HS First Advance Assamese Solutions Chapter-1 প্রহলাদ চৰিত্ৰ

HS First Advance Assamese Solutions Chapter-1 প্রহলাদ চৰিত্ৰ । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Advance Assamese Solutions Chapter-1 প্রহলাদ চৰিত্ৰ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

Hs First Year Question Answer (Assamese Medium)

ইংৰাজী (English)Click Here
অসমীয়া Click Here
हिन्दीClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
তৰ্কবিদ্যা আৰু দর্শন (Logic & Philosophy)Click Here
পৰিৱেশ শিক্ষা ( Environmental Studies)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
সমাজতত্ত্ব (sociology)Click Here
অৰ্থনীতি (Economy)Click Here
ৰাজনীতি (Political Science)Click Here
ভূগোল (Geography)Click Here

HS First Advance Assamese Solutions Chapter-1 প্রহলাদ চৰিত্ৰ

প্রহলাদ চৰিত্ৰ

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১।‘প্ৰহ্লাদ চৰিত্ৰ’ কবিতাংশত হৰিৰ প্ৰতি প্রহ্লাদে কেনেদৰে ভক্তি প্ৰকাশ কৰিছে, লিখা।

উত্তৰঃ দানৱৰাজ হিৰণ্যকশিপুৱে পুতেক প্রহলাদক হৰিভক্তি আচৰণ কৰা দেখি নানান ককৰ্থনা কৰি প্ৰহ্লাদৰ ওপৰত অশেষ উৎপীড়ন চলালে; কিন্তু প্রহ্লাদক হিৰণ্যকশিপুৱে হবিভক্তিৰ পৰা, বিষ্ণুৰ চিন্তা-অৰ্চনাৰ পৰা অলপো বিতাৰিত কৰিব নোৱাৰিলে। বৰং হৰিভক্তিত প্রহ্লাদ বেছিকৈ নিমজ্জিত হৈহে পৰিল। তথাপি দানৱৰাজ হিৰণ্যকশিপুৱে হৰিৰ চিন্তা-চৰ্চা কৰাৰ পৰা হলাদক আঁতৰাই আনিবলৈ চেষ্টাৰ অকণো ত্রুটি নকৰিলে। তেওঁ নিজে হৰিৰ নামত অকথ্য গালি-গালাজ কৰাৰ উপৰি প্ৰহ্লাদকো হৰিক গালি-গালাজ কৰিবলৈ জোৰ দি ধৰিলে। তেতিয়া প্রহলাদে হৰি হৰি স্মৰণ কৰি ক’লে যে তেওঁ মাধৱক, অর্থাৎ হৰিক কিয় গালি পাৰিব? তেওঁ মাধৱক গালি পাৰিব নোৱাৰে; কাৰণ মাধৱেই হৈছে তেওঁৰ পিতা-মাতা, মাধৱেই তেওঁৰ প্ৰাণ মাধৱত বিনে তেওঁৰ কোনো বন্ধু নাই। জল, স্থল, পর্বত, বন, হাতী, সাপ, জীৱ-জন্তু এই সকলোতে নাৰায়ণ আছে। তুমি, আমি আদি কৰি তিনিও জগততে নাৰায়ণ বেকত নহ’লেও বিৰাজমান।

বিষ্ণুভক্ত প্রহ্লাদৰ মুখত এই কথা শুনি দানৱৰাজ হিৰণ্যকশিপুৱে প্ৰহহ্লাদক পুনৰ গালি পাৰি ক’লে যে প্রহলাদ এজন বুৰ্বক। যদি নাৰায়ণ সকলোতে আছে তেনেহ’লে সংসাৰৰ সকলো প্রাণীয়েই একে সমান হ’ব লাগিছিল। কিন্তু নহয়, কোনোেজন মহা সুখী, কোনোেজন মহা দুখী; কোনোেজন মহাজন, কোনোজন চাকৰ; কোনোজনে হাতীৰ পিঠিত উঠি ফুৰে, হংস তুলীত শোৱে, কোনোজনে কিয় তৃণ এডালকো নাপায়। কোনোৱে ঘোলা পানী খায়, কোনোৱে আকৌ গাখীৰ খায়। কোনো সৎ-শ্রীমত্ত, কোনো আকৌ চোৰ। এইবিলাকতো হ’ব নালাগে। যদি নাৰায়ণ সকলোতে আছে তেনেহ’লে সকলোৰে একে ধৰণৰ মৰণ, একেধৰণৰ ভোজন হ’ব লাগে ৷ এইবোৰ কিয় নহয় ?

পৰমবিষ্ণু ভক্ত প্রহ্লাদে পিতাক হিৰণ্যকশিপুৰ এনেবোৰ কথা শুনি পুনৰ ক’লে যে তেওঁ হৰিৰ কৃপাত যি কথা জানিছে সেয়া পিতাকে নাজানে। তেওঁ হৰিক সকলোতে দেখা পাইছে, পিতাকৰ মলচকু অৰ্থাৎ হৰিবিমুখ মনোভাবৰ কাৰণেই হৰিক দেখা নাপায় ৷ হৰি সকলোতে থকা সত্ত্বেও সকলো একে সমান নোহোৱাৰ কাৰণ হ’ল পাপ-পুণ্য। পাপ-পুণ্যৰ ফল অনুসাৰে মানুহে সুখ-দুখ নিকাৰ ভুঞ্জে। হৰি বিচাৰত এক কিন্তু আচাৰত ভিন্ন। ফটিকৰ স্তম্ভলৈ লক্ষ্য কৰিলেই তেওঁক দেখা পাব। 

পিতাক দানৱৰাজ হিৰণ্যকশিপুৰ কঠোৰ বাধা আৰু শাস্তিৰ সন্মুখীন হৈয়ে৷ বিষ্ণুভক্ত প্রহ্লাদে এনেদৰে হৰিৰ্ভক্তি প্ৰকাশ কৰিছিল।

প্রশ্ন ২। হিৰণ্যকশিপু কেনেদৰে নিধন হ’ল, লিখা। 

উত্তৰঃ কঠোৰ বাধা আৰু শাস্তি প্রদান কৰিও দানৱৰাজ হিৰণ্যকশিপুৱে নিজ পুত্র বিষ্ণুভক্ত প্রহলাদক হৰি বিমুখ কৰিব নোৱাৰিলে। প্ৰহ্লাদে যেতিয়া বাৰে বাৰে ক’বলৈ ধৰিলে যে তেওঁৰ ইষ্টণ্ডৰ নাৰায়ণেই তেওঁৰ পিতা-মাতা, তেওঁৰ প্ৰাণ; তেওঁৰ বিনে আন বন্ধু কোনো নাই, তেওঁ জল, স্থল, পর্বত, বন, হাতী, সাপ, জীৱ-জন্তু, তুমি, মই, তিনিও জগততে তেওঁ বিৰাজমান, আনকি ফটিকৰ স্তম্ভতো তেওঁ আছে, তেতিয়া হিৰণ্যকশিপুৱে ‘ক’ত তোৰ ভগৱান’ বুলি মহা খঙেৰে ফটিকৰ স্তম্ভত হাতৰ মুঠিৰে প্ৰচণ্ড প্ৰহাৰ কৰিলে। মুঠিৰ প্ৰহাৰত স্তম্ভটো ভীষণ শব্দ কৰি ফাটি চিৰাচিৰ হৈ গ’ল আৰু তাৰ পৰা বাহিৰ ওলাই আহিল ভয়ংকৰ নৰসিংহ। বাহিৰ হৈ আহিয়েই নৰসিংহই হিৰণ্যকশিপুক একেদেওৱে গৰা মাৰি ধৰিলে। হিৰণ্যকশিপুৱেও নৰসিংহক মহা গর্বেৰে আঁকোৱালি ধৰিলে। নৰসিংহৰূপী ভগৱানেও নিজকে দুর্বল যেন দেখুৱাই হিৰণ্যকশিপুৰ লগত বাগিয়াবাগি কৰিব ধৰিলে। নাৰায়ণে ভাবিলে তেওঁকেই হিৰণ্যকশিপুৱে এনে কঠোৰভাৱে ধৰিছে, এনেকুৱা চোট আনে কেনেকৈ সহ্য কৰিব। নৰসিংহ আৰু হিৰণ্যকশিপুৰ তুমুল হতা-হতি, মৰা-মৰি, যুদ্ধত পৃথিৱী গিৰ্গিৰ্‌ শব্দ কৰি লৰিবলৈ ধৰিলে, সাতো পৃথিৱী কঁপিবলৈ ধৰিলে। দাঁতৰ কৰ্কৰণি আৰু আটাহ-চিঞৰত স্বৰ্গ মৰ্তা, পাতালত ত্ৰাস লাগিল। মাটি তললৈ বহি গ’ল, সাগৰত যুঁজিবলৈ লোৱাত সাগৰৰ পানী শুকাই গ’ল, পৰ্বতত যুঁজিবলৈ লোৱাত পৰ্বত ভাগি-ছিগি খণ্ড-বিখণ্ড হ’ল। দেৱতা, অসুৰ, মানুহৰ মাজত মহা প্রলয় মিলিল। কিছু সময়ৰ পিছত এবাৰ সুবিধা পাই হিৰণ্যকশিপুৱে নৰসিংহক ধৰি ওপৰলৈ দলিয়াই পঠিয়ালে আৰু শতেক যোজন মান ওপৰলৈ গৈ নৰসিংহ পৃথিৱীত পৰি অচেতন হৈ পৰিল। তাকে দেখি অসুৰবিলাকে আনন্দতে জয় জয় কৰি ‘ক’ৰ পশু এটাই আহি আমাৰ ৰজাৰ লগত যুঁজে’, ‘পতংগ হৈ অগ্নিক খাব খোজে’ বুলি ৰজা হিৰণ্যকশিপুৰ জয়গান গাবলৈ ধৰিলে। তাৰ পিছত দৈত্যসকলে ‘ধৰ বৰ মাৰ মাৰ কাট কাট’ কৰি নৰসিংহক বধিবলৈ খেদি আহিল৷ দানৱৰাজ হিৰণ্যকশিপুৱে মহা অহংকাৰেৰে তর্জন-গর্জন কৰিব ধৰিলে।

এনে সময়তে নাৰায়ণে চেতনা লাভ কৰি একে লাফে গৈ হিৰণ্যকশিপুক হাতেৰে আঁকোৱালি ধৰি চিৎ কৰি ল’লে। দৈত্যসকলৰ আনন্দ দেখি নাৰায়ণৰ বৰ খং উঠিল। তেতিয়া সন্ধ্যা সময় হৈছিল। দিন বা ৰাতিৰ কোনো এটা সময়তে কোনো মানুহ বা পশুৰ হাতত, জল বা স্থলত, কোনো অস্ত্র-শস্ত্রই মাৰিব নোৱাৰাৰ বৰ লাভ কৰোঁতা হিৰণ্যকশিপুক দিন-ৰাতিৰ দোমোজা কাল সন্ধ্যা কালত পানীৰ জিয়লীলৈকে চোঁচৰাই টানি নিয়াত হিৰণ্যকশিপুৰ হাড়-মূৰ ভাগি গ’ল। জল স্থল নোহোৱা ঠাইত উৰুত বহাই লৈ নখেৰে হৃদয় আঁচুৰি ফালি নৰসিংহই হিৰণ্যকশিপুক নিধন কৰিলে৷ হিৰণ্যকশিপুৰ হৃদয় বিদাৰি পৃথিৱীৰ তেজৰ বাৰ ব’বলৈ ধৰিলে। দৈত্যসকল ভয়তে পলাবলৈ ধৰিলে। তাকে দেখি দেৱতাসকলে নৰসিংহৰ মূৰত পুষ্প বৃষ্টি কৰিবলৈ ধৰিলে।

প্রশ্ন ৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা। 

(ক) ‘মাধৱেসে পিতা মাতা মাধৱেসে প্রাণ।

মাধৱত পৰে কোন বন্ধু আছে আন।।’

উত্তৰঃ উদ্ধৃত কবিতাফাকি প্রাক্ শংকৰী যুগৰ প্রখ্যাত কবি হেম সৰস্বতী ৰচিত ‘প্রহলাদ চৰিত্ৰ’ কাব্যাংশৰ অন্তর্ভুক্ত। 

পৰম বিষ্ণুভক্ত প্রহ্লাদৰ বিষ্ণুৰ অৰ্থাৎ মাধৱৰ প্ৰতি থকা অচলা ভক্তি আৰু বিশ্বাস কবিতাফাকিৰ জৰিয়তে প্ৰকাশ পাইছে।

বিষ্ণুবৈৰী, বিষ্ণুৰ নাম শুনিব নোৱৰা হৰি বিমুখ দানৱৰাজ হিৰণ্যকশিপুৰ পুত্ৰ হ’লেও প্রহলাদ আছিল পৰম বিষ্ণুভক্ত। বিষ্ণু তথা হৰি তথা নাৰায়ণত বিনে তেওঁৰ কোনো চিন্তা নাই। তেওঁ বিশ্বাস কৰে তেওঁৰ জন্মদাতা পিতৃ-মাতৃ থাকিলেও প্রকৃততে জগতৰ সকলোৰে পিতা-মাতা স্বয়ং নাৰায়ণ বা মাধৱ ৷ তেৱেঁই জগতৰ প্ৰাণ৷ তেওঁৰ অবিহনে জগত প্রাণহীন জগত নাবাচে। তেওঁৰ দৰে প্ৰকৃত বন্ধু জগতত আন কোনো নাই। সঁচা বন্ধুৰ দৰে তেৱেঁই আপদ-বিপদ সম্পদ সকলো সময়তে আমাৰ লগতে থাকে, আমাক ৰক্ষা কৰে। সেই কাৰণেই হৰিবিমুখ, বিষ্ণুবৈৰী দানৱৰাজ হিৰণ্যকশিপুৱে বিষ্ণু নিন্দা কৰি পুত্ৰ প্ৰহহ্লাদক হৰি চিন্তা এৰুৱাবলৈ নানান চেষ্টা, বাধা আনকি অকথ্য শাস্তি প্রদান কৰিছিল যদিও ভক্ত প্রহ্লাদে ইয়াৰ সলনি হিৰণ্যকশিপুক বাৰে বাৰে কৈছিল যে মাধৱেই তেওঁৰ পিতা-মাতা, মাধৱেই তেওঁৰ প্ৰাণ আৰু মাধৱত বিনে

তেওঁৰ আন কোনো বন্ধু নাই। এইখিনি কৈয়েই প্ৰহহ্লাদে এৰা নাই। পিতাক হিৰণ্যকশিপুৰ আগত মাধৱৰ মাহাত্ম্য সম্পর্কেও ব্যাখ্যা দাঙি ধৰিছে। 

(খ) ‘লৱঙ্গ মালতি সুগন্ধিত পুষ্প যুত।

হৰিৰ শিৰত বৃষ্টি কৰে অসংখ্যাত।।”

উত্তৰঃ উদ্ধৃত কবিতাফাকি প্রাক্‌ শংকৰী যুগৰ প্রখ্যাত কাব্যকাৰ হেম সৰস্বতী ৰচিত ‘প্রহ্লাদ চৰিত্ৰ’ কাব্যাংশৰ অন্তৰ্গত। 

বিষ্ণুবৈৰী হিৰণ্যকশিপুক নৰসিংহৰূপী হৰিয়ে বধ কৰাৰ পিছত দেৱতাসকলে আনন্দ প্ৰকাশ কৰি কিদৰে হৰিৰ শিৰত পুষ্পবৃষ্টি কৰিছিল তাকেই কবিতাফাকিত প্ৰকাশ কৰিছে।

হৰিৰ পৰম ভক্ত প্রহহ্লাদে হৰিৰ নাম-কীৰ্তন কৰা, পূজা-অৰ্চনা কৰা, হৰিকে পিতা-মাতা, হৰিকে প্ৰাণ আৰু হৰিয়েই একমাত্র বন্ধু বোলা আদি কাৰ্যত হৰিবৈৰী পিতৃ দানৱৰাজ হিৰণ্যকশিপুৱে পুত্ৰ প্ৰহহ্লাদক এই কাৰ্যৰ পৰা বিৰত কৰিবলৈ নানান চেষ্টা আৰু শেষত নানান উৎপীড়ন, অত্যাচাৰ কৰাতো সফল নহ’ল। প্ৰহলাদে হৰি সকলোতে থাকে, আনকি ফটিকৰ স্তম্ভটোতে আছে বুলি কোৱাত হিৰণ্যকশিপুৱে মুঠি হানি স্তম্ভটো ফালি পেলোৱাত নৰসিংহ ৰূপ ধৰি হৰি ওলাই আহি হিৰণ্যকশিপুক নখেৰে হৃদয় বিদাৰি বধ কৰে। এই কার্যত হিৰণ্যকশিপুৰ অত্যাচাৰত অতিষ্ঠ হোৱা লোক আৰু দেৱতাসকল বৰ আনন্দিত হ’ল। দেৱতা-গন্ধর্বসকলে লৱঙ্গ, মালতি আদি নানান সুগন্ধিত পুষ্পেৰে নৰসিংহৰূপী হৰিৰ মূৰত পুষ্প বৃষ্টি কৰিবলৈ ধৰিলে।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। হৰি সম্বন্ধে প্ৰহ্লাদে পিতৃ হিৰণ্যকশিপুক কি বুলি কৈছে, বুজাই লিখা।

উত্তৰঃ হৰি সম্বন্ধে ভক্ত প্রহলাদে হৰিৰ নাম শুনিব নোখোজা হৰিবৈধী পিতৃ হিৰণ্যকশিপুক এইবুলি কৈছে যে— হৰিয়ে তেওঁৰ পিতা-মাতা, হৰিয়েই তেওঁৰ প্ৰাণ, হৰিত বিনে তেওঁৰ আন কোনো বন্ধু নাই। এই দৃশ্যমান জল, স্থল, পর্বত, বন-বননি, হাতী, সাপ, জীৱ-জন্তু, তুমি, আমি, তিনিও জগত এই সকলোতে তেওঁ বিৰাজমান। তেওঁ দেখাত নাই যদিও এই সকলোতে তেওঁ থাকে। হৰিতে অৰ্পিত মনেহে তেওঁক দেখা পোৱা যায়, ‘মলচকু’ অর্থাৎ হৰিবিমুখ লোকে হৰিক দেখাতো নাপায়েই, তেওঁৰ বিষয়েও একো নাজানে। তেওঁ সকলো প্রাণীতে থাকিলেও সকলো প্রাণীয়ে একে ফল ভোগ কৰিব নোপোৱাৰ কাৰণ হ’ল মানুহে কৰা পাপ-পুণ্যৰ ফল। পাপ-পুণ্যৱ ফলতেই মানুহে সুখ-দুখ ভোগ কৰে। আচাৰত ভিন হলেও হৰি বিচাৰত এক।

প্রশ্ন ২। হিৰণ্যকশিপুৱে নৰসিংহৰূপী নাৰায়ণক চল চাই ওপৰলৈ দলিয়াই মাটিত পেলোৱাত দৈত্যসকলে কেনেদৰে আনন্দ প্ৰকাশ কৰিছিল, লিখা।

  উত্তৰঃ দানৱৰাজ হিৰণ্যকশিপুৱে নৰসিংহৰূপী নাৰায়ণক চল চাই ওপৰলৈ দলিয়াই মাটিত পেলোৱাত নাৰায়ণ অলপ সময় অচেতন হৈ পৰি থাকিল। তাকে দেখি দৈত্যসকলে জয় জয় বুলি আনন্দ কৰি ক’বলৈ ধৰিলে— ক’ৰ সিংহ পশু এটাই আহি মহা প্ৰতাপী ৰজাৰ লগত যুঁজে; সামান্য পতঙ্গ হৈ জুইক গ্রাস কৰিব খোজে; মন্দমতি এই পাপীষ্ঠই আহি তেওঁলোকৰ ৰজাৰ লগত যুঁজে বুলি পুনৰ অট্টহাস্য কৰি ধৰ ধৰ, মাৰ মাৰ, কাট কাট বুলি হৰিৰ ফালে দৈত্যসকলে খেদি আহিল। প্রশ্ন ৩। ‘তুমি আমি আদি কৰি তিনিও জগত। সবাতে আছস্ত হৰি নুহিকে বেকত।।” – এই কথাষাৰি কোনে, কাক কৈছিল ? ইয়াৰ উত্তৰত তেওঁ কি কৈছিল, বুজাই লিখা।

উত্তৰঃ এই কথায়াৰি বিষ্ণুভক্ত প্রহলাদে বিষ্ণুবৈৰী পিতৃ দানৱৰাজ হিৰণ্যকশিপুক কৈছিল। ইয়াৰ উত্তৰত হিৰণ্যকশিপুৱে কৈছিল যে প্রহলাদ এজন মহা বুৰ্বক। যদি নাৰায়ণ সকলোতে আছে তেনেহ’লে সংসাৰৰ সকলো প্ৰাণীয়েই একে সমান হ’ব লাগিছিল। কিন্তু হোৱা নাই কিয়? সংসাৰৰ মানুহবোৰৰ মাজতেই কোনোেজন মহাসুখী, কোনোেজন আকৌ মহাদুখী; কোনোেজন মহাজন, কোনোেজন চাকৰ; কোনোজনে মহা আয়ামেৰে হাতীৰ পিঠিত উঠি ফুৰে, হংস তুলীত শোৱে, কোনোজনে কিয় তৃণ এডালকো নাপায়? কোনোৱে ঘোলা পানী খায়, কোনোৱে আকৌ গাখীৰ খায়। কোনো সৎ-সাধু, শ্রীমন্ত কোনোেজন আকৌ চোৰ। এইবিলাক প্রভেদ কিয়? এইবিলাকতো হ’ব নালাগে। যদি নাৰায়ণ সকলোতে আছে, তেনেহ’লে সকলোৰে একে মৰণ, একে ভোজন হ’ব লাগে। এয়া কিয় নহয় ?

প্রশ্ন ৪। ‘বোল যে সবাৰো গাৱে আছে দামোদৰ। 

সৱে লোকে মোহে কিয় এক সমসৰ।।’

– হিৰণ্যকশিপুৱে ওপৰত কোৱাৰ দৰে বিষ্ণুৰ অস্তিত্ব আৰু সমবিচাৰ সম্পর্কে প্রশ্ন কৰোঁতে প্ৰহ্লাদে কি বুলি উত্তৰ দিলে?

উত্তৰঃ পৰম প্রত্যয়েৰে ভক্ত প্রহ্লাদে বিষ্ণুৰ অস্তিত্ব সম্পর্কে পিতাক হিৰণ্যকশিপুক বুজাই কওঁতে হিৰণ্যকশিপুৱে যদি নাৰায়ণ সকলোতে আছে তেনেহ’লে সংসাৰৰ সকলো প্রাণীয়েই একে সমান নহয় কিয়, সকলোৰে একে মৰণ, একে ভোজন নহয় কিয় বুলি প্রশ্ন কৰাত প্ৰহহ্লাদে এই বুলি উত্তৰ দিছিল যে তেওঁ নাৰায়ণৰ কৃপাত যি কথা জানিছে সেয়া পিতাকে নাজানে। তেওঁ হৰিক সকলোকে দেখা পায়; পিতাকৰ ‘মলচকু’ অর্থাৎ হৰিবিমুখ মনোভাবৰ কাৰণেই পিতাকে নাৰায়ণক দেখা নাপায়। হৰি সকলোতে থকা সত্ত্বেও সকলো একে সমান নোহোৱাৰ কাৰণ হ’ল পাপ-পুণ্য। পাপ-পুণ্যৰ ফল অনুসাৰে মানুহে সুখ-দুখ, নিকাৰ-যাতনা ভুঞ্জে। হৰি বিচাৰত সদায় এক কিন্তু আচাৰ ভিন্ন। ফটিকৰ স্তম্ভটোলৈ লক্ষ্য কৰিলেই তেওঁ হৰিক দেখা পাব

প্রশ্ন ৫। ‘আচাৰত ভিন হৰি বিচাৰত এক।’ –ভক্ত প্রহ্লাদ এই কথাষাৰিৰ তাৎপৰ্য আলোচনা কৰা।

উত্তৰঃ দানৱৰাজ হিৰণ্যকশিপুৱে প্ৰহ্লাদক যেতিয়া ক’লে যে যদি নাৰায়ণ সকলোতে থাকে তেনেহ’লে সকলো প্রাণীয়েই একে সমান নহয় কিয়, কোনো সুখী, কোনো দুখী, কোনো মহাজন, কোনো চাকৰ, কোনোৱে ঘোলা পানী খায়, কোনোৱে গাখীৰ খাবলৈ পায়, কোনো হংস-তুলীত শোরে কোনোৱে তৃণ এডালকো নাপায়, এনে হয় কিয়? এই কথাৰ উত্তৰত ভক্ত প্রহলাদে পিতাক দানৱৰাজ হিৰণ্যকশিপুক এই তাৎপর্যপূর্ণ কথাষাৰ কৈছিল। তেওঁ কৈছিল যে হৰি বিচাৰত এক, সকলোতে তেওঁ একেই বিচাৰ কৰে৷ যি পৰ্যায়ৰ লোকেই বা প্ৰাণীয়েই নহওক কিয় পাপ কৰিলে তেওঁৰ বিচাৰত সকলোৱেই একেই কুফল লাভ কৰে  আৰু পুণ্য কৰিলে সেইদৰে সকলোৱে একেই সুফল পায়। কিন্তু আচাৰত তেওঁ ভিন। সং সাধুৰ প্ৰতি তেওঁ আচাৰত কৰুণাময়, দয়াশীল, শাস্তিদায়ক আৰু অসাধু, চোৰ-দগাবাজ, হৰিবিমুখ পাপীসকলৰ প্ৰতি আচাৰত তেওঁ কঠোৰ, দমনশীল আৰু শাস্তিদায়ক।

HS First Year Advance Assamese Questions Answers

গোট ১ -কবিতাংশ

ক্ৰমিক নংপাঠলিংক
১. প্রহলাদ চৰিত্ৰ Click here
২. শিৱৰ কৃষিকর্ম Click here
৩. প্রিয়তমাৰ চিঠি: Click here
৪. পানেশৈ Click here
৫. পছোৱাৰ ডাক Click here
৬ .চামুৰাই Click here

গোট ২ – গদ্যাংশ

৭. শংকৰদেৱৰ বাল্যকাল Click here
৮. ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা Click here
৯. অংকীয়া নাটৰ ৰস বিচাৰ Click here

গোট ৩ – নাটক

১০. টিকেন্দ্রজিৎ Click here

গোট ৪ – চুটি গল্প

১১. যীশুখ্ৰীষ্টৰ ছবি Click here
১২. ভ্ৰষ্টলগ্ন Click here

গোট ৫ – সাহিত্য সমালোচনা

১৩. কবিতা Click here
১৪. নাটক Click here

গোট ৬ – ছন্দ

১৫. ছন্দ : ছন্দ্ৰ সংজ্ঞা, অক্ষৰ; মাত্রা; যতি, পৰ্ব, চৰণ; “স্তৱক; পদ বা পয়াৰ; ঝুমুৰী: কুসুমমালা, দুলড়ী: ছবি, লোছাৰি ছন্দ Click here

গোট ৭ – অসমীয়া সাহিত্যৰ বুৰঞ্জী

১৬. অসমীয়া কবিতা আৰু নাটকৰ পৰি Click here

প্রশ্ন ৬। হিৰণ্যকশিপু আৰু নৰসিংহৰ মাজত হোৱা যুদ্ধখনিৰ বিৱৰণ দিয়া৷

উত্তৰঃ বিষ্ণুভক্ত প্রহ্লাদে যেতিয়া হৰি সকলোতে আছে, আনকি ‘ফটিক স্তস্তে তুমি দেখিয়া প্ৰত্যক্ষ’ বুলি ক’লে হিৰণ্যকশিপুৱে খঙতে ফটিকৰ স্তম্ভত মুঠি প্ৰচণ্ড প্ৰহাৰ কৰিলে। ফটিকৰ স্তম্ভটো মুঠিৰ প্ৰহাৰত চিৰাচিৰ হৈ ফাটি গ’ল আৰু তাৰ পৰা হৰি নৰসিংহৰূপে বাহিৰ হৈ আহি একে ডেৱে গৈ হিৰণ্যকশিপুক জোৰেৰে গবা মাৰি ধৰিলে। হিৰণ্যকশিপুৱেও নৰসিংহক মহা গৰ্বেৰে আৰু সৰ্বশক্তিৰে আঁকোৱালি ধৰিলে। নৰসিংহৰূপী নাৰায়ণে নিজকে দুর্বল দেখুৱাই হিৰণ্যকশিপুৰ লগত গা চালি দিবলৈ ধৰিলে। হিৰণ্যকশিপুৱে নৰসিংহক সর্বশক্তিৰে আঁকোৱালি ধৰাত নৰসিংহই ভাবিলে যে তেওঁকেই হিৰণ্যকশিপুৱে এনে কঠোৰভাৱে আটি ধৰিছে, এনেকুৱা চোট আনে কেনেকৈ সহ্য কৰিব !

নৰসিংহ আৰু হিৰণ্যকশিপুৰ মাজত তুমুল হতাহতি, মৰামৰি লাগিল৷ তেওঁলোকৰ যুঁজত পৃথিৱী গিৰ্গিৰ শব্দ কৰি লৰিবলৈ ধৰিলে, সাতোখন পৃথিৱী কঁপিবলৈ ধৰিলে । দাঁতৰ কৰ্কৰণি আৰু আটাহ চিঞৰত স্বৰ্গ, মর্ত্য, পাতালত ত্ৰাসৰ সৃষ্টি হ’ল। ওখ মাটি তললৈ বহি গ’ল, সাগৰত যুঁজিবলৈ লোৱাত সাগৰৰ পানী শুকাই গ’ল, পৰ্বত ভাগি চূৰ্মাৰ হ’ল ৷ দেৱতা, অসুৰ, মানুহৰ মাজত মহা প্রলয় মিলিল।

কিছু সময়ৰ পিছত এবাৰ ছেগ চাই হিৰণ্যকশিপুৱে নৰসিংহক ধৰি ওপৰলৈ দলিয়াই পঠিয়ালে আৰু শতেক যোজন মান ওপৰলৈ গৈ নৰসিংহ মাটিত পৰি অচেতন হৈ পৰিল। তাকে দেখি অসুৰবিলাকে আনন্দতে দানৱৰাজৰ জয় জয় কৰি ‘ক’ৰ পশু এটাই আহি আমাৰ লগত যুঁজে, পতংগ হৈ অগ্নিক খাবলৈ আহে’– বুলি হিৰণ্যকশিপুৰ জয়গান কৰিবলৈ ধৰিলে ৷ তাৰ পিছত অসুৰবোৰে ‘ধৰ ধৰ মাৰ মাৰ কাট কাট’ বুলি নৰসিংহক বধিবলৈ খেদি আহিল ৷ হিৰণ্যকশিপুৱেও মহা অহংকাৰেৰে গৰ্জিবলৈ ধৰিলে। কিন্তু পিছ মুহূৰ্ততে নৰসিংহই চেতনা পাই একে ডেৱে উঠি আহি হিৰণ্যকশিপুক চিৎ কৰি ধৰি পানীৰ জিয়লিলৈ চেঁাচৰাই টানি নিলে। হিৰণ্যকশিপুৰ হাড়-মূৰ ভাগি গ’ল। সেই সময়ত সন্ধ্যা বেলা, বাতিও নহয় দিনো নহয়। জলো নহয় স্থলো নহয় এনে ঠাই পানী জিয়লিত, মাটিতো নহয় শূন্যতো নহয় এনে ঠাই নিজৰ কৰঙনত চিৎ‍ কৰি লৈ মানুহো নহয় পশুও নহয় নৰসিংহই অস্ত্র শস্ত্ৰই মাৰিব নোৱাৰাৰ বৰ লাভ কৰা হিৰণ্যকশিপুক নখেৰে বুকু ফালি বধ কৰিলে। তাকে দেখি দানৱসকল ভয়তে পলাবলৈ ধৰিলে। দেৱতা-গন্ধৱসকলে নৰসিংহৰ শিৰত পুষ্প বৃষ্টি কৰিলে । 

প্রশ্ন ৭। ‘ৰাত্ৰি দিনে নামাৰিয়া সন্ধ্যাত মাৰিলা।’ – নৰসিংহই হিৰণ্যকশিপুক কিয় বাতি বা দিনত নামাৰি সন্ধ্যাত মাৰিলে? কথাখিনি আঁতি-গুৰি মাৰি বুজাই লিখা।

উত্তৰঃ হিৰণ্যকশিপুৱে কঠোৰ তপস্যা কৰি দেৱতাৰ পৰা বৰ লাভ কৰি থৈছিল যে তেওঁক মানুহ বা পশুৱে কোনেও দিন বা ৰাতি বধ কৰিব নোৱাৰিব। তেওঁ আৰু এই বুলিও বৰ পাইছিল যে তেওঁ জলতো নমবে, থলতো নমৰে, শূন্যতো নমৰে, অস্ত্র-শস্ত্ৰৰ দ্বাৰাও তেওঁ নমৰে। সেই কাৰণেই দিনো নহয় বাতিও নহয় এনে সময় সন্ধ্যাবেলা, জলো নহয় স্থলো নহয় শূন্যও নহয় এনে ঠাই পানী জিয়লিত কৰঙৰ ওপৰত চিৎ কৰি লৈ মানুহো নহয় পশুও নহয় নৰসিংহই, অস্ত্র-শস্ত্ৰও নহয় নখেৰে বুকু ছিৰি হিৰণ্যকশিপুক বধ কৰিছিল।

প্রশ্ন ৮। ‘হেনমতে নিশাচৰ গৈলা যম-ঘৰ।’ 

– এই নিশাচৰ কোন? কাৰ হাতত কিয় যম-ঘৰলৈ যাবলগীয়া হ’ল ?

উত্তৰঃ এই নিশাচৰ হ’ল দানৱৰাজ হিৰণ্যকশিপু। বিষ্ণুভক্ত প্রহ্লাদক কঠোৰ অত্যাচাৰ কৰা আৰু মাৰিবলৈ চেষ্টা কৰা, হৰিত অকণো বিশ্বাস নাৰাখি অনেক হৰিবিমুখ কাম কৰা আদি অপকৰ্মৰ বাবেই নৰসিংহ ৰূপ ধৰি হৰিয়ে তেওঁক বধ কৰিছিল। এই কাৰণেই হিৰণ্যকশিপু যম ঘৰলৈ যাবলগীয়া হ’ল।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। হেম সৰস্বতী কোন যুগৰ কবি?

উত্তৰঃ প্রাক্‌ শংকৰী যুগৰ কবি।

প্রশ্ন ২। হেম সৰস্বতী কোন শতিকাৰ কবি?

উত্তৰঃ চতুর্দশ শতিকাৰ কবি।

প্রশ্ন ৩। ‘প্রহ্লাদ চৰিত্ৰ’ কাব্যাংশৰ কবি কোন?

উত্তৰঃ হেম সৰস্বতী।

প্রশ্ন ৪। হেম সৰস্বতী ৰচিত কাব্যগ্রন্থ কি কি ? 

উত্তৰঃ ‘প্রহলাদ চৰিত্ৰ’ আৰু ‘হৰ গৌৰী সংবাদ’।

প্রশ্ন ৫। হেম সৰস্বতীয়ে কি চাই ‘প্রহলাদ চৰিত্ৰ’ ৰচনা কৰা বুলি কৈছে?

উত্তৰঃ ‘বামণ পুৰাণ’ চাই । 

প্রশ্ন ৬। ‘হিৰণ্যকশিপু বোলে শুনৰে বৰ্বৰ।’— বৰ্বৰ বুলি কাক কৈছে?

উত্তৰঃ প্ৰহ্লাদক কৈছে।

প্রশ্ন ৭। ‘তুমি কিছো নাজানাহা আমি আছো জানি।’- কোনে কাক কৈছে? 

উত্তৰঃ প্ৰহ্লাদে পিতৃ হিৰণ্যকশিপুক কৈছে।

প্রশ্ন ৮। ‘মলচখু নিমিত্তে নেদেখা সাক্ষাতে।’— ‘মলচখু’ মানে কি?

উত্তৰঃ বেয়া বা লেতেৰা দৃষ্টি।

প্রশ্ন ৯। ‘কৈৰ সিংহ পশুগোটে ৰজাক যুঁজয়।’— ৰজাজন কোন? 

উত্তৰঃ দানৱৰাজ হিৰণ্যকশিপু।

প্রশ্ন ১০। ‘দুয়ো এক সম বীৰ যেহেন মাতঙ্গ।’— বীৰ দুজন কোন? 

উত্তৰঃ নৰসিংহৰূপী নাৰায়ণ আৰু দানৱৰাজ হিৰণ্যকশিপু।

প্রশ্ন ১১। ‘হৃদয় বিদাৰি পেলাইলেক মহীতলে।’— কোনে, কাৰ হৃদয় বিদাৰিলে? 

উত্তৰঃ নৰসিংহৰূপী নাৰায়ণে দানৱৰাজ হিৰণ্যকশিপুৰ হৃদয় বিদাৰিলে। 

প্রশ্ন ১২। হিৰণ্যকশিপুক কোনে বধ কৰিছিল?

উত্তৰঃ নৰসিংহৰূপী ভগৱানে।”

প্রশ্ন ১৩। প্রাক শংকৰী যুগৰ এজন কবিৰ নাম লিখা। 

উত্তৰঃ হেম সৰস্বতী।

হেম সৰস্বতী

কবি পৰিচিতি ঃ খ্ৰীষ্টিয় চতুর্দশ শতিকা, অর্থাৎ প্রাক্ শংকৰী যুগৰ যিসকল উল্লেখযোগ্য কবিৰ নাম পোৱা যায় তাৰ ভিতৰত অন্যতম কবি হ’ল হেম সৰস্বতী। হেম সৰস্বতী পুৰুষানুক্রমে পণ্ডিত বংশৰ লোক। তেওঁৰ পিতৃ ৰুদ্ৰ সৰস্বতীও সংস্কৃতজ্ঞ আছিল। সৰস্বতী উপাধি পাণ্ডিত্যৰ পৰিচায়ক। হেম সৰস্বতীয়ে কমতাধিপতি দুর্লভনাৰায়ণৰ ৰাজ্যত আৰু সম্ভৱতঃ তেওঁৰ পৃষ্ঠপোষকতা লাভ কৰি ‘প্রহলাদ চৰিত্ৰ’ আৰু ‘হৰ গৌৰী সংবাদ’ ৰচনা কৰে। হেম সৰস্বতীৰ ‘প্রহলাদ চৰিত্ৰ’ অসমীয়া সাহিত্যৰ প্ৰথম লিখিত কাব্য নিদর্শন। ‘প্রহলাদ চৰিত্ৰ’ এখনি সৰু বর্ণনাত্মক কাব্য। ইয়াত সুক্ষ্ম কলাবোধ আৰু সুদূৰপ্ৰসাৰী কল্পনাৰ পৰিচয় পোৱা নাযায়; কিন্তু পৰিস্থিতি আৰু ঘটনাৰ সৰল আৰু সহজবোধ্য বিৱৰণ আছে। দানৱৰাজ হিৰণ্যকশিপুৱে পুতেক প্ৰহ্লাদক বিষ্ণুভক্তি আচৰণ কৰা কাৰণে কৰা উৎপীড়ন আৰু শেষত নৰ-সিংহৰূপী বিষ্ণুৰ হাতত হিৰণ্যকশিপু বধৰ বিৱৰণ পোৱা যায়। তেওঁৰ বৰ্ণনা সৰল আৰু ঘৰুৱা, ভাষাৰ আড়ম্বৰ নাই। কঠিন আৰু যুক্তাক্ষৰবোৰ কোমল কৰি ব্যৱহাৰ কৰিছে। হেম সরস্বতীয়ে ‘বামণ পুৰাণ’ চাই ‘প্রহলাদ চৰিত্ৰ’ কাব্যখনি ৰচনা কৰে বুলি উল্লেখ কৰিছে যদিও বর্তমান পোৱা রামণ পুৰাণ’ত বিষ্ণুৰ নৰসিংহ অৱতাৰ গ্ৰহণ আৰু শিশু প্রহলাদৰ বিষ্ণু ভক্তিৰ বিৱৰণ পাবলৈ নাই ৷ চতুর্দশ শতিকাত প্রচলিত ‘বামণ পুৰাণ’ত হয়তো এই আখ্যান সংযুক্ত আছিল।

হেম সৰস্বতীৰ আনখন কাব্যগ্রন্থ ‘হৰ গৌৰী সংবাদ ত তাৰকাসুৰৰ অত্যাচাৰ, শিৱৰ তপস্যা, মদন ভষ্ম, হৰ-পাৰ্বতীৰ বিবাহ, কাৰ্তিকৰ জন্ম আদিৰ বিৱৰণ পোৱা যায়। এই কাব্যগ্রন্থখনি কবিয়ে পৰিণত বয়সত ৰচনা কৰা বুলি ধাৰণা হয়। এই প্রকাশিত কাব্যখনি প্রকাশ হ’লে হেম সৰস্বতীৰ কাব্য প্রতিভাৰ বিশেষ পরিচয় পোৱা যাব।

Advance Assamese Questions Answers

This Post Has 10 Comments

Leave a Reply