৰে। সেয়ে আমেৰিকান বেপ্তিষ্ট মিছনাৰী দলে প্রথমেই ১৮৪০ চনত শিৱসাগৰত ছপাশাল বহুৱাই অসমীয়া আৰু ইংৰাজী ভাষাত দুই-এখনকৈ খ্ৰীষ্ট ধর্ম সম্পৰ্কীয় কথাৰে কিতাপ তথা প্ৰচাৰ পুস্তিকা উলিয়াই মানুহৰ মাজত বিতৰণ কৰিবলৈ ধৰিলে। এইটোৱেই অসমত প্রথম ছপাশাল আছিল আৰু অসমত বঙলা ভাষা প্রচলনৰ বিৰুদ্ধে যুঁজাৰ প্ৰথম আহিলাস্বৰূপ আছিল।

শিৱসাগৰৰ এই প্ৰেছৰ পৰাই ১৮৪৬ খ্ৰীষ্টাব্দত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যেই ‘অৰুনোদই’ নামৰ এখনি মাহেকীয়া পত্রিকা প্রকাশ কৰিবলৈ আৰম্ভ কৰে। এইখনেই প্রথম অসমীয়া আলোচনী। ইয়াৰ প্ৰথম সম্পাদক আছিল ড° নাথান ব্ৰাউন। তাৰপিছত এ এইচ ডেনফোর্থ, এ কে হুইটিং, মাইলছ ব্ৰনছন, এছ ৱাৰ্ড, ৰে ক্লার্ক, এ কে গাণি, আদিয়ে এই কাকতখনি সম্পাদনা কৰিছিল৷ এৰা ধৰাকৈ প্ৰায় ১৮৮০ খ্ৰীষ্টাব্দমানলৈ কাকতখন প্ৰকাশ পাই আছিল।

‘অৰুনোদই’ কাকতত সংবাদ-পত্ৰ আৰু আলোচনী এই দুয়োটা ৰূপতেই প্রকাশ পাইছিল। খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ অৰ্থে কাকতখনি উলিওৱা হৈছিল যদিও অনেক দেশৰ সংবাদ প্রদান, বিভিন্ন দেশৰ প্ৰসিদ্ধ ঐতিহাসিক ঘটনাৰ পৰিচয়, বাইবেলৰ কাহিনীৰ অনুবাদ, ধৰ্মৰ কথা, প্রকৃতি অধ্যয়ন, নৈতিক শিক্ষা, হিন্দুস্থানৰ বিৱৰণ, পুৰণি অসম বুৰঞ্জী, সাধুকথা, জীৱনী, সাময়িক সংবাদ, ভূগোল বিষয়ক ৰচনা, বৈজ্ঞানিক আৱিষ্কাৰ, স্তুতি-গীত আদি আধুনিক বিবিধ সমল বিষয়ক কথাই কাকতখনত ঠাই পাইছিল। আনকি তিনিখন পুৰণি অসম বুৰঞ্জীও ইয়াত ছোৱা ছোৱাকৈ প্ৰকাশ পাইছিল। অৰুনোদই-এ আলোচনী আৰু বাতৰিকাকত দুয়োটাৰে কাম কৰিছিল। দেশ-বিদেশৰ তথ্যপূর্ণ ভাঙনিৰ উপৰি বিভিন্ন জ্ঞান-বিজ্ঞানৰ কথাও প্রকাশ পাইছিল। আলোচনীখনত ঠায়ে ঠায়ে আকর্ষণীয়ভাবে চিত্রও সংযোগ কৰা হৈছিল। গুণাভিৰাম বৰুৱাৰ ‘ৰাম-নৱমী’ নাটকখনিও এই আলোচনীৰ পাততেই প্ৰকাশ হৈছিল। জন বনিয়ানৰ ‘Pilgrim’s Progress’ৰ অসমীয়া ভাঙনি ‘জাত্ৰিকৰ জাত্রা’ও এই কাকততেই প্রকাশ পায়।

‘অৰুনোদই’ প্রকাশ হোৱাৰ আগলৈকে অসমত কেৱল ধর্মীয় পদপুথি তথা অংকীয়া নাট আদি পুৰণি সাহিত্য ৰচিত হৈছিল যদিও আধুনিক সাহিত্যই তেতিয়াও অসমত ভুমুকি মৰা নাছিল। অসমত ইংৰাজ শাসনৰ লগে লগে আৰু আমেৰিকান বেপ্তিষ্ট মিছনাৰীসকলৰ প্ৰচেষ্টাত ‘অৰুনোদই’ কাকত প্রকাশিত হোৱাত অসমত জ্ঞান-বিজ্ঞান, আধুনিক সাহিত্যৰ ভাঙনি, পাশ্চাত্য সাহিত্যৰ গল্প, উপন্যাস, নাটক আদি ৰচনাৰ প্ৰভাৱ অসমীয়া সাহিত্যৰ ওপৰত বাৰুকৈ পৰে আৰু অসমীয়া সাহিত্য জগতত আধুনিক ন ন লেখকৰ সৃষ্টি হ’বলৈ ধৰে। এয়াই আছিল আধুনিক অসমীয়া সাহিত্যৰ ফেঁহুজালি তথা আৰম্ভণি, যি আৰম্ভণিৰ সুদূৰপ্ৰসাৰী সুফল অসমীয়া সাহিত্য জগতলৈ আহিল। ‘অৰুনোদই’ কাকতৰ উদ্‌গনি তথা প্ৰেৰণাতেই ৰচিত হ’ল— অসমীয়া ব্যাকৰণ ‘A Grammer of Assamese Language’, অসমীয়া অভিধান, ইংৰাজী অসমীয়া খণ্ডবাক্য কোষ, প্রথম অসমীয়া সামাজিক নাট ‘ৰাম-নৱমী’, ‘কানিয়াৰ কীৰ্ত্তন’, আধুনিক ব্যংগ কবিতা ‘অসমীয়া বাবু’, ‘ডাঙৰীয়া’, আধুনিক কবিতাৰ পুথি ‘কবিতাৰ হাৰ’, চিন্তা-তৰঙ্গিনী’, কামিনীকান্তৰ চৰিত্ৰ’, ‘ফুলমণি আৰু কৰুণা’, ‘সুধৰ্মাৰ উপখ্যান’ আদি উপন্যাস। আনকি ‘অৰুনোদই’ কাকতক অনুসৰণ কৰি ১৮৮৮ চনলৈ আউনীআটিৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীৰ ‘আসাম বিলাসিনী’, হেম বৰুৱাৰ ‘আসাম নিউজ’, গুণাভিৰাম বৰুৱাৰ ‘আসাম বন্ধু’, বলিনাৰায়ণ বৰাৰ ‘মৌ’, কৰুণাভিৰাম বৰুৱাৰ শিশু আলোচনী ‘ল’ৰা বন্ধু’ আৰু ‘আসাম মিহিৰ’, ‘আসাম দর্পণ’ আদি কেইবাখনো অসমীয়া আলোচনী, বাতৰি কাকত প্রকাশ পায়। মুঠতে ‘অৰুনোদই’ কাকতৰ জৰিয়তেই অসমীয়া ভাষা-সাহিত্যত পশ্চিমীয়া সাহিত্যৰ আধুনিক ভাবধাৰাৰ প্ৰকাশ ঘটি অসমীয়া সাহিত্যই আধুনিক স্তবলৈ গতি কৰে আৰু আধুনিক অসমীয়া সাহিত্যৰ জন্ম দিয়ে।

‘অৰুনোদই’ কাকতৰ বৰঙণি তথা অৱদান চমুকৈ এনেধৰণৰ 

(১) অৰুনোদই কাকতে বঙলা ভাষা অসমৰ স্কুল কাছাৰীত প্ৰচলনৰ বিৰোধিতা কৰিবলৈ উদ্‌গনি দি অসমীয়া ভাষাই ন্যায্য স্থান পোৱাত সহায় কৰে। 

(২) এই কাকতে অসমীয়া সমাজক দেশ-বিদেশৰ জ্ঞান-বিজ্ঞানৰ ভাণ্ডাৰৰ লগত পৰিচয় কৰি দিয়ে। 

(৩) পাশ্চাত্য সভ্যতাৰ বীজ অসমীয়া সমাজত ৰোপণ কৰে। 

(৪) আধুনিক অসমীয়া ভাষা-সাহিত্য আৰু সাহিত্যিক সৃষ্টিৰ মূল কাৰক হয় ‘অৰুনোদই’ কাকত। 

(৫) অসমত আলোচনী-বাতৰিকাকত আদিৰ জন্মৰ বাটকটীয়া হয় এই কাকত। 

(৬) অসমীয়া ভাষা-সাহিত্যৰ নতুন যুগৰ সূচনা কৰে এই কাকতে।

প্রশ্ন ৪। চমুটোকা লিখা

(ক) ন. ল. ফ. বা নিধিলিবাই ফাৰোৱেল:- তেজপুৰৰ কলং মৌজাৰ সূতাৰ গাঁৱত জন্ম গ্রহণ কৰা নিধিৰাম কেওট নামৰ ল’বাটিক শ্ৰীমতী ব্রাউন আৰু কট্টাৰে বুটলি আনি পঢ়া-শুনা আৰু ছপা কাম শিকায়। পিছত তেওঁ খ্ৰীষ্টধৰ্ম গ্ৰহণ কৰি নিধিলিবাই ফাৰোৱেল নাম লয়। নিধিলিবাই ফাৰোৱেল নামটোকে চমুকৈ ন.ল. ফ. বুলি কোৱা হয়। এওঁ এই চমু নামেৰেই ‘অৰুণোদই’ৰ পাতত নামঘোষা-কীৰ্ত্তনঘোষাৰ আৰ্হিৰ ছন্দৰ পদ্য আৰু নানা প্রবন্ধ লিখিছিল আৰু খ্ৰীষ্টান লেখকসকলৰ আগশাৰীলৈ আহিছিল। ‘বিনই বচন’, ‘প্রভু যীশুখ্ৰীষ্টৰ অৱতাৰ বিৱৰণ’, ‘নিস্তাৰৰ উপায়’ আদি কবিতাবোৰ পুৰণি অসমীয়া বৈষ্ণৱ কবিতাৰ ঠাচত নতুন খ্ৰীষ্টধৰ্মৰ বাণী প্রচাৰৰ প্ৰচেষ্টা। কিন্তু তেওঁৰ কবিতাত নতুন আদৰ্শলৈ আঁতৰি আহিবৰ চেষ্টাও দেখা যায়। গতিকে আধুনিক অসমীয়া কবিতাৰ দুৰ্বল আৰম্ভণি ফাৰোৱেলতে হয়। এওঁ পদার্থ বিদ্যাৰ সাৰ, অৰ্থাৎ ‘ঈশ্বৰে স্ৰজা বস্তুৰ কথাত শিক্ষক ছাত্ৰৰ কথোপকথন’ (Natural Science in Familiar Dialogue, ১৮৫৫, ই ডব্লিউ ক্লাৰ্কৰ দ্বাৰা সংশোধিত দ্বিতীয় তাওঁৰণ, ১৮৭৪, শিৱসাগৰ) ভাৰতীয় দণ্ডবিধি আইন’ (১৮৬৫, শিৱসাগৰ, আৰু দুখন প্ৰচাৰ পুস্তিকা প্রকাশ কৰে। তদুপৰি এওঁৰ ‘হিন্দুস্থানৰ বুৰঞ্জী’ নামে প্রবন্ধ ‘অৰুণোদই’ত প্ৰকাশ পাইছিল। এওঁ সদায় যদুৰাম- ব্রাউন ব্ৰনছনৰ বৰ্ণ বিন্যাসৰ সৰলীকৰণ নীতিৰ পক্ষপাতী আছিল।

(খ) গুণাভিৰাম বৰুৱা : গুণাভিৰাম বৰুৱাৰ জন্ম হয় ১৮৩৭ খ্ৰীষ্টাব্দত। আনন্দৰাম ঢেকিয়াল ফুকনৰ যত্নত তেওঁ কলিকতাৰ প্ৰেছিডেন্সি কলেজত পঢ়ি, পিছত প্রায় ৩০ বছৰ কাল একৃষ্ট৷ এছিষ্টেণ্ট কমিছনাৰৰ বিষয় বাবত থাকি চাকৰি কৰে। কলিকতাত ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, ব্রাহ্মসমাজ আদিৰ আন্দোলনৰ যোগেদি হিন্দু সমাজৰ সংস্কাৰৰ যি প্রচেষ্টা চলিছিল তাৰ প্ৰভাৱ গুণাভিৰাম বৰুৱাৰ গাত বাৰুকৈয়ে পৰিছিল আৰু সেই কাৰণেই তেওঁৰ প্ৰথমা পত্নীৰ মৃত্যুৰ পিছত এগৰাকী বিধৱা ব্ৰাহ্মণ কন্যা বিয়া কৰায়। প্রায় ৩০ বছৰ কাল চাকৰি কৰি ১৮৯০ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। ১৮৯৪ খ্ৰীষ্টাব্দত গুণাভিৰাম বৰুৱাৰ মৃত্যু হয়। গুণাভিৰাম বৰুৱাই ‘অৰুণোদই’ কাকতৰ যোগেদিয়েই সাহিত্য চৰ্চা কৰিছিল। বিধৱা বিবাহক ভেটি কৰি তেওঁ ১৮৫৭ চনত ৰচনা করে প্রথম অসমীয়া আধুনিক আৰু সামাজিক নাটক ‘ৰাম-নৱমী’। গুণাভিৰাম বৰুৱাৰ দ্বিতীয় এখনি সামাজিক নাট ‘বিবাহ ৰহস্য’ৰ দুটি দৃশ্য আসাম বন্ধুত (১৮৮৬ ) প্রকাশ পাইছিল।

গুণাভিৰাম বৰুৱাৰ দ্বিতীয় উল্লেখযোগ্য সাহিত্যকৃতি হ’ল— ‘আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰ’ (১৮৮০)। অসমৰ প্ৰাচীন বুৰঞ্জী প্ৰীতিৰ ঐতিহ্য ৰক্ষা কৰি কিন্তু আধুনিক নিৰপেক্ষ বিচাৰৰ পদ্ধতিত গুণাভিৰাম বৰুৱাই ‘আসাম বুৰঞ্জী’ (১৮৮৪) লিখি উলিয়ায়। তদুপৰি ‘আসাম বন্ধু’, ‘জোনাকী’ আদি কাকতত প্ৰকাশ পোৱা ‘অসম, অতীত আৰু বৰ্তমান’, ‘সৌমাৰ ভ্ৰমণ’, ‘অসমত মানৰ শেনছোৱা’, ‘অলিখিত বুৰঞ্জী’ আদি কেইবাটাও তেওঁৰ উল্লেখযোগ্য প্রবন্ধ তেওঁ ‘আসাম বন্ধু’ কাকত সম্পাদনা কৰিছিল।

(গ) ড° নাথান ব্রাউন : ১৮৩৬ চনত খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ অর্থে ড° নাথান ব্রাউন সপৰিয়ালে আমেৰিকাৰ পৰা অসমলৈ আহে। প্রথমে ব্ৰাউন দম্পতীয়ে জয়পুৰত থাকি খামতি, চিংফৌ, নগা আৰু অসমীয়া ভাষাত ক্ষুদ্ৰ ক্ষুদ্ৰ পুস্তিকা প্রণয়ন কৰি প্ৰকাশ কৰে। এওঁ নিজৰ লগতে সৰু প্ৰেছ এটা ৰাখিছিল আৰু তাৰ জৰিয়তে কাগজ-পত্ৰ ছপাই প্ৰচাৰ কাৰ্য চলাইছিল। ১৮৪৩ চনত তেওঁলোক শিৱসাগৰলৈ আহে আৰু খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰি ১৮৫৫ চনত আমেৰিকালৈ ঘূৰি যায়৷ অসমীয়া সাহিত্যলৈ তেওঁৰ বৰঙণি হ’ল ‘নিউটেষ্টামেণ্ট’ৰ ভাঙনি ‘আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ নতুন নিয়ম’। তদুপৰি ‘খ্ৰীষ্টৰ বিৱৰণ আৰু সুভযাত্ৰা’ (১৮৫৪) আৰু কেইটামান গীতৰ ভাঙনি তেওঁৰ ঘাই অসমীয়া ৰচনা। তেওঁৰ আন এখন গ্ৰন্থ হ’ল— চমু অসমীয়া ব্যাকৰণ (Grammatical Notices on the Assamese Language)। নাথান ব্রাউনে ও টি কট্টাৰেৰে সহযোগিতা কৰি ১৮৪৬ চনত শিৱসাগৰৰ পৰা অসমীয়া ভাষাৰ প্রথম আলোচনী-বাতৰিকাকত ‘অৰুণোদই’ প্ৰকাশ কৰি উলিয়ায়। ১৮৪৪ চনত তেওঁ কাশীনাথ ফুকনৰ আসাম বুৰঞ্জী পুথি, ১৮৪৫ চনত বকুল কায়স্থৰ গণিতৰ পুথি দুভাগ আৰু ১৮৫০ চনত চুতীয়া বুৰঞ্জী প্ৰকাশ কৰে। তেওঁ দুবছৰমান “অৰুণোদই’ৰ সম্পাদকো আছিল। অনুবাদক, গ্রন্থকাৰ, প্রকাশক, মুদ্ৰাকৰ, সম্পাদক, শিক্ষক আৰু ধৰ্ম প্ৰচাৰকৰূপে তেওঁ অসমক বহুমুখী আৰু স্থায়ী দান দি গ’ল।

(ঘ) ডঃ মহিল্‌ছ ব্ৰন্‌ছন্‌ : ডঃ মাইলছ ব্ৰন্‌ছন্‌ ১৮৩৬ চনত পত্নীৰে সৈতে অসমলৈ আহি শদিয়া, জয়পুৰ আৰু নামচাঙত খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য কর্মতো মনোনিবেশ কৰে। তাতেই তেওঁ পূব নগাসকলৰ শব্দাৱলী এখন প্রণয়ন কৰে। তেওঁ ইয়াৰ মাজতে ছুটী লৈ দুবাৰ ঘৰলৈ গৈছিল যদিও ছুটীৰ পিছত আহি কামত লাগিছিলহি। ১৮৬৭ চনত যাদুৰাম বৰুৱাৰ বৰ্ণ বিন্যাসৰ ৰীতিকে ভিত্তি কৰি অসমীয়া ভাষাৰ শব্দাৱলীৰ এটা মান নির্ণয় কৰিবৰ উদ্দেশ্যে চৈধ্য হাজাৰ শব্দেৰে তেওঁৰ অভিধান ‘অচমিয়া-ইংৰাজি অভিধান’ প্ৰকাশ কৰে। ডঃ ব্ৰন্‌ছনে বাইবেলৰ তুতি গান আদিৰে কিছু অংশ অসমীয়ালৈ অনুবাদ কৰে।

(ঙ) পদ্মনাথ গোহাঞিবৰুৱা : অসমীয়া ভাষা-সাহিত্যৰ এগৰাকী কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰৱাৰ জন্ম হয় উত্তৰ লখিমপুৰত ১৮৭১ চনত। উত্তৰ লখিমপুৰ, শিৱসাগৰ, কোহিমাত স্কুলীয়া শিক্ষা লাভ কৰা গোহাঞি বৰুৱাই উচ্চ শিক্ষা লাভ কৰিবলৈ কলিকতালৈ যায়। তাত তেওঁ এফ এ আৰু আইনৰ শিক্ষা লৈছিল যদিও সেই শিক্ষা শেষ নকৰাকৈ অসমলৈ ঘূৰি আহি বিভিন্ন ঠাইত শিক্ষকতা কৰে। ১৯৪৬ চনত তেওঁৰ দেহাৱসান ঘটে।

পদ্মনাথ গোহাঞি বৰুৱা অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আব্দ অসম চৰকাৰৰ প্রথম সাহিত্যিক পেন্সনাৰ। তেওঁ ‘বিজুলী’ কাকতৰ দ্বিতীয় বছৰত সম্পাদক আছিল। গোহাঞি বৰুৱাৰ ৰচনাৱলী হ’ল – কবিতা পুথি— ‘জুৰণি’ (১৯০০), ‘ফুলৰ চানেকী’ (১৯০১)’; উপন্যাস— ‘ভানুমতী’, ‘লাহৰী’, নাটক ‘গাঁওবুঢ়া’ (১৮৯৭), ‘টেটোন তামুলী’ (১৯০৯), ‘ভূত নে ভ্রম’ (১৯২৪), ‘জয়মতী’ (১৯০০), ‘গদাধৰ’ (১৯০৭), ‘সাধনী’ (১৯১১), ‘লাচিত বৰফুকন’ (১৯১৫)

HS First Year Advance Assamese Questions Answers

গোট ১ -কবিতাংশ

ক্ৰমিক নংপাঠলিংক
১. প্রহলাদ চৰিত্ৰ Click here
২. শিৱৰ কৃষিকর্ম Click here
৩. প্রিয়তমাৰ চিঠি: Click here
৪. পানেশৈ Click here
৫. পছোৱাৰ ডাক Click here
৬ .চামুৰাই Click here

গোট ২ – গদ্যাংশ

৭. শংকৰদেৱৰ বাল্যকাল Click here
৮. ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা Click here
৯. অংকীয়া নাটৰ ৰস বিচাৰ Click here

গোট ৩ – নাটক

১০. টিকেন্দ্রজিৎ Click here

গোট ৪ – চুটি গল্প

১১. যীশুখ্ৰীষ্টৰ ছবি Click here
১২. ভ্ৰষ্টলগ্ন Click here

গোট ৫ – সাহিত্য সমালোচনা

১৩. কবিতা Click here
১৪. নাটক Click here

গোট ৬ – ছন্দ

১৫. ছন্দ : ছন্দ্ৰ সংজ্ঞা, অক্ষৰ; মাত্রা; যতি, পৰ্ব, চৰণ; “স্তৱক; পদ বা পয়াৰ; ঝুমুৰী: কুসুমমালা, দুলড়ী: ছবি, লোছাৰি ছন্দ Click here

গোট ৭ – অসমীয়া সাহিত্যৰ বুৰঞ্জী

১৬. অসমীয়া কবিতা আৰু নাটকৰ পৰি Click here

চমু প্রশ্নোত্তৰ

প্রশ্ন ১। হৰিবিলাস আগৰৱালা কোন? অসমীয়া সাহিত্যৰ ইতিহাসত তেওঁৰ ঐতিহাসিক গুৰুত্ব কি? 

উত্তৰ ঃ অসমীয়া ভাষা-সাহিত্যৰ এগৰাকী কাণ্ডাৰী। সুদূৰ ৰাজস্থানৰ পৰা আহি অসম ভূমিকে নিজৰ মাতৃভূমি বুলি আঁকোৱালি লৈ অসমীয়া ভাষা-সাহিত্য তথা সংস্কৃতিৰ বাবে মন-প্রাণ উৎসৰ্গা কৰা কাৰণেই তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ ঐতিহাসিক গুৰুত্ব আছে।

প্রশ্ন ২। নিধি-লিবাই-ফাৰোৱেল কোন আছিল? তেওঁ কি নামেৰে ‘অৰুনোদই’ত লেখা  মেলা কৰিছিল?

উত্তৰ : আমেৰিকান খ্ৰীষ্টান মিছনাৰীৰ ওচৰত খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰা এজন অসমীয়া লোক। তেওঁৰ আগৰ নাম আছিল নিধিৰাম। তেওঁৰ জন্ম হৈছিল ১৮২৩ চনত তেজপুৰৰ গহপুৰত। তেওঁ ‘অৰুনোদই’ত ন.ল.ফ. এই চুটি নামেৰে লেখা-মেলা কৰিছিল।

প্রশ্ন ৩। ‘সীতাহৰণ কাব্য’ কোনে ৰচনা কৰিছিল ? কাব্যখন প্রথমে ক’ত প্ৰকাশ হৈছিল? 

উত্তৰ : ভোলানাথ দাসে ৰচনা কৰিছিল। কাব্যখন প্রথমে আউনীআটি সত্ৰৰ পৰা প্ৰকাশিত ‘আসাম বিলাসিনী’ কাকতত প্ৰকাশ হৈছিল।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। প্রথম অসমীয়া আলোচনী তথা বাতৰিকাকতখনৰ নাম কি?

উত্তৰ: ‘অৰুনোদই’।

প্রশ্ন ২। অৰুনোদই কোন চনত প্ৰথম প্রকাশ পায় ? 

উত্তৰ : ইং ১৮৪৬ চনত।

প্রশ্ন ৩। ‘অৰুনোদই’ৰ প্ৰথম সম্পাদক কোন আছিল?

উত্তরঃ ডঃ নাথান ব্রাউন।

প্রশ্ন ৪। ‘অৰুনোদই’ কাকতখনি ক’ৰপৰা প্ৰকাশ হৈছিল?

উত্তৰঃ শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা।

প্রশ্ন ৫। ‘অৰুনোদই’ যুগত প্ৰকাশ পোৱা আন এখনি উল্লেখযোগ্য অসমীয়া কাকতৰ নাম লিখা।

উত্তৰ আসাম বিলাসিনী।

প্রশ্ন ৬। বর্ণনাত্মক তা লিখি ‘অৰুনোদই’ত কোনে প্ৰকাশ কৰিছিল?

উত্তৰ নিধিলিবাই (নিধিৰাম) ফাৰৱেলে 

প্রশ্ন ৭। অসমীয়া ভাষাত অমিত্রাক্ষৰ ছন্দত পোনপ্রথমে কোনে কবিতা লিখিছিল?

উত্তৰ ভোলানাথ দাসে।

প্রশ্ন ৮। অমিত্রাক্ষৰ ছন্দত লিখা প্রথম অসমীয়া কাব্য পুথিখনৰ নাম কি?

উত্তৰ ঃ ভোেল নাথ দাসৰ ‘সীতাহৰণ কাব্য’ (১৮৭১)। 

প্রশ্ন ৯। কাৰ কবিতাত প্ৰথমে আধুনিক অসমীয়া গীতি-কবিতাৰ নিখুঁত ৰূপ প্ৰকাশ পাইছিল?

উত্তৰ ভোলানাথ দাসৰ কবিতাত।

প্রশ্ন ১০। অসমীয়া সাহিত্য জগতত কাক ‘অগ্নি-কবি’ আখ্যা দিয়া হৈছে?

উত্তৰ কমলাকান্ত ভট্টাচাৰ্যক।

প্রশ্ন ১১। কোনজন অসমীয়া কবিৰ কবিতাত প্রথমে ৰোমাণ্টিক শিহৰণ প্ৰকাশ পাইছিল? 

উত্তৰ ঃ ৰত্নেশ্বৰ মহন্তৰ ‘কবিতাৰ হাৰ’ নামৰ কবিতাপুথিৰ কবিতাবোৰত

প্রশ্ন ১২। ‘অসমীয়া বাবু’ ব্যঙ্গাত্মক কবিতাটি কোনে লিখিছিল?

উত্তৰঃ বলিনাৰায়ণ বৰাই। 

প্রশ্ন ১৩। হৰিবিলাস আগৰৱালাই প্ৰকাশ কৰা অসমীয়া পুথি এখনিৰ নাম লিখা।

উত্তৰঃ মহাপুৰুষৰ ‘কীৰ্ত্তনঘোষা’ (১৮৭৬)।

প্রশ্ন ১৪৷ ‘কানীয়াৰ কীৰ্ত্তন’ নাটকখনি কোনে ৰচনা কৰিছিল? 

উত্তৰ ঃ হেমচন্দ্ৰ বৰুৱাই।

প্রশ্ন ১৫। প্রথম অসমীয়া আধুনিক সামাজিক নাটখনিৰ নাম কি? 

উত্তৰ ঃ ৰাম-নৱমী।

প্রশ্ন ১৬। ‘ৰাম-নৱমী’ নাটকখনি কোনে ৰচনা কৰিছিল? 

উত্তৰঃ গুণাভিৰাম বৰুৱাই।

প্রশ্ন ১৭। লম্বোদৰ বৰাই কালিদাসৰ কোনখন নাটক অসমীয়ালৈ অনুবাদ কৰিছিল?

উত্তৰ : শকুন্তলা। 

প্রশ্ন ১৮।‘দ্রৌপদীৰ বেণীবন্ধন’ নাটকখনি কোনে ৰচনা কৰিছিল? 

উত্তৰ : ৰত্নেশ্বৰ মহন্তই।

প্রশ্ন ১৯। ‘বঙাল-বঙালনী’ নাটকখনৰ ৰচক কোন?

উত্তৰ : ৰুদ্ৰৰাম বৰদলৈ।

প্রশ্ন ২০। হৰিবিলাস আগৰৱালাই মহাপুৰুষৰ কোনখন নাটক প্ৰকাশ কৰিছিল?

উত্তৰ : ‘ৰামবিজয় নাট’।

প্রশ্ন ২১। ‘বুৰঞ্জীৰ বিবেক ৰত্ন’ৰ ৰচক কোন?

উত্তৰ : মণিৰাম বৰভাণ্ডাৰ বৰুৱা।

প্রশ্ন ২২। ‘অসমীয়া ল’ৰাৰ মিত্ৰ’ পুথিখনৰ লেখক কোন?

উত্তৰ ঃ আনন্দৰাম ঢেকিয়াল ফুকন। 

প্রশ্ন ২৩। আসাম বন্ধু’ কাকতৰ সম্পাদক কোন?

উত্তৰ :- গুণাভিৰাম বৰুৱা।

প্রশ্ন ২৪। ‘সুধৰ্মাৰ উপাখ্যান’ কোনে ৰচনা কৰিছিল? 

উত্তৰ : পদ্মাৱতী দেৱী ফুকননীয়ে।

প্রশ্ন ২৫। কোনজন কবিয়ে প্রথম অসমীয়া লিবিক জাতীয় কবিতা ৰচনা কৰিছিল?

উত্তৰ : কবি ভোলানাথ দাসে।

প্রশ্ন ২৬। ‘সোণাৰ চঁাদ’ কাৰ ছদ্মনাম?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱাৰ।

প্রশ্ন ২৭। প্রথম অসমীয়া প্ৰহসনখনৰ নাম কি? ‘কানীয়াৰ কীৰ্ত্তন’।

উত্তৰঃ হেমচন্দ্ৰ বৰুৱাৰ ৰচিত 

প্রশ্ন ২৮। প্রথম অসমীয়া পৌৰাণিক নাটকখনৰ নাম কি?

উত্তৰ : ৰমাকান্ত চৌধুৰী ৰচিত ‘সীতাহৰণ নাট’।

প্রশ্ন ২৯। ‘অভিমন্যু বধ’ কাব্যখন কি ছন্দত ৰচিত? 

উত্তৰ : অমিত্রাক্ষৰ ছন্দত ৰচিত।

প্রশ্ন ৩০। ‘সীতাহৰণ কাব্য’খন প্রথম ক’ত প্ৰকাশ পাইছিল? 

উত্তৰ ঃ আউনীআটি সত্ৰৰ পৰা প্ৰকাশিত ‘আসাম বিলাসিনী’ কাকতত ১৮৭১ চনত প্রথম প্রকাশ পাইছিল।

‘প্রশ্ন ৩১। ‘ৰাম-নৱমী’ নাটখনৰ ৰচকগৰাকীৰ নাম কি? 

উত্তৰ : গুণাভিৰাম বৰুৱা।

প্রশ্ন ৩২। কমলাকান্ত ভট্টাচার্য অসমীয়া সাহিত্যত কি আখ্যাৰে বিভূষিত? 

উত্তৰ : ‘অগ্নিকবি’ আখ্যাৰে বিভূষিত।

প্রশ্ন ৩৩। ‘অভিমন্যু বধ’ কাব্য কোনে ৰচনা কৰিছিল ?

উত্তৰ : ৰমাকান্ত চৌধুৰীয়ে।

প্রশ্ন ৩৪। ‘কবিতামালা’ শীর্ষক কাব্য গ্রন্থখন কোনে ৰচনা কৰিছিল ?

উত্তৰঃ কবি ভোলানাথ দাসে। 

প্রশ্ন ৩৫। ‘চিন্তানল’ কবিতা পুথিৰ ৰচক কোন আৰু বিষয়বস্তু কি ? 

উত্তৰঃ ৰচক অগ্নিকবি কমলাকান্ত ভট্টাচার্য। ‘চিন্তনল’ত সন্নিৱিষ্ট কবিতাসমূহৰ বিষয়বস্তু দেশপ্রেম।

প্রশ্ন ৩৬। ‘মেঘনাদ বধ’ নাটকখন কোনে ৰচনা কৰিছিল?

উত্তৰ চন্দ্ৰধৰ বৰুৱাই ।

প্রশ্ন ৩৭। ‘শেৱালি কবি’ আখ্যা কাক দিয়া হয় ?

উত্তৰ : ৰত্নকাণ্ড বৰকাকতিক। 

প্রশ্ন ৩৮। তিৰোতাৰ আত্মদান কাব্য’ কাৰ ৰচনা ?

উত্তৰ ঃ হিতেশ্বৰ বৰবৰুৱাৰ। 

প্রশ্ন ৩৯। বেজবৰুৱাৰ প্ৰথম ধেমেলীয়া নাটখনৰ নাম কি? 

উত্তৰ : লিতিকাই।

প্রশ্ন ৪০। ‘টোপনিৰ পৰিণাম’ নাটখনৰ ৰচক কোন? 

উত্তৰ বেনুধৰ ৰাজখোৱা।

প্রশ্ন ৪১। ‘লালী’ কাব্য কোন শ্রেণীৰ কাব্য? 

উত্তৰ : আত্মনিষ্ঠ ‘ইলিজি’ বা শোক-কাব্য শ্রেণীৰ।

প্রশ্ন ৪২। জোনাকীৰ ত্রিমূৰ্ত্তি কোন কোন?

উত্তৰ ঃ চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু পণ্ডিত হেমচন্দ্ৰ গোস্বামী।

প্রশ্ন ৪৩। কর্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ এখন নাটকৰ নাম লিখা।

উত্তৰঃ ‘গৃহলক্ষী। 

প্রশ্ন ৪৪। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা এখন বুৰঞ্জীমূলক নাটকৰ নাম লিখা।

উত্তৰঃ “বেলিমাৰ”।

প্রশ্ন ৪৫। কাৰেঙৰ লিগিৰি’ নাটখনৰ নাট্যকাৰ কোন?

উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালা।

প্রশ্ন ৪৬। পদ্মনাথ গোহাঞি বৰুৱাৰ এখনি কবিতাপুথিৰ নাম লিখা  

উত্তৰ ফুলৰ চানেকি’।

প্রশ্ন ৪৭। ‘বীণ বৰাগী’ কবিতাপুথিখনৰ ৰচক কোন?

উত্তৰ চন্দ্ৰ কুমাৰ আগৰৱালা 

প্রশ্ন ৪৮। ‘কদম কলি’ কাৰ কবিতা সংকলন ?

উত্তৰ লক্ষ্মানাথ বেজবৰুৱাৰ।

প্রশ্ন ৪৯। ‘জ্ঞান মালিনী’ কবিতাপুথিখনৰ ৰচক কোন ?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা। 

প্রশ্ন ৫০। পদ্মনাথ গোহাঞি বৰুৱাই লিখা এখন বুৰঞ্জীমূলক নাটকৰ নাম লিখা।

উত্তৰ লাচিত বৰফুকন।

প্রশ্ন ৫১। লক্ষ্মীনাথ বেজবৰুৱাই লিখা এখন প্রহসনৰ নাম লিখা। 

উত্তৰ নোমল।

প্রশ্ন ৫২। ‘বিজুলী’ আলোচনীখন কোন চনত প্ৰকাশ হৈছিল ?

উত্তৰ : ১৮৮৯ চনত।

This Post Has 2 Comments

Leave a Reply