HS First Year Advance Assamese Solutions Chapter-2 শিৱৰ কৃষিকৰ্ম

HS First Year Advance Assamese Solutions Chapter-2 শিৱৰ কৃষিকৰ্ম। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Advance Assamese Solutions Chapter-2 শিৱৰ কৃষিকৰ্ম AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

Hs First Year Question Answer (Assamese Medium)

ইংৰাজী (English)Click Here
অসমীয়া Click Here
हिन्दीClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
তৰ্কবিদ্যা আৰু দর্শন (Logic & Philosophy)Click Here
পৰিৱেশ শিক্ষা ( Environmental Studies)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
সমাজতত্ত্ব (sociology)Click Here
অৰ্থনীতি (Economy)Click Here
ৰাজনীতি (Political Science)Click Here
ভূগোল (Geography)Click Here

HS First Year Advance Assamese Solutions Chapter-2 শিৱৰ কৃষিকৰ্ম

শিৱৰ কৃষিকৰ্ম

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। ভীমক ভাত খুৱাবলৈ গৈ পাৰ্বতীৰ অৱস্থা কি হৈছিল ? বৰ্ণনা কৰা।

উত্তৰ : মহাদেৱ শিৱৰ ঘৰত ভীম গৰখীয়া হিচাপে থাকিছিল। গৰখীয়া ভীমক খাবলৈ যথেষ্ট লাগে; পিছে ভিক্ষা মাগি অনা খাদ্যবে পার্বতীয়ে ভীমৰ পেট পূৰ কৰিব নোৱাৰে।

এদিন দুপৰীয়া গৰু চৰাই আহি কার্তিক, গণেশৰ লগতে ভীম ভাত খাবলৈ বহিল। কাহীত ভাত বাঢ়ি দি পার্বতীয়ে আঞ্জা আনো বুলি ভিতৰলৈ গৈ ঘূৰি আহি দেখিলে ভীমৰ কাহীত ভাত নাই । ভীমৰ কাঁহীত ভাত দিলে কি নিদিলে বুলি-চিন্তা কৰি পাৰ্বতীয়ে পুনৰ ভাত আনি ভীমৰ কাহীত দিলে। ভীমে তাকো একে গৰাহতে খাই পেলালে। এনেকৈ তিনি-চাৰিবাৰ ভাত-আঞ্জা ভীমৰ কাহীত দিয়াৰ পিছতো ভীমৰ ভোক নুগুচিল। ভীমে পার্বতীক আৰু ভাত খুজিলে। চকত ভাত শেষ হোৱা বাবে পার্বতী লাজতে ভিতৰৰ পৰা ভীমৰ আগলৈ ওলাই নাহিল। বাৰে বাৰে ভাত-আঞ্জা খুজিও নাপাই ভীমে আধাপেটীকৈয়ে হাত-মুখ ধুই উঠি ভিক্ষাৰ জোলোঙাত কিবা চাউল-পাত আছে যদি তাকে দিবলৈ পার্বতীক কোরাত পার্বতীয়ে নিঃসহায় অৱস্থাৰে ঘৰত খুদ-কণ এটাও নাই বুলি ক’লে। তেতিয়া ভীমে অতি খং কৰি ক’লে যে তেওঁ মহাদেৱ-পাৰ্বতীৰ ঘৰত খোৱা-বোৱাত যথেষ্ট কষ্ট পাইছে, সদায় আধাপেটীকৈ থাকিব লাগে। তেওঁ আৰু তেওঁলোকৰ ঘৰত নাথাকে, গৰুও নাচাৰে, য লৈকে-তলৈকে গুচি যাব ৷ এই কথাত পাৰ্বতী বৰ বিব্ৰত আৰু লজ্জিত হ’ল।

‘শ্ন ২। কি পৰিস্থিতিত শিৱঁই খেতি কৰিবলৈ সন্মত হৈছিল। শিৱৰ কৃষি-কৰ্মৰ এটি বৰ্ণ। দিয়া।

অথবা,

 ‘শিৱৰ কৃষি কৰ্ম’ কবিতাংশ ক’ৰ পৰা লোৱা হৈছে? ইয়াত শিৱৰ লৌকিক ৰূপটো কেনেদৰে ফুটি ওলাইছে চমুকৈ বুজাই লিখা।

অথবা, 

‘শিৱৰ কৃষি কর্ম’ কাব্যাংশৰ আলমত শিৱই কিদৰে কৃষি কাৰ্য কৰিছিল আৰু তাৰ ফলাফল কি হ’ল বৰ্ণনা কৰা।

অথবা,

 ‘শিৱৰ কৃষি কর্ম’ কবিতাটিৰ মূলভাৱ লিখাঁ।

উত্তৰ ঃ ‘শিৱৰ কৃষিকৰ্ম’ কাব্যাংশৰ কবি ৰাম সৰস্বতীৰ ‘ভীম-চৰিত’ কাব্য যুথিৰ অংশ বিশেষ। কাব্যপুথিখনত বর্ণিত কাহিনীভাগ মহাভাৰতৰ ভিতৰুৱা নহয়, শিৱক খেতিয়কৰূপে, ভীমক বৰগৰখীয়াৰূপে কল্পনা কৰা অসমীয়া লৌকিক সমাজ এখনৰ প্ৰতিচ্ছবিহে কাব্যখনিত প্রকাশিত হৈছে। কবিয়ে সমগ্র কাব্যখনিত এক বিমল হাস্যৰসৰ সৃষ্টি কৰি জনসাধাৰণক আনন্দ দিবলৈ প্ৰয়াস কৰিছে।

ভোলানাথ শিৱৰ ঘৰত ভীম আছিল গৰখীয়া। গৰখীয়া ভীমক খাবলৈ যথেষ্ট লাগে, পিচে ভিক্ষা কৰি অনা অন্নেৰে পাৰ্বতীয়ে ভীমক তুষ্ট কৰিব নোৱাৰে। এদিন ভাতৰ পাতত বহি ভীমে ভাত খাই থাকোতেই চৰুৰ ভাত আঞ্জা সকলো শেষ হ’ল। ভীমে ভাত খুজি থকা দেখি পার্বতীয়ে লাজতে ভিতৰৰ পৰা ওলাই নাহিল। ভীমে অসন্তোষেৰে আধাপেটাকৈ থাকি ঘৰত যদি খুদ চাউল আছে তাকে বিচাৰিলে৷ পাৰ্বতীয়ে ঘৰত খুদকণ এটাও নাই বুলি কোৱাত ভীমে পার্বতীক নানান ককৰ্থনা কৰিলে। তেওঁ স্পষ্টকৈ কৈ দিলে, ভাত খাবলৈ নাপালে তেওঁ আৰু গৰু চৰাব নোৱাৰে, শিৱ-পাৰ্বতীয়ে বেলেগ গৰখীয়া বিচাৰক।

গৰখীয়া ভীমৰ কথাত পার্বতীয়ে যথেষ্ট লাজ পালে। ভীমে কোৱা কথাখিনি মিছাও মহয়। ভঙুৱা শংকৰৰ ঘৰত দিনে-ৰাতিয়ে কেৱল ভাঙৰহে খেলা, ধন নাই, ভাঙৰহে ডুলি আছে। ভাং খাই শিৱই খুজি-মাগি আনি পেট প্ৰৱর্তায়। পার্বতীয়ে সেয়ে শিৱক খেতি-বাতিত মন দিবলৈ ক’লে। কাৰণ ভিক্ষা কৰি অনা অন্নেৰে পেট পুহিব নোৱাৰে। খেতি কৰাৰ কথা শুনি শিৱই প্ৰথমে বৰ ইচ্ছা কৰা নাছিল যদিও পাৰ্বতীৰ দিহা মতে শিৱই ইন্দ্ৰৰপৰা মাটি, কুবেৰৰ পৰা কঠীয়া, বলোভদ্ৰৰ পৰা নাঙল খুজি আনিলে। লগতে যমৰাজৰপৰা ম’হটো খুজি আনি নিজৰ বলদটোৰ লগত যুটি, নিজৰ ত্ৰিশূলডালকে নাঙলৰ ফাল কৰি লৈ শিৱই হাল জুৰিলে। কম সময়ৰ ভিতৰতে ষোল প্ৰহৰৰ মাটি মুকলি হ’ল আৰু চাহ কৰি ধান সিঁচা মাত্রকে ধান গজি থোক মেলি পকিবলৈ ধৰিলে।

এনেদৰে শিৱৰ কৃষিকাৰ্য আৰম্ভ হ’ল। শিৱই জানি শুনিয়েই পার্বতীক খেতিপথাৰলৈ যাবলৈ মানা কৰিছিল। পিচে পাৰ্বতীৰ মনে নসহিলে। শিৱই কিয়নো যাবলৈ মানা কৰিছে সেই কথা বুজিব নোৱাৰি এদিন পার্বতীয়ে শিৱই নজনাকৈ গৈ খেতিপথাৰত উপস্থিত হ’ল। পথাৰত নদন-বদন শসা দেখি পাৰ্বতীৰ মুখৰ পৰা উস-আস্ শব্দ ওলাই আহিল আৰু লগে লগে খোবা-খুবী ওলাই সমগ্র শসা পুৰি ছাই কৰিলে। পার্বতীয়ে কথাটো কাকো নকৈ ঘৰলৈ ঘূৰি আহিল। শিৱই খেতিপথাৰলৈ গৈ এদিন সকলো দেখিলে আৰু পাৰ্বতীৰ বাবেই এনে হ’ল বুলি পার্বতীকে গালি-শপনি পাৰিলে। পার্বতীয়ে তেতিয়া শিৱক কাবৌ-কোকালি কৰি পুনৰ খেতি কৰাবলৈ সন্মতু কৰিলে। শিৱই সেইমতে খেতি কৰি আহি পাৰ্বতীক গৰখীয়া পঠাই ধান কটাই আনিবলৈ ক’লে।

পার্বতীয়ে ধান দাবলৈ ভীমক পঠালে। ভীমই নিমিষতে ধান দাই আহি ঘৰ পোৱালেহি। ধান মাথোন তিনি মুঠিহে হ’ল। এয়া ধানকে দাবলৈ ভীমক পঠোৱাৰ বাবে ভীম ঘূৰি আহি শিৱক কটুক্তিহে কৰিলে। ভীমে কয় বোলে ভঙুৱা শংকৰে কি খেতি কৰিব৷ তেওঁ ভাং-ধুতুৰা জুমুঠি লৈ খেতি কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈ গছৰ তলত চিলিম টানি শুই থাকে। ভীমে কাজিয়া লগাবলৈ এনেদৰে কথা লগাইছে বুলি শিৱই ক’লে যদিও ধানৰ পৰিমাণ দেখি পার্বতীয়ে ভীমৰ কথাকে বিশ্বাস কৰিলে। শিৱৰ তেতিয়া খং উঠিল আৰু ধানত জুই লগাই দিলে। ভীমে জুই নুমাবলৈ চেষ্টা কৰিছিল যদিও নোৱাৰিলে ৷ এনেদৰে সাতদিন ধৰি জুই জুলি থাকিল। সাত দিনৰ পিছত কমণ্ডলুৰ পানীৰে জুই নুমালে। সেয়ে কিছুমান ধান আহু হ’ল আৰু কিছুমান শালি হ’ল। এনেদৰে ভোলানাথ শিৱই কৃষিকাৰ্য কৰিছিল। শিৱই কৰা দুয়োবাৰৰ খেতি জুয়ে পুৰি ছাই কৰিলে৷

প্রশ্ন ৩। শিৱৰ খেতি কেনেকৈ নষ্ট হৈছিল? ইয়াৰ পৰিণতি কি হ’ল?

উত্তৰঃ ভীম মহাদেৱ-পাৰ্বতীৰ ঘৰত গৰখীয়াৰূপে থাকিছিল। গৰখীয়া ভীমক খাবলৈ যথেষ্ট লাগে; কিন্তু ভিক্ষা মাগি অনা চাউলেৰে ভীমৰ পেট পূৰ কৰিব নোৱাৰে। খোৱাৰ সময়ত পেট পূৰাই ভাত দিব নোৱাৰাত ভীমে পার্বতীক কটু কথা শুনালে। ভীমৰ কটু কথা সহা কৰিব নোৱাৰি পাৰ্বতীয়ে শিৱক খেতি কৰিবলৈ পৰামৰ্শ দিলে। পাৰ্বতীৰ পৰামৰ্শক্রমে শিৱই বিভিন্নজনৰ পৰা বিভিন্ন ঠাইৰ পৰা ধানৰ বীজ আৰু খেতিৰ সঁজুলি সংগ্ৰহ কৰি বৰ যত্নেৰে খেতি কৰিলে৷ আনকি তেওঁ নিজেই খেতি ৰাখিবলৈয়ো যায়। খেতি লহপহকৈ বাঢ়ি আহিল। শিৱই কিন্তু পার্বতীক খেতি চাবলৈ যাবলৈ বাধা কৰিছিল। মহাদেৱেনো খেতি চাবলৈ তেওঁক কিয় মানা কৰিছে, খেতি বা কেনেকুৱা হৈছে এনেবোৰ ভাবত পার্বতীয়ে শিৱৰ খেতি চাবলৈ মনে মনে বৰ ইচ্ছা কৰি আছিল। সেয়ে শিৱই গম নোপোৱাকৈ এদিন খেতি চাবলৈ পথাৰ পালেগৈ। লহপহীয়া সুন্দৰ খেতিডৰা দেখি আচৰিত হ’ল আৰু পাৰ্বতীৰ মুখৰ পৰা হঠাতে উস্ আস্ শব্দ দুটা ওলাল। সেই শব্দ দুটাৰ পৰাই খোৱা-খুৰী উৎপন্ন হৈ সুন্দৰ খেতিডৰা পুৰি পেলালে। এনেদৰেই শিৱৰ খেতি সমূলঞ্চে নষ্ট হ’ল। তাকে দেখি পার্বতীয়ে বৰ ভয় খালে।

পাৰ্বতী ভয়তে ঘৰলৈ আহি মনে মনে থাকিল। শিবই খেতি পথাৰলৈ গৈ খেতিৰ অৱস্থা দেখি সেয়া পাৰ্বতীৰে কাণ্ড বুলি পার্বতীক ভীষণ তিৰস্কাৰ কৰিলে। পার্বতীয়ে নিজ দোষ স্বীকাৰ কৰি শিৱক পুনৰ খেতি কৰিবলৈ সানুনয়ে অনুৰোধ কৰিলে। পার্বতীৰ অনুৰোধ খং শাম কটাত শিৱই পুনৰ খেতি কৰিলে। সেইবাৰো খেতি বৰ ভাল হ’ল। ধান কাটিবৰ হোৱাত ভীমক পঠিয়াই ধান কটাই অনালে। ভীমৰ সৰু মুঠিৰে মাত্র তিনি মুঠিহে ধান হ’ল। ভীমে তাকে দেখি ভঙুৱা শংকৰে কি খেতি কৰিব বুলি হাঁহিলে। ভীমৰ কথাত পার্বতীয়েও শিৱক ভর্ৎসনা কৰিলে। তাতে শিৱৰ খং উঠি ধানৰ মুঠিবোৰত জুই লগাই দিলে। সাত দিন ধৰি জুই জ্বলি থাকিল। ভীম আৰু পাৰ্বতীৰ অনুৰোধত শেষত শিৱই কমণ্ডলুৰ পানীৰে ধানৰ জুই নুমালে। ইতিমধ্যে ধান কিছু আধাপোৰা হ’ল আৰু কিছু নোপোৰাকৈ থাকিল। সেই কাৰণেই আধাপোৰা ধানখিনি আহ্‌ আৰু একেবাৰে নোপোৰাকৈ থকা ধানখিনি শালি হ’ল বুলি উল্লেখ কৰিছে।

প্রশ্ন ৪ ৷ পাঠটিৰ মাজেদি শিৱৰ লৌকিক ৰূপটো কিদৰে ফুটি ওলাইছে বর্ণনা কৰা।

উত্তৰ: ‘শিৱৰ কৃষিকৰ্ম’ কাব্যাংশৰ কবি ৰাম সৰস্বতীৰ ‘ভীম-চৰিত’ কাব্য যুথিৰ অংশ বিশেষ। কাব্যপুথিখনত বর্ণিত কাহিনীভাগ মহাভাৰতৰ ভিতৰুৱা নহয়, শিৱক খেতিয়কৰূপে, ভীমক বৰগৰখীয়াৰূপে কল্পনা কৰা অসমীয়া লৌকিক সমাজ এখনৰ প্ৰতিচ্ছবিহে কাব্যখনিত প্রকাশিত হৈছে। কবিয়ে সমগ্র কাব্যখনিত এক বিমল হাস্যৰসৰ সৃষ্টি কৰি জনসাধাৰণক আনন্দ দিবলৈ প্ৰয়াস কৰিছে।

ভোলানাথ শিৱৰ ঘৰত ভীম আছিল গৰখীয়া। গৰখীয়া ভীমক খাবলৈ যথেষ্ট লাগে, পিচে ভিক্ষা কৰি অনা অন্নেৰে পাৰ্বতীয়ে ভীমক তুষ্ট কৰিব নোৱাৰে। এদিন ভাতৰ পাতত বহি ভীমে ভাত খাই থাকোতেই চৰুৰ ভাত আঞ্জা সকলো শেষ হ’ল। ভীমে ভাত খুজি থকা দেখি পার্বতীয়ে লাজতে ভিতৰৰ পৰা ওলাই নাহিল। ভীমে অসন্তোষেৰে আধাপেটাকৈ থাকি ঘৰত যদি খুদ চাউল আছে তাকে বিচাৰিলে৷ পাৰ্বতীয়ে ঘৰত খুদকণ এটাও নাই বুলি কোৱাত ভীমে পার্বতীক নানান ককৰ্থনা কৰিলে। তেওঁ স্পষ্টকৈ কৈ দিলে, ভাত খাবলৈ নাপালে তেওঁ আৰু গৰু চৰাব নোৱাৰে, শিৱ-পাৰ্বতীয়ে বেলেগ গৰখীয়া বিচাৰক।

গৰখীয়া ভীমৰ কথাত পার্বতীয়ে যথেষ্ট লাজ পালে। ভীমে কোৱা কথাখিনি মিছাও মহয়। ভঙুৱা শংকৰৰ ঘৰত দিনে-ৰাতিয়ে কেৱল ভাঙৰহে খেলা, ধন নাই, ভাঙৰহে ডুলি আছে। ভাং খাই শিৱই খুজি-মাগি আনি পেট প্ৰৱর্তায়। পার্বতীয়ে সেয়ে শিৱক খেতি-বাতিত মন দিবলৈ ক’লে। কাৰণ ভিক্ষা কৰি অনা অন্নেৰে পেট পুহিব নোৱাৰে। খেতি কৰাৰ কথা শুনি শিৱই প্ৰথমে বৰ ইচ্ছা কৰা নাছিল যদিও পাৰ্বতীৰ দিহা মতে শিৱই ইন্দ্ৰৰপৰা মাটি, কুবেৰৰ পৰা কঠীয়া, বলোভদ্ৰৰ পৰা নাঙল খুজি আনিলে। লগতে যমৰাজৰপৰা ম’হটো খুজি আনি নিজৰ বলদটোৰ লগত যুটি, নিজৰ ত্ৰিশূলডালকে নাঙলৰ ফাল কৰি লৈ শিৱই হাল জুৰিলে। কম সময়ৰ ভিতৰতে ষোল প্ৰহৰৰ মাটি মুকলি হ’ল আৰু চাহ কৰি ধান সিঁচা মাত্রকে ধান গজি থোক মেলি পকিবলৈ ধৰিলে।

এনেদৰে শিৱৰ কৃষিকাৰ্য আৰম্ভ হ’ল। শিৱই জানি শুনিয়েই পার্বতীক খেতিপথাৰলৈ যাবলৈ মানা কৰিছিল। পিচে পাৰ্বতীৰ মনে নসহিলে। শিৱই কিয়নো যাবলৈ মানা কৰিছে সেই কথা বুজিব নোৱাৰি এদিন পার্বতীয়ে শিৱই নজনাকৈ গৈ খেতিপথাৰত উপস্থিত হ’ল। পথাৰত নদন-বদন শসা দেখি পাৰ্বতীৰ মুখৰ পৰা উস-আস্ শব্দ ওলাই আহিল আৰু লগে লগে খোবা-খুবী ওলাই সমগ্র শসা পুৰি ছাই কৰিলে। পার্বতীয়ে কথাটো কাকো নকৈ ঘৰলৈ ঘূৰি আহিল। শিৱই খেতিপথাৰলৈ গৈ এদিন সকলো দেখিলে আৰু পাৰ্বতীৰ বাবেই এনে হ’ল বুলি পার্বতীকে গালি-শপনি পাৰিলে। পার্বতীয়ে তেতিয়া শিৱক কাবৌ-কোকালি কৰি পুনৰ খেতি কৰাবলৈ সন্মতু কৰিলে। শিৱই সেইমতে খেতি কৰি আহি পাৰ্বতীক গৰখীয়া পঠাই ধান কটাই আনিবলৈ ক’লে।

পার্বতীয়ে ধান দাবলৈ ভীমক পঠালে। ভীমই নিমিষতে ধান দাই আহি ঘৰ পোৱালেহি। ধান মাথোন তিনি মুঠিহে হ’ল। এয়া ধানকে দাবলৈ ভীমক পঠোৱাৰ বাবে ভীম ঘূৰি আহি শিৱক কটুক্তিহে কৰিলে। ভীমে কয় বোলে ভঙুৱা শংকৰে কি খেতি কৰিব৷ তেওঁ ভাং-ধুতুৰা জুমুঠি লৈ খেতি কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈ গছৰ তলত চিলিম টানি শুই থাকে। ভীমে কাজিয়া লগাবলৈ এনেদৰে কথা লগাইছে বুলি শিৱই ক’লে যদিও ধানৰ পৰিমাণ দেখি পার্বতীয়ে ভীমৰ কথাকে বিশ্বাস কৰিলে। শিৱৰ তেতিয়া খং উঠিল আৰু ধানত জুই লগাই দিলে। ভীমে জুই নুমাবলৈ চেষ্টা কৰিছিল যদিও নোৱাৰিলে ৷ এনেদৰে সাতদিন ধৰি জুই জুলি থাকিল। সাত দিনৰ পিছত কমণ্ডলুৰ পানীৰে জুই নুমালে। সেয়ে কিছুমান ধান আহু হ’ল আৰু কিছুমান শালি হ’ল। এনেদৰে ভোলানাথ শিৱই কৃষিকাৰ্য কৰিছিল। শিৱই কৰা দুয়োবাৰৰ খেতি জুয়ে পুৰি ছাই কৰিলে৷

– ৰাম সৰস্বতী

কবি পৰিচিতি : ৰাম সৰস্বতীৰ প্রকৃত নাম অনিৰুদ্ধ৷ তেওঁৰ জন্মস্থান সম্পর্কেও পণ্ডিতসকল একমত নহয়। তথাপি কোনোৱে কামৰূপৰ পচৰিয়া, কোনোৱে চমৰিয়া অঞ্চল বুলি কব খোজে ৷ তেওঁৰ ৰচিত পদতো ‘পচৰিয়া’ আৰু ‘চমৰিয়া’ এই শব্দ দুটিৰ উল্লেখ পোৱা যায়। তেওঁ মহাৰাজ নৰনাৰায়ণকে ধৰি কেবাজনো ৰজাৰ পৃষ্ঠপোষকতাত কাব্য ৰচনা আৰু চৰ্চা কৰিছিল। পুৰণি অসমীয়া কবিসকলৰ ভিতৰত ৰাম-সৰস্বতীয়ে ৰচনা কৰা পদৰ সংখ্যাই সৰহ। মহাৰাজ নৰনাৰায়ণে তেওঁৰ পাণ্ডিত্যত সন্তুষ্ট হৈ তেওঁক ‘সৰস্বতী’ উপাধি প্ৰদান কৰিছিল। ৰাম সৰস্বতীয়ে সাগৰ সদৃশ মহাভাৰতখনি সফলভাৱে অনুবাদ কৰাৰ কাৰণে ‘অসমীয়া ব্যাস’ বুলিও জনাজাত। আনহাতে মহাভাৰতৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰি বধকাব্যসমূহ ৰচনা কৰাৰ কাৰণে ‘বধকাব্যৰ কবি’ হিচাবেও তেওঁ পৰিচিত। তেওঁৰ ৰচিত বধকাব্যসমূহ হ’ল– ‘ভীমচৰিত’, ‘কুলাচল বধ’, ‘খটাসুৰ বধ’, ‘অশ্বকৰ্ণ 1’, ‘জঙ্ঘাসুৰ বধ’, ‘জটাসুৰ বধ’, ‘কালজঙ্ঘ বধ’, ‘কালকুঞ্জ শোষক বধ’, • ভোজকুট বধ, আদি। ইয়াৰ উপৰিও তেওঁ ‘পাঞ্চালী বিবাহ’ ‘তীর্থযাত্রা পর্ব’, ‘ব্যঞ্জন পর্ব’ আদি অনেক গ্ৰন্থ ৰচনা কৰিছিল৷ তেওঁৰ ৰচনাত গাঁৱলীয়া পটভূমি, লঘু হাস্যৰস আদিৰ প্রয়োগ অতি গন কৰিবলগীয়া।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। “নচাৰোহো গৰু মই থৈকে যৈকে যাওঁ।

তোমাঠেৰ ঘৰে আই বৰ দুখ পাওঁ।।”

কাৰ ঘৰত কোনে দুখ পায় আৰু কিয় দুখ পায় বুজাই লিখা। 

উত্তৰঃ উল্লিখিত কবিতাৰ শাৰীটো আমাৰ পাঠ্যপুথি ‘উচ্চতৰ অসমীয়া সাহিত্য সংকলন”ৰ অন্তৰ্গত কবি ৰাম সৰস্বতীয়ে লিখা ‘শিৱৰ কৃষিকৰ্ম’ নামৰ কাব্যাংশৰ পৰা তুলি অনা হৈছে। উল্লিখিত কথাশাৰী গৰখীয়া ভীমে পার্বতীক কৈছে।

মহাদেৱৰ ঘৰত গৰখীয়াৰূপে সোমোৱা ভীমে খোৱা-বোৱাত বৰ কষ্ট পাইছিল। এদিন দুপৰ গৰু চৰাই আহি কার্তিক, গণেশৰ লগতে ভীমে ভাত খাবলৈ বহিল। ভাত বাঢ়ি দি পার্বতীয়ে আঞ্জা আনো বুলি ভিতৰলৈ গৈ ঘুৰি আহি দেখিলে ভীমৰ কাঁহীত ভাত নাই। এনেদৰে তিনি-চাৰিবাৰ ভাত-আঞ্জা ভীমৰ কাঁহীত পার্বতীয়ে দিয়াৰ পাছতো ভীমৰ ভোক নুগুচিল। চৰুত ভাত শেষ হোৱাৰ বাবে পার্বতী আৰু ভীমৰ আগলৈ ওলাই নাহিল। আধাপেটাকৈ থাকি ভীমে মুখ-হাত ধুই ভিক্ষাৰ জোলাত চাউল-পাত আছে যদি তাকে দিবলৈ পার্বতীক কোৱাত পাৰ্বতীয়ে ঘৰত খুদকণ এটাও নাই বুলি ক’লে। তেতিয়া ভীমে পার্বতীক এনেদৰে কৈছে। ভীমে ক’লে পাৰ্বতীৰ ঘৰত ভীমে খোৱা-বোৱাত যথেষ্ট কষ্ট পাইছে। তেওঁ আৰু ইয়াত নাথাকে, গৰুও নাচাৰে, য’কে ত’কে গুচি যাব। 

প্রশ্ন ২। “দেখি পার্বতীৰ মনে বিস্ময় মিলিল।”

 – কি দেখি পাৰ্বতীৰ মনত বিস্ময় মিলিল বুজাই লিখা।

উত্তৰ দেৱাদিদেৱ শিৱৰ ঘৰত দৈৱদুর্বিপাকত দ্বিতীয় পাণ্ডৱ ভীম গৰখীয়া ৰূপে থাকিবলগীয়া হৈছিল। শিৱৰ একেটা মাথোন বলধ গৰু। তাকে চাৰি আনি দুপৰীয়া বান্ধি থৈ কার্তিক-গণেশৰ লগত ভাত খাবলৈ ভীম বহিল। আই পার্বতীয়ে সকলোকে ভাত বাঢ়ি দিলে। ভীমকো থাল ভৰাই ভাত দি আজ্ঞা দিও বুলি ভিতৰলৈ গ’ল। ইতিমধ্যে ভীমে সুদা ভাতখিনি লগে লগেই খাই পেলালে। আই পার্বতীয়ে আঞ্জা আনি দেখে গৰখীয়া ভীমৰ আগত সুদা থাল। ভাত ‘দিলো কি নিদিলো’ বুলি আয়ে পুনৰ ভাত আনি দিলে। এনেদৰে অনেকখিনি আঞ্জা-ভাত ভীমক দিয়াত সেইবোৰ ভীমে নিমিষতে খাই শেষ কৰাত আয়ে পুনৰ ভাত আঞ্জা দিলে। তাকো দুই গৰাহ মানতে খাই শেষ কৰিলে। বাৰে বাৰে ভীমক এনেদৰে ভাত আঞ্জা দিওতে চৰুৰ আটাইখিনি ভাত-আঞ্জা শেষ হ’ল ৷ তাকে দেখি পার্বতী আই মনতে অতি আচৰিত হ’ল।

প্রশ্ন ৩। আধাপেটী ৰৈলো তাকে পেলাও চোবাই।’

কোন আধাপেটী ৰ’ল? তেওঁ কি চোবোৱাৰ কথা কৈছে?

উত্তৰ : গৰখীয়া ভীমে শিৱৰ ঘৰত খাবলৈ নাপাই আধাপেটিকৈ ৰ’ল। বনবাসৰ কালত দ্বিতীয় পাণ্ডৱ ভীম শিৱৰ ঘৰত গৰখীয়াৰূপে আছিল ৷ এদিন দুপৰীয়া গৰু চৰাই আহি ভীম ভাতৰ পাতত বহিল। পাৰ্বতীয়ে থাল ভৰি যোৱাকৈ ভাত দি আঞ্জা আনিবলৈ গ’ল। পিছে ইতিমধ্যে ভীমে একে গৰাহতে ভাতখিনি খাই পেলালে। পার্বতীয়ে আঞ্জা দিবলৈ আহি দেখে থালত ভাত নাই। তেওঁ আকৌ ভাত আনি দিলেহি। ভীমে দুগৰাহত সেয়াও খাই পেলালে। ভীমৰ খাৱন দেখি পাৰ্বতী বিস্মিত হ’ল। ইতিমধ্যে চৰুত থকা ভাত-আঞ্জা শেষ হ’ল৷ ভীমে আকৌ ভাত বিচৰা দেখি পাৰ্বতী লাজতে ওলাই নাহিল। ভীমৰ ভোক নুগুচিল। মুখ-হাত ধুই ভীমে কাঁলে যে মহাদেৱৰ ভিক্ষাৰ জুলিত যদি কিবা চাউল-পাত আছে তাকে দিয়ক। ভীম যিহেতু আধাপেটী হৈ থাকিল, সেয়ে চাউলৰ খুদ দুটামান চোবায়েই পেটৰ খজুৱতি মাৰিব। • এইবুলি ভীমে ওপৰত কোৱাৰ দৰে চাউল বিচাৰি পাৰ্বতীক কৈছিল। হস্তে খোবা-খোবি-হুয়া উৎপন্ন।”

প্রশ্ন ৪ “তাত হস্তে খোবা-খোবি-হুয়া উৎপন্ন।” খোবা-খোবি কোন? সিহঁতৰ ক’ৰপৰা কেনেকৈ উৎপত্তি হৈছিল বুজাই লিখা। 

অথবা

“তাত  কি পৰিস্থিতিত কেনেকৈ খোবা-খোবিৰ উৎপন্ন হ’ল লিখা।

উত্তৰ ঃ অসমীয়া জনবিশ্বাস মতে খোবা-খুবী এহাল ভূত-ভূতুনী। পাৰ্বতীৰ দিহা মতে শিৱই কৃষিকৰ্ম কৰিবলৈ গৈ নদন-বদন শস্যৰ পথাৰ সৃষ্টি কৰিলে৷ শিৱই পাৰ্বতীক শস্যৰ পথাৰলৈ যাবলৈ মানা কৰিছিল। পার্বতীয়ে শিৱৰ হাক নামানি এদিন শিৱই নজনাকৈ খেতি পথাৰলৈ গ’ল। নদন-বদন শস্যৰ পথাৰ দেখি পাৰ্বতীৰ মুখৰ পৰা আপোনা-আপুনি উস্-আস্ শব্দ উচ্চাৰিত হোৱাত তাৰপৰাই খোবা খুৱীৰ উৎপত্তি হ’ল আৰু সিহঁতে সেই শস্যৰ পথাৰ পুৰি চাই কৰিলে। ‘ভীম চৰিত’ পুথিত বর্ণিত খোবা-খুবীৰ বৃত্তান্ত ইমানেই। অসমীয়া মানুহে নতুনকৈ বিয়া হোৱা দৰা-কইনাৰ গাত খোবা-খুবী সোমাই অনিষ্ট কৰে বুলি বিশ্বাস কৰে। তাকে খণ্ডাবৰ বাবে বিয়াৰ তিনিদিনৰ দিনা খোবা-খুবীৰ সবাহ পাতে। ইয়াকে মুখ লগাও বোলে আৰু খোবা-খুবী সবাহ কৰি মুখ ভাঙে৷

প্রশ্ন ৫। ‘কহিতে নাযাইবা তুমি কৃষিৰ যে ভীতি’। – শিৱই কিয় পার্বতীক খেতি চাবলৈ বাধা দিছিল? পার্বতীয়ে খেতি চালেনে? চোৱাৰ ফলত কি হ’ল? 

উত্তৰ : পাৰ্বতীৰ দিহামতে শিৱই কৃষিকার্য সম্পন্ন কৰি পাৰ্বতীক খেতি চাবলৈ বাধা দিছিল৷ কাৰণ অস্তযামীস্বৰূপে শিৱই বুজিব পাৰিছিল ধান দেখি পাৰ্বতীৰ মুখ লাগিব। আমাৰ অসমীয়া জনসমাজত এটা জনবিশ্বাস আছে যে যেতিয়াই-তেতিয়াই খেতি চাবলৈ যাব নাপায়। তাৰ উপৰি কোনো বস্তু লহপহকৈ বাঢ়ি অহা মানুহৰ মুখ লাগে বুলি এটা কুসংস্কাৰ জনসমাজত প্রচলিত আছে। সেয়ে অসমীয়া মানুহে কিছুমান শস্য আনৰ চকুত নপৰিবৰ বাবে আঁৰ দি থয়। শিৱই খেতি চাবলৈ বাধা দিয়াত পাৰ্বতী পথাৰলৈ গ’ল। শিৱৰ খেতি লহপহীয়া হৈ আছিল। কিছুমান ধান ইতিমধ্যে পকিছেই। দেখি পাৰ্বতী আচৰিত হ’ল আৰু তেওঁৰ অজানিতে মুখৰ পৰা উস্-আস্‌ শব্দ ওলাল। আৰু লগে লগে ধানডৰা পুৰি ছাৰখাৰ হ’ল। এই জনবিশ্বাসটো কবিয়ে পাঠক-শ্ৰোতাৰ মনোৰঞ্জনৰ বাবে ‘ভীম চৰিত’ কাব্যত ব্যৱহাৰ কৰিছে।

প্রশ্ন ৬। ‘নচাৰোহো গৰু মই যৈকে তৈকে যাওঁ।” ভীমে কিয় গৰু নচৰাওঁ বুলি কৈছিল?

উত্তৰ : মহাদেৱ-পাৰ্বতীৰ ঘৰত খোৱাৰ কষ্টৰ বাবে গৰখীয়া ভীমে গৰু নচৰাওঁ বুলি কৈছিল। মহাদেৱৰ ঘৰত বনবাসৰ কালছোৱাত ভীমে গৰখীয়াৰূপে কাম কৰিছিল। এদিন দুপৰীয়া গৰু চৰাই আহি ভীমে কাৰ্তিক আৰু গণেশৰ লগতে ভাত খাবলৈ বহিল। পার্বতীয়ে ভীমৰ থালত ভাত বাঢ়ি দি ব্যঞ্জন আনিবৰ বাবে ভিতৰলৈ গ’ল। ভীমে একে গৰাহতে শুদা ভাতখিনি খাই থ’লে। পার্বতীয়ে আঞ্জা লৈ আহি দেখে ভীমৰ থালত ভাত নাই। পার্বতীয়ে ভাত নিদিলেই বুলি ভাবি পুনৰ ভীমৰ থালত ভাত দিলেহি। ভীমে সেইখিনি ভাতো দুগৰাহত খাই শেষ কৰিলে। এনেদৰে কেইবাবাৰো ভাত-আঞ্জা দিয়াৰ পাছত চৰুত ভাত শেষ হোৱাৰ বাবে পার্বতী লাজতে ওলাই নাহিল। ভীমৰ কিন্তু ভোক নুগুচিল। আধাপেটীকৈ থাকি ভীমে হাত মুখ ধুই শিৱৰ ভিক্ষাৰ জোলোঙাত যদি চাউল-পাত আছে তাকে পার্বতীক দিবলৈ ক’লে। পাৰ্বতীয়ে ঘৰত খুদকণ এটাও নাই বুলি কোৱাত ভীমে নানা কথা ক’বলৈ ধৰিলে। ভীমে স্পষ্টভাৱে পাৰ্বতীক ক’লে গৰু চৰাবৰ বাবে তেওঁলোকে আন মানুহ বিচাৰক। শিৱৰ বুঢ়া গৰু ভীমে এনেকৈ ভাত-পানী নোখোৱাকৈ আৰু চৰাব নোৱাৰে। ভীমে গৰু নচৰায় অলৈ তলৈকে গুচি যাব বুলি পাৰ্বতীক ক’লে।

প্রশ্ন ৭। ‘সিকাৰণে কিছু আহু কিছু ভৈলা শালি।’ – কি কাৰণে শিৱৰ কৃষি-কৰ্মৰ এনে অৱস্থা হ’বলৈ পালে?

 অথবা

সিকাৰণে কিছু আহু কিছু ভৈলা শালি। – আহু আৰু শালি ধানৰ জন্ম বৃত্তান্ত চমুকৈ লিখা।

অথবা,

 শিৱই কি কাৰণে ধানৰ মুঠিত জুই দিছিল? 

উত্তৰঃ গৰখীয়া ভীমৰ কটু কথাত ৰ’ব নোৱাৰি আই পার্বতীয়ে শিৱক খেতি কৰিবলৈ পৰামৰ্শ দিলে। পাৰ্বতীৰ পৰামৰ্শমতে শিৱই খেতি কৰাত খেতি বৰ লহপহকৈ বাঢ়ি আহিল। শিৱই পার্বতীক খেতি চাবলৈ বাধা কৰিছিল যদিও পার্বতীয়ে মন বান্ধিব নোৱাৰি শিৱই ক’ব নোৱাৰাকৈ খেতি চাবলৈ গ’ল। সুন্দৰ খেতিডৰা দেখি পাৰ্বতীৰ মুখৰ পৰা হঠাতে উস্ আস্ শব্দ ওলাল। সেই শব্দ দুটাৰ পৰাই খোৱা-খুৱী উৎপন্ন হৈ খেতিডৰা পুৰি পেলালে তাকে দেখি আই পার্বতীয়ে মনতে বৰ ভয় খালে। শিৱই কথাটো জানি পার্বতীক গালি পাৰিলে যদিও পাৰ্বতীৰ কাতৰ অনুৰোধত শিৱই পুনৰ খেতি কৰিলে। এইবাৰো খেতি বৰ ভাল হ’ল। ধান কাটিবৰ সময়ত ভীমক পঠিয়াই ধান কটাই অনালে। ভীমৰ সৰু মুঠিৰে মাত্র তিনি মুঠিহে ধান হ’ল। ভীমে তাকে দেখি ভঙুৱা শংকৰে কি খেতি কৰিব বুলি হাঁহিলে। ভীমৰ কথাত পার্বতীয়েও শিৱক ভর্ৎসনা কৰিলে। তাতে শিৱৰ খং উঠি ধানখিনিত জুই লগাই দিলে। সাতদিন ধৰি জুই জ্বলি থাকিল। ভীমৰ অনুৰোধত শেষত শিৱই কমণ্ডলুৰ পানীৰে ধানৰ জুই নুমালে৷ সেই কাৰণেই আধা পোৰা ধানখিনি আহু আৰু নোপোৰা ধানখিনি শালি হ’ল বুলি কৈছে। 

প্রশ্ন ৮। শিৱই কাৰ পৰামৰ্শ মতে খেতি কৰিবলৈ ওলাইছিল? খেতিৰ সঁজুলিবোৰ তেওঁ কেনেকৈ সংগ্ৰহ কৰিছিল?

উত্তৰ : গৰখীয়া ভীমক পেট ভৰাই খাবলৈ দিব নোৱাৰি পাৰ্বতী লাজত পৰিল। এদিন তিনি-চাৰিবাৰ ভাত দিয়াৰ পাছতো ভীমৰ ভোক নুগুচিল। চৰুৰ ভাত-আঞ্জা শেষ হোৱাত পার্বতী লাজতে ওলাই নাহিল। ভীমে ভিক্ষাৰ জোলোঙাৰ চাউল-খুদ খাই পেটৰ খজুৱতি মাৰিব খুজিলে। কিন্তু পার্বতীয়ে খুদ-চাউলো নাই বুলি কোৱাত ভীমে তর্জন-গৰ্জন কৰিবলৈ ধৰিলে ৷ ভীমৰ ককৰ্থনা শুনি আৰু ভিক্ষাৰ চাউলেৰে নোজোৰা দেখি পার্বতীয়ে শিৱক খেতি কৰিবলৈ পৰামর্শ দিলে। কিন্তু খেতিৰ সঁজুলি আৰু ধন-বিত নথকাকৈ খেতি কৰিব নোৱাৰি বুলি শিৱই কোৱাত পার্বতীয়ে খেতিৰ সঁজুলি সংগ্ৰহ কৰাৰ বুদ্ধি দিলে। পার্বতীয়ে শিৱক ইন্দ্ৰৰ পৰা মাটি, কুবেৰৰ পৰা খেতিৰ কঠীয়া, বলোভদ্ৰৰ পৰা নাঙল, যমৰ পৰা ম’হ, নিজৰ ত্রিশূলডালকে নাঙলৰ ফাল কৰি লৈ খেতি কৰিবলৈ বুদ্ধি দিলে ৷ পাৰ্বতীৰ পৰামৰ্শমতে শিৱই খেতিৰ সঁজুলিবোৰ সংগ্ৰহ কৰি কৃষিকাৰ্য কৰিবলৈ আগবাঢ়িল।

প্রশ্ন ৯। ত্রিশূলক ফাল কৰি হালক জুৰিয়ো। এহিমতে কৃষিকার্য বিধান কৰিয়ো।’ – কোনে কি কাৰণে এই কথাষাৰ কৈছিল?

উত্তৰঃ ‘শিৱৰ কৃষি-কর্ম’ কবিতাত পার্বতীয়ে শিৱক কৃষিকাৰ্যৰ বিধান দি এনেদৰে কৈছিল।

গৰখীয়া ভীমক পেট ভৰাই খুৱাব নোৱাৰি পাৰ্বতীয়ে শিৱক কৃষিকাৰ্যত মন দিবলৈ ক’লে। ভিক্ষাৰ চাউলেৰে পেট নভৰে। শিৱই কিন্তু কৃষিৰ সঁজুলি আৰু ধন-বিত নোহোৱাৰ বাবে খেতি কৰিব নোৱাৰে বুলি কোৱাত পার্বতীয়ে শিৱক খেতিৰ সঁজুলি সংগ্ৰহ কৰাৰ উপায় দিলে। পার্বতীয়ে শিৱক ইন্দ্ৰৰ পৰা মাটি, সখীয়েক কুবেৰৰ পৰা ধানৰ কঠীয়া, বলোভদ্ৰৰ পৰা নাঙল, যমৰ পৰা ম’হ আৰু নিজৰ বৃষভক তাৰ লগত যুটি আৰু ত্ৰিশূলপাতকে নাঙলৰ ফাল কৰি খেতি কৰিবলৈ বুদ্ধি দিলে। পাৰ্বতীৰ বুদ্ধিমতেই শিৱই খেতিৰ সঁজুলিসমূহ সংগ্ৰহ কৰি কৃষিকার্যত মনোনিবেশ কৰিলে।

HS First Year Advance Assamese Questions Answers

গোট ১ -কবিতাংশ

ক্ৰমিক নংপাঠলিংক
১. প্রহলাদ চৰিত্ৰ Click here
২. শিৱৰ কৃষিকর্ম Click here
৩. প্রিয়তমাৰ চিঠি: Click here
৪. পানেশৈ Click here
৫. পছোৱাৰ ডাক Click here
৬ .চামুৰাই Click here

গোট ২ – গদ্যাংশ

৭. শংকৰদেৱৰ বাল্যকাল Click here
৮. ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা Click here
৯. অংকীয়া নাটৰ ৰস বিচাৰ Click here

গোট ৩ – নাটক

১০. টিকেন্দ্রজিৎ Click here

গোট ৪ – চুটি গল্প

১১. যীশুখ্ৰীষ্টৰ ছবি Click here
১২. ভ্ৰষ্টলগ্ন Click here

গোট ৫ – সাহিত্য সমালোচনা

১৩. কবিতা Click here
১৪. নাটক Click here

গোট ৬ – ছন্দ

১৫. ছন্দ : ছন্দ্ৰ সংজ্ঞা, অক্ষৰ; মাত্রা; যতি, পৰ্ব, চৰণ; “স্তৱক; পদ বা পয়াৰ; ঝুমুৰী: কুসুমমালা, দুলড়ী: ছবি, লোছাৰি ছন্দ Click here

গোট ৭ – অসমীয়া সাহিত্যৰ বুৰঞ্জী

১৬. অসমীয়া কবিতা আৰু নাটকৰ পৰি Click here

প্রশ্ন ১০। ‘মাটি খুজি লোৱা বাসৱৰ স্থানে।’ – আৰু কাৰ পৰা কি কি লৈ খেতি কৰিবলৈ পাৰ্বতীয়ে মহাদেৱক দিহা দিছিল?

উত্তৰ: গৰখীয়া ভীমক ভালদৰে পেটভৰাই খুৱাব নোৱাৰি আৰু খাবলৈ নাপালে ভীমে গৰু নচৰাব বুলি কোৱাত পার্বতীয়ে শিৱক খেতি কৰিবলৈ পৰামৰ্শ দিলে। শিৱই ধন-বিত নোহোৱাকৈ কেনেকৈ খেতি কৰিব বুলি কোৱাত পার্বতীয়ে শিৱক খেতি কৰিবলৈ নানা দিহা দিয়ে।

পার্বতীয়ে শিৱক ক’লে প্রথমে বাসৱ অর্থাৎ ইন্দ্ৰৰ পৰা মাটি খুজি লৈ খেতি আৰম্ভ কৰিব লাগে। মহাদেৱৰ সখীয়েক কুবেৰৰ পৰা কঠীয়া আনিবলৈ, মাটি চাহাবৰ বাবে বলোভদ্ৰৰ পৰা নাঙল আনিবলৈ, নিজৰ বৃষভৰ লগত যুটি ল’বলৈ যমৰ পৰা ম’হটো আনিবলৈ আৰু নিজৰ ত্রিশূলডালকে নাঙলৰ ফাল কৰি ল’বলৈ পার্বতীয়ে শিৱক ক’লে আৰু এনেদৰে পাৱতীয়ে শিৱক খেতি কৰিবলৈ দিহা পৰামৰ্শ দিলে।

প্রশ্ন ১১। “একবাৰ কিৰিষ কৰিলে দিয়া মন। ভিক্ষাৰ চাউলে জানা পেট নুপৰয়।।”— কোনে কি প্রসঙ্গত কথাষাৰ কৈছিল?

অথবা,

পার্বতী বদতি প্রভু শুনা ত্রিলোচন। 

একবাৰ কিৰিষি কৰিবে দিয়া মন।। – কি পৰিস্থিতিত পৰি পার্বতীয়ে শিৱক কৃষি কৰিবলৈ অনুৰোধ জনাইছিল? পৰিস্থিতিটোৰ চমু আভাস দিয়া।

উত্তৰ ঃ কথাষাৰ পাৰ্বতীয়ে শিৱক কৈছে।

শিৱ-পাৰ্ৱতীৰ ঘৰত গৰখীয়া হৈ থকা ভীমক পার্বতীয়ে এদিন পেট ভৰাই খাবলৈ দিব নোৱাৰিলে। পার্বতীয়ে ভীমৰ থালত ভাত দি যোৱাৰ লগে লগে ভীমে শুদাই শুদাই ভাত খাই পেলায়। এনেদৰে তিনি-চাৰিবাৰ ভাত দিয়াৰ পাছত চৰুব ভাত শেষ হ’ল, ভীমৰো ভোক নুগুচিল। তেতিয়া ভীমে শিৱৰ ভিক্ষাৰ জোলোঙাত যদি চাউল আছে তাকে দিবলৈ ক’লে। পার্বতীয়ে খুদকণ এটাও নাই বুলি কোৱাত ভীমে কৈ দিলে এনেকৈ খাবলৈ নাপালে ভীমে গৰু চৰাব নোৱাৰে। ভীমে শিৱ-পার্বতীক নানান তিবস্কাৰ কৰিলে। সেয়ে ভীমৰ ককৰ্থনা শুনি পার্বতীয়ে শিৱক খেতি কৰিবলৈ খাটনি ধৰিলে। কাৰণ, ভিক্ষাৰ চাউলেৰে গৰখীয়াক পেট ভৰাই খুৱাব নোৱাৰি।

প্রশ্ন ১২। ‘দুখ লাজে সিটো কথা কাকো নকহিল।’ – কথাটো কি? কোনে দুখ লাজতে কথাটো কাকো নক’লে?

উত্তৰ : পাৰ্বতীৰ পৰামর্শ মতে খেতিৰ সঁজুলি সংগ্ৰহ কৰি শিৱই কৃষিকাৰ্যত মনোনিবেশ কৰিলে। শিৱৰ খেতিডৰা লহপহকৈ বাঢ়ি আহিল। শিৱই মুখ লাগিব পাৰে বুলিয়েই পার্বতীক কেতিয়াও খেতিডৰা চাবলৈ যাবলৈ বাধা কৰিছিল। পিচে শিৱৰ কথা শুনি পাৰ্বতীৰ মন উগুল-থুগুলহে লাগিল শিৱইনো খেতি চাবলৈ কিয় বাধা দিছে, গ’লেনো কি হ’ব এইবোৰ ভাবি পার্বতী কিছুদিন নোযোৱাকৈ আছিল। পিছত মন তাপৰিব নোৱাৰি পাৰ্বতীয়ে এদিন খেতি চাবলৈ গ’ল। শিৱৰ খেতি দেখি পাৰ্বতী অবাক হ’ল। লহপহকৈ বাঢ়ি অহা ধানবোৰ দেখি পাৰ্বতীৰ মুখৰ পৰা হঠাৎ উস্-আস্‌ শব্দ দুটা বাহিৰ হ’ল আৰু তাৰ পৰাই খোবা-খুৰী জন্ম হৈ ধাননিডৰা পুৰি ছাৰখাৰ হ’ল। ধানডৰা পুৰি যোৱা দেখি পাৰ্বতী ম্ৰিয়মান হ’ল। তেওঁ লাজ আৰু দুখত কথাটো কাকো নক’লে ৷ 

প্রশ্ন ১৩। শিৱৰ কৃষিকার্য সম্পর্কত ভীমে কি মন্তব্য দিছিল? সেই মন্তব্য শুনি পার্বতীয়ে কি কৈছিল?

 উত্তৰঃ শিৱই প্ৰথমবাৰ কৰা কৃষিকাৰ্যত পার্বতীৰ মুখ লাগি ভস্মীভূত হোৱাৰ পাছত পুনৰ পাৰ্বতীৰ অনুৰোধত শিৱই কৃষিকাৰ্য কৰিলে। যথাসময়ত ধান পলি আৰু ধান দাবলৈ পার্বতীয়ে গৰখীয়া ভীমক পঠালে। ভীমে গৈ যিখিনি ধান পালে সেয়া ভীমৰ হাতেৰে তিনিমুঠিহে হ’ল। এই তিনিমুঠি ধান দাবলৈ ভীমক পঠোৱাৰ বাবে ভীমে ককৰ্থনাহে কৰিলে। ভীমে লগতে ক’লে যে ভঙুৱা শিৱই কি খেতি কৰিব। শিৱই ভাং-ধুতুৰা হোকা খাই ফুৰে। ঘৰৰ পৰা খেতি কৰিবলৈ বুলি গৈ শিৱই গছৰ তলত বাঘৰ ছাল পাৰি শুই থাকে। তেনে অৱস্থাত ঢোৰা কাউৰীয়েও শিৱক খুটি থাকে। গধুলি সময়ত সাৰ পাই শিৱ লৰালৰিকৈ ঘৰলৈ আহে।

ভীমৰ মুখত এইবোৰ কথা শুনি আৰু খেতিৰ ফচল মাথোন তিনিমুঠি ধান দেখি পার্বতীয়েও শিৱক ৰিস্কাৰ কৰিলে। পাৰ্বতীয়ে ক’লে তেওঁৰ কপালত খেতিৰ ভাত খোৱাৰ ভাগ্য নাই। শিৱৰ কৃষিকাৰ্যৰ প্ৰমাণ পার্বতীয়ে হাতে হাতে পালে। এনেদৰে পার্বতীয়ে শিৱক ককৰ্থনা কৰিলে। 

প্রশ্ন ১৪। ‘এহিমতে কৃষিকাৰ্যৰ বিধান কৰিয়ো।’

— কোনে কাক এনেদৰে কৃষিকাৰ্যৰ বিধান দিছে বুজাই লিখা। 

উত্তৰ শিৱৰ পত্নী পার্বতীয়ে শিৱক খেতি কৰিবৰ নানা বিধান দিছে। শিৱৰ ঘৰত থকা গৰখীয়া ভীমক পেটভৰাই খুৱাব নোৱাৰি আৰু পেটভৰাই খাবলৈ নাপালে ভীম গৰখীয়া হৈ নাথাকে বুলি কোৱাত পার্বতীয়ে শিৱক খেতি কৰিবলৈ পৰামৰ্শ দিছে। পিচে শিৱই ধন-বিত, সা-সঁজুলি নোহোৱাকৈ খেতি কেনেকৈ কৰিব বুলি কোৱাত পার্বতীয়ে শিৱক খেতি কৰাৰ উপায় দিছে। পার্বতীয়ে ক’লে প্রথমে ইন্দ্ৰৰ পৰা খেতিৰ বাবে মাটি ল’ব লাগিব। মাটি চহাবৰ বাবে বলোভদ্ৰৰ পৰা নাঙলটো, শিৱৰ বৃষভৰ লগত যুটি লবলৈ যমৰ পৰা ম’হটো, শিৱৰ সখীয়েক কুবেৰৰ পৰা কঠীয়া আৰু নিজৰ ত্ৰিশূলডালকে নাঙলৰ ফাল কৰি মাটি চহাবলৈ পার্বতীয়ে শিৱক পৰামর্শ দিলে। এনেদৰে পাৰ্বতীয়ে শিৱক খেতি কৰিবৰ বাবে বিধান দিলে। 

প্রশ্ন ১৫। ‘হেন দেখি দেবী বৰ বিস্ময় মানিলা।’

– কি দেখি কোন দেবীয়ে বিস্ময় মানিলে বুজাই লিখা।

উত্তৰঃ শিৱৰ পত্নী পাৰ্বতীক ইয়াত দেবী বুলি কৈছে । গৰখীয়া ভীমৰ কটুকথা শুনি পার্বতীদেবীয়ে খেতি কৰিবলৈ অনুৰোধ কৰিলে। পাৰ্বতীৰ অনুৰোধ আৰু পৰামৰ্শ মতে শিৱই বিভিন্ন স্থানৰ পৰা সঁচ আৰু সা-সঁজুলি আনি খেতি কৰিলে। খেতি বৰ লহপহীয়া হৈ পৰিছিল । শিৱই পার্বতীক ‘কহিতো নাযাইবা তুমি কৃষিৰ যে ভীতি’— বুলি খেতি চাবলৈ যাবলৈ নিষেধ কৰিছিল। কিন্তু নিজৰ মনক দমাব নোৱাৰি পাৰ্বতী দেবীয়ে শিৱঁই কব নোৱাৰাকৈ খেতি চাবলৈ গ’ল। তেওঁ গৈ দেখিলে যে দৰাদৰে ধান পকি আছে। শিৱৰ খেতি দেখি আচৰিত হৈ তেওঁ মুখেৰে উস্-আস্ শব্দ উচ্ছাৰণ কৰিলে ৷ এই শব্দৰ পৰাই খোবা-খুবী উৎপন্ন হৈ নিমিষতে খেতিডৰা পুৰি ছাঁই কৰি পেলালে । তাকে দেখি দেবী পার্বতীয়ে মনত কি হ’ল বুলি বিস্ময় মানিলে। 

প্রশ্ন ১৬। কৈত শুনি আছাহা চহকী ভিক্ষুকৰ।’ — কথাষাৰিৰ প্ৰসংগ বুজাই লিখা। 

উত্তৰ ঃ দেৱাদিদেব শিৱৰ কোনো অভাৱৰ কথা নাহে যদিও তেওঁ ভিক্ষাৰ জুলি লৈ খুজি অনা খুদ-চাউলৰ ওপৰতহে ঘৰ-সংসাৰ চলাইছিল। পাৰ্বতীৰ অনুৰোধত শিৱই প্রথমে খেতি কৰিছিল যদিও পাৰ্বতীৰ দোষত খোবা-খুবী উৎপন্ন হৈ পুৰি পেলালে। পুনৰ খেতি কৰাত খেতি চপাবৰ সময়ত ভীমৰ হতুৱাই ধান কাটি অনালে। ধান ভীমৰ হাতে মাত্র সক তিনি মুঠিহে হ’ল। ভীমে তাক দেখি এইখিনি ধান কাটিবৰ কাৰণেহে তেওঁক পাচিছিল বুলি খং কৰি ক’লে যে যি ভিক্ষুক ভিক্ষুকেই; কোনো দিন চহকী হব নোৱাৰে। ভিক্ষুক চহকী হোৱা কথা কেতিয়াও শুনা নাযায়। শিৱই খেতি কৰিলে কি হ’ব? খেতি কৰিলে যদিও এই তিনি মুঠিহে ধান। গতিকে চহকী হ’ব কেনেকৈ? ভিক্ষাৰ জুলি লৈ আগৰ দৰে ফুৰিবই লাগিব বুলি ভীমে কটাক্ষ কৰিছে। 

প্রশ্ন ১৭। ‘শিৱৰ কৃষিকর্ম’ কাব্যাংশত হাস্যৰস কেনেদৰে ফুটি ওলাইছে উদ্ধৃতিসহ আলোচনা কৰা।

উত্তৰঃ কবি ৰামসৰস্বতীৰ কাব্যসমূহৰ ভিতৰত নিচেই সৰু হ’লেও ‘ভীম চৰিত’ কাব্যখনিয়ে পাঠক সমাজৰ মনত এক অনাবিল ৰসব সৃষ্টি কৰিছে। সেই কাৰণেই কাব্যখনিৰ জনপ্রিয়তা অতি বেছি। ‘শিৱৰ কৃষি কর্ম’ কাব্যাংশ এই ‘ভীম চৰিত’ কাব্যখনিৰ অন্তৰ্গত। কাব্যখনিত সদাশিরক ভঙুৱা জধলা খেতিয়ক; পাৰ্বতীক ঘৰ-বাৰী বুদ্ধিমতী গৃহিণী আৰু ভীমক সাত ভাখৰিৰ ধান চাউলেও পেটৰ খজুৱতি মাৰিব নোৱাৰা সাতঘাটৰ সৈয়াকণী অঘাইতং লগুৱা তথা ধূৰ্ত গৰখীয়া হিচাপে অংকন কৰি লোক সমাজত এক হাস্যৰসৰ সৃষ্টি কৰিছে।

আমোদজনক কাহিনী হ’ল পঞ্চ-পাণ্ডৱ বনবাসত থকা কালত অকল খোৱাৰ দুখতে মাক কুস্তী আৰু বাকীকেইজন ককায়েক-ভায়েকক এৰি ভীমে কৈলাসৰ শিৱৰ ঘৰত গৰখীয়াৰূপে থাকিলগৈ ৷ শিৱৰ একেটা মাথোন বলধ গৰু চৰাবলৈ কাৰ্তিক গণেশৰ লগতে ভীমকো পঠিয়ায়। ভীমৰ খাৱনটো অত্যধিক অলপ খাদ্যৰে তেওঁ পেটৰ জুই নুমুৱাব নোৱাৰে। এদিন দুপৰীয়া চৰাই অনা বৃষভটো বান্ধি কার্তিক-গণেশৰ স’তে ভাত খাবলৈ ভীম বহিল। পার্বতী আয়ে ভীমৰ থালত ভাত দি আঞ্জা আনিবলৈ ভিতৰলৈ গ’ল। কিন্তু ভীমে কি কৰিলে, তমুহূৰ্ততে শুদা ভাতকেইটাকে ‘এক গ্রাসে ভীমে তাক পেলাইলেক খাই।’ পার্বতী আয়ে আঞ্জা লৈ আহি দেখিলে— ভীমৰ থালত ভাত নাই; শুদা থালখান গৰখীয়া আগে আছে।’ ভাত দিলে কি নিদিলে বুলি পার্বতীয়ে চিন্তা কৰিলে। পাৰ্বতীয়ে পুনৰ ভাত-আঞ্জা আনি ভীমৰ থাল ভৰাই দিয়াত ভীমে চাৰি গৰাহমানতে খাই শেষ কৰিলে। পার্বতীয়ে আকৌ ভাত-আঞ্জা আনি দিয়াত তাকো দুই গৰাহতে শেষ কৰাত পার্বতীয়ে বিস্ময় মানিলে। এনেকৈ ভীমক ভাত আঞ্জা দিওঁতে দিওঁতে চৰু শুদা হ’ল। ‘আৰু ভাত আনা মোৰ ভোক নপলাই’ বুলি ভীমে ভাত খোজাত ‘ভাত নাই দেখি দেৱী ওলাই নাসিলা।’ এনেবোৰ কথাই, ভীমৰ খাৱনে, পার্বতীৰ অৱস্থাই বেছ আমোদজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰান্ধনী তাৰ পিছতো আধাপেটীয়া ভীমে খং কৰি মুখ-হাত ধুই পাৰ্বতীক ভিক্ষাজুলিখন খুজি তাৰ পৰা খুদকণ বিচাৰি খাই পেটৰ পোৰণি মাৰিব বিচৰা কথাইও বেছ হাস্য ৰসৰ সৃষ্টি কৰে।” ভিক্ষাজুলিখনতো খুদকণ নাই বুলি পার্বতীয়ে কোৱাত ভীমে তাৰ উত্তৰত কোৱা কথাখিনিত আৰু ৰসৰ সৃষ্টি হৈছে।

‘হেন শুনি ভীমে পাছে বুলিলেক বাক। 

গৰু চাৰিবাক লাগি পাঞ্চা যাকে তাক

বুঢ়া গৰু ফুবে সিটো লড় বড় কৰি।

ভাত নাই তাহাক চাৰিধো কেনেকৰি।।’

এনেদৰে কৈ ভীমে খোৱাৰ কাৰণে শিৱ-পাৰ্বতীৰ ঘৰত বৰ দুখ পাইছে, আৰু গৰু নাচাৰি “ য’লে-ত’লে গুচি যাবলৈ ওলোৱা কথাই বৰ আমোদ দিছে। তদুপৰি

‘ধ্বন নাই ভাঙৰ পাতিয়া আছা ডুলি।

ঙক ধৰিছা তোৰা পঞ্চামৃত বুলি৷৷

ঘোঁৰা নাই গৰুৰ ওপৰে ফুৰা উঠি।’

আদি কথাৰে শিৱ-পার্বতীক ব্যংগভাৱে তিৰস্কাৰ কৰা পৰিস্থিতিয়েও হাস্যৰসৰ সৃষ্টি কৰিছে। ভীমৰ এনেবোৰ কথাত লাজ পাই পার্বতীয়ে শিৱক খেতি কৰিবলৈ অনুৰোধ কৰাত শিৱই খেতি কৰাৰ পিছত যি পৰিণতি ঘটিল সিয়ো এক হাঁহি উঠা কথা। প্রথমবাৰৰ খেতি বৰ লহপহকৈ বাঢ়ি সুন্দৰ হৈ পৰিছিল। পাৰ্বতীৰ মুখ লাগি খেতিডৰা নষ্ট হোৱাৰ ভয়ত শিৱই পার্বতীক খেতি চাবলৈ মানা কৰিলে। খেতি চাবলৈ মানা কৰাত তিৰিজাতিৰ সাধাৰণতে হোৱা উগুল-থুগুল মনৰ কাৰণে গিৰীয়েক শিৱইনো খেতি চাবলৈ যাবলৈ কিয় মানা কৰিছে বুলি উচ্‌পিচাই শিৱই ক’ব নোৱৰাকৈ পাৰ্বতী খেতি পথাৰলৈ গ’ল; সুন্দৰ খেতি দেখি আচৰিত হৈ উস্ আস্ কৰোঁতেই শব্দ দুটাৰ পৰা খোবা-খুবী উৎপন্ন হৈ ধানখিনি একেবাৰে পুৰি পেলালে। পিছত শিৱই খেতিৰ তেনে অৱস্থা দেখি সেয়া পাৰ্বতীৰে কাণ্ড বুলি শিৱই পার্বতীক বৰ খং কৰিলে। পার্বতীয়ে নিজৰ দোষ স্বীকাৰ কৰি পুনৰ খেতি কৰিবলৈ শিৱক সানুনয়ে অনুৰোধ কৰিলে। শিৱই পুনৰ খেতি কৰিলে। ধান কাটিবৰ সময়ত ভীমক ধান কাটি আনিবলৈ পঠিয়ালে। ধান কাটি উঠাত ভীমৰ মুঠিৰে মাত্র তিনি মুঠিহে ধান হ’ল। তাকে দেখি ভীমে পার্বতীক শিৱৰ বিপক্ষে লগোৱা কথাখিনিতো বেছ ৰস পোৱা যায়। সমাজত স্বামী-স্ত্ৰীৰ মাজত কাজিয়া লগোৱা টুটুকীয়া স্বভাৱৰ লোকৰ ভাও লৈছে এইখিনিতে ভীমে—

“কি কৰিবে কৃষি আই ভঙ্গুৱা শঙ্কৰ। 

কৈত শুনি আছাহা চহকী ভিক্ষুকৰ৷৷

…              …..             ……

ভাঙ্গ ঋতুৰা গুৰি জুমথি হাতত।

বাটে হোকা খাই শিৱ ফুৰয় সতত।।

ভূঁই কৰোঁ বুলি ঐৰ পৰা চলি যাই। 

গছৰ তলত বসি থাকে ভাঙ্গ খাই।।

….      …                  ..    ..

নিদ্ৰা গৈয়া অচেতনভাৱে থাকে পৰি। 

ঢোন্দাকাকে চাৰিফালে খুটিবাৱে বেঢ়ি।।’ 

ভীমৰ এনেবোৰ মিছাকৈ লগোৱা কথাত পতিয়ন গৈ পার্বতীয়ে ‘খেতিৰ চাউল খাইবে নাহি কপালত’ বুলি দুখ কৰা, এই কথাত শিৱৰ খং উঠি কাটি অনা তিনিমুঠি ধানত জুই লগাই দিয়াত সেই তিনিমুঠি ধানকে সাতদিন পুৰিও শেষ কৰিব নোৱাৰা আদি কথাত এক অস্বাভাৱিকতা আছে যদিও পাঠক সমাজক এক বুজাব নোৱাৰা ৰসৰ খোৰাক যোগাইছে।

এনেদৰেই ভীমৰ অস্বাভাৱিক কার্যাবলী, চতুৰালি, জধলা খেতিয়ক ৰূপত অংকিত শিৱৰ খং, তিৰস্কাৰ, তিৰোতাৰ অনুৰোধ, পৰামৰ্শত সহনশীলতা আৰু সহজ-সৰল গৃহিণীৰ ৰূপত পাৰ্বতীৰ চৰিত্ৰ আদিয়ে ‘শিৱৰ কৃষিকৰ্ম’ কাব্যাংশত বেছ হাস্যৰসৰ সৃষ্টি কৰিছে৷ সহজ-সৰল মানুহক আনন্দ প্ৰদানৰ উদ্দেশ্যেই কবি বাম সৰস্বতীয়ে ‘ভীম চৰিত’ ৰচনা কৰা যেন অনুমান কৰিব পাৰি।

প্রশ্ন ১৮। শিৱই কিয় কৃষি কৰ্ম কৰিবলগীয়া হৈছিল?

উত্তৰ ঃ ভোলানাথ শিৱৰ ঘৰত ভীম আছিল গৰখীয়া। গৰখীয়া ভীমক খাবলৈ যথেষ্ট লাগে ৷ পিছে ভিক্ষা কৰি অনা চাউলেৰে তৈয়াৰী অন্নেৰে পাৰ্বতীয়ে ভীমৰ ক্ষুধা নিবাৰণ কৰিব নোৱাৰে। এদিন ভাতৰ পাতত বহি ভীমে ভাত খাই থাকোতেই চৰুৰ ভাত-আঞ্জা সকলো শেষ হ’ল। ভীমে ভাত খুজি থকা দেখি পার্বতীয়ে লাজতে ভিতৰৰ পৰা ওলাই নাহিল ৷ ভীমে আধাপেটীয়াকৈ থাকিবলগীয়া হোৱাত ঘৰত থকা চাউল খুদ কেইটাকে খুজিলে। সেইসময়ত চাউল-খুদো নাছিল। ভীমে তেতিয়া খং কৰি শিৱ-পার্বতীক বহুতো ককৰ্থনা কৰিলে৷ পাৰ্বতীয়ে এই কথাত মর্মান্তিক দুখ পাই শিৱক খেতি কৰিবলৈ পৰামৰ্শ দিলে। এই কাৰণেই শিৱই কৃষি কৰ্ম কৰিবলগীয়া হৈছিল।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ৰাম সৰস্বতী বিৰচিত দুখন বধকাব্যৰ নাম লিখা।

উত্তৰ : ‘খটাসুৰ বধ’, ‘কুলাচল বধ’।

প্রশ্ন ২। ‘শিৱৰ কৃষিকৰ্ম’ অংশটি ৰাম সৰস্বতীৰ কোনখন কাব্যৰ পৰা লোৱা হৈছে

উত্তৰ ঃ ‘শিৱৰ কৃষিকৰ্ম’ অংশটি ৰাম সৰস্বতীৰ ‘ভীম চৰিত’ কাব্যৰ পৰা লোৱা হৈছে।

প্রশ্ন ৩। বৃষভ বান্ধিলা নিয়া বীৰ বৃকোদৰ।’ –বৃকোদৰ বুলি কাক বুজাইছে?

উত্তৰ ঃ বৃকোদৰ বুলি দ্বিতীয় পাণ্ডৱ ভীমক বুজাইছে। প্রশ্ন 

৪। শিৱৰ ধান কাটোতে ভীমৰ হাতেৰে কিমান মুঠি ধান হৈছিল?

উত্তৰ ঃ ভীমৰ হাতেৰে ধান মাথোন তিনিমুঠি হৈছিল। 

প্রশ্ন ৫। শিৱৰ খেতি দেখি পাৰ্বতীৰ মুখৰ পৰা কি শব্দ ওলাইছিল?

উত্তৰ ঃ শিৱৰ খেতি দেখি পাৰ্বতীৰ মুখৰ পৰা ‘উসু-আস্‌’ শব্দ ওলাইছিল আৰু তাৰপৰাই খোবা-খুবী উৎপন্ন হৈছিল।

প্রশ্ন ৬।‘দেখি পাৰ্বতীৰ মনে বিস্ময় মিলিল।’ – কি দেখি পার্বতী বিস্মিত হৈছিল? 

উত্তৰঃ গৰখীয়া ভীমৰ খাৱন দেখি পার্বতী বিস্মিত হৈছিল।

প্রশ্ন ৭। বাসৱ কোন?

উত্তৰঃ বাসৱ ইন্দ্ৰৰ আন এটা নাম।

প্রশ্ন ৮। শিৱই কাৰ বুদ্ধিমতে খেতি কৰিবলৈ লৈছিল? 

উত্তৰঃ শিৱই পাৰ্বতীৰ বুদ্ধিমতে খেতি কৰিবলৈ লৈছিল।

প্রশ্ন ৯। খেতি কৰিবলৈ শিৱই কাৰ পৰা কি লৈছিল?

উত্তৰ ঃ খেতি কৰিবলৈ শিৱই ইন্দ্ৰৰ পৰা মাটি, কুবেৰৰ পৰা কঠীয়া, বলোভদ্ৰৰ পৰা নাঙল আৰু যমৰ পৰা ম’হ খুজি লৈছিল। 

প্রশ্ন ১০। ভীমৰ লগত আৰু কোনে ভাত খাবলৈ বহিছিল ?

উত্তৰ : কাৰ্তিক আৰু গণেশে।

প্রশ্ন ১১। ‘সুদা থালখন গৰখীয়া আগে আছে।’ গৰখীয়াজন কোন?

উত্তৰ ঃ ভীম।

প্রশ্ন ১২। ‘ভাত নাই দেখি দেবী ওলাই নাসিলা।’— ‘এই গৰাকী ‘দেবী’ কোন?

উত্তৰঃ শিৱৰ পত্নী পার্বতী।

প্রশ্ন ১৩। ‘খেতিৰ চাউল খাইবে নাহি কপালত’— বুলি কোনে খেদ কৰিছিল?

উত্তৰঃ পাৰ্বতীয়ে।

প্রশ্ন ১৪। ‘ভীম-চৰিত’ কাৰ ৰচনা?

উত্তৰ : ৰাম সৰস্বতীৰ ৰচনা।

প্রশ্ন ১৫। ‘‘ভীম-চৰিত’ কোন শ্রেণীৰ কাব্য?

উত্তৰ : ‘বধকাব্য’ শ্রেণীৰ কাব্য?

প্রশ্ন ১৬। শিৱৰ কৃষিকৰ্ম কবিতা খণ্ডৰ ৰচক কোন?

উত্তৰ : ৰাম সৰস্বতী।

প্রশ্ন ১৭। ‘অসমীয়া ব্যাস’ হিচাপে কাক অভিহিত কৰা হৈছে?

উত্তৰ : ৰাম সৰস্বতীক ।

প্রশ্ন ১৮। ‘মুণ্ডমালী’ কাৰ নাম ?

উত্তৰ: শিৱৰ নাম।

প্রশ্ন ১৯। ৰাম সৰস্বতীক কি কি আখ্যাৰে বিভূষিত কৰা হয়? 

উত্তৰ : ‘অসমীয়া ব্যাস’, ‘সবস্বতী’, ‘বধকাব্যৰ কবি’ আদি আখ্যাৰে ৷

প্রশ্ন ২০। ৰাম সৰস্বতীয়ে কোন জন ৰজাৰ নিৰ্দেশত মহাভাৰতৰ পদ ভাঙনিৰ কাম আৰম্ভ কৰিছিল?

উত্তৰ : মহাৰাজ নৰ নাৰায়ণৰ নিৰ্দেশত। 

প্রশ্ন ২১। ৰাম সৰস্বতী কোন যুগৰ কবি?

উত্তৰঃ শংকৰী যুগৰ।

প্রশ্ন ২২। বধকাব্যৰ ৰচক কোন ?

উত্তৰ : ৰাম সৰস্বতী

This Post Has 3 Comments

Leave a Reply