HS First Year Advance Assamese Solutions Chapter-5 পছোৱাৰ ডাক

HS First Year Advance Assamese Solutions Chapter-5 পছোৱাৰ ডাক। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Advance Assamese Solutions Chapter-5 পছোৱাৰ ডাক AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়  HS First Year Advance Assamese Solutions Chapter-5 পছোৱাৰ ডাক

Hs First Year Question Answer (Assamese Medium)

ইংৰাজী (English)Click Here
অসমীয়া Click Here
हिन्दीClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
তৰ্কবিদ্যা আৰু দর্শন (Logic & Philosophy)Click Here
পৰিৱেশ শিক্ষা ( Environmental Studies)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
সমাজতত্ত্ব (sociology)Click Here
অৰ্থনীতি (Economy)Click Here
ৰাজনীতি (Political Science)Click Here
ভূগোল (Geography)Click Here

HS First Year Advance Assamese Solutions Chapter-5 পছোৱাৰ ডাক

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। কবিতাটিত কবিগৰাকীয়ে পছোৱাৰ বৈশিষ্ট্য কেনেধৰণে ব্যক্ত কৰিছে? 

উত্তৰ ঃ বিদ্রোহী কবি প্রসন্নলাল চৌধুৰীয়ে ‘পছোৱাৰ ডাক’ কবিতাটিত পছোৱাৰ এক বৈশিষ্ট্য ব্যক্ত কৰিছে। পছোৱাক তেওঁ দুৰ্বাৰ, প্রচণ্ড বীৰশক্তিৰ ৰূপত অংকিত কৰিছে। পশ্চিমৰ পৰা মহাবেগে পছোৱাজাক যেন নতুন যুগৰ সূচনা কৰিবলৈহে আগুৱাই আহিছে। পছোৱা যেন নৱ যৌৱনৰ মহা প্রতীক। বজ্ৰনখী হিংস্র ঈগলৰ দৰে আকাশৰ অন্ধকাৰ ফালি নতুন যুগৰ আলোকৰ সন্ধান দিবলৈকেই যেন পছোৱাৰ আগমন। পছোৱাই শুকান মাটি জীপাল কৰি শইচৰ বাবে এক সুবতৰা কঢ়িয়াই আনে।

নীলকণ্ঠী ভোলানাথৰ দৰে পৃথিৱীৰ বিষবাষ্প পান কৰি জগতক পৰিত্ৰাণ কৰিবলৈকে পছোৱা আহিছে। পছোৱা দুৰ্বাৰ, মহাপ্রতাপী, ইয়াক ৰোধ কৰাৰ কাৰো শক্তি নাই। অনিৰুদ্ধক আবদ্ধ কৰি ৰখা অগ্নিগড়ৰ দৰে কোনো কংক্রিত কাৰাগাৰেও এই পছোৱাক ৰুধিব নোৱাৰে। পছোৱাই আকাশৰ পৰা বিদ্যুৎ প্রবাহ নমাই আনি পৃথিৱীক পোহৰাই তোলে, শুকান ৰঙচুৱা গছপাতবোৰ উৰুৱাই কেনিবাদি লৈ গৈ পৃথিৱীৰ বুকু পৰিষ্কাৰ কৰি এক নতুনত্বৰ সৃষ্টি কৰে। শীতৰ নিহালী লৈ শুই থকা ভাগৰুৱা পৃথিৱীক জগাই তুলি সকলোৰে ওঁঠত এক তৃপ্তিৰ হাঁহি বিৰিঙায়

প্রশ্ন ২। পছোৱাৰ আগমনত প্ৰকৃতিৰ ৰূপৰ বৰ্ণনা দাঙি ধৰা। 

উত্তৰ ঃ পছোৱাৰ আগমনত প্ৰকৃতিয়ে এক নতুন ৰূপ লয়; প্রকৃতিয়ে এক নতুন জীৱন পায়। শীতত ঠেৰেঙা আৰু লঠঙা হৈ থকা শুকান গছ-ডালতো পছোৱাৰ পৰশত কুঁহিপাত মেলে৷ পছোৱাৰ আগমনত শুকান ধৰিত্ৰী জীপাল হৈ পৰে, প্ৰকৃতিয়ে লাহে লাহে ন সাজেৰে সাজি-কাচি মনোৰম সেউজীয়া ৰূপ লয়। শীতত নিহালী লৈ থকা ভাগৰুৱা পৃথিৱীয়ে যেন নিহালী আঁতৰাই সতেজ-সবল হৈ থিয় দিয়ে। পছোৱাই প্রকৃতিক যৌৱনপ্রাপ্ত ৰমণীৰ দৰে সুন্দৰ কৰি তোলে। পছোৱাৰ পৰশত যেন প্রকৃতিয়ে তৃপ্তিৰ হাঁহি মাৰে।

প্রশ্ন ৩। প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰা 

‘লাগে এটি শক্তি মন্ত্রময়

কেন্দ্ৰীভূত প্ৰাণৰ পৰশ,

সন্মোহন লীলাময় আনন্দ উজান 

ইঙ্গিত সৰস।’

উত্তৰঃ উদ্ধৃত কবিতাফাকি বিদ্রোহী কবি প্রসন্নলাল চৌধুৰী ৰচিত ‘পছোৱাৰ ডাক’ কবিতাটিৰ অন্তর্গত। পছোৱাৰ দুৰ্বাৰ শক্তিৰ আধাৰতে এক বৈপ্লৱিক শক্তিৰ প্ৰয়োজনীয়তাৰ আভাস দাঙি ধৰিছে। শীতকালত শীতৰ নিহালী লৈ পৃথিৱী যেন শুই থাকে। পৃথিবী যেন স্থবিৰ, ভাগৰুৱা হৈ পৰে। গছৰ পাতবোৰ সৰি প্ৰকৃতিও লঠঙা হৈ পৰে। প্ৰকৃতি তথা পৃথিৱীৰ এই স্থবিৰতা আঁতৰাৰ দুৰস্ত পছোৱাৰ প্ৰয়োজন। পছোৱাই পৃথিৱীত ন-যৌৱনৰ সূচনা কৰে, নতুন শক্তি, নতুন প্রাণ দান দিয়ে। পৃথিৱীত মোহনীয় আনন্দৰ উজান আনে, পৃথিৱী ৰসাল কৰাৰ ইংগিত দিয়ে ৷ পছোৱাৰ আধাৰতে আমাৰো স্থবিৰ হৈ পৰা প্ৰাণত শক্তিৰ মহামন্ত্র কেন্দ্ৰীভূত কৰি জাগি উঠিবলৈ আৰু সৰস আনন্দৰ সৃষ্টি কৰিবলৈ এক ইংগিত কবিয়ে কবিতাফাকিৰ জৰিয়তে দিছে।

প্রসন্নলাল চৌধুৰী (১৮৯৮-১৯৮৬)

কবি পৰিচিতি :প্রসন্নলাল চৌধুৰীৰ জন্ম হয় ১৮৯৮ চনৰ পহিলা জানুৱাৰীত পলাশবাৰীত। বৰপেটাৰ এটা সম্ভ্রান্ত পৰিয়ালৰ সন্তান প্রসন্নলাল চৌধুৰীৰ পিতৃৰ নাম শ্যামলাল চৌধুৰী আৰু মাতৃৰ নাম প্রমীলা চৌধুৰী। যোৰহাট হাই স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষা লাভ কৰে। প্ৰথমে পলাশবাৰী মাইনৰ স্কুলত শিক্ষকতা কৰি পিছত বৰপেটা বিদ্যাপীঠত বহু বছৰ প্ৰধান শিক্ষকৰ দায়িত্বত থাকি অৱসৰ গ্ৰহণ কৰে। ১৯৮৬ চনত তেওঁৰ মৃত্যু হয়।

সাহিত্য চৰ্চাত একাণপতীয়াকৈ লগা প্ৰসন্নলাল চৌধুৰী একেধাৰে কবি, নাট্যকাৰ, অভিনেতা আৰু এগৰাকী সুদক্ষ চিকাৰী। তেওঁৰ কবিতাৰ বৈশিষ্ট্য হ’ল বিদ্রোহী সুৰৰ প্ৰাধান্য। সেয়ে তেওঁ বিদ্রোহী কবি নামেৰে পৰিচিত। তেওঁৰ কবিতা পুথি হ’ল— ‘অগ্নিমন্ত্ৰ’ (১৯৫০) আৰু ‘চানেকী কবিতা’ (১৯৬৫)। তদুপৰি অনেক কবিতা বিভিন্ন ঠাইত প্রকাশ পাইছে। প্রায়খিনি কবিতাতে বিদ্ৰোহৰ অগ্নিশিখা, স্বদেশপ্রীতি উদ্দাম প্রকাশ আৰু নতুনক প্রতিষ্ঠা কৰাৰ তীব্র আকাঙক্ষা প্রকাশ পাইছে। পুৰণি আৱৰ্জনাপূর্ণ ৰক্ষণশীল আৰু ক্লেদাক্ত সমাজক চূৰ্ণ কৰি সত্য আৰু মানৱতাৰ ভেটিত নতুন সমাজ গঢ়াৰ স্বপ্ন তেওঁৰ কবিতাত পোৱা যায়। দলিতৰ প্ৰতি দৰদ, নিষ্পেষিত প্রতিবাদ, ভণ্ডামিৰ প্ৰতি ঘৃণা তেওঁৰ দীপ্তকণ্ঠত উদ্‌গীৰিত হৈছে। বীৰত্বব্যঞ্জক বলিষ্ঠ ভাষা আৰু ভাবৰ উপযোগী গতিশীল ছন্দ, ধন্যত্মক শব্দচয়ন চৌধুৰীৰ কবিতাৰ বিশেষ সম্পদ। চৌধুৰী এগৰাকী কৃতি নাট্যকাৰ আৰু অভিনেতাও। তেওঁৰ ৰচিত উল্লেখযোগ্য নাটক হ’ল ‘নীলাম্বৰ’ (১৯৩৩), ‘অপেচৰী’ (১৯৬১) আদি। 

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। ‘পছোৱাৰ ডাক’ কবিতাটিৰ অন্তর্নিহিত মূলভাব লিখা।

উত্তৰ ঃ বিদ্রোহী কবি প্রসন্নলাল চৌধুৰীয়ে তেওঁৰ ‘পছোৱাৰ ডাক’ কবিতাটিত দেখাত পছোৱাৰ আগমনত হোৱা প্ৰকৃতিৰ তথা পৃথিৱীৰ নতুন ৰূপ আৰু পছোৱাৰ দুৰ্দান্ত শক্তিৰ কথা প্ৰকাশ কৰিছে যদিও ইয়াৰ অন্তর্নিহিত মূলভাব এনে ধৰণৰ—

পছোৱাই গছৰ শুকান ৰঙচুৱা পাতবোৰ তীব্র বেগেৰে উৰুৱাই পৃথিৱীত যৌৱনৰ প্ৰবল ৰক্তৰাগ জগাই তুলিবলৈ আৰু জগতক সাৰ-পানীৰে জীপাল কৰিবলৈ, অন্ধকাৰ আঁতৰাই আকাশৰ পাৰাপাৰ ভাঙি মুক্ত কৰি নতুন যুগৰ সূচনা কৰিবলৈ জাননী দিয়েহি। পছোৱাই কৈছেহি যে আমাৰ কাৰণে ‘দ্রাক্ষণ কুঞ্জ’ৰ দৰে পৃথিৱী ৰসেৰে ভৰপূৰ ৷ আমিয়েই পৰিস্থিতিৰ বিষবাষ্প পান কৰি মৃত্যুঞ্জয়ী হ’ব লাগিব। প্রচণ্ড পছোৱাৰ দৰে পশ্চিমৰ পৰা অহা ৰণমত্ত জাতিয়ে আমাৰ মাজত বিষবাষ্প বিয়পালেও আত্মৰক্ষাৰ কাৰণে প্ৰতি আক্ৰমণ কৰিবই লাগিব। কিন্তু তাতো সাৱধান বাণী যে তেনে কার্যত হয়তো মৰণো মিলিব পাৰে, হয়তো তাতোকৈ শাস্তি কাৰাগাৰৰ অন্ধ কোঠাত তিল্‌তিলকৈ নৰকৰ যাতনা ভুগি মৃত্যু মুখত পৰিব লাগিব পাৰে। এইবিলাক কাৰণত হয়তো মনোবল ভাগিও যাব পাৰে। তথাপি এইবোৰে নিৰ্ভীক হ’বলৈ প্ৰেৰণা দি অন্তৰাত্মা জগাই তুলিব। সাগৰ মন্থনত উঠা বিষাগ্নিৰ সোঁত শিৱ বিনে কোনেও ৰুধিব নোৱাৰে; ঠিক তেনেদৰে নীলকণ্ঠী হৈ আমিও পৰিস্থিতিৰ মোকাবিলা কৰিব লাগিব। নতুন দিনৰ আগজাননী দি পছোৱাই এই বার্তাকেই আমাক দিয়েহি৷

পছোৱাই আৰু জনাইছেহি যে জগতৰ কোনেও আমাক বাধা দিব পৰা, বন্দী কৰি ৰাখিব পৰা, ভাঙি-ছিঙি গুৰি কৰিব নোৱাৰা লোৰ বেৰী গঢ়া নাই; আনকি আমাক অনিৰুদ্ধৰ দৰে আবদ্ধ কৰি ৰাখিব পৰা ষ্টীল কংক্রিটৰ দুৰ্গও সাজিব পৰা নাই। সীমাহীন দুর্যোগ, আকাশলংঘী গিৰি পৰ্বতেও আমাৰ পথ ৰুধিব নোৱাৰে। আশা বিদ্যুত্ৰ চিকিমিকি পোহৰে আমাৰ কণ্টকময় অন্ধকাৰ পথ পোহৰাই তুলিব। মনৰ তীব্ৰতাই আমাক উত্ৰাৱল কৰি তুলিছে।

অগ্নিগড় বন্দিনী ঊষাই সপোন দেখাৰ দৰে সখী চিত্ৰলেখাই চিত্ৰৰে আকাশত মায়াজালৰ সৃষ্টি কৰাৰ দৰে আমি বন্দিত্বৰ বান্ধোন ছিঙি আশাৰ মায়াজাল ৰচনা কৰি আমাৰ যাত্ৰা আৰম্ভ কৰিব লাগিব। ৰুধিৰাক্ত বলিশালত আমাৰ তীক্ষ্ণ তৰোৱাল শত্রুসেনাৰ অপেক্ষাত উঠা-নমা কৰিব লাগিছে। সশস্ত্র শত্রুসেনা আমাৰ দুৱাৰত ভৰি দিছেহি। আমি জাগি উঠাৰ সময় হৈছে।

পছোৱাৰ আগমনত গছত কুঁহিপাত ওলাবলৈ আৰম্ভ কৰিছে। শুকান ডাল-পাততো ফুল ফুলিবলৈ লৈছে। কুঁৱলীৰে আবৰা সুপ্ত শীতৰ নিহালী লৈ স্থবিৰ হৈ থকা পৃথিৱীৰ নিদ্ৰাৰত চকুত অতীতৰ আগৰুৱা ভাব। কিন্তু পছোৱাৰ আগমনত পৃথিৱীয়ে সেইবোৰ আঁতৰাই নৱ যৌৱনসুলভ শক্তি লাভ কৰিছে। শক্তিমন্ত্ৰ প্ৰাণত কেন্দ্ৰীভূত হৈছে। প্ৰকৃতিৰ বুকুত যেন সৰস আনন্দৰ ইংগিত। ইয়াৰ পৰাই জগতে চৰম সাৰ্থকতা আৰু বিকাশৰ পৰম সুখ লাভ কৰিছে। সকলোৰে ওঁঠত প্রিয়তমাৰ চুম্বনৰ পৰম তৃপ্তি সুখ-হাঁহি দেখা গৈছে।

পছোৱাৰ আগমনৰ জৰিয়তে পৃথিৱীৰ পৰিৱৰ্তনৰ ইংগিতে পুৰণিক নাশি নতুনক প্রতিষ্ঠা কৰাৰ দুৰ্বাৰ আকাঙ্ক্ষা এই কবিতাটিত প্রকাশ পাইছে।

প্রশ্ন ২। ‘পছোৱাৰ ডাক’ কবিতাটিৰ সাৰাংশ লিখা। 

উত্তৰঃ বিদ্রোহী কবি বুলি খ্যাত কবি প্রসন্নলাল চৌধুৰীৰ পছোৱাৰ ডাক’ কবিতাটিত পছোৱাক নতুনৰ বতৰা কঢ়িয়াই অনা এক দুৰ্বাৰ শক্তিৰ প্ৰতিভুৰূপে দেখুওৱা হৈছে।

পছোৱা যে পুৰণিক আঁতৰাই নতুনক প্ৰতিষ্ঠা কৰাৰ, আন্ধাৰ নাশি জগতক পোহৰাই তোলাৰ এক দুৰ্বাৰ শক্তি। পছোৱা নতুন যুগ সৃষ্টিকাৰী মৃত্যুঞ্জয়ী ৰণুৱা। পছোৱা ৰণমত্ত হৈ পশ্চিমৰ পৰা তীব্র বেগে আগুৱাই আহে। পছোৱাই যেন তাৰ দুর্নিবাৰ গতিৰে প্ৰকৃতিৰ তথা জগতৰ সকলো বাধা প্রতিহত কৰি, বিষবাষ্প পান কৰি নীলকণ্ঠৰূপে জগতক পৰিত্ৰাণ কৰিবলৈ আহে। অনিৰুদ্ধ বন্দী দুর্ভেদ্য দুৰ্গয়ো পছোৱাক বাধা দিব নোৱাৰে। পছোৱাক বাধা দিবলৈ আনকি ষ্টীল কংক্রিটৰ দুৰ্গও গঢ়ি উঠা নাই। ঊষাৰ সখী চিত্ৰলেখাৰ চিত্ৰই মায়াজালৰ সৃষ্টি কৰাৰ দৰে পছোৱাৰ আগমনত আকাশত বিজুলীয়েও চিত্র-বিচিত্র মায়াজালৰ সৃষ্টি কৰে। শুকান পৃথিৱী জীপাল হৈ পৰে। কুঁৱলীয়ে আৱৰা শীতৰ নিহালী লৈ স্থবিৰ আৰু ভাগৰুৱা হৈ পৰা প্ৰকৃতিৰ বুকুত এক নতুনৰ বতৰা দিয়ে পছোৱাই। শুকান লঠঙা গছত কুঁহিপাত ওলায়, শুকান ডাল-পাতত ফুল ফুলিবলৈ ধৰে। চৌদিশে সৰস আনন্দৰ ৰেখা ফুটি উঠে। সকলোৰে ওঁঠত প্রিয়তমাৰ চুম্বন তৃপ্তি সুখ বিৰিঙি উঠে। 

প্রশ্ন ৩। ‘পছোৱাৰ ডাক’ কবিতাটিৰ কাব্যিক সৌন্দর্য বর্ণনা কৰা।

উত্তৰঃ বিদ্রোহী কবি প্ৰসন্নলাল চৌধুৰীৰ ‘পছোৱাৰ ডাক’এটি ৰূপকধৰ্মী তথা প্রতীকাত্মক কবিতা। পছোৱা বতাহক প্রতীক হিচাপে প্ৰয়োগ কৰাত কবিৰ উগ্ৰ মাধুৰ্য প্ৰকাশৰ শ্ৰম সার্থক হোৱাৰ উপৰি কলুষ-কালিমাৰে ভৰা জগতৰ অন্ধকাৰ আঁতৰাই নতুনক প্রতিষ্ঠা কৰাৰ প্ৰবল বিদ্রোহী মনোবল আৰু বাসনাও প্রকাশ পাইছে।

কবিতাটিত পছোৱা আৰু বিদ্রোহে সমান্তৰাল ৰূপত তীব্র গতিৰে আগবাঢ়িছে। প্রাক স্বাধীনতা কালৰ ৰচনা এই কবিতাটিত ‘পশ্চিমৰ ৰণমত্ত জাতি’ তথা ‘আতংকৰ অৱতাৰ’ বৃটিছৰ বিপক্ষে পছোৱাক ঢালৰূপে লৈ কবিৰ বিপ্লৱী মনোভাবৰ বিষোদগাৰ প্ৰকাশ কৰিছে। কবিয়ে প্রতীক আৰু বাস্তৱতাৰ সুসমন্বয় ঘটাই শীতৰ নিহালী লৈ শুই থকা জাতিটোক জগাই তুলিব বিচাৰিছে। কবিতাটিত ছন্দৰ মিশ্রণ ঘটিছে। অস্ত্যমিলযুক্ত মুক্তক ছন্দৰ ব্যৱহাৰ দেখা যায় যদিও পয়াৰ আদি ছন্দৰো প্ৰয়োগ কবিতাটিৰ লক্ষণীয় বিষয়। সেই কাৰণেই কবিতাটি মিশ্র ছন্দৰ বুলি ক’লেও ভুল হ’ব নোৱাৰে। কবিয়ে কবিতাটিত লিখিছে—

সিন্ধু মথনত উঠা বিষ অগ্নি স্রোত

শিৱ বিনে কোনে কৰে ৰোধ?

নীলকণ্ঠ তোত বিনে অন্য আৰু নাই

এই বার্তা পছোৱাই আনিছে উৰুৱাই 

নতুন দিনৰ মত্ত হৰিষে পুৰাই।’

পয়াৰৰ কাষ চপা এই ছন্দৰ বিপৰীতে শেষৰ ফালে কবিয়ে এনে ছন্দত ব্যৱহাৰ কৰিছে 

‘আজি কাঠ ভেদি কুঁহিপাত ফুটি উঠিবৰ

উন্মেষ গোপন,

নিৰস ৰসত লাল ফুল ফুলিবৰ

তীব্ৰ জাগৰণ।’

তদুপৰি পছোৱা ৰূপকেৰে নতুন এক আশাবাদ কঢ়িয়াই আনি কবিতাটিক অতুলনীয় মনোমোহা সৌন্দর্য দান কৰিছে। কাঠ ভেদি কুঁহিপাত’ ফুটি উঠাৰ আশা, ‘নিবস বসত লাল ফুল ফুলিবৰ তীব্ৰ জাগৰণ’ সকলোৰে বাবে সাৰ্থকতা আৰু বিকাশ অহাৰ ইংগিতে কবিতাটিক মধুৰ আৰু আকর্ষণীয় কৰি তুলিছে৷

বিদ্ৰোহৰ অগ্নি-স্ফুলিংগ, উগ্রভাষা আৰু প্ৰতীকৰ প্ৰয়োগেও কবিতাটিৰ সাৱলীলতাৰ গতিৰোধ কৰিব পৰা নাই। বলিষ্ঠ ভাষা, উপযুক্ত শব্দচয়ন, আৰু ছন্দৰ সাৱলীল গতিৰে কবিতাটিক মনোমোহা কৰি তুলিছে।

প্রশ্ন ৪। ‘নৱ যুগ সৃষ্টি কৰা জাগিছে নতুন জুপিটাৰ’ –ইয়াত কেনেকৈ নৱযুগৰ সৃষ্টি হৈছে বুলি কবিয়ে কৈছে, বুজাই লিখা।

উত্তৰ : পছোৱাৰ প্ৰমত্ত দুৰ্বাৰ গতিৰে কৰা আগমনত গছৰ শুকান পাতবোৰ উৰি ক’ৰবালৈ আঁতৰি যায় । পছোৱাৰ আগমনে শীতত জঠৰ হৈ থকা, কুঁৱলীৰ নিহালী গাত লৈ থকা পৃথিৱী সতেজ-সবল হৈ জাগি উঠে। প্ৰকৃতিৰ ৰূপ সলনি হয়, পৃথিৱীয়ে ন ৰূপেৰে সাজি-কাচি ওলায়। পছোৱাই পৃথিৱীক জীপাল কৰি নৱযুগৰ সূচনা কৰে। স্থবিৰ পৃথিৱীৰ বুকুত থকা লঠঙা গছত কুঁহিপাত ওলায়, শুকান ডাল-পাতত ফুল ফুলি প্রকৃতিক তথা পৃথিৱীক নতুন সাজেৰে সজাই তোলে।

প্রশ্ন ৫। প্রসঙ্গ সঙ্গতি দৰ্শাই ব্যাখ্যা কৰাঃ 

(ক) তই সঙ্গী বজ্রনখী হিংস্র ঈগলৰ দল

তমোৰাশি কৰা বহিষ্কাৰ,

উত্তৰ ঃ উদ্ধৃত কবিতাফাকি বিদ্রোহী কবি প্রসন্নলাল চৌধুৰী ৰচিত ‘পছোৱাৰ ডাক’ কবিতাটিৰ অন্তর্গত। পছোৱাই দুৰ্বাৰ গতিৰে আহি পৃথিৱীৰ বুকুত কৰা কাৰ্যাৱলী বৰ্ণনা কৰিবলৈ যাওঁতে এই কবিতাফাকিৰ অৱতাৰণা কৰিছে।

পছোৱা আহে ‘প্রমত্ত দুৰ্বাৰ’ গতিৰে৷ গছৰ শুকান পাতবোৰ উৰুৱাই তীব্র গতিৰে পছোৱা আগবাঢ়ে। হিংস্র ঈগলৰ বজ্ৰসম নখেৰে বুকু চিৰাচিৰ কৰাৰ দৰে পছোৱাই পৃথিৱীৰ অন্ধকাৰ ফালি আকাশৰ চৌদিশ উজ্বলাই তোলে, আকাশৰ বুকু চিৰাচিৰ কৰি বিদ্যুতৰ তিৰ্বিৰণি তোলে।

পছোৱা যেন হিংস্র ঈগলজাকৰ সংগী। পছোৱাই পৃথিৱীৰ বুকুত নতুন নতুন যুগৰ সৃষ্টি কৰি পৃথিৱীক সৰস জীৱন দান কৰে, জীপাল কৰি তোলে।

(খ) সকলোৰে সাৰ্থকতা আহিব চম

বিকাশৰ সুখ, 

অধৰৰ আগত ফুলিব প্রিয়তমা 

চুম্বন উন্মুখ।’ 

উত্তৰঃ উদ্ধৃত কবিতাফাকি বিদ্রোহী কবি প্রসন্নলাল চৌধুৰী ৰচিত ‘পছোৱাৰ ডাক’ কবিতাটিৰ অন্তর্গত।

পছোৱাৰ আগমনত জগতৰ পৰিৱৰ্তন আৰু সুখ-আনন্দৰ কথা ব্যক্ত কৰি কবিয়ে এই কবিতাফাকিৰে কবিতাটিৰ সামৰণি মাৰিছে।

পছোৱাৰ আগমনে পৃথিৱীলৈ এক পৰিৱৰ্তন আনে। সেইদৰে পশ্চিমৰ ৰণমত্ত জাতিয়ে প্ৰবল পৰাক্ৰমেৰে খেদি আহিলেও এক পৰিৱৰ্তনে দেখা দিয়ে। শীতৰ নিহালী লৈ শুই থকা পৃথিৱীখনেও পছোৱাৰ আগমনত সাৰ পাই উঠে। পশ্চিমৰ এই ৰণমত্ত জাতিৰ আগমনে সকলোকে জগাই তুলিছে। পছোৱাই নতুন যুগৰ সূচনা কৰাৰ দৰে পশ্চিমীয়া শত্ৰুক প্রতিহত কৰি মহাশক্তিৰে এক নতুনত্বৰ সৃষ্টি কৰিব লাগিব। তেতিয়া আহিব জীয়াই থকাৰ সাৰ্থকতা, বিকাশৰ সুখ-আনন্দ ৷ সকলো প্ৰকাৰৰ অন্ধকাৰ আঁতৰি এক পোহৰৰ উন্মেষ ঘটিব। সকলোৱে অনুভৱ কৰিব প্রিয়তমাৰ ওঁঠৰ চুম্বন তৃপ্তি; মুখত ফুটি উঠিব পৰম শাস্তিৰ হাঁহি।

(গ) নীলকণ্ঠ তোত বিনে অন্য আৰু নাই,

এই বার্তা পছোৱাই আনিছে উৰাই 

নতুন দিনৰ মত্ত হৰিষে পূৰাই ৷

উত্তৰঃ উদ্ধৃত কবিতাফাকি বিদ্রোহী কবি প্রসন্নলাল চৌধুৰী ৰচিত ‘পছোৱাৰ ডাক’ কবিতাটিৰ অন্তর্গত।

পছোৱাৰ আগমনে জগতত কিদৰে নতুন দিনৰ নতুন বতৰা কঢ়িয়াই আনে তাকেই কবিতাফাকিৰ জৰিয়তে কবিয়ে ব্যক্ত কৰিব বিচাৰিছে৷

পছোৱাই তীব্র বেগেৰে বাটৰ ধূলি, গছৰ পাত উৰুৱাই পুৰণিক আঁতৰাই, আন্ধাৰক খেদি পঠিয়াই নতুনৰ বতৰা দিবলৈ আগুৱাই আহিছে। পছোৱাই এই বতৰা দিছে যে নীলকণ্ঠী শিবৰ দৰে আমিয়েই দুৰ্বাৰ সাহসেৰে পৃথিৱীৰ বিষবাষ্প পাণ কৰি জগতৰ নতুনত্ব প্ৰদান কৰিব লাগিব। পৃথিৱীৰ কলুষ-কালিমা, বিষবাষ্প দূৰ কৰিবলৈ আন কোনো নাহে, আহিব লাগিব আমি নিজে। এই বার্তাকেই পছোৱাই আমাক দৃঢ়তাৰে জনাইছে।

HS First Year Advance Assamese Questions Answers

গোট ১ -কবিতাংশ

ক্ৰমিক নংপাঠলিংক
১. প্রহলাদ চৰিত্ৰ Click here
২. শিৱৰ কৃষিকর্ম Click here
৩. প্রিয়তমাৰ চিঠি: Click here
৪. পানেশৈ Click here
৫. পছোৱাৰ ডাক Click here
৬ .চামুৰাই Click here

গোট ২ – গদ্যাংশ

৭. শংকৰদেৱৰ বাল্যকাল Click here
৮. ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা Click here
৯. অংকীয়া নাটৰ ৰস বিচাৰ Click here

গোট ৩ – নাটক

১০. টিকেন্দ্রজিৎ Click here

গোট ৪ – চুটি গল্প

১১. যীশুখ্ৰীষ্টৰ ছবি Click here
১২. ভ্ৰষ্টলগ্ন Click here

গোট ৫ – সাহিত্য সমালোচনা

১৩. কবিতা Click here
১৪. নাটক Click here

গোট ৬ – ছন্দ

১৫. ছন্দ : ছন্দ্ৰ সংজ্ঞা, অক্ষৰ; মাত্রা; যতি, পৰ্ব, চৰণ; “স্তৱক; পদ বা পয়াৰ; ঝুমুৰী: কুসুমমালা, দুলড়ী: ছবি, লোছাৰি ছন্দ Click here

গোট ৭ – অসমীয়া সাহিত্যৰ বুৰঞ্জী

১৬. অসমীয়া কবিতা আৰু নাটকৰ পৰি Click here

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। প্রসন্নলাল চৌধুৰীক কি কবি বুলি আখ্যা দিয়া হৈছে?

উত্তৰ : ‘বিদ্রোহী কবি’ বুলি আখ্যা দিয়া হৈছে।

প্রশ্ন ২। প্ৰসন্নলাল চৌধুৰীৰ এখন কবিতা পুথিৰ নাম লিখা।

উত্তৰ : ‘অগ্নিমন্ত্ৰ’। 

প্রশ্ন ৩। প্রসল্পলাল চৌধুৰীৰ এখন নাটকৰ নাম লিখা

উত্তৰ: ‘নীলাম্বৰ’।

প্রশ্ন ৪। ‘পছোৱাৰ ডাক’ কবিতাটিৰ কবি কোন?

উত্তৰ : বিদ্রোহী কবি প্রসন্নলাল চৌধুৰী।

প্রশ্ন ৫। প্ৰসন্নলাল চৌধুৰীৰ পিতৃ-মাতৃৰ নাম কি আছিল?

উত্তৰ ঃ পিতৃৰ নাম শ্যামলাল চৌধুৰী আৰু মাতৃৰ নাম প্রমীলা চৌধুৰী।

প্রশ্ন ৬। প্রসন্নলাল চৌধুৰীৰ বৃত্তি কি আছিল?

উত্তৰ: প্ৰসন্নলাল চৌধুৰীৰ বৃত্তি শিক্ষকতা আছিল।

প্রশ্ন ৭। কবিয়ে পছোৱাক কিহৰ সৃষ্টি কাৰক বুলি কৈছে? 

উত্তৰ : নতুন যুগৰ সৃষ্টিকাৰক বুলি কৈছে।

প্রশ্ন ৮। পছোৱাক কিহৰ সংগী বুলি কৈছে? 

উত্তৰঃ বজ্ৰনখী হিংস্র ঈগলৰ সংগী বুলি কৈছে।

প্রশ্ন ৯। পছোৱাক কিহৰ প্ৰতীকৰূপে দেখুওৱা হৈছে?

উত্তৰ: পশ্চিমৰ ৰণমত্ত জাতিৰ লগত ।

প্রশ্ন ১০। সিন্ধু মথনত কি উঠিছিল?

উত্তৰঃ বিষ।

প্রশ্ন ১১। ‘সিন্ধু মথনত উঠা বিষ অগ্নি স্রোত’ কোনে ৰুধিছিল ?

উত্তৰ: শিৱই।

প্রশ্ন ১২। নীলকণ্ঠ কাক কোৱা হয়?

উত্তৰ : শিৱক কোৱা হয়।

প্রশ্ন ১৩। ‘অভ্রভেদী’ শব্দৰ অৰ্থ কি?

উত্তৰ: ‘অভ্রভেদী’ শব্দৰ অৰ্থ – আকাশলঙ্ঘী, বৰ ওখ

প্রশ্ন ১৪। অনিৰুদ্ধ কোন?

উত্তৰ ঃ অনিৰুদ্ধ শ্ৰীকৃষ্ণৰ নাতি আৰু ঊষাৰ স্বামী।

প্রশ্ন ১৫। ঊষা কোন আছিল?

উত্তৰ ঃ শোণিতপুৰৰ ৰজা বাণৰ জীয়ৰী আৰু শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ পত্নী আছিল।

প্রশ্ন ১৬। ঊষা ক’ত বন্দিনী হৈ আছিল?

উত্তৰ: অগ্নিগড়ত।

প্রশ্ন ১৭। প্রসন্নলাল চৌধুৰী কাব্যগ্রন্থ দুখনিৰ নাম লিখা ?

উত্তৰ: ‘অগ্নিমন্ত্ৰ’ আৰু ‘চানেকী কবিতা’। 

প্রশ্ন ১৮। ঊষাৰ সখী কোন আছিল?

উত্তৰ ঃ চিত্ৰলেখা।

প্রশ্ন ১৯। চিত্রলেখাই কি কৰিছিল বুলি কবিতাটিত উল্লেখ কৰিছে? 

উত্তৰ : চিত্ৰৰে আকাশত মায়াৰ সৃজন কৰিছিল বুলি উল্লেখ কৰিছে।

প্রশ্ন ২০। অগ্নিগড় দুর্গত বন্দিনী হৈ থাকি ঊষাই কি সপোন দেখিছিল ?

উত্তৰ : অনিৰুৰ্দ্ধক স্বামীৰূপে লাভ কৰাৰ সপোন দেখিছিল।

প্রশ্ন ২১। সকলোৰে চৰম সার্থকতা কেতিয়া আহিব বুলি কৈছে? 

উত্তৰ : পৃথিৱী যেতিয়া সৰস আনন্দৰ উজান উঠিব তেতিয়া।

প্রশ্ন ২২। ‘অৰৰ আগত ফুলিব প্রিয়তমা

চুম্বন উন্মুখ!’

—কেতিয়া এনে পৰিস্থিতি হ’ব বুলি কবিয়ে কৈছে?

উত্তৰ : যে তয়া চাৰিওফালে সৰস আনন্দৰ উজান উঠিব, বিকাশৰ সুখ আৰু জীৱনৰ সার্থকতা আহির, তেতিয়া এনে পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি কবিয়ে কৈছে।

প্রশ্ন ২৩। মসমীয়া সাহিত্যত ‘বিদ্রোহী কবি’ আখ্যা কাক দিয়া হৈছে?

উত্তৰ : প্ৰসন্নলাল চৌধুৰীক।

প্রশ্ন ২৪। ‘অগ্নিমন্ত্ৰ’ কবিতা পুথিৰ কবি কোন?

উত্তৰ : প্রসন্নলাল চৌধুৰী ।

This Post Has One Comment

Leave a Reply