HS First Year Advance Assamese Chapter-3 প্রিয়তমাৰ চিঠি

HS First Year Advance Assamese Chapter-3 প্রিয়তমাৰ চিঠি। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Advance Assamese Chapter-3 প্রিয়তমাৰ চিঠি AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

Hs First Year Question Answer (Assamese Medium)

ইংৰাজী (English)Click Here
অসমীয়া Click Here
हिन्दीClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
তৰ্কবিদ্যা আৰু দর্শন (Logic & Philosophy)Click Here
পৰিৱেশ শিক্ষা ( Environmental Studies)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
সমাজতত্ত্ব (sociology)Click Here
অৰ্থনীতি (Economy)Click Here
ৰাজনীতি (Political Science)Click Here
ভূগোল (Geography)Click Here

HS First Year Advance Assamese Chapter-3 প্রিয়তমাৰ চিঠি

প্রিয়তমাৰ চিঠি

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। ‘প্রিয়তমাৰ চিঠি’ কোন শ্রেণীৰ কবিতা ? তাৰ এটি চমু পৰিচয় দিয়া।

অথবা, ছনেট কাক বোলে? অসমীয়া সাহিত্যত কোনে প্রথমে ছনেট ৰচনা কৰিছিল ? 

উত্তৰ ঃ হেমচন্দ্ৰ গোস্বামীৰ ‘প্রিয়তমাৰ চিঠি’ এটি ‘ছনেট’ কবিতা। বস্তুনিষ্ঠ কবিতাৰে অন্যতম বিভাগ হ’ল ছনেট। ইয়াক চতুর্দশপদী কবিতাও বোলে। ছনেট (Son (inet) শব্দটো ইটালীয় ‘ছনেটো’ শব্দৰ পৰা অহা । ভাৰতীয় সাহিত্যত মাইকেল মধুসূদন দত্তই পোন প্রথমে ছনেট ৰচনা কৰে আৰু অসমীয়া সাহিত্যত হেমচন্দ্র গোস্বামী প্রথম ছনেট বচোতা। তেওঁৰ প্রিয়তমাৰ চিঠি’য়েই প্ৰথম অসমীয়া ছনেট কবিতা। আনহাতে অন্যতম ছনেট কবি হিতেশ্বৰ বৰবৰুৱাৰ ‘মালচ’ আৰু ‘চকুলো ৱেই প্ৰথম অসমীয়া ছনেট পুথি

ছনেটক সাধাৰণতে দুটা ভাগত ভগোৱা হয়, প্রথম আঠ শাৰী অষ্টক আৰু পিছৰ ছয়শাৰীক ষষ্ঠক বোলা হয়। অষ্টকত যি ভাব-কল্পনাৰ ইংগিত কৰা হয়, ষষ্ঠকত সেই ভাবৰ বিস্তৃতি সাধন বা ব্যাখ্যা কৰা হয়। অষ্টক আকৌ দুই ভাগত বিভক্ত। তাৰ প্ৰতিটো ভাগক চতুষ্ক বোলে। ষষ্ঠককো দুই ভাগত ভগোৱা হয়, তাৰ প্ৰতিটো ভাগক ত্রিপদিকা বোলে। শাৰীবোৰৰ মিল এনেকুৱা— কখখক, কখখক, গঘঙ, গঘঙ বা গঘ, গঘ, গঘ। মুঠতে ছনেটৰ কেইটিমান নির্দিষ্ট লক্ষণ হ’ল— ই সাধাৰণতে হ’ল চৈধ্য আখযুক্ত চৈধ্য শাৰীৰ কবিতা, ইয়াত এটা মাত্র ভাবৰ বিকাশ থাকে; অষ্টক আৰু ষষ্ঠকৰ বিভাগ ৰক্ষা কৰাটো সনাতন ৰীতি যদিও বহুতে এই বিভাগ মানি চলা নাই; ছনেটৰ ভাবত গাম্ভীর্য আৰু ভাষাত সৰলতা থাকিব লাগিব।

প্রশ্ন ২। ‘প্রিয়তমাৰ চিঠি’ কবিতাটোৰ সাৰাংশ লিখা।

অথবা, 

‘প্রিয়তমাৰ চিঠিয়ে কবিৰ মনত কেনে ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল?

উত্তৰ : ‘প্রিয়তমাৰ চিঠি’ কবিতাটিত কবিয়ে প্রিয়তমাৰ পৰা লাভ কৰা চিঠিখনিত পোৱা সৌন্দৰ্যৰ এক আন্তবিক অনুভূতিৰ কথা প্রকাশ কৰিছে। প্ৰাণ চঞ্চল কৰা মনোৰম সৌন্দৰ্যৰ আকৰ প্ৰকৃতিৰ বুকুত পিতৃপিকৈ চলাথ কৰি বিচাৰিও কবিয়ে প্রিয়তমাৰ হাতৰ কুকুৰঠেঙীয়া আখৰকেইটিত ঘঁহা থকা ‘অমিয়া’ বিচাৰি নাপায়। প্রখ্যাত কবিসকলৰ গীতি-মধুৰ কবিতাই পৃথিৱীৰ আকাশে বতাহে সকলোকে মুগ্ধ কৰিলেও প্রিয়তমাৰ চিঠিয়ে কবিৰ অন্তৰত যি সুধ্বনি তোলে তাক সেই’ কবিতাই স্পর্শকে কৰিব নোৱাৰে। ফুল ফুলে, আকৌ সবি যায়, সেউজীয়া ঘাঁহ-বননিও শুকাই যায়, বসন্ত কালত ওলোৱা গছৰ কুঁহিপাত ৰ’দত লেৰেলি পৰে; কিন্তু কবিৰ প্ৰিয়তমাৰ চিঠিত এক মোহিনী আছে, তাত যেন নিতৌ বাহী নোহোৱা ন ন ফুল ফুলে, সেই ফুল যিমানে শুঙে, যিমানে সেই ফুলত চুমা খায়,— সিমানে কবিৰ আমনি নালাগে। তেওঁৰ অন্তৰত হেঁপাহ বেছিকৈহে বাঢ়ি যায়। চিঠিৰ প্ৰতিটো আখৰেই কবিৰ কাৰণে শুঙি আৰু চুমা খাই আমনি নোপোৱা একোপাহ ফুল হৈ ধৰা দিয়ে।

প্রশ্ন ৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা। 

‘তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত, 

কবিতাৰ কাব্যে তাৰ গোন্ধকো নাপায়।’

উত্তৰ ঃ উদ্ধৃত কবিতাফাকি ছনেট কবি হেমচন্দ্র গোস্বামী ৰচিত ‘প্রিয়তমাৰ চিঠি’ নামৰ কবিতাটিৰ অন্তৰ্গত। 

প্রিয়তমাৰ চিঠিয়ে কবিৰ অন্তৰত কেনেদৰে অনাবিল সৌন্দৰ্যৰ অনুভূতি জগাই তুলিছে তাকেই এই কবিতাফাকিৰ জৰিয়তে প্ৰকাশ কৰিছে। 

কবি প্ৰিয়তমাৰ চিঠিখনিত ইমানেই মোহিত হৈ পৰিছে যে জগতৰ ক’তো কোনো বস্তুতে কবিয়ে প্রিয়তমাৰ চিঠিত পোৱা সৌন্দর্য দেখিবলৈ পোৱা নাই। আনকি সৌন্দৰ্যৰ আকৰ প্ৰকৃতিৰ বুকুতো কবিয়ে সেই সৌন্দর্য বিচাৰি পোৱা নাই। প্রখ্যাত কবিসকলৰ গীতি-মধুৰ কবিতাই পৃথিৱীৰ আকাশে-বতাহে সকলোকে মুগ্ধ কৰিলেও সি প্রিয়তমাৰ চিঠিয়ে কবিব অন্তৰত তোলা সুৰধ্বনিৰ ওচৰ একেবাৰেই নাপায়; আনকি তাৰ গোন্ধকে নাপায়, অর্থাৎ প্রিয়তমাৰ চিঠিয়ে যিদৰে কবিৰ অন্তৰত মোহিনীৰ হেন্দোলনি তুলিছে, আন একোৱেই তেনে হেন্দোলনি তুলিব নোৱাৰে।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।

‘যত শুঙো, চুমা খাওঁ, নালাগে আমনি,

হৃদয়ত হেঁপাহৰ ভোটাতৰা জ্বলে।’ 

উত্তৰ ঃ উদ্ধৃত কবিতাফাকি ছনেট কবি হেমচন্দ্র গোস্বামী বচিত ‘প্রিয়তমাৰ চিঠি’ নামৰ কবিতাটিৰ অন্তর্গত।

প্রিয়তমাৰ চিঠিখনিয়ে কবিক কিদৰে আকৃষ্ট কৰিছে তাৰেই মূর্ত প্রকাশ ঘটিছে এই কবিতাফাকিত।

প্ৰকৃতিৰ বুকুত বিচাৰি নোপোৱা সৌন্দর্য, পৃথিৱী তোলপাৰ লগোৱা কবিসকলৰ গীতিমধুৰ কবিতায়ো গোন্ধকে নোপোৱা সুৰধ্বনি কবিয়ে প্রিয়তমাৰ কুকুৰঠেঙীয়া আখৰকেইটিত, চিঠিখনিত বিচাৰি পাইছে। ফুল ফুলি সৰি যায়, সেউজীয়া বননিও শুকাই যায়। কিন্তু কবিয়ে প্রিয়তমাৰ চিঠিখনিত কোনোদিন বাহী নোহোৱা, নিতৌ ন ন ফুল ফুলা দেখিবলৈ পাইছে। সেই ফুল বাৰে বাবে শুঙে, বাৰে বাৰে চুমা খায়ো কবিয়ে আমনি নাপায়; বৰং হৃদয়ত বেছিকৈহে হেঁপাহ জাগি উঠে, অর্থাৎ প্রিয়তমাৰ চিঠিয়ে কবিক এক অনাবিল সৌন্দৰ্য আৰু আনন্দ দান কৰিছে। 

প্রশ্ন ২। হেমচন্দ্ৰ গোস্বামীৰ জীৱন আৰু সাহিত্য কৃতিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ ঃ আধুনিক অসমীয়া সাহিত্যৰ যুগান্তকাৰী ‘জোনাকী’ যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম সাহিত্যিক গোস্বামীৰ জন্ম হয় ১৮৭২ চনত গোলাঘাট মহকুমাৰ ঢেকীয়াল মৌজাৰ গৌৰাঙ্গ সত্ৰত। তেওঁৰ পিতৃৰ নাম ডম্বৰুধৰ গোস্বামী স্কুলীয়া শিক্ষা লাভ কৰে নগাঁৱত। ১৮৮৮ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ উচ্চ শিক্ষা লাভার্থে কলিকতালৈ যায়। তাত চাৰি বছৰ পঢ়ি কোনো ডিগ্রী নোলোৱাকৈয়ে অসমলৈ ঘূৰি আহি ইটো-সিটো কাম কৰি শেষত ১৮৯৭ চনত ছাব ডেপুটি কালেক্টৰ কামত নিযুক্ত হয় আৰু পিছত একষ্টা এছিষ্টেণ্ট কমিছনাৰ পদ পাই ১৯২৫ চনত অৱসৰ গ্ৰহণ কৰে। ১৯২৮ চনত গুৱাহাটীৰ নিজা ঘৰত হেমচন্দ্র গোস্বামীৰ মৃত্যু হয়।

সৰু কালৰ পৰাই সাহিত্যত স্পৃহা থকা হেমচন্দ্র গোস্বামীয়ে গুণাভিৰাম বৰুৱা, ৰত্নেশ্বৰ মহন্ত, পদ্মহাস গোস্বামী, বলিনাৰায়ণ বৰা আদিৰ সান্নিধ্যত আৰু প্ৰেৰণাত সাহিত্যৰ জগতখনিত অধিকভাৱে সোমাই পৰে। কলিকতাৰ কলেজত পঢ়ি থকা অৱস্থাত ‘আসাম বন্ধু’ কাকততে তেওঁ কবিৰূপে পৰিচিত হয়। সেই সময়তেই লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ সৈতে লগ লাগি ‘জোনাকী’ কাকতৰ এজন উদ্যোক্তা আৰু পৃষ্ঠপোষক হৈ পৰে। ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ (অ.ভা.উ.সা.)ৰ অন্যতম প্রতিষ্ঠাতা আৰু অক্লান্ত কৰ্মীৰূপেও গোস্বামীৰ নাম স্মৰণীয় হৈ আছে। ‘জোনাকী’ৰ দ্বিতীয় বছৰত তেওঁ কাকতখনৰ সম্পাদক আছিল। তেওঁ ‘পুৱা’ কবিতাটিৰ শেষৰ কেইশাৰী সম্ভৱত ‘জোনাকী’ কাকতখনক উদ্দেশ্য কৰিয়েই লিখিছিল।

বৰ্ষা অনন্তকাল জ্ঞানৰ পোহৰ, 

জ্যোতির্ময়ী জোনাকী সরিতা;

বজোৱা অনন্ত কাল সঞ্জীৱনী বীণা,

বীণাপাণি কোমল কবিতা।’

হেমচন্দ্র গোস্বামীয়ে সাহিত্য-চৰ্চা কৰে আগবয়সত। সেই বয়সতে ৰচনা কৰা কবিতাসমূহৰ পৰা তেওঁৰ কবি-প্ৰতিভাৰ পৰিচয় পোৱা যায়। তেওঁৰ একমাত্ৰ কবিতাপুথি ‘ফুলৰ চাকি’। ‘জোনাকী’ৰ প্ৰথম বছৰতে প্ৰকাশ পোৱা তেওঁ ‘কাকো আৰু হিয়া নিবিলাওঁ’, ‘পুৱা’ আদি কবিতাবে নতুন কাব্য সৃষ্টিৰ চিনাকি দিয়ে। অৱশ্যে তেওঁৰ নৈসর্গিকী কাব্য প্রতিভাই পূর্ণ বিকাশ লাভ কৰিবলৈ সুবিধা নাপালে। ‘আসাম বন্ধু’ আৰু ‘জোনাকী’ত প্ৰকাশ পোৱাৰ পিছত কবিতা কিছু গোটাই লৈ তেওঁ একমাত্র কবিতা পুথি ‘ফুলৰ চাকি’ প্ৰকাশ কৰে। কবিতাসমূহর কিছু সংখ্যক স্বাভাৱিকতে অপৈণত কবিৰ ভাবসাম্যহীন কল্পনা আৰু প্ৰকাশভংগীৰ দুৰ্বলতা লক্ষ্য কৰা যায়। আনহাতে কিছু সংখ্যক কবিতা স্বদেশ প্রীতি, হাস্যৰস আৰু প্ৰেমৰ তিনিটি ক্ষীণ সুঁতিৰ দ্বাৰা ৰসসিক্ত হৈছে।

হেমচন্দ্র গোস্বামী প্রথম অসমীয়া ছনেট লেখক। ‘জোনাকী’ত প্ৰকাশ পোৱা ‘প্রিয়তমাৰ চিঠি’ নামৰ কবিতাটোৱেই প্রথম অসমীয়া ছনেট কবিতা। ইটালীয় ছনেটৰ যি আংগিক লক্ষণ, গোস্বামীৰ ছনেট কবিতাকেইটিত সেই লক্ষণ সম্পূর্ণ পোৱা যায়। পেট্ৰাৰ্কীয় ছনেটৰ ভাবৰ স্তৰ বিভাগ আৰু অন্ত্যানুপ্ৰাসৰ মিলন-ৰীতি গোস্বামীয়ে ছনেটত অনুসৰণ কৰিছে। গোস্বামীৰ ‘কাকো আৰু হিয়া নিবিলাওঁ’, ‘কাকৃতি’, ‘প্রিয়তমাৰ চিঠি’, ‘ধৰা পৰা’ আদি কবিতা নৱন্যাস প্ৰণয় কবিতাৰ পুৱতি তৰাস্বৰূপ। প্রিয়তমাৰ কুকুৰঠেঙীয়া আখৰকেইটিত যি মোহিনী শক্তি আছে, তাক কবিয়ে প্রাকৃতিক চিত্ৰৰ সহায়েৰে অধিক আবেদনশীল কৰি তুলিছে। গোস্বামীৰ ‘পুৱা’ কবিতা সংযত কল্পনা, গাম্ভীর্য আৰু আশাবাদেৰে মহিমামন্বিত হৈছে।

চৰকাৰী চাকৰি লাভ কৰাৰ পিছত তেওঁ কবিতার কল্পনাময়ী জগতখনৰ পৰা লাহে লাহে আঁতৰি আহি পুৰণি সাহিত্য সমল, প্রত্নতত্ত্ব আৰু বুৰঞ্জী অনুসন্ধানত মনোনিৱেশ কৰে৷ তেওঁ পুৰণি পুথি অনুসন্ধান আৰু উদ্ধাৰৰ কাৰ্যত লিপ্ত হয়। ‘কামৰূপ অনুসন্ধান সমিতি’ৰ তেওঁ অন্যতম প্রতিষ্ঠাতা। অনুসন্ধান সমিতিৰ যোগেদি তেওঁ ‘পুৰণি অসম বুৰঞ্জী’, ‘দব! ৰাজবংশাৱলী’, ভট্টদেৱৰ ‘কথাগীতা সম্পাদনা কৰি উলিয়ায়। ভোলানাথ বৰুৱাৰ দানৰ টকাৰে সাতোটা খণ্ডত বিভক্ত বিৰাট ‘অসমীয়া সাহিত্যৰ চানেকী’ তেওঁ সংগ্ৰহ আৰু সম্পাদনা কৰে৷ এওঁৰ ‘অসমীয়া পুথিৰ তালিকা’ (Descriptive Catalogue of Assamese Manus scripts) নামৰ পুথি কলিকতা বিশ্ববিদ্যালয়ৰ যোগেদি ১৯৩০ চনত প্ৰকাশ হৈ ওলায়।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। অসমীয়া প্রথম ছনেট কবিতা কোনটো ?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামীৰ ‘প্রিয়তমাৰ চিঠি’ নামৰ কবিতাটো।

প্রশ্ন ২। ‘প্রিয়তমাৰ চিঠি’ কবিতাৰ ৰচক কোন?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামী।

প্রশ্ন ৩। ‘জোনাকী যুগ’ৰ ত্ৰিমূৰ্তি কাক কোৱা হয়?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিওগৰাকী সাহিত্যিকক কোৱা হয়।

প্রশ্ন ৪। হেমচন্দ্র গোস্বামী কি কাকতৰ লগত বিশেষভাৱে জড়িত আছিল?

উত্তৰ : ‘জোনাকী’ কাকতৰ লগত।

প্রশ্ন ৫। হেমচন্দ্র গোস্বামীয়ে কোন বছৰ ‘জোনাকী’ কাকত সম্পাদনা কৰিছিল?

উত্তৰঃ দ্বিতীয় বছৰ ‘জোনাকী’ কাকত।

প্রশ্ন ৬। হেমচন্দ্ৰ গোস্বামীৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?

উত্তৰ ঃ ‘ফুলৰ চাকি’। 

HS First Year Advance Assamese Questions Answers

গোট ১ -কবিতাংশ

ক্ৰমিক নংপাঠলিংক
১. প্রহলাদ চৰিত্ৰ Click here
২. শিৱৰ কৃষিকর্ম Click here
৩. প্রিয়তমাৰ চিঠি: Click here
৪. পানেশৈ Click here
৫. পছোৱাৰ ডাক Click here
৬ .চামুৰাই Click here

গোট ২ – গদ্যাংশ

৭. শংকৰদেৱৰ বাল্যকাল Click here
৮. ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা Click here
৯. অংকীয়া নাটৰ ৰস বিচাৰ Click here

গোট ৩ – নাটক

১০. টিকেন্দ্রজিৎ Click here

গোট ৪ – চুটি গল্প

১১. যীশুখ্ৰীষ্টৰ ছবি Click here
১২. ভ্ৰষ্টলগ্ন Click here

গোট ৫ – সাহিত্য সমালোচনা

১৩. কবিতা Click here
১৪. নাটক Click here

গোট ৬ – ছন্দ

১৫. ছন্দ : ছন্দ্ৰ সংজ্ঞা, অক্ষৰ; মাত্রা; যতি, পৰ্ব, চৰণ; “স্তৱক; পদ বা পয়াৰ; ঝুমুৰী: কুসুমমালা, দুলড়ী: ছবি, লোছাৰি ছন্দ Click here

গোট ৭ – অসমীয়া সাহিত্যৰ বুৰঞ্জী

১৬. অসমীয়া কবিতা আৰু নাটকৰ পৰি Click here

প্রশ্ন ৭। ‘ফুলৰ চাকি’ কবিতা পুথিখনৰ ৰচক কোন?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামী।

প্রশ্ন ৮। অসমীয়া সাহিত্যত প্রথম ছনেট ৰচেঁাতা কোন?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামী।

প্রশ্ন ৯। হেমচন্দ্র গোস্বামীয়ে সম্পাদনা কৰা এখনি গ্ৰন্থৰ নাম লিখা। 

উত্তৰ ঃ ভট্টদেৱৰ ‘কথা-গীতা’ (অন্যান্য সম্পাদিত গ্রন্থ হ’ল— ‘দৰং ৰাজবংশাৱলী, ‘পুৰণি অসম বুৰঞ্জী’, ‘কামৰূপ তন্ত্র’)।

প্রশ্ন ১০। ‘তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত’ – কাৰ চিঠিৰ কথা কোৱা হৈছে।

উত্তৰঃ কবিৰ প্ৰিয়তমাৰ চিঠিৰ কথা কোৱা হৈছে।

প্রশ্ন ১২। হেমচন্দ্র গোস্বামীয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল?

উত্তৰ : ১৯২০ চনত তেজপুৰ অধিৱেশনত।

প্রশ্ন ১৩। হেমচন্দ্র গোস্বামীৰ জন্মস্থান কত?

উত্তৰ : ১৯২০ চনত তেজপুৰ অধিৱেশনত।

প্রশ্ন ১৪। হেমচন্দ্র গোস্বামীৰ জোনাকীত প্রকাশিত প্রথম কবিতাটিৰ নাম

উত্তৰ: “কাকো আৰু হিয়া নিবিলাও”।

–হেমচন্দ্র গোস্বামী (১৮৭২-১৯২৮)

কবি পৰিচিতি : ১৮৭২ চনত গোলাঘাটৰ অন্তৰ্গত গৌৰাংগ সত্ৰত জন্ম লাভ কৰা হেমচন্দ্ৰ গোস্বামীৰ পিতৃৰ নাম আছিল ডম্বৰুধৰ গোস্বামী। নগাঁৱত শিক্ষা লাভ কৰা সময়তে গুণাভিৰাম বৰুৱা, ভোলানাথ দাস, ৰত্নেশ্বৰ মহন্ত আদিৰ সান্নিধ্যত সাহিত্য-চৰ্চাৰ ধাউতি বাঢ়ে৷ ‘আসাম বন্ধু’ কাকততে তেওঁ পোনতে কবিৰূপে পৰিচিত হয়। হেমচন্দ্র গোস্বামী কলিকতাত চাৰি বছৰ পঢ়ি ডিগ্রী নোলোৱাকৈ ঘূৰি আহি প্ৰথমে মাটির হাকিম আৰু পিছত ই এ চি হয়। ‘জোনাকী’ কাকতৰ ত্ৰিমূৰ্তিৰ অন্যতম আছিল হেমচন্দ্ৰ গোস্বামী। এওঁ আছিল ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰো অন্যতম প্রতিষ্ঠাতা। চন্দ্ৰ কুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ লগত লগ হৈ উলিওৱা ‘জোনাকী’ কাকতৰ প্ৰথম বছৰতে ‘কাকো আৰু হিয়া নিবিলাও’, ‘পুৱা’ আদি কবিতাৰে নতুন কাব্য ৰচনাৰ চিনাকি দিয়ে। তেওঁৰ একমাত্ৰ কবিতাৰ পুথি ‘ফুলৰ চাকি তে প্ৰকাশ পাই তেওঁৰ কেইটিমান ৰোমাণ্টিক ভাবধাৰাৰ কবিতা৷ হেমচন্দ্ৰ গোস্বামীয়েই অসমীয়া সাহিত্যত প্রথম ছনেট ৰচেঁাতা। এই আৰ্হিত লিখা তেওঁৰ প্ৰথম কবিতা হ’ল ‘প্রিয়তমাৰ চিঠি’। পুৰণি পুথি সম্পাদনাৰ ক্ষেত্ৰত তেওঁৰ নাম বিশেষভাৱে উল্লেখযোগ্য। পুৰণি পুথি ‘দৰং ৰাজবংশাৱলী’, ভট্টদেৱ বিৰচিত ‘কথাগীতা’, ‘পুৰণি অসম বুৰঞ্জী’, ‘কামৰূপ তন্ত্র’ আদি তেওঁ সম্পাদনা কৰি প্ৰকাশ কৰে।

১৯২০ চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল। হেমচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ চতুৰ্থগৰাকী সভাপতি। ১৯২৮ চনৰ ২ মে’ তাৰিখে গুৱাহাটীৰ নিজা ঘৰত তেওঁ পৰলোকগামী হয়। 

This Post Has One Comment

Leave a Reply