HS First Year Assamese গোট ৪ : নাটক – কুশল কোঁৱৰ

HS First Year Assamese গোট ৪ : নাটক – কুশল কোঁৱৰ । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Assamese গোট ৪ : নাটক – কুশল কোঁৱৰ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS First Year Assamese গোট ৪ : নাটক – কুশল কোঁৱৰ

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-১)

(ক) ‘কুশল কোঁৱৰ’ নটকখনৰ নাট্যকাৰ কোন?

উত্তৰ: উত্তম বৰুৱা।

(খ) ‘কুশল কোঁৱব’ কোন শ্ৰেণীৰ নাটক? 

উত্তৰঃ বুৰঞ্জীমূলক নাটক।

(গ) ‘কুশল কোঁৱৰ’ৰ পিতৃৰ নাম কি আছিল?

উত্তৰঃ সোণাৰাম কোঁৱৰ।

(ঘ) ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল ?

উত্তৰঃ ১৮২৬ চনত।

(ঙ) গোমধৰ কোঁৱৰ কোন আছিল?

উত্তৰঃ প্ৰথম অসমীয়া শহীদ; এওঁ কুশল কোঁৱৰৰ আজো ককা আছিল। 

(চ) কণপাহী কোন আছিল?

উত্তৰঃ কুশল কোঁৱৰৰ মাক।

(ছ) কুশল কোঁৱৰ কাক গুৰু মানিছিল?

উত্তৰঃ মহাত্মা গান্ধীক।

(জ) কুশল কোঁৱৰ কি বাদী নেতা আছিল?

 উত্তৰঃ অহিংসা বাদী।

(ঝ) বৈকুন্ঠ বিহাৰী সিং কোন আছিল?

উত্তৰঃ স্বাধীনতা সংগ্ৰামৰ নেতা। এওঁৰ ঘৰ বিহাৰত আছিল।

(ঞ) ডাৰোগাই কাক বৈকুন্ঠ সিঙৰ photograph যোগাৰ কৰিব কৈছিল ?

উত্তৰঃ গাওঁবুঢ়াক।

(ট) কুশল কোঁৱৰ মাছ-মাংস কেতিয়াৰ পৰা খাৰ এৰিছিল?

উত্তৰঃ মহাত্মা গান্ধীক লগ পোৱাৰ পৰা। 

(ঠ) কুশল কোঁৱৰে বাগিচাৰ চাকৰিত কেতিয়া যোগদান কৰিছিল?

উত্তরঃ ১৯২৭ চনৰ ১০ জুন তাৰিখে।

(ড) প্রভাৱতী কোন আছিল?

উত্তৰঃ কুশল কোঁৱৰৰ পত্নী।

(ঢ) কুশল কোঁৱৰে প্ৰভাৱতীৰ চিলাই মেচিনটো কিয় বেছি দিছিল?

উত্তৰ: কংগ্ৰেছৰ ধাৰ মাৰিবলৈ।

(ন)কিমান চনত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে মহাত্মা গান্ধীৰ ‘ভাৰত ত্যাগ’ প্ৰস্তাৱ গ্রহণ কৰে?

উত্তরঃ ১৯৪২ চনৰ ৮ আগষ্ট।

(ত) ভাৰত ত্যাগৰ আন নাম কি ?

উত্তৰঃ কুইট ইণ্ডিয়া।

(থ) ১৯০৭ চনৰ ৬ জুনৰ পার্লেমেন্টত ভাৰতৰ State Secretary কোন আছিল?

উত্তৰঃ Mr. Morley (মৰূলে চাহাব)

(দ) নেতাজী কোন?

উত্তৰঃ সুভাষ চন্দ্র বসু।

(ধ) অসহযোগ আন্দোলন কিমান চনত হৈছিল?

উত্তৰঃ ১৯২১ চনত।

(9) কুশল কোঁৱৰে কাক জোতা দাঙি শিক্ষা দিছিল?

উত্তৰ: চি. উইলছনক।

(প) জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড কিমান চনত সংঘটিত হৈছিল ?

উত্তৰঃ ১৯১৯ চনৰ ১৩ এপ্রিল তাৰিখে।

(ফ) উত্তম সিঙক কিয় আৰু কিমান তাৰিখে ফাঁচী দিয়া হৈছিল? 

উত্তৰঃ পঞ্জাৱৰ কুখ্যাত গবৰ্ণৰ মাইকেল অ’ দায়াৰক হত্যা কৰাৰ অপৰাধত ১০ জুনৰ দিনা (১৯৪০) উত্তম সিঙক ফাঁচী দিয়া হৈছিল।

(ব) পুলিন বৰুৱাৰ ঘৰ কোন জিলাত? 

উত্তৰঃ গোৱালপাৰা জিলাত।

(ভ) কুশল কোঁৱৰৰ লগত চক্রান্ত কোনে কৰিলে?

উত্তৰ: পুলিন বৰুৱাই।

(ম) সৰু পথাৰৰ ৰে’ল’ দুৰ্ঘটনা কিমান চনৰ কিমান তাৰিখে সংঘটিত হৈছিল? 

উত্তৰঃ ১৯৪২ চনৰ ৯ অক্টোবৰ তাৰিখে।

চমু প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-২ অথবা ৩)

২। উত্তৰ দিয়া:

(ক) শিৱসাগৰ জিলাৰ ডেপুটি কমিছনাৰ জনৰ নাম কি আছিল? 

উত্তৰ: হামফ্রে।

(খ) নাটকখনৰ চৰকাৰী উকিল জনৰ নাম কি?

উত্তৰঃ দেৱেশ্বৰ শৰ্মা।

(গ) কুশল কোঁৱৰৰ উকিলজনৰ নাম কি আছিল?

উত্তৰঃ তাৰাপ্ৰসাদ বৰুৱা।

(ঘ) কুশল কোঁৱৰে কোনখন মহৎ গ্ৰন্থৰ বাণী নিজৰ জীৱনত গ্ৰহণ কৰিছিল?

 উত্তৰঃ গীতাৰ।

(ঙ) ‘কর্ম লোৱা লেখি        কর্ম লোৱা লেখি

          কর্ম বিনে নাই আন গীত।

এৰা চাকৰিৰ মতি,   তোমাৰ জননী য়ে দাসী।। ―-ইয়াত কাক দাসী বুলি কোৱা হৈছে? 

উত্তৰঃ জননীক অর্থাৎ দেশ-মাতৃক।

(চ) “এখেতসকল আমাৰ অসমৰ মাননীয় লোকশিল্পী। মানীজনৰ মান ৰক্ষা কৰা চৰকাৰী বিষয়াৰ কৰ্তব্য।”— এইদৰে কোনে কাক কৈছিল ? 

উত্তৰঃ কুশল কোঁৱৰে ডাৰোগাক কৈছিল।

(ছ) ‘সেয়ে মই কৈছো – গোম সাপৰ বংশ। তেজে তেজক খেদে। বজা কলব গুবিয়েদি ক’ত মালভোগ কল ওলাব ছাৰ?’ — ইয়াত কোনে কাৰ বিষয়ে কৈছে?

 উত্তৰ: গাওঁবুঢ়াই কুশল কোঁৱৰৰ বিষয়ে কৈছে ডাৰোগাৰ আগত।

(জ) আমাৰ উপৰিপুৰুষে দেশৰ স্বাধীনতাৰ বাবে যুঁজি গৈছে – যুগমীয়া নাম ৰাখি গৈছে। যিজনক স্বাধীনতা যুঁজৰ বাটকটীয়া বুলি আজিও মানুহে শিৰ দোঁৱায়।’—ইয়াত কোনে কাৰ বিষয়ে কৈছে?

উত্তৰঃ কুশল কোঁৱৰে গোমধৰ কোঁৱৰৰ বিষয়ে কৈছে। 

(ঝ) কুশল কোঁৱৰে আধাতে শিক্ষা লাভ শেষ কৰি কিয় ওভতি আহিছিল?

উত্তৰঃ কুশল কোঁৱৰৰ ইংৰাজৰ গোলামী শিক্ষাৰ প্ৰতি ধাউতি নাছিল। পঢ়ি-শুনি বৃটিছৰ গোলাম হোৱাৰ ভয়ত কোঁৱৰে আধাতে শিক্ষা শেষ কৰি ঘৰলৈ উভতি আহিছিল।

(ঞ) কুশল কোঁৱৰৰ লগত কোনে কোনে শিক্ষা আষাতে সমাপ্ত কৰিছিল? 

উত্তৰ: গোলাঘাটৰ মহেশ্বৰ বৰুৱা, তাৰাপ্ৰসাদ বৰুৱা, গকুলেশ্বৰ হাজৰিকা আদি প্রায় কুৰি পঁচিশজন কলেজৰ ছাত্ৰই।

(ট) মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন গঢ়ি কি কি কাম কৰিবলৈ দিছিল বুলি কুশল কোঁৱৰে উল্লেখ কৰিছিল? 

উত্তৰ: বিলাতী কাপোৰ বৰ্জন কৰি তাৰ সলনি কপাহৰ খেতি কৰি সূতা কটা, এৰি মুগা-পাট পলু পুহি কাপোৰ বব লাগিব; মানুহ স্বাৱলম্বী হ’ব লাগিব। স্বদেশী বস্তুৰে নিজৰ দেশ নদন বদন কৰিব লাগিব।

(ঠ) গান্ধী কিমান চনৰ কিমান তাৰিখে অসমলৈ আহিব আৰু ক’ত থাকিব বুলি কোৱা হৈছে নাটকখনত ? 

উত্তৰ: ১৯২১ চনৰ ১৭ জানুৱাৰী তাৰিখে অসমলৈ আহিব বুলি কোৱা হৈছে আৰু আহি তৰুণৰাম ফুকনৰ ঘৰত থাকিব বুলি বন্দোবস্ত কৰা হৈছিল।

(ড) গান্ধীয়ে ক’ত বেৰিষ্টাৰি পঢ়ি পাছ কৰি আহিছিল?

উত্তৰ: বিলাতত। 

(ঢ) নাটকখনত কোন কোন ব্যক্তিয়ে দেশৰ লগত দেশদ্রোহিতা কৰা বুলি কৈছে? 

উত্তৰ: মণিৰাম দেৱান, হলিৰাম ঢেকিয়াল ফুকন, কাশীনাথ তামুলী ফুকন, যাদুৰাম ডেকা বৰুৱা, লথৌ খাৰঘৰীয়া ফুকন, মাধৰাম বৰগোঁহাইয়ে। যাৰ দেশদ্রোহিতাৰ কাৰণে অসমত ফিৰিঙি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰাজত্ব কৰিব পালে।

(ন) “সি হ’ল গান্ধীৰ বৰপুত্র। তাক দেশে খুৱাব। তোক-মোকতো দেশে নখুৱায়।” এইদৰে কোনে কাৰ আগত কৈছিল ?

উত্তৰঃ কুশল কোঁৱৰৰ পিতৃ সোনাৰাম কোঁৱৰে কণপাহিৰ আগত নিজ পুত্ৰ কুশলৰ বিষয়ে কৈছিল।

(ত) ‘মই কওঁ— বন্দে মাতৰম্-কংগ্ৰেছৰ মাথা গৰম।’ — কোনে কৈছিল?

উত্তৰঃ গাওঁবুঢ়াই।

(থ) কুশল কোঁৱৰৰ লগত স্বাধীনতা সংগ্ৰামত যুক্ত থকা আন আন নেতা কেইজন মানৰ নাম লিখা।

উত্তৰঃ বৈকুণ্ঠ বিহাৰী সিং, সুৰেন, শংকৰ বৰুৱা ইত্যাদি। 

(দ) ডাৰোগাইশংকৰ বৰুৱাক কি কি অভিযোগত অভিযুক্ত বুলি কৈ ৰাজদ্ৰোহী নাম দিছিল?

উত্তৰঃ লৰ্ড আইৰুণক ক’লা পতাকা প্ৰদৰ্শন কৰি, ‘Go back’ বুলি black cloth ত লেখি বৃটিছ গৱৰ্ণমেন্টক অপমান কৰা বুলি কৈছিল। তদুপৰি আইন অমান্য আন্দোলন তীব্রভাবে প্ৰচাৰ কৰি ভাৰতৰ প্ৰজাক বিভ্রান্ত কৰা আৰু D.P.I কানিংহামৰ চাৰ্কুলাৰৰ প্ৰতিবাদ কৰাৰ দোষত এক নম্বৰ ৰাজবিদ্ৰোহী বুলি মত দিছিল।

(ধ) শংকৰ বৰুৱা আৰু সুৰেনে ডাৰোগাক কি কি ক’বলৈ বাধ্য কৰাইছিল?

 উত্তৰ : শংকৰ বৰুৱাই ডাৰোগাক নিজৰ বাট আগচি নধৰিবলৈ ধমকি দিছিল আৰু ডাৰোগাই কথা নুশুনাত সুৰেন ফুকন আৰু শংকৰ বৰুৱাই ডাৰোগাৰ দুয়োখন হাতত ধৰি মহাত্মা গান্ধীৰ জয়, ভাৰত মাতাৰ জয়, আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ – বৃটিছক খেদ, বিদেশীক খেদ ইত্যাদি ক’বলৈ বাধ্য কৰাইছিল আৰু শোভাযাত্ৰা পাৰ হৈ নোযোৱলৈ চেলুইট দি অভিবাদন জনাব দিছিল।

(ন) কুশল কোঁৱৰৰ পিতৃ সোণাৰাম কোঁৱৰে স্বামী বিবেকানন্দই কি কথা কৈছিল বুলি কৈছে? 

উত্তৰঃ স্বামী বিবেকানন্দই কৈছিল – ‘ভাৰতৰ মানুহৰ প্ৰকৃত ভোগেই নহ’ল, তেওঁলোকে কি ত্যাগ কৰিব? ভোগত আমুৱালেহে মানুহে ত্যাগৰ কথা চিন্তা কৰিব পাৰে। 

(গ) দীঘল প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)

(ক) “বনৰ চৰাই সঁজাত সুমুৱাই ৰাখি বিনন্দীয়া বস্তু খাব দিলেও উৰিষাবলৈ অহৰহ চেষ্টা কৰে। মোৰো মনটো চাকৰিত নবহে-ঘৰতো নহবে।” – এইদৰে কোনে কাৰ আগত কৈছিল? চমুকৈ উল্লেখ কৰা।

উত্তৰঃ এইদৰে কুশল কোঁৱৰে পত্নী প্রভাৱতীক কৈছিল। কুশল কোঁৱৰে যেতিয়া বাহিচাৰ চাকৰিটো এৰি আহিছিল তেতিয়া পত্নীয়ে চাকৰি এৰাৰ কাৰণ সোধাত কুশল কোঁৱৰে এনেদৰে

উত্তৰ দিছিল।

(খ) “কোনে কয় – কোনে কয়-মূলা গাভৰুৰ মৃত্যু হৈছে – জয়মতীৰ মৃত্যু হৈছে ৰমণী গাভৰুৰ মৃত্যু হৈছে? জননী জন্মভূমিশ্চ স্বর্গাদপী গৰীয়সী।” — চমুকৈ আলোচনা কৰা।

উত্তৰ: কংগ্ৰেছৰ ধাৰ মাৰিবলৈ যেতিয়া কুশল কোঁৱৰে পত্নী প্ৰভাৱতীক চিলাই মেচিনটো বেছি দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল তেতিয়া প্ৰভাৱতীয়ে বিনাসংকোচেৰে দেশৰ কাৰণে নিজৰ চিলাই মেচিনটো উচৰ্গা কৰাত কুশল কোঁৱৰে আবেগতে উক্ত কথাখিনি কৈছিল। নিজৰ পত্নীয়েও মূলা গাভৰু, জয়মতী, ৰমণী গাভৰুৰ নিচিনাকৈ দেশৰ কাৰণে ত্যাগ কৰিবলৈ সাজু। প্ৰভাৱতীয়ে কৈছিল— মোৰ স্বামী দেৱতাতকৈ মেচিন ডাঙৰ নহয় – মোৰ দেশতকৈ স্বামীও ডাঙৰ নহয়। দেশেই আমাৰ ঘৰ।

(গ) শংকৰ বৰুৱা, সুৰেন ফুকন আৰু বৈকুণ্ঠই কুশল কোঁৱৰক অহিংসাৰ পথৰ পৰা হিংসাৰ পথলৈ আনিবলৈ গীতা গ্ৰন্থৰ কি কি কথাৰ অৱতাৰণা কৰিছিল? — আলোচনা কৰা।

উত্তৰঃ শংকৰ বৰুৱা আৰু সুৰেন ফুকনে যেতিয়া কুশল কোঁৱৰক অহিংসাৰ পথৰ পৰা হিংসাৰ পথলৈ আনিব বিচাৰিছিল তেতিয়া কুশল কোঁৱৰ নিজৰ অহিংসা, নিজৰ স্থিতিত স্থিতপ্রজ আছিল। কুশল কোঁৱৰে কৈছিল– ‘মই গান্ধীবাদী অহিংসাৰ পূজাৰী গীতাই মোৰ সান্ত্বনা। তেতিয়া শংকৰ বৰুৱাই কৈছিল—’গীতাত কৈছে – নিজৰ কথা ভাবি তুমি দুখ কৰা উচিত নহয়। কাৰণ, ক্ষত্ৰিয়ৰ পক্ষে ধর্মযুদ্ধতকৈ মংগলজনক আৰু একোৱেই নাই।”

বৈকুণ্ঠ সিংয়ে কৈছিল— ‘গীতাত আৰু কৈছে- যিসকল ক্ষত্রিয় ভাগ্যবান, তেওঁলোকেই দৈৱ্যক্ৰমে এনে যুদ্ধৰ সুযোগ পায়। ক্ষত্ৰিয়ৰ পক্ষে যুদ্ধ যেন খোলা স্বৰ্গৰদ্বাৰা। শংকৰ বৰুৱাই আকৌ কৈছিল – ‘যদি তুমি এই ধর্মযুদ্ধ নকৰা, তেনেহলে স্বধৰ্ম আৰু সুনামৰ পথ এবি পাপৰ ভাগী হ’বা। বৃটিছ হৈছে আততায়ী। আমাৰ বৰঘৰত জুই দিছেহি। আমি হাতত অস্ত্র তুলি ল’বই লাগিব।’ | কৰিবলৈ

সুৰেন ফুকনে গীতাৰ কথা কৈ কৈছিল— “শ্রীকৃষ্ণই অৰ্জুনক কৈছিল- তুমি যুদ্ধৰ সেনাপতি। যুদ্ধই তোমাৰ স্বধৰ্ম। পণ্ডিতকহে পাণ্ডিত্যই শোভা পায়। তোমাক শোভা পাব গাণ্ডীব ধাৰণতহে। আততায়ীক মৰাত পাপ নাই। দুর্যোধনহঁত আততায়ী। ভ্ৰাতৃ হ’লেও হত্যা কৰিবই লাগিব।” শংকৰ বৰুৱা, সুৰেন ফুকন আৰু বৈকুণ্ঠ বিহারী সিংয়ে গীতাৰ বিভিন্ন কথাৰে কুশল কোঁৱৰক অহিংসাৰ পৰিৱর্তে হিংসা পথলৈ আনিবলৈ চেষ্টা কৰিছিল।

(ঘ) ১৯০৭ চনৰ ৬ জুনৰ পার্লেমেন্টত ভাৰতৰ State Secretary Mr. Morley চাহাবে কি কৈছিল?

উত্তৰ: মৰলে চাহাবে কৈছিল – ‘ভাৰতবৰ্ষ বৃটিছে তৰোৱালৰ আগেৰে জয় কৰিছিল। আৰু তৰোৱালৰ আগেৰেই ভাৰত শাসন কৰিব। ভাৰতবাসীৰ যদি ক্ষমতা আছে তেন্তে তেওঁলোকে ব্ৰজমুঠিৰে তৰোৱাল ধৰি ভাৰতবৰ্ষ স্বাধীন কৰক – উদ্ধাৰ কৰক। বিনা বক্তপাতে স্বাধীনতা বিনিময় নহ’ব।’

(ঙ) ‘কুশল কোঁৱৰ’ নাটকখনত মহাত্মা গান্ধীৰ অহিংসা নীতিত থাকি অসমৰ কোন কোন শহীদে মৃত্যুক সাবটি ল’বলগীয়া হৈছিল বুলি উল্লেখ কৰা হৈছে।

উত্তৰঃ নাটকখনৰ তিনিজন অহিংসা নীতিৰ পৰা হিংসা পথলৈ অগ্ৰসৰ হোৱা ডেকা নেতা হ’ল শংকৰ বৰুৱা, সুৰেন ফুকন আৰু বৈকুন্ঠ সিং। এওঁলোক নেতাজী সুভাষ চন্দ্ৰ বসুৰ মন্ত্ৰৰে জাগৰিত হৈ কুশল কোঁৱৰকো অহিংসা বাদ দি নেতাজীৰ পথলৈ অগ্ৰসৰ হ’বলৈ আহ্বান জনাইছে। তেওঁলোকে অতি আক্ষেপেৰে কৈছে যে মহাত্মা গান্ধীৰ অহিংসা নীতিত থাকি ১৯৪২ চনৰ ২০ আগষ্টৰ দিনা পুলিচৰ গুলীত হেমৰাম বৰা, কলাই কোঁচৰ মৃত্যু হয়। নিশা জোঙালবলহু গড় গুলীচালনাত মৃত্যু হয় হেম পাতৰ আৰু গুনাভি বৰদলৈৰ। ২৮ আগষ্টৰ দিনা নিশা বাৰপূজীয়াৰ গাওঁৰক্ষী বাহিনীৰ ডেকা কৰ্মী তিলক ডেকাক মিলিটাৰীয়ে গুলী কৰি হত্যা কৰে।

২০ ছেপ্টেম্বৰৰ দিনা গহপুৰ থানাত অহিংসাৰ উদ্বুদ্ধ হৈ পতাকা তুলিবলৈ যোৱা কনকলতা আৰু মুকুন্দ কাকতিৰ মৃত্যু হয় অ.চি ৰেৱতী সোমৰ গুলীত। সেইদিনাই ঢেকিয়াজুলী থানাত পতাকা তুলিবলৈ গৈ মনবৰ নাথ, মণি কছাৰী, ৰতন কছাৰী, তিলেশ্বৰী কোঁচ, নুমলী না মুহিৰাম কোঁচ, মঙ্গল কুৰ্মী, খলিহী নাথ, দয়াল পণিকা, সোমনাথ চুতীয়া, লেৰেলী কছাৰীৰ মৃত্যু হয়।

গহপুৰ, ঢেকিয়াজুলীৰ গুলীচালনাৰ দুদিন আগত ১৮ ছেপ্টেম্বৰৰ দিনা বহমপুৰৰ গুলীচালনাত লক্ষ্মীৰাম হাজৰিকা, ভোগেশ্বৰী ফুকননী, ঠগীৰাম সুত, বলোৰাম সুৰ থিতাতে মৃত্যু হয়। ২৫ ছেপ্টেম্বৰৰ দিনা জালাহত গুলীচালনা কৰাৰ ফলত ৰাউতা ৰাম কোঁচ, মদন বৰ্মনৰ মৃত্যু হয়। গুলীয়াই হত্যা কৰে পাটাছাৰকুছি থানাৰ অ.চি. তুলাৰাম কেওঁটে। 

(চ) শংকৰ বৰুৱা, সুৰেন ফুকন আৰু বৈকুণ্ঠ সিংয়ে কিয় অহিংসাৰ পথ এৰি হিংসাৰ পথ গ্ৰহণ কৰিলে? 

উত্তৰঃ শংকৰ বৰুৱা, সুৰেন ফুকনহঁতে অহিংসাৰ পথ এৰি হিংসাৰ পথ গ্ৰহণ কৰাৰ মূল কাৰণ হ’ল ‘অহিংসা’ৰ প্ৰতি আস্থাহীনতা। বিভিন্ন অহিংসা যুদ্ধই বহুকেইজন দেশপ্ৰেমিকৰ মৃত্যু ঘটোৱা ঘটনাই এওঁলোকক অহিংসাৰ প্ৰতি প্রতায়হীন কৰিলে। শংকৰ বৰুৱাই কৈছে – ‘গান্ধী আৰু সুভাষৰ উদ্দেশ্য একেটাই – ভাৰতৰ স্বাধীনতা। পথ ভিন্ন ভিন্ন। এজনা নিবন্ধী আৰু আনজন অস্ত্ৰী’। সুৰেনে নিজৰ স্থিতি স্পষ্ট কৰি কৈছে – ‘আমি কুকুৰ মেকুৰীৰ দৰে বুকু পাতি মৃত্যুক বৰণ কৰাত নাই। আমি গুলীৰ উত্তৰ গুলীৰে দিম’। বৈকুণ্ঠই কৈছে – ‘গান্ধীৰ বাটেৰে যাব লাগিলে যুধিষ্ঠিৰৰ দৰে এখন বিধৱাৰ ৰাজ্যহে পাম, স্বাধীনতা নাপাম’।

শংকৰ বৰুৱাৰমতে, গান্ধীজী এজন সাধু পুৰুষ, কিন্তু তেখেত পৰিপক্ক ৰাজনীতিবিদ নহয় – নহয় এগৰাকী নেতা। ভাৰতত যদি নেতা আছে – একমাত্র সুভাষ বসু। সেয়ে নেতাজীৰ পথেই উত্তম আৰু গ্ৰহণীয়।

(ছ) ৰেল লাইন বগৰাবলৈ বৈকুণ্ঠ সিংৰ তালিকামতে সুৰেনে কি কি বস্তু যোগাৰ কৰিছিল? 

উত্তৰঃ চাবুল এপাট, ৰেন্স ৪ খন, হাতুৰী ৪ টা, জেংকোৰ ২ ডাল, তাঁৰ কটা কেঁচি ২ খন, নাৰিকলৰ জৰী ২ মুঠি, কেৰাচিন তেলৰ টিন ২ টা।

(জ) ৰে’ল লাইন বগৰাবলৈ বৈকুণ্ঠ সিংয়ে কাক কেনেদৰে কি কি কামৰ দায়িত্ব দিছিল? উল্লেখ কৰা।

উত্তৰ: বৈকুণ্ঠ সিং আছিল ৰে’ল লাইন বগৰোৱা কামৰ দলপতি। তেওঁ Ring Leader হিচাপে প্রত্যেককে পৃথক পৃথককৈ কাম ভগাই দিছিল। তেওঁৰ কামৰ তালিকাখন এনেধৰণৰ ―

(1) চাংপুলৰ পৰা ১ ফার্লংমান দূৰত সশস্ত্ৰ প্ৰহৰী হিচাপে duty দিব : পুলিন বিহাৰী বৰুৱা, সোনেশ্বৰ কোঁৱৰ, গংগাধৰ আহোম আৰু মদন ফুকন – আপোনালোকে হাতত বন্দুক তুলি লওক আৰু L.G গুলি খাজি লওক।

(2) ৰে’ল লাইন খোলা কামত থাকিব : ইন্দ্ৰ ফুকন, সূৰ্য শ‍ইকীয়া, ধৰ্মেশ্বৰ বৰুৱা, কনকেশ্বৰ কোঁৱৰ আৰু ধৰ্মকান্ত ডেকা-আপোনালোকে প্রয়োজনীয় আহিলাখিনি হাতত তুলি লওক।

(৩) চাবুল মাৰি ৰেল লাইনৰ গজাল উঠাব : মাজু পিতৌ কোঁৱৰ, ঘনশ্যাম শ‍ইকীয়া, নগেন চুতীয়া আৰু পুকৌ শ‍ইকীয়া আপোনালোকৰ দুজনে দুপাট চাবুল লওঁক আৰু বাকী দুজনে কুঠাৰ হাতত লওঁক।

(৪) ডিনামাইট দলঙৰ তলত প্ৰপাৰ প্লেচচ ৰাখি থ’ব : সুৰেন ফুকন আৰু তিলক বৰা। আপোনালোকে ডিনামাইট লগতে খাৰ-বাৰুদ তুলি লওঁক। এইদৰে বৈকুণ্ঠ সিংয়ে সকলোকে কামবোৰ ভগাই দিছিল।

(ঝ) বৈকুন্ঠ সিং, সুৰেন ফুকন আৰু শংকৰ বৰুৱাই কুশল কোঁৱৰলৈ ৰে’ল বগৰোৱাৰ পাছত লিখা চিঠিখনত কি কথা আছিল। চমুকৈ উল্লেখ কৰা। 

উত্তৰঃ গান্ধীবাদী নেতা কুশল কোঁৱৰক কংগ্ৰেছৰ দলৰ নেতা হোৱা হেতুকে ৰে’ল বগৰোৱা ঘটনাত মিছাকৈ অভিযুক্ত বুলি ধৰি বৃটিছ গবর্ণমেন্টে দোষী সাব্যস্ত কৰাৰ ভয়ত বৈকুণ্ঠ সিংহঁতে কুশল কোঁৱৰক কলিকতালৈ যাবলৈ অনুৰোধ জনাই চিঠি লিখিছিল। তেওঁলোকে লিখিছিল

-আপুনি যেনে আছে তেনে কলিকতালৈ যাওক। তাত জ্যোতিপ্ৰসাদ আগৰৱালা আছে। গুৱাহাটীত বতৰা পাব জ্যোতিপ্ৰসাগ ক’ত আছে। সৰু পথাৰ কংগ্ৰেছ (local leader) হিচাপে আপোনাক গেপ্তাৰ কৰাৰ পূৰ্ণ মাত্রাই সম্ভাৱনা আছে। নকৰাটোহে অস্বাভাবিক হ’ব। এই পৰিস্থিতিত গবর্ণমেন্টে দোষী-নিৰ্দোষী একোৰে বাছ-বিচাৰ নকৰিব। জধে-মধে ধৰ পাকৰ লাগিছে। কংগ্ৰেছ অফিচৰ কাকত-পত্ৰ সমস্ত মাটিত গাঁত কৰি ঢকুৱা মেৰিয়াই পুতি পেলাব। আমাৰ শুভেচ্ছা থাকিল।

(ঞ) কুশল কোঁৱৰে নিজৰ কৰ্ম জীৱন আৰু দৰ্শন সম্পৰ্কত কি কৈছিল?

উত্তৰঃ কুশল কোঁৱৰে অতি সাধাৰণ আৰু আদৰ্শময়ী জীৱন কটাইছিল। নিজৰ দৃষ্টিত তেওঁ নিজকে অযোগ্য মনোনীত কৰিছিল। তেওঁ কৈছিল – “পুত্ৰ হিচাপে মই বৰ অযোগ্য। পিতৃ ঋণ-মাতৃ ঋণ-পত্নী ঋণ-ঋষি ঋণ-দেৱ ঋণ প্ৰতিটো স্তৰতে মই ঋণী-মই ধৰুৱা। কাৰোঁ ধাৰ শুজিব নোৱাৰিলোঁ।” “গীতাই মোৰ সান্ত্বনা – প্রভাই (পত্নী) মোৰ আশ্ৰয় আৰু গান্ধীয়ে মোৰ আদৰ্শ।”

(ট) গাওঁবুঢ়াই পুলিন বৰুৱাক কি কি প্রলোভন দি মন পৰিৱৰ্তন কৰি বিশ্বাসঘাটকতা কৰাত সহায় কৰিছিল?

উত্তৰ : গাওঁবুঢ়াই পুলিন বৰুৱাক নানান লুভীয়া প্ৰস্তাৱ দি ৰে’ল বগৰোৱা ডেকাহতক চিনাই দিয়াবলৈ কৈছিল। গাওঁবুঢ়াৰ মতে, বন্দে মাতৰম কৰি থাকিলে মাথা গৰম হ’ব। সেয়ে এইবোৰ বাহী বিষ্টাবৎ ত্যাগ কৰি চৰকাৰী চাকৰি ল’বলৈ কৈছে। দুখীয়া বুলি টিনপাত ল’বলৈ কৈছে।

কংগ্ৰেছৰ নামত ঘুৰি ফুৰিলে ল’ৰা তিৰোতাক কোনে খুৱাব? সজ উপদেশ ধৰি বেল বগৰোৱা ভলন্টিয়াৰ হওক ধৰাই দি গণি গণি টকা ল গাঁঠে গাঁঠে। চৰকাৰে পুৰষ্কাৰো দিব আৰু ৰায়বাহাদুর নহ’লেও মৌজাদাৰ পদবী উপহাৰ হিচাপে দিব।

(ঠ) পুলিন বৰুৱাই ধনৰ লোভত কুশল কোঁৱৰৰ বিপক্ষে কি কি কথা মিছাই কৈছিল? 

উত্তৰঃ মেজিষ্ট্রেট মুখার্জী আৰু ডাৰোগাৰ ওচৰত পুলিন বৰুৱাই ধন আৰু পদবীৰ লোভত দেশৰ লগত বিশ্বাসঘাটকতা কৰিছিল। এই বিশ্বাসঘাটকতাত বলি হ’ব লগা হ’ল দেশ প্রেমিক কুশল কোঁৱৰ। অহিংসাবাদী নেতা কোঁৱৰক মিছাকৈ ৰে’ল বগৰোৱা কামৰ মূল নেতা বুলি প্ৰমাণ কৰিলে পুলিন বৰুৱাই। পুলিন বৰুৱাই কৈছিল – ৩ অক্টোবৰৰ ৰাতিপুৱা বৈকুণ্ঠ সিঙে আমাক সকলোকে তাত উপস্থিত থাকিবলৈ কয়। তেখেতৰ অনুৰোধ মতে শংকৰ বৰুৱা, সুৰেন ফুকন, পুকৌ শ‍ইকীয়া, ঘনশ্যাম শ‍ইকীয়া আদিৰে সৈতে মই নিশা ১২ বজাত উপস্থিত হৈছিলোঁ। এই মিটিঙত কুশল কোঁৱৰৰ প্ৰস্তাৱ মতে ৰে’লৰ লাইন উঠাবলৈ সিদ্ধান্ত হ’ল। ৰে’ল লাইন বৰ্ব্বাদ কৰাৰ দায়িত্ব দিলে তিনিজনক। বৈকুন্ঠ সিং হ’ল দলপতি আৰু শংকৰ বৰুৱা, সুৰেন ফুকন হ’ল উপ-দলপতি। মোক দায়িত্ব দিলে পহৰা দিবলৈ। পুলিচ আহিলে বতৰা দিম বুলি দহ বেটাৰীৰ টৰ্চ এটা হাতত লৈ চাংপুলৰ ওচৰৰ পথাৰত লুকাই থাকিলোঁ। পহৰাৰ মাজতে এবাৰ আহি শংকৰ বৰুৱা, বৈকুন্ঠ সিং, সুৰেন ফুকনক লগ ধৰি ক’লো – ‘আমি গান্ধীবাদী মানুহ। অহিংসাৰ পূজাৰী। এনে কামে গান্ধী মহাত্মাৰ কলংক নানিবনে? তিনিওজনে মোক শলাগিলে। শংকৰ বৰুৱাই ক’লে— কোঁৱৰ আমাৰ নেতা। তেওঁৰ order আমি মানিবই লাগিব।

(ড) কুশল কোঁৱৰৰ বিৰুদ্ধে কোের্টত কোনে কোনে মিছা সাক্ষী দিছিল? 

উত্তৰঃ কুশল কোঁৱৰৰ বিৰুদ্ধে মিছা সাক্ষী দিছিল — শ্ৰীযুত ফুকন চন্দ্ৰ বুঢ়াগোহাঁই, মৌজাদাৰ, সৰু পথাৰ মৌজা; শ্ৰীযুত ভীমৰাম শ‍ইকীয়া, চৰকাৰী গাওঁবুঢ়া; শ্ৰীযুত পশুপতি শইকীয়া, চৰকাৰী গাওঁবুঢ়া; শ্ৰীযুত ডম্বৰুধৰ হাজৰিকা; শ্ৰীযুত তুলসীৰাম তামুলী; শ্ৰীযুত ৰবি মধু; শ্ৰীযুত ফটিক চন্দ্ৰ শৰ্মা; শ্ৰীযুত ভৱকান্ত তামুলী এখেতসকলে।

মৌজাদাৰ শ্ৰীযুত ফুকনে আচামী কুশল কোঁৱৰবদ্বাৰা এই নাৰকীয় নৰহত্যাৰ ৰে’ল দুৰ্ঘটনা হোৱা বুলি বাৰে বাৰে কোঁৱৰৰ নামটো উল্লেখ কৰিছিল। মৌজাদাৰ ফুকনৰ লগতে অন্যতম সাক্ষী, বে’ল বিভাগৰ পুলিচ অফিচাৰ শ্ৰীযুত নাৰায়ণ বৰাই সৰু শিপ এখন দেখুৱাই য’ত হাতুৰী আৰু ৰেন্স আদি অপঘাত-কূটাঘাত কাৰ্যৰ সা-সঁজুলিৰ নাম আছিল কোঁৱৰৰে আখৰ বুলি সাক্ষ্য দিছিল। — সেই শিপ

(ঢ) কুশল কোঁৱৰৰ বিৰুদ্ধে গাওঁবুঢ়াই কোর্টত কি কি মিছা অভিযোগ দি কুশল কোঁৱৰক অপমান কৰিছিল ?

উত্তৰঃ গাওঁবুঢ়াৰ মতে এই নিন্দনীয় কার্য কুশল কোঁৱৰৰ বাহিৰে অইন কোনোৱেই কৰিব নোৱাৰে। কুশল ছাত্ৰ অৱস্থাৰে পৰা উদ্ধত, ধুৰন্ধৰ আৰু ১ নং বিপ্লৱী বাবেই স্কুলৰ পৰা খেদা খাইছিল। পঢ়া-শুনা তেতিয়াৰ পৰা কোনো স্কুলতে কৰিব নোৱাৰিলে। সেই উৎপতীয়া স্বভাৱ বয়সত বাঢ়ি উঠিল। কংগ্ৰেছত সোমাই ইংৰাজৰ বিৰুদ্ধে গৈ ৰে’ল লাইন বগৰাই হেজাৰ হেজাৰ মানুহক হত্যা কৰিলে। চাংপুলৰ ঘটনাৰ বাবে প্ৰথম আৰু প্ৰধান জগৰীয়া একমাত্ৰ কুশল কোঁৱৰ। বাকীসকল আচামী এওঁৰ ইংগিত চালিত লোক। কুশল কোঁৱৰৰ আজো ককা গোমধৰ কোঁৱৰে ১৮২৮ খ্ৰীঃত বৃটিছৰ বিৰুদ্ধে যুঁজ কৰিছিল। পুৰুষানুক্রমিক – এই বংগৰ মানুহ বৃটিছৰ শত্ৰু আৰু আততায়ী। এই দাগী বংশৰে সন্তান হ’ল কুশল কোঁৱৰ। পূর্ব পুৰুষৰ কৰ্মৰ ভিত্তিত কুশল কোঁৱৰৰে যে এই ৰে’ল বগৰোৱা কাম, সেয়া ধুৰূপ।

(ণ) কুশল কোঁৱৰক আদালতে দোষী সাব্যস্ত কৰাত কুশলে বক্তব্য হিচাপে কি কথা কৈছিল?

উত্তৰঃ কুশল কোঁৱৰে কৈছিল— মাননীয় বিচাৰক। আদালতে মোক যি দোষতে অভিযুক্ত কৰি দোষী বুলি সাব্যস্ত তথা প্রমাণিত নকৰক ন্যায়ত, ধর্মতঃ মই নির্দোষী। মই মানুহৰ অমূল্য জীৱনক লৈ কাহানিও হেতালি খেলা নাই।

মই সত্যৰ সেৱক – অহিংসাৰ পূজাৰী- মহামানৱ মহাত্মা গান্ধীৰ মন্ত্ৰ শিষ্য। আজি বিচাৰৰ নামত এখন সুন্দৰ ভাওনা দেখিলোঁ। মই আজীবন স্বধর্মতে থাকিলোঁ। কিয়নো ‘স্বধর্মে নির্বনং শ্রেয়ঃ পৰধর্মে ভয়াবহ।’ স্বধৰ্মতে নিঃশেষ হৈ যাম, তথাপি স্বধর্ম কোনোকালে ত্যাগ নকৰোঁ। মানুহৰ বিচাৰ মানুহেই কৰে, কিন্তু ধৰ্মৰ বিচাৰ ধৰ্মইহে কৰিব।

(ত) হামফ্রে চাহাবে কুশল কোঁৱৰক কি কি ধাৰাৰ ভিত্তিত দোষী সাব্যস্ত কৰি ফাঁচীৰ হুকুম দিছিল?

উত্তৰঃ কুশল কোঁৱৰক হামফ্রে চাহাবে Under Section 126 Indian Railway Act, under section 35- Defence of Indian Act, under section 109-Indian Penal codes, ordinance 111 of 1942 অনুসাৰে অৰ্থাৎ ভাৰতীয় ৰে’লৱে আইনৰ ১২৬ ধাৰা, ভাৰত-ৰক্ষা আইনৰ ৩৫ ধাৰা, ভাৰতীয় দণ্ডবিধি আইনৰ ১০৯ ধাৰা আৰু অধ্যাদেশ নং ৩, ১৯৪২ চনৰ মতে কুশল কোঁৱৰক দোষী আৰু অভিযুক্ত আচামী সাব্যস্ত কৰি আদালতে ফাঁচীৰ হুকুম দিছিল।

(থ) পুলিন বৰুৱাই আদালতত কুশল কোঁৱৰৰ বিৰুদ্ধে কি কি মিছা অভিযোগ দিছিল? আলোচনা কৰা ।

উত্তৰঃ আদালতত পুলিন বৰুৱাই চৰকাৰী উকিল দেৱেশ্বৰ শৰ্মাৰ প্ৰশ্নৰ উত্তৰত কুশল কোঁৱৰৰ বিৰুদ্ধে নানান মিছা কথাৰ পয়োভৰ ঘটাই কোঁৱৰক দোষী সাব্যস্ত কৰাত প্রধান সহায় কৰিছিল। পুলিন বৰুৱাৰ বক্তব্য মতে, ৯ অক্টোবৰৰ নিশা এঘাৰ বজাৰ পৰা শ্ৰীকুশল কোঁৱৰৰ নিৰ্দেশ মতে পুলিন বৰুৱা স্বয়ং নিজে, ঘনশ্যাম শইকীয়া, সুৰেন ফুকন, শংকৰ বৰুৱা, বৈকুণ্ঠ সিং, কনকেশ্বৰ কোঁৱৰ, ধৰ্ম ডেকা, পুকৌ শ‍ইকীয়া, সূর্য শ‍ইকীয়া, ইন্দু ফুকন, সোনেশ্বৰ কোঁৱৰ, গংগাধৰ আহোম ইত্যাদি লোকে ৰে’লৰ লাইন উঠাবলৈ গৈছিলোঁ আৰু নিশা ১ বাজি ৫২ মিনিটত চাংপুলত ৰে’ল বাগৰি পৰিছিল এই দুস্কাৰ্যৰ কাৰণে। পুলিন বৰুৱাৰ মতে তেওঁ ২ নং গন্ধাকৰৈৰ সৰু পথাৰ কংগ্ৰেছ কমিটিৰ শান্তি মেল বাহিনীৰ নায়ক আছিল; এই কাম কৰি তেওঁৰ বিবেক দংশন হ’ল। কিয়নো তেওঁ মহাত্মা গান্ধী গোলাঘাটলৈ আহোতে অহিংসুক হৈ কাম কৰিব বুলি শপত খাইছিল। পুলিন বৰুৱাৰ মতে, এই সকলোবোৰৰ প্ৰধান হেতা কুশল কোঁৱৰ। সৰুপথাৰ কংগ্ৰেছৰ নেতা কুশল কোঁৱৰৰ বাবে অনিচ্ছা সত্বেও নৰহত্যাত লিপ্ত হয়। লগা হ’ল। শেষত সহামান্য চৰকাৰৰ ওচৰত নিজৰ দোষ স্বীকাৰ কৰিলে পুলিন বৰুৱাই। পুলিন বৰুৱাৰ মতে এই ঘটনাৰ কুশল কোঁৱৰ আছিল যন্ত্ৰী আৰু বাকীবোৰ নিষ্প্রাণ যন্ত্র। আমি বিবেকক বিসর্জন দি এক যন্ত্রচালিত প্ৰাণীৰ দৰে কাম কৰিছিলোঁ। কুশল কোঁৱৰে এই ঘটনাৰ দায়ী আন কোনো এই অপৰাধৰ বাবে অভিযুক্ত আচামী হিচাপে দোষী সাব্যস্ত নহয়।

(দ) পুলিন বৰুৱাই শংকৰ বৰুৱা, সুৰেন ফুকন আৰু বৈকুষ্ঠ সিংক কিয় সৰুৱাইছিল? 

উত্তৰঃ পুলিন বৰুৱাই ভয়তে উক্ত ব্যক্তি কেইগৰাকীৰ নাম কোৱা নাছিল। পুলিন বৰুৱাই জানিছিল যে, শংকৰ বৰুৱাহঁত দুর্দান্ত লোক আৰু তেওঁলোক কুশল কোঁৱৰৰ নিচিনা সহজ সৰল আৰু অহিংসাবাদী নাছিল। পুলিন বৰুৱাৰ মতে, তিনিজন দুর্দান্ত লোক। মোক গুলী কৰি মাৰিব। সেয়ে ধর্মভীক কুশলক পেলালোঁ। ময়তো বাচিব লাগিব।

(ধ) কুশল কোঁৱৰৰ ফাঁচীৰ হুকুম হোৱাৰ পাছত পত্নী প্ৰভাৱতীয়ে কুশল কোঁৱৰক কি বুলি কৈছিল?

উত্তৰঃ কুশল কোঁৱৰৰ ধৰ্মপত্নী প্ৰভাৱতীয়ে গিৰীয়েকৰ শাক্তিত বিচলিত নহৈ কুশল কোঁৱৰক কৈছিল, আপুনি দুখ নকৰিব বঙহৰদেউ। দেশৰ কাৰণে আপুনি প্ৰাণ দিব। এয়া সৌভাগ্যৰ কথা— গৌৰৱৰ কথা। এই সৌভাগ্য ভগৱানে আপোনাক দিছে। ইমান মানুহ থাকোঁতে ভগৱানে আপোনাক এই কাৰ্যৰ বাবে বাছি লৈছে।

(ন) কুশল কোঁৱৰে পত্নীক কি বুলি সান্ত্বনা দিছিল, যেতিয়া তেওঁৰ ফাঁচীৰ হুকুম আহিছিল? 

উত্তৰঃ এইয়া ইশ্বৰৰ ইচ্ছা প্রভা। আমি সকলোৱেই তেওঁৰ ইচ্চামতেই চলিছোঁহক। তেওঁ যি ভাল দেখে সেয়ে হ’ব। ইয়াত দুখ কৰিব লগা একো নাই। তদুপৰি মোৰ সাধনা পূর্ণ হৈছে। মই মহাপুৰুষ মহাত্মাৰ চৰণ ছুই, দেশৰ বাবে জীৱন বিসর্জন দিয়াৰ যি পৱিত্ৰ কামনা কৰিছিলোঁ— ভগৱানে তাক পূৰ্ণ কৰিছে।

কুশল কোঁৱৰে পত্নীক যাবলৈ কৈ কৈছে সুখ-দুখ সকলো ভগৱানৰ দান বুলি গ্ৰহণ কৰিবা। তোমাৰ স্বামীয়ে দেশৰ কাৰণে জীৱন দিছে— এই সান্ত্বনাকে লৈ জীয়াই থাকিবা।

(প) “এই বিদায়ৰ পৰত কিবা এষাৰ বাণী যাওক – যি বাণী মই আগলৈ মানুহক ক’ব পাৰিম – শেষ বাণী।” — এইদৰে কোনে কাক কৈছিল। কুশল কোঁৱৰে কি বাণী দিলে? বর্ণনা কৰা ।

উত্তৰঃ প্ৰশ্নত উল্লিখিত কথাষাৰ প্ৰবাৱতীয়ে কুশল কোঁৱৰক কৈছিল। প্ৰভাৱতীৰ কথাত কুশলে কৈছিল, মই তোমাক আছুতীয়াকৈ একো বাণী দি যাব নোৱাৰিলোঁ। মোৰ শেষ বাণী মাননীয় দেশসেৱক গোপীনাথ বৰদলৈক কৈছোঁ। তেখেতে, তোমাৰ দৰে মোৰ পৰা এটি বাণী বিচাৰিছিল। তেখেতক মই কৈছোঁ এই বুলি – “মোৰ দৰে সাধাৰণ মানুহ এজনে দেশৰ কাৰণে কি বাণী দিম? দেশৰ কাৰণে, দেশৰ কোটি কোটি জনতাৰ মুক্তিৰ বাবে মই নিজৰ জীৱন দিয়েই পূজা কৰি গ’লোঁ। মোৰ আশা এয়ে যে, দেশখন স্বাধীন কৰি এনে এখন দেশ গঢ়িব-য’ত দেশৰ প্ৰতিটো মানুহে দুসাঁজ ভাত, এসাজ কাপোৰ আৰু থকাৰ বাবে এটি পঁজাঘৰ পায়, য’ত মানুহে ধৰ্ম-কৰ্ম আৰু জাতি বর্ণব ওপৰত প্ৰতিষ্ঠা নহৈ, সকলো এখন ভাৰতৰ সন্তান আৰু এজনা পৰম পিতাৰ সন্তান হিচাপে প্রতিষ্ঠিত হ’ব পাৰে।” স্বাধীনতা অনাৰ বাবে আমি আটায়ে ত্যাগ স্বাকীৰ কৰিছোঁহক। স্বাধীনতা পোৱাৰ পাছতো যেন আমি ত্যাগী হৈ থাকিব পাৰোঁ ভোগী হ’বলৈ যেন হাবিয়াস নকৰোঁ। এয়ে মোৰ বাণী – এয়ে মোৰ কাকৃতি এয়ে মোৰ মিনতি।

গোট ১ : গদ্য

ক্ৰমিক নং পাঠ লিংক
1.ধনৰ ব্যৱহাৰ Click here
2.অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ Click here
3.গৌৰৱ Click here
4.কিতাপৰ কথা Click here
5.গিবন Click here
6.কেম্ব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান Click here
7.অসমৰ পুৰণি খেল-ধেমালি Click here
8.এভাৰেষ্টৰ সপোন আৰু বিভীষিকা Click here

গোট ২ঃ চুটিগল্প

1. বিয়াৰ প্ৰেজেণ্ট Click here

গোট ৩ঃ কবিতা

1.ৰাৱণক বিভীষণৰ সজ উপদেশ Click here
2. বৰগীতঃ জয় জয় যাদৱ Click here
3. ধনবৰ আৰু ৰতনী Click here
4.বনকুঁৱৰী Click here
5.লাচিত ফুকন Click here
6.ৰাজপথ Click here
7.এখন চিঠি Click here

গোট ৪ : নাটক

1. কুশল কোঁৱৰ Click here
গোট ৫ গোট ৫ : চমু ৰচনা আৰু ব্যাকৰণ Click Here

৪।  কুলশ কোঁৱৰ কোন আছিল? নাটকখনৰ আধাৰত চৰিত্ৰটো বিশ্লেষণ কৰা। 

উত্তৰঃ অসমৰ স্বাধীনতা সংগ্ৰামৰ বীৰ পুৰুষ কুশল কোঁৱৰ। স্বাধীনতা সংগ্ৰামৰ অহিংস নেতা আৰু শ্বহীদ। আহোম সন্তান গোমধৰ কোঁৱৰৰ বংশধ্বজ কুশল কোঁৱৰ। নাটকখনত বুশল কোঁৱৰৰ বংশ সম্পৰ্কত কৈছে, ১৮২৮ খ্রীষ্টাব্দত ইংৰাজৰ বিৰুদ্ধে প্রথম বিদ্ৰোহৰ আয়োজন কৰে দিহিঙীয়া ফৈদৰ স্বৰ্গদেউ প্রতাপ সিংহৰ পুতেক সৰু গোহাঁইৰ বংশৰে ফেনা কোঁৱৰৰ পুতেক গোমধৰ কোঁৱৰে। এই গোমধৰ কোঁৱৰৰে বংশধৰ লালৈ কোঁৱৰ, তস্য পুত্ৰ নদৰাম কোঁৱৰ, তস্য পুত্র খাতাং কোঁৱৰ তস্য পুত্র সোনাৰাম কোঁৱৰৰে পুত্ৰ এই কুশল কোঁৱৰ।

নাটকখনৰ আৰম্ভণিতে ১৪ বছৰীয়া কিশোৰ কুশল কোঁৱৰক উপস্থাপন কৰা হৈছে এজন সাহসী আৰু উচিত কথাত মাত মতা ব্যক্তি হিচাপে। ডাৰোগাই যেতিয়া ওজাজনক কংগ্ৰেছৰ কেনভাচ কৰা বুলি কৈ চৰ মাৰিছে তেতিয়া কিশোৰ কুশল কোঁৱৰে তাৰ প্ৰতিবাদ কৰি কৈছে, ‘চাৰ, আপুনি ওজাজনক মাৰিছে কিয়? এখেতসকল আমাৰ অসমৰ মাননীয় লোকশিল্পী। মানীজৱনৰ মান ৰক্ষা কৰা চৰকাৰী বিষয়াৰ কৰ্তব্য’।

ডাৰোগা, গাওঁবুঢ়াই কুশল কোঁৱৰক শাস্তি হিচাপে আধা দোন বেত দিয়াৰ সিদ্ধান্ত লোৱাত কুশলে বেতডাল আজুৰি নিজৰ স্থিতি ঘোষণা কৰিছে নিজৰ প্ৰতিবাদমুখী ব্যক্তিত্ব আৰু নিৰ্ভীকতাৰ পৰিচয় দি কৈছে, ‘বৃটিছে এই বেতডালেৰে ভাৰতৰ মানুহক শাসন কৰিছে— শোষণ কৰিছে। এই বেতডালকে সমাজ কঁকালতে ভাঙি দিলোঁ। কুশল কোঁৱৰে আকৌ কৈছে, ‘মই চিৰ বিদ্রোহী আজো নাতি -কুশল কোঁৱৰ। স্বাধীনতা সংগ্ৰামৰ বাটকটীয়া প্রপিতামহ গোমধৰ কোঁৱৰৰ

নাটকখনৰ দ্বিতীয় দৰ্শনত ১৭ বছৰীয়া কুশল কোঁৱৰৰ উপস্থাপন কৰা হৈছে। কোঁৱৰে ইংৰাজী গোলামী শিক্ষাৰ প্ৰতি ধাউতি নাইকিয়ী কৰি স্কুল এৰি ঘৰলৈ ওভতি আহিছে। গঢ়ি-শুনি ইংৰাজৰ গোলাম হ’ব লাগিব কাৰণেই কিম্বা ইংৰাজৰ তলত চাকৰি কৰিব লাগিব কাৰণেই কুশল কোঁৱৰে স্কুল এৰি আহিছিল। কুশল কোঁৱৰক মাকে কি ভূতে লস্তাৰ কাৰণে স্কুল এৰি আহিল বুলি প্রশ্ন কৰাত কুশলে কৈছে যে তেওঁক মহাত্মা গান্ধীৰ ভুতে লস্তিছে। গান্ধীৰ অহিংসা নীতিত কুশল শৰণাপন্ন হৈছে আৰু গান্ধীৰ ১৯২১ চনত অসহযোগ আন্দোলনত যোগদান কৰিবলৈ মন স্থিৰ কৰিছে।

নাটকখনৰ চাৰি নং দৰ্শনত কুশল কোঁৱৰে বাগিচাৰ কাম ইস্তফা দি অহাৰ বৰ্ণনা আছে। কুশলে ন বছৰ চাকৰি কৰি প্ৰভাৱতীক বিয়া কৰোৱা, সন্তানৰ পিতৃ হোৱা ইত্যাদি কথাৰ বৰ্ণনা কৰা হৈছে চাৰি নং দৰ্শনত। কুশল কোঁৱৰে বাগিচাৰ ক্ষতিসাধন হোৱাৰ ভয়ত অৰ্থাৎ কুশলৰ কাৰণে বাগিচাৰ মালিকৰ নিচিনা নিৰপৰাধী লোক এজনৰ মান সন্মান নোহোৱা হোৱাৰ ভয়ত চাকৰিটো এৰি দি আহিছিল। ইয়াত কুশল কোঁৱৰৰ ভাগী মনোভাৱ অতি সুন্দৰভাৱে প্ৰতিফলিত হৈ উঠিছে। কোঁৱৰে প্ৰভাৱতীৰ ওচৰত কৈছে, ‘তুমিতো জনাই নিজে দুখৰ জুইত পুৰি মৰিম— তথাপি আনক টানি নানো জুইত জাহ যাবলৈ’।

কুশল কোঁৱৰে কংগ্ৰেছৰ ধাৰ মাৰিবলৈ নিজৰ পত্নীৰ চিলাই মেচিনটো বেছিও ত্যাগ স্বীকাৰ কৰাৰ বৰ্ণনা পোৱা যায়।

নাটকখনৰ পাঁচ নং দৰ্শনত কুশল কোঁৱৰৰ স্থিতপ্রজ্ঞ স্বভাৱৰ পৰিচয় পোপৱা যায় তাৰ উপৰিও তেওঁ যে প্রকৃত অহিংসাপথৰ পূজাৰী আছিল তাৰ সুন্দৰ বৰ্ণনা আছে। কুশল কোঁৱৰৰ লগৰ বৈকুন্ঠ সিংহ, শংকৰ বৰুৱা, সুৰেন ফুকন ইত্যাদিয়ে অহিংসা পথ এৰি নেতাজীৰ পথ লৈছিল। আৰু কোঁৱৰকো নেতাজীৰ হিংসা পথলৈ আনিবলৈ বিভিন্ন যুক্তি আগবঢ়াইছিল কিন্তু কোঁৱৰ নিজৰ আদৰ্শত বিশ্বাসী, তেওঁক কোনো কথাই নিজৰ স্থিতিক পৰিৱৰ্তীত কৰিব নোৱাৰিলে। কোৱৰে কৈছে – ‘মোৰ এটাই সিদ্ধান্ত সেয়া গান্ধীজীৰ অহিংসা পথ। অহিংসাৰ পথেৰেই গৈ স্বাধীনতা অনা প্রশস্ত। হিংসা পাপ। মই মহামানৱ মহাত্মা গান্ধীৰ মন্ত্ৰ-শিষ্য।’ ১৯২১ চনৰ অসহযোগ আন্দোলনৰ পৰা আজিলৈকে একেটা বাটেৰে আমি গৈছিলোঁ। ভাগ্যৰে বিড়ম্বনা যে মই আজি অকলশৰীয়া হ’লো। সহকৰ্মীসকলক হেৰুৱালো— একমাত্র আদর্শক সাবটি থকাৰ বাবে। অহিংসা পথৰ পথিক কুশল কোঁৱৰে নিজৰ লগৰ বিলাকক অতি কাতৰভাৱে অহিংসা পথত আৱদ্ধ হৈ থাকিবলৈ অনুৰোধ কৰিছিল – ‘মই সৰুপথাৰ অঞ্চলৰ কংগ্ৰেছৰ দলৰ নেতা। মই আপোনালোকক শেষবাৰলৈ অনুৰোধ কৰোঁ, জঘন্য হিংসাৰ নিন্দনীয় পথ পৰিহাৰ কৰি বাপুজীৰ অহিংসাৰ মন্ত্ৰৰে মুগ্ধ হৈ স্বাধীনতাৰ মহান যজ্ঞত আহুতি দিয়ক।

শংকৰ বৰুৱাহঁতে যেতিয়া ৰে’ল বগৰোৱাৰ নিচিনা হিংসাবাদী কার্য সংঘটিত কৰিছিল তেতিয়া শংকৰ বৰুৱাহঁতে এই ঘটনাৰ কাৰণে ইংৰাজ চৰকাৰে মিছাতে কুশল কোঁৱৰক গ্ৰেপ্তাৰ কৰিব বুলি ভাবি তেওঁলোকে কোঁৱৰক চিঠি এখনৰ যোগেদি কলিকতালৈ যাবলৈ অনুৰোধ জনাইছিল। কিন্তু কুশল কোঁৱৰে মিছাতে পলাই যাব নিবিচাৰিলে। তেওঁ নিজৰ স্থিতিত অটল হৈ থাকিল। দেশৰ বিভিন্ন নাগৰিকৰ দুৰ্দশা দেখি কোঁৱৰ অতিকৈ মৰ্মাহত, কোঁৱৰে সকলো দোষ নিজৰ ওপৰতে লৈ কৈছে—‘দেশত হেজাৰ হেজাৰ কোটি মাতৃ আছে— তেওঁলোকৰ যি দশা, যি হতাশা, মোৰ মাতৃৰো সেই একেই দশা একেই দুদর্শা। পুত্ৰ হিচাপে মই বৰ অযোগ্য। পিতৃ ঋণ, মাতৃ-ঋণ, পত্নী ঋণ, ঋষি ঋণ – দেৱ ঋণ প্ৰতিটো স্তৰতে মই ঋণী মই ধৰুৱা। কাৰো ধাৰ শুজিব নোৱাৰিলোঁ। গীতাই মোৰ সান্ত্বনা-প্ৰভাই মোৰ আশ্ৰয় গান্ধীয়ে মোৰ আদৰ্শ। কোঁৱৰে সকলো বিপদক আওকান কৰিছে সত্যৰ কাৰণে” কোঁৱৰৰ সতীৰ্থসকলে অগ্নিস্নান কৰিলে— কোঁৱৰে দেশৰ অগ্নিপৰীক্ষাত ধৰ্মক শুদ্ধ ৰূপ দিবলৈ চেষ্টা কৰিছে।

মহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলনক কুশল কোঁৱৰে নিজৰ জীৱনৰ মুখ্য উদ্দেশ্য হিচাপে গ্রহণ কৰিছে, সেয়ে তেওঁ কৈছে, ‘আমাৰ বংশটো গোমধৰ কোৱৰৰ বংশ। গোমধৰেও দেশৰ বাবেই যুঁজি দ্বীপান্তৰ হৈছিল— এই বৃটিছক খেদিবলৈ গৈয়ে। ময়ো এই বৃটিছক খেদিবলৈ গৈছোঁ— ‘ভাৰত ত্যাগ’ নামৰ ঐতিহাসিক মন্ত্ৰৰে।

নাটকখনৰ এঘাৰ নং দৰ্শনত পুলিন বৰুৱাই গাওঁবুঢ়াৰ চলাহী কলাত ভোগ গৈ আৰু নিজৰ স্বাৰ্থৰ কাৰণে কুশল কোঁৱৰৰ লগত বিশ্বাসঘাটকতা কৰাৰ বৰ্ণনা আছে। পুলিন বৰুৱাৰ এই বিশ্বাসঘাটকতা অকল কোঁৱৰৰ কাৰণে নহয় সমগ্ৰ দেশৰ কাৰণে জননীৰ প্ৰতি আছিল চৰম বিশ্বাসঘাটকতা। পুলিন বৰৱাৰ মিছা সাক্ষীত ৰে’ল বগৰোৱা ঘটনাৰ প্ৰধান দোষী হিচাপে প্রমাণিত হ’ল অহিংসাবাদী নেতা কুশল কোঁৱৰ। কুশল কোঁৱৰক গেপ্তাৰ কৰা হ’ল আৰু আদালতে কোঁৱৰক ফাঁচীৰ হুকুম দিলে। ফাঁচীৰ হুকুম পাই কুশল কোঁৱৰ অলপো বিচলিত হোৱা নাছিল, তেওঁ আত্মপ্রত্যয়েৰে নিজৰ বক্তব্য প্ৰকাশ কৰিছিল এনেদৰে – ‘মাননীয় বিচাৰক। আদালতে মোক যি দোষতে অভিযুক্ত কৰি দোষী বুলি সাব্যস্ত তথা প্রমাণিত নকৰক ন্যায়ত ধৰ্মতঃ মই নির্দোষী। মই মানুহৰ অমূল্য জীৱনক লৈ কাহানিও হেতালি খেলা নাই।

মই সত্যৰ সেৱক— ‘অহিংসাৰ পূজাৰী, মহামানৱ মহাত্মা গান্ধীৰ মন্ত্ৰশিষ্য’ নাটকখনীৰ তেৰ নং দৰ্শনত অর্থাৎ সমাপ্তত কুশল কোঁৱৰক পত্নী প্ৰভাৱতীয়ে এষাৰ বাণী দি যাবলৈ কৈছিল, যি বাণী তেওঁ মানুহক কব পাৰিব — শেষ বাণী।। প্ৰভাৱতীৰ অনুৰোধত কুশল কোঁৱৰে প্ৰভাৱতীক কৈছিল –‘মোৰদৰে সাধাৰণ মানুহ এজনে দেশৰ কাৰণে কি বানী দিম? দেশৰ কাৰণে, দেশৰ কোটি কোটি জনতাৰ মুক্তিৰ বাবে মই নিজৰ জীৱন দিয়েই পূজা কৰি গ’লো। মোৰ আশা এয়ে যে, দেশখন স্বাধীন কৰি এনে এখন দেশ গঢ়িব য’ত— দেশৰ প্ৰতিটো মানুহে দুসাঁজ ভাত, এসাজ কাপোৰ, আৰু থকাৰ বাবে এটি পজাঘৰ পায়— য’ত মানুহ ধৰ্ম কৰ্ম আৰু জাতি বৰ্ণৰ ওপৰত প্ৰতিষ্ঠা নহৈ, সকলো এখন ভাৰতৰ সন্তান আৰু এজনা পৰম পিতাৰ সন্তান হিচাপে প্ৰতিষ্ঠিত হ’ব পাৰে। স্বাধীনতা অনাৰ বাবে আমি আটায়ে ত্যাগ স্বীকাৰ কৰিছোঁহক। স্বাধীনতা পোৱাৰ পাছতো যেন আমি ত্যাগী হৈ থাকিব পাৰোঁ—“ভোগী হ’বলৈ যেন হাবিয়াস নকৰো। এয়ে মোৰ বাণী এয়ে মোৰ কাকূতি ― এয়ে মোৰ মিনতি।”

৫। কুশল কোঁৱৰ কোন শ্ৰেণীৰ নাটক ? বুৰঞ্জীমূলক নাটক হিচাপে ‘কুশল কোঁৱৰ নাটকখন আলোচনা কৰা।

উত্তৰঃ কুশল কোঁৱৰ এখন বুৰঞ্জীমূলক নাটক।

উত্তম বৰুৱাৰ ‘কুশল কোঁৱৰ’ এখনি উত্তম বুৰঞ্জীমূলক নাটক। বুৰঞ্জীমূলক নাটকৰ প্ৰায়ভাগ বৈশিষ্ট্যই নাটকখনত প্ৰকাশিত হৈছে। বুৰঞ্জীমূলক নাটকৰ প্ৰধান বৈশিষ্ট্য হৈছে, বুৰঞ্জীৰ কাহিনীক বিষয়বস্তু হিচাপে গ্ৰহণ কৰা, বুৰঞ্জীৰ চৰিত্ৰৰ বিশ্লেষণ কৰা আৰু বুৰঞ্জীৰ পৰিৱেশ আৰু কালিক চেতনাৰ প্ৰকাশ। উত্তম বৰুৱাৰ ‘কুশল কোঁৱৰ’ নাটকখনত উক্ত বৈশিষ্ট্যবোৰ অতি সুন্দৰ ভাৱে উপস্থাপিত হৈছে।

নাটকখনৰ বিষয়বস্তু স্বাধীনতা সংগ্রামী বীৰ পুৰুষ কুশল কোঁৱৰক কেন্দ্ৰ কৰি গঢ় লোৱা নাটকখনত ১৯১৯ চনৰ জানুৱাৰী মাহৰ পৰা ১৯৪৩ চনত ১২ জুন তাৰিখলৈ সময়সীমা ধৰা । ১৯১৯ চনত কুশল কোঁৱৰ ১৪ বছৰীয়া কিশোৰ আৰু নাটকখনৰ সমাপ্তত কোঁৱৰ ৩৮ বছৰীয়া ডেকা। নাটকখনৰ কাহিনীত কুশল কোঁৱৰৰ জীৱনৰ বিভিন্ন ঘটনাৰ বৰ্ণনা কৰা হৈছে আৰু লগতে কোঁৱৰৰ জীৱনৰ লগত সংগতি থকা ৰে’ল বগৰোৱা ঘটনাৰো বর্ণনা আছে নাটকখনত। নাটকখনত স্বাধীনতা পূৰ্বৰ অসমৰ বিভিন্ন ঘটনাৰো পৰিচয় আছে। তাৰ ভিতৰত ১৯৪২ চনৰ ২০ আগষ্টৰ গুলীচালনাত হেমৰাম বৰা আদিৰ মৃত্যু, নিশা জোঙাল বলছ গড় গুলী চালনাত মৃত্যু হোৱা হেম পাতৰ আদিৰ বৰ্ণনা, তিলক ডেকাৰ মৃত্যু, ২০ ছেপ্টেম্বৰৰ দিনা গহপুৰ থানাত কনকলতা, মুকুন্দ কাকতিৰ মৃত্যুৰ ঘটনা ২৫ ছেপ্টেম্বৰৰ দিনা জালাহৰ গুলীচালনাৰ ঘটনা ইত্যাদি বিভিন্ন ঐতিহাসিক ঘটনা অন্যতম। জীৱন শিল্পী ব্রজশমাই ২০ আগষ্টৰ দিনা নিশা সৰভোগৰ এৰোড্রোম জ্বলাই বৃটিছৰ হৃদকম্পন্ন কৰা ঘটনাৰ বিৱৰণো নাটকখনত আছে। নাটকখন সেইফালৰ পৰা এক ঐতিহাসিক দলিল সদৃশ । নাটকখনৰ কাহিনীয়ে ইয়াৰ উপৰি আন আন কিছুমান বুৰঞ্জীমূলক ঘটনাৰসাক্ষা বহন কৰিছে। ১৯২৬ চনত পাণ্ডুত বহা কংগ্ৰেছৰ অধিবেসনৰ কথাও কৌশলগতভাৱে নাটকখনত আছে। কুশল কোঁৱৰৰ পিতৃয়ে কৈছে— ১৯২৬ চনত পাণ্ডুত কংগ্ৰেছ পাতিলেহে। লোটা ঘটিত সোমাই থোৱা মাৰৰ পইচাখিনি নি শংকৰবৰুৱা, ভোলা বৰুৱা, সুৰেন ফুকনহঁতৰ লগত গ’লিগৈ পাণ্ডুলৈ। তিনিদিনীয়া লঘোনেৰে ঘৰ সোমালিহি।

নাটকখনত বিভিন্ন ঐতিহাসিক চৰিত্ৰৰ অৱতাৰণা কৰা হৈছে— কুশল কোঁৱৰ স্বয়ং নিজে বুৰঞ্জীমূলক সত্য চৰিত্ৰ। চৰিত্ৰটোৰ কাৰ্য কলাপত কাল্পনিকতা থাকিলেও সত্যৰ আধাৰত বর্ণিত। গোমধৰ কোঁৱৰ, মহাত্মা গান্ধী, তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ, নেতাজী, কনকলতা, ব্রজনাথ শৰ্মা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী, তিলেশ্বৰী কোঁচ, নুমলী নাথ, হেমৰাম বৰা ইত্যাদি জীৱন্ত চৰিত্ৰ আৰু আমাৰ বুৰঞ্জীৰ বাস্তৱ চৰিত্ৰ। চৰিত্ৰসমূহৰ কাৰ্যকলাপো বিশ্বাসযোগ্য হিচাপে উপস্থাপিত। বুৰঞ্জীমূলক নাটকত বুৰঞ্জীৰ চৰিত্ৰসমূহৰ পয়োভৰ ঘটে, কুশল কোঁৱৰ নাটকখনো ইয়াৰ ব্যতিক্ৰম নহয়।

বুৰঞ্জীমূলক নাটকৰ পৰিৱেশ চিত্ৰনো বুৰঞ্জীৰ সময়ৰ আধাৰত নিৰ্মাণ হয়। স্বাধীনতা পূর্ব অসমৰ সামাজিক চিত্ৰৰ সুন্দৰ বৰ্ণনা আছে ‘কুশল কোঁৱৰ’ নাটকখনত স্বাধীনতা সংগ্ৰামত জ্যোতিপ্ৰসাদ আগৰৱালাৰ

‘সাজু হ নব জোৱান

“সাজু হ নব জোৱান 

তই কৰিব লাগিব অগ্নিস্নান।

আৰু অম্বিকাগিৰী ৰায় চৌধুৰীৰ―

জাগ ডেকা তেজ, জাগ আজি জাগ 

আগ্নেয়গিৰি উজাৰি জাগ

এলাহৰ গাঁঠি ভাঙি গুৰি কৰি

কর্মধাৰাৰে ধৰণী ঢাক।’

গীতৰ যোগেদি কালিক চেতনাক বাত্ময় কৰি তুলিবলৈ সক্ষম হৈছে। বুৰঞ্জীমূলক বা ঐতিহাসিক নাটকৰ বিচাৰৰ আন এটা দিশ হ’ল ভাষা বা সংলাপ। ‘কুশল কোঁৱৰ’ নাটকখনৰ সংলাপ উন্নত পৰ্যায়ৰ চৰিত্ৰ অনুযায়ী ব্যৱহাৰ কৰা হৈছে। মুঠতে, কুশল কোঁৱৰ নাটকখনৰ বিষয়বস্তু চৰিত্ৰ, সংলাপ, পৰিৱেশ চিত্ৰন ইত্যাদিয়ে নাটকখনক বুৰঞ্জীমূলক সফল নাটকহিচাপে প্রতিষ্ঠিত কৰাত সহায় কৰিছে।

৬। ঐতিহাসিক অসমীয়া নাটকৰ ওপৰত এটা প্রবন্ধ লিখা। 

উত্তৰঃ ঊনবিংশ শতিকাৰ মাজভাগৰপৰা পাশ্চাত্য নাট্যাদৰ্শৰ অনুৰণত আধুনিকতাৰ গইনা লৈ অসমীয়া নাট্য সাহিত্যত এটি নতুন ধাৰা গঢ় লৈ উঠে। এই সময়ছোৱাৰ পৰা ৰচনা হ’বলৈ ধৰা আধুনিক ধৰ্মী নাটসমূহ মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ বিৰচিত পৰম্পৰাগত নাট্যাভিনয়ৰ বিষয়, আংগিক, কলা-কৌশল আদিৰ সুস্পষ্ট ধাৰাটোৰ পৰা ফালৰি কাটি আহি অসমীয়া নাট্যসাহিত্যৰ ইতিহাসত অভিনৱত্বৰ সূচনা কৰে। ১৮৫৭ চনত ৰচিত গুণাভিৰাম বৰুৱাৰ ‘ৰাম নৱমী’ নাটখনেই পোন প্রথমে অসমীয়া আধুনিক নাটকৰ লক্ষণ বহন কৰি নাট্যসাহিত্যৰ জগতত এটি নতুন ধাৰাৰ উন্মেচন কৰে। বিষয়বস্তুৰ ফালৰ পৰা পৌৰাণিক, ঐতিহাসিক, সামাজিক, শ্ৰেণীৰ নাটকে এই সময়ছোৱাৰ পৰাই বিকাশ লাভ কৰিবলৈ আৰম্ভ কৰে। পুৰাণ, ইতিহাসৰ ঐশ্বর্যপূর্ণ পৰিৱেশক পটভূমি হিচাপে লৈ নাটক ৰচনাৰ নতুন প্ৰবাহে নাট্যকলাক পৰিপুষ্ট কৰি তোলে যদিও বিংশ শতিকাৰ প্ৰাৰম্ভৰ পৰাহে ঐতিহাসিক নাটকে অগ্রগতি লাভ কৰে। বিংশ শতিকাৰ আৰম্ভণিতে হোৱা স্বদেশী আন্দোলনে মানুহৰ মনত স্বদেশপ্ৰেম আৰু জাতীয় চৈতন্যৰ ভাৱ উজ্জীৱিত কৰি প্ৰাচীন গৌৰৱময় ঐতিহ্যৰ প্ৰতি সচেতন কৰি তোলে।

ইয়াৰ ফলস্বৰূপেই সেই সময়ৰ কেবাগৰাকী নাট্যকাৰে ইতিহাসৰ পাতে পাতে সিঁচৰিত হৈ থকা পৌৰুষ ব্যঞ্জক, জাতীয় প্রেমমূলক গৌৰৱোজ্জল কাহিনী লৈ নাট ৰচনা কৰি অসমীয়া নাটৰ অভ্যুত্থানত অৰিহণা যোগায়। আনুষংগিক ভাবে সমসাময়িক বঙালী নাট্যকাৰ গিৰিশ চন্দ্ৰ, দ্বিজেন্দ্ৰলাল ৰায় আদিৰ ঐতিহাসিক নাটসমূহে অসমীয়া নাট্যকাৰসকলক প্রভাবিত কৰাৰ গুৰুত্বৰ অস্বীকাৰে কৰিব নোৱাৰি। অৱশ্যে কলাত্মক অভিব্যক্তিয়ে কিমানখিনি নাটকক পৰিপুষ্টি দিব পাৰিছিল, সেয়া পণ্ডিতসকলৰ বিচার্য বিষয়।

বিংশ শতিকাৰ দ্বিতীয় বা তৃতীয় দশকমানত পদ্মনাথ গোহাঞি বৰুৱা, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আদিৰ দৰে আৰু কেইগৰাকীমান অসমীয়া নাট্যকাৰক স্বাধীনতা আন্দোলন আৰু সমসাময়িকভাৱে বংগীয় সাহিত্যত প্ৰকাশ হোৱা জাতীয় চৈতন্যই অনুপ্রাণিত কৰিছিল। এই উদ্বুদ্ধ চেতনাই তেওঁলোকক অসম বুৰঞ্জীৰ বীৰত্ব ব্যঞ্জক, জাতীয়ভাৱ উদ্দীপক কাহিনী লৈ নাট ৰচিবলৈ নিঃসন্দেহে অনুপ্ৰেৰণা যোগাইছিল। এইক্ষেত্ৰত গোহাঞিবৰুৱাই ঐতিহাসিক নাট ৰচনাৰ প্ৰথম কৃতিত্ব দাবী কৰিব পাৰে। ১৯০০ খ্ৰীঃত প্ৰকাশ হোৱা গোহাঞি বৰুৱাৰ ‘জয়মতী’ নাটকেই প্ৰকৃততে অসমীয়া ঐতিহাসিক নাটকৰ শুভাৰম্ভ কৰে। পাঁচতা অংকত বিভক্ত নাটখনিত জয়মতীৰ পতিভক্তি আৰু আত্মত্যাগৰ আদৰ্শ অংকিত হৈছে। নাটখনৰ পৰিণতি কৰুণ যদিও গুণগত দিশৰ পৰাট্ৰেজেদিৰ উদ্দেশ্য সাধন কৰিব পৰা নাই যেন লাগে। নাটকীয় গাঁঠনি কিছু পৰিমানে শিথিল হ’লেও গোহাঞি বৰুৱাৰ ‘জয়মতী’ ঐতিহাসিক নাট ৰচনাৰ আৰ্হি স্বৰূপে এখনি শ্রেষ্ঠ নাটক। জয়মতীৰ লগতে তেওঁ আন তিনিখন নাটক ৰচনা কৰে— গদাধৰ সাধিনী (১৯১১) আৰু লাচিত বৰফুকন (১৯১৫)। সাহিত্যিক দৃষ্টিকোণৰ ফালৰ পৰা নাটককেইখন অন্যতম লক্ষ্মীনাথ বেজবৰুৱাৰ ১৯১৫ চনত ৰচিত ‘বেলিমাৰ’, ‘জয়মতী ’আৰু ‘চক্ৰধ্বজসিংহ’ গহীন ধৰণৰ ঐতিহাসিক নাট। নাটকেইখনত অতীত অসমৰ মহিমামণ্ডিত ঘটনাবহুল কাহিনীৰ বর্নাধ্য প্রতিচ্ছবি বর্তমান। গোহাঞি বৰুৱা আৰু বেজবৰুৱাৰ পাছত আন বহুকেইগৰাকী নাট্যকাৰে ইতিহাসৰ পৰা বিষয়বস্তু চয়ন কৰি কাল্পনিক পৰিৱেশ আৰু উপবস্তুৰ সংযোগেৰে ঐতিহাসিক নাটক ৰচনা কৰি মৌলিকত্ব প্ৰদান কৰিছে। এনে নাটকৰ ভিতৰত ৰাধাকান্ত সন্দিকৈৰ মুলা গাভৰু (১৯২৪), নকুল চন্দ্ৰ ভূঞাৰ ‘চন্দ্ৰকান্ত সিংহ’ (১৯৩১), ‘বদন বৰফুকন’ (১৯২৯), বিদ্ৰোহী মৰাণ (১৯৩৮), দৈৱচন্দ্ৰ তালুকদাৰৰ ‘হৰদত্ত’ (১৯৩৫), ‘বামুনী কোঁৱৰ’ (১৯৪২), ‘ভাস্কৰবৰ্মা’ (১৯২৪), ৰাধা ৰুক্মিনী (১৯৬৩), প্ৰসন্নলাল চৌধুৰীৰ ‘নীলাম্বৰ’ (১৯২৬), অতুলচন্দ্ৰ হাজৰিকাৰ ‘কনৌজ কুৱঁৰী’ (১৯৩৩), ‘ছত্রপতি শিৱাজী’ (১৯৪৭), কমলনেন্দ্ৰ ভট্টাচাৰ্যৰ ‘নগাকোঁৱৰ’ (১৯৩৫), ‘মৰাণ জীয়ৰী'(১৯২৪), আদি উল্লেখযোগ্য। সন্দিকৈৰ ‘মূলাগাভৰু’ অমিত্রাক্ষৰ চন্দ্ৰত ৰচিত পাঁচ অংকীয়া এখন মিশ্র নাটক নকুল চন্দ্ৰ ভূঞাৰ নাটকেইখন আহোম ৰাজবংশৰ শেষ কালছোৱাৰ পটভূমিত ৰচিত। দৈৱচন্দ্ৰ তালুকদাৰৰ নাটকেইখন ইতিহাসৰ পটভূমিত ৰচিত হ’লেও ঐতিহাসিক অসংগতি প্রায়কেইখন নাটকতে লক্ষ্য কৰা যায়। প্রসন্নলাল চৌধুৰীয়ে ‘নীলাম্বৰ’ নাটকত ঐতিহাসিক কাহিনীৰ লগত স্বকল্পিত চৰিত্ৰ আৰু ঘটনাৱলীৰ সংমিশ্ৰন কৰি নাট্যৰূপ দিছে। চন্দ্ৰধৰ বৰুৱাৰ ‘মোগল বিজয়’(১৯৩৫), ‘আহোম সন্ধ্যা’ (১৯৩৬) কল্পনাৰ বহুল সমাবেশেৰে ৰচিত সংহত ঐতিহাসিক নাটক। ইতিহাসৰ ঘটনাক নাট্যকাহিনীৰ সমল হিচাপে লৈ শৈলধৰ ৰাজখোৱাই ৰচনা কৰা ঐতিহাসিক নাট দুখন গ’ল ‘প্রতাপসিংহ’ (১৯৫২) আৰু ‘অসম গৌৰৱ’। এইবোৰৰ উপৰি স্বাধীনতাৰ পূৰ্বে আন কেইখনমান ৰচিত ঐতিহাসিক নাটহ’ল – পজিৰুদ্দিন আহমেদৰ ‘গুলেনাৰ’ (১৯২৪), ‘সিন্ধুবিজয়’ (১৯২৮), দণ্ডিনাথ কলিতাৰ ‘সতীৰ তেজ’ (১৯৩১), বিনন্দ চন্দ্ৰ বৰুৱাৰ ‘শৰাইঘাট’ (১৯৩৬), গনেশ গগৈৰ ‘কাশ্মীৰ কুমাৰী’ (১৯৩৯), আনন্দচন্দ্ৰ বৰুৱাৰ ‘কমতাকুৱৰী’ (১৯৪০) ইত্যাদি। বিশ শতিকাৰ আৰম্ভণিৰ পৰা স্বাধীনতা লাভৰ আগলৈকে ৰচিত ঐতিহাসিক নাটসমূহত যি পৰম্পৰা ৰক্ষিত হৈছিল, স্বাধীনতাৰ পিছত অসমীয়া নাট্যসাহিত্যৰ ধাৰাটোৰ এক আমূল পৰিৱৰ্তন ঘটিল। স্বৰাজোত্তৰ কালৰ নাট্যকাৰসকলে পূৰ্বৰ নাট্যকাৰসকলতকৈ অধিক বাস্তবধর্মী দৃষ্টিভংগীৰে ঐতিহাসিক তথ্যপঞ্জীৰ ওপৰত মনোনিবেশ কৰিলে। স্বৰাজোত্তৰ কালৰ প্ৰথম কেইবছৰত প্ৰকাশ হোৱা উল্লেখযোগ্য ঐতিহাসিক নাটক হ’ল প্ৰবীন ফুকনৰ ‘মণিৰাম দেৱান’ (১৯৪৮) আৰু লাচিত বৰফুকন (১৯৪৯)। নগাঁওৰ নাট্যসমিতিয়ে প্ৰকাশ কৰা ‘পিয়লি ফুকন’ (১৯৪৮) স্বৰাজোত্তৰ কালত ৰচিত আন এখন উল্লেখযোগ্য ঐতিহাসিক নাটক। সুৰেন্দ্ৰনাথ শ‍ইকীয়াৰ ‘কুশল কোঁৱৰৰ’ আৰু উত্তম বৰুৱাৰ ‘কুশল কোঁৱৰ’ গহীন ঐতিহাসিক নাটক। নাট্যবস্তুৰ উপস্থাপন আৰু ঘটনা সংস্থাপনত নাট্যকাৰৰ পৰিমিতিবোধৰ পৰিচয় পোৱা যায়। এইবোৰৰ উপৰি ফনী শৰ্মাৰ ‘ভোগজৰা’ (১৯৫৭), অতুলচন্দ্ৰ হাজৰিকাৰ টিকেন্দ্ৰজিং’ (১৯৫৯), চৈয়দ আব্দুল মালিকৰ ‘ৰাজদ্ৰোহী’ (১৯৫৭), প্রভাত শৰ্মাৰ ‘আনাৰকলি’ আদি মঞ্চসকল ঐতিহাসিক নাট। ইতিহাসৰ ঘটনাক নতুন দৃষ্টিকোণেৰে ভিন্ন ধৰ্মী ৰূপত আধুনিক দশকৰ উপভোগ্য কৰি ৰচনা কৰা আন কেইখনমান উল্লেখযোগ্য নাটক গোলাক শৰ্মাৰ ‘কুমাৰ ভাস্কৰ’ (১৯৪৮), প্রবীন ফুকনৰ ‘জেৰেঙাৰ সতী’ (১৯৬২) ‘মানুহৰ দোলা’ (১৯৬০), বৰ ৰজা ‘ফুলেশ্বৰী’ (১৯৭২), ‘হেংদান’, যুগল দাসৰ ‘মীৰাবাঈ’ ইত্যাদি।

স্বাধীনতাৰ উত্তৰ কালছোৱাত প্রাচীন ভাৰতীয় ঐতিহ্যপূৰ্ণ ঘটনাৰ ভেটিত ৰচনা কৰা জনাৰ্দন ঠাকুৰৰ ‘চানক্য’ সত্য বৰুৱাৰ ‘কুনাল কাঞ্চন’, হেম শৰ্মাৰ ‘কালিদাস’ আদি নাট কেইখনৰ কথাও প্রসংগক্রমে উল্লেখনীয়।

অতি সম্প্ৰতিও নতুন সম্পৰীক্ষাৰে ঐতিহাসিক নাট ৰচনাৰ প্ৰচেষ্টা নাট্যকাৰসকলে অব্যাহত ৰাখিছে। সাম্প্ৰতিক কালৰ নাট্যকাৰসকলৰ ঐতিহাসিক সত্যৰ বাস্তৱধৰ্মী প্রতিচ্ছবি ৰূপায়ণত অধিক সজাগতা লক্ষ্য কৰা যায়। পৰিমিত দৃষ্টিভংগীৰে বিষয়বস্তুৰ বিকাশত মনোনিবেশ কৰাটোও লক্ষণনীয়। আধুনিক নাট্যকৌশলৰ প্ৰয়োগ কৰি ঐতিহাসিক ঘটনাক ৰংগমঞ্চত নতুন আংগিকেৰে মূৰ্ত কৰি তোলাত কিছু সংখ্যক নাট্যকাৰ সফল হৈছে। এই ক্ষেত্ৰত অৱশ্যে অধিক মননশীল চিন্তা-চৰ্চা আৰু নান্দনিক চেতনাৰ গুৰুত্ব উপলব্ধি কৰা যায়। নিত্য নতুন কলা কৌশল, আংগিক আদিয়ে ভৱিষ্যতেও ঐতিহাসিক অসমীয়া ধাৰাটোক সমুজ্জল কৰি তোলাৰ সম্ভাৱনীয়তা নুই কৰিব নোৱাৰি। 

৭। ‘কুশল কোঁৱৰৰ নাটকখনৰ নাট্যকাৰ গৰাকীৰ নাম কি? নাট্যকাৰ গৰাকীৰ নাট্যকৃতি সম্পর্কে আলোচনা কৰা ।

উত্তৰঃ ‘কুশল কোঁৱৰ’ নাটকখনৰ নাট্যকাৰ জন হ’ল উত্তম বৰুৱা। অসমীয়া নাট্য সাহিত্যলৈ উত্তম বৰুৱাৰ অৱদান মন কৰিবলগীয়া। উত্তম বৰুৱাৰ দ্বাৰা ৰচিত নাট কেইখন হ’ল – (ক) বৰ মানুহৰ দোলা (১৯৬০), (খ) জেৰেঙাৰ সতী (১৯৬২), (গ) বৰ ৰজা ফুলেশ্বৰী (১৯৭২), (ঘ) কুশল কোঁৱৰ, (ঙ) হেংদান

উত্তম বৰুৱাৰ প্ৰথম নাট ‘বৰ মানুহৰ দোলা’ ১৯৬০ চনত আৰু ১৯৬২ চনত ‘জেৰেঙাৰ সতী’ নামৰ দ্বিতীয় খন নাট প্ৰকাশ পায়। ‘বৰ মানুহৰ দোলা’ নাটখনি প্ৰকৃততে বুৰঞ্জীমূলক নাট নহয়। ইয়াৰ কাহিনী ঝল্পনিক, কিন্তু পটভূমি ঐতিহাসিক। আহোম ৰাজত্বৰ সামন্তযুগীয় পৰিৱেশৰ কাহিনীৰ বিকাশ দেখুওৱা হৈছে। ‘জেৰেঙাৰ সতী’ৰ কাহিনী সৰ্বজন পৰিচিত। কিন্তু সকলোৰে পৰিচিত কাহিনী এটাক গতানুগতিকতা বৰ্জন কৰি নতুন ৰূপত সজোৱাৰ চেষ্টা এই নাটত দেখা যায়। নাটকখন চাৰিটা নাতিদীর্ঘ দৃশ্যত পৰিমিত দৃষ্টিৰে বিষয়বস্তুৰ বিকাশ ঘটাইছে। নাট্যকাৰৰ অন্যতম বুৰঞ্জীমূলক নাট ‘বৰ ৰজা ফুলেশ্বৰীত ব্ৰাহ্মণৰ ষড়যন্ত্ৰত আহোম ৰাজকাৰেঙত শাক্ত ধৰ্মৰ প্ৰাৰ্দুৰ্ভাৱ, শিৱসিংহক ছত্ৰভংগ যোগৰ ভাবুকি দি ফুলেশ্বৰীত ৰাজক্ষমতা অৰ্পন, ৰাজগুৰুৰ প্ৰৰোচনাত ধৰ্মান্ধ ফুলেশ্বৰীৰ বৈষ্ণৱ মহন্ত সকলক অপমান, ময়ামৰীয়া গোসাঁইৰ অভিশাপৰ দৰে ভৱিষ্যদ্বাণী, বৰৰজাৰ সাহিত্য-কলাপ্ৰীতি আৰু অৱশেষত শোকাবহ নৃত্যু নাটকখনত দেখুওৱা হৈছিল। ফুলেশ্বৰী চৰিত্ৰত বিপৰীতধর্মী বৈশিষ্ট্য নাটখনত প্ৰদৰ্শন কৰিবলৈ নাট্যকাৰে চেষ্টা কৰিছে।

১৯৪২ চনৰ শ্বহীদ কুশল কোঁৱৰৰ জীৱনক কেন্দ্ৰ কৰি ৰচিত আন এখনি অন্যতম বুৰঞ্জীমূলক নাট হ’ল ‘কুশল কোঁৱৰ’। নাটকখনত কুশল কোঁৱৰৰ জীৱনৰ সৰ্বাত্মক চিত্র অংকন কৰাব প্রচেষ্টা লক্ষ্য কৰা যায়। ‘হেংদান’ আন এখনি উত্তম বৰুৱাৰ অনুপম বুৰঞ্জীমূলক নাট। আহোম কন্যা মূলাগাভৰু চৰিত্ৰটো নাটখনত সুন্দৰভাৱে প্ৰতিফলিত হৈছে।

অতিৰিক্ত প্রশ্নোত্তৰ 

(ক) অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)

১। কোনে ২০ আগষ্টৰ নিশা সৰভোগৰ এৰোড্ৰাম জ্বলাই বৃটিছৰ হৃদকম্পন কৰিছিল?

উত্তৰঃ ব্রজনাথ শৰ্মাই।

২। ‘আমি ভাৰতীয় বীজ্জজ্জাত সন্তান। মাতৃৰ হাতৰ শৃঙ্খল উন্মোচন কৰিম এই যুগৰ অস্ত্ৰৰে। — এইষাৰ কথাৰ বক্তা কোন?

উত্তৰঃ বৈকুণ্ঠ সিং।

৩। স্বাধীনতা সংগ্রামীসকলে বগৰোৱা ৰে’লখন ক’ৰ পৰা আহি আছিল?

উত্তৰঃ কহিমাৰ পৰা।

৪।  ‘জাগক কোঁৱৰ — জাগক। কৰেঙ্গে যা মবেঙ্গে। হয় কৰিম, নহয় মৰিম।’ 

উত্তৰঃ শংকৰ বৰুৱাই কৈছিল কুশল কোঁৱৰক।

৫।কুশল কোৱৰ নাটখনত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অম্বিকাগিৰীৰ বাহিৰে আন কোন কবিৰ কবিতাৰ উদ্ধৃতি দিয়া হৈছে?

উত্তৰঃ বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰৰ

৬। আদালতত কুশল কোঁৱৰ বিৰুদ্ধে ‘ৰাজসাক্ষী’ হিচাপে সাক্ষাদান কোনে কৰিছিল?

উত্তৰঃ পুলিন বিহাৰী বৰুৱাই। 

৭। কুশল কোঁৱৰ কোন ঠাইৰ কংগ্ৰেছৰ নেতা আছিল?

উত্তৰ: সৰুপথাৰ অঞ্চলৰ।

৮। কুশল কোঁৱৰ কোন স্কুলৰ ছাত্ৰ আছিল? 

উত্তৰঃ কুশল কোঁৱৰ গোলাঘাট বেজবৰুৱা এম. ই. স্কুলৰ ছাত্ৰ আছিল।

৯। কুশল কোৱৰ নাটকৰ দাৰোগাজনৰ নাম কি ? 

উত্তৰঃ ‘কুশল কোৱৰ’ নাটকৰ দাৰোগাজনৰ নাম এন. চি. বৰা।

১০। ‘সক পথাৰৰ ৰেল দুর্ঘটনা আপোনালোকৰ কংগ্ৰেছ ডলন্টিয়াৰে কৰিছে? আপোনাৰ নাম বাৰেন্ট আছে।’— কোনে কাক এই কথাষাৰ কৈছে?

উত্তৰঃ ডাৰোগাই কুশল কোঁৱৰক কৈছে। 

১১। “বন্দিনী ভাৰতৰ শিকলি খুলি আমি দেশমাতৃৰ অশ্ৰু মচিব লাগিব।” কথাষাৰ কোনে, কাৰ আগত কৈছিল ?

উত্তৰঃ “বন্দিনী ভাৰতৰ শিকলি খুলি আমি দেশমাতৃৰ অশ্ৰু মচিব লাগিব।” — কথাষাৰ কুশল কোঁৱৰে তেখেতৰ পিতৃ সোনাৰাম কোঁৱৰৰ আগত কৈছিল।

১২। ‘কুশল কোঁৱৰ’ নাটকৰ গাঁওবুঢ়াজনৰ নাম কি? 

উত্তৰ: ভীমৰাম শ‍ইকীয়া।

১৩। ভাৰত ত্যাগ আন্দোলন কিমান চনত আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৪২।

১৪। কুশল কোঁৱৰ কাৰ আজো নাতি?

উত্তৰ: সোমধৰ কোঁৱৰৰ।

১৫। কুশল কোঁৱৰে কাৰ আগত নিজৰ শেষ বাণী দিছিল ? 

উত্তৰ :- গোপীনাথ বৰদলৈৰ আগত ।

১৬। কুশল কোঁৱৰৰ পিতৃ আৰু মাতৃৰ নাম লিখা ।

উত্তৰঃ কুশল কোঁৱৰৰ পিতৃৰ নাম সোণাৰাম কোৱৰ আৰু মাতৃৰ নাম কণপাহি। 

১৭। “মোৰ মানত মহাত্মা গান্ধী এগৰাকী বিৰাট পুৰুষ। তেখেত মোৰ গুৰু।” – কথাষাৰ কোনে কাৰ আগত কৈছিল?

উত্তৰ: কথাষাৰে কুশলে দেউতাকক উদ্দেশ্য কৰি কৈছিল।

(খ) চমু আৰু দীঘল প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ২/৩/৪ অথবা ৫)

১। ‘কুশল কোঁৱৰ’ কোন শ্ৰেণীৰ নাটক? নাট্যকাৰ উত্তম বৰুৱাৰ এই শ্ৰেণীৰ আন এখন নাটকৰ নাম উল্লেখ কৰা। 

উত্তৰঃ কুশল কোঁৱৰ বুৰঞ্জীমূলক নাটক। নাট্যকাৰ উত্তম বৰুৱাৰ আন এখন নাটকৰ নাম গোমধৰ কোঁৱৰ।

২। কুশল কোঁৱৰে স্কুল এৰাৰ কাৰণ কি আছিল, লিখা।

উত্তৰঃ কুশল কোঁৱৰৰ ইংৰাজৰ গোলামী শিক্ষাৰ প্ৰতি ধাউতি নাছিল। পঢ়ি শুনি আকৌ ইংৰাজৰ গোলাম হ’বলৈ তেওঁ বিচৰা নাছিল। বৃটিছ সকলে নিৰীহ লোকৰ ওপৰত কৰা অমানুসিক অত্যাচাৰে কুশল কোঁৱৰক বিদ্রোহী কৰি তুলিছিল। সেয়ে তেওঁ স্কুল এৰি গান্ধীজীৰ আহ্বানত বৃটিছৰ বিৰুদ্ধে অসহযোগ আন্দোলনত যোগ দান কৰিব আহিছিল।

৩। গাঁওবুঢ়াই দাৰোগাৰ আগত কুশল কোঁৱৰৰ পৰিচয় কেনেকৈ দিছিল? 

উত্তৰঃ দাৰোগাই যেতিয়া কুশল কোঁৱৰক চিনি পায় নেকি গাওঁ বুঢ়াক সুধিলে, তেতিয়া গাঁওবুঢ়াই চিনি পায় বুলি কোৱাৰ লগতে তেওঁৰ বংশ পৰিচয় সম্পর্কেও বহুখিনি ক’লে। তেওঁ কুশল কোঁৱৰক কলিজানৰ সোণাৰাম কোঁৱৰৰ ল’ৰা আৰু গোম সাপৰ বংশ বুলি চিনাকী দিলে। দাৰোগাই এই বিষয়ে জানিব বিচৰাত গাঁওবুঢ়াই ইয়াৰ বিস্তৃত বর্ণনা দি ক’লে যে ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি মতে বৃটিছ অর্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যেতিয়া অসমৰ দণ্ডমুণ্ডৰ অধিকাৰী হয়, তেতিয়া বৃটিছে মানৰ পৰা অসমীয়া মানুহক উদ্ধাৰ কৰা বুলি অসমীয়াসকলে সাতসেৱা কৰিব ধৰিলে। কিন্তু বৃটিছৰ এই ৰাজত্বত এচাম গলীয়া ডেকাৰ সহ্য নহ’ল। তেওঁলোকে তলে তলে বিদ্ৰোহৰ আয়োজন কৰিলে। তেতিয়া সময় আছিল ১৮২৮ খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহ। প্রথম বিদ্ৰোহৰ আয়োজন কৰে দিহিঙীয়া ফৈদৰ স্বৰ্গদেউ প্ৰতাপ সিংহৰ পুতেক সৰু গোঁহাইৰ বংশৰে ফেনা কোঁৱৰৰ পুতেক গোমধৰ কোঁৱৰে। এই গোমধৰ কোঁৱৰৰে বংশধৰ লালৈ কোঁৱৰ, তস্য পুত্ৰ নদৰাম কোঁৱৰ, তস্য পুত্ৰ খাতাং কোঁৱৰ, তস্য পুত্ৰ সোণাৰাম কোঁৱৰৰে পুত্ৰ কুশল কোঁৱৰ।

তেজে তেজক খেদে। বজা কলৰ গুৰিয়েই মালভোগ ক’ত ওলাব বুলি কয় আৰু সেইবাবেই কুশল কোঁৱৰক গোম সাপৰ বংশ হিচাপে গাঁওবুঢ়াই উল্লেখ কৰে।

8/ “আমি ৰণৰ পো, ৰণত মৰিম, বনত মৰিবলৈ নাযাওঁ। তৰিলে দেশ, মৰিলে স্বৰ্গ”— কথাষাৰ কোনে কাৰ আগত আৰু কিয় কৈছিল?

উত্তৰঃ কথাষাৰ স্বাধীনতা সংগ্রামী শংকৰ বৰুৱাই কুশল কোঁৱৰক উদ্দেশ্য কৰি কৈছিল। ১৯৪২ চনৰ ৩ অক্টোবৰৰ নিশা সৰু পথাৰৰ কংগ্ৰেছ অফিচত শংকৰ বৰুৱা, সুৰেণ ফুকন, পুলিন বিহাৰী বৰুৱা, কুশল কোঁৱৰ, বৈকুণ্ঠ সিঙৰ মাজত গোপন আলোচনা হৈছিল। ইয়াৰ সকলোৱে মিলি কুশল কোঁৱৰক গান্ধীজী অহিংসা নীতি পৰিত্যাগ কৰি সুভাষ চন্দ্ৰ বসুৰ অনুগামী হ’বলৈ বিভিন্ন ধৰণে বুজনি দিছিল। কুশল কোঁৱৰে সেই সময়ত কাৰো বুজনিতে সৈমান হোৱা নাছিল। তেওঁ নিজ সিদ্ধান্তত অলৰ অচৰ। শংকৰ বৰুবাইয়ো ওপৰোক্ত কথাফাঁকিৰে কুশল কোঁৱৰক স্বাধীনতাৰ বাবে ৰণৰ কিমান আৱশ্যক সেই কথা বুজাবলৈ চেষ্টা কৰিছিল।

চমুটোকা লিখাঃ (ক) প্রভাবতী [2018]. (খ)পুলিন বৰুৱা, (গ) সৰু পথাৰৰ ৰেল দুর্ঘটনা [2018]

(ক) প্রভাবতী

উত্তৰঃ (ক) প্রভাবতী : কুশল কোঁৱৰৰ ধৰ্মপত্নী প্রভাৱতী। প্রভাৱতী চৰিত্ৰটো নাট্যকাৰে সহজ-সৰল আৰু প্ৰতিপৰায়ন ভাৰতীয় আদৰ্শাত্মক নাৰী চৰিত্ৰ হিচাপে অংকন কৰিছে। তদুপৰি প্রভাৱতী গিৰীয়েকৰ নিচিনাই দেশপ্রেমিক। নাটকখনত কংগ্ৰেছৰ ধাৰ মাৰিবলৈ প্ৰভাৱতীৰ চিলাই মেচিনটো কুশল কোঁৱৰে বেছিব বিচৰাত প্ৰভাৱতী মুঠেই সংকুচিত হোৱা নাই কিম্বা প্রতিবাদ কৰা নাই। বৰঞ্চ তাই স্পষ্ট ভাবেই কৈছে—’মোৰ স্বামী দেৱতাতকৈ মেচিন ডাঙৰ নহয় – মোৰ দেশতকৈ স্বামীও ডাঙৰ নহয়। দেশেই আমাৰ ঘৰ। প্ৰভাৱতীৰ ত্যাগক কুশল কোঁৱৰে যথাৰ্থভাৱেই স্বীকাৰ কৰি কৈছে—‘কোনে কয় মূলা গাভৰৰ মৃত্যু হৈছে— জয়মতীৰ মৃত্যু হৈছে – ৰমণী গাভৰৰ মৃত্যু হৈছে?’

কুশল কোঁৱৰে আকৌ কৈছে— ‘গীতাই মোৰ সান্ত্বনা প্ৰভাই মোৰ আশ্ৰয় গান্ধীয়ে মোৰ আদর্শ।’ প্ৰভাৱতীয়ে কুশল কোঁৱৰৰ চিন্তাৰ সহযোগী তেওঁৰ প্ৰেৰণা। কুশল কোঁৱৰৰ ফাঁঠাল হুকুম হোৱাত তাই গিৰীয়েকক উচিত ভাবেই সান্ত্বনা দিছে—’আপুনি দুখ নকৰিব বউহৰদেউ। দেশৰ কাৰণে আপুনি প্রাণ দিব। ক্রয়া সৌভাগ্যৰ কথা – গৌৰৱৰ কথা। এই সৌভাগ্য ভগৱানে আপোনাক দিছে। ইমান মানুহ থাকোতে ভগৱানে আপোনাক এই কাৰ্যৰ বাবে বাড়ি লৈছে। কুশলৰ কাৰেণ তাই দিনৰ দিনটো বৰাধান খুন্দি চাউল উলিয়াই পিঠা বনাই আনিছে। মালভোগ কল লৈ আহি পতি পূজা কৰিবলৈ চেষ্টা কৰিছে আৰু গিৰীয়েকৰ পৰা এটা শেষ বাণী বিচাৰিছে গোটেই জীৱনলৈ।

(খ) পুলিন বৰুৱা :

(খ) পুলিন বৰুৱা : পুলিন বৰুৱা প্ৰথম অৱস্থাত স্বাধীনতা সংগ্রামী আছিল। কিন্তু নিজৰ স্বাৰ্থৰ কাৰণে পুলিন বৰুৱাই দেশদ্রোহিতা কৰে। গাঁওবুঢ়াৰ প্ৰৰোচনাত এওঁ মিছায়ে বেপ বগৰোৱা ঘটনাত কুশল কোঁৱৰ প্ৰধান অভিযুক্ত বুলি ৰাজসাক্ষী দিয়ে। পুলিন বৰুৱাই কুশল কোঁৱৰৰ সৎ, অহিংসানীতিগত মনোভাৱ বুজিব পাৰি আত্মস্বাৰ্থৰ কাৰণে মিছায়ে কোঁৱৰক দোষী সাব্যস্ত কৰে। পুলিন বৰুৱাৰ ঘৰ গোৱালপাৰা জিলাত। শংকৰবৰুৱাহঁতে ৰে’ল বগোৱাৰ ঘটনাত জড়িত লোকসকলক ইংৰাজক চিনাই দিয়াৰ কাৰেণ বিভিন্ন প্রলোভন দিয়ে। পুলিন বিহাৰী বৰুৱাই শংকৰ বৰুৱাহঁতৰ ভয়ত তেওঁলোকৰ নাম কৈ শাস্তি আৰু অহিংসাৰ প্ৰতীক কুশল কোঁৱৰৰ নাম উল্লেখ কৰে আৰু বিভিন্ন মিচা তথ্যৰ পয়োভৰেৰে কুশল কোঁৱৰক দোষী হিচাপে প্ৰমাণ কৰে। নাটকখনত পুলিন বৰুৱা বিবেক বিহীন, নৈতিকতাবিহীন, দেশদ্রোহী আৰু বিশ্বাসঘাটকতা চৰিত্ৰ হিচাপে অংকন কৰা হৈছে। পুলিন বৰুৱাই এইদৰে আদালতত মিছা অভিযোগ দিছিল ‘সৰুপথাৰ কংগ্ৰেছৰ নেতা কুশল কোঁৱৰৰ বাবে আমি আটায়ে অনিচ্ছা সত্বেও নৰহত্যাত লিপ্ত হ’লো আৰু এক পাপৰ বোজা মূৰত লৈ মানৱতাৰ হাটত বেহাবলৈ। আমাৰ সাত নগ’ল। শেষত মহামান্য চৰকাৰ বাহাদুৰৰ ওচৰত নিজৰ দোষ স্বীকাৰ কৰি ক্ষমা খুজিলোঁ এই অদুৰদৰ্শিতাৰ বাবে । শ্রীকুশল কোঁৱৰ আছিল যত্ৰী আৰু আমি আটায়ে আছিলো। নিষ্প্রান যন্ত্র। বিবেকক বিসর্জন দি এক যন্ত্রচালিত প্ৰাণীৰ দৰে কাম কৰিছিলোঁ।‘পুলিন বৰুৱাই এই বিশ্বাসঘাটকতাৰ ফল হিচাপে বৃট্ৰিছ চৰকাৰৰ পৰা ৰায়বাহাদুৰ বা ডাঙৰ পদবী লাভ কৰাৰ আশা কৰিছিল।

(গ) সৰু পথাৰৰ ৰেল দুর্ঘটনাঃ

(গ) সৰু পথাৰৰ ৰেল দুর্ঘটনাঃ সৰুপথাৰ ৰেল দুৰ্ঘটনাৰ মূল দলপতি হ’ল বৈকুণ্ঠ সিং আৰু তেওঁ প্ৰত্যেককে পৃথক পৃথককৈ কাম ভগাই দিছিল। এই ৰেল বগৰোৱা কাৰ্যত কুশল কোঁৱৰ জড়িত নাছিল। কাৰণ কোঁৱৰ আছিল সম্পূর্ণ গান্ধীবাদী আৰু ৰেল বগৰোৱাৰ পৰিকল্পনা শুনি কোঁৱৰে দলৰ পৰা বাহিৰ হৈ আহিল। চাংপুল ৰেল লাইনৰ দুৰ্ঘটনাৰ দিনা বৈকুণ্ঠ সিঙে হাতত পিষ্টল লৈ পহৰা দিছিল; ইন্দ্ৰ ফুকন, সূৰ্য শইকীয়া আদিয়ে ৰেল লাইন খোলা কাম কৰিছিল; মাজু পিতৌ, ঘনশ্যাম শইকীয়া আদিয়ে ৰেল লাইনৰ গজাল উঠাইছিল; সুৰেণ ফুকন, তিলক বৰাই ভগিনামাইট দলঙত লগাইছিল আৰু ১ বাজি ৪৫ মিনিটত সুৰেণ ফুকনে ভিনামাইটৰ জুই লগাই দিয়ে। লগে লগে গোৰা চিপাহীৰে পৰিপূৰ্ণ হৈ থকা ৰেল গাড়ীখন বিকট শব্দ কৰি বাগৰি পৰে আৰু মৃত্যুৰ আৰ্তনাদ, অগ্নিৰ লেলিহান শিখাই চৌদিশ আৱৰি ধৰে। এই দুৰ্ঘটনাৰ পিছদিনা ব্ৰিটিছ সৈন্যসকলে গাঁৱৰ ঘৰে ঘৰে দুৰ্ঘটনা সংঘটিত কৰা বিদ্রোহী নেতাসকলক বিচাৰি অত্যাচাৰ কৰিব ধৰিলে।

৬। কুশল কোঁৱৰে স্কুল এৰাত তেওঁৰ দেউতাকৰ প্ৰতিক্রিয়া কেনে আছিল, লিখা।

উত্তৰঃ কুশল কোঁৱৰৰ ইংৰাজৰ গোলামী শিক্ষাৰ প্ৰতি ধাউতি নাছিল। বৃটিছসকলে নিৰীহ লোকৰ ওপৰত কৰা অমানুষিক অত্যাচাৰে কুশল কোঁৱৰক বিদ্রোহী কৰি তুলিছিল। সেয়ে তেওঁ স্কুল এৰি গান্ধীজীৰ আহ্বানত বৃটিছৰ বিৰুদ্ধে অসহযোগ আন্দোলন যোগ দান কৰিব আহিছিল।

কুশল কোঁৱৰৰ এই কাৰ্য্যত মাক-দেউতাক হতভম্ব হৈ পৰিছিল। কুশল কোঁৱৰক মাকে কি ভূতে লম্ভাৰ কাৰণে স্কুল এৰি আহিল বুলি প্ৰশ্ন কৰাত কুশলে কৈছে যে তেওঁক মহাত্মা গান্ধীৰ ভূতে লভিছে। তেতিয়া কুশল কোঁৱৰক দেউতাকে কৈছে, পঢ়াশুনা নকৰিলে দেশ কেনেকৈ চলিব। আগতে ইংৰাজৰ যোগ্য হ’ব লাগিব, সভ্য হ’ব লাগিব। কাৰণ দেউতাকৰ মতে গান্ধীজীয়ে নিজেই ইংৰাজৰ তলত পঢ়ি বেৰিষ্টাৰি কৰিলে। এতিয়া ল’ৰাবোৰক অসহযোগ কৰিবলৈ উচতনি দি, চৰকাৰক কি অপকাৰ কৰিব পাৰিব। গতিকে দেউতাকে কুশল কোঁৱৰক সাৱধান কৰি দিছে—

“খবৰদাৰ, পঢ়া ল’ৰা পঢ়িবি। গান্ধী পাগলাৰ কথা নুশুনিবি।” কিন্তু কুশল অলৰ-অচৰ। তেতিয়াও দেউতাকে কুশল কোঁৱৰক বুজাইছে যে বৃটিছহ’ল সিংহৰ দৰে। খৰিকাৰে ঢোল বজাই কুশলহঁতে বৃটিছক খেদাব নোৱাৰে। কাৰণ গোমধৰ কোঁৱৰেই নোৱাৰিলে। তথাপিও কুশল কোঁৱৰৰ বিদ্ৰোহী আত্মাক দেউতাকৰ যুক্তিয়ে টলাব নোৱাৰিলে। আৰু অৱশেষত কুশল কোঁৱৰৰ দেউতাকে এয়া কপালৰ লিখন বুলিয়ে সকলো মানি ল’লে।

৭। কুশল কোঁৱৰ নাটকৰ থকা ডাৰোগাজনৰ নাম কি? তেওঁৰ আগত কুশল কোঁৱৰে নিজৰ বংশৰ বিষয়ে কি কৈছে?

উত্তৰঃ ‘কুশল কোঁৱৰ’ নাটকত থকা ডাৰোগাজনৰ নাম হ’ল – এন. চি. বৰা। এন. চি. বৰাৰ আগত নিজ বংশৰ চিনাকী দি কুশল কোঁৱৰে কৈছে যে কুশল কোঁৱৰৰ উপৰি পুরুষে দেশৰ স্বাধীনতাৰ বাবে যুক্তি যুগমীয়া নাম ৰাখি গৈছে। তেওঁ ডাৰোগাজনক বৃটিছৰ পদলেহনকাৰী কুকুৰ বুলি সম্বোধন কৰি কৈছে যে – “মই চিৰ বিদ্রোহী স্বাধীনতা সংগ্ৰামৰ বাটকটীয়া প্রপিতামহ গোমধৰ কোবৰৰ আজো নাতি – কুশল কোঁৱৰ।

HS first year solutions

This Post Has 3 Comments

Leave a Reply