HS First Year Assamese গোট ৩ : কবিতা পাঠ পাঠ ৫- লাচিত ফুকন

HS First Year Assamese গোট ৩ : কবিতা পাঠ পাঠ ৫- লাচিত ফুকন। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Assamese গোট ৩ : কবিতা পাঠ পাঠ ৫- লাচিত ফুকন AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS First Year Assamese গোট ৩ : কবিতা পাঠ পাঠ ৫- লাচিত ফুকন

লাচিত ফুকন

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)

১। দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত কি কবি হিচাপে জনাজাত?

উত্তৰঃ ‘দোমোজাৰ কবি’ হিচাপে জনাজাত।

২। দেৱকান্ত বৰুৱাৰ একমাত্র কাব্যপুথিখনৰ নাম কি?

উত্তৰঃ ‘সাগৰ দেখিছা’।

৩। দেৱকান্ত বৰুৱাৰ কোনটো কবিতাত প্ৰথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায়? 

উত্তৰ: “আমি দুৱাৰ মুকলি কৰোঁ” কবিতাটোত প্ৰথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায়।

8। ‘দেশৰ বাতৰি শুনিবানে বীৰ’ —ইয়াত বীৰ বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰঃ দেশৰ বীৰ বুলি লাচিত বৰফুকনক কোৱা হৈছে।

৫। ‘নৰ শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ’— জয়শ্রী মানে কি?

উত্তৰঃ জয়শ্রী মানে হ’ল শত্ৰুক পৰাজয় কৰাৰ পৰা হোৱা সৌভাগ্য বা মান।

(খ) চমু প্রশ্ন ঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-২ অথবা ৩)

১। দেৱকান্ত বৰুৱাৰ কবিতাত কোনগৰাকী ইংৰাজ কবিৰ কবিতাৰ প্ৰভাব দেখা যায়? সেই ইংৰাজ কৰিগৰাকীৰ কাব্যিক শৈলীক কি শৈলী বুলি কোৱা হয়? 

উত্তৰঃ দেৱকান্ত বৰুৱাৰ কবিতাত ৰবাৰ্ট ব্রাউনিঙৰ কবিতাৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। ৰবাৰ্ট ব্রাউনিঙৰ কাব্যিক শৈলীক স্বগতোক্তিৰ শৈলী বুলি কোৱা হয়।

২। ইব্রাহিম কোন আছিল? তেওঁ কি বীৰত্ব প্ৰদৰ্শন কৰিছিল? 

উত্তৰঃ ইব্রাহিম হ’ল বাইবেল আৰু কোবাণত উল্লেখ থকা এগৰাকী ঈশ্বৰৰ দূত বা নবী। ঈশ্বৰে সপোনত দিয়া নির্দেশমতে তেওঁ নিজ পুত্ৰ ইছমাইলক কোৰাবাণি বা বলিদান দিছিল।

৩।‘অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল’—ইয়াত গাধৰ পাল বুলি কৰিয়ে কাক বুজাইছে?

উত্তৰ:-ওপৰোক্ত বাক্য ফাঁকিৰে কবিয়ে অসমত বসবাস কৰা নিৰ্বলী জনসাধাৰণক বুজাইছে। এই লোকসকলে যেন হেৰাই পেলাইছে নিজস্ব শক্তি, বিচার-বিবেচনা, আবেগ অনুভূতি সকলো। মাত্ৰ প্ৰভুজ্ঞান কৰা ক্ষমতালোভী সকলৰ কথামতে উঠা বহা কৰিছে। যাৰ পূৰ্বপুৰুষ সিংহ সদৃশ লোক আছিল তেওঁৰে সন্তান সকল আজি গাধৰ দৰে। আই মাতৃ অসমীৰ বাবে যেন তেওঁলোকৰ কোনো কৰিবলগীয়া নাই।

৪। ‘হে অসমৰ ত্যাগৰ মূৰ্তি। মাতুল-ঘাতক-নবী’— ইয়াত কাক কিয় মাতুল ঘাতক নবী বুলি কৈছে?

উত্তৰঃ ইয়াত লাচিত ফুকনক মাতুল ঘাতক নবী বুলি কোৱা হৈছে। দেশৰ স্বাধীনতা অক্ষুন্ন ৰখাৰ কাৰণে নিজৰ মোমায়েকৰ জীৱনকো বলিদান দিবলৈ লাচিতে কুণ্ঠবোধ কৰা নাছিল।

৫। দেশ জননীৰ পূজাৰ কেনে আয়োজন দেখি ‘মুক্তি পলাল’ বুলি কবিয়ে কৈছে? 

উত্তৰ ঃ দেশ জননীৰ পূজাৰ অদ্ভুট আয়োজন দেখি মুক্তি পলাল বুলি কবিয়ে কৈছে।

(গ) দীঘল প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। ‘লাচিত ফুকন’ কবিতাটিত কেনেধৰণৰ চিন্তা কৰ্মই সমাজ ব্যৱস্থা সোলোক-ঢোলোক কৰিছে বুলি কোৱা হৈছে?

উত্তৰঃ লাচিত ফুকন কবিতাটোত সমসাময়িক সমাজৰ বৰমুৰীয়া সকলৰ ভূৱা স্বদেশ প্ৰেমৰ নমুনাই দেশৰ সোলক ঢোলক পৰিস্থিতি কৰি তোলাৰ বাবে কবিক ব্যতিব্যস্ত হৈ পৰা দেখা ৰাখোতা নাই। বাহিৰৰ সমাজখনত ঘটা বিপ্লৱৰ বা পৰিৱৰ্তনৰ খবৰ ৰখাৰ ঠাইত এই চাম দেশপ্ৰেমিকে কানিৰ মূল্য নিৰূপণতে ব্যস্ত থাকিব খোজে। সমস্ত শাস্ত্ৰৰ তলি উদং কৰিও এওঁলোকে মৰ আঁউসীত হাল বালে কেনেধৰণৰ পৰাচিত তাকে ঠিৰাং কৰিব নোৱাৰিলে বা মৃতকৰ কাম ত্ৰিশ দিনত কৰিব নে এখাৰ দিনত কৰিব তাকে ঠাৱৰাব নোৱাৰিলে। অর্থাৎ এইসকল দেশহিতৈশীয়ে কেতবোৰ অৰ্থহীন কথাত লাগি সময় নষ্ট কৰে; সমাজখনক ক্রমে কুপমুণ্ডকতালৈ লৈ যায় কিন্তু বাহিৰৰ পৃথিৱীখনৰ পৰিৱৰ্তনৰ লগত খাপ খুৱাই দেশখনক আগবঢ়াই নিয়াৰ প্ৰতি এওঁলোকৰ কোনো প্রচেষ্টা নাই। এইচাম দেশপ্রেমিক হ’ল ভণ্ডামীৰে ভৰা। এওঁলোকে বক্তৃতাৰে ৰণ জিনিব পাৰে আৰু বাঁহৰ কামীত চূণ সানি লৈ ৰণ কৰিব পাৰে। কিন্তু এওঁলোকৰ স্বদেশ পূজাৰ মন্দিৰ হ’ল লোকেল বর্ড। অর্থাৎ লোকেল ব’ৰ্ডৰ সদস্য পদ, এছেম্বলী বা মন্ত্রীত্ব আদিয়েই এওঁলোকৰ লক্ষ্য, এইবোৰৰ মাজেৰেহে এওঁলোকে দেশসেৱা কৰিব পাৰে। সেয়েহে এওঁলোকে লাচিতৰ দৰে প্ৰকৃত স্বদেশ-প্রেমী বীৰৰ ভাষা বুজি নোেপাৱাই স্বাভাবিক। এনে ধৰণৰ স্বদেশানুৰাগক কবিয়ে অতি সঠিকভাৱেই ভুৱা স্বদেশপ্রেম বুলি আখ্যায়িত কৰিছে।

৩। ‘লাচিত ফুকন’ কবিতাটোত কৰিয়ে ‘দেশৰ বাতৰি শুনিবানে বীৰ’ বুলি কৈ কি কি বাতৰি দিছে?

উত্তৰঃ কবিয়ে কবিতাটোত ‘অসম জননী বীৰ সন্তান’ লাচিত বৰফুকনৰ দ্বাৰা বৰ্তমান সমাজৰ (কবিৰ সময়ৰ) অধঃপতনৰ ফালে গতি কৰা ৰূপটোৰ কথা অতি দুখেৰে বৰ্ণনা কৰিবলৈ বিচাৰিছে আৰু লগে লগে পুনৰ অসমীয়া বীৰ সন্তানসকলৰ অন্তৰত আকৌ সেই বীৰত্বভাব ঘুৰাই আনিবলৈ কাতৰ প্ৰাৰ্থনা কৰিছে।

কবিয়ে অতি আক্ষেপেৰে কৈছে যে এনেকুৱা বীৰ লাচিতৰ দেশতে আজি কাপুৰুষৰ দল ভৰি পৰিছে যাক তেওঁ গাধৰ পাল আখ্যা দিছে। গাধৰ দৰে প্ৰভুৰ আজ্ঞামতে কেৱল বোজা কঢ়িয়াই, যাৰ নিজস্বতা বুলিবলৈ একোৱেই নাই। লুইতৰ বিশাল পাৰত আজি অসমীয়া বুলি। সাহসেৰে পৰিচয় দিব পৰা বীৰ নাই। সকলো দিশে মাত্র অন্ধ অনুকৰণ। আধুনিকতাৰ নামত মন্দিৰত শংখঘণ্টাৰ ঠাই পিয়ানো আৰু চাকিৰ ঠাই মমবাতিয়ে লৈছে। কবিৰ মতে আজিৰ (কবিৰ সময়ৰ) দেশৰ নেতাসকল হ’ল ভণ্ডামি জালিয়তিৰে ভৰা। তেওঁলোকে দেশখনৰ প্রকৃত সমস্যাৰ ফালে পিঠি দি নিজৰ সুবিধা অনুযায়ী সাধারণ কথা কিছুমানত লাগি দেশৰ প্ৰগতিৰ পথ ৰুদ্ধ কৰি পেলায়। লোকেল বৰ্ডৰ সদস্য পদ, এছেম্বলী আৰু মন্ত্ৰীত্ব আদিয়েই এওঁলোকৰ লক্ষ্য। এইবোৰ বাবেই তেওঁলোকে দেশ প্রেমিক অভিনয় কৰে। এই স্বাৰ্থপৰ দেশ প্ৰেমিকৰ হাতৰ পৰা কেনেকৈ ক্ষমতা সমূহ আঁতৰাই প্ৰকৃত দেশপ্ৰেমিকৰ হাতত কাৰ্যভাৰ দিব পাৰি তাৰেই আশা কৰিছে কবিয়ে। কবিৰ মতে এই ভণ্ডসকলৰ বাহিৰেও এনে বহুতো যুবক আছে যাৰ হৃদয়ে দেশমাতৃৰ দুদৰ্শাত ব্যাকুল হৈ উঠে আৰু লাচিতৰ দৰে নিস্বাৰ্থ বীৰৰ এটা আদেশৰ বাবে ৰৈ থাকে। সেয়ে কবিয়ে লাচিতক আহ্বান জনাইছে যেন তেওঁ আকৌ তেওঁৰ সেই দেশপ্ৰেমৰ মন্ত্ৰেৰে এই যুৱকসকলক অনুপ্রাণিত কৰি তোলে।

৪। ‘লাচিত ফুকন’ কবিতাটিৰ মাজেৰে কবিৰ স্বদেশপ্রেম কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা।

উত্তৰঃ ‘লাচিত ফুকন’ নামৰ কবিতাটোত কবিয়ে লাচিত ফুকনৰ স্বদেশ প্ৰেমৰ কৰা বৰ্ণনা কৰিছে। লাচিতে নিজ সাহস আৰু বীৰত্বৰে কেনেকৈ নিজৰ দেশৰ স্বাধীনতা অক্ষুন্ন ৰখাৰ বাবে শত্ৰুৰ লগত যুঁজ দিছিল তাৰ বৰ্ণনা উক্ত কবিতাটোত কবি দেবকান্ত বৰুৱাই বৰ সুন্দৰকৈ বৰ্ণনা কৰিছে। আহোম সেনাপতি লাচিতৰ সাহস আৰু দেশ প্ৰেমৰ কাহিনী সকলোৱে জানে। কিয়নো দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ কাৰণে লাচিতে নিজৰ মোমায়েকৰ জীৱনকো বলিদান দছিল। কবিতাটোত কবিয়ে লাচিতৰ বীৰত্বৰ কথা সুঁৱৰি, দেশৰ কাৰণে, দহৰ কাৰণে আৱাহন শুনি, জাতিৰ বুকুত দুর্মদ যৌৱন জগাই তোলাৰ কথা স্মৰণ কৰিছে। মোমাইকটা গড়ে আজিও লাচিতৰ ত্যাগ, বীরত্ব তথা স্বদেশপ্ৰেমৰ কথা সোঁৱৰায়। লাচিত ফুকন কবিতাটোত করিয়ে লাচিতৰ ত্যাগ আৰু বীৰত্বৰ কাহিনীৰ লগত দেৱতাৰ অৰ্থে পুত্ৰৰ বুকুত খঞ্জৰ বহুওৱা ইব্রাহিমৰ বীৰত্বৰ কথাও বৰ্ণনা কৰিছে।

৫। প্রসংগ-সংগতি দাই ব্যাখ্যা কৰা :

(ক) বক্তৃতা দি আকাশ কঁপাই চিঞৰত টেটু ফালি,

বাঁহৰ কামীত চূণ সানি লৈ ধৰোঁ আমি ৰণছালি।

উত্তৰঃ বাখ্যেয় কবিতা ফাঁকি আমাৰ পাঠ্য পুথি ‘সাহিত্য সৌৰভ’ত সন্নিবিষ্ট দেৱকান্ত বৰুৱাৰ ‘লাচিত ফুকন’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

কবিতা ফাঁকি কবিয়ে বৰ্ত্তমান সময়ৰ দেশপ্রেমিক সকলৰ কথা কৰ্মক বুজাবলৈ ব্যৱহাৰ কৰিছে। কবিয়ে আক্ষেপেৰে কৈছে যে বীৰ লাচিতৰ দৰে মহান যোদ্ধা তথা দেশপ্রেমিকৰ দেশতে জন্ম লৈছে এই চাম ভণ্ড দেশপ্রেমিকে। তেওঁলোকৰ আহৰি নাই বাহিৰৰ সমাজ খনত ঘটা বিপ্লৱৰ বা পৰিৱৰ্তনৰ উমান ৰখাৰ। তেওঁলোক ব্যস্ত কেৱল কানিৰ মূল্য-নিৰূপণৰ দৰে কিছু তুচ্ছ কামত। বাহিৰৰ সমাজৰ সৈতে নিজৰ সমাজখনকো আগুৱাই নিয়াৰ বাবে তেওঁলোকে অকণমানো চেষ্টা নকৰে। এই চাম দেশপ্রেমিক জানে মাথো আকাশ পাতাল কপোৱা বক্তৃতা দিবলৈ আৰু বাঁহ কামীত চূণ সানি সৰু ল’ৰা-ছোৱালী কৰা ওমলা যুদ্ধৰ দৰে যুদ্ধৰ অভিনয় কৰিবলৈ। লাচিতৰ দৰে সঁচা তৰোৱাল লৈ যুদ্ধ কৰিবলৈ এই চাম দেশ প্ৰেমিকৰ কলিজাত সাহস নাই।

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) চমু আৰু দীঘল প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ২/৩/৪ আৰু ৫)

১। ইব্রাহিমে কি বীৰত্ব প্ৰদৰ্শন কৰিছিল?

উত্তৰঃ তেওঁ দেৱ পূজাৰ বাবে বুকুৰ অতিকে আপোন নিজ পুত্ৰক খঞ্জৰৰে বুকুত আঘাত হানিছিল।

২। দেৱকান্ত বৰুৱাৰ কবিতাত কোনগৰাকী ইংৰাজী কবিৰ কবিতাৰ আৰ্হি দেখা যায়? সেই আৰ্হিক কি বুলি কোৱা হয়?

উত্তৰঃ দেৱকান্ত বৰৱাৰ কবিতাত ইংৰাজ কৰি ৰবাৰ্ট ব্রাউনিঙৰ কবিতাৰ আৰ্হি দেখা যায়। সেই আৰ্হিক নাটকীয় স্বগতোক্তিয়ে আৰ্হি বুলি কোৱা হয।

৩। দেৱকান্ত বৰুৱাক কি কবি বুলি জনা যায়? তেওঁৰ কবিতা পুথিখনৰ নাম কি ?

উত্তৰঃ ক্রীতি বা দোমোজাৰ কবি বুলি জনা যায়। তেওঁৰ কবিতা পুথিখনৰ নাম ‘সাগৰ দেখিছা’।

8। কবি দেৱকান্ত বৰুৱাৰ এটি পৰিচয় দাঙি ধৰা।

উত্তৰ: একমাত্র ‘সাগৰ দেখিছা’ নামৰ কাব্যগ্রন্থখনেৰেই অসমীয়া কবিতাৰ জগতত এখন বিশেষ আখন দখল কৰিবলৈ সমৰ্থবান হোৱা দেৱকান্ত বৰুৱাৰ জন্ম হয় ১৯১৪ চনত। নগাঁও কলংপাৰৰ খৰঙি বৰুৱাৰ ঘৰত জন্মা বৰুৱাদেৱে কাশী বিশ্ববিদ্যালয়ত পঢ়া-শুনা কৰিছিল আৰু ভাৰতীয় ৰাজনীতিত যোগদান কৰি ভাৰতীয় কংগ্ৰেছ দলৰ সৰ্বভাৰতীয় সভাপতিৰ পদো অলংকৃত কৰিছিলগৈ। ইংৰাজী কবি ৰবাৰ্ট ব্ৰাউনিঙৰ নাটকীয় স্বগতোক্তি বা নিৰ্দনোক্তিৰ ( dramatic monologue) আদর্শ তেওঁ অসমীয়া কবিতাত প্ৰয়োগ কৰিছিল। অকল যে গাঁঠনিগত দিশতে তেওঁ নতুনত্ব আনিছিল তেনে নহয়, বৰং ভাব-চিন্তাৰ ফালৰ পৰাও তেওঁ একঘেয়ামী হৈ পৰা ৰোমাণ্টিক কবিতাৰ মাজলৈ এটা পৰিৱৰ্তন আনিছিল। সেইবাবেই তেওঁ ৰোমাণ্টিক যুগৰ শেষ প্ৰাস্তত অৱস্থান কৰিও নিজকে ক্রান্তি বা দোমোজাৰ কবি হিচাপে প্ৰতিষ্ঠা কৰি গৈছ। অসমীয়া কবিতাৰ আলোচনাত দেৱকান্ত বৰুৱাৰ এই নাটকীয়া ছন্দশিল্প আৰু ভাবৰ নতুনত্বই সদায় এটা বিশেষ গুরুত্ব পাহ আহিছে আৰু কবিতাপ্রেমিৰ বাবে সিয়েই আজিও বৰুৱাৰ কবিতাৰ আদৰ্শৰ ঘাই কেন্দ্ৰ হৈ আছে।

৫। ‘লাচিত ফুকন’ নামৰ কবিতাটিৰ মূলভাৱ লিখা।

উত্তৰঃ ‘লাচিত ফুকন’ নামৰ কবিতাটিত কবিয়ে অসম জননীৰ বীৰ সন্তান লাচিত বৰফুকনৰ বীৰত্ব ব্যঞ্জক কাহিনী আৰু দেশপ্ৰেমৰ কথা মনত পেলাই তাৰ সেই সুবিধাতে দেশৰ বৰ্তমান অৱস্থাৰ এটি বিৱৰণ দাঙি ধৰিছে আৰু এইক্ষেত্ৰত তেওঁ বিশেষভাৱে ভুৱা স্বদেশানুৰাগৰ কথাখিনি বৰ্ণনা কৰিছে।

উল্লেখ কৰিবলগীয়া কথা এইখিনি যে লাচিত বৰফুকনে মোগল সেনাক ৰুধিবলৈ ৰাতিৰ ভিতৰতে গড় বান্ধিবলৈ দিয়াত আৰু গড় বন্ধা কামত হেমাহি হোৱাত নিজৰ মোমায়েককে কাটিছিল, নৰীয়া গাৰেই নাওত উঠি যুদ্ধ কৰি মোগল সেনাক খেদি পঠিয়াইছিল। সেয়ে তেওঁ লাচিতক দেৱতাৰ বাবে পুত্ৰৰ বুকুত তৰোৱাল বহুওৱা ইব্রাহীমৰ উদাহৰণ দাঙি ধৰিছে আৰু লাচিত ফুকনৰ ত্যাগৰ মূৰ্তি বুলি কোৱাৰ লগতে নবী (perfect) বা মহাপুৰুষ বুলিছে। কিন্তু তাৰ ঠাইত বৰ্তমান কেনে দেশপ্রেম হ’ল তাৰ নমুনা কবিতাটিৰ মাজেৰে বৰ্ণাইছে।

এই পবিত্র অসম ভূমিত এতিয়া প্রভুভক্ত গাধৰ পালহে বাস কৰে। যিসকলৰ প্ৰভুৰ আজ্ঞামতে বোজা বওতে বওতে পিঠিৰ ছাল বাকলি গৈছেগৈ। গতিকে লুইতৰ বিশাল পাৰত আজি অসমীয়া বুলি পৰিচয় দিব পৰা বীৰ নাই। প্ৰভুৰ চৰ-কিল পাইও কাৰো গা নলৰে৷ সিংহৰ সন্তানসকলে আজি গাধৰ দৰে অৱস্থাটোকে মানি লৈছে।

ইফালে অন্ধ অনুকৰণকাৰীসকলে মুক্তিৰ নাম ব্যংগ যুঁজ কৰি ফাঁকিৰে দেশখন ভৰাই পেলাইছে। মন্দিৰত শংখ-ডবাৰ ঠাইত পিয়ানো বাজিব ধৰিছে, বেদীত মমৰ আৰতি চলিছে। কবিয়ে এনেবোৰ কথৰ মাজেৰে আধুনিকতাৰ নামত এচামে দেশখনলৈ অনা অর্থহীন অনুকৰণবিলাকৰ কথা দেখুৱাইছে, যিবোৰে লাহে লাহে আমাক আমাৰ পৰিচয়ৰ পৰা আঁতৰাই নিব। সেয়েহে তেওঁ কৈছে “মুক্তি পলাল দেখিকে পূজাৰ অদ্ভুত আয়োজন।” স্বদেশৰ নামত এওঁলোকে হাহাকাৰ কৰি মৰে অথচ দেশৰ মানুহৰ দূৰৱস্থাৰ বিষয়ে এওঁলোকে খবৰ নাৰাখে। সাধাৰণ নীতি-নিয়ম আদিৰ মাজতে সোমাই এইসকল দেশপ্রেমিকে বাহিৰৰ বিপ্লৱৰ বিষয় গমেই পোৱা নাই। বছৰি বীৰ স্মৃতিসভা পাতি দেশপ্ৰেমৰ বক্তৃতা দিয়াসকলে আবকাৰী দাৰোগাৰ চাকৰি একোটাৰ কাৰণে হাবাথুৰি খায়। লোকেল ব’ৰ্ডৰ সদস্যপদেই এওঁলোকৰ দেশসেৱাৰ মন্দিৰ বা কোনোমতে ওকালতি পাছ কৰাকে এওঁলোকে জ্ঞানৰ আৰু মন্ত্ৰীত্ব, এছেম্বলী আদিয়েই যাৰ আশা সেইসকলে দেশপ্ৰেমিকে লাচিতৰ ৰণৰ ভাষা কি বুজিব?

তথাপি তেওঁ ভাবে যে এতিয়াও দেশৰ বাবে বহু যুৱকৰ প্ৰাণে কান্দে আৰু বহুতেই লাচিতৰ দৰে বীৰৰ এটা আদেশৰ বাবে বাট চাই ৰয়। সেয়ে কবিয়ে লাচিতক আহ্বান জনাইছে যেন তেওঁ আকৌ তেওঁৰ সেই দেশপ্ৰেমৰ মন্ত্ৰেৰে অসমত নিঃস্বার্থ সেনানীসকলক দেশৰ স্বাৰ্থত থিয় দিবলৈ আহ্বান জনায়।

গোট ১ : গদ্য

ক্ৰমিক নং পাঠ লিংক
1.ধনৰ ব্যৱহাৰ Click here
2.অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ Click here
3.গৌৰৱ Click here
4.কিতাপৰ কথা Click here
5.গিবন Click here
6.কেম্ব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান Click here
7.অসমৰ পুৰণি খেল-ধেমালি Click here
8.এভাৰেষ্টৰ সপোন আৰু বিভীষিকা Click here

গোট ২ঃ চুটিগল্প

1. বিয়াৰ প্ৰেজেণ্ট Click here

গোট ৩ঃ কবিতা

1.ৰাৱণক বিভীষণৰ সজ উপদেশ Click here
2. বৰগীতঃ জয় জয় যাদৱ Click here
3. ধনবৰ আৰু ৰতনী Click here
4.বনকুঁৱৰী Click here
5.লাচিত ফুকন Click here
6.ৰাজপথ Click here
7.এখন চিঠি Click here

গোট ৪ : নাটক

1. কুশল কোঁৱৰ Click here
গোট ৫ গোট ৫ : চমু ৰচনা আৰু ব্যাকৰণ Click Here

৬। নাটকীয় স্বগতোক্তি সম্পর্কে আভাস দিয়া।

উত্তৰঃ নাটকত মাজে সময়ে চৰিত্ৰ একোটাৰ বক্তব্য কথা-বতৰা মাজেৰে প্ৰকাশ নকৰি অকলে অকলে আত্মভাষণৰ দ্বাৰা প্ৰকাশ কৰা হয়। তাকে নাটকীয় স্বগতোক্তি বোলা হয়। যি কোনো চৰিত্ৰ একোটাৰ মানসিক ক্রিয়া-প্রতিক্রিয়া ৰূপায়ণ বিশেষভাবে সহায় কৰে এই স্বগতোক্তি । ইয়াৰ দ্বাৰা নাট্যকাৰে দৰ্শকবৃন্দক চৰিত্ৰ কিছুমানৰ মনৰ নিগূঢ়তম প্ৰদেশৰ লগত পৰিচয় কৰাই দিয়ে। ইয়াৰ উপৰিও সংলাপৰ দ্বাৰা প্ৰকাশ কৰিব নোৱাৰা কথা কিছুমানো এই স্বগতোক্তিয়ে পৰিস্কাৰকৈ বুজাই দিয়ে। স্বগতোক্তিত চৰিত্ৰবোৰে নিজকে নিজে সশব্দে চিন্তা কৰে আৰু দৰ্শকে সেইবোৰ শুনিবলৈ পায়। আনহাতে স্বগতোক্তিৰ অবিহনে চৰিত্ৰ একোটাৰ মানসিক একোটাৰ মানসিক বিশ্লেষণ কৰাটো কষ্টকৰ, তেনেকৈ ইয়াৰ মাত্ৰাধিক্যই চৰিত্ৰ একোটা নিষ্প্রভ কৰি পেলায়, লগতে কাহিনীভাগৰ গতিও মন্থৰ কৰি পেলায়। ছেক্সস্পীয়েৰৰ নাটক সমূহত স্বগতোক্তিৰ প্ৰচুৰ প্ৰয়োগ কৰা দেখা যায়। নাটকীয় স্বগতোক্তি থকা নাটকর উত্তপ্ত নিদর্শন। আধুনিক নাট্যকাৰে স্বগতোক্তিৰ ব্যৱহাৰক সিমান গ্রহণযোগ্য বুলি নাভাবে। তেওঁলোকৰ মতে ই সম্পূর্ণ বিশৃঙ্খল প্রণালী আৰু সম্পূর্ণ অনাটকীয়। ইবছেনৰ সময়ৰ পৰাই নাটক স্বগতোক্তিৰ ব্যৱহাৰ প্ৰয়োভৰ কমি আহিছে।

৭। প্রংসগ সংগতি দর্শাই ব্যাখ্যা কৰা— 

শুনিছোঁ বন্ধু: ইব্রাহিমৰ কাহিনী বীৰত্বৰ

দেৱতাৰ হকে পুত্রবুকুত হানিছিল খঞ্জৰ

উত্তৰঃ ব্যাখ্যায় কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত সন্নিবিষ্ট দেৱকান্ত বৰুৱা ৰচিত ‘লাচিত ফুকন’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে। কবিতাটোত কবিয়ে সমসাময়িক সমাজৰ দেশসেৱক সকলৰ লগত আগৰ এই স্বনামধন্য ব্যক্তিসকলৰ তুলনা কৰি দেখুৱাইছে। কবিৰ মতে বর্তমান (কবিৰ সময়ৰ) দেশসেৱকসকল একোজন স্বাৰ্থপৰ, ভণ্ড লোক। স্বদেশপ্রেমী দেখুৱাবৰ বাবে তেওঁলোকে নিজৰ মাজতে ব্যংগ যুদ্ধৰ অৱতাৰণা কৰে। এওঁলোকৰ স্বদেশ পূজাৰ মন্দিৰ হ’ল লোকেল বৰ্ড’ কিন্তু এওঁলোকৰ স্বাৰ্থন্বেষী স্বাৰ্থৰ লগত কবিয়ে তুলনা কৰি দেখুৱাইছে পূৰ্বৰ নিঃস্বার্থ বীৰ লাচিত বৰফুকন, ইব্রাহিমৰ লগত। বীৰ ইব্রাহিমৰ কথাই তেওঁ ওপৰোক্ত কবিতা ফাঁকিত উল্লেখ কৰিছিল। ইব্রাহিম এনেকুৱা এজন বীৰ, তেওঁৰ আগত কোনো স্বাৰ্থৰে স্থান নাই। দেৱ পূজাৰ বাবে যিজন ব্যক্তিয়ে আপোন সন্তানৰ বুকুতো তৰোৱালেৰে খোচ বহাব পাৰে দ্বিধাবোধ নকৰে। কবিৰ মতে বৰ্ত্তমানৰ স্বাৰ্থন্বেষী দেশ সেৱকৰ এই মহান বীৰসকলৰ লগত কোনো তুলনাই নহয়।

(খ) আনফালে সউ আপোন অন্ধ নকল-নবীছ দল, 

মুক্তি ৰণৰ মকফাইট কৰি ফাঁকিৰ আনিছে ঢল।

উত্তৰঃ ব্যাখ্যেয় কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভ’ত সন্নিৱিষ্ট দেৱকান্ত বৰুৱা ৰচিত ‘লাচিত ফুকন’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।

কবিতাফাকিৰ দ্বাৰা কবিয়ে বৰ্তমানৰ (কবিৰ সময়ৰ) দেশসেৱকসকলৰ ভণ্ড স্বৰূপটো উদঙাই দেখুৱাইছে। তেওঁৰ মতে এওঁলোক নকল নবীছৰ দৰে অৰ্থাৎ সচা অৰ্থত তেওঁলোকে কোনো কাম নকৰে। স্বদেশপ্রেমী দেখুৱাবলৈ তেওঁলোকে দৰকাৰ হ’লে মকলাইট বা ব্যংগ যুদ্ধ কৰিবলৈও কুণ্ঠবোধ নকৰে। দেশৰ মুক্তিৰ নামত মন্দিৰত শংখ, ঘন্টা লৈ চাকি জ্বলাই পূজা অর্চনা কৰাতকৈ পিয়ানো বজাই, মমবাতি জ্বলাই এওঁলোকে পৰিবৰ্ত্তনৰ জয়ঢোল বজাই ভাল পায়। কবিৰ মতে এই ভণ্ড সকলৰ অন্ধ অনুকৰণৰ বাবেই এদিন অসমীয়া জাতিয়ে আত্ম পৰিচয় হেৰুৱাব লগা হ’ব বুলি কবিয়ে আক্ষেপ প্ৰকাশ কৰিছে। স্বদেশৰ নামত এওঁলোকে হাহাকাৰ কৰি মৰে অথচ দেশৰ মানুহৰ দৰৱস্থাৰ বিষয়ে এওঁলোকৰ খবৰ ল’বলৈ আহৰি নাই। বাহিৰৰ সমাজত ঘটা বিপ্লৱৰ খৱৰ ৰখাৰ সলনি এই চাম দেশ প্রেমিকে কাণিৰ মূল্যৰ নিৰ্দ্ধাৰণৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰে। এওঁলোকৰ বাবে স্বদেশ পূজাৰ মন্দিৰ হ’ল লোকেল বড় আৰু ইয়াৰ সদস্য পদ, এছেম্বলী বা মন্ত্রীত্ব আদি হ’ল এওঁলোকৰ লক্ষ্য। এই ভণ্ড দেশসেৱকসকলক ক্ষমতাচ্যুত কৰি লাচিত ফুকনৰ দৰে মহান ব্যক্তিৰ নেতৃত্বত যোগ্যলোকৰ হাতত দেশৰ শাসনভাৰ অৰ্পণ কৰাটোৱে কবিৰ একান্ত ইচ্ছা।

(ঘ) মন্ত্রিত্ব যাৰ শেষ কল্পনা, এছেম্বলী যাৰ আশা,

সিনো কি বুজিব হে বীৰ! তোমাৰ ৰণ দুর্মদ ভাষা ?

উত্তৰঃ রাখ্যেয় কবিতাংশ আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত সন্নিৱিষ্ট দেৱকান্ত বৰুৱা ৰচিত ‘লাচিত ফুকন’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

কবিয়ে কবিতাটিৰ মাজেৰে অসমৰ বীর যোদ্ধা লাচিত বৰফুকনৰ বীৰত্ব আৰু দেশপ্ৰেমৰ কথা স্মৰণ কৰি তাৰ লগতে তেওঁৰ সমসাময়িক দেশসেৱকসকলৰ দেশসেৱাৰ এটি নমুনা দাঙি ধৰিছে আৰু সেই প্রসংগতে এনে দেশসেৱকসকলৰ লক্ষ্য নো কি তাকে প্ৰকাশ কৰিছে। কবিৰ মতে এতিয়াৰ (তেওঁৰ সময়ত) দেশনেতাসকল হ’ল ভণ্ডামিৰে ভৰা। তেওঁলোকে দেশখনৰ প্ৰকৃত সমস্যাৰ প্ৰতি মনোযোগ দিয়াৰ দিয়াৰ পৰিৱৰ্তে সাধাৰণ কথা কিছুমানতে লাগি থাকি প্রগতিব স্বাভাৱিক পথ ৰুদ্ধ কৰিছে। এইসকল নেতাই লোকেল ব’ৰ্ডৰ সদস্যপদ বা মন্ত্রীত্বকে জীৱনৰ সৰ্বস্ব বুলি ভাবে, এই আশাতহে দেশপ্ৰেমিকৰ ভাও জোৰে। তেনে লোকে লাচিতৰ দৰে ত্যাগী পুৰুষৰ দুৰ্মদ ভাষা বুজি পোৱাটো সঁচাই অস্বাভাৱিক।

(ঙ) আকউ এবাৰ শুনোৱা তোমাৰ ৰণ-আহ্বান বাণী, 

 আকউ এবাৰ ৰঙা কৰি মৰোঁ লুইতৰ বগাপানা।

উত্তৰঃ বাখ্যেয় কবিতাফাঁকি দেৱকান্ত বৰুৱাদেৱৰ ‘লাচিত ফুকন’ কবিতাৰ। কবিতাটো আমাৰ পাঠ্যপুথি সাহিত্য সৌৰৰ্ভত সন্নিৱিষ্ট হৈছে।

কবিয়ে ‘লাচিত ফুকন’ নামৰ কবিতাটিত অসম ইতিহাসৰ উজ্জ্বল নক্ষত্ৰ স্বৰূপ বীর যোদ্ধা লাচিত বৰফুকনৰ ত্যাগ আৰু বীৰত্বৰ সোঁৱৰণ কৰাৰ লগতে বৰ্তমান দেশপ্ৰেমিকসকলৰ ভণ্ডামিক অতি ব্যংগভাৱে আক্রমণ কৰিছে আৰু শেষত লাচিতৰ আদৰ্শক জীয়াই ৰাখিবলৈ যে এতিয়াও অসমীয়া ডেকাৰ অভাৱ হোৱা নাই সেই কথা প্রকাশ কৰিছে। আজিও দেশৰ অজস্র সেনানীয়ে কি বিচাৰে তাকে বৰ্ণোৱাৰ প্ৰসংগত তেওঁ ওপৰৰ কবিতা দুফাকিত অৱতাৰণা কৰিছে।

কবিয়ে লাচিত ফুকনক উদ্দেশ্যি কৈছে যে যদিওবা এতিয়াৰ দেশপ্রেমকিসকলৰ বেছিভাগেই ভণ্ড আৰু বেছিভাগেই ক্ষমতা বিচৰাত মত্ত তথাপি দেশ মাতৃৰ কাৰণে আজিও হাজাৰ হাজাৰ ডেকা ল’ৰাৰ হিয়াই বিনায়, তেওঁলোকে যেন লাচিতৰ দৰে নেতৃত্ব বিচাৰে। এতিয়াও লুইতৰ বগাপানী ৰঙা কৰি হ’লেও দেশমাতৃৰ হকে যুদ্ধ দিবলৈ বহু সেনা সাজু আছে। মাত্র প্রয়োজন। লাচিতৰ দৰে বীৰৰ হুকুমৰ।

(চ) বাহিৰত সউ ঘটে বিপ্লব; অশেষ যতন কৰি

আমি নিৰূপিলোঁ, কানিৰ মূল্য, কিমানত কেই ভবি!

উত্তৰঃ ওপৰোক্ত কবিতাংশ আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ সন্নিবিষ্ট দেৱকান্ত বৰুৱা ৰচিত ‘লাচিত ফুকন’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। কবিয়ে ওপৰত উদ্ধৃত কবিতাংশৰ দ্বাৰা আমাৰ ৰাজ্যৰ বৰ্তমানৰ দেশপ্ৰেমিকসকলৰ স্বৰূপ ডাঙি ধৰিবলৈ চেষ্টা কৰিছে।

বাহিৰৰ সমাজখনত ঘটা বিপ্লৱৰ বা পৰিবৰ্তনৰ খৱৰ ৰখাৰ এওঁলোকৰ আহৰি নাই, তাৰ ঠাইত এইসকলৰ দেশপ্রেমিকে কানিৰ মূল্য নিৰূপণতে ব্যস্ত থাকিব খোজে। বৰ্তমানৰ স্বদেশপ্রেমী সকল যেন নকল-নবীছ। অর্থাৎ অন্তৰৰ পৰা কোনেও একো নকৰে। মানুহৰ চকুত স্বদেশপ্রেমী দেখুৱালৈ তেওঁলোকে ব্যংগ যুদ্ধৰ অৱতাৰণা কৰে। দেশৰ মুক্তিৰ হকে এওঁলোকে মন্দিৰত শংখ ঘণ্টাৰ সলনি পিয়নো বজাই আৰতি কৰি বা মমবাতি জ্বলাই বেদিত ৰাখি এওঁলোকে পৰিবৰ্তন বিচাৰে। এওঁলোকৰ স্বদেশপ্ৰেমৰ কোবালত সোঁতত দেশ টলবল। কৰিব ধৰিছে। এওঁলোকে অর্থহীন কথাত সময় নষ্ট কৰি সমাজখনক ক্ৰমে অন্ধকাৰৰ মুখলৈ ঠেলি দিছে। এওঁলোক স্বাৰ্থপৰ। বাহিৰৰ পৃথিৱীখনৰ পৰিবৰ্তনৰ লগত খাপ খুৱাই দেশখনক আগবঢ়াই নিয়াৰ প্ৰতি এওঁলোকৰ কোনো প্রচেষ্টা নাই ।

(ছ) দেশৰ কাৰণে আজিও বিনায় হেজাৰ ডেকাৰ হিয়া,

দেশৰ সেনানী। আকৌ মাথোন এবাৰ হুকুম দিয়া।

উত্তৰঃ ব্যাখ্যায় কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত সন্নিৱিষ্ট দেৱকান্ত বৰুৱাই ৰচিত ‘লাচিত ফুকন’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে। 

গুক্ত কবিতাফাঁকিত কবিয়ে লাচিত বৰফুকনৰ বীৰত্বৰ কথা সুৱৰি দেশত আজিও ভণ্ড প্ৰেমিকৰ ভিতৰত প্ৰকৃত দেশপ্রেমী যে আছে তাকেই তুলি ধৰিছে।

লাচিত বৰফুকনে মোগল সেনাক ৰখিবলৈ ৰাতিৰ ভিতৰতে গড় বান্ধিবলৈ দিয়াত আৰু গড় বদ্ধা কামত হেমাহি হোৱাত নিজৰ মোমায়েককে কাটিছিল, নৰীয়া গাৰেই নাওত উঠি যুদ্ধ কৰি মোগল সেনাক খেদি পঠিয়াইছিল। কিন্তু আজি দেশৰ চৌদিশে ভণ্ড প্ৰেমিকৰ অনৈতিক কার্যকলাপে কবিক বিৰক্ত কৰি তুলিছে, আৰু কবিয়ে আক্ষেপ কৰিছে। ভণ্ড অনুকৰণকাৰীসকলে মুক্তিৰ নামত ব্যংগ যুঁজ কৰি ফাঁকিৰে দেশখন ভৰাই পেলাইছে।

তথাপিও কবিৰ ধাৰণা হয় যেন এতিয়াও দেশৰ বাবে বহু যুৱকৰ প্ৰাণে কান্দে আৰু বহুতেই লাচিতৰ দৰে বীৰৰ এটা আদেশৰ বাবে বাট চাই ৰয়। সেয়ে কবিয়ে লাচিতক আহ্বান জনাইছে যেন তেওঁ আকৌ তেওঁৰ সেই দেশপ্ৰেমৰ মন্ত্ৰেৰে অসমত নিঃস্বার্থ সেনানীসকলক দেশৰ স্বাৰ্থত থিয় দিবলৈ আহ্বান জনায়।

৮। দেৱকান্ত বৰুৱাৰ কবিতা পুথিখনৰ নাম লিখা।

উত্তৰঃ ‘সাগৰ দেখিছা’।

S first year solutions

This Post Has 7 Comments

Leave a Reply